ৰবাৰ্ট গোদাৰ্ট নামৰ বিজ্ঞানীজনে 1926 চনত 16 মাৰ্চত প্ৰথম জুলীয়া ইন্ধনযুক্ত ৰকেট সাজি সফলতাৰে ইয়াৰ পৰীক্ষণ কৰিছিল । তেখেতৰ এই ৰকেটটো পৰীক্ষণৰ সময়ত প্ৰতি ছেকেণ্ডত 25 ফুট উচ্চতালৈ ধাবিত হৈছিল । 1907 চনত তেওঁ পলিটেকনিকৰ ছাত্ৰ হৈ থকা অৱস্থাতেই জুলীয়া ইন্ধনযুক্ত ৰকেটৰ গৱেষণা আৰম্ভ কৰিছিল । 1914 চনত তেওঁ যেতিয়া ৱৰশ্বেষ্টাৰৰ ক্লাৰ্ক বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে, তেতিয়াৰ পৰাহে বায়ু শূন্য স্থানত উৰিব পৰা ৰকেটৰ বিষয়ে চিন্তা আৰম্ভ কৰে । এইখিনিতেই কৈ থোৱা ভাল হব যে জেট বা এৰোপ্লেন বায়ু থকা ঠাইতহে উৰিব পাৰে, কিয়নো জেট ইঞ্জিনৰ দহনৰ বাবে অক্সিজেন গেছৰ আৱশ্যক হয় । ৰকেট কিন্তু বায়ুশূন্য অৱস্থাৰ মাজেৰেও গতি কৰিব পাৰে কিয়নো ৰকেটৰ ইন্ধন দহনৰ বাবে অক্সিজেন উৎপন্ন ৰকেটৰ ভিতৰতে কৰাৰ ব্যৱস্থা থাকে । পিছলৈ গোদাৰ্টে তেখেতৰ ৰকেটৰ যথেষ্টখিনি কাৰিকৰী দিশৰ উন্নতি সাধন কৰে আৰু 1930 চনত মেক্সিকো চহৰত সম্পন্ন কৰা ৰকেটৰ পৰীক্ষণটো বেছ গুৰুত্বপূর্ণ আছিল কিয়নো এই পৰীক্ষণৰ সময়ত গোদাৰ্টৰ ৰকেটে শব্দৰ গতিবেগক চেৰ পেলাই প্ৰায় 1200 কিমি প্ৰতি ঘণ্টা বেগত আকাশৰ বুকুলৈ ধাবিত হৈছিল । এই সফলতাক আমেৰিকাৰ চৰকাৰে স্বীকৃতি দি তেখেতক পেটেণ্ট দিয়া হৈছিল । 1945 চনৰ 10 আগষ্টত এই মহান বিজ্ঞানীজনৰ মৃত্যু হয় ।
Saturday, 14 November 2015
ৰকেটৰ বিষয়ে যৎকিঞ্ছিত
ৰবাৰ্ট গোদাৰ্ট নামৰ বিজ্ঞানীজনে 1926 চনত 16 মাৰ্চত প্ৰথম জুলীয়া ইন্ধনযুক্ত ৰকেট সাজি সফলতাৰে ইয়াৰ পৰীক্ষণ কৰিছিল । তেখেতৰ এই ৰকেটটো পৰীক্ষণৰ সময়ত প্ৰতি ছেকেণ্ডত 25 ফুট উচ্চতালৈ ধাবিত হৈছিল । 1907 চনত তেওঁ পলিটেকনিকৰ ছাত্ৰ হৈ থকা অৱস্থাতেই জুলীয়া ইন্ধনযুক্ত ৰকেটৰ গৱেষণা আৰম্ভ কৰিছিল । 1914 চনত তেওঁ যেতিয়া ৱৰশ্বেষ্টাৰৰ ক্লাৰ্ক বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে, তেতিয়াৰ পৰাহে বায়ু শূন্য স্থানত উৰিব পৰা ৰকেটৰ বিষয়ে চিন্তা আৰম্ভ কৰে । এইখিনিতেই কৈ থোৱা ভাল হব যে জেট বা এৰোপ্লেন বায়ু থকা ঠাইতহে উৰিব পাৰে, কিয়নো জেট ইঞ্জিনৰ দহনৰ বাবে অক্সিজেন গেছৰ আৱশ্যক হয় । ৰকেট কিন্তু বায়ুশূন্য অৱস্থাৰ মাজেৰেও গতি কৰিব পাৰে কিয়নো ৰকেটৰ ইন্ধন দহনৰ বাবে অক্সিজেন উৎপন্ন ৰকেটৰ ভিতৰতে কৰাৰ ব্যৱস্থা থাকে । পিছলৈ গোদাৰ্টে তেখেতৰ ৰকেটৰ যথেষ্টখিনি কাৰিকৰী দিশৰ উন্নতি সাধন কৰে আৰু 1930 চনত মেক্সিকো চহৰত সম্পন্ন কৰা ৰকেটৰ পৰীক্ষণটো বেছ গুৰুত্বপূর্ণ আছিল কিয়নো এই পৰীক্ষণৰ সময়ত গোদাৰ্টৰ ৰকেটে শব্দৰ গতিবেগক চেৰ পেলাই প্ৰায় 1200 কিমি প্ৰতি ঘণ্টা বেগত আকাশৰ বুকুলৈ ধাবিত হৈছিল । এই সফলতাক আমেৰিকাৰ চৰকাৰে স্বীকৃতি দি তেখেতক পেটেণ্ট দিয়া হৈছিল । 1945 চনৰ 10 আগষ্টত এই মহান বিজ্ঞানীজনৰ মৃত্যু হয় ।
