Thursday, 29 June 2017

বিশ্বব্ৰহ্মাণ্ডৰ এটি জুলীয়া গ্ৰহ GJ-1214b


পৃথিৱীৰ পৰা প্ৰায় ৪০ আলোকবৰ্ষ আঁতৰৰ Ophiuchus নক্ষত্ৰমণ্ডলৰ Gliese নামৰ এটি ৰঙা বামণ তৰাৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি আছে এটি অসাধাৰণ গ্ৰহই ! এই গ্ৰহটোৰ নামেই হ'ল GJ-1214b, যাৰ ওপৰত বৰ্তমান দৃষ্টি নিৱদ্ধ বিশ্বৰ বিজ্ঞানী সমাজৰ। বিগত ২০০৯ চনৰ ডিচেম্বৰ মাহতেই নাছাৰ বিজ্ঞানীসকলে হাবল মহাকাশ দূৰবীণৰ সহায়ত এই গ্ৰহটোৰ উপস্থিতিৰ তথ্য সদৰি কৰিছিল যদিও শেহতীয়াকৈ এই গ্ৰহটো সম্বন্ধে আৱিষ্কাৰ হোৱা নিত্য নতুন তথ্যই বিজ্ঞানী সমাজৰ লগতে আমাৰ দৰে সাধাৰণ লোককো আচৰিত কৰি তুলিছে।

বৰ্তমানলৈ বিজ্ঞানীসকলে সৌৰজগতৰ বাহিৰৰ প্ৰায় ৭০০ টা মান গ্ৰহ আৱিষ্কাৰ কৰিছে। তাৰে কেইটামানত জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ থকা বুলিও তেওঁলোকে কৈছে। পিছে GJ-1214b নামৰ এই বহিঃ গ্ৰহটোৰ কথা তেনেই সুকীয়া। এই গ্ৰহটোৰ ব্যাস আমাৰ পৃথিৱীৰ ব্যাসতকৈ প্ৰায় ২.৭ গুণ ডাঙৰ আৰু ই আকাৰত পৃথিৱীতকৈ প্ৰায় ৭ গুণ ডাখৰ। এই গ্ৰহটোৱে Gliese নামৰ নক্ষত্ৰটোৰ চৌদিশে প্ৰায় ১.২ মিলিয়ন কিমি দূৰত্বেৰে পৰিভ্ৰমণ কৰি থকা বাবে গ্ৰহটোৰ পৃষ্ঠভাগৰ উত্তাপ প্ৰায় ৪৪০ ডিগ্ৰী ছেণ্টিগ্ৰেড। সেয়েহে গ্ৰহটোত জীৱনৰ সম্ভাৱনা তেনেই ক্ষীণ। তথাপিও বিজ্ঞানীসকলৰ বাবে গ্ৰহটো হৈ পৰিছে গৱেষণাৰ বিষয়।

২০১০ চনত বিজ্ঞানীসকলে ঘোষণা কৰে যে GJ-1214b নামৰ গ্ৰহটোৰ চৌপাশে এক বায়ুমণ্ডল আছে আৰু মূলতঃ এই বায়ুমণ্ডল জলীয় বাষ্পৰে পৰিপূৰ্ণ। পিছে উপযুক্ত তথ্য আৰু প্ৰমাণৰ অভাৱত এই তথ্যই সমাদৰ লাভ কৰিব নোৱাৰিলে। পিছলৈ আমেৰিকাৰ Smithsonian Center for Astrophysicsৰ বিশিষ্ট বিজ্ঞানী Zachory Berta আৰু তেওঁৰ সহযোগী সকলে GJ-1214b নামৰ গ্ৰহটো Glieseৰ পৃষ্ঠৰ ওপৰেৰে পাৰ হৈ যাওতে (বিজ্ঞানৰ ভাষাত বামন গতি) Hubble's Wide Field Cameraৰ সহায়ত গ্ৰহটোৰ চিত্ৰ ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ উপৰিও ইনফ্ৰাৰেড কেমেৰাৰে গ্ৰহটোৰ বুকুৰ সূৰ্যাস্তৰ ছবিও সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই ছবিবোৰৰ তন্ন তন্ন বৰ্ণালী বিশ্লেষণৰ অন্তত তেওঁলোকে গ্ৰহটোৰ বায়ুমণ্ডল জলীয় বাষ্পৰে গঠিত হোৱা বুলি দাঙি ধৰা তথ্যটো সঁচা বুলি প্ৰমাণ কৰে।

ইতিমধ্যে বিজ্ঞানীসকলে GJ-1214bৰ ভৰ আৰু আয়তন সম্বন্ধে তথ্য আহৰণ কৰিবলৈ সক্ষম হয়। এই দুই ৰাশিৰ সহায়ত যেতিয়াই তেওঁলোকে গ্ৰহটোৰ ঘণত্ব নিৰ্ণয় কৰে, তেতিয়াই বিজ্ঞানীসকল স্তম্ভিত হৈ পৰে কিয়নো তেওঁলোকে নিৰ্ধাৰণ কৰা মতে গ্ৰহটোৰ ঘণত্ব মাত্ৰ ১.৭ গ্ৰাম প্ৰতি ঘন ছেমি। তেতিয়ালৈ আৱিষ্কাৰ হোৱা প্ৰায় ৭০০ টা বহিঃগ্ৰহ আৰু আনকি আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ গড় ঘনত্ব প্ৰায় ৪.৮ গ্ৰাম প্ৰতি ঘন ছেমি। উদাহৰণ স্বৰূপে পৃথিৱীৰ ঘনত্ব ৫.৫ গ্ৰাম প্ৰতি ঘন ছেমি। অৱশ্যে শনি গ্ৰহৰ ঘনত্বও তেনেই কম। যিহেতু GJ-1214bৰ ঘনত্ব প্ৰায় পানীৰ ঘনত্বৰ সমপৰ্যায়ৰ, বিজ্ঞানী সকলে যুক্তি দাঙি ধৰিলে যে GJ-1214b নামৰ গ্ৰহটো কোনো জুলীয়া পদাৰ্থৰ দ্বাৰা তৈয়াৰী। গ্ৰহটোৰ কেন্দ্ৰভাগত থকা জুলীয়া পদাৰ্থবোৰ সম্ভৱতঃ গ্ৰহটোৰ আভ্যন্তৰীণ তাপ আৰু চাপৰ ফলত superfluid বা অতিতৰললৈ ৰূপান্তৰিত হৈছে।

জুলীয়া গ্ৰহ GJ-1214b সম্বন্ধে অধিক তথ্য আহৰণ কৰাৰ উদ্দেশ্যে ২০১৮ চনত নাছাই James Webb Space Telescope নামৰ এটা বিশেষ দূৰবীণ মহাকাশলৈ উৎক্ষেপণ কৰাৰ প্ৰস্তুতি চলাই আছে।

