Saturday, 17 March 2018

উপেক্ষিত বিজ্ঞানী : জৰ্জ চাইমন ওম


জাৰ্মানীৰ এৰলাংগেন নামৰ এখন সৰু চহৰত পুৰণি তলা ভাল কৰা এজন সাধাৰণ তলামিস্ত্ৰী য়োহান ওম। তলা ভাল কৰা সাধাৰণ ব্যৱসায়েৰে তিনিটা সন্তান আৰু পত্নীক পোহপাল দিয়াৰ ক্ষেত্ৰত য়োহান ওম যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছিল। সেয়ে তেওঁৰ পত্নী মাৰিয়া এলিজাবেথে ঘৰতে কাপোৰ চিলোৱা কাম কৰি পৰিয়ালটো চলি যোৱাত সহায় কৰিছিল। য়োহান আৰু এলিজাবেথৰ সাতটা সন্তানৰ তিনিটাহে জীৱিত হৈ ৰৈছিল। তেওঁলোক হ'ল ক্ৰমে জৰ্জ চাইমন ওম, মাৰ্টিন ওম আৰু একমাত্ৰ জীয়াৰী এলিজাবেথ বাৰবাৰা। ১৭৮৯ চনৰ ১৬ মাৰ্চত জন্ম গ্ৰহন কৰা জৰ্জ চাইমন ওম পিছলৈ এজন প্ৰসিদ্ধ বিজ্ঞানী হিচাবে প্ৰতিস্থিত হোৱাৰ উপৰিও তেওঁৰ ভাতৃ মাৰ্টিন ওমো এজন বিশ্ববিখ্যাত গণিতজ্ঞ।

১৮০৬ চনত যেতিয়া জৰ্জ চাইমন ওম ১৭ বছৰীয়া তেতিয়াই নিজৰ পঢ়াৰ খৰছ উলিয়াবলৈ তেওঁ Gottstadt Bay Schoolত গণিতৰ শিক্ষক হিচাবে নিযুক্ত হয় আৰু ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ অধ্যয়নো চলাই নিয়ে। ১৮০৯ চনত তেওঁ শিক্ষকতাৰ বৃত্তি এৰি এৰলাংগেন বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰ হিচাবে নাম ভৰ্তি কৰে আৰু ১৮১১ চনৰ শেষৰ ভালে তেখেতে ডক্তৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গণিত আৰু জ্যামিতিৰ স্কুলীয়া পাঠ্যপুথি লিখা কামত ব্ৰতী হয়। ১৮১৩ চনত তেওঁ পুণৰ স্কুল পৰ্যায়ৰ শিক্ষক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰে আৰু সমান্তৰাল ভাবে গণিতৰ লগতে পদাৰ্থ বিজ্ঞানৰ বিভিন্ন গৱেষণামূলক কামত নিজকে নিয়োজিত কৰে।

১৮২৫ চনত চাইমন ওমে জাৰ্মান ভাষাত তেখেতৰ গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet" প্ৰকাশ কৰে। গৱেষণা গ্ৰন্থখনত তেখেতে উল্ল্যেখ কৰিছিল যে কোনো বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ মান পৰিবাহীৰ দুয়ো মুৰে প্ৰয়োগ কৰা বিভৱ পাৰ্থক্যৰ সমানুপাতিক। আজি এই আৱিষ্কাৰক আমি ওমৰ সূত্ৰ বুলিয়েই জানো। কিন্তু পৰিতাপৰ কথা এয়ে যে ওমৰ এই সূত্ৰক সেই সময়ৰ বিজ্ঞানী সকলে মানি ল'ব খোজা নাছিল।

১৮২৭ চনত ওমে আন এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰে।এই গৱেষণা পত্ৰত তেখেতে উল্ল্যেখ কৰে যে বিদ্যুত পৰিবাহীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হওঁতে, প্ৰবাহিত বিদ্যুতৰ পৰিমান বিভৱ পাৰ্থক্যৰ উপৰিও পৰিবাহীৰ প্ৰস্থচ্ছেদ আৰু পৰিবাহীৰ দৈৰ্ঘৰ ওপৰতো নিৰ্ভৰশীল। গৱেষণা পত্ৰ দুখনত তেওঁৰ পৰীক্ষাৰ বিতং বৰ্ণনাৰ লগতে গাণিতিক বিশ্লেষণো সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছিল।

ওমৰ গৱেষণা পত্ৰ দুখনে বিজ্ঞান সমাজত সমাদৰ পোৱাতো দুৰৰ কথা, বৰং তেওঁৰ সমসাময়িক বিজ্ঞানীসকলে ওলোটাই তেওঁক তিৰস্কাৰহে কৰিছিল। তেওঁলোকৰ মতে এই গৱেষণা পত্ৰ দুখন বিজ্ঞানৰ গৱেষণাৰ নামত বলিয়ালিৰ নামান্তৰ মাথোন ! হতাশাই ওমক আমনি কৰিছিল। তেনে সময়তেই চাইমন ওমক বিদ্যালয় কৰ্তৃপক্ষই চাকৰিৰ পৰা ইস্তাফা দিবলৈ হেঁচা প্ৰয়োগ কৰিলে। বিদ্যালয় কৰ্তৃপক্ষৰ মতে বিজ্ঞানৰ নামত ওমে যিবোৰ বলিয়ালি কৰিছে, সেইবোৰে শিশু আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বিৰূপ প্ৰভাৱ পেলাব। বাধ্য হৈ ১৮২৮ চনত তেওঁ চাকৰীৰ পৰা অব্যাহতি লৈ ১৮৩৩ চনলৈ সুদীৰ্ঘ পাঁচ বছৰ কাল এক প্ৰকাৰ বেকাৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল।

পিছে গুণীৰ গুণ বুজা মানুহো থাকে। ১৮৩৩ চনত Polytechnic School of Nurembergএ জৰ্জ চাইমন ওমক গণিতৰ অধ্যাপক হিচাবে নিযুক্তি দিলে। লাহে লাহে ওমৰ জীৱনলৈ ভাল দিনবোৰ ঘূৰি আহিবলৈ ধৰিলে। ওমে Polytechnic School of Nurembergত ষোল্ল বছৰ অধ্যাপনা কৰে। ১৮৪১ চনত Royal Society of Londonৰ পৰা জৰ্জ চাইমন ওমে এখন পত্ৰ পালে। পত্ৰখন পঢ়ি ওমৰ দুচকুত বিৰিঙি উঠিল আনন্দৰ চকুলো। কাৰণ পত্ৰখনত লিখা আছিল : ……১৮২৫ চনত আপুনি প্ৰকাশ কৰা গৱেষণা গ্ৰন্থ "Die Galvanische Kette, Mathematisch Bearbeitet"ত উল্ল্যেখিত তথ্যবোৰ বিজ্ঞান জগতলৈ এক অমূল্য অৱদান, যিয়ে বিদ্যুত বিজ্ঞানক সঠিক পথৰ সন্ধান দিব। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে Royal Society of Londonএ আপোনাক "Copley Medal for Extraordinary Effort" প্ৰদান কৰিবলৈ ওলাইছে। আপোনাক পুৰস্কাৰটি গ্ৰহন কৰিবলৈ অনুৰোধ জনোৱা হ'ল……।

১৮৪১ চনত Royal Society of Londonৰ দৰে পৃথিৱী বিখ্যাত অনুস্থানৰ দ্বাৰা স্বীকৃতি পোৱাৰ লগে লগে জৰ্জ চাইমন ওম ৰাতিটোৰ ভিতৰতেই বিখ্যাত হৈ পৰিল। আগতে লেই লেই চেই চেই কৰা সকলে এতিয়া তেওঁৰ এটি সাক্ষাৎকাৰৰ বাবে দৌৰা দৌৰি আৰম্ভ কৰিবলৈ ধৰিলে। ১৮৪৯ চনত মিউনিখৰ Bavarian Academy’s Physics নামৰ জাৰ্মানীৰ পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ সংস্থাটোৱে তেওঁক সন্মানীয় "Curator" পদৱীত নিযুক্তি দিয়ে। তিনি বছৰ এই পদত কাৰ্য নিৰ্বাহ কৰাৰ পিছত মিউনিখ বিশ্ববিদ্যালয়ে তেওঁক ১৮৫২ চনত University of Munichত পদাৰ্থ বিজ্ঞানৰ সৰ্বোচ্চ আসনখনত অধিস্থিত কৰে। তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত ওমে সেই আসনখন শুৱনি কৰি ৰাখিছিল। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে পৰিবাহীৰ "ৰোধ"ৰ এককটোক "ওম" বুলি নামাকৰণ কৰা হয়। ৬ জুলাই, ১৮৫৪ত এই মহান বিজ্ঞানীজনৰ দেহাৱসান হয়।

আকাশৰ তৰাবোৰৰ ভাৰতীয় নাম


বিশ্বৰ প্ৰায় প্রতিটো সংস্কৃতিতেই আকাশৰ তৰাবোৰে বিশেষ গুৰুত্ব বহন কৰি আহিছে। প্ৰাচীন কালৰে পৰাই ধর্মীয় আদৰ্শৰ প্ৰসাৰ আৰু অধ্যয়নৰ ক্ষেত্ৰত তৰাবোৰ বহুলভাবে ব্যবহাৰ হৈছিল। কম্পাচ আৱিষ্কাৰ হোৱাৰ আগত নিশাৰ আকাশত জিকমিকাই থকা তৰাবোৰৰ সহায়তেই নাবিকসকলে দিকনির্ণয় কৰি সাগৰৰ বিশালতা অতিক্ৰম কৰিছিল। ঋতু পৰিবৰ্তনৰ লগত আকাশৰ তৰাবোৰৰ আপেক্ষিক স্থান পৰিবৰ্তনৰ সম্পর্কটো লাহে লাহে মানুহে বুজি পাবলৈ আৰম্ভ কৰিলে। প্রাচীন জ্যোতির্বিদ সকলে (জ্যোতিষী নহয়) আকাশৰ তৰাবোৰক কিছুমান তৰামণ্ডলত ভাগ কৰি সেই তৰামণ্ডলসমূহ সাপেক্ষে সৌৰজগতত সূর্যৰ অৱস্থান আৰু সৌৰজগতৰ গ্রহবোৰৰ গতি সম্বন্ধে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। প্ৰাচীন কালৰে পৰাই মিচৰ, চীন, আৰব, ইউৰোপ প্ৰভৃতি দেশৰ জ্যোতির্বিদ সকলৰ লগতে ভাৰততো তৰা বা নক্ষত্ৰবোৰৰ ওপৰত বিশদ অধ্যয়ন চলিছিল। ভাৰতীয় জ্যোতির্বিদ সকলে সেই সময়তেই আকাশৰ তৰাবোৰ চিনাক্ত কৰি সেইবোৰৰ নাম ৰাখিছিল। সেইবোৰৰ ভিতৰত কেইটামানৰ বিষয়ে তলত উল্ল্যেখ কৰিছোঁ :

১) অশ্বিনী : পৌৰাণিক আখ্যান অনুসৰি অশ্বিন মুনিৰ পত্নীৰ নাম অশ্বিনী। ঘোঁৰাৰ মুৰৰ গঠনৰ লগত সাদৃশ্য থকা α, β আৰু γ Arietis নামৰ তিনিটা প্ৰধান তৰাৰে গঠিত তৰামণ্ডলতেই অশ্বিনী নক্ষত্ৰৰ অৱস্থান। ঘোঁৰা বা অশ্বৰ দৰে গঠনযুক্ত হোৱা বাবেই এই তৰাটোৰ নাম অশ্বিনী ৰখা হৈছিল। পৃথিৱীৰ পৰা প্ৰায় ৬৬ আলোক বৰ্ষ দূৰৰ মেষ ৰাশিত অৱস্থিত এই তৰাটো আকাৰত আমাৰ সূৰ্যতকৈ প্ৰায় দুগুণ ডাঙৰ। 

২) ভৰণী : মেষ ৰাশিৰ অন্তৰ্গত Arietis তাৰকামণ্ডলৰ আন এটা নক্ষত্ৰ হ'ল ভৰণী। ভৰণী (মূল সংস্কৃত) শব্দৰ অৰ্থ ধাৰণ কৰা বা বহন কৰা। ঋগ্বেদৰ আখ্যান মতে ভৰণী নক্ষত্ৰ হ'ল যমৰজাৰ দূত যিয়ে মৃতকৰ আত্মাক পৃথিৱীৰ পৰা কঢ়িয়াই নিয়ে। ভৰণী নক্ষত্ৰ পৃথিৱীৰ পৰা প্ৰায় ৭৩ আলোক বৰ্ষ আঁতৰত অৱস্থিত আৰু ই সূৰ্যতকৈ প্ৰায় ৩.৫ গুণ ডাঙৰ।

৩) কৃত্তিকা : ঋগ্বেদত উল্ল্যেখ থকা মতে শিৱৰ সন্তান কাৰ্তিকেয় (কাৰ্তিক)ৰ এগৰাকী শুশ্রূষাকাৰিণী হ'ল কৃত্তিকা। ই বৃষ ৰাশিত অৱস্থিত Pleiades তাৰকা মণ্ডলৰ ছটা নক্ষত্ৰৰ মাজৰ এটি নক্ষত্ৰ। গ্ৰীক আখ্যান অনুসৰি কৃত্তিকা হ'ল অগ্নি বা জুইৰ অধিপতি।

৪) ৰোহিনী : বৃষ ৰাশিৰ উজ্বল নক্ষত্ৰ আলফা আলদাবেৰান বা α-Aldebaran আকাশৰ চতুৰ্দশ উজ্বল নক্ষত্ৰ। এই তৰাটোৰ ভাৰতীয় নামেই হ'ল ৰোহিনী নক্ষত্ৰ। ৰঙা বৰণৰ এই তৰাটো আমাৰ সূৰ্যতকৈ প্ৰায় ৩৫০ গুণ ডাঙৰ আৰু পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৭০ আলোকবৰ্ষ। 

৫) মৃগশিৰা : পৰস্পৰৰ ওচৰা ওচৰিকৈ দেখা যোৱা ক্ষীণ পোহৰৰ ৩টা তৰাৰে মিলি গঠন হৈছে এক তাৰকা মণ্ডল যাৰ নাম Orion বা অৰায়ন। ঋগ্বেদৰ মতে ইয়াক যজ্ঞসোম বুলিও জনা যায়। তাৰকা মণ্ডলটোৰ গঠন হৰিণৰ মূৰৰ দৰে হোৱা বাবে ইয়াক মৃগশিৰা বুলিয়েই জনা যায়। আধুনিক জ্যোতির্বিজ্ঞান অনুসৰি এই নক্ষত্রটোৰ নাম Meisah বা λ Orionis।

