Tuesday, 25 December 2018

বিজ্ঞানৰ দৃষ্টিত : মৃত্যু



জীৱনৰ পৰিসমাপ্তিকেই মৃত্যু বুলি কোৱা হয়। মৃত্যু এনে এক অৱস্থা, যত সকলো শাৰিৰীক প্ৰক্ৰিয়া যেনে শ্বসন, খাদ্য গ্রহণ, পাচন, বৃদ্ধি, বিকাশ, চেতনা ইত্যাদি বোৰ চিৰদিনলৈ বন্ধ হৈ যায়। কিন্তু জীৱৰ মৃত্যুই বা হয় কিয়? 

মৃত্যুওটো এটা শিল্প,
জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য" 

বিজ্ঞানৰ দৃষ্টিত আমাৰ মৃত্যুৰ কাৰণ হ'ল আমি উত্তৰাধিকাৰী সুত্রে আমাৰ পূর্বপুৰুষৰ পৰা আহৰণ কৰা এটি জিন। বিজ্ঞানৰ ভাষাত এই জিনটোৰ নাম "Death Gene" বা মৰণ জিন। এই ধৰণৰ Death Gene বোৰে যৌন প্ৰজননকাৰী সকলোবোৰ জীৱৰ দেহলৈ পূর্ব নির্ধাৰিত আৰু পৰিকল্পিত ৰূপেই মৃত্যুক এক বংশগত চৰিত্ৰ হিচাবে কঢ়িয়াই আনে। যৌন প্রজননৰ কথাটো এইবাবেই গুৰুত্বপূৰ্ণ যে সকলো যৌন প্ৰজননকাৰী জীৱৰ ক্ষেত্রত জননকোষ বা “জার্মপ্লাজম" কোষবোৰে এটা প্রজন্মৰ পৰা আন এটা প্রজন্মলৈ জীৱটোৰ সকলোবোৰ চৰিত্ৰ নিয়ন্ত্ৰণ কৰা জিন সমূহক সঞ্চাৰিত কৰে। জননকোষৰ মাধ্যমেৰে এনেদৰে অন্যান্য জিনসমূহৰ লগতে আমি পূৰ্বপুৰুষৰ Death Gene বোৰো আহৰণ কৰো। আৰু এই Death Gene বোৰেই কালক্ৰমত আমাৰ মৃত্যুৰ কাৰণ  হৈ পৰে। বিজ্ঞানৰ ভাষাত এই সমস্ত প্ৰক্ৰিয়াটোক সেয়েহে "প্রোগ্রামড ডেথ" বা নিয়ন্ত্ৰিত মৃত্যু বোলা হয়।

প্রখ্যাত জীৱবিজ্ঞানী হ'লকছালে কৈছিল : "মৃত্যু এক বংশগত লক্ষণ। এই লক্ষণটো চিফিলিচ বা গণোৰিয়াৰ দৰেই যেন এক ধৰণৰ "Sexually Transmitted Disease" যি সৃষ্টিৰ আৰম্ভণিৰ পৰাই চলি আহিছে। ভাইৰাচ বা বেক্টেৰিয়াৰ দৰে সৰলকোষী জীৱ যিবোৰে অযৌন প্ৰজনন কৰে, সেই জীৱবোৰে কোষ বিভাজনৰ মাধ্যমত বংশবৃদ্ধি কৰে আৰু আক্ষৰিক অর্থত সেইবোৰ অমৰ জীৱ। এইবোৰ জীৱৰ দেহকোষ বিভাজিত হৈ নতুন জীৱ সৃষ্টি হয়। বিভাজিত কোষৰ অংশবোৰো লগে লগে বিভাজিত হৈ দুটা নতুন কোষলৈ পৰিণত হয়। ফলত পূৰ্বৰ কোষটোৰ কোনো অংশই হেৰাই নেযায় অৰ্থাৎ এই জীৱবোৰে কেতিয়াও "মৃত্যুবৰণ" নকৰে। এইবোৰ আক্ষৰিক অৰ্থত অমৰ জীৱ……"

যদিহে এয়া সত্য হয়, তেন্তে মৃত্যু সকলো জীৱৰ বাবে এক অত্যাৱশ্যকীয় নিয়ম নহয়। এইখিনিতেই প্ৰশ্ন আহিব যে যদি বেক্টেৰিয়া বা আন জীৱাণুবোৰ অমৰেই হয়, তেন্তে এণ্টিবায়টিক প্ৰয়োগেৰে কেনেদৰে বেক্টেৰিয়াবোৰ মাৰি পেলোৱা হয় বা ৰসায়নিক জীৱাণুনাশক ঔষধ প্ৰয়োগ কৰি কেনেদৰে জীৱাণু নাশ কৰা হয়? 

এইখিনিতেই উল্ল্যেখ কৰা ভাল হ'ব যে এই আলোচনাত জীৱৰ আকস্মিক দুৰ্ঘটনা, আত্মহত্যা, ৰোগ, অস্ত্ৰাঘাত আদিত হোৱা মৃত্যুৰ পৰিবৰ্তে স্বাভাৱিক বাৰ্ধক্যজনিত মৃত্যু  কথাহে আলোচনা কৰা হৈছে। এণ্টিবায়টিক বা জীৱাণুনাশক ঔষধ প্ৰয়োগ কৰি জীৱক মাৰি পেলালে, সেয়া জীৱটোৰ  স্বাভাৱিক মৃত্যু বুলি কোৱা নহয়। 

জীৱৰ দেহকোষৰ মৃত্যুৱে জীৱটোৰ মৃত্যুক আমন্ত্ৰণ কৰে। দেহকোষৰ মৃত্যু দুই ধৰণে হ'ব পাৰে। প্ৰথমটো কাৰণ হ'ল - "নেক্ৰোচিচ"। বাহ্যিক কোনো কাৰণত জীৱৰ দেহকোষৰ মৃত্যু ঘটিলে নেক্রোচিচ বুলি কোৱা হয়। বিষপ্রয়োগ, আঘাত, প্রদাহ অথবা তেজৰ চলাচল বিচ্ছিন্ন হ'লে দেহকোষৰ অকাল মৃত্যু  বা নেক্রোচিচ হ'ব পাৰে। আনহাতে দেহকোষৰ মৃত্যুৰ দ্বিতীয়টো কাৰণ হ'ল "এপোপ্ট'চিচ" বা পূৰ্বে উল্ল্যখ কৰি অহা "প্ৰোগ্ৰামড ডেথ"। দেহকোষৰ এই নিয়ন্ত্রিত মৃত্যু এক পৰিকল্পিত মৃত্যু। আগতে উল্ল্যখ কৰি অহা Death Gene বা মৰণ জিনে আমাৰ দেহকোষবোৰক মৃত্যুৰ বাবে প্রস্তুত কৰি তোলে। Death Gene বা মৰণ জিনে কোষৰ ৰাইব'জমত প্ৰটিন সংশ্লেষণ পদ্ধতিৰ সহায়ত কেম্প'জ নামৰ এক ধৰণৰ প্রটিন সংশ্লেষণ কৰে। এই কেম্প'জ নামৰ প্ৰটিনটোৱে কোষৰ স্বাভাৱিক প্ৰক্ৰিয়া সমূহ চলি থাকিবলৈ কোষৰ যিবোৰ প্ৰয়োজনীয় উপাদান, সেইবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰে আৰু সমান্তৰাল ভাবে কোষৰ ভিতৰত ডি.এন.এজ নামৰ এবিধ উৎসেচকক সক্ৰিয় কৰি তোলে। এই উৎসেচকবোৰে কোষৰ কোষকেন্দ্ৰত থকা DNAবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কোষবোৰ সংকুচিত হ'বলৈ ধৰে আৰু কোষবোৰে ৰসায়নিক  মাধ্যমেৰে বিপদ সংকেত সৃষ্টি কৰিবলৈ ধৰে। এই সংকেত অনুকৰণ কৰি "মেক্রোফেজ" নামৰ এক ধৰণৰ কোষ সেই স্থানলৈ আহে আৰু মেক্ৰোফেজ কোষবোৰে Death Geneৰ  কবলত পৰা আক্ৰান্ত এই কোষবোৰ ধ্বংস কৰি খাই পেলায়। জীৱৰ দেহত এই "এপোপ্ট'চিচ" অলাগতিয়াল কোষৰ পৰা পৰিত্ৰাণ পোৱাৰ এক প্ৰয়োজনীয় প্ৰক্ৰিয়া হ'লেও, বৃদ্ধাৱস্থাত এই প্ৰক্ৰিয়া Death Geneৰ প্ৰভাৱত অনিয়ন্ত্ৰিত হৈ পৰে। ফলস্বৰূপে অতি দ্ৰুত হাৰত দেহকোষৰ মৃত্যু হ'বলৈ ধৰে।  দ্ৰুতহাৰত হোৱা এনে দেহকোষৰ মৃত্যুৱে অৱশেষত জীৱটোৰো মৃত্যুক মাতি আনে।