ইকুৱেডৰৰ আইনাৰ দৰে স্বচ্ছ ভেকুলীবোৰ


পৰিস্কাৰ আইনা এখনৰ মাজেৰে পোহৰ অতি সহজেই পাৰ হৈ যায় বাবেই আমি আইনাৰ মাজেৰে ইপাৰ সিপাৰ দেখো। পিছে স্বচ্ছ আইনাৰ দৰেই যদিহে আমাৰ শৰীৰৰ মাজেৰে পোহৰ পাৰ হৈ গ'লহেতেন, তেন্তে আমাৰ শৰীৰৰ মাজেৰেও ইপাৰ সিপাৰ দেখা গ'লহেতেন ! বাস্তৱত এয়া আমাৰ দেহত সম্ভৱ নহয় যদিও সম্প্ৰতি ইকুৱেডৰত এবিধ ভেকুলী আৱিষ্কাৰ হৈছে যাৰ দেহটো আইনাৰ দৰেই স্বচ্ছ আৰু সেয়েহে ভেকুলীটোৰ শৰীৰৰ আভ্যন্তৰীণ অংগবোৰ যেনে বৃক্ক, হৃদপিণ্ড আৰু মূত্ৰাশয় বাহিৰৰ পৰাই পৰিস্কাৰকৈ দেখা পোৱা যায়। এই ভেকুলীটোৰ বৈজ্ঞানিক নাম Hyalinobatrachium yaku যদিও ইয়াক Glass frog বুলিয়েই জনা যায়।

Hyalinobatrachium yaku নামৰ এই ভেকুলীবোৰ সাধাৰণতে কম গভীৰতাৰ পানীত বাস কৰে। কিন্তু আন উভচৰ প্ৰাণীৰ দৰে ইহঁতে পানীত কণী নেপাৰি পানীৰ যুৱলীত থকা গছৰ পাতৰ তলফালেহে কণী পাৰে। মাইকী ভেকুলীবোৰে কণী পৰাৰ পিছত কণীবোৰৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। মতা ভেকুলীবোৰেহে কণী থকা গছজোপাৰ তলত বহি থাকি পহৰা দিয়ে। কণীৰ পৰা লালুকী জন্ম হোৱাৰ লগে লগে লালুকীবোৰ পাতৰ তলৰ পৰা পানীত সৰি পৰে আৰু খাদ্য সংগ্ৰহত ব্যস্ত হৈ পৰে।

বিগত ২০১৭ চনৰ মে মাহত প্ৰকাশিত "ZooKeys" নামৰ বিজ্ঞান জাৰ্ণালখনত প্ৰকাশিত "A marvelous new glass-frog from Amazonian Ecuador" শীৰ্ষক গৱেষণা পত্ৰখনত এই বিষয়ে বিতং তথ্য পোৱা যায়। ইচ্ছুক পাঠকৰ সুবিধাৰ্থে গৱেষণা পত্ৰখনৰ লিংকটো তলত দিয়া হ'ল :

https://zookeys.pensoft.net/articles.php?id=12108

Saturday, 17 June 2017

আঙুঠিৰে আবৃত এটি যুৱ তৰা: ফোমালহ'ট


পৃথিৱীৰ পৰা ২৫ আলোকবৰ্ষ দূৰত Piscis Austrinus নামৰ তাৰকামণ্ডলীৰ এটি তৰা ফোমালহ'ট। ৰাতিৰ আকাশৰ এই তৰাটোৰ উপস্থিতিৰ বিষয়ে সৰ্বপ্ৰথম ২০০৮ চনত ঘোষণা কৰা হৈছিল যদিও ২০১২ চনতহে এই তৰাটোৰ প্ৰথমখন ছবি সংগ্ৰহ কৰাটো সম্ভৱ হৈছিল। ২০১২ চনত হাব'ল স্পেচ টেলিস্কোপৰ Advanced Camera for Surveys বা ACSৰ সহায়ত তোলা ছবিখনৰ বিশ্লেষণ কৰি বিজ্ঞানী সকল নিশ্চিত হয় যে ফোমালহ'ট নামৰ তৰাটোৰ চৌদিশে এক বিশাল পৰিধিৰ কক্ষপথেৰে তৰাটোৰ একমাত্ৰ গ্ৰহটোৱে তৰাটোক প্ৰদক্ষিণ কৰি আছে। বিজ্ঞানী সকলে এই গ্ৰহটো আপেক্ষিক ভাবে কম বয়সীয়া বুলি তথ্য আগবঢ়োৱাৰ লগতে গ্ৰহটোৰ নাম ৰাখে ফোমালহ'ট-বি। পিছলৈ অৱশ্যে এই গ্ৰহটো "ড্ৰেগন" নামেৰে জনপ্ৰিয় হয়। ২০১২ চনৰ এই ছবিখনত দেখা পোৱা বিশালাকাৰ আঙুঠিটো বহুদিনলৈ অৱশ্যে ৰহস্যৰ আৱৰ্ততেই আছিল। শেহতীয়াকৈ জোতিৰ্বিদ সকলে Atacama Large Millimeter Array বা ALMA নামৰ অতি শক্তিশালী দূৰবীণ যন্ৰৰ সহায়ত লোৱা ফোমালহ'টৰ ছবিৰ পুংখানুপুংখ অধ্যয়ণৰ পিছত এই আঙুঠিৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মতে তৰাটোৰ চৌদিশে গেছ, ধূলিকণা আৰু বৰফেৰে তৈয়াৰী এই বিশাল আঙুঠিটো কোনো মহাকাশীয় পদাৰ্থ অথবা ধুমকেতুৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে। আচৰিত যেন লাগিলেও পিছে ফোমালহ'ট নামৰ তৰাটোৰ গ্ৰহ "ড্ৰেগন বা ফোমালহ'ট-বি"ৰ কক্ষপথটো তৰাটোৰ চৌদিশৰ গেছ আৰু বৰফৰ আঙুঠিটোৰ মাজত অৱস্থিত। 

ইচ্ছুক সকলে তলৰ লিংকটো চাব পাৰে:
https://youtu.be/PuY0GfGLFMU

সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড আৰু অযুত সাঁথৰ


এটা জটিল প্ৰশ্ন - সঁচাকৈয়ে বাৰু আছে নেকি আপোনাৰ বা মোৰ হবহু প্ৰতিৰূপ আন একোজন ব্যক্তি, চকুৰে নেদেখা কোনো এক অজানতিমুলুকত ? অথবা কথাটো এনেদৰেও সুধিব পৰা যায় : একেজন ব্যক্তিয়ে একে সময়তে দুখন ভিন্ন জগতত বাস কৰিব পাৰে নেকি বাৰু ? সাধাৰণ দৃষ্টিত তেনেই অবান্তৰ যেন লগা এই প্ৰশ্নবোৰ লৈ বিশ্বৰ একাংশ বিজ্ঞানী ব্যস্ত হৈ আছে। বিজ্ঞানৰ জগতখনত সম্প্ৰতি এনে এক ধাৰণাই গা কৰি উঠিছে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰতিটো অনু পৰমাণু, প্ৰতিটো পদাৰ্থ আনকি প্ৰতিটো জীৱৰ হবহু একোটি প্ৰতিৰূপ আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ পৰা বহু আঁতৰৰ আন কোনোবা এক অজান বিশ্বব্ৰহ্মাণ্ডত বিৰাজমান।

