Friday, 30 November 2018

উৰন্ত চাকি : ভিন্ন গ্ৰহৰ প্ৰাণীৰ মহাকাশযান


ভিন্ন গ্রহৰ প্ৰাণীৰ অস্তিত্বক লৈ জল্পনা-কল্পনাৰ শেষ নাই। মাজে সময়ে বাতৰিৰ শিৰোনামা দখল কৰি প্ৰকাশ হয় UFO অথবা অচিনাক্ত উৰন্ত চাকিৰ খবৰ। সেই বাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় বিতর্ক। একাংশ মানুহৰ মতে সেয়া সত্য আনহাতে আন একাংশৰ মতে এয়া দৃষ্টিভ্ৰম অথবা মনে সজা কাহিনী। সেয়া যিয়েই নহওঁক, সাম্প্ৰতিক সময়চোৱাৰ বাবে উৰন্ত চাকি সঁচাকৈয়ে এক ৰহস্যময় সাঁথৰ।

উৰন্ত চাকি সঁচাকৈয়ে বাৰু দৃষ্টিভ্রম নেকি ? ভিন্ন গ্রহত প্রাণ থকাৰ সম্ভাৱনাক বিজ্ঞানে অস্বীকাৰ কৰা নাই। বিজ্ঞানৰ মতে মহাবিশ্বৰ ক'ৰবাত নহয় ক'ৰবাত বুদ্ধিমান প্রাণী থাকিব পাৰে। সেই প্ৰাণীবোৰ মানুহতকৈও বেছি বুদ্ধিমানো হ'ব পাৰে অথবা তেনেই চালুকীয়া অৱস্থাতো থাকিব পাৰে।  

কিছুমান লোকৰ মতে ভিন্নগ্ৰহৰ প্ৰাণীবোৰ আমাতকৈও বেছি বুধিয়ক আৰু তেওঁলোকে মাজে সময়ে বিশেষ আকৃতিৰ মহাকাশযানেৰে তেওঁলোকৰ গ্ৰহৰ পৰা আমাৰ পৃথিৱীলৈ আহে। পৃথিৱীৰ আকাশত হঠাতে কেতিয়াবা এই ভিন্নগ্ৰহী মহাকাশ যানবোৰ কোনো কোনো মানুহে স্বচক্ষে দেখা পোৱা বুলি দাবী কৰি আহিছে। তেওঁলোকৰ দাবীক প্ৰমাণিত কৰিবলৈ এই মহাকাশ যানবোৰৰ আলোকচিত্ৰও তেওঁলোকে দেখুৱাইছে। এই আলোকচিত্ৰবোৰত দেখা যোৱা উৰন্ত যানবোৰকেই UFO বা অচিনাক্ত উৰন্ত চাকি বুলি অভিহিত কৰা হয়।

যদিও এই আলোকচিত্ৰ সমূহ ভিন্নগ্ৰহী মহাকাশযানৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবে বিজ্ঞান সন্মত প্ৰমাণ নহয়, অন্যান্য কেতবোৰ আনুসংগিক বিষয়ে UFO বা অচিনাক্ত উৰন্ত চাকিৰ ধাৰণাটোক জীয়াই ৰাখিছে। উদাহৰণস্বৰূপে ইউৰোপ প্ৰভৃতি দেশৰ শস্যক্ষেত্ৰৰ মাজত দেখা পোৱা বিশালাকাৰ "ক্ৰপ চাৰ্কোল" অথবা নিশাটোৰ ভিতৰতেই মাটিত অংকিত হোৱা অতি বৃহৎ আকাৰৰ জ্যামিতিক নক্সাবোৰলৈ আঙুলিয়াব পাৰি। UFO বা অচিনাক্ত উৰন্ত চাকিক বিশ্বাস কৰা লোক সকলৰ মতে ভিন্ন গ্ৰহৰ প্ৰাণীয়ে এই নক্সা বা ক্ৰপ চাৰ্কোলবোৰৰ জৰিয়তে পৃথিৱীবাসীলৈ কিবা বাতৰি দি গৈছে। 

অনেকে ক'ব খোজে যে ক্ৰপ চাৰ্কোল সমূহ পৃথিৱীৰেই কোনো শিল্পীৰ দ্বাৰা তৈয়াৰী। কিন্তু আচৰিত কথাটো হ'ল যে শস্য ক্ষেত্ৰৰ মাজত অংকিত কৰা অগণন তথা বৃহৎ বৃহৎ ক্ৰপ চাৰ্কোলবোৰ অংকন কৰা কোনো শিল্পীকেই আজিলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। তেন্তে ৰাতিটোৰ ভিতৰতেই কোনো অংকিত কৰি থৈ যায় এই ক্ৰপ চাৰ্কোলবোৰ !!!

এই ক্ৰপ চাৰ্কোলবোৰ ৰহস্যাবৃত। প্রথমতে শস্যৰ মাজত অংকিত এই নক্সাবোৰ সহজ সৰল জ্যামিতিক পেটার্ন যেনে বৃত্ত, চতুৰ্ভূজ অথবা ত্ৰিভুজ আছিল। কিন্তু পিছলৈ শস্যক্ষেত্ৰৰ মাজত  অত্যন্ত জটিল জ্যামিতিক গঠনে ঠাই ল'বলৈ আৰম্ভ কৰে। এই ধৰণৰ শস্যক্ষেত্ৰৰ মাজৰ অংকনবোৰ ১৯৭০ৰ দশকৰ পৰা প্রচুর পৰিমানে দেখা পোৱা গৈছিল। ইংলেণ্ডকে আদি কৰি ইউৰোপৰ অন্যান্য দেশবোৰৰ লগতে ইন্দোনেছিয়া, আমেৰিকা আৰু অষ্ট্রেলিয়াত এই ধৰণৰ অংকনবোৰ সঘনাই দেখা গৈছিল।

এই শিল্পকর্ম সমূহ অপূৰ্ব আৰু তাতকৈও আচৰিত কথা এই যে এই সমস্ত শিল্প কৰ্ম ৰাতিটোৰ ভিতৰতেই সম্পন্ন হয়। কোন এই প্রতিভাবান ৰহস্যময় শিল্পী ? কিয়ই বা তেওঁ সংগোপনে অংকন কৰি যায়হি এইবোৰ নক্সা ? এই প্রশ্নবোৰৰ কোনো উত্তৰেই আজিলৈকে আমাৰ হাতত নাই। বতর্মান আধুনিক বিশ্বৰ এনে বহুতো ৰহস্যৰ মাজত UFO বা অচিনাক্ত উৰন্ত চাকিও অন্যতম। 

UFOবোৰ পৃথিবীৰ বিভিন্ন স্থানৰ পৰা বহুবাৰ দেখা পোৱা বুলি দাবী কৰা হৈছে। এই UFOবোৰ পৃথিবীৰ কোনো পৰিচিত বস্তুৰ লগতেই মিল নাখায়। তদুপৰি আমাৰ দ্বাৰা আৱিষ্কৃত বিজ্ঞানৰ কোনো তত্ব বা সূত্ৰৰ সহায়তো ইয়াৰ ব্যাখ্যা দাঙি ধৰিব নোৱাৰি। উৰন্ত এই চাকিবোৰক লৈ পৃথিৱীৰ বিভিন্ন স্থানত অনেক গবেষণা হৈছে, কিন্তু তৎসত্বেও বিজ্ঞানীসকলে এই ৰহস্যৰ ভেদ ভাঙিব পৰা নাই। UFO শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে Unidentified Flying Object বা ফ্লায়িং চ'চাৰ। এইবোৰ বিভিন্ন আকৃতিৰ হ'ব পাৰে। বেছিভাগ উৰন্ত চাকিয়েই এটা চকৰিৰ দৰে গঠনৰ আৰু অতি উজ্বল আলোকেৰে আলোকিত। প্ৰত্যক্ষদৰ্শীৰ মতে এইবোৰে হোভাৰক্রাফ্ট এখনৰ দৰেই পোনে পোনে অৰ্থাৎ উলম্ব ভাবে ভূমিত অবতৰণ কৰিব পাৰে। এইবোৰৰ গতিবেগো অতি বেছি আৰু সেয়ে অতি কম সময়ৰ ভিতৰতেই মানব দৃষ্টিৰ পৰা  অদৃশ্য হৈ যাব পাৰে। প্ৰত্যক্ষদৰ্শী সকলে দিয়া তথ্য অনুসৰি UFOবোৰে খুব শক্তিশালী চুম্বক ক্ষেত্র সৃষ্টি কৰি চৌপাশৰ সকলো বৈদ্যুতিক আহিলাক নিস্ক্ৰিয় কৰি পেলাব পাৰে। তেওঁলোকৰ মতে এই UFO বোৰেই হ'ল ভিন্ন গ্রহী প্ৰাণীৰ মহাকাশ যান। এই মহাকাশযানত উঠিয়েই ভিন্ন গ্ৰহৰ প্ৰাণীবোৰে পৃথিৱীলৈ আহি আমাক নিৰীক্ষণ কৰে। সম্ভৱতঃ তেওঁলোক প্ৰযুক্তিৰ দিশত আমাতকৈ বেছি আগবঢ়া আৰু আমাৰ তেনেই চালুকীয়া প্ৰযুক্তিৰ লগত থকা পাৰ্থক্যৰ বাবে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পৰা নাই। অথবা আমি তেওঁলোকৰ বাৰ্তা গ্ৰহন কৰিব পৰা নাই। 