৬) আৰ্দ্ৰা : ৰাতিৰ আকাশৰ অগণন তৰাৰ মাজত অতি সহজে চিনি উলিয়াব পৰা এটি তৰা হ'ল বিটলজুচ বা আৰ্দ্ৰা নক্ষত্ৰ। কালপুৰুষৰ সোঁবাহুৰ উজ্জ্বল ৰঙচুৱা নক্ষত্ৰটোৱই বিটলজুচ বা আৰ্দ্ৰা। বিজ্ঞানী সকলৰ ভাষাত এই তৰাটোৰ নাম Alpha Orionis. আমাৰ সূৰ্যতকৈ 25 গুণ অধিক ভৰ বিশিষ্ট বিটলজুচ আয়তনৰ ক্ষেত্ৰতো সূৰ্যতকৈ প্ৰায় 500 গুণ ডাঙৰ। অতি বৃহৎ আকাৰৰ M শ্ৰেণীৰ এই তৰাটোক এটা ৰঙা অতিদানব বা Red Supergiant বুলি কোৱা হয়। আচৰিত হ'লেও এইটো সঁচা যে আকাৰত অতি বৃহৎ হোৱা স্বত্তেও এই তৰাটো আমাৰ সূৰ্যতকৈ শীতল। বিটলজুচৰ উষ্ণতা 6000 ডিগ্ৰী ফাৰেনহাইট, আনহাতে আমাৰ সূৰ্যৰ উষ্ণতা প্ৰায় 10,000 ডিগ্ৰী ফাৰেনহাইট। পৃথিৱীৰ পৰা প্ৰায় 640 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোৰ বয়স প্ৰায় 10 মিলিয়ন বছৰ। সূৰ্যৰ তুলনাত প্ৰতি ছেকেণ্ডত প্ৰায় 700 গুণ অধিক হাইড্ৰজেন ইন্ধন হিচাবে জ্বলোৱা বিটলজুচৰ ইতিমধ্যে ইন্ধনৰ অভাৱ ঘটিছে আৰু তৰাটোৰ নিউক্লিয় বিক্ৰিয়া অতি স্তিমিত হৈ পৰিছে। বিজ্ঞানী সকলে গাণিতিক ভাবে বিশ্লেষণ কৰি আগবঢ়োৱা তথ্য অনুসৰি বিটলজুচ বৰ্তমান এটি অকালতে বৃৃদ্ধ হৈ পৰা তৰা। ইয়াৰ কেন্দ্ৰত ঘটা হাইড্ৰজেনৰ নাটনিয়ে বৰ্তমান এক জটিল অৱস্থা পাইছে আৰু সেয়েহে যিকোনো মূহুৰ্ততে তৰাটো মৃত্যুমুখত পৰাটো নিশ্চিত। 

৭) পুণৰ্বসু : ভাৰতীয় জ্যোতির্বিজ্ঞান অনুসৰি ৭ম নক্ষত্ৰ পুণৰ্বসু প্ৰকৃততে যুগ্ম তৰা। প্রাচীন ঋগ্বেদীয় ঋষি সকলৰ মতে এই তৰা দুটাৰ নাম অদিতি ও দিতি। আধুনিক জ্যোতির্বিজ্ঞান অনুসৰি এই নক্ষত্র দুটা মিথুন ৰাশিৰ উজ্জ্বলতম দুই তৰা Pollux (বিটা জেমিনি) আৰু Castor (আলফা জেমিনি)।

৮) পুষ্যা : ডেল্টা কংক্ৰায়, গামা কংক্ৰায়, আৰু থেটা কংক্ৰায় নামৰ কৰ্কট ৰাশিৰ তিনিটা অনুজ্বল নক্ষত্ৰক প্রাচীন ঋগ্বেদীয় ঋষিসকলে পুষ্যা বুলি নামাকৰণ কৰিছে। পুষ্যা নক্ষত্ৰ পৃথিৱীৰ পৰা ১৮০ আলোক বৰ্ষ দূৰত অৱস্থিত।

৯) অশ্লেষা : উত্তৰ-পশ্চিম আকাশত কর্কট ৰাশিৰ পৰা তুলা ৰাশিল কাল্পনিক ৰেখা অংকন কৰি তাক বঢ়াই নিলে দক্ষিণ-পূব দিশত দেখা যায় হাইড্রা তাৰকা মণ্ডল। ই এক বৃহত্তম তৰা মণ্ডল হলেও ইয়াত এটাই মাত্র উজ্বল তৰা আছে যাৰ নাম আলফা হাইড্রি বা σ Hydrae। এই তৰাটোৱেই অশ্লেষা নক্ষত্ৰ।

১০) মঘা : সিংহ ৰাশিৰ উজ্বলতম নক্ষত্ৰটো হ'ল ৰেগুলাচ বা মঘা। আধুনিক বিজ্ঞানত এই তৰাটোৰ নাম α Leonis বা আলফা লিওনিচ। সিংহ ৰাশিত মঘা নক্ষত্ৰ বা α Leonisৰ ওচৰতেই আন দুটা অনুজ্বল তৰা দেখা পোৱা যায়। এই তৰা দুটাক γ Leonis আৰু ζ Leonis বোলা হয়। পৃথিৱীৰ পৰা মঘা নক্ষত্ৰৰ দূৰত্ব প্ৰায় ৭৯ আলোক বৰ্ষ আঁতৰত অৱস্থিত।

১১) পূর্ব ফাল্গুনী : পৃথিৱীৰ পৰা প্ৰায় ৫৯ আলোকবৰ্ষ দূৰৰ সিংহ ৰাশিৰ অন্তৰ্গত ডেল্টা লিওনিচ (δ Leonis) নামৰ অতি বিশালাকাৰ নীলা বৰণৰ নক্ষত্ৰটো আৰু ইয়াৰ লগতে আকাশৰ প্ৰায় একে স্থানতেই দেখা যোৱা থিটা লিওনিচ (θ Leonis) নামৰ ঈষৎ ৰঙচুৱা নক্ষত্ৰ দুটাই হ'ল পূৰ্ব ফাল্গুনী। 

১২) উত্তৰ ফাল্গুনী : সিংহ ৰাশিৰ β Leonis বা বিটা লিওনিচ নামৰ নীল বৰণৰ নক্ষত্ৰটো আমাৰ সূৰ্যতকৈ প্ৰায় ৫ গুণ ডাঙৰ। β Leonis সূৰ্যতকৈ কেইবা গুণে উজ্বল আৰু সেয়েহে পৃথিৱীৰ পৰা ৩৬ আলোক বৰ্ষ দূৰত থকা স্বত্তেও এই নক্ষত্ৰটো আমি খালী চকুৰেই দেখা পাওঁ। সিংহ ৰাশিৰ β Leonis নামৰ এই নক্ষত্ৰটোকেই আমি উত্তৰ ফাল্গুনী বুলি জানো।

১৩) হস্তা : পৌৰাণিক আখ্যান অনুসৰি হস্তা নক্ষত্ৰ জীৱৰ জন্ম আৰু বিবাহৰ অধিপতি। পাচটা কিছু উজ্বল নক্ষত্ৰ ক্ৰমে α-Corvi, β-Corvi, γ-Corvi, δ-Corvi আৰু ε-Corvi মিলি গঠন হোৱা Corvus (কোৰভাচ) তাৰকাৰাজ্যৰ সকলোতকৈ উজ্বল তৰা α-Corviকেই হস্তা নক্ষত্ৰ বোলা হয়। সূৰ্যতকৈ প্ৰায় ১২ গুণ ডাঙৰ হস্তা নক্ষত্ৰটো আমাৰ পৰা ৪৯ আলোকবৰ্ষ দূৰত অৱস্থিত।

১৪) চিত্ৰা : ৰাতিৰ আকাশত মংগল গ্ৰহ আৰু শনি গ্ৰহৰ প্ৰায় ওচৰতে এটি নক্ষত্ৰ দেখা পোৱা যায়। এই নক্ষত্ৰটোক আধুনিক বিজ্ঞানত স্পাইকা (Spica) বা α Virginis বুলি জনা যায়। কন্যা ৰাশিৰ উজ্বলতম এই নক্ষত্ৰটোৰ নামেই হ'ল চিত্ৰা বা স্পাইকা। ই পৃথিৱীৰ পৰা ২৫০ আলোক বৰ্ষ দূৰত অৱস্থিত।

১৫) স্বাতী : বুটিচ তাৰকাৰাজ্যৰ এটি উজ্বল নক্ষত্ৰ হ'ল α Boötes বা আৰ্কটুৰাচ (Arctaurus)। এই তৰাটো এতিয়া ৰঙা দানৱ বা red giant দশাত আছে। বুটিচ তাৰকাৰাজ্যৰ এই তৰাটো উত্তৰ গোলাৰ্ধৰ আকাশত নিশাৰ ভাগত যিকোনো ঠাইৰ পৰা খালী চকুৰে দেখা পোৱা যায়। বিজ্ঞানী সকলৰ মতে তৰাটোৰ মৃত্যুৰ পিছত ইয়াৰ অৱশিষ্ট অংশবোৰ এটা শ্বেত বামন বা white dwarf হিচাবে ৰৈ যাব। ভাৰতীয় জ্যোতির্বিদ সকলে এই তৰাটোক স্বাতী নামেৰে নামাকৰণ কৰিছে।

১৬) বিশাখা : তুলা ৰাশিত তিনিটা উজ্বল তৰা দেখা যায়। এই তৰা কেইটাৰ বিজ্ঞান সন্মত নাম α, β আৰু γ- Libra (লিব্ৰা)। এই তৰা কেইটাৰ ভিতৰত α-Libra দৰাচলতে যুগ্ম তৰাহে। অৰ্থাৎ α¹-Libra আৰু α²-Libra নামৰ দুটা তৰাক একেলগে দেখা যায়। খালী চকুৰে অৱশ্যে তৰা দুটা পৃথক যেন নেলাগে। প্ৰাচীন ভাৰতীয় বিজ্ঞানী সকলে α¹-Libra আৰু α²-Libra নামৰ দুটা তৰাক একেলগে বিশাখা নামেৰে নামাকৰণ কৰিছে।

১৭) অনুৰাধা : বৃশ্চিক ৰাশিত একাধিক উজ্বল তৰা আছে। সেইবোৰক একেলগে Scorpionis বুলি কোৱা হয়। এই Scorpionisবোৰৰ ভিতৰত বৃশ্চিক ৰাশিত β, δ আৰু π Scorpionisক অনুৰাধা বুলি জনা যায়। পৃথিৱীৰ পৰা প্ৰায় ৪০০ আলোক বৰ্ষ আঁতৰৰ এই তৰা কেইটা আমাৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ।

১৮) জেষ্ঠা : আগতেই কোৱা হৈছে যে বৃশ্চিক ৰাশিত একাধিক উজ্বল তৰা আছে। আন কেইটামান তেনে উজ্বল তৰা হ'ল α-Scorpionis, σ-Scorpionis আৰু τ-Scorpionis। ইয়াৰ ভিতৰত α-Scorpionis সকলোতকৈ উজ্বল। এই α-Scorpionis নামৰ তৰাটোৱেই হ'ল জেষ্ঠা নক্ষত্ৰ।

১৯) মূলা : বৃশ্চিক ৰাশিৰ আন কেইটামান উল্ল্যেখযোগ্য তৰা হ'ল ε, ζ, η, θ, ι, κ, λ, μ আৰু ν স্কৰপিওনিচ। এই তৰা কেইটাৰ ভিতৰত আটাইতকৈ উজ্বল তৰাটো হৈছে θ-স্কৰপিওনিচ বা মূলা নক্ষত্ৰ।

২০) পূর্বাষাঢ়া : ধনু ৰাশিৰ উজ্বল তৰাৰ সংখ্যাও কম নহয়। γ, δ, ε, η, μ1, μ2, σ, ζ, φ, χ, আৰু τ-চেজিটেৰায় নামৰ ১১টা কম বেছি পৰিমানে উজ্বল তৰাৰে গঠিত ধনু ৰাশিত প্ৰকৃততে μ1 আৰু μ2 চেজিটেৰায় নামৰ তৰা দুটা যুগ্ম তৰাহে। এই তৰা দুটাক একেলগে পূর্বাষাঢ়া নক্ষত্ৰ বোলা হয়।

২১) উত্তৰাষাঢ়া : ধনু ৰাশিৰ উজ্বল তৰাবোৰৰ ভিতৰত π, τ, ν, ψ, ω, α, আৰু ζ-চেজিটেৰায় অন্যতম। এই সাতটা তৰাৰ মাজত α-চেজিটেৰায় অন্যতম আৰু এই তৰাটোকেই উত্তৰাষাঢ়া নক্ষত্ৰ বোলা হয়।

২২) অভিজিত : মকৰ ৰাশিৰ অন্তৰ্গত হাৰকিউলিচ (লিৰা) তাৰকামণ্ডলৰ এটা উজ্বল তৰাৰ নাম ভেগা। ভেগা নক্ষত্ৰ আমাৰ সূৰ্যতকৈ প্ৰায় 2.5 গুণ ডাঙৰ আৰু আমাৰ পৰা 25 আলোকবৰ্ষ আতৰত অৱস্থিত। সূৰ্যাস্তৰ পিছতেই জোনাকবিহীন সন্ধিয়াত এই ভেগা নক্ষত্ৰটো উত্তৰ-পশ্চিম আকাশত দেখা পোৱা যায়। আকাশৰ তৰাবোৰৰ লগত যদি আপুনি পৰিচিত, তেন্তে এই নক্ষত্ৰটো সহজেই চিনি উলিয়াব পাৰিব। মকৰ ৰাশিৰ তিনিটা উজ্বল নক্ষত্ৰ α, ε আৰু ζ- লিৰাৰ ভিতৰত α-লিৰা সবাতোকৈ উজ্বল আৰু এঈ তৰাটোৱেই অভিজিত নক্ষত্ৰ।

২৩) শ্রৱণা : পৃথিৱীৰ পৰা ১৬.৭ আলোকবৰ্ষ দূৰত একুইলা তাৰকামণ্ডলত তিনিটা উজ্বল তৰা আছে। সেইবোৰ হ'ল α, β আৰু γ-একুইলি। এই তিনিটাৰ ভিতৰত α-একুইলি আটাইতকৈ উজ্বল। বিজ্ঞানী সকলৰ মতে ইয়াৰ নাম Altair (এল্টায়াৰ)। নিশাৰ আকাশৰ উত্তৰ পশ্চিম কোনত খালী চকুৰে দেখা পোৱা এই তৰাটোৰ ভাৰতীয় নাম হ'ল শ্ৰৱনা নক্ষত্ৰ।

