Thursday, 21 July 2016
ইতিহাসৰ পাতত জুইৰ আদিমতম ব্যৱহাৰ
Sunday, 17 July 2016
ফৰমেলিনেৰে সংৰক্ষণ কৰা মাছ আৰু আমাৰ স্বাস্থ্য
বজাৰত কিনিবলৈ পোৱা চালানী মাছবোৰ বহুদিনলৈ সতেজ কৰি ৰাখিবলৈ মাছ বেপাৰী সকলে বৰফ ব্যৱহাৰ কৰে বুলি আমি সকলোৱে জানো। মাছ বেপাৰী সকলে পিছে বৰফৰ উপৰিও মাছবোৰ সতেজ কৰি ৰাখিবলৈ ফৰমেলিন নামৰ এবিধ বিষাক্ত ৰসায়নিক পদাৰ্থও ব্যৱহাৰ কৰে। ফৰমেলদিহাইড বা মিথানালৰ 40% সংপৃক্ত দ্ৰৱণক ফৰমেলিন বোলা হয়। এই বিষাক্ত দ্ৰব্য বিধ সাধাৰণতে জীৱদেহৰ বিভিন্ন কলাৰ পৰা পানী শোষণ কৰাৰ লগতে বিষাক্ত অনুজীৱ যেনে বেক্টেৰীয়া আদি ধ্বংস কৰাত ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য যে আপেক্ষিক বা সম্পূৰ্ণ শুষ্ক অৱস্থাত থকা কোষ বা কলাত বেক্টেৰীয়া থাকিব নোৱাৰে আৰু সেয়েহে তেনে কলা সমূহ বহুদিন ভালে থাকে। উদাহৰণ স্বৰূপে শুকান ফলমূলৰ কথাটো মনলৈ আনিব পাৰে। বেক্টেৰীয়া সমূহ শীতল পৰিবেশতো প্ৰায় অক্ষম হৈ পৰে। সেয়ে শীতলীকৰণ যন্ত্ৰ বা ৰিফ্ৰিজেৰিটৰত খাদ্য বহুপৰ ভালে থাকে। মাছ বেপাৰী সকলে উপৰোক্ত দুয়োটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাছ সংৰক্ষণৰ বাবে বৰফৰ টুকুৰাবোৰত নিৰ্দিষ্ট পৰিমাণৰ ফৰমেলিন ছটিয়াই দিয়ে। এই ফৰমেলিনখিনি মাছৰ কলাতন্ত্ৰত প্ৰবেশ কৰে আৰু মাছবোৰ বহুদিনলৈ সতেজ কৰি ৰাখে। পিছে আমাৰ বাবে আটাইতকৈ ভয়াবহ কথাটো হ'ল, এই ফৰমেলিন যিহেতু বিষাক্ত পদাৰ্থ, এই পদাৰ্থ বিধ খাদ্য শৃংখলৰ মাধ্যমত আমাৰ দেহত প্ৰৱেশ কৰে আৰু শৰীৰত বিভিন্ন বিসংগতিৰ সৃষ্টি কৰে। বিজ্ঞানী সকলৰ মতে ফৰমেলিনে মানুহৰ খাদ্যনলী আৰু পাকস্থলীৰ কোমল কলা সমূহক ক্ষতিগ্ৰস্থ কৰে। ফৰমেলিনে সৃষ্টি কৰা ফৰমেলদিহাইড গেছে মানুহৰ মূূৰৰ বিষ সৃষ্টি কৰে। সঘনাই চালানী মাছ খোৱা সকলৰ দেহত "জৈৱ-বিবৰ্ধন" বা Biological Magnificationৰ বাবে ফৰমেলিনৰ মাত্রা বৃদ্ধি পায় আৰু তেনে লোকৰ পাকস্থলীত ঘাঁ হৈ তীব্ৰ বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞৰ মতে ইয়াৰ ফলত পাকস্থলীৰ ভিতৰত ৰক্তক্ষৰণ পৰ্যন্ত হ'ব পাৰে। মাত্ৰাধিক ফৰমেলিনে মানুহৰ বৃক্ক আৰু স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাব পেলায় আৰু মানুহৰ দেহত জটিল ব্যাধিৰ সৃষ্টি কৰিব পাৰে।
Saturday, 9 July 2016
তিনিবাৰ সূর্যোদয়-সূর্যাস্ত হোৱা দৈত্যকায় গ্ৰহ আবিষ্কাৰ
