Sunday, 9 September 2018

ভূপেন দা, আকৌ এবাৰ তোমাক লগ পোৱা হ'লে



তোমাৰ প্ৰতিটো জন্মদিনেই
মোলৈ কঢ়িয়াই আনে
বুটা বচা সপোনৰ ৰং
আৰু আকাশত আঁকি থোৱা
ৰামধেনুৰ সাতোৰঙী ছবি 

তোমাৰ প্ৰতিটো জন্মদিনেই 
মোক দি থৈ যায়
সময়ৰ দুখনি
হালধীয়া পাখি 

সময়বোৰ যেন
এজাক বতাহ হৈ উৰি আহে 
তোমাৰ বতৰা লৈ

আৰু 
অহাৰ দৰেই গুছি যায় 
ছটিয়াই থৈ
মোৰ বুকুৰ ভিতৰে বাহিৰে 
এবুকু উমাল প্ৰেৰণা 

যেতিয়া এন্ধাৰৰ সুযোগ লৈ
ধৰালৈ নামি আহে
বেলি মাৰ যোৱা পাহাৰৰ সিপাৰেদি
কোনো একাকী জীৱনৰ 
জয়াল নীৰৱতা.....

তেতিয়া 
সংগোপনে তুমি বহি থাকা
মোৰ বুকুৰ মাজত।
আৰু
মই পুহি ৰাখো
এবুকু সেউজীয়া প্ৰসন্নতা

কহুৱানি ডৰাৰ মাজত
মই বাট চাই ৰওঁ তোমালৈ
বিচাৰি ফুৰো তোমাক
বৰ লুইতৰ উদং বুকুত
চৌদিশেচোন তোমাৰেই সুবাস। 

এনেতেই আহি পৰে কঠিন সময়।
প্ৰাচীন পাহাৰখন কোবাকোবিকৈ
পাৰ হৈ যোৱাৰ সময়……

শিলনিৰ সিপাৰে
গছবোৰৰ দীঘল হৈ অহা
ছাঁবোৰৰ দৰেই 
সময় জটিল হয়। 

তথাপিও
মই বাট চাই ৰওঁ…
ভূপেন দা,
আকৌ এবাৰ তোমাক লগ পোৱা হ'লে !

(টংলা উ: মা: বিদ্যালয়ৰ খেল পথাৰত ভূপেন দাৰ মৃত্যু বাৰ্ষিকীত জ্বলি থকা মাটিৰ চাকিৰে তৈয়াৰ কৰা ভূপেন দাৰ প্ৰতিকৃতিটোৰ মোবাইলেৰে আৱদ্ধ কৰি ৰখা স্থিৰ চিত্ৰ। --প্ৰণৱজ্যোতি দাস)

Sunday, 2 September 2018

নিমখ জুইত দিলে ফুটে কিয়


জ্বলি থকা জুইকুৰালৈ অলপমান নিমখ ছটিয়াই দিয়কচোন। ফটফট শব্দ কৰি জুইৰ মাজত নিমখৰ দানাবোৰ জ্বলি যাব। সিদিনা এজনী কম বয়সীয়া ছাত্ৰীয়ে ইয়াৰ কাৰণটো সুধিছিল। তেওঁৰ কৌতুহলী মনটোক প্ৰশংসা কৰিছোঁ। 

পদাৰ্থৰ পৰমাণুবোৰ অতি সূক্ষ্ম আৰু এই পৰমাণু কেন্দ্ৰৰ চৌদিশৰ একোটা শক্তিৰ স্তৰত (সহজ ভাষাত : কক্ষপথত) নিৰ্দিষ্ট সংখ্যক ইলেকট্ৰণে অৱস্থান গ্ৰহণ কৰি পৰমাণু কেন্দ্ৰটোৰ চৌদিশে ঘূৰি থাকে। একো একোটা শক্তিৰ স্তৰত থাকি পৰমাণু কেন্দ্ৰটোৰ চৌদিশে অবিৰত ভাবে পৰিভ্ৰমন কৰি থাকিবলৈ ইলেকট্ৰণবোৰক এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ (কোৱাণ্টা) প্ৰয়োজন। এই শক্তিৰ পৰিমানৰ হ্ৰাস বা বৃদ্ধি ঘটিলে ইলেকট্ৰণবোৰে এটা শক্তিৰ স্তৰৰ পৰা আন এটা শক্তিৰ স্তৰলৈ যাবলৈ বাধ্য হয়। যদিহে ইলেকট্ৰণ এটাই কোনো উৎসৰ পৰা শক্তি আহৰণ কৰে, তেন্তে ই উচ্চ শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ বাহিৰৰ কক্ষপথলৈ জপিয়াই যায়, আনহাতে যদিহে ইলেকট্ৰণটোৱে শক্তি হেৰুৱায়, তেন্তে নিম্ন শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ ভিতৰৰ বা পৰমাণু কেন্দ্ৰৰ দিশৰ কক্ষপথলৈ সোমাই আহে। ঘটনাটো থিক যেনিবা থিয়েটাৰ হলৰ টিকটৰ মূল্য অনুসৰি আসনৰ স্থান নিৰ্ধাৰণ কৰাৰ দৰেই।

সাধাৰণ বা সুস্থিৰ অৱস্থাত পৰমাণুৰ ইলেকট্ৰণবোৰ নিম্ন শক্তিৰ স্তৰতেই থাকিবলৈ বিচাৰে। শক্তি আহৰণ কৰি উত্তেজিত হৈ যদিও ইলেকট্ৰণ এটা উচ্চ শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ বাহিৰৰ কক্ষপথলৈ জপিয়াই যায়, ইলেকট্ৰণটোৱে পূৰ্বৰ তৰংগ দৈৰ্ঘৰ স্তৰতে থকাৰ তাগিদাত অতিৰিক্ত শক্তিখিনি বিকিৰণ বা ত্যাগ কৰি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহে।

জুইৰ ওপৰত ছটিয়াই দিয়া নিমখৰ দানাত থকা ছডিয়াম পৰমাণুবোৰে জুইৰ পৰা তাপ শক্তি গ্ৰহন কৰি উত্তেজিত হৈ পৰে। তেনে অৱস্থাত ছডিয়াম পৰমাণুৰ 3s অৰবিটেলৰ ইলেকট্ৰণবোৰ 3p অৰবিটেললৈ জপিয়াই যায়। কিন্তু পিছ মূহুৰ্ততেই ইলেকট্ৰণবোৰে জুইৰ পৰা আহৰণ কৰা অতিৰিক্ত তাপ শক্তিখিনি তৰংগৰ ৰূপত বিকিৰণ কৰি পুনৰ 3s অৰবিটেললৈ নামি আহি সুস্থিৰ হৈ পৰে। বিকিৰণৰ মাধ্যমত ইলেকট্ৰণবোৰে যি তৰংগ সৃষ্টি কৰে, সেই তৰংগবোৰৰ কম্পনাংক ২০ হাৰ্টজৰ পৰা ২০,০০০ হাৰ্টজৰ ভিতৰত হয় বাবেই জুইত ছটিয়াই দিয়া নিমখৰ পৰা আমি "ফটফট"কৈ ফুটা শব্দবোৰ শুনিবলৈ পাও।

Wednesday, 29 August 2018

থিয়ৰী অফ এভ্ৰিথিং আৰু ঈশ্বৰৰ মস্তিষ্ক


১৯৪২ চনত যেতিয়া গ্রেট ব্রিটেইনত ষ্টিফেন হকিঙৰ জন্ম হৈছিল, তেতিয়া আটলাণ্টিক মহাসাগৰৰ সিপাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত ৬২ বছৰীয়া এলবাৰ্ট আইনষ্টাইন গৱেষণাত নিমগ্ন। তেওঁৰ মনত আছিল অযুত প্ৰশ্ন : কিদৰে ব্রহ্মাণ্ডক নিয়ন্ত্ৰণ কৰি ৰখা যাৱতীয় "ফাণ্ডামেণ্টেল ফোৰ্চ" বা বুনিয়াদী মৌলিক বলবোৰৰ লগত ‘এলিমেণ্টেৰী পার্টিকেল’ বা ক্ষুদ্রাতিক্ষুদ্র মৌলিক পদার্থকণাবোৰৰ সমন্বয় ঘটাব পৰা যায় বাৰু ! কিদৰে বাৰু বুজিব পৰা যায় ৰহস্যময় এই বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰা ঈশ্বৰৰ মস্তিষ্কৰ প্ৰখৰতা !!

