Monday, 24 April 2017

বিশ্বব্ৰহ্মাণ্ডৰ সীমনা খেদি মহাকৰ্ষণীয় লেন্সিং


দূৰবীণৰ কথা আমি সকলোৱে জানো। বিজ্ঞানৰ চমু এই সংস্কৰণটোত ইতিমধ্যে দূৰবীণ যন্ৰৰ যথেষ্ঠ বিকাশ হৈছে। অতি শক্তিশালী দূৰবীণ যন্ৰৰ সহায়ত বিজ্ঞানীসকলে নিতৌ মহাকাশৰ নতুন নতুন তথ্যৰ যোগান ধৰিছে। পিছে, পাৰাপাৰহীন এই বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ তুলনাত বিজ্ঞানীসকলৰ বাবে এতিয়ালৈ আৱিষ্কৃত হোৱা দূৰবীণ যন্ৰবোৰ বিশ্বব্ৰহ্মাণ্ডখন অধ্যয়ন কৰাৰ বাবে তেনেই সাধাৰণ একোটি পুতলা দূৰবীণ যেন হৈ পৰিছে। বৰ্তমান আমাৰ বিজ্ঞানীসকলে ব্যৱহাৰ কৰা এই টেলিস্কোপ বা দূৰবীণবোৰৰ লেন্সৰ যি ক্ষমতা (যাৰ এককক আমি পিক্সেল বুলি জানো) প্ৰয়োজনতকৈ বহুত কম। সেয়েহে বিজ্ঞানীসকলে অতি উচ্চ ক্ষমতা সম্পন্ন দূৰবীনৰ অভাৱ সদায়েই অনুভৱ কৰি আহিছে। এই অসুবিধাখিনি দূৰ কৰাৰ বাবে বৰ্তমান মহাকাশ বিজ্ঞানীসকলে আইনষ্টাইনৰ বিখ্যাত সাধাৰণ আপেক্ষিকতাবাদৰ আলম লৈ সাজি উলিয়াব বিচাৰিছে সাম্প্ৰতিক সময়ৰ দূৰবীণতকৈ প্ৰায় ১০ কৌটি গুণ অধিক প্ৰিক্সেলৰ এটি দূৰবীণ। এই বিশেষ দূৰবীণটোৰ আঁৰৰ বৈজ্ঞানিক নীতিটোৱেই হ'ল মহাকৰ্ষণীয় লেন্সিং বা Gravitational Lensing.

কিন্তু কি এই মহাকৰ্ষণীয় লেন্সিং ? এই বিষয়ে বুজিবলৈ আমি এটা উদাহৰণ ল'ব লাগিব। ধৰা হ'ল এখন বিচনাৰ চাদৰ চৌদিশৰ পৰা সমান বলেৰে টানি সমতল পৃষ্ঠ এখন তৈয়াৰ কৰি লৈ চাদৰখনৰ ওপৰেৰে এটি সৰু মাৰ্বল থেলি দিয়া হ'ল। আমি দেখিম যে চাদৰখনৰ ওপৰেৰে মাৰ্বলটো অতি মসৃন ভাবে এটি পোন বাটেৰে আগবাঢ়ি গৈছে। এইবাৰ চাদৰখনৰ সোঁমাজত এটা গধুৰ বস্তু, যেনে মজলীয়া আকাৰৰ শিলগুটি ৰখা হ'ল। ফলত বিচনাৰ চাদৰখনৰ থিক সোঁমাজত এটি খাদৰ সৃষ্টি হ'ব। এতিয়া আকৌ এবাৰ মাৰ্বলটো থেলি পঠিয়ালে মাৰ্বলটোৱে পোন বাট এৰি খাদটোৰ দিশে অগ্ৰসৰ হ'ব।

এতিয়া চাদৰত সৃষ্টি হোৱা এই খাদটোক সূর্য বুলি ধৰি লোৱা যাওক। সূর্যই যি বলৰ দ্বাৰা নিজৰ গ্রহকেইটাক ধৰি ৰখাৰ লগতে নিজৰ চৌপাশে ঘূৰিবলৈ বাধ্য কৰে, সেয়াই মহাকৰ্ষণ আৰু যিমান দূৰলৈ সূৰ্যৰ এই বলৰ প্ৰভাৱ থাকে, সেইখনেই সূৰ্যৰ মহাকর্ষণ ক্ষেত্র। বিচনাৰ চাদৰখনত শিলগুটিটোৰ উপস্থিতিয়ে যেনেদৰে এটা খাদৰ সৃষ্টি কৰিছিল, সূর্যৰ মহাকর্ষণেও ঠিক সেইদৰে সূৰ্যৰ চৌপাশে থকা সৌৰজগতৰ স্পেচ-টাইম বা স্থান-কালক বক্ৰ কৰি তোলে। শিলটোৰ ভৰ বৃদ্ধি হ'লে যেনেদৰে বিচনা চাদৰখনৰ খাদটো অধিক গভীৰ হ'ব, একেদৰে অধিক ভৰৰ মহাজাগতিক পদাৰ্থ, যেনে কোনো দানবাকৃতিৰ তৰা, কোৱাচাৰ বা তাৰকাৰাজ্যৰ উপস্থিতিয়ে বিশ্বব্ৰহ্মাণ্ডৰ স্থান-কাল বক্ৰ কৰি তোলে।

আগৰ উদাহৰণটোত উল্ল্যেখ কৰা মাৰ্বলটোক এতিয়া যদি পোহৰ বুলি ধৰি লোৱা হয়, তেন্তে স্থান-কালৰ বক্ৰতাৰ বাবে পোহৰে পোন বাট এৰি বক্ৰভাবে গতি কৰি সূৰ্য বা অতিশয় ভৰযুক্ত আন কোনোবা তৰা অথবা আন মহাজাগতিক পদাৰ্থৰ পিনে গতি কৰিব। ভৰৰ মান যিমানেই বেছি হ'ব, মহাকর্ষণৰ মানো সিমানেই বেছি হ'ব। এই মহাকর্ষণ বলে মহাকাশত ভৰযুক্ত পদাৰ্থটোৰ আশপাশে স্পেস-টাইম বা স্থান-কালক বক্ৰ কৰি তোলে। তাৰফলত, ব্রহ্মাণ্ডৰ সুদূৰতম প্রান্তৰ কোনো তাৰকা বা তাৰকাৰাজ্যৰ পৰা অহা পোহৰ সেই বক্ৰ স্পেস-টাইমৰ মাজেৰেই পাৰ হৈ আহিবলগীয়া হয়। ফলস্বৰূপে যিটো উৎসৰ পৰা বা যিটো মহাজাগতিক পদাৰ্থৰ পৰা পোহৰৰ সেই ৰশ্মিবোৰ আহিছে, সেই পদাৰ্থটো দেখা পোৱষটো সহজ হৈ পৰিব। যি মহাজাগতিক পদাৰ্থসমূহ দূৰত্বৰ বাধাৰ বাবে আমি কেতিয়াও দেখা পোৱা নাই, সেই মহাজাগতিক পদাৰ্থসমূহ স্পষ্ট তথা উজ্বল ভাবে দেখা পোৱাটো সহজ হৈ পৰিব। অসীম দূৰত্বৰ মহাজাগতিক কোনো পদাৰ্থ এটা এনেদৰে স্থান-কালৰ বক্ৰতাৰ সহায়ত সহজতে স্পষ্টকৈ চাব পৰা এই বিশেষ বৈজ্ঞানিক নীতিটোক গ্ৰেভিটেচনেল লেন্সিং বোলা হয়। একেদৰে সূৰ্যৰ মহাকৰ্ষণ ক্ষেত্ৰৰ সহায়ত মহাকাশ দৰ্শন কৰা বিষয়টোক "চোলাৰ গ্রেভিটেচনেল লেন্সিং" (এস.জি.এল) বা সৌৰমহাকৰ্ষণীয় লেন্সিং বোলা হয়। এই সৌৰমহাকৰ্ষণীয় লেন্সিং ব্যৱহাৰ কৰিয়েই বিজ্ঞানীসকলে ইতিমধ্যে "কেপলাৰ-৪৫২-বি" নামৰ সৌৰজগতৰ বাহিৰৰ ভিন্ন গ্ৰহটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