Friday, 13 November 2015
এনড্ৰ’মিডা তাৰকাৰাজ্য আৰু আমাৰ হাতীপটিৰ মাজৰ সংঘৰ্ষ !
1929 চনত বিজ্ঞানী এডুইন হাব’লে আৱিষ্কাৰ কৰিছিল যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণশীল আৰু এই সম্প্ৰসাৰণ Big Bang বা মহানাদৰ পিছৰ পৰাই নিৰবচিন্ন ভাৱে চলি আহিছে । ইয়াৰ পৰা এইটো প্ৰমাণিত হয় যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিখন তাৰকাৰাজ্যই পৰস্পৰৰ পৰা আতৰি গৈ আছে । তেনে ক্ষেত্ৰত আমাৰ হাতীপটি তাৰকাৰাজ্যখনো আন আন তাৰকাৰাজ্যবোৰৰ পৰা ক্ৰমে আতৰি আহি আছে । বিজ্ঞানী হাব’লৰ মতে দূৰৰ তাৰকাৰাজ্যবোৰ বেছি বেগত আৰু ওচৰৰ তাৰকাৰাজ্যবোৰ তুলনামূলকভাবে কম বেগত আতৰি গৈ আছে । উদাহৰণস্বৰূপে আমাৰ হাতীপটিৰ পৰা 2.5 মিলিয়ন আলোকবৰ্ষ দূৰত থকা এনড্ৰ’মিডা তাৰকাৰাজ্যখন আমাৰ পৰা প্ৰতি ছেকেণ্ডত 60 কিলোমিটাৰ আতৰি গৈ আছে । আনহাতে আমাৰ পৰা এক বিলিয়ন (100 কৌটি) আলোকবৰ্ষ আতৰৰ তাৰকাৰাজ্যবোৰ প্ৰতি ছেকেণ্ডত প্ৰায় 22000 কিলোমিটাৰকৈ পৰস্পৰৰ পৰা আতৰি গৈ আছে । দূৰৰ তাৰকাৰাজ্যবোৰ এই গতিবেগত আতৰি যোৱা কথাটো কল্পনা কৰিবলৈও টান হ’লেও- এইটোৱেই সত্য । এনড্ৰ’মিডা তাৰকাৰাজ্য আৰু আমাৰ হাতীপটি এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ দুটা ওচৰা-ওচৰি তাৰকাৰাজ্য । এই তাৰকাৰাজ্য দুখনৰ মাজত যদিও 2.5 মিলিয়ন আলোকবৰ্ষৰ এক দূৰত্ব আছে, তথাপিও এই দুই তাৰকাৰাজ্যৰ মাজত অকল্পনীয় মহাকৰ্ষণ বলে ক্ৰিয়া কৰি আছে । এই মহাকৰ্ষণ বলে সম্প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰ্গত তাৰকাৰাজ্য এনড্ৰ’মিডা আৰু হাতীপটিৰ মাজৰ পৰস্পৰৰ পৰা আতৰি যোৱা বেগক চেৰ পেলাইছে । ফলস্বৰূপে এই দুই তাৰকাৰাজ্য পৰস্পৰৰ পৰা আতৰি যোৱাৰ সলনি ক্ৰমে পৰস্পৰৰ কাষ চাপি আহি আছে । মহাকাশ বিজ্ঞানীসকলৰ মতে এই দুই তাৰকাৰাজ্য- এনড্ৰ’মিডা আৰু হাতীপটি আৰু কেইটামান মিলিয়ন বছৰৰ পিছত মুখামুখি সংঘৰ্ষত লিপ্ত হ’ব, আকাশত সৃষ্টি হ’ব আচৰ্যকৰ পোহৰৰ মেলা । এই দুই তাৰকাৰাজ্যই মিলিত হৈ সৃষ্টি কৰিব আন এখন বিশাল তাৰকাৰাজ্য । তেতিয়া সূৰ্য নাথাকিব, নাথাকিব পৃথিৱী, জোনবায় অথবা মানব জাতি !
