Friday, 27 November 2015

নিউটনৰ উত্তৰ নিমিলা অংকটো


নিউটন তেতিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত। এদিনাখনৰ কথা- নিউটন নিজৰ কোঠাত অধ্যয়নত ব্যস্ত। এনেতে লগুৱাজনে নিউটনৰ কোঠাৰ দুৱাৰমুখত থিয় হৈ মাত লগালে: "মহাশয়, প্ৰতিটোত সাত পেনি হাৰত মই তিনিটা মাছ কিনিছোঁ। মাছ বেপাৰী জন বাহিৰত ৰৈ আছে। অনুগ্ৰহ কৰি তেওঁৰ প্ৰাপ্য ধনখিনি দি দিব।" লগুৱাজন গুচি গ'ল। নিউটনে তৎক্ষাণাত এখিলা কাগজ আৰু গণিতৰ ঘাতাংক তালিকাখন উলিয়াই লৈ সমস্যাটো সমাধান কৰাত লাগি গ'ল। বহু সময় অতিক্ৰম কৰাৰ পিছতো প্ৰাপ্য ধন নোপোৱাৰ বাবে বাহিৰৰ পৰা ধৈৰ্য্যচ্যুতি ঘটা মাছ বেপাৰীজনে গৃহস্থক মাত লগালে। নিউটনৰ সেইবোৰলৈ ভ্ৰূক্ষেপেই নাই, একানপতীয়াকৈ লাগি ৰ'ল মাছৰ মূল্য নিৰূপণ কৰা গণিতত। মাছ বেপাৰীজনৰ মাতত লগুৱাজন পুনৰ নিউটনৰ কাষ পালেহি।
: মহাশয়, মাছ বেপাৰীজনৰ ধনখিনি.....
: ৰ'বাচোন, ধৈৰ্য্য ধৰা। এই গণনাটোত এটা সমস্যা সৃষ্টি হৈছে। - নিউটনে ক'লে ।
: কিন্তু মাছ বেপাৰীজনে একৈশ পেনি বিচাৰি চিঞৰ বাখৰ লগাইছে ।
নিউটন যেন আচৰিত হৈ গ'ল ! তেখেতে উত্তেজিত হৈ চিঞৰি ক'লে: কি ! তেওঁ কেনেকৈ ইমান সোনকালে উত্তৰটো বিচাৰি পালে ? তেওঁক ভিতৰলৈ মাতাচোন। তেওঁৰ পৰা মই এইটো শিকিব লাগিব।
লগুৱাজন শিল পৰা কপৌৰ দৰে দুৱাৰমুখত থিয় হৈ ৰ'ল।

Thursday, 26 November 2015

মংগল গ্ৰহৰ দুই ক্ষুদ্ৰ উপগ্ৰহ : ফ'বচ আৰু ডিম'চ


1877 চনত আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানী এচাফ হ'লে এটি বিশালকায় দূৰবীন যন্ত্ৰৰ সহায়ত আৱিষ্কাৰ কৰিছিল ফ'বচ আৰু ডিম'চ নামৰ মংগলৰ উপগ্ৰহ দুটা। মংগলৰ এই উপগ্ৰহ দুটা আকৃতিত তেনেই সৰু। ফ'বচ নামৰ উপগ্ৰহটো দীঘলে মাত্ৰ 27 কিমি এক শিলাখণ্ড। এই উপগ্ৰহটোৱে মংগল পৃষ্ঠৰ পৰা মাত্ৰ 9377 কিমি ওপৰেৰে মংগলৰ চৌদিশে আবৰ্তন কৰি আছে। ফ'বচৰ আয়তন মাত্ৰ 27x22x19 কিমি। এই ক্ষুদ্ৰাকৃতিৰ গ্ৰহটো প্ৰায় 7.5 ঘণ্টাৰ মুৰে মুৰে মংগলৰ পশ্চিম আকাশত উদিত হয়। মংগলৰ আনটো উপগ্ৰহ ডিম'চ সৌৰজগতৰ ক্ষুদ্ৰতম উপগ্ৰহবোৰৰ ভিতৰত অন্যতম। ডিম'চ দীঘলে মাত্ৰ 8.5 কিমি, কিন্তু এই উপগ্ৰহটো মংগল পৃষ্ঠৰ পৰা প্ৰায় 20,000 কিমি আঁতৰত থাকি গ্ৰহটোৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে। এই দুয়োটা গ্ৰহৰ আকৃতি জুইত পুৰি চেঁচা হবলৈ দিয়া আলুগুটিৰ নিচিনা, অসমান আৰু অনিয়মিত গঠনৰ। গ্ৰহদুটাৰ পৃষ্ঠত উল্কাপিণ্ডৰ আঘাতত সৃষ্টি হোৱা অজস্ৰ হোৱা গাঁত দেখিবলৈ পোৱা যায়।  বিজ্ঞানীসকলৰ মতে মংগলৰ পৃষ্ঠৰ পৰা নিচেই ওচৰত থকা বাবে এই ফ'বচৰ কক্ষপথ ক্ৰমান্বয়ে মংগলৰ পিনে আকৰ্ষিত হৈ আহিছে আৰু অদূৰ ভৱিষ্যতে ফ'বচ মংগলৰ পৃষ্ঠত জাহ যাব। আনহাতে ডিম'চ মংগল পৃষ্ঠৰ পৰা ক্ৰমে আঁতৰি যাব ধৰিছে !!!

