Thursday, 27 September 2018

The Story of Two Stones (Collected)


एक बार एक प्रदेश में एक मूर्तिकार रहता था। वह मूर्तिकार पत्थरों से बहुत ही सुंदर मूर्तियां बनाया करता था। एक दिन उसने मूर्ति बनाने के लिए अच्छे पत्थर की खोज में जंगल जाने का सोचा। उसके अगले ही दिन वह मूर्तिकार अपने मूर्ति बनाने के औज़र्रों के बक्से के साथ जंगल की ओर निकल पड़ा।

जब वह जंगल के मध्य भाग में पहुंचा तो उसने एक पेड़ के नीचे एक बड़े सुन्दर पत्थर को देखा। मूर्तिकार को वह पत्थर मूर्ति बनाने के लिए सही लगा। उसके बाद मूर्तिकार ने अपने औजारों को बक्से से निकाल लिया और उसने उस पत्थर के ऊपर औजारों से ठोक-ठोक कर मूर्ति बनाना शुरू किया। 

जैसे ही मूर्तिकार ने उस पत्थर पर ठोकना शुरू किया, वह पत्थर जोर-जोर से चिल्लाने लगा और वह बोलने लगा ठोकना बंद करो – मुझे बहुत ही दर्द हो रहा है। यह देख कर मूर्तिकार रुक गया और उस पत्थर से मूर्ति बनाए बिना दूसरे पत्थर की खोज में आगे निकल पड़ा।

कुछ दूर जाने के बाद मूर्तिकार ने दोबारा एक सुंदर पत्थर को देखा। पत्थर को देखने के बाद दोबारा मूर्तिकार ने अपने औजारों का बक्सा खोला, औजार निकाले और उस पत्थर पर भी ठोक-ठोक कर मूर्ति बनाना शुरू किया। जैसे ही उस मूर्तिकार ने मूर्ति बनाना शुरू किया उस पत्थर को भी दर्द हुआ परंतु उसने उस दर्द को सह लिया और वह मूर्तिकार एक सुंदर भगवान की मूर्ति बनाने में सफल हुआ।

मूर्ति बनाते-बनाते रात हो चुकी थी इसलिए मूर्तिकार पास के एक गांव में रात गुजारने के लिए चले गया। जब सुबह हुआ तो उसने देखा कि वहां एक सुंदर सा देवी माँ का मंदिर बनाया गया है और मंदिर के बाहर बहुत सारे लोग बातचीत कर रहे हैं। तभी वह मूर्तिकार उस गांव के एक व्यक्ति से पूछता है – क्यों भाई मंदिर के बाहर इतना भीड़ क्यों है? वउस व्यक्ति ने उत्तर दिया कि मंदिर तो बन चूका है परंतु मूर्ति कहां से लाया जाए उसके बारे में यहां चर्चा चल रहा है।

तभी मूर्तिकार उस गांव के सरपंच से मिलता हैं और बताता है कि उसने पिछले ही दिन एक देवी माँ का सुंदर सा मूर्ति बनाया है और अगर गांव वाले चाहे तो उस देवी मां की मूर्ति को अपने मंदिर में स्थापित कर सकते हैं। सरपंच और गांव वाले मूर्तिकार की बात से बहुत ही खुश हुए और उन्होंने जंगल से उस मूर्ति को लाकर अपने गांव के मंदिर में स्थापित किया।

सभी लोग बहुत खुश थे परंतु उसी समय सरपंच के मन में एक सवाल उत्पन्न होता है की नारियल फोड़ने के लिए भी एक पत्थर की आवश्यकता है। यह सुनते ही मूर्तिकार सरपंच को बताता है की जंगल के दूसरी ओर पेड़ के नीचे एक और पत्थर रखा है जिसे आप चाहो तो नारियल फोड़ने के लिए मंदिर में रख सकते हैं। यह सुनने के बाद गांव वाले जंगल में गए और वहां से वह पहला पत्थर भी उठा लाए।

उसी दिन से उस मंदिर में मूर्तिकार द्वारा बनाए गए देवी मां मूर्ति की पूजा होने लगी और दूसरी ओर उस पहले पत्थर पर सभी लोग पुजा के लिए लाए हुए नारियल को फोड़ने लगे। उस पत्थर को अब हर दिन नारियल फोड़ने के दर्द को सहना पड़ता था। उस पत्थर ने देवी मां के मूर्ति को दुखी हो कर कहा – तुम्हारी किस्मत कितनी अच्छी है कि लोग तुम्हें पूज रहे हैं और मेरे ऊपर सभी लोग नारियल फोड़ रहे हैं।

तभी देवी मां वाले पत्थर की मूर्ति ने जवाब दिया-  मैं भी तुम्हारे जैसे एक पत्थर ही थी लेकिन मैंने मूर्तिकार के द्वारा मूर्ति बनाते समय सभी दुख कष्ट को सहन कर लिया और आज मैं इस जगह पर हूँ। उस पहले वाले पत्थर को अपनी गलती का एहसास हुआ पर अब बहुत देर हो चुकी थी।

कहानी से शिक्षा : 
जीवन में सफलता पाने के लिए हमें कठोर परिश्रम की जरूरत होती है। बिना दुख कष्ट के कभी भी सफलता प्राप्त नहीं होती। 

Source 
https://www.1hindi.com/story-of-two-stones-in-hindi/

Wednesday, 19 September 2018

ন'কিয়া : এক শোক গাঁথা


ফিনলেণ্ডৰ এখন সৰু চহৰ, নাম "ন'কিয়া"। শীতৰ দিনবোৰ ন'কিয়া চহৰখন বৰফৰ এক আচ্ছাদনেৰে আবৃত হৈ থাকে। ১৮৬৫ চনত দক্ষিণ ফিনলেণ্ডৰ নকিয়াৰ নিকটবৰ্তী টামপেৰে নামৰ চহৰখনত Fredrik Idestam নামৰ লোকজনে এটা কাগজৰ মিল আৰম্ভ কৰে। ব্যৱসায় ভাল চলাত ফ্ৰেড্ৰিকে ১৮৬৮ চনত তেওঁৰ ব্যৱসায় ন'কিয়া চহৰলৈ সম্প্ৰসাৰণ কৰে। পিছলৈ তেওঁ শ্বেয়াৰ বিজনেচত অংশ গ্ৰহন কৰাৰ উদ্দেশ্যৰে "ন'কিয়া" নামেৰে এটি প্ৰতিষ্ঠান আৰম্ভ কৰে। দিনক দিনে ন'কিয়া নামৰ প্ৰতিষ্ঠানটোৱে উন্নতিৰ শিখৰলৈ গতি কৰে। ১৯৬০ৰ দশকত প্ৰতিষ্ঠানটোৱে ইলেক্ট্ৰনিক্সৰ বজাৰখনত প্ৰবেশ কৰি সৈন্যসকলৰ বাবে "ৰেডিঅ টেলিফোন" তৈয়াৰ কৰা আৰম্ভ কৰে। সেয়াই আৰম্ভণি। ক্ৰমান্বয়ে "ন'কিয়া" হৈ পৰিল এটা ব্ৰাণ্ড। 


১৯৭৯ চনত ন'কিয়াই সৰ্বপ্ৰথমে Nordic Mobile Telephone (NMT) তৈয়াৰ কৰে। ৮০০ গ্ৰাম ওজনৰ NMT ব্ৰাণ্ডৰ মোবাইল টেলিফোনটোৱে বিশ্বৰ টেলিক'মৰ বজাৰখনত অবিশ্বাস্য ভাবে ব্যৱসায় দিবলৈ সক্ষম হয়। তাৰপিছত……