Sunday, 23 December 2018

ব'ৰিস্কা : পৃথিৱীৰ বুকুত মংগল গ্ৰহৰ জীৱ




২২ বছৰীয়া এজন ৰাচিয়ান জাতিস্মৰ বালক। নাম ব'ৰিস্কা কিপ্রিয়ানোভিচ। তেওঁ দাবী কৰিছে যে তেওঁ প্ৰকৃততে মঙ্গল গ্রহৰ বাসিন্দা। ২০০৮ চনত মুক্তি লাভ কৰা ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ'' নামৰ এখন তথ্যচিত্ৰৰ মাধ্যমত বৰিস্কাৰ ঘটনাটো প্রথমবাৰলৈ বিশ্ববাসীৰ সন্মুখত উপস্থাপন হয়। চৌদিশে হৈ চৈ লাগিল। তাৰমানে বৰিস্কা কি সঁচাকৈয়ে এজন এলিয়েন? 

১৯৯৬ চনত ৰাচিয়াৰ ভ'লগ্র'গ্রাড অঞ্চলৰ ভ্লযাই চহৰত বৰিস্কাৰ জন্ম। পৰিয়ালটোৰ পাঁচ গৰাকী ভাই ভনীৰ মাজত বৰিস্কা যেন কিছু ব্যতিক্রম। বৰিস্কাৰ মাতৃ পেশাত এগৰাকী় চিকিৎসক। তেওঁ বৰিস্কাৰ জন্ম মূহুৰ্তৰ ঘটনা সম্পর্কে বৰ্ণনা কৰি কৈছে, "বৰিস্কাৰ জন্ম ইমানেই এক দ্রুত প্ৰক্ৰিয়া আছিল যে মই কোনো প্রসৱ বেদনাই অনুভৱ নকৰিলোঁ। নাৰ্চে যেতিয়া শিশুটি মোৰ আগত দাঙি ধৰিছিল, তেতিয়া দেখিছিলোঁ যে বৰিস্কাই মোৰ পিনে এক পৰিপূর্ণ দৃষ্টিৰে চাই আছিল। এজন শিশুৰোগ বিশেষজ্ঞ হিচাবে মই ভালদৰেই জানো যে নবজাতক এজনে কেতিয়াও কোনো বস্তুৰ দিশে একে দৃষ্টিৰে এনেদৰে চাই থাকিব নোৱাৰে।"

হস্পিতালৰ পৰা ঘৰলৈ অহাৰ পিছত নবজাতক বৰিস্কাৰ ধৰন-কৰণত অস্বাভাৱিকতা বৃদ্ধি হ'বলৈ ধৰিলে। মাত্র ১৫ দিন পাৰ হোৱাৰ পিছতেই বৰিস্কাই মাকৰ হাত বা আঙুলিত দৃঢ় ভাবে ধৰিব পৰা হৈছিল। সাধাৰণতে বৰিস্কাই নেকান্দিছিল, আনকি তাৰ দেহত কোনো ৰোগেও আক্ৰমণ কৰা নাছিল। মাত্র ৮ মাহ বয়সতেই বৰিস্কাই স্বাভাবিক মানুহৰ দৰেই কথা ক'ব পৰা হৈছিল। ২ বছৰীয়া জন্মদিনৰ থিক পিছতেই বৰিস্কাই ৰঙচুৱা, নীলা আৰু বেগুনীয়া ৰঙৰ সংমিশ্রণত এনে কিছুমান অদ্ভুত ছবি আঁকিবলৈ আৰম্ভ কৰে যে সেইবোৰ দেখিলে এনে লাগে যেন কোনো পৰিপক্ক চিত্ৰশিল্পীয়ে হে ছবিবোৰ আঁকি থৈ গ'লহি চিত্ৰপটত। পিতৃ মাতৃ কিছু আচৰিত হ'ল। এইবাৰ  তেওঁলোকে বৰিস্কাক লৈ গ'ল  চাইক'লজিষ্টৰ ওচৰলৈ। চাইক'লজিষ্টৰ মতে এয়া অস্বাভাৱিক নহয়। শিশুটিয়ে খুব সম্ভব তাৰ আশে পাশে যাক দেখিছে তেওঁ তাকেই আঁকিছে।

সময় বাগৰি আৰু এবছৰ পাৰ হ'ল। বৰিস্কাৰ বয়স ৩ বছৰ হোৱাৰ লগে লগে এইবাৰ বৰিস্কাই পিতৃ-মাতৃৰ আগত বিশ্বব্ৰহ্মাণ্ডৰ কাহিনী ক'বলৈ আৰম্ভ কৰে। আচৰিত ভাবে বৰিস্কাই ক'ব পাৰিছিল আকাশত দেখা পোৱা অগণন গ্রহ নক্ষত্ৰৰ লগতে সৌৰজগতৰ গ্ৰহবোৰৰ প্ৰায় কেইটা উপগ্রহৰ নাম, গেলাক্সীৰ নাম আৰু অন্যান্য।

''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ" নামৰ তথ্যচিত্ৰখনত বৰিস্কাৰ পিতৃ মাতৃয়ে উল্ল্যেখ কৰিছে যে : "আমি প্রথমে খাইছিলোঁ। বৰিস্কাই কোৱা গ্ৰহ নক্ষত্ৰ আদিৰ কথাবোৰৰ সত্যতা নিৰ্ণয় কৰিবলৈ আমি নিজে জোতির্বিজ্ঞানৰ কিতাপ সংগ্ৰহ কৰি সেইবোৰ অধ্যয়ণ কৰি পালো যে বৰিস্কাই দিয়া তথ্যবোৰ ১০০ শতাংশই শুদ্ধ।" 

২০০৪ চনত বৰিস্কাৰ কথা প্রথমবাৰলৈ ৰাচিয়াৰ বিজ্ঞানীসকলৰ কাণত পৰে। "ৰাচিয়ান একাডেমী অফ চায়েন্স"ৰ অধীনস্থ "ইনষ্টিটিউট অফ আর্থচ মেগেনটিসম এণ্ড ৰেডিঅ ৱেভচ"ৰ বিশেষজ্ঞ বিজ্ঞানীসকলৰ এটি দলে বৰিস্কাক সাক্ষাৎ কৰি তেওঁৰ পেৰানৰ্মেল ধৰন-কৰণ সমূহ তন্ন তন্নকৈ অধ্যয়ন কৰি ৰায় দিয়ে যে বৰিস্কা দৰাচলতে অসম্ভব বুদ্ধিমত্তাৰ অধিকাৰী এজন শিশু। এই সম্পর্কত বিজ্ঞানীৰ দলটোৰ এজন সদস্য প্ৰফেচাৰ ভ্লাডিনাভ লিউগোভেনকোৱে কয় যে, "এটা থিয়ৰী আছে যাৰ মতে মানুহৰ দুই ধৰণৰ মেমৰী বা স্মৃতি আছে। সেয়া হ'ল ৱৰ্কি মেমৰী আৰু ৰিমোট মেমৰী। মানুহৰ মগজুৰ সবাতোকৈ উল্লেখযোগ্য ক্ষমতা হ'ল অভ্যন্তৰীণ ভাবে অথবা বাহ্যিক ভাবে আর্জিত কোনো অভিজ্ঞতা, আবেগ বা চিন্তা ভাবনাবোৰক এক তথ্য কেন্দ্রত জমা কৰি ৰাখিব পাৰে। বেছিভাগ মানুহৰ ক্ষেত্ৰত এই তথ্যবোৰ মগজুৰ কৌটি কৌটি নিউৰণৰ মাজত হেৰাই যায়। কেতিয়াবাহে এনে দুই এজন লোক পোৱাটো সম্ভৱ হয়, যিসকলে এই পুৰণি তথ্য সমূহ মগজুৰ পৰা পুনৰোদ্ধাৰ কৰিব পাৰে। বৰিস্কা তেওঁলোকৰ মাজৰেই এজন"।

