Monday, 28 November 2016

ভৱিষ্যত প্ৰজন্মৰ বাবে এটি সূৰ্যোদয়ৰ স্কেছ.



আজিৰ পৰা 4 বিলিয়ন বছৰ পিছত আমাৰ উত্তৰাধিকাৰী সকলে পৃথিৱীৰ পৰা যেতিয়া সূৰ্যোদয় দেখা পাব, তেতিয়া গোটেই আকাশখন সুৰুযেই ঢাকি ৰাখিব। পূৱ আকাশৰ সমগ্ৰ দিগবলয় আগুৰি ধীৰে-ধীৰে উদিত হ'ব দৈত্যকায় ৰঙচুৱা বেলি। হয়তো তেতিয়ালৈ বুধ আৰু শুক্ৰ গ্ৰহ দুটা গ্ৰাস কৰি পৃথিৱী অভিমুখে প্ৰসাৰিত কৰি আনিব সুৰুয তেওঁৰ অৱয়ব। প্ৰচণ্ড উষ্ণতা, চুম্বকীয় প্ৰবাহ, সৌৰ-ধুমুহা আদিৰ কঠিনতম পৰিবেশৰ মাজতো যদিহে ভৱিষ্যত প্ৰজন্মই জীয়াই থকাৰ গোপন মন্ত্ৰ বিচাৰি পাই, তেন্তে তপ্ত, অৰ্ধগলিত পৃথিৱীৰ বুকুৰ পৰা ৰাতিপুৱাৰ সূৰ্যোদয় ওপৰৰ ছবিখনত দেখাৰ দৰেই দেখা যাব।

সাগৰতলিৰ খোজকঢ়া মাছবোৰ



আটলাণ্টিক মহাসাগৰৰ অটল গভীৰতাত এবিধ মাছে ভৰিৰে বগুৱা বাই চলা-ফুৰা কৰে বুলি ক'লে বিশ্বাস কৰিবলৈ টানেই হয়। পিছে আচৰিত হ'লেও কথাটো সঁচা। প'ৰ্টৰিকো উপকুলৰ দাঁতি কাষৰীয়া Mona Canyon নামৰ অঞ্চলটোত এদল বিজ্ঞানীয়ে কৰা অনুসন্ধানমূলক অধ্যয়নৰ সময়ত তেওঁলোকে এই আচৰিত তথা বিস্ময়কৰ মাছ বিধ আৱিষ্কাৰ কৰে। বিজ্ঞানীসকলৰ ভাষাত এই মাছবোৰ Anglerfish আৰু এইবোৰৰ বৈজ্ঞানিক নাম Chaunax pictus. এই মাছবোৰ Pink frogmouth নামেৰে বেছিকৈ পৰিচিত। এই মাছবোৰে সমুদ্র পৃষ্ঠৰ পৰা 350 মিটাৰৰ পৰা 950 মিটাৰ গভীৰতাত পোৱা যায়। আন মাছৰ দৰেই এই Pink frogmouth মাছবোৰেও ফিচা (Fin)ৰ সহায়ত সাতুৰি নাদুৰি ফুৰিব পাৰে। পিছে সাগৰতলিত উপস্থিত হ'লে এই মাছবোৰে ফিচাবোৰ বিশেষভাৱে ভৰিৰ দৰে ব্যৱহাৰ কৰি খোজকাঢ়ি চলা-ফুৰা কৰিব পাৰে। বিজ্ঞানীসকলে আৱদ্ধ কৰি ৰখা সেই খোজকাঢ়ি ফুৰা Pink frogmouth মাছৰ এটি ভিডিঅৰ বাবে তলৰ লিংকটো খুলি চাব পাৰে। 
https://youtu.be/FPe7WwL-enI

Sunday, 20 November 2016

আলুখেতিৰ মাজত অৱতৰণ কৰা মহাকাশচাৰীজন


আন্না টাখটাৰোভা আৰু তেওঁৰ নাতিনী ৰীতা তেতিয়া আলু খেতিডৰাৰ মাজত আলুৰ মাজে মাজে গজি উঠা জংঘল চফা কৰাত ব্যস্ত। 1961 চনৰ 12 এপ্ৰিলৰ এটি সেমেকা পুৱা। শীতৰ প্ৰকোপকো নেওচি দুয়োজনেই কামত ব্যস্ত। হঠাতেই তেওঁলোক দুয়ো চকিত হৈ পৰিল। আকাশৰ পৰা পাক ঘূৰণী খাই কিবা এটা আচহুৱা বস্তু তীব্ৰ বেগে মাটিলৈ ধাৱমান হৈছে। কি কৰিব, কি নকৰিব ভাবি থাকোতেই হঠাৎ পেৰাচুট এটা খোল খালে আৰু সুমথিৰা বৰণৰ আচহুৱা পোচাক আৰু বগা হেলমেট পিন্ধা এজন মানুহ মাটিত নামি হাত দুখন ওপৰলৈ দাঙি চিঞৰি চিঞৰি তেওঁলোকৰ দিশে আগবাঢ়ি আহিল।
: মই আপোনালোকৰ বন্ধু। অনুগ্ৰহ কৰি ভয় নকৰিব।