……তাৰপিছত ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ ন'কিয়াই অসংখ্য মডেলৰ মোবাইল ফোনেৰে বিশ্বৰ আটাইতকৈ দক্ষ আৰু অপ্ৰতিদন্দী মোবাইল ফোনৰ নিৰ্মাতা প্ৰতিষ্ঠান হিচাবে পৰিচিত হয়। ন'কিয়াৰ হাতত ধৰি ফিনলেণ্ড বিশ্বৰ অন্যতম সমৃদ্ধিশালী অর্থনীতিৰ দেশ হিচাবে পৰিগণিত হয়। ১৯৯৮ চনত নকিয়াই Symbian টেকনোলজীক আদৰি লোৱাৰ লগে লগে নকিয়াৰ ব্যৱসায় বৃদ্ধি হয়। ২০০০ চনৰ প্রথম ভাগলৈ বিশ্বৰ বিভিন্ন দেশলৈ মোবাইল সৰবৰাহৰ ৪২ শতাংশ ব্যৱসায় কৰে নকিয়াই।

শক্তিশালী বেটাৰী, মজবুত ছফ্টৱেৰ, কাৰ্যক্ষম অপাৰেটিং চিষ্টেমৰ সমাহাৰেৰে সমৃদ্ধ ন'কিয়াৰ ভাল দিনবোৰ যেন লাহে লাহে নোহোৱা হ'ল। ২০০৭ চনত ষ্টিভ জবসে এপ'ল আইফোন বজাৰত মুকলি কৰি দিয়াৰ লগে লগে মানুহৰ মন আৰু চাহিদা সলনি হ'ল। মানুহ ন'কিয়াৰ Symbian টেকনোলজীৰ সলনি স্মাৰ্টফোনৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে। বজাৰত নকিয়াৰ শ্বেয়াৰ দ্ৰুত হাৰত কমি আহিবলৈ ধৰিলে। বিশ্বজুৰি লোকচানৰ সন্মুখীন হোৱা ন'কিয়াই তেতিয়াও যেন বিষয়টো গুৰুত্ব সহকাৰে নল'লে !

সময় আৰু মানুহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ন'কিয়াই নিজৰ প্ৰযুক্তিৰ উত্তৰণ ঘটাব বুলি সৰ্বসাধাৰণ জনতাই আশা কৰিছিল যদিও সকলোৰে আশাত চেঁচা পানী ঢালি ন'কিয়াই গুগলৰ "এণ্ড্ৰয়ড" প্ৰযুক্তিৰ লগত কোনো মোকাবিলা নকৰি পুৰণি Symbian টেকনোলজীৰ লগত থাকিয়েই ব্যৱসায় কৰি যাব বুলি ঘোষণা কৰাৰ লগে লগেই মানুহৰ মাজত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া আৰম্ভ হ'ল। চেমচাং, চনী আদি অন্যান্য মোবাইল প্ৰতিষ্ঠান সমূহে কিন্তু ইয়াৰ বিপৰীতে এণ্ড্ৰয়ড প্ৰযুক্তিক আকোঁৱালি লৈ নিজৰ ব্যৱসায় বঢ়াই গ'ল। প্ৰতিযোগিতাৰ বজাৰত বহু পিছ পৰি ৰ'ল মোবাইল প্ৰতিষ্ঠান সমূহৰ উজ্বল নক্ষত্ৰ "ন'কিয়া"। 

মৃতপ্ৰায় ন'কিয়াক পুনৰ জীৱন দান দিবলৈ ২০১১ চনত ন'কিয়াই সংযোজন ঘটালে স্মাৰ্টফোন "ন'কিয়া লুমিয়া"। কিন্তু ৰাইজে আদৰি নল'লে লুমিয়াক। উন্নত প্ৰযুক্তিৰ হোৱা স্বত্তেও লুমিয়াই মানুহৰ সঁহাৰি নেপালে। মানুহবোৰ যে ইতিমধ্যে এন্ড্ৰয়ড আৰু আইফোনৰ প্ৰতি আসক্ত হৈ পৰিছে !! তথাপিও ২০১৩ চনলৈ বজাৰত চেগা চোৰোকাকৈ দুই এটা ন'কিয়া লুমিয়া বিক্ৰী হৈ আছিল। ইতিমধ্যে শ্বেয়াৰ বজাৰত ন'কিয়াৰ মান ৪২ শতাংশৰ পৰা নামি গৈ মাত্ৰ ৭ শতাংশ হ'লগৈ। ন'কিয়া দেৱলীয়া হৈ পৰিল। তেওঁলোকে ২৫,০০০ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ লগতে ন'কিয়া লুমিয়াৰ উৎপাদন বন্ধ কৰি দিব লগা হ'ল। আৰু শেষত ২০১৪ চনৰ ২৫ এপ্ৰিলত ন'কিয়া প্ৰতিষ্ঠানটো মাইক্ৰচফ্টক বিক্ৰী কৰি দিয়া হ'ল। ৪২ বিলিয়ন ডলাৰ মূল্যৰ ন'কিয়া প্ৰতিষ্ঠানটো মাইক্ৰচফ্টেৰ ওচৰত মাত্ৰ ৭ বিলিয়ন ডলাৰত বিক্ৰী হৈ গ'ল !!

ন'কিয়াৰ স্বত্ত মাইক্ৰচফ্টৰ হাতত অৰ্পণ কৰাৰ দিনা আয়োজন কৰা অফিচিয়েল মিটিঙত ন'কিয়াৰ কাৰ্যালয়ত উপস্থিত থকা প্ৰতিজন লোকৰে চকুত চকুপানী। ন'কিয়াৰ CEO স্টিভ ব'লমাৰে দুচকু চকুলোৰে তিয়াই থোকাথুকি মাতেৰে আৱেগিক ভাষণত কৈছিল : "Nokia has been a respectable company and we didn’t do anything wrong, but somehow, we lost…." 

ন'কিয়াৰ পতনে ফিনলেণ্ডৰ অৰ্থনীতিক জোকাৰি গৈছিল। ন'কিয়াৰ দৰে বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান এটাৰ পতন নিশ্চয়কৈ এটা দুখজনক ঘটনা। অনাগত দিনত মাইক্ৰচফ্টৰ তত্বাৱধানত ন'কিয়া হয়তো পুনৰ নতুন ৰূপত উদ্ভাসিত হৈ উঠিব। যদিওবা ন'কিয়াৰ পতন বেদনাদায়ক, এই ঘটনাটোৱে কিন্তু আমাক এটা বতৰাও দি থৈ গ'ল : "Nothing is permanent and whatever goes up must come down. If you don’t change, you shall be removed from the competition. It’s not wrong if you don’t want to learn new things. However, if your thoughts and mindset cannot catch up with time, you will be eliminated."


Monday, 17 September 2018

গতিশীল বস্তুৰ ভৰ বৃদ্ধি হয় কিয় ?



আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ অনুসৰি আমি জানিব পাৰিছো যে পদাৰ্থ এটাৰ বেগ বৃদ্ধি হোৱাৰ লগে লগে পদাৰ্থটোৰ ভৰো বৃদ্ধি হয়। গাণিতিক তথা পৰীক্ষামূলক ভাবেও এই কথাটো প্রমাণিত হৈছে। পদার্থ বিজ্ঞানৰ তথ্য অনুযায়ী পদাৰ্থৰ ভৰ ধ্রুৱ। কিন্তু আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ অনুযায়ী ভৰ ধ্রুব নহয়, বৰং ভৰ পৰিবর্তিত হয় আৰু কোনো বস্তুৰ ভৰ, বস্তুটোৰ বেগ বৃদ্ধিৰ লগে লগে বাঢ়িব ধৰে। অৱশ্যে চকুত পৰাকৈ ভৰ বৃদ্ধি হ'বলৈ বস্তুটোৱে অতি বেছি (প্ৰায় পোহৰৰ বেগৰ ওচৰা ওচৰি) বেগত গতি কৰিব লাগিব। পদাৰ্থ বিজ্ঞানৰ মতে বস্তুৰ ভৰ অতি সংকুচিত শক্তি মাথোন। শক্তিৰ ৰূপত সঞ্চিত হৈ থকা ভৰক জড় ভৰ বা "inertial mass" বোলা হয়। আপেক্ষিকতাবাদৰ মতে জড় ভৰ আৰু মহাকৰ্ষণীয় ভৰ একেই।  

যেতিয়া আমি নিউটনৰ বলবিদ্যা পঢ়ো, তেতিয়া পদাৰ্থৰ ভৰ এটা ধ্রুৱক। কিন্তু "থিওৰী অফ ৰিলেটিভিটি" পঢ়াৰ সময়ত পদাৰ্থৰ ভৰক আপেক্ষিক অৰ্থাৎ পদাৰ্থৰ গতি সাপেক্ষে পৰিবর্তিত ৰূপত পাও। কিন্তু এই বৈসাদৃশ্যৰ মাজৰ ৰহস্যটা কি বাৰু ? ইয়াৰ একমাত্ৰ উত্তৰ হৈছে আইনষ্টাইনৰ বিখ্যাত সূত্ৰ  E=mc²

আমি জানো যে কোনো এটা বস্তু মাটিৰ পৰা ওপৰলৈ উঠালে বস্তুটোৰ ভিতৰত বিভৱ বা স্থিতি শক্তি জমা হয়। তেনেদৰে কোনো বস্তুক বল প্রয়োগ কৰি গতিশীল কৰিলে বস্তুটোৰ মাজত গতিশক্তি সঞ্চিত হয়। এইখিনিতেই প্ৰশ্ন উদয় হ'ব  বস্তুৰ ভিতৰত শক্তি কিদৰে সঞ্চিত হয় !

আমি  জানো যে E=mc² মানে শক্তি আৰু ভৰ - দুয়ো দুয়োৰে পৰিপুৰক। যেতিয়া কোনো পদাৰ্থ এটাৰ ওপৰত বল প্ৰয়োগ কৰি পদাৰ্থটোক গতি প্ৰদান কৰা হয়, তেতিয়া পদাৰ্থটোৰ ওপৰত কাৰ্য কৰা হয়। কাৰ্যটো সম্পাদন কৰোতে যি পৰিমানৰ শক্তি প্ৰয়োগ কৰা হৈছিল, সেই শক্তি পদাৰ্থটোত গতিশক্তি হিচাবে সঞ্চিত হয়। আপুনি আচৰিত হ'লেও আপেক্ষিকতাবাদৰ মতে এই সঞ্চিত গতিশক্তিয়ে পদাৰ্থটোৰ ভৰ বৃদ্ধি কৰে। ইয়াক গাণিতিক ভাবে KE = mc² - m˳c² হিচাবে প্ৰকাশ কৰা হয়। সেয়ে অতি দ্ৰুত হাৰত গতি কৰা পদাৰ্থৰ জড় ভৰ বৃদ্ধি হয়।

Sunday, 16 September 2018

শূণ্য, মহাশূণ্য, শূণ্যতা ইত্যাদি



এৰিষ্ট'টলৰ এক মতবাদ অনুসৰি প্রকৃতি শূণ্যস্থান বিৰোধী। তেখেতৰ এই মতবাদটি ১৬৪৩ চন পর্যন্ত সৰ্বসাধাৰণ মানুহৰ মাজত জনপ্ৰিয় হৈ আছিল কাৰণ সেই সময়চোৱালৈ যিসকল বিজ্ঞানীয়ে কৃত্ৰিম ভাৱে শূণ্যস্থান তৈয়াৰ চেষ্টা কৰিছিল, তেওঁলোক প্ৰতিজনেই বিফল হৈছিল। 

১৬৪৩ চনত বিজ্ঞানী টৰিচেলীয়ে সর্বপ্রথমে এৰিষ্ট'টলৰ এই মতবাদটি ভুল বুলি প্রমাণিত কৰি এক নতুন চিন্তাধাৰাক জন্ম দিলে। টৰিচেলীয়ে পাৰাৰে পূর্ণ টেষ্টটিউব এটিৰ মুক্ত প্রান্তটো বুঢ়া আঙুলিৰে চেপি ধৰি টেষ্টটিউবটো পাৰাৰে পূর্ণ আন পাত্র এটিত ডুবাই ৰাখি দেখিলে যে টেষ্টটিউবৰ পাৰা স্তম্ভ ক্ৰমে তললৈ নামি আহিছে। পৰ্যবেক্ষণ কৰি টৰিচেলীয়ে ঘোষণা কৰিলে যে টেষ্টটিউবৰ তলৰ যি অংশলৈ পাৰা নামি আহিছে, তাত বায়ু বা আন কোনো পদাৰ্থই নাছিল, সেয়ে টেষ্টটিউবৰ উক্ত স্থানলৈ পাৰাখিনি নামি আহিব পাৰিছে। এই কথাটোৱে এৰিষ্ট'টলে আগবঢ়োৱা "প্রকৃতিৰ শূণ্যস্থান বিৰোধী" মতবাদটিক বিদায় দি প্ৰকৃতিত শূণ্যস্থান বা ভেকুৱামৰ অৱস্থিতি প্ৰমাণিত কৰে। টৰিচেলীয়ে আৱিষ্কাৰ কৰা এই শূণ্যস্থানক আমি টৰিচেলীৰ শূণ্যস্থান বা "Torricelli's vacuum" বুলি জানো। এই পৰীক্ষাৰ দ্বাৰা বিজ্ঞানীসকল নিশ্চিত হ'ল যে শূণ্যস্থান প্রকৃতিৰ এক স্বাভাবিক অৱস্থা। 

তাৰ কিছু বছৰ পিছত বিজ্ঞানীসকলৰ মাজত আন এটি ধাৰণাই গা কৰি উঠে। তেওঁলোকৰ মতে পোহৰে বিশ্বব্ৰহ্মাণ্ডত গতি কৰাৰ বাবে বিশ্বব্যাপী এটা মাধ্যম থকাটো বাঞ্চনীয়। ইয়াৰ আলমতেই "লুমিনিফেৰাচ ইথাৰ" নামৰ সমগ্ৰ বিশ্বতেই ব্যাপ্ত হৈ  থকা এক মাধ্যমৰ ধাৰণাই গা কৰি উঠে। এই ধাৰণা অনুসৰি মহাশূণ্য মানে হ'ল এক অদৃশ্য লুমিনিফেৰাচ ইথাৰৰ মাধ্যম !