বৰিস্কা এতিয়া এজন ২২ বছৰীয়া যুৱক। জ্যোতিৰ্বিজ্ঞান বিষয়ত তেওঁৰ জ্ঞানো অপৰিসীম। বিগত ২০১৫ চনত বৰিস্কাই সমগ্ৰ বিশ্বৰে মনোযোগ আকৰ্ষণ কৰিছে। কাৰণ তেওঁ কৈছে যে প্ৰকৃততে তেওঁ হেনো মংগল গ্ৰহৰ বাসিন্দা। তেওঁৰ মতে মংগল গ্ৰহৰ বুকুত এতিয়াও উন্নত মানৰ জীৱন আছে। ভয়ানক ৰসায়নিক যুদ্ধৰ কবলত পৰি মংগল গ্ৰহৰ পৰিবেশ বিনস্ত হোৱাত মংগলৰ শতকৰা ৯০ ভাগ জীৱনৰ বিলুপ্তি ঘটিলেও বৰ্তমানেও মংগল গ্ৰহৰ মাটিৰ তলত জীয়াই আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত পাৰ্গত জীৱকুল। তেওঁৰ মতে মংগল গ্ৰহৰ জীৱই বায়ুমণ্ডলৰ কাৰ্বন ডাইঅক্সাইদৰ সহায়তেই শ্বাস কাৰ্য সম্পাদন কৰে। এই জীৱবোৰ পৃথিৱীৰ মানুহতকৈ আকাৰত ওখ আৰু শক্তিশালী। মংগলৰ জীৱবোৰৰ বৃদ্ধি আৰু বিকাশ জীৱটোৰ ৩৫ বছৰলৈ হয় আৰু তাৰপিছত তেওঁলোকৰ কোনো পৰিবৰ্তন নহয়। তেওঁলোক প্ৰযুক্তিৰ দিশত ইমানেই আগবঢ়া যে পৃথিৱীবাসীৰ অজ্ঞাতে ইতিপূৰ্বে একাধিকবাৰ তেওঁলোক পৃথিৱীলৈ আহিছে আৰু পৃথিৱীৰ মানুহৰ মাজত এতিয়াও বহুকেইজন মংগল গ্ৰহৰ বাসিন্দা আছে !!

বৰিস্কাই জনাইছে যে পূর্বে তেওঁ নিজেও মংগল গ্ৰহৰ এজন মহাকাশচাৰী পাইলট আছিল। সেই সময়ত তেঁৱো পৃথিবীলৈ আহি যাৱতীয় কাম কাজবোৰ সম্পন্ন কৰি সুকলমে ঘূৰি গৈছিল। কিন্তু বিগত ১৯৯৬ চনত তেওঁ অন্তিম বাৰলৈ যেতিয়া পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ এক দুৰ্ঘটনাত  পতিত হৈ মৃত্যুমুখত পৰে। আৰু তাৰপিছত তেওঁ ৰাচিয়াত বৰিস্কা হিচাবে জন্মগ্ৰহন কৰে।

জীৱিত কালত চাৰ ষ্টিফেন হকিঙেও বৰিস্কাৰ প্রতিভাৰ বিষয়ে অৱগত হৈছিল। বিশ্বব্ৰহ্মাণ্ড সম্বন্ধে বৰিস্কাৰ জ্ঞানৰ প্রশংসাও কৰি গৈছে হকিঙে। তেখেতে কৈছিল, "বৰিস্কা মংগল গ্রহৰ বাসিন্দা নে পৃথিবীৰ বাসিন্দা, সেইটো ডাঙৰ কথা নহয়। কিন্তু বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে তেওঁৰ যি জ্ঞান সেইটোহে গুৰুত্বপূৰ্ণ বিষয়। সাম্প্ৰতিক সময়চোৱাত বৰিস্কা নাছাকে আদি কৰি বিশ্বৰ বিভিন্ন বিজ্ঞান মহলত এক বহুল ভাবে চৰ্চিত নাম। বিজ্ঞানীসকলেও বৰিস্কাক লৈ বিভিন্ন গৱেষণা চলাই আছে। বৰিস্কাৰ তথ্যসমূহ বা মংগল গ্ৰহৰ বাসিন্দা বুলি তেওঁ দাবী কৰা ধৰণেই কথাটোৰ যুক্তিযুক্ততাৰ সন্দৰ্ভত এতিয়ালৈ বিজ্ঞানীসকলে কোনো মত পোষণ কৰা নাই। সমগ্ৰ বিশ্বৰ অগণন জনতাই এতিয়া অপেক্ষা কৰি আছে বিজ্ঞানী সকলৰ মুখলৈ চাই। হয়তো অচিৰেই আমি গ'ম পাম যে বৰিস্কা সঁচাকৈয়ে এলিয়েন নেকি? নে বৰিস্কা নিজেই এজন মানুহক বিভ্ৰান্ত কৰিব পৰা এক মনে সজা কাহিনীৰ এক কাল্পনিক চৰিত্ৰ !!!

Thursday, 20 December 2018

মহাকাশৰ জীৱনযাত্ৰা আৰু খাদ্য



অসীম শূন্যতাৰ আন এটি নাম মহাকাশ। মহাকাশ কি সঁচাকৈয়ে বিশাল শূণ্যতাৰে ভৰা এক সীমাহীন অৱস্থিতি ! বিস্ময়কৰ এই অসীমতাত ওপঙি ৰোৱা পৃথিৱী নামৰ গ্ৰহটোৰ বুকুতেইতো মানুহৰ বসবাস। সীমাহীন মহাকাশৰ বুকুত আৰু কিমান যে গ্রহ, নক্ষত্র, নীহাৰিকাপূঞ্জই উটি ভাঁহি ফুৰিছে তাৰ লেখ জোখ নাই। সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহে মহাকাশক কৌতুহলেৰে পৰ্যবেক্ষণ কৰি আহিছে। বিজ্ঞানৰ অগ্ৰগতিৰ লগত হাত ধৰি য়ুৰি গেগাৰিণকে আদি কৰি এই পৰ্যন্ত প্ৰায় ৫৫০ গৰাকী মহাকাশচাৰীয়ে মহাকাশৰ অচিন ছায়াপথেৰে পৰিক্ৰমা সম্পূৰ্ণ কৰিছে। জোনবাইৰ বুকুতো মহাকাশচাৰীয়ে ভৰি দিছে। এইবাৰ লক্ষ্যস্থান - মংগল গ্ৰহ। মহাকাশৰ ৰহস্যই মানুহক হাত বাউলী মাতিছে। মানুহেও এই নিমন্ত্ৰণ প্ৰত্যাখান কৰা নাই।

পিছে মহাকাশ নিৰাপদ স্থান নহয়। মাধ্যাকৰ্ষণ বল বিহীন মহাকাশত মানুহ পৃথিৱীত থকাৰ দৰেই স্বাচ্ছন্দ্যে থাকিব নোৱাৰে। ভোক লাগিলে আমি যেনেদৰে ইচ্ছানুসৰি ভাত, মাছ-মাংস, পানী আদি খাবলৈ পাৰো, মহাকাশত তেনে কোনো সুযোগ নাই। মহাকাশত গা ধোৱা, উঠা-বহা, জিৰণি লোৱা আদি প্ৰতিটো কামেই জটিল। মহাকাশচাৰী সকলৰ দৈনন্দিন কাম কাজবোৰ অতি বিচিত্ৰ। অতি বিচিত্ৰ মহাকাশচাৰীৰ জীৱন যাপনৰ শৈলী। আজি মহাকাশচাৰী সকলৰ খাদ্য সম্পৰ্কে দুটামান বিষয় আলোচনা কৰিব খুজিছোঁ।