"ইলেকট্ৰোমেগনেটিজম" বা বিদ্যুৎ চুম্বকত্বই ক্ষুদ্র পদার্থকণাবোৰৰ মাজত আকর্ষণ বা বিকর্ষণ বল সৃষ্টি কৰে। এয়া কোৱাণ্টাম মেকানিক্সৰ অন্তর্গত বিষয়। আনহাতে নিউটনীয় মহাকৰ্ষণতকৈ কিছু পৃথক আইনষ্টাইনৰ জেনেৰেল ৰিলেটিভিটিৰ আধাৰত গঢ় লৈ উঠা "মহাকৰ্ষণ" হ'ল মহাবিশ্বৰ বিশালাকাৰ বস্তুৰ ভৰৰ দ্বাৰা সৃষ্টি হোৱা স্থান-কালৰ বক্ৰতা আৰু ইয়াৰ প্ৰভাৱতেই তুলনামূলক ভাবে সৰু আকাৰৰ মহাজাগতিক পদাৰ্থবোৰে বিশালাকাৰ মহাজাগতিক পদাৰ্থৰ চৌদিশে প্রদক্ষিণ কৰি থাকে। 

সেই সময়ত আইনষ্টাইনে এই দুয়োটা তত্বকেই অৰ্থাৎ বিদ্যুৎচুম্বকীয় আৰু মহাকৰ্ষণীয় বলক একত্ৰীত কৰি পৰ্যায়ক্ৰমে এটা "সংযুক্ত তত্ব" বা "ইউনিফাইড ফিল্ড থিয়ৰী" তৈয়াৰ কৰাৰ বাবে চিন্তাত নিমগ্ন। তেখেতে বিশ্বাস কৰিছিল যে বিশ্বব্রহ্মাণ্ডৰ ৰহস্য ভেদ কৰি ঈশ্বৰৰ মস্তিষ্কটো বুজি উঠিবলৈ এইটোৱেই হ'ল একমাত্র চাবিকাঠি। এই গবেষণাৰ সময়চোৱাত আইনষ্টাইনৰ মগজুত একাধিক নতুন চিন্তাই দোলা দিছিল, কিন্ত উপযুক্ত প্রমাণৰ অভাৱ আৰু গাণনিক সীমাবদ্ধতাই তেখেতৰ প্ৰচেষ্টাক বাৰে-বাৰে বিফল কৰি তুলিছিল।

এইবাৰ ৰহস্যময় এইখন ক্ষেত্ৰলৈ আহিল বিজ্ঞানৰ বিষ্ময়কৰ প্ৰতিভা চাৰ ষ্টিফেন হকিং। আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ আলমত তেখেত উঠি পৰি লাগিল এটা থিয়ৰী অফ এভ্ৰিথিঙৰ সন্ধানত। এই "থিয়ৰী অফ এভ্ৰিথিং" হ'ব সেই সময়চোৱালৈ আৱিষ্কৃত সকলোবোৰ বিজ্ঞানৰ তত্বৰ এটি সহজ সৰল সংযুক্ত তত্ব যাৰ মাজত অন্তর্নিহিত হৈ থাকিব সমগ্ৰ বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি, প্ৰতিপালন আৰু সংহাৰৰ ৰহস্য। হকিঙৰ মূল লক্ষ্য আছিল দুই পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰা  আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম মেকানিক্সক ওতঃপ্রোত ভাবে জড়িত কৰি পদার্থ বিজ্ঞানৰ উত্তৰণ ঘটোৱা।

গবেষণাৰ ক্ষেত্ৰত এই দুয়োজন মহান বিজ্ঞানীৰেই মূল তথা চমৎকাৰী অস্ত্ৰ আছিল ‘থট এক্সপেৰিমেণ্ট’ বা ‘চিন্তন গবেষণা’। কেবল মগজুৰ অসাধাৰণ চিন্তাশক্তি, কাগজ আৰু কলম লৈয়েই মহাবিশ্বৰ জটিল ৰহস্যৰ ভেদ ভঙাৰ কি যে দুৰন্ত প্রয়াস ! পেটেণ্ট হাউচৰ সৰু কোঠালি এটাৰ চাৰিবেৰৰ মাজত কিতাপ কাগজেৰে ভৰি থকা এখন টেবুলৰ পৰাই আইনষ্টাইনে বিশ্ববাসীক দি গৈছিল e=mc2 ৰ দৰে আপেক্ষিকতাবাদৰ বিশ্ববিখ্যাত সমীকৰণ এটি। একেদৰে এখন হুইল চেয়াৰত অচল শৰীৰটো এৰি দি ষ্টিফেন হকিঙে আমাক দি গৈছে হকিং বিকিৰণৰ  S= πAkc3/2hG বিশ্ববিখ্যাত সমীকৰণটো।

মহাবিশ্বৰ গোপন ৰহস্যময় ওৰণিৰ আঁৰত লুকাই থকা সত্য উন্মোচনৰ বাবে বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সকলে অহৰহ গবেষণা চলাই নিছে। বিশ্বৰ প্ৰতিজন মানুহৰ আশা, এদিন নিশ্চয় আইনষ্টাইন আৰু হকিঙৰ কোনো যোগ্য উত্তৰসুৰী ওলাব আৰু তেওঁলোকে আমাক প্ৰকৃত সত্যৰ সন্ধান দি আইনষ্টাইন আৰু হকিঙৰ আধৰুৱা সপোনক পূৰ্ণতা দিব। তেওঁলোকে তৈয়াৰ কৰি উলিয়াব এটি একক তথা চূড়ান্ত একীভূত তত্ব বা "থিয়ৰী অফ এভ্ৰিথিং", যাৰ আধাৰত আমি প্ৰত্যেকেই বিতংকৈ বুজি পাম মহাবিশ্বৰ সৃষ্টি ৰহস্য, ঈশ্বৰে মহাবিশ্বখন পৰিচালনা কৰা নীতি নিয়মবোৰ অথবা মহাবিশ্বৰ মহাসংহাৰৰ আগতীয়া বতৰা।

এনেবোৰ কথা অনুধাৱন কৰিয়েই ঈশ্বৰ অবিশ্বাসী ষ্টিফেন হকিঙে কৈ গৈছিল : যিদিনাই "থিয়ৰী অফ এভ্ৰিথিং" প্ৰতিষ্ঠা হ'ব, সেইদিনাই সকলো মানুহৰ বাবে পানীৰ দৰেই পৰিস্কাৰ হৈ পৰিব ঈশ্বৰৰ মন আৰু মস্তিষ্কৰ ৰহস্য। এতিয়া মাথো অপেক্ষা……

Tuesday, 28 August 2018

My Doctoral Convocation on 24.08.2018



Doctoral Convocation, Gulmohar, India Habitat Centre, New Delhi- 110003,
August 24, 2018 

Honourable Vice Chancellor;
Honourable Chief Guest Dr. Ernest Rwamucyo,
High Commissioner, Rwanda;
Members of the Doctoral Monitoring Board, Academic Council of India;
Prof. Dr. G. C. Deka, Ministry of Skill Development and Entrepreneurship, India;
Prof. S. S. Bhakri, Ambassador of Peace Award, UPF, South Korea;
Dr. Rama Shankar Agarwal, Member of the
Commonwealth Research Expert Advisory Committee, Commonwealth Nations;
The Board of Patron, Ballsbridge University;




Good afternoon to one and all. Today is indeed, a very proud moment for me and I am very happy to be present amidst you for receiving the Ph.D. (HC). Ladies and Gentleman, I take this opportunity to thank Ballsbridge University for considering me worthy of this award and conferring on me the prestigious Honarary Doctorate Degree in this convocation today. I would like to offer my regards to  Ballsbridge University, Dominica for being kind enough and giving me due recognition to the various contributions made by me over the years in Popularising Science and also for taking Science to every nook and corner of the society. It pleases me that the monitoring committee of this University has applauded my sincere effort for the various Science Projects and Workshops that I had undertaken at the State & National Level, for my involvement in the Guwahati Planetarium as an Amateur Activist, for attending National Workshop on Venus Transit, Telescope Guide, Astronomy Basics, and also for participating in the International Workshop on Space & Technology at the Bhaba Atomic Research Centre (BARC) and so on during the recent times.


I am really indebted to my students who had worked hard and participated in various Academic Workshops and Science Projects throughout the country. As a teacher, I feel proud of my students’ achievement, their creativity and critical acumen, their thirst for knowledge, their eagerness to learn and innovative ideas. They motivate me to work hard every passing day. As a mentor, I take personal interest in matters pertaining to Science and Technology, its advancement, and how Science can be made easy and interesting to my students. My aim is to make Science a subject beyond the classroom for common people. Our children are our future forces. We, as teachers have tremendous responsibilities in moulding their young minds and inculcating in them a sense of discipline and moral values.

Back home, I thank my family, who have been instrumental in motivating me to work hard every day, for their constant love, care and support throughout. Without them nothing could have been achieved. I offer my regards to my family members, colleagues and well wishes as well. 