উৰন্ত চাকি পৃথিবীৰ অসংখ্য মানুহে বহুবাৰ প্রত্যক্ষ কৰিছে বুলি দাবী কৰিছে। তাৰ মাজত আমেৰিকাৰ প্ৰায় ১০০০০ মানুহে একেলগে ১৯৬৬ চনত এটা UFO দেখা বুলি দাবী কৰিছে। একেদৰে চীনদেশতো বহু লোকে স্বচক্ষে UFO দেখা বুলি কৈছে। ইয়াৰ উপৰিও বিশ্বব্যাপী বিভিন্ন স্থানৰ আকাশত উৰন্ত চাকিয়ে ভূমুকি মৰা বুলি বাতৰি প্ৰচাৰ হৈছে। বিগত ২০১০ চনতো জাপানৰ আকাশত UFO দেখা বুলি বাতৰি ওলাইছিল।

UFO সম্বন্ধে এই বাতৰিবোৰ পিছে বহুতেই মিছা বুলি কয়। তেওঁলোকৰ মতে UFO বোৰ মানব সৃষ্ট কেতবোৰ বৈদ্যুতিক যতন হে মাথোন। সৰ্বসাধাৰণ মানুহক বুৰ্বক সাজিবলৈ কোনো কোনো লোকে ৰিম'ট কণ্ট্ৰোলৰ সহায়ত এনে ধৰণৰ বৈদ্যুতিক যতনবোৰ আকাশত উৰুৱাই মানুহক আমোদ আৰু চিন্তাৰ খোৰাক দিছে। ৰহস্যময় পৃথিৱীত মানুহে ৰহস্যৰ লগতে মোকাবিলা কৰি ভাল পায়। এই ৰহস্যৰ ভেদ ভাঙিবলৈ গৈয়েই মানুহে আৱিষ্কাৰ কৰি গৈছে ইটোৰ পিছত সিটোকৈ নতুন নতুন তথ্য। এদিন এই ৰহস্যপ্ৰেমী মানুহেই ভেদ ভাঙিব আন এটি ৰহস্যৰ, যাৰ নাম UFO বা অচিনাক্ত উৰন্ত চাকি।

Monday, 26 November 2018

অন্য গ্ৰহৰ প্ৰাণী আৰু কিছুমান প্ৰশ্ন


পৃথিবীৰ বাহিৰে এই মহাবিশ্বৰ আন কোনো স্থানত প্রাণৰ অস্তিত্ব আছেনে? বিজ্ঞানী সকলৰ লগতে সৰ্বসাধাৰণ মানুহৰ মনতো এয়া এক উত্তৰবিহীন প্ৰশ্ন। বিজ্ঞানী সকলে বিশ্বাস কৰে যে অন্তহীন ব্ৰহ্মাণ্ডৰ কোনো অজানতিমুলুকত নিশ্চয় কোনো জীৱনৰ অস্তিত্ব আছে। এই বিশ্বাস ইমানেই গভীৰ যে ১৯৭০ চনতেই বিজ্ঞানী সকলে বিলিয়ন বিলিয়ন ডলাৰ খৰছ কৰি ভয়েজাৰ-১ নামৰ এক মহাকাশযানত পৃথিবীৰ মোটামুটি প্ৰায় কেইটা ভাষাত অন্য গ্ৰহৰ জীৱ সকলক উদ্দেশ্যি শুভেচ্ছা বাণী ৰেকর্ড কৰি মহাকাশলৈ প্ৰেৰণ কৰিছে। এই মহাকাশ যানখনে ইতিমধ্যে সৌৰজগতৰ সীমনা অতিক্ৰম কৰি বহিঃ মহাকাশত প্ৰৱেশ কৰিছে। বিজ্ঞানী সকলৰ আশা, যদিহে কোনো বুদ্ধিমান এলিয়েন বা বহিঃ বিশ্বৰ প্ৰাণীৰ দৃষ্টিত ভয়েজাৰ-১ ধৰা পৰে, তেন্তে তেওঁলোকে পৃথিৱীবাসীৰ শুভেচ্ছা গ্ৰহণ কৰাৰ লগতে পৃথিৱীবাসীৰ লগত যোগাযোগো কৰিব পাৰিব। 

এলিয়েন বা অন্য গ্রহৰ প্রাণী সম্বন্ধে বেছিভাগ বিজ্ঞানীয়েই মত পোষণ কৰে যে সেই সকলোবোৰ গ্রহতেই জীৱনৰ উপস্থিতি সম্ভৱ যিবোৰত আমাৰ পৃথিবীৰ দৰেই এক পৰিবেশ আছে। ইতিমধ্যে বিজ্ঞানী সকলে একাধিক পৃথিৱী সদৃশ গ্ৰহ আৱিষ্কাৰো কৰিছে। তেওঁলোকে পৃথিবী সদৃশ এই গ্ৰহবোৰত অক্সিজেন, তৰল পানী বা কার্বনৰ যৌগ যেনে কার্বহাইড্রেট, এমিনো এচিড আদিবোৰৰ সন্ধানত ব্ৰতী হৈ আছে।

বিজ্ঞানী সকলৰ মাজৰ কিছুমানে এলিয়েন সম্পৰ্কে ভিন্ন মত পোষণ কৰিছে। সেই সকলৰ ভিতৰত ইউৰোপৰ অষ্ট্ৰিয়াম স্পেচ কোম্পানীত কৰ্মৰত বিখ্যাত মহাকাশ জীৱবিজ্ঞানী ড° ম্যাগী অলড্রিন অন্যতম। তেওঁৰ মতে এলিয়েনবোৰ আমাৰ পৃথিৱীবাসীৰ দৰে কাৰ্বনযুক্ত জৈৱ পদাৰ্থৰে তৈয়াৰী নহৈ ছিলিকনৰ যৌগৰে গঠিত হোৱাৰ সম্ভাৱনা বেছি। এই এলিয়েনবোৰৰ DNA ছিলিকনযুক্ত অথবা এইবোৰ সম্পূৰ্ণ DNA বিহীন। যিহেতু এই এলিয়েনবোৰৰ কোষীয় গঠন আমাৰ পৰা সম্পূর্ণ ভিন্ন, সেয়ে অন্য গ্ৰহৰ এই প্ৰাণীবোৰ হয়তো অক্সিজেন অবিহনে মিথেন গেছেৰে তৈয়াৰী বায়ুমণ্ডলৰ সহায়তেই জীয়াই থাকিব পাৰে।

এই ধাৰণাটোক বিজ্ঞ সমাজে গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। পৰ্যাবৃত্ত তালিকাত ছিলিকনৰ অৱস্থান কার্বনৰ থিক তলতেই। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে ছিলিকন আৰু কার্বনৰ ৰসায়নিক ধর্ম প্ৰায় একেই। অৰ্থাৎ ছিলিকনে প্ৰায় কাৰ্বনৰ দৰে একে যৌগ গঠন কৰে। 

ড° ম্যাগী অলড্রিনৰ মতে বর্তমান আৱিষ্কাৰ হোৱা পৃথিৱী সদৃশ গ্রহবোৰৰ পৰিবেশ বিশ্লেষণ কৰিলে আমাৰ হাতীপটি তাৰকাৰাজ্যতেই ৪টা গ্রহত ছিলিকনেৰে তৈয়াৰী বুদ্ধিমান জীৱৰ উপস্থিতি সম্ভব। অৱশ্যে বুদ্ধিমান হ'লেও এই এলিয়েন সমূহে পৃথিৱীলৈ আহি আমাৰ লগত সম্পৰ্ক কৰাৰ আশা নাই কাৰণ যিহেতু এই এলিয়েনবোৰৰ কোষীয় গঠন আমাৰ দৰে নহৈ ছিলিকনেৰে গঠিত, সেয়ে আমাৰ পৃথিৱীৰ পৰিবেশত এইবোৰ বাচি থকাৰ সম্ভাৱনা ক্ষীণ। 

ধৰা হ'ল পৃথিৱীৰ বিজ্ঞানী সকলে কোনো বহিঃ গ্ৰহত এলিয়েনৰ উপস্থিতি ধৰা পেলালে। তেতিয়া বিজ্ঞানী সকলে তেওঁলোকৰ লগত যোগাযোগ কৰাটো সম্ভৱ হ'বনে? ১৯৭০ চনতেই প্ৰেৰণ কৰা ভয়েজাৰ-১ নামৰ মহাকাশ যানখন ৪৫ বছৰ পিছত সৌ সিদিনাহে আমাৰ সৌৰজগতৰ শেষ সীমাত উপস্থিত হৈছেগৈ। তেনেস্থলত আমাৰেই তাৰকাৰাজ্যৰ অন্য এক সৌৰজগতলৈ মহাকাশযান প্ৰেৰণ কৰি তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰাটো এক জটিল অধ্যায়। কাৰণ আমাৰ পাৰ্শ্চৱৰ্তী সৌৰজগত খনলৈ যাবলৈ আমাক সময় লাগিব প্ৰায় ৭৬০০০ বছৰ।