ভোকাতুৰ মানুহক খাদ্যৰ যোগান ধৰিব নোৱাৰিলে তেওঁৰ মৃত্যু অনিবাৰ্য। মাহৰ পিছত মাহ ধৰি মহাকাশ বিজ্ঞানীসকলে যেতিয়া আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাত ব্ৰতী হৈ থাকে, তেতিয়া তেওঁলোকে খাদ্য ক'ত পায় ? মহাকাশত ৰন্ধাবঢ়া কৰিব পাৰি জানো ? মহাকাশৰ বিজ্ঞানীসকলৰ বাবে পৰিকল্পনা অনুযায়ী পৃথিৱীৰ পৰাই খাদ্যবস্তু যুগুত কৰি নিয়া হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মহাকাশলৈ প্রতি কেজি খাদ্য লৈ যোৱাৰ বিনিময়ত আৰু সেই খাদ্য খোৱাৰ উপযোগী কৰি ৰখাৰ বিনিময়ত খৰছ হয় লাখ লাখ টকা। সেয়ে প্রত্যেক জন  মহাকাশচাৰীৰ বাবে পৃথিৱীৰ পৰা নিদিষ্ট পৰিমানৰ খাদ্যহে নিয়া হয়। সেই খাদ্যৰ তালিকাখন এনেধৰণৰ ……

ৰাতিপুৱাৰ আহাৰ : নিৰ্দিষ্ট পৰিমানৰ শুকান ফল অথবা শস্যৰ শুকান গুড়ি, শুকান মাংসৰ টুকুৰা, কণ্ডেন্সদ মিল্ক, মাখন মিশ্রিত কণীৰ চুপ, কোক আৰু ফলৰ ৰস।

দুপৰীয়াৰ আহাৰ : তুর্কী পেষ্টা অথবা "হট ডগ", পাউৰুটি, বাদাম, শাক পাচলিৰ চুপ আৰু ফলৰ ৰস।

নিশাৰ আহাৰ : বিভিন্ন ধৰণৰ শুকান ফলৰ মিশ্রণ, দ্ৰাই পোলাও, পুডিং, নুডলচ, ফলৰ ৰস আৰু শুকান মাংস।

এনে প্ৰতিবিধ খাদ্যই লেবোৰ'টৰীৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পিছতহে পেকেটিং হয়। কাৰণ মহাকাশত মহাকাশচাৰীৰ যদি "ফুড পয়জনিং" হয়, ই মহাকাশচাৰীজনৰ জীৱন বিপন্ন কৰি তুলিব পাৰে। এনেবোৰ খাদ্যৰ লগত অভ্যস্ত কৰি তুলিবলৈ অভিযানৰ আগত মহাকাশচাৰী সকলক কঠিন প্রশিক্ষণো প্ৰদান কৰা হয়।

মহাকাশচাৰী সকলে ২৪ ঘণ্টাত তালিকাত দিয়া ধৰণে তিনিবাৰ খাদ্য গ্ৰহণ কৰে। তাৰবাবে মহাকাশচাৰী সকলৰ দেহৰ ওজন আৰু বয়স অনুসৰি তেওঁলোকৰ প্ৰয়োজনীয় কেলৰিৰ মাত্ৰা নিৰ্ধাৰণ কৰি দিয়া হয়। উদাহৰণস্বৰূপে এজন শকত আবত মহাকাশচাৰীৰ বাবে প্রায় ৩,২০০ কেলৰি খাদ্য আৰু এজন ক্ষীণ মহাকাশচাৰীৰ বাবে ইয়াৰ পৰিমাণ ১৮০০ কেলৰি। মহাকাশযান অথবা মহাকাশ গৱেষণা কেন্দ্ৰত কোনো ৰিফ্রেজাৰেটৰ নেথাকে। সেয়ে খাদ্যবোৰ প্ৰধানতঃ শুকান অৱস্থাত সংৰক্ষিত কৰি ৰখা হয়। এই শুকান খাদ্যসমুহ সামান্য পৰিমানৰ কুহুমীয়া পানীত ভিজাই লৈ খাব পাৰি। মহাকাশচাৰী সকলে নিশাৰ আহাৰৰ তালিকাত থকা নুডলচ সিদ্ধ কৰিবলৈ অৱশ্যে মহাকাশযানত "মাইক্ৰ'ৱেভ ওভেন" থাকে। অৱশ্যে মহাকাশযানত জলকীয়াৰ গুড়ি আৰু দানাকাৰ নিমখ নিষিদ্ধ। তাৰ সলনি মহাকাশযানত জলকীয়া আৰু নিমখৰ বিশেষ তৰলীকৃত ৰূপহে থাকে। কিয়নো মহাকাশযানৰ "জিৰো গ্ৰেভিটি" পৰিবেশত জলকীয়াৰ গুড়ি অথবা দানাকাৰ নিমখ খাদ্যৰ থালৰ পৰা ওপঙি উঠি মহাকাশচাৰীৰ চকুৱে মুখে সোমাই অঘটন ঘটোৱাৰ সম্ভাৱনা থাকে।

Monday, 17 December 2018

অকৃতজ্ঞ মানুহ আৰু ইটো সিটো



জীৱনত এনে কিছুমান প্রশ্নৰ উদয় হয় যাৰ উত্তৰ কেতিয়াও পোৱা নেযায়, কিছু এনে ভুল হৈ যায় যাৰ শুধৰণী কেতিয়াও নহয় আৰু কিছু এনে কষ্ট অথবা যন্ত্ৰণা থাকে যাক কাৰো আগত কেতিয়াও প্ৰকাশ কৰা নহয়। বন্ধু বা প্ৰিয়জনেই সততে তেওঁৰ কৰ্ম বা ব্যৱহাৰেৰে আমাক কষ্ট দিয়ে। সেয়ে হয়তো আমি প্ৰত্যেকেই একোজন এনে লোক বাচি লোৱা উচিত, যিজনে দিয়া মনোকষ্টও সহজতে সহ্য কৰিব পৰা যায়। সেয়ে জ্ঞানীলোকেও কৈ গৈছে, "বোবা লোক এজনে আপোনাক বিৰক্ত কৰিব পাৰে সঁচা, কিন্তু হৃদয়খন থানবান কৰি পেলাব পৰা তিতা মাতেৰে আপোনাক কেতিয়াও আঘাত নিদিয়ে।"

মানুহ বৰ আচৰিত প্ৰাণী। এক বিশেষ পৰিস্থিতিত কোনোবাজন মানুহৰ ব্যৱহাৰত আপুনি যেনেদৰে আপুনি আনন্দিত হৈ পৰিব পাৰে, থিক একেই পৰিবেশত আন এজন মানুহৰ ব্যৱহাৰ বা কৰ্মকাণ্ডত আপুনি ব্যথিত হৈ পৰিবও পাৰে। মানুহ মাত্ৰেই কামকাজ বা ব্যৱহাৰৰ তাৰতম্য হোৱাটো ডাঙৰ কথা নহয়। আচল কথাটো হ'ল মানবীয় গুণখিনিহে। জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পদেই হ'ল মানবীয় গুণ, যাৰ অবিহনে মানুহৰ জীৱন পশুতুল্য। ধৈৰ্য, সততা, প্ৰেম, আচাৰ ব্যৱহাৰ, পৰোপকাৰিতা, কৃতজ্ঞতা আদিবোৰেইতো মানবীয় গুণ। 

কিন্তু কেতিয়াবা মনলৈ প্রশ্ন আহে, আমি কি সঁচাকৈয়ে মানুহ? মূল্যবোধহীন জীৱনাদৰ্শক আদৰি লৈ অৰ্থ, ভোগবাদ আৰু বস্তুবাদী মানসিকতাতে গঢ় লোৱা একাংশ মানুহক দেখিলে মনলৈ প্ৰশ্ন আহে যে মানুহৰ মাজত বিদ্যমান হৈ থাকিবলগীয়া মানবীয় গুণবোৰ কি আমাৰ সমাজৰ একাংশ মানুহৰ হৃদয়ৰ পৰা একেবাৰেই লুপ্ত হৈ গ'ল? মানুহবোৰ ইমান অকৃতজ্ঞ আৰু স্বাৰ্থপৰ কিয়? 