Monday, 23 November 2015

মৃত্যু পথৰ যাত্ৰী: বিটলজুইচ বা আৰ্দ্ৰা নক্ষত্ৰ


পৃথিৱীৰ পৰা প্ৰায় 600 আলোকবৰ্ষ দূৰৰ কালপুৰুষ তাৰকামণ্ডলৰ দ্বিতীয় উজ্জ্বলতম নক্ষত্ৰটো হ'ল বিটলজুইচ। ভাৰতত এই নক্ষত্ৰটোক আৰ্দ্ৰা নক্ষত্ৰ বুলি কোৱা হয়। শীতকালৰ সন্ধিয়াৰ আকাশত এই নক্ষত্ৰ বা তৰাটো এটি উজ্জ্বল ৰঙা তৰা হিচাবে পুব আকাশত উদিত হয়। কালপুৰুষ চিনি পালে এই তৰাটো আকাশত সহজেই চিনি উলিয়াব পাৰি। এই তৰাটো আমাৰ সূৰ্যতকৈ প্ৰায় 1000 গুণ ডাঙৰ আৰু ইয়াৰ উজ্জ্বলতাও সূৰ্যতকৈ প্ৰায় 1,00,000 গুণে বেছি। এই পৰিসংখ্যাৰ পৰাই সহজে অনুমান কৰিব পাৰি যে এই তৰাটো আকাৰত কিমান ডাঙৰ। বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা মতে এই তৰাটোৰ ভৰ সূৰ্যৰ ভৰৰ প্ৰায় 25 গুণ। এই তৰাটো 10 মিলিয়ন বছৰৰ আগতে জন্ম হৈছিল। সেই দিশৰ পৰা বিটলজুইচ এটা তজবজীয়া যুৱ তৰাহে মাত্ৰ। অথচ আপেক্ষিক ভাৱে ডেকা বয়সতেই মৃত্যুৰ পিনে তিলতিলকৈ আগবাঢ়িছে এই তৰাটো। প্ৰকৃততে অতি বৃহৎ ভৰৰ তৰাবোৰৰ নিউক্লিয় ইন্ধন হাইড্ৰজেন, অত্যাধিক হাৰত নিউক্লিয় সংযোজন বিক্ৰিয়াত হিলিয়ামলৈ আৰু তাৰপিছত পৰ্যায়ক্ৰমে হিলিয়ামতকৈ গধুৰ মৌললৈ সলনি হয়। এই প্ৰক্ৰিয়াটো তৰাবোৰৰ কেন্দ্ৰভাগত লোৰ পৰমাণু সৃষ্টি হোৱালৈ চলি থাকে। ইয়াৰ পিছত এই প্ৰক্ৰিয়াটো বন্ধ হয় আৰু তৰাটো ইন্ধনৰ নাটনিত ভোগে। তেনে অৱস্থাত তৰাটোৰ উত্তাপ হ্ৰাস পায় আৰু ই ৰঙচুৱা হৈ পৰে। পৰ্যায়ক্ৰমে তৰাটোৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে আৰু একোটা "ৰঙা দৈত্য" বা red giant তলৈ সলনি হয়। বিটলজুইচ বা আৰ্দ্ৰা নক্ষত্ৰটো বৰ্তমান এনে এক দশাতেই আছে। এটা সময়ত এই তৰাটোৰ কেন্দ্ৰভাগৰ উষ্ণতাৰ লগত বহিঃপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ বাবে এনে তৰাবোৰ চুপাৰনভা হিচাবে বিষ্ফোৰিত হয়। পৃথিৱীৰ পৰা 600 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোও তেনে এক বিষ্ফোৰণৰ অপেক্ষাত। অৱশ্যে তৰাটো বিষ্ফোৰিত হোৱাৰ 600 বছৰৰ পিছতহে পৃথিৱীবাসীয়ে পাব বিষ্ফোৰণৰ সেই বাৰ্তা !!!

Friday, 20 November 2015

বোকাত ফুলা পদুম- মাইকেল ফেৰাডে


লণ্ডনৰ এটা অতি দুখীয়া পৰিয়ালত 1791 চনত 22 ছেপ্তেম্বৰত জন্ম হৈছিল বিজ্ঞান জগতৰ বিস্ময়ৰ প্ৰতিভা মাইকেল ফেৰাডেৰ। তেওঁৰ পিতৃ জেমচ ফেৰাডে পেছাত আছিল এজন কমাৰ আৰু মাতৃ মাৰ্গাৰেটে পৰিয়ালটোৰ আৰ্থিক দৈন্যতা তথা তেওঁৰ স্বামী জেমচৰ ৰুগীয়া অৱস্থাৰ বাবে আনৰ ঘৰত বনকৰা লিগিৰী হিচাবে কাম কৰিছিল। মাইকেলৰ শব্দ উচ্চাৰণৰ ক্ষেত্ৰত কিছু অস্পষ্টতা থকা বাবে বিদ্যালয়ৰ শিক্ষকৰ হাতত প্ৰায়েই শাস্তি পাইছিল আৰু এক দুৰ্তাগ্যজনক পৰিস্থিতিৰ গৰাহত পৰি প্ৰাথমিক পৰ্যায়তেই আনুষ্ঠানিক শিক্ষাৰ সমাপ্তি ঘটাব লগীয়া হৈছিল। 13 বছৰ বয়সত যেতিয়া মাইকেলৰ সমবয়সীয়া ল'ৰাই বিদ্যালয় শিক্ষা গ্ৰহণ কৰি, চিলা উৰুৱাই সময় পাৰ কৰিছিল, মাইকেলে সেই বয়সত আৰ্থিক দৈন্যতাৰ বাবে কিতাপ বন্ধোৱা এখন দোকানত কাম কৰিবলগীয়া হৈছিল। এই সময়ত মাতৃ মাৰ্গাৰেটে মাইকেলক ঘৰতে নিজাকৈ পঢ়াশুনা কৰাত সহায় কৰিছিল। ইতিমধ্যে মাইকেলৰ কিতাপৰ দোকানলৈ বন্ধাবলৈ অনা পুৰণি কিতাপবোৰ পঢ়াৰ এটা ভাল অভ্যাস গঢ় লৈ উঠিছিল। সেই সময়ত পঢ়িবলৈ পোৱা দুখন কিতাপে মাইকেলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। কিতাপ দুখন আছিল জেন মাৰচেটৰ 600 পৃষ্ঠাৰ "Conversations on Chemistry" আৰু আনখন "The Encyclopedia Britannica"। এই দুখন কিতাপে তেওঁক বিদ্যুত বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তোলে। কিতাপ দুখনত উল্লেখ কৰা বিভিন্ন বিদ্যুত সম্পৰ্কীয় পৰীক্ষাবোৰ নিজাকৈ কৰিবলৈ মাইকেলে তেওঁৰ যি নাম মাত্র দৰমহা, তাৰ কিছু অংশ খৰছ কৰি পেলাইছিল। তেনে সময়তেই মাইকেলে জন টাটুম নামৰ এজন পদাৰ্থ বিজ্ঞানীৰ এটি ভাষণ এক চিলিং মূল্যৰ টিকটৰ বিনিময়ত শুনাৰ সুবিধা পায়। কিছুদিন পিছতেই উইলিয়াম ডাঞ্চ নামৰ লোকে বন্ধাবলৈ এখন পুৰণি কিতাপ লৈ মাইকেলৰ ওচৰলৈ আহে। মাইকেলে কিন্তু নিৰ্ধাৰিত দিনত কিতাপখন বন্ধাই দিব নোৱাৰিলে। তেওঁক এই বিষয়ে কৈফিয়ত বিচৰাত ক'লে যে কিতাপখনৰ আৰু কেইটামান পৃষ্ঠা তেওঁৰ পঢ়িবলৈ বাকী থকা বাবে সময়মতে বন্ধাব পৰা নাই। কথাটোৱে উইলিয়ামক বৰ আচৰিত কৰিলে যে কিতাপ বন্ধোৱা দোকানৰ 15 বছৰীয়া কৰ্মচাৰীয়ে পদাৰ্থ বিজ্ঞানৰ কিতাপ পঢ়ে !! উইলিয়াম বৰ উৎসাহিত হ'ল আৰু মাইকেলক পুৰষ্কাৰ স্বৰূপে দিলে ৰয়েল ইনস্টিটিউটত চাৰ হামফ্ৰি ডেভিৰ এলানি বক্তৃতা শুনিবলৈ এটি টিকট। মাইকেলে ডেভিৰ চাৰিটা বক্তৃতা শুনিলে, বিষয় আছিল - Acids বা অম্ল। মাইকেলে ডেভিৰ বক্তৃতা শুনি এনেদৰে প্ৰভাৱিত হৈছিল যে বক্তৃতাবোৰৰ সাৰমৰ্মৰ লগতে মাইকেলৰ নিজস্ব দৃষ্টিভংগী বৰ্ণনা কৰি 300 পৃষ্ঠাৰ এটা টোকা লিখি ডেভিলৈ পঠিয়াই দিলে। লগতে লিখি পঠিয়ালে এখন চিঠি য'ত মাইকেলে ডেভিৰ ওচৰত কাম কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল। গুণীয়েহে গুণীৰ মোল বুজে। ডেভিয়ে মাইকেলক মাতি আনি তেওঁৰ গৱেষণাগাৰৰ চকীদাৰ হিচাবে নিয়োগ কৰিলে। মাইকেলে যেন হাতেৰে সৰগহে ঢুকি পালে ! মাইকেলে ডেভিৰ লেৱৰটোৰীত সম্পাদন কৰি গ'ল এটাৰ পিছত আনটোকৈ পৰীক্ষা, আৱিষ্কাৰ কৰি গ'ল এটাৰ পিছত আনটোকৈ বিজ্ঞানৰ সত্য। বিদ্যুৎ-চুম্বকীয় আবেশ, ফেৰাডে মটৰ, ফেৰাডে জেনেৰেটৰ, ফেৰাডে কেজ, তড়িৎ বিশ্লেষণ, ক্লৰিণৰ হাইড্ৰেট আৰু বহুতো আৱিস্কাৰেৰে বিজ্ঞান জগতলৈ আপুৰুগীয়া অৱদান আগবঢ়াই গৈছে এই মহান বিজ্ঞানীজনে। মাইকেল ফেৰাডে বিজ্ঞানৰ এক বিস্ময়কৰ প্ৰতিভা।

