Friday, 30 December 2022

এনাস্থেছিয়া : অনুভূতিহীন জগতৰ দুৱাৰ


১৮৪৬ চনৰ কথা। এজন ১৭ বছৰীয়া লৰা গিলবাৰ্ট এব'টৰ ডিঙিত টিউমাৰ হৈছিল। মুখ্য শল্য চিকিৎসক জন কলিন্স ৱাৰেনে জনাই দিলে যে গিলবাৰ্টক জীয়াই ৰাখিবলৈ এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন। সেই সময়ত অস্ত্ৰোপচাৰ আছিল এক অসম্ভৱ যন্ত্ৰণাময় প্ৰক্ৰিয়া। অস্ত্ৰোপচাৰৰ সময়ত ৰোগী এজনক অচেতন কৰি তোলাৰ কোনো পদ্ধতি আৱিষ্কাৰ হোৱা নাই। সেয়েহে কোনো ৰোগীয়েই সহজে অপাৰেচনৰ টেবুলত নিজৰ দেহটো এৰি দিবলৈ সন্মত নহৈছিল। বৰং শৰীৰত ব্যাধি লৈয়েই মৰিবলৈ অপেক্ষা কৰাই শ্ৰেয় বুলি তেওঁলোকে মত পোষণ কৰিছিল।
সেই সময়ত এনাস্থেছিয়া বা চেতনানাশক অবিহনে ৰোগীজনৰ হাত ভৰি বান্ধি লৈ সম্পূৰ্ণ সচেতন অৱস্থাতেই ৰোগীজনৰ শৰীৰৰত কটা ছিঙা কৰা হৈছিল। ৰোগীৰ যন্ত্ৰণাকাতৰ চিঞৰ বাখৰ আৰু ছটফটনিৰ মাজতে চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল। কোনো কোনো চিকিৎসকে বিষ আৰু যন্ত্ৰণাৰ পৰা সকাহ দিবলৈ ৰোগীক আফিং বা সুৰা সেৱন কৰাই লৈছিল যদিও এই ব্যৱস্থা সিমান কাৰ্যকৰী হোৱা নাছিল। ৰোগীসকলে অস্ত্ৰোপচাৰৰ টেবুলত অনুভৱ কৰা বিষ আৰু যন্ত্ৰণাৰ স্মৃতি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিছিল।
গিলবাৰ্টৰ অস্ত্ৰোপচাৰৰ আগদিনা এজন দন্ত চিকিৎসক আহি জন কলিন্স ৱাৰেনক লগ ধৰিলে। দন্ত চিকিৎসকজনৰ নাম থমাছ গ্ৰীণ ম'ৰটন। মৰটনে দাবী কৰে যে তেওঁ ইথাৰৰ ব্যৱহাৰৰ জৰিয়তে এটা সঁজুলি উদ্ভাৱন কৰিছিল, যাৰ দ্বাৰা এজন ব্যক্তিক অচেতন কৰি ৰখা সম্ভৱ। যদি ব্যক্তিজনৰ শৰীৰত কটা ছিঙা কৰা হয়, তেওঁ তাৰ যন্ত্ৰণা অনুভৱ নকৰে। মৰটনে জানিবলৈ দিয়ে যে তেওঁ আৱিষ্কাৰ কৰা সঁজুলিটোত যদি ছালফিউৰিক ইথাৰ (Diethylether) ভৰাই ৰাখি এজন ব্যক্তিয়ে উশাহত যন্ত্ৰটোৰ পৰা ইথাৰখিনি হাওফাওলৈ টানি নিয়ে, তেন্তে ব্যক্তিজন লাহে লাহে অচেতন হৈ পৰিব।
গিলবাৰ্টৰ মুখ্য শল্য চিকিৎসক ৱাৰেন ম'ৰটনৰ কথাত আশাৰ পোহৰ দেখি তেওঁ গিলবাৰ্টৰ ওপৰত এই যন্ত্ৰটোৰ প্ৰয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। ম'ৰটনে আগতে এই সঁজুলিটো নিজৰ ৰোগীৰ ওপৰত ব্যৱহাৰ কৰিছিল। কিন্তু এইটো কেৱল দাঁতৰ সৰুসুৰা অস্ত্ৰোপচাৰৰ মাজতেই সীমাবদ্ধ আছিল। গতিকে মৰটনেও এটা ডাঙৰ অস্ত্ৰোপচাৰৰ অপেক্ষাতেই আছিল।
১৮৪৬ চনত ম'ৰটনে প্ৰথমবাৰৰ বাবে শৈল্য চিকিৎসক ৱাৰেনৰ লগত লগ হৈ গিলবাৰ্টৰ অস্ত্ৰোপচাৰত চেতনানাশক হিচাবে ইথাৰ পদ্ধতি প্ৰয়োগ কৰিছিল। উশাহত টানি নিয়া ছালফিউৰিক ইথাৰে ক্ৰমান্বয়ে গিলবাৰ্টক অচেতন কৰি তুলিছিল আৰু সুকলমে এক প্ৰকাৰ যন্ত্ৰণাহীন অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল। অপাৰেচনৰ শেষত গিলবাৰ্টৰ মতামত ল'বলৈ চিকিৎসক আৰু সাংবাদিকে চিকিৎসালয়ত ভিৰ কৰিলে। গিলবাৰ্টে কৈছিল যে সম্পূৰ্ণ অস্ত্ৰোপচাৰৰ সময়ত কোনো কথাই গম পোৱা নাছিল। লগে লগে সমগ্ৰ বিশ্বৰ চিকিৎসক আৰু সাধাৰন জনতাৰ মাজত ম'ৰটনৰ দ্বাৰা আৱিষ্কৃত চেতনানাশক ইথাৰৰ কথা বহুলভাৱে জনাজাত হৈ পৰিছিল।
১৮৪৬ চনৰ পৰা পৰ্যায় ক্ৰমে ছালফিউৰিক ইথাৰ আৰু ক্লোৰোফৰ্ম এনাস্থেছিয়া হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান এই পদ্ধতিৰ বহুল পৰিবৰ্তন হৈছে। ক্লোৰোফৰ্ম বা ইথাৰৰ ব্যৱহাৰ বহুত সহজ আছিল, বিশেষকৈ ক্লোৰোফৰ্ম। কাপোৰত অলপ ক্লোৰোফৰ্ম ছটিয়াই লৈ ৰোগীৰ নাকৰ ওচৰত ধৰাৰ লগে লগেই ৰোগী অচেতন হৈ পৰিছিল। কিন্তু সমস্যাটো আছিল এইটো যে ৰোগীজন পুনৰ কিমান সময় পিছত চেতনালৈ ঘূৰি আহিব; সেইটো নিয়ন্ত্ৰণ কৰা সম্ভৱ নাছিল। তদুপৰি কেতিয়াবা কেতিয়াবা অপাৰেচন টেবুলত অস্ত্ৰোপচাৰ চলি থাকোতেই কোনো কোনো ৰোগীয়ে চেতনা ঘূৰাই পাইছিল।
আধুনিক চিকিৎসা বিজ্ঞানত বিভিন্ন ধৰণে ৰোগীৰ দেহত চেতনানাশক বা এনাস্থেছিয়া প্ৰয়োগ কৰা হয়। কেতবোৰ স্থানীয় চেতনানাশক আৰু আনবোৰ সাধাৰণ চেতনানাশক। সেইবোৰ হ'ল :
১) অস্ত্ৰোপচাৰ কৰিব লগা অংগক অনুভূতি প্ৰদান কৰা স্নায়ুত প্ৰয়োগ
২) উশাহ-নিশাহৰ সৈতে প্ৰয়োগ
৩) বেজীৰ দ্বাৰা ৰক্তবাহী শিৰাত প্ৰয়োগ
৪) মেৰুদণ্ড আৱৰি থকা মেনিনজৰ এপিডুৰাল স্থানত এনাস্থেচিয়া প্ৰয়োগ ইত্যাদি
অস্ত্ৰোপচাৰৰ বাবে যেতিয়া শৰীৰৰ এটা নিৰ্ধাৰিত অংশ অচেতন কৰা হয়, তেতিয়া ইয়াক স্থানীয় চেতনানাশক (এনাস্থেছিয়া) বুলি কোৱা হয়। এই ক্ষেত্ৰত, গোটেই শৰীৰটো অচেতন কৰাৰ কোনো প্ৰয়োজন নাই। স্থানীয় এনাস্থেছিয়া প্ৰয়োগ কৰাৰ ফলত দেহৰ নিৰ্দিষ্ট এটুকুৰা স্থানত স্পৰ্শৰ সংবেদনা অস্থায়ীভাৱে বন্ধ হৈ পৰে। ফলস্বৰূপে, এনাস্থেছিয়া প্ৰয়োগ কৰা স্থানৰ পৰা কোনো ধৰণৰ স্পৰ্শৰ অনুভূতি স্নায়ুৰ জৰিয়তে মগজুলৈ যাব নোৱাৰে। দন্ত চিকিৎসক সকলে প্ৰায়ে "ৰুট কেনেল"ৰ সময়ত নোভোকেইন ব্যৱহাৰ কৰে, যি মুখ গহ্বৰৰ স্নায়ুবোৰ অস্থায়ীভাৱে বিকল কৰি ৰাখে। ফলস্বৰূপে, ৰুট কেনেল কৰোঁতে ৰোগীজনে কোনো ধৰণৰ বিষ অনুভৱ নকৰে।
আনহাতে, যেতিয়া অস্ত্ৰোপচাৰত গোটেই শৰীৰটো অচেতন কৰাৰ প্ৰয়োজন হয়, তেতিয়া প্ৰয়োগ কৰা এনাস্থেছিয়াক সাধাৰণ এনাস্থেছিয়া বোলা হয়। এই এনাস্থেছিয়া প্ৰয়োগ কৰাৰ সময়ত ৰোগীজনে অস্ত্ৰোপচাৰৰ সময়ৰ কোনো কথাই মনত ৰাখিব নোৱাৰে। অৱশ্যে এই ক্ষেত্ৰত জটিলতাও আছে। সাধাৰণ এনাস্থেছিয়া প্ৰয়োগ কৰাৰ সময়ত, এজন শল্য চিকিৎসকে ৰোগীৰ ৰক্তচাপ, হৰমনৰ ক্ৰিয়া, তেজত গ্লুক'জৰ মাত্ৰা, অনুচক্ৰিয়াৰ সংখ্যা, হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহ আদি বহুতো কাৰকৰ বিষয়ে নজৰ দিব লাগে।
স্নায়ুতন্ত্ৰৰ অসংখ্য স্নায়ুৰ জৰিয়তে মগজুৱে গোটেই শৰীৰটো নিয়ন্ত্ৰণ কৰাৰ লগতে মগজুৱে গোটেই শৰীৰৰ স্পৰ্শানুভূতি নিয়ন্ত্ৰণ কৰে। যদি শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হয়, সেই স্থানৰ স্নায়ুবোৰে লগে লগে মগজুৰ "বেদনা গ্ৰাহক"ক বিষ বা বেদনাৰ অনুভূতি প্ৰদান কৰে আৰু লগে লগেই আমি বিষ অনুভৱ কৰো।
আমাৰ শৰীৰৰ সকলো ধৰণৰ অনুভূতি স্নায়ুৰ মাজেৰে বৈদ্যুতিক সংকেত হিচাপে মগজুলৈ প্ৰবাহিত হয়। আধুনিক চিকিৎসা বিজ্ঞানত অস্ত্ৰোপচাৰ কৰিব লগা অংগৰ পৰা মগজুলৈ প্ৰেৰিত হোৱা সকলো ধৰণৰ অনুভূতিৰ মূল পথ বা স্নায়ুত স্থানীয় চেতনানাশকৰ জৰিয়তে এটা অস্থায়ী "বেৰিকেড" তৈয়াৰ কৰা হয়, যাৰ ফলত স্নায়ুবোৰ সাময়িক ভাবে মগজুৰ সৈতে যোগাযোগ কৰিবলৈ অক্ষম হৈ পৰে।
কিন্তু যদিহে শৰীৰৰ সমগ্ৰ স্নায়ুতন্ত্ৰটোকেই অস্থায়ীভাৱে অকামিলা কৰিব লগা হয়, তেতিয়া ৰোগীৰ উশাহত এনাস্থেছিয়া প্ৰয়োগ কৰাৰ উপৰিও, সাধাৰণ এনাস্থেচিয়াত ৰক্তশিৰাত দুই প্ৰকাৰৰ তৰল সুমুৱাই দিয়া হয়। এটা হৈছে "প্ৰপোফ'ল", আনটো হৈছে "ফেণ্টানিয়েল"। প্ৰপোফ'লে ৰোগীক অচেতন কৰি তোলে আৰু একে সময়তে, ৰোগীৰ অনুভূতি অচেতন অৱস্থাত মগজুলৈ যোৱা প্ৰতিহত কৰিবলৈ ফেণ্টানিয়েলৰ প্ৰয়োগ কৰা হয়। এনাস্থেছিয়া বা চেতনানাশক দ্ৰব্যসমূহৰ আৱিষ্কাৰ আৰু সফল প্ৰয়োগে চিকিৎসা বিজ্ঞানক বহুদূৰ আগবাঢ়ি যোৱাত সহায় কৰাৰ উপৰিও অপাৰেচনৰ টেবুলত শুই শুই যন্ত্ৰণাকাতৰ মুহূৰ্ত পাৰ কৰা ৰোগীসকলৰ বাবে অনুভূতিহীন জগতৰ দুৱাৰখন খুলি দি বিশ্বৰ অগণন লোকক যন্ত্ৰণাৰ পৰা মুক্তি দিছে।

Sunday, 25 December 2022

শূণ্যত ভেঁকুলী ওপঙোৱা পৰীক্ষাটো

 


আপুনি হয়তো Ig Nobel বা আইজি ন'বেল বঁটাৰ বিষয়ে শুনিছে। বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলে ন'বেল বঁটা লাভ কৰে। কিন্তু আইজি নবেল বঁটা এক ব্যতিক্ৰম। "আইজি ন'বেল'' নামটো মূলতঃ ''ইগনোবল'' শব্দটোৰ পৰা উদ্ভৱ হৈছে। "ইগনোবল" হৈছে এনে এক অপ্ৰতিস্থিত বা অগৃহীত বিষয় যি পুৰষ্কাৰ বা প্ৰশংসাৰ যোগ্য নহয়। 

১৯৯১ চনৰ পৰাই বিজ্ঞান ভিত্তিক হাস্যৰসাত্মক আলোচনী '‘Annals of Improbable Research"ৰ সৌজন্যত এই বঁটা প্ৰদান কৰা হৈছে। প্ৰতি বছৰে, প্ৰকৃত নবেল বঁটা ঘোষণাৰ ঠিক আগতে আইজি ন'বেল বঁটা অনুষ্ঠান অনুষ্ঠিত হয়। বহুতেই এই বঁটাটো এটা ব্যংগাত্মক বঁটা হিচাবে ভাবে যদিও এই বঁটাই সমাজ আৰু বিজ্ঞানৰ জগতলৈ যথেষ্ঠ অৱদান আগবঢ়াইছে।

২০০০ চনত ৰাছিয়াৰ পদাৰ্থবিজ্ঞানী এণ্ড্ৰে গেইমক পদাৰ্থ বিজ্ঞানৰ আইজি নবেল বঁটাৰ বাবে মনোনীত কৰা হয়। তেওঁ ভেঁকুলী এটাৰ চাৰিওফালে এক শক্তিশালী চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰি ভেকুলীটোক কিছু সময়ৰ বাবে শূন্যস্থানত ওপঙাই ৰাখিবলৈ সক্ষম হৈছিল। তেওঁৰ পৰীক্ষাটো প্ৰকৃততে ডায়মেগনেটিজমৰ এক উজ্জ্বল উদাহৰণ। ৯০ শতাংশ পানীৰে নিৰ্মিত চুম্বক ক্ষেত্ৰ আৰু আন এখন বাহ্যিক চুম্বক ক্ষেত্ৰৰ আন্তঃক্ৰিয়াৰে মাধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে তেওঁ ভেঁকুলীটো শূণ্যত ওপঙাই ৰাখিছিল। সেই অদ্ভূত বৈজ্ঞানিক পৰীক্ষাই বিশ্বৰ মানুহক যেন যোগাইছিল হাঁহিৰ খোৰাক !!!

এই হাস্যৰসাত্মক ন'বেলত কিন্তু সন্তুষ্ট হ'ব পৰা নাছিল এণ্ড্ৰে গেইম। ২০০৪ চনত, তেওঁ আন এজন ৰাছিয়ান বিজ্ঞানী কনষ্টাণ্টিন ন'ভছেভৰ সৈতে যুটীয়াভাৱে গ্ৰাফিন আৱিষ্কাৰ কৰিছিল। গ্ৰাফিনৰ বিষয়ে নতুনকৈ ক'বলৈ একো নাই। ই কাৰ্বনৰ এক আশ্চৰ্যকৰ প্ৰকাৰ! এই গ্ৰাফিনে অদূৰ ভৱিষ্যতে পৃথিৱীখনৰ আমূল পৰিৱৰ্তন কৰিব। ২০০০ চনত হাস্যৰসাত্মক আইজি ন'বেল বঁটা লাভ কৰা আণ্ড্ৰে গেইমক মূল্যৱান গ্ৰাফিনৰ আৱিষ্কাৰৰ বাবে কনষ্টাণ্টিন ন'ভছেভৰ সৈতে যুটীয়া ভাবে ২০১০ চনত নবেল বঁটাৰে বিভূষিত কৰা হৈছিল। ৰাছিয়াৰ বিজ্ঞানী আণ্ড্ৰে গেইমে আইজি ন'বেল আৰু নবেল বঁটা - এই দুয়োটা বঁটা লাভ কৰা বিশ্বৰ প্ৰথম গৰাকী ব্যক্তি হিচাপে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিলে। ২০০০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মানুহেৰে গিজগিজাই থকা প্ৰেক্ষাগৃহত আইজি ন'বেল বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণিত আণ্ড্ৰে গেইমৰ হাতত হাস্যৰসাত্মক বঁটাটো তুলি দি এইদৰে কোৱা হৈছিল, “If you didn’t win a prize, and especially if you did; better luck next  time.”

