Thursday, 20 June 2024

ৰঙৰ বিভ্ৰান্তি


শীতল পানীয় কোকাকোলাৰ "কেন" বা টেমাটোৰ ৰঙটো ৰঙা আৰু টেমাটোৰ ওপৰত বগা আখৰেৰে "কোকাকোলা" বুলি লিখা থাকে। পোষ্টটোৰ লগত সংলগ্ন ছৱিখনে সেই কথাটোকেই প্ৰতীয়মান কৰিছে। কিন্তু, ভালদৰে মন কৰিলে দেখিব যে ছৱিখনত দেখা কোকাকোলাৰ টেমাটোত  ৰঙা ৰং নাই। যদিহে আপুনি ধৰিব পৰা নাই, তেন্তে ছৱিখন "জুম" কৰি চাওঁকচোন। আচৰিত নহয়নে? ছৱিখনত দেখা কোকাকোলাৰ টেমাটো দৰাচলতে ক'লা ৰঙৰ হে !!

কিন্তু এয়া কেনেকৈ সম্ভৱ? দৰাচলতে এয়া এক দৃষ্টিভ্ৰম। ইয়াত "ৰঙৰ পৰস্পৰ বিৰোধ প্ৰভাৱ" আৰু "ৰঙৰ স্থিৰতা" নামৰ দুটা বিশেষ পৰিঘটনাই কাম কৰিছে। যেতিয়া একাধিক নিৰ্বাচিত ৰঙক একেলেথৰিয়ে ওচৰা ওচৰিকৈ নিৰ্দিষ্ট ক্ৰমত সজাই ৰাখি কোনো বিশেষ পৰিৱেশৰ প্ৰেক্ষাপটত পৰ্যবেক্ষণ কৰা হয়, তেতিয়া ৰঙৰ পৰস্পৰ বিৰোধিতা আৰু স্থিৰতাই ওচৰা ওচৰিকৈ থকা ৰঙবোৰক প্ৰভাৱিত কৰে আৰু ইয়াৰ ফলত আমাৰ মগজুত বিভ্ৰান্তিৰ সৃষ্টি হয়। এই বিভ্ৰান্তিৰ বাবে আমাৰ মগজুৱে ৰঙৰ ভুল তথ্য আহৰণ কৰে আৰু সেইবাবে আমি প্ৰকৃত ৰঙৰ সলনি বেলেগ এটা ৰঙৰ অনুভূতি গ্ৰহণ কৰো। 

পোষ্টটোৰ লগত সংলগ্ন ছৱিখনৰ কোকাকোলাৰ টেমাটো আচলতে ক'লা ৰঙৰ। কিন্তু ৰঙৰ এক বিভ্ৰান্তি সৃষ্টি কৰিব পৰাকৈ কোকাকোলাৰ টেমাৰ এই ক'লা ৰঙটো নিৰ্দিষ্ট কিছুমান পাতল নীলা আৰু সেউজীয়া ৰঙৰ "পেটাৰ্ণ" বা নমুনাৰ মাজত এনেদৰে  সজ্জিত কৰি ৰখা হৈছ যে ইয়াৰ ফলত আমাৰ মগজুৱে ৰঙৰ ভুল তথ্য আহৰণ কৰিবলৈ বাধ্য হৈছে আৰু ক'লা ৰঙৰ টেমাটো ৰঙা ৰঙৰ বুলি মগজুৱে  আমালৈ ভুল তথ্য প্ৰেৰণ কৰিছে। এই ধৰণৰ বিভ্ৰান্তিবোৰকেই দৃষ্টিভ্ৰম বোলা হয়। অৱশ্যে এই ক্ষেত্ৰত আমাৰ পূৰ্বৰ অভিজ্ঞতাও কিছু পৰিমানে জগৰীয়া। কাৰণ আমি সকলোৱে ইতিপূৰ্বে বহুবাৰ দেখি অহা কোকাকোলাৰ টেমাটো ৰঙা ৰঙৰ বুলিয়েই আমাৰ মগজুত তথ্য সঞ্চিত হৈ আছে। 

চকুৰে দেখা সকলোবোৰ দৃশ্য, প্ৰেক্ষাপট বা ঘটনা সঁচা নহ'বও পাৰে। আকাশত দেখা ৰামধেনুখন, মৰুভূমিৰ মৰিচীকা, অথবা আকাশৰ নীলা ৰঙবোৰ বাৰু সঁচানে?

২০ জুন, ২০২৪; টংলা। 

Tuesday, 18 June 2024

মহাকাশৰ হাতবাউলি

 