এইখিনিতেই আন এটা প্ৰশ্নই আহি আমনি কৰিবহি - আমি যিখন বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে অৱগত সেইখনেই বাৰু একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নেকি ? বিংশ শতাব্দীৰ শেষৰ পিনে বিজ্ঞানৰ জগতখনত এই প্ৰশ্নটোৱে বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহকো জোকাৰি গৈছিল। সাধাৰণ দৃষ্টিত প্ৰশ্নটো বিস্ময়কৰ আৰু অবান্তৰ যেন লাগিলেও বিজ্ঞানী সকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ গৱেষণা অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে আহৰণ কৰা তথ্য অনুসৰি “বহুবিশ্ব” বা সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ সম্ভাৱনাটো প্ৰকট হৈ পৰিছে।

শেহতীয়াকৈ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্বন্ধে জনপ্ৰিয় হৈ উঠা “স্ট্ৰিং থিয়ৰি” অনুসৰি আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়। এই বিশ্বব্ৰহ্মাণ্ডখনৰ উপৰিও আছে অনন্ত কৌটি বিশ্বব্ৰহ্মাণ্ড। স্ট্ৰিং থিয়ৰিৰ এজন প্ৰবক্তা হ’ল জাপানীজ বংশোদ্ভুত আমেৰিকান পদার্থ বিজ্ঞানী মিচিঅ কাকু। তেখেতৰ দ্বাৰা ৰচিত “Parallel Universe’ নামৰ গ্ৰন্থখনত এনে ধাৰণাৰ সবিশেষ তথ্য পোৱা যায়। বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি আজিৰ পৰা 1370 কোটি বছৰ আগতে এটা ক্ষুদ্ৰ আদিম বিন্দুৰ পৰাই বিগ বেং নামৰ প্রচণ্ড এক বিস্ফোৰণৰ মাধ্যমত জন্ম হৈছিল আমাৰ এই দৃশ্যমান মহাবিশ্ব।

পিছে বিগ বেঙৰ আগত কি আছিল – এই প্ৰশ্নৰ উত্তৰ বিগ বেং তত্বই দিব নোৱাৰে। বিগ বেঙৰ এই দুৰ্বলতাৰ বাবেই এচাম বিজ্ঞানীয়ে বিগ বেং এটা স্বয়ং সম্পূৰ্ণ তত্ব নহয় বুলি ক’ব খোজে। এই দুৰ্বলতাৰ আলম লৈয়ে স্ট্ৰিং থিয়ৰিয়ে গা কৰি উঠে। বস্তু এটা যেতিয়া কোনো ব্ল্যাক হোলৰ মাজৰ সিঙ্গুলাৰিটি নামৰ সেই বিশেষ স্থানৰ ভিতৰত গৈ পৰে তেতিয়া বস্তুটো অতি সংকুচিত হৈ এটা বিন্দুত হেৰাই যায়। কিন্তু বস্তুটো হেৰাই যায় ক’ত ?

বিজ্ঞানীসকলৰ মতে ব্লেক হোলৰ বিপৰীত প্রান্তত “White Hole” বা শ্বেত গহ্বৰ নামৰ এটা পৰিঘটনা আছে। এই শ্বেত গহ্বৰত ঘটে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বিপৰীত ঘটনা। সেই স্থানত ব্লেক-হোলৰ হেৰাই যোৱা অতি সংকুচিত বস্তুটো পুনৰ প্রবল বেগে প্রসাৰিত হ’বলৈ আৰম্ভ কৰে। কিন্তু সেই ঘটনাটো ঘটে অন্য এক ডাইমেনশ্যন বা বিপৰীত ধৰণে। অৰ্থাৎ শ্বেত গহ্বৰত হয়তো ঘড়ীৰ কাটা ঘুৰে বিপৰীত দিশত ! যদিহে ব্লেক-হোলৰ বিপৰীত দিশৰ শ্বেত গহ্বৰত অতি সংকুচিত বস্তু এটা পুনৰ প্ৰচণ্ড বেগত প্ৰসাৰিত হয়, তেন্তে তাত্বিক দিশত এটা ব্লেক-হোলৰ সুৰঙ্গ পথৰ ঠিক বিপৰীত প্রান্তত আছে আমি সদায় আলোচনা কৰি অহা বিগ বেং নামৰ মহাবিস্ফোৰণটো ! ফলত আমি দেখিবলৈ পাইছো কেনেদৰে এটা বিন্দুৰ পৰা আৰম্ভ হোৱা প্রবল বিস্ফোৰণত জন্ম হৈছে আমাৰ এই মহাবিশ্ব। আৰু যদি সেয়াই হয়, তেনেহলে বিগ বেঙৰ আগতে কি আছিল সেই প্রশ্নৰ উত্তৰটোও সহজ হৈ পৰে। তেনে ক্ষেত্ৰত আমি স্বীকাৰ কৰিবই লাগিব যে বিগ বেঙৰ আগতেও আছিল আন এখন মহাবিশ্ব। বিগ বেঙৰ পিছৰ পৰা কেনেকৈ এটা ক্ষুদ্ৰ বিন্দুৰ প্ৰসাৰণ ঘটি এই বিশাল মহাবিশ্বৰ আকাৰ পালে ইয়াক লৈ ভিন্ন মতবাদ চলি আছে যদিও সর্বজন গ্রাহ্য তত্বটো হ’ল মহাক্রম প্রসাৰণ মহাবিশ্ব তত্ব। এই তত্বটো প্রথম আগবঢ়াইছিল পদার্থ বিজ্ঞানী এলেন গুথােই । এই তত্ব মতে মহাবিশ্ব সৃষ্টিৰ প্রথম এক ছেকেণ্ডৰ এশ কোটি ভাগ সময়ৰ ব্যৱধানতেই এক ৰহস্যময় অ্যান্টিগ্র্যাভিটি বলৰ ক্রিয়া আৰম্ভ হৈছিল আৰু এই বলৰ ক্রিয়াৰ ফলত আমি অনুমান কৰাতকৈও অধিক বেগত প্রসাৰিত হৈছিল নৱজাত বিশ্বব্ৰহ্মাণ্ড ! বিজ্ঞানী সকলৰ মতে আমাৰ পৰা বহু আঁতৰত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ এই বেগ পোহৰৰ বেগতকৈও বেছি। আমাৰ দৃষ্টিত ধৰা দিয়া বিশ্বব্ৰহ্মাণ্ডখন আচলতে বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ এটি ক্ষুদ্ৰ অংশ মাথোন। বিশালকায় ব্ৰহ্মাণ্ডৰ প্ৰতিটো ব্লেক-হোলৰ বিপৰীত প্ৰান্তত থকা White Hole বা শ্বেত গহ্বৰৰ মাজত সৃষ্টি হ’ব ধৰিছে একোখন নতুন বিশ্বব্ৰহ্মাণ্ড। অৰ্থাৎ ব্লেক-হোলৰ সিঙ্গুলাৰিটিত মৃত্যু হোৱা এখন বিশ্বব্ৰহ্মাণ্ডই ব্লেক-হোলৰ বিপৰীত প্ৰান্তৰ শ্বেত গহ্বৰত পুনৰ নতুন এখন বিশ্বব্ৰহ্মাণ্ড হিচাবে জন্ম হৈছে। বিজ্ঞানী সকলৰ ধাৰণা যদি সত্য হয়, তেন্তে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনেই একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়। আমাৰ চৌপাশে আছে অনন্ত কৌটি ব্ৰহ্মাণ্ড !! আৰু তেনে অসংখ্য বিশ্বব্ৰহ্মাণ্ডৰ কোনোবা এখনত অপেক্ষা কৰি আছে আপোনাৰ বা মোৰ হুবহু প্ৰতিৰূপবোৰে !!!