পৃথিবীৰ পৰা 340 আলোকবর্ষ দূৰৰ এটি নতুন গ্রহৰ সন্ধান পাইছে মহাকাশ বিজ্ঞানীসকলে। এই গ্রহৰ আয়তন আমাৰ সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ চাৰি গুণ। এই গ্রহটোৰ বয়স অন্তত 1 কোটি 60 লাখ বছৰ। সেইদিশৰ পৰা এই গ্ৰহটো এতিয়ালৈকে আবিষ্কৃত আটাইতকৈ কম বয়সীয়া গ্রহ। আচৰিত হ'লেও সত্য যে এই গ্রহটোৱে তিনিটা নক্ষত্রক প্রদক্ষিণ কৰে। ফলস্বৰূপে প্ৰতি দিনে গ্ৰহটোৰ বুকুত তিনিবাৰ কৈ ‘সূর্যোদয়’ আৰু ‘সূর্যাস্ত’ হয়। মার্কিন যুক্তৰাষ্ট্ৰৰ এৰিযোনা বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে এই গ্রহটোৰ সন্ধান পাইছে। এই বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড্যানিয়েল এপাৰ মতে, সদ্য আবিষ্কৃত গ্রহটোোৰ নাম HD 131399 AB। গ্রহটোৰ আয়তন অনুসৰি ইয়াৰ ভৰো বৃহস্পতিকৈ চাৰি গুণ বেছি। এই গ্রহৰ তাপমাত্রা 580 ডিগ্রী চেলচিয়াছ। অৰ্থাৎ বাস্তবিকতে এই গ্ৰহটোত জীৱনৰ কোনো সম্ভাৱনা নাই। গবেষক দলটোৰ আন এজন সদস্য কেভিন ওৱাগনাৰৰ মতে গ্রহটোৰ পৰা বছৰৰ প্ৰতিটো মূহুৰ্ততেই তিনিওটা নক্ষত্র একেলগে দেখা যায়। উল্লেখযোগ্য যে পৃথিবীৰ হিচাপত 550 বছৰ এই নব্য আৱিষ্কৃত গ্ৰহটোৰ বাবে মাত্ৰ এক বছৰ !
Wednesday, 6 July 2016
যিসকল বিজ্ঞানীৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাছিল
আজি বিজ্ঞানৰ প্ৰায় প্ৰতিটো পাততেই সততে পঢ়িবলৈ পোৱা বিভিন্ন বিজ্ঞান বিষয়ক আৱিষ্কাৰ সমূহৰ মূল হোতা কেইবাজনো বিজ্ঞানীয়ে বিদ্যালয় পৰ্যায়ৰ পঢ়াশুনাই সমাপ্ত কৰিব পৰা নাছিল। অথচ তেখেত সকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু একাগ্ৰতাৰ বাবে আজি তেওঁলোক একোজন নমস্য ব্যক্তি। তেনে কেইজনমান বিজ্ঞানী হ'ল: মাইকেল ফেৰাডে, টমাচ আলভা এডিচন, শ্ৰীনিবাস ৰামানুজন, উইলিয়াম হাৰ্চেল, গ্ৰেগৰ জোহান্স মেণ্ডেল।
বিদ্যালয়ত শব্দৰ প্ৰকৃত উচ্চাৰণ কৰিব নোৱাৰা বাবে শিক্ষকে মাইকেল ফেৰাডেক শাস্তি দিছিল আৰু তাৰবাবে তেওঁৰ আনুষ্ঠানিক শিক্ষা বিদ্যালয়ৰ নিম্ন শ্ৰেণীতেই সমাপ্ত হৈছিল।
টমাচ আলভা এডিচনক শিক্ষকে "ঘোলা কণী" বুলি মাতিছিল আৰু বিদ্যালয়লৈ আহিব নেলাগে বুলি এডিচনৰ ঘৰলৈ চিঠি লিখিছিল।
ভাৰতীয় গণিতজ্ঞ ৰামানুজনৰ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাছিল, অথচ তেখেতে গণিতৰ জগতত আলোড়ন সৃষ্টি কৰিছিল।
ইউৰেনাচৰ আৱিষ্কাৰক উলিয়াম হাৰ্চেল আছিল এজন সংগীতজ্ঞ। তেখেতৰো নাছিল বিশ্ববিদ্যালয়ৰ কোনো সন্মানীয় ডিগ্ৰী, অথচ কোনো বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিব নোৱাৰা ইউৰেনাচ গ্ৰহটো এখেতেই আৱিষ্কাৰ কৰিছিল।