সন্ধিয়াৰ আজৰি পৰত আদিত্য বৰুৱা তেওঁৰ ঘৰৰ বাৰান্দাত বহি আছিল। তেনেতে তেওঁৰ ভতিজা লৰা অলকে আহি বৰুৱাৰ কাষতে খালী চকী এখনত বহিল। আদিত্য বৰুৱা তেওঁলোকৰ চহৰখনতেই অৱস্থিত তাৰকাগৃহটোৰ তত্ত্বাবধায়ক। তাৰকাগৃহত আকাশৰ তৰা, গ্ৰহ আৰু অন্যান্য মহাকাশীয় বস্তুবোৰৰ প্ৰদৰ্শন আৰু অধ্যয়নৰ বাবে সুবিধা থকা এটা বিশেষ থিয়েটাৰ। তাৰকাগৃহৰ ভিতৰত আকাশৰ তৰাবোৰ কৃত্ৰিম প্ৰক্ষেপণৰ সহায়ত সাইলাখ ৰাতিৰ আকাশৰ দৰেই প্ৰদৰ্শন কৰা হয়। তদুপৰি দূৰবীন যন্ত্ৰৰ সহায়ত ইয়াত ৰাতিৰ আকাশ পৰ্যবেক্ষণ কৰাৰ সুবিধাও থাকে।
আদিত্য বৰুৱাই বাৰান্দাৰ পৰা দৃশ্যমান আকাশখনৰ দিশে বিভোৰ হৈ কিবা চাই আছিল। খুড়াকৰ পৰা মাজে সময়ে আকাশৰ বিষয়ে বিভিন্ন কথা শিকি অলকো আকাশৰ প্ৰতি আকৰ্ষিত হৈ উঠিছিল। তদুপৰি টেলিভিচনৰ পৰ্দাত দেখা পোৱা বিভিন্ন মহাকাশ সম্বন্ধীয় তথ্যচিত্ৰবোৰেও তেওঁক মহাকাশৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। মৌনতা ভঙ্গ কৰি অলকে আদিত্য বৰুৱাক সুধিলে: খুড়াদেউ, মহাকাশত বায়ু, পানী, খাদ্য আদি একোৱেই নথকাৰ পিছতো মহাকাশচাৰীসকল তাত কেনেদৰে থাকে বাৰু?
আদিত্য বৰুৱাই মিচিকিয়া হাঁহি এটাৰে ক'লে: মহাকাশত বাস কৰাটো এক অনন্য আৰু আকৰ্ষণীয় অভিজ্ঞতা, অলক। মহাকাশচাৰী সকলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনত দিঘলীয়া সময় ধৰি বাস কৰাৰ লগতে বিভিন্ন গৱেষণামূলক কামত নিয়োজিত হৈ থাকে। এই আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনটো পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰৰ এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীৰ চৌদিশে ঘূৰি থাকে। তদুপৰি এই মহাকাশ ষ্টেচনত বিশ্বৰ বিভিন্ন ঠাইৰ বিজ্ঞানীসকলে গৱেষণামূলক কাম কাজবোৰ কৰি থাকে।
: তেওঁলোক বাৰু তালৈ কেনেকৈ যায় খুড়াদেউ? - কৌতুহল মিশ্ৰিত স্বৰেৰে অলকে সুধিলে।
: তেওঁলোকে স্পেচএক্সৰ ড্ৰেগন বা ৰাছিয়াৰ চয়ুজৰ দৰে মহাকাশযানেৰে পৃথিৱীৰ পৰা মহাকাশলৈ যাত্ৰা কৰে। এই যাত্ৰাত তেওঁলোকক প্ৰায় ছয় ঘণ্টামান সময় লাগে। মহাকাশচাৰী সকলৰ মহাকাশ যানখন মহাকাশ ষ্টেচন পোৱাৰ পিছত দুয়োৰে মাজত এক বিশেষ কাৰিকৰী কৌশলেৰে সংযোগ স্থাপন বা ডকিং কৰোৱা হয় আৰু তাৰপিছত মহাকাশচাৰী সকল মহাকাশ যানখনৰ পৰা ওলাই আহি মহাকাশ ষ্টেচনটোত প্ৰৱেশ কৰে।
"তেওঁলোকে মহাকাশ ষ্টেচনত প্ৰৱেশ কৰাৰ লগে লগে প্ৰথমে কেনে অনুভৱ কৰে?" - অলকে সুধিলে।
: মহাকাশ এক অতি নীৰৱ স্থান। তেওঁলোকে তাত প্ৰৱেশ কৰি নি:সন্দেহে প্ৰথম নিৰ্জনতাকেই অনুভৱ কৰে। তাৰ লগে লগে তেওঁলোকে মাধ্যাকৰ্ষণহীনতা কথাও অনুভৱ কৰে কাৰণ মহাকাশচাৰী সকলে মহাকাশযানখনৰ পৰা মহাকাশ ষ্টেচনলৈ খোজ কাঢ়ি অহাৰ সলনি শূণ্যত ওপঙি আহে।
খুড়াকৰ কথাৰ মাজতেই অলকে পুনৰ সুধিলে - "কি আচৰিত! তেওঁলোক যদি শূণ্যত ওপঙি থাকে, তেন্তে ৰাতি বাৰু শোৱে কেনেদৰে?"
: সুন্দৰ প্ৰশ্ন অলক। খুড়াকে ক'বলৈ ধৰিলে - "মহাকাশৰ দিন-ৰাতিৰ পাৰ্থক্য আমাৰ পৃথিৱীৰ দৰে নহয়। মহাকাশ ষ্টেচনখনে পৃথিৱীৰ চাৰিওফালে প্ৰায় ৯০ মিনিটত এপাক মাৰে। অৰ্থাৎ পৃথিৱীৰ সময় অনুসৰি ২৪ ঘণ্টা বা এদিনত মহাকাশ ষ্টেচনটোৱে পৃথিৱীৰ চৌদিশে ১৬টা পৰিক্ৰমা সম্পূৰ্ণ কৰে। সেই বাবে, মহাকাশচাৰী সকলে পৃথিৱীৰ এটা দিনৰ সময়খিনিত ১৬টা সূৰ্যোদয় আৰু ১৬ টা সূৰ্যাস্ত দেখা পায়। সেয়েহে মহাকাশচাৰী সকলে শোৱাৰ বাবে পূৰ্বে নিৰ্দিষ্ট কৰি ৰখা সময়সূচী অনুসৰি মহাকাশ ষ্টেচনতেই থকা কিছুমান সৰু সৰু শয়ন কক্ষত প্ৰবেশ কৰি তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰি ৰখা শয়ন বেগত নিজকে বেল্টেৰে বান্ধি লৈ টোপনি যায়।"
: বুজিছো খুড়াদেউ। কিন্তু আন এটা কথা মনলৈ আহি আছে। মহাকাশত তেওঁলোকে বাৰু কি খায়?" - অলকে কথাষাৰ সুধি আগ্ৰহেৰে অলপ খুড়াকৰ কাষলৈ চাপি গ'ল।
: মহাকাশৰ খাদ্যবোৰ আমাৰ পৃথিৱীৰ খাদ্যৰ দৰে নহয়। তেওঁলোকৰ খাদ্য তালিকাত মূলতঃ শুকান ফল-মূল, বাদাম, বিস্কুট, কেক আদিয়েই বেছি থাকে। এই খাদ্যবোৰো সুৰক্ষিত কৰি ৰাখিবলৈ ভেকুৱাম-ছীল বা ফ্ৰীজ-ড্ৰাই কৰা হয়। তদপৰি শুকান খাদ্যবোৰ ভোজনযোগ্য কৰিবলৈ তেওঁলোকে তাত পানী যোগ কৰি কিছুমান বিশেষ ধৰণৰ বাচনত লৈ খায় যাতে খোৱাৰ সময়ত খাদ্যবোৰ ভৰহীন অৱস্থাৰ বাবে ওপঙি নুঠে।
: বুজিলো খুড়াদেউ। মহাকাশচাৰী সকলে মহাকাশত বাৰু কেনে ধৰণৰ গৱেষণা কৰে?
"মহাকাশ ষ্টেচনত মহাকাশকাৰী সকলে বিভিন্ন ধৰণৰ গৱেষণা কৰে,"- খুড়াকে ক'ব ধৰিলে। "তেওঁলোকে মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটি বা সূক্ষ্ম মাধ্যাকৰ্ষণে কিদৰে প্ৰভাব পেলাই সেই বিষয়ে অধ্যয়ন কৰে। তদুপৰি তেওঁলোকে মহাকাশৰ পৰিবেশত উদ্ভিদ ৰোপন কৰি উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সম্বন্ধে অধ্যয়ন কৰে। উদ্ভিদৰ জৰিয়তে মহাকাশত খাদ্য উৎপাদন কৰাৰ কৌশলে মানুহৰ দূৰণিবটীয়া মহাকাশ ভ্ৰমণবোৰ যেনে মংগল গ্ৰহলৈ যাত্ৰাৰ পথ সুচল কৰি তুলিব।"
মংগল গ্ৰহৰ কথা শুনি অলকৰ চকুৱে মুখে উৎসাহৰ চিন অধিক স্পষ্ট হৈ পৰিল। তেওঁ খুড়াকক সুধিলে, "এই যে আপুনি মংগল গ্ৰহলৈ যোৱাৰ কথা ক'লে, মানুহে কি সঁচাকৈয়ে মংগল গ্ৰহত জীয়াই থাকিব পাৰিব?
: চোৱা অলক, বিজ্ঞানীসকলৰ মূল লক্ষ্যই সেইটো। - খুড়াকে ক'বলৈ ধৰিলে। "নাছা আৰু স্পেছএক্স নামৰ প্ৰতিস্থানবোৰে ইতিমধ্যে মংগল গ্ৰহলৈ মানুহৰ যাত্ৰাক বাস্তৱ ৰূপ দিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। মংগল গ্ৰহত মানুহৰ বসবাসৰ বাবে বহুতো সমস্যা সমাধান কৰিব লগীয়া আছে। উদাহৰণস্বৰূপ, জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয় বায়ু, পানী আৰু খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে মংগলৰ বুকুত মহাকাশচাৰী সকলক অতিশয় ক্ষতিকাৰক মহাজাগতিক বিকিৰণৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈও উন্নত প্ৰযুক্তিৰ প্ৰয়োজন আছে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰিলে, মানুহে মংগল গ্ৰহতো বসতি কৰিব পাৰিব। বিজ্ঞানীসকলৰ মতে মংগল গ্ৰহৰ মাটিৰ তলত বহুতো পৰিমানৰ বৰফ আছে। তেওঁলোকে এই বৰফৰ পৰা মংগল গ্ৰহত পানীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা যুগুত কৰিছে। লগতে বৈদ্যুতিক শক্তিৰে পানীক হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙি মংগলৰ বুকুত বায়ুৰ যোগান ধৰাৰ আঁচনি তৈয়াৰ কৰিছে।"
: আৰু খাদ্যৰ সমস্যাটো কিদৰে সমাধান কৰিব খুড়াদেউ? -অলকে তপৰাই সুধিলে।
: মংগল গ্ৰহত খাদ্যৰ যোগান ধৰাটো এটা কঠিন বিষয় যদিও অসম্ভৱ নহয়। মহাচাৰী সকলে বৰ্তমান চলাই থকা গৱেষণাবোৰৰ ভিতৰত এই বিষয়টোও অন্যতম। বিজ্ঞানী সকলৰ মতে মাটিৰ সলনি খনিজ লৱন সমৃদ্ধ পানীতেই খেতি কৰিব পৰাকৈ জলাকৰ্ষণ নামৰ এটা পদ্ধতিৰ সহায়ত মংগল গ্ৰহত উদ্ভিদ ৰোপন কৰিব পৰা যাব। আৰু তাৰ জৰিয়তে প্ৰয়োজনীয় খাদ্য উৎপাদন কৰাতো সম্ভৱ হৈ উঠিব।
"খুড়াদেউ, মহাকাশৰ জীৱন বৰ জটিল আৰু কষ্টকৰ! তথাপিও মানুহ কিয় মহাকাশলৈ যায়? - অলকে সুধিলে।
"এৰা, তোমাৰ দৰে বহুতৰেই মনলৈ এই প্ৰশ্নটো আহে।" - খুড়াকে ক'বলৈ ধৰিলে। মহাকাশৰ অনুসন্ধানে আমাৰ নিজৰ গ্ৰহ পৃথিৱীৰ লগতে মহাবিশ্বৰ বিষয়ে বেছিকৈ জানিবলৈ সহায় কৰে। তদুপৰি মহাকাশ অধ্যয়নে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সীমাক অধিক বহল পৰিসৰলৈ ঠেলি নিছে, যাৰ জৰিয়তে বিভিন্ন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱনৰ দিশ মুকলি হৈছে। মহাকাশে সমগ্ৰ মানৱজাতিক অসম্ভৱক সম্ভৱ কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰে। সেয়ে মহাকাশলৈ ইমান আকৰ্ষণ।"
চকু দুটা দূৰ আকাশৰ কোনোবাখিনিত থাপি থৈ অনুচ্চ কণ্ঠেৰে অলক ক'লে, "ময়ো এজন মহাকাশ বিজ্ঞানী হ'ব খোজো।"
খুড়াক আদিত্য বৰুৱাৰ মুখমণ্ডল যেন সতেজ হৈ পৰিল। ঈষৎ হাঁহি এটা ওঠত বিৰিঙাই তেওঁ ক'লে : "নিশ্চয় পাৰিবা। এই মহাকাশ বিশালতা আৰু ৰহস্যৰ এটা আৰম্ভণি মাথোন। তোমাৰ একাগ্ৰতা আৰু অনুসন্ধিৎসু স্বভাৱে তোমাক মহাকাশৰ মেটমৰা ৰহস্যবোৰৰ মাজলৈ এদিন নিশ্চয় লৈ যাব।"
অলকে একান্ত মনে আকাশখনলৈ চাই ৰ'ল। তেওঁৰ কল্পনাই যেন পাখি মেলি উৰি গ'ল দূৰ আকাশৰ মাজৰ অগণন ৰহস্যৰ মাজলৈ। "খুড়াদেউ, আপোনাৰ পৰা আজি বহুতো আশ্চৰ্যজনক কথা জানিব পাৰিলোঁ। এদিন ময়ো মহাকাশ অধ্যয়ন কৰিম আৰু হয়তো কোনোবা এদিন মইয়ো মহাকাশৰ শূণ্য মাধ্যাকৰ্ষণত উটি ভাঁহি ফুৰিম আৰু জনকল্যাণৰ হকে নতুন গৱেষণতা জড়িত হৈ পৰিম।"
আদিত্য বৰুৱাই অলকক আঁকোৱালি ধৰিলে। "তোমাৰ এই উদ্যম আৰু কৌতূহলে তোমাক মহাকাশৰ পথ প্ৰদৰ্শন কৰাব আৰু তোমাৰ একাগ্ৰতাই এদিন তোমাকো তৰাৰ দেশলৈ নিব। সদায় মনত ৰাখিবা, এই মহাবিশ্ব আমি কল্পনা কৰাতকৈও বহুত ডাঙৰ আৰু সম্ভাৱনাৰে ভৰপূৰ।"
: ধন্যবাদ খুড়াদেউ! এতিয়া পঢ়িবলৈ যাওঁ, সন্ধিয়া ৭ বাজিল। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম নজনা বহুতো কথা শিকিবলৈ।
ধীৰ খোজেৰে অলক গ'লগৈ। আদিত্য বৰুৱাই অলক যোৱা দিশে কিছু পৰ চাই ৰ'ল। তেওঁৰ এনে লাগিল যে বাৰাণ্ডাখনৰ আনটো মুৰৰ এন্ধাৰখিনি যেন কল্পনাতীত ভাবে ৰহস্যময় মহাকাশ আৰু তাৰ মাজৰ কোনোবাখিনিত ধীৰে ধীৰে বিলিন হৈ গ'ল তেওঁৰ অতি মৰমৰ ভতিজা অলক।