নাছাৰ দ্বাৰা সন্মানীত আব্দুল কালাম চাৰ


মিচাইল মানব বুলি খ্যাত বিশ্বপ্ৰসিদ্ধ বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এপিজে আব্দুল কালাম চাৰলৈ আমেৰিকাৰ মহাকাশ বিজ্ঞান সংস্থা "নাছা"ই যাচিলে যথাযোগ্য সন্মান। কিছুদিন পূৰ্বে নাছাৰ বিজ্ঞানীসকলে মহাকাশত আৱিষ্কাৰ কৰা এবিধ নতুন প্ৰজাতিৰ অনুজীৱ (বেক্টেৰীয়া)ৰ নাম ৰাখিলে মহান ভাৰতীয় বিজ্ঞানী ড° এপিজে আব্দুল কালাম চাৰৰ নামেৰে। নাছাৰ জেট প্ৰপালচন লেৱৰ'টৰীৰ বিজ্ঞানীসকলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱিষ্কাৰ কৰা এই বেক্টেৰীয়া প্ৰজাতিটোৰ নাম ৰাখিছে "চলিবেচিলাচ কালামী" (Solibacillus kalamii) বুলি। উল্লেখযোগ্য যে এই বেক্টেৰীয়াৰ প্ৰজাতিটো কেবল মহাকাশতহে জন্ম হয়। পৃথিবীত এই বেক্টেৰীয়াটোৰ কোনো অস্তিত্বই নাই। এই বেক্টেৰীয়াৰ প্ৰজাতিটো লৈ বৰ্তমান নাছাৰ বিজ্ঞানীসকল চূড়ান্ত ভাবে ব্যস্ত। নহ'বই বা কিয় ? মহাকাশত জন্ম লোৱা এই বেক্টেৰীয়াৰ প্ৰজাতিটোৱে পৃথিৱীৰ বাহিৰে মহাকাশৰ অন্য স্থানতো জীৱনৰ সম্ভাৱনাক পুনৰ উজ্বীৱিত কৰি তুলিছে।

ইচ্ছুক সকলে তলৰ লিংকটো খুলি চাব পাৰে :

মহ আৰু মাখিৰ পৰা জৈৱিক পৰিত্ৰাণৰ উপায়


বৰ্তমান বজাৰত মহ বা মাখিৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ধৰণৰ ৰসায়নিক দ্ৰব্য সহজে উপলব্ধ। পিছে এই ৰসায়নিক দ্ৰব্য সমূহ মানুহৰ স্বাস্থ্যৰ বাবে হানিকাৰক হোৱাৰ উপৰিও পৰিবেশৰ বাবেও বিপদজনক। মহ হৈছে "কিউলিচিডি" পৰিয়ালৰ অন্তৰ্গত কিছুমান সৰু সৰু পতংগ। মাইকী মহবোৰ পৰজীৱী আৰু কণী পাৰিবৰ বাবে মাইকী মহক প্ৰয়োজন হোৱা প্ৰটিনৰ নাটনি পুৰ কৰিবলৈ মাইকী মহবোৰে বিভিন্ন স্তন্যপায়ী জীৱৰ দেহৰ তেজ শোষণ কৰে। মতা মহবোৰে কিন্তু উদ্ভিদৰ ৰসহে খায়। এই মহবোৰৰ আক্ৰমণে আমাক যে কেবল আমনিয়েই দিয়ে এনে নহয়, মহৰ কামোৰ খাই আমি মেলেৰিয়া, ডেংগী আদি ৰোগতো ভোগো। সেয়ে মহৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে যুগ যুগ ধৰি বিভিন্ন ধৰণে প্ৰচেষ্টা কৰি আহিছে। একেদৰে মাখিয়েও বহুতো বেমাৰৰ বীজাণু বিয়পায়। 

মহ-মাখিৰ পৰা পৰিত্ৰাণ পাবলৈ এটি সহজ আৰু পৰিবেশ-বান্ধৱ পদ্ধতিৰ বিষয়ে লিখিব বিচাৰিছোঁ। পৰম্পৰাগত ভাবে বহুতো লোকে মহ বা মাখিৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ লং আৰু লঙৰ তেল ব্যৱহাৰ কৰি আহিছে। কোনো কোনোৱে আকৌ নেমু টেঙা আৰু লং একেলগে ব্যৱহাৰ কৰে। ব্যৱহাৰকাৰী সকলৰ মতে মহ আৰু মাখিৰ পৰা ৰক্ষা পাবলৈ ই এটা ফলপ্ৰসু পদ্ধতি।

থোৰতে পদ্ধতিটো : এটা নেমু দুফালকৈ কাটি লৈ নেমুটোত চিত্ৰত দেখুওৱাৰ দৰে কেইটামান লং গুজি দি প্লেট এখনৰ ওপৰত থৈ দিয়ক। এতিয়া প্লেটখন কোঠালিৰ ভিতৰত ৰাখি কিছুপৰ দুৱাৰ-খিৰিকিবোৰ বন্ধ কৰি ৰাখক। দেখা যাব যে মহৰ গুণগুণণি ক্ৰমে নোহোৱা হৈ গৈছে।