Thursday, 20 April 2017

পিয়াহ নিবাৰণৰ বাবে সাজু পানীৰ টোপোলাবোৰ


আপুনি হয়তো প্লাষ্টিক প্ৰদূষণ সম্বন্ধে সকলোখিনি জনাৰ পিছতো একান্ত প্রয়োজনৰ তাগিদাত দোকানৰ পৰা প্লাষ্টিকৰ বটলত পানী কিনি খাইছে। বিভিন্ন সংস্থা সমূহৰ সমীক্ষা অনুসৰি এনেদৰে পানীৰ ব্যৱসায়ত প্ৰয়োজনীয় প্লাষ্টিকৰ বটল যোগান ধৰাৰ বাবে প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় ৩০ কোটি টন প্লাস্টিকৰ বটল তৈয়াৰ কৰা হয়। ইয়াৰ ৯০ লাখ টন প্লাস্টিক আৱৰ্জনা হিচাবে সাগৰৰ পানীলৈ উটি যায় আৰু ই সামুদ্রিক প্রাণীৰ বাবে মাৰাত্মক ভাবে ক্ষতিকাৰৰক বুলি বিবেচিত হৈছে। প্লাষ্টিক প্ৰদূষণে পানীৰ উপৰিও মাটি আৰু সামগ্ৰিক ভাবে গোটেই পৰিবেশ তন্ত্ৰটোকেই ক্ষতিগ্ৰস্ত কৰি আহিছে।

এই সমস্যাৰ পৰা হাত সৰাৰ উপায় বিচাৰি লণ্ডণৰ ইম্পেৰিয়েল কলেজেৰ ৰদ্ৰিগো গাৰ্চিয়া, পিয়েৰী পাস্লিয়োৰ আৰু গৈলামী কোচ নামৰ বিজ্ঞানীসকলে তৈয়াৰ কৰি পেলালে পানীৰ কেতবোৰ টোপোলা যিবোৰ কোনো পাত্ৰ বা বটল অবিহনে সৰবৰাহ কৰিব পৰা যায়। তেওঁলোকে এই পানীৰ টোপোলাবোৰৰ নাম ৰাখিলে : "ওহো" (OOHO) !

পিছে কি এই "ওহো" ? হাতত ল'লে থিক জেলীৰ দৰেই নৰম যেন লগা সৰু সৰু দুতৰপীয়া আৱৰণেৰে আবৃত একোটা গোলাকাৰ টোপোলাৰ মাজত ৰখা বিশুদ্ধ পানীখিনিয়েই হ'ল "ওহো"। এই ওহোত আছে "ছোডিয়াম এলজিনেট" নামৰ এবিধ পদাৰ্থৰে তৈয়াৰী দুখন পাতল স্বচ্ছ পর্দা। সামুদ্রিক "ব্রাউন এলগী" আৰু কেলচিয়াম লেক্টেট নামৰ পদাৰ্থৰ সহায়ত তৈয়াৰ কৰা হয় এই চোডিয়াম এলজিনেট নামৰ পদাৰ্থটো। কেলচিয়াম লেক্টেট নামৰ পদাৰ্থটো বেকিং পাউদাৰ আৰু "এণ্টাচিদ" বনাবলৈও ব্যৱহাৰ কৰা হয়। এই ছোডিয়াম এলজিনেট নামৰ স্বচ্ছ পদাৰ্থটোৰে তৈয়াৰী আৱৰণৰ মাজত ৰখা পানীখিনিত "জেলীফিকেচন" নামৰ পদ্ধতিৰে মানুহে খাব পৰা "জেলিং এজেন্ট" মিশ্ৰিত কৰা হয়। প্ৰয়োজন অনুসৰি মানুহৰ স্বাস্থ্যৰ বাবে লাগতীয়াল খনিজ লৱণ সমূহো মিহলি কৰা হয়। এনেদৰে তৈয়াৰ কৰা ওহো আমি সচৰাচৰ ব্যৱহাৰ কৰি অহা পানীৰ দৰেই আৰু তুলনামূলক ভাবে কম দামতেই উপলব্ধ হোৱাৰ উপৰিও অধিক স্বাস্থ্য সন্মত। অৱশ্যে বজাৰত বিভিন্ন ফ্লেভাৰযুক্ত ওহো মুকলি কৰাৰো পৰিকল্পনা কৰি থকা হৈছে।

ওহো প্ৰস্তুত কৰাৰ বাবে বৃটিছ বিজ্ঞানীসকলে "spherification" নামৰ এটা পদ্ধতি প্ৰয়োগ কৰিছে। এই পদ্ধতিত প্ৰথমে ছডিয়াম এলজিনেট আৰু এটা বিশেষ জেলিং এজেণ্ট একেলগে মিহলি কৰি এটা সমসত্ব মিশ্ৰণ তৈয়াৰ কৰি মিশ্ৰণটো কেলচিয়াম ক্ল'ৰাইডৰ দ্ৰৱত ৰখা হয়। ইয়াৰ ফলত কেলচিয়ামযুক্ত জেলৰ এখন অতি পাতল আৱৰণ সৃষ্টি হয়। এই জেল আৱৰণখনৰ এটি বৈশিষ্ট হৈছে যে জেলখিনি লৰাই থাকিলে আৱৰণখন গোলাকাৰ বা spherical হৈ পৰে। এতিয়া বিশুদ্ধ পানীখিনিত প্ৰয়োজনীয় সকলো উপাদান যোগ কৰি সদ্য প্ৰস্তুত কেলচিয়ামযুক্ত জেলৰ লগত একেলগে ৰাখি লৰাই থাকিলে spherification ধৰ্মৰ বাবে জেলখিনিয়ে পানীখিনি সামৰি লৈ একোটা গোলাকাৰ পানীৰ টোপোলা সৃষ্টি কৰিব। এই জেল আৱৰণখন স্বাস্থ্যৰ বাবে মুঠেও অপকাৰী নহয়, বৰং আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেলচিয়ামৰ যোগান ধৰা আৰু সহজে মানুহৰ পাকস্থলীত জীণ যাব পৰা এবিধ প্ৰয়োজনীয় যৌগহে। সেয়ে তৃষ্ণাতুৰ ব্যক্তি এজনে ওহোৰ টোপোলাটো পোনে পোনে মুখত লৈ গিলি দিলেই হ'ল। 

পৃথিৱীৰ দ্বিতীয় জোনবাইটো


সেয়া ২৭ এপ্রিল, ২০১৬ চন। হাৱাই দ্বীপপুঞ্জৰ হেলিয়াকালাত অৱস্থিত "পেন-স্টার্স-এক" নামৰ সুবিশাল টেলিস্কোপটোৰে নাছাৰ দ্বাৰা পৰিচালিত তথা হাৱাই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত Institute for Astronomyৰ বিজ্ঞানীসকলে আনদিনাৰ দৰেই আকাশত পিটপিটাই ফুৰিছে। সিদিনা অধ্যয়নৰ বিষয়বস্তু আছিল - "নিয়েৰ আর্থ কম্পেনিয়ন" অৰ্থাৎ পৃথিৱীৰ নিকটবৰ্তী সংগী। হঠাতেই টেলিস্কোপত ধৰা পৰে পৃথিৱীৰ নিকট দূৰত্বত অৱস্থিত প্ৰায় ৬০ৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ অৰ্থাৎ প্ৰায় ফুটবল খেলা খেলপথাৰৰ সমান আয়তনৰ এক মহাজাগতিক পিণ্ড। প্ৰথমে তেওঁলোকে এই মহাজাগতিক পিণ্ডটোক লৈ বেছি আগ্ৰহ দেখুওৱা নাছিল। কিন্তু প্ৰতিদিনেই বিজ্ঞানীসকলে এই মহাজাগতিক পিণ্ডটোৰ চালচলন অৰ্থাৎ গতিপথৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিবদ্ধ কৰি ৰাখিছিল।