জোহান্স মেণ্ডেল আছিল মূলতঃ এজন ধৰ্ম যাজক। বিদ্যালয়ত শিক্ষক হ'বলৈ প্ৰয়োজনীয় যোগ্যতা নিৰূপক পৰীক্ষাত অনুতীৰ্ণ এইজন মেণ্ডেলেই বিশ্ববাসীক উপহাৰ স্বৰূপে দি থৈ গ'ল বংশগতি বিজ্ঞান যাৰ আলমত আজি গঢ় লৈ উঠিছে জিনীয় অভিযন্ত্ৰণৰ দৰে আধুনিক বিজ্ঞানৰ বিষয়বোৰ।
এনে অলেখ উদাহৰণ কিতাপৰ পাতে পাতে পঢ়িবলৈ পোৱা যায়।
এনে অলেখ উদাহৰণ কিতাপৰ পাতে পাতে পঢ়িবলৈ পোৱা যায়।
Wednesday, 29 June 2016
কাঠ পেঞ্চিলৰ আখৰবোৰ
কাঠ পেঞ্চিলৰ আখৰবোৰ ৰবৰেৰে ঘঁহি ঘঁহি মচা লৰালিৰ সেই দিনবোৰলৈ মনত নপৰেনে বাৰু? পিছে ৰবৰেৰে ঘঁহিলে কাঠ পেঞ্চিলৰ দাগবোৰ কিয় উঠি যায় বাৰু? আচলতে কাঠ পেঞ্চিল বনাওতে গ্ৰাফাইট আৰু বিশেষ ধৰণৰ আলতীয়া মাটিৰ এক মিশ্ৰণ পানীৰ লগত মিহলাই কাঠ পেঞ্চিলৰ মাজৰ মজ্জাটো তৈয়াৰ কৰা হয়। গ্ৰাফাইট সমূহ কাৰ্বনৰেই এটা ৰূপ। একোটা সুষম ষড়ভূজৰ আকৃতিত কাৰ্বন পৰমাণুবোৰ তৰপে তৰপে সজ্জিত হৈ গ্ৰাফাইট গঠন কৰে। গ্ৰাফাইটৰ এই তৰপবোৰ এটা আনটোৰ লগত অতি দূৰ্বল আকৰ্ষণ বলৰ দ্বাৰা সংযুক্ত হৈ থাকে বাবে এই তৰপবোৰ অনায়াসে এটাই আনটোৰ ওপৰেৰে পিছলি যাব পাৰে। সেয়ে গ্ৰাফাইট পিছল। হেঁচা প্ৰয়োগ কৰি কাগজৰ ওপৰেৰে চোচোৰাই নিলে গ্ৰাফাইটৰ পাতল এটা তৰপ কাগজৰ সৰু সৰু আঁহবোৰত লাগি ধৰে আৰু কাগজৰ ওপৰত এটা কলা বৰণৰ দাগ সৃষ্টি কৰে। এনেদৰেই কাঠ পেঞ্চিলৰ সহায়ত আমি লিখো। পিছে, কাঠ পেঞ্চিলেৰে লিখা আখৰবোৰ ভুল হলে বা সলনি কৰিব লগীয়া হ'লে, আখৰৰ ওপৰেৰে ৰবৰ এডাল চোচোৰাই নিলে কাঠ পেঞ্চিলৰ দাগবোৰ নোহোৱা হৈ যায়। কাঠ পেঞ্চিলৰ আখৰ মচিবলৈ ৰবৰ ব্যৱহাৰ কৰা হয় যদিও আজিকালি পলিভিনাইল ক্ল'ৰাইডৰ এবিধ যৌগ ব্যৱহাৰ কৰা হয়। কাগজ গঠনকাৰী যৌগ চেলুলোজ আৰু কাঠ পেঞ্চিলৰ আখৰ মচিবলৈ ব্যৱহাৰ কৰা পলিভিনাইল ক্ল'ৰাইডৰ যৌগ দুটাৰ মাজৰ এটা বিশেষত্ব এয়ে যে - পলিভিনাইল ক্ল'ৰাইডৰ এটা লিকটীয়া বা sticky গুণ আছে। কাগজৰ ওপৰত এই ৰবৰবোৰ হেঁচা প্ৰয়োগ কৰি ঘঁহিলে ঘৰ্ষণৰ ফলত ৰবৰৰ টুকুৰাটো গৰম হয় আৰু ইয়াৰ এঠা জাতীয় গুণটো বেছি প্ৰভাৱী হৈ পৰে। ইয়াৰ ফলত ৰবৰৰ টুকুৰাটোৱে কাগজৰ পৰা কাঠ পেঞ্চিলৰ আখৰ হিচাবে থকা গ্ৰাফাইটৰ তৰপটো আঁতৰাই আনিব পাৰে।
Sunday, 26 June 2016
অভিনন্দন ISRO