Tuesday, 20 November 2018

পৃথিৱীৰ বুকুত এটি কৃত্ৰিম সূৰ্যোদয়


সূর্যতকৈও ছয়গুণ বেছি উত্তপ্ত এটি কৃত্রিম সূর্য ! সৌ সিদিনা মাত্ৰ পৃথিৱীৰ বুকুতেই ১৮০ মিলিয়ন ডিগ্রী ফাৰেণহাইট উষ্ণতা উৎপন্ন কৰিব পৰা এটি কৃত্ৰিম সূৰ্য তৈয়াৰ কৰি চীনে বিশ্ববাসীক চমকিত কৰি তুলিছে। সূর্যৰ দৰেই শক্তি উৎপাদন কৰাৰ লক্ষ্যৰে এই কৃত্রিম সূর্যটো তৈয়াৰ কৰা হৈছে। আমাৰ সৌৰজগতৰ একমাত্ৰ নক্ষত্র সূর্যৰ অভ্যন্তৰত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ দ্বাৰা যি ব্যাপক উত্তাপ সৃষ্টি হয়, তাতকৈও ছয়গুণ বেছি উত্তাপ সৃষ্টি কৰিব পৰা এই কৃত্রিম সূর্যটোৰ সহায়ত পৃথিৱীৰ বুকুতেই হাইড্র'জেনৰ পৰা বিদ্যু্ৎ শক্তি উৎপাদন কৰা হ'ব।

এটি কার্যকৰী "নিউক্লিয় ফিউচন ৰিয়েক্টৰ" তৈয়াৰ কৰাৰ সৰ্ব প্ৰথম প্ৰচেষ্টা জাৰ্মান বিজ্ঞানী সকলে কৰিছিল। ২০১৬ চনৰ শেষৰ পিনে জুৰিখত অৱস্থিত জার্মান এৰোস্পেচ চেণ্টাৰত বন বিশ্ববিদ্যালয়ৰ জ্যোতির্বিজ্ঞানী সকলৰ তত্বাবধানত ১৪৯ টা জেনন "চর্ট-আর্ক লেম্প" ব্যৱহাৰ কৰি পৃথিৱীৰ বুকুত প্ৰথমটো কৃত্রিম সূর্য তৈয়াৰ কৰা হৈছিল। বিজ্ঞানী সকলে এই কৃত্রিম সূর্যটোৰ নাম ৰাখিছিল "সিনলাইট"। ৫২ ফুট প্ৰস্থ আৰু ৪৫ ফুট উচ্চতা বিশিষ্ট এই ‘'সিনলাইট’' নামৰ কৃত্রিম সূর্যটোৱে প্ৰায় ৫৪৪০ ডিগ্রী ফাৰেনহাইট উত্তাপ সৃষ্টি কৰিব পাৰে। জাৰ্মান বিজ্ঞানীসকলে এই উষ্ণতাৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিছে।

পিছে সম্প্ৰতি চীন দেশৰ "হেফোই ইনষ্টিটিউট অফ ফিজিকেল চায়েন্সে"ৰ বিজ্ঞানী সকলে তৈয়াৰ কৰা কৃত্রিম সূর্যটোৱে আমাৰ সৌৰজগতৰ সূর্যতকৈও ছয়গুণ বেছি উত্তাপ উৎপন্ন কৰিব পৰা বিষয়টোৱে যথেষ্ঠ তাৎপৰ্য বহন কৰিছে। এই প্ৰকল্পটোৱে যদি সফলতা লাভ কৰে, তেন্তে হাজাৰ হাজাৰ কোটি টকা মূল্যৰ পৰিবেশৰ অনুকুল বিদ্যুৎ শক্তি উৎপাদন সম্ভব হৈ উঠিব। চীনৰ বিজ্ঞানী সকলৰ মতে জলবায়ু পৰিবর্তনৰ সমস্যাৰ পৰাও পৃথিবীক ৰক্ষা কৰাত সহায়ক হ'ব এই কৃত্ৰিম সূৰ্যটো।

এই কৃত্ৰিম সূৰ্যটোৰ সহায়ত অতি কম খৰছতেই আৰু নিৰাপদ ভাবে নিউক্লিয় সংযোজন বিক্ৰিয়া সংঘটিত কৰি অফুৰন্ত পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব। এই সংযোজন বিক্ৰিয়াত ক্ষতিকাৰক নিউক্লিয় বর্জ্য পদাৰ্থ উৎপন্ন নহয় বাবে ইয়াক পৰিবেশৰ অনুকুল বুলি দাবী কৰিছে চীনৰ বিজ্ঞানীসকলে। এই কৃত্ৰিম সূৰ্যটোৰ সহায়ত হাইড্র'জেনক হিলিয়ামলৈ ৰূপান্তৰ কৰি যি প্ৰভূত পৰিমানৰ তাপ শক্তি আহৰণ কৰাৰ লক্ষ স্থিৰ কৰা হৈছে, সেয়া থিকে থাকে আগবাঢ়িলে অহা ২০২৫ চন মানৰ পৰা পৃথিৱীৰ বুকুত বাণিজ্যিক ভাবে বিদ্যুৎ উৎপাদন কৰাৰ এটি পৰিবেশ বান্ধব পদ্ধতি আৰম্ভ হ'ব। এতিয়া আমি কৰিব লাগিব মাথোন অপেক্ষা।

Friday, 9 November 2018

জেঠীৰ ছিঙি যোৱা নেজডাল আৰু কিছু সম্ভাৱনা



ঘৰৰ চিলিং অথবা বেৰত সপ্ৰতিভ হৈ গতি কৰা নেজ ছিঙা জেঠীটো আপুনি নিশ্চয় মন কৰিছে। জেঠীটো দেখি আপোনাৰ মনত নিশ্চয় কেইটিমান প্ৰশ্নৰো উদয় হৈছে; এই ধৰক - 
ছিঙি যোৱাৰ পিছতো নেজডালে ধৰফৰাই আছে কেনেকৈ? নেজডাল ছিঙা বাবে জেঠীটো যন্ত্ৰণাত কাতৰ হৈছে নেকি? জেঠীটোৰ নেজডাল বাৰু ছিঙিলেই বা কিয়? পুনৰ গজিবনে ছিঙি যোৱা নেজডাল?

জেঠী, তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ আদি সৰীসৃপবোৰৰ বাবে নেজ ছিঙি যোৱা পৰিঘটনাটো একোটা স্বাভাৱিক ঘটনা। শত্ৰুৰ আক্ৰমনৰ পৰা ৰক্ষা পৰিবলৈ এই প্ৰাণীসমূহে নিজৰ নেজডাল ছিঙি পেলায়। ছিঙি যোৱা নেজডালে ধৰফৰাই থাকি আক্ৰমনকাৰীক বিবুধিত পেলায় আৰু ইয়াৰ সুযোগ গ্ৰহন কৰি জেঠী বা তেজপিয়াটো সেই স্থানৰ পৰা নিৰাপদে আঁতৰি যায়। 

আচৰিত হ'লেও সঁচা যে ছিঙি যোৱা নেজডাল কিছুদিনৰ ভিতৰত পুনৰ গজি উঠে। তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ প্ৰভৃতি প্ৰাণীবোৰৰ নেজডাল পুনৰ গজি উঠিবলৈ প্ৰায় ৩০ দিন সময় লাগে যদিও জেঠীৰ ক্ষেত্ৰত ২০ দিন মানৰ ভিতৰতেই নতুন নেজডাল গজি উঠে।

জেঠীৰ নেজৰ হাড়ডাল কশেৰুকা নামৰ কেতবোৰ সৰু সৰু হাড়ৰ সমষ্টি। এই কশেৰুকাবোৰৰ সহায়তেই মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ ৰাজহাড়ডালো সৃষ্টি হয়। জেঠীৰ নেজ আৰু ৰাজহাড়ৰ কশেৰুকাবোৰ এনেদৰে এটাৰ লগত আনটো সংযুক্ত থাকে যে ৰাজহাড় আৰু নেজৰ সংযোগ স্থলত এটা আপেক্ষিক ভাবে দুৰ্বল অংশ থাকে। এই অংশটোত কশেৰুকাৰ সংযুক্তি ইমানেই থুনুকা যে এটি সাধাৰণ আঘাত বা খুন্দাৰ ফলতেই নেজডাল শৰীৰৰ পৰা বিচ্ছিন্ন হৈ যাব পাৰে।

জেঠী বা তেনে জাতীয় সৰীসৃপবোৰৰ শৰীৰৰ স্নায়ুতন্ত্র আৰু ৰক্তবাহী নলীসমূহো এই থুনুকা সংযোগ স্থল পৰ্যন্ত বিৰাজমান। ফলস্বৰূপে এই স্থানত কোনোধৰণৰ স্পর্শানুভূতিও নেথাকে। অর্থাৎ কোনো আঘাতৰ ফলত নেজডাল ছিঙি গ'লেও জেঠীটোৱে বিষ বা বেদনা অনুভৱ নকৰে। আনহাতে ৰক্তবাহী নলীকাৰ অনুপস্থিতিৰ বাবে নেজডাল ছিঙি গ'লেও তাৰপৰা কোনো ৰক্তক্ষৰণ নহয়।

ছিঙি যোৱা নেজডাল শৰীৰৰ মুল অংশৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত নেজডালৰ মাংসপেশী সমূহলৈ অক্সিজেনৰ প্ৰবাহত বাধা জন্মে। ফলত নেজত থকা সংকোচনশীল পেশীকোষৰ এক্টিন আৰু মায়োচিনৰ সংকোচন প্রসাৰণ দ্ৰুত হৈ পৰে। এক্টিন আৰু মায়োচিনৰ এই দ্ৰুত সংকোচন প্রসাৰণৰ বাবে কিছুপৰ অবিৰত ভাবে ছিঙি যোৱা নেজডালে ধৰফৰাই থাকে।