এই ইথাৰ মাধ্যমৰ ধাৰণাটো সেই সময়ত ইমানেই প্রভাৱশালী আছিল যে মাইকেলচন আৰু মর্লিয়ে এটা পৰীক্ষাৰ জৰিয়তে ইথাৰৰ অনুপস্থিতিৰ প্রমাণ পোৱাৰ পিছতো তেওঁলোকে ধৰি লৈছিল যে পৰীক্ষাটো কৰোতে নিশ্চয় ক'ৰবাত ভুল হৈছে। পিছলৈ ১৯০৫ চনত পুনৰ আইনষ্টাইনে বিশেষ আপেক্ষিকতাবাদ তত্বৰ সহায়ত ইথাৰত ধাৰণাটো ভুল বুলি প্ৰমাণ কৰে। বিশেষ আপেক্ষিকতাবাদৰ আলমত আমি জানিব পাৰিলোঁ যে গতি কৰিবলৈ পোহৰক কোনো মাধ্যম নেলাগে, বৰং পোহৰে শূণ্যস্থানৰ মাজেৰেই বিদ্যুত চুম্বকীয় বিকিৰণ হিচাবে গতি কৰিব পাৰে। ফলস্বৰূপে ১৬৪৩ চনত টৰিচেলীয়ে আগবঢ়োৱা ধাৰণা অনুসৰি শূণ্যস্থানকেই প্রকৃতিৰ সাম্য অৱস্থা বুলি গ্ৰহন কৰা হয়। 

বিজ্ঞানৰ উত্থান-পতনৰ লগে লগে এই ধাৰণাটোৰ স্থায়ীত্বও থৰক বৰক হ'বলৈ আৰম্ভ হ'ল। হাইজেনবার্গৰ অনিশ্চয়তা তত্ব অনুসৰি কোনো এটি ক্ষুদ্র কণাৰ অৱস্থান সম্পর্কে আমি যিমান নিৰ্ভুল তথ্য পাম, থিক সেই সময়চোৱাত কণাটোৰ ভৰবেগ সিমানেই অনিশ্চিত হৈ পৰিব। একেদৰে কণাটিৰ ভৰবেগ যিমানেই নিশ্চিত হব, সেই মূহুৰ্তত কণাটোৰ অৱস্থান সিমানেই অনিশ্চিত হৈ পৰিব। এই তত্বটোত ভৰবেগ আৰু অৱস্থানৰ সলনি শক্তি আৰু সময়ক স্থাপন কৰিলে কি হ'ব বাৰু ?

ধৰি লোৱা হ'ল, এক নিৰ্দিষ্ট সময়ত কোনো এক ক্ষুদ্র একক আয়তনত শূণ্যস্থানৰ শক্তি নিখুত ভাবে নিৰূপণ কৰা হ'ল। এতিয়া সময়ক যদি লেহেমীয়া কৰি দিয়া হয়, তেন্তে সেই শক্তিৰ পৰিমাণ আমি এইবাৰ নিখুত ভাবে নিৰূপণ কৰিব নোৱাৰিম। সময়ৰ ব্যৱধান আৰু শূণ্যস্থানৰ আয়তন যদি আৰু সূক্ষ্ম কৰি লোৱা হয় তেন্তে, হাইজেনবার্গেৰ তত্ব অনুসৰি উক্ত আয়তনত শক্তিৰ পৰিমাণ সম্পর্কে আমি ইমানেই অনিশ্চিত হৈ পৰিম যে, সেই স্থানত শূণ্যৰ পৰাই কণা অথবা যথেষ্ট শক্তি সৃষ্টি হ'ব পাৰে। অর্থাৎ, অতিশয় ক্ষুদ্র সময় আৰু সূক্ষ্মতম স্থানত শূণ্যৰ পৰাই কণা সৃষ্টি হোৱাৰ এটা গ্রহণযোগ্য সমাধান পোৱা যায়। 

বিজ্ঞানী ডিৰাকে তেখেতৰ সমীকৰণত বিশেষ আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম তত্বৰ মিশ্রণ ঘটাই ইলেকট্রনৰ চৰিত্র ব্যাখ্যা কৰিবলৈ গৈ ইলেকট্রনৰ বিপৰীত ধর্মী এটা কণিকাৰ সন্ধান পায়। এই কণিকাৰ আৱিষ্কাৰে পৰবৰ্তী পৰ্যায়ত মেটাৰ আৰু এণ্টিমেটাৰৰ ধাৰণাটো জন্ম দিলে। এই ধাৰণাৰ বোকোচাত উঠিয়েই বিজ্ঞানীসকলে পিছলৈ ইলেকট্রনৰ প্রতিকণা পজিট্রন কণাৰ আৱিষ্কাৰ কৰে।

কোনো এটা কণিকা যাৰ ভৰ আৰু স্পীন অন্য এটি কণাৰ ভৰ আৰু স্পীনৰ সমান অথচ যাৰ বৈদ্যুতিক আধান , বেৰিয়ণ সংখ্যা, লেপ্টন সংখ্যা ইত্যাদিবোৰ উক্ত কণিকাৰ বিপৰীত, তেনে কণাক প্রতিকণা বোলা হয়। সম্পূর্ণ নিৰপেক্ষ কেইটিমান কণিকা যেনে ফ'টন, মেচন আদিৰ বাহিৰে প্রায় সকলো কণাৰেই একোটি প্রতিকণা আছে।

আধুনিক বিজ্ঞানৰ মতে "কোৱাণ্টাম ফ্লাকচুৱেচন"ৰ মাধ্যমত শূন্যস্থানত প্রতি মূহুৰ্ততেই কণা আৰু প্রতিকণাৰ সৃষ্টি আৰু বিনাশৰ মেলা বহে। যেতিয়া এটা ইলেকট্ৰণ তাৰ প্ৰতিকণা পজিট্রনৰ লগ লাগে, দুয়োটাই ধ্বংসপ্ৰাপ্ত বা "শূণ্য" হয় আৰু তাৰ বিনিময়ত শূণ্যৰ পৰাই উদ্ভব হয় শক্তি। ইয়াত ধনাত্মক পজিট্ৰন কণাটো ঋণাত্মক ইলেকট্ৰনৰ লগত লগ হৈ দুয়ো এক ''শূণ্য" হৈ পৰে। অৰ্থাৎ আমি আলোচনা কৰা “শূণ্য”টো আচলতে “শূণ্য” নহয়। সহজ ভাষাত +১ৰ লগত -১ যোগ কৰিলে যোগফল শূণ্য হয়। সেয়ে কোৱাণ্টাম বিজ্ঞানৰ শূণ্যটো +১-১=০ হে। আমি তাহানিতে পঢ়াশালিত শিকি অহা  ০+০=০ নহয়।

Sunday, 9 September 2018

ভূপেন দা, আকৌ এবাৰ তোমাক লগ পোৱা হ'লে



তোমাৰ প্ৰতিটো জন্মদিনেই
মোলৈ কঢ়িয়াই আনে
বুটা বচা সপোনৰ ৰং
আৰু আকাশত আঁকি থোৱা
ৰামধেনুৰ সাতোৰঙী ছবি 

তোমাৰ প্ৰতিটো জন্মদিনেই 
মোক দি থৈ যায়
সময়ৰ দুখনি
হালধীয়া পাখি 

সময়বোৰ যেন
এজাক বতাহ হৈ উৰি আহে 
তোমাৰ বতৰা লৈ

আৰু 
অহাৰ দৰেই গুছি যায় 
ছটিয়াই থৈ
মোৰ বুকুৰ ভিতৰে বাহিৰে 
এবুকু উমাল প্ৰেৰণা 

যেতিয়া এন্ধাৰৰ সুযোগ লৈ
ধৰালৈ নামি আহে
বেলি মাৰ যোৱা পাহাৰৰ সিপাৰেদি
কোনো একাকী জীৱনৰ 
জয়াল নীৰৱতা.....