Monday, 28 November 2022

চাইবৰ্গ : ভৱিষ্যতৰ মানুহ


প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে ভৱিষ্যতে মানুহৰ মগজুত স্থাপন কৰা RFIDৰ জৰিয়তে মানুহৰ স্মৃতি শক্তিৰ লগতে মগজুৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। আমাৰ আঙুলিৰ মাংসপেশীৰ মাজত ৰোপণ কৰা একোটা সূক্ষ্ম চুম্বক অথবা RFID (Radio Frequency IDentification) চিপচে কি-বৰ্ড আৰু পাচৱৰ্ডৰ প্ৰয়োজনীতা নোহোৱা কৰি তুলিব। শৰীৰৰ আভ্যন্তৰত থকা হাড়ৰ জকা আৰু মাংসপেশীত স্থাপন কৰা সৰু সৰু কম্পিউটাৰ চিপচবোৰে শৰীৰত হোৱা বিভিন্ন বিসংগতিবোৰ ধৰা পেলাই তাৎক্ষণিক ভাবে তাৰ নিৰাময়ৰ উপায় আপোনাক প্ৰদান কৰিব। শৰীৰত স্থাপন কৰা অতি শক্তিশালী ক্ষূদ্ৰাকৃতিৰ ৰেডিও এন্টেনাৰ সহায়ত আপুনি বা মই পোনপটীয়াকৈ ছেটেলাইটৰ লগত সংযোগ স্থাপন কৰি ব্ৰহ্মাণ্ডৰ খা-খৱৰবোৰ নিজৰ শৰীৰতেই ল'ব পাৰিম। - এয়া কোনো হলিউদৰ চিনেমাৰ বিষয়বস্তু নহয়। মানুহৰ জৈৱিক শৰীৰত বিভিন্ন প্ৰযুক্তিগত আহিলাবোৰ স্থাপন কৰি মানুহৰ জীৱনক অন্য এক স্তৰলৈ লৈ যোৱাৰ এনে প্ৰয়াসে মানুহক এদিন "চাইবৰ্গ" হিচাবে বিকশিত কৰিব। অন্ততঃ বিজ্ঞানীসকলে তেনে এক সম্ভাৱনাৰ পথেৰেই আগবাঢ়িছে।

কথাবোৰ আচহুৱা যেনেই লাগিছে নিশ্চয়। পিছে এয়া বৰ বেছি আচহুৱা কথা নহয়। কাৰন, তেজ মঙহেৰে গঢ়া হৃদযন্ত্ৰৰ স্পন্দন যেতিয়া অনিয়মীয়া হয়, তেতিয়া চিকিৎসকে হৃদযন্ত্ৰত পেচমেকাৰ লগোৱাৰ কথা আমি সকলোৱে জানো। এই পেচমেকাৰবোৰ বেটেৰী চালিত একোটা যান্ত্ৰিক সাৰঞ্জামহে। তেনে ৰোগীৰ দেহৰ হৃদযন্ত্ৰবোৰ "অৰ্ধ জৈৱিক আৰু অৰ্ধ যান্ত্ৰিক"। একেদৰে চকুৰ লেন্স বেয়া হ'লে বিভিন্ন সময়ত মানুহে চকুত "কনটেক্ট লেন্স" ব্যৱহাৰ কৰে। ৰোগীৰ হাড় যোৰা লগাবলৈ আজিকালি চিকিৎসকে নাট-ব'ল্টৰ সহায়ত "ষ্টিলৰ পাটী" মানুহৰ শৰীৰত স্থাপন কৰে। এনে বহুতো উদাহৰণে আমাক আলোচ্য বিষয়টোৰ লগত চিনাকী কৰি দিব।

যিহেতু ঔষধ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱনে দিনক দিনে চিকিৎসা বিজ্ঞানক বহুদূৰ আগুৱাই নিছে, তেনে পৰিপ্ৰেক্ষিতত নিতৌ ভিন ভিন যন্ত্ৰপাতি আমাৰ শৰীৰত স্থাপন হোৱাটো অধিক সুলভ হ'ব। বিজ্ঞানীসকলৰ মতে এনে যন্ত্ৰপাতিবোৰে আমাক পৰিৱেশৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলাৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ মানদণ্ডও উন্নত কৰিব। অৱশ্যে ইয়াৰ লগত নৈতিকতাৰ প্ৰশ্নটোও নিসন্দেহে উত্থাপন হ'ব। ইতিমধ্যে আমাৰ মাজত এনে কিছুমান মানুহ আছে যিসকল বাস্তৱ জীৱনত একো একোজন চাইবৰ্গ। তেওঁলোক মানুহ আৰু যন্ত্ৰৰ সহাৱস্থানৰ একোডাল সীমাৰেখা।

#নীল_হাৰ্বিচন: মূৰত এডাল এণ্টেনাৰ সৈতে হাৰ্বিচনক দেখাত সাইলাখ হলিউডৰ কোনো চিনেমাৰ চৰিত্ৰ যেনেই লাগিব। হাৰ্বিচন প্ৰকৃততে এক্ৰোমেটোপচিয়া বা অত্যাধিক ৰঙৰ অন্ধত্বৰ সৈতে জন্ম গ্ৰহণ কৰা এজন শিল্পী। তেওঁ ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে। তেওঁৰ বাবে এই বিনন্দীয়া পৃথিৱীখন কেৱল ক'লা আৰু বগা ৰঙৰ। এই অসুবিধাৰ পৰা বাচিবলৈ তেওঁ চিকিৎসকৰ শৰণাপন্ন হোৱাত চিকিৎসকে তেওঁক বিশেষ ধৰণৰ বৈদ্যুতিক চকু বা বায়নিক চকু (আইবৰ্গ) লগাই দিছিল যাৰ সহায়ত তেওঁ ৰঙীন পৃথিৱীখন দেখা পাইছিল। কিন্তু আচৰিত কথাটো হ'ল এই যে বৈদুতিক চকুযুৰিৰ সহায়ত হাৰ্বিচনে সাধাৰণ মানুহে দেখাতকৈ অধিক ভিন্ন প্ৰকাৰৰ ৰং অনুভৱ কৰিব পাৰিছিল। 

পিছলৈ হাৰ্বিচনে মূৰত এণ্টেনা স্থাপন কৰোৱাই লয়। এই এণ্টেনাই তেওঁক তথ্য যোগান ধৰিবলৈ তেওঁৰ লাওখোলাৰ মাজেৰে শ্ৰৱণযোগ্য কম্পন প্ৰেৰণ কৰে। এই কম্পনবোৰ পৰবৰ্তী পৰ্যায়ত কিছুমান কম্পিউটাৰ চিপচৰ সহায়ত তেওঁৰ বাবে কিছুমান সাংকেতিক শব্দলৈ ৰূপান্তৰিত হয়। তদুপৰি হাৰ্বচনে এই এণ্টেনাৰ সহায়ত বিদ্যুতচুম্বকীয় তৰংগৰ মাধ্যমত ফোন কল কৰাৰ উপৰিও ভিডিঅ' বা সংগীতৰ আমেজো ল'ব পাৰে। তাতকৈও আচৰিত কথাটো হ'ল যে তেওঁৰ ৱাই-ফাই সক্ষম বিশেষ এণ্টেনাই তেওঁক উপগ্ৰহৰ পৰা পোনপটীয়াকে সংকেত আৰু তথ্য লাভ কৰিবলৈও সুবিধা কৰি দিয়ে। 

#জেছি_চুলিভান: জেছি চুলিভানে বৈদ্যুতিক লাইনছমেন হিচাপে কাম কৰিছিল। ২০০১ চনৰ মে মাহত তেওঁ এক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ ইমান গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হৈছিল যে তেওঁৰ দুয়োখন বাহুৱেই কাটি পেলোৱাৰ প্ৰয়োজন হৈছিল। চিকাগোৰ চিকিৎসকে চাইবৰ্গ বিশেষজ্ঞৰ লগত আলোচনা কৰি জেছিৰ কটা বাহু দুটাৰ অভাৱ পুৰ কৰিবলৈ তেওঁৰ দেহত দুটা "ৰ'বটিক প্ৰস্থেটিকছ" বা ৰ'বটিক বাহু লগাই দিছিল। চিকিৎসকে এই ৰ'বটিক বাহু দুটা জেছিৰ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ লগত গ্ৰাফ্টিংৰ জৰিয়তে সংযোগ কৰি জেছিক বায়'নিক অংগ যুক্ত "বায়নিক মেন" হিচাবে বিকশিত কৰি তোলে। 

একেদৰে নাইজেল অকলেণ্ড নামৰ ধাতুৰ কাৰখানাত কাম কৰা লোক এজনে দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাব লগীয়া হৈছিল। কিলাকুটিৰ তলৰ পৰা বিছিন্ন হৈ যোৱা হাতখনৰ সলনি চিকিৎসকে তেওঁৰ দেহতো "বায়োনিক হাত" স্থাপন কৰিছিল। এনে অলেখ উদাহৰণ বিচাৰিলেই পোৱা যায়।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীৰ বিভিন্ন দেশত চাইবৰ্গৰ ওপৰত চিন্তা চৰ্চা, আলোচনা আৰু পৰীক্ষা নিৰীক্ষা চলি আছে। অদূৰ ভৱিষ্যতে মানব শৰীৰৰ সৈতে প্ৰযুক্তিৰ সংমিশ্ৰণ হৈ আমাৰ ভৱিষ্যত প্ৰজন্ম বোৰ চাইবৰ্গ ( cyborg) হোৱাৰ সম্ভাৱনাই অধিক। ইয়াৰ উপৰিও মানুহৰ দীৰ্ঘ জীৱন-কাল, কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ সামৰ্থ, বুদ্ধিমত্তাৰ বৃদ্ধি  আৰু অন্য গ্ৰহত মানৱ সভ্যতাৰ বিকাশৰ বাবে ভৱিষ্যতৰ মহাকাশচাৰী সৃষ্টি কৰিবলৈ চাইবৰ্গৰ প্ৰয়োজনীয়তাৰ ওপৰত বিজ্ঞানীসকলে গুৰুত্ব আৰোপ কৰিছে।

Sunday, 20 November 2022

সঁচা-মিছাৰ বিচাৰত নাৰ্কো টেষ্ট


নাৰ্কো টেষ্ট এক প্ৰকাৰৰ সত্যাসত্য বিচাৰ কৰা এটা পৰীক্ষা। এই পৰীক্ষাটো কৰিবলৈ, অভিযুক্ত লোক এজনৰ শৰীৰৰ সিৰাত বেজীৰ জৰিয়তে স্কোপোলেমাইন, ছডিয়াম পেণ্টাথল অথবা ছডিয়াম এমাইটেল জাতীয় ঔষধ প্ৰয়োগ কৰা হয়। এই ঔষধবোৰৰ প্ৰয়োগৰ ফলত মানৱ শৰীৰ ক্ৰমান্বয়ে শিথিল হয় আৰু অস্থায়ী ভাবে অৰ্ধ-চেতন অৱস্থালৈ গুছি যায়। বিশেষজ্ঞসকলৰ মতে, নাৰ্কো পৰীক্ষাৰ সময়ত প্ৰয়োগ কৰা ঔষধবোৰে আণৱিক স্তৰত অভিযুক্তৰ স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰি ব্যক্তিজনৰ চিন্তা শক্তিক বাধা প্ৰদান কৰে। বেজী হিচাবে দিয়া ঔষধৰ পৰিমান অভিযুক্ত ব্যক্তিজনৰ লিংগ, বয়স, স্বাস্থ্য আৰু শাৰীৰিক স্থিতি অনুসৰি নিৰ্ধাৰণ কৰা হয়।

যেতিয়া এজন মানুহ অৰ্ধ-চেতন মানসিক অৱস্থাত থাকে, তেতিয়া তেওঁৰ স্বাভাৱিক ধৰণে চিন্তা কৰাৰ ক্ষমতা হ্ৰাস পায়। মিছা কথা ক'বলৈ মানুহে মগজু ব্যৱহাৰ কৰি চিন্তা কৰিব লাগে। তদুপৰি মিছা কথা এটা সজাই পৰাই ক'বলৈ মানুহক প্ৰখৰ বুদ্ধিমত্তাৰ লগতে কল্পনাৰ শক্তিৰো প্ৰয়োজন হয়। কাৰন, মিছা ক'বলৈ এটা মনে গঢ়া কাহিনীও সৃষ্টি কৰিব লাগে। যিহেতু ছডিয়াম পেণ্টাথল, ছডিয়াম এমাইটেল অথবা স্কোপোলেমাইন জাতীয় ঔষধবোৰে মানুহৰ মগজুৰ চিন্তা কৰা শক্তিক অস্থায়ী ৰূপে ব্যাহত কৰে, সেয়ে অভিযুক্ত জনে মিছাৰ আশ্ৰয় নোলোৱাকৈ তেওঁক কৰা প্ৰশ্নবোৰৰ যথাযথ উত্তৰ দিয়ে। অভিযুক্ত ব্যক্তিজনক তেতিয়া চিকিৎসকৰ উপস্থিতিত বিশেষ অনুসন্ধানকাৰী সংস্থাসমূহে জেৰা কৰে। এই পৰ্যায়ত কৰা নাৰ্কো পৰীক্ষাৰ সকলো তথ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয়।

অভিযুক্তই কোৱা কথাৰ সত্যতা সম্বন্ধে জ্ঞাত হ'বলৈ উনবিংশ শতিকাত পোন প্ৰথমবাৰৰ বাবে ইটালীৰ ক্ৰিমিনোলজিষ্ট চিজাৰ লম্ব্ৰোচোৱে জেৰাৰ সময়ত অভিযুক্তৰ ৰক্তচাপৰ পৰিৱৰ্তন জোখাৰ বাবে এটা যন্ত্ৰ ব্যৱহাৰ কৰিছিল। তাৰপিছৰ নাৰ্কো-বিশ্লেষণ বা নাৰ্কো টেষ্ট শব্দটো হৰ্চলি নামৰ এজন বিশেষজ্ঞই ব্যৱহাৰ কৰিছিল। ১৯২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰাধমূলক অনুসন্ধানত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। টেক্সাছৰ প্ৰসূতি বিশেষজ্ঞ ৰবাৰ্ট হাউচে দুজন বন্দীৰ ওপৰত স্কোপোলামাইন ঔষধ ব্যৱহাৰ কৰিছিল। এই  স্কোপোলামাইনক "ট্ৰুথ চিৰাম" বুলিও কোৱা হয়। বৰ্তমান সময়ত অভিযুক্তৰ স্বীকাৰোক্তিৰ সত্যতা নিৰূপণৰ বাবে নাৰ্কো টেষ্টৰ লগতে "ব্ৰেইন মেপিং" আৰু "পলিগ্ৰাফ টেষ্ট" নামৰ আন দুটা পদ্ধতিও ব্যৱহাৰ কৰা হয়।

Friday, 18 November 2022

সম্প্ৰসাৰিত ব্ৰহ্মাণ্ড আৰু এডুইন হাব'ল


তেতিয়া পৃথিৱী বা জোনবাই নাছিল, এই বিশাল ব্ৰহ্মাণ্ডও নাছিল। আনকি স্পেচ-টাইম বুলিও একো নাছিল, নাছিল সময়। অসীম ভৰযুক্ত আৰু অসীম ঘনত্বৰ কেৱল এটা বিন্দুহে (!) আছিল। হঠাতে সেই বিন্দুটোত কিবা এটা ঘটিল। কোনো অজ্ঞাত কাৰণত, সেই অদ্ভুত বিন্দুটোৱে বিষ্ফোৰিত হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰি স্পেচ-টাইম নামৰ এখন মেলি থোৱা চাদৰৰ দৰে ৰূপ ল'লে। বিন্দুটোৰ ভিতৰত থকা স্থান-কাল, অণু-পৰমাণু, শক্তি সকলোবোৰ অতি দ্ৰুত গতিত বিয়পিবলৈ ধৰে। পৰে। ইয়াৰ পৰাই ক্ৰমান্বয়ে বিভিন্ন উপাদান, যৌগ, গ্ৰহ, নক্ষত্ৰ, নীহাৰিকা, ছায়াপথ আদিবোৰ এটা এটাকৈ সৃষ্টি হ'বলৈ ধৰিলে! বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক "বিগ বেং" বা মহানাদ বুলি কোৱা হয়। এই ব্ৰহ্মাণ্ডৰ অসংখ্য ছায়াপথৰ মাজৰ হাতীপটি ছায়াপথৰ এটা হালধীয়া তৰাৰ চাৰিওফালে ঘূৰি থকা সৌৰজগতৰ এটা ক্ষূদ্ৰাকৃতিৰ গ্ৰহৰ উপৰিভাগৰ এটুকুৰা স্থানত বহি ফেইচবুকত এই প্ৰবন্ধটো পঢ়ি আছে।