টাখটাৰোভাই কিছু পৰিমাণে সকাহ পালে। নাতিনীয়েক ৰীতা কিন্তু ভয়ত কম্পমান। অনতিদূৰৰ খেতি পথাৰৰ মাজত প্ৰকাণ্ড লোৰ গোলাকাৰ এটি পিণ্ড পৰি আছে। সামান্য সাহস গোটাই টাখটাৰোভাই অজান অতিথিক উদ্দেশ্যি সুধিলে- 
: আপুনি বাৰু সেই তেৱেই নেকি যিজনে আকাশলৈ গৈছিল?
: হয়, হয় ! মই ছোভিয়েটৰ য়ুৰি। য়ুৰি গেগাৰিণ.....

ছোভিয়েট ৰাচিয়াৰ ক্লাচিনো নামৰ এখন অখ্যাত গাৱঁৰ এজন কাঠমিস্ত্ৰীৰ ঘৰত 1934 চনত জন্ম হৈছিল ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখোৱা প্ৰথম মহাকাশচাৰী য়ুৰি গেগাৰিণ। 16 বছৰ বয়সতে ধাতুৰ কাৰষাণাত কাম কৰাৰ উদ্দেশ্যে মস্কোলৈ গুচি যোৱা গেগাৰিণে এই কামত কোনোমতেই মন বহুৱাব নোৱাৰাত চাৰাটোভ নামৰ আন এখন ঠাইলৈ গৈ উৰণ প্ৰশিক্ষণ কেন্দ্ৰত পাইলট হোৱাৰ আশাৰে নাম ভৰ্ত্তি কৰিলে। 1957 চনত এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ ছোভিয়েট ৰাচিয়াৰ যুজাৰু বিমানৰ বৈমানিক হিচাবে যোগদান কৰে। পাইলট হিচাবে য়ুৰি গেগাৰিণে যি দক্ষতা প্ৰদৰ্শন কৰিছিল তাৰ সুবাদতেই 1960 চনত আন 19 জন বৈমানিকৰ লগত তেওঁকো ছোভিয়েট ৰাচিয়াৰ মহাকাশ কাৰ্যক্ৰমৰ বাবে নিৰ্বাচন কৰা হয়। মহাকাশচাৰীৰ কঠিন প্ৰশিক্ষণৰ অন্তত ছোভিয়েট বিজ্ঞানীসকলে য়ুৰি গেগাৰিণকেই আটাইতকৈ উপযুক্ত বুলি বিবেচনা কৰে আৰু তেওঁলোকৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে হাতে কামে আগবাঢ়ে।
সেয়া 1961 চনৰ 12 এপ্ৰিল। ছোভিয়েট ৰাচিয়াৰ বৈকানুৰৰ কচমোড্ৰ'মত ভষ্টক-১ নামৰ মহাকাশ যানখন ইতিমধ্যে শেষ বাৰৰ বাবে পৰীক্ষা কৰা হৈ গৈছে। মহাকাশলৈ যাবলগীয়া প্ৰথমজন ব্যক্তি য়ুৰি গেগাৰিণ ধীৰ খোজেৰে মহাকাশ যানখনৰ দিশে আগুৱাই আহি সকলোৰে অভিবাদন গ্ৰহণ কৰিলে আৰু জখলা বগাই লাহে লাহে মহাকাশ যানখনৰ একেবাৰে ওপৰত অৱস্থিত কেপচুলটোৰ দিশে আগবাঢ়িল। কেপচুলৰ ভিতৰত প্ৰবেশ কৰাৰ আগ মূহুৰ্তত তেওঁ এবাৰ তললৈ চালে আৰু হাত জোকাৰি তলত থিয় হৈ থকা লোকসকলক সম্বোধন কৰি ৰাচিয়ান ভাষাত ক'লে-
: "Poyekhali" অৰ্থাৎ Let's Go ! 
তলৰ পৰা সকলোৱে হাত জোকাৰি সহাৰি জনালে।
: Don't worry, I'll be back.
সময় তেতিয়া পুৱা 9:07. এটি ফৰকাল ৰাতিপুৱা। ইতিমধ্যে কাউণ্ট ডাউন আৰম্ভ হৈ গৈছে।
5... 4... 3.... 2.... 1.... 0....
মূহুৰ্ততে সুমথিৰা ৰঙৰ ধোঁৱাৰ অকোৱা পকোৱা ৰেখা টানি আকাশ অভিমুখে উৰা মাৰিলে ভষ্টক-১ নামৰ মহাকাশ যানখন। উৰণৰ মাত্ৰ 11 মিনিট পিছতেই অৰ্থাৎ ৰাতিপুৱা 9:18 বজাত ভষ্টক-১ক সফলতাৰে পৃথিৱীৰ চৌদিশৰ নিৰ্দ্দিষ্ট কক্ষপথত স্থাপন কৰি ছোভিয়েট ৰাচিয়াৰ বিজ্ঞানীসকলে এটা অসম্ভৱ যেন লগা সপোন বাস্তৱত ৰূপায়িত কৰি তোলে। য়ুৰি গেগাৰিণক যদিও সফলতাৰে মহাকাশলৈ পঠিওৱা হৈছিল, তেখেতৰ অৱতৰণ কিন্তু মসৃণ নাছিল। R-7 নামৰ প্ৰক্ষেপক যানখনৰ পৰা ভষ্টক-১ আঁতৰি আহোতে চাৰ্ভিচ মডিউলটো যান্ত্ৰিক বিজুতিৰ বাবে পৃথক হ'ব পৰা নাছিল। ফলত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰাৰ সময়ত ভষ্টক-১এ তীব্ৰ জোকাৰণি সহ্য কৰিবলগীয়া হৈছিল। সেই সময়ত এটা সাম্ভাব্য দূৰ্ঘটনাৰ অজান আশংকাত বিজ্ঞানীসকলৰ হিয়া দুৰু দুৰুকৈ কঁপিছিল। পিছে এই বিপৰ্যয়ৰ সময়তো বিচলিত নহৈ চাৰ্ভিচ মডিউলটোৱে মাটিত আঘাট কৰাৰ আগমূহুৰ্তত য়ুৰি গেগাৰিণে পেৰাচুটৰ সহায়ত মডিউলৰ পৰা ওলাই আহি ভল্গা নদীৰ পাৰৰ আলুখেতি এডৰাৰ মাজত সফলতাৰে অৱতৰণ কৰি প্ৰথম মহাকাশচাৰী হিচাবে ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি গ'ল।
তলৰ লিংকটোত গেগাৰিণৰ মহাকাশ যাত্ৰা আৰু অৱতৰণৰ ভিডিঅ পাব :