তেতিয়া 
সংগোপনে তুমি বহি থাকা
মোৰ বুকুৰ মাজত।
আৰু
মই পুহি ৰাখো
এবুকু সেউজীয়া প্ৰসন্নতা

কহুৱানি ডৰাৰ মাজত
মই বাট চাই ৰওঁ তোমালৈ
বিচাৰি ফুৰো তোমাক
বৰ লুইতৰ উদং বুকুত
চৌদিশেচোন তোমাৰেই সুবাস। 

এনেতেই আহি পৰে কঠিন সময়।
প্ৰাচীন পাহাৰখন কোবাকোবিকৈ
পাৰ হৈ যোৱাৰ সময়……

শিলনিৰ সিপাৰে
গছবোৰৰ দীঘল হৈ অহা
ছাঁবোৰৰ দৰেই 
সময় জটিল হয়। 

তথাপিও
মই বাট চাই ৰওঁ…
ভূপেন দা,
আকৌ এবাৰ তোমাক লগ পোৱা হ'লে !

(টংলা উ: মা: বিদ্যালয়ৰ খেল পথাৰত ভূপেন দাৰ মৃত্যু বাৰ্ষিকীত জ্বলি থকা মাটিৰ চাকিৰে তৈয়াৰ কৰা ভূপেন দাৰ প্ৰতিকৃতিটোৰ মোবাইলেৰে আৱদ্ধ কৰি ৰখা স্থিৰ চিত্ৰ। --প্ৰণৱজ্যোতি দাস)

Sunday, 2 September 2018

নিমখ জুইত দিলে ফুটে কিয়


জ্বলি থকা জুইকুৰালৈ অলপমান নিমখ ছটিয়াই দিয়কচোন। ফটফট শব্দ কৰি জুইৰ মাজত নিমখৰ দানাবোৰ জ্বলি যাব। সিদিনা এজনী কম বয়সীয়া ছাত্ৰীয়ে ইয়াৰ কাৰণটো সুধিছিল। তেওঁৰ কৌতুহলী মনটোক প্ৰশংসা কৰিছোঁ। 

পদাৰ্থৰ পৰমাণুবোৰ অতি সূক্ষ্ম আৰু এই পৰমাণু কেন্দ্ৰৰ চৌদিশৰ একোটা শক্তিৰ স্তৰত (সহজ ভাষাত : কক্ষপথত) নিৰ্দিষ্ট সংখ্যক ইলেকট্ৰণে অৱস্থান গ্ৰহণ কৰি পৰমাণু কেন্দ্ৰটোৰ চৌদিশে ঘূৰি থাকে। একো একোটা শক্তিৰ স্তৰত থাকি পৰমাণু কেন্দ্ৰটোৰ চৌদিশে অবিৰত ভাবে পৰিভ্ৰমন কৰি থাকিবলৈ ইলেকট্ৰণবোৰক এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ (কোৱাণ্টা) প্ৰয়োজন। এই শক্তিৰ পৰিমানৰ হ্ৰাস বা বৃদ্ধি ঘটিলে ইলেকট্ৰণবোৰে এটা শক্তিৰ স্তৰৰ পৰা আন এটা শক্তিৰ স্তৰলৈ যাবলৈ বাধ্য হয়। যদিহে ইলেকট্ৰণ এটাই কোনো উৎসৰ পৰা শক্তি আহৰণ কৰে, তেন্তে ই উচ্চ শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ বাহিৰৰ কক্ষপথলৈ জপিয়াই যায়, আনহাতে যদিহে ইলেকট্ৰণটোৱে শক্তি হেৰুৱায়, তেন্তে নিম্ন শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ ভিতৰৰ বা পৰমাণু কেন্দ্ৰৰ দিশৰ কক্ষপথলৈ সোমাই আহে। ঘটনাটো থিক যেনিবা থিয়েটাৰ হলৰ টিকটৰ মূল্য অনুসৰি আসনৰ স্থান নিৰ্ধাৰণ কৰাৰ দৰেই।

সাধাৰণ বা সুস্থিৰ অৱস্থাত পৰমাণুৰ ইলেকট্ৰণবোৰ নিম্ন শক্তিৰ স্তৰতেই থাকিবলৈ বিচাৰে। শক্তি আহৰণ কৰি উত্তেজিত হৈ যদিও ইলেকট্ৰণ এটা উচ্চ শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ বাহিৰৰ কক্ষপথলৈ জপিয়াই যায়, ইলেকট্ৰণটোৱে পূৰ্বৰ তৰংগ দৈৰ্ঘৰ স্তৰতে থকাৰ তাগিদাত অতিৰিক্ত শক্তিখিনি বিকিৰণ বা ত্যাগ কৰি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহে।

জুইৰ ওপৰত ছটিয়াই দিয়া নিমখৰ দানাত থকা ছডিয়াম পৰমাণুবোৰে জুইৰ পৰা তাপ শক্তি গ্ৰহন কৰি উত্তেজিত হৈ পৰে। তেনে অৱস্থাত ছডিয়াম পৰমাণুৰ 3s অৰবিটেলৰ ইলেকট্ৰণবোৰ 3p অৰবিটেললৈ জপিয়াই যায়। কিন্তু পিছ মূহুৰ্ততেই ইলেকট্ৰণবোৰে জুইৰ পৰা আহৰণ কৰা অতিৰিক্ত তাপ শক্তিখিনি তৰংগৰ ৰূপত বিকিৰণ কৰি পুনৰ 3s অৰবিটেললৈ নামি আহি সুস্থিৰ হৈ পৰে। বিকিৰণৰ মাধ্যমত ইলেকট্ৰণবোৰে যি তৰংগ সৃষ্টি কৰে, সেই তৰংগবোৰৰ কম্পনাংক ২০ হাৰ্টজৰ পৰা ২০,০০০ হাৰ্টজৰ ভিতৰত হয় বাবেই জুইত ছটিয়াই দিয়া নিমখৰ পৰা আমি "ফটফট"কৈ ফুটা শব্দবোৰ শুনিবলৈ পাও।

Wednesday, 29 August 2018

থিয়ৰী অফ এভ্ৰিথিং আৰু ঈশ্বৰৰ মস্তিষ্ক


১৯৪২ চনত যেতিয়া গ্রেট ব্রিটেইনত ষ্টিফেন হকিঙৰ জন্ম হৈছিল, তেতিয়া আটলাণ্টিক মহাসাগৰৰ সিপাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত ৬২ বছৰীয়া এলবাৰ্ট আইনষ্টাইন গৱেষণাত নিমগ্ন। তেওঁৰ মনত আছিল অযুত প্ৰশ্ন : কিদৰে ব্রহ্মাণ্ডক নিয়ন্ত্ৰণ কৰি ৰখা যাৱতীয় "ফাণ্ডামেণ্টেল ফোৰ্চ" বা বুনিয়াদী মৌলিক বলবোৰৰ লগত ‘এলিমেণ্টেৰী পার্টিকেল’ বা ক্ষুদ্রাতিক্ষুদ্র মৌলিক পদার্থকণাবোৰৰ সমন্বয় ঘটাব পৰা যায় বাৰু ! কিদৰে বাৰু বুজিব পৰা যায় ৰহস্যময় এই বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰা ঈশ্বৰৰ মস্তিষ্কৰ প্ৰখৰতা !!