তেখেতসকলে লক্ষ্য কৰিছিল যে তেনেই সাধাৰণ যেন লগা এই মহাজাগতিক পিণ্ডটো দৰাচলতে এটি গ্ৰহানু আৰু তাতকৈ আচৰিত কথাটো হ'ল যে এই গ্ৰহানুটোৱে এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে। লগে লগে বিজ্ঞানী সকলৰ মাজত উথপথপ লাগিল। তেওঁলোক ব্যস্ত হৈ পৰিল গ্ৰহানুটোৰ বিষয়ে বিশদ অধ্যয়নত। অৱশেষত দীৰ্ঘদিনীয়া পৰ্যবেক্ষণ আৰু জটিল গাণিতিক পদ্ধতি অৱলম্বন কৰি এই গ্ৰহানুটো পৃথিৱীৰ দ্বিতীয়টো উপগ্ৰহ বুলি নিশ্চিত হয়। অৱশ্যে তেওঁলোকৰ এই আৱিষ্কাৰে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে যোৱা ২০১৭ চনৰ জানুৱাৰী মাহৰ ১৪ তাৰিখে আমেৰিকাৰ চানদিয়েগোত অনুস্থিত হোৱা আমেৰিকান এষ্ট্ৰোনোমিকেল চ'চাইটিৰ বৈঠকত। সিদিনাৰ পৰাই, অৰ্থাৎ আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে পৃথিৱীৰ উপগ্ৰহ দুটা বুলি আনুস্থানিক ভাবে মানি লোৱা হয় আৰু এই গ্ৰহানু বা পৃথিৱীৰ নতুন উপগ্ৰহটোৰ নাম ৰখা হয় - "২০১৬ এইচ-ও-৩"। ইয়াক পৃথিৱীৰ ক্ষুদ্ৰ উপগ্ৰহ বা "কোৱাচি চেটেলাইট" বুলিও কোৱা হয়। এইখিনিতেই এটা প্ৰশ্নই আমাক আমনি কৰে যে যদিহে পৃথিৱীৰ উপগ্ৰহ দুটা থকাটোৱেই সত্য, তেন্তে এই দ্বিতীয় উপগ্ৰহটো ইমান দিনে আৱিষ্কাৰ হোৱা নাছিল কিয় ?

এই প্ৰশ্নৰ উত্তৰত বিজ্ঞানীসকলে যুক্তি দাঙি ধৰি কৈছে যে নতুনকৈ আৱিষ্কাৰ হোৱা এই উপগ্ৰহটো পৃথিৱীৰ নতুন সংগী আৰু ই বিগত মাত্ৰ দুশ বছৰ ধৰি পৃথিৱীৰ চৌপাশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি আহিছে। তদুপৰি আকাৰত তেনেই সৰু হোৱা বাবেও ই আমাৰ দৃষ্টিৰ অগোচৰে ৰৈ আছিল।

"২০১৬ এইচ-ও-৩" বা পৃথিৱীৰ নতুন উপগ্ৰহটোৰ গৱেষণাৰ লগত জড়িত ভাৰতীয় বিজ্ঞানী তথা কোলকাতাৰ ইণ্ডিয়ান চেণ্টাৰ ফৰ স্পেচ ফিজিক্সৰ অধিকর্তা বিশিষ্ট জ্যোতির্বিজ্ঞানী সন্দীপ চক্রবর্তীৰ মতে মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত যি গ্রহাণুপুঞ্জ বা এষ্টেৰয়ড বেল্ট আছে, তাৰপৰাই এই গ্রহাণুটিৰ জন্ম হৈছে। পৃথিবীৰ জন্মৰ প্রায় দহ কোটি বছৰ বা তাতকৈও পিছত কোনো অজ্ঞাত কাৰণত এই গ্ৰহানুটোৱে কৌণিক ভৰবেগ হেৰুৱাই পেলাই আৰু তাৰ ফলত ই গ্রহাণুপুঞ্জৰ পটিৰ পৰা বিচ্যুত হৈ ক্রমে সূর্যৰ মহাকৰ্ষণৰ প্ৰভাৱত মঙ্গল গ্রহ অভিমুখে ধাৱমান হয়। যিহেতু মঙ্গল গ্ৰহৰ অভিকর্ষণ বল কম, সেয়ে ধাৱমান গ্ৰহানুটোক মঙ্গল গ্ৰহই ধৰি ৰাখিব নোৱাৰিলে। কিন্তু মঙ্গল গ্ৰহৰ অভিকৰ্ষণ বলে গ্রহাণুটোৰ কৌণিক ভৰবেগৰ মান আৰু বেছিকৈ হ্ৰাস হোৱাত সহায় কৰে। তাৰফলত মঙ্গল গ্ৰহৰ মাধ্যাকৰ্ষণ অতিক্ৰম কৰি গ্ৰহাণুটো পৃথিবীৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰত সোমাই পৰে। যিহেতু পৃথিৱীৰ মাধ্যাকৰ্ষণ বল মঙ্গল গ্ৰহতকৈ বেছি, পৃথিৱীয়ে এই গ্ৰহাণুটোক এক নিৰ্দিষ্ট কক্ষপথেৰে নিজৰ চাৰিওদিশে ঘূৰাই লৈ ফুৰিছে। সম্ভৱতঃ বিগত দুশ বছৰ ধৰি এনেদৰে এই গ্ৰহাণুটোৱে পৃথিবীৰ চৌপাশে নির্দিষ্ট কক্ষপথেৰে অবিৰাম ঘুৰি আছে। আৰু এনেদৰেই পৰবৰ্তী পাঁচ বা ছয়শ বছৰলৈ ই পৃথিবীৰ উপগ্ৰহ হিচাবে কক্ষপথত থাকিব। তাৰপিছত পুনৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ কবলত পৰি গ্ৰহাণুটোৱে নিজৰ কৌণিক ভৰবেগ হেৰুৱাই পেলাব আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণৰ পৰা মুক্ত হৈ গতি কৰিব শুক্ৰ বা বুধ গ্ৰহ অভিমুখে। কিন্তু শুক্ৰ বা বুধ - দুয়োটা গ্ৰহই আকাৰ, আয়তন আৰু ভৰৰ ক্ষেত্ৰত পৃথিৱীতকৈ যথেষ্ঠ সৰু হোৱা বাবে গ্ৰহাণুটোৱে বুধ বা শুক্ৰ গ্ৰহৰ উপগ্ৰহ হিচাবে নেথাকি ধাৱমান হ'ব সূৰ্যৰ দিশে আৰু এদিন সুৰুযৰ বুকুত বিলীণ হৈ যাব।

Monday, 17 April 2017

ব্লেকহোলৰ প্ৰথমখন আলোকচিত্ৰ


সম্প্ৰতি বিজ্ঞানীসকলে দাবী কৰা মতে টেলিস্কোপৰ তীক্ষ্ণ দৃষ্টিত অৱশেষত ধৰা পৰিল সেই ভোকাতুৰ মহাদানব "ব্লেকহোল"ৰ অৱস্থিতি। বিজ্ঞানী মহলত উত্তেজনা তুঙ্গত। এই যে মহাবিশ্বৰ মহাদানবৰ সতে হোৱা প্ৰত্যক্ষ দৰ্শনত তেওঁলোকে আৱদ্ধ কৰি ৰাখিলে আমাৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা সেই দানবাকৃতিৰ সুপাৰ ম্যাচিভ ব্ল্যাকহোলটোৰ আলোকচিত্ৰ যাৰ নাম- "সেজিটেৰিয়াচ-এ" ! 