২৪) ধনিষ্ঠা : মংগল গ্ৰহৰ কাষত নিশাৰ আকাশত অষ্টবসু তৰামণ্ডলত আঠটা তৰা আছে। এই তৰাবোৰৰ ভিতৰত উল্ল্যেখযোগ্য তৰা কেইটা হ'ল α, β, γ, δ, আৰু ε-ডেলফিনি। ইয়াৰ ভিতৰত α-ডেলফিনি সকলোতকৈ উজ্বল আৰু এই তৰাটোৱেই হ'ল ধনিষ্ঠা নক্ষত্ৰ।

২৫) শতভিষা : পৃথিৱীৰ পৰা ৩৯০ আলোকবৰ্ষ দূৰত কুম্ভ ৰাশিত অৱস্থিত লামডা একুৱাৰি (λ Aquarii) নামৰ তৰাটো প্ৰায় ওচৰা-ওচৰিকৈ থকা আন এশটা তৰাতকৈ বেছি উজ্বল। এশটা তৰাৰ এই সমষ্টিটোক "শততাৰা" বুলিও জনা যায়। কুম্ভ ৰাশিত অৱস্থিত লামডা একুৱাৰি নামৰ তৰাটোক শতভিষা বুলি জনা যায়। 

২৬) পূৰ্বভাদ্ৰপদ : পৃথিৱীৰ পৰা ৫০.৯ আলোকবৰ্ষ আঁতৰৰ পেগাছাচ তাৰকাৰাজ্যৰ চাৰিটা প্ৰধান তৰা হ'ল α, β, ε আৰু γ পেগাছি। ইয়াৰ ভিতৰত α আৰু ε পেগাছি বেছি উজ্বল। পেগাছাচ তাৰকা ৰাজ্যখন দেখাত পাখিযুক্ত ঘোঁৰাৰ দৰে। ইয়াক আকাশৰ উত্তৰ পূব কোনত এণ্ড্ৰোমেডা তাৰকা ৰাজ্যৰ কাষত দেখা পোৱা যায়। পেগাছাচৰ α-পেগাছি নামৰ উজ্বল তৰাটোকেই পূৰ্বভাদ্ৰপদ বুলি জনা যায়।

২৭) উত্তৰভাদ্ৰপদ : ওপৰত উল্ল্যেখ কৰা পেগাছাচ তাৰকাৰাজ্যৰ প্ৰধান চাৰিটা তৰা α, β, ε আৰু γ পেগাছিৰ ε-পেগাছি নামৰ তৰাটোৱেই হ'ল উত্তৰভাদ্ৰপদ। 

২৮) ৰেৱতী : মীন ৰাশিত দেখা পোৱা ৩২টা তৰাৰ ভিতৰত ζ Piscium (যেটা পিছিয়াম) নামৰ তৰাটো এটা বাদামী ৰঙৰ বামন তৰা। এই তৰাটোক প্ৰাচীন ভাৰতীয় বিজ্ঞানী সকলে ৰেৱতী নক্ষত্ৰ বুলি নামাকৰণ কৰিছে।


Wednesday, 7 March 2018

যশোধৰাৰ সিদ্ধাৰ্থ যেতিয়া বুদ্ধ হৈছিল


যশোধৰা আৰু তেওঁৰ বুকুৰ মাজত উমলৈ শুই থকা দেৱশিশুটিৰ পিনে এপলক চাই চকুহাল ঘূৰাই আনিলে শাক্যই। তেওঁৰ মনতে ভাবিবলৈ ধৰিলে - ক্ষন্তেক আগত জন্ম হোৱা এই দেৱশিশুটিয়ে সাংসাৰিক মায়াৰ বান্ধোন অধিক দৃঢ় কৰি তুলিব নেকি ? নাই, নাই… এইটো হ'বলৈ দিয়া অনুুচিত। সাংসাৰিক মায়াৰ বান্ধোনে নিৰ্বাণৰ পথ দেখুৱাব নোৰাৰে। যশোধৰা তেতিয়া পুত্র জন্ম দিয়াৰ আনন্দ আৰু ক্লান্তিৰ গভীৰ নিদ্রাত মগ্ন ! মূহুৰ্তৰ ভিতৰতেই ৰাজকুমাৰ শাক্য ওৰফে সিদ্ধাৰ্থ যশোধৰাৰ শয়ণ কক্ষৰ পৰা হাতত সাৰে, ভৰিত সাৰে ওলাই আহিল। তেওঁ ৰাজপ্ৰসাদৰ বাহিৰৰ মুকলি ঠাই এডোখৰত ক্ষন্তেক ৰৈ ভাবিবলৈ ধৰিলে : ক'ত পোৱা যাব পৰম সত্যৰ সন্ধান অথবা নিৰ্বাণৰ মসৃণ পথ, যি পথে সমগ্ৰ মানুহজাতিক দিব পাৰিব মুক্তি, সুখ আৰু অনাবিল শান্তিৰ ঠিকনা……
যশোধৰা ষোড়শী সুন্দৰী। সিদ্ধাৰ্থৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত দুয়োৰ বয়স ১৬বছৰ। বিয়াৰ ১৩ বছৰ পিছত পুত্ৰ ৰাহুলৰ জন্ম। নিশাৰ আকাশৰ জোনবাইটো ৰাহুৱে গিলি থোৱা (!) চন্দ্ৰগ্ৰহনৰ থিক পিছতেই জন্ম হোৱা পুত্ৰৰ নাম ৰাহু নামৰ অনুসৰণত ৰাহুল ৰখা হ'ল। চন্দ্ৰগ্ৰহনৰ সেই নিশাটোতেই সদ্যজাত পুত্ৰ ৰাহুল আৰু পত্নী যশোধৰাক এৰি থৈ ৰাজকুমাৰ সিদ্ধাৰ্থই ঘৰ-সংসাৰ সকলো ত্যাগ কৰি গুচি গ'ল সত্যৰ সন্ধানত, নিৰ্বাণৰ পথ বিচাৰি।
ৰাজহাউলীত কান্দোনৰ ৰোল উঠিল। যশোধৰাৰ শয়ণকক্ষৰ বাহিৰতেই সেই কান্দোনৰ ৰোল। ভাগৰুৱা অৱশ শৰীৰটো কোনোমতে চম্ভালি লৈ যশোধৰা শয়ণকক্ষৰ ওলাই আহিল। ৰাজহাউলীৰ লিগিৰীবোৰে চিঞৰি চিঞৰি কান্দিছে। যশোধৰাক দেখি কান্দোনৰ ৰোল বাঢ়ি আহিল। এগৰাকী বয়স্ক লিগিৰীয়ে যশোধৰাক সাৱটি ধৰি কান্দি কান্দি ক'লে : শাক্যই তোমাৰ লগতে তোমাৰ পুত্ৰ ৰাহুলক এৰি থৈ গুছি গৈছে। তুমি এতিয়া কেনেকৈ জীয়াই থাকিবা যশোধৰা ! সেয়া চোৱা যশোধৰা, চোৱা; সেয়া কাৰো বাধা নেমানি শাক্য ৰাজহাউলীৰ পৰা ওলাই গৈছে……
বাহিৰৰ ঘন এন্ধাৰৰ মাজতে যশোধৰাই ছায়ামায়াকৈ দেখিলে কোবাকুবি খোজেৰে সিদ্ধাৰ্থ আগুৱাই গৈছে। ক্লান্ত শৰীৰটোত শক্তি গোটাই যশোধৰা দৌৰি গ'ল সিদ্ধাৰ্থৰ পিছে পিছে। তেওঁ চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে : শাক্য, তোমাৰ পুত্ৰই এইমাত্ৰ চকু মেলি চাব। পুৱাৰ সুৰুযৰ প্ৰথম কিৰণৰ লগত আজি চিনাকী হ'ব তোমাৰ পুত্ৰ। অন্ততঃ তোমাৰ পুত্ৰৰ বাবে ৰৈ যোৱা সিদ্ধাৰ্থ…!
সিদ্ধাৰ্থই এবাৰলৈ ঘূৰি চালে আৰু খোজবোৰ বেছি খৰকৈ আগবঢ়ালে। ক্লান্ত যশোধৰাই আৰু বেছি আগবাঢ়িব নোৱাৰিলে। তেওঁ মাটিত বাগৰি পৰিল। ইতিমধ্যে সিদ্ধাৰ্থ নিশাৰ অন্ধকাৰত বিলীন হৈ গৈছিল।
যশোধৰা ভাঁগি পৰিল। তেওঁ যেন হেৰুৱাই পেলালে জীৱনৰ সকলো অৰ্থ ! দুখ আৰু মানসিক যন্ত্ৰণাত কাতৰ যশোধৰা মৌন হৈ ৰ'ল। দুগালেৰে মাথোন পাৰ ভাঙি চকুলো বৈ আহিল। চকুলোৱেতো বাধা নেমানে ! কোনোবাই আগবাঢ়ি আহি দুবাহুত ধৰি যশোধৰাক তুলি ধৰিলে। লাহে লাহে তেওঁ যশোধৰাক ৰাজহাউলীৰ পিনে আগবঢ়াই আনিলে। মুক, মৌন যশোধৰাই পুত্ৰ ৰাহুলৰ ওচৰলৈ দৌৰি গৈ সাৱটি ধৰিলে আৰু সংকল্প ল'লে যে পুত্ৰ ৰাহুলৰ বাবেই তেওঁ জীয়াই থাকিব লাগিব, সাহসেৰে……
সংকল্পমতেই তেওঁ জীয়াই থকাৰ বাবে প্রয়োজনীয় নুন্যতম খিনিক লৈয়ে আৰম্ভ কৰিলে এক সাধাৰণ জীৱন। শৰীৰৰ গহনা পাতি, আ-অলংকাৰ সকলো খুলি পেলাই মাত্র এখন বস্ত্রৰে দেহ ঢাকি ৰাখিবলৈ আৰম্ভ কৰিলে। দিনটোত মাত্র এবাৰ আহাৰ গ্রহণ কৰি ভগৱানৰ ওচৰত নিজকে সঁপি দিলে। মনটো দৃঢ় কৰি ল'লে। পুত্ৰ ৰাহুলক জ্ঞানী মানুহ হিচাবে গঢ়ি তুলিব লাগিব !
সময়বোৰ বাগৰি যাবলৈ ধৰিলে। যশোধৰাই এতিয়াও আশাৰে ৰৈ থাকে। তেওঁৰ মনটোৱে যেন মাজে সময়ে কাণে কাণে কয়হি - অপেক্ষা কৰা, তোমাৰ শাক্য ওভটি আহিব। বহু দেশৰ ৰাজকুমাৰে যশোধৰাক বিবাহৰ প্রস্তাৱ দিলে। বন্ধু-বান্ধৱী, ইষ্ট-কুটুম সকলোৱে আহি পৰামৰ্শ দিয়েহি : "তুমি পাহৰি যোৱা সেই মানুহজনক ! সিদ্ধাৰ্থই তোমাক পাহৰি গৈছে। তুমি তোমাৰ জীৱনটো ধ্বংস নকৰি নতুনকৈ জীৱনটো আৰম্ভ কৰা……।" কিন্তু যশোধৰাই সকলো প্রতাখ্যান কৰি গ'ল।

সময় বাগৰি গ'ল। এদিন সঁচাকৈয়ে সিদ্ধাৰ্থ উভতি আহিল ৰাজহাউলীলৈ। কোনোবাই দৌৰি আহি যশোধৰাক ক'লেহি : শাক্য ওভটি আহিছে। মূহুৰ্তৰ বাবে যেন যশোধৰাই নিজৰ কান দুখনকেই বিশ্বাস কৰিব পৰা নাই ! তেওঁ দৌৰি গ'ল। প্ৰচলিত নিয়ম অনুসৰি শাক্যই প্ৰথমে লগ ধৰিব পিতৃ শুদ্ধোধন আৰু পুত্ৰ ৰাহুলক। তাৰ পিছত পত্নী যশোধৰাক। অধীৰ আগ্ৰহেৰে যশোধৰাই অপেক্ষা কৰি ৰ'ল সিদ্ধাৰ্থলৈ।
অৱশেষত সিদ্ধাৰ্থ আহি যশোধৰাৰ কাষ পালেহি। বহুদিন আগতে অতৰ্কিতে সংসাৰৰ মায়া মোহ এৰি থৈ যোৱা সেই দেখনীয়াৰ ৰাজকুমাৰ সিদ্ধাৰ্থক চিনি পাবলৈ যশোধৰাৰ যেন অসুবিধা হ'ল এক্ষন্তেক ! কিছু অৰ্থপূৰ্ণ মৌন সময় অতিবাহিত হোৱাৰ পিছত ধীৰে ধীৰে অনুচ্চ কণ্ঠেৰে যশোধৰাই ক'লে -
: শুনিছো মানুহে এতিয়া তোমাক বুদ্ধ বুলি কয় !
: হয়, ময়ো শুনিছোঁ তেনেকৈয়ে। - সিদ্ধাৰ্থই বিনম্রতাৰে উত্তৰ দিলে।
: কিন্তু ইয়াৰ অৰ্থ কি বাৰু শাক্য ? - চকুত চকুথৈ যশোধৰাই সুধিলে।