আজি ৰাতিপুৱা 9 বজাৰ ক্ষন্তেক সময় পিছতেই বিশটা কৃত্ৰিম উপগ্ৰহ বুকুত বান্ধি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ PSLV C34 উৎক্ষেপক যানখনে মুঠ 1288 কেজি ভৰ সহ শ্ৰীহৰিকোটাৰ সতীশ ধাবন উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশ অভিমুখে উৰা মাৰে আৰু উৎক্ষেপণৰ 26 মিনিট পিছতে আটাইকেইটা কৃত্ৰিম উপগ্ৰহ সফলতাৰে পৃথিৱীৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰি বিশ্ববাসীৰ সন্মুখত ভাৰতীয় মহাকাশ বিজ্ঞানৰ জয়যাত্ৰা সজোৰে পুনৰ এবাৰ প্ৰতিষ্ঠা কৰে। উল্লেখযোগ্য যে চন্দ্ৰযান আৰু মংগলযানৰ সফল উৎক্ষেপণ পিছত আজিৰ উৎক্ষেপণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী সকলে আমেৰিকাৰ 7টা, জাৰ্মানীৰ 3টা, গুগলৰ 1টা, ভাৰতৰ নিজা 3টা আৰু কানাডা, ইন্দোনেছিয়া আদি দেশৰ মুঠ 20টা কৃত্ৰিম উপগ্ৰহ এবাৰতেই মহাকাশৰ বুকুলৈ কঢ়িয়াই নি সফলতাৰে কক্ষপথত স্থাপন কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। এই উৎক্ষেপণত আমেৰিকাৰ SKYSAT GEN 1-2, জাৰ্মানীৰ BIROS of Germany আৰু MVV, ইন্দোনেছিয়াৰ LAPAN A3 আদি কৃত্ৰিম উপগ্ৰহ সমূহ অন্তৰ্ভুক্ত হৈ আছে। ভাৰতীয় বিজ্ঞানী সকলৰ এই সাফল্যত আমি অতিশয় গৌৰৱ বোধ কৰিছোঁ। আন্তৰিক অভিনন্দন ISRO !
Wednesday, 18 May 2016
উৎক্ষেপণৰ বাবে সাজু ভাৰতৰ প্ৰথম মহাকাশ যান RLV-TD
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ISROৰ বিজ্ঞানী সকলে সাজু কৰি তুলিছে ভাৰতৰ প্ৰথমখন মহাকাশ যান RLV-TD বা Reusable Launch Vehicle - Technology Demonstrator. বিগত সময়চোৱাত ভাৰতে বহুতো মহাকাশ অভিযান সফলতাৰে সম্পন্ন কৰিছে যদিও এই সকলোবোৰ অভিযানত প্ৰক্ষেপক যান PSLV বা GSLVৰ সহায়ত কৃত্ৰিম উপগ্ৰহ আৰু কেতবোৰ ৰকেট তথা Orbiter হে প্ৰক্ষেপ কৰিছিল। শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰি উলিয়াইছে 6.5 মিটাৰ ওখ আৰু 1.75 টন ভৰ বিশিষ্ট RLV-TD নামৰ মহাকাশ যানখন। ISROৰ বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশ অভিমুখে উৰা মাৰিব লগীয়া এই মহাকাশ যানখন পৌণপৌণিক ভাবে ব্যৱহাৰ কৰিব পৰা যাব। উৎক্ষেপণৰ ক্ষন্তেক পিছতেই অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিসীমাৰ ভিতৰতেই এই যানখনে শব্দৰ বেগ অতিক্ৰম কৰিব পাৰিব আৰু সেয়ে এই পৰীক্ষামূলক উৰণটোক বিজ্ঞানী সকলে Hyper Sonic Experiment বা HEX নামেৰে নামাকৰণ কৰিছে। যদিহে অহা 23 মে, 2016ৰ পুৱা 9:30 বজাৰ এই পৰীক্ষামূলক উৰণটো সফলতাৰে সম্পন্ন হয়, তেন্তে ই হ'ব ভাৰতীয় মহাকাশ বিজ্ঞানৰ বাবে আন এক মাইলৰ খুটি। ISROৰ এই বিশেষ মহাকাশ প্ৰকল্পটো সফলতাৰে সম্পন্ন হওঁক- এই কামনা কৰাৰ লগতে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ।
