সময় সৃষ্টি হোৱাৰ আগতে সৃষ্টিকৰ্তা আছিলনে ? সময় কোনে সৃষ্টি কৰিলে ? এইবোৰ জটিল প্ৰশ্ন। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে এনে প্ৰশ্নৰ উত্তৰ দিয়াটো অসম্ভৱ। বিজ্ঞানী স্টিফেন হকিঙে এই বিষয়ত কৈছে যে সময় সৃষ্টি হোৱাৰ আগতে সৃষ্টিকৰ্তাৰ উপস্থিতি অসম্ভৱ অৰ্থাৎ সৃষ্টিকৰ্তাই সময় সৃষ্টি কৰা নাই। সভ্যতাৰ পিছৰে পৰা বিংশ শতাব্দীৰ প্ৰায় শেষ ভাগলৈ মানুহে বিশ্বাস কৰি আহিছে যে সময় চিৰন্তন। আমাৰ বিশ্বাস মতে সৃষ্টিৰ পাতনিৰ বহু আগৰে পৰাই সময় প্ৰবাহমান আৰুভৱিষ্যতলৈও সময় চিৰ শ্বাশত হৈ ৰ'ব সময়। অৰ্থাৎ সময় অনন্ত। মানুহে বিশ্বাস কৰে যে সৃষ্টিকৰ্তাই সৃষ্টি কৰা "সময়" আৰু "সৃষ্টিকৰ্তা"- দুয়োটাই অনন্ত। কিন্তু বিংশ শতাব্দীৰ শেষৰ পিনে কোৱাণ্টাম বিজ্ঞানে আৱিষ্কাৰ কৰে যে সময় অনন্ত বা চিৰন্তন নহয়। যেনেদৰে বিশ্বব্ৰহ্মাণ্ডখন এদিন সৃষ্টি হৈছিল, থিক একেদৰেই সময়ো এদিন সৃষ্টি হৈছিল আৰু বিশ্বব্ৰহ্মাণ্ডৰ দৰেই এদিন সময়ৰো অৱসান বা মৃত্যু হ'ব। সময়ৰ জন্মৰ পৰা সময়ৰ মৃত্যুলৈ সময়ৰ যি পৰিক্ৰমা, তাৰ ওপৰতেই বিজ্ঞানী স্টিফেন হকিঙে লিখি উলিয়াইছিল পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ অন্যতম "সময়ৰ সংশিপ্ত বুৰঞ্জী" বা Brief History of Time নামৰ গ্ৰন্থখন। বিগ বেং তত্ব অনুসৰি বিশ্বব্ৰহ্মাণ্ডখন শূন্য সময়ত এটি অতি আদিম বিন্দুত কেন্দ্ৰীভূত হৈ আছিল। অৰ্থাৎ তেতিয়া সময় নাছিল। সেই দিশৰ পৰা বিগ বেঙৰ আগেয়ে কোনো পৰিঘটনাই ঘটা নাছিল কাৰণ কোনো এটা পৰিঘটনা সংঘটিত হ'বলৈ যি সময়ৰ প্ৰয়োজন, সেই সময়ৰ তেতিয়া জন্মই হোৱা নাছিল। বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰ প্ৰাকক্ষণত যেতিয়া বিশ্বব্ৰহ্মাণ্ড গঠনকাৰী সমস্ত উপাদান এটি আদিম বিন্দুত কেন্দ্ৰীভূত হৈ আছিল, তেতিয়া বিজ্ঞানৰ সকলোবোৰ তত্ব বা সূত্ৰ আৰু গাণিতিক নিয়ম অসাৰ আছিল। তেতিয়া কোনো দৃশ্যমান পদাৰ্থ বা পদাৰ্থৰ অনু-পৰমাণু নাছিল। নাছিল কোনো ভৰ (mass) অথবা পোহৰ ! তেতিয়া আছিল কেবল শক্তি আৰু অসীম ঘনত্বৰ এটি অতি উত্তপ্ত আৰু অস্থিৰ আদিম বিন্দু ! এই বিশেষ আদিম বিন্দুটোৰ মহা বিষ্ফোৰণেই হ'ল বিগ বেং আৰু এই বিগ বেঙৰ ফলতেই সৃষ্টি হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰু সময়। অৰ্থাৎ এয়াই হ'ল সময়ৰ আৰম্ভণি। তেতিয়াৰ পৰাই আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰু সময়- দুয়ো হাতত হাত থৈ আগবাঢ়িছে। যেতিয়ালৈকে সময় থাকিব, তেতিয়ালৈকে আমাৰ বিশ্বব্ৰহ্মাণ্ড থাকিব বা বিশ্বব্ৰহ্মাণ্ডৰ আয়ুসেই সময়ৰো আয়ুস। সময় স্থবিৰ হ'লে আমাৰ বিশ্বব্ৰহ্মাণ্ডও স্থবিৰ হৈ পৰিব। সময় অবিহনে যিহেতু কোনো কাৰ্যই সম্পাদন হ'ব নোৱাৰে, সেয়েহে স্টিফেন হকিঙে কৈছে যে সৃষ্টিকৰ্তাই এই মহাবিশ্ব বা সময়- কাকোৱেই সৃষ্টি কৰা নাই। তেখেতৰ নিজৰ ভাষাত: "One can't prove that God doesn't exist. But science makes God unnecessary and the laws of physics can explain the universe without the need for a creator"