আমাৰ পৃথিৱীক লগতে লৈ সৌৰজগত আগুৱাইছে বহুদূৰৰ ভেগা নক্ষত্ৰ অভিমুখে
আমাৰ সৌৰজগতখন হাৰকিউলিচ (লিৰা) তাৰকামণ্ডলৰ ভেগা নক্ষত্ৰৰ দিশে আগুৱাই গৈ আছে । অবিৰাম প্ৰতি ছেকেণ্ডত 20 কিলোমিটাৰ বেগত সৌৰজগতৰ লগত আমাৰ পৃথিৱীও লিৰা নক্ষত্ৰপূঞ্জ অভিমুখে আগুৱাই গৈ আছে । ভেগা নক্ষত্ৰ আমাৰ সূৰ্যতকৈ প্ৰায় 2.5 গুণ ডাঙৰ আৰু আমাৰ পৰা 25 আলোকবৰ্ষ আতৰত অৱস্থিত । সূৰ্যাস্তৰ পিছতেই জোনাকবিহীন সন্ধিয়াত এই ভেগা নক্ষত্ৰটো উত্তৰ-পশ্চিম আকাশত দেখা পোৱা যায় । আকাশৰ তৰাবোৰৰ লগত যদি আপুনি পৰিচিত, তেন্তে এই নক্ষত্ৰটো সহজেই চিনি উলিয়াব পাৰিব । নিশাৰ আকাশৰ দক্ষিণ-পূৱ দিশত কালপুৰুষ (Orion) নক্ষত্ৰপূঞ্জৰ পৰা কিছু পূৱদিশত দেখা যায় ৰাতিৰ আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ লুব্ধক বা Sirius । লুব্ধক আৰু ভেগা আকাশৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থিত । জ্যোতিৰ্বিজ্ঞানী সকলৰ মতে আমাৰ সৌৰজগত এই লুব্ধক নক্ষত্ৰৰ পৰা ক্ৰমে আতৰি আহি আছে আৰু 20 কিলোমিটাৰ/ছে বেগত ভেগা নক্ষত্ৰ অভিমুখে গতি কৰিব লাগিছে । বিজ্ঞানৰ ভাষাত সৌৰজগতৰ এই গতিক Solar Apex বোলা হয় । আমাৰ সৌৰজগতৰ এই গতিৰ বিষয়ে William Herschel নামৰ বিজ্ঞানীজনে 1783 চনত তথ্য দাঙি ধৰিছিল । এই মহান বিজ্ঞানীজনে ইউৰেনাচ গ্ৰহটোও আৱিষ্কাৰ কৰিছিল ।
বৃহস্পতি আৰু শনি গ্ৰহৰ কঠিন হাইড্ৰজেন
বৃহস্পতিৰ কেন্দ্ৰত আছে কঠিন ধাতবীয় হাইড্ৰজেন ! সৌৰজগতৰ গেছীয় গ্ৰহ বৃহস্পতি আৰু শনিৰ কেন্দ্ৰভাগ গঠিত হৈছে কঠিন বা Solid হাইড্ৰজেনেৰে ! ধাতবীয় হাইড্ৰজেন হল হাইড্ৰজেনৰ এক দশা যি দশাত ই বিদ্যুত পৰিবাহিত কৰিব পাৰে । 1935 চনত Eugene Wigner আৰু Hillard Bell Huntington নামৰ বিজ্ঞানী দুজনৰ গৱেষণাৰ পৰাই হাইড্ৰজেনৰ ধাতবীয় অৱস্থাৰ ধাৰণাটোৰ জন্ম হয় । এই দুই বিজ্ঞানীৰ মতে হাইড্ৰজেনৰ ওপৰত 25 গিজা পাস্কেল (GPa) চাপ প্ৰয়োগ কৰিলে হাইড্ৰজেন জুলীয়া অৱস্থা প্ৰাপ্ত হয় । অৱশ্যে এই কাৰ্য পৰীক্ষাগাৰত সম্ভৱ হৈ উঠা নাই এই অত্যাধিক চাপৰ বাবেই । কিন্তু গেছীয় গ্ৰহ বৃহস্পতি আৰু শনিৰ কেন্দ্ৰভাগত গ্ৰহদুটাৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ বাবে যি চাপৰ সৃষ্টি হয়, সেই চাপৰ প্ৰভাৱত বৃহস্পতি আৰু শনিৰ কেন্দ্ৰভাগৰ হাইড্ৰজেন অতি উষ্ণ তৰল অৱস্থাত আছে । এই অতি উষ্ণ তৰল হাইড্ৰজেনৰ গুণাগুণ সাইলাস ধাতুৰ দৰে । 