পত্ৰাকৃতিৰ পতংগ বা Leaf Insect


গছৰ ডালত বতাহত নাচি-বাগি থকা প্ৰতিটো সেউজীয়া গঠনকেই গছৰ পাত বুলি ভুল নকৰিব। জীৱবিজ্ঞানৰ ভাষাত পতংগ শ্ৰেণীৰ Phylliidae গোত্ৰৰ অন্তৰ্গত এবিধ পতংগ সাইলাখ গছৰ পাতৰ দৰেই। এই পতংগবোৰক "Leaf Insect" বা "Walking Leaf" বুলি কোৱা হয়। খাদ্যৰ সন্ধানত অথবা শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ কেতবোৰ প্ৰাণীয়ে পাৰিপাৰ্শ্বিক বাতাবৰণৰ লগত সম্পূৰ্ণকৈ মিলি যায়। সাইলাখ গছৰ পাত যেন লগা এই পতংগবোৰে বিভিন্ন পতংগভোজী চৰাই বা আন প্ৰাণীৰ চকুত ধুলি দি জীৱন অতিবাহিত কৰিব পাৰে। প্ৰাণীবোৰে অৱলম্বন কৰা এনে কৌশলক Mimicry বুলি কোৱা হয়। এনে ধৰণে Mimicry কৌশল প্ৰয়োগ কৰি শত্ৰুৰ পৰা বাচি থকাৰ উপৰিও এই পতংগবোৰে আন এটি কৌশলেৰেও শত্ৰুৰ পৰা বাচিবলৈ চেষ্টা কৰে। এই পতংগবোৰে শত্ৰুৰ মুখামুখি হ'লে পলোৱাৰ সময়ত এক বিশেষ ভংগীমাত এখোজ আগলৈ আৰু এখোজ পিছলৈ দি খোজকাঢ়ি এনে ধৰণে গতি কৰে যে পতংগভোজী চৰাই বা আন প্ৰাণীবোৰে এই পতংগটোক বতাহে উৰুৱাই নিয়া গছৰ সৰা পাত বুলিয়েই ভুল কৰে। সেই বাবেই এই পতংগটোক walking leaf বুলিও কোৱা যায়। এই পতংগবোৰৰ আন এটা বিশেষত্ব এই যে কৈশোৰ দশাৰ পৰা পূৰ্ণাংগ অৱস্থা পাবলৈ ই কেইবাবাৰো মোট সলাব (molting) লাগে। এই সময়চোৱাত যদিহে কোনো দুৰ্ঘটনাত পতংগটোৱে ইয়াৰ ভৰি এখন হেৰুৱাই, তেন্তে সেই ভৰিখন regeneration প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ সৃষ্টি হয়। অৱশ্যে পৈণত অৱস্থা প্ৰাপ্ত হোৱাৰ পিছত এই ক্ষমতা লোপ পায়। Walking leaf নামৰ পতংগবোৰে যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে যদিও মাইকী পতংগবোৰে মতা পতংগ নোহোৱাকৈও কুমাৰী জনন বা Parthenogenesis পদ্ধতিৰে সন্তান জন্ম দিব পাৰে। অৱশ্যে এই সন্তানবোৰ মাইকী পতংগ হয় !