আমাৰ মনলৈ অহা প্ৰথম প্ৰশ্নটোৱেই হ'ব - কিদৰে সম্ভৱ হ'ল ব্লেকহোলৰ আলোকচিত্ৰ যাৰ পৰা কেতিয়াও পোহৰে নিস্তাৰ পোৱা নাই ? দৰাচলতে ব্লেকহোলৰ চৌদিশৰ "ঘটনা দিগন্ত" বা event horizonৰ আলোকচিত্ৰখনকেই ব্লেকহোলৰ আলোকচিত্ৰ বুলি কোৱা হৈছে।

যোৱা ৭ এপ্ৰিল ২০১৭ৰ পৰা ১১এপ্ৰিল ২০১৭লৈ সেই বিশেষ পাঁচটা বিনিদ্ৰ নিশাটেই মাচাচুছেট ইন্সটিটিউট অফ টেকনোলজীৰ বিজ্ঞানী সকলে সেই মহাদানবৰ আলোকচিত্ৰ তোলাৰ জটিল প্ৰক্ৰিয়াটো সম্পন্ন কৰিছে।সেই সময়ত, একেলগে পৃথিবীৰ চাৰিখন মহাদেশ এন্টার্কটিকা, উত্তৰ আমেৰিকাৰ এৰিজোনা আৰু মেক্সিকো, দক্ষিণ আমেৰিকাৰ চিলিৰ লগতে স্পেইনৰ সৰ্বমুঠ ৮ খন বেলেগ বেলেগ স্থানৰ পৰা বিশালকায় ইভেন্ট হৰাইযন টেলিস্কোপৰ সহায়ত এই আলোকচিত্ৰখন সংগ্ৰহ কৰা হৈছিল। এই মহাদানবৰ ভৰ আমাৰ সূর্যতকৈ অন্তত ৫০০ কোটি গুণ বেছি আৰু ইয়াৰ দূৰত্ব আমাৰ সৌৰমণ্ডলৰ পৰা প্ৰায় ২৬ হাজাৰ আলোকবর্ষ। অৱশ্যে বিজ্ঞানীসকলে সংগ্ৰহ কৰা সেই আলোকচিত্ৰ সমুহ আমি দেখা পাবলৈ ২০১৮ চনলৈ বাট চাব লাগিব। লিখনিটোৰ লগত সন্নিবিষ্ট কৰা চিত্ৰখন শিল্পীয়ে অঁকা ব্লেকহ'লৰ ছবিহে। 

আগ্ৰহী সকলে অধিক তথ্যৰ বাবে তলৰ লিংকটো খুলি চাব পাৰে :https://www.google.co.in/amp/s/futurism.com/astronomers-might-have-finally-taken-the-first-image-of-a-black-hole/amp/

Tuesday, 11 April 2017

পালেং শাকৰ পাতত মানুহৰ হৃদয়ৰ স্পন্দন


শাকনিত লহপহকৈ গজি উঠা পালেং শাকবোৰ খাদ্য হিচাবে কিমান উপকাৰী সেয়া আমি সকলোৱেই জানো। কিন্তু যদিহে কোৱা হয় যে পালেং শাকৰ পাতবোৰ হৃদযন্ত্ৰৰ দৰেই ৰক্ত সংবহন কাৰ্যত ব্যৱহাৰযোগ্য কৰি তোলাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে, তেন্তে আমি আচৰিত হোৱাৰেই কথা। পিছে আচৰিত হ'লেও এই অসম্ভৱ যেন লগা কথাটোকেই বিজ্ঞানীসকলে পৰীক্ষাগাৰত প্ৰায় সম্ভব কৰি তুলিছে। সম্প্ৰতি Massachusettsত অৱস্থিত Worcester Polytechnic Instituteৰ এদল বিজ্ঞানীয়ে পৰীক্ষাগাৰত পালেং শাকৰ পাতত মানুহৰ হৃদয়ৰ স্পন্দন সৃষ্টি কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তোলাৰ লগতে হৃদযন্ত্ৰৰ অসুখত ভোগা অগণন ৰোগীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা। বিজ্ঞানীসকলৰ এই সাফল্যই মানুহৰ দেহত কৃত্ৰিম অংগ সংস্থাপণৰ বাট মুকলি কৰিলে। গৱেষক বিজ্ঞানীৰ দলটোৰ মুৰব্বী প্রফেচাৰ গ্লেন গডেট। তেওঁৰ অধীনত আছে গৱেষক ছাত্ৰ জোচোৱা গেৰস্লাক। 

এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ বাবে বিজ্ঞানীসকলে প্ৰথমে কিছু পালেং শাকৰ পাত লৈ সেই পাতবোৰ ক্ষাৰকীয় মাধ্যমত ডুবাই ৰাখে যাতে পালেং শাকৰ পাতত থকা বিভিন্ন কোষ আৰু পত্ৰহৰিতবোৰ ক্ৰমে পাতবোৰৰ পৰা আঁতৰি যায়। কিছুদিনৰ ভিতৰতেই পালেং শাকৰ পাতবোৰৰ পৰা বিভিন্ন কোষ আৰু পত্ৰহৰিৎ সমূহ নোহোৱা হৈ কেবল চেলুলোজৰ পাতল তৰপটোহে ৰ'লগৈ। এই পাতল তৰপটোত অৱশ্যে সিৰা উপসিৰাৰে গঠিত পালেং শাকৰ পাতৰ সিৰা বিন্যাসটো অক্ষত হৈ ৰৈছিল। উল্ল্যেখনীয় কথাটো হ'ল যে এই সিৰা বিন্যাসৰ জৰিয়তে গছৰ পাতলৈ শিপাই শোষণ কৰা পানী সৰবৰাহ হয়। এইবাৰ বিজ্ঞানীসকলে পালেঙৰ পাতৰ পাতল চেলুলোজৰ তৰপটোত গ্ৰাফ্টিং পদ্ধতিৰ সহায়ত মানুহৰ হৃদযন্ত্ৰৰ কোষ সংস্থাপণ কৰি কলাকৰ্ষণ বা টিচু কালচাৰৰ সহায়ত পালেঙৰ পাতত ৰৈ যোৱা চেলুলোজৰ তৰপটোত হৃদযন্ত্ৰৰ কোষবোৰৰ বিভাজন কৰাবলৈ সক্ষম হয়। বিভাজনৰ ফলত সৃষ্টি হোৱা হৃদযন্ত্ৰৰ অপত্য কোষবোৰে পালেঙৰ পাতৰ চেলুলোজৰ তৰপটোত ক্ৰমান্বয়ে হৃদপিণ্ডৰ কলাতন্ত্ৰ সৃষ্টি কৰি পেলায়। 

এই সাফল্যই বিজ্ঞানী সকলক দুগুণে উৎসাহী কৰি তোলে। তেওঁলোকে মন কৰিলে যে চেলুলোজৰ তৰপটোত সৃষ্টি হোৱা হৃদযন্ত্ৰৰ কলা সমূহে এক ছন্দময় গতিত সংকোচন প্ৰসাৰণো আৰম্ভ কৰিছে, সাইলাখ মানুহৰ হৃদযন্ৰৰ দৰেই ! এই সংকোচন প্ৰসাৰণে চেলুলোজৰ তৰপটোত থকা পালেঙৰ পাতৰ সিৰা বিন্যাসকো প্ৰভাবিত কৰিছে যাৰ ফলত এই সিৰা উপসিৰা সমূহে মানুহৰ দেহত তেজ সৰবৰাহ কৰা সিৰা আৰু ধমনীসমূহৰ দৰেই প্ৰতিক্ৰিয়া দেখুৱাইছে। এইবাৰ বিজ্ঞানীৰ দলটোৱে চেলুলোজৰ তৰপটোত থকা পালেঙৰ সিৰা বিন্যাসটোত ৰঙীন তৰল এবিধ ৰাখিলে। আৰু কি আচৰিত, সাইলাখ হৃদপিণ্ডৰ মাজেৰে তেজ সৰবৰাহ হোৱাৰ দৰেই পালেঙৰ পাতটোৰ সংকোচন প্ৰসাৰণৰ জৰিয়তে ৰঙীন তৰল বিধ পালেঙৰ পাতটোৰ মাজেদি প্ৰবাহিত হ'বলৈ ধৰিলে !