জেঠীৰ ছিঙি যোৱা নেজৰ পুনৰোৎপাদন প্ৰক্ৰিয়াটো জীৱ বিজ্ঞানী সকলৰ লগতে চিকিৎসা বিজ্ঞানীসকলৰ বাবেও এক গুৰুত্বপূৰ্ণ বিষয়। তাৰ প্ৰধান কাৰণ হ'ল মানুহকে ধৰি সকলো স্তন্যপায়ী প্ৰাণীৰ দৰে জেঠীৰ স্নায়ুৰজ্জুও পিঠিত শেষ নহৈ নেজ পর্যন্ত বিস্তৃত হৈ থাকে। যেতিয়া জেঠীৰ ছিঙি যোৱা নেজডাল নতুনকৈ গজিবলৈ আৰম্ভ কৰে, তেতিয়া সেই নেজডালৰ লগতে নতুনকৈ স্নায়ুৰজ্জুডালো বৃদ্ধি হ'বলৈ ধৰে। এতিয়া বিজ্ঞানী সকলৰ বাবে গৱেষণাৰ বিষয় - জেঠীৰ ছিঙি যোৱা নেজ আৰু স্নায়ুৰজ্জুৰ পুনৰোৎপাদনেই বা কেনেদৰে হয়!

ইতিমধ্যে জীৱবিজ্ঞানী সকলে স্নায়ুৰজ্জুৰ পুনৰোৎপাদন সম্বন্ধে যথেষ্ঠ গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। স্নায়বিক আঘাতৰ বাবে বহু মানুহৰ জীৱন পংগু হৈ পৰিছে। বিজ্ঞানী সকল আশাবাদী যে জেঠীত ছিঙা নেজৰ পুনৰোৎপাদন পৰিঘটনাৰ পৰা আহৰণ কৰা গৱেষণালব্ধ জ্ঞানে অচিৰেই স্নায়ুৰজ্জুৰ আঘাটত ভোগা অসংখ্য মানুহক পংগুত্বৰ পৰা মুক্তি দি স্বাভাৱিক জীৱন অতিবাহিত কৰাৰ এটি সুৱৰ্ণ সুযোগ দিব পাৰিব, কিয়নো তেনে লোকৰ দেহত স্নায়ুৰজ্জুৰ পুনৰোৎপাদন প্ৰক্ৰিয়া সোনকালেই সম্ভৱ হৈ পৰিব।

Wednesday, 24 October 2018

দুবাৰ জন্ম লোৱা ছোৱালীজনী


গৰ্ভধাৰণৰ ১৬ সপ্তাহ পিছত ২০১৬ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা দিনত নিয়মানুসৰি চেক-আপ কৰাৰ বাবে স্বামীৰ সতে একেলগে চিকিৎসকৰ কাষ চাপিল মার্গাৰেট বোয়েমাৰ নামৰ মহিলা গৰাকী। চিকিৎসকে আল্ট্ৰাচাউণ্ড যন্ত্ৰৰ সহায়ত মার্গাৰেটৰ গৰ্ভস্থ সন্তানটিৰ বৃদ্ধি আৰু বিকাশৰ বিভিন্ন দশাসমূহ পুংখানুপুংখ ভাবে পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিলে।

স্থান আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাচ চহৰ। মাৰ্গাৰেট আৰু তেওঁৰ স্বামীক ইতিমধ্যে জনাই দিয়া হৈছিল যে তেওঁলোক এগৰাকী কন্যা সন্তানৰ পিতৃ মাতৃ হ'ব। উল্ল্যেখযোগ্য যে আমেৰিকাত জন্মৰ আগেয়ে সন্তানৰ লিংগ নিৰূপন কৰাটো আইনৰ ফালৰ পৰা দোষণীয় নহয়। আমাৰ দেশত অৱশ্যে ১৯৯৪ চনৰ পৰা আইন মতে Pre-Conception and Pre-Natal Diagnosis এক দণ্ডনীয় অপৰাধ। যিয়েই নহওঁক বাৰু, পিতৃ মাতৃয়ে মৰমতে উপজিব লগা সন্তানৰ নাম ৰাখিলে "লিনলি"। তেওঁলোকৰ চকুত অযুত সপোন। শয়ণে সপোনে কেবল লিনলি আৰু লিনলি……

আল্ট্ৰাচাউণ্ড যন্ত্ৰৰ লগতে সংলগ্ন হৈ থকা মনিটৰত চিকিৎসকৰ লগতে মাৰ্গাৰেট আৰু তেওঁৰ স্বামীয়েও একেথৰে চাই ৰৈছে। মাৰ্গাৰেটৰ গৰ্ভত একলা দুকলাকৈ বাঢ়ি অহা লিনলিৰ সৰু সৰু হাত ভৰিবোৰৰ সঞ্চালন দেখি মাৰ্গাৰেট আৰু তেওঁৰ স্বামী পুলকিত হৈ পৰিছে। কিন্তু চিকিৎসকগৰাকী যে নিৰ্বিকাৰ ! মাৰ্গাৰেটে মন কৰিলে যে চিকিৎসকজন কিছু চিন্তিত, শংকিত ! 
: ᴡʜᴀᴛ ᴛʜᴇ ᴍᴀᴛᴛᴇʀ ɪs ᴅᴏᴄᴛᴏʀ ? -মাৰ্গাৰেটৰ প্ৰশ্ন।
: ᴅᴏɴ'ᴛ ᴡᴏʀʀʏ, ɴᴏᴛʜɪɴɢ sᴇʀɪᴏᴜs --ডাক্তৰৰ উত্তৰ।

যথাসময়ত আল্ট্ৰাচাউণ্ড শেষ হ'ল। চিকিৎসকজনে তেওঁলোকক কিছুপৰ বহিবলৈ দি আন এটি কোঠাত সোমাল। কিছুপৰ পিছত মাৰ্গাৰেট আৰু তেওঁৰ স্বামীক সেই কোঠাটোলৈ মাতি পঠিওৱা হ'ল। কোঠাটোত তিনিজনমান ডাক্তৰ একেলগে বহি আছিল। এজন ডাক্তৰে মাত লগালে --

: আপোনালোকক এটি গুৰুত্বপূৰ্ণ কাৰণত ইয়ালৈ মাতি আনিছোঁ। বহক, আমি কথা পাতো। 

মাৰ্গাৰেট আৰু তেওঁৰ স্বামী দুয়ো পৰস্পৰে পৰস্পৰৰ চকুলৈ চাই চকীত বহিল। আল্ট্ৰাচাউণ্ড কৰা চিকিৎসকজনে এইবাৰ মাৰ্গাৰেটলৈ চাই অনুচ্চ কণ্ঠেৰে মাত লগালে --
: ᴡᴇ ᴀʀᴇ ʀᴇᴀʟʟʏ sᴏʀʀʏ ᴛᴏ ɪɴғᴏʀᴍ ʏᴏᴜ ᴛʜᴀᴛ ᴛʜᴇ ᴄʜɪʟᴅ ʏᴏᴜ'ʀᴇ ᴄᴀʀʀʏɪɴɢ ʜᴀs ᴅᴇᴠᴇʟᴏᴘᴇᴅ sᴀᴄʀᴏ ᴄᴏᴄᴄʏɢᴇᴀʟ ᴛᴇʀᴀᴛᴏᴍᴀ... 
: ωнαт....!!! - মাৰ্গাৰেটে চিৎকাৰ কৰি উঠিল। 
: ɪᴛ ɪs ᴀ ʀᴀʀᴇ ᴛᴜᴍᴏʀ ᴛʜᴀᴛ ᴀᴘᴘᴇᴀʀᴇᴅ ᴀᴛ ᴛʜᴇ ʙᴀsᴇ ᴏғ ᴛʜᴇ ʙᴀʙʏ's ᴛᴀɪʟʙᴏɴᴇ. ʙᴜᴛ ᴅᴏɴ'ᴛ ᴡᴏʀʀʏ, ᴡᴇ ᴄᴀɴ sᴀᴠᴇ ʜᴇʀ. --ডাক্তৰে ক'লে।

মাৰ্গাৰেট আৰু তেওঁৰ স্বামীক ডাক্তৰৰ কথাত পতিয়ন যোৱা যেন নেলাগিল। হয়তো ডাক্তৰেও কথাটো বুজিব পাৰিছিল। তেওঁলোকে বুজাই দিলে যে লিনলিৰ টিউমাৰটো বেছি চিন্তা কৰিবলগীয়া কৈ ভয়াবহ হৈ উঠা নাই। তদুপৰি লিনলি এতিয়া মাথোন ১৬ সপ্তাহৰ এটি গৰ্ভস্থ শিশু। আমি ২১ সপ্তাহলৈ লিনলিক পৰ্যবেক্ষণ কৰিম। তাৰপিছতহে আমি এই টিউমাৰটোৰ কথা চিন্তা কৰিম। এতিয়া আপোনালোক নিচিন্ত মনে ঘৰলৈ যাব পাৰে। 