To conclude, I would like to quote Dr. Sarvepalli Radhakrishnan who said, “Education should be imparted with a view to the type of society that we wish to build. We are working for a modern democracy built on the values of human dignity and equality. These are only ideals: We should make them living forces. Our vision of the future should include these great principles”. 

With these few words, I, once again thank each one of you for your patient listening. Thank you very much.
Jai Hind !

-- Pranabjyoti Das
Principal, Arunodoi Junior College, Tangla.
(My Doctoral Convocation Speech)

Saturday, 18 August 2018

নৰিয়াপাটীত এলবাৰ্ট আইনষ্টাইন


১৯৫৪ চনৰ পৰাই এলবাৰ্ট আইনষ্টাইনৰ পেটৰ বিষটো ক্ৰমে বেছি হৈ আহিছিল। মাজে সময়ে এই পেটৰ বিষটোৱে তেখেতক বৰকৈ আমনি দি আহিছিল। পিছে অধ্যয়ন আৰু ব্যস্ততাপূৰ্ণ দৈনিক কাৰ্যক্ৰমনিকাৰ বাবে আইনষ্টাইনে বিষটোক বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু বিষটো অসহ্যকৰ হৈ অহা বাবে তেওঁ স্থানীয় প্ৰিন্সটোন হস্পিতাললৈ ডাক্তৰৰ পৰামৰ্শ বিচাৰি গ'ল। 

পৰীক্ষা কৰি ডাক্তৰে বুজি পাইছিল যে পেটৰ বিষৰ কাৰণটো সাধাৰণ নহয়। বৰং আইনষ্টাইনৰ শৰীৰলৈ তেজ পৰিবাহী মূল সিৰাডালৰ নিম্ন অংশটো উখহি উঠিছে, যাৰ ফলত পেটৰ বিষ হোৱাৰ লগতে শৰীৰত তেজ পৰিবহনৰ ক্ষেত্ৰত জটিলতা আহিছে। চিকিৎসা বিজ্ঞানত এই ৰোগক abdominal aortic aneurysm বুলি কোৱা হয়। ডাক্তৰে চিকিৎসাৰ প্ৰাৰম্ভিক দায়িত্ব গ্ৰহন কৰি আইনষ্টাইনক খোৱা-বোৱা, নীতি-নিয়ম আদিবোৰ বুজাই দি দৰব পাতিবোৰ দিলে। 

আইনষ্টাইনে নীতি-নিয়ম ক'ত মানে ! ব্যস্ততাৰ বাবে সকলো পাহৰি থাকে। ক্ৰমান্বয়ে আইনষ্টাইনৰ ৰোগটো বেছি হৈ আহিব ধৰিলে। বন্ধু বান্ধৱসকলে তেওঁক উন্নত চিকিৎসাৰ বাবে খাটনি ধৰিলে। পিছে আইনষ্টাইন নাচোৰবান্দা। চিকিৎসাৰ বাবে বাহিৰলৈ গ'লে তেওঁৰ আধৰুৱা হৈ থকা কামবোৰ কেনেকৈ সম্পূৰ্ণ হ'ব ! 

এনেদৰেই কিছুদিন পাৰ হ'ল। বিষটোৱে আইষ্টাইনক উঠা বহাৰ ক্ষেত্ৰটো কষ্ট দিবলৈ আৰম্ভ কৰাত তেওঁ পুনৰ প্ৰিন্সটোন হস্পিতাললৈ গ'ল। এইবাৰ ডাক্তৰে তেওঁক হস্পিতালত ভৰ্তি হ'বলৈ পৰামৰ্শ দিলে। যন্ত্ৰণাত ইচাটি বিচাটি কৰি থকা আইনষ্টাইনে উপায়ন্তৰ হৈ ডাক্তৰৰ কথা মতেই হস্পিতালত ভৰ্তি হ'ল। চিকিৎসা আৰম্ভ হ'ল। কেইদিনমান অপেক্ষা কৰাৰ পিছতো দৰৱ পাতিবোৰে লক্ষনীয় ভাবে একো কাম নকৰাত ডাক্তৰে আইনষ্টাইনক ক'লে : মহাশয়, আপোনাৰ ৰোগটোৱে জটিল ৰূপ লৈছে। সেয়েহে দৰবে বিশেষ কাম দিয়া নাই। শীঘ্ৰে আৰোগ্য লাভৰ বাবে আপোনাৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।

কিছু বিৰক্তিৰে মুৰটো জোকাৰি আইনষ্টাইনে ক'বলৈ ধৰিলে : তোমালোকে মোক ধৰি ৰাখিব বিচাৰিছা। মই মোৰ ইচ্ছানুসৰি পৃথিৱীৰ পৰা আঁতৰি যাবলৈ পালে ভাল পাম। কৃত্ৰিমভাৱে জীয়াই থাকি মই জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰিম। মই যদি যাবই লাগে গুছি যামগৈ, কিয়নো মোৰ কৰণীয় কামবোৰ ইতিমধ্যে কৰিয়েই পেলাইছো। মই হাঁহি মুখেৰেই গুছি যামগৈ ডাক্তৰ। অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। 

১৭ এপ্ৰিল, ১৯৫৫। প্ৰিন্সটোন হস্পিতালৰ বিচনাত চিৎকাৰ কৰি উঠিল বিজ্ঞানী আইনষ্টাইনে। দৌৰি আহিল কৰ্তব্যৰত নাৰ্চ আৰু ডাক্তৰবোৰ। ততাতৈয়াকৈ আইনষ্টাইনক জৰুৰী বিভাগলৈ স্থানান্তৰ কৰা হ'ল। পৰীক্ষা কৰি গ'ম পোৱা গ'ল যে আইনষ্টাইনৰ তলপেটৰ ওচৰত abdominal aortic aneurysmত আক্ৰান্ত ৰক্তবাহী সিৰাডাল ফাটি প্ৰচুৰভাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছে। ডাক্তৰসকল অসহায় হৈ পৰিল। কোনো প্ৰকাৰেই যে চিকিৎসা বিজ্ঞানে একো কৰিব নোৱাৰে…!

১৮ এপ্ৰিল, ১৯৫৫। সময় ৰাতিপুৱা। হস্পিতালৰ কোঠাটোত এগৰাকী নাৰ্চ আৰু ওচৰৰে বিচনাখনত অসুস্থ এলবাৰ্ট আইনষ্টাইন সাৰসুৰ নোহোৱাকৈ শুই আছে। আচলতে বিষ নিৰাময় আৰু টোপনি আহিবলৈ দিয়া ইঞ্জেকচনৰ বাবে তেওঁ টোপনিৰ কোলাত ঢলি পৰিছিল। নাৰ্চ গৰাকীয়ে মন কৰিলে যে আইনষ্টাইনে হাতেৰে কিবা ইংগিত দিব বিচাৰিছে। কথাটো অনুধাৱন কৰিবলৈ তেওঁ আইনষ্টাইনৰ ওচৰলৈ আগবাঢ়ি আহিল। এনেতে জাৰ্মান ভাষাত আইনষ্টাইনে বিৰবিৰকৈ কিবা এটা ক'লে। আমেৰিকান নাৰ্চ গৰাকীয়ে জাৰ্মান বুজি নোপোৱা বাবে এখন্তেক বাহিৰলৈ ওলাই আন কাৰোবাক মাতি অনাৰ কথা ভাবিলে। তেওঁ আকৌ আইনষ্টাইনৰ মুখলৈ চালে। নাই, চকু দুটা মুদি আইনষ্টাইন শুই আছে। 

: May I help you sir ? - নাৰ্চ গৰাকীয়ে সুধিলে।

আইনষ্টাইনৰ পৰা কোনো উত্তৰ নাহিল। তেওঁ কথাষাৰ আকৌ এবাৰ সুধিলে। এইবাৰো প্ৰত্যুত্তৰ নাহিল। সন্দেহবশতঃ নাৰ্চ গৰাকীয়ে আগবাঢ়ি আহি আইনষ্টাইনৰ হাতখনৰ নাড়ী পৰীক্ষা কৰিলে। শান্ত, সৌম্য ভাৱে শুই থকা আইনষ্টাইনৰ নাড়ীৰ স্পন্দন ইতিমধ্যে বন্ধ হৈ গৈছিল। বিশ্বৰ আটাইতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহজন যেন মূহুৰ্তৰ ভিতৰতেই হেৰাই গ'ল এক প্ৰহেলিকাৰ দৰে। কোনেও নেজানিলে আইনষ্টাইনৰ জীৱনৰ শেষ বাক্যকেইটাৰ অৰ্থ !