জোচোৱা গেৰস্লাক আৰু তেওঁৰ গাইড গডেটৰ মতে এই গৱেষণাই মানুহৰ দেহত কৃত্ৰিম হৃদপিণ্ড সংস্থাপণৰ বাট মুকলি কৰিলে। অদূৰ ভৱিষ্যতে মানুহৰ দেহত কৃত্ৰিম হৃদপিণ্ড সংস্থাপণৰ সম্ভাৱনাৰ এই বিষয়টো লৈ প্ৰখ্যাত ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ ড° ৰবীন চক্রবর্তীয়ে কয় যে :
"গাছ এবং মানুষের সংবহনতন্ত্রের কাজের ধরন আলাদা হলেও কর্মপদ্ধতির অনেকটাই মিল আছে। এই দুই ক্ষেত্রে বায়োলজিক্যাল সাদৃশ্য রয়েছে। যে ভাবে হার্টের টিস্যুর মধ্যে দিয়ে রক্ত, অক্সিজেন এবং নিউট্রিয়েন্ট্স প্রবাহিত হয়, পালং পাতার জালিকাতেও সেই পদ্ধতিতেই রক্ত প্রবাহিত হতে পারে।”


Wednesday, 22 March 2017

মৃত্যুশয্যাত প্ৰবাহমান সময়


সময় মহামূল্যবান, অথচ আমি সময়ক কেতিয়াও দেখা পোৱা নাই। চুই চাব পৰা নাই সময়। বোৱতী নদীৰ সোঁতৰ দৰে চিৰ প্ৰবাহমান হৈ মাথো বৈ গৈছে সময়। কলৈ, আমি নেজানো। সময়ে নীৰবে আমাক লৈ কঢ়িয়াই লৈ ফুৰিছে ভৱিষ্যতৰ অজান মূহুৰ্তৰে ভৰা সময়ৰ আন এখন জগতলৈ।
কিন্তু কি এই সময় যাৰ সঠিক খবৰ ৰাখিবলৈ আমি তাহানিৰ পৰাই সাজি আহিছো বালি ঘড়ীৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ শেহতীয়া সংযোজন - পাৰমানবিক ঘড়ী।
সময়েতো কাৰোবাৰ বাবে অপেক্ষাত নৰয়। অবিৰাম গতিত আগবাঢ়ে সময়। আমাৰ মৃত্যুৰ পিছতো চলমান হৈ ৰ'ব সময়। আমাৰ উত্তৰ পুৰুষেও সময়ক লৈ ব্যস্ত হ'ব। সময়ৰ আতিগুৰি বিচাৰি গৱেষণা অব্যাহত ৰাখিব - সময় অনন্ত ? নে সময় এদিন নোহোৱা হৈ যাব ?
অৰ্থাৎ সময়ৰ মৃত্যু !!! হয়, সময়ৰ মৃত্যু। সম্প্ৰতি বিজ্ঞানী সকলে ধৰি লৈছে যে- সময় অনন্ত নহয়। এই বিশ্বব্রহ্মাণ্ডখনে নির্দিষ্ট এক সময়ৰ হাতত ধৰিয়েই আজিৰ পৰা কেইবা বিলিয়ন বছৰ পূর্বেই যাত্রা আৰম্ভ কৰিছিল। এক নিৰ্দিষ্ট পর্যায়ৰ পিছত যিহেতু বিশ্বব্ৰহ্মাণ্ডখনেই ধ্বংসপ্ৰাপ্ত হ'ব, সেই ধ্বংসই সময়ৰো অন্তিম মূহুৰ্তটোক আমন্ত্ৰণ কৰিব। অৰ্থাৎ সময়ৰ মৃত্যু ঘটিব।
সময়ে ইতিমধ্যে শৈশব আৰু কৈশোৰ কাল অতিক্ৰম কৰি যৌৱনৰ দেওনাও অতিক্রম কৰিবলৈ ওলাইছে। এই মহাবিশ্বৰ সম্প্রসাৰণৰ লগে লগে সময়ৰ বয়সো বৃদ্ধি পাইছে। আমাৰ দৃশ্যমান মহাবিশ্বৰ অবস্থান ভেদে সময়ৰ মান ভিন ভিন হয়। মহাবিশ্বৰ কোনো এক স্থানৰ সময় এবছৰ হ'লে আমাৰ পৃথিবীত সেই সময় মাত্ৰ এদিনো হ'ব পাৰে। একেদৰে বিশ্বব্ৰহ্মাণ্ডৰ কোনো স্থানৰ ১ ছেকেণ্ড পৃথিবীৰ বাবে কেইবাবছৰো হ'ব পাৰে। সময়ৰ এই আপেক্ষিকতাৰ ধাৰণা সৰ্বপ্ৰথম এলবাৰ্ট আইনষ্টাইনে আগবঢ়াইছিল। আচলতে সময় নামৰ ৰাশিটোৰ মান বা গতিশীলতা কোনোটোৱেই ধ্ৰুৱক বা স্থিৰ নহয়।
সময়ে এক সুদীর্ঘ পথ অতিক্রম কৰিহে আমাৰ কাষলৈ আহিছে। এই মহাবিশ্বৰ যিদিনা জন্ম হৈছিল, ঠিক সেইদিনাই সময়ৰো জন্ম হৈছিল। তেনেক্ষেত্ৰত সময়ৰ বর্তমান বয়স ১৩.৮ বিলিয়ন বছৰ। সেয়েহে পৃথিৱীৰ সময় অনুযায়ী সময়ৰ বয়স তেৰশ আশী কোটি বছৰ। ক্ৰমে বাৰ্ধক্যৰ দিশে আগবঢ়া সময় বাৰু আৰু কিমান দিনলৈ জীয়াই থাকিব ?
সময়ৰ আসন্ন মৃত্যু সম্বন্ধে বিজ্ঞান সমাজত গুণাগঁথা ইতিমধ্যেই আৰম্ভ হৈছে। সম্প্ৰতি বিজ্ঞানীসকলে সময়ৰ মৃত্যু সম্বন্ধে ৫টা তত্ব আগবঢ়াইছে। এই তত্ব কেইটাৰ ভিতৰত ৪টা তত্বৰ সময় আৰু ৩.৫ বিলিয়ন বছৰ হে জীয়াই থাকিব। কিন্তু ৫মটো তত্বই আচৰ্যকৰ ভাবে তথ্য দাঙি ধৰিছে যে আপুনি এই লিখনিটো পঢ়ি শেষ কৰাৰ কিছু আগতেই সময়ৰ মৃত্যু হ'ব পাৰে।
অৰ্থাৎ সময়ৰ স্থায়ীত্ব এক অনিশ্চয়তাৰ বেহা। সময় যেন আজোককাৰ দিনৰেই পুৰণি ৱাল ক্লকটো হে, কেতিয়া বন্ধ হৈ যায় তাৰ একো নিশ্চয়তা নাই !!!

Monday, 20 March 2017

ভৱিষ্যতৰ এখন নতুন তাৰকাৰাজ্য : মিল্কোমেডা


মহাজাগতিক প্ৰেক্ষাপটত এক শিহৰণ সৃষ্টিকাৰী পৰিঘটনাৰ কুচকাৱাজ আৰম্ভ হৈছে। আমি বাস কৰা তাৰকাৰাজ্য হাতীপটি আৰু বিশালকায় M31বা এন্ড্ৰমেডা তাৰকাৰাজ্য - দুয়োখনেই প্ৰতি ঘণ্টাত ৪,৩২,০০০ কিমি কৈ পৰস্পৰৰ দিশে আগবাঢ়ি আহি আছে। ইয়াৰ পৰিণতি স্বৰূপে আগন্তুক ২.৫ বিলিয়ন বছৰৰ পিছত এই দুই বিশাল তাৰকাৰাজ্যই পৰস্পৰক প্ৰথম স্পৰ্শ কৰিব। এই সংঘৰ্ষৰ ফলত দুয়োখন তাৰকাৰাজ্য একত্ৰিত হৈ আন এখন বিশাল আকাৰৰ নতুন তাৰকাৰাজ্য সৃষ্টি কৰিব। বিজ্ঞানী সকলে ভৱিষ্যতে সৃষ্টি হ'বলগীয়া এইখন তাৰকাৰাজ্য খনৰ নাম ৰাখিছে মিল্কোমেডা। অৱশ্যে এই বিশেষ ঘটনাটো সংঘটিত হৈ মিল্কোমেডা সৃষ্টি হ'বলৈ প্ৰায় ৪ (চাৰি) বিলিয়ন বছৰ সময়ৰ প্ৰয়োজন হ'ব। 