আচৰিত নহয় নে বাৰু? তাতকৈও আচৰিত এই যে বিশ্বব্ৰহ্মাণ্ডৰ এই প্ৰসাৰণ এতিয়াও হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু সেয়া দেখা পাবলৈ আপুনি বা মই, সঁচা অৰ্থত এই মানৱ সভ্যতাই হয়তো জীৱিত নাথাকিব। কথাবোৰ দেখোন বিশ্বাস কৰিবলৈ যেন অসুবিধা হয়। আনকি বিখ্যাত বিজ্ঞানী আইনষ্টাইনেও ইয়াক বিশ্বাস কৰা নাছিল। তেওঁৰ দ্বাৰা আৱিষ্কৃত "আইনষ্টাইন ক্ষেত্ৰ সমীকৰণ"ত এই সম্প্ৰসাৰণ বন্ধ কৰিবলৈ এটা ধ্ৰুৱক ৰাখিছিল। সকলোৱেই তেওঁৰ উৎসাহী অনুৰাগী আৰু সেয়ে সকলোৱে ইয়াকেই মানিও লৈছিল।

আন এজন বিজ্ঞানী ৰাছিয়াৰ আলেকজেণ্ডাৰ ফ্ৰীডমেন। তেওঁ প্ৰথমে কৈছিল যে বিশ্বব্ৰহ্মাণ্ড সম্প্ৰসাৰিত হৈ আছে, যি সকলো দিশত সমানে আগবাঢ়ে। তেতিয়া কোনেও সেই কথা বিশ্বাস কৰা নাছিল। কিন্তু তাৰ পিছত এডুইন হাব'ল নামৰ আন এজন জ্যোতিৰ্বিজ্ঞানীয়ে দূৰবীণেৰে বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ প্ৰমাণ কৰিছিল। এডুইন হাব'লে কোনোবা এটা গভীৰ নিশা দূৰবীণ যন্ত্ৰেৰে আকাশৰ বুকুত পিটপিটাই ধন্যবাদ যাঁচিছিল পোহৰৰ "ৰঙা সৰণ" নামৰ বিশেষ ধৰ্মটোক, কাৰন ইয়াৰ সহায়তেই তেওঁ প্ৰমাণ কৰিছিল বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ কথাটো। ইয়াৰ ফলত আইনষ্টাইনৰ অস্প্ৰসাৰণশীল ব্ৰহ্মাণ্ডৰ ধাৰণাটোও ক্ৰমে স্তিমিত হৈ পৰিছিল।

কিন্তু কি এই পোহৰৰ ৰঙা সৰণ বা "ৰেড চিফ্ট"? এই বিষয়ে জনাৰ আগত আমি "ড'পলাৰ ইফেক্ট"ৰ বিষয়ে জানিব লাগিব। যদি কোনো স্থিৰ উৎসৰ পৰা অবিৰত ভাবে এটা শব্দ আহে, তেন্তে ই চৌদিশে সমানে বিয়পিব। কিন্তু যদিহে শব্দৰ উৎসটোৱে গতিশীল শব্দৰ দিশতেই গতি কৰে তেন্তে সেই দিশত শব্দৰ তৰংগদৈৰ্ঘ্য কমি যায় আৰু ইয়াৰ কম্পাঙ্ক বৃদ্ধি পায়। আনহাতে ইয়াৰ বিপৰীত দিশত শব্দৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি পায় আৰু কম্পাঙ্ক হ্ৰাস পায়। শব্দৰ তৰংগদৈৰ্ঘ্য যিমানেই কম হয়, অৰ্থাৎ কম্পনাঙ্ক যিমানেই বেছি হয়, শব্দটো সিমানেই তীক্ষ্ণ হৈ পৰে। একেদৰে তৰংগদৈৰ্ঘ্য বৃদ্ধি হোৱাৰ লগে লগে অৰ্থাৎ কম্পনাঙ্ক কমি অহাৰ লগে লগে শব্দটো নিস্তেজ হৈ পৰে। উদাহৰণ স্বৰূপে আপোনাৰ দিশলৈ আহি থকা গাড়ী এখনৰ মাইকত গান বাজি থাকিলে আপোনাৰ কাণত গানটো যেনেদৰে বাজিব, গাড়ীখন আপোনাৰ পৰা আঁতৰি যাওঁতে মাইকৰ গানটো যথেষ্ঠ বিকৃত সুৰত শুনিব। ইয়াৰ কাৰণ - ডোপলাৰ ইফেক্ট। 

এই কথাখিনি পোহৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ পোহৰো এক প্ৰকাৰৰ তৰংগ। পোহৰৰ তৰংগ বিদ্যুৎচুম্বকীয় তৰংগ। যদিহে কোনো তাৰকাৰাজ্য আমাৰ তাৰকাৰাজ্য বা পৃথিৱীৰ পৰা আঁতৰি গৈ আছে, তেন্তে ডপলাৰ ইফেক্ট অনুসৰি ইয়াৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্যবোৰ পৃথিৱীৰ দিশলৈ অধিক হ’ব আৰু তাৰকাৰাজ্যখন আঁতৰি যোৱাৰ দিশত তৰংগদৈৰ্ঘ কম হ’ব। ফলত সেই তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰৰ বৰ্ণালীৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি হ'ব। অৰ্থাৎ তাৰকাৰাজ্যখনৰ পৰা পৃথিৱীৰ দিশলৈ অহা বৰ্ণালীৰ বৰণ ৰঙাৰ ফালে গতি কৰিব। যিহেতু ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ দীঘল আৰু কম্পনাঙ্ক কম, সেয়েহে তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰ দৃশ্যমান পোহৰৰ বৰ্ণালীৰ ৰঙা মূৰৰ ফালে ‘স্থানান্তৰিত’ হ’ব, যাক জ্যোতিৰ্বিজ্ঞানত ৰঙা সৰণ বা "Ref shift" বোলা হয়।

আকৌ যদি কোনো তাৰকাৰাজ্যই পৃথিৱীৰ দিশে আগবাঢ়ি আহে তেন্তে ডপলাৰ ইফেক্ট অনুসৰি তাৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্য পৃথিৱীৰ ফালে কম আৰু তাৰকাৰাজ্যখনৰ পথৰ বিপৰীত দিশত বেছি হ’ব। কাৰণ তৰংগদৈৰ্ঘ্য কমি যোৱাৰ লগে লগে উৎসৰ পৰা অহা পোহৰৰ দৃশ্যমান পোহৰৰ বৰ্ণালী বেঙুনীয়া ৰঙৰ ফালে গতি কৰিব কাৰণ বেঙুনীয়া ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম আৰু কম্পনাংঙ্ক সৰ্বাধিক। আৰু ইয়াক নেগেটিভ ৰেড শ্বিফ্ট বা নীলা সৰণ বা ভায়োলেট শ্বিফ্ট বোলা হয়।

বিজ্ঞানী হাবলে এই ধাৰণাটো লৈয়েই এই গৱেষণাত ব্ৰতী হৈছিল। তেতিয়া তেওঁ দেখিলে যে এণ্ড্ৰমেডা গেলেক্সীৰ পৰা অহা পোহৰৰ তৰংগদৈৰ্ঘ্য বেঙুনীয়া ৰঙৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ নীলা ৰঙৰ পৰিৱৰ্তন দেখুৱাইছে। একেদৰে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৰ পোহৰৰ তৰংগদৈৰ্ঘ্য ৰঙাৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ ৰঙাৰ পৰিৱৰ্তন দেখুৱাইছে। পিছলৈ অধিক পৰ্যবেক্ষণৰ অন্তত তেওঁ নিশ্চিত কৰিলে যে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৱেই ৰঙা পৰিৱৰ্তন দেখুৱায়। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰ ঘটিছে। আনকি প্ৰতিটো মুহূৰ্তত ই আগৰ তুলনাত অধিক বেগেৰে সম্প্ৰসাৰিত হৈছে। ই যেন এটা অবিৰাম সম্প্ৰসাৰিত হৈ থকা অথচ বন্ধ কৰিব নোৱাৰা স্বয়ংক্ৰিয় বোমা যিয়ে প্ৰতি মুহূৰ্ততে ৰঙা সৰণৰ জৰিয়তে নিজৰ কাৰ্যকলাপ দৃঢ়ৰ পৰা অধিক দৃঢ় কৰি আহিছে। ইয়াৰ লগে লগে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনো অকল্পনীয় বিশালতাৰ পৰা আৰু অধিক বিশালতাৰ দিশে নিৰন্তৰ আগুৱাই গৈ আছে।

Thursday, 10 November 2022

বিক্ৰম-১ : ভাৰতৰ প্ৰথম বানিজ্যিক ৰকেট


ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা সকলোবোৰ মহাকাশ অভিযানতেই "ইছৰো"ৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত "ইছৰো"ৰ সলনি ভাৰতৰেই এটা কোম্পানীয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত পৃথিৱীৰ পৰা মহাকাশলৈ এটা ৰকেট প্ৰেৰণ কৰিবলৈ ওলাইছে। মহাকাশ বিশেষজ্ঞ সকলৰ মতে এয়া ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এটা নতুন যুগৰ আৰম্ভণি।


হায়দৰাবাদস্থিত এটা ব্যক্তিগত কোম্পানী ''স্কাইৰুট এৰোস্পেচ''ৰ দ্বাৰা বিকশিত কৰা এই ৰকেটটোৰ নাম ভাৰতৰ প্ৰসিদ্ধ গৱেষক বিজ্ঞানী আৰু মহাকাশ অভিযানৰ আত্মা স্বৰূপ বিক্ৰম চাৰাভাইৰ নামেৰে "বিক্ৰম-এচ" ৰখা হৈছে। বিগত ৮ নৱেম্বৰ, মঙলবাৰে স্কাইৰুট এৰোস্পেচ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দানাই জানিব দিয়া মতে ''স্কাইৰুট'' অভিযানৰ এই ''ষ্টাৰ্ট আপ'' মিচনৰ প্ৰথম পদক্ষেপ অনুসৰি বিক্ৰম-এচ নামৰ ৰকেটটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণস্থলীৰ পৰাই এই নৱেম্বৰ মাহৰ ভিতৰতেই উৎক্ষেপণ কৰা হ'ব। ইছৰোৱে এই ৰকেট প্ৰস্তুত কৰাত 'স্কাইৰুট'ক সহায় কৰিছে।

স্কাইৰুটে বিক্ৰম ৰকেটৰ তিনিটা প্ৰকাৰ বিকশিত কৰি আছে। বিক্ৰম-১ ৰকেটটোৱে পৃথিৱীৰ নিম্নতম কক্ষপথলৈ ৪৮০ কিলোগ্ৰাম পেলোড কঢ়িয়াই নিব পাৰিব। আনহাতে বিক্ৰম-২ ৰকেটটোৱে ৫৯৫ কিলোগ্ৰাম কাৰ্গোৰ সৈতে মহাকাশ যাত্ৰা কৰিবলৈ সক্ষম। এই চিৰিজৰ বিক্ৰম-৩ ৰকেটটোৱে ৮১৫ কিলোগ্ৰাম পেলোড পৃথিৱীৰ পৰা ৫০০ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈ ক্ষিপ্ৰতাৰে উৎক্ষেপণ কৰিব পাৰিব।

কেইদিনমানৰ ভিতৰতে উৎক্ষেপণ হ'বলগীয়া বিক্ৰম-১ ৰকেটটো কালাম-১০০ নামৰ উৎক্ষপণ যানখনৰ সহায়ত কৰা হ'ব। এই বছৰৰ আৰম্ভণিতে স্কাইৰুট এৰোস্পেচ এজেন্সীয়ে কালাম -১০০ মহাকাশ যানখনৰ সফলতাৰ পৰীক্ষা সম্পন্ন কৰিছে। এই অভিযানত তিনিটা পেলোড মহাকাশলৈ বহন কৰা হ'ব। ইয়াৰ ভিতৰত "স্পেচ কিডচ ইণ্ডিয়া" (Space Kidz India)ৰ অধীনত ভাৰতৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ণৰত শিক্ষাৰ্থীসকলে বিকশিত কৰা ২.৫ কিলোগ্ৰামৰ পেলোডো অন্তৰ্ভূক্ত হৈ আছে।

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনৰ "স্কাইৰুট এৰোস্পেচ''ৰ অন্তৰ্ভূক্তি নিসন্দেহে এক আশাৰ বতৰা।

Tuesday, 8 November 2022

সূৰ্যৰ পোহৰত লুকাই থকা দানৱ গ্ৰহাণু

এটা প্ৰায় ১.৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এপ'লো শ্ৰেণীৰ গ্ৰহাণু! নাম ২০২২-এপি৭। পৃথিৱীৰ কক্ষপথক স্পৰ্শ কৰি পাৰ হোৱা গ্ৰহাণুবোৰক এপ'লো শ্ৰেণীৰ গ্ৰহাণু (Asteroid) বুলি কোৱা হয়। এই গ্ৰহাণুটোৱে শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ মাজৰ এক উপবৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে। বিজ্ঞানীসকলৰ মতে ই পৃথিৱীৰ বাবে এক সম্ভাৱ্য বিপদজনক মহাজাগতিক বস্তু (Potentially Hazardous Object)। এই গ্ৰহাণুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ গৈছে। সেইবাবেই এই গ্ৰহাণুটোক অতি বিপদজনক বুলি গণ্য কৰা হৈছে। চিলিৰ আকাশত সূৰ্যাস্তৰ ১০ মিনিটৰ ভিতৰৰ সময়চোৱাত স্কট শ্বেপৰ্ড নামৰ এজন বিজ্ঞানীয়ে "চেৰো ট'লোলো অবজাৰ্ভেটৰী"ৰ ডাৰ্ক এনাৰ্জি কেমেৰা ব্যৱহাৰ কৰি বিগত ২০২২ চনৰ ১৩ জানুৱাৰী তাৰিখে এই গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল। এই গ্ৰহাণুটোৰ আৱিষ্কাৰত চিলিৰ ভিক্টৰ এম ব্লাঙ্কো নামৰ এজন বিজ্ঞানীৰ নামো সংযুক্ত হৈ আছে। তেওঁলোকে ইয়াক বিচাৰি উলিওৱাৰ বাবে দূৰবীণত ডাৰ্ক মেটাৰ অধ্যয়ন কৰিবলৈ ব্যৱহৃত উচ্চ-প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰিছিল। কিন্তু নিৰন্তৰ ভাবে প্ৰায় ৫ বছৰৰ মুৰে মুৰে সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰা ২০২২-এপি৭ সৌ সিদিনালৈ বিজ্ঞানীসকলৰ চকুৰ পৰা লুকাই থকাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল, এই গ্ৰহাণুটো সূৰ্যৰ খুব ওচৰত এনে এটুকুৰা ঠাইত আছে যে সূৰ্যৰ তীব্ৰ পোহৰৰ বাবে ইয়াক ধৰা পেলোৱাতো অতি কঠিন হৈ পৰে। 

 কাৰ্নেগী ইনষ্টিটিউচন ফৰ ছাইন্সৰ মহাকাশ বিজ্ঞানী স্কট শ্বেপৰ্ডৰ মতে ২০২২-এপি৭ গ্ৰহাণুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ যোৱা বাবেই ইয়াক বিপদজনক শ্ৰেণীত ৰখা হৈছে। সদ্যহতে এই গ্ৰহাণুটোৱে পৃথিৱীক আঘাত কৰাৰ কোনো সম্ভাৱনা নাই যদিও পৃথিৱীৰ কক্ষপথৰ মাজেৰে পাৰ হৈ অহা এই গ্ৰহাণুটো প্ৰতিবাৰ প্ৰদক্ষিণৰ অন্তত ক্ৰমে পৃথিৱীৰ ওচৰলৈ আহি আছে। তেনেস্থলত অদূৰ ভৱিষ্যতত ২০২২-এপি৭ নামৰ গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনা প্ৰবল। বিজ্ঞানীসকলৰ মতে, মহাকাশত থকা আন গ্ৰহবোৰৰ মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক কেনেদৰে প্ৰভাৱিত কৰে তাৰ ওপৰত এই গ্ৰহাণুটোৱে পৃথিৱীৰ লগত সংঘৰ্ষ কৰিব নে সংঘৰ্ষ নকৰাকৈ আঁতৰি যাব, সেইটো নিৰ্ভৰ কৰিব। বিজ্ঞানীসকলৰ মতে এই পৰিস্থিতিত এতিয়াই এই বিষয়ে ভৱিষ্যতবাণী কৰাটো অতি কঠিন। আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত "নায়াৰ লেব"ৰ বিজ্ঞানীসকলৰ মতে এই গ্ৰহাণুটোৱে যিহেতু সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ প্ৰায় ৫ বছৰ সময় লয়, এনেদৰে পৃথিৱীৰ পৃথিৱীৰ চৌদিশে পৰিভ্ৰমনৰ সময়ত গ্ৰহাণুটো পৃথিৱীৰ আটাইতকৈ ওচৰত থাকিলেও, ইয়াৰ দূৰত্ব আমাৰ পৰা কেইবা কৌটি কিলোমিটাৰ আঁতৰত থাকিব। এতিয়ালৈকে, পৃথিৱীৰ আশে পাশে পৰিভ্ৰমণ কৰি থকা প্ৰায় ৩০,০০০টা মান গ্ৰহাণু আৱিষ্কাৰ কৰা হৈছে। এইবোৰৰ ভিতৰত এক কিলোমিটাৰতকৈ অধিক ব্যাসাৰ্ধৰ ৮৫০ টা গ্ৰহাণু আছে। এইবোৰক পৃথিৱীৰ ওচৰত বস্তু (Near Earth Object) বুলি কোৱা হয়। এইবোৰৰ মাজৰ বহুত কেইটা সূৰ্যৰ তীব্ৰ পোহৰৰ আঁৰত লুকাই আছে। 