1968 চনত Neil Ashcroft নামৰ বিজ্ঞানীজনে এই অতি উষ্ণ তৰল হাইড্ৰজেনৰ অতিপৰিবাহিতা বা Superconductivity গুণৰ বিষয়ে উল্লেখ কৰে । এই হাইড্ৰজেনৰ ঘনত্ব 0.086 গ্ৰাম প্ৰতি ঘন ছেমি আৰু এতিয়ালৈ এই ঘনত্বই ধাতুৰ সৰ্বনিম্ন ঘনত্ব !
কলৰ পৰা আহৰণ আন এক মহৌষধ- বেনলেক (BanLec)
কলৰ পৰা আহৰণ কৰা বেনলেক “BanLec” নামৰ প্ৰটিন বিধৰ আছে কেঞ্চাৰৰ লগতে ভাইৰাছ প্ৰতিৰোধী গুণ । বেনলেক বা Banana Lectin (চমুকৈ BanLec) হ’ল লেকটিন শ্ৰেণীৰ এক বিশেষ প্ৰটিন যিয়ে আমাৰ দেহত IgG4 antibody বা IgG4 প্ৰতিদেহ সৃষ্টি কৰিব পাৰে । মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষণাত 2010 চনতেই জীৱবিজ্ঞানীৰ এটা দলে বেনলেকৰ ঔষধী গুণৰ উমান পাইছিল আৰু তেখেতসকলে বেনলেক নামৰ প্ৰটিনবিধে মানুহৰ দেহকোষত HIV-I ৰ অনুকৃত্যায়ন বন্ধ কৰি কোষক সুস্থিৰতা প্ৰদান কৰাৰ লগতে HIV-I ক নিস্ক্ৰিয় কৰি ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি দাবী কৰিছিল । এই বিষয়ক গৱেষণা পত্ৰখন 2010 চনৰ মাৰ্চ মাহত Journal of Biological Chemistry নামৰ গ্ৰন্থখনত প্ৰকাশিত হৈছিল । এই আৱিষ্কাৰে আমালৈ আনিছে আশাৰ বতৰা । কল নামৰ মহৌষধিৰ পৰা ভাইৰাছ, এইডচ, হেপাটাইটিচ আৰু কেঞ্চাৰ প্ৰতিৰোধী ঔষধ আৱিষ্কাৰৰ পথত বিজ্ঞানীসকল আগবাঢ়ি গৈছে । এই বিজ্ঞানীসকলে দাবী কৰিছে যে তেখেতসকলে ইতিমধ্যে এন্দুৰৰ দেহত কেইটাও পৰীক্ষা সুকলমে সম্পন্ন কৰিছে আৰু আশানুৰূপ ভাবে সুফল পাইছে । আমিও আশা ৰাখিছো- বিজ্ঞানীসকলৰ এই সাধনাৰ ফল পৃথিৱীবাসীৰ বাবে মংগলময় হওঁক ।
লেভজয় ধুমকেতুৱে সৌৰজগতৰ কেউদিশে কঢ়িয়াই লৈ ফুৰিছে জৈৱ অনুৰ ভাণ্ডাৰ
শৰ্কৰা আৰু এলক’হলেৰে পৰিপূৰ্ণ ধুমকেতুৱে সৌৰজগতত পৰিভ্ৰমণ কৰি আছে। আচৰিত হ’লেও সত্য যে লেভজয় নামৰ ধুমকেতুটোৰ বুকুত আছে ইথাইল এলক’হল আৰু একশৰ্কৰা গ্লাইক’এলডিহাইদ। লেভজয় নামৰ ধুমকেতুটোৰ বুকুত বিজ্ঞানীসকলে শেহতীয়াকৈ প্ৰায় 21বিধ জৈৱ অনুৰ সন্ধান পাইছে। এই আৱিষ্কাৰে সৌৰজগত বা সৌৰজগতৰ বাহিৰত জীৱনৰ উপস্থিতিৰ সম্ভাৱনাক বেছি সুদৃঢ় কৰি তুলিছে। ফৰাছী বিজ্ঞানী নিকোলাচ বিভাৰৰ মতে লেভজয় ধুমকেতুৰ বুকুত প্ৰতি ছেকেণ্ডত প্ৰায় 100 লিটাৰ ইথাইল এলক’হল সৃষ্টি হৈ আছে। ধুমকেতুবোৰ সৌৰজগতৰ একো একোটা ৰিফ্ৰিজেৰিটৰৰ দৰে যত বহু হাজাৰ বছৰ আগৰ জৈৱ পদাৰ্থবোৰ সংৰক্ষিত হৈ আছে। এনে পদাৰ্থৰ পৰাই আমাৰ পৃথিৱীলৈ জীৱনৰ বীজ অহা বুলি বিজ্ঞানীসকলে ক’ব খোজ। তেনেস্থলত ধুমকেতুবোৰে এই বিশ্বব্ৰহ্মাণ্ডৰ আন কৰবাতো একে ধৰণে জীৱনৰ বীজ সিঁচি দিয়াটো অসম্ভৱ নহয়। বিজ্ঞানীসকলে আশাবাদী। আৰু আমাৰ বাবে এইয়া একো একোটা আচহুৱা যেন লগা কথা। কিন্তু বিজ্ঞানৰ আৱিষ্কাৰ বা সিদ্ধান্তবোৰ প্ৰথমতে আচহুৱা যেন লাগিলেও পিছলৈ সেইটোৱেই সত্য বুলি প্ৰতিষ্ঠিত হয়।
সৌৰজগত
সূৰ্য আৰু তাক কেন্দ্ৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮ টা গ্ৰহ ক্ৰমে বুধ,শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন লগেতে সিহঁতৰ উপগ্ৰহসমূহ, গ্ৰহবোৰৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণু, লগতে সূৰ্য্যৰ লগত মহাকৰ্ষণ শক্তিৰ বলত বান্ধ খাই ইয়াক প্ৰদক্ষিণ কৰি থকা সকলো মহাজাগতিক পদাৰ্থক একেলগে বোলে। আজিৰ পৰা প্ৰায় ৪.৬ বিলিয়ন বছৰৰ পূৰ্বে এক বৃহৎ আণৱিক ডাৱৰৰ খুন্দাৰ ফলত সৌৰজগতৰ সৃষ্টি হৈছিল। সূৰ্য ইয়াৰ সকলো সদস্যৰ সৈতে প্ৰায় কাঁহী আকাৰত আছে যাক “ইক্লিপ্টিক প্লে’ন” বুলি কোৱা হয়। ইক্লিপ্তিক প্লে’নৰ মূঠ ভৰৰ অধিকাংশ অধিকাৰ কৰি থকা গ্ৰহ কেইটাই প্ৰায় বৃত্তকাৰ কক্ষপথেৰে সূৰ্য্যক প্ৰদক্ষিণ কৰে। ইয়াৰে তুলনামূলক ভাৱে সৰু ৪ টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল বিশেষকৈ শিল আৰু ধাতুৰ দ্বাৰা গঠিত। এই গ্ৰহ কেইটাক আভ্যন্তৰীণ গ্ৰহ বোলে। বাকী চাৰিটা গ্ৰহক বাহ্যিক গ্ৰহ বোলে। এই গ্ৰহকেইটা প্ৰধানকৈ হাইড্ৰ’জেন আৰু হিলিয়াম গেছৰ দ্বাৰা গঠিত। সৌৰজগতত ৫ টা গ্ৰহাণুপুঞ্জৰ পটি আছে – এটা মংগল আৰু বৃহস্পতিৰ মাজত যি শিল আৰু ধাতুৰে গঠিত আৰু আনটো পতি আছে নেপচুন গ্ৰহৰ পাছত যাক কুইপাৰ বেল্ট বোলা হয়, ই বৰফ, এম’নিয়া আৰু মিথেনৰ দ্বাৰা গঠিত। এই বেল্টৰ ৫ টা মহাজাগতিক খণ্ড – প্লুট’, হাউনেয়া, মাকেমাকে আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ বুলিও কোৱা হয়। কাল্পনিক অ’ৰ্ট ক্লাওড যি অতি দীৰ্ঘ সময়ৰ মূৰত দেখা দিয়া ধুমকেতুৰ উৎস বুলি ভৱা হয়, এই