সালোক সংশ্লেষণকাৰী প্ৰাণী Elysia chlorotica


উদ্ভিদসমূহ স্বপোষী। অৰ্থাৎ উদ্ভিদবোৰে ক্ল'ৰোফিল বা পত্ৰহৰিৎ নামৰ এবিধ সেউজীয়া বৰণৰ ৰসায়নিক পদাৰ্থৰ সহায়ত সূৰ্যৰ পোহৰ আহৰণ কৰি পানী আৰু কাৰ্বন ডাইঅক্সাইড পৰা নিজৰ আহাৰ প্ৰস্তুত কৰে। কিন্তু উদ্ভিদৰ দৰেই প্ৰাণীয়েও সালোক সংশ্লেষণ পদ্ধতিৰে নিজৰ আহাৰ প্ৰস্তুত কৰে বুলিলে চকু কপালত উঠাৰেই কথা। আচৰিত হ'লেও পিছে কথাটো সঁচা।
উদ্ভিদৰ দেহত পোৱা পত্ৰহৰিৎ, উদ্ভিদ কোষৰ জিনৰ সংকেত অনুসৰি সৃষ্টি হয়। এই জিন প্ৰাণীৰ দেহত নেথাকে বাবে প্ৰাণী কোষত পত্ৰহৰিৎ পোৱা নাযায়। ফলত প্ৰাণী সমূহে উদ্ভিদৰ দৰে খাদ্যও প্ৰস্তুত কৰিব নোৱাৰে। শেহতীয়াকৈ ফ্লৰিডা আৰু মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ তিনিজনীয়া বিজ্ঞানীৰ দল এটাই সাগৰৰ পানীত সাতুৰি নাদুৰি ঘূৰি ফুৰা এবিধ সামুদ্ৰিক শামুকৰ ওপৰত চলোৱা এলানি গৱেষণামূলক পৰীক্ষাত ধৰা পেলায় যে সাইলাখ উদ্ভিদৰ দৰেই এই সামুদ্ৰিক শামুকবোৰে সালোক সংশ্লেষণ পদ্ধতিৰ সহায়ত নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰে। তেওঁলোকে Elysia chlorotica (বৈজ্ঞানিক নাম) বা sea slug নামৰ সামুদ্ৰিক শামুকবিধৰ ওপৰত কৰা পৰীক্ষা সমূহৰ ওপৰত ভিত্তি কৰি "The Biological Bulletin" নামৰ গৱেষণা গ্ৰন্থখনত প্ৰকাশ কৰা "Horizontally Transferred Algal Nuclear Gene on a Elysia chlorotica Chromosome" শীৰ্ষক গৱেষণা পত্ৰখনত এই তথ্য প্ৰকাশ কৰিছে। (ইচ্ছুক সকলে লেখাটোৰ তলত দিয়া লিংকটো খুলি গৱেষণা পত্ৰখন পঢ়িব পাৰে)।
থোৰতে গৱেষণা পত্ৰত উল্লেখ কৰা কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ। Elysia chlorotica নামৰ এই বিশেষ সামুদ্ৰিক শামুক বিধৰ প্ৰধান খাদ্য হ'ল সাগৰীয় শেলাই। বিভিন্ন প্ৰজাতিৰ শেলাইবোৰৰ ভিতৰত Vaucheria litorea নামৰ সেউজীয়া শেলাই বিধ ইহতৰ প্ৰিয় খাদ্য। তাৎপৰ্যপূৰ্ণ ভাবে এই সামুদ্ৰিক শামুকবোৰৰ পাচনতন্ত্ৰ অৰ্ধবিকশিত আৰু সেয়ে খাদ্যসমূহ পাচনতন্ত্ৰত সম্পূৰ্ণ ভাঙি নেযায়। এই বিসংগতিৰ বাবেই সামুদ্ৰিক শামুকবিধৰ দেহত আন এটা উল্লেখনীয় ঘটনা সংঘটিত হৈছে। সাগৰীয় শেলাই Vaucheria litoreaৰ কোষৰ ভিতৰত থকা পত্ৰহৰিৎ সৃষ্টিকাৰী জিনৰ জটিল প্ৰটিন শৃংখলবোৰ শামুকবোৰৰ পাচনতন্ত্ৰত ভাঙি নগৈ ধীৰে ধীৰে সামুদ্ৰিক শেলাইবোৰৰ দেহৰ কোষত থিতাপি লয়। Vaucheria litoreaৰ এই জিনবোৰে সামুদ্ৰিক শামুকৰ দেহকোষত থাকি পত্ৰহৰিৎ সৃষ্টি কৰে। এই পত্ৰহৰিতৰ বাবেই Elysia chlorotica নামৰ সামুদ্ৰিক শামুকবোৰ সেউজীয়া হয় আৰু ইহতে উদ্ভিদৰ দৰে সালোক সংশ্লেষণ পদ্ধতিৰে নিজৰ খাদ্যও প্ৰস্তুত কৰি ল'ব পাৰে।
গৱেষণা পত্ৰৰ লিংকটো : 
http://www.journals.uchicago.edu/…/abs/10.1086/BBLv227n3p300

Sunday, 14 May 2017

টেকিওন : পোহৰতকৈও বেগী তাত্বিক কণাবোৰ


কণিকা পদাৰ্থ বিজ্ঞানৰ মতে কোনো পদাৰ্থ কণাই কেতিয়াও পোহৰৰ গতিবেগ অতিক্ৰম কৰিব নোৱাৰে। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ মতে পোহৰৰ বেগেই হ'ল বেগৰ সৰ্বোচ্চ সীমা আৰু এই সৰ্বোচ্চ সীমাৰ সাংখিক মান হ'ল প্ৰতি ছেকেণ্ডত ২৯৯,৭৯২,৪৫৮ মিটাৰ। আপেক্ষিকতাবাদৰ তত্ব অনুসৰি কোনো পদাৰ্থ কণাই পোহৰৰ বেগৰ অধিক বেগত গতি কৰিব নোৱাৰে, কাৰণ সেই বেগত গতি কৰিব পৰাকৈ কোনো পদাৰ্থ কণাৰেই সেই পৰিমাণৰ শক্তি নাই।

পোহৰৰ বেগ অনুপাতে পদাৰ্থ কণাবোৰৰ গতিবেগৰ ওপৰত ভিত্তি কৰি আধুনিক কণিকা বিজ্ঞানত পদাৰ্থ কণাবোৰক তিনিটা ভাগত ভগোৱা হৈছে :

১) ব্ৰেডিওন কণা : এই কণাবোৰ বাস্তব ভৰযুক্ত আৰু ইহঁতে সদায় পোহৰৰ বেগতকৈ কম বেগত গতি কৰে। টাৰডিওন, ইলেকট্ৰণ, বোসন প্ৰভৃতি কণাবোৰ ব্ৰেডিওন শ্ৰেণীৰ কণা।

২) লুক্সন কণা : গতিহীন অৱস্থাত এই কণাবোৰৰ ভৰ শূণ্য। কিন্তু গতিশীল অৱস্থাত ইহঁতে ভৰবেগ লাভ কৰে। এই কণাবোৰে পোহৰৰ বেগৰ সমপৰ্যায়ত গতি কৰিব পাৰে। ফোটন, গ্লুৱন আদি কণাবোৰ লুক্সন কণাৰ অন্তৰ্গত।