: ইয়াৰ অৰ্থ জ্ঞানেৰে উদ্ভাসিত হোৱা। - সিদ্ধাৰ্থই ক'লে।
যশোধৰাই মিচিকিয়াঁই হাঁহিলে।
সিদ্ধাৰ্থই কৈ গ'ল : বুদ্ধ শব্দৰ অৰ্থ আলোকপ্ৰাপ্ত ব্যক্তি বা দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি।
: অৰ্থাৎ সংসাৰৰ পৰা আঁতৰি থাকি তুমি দিব্যজ্ঞানৰ অধিকাৰী হ'লা ? -যশোধৰাৰ প্ৰশ্ন।
সিদ্ধাৰ্থই তললৈ মুৰ কৰি সন্মতি সুচক ইংগিত দিলে।
: কিন্তু মোক এবাৰো নজনোৱাকৈ তুমি কিয় গুছি গ'লা সিদ্ধাৰ্থ ? মোৰ ওপৰত তোমাৰ ইমানখিনিও বিশ্বাস নাছিলনে ? - যশোধৰাই সুধিলে।
: মই তোমাক ধন্যবাদ জনাবলৈ আহিছো যশোধৰা। তোমাৰ ত্যাগ আৰু মহানতাৰ বাবেই মই আজি বুদ্ধ নামেৰে পৰিচিত হ'ব পাৰিছো। - অত্যন্ত বিনয়েৰে সিদ্ধাৰ্থই উত্তৰ দিলে।
: মই ভাবোঁ, এই সময়চোৱাত তুমি যেনেদৰে দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি হ'বলৈ শিকিলা, থিক তেনেদৰে ময়ো কিছু শিকিলোঁ।
সিদ্ধাৰ্থই আগ্ৰহেৰে সুধিলে : কি শিকিলা যশোধৰা ?
: তোমাৰ জ্ঞানে পৃথিৱীৰ মানুহৰ আত্মাক সমৃদ্ধ কৰিব আৰু মই লাভ কৰা জ্ঞান দূৰ্ভাগ্যৱশতঃ চিৰদিন মানুহৰ অজ্ঞাতেই ৰৈ যাব।
: কিন্তু কি সেই জ্ঞান যশোধৰা ? - সিদ্ধাৰ্থই পৰম কৌতুহলেৰে সুধিলে।
যশোধৰাৰ অশ্রুসিক্ত চকুযুৰি যেন হীৰাৰ দৰে জিলিকি উঠিল। সুদীৰ্ঘ বাৰটা বছৰৰ ক্ষোভে যেন আজি প্ৰকাশৰ বাট বিচাৰি পাইছে ! কৰুণ এটি হুমুনিয়াহ এৰি যশোধৰাই ক'লে : এগৰাকী সহনশীলা আৰু সাহসী নাৰীক নিজকে সম্পূৰ্ণ ৰূপে গঢ়ি তোলাৰ বাবে কোনো পুৰুষৰ সহায় নহলেও চলে……!
বুদ্ধৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাছিল। কোঠাটোত তেতিয়া কেৱল মৌনতাই বিৰাজ কৰিছিল।
(প্ৰসিদ্ধ লিখক Vikram Bhattacharyaৰ মূল ইংৰাজী লিখনি Metamorphosise : Buddha's wifeৰ আধাৰত প্ৰস্তুত কৰা এই লিখনিটো প্ৰতিগৰাকী নাৰীলৈ শ্ৰদ্ধা আৰু শুভকামনাৰে নাৰী দিৱসৰ লগত সংগতি ৰাখি আগবঢ়ালোঁ। - প্ৰণৱজ্যোতি দাস)

Tuesday, 13 February 2018

ষ্টিফেন হকিঙৰ "সময়ৰ সংক্ষিপ্ত বুৰঞ্জী"


আধুনিক পদার্থবিজ্ঞানৰ এজন শ্রেষ্ঠ বিজ্ঞানী Stephen Hawkingৰ “A Brief History of Time” বা “সময়ৰ সংক্ষিপ্ত বুৰঞ্জী” নামৰ কিতাপখন মহাকাশ বিজ্ঞান তথা মহাবিশ্ব সম্পর্কে এখন অন্যতম শ্রেষ্ঠ বৈজ্ঞানিক গ্ৰন্থ। এই গ্ৰন্থখন পদার্থবিদ্যা, জ্যোৰ্তিবিজ্ঞান আৰু মহাবিশ্ব সম্বন্ধে এক অমূল্য জ্ঞানৰ ভাণ্ডাৰ আৰু হকিঙৰ এই গ্ৰন্থখনি পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থবোৰৰ ভিতৰত অন্যতম। বহুতেই এই গ্ৰন্থখনৰ মূল ইংৰাজী প্ৰকাশনটো পঢ়িছে যদিও অসমীয়া ভাষালৈ এই গ্ৰন্থখনিৰ অনুবাদ হ'লে অসমীয়া "বিজ্ঞান সাহিত্যৰ" ভঁড়ালটো অধিক চহকী হ'ব। আজি ষ্টিফেন হকিঙৰ “A Brief History of Time"ৰ চমু সাৰংশ এটি আগবঢ়াব খুজিছোঁ।

প্ৰথম পৰ্ব : মহাবিশ্ব সম্পর্কে আমাৰ চিত্র

ষ্টিফেন হকিঙৰ “A Brief History of Time"ৰ প্ৰথম পৰ্বটো হ'ল Our Picture of the Universe । এই পৰ্বটোত আমাৰ মহাবিশ্ব মূলতঃ দেখাত কেনে ধৰণৰ - সেই বিষয়ে লিখিবলৈ গৈ হকিঙে বিজ্ঞানৰ আৰম্ভনি কালৰ পৰাই বিভিন্ন দার্শনিক তথা বিজ্ঞানীসকলে মহাবিশ্ব সম্পৰ্কে আগবঢ়োৱা বিভিন্ন ধাৰণা আৰু  তত্ববোৰৰ ওপৰত আলোকপাত কৰি সেইবোৰৰ কোনবোৰ সঠিক আৰু কোনবোৰ ভুল, সেই বিষয়ে আলোচনা কৰিছে। লগতে সময়ৰ লগেলগে আধুনিক বিজ্ঞানত মহাবিশ্ব সম্পৰ্কে কেনেদৰে নতুন নতুন ধাৰণাবোৰৰ উত্তৰণ ঘটে সেই বিষয়েও সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ প্ৰথম অধ্যায়ত সুন্দৰকৈ বৰ্ণনা কৰিছে।

দ্বিতীয় পৰ্ব : স্থান আৰু কাল 

সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ দ্বিতীয় অধ্যায় হ'ল Space and Time বা স্থান আৰু কাল। এই মহাবিশ্বৰ এটি গুৰুত্বপূর্ণ তথা বিস্ময়কৰ মাত্রাৰ নামেই হ'ল সময়।  এই পৰ্বটোত স্থান আৰু কালৰ মাত্রা কেনেদৰে একত্রিত হৈ "স্থান-কাল" সৃষ্টি হৈছে তথা স্থান আৰু কালৰ সহায়ত কেনেদৰে কোনো এটা বিশেষ ঘটনাৰ অৱস্থান ব্যাখ্যা কৰা সম্ভৱ সেই বিষয়ে সাৱলীল বৰ্ণনা পোৱা যায়। এই অধ্যায়টোত তেখেতে স্থান আৰু কালে পৰস্পৰে পৰস্পৰক কিদৰে প্রভাবিত কৰে সেই বিষয়েও সবিস্তাৰে লিখিছে। 

তৃতীয় পৰ্ব : প্রসাৰণশীল মহাবিশ্ব

প্রসাৰণশীল মহাবিশ্ব বা The Expanding Universe গ্ৰন্থখনৰ তৃতীয় পৰ্ব। মহানাদ বা বিগ বেঙৰ পৰাই মহাবিশ্বৰ আৰম্ভণি। তাৰ পিছৰে পৰাই এই মহাবিশ্ব যতিবিহীন ভাৱে কেৱল প্রসাৰিত হৈ আহিছে। বিজ্ঞানী সকলে কেনেদৰে  বিভিন্ন পৰীক্ষালব্ধ ফলাফলৰ সহায়ত প্রসাৰণশীল মহাবিশ্বৰ ধাৰণাটোক সত্য বুলি প্ৰমাণ কৰিছে সেই বিষয়ে ষ্টিফেন হকিঙে এই অধ্যায়ত সুন্দৰ ভাবে উপস্থাপন কৰিছে।

চতুৰ্থ পৰ্ব : অনিশ্চয়তাৰ নীতি

আধুনিক বিজ্ঞানলৈ হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ নীতি বা Uncertainty Principle এক উল্ল্যেখযোগ্য অৱদান। কোৱাণ্টাম বলবিদ্যাৰ এটি অবিচ্ছেদ্য অংশই হল অনিশ্চয়তাৰ নীতি। নিউটনৰ গতিবিজ্ঞান আৰু বলবিজ্ঞানৰ তত্বসমূহ আমাৰ দৈনন্দিন জীবনত সদায়ে দেখি অহা বৃহদাকাৰ বস্তুৰ ক্ষেত্রত অতিশয় কার্যকৰী, কিন্তু যেতিয়া আমি ইলেকট্রন, প্রটন বা ফোটনৰ দৰে অতি ক্ষুদ্র কণাৰ ক্ষেত্রত এই নীতিবোৰ প্ৰয়োগ কৰো, তেতিয়া নিউটনীয় বলবিদ্যা অচল হৈ পৰে। তেতিয়াই আমাক প্ৰয়োজন হয় আইনষ্টাইনৰ Theory of relativity বা আপেক্ষিকতাবাদৰ। এই অতি ক্ষুদ্র কণাৰ জগতত পিছে জটিল এক সমস্যা আছে, যাক আমি অনিশ্চয়তাৰ নীতি বুলিয়েই জানো। এই তত্ত্ব অনুযায়ী, অতি ক্ষুদ্র কণাৰ অৱস্থান আৰু গতি কেতিয়াও একেলগে বা একে সময়তে নির্ভুলভাবে গণনা কৰা সম্ভব নহয়। যদি কণাটোৰ গতি খুব সূক্ষ্মতাৰে নির্ণয় কৰা হয়, তেন্তে কণাটোৰ অৱস্থানৰ ক্ষেত্রত আহি পৰিব এক অনিশ্চয়তা। আনহাতে যদি কণাটোৰ অৱস্থান নির্ণয় কৰা হয়, তেনে অৱস্থানৰ নিৰ্ভুলতা বঢ়াৰ লগে লগে কণাটোৰ গতিৰ নির্ভুলতা দ্ৰুত ভাবে কমি যাব। কি কাৰণত পদাৰ্থৰ সূক্ষ্ম কণা এটাৰ এই বিশেষ দুটা পৰিমাপ নির্ভুলভাবে তথা একেলগে নিৰূপণ কৰা সম্ভব নহয়, সেই বিষয়ে হকিঙে তেখেতৰ গ্ৰন্থখনৰ চতুৰ্থ পৰ্বটোত সাৱলীল ভাবে বৰ্ণনা কৰিছে।

পঞ্চম পৰ্ব : মৌলিককণা আৰু প্রাকৃতিক বল

ইলেকট্রন, প্রটন বা নিউট্রনেই হ'ল পদাৰ্থৰ সর্বশেষ মৌলিক কণা -  এই ধাৰণাটো শুদ্ধ নহয়। প্ৰকৃততে  ইলেকট্রন, প্রটন বা নিউট্রনবোৰো আন কেতবোৰ ক্ষুদ্রতম কণাৰে গঠিত। এতিয়া মৌলিক কণাৰ তালিকাখন যথেষ্ঠ দীঘল য'ত ইলেকট্রন, প্রটন বা নিউট্রনৰ উপৰিও আৰু বহুতো ক্ষূদ্র ক্ষূদ্ৰ কণাৰ নাম পোৱা যায়। আধুনিক কণিকা বিজ্ঞানত আনকি এনে কিছুমান ন কৈ আবিষ্কৃত ক্ষূদ্র কণাৰ মাত্রা, যেনে দৈর্ঘ্য-প্রস্থ-উচ্চতা আদিবোৰ সঠিক ভাবে জুখি উলিওৱা হৈছে যাৰ মান দৃশ্যমান পোহৰৰ বৰ্ণালী সমূহৰ আটাইতকৈ ক্ষূদ্র তৰংগ দৈর্ঘ্যৰ বেগুনীয়া ৰঙৰ তৰংগ দৈর্ঘ্যতকৈও কম। হকিঙে এই অধ্যায়টোত লিখিছে যে চাৰিটা মূল প্রাকৃতিক বলে এই মহাবিশ্বখন নিয়ন্ত্রণ কৰি আছে। এই বল সমূহৰ কাৰণ হ'ল অতিশয় ক্ষূদ্র এই কণাসমূহ। এই প্রাকৃতিক বলবোৰৰ কোনটো কাৰ ওপৰত নিৰ্ভৰশীল তথা এই কণাবোৰৰ স্বৰূপ আৰু বৈশিষ্ট্যবোৰৰ সম্বন্ধেই  এই অধ্যায়ত বিতং ভাবে আলোচনা কৰা হৈছে।

ষ্ঠ পৰ্ব :  কৃষ্ণগহ্বৰ

এই মহাবিশ্বৰ এক বিষ্ময়কাৰী অংশ Black Hole বা কৃষ্ণগহ্বৰবোৰ। পোহৰৰ বেগতকৈও অধিক গতি সম্পন্ন কোনো কণা বা তৰংগৰ অবিহনে এই কৃষ্ণগহ্বৰবোৰ চিৰদিন মানুহৰ দৃষ্টিৰ অগোচৰেই ৰৈ যাব। যদিও কৃষ্ণগহ্বৰ কেতিয়াও চকুৰে দেখা পোৱা সম্ভৱ নহয়, তথাপিও বিজ্ঞানী সকলে পৰোক্ষভাবে বিভিন্ন পৰীক্ষা আৰু গাণিতিক পদ্ধতিৰে এটি বৃহৎ আকাৰৰ তৰা বা নক্ষত্র জীবনৰ শেষ মূহুৰ্তত কিদৰে ইন্ধনৰ অভাৱত কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়, সেই বিষয়ে বিভিন্ন তথ্য আৱিষ্কাৰ কৰিছে। আচৰিত হ'লেও এইটো সত্য যে এই কৃষ্ণগহ্বৰবোৰেই হ'ল মহাবিশ্বৰ এনে এক স্থান, য'ত বিজ্ঞানৰ সকলো সূত্র বা নিয়মেই অসাৰ। ইয়াকেই বিজ্ঞানৰ ভাষাত "সিঙ্গুলাৰিটি" বা অনন্যতা বুলি কোৱা হয়। সিঙ্গুলাৰিটিৰ ভিতৰৰ কোনো তথ্যই আমি নেপাম বা পাব নোৱাৰো। সিঙ্গুলাৰিটিৰ নিষেধাজ্ঞা স্বত্তেও মানুহৰ মস্তিষ্ক আৰু বিজ্ঞানে সন্মিলিত ভাবে কাম কৰি কিদৰে কৃষ্ণগহ্বৰৰ অস্তিত্ব ধৰা পেলাইছে সেই বিষয়ে বিস্তাৰিত ব্যাখ্যাৰে হকিঙে সজাই তুলিছে সময়ৰ সংক্ষিপ্ত বুৰঞ্জীৰ এই ষষ্ঠ অধ্যায়টো।