অকৃতজ্ঞ আৰু স্বাৰ্থপৰ বহুজন লোকে ব্যক্তিগত ভাবে আমাকো বিভিন্ন সময়ত মনোকষ্ট দিছে। তেওঁলোকৰ ভিতৰত কোনোবাজন হয়তো ছদ্মবেশী বন্ধু, আন কোনোবাজন প্ৰতিবেশী। কোনোবাজন হয়তো সহকৰ্মী বন্ধু, আন কোনোবাজন বুকুৰ কুটুম। কোনোবাজন উচ্চ শিক্ষিত, আনজন হয়তো অৰ্ধ শিক্ষিত। তেওঁলোক প্ৰতিজনকেই তেওঁলোকৰ বিপদৰ সময়ত হাত আগবঢ়াইছো অথচ আমাৰ বিপদৰ সময়ত তেওঁলোকে নিৰাপদ দূৰত্বত থাকি মৌনব্ৰতী হোৱাৰ ভাওঁ দিয়া দেখিছোঁ। 

কেতিয়াবা আকৌ ভাবো - হয়তো মানুহৰ পৰা বেছিকৈ আশা কৰিছোঁ। হয়তো বন্ধু-বান্ধৱৰ মাজত বা হাটে বজাৰে লগ পোৱা অজস্ৰজনৰ মাজত কিবা এটা "দুস্প্ৰাপ্য"ৰ সন্ধানত মই হাবাথুৰি খাই ভাগৰি পৰিছোঁ। হয়তো কেতিয়াবা আপুনিও মোৰ দৰেই খুব অসহায় অনুভৱ কৰিব যেতিয়া আপোনাৰ সুখ-দুখ, বেদনা-হতাশা আদিৰ প্ৰতি আপোনাৰ ছদ্মবেশী বন্ধু, প্ৰতিবেশী বা সমকৰ্মীসকল প্ৰতিক্ৰিয়াহীন হৈ পৰিব। তেতিয়া কিছু অব্যক্ত  কথা মনৰ গভীৰতাতেই স্মৃতি হিচাবে ৰৈ যাব আৰু এসময়ত একোটা হুমুনিয়য়াহ হৈ আপোনাকো জোকাৰি যাব প্ৰতিনিয়ত ভাবেই…!

"নদীর এপার কহে ছাড়িয়া নিশ্বাস,
ওপারেতে সর্বসুখ আমার বিশ্বাস।
নদীর ওপার বসি দীর্ঘশ্বাস ছাড়ে;
কহে, যাহা কিছু সুখ সকলি ওপারে।"

--কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

Friday, 14 December 2018

জীৱন : এক বৈজ্ঞানিক দৃষ্টিকোন


জীৱন বা প্রাণ মানে কি ? কেৱল তেজ-মঙহৰ শৰীৰেই বাৰু জীৱন নেকি ? জীৱন সৰ্বব্যাপী অথবা চিৰস্থায়ী নহয় কিয় ? দাৰ্শনিক অথবা বৈজ্ঞানিক যিয়েই নহওঁক কিয়, জীৱন সম্পৰ্কে আমাৰ ধাৰণাৰ অন্ত নাই। অথচ কোনো এটা ধাৰণায়ো জীৱন সম্বন্ধে আমাক সদুত্তৰ দিব পৰা নাই। জীৱন কি সঁচাকৈয়ে ৰহস্যময় ? এনেবোৰ বিষয়বস্তু বাচি লৈয়ে ১৯৯৪ চনত নাছাৰ দ্বাৰা প্ৰকাশিত মহাকাশ জীৱবিজ্ঞানৰ জাৰ্নালত প্ৰকাশিত এখন গৱেষণা পত্ৰত "Life is a self-sustaining chemical system" নামৰ এটি প্ৰবন্ধ প্ৰকাশ পাইছে। প্ৰৱন্ধটোত "জীৱন" নামৰ ৰহস্যটোক বৈজ্ঞানিক দৃষ্টিকোনেৰে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হৈছে। 

জীৱন দৰাচলতে এলানি সুশৃংখল আৰু সংগঠিত জটিল ৰসায়নিক বিক্রিয়াৰ আশীৰ্বাদ ! অৰ্থাৎ জীৱন হ'ল অণু-পৰমাণুৰ জটিল ৰসায়নিক বিক্রিয়াৰ ওপৰত নির্ভৰশীল এক প্ৰাকৃতিক পৰিঘটনা। পিছে জীৱন এনে এটি ব্যবস্থা যি কেতিয়াও সাম্যাৱস্থাত নেথাকে। বৰং জীৱনে চৌপাশৰ পৰিবেশ অথবা অন্য কোনো উৎসৰ পৰা শক্তি আহৰণ কৰি নিজক গতি প্ৰদান কৰে। বিজ্ঞানৰ ভাষাত ইয়াকেই বিপাক বা "মেটাব'লিজম" বুলি কোৱা হয়। চৌপাশৰ পৰিস্থিতিৰ লগতে আভ্যন্তৰীণ পৰিবেশ সলনি হোৱাৰ লগে লগে জীৱনক গতিময়তা প্ৰদান কৰা এই বিপাক প্ৰক্ৰিয়াৰো পৰিবৰ্তন ঘটে। সেয়ে জীৱন সদায়ে সাম্যাৱস্থাত থাকিব নোৱাৰে। হয়তো সেইবাবেই জীৱন কচুপাতৰ পানীৰ দৰেই অস্থিৰ !

জীৱন নামৰ এই জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াসমূহ মুক্ত স্থানত অথবা পৰীক্ষাগাৰত সংঘটিত নহয়। এক সুনিয়ন্ত্ৰিত আৱদ্ধ তন্ৰৰ মাজতহে এই জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াসমূহ পৰিচালিত হয়। এনে সুনিয়ন্ত্ৰিত আৱদ্ধ তন্ৰবোৰকেই আমি "কোষ" বুলি কওঁ। অৰ্থাৎ কোষ অবিহনে জীৱন সম্ভৱ নহয়। এই কোষবোৰৰ ভিতৰতেই সুশৃংখলিতভাবে ৰসায়নিক বিক্ৰিয়াসমূহে জীৱনক পৰিবেষ্টিত কৰি ৰাখে।

জীৱনৰ মূল চালিকা শক্তি বুলিলে আমি মূলতঃ নিউক্লিক এচিড বুলিয়েই বুজো। আমাৰ পৃথিবীত প্রাণ বা জীৱন সৃষ্টিৰ পৰা আৰম্ভ কৰি জীৱনৰ নিয়ন্ত্ৰণ আনকি মৃত্যুৰ সমস্ত তথ্যও আমাৰ কোষৰ ভিতৰত থকা প্ৰাণদায়িনী  নিউক্লিক এচিডৰ মাজতেই আৱদ্ধ হৈ আছে। সময়ৰ সোঁতত চৌপাশৰ পৰিস্থিতিবোৰ সলনি হোৱাৰ লগে-লগে কোষৰ ভিতৰত থকা এই নিউক্লিক এচিডৰো বিৱর্তন হৈছে।  নিউক্লিক এচিডৰ এনে বিবৰ্তনে জীৱনৰো বিৱৰ্তন আনিছে আৰু বিভিন্ন প্ৰজাতিৰ জীৱকূল সৃষ্টি কৰিছে। পৃথিৱীত পোৱা প্ৰতিটো জীৱৰ জীৱন প্ৰণালী একে নহ'লেও জীৱনক নিয়ন্ৰণ কৰা ৰসায়নিক বিক্ৰিয়া সমূহ কিন্তু একেই। তেন্তে পৃথিৱীৰ বাহিৰত যদি কোনো জীৱন আছে, সেইবোৰ জীৱনৰ গতিবিধি বা নিয়ন্ৰণ পদ্ধতি আমাৰ পৃথিৱীৰ দৰে একেই হ'বনে ?