আমাৰ সৌৰজগতৰ জন্ম হৈছিল আজিৰ পৰা ৪.৭ বিলিয়ন বছৰ আগতে। বিজ্ঞানী সকলৰ মতে সেই সময়ত এন্ড্ৰমেডা আৰু হাতীপটিৰ মাজৰ দূৰত্ব আছিল ৪.২ মিলিয়ন আলোকবৰ্ষ। কিন্তু বৰ্তমান সময়ত এই দুই তাৰকাৰাজ্যৰ মাজৰ দূৰত্ব হৈছেহি মাত্ৰ ২.৬ মিলিয়ন আলোকবৰ্ষ। ইয়াৰ পৰা এইটো প্ৰতিপন্ন হয় যে দুয়োখন তাৰকাৰাজ্য অকল্পনীয় বেগত পৰস্পৰৰ দিশে আগবাঢ়ি আহিছে। এইখিনিতেই এটা প্ৰশ্ন হয় যে হাব'লৰ তত্ব অনুসৰি সম্প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডত তৰকাৰাজ্য সমূহ পৰস্পৰৰ পৰা আঁতৰি হে গৈছে। তেনেস্থলত হাতীপটি আৰু এন্ড্ৰমেডাৰ মাজৰ সংঘৰ্ষ কেনেদৰে সম্ভৱ ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানী T. J. Cox আৰু Abraham Loeb য়ে কয় যে সম্প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডত যদিও মহাজাগতিক পদাৰ্থসমূহ পৰস্পৰৰ পৰা আঁতৰি গৈ আছে, তুলনামূলক ভাবে নিকট দূৰত্বত থকা তাৰকাৰাজ্য সমূহ মহাকৰ্ষণীয় বলৰ দ্বাৰা আকৰ্ষিত হৈ পৰস্পৰৰ দিশে আগবাঢ়ি আহি আছে। তেনে মহাকৰ্ষণীয় বলৰ প্ৰভাবতেই আজি আমাৰ হাতীপটি আৰু এন্ড্ৰমেডা মুখামুখি সংঘৰ্ষৰ পথত। 

আমাৰ সৌৰজগতখনৰ আয়ুস প্ৰায় ১০ বিলিয়ন বছৰ। সেইমতে সূৰ্যকে আদি কৰি পৃথিৱী আৰু অন্যান্য গ্ৰহ উপগ্ৰহবোৰ আৰু ৫ বিলিয়ন বছৰ জীয়াই থাকিব। তেনেক্ষেত্ৰত হয়তো ২.৬ বিলিয়ন বছৰ পিছত আমাৰ উত্তৰ পুৰুষে এই মহাজাগতিক সংঘৰ্ষ প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। স্বাভাৱিকতেই আমাৰ মনলৈ এটা প্ৰশ্ন আহে - সেই সংঘৰ্ষৰ সময়ত আমাৰ সৌৰজগতৰ কি দশা হ'ব ?

T. J. Cox আৰু Abraham Loebৰ মতে এই দুই তাৰকাৰাজ্যই ২.৬ বিলিয়ন বছৰ পিছত যেতিয়া পৰস্পৰক প্ৰথম স্পৰ্শ কৰিব, তেতিয়া তাৰকাৰাজ্য দুখনৰ মূল থাল দুখনৰ পৰা প্ৰসাৰিত হৈ থকা বাহুবোৰে পৰস্পৰক খুন্দা মাৰিব। আমাৰ সৌৰজগতখন যিহেতু হাতীপটিৰ কেন্দ্ৰৰ পৰা আঁতৰৰ বাহুত অৱস্থিত, সেয়ে এই দুই তাৰকাৰাজ্যৰ প্ৰথম সংঘৰ্ষতেই আমাৰ সৌৰজগতখন হাতীপটি তাৰকাৰাজ্যৰ পৰা ছিটিকি গৈ এন্ড্ৰমেডা তাৰকাৰাজ্যৰ বাসিন্দা হৈ পৰিব। ইয়াৰ পিছত অবিৰত ভাবে এই সংঘৰ্ষ প্ৰক্ৰিয়া প্ৰায় ১.৪ বিলিয়ন বছৰ ধৰি চলি থাকিব আৰু পৰ্যায়ক্ৰমে এই দুই তাৰকাৰাজ্যই নিজৰ নিজৰ উপাদান সমূহ একত্ৰিত কৰি একাকাৰ হৈ পৰি গঢ়ি তুলিব আন এখন নতুন তাৰকাৰাজ্য - "মিল্কোমেডা" !

অধিক তথ্যৰ বাবে তলৰ ভিডিওটো চাব পাৰে :https://youtu.be/tq4Q-UIHpJc


নিজৰ দেহত বৈজ্ঞানিক পৰীক্ষা কৰা বিজ্ঞানীসকল


পৰীক্ষা, গৱেষণা আদিবোৰ বিজ্ঞানৰ অপৰিহাৰ্য অংগ। পৰীক্ষালব্ধ প্ৰমাণ অবিহনে বিজ্ঞানত একোৱেই গ্ৰহণযোগ্য নহয়। আজিৰ পৰা ৩০০ বছৰ আগত এনে ধৰণৰ বৈজ্ঞানিক পৰীক্ষাসমূহ সম্পন্ন কৰাৰ বাবে উন্নত মানৰ গৱেষণাগাৰ আৰু প্ৰয়োজনীয় যন্ত্ৰপাতিবোৰো নাছিল। তথাপিও সেই সময়চোৱাত বিজ্ঞানীসকল ক্ষান্ত হোৱা নাছিল। নিৰবছিন্ন ভাবে অতি সীমিত সা-সুবিধা খিনিকেই গ্ৰহণ কৰি তেওঁলোকে আৱিষ্কাৰ কৰি গৈছিল এটাৰ পিছত আনতোকৈ বিজ্ঞানৰ নতুন নতুন সত্য। এনে পৰীক্ষাবোৰৰ কোনোবাটো আছিল অতি জটিল, আনহাতে কোনোবাটো আকৌ অতি বিপদসংকুল। যদি কোনোবাটো পৰীক্ষা হাস্যকৰ, আন কোনোবাটো শিহৰণ সৃষ্টিকাৰী। এনে অসংখ্য পৰীক্ষাও আছে, যিবোৰ বিজ্ঞানীসকলে নিজৰ দেহতেই সম্পন্ন কৰিছিল। আজি দুটামান তেনে পৰীক্ষাৰ কথাকেই উনুকিয়াব খুজিছো।

ইটালীৰ Lazzaro Spallanzani নামৰ বিজ্ঞানীজনে পাকস্থলীত খাদ্যৰ পাচন প্ৰক্ৰিয়া কেনেদৰে সম্পন্ন হয় সেইটো জানিবলৈ linenৰ কিছুমান সৰু সৰু মোনা তৈয়াৰ কৰি তাত বিভিন্ন খাদ্য ভৰাই লৈ দৃঢ় তথা মিহি সূতাৰে বান্ধি গিলি থৈছিল। কেইঘণ্টামান উকলাৰ পিছত তেওঁ সূতাডালত ধৰি খাদ্যৰ সৰু মোনাবোৰ পুনৰ পেটৰ পৰা টানি টানি উলিয়াই আনি খাদ্যৰ পাচন ক্ৰিয়া সম্বন্ধে অধ্যয়ণ কৰিছিল।

১৬৭০ চনৰ কথা। চাৰ আইজাক নিউটনে তেতিয়া পোহৰৰ ধৰ্ম সম্বন্ধে অধ্যয়ণ কৰি আছিল। তেনেতে এজন মানুহে নিউটনক ক'লেহি যে তেওঁ প্ৰায়েই চকুৰ সন্মুখত বিভিন্ন ৰঙৰ ছায়ামায়া কিছুমান বিশেষ আকৃতিৰ বিন্দু সদৃশ গঠন উৰি ফুৰা দেখা পায়। কথাটোৱে নিউটনক ভাবিবলৈ নতুন খোৰাক এটি দিলে। এই বিশেষ ঘটনাটোৰ লগতে পোহৰৰ বৰ্ণালী সম্বন্ধে মনলৈ অহা বিভিন্ন ধাৰণা সমূহৰ ওপৰত পৰীক্ষা কৰাৰ মানসেৰে এইবাৰ তেওঁ ভাবি উলিয়ালে এটা শিহৰণকাৰী পৰীক্ষা। এটা ভোটা কাপোৰ চিলোৱা বেজী লৈ নিউটনে নিজৰ চকুৰ পতা আৰু চকুৰ মনিটোৰ মাজেৰে অক্ষিকোটৰত হেঁচি ধৰিলে যাতে বেজীটোৰ হেঁচাত চকুৰ মনিটোৰ বক্ৰতা (curvature) সলনি হয়। এই অদ্ভুত পৰীক্ষাটোৰ পৰা পোৱা ফলাফলে নিউটনক পোহৰৰ অধ্যয়নত প্ৰিজমৰ ব্যৱহাৰ কৰাৰ প্ৰেৰণা দিছিল।