সপ্তম পৰ্ব : কৃষ্ণগহ্বৰবোৰ ক'লা নহয়

হকিঙৰ ভাষাত Black Holes Ain’t So Black বা কৃষ্ণগহ্বৰবোৰ ক'লা নহয়। এই কথাটো প্রতীকী অর্থত ব্যবহাৰ কৰা হৈছে। পোহৰৰ যিটো ৰশ্মি কৃষ্ণগহ্বৰৰ প্ৰচণ্ড আকর্ষণ বলৰ প্ৰভাৱত কৃষ্ণগহ্বৰত লীন হৈ যায়, সেই ৰশ্মিটো কৃষ্ণগহ্বৰৰ পৰা পুনৰ ওলাই আহিব নোৰাৰে। কিন্তু পোহৰৰ যিটো ৰশ্মি কৃষ্ণগহ্বৰৰ ভিতৰত লীন নহৈ কৃষ্ণগহ্বৰৰ চৌদিশে চক্ৰাকাৰে ঘূৰি ৰয়, সেই পোহৰৰ ৰশ্মিটোৰ আচৰণ কেনেকুৱা ? কৃষ্ণগহ্বৰৰ ভিতৰলৈ যিবোৰ বস্তু আৰু শক্তি প্রবেশ কৰিছে, সেইবোৰ বস্তু বা শক্তিৰ শেষ পৰিনতি কি ? সেইবোৰ বাৰু ধ্বংস হৈ গৈছে নে কৃষ্ণগহ্বৰৰ ভিতৰত স্থিতি লৈ সেইবোৰে কৃষ্ণগহ্বৰৰ শক্তি বৃদ্ধি কৰিছে ? এনে কেতবোৰ জটিল প্ৰশ্নৰ যথাযথ ব্যাখ্যাৰে হকিঙে তেখেতৰ গ্ৰন্থখনৰ সপ্তম পৰ্বটো সজাই তুলিছে।

অষ্টম পৰ্ব : মহাবিশ্বৰ উৎপত্তি আৰু শেষ পৰিণতি

এই অধ্যায়টোত বিস্তাৰিত ভাবে  সৃষ্টিৰ আদি মূহুর্তটো অর্থাৎ “বৃহৎ বিস্ফোৰণ” বা “Big Bang” তত্বটো ব্যাখ্যা কৰা হৈছে। কেনেদৰে অসীম ভৰ আৰু তাপমাত্রা সম্পন্ন “প্রায় শূন্য” আয়তনৰ পৰা অৰ্থাৎ  V → 0 ৰ পৰা আজিৰ এই মহাবিশ্ব সৃষ্টি হৈছে আৰু কেনেদৰে এই মহাবিশ্বৰ সমাপ্তি বা মৃত্যু ঘটিব, সেই বিষয়ে এই অধ্যায়টোত বৰ্ণনা কৰা হৈছে। মহাবিশ্বৰ সমাপ্তি কেনেদৰে ঘটিব, সেয়া নির্ভৰ কৰিছে মহাবিশ্বৰ কিছুমান জটিল সাংখ্যিক মানৰ ওপৰত। এই জটিল মানবোৰৰ ওপৰতেই নির্ভৰ কৰিছে যে এক প্ৰচণ্ড “মহা সংকোচন”ৰ মাধ্যমত এই মহাবিশ্ব ধ্বংস হ'ব নে অনন্ত কাললৈ আমাৰ মহাবিশ্বৰ সম্প্ৰসাৰণ ঘটিয়েই থাকিব।

নৱম পৰ্ব : সময়ৰ শৰ, ৱৰ্মহোল আৰু সময় পৰিভ্রমণ

আধুনিক পদার্থবিদ্যাত সময়ক দৈর্ঘ্য, প্রস্থ বা উচ্চতাৰ দৰেই এটি মাত্রা বা Dimension হিচাবে ধৰা হয়। কিন্তু পার্থক্য এই যে, আমি সময়ৰ মাত্রাত পৰিভ্রমণ কৰিব নোৱাৰো। তেন্তে সময়ৰ মাত্রাৰ স্বৰূপ কি ? সময় সদায় একমুখী হয়নে ? সময়ক পিছলৈ ঘূৰাই পঠিয়াব পাৰিনে অথবা সময়ৰ বোকোচাত উঠি সময়তকৈয়ো আগবাঢ়ি যোৱাটো সম্ভৱ হ'বনে ? সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিকোণেৰে সময়ৰ লগত জড়িত এনে জটিলতা সমূহ সমাধান কৰাৰ বিভিন্ন সম্ভাৱনা সমূহক বিষয়বস্তু হিচাবে লৈ এই অধ্যায়টো লিখি উলিওৱা হৈছে।

দশম পৰ্ব : পদাৰ্থবিজ্ঞানৰ একত্ৰিকৰণ

এই মহাবিশ্ব সম্পর্কে এটি স্বয়ংসম্পূর্ণ তত্ব প্রতিষ্ঠা কৰা কঠিন কাম। পদার্থবিজ্ঞানৰ মূল লক্ষ্য হ'ল, পদার্থবিদ্যাৰ বিভিন্ন অংশক ভাগ কৰি এটি চূড়ান্ত তত্ব প্রতিষ্ঠা কৰা, আৰু সেইবোৰৰ মাজত সমন্বয় ঘটোৱা। পদার্থ বিজ্ঞানৰ উৎকর্ষ সাধনৰ লগে লগে ই মহাবিশ্বৰ গতি, প্রকৃতি আৰু  আচৰণ নির্ধাৰণকাৰী তত্ব-সূত্রসমূহ আবিষ্কাৰ কৰি আহিছে। নিউটনৰ মহাকর্ষণ তত্ব আৰু সাধাৰণ গতিবিদ্যাৰ পিছত আহিল আইনষ্টাইনৰপোহৰৰ গতিৰ ধ্রুবক তত্ব, আপেক্ষিকতাবাদ আৰু তাৰপিছতেই তুলনা মূলকভাবে এটি নতুন তত্ব - কোৱাণ্টাম বলবিদ্যা। এই তত্ববোৰকেই একত্রিত কৰি মহাবিশ্বৰ ৰূপৰেখা পৰিষ্কাৰ ভাবে পাবলৈ এটা সাৰ্বজনীন বৈজ্ঞানিক তত্বৰ আবিষ্কাৰেই আধুনিক বিজ্ঞানৰ মূল লক্ষ্য।

মহাবিশ্বৰ মূল চাৰিটা বল হ'ল – মহাকর্ষীয় বল, দুর্বল নিউক্লীয় বল, সবল নিউক্লীয় বল আৰু বিদ্যুতচুম্বকীয় বল। এই চাৰিবিধ বলেই মহাবিশ্বৰ চূড়ান্ত নিয়ন্ত্রক। এই বলবোৰৰ কাৰণেই পদার্থ, শক্তি, গ্রহ, নক্ষত্রকে আদি কৰি সকলোবোৰ বৰ্তি আছে। এই চাৰিওটা বলৰ প্রকৃতি যেতিয়া একেলগে এটা মাত্ৰ তত্বৰ সহায়ত ব্যাখ্যা কৰাটো সম্ভৱ হ'ব, তেতিয়াই সেই তত্বটোক এটা “মহান ঐক্যবদ্ধ তত্ত্ব” বা “Grand Unified Theory” বুলি কোৱা হ'ব। এই তত্বৰ সহায়ত ব্যাখ্যা কৰাটো সম্ভৱ হৈ উঠিব মহাবিশ্বৰ প্ৰতিটো পৰিঘটনা।


Tuesday, 30 January 2018

ব্ৰহ্মাণ্ডৰ ডাইমেনচনবোৰ আৰু কায়াহীন ঈশ্বৰ


কোনো এটা পদাৰ্থ বা বিশেষ তন্ত্ৰৰ বিভিন্ন ধৰ্মসমূহ যেনে আকাৰ, গঠন, ঘণত্ব, ভৰ, অৱস্থান আদিবোৰ অধ্যয়ন কৰিবলৈ প্ৰয়োজনীয় তথ্যবোৰ সংগ্ৰহ কৰাৰ বাবে বিভিন্ন জোখ মাপ কৰিবলগীয়া হয়। এই জোখ মাপবোৰ কৰাৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন ৰাশিবোৰকেই সহজ ভাবে "মাত্ৰা" বা dimension বুলি কোৱা হয়। উদাহৰণ স্বৰূপে টংলাৰ পৰা মংগলদৈৰ মাজৰ পথটোৰ দূৰত্ব বা পথটোৰ দৈৰ্ঘ এটা ডাইমেনচন বা মাত্ৰা।

বিশ্বব্ৰহ্মাণ্ড অকল্পনীয়ভাৱে বিশাল। বিজ্ঞানীসকলে এই বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে জানিবলৈ অহৰহ প্ৰচেষ্টা কৰি আহিছে। কিন্তু এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে জানিবলৈ দীঘ, প্ৰস্থ, উচ্চতা আদি Dimension কেইটাই যথেষ্ঠ নহয়। সেয়ে বিজ্ঞানীসকলে আৰু কিছুমান মাত্ৰা বা Dimension সৃষ্টি কৰি লৈছে। আমি সকলোৱেই দ্বি-মাত্ৰিক, ত্ৰি-মাত্ৰিক আৰু চৰ্তু-মাত্ৰিক Dimensionৰ বিষয়ে কিছু কথা জানো। এই মহাবিশ্বক বুজিবলৈ আধুনিক বিজ্ঞানত বা ষ্ট্ৰিং থিয়ৰিত বিজ্ঞানী সকলে সততে ব্যৱহাৰ কৰা ১০ টা মাত্ৰাৰ বিষয়ে আজি সহজভাবে আলোচনা কৰিব বিচাৰিছোঁ।

শূণ্য-মাত্ৰা বা Zero Dimension:
বিজ্ঞানৰ ভাষাত ই এটা ক্ষূদ্ৰতম (কাল্পনিক !) বিন্দু মাত্ৰ, যাৰ কোনো আকাৰ, দীঘ বা প্ৰস্থ নাই। সেয়ে এই বিন্দুটোৰ পৰা আগলৈ, পিছলৈ, ওপৰলৈ বা তললৈ যোৱাৰ কোনো উপায় নাই। 

এক-মাত্ৰা বা One Dimension:
দুটা শূণ্য মাত্ৰিক বিন্দুৰ মাজৰ পোনপটীয়া দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা মাত্ৰাটোৱেই "এক-মাত্ৰা" আৰু এই মাত্ৰাক আমি দৈৰ্ঘ বুলিয়েই জানো।

দ্বি-মাত্ৰা বা Two Dimension:
এখন কাগজত থকা এটি বিশেষ বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ কাগজখনৰ ওপৰত X আৰু Y নামৰ দুটা Coordinate লাগিব। ইয়াত কাগজৰ বিন্দুটোৰ অৱস্থান নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় জোখ মাপৰ বাবে ব্যৱহাৰ হোৱা পদ্ধতিটো হ'ল Two-dimensional বা দ্বি-মাত্ৰিক। বিজ্ঞান আৰু গণিতৰ জগতত ব্যৱহাৰ হোৱা এই Coordinate বোৰেই একো একোটা মাত্ৰা বা Dimension । 

ত্ৰি-মাত্ৰা বা Three Dimension:
ওপৰৰ উদাহৰণৰ বিন্দুটো যদি কাগজৰ সলনি ঘৰৰ চিলিঙত থাকে, তেন্তে সেই বিন্দুটোৰ প্ৰকৃত অৱস্থান নিৰ্ণয় কৰিবলৈ X, Y আৰু Z Coordinateৰ প্ৰয়োজন হ'ব। এইক্ষেত্ৰত চিলিঙৰ বিন্দুটোৰ জোখ মাপৰ বাবে ত্ৰি-মাত্ৰিক পদ্ধতি (Three-dimension) ব্যৱহাৰ হৈছে।

চৰ্তু-মাত্ৰা বা 4th Dimension :
কোনো এটা বস্তু প্ৰকৃততে ক'ত আছে সেইটো সঠিক ভাবে বর্ণনা কৰিবলৈ হ'লে কেৱল বস্তুটোৰ অৱস্থানেই যথেষ্ঠ নহয়। বৰং বস্তুটোৰ অৱস্থানৰ সঠিক সময়টোও জানিব লাগিব। সেয়েহে অৱস্থানৰ ত্ৰি-মাত্রিক বা Three directions যেনে X, Y আৰু Z অক্ষৰ স্থানাংকৰ লগত সময়ক সংযুক্ত কৰি এক চাৰি-মাত্রিক (4 Dimensional) "স্থান-কাল" বা Space-Time সৃষ্টি কৰি ল'ব লাগিব। ইয়াত সময়ে সদায়ে সৰলৰৈখিক ভাবে এক নিৰ্দিষ্ট দিশতহে আগবাঢ়ি যাব পাৰে। সময় একা-বেঁকা পথেৰে অতিক্ৰম কৰা বা পিছুৱাই যোৱাৰ কোনো ব্যৱস্থা 4th Dimensionত নাই।

4th Dimensionৰ পিছৰ পৰা dimension বোৰ কিছু জটিল হৈ পৰে কিয়নো এই dimension বোৰ আমাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা বহু আঁতৰৰ অথচ সুবিশাল বিশ্বব্ৰহ্মাণ্ডৰ কোনো ৰহস্যঘন কল্পলোকৰ ইন্দ্ৰিয়ই ঢুকি নোপোৱা কিছুমান অদ্ভূত মাত্ৰা। এই dimension বোৰৰ বিষয়ে সহজে বুজি পাব পৰাকৈ তলত আলোচনা কৰিব খুজিছোঁ। 

পঞ্চম-মাত্ৰা বা 5th Dimension:
এই ডাইমেনচন হল ফ'র্থ ডাইমেনশন অৰ্থাৎ পৰ্যবেক্ষকৰ বা ধৰি লওঁক, আপোনাৰ নিজৰ ঘড়ীৰ সময় আৰু এই মহাবিশ্বৰ বিভিন্ন স্থানৰ বিভিন্ন সময়ৰ এক জটিল সমন্বয়। 5th Dimension এনে এক অবস্থা, য'ত কোনো পদাৰ্থ এটাই বা ধৰি লোৱা হ'ল, আপুনি নিজেই ভিন ভিন টাইমলাইনত ভ্রমণ কৰিব পাৰে। এটা উদাহৰণেৰে কথাটো বুজিবলৈ সহজ হ'ব। ধৰা হ'ল আপুনি বিজ্ঞান পঢ়ি এজন অভিযন্তা হ'ব বিচাৰে। কিন্তু আপোনাৰ পিতৃয়ে আপুনি ইংৰাজীৰ অধ্যাপক হোৱাতো বিচাৰে। তেনেক্ষেত্ৰত চাৰি মাত্ৰাৰ ব্ৰহ্মাণ্ডত আপোনাৰ বাবে একে সময়তে দুয়োটা প্ৰত্যাশা পুৰ কৰা অসম্ভব। কিন্ত পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত আপুনি এইটো অনায়াসে কৰিব পাৰিব। কাৰণ, পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত সময়ে আগলৈ যোৱাৰ উপৰিও সোঁফালে বা বাওঁফালে অৰ্থাৎ একা-বেঁকা পথেৰে আগবাঢ়িব পাৰে। সেয়ে আপুনি পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত দুয়োটা কামেই একেলগে কৰিব পাৰিব। ইয়াৰ বাবে সময়ে এটা দিশত আগবাঢ়ি আপোনাক এজন অভিযন্তা আৰু আন এটা দিশত আগবাঢ়ি আপোনাক এজন অধ্যাপক হোৱাত সহায় কৰিব। অৱশ্যে সময়ে তেতিয়া দুখন ভিন্ন জগতত এই কাম কৰিব। অৰ্থাৎ পঞ্চম-মাত্ৰাৰ ব্ৰহ্মাণ্ডত আপোনাৰ এজন প্ৰতিৰূপ থাকিব। ইয়াত আপুনি আৰু আপোনাৰ প্ৰতিৰূপ দুয়োজনেই দুখন সমান্তৰাল জগতত পৃথকে পৃথকে বাস কৰি একে সময়তেই দুয়োটা কাম কৰিব পাৰিব। সংক্ষেপে ক'বলৈ হ'লে 5th Dimensionএ সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাটোৰ জন্ম দিছে।