ভিন্নগ্ৰহত জীৱন আছে নে নাই - এইটো আজিও নিশ্চিত হোৱা নাই। যুক্তিৰ আধাৰত এলিয়েন আছে বুলি যদি ধৰি লওঁ, তেন্তে প্ৰশ্ন উদয় হ'ব যে তেওঁলোকৰ জীৱনৰ জৈৱ ৰসায়ন আমাৰ পৃথিৱীৰ লগত একে হ'বনে ? যিহেতু জীৱনৰ জৈৱ ৰসায়ন, চৌপাশৰ পৰিস্থিতিৰ লগতে আভ্যন্তৰীণ পৰিবেশ সলনি হোৱাৰ লগে লগে জীৱনক গতিময়তা প্ৰদান কৰা বিপাক প্ৰক্ৰিয়াবোৰৰো পৰিবৰ্তন ঘটে, সেয়ে এলিয়নবোৰৰ জীৱন শৈলী আমাৰ দৰে নোহোৱাতোৱেই স্বাভাৱিক। কোনো কোনো বিজ্ঞানীৰ মতে এলিয়নবোৰৰ জীৱন কাৰ্বনভিত্তিক নহৈ ছিলিকনভিত্তিক হোৱাৰ সম্ভাৱনা অধিক। আন একাংশ অত্যুৎসাহী বিজ্ঞানীৰ মতে এলিয়েনৰ দেহ কাৰ্বনৰ বহুৰূপ হীৰাৰে গঠিত। কোনো কোনোৰ মতে এলিয়েনবোৰ "চুপাৰহিৰো" আৰু তেওঁলোকৰ দেহ বিদ্যুতৰ সুপৰিবাহী। আচলতে এয়া সম্ভৱ নে অসম্ভৱ - আজিৰ দিনত এইটো এটা লাখটকীয়া প্ৰশ্ন। পৃথিৱীৰ পৰিবেশত আমাৰ জ্ঞাত বিজ্ঞানৰ সূত্ৰ অনুযায়ী এয়া অসম্ভব । কিন্তু কোনে জানে, হয়তো পৃথিৱীৰ বাবে আমি যাক জীৱনৰ সংজ্ঞা বুলি মানি ল'ব খুজিছো, ভিন্নগ্ৰহৰ প্ৰাণীৰ বাবে জীৱনৰ সেই সংজ্ঞা তেনেই মূল্যহীন। আৰু যদি সেয়েই সঁচা হয়, তেন্তে "জীৱন" এক ৰহস্যময় পৰিঘটনা হৈয়েই ৰ'ব।

Thursday, 6 December 2018

মৃত্যুশয্যাত বিশ্বব্ৰহ্মাণ্ড


বিশ্বব্রহ্মাণ্ড ধীৰে ধীৰে মৃত্যুৰ দিশলৈ আগবাঢ়িছে ! বাৰ্ধক্যৰ বোজা বৈ ক্ৰমশঃ ভাগৰুৱা আৰু জৰাগ্ৰস্ত হৈ পৰিছে আমাৰ বিশ্বব্ৰহ্মাণ্ড ! সম্প্ৰতি একাংশ বিজ্ঞানীয়ে এনে আশংকাৰ কথাই প্ৰকাশ কৰিছে।

অষ্ট্ৰেলিয়াৰ "ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ৰেডিও এষ্ট্ৰোনোমি ৰিচাৰ্চ"ৰ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ পৰমায়ু সম্বন্ধে কৰা গৱেষণাৰ তথ্য অনুসৰি আমি এতিয়াই আতংকিত হোৱাৰ কাৰণ নাই। কিয়নো বিজ্ঞানীসকলৰ মতে এতিয়াও বিশ্বব্রহ্মাণ্ডৰ আয়ুস অন্তত ১০০ বিলিয়ন বছৰ বাকী আছে। এই গৱেষণাত তেওঁলোকে সাতটা অতি শক্তিশালী আৰু অত্যাধুনিক টেলিস্কোপৰ পৰা তথ্য সংগ্ৰহ কৰাৰ উপৰিও পৃথিৱীৰ চৌদিশৰ কক্ষপথত স্থাপন কৰা দুটা ঘূৰ্ণীয়মান স্পেচ টেলিস্কোপৰ তথ্যও বিশ্লেষণ কৰিছে। এই টেলিস্কোপ দুটাৰ ভিতৰত প্ৰথমটো নাছাৰ আৰু দ্বিতীয়টো ইউৰোপীয়ান স্পেচ এজেন্সীৰ।

গৱেষণাৰ কালচোৱাত মহাবিশ্বৰ প্রায় ২ লাখ গেলাক্সিৰ পৰা নির্গত হোৱা মহাজাগতিক বিকিৰণ বা মহাজাগতিক শক্তিৰ বিশ্লেষণ কৰি তেওঁলোকে ধৰা পেলাইছে যে ২ বিলিয়ন বছৰ আগতে নিৰ্গত হোৱা মহাজাগতিক বিকিৰণৰ তুলনাত এই বিকিৰণৰ পৰিমাণ সাম্প্ৰতিক সময়ত ৫০ শতাংশ হ্ৰাস পাইছে। আহৰণ কৰা এই তথ্য সমূহৰ গাণিতিক হিচাব নিকাচ কৰি মহাকাশ বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে আমাৰ দৃশ্যমান বিশ্বব্রহ্মাণ্ডৰ আয়ুকাল আৰু মাত্র ১০০ বিলিয়ন বছৰহে বাকী আছেগৈ।

Friday, 30 November 2018

উৰন্ত চাকি : ভিন্ন গ্ৰহৰ প্ৰাণীৰ মহাকাশযান


ভিন্ন গ্রহৰ প্ৰাণীৰ অস্তিত্বক লৈ জল্পনা-কল্পনাৰ শেষ নাই। মাজে সময়ে বাতৰিৰ শিৰোনামা দখল কৰি প্ৰকাশ হয় UFO অথবা অচিনাক্ত উৰন্ত চাকিৰ খবৰ। সেই বাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় বিতর্ক। একাংশ মানুহৰ মতে সেয়া সত্য আনহাতে আন একাংশৰ মতে এয়া দৃষ্টিভ্ৰম অথবা মনে সজা কাহিনী। সেয়া যিয়েই নহওঁক, সাম্প্ৰতিক সময়চোৱাৰ বাবে উৰন্ত চাকি সঁচাকৈয়ে এক ৰহস্যময় সাঁথৰ।

উৰন্ত চাকি সঁচাকৈয়ে বাৰু দৃষ্টিভ্রম নেকি ? ভিন্ন গ্রহত প্রাণ থকাৰ সম্ভাৱনাক বিজ্ঞানে অস্বীকাৰ কৰা নাই। বিজ্ঞানৰ মতে মহাবিশ্বৰ ক'ৰবাত নহয় ক'ৰবাত বুদ্ধিমান প্রাণী থাকিব পাৰে। সেই প্ৰাণীবোৰ মানুহতকৈও বেছি বুদ্ধিমানো হ'ব পাৰে অথবা তেনেই চালুকীয়া অৱস্থাতো থাকিব পাৰে।  

কিছুমান লোকৰ মতে ভিন্নগ্ৰহৰ প্ৰাণীবোৰ আমাতকৈও বেছি বুধিয়ক আৰু তেওঁলোকে মাজে সময়ে বিশেষ আকৃতিৰ মহাকাশযানেৰে তেওঁলোকৰ গ্ৰহৰ পৰা আমাৰ পৃথিৱীলৈ আহে। পৃথিৱীৰ আকাশত হঠাতে কেতিয়াবা এই ভিন্নগ্ৰহী মহাকাশ যানবোৰ কোনো কোনো মানুহে স্বচক্ষে দেখা পোৱা বুলি দাবী কৰি আহিছে। তেওঁলোকৰ দাবীক প্ৰমাণিত কৰিবলৈ এই মহাকাশ যানবোৰৰ আলোকচিত্ৰও তেওঁলোকে দেখুৱাইছে। এই আলোকচিত্ৰবোৰত দেখা যোৱা উৰন্ত যানবোৰকেই UFO বা অচিনাক্ত উৰন্ত চাকি বুলি অভিহিত কৰা হয়।