Tuesday, 17 November 2015

গ্ৰেগৰ যোহান্স মেণ্ডেল আৰু তেখেতৰ সেই আঠটা বছৰ



1847 চনত ধৰ্মীয় যাজক হিচাপে গীৰ্জাত নিযুক্তি পোৱাৰ পিছত ভিয়েনা বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈছিল। তেখেতৰ ইচ্ছা আছিল বিদ্যালয়ত শিক্ষকতা কৰাৰ। পৰিতাপৰ কথা যে শিক্ষকতাৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভৰ পৰীক্ষাত অকৃতকাৰ্য হৈ বিফল মনোৰথে ঘুৰি আহি ব্ৰুণোত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়তেই শিক্ষকতা কৰিবলৈ লয়। এই বিদ্যালয়ত কাৰ্য নিৰ্বাহ কৰি থকা সময়তেই তেখেতে মটৰ মাহৰ ওপৰত আঠ বছৰ জুৰি এলানি পৰীক্ষা সম্পন্ন কৰিছিল আৰু এই পৰীক্ষাৰ সিদ্ধান্ত সমূহ লিপিবদ্ধ কৰি এখন গৱেষণা পত্ৰ যুগুতাই উলিয়ালে। পিছে এই গৱেষণা পত্ৰখন পাঠ কৰাৰ বাবে তেখেতে যোগাযোগ কৰাৰ পিছতো বিভিন্ন বিশ্ববিদ্যালয়ে তেখেতক আমন্ত্ৰণ নকৰিলে। মেণ্ডেল প্ৰায় হতাশ হৈ পৰাৰ সময়তেই ব্ৰুণোৰ এখন বিজ্ঞান সন্মিলনলৈ তেখেতক গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল। 