Monday, 20 May 2024

এই সুৰটো মই সৰগত শুনিম…


সঙ্গীত জগতৰ এজন অন্যতম সুৰকাৰৰ স্মৃতিয়ে আজি আকৌ এবাৰ তেওঁৰ সুৰৰ ছন্দময়তাৰ আঁকবাকেৰে মোৰ মনটো জোকাৰি গ’ল। সমগ্ৰ বিশ্বকে সুৰৰ যাদুৰে মোহিত কৰি ৰখা সুৰকাৰ তেওঁ । শৈশৱৰ পৰাই কাণেৰে কমকৈ শুনা সুৰকাৰজনৰ হৃদস্পন্দনৰ গতিও অনিয়মিত। নিজৰ অনিয়মিত হৃদস্পন্দনৰ অনুকৰণ কৰিয়েই তেওঁ সৃষ্টি কৰি যায় মায়াময় সুৰৰ মূৰ্চনা। গৱেষক সকলৰ মতে এই কাৰণতেই হয়তো তেওঁৰ প্ৰায়বোৰ সুৰতেই ছন্দৰ অস্বাভাৱিকতা অথচ প্ৰাণময় উঠা-নমাৰ এক মায়াময় যাদুৰ পৰশ। জন্মৰ পৰাই কাণেৰে কমকৈ শুনা সুৰকাৰজন পিছলৈ সম্পূৰ্ণ বধিৰ হৈ পৰে। কাণেৰে নুশুনিলেও কিন্তু তেওঁ সৃষ্টি কৰি গৈ থাকিল এটাৰ পিছত এটাকৈ অবিশ্বাস্য মায়াময় সুৰৰ মূৰ্চনা, অসাধৰণ চিম্ফনী। হয়, আপুনি থিকেই ধৰিছে… সেই সুৰকাৰ জনেই হ’ল লাডউইগ ভান বিটোভেন।

বিটোভেনৰ সুখ্যাতি ইতিমধ্যে চৌদিশে প্ৰসাৰিত হৈছে। ১৮১৭ চনৰ কথা। লণ্ডনৰ ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা পত্ৰ যোগে তেওঁলোকৰ বাবে এটি চিম্ফনী তৈয়াৰ কৰিবলৈ বিটোভেনক বিশেষ ভাবে অনুৰোধ কৰা হ’ল। পত্ৰখন পোৱাৰ পিছতো বিটোভেনে বিশেষ গুৰুত্ব নিদি সংগীতৰ আন কিছুমান কামতহে নিয়োজিত হৈ ৰ’ল। আচলতে বিটোভেনে ১৭৯৩ চনতেই যেতিয়া তেওঁ এজন ২৩ বছৰীয়া যুৱক, তেতিয়াৰ সুবিখ্যাত কবি Friedrich Schillerৰ “Ode to Joy” নামৰ কবিতাটো সুৰেৰে সজোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিছিল। কিন্তু তেওঁৰ মনোমত এটি সুৰে যেন আহি ধৰা দিয়াহি নাই। সৃষ্টিশীল সুৰকাৰজনে সৃষ্টি কৰিব নোৱাৰাৰ এক অব্যক্ত বেদনা বুকুত বান্ধি লৈ পাৰ কৰিছে ২৩টা বছৰ। তেনে এক সময়ত অৰ্থাৎ ১৮১৭ চনত লণ্ডনৰ ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা অহা পত্ৰখন তেওঁৰ বাবে গুৰুত্বহীন হৈ পৰিছিল। ইফালে বহুদিন পাৰ হৈ যোৱাৰ পিছতো বিটোভেনৰ কোনো সঁহাৰি নোপোৱাত ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা পুনৰ অনুৰোধ কৰা হ’ল। দ্বিতীয়বাৰৰ বাবে অহা এই অনুৰোধত বিটোভেন যেন সচকিত হ’ল। এৰা, কিবা এটা কৰিবই লাগিব……

১৮২২ চনত বিটোভেন নিমগ্ন হ’ল ফিলহাৰমোনিক চ’ছাইটিৰ অনুৰোধ ৰক্ষা কৰাৰ লগতে ২৩ টা বছৰৰ অপূৰ্ণ আশাটিক পূৰ্ণতা দিয়াৰ বাবে। তেওঁ হৃদয়ত অনুৰণিত হৈ ৰোৱা অস্ফুট স্বৰবোৰক একোটা চিম্ফনীৰূপে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে তেওঁ চিম্ফনীটোৰ তিনিটা মুভমেন্ট সম্পূৰ্ণ কৰিছে। এতিয়া চিম্ফনীটোৰ চতুৰ্থ তথা অন্তিম মুভমেন্টটোহে বাকী। চিম্ফনীটোৰ অন্তিম মুভমেন্টটো তৈয়াৰ কৰিবলৈ গৈ বিটোভেনৰ মনত নতুন চিন্তাই বাহ ল’লে। কিবা এটা নতুনত্বৰ সন্ধানত যেন তেওঁ অস্থিৰ হৈ পৰিছে!

দুবছৰ জোৰা গভীৰ সাধনাৰ অন্তত বিটোভেনে তৈয়াৰ কৰি উলিয়ালে তেওঁৰ চিম্ফনীটো। এই চিম্ফনীটোত তেওঁ ট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, চ’প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ অপূৰ্ব সমাহাৰেৰে এক মায়াময় মাদকতা প্ৰদান কৰিছে। তেখেতৰ এই চিম্ফনীটোক আজি আমি বিটোভেনৰ নৱম চিম্ফনী বুলি জানো। বিটোভেনে তেখেতৰ এই নৱম চিম্ফনীটো সৃষ্টি কৰাৰ সময়ত তেওঁ সম্পূৰ্ণ বধিৰ। কাণেৰে একোৱেই নুশুনে। ফিলহাৰমোনিক চ’ছাইটিৰ সদস্য সকলে বিটোভেনক তেওঁৰ নৱম চিম্ফনীটো ভিয়েনাতেই সৰ্বপ্ৰথম ৰাইজৰ বাবে পৰিবেশন কৰাৰ বাবে অনুৰোধ কৰে।

সেয়া ৭ মে, ১৮২৪। স্থান ভিয়েনা। ইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহ মানুহেৰে ভৰি পৰিছে। মঞ্চত অৰ্কেষ্ট্ৰাৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰীসকল সাজু হৈছে। বিটোভেনে মানুহেৰে ঠাহ খাই পৰা অৰ্কেষ্ট্ৰা গৃহৰ দৰ্শকৰ পিনে পিঠি দি বাদ্যযন্ত্ৰী সকলৰ চকুত চকু থৈ ইংগিতেৰে চিম্ফনীটোৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিলে। ট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, চ’প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ আদিৰ বাদ্যযন্ত্ৰী সকলে ছন্দোময় ভাবে বিটোভেনৰ নিৰ্দেশ অনুসৰণ কৰি চিম্ফনীটো বজাই গ’ল। অৰ্কেষ্ট্ৰা গৃহত গিজগিজাই থকা অগনন শ্ৰোতা সুৰৰ মায়াজালত তন্দ্ৰামগ্ন। এটা দুটাকৈ চিম্ফনীটোৰ তিনিটা মুভমেন্ট শেষ হ’ল। চতুৰ্থ মুভমেন্টৰ কোৰাচ আৰু বাদ্যযন্ত্ৰী সকলৰ সমলয়ে ইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহলৈ কঢ়িয়াই আনিছে এক অনন্য মাদকতা। শ্ৰোতাসকলে যেন উশাহ ল’বলৈও পাহৰি গৈছে। তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ শব্দই যেন কলুষিত কৰি তুলিব অৰ্কেষ্ট্ৰা গৃহৰ স্বৰ্গীয় অনুভূতিবোৰ……!

অগনন গুণমূগ্ধ শ্ৰোতাৰ হৃদয়ত অনাবিল আনন্দৰ বিমল অনুভূতি প্ৰদান কৰি বিটোভেনৰ নৱম চিম্ফনীটো শেষ হ’ল। অৰ্কেষ্ট্ৰা গৃহৰ সকলোবোৰ মানুহেই থিয় হৈ হাতচাপৰি বজাইছে। চৌদিশে কেবল হাতচাপৰিৰ শব্দ। দৰ্শকৰ পিনে পিঠি দি নিৰ্বিকাৰ হৈ থিয় হৈ থাকিল বিটোভেন। তেওঁ যে শ্ৰোতাৰ হাতচাপৰিৰ শব্দবোৰ একেবাৰেই নুশুনিলে ! শ্ৰবন শক্তি হেৰুৱাই পেলোৱা বিটোভেনে যে নুশুনিলে তেৱেই সৃষ্টি কৰা মায়াময় নৱম চিম্ফনীটোৰ এটাও মুভমেন্ট অথবা সুৰৰ মূৰ্চনা !!

অৰ্কেষ্ট্ৰা দলৰেই বাদ্যযন্ত্ৰী কেৰ’লিন আঙ্গাৰে কথাটো অনুধাৱন কৰিলে। তেওঁ নিজৰ আসনৰ পৰা উঠি আহি বিটোভেনৰ দুবাহুত ধৰি তেওঁক দৰ্শকৰ দিশলৈ ঘুৰাই দিলে। বিটোভেনে দেখিলে যে সমগ্ৰ অৰ্কেষ্ট্ৰা গৃহৰ সকলো শ্ৰোতাই থিয় হৈ বিটোভেনৰ লগতে চিম্ফনীটোত অংশগ্ৰহন কৰা শিল্পীসকলক অভিবাদন জনাইছে জাউৰিয়ে জাউৰিয়ে হাতচাপৰিৰে। বিটোভেনৰ মুখমণ্ডলত অলেখ ভাবৰ অব্যক্ত প্ৰকাশ। কেৰ’লিন আঙ্গাৰে বিটোভেনৰ ওচৰলৈ আহি হাতৰ অংগীভংগীৰে বুজাব চেষ্টা কৰিলে যে সুৰসম্ৰাট বিটোভেনৰ চিম্ফনীৰ মায়াময় সুৰে সকলোকে সন্মোহিত কৰি তুলিছে আৰু সকলো দৰ্শকে এই চিম্ফনীটোক অপূৰ্ব, অভুতপূৰ্ব বুলি প্ৰশংসা কৰিছে। বিটোভেনে বুজি পাইছিল কেৰ’লিন আঙ্গাৰৰ অংগীভংগীৰ ভাষা। কাৰণ তেতিয়ালৈ বিটোভেনৰ দুচকুৰ কোন দুটা আনন্দৰ দুটোপাল লোতকেৰে ভৰি উঠিছিল। বিটোভেন দৰ্শকৰ পিনে দুখোজ আগবাঢ়ি গ’ল আৰু সোঁহাতখনৰ তৰ্জনী আঙুলিটো আকাশৰ পিনে দাঙি ধৰি ক’লে : “I will hear it in heaven!”