ডাক্তৰৰ পৰামৰ্শ অনুসৰি মাৰ্গাৰেট আৰু তেওঁৰ স্বামীয়ে ২১ সপ্তাহলৈ অপেক্ষা কৰি পুনৰ আল্ট্ৰাচাউণ্ডৰ বাবে গ'ল। আল্ট্ৰাচাউণ্ডৰ ৰিপোৰ্ট চাই ডাক্তৰে ক'লে -- 
: লিনলিৰ টিউমাৰটো ক্ৰমে ডাঙৰ হৈ আহিছে আৰু টিউমাৰটোৱে গৰ্ভস্থ শিশুটিৰ তেজ শোষণ কৰিবলৈ আৰম্ভ কৰিছে। তদুপৰি বাঢ়ি অহা টিউমাৰটোৱে লিনলিৰ হৃদযন্ত্ৰৰ ওপৰত চাপ দিয়া বাবে হৃদস্পন্দনো অনিয়মিত হৈ পৰিছে। এয়া শুভ লক্ষণ নহয়। অনতিপলমে গৰ্ভস্থ শিশুটিৰ অস্ত্ৰোপচাৰ নকৰিলে, শিশুটিৰ লগতে মাতৃৰ জীৱনৰ প্ৰতিও ভাবুকি আহিব। সেয়েহে আমি অনতিপলমে অস্ত্ৰোপচাৰ কৰিম। আপুনি সাজু হওঁক। 

এয়া এক ভয়ংকৰ কথা, অন্ততঃ মাৰ্গাৰেট আৰু তেওঁৰ স্বামীৰ বাবে। এই অস্ত্ৰোপচাৰত মাৰ্গাৰেটৰ লগতে গৰ্ভস্থ লিনলিৰো অস্ত্ৰোপচাৰ হ'ব। দুঃচিন্তা আৰু হতাশাই তেওঁলোক দুয়োজনকে বিচলিত কৰি তুলিলে।

২০১৬ চনৰ এপ্ৰিল মাহত অৰ্থাৎ গৰ্ভধাৰণৰ ২৩ সপ্তাহ ৫ দিনৰ দিনা মাৰ্গাৰেটক অপাৰেচন থিয়েটাৰলৈ নিয়া হ'ল। সকলোবোৰ থিক-থাক কৰি ১০জন চিকিৎসকৰ এটি দলে মাৰ্গাৰেটৰ উদৰৰ নিম্ন অংশটো কাটি ২৩ সপ্তাহৰ গৰ্ভস্থ ভ্ৰূণ লিনলিক মাতৃদেহৰ পৰা বাহিৰলৈ আনি লিনলিৰ টিউমাৰটো ৰাজহাড়ৰ নিম্নাংশৰ পৰা কাটি পৃথক কৰি পেলালে। প্ৰক্ৰিয়াটো আছিল অতি জটিল কিয়নো মাত্ৰ ২৩ সপ্তাহৰ ভ্ৰূণ এটি মাতৃ গৰ্ভৰ বাহিৰত জীৱিত অৱস্থাত ৰখাতো এটা অসম্ভৱ প্ৰায় কাম। তদুপৰি লিনলিৰ হৃদস্পন্দন আছিল অনিয়মিত। অস্ত্ৰোপচাৰৰ সময়ত এবাৰ লিনলিৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম হৈছিল। কিন্তু চিকিৎসকৰ তৎপৰতাত যেনিবা হৃদযন্ত্ৰ বন্ধ হ'বলৈ নেপালে। 

প্ৰায় চাৰি ঘণ্টা যোৰা অস্ত্ৰোপচাৰটো সুকলমে সম্পন্ন কৰাৰ পিছত ২৩ সপ্তাহৰ ভ্ৰূণটো পুনৰ মাতৃ মাৰ্গাৰেটৰ গৰ্ভত স্থাপন কৰি টেক্সাচৰ চিকিৎসক সকলে এক অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে। তাৰ থিক আঢ়ৈ মাহ পিছত, অৰ্থাৎ ২০১৬ চনৰ জুন মাহৰ ৬ তাৰিখে ৫ পাউণ্ড ওজনৰ লিনলিৰ জন্ম হয়। লিনলি আৰু তেওঁৰ মাতৃ দুয়ো বৰ্তমান সুস্থ। ২০১৬ চনৰ জুন মাহৰ ৬ তাৰিখে ওপজা লিনলিয়ে স্বাভাৱিক ভাবে জন্ম হোৱাৰ আগতেও অৰ্থাৎ ২০১৬ চনৰ এপ্ৰিল মাহত অস্ত্ৰোপচাৰৰ সময়ত প্ৰায় তিনি ঘণ্টা মাতৃ গৰ্ভৰ পৰা বাহিৰত থাকি পৃথিৱীৰ পোহৰৰ দেখা বাবে তেওঁক একেটা জীৱনতে দুবাৰকৈ জন্মগ্ৰহণ কৰা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ মানুহ বুলি জনা যায়। লিনলিৰ পিতৃ মাতৃয়েও বছৰত দুবাৰকৈ জন্মদিন উদযাপন কৰে।সাম্প্ৰতিক সময়চোৱাত দুবছৰীয়া শিশু লিনলি নিসন্দেহে চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ এটা উল্ল্যেখনীয় মাইলষ্টোন !

তলৰ লিংকটো চাব পাৰে :
https://youtu.be/uHgwij1hIF8

Sunday, 21 October 2018

পোহৰৰ মেলাত কৃত্ৰিম জোনবাই


২০২০ চনৰ পৰা পৃথিৱীৰ চৌদিশৰ কক্ষপথত এটি নতুন জোনবায়ে প্ৰদক্ষিণ কৰা আৰম্ভ কৰিব। পৰবৰ্তী সময়ত আৰু দুটা নতুন জোনবায়ে ভূমুকি মাৰি ৰাতিৰ আকাশত ৰূপোৱালী জোনৰ জোনালী পাতিব। কল্পনা কৰকচোন, ৰাতিৰ আকাশৰ একাধিক জোনৰ ৰূপালী জোনাক…!! আপুনি নিশ্চয় জানিবলৈ উৎসুক হৈ পৰিছে যে এয়া কেনেদৰে সম্ভৱ ?

বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰেই এক প্ৰধান সমস্যা হ'ল শক্তিৰ নাটনি। অৰ্থনৈতিক তথা প্ৰযুক্তিৰ বিকাশৰ লগত ইন্ধন বা বৈদ্যুতিক শক্তিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ইন্ধনৰ বাবে পশ্চিমীয়া দেশ সমূহৰ দক্ষিণ-পশ্চিম এচিয়াৰ দেশবোৰৰ ওপৰত নিৰ্ভৰশীলতা বৈদ্যুতিক শক্তি আৰু ইন্ধনৰ নাটনিৰ এক জীৱন্ত সাক্ষী। 

বৰ্তমান উন্নত আৰু উন্নয়নশীল দেশবোৰে অপৰম্পৰাগত শক্তি আহৰণৰ বাবে বিভিন্ন পন্থা হাতত লৈছে। সৌৰশক্তি, বায়ুকল, সমুদ্ৰৰ জোৱাৰ শক্তি, ভূগৰ্ভৰ শক্তি, পাৰমাণৱিক শক্তি আদিৰ পৰা বৈদ্যুতিক শক্তি আহৰণৰ অপৰম্পৰাগত পদ্ধতি সমূহ ক্ৰমে কাৰ্যক্ষম আৰু জনপ্ৰিয় হৈ আহিছে। 

এইক্ষেত্ৰত শেহতীয়াকৈ অপৰম্পৰাগত শক্তি আহৰণৰ আন এটি নতুন পদ্ধতিৰ নাম সঘনে উচ্চাৰিত হৈছে। এই নতুন পদ্ধতিত মানবসৃষ্ট জোনবায়ে পৃথিবীৰ পৰা এক নিৰ্দিষ্ট উচ্চতাৰ কক্ষপথেৰে ঘূৰি নিশাৰ ভাগত পৃথিবীত সূৰ্যৰ পোহৰৰ প্ৰতিফলিত কৰি বাট-পথ পোহৰাই তুলিব। 

সম্প্ৰতি বিজ্ঞানীসকলে তেনে এক অভিলাসী আঁচনিয়েই প্ৰস্তুত কৰি তুলিছে। ফ্ৰান্সৰ এজন বিশেষজ্ঞৰ কল্পনাক বাস্তৱত ৰূপ দিবলৈ চীনৰ Chengdu Aerospace Science Centreৰ বিশেষজ্ঞ বিজ্ঞানী Wu Chunfengৰ তত্বাৱধানত সূৰ্যৰ পোহৰ সংগ্ৰাহী কৃত্ৰিম জোনবাই বা কৃত্ৰিম উপগ্ৰহ তৈয়াৰ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত। তেওঁলোকে তাৰবাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক পৰীক্ষাবোৰো সমাপ্ত কৰি ঘোষণা কৰিছে যে প্ৰকল্পটোৰ কাম কাজবোৰ আশাকৰা ধৰণেই সঠিক দিশত আগবাঢ়িছে। এই প্ৰকল্পটোৰ জৰিয়তে অহা ২০২০ চনত তেওঁলোকে কৃত্ৰিম জোনবাইটো মহাকাশত স্থাপন কৰি প্ৰাৰম্ভিক ভাবে দক্ষিণ পশ্চিম চীনৰ এখন প্ৰধান চহৰ Chengduক নিশা আলোকিত কৰি ৰখাৰ মন মেলিছে। 