৩) টেকিওন কণা : এই তাত্বিক কণাবোৰ কাল্পনিক (ঋণাত্মক) ভৰযুক্ত আৰু ইহঁতে শূণ্যস্থানত পোহৰতকৈও অধিক বেগত গতি কৰিব পাৰে। আপেক্ষিকতাবাদৰ নীতি উলংঘা কৰা এই বিশেষ টেকিওন শ্ৰেণীৰ কণাবোৰে বিজ্ঞানীসকলক বিমোৰত পেলাইছে।

প্ৰকৃততে ১৯৬২ চনতেই বিজ্ঞানীসকলে এক শ্ৰেণীৰ এনে পদাৰ্থ কণাৰ অৱস্থিতি সম্বন্ধে মত পোষণ কৰিছিল, যিবোৰে পোহৰতকৈও অধিক বেগত গতি কৰিব পাৰে। এই কণিকা বোৰক "মেটা-পাৰ্টিকোল" বোলা হৈছিল। George Sudarshan, Olexa-Myron Bilaniuk, Vijay Deshpande আৰু Gerald Feinberg নামৰ বিজ্ঞানী সকলৰ ১৯৬২ চনৰ গবেষণাৰ আলমতেই গঢ় লৈ উঠিছিল টেকিওন শ্ৰেণীৰ কণাবোৰৰ ধাৰণাটো। উল্লেখযোগ্য যে এই চাৰিজন বিজ্ঞানীৰ ভিতৰত Vijay Deshpande আৰু George Sudarshan দুয়োজনেই ভাৰতীয় বিজ্ঞানী। পৰবৰ্তী সময়ত ১৯৬৭ চনত জেৰাল্ড ফাইনবাৰ্গ নামৰ বিজ্ঞানীজনে কোৱাণ্টাম ক্ষেত্ৰৰ নীতি প্ৰয়োগ কৰি সম্পন্ন কৰা পৰীক্ষাৰ জৰিয়তে টেকিওন কণাৰ ক্ষেত্ৰৰ অৱস্থিতি সাব্যস্ত কৰা বুলি সদৰি কৰে। তেওঁৰ মতে টেকিওন ক্ষেত্ৰত অৱস্থিত সকলো অতিপাৰমাণবিক কণাই পোহৰৰ বেগতকৈ অধিক বেগত গতিশীল।

আইনষ্টাইনৰ আপেক্ষিকতাবাদ অনুসৰি পদাৰ্থ কণাৰ বেগ বৃদ্ধি হোৱাৰ লগে লগে কণাটোৰ ভৰো বৃদ্ধি হয়। এনেদৰে বেগ বৃদ্ধি হৈ যেতিয়া পদাৰ্থ কণা এটাৰ বেগ পোহৰৰ বেগৰ সমপৰ্যায়ৰ হয়গৈ, তেতিয়া তাৰ ভৰো বৃদ্ধি হৈ অসীম হয়। তাত্বিক পদাৰ্থ বিজ্ঞানৰ মতে এই সংকট অৱস্থা অতিক্ৰম কৰা কাৰো বাবেই সম্ভৱ নহয়। অৰ্থাৎ বেগৰ সৰ্বোচ্চ সীমা হ'ল শূণ্যত পোহৰৰ বেগ।

কিন্তু টেকিওন কণাবোৰ যেন পৃথক। এই কণিকাবোৰে যেন মানিব নোখোজে আপেক্ষিকতাবাদৰ নীতি। পিছে এয়া সম্ভব কেনেকৈ হয় ? বিজ্ঞানী সকলৰ মতে টেকিওন শ্ৰেণীৰ কণাবোৰৰ দ্ৰুতি বা বেগ বাঢ়িলে আচৰিত ভাবে ভৰ কমে। থিক তেনেদৰে বেগ কমিলে ভৰ বাঢ়ে। ইয়াৰ পৰিণিতি স্বৰূপে টেকিওন শ্ৰেণীৰ কণাবোৰে সদায়ে পোহৰৰ বেগৰ অধিক বেগত গতি কৰে। প্ৰকৃতাৰ্থত টেকিওন কণাবোৰে ইচ্ছা কৰিলেও কম বেগত গতি কৰিব নোৱাৰে। কম বেগত গতি কৰিবলৈ টেকিওন কণাবোৰক প্ৰয়োজন হয় অকল্পনীয় পৰিমানৰ শক্তি।

এইখিনিতেই আন এটি কথা উল্ল্যেখ কৰা উচিত হ'ব যে টেকিওন কণাবোৰ সদায় আমাৰ দৃষ্টিৰ অগোচৰে থাকে। আমি সকলোবোৰ বস্তু দেখা পোৱাৰ মূলতেই হ'ল দৃশ্যমান পোহৰ। যিহেতু টেকিওন কণাবোৰ পোহৰৰ বেগৰ অধিক বেগত গতিশীল, সেয়ে টেকিওন কণা আমাৰ বাবে সদায়েই অদৃশ্য। পোহৰতকৈ বেগী এই কণাবোৰ আমাৰ দৃষ্টিৰ ক্ষেত্ৰখন পাৰ হৈ যোৱাৰ পিছত মাথোন কণাটোৰ পদচিহ্ন হিচাবে ৰৈ যায় দুটা বিদ্যুত চুম্বকীয় তৰংগ। এই তৰংগৰ উপস্থিতিয়েই হ'ল টেকিওন কণাৰ উপস্থিতিৰ প্ৰমাণ। এই তৰংগবোৰক চেৰেণকোভ তৰংগ বোলা হয়।

আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ ভেটিত জোকাৰণি তোলা এই টেকিওন কণাবোৰক বহুতেই বিজ্ঞানী সকলৰ উৰ্বৰ মস্তিষ্কৰ অদ্ভুত কল্পনা বুলি কলেও বিজ্ঞানীসকল অটল। তেওঁলোকৰ মতে ২০১২ চনলৈ হিগচ-বোসন কণাবোৰৰ ক্ষেত্ৰতো মানুহে একেদৰেই ভাবিছিল। কিন্তু চাৰ্ণৰ পৰীক্ষাৰ পিছত এই সমালোচক সকল নিমাত। পোহৰতকৈ বেগী টেকিওন কণাবোৰ সম্বন্ধে ভৱিষ্যতে অধিক তথ্য উন্মোচিত হ'লে এদিন এই সমালোচনাই প্ৰকৃত পথৰ সন্ধান দিব।