ইতিমধ্যে সমূহ দৰ্শক তথা শ্ৰোতাৰ চকুবোৰ চলচলীয়া হৈ পৰিছিল। ভাগ্যৰ কি যে বিড়ম্বনা – যি সুৰে সমগ্ৰ বিশ্বক মোহাচন্ন কৰি ৰাখিছে, সেই মায়াময় সুৰটো সুৰৰ স্ৰষ্টাজনে কিন্তু কাহানিও শুনিবলৈ নোৱাৰিলে।

Sunday, 5 May 2024

পেচমেকাৰৰ বাবে অক্সিজেন বেটাৰী


ৰোগীৰ শৰীৰত স্থাপন কৰা চিকিৎসা সঁজুলিবোৰ যেনে পেচমেকাৰ, নিউৰ’ষ্টিমুলেটৰ আদিয়ে হৃদস্পন্দন বজাই ৰাখিবলৈ তথা শৰীৰৰ বিষ কমোৱাৰ বাবে বেটাৰীৰ কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সকলো বেটাৰীৰ দৰেই এই বেটাৰীবোৰৰ শক্তিও শেষ হৈ যায়। পেচমেকাৰৰ বেটাৰীবোৰ প্ৰায় ৩০ গ্ৰাম বা তাতকৈ অলপ কম ওজনৰ হয়। সাধাৰণতে এই বেটাৰীবোৰ ছালৰ তলত ইনফ্ৰাক্লেভিকুলাৰ এলেকাত স্থাপন কৰা হয়। 

পেচমেকাৰৰ বেটাৰীবোৰ লিথিয়াম আয়’ডাইড কোষ যিবোৰ সাধাৰণতে ৭ৰ পৰা ৮ বছৰ মানহে কাৰ্যক্ষম হৈ থাকে। ইয়াৰ ফলত জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে এই সঁজুলিবোৰ চলাই ৰাখিবলৈ নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে ইয়াৰ বেটাৰী সলনি কৰিবলগীয়া হয়। কিন্তু বৰ্তমান গৱেষকসকলে এই অসুবিধাসমূহ দূৰ কৰিবলৈ মানৱ শৰীৰৰ অক্সিজেন ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰতে এই ইমপ্লাণ্টেড বেটাৰীবোৰ পুনৰ চাৰ্জ হ'ব পৰা বেটাৰী প্ৰস্তুত কৰিছে। 

ইয়াৰ বাবে গৱেষকসকলে বেটাৰীৰ ইলেক্ট্ৰ’ডসমূহ চুলিৰ প্ৰস্থতকৈও হাজাৰ গুণ সূক্ষ্ম আৰু ছিদ্ৰযুক্ত নেন’প’ৰাছ সোণ আৰু ছডিয়াম ব্যৱহাৰ কৰি তৈয়াৰ কৰা এবিধ বিশেষ মিশ্ৰণ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছিল।  এই মিশ্ৰণটো মানৱ শৰীৰৰ বাবে নিৰাপদ কাৰণ ছডিয়াম মানুহৰ শৰীৰৰ এটা অতি প্ৰয়োজনীয় উপাদান আৰু সোণ মানৱ দেহৰ জৈৱিক ব্যৱস্থাৰ সৈতে কাম কৰাৰ ক্ষমতাৰ বাবে সুপৰিচিত এবিধ মৌল।

বিদ্যুৎ উৎপাদন কৰিবলৈ ইলেক্ট্ৰ’ডবোৰে মানুহৰ শৰীৰৰ অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰে। পৰীক্ষাৰ বাবে বিজ্ঞানীসকলে নিগনিৰ পিঠিৰ ছালৰ তলত এই বেটাৰী স্থাপন কৰি বেটাৰীয়ে উৎপাদন কৰা বিদ্যুতৰ পৰিমাণ জুখিছিল। দুসপ্তাহৰ পিছত যেতিয়া তেওঁলোকে বেটাৰীটো পুনৰ পৰীক্ষা কৰিছিল, তেতিয়া তেওঁলোকে আৱিষ্কাৰ কৰিলে যে এই বেটাৰীবোৰে ১.৩ আৰু ১.৪ ভ'ল্টৰ ভিতৰত এক স্থিৰ ভল্টেজ উৎপন্ন কৰিব পাৰে আৰু ইয়াৰ সৰ্বোচ্চ শক্তি ঘনত্ব ২.৬ μW/cm2। 

চিকিৎসা সঁজুলি পেচমেকাৰক নিৰবছিন্ন ভাবে শক্তি প্ৰদান কৰিব পৰাকৈ উৎপাদন কৰা বেটাৰীৰ ডিজাইনে নিসন্দেহে হৃদৰোগী সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

Saturday, 13 April 2024

হাতীপটিৰ কেন্দ্ৰত 'শিৱ' আৰু 'শক্তি'


জ্যোতিৰ্বিজ্ঞানী সকলে 'শিৱ’ আৰু ‘শক্তি’ নামেৰে নামাকৰণ কৰা দুটা প্ৰাচীন তৰাৰ ধাৰা চিনাক্ত কৰিছে, যিবোৰ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ আদিম "বিল্ডিং ব্লক" সমূহৰ ভিতৰত অন্যতম। ইউৰোপীয় মহাকাশ সংস্থাৰ "গিয়া" নামৰ মহাকাশ দূৰবীণ ব্যৱহাৰ কৰি 'শিৱ’ আৰু ‘শক্তি’ৰ তথ্য পোৱা হৈছে। 

জ্যোতিৰ্বিজ্ঞানী সকলৰ মতে, এই 'শিৱ’ আৰু ‘শক্তি’ প্ৰায় ১২ বিলিয়ন বছৰ আগতে কোনো প্ৰাচীন তাৰকাৰাজ্যৰ আদিম টুকুৰাবোৰৰ সৈতে একত্ৰিত হোৱা দুখন সুকীয়া তাৰকাৰাজ্যৰ ধ্বংসাৱশেষ। গৱেষকসকলে জনোৱা মতে এনে সৰু সৰু তাৰকাৰাজ্যবোৰ একত্ৰিত হৈ একোটা বৃহৎ তাৰকাৰাজ্য গঠন কৰে। তেওঁলোকৰ মতে আমাৰ হাতীপটি তাৰকাৰাজ্যখন শিৱ’ আৰু ‘শক্তি’ নামৰ দুই প্ৰাচীন তাৰকাৰাজ্যৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে। 'শিৱ' আৰু ‘শক্তি’ৰ প্ৰতিটো তৰাৰ ভৰ আমাৰ সূৰ্য্যতকৈ প্ৰায় এক কোটি গুণ বেছি! 

গৱেষক দলটোৰ মূখ্য বিজ্ঞানী ড° মালহানৰ মতে এই দুই প্ৰাচীন মহাজাগতিক গঠনক হিন্দু ধৰ্মৰ অন্যতম প্ৰাথমিক দেৱতা "শিৱ" আৰু তেওঁৰ পত্নী হিচাপে চিত্ৰিত কৰা নাৰী "শক্তি"ৰ নামেৰে নামাকৰণ কৰা হৈছে। এই 'শিৱ’ আৰু ‘শক্তি' প্ৰাচীন তাৰকাৰাজ্য দুখন আমাৰ হাতীপটিৰ কেন্দ্ৰস্থলত আজিও বিদ্যমান।

Monday, 5 February 2024

মানুহৰ মগজুত মাইক্ৰচিপ স্থাপন


বিগত সপ্তাহত ইলন মাস্কে ঘোষণা কৰিছে যে তেওঁৰ কোম্পানী নিউৰালিংকে প্ৰথমবাৰৰ বাবে মানুহৰ মগজুত Brain Machine Interface (BMI) বা সাধাৰণ অৰ্থত কম্পিউটাৰৰ মাইক্ৰচিপ সংস্থাপন কৰিছে। উল্ল্যেখযোগ্য যে মানুহৰ মগজুত মাইক্ৰচিপ সংস্থাপনৰ পৰীক্ষা আৰম্ভ কৰিবলৈ ইলন মাস্কৰ কোম্পানীটোৱে তাৰ বাবে আন্তৰ্জাতিক খাদ্য আৰু ঔষধ প্ৰশাসন (এফ.ডি.এ)ৰ তৰফৰ পৰা বিগত বছৰৰ মে মাহত প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে।

প্ৰতিটো ওয়াৰলেচ নিউৰেলিং ডিভাইচ বা মাইক্ৰচিপত ১০০০ৰো অধিক অতিপাতল, নমনীয় পৰিবাহীৰ চিপ আৰু ইলেক্ট্ৰ’ড থাকে যিবোৰ এটা অস্ত্ৰোপচাৰ কৰিব পৰা ৰবটে মানুহৰ মস্তিষ্কৰ কৰ্টেক্সত স্থাপন কৰে। এই মাইক্ৰচিপবোৰে মানুহৰ মগজুত সৃষ্টি হোৱা বৈদ্যুতিক তৰংগবোৰৰ মাধ্যমেৰে প্ৰকাশ পোৱা চিন্তা ধাৰাবোৰ ডিজিটেল ৰূপত ধৰা পেলাই মগজুৰ চিন্তাধাৰাৰ লগতে মগজুৰ কাৰ্যশক্তিক নিয়ন্ত্ৰণ কৰিবলৈ ডিজাইন কৰা হয়।