Sunday, 30 October 2016

ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য


ধ্ৰুৱতৰা উত্তৰ আকাশৰ এটি নক্ষত্ৰ। পৃথিৱীৰ পৰা প্ৰায় 430 আলোকবৰ্ষ আঁতৰত থকা এই তৰাটোক Polaris বা Pole Star বুলিও কোৱা হয়। পৃথিৱীৰ পৰা দূৰত্ব অনুসৰি যিহেতু ধ্ৰুৱতৰাৰ পৰা পোহৰ আহি পৃথিৱী পাবলৈ 430 বছৰ সময়ৰ প্ৰয়োজন, সেয়েহে আজি আপুনি দেখা এই ধ্ৰুৱতৰাটো প্ৰকৃততে 430 বছৰ আগৰ ধ্ৰুৱতৰাহে। আজিৰ তাৰিখৰ ধ্ৰুৱতৰাটো পিছে পৃথিৱীত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কোনোবা বংশধৰে আজিৰ পৰা 430 বছৰ পিছতহে দেখা পাব। সময় আগবঢ়াৰ লগে-লগে ৰাতিৰ আকাশত প্ৰতিটো তৰাই আপাততঃ পূৱৰ পৰা পশ্চিমলৈ স্থান সলনি কৰে যদিও ধ্ৰুৱতৰাটো বৰ্তমান পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ থিক উত্তৰ দিশত অৱস্থান লাভ কৰা হেতুকে এই তৰাটো সদায় একে স্থানতেই থকা যেন লাগে। পৃথিৱীৰ পৰা দৃশ্যমান এই ধ্ৰুৱতৰাটো সদায় আকাশৰ উত্তৰ দিশত দেখা পোৱা বাবে অতীতৰ পৰাই ধ্ৰুৱতৰাটো দিশ নিৰ্ণয় কৰাত ব্যৱহাৰ হৈ আহিছে। যদিওবা আমি ধ্ৰুৱতৰাটো সদায় আকাশৰ উত্তৰ দিশত অৱস্থান কৰি অহা বুলি জানো, বিজ্ঞানীসকলে তথ্য দাঙি ধৰিছে যে আজিৰ পৰা 3000 বছৰ আগত Thuban নামৰ তৰাটোহে ধ্ৰুৱতৰাৰ স্থানত অৰ্থাৎ পৃথিৱীৰ আকাশৰ থিক উত্তৰ দিশত আছিল। নিজ অক্ষৰ ওপৰত ঘূৰ্ণনৰ সময়ত পৃথিৱীয়ে লাটুম এটাৰ দৰে দুলি দুলি আগবাঢ়ে আৰু সেইবাবে পৃথিৱীৰ অক্ষডাল স্থিৰ হৈ নেথাকি বেলেগ বেলেগ দিশলৈ স্থানান্তৰিত হয়। ফলস্বৰূপে পৃথিৱীৰ অক্ষৰ উত্তৰ দিশত অৱস্থান লাভ কৰা তৰাবোৰো সময়ে সময়ে সলনি হৈ থাকে। আজিৰ পৰা প্ৰায় 3000 বছৰ পূৰ্বে Thubanক আঁতৰাই ধ্ৰুৱতৰাই এই স্থান দখল কৰিছিল যদিও আজিৰ পৰা প্ৰায় 2100 বছৰ পিছত Gamma Cephei বা বাসুকী নক্ষত্ৰটোৱে এই স্থান দখল কৰিব। একেদৰে আজিৰ পৰা 13000 বছৰ পিছত ভেগা নামৰ উজ্জ্বল তৰাটোৱে ধ্ৰুৱতৰাৰ স্থান গ্ৰহণ কৰিব। অৰ্থাৎ ধ্ৰুৱতৰা সদায়েই আমাৰ উত্তৰ আকাশৰ তৰা হৈ নেথাকে। ধ্ৰুৱতৰাটো এটা "শ্বেত-দানৱ" বা White Supergiant তৰা। প্ৰায় 35 মিলিয়ন কিলোমিটাৰ ব্যাসাৰ্ধৰ ধ্ৰুৱতৰাটো আমাৰ সূৰ্যতকৈ 50 গুণে ডাঙৰ আৰু ইয়াৰ ভৰো সূৰ্যতকৈ প্ৰায় 5 গুণ বেছি। এইখিনিতেই উল্লেখ কৰাটো ভাল যে যদিও খালী চকুৰে আমি ধ্ৰুৱতৰা হিচাপে এটা তৰাকেই দেখো, প্ৰকৃততে ইয়াত তিনিটা তৰাই একেলগে থাকি এখন ত্ৰিতাৰকাতন্ত্ৰ বা Tripple Star system গঢ়ি তুলিছে। এই তাৰকাতন্ত্ৰৰ তৰাকেইটা হ'ল - Polaris A, Polaris Ab আৰু Polaris B. ইয়াৰ ভিতৰত Polaris Aক আমি ধ্ৰুৱতৰা বুলি কওঁ। Polaris Ab আৰু Polaris B তৰা দুটা শ্বেত বামণ শ্ৰেণীৰ তৰা হোৱা হেতুকে এই তৰাদুটা ধুসৰ আৰু দূৰবীন যন্ত্ৰ অবিহনে দেখা পোৱা নেযায়। আন কিছুমান বিজ্ঞানীৰ মতে এই তাৰকাতন্ত্ৰখনত আৰু দুটা অনুজ্বল তৰা Polaris C আৰু Polaris D আছে। যদি সেইয়া সঁচা হয়, তেন্তে এই তাৰকাতন্ত্ৰত পাঁচটা তৰা থকাটো নিশ্চিত।