চীনৰ এই প্ৰকল্পটোৰ দ্বাৰা প্ৰায় ৮০ বৰ্গ কিলোমিটাৰ এলেকা এটিত নিশাৰ ভাগত কৃত্ৰিম জোনবায়ে পাতিব পোহৰৰ মেলা। ইতিমধ্যে ৰাছিয়া আৰু ফ্ৰান্সেও একে ধৰণৰ উদ্যোগ গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে। এই প্ৰকল্পটো সফল হৈ উঠিলে নিসন্দেহে অপৰম্পৰাগত শক্তি আহৰণৰ বাবে আন এটি পথ মুকলি হ'ব। এতিয়া মাথোন অপেক্ষা ২০২০ চনলৈ…।

Saturday, 20 October 2018

সৌৰকেন্দ্ৰিক সৌৰজগত আৰু গেলিলিও গেলিলি


1564 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ।আজিৰ পৰা 453 বছৰ আগৰ কথা। স্থান পিছা, ইটালী। সংগীতজ্ঞ ভিনচেনঞ্জোৰ ঘৰত এটি পুত্ৰ সন্তান জন্ম হয়। একলা-দুকলাকৈ বাঢ়ি অহা মৰমৰ পুত্ৰ গেলিলিও পিতৃ আৰু তেওঁৰ ডাঙৰ ককায়েকৰ দৰেই সংগীতৰ প্ৰতি আসক্ত হৈ পৰিল আৰু আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগতে সংগীতময় ঘৰুৱা পৰিবেশত থাকি সুন্দৰ কৈ Lute নামৰ এবিধ বিশেষ Chordophone জাতীয় বাদ্য যন্ত্ৰ বজাবলৈ পৰা হ'ল। সময় উলিয়াই প্ৰায়েই দেউতাক আৰু ককায়েকৰ সৈতে সংগীতৰ আখৰা বা বিভিন্ন অনুষ্ঠানত বাদ্য যন্ত্ৰ সংগত কৰি গেলিলিওৱে ভাল পাইছিল।

স্কুলীয়া শিক্ষা সাং কৰি 1581 চনত 17 বছৰীয়া গেলিলিও গ'ল পিছা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়াৰ বাবে। কিন্তু চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞানৰ বাবে ব্যৱচ্ছেদ কৰিবলৈ দিয়া মানুহৰ মৃতদেহ দেখি চিকিৎসা বিজ্ঞানে তেওঁক আমুৱালে। কিছুদিনৰ ভিতৰতে চিকিৎসা বিজ্ঞান এৰি একেখন বিশ্ববিদ্যালয়ত তেওঁ অংকশাস্ত্ৰ পঢ়িবলৈ লয়। 1583 চনত ছাত্ৰাৱস্থাতেই তেওঁ গীৰ্জাৰ দুলি থকা লণ্ঠন এটা দেখি আৱিষ্কাৰ কৰে সৰল দোলকৰ গতিৰ নিয়ম।

1589 চনত তেওঁ পিছা বিশ্ববিদ্যালয়ৰ অংকৰ প্ৰফেচৰ হিচাবে নিযুক্তি লাভ কৰাৰ পিছত 1608 চনত তেখেতে পিছাৰ হেলনীয়া স্তম্ভৰ বিখ্যাত পৰীক্ষালানি কৰি আৱিষ্কাৰ কৰে Laws of Falling Bodies. তেখেতে এই তথ্য সমূহ 1610 চনত লিখিত হিচাবে প্ৰকাশ কৰে। একে সময়তেই তেখেতৰ কাণত পৰিল যে হলেণ্ডত দূৰবীন যন্ত্ৰ আৱিষ্কাৰ হৈছে। এই কথাটোৱে গেলিলিওক নিজাকৈ এটি অধিক কাৰ্যক্ষম দূৰবীন সাজিবলৈ অনুপ্ৰাণিত কৰে আৰু তেখেতে নিজে আইনা ঘঁহি ঘঁহি সজা লেন্স ব্যৱহাৰ কৰি শক্তিশালী দূৰবীন এটা সাজি উলিয়াই জোনবাইৰ সমতল ভূমি, পৰ্বত, সৌৰকলংক, শুক্ৰ গ্ৰহৰ দশা আদি বিভিন্ন তথ্য আৱিষ্কাৰ কৰে।

১৬০৯ চনৰ শেষৰ পিনে নিজৰ বাসগৃহৰ চোতালৰ পৰাই দূৰবীণ যন্ত্ৰৰ সহায়ত বৃহস্পতি গ্ৰহ আৰু ইয়াৰ চৌপাশে চাৰিটা পোহৰৰ বিন্দু আৱিষ্কাৰ কৰে। তেখেতে মন কৰিছিল যে এই পোহৰৰ বিন্দু কেইটাই আপেক্ষিক ভাবে নিজৰ নিজৰ স্থান পৰিবৰ্তন কৰি আছে। কিছুদিন ভালদৰে পৰ্যবেক্ষণ কৰি তেওঁ নিশ্চিত হয় যে এই পোহৰৰ বিন্দু কেইটাই দৰাচলতে বৃহস্পতি গ্ৰহৰ চৌদিশে ঘুৰিব লাগিছে। অৰ্থাৎ এই পোহৰৰ বিন্দু কেইটা বৃহস্পতিৰ উপগ্ৰহ। তেওঁ উপগ্ৰহ কেইটাৰ নাম ৰাখিলে ইউৰোপা, ইও, কেলিষ্টো আৰু গেনিমেড। এই উপগ্ৰহ কেইটাৰ আৱিষ্কাৰে গেলিলিওৰ মনত এটা ধাৰণাৰ জন্ম দিলে। ১৬০৯ চনৰ সেই সময়চোৱাৰ প্ৰচলিত ধৰ্মীয় বিশ্বাস অনুসৰি সূৰ্যকে ধৰি আকাশৰ সকলোবোৰ গ্ৰহই পৃথিৱীৰ চৌদিশে ঘূৰে। অৰ্থাৎ পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ। কিন্ত বৃহস্পতিৰ উপগ্ৰহ ইউৰোপা, ইও, কেলিষ্টো আৰু গেনিমেডে বৃহস্পতিৰ চৌদিশে ঘূৰি থকাটো নিশ্চিত হোৱাৰ পিছত পৃথিৱী কেন্দ্ৰিক সৌৰজগতৰ যি ধৰ্মীয় চিন্তাধাৰা, সেই চিন্তাধাৰা সত্য নোহোৱাটো চূড়ান্ত হৈ পৰে।

১৬১০ চনত তেখেতে এই সকলোবোৰ তথ্য সামৰি "The Starry Messenger" নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায় আৰু গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে গেলিলিওৰ জনপ্ৰিয়তাই চূড়ান্ত শিখৰ পায়। কিন্তু প্ৰচলিত ধৰ্মীয় বিশ্বাসত আঘাত হনাৰ দোহাই দি ৰোমান কেথোলিক গীৰ্জা কৰ্তৃপক্ষই এই তথ্য সমূহৰ বিৰোধিতা কৰে। গেলিলিওৱে এইবোৰলৈ ভ্ৰূক্ষেপ নকৰি নিজৰ কাম কৰি যোৱাৰ সিদ্ধান্ত ল'লে। তেখেতে গীৰ্জাৰ কৰ্তৃপক্ষক দূৰবীন যন্ত্ৰৰে আকাশ দৰ্শন কৰি নিজৰ স্থিতি সলনি কৰাৰ আহ্বানো জনালে। গীৰ্জাই তেওঁৰ আহ্বান গ্ৰহন নকৰিলে আৰু দুয়োপক্ষৰ মাজত এখন শীতল যুজ চলি থাকিল।

ইতিমধ্যে বিজ্ঞানী কপাৰনিকাচ যেতিয়া মৃত্যুশয্যাত, তেওঁৰ শিষ্যসকলে তেখেতৰ সৌৰকেন্দ্ৰিক সৌৰজগতৰ তত্ব প্ৰকাশ কৰি উলিয়ায়। 1614 চনত গেলিলিওৱে এই তত্বক সঁচা বুলি কৈ পুনৰ গীৰ্জাৰ ৰোষত পৰে। গীৰ্জাৰ গোচৰৰ ভিত্তিত তেওঁৰ ওপৰত মোকৰ্দমা চলোৱা হ'ল। বিচাৰৰ ৰায়দানত গেলিলিওক ভৱিষ্যতে এনে ধৰ্ম বিদ্বেষী তথ্য প্ৰচাৰ নকৰিবলৈ সাবধান কৰি দিয়া হ'ল।

পিছে 1632 চনত গেলিলিওৱে পুনৰ দুজন মানুহৰ কথোপকথনৰ কাল্পনিক চৰিত্ৰ সৃষ্টি কৰি কপাৰনিকাচৰ সৌৰকেন্দ্ৰিক সৌৰজগতৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ লিখি উলিয়ালে 'Dialogue Concerning the Two Chief World Systems' নামৰ বিশেষ গ্ৰন্থখন। এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে হৈ ছৈ লাগি গ'ল। এইবাৰো গেলিলিওক বিচাৰৰ বাবে ৰোমলৈ মাতি পঠিওৱা হ'ল। বিচাৰত গেলিলিওক দোষী সাব্যস্ত কৰি আজীৱন  কাৰাদণ্ড বিহাৰ লগতে 'Dialogue Concerning the Two Chief World Systems' গ্ৰন্থৰ কথাবোৰ মিছা বুলি ক'বলৈ দিয়া হ'ল। গেলিলিওৱে অৱশ্যে কথাটো মানি লোৱা নাছিল। সেয়েহে তেখেতৰ শাস্তিৰ ম্যাদো নকমিল। বন্দীত্বৰ শেষৰ পিনে তেওঁক গৃহ বন্দী হিচাবে ৰখাৰ সিদ্ধান্ত লোৱা হয়। 