মানুহৰ মগজুৰ মাইক্ৰ’চিপ, যাক সাধাৰণতে ব্ৰেইন ইমপ্লাণ্ট বা নিউৰেল ইমপ্লাণ্ট বুলি কোৱা হয়, ই এবিধ মানুহৰ মগজুৰ স্নায়ুবৰ্তনীৰ সৈতে সংযোগ স্থাপনৰ বাবে প্ৰস্তুত কৰা যন্ত্ৰ। এই মাইক্ৰচিপবোৰে মগজুৰ স্নায়ুৰ কাৰ্য্যকলাপ নিয়ন্ত্ৰণ কৰি বিভিন্ন স্নায়ুজনিত অৱস্থা, যেনে পাৰ্কিনছন ৰোগ বা মৃগীৰোগৰ চিকিৎসাৰ লগতে পেৰালাইচিচত আক্ৰান্ত ব্যক্তিৰ দেহত স্বাভাৱিক অংগ সঞ্চালনৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনা সৃষ্টি কৰিছে। এই গৱেষণাৰ আন এটা প্ৰধান লক্ষ্য হৈছে মানুহৰ জ্ঞানমূলক কাৰ্য্য বৃদ্ধিৰ বাবে বা আনকি মানৱ মগজুক বাহ্যিক যন্ত্ৰৰ সৈতে সংযোগ কৰাৰ বাবে উন্নত প্ৰযুক্তি বিকশিত কৰা। 

মানুহৰ মগজুত বহুল ভাবে মাইক্ৰ’চিপ সংস্থাপনৰ সম্ভাৱনা স্নায়ু প্ৰযুক্তিৰ গৱেষণাৰ উন্নতিৰ লগত নিহিত হৈ আছে।গৱেষকসকলে বিগত কিছুবছৰ ধৰি মানুহৰ মগজু-মেচিন আন্তঃপৃষ্ঠ (BMI)ৰ বিকাশৰ বিষয়ে অন্বেষণ কৰি আহিছে। বৰ্তমানৰ অধ্যয়নসমূহত পশুৰ দেহৰ লগতে মানুহৰ দেহতো আশাব্যঞ্জক ফলাফল দেখুৱাইছে, যিয়ে মানুহৰ দেহত কৃত্ৰিম অংগৰ নিয়ন্ত্ৰণ, সংবেদনশীল কাৰ্য্যৰ পুনৰুদ্ধাৰৰ লগতে মানুহৰ জ্ঞানমূলক ক্ষমতা বৃদ্ধিৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে।

এনে ইমপ্লাণ্টৰ বিকাশ আৰু ব্যৱহাৰৰ নৈতিক চিন্তা আৰু গোপনীয়তাৰ সমস্যাৰ বাবে, বিষয়টো কিছু পৰিমানে বিতৰ্কিত হৈ আছে যদিও বিজ্ঞানীসকলে মনপুতি নিজৰ গৱেষণা অব্যাহত ৰাখিছে।

Monday, 22 January 2024

ৰহস্যময় নক্ষত্ৰ : মাইৰা


আকাশৰ তৰাবোৰে মানুহক সদায়ে আকৰ্ষণ কৰে। এই সকলোবোৰ তৰাৰ ভিতৰত "মাইৰা-এ" (মিৰা) নামৰ তৰাটো অতি ৰহস্যময়। কাৰণ এই তৰাটোৱে প্ৰায় ১৩ আলোকবৰ্ষ দীঘল এডাল প্ৰকাণ্ড নেজৰ সৈতে মহাকাশত প্ৰতি ঘণ্টাত প্ৰায় ৪৬০০০০ কি:মি: বেগত হাতীপটিৰ চৌদিশে ঘূৰি আছে!  মহাবিশ্বৰ এই অতি বিৰল তৰাটোৱে বিজ্ঞানীসকলৰ মাজত বাৰুকৈয়ে আলোড়ন সৃষ্টি কৰি আহিছে।

এই তৰাটো আমাৰ সৌৰজগতৰ পৰা প্ৰায় ২৫০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত আৰু তৰাটো সূৰ্য্যতকৈ প্ৰায় ৩০০ গুণ ডাঙৰ। ই এটা বিৰল আৰু বৃদ্ধ ৰঙা দৈত্য তৰা। কোটি কোটি বছৰ আগতে ই আমাৰ সূৰ্য্যৰ দৰেই আছিল যদিও সময়ৰ লগে লগে তৰাটোৱে নিজৰ ইন্ধন প্ৰায় শেষ কৰি বৰ্তমান এটা ৰঙা দৈত্যলৈ পৰিণত হৈছে। "মাইৰা-এ" নামৰ এই তৰাটো "চিটাছ" বা তিমি নক্ষত্ৰমণ্ডলত অৱস্থিত। বিজ্ঞানীসকলে এই তৰাটোক "অমাইক্ৰন চেটি'' বুলি নামাকৰণ কৰিছে।

মাইৰা প্ৰকৃততে এক বাইনাৰী তৰাতন্ত্ৰ। এই বাইনাৰী ব্যৱস্থাটো সদায় দুটা একেলগে তৰা থাকে। মাইৰা বাইনাৰী তন্ত্ৰটোত থকা তৰাদুটাক ক্ৰমে "মাইৰা-এ" আৰু "মাইৰা-বি" বুলি জনা যায়। এই তৰা দুটাই প্ৰতি ৫০০ বছৰত এবাৰকৈ ইটোৱে সিটোৰ চাৰিওফালে ঘূৰে। "মাইৰা-বি" নামৰ তৰাটো বৰ্তমান এটা বগা বামন তৰালৈ পৰিণত হৈছে।

জীৱন কালৰ অন্তিম দশাত এই তৰাটোৱে প্ৰতি ১০ বছৰত এখন পৃথিৱীৰ সমান ভৰৰ নাক্ষত্ৰিক পদাৰ্থ যেনে গেছ, প্লাজমা আদি হেৰুৱাই আহিছে। এই পদাৰ্থবোৰ তৰাটোৰ পৃষ্ঠৰ পৰা মহাবিশ্বৰ বুকুলৈ ছিটিকি যায়। ইতিমধ্য তৰাটোৱে ইয়াৰ নিজস্ব ভৰৰ আধা পৰিমাণৰ ভৰ হেৰুৱাই পেলাইছে। বিগত ৩০ হাজাৰ বছৰত তৰাটোৱে যিমান পদাৰ্থ হেৰুৱাইছে, সেইবোৰেৰে পৃথিৱীৰ আকাৰৰ ৫০০০ টা গ্ৰহৰ জন্ম হ’ব পাৰিব!

জীৱনৰ অন্তিম দশাত উপনীত হোৱাৰ পৰাই তৰাটোৱে এনেদৰে অবিৰত ভাবে হেৰুৱাই অহা গেছ আৰু প্লাজমাবোৰ তৰাটোৰ মহাকৰ্ষণ বলৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই আৰু সেয়ে এই সকলোবোৰ পদাৰ্থই গতিশীল তৰাটোৰ গতিৰ বিপৰীত দিশে অৱস্থান কৰি তৰাটোৰ পিছে পিছে মহাকাশৰ বুকুত ১৩ আলোকবৰ্ষ দীঘল এডাল প্ৰকাণ্ড নেজ হৈ তৰাটোৰ পিছে পিছে দৌৰি ফুৰিছে অহৰহ! এই বিশালকায় নেজডালৰ বাবে তৰাটো বিজ্ঞান মহলত এক ৰহস্যময় তৰা।

অনুজ্বল হ'লেও ফৰকাল জোনাকবিহীন ৰাতিৰ আকাশত মাইৰা তৰাতন্ত্ৰটো সহজেই দেখা পোৱা যায়। আকাশৰ তৰা আৰু গ্ৰহবোৰৰ অৱস্থান সম্বন্ধে সামান্য অভিজ্ঞতা থাকিলে বৃহস্পতি গ্ৰহ আৰু মীন ৰাশিৰ ওচৰত অৱস্থান কৰা তৰাটো দেখা পোৱা যায়। অৱশ্যে, ২৫০ আলোকবৰ্ষ দূৰৰ এই তৰাটোৰ নেজডাল চাবলৈ আপোনাক এটা দূৰবীণ লাগিব।  অধিক তথ্যৰ বাবে তলৰ লিংকটো খুলি চাব পাৰে 👇

https://youtu.be/siHcFTbpkxg?si=voz54Sp4118wP6_b

Wednesday, 27 December 2023

দুৱাৰত অজানতিমুলুকৰ অতিথিৰ টোকৰ


১৯৬৯ চনৰ ৮ জানুৱাৰী। সময় নিশা ১ বাজিছে। হঠাতেই জ্বলন্ত এক বিশাল অগ্নিগোলকে উত্তৰ মেক্সিকোৰ নিশাৰ আকাশখন পোহৰাই তুলিলে। সেই মূহুৰ্তত নিশাৰ আকাশখন ইমানেই উজ্জ্বল হৈ পৰিছিল যে নিশাৰ ভাগত কৰ্মৰত মানুহবোৰে নিজৰ চকু দুহাতেৰে ঢাকি ধৰিব লগা হৈছিল।

বহু সময় বায়ুমণ্ডলৰ মাজেৰে তীব্ৰ গতিৰে পাৰ হৈ যোৱাৰ পিছত অৱশেষত মেক্সিকোৰ পৰা আঁতৰৰ Pueblito de Allende নামৰ অঞ্চলটোৰ ওপৰত এই অগ্নিময় গোলকটোৰ বিস্ফোৰণ ঘটিল। ইয়াৰ  ধ্বংসাৱশেষ অঞ্চলটোৰ প্ৰায় ২৫০ কিলোমিটাৰ এলেকাত বিস্তৃত হৈ পৰিছিল। যদিও এই মহাজাগতিক অগ্নিপিণ্ডটোৰ বিস্ফোৰণে জনসাধাৰণৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি কৰিছিল, তথাপিও দিনৰ শেষত ইয়াৰ আগমন পৃথিৱীৰ ইতিহাসৰ অন্যতম উল্লেখযোগ্য পৰিঘটনা বুলি গণ্য কৰা হ'ল। কাৰণ এই মহাজাগতিক অগ্নি পিণ্ডটোৱে আমাৰ সৌৰজগতৰ জন্ম মুহূৰ্তটোৰ বহুটো ৰহস্যৰ সমাধান কঢ়িয়াই লৈ আহিছিল।