কেন্সাৰ প্ৰতিৰোধী আৰু প্ৰতিকাৰী ঔষধ আৱিষ্কাৰ


প্রাণীৰ শৰীৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কোষ থাকে। এই কোষবোৰ একোটা নির্দিষ্ট সময়ৰ পিছত মৃত্যু মুখত পৰে আৰু ইয়াৰ ঠাইত কোষ বিভাজন প্ৰক্ৰিয়াৰে নতুন কোষ নিয়ন্ত্রিত আৰু নিয়মিত ভাবে সৃষ্টি হৈ থাকে। যেতিয়া আমাৰ দেহৰ এই কোষবোৰ কোনো অজ্ঞাত কাৰণত অনিয়ন্ত্রিত ৰূপত কোষ বিভাজনৰ দ্বাৰা বাঢ়ি আহিব ধৰে তেতিয়াই ছালৰ তলত অতিৰিক্ত কোষবোৰে লদা বান্ধে। এনে কোষীয় লদাবোৰকেই টিউমাৰ বোলা হয়। এই টিউমাৰবোৰ বিনাইন বা ম্যালিগন্যান্ট জাতীয় হ'ব পাৰে। ম্যালিগন্যান্ট টিউমাৰকেই আমি কেন্সাৰ বুুলি কওঁ। অনিয়ন্ত্রিত ৰূপত বিভাজনক্ষম হৈ কোষবোৰে আমাৰ দেহত সৃষ্টি কৰা এনে কলাকে নিওপ্লাচিয়া (টিউমাৰ) বোলা হয়। এই নিওপ্লাস্টিক কোষবোৰে আশেপাশে থকা কলাসমূহক ভেদ কৰিব নোৱাৰিলে তেনে টিউমাৰক আমি নিৰীহ বা বিনাইন টিউমাৰ বুলি কওঁ। বিনাইন টিউমাৰে কেন্সাৰ সৃষ্টি নকৰে। আনহাতে নিওপ্লাচিয়া সমূহ কলা ভেদক ক্ষমতা সম্পন্ন হলে তেনে টিউমাৰক ম্যালিগন্যান্ট টিউমাৰ বা কেন্সাৰ বোলা হয়। বেছিভাগ কেন্সাৰেই প্রথমে বিনাইন টিউমাৰ হিচাবে আৰম্ভ হয়। পৰৱৰ্তী সময়ত বিভিন্ন অজ্ঞাত কাৰণত তাৰ মাজৰেই কিছুমান কোষ পৰিবর্তিত হৈ ম্যালিগন্যান্ট অর্থাৎ কলাতন্ত্ৰ ভেদক ক্ষমতাযুক্ত হৈ যায় আৰু দেহত কেন্সাৰ সৃষ্টি কৰে। কেন্সাৰ ৰোগৰ ফলপ্ৰসু চিকিৎসা ব্যৱস্থা নোহোৱা হেতুকে বহু ৰোগীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। অৱশ্যে ৰোগৰ আৰম্ভণিতেই যদি কেন্সাৰ ধৰা পেলাব পৰা যায়, তেন্তে কেন্সাৰ ৰোগৰ প্ৰতিকাৰ সম্ভৱ। শেহতীয়াকৈ বিজ্ঞানীসকলে আমালৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। ফ্ৰান্সৰ আন্তৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল কোম্পানী Servier আৰু UKৰ কোম্পানী Vernalisৰ বিজ্ঞানীসকলৰ যুটীয়াভাবে চলোৱা গৱেষণাত আৱিষ্কৃত হৈছে এবিধ বিশেষ ৰসায়নিক পদাৰ্থ Servier compound -- S63845 যাৰ সহায়ত মৃত্যুদুতৰূপী কেন্সাৰ প্ৰতিৰোধ কৰাৰ লগতে কেন্সাৰৰ প্ৰতিকাৰো সম্ভৱ হৈ পৰিব। S63845 নামৰ ৰসায়নিক পদাৰ্থটোৱে আমাৰ দেহত MCL1 নামৰ এবিধ প্ৰটিনৰ সংশ্লেষণ প্ৰক্ৰিয়াত বাধক হিচাবে কাম কৰে। উল্লেখযোগ্য যে MCL1 নামৰ প্ৰটিনে আমাৰ দেহত কেন্সাৰ সৃষ্টিকাৰী কোষৰ জন্ম দিয়ে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। সেয়েহে S63845 নামৰ ৰসায়নিক পদাৰ্থবিধ কেন্সাৰ ৰোগীৰ দেহত প্ৰয়োগ কৰিলে এই পদাৰ্থটোৱে দেহৰ সাধাৰণ কোষৰ কোনো হানি নকৰাকৈ যিহেতু MCL1 প্ৰটিনৰ সংশ্লেষণ বন্ধ কৰি দিয়ে, সেয়ে ৰোগীজনৰ দেহত নতুনকৈ কোনো কেন্সাৰ কোষ সৃষ্টি হ'ব নোৱাৰে। তদুপৰি MCL1ৰ অভাৱত ইতিমধ্যে দেহত সৃষ্টি হোৱা কেন্সাৰ কোষবোৰো যিহেতু মৃত্যু মুখত পতিত হয়, কেন্সাৰ ৰোগীসকল সহজেই ৰোগৰ পৰা মুক্ত হৈ পৰে।