Sunday, 31 January 2016
সৃষ্টিকৰ্তা, সময় আৰু আমাৰ বিশ্বব্ৰহ্মাণ্ড
সময় সৃষ্টি হোৱাৰ আগতে সৃষ্টিকৰ্তা আছিলনে ? সময় কোনে সৃষ্টি কৰিলে ? এইবোৰ জটিল প্ৰশ্ন। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে এনে প্ৰশ্নৰ উত্তৰ দিয়াটো অসম্ভৱ। বিজ্ঞানী স্টিফেন হকিঙে এই বিষয়ত কৈছে যে সময় সৃষ্টি হোৱাৰ আগতে সৃষ্টিকৰ্তাৰ উপস্থিতি অসম্ভৱ অৰ্থাৎ সৃষ্টিকৰ্তাই সময় সৃষ্টি কৰা নাই। সভ্যতাৰ পিছৰে পৰা বিংশ শতাব্দীৰ প্ৰায় শেষ ভাগলৈ মানুহে বিশ্বাস কৰি আহিছে যে সময় চিৰন্তন। আমাৰ বিশ্বাস মতে সৃষ্টিৰ পাতনিৰ বহু আগৰে পৰাই সময় প্ৰবাহমান আৰুভৱিষ্যতলৈও সময় চিৰ শ্বাশত হৈ ৰ'ব সময়। অৰ্থাৎ সময় অনন্ত। মানুহে বিশ্বাস কৰে যে সৃষ্টিকৰ্তাই সৃষ্টি কৰা "সময়" আৰু "সৃষ্টিকৰ্তা"- দুয়োটাই অনন্ত। কিন্তু বিংশ শতাব্দীৰ শেষৰ পিনে কোৱাণ্টাম বিজ্ঞানে আৱিষ্কাৰ কৰে যে সময় অনন্ত বা চিৰন্তন নহয়। যেনেদৰে বিশ্বব্ৰহ্মাণ্ডখন এদিন সৃষ্টি হৈছিল, থিক একেদৰেই সময়ো এদিন সৃষ্টি হৈছিল আৰু বিশ্বব্ৰহ্মাণ্ডৰ দৰেই এদিন সময়ৰো অৱসান বা মৃত্যু হ'ব। সময়ৰ জন্মৰ পৰা সময়ৰ মৃত্যুলৈ সময়ৰ যি পৰিক্ৰমা, তাৰ ওপৰতেই বিজ্ঞানী স্টিফেন হকিঙে লিখি উলিয়াইছিল পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ অন্যতম "সময়ৰ সংশিপ্ত বুৰঞ্জী" বা Brief History of Time নামৰ গ্ৰন্থখন। বিগ বেং তত্ব অনুসৰি বিশ্বব্ৰহ্মাণ্ডখন শূন্য সময়ত এটি অতি আদিম বিন্দুত কেন্দ্ৰীভূত হৈ আছিল। অৰ্থাৎ তেতিয়া সময় নাছিল। সেই দিশৰ পৰা বিগ বেঙৰ আগেয়ে কোনো পৰিঘটনাই ঘটা নাছিল কাৰণ কোনো এটা পৰিঘটনা সংঘটিত হ'বলৈ যি সময়ৰ প্ৰয়োজন, সেই সময়ৰ তেতিয়া জন্মই হোৱা নাছিল। বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰ প্ৰাকক্ষণত যেতিয়া বিশ্বব্ৰহ্মাণ্ড গঠনকাৰী সমস্ত উপাদান এটি আদিম বিন্দুত কেন্দ্ৰীভূত হৈ আছিল, তেতিয়া বিজ্ঞানৰ সকলোবোৰ তত্ব বা সূত্ৰ আৰু গাণিতিক নিয়ম অসাৰ আছিল। তেতিয়া কোনো দৃশ্যমান পদাৰ্থ বা পদাৰ্থৰ অনু-পৰমাণু নাছিল। নাছিল কোনো ভৰ (mass) অথবা পোহৰ ! তেতিয়া আছিল কেবল শক্তি আৰু অসীম ঘনত্বৰ এটি অতি উত্তপ্ত আৰু অস্থিৰ আদিম বিন্দু ! এই বিশেষ আদিম বিন্দুটোৰ মহা বিষ্ফোৰণেই হ'ল বিগ বেং আৰু এই বিগ বেঙৰ ফলতেই সৃষ্টি হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰু সময়। অৰ্থাৎ এয়াই হ'ল সময়ৰ আৰম্ভণি। তেতিয়াৰ পৰাই আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰু সময়- দুয়ো হাতত হাত থৈ আগবাঢ়িছে। যেতিয়ালৈকে সময় থাকিব, তেতিয়ালৈকে আমাৰ বিশ্বব্ৰহ্মাণ্ড থাকিব বা বিশ্বব্ৰহ্মাণ্ডৰ আয়ুসেই সময়ৰো আয়ুস। সময় স্থবিৰ হ'লে আমাৰ বিশ্বব্ৰহ্মাণ্ডও স্থবিৰ হৈ পৰিব। সময় অবিহনে যিহেতু কোনো কাৰ্যই সম্পাদন হ'ব নোৱাৰে, সেয়েহে স্টিফেন হকিঙে কৈছে যে সৃষ্টিকৰ্তাই এই মহাবিশ্ব বা সময়- কাকোৱেই সৃষ্টি কৰা নাই। তেখেতৰ নিজৰ ভাষাত: "One can't prove that God doesn't exist. But science makes God unnecessary and the laws of physics can explain the universe without the need for a creator"