1865 চনৰ ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখৰ সন্ধিয়াৰ কথা। ক'লা ৰঙৰ এটা হলৌচোলা, মুৰত ক'লা টুপী আৰু চকুত ঘুৰণীয়া ফ্ৰেমৰ এযোৰ চশমা পিন্ধি খোজকাঢ়ি মেণ্ডেল ওলাল সন্মিলনলৈ বুলি। কাষলতিৰ তলত চেপা মাৰি ললে গৱেষণা পত্ৰখন। মেণ্ডেলৰ চকুৱে মুখে আনন্দৰ চাপ। সময়ত সন্মিলন আৰম্ভ হ'ল। দুই এখন গৱেষণা পত্ৰ পাঠ হোৱাৰ পিছত মেণ্ডেলক তেখেতৰ গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল। মটৰ মাহৰ বংশগতি সম্পৰ্কে তেওঁ যুগুতাই অনা গৱেষণা পত্ৰখন লৈ মঞ্চলৈ আগবাঢ়োতে তেখেতে অনুভৱ কৰিলে এক মৃদু উত্তেজনা। 

তেখেতে আৰম্ভ কৰিলে: Respected gentlemen, Since 1855, I was working on pea plants to find out the results of hybridization.....! শ্ৰোতা সকলে যেন নিজৰ বিৰক্তিক দমাই ৰাখি শান্ত ভাবে শুনি গৈছিল মেণ্ডেলৰ গৱেষণা পত্ৰখন। গৱেষণা পত্ৰখন পাঠ কৰা শেষ হোৱাৰ পিছত মেণ্ডেলে বিশেষজ্ঞ সকলৰ পিনে চালে। তেখেতে মন কৰিলে দুজন বিশেষজ্ঞই পৰস্পৰে পৰস্পৰৰ পিনে হাউলি গৈ অস্ফুত মাতেৰে কিবা কথা পাতিছে। মেণ্ডেলে উৎকণ্ঠিত দৃষ্টিৰে তেখেতসকললৈ চাই ৰ'ল। সভাগৃহত গুণগুণনি। 

বিশেষজ্ঞ এজনে তাৰ মাজতে মাত লগালে: ডাঙৰীয়া, আপুনি যি কাৰ্য সমাধা কৰিব বিচাৰিছে, সেই বিষয়ে বিশ্বক জনাব লগীয়া বিশেষ একো কথাই আমি বিচাৰি পোৱা নাই আপোনাৰ গৱেষণা পত্ৰখনত। ক্ষমা কৰিব ডাঙৰীয়া, আপোনাৰ গৱেষণাৰ বিষয়বস্তু সলনি কৰি আন বিষয় এটা বাচি লওক। হয়তো আমি পুনৰ মিলিত হ'ম। 

দুখ আৰু হতাশাত ভাগি পৰা মেণ্ডেলৰ তেনেতে কাণত পৰিল সভাগৃহৰ কোনো এক স্থানৰ পৰা উৰি অহা এষাৰি বাক্য: সাধাৰণ মটৰ মাহৰ বৃদ্ধি পৰ্যবেক্ষন কৰিয়েই আঠ বছৰ সময় কটাইছে, সময়ৰ কি যে অপচয় !!!



উল্লেখযোগ্য যে মেণ্ডেলে তেখেতৰ জীৱন কালত এই গৱেষণাৰ কোনো স্বীকৃতিয়েই নেপালে। তেখেতৰ মৃত্যুৰ পিছত কৰ্ণেচ, দ্য ভ্ৰিচ আৰু টেচমাৰ্ক নামৰ তিনিজন বিজ্ঞানীয়ে মেণ্ডেলৰ সিদ্ধান্তবোৰৰ যথাৰ্থতা উপলব্ধি কৰে আৰু নতুনকৈ প্ৰতিষ্ঠা কৰে। বৰ্তমান মেণ্ডেলৰ সূত্ৰ সমূহ আৰু তেখেতৰ পৰীক্ষা সমূহ আনুবংশিক বিজ্ঞানৰ মূল ভেটি আৰু মেণ্ডেলক কোৱা হয় আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি।

