Wednesday, 10 December 2025

বিশ্বব্ৰহ্মাণ্ডৰ ঘূৰ্ণনশীল পদাৰ্থবোৰ

 

বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তুৱেই ঘূৰ্ণনশীল। ইয়াৰ কাৰণ বিগ বেং অথবা মহানাদৰ পাছত সৃষ্টি হোৱা মহাকৰ্ষণ বা গ্ৰেভিটি আৰু স্পেছ-টাইম। সৃষ্টিৰ আৰম্ভণিতে বিশ্বব্ৰহ্মাণ্ডত মহাকৰ্ষণ সমভাৱে বিতাৰিত হৈ থকা নাছিল। বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান অঞ্চলত পদাৰ্থৰ ঘনত্ব অতি বেছি আছিল আৰু আনহাতে কিছুমান অঞ্চলত পদাৰ্থৰ ঘনত্ব তুলনামূলকভাৱে কম আছিল। পদাৰ্থৰ ঘনত্বই যিহেতু মহাকৰ্ষণৰ মান নিৰ্ণয় কৰে, সেয়ে স্বাভাৱিকতে মহাকাশৰ অধিক ঘণত্বৰ স্থানবোৰত তীব্ৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত কেতবোৰ গভীৰ ‘'গ্ৰেভিটি ৱেল'’ বা মহাকর্ষণীয় খাঁদৰ সৃষ্টি কৰিছিল।
ইয়াৰ ফলত অধিক ঘণত্বৰ পদাৰ্থ থকা অঞ্চলবোৰৰ এই মহাকর্ষণীয় খাঁদবোৰৰ চৌদিশে কম ঘণত্বৰ অঞ্চলৰ পদাৰ্থসমূহৰ এক প্ৰবাহ হৈছিল বা সোত বৈছিল আৰু এই পদাৰ্থবোৰ মহাকর্ষণীয় খাঁদবোৰৰ চৌদিশে এক নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰিবলৈ আৰম্ভ কৰিছিল। উল্লেখযোগ্য যে সেই সময়ত মহাবিশ্বত গ্ৰহ নক্ষত্ৰবোৰৰ জন্মই হোৱা নাছিল। নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰিবলৈ আৰম্ভ কৰা এই সকলোবোৰ পদাৰ্থই কৌণিক ভৰবেগ লাভ কৰিছিল। ঘূৰ্ণীয়মান এই পদাৰ্থবোৰৰ কৌণিক ভৰবেগক বাধা দিবলৈ যিহেতু মহাকাশত বেলেগ কোনো কাৰক বা বল নাই, সেয়েহে পদাৰ্থবোৰে অবিৰত ঘূৰ্ণন লাভ কৰিছিল।
পিছলৈ মহাবিশ্বত সৃষ্টি হোৱা গ্ৰহ, নক্ষত্ৰ, তাৰকামণ্ডল, নীহাৰিকাপূঞ্জ আনকি পদাৰ্থৰ অন্তৰ্নিহিত পৰমাণুৰবোৰেও এই কৌণিক ভৰবেগ লাভ কৰিছিল আৰু অবিৰতভাবে ঘূৰ্ণন গতি লাভ কৰিছিল। এয়া কোনো অলৌকিক যাদু নহয়, বৰং ই এক স্পেছ-টাইম আৰু মহাকৰ্ষণৰ প্ৰভাৱ। মহাকৰ্ষণে স্থান বা স্পেছক বক্ৰ কৰে, আৰু পদাৰ্থবোৰে সেই বক্ৰ পথেৰে অবিৰত যাত্ৰা চলাই নিয়ে। এই ঘূৰ্ণনেই বিশ্বব্ৰহ্মাণ্ডৰ জীৱন। সেয়েহে বিজ্ঞানীসকলে কয় - "Spinning is literally built into the universe’s architecture"