অৱশ্যে, বিজ্ঞানীসকলে আমাক নিৰ্ভয় প্ৰদান কৰি কৈছে যে পৰৱৰ্তী ১০০ বছৰলৈ, এই গ্ৰহাণুবোৰৰ কোনেও পৃথিৱীত আঘাত নকৰে। গ্ৰহাণুবোৰৰ পৰা পৃথিৱীৰ ক্ষতিৰ কথা মনত ৰাখিয়েই নাছাই বিগত ২০২২ চনৰ ছেপ্টেম্বৰ মাহত সফলতাৰে ডাৰ্ট অভিযান সম্পূৰ্ণ কৰিছিল। ডাৰ্ট মিচনৰ দৰে এনে ধৰণৰ অভিযানবোৰৰ জৰিয়তে গ্ৰহাণুৰ সংঘৰ্ষৰ পৰা আমাৰ পৃথিৱীখন বচাই ৰাখিবলৈ বিপদজনক গ্ৰহাণুৰ গতি আৰু দিশ সলনি কৰি আমাক নিৰাপত্তা দিবলৈ নাছাৰ বিজ্ঞানীসকল সদা ব্যস্ত হৈ আছে। বিজ্ঞানীসকলৰ এই প্ৰচেষ্টা সফল হওক

Thursday, 15 September 2022

পুনৰাই মানুহৰ চন্দ্ৰ অভিযান

 


১৯৭২ চনৰ ১৯ ​​ডিচেম্বৰ। নাছাৰ এপ’ল’-১৭ অভিযানৰ মহাকাশচাৰীসকল জোনবাইৰ বুকুৰ পৰা পৃথিৱীলৈ ঘূৰি আহিল। ইয়াৰ জৰিয়তে ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ চন্দ্ৰ অভিযানৰ অবিৰত যাত্ৰাৰ এক সফল পৰিক্ৰমাৰ অন্ত পৰিল। এই সময়চোৱাত ছয় বাৰকৈ মানুহে চন্দ্ৰত পদাৰ্পণ কৰে। তাৰ পিছৰ পৰ্যায়ত মানুহে মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিলে। পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰা হ'ল হাজাৰ হাজাৰ উপগ্ৰহ। পাৰ্কাৰ ছ’লাৰ প্ৰ’বে সূৰ্যৰ কৰোনাত প্ৰৱেশ কৰিলে। মংগল গ্ৰহৰ বুকুত মানুহে অৱতৰণ কৰোৱালে একাধিক ৰ'ৱটিক যান। ভয়েজাৰ-১ আৰু ভয়েজাৰ-২ নামৰ মহাকাশ যান দুখনে সৌৰজগতৰ সীমা ভেদি  কোনো অজানতিমুলুকলৈ গতি কৰিলে। কিন্তু, ১৯৭২ চনৰ পিছত মানুহ পুনৰ জোনবাইৰ বুকুলৈ উভতি যোৱা নাই। বিগত ৫০ বছৰ ধৰি কোনো মানুহে চন্দ্ৰত ভৰি দিয়া নাই কিয়? বহুতৰে মনত এনে প্ৰশ্নই জুমুৰি ধৰি আহিছে। বৰ্তমান নাছাৰ আৰ্টেমিছ-১ মহাকাশ যাত্ৰাৰ সময়ত এই প্ৰশ্নটো পুনৰ চৰ্চালৈ আহিছে।

৫০ বছৰ সময়ৰ পাছত ২০২৫ চনত নাছাই মানুহক পুনৰ চন্দ্ৰৰ বুকুলৈ লৈ যাবলৈ ওলাইছে। চন্দ্ৰলৈ যোৱাৰ এই সমগ্ৰ ব্যৱস্থাটোৰ নাম ৰখা হৈছে "আৰ্টেমিছ"। গ্ৰীক পৌৰাণিক কাহিনীত চন্দ্ৰদেৱী আৰ্টেমিছ হৈছে এপ’ল’ দেৱতাৰ যমজ ভগ্নী। তেওঁৰ নামেৰে এই মিছনৰ নামকৰণ কৰা হৈছে। সমগ্ৰ বিশ্বৰ ২১খন দেশৰ পুঁজি আৰু সহযোগিতাৰে নাছাৰ নেতৃত্বত এই অভিযান চলোৱা হ’ব। আৰ্টেমিছৰ মিছনৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক গৱেষণা, অৰ্থনৈতিক সুযোগ সৃষ্টি  আৰু নতুন প্ৰজন্মক বিজ্ঞানৰ পিছত লগাবলৈ অনুপ্ৰাণিত কৰা।

বিজ্ঞানীসকলে আৰ্টেমিছ অভিযানত নতুন প্ৰযুক্তিৰ সহায়ত চন্দ্ৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰাৰ লগতে পৃথিৱী, চন্দ্ৰ আৰু আমাৰ সৌৰজগতৰ উৎপত্তি আৰু ইতিহাসৰ বিষয়ে গৱেষণা কৰা। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল - মংগল গ্ৰহলৈ মহাকাশচাৰী পঠোৱাত আৰ্টেমিছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞানী সকলে চন্দ্ৰত অস্থায়ী ভাবে মানৱ আৰু ৰবটৰ বসতি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত মংগল গ্ৰহলৈ মানব প্ৰেৰণত সৃষ্টি হ'ব পৰা বিভিন্ন বাধাৰ সমাধান সম্ভৱ হৈ উঠিব।

নাছাৰ শক্তিশালী নতুন ৰকেট স্পেচ লঞ্চ চিষ্টেম বা এছ.এল.এছৰ সহায়ত আৰ্টেমিছ অভিযান উৎক্ষেপণ কৰা হ’ব। ইয়াৰ লগত সংযুক্ত হৈ থাকিব অৰিয়ান মহাকাশযান। ইয়াৰ বাবে নাছাই আৰ্টেমিছ অভিযানৰ তিনিটা পৰ্যায়ৰ পৰিকল্পনা চূড়ান্ত কৰিছে।

বিগত ২৯ আগষ্ট, ২০২২ত ইয়াৰ প্ৰথম পৰ্যায়ৰ এই অভিযান আৰ্টেমিছ-১ৰ উৎক্ষপণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এই অভিযানৰ দিন পিছুৱাই দি অহা ২৮ ছেপ্টেম্বৰত স্থিৰ কৰা হৈছে। আৰ্টেমিছ-১ত কোনো মহাকাশচাৰী নাথাকিব। এইটো মূলতঃ এটা পৰীক্ষামূলক উৎক্ষেপণ হ’ব। আৰ্টেমিছ-১ মহাকাশযান খনে চন্দ্ৰক প্ৰদক্ষিণ কৰি পৃথিৱীলৈ ওভতাই আনিব মহাকাশযানৰ খনৰ ক্ৰু মডিউলটি, যাৰ নাম "অৰায়ন"। অৱশ্য অৰিয়ানৰ মূল অংশ বা ছাৰ্ভিচ মডিউলটো পৃথিৱীৰ কক্ষপথতেই  ৰৈ যাব আৰু আৰ্টেমিছৰ পৰৱৰ্তী মানৱ অভিযানবোৰত ইয়াক ব্যৱহাৰ কৰা হ’ব। 

আৰ্টেমিছ-১ৰ পিছত ২০২৪ চনত মহাকাশচাৰীৰ সৈতে জোনবাইৰ দেশলৈ উৎক্ষেপণ কৰা হ'ব আৰ্টেমিছ-২ মহাকাশযান। এই অভিযানৰ মহাকাশচাৰী সকলে অৱশ্যে চন্দ্ৰক প্ৰদক্ষিণ কৰি পৃথিৱীলৈও উভতি আহিব। আৰ্টেমিছ অভিযানৰ তৃতীয় পৰ্যায়ত জোনবাইৰ বুকুত মানুহে আকৌ এবাৰ খোজ দিব। ২০২৫ চনত নাছাই আৰ্টেমিছ-৩ প্ৰগ্ৰেমৰ দিন ধাৰ্য কৰিছে। আৰ্টেমিছ অভিযানে মানৱৰ মহাকাশ বিজয়ৰ নতুন দিগন্ত উন্মোচিত কৰিব। এই অভিযানৰ জৰিয়তে নাছাই জোনবাইৰ বুকুত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা আৰু অনাআমেৰিকান লোকক অৱতৰণ কৰাব। 

২০২০ চনৰ ডিচেম্বৰ মাহত নাছাই আৰ্টেমিছ অভিযানৰ বাবে সাম্ভাব্য মহাকাশচাৰীৰ দল এটি ঘোষণা কৰিছিল। সেই দলটোত ৯ গৰাকী মহিলা মহাকাশচাৰী আছিল। তেওঁলোক হ'ল - কাইল বেৰন, ক্ৰিষ্টিনা ক'ছ, নিকোল মান, এনি মেকক্লেইন, জেচিকা মেয়ৰ, জেচমিন ম'ঘবেলি, কেট ৰুবিন্স, জেচিকা ৱাটকিন্স আৰু ষ্টেফানী উইলছন। এওলোকৰ ভিতৰত কোনোবা এগৰাকী নাৰী জোনবাইৰ বুকুত ভৰি দিয়া প্ৰথম গৰাকী নাৰী হ'ব। নাছাই আৰ্টেমিছ মিছনৰ ৯ গৰাকী মহিলা সদস্যৰ লগতে ৯ গৰাকী পুৰুষ সদস্যৰ নামো ঘোষণা কৰিছে। এই সকলো কেইগৰাকীয়ে বৰ্তমান প্ৰশিক্ষণ লৈ আছে। আৰ্টেমিছ-৩ মিছনৰ মহাকাশচাৰীৰ সকলৰ চূড়ান্ত তালিকাখন নাছাই পৰবৰ্তী সময়ত ঘোষণা কৰিব।

Sunday, 11 September 2022

বিজ্ঞানৰ বিষ্ময়: সংশ্লেষিত ভ্ৰূণ


ইজৰাইলৰ "ৱাইজমেন ইনষ্টিটিউট অৱ চাইন্স"ৰ গৱেষক বিজ্ঞানীসকলে এটা অসম্ভৱ কাৰ্য সম্পন্ন কৰিছে। তেওঁলোকে শুক্ৰাণু অবিহনে সফলতাৰে এটা সংশ্লেষিত বা কৃত্ৰিম ভ্ৰূণ সৃষ্টি কৰিছে যি এদিন মানৱ ভ্ৰূণৰ জন্ম আৰু প্ৰতিস্থাপনৰ ত্ৰুটিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে বিশেষ ভাবে উপযোগী প্ৰমাণিত হ'ব পাৰে। চিকিৎসা বিজ্ঞানৰ এই গুৰুত্বপূৰ্ণ সাফল্যত, বিজ্ঞানীসকলে পেট্ৰিডিছত "ষ্টেম কোষ" ব্যৱহাৰ কৰি মাতৃগৰ্ভৰ বাহিৰত পৃথিৱীৰ প্ৰথমটো সংশ্লেষিত ভ্ৰূণ বিকশিত কৰিছে। এই ভ্ৰূণটো নিষিক্ত কণী ব্যৱহাৰ নকৰাকৈ সংশ্লেষণ কৰা হৈছিল অৰ্থাৎ এই সমস্ত প্ৰক্ৰিয়াটোত শুক্ৰাণুৰ প্ৰয়োজনীয়তা উপেক্ষা কৰা হৈছিল। এই গৱেষণাটোৰ বিতং তথ্য বিজ্ঞান আলোচনী ''চেল''ত প্ৰকাশিত হৈছে। 

গৱেষকসকলে নিগনিৰ ষ্টেম কোষবোৰক তিনিটা গোটত পৃথক কৰিছিল। এটা গোটত এনে কিছুমান কোষ ৰাখিছিল, যিবোৰে নিজেই ভ্ৰূণৰ অংগলৈ বিকশিত হোৱাৰ বাবে সামৰ্থ ৰাখিছিল আৰু বাকী দুটা গোটক বিশেষ ব্যৱস্থাৰে দুই প্ৰকাৰৰ জিনৰ দ্বাৰা প্ৰভাৱিত কৰি প্লেচেণ্টা বা কুহুমৰ থলী সৃষ্টিৰ বাবে তৈয়াৰ কৰিছিল। তাৰ পিছত সেইবোৰ বৈদ্যুতিক ভাৱে নিয়ন্ত্ৰিত এটা সঁজুলিত মিহলি কৰা হৈছিল। ইয়াৰ ফলত বিজ্ঞানীসকলে দেখিলে যে ষ্টেম কোষবোৰৰ 0.5% কোষে ভ্ৰূণ সৃষ্টিৰ বাবে প্ৰয়োজনীয় এক বিশেষ গোলাকাৰ গঠন (ব্লাষ্টুলা) তৈয়াৰ কৰিছিল। ব্লাষ্টুলাৰ প্ৰতিটো কোষে পিছলৈ এক দীঘলীয়া, ভ্ৰূণসদৃশ গাঁথনি সৃষ্টি কৰিবলৈ ধৰে। 

সংশ্লেষিত এই কোষবোৰে পৰবৰ্তী ৮ দিনত ভ্ৰূণৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক অংগসমূহ গঠন কৰাত আগভাগ লৈছিল, যাৰ ভিতৰত আছিল হৃদযন্ত্ৰ, তেজৰ প্ৰবাহৰ বাবে ৰক্তনলী, ভাঁজযুক্ত মগজু, স্নায়ু, আৰু অন্ত্ৰৰ নলী। 

যদিও নিগনিৰ ক্ষেত্ৰত এয়া সম্ভৱ হৈ উঠিছে, গৱেষকসকলে ভাবে যে মানুহৰ ক্ষেত্ৰত এনে ভ্ৰূণ সৃষ্টি কৰাটো কঠিন কাম। তদুপৰি ভ্ৰূণ গঠনৰ অৰ্থ প্ৰাণী এটাৰ জন্ম নহয়। প্ৰকৃতিৰ নিয়ম এৰাই চলি কৃত্ৰিমভাৱে মানুহ বা আন প্ৰাণী সৃষ্টি কৰাটো সামাজিক, বৈজ্ঞানিক তথা আইনগত দিশৰ পৰা নৈতিক হয় নে নহয়, সেই প্ৰশ্নটোও জড়িত হৈ থাকিব। অৱশ্যে, এনে বিতৰ্ক সৃষ্টি হোৱা স্বত্বেও, বিজ্ঞানীসকলে বিশ্বাস কৰে যে বিজ্ঞানৰ প্ৰগতিৰ ক্ষেত্ৰত এই আৱিষ্কাৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিয়েই চিহ্নিত হ'ব।

গৱেষণা পত্ৰৰ লিংকটো 👇

https://www.cell.com/cell/fulltext/S0092-8674(22)00981-3?utm_source=STAT+Newsletters&utm_campaign=492bf84a1c-MR_COPY_01&utm_medium=email&utm_term=0_8cab1d7961-492bf84a1c-149563237

চাইবৰ্গ পইতাচোৰা


 

আজিৰ পৰা এক লাখমান বছৰ আগৰ মানুহৰ জীৱন প্ৰণালী আজিৰ মানুহৰ তুলনাত একেবাৰে বেলেগ আছিল । তেওঁলোকে কেৱল জুঁই আৰু শিলেৰে নিৰ্মিত কিছুমান সঁজুলিহে ব্যৱহাৰ কৰিব জানিছিল। সেই সময়ৰ মানুহে আধুনিক মানৱ সভ্যতাৰ কথা কল্পনাও কৰিব পৰা নাছিল। থিক একেদৰেই আমিও আজিৰ পৰা এক লাখ বছৰ পিছৰ মানৱ সভ্যতাৰ বিষয়ে বুকুত হাত দি ক'ব নোৱাৰো। বিজ্ঞানী সকলে ভৱিষ্যতৰ মানুহৰ শৰীৰত সৰু সৰু কম্পিউটাৰ চিপচ স্থাপন কৰি মানুহক এক জৈৱিক মেচিন (চাইবৰ্গ)ৰ দৰে বিকশিত কৰোৱাৰ সম্ভাৱনাই বেছি। 

শেহতীয়াকৈ তেনে সম্ভাৱনাৰ পথ উন্মোচিত কৰি বিজ্ঞানীসকলে তৈয়াৰ কৰি উলিয়াইছে ৰিম’ট কণ্ট্ৰ’ল্ড (চাইবৰ্গ) পইতাচোৰা !!! বিজ্ঞানীসকলে চাইবৰ্গ পোক-পৰুৱা ডিজাইন কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। "NPJ Flexible Electronics" নামৰ গৱেষণা গ্ৰন্থত প্ৰকাশিত গৱেষণা পত্ৰ "Integration of body-mounted ultrasoft organic solar cell on cyborg insects with intact mobility" অনুসৰি এই মডিউলটো এটা সৌৰকোষৰ সৈতে সংযুক্ত হৈ থকা ৰিচাৰ্জেবল বেটাৰীৰে চালিত কৰা হৈছে যিয়ে বেটাৰীৰ মাজেৰে শক্তিৰ অবিৰত প্ৰবাহ নিশ্চিত কৰে। 

পইতাচোৰাৰ দেহত এই যন্ত্ৰসমূহ সফলতাৰে একত্ৰিত কৰিবলৈ বিজ্ঞানীৰ দলটোৱে এটা বিশেষ বেকপেক আৰু এটা অতি পাতল জৈৱিক সৌৰকোষ প্ৰস্তুত কৰি মডিউলটো পইতাচোৰাৰ দেহত এক বিশেষ আঠাযুক্ত পদাৰ্থৰে সংলগ্ন কৰি দিয়ে। ইয়াৰ ফলত পইতাচোৰাটোৱে অনায়াসে লৰচৰ কৰাৰ লগতে সকলোবোৰ দৈনন্দিন কাম কাজ সুচাৰু ৰূপে সমাপন কৰিব পাৰে। 