Thursday, 27 October 2016

মৃত্যু উপত্যকাৰ চলমান শিলবোৰ


যদি শিলে আপোনা আপুনি স্থান সলনি কৰে ! হয়, থিকেই কৈছোঁ, চলা-ফুৰা কৰিব পৰা শিলৰ কথাকেই ক'ব ওলাইছো। কেলিফৰ্ণিয়াৰ ডেথ ভেলি বা মৃত্যু উপত্যকাৰ কেতবোৰ প্ৰকাণ্ড আকৃতিৰ শিলাখণ্ডই ৰেচ ট্ৰেক প্লায়াৰ বিস্তৃৰ্ণ এলেকাৰ মাজেৰে যেনিবা দৌৰ প্ৰতিযোগিতাতহে অংশ লৈছে !! এই শিলবোৰ আপুনি আজি য'ত দেখা পায় অহাকালি তাৰ পৰা কিছু আঁতৰৰ আন এটুকুৰা স্থানত দেখা পাব। এনেদৰে স্থান সলনি কৰা শিলবোৰে এৰি অহা বাটত চুচৰি অহাৰ চিন ৰাখি যায়। প্ৰথমতে এই চলমান শিলবোৰ কোনোবা মানুহ বা বন্য জন্তু অথবা বতাহৰ তীব্ৰ বেগে চোচৰাই নিয়ে বুলি সন্দেহ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ জিপিএচ ব্যৱহাৰ কৰি বৰ্তমানৰ ভূবিজ্ঞানীসকল শিলবোৰ আপুনা আপুনি চলাচল কৰে বুলি পতিয়ন গৈছে। 1948 চনত প্ৰথমবাৰৰ বাবে এই চলমান শিলবোৰ মানুহৰ চকুত পৰে। কিন্তু কোনেও এই ৰহস্যৰ উপযুক্ত বৈজ্ঞানিক ব্যাখ্যা দিব পৰা নাছিল। 1955 চনত এম ষ্টেনলি নামৰ এজন গৱেষকে শিলাখণ্ড সমূহৰ এই ৰহস্যময় গতিৰ কাৰণ অঞ্চলটোৰ চৌদিশে থকা বৰফ বুলি ব্যাখ্যা আগবঢ়াইছিল। আনহাতে 1976 চনত ৰবাৰ্ট চাৰ্প আৰু ডুৱেই কাৰ নামৰ বিজ্ঞানী দুজনে অঞ্চলটোত সদায়ে বলা তীব্ৰবেগী বতাহ আৰু বায়ুৰ চাপৰ বাবে এই শিলবোৰ চলমান অৱস্থাত থাকে বুলি মত প্ৰকাশ কৰে। পিছে আধুনিক বিজ্ঞানত উপৰোক্ত দুয়োটা মতবাদেই গৃহীত নহ'ল। সত্যৰ অন্বেষণত বিজ্ঞানী সকল এতিয়াও ব্যস্ত। হয়তো অচিৰেই আপুনি বা মই জানিব পাৰিম এই শিলবোৰৰ এনে বিচিত্ৰ চলাচলৰ প্ৰকৃত ৰহস্য।