মহাকাশৰ পৰা পৃথিৱীৰ বুকুলৈ নামি অহা এনে শিলবোৰক উল্কাপিণ্ড বোলে। বায়ুমণ্ডলত প্ৰৱেশৰ সময়খিনি এই মহাজাগতিক অতিথিসকলৰ বাবে অত্যন্ত বিপদজনক। কাৰণ তাত এই উল্কা পিণ্ডবোৰে যথেষ্ঠ বাধাৰ সন্মুখীন হ’বলগীয়া হয়। ত্বৰান্বিত এই শিলবোৰে ঘৰ্ষণৰ বাবে বায়ুমণ্ডলৰ বায়ুক সংকুচিত কৰে আৰু এই সংকোচনৰ বাবে ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পায়। ফলত শিলাখণ্ডবোৰক আগুৰি থকা বায়ু এসময়ত জ্বলি উঠে। ফলস্বৰূপে বৈশিষ্ট্যহীন যেন লগা এই শিলাখণ্ডবোৰ ভয়ংকৰ অথচ মনোৰম অগ্নিময় উল্কাপিণ্ডলৈ পৰিণত হয়।

১৯৬৯ চনৰ আৰম্ভণিলৈকে সমগ্ৰ আমেৰিকাৰ পৰীক্ষাগাৰ সমূহত বিজ্ঞানীসকল উৎকণ্ঠিত হৈ আছিল। সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল এপ’লো-১১ মিছনৰ বাবে। নাছাৰ এই অভিযান সফল হ'লে, মহাকাশচাৰী সকলে চন্দ্ৰৰ শিলাখণ্ড পৃথিৱীলৈ আনিব। এনে সময়তে Pueblito de Allendeৰ উল্কাপিণ্ডটোৱে বিজ্ঞানী সকলৰ উৎসাহ দুগুনে বৃদ্ধি কৰিলে। এই উল্কাপিণ্ডটোক ঠাইখনৰ নামেৰে "এলেণ্ডে উল্কাপিণ্ড" নামেৰে নামাকৰণ কৰা হয়। 

ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি বিজ্ঞানীসকলে এলেণ্ডে উল্কাপিণ্ডৰ এক অনন্য বৈশিষ্ট্যৰ বিষয়ে নিশ্চিত হৈছিল। মহাকাশৰ পৰা অহা এইটো কোনো সাধাৰণ শিলাখণ্ড নাছিল। বৰঞ্চ ই কাৰ্বনযুক্ত কণ্ড্ৰাইট শ্ৰেণীৰ অন্তৰ্গত এই দুস্প্ৰাপ্য উল্কাপিণ্ড। মহাকাশৰ পৰা পৃথিৱীলৈ অহা মুঠ উল্কাপিণ্ডৰ মাত্ৰ ৫% এই শ্ৰেণীৰ অন্তৰ্গত। ইয়াৰ ভিতৰত সৌৰজগত সৃষ্টিৰ সময়ৰ পৰাই অতি প্ৰাচীন বস্তুৰ অস্তিত্ব পোৱা যায়। পৃথিৱীত এতিয়ালৈকে পোৱা এনে উল্কাপিণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ উল্কাপিণ্ড এই এলেণ্ডে উল্কাপিণ্ডটোৱেই।

পৃথিৱীত উপনীত হোৱা উল্কাপিণ্ডবোৰত তেজস্ক্রিয় মৌল থাকে। সম্পূৰ্ণ স্বাভাৱিকভাৱে এই তেজস্ক্ৰিয় মৌলবোৰ স্বতঃস্ফূৰ্তভাৱে ক্ষয় হয়। অৰ্থাৎ এটা মৌলৰ নিউক্লিয়াছ আন এটা মৌলৰ নিউক্লিয়াছলৈ ৰূপান্তৰিত হয়। তেজস্ক্রিয় পৰমাণুবোৰৰ হুবহু আধাখিনি ক্ষয় হ’বলৈ যিমান সময় লাগে সেই কথা ভৱিষ্যদ্বাণী কৰা সম্ভৱ৷ বিজ্ঞানীসকলে এই সময়ছোৱাৰ নাম "অৰ্ধ জীৱন" বা "অৰ্ধায়ু অৱধি" ৰাখিছে। প্ৰতিটো তেজস্ক্রিয় মৌলৰ অৰ্ধ জীৱন মান বেলেগ বেলেগ। তেজস্ক্রিয় মৌলৰ এই আধা জীৱনকালৰ ব্যৱহাৰিক প্ৰয়োগ আছে। যদি কোনো উল্কাপিণ্ডত থকা তেজস্ক্রিয় মৌলৰ আধা জীৱনৰ মান আগতীয়াকৈ জনা যায়, তেন্তে ইয়াৰ (উল্কাপিণ্ড) বয়স অতি সহজে নিৰ্ণয় কৰা সম্ভৱ।

এটা উদাহৰণে বুজাত সহায় কৰিব। পৃথিৱীৰ পৃষ্ঠত খুন্দা মৰা উল্কাপিণ্ডত পোৱা অন্যতম পৰিচিত তেজস্ক্রিয় মৌল হ’ল ৰুবিডিয়াম৷ ইয়াৰ ভৰ সংখ্যা ৮৭। অৰ্থাৎ ইয়াৰ নিউক্লিয়াছত থকা মুঠ প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা ৮৭টা। ইয়াৰে ৩৭টা প্ৰ’টন আৰু বাকীবোৰ নিউট্ৰন। ৰুবিডিয়াম নিউক্লিয়াছত থকা নিউট্ৰন এটা তেজস্ক্ৰিয় ক্ষয় প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰ’টন হৈ পৰে। ফলত সামগ্ৰিকভাৱে নিউক্লিয়াছটো সমান ভৰৰ সংখ্যাৰ ষ্ট্ৰ’ণ্টিয়াম নিউক্লিয়াছলৈ পৰিণত হয়। এইদৰে এটা নমুনাত উপস্থিত মুঠ ৰুবিডিয়াম পৰমাণুৰ হুবহু আধাখিনি ৰূপান্তৰিত হ'বলৈ সময় লাগে প্ৰায় ৪৮.৪ বিলিয়ন বছৰ। 

মানুহৰ জীৱবৰ আয়ুসৰ ফালৰ পৰা এই সময়খিনি হয়তো আমাৰ বাবে এক অনন্তকাল যেন লাগিব। কিন্তু গ্ৰহ বা তৰা গঠনৰ সময় বিবেচনা কৰিলে ই তেনেই সামান্য সময়ৰ জোখ। উল্কাপিণ্ডত বৰ্তমানৰ ৰুবিডিয়াম আৰু ষ্ট্ৰ’ণ্টিয়াম পৰমাণুৰ অনুপাতৰ পৰা বিজ্ঞানীসকলে উল্কাপিণ্ড এটাৰ জন্মৰ পৰা ক্ষয় হোৱা ৰুবিডিয়ামৰ পৰমাণুৰ সংখ্যা সহজেই হিচাপ কৰিব উলোয়াব পাৰে। পিছলৈ এই তথ্য ৰুবিডিয়ামৰ আধা জীৱনকালৰ সৈতে মিলাই তেওঁলোকে উল্কাপিণ্ডটোৰ বয়স নিমিষতে নিৰ্ণয় কৰিব পাৰে।

সৌৰজগতৰ গঠনৰ বিষয়ে বাৰ্তা কঢ়িয়াই অনা এলেণ্ডে উল্কাপিণ্ডৰ নমুনাটোৰ ক্ষেত্ৰতো এই পদ্ধতিটোৱেই প্ৰয়োগ কৰা হৈছিল। বিজ্ঞানীসকলৰ গণনাত পোৱা ফলাফল অনুসৰি এই উল্কাপিণ্ডটোৰপৃথিৱীমূখী যাত্ৰা আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় ৪.৫৬ বিলিয়ন বছৰ আগতে। অৰ্থাৎ যি সময়ত আমাৰ পৃথিৱীখনে বিশ্বব্ৰহ্মাণ্ডত আত্মপ্ৰকাশ কৰিছিল, থিক সেই সময়তে কোনো অজানতিমুলুকৰ পৰা এলেণ্ড উল্কাপিণ্ডই ৪.৫৬ বিলিয়ন বছৰ জোৰা যাত্ৰা আৰম্ভ কৰি বিগত ১৯৬৯ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে পৃথিৱীৰ বুকুত খুন্দা মাৰিছিলহি।

Sunday, 10 December 2023

এটা ঐকবদ্ধ তত্বৰ সন্ধানত


আধুনিক পদাৰ্থ বিজ্ঞান দুটা মূল ভেটিৰ ওপৰত থিয় দি আছে। এটা হ'ল কোৱাণ্টাম তত্ত্ব যিয়ে ক্ষূদ্ৰতম কণিকাৰ জগতখনৰ ব্যাখ্যা দিয়ে আৰু আনটো হ'ল আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ। সাধাৰণ আপেক্ষিকতাবাদত মাধ্যাকৰ্ষণক স্থান-কালৰ বক্ৰতা বুলি ব্যাখ্যা কৰা হৈছে। কিন্তু সমস্যাটো হ’ল এয়ে যে এই দুয়োটা তত্ত্বই ইটোৱে সিটোক সম্পূৰ্ণৰূপে সমৰ্থন নকৰে। ফলত প্ৰকৃতিৰ বহু কথা আজিও ৰহস্যময় হৈ আছে। বিজ্ঞানে এতিয়াও এই ৰহস্যবোৰৰ সমাধান বিচাৰি পোৱা নাই। দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে এই দুটা তত্ত্বক একত্ৰিত কৰিবলৈ চেষ্টা কৰি আহিছে।