এই পৰীক্ষাটোৰ বিষয়ে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে গৈ আমাক এনে ধৰণৰ চাইবৰ্গ পতংগৰ প্ৰয়োজনেই বা কি? এই ক্ষেত্ৰত বিজ্ঞানীসকলে কয় যে চাইবৰ্গ পতংগবোৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী পাবৰ বাবে আৰু দুৰ্যোগৰ পিছৰ উদ্ধাৰ অভিযানৰ বাবে অত্যন্ত সহায়ক হ'ব। তদুপৰি বিপজ্জনক অঞ্চল পৰিদৰ্শন কৰাৰ লগতে পৰিৱেশ নিৰীক্ষণ কৰাত সহায় কৰিবলৈ চাইবৰ্গ পোক পৰুৱাবোৰ ভৱিষ্যতে কামত লগোৱাৰ পৰিকল্পনা তৈয়াৰ কৰিছে বিজ্ঞানীসকলে।

গৱেষণা পত্ৰখনৰ লিংকটো তলত দিয়া হ'ল 👇

https://www.nature.com/articles/s41528-022-00207-2

Saturday, 23 July 2022

তিনি তৰাযুক্ত সৌৰজগত




জ্যোতিৰ্বিজ্ঞানীসকলে আমাৰ হাতীপটি তাৰকাৰাজ্যত এক অনন্য তিনিটা তৰা যুক্ত সৌৰজগত আৱিষ্কাৰ কৰিছে। এই সৌৰজাগতিক তৰাতন্ত্ৰটোত গৱেষকসকলৰ মতে এটা চতুৰ্থ তৰাও আছিল, যিটো তৰাক তৰাতন্ত্ৰটোৰ আন তিনিটা তৰাই গিলি পেলাইছে। তাৰবাবে আজি এই তন্ত্ৰটোত তিনিটা তৰাহে আছে। বৰ্তমান ইয়াত দুটা তৰাই এক উমৈহতীয়া ভৰকেন্দ্ৰৰ চৌদিশে ইটোৱে সিটোক প্ৰদক্ষিণ কৰি আছে আৰু তৃতীয় তৰাটোৱে এই দুই তৰাৰ চাৰিওদিশে নিৰ্দিষ্ট কক্ষপথেৰে ঘূৰি আছে। এইচ ডি ৯৮৮০০ নামৰ এই তিনিটা তৰাৰ সৌৰজগতখন আমাৰ পৰা ১৫০ আলোকবৰ্ষ দূৰৰ  টি. ডব্লিউ. হাইড্ৰে নক্ষত্ৰমণ্ডলত অৱস্থিত।

বিশ্বব্ৰহ্মাণ্ডত কোটি কোটি তৰা আছে। সেই তৰাবোৰৰ বহুতৰে নিজস্ব এক গ্ৰহ ব্যৱস্থা (Planetary System) আছে। কিন্তু এই সকলোবোৰ তৰাৰ ব্যৱস্থা আমাৰ সূৰ্যৰ সৌৰজগতৰ দৰে নহয়। গ্ৰহৰ সংখ্যাৰ ভিন্নতা, তৰাটোৰ পৰা গ্ৰহবোৰৰ দূৰত্ব আৰু তন্ত্ৰটোৰ গঠনৰ তাৰতম্যই এনে সৌৰজগতবোৰ অধ্যয়নৰ বাবে আকৰ্ষণীয় বিষয় কৰি তুলিছে। কেতিয়াবা এটা ব্যৱস্থাত দুটাতকৈ অধিক তৰা থাকে কিন্তু কোনো গ্ৰহ নাথাকে। 

কোপেনহেগেন বিশ্ববিদ্যালয়ৰ নীলছ ব’ৰ ইনষ্টিটিউটৰ বিজ্ঞানী আলেজান্দ্ৰো ভিগ'না গোমোজৰ মতে এই তিনিটা তৰাৰ সৌৰজগতখনৰ যমজ তৰা দুটাই প্ৰায় ২৪ ঘণ্টাত ইটোৱে সিটোৰ চাৰিওফালে এপাক ঘূৰে। এই দুয়োটা তৰাই আমাৰ সূৰ্যতকৈ প্ৰায় ১২ গুণ বেছি ভৰযুক্ত। আনহাতে এই যমজ তৰাদুটাৰ চৌদিশে প্ৰদক্ষিণ কৰা  তৃতীয়টো তৰা আমাৰ সূৰ্যতকৈ ১৬ গুণ ডাঙৰ। এই তৰাটোৱে প্ৰায় ৬০ দিনত এবাৰকৈ যমজ তৰাদুটাক প্ৰদক্ষিণ কৰে। এই তিনি তৰাযুক্ত সৌৰজগতৰ আৱিষ্কাৰত নাছাৰ TESS Telescope (Transiting Exoplanet Survey Satellite Telescope)ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

https://www.google.com/amp/s/www.indiatoday.in/amp/science/story/system-with-three-suns-detected-for-the-first-time-it-once-had-four-1978767-2022-07-22

Friday, 22 July 2022

Where does the Rainbow end


 



অতিশয় ঠাণ্ডা আৰু লগতে আমাৰ সেউজীয়া পৃথিৱীখনৰ পৰা বহু দূৰত অৱস্থিত সৌৰজগতৰ এটা বামন গ্ৰহ প্লুটো। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ নিউ হৰাইজন মহাকাশযানখনৰ শক্তিশালী টেলিস্কোপৰ পৰা লোৱা বামন গ্ৰহ প্লুটোৰ এনে এখন যাদুকৰী ছবি প্ৰকাশ কৰিছে য'ত ৰামধেনু ৰঙৰ সমাহাৰ ঘটিছে। বিগত ২০/০৭/২০২২, বুধবাৰে নাছাই প্ৰকাশ কৰিছে প্লুটোৰ এই বিশেষ ছবিখন। এখন ঘূৰণীয়া ডিস্কত ৰামধেনুৰ ৰঙৰ এনে সংমিশ্ৰণে সকলোকে কাৰ্যতঃ আপ্লুত কৰি তুলিছিল। নাছাই ফটোখন আপলোড কৰি নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত লিখিছে : Where does the rainbow end?

প্লুটোৰ পৃষ্ঠ অতি জটিল আৰু বৈচিত্ৰময়। ইয়াৰ পৃষ্ঠত আছে পাহাৰ, অসমান উপত্যকা, মসৃণ বৰফৰ সমভূমি তথা অতিশয় ছিদ্ৰযুক্ত বৰফৰ পৃষ্ঠ। প্লুটোৰ পৃষ্ঠভাগ বৰফেৰে আবৃত। ই অতি ঠাণ্ডা আৰু ইয়াৰ উষ্ণতা প্ৰায় -২৩০ ডিগ্ৰী চেলছিয়াছ। প্লুটোৰ বায়ুমণ্ডল অতি পাতল। 

প্লুটোৰ পাচটা উপগ্ৰহ আছে। ইয়াৰে আটাইতকৈ ডাঙৰটোক "কেৰ'ণ" বা "শ্বেৰণ" বোলা হয়। ইয়াৰ ব্যাস প্লুটোৰ তুলনাত প্ৰায় আধা। প্লুটো আৰু চেৰ'ণক একেলগে "দ্বৈত গ্ৰহ"বুলি কোৱা হয়। চেৰ'ণৰ পৃষ্ঠভাগ পানীৰ বৰফেৰে আবৃত। প্লুটোৰ আন দুটা উপগ্ৰহ নিক্স আৰু হাইড্ৰা ২০০৫ চনত আৱিষ্কাৰ কৰা হয়। ষ্টাইক্স আৰু কেৰ্বেৰোচ নামৰ আন দুটা উপগ্ৰহও বিজ্ঞানী সকলে আৱিষ্কাৰ কৰিছে। 

https://www.instagram.com/p/CgNY9eAudKg/?igshid=YmMyMTA2M2Y=

Sunday, 26 June 2022

মূত্ৰৰ পৰা সোণ আহৰণ : দ্যা এলকেমিষ্ট


এলকেমিষ্ট সকলে বিশ্বাস কৰিছিল যে বিভিন্ন পদাৰ্থ বা ধাতুক সোণলৈ পৰিৱৰ্তন কৰিব পাৰি। সপ্তম শতিকাৰ পৰাই এলকেমিষ্ট সকলে এটা লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল যে তেওঁলোকে এনে এবিধ পদার্থ তৈয়াৰ কৰিব, যাৰ সহায়ত মহাবিশ্বৰ সকলোবোৰ জটিল প্রশ্নৰ উত্তৰ বিচাৰি পোৱা সম্ভৱ হ'ব। সেই পদার্থবোৰক তেওঁলোকে দুটা ভাগত ভগাই লৈছিল। তাৰ ভিতৰত প্রথমটো কঠিন বা গোটা অৱস্থাত আহৰণ কৰা, যাক "পৰশমণি" বা Philosopher’s Stone বোলা হৈছিল। আনহাতে দ্বিতীয়টো তৰল অৱস্থাত আহৰণ কৰা, যাক তেওঁলোকে "অমৃত সুধা" বা Elixir Of Life বুলি অভিহিত কৰি থৈছিল। তেওঁলোকৰ বিশ্বাস আছিল যে পৰশমণিৰ সংস্পৰ্শত সকলোবোৰ বস্তুৱেই সোণলৈ ৰূপান্তৰিত হ'ব আৰু অমৃত সুধাই মানুহক অমৰত্ব প্ৰদান কৰিব। 

"এলকেমি" বিষয়টো বর্তমানৰ ৰসায়ন বিজ্ঞানৰ প্রাচীন ৰূপ। আইজাক নিউটনৰ সময়ৰ ৰসায়ন বিজ্ঞান তেনেই চালুকীয়া পর্যায়ৰ আছিল। নিউটনেও তেওঁৰ জীৱনৰ অধিকাংশ সময় এলকেমিত ব্যয় কৰিছিল। নিউটনে প্রকৃতিৰ ৰহস্য সমূহ উদঘাটন কৰিবলৈ খুবেই আগ্রহী আছিল। তেখেতে বিশ্বাস কৰিছিল যে পুৰণি গ্ৰন্থৰ লগতে ধর্মীয় গ্রন্থসমূহৰ মাজত সৃষ্টিৰ ৰহস্যবোৰৰ সন্ধান "কোড" আকাৰে লুকাই থাকিব পাৰে। নিউটনে এলকেমিৰ মাধ্যমেৰে সেই ৰহস্যৰ ওৰণি গুছাবলৈ চেষ্টা কৰিছিল।

আজিৰ পৰা প্ৰায় ৪০০ বছৰ আগত জাৰ্মানীৰ এজন এলকেমিষ্ট হেনিগ ব্ৰেণ্ডে এটা অজ্ঞাত পদাৰ্থৰ সন্ধানত গৱেষণা আৰম্ভ কৰিছিল। হেনিগ ব্ৰেণ্ড হামবাৰ্গৰ বাসিন্দা হোৱাৰ লগতে জাৰ্মান সেনাবাহিনীৰ এজন বিষয়া আছিল। হেনিগ মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল আৰু তেওঁৰ পঢ়াশুনাও বেছি নাছিল। গোটেই জীৱন তেওঁ বিভিন্ন গৱেষণাতেই মগ্ন আছিল। গৱেষণাৰ বাবে পুঁজি যোগান ধৰিবলৈ তেওঁ  যৌতুক লৈ বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথম পত্নীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল। এইবাৰ এগৰাকী ধনী বিধৱাক বিয়া কৰাইছিল গৱেষণাৰ পুঁজি টনকিয়াল কৰিবলৈ।

তেখেতৰ গৱেষণাৰ মূল বিষয় আছিল সাধাৰণ পদাৰ্থক সোণলৈ ৰূপান্তৰিত কৰা। তেখেতে বিশ্বাস কৰিছিল যে ফিটকিৰি, পটাচিয়াম আৰু প্ৰস্বাৱৰ সংমিশ্ৰণৰ পৰা সোণ আহৰণ কৰিব পৰা সম্ভৱ। সেই সময়ত, সাৰ প্ৰস্তুত কৰাৰ বাবে, ৰুক্ষ ছাল কোমল কৰিবলৈ তথা দাঁত পৰিষ্কাৰ কৰিবলৈ জন্তুৰ প্ৰস্ৰাৱ ব্যৱহাৰ কৰা হৈছিল। 

হেনিগে সেয়েহে প্ৰস্বাৱৰ পৰা সোণ আহৰণ কৰিবলৈ পৰীক্ষাগাৰৰ বাবে প্ৰয়োজনীয় প্ৰস্বাৱ মানুহৰ পৰা সংগ্ৰহ কৰা আৰম্ভ কৰি দিলে। দীৰ্ঘদিন ধৰি তেওঁ এনেদৰে ১৫০০ গেলন প্ৰস্ৰাৱ জমা কৰিছিল আৰু তেওঁ এই প্ৰস্বাৱবোৰ গৱেষণাগাৰত জমা কৰিছিল। প্ৰস্ৰাৱৰ দুৰ্গন্ধই তেওঁৰ ঘৰৰ চাৰিওফালে এক কদৰ্য বাতাবৰণৰ সৃষ্টি কৰিছিল।

সতেজ প্ৰস্ৰাৱ সংগ্ৰহ কৰাৰ পিছত, তেওঁ এইবোৰ কেইবাদিনলৈ ৰাখি থৈছিল। এসময়ত, যেতিয়া প্ৰস্বাৱবোৰ ডাঠ চিৰাপৰ দৰে হৈ পৰিছিল, তেতিয়া তেওঁ প্ৰস্বাৱবোৰৰ লগত ফিটকিৰি, পটাচিয়াম যৌগ আৰু সামান্য বালি মিহলাই উতলাবলৈ আৰম্ভ কৰিছিল। দীৰ্ঘ সময় ধৰি উতলোৱাৰ পিছত যেতিয়া প্ৰস্বাৱবোৰ ৰঙা তেলৰ দৰে হৈছিল, তেতিয়া তেওঁ ইয়াক ঠাণ্ডা হ'বলৈ দিছিল। এনে কৰাৰ ফলত তেওঁ দেখিছিল যে প্ৰস্বাৱৰ মিশ্ৰনটোৰ উপৰিভাগত ক'লা বৰণৰ এটা তৰপ আৰু তাৰ তলত বহুতো নিমখৰ দানাৰ দৰে কিছুমান নতুন পদাৰ্থ জমা হৈছে।

হেনিগে প্ৰস্বাৱৰ মিশ্ৰনটোৰ পৰা নিমখৰ দৰে অংশটো আঁতৰ কৰি ওপৰৰ ক'লা অংশটো পুনৰ ডাঠ চিৰাপৰ দৰে প্ৰস্বাৱৰ লগত মিহলি কৰি মিশ্ৰণটো ১৬ৰ পৰা ২০ ঘণ্টাৰ বাবে গৰম কৰিছিল। এনেদৰে, যদি গৰম কৰি থকাৰ ফলত মিশ্ৰণটো বাস্পীভূত হৈ তাৰপৰা ধোঁৱা ওলাইছিল। মিশ্ৰণটো সম্পূৰ্ণ ভাৱে বাস্পীভূত হোৱাৰ পিছত পাত্ৰটোৰ তলত এবিধ বিশেষ ধৰণৰ পদাৰ্থ ৰৈ গৈছিল। পানী অথবা বায়ুৰ সংস্পৰ্শলৈ অহাৰ সময়ত পদাৰ্থটো জিলিকি উঠিছিল। হেনিগ হতবাক হৈ পৰিছিল। সোণৰ সলনি তেওঁ মূত্ৰৰ পৰা আন কিবা এবিধ পদাৰ্থহে পালে। হেনিগে এই নতুন পদাৰ্থটোৰ নাম ৰাখিলে 'ফছফৰাছ'। গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে "পোহৰ কঢ়িয়াই নিয়া"। অক্সিজেনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে ই জিলিকি উঠিছিল। আনকি আন্ধাৰতো, ই জিলিকি আছিল। 

সোণ আহৰণ কৰাত ব্যৰ্থ হ'লেও, এলকেমিষ্ট হেনিগ ব্ৰেণ্ডে আৱিষ্কাৰ কৰি উলিয়ালে ফছফৰাছ নামৰ মৌলটো। আৱিষ্কাৰ কৰাৰ পিছতো হেনিগে এই বিষয়ে কাকো জনোৱা নাছিল। তেওঁ হতাশ হৈছিল মূত্ৰৰ পৰা সোণ আহৰণ কৰিব নোৱাৰা বাবে। তেওঁ তাৰ পিছতো গৱেষণা কৰি গ'ল। বহুদিন গৱেষণাৰ পিছতো সফলতাৰ মুখ নেদেখি তেওঁ সোণ আহৰণ কৰাৰ আশা বাদ দি জাৰ্মানীৰ ড্ৰেচডেন চহৰৰ এজন ব্যৱসায়ীক তেওঁ আৱিষ্কাৰ কৰা ফছফৰাছখিনি উচ্চ দামত বিক্ৰী কৰি দিয়ে। তাৰ পিছতহে পৃথিৱীৰ আন মানুহে ফছফৰাছ নামৰ সদ্য আৱিষ্কৃত মৌলটোৰ বিষয়ে জানিব পাৰে।

অধিক তথ্যৰ বাবে:

https://www.sciencehistory.org/distillations/hennig-brandt-and-the-discovery-of-phosphorus

জোনবাইৰ মাটিত সেউজীয়া উদ্ভিদ

 


জোনবাইৰ মাটিত গছ গজাটো সম্ভৱ নে? বিজ্ঞানীসকলে কৈ আহিছে জোনবাইৰ মাটি গছ গছনি গজাৰ বাবে উৰ্বৰ নহয়। কিন্তু সেয়া সঁচা নহয়। নাছাৰ কেইবাজনো বিজ্ঞানীয়ে সম্প্ৰতি জোনবাইৰ মাটিত গজাই তুলিছে সেউজীয়া উদ্ভিদ।