Sunday, 12 August 2018

গাখীৰৰ পৰা সৃষ্টি কৰা প্ৰদূষণহীন জৈৱ-প্লাষ্টিক


প্ৰাকৃতিক পৰিবেশ, জৈৱ-বৈচিত্ৰ্য আৰু সামগ্ৰিকভাবে আমাৰ জীৱন প্লাষ্টিক প্ৰদূষণৰ কবলত ভাৰাক্ৰান্ত। প্লাষ্টিকৰ বিভিন্ন ধৰণৰ সুবিধা থকাৰ পাছতো বৰ্তমান প্লাষ্টিক প্ৰদূষণে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছে। উল্লেখ্য যে ভাৰতবৰ্ষত প্ৰতি ঘণ্টাত প্ৰায় ১ লাখ প্লাষ্টিকৰ বটল ক্ৰয় কৰা হয় কেবল মিনাৰেলযুক্ত পানীৰ বাবে। একেদৰে প্ৰতি দিনে আমাৰ দেশত বজাৰ সমাৰ কৰাৰ বাবে প্ৰায় ৫০ লাখ প্লাষ্টিকৰ বেগ ব্যৱহাৰ হয়। ব্যৱহাৰৰ পিছত এই প্লাষ্টিকৰ বটল অথবা বেগবোৰ বাটে ঘাটে পৰিতক্ত সামগ্ৰী হিচাবে পৰি ৰয়। আমি ব্যৱহাৰ কৰা এই সমুহ প্লাষ্টিকৰ ৫০ শতাংশ প্লাষ্টিকহে পুনৰ ব্যৱহাৰযোগ্য। ইয়াৰ উপৰিও সমূদ্ৰত বছৰি প্ৰায় ১ কোটি টন প্লাষ্টিক আৱৰ্জনা হিচাপে জমা হয়, যাৰ ফলত সমুদ্ৰ পৃষ্ঠৰ লগতে সাগৰৰ জীৱকুলো বিস্তৰভাবে ক্ষতিগ্ৰস্ত হৈছে।

প্লাষ্টিক প্ৰদূষণে মানব সভ্যতাক ক্ৰমে অন্ধকাৰ ভৱিষ্যতৰ দিশে কঢ়িয়াই নিব লাগিছে। বিশ্বৰ বহনক্ষম বিকাশৰ ধাৰণাটোক সফল কৰি তুলিবৰ বাবে তথা পৃথিৱী নামৰ গ্ৰহটো আৰু ইয়াৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত বৰ্তমান সময়চোৱাত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, প্লাষ্টিকৰ বিকল্পৰ সন্ধান কৰা আৰু প্ৰাকৃতিক ভাবে বিযোজিত হোৱা জৈৱ-প্লাষ্টিক সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বিষয় হিচাবে পৰিগণিত হৈছে।

তেনে এক উদ্দেশ্য আগত ৰাখিয়েই বিশ্বৰ বিভিন্ন স্থানৰ বিজ্ঞানী সকলে পৰিবেশৰ অনুকুল জৈৱ-প্লাষ্টিক তৈয়াৰ কৰাৰ বাবে গৱেষণা অব্যাহত ৰাখিছে। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই বিজ্ঞানী সকলে গাখীৰৰ পৰা প্লাষ্টিক উদ্ভাৱন কৰাৰ পথ বাচি উলিয়াইছিল। বৰ্তমান বিজ্ঞানী সকলে গাখীৰত থকা প্ৰটিন "কেচিন"ৰ পৰা এবিধ প্লাষ্টিক তৈয়াৰ কৰি উলিয়াইছে। "লেপ্টিক্স" নামেৰে নামাকৰণ কৰা এই জৈৱ-প্লাষ্টিকবিধ পৰিবেশৰ অনুকুল আৰু আচৰিত হ'লেও সত্য যে ইয়াক খাদ্য হিচাবেও গ্ৰহণ কৰিব পাৰি।

লেপ্টিক্স নামৰ জৈৱ-প্লাষ্টিক বিধ তৈয়াৰ কৰিবলৈ বিজ্ঞানী সকলে নিৰ্দিষ্ট পৰিমানৰ গাখীৰ উতলাই তাত কিছু পৰিমানৰ এছিটিক এচিদ মিহলাই গাখীৰৰ পৰা দুগ্ধ প্ৰটিন কেচিনক পৃথক কৰি লৈছিল। এই কেচিন নামৰ প্ৰটিনবিধ কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু নাইট্ৰজেন পৰমাণুৰে গঠিত একোটা জৈৱ অনু। বিজ্ঞানী সকলে পৰীক্ষাগাৰত এই কেচিন অনুবোৰ বহুযোজীকৰণ বিক্ৰিয়াৰে দীঘল শৃংখলযুক্ত জটিল গঠনৰ একোটা বহুযোজী বা পলিমাৰলৈ ৰূপান্তৰ কৰিছিল। গাখীৰত থকা প্ৰটিন কেচিনৰ পৰা তৈয়াৰ কৰা লেপ্টিক্স, গালালিথ আৰু এৰিনইড আদি জৈৱ প্লাষ্টিকবোৰ ইতিমধ্যে পাশ্চাত্য দেশবোৰত চাৰ্টৰ বুটাম, মণি, ফণি, দাঁত ঘঁহা ব্ৰাছ, পুতলা, খাদ্য সংৰক্ষণ কৰা পাত্ৰ, চকলেট মেৰিয়াই ৰখা আৱৰণ আদি তৈয়াৰ কৰাত ব্যৱহৃত হৈছে। এনে ধৰণৰ জৈৱ-প্লাষ্টিকৰ আৱিষ্কাৰে আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। হয়তো অচিৰেই আমি প্লাষ্টিক নামৰ দানৱটোৰ আক্ৰমণৰ পৰা হাত সৰাৰ পথ বিচাৰি পাম।

Friday, 27 July 2018

টেষ্টটিউব বেবী আৰু এজন ডাক্তৰৰ মৃত্যু

 

সেয়া ১৯৭৮ চনৰ ১৮ নৱেম্বৰ। পশ্চিমবঙ্গ মেডিকেল এচোচিয়েচনৰ অধীনত গঠিত এখন ‘বিশেষজ্ঞ সমিটি’ক দায়িত্ব দিয়া হ'ল ডাঃ সুভাষ মুখোপাধ্যায় নামৰ এক অভিযুক্তৰ (!)  ভাগ্য নির্ধাৰণৰ বাবে। তেওঁৰ বিৰুদ্ধে অভিযোগ দুটা হ'ল : তেওঁ কিয় দাবী কৰিছে যে ভাৰতবৰ্ষৰ প্ৰথম তথা বিশ্বৰ দ্বিতীয়টি টেষ্টটিউব সন্তান "দূর্গা"ৰ জন্মৰ আঁৰৰ স্থাপত্যবিদজন তেখেত নিজেই ? আৰু দ্বিতীয় অভিযোগটি হ'ল তেওঁ গবেষণাৰ তথ্য সমূহ বিশেষজ্ঞ সকলক জমা দিয়াৰ সলনি সংবাদ মাধ্যমত সদৰী কৰিলে কিয় ?



১৯৭৮ চনৰ ২৫ জুলাইৰ নিশা ১১বাজি ৪৫ মিনিটত ইংলেণ্ডৰ ওল্দহাম জেনেৰেল হস্পিতালত পৃথিবীৰ প্রথম টেষ্টটিউব বেবী লুইচ ব্রাউনৰ জন্ম হৈছিল। তাৰ থিক ৬৭ দিন পিছত কলিকতাৰ বিশেষজ্ঞ ডাক্তৰ সুভাষ মুখোপাধ্যায়ৰ তত্বাৱধানত ১৯৭৮ চনৰ ৩ অক্টোবৰৰ দিনা দূৰ্গা (কানুপ্ৰিয়া আগৰৱালা) নামৰ বিশ্বৰ দ্বিতীয় তথা ভাৰতৰ প্ৰথমটো টেষ্টটিউব বেবী জন্ম হৈছিল। এই খবৰটো সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগে লগে ৰক্ষণশীল চিন্তাধাৰাৰ লোকসকলে হৈ চৈ আৰম্ভ কৰি দিলে। তেওঁলোকে টেষ্টটিউবৰ সহায়ত জন্ম হোৱা সন্তানটিক লৈ নৈতিকতাৰ বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তোলপাৰ লগালে। এয়া এক অপৰাধ……