বিজ্ঞানী সকলৰ মতে এই দুয়োটা তত্ত্বক একত্ৰিত কৰিবলৈ আইনষ্টাইনৰ মাধ্যাকৰ্ষণ তত্ত্বৰ কিছু পৰিৱৰ্তন কৰিব লাগিব। এই চিন্তাৰ আধাৰত বিজ্ঞানীসকলে মাধ্যাকৰ্ষণৰ কোৱাণ্টাম তত্ত্ব সম্পৰ্কে দুটা অনুমান দিছে। সেই দুটা হ’ল ষ্ট্ৰিং থিয়ৰী আৰু লুপ কোৱাণ্টাম গ্ৰেভিটি থিয়ৰী। কিন্তু পৰীক্ষামূলক প্ৰমাণৰ অভাৱত এই বিয়ষ দুটাই এতিয়াও সাৰ্বজনীন গ্ৰহণযোগ্যতা লাভ কৰিব পৰা নাই।

অলপতে ইউনিভাৰ্চিটি কলেজ, লণ্ডনৰ (UCL) জ'নাথন অপেনহাইমৰ অধীনৰ পদাৰ্থবিজ্ঞানীৰ দল এটাই মাধ্যাকৰ্ষণ আৰু কোৱাণ্টাম বলবিজ্ঞানৰ তত্ত্বৰ সংমিশ্ৰণেৰে এক ঐক্যবদ্ধ তত্ত্বৰ ধাৰণা আগবঢ়াইছে। গৱেষক দলটোৱে দাবী কৰিছে যে আইনষ্টাইনৰ স্থান-কালৰ ধাৰণা আৰু কোৱাণ্টাম বলবিজ্ঞান ইয়াত একত্ৰিত হৈ আছে। ইতিমধ্যে তেওঁলোকে এই বিষয়ত "পোষ্ট-কোৱাণ্টাম থিয়ৰী অফ ক্লাছিকেল গ্রেভিটি’' শীৰ্ষক দুখনকৈ গৱেষণা পত্ৰও "নেচাৰ কমিউনিকেচনছ আৰু ফিজিকেল ৰিভিউ" নামৰ জাৰ্নেলত প্ৰকাশ কৰিছে। 

Saturday, 25 November 2023

আৱিষ্কাৰৰ আঁৰৰ সপোনবোৰ

আমি প্ৰায়ে “সপোনত পোৱা ঔষধ” বুলি এষাৰ কথা শুনি আহিছো। ই এক বিতৰ্কিত বিষয় হ'লেও এইটো সচাঁ যে আধুনিক সভ্যতাৰ বহুতো উদ্ভাৱন বা আৱিষ্কাৰ সপোনৰ জৰিয়তে সম্ভৱ হৈছে। এই কথা আৱিষ্কাৰৰ আঁৰৰ বিজ্ঞানীসকলেও স্বীকাৰ কৰি গৈছে। ১৮৮৬ চনত ইংলেণ্ডৰ প্ৰখ্যাত লেখক লুই ষ্টিভেনচনে সপোনতেই তেখেতৰ বিখ্যাত উপন্যাস “দ্যা ষ্ট্ৰেঞ্জ কেছ অব ডাঃ জেকিল এণ্ড মিঃ হাইড”ৰ ধাৰণা বিচাৰি পাইছিল। ঠিক তেনেদৰে বিজ্ঞানী নেইল ব’ৰে পৰমাণুৰ গঠনৰ ধাৰণাটো সপোনত পোৱা বুলি উল্ল্যেখ কৰিছিল। আনকি সৰ্ব কালৰ মহান বিজ্ঞানী আইনষ্টাইনে হেনো এবাৰ সপোনত দেখিছিল তেওঁ যেন পৰ্বতৰ ওপৰৰ পৰা ক্ৰমাৎ নামি আহি আছিল। অৱৰোহনৰ সময়ত তেওঁৰ গতিবেগ লাহে লাহে বৃদ্ধি পাব ধৰিলে। সপোনত তেওঁৰ গতিবেগ ইমানেই বেছি হ’ল যে লাহে লাহে তেওঁ পোহৰৰ গতিবেগৰ সমপৰ্যায়ৰ গতিবেগ লাভ কৰিলে! সেই সময়ত তেওঁৰ চকুৰ আগত যেন গোটেই ব্ৰহ্মাণ্ডখন সংকুচিত হৈ পৰিল! তৰাবোৰৰ আকৃতিৰ পৰিৱৰ্তনে দেখা দিলে। সাৰ পাই উঠি কিছুপৰ ভাবি-গুনি এই গোটেই পৰিঘটনাটোক তেওঁ এক গাণিতিক ৰূপ দিবলৈ চেষ্টা কৰিলে। কালক্ৰমত সেই গাণিতিক ৰূপেই তেখেতৰ বিখ্যাত আপেক্ষিকতাবাদৰ ধাৰণাটিৰ জন্ম দিয়ে।

সপোন সদায়ে মানুহৰ বাবে এক ৰহস্য। এই ৰহস্যৰ যেন শেষ নাই। মগজুৰ জটিল প্ৰক্ৰিয়া সমূহ যিমানেই বিজ্ঞানীসকলে ধৰা পেলাইছে, সিমানেই যেন বিজ্ঞানীসকল এক দুৰ্বোধ্য চক্ৰবেহুৰ মাজলৈ সোমাই গৈ আছে! আমি কিয় সপোন দেখো? সপোনবোৰৰ বাস্তৱ জগতৰ লগত কিবা সংযোগ আছেনে? এনে অনেক প্ৰশ্নই বিজ্ঞানীসকলৰ লগতে সকলো শ্ৰেণীৰ মানুহকেই ভবাই তোলে। প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল। এই ধাৰণা আমাৰ মন মগজুত এনেদৰে সোমাই গৈছে যে আজিও আমাৰ ব্যক্তিগত জীৱনত এটা নিৰাশজনক সপোনে অনাগত দিনবোৰৰ বাবে ভীতি সঞ্চাৰ কৰে। 

১৮৯৯ চনত সৰ্ব্ব প্ৰথমে সপোন সম্বন্ধে যুক্তিপূৰ্ণ ব্যাখ্যা আগবঢ়াইছিল ছিগমণ্ড ফ্ৰয়দে। তেখেতে “ইন্টাৰপ্ৰিটেচন অৱ ড্ৰিম” নামৰ এখন কিতাপখনত প্ৰকাশ কৰা অনুসৰি সপোন হ’ল মানুহৰ অৱদমিত বাসনাৰ গোপন প্ৰকাশ। সপোনেই মানুহৰ অৱচেতন মনৰ বতৰা দিয়ে। ছিগমণ্ড ফ্ৰয়দৰ তত্ব মতে মানুহৰ অচেতন মনটো কামনা, বাসনা আদিৰে পৰিপূৰ্ণ। এই অচেতন মনক সচেতন মনে যুক্তিবাদী বিশ্লেষণৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি ৰাখে। কিন্তু নিদ্ৰামগ্ন অৱস্থাত যেতিয়া সচেতন মন সুপ্ত অৱস্থাত থাকে, তেতিয়া অৱচেতন মনৰ অৱদমিত বাসনাবোৰে সপোন আকাৰে ধৰা দিয়ে। তেখেতৰ মতে, এই সপোনবোৰ যদি সঠিক ৰূপত বিশ্লেষণ কৰা যায় তেন্তে ব্যক্তি এজনৰ মনৰ গোপন কথাবোৰৰ উমান পোৱা সম্ভৱ হৈ পৰে।

১৮৯৮ চনত ফ্ৰয়দে পোন প্ৰথমবাৰলৈ “সপোন”ক ঐশ্বৰিক গণ্ডীৰ পৰা উলিয়াই আনি বৈজ্ঞানিক ভাবে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে। ফ্ৰয়দৰ এই ধাৰণা প্ৰায় ১৯৫০ চন মানলৈ জনপ্ৰিয় হৈ আছিল। পৰবৰ্তী সময়ত, অৰ্থাৎ ১৯৫৩ চনত ইউজিন এচৰেইনক্সি আৰু নাথানেইল ক্লেইটম্যান নামৰ দুজন বিজ্ঞানীয়ে টোপনি আৰু সপোন সম্বন্ধে কিছু যুক্তিপূৰ্ণ গবেষণাৰে এক নতুন দিশৰ সূচনা কৰে। তেওঁলোকৰ মতে মানুহৰ গোটেই টোপনি প্ৰক্ৰিয়াটো সাধাৰণতে পাঁচটা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল - প্ৰথম স্তৰৰ চিলমিল টোপনি (very light sleep), দ্বিতীয় স্তৰৰ পাতল টোপনি (light sleep), তৃতীয় স্তৰৰ গভীৰ টোপনি (deep sleep), চতুৰ্থ স্তৰৰ অতি গভীৰ টোপনি (very deep sleep) আৰু পঞ্চম স্তৰৰ নেত্ৰৰ দ্ৰুত সঞ্চালন টোপনি (Rapid eye movement বা REM sleep) টোপনি। 

এচৰেইনক্সি আৰু ক্লেইটম্যানে এই REM স্তৰটোৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰে। ব্যক্তি এজন নিদ্ৰাৰ সময়ত টোপনিৰ এই স্তৰসমূহ ক্ৰমাগত ভাবে ইটোৰ পাছত সিটোকৈ পাৰ হৈ থাকে। এই গোটেই স্তৰ কেইটা অতিক্ৰম কৰিবলৈ নিদ্ৰাৰত মানুহ এজনক প্ৰায় ডেৰ ঘন্টাৰ পৰা আঢ়ৈ ঘন্টামান সময় লাগে। তেওঁলোকৰ মতে এই REM স্তৰৰ টোপনিৰ সময়তেই মানুহ এজনে সপোনবোৰ দেখে । এইটো স্তৰত দেখা সপোনবোৰ টোপনিৰ পৰা সাৰ পোৱাৰ পাছতো মনত পেলাব পাৰি। অচৰেইনক্সি আৰু ক্লেইটম্যানৰ গবেষণাই প্ৰথমবাৰৰ বাবে সপোনৰ এক বস্তুনিষ্ঠ গবেষণাৰ বাট মুকলি কৰি দিয়ে। 