ফ্লৰিডা বিশ্ববিদ্যালয়ৰ কেইজনমান বিজ্ঞানীয়ে এই অসম্ভৱ কামটো কৰিছে। তেওঁলোকে নাছাৰ উদ্যোগত আৰবিডোপচিছ থালিয়ানা নামৰ এজোপা বিৰল প্ৰজাতিৰ গছ জোনবাইৰ মাটিত গজাই তুলিছে। তেওঁলোকে এপ'ল' অভিযানৰ সময়ত বিজ্ঞানীসকলে চন্দ্ৰৰ পৰা অনা মাটিত এই গছবোৰ ৰোপণ কৰিছে। 

এপ’ল’ অভিযানৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিজ্ঞানীসকলে চন্দ্ৰত গছ-গছনি ৰোপণ কৰাৰ বাবে এক পৰীক্ষা-নিৰীক্ষা কৰাৰ কথা চিন্তা কৰিছিল। এই অভিযানৰ উদ্দেশ্য আছিল চন্দ্ৰৰ মাটি সংগ্ৰহ কৰি ভৱিষ্যতে অনুৰূপ পৰীক্ষা-নিৰীক্ষা কৰা। ভৱিষ্যতে মহাকাশ অভিযানৰ বাবে এই গৱেষণা অতি গুৰুত্বপূৰ্ণ হ’ব। 

মহাকাশ যুগৰ প্ৰাৰম্ভিক দিনত এপ’ল’ মহাকাশচাৰী সকলে এক দূৰদৰ্শী পৰিকল্পনাত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে ৰেগ’লিথ নামেৰে জনাজাত চন্দ্ৰৰ পৃষ্ঠৰ পদাৰ্থ আৰু মাটিৰ নমুনা পৃথিৱীলৈ আনি অত্যাধুনিক সঁজুলিৰে অধ্যয়ন কৰিছিল আৰু ভৱিষ্যতৰ গৱেষণাৰ বাবে সংৰক্ষণ কৰিছিল। পঞ্চাশ বছৰ পাছত চন্দ্ৰপৃষ্ঠৰ মাটিৰ সেই নমুনাবোৰৰ ভিতৰৰ তিনিটা ব্যৱহাৰ কৰি প্ৰথমবাৰৰ বাবে গৱেষকসকলে পুষ্টিহীন চন্দ্ৰ ৰেগ’লিথত আৰবিড’পচিছ থেলিয়ানাৰ খেতি কৰিছে।

এইখিনিতে ক’ব পাৰি যে ভৱিষ্যতৰ মহাকাশচাৰী সকলে নিজৰ খাদ্য সমস্যা সমাধানৰ বাবে পৃথিৱীৰ পৰা বহু দূৰলৈ যোৱাটো অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে। পৃথিৱীৰ বাহিৰে আন গ্ৰহ বা উপগ্ৰহৰ মাটিত উদ্ভিদ গজিব পৰাৰ সম্ভাৱনাৰ বিষয়ে বিজ্ঞানী সকলে দীৰ্ঘদিন ধৰি গৱেষণা কৰি আহিছে। ফলস্বৰূপে সেই কাম বহুখিনি আগুৱাই গ’ল৷

অধিক তথ্যৰ বাবে :

https://www.nasa.gov/feature/biological-physical/scientists-grow-plants-in-soil-from-the-moon

Saturday, 25 June 2022

মাই লাইফ ইন একাডেমিয়া

১৯৮৫ চনত মেট্ৰিকুলেট হিচাপে তেজপুৰত উপস্থিত হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান পঢ়িবলৈ মই দুবছৰৰ বাবে তেজপুৰ চৰকাৰী বালক উঃ মাঃ বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। বিজ্ঞান অধ্যয়ন কৰাৰ উপৰিও, সেইদিনবোৰত মই ক্লাব পৰ্যায়ত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলোঁ আৰু ক্ৰিকেট খেলিবলৈ শোণিতপুৰ, লক্ষীমপুৰ আৰু নগাওঁ জিলাৰ বিভিন্ন স্থানলৈ গৈছিলোঁ। লগতে বিভিন্ন তৰ্ক আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত যোগদান কৰি বহুতো পুৰস্কাৰ আৰু প্ৰমাণপত্ৰও লাভ কৰিছিলোঁ।

১০+২ৰ পিছত, মই উৰিষ্যাৰ কোৱেনঝাৰৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৪ বছৰীয়া 𝗠𝗶𝗻𝗶𝗻𝗴 𝗘𝗻𝗴𝗶𝗻𝗲𝗲𝗿𝗶𝗻𝗴 পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হৈছিলোঁ। কিন্ত ১৯৮৭ চনত মই প্ৰাণীবিজ্ঞানৰ স্নাতক শ্ৰেণীৰ বাবে দৰং মহাবিদ্যালয়ত যোগদান কৰিছিলোঁ আৰু ১৯৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১ম শ্ৰেণীৰ ২০তম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ। দৰং কলেজত থকা দিনবোৰত, মই চুটি গল্প লিখিবলৈ আৰম্ভ কৰিছিলোঁ, যাৰ বেছিভাগেই সেই সময়ৰ বিভিন্ন কাকত আলোচনী আদিত প্ৰকাশিত হৈছিল। মোৰ বহুতো বন্ধুৱে বাৰে বাৰে মোক নিজৰ চুটি গল্পৰ সংকলন এটি প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁলোকৰ প্ৰেৰণাতেই ১৯৯০ চনত, যেতিয়া মই দৰং মহাবিদ্যালয়ত পঢ়ি আছিলোঁ, তেতিয়াই মই মোৰ চুটি গল্পৰ সংকলন "বনতলী বাগিচাত এজোপা পলাশ" প্ৰকাশ কৰি উলিয়াইছিলোঁ।

তেজপুৰত থাকোঁতে, মই বিবেকানন্দ কেন্দ্ৰত যোগদান কৰাৰ উপৰিও, বৃক্ষ নামৰ এটি স্বেচ্ছাসেৱী সংগঠন আৰু যোগাসনৰ শিবিৰৰ দৰে একাধিক শিবিৰৰ সক্ৰিয় সদস্য আছিলোঁ। ফটোগ্ৰাফীৰ প্ৰতি থকা অহেতুক দুৰ্বলতাৰ বাবে ফটোগ্ৰাফীৰ প্ৰশিক্ষণ ক্লাছতো যোগদান কৰিছিলোঁ যদিও দুৰ্ভাগ্যবশতঃ মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। অৱশ্যে, মই তেজপুৰৰ জিলা পুথিভঁৰালৰ এগৰাকী নিয়মীয়া পঢ়ুৱৈ আছিলোঁ, য'ত মই কিছুমান ভাল কিতাপ পঢ়িব পাইছিলো। সেই দিনবোৰত মই তেজপুৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি যেনে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ নলিনী বৰুৱা, গায়ক পংকজ বৰদলৈ, শিক্ষাগুৰু ধৰ্মদাস চৌধুৰী, নিপন গোস্বামী, স্বাধীনতা মহন্ত বাইদেউ আৰু বহুতো ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰিছিলোঁ যিসকলে মোক পৰিপক্কতা, দায়িত্ববোধ আৰু যোগাযোগ দক্ষতা আহৰণ কৰাত সহায় কৰিছিল। 

১৯৯২ চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত যোগদান কৰিছিলোঁ। মোৰ অধ্যয়নৰ ক্ষেত্ৰখন আছিল জীৱবিজ্ঞান (পতঙ্গবিজ্ঞান বা এণ্টম'লোজী)। গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষাৰ্থী হিচাবে থকা সময়তে মই "𝗖𝗮𝗹𝗹 𝗠𝗲" নামৰ এটা সংস্থাত আংশিক সময়ৰ বাবে "ডেলিভাৰী বয়" হিচাবে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অৱশ্যে মই কেৱল বন্ধৰ দিন বা অৰ্ধ ছুটিৰ দিনবোৰতহে কাম কৰিছিলোঁ। ডেলিভাৰী বয় হিচাবে মোৰ কাম আছিল "𝗖𝗮𝗹𝗹 𝗠𝗲" নামৰ সংস্থাটোৰ গ্ৰাহকসকলৰ বিদ্যুতৰ বিল পৰিশোধ কৰা, গেছৰ চিলিণ্ডাৰ, পাৰ্টি অৰ্ডাৰ, উৰাজাহাজ আৰু ট্ৰেইনৰ টিকট যোগান ধৰা আদি। ১৯৯৪ চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১ম শ্ৰেণীৰ ১৩তম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিলোঁ।

লগে লগেই মই মুম্বাইস্থিত ফাৰ্মাচিউটিকেল কোম্পানী "গুফিক"ত চাকৰি এটা পাইছিলোঁ। ১৯৯৪ চনৰ আগষ্ট মাহত প্ৰশিক্ষাৰ্থী 𝗠𝗥 হিচাপে যোগদান কৰি মই ক্ৰমান্বয়ে ক'লকাতা আৰু মুম্বাইত দুটা প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিলোঁ। প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত তিতাবৰ, যোৰহাট, শিৱসাগৰ, গোলাঘাট, বোকাখাত, ডিমাপুৰ আৰু কোহিমাত ফাৰ্মাচিউটিকেল কোম্পানীটোৱে চিকিৎসক সকলৰ ওচৰত জীৱনদায়ী ঔষধ প্ৰমোচনৰ বাবে মোক নিযুক্ত কৰিলে। ১৯৯৫ চনৰ এপ্ৰিল মাহলৈ গুফিকত 𝗠𝗥 হিচাপে কাম কৰিছিলোঁ। 

১৯৯৫ চনৰ বহাগ বিহুৰ পিছত, মই আমগুৰিৰ এখন বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক হিচাপে যোগদান কৰাৰ আমন্ত্ৰণ লাভ কৰো। সেই বিদ্যালয়খনত তিনি মাহ কাম কৰাৰ পিছত, মই যোৰহাটৰ কেন্দ্ৰীয় মহবিদ্যালয়ত প্ৰৱক্তা হিচাপে নিযুক্তি পাইছিলো। কিছুদিন কাম কৰাৰ পিছত সম্পূৰ্ণ ব্যক্তিগত কাৰণত কেন্দ্ৰীয় মহবিদ্যালয়ৰ প্ৰৱক্তা পদৰ পৰা পদত্যাগ কৰিছিলোঁ। 

সেয়া আছিল আগষ্ট মাহ, ১৯৯৫ চন। মাহটোৰ শেষৰ ফালে, মই প্ৰাণীবিজ্ঞানৰ প্ৰৱক্তা পদৰ বাবে টংলা মহাবিদ্যালয়ৰ সাক্ষাৎকাৰত উপস্থিত হৈছিলোঁ। সাক্ষাৎকাৰৰ দুদিন পিছতেই পৰিচালনা সমিতিয়ে সেই পদৰ বাবে মোক নিৰ্বাচিত কৰা বুলি পত্ৰ প্ৰেৰণ কৰিছিল আৰু ১৯৯৫ চনৰ শিক্ষক দিৱসৰ দিনা মই টংলা মহাবিদ্যালয়ত প্ৰাণী বিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিলোঁ। 

মই তেতিয়া ২৭ বছৰীয়া চফল ডেকা। মহাবিদ্যালয়ৰ শ্ৰেণীবোৰ শেষ হোৱাৰ পিছত, মোৰ ছাত্ৰসকলে মোক ক্ৰিকেট খেলিবলৈ খেলপথাৰলৈ নিমন্ত্ৰণ কৰিছিল। মই তেওঁলোকৰ অনুৰোধ প্ৰত্যাখ্যান কৰা নাছিলোঁ। সোনকালেই মই তেওঁলোকৰ সৈতে মিলি গৈছিলোঁ। তেওঁলোকে কৈছিল, মোৰ চেহেৰা আৰু বেটিং শৈলী হেনো সেই সময়ৰ শ্ৰীলংকাৰ ক্ৰিকেটাৰ সনথ জয়সূৰ্যৰ দৰে আছিল আৰু সেয়েহে তেওঁলোকে মোক "জয়সূৰ্য" বুলি মাতিছিল। তেওঁলোক তেতিয়া একোজন অমায়িক ছাত্ৰ আছিল আৰু বৰ্তমানৰ একোজন দায়িত্বশীল নাগৰিক।

১৯৯৬ চনৰ জানুৱাৰী মাহত টংলাত নতুনকৈ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় (𝗧𝗘𝗠𝗛𝗦) প্ৰতিষ্ঠা কৰাৰ যো-জা চলি আছিল। উক্ত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত অংশকালীন অতিথি শিক্ষক হিচাপে কাম কৰাৰ এটা প্ৰস্তাৱ পাইছিলোঁ। যিহেতু সেই সময়ত টংলা মহাবিদ্যালয়ত মোৰ পদটো নিয়মীয়া কৰা হোৱা নাছিল, মই প্ৰস্তাৱটো গ্ৰহণ কৰিছিলোঁ। এনেদৰে ১৯৯৬ চনৰ জানুৱাৰী মাহৰ শেষৰ পৰা মই দুয়োখন শিক্ষানুষ্ঠানতেই শৈক্ষিক পৰিৱেশ  প্ৰভাৱিত নকৰাকৈ কাম কৰা আৰম্ভ কৰিছিলোঁ। একে বছৰতে, অৰ্থাৎ ১৯৯৬ চনৰ ২৩ জুলাইত মই বিবাহ পাশত আৱদ্ধ হৈছিলোঁ। Archana মোৰ জীৱনলৈ আহিছিল। তেওঁ বৰ্তমান টংলা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ এগৰাকী অধ্যাপিকা। মোৰ পত্নী অৰ্চনা এগৰাকী দয়ালু মহিলা আৰু মোৰ সকলো কামতে তেওঁ মোৰ বাবে প্ৰেৰণা হৈ আহিছে। ১৯৯৯ চনত হিয়া (Atlanta) এক ঐশ্বৰিক আশীৰ্বাদ হিচাপে আমাৰ জীৱনলৈ আহিছিল। এতিয়া তেওঁ 𝗠𝗦 𝗥𝗮𝗺𝗮𝗶𝗮𝗵 𝗜𝗻𝘀𝘁𝗶𝘁𝘂𝘁𝗲 𝗼𝗳 𝗔𝗽𝗽𝗹𝗶𝗲𝗱 𝗦𝗰𝗶𝗲𝗻𝗰𝗲, 𝗕𝗮𝗻𝗴𝗮𝗹𝗼𝗿𝗲 ত ঔষধ বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। 

মই দেখিছিলো যে টংলাৰ যুৱ প্ৰজন্ম অত্যন্ত প্ৰতিভাশালী আৰু তেওঁলোকক প্ৰয়োজন হোৱা একমাত্ৰ বস্তুটোৱেই হ'ল সঠিক নিৰ্দেশনা। মই তেওঁলোকৰ বাবে কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিলো, যিয়ে তেওঁলোকক বিজ্ঞানৰ ক্ষেত্ৰখনলৈ অনুপ্ৰাণিত কৰিব পাৰে। সেই অনুসৰি, মোৰ সহকৰ্মীসকলৰ সহায়ত একেৰাহে দুবছৰত, আমি দুখন বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰিছিলোঁ, এখন টংলা মহাবিদ্যালয়ত আৰু আনখন 𝗧𝗘𝗠𝗛𝗦 নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত। উল্ল্যেখযোগ্য যে এই দুয়োখন প্ৰদৰ্শনীতেই বেছিভাগ শিক্ষাৰ্থীয়েই আগবাঢ়ি আহিছিল আৰু তেওঁলোকৰ উদ্ভাৱনী ধাৰণাবোৰ টংলাৰ ৰাইজৰ আগত তুলি ধৰিছিল। বৃহত্তৰ টংলাৰ লোকসকলে শিক্ষাৰ্থীসকলক প্ৰত্যক্ষ কৰি প্ৰশংসাৰে ওপচাই দিছিল। তেতিয়াৰ পৰা আজিলৈ মই মোৰ শিক্ষাৰ্থীসকলৰ সৈতে বিজ্ঞান প্ৰদৰ্শনীকে ধৰি বিভিন্ন বিজ্ঞান আধাৰিত কাৰ্যকলাপৰ লগত ব্যস্ত হৈ আছোঁ।

২০০৫ চনৰ ছেপ্টেম্বৰ মাহত টংলাৰ পাঁচ গৰাকী যুৱশিক্ষাবিদ মোৰ ওচৰলৈ আহিছিল। তেওঁলোকে নতুন এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰম্ভ কৰাৰ প্ৰস্তাৱ দাঙি ধৰি মোৰ সক্ৰিয় সহযোগিতা বিচাৰিছিল। মই প্ৰস্তাৱটো গ্ৰহণ কৰিছিলো আৰু সেই অনুসৰি জানুৱাৰী, ২০০৬ চনত আমি কেৱল ২১৫ গৰাকী শিক্ষাৰ্থীৰেই আৰম্ভ কৰিছিলোঁ আমাৰ বিদ্যালয় "অৰুনোদয় একাডেমী"। অৰুণোদই একাডেমী আজি সমগ্ৰ ওদালগুৰি জিলাতেই এটি পৰিচিত নাম। ১৩০০ৰো অধিক শিক্ষাৰ্থী আৰু উৎকৃষ্ট শৈক্ষিক অভিলেখেৰে অৰুনোদয়ে ইতিমধ্যে ১৬টা গৌৰৱময় বছৰ অতিক্ৰম কৰিছে।। বিগত ২০১০ চনত আমি অৰুনোদয় একাডেমীক উঃ মাঃ পৰ্যায়লৈ উন্নীত কৰি এটা পৃথক ভৱনত উঃ মাঃ শাখাৰ বিজ্ঞান আৰু কলা শাখাৰ পাঠদান আৰম্ভ কৰিছোঁ। অৰুণোদয় জুনিয়ৰ কলেজ বৰ্তমান বিশেষকৈ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰখনত সমগ্ৰ ওডালগুৰি জিলাৰ ভিতৰতেই এখন আগশাৰীৰ শিক্ষানুষ্ঠান। 