Saturday, 30 January 2016
এপলো-১১ ৰ পাইলট মাইকেল কলিন্স
জোনবাইৰ বুকুত খোজ নিদিয়াকৈ ধৰালৈ ঘুৰি অহা প্ৰথমজন মহাকাশচাৰী হ'ল মাইকেল কলিন্স। 1969 চনত এপলো-11 নামৰ যিখন মহাকাশযানে পৃথিৱীৰ পৰা 3,84,000 কিমি আঁতৰৰ জোনবাইৰ দেশলৈ নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনক কঢ়িয়াই লৈ গৈছিল, সেই মহাকাশ যানখনৰ সুনিপুণ কামাণ্ড মডিউল পাইলট আছিল মাইকেল কলিন্স। তেখেতৰ দক্ষতাৰ বাবেই এই ঐতিহাসিক মিচনটো সফলতাৰে সম্পন্ন হৈছিল। একমাত্ৰ কাৰিকৰী কাৰনৰ বাবেই তেখেতে জোনবাইৰ বুকুত খোজ নেপেলোৱাকৈ পৃথিৱীলৈ উভতি আহিছিল। কলিন্সে তেখেতৰ আত্মজীৱনী "Carrying the Fire" ত উল্লেখ কৰিছে যে জোনবাইৰ বুকুত খোজ দিব নোৱাৰাৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই, বৰং জোনবাইৰ বুকুত খোজ নিদি সেই সময়ত তেওঁ যি গুৰুত্বপূৰ্ণ দায়িত্ব সমাপন কৰিছিল, তাৰ বাবে তেওঁ গৌৰৱান্নিত। আচলতে ঈগল নামৰ এখন ক্ষুদ্ৰ অৱতৰণ যানৰ সহায়ত মূল যান এপলো-11 ৰ পৰা বিচ্ছিন্ন হৈ যেতিয়া আৰ্মষ্ট্ৰং আৰু এলড্ৰিন জোনবাইৰ বুকুলৈ নামি আহিছিল, তেতিয়া মাইকেল কলিন্সৰ ওপৰত ন্যস্ত আছিল এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব। তেখেতৰ দায়িত্ব আছিল এপলো-11 ক চন্দ্ৰপৃষ্ঠৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত এক বিশেষ কক্ষপথেৰে জোনবাইৰ চাৰিওফালে প্ৰদক্ষিণ কৰি পুনৰ আগৰ অৱস্থানলৈ ঘুৰি আহি ঈগলৰ লগত সংযোগ স্থাপন কৰা আৰু ওভোতনি যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা। উল্লেখযোগ্য যে জোনবাইৰ চৌদিশে প্ৰদক্ষিণ কৰা সময়ত কলিন্সে পৃথিৱীৰ পৰা কাহানিও নেদেখা জোনবাইৰ আনটো ফালে থকা সময়ত, আমাৰ সৌৰজগতৰ সেই অংশত তেওঁ আছিল এক নিসংগ ব্যক্তি আৰু সেই সময়ত তেখেতৰ পৃথিৱীৰ লগত সকলো ধৰণৰ সংযোগ ব্যাহত হৈ পৰিছিল। সেই সময়ত তেখেতে অতি দক্ষতাৰে এপলো-11 ক নিয়ন্ত্ৰণ কৰি বিচক্ষণতাৰ পৰিচয় দিছিল আৰু তেখেতৰ দায়িত্ব সুকলমে সম্পন্ন কৰি অতি কুশলতাৰে ঈগলৰ লগত ডকিং কৰিছিল।1930 চনত জন্ম গ্ৰহণ কৰা এই 86 বছৰীয়া মহান মহাকাশ বিজ্ঞানীজনলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা যাচিলোঁ।
Thursday, 28 January 2016
মহাকাশযান চেলেঞ্জাৰ উৎক্ষেপণৰ সেই অভিশপ্ত দিনটো
Wednesday, 27 January 2016
বিশ্বব্ৰহ্মাণ্ডৰ সেই ধূসৰ সীমা ৰেখাডাল