"ইলেকট্ৰোমেগনেটিজম" বা বিদ্যুৎ চুম্বকত্বই ক্ষুদ্র পদার্থকণাবোৰৰ মাজত আকর্ষণ বা বিকর্ষণ বল সৃষ্টি কৰে। এয়া কোৱাণ্টাম মেকানিক্সৰ অন্তর্গত বিষয়। আনহাতে নিউটনীয় মহাকৰ্ষণতকৈ কিছু পৃথক আইনষ্টাইনৰ জেনেৰেল ৰিলেটিভিটিৰ আধাৰত গঢ় লৈ উঠা "মহাকৰ্ষণ" হ'ল মহাবিশ্বৰ বিশালাকাৰ বস্তুৰ ভৰৰ দ্বাৰা সৃষ্টি হোৱা স্থান-কালৰ বক্ৰতা আৰু ইয়াৰ প্ৰভাৱতেই তুলনামূলক ভাবে সৰু আকাৰৰ মহাজাগতিক পদাৰ্থবোৰে বিশালাকাৰ মহাজাগতিক পদাৰ্থৰ চৌদিশে প্রদক্ষিণ কৰি থাকে। 

সেই সময়ত আইনষ্টাইনে এই দুয়োটা তত্বকেই অৰ্থাৎ বিদ্যুৎচুম্বকীয় আৰু মহাকৰ্ষণীয় বলক একত্ৰীত কৰি পৰ্যায়ক্ৰমে এটা "সংযুক্ত তত্ব" বা "ইউনিফাইড ফিল্ড থিয়ৰী" তৈয়াৰ কৰাৰ বাবে চিন্তাত নিমগ্ন। তেখেতে বিশ্বাস কৰিছিল যে বিশ্বব্রহ্মাণ্ডৰ ৰহস্য ভেদ কৰি ঈশ্বৰৰ মস্তিষ্কটো বুজি উঠিবলৈ এইটোৱেই হ'ল একমাত্র চাবিকাঠি। এই গবেষণাৰ সময়চোৱাত আইনষ্টাইনৰ মগজুত একাধিক নতুন চিন্তাই দোলা দিছিল, কিন্ত উপযুক্ত প্রমাণৰ অভাৱ আৰু গাণনিক সীমাবদ্ধতাই তেখেতৰ প্ৰচেষ্টাক বাৰে-বাৰে বিফল কৰি তুলিছিল।

এইবাৰ ৰহস্যময় এইখন ক্ষেত্ৰলৈ আহিল বিজ্ঞানৰ বিষ্ময়কৰ প্ৰতিভা চাৰ ষ্টিফেন হকিং। আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ আলমত তেখেত উঠি পৰি লাগিল এটা থিয়ৰী অফ এভ্ৰিথিঙৰ সন্ধানত। এই "থিয়ৰী অফ এভ্ৰিথিং" হ'ব সেই সময়চোৱালৈ আৱিষ্কৃত সকলোবোৰ বিজ্ঞানৰ তত্বৰ এটি সহজ সৰল সংযুক্ত তত্ব যাৰ মাজত অন্তর্নিহিত হৈ থাকিব সমগ্ৰ বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি, প্ৰতিপালন আৰু সংহাৰৰ ৰহস্য। হকিঙৰ মূল লক্ষ্য আছিল দুই পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰা  আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম মেকানিক্সক ওতঃপ্রোত ভাবে জড়িত কৰি পদার্থ বিজ্ঞানৰ উত্তৰণ ঘটোৱা।

গবেষণাৰ ক্ষেত্ৰত এই দুয়োজন মহান বিজ্ঞানীৰেই মূল তথা চমৎকাৰী অস্ত্ৰ আছিল ‘থট এক্সপেৰিমেণ্ট’ বা ‘চিন্তন গবেষণা’। কেবল মগজুৰ অসাধাৰণ চিন্তাশক্তি, কাগজ আৰু কলম লৈয়েই মহাবিশ্বৰ জটিল ৰহস্যৰ ভেদ ভঙাৰ কি যে দুৰন্ত প্রয়াস ! পেটেণ্ট হাউচৰ সৰু কোঠালি এটাৰ চাৰিবেৰৰ মাজত কিতাপ কাগজেৰে ভৰি থকা এখন টেবুলৰ পৰাই আইনষ্টাইনে বিশ্ববাসীক দি গৈছিল e=mc2 ৰ দৰে আপেক্ষিকতাবাদৰ বিশ্ববিখ্যাত সমীকৰণ এটি। একেদৰে এখন হুইল চেয়াৰত অচল শৰীৰটো এৰি দি ষ্টিফেন হকিঙে আমাক দি গৈছে হকিং বিকিৰণৰ  S= πAkc3/2hG বিশ্ববিখ্যাত সমীকৰণটো।

মহাবিশ্বৰ গোপন ৰহস্যময় ওৰণিৰ আঁৰত লুকাই থকা সত্য উন্মোচনৰ বাবে বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সকলে অহৰহ গবেষণা চলাই নিছে। বিশ্বৰ প্ৰতিজন মানুহৰ আশা, এদিন নিশ্চয় আইনষ্টাইন আৰু হকিঙৰ কোনো যোগ্য উত্তৰসুৰী ওলাব আৰু তেওঁলোকে আমাক প্ৰকৃত সত্যৰ সন্ধান দি আইনষ্টাইন আৰু হকিঙৰ আধৰুৱা সপোনক পূৰ্ণতা দিব। তেওঁলোকে তৈয়াৰ কৰি উলিয়াব এটি একক তথা চূড়ান্ত একীভূত তত্ব বা "থিয়ৰী অফ এভ্ৰিথিং", যাৰ আধাৰত আমি প্ৰত্যেকেই বিতংকৈ বুজি পাম মহাবিশ্বৰ সৃষ্টি ৰহস্য, ঈশ্বৰে মহাবিশ্বখন পৰিচালনা কৰা নীতি নিয়মবোৰ অথবা মহাবিশ্বৰ মহাসংহাৰৰ আগতীয়া বতৰা।

এনেবোৰ কথা অনুধাৱন কৰিয়েই ঈশ্বৰ অবিশ্বাসী ষ্টিফেন হকিঙে কৈ গৈছিল : যিদিনাই "থিয়ৰী অফ এভ্ৰিথিং" প্ৰতিষ্ঠা হ'ব, সেইদিনাই সকলো মানুহৰ বাবে পানীৰ দৰেই পৰিস্কাৰ হৈ পৰিব ঈশ্বৰৰ মন আৰু মস্তিষ্কৰ ৰহস্য। এতিয়া মাথো অপেক্ষা……

Tuesday, 28 August 2018

My Doctoral Convocation on 24.08.2018



Doctoral Convocation, Gulmohar, India Habitat Centre, New Delhi- 110003,
August 24, 2018 

Honourable Vice Chancellor;
Honourable Chief Guest Dr. Ernest Rwamucyo,
High Commissioner, Rwanda;
Members of the Doctoral Monitoring Board, Academic Council of India;
Prof. Dr. G. C. Deka, Ministry of Skill Development and Entrepreneurship, India;
Prof. S. S. Bhakri, Ambassador of Peace Award, UPF, South Korea;
Dr. Rama Shankar Agarwal, Member of the
Commonwealth Research Expert Advisory Committee, Commonwealth Nations;
The Board of Patron, Ballsbridge University;




Good afternoon to one and all. Today is indeed, a very proud moment for me and I am very happy to be present amidst you for receiving the Ph.D. (HC). Ladies and Gentleman, I take this opportunity to thank Ballsbridge University for considering me worthy of this award and conferring on me the prestigious Honarary Doctorate Degree in this convocation today. I would like to offer my regards to  Ballsbridge University, Dominica for being kind enough and giving me due recognition to the various contributions made by me over the years in Popularising Science and also for taking Science to every nook and corner of the society. It pleases me that the monitoring committee of this University has applauded my sincere effort for the various Science Projects and Workshops that I had undertaken at the State & National Level, for my involvement in the Guwahati Planetarium as an Amateur Activist, for attending National Workshop on Venus Transit, Telescope Guide, Astronomy Basics, and also for participating in the International Workshop on Space & Technology at the Bhaba Atomic Research Centre (BARC) and so on during the recent times.