অৰুণোদয় একাডেমীত আমি আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন বিজ্ঞান আধাৰিত কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ সদায় উৎসাহিত কৰি আহিছোঁ। মই নিজেই ছাত্ৰ ছাত্ৰীক 𝗡𝗖𝗦𝗖ৰ বাবে ৭০ টাতকৈও অধিক বিজ্ঞান প্ৰকল্পৰ নিৰ্দেশনা দিছো। আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 𝗡𝗖𝗦𝗖ত বিজ্ঞান প্ৰকল্প পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে। তদুপৰি বিগত ২০১৬ চনত খৰগপুৰ আই.আই.টি.য়ে আয়োজন কৰা বিজ্ঞানৰ মডেল প্ৰতিযোগিতাত অৰুণোদয়ৰ শিক্ষাৰ্থীয়ে সমগ্ৰ ভাৰতৰ ভিতৰতেই দ্বিতীয় স্থান অধিকাৰ কৰিছে। মোৰ নিৰ্দেশনাত বিজ্ঞান প্ৰকল্পৰ কিছুমান বিষয় আছিল: সৌৰ গিজাৰ, পানী পৰিস্ৰাৱনৰ বিকল্প পদ্ধতি, স্বয়ংক্ৰিয় ৰেলৱে গেইট, ৰকেট উৎক্ষেপণত চুম্বকীয় ক্ষেত্ৰৰ প্ৰয়োগ, সুলভ আৰু পৰিবেশৰ অনুকুল শীতাতপ নিয়ন্ত্ৰণ, আৰ্দ্ৰভূমি সংৰক্ষণ, নৈপৰীয়া ইটা ভাটা আৰু ইয়াৰ পৰা হ'ব পৰা বিপদ সমূহ, শক্তি ৰাহি কৰিব পৰা পোহৰৰ ব্যৱস্থা, ঘৰুৱা আৱৰ্জনাৰ ব্যৱস্থাপনা, ঘৰত বনোৱা মহ প্ৰতিৰোধী ধূপ ইত্যাদি। ইতিমধ্যে মই নিজেও কোকৰাঝাৰ আৰু তিতাবৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰত মোৰ দুখন গৱেষণা পত্ৰ উপস্থাপন কৰিছোঁ। ২০০৭ চনৰ পৰা ২০১৬ চনলৈ ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলক তেওঁলোকৰ বিজ্ঞান প্ৰকল্পৰ বাবে নিৰ্দেশনা দিবলৈ 𝗡𝗖𝗦𝗖ৰ ওদালগুৰি জিলা সমিতিৰ অনুৰোধত অবৈতনিক "সমল ব্যক্তি" হিচাপে সমগ্ৰ ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয় সমূহ পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰি আহিছোঁ।

২০০৮ চনত মই গুৱাহাটী প্লেনেটেৰিয়ামত টেলিস্কোপ নিৰ্মাণৰ ওপৰত ৩ দিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ। সেই কৰ্মশালাখনে মোক ভাৰতৰ কিছুমান বিশিষ্ট বিজ্ঞানীক লগ কৰিবলৈ এক বহল মঞ্চ প্ৰদান কৰিছিল। তেওঁলোকে মোক সঁচাকৈয়ে বহুত অনুপ্ৰাণিত কৰিছিল আৰু বিজ্ঞান আধাৰিত কাৰ্যকলাপত কেনেদৰে জড়িত হ'ব লাগে, সেই কথাবোৰ শিকাইছিল। একে বছৰতে, আমাৰ পুত্ৰ গুণগুণ (শিৱমজ্যোতি)ৰ আগমনে আমাৰ পৰিয়াললৈ অধিক সুখ কঢ়িয়াই আনিছিল।

২০১২ চনত "𝗧𝗥𝗔𝗡𝗦𝗜𝗧 𝗢𝗙 𝗩𝗘𝗡𝗨𝗦" বা "বুধ গ্ৰহৰ বালক গমণ" নামৰ এক বিৰল মহাকাশীয় ঘটনাৰ সন্দৰ্ভত মই গুৱাহাটী প্লেনেটেৰিয়ামত পুনৰ এখন তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। কৰ্মশালাখনত অংশ গ্ৰহণ কৰাৰ পিছত, মই এই বিৰল মহাকাশীয় ঘটনাটোৰ বিষয়ে শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়সমূহ পৰিদৰ্শন কৰিছিলোঁ। 

৩১ জুলাই, ২০১২ চনত টংলা মহাবিদ্যালয়ত মোৰ সেৱা সমাপ্ত হ'ব লগা হৈছিল। প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপকৰ পদ সন্দৰ্ভত ২০০৯ চনৰ পৰা মোৰ বিৰুদ্ধে কিছু ষড়যন্ত্ৰ হৈ আহিছিল। সহকাৰী অধ্যাপকৰ এটা নিৰ্দিষ্ট পদত এগৰাকী কনিষ্ঠক নিযুক্তি দিয়াৰ বাবে সকলো কোণৰ পৰা এটা অবৈধ কিন্তু নিৰন্তৰ প্ৰচেষ্টা চলি আছিল। অবৈধ পদক্ষেপটোৰ বিষয়ে জনাৰ পিছতো মোৰ সকলো সহকৰ্মী তথা জ্যেষ্ঠসকলে নীৰৱ দৰ্শকৰ ভাওঁ দি থকাটো দেখি সঁচাকৈয়ে বেদনাক্লিষ্ট হৈছিলোঁ। হয়তো, তেওঁলোকৰো এই বিষয়টোৰ সৈতে সম্পৰ্কিত কিছুমান ব্যক্তিগত লাভালাভ আছিল। মই ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ, কিয়নো এই  যুদ্ধখনত ব্যস্ত থকাতকৈ গুৰুত্বপূৰ্ণ বহুতো কাম কৰিবলৈ বাকী আছিল। মই সুখী, কাৰণ টংলা মহাবিদ্যালয়ৰ সেই মূল্যৱান ১৮ টা বছৰত মই মোৰ ওপৰত ন্যস্ত সকলো ধৰণৰ দায়িত্বত মোৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি অৱদান আগবঢ়াইছিলোঁ। 

সময়বোৰ বাগৰে। সেয়া আছিল ২০১৫ চনৰ ছেপ্টেম্বৰ মাহ। ভাৰতৰ প্ৰখ্যাত অপেছাদাৰী জ্যোতিৰ্বিজ্ঞানী ছাৰ ইউ.এন.ডেকা ওদালগুৰি ভ্ৰমণৰ সময়ত একাপ চাহৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ঘৰলৈ আহিছিল। তেওঁৰ পৰামৰ্শ অনুসৰি, মই মুম্বাইৰ ভাবা আনৱিক গৱেষণা কেন্দ্ৰ (𝗕𝗔𝗥𝗖)ত অনুস্থিত হ'ব লগীয়া জ্যোতিৰ্বিজ্ঞানৰ এখন আন্তৰ্জাতিক সন্মিলনৰ বাবে আবেদন কৰিছিলোঁ। মোৰ শেহতীয়া বিজ্ঞান আধাৰিত কাৰ্যকলাপৰ সকলো বিৱৰণ তথ্য সহকাৰে প্ৰদান কৰি প্ৰপত্ৰখন পূৰণ কৰিলোঁ। আৰু এইটো এটা ঐশ্বৰিক আশীৰ্বাদৰ দৰেই আছিল যে মোৰ বাছনি পত্ৰখন ইমেইল আৰু ডাকযোগে আহিছিল। নৱেম্বৰ, ২০১৫ ত মই মুম্বাইৰ ভাবা আনৱিক গৱেষণা কেন্দ্ৰ (𝗕𝗔𝗥𝗖)ত ৫ দিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিলো য'ত মই সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলক লগ পাইছিলো। নাছাৰ  𝗣𝗹𝗮𝗻𝗲𝘁𝗮𝗿𝘆 𝗦𝗰𝗶𝗲𝗻𝘁𝗶𝘀𝘁 ড° হেনৰী থ্ৰুপৰ সৈতে বাৰ্তালাপ কৰি মই আনন্দিত হৈছিলোঁ। তেওঁ যে অত্যন্ত সৰল আৰু যথেষ্ট হাস্যৰসবোধৰ মানুহ। ড° থ্ৰুপৰ লগতে ভাৰতৰ ইছৰো তথা জাৰ্মানী, ইৰাণ, চৌদি আৰৱ আৰু ইজৰাইলৰ বিজ্ঞানীসকলকো একেবাৰে কাষৰ পৰাই লগ পাইছিলোঁ। 

সাম্প্ৰতিক সময়ত, মই ব্যক্তিগত পৰ্যায়ত, ওদালগুৰি জিলাৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ কেৰিয়াৰ নিৰ্দেশনা দিয়াত নিজকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে বিভিন্ন বেচৰকাৰী সংগঠনৰ লগতে ডিমাকুছি আঞ্চলিক বড়ো ছাত্ৰ সন্থাই মোৰ কামৰ বাবে এখন মঞ্চ প্ৰদান কৰি মোক এই ক্ষেত্ৰত সহায় কৰিছে। ইতিমধ্যে মই আৰু মোৰ পত্নী অৰ্চনাই যুটীয়া ভাবে লিখি উলিওৱা বিজ্ঞান আধাৰিত গ্ৰন্থ "অনাদি অনন্ত প্ৰসাৰী" প্ৰকাশিত হৈছে। এইবোৰৰ উপৰিও, মই বিভিন্ন জাৰ্নেল আৰু আলোচনীৰ বাবে বিজ্ঞান আধাৰিত প্ৰবন্ধ লিখি আহিছোঁ। ইয়াৰ বাহিৰেও, মোৰ নিজস্ব ব্লগ "𝗪𝗶𝗻𝗱𝗼𝘄 𝗧𝗼 𝗜𝗻𝗳𝗶𝗻𝗶𝘁𝘆"ত নিয়মীয়াকৈ বিজ্ঞান আধাৰিত প্ৰবন্ধ পাতিবোৰ লিখি থাকো।

সিদিনা আছিল ১৪ ডিচেম্বৰ, ২০১৭ চন। পূব কেৰিবিয়ান সাগৰৰ দ্বীপদেশ ডমিনিকাৰ পৰা এটা ফোন পাইছিলোঁ। তেওঁলোকে মোক ২০১৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া পৰিৱেশ সুৰক্ষাৰ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। দুৰ্ভাগ্যবশতঃ, ভিচা সংক্ৰান্তীয় লেঠাৰ বাবে মই তাত উপস্থিত থাকিব নোৱাৰিলোঁ। কিন্তু মোৰ গৱেষণামূলক প্ৰৱন্ধটো তেওঁলোকৰ আলোচনী "এপ্লাইড ইক'লজী এণ্ড এনভায়ৰনমেণ্টেল চাইন্সেছ"ত প্ৰকাশিত হৈছিল। সেই সুযোগতে ব'লচব্ৰীজ বিশ্ববিদ্যালয়, ডমিনিকাই ২০১৮ চনৰ ২৪ আগষ্টৰ দিনা নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত অনুষ্ঠিত সমাৱৰ্তনত মোক পি.এইচ.ডি. সন্মান প্ৰদান কৰিছিল। এইটো সঁচাকৈয়ে এটা ভাল অভিজ্ঞতা আছিল। বিগত ২০১৯ চনৰ নৱেম্বৰ মাহত বাঙ্গালোৰৰ "ইছৰো"ত অনুষ্ঠিত ১০ দিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ "উপগ্ৰহ নেভিগেশ্বন আৰু ৰিম'ট চেঞ্চিং" শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰাৰ আন এটা সুযোগ পালো। এই কৰ্মশালাৰ অভিজ্ঞতা এক অনন্য অনুভূতি।

দিনবোৰ পাৰ হৈ গৈছে। আজি মই নিজৰ বাবে এটা জীৱন বাছনি কৰি লৈছো। প্ৰত্যেক ৰাতিপুৱা যেতিয়া মই সাৰ পাওঁ, এতিয়া মই মোৰ বাবে নিজাকৈ আনন্দ, সুখ, নেতিবাচকতা অথবা বেদনা - যিকোনো এটা বাছনি কৰিব পাৰো সম্পূৰ্ণ নিজস্ব ভাবে। মই অনুভব কৰিব পাৰিছো যে মোৰ শিক্ষাৰ্থীবোৰৰ হাঁহি থকা মুখবোৰ চাবলৈ পোৱাৰ বাবে সক্ষম হোৱাৰ পৰা অহা আনন্দ অনুভৱ কৰিবলৈ মই এতিয়া মুক্ত কাৰণ তেওঁলোকে নিজকেই ইতিমধ্যে নিজকে একোজন মূল্যৱান ব্যক্তি হিচাপে প্ৰমাণ কৰিছে। কিন্তু মই জানো...

“The woods are lovely, Dark and deep,

But I have promises to keep,

And miles to go before I sleep,

And miles to go before I sleep.“

কাৰ্দাছেভ স্কেল : সভ্যতাৰ পৰিমাপ

 


বিজ্ঞানৰ কিছুমান কথাই মনৰ মাজত দোলা দি যায়হি। কোনো অজানতিমুলুকৰ কোনোবা এখন অতি উন্নত ব্ৰহ্মাণ্ডৰ বুকুত বিকশিত হোৱা টাইপ-৫ সভ্যতাৰ প্ৰজাতি বোৰেই বাৰু আমি মনেৰে মানি অহা ভগৱান নেকি? পিছে, কি বাৰু এই টাইপ-৫ সভ্যতা?

বিজ্ঞানীসকলৰ মতে অহা ১০০ বছৰৰ ভিতৰত নিৰ্ণয় হ'ব যে আধুনিক বিজ্ঞানে মানব সভ্যতাক ধ্বংস কৰিব নে ইয়াক আৰু অধিক উন্নত কৰিব। আমি যি সভ্যতাৰ স্তৰত আছো, সেই স্তৰতেই ৰৈ যাম নে আমি আৰু আগুৱাই যাম। এই সভ্যতাৰ কথা সৰোগত কৰিয়েই সৃষ্টি কৰা হৈছিল কাৰ্দাছেভ বা কাৰ্দাছিয়ান স্কেল। সভ্যতাৰ প্ৰযুক্তিগত অগ্ৰগতিৰ পৰিমাপ হিচাপে এই স্কেলৰ সৃষ্টি কৰা হৈছিল। এটা সভ্যতাৰ হাতত কিমান শক্তি মজুত আছে বা আহৰণ কৰাৰ ক্ষমতা আছে, তাৰ ওপৰত ভিত্তি কৰিয়েই এই স্কেল তৈয়াৰ কৰা হৈছে।
১৯৬৪ চনত ৰাছিয়াৰ পদাৰ্থবিজ্ঞানী নিকোলাই কাৰ্দাছেভে এই স্কেলৰ সৃষ্টি কৰিছিল। পৃথিৱীৰ বাহিৰত জীৱ আছে নে নাই সেইটো জানিবলৈ কাৰ্দাছেভে মহাজাগতিক সংকেত ব্যৱহাৰ কৰি আছিল আৰু তেতিয়াই তেওঁৰ মনলৈ এই স্কেলৰ চিন্তা আহে। এই স্কেলত সভ্যতাৰ তিনিটা স্তৰ আছে। প্ৰতিটো স্তৰৰ সভ্যতাৰ পৰিমাপক হিচাবে সভ্যতাটোৰ শক্তি আহৰণৰ স্তৰক একক হিচাবে লোৱা হৈছে। এই তিনিটা সভ্যতা হ’ল, টাইপ-১, টাইপ-২, আৰু টাইপ-৩। আন আন জ্যোতিৰ্বিজ্ঞানী সকলে এই স্কেলত সভ্যতাৰ আৰু দুটা পৰিমাপক সংযোজন কৰিছে। সেই দুটা হ'ল - টাইপ-৪ আৰু টাইপ-৫ সভ্যতা।
কিন্তু মন কৰিবলগীয়া যে মানৱ সভ্যতাই এই পৰিসৰত এতিয়াও স্থান লাভ কৰা নাই। কাৰণ মৃত উদ্ভিদ আৰু প্ৰাণীৰ জীৱাশ্মৰ পৰা লাভ কৰা শক্তিৰ পৰা মানুহে এতিয়াও নিজৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰে। গতিকে মানৱ জাতি এতিয়াও টাইপ-০ সভ্যতাত পৰে।
তাত্ত্বিক পদাৰ্থবিজ্ঞানী মিছিঅ’ কাকুৰৰ মতে আমাৰ সভ্যতাই এক বিশেষ টাৰ্নিং পইণ্টত উপনীত হৈছে। মিছিঅ' কাকুৰ মতে অতি সোনকালে মানৱ সভ্যতাৰ মানদণ্ড উন্নত হ’ব আৰু অহা দুশ বছৰত মানৱ সভ্যতাই টাইপ-১ সভ্যতাত উপনীত হ’ব। এই স্কেল অনুসৰি টাইপ-১ সভ্যতা হৈছে এনে এক সভ্যতা যিয়ে শক্তিৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে এতিয়াৰ তুলনাত এক লাখ গুণ বেছি শক্তি আহৰণ কৰিবলৈ সক্ষম হ'ব লাগিব। ইয়াৰ অৰ্থ হ’ল মানুহে তেতিয়া আগ্নেয়গিৰি, ভূমিকম্প, বতৰ আদিক সম্পূৰ্ণ ভাবে নিয়ন্ত্ৰণ কৰি সকলো ধৰণৰ প্ৰাকৃতিক শক্তি আহৰণ আৰু ব্যৱহাৰ কৰিব পাৰিব লাগিব।
সভ্যতাই টাইপ-২ পৰ্যায়ত উপনীত হ’বলৈ হ’লে সূৰ্যৰ বাহিৰেও আন আন নক্ষত্ৰ বা তৰাৰ পৰা শক্তি সংগ্ৰহ কৰি সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব লাগিব। এই সভ্যতাত মানব জাতিয়ে গ্ৰহ গ্ৰহান্তৰত অনায়াসে বিচৰণ কৰিব পাৰিব।
আনহাতে টাইপ-৩ সভ্যতাৰ মানুহৰ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ বিষয়ে এটা স্পষ্ট ধাৰণা হ'ব। তদুপৰি এই সভ্যতাত বিশ্বব্ৰহ্মাণ্ডৰ সকলো শক্তিক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈ উঠিব। এই সভ্যতাৰ জীৱবোৰ জৈৱিক আৰু যান্ত্ৰিক সংমিশ্ৰণেৰে গঠিত হ'ব, যাক ''চাইবৰ্গ" বুলি কোৱা হয়। এই সভ্যতাৰ মানুহে সহজে এটা নক্ষত্ৰমণ্ডলৰ পৰা আন এটা নক্ষত্ৰমণ্ডললৈ যাত্ৰা কৰিব পাৰিব।
বিজ্ঞানীসকলৰ মতে টাইপ-৪ সভ্যতা অতি উন্নত। তেওঁৰ মতে এই সভ্যতাত মানৱ প্ৰজাতিৰ শক্তিৰ ভাণ্ডাৰ অপৰিসীম হ’ব। টাইপ-৪ সভ্যতাৰ মানুহে বিশ্বব্ৰহ্মাণ্ডৰ সকলো শক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব আৰু এই সভ্যতাৰ মানুহে কৃষ্ণগহ্বৰৰ পৰাও অনায়াসে শক্তি আহৰণ কৰি জীয়াই থাকিব পাৰিব !!!
যদিও কাৰ্দাছেভে তেনেকৈ ভবা নাছিল, তথাপিও আন বহুতো জ্যোতিৰ্বিজ্ঞানীয়ে ভাবিছিল যে টাইপ-৪ সভ্যতাৰ পিছত আন এটা সভ্যতা থাকিব পাৰে। এই অকল্পনীয় ভাৱে উন্নত সভ্যতা হৈছে টাইপ-৫ সভ্যতা। এই সভ্যতাৰ মানুহৰ অসীম শক্তি থাকিব। টাইপ-৫ সভ্যতাৰ মানুহে নিজৰ ইচ্ছামতে বিশ্বব্ৰহ্মাণ্ডখন পৰিচালনা কৰাৰ ক্ষমতা থাকিব। এই সভ্যতাত মানুহে অলপ সময়ৰ ভিতৰতে এখন ব্ৰহ্মাণ্ডৰ পৰা আন এখনলৈ যাব পাৰিব। তেওঁলোকৰ বাবে সময় ভ্ৰমণ আদি আজিৰ দিনৰ অসম্ভৱ বিষয়বোৰ সম্ভৱ হৈ পৰিব। টাইপ-৫ সভ্যতাৰ মানুহে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ডাইমেনচন বা মাত্ৰাত অনায়াসে বিচৰণ কৰিব পাৰিব।
বিজ্ঞানৰ এনে কথাবোৰেই মনৰ মাজত দোলা দি যায়হি। কোনো অজানতিমুলুকৰ কোনোবা এখন অতি উন্নত ব্ৰহ্মাণ্ডত বিকশিত হোৱা এই টাইপ-৫ সভ্যতাৰ প্ৰজাতিবোৰেই বাৰু আমি মনেৰে মানি অহা ভগৱান নেকি?