প্ৰায় 13.75 বিলিয়ন বছৰ আগতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি হৈছিল এক মহা বিস্ফোৰণৰ জৰিয়তে। সেই মূহুৰ্তৰ পৰাই আমাৰ বিশ্বব্ৰহ্মাণ্ডখন নিৰবচিন্ন ভাৱে সম্প্ৰসাৰিত হৈ আহিছে। যদিও মহা বিস্ফোৰণৰ পিছতেই সম্প্ৰসাৰণ কিছু পৰিমাণে মন্থৰ হৈছিল, অজ্ঞাত পদাৰ্থৰ শক্তি বা "Dark Energy"ৰ উপস্থিতিৰ বাবে এই সম্প্ৰসাৰণ পুনৰ দ্ৰুত হৈ পৰে। বিজ্ঞানী সকলে গণনা কৰি উলিওৱা মতে মহা বিস্ফোৰণৰ মূহুৰ্তত সৃষ্টি হোৱা প্ৰথম পোহৰ কণা বা ফ'টনবোৰে ইতিমধ্যে প্ৰায় 46.5 বিলিয়ন আলোকবৰ্ষ দূৰত্ব অতিক্ৰম কৰিছে ! অৰ্থাৎ আমাৰ বিশ্বব্ৰহ্মাণ্ডখন বৰ্তমান 93 বিলিয়ন আলোকবৰ্ষলৈ প্ৰসাৰিত। তাত্বিক ভাৱে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ বৰ্তমান পৰিসৰো ইমানেই। কিন্তু, আমাৰ বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণশীল হোৱা হেতুকে প্ৰতিটো মূহুৰ্তত আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰিছে। তেনে ক্ষেত্ৰত আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ সীমাৰেখা ক'ত বুলি সুধিলে ই এক উত্তৰবিহীন প্ৰশ্ন। বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ ক্ষেত্ৰত আন এটা অসুবিধা হৈছে পোহৰৰ অতি লেহেমীয়া গতি !!! হয়, যদিওবা পোহৰে প্ৰতি ছেকেণ্ডত তিনি লাখ কিমি দূৰত্ব অতিক্ৰম কৰে, বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ পৰিপ্ৰেক্ষিতত পোহৰৰ এই গতি অতি ধীৰ। ভাবকচোন- সূৰ্যৰ পিছতেই আমাৰ অতি ওচৰৰ নক্ষত্ৰ Proxima Centauri ৰ পৰা একাজলি পোহৰ আহি আমাৰ পৃথিৱীত পৰিবলৈ 4.2 বছৰ সময়ৰ প্ৰয়োজন ! পোহৰৰ এই দুৰ্বলতাৰ বাবেই আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ এক সীমিত অংশহে আমাৰ দৃষ্টিত ধৰা পৰে। এতিয়া এটা প্ৰশ্নই আপোনাক আমনি কৰিছে নিশ্চয়, এই যে 13.75 বিলিয়ন বছৰ আগতে সৃষ্টি হোৱা আমাৰ বিশ্বব্ৰহ্মাণ্ডখন 93 বিলিয়ন আলোকবৰ্ষ দূৰত্বলৈ ইমান কম সময়তে প্ৰসাৰিত হ'ল কেনেকৈ ? বিশেষ আপেক্ষিকতাবাদৰ মতে অধিক ঘনত্ব সম্পন্ন স্থানত পদাৰ্থকণাৰ গতি ধীৰ। আনহাতে ঘনত্ব কমাৰ লগে লগে পদাৰ্থকণাৰ গতিবেগো বৃদ্ধি হয়। কিন্তু যেতিয়া ঘনত্বৰ মান কমি গৈ প্ৰায় শূন্য হয়, তেতিয়া এই কথাটো প্ৰযোজ্য নহয়। প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ ঘনত্বও চকুৰে নেদেখা দূৰত্বত অতি কম হোৱা বাবে সেই দূৰত্বত পদাৰ্থকণাবোৰে অকল্পনীয় বেগত গতি কৰে আৰু সেই বাবেই আমাৰ বিশ্বব্ৰহ্মাণ্ডখন ইমান বিশাল। কিন্তু আমি কেতিয়াও এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ স্বৰূপ দৰ্শন কৰিব নোৱাৰিম, কাৰণ পোহৰে এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ কোনোবা অজানতিমুলুকৰ খবৰ আমাক কেতিয়াও দিব নোৱাৰে। আধুনিক বিজ্ঞানে আমাক দিয়া আটাইতকৈ শক্তিশালী দূৰবীন যন্ত্ৰৰ সহায়ত আমি বিশ্বব্ৰহ্মাণ্ডৰ যলৈকে দেখা পাওঁ, সেই স্থানলৈ আমাৰ বাবে এইখন দৃশ্যমান বিশ্বব্ৰহ্মাণ্ড। তাৰপিছত..... তাৰপিছত আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সেই অদৃশ্য, ৰহস্যময় অংশ, যাৰ বতৰা আমাক পোহৰে কেতিয়াও আনি দিব পৰা নাই। থিক এইখিনিতেই আমি আঁকি লৈছো- আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ এক অস্পষ্ট সীমাৰেখা ! সীমাৰ সিপাৰে আছে এক অন্য জগত, হয়তো যাৰ খবৰ আমি কেতিয়াও নেপাম !!!