Monday, 16 November 2015

মহাকাশৰ অচিন অতিথি


যোৱা নিশা সংগোপনে আহিছিল মহাকাশৰ এক অচিন অতিথি !!! মহাকাশত অনাই-বনাই ঘুৰি ফুৰা এটি প্ৰকাণ্ড শিলাখণ্ড। হয়, এটি কঠিন শিলাখণ্ড ! আকৃতিত প্ৰায় 30 ফুট ব্যাসৰ এক মহাজাগতিক শিলাখণ্ড যোৱাকালি 15 নৱেম্বৰৰ পুৱা ভাৰতীয় সময় অনুসৰি প্ৰায় 7 বজাত পৃথিৱীৰ নিচেই কাষেৰে আমাৰ অলক্ষিতে ধুমুহাৰ দৰেই পাৰ হৈ গ'ল। এৰিজনাত অৱস্থিত কেটেলিনা মহাকাশ কেন্দ্ৰৰ বিজ্ঞানীসকলে এই শিলাখণ্ডটো প্ৰথমে প্ৰত্যক্ষ কৰে। বিজ্ঞানীসকলে এই শিলাখণ্ডটোৰ নাম ৰাখিলে 2015 VY105 । পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত এই শিলাখণ্ডটোৰ বেগ আছিল অকল্পনীয়ভাবে 17,000 মিটাৰ/ছেকেণ্ড ! প্ৰশান্ত মহাসাগৰৰ ওপৰেদি পাৰ হৈ যোৱা এই কক্ষচ্যুত শিলাখণ্ডটো সেইসময়ত পৃথিৱীৰ অতি নিকট দূৰত্বৰে পাৰ হৈ যায়। পৃথিৱীৰ পৰা প্ৰেৰিত কৃত্ৰিম উপগ্ৰহ সমূহতকৈও কম দূৰত্বৰে পাৰ হৈ যোৱা এই শিলাখণ্ডটোৱে অৱশ্যে পৃথিৱীত কোনো বিপদৰ সৃষ্টি নকৰি নীৰৱে পাৰ হৈ যায়। এই শিলাখণ্ডটোৰ ভৰ পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্রত প্ৰায় 6500,00,000 কেজি ! এনেধৰণৰ মহাজাগতিক শিলাখণ্ড সমূহে মাজে সময়ে পৃথিৱীলৈ কঢ়িয়াই আনে দুৰ্যোগ। এনে শিলাখণ্ডৰ আঘাতত পৃথিৱীত সৃষ্টি হৈছে বহুতো গভীৰ হ্ৰদ। মহাৰাষ্ট্ৰৰ লোনাৰ হ্ৰদ তেনে এটি উদাহৰণ। তাৰোপৰি জীৱবিজ্ঞানী সকলে প্ৰমাণ কৰিছে যে তেনে এক মহাজাগতিক শিলাখণ্ডৰ আঘাততেই পৃথিৱীৰ পৰা বিলুপ্ত হৈছিল বিশালকায় ডাইন'চৰ সমূহ। অৱশ্যে বিজ্ঞানীসকলে আমালৈ আনিছে কিছু আনন্দৰ বতৰা- এনে বিপদৰ পুনৰাবৃত্তি সতকাই হোৱাৰ সম্ভাৱনা তেনেকৈ কম। আমাৰ সুৰক্ষাৰ বাবে অহৰহ মহাকাশৰ চৌদিশে তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে মহাকাশ বিজ্ঞানীসকলে।


Saturday, 14 November 2015

ক্ৰেব নেবুলা: এটা নক্ষত্ৰৰ মৃত্যু !