I am really indebted to my students who had worked hard and participated in various Academic Workshops and Science Projects throughout the country. As a teacher, I feel proud of my students’ achievement, their creativity and critical acumen, their thirst for knowledge, their eagerness to learn and innovative ideas. They motivate me to work hard every passing day. As a mentor, I take personal interest in matters pertaining to Science and Technology, its advancement, and how Science can be made easy and interesting to my students. My aim is to make Science a subject beyond the classroom for common people. Our children are our future forces. We, as teachers have tremendous responsibilities in moulding their young minds and inculcating in them a sense of discipline and moral values.

Back home, I thank my family, who have been instrumental in motivating me to work hard every day, for their constant love, care and support throughout. Without them nothing could have been achieved. I offer my regards to my family members, colleagues and well wishes as well. 


To conclude, I would like to quote Dr. Sarvepalli Radhakrishnan who said, “Education should be imparted with a view to the type of society that we wish to build. We are working for a modern democracy built on the values of human dignity and equality. These are only ideals: We should make them living forces. Our vision of the future should include these great principles”. 

With these few words, I, once again thank each one of you for your patient listening. Thank you very much.
Jai Hind !

-- Pranabjyoti Das
Principal, Arunodoi Junior College, Tangla.
(My Doctoral Convocation Speech)

Saturday, 18 August 2018

নৰিয়াপাটীত এলবাৰ্ট আইনষ্টাইন


১৯৫৪ চনৰ পৰাই এলবাৰ্ট আইনষ্টাইনৰ পেটৰ বিষটো ক্ৰমে বেছি হৈ আহিছিল। মাজে সময়ে এই পেটৰ বিষটোৱে তেখেতক বৰকৈ আমনি দি আহিছিল। পিছে অধ্যয়ন আৰু ব্যস্ততাপূৰ্ণ দৈনিক কাৰ্যক্ৰমনিকাৰ বাবে আইনষ্টাইনে বিষটোক বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু বিষটো অসহ্যকৰ হৈ অহা বাবে তেওঁ স্থানীয় প্ৰিন্সটোন হস্পিতাললৈ ডাক্তৰৰ পৰামৰ্শ বিচাৰি গ'ল। 

পৰীক্ষা কৰি ডাক্তৰে বুজি পাইছিল যে পেটৰ বিষৰ কাৰণটো সাধাৰণ নহয়। বৰং আইনষ্টাইনৰ শৰীৰলৈ তেজ পৰিবাহী মূল সিৰাডালৰ নিম্ন অংশটো উখহি উঠিছে, যাৰ ফলত পেটৰ বিষ হোৱাৰ লগতে শৰীৰত তেজ পৰিবহনৰ ক্ষেত্ৰত জটিলতা আহিছে। চিকিৎসা বিজ্ঞানত এই ৰোগক abdominal aortic aneurysm বুলি কোৱা হয়। ডাক্তৰে চিকিৎসাৰ প্ৰাৰম্ভিক দায়িত্ব গ্ৰহন কৰি আইনষ্টাইনক খোৱা-বোৱা, নীতি-নিয়ম আদিবোৰ বুজাই দি দৰব পাতিবোৰ দিলে। 

আইনষ্টাইনে নীতি-নিয়ম ক'ত মানে ! ব্যস্ততাৰ বাবে সকলো পাহৰি থাকে। ক্ৰমান্বয়ে আইনষ্টাইনৰ ৰোগটো বেছি হৈ আহিব ধৰিলে। বন্ধু বান্ধৱসকলে তেওঁক উন্নত চিকিৎসাৰ বাবে খাটনি ধৰিলে। পিছে আইনষ্টাইন নাচোৰবান্দা। চিকিৎসাৰ বাবে বাহিৰলৈ গ'লে তেওঁৰ আধৰুৱা হৈ থকা কামবোৰ কেনেকৈ সম্পূৰ্ণ হ'ব ! 

এনেদৰেই কিছুদিন পাৰ হ'ল। বিষটোৱে আইষ্টাইনক উঠা বহাৰ ক্ষেত্ৰটো কষ্ট দিবলৈ আৰম্ভ কৰাত তেওঁ পুনৰ প্ৰিন্সটোন হস্পিতাললৈ গ'ল। এইবাৰ ডাক্তৰে তেওঁক হস্পিতালত ভৰ্তি হ'বলৈ পৰামৰ্শ দিলে। যন্ত্ৰণাত ইচাটি বিচাটি কৰি থকা আইনষ্টাইনে উপায়ন্তৰ হৈ ডাক্তৰৰ কথা মতেই হস্পিতালত ভৰ্তি হ'ল। চিকিৎসা আৰম্ভ হ'ল। কেইদিনমান অপেক্ষা কৰাৰ পিছতো দৰৱ পাতিবোৰে লক্ষনীয় ভাবে একো কাম নকৰাত ডাক্তৰে আইনষ্টাইনক ক'লে : মহাশয়, আপোনাৰ ৰোগটোৱে জটিল ৰূপ লৈছে। সেয়েহে দৰবে বিশেষ কাম দিয়া নাই। শীঘ্ৰে আৰোগ্য লাভৰ বাবে আপোনাৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।

কিছু বিৰক্তিৰে মুৰটো জোকাৰি আইনষ্টাইনে ক'বলৈ ধৰিলে : তোমালোকে মোক ধৰি ৰাখিব বিচাৰিছা। মই মোৰ ইচ্ছানুসৰি পৃথিৱীৰ পৰা আঁতৰি যাবলৈ পালে ভাল পাম। কৃত্ৰিমভাৱে জীয়াই থাকি মই জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰিম। মই যদি যাবই লাগে গুছি যামগৈ, কিয়নো মোৰ কৰণীয় কামবোৰ ইতিমধ্যে কৰিয়েই পেলাইছো। মই হাঁহি মুখেৰেই গুছি যামগৈ ডাক্তৰ। অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। 

১৭ এপ্ৰিল, ১৯৫৫। প্ৰিন্সটোন হস্পিতালৰ বিচনাত চিৎকাৰ কৰি উঠিল বিজ্ঞানী আইনষ্টাইনে। দৌৰি আহিল কৰ্তব্যৰত নাৰ্চ আৰু ডাক্তৰবোৰ। ততাতৈয়াকৈ আইনষ্টাইনক জৰুৰী বিভাগলৈ স্থানান্তৰ কৰা হ'ল। পৰীক্ষা কৰি গ'ম পোৱা গ'ল যে আইনষ্টাইনৰ তলপেটৰ ওচৰত abdominal aortic aneurysmত আক্ৰান্ত ৰক্তবাহী সিৰাডাল ফাটি প্ৰচুৰভাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছে। ডাক্তৰসকল অসহায় হৈ পৰিল। কোনো প্ৰকাৰেই যে চিকিৎসা বিজ্ঞানে একো কৰিব নোৱাৰে…!

১৮ এপ্ৰিল, ১৯৫৫। সময় ৰাতিপুৱা। হস্পিতালৰ কোঠাটোত এগৰাকী নাৰ্চ আৰু ওচৰৰে বিচনাখনত অসুস্থ এলবাৰ্ট আইনষ্টাইন সাৰসুৰ নোহোৱাকৈ শুই আছে। আচলতে বিষ নিৰাময় আৰু টোপনি আহিবলৈ দিয়া ইঞ্জেকচনৰ বাবে তেওঁ টোপনিৰ কোলাত ঢলি পৰিছিল। নাৰ্চ গৰাকীয়ে মন কৰিলে যে আইনষ্টাইনে হাতেৰে কিবা ইংগিত দিব বিচাৰিছে। কথাটো অনুধাৱন কৰিবলৈ তেওঁ আইনষ্টাইনৰ ওচৰলৈ আগবাঢ়ি আহিল। এনেতে জাৰ্মান ভাষাত আইনষ্টাইনে বিৰবিৰকৈ কিবা এটা ক'লে। আমেৰিকান নাৰ্চ গৰাকীয়ে জাৰ্মান বুজি নোপোৱা বাবে এখন্তেক বাহিৰলৈ ওলাই আন কাৰোবাক মাতি অনাৰ কথা ভাবিলে। তেওঁ আকৌ আইনষ্টাইনৰ মুখলৈ চালে। নাই, চকু দুটা মুদি আইনষ্টাইন শুই আছে। 

: May I help you sir ? - নাৰ্চ গৰাকীয়ে সুধিলে।

আইনষ্টাইনৰ পৰা কোনো উত্তৰ নাহিল। তেওঁ কথাষাৰ আকৌ এবাৰ সুধিলে। এইবাৰো প্ৰত্যুত্তৰ নাহিল। সন্দেহবশতঃ নাৰ্চ গৰাকীয়ে আগবাঢ়ি আহি আইনষ্টাইনৰ হাতখনৰ নাড়ী পৰীক্ষা কৰিলে। শান্ত, সৌম্য ভাৱে শুই থকা আইনষ্টাইনৰ নাড়ীৰ স্পন্দন ইতিমধ্যে বন্ধ হৈ গৈছিল। বিশ্বৰ আটাইতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহজন যেন মূহুৰ্তৰ ভিতৰতেই হেৰাই গ'ল এক প্ৰহেলিকাৰ দৰে। কোনেও নেজানিলে আইনষ্টাইনৰ জীৱনৰ শেষ বাক্যকেইটাৰ অৰ্থ !


Sunday, 12 August 2018

গাখীৰৰ পৰা সৃষ্টি কৰা প্ৰদূষণহীন জৈৱ-প্লাষ্টিক


প্ৰাকৃতিক পৰিবেশ, জৈৱ-বৈচিত্ৰ্য আৰু সামগ্ৰিকভাবে আমাৰ জীৱন প্লাষ্টিক প্ৰদূষণৰ কবলত ভাৰাক্ৰান্ত। প্লাষ্টিকৰ বিভিন্ন ধৰণৰ সুবিধা থকাৰ পাছতো বৰ্তমান প্লাষ্টিক প্ৰদূষণে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছে। উল্লেখ্য যে ভাৰতবৰ্ষত প্ৰতি ঘণ্টাত প্ৰায় ১ লাখ প্লাষ্টিকৰ বটল ক্ৰয় কৰা হয় কেবল মিনাৰেলযুক্ত পানীৰ বাবে। একেদৰে প্ৰতি দিনে আমাৰ দেশত বজাৰ সমাৰ কৰাৰ বাবে প্ৰায় ৫০ লাখ প্লাষ্টিকৰ বেগ ব্যৱহাৰ হয়। ব্যৱহাৰৰ পিছত এই প্লাষ্টিকৰ বটল অথবা বেগবোৰ বাটে ঘাটে পৰিতক্ত সামগ্ৰী হিচাবে পৰি ৰয়। আমি ব্যৱহাৰ কৰা এই সমুহ প্লাষ্টিকৰ ৫০ শতাংশ প্লাষ্টিকহে পুনৰ ব্যৱহাৰযোগ্য। ইয়াৰ উপৰিও সমূদ্ৰত বছৰি প্ৰায় ১ কোটি টন প্লাষ্টিক আৱৰ্জনা হিচাপে জমা হয়, যাৰ ফলত সমুদ্ৰ পৃষ্ঠৰ লগতে সাগৰৰ জীৱকুলো বিস্তৰভাবে ক্ষতিগ্ৰস্ত হৈছে।

প্লাষ্টিক প্ৰদূষণে মানব সভ্যতাক ক্ৰমে অন্ধকাৰ ভৱিষ্যতৰ দিশে কঢ়িয়াই নিব লাগিছে। বিশ্বৰ বহনক্ষম বিকাশৰ ধাৰণাটোক সফল কৰি তুলিবৰ বাবে তথা পৃথিৱী নামৰ গ্ৰহটো আৰু ইয়াৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত বৰ্তমান সময়চোৱাত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, প্লাষ্টিকৰ বিকল্পৰ সন্ধান কৰা আৰু প্ৰাকৃতিক ভাবে বিযোজিত হোৱা জৈৱ-প্লাষ্টিক সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বিষয় হিচাবে পৰিগণিত হৈছে।

তেনে এক উদ্দেশ্য আগত ৰাখিয়েই বিশ্বৰ বিভিন্ন স্থানৰ বিজ্ঞানী সকলে পৰিবেশৰ অনুকুল জৈৱ-প্লাষ্টিক তৈয়াৰ কৰাৰ বাবে গৱেষণা অব্যাহত ৰাখিছে। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই বিজ্ঞানী সকলে গাখীৰৰ পৰা প্লাষ্টিক উদ্ভাৱন কৰাৰ পথ বাচি উলিয়াইছিল। বৰ্তমান বিজ্ঞানী সকলে গাখীৰত থকা প্ৰটিন "কেচিন"ৰ পৰা এবিধ প্লাষ্টিক তৈয়াৰ কৰি উলিয়াইছে। "লেপ্টিক্স" নামেৰে নামাকৰণ কৰা এই জৈৱ-প্লাষ্টিকবিধ পৰিবেশৰ অনুকুল আৰু আচৰিত হ'লেও সত্য যে ইয়াক খাদ্য হিচাবেও গ্ৰহণ কৰিব পাৰি।

লেপ্টিক্স নামৰ জৈৱ-প্লাষ্টিক বিধ তৈয়াৰ কৰিবলৈ বিজ্ঞানী সকলে নিৰ্দিষ্ট পৰিমানৰ গাখীৰ উতলাই তাত কিছু পৰিমানৰ এছিটিক এচিদ মিহলাই গাখীৰৰ পৰা দুগ্ধ প্ৰটিন কেচিনক পৃথক কৰি লৈছিল। এই কেচিন নামৰ প্ৰটিনবিধ কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু নাইট্ৰজেন পৰমাণুৰে গঠিত একোটা জৈৱ অনু। বিজ্ঞানী সকলে পৰীক্ষাগাৰত এই কেচিন অনুবোৰ বহুযোজীকৰণ বিক্ৰিয়াৰে দীঘল শৃংখলযুক্ত জটিল গঠনৰ একোটা বহুযোজী বা পলিমাৰলৈ ৰূপান্তৰ কৰিছিল। গাখীৰত থকা প্ৰটিন কেচিনৰ পৰা তৈয়াৰ কৰা লেপ্টিক্স, গালালিথ আৰু এৰিনইড আদি জৈৱ প্লাষ্টিকবোৰ ইতিমধ্যে পাশ্চাত্য দেশবোৰত চাৰ্টৰ বুটাম, মণি, ফণি, দাঁত ঘঁহা ব্ৰাছ, পুতলা, খাদ্য সংৰক্ষণ কৰা পাত্ৰ, চকলেট মেৰিয়াই ৰখা আৱৰণ আদি তৈয়াৰ কৰাত ব্যৱহৃত হৈছে। এনে ধৰণৰ জৈৱ-প্লাষ্টিকৰ আৱিষ্কাৰে আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। হয়তো অচিৰেই আমি প্লাষ্টিক নামৰ দানৱটোৰ আক্ৰমণৰ পৰা হাত সৰাৰ পথ বিচাৰি পাম।