1638 চনত তেখেতে দৃষ্টিশক্তি হেৰুৱাই অন্ধ হৈ পৰে। বন্দী জীৱনৰ সময়চোৱাতো তেখেতে বৈজ্ঞানিক তথ্যবোৰ লিখি যোৱাৰ উপৰিও থাৰ্মমিটাৰ তৈয়াৰ কৰা কামত ব্ৰতী হৈছিল। 1641 চনৰ পৰা গেলিলিও ক্ৰমে অসুস্থ হৈ পৰে। হৃদযন্ত্ৰৰ অসুস্থতাই তেখেতক বৰ কষ্ট দিছিল। 1641 চনৰ ডিচেম্বৰ মাহত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। জ্বৰ আৰু হৃদযন্ত্ৰৰ বিকাৰত ভোগা এই মহান বিজ্ঞানীজনে 1642 চনৰ 8 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে।

এই ঘটনাৰ 359 বছৰ পিছত পোপ জন পোল (দ্বিতীয়)এ 1992 চনত আক্ষেপ প্ৰকাশ কৰি কয় যে : "1633 চনৰ 13 ফেব্ৰুৱাৰীৰ সেই একপক্ষীয় বিচাৰখনত গেলিলিওৰ লগতে বিজ্ঞান আৰু বিশ্বাসৰ প্ৰতিও অন্যায় কৰা হৈছিল। আজি বিশ্বৰ প্ৰতিজন নাগৰিকৰ লগতে মই তথা প্ৰতিজন ৰোমান কেথলিক চাৰ্চৰ সদস্যই সূৰ্যক সৌৰজগতৰ কেন্দ্ৰ বুলি মানি লৈছোঁ।"

Wednesday, 17 October 2018

সৌৰজগতৰ সাম্ভাব্য নৱম গ্ৰহটো


১৯৩০ চনত যেতিয়া প্লুটো আৱিষ্কাৰ হৈছিল, তেতিয়া ইয়াক সৌৰজগতৰ নৱম গ্রহ বুলিয়েই ধৰা হৈছিল। কিন্তু আৱিষ্কাৰৰ ৭৬ বছৰ পিছত, অৰ্থাৎ ২০০৬ চনত "ইণ্টাৰনেচনেল  এষ্ট্ৰোনোমিকেল ইউনিয়ন"ৰ দ্বাৰা গৃহীত গ্রহৰ নতুন সংজ্ঞা অনুসৰি প্লুটোৱে গ্রহৰ স্বীকৃতি হেৰুৱাই আৰু প্লুটোক বামন গ্ৰহ বা বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হয়। যদিও প্লুটোক বামন গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হয়, বহুতো বিজ্ঞানীয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰাও দৃষ্টিগোচৰ হৈছিল। সেয়া যিয়েই নহওঁক কিয়, ইণ্টাৰনেচনেল  এষ্ট্ৰোনোমিকেল ইউনিয়নৰ মতে বৰ্তমান সৌৰজগতৰ গ্ৰহৰ সংখ্যা আঠটা।

সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্রৰ "কেলিফ'র্নিয়া ইনষ্টিটিউট অফ টেকন'লজি"ৰ জ্যোতির্বিজ্ঞানীসকলে সৌৰজগতৰ কেন্দ্ৰৰ পৰা বহু আঁতৰত এটি নতুন গ্ৰহৰ উপস্থিতিৰ তথ্য সদৰী কৰিছে। সৌৰজগতৰ দূৰবর্তী স্থানসমূহৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহৰ গতিপথ বিশ্লেষণ কৰি বিজ্ঞানী সকলে এই সিদ্ধান্তত উপনীত হৈছে। পৃথিৱীতকৈ প্ৰায় দহ গুণ বেছি ভৰবিশিষ্ট এই গ্ৰহটোক ইতিমধ্যে "প্লেনেট এক্স" বা "প্লেনেট নাইন" বুলি নামাকৰণ কৰা হৈছে।

সৌৰজগতৰ অন্যান্য গ্রহসমূহে প্রায় বৃত্তাকাৰ কক্ষপথেৰে সূর্যক প্রদক্ষিণ কৰে। কিন্তু সম্ভাব্য এই গ্রহটোৰ কক্ষপথ উপবৃত্তাকাৰ। সূর্যক এবাৰ প্রদক্ষিণ কৰিবলৈ এই গ্ৰহটোক সময় লাগে প্ৰায় ১০ হেজাৰ বছৰ ! এই গ্রহটোৱে বর্তমান নেপচুন পৰা কেইবাশ কোটি কিলোমিটাৰ দূৰৰ এটি উপবৃত্তাকাৰ কক্ষপথেৰে সূৰ্যক পৰিভ্রমণ কৰি আছে। বিজ্ঞানীসকলৰ হিচাব অনুযায়ী বর্তমান সূর্যৰ পৰা আটাইতকৈ দূৰৰ গ্রহ নেপচুনতকৈও ২০ গুণ দূৰৰ কক্ষপথেৰে সূৰ্যক প্ৰদক্ষিণ কৰি আছে এই  নতুন গ্রহটিয়ে। উল্লেখযোগ্য যে সৌৰজগতৰ অষ্টম গ্রহ নেপচুনৰ দূৰত্বও সূর্যৰ পৰা প্রায় ৪৫০ কোটি কিলোমিটাৰ।

বিজ্ঞানীসকলৰ মতে এই গ্রহটো এটি অতি বিশাল এক "চুপাৰ আর্থ"। সৌৰজগতৰ শেষ প্রান্তত অৱস্থিত "কুইপাৰ বেল্ট"ৰ মহাজাগতিক বস্তু আৰু বিস্তৃত বৰফৰ মাজৰ কোনো এটি অংশৰ মাজতেই এই গ্ৰহটোৰ কক্ষপথ অৱস্থিত। সাম্ভাব্য নৱম গ্রহটো মাধ্যাকর্ষণ ইমানেই বেছি যে, বিজ্ঞানী সকলৰ মতে  বিগত কেইবা হাজাৰ বছৰত এই গ্ৰহটোৱে সৌৰজগতৰ আন গ্রহবোৰক  নিজ নিজ মেৰুদণ্ড সাপেক্ষে সামান্য পৰিমানে বেঁকা কৰি পেলাইছে। কেলিফ'র্নিয়া ইনষ্টিটিউট অফ টেকন'লজিৰ জ্যোতির্বিজ্ঞানী বেটিজিনৰ মতে কুইপাৰ বেল্টৰ পৰা সৌৰজাগতিক পদাৰ্থসমূহ সৌৰজগতৰ বাহিৰলৈ ছিটিকি যোৱাৰ ৰহস্যৰ আঁৰত আছে এই সাম্ভাব্য নৱম গ্রহটোৰ মাধ্যাকৰ্ষণ বল।

বিভিন্ন পৰ্যবেক্ষণ, সৌৰজগতৰ দূৰবর্তী স্থানসমূহৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহৰ গতিপথ অধ্যয়ণৰ লগতে গাণিতিক বিশ্লেষণেৰে বিজ্ঞানীসকলে সৌৰজগতৰ অন্তিম প্ৰান্তত "প্লেনেট এক্স"ৰ উপস্থিতিৰ সম্ভাৱনাৰ তথ্য দাঙি ধৰিলেও, বৰ্তমানলৈ চাক্ষুষ ভাৱে এই গ্ৰহটো দেখা পোৱা নাই। বৰ্তমান কেলিফ'র্নিয়া ইনষ্টিটিউট অফ টেকন'লজিৰ জ্যোতির্বিজ্ঞানীসকলৰ লগতে নাছাৰ বিজ্ঞানীসকলো ব্যস্ত হৈ পৰিছে "প্লেনেট এক্স"ক বিচাৰি উলিয়াবলৈ। হয়তো অতি সোনকালেই নতুন গ্ৰহটোৰ আৱিষ্কাৰে আমাৰ সৌৰজগতৰ মানচিত্ৰখনকেই সলনি কৰি পেলাব।

Saturday, 13 October 2018

নিউক্লিয় আৱৰ্জনাৰ পৰা ডায়মণ্ড বেটাৰী


নিউক্লিয় বিভাজন হল নিউক্লিয় পদার্থবিজ্ঞানৰ এনে এটি প্রক্রিয়া য'ত পদাৰ্থৰ পৰমাণুৰ মাজত অৱস্থিত নিউক্লিয়াচটো ভাঙি দুটা বা তাতকৈ বেছি সৰু সৰু নিউক্লিয়াচ তৈয়াৰ কৰা হয়। এই প্ৰক্ৰিয়াত উপজাতক বা অপদ্ৰব্য হিচাবে কিছুমান অতিৰিক্ত কণাও নির্গত হয়। এই কণাবোৰৰ ভিতৰত মুক্ত নিউট্রন, গামা ৰশ্মি, ফোটন, বিটা কণা আৰু আলফা কণাই প্ৰধান নিউক্লিয় অপদ্ৰব্য।