ষষ্ঠ-মাত্ৰা বা 6th Dimension:
এইখিনিতেই আমি পুনৰ আপোনাৰ প্ৰতিৰূপ দুটাৰ উদাহৰণটোলৈ আকৌ এবাৰ উভটি যাব লাগিব। ধৰা হ'ল, আপোনাৰ দুয়োটা প্ৰতিৰূপে এইবাৰ পৰস্পৰে পৰস্পৰক লগ পোৱাৰ ইচ্ছা কৰিলে। তেতিয়া কি হ'ব ? এয়া সম্ভৱ হ'বনে ? ষষ্ঠ-মাত্ৰাৰ বিশ্বব্ৰহ্মাণ্ডত পিছে অসম্ভৱ যেন লগা এই ঘটনাটো সম্ভৱ হ'ব। কাৰণ এই ষষ্ঠ-মাত্ৰাৰ বিশ্বব্ৰহ্মাণ্ডত সময়ে পিছলৈ উভটি যোৱাৰ সম্ভাৱনাটোক নিশ্চিতি প্ৰদান কৰিছে। অৰ্থাৎ ইয়াত "টাইম ট্ৰেভেল" বা সময় পৰিভ্ৰমনৰ ধাৰনাটো প্ৰকট হৈ পৰিছে। ধৰা হ'ল আপোনাৰ অভিযন্তা প্ৰতিৰূপটোৱে আপোনাক লগ ধৰিব বিচাৰে। তেনেক্ষেত্ৰত তেওঁক সময়ে পিছুৱাই আনি অতীতলৈ লৈ যাব। এনেদৰে অতীতলৈ অহাৰ লগে-লগে তেওঁ শৈশৱলৈ ঘূৰি আহিব। যিহেতু শৈশৱত আপুনি অভিযন্তা বা অধ্যাপক কোনোটোৱেই নাছিল, আপোনাৰ অভিযন্তা প্ৰতিৰূপটো এই অৱস্থাত অহাৰ লগে-লগেই দুয়োটা প্ৰতিৰূপ পুনৰ একাকাৰ হৈ পৰি আপুনিও শৈশৱ ওভটাই পাব। ষষ্ঠ-মাত্ৰা বা 6th Dimension বিশ্বব্ৰহ্মাণ্ডৰ এই ধাৰণাই দুখন সমান্তৰাল বিশ্ব বা জগতৰ মাজত সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণৰ দ্বাৰা ভ্ৰমণ কৰিব পৰা এটা নতুন ধাৰণাৰ জন্ম দিয়ে।

সপ্তম-মাত্ৰা বা 7th Dimension:
7th Dimensionএ ষষ্ঠ-মাত্ৰাৰ ব্ৰহ্মাণ্ডত উল্ল্যেখ কৰাৰ দৰেই কেৱল মাত্ৰ দুখন সমান্তৰাল ব্ৰহ্মাণ্ডৰ উপৰিও এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ দৰে আৰু অনেক বিশ্বব্ৰহ্মাণ্ডৰ উপস্থিতিৰ সম্ভাৱনা আছে বুলি এক নতুন ধাৰণাৰ জন্ম দিছে। অৱশ্যে সপ্তম-মাত্ৰাৰ এই বিশ্বব্ৰহ্মাণ্ডবোৰৰ নীতি নিয়মবোৰ আমাৰ পৰিচিত বিশ্বব্ৰহ্মাণ্ডৰ লগত একে নহ'বও পাৰে। এই বিভিন্ন বিশ্বব্ৰহ্মাণ্ড বা বহুবিশ্বব্ৰহ্মাণ্ড সমূহৰ মাজত সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণ কৰিব পৰা সম্ভাৱনা জগাই তোলা ধাৰণাটোৱেই বিজ্ঞানত সততে আলোচ্য হৈ অহা সপ্তম-মাত্ৰা বা 7th Dimension ।

অষ্টম-মাত্ৰা বা 8th Dimension:
সপ্তম মাত্ৰাৰ ধাৰণাটোলৈ বহুবিশ্বব্ৰহ্মাণ্ড সমূহৰ মাজত কেৱল সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণ কৰাটোহে সম্ভৱ। কিন্তু অষ্টম-মাত্ৰা বা 8th Dimensionৰ ধাৰণাত বহুবিশ্ববোৰৰ মাজত সৰল ৰৈখিক দিশত আগলৈ বা পিছলৈ সময় পৰিভ্ৰমণ কৰাৰ উপৰিও সোঁৱে-বাঁৱে ভ্ৰমণ কৰাৰ নতুন মাত্ৰাৰ ধাৰণাটো সৃষ্টি হয়। 

নৱম মাত্ৰা বা 9th Dimension:
8th Dimensionৰ ধাৰণাত বহুবিশ্ববোৰৰ মাজত আগলৈ বা পিছলৈ ,সোঁৱে-বাঁৱে ভ্ৰমণ কৰাৰ উপৰিও লম্বীয় দিশত তললৈ বা ওপৰলৈ সময় পৰিভ্ৰমণ কৰাৰ নতুন মাত্ৰাটোৱেই 9th Dimension
 বা 
নৱম মাত্ৰা
 ।

দশম-মাত্ৰা বা 10th Dimension:
এতিয়ালৈ আলোচনা কৰা ব্ৰহ্মাণ্ডৰ নটা মাত্ৰা বা ডাইমেনচনৰ প্ৰতিটোৰ মাজত সংযোগ স্থাপন কৰি যোগসূত্ৰ ৰক্ষা কৰি চলিবলৈ যি নতুন মাত্ৰা বা ডাইমেনচনৰ প্ৰয়োজন, তাকেই 10th Dimension বা দশম মাত্ৰা বুলি কোৱা হয়।

স্বাভাৱিকতেই প্ৰশ্ন হয় - আমি বাৰু এই সকলোবোৰ ডাইমেনচনত ভ্ৰমণ কৰিব পাৰিমনে? উত্তৰত ক'বই লাগিব যে - "নোৱাৰো" ! আমি কেতিয়াও তৃতীয় মাত্ৰা অতিক্ৰম কৰি তাৰ ওপৰৰ ডাইমেনচন বোৰলৈ যাব নোৱাৰো। চতুৰ্থ মাত্ৰাটো বা "সময়" আমি অনুভৱহে কৰিব পাৰো। তৃতীয় মাত্ৰা অতিক্ৰম কৰি তাৰ ওপৰৰ ডাইমেনচন বোৰলৈ যাব নোৱাৰাৰ কাৰন আমাৰ এই ভৌতিক শৰীৰটো যি নিজেই এটা ত্ৰি-মাত্ৰিক বা Three Dimension গঠন। বিজ্ঞানী সকলৰ মতে ওপৰৰ Dimension বোৰলৈ কেৱল এক মাত্ৰিক কেতবোৰ সূক্ষ্মতম সূত্ৰ বা ষ্ট্ৰিংহে (ষ্ট্ৰিং থিয়ৰি) যাব পাৰে। বাস্তৱক্ষেত্ৰত আজিলৈ তেনে সূক্ষ্মতম সূত্ৰ বা ষ্ট্ৰিং চকুৰে দেখা সম্ভৱ হোৱা নাই। সেয়েহে কোনো ভৌতিক শৰীৰধাৰী পদাৰ্থকণা বা জীৱই এই ডাইমেনচনবোৰত প্ৰবেশ কৰিব নোৱাৰে। তেন্তে কেনেকৈ ব্ৰহ্মাণ্ডৰ বিভিন্ন ডাইমেনচনবোৰৰ মাজত সমন্বয় বাজি ৰৈছে !! নিশ্চয় কোনো কায়াহীন, অতি সূক্ষ্মতম কোনো "এক-মাত্ৰিক সত্বা" বা ষ্ট্ৰিঙে বিভিন্ন ডাইমেনচনবোৰৰ মাজত প্ৰতিদিনেই প্ৰতিনিয়তভাবে যোগসূত্ৰ ৰক্ষা কৰি সহস্ৰ কৌটি ব্ৰহ্মাণ্ডৰ নীতি নিয়মবোৰৰ তদাৰক কৰি আছে। অন্যথা খেলিমেলি অনিবাৰ্য। শূণ্য-মাত্ৰা বা Zero Dimensionৰ পৰা দশম মাত্ৰাৰ বহুবিশ্বব্ৰহ্মাণ্ডলৈ বা বিন্দুৰ পৰা সিন্ধুলৈ অতি নিয়াৰিকৈ সমন্বয় ৰক্ষা কৰি অহা সেই সত্বাকেই বাৰু আমি মাতিছো নেকি - ঈশ্বৰ, আল্লা বা গ'ড বুলি !!!


Sunday, 28 January 2018

কাল দীৰ্ঘায়ন বা Time Dilation


সময় ৰহস্যময়। দাৰ্শনিক সত্বাই আমাক সচকিত কৰি সদাযেই কৈ আহিছে : সময় অনাদি, অনন্ত আৰু গতিশীল। গতিশীলতাই সময়ৰ ধৰ্ম। অথচ, গতিয়েই সময়ক প্ৰভাৱিত কৰি ইয়াৰ স্বৰূপ সলনি কৰিবলৈ বাধ্য কৰাইছে যাৰ বাবে সময় এই বিশ্বব্ৰহ্মাণ্ডৰ ক'ৰবাত খৰধৰকৈ আৰু আন ক'ৰবাত কইনাখোজীয়া গতিৰে ধীৰে ধীৰে প্ৰবাহিত হৈছে। 

দাৰ্শনিক এৰিষ্টট'লৰ মতে কোনো এজন পৰ্যবেশকৰ বাবে সকলোতেই স্থান আৰু কাল (সময়) একোটাকৈ পৰম ধাৰণা। আধুনিক বিজ্ঞানৰ বাটকটীয়া প্ৰসিদ্ধ বিজ্ঞানী আইজাক নিউটনেও একে সুৰতেই কৈছিল যে কোনো এটা বিশেষ ঘটনা কোন স্থানত আৰু কেতিয়া সংঘটিত হৈছে সেইটো ভিন ভিন স্থানৰ পৰা পৰ্যবেক্ষণ কৰা সকলো পৰ্যবেশকৰ বাবেই একে। অৰ্থাৎ স্থান আৰু কাল দুয়োটাই একো একোটা পৰম সত্য।

কিন্তু স্থান আৰু কালৰ "পৰম সত্য" ধাৰণাটোক মষীমূৰ কৰি এক নতুন সত্যৰ সন্ধান দিবলৈ আগবাঢ়ি আহিল মনিষী এলবাৰ্ট আইনষ্টাইন। তেখেতে যুক্তি আৰু গাণিতিক প্ৰমাণেৰে দেখুৱাই দিলে যে স্থান আৰু কাল দুয়োটাই অভিন্ন অৰ্থাৎ স্থান অবিহনে কাল বা কাল অবিহনে স্থানৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে স্থান বা কাল - কোনোটোৱেই পৰম নহয়, বৰং দুয়োটাই আপেক্ষিক। আইনষ্টাইনে থিকেই বুজিছিল যে কোনো এটা বস্তু ক'ত আছে সেইটো সঠিক ভাবে বর্ণনা কৰিবলৈ হ'লে কেৱল বস্তুটোৰ অৱস্থানেই যথেষ্ঠ নহয়, একেলগে অৱস্থানৰ সময়টোও জানিব লাগিব। অর্থাৎ অৱস্থানৰ তিনি মাত্রিক বা three spatial directions যেনে x, y আৰু z অক্ষৰ স্থানাংকৰ লগত সময়ক সংযুক্ত কৰি এক চাৰি-মাত্রিক (4 Dimensional) "স্থান-কাল" বা Space-Time সৃষ্টি কৰি ল'ব লাগিব। সেয়েহে স্থান আৰু কাল অভিন্ন।

আপেক্ষিকতাবাদত স্থান আৰু সময়ক পৃথকে পৃথকে কল্পনা কৰা নেযায় কাৰণ কোনো এটা বস্তু বা বস্তুটো পৰ্যবেক্ষণ কৰি থকা পৰ্যবেক্ষকৰ বাবে "সময়" নির্ভৰশীল কৰে বস্তুটোৰ গতিৰ ওপৰত। কথাখিনি বুজাত সৃষ্টি হোৱা জটিলতা দুৰ কৰিবলৈ আমি এটি সহজ উদাহৰণ ল'ব পাৰো।

উদাহৰণ হিচাবে দুটা ঘড়ী লোৱা হওঁক। এটা ৰঙা ঘড়ী আৰু আনটো নীলা ঘড়ী। ঘড়ী দুটাই প্রতি ছেকেণ্ডত একোটাকৈ আলোক স্পন্দন সৃষ্টি কৰে। দুয়োটা ঘড়ীয়েই সম্পূৰ্ণ শুদ্ধ সময় দিয়ে। অর্থাৎ ৰঙা ঘড়ীটোৰ এক ছেকেণ্ড সময় আৰু নীলা ঘড়ীটোৰ এক ছেকেণ্ড সময়ৰ মাপ সমান। এতিয়া ৰঙা ঘড়ীটো লগত ৰাখি নীলা ঘড়ীটো এটা ৰকেটৰ ভিতৰত ৰাখি ৰকেটটো প্ৰক্ষেপ কৰা হ'ল। ৰকেটো প্ৰতি ছেকেণ্ডত এক নিৰ্দিষ্ট হাৰত ত্বৰিত হৈ পৃথিৱীৰ পৰা দূৰলৈ গৈ আছে কিন্তু ঘড়ীটোৰ পৰা নিৰ্গত আলোক স্পন্দনসমূহ আমাৰ লগত থকা গ্ৰাহক যন্ত্রত প্ৰতিটো মূহুৰ্তত ধৰা পৰি আছে। যিহেতু ৰঙা ঘড়ীটো আমাৰ লগতেই আছে, এই ঘড়ীটোৰ স্পন্দনবোৰ কোনো গ্ৰাহক যন্ত্র নোহোৱাকৈয়ে আমি এক ছেকেণ্ডৰ অন্তৰে অন্তৰে সঠিক ভাবে পাই থাকিম।