Saturday, 14 May 2016
গেলিলিওৰ হেলনীয়া স্তম্ভৰ পৰীক্ষাটো
সেই সময়ত এৰিষ্টোটল আৰু সমসাময়িক সকলো বিজ্ঞলোকৰ মতে কোনো উচ্চ স্থানৰ পৰা পেলাই দিলে গধুৰ পদাৰ্থ এটা পাতল পদাৰ্থত কৈ আগতে আহি মাটিত পৰিবহি। কিন্তু সেই সময়ত ইটালীৰ এজন বিজ্ঞানীয়ে সকলো মানুহক আচৰিত কৰি কথাটো অন্য ধৰণে ক'বলৈ আৰম্ভ কৰিলে। তেওঁৰ মতে গধুৰ বা পাতল সকলো পদাৰ্থই ওপৰৰ পৰা পেলাই দিব একে সময়তে মাটি স্পৰ্শ কৰিবহি, যদিহে পৰীক্ষা সম্পন্ন কৰা স্থানত বায়ুৰ পৰা হোৱা ঘৰ্ষণ অতি নগন্য হয়। সেয়া 1589 চনৰ কথা। গেলিলিওৱে পিচা চহৰৰ হেলনীয়া স্তম্ভৰ পৰা সম্পন্ন কৰিলে এটি বিখ্যাত পৰীক্ষা য'ত তেখেতে হেলনীয়া স্তম্ভৰ ওপৰৰ পৰা দুটা ভিন্ন ভৰৰ পদাৰ্থ একে সময়তে মাটিলৈ পেলাই দি প্ৰমাণ কৰি দেখুৱাই যে তললৈ সৰি পৰা বস্তুৱে ভৰৰ ভিন্নতা স্বত্তেও একে বেগত তললৈ সৰি পৰে। এই পৰীক্ষাটোৱে সেই সময়ৰ প্ৰচলিত ধাৰণাটিক নস্যাত কৰি এক নতুন সত্যৰ আধাৰ গঢ়ি তোলে। আমি গেলিলিওৰ সেই পৰীক্ষাটোৰ আধাৰত এটি বিশ্লেষণাত্মক আলোচনা কৰিব খুজিছোঁ।
ধৰা হওঁক, পিচাৰ হেলনীয়া স্তম্ভৰ পৰা আপুনি 1 Kg আৰু 10 Kg ভৰৰ দুটা বস্তু একেলগে আৰু একে সময়তে তললৈ পেলাই দিলে। এনে ক্ষেত্ৰত:
প্ৰথম বস্তুটোৰ ওজন = 1 kg × 9.8 = 9.8 N আৰু
দ্বিতীয় বস্তুটোৰ ওজন = 10 kg × 9.8 = 98 N
আমি জানো যে ত্বৰণ = ওজন/ভৰ ।
সেয়ে, প্ৰথম বস্তুটোৰ ত্বৰণ = 9.8 N/1Kg = 9.8 মি/ বৰ্গ ছেকেণ্ড।
তেনেকৈ দ্বিতীয় বস্তুটোৰ ত্বৰণ = 98 N/10Kg = 9.8 মি/ বৰ্গ ছেকেণ্ড।
অৰ্থাৎ পদাৰ্থৰ ভৰ যিয়েই নহওক কিয়- তললৈ সৰি পৰা সকলো বস্তু একে হাৰতই ত্বৰিত হয়। এই সত্য গেলিলিওৱে 1589 চনতেই প্ৰতিষ্ঠা কৰিছিল যদিও তেখেতে এইটো ক'ব পৰা নাছিল যে ত্বৰণৰ হাৰ একে হোৱাৰ কাৰণটো কি ! পিছলৈ মাধ্যাকৰ্ষণ বলেই ইয়াৰ কাৰণ বুলি আন এক যুগজয়ী আৱিষ্কাৰেৰে আইজাক নিউটনে নিজৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰে।
Wednesday, 11 May 2016
বিদ্যালয়ত ঘোলা কণী নামেৰে পৰিচিত ছাত্ৰজন
বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰজনক নিজৰ কোঠালৈ মাতি আনি সুধিলে: তোমাৰ ঘৰত কোন কোন আছে ?