Monday, 25 January 2016
আমাৰ বিশ্বব্ৰহ্মাণ্ড গঠনকাৰী মৌলবোৰ ক'ত সৃষ্টি হৈছিল
আমাৰ পৃথিৱীত পোৱা প্ৰতিটো মৌলৰ এটাও পৃথিৱীত সৃষ্টি হোৱা নাই। আচলতে সৃষ্টিতত্বৰ ইতিহাসত পৃথিৱী আপেক্ষিক ভাবে এক নতুন সংস্কৰণ। বিশ্বব্ৰহ্মাণ্ড গঠনকাৰী উপাদান সমূহ বিগ বেং, নক্ষত্ৰৰ কেন্দ্রভাগত হোৱা নিউক্লিয় বিক্ৰিয়া, নোভা তৰাৰ বিষ্ফোৰণ অথবা গামা ৰশ্মিৰ বিষ্ফোৰণত সৃষ্টি হৈ পৃথিৱী আৰু অন্যান্য গ্ৰহ-উপগ্ৰহ সমূহ সৃষ্টি কৰিছে। এই যে, আমাৰ দেহত থকা অথবা প্ৰতি টোপাল পানী গঠনকাৰী হাইড্ৰজেন গেছ - বিগ বেঙৰ সময়তেই সৃষ্টি হৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত বিস্তাৰিত হৈ পৰিছে। বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ আন ক'তোৱেই হাইড্ৰজেনৰ উৎস নাই বুলি ঘোষণা কৰাত এইটো সত্য বুলি প্ৰমাণিত হ'ল। একেদৰে আমাৰ দেহৰ মূখ্য উপাদান বোৰৰ ভিতৰত অন্যতম কাৰ্বন আৰু অক্সিজেন বিশালকায় নক্ষত্ৰৰ কেন্দ্রভাগত সংঘটিত হোৱা নিউক্লিয় বিক্ৰিয়াত সৃষ্টি হৈছে। আপোনাৰ বা মোৰ দেহৰ প্ৰতি টোপাল তেজত থকা হিমগ্লোবিনৰ লৌহ পদাৰ্থ বা আইৰণ নভা তৰাৰ বিষ্ফোৰণত বিশ্বব্ৰহ্মাণ্ডৰ চৌপাশে সিঁচৰতি হৈ পৰাৰ লগতে আমাৰ পৃথিৱীলৈও সৰবৰাহ হৈছিল। অলংকাৰ গঢ়িবলৈ ব্যৱহাৰ কৰা সোণ বা ৰূপৰ দৰে ধাতুবোৰ নিউটন তৰাৰ বুকুৰ পৰা গামা ৰশ্মিৰ বিষ্ফোৰণত বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে বিস্তাৰিত হৈ পৰিছিল। এই লিখনিটোত সন্নিবিষ্ট কৰা ৰঙীন পৰ্যাবৃত্ত তালিকাখনত মৌল সমূহৰ উৎস ৰঙেৰে সূচিত কৰা আছে।
Friday, 22 January 2016
বিজ্ঞানী নীলচ্ ব'ৰৰ অথন্তৰ আৰু সেই সঞ্চালকজন
লণ্ডনত অনুস্থিত হোৱা বৃটিছ বিজ্ঞান সন্মিলন। পৃথিৱীৰ মুধাফুটা বিজ্ঞানীসকল আহি গোট খাইছেহি বিভিন্ন বিজ্ঞান বিষয়ক আলোচনাৰ বাবে। সঞ্চালকৰ আসনত এজন মহান বিজ্ঞানী। বিজ্ঞানী নীলচ্ ব'ৰে এখন গৱেষণা পত্ৰ প্ৰস্তুত কৰি আনিছে। বিষয়: "Liquid Drop Model" । আলোচনা আগবাঢ়িছে। নীলচ্ ব'ৰে বৰ্ডত বিভিন্ন চিত্ৰ আৰু গাণিতিক ব্যাখ্যাৰে তেখেতৰ গৱেষণা পত্ৰৰ আলোচনা আগুৱাই নিছে। হঠাৎ যেন কৰবাত কিবা এটা খেলিমেলি লাগিল। বিশেষ এটা অংশ বুজাবলৈ চেষ্টা কৰি ব'ৰে বৰ্ডত এটা গাণিতিক সমস্যা সমাধান কৰি আছিল। কিন্তু গাণিতিক ব্যাখ্যাটো ক্ৰমে দুৰূহ যেন হৈ পৰিল। কিছু পৰিমাণে হতাশ নীলচ্ ব'ৰে মাননীয় সঞ্চালকৰ পিনে ঘুৰি মাত লগালে: সঞ্চালক মহোদয়, মোক অলপ সহায় কৰিব পাৰিবনে ?