১৯৭৮ চনৰ ১৮ নৱেম্বৰত ভাৰতৰ প্ৰথম টেষ্টটিউব বেবী "দূৰ্গা"ৰ বিষয়টো মীমাংসা কৰাৰ উদ্দেশ্যে বিশেষজ্ঞ সমিটিয়ে ডা° সুভাষ মুখোপাধ্যায়ক মাতি পঠিয়ালে। উল্ল্যেখযোগ্য যে সেই সময়ত গঠন কৰি দিয়া বিশেষজ্ঞ সমিটিখনৰ সদস্য সকলৰ মাজতো টেষ্টটিউব বেবী সম্বন্ধে বিশেষ একো জ্ঞান নাছিল। কাৰন এই "টেষ্টটিউব বেবী"ৰ ধাৰণাটোৱেই সম্পূৰ্ণ নতুন। বিশেষজ্ঞ সমিটিখনৰ সভাপতিজন আছিল এজন ৰেডিওফিজিচিষ্ট। আনহাতে সমিটিৰ সদস্যসকলৰ মাজত এজনকৈ গাইনোকলোজিষ্ট, ফিজিওলজিষ্ট আৰু নিউৰোফিজিওলজিষ্ট আছিল। সমিটিৰ সদস্যসকলে ডা° সুভাষ মুখোপাধ্যায়ক প্ৰশ্ন আৰম্ভ কৰিলে : 



: আপুনি এই পৰীক্ষা নিৰীক্ষাবোৰ ক'ত কৰিছিল ?
:সাডাৰ্ণ এভিনিউৰ মোৰ ফ্লেটৰ অস্থায়ী পৰীক্ষাগাৰত।
: পৰীক্ষাৰ বাবে কি সঁজুলি ব্যৱহাৰ কৰিছিল ?
: সামান্য কিছু উপকৰণ আৰু এটা সৰু ফ্রিজ।
: আপুনি ভ্ৰূণবোৰ সংগ্ৰহ কৰি ক'ত ৰাখিছিল ?
: চীল কৰা কিছুমান এম্পোলৰ ভিতৰত।
: এম্পোলবোৰ কেনেদৰে চীল কৰা হৈছিল ?
: অতি সাধাৰণ ভাবে তাপ প্ৰয়োগ কৰি।
: এম্পোলৰ ভিতৰত ভ্ৰূণবোৰ জীয়াই থাকিল কিদৰে ?
: তাৰবাবে মই এম্পোলবোৰ ফ্ৰিজত ৰাখিছিলোঁ।



সমিটিৰ সদস্যসকলে এজনে আনজনৰ মুখলৈ চাবলৈ ধৰিলে। তেওঁলোকৰ যেন সুধিবলৈ আৰু একোৱেই বাকী নেথাকিল ! কলমটো হাতেৰে মোহাৰি মোহাৰি এজন সদস্যই ডা° সুভাষ মুখোপাধ্যায়ক ক'লে : তাৰমানে আপুনি ক'ব বিচাৰে যে কিছু সাধাৰণ উপকৰণ, এটা সৰু ফ্রিজ, আইনাৰ কেইটামান এম্পোল লৈ সাডাৰ্ণ এভিনিউত অৱস্থিত আপোনাৰ নিজস্ব ফ্লেটৰ অস্থায়ী পৰীক্ষাগাৰতেই এই জটিল কামটো সমাপন কৰি পেলালে ?



দৃঢ়তাৰে ডা° মুখোপাধ্যায়ে উত্তৰ দিলে : "হয়" !
অধিক প্ৰশ্নৰ অৱতাৰণা নকৰি সমিটিৰ সভাপতিয়ে ক'লে: থিক আছে ডা° মুখোপাধ্যায়, আপুনি যাব পাৰে।



বিশেষজ্ঞ সমিটিয়ে কি ৰায় দিব, সেয়া ডা° মুখোপাধ্যায়ে স্পষ্টকৈ বুজি পাইছিল। আৰু তেখেতৰ সন্দেহক সত্য প্ৰমাণিত কৰি সমিটিয়ে ৰায় দিলে : "Everything that Dr. Subhash Mukhopadhyay claims is bogus."



হতাশা আৰু দুখে চানি ধৰিছিল ডা° মুখোপাধ্যায়ক। যি সময়ত তেখেতে সন্মান পাব লাগিছিল, তেতিয়া তেওঁক তিৰস্কাৰ কৰা হৈছিল। তেখেতৰ বিৰুদ্ধে মানুহে মাত মাতিছিল। আচৰ্যকৰ হ'লেও এইটো সত্য যে যদিও বিশ্বৰ প্ৰথম টেষ্টটিউব বেবীৰ আঁৰৰ বিজ্ঞানীকেইজন Patrick Steptoe, Robert Edwards আৰু Jean Purdy,  বৰ্তমান চিকিৎসা বিজ্ঞানত তেওলোকে অৱলম্বন কৰা পদ্ধতিৰে টেষ্টটিউব বেবীৰ জন্ম দিয়া নহয়। বৰং ভাৰতীয় বিজ্ঞানী ডা°  সুভাষ মুখোপধ্যায়ে আৱিষ্কাৰ কৰা পদ্ধতিটোকহে সহজ, নিৰাপদ আৰু কম বাজেটৰ বাবে সমগ্ৰ পৃথিৱীতেই আকোঁৱালি লোৱা হৈছে। Patrick Steptoe, Robert Edwards আৰু Jean Purdy নামৰ বিজ্ঞানীসকলে প্ৰথম টেষ্টটিউব বেবী জন্ম দিয়াৰ বাবে দীৰ্ঘ সময়ৰ বাবে ডিম্বাণুৰ বিভাজন ও পৰিস্ফুটন তন্নতন্নকৈ পর্যবেক্ষণ কৰি পিছত লেপাৰোস্কোপি যন্ত্রৰ সহায়ত ডিম্বাণু সংগ্রহ কৰিছিল। সংগ্রহ কৰা এই ডিম্বাণুটি এখন বিশেষভাবে নিৰ্মিত থালিত লৈ শুক্রাণুৰ দ্বাৰা নিষিক্ত কৰোৱা হৈছিল। তাৰপিছত নিষিক্ত ডিম্বাণুটো পৰীক্ষানল বা টেষ্টটিউবত ৰাখি ভ্রূণলৈ পৰিবৰ্তিত কৰাই সেই ভ্ৰূণটো পুনৰ মাতৃৰ জৰায়ুত প্রতিস্থাপন কৰোৱা হৈছিল।



আনহাতে ডা°  সুভাষ মুখোপধ্যায়ে আৱিষ্কাৰ কৰা পদ্ধতিটোত লেপাৰোস্কোপি যন্ৰৰ সহায় নোলোৱাকৈয়ে ডিম্বাণু সংগ্রহ কৰাৰ ব্যৱস্থা কৰা হৈছিল। তাৰবাবে তেখেতে এক প্রকাৰৰ হৰম'নৰ সহায়ত স্ত্ৰীৰ ডিম্বাশয়ত ডিম্বাণুৰ সংখ্যা বৃদ্ধি ঘটাই সেই ডিম্বাণুবোৰৰ বিকাশ ডিম্বাশয়তেই হ'বলৈ দিছিল। পৰবৰ্তী সময়ত ডিম্বাশয়ৰ পৰা ডিম্বাণু সংগ্রহ কৰি শুক্ৰাণুৰ উপস্থিতিত ডিম্বাণুৰ নিষিক্তকৰণ কৰোৱা হৈছিল। এই পদ্ধতি অৱলম্বন কৰিলে গর্ভধাৰণৰ সম্ভাবনা যথেষ্ঠ বৃদ্ধি পায়। সেয়েহে সন্তানহীন দম্পতিৰ বাবে ডা° মুখোপধ্যায়ে আৱিষ্কাৰ কৰা পদ্ধতি অধিক বিজ্ঞানসন্মত।



কিন্তু ডা° মুখোপধ্যায়ৰ বাবে এয়া সন্মানৰ বিষয় নহৈ শাস্তিৰ কাৰনহে হৈ পৰিল। চৰকাৰৰ ৰোষত পৰা ডা° মুখোপধ্যায়ক কলিকতাৰ পৰা বদলি কৰি নিয়া হ'ল বাঁকুড়াৰ এখন হস্পিতাললৈ। উদ্দেশ্য এইটোৱেই - তেওঁ যেন পৰবর্তী কালত এই বিষয়ে অধিক গবেষণা চলাই নিব নোৱাৰে। হতাশত ভূগি ডা° মুখোপাধ্যায় হৃদৰোগত আক্রান্ত হ'ল। সেই সময়তেই তেওঁক জাপানৰ পৰা নিমন্ত্ৰণ জনোৱা হ'ল "টেষ্টটিউব বেবী" সম্বন্ধে এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত বক্তৃতা প্ৰদান কৰাৰ বাবে। কিন্তু চৰকাৰে জাপানলৈ যোৱাৰ অনুমতি নিদিলে। চূড়ান্ত অপমান, উপহাস আৰু লাঞ্ছনা সহ্য কৰি এক অবৰ্ণনীয় জীৱন যাপন কৰিবলৈ ধৰিলে ডা° সুভাষ মুখোপাধ্যায়ে আৰু অৱশেষত ১৯৮২ চনৰ ১৯ জুন তাৰিখে এই প্রতিভাবান চিকিৎসা বিজ্ঞানীজনে নিজ বাসভবনত  আত্মহত্যা কৰে।