1054 চনৰ আগষ্ট মাহৰ কোনোবা এটা দিনত চীনৰ এজন জ্যোতিৰ্বিজ্ঞানী য়াং ৱেই টেই চীনদেশৰ ৰজাৰ আগত এটা আচৰিত ঘটনাৰ কথা বৰ্ণনা কৰিছিল। তেখেতৰ মতে 1054 চনৰ 4 জুলাইৰ নিশা প্ৰায় 2 বজাত এক বিষ্ফোৰণৰ শব্দই তেওঁৰ নিদ্ৰা ভংগ কৰাত বাহিৰলৈ ওলাই আহি দেখিলে যে আকাশত এটা অতি উজ্জ্বল তৰাৰ আৱিৰ্ভাব হৈছে আৰু এই তৰাটোৰ পোহৰত সমগ্ৰ আকাশমাৰ্গ উদ্ভাসিত হৈ পৰিছে। এই তৰাটো ইমানেই উজ্জ্বল আছিল যে ইয়াক দিনৰ আকাশতো 23 দিনলৈ খালী চকুৰে দেখা গৈছিল। প্ৰায় চাৰি মাহ জুৰি ৰাতিৰ আকাশত সূৰ্যৰ দৰেই আলোকময় হৈ ৰোৱা এই তৰাটো ইয়াৰ পিছত ক্ৰমে নিস্তেজ হৈ আহে আৰু পিছলৈ খালী চকুৰে নেদেখা হৈ পৰে। প্ৰায় 1000 বছৰ আগতে চীন দেশত দৃষ্টিগোচৰ হোৱা এই বিষ্ফোৰিত তৰাটো বৰ্তমানৰ বিজ্ঞানীসকলে এটি বিষ্ফোৰিত “চুপাৰনভা” প্ৰমাণ কৰিছে আৰু উন্নত দূৰবীন যন্ত্ৰৰ সহায়ত এই বিষ্ফোৰিত তৰাটো ধৰা পেলাইছে। বিজ্ঞানীসকলে এই তৰাটো বৃষ ৰাশিৰ (Taurus) তাৰকামণ্ডলৰ দক্ষিণ দিশে আৱিষ্কাৰ কৰি ইয়াৰ নাম ৰাখিছে ক্ৰেব নেবুলা। 1884 চনত এজন বৃটিছ বিজ্ঞানীয়ে প্ৰথমে এই নেবুলাটোৰ অস্তিত্ব ঘোষণা কৰে আৰু ইয়াৰ আকৃতি কেঁকোৰাৰ দৰে হোৱা বাবে ইয়াৰ নাম ৰাখে ক্ৰেব নেবুলা। এই নেবুলাটোৰ প্ৰথম আলোক চিত্ৰখন পিছে 1892 চনতহে এডুইন হাব’লে লবলৈ সক্ষম হয় আৰু তেখেতে এই নেবুলাটো চীন দেশত দেখা পোৱা সেই বিষ্ফোৰিত তৰাটোৰ ধ্বংসাৱশেষ বুলি প্ৰমাণিত কৰে। ইয়াৰ পিছত সৌ সিদিনা 1967 চনত জোচেলিন বেল নামৰ এজন ডেকা গৱেষক ছাত্ৰই অতি আকস্মিক ভাৱে এই তৰাটোৰ বিষ্ফোৰণৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ পালচাৰ বা নিউট্ৰন তৰাটো আৱিষ্কাৰ কৰে। এটা দূৰবীন যন্ত্ৰৰ সহায়ত Taurus তাৰকামণ্ডলৰ তেনেই কাষতে আপুনিও দেখা পাব এই ক্ৰেব নেবুলাটো। আপুনি জানি আচৰিত হ’ব যে এই নেবুলাটো আমাৰ পৃথিৱীৰ পৰা 6523 আলোকবৰ্ষ দূৰত অৱস্থিত অৰ্থাৎ এই নেবুলাটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰোতে সময় লাগে 6523 বছৰ !!!

আইনষ্টাইন আৰু চেপলিন



বিশ্ব বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু জনপ্ৰিয় অভিনেতা চাৰ্লি চেপলিন এবাৰ একেলগে একেখন মঞ্চতে বহি আছিল । মানুহবোৰৰ হাত চাপৰিত সভাগৃহ ৰজনজনাই আছে । আইনষ্টাইনে চেপলিনৰ কাষলৈ হাউলি আহি ক’লে : আপুনি মুখেৰে কোনো কথা নোকোৱাকৈয়ে কেৱল অভিনয়ৰ জৰিয়তে মানুহক সকলো বুজাই দিব পাৰে । সেয়ে আপুনি ইমান জনপ্ৰিয় । এই হাত চাপৰিবোৰ নিশ্চয়  কেৱল আপোনাৰ বাবেই ।
চেপলিন হাঁহি মাৰি ক’লে: হয়, আপুনি ঠিকেই কৈছে । কিন্তু আপোনাৰ জনপ্ৰিয়তা তাতোকৈ আচৰিত । আপুনি মেলে মিটিঙে যিবোৰ কথা কয় সেইবোৰ কোনেও বুজি নেপায় অথচ সমগ্ৰ বিশ্বতেই আপুনি বন্দিত !!!