নিউক্লিয় বিভাজনৰ বিভিন্ন স্তৰত নানা হানিকাৰক আৱৰ্জনাৰ সৃষ্টি হয় যিবোৰ আমাৰ লগতে প্ৰাণী আৰু উদ্ভিদজগতৰ সকলোৰে বাবে বিপদজনক। সেয়ে নিউক্লিয় ইন্ধন ব্যৱহাৰৰ পিছৰ অৱশিষ্ট সমূহৰ ব্যৱস্থাপনা কৰাতো এটা ডাঙৰ সমস্যা।বৰ্তমান সময়ত নিউক্লিয় বিভাজনৰ সময়ত সৃষ্টি হোৱা বিভিন্ন তেজস্ক্ৰিয় অপদ্ৰব্যসমূহ গ্ৰেফাইটৰ মাজত আৱদ্ধ কৰি ৰাখি প্ৰক্ৰিয়াটো চলাই নিয়া হয়। 


সম্প্ৰতি ব্ৰিষ্ট'ল ইউনিভাৰ্চিটিৰ বিশেষজ্ঞ বিজ্ঞানী টম স্কটৰ তত্বাৱধানত গৱেষক বিজ্ঞানীসকলে এই সমস্যাৰ পৰা হাত সাৰিব পৰা এটি অতি গুৰুত্বপূৰ্ণ তথা আশাব্যঞ্জক পথ উদ্ভাৱন কৰিছে। তেওঁলোকে নিউক্লিয় আৱৰ্জনাৰ পৰা ডায়মণ্ড বেটাৰী তৈয়াৰ কৰিছে যিবোৰ বেটাৰী ১০০০ বছৰলৈ কাৰ্যক্ষম হৈ ৰ'ব। তাৰবাবে বিজ্ঞানীসকলে তেজস্ক্ৰিয় অপদ্ৰব্যসমূহ  আৱদ্ধ কৰি ৰখা  গ্ৰেফাইট সমূহ নিম্ন চাপত অতি বেছি উষ্ণতালৈ উত্তপ্ত কৰাৰ এক নিৰ্ভৰযোগ্য উপায় উদ্ভাৱন কৰিছে। এনেদৰে উত্তপ্ত কৰিলে তেজস্ক্ৰিয় গ্ৰেফাইট সমূহ বাষ্পীভূত হয় আৰু পৰবৰ্তী সময়চোৱাত এই বাষ্পীভূত গ্ৰেফাইটবোৰ চেঁচা কৰিলে গ্ৰেফাইটৰ বাষ্পবোৰ হীৰাৰ স্ফটিকলৈ সলনি হয়। এনেদৰে সৃষ্টি কৰা কৃত্ৰিম হীৰাবোৰ যদি তেজস্ক্ৰিয় ক্ষেত্ৰ এখনত ৰখা হয়, তেন্তে এই হীৰাৰ স্ফটিকবোৰে নিৰবচিন্ন ভাবে বিদ্যুৎ উৎপাদন কৰিব পাৰে। 

এই পৰীক্ষামূলক আৱিষ্কাৰটোৰ বাস্তৱ ক্ষেত্ৰত সফল প্ৰয়োগ সম্ভৱ হৈ উঠিলে নিউক্লিয় প্ৰদূষণৰ পৰা হাত সৰাৰ লগতে দীৰ্ঘম্যাদী বিদ্যুৎ শক্তি আহৰণৰ বাবে আমি এটা উত্তম পদ্ধতি পাম। অদূৰ ভৱিষ্যতে মহাকাশ যান, উৰাজাহাজ, আনবিক ঘড়ী আদিবোৰত এনে ডায়মণ্ড বেটাৰীৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিব। হৃদৰোগী সকলৰ বাবে তৈয়াৰ কৰা "পেচ-মেকাৰ" যন্ত্ৰৰ বেটাৰীৰ সমস্যাৰ লগতে বাৰে বাৰে চাৰ্জ কৰিব লগীয়া ইনভাৰ্টাৰৰ বেটাৰীৰ যুগৰো যৱনিকা পৰিব। 

Tuesday, 2 October 2018

সৌৰজগতৰ বিক্ষিপ্ত বৰষুণ এজাক



"হে আকাশ…
মই তোমাৰ প্ৰেমত পৰিছোঁ।
বিষণ্ণ গধুলিবোৰত 
মোৰ বুকুৰ সেউজ উপত্যকালৈ 
তুমিয়েইতো নামি আহা
এজাক বৰষুণ হৈ……"

বৰষুণ - শব্দটোৱেই এক মাদকতা কঢ়িয়াই লৈ ফুৰে। এই বৰষুণক লৈ কবিয়ে কবিতা ৰচে, গৰমত আতুৰ হৈ পৰা পথিকে বৰষুণত তিতি আত্মহাৰা হয়। পথাৰখন শইছেৰে নদন বদন কৰা বৰষুণজাক নাহিলে ভেঁকুলীৰ বিয়া পতা সেই দিনবোৰলৈ মনত নপৰেনে বাৰু ? এৰা, বৰষুণ এক নষ্টালজিয়া।

কিন্তু সৌৰজগতৰ আন গ্ৰহৰ বুকুত বা অজানতিমুলুকৰ কোনোবা অন্য গ্ৰহৰ বুকুত আহেনে হেপাহৰ বৰষুণ এজাক ? আমাৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ বাহিৰেও আন গ্ৰহতো বৰষুণ হয় ! বিশ্বাস কৰকেই বা নকৰক বৃহস্পতি আৰু শনিগ্ৰহৰ বুকুত বৰষুণত টোপাটোপে সৰে হীৰাৰ টুকুৰা ! বৃহস্পতিৰ অশান্ত বায়ুমণ্ডলৰ মিথেন গেছ কাৰ্বনলৈ সলনি হয়। এই কাৰ্বন পৰমাণুবোৰ বায়ুমণ্ডলত ক্ৰমে গ্ৰেফাইটলৈ আৰু পিছত গ্ৰেফাইটৰ চাপ বৃদ্ধি হৈ হীৰালৈ পৰিবৰ্তিত হয়। এই হীৰাৰ টুকুৰাবোৰ পৰবৰ্তী সময়ত বৰষুণৰ ৰূপত সৰি পৰে। শনি আৰু বৃহস্পতি গ্ৰহৰ উপৰিও ইউৰেনাচ আৰু নেপচুন গ্ৰহটো হীৰাৰ বৰষুণ হয়।

শুক্ৰ গ্ৰহৰ বুকুতো বৰষুণ হয়। শুক্ৰৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পই ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিদ সৃষ্টি কৰে আৰু বৰষুণ ৰূপে সৰি পৰে। শুক্ৰগ্ৰহ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত আৰু গ্ৰহটোৰ বুকুত সৰি পৰা বৰষুণত থকা লেড (সীহ) আৰু ছালফাৰে শুক্ৰগ্ৰহত এক নৰক সদৃশ পৰিবেশৰ সৃষ্টি কৰি ভৱিষ্যতে মানুহৰ উপস্থিতি বা অৱতৰণৰ বাবে গ্ৰহটোক অনুপযোগী কৰি তুলিছে।

কেচিনি মহাকাশ যানে প্ৰেৰণ কৰা তথ্য অনুসৰি শনি গ্ৰহৰ উপগ্ৰহ টাইটানত তৰল মিথেন গেছৰ বৰষুণ হয় আৰু বৰষুণত নামি অহা তৰল মিথেন গেছবোৰে টাইটানৰ বুকুত মিথেনৰ মহাসাগৰ সৃষ্টি কৰিছে।

পৃথিৱীৰ পৰা প্ৰায় ৬৩ আলোকবৰ্ষ দূৰৰ এটা নীলাভ গ্ৰহ। গ্ৰহটোৰ নাম HD189733b। ইয়াৰ উষ্ণতা প্ৰায় ১০০০ ডিগ্ৰী ছেণ্টিগ্ৰেড।  HD189733b নামৰ সৌৰজগতৰ বাহিৰৰ এই গ্ৰহটোৰ বুকুত নামি অহা বৰষুণত সৰে কেবল আইনাৰ টুকুৰা। আনহাতে COROT-7b নামৰ বহিৰ্বিশ্বৰ শিলাময় গ্ৰহটোৰ বুকুত বৰষুণত সৰি পৰে কঠিন শিলৰ অজস্ৰ টুকুৰা !!!

২০০৩ চনত আৱিষ্কাৰ হোৱা ভিন্ন গ্ৰহ OGLE-TR-56b বৰ্তমানলৈ  আৱিষ্কৃত গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ দূৰৰ গ্ৰহ। বিজ্ঞানীসকলৰ মতে আইৰণ অক্সাইডেৰে পূৰ্ণ এই গ্ৰহটোৰ উষ্ণতা প্ৰায় ২০০০-২৫০০ ডিগ্ৰী ছেণ্টিগ্ৰেড। এই উষ্ণতাত গ্ৰহটোৰ পৃষ্ঠৰ পৰা লো বাষ্পীভূত হৈ গ্ৰহটোৰ পৃষ্ঠৰ পৰা সামান্য উচ্চতাত লোৰ ডাৱৰ সৃষ্টি কৰে আৰু পৰবৰ্তী সময়ত OGLE-TR-56b নামৰ গ্ৰহটোৰ বুকুলৈ নামি আহে লোৰ এজাক গধুৰ বৰষুণ !!!