এলিয়েনৰ অস্তিত্ব বিচাৰি

 

এটা দীৰ্ঘদিনীয়া প্ৰশ্ন- এতিয়ালৈকে আমাৰ পৃথিৱী নামৰ গ্ৰহটোৱেই একমাত্ৰ নেকি য'ত জীৱন সম্ভৱ হৈছে ! বিজ্ঞানীসকলে অপাৰ্থিৱ জীৱৰ সন্ধান চলাই আছে আৰু তেওঁলোকে এনে বহুতো সম্ভাৱ্য বহিঃগ্ৰহৰ বিষয়ে আমাক জানিবলৈও দিছে, য'ত জীৱন সম্ভৱ। পৃথিৱীৰ যমজ ভনী শুক্ৰ গ্ৰহৰ কথাকেই লোৱা হওঁক। আমাৰ সূৰ্যৰ জীৱন কালৰ আৰম্ভণিৰ সময়চোৱাত অৰ্থাৎ আমাৰ আদিম সৌৰজগতখনৰ শুক্ৰ গ্ৰহৰ পৃষ্ঠ জীৱন ধাৰণৰ বাবে উপযুক্ত আছিল। কিন্তু, সময় অতিক্ৰম কৰাৰ লগে লগে সূৰ্যৰ জীৱন প্ৰক্ৰিয়া চলাই নিয়া ভৌত ৰসায়নিক ক্ৰিয়াবোৰৰ এনে জটিল বিৱৰ্তন ঘটিল যে ইয়াৰ ফলত শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগ অসংখ্য সক্ৰিয় আগ্নেয়গিৰিৰে আবৃত হৈ শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল বিষাক্ত কাৰ্বন ডাইঅক্সাইড, ছালফাৰ ডাইঅক্সাইড আদি গেছেৰে ভৰাই তোলে। ইয়াৰ ফলত শুক্ৰ গ্ৰহৰ উষ্ণতা ৪৭৫ ডিগ্ৰী ছেলছিয়াললৈ বাঢ়ি গ'ল আৰু সেইবাবে শুক্ৰ গ্ৰহই জীৱকূল ধাৰণ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলালে।

মংগল গ্ৰহ আমাৰ পৃথিৱীৰ দৰেই এটি শিলাময় গ্ৰহ। আজি মংগল গ্ৰহ একাধিক মানব নিৰ্মিত ৰবট আৰু যন্ত্ৰচালিত বাহনৰ বাসস্থান। বিজ্ঞানীসকলে এই ৰঙা গ্ৰহটোলৈ বহুতো মিছন পঠিয়াই ইয়াৰ ভূতত্ত্ব অধ্যয়ন কৰি আহিছে। অতীতৰ কোনো অণুজীৱৰ জীৱনৰ সন্ধানত বিজ্ঞানীসকলে মংগল গ্ৰহৰ বুকুত পিটপিটাই ফুৰিছে। প্ৰযুক্তিৰ উন্নতিৰ লগে লগে আমি মংগল গ্ৰহত অধিক অত্যাধুনিক ৰোভাৰ প্ৰেৰণ কৰাত সফল হৈছো। ৰঙা গ্ৰহটোৰ বিষয়ে আমি সংগ্ৰহ কৰা তথ্য সমূহৰ পৰা সহজেই অনুমান কৰিব পাৰি যে ইয়াৰ পৃষ্ঠত বৈ যোৱা তৰল পানীৰে গঠিত নদীও আছিল। কিন্তু কেৱল তৰল পানীৰ উপস্থিতিৰ অৰ্থ এইটো নহয় যে অণুজীৱৰ জীৱ আছে।
আদিম কালত মংগল গ্ৰহৰ বাতাবৰণ আমাৰ পৃথিৱীৰ লগত বহুখিনি একে আছিল। হয়তো এনেকুৱাও হ’ব পাৰে যে পৃথিৱীত বৰ্তমান যি ঘটি আছে সেয়া হয়তো বহু আগতেই মংগল গ্ৰহটোত সংঘটিত হৈছিল! কিন্তু সময়ৰ লগে লগে মংগল গ্ৰহৰ চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হৈ যোৱাৰ বাবে ই নিজৰ বায়ুমণ্ডল হেৰুৱাই পেলায় আৰু জীৱন বৰ্তাই ৰাখিবলৈ অপাৰগ হৈ পৰে। একেদৰে আমাৰ সৌৰজগতত আন বহুতো গ্ৰহ বা উপগ্ৰহ আছে য'ত অণুজীৱৰ উপস্থিতি থাকিব পাৰে, কিন্তু ইয়াক ধৰা পেলাবলৈ আমাক অধিক উন্নত প্ৰযুক্তিৰ প্ৰয়োজন। বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰৰ ভিতৰত গেনিমেড, কেলিষ্ট', এনচেলেডাছ, টাইটান আৰু ইউৰোপা এনে কিছুমান সম্ভাৱনাযুক্ত স্থান য'ত হয়তো এতিয়াও জীৱন বৰ্তি আছে।
সৌৰজগতৰ সকলো গ্ৰহৰ মাজত পৃথিৱী কিয় বাসযোগ্য? ইয়াৰ মূল কাৰণ হ'ল আমাৰ গ্ৰহটো সূৰ্যৰ পৰা সঠিক দূৰত্বত আছে, যিয়ে গ্ৰহটোত জীৱন ধাৰণৰ বাবে উপযুক্ত তাপমাত্ৰা প্ৰদান কৰিছে। তদুপৰি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই মূলতঃ আমাক ক্ষতিকাৰক সৌৰ বিকিৰণৰ পৰা ৰক্ষা কৰে, বায়ুমণ্ডলৰ দ্বাৰা সুৰক্ষিত কৰি ৰখাৰ লগতে সঠিক উষ্ণতা নিয়ন্ত্ৰণো কৰি আছে। ইয়াত জন্ম ল’বলৈ জীৱনৰ বাবে উপযুক্ত ৰাসায়নিক উপাদান আছে।
এতিয়া মূল প্ৰশ্নটো হ’ল কোনো এটা গ্ৰহ বাসোপযোগী হয় নে নহয় সেই বিষয়ে জ্যোতিৰ্বিজ্ঞানীসকলে কেনেকৈ সিদ্ধান্ত লয়? বহিঃগ্ৰহবোৰৰ বাসযোগ্যতা বিচাৰ কৰিবলৈ বিজ্ঞানীসকলে মূলতঃ তলত দিয়া কাৰক সমূহ বিশ্লেষণ কৰে। সেইবোৰ হ'ল-
গ্ৰহটোৰ ভৰ : বহিঃগ্ৰহটো বাসযোগ্য হ’বলৈ হ’লে ই আমাৰ পৃথিৱীৰ মুঠ ভৰৰ ০.১ৰ পৰা ১০ পৃথিৱী ভৰৰ ভিতৰত হ’ব লাগিব।
গ্ৰহটোৰ ব্যাসাৰ্ধ : জীৱন ধাৰণৰ বাবে উপযুক্ত হ'বলৈ গ্ৰহ এটাৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ ০.৫ৰ পৰা ২.৫ গুণৰ ভিতৰত হ’ব লাগিব।
উষ্ণতা : বহিঃগ্ৰহটোৰ ইয়াৰ মূল তৰা বা নক্ষত্ৰটোৰ পৰা সঠিক দূৰত্বত থাকিব লাগে।
তৰাৰ প্ৰকাৰ : বিজ্ঞানৰ ভাষাত আমাৰ সূৰ্যটো 𝗚 টাইপৰ তৰা অৰ্থাৎ আমাৰ সূৰ্যৰ দৰে যিকোনো 𝗚 টাইপৰ তৰা এটাৰ পৰা সঠিক দূৰত্বত অৱস্থান কৰা গ্ৰহক তৰাটোৱে নিজৰ কক্ষপথত ধৰি ৰাখিব পাৰে।
আন প্ৰকাৰৰ তৰাবোৰ হ’ল 𝗙, 𝗞 আৰু 𝗠। এইবোৰৰ ভিতৰত 𝗞 টাইপৰ তৰাবোৰে "ছুপাৰ হেবিটেব'ল এক্সোপ্লেনেট" বা অতি সম্ভাৱনাপূৰ্ণ বহিঃগ্ৰহ ধাৰণ কৰে যিবোৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীতকৈও অধিক বাসোপযোগী।

অগ্নিকুল কচমচ : ইছৰোৰ মহাকাশ সহযোগী

 


অতি সোনকালেই ভাৰতৰ মাটিৰ পৰা মহাকাশলৈ উৰা মাৰিব ব্যক্তিগত সংস্থাৰ ৰকেট। পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হ’ব উপগ্ৰহসমূহ। ইলন মাস্কৰ কোম্পানী স্পেচএক্সে (𝐒𝐩𝐚𝐜𝐞 𝐗) আমেৰিকাৰ মহাকাশ সংস্থা "নাছা"ৰ সহযোগত যিবোৰ কাম কৰি আছে, ঠিক সেইদৰেই ভাৰতৰ অগ্নিকুল কচমচ (𝐀𝐠𝐧𝐢𝐤𝐮𝐥 𝐂𝐨𝐬𝐦𝐨𝐬) নামৰ এটি সংস্থাই ইছৰোৰ (𝐈𝐒𝐑𝐎) সহযোগত এইবাৰ চমক দিবলৈ ওলাইছে। শেহতীয়াকৈ দেশৰ সুপৰিচিত উদ্যোগপতি আনন্দ মহিন্দ্ৰাই অগ্নিকুল কচমচলৈ আগবঢ়াইছে বিত্তীয় অনুদান। অগ্নিকুল কচমছৰ ষ্টাৰ্টআপ ৰকেটটোৰ নাম অগ্নিবান।

বিশ্বৰ অন্যান্য মহাকাশ সংস্থাৰ লগতে ভাৰতৰ এৰোস্পেচ খণ্ডতো সম্প্ৰসাৰণৰ বাবে নতুন নীতি প্ৰণয়ন কৰা হৈছে আৰু আমেৰিকাৰ শৈলীত ভাৰতীয় মহাকাশ উদ্যোগত ব্যক্তিগত খণ্ডকো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি ইছৰোত এফ. ডি. আই. অনুমোদন কৰা হৈছে যাতে ইছৰ’ই এতিয়ালৈকে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পাৰে। ২০৪০ চনৰ ভিতৰত বিশ্বৰ মহাকাশ বজাৰ খনৰ মূল্য প্ৰায় ২ ট্ৰিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে, যাৰ বাবে ভাৰতীয় মহাকাশ সংস্থা "ইছৰো"ৱে অধিক কাৰ্যক্ষম হৈ উঠাৰ লগতে সংস্থাটোৱে বিশ্বৰ মহাকাশ বজাৰখনত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছে।

২০১৭ চনতেই চেন্নাইত প্ৰতিষ্ঠা কৰা হৈছিল অগ্নিকুল কচমছ। শ্ৰীনাথ ৰবিচন্দ্ৰন, মইন এছ. পি. এম. আৰু আই. আই. টি. মাদ্ৰাজৰ অধ্যাপক এছ. আৰ. চক্ৰৱৰ্তীয়ে যৌথভাৱে আৰম্ভ কৰিছিল অগ্নিকুল কচমচ। বৰ্তমান তিনিও গৰাকী মহাকাশ বিজ্ঞানীয়ে মিলি আনন্দ মহিন্দ্ৰাই প্ৰদান কৰা পুঁজিৰে অগ্নিকুল কচমছৰ বাবে আন্তঃগাঁথনি উন্নয়ন, প্ৰযুক্তি আৰু ভূমি পৰীক্ষণৰ দৰে বিভিন্ন কাম কাজবোৰ কৰি আহিছে। বিগত সময়োৱাত ক'ভিড মহামাৰীৰ বাবে অগ্নিকুল কচমচৰ কাম কাজবোৰত বাধা আহি পৰিছিল যদিও বৰ্তমান অগ্নিকুল কচমচে ক্ষিপ্ৰতাৰে কাম কাজবোৰ আগবঢ়াই নিছে। মেফিল্ড ইণ্ডিয়াৰ মেনেজিং পাৰ্টনাৰ বিক্ৰম গডছে অচিৰেই অগ্নিকুল কচমছৰ ব’ৰ্ডত যোগদান কৰিব। বৰ্তমান অগ্নিকুলে নিৰ্মাণ কৰি আছে এটা সৰু ব্যক্তিগত ৰকেট বা উৎক্ষেপণ যান। এই ৰকেটৰ নাম অগ্নিবান। এই উৎক্ষেপণ যানখনে পৃথিৱীৰ নিম্ন কক্ষপথত ১০০ কিলোগ্ৰাম পৰ্যন্ত উপগ্ৰহ স্থাপন কৰিবলৈ সক্ষম হ'ব।

Wednesday, 26 January 2022

𝐂𝐫𝐚𝐯𝐢𝐧𝐠 𝐟𝐨𝐫 𝐚 𝐏𝐞𝐧

 



I was gifted my first fountain pen in class 5 standard. Before that, I used to pray every evening for a fountain pen. Looking back, it is like a dream to be seated cross-legged on the floor of the classroom, clutching the rectangular slate in wooden frame and a pencil. In our time, slate was an integral part in primary schools. In the present schooling however, the increasing use of notebooks has drastically brought down the use of slates and pencils. Today, the mighty Microsoft Word has almost reduced the need to write by hand.
After the 4th standard in my vernacular school (Assamese Medium), we were introduced to the ink pen. Initially, we were advised to write on banana leaves with a feather quill. Quill is a specially designed pen with bird's feather. However, gradually I realised that to use the quill was a messy process. It took me many days to find out the most appropriate angle at which the quill must be tilted on the banana leaf to ensure the ink’s smooth flow and not stain my fingers blue !!! Besides, the inkpot had to be always near. But slowly, I became adept, writing flawlessly with the quill.
The day finally came. The recognition I had been waiting for so long, that my handwriting was atleast neat enough to progress had arrived. He was my dad who brought me a fountain pen and some foolscap papers. In the beginning, I wasted more than 80 percent papers while writing with fountain pen. My dad and almost every teacher, I had in my school used to tell me, "If you don’t improve your handwriting, don’t expect good grades in examinations."
But then, while we were in the upper classes of school, the early ball-point pens arrived. They weren’t as good as ones available now. But in any event, these ball-point pens were not allowed in the school as our teachers believed that ball-point pens could ruin the handwriting. But in the college and university, it was the ball-point pen all the day. However, I must admit that the pleasure of writing with fountain pen was something special which my words can't express.