উপস্থিত সকলো বিজ্ঞানীৰ চকু গ'ল সঞ্চালকৰ পিনে। কিন্তু, এয়া কি ! সঞ্চালক মহোদয়ে যে নিজৰ চকীখনত আউজি লৈ চকু মুদি বহি আছে !! সভাগৃহত হাঁহিৰ ৰোল উঠিল। মূহুৰ্তৰ ভিতৰতে সকলোকে আচৰিত কৰি সঞ্চালক মহোদয়ে আসনৰ পৰা উঠি বোৰ্ডৰ কাষলৈ গৈ গাণিতিক সমস্যাটোৰ সমাধান কৰি নিৰবে নিজৰ আসনলৈ আহি পুনৰ চকু দুটা মুদি আউজি বহি ল'লে। সভাগৃহত তেতিয়া কাঁহ পৰি জীন যোৱা অৱস্থা। ক্ষন্তেক পিছতে সভাগৃহ হাত চাপৰিৰ শব্দত ৰজনজনাই উঠিল। এই আলোচনা চক্ৰখনৰ সঞ্চালকৰ আসন শুৱনি কৰা সেই মহান বিজ্ঞানীজনেই হ'ল বিশ্বপ্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসু !
Thursday, 21 January 2016
আৰ্থিক দৈন্যতাৰে সহাৱস্থান কৰা ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহা
আৰ্থিক দৈন্যতাৰে ভৰা এখন ঘৰ। এজন সাধাৰণ দোকানী জগন্নাথ সাহাই পাঁচটা সন্তানেৰে ভৰা ঘৰখন পোহপাল দিয়াত ভীষণ কষ্টৰ সন্মুখীন হৈছিল। এদিনৰ কথা। নিশা ভাতৰ পাতত পিতৃ জগন্নাথে সন্তান কেইজনক উদ্দেশ্যি কলে: তহঁতে পঢ়াশুনা কৰি আগলৈ কৰিবি কি? স্কুললৈ যোৱাৰ সলনি উপাৰ্জনৰ কথা চিন্তা কৰ। মোৰ কাৰণে উপকাৰ হ'ব। পিতৃৰ দুখভৰা কথা শুনি বাৰুকৈয়ে ব্যাথিত হৈছিল জগন্নাথৰ কণিষ্ঠ পুত্ৰ। তেওঁ মনে মনে উপাৰ্জনৰ পথৰ কথা ভাবিবলৈ ল'লে। এদিন তেওঁ ওচৰৰ চাহ দোকান এখনলৈ গৈ কাপ গিলাচ ধোৱা ল'ৰা হিচাবে তেওঁক ৰাখিবলৈ খাটনি ধৰিলে। চিনাকি দোকানীজনে তেওঁক মৰমেৰে বুজাই ঘৰলৈ ওভতাই পঠিয়ালে। ল'ৰাজন হতাশ হ'ল। পিছত যেনিবা দেউতাকে তাক কেইপদমান মনিহাৰী সামগ্ৰী গোটেই দি বিক্ৰী কৰাৰ দায়িত্ব দিলে। কনমানি ল'ৰাটোৱে স্কুললৈ যোৱা বন্ধ কৰি মুৰত মনিহাৰী সামগ্ৰীৰ টোপোলাটো লৈ মানুহৰ ঘৰে ঘৰে ফুৰিবলৈ আৰম্ভ কৰিলে।
: ফনি লাগে, ফনি। পাউদাৰ, স্নো, খাৰু-মণি..... !