ছাত্ৰজনে তলমুৰ কৰি সেমেনা সেমেনি কৈ উত্তৰ দিলে: “মই আৰু মোৰ মা মহাশয়"।
ছাত্ৰজনে তলমুৰ কৰি সেমেনা সেমেনি কৈ উত্তৰ দিলে: “মই আৰু মোৰ মা মহাশয়"।
ক্ষন্তেক সময় মৌন হৈ ৰৈ প্ৰধান শিক্ষকে এটুকুৰা কাগজত ছাত্ৰজনৰ মাতৃলৈ বুলি এখন পত্ৰ লিখি ছাত্ৰজনক ক'লে: “এই পত্ৰখন তোমাৰ মাৰাক দিবাগৈ। মোৰ বিশ্বাস, তুমি পত্ৰখন নিশ্চয় খুলি নপঢ়া।” ছাত্ৰজনেও বিদ্যালয়ৰ পৰা আহিয়েই মাকৰ হাতত প্ৰধান শিক্ষকে দিয়া চিঠিখন তুলি দি কলে: চাৰে এই চিঠিখন তোমালৈ পঠিয়াইছে। মাকে পত্ৰখন একান্ত মনেৰে পঢ়িলে। পঢ়ি থাকোঁতে মাকৰ দুচকুৰে বাগৰি আহিছিল চকুলো।মাকৰ কান্দোন দেখি ছাত্ৰজনে মাকক সুধিলে: “মা ইয়াত কি লিখা আছেনো, তুমি কান্দিছা যে ?"
পুত্ৰৰ কথা শুনি মাকে চকুপানী মচি ক'লে, "মোৰ সোন, তোমাৰ প্ৰধান শিক্ষকে লিখিছে যে - আপোনাৰ ল'ৰা বহুত বিচক্ষণ। আমাৰ বিদ্যালয়ত আপোনাৰ ল'ৰাক শিক্ষা দিব পৰাকৈ ইয়াত কোনো প্ৰশিক্ষিত শিক্ষক নাই। সেয়েহে আপুনি ল'ৰাজনক নিজেই ঘৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰক" !
মাতৃয়ে চিঠিখন আলফুলে আলমাৰিত সুমুৱাই থ'লে।পৰিয়ালটোৰ আৰ্থিক অৱস্থা তেতিয়া বৰ ভাল নহয়।মাক বহুত চিন্তাত পৰিল।টকা পইছাৰ অভাৱত পুত্ৰক আন এখন বিদ্যালয়ত নাম লগাই দিয়াটো সম্ভৱ হৈ উঠা নাই। উপায় বিহীন মাকে পুতেকক নিজেই পঢ়োৱাৰ দায়িত্ব কান্ধ পাতি ল'লে আৰু দিনে ৰাতিয়ে পুতেকক পঢ়োৱাত মনোযোগ দিলে। এই ক্ষেত্ৰত লৰাজনৰ দেউতাকেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। তেওঁলোকে পুতেকক ঘৰৰ আৰ্থিক দীনতাৰ কথা নেভাবি কেৱল পঢ়াত মনোযোগ দিবলৈ ক'লে।
লাহে লাহে লৰাজন ডাঙৰ হ'ল। পিতৃ মাতৃয়ে আৰ্থিক অনাটনৰ কথা নেভাবিবলৈ কোৱা স্বত্বেও ল'ৰাজনে বজাৰত মিঠাই, চকলেট, শাক -পাচলিৰ লগতে বাতৰি কাকত আদি বিক্ৰী কৰি পোৱা উপাৰ্জনেৰে আন এখন বিদ্যালয়ত শিক্ষাগ্ৰহন কৰাৰ উদেশ্যে নামভৰ্তি কৰি ল'লে।
সকলো থিকেই চলি আছিল। লৰাজনৰ 24 বছৰ বয়স হোৱাত এদিন তেওঁৰ মাতৃৰ বিয়োগ হ'ল। মাতৃৰ বিয়োগত ছাত্ৰজন ভাগি পৰিল যদিও দুগুণ উৎসাহেৰে নিজৰ অধ্যয়ন আগবঢ়াই নিলে !! একানপটীয়া চেষ্টা আৰু মানসিক উদ্যমৰ ফলস্বৰূপে পৰবৰ্তী সময়ত তেওঁ এজন সুযোগ্য আৰু প্ৰতিষ্ঠিত ব্যক্তিলৈ ৰূপান্তৰিত হ'ল।
এদিন তেওঁ ঘৰৰ পুৰণি আলমাৰিতো চফা কৰিবলৈ লওঁতেই তেওঁৰ লৰালি কালতেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে মাকলৈ বুলি লিখা সেই পত্ৰখন পালে। নপঢ়ো বুলি ভাবিও মনৰ কৌতুহল দমাব নোৱাৰি তেওঁ চিঠিখন মেলি ল'লে.....