১৯০৮ চনত লণ্ডণৰ এজন বিজ্ঞানী ডা° Henry Headয়ে এটি অতি ভয়াবহ পৰীক্ষা কৰি পেলাইছিল। পেছাত এজন ডাক্তৰ হিচাবে তেখেতৰ গৱেষণাৰ বিষয় আছিল প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অক্ষমতাই মানুহৰ সংবেদনাক কেনেদৰে প্ৰভাবিত কৰে। এই বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ নিজৰ দেহতেই অস্ত্ৰোপচাৰ কৰি প্ৰান্তীয় স্নায়ুতন্ত্ৰক অকামিলা কৰি লৈছিল। কোৱা বাহুল্য যে তেখেতৰ গৱেষণা গ্ৰন্থ "A human experiment in nerve division" চিকিৎসা বিজ্ঞানৰ এখন অমূল্য দস্তাবেজ।

অষ্ট্ৰেলিয়াৰ এজন ডাক্তৰ Barry Marshallয়ে পেপ্টিক আলচাৰৰ ওপৰত গৱেষণা কৰি থাকোতে তেওঁৰ ধাৰণা হৈছিল যে Helicobacter pylori নামৰ বেক্টেৰীয়াবোৰেই এই ৰোগৰ কাৰক। এই বিষয়ে সত্যতা নিৰূপণ কৰাৰ বাবে বিজ্ঞানী Barry Marshallএ Helicobacter pylori নামৰ বেক্টেৰীয়াৰে পৰিপূৰ্ণ পেট্ৰিডিচ এখনৰ সমূদায় কৰ্ষণ মাধ্যমখিনি গিলি পেলাইছিল। তেওঁৰ গৱেষণাই ফল দিলে কিয়নো পেপ্টিক আলচাৰ ৰোগৰ কাৰণ আৰু ইয়াৰ চিকিৎসা আৱিষ্কাৰ হ'ল। এই আৱিষ্কাৰৰ বাবে Barry Marshallক নোবেল বঁটাৰে সন্মানিত কৰা হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তত এসময়ত পোলিঅ ৰোগে মহামাৰীৰ ৰূপ লৈছিল। সেই সময়ত পলিঅ ৰোগৰ কোনো চিকিৎসাও নাছিল। বিশ্বৰ শিশুবোৰক পলিঅৰ আক্ৰমণৰ পৰা বচাবলৈ Jonas Salk নামৰ এজন ডাক্তৰে তেওঁৰ গৱেষণা আৰম্ভ কৰি দিলে। কিছুদিনৰ অন্তত তেওঁ পলিঅ নিৰ্মূল কৰিব পৰা এটা ভেকচিন আৱিষ্কাৰ কৰিলে। কিন্তু সমস্যাটো আহিল ভেকচিনটো নিৰাপদ হয়নে নহয় সেইটো নিৰ্ণয় কৰাক লৈ। শেষত Jonas Salkএ সেই পলিঅ ভেকচিনটো পৰীক্ষা কৰিবলৈ প্ৰথমে নিজৰ দেহত আৰু পিছত নিজৰ তিনি বছৰীয়া পুত্ৰৰ দেহত প্ৰয়োগ কৰি ভেকচিনটো নিৰাপদ বুলি প্ৰমাণ কৰে।

বিজ্ঞানৰ জগতখনত এনে আৰু বহুতো আচৰ্যকৰ পৰীক্ষা বিজ্ঞানী সকলে সম্পন্ন কৰিছে যিবোৰে আমাক আচৰিত কৰাৰ লগতে শিহৰিত কৰিও তোলে। 

Tuesday, 14 March 2017

যেতিয়া সময় স্থবিৰ হৈ যায়


সময় গতিশীল। গতিশীলতাই সময়ৰ ধৰ্ম। সময়ক লৈ বিজ্ঞানী সকলৰ তৎপৰতা কেতিয়াও কমা নাই, বৰং সদায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে সময়ৰ ওপৰত বিভিন্ন গৱেষণা অব্যাহত ৰাখিছে। তেওঁলোকৰ মনত অযুত প্ৰশ্ন : সময় কি , সময় অনাদি-অনন্ত নেকি, সময়ৰ জন্ম হৈছিল নে অথবা সময়ৰ মৃত্যু সম্ভৱ নে ইত্যাদি ইত্যাদি…। 

কল্পনা কৰকচোন এখন এনে ঠাইৰ কথা য'ত সময়ৰ কোনো অস্তিত্বই নাই ! কেবল সময়েই নহয়, এনে এখন ঠাই য'ত কোনো দৃশ্যমান পদাৰ্থ, অনু-পৰমাণু, পোহৰ আদি একোৱেই নাই। এখন এনে ঠাই য'ত কোনো স্থান নাই, নাই আপুনি বা মই সদায়েই কৈ অহা প্ৰকৃতিৰ নিয়মবোৰো। য'ত আধুনিক বিজ্ঞানৰ সকলো নিয়ম, সূত্ৰ আদিবোৰ অৰ্থহীন !

আজি গতিশীল সময়ৰ গতিৰ সীমাবদ্ধতা সম্বন্ধে কিছু কথা অতি সৰল ভাবে আলোচনা কৰিব খুজিছো। আমি প্ৰতিজনেই ব্লেকহোল বা কৃষ্ণগহ্বৰৰ কথা শুনিছো। কৃষ্ণগহ্বৰ সম্বন্ধে এটা আমাৰ সাধাৰণ ভুল ধাৰণা হ'ল– এইবোৰে ভেকুৱাম ক্লিনাৰৰ দৰেই সকলো বস্তু শোষণ কৰি লয়। কিন্তু সেইটো সত্য নহয়। আচলতে ব্লেকহোলবোৰৰ ঘনত্ব অপৰিসীম আৰু সেয়ে ব্লেকহোলবোৰৰ কেন্দ্রৰ অভিকর্ষণ বলো কল্পনাতীত ভাবেই বেছি। বিজ্ঞানৰ ভাষাত ইয়াকেই gravitational singularity বুলি কোৱা হয়। এই gravitational singularityৰ আশেপাশে থকা প্ৰতিটো সৰু বৰ পদাৰ্থ আনকি পোহৰো ব্লেকহোলবোৰে নিজৰ কেন্দ্ৰৰ দিশে অবিৰাম শোষিত কৰে। কিন্তু এই সকলোবোৰেই সম্ভব এটা নির্দিষ্ট সীমা বা পৰিধিৰ ভিতৰত হে। আচলতে ব্লেকহোলৰ অভিকর্ষণ বল আৰু সময়ৰ গতিৰ মাজত এটা সুসম্পর্ক আছে। সময়ে সদায় সন্মুখলৈ গতি কৰিব বিচাৰে আনহাতে ব্লেকহোলৰ অভিকৰ্ষণ বলে সময়ক বিচাৰে বান্ধি ৰাখিবলৈ। সময়ক বান্ধি ৰাখিবলৈ প্ৰয়োজন হোৱাকৈ যদিহে ব্লেকহোল এটাৰ পৰ্যাপ্ত অভিকৰ্ষণ বল থাকে, তেন্তে সময় এনে এটা অভিকর্ষণ বলৰ দ্বাৰা পৰিবেষ্টিত হৈ পৰে যে তাৰ পৰা পোহৰ আৰু সময় দুয়ো নিস্তাৰ নাপায়।