এদিন মনিহাৰী সামগ্ৰী বিক্ৰী কৰিবলৈ বুলি ওলাই যাওঁতে তেওঁ বাটতে লগ পালে স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনক। হঠাতে যেন কনমানি ল'ৰাজনৰ ভাগ্যৰ চকৰিটো ঘূৰিল। সেই শিক্ষকজনৰ তৎপৰতাত আৰু এজন শুভাকাংশীৰ আৰ্থিক সাহাৰ্যৰে তেওঁ পুনৰ নামভৰ্তি কৰিলে ঘৰৰ পৰা প্ৰায় 10 কিমি আঁতৰৰ বিদ্যালয় এখনত। দৈনিক খোজকাঢ়ি অহাযোৱা কৰি শিক্ষা গ্ৰহণ কৰা এই ল'ৰাজনে আজৰি পৰত মনিহাৰী সামগ্ৰীৰ বেপাৰ কৰি পোৱা ধনেৰে পিছলৈ এখন চাইকেলো কিনি ল'লে। এনেদৰে ভীষণ আৰ্থিক দৈন্যতাৰে যুঁজি গণিতত M.Sc. পাছ কৰি এলাহাবাদ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক হিচাবে কৰ্ম জীৱনৰ পাতনি মেলা এই বৰেণ্য ব্যক্তি জনেই হ'ল বিশ্ববিখ্যাত ভাৰতীয় পদাৰ্থবিজ্ঞানী মেঘনাদ সাহা। বিজ্ঞানৰ জগতখনলৈ তেওঁৰ অৱদান বহুত। "বৰ্ণালীগত শ্ৰেণীবিভাজন" তেওঁৰ প্ৰথমখন গৱেষণা গ্ৰন্থ। 1920 চনত মেঘনাদ সাহাই আগবঢ়াই তেখেতৰ অমূল্য অৱদান- Ionisation Equation যাক আজি সমগ্ৰ বিশ্বত Saha's Equation বুলি জনা যায়। মেঘনাদ সাহাৰ এই সমীকৰণটোৱে আধুনিক জ্যোতিৰ্বিজ্ঞান (Astrophysics)ক এক নতুন মাত্ৰা প্ৰদান কৰে। বিগত 1920 চনৰ পৰা 1938 চনলৈ জ্যোতিৰ্বিজ্ঞানত সমগ্ৰ বিশ্ব জুৰি Ionisation Equationৰ আঁত ধৰি বিভিন্ন গৱেষণা সম্পন্ন হৈছে। পদাৰ্থবিজ্ঞানৰ পাৰমানবিক তত্বৰ পৰা আৰম্ভ কৰি বিগ বেং বা মহানাদ তত্বলৈ সকলোবোৰ বৈজ্ঞানিক গৱেষণাত সাহাৰ সমীকৰণে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মেঘনাদ সাহালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Tuesday, 19 January 2016
ক্ৰায়'নিক্স : ভৱিষ্যতৰ চিকিৎসাবিজ্ঞান
ধৰা হ'ল এজন মানুহৰ মৃত্যু হৈছে। এইমাত্ৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছে। বিজ্ঞানৰ ভাষাত এই মৃত্যু "ক্লিনিকেল ডেথ"। এই মৃত্যুৰ কিছু সময় পিছতহে লোকজনৰ "জৈৱিক মৃত্যু" হয়। অৰ্থাৎ আমি এক দ্বি-স্তৰীয় প্ৰক্ৰিয়াৰে মৃত্যুক আকোঁৱালি ল'ব লগীয়া হয়। আজিৰ দিনত ক্লিনিকেল মৃত্যুৰ পিছত জৈৱিক মৃত্যু নিশ্চিত, কিন্তু হয়তো আৰু কেইবছৰমান পিছত ক্লিনিকেল মৃত্যু হোৱা এজন ব্যক্তিক পুনৰ জীৱিত কৰি তুলিব পৰা যাব। ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স হ'ল এনে এবিধ প্ৰযুক্তি যাৰ সহায়ত ক্লিনিকেল ডেথ হোৱা এজন ব্যক্তিৰ মৃতদেহ এক বিশেষ ব্যৱস্থাৰ দ্বাৰা শীতলীকৃত পৰিবেশত ৰাখি মৃতদেহৰ লগতে দেহৰ অংগ-প্ৰতংগসমূহৰ সংৰক্ষণ কৰি ৰখা হয়। জীৱ বিজ্ঞানী সকলৰ মতে এনে পৰিবেশত ক্লিনিকেল ডেথ হোৱা ব্যক্তিৰ মৃতদেহ বহুদিনলৈ জৈৱিক মৃত্যু নোহোৱাকৈ সংৰক্ষিত কৰিব পাৰি। এই ব্যক্তিজনৰ যি ৰোগত মৃত্যু হৈছিল বা যি পৰিস্থিতিত মৃত্যু হৈছিল, সেই ৰোগ বা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো চিকিৎসকৰ হাতত সময় বৰ কম আছিল অথবা তেনে ৰোগ বা পৰিস্থিতি চম্ভালিব পৰাকৈ চিকিৎসা বিজ্ঞান উন্নত নাছিল। গতিকে সংৰক্ষিত এই মৃতদেহক ভৱিষ্যতৰ উন্নত চিকিৎসাৰ বাবে ৰাখি থব পৰা হ'ব। এই প্ৰযুক্তিৰ দ্বাৰা অকালমৃত্যুক সাৱটি লোৱা ব্যক্তি বা প্ৰতিভা সম্পন্ন ব্যক্তিৰ পুনৰ জীৱন সম্ভৱ হৈ উঠিব। এই ক্ষুদ্ৰ লিখনিটোত এক বৈজ্ঞানিক সম্ভাৱনাৰ নতুন দিশটো দাঙি ধৰাৰ প্ৰচেষ্টা কৰা হৈছে। এই প্ৰযুক্তিৰ সুপ্ৰভাৱ বা কুপ্ৰভাৱ সম্বন্ধে ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া নিশ্চয় থাকিব।