এদিন তেওঁ ঘৰৰ পুৰণি আলমাৰিতো চফা কৰিবলৈ লওঁতেই তেওঁৰ লৰালি কালতেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে মাকলৈ বুলি লিখা সেই পত্ৰখন পালে। নপঢ়ো বুলি ভাবিও মনৰ কৌতুহল দমাব নোৱাৰি তেওঁ চিঠিখন মেলি ল'লে.....
“আপোনাৰ পুত্ৰ এজন জধামূৰ্খ আৰু তেওঁ বিদ্যালয়ত পঢ়োৱা একোৱেই আয়ত্ব কৰিব নোৱাৰে। আমাৰ বিদ্যালয়ত পঢ়িব পৰাকৈ আপোনাৰ পুত্ৰৰ যোগ্যতা নাই। সেয়েহে আপোনাৰ পুত্ৰক পুনৰ আমাৰ বিদ্যালয়লৈ নপঠিয়াবলৈ অনুৰোধ কৰিলোঁ। আশাকৰো আপুনি কথাখিনি বুজিব পাৰিছে।"
চিঠিখন অজ্ঞাতেই তেওঁৰ হাতৰ পৰা পৰি গ'ল। তেওঁৰ চকুযুৰি সেমেকি উঠিল। বহু সময় তেওঁ হিয়া ধাকুৰি কান্দিলে আৰু নিজৰ মাতৃৰ ত্যাগ আৰু সাহসৰ বাবেই যে তেওঁ বৰ্তমানৰ এই অৱস্থাত উপনীত হৈছে, সেই কথা বাৰুকৈয়ে উপলৱদ্ধি কৰিলে। তাৰ পিছত মেজৰ ওচৰলৈ গৈ ডায়েৰীখন উলিয়াই লৈ লিখিবলৈ আৰম্ভ কৰিলে.....
“এগৰাকী মহান মাতৃয়ে এটা জধামূৰ্খ সন্তানক বিনাস্বাৰ্থত, পৃথিৱীৰ বিখ্যাত বৈজ্ঞানিক ৰূপে গঢ় দি নীৰৱে সেই সন্তানৰ কাষৰ পৰা মেলানি মাগিলে আৰু সমগ্ৰ পৃথিৱীক ৰাতিৰ অন্ধকাৰ নাশিবলৈ উপহাৰ স্বৰূপে দি গ'ল আলোকৰ মন্ত্ৰ।”
“এগৰাকী মহান মাতৃয়ে এটা জধামূৰ্খ সন্তানক বিনাস্বাৰ্থত, পৃথিৱীৰ বিখ্যাত বৈজ্ঞানিক ৰূপে গঢ় দি নীৰৱে সেই সন্তানৰ কাষৰ পৰা মেলানি মাগিলে আৰু সমগ্ৰ পৃথিৱীক ৰাতিৰ অন্ধকাৰ নাশিবলৈ উপহাৰ স্বৰূপে দি গ'ল আলোকৰ মন্ত্ৰ।”
এইজন ছাত্ৰই আছিল পৃথিৱী বিখ্যাত বিজ্ঞানী টমাচ আলভা এডিছন !!!
Monday, 9 May 2016
গ্রহৰ তালিকাৰ পৰা আঁতৰাই প্লুটোক কিয় বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হ'ল ?