ফ'টন কণিকাৰ বিষয়ে যৎকিঞ্চিত


বচন কণিকাৰ শ্ৰেণীভুক্ত আৰু ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতম কণিকাবোৰৰ ভিতৰৰ অন্যতম হিচাবে পৰিগণিত হোৱা এবিধ ক্ষুদ্ৰ কণাই হ'ল ফ'টন কণিকা। আকাৰত ক্ষুদ্ৰ হ'লেও বেগৰ ক্ষেত্ৰত অসাধাৰণ এই কণিকাবোৰে মহাবিশ্বৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। বিশ্বব্ৰহ্মাণ্ড আলোকিত কৰি ৰখা ভৰহীন ফ'টন কণিকাবোৰৰ জীৱনকালো অনন্ত। ফ'টন কণিকাবোৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত শক্তিৰ যোগান ধৰি সম্ভৱ কৰি তুলিছে পৃথিৱীত জীৱনৰ অন্যতম প্ৰয়োজনীয় উপাদান খাদ্য। মহাবিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বিভিন্ন বাৰ্তা সমূহ তড়িৎ গতিৰে কঢ়িয়াই লৈ ফুৰিছে এই ফ'টন কণিকাবোৰে। বিশ্বব্ৰহ্মাণ্ডত ফ'টন কণিকাবোৰৰ যাত্ৰাৰ কোনো নিৰ্দিষ্ট সময় অথবা সীমাৰেখা নাই। অনাদি অনন্ত কাললৈ বিশ্বব্ৰহ্মাণ্ডৰ কৌটি কৌটি আলোকবৰ্ষ দূৰত্ব অতিক্ৰম কৰিও ভাগৰি নপৰে এই ফ'টন কণাবোৰ। বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন স্থানত বিভিন্ন পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত এই ফ'টন কণাবোৰৰ জন্ম হয়। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতৰ অধিকাংশ পোহৰ সূৰ্যৰ পৰাই পাওঁ। সূৰ্যৰ পোহৰত থকা ফ'টন কণিকাবোৰ সূৰ্যৰ কেন্দ্রভাগত সংঘটিত হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াৰ সময়ত সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰভাগত প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হাইড্ৰজেন পৰমাণুবোৰৰ কক্ষপথত পৰিভ্ৰমণ কৰা ইলেকট্ৰণ উত্তেজিত হৈ পৰমাণুটোৰ পৰা আঁতৰি যায়। ফলত সূৰ্যৰ কেন্দ্ৰত হাইড্ৰজেনৰ অৱশিষ্ট হিচাপে কেৱল প্ৰ'টন কণাবোৰহে ৰৈ যায়। সমধৰ্মী আধানযুক্ত এই প্ৰ'টনবোৰ স্বাভাৱিকতে দূৰে দূৰে থাকিব লাগে যদিও সূৰ্যৰ কেন্দ্ৰভাগৰ প্ৰচণ্ড চাপে এনে প্ৰ'টনবোৰক পৰস্পৰৰ কাষ চপাই আনে আৰু একেলগে থাকিবলৈ বাধ্য কৰে। সূৰ্যৰ কেন্দ্ৰত থকা এনে দুটা প্ৰ'টন কণাৰ এটা নিউট্ৰন কণালৈ ৰূপান্তৰিত হয় আৰু এনে অৱস্থাত আনটো প্ৰ'টনৰ লগত নতুনকৈ সৃষ্টি হোৱা এই নিউট্ৰন কণাটো লগ হৈ পুনৰ এটা ডয়টেৰিয়াম পৰমাণু সৃষ্টি কৰে। পৰবৰ্তী সময়ত এই ডয়টেৰিয়াম পৰমাণুৰ লগত পুনৰ প্ৰ'টন কণিকাৰ নিউক্লিয় সংযোজন হয় আৰু প্ৰথমে এটি হিলিয়াম-3 আৰু পিছত এটি হিলিয়াম-4 পৰমাণু সৃষ্টি কৰে। এই প্ৰ'টন-প্ৰ'টন শৃংখল বিক্ৰিয়াৰ সময়ত সূৰ্যৰ কেন্দ্ৰত ফ'টন কণা সমূহৰ সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হোৱা এই ফ'টন কণাবোৰ সূৰ্যৰ কেন্দ্ৰভাগৰ পৰা পৰিচলন আৰু বিকিৰণ পদ্ধতিৰে সূৰ্যৰ আলোকমণ্ডল ভেদ কৰি সূৰ্যৰ পৃষ্ঠ পাবলৈ প্ৰয়োজন হয় কেইবা হেজাৰ বছৰ। সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ বিপৰীতে সংঘৰ্ষ কৰি সূৰ্যৰ পৃষ্ঠলৈ ওলাই অহা ফ'টন কণিকাবোৰৰ এই প্ৰথম ভূমুকি আমাৰ দৃষ্টিত সূৰুজৰ প্ৰথম কিৰণ হ'লেও এই ফ'টন কণাবোৰ কেইবা হেজাৰ বছৰ পুৰণি। এতিয়া সূৰুজৰ বুকুৰ পৰা তৰংগৰ মাধ্যমেৰে এই ফ'টন কণিকাবোৰে গতি কৰি সৌৰজগতৰ চৌদিশে সিঁচৰতি হৈ পৰে। তেনে কিছুমান ফ'টনকণা সূৰুজৰ পৰা প্ৰায় 14,95,00000 কিলোমিটাৰ বাট 8 মিনিট 20 ছেকেণ্ড সময়ত অতিক্ৰম কৰি আমাৰ পৃথিৱীলৈ আহি পৃথিৱীখনো আলোকিত কৰি তোলে।