এটি আমোদজনক Tossৰ কাহিনী


ৱাটচন আৰু ক্ৰিক নামৰ এই দুজন মহান বিজ্ঞানীয়ে ১৯৫৩ চনৰ ২৫ এপ্ৰিলত DNA অনুৰ দ্বিসৰ্পিল গঠন আগবঢ়াইছিল । এই আৱিষ্কাৰৰ বাবে তেওঁলোকক ১৯৬২ চনত নবেল বঁটাৰে সন্মান জনোৱা হৈছিল । আমোদজনক কথাটো হ’ল তেখেত সকলৰ গৱেষণা পত্রত কোনজন বিজ্ঞানীৰ নাম আগত উল্লেখ কৰিব তাক নিৰ্ধাৰণ কৰিবলৈ ৱাটচনে এটি মূদ্ৰাৰে Toss কৰিছিল । Tossত অৱশ্যেই ৱাটচন জিকিছিল আৰু আজিও সেইবাবে জীৱবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে তেখেত সকলক ৱাটচন আৰু ক্ৰিক বুলিয়েই পঢ়ে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে পুত্ৰ টেড লিংকনৰ শিক্ষকলৈ লিখা এখন মূল্যৱান চিঠি


মহাশয়,
মই ভাবোঁ যে মোৰ ল’ৰাটোৱে শিকিব লাগিব, সকলো মানুহেই সত্যনিষ্ঠ নহয়। কিন্তু আপুনি তেওঁক পাৰিলে শিকাওক কিতাপৰ মহিমা, কিন্তু লগতে এখন সেউজীয়া পাহাৰীয়া ঠাইত ৰ’দে ফুলে উৰি ফুৰা মৌ-মাখি-পখিলা, আকাশত উৰি ফুৰা চৰাই আদিৰ শাশ্বত ৰহস্যবোৰৰ বিষয়ে ভাবিবলৈ নীৰৱ সময় দিয়ক। স্কুলত তেওঁক শিকাব যে কাৰোবাক প্ৰৱঞ্চনা কৰাতকৈ হাৰ মনাটো বেছি সন্মানজনক। নিজৰ ধাৰণাৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক শিক্ষা দিয়ক, যদিও প্ৰত্যেকজন মানুহেই কয় যে তেওঁ ভুল। ভদ্ৰ মানুহৰ লগত নম্ৰ হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ হ’বলৈ তেওঁক শিকাব। যেতিয়া প্ৰত্যেক মানুহে ৰাজপথৰ সমদলত চামিল হয় তেতিয়া এনে মানুহৰ জুমক অনুসৰণ নকৰিবলৈ মোৰ ল’ৰাটোক শিকাব । সকলো মানুহৰ কথা শুনিবলৈ তেওঁক শিকাব, কিন্তু সত্যৰ চালনীৰে চালি সৰকি অহা কেৱল ভালখিনিহে গ্ৰহণ কৰিবলৈ ক’ব। যদি পাৰে তেওঁক শিকাব যে চকুলোত কোনো লাজ নাই। অসৎসকলক বিদ্ৰূপ কৰিবলৈ শিকাব আৰু সাৱধান কৰি দিব অতি মিষ্টভাষীসকলৰ পৰা। তেওঁৰ শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ ওচৰতহে সঁপিবলৈ শিক্ষা দিব। কিন্তু মানুহৰ মন-প্ৰাণৰ লগত কোনো দৰ-দাম নকৰিবলৈ শিকাব। শিকাব যে এনেয়ে লাভ কৰা লাখ টকাতকৈ শ্ৰম কৰি পোৱা এটকাৰ মূল্য বেছি। যেতিয়া নিজকে সঠিক পথত থকা বুলি ভাবে তেতিয়া কোলাহলৰ মাজত কাণ বন্ধ কৰি অটল হৈ থাকি যুঁজি যাবলৈ ক’ব। তেওঁক কথাবোৰ নম্ৰতাৰে শিকাব, কিন্তু তেওঁক লাই নিদিব। কাৰণ উত্তম তীখাক একমাত্ৰ জুইত পুৰিহে পৰীক্ষা কৰি চাব পাৰি। ধৈৰ্যশীল হ’বলৈ তেওঁক সাহস দিব। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিবলৈ ক’ব, কাৰণ তেতিয়াহে তেওঁৰ আস্থা থাকিব মানৱ জাতিৰ ওপৰত। এয়া এটা ডাঙৰ কাম। মোৰ পুত্ৰ এটা কণমানি ভাল ল’ৰা, আপুনি বাৰু চাওঁকচোন কি কৰিব পাৰি।
ইতি
আব্ৰাহাম লিংকন