1930 খৃষ্টাব্দৰ 23 জানুৱাৰীৰ দিনা বিজ্ঞানী ক্লাইড ডব্লিউ টমবাউয়ে একে বৰ্ষৰ 18 জানুৱাৰীৰ নিশা টেলিস্কোপিক কেমেৰাৰে সংগ্ৰহ কৰা এখন আলোক চিত্রৰ সহায়ত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰিছিল। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ এই গ্ৰহটোক সময় লাগে ২৪৮ বছৰ। সূৰ্যৰ পৰা প্লুটোৰ গড় দূৰত্ব প্ৰায় ৬০০ কোটি কিলোমিটাৰ, অৰ্থাৎ পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্বৰ 40 গুণ। নিজৰ কক্ষপথত প্লুটোৰ গতি প্ৰতি ছেকেণ্ডত মাত্ৰ 4.7 কিলোমিটাৰ। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰোতে কক্ষপথত পৃথিৱীৰ বেগ প্ৰতি ছেকেণ্ডত প্ৰায় 29 কিলোমিটাৰ। অৰ্থাৎ পৃথিৱীৰ তুলনাত প্লুটোৰ গতি অতি লেহেমীয়া। ইয়াৰ তিনিটা উপগ্ৰহও আছে। এই উপগ্ৰহ কেইটা হ'ল: চেৰণ, নিক্স আৰু হাইড্ৰা।সূৰ্যৰ পৰা প্লুটোৰ দূৰত্ব প্ৰায় 600 কোটি কিলোমিটাৰ, অৰ্থাৎ পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্বৰ 40 গুণ।নিজৰ কক্ষপথত প্লুটোৰ গতি প্ৰতি ছেকেণ্ডত মাত্ৰ 4.7 কিলোমিটাৰ। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰোতে কক্ষপথত পৃথিৱীৰ বেগ প্ৰতি ছেকেণ্ডত প্ৰায় 29 কিলোমিটাৰ। অৰ্থাৎ পৃথিৱীৰ তুলনাত প্লুটোৰ গতি অতি লেহেমীয়া। ইয়াৰ তিনিটা উপগ্ৰহও আছে। এই উপগ্ৰহ কেইটা হ'ল: চেৰণ, নিক্স আৰু হাইড্ৰা। প্লুটোৰ আৱিষ্কাৰৰ সময়ত ইয়াক সৌৰজগতৰ নৱম গ্ৰহ হিচাবে আখ্যা দিয়া হৈছিল যদিও 2006 চনৰ আগষ্ট মাহত International Astronomical Union (IAU)ৰ বিজ্ঞানী সকলে প্লুটোক গ্ৰহৰ তালিকাৰ পৰা আঁতৰাই আনি "বাওনা গ্ৰহ" বুলি শ্ৰেণীবদ্ধ কৰে। এইখিনিতেই আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল- কিহৰ বাবে প্লুটো গ্ৰহ নহয়? বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈকে প্লুটো গ্ৰহ নে বাওনা গ্ৰহ, এই বিষয়ে বাদানুবাদ চলি আছে। আমি সেই বিতৰ্ক এৰাই উভতি আহিছো মূল প্ৰসংগটোলৈ। প্লুটো আকাৰত তেনেই সৰু এটি সৌৰজাগতীয় উপাদান। বিজ্ঞানী সকলৰ গণনা অনুসৰি প্লুটোৰ কক্ষপথ নেপচুনৰ কক্ষপথৰ দুগুণ দূৰত্বত থাকিব লাগিছিল। কিন্তু ইয়াৰ কক্ষপথ তাৰ সলনি নেপচুনৰ প্ৰায় কাষতেই অৱস্থিত। কক্ষপথত আগুৱাই যাওঁতে এটা পর্যায়ত প্লুটো নেপচুনৰ কক্ষপথৰ ভিতৰেদি সোমাই আহি সূৰ্যৰ চৌপাশে ঘুৰিবলৈ ধৰে। প্লুটোৰ এটি উপগ্রহ চাৰণ আকাৰত প্লুটোৰ প্ৰায় সমকক্ষ। উপগ্ৰহ হ'বলৈ প্ৰয়োজনীয় সৌৰজগতৰ সাধাৰণ নিয়ম ভংগ কৰি প্লুটো আৰু চাৰণ দুয়ো পৰস্পৰে এটি উমৈহতীয়া ভৰকেন্দ্ৰৰ চাৰিওফালে ঘুৰি থাকে। ইয়াৰ ফলত বিজ্ঞানী সকল দোমোজাত পৰে কাৰণ উমৈহতীয়া ভৰকেন্দ্ৰৰ চৌদিশে আবৰ্তন কৰি থকা এই দুই সৌৰজগতৰ উপাদানৰ কোনটো গ্ৰহ বা কোনটো উপগ্ৰহ- নিৰ্দিষ্টকৈ কোৱা টান। এই সমস্যাৰ পৰা মুক্তি পাবলৈ বিজ্ঞানী সকলে প্লুটো আৰু ইয়াৰ উপগ্ৰহ (!) কেইটাক "আন্ত:গ্রহ" বা বাওনা গ্ৰহ বুলি অভিহিত কৰে। কোনো কোনো বিজ্ঞানীয়ে আকৌ প্লুটোৰ পৰিয়ালটো "ভ্রাম্যমান গ্রহাণু" বুলিও ক'ব খোজে। বিজ্ঞানী সকলে শেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই 2006 চনৰ আগষ্ট মাহত প্লুটো আৰু ইয়াৰ পৰিয়ালৰ সদস্য কেইটা যেনে চাৰণ, নিক্স আৰু হাইড্ৰাক গ্রহৰ তালিকাৰ পৰা আঁতৰাই আনি বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰে।
Subscribe to:
Posts (Atom)