Sunday, 23 October 2016

চন্দ্ৰযান-১ উৎক্ষেপণৰ বৰ্ষপূৰ্তি উপলক্ষে


1999 চনত ইছৰোৰ সেই সময়ৰ Chairman তথা প্ৰসিদ্ধ ভাৰতীয় মহাকাশ বিজ্ঞানী K Kasturiranganএ ঘোষণা কৰে যে 2008 চনত ভাৰতবৰ্ষৰ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত চন্দ্ৰযান-১ উৎক্ষেপক যান PSLVৰ সহায়ত চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিব পৰা হ'ব। তেতিয়াৰ পৰাই ভাৰতীয় বিজ্ঞানীসকলে একানপতীয়া প্ৰচেষ্টাৰে ভাৰতৰ চন্দ্ৰযান-১ প্ৰকল্পৰ কামত মগ্ন হৈ পৰে। 2003 চনৰ 15 আগষ্টত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই প্ৰকল্পৰ আনুস্থানিক ঘোষণা কৰে। 2008 চনৰ 22 অক্টোবৰ তাৰিখে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰৰ পৰা ভাৰতীয় বিজ্ঞানীসকলে PSLV সহায়ত 1380 কেজি ওজনৰ চন্দ্ৰযান-১ নামৰ ভাৰতীয় মহাকাশ প্ৰকল্পটো সফলতাৰে উৎক্ষেপণ কৰে। 2008 চনৰ 14 নৱেম্বৰৰ দিনা ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8:06 বজাত Moon Impact Probe নামৰ অংশটো চন্দ্ৰযান-১ৰ পৰা পৃথক হৈ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত সফলতাৰে নামে। 



ইয়াৰ কিছু সময় পিছত সন্ধিয়া 8:31ত Moon Impact Probeএ জোনবাইৰ বুকুত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি জোনবাইৰ বুকুত পদাৰ্পণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাবে ভাৰতৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰে। আজি চন্দ্ৰযান-১ৰ উৎক্ষেপণৰ গৌৰৱময় আঠ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত ইছৰোৰ মহান বিজ্ঞানীসকলক আমাৰ শুভেচ্ছা যাচিলোঁ।

Thursday, 20 October 2016

জোনবাইৰ বুকুৰ পৰা পৃথিৱী উদয়


সূৰ্যোদয় অথবা সূৰ্যাস্তৰৰ মনোৰম দৃশ্যই আমাক পুলকিত কৰে। সঁচাকৈয়ে এক মন প্ৰাণ সঞ্জীৱিত কৰিব পৰা এটি দৃশ্য।জোনবাইৰ বুকুত সূৰ্যোদয় বা সূৰ্যাস্ত হোৱাৰ লগতে আন এক মনোৰম দৃশ্য দেখা পোৱা যায় আৰু সেয়া হ'ল পৃথিৱী উদয় বা Earth Rise. জোনবাইৰ চৌপাশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰা মহাকাশযান Apollo-8ৰ মহাকাশচাৰী William Andersৰ কেমেৰাই 1968 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখে ধৰি ৰখা ফটোখনে সেই কথাকেই প্ৰতীয়মান কৰে। পৃথিৱীৰ পৰা পূৰ্ণিমাৰ ৰাতি আমি দেখা জোনবাইটোতকৈ প্ৰায় 5 গুণ ডাঙৰকৈ জোনবাইৰ বুকুত উদিত হোৱা পৃথিৱীৰ দৃশ্য দূৰ মহাকাশত এক অন্যান্য সুন্দৰ দৃশ্য বুলি ইতিমধ্যে চৰ্চিত হৈছে। পৃথিৱীৰ পৰা আমি যেনেদৰে জোনবাইৰ বৰ্ধিত আৰু ক্ষয়িষ্ণু ৰূপ দেখা পাওঁ, থিক তেনেদৰেই জোনবাইৰ পৰাও পৃথিৱীৰ একে ৰূপ দেখা যায়। অৱশ্যে পৃথিৱীত যেতিয়া পূৰ্ণিমা হয়, তেতিয়া জোনবাইৰ বুকুত অমানিশা আৰু পৃথিৱীৰ অমাৱস্যাৰ নিশাটো জোনবাইৰ বুকুত পৃথিৱীয়ে পূৰ্ণিমাৰ অপৰূপ দৃশ্য অংকন কৰে।