ক্ষেত্ৰৰ পৰা প্ৰায় এহেজাৰ গুণ আঁতৰত। সৌৰজগতৰ অন্যান্য সদস্য সমূহ হ’ল ধুমকেতু, আন্তঃগ্ৰহীয় ধূলি, আৰু উপগ্ৰহ সমূহ। উপগ্ৰহ হ’ল গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰা গ্ৰহ গুণ সম্পন্ন মহাকাশীয় অৱয়ব। কেইবা হাজাৰ বছৰ ধৰি মানুহে, দুই এজন মনিষীৰ বাদে, সৌৰজগতৰ অস্তিত্ব স্বীকাৰ কৰা নাছিল। তেতিয়া বিশ্বাস আছিল যে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু সকলো গ্ৰহ-নক্ষত্ৰ পৃথিৱীক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে। অৱশ্যে ভাৰতীয় গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰ্য্যভট্ট আৰু গ্ৰীক দাৰ্শিনক এৰিষ্টাৰকাছে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰা ব্ৰহ্মাণ্ডৰ কথা উল্লেখ কৰিছিল। নিক’লাছ ক’পাৰনিকাছএ প্ৰথমে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰা গ্ৰহৰ গাণিতিক বাখ্যা আগবঢ়ায়। পাছত ১৭ শ শতাব্দীত গেলিলিও গেলিলি, জ’হান্চ কেপ্লাৰ, আৰু আইজাক নিউটনৰ দিনত পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতি হোৱাত সূৰ্যক কেন্দ্ৰ কৰা সৌৰজগতৰ প্ৰমাণ হয় আৰু ইয়াক গ্ৰহণ কৰা হয়।
মংগল গ্ৰহৰ পিছত এইবাৰ ইছৰোৰ লক্ষ্য শুক্ৰগ্ৰহ
মহাজাগতিক সংঘৰ্ষ
মহাজাগতিক সংঘৰ্ষ স্বাভাৱিকতে এটা ভয়াবহ বিষয় যদিও, ই বিশ্বব্ৰহ্মাণ্ডত সততে হৈ থকা এক চিৰন্তন প্ৰক্ৰিয়া। এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতেই যেন সেই ভয়াবহতা বিৰাজমান। মহাজাগতিক সংঘৰ্ষৰ ফলত যি ভয়াবহ ধ্বংসলীলা সৃষ্টি হ’ব পাৰে তাক কল্পনা কৰাও কঠিন। এনে এক মহাজাগতিক সংঘৰ্ষৰ ফলতেই পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছিল ডাইন’চৰৰ দৰে বিশালকায় সৰীসৃপ সমূহ। মহাজাগতিক সংঘৰ্ষৰ ফলত কেৱল ক্ষতি হোৱা বুলিলে পিছে ভুল কৰা হ’ব। এনেবোৰ সংঘৰ্ষৰ ফলতেই আমাৰ বিশ্বব্ৰহ্মাণ্ডত অনেক গঠনমূলক পৰিঘটনা হোৱা বুলি বিজ্ঞানীসকল নিশ্চিত। মহাকাশ বিজ্ঞানীসকলৰ মতে মহাজাগতিক সংঘৰ্ষৰ ফলতেই আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ জোনবাইৰ সৃষ্টি হৈছিল। এই জোনবাইৰ বাবেই আজি আমি পৃথিৱীৰ মহাসাগৰৰ বুকুত জোৱাৰ-ভাটা দেখিবলৈ পাইছো অথবা পৃথিৱীয়ে নিজ অক্ষৰ চৌদিশে আহ্নিক গতিৰ সুস্থিৰতা লাভ কৰিছে। এনে সুস্থিৰতাৰ বাবেই আমাৰ পৃথিৱীৰ ঋতু পৰিবৰ্তন আৰু দিন-ৰাতিৰ এক নিৰ্দ্দিষ্টতা আহি পৰিছে । মহাজাগতিক সংঘৰ্ষৰ ফলত সলনি হৈ আহিছে বিশ্বব্ৰহ্মাণ্ডৰ মানচিত্ৰ; সৃষ্টি হৈছে নতুন গ্ৰহ-নক্ষত্ৰ; সুৰুযে বিলাইছে পোহৰ অথবা ভাঙি-চিগি থানবান হৈছে দৈত্যকায় একোটা নক্ষত্ৰ ! এই মহাজাগতিক সংঘৰ্ষৰ ফলত আমাৰ বিশ্বব্ৰহ্মাণ্ডই এটা স্বতন্ত্ৰ আকাৰ পাইছে । অনাগত দিন সমূহতো পুনৰ এনে সংঘৰ্ষ হ’ব, এন্ড্ৰমিডা তাৰকাৰাজ্যই আমাৰ হাতীপটিৰ লগত মিলিত হ’ব আন এক মুখামুখি সংঘৰ্ষত, যাৰ ফলত সৃষ্টি হ’ব এখন নতুন তাৰকাৰাজ্য- জন্ম হ’ব অজস্ৰ নতুন সূৰ্য অথবা নতুন সৌৰজগতৰ ! অৱশ্যে এইবোৰ প্ৰত্যক্ষ কৰিবলৈ সিদিনা মাথোন নেথাকিব আপুনি আৰু নেথাকিম মই !!!
সৌৰজগতৰ ভূমিকম্পবোৰ !!!
পৃথিৱীত হোৱাৰ দৰেই সৌৰজগতৰ আন আন গ্ৰহটো ভূমিকম্প হয়নে ? বিজ্ঞানীসকলৰ মতে সৌৰজগতৰ কঠিন শিলাময় গ্ৰহ যেনে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগলৰ লগতে চন্দ্ৰ আৰু বৃহস্পতিৰ উপগ্ৰহ ‘আইও’ত ভূমিকম্পৰ জোকাৰণি হয়। অৱশ্যে কাৰিকৰী দিশৰ পৰা আন গ্ৰহ-উপগ্ৰহ সমূহৰ এনে জোকাৰণিক ‘ভূমিকম্প’ বোলাতকৈ কম্পন বোলাহে উচিত হ’ব। সূৰ্যৰ কাষতে থকা বুধ গ্ৰহৰ পৃষ্ঠৰ উষ্ণতা অতি অনিয়মিত আৰু এই তাৰতম্য গ্ৰহটোৰ মেৰুদণ্ড সাপেক্ষে ঘূৰ্ণনৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিপ্ৰেক্ষিতত গ্ৰহটোৰ আভ্যন্তৰ আৰু বহিঃপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ বাবে বুধত কম্পনৰ সৃষ্টি হয়। একেদৰে শুক্ৰ আৰু মংগল গ্ৰহ দুটাৰ আভ্যন্তৰত থকা গৰম লাভাৰ বহিৰ্মূখী চাপৰ বাবে এই গ্ৰহ দুটাতো সঘনাই কম্পন সৃষ্টি হয়। অৱশ্যে এই কম্পনবোৰ মৃদুৰ পৰা সাধাৰণ পৰ্যায়ৰ হয়। পৃথিৱীৰ কম্পনসমূহ বিভিন্ন কাৰণত হ’ব পাৰে। পৃথিৱীৰ বেছি ভাগ কম্পনেই টেকটনিক গতিবিধিৰ ফলত হয়। অৱশ্যে জ্বালামূখীৰ উৎদ্গীৰণ তথা অন্যান্য ভূতাত্বিক কাৰকৰ বাবেও পৃথিৱীত ভূমিকম্প হয়। নাছাৰ বিজ্ঞানীসকলে ইতিমধ্যে জোনবাইৰ বুকুত এনে কম্পন ধৰা পেলাইছে। এইখিনিতেই উল্লেখ কৰা উচিত হ’ব যে বৃহস্পতিৰ উপগ্ৰহ আইও সৌৰজগতৰ আটাইতকৈ বেছি কম্পনশীল আৰু তাৰ পিছতেই স্থান পাইছে আমাৰ বাসভূমি পৃথিৱী নামৰ এই সুন্দৰ গ্ৰহটোৱে !
Subscribe to:
Posts (Atom)