Sunday, 17 January 2016
ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মালৈ ওপজা দিনৰ শুভেচ্ছা
ভাৰতীয় বায়ু সেনা (IAF)ৰ পাইলট তথা 1984 চনৰ 3 এপ্ৰিলত Soyuz T-11 মহাকাশ যানেৰ ৰাছিয়াৰ বৈকানুৰৰ পৰা মহাকাশলৈ উৰা মাৰি প্ৰথম ভাৰতীয় মহাকাশচাৰী হোৱাৰ গৌৰৱ অৰ্জন কৰা পাঞ্জাব প্ৰদেশৰ পাতিয়ালাৰ সুযোগ্য সন্তান ৰাকেশ শৰ্মাৰ জন্ম হৈছিল 13 জানুৱাৰী, 1949 চনত। ৰাকেশ শৰ্মাৰ লগত সেই মহাকাশ অভিযানত থকা আন দুজন মহাকাশচাৰী আছিল মহাকাশ যানখনৰ কামাণ্ডাৰ Yury Malyshev আৰু উৰণ অভিযন্তা Gennadi Strekalov. তেওঁলোকে 7 দিন 21 ঘণ্টা 40 মিনিটৰ মহাকাশ অভিযানৰ এই সময়চোৱাত সফলতাৰে 43 টা গৱেষণামূলক পৰীক্ষা সম্পন্ন কৰিছিল। ৰাকেশ শৰ্মাৰ দায়িত্বত আছিল Bio-medicine, Yoga in space আৰু দূৰ-সংবেদনৰ দৰে গুৰুত্বপূৰ্ণ তিনিটা বিষয়। তিনিওটা বিষয়তেই ৰাকেশ শৰ্মাই অত্যন্ত দক্ষতাৰে 12টা পৰীক্ষা সম্পন্ন কৰি মহাকাশ অভিযানটো সফল কৰি তুলিছিল। এই মহান অৱদানৰ বাবে ছোভিয়েট ৰাছিয়াই ৰাকেশ শৰ্মালৈ আগবঢ়াইছিল Hero of Soviet Union বঁটা। ভাৰত চৰকাৰেও ৰাকেশ শৰ্মাক "অশোক চক্ৰ" বঁটাৰে যথোচিত সন্মান দিছে। মহাকাশচাৰী ৰাকেশ শৰ্মাক তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে মহাকাশৰ পৰা ভাৰতবৰ্ষখন কেনে দেখি বুলি প্ৰশ্ন কৰাত তেখেতে উত্তৰ দিছিল: ...."চাৰে জাহান চে আচ্ছা...." !
আজি তেখেতৰ 67 তম ওপজা দিনত আমাৰ হিয়াভৰা ওলগ যাচিলোঁ।
তমসো মা জ্যোতির্গময়
পোহৰ বা আলোক মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশ। শূণ্যত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই লাভ কৰিব পৰা সৰ্বোচ্চ বেগ। বিভিন্ন সময়ত পদাৰ্থবিজ্ঞানী সকলে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত বিজ্ঞানী গেলিলিও'ই পোহৰৰ গতি নিৰ্ধাৰণ কৰাৰ প্ৰয়াস কৰিছিল। ১৬৭৬ চনত ডেনমাৰ্কৰ পদাৰ্থবিদ ৰোমাৰে পোহৰৰ গতি মাপ কৰাৰ পৰীক্ষা কৰিছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত ৰোমাৰে বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, আইয়োৰ গতি পৰ্যবেক্ষণ কৰিছিল। তেখেতে আইয়োৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি গণনা কৰি উলিয়াইছিল যে পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 22 মিনিট সময় লয়। ১৮৮৫ চনত জেমচ ক্লাৰ্ক মেক্সৱেলে পোহৰক এক বিদ্যুত চুম্বকীয় তৰংগ হিচাপে প্ৰমান কৰে। পোহৰ ' ফ'টন' নামৰ কিছুমান সূক্ষ্ম গোট বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰৰ এটা বিশেষ উল্লেখযোগ্য ধৰ্ম হ'ল এই যে ই তৰংগ আৰু কণা- এই দুইটা ধৰ্মই প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়।
Subscribe to:
Posts (Atom)