যদিও এই আলোকচিত্ৰ সমূহ ভিন্নগ্ৰহী মহাকাশযানৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবে বিজ্ঞান সন্মত প্ৰমাণ নহয়, অন্যান্য কেতবোৰ আনুসংগিক বিষয়ে UFO বা অচিনাক্ত উৰন্ত চাকিৰ ধাৰণাটোক জীয়াই ৰাখিছে। উদাহৰণস্বৰূপে ইউৰোপ প্ৰভৃতি দেশৰ শস্যক্ষেত্ৰৰ মাজত দেখা পোৱা বিশালাকাৰ "ক্ৰপ চাৰ্কোল" অথবা নিশাটোৰ ভিতৰতেই মাটিত অংকিত হোৱা অতি বৃহৎ আকাৰৰ জ্যামিতিক নক্সাবোৰলৈ আঙুলিয়াব পাৰি। UFO বা অচিনাক্ত উৰন্ত চাকিক বিশ্বাস কৰা লোক সকলৰ মতে ভিন্ন গ্ৰহৰ প্ৰাণীয়ে এই নক্সা বা ক্ৰপ চাৰ্কোলবোৰৰ জৰিয়তে পৃথিৱীবাসীলৈ কিবা বাতৰি দি গৈছে। 

অনেকে ক'ব খোজে যে ক্ৰপ চাৰ্কোল সমূহ পৃথিৱীৰেই কোনো শিল্পীৰ দ্বাৰা তৈয়াৰী। কিন্তু আচৰিত কথাটো হ'ল যে শস্য ক্ষেত্ৰৰ মাজত অংকিত কৰা অগণন তথা বৃহৎ বৃহৎ ক্ৰপ চাৰ্কোলবোৰ অংকন কৰা কোনো শিল্পীকেই আজিলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। তেন্তে ৰাতিটোৰ ভিতৰতেই কোনো অংকিত কৰি থৈ যায় এই ক্ৰপ চাৰ্কোলবোৰ !!!

এই ক্ৰপ চাৰ্কোলবোৰ ৰহস্যাবৃত। প্রথমতে শস্যৰ মাজত অংকিত এই নক্সাবোৰ সহজ সৰল জ্যামিতিক পেটার্ন যেনে বৃত্ত, চতুৰ্ভূজ অথবা ত্ৰিভুজ আছিল। কিন্তু পিছলৈ শস্যক্ষেত্ৰৰ মাজত  অত্যন্ত জটিল জ্যামিতিক গঠনে ঠাই ল'বলৈ আৰম্ভ কৰে। এই ধৰণৰ শস্যক্ষেত্ৰৰ মাজৰ অংকনবোৰ ১৯৭০ৰ দশকৰ পৰা প্রচুর পৰিমানে দেখা পোৱা গৈছিল। ইংলেণ্ডকে আদি কৰি ইউৰোপৰ অন্যান্য দেশবোৰৰ লগতে ইন্দোনেছিয়া, আমেৰিকা আৰু অষ্ট্রেলিয়াত এই ধৰণৰ অংকনবোৰ সঘনাই দেখা গৈছিল।

এই শিল্পকর্ম সমূহ অপূৰ্ব আৰু তাতকৈও আচৰিত কথা এই যে এই সমস্ত শিল্প কৰ্ম ৰাতিটোৰ ভিতৰতেই সম্পন্ন হয়। কোন এই প্রতিভাবান ৰহস্যময় শিল্পী ? কিয়ই বা তেওঁ সংগোপনে অংকন কৰি যায়হি এইবোৰ নক্সা ? এই প্রশ্নবোৰৰ কোনো উত্তৰেই আজিলৈকে আমাৰ হাতত নাই। বতর্মান আধুনিক বিশ্বৰ এনে বহুতো ৰহস্যৰ মাজত UFO বা অচিনাক্ত উৰন্ত চাকিও অন্যতম। 

UFOবোৰ পৃথিবীৰ বিভিন্ন স্থানৰ পৰা বহুবাৰ দেখা পোৱা বুলি দাবী কৰা হৈছে। এই UFOবোৰ পৃথিবীৰ কোনো পৰিচিত বস্তুৰ লগতেই মিল নাখায়। তদুপৰি আমাৰ দ্বাৰা আৱিষ্কৃত বিজ্ঞানৰ কোনো তত্ব বা সূত্ৰৰ সহায়তো ইয়াৰ ব্যাখ্যা দাঙি ধৰিব নোৱাৰি। উৰন্ত এই চাকিবোৰক লৈ পৃথিৱীৰ বিভিন্ন স্থানত অনেক গবেষণা হৈছে, কিন্তু তৎসত্বেও বিজ্ঞানীসকলে এই ৰহস্যৰ ভেদ ভাঙিব পৰা নাই। UFO শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে Unidentified Flying Object বা ফ্লায়িং চ'চাৰ। এইবোৰ বিভিন্ন আকৃতিৰ হ'ব পাৰে। বেছিভাগ উৰন্ত চাকিয়েই এটা চকৰিৰ দৰে গঠনৰ আৰু অতি উজ্বল আলোকেৰে আলোকিত। প্ৰত্যক্ষদৰ্শীৰ মতে এইবোৰে হোভাৰক্রাফ্ট এখনৰ দৰেই পোনে পোনে অৰ্থাৎ উলম্ব ভাবে ভূমিত অবতৰণ কৰিব পাৰে। এইবোৰৰ গতিবেগো অতি বেছি আৰু সেয়ে অতি কম সময়ৰ ভিতৰতেই মানব দৃষ্টিৰ পৰা  অদৃশ্য হৈ যাব পাৰে। প্ৰত্যক্ষদৰ্শী সকলে দিয়া তথ্য অনুসৰি UFOবোৰে খুব শক্তিশালী চুম্বক ক্ষেত্র সৃষ্টি কৰি চৌপাশৰ সকলো বৈদ্যুতিক আহিলাক নিস্ক্ৰিয় কৰি পেলাব পাৰে। তেওঁলোকৰ মতে এই UFO বোৰেই হ'ল ভিন্ন গ্রহী প্ৰাণীৰ মহাকাশ যান। এই মহাকাশযানত উঠিয়েই ভিন্ন গ্ৰহৰ প্ৰাণীবোৰে পৃথিৱীলৈ আহি আমাক নিৰীক্ষণ কৰে। সম্ভৱতঃ তেওঁলোক প্ৰযুক্তিৰ দিশত আমাতকৈ বেছি আগবঢ়া আৰু আমাৰ তেনেই চালুকীয়া প্ৰযুক্তিৰ লগত থকা পাৰ্থক্যৰ বাবে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পৰা নাই। অথবা আমি তেওঁলোকৰ বাৰ্তা গ্ৰহন কৰিব পৰা নাই। 

উৰন্ত চাকি পৃথিবীৰ অসংখ্য মানুহে বহুবাৰ প্রত্যক্ষ কৰিছে বুলি দাবী কৰিছে। তাৰ মাজত আমেৰিকাৰ প্ৰায় ১০০০০ মানুহে একেলগে ১৯৬৬ চনত এটা UFO দেখা বুলি দাবী কৰিছে। একেদৰে চীনদেশতো বহু লোকে স্বচক্ষে UFO দেখা বুলি কৈছে। ইয়াৰ উপৰিও বিশ্বব্যাপী বিভিন্ন স্থানৰ আকাশত উৰন্ত চাকিয়ে ভূমুকি মৰা বুলি বাতৰি প্ৰচাৰ হৈছে। বিগত ২০১০ চনতো জাপানৰ আকাশত UFO দেখা বুলি বাতৰি ওলাইছিল।

UFO সম্বন্ধে এই বাতৰিবোৰ পিছে বহুতেই মিছা বুলি কয়। তেওঁলোকৰ মতে UFO বোৰ মানব সৃষ্ট কেতবোৰ বৈদ্যুতিক যতন হে মাথোন। সৰ্বসাধাৰণ মানুহক বুৰ্বক সাজিবলৈ কোনো কোনো লোকে ৰিম'ট কণ্ট্ৰোলৰ সহায়ত এনে ধৰণৰ বৈদ্যুতিক যতনবোৰ আকাশত উৰুৱাই মানুহক আমোদ আৰু চিন্তাৰ খোৰাক দিছে। ৰহস্যময় পৃথিৱীত মানুহে ৰহস্যৰ লগতে মোকাবিলা কৰি ভাল পায়। এই ৰহস্যৰ ভেদ ভাঙিবলৈ গৈয়েই মানুহে আৱিষ্কাৰ কৰি গৈছে ইটোৰ পিছত সিটোকৈ নতুন নতুন তথ্য। এদিন এই ৰহস্যপ্ৰেমী মানুহেই ভেদ ভাঙিব আন এটি ৰহস্যৰ, যাৰ নাম UFO বা অচিনাক্ত উৰন্ত চাকি।