Saturday, 21 July 2018

অ আ ক খ শিকা মোৰ শৈশৱৰ বিদ্যালয়খন



জীৱনটো যেন এক অবিৰত যাত্ৰা, এক সুবিশাল পঢ়াশালি৷ এনে এক পঢ়াশালি, যাৰ পাঠ্যক্ৰমৰ ৰূপৰেখা নিৰন্তৰ বৃদ্ধি হৈ থাকে৷ বিভিন্ন ক্ষণত আমি নতুন নতুন অভিজ্ঞতাৰ সন্মুখীন হওঁ৷ তাৰে কোনোবাটো হয়তোবা সুখৰ, কোনোবাটো দুখৰ৷ প্ৰত্যেক অভিজ্ঞতাই আমাক একো একোটা নতুন কথা শিকিবলৈ বাধ্য কৰে৷ এৰা, জীৱন এখন পঢ়াশালি। কেতিয়াবা এনে কিছুমান মূহুৰ্ত আহে যেতিয়া মগজুৰ কোনো অজ্ঞাত কোষত লুকাই থকা অতীতৰ সোনসেৰীয়া স্মৃতিবোৰ থেলি-হেচুকি উলিয়াই আনি ৰোমন্থন কৰাৰ প্ৰবল ইচ্ছা জাগে৷ অতীত সঁচাকৈয়ে যাদুকৰী। কাৰোবাৰ বাবে যদি অতীত এক যণ্ত্ৰণা আন কাৰোবাৰ বাবে আকৌ জটিলতাবিহীন দিনবোৰৰ এক মধুময় নষ্টালজিয়া।





সেয়া ১৯৭২ চনৰ কথা। প্ৰায় চাৰি বছৰ বয়সত দেউতাৰ আঙুলিত ধৰি পঢ়াশালিত নাম লিখিবলৈ গৈছিলোঁ। দেউতা তেতিয়া কৰ্মসূত্ৰে বৰপেটাৰ নিকটৱৰ্তী নগাওঁত। ওচৰৰে এখন প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰা হ'ল। বিদ্যালয় খন "নগাওঁ নিম্ন বুনিয়াদী বিদ্যালয়"। ১৮৯৩ চনতেই স্থাপিত এইখন বিদ্যালয়তেই শিক্ষাগ্ৰহন কৰিছিল অসমৰ কেইবাগৰাকী স্বনামধন্য ব্যক্তিয়ে। তেওঁলোকৰ ভিতৰত অসমৰ চতুৰ্থ মূখ্যমন্ত্ৰী তথা পাঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল ৺মহেন্দ্ৰ মোহন চৌধুৰী, প্ৰাক্তন মূখ্য ন্যায়ধীশ ৺ডম্বৰুধৰ পাঠক, প্ৰথিতযশা লোকগীত সম্ৰাট ৺ৰামেশ্বৰ পাঠক আদি প্ৰধান। বিদগ্ধ পণ্ডিত ড° বাণীকান্ত কাকতিদেৱৰ পৰশ পোৱা এইখন বিদ্যালয়ৰ ছাত্ৰ হিচাবে মই সদায়েই গৰ্ব অনুভৱ কৰো।



পঢ়াশালিত হেডচাৰ আছিল এজন স্থিতপ্ৰজ্ঞ পুৰুষ। হেডচাৰৰ ব্যক্তিত্ব আৰু পাণ্ডিত্বত সকলোৰেই শ্ৰদ্ধাত শিৰ নত হৈ ৰয়। তেখেতেৰ হাতৰ আখৰবোৰ যে ইমান সুন্দৰ আছিল ! চাৰে নিজেই আমাৰ শ্ৰুতলিপি আৰু হাতৰ আখৰৰ ক্লাচ লৈছিল। আমাৰ হাতৰ আখৰবোৰ ভাল কৰাবলৈ হেডচাৰে কিমান যে কষ্ট কৰিছিল। খনীন চাৰৰ অংক আৰু মৌখিকৰ শ্ৰেণীবোৰ, দ্বিজেন চাৰৰ বিজ্ঞানৰ শ্ৰেণীবোৰ, ডম্বৰু চাৰৰ ভূগোলৰ শ্ৰেণীবোৰ, শাস্ত্ৰী চাৰৰ শুৱলা কৈ পদ্যবোৰ বুজাই বুজাই কৰা সাহিত্যৰ শ্ৰেণীবোৰ কেনেদৰে পাহৰিম বাৰু !!

১৯৭৬ চনত এইখন বিদ্যালয়ৰ পৰাই চাৰসকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত অবিভক্ত কামৰূপ জিলাৰ প্ৰাথমিক বৃত্তি পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ইতিমধ্যে মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি ওচৰৰে "নগাওঁ শিক্ষা মন্দিৰ হাইস্কুল"ৰ পঞ্চম শ্ৰেণীত নাম ভৰ্তি কৰিছিলোঁ। এবছৰ সেই বিদ্যালয়ত পঢ়াৰ পিছত দেউতা (ডুবিয়া) গহপুৰলৈ বদলি হোৱাত জীৱনৰ প্ৰথম অ আ ক খ শিকা বিদ্যালয়খনৰ পৰা বহু আঁতৰলৈ গুছি যাবলগীয়া হ'ল। 

 

আজি সম্পূৰ্ণ ৪০ বছৰৰ পিছত মই পঢ়া প্ৰাথমিক বিদ্যালয়খনৰ চৌহদত সোমাই আবেগিক হৈ পৰিলোঁ। তাহানিতেই ঘূৰণীয়া হৈ গোটেই শ্ৰেণীটোৱেই নেওঁতা পঢ়া গছজোপাৰ তলত এখন্তেক ৰৈ ভাবিছো কিমান যে প্ৰজ্ঞাৰ সাক্ষী এই গছজোপা ! পানী খোৱা কুঁৱাটো নাই। পুতি পেলোৱা হৈছে। তাৰ সলনি চৰকাৰী পানী যোগান আচনিৰ দ্বাৰা পানীৰ ব্যৱস্থা কৰা হৈছে। মূল বিদ্যালয় গৃহটোৰ লগত নতুনকৈ আৰু অধিক শ্ৰেণীকোঠা সজোৱা হৈছে। বিদ্যালয়খনৰ সন্মুখত বেৰেৰে ৰক্ষণাবেক্ষণ দিয়া এখন সুন্দৰ ফুলনি। মোৰ এইখন বিদ্যালয়তেই শিক্ষা গ্ৰহন কৰি পৰবৰ্তী সময়ত অসম তথা ভাৰতবৰ্ষত বিভিন্ন ক্ষেত্ৰত নাম উজ্বলোৱা মহান ব্যক্তিসকলৰ নাম খোদিত কৰা স্মাৰকবোৰে নগাওঁ নিম্ন বুনিয়াদী বিদ্যালয়ৰ গৌৰবৰ স্বাক্ষৰ বহন কৰি আছে। মোৰ দুচকুত ক'ব নোৱাৰাকৈয়ে নিগৰি আহিছিল চকুলো। এই চকুলো শৈশৱৰ পখিলা খেদা দিনবোৰৰ স্মৃতিৰে সিক্ত, আনন্দ আৰু গৌৰৱৰ।