নীলা ঘড়ীটোৰ বেলিকা কিন্তু কথাটো অলপ সুকীয়া হৈ পৰিব। ৰকেটটোৱে নীলা ঘড়ীটো লৈ প্রবল গতিবেগত আমাৰ পৰা আঁতৰি গৈ থকা বাবে তাত থকা নীলা ঘড়ীটোৰ এটা স্পন্দনৰ পিছত সৃষ্টি হোৱা আন এটা স্পন্দনৰ মাজৰ ছেকেণ্ডটোত ৰকেটটোৱে কিছু অতিৰিক্ত দূৰত্ব অতিক্ৰম কৰা হেতুকে পিছৰ স্পন্দনটো আমাৰ লগত থকা গ্ৰাহক যন্ত্ৰত কিছু পলমকৈ আহি ধৰা দিব। তাৰফলত আমি কি দেখিম বাৰু ? যদিওবা দুয়োটা ঘড়ী কাৰিকৰী দিশৰ পৰা এশ শতাংশ নিখুত আৰু সঠিক সময়ৰ অন্তৰে অন্তৰে দুয়োটা ঘড়ীয়ে আলোক স্পন্দন নিৰ্গত কৰি আছে, পৃথিবীত বহি আমি দেখা পাম যে নীলা ঘড়ীটোৰ পৰা অহা প্ৰতি ছেকেণ্ডৰ স্পন্দনবোৰ আমাৰ লগত থকা ৰঙা ঘড়ীটোৰ প্ৰতি ছেকেণ্ডৰ স্পন্দনবোৰৰ তুলনাত ধীৰ হৈ পৰিছে অর্থাৎ নীলা ঘড়ীৰ সময়বোৰ ধীৰে ধীৰে "SLOW" হৈ পৰিছে। গতিশীল বস্তুৰ বেগৰ প্ৰভাৱত সময় এনেদৰে স্লো হৈ পৰা পৰিঘটনাটোক বিজ্ঞানৰ ভাষাত "কাল দীৰ্ঘায়ন" বা Time Dilation বোলা হয়।

আলোচনাটিত গতিবেগে সময়ক কিদৰে প্ৰভাৱিত কৰে কেৱল সেই বিষয়ে অতি সাধাৰণভাৱে কোৱা হৈছে। সময়ক মহাকৰ্ষণেও প্ৰভাৱিত কৰে। তেনে পৰিঘটনাক "মহাকৰ্ষণীয় কাল দীৰ্ঘায়ন" বোলা হয়। আগলৈ এই বিষয়ে লিখিবলৈ যত্ন কৰিম

Thursday, 25 January 2018

সময় পৰিভ্ৰমণ : বিজ্ঞানৰ বিষ্ময়কৰ চিন্তা


সময় পৰিভ্ৰমণ "টাইম ট্ৰেভেল" সাম্প্ৰতিক তাত্বিক পদাৰ্থ বিজ্ঞানৰ এক যথেষ্ঠ আলোচিত বিষয়। এই বিষয়ে কিছু কোৱাৰ আগতে সময়ৰ ধাৰণাটো সম্পৰ্কে এবাৰ নতুনকৈ গমি চোৱা দৰকাৰ। বিজ্ঞানী সকলৰ মতে সময় এবিধ মাত্ৰা বা dimension আৰু ই শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল এটা পৰিমাপ মাথোন। সেইবাবেই পোহৰৰ বেগ কোনো কোনো অতিশয় ভৰযুক্ত পদাৰ্থৰ দ্বাৰা বাধাপ্রাপ্ত বা আকৃষ্ট হলে সময়ৰ প্ৰসাৰণ বা time dilation হয়। তেনে ধৰণৰ ঘটনাই কৃষ্ণগহ্বৰত সংঘটিত হয়। অৰ্থাৎ কৃষ্ণগহ্বৰত ঋণাত্মক সময় বা negative time পোৱা সম্ভব ! সহজ ভাষাত ক'বলৈ হ'লে কৃষ্ণগহ্বৰত বৰ্তমানৰ পৰা ভৱিষ্যতৰ সলনি অতীতলৈ ঘূৰি যাব পাৰি কাৰণ কৃষ্ণগহ্বৰৰ ভিতৰৰ আৰু বাহিৰৰ সময়ৰ পৰিমাপ একে নহয়। আনহাতে সময়ৰ লগত এনট্ৰপিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কিন্তু এনট্ৰপি মানেই বা কি? 

কোনো তন্ত্ৰ এটাত শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদানৰ অসম্ভৱতাকে এনট্রপি বোলা হয়। যদি দুটি বস্তুৰ মাজত তাপমাত্রাৰ পার্থক্য থাকে তেন্তে বেছি তাপমাত্রাৰ বস্তুটোৰ পৰা কম তাপমাত্রাৰ বস্তুটোলৈ তাপশক্তি প্রবাহিত হয়। অর্থাৎ শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদান সম্ভব হয়। এটা সময়ত এই বস্তুদুটাৰ মাজত তাপৰ আদান প্রদানৰ সাম্যাবস্থা সৃষ্টি হ'ব। এনে সাম্যাবস্থাত এনট্রপি বেছি হোৱা বুলি কোৱা হয়। বিজ্ঞানী সকলৰ মতে আমাৰ মহাবিশ্বৰ এনট্রপি ক্রমাগত ভাবে বাঢ়ি গৈছে। মহাবিশ্ব সৃষ্টিৰ সময়ত এনট্রপিৰ মান আছিল 10^88 আৰু বর্তমান মহাবিশ্বৰ এনট্রপিৰ মান হৈছে 10^101। বিজ্ঞানৰ মতে মহাবিশ্বৰ এনট্রপিৰ সৰ্বোচ্চ মান 10^120 আৰু তাৰপিছত মহাবিশ্বৰ ক'তো কোনো শক্তিৰ ৰূপান্তৰণ সম্ভৱ নহ'ব। অৰ্থাৎ শক্তিৰ ৰক্ষনশীলতাৰ নীতিৰ বিৰুদ্ধাচৰণ কৰি শক্তিৰ মৃত্যু ঘটিব ! যিহেতু শক্তি অবিহনে শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল পৰিমাপটো যুক্তিহীন হৈ পৰিব, তেতিয়াই মৃত্যু ঘটিব সময়ৰ !!

পথেৰে খোজকাঢ়ি যাওতে আমি যেনেদৰে আগলৈ বা পিছলৈ - দুয়ো দিশে যাব পাৰি, সময়ৰ ক্ষেত্ৰত বাৰু তেনে সম্ভৱনে? কথিত আছে যে সময়ৰ টিকনি আগফালে উৰে। অৰ্থাৎ সময় সদায় পাখি লগা কাড়ৰ দৰে আগুৱাইহে যায়, পিছুৱাই নাহে। কিন্তু কথাটো সঁচা নহ'বও পাৰে। কৃষ্ণগহ্বৰৰ ঋণাত্মক সময় বা "negative time"ৰ ধাৰণাটো আকৌ এবাৰ মনলৈ আনিলে দেখিম যে কৃষ্ণগহ্বৰত সময়ে আমাকে ধীৰে ধীৰে ভবিষ্যতৰ সলনি অতীতলৈ কঢ়িয়াই নিছে।

বাস্তৱক্ষেত্ৰত সময় পৰিভ্ৰমণ এক অসম্ভৱ অধ্যায়। তথাপিও বিজ্ঞানী সকলৰ জল্পনা কল্পনাৰ শেষ নাই। নিতৌ ন ন গৱেষণাই নতুন নতুন সম্ভাৱনাৰ বাট দেখুৱাইছে। কীটগহ্বৰৰ সহায়তেই হওঁক বা ঋণাত্মক শক্তিৰ(!) সহায়তেই হওঁক, বিজ্ঞানী সকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে সময়ৰ টিকনিডাল পিছফালে ঘূৰাই অতীতত এভূমুকি মৰাৰ অসাধ্য সাধনৰ বাবে।


Saturday, 20 January 2018

ৰহস্যময় ষ্ট্ৰিং থিয়ৰি


চাৰ আইজাক নিউটন আৰু আইনষ্টাইন আদি মনিষীয়ে আৱিষ্কাৰ কৰা পদার্থবিজ্ঞানৰ আলমত পৰমাণু জগতৰ বহুতো আশ্চর্যকৰ ঘটনাৰ যথাযথ ব্যাখ্যা সম্ভৱ হোৱা নাছিল। ইয়াৰ ফলতেই এদিন ঠণ ধৰি উঠিছিল কোৱাণ্টাম বলবিজ্ঞানে। কিন্তু কোৱান্টাম বলবিজ্ঞানৰ নীতি নিৰ্দেশনাবোৰ ইমানেই আচহুৱা যে আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ লগত ই কোনোমতেই খাপ নেখায়। আনকি আইনষ্টাইনে নিজেও এই কথা উপলব্ধি কৰিছিল আৰু কোৱাণ্টাম তত্বৰ লগত আপেক্ষিকতাবাদক সমন্বিত কৰাৰ সপক্ষে চিন্তা কৰিছিল। তেখেতৰ মতে এই দুই তত্বৰ সংমিশ্ৰিত এক নতুন “একীভূত তত্ত্ব” গঠন কৰিব নোৱাৰিলে মহাবিশ্বৰ সৃষ্টি ৰহস্য কেতিয়াও উন্মোচন কৰা সম্ভৱ নহ’ব। পিছলৈ এই দুই আপাত বিৰোধী তত্বক একীভূত কৰি পদার্থবিজ্ঞানত উন্মোচিত কৰা হয় আন এক ৰহস্যময় তত্ব, যাৰ সহায়ত মহাবিশ্বৰ সৃষ্টি সম্বন্ধে সঠিক ব্যাখ্যা পোৱা সম্ভৱ বুলি বৰ্তমানৰ বিজ্ঞানীসকলে দাবী কৰিছে। এই ৰহস্যময় তত্বটোৰ নামেই হ’ল – ষ্ট্ৰিং থিয়ৰি। কিন্তু কি এই ৰহস্যময় “ষ্ট্ৰিং থিয়ৰি” ?
“মই কোন” বা “মই কিহেৰে গঠিত” বুলি নিজকে এটা প্ৰশ্ন কৰো আহকচোন। জীৱবিজ্ঞানৰ পাতত পাব যে মানুহৰ শৰীৰৰ শতকৰা ৭ ভাগ তেজেৰে গঠিত। জৈৱৰসায়নে ক’ব যে মানৱ শৰীৰৰ শতকৰা ৭০ ভাগ পানী। আনহাতে পদাৰ্থ বিজ্ঞানৰ মতে মানৱ শৰীৰৰ মুঠ ৯৯.৯৯ অংশই কেতবোৰ ৰিক্ত স্থানহে। তেন্তে আমি কোন ? আমি কিহেৰে গঠিত ? আমি ক’ৰপৰা আহিলো ? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাই থাকোতেই জ্যোতিৰ্বিজ্ঞানী সকলে ক’ব যে তুমি আন একোৱেই নহয়, সহস্ৰাধিক কাল আগতেই মৃত্যুমুখত পৰা কোনো এক নক্ষত্ৰৰ অস্থিভষ্মেৰে গঢ়া তুমি এজন সাধাৰণ মানুহ মাত্ৰ !
…… তেন্তে আমি অলপ আগতে কৰা “মই কোন” বা “মই কিহেৰে গঠিত” এই প্ৰশ্ন দুটাৰ উত্তৰ কি ? ইয়াৰ যথাযথ উত্তৰ ষ্ট্ৰিং থিয়ৰিয়ে দিব পাৰিব বুলি ধাৰণা কৰিয়েই পৰবৰ্তী আলোচনাখিনি আগবঢ়াব বিচাৰিছো।
ষ্ট্ৰিং থিয়ৰিয়ে প্রকৃতিৰ বিভিন্ন বলসমূহ সফলভাবে একীভূত কৰাৰ লগতে মহাবিশ্ব সম্পর্কে আমাক এটি নতুন দৃষ্টিভঙ্গী প্ৰদান কৰিবলৈ সক্ষম হৈছে। এই তত্ব মতে ইলেকট্রন, প্ৰজিট্ৰন, মিউৱন বা কোৱার্কৰ দৰে মৌলিক কণিকাবোৰ আমি ধাৰণা কৰাৰ দৰেই মাত্রাহীন বিন্দু সদৃশ কণিকা নহয়। আমাৰ দৃষ্টিৰ সীমাবদ্ধতা কাৰণে এইবোৰক আমি বিন্দু হিচাবে অনুমান কৰি লৈছো। কিন্তু এই প্ৰাথমিক কণাবোৰ কোনো চুপাৰ মাইক্রোস্কোপৰ সহায়ত বহুগুণে (প্রায় বিলিয়ন গুণ) বিবর্ধিত কৰা সম্ভব হয়, তেন্তে আমি এই কণাবোৰ বিন্দুৰ দৰে নেদেখি কিছুমান একমাত্রিক দীঘল সূতাৰ দৰে আকৃতিতহে দেখা পাম। ষ্ট্ৰিং থিয়ৰি অনুসৰি প্রকৃতিতে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো মৌলিক কণিকাই আচলতে একোডাল দীঘলীয়া সূতা অথবা ষ্ট্ৰিং। এই সূতাৰ দৰে অৱয়ববোৰ অনবৰতে বিভিন্ন কম্পনাংকৰে কপি বা দুলি আছে। কম্পনাংকৰ ভিন্নতাৰ কাৰণে বিভিন্ন বৈশিষ্ট্যৰ মৌলিক কণিকা সমূহ সৃষ্টি হৈছে। কম্পনৰ পার্থক্যই এই কণিকাবোৰৰ আধান, ভৰ, ঘনত্ব আদি মৌলিক গুণাগুণবোৰ নির্দিষ্ট কৰি দিছে। বৰ্তমান বিজ্ঞানীসকলে পদাৰ্থৰ অন্তিম স্বৰূপ এই সূতাৰ দৰে অৱয়ববোৰৰ বলবিদ্যা অধ্যয়ন কৰি ইহঁতৰ অন্যান্য বৈশিষ্ট্যবোৰো আৱিষ্কাৰ কৰাত ব্যস্ত। সহজভাবে ক’বলৈ হ’লে, গিটাৰৰ তাঁৰৰ কম্পণৰ পার্থক্যৰ কাৰণে যেনেদৰে বিভিন্ন সুৰ সৃষ্টি হয়, তেনেদৰেই এই সূতাৰ দৰে অবয়বৰ ষ্ট্ৰিংবোৰৰ কম্পনৰ পার্থক্যৰ কাৰণে বিভিন্ন বৈশিষ্ট্যেৰ পদাৰ্থ কণিকা সৃষ্টি হয়।
এই ষ্ট্ৰিংবোৰৰ দৈর্ঘ্য অস্বাভাবিক ভাবে ক্ষুদ্র আৰু ইয়াৰ মান হ’ল ১০^-৩৩ (টেন টু দি পাৱাৰ মাইনাচ থাৰ্টি থ্ৰি) ছে.মি.! এই ক্ষুদ্র ষ্ট্ৰিংবোৰৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল ইহঁতৰ কম্পনৰ ধৰণ। ইলেকট্রনৰ ষ্ট্ৰিংবোৰ হয়তো এক বিশেষ ভাবে কপিছে, আনহাতে কোয়ার্কৰ ষ্ট্ৰিংবোৰ হয়তো অন্য ধৰণে কপিছে। অৰ্থাৎ ইলেকট্রনৰ ষ্ট্ৰিংবোৰ নিউট্রিনোৰ ষ্ট্ৰিংবোৰৰ লগত একেই অথচ এইবোৰৰ কম্পনহে ভিন্ন।
সকলো মৌলিক কণিকাই যদি ষ্ট্ৰিং হয় তেন্তে আমাৰ পৰিচিত বাস্তবতাৰ ছবিখন কিন্তু মূহুৰ্ততেই সলনি হৈ যাব। সৰ্বপ্ৰথমে মৌলিক কণিকা বুলি ইমান দিনে প্ৰচলিত ধাৰণাটোৰ অৱসান ঘটিব কাৰণ ষ্ট্ৰিং থিয়ৰি মতে কোৱার্ক বা নিউট্রিনোৰ দৰে সকলো মৌলিক কণিকাই অভিন্ন সূতাৰ দৰে অৱয়বৰ ষ্ট্ৰিঙৰ দ্বাৰা তৈয়াৰী। বিজ্ঞানীসকলে যেতিয়া প্রথমবাৰৰ বাবে ষ্ট্ৰিংবোৰৰ আচৰণৰ ওপৰথ গৱেষণা কৰিছিল, তেতিয়া, তেতিয়া দেখিছিল যে “স্থান-কাল”ৰ মাজত ষ্ট্ৰিংবোৰে ইচ্ছামতে চলাফুৰা কৰিব নোৱাৰে। বৰং সুনির্দিষ্ট কিছু গাণিতিক নিয়ম মানিহে এইবোৰে স্থান-কালৰ মাজত গতিময়তা লাভ কৰে। ষ্ট্ৰিংবোৰৰ এই গতি বিশ্লেষণ কৰিবলৈ গৈ বিজ্ঞানীসকলৰ চকু কপালত উঠিল কিয়নো ষ্ট্ৰিংবোৰৰ আচৰণৰ পৰাই আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সমীকৰণটো পুনৰ ওলাই আহে ! অৰ্থাৎ আইনষ্টাইনে যদি আপেক্ষিকতাবাদৰ তত্বটো আবিষ্কাৰ নকৰিলেহেতেন, তথাপিও ষ্ট্ৰিংবোৰৰ আচৰণে একেখিনি কথাই জনালেহেতেন !
পিছে ষ্ট্ৰিং থিয়ৰিয়ে কিহৰ সম্ভাৱনা আনিছে ? আচলতে বিগ বেঙৰ আশেপাশে বিভিন্ন ষ্ট্ৰিং সমূহৰ ভিন ভিন বিন্যাসৰ বাবে একেলগে কেইবাখনো মহাবিশ্ব তৈয়াৰ হোৱাৰ সম্ভাৱনাটো প্ৰকট কৰি তুলিছে। অৰ্থাৎ বিগ বেঙে কোৱাৰ দৰে মহাবিশ্ব মাত্ৰ এখনেই নহৈ সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণাটোক আৰু অধিক মজবুত কৰি তুলিছে। এনেদৰে সৃষ্টি হোৱা বিভিন্ন সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড সমূহৰ মাজত আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ দৰে থিক একে ষ্ট্ৰিং বিন্যাসৰ আন এখন সাইলাখ একে বিশ্বব্ৰহ্মাণ্ড থকাটোও সম্ভৱ হৈ পৰিছে য’ত আপোনাৰ বা মোৰ অবিকল প্ৰতিৰূপ থকা আন এজনে লোকে বাস কৰি আছে !