প্রত্যেকটো ব্লেকহোলৰ চৌদিশে এক চক্রাকাৰ এলেকা আছে। এই এলেকাটোক ‘ঘটনা দিগন্ত' বা event horizon বোলা হয়। এই ইভেন্ট হৰাইজন হৈছে ‘পইন্ট অফ নো ৰিটাৰ্ণ’। অর্থাৎ এই ইভেন্ট হাৰাইজন ৰেখা অতিক্রম কৰি আগবাঢ়িলে ব্লেকহোলৰ প্ৰচণ্ড অভিকৰ্ষণ বলৰ প্ৰভাবৰ পৰা কোনো পদাৰ্থ অানকি সময়ো সাৰি যাব নোৱাৰে। ইয়াতেই সময় ৰৈ যাব। স্থবিৰ হৈ পৰিব সময় নামৰ গতিশীল ভৌতিক ৰাশিটো। সকলোবোৰ ঘড়ীয়েই হৈ পৰিব একোটা পুতলা। ব্লেকহোলৰ অপৰিসীম অভিকর্ষণ বলৰ বাবেই এই ইভেন্ট হৰাইজনৰ ইপাৰ আৰু সিপাৰৰ ঘটনাৰাজি ভিন্ন। কেতবোৰ বিচিত্র ঘটনা আৰু কাণ্ড-কাৰখানাৰে পৰিপূৰ্ণ এই ইভেণ্ট হৰাইজনৰ সিপাৰ। 

ধৰি লোৱা হ'ল আপুনি ঘটনা দিগন্তৰ এই পাৰে সম্পূৰ্ণ এক নিৰাপদ অৱস্থানত আছে। কিন্তু আপোনাৰ এজন বন্ধু ভুলবশত: ইভেন্ট হৰাইজনৰ সিপাৰলৈ গুছি গৈ ব্লেকহোলৰ ভিতৰ পালেগৈ। অবাস্তব হ'লেও যুক্তিৰ খাতিৰত ধৰি লওক ব্লেকহোলে আপোনাৰ বন্ধুক সুৰক্ষিত কৰিয়েই ৰাখিছে। সেইক্ষেত্রত আপুনি দেখিব যে আপোনাৰ বন্ধুৱে ব্লেকহোলৰ মাজেৰে তীব্ৰ গতিৰে ধাৱমান হৈছে কিন্তু ক্ৰমে তেওঁৰ গতিবেগ কমি আহিছে অাৰু এটা সময়ত তেওঁ স্থিৰ হৈ পৰিব। তাতোকৈ অাচৰিত এইটো যে তেওঁ ব্লেকহোলৰ ভিতৰত সেই স্থিতাৱস্থাতেই থাকি যাব আজীৱন ধৰি যিদিনালৈ বিশ্বব্রহ্মাণ্ড থাকিব, সিদিনালৈ। অর্থাৎ, আপোনাৰ বাবে বন্ধুজন আজীবন ব্লেকহোলৰ মাজত ওপঙি ৰ'ব যুগ যুগান্তৰলৈ। আপোনাৰ দৃষ্টিত আপোনাৰ বন্ধুজন কোনোকালেই বুঢ়া নহ'ব কিন্তু আপোনাৰ বন্ধুজনৰ ক্ষেত্রত এনে অনুভব নহ'ব। তেওঁ ঘটনা দিগন্তৰ বাহিৰত আপোনাক ৰৈ থকা অৱস্থাতেই ক্ৰমে বুঢ়া হোৱা দেখিব। আপোনাৰ লগতে আৰু অনাগত বহু প্রজন্মৰ উত্তৰ পুৰুষকো তেওঁ জন্ম হৈ মৃত্যু মুখত পৰা দেখিব। তেওঁৰ কাৰণে সকলোবোৰ প্ৰকৃতিৰ নিয়মৰ আধাৰত স্বাভাবিক ভাবেই চলিব। মাথোন ইভেণ্ট হৰাইজনৰ ভিতৰৰ বন্ধুজনৰ বাবে ব্লেকহোলৰ প্ৰচণ্ড অভিকৰ্ষণ বলৰ প্ৰভাবত সময় স্থবিৰ হৈ পৰিছে। গতিহীন স্থবিৰ সময়ে তেওঁক এক প্ৰকাৰ অমৰত্ব প্ৰধান কৰিছে !!!


১৪ মাৰ্চ পাই দিৱস আৰু আইনষ্টাইনৰ ওপজা দিন


পাইৰ মান ৩.১৪ আৰু সেয়েহে বছৰৰ তৃতীয়টো মাহ মাৰ্চৰ ১৪ তাৰিখটো পাই দিৱস হিচাবে পালন কৰা হয়। সেই একেটা দিনতেই এলবাৰ্ট আইনষ্টাইনৰো জন্ম হৈছিল। প্ৰকৃতিৰ নিয়মবোৰ সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰি বিজ্ঞান বিশ্বক চমকপ্ৰদ আৱিষ্কাৰেৰে মহিমা মণ্ডিত কৰা বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল আজিৰ পৰা ১৩৮ বছৰ আগৰ আজিৰ দিনটোতেই অৰ্থাৎ ১৮৭৯ চনৰ ১৪ মাৰ্চ তাৰিখে। তেখেতৰ গৱেষণাৰ ফলশ্ৰুতিতেই আজি বিজ্ঞান বিশ্বই পোহৰ, মহাকৰ্ষণ আৰু সময় সম্পৰ্কে সঠিক ধাৰণা পাবলৈ সক্ষম হৈছে। তেখেতে বিজ্ঞান সমাজলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান সমূহৰ ভিতৰত উল্ল্যেখনীয় কেইটামান হ'ল :

* ব্ৰাউনিয়ান গতিৰ অধাৰত সম্পন্ন কৰা তেখেতৰ গৱেষণাই পদাৰ্থৰ গঠনত অনু আৰু পৰমানু থকাটো নিশ্চিত কৰে।

* আলোক বিদ্যুৎ প্ৰভাবৰ সঠিক ব্যাখ্যাৰে পোহৰৰ ৰশ্মিক কেতবোৰ নিৰ্দিষ্ট পৰিমানৰ শক্তিৰ টোপোলা বা কোৱাণ্টা বুলি প্ৰতিপন্ন কৰে।

* গতিবেগৰ সীমাবদ্ধতাৰ ক্ষেত্ৰত বায়ুশূণ্য মাধ্যমত পোহৰে প্ৰতি ছেকেণ্ডত সৰ্বোচ্চ ৩০০০০০ কিমি পথহে অতিক্ৰম কৰিব পাৰে বুলি প্ৰমাণ কৰি তেখেতে তথ্য আগবঢ়াই যে গতিশীল কোনো পদাৰ্থ কণা এটাৰ গতিবেগ সাপেক্ষে সময় লেহেমীয়া বা খৰতকীয়া হয়।

* পদাৰ্থৰ ভৰ আৰু শক্তি দুয়ো দুয়োৰে পৰিপুৰক। অৰ্থাৎ ভৰক শক্তিলৈ বা শক্তিক ভৰলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াৰ আলমতেই তেখেতে গণনা কৰি উলিয়ায় E = mc2 সমীকৰণটো।
তেখেতে নিউটনে আগবঢ়োৱা মহাকৰ্ষণৰ সংজ্ঞাক নতুন মাত্ৰা প্ৰদান কৰে। তেখেতে আগবঢ়োৱা সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি পদাৰ্থৰ উপস্থিতিয়ে স্থানক বক্ৰ কৰি তোলে আৰু এই বক্ৰতাৰ বাবেই মহাকৰ্ষণ বলৰ সৃষ্টি হয়।

* তেখেতে তথ্য আগবঢ়ায় যে মহাকৰ্ষণে পোহৰৰ গতিপথো বক্ৰ কৰি তোলে। পিছলৈ ই সত্য বুলি প্ৰমাণিত হয়। তেখেতৰ মতে মহাকৰ্ষণৰ প্ৰভাবৰ পৰা সময়ো মুক্ত নহয়।

* জীৱনৰ শেষ কালচোৱাত তেখেতে কোৱাণ্টাম পদাৰ্থ বিজ্ঞান আৰু সাধাৰণ আপেক্ষিকতাবাদক একত্ৰিত কৰাৰ চেষ্টাত ব্ৰতী হৈ আছিল। ১৯৫৫ চনৰ ১৮ এপ্ৰিলত এই মহান বিজ্ঞানীজনৰ পৰলোক প্ৰাপ্তি ঘটে।