Wednesday, 18 July 2018

মংগল গ্ৰহত সপোনৰ ঘৰখন আৰু প্ৰধান অন্তৰায়


সৌৰজগতৰ পৃথিৱী নামৰ সুন্দৰ গ্ৰহটোৰ বাহিৰে কেবল বুধ, শুক্ৰ আৰু মংগল গ্ৰহতেই মাটি বা শিলাময় কঠিন আৱৰণ আছে। তাৰ বাহিৰে আন গ্ৰহকেইটা গেছীয় দানব, য'ত কোনো কঠিন আৱৰণ নাই। সেয়েহে বৃহস্পতি, শনি, ইউৰেনাচ বা নেপচুনত মানুহৰ বসতি এক অসম্ভৱ সপোন। যদিও বুধ আৰু শুক্ৰ গ্ৰহত কঠিন আৱৰণ আছে, সূৰ্যৰ নিকটৱৰ্তী এই দুয়োটা গ্ৰহৰ অতি উষ্ণ বাতাবৰণ মানুহৰ বসবাসৰ বাবে অনুপযুক্ত। যদিহে মানুহে অন্য গ্ৰহৰ বুকুত সপোনৰ ঘৰ এখন সাজিব খোজে, তেন্তে সৌৰজগতৰ চতুৰ্থ গ্ৰহ মংগলেই হ'ব একমাত্ৰ লক্ষ্যস্থান। কিয়নো পৃথিৱী আৰু মংগলৰ মাজত সাদৃশ্য আছে। মংগলৰ বুকুত আছে পাহাৰ-পর্বত, ৰঙচুৱা মাটিৰ আৱৰণ, বায়ুমণ্ডলৰ আস্তাৰণ, তদুপৰি শেহতীয়া তথ্য অনুসৰি মংগলৰ বুকুত আছে পানীৰ (বৰফ) অৱস্থিতি। মংগল গ্ৰহৰ আহ্নিক গতিও পৃথিৱীৰ দৰেই যাৰ বাবে মংগল গ্ৰহৰ দিন-ৰাতিবোৰ আমাৰ পৃথিৱীৰ সময়ৰ লগত একেই। এই সাদৃশ্যবোৰৰ বাবেই বিজ্ঞানী সকলৰ লগতে সৰ্বসাধাৰণ মানুহকো মংগল গ্ৰহই আকৰ্ষণ কৰি আহিছে। সঁচাকৈয়ে বাৰু এদিন মংগল গ্ৰহৰ বুকুত মানুহে সপোনৰ ঘৰখন সাজিব পাৰিব নে ?



মানুহৰ এই সপোনক বাস্তৱত ৰূপ দিয়াৰ বাবে বিজ্ঞানীসকল উঠি পৰি লাগিছে। পিছে তেওঁলোকৰ এই পথ মসৃণ নহয়। মংগল গ্ৰহ মানুহৰ বসতিৰ বাবে অনুকুল নহয়। মানুহৰ বাসোপযোগী কৰি তুলিবলৈ তেওঁলোকে মংগল গ্ৰহৰ বিভিন্ন অন্তৰায় সমূহ দূৰ কৰিব লাগিব।




প্রথমেই পৃথিবীৰ লগত মংগল গ্ৰহক তুলনা কৰিলে আমি গ্ৰহটোক এখন বিশাল মৰুভূমিৰ ৰূপতহে পাম য'ত নাই পানীৰ পর্যাপ্ত উৎস। মংগলৰ মেৰু অঞ্চলত কিছু পৰিমাণে বৰফ আছে। তদুপৰি মংগলৰ শুষ্ক মাটিৰ কিছু তলতো তৰল পানীৰ অৱস্থিতিও ধৰা পৰিছে যদিও, সেয়া জীৱৰ জীৱন ধাৰণৰ বাবে একেবাৰেই যথেষ্ট নহয়। 




আন এটা সমস্যা হ'ল মংগল গ্ৰহৰ তাপমাত্ৰা। আমাৰ বসবাসৰ বাবে প্ৰয়োজনীয় সঠিক আৰু সহনযোগ্য তাপমাত্রা মংগল গ্ৰহত নাই।  গৰমৰ দিনত মংগল পৃষ্ঠৰ সর্বোচ্চ তাপমাত্রা হ'ল ২০ ডিগ্রী চেণ্টিগ্ৰেড। পৃথিৱীৰ দৃষ্টিকোণৰ পৰা এই উষ্ণতা স্বাভাৱিক যদিও শীতকালৰ তাপমাত্ৰা --৫৫ ডিগ্রী চেণ্টিগ্ৰেড, যিটো মানুহৰ বা আন জীৱকুলৰ বাবে চৰম প্ৰতিকুল।  




মংগল গ্ৰহৰ বায়ুমণ্ডল অত্যন্ত পাতল আৰু সেইবাবে মংগলৰ বায়ুুমণ্ডলীয় চাপ অতি কম। এনে কম বায়ুুমণ্ডলীয় চাপত মানুহৰ জীৱন যাপন প্ৰায় অসম্ভৱ। তদুপৰি মংগল গ্ৰহৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণো অতি নগন্য, মাত্ৰ ০.১৪%, যিটো পৃথিবীৰ ২১% অক্সিজেনৰ তুলনাত অতিশয় নেতিবাচক।




মংগল গ্ৰহৰ আন এটা সমস্যা হৈছে গ্ৰহটোৰ দূৰ্বল চৌম্বক ক্ষেত্ৰ। পৃথিবীৰ কেন্দ্ৰত লো গলিত অৱস্থাত থাকি পৃথিৱীৰ বাবে এক শক্তিশালী চৌম্বকক্ষেত্ৰ তৈয়াৰ কৰিছে। এই চৌম্বকক্ষেত্ৰখনে সদায় পৃথিৱীক মহাজাগতিক বিকিৰণৰ পৰা বচাই ৰাখিছে। কিন্তু মংগল গ্ৰহৰ চৌম্বকক্ষেত্ৰ অতি দূৰ্বল। সেয়েহে গ্ৰহটোৰ বুকুত পতিত হোৱা ক্ষতিকাৰক মহাজাগতিক বিকিৰণে মানুহৰ জীৱন দূৰ্বিসহ  কৰি তুলিব।




এই প্ৰতিকুলতা সমূহ আঁতৰ কৰিব নোৱাৰালৈ মংগল গ্ৰহত মানুহৰ বসতি একেবাৰেই অসম্ভৱ। বিজ্ঞানীসকল কিন্তু অবিচলিত। তেওঁলোকে এই প্ৰতিকুলতা সমূহ দূৰ কৰি মংগল গ্ৰহক মানুহৰ বাসোপযোগী কৰি তুলিবলৈ বদ্ধ পৰিকৰ। তাৰবাবে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু কেনেদৰে ?




মংগল গ্ৰহৰ বুকুত তাপমাত্ৰা বৃদ্ধি কৰিবলৈ বিজ্ঞানীসকলে মংগলৰ বায়ুমণ্ডলৰ কাৰ্বনডাই অক্সাইড ব্যৱহাৰ কৰি কৃত্ৰিম ভাবে "গ্ৰীন হাউচ ইফেক্ট" সৃষ্টি কৰাৰ প্ৰজেক্ট তৈয়াৰ কৰিছে। 




মংগল গ্ৰহৰ দূৰ্বল চৌম্বকক্ষেত্ৰৰ বাবে সৃষ্টি হ'ব পৰা ৰেডিয়েচনৰ সমস্যাৰ পৰা মুক্তি পাবলৈ প্ৰস্তাব দাঙি ধৰিছে যে মংগল গ্ৰহৰ পৰা নিৰ্দিষ্ট উচ্চতাত এক বিশেষ কক্ষপথত অতি শক্তিশালী বিদ্যুৎ চুম্বক স্থাপন কৰি মংগল গ্ৰহৰ দূৰ্বল চৌম্বকক্ষেত্ৰক শক্তিশালী কৰিব পৰা যাব। তেনে কৰিলে ৰেডিয়েচনৰ সমস্যাটোও নোহোৱা হ'ব।




মংগল গ্ৰহৰ অক্সিজেনৰ সমস্যাটোৰ সমাধান সূত্ৰ বিচাৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা, গৱেষণা আদিবোৰ আৰম্ভ হৈছে। কাৰন ইতিমধ্যে নাছাই ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ এক পৰীক্ষামূলক অভিযান আৰু পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ ২০৩০ চনত মংগল গ্ৰহলৈ মানুহৰ প্ৰথমটো দল পঠিওৱাৰ পৰিকল্পনা তৈয়াৰ কৰি তুলিছে। তেনে ক্ষেত্ৰত মংগল গ্ৰহত অক্সিজেনৰ সমস্যাটো দূৰ কৰি মানুহৰ জীৱন সম্ভৱ কৰি তুলিবলৈ উপযুক্ত বৈজ্ঞানিক পদক্ষেপ ল'বই লাগিব। অলপতে নাছাৰ ভাৰপ্ৰাপ্ত প্ৰশাসক ৰবাৰ্ট লাইটফুটে এই সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত শেহতীয়াকৈ নাছাই হাতত লোৱা ব্যৱস্থা সমূহৰ কথা সদৰী কৰে। তেখেতে জানিবলৈ দিয়ে যে ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ যি পৰীক্ষামূলক অভিযান চলোৱা হ'ব, সেই অভিযানতেই মংগল গ্ৰহৰ পৃষ্ঠৰ বিভিন্ন উপাদান সমূহ ব্যৱহাৰ কৰি প্ৰয়োজনীয় অক্সিজেন উৎপাদন কৰাৰ এলানি পৰীক্ষা সম্পন্ন কৰা হ'ব। এই পৰীক্ষাবোৰৰ সফলতাৰ ওপৰতেই নিৰ্ভৰ কৰিব মানুহে মংগলত বসবাস কৰাৰ ভৱিষ্যত। অৱশ্যে নাছাৰ বিজ্ঞানীসকল আশাবাদী।