১৯৭৭ চনত এলেন হবচন্ আৰু ৰবাৰ্ট মেকাৰ্লী নামৰ আমেৰিকাৰ হভাৰ্ড মেডিকেল স্কুলৰ দুজন অধ্যাপকে সপোন সম্বন্ধে “Activation Synthesis hypothesis” বা "সক্ৰিয় সংশ্লেষণ মতবাদ" নামেৰে এটা নতুন মতবাদ আগবঢ়ায়। এই মতবাদ অনুসৰি মানুহৰ মগজুৰ আভ্যন্তৰত অসংখ্য জৈৱ বৈদ্যুতিক পৰিঘটনা ঘটি থাকে। এই বৈদ্যুতিক পৰিঘটনাবোৰ মগজুৰ উপৰি ভাগলৈও বিভিন্ন স্নায়ুৰ জৰিয়তে প্ৰৱাহিত হয়। মগজুটোৰ উপৰিভাগত থকা বিশেষ স্নায়ুকোষবোৰে এই সংকেতবোৰৰ কিছুমান বিশেষ অৰ্থ উলিয়াই লয় আৰু এই অৰ্থবোৰেই নিদ্ৰামগ্ন অৱস্থাত সপোন হিচাবে ধৰা দিয়েহি। হবচন্ আৰু মেকাৰ্লীৰ মতে মানুহৰ মগজুৰ সন্মুখৰ অংশ, অৰ্থাৎ ঠিক কপালখনৰ ভিতৰৰ এক নিৰ্দিষ্ট অংশই মগজুৰ ভিতৰত বিশৃংখল ভাবে উৎপন্ন হোৱা এই জৈৱ বৈদ্যুতিক উত্তেজনাবোৰক সুশৃংখল ভাবে "সপোন" আকাৰে উপস্থাপন কৰে।

ইয়াৰ পৰবৰ্তী পৰ্যায়তো অৰ্থাৎ বৰ্তমানো সপোন সম্বন্ধে বহুতো পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা চলি আছে। তথাপিও আজিলৈকে সপোনৰ সঠিক বিশ্লেষণ কৰিব পৰা হোৱা নাই। সপোন নিজেই যেন এটা ৰূপকথা! সপোনত আৱেগ, অনুভূতি আৰু বাস্তৱৰ মিশ্ৰণ থাকে। সপোনবোৰ যেন এক তাৎক্ষণিক অথচ অবিৰত একোটি আখ্যান, যিবোৰ আমাৰ বাবে কেতিয়াবা বাস্তৱ জীৱনৰ দৰেই জীৱন্ত হৈ উঠে। যদিওবা মানুহে দেখা পোৱা বহুতো সপোন কেৱল কিছুমান খেলিমেলি বিষয়ৰ সংমিশ্ৰণ, কেতবোৰ এনে সপোনো আছে যিবোৰে বিজ্ঞানৰ জটিল কিছুমান সমস্যা সমাধান কৰাৰ পথ প্ৰদৰ্শন কৰিছে। এই সপোনবোৰে পৃথিৱীখনকেই সলনি কৰি দিছে অথবা প্ৰচলিত বহুতো ভ্ৰান্ত ধাৰণাক আমাৰ মনৰ পৰা আঁতৰাই তাৰ ঠাইত প্ৰকৃত সত্যক আমাৰ সন্মুখত দাঙি ধৰাত সহায়ক হৈ পৰিছে। 

বেনজিনৰ গঠন আৰু এটি সপোন: আগষ্ট্ কেকুলে বেঞ্জিনৰ গঠনত কাৰ্বন আৰু হাইড্ৰজেনৰ পৰমাণুবোৰ কেনেদৰে সজ্জিত হৈ থাকে সেই বিষয়ে চিন্তিত হৈ আছিল। এইটো এটা জটিল সমস্যা আছিল, কিয়নো বেনজিনত কাৰ্বন আৰু হাইড্ৰজেন পৰমাণুৰ অনুপাত আন হাইড্ৰ'কাৰ্বন যৌগৰ লগত অমিল। ১৮৬৫ চনৰ এটা শীতৰ নিশা নিজৰ কোঠাত কেকুলে সমস্যাটোৰ ওপৰত কাম কৰিছিল। বহুপৰ ভাবি চিন্তিও তেওঁ সমস্যাটোৰ কোনো সমাধান বিচাৰি নাপালে। ভাগৰুৱা কেকুলে চকীখন জুঁইৰ অলপ কাষলৈ টানি আনি পুনৰ চিন্তাত মগ্ন হ'ল যদিও তেওঁ বহী থকা চকীখনতেই নিদ্ৰাৰ কোলাত ঢলি পৰিল। তেওঁৰ অৱচেতন মনে তেওঁক কঢ়িয়াই লৈ গ'ল সপোনৰ দেশলৈ। সপোনত তেওঁ দেখা পালে পৰমাণুৰ নৃত্য ! নৃত্যৰত পৰমাণুবোৰে লাহে লাহে নিজকে সাপৰ আকৃতিত সজ্জিত কৰিলে আৰু তাৰ পিছত সাপটোৱে ঘূৰি ঘূৰি নিজৰ নেজডাল কামুৰিবলৈ আৰম্ভ কৰিলে…! চিলমিল টোপনিৰ পৰা সাৰ পাই উঠিল কেকুল। সাপটোৰ প্ৰতিচ্ছবি তেওঁৰ চকুৰ আগত নাচিবলৈ ধৰিলে। তেওঁ অনুভৱ কৰিলে যে সপোনৰ সাপটোৱে তেওঁক যেন কাণে কাণে কৈ আছে : "বেঞ্জিনৰ অণুত কাৰ্বন পৰমাণুৰ আঙুঠিৰ দৰে গঠনেৰে সজ্জিত।" লগে লগে কাগজ কলম লৈ কেকুল বহি গ'ল আৰু আৱিষ্কাৰ হ'ল বেঞ্জিনৰ ৰসায়নিক গঠন।

পৰ্যাবৃত্ত তালিকা আৰু মেণ্ডেলিভৰ সপোন: সেই সময়ত ডেমিত্ৰি মেণ্ডেলিভে ৰাসায়নিক মৌলবোৰক সংগঠিত কৰাৰ এক যৌক্তিক উপায় বিচাৰি উলিওৱাত ব্যস্ত আছিল। কেইবামাহ ধৰি তেওঁ এই কামটো সমাধা কৰিবলৈ চেষ্টা কৰি আছিল। ১৮৬৯ চনত তেখেতে কিছুমান কাৰ্ডত তেতিয়ালৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ নামৰ লগতে প্ৰতিটো মৌলৰ গুণাগুণবোৰ লিখি লৈছিল। কিন্তু তেওঁ মৌলবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি সেইবোৰক সংগঠিত কৰাৰ কোনো আৰ্হিয়েই বিচাৰি নাপালে। কাৰ্ডবোৰ টেবুলৰ ওপৰত ৰাখি লৰচৰ কৰি থাকোতেই মেণ্ডেলিভ ডেস্কতেই টোপনিত ঢলি পৰে। মেণ্ডেলিভে লিখিছিল : “In a dream I saw a table where all the elements fell into place as required. Awakening, I immediately wrote it down on a piece of paper and I had the periodic table in front of me."

গণিতৰ সপোন আৰু ৰামানুজন : শ্ৰীনিবাস ৰামানুজনৰ অৱদান গণিতৰ জগতত অপৰিসীম। তেওঁ ৩২ বছৰ বয়সতেই ইহলীলা সম্বৰণ কৰে। তেওঁৰ সংক্ষিপ্ত জীৱনকালত তেওঁ বিশুদ্ধ গণিতত প্ৰায় ৪০০০ মান গাণিতিক প্ৰমাণ, অনুমান আৰু সমীকৰণ প্ৰস্তুত কৰিছিল। উপবৃত্তাকাৰ ফাংচন আৰু নাম্বাৰ থিয়ৰীৰ ক্ষেত্ৰত তেওঁৰ ধাৰণা কেৱল শুদ্ধই নাছিল; তেওঁৰ জীৱিত কালচোৱাত তেওঁৰ অৱদান সমূহ সেই সময়ৰ আন গণিতজ্ঞৰ তুলনাত বহুত আগবাঢ়ি আছিল। ৰামানুজনৰ সৈতে একেলগে কাম কৰা কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতজ্ঞ গডফ্ৰে এইচ. হাৰ্ডিয়ে কৈছিল যে যদি গণিতজ্ঞসকলক ০ৰ পৰা ১০০লৈ প্ৰতিভাৰ আধাৰত মূল্যাঙ্কন কৰা হয়, তেন্তে তেওঁ নিজে ২৫, জে. ই. লিটলউড ৩০, ডেভিড হিলবাৰ্ট ৮০ আৰু শ্ৰীনিবাস ৰামানুজন ১০০ নম্বৰৰ যোগ্য। এই গৰাকী ৰামানুজনে লিখি গৈছে যে তেওঁৰ পৰম আৰাধ্যা হিন্দু দেৱী নামাক্কালে তেওঁৰ সপোনত আহি জটিল গাণিতিক সমস্যাবোৰ সমাধান কৰাৰ কৌশল দি যায়। ৰামানুজনে লিখিছে : “While asleep, I had an unusual experience. There was a red screen formed by flowing blood, as it were. I was observing it. Suddenly a hand began to write on the screen. It was Goddess Namakkal. I became all attention. That hand wrote a number of elliptic integrals. They stuck to my mind. As soon as I woke up, I committed them to writing.”

মানুহৰ অৱচেতন মনটো অতি শক্তিশালী। যদি সচেতন মনটোৱে চিন্তা কৰি থকা বিষয়টোৰ তথ্যসমূহ গভীৰ ভাবে হৃদয়ঙ্গম কৰি সেইবোৰ স্মৃতি হিচাবে সঞ্চিত কৰে, তেন্তে নিদ্ৰাৰত মানুহৰ অৱচেতন মনত সেইবোৰে দোলা দি পাৰে। আৰু এই অৱচেতন অৱস্থাতেই বা টোপনিৰ আলজালত সপোন দেখা অৱস্থাতেই বহুতো জটিল সমস্যা সমাধানৰ পথ দেখা পোৱা সম্ভৱ। ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ ভিতৰত এনে বহুতো উদাহৰণ আছে যাৰ সমাধান সপোনতেই পোৱা হৈছিল।

- অৰ্চনা দাস, মুৰব্বী অধ্যাপক, প্ৰাণী বিজ্ঞান।