Friday, 19 January 2018

মোৰ অলিখিত এপিটাফৰ এটি পৃষ্ঠা


জীৱনৰ যুঁজখনত মানুহৰ জয়-পৰাজয় থাকে। জ্ঞানীজনে কয় - পৰাজয় বিমুখতাৰ কাৰক নহয়। সেইদৰে নিশ্চয় কৃতকাৰ্যতাও সফলতাৰ একমাত্ৰ মাপকাঠিও নহয়। কেতিয়াবা বহল, কেতিয়াবা গভীৰ, ক'ৰবাত ৰুক্ষ অথবা ক'ৰবাত খৰস্ৰোতা হৈ বৈ যোৱা এখন নদীৰ দৰেই মোৰ এই জীৱন। মাথো বৈ গৈছে জীৱনৰ এই নিৰবধি নদী। কেতিয়াবা অনুভৱ হয়, মোৰ জীৱনতো যেন জহি খহি উঁৱলি যাবলৈ ওলোৱা কিছু পৰিতক্ত সময় ! কবিৰ ভাষাত :
জীন্দেগী এক তচবীৰ হেই

য়া তকদীৰ……
মনচাহে ৰংগো চে ভৰে
তো তচবীৰ,
অউৰ অনচাহে ৰংগো চে ভৰে
তো তকদীৰ।


এৰা, জীৱনৰ এখন মনোৰম ছবি অঁকাৰ চেষ্টা অহৰহ কৰি আহিছো। জীৱনটোক লৈ হতাশ হৈছো - দুখৰেই এখন ছবি আঁকিব খুজিছো অথবা সুখৰ ৰঙবোৰ সামৰি লৈ আঁকিব বিচাৰিছো জীৱনৰ এক অৰ্থবহ "তচবীৰ"। আন বহুজনৰ দৰেই এটুকুৰা আকাশ, এটা জোনবাই আৰু কিছুমান বিশ্বাসক সম্বল হিচাবে লৈ ময়ো চেষ্টা কৰি আহিছো জীৱন নামৰ সোনালী কিতাপখনৰ পৃষ্ঠাবোৰত আঁকবাক কৰিবলৈ। মই জানো :
ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে,
বৰষুণত থিয় হোৱাৰ সাহস দিয়ে।
আত্মবিশ্বাসে সফল হোৱাতো নিশ্চিত নকৰে,
কিন্তু জীৱন যুঁজত প্ৰেৰণা দিয়ে।

সৰু সৰু কথাবোৰ অথবা জীৱনৰ ভাল লগা মূহুৰ্তবোৰ জীয়াই থকাৰ প্রেৰণা। এই অনুভৱবোৰ, আবেগবোৰ, ভাল লগা কথাবোৰ আছে বাবেই আমি মানুহ। কিন্তু, এই মানুহবোৰেই ইমান জটিল ! ইমান নিষ্ঠুৰ !!
ভগৱানক লগ পালে সুধিবই লাগিব সত্য, সততা ইত্যাদিৰ পৰিভাষা কি ? একেলগে উঠা বহা কৰা একোজন ব্যক্তিয়ে নিজৰ স্বাৰ্থ পুৰণৰ বাবে যেতিয়া মোৰ পথত কাঁইট পোতে, তেতিয়া ভগৱানক সুধিবলৈ মন কিমান সত্য এটা জীৱন অথবা বিশ্বাস নামৰ শব্দটো ? যেতিয়া কোনো বন্ধুৱে নিজৰ বিপদৰ সময়ত দৌৰি আহি, মোৰ নিজৰ কষ্টৰ সময়ত আঁতৰি ফুৰে, তেতিয়াও ভগৱানক সুধিবলৈ মন যায় কিমান সঁচা বিশ্বাস নামৰ শব্দটোৰ পৱিত্ৰতা ? সদায় সন্মান কৰি অহা কোনো এজনে যেতিয়া পিছফালৰ আক্ৰমন কৰে, তেতিয়াই ভগৱানক সুধিবলৈ মন যায় কিমান গভীৰতা আছে মানৱতা নামৰ শব্দটোৰ ? বিভিন্ন পৰীক্ষাৰ প্ৰমাণপত্ৰ অথবা নম্বৰ তালিকাত থকা নম্বৰবোৰকেই জ্ঞান বুলি ভবা তথাকথিত জ্ঞানীসকলে জ্ঞানবোৰ বিলোৱাৰ সলনি যেতিয়া "জ্ঞান"খিনি লৈ কেৱল গৌৰবহে কৰে, তেতিয়াই ভগৱানক সুধিবলৈ মন যায় - বাস্তৱবোৰ ইমান ভয়ংকৰ কিয় হয় ? পাৰ্থিৱ সুখ-দুখক অলপ পাতলকৈ লৈ মানসিক প্ৰশান্তি পাম বুলি দৃঢ়তাৰে বিশ্বাস কৰিয়েই মোৰ ব্যক্তিগত জীৱনৰ ছবিখন আঁকিবলৈ চেষ্টা কৰো "মনচাহে" ৰঙেৰে। নেজানো, মোৰ জীৱনৰ ছৱিখন "তচবীৰ" হয় নে "তকদীৰ" হয় !
কোনোবাই সঁচা কথাই লিখিছিল : খালী পেট আৰু খালী জেপে জীৱনক যিখিনি শিকায়, সেয়া কোনো শিক্ষক অথবা বিদ্যালয়ে শিকাৱ নোৱাৰে।

Monday, 15 January 2018

পৰীক্ষাগাৰত ধাতৱ হাইড্ৰজেন


বিগত প্রায় এশ বছৰ ধৰি বিজ্ঞানীসকলৰ এক দুৰন্ত প্ৰয়াস যে তেওঁলোকে প্রকৃতিত পোৱা সবাতোকৈ পাতল মৌল হাইড্ৰজেনক এদিন ধাতবীয় অৱস্থালৈ পৰিণত কৰিব পাৰিব। ধাতবীয় হাইড্ৰজেন সৃষ্টিৰ বাবে বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে কিয়নো ধাতবীয় হাইড্ৰজেনক অতি পৰিবাহী হিচাবে ব্যৱহাৰ কৰি ইলেকট্ৰনিক্সৰ জগতখনত অভুতপূৰ্ব পৰিবৰ্তন আনিব পৰা যাব। তদুপৰি ৰকেট প্ৰযুক্তিৰ ক্ষেত্ৰতো ইন্ধন হিচাবে ধাতবীয় হাইড্ৰজেনে প্ৰতিশ্ৰুতিৰ বতৰা আনিব। 

প্রায় আঠ দশক আগতেই বিজ্ঞানত এক ধাৰণা সৃষ্টি হৈছিল যে অতি উচ্চচাপ আৰু নিম্ন তাপমাত্রাত ৰাখি হাইড্রোজেনক ধাতব অবস্থাত পোৱা সম্ভব। উচ্চ ঘনত্ব আৰু চৌম্বকক্ষেত্রৰ প্রাবল্যৰ উচ্চমানৰ বাবে বৃহস্পতি আৰু শনি গ্ৰহৰ উপৰিও সৌৰজগতৰ বাহিৰৰ কিছুমান গ্রহৰ কেন্দ্ৰভাগত ধাতবীয় হাইড্রজেনৰ উপস্থিতিৰ কথা প্ৰমাণিত হৈছে। তেতিয়াৰ পৰাই ধাতবীয় হাইড্রজেনৰ ওপৰত বিস্তৰ গবেষণা চলি আহিছে।

সাম্প্ৰতিক সময়চোৱাত অৰ্থাৎ ২০১৬ চনৰ অক্টোবৰ মাহত আইজাক এফ. চিলভেৰা আৰু তেওঁৰ সহযোগী পদার্থবিদসকলে হার্ভার্ড বিশ্ববিদ্যালয়ৰ  পৰীক্ষাগাৰত হাইড্রোজেনক ধাতবীয় অৱস্থালৈ পৰিণত কৰাত সক্ষম হৈছে বুলি দাবী কৰিছে। তেওঁলোকে এই গবেষণাৰ প্রতিবেদনখনো বিজ্ঞান সাময়িকী "চাইন্স"ত প্ৰকাশ কৰিছে। তেওলোকে দুটুকুৰা হীৰাৰ মাজত হাইড্ৰজেন পৰমাণু এটি ৰাখি অতি নিম্ন উষ্ণতাত প্ৰচণ্ড চাপ প্ৰয়োগ কৰি ক্ষন্তেক সময়ৰ বাবে হাইড্ৰজেনক ধাতবীয় অৱস্থাত পাবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে। তেওঁলোকৰ পৰীক্ষাত হাইড্রজেন প্রথমে স্বচ্ছ অবস্থাৰ পৰা অস্বচ্ছ আৰু ক্রমে ক'লা ৰঙৰ চকচকীয়া বৰণৰ ধাতৱ অৱস্থালৈ পৰিণত হয়। অৱশ্যে তেওঁলোকে তৈয়াৰ কৰা হাইড্রজেন ধাতুৰ পৰিমাণ আৰু স্থায়ীত্ব  খুবই কম। পৰীক্ষাগাৰত অতি ক্ষুদ্র হীৰাৰ স্ফটিকৰ মাজত হাইড্রজেন পৰমাণু স্থাপন কৰি একে ৫.৫ কেলভিন বা মাইনাচ ২৬৭.৬৫ ডিগ্রী ছেন্টিগ্রেড তাপমাত্ৰালৈ হাইড্ৰজেনক শীতল কৰা হয় আৰু শীতলীকৃত হাইড্ৰজেনৰ ওপৰত প্ৰায় ৫০০ গিগা পাস্কেল চাপ প্ৰয়োগ কৰি তেওঁলোকে ধাতৱীয় হাইড্ৰজেন প্ৰস্তুত কৰিছে। উল্ল্যেখযোগ্য যে ৫০০ গিগা পাস্কেল চাপ পৃথিৱীৰ বায়ুমণ্ডলীয় চাপৰ তুলনাত প্ৰায় ৫০ লাখ গুণ বেছি। চিলভেৰা আৰু তেওঁৰ সহযোগী পদার্থবিদসকলৰ এই আৱিষ্কাৰে নিসন্দেহে ভৱিষ্যতৰ ইলেক্ট্ৰনিক্স আৰু মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰলৈ যথেষ্ঠ অৱদান দিব।