Monday, 24 April 2017

বিশ্বব্ৰহ্মাণ্ডৰ সীমনা খেদি মহাকৰ্ষণীয় লেন্সিং


দূৰবীণৰ কথা আমি সকলোৱে জানো। বিজ্ঞানৰ চমু এই সংস্কৰণটোত ইতিমধ্যে দূৰবীণ যন্ৰৰ যথেষ্ঠ বিকাশ হৈছে। অতি শক্তিশালী দূৰবীণ যন্ৰৰ সহায়ত বিজ্ঞানীসকলে নিতৌ মহাকাশৰ নতুন নতুন তথ্যৰ যোগান ধৰিছে। পিছে, পাৰাপাৰহীন এই বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ তুলনাত বিজ্ঞানীসকলৰ বাবে এতিয়ালৈ আৱিষ্কৃত হোৱা দূৰবীণ যন্ৰবোৰ বিশ্বব্ৰহ্মাণ্ডখন অধ্যয়ন কৰাৰ বাবে তেনেই সাধাৰণ একোটি পুতলা দূৰবীণ যেন হৈ পৰিছে। বৰ্তমান আমাৰ বিজ্ঞানীসকলে ব্যৱহাৰ কৰা এই টেলিস্কোপ বা দূৰবীণবোৰৰ লেন্সৰ যি ক্ষমতা (যাৰ এককক আমি পিক্সেল বুলি জানো) প্ৰয়োজনতকৈ বহুত কম। সেয়েহে বিজ্ঞানীসকলে অতি উচ্চ ক্ষমতা সম্পন্ন দূৰবীনৰ অভাৱ সদায়েই অনুভৱ কৰি আহিছে। এই অসুবিধাখিনি দূৰ কৰাৰ বাবে বৰ্তমান মহাকাশ বিজ্ঞানীসকলে আইনষ্টাইনৰ বিখ্যাত সাধাৰণ আপেক্ষিকতাবাদৰ আলম লৈ সাজি উলিয়াব বিচাৰিছে সাম্প্ৰতিক সময়ৰ দূৰবীণতকৈ প্ৰায় ১০ কৌটি গুণ অধিক প্ৰিক্সেলৰ এটি দূৰবীণ। এই বিশেষ দূৰবীণটোৰ আঁৰৰ বৈজ্ঞানিক নীতিটোৱেই হ'ল মহাকৰ্ষণীয় লেন্সিং বা Gravitational Lensing.

কিন্তু কি এই মহাকৰ্ষণীয় লেন্সিং ? এই বিষয়ে বুজিবলৈ আমি এটা উদাহৰণ ল'ব লাগিব। ধৰা হ'ল এখন বিচনাৰ চাদৰ চৌদিশৰ পৰা সমান বলেৰে টানি সমতল পৃষ্ঠ এখন তৈয়াৰ কৰি লৈ চাদৰখনৰ ওপৰেৰে এটি সৰু মাৰ্বল থেলি দিয়া হ'ল। আমি দেখিম যে চাদৰখনৰ ওপৰেৰে মাৰ্বলটো অতি মসৃন ভাবে এটি পোন বাটেৰে আগবাঢ়ি গৈছে। এইবাৰ চাদৰখনৰ সোঁমাজত এটা গধুৰ বস্তু, যেনে মজলীয়া আকাৰৰ শিলগুটি ৰখা হ'ল। ফলত বিচনাৰ চাদৰখনৰ থিক সোঁমাজত এটি খাদৰ সৃষ্টি হ'ব। এতিয়া আকৌ এবাৰ মাৰ্বলটো থেলি পঠিয়ালে মাৰ্বলটোৱে পোন বাট এৰি খাদটোৰ দিশে অগ্ৰসৰ হ'ব।

এতিয়া চাদৰত সৃষ্টি হোৱা এই খাদটোক সূর্য বুলি ধৰি লোৱা যাওক। সূর্যই যি বলৰ দ্বাৰা নিজৰ গ্রহকেইটাক ধৰি ৰখাৰ লগতে নিজৰ চৌপাশে ঘূৰিবলৈ বাধ্য কৰে, সেয়াই মহাকৰ্ষণ আৰু যিমান দূৰলৈ সূৰ্যৰ এই বলৰ প্ৰভাৱ থাকে, সেইখনেই সূৰ্যৰ মহাকর্ষণ ক্ষেত্র। বিচনাৰ চাদৰখনত শিলগুটিটোৰ উপস্থিতিয়ে যেনেদৰে এটা খাদৰ সৃষ্টি কৰিছিল, সূর্যৰ মহাকর্ষণেও ঠিক সেইদৰে সূৰ্যৰ চৌপাশে থকা সৌৰজগতৰ স্পেচ-টাইম বা স্থান-কালক বক্ৰ কৰি তোলে। শিলটোৰ ভৰ বৃদ্ধি হ'লে যেনেদৰে বিচনা চাদৰখনৰ খাদটো অধিক গভীৰ হ'ব, একেদৰে অধিক ভৰৰ মহাজাগতিক পদাৰ্থ, যেনে কোনো দানবাকৃতিৰ তৰা, কোৱাচাৰ বা তাৰকাৰাজ্যৰ উপস্থিতিয়ে বিশ্বব্ৰহ্মাণ্ডৰ স্থান-কাল বক্ৰ কৰি তোলে।

আগৰ উদাহৰণটোত উল্ল্যেখ কৰা মাৰ্বলটোক এতিয়া যদি পোহৰ বুলি ধৰি লোৱা হয়, তেন্তে স্থান-কালৰ বক্ৰতাৰ বাবে পোহৰে পোন বাট এৰি বক্ৰভাবে গতি কৰি সূৰ্য বা অতিশয় ভৰযুক্ত আন কোনোবা তৰা অথবা আন মহাজাগতিক পদাৰ্থৰ পিনে গতি কৰিব। ভৰৰ মান যিমানেই বেছি হ'ব, মহাকর্ষণৰ মানো সিমানেই বেছি হ'ব। এই মহাকর্ষণ বলে মহাকাশত ভৰযুক্ত পদাৰ্থটোৰ আশপাশে স্পেস-টাইম বা স্থান-কালক বক্ৰ কৰি তোলে। তাৰফলত, ব্রহ্মাণ্ডৰ সুদূৰতম প্রান্তৰ কোনো তাৰকা বা তাৰকাৰাজ্যৰ পৰা অহা পোহৰ সেই বক্ৰ স্পেস-টাইমৰ মাজেৰেই পাৰ হৈ আহিবলগীয়া হয়। ফলস্বৰূপে যিটো উৎসৰ পৰা বা যিটো মহাজাগতিক পদাৰ্থৰ পৰা পোহৰৰ সেই ৰশ্মিবোৰ আহিছে, সেই পদাৰ্থটো দেখা পোৱষটো সহজ হৈ পৰিব। যি মহাজাগতিক পদাৰ্থসমূহ দূৰত্বৰ বাধাৰ বাবে আমি কেতিয়াও দেখা পোৱা নাই, সেই মহাজাগতিক পদাৰ্থসমূহ স্পষ্ট তথা উজ্বল ভাবে দেখা পোৱাটো সহজ হৈ পৰিব। অসীম দূৰত্বৰ মহাজাগতিক কোনো পদাৰ্থ এটা এনেদৰে স্থান-কালৰ বক্ৰতাৰ সহায়ত সহজতে স্পষ্টকৈ চাব পৰা এই বিশেষ বৈজ্ঞানিক নীতিটোক গ্ৰেভিটেচনেল লেন্সিং বোলা হয়। একেদৰে সূৰ্যৰ মহাকৰ্ষণ ক্ষেত্ৰৰ সহায়ত মহাকাশ দৰ্শন কৰা বিষয়টোক "চোলাৰ গ্রেভিটেচনেল লেন্সিং" (এস.জি.এল) বা সৌৰমহাকৰ্ষণীয় লেন্সিং বোলা হয়। এই সৌৰমহাকৰ্ষণীয় লেন্সিং ব্যৱহাৰ কৰিয়েই বিজ্ঞানীসকলে ইতিমধ্যে "কেপলাৰ-৪৫২-বি" নামৰ সৌৰজগতৰ বাহিৰৰ ভিন্ন গ্ৰহটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