নাছাৰ বিজ্ঞানী ৰবাৰ্ট লাইটফুটে প্ৰকাশ কৰা মতে মংগল গ্ৰহৰ বুকুত অপৰ্যাপ্ত পৰিমানে অক্সিজেন প্ৰস্তুত কৰাৰ বাবে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত জড়িত ৰসায়নিক বিক্ৰিয়াটো কৃত্ৰিম ভাবে মংগল গ্ৰহৰ বুকুত চলাই নিয়াৰ পৰীক্ষা কৰি থকা হৈছে। মংগল গ্ৰহৰ বায়ুমণ্ডলৰ ৯৫ শতাংশ কাৰ্বন ডাইঅক্সাইডৰ পৰা কৃত্ৰিম সালোক সংশ্লেষণ পদ্ধতিৰে যথেষ্ঠ পৰিমানে অক্সিজেন উৎপাদন কৰাৰ সম্ভাৱনা ইতিমধ্যে প্ৰতিপন্ন হৈছে। ২০২০ চনৰ মংগল অভিযানত এই পৰীক্ষা লানি গ্ৰহটোৰ বুকুত সম্পাদন কৰা হ'ব।




ৰবাৰ্ট লাইটফুটে অক্সিজেন উৎপন্ন কৰাৰ আন কেইটিমান পৰীক্ষাৰ বিষয়েও অৱগত কৰে। তেওঁ জনোৱা মতে বৰ্তমান নাছাৰ বিজ্ঞানীসকলে শক্তিশালী লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি কাৰ্বন ডাইঅক্সাইডৰ পৰা কাৰ্বন পৰমাণুটো আঁতৰাই অক্সিজেন আহৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই পৰীক্ষাটোও তেওঁলোকে ২০২০ চনৰ মংগল অভিযানত সম্পন্ন কৰি মংগলৰ বায়ুমণ্ডলত অক্সিজেন সৃষ্টি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। একেদৰে "ফুৱেল চেল" বা ইন্ধন কোষ ব্যৱহাৰ কৰিও কাৰ্বন ডাই অক্সাইডৰ পৰা বিদ্যুৎ বিশ্লেষণ কৰি অক্সিজেন উৎপন্ন কৰাৰ পৰিকল্পনা যুগুত কৰি তুলিছে। এই পৰীক্ষাবোৰ নিয়াৰিকৈ চলাই নিবৰ বাবে নাছাই ২০২০ চনৰ মংগল অভিযানত MOXIE (The Mars Oxygen In-Situ Resource Utilization Experiment) নামৰ এটি ব্যয় বহুল প্ৰকল্প তৈয়াৰ কৰিছে আৰু এই প্ৰকল্পটোৰ কাম কাজবোৰ সঠিকভাবে চলাই নিবলৈ বহুকেইজন অৰ্হতা সম্পন্ন বৈজ্ঞানিকক দায়ীত্ব প্ৰদান কৰিছে।

Tuesday, 17 July 2018

মংগল গ্ৰহলৈ একমুখী টিকট



মানুহৰ পদচিহ্ন মহাসাগৰৰ অতল গভীৰতাৰ পৰা আৰম্ভ কৰি সুউচ্চ এভাৰেষ্ট অথবা আমাজানৰ অটব্য অৰণ্যৰ পৰা আৰম্ভ কৰি মৰুভূমিত মৃত্যু উপত্যকা পৰ্যন্ত বিৰাজমান। পৃথিৱীৰ সীমনা পাৰ কৰি মানবতাৰ জয়গান জোনবাইৰ বুকুতো বাজিছে। তথাপি মানুহ থমকি ৰোৱা নাই। যদিও মানুহে মঙ্গল গ্ৰহলৈ মানৱবিহীন মহাকাশযান প্ৰেৰণ কৰিছে, মানুহৰ পদচিহ্ন কিন্তু এতিয়াও পৰা নাই সৌৰজগতৰ চতুৰ্থ তথা ৰঙচুৱা গ্ৰহ মংগলৰ বুকুত। এইবাৰ পিছে সেই মংগল গ্ৰহত কেৱল মানুহে ভৰি দিয়াই নহয়, মংগলৰ বুকুত স্থায়ীভাবে মানুহৰ বসতি স্থাপনৰ বাবে নেদাৰলেণ্ডৰ এটি অলাভজনক সংস্থাই উদ্যোগ হাতত লৈছে। এই প্রকল্পটিৰ নাম দিয়া হৈছে "মাৰ্চ ওৱান" (Mars One)। বৰ্তমান নিৰ্বাচিত কেইজনমান ব্যক্তিয়ে লাভ কৰিছে মংগল যাত্ৰাৰ একমুখী টিকট, যিসকল কেতিয়াও পৃথিৱীলৈ উভটি নাহে ! কিন্তু কিয় ? 

কিহৰ বাবে তেওঁলোক পুনৰ পৃথিৱীলৈ ঘূৰি নাহে ? দৰাচলতে মংগল গ্ৰহৰ পৰা পুনৰ পৃথিৱীলৈ ৰকেটৰ সহায়ত ঘূৰি আহিবলৈ মংগল গ্ৰহৰ পৃষ্ঠত কোনো উৎক্ষেপন কেন্দ্ৰ নাই। সেয়েহে মংগল গ্ৰহৰ পৰা বৰ্তমান সময়ত পুনৰাই পৃথিৱীলৈ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। সেয়েহে মংগল অভিযাত্ৰী সকলৰ ওভটনি যাত্ৰা নাই। তেওঁলোক পৃথিৱীৰ পৰা চিৰদিনৰ বাবেই আঁতৰি যাবগৈ। 

মাৰ্চ ওৱান প্ৰকল্পৰ জৰিয়তে মংগল গ্ৰহলৈ পৰ্যায় ক্ৰমে উৰা মাৰিবলৈ নিৰ্বাচিত কৰা হৈছে ১০০ জন ব্যক্তি। ২০২৪ চনলৈ প্ৰাৰম্ভিক ভাবে ৪ গৰাকী ব্যক্তিক মংগল গ্ৰহলৈ পঠিওৱাৰ যো-জা চলাই থকা হৈছে। তেওঁলোকে মংগল গ্ৰহক মানুহৰ উপনিবেশ হিচাবে গঢ়ি তুলিবলৈ প্ৰাৰম্ভিক কামকাজবোৰ আৰম্ভ কৰিব। ২০২৪ চনৰ পিছৰ ২০২৬, ২০২৯, ২০৩০, ২০৩১, ২০৩২, ২০৩৩ আৰু ২০৩৪ চনত পৰ্যায় ক্ৰমে মংগল গ্ৰহৰ বুকুলৈ মানুহৰ আগমন ঘটিব, যিসকলে মৰুভূমি সদৃশ ৰঙচুৱা গ্ৰহ মংগলক মানুহৰ বাবে বাসোপযোগী কৰি তোলাত মূখ্য ভূমিকা গ্ৰহন কৰিব। 

মাৰ্চ ওৱান প্ৰকল্পত ৩ গৰাকী ভাৰতীয়ও আছে, যিসকলে মংগল গ্ৰহলৈ যোৱাৰ বাবে একমূখী টিকট পাইছে। তেওঁলোক হ'ল :

ক) তৰণজিৎ সিং ভাটিয়া। ৩১ বছৰীয়া তৰণজিৎ সিং এজন চেণ্ট্ৰেল ফ্লৰিডা বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীধাৰী। তেওঁ বৰ্তমান মাৰ্চ ওৱান প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ গ্ৰহন কৰি আছে।

খ) ৰিট্টিকা সিং। ৩২ বছৰীয়া ৰিট্টিকা পাঞ্জাৱ প্ৰদেশৰ জলন্ধৰৰ বাসিন্দা যদিও কৰ্মসূত্ৰে ডুবাইত থাকে।

গ) শ্ৰদ্ধা প্ৰসাদ। ২৩ বছৰীয়া শ্ৰদ্ধা প্ৰসাদ কেৰেলাৰ বাসিন্দা। সৰুৰে পৰা মহাকাশ বিজ্ঞানৰ প্ৰতি উৎসুক শ্ৰদ্ধাই বিজ্ঞান ভিত্তিক প্ৰবন্ধ পঢ়ি ভাল পোৱাৰ উপৰিও আজৰি পৰত বেডমিণ্টন খেলি ভাল পায়।

মাৰ্চ ওৱান প্ৰকল্প যদি সফল হয়, বিজ্ঞানী সকলৰ মতে ২০৪০ চনত মানুহে মংগল গ্ৰহত স্থায়ীভাবে বসবাস আৰম্ভ কৰিব।