Thursday, 20 April 2017

পিয়াহ নিবাৰণৰ বাবে সাজু পানীৰ টোপোলাবোৰ


আপুনি হয়তো প্লাষ্টিক প্ৰদূষণ সম্বন্ধে সকলোখিনি জনাৰ পিছতো একান্ত প্রয়োজনৰ তাগিদাত দোকানৰ পৰা প্লাষ্টিকৰ বটলত পানী কিনি খাইছে। বিভিন্ন সংস্থা সমূহৰ সমীক্ষা অনুসৰি এনেদৰে পানীৰ ব্যৱসায়ত প্ৰয়োজনীয় প্লাষ্টিকৰ বটল যোগান ধৰাৰ বাবে প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় ৩০ কোটি টন প্লাস্টিকৰ বটল তৈয়াৰ কৰা হয়। ইয়াৰ ৯০ লাখ টন প্লাস্টিক আৱৰ্জনা হিচাবে সাগৰৰ পানীলৈ উটি যায় আৰু ই সামুদ্রিক প্রাণীৰ বাবে মাৰাত্মক ভাবে ক্ষতিকাৰৰক বুলি বিবেচিত হৈছে। প্লাষ্টিক প্ৰদূষণে পানীৰ উপৰিও মাটি আৰু সামগ্ৰিক ভাবে গোটেই পৰিবেশ তন্ত্ৰটোকেই ক্ষতিগ্ৰস্ত কৰি আহিছে।

এই সমস্যাৰ পৰা হাত সৰাৰ উপায় বিচাৰি লণ্ডণৰ ইম্পেৰিয়েল কলেজেৰ ৰদ্ৰিগো গাৰ্চিয়া, পিয়েৰী পাস্লিয়োৰ আৰু গৈলামী কোচ নামৰ বিজ্ঞানীসকলে তৈয়াৰ কৰি পেলালে পানীৰ কেতবোৰ টোপোলা যিবোৰ কোনো পাত্ৰ বা বটল অবিহনে সৰবৰাহ কৰিব পৰা যায়। তেওঁলোকে এই পানীৰ টোপোলাবোৰৰ নাম ৰাখিলে : "ওহো" (OOHO) !

পিছে কি এই "ওহো" ? হাতত ল'লে থিক জেলীৰ দৰেই নৰম যেন লগা সৰু সৰু দুতৰপীয়া আৱৰণেৰে আবৃত একোটা গোলাকাৰ টোপোলাৰ মাজত ৰখা বিশুদ্ধ পানীখিনিয়েই হ'ল "ওহো"। এই ওহোত আছে "ছোডিয়াম এলজিনেট" নামৰ এবিধ পদাৰ্থৰে তৈয়াৰী দুখন পাতল স্বচ্ছ পর্দা। সামুদ্রিক "ব্রাউন এলগী" আৰু কেলচিয়াম লেক্টেট নামৰ পদাৰ্থৰ সহায়ত তৈয়াৰ কৰা হয় এই চোডিয়াম এলজিনেট নামৰ পদাৰ্থটো। কেলচিয়াম লেক্টেট নামৰ পদাৰ্থটো বেকিং পাউদাৰ আৰু "এণ্টাচিদ" বনাবলৈও ব্যৱহাৰ কৰা হয়। এই ছোডিয়াম এলজিনেট নামৰ স্বচ্ছ পদাৰ্থটোৰে তৈয়াৰী আৱৰণৰ মাজত ৰখা পানীখিনিত "জেলীফিকেচন" নামৰ পদ্ধতিৰে মানুহে খাব পৰা "জেলিং এজেন্ট" মিশ্ৰিত কৰা হয়। প্ৰয়োজন অনুসৰি মানুহৰ স্বাস্থ্যৰ বাবে লাগতীয়াল খনিজ লৱণ সমূহো মিহলি কৰা হয়। এনেদৰে তৈয়াৰ কৰা ওহো আমি সচৰাচৰ ব্যৱহাৰ কৰি অহা পানীৰ দৰেই আৰু তুলনামূলক ভাবে কম দামতেই উপলব্ধ হোৱাৰ উপৰিও অধিক স্বাস্থ্য সন্মত। অৱশ্যে বজাৰত বিভিন্ন ফ্লেভাৰযুক্ত ওহো মুকলি কৰাৰো পৰিকল্পনা কৰি থকা হৈছে।

ওহো প্ৰস্তুত কৰাৰ বাবে বৃটিছ বিজ্ঞানীসকলে "spherification" নামৰ এটা পদ্ধতি প্ৰয়োগ কৰিছে। এই পদ্ধতিত প্ৰথমে ছডিয়াম এলজিনেট আৰু এটা বিশেষ জেলিং এজেণ্ট একেলগে মিহলি কৰি এটা সমসত্ব মিশ্ৰণ তৈয়াৰ কৰি মিশ্ৰণটো কেলচিয়াম ক্ল'ৰাইডৰ দ্ৰৱত ৰখা হয়। ইয়াৰ ফলত কেলচিয়ামযুক্ত জেলৰ এখন অতি পাতল আৱৰণ সৃষ্টি হয়। এই জেল আৱৰণখনৰ এটি বৈশিষ্ট হৈছে যে জেলখিনি লৰাই থাকিলে আৱৰণখন গোলাকাৰ বা spherical হৈ পৰে। এতিয়া বিশুদ্ধ পানীখিনিত প্ৰয়োজনীয় সকলো উপাদান যোগ কৰি সদ্য প্ৰস্তুত কেলচিয়ামযুক্ত জেলৰ লগত একেলগে ৰাখি লৰাই থাকিলে spherification ধৰ্মৰ বাবে জেলখিনিয়ে পানীখিনি সামৰি লৈ একোটা গোলাকাৰ পানীৰ টোপোলা সৃষ্টি কৰিব। এই জেল আৱৰণখন স্বাস্থ্যৰ বাবে মুঠেও অপকাৰী নহয়, বৰং আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেলচিয়ামৰ যোগান ধৰা আৰু সহজে মানুহৰ পাকস্থলীত জীণ যাব পৰা এবিধ প্ৰয়োজনীয় যৌগহে। সেয়ে তৃষ্ণাতুৰ ব্যক্তি এজনে ওহোৰ টোপোলাটো পোনে পোনে মুখত লৈ গিলি দিলেই হ'ল।