Monday, 26 November 2018

অন্য গ্ৰহৰ প্ৰাণী আৰু কিছুমান প্ৰশ্ন


পৃথিবীৰ বাহিৰে এই মহাবিশ্বৰ আন কোনো স্থানত প্রাণৰ অস্তিত্ব আছেনে? বিজ্ঞানী সকলৰ লগতে সৰ্বসাধাৰণ মানুহৰ মনতো এয়া এক উত্তৰবিহীন প্ৰশ্ন। বিজ্ঞানী সকলে বিশ্বাস কৰে যে অন্তহীন ব্ৰহ্মাণ্ডৰ কোনো অজানতিমুলুকত নিশ্চয় কোনো জীৱনৰ অস্তিত্ব আছে। এই বিশ্বাস ইমানেই গভীৰ যে ১৯৭০ চনতেই বিজ্ঞানী সকলে বিলিয়ন বিলিয়ন ডলাৰ খৰছ কৰি ভয়েজাৰ-১ নামৰ এক মহাকাশযানত পৃথিবীৰ মোটামুটি প্ৰায় কেইটা ভাষাত অন্য গ্ৰহৰ জীৱ সকলক উদ্দেশ্যি শুভেচ্ছা বাণী ৰেকর্ড কৰি মহাকাশলৈ প্ৰেৰণ কৰিছে। এই মহাকাশ যানখনে ইতিমধ্যে সৌৰজগতৰ সীমনা অতিক্ৰম কৰি বহিঃ মহাকাশত প্ৰৱেশ কৰিছে। বিজ্ঞানী সকলৰ আশা, যদিহে কোনো বুদ্ধিমান এলিয়েন বা বহিঃ বিশ্বৰ প্ৰাণীৰ দৃষ্টিত ভয়েজাৰ-১ ধৰা পৰে, তেন্তে তেওঁলোকে পৃথিৱীবাসীৰ শুভেচ্ছা গ্ৰহণ কৰাৰ লগতে পৃথিৱীবাসীৰ লগত যোগাযোগো কৰিব পাৰিব। 

এলিয়েন বা অন্য গ্রহৰ প্রাণী সম্বন্ধে বেছিভাগ বিজ্ঞানীয়েই মত পোষণ কৰে যে সেই সকলোবোৰ গ্রহতেই জীৱনৰ উপস্থিতি সম্ভৱ যিবোৰত আমাৰ পৃথিবীৰ দৰেই এক পৰিবেশ আছে। ইতিমধ্যে বিজ্ঞানী সকলে একাধিক পৃথিৱী সদৃশ গ্ৰহ আৱিষ্কাৰো কৰিছে। তেওঁলোকে পৃথিবী সদৃশ এই গ্ৰহবোৰত অক্সিজেন, তৰল পানী বা কার্বনৰ যৌগ যেনে কার্বহাইড্রেট, এমিনো এচিড আদিবোৰৰ সন্ধানত ব্ৰতী হৈ আছে।

বিজ্ঞানী সকলৰ মাজৰ কিছুমানে এলিয়েন সম্পৰ্কে ভিন্ন মত পোষণ কৰিছে। সেই সকলৰ ভিতৰত ইউৰোপৰ অষ্ট্ৰিয়াম স্পেচ কোম্পানীত কৰ্মৰত বিখ্যাত মহাকাশ জীৱবিজ্ঞানী ড° ম্যাগী অলড্রিন অন্যতম। তেওঁৰ মতে এলিয়েনবোৰ আমাৰ পৃথিৱীবাসীৰ দৰে কাৰ্বনযুক্ত জৈৱ পদাৰ্থৰে তৈয়াৰী নহৈ ছিলিকনৰ যৌগৰে গঠিত হোৱাৰ সম্ভাৱনা বেছি। এই এলিয়েনবোৰৰ DNA ছিলিকনযুক্ত অথবা এইবোৰ সম্পূৰ্ণ DNA বিহীন। যিহেতু এই এলিয়েনবোৰৰ কোষীয় গঠন আমাৰ পৰা সম্পূর্ণ ভিন্ন, সেয়ে অন্য গ্ৰহৰ এই প্ৰাণীবোৰ হয়তো অক্সিজেন অবিহনে মিথেন গেছেৰে তৈয়াৰী বায়ুমণ্ডলৰ সহায়তেই জীয়াই থাকিব পাৰে।

এই ধাৰণাটোক বিজ্ঞ সমাজে গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। পৰ্যাবৃত্ত তালিকাত ছিলিকনৰ অৱস্থান কার্বনৰ থিক তলতেই। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে ছিলিকন আৰু কার্বনৰ ৰসায়নিক ধর্ম প্ৰায় একেই। অৰ্থাৎ ছিলিকনে প্ৰায় কাৰ্বনৰ দৰে একে যৌগ গঠন কৰে। 

ড° ম্যাগী অলড্রিনৰ মতে বর্তমান আৱিষ্কাৰ হোৱা পৃথিৱী সদৃশ গ্রহবোৰৰ পৰিবেশ বিশ্লেষণ কৰিলে আমাৰ হাতীপটি তাৰকাৰাজ্যতেই ৪টা গ্রহত ছিলিকনেৰে তৈয়াৰী বুদ্ধিমান জীৱৰ উপস্থিতি সম্ভব। অৱশ্যে বুদ্ধিমান হ'লেও এই এলিয়েন সমূহে পৃথিৱীলৈ আহি আমাৰ লগত সম্পৰ্ক কৰাৰ আশা নাই কাৰণ যিহেতু এই এলিয়েনবোৰৰ কোষীয় গঠন আমাৰ দৰে নহৈ ছিলিকনেৰে গঠিত, সেয়ে আমাৰ পৃথিৱীৰ পৰিবেশত এইবোৰ বাচি থকাৰ সম্ভাৱনা ক্ষীণ। 

ধৰা হ'ল পৃথিৱীৰ বিজ্ঞানী সকলে কোনো বহিঃ গ্ৰহত এলিয়েনৰ উপস্থিতি ধৰা পেলালে। তেতিয়া বিজ্ঞানী সকলে তেওঁলোকৰ লগত যোগাযোগ কৰাটো সম্ভৱ হ'বনে? ১৯৭০ চনতেই প্ৰেৰণ কৰা ভয়েজাৰ-১ নামৰ মহাকাশ যানখন ৪৫ বছৰ পিছত সৌ সিদিনাহে আমাৰ সৌৰজগতৰ শেষ সীমাত উপস্থিত হৈছেগৈ। তেনেস্থলত আমাৰেই তাৰকাৰাজ্যৰ অন্য এক সৌৰজগতলৈ মহাকাশযান প্ৰেৰণ কৰি তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰাটো এক জটিল অধ্যায়। কাৰণ আমাৰ পাৰ্শ্চৱৰ্তী সৌৰজগত খনলৈ যাবলৈ আমাক সময় লাগিব প্ৰায় ৭৬০০০ বছৰ।

Tuesday, 20 November 2018

পৃথিৱীৰ বুকুত এটি কৃত্ৰিম সূৰ্যোদয়


সূর্যতকৈও ছয়গুণ বেছি উত্তপ্ত এটি কৃত্রিম সূর্য ! সৌ সিদিনা মাত্ৰ পৃথিৱীৰ বুকুতেই ১৮০ মিলিয়ন ডিগ্রী ফাৰেণহাইট উষ্ণতা উৎপন্ন কৰিব পৰা এটি কৃত্ৰিম সূৰ্য তৈয়াৰ কৰি চীনে বিশ্ববাসীক চমকিত কৰি তুলিছে। সূর্যৰ দৰেই শক্তি উৎপাদন কৰাৰ লক্ষ্যৰে এই কৃত্রিম সূর্যটো তৈয়াৰ কৰা হৈছে। আমাৰ সৌৰজগতৰ একমাত্ৰ নক্ষত্র সূর্যৰ অভ্যন্তৰত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ দ্বাৰা যি ব্যাপক উত্তাপ সৃষ্টি হয়, তাতকৈও ছয়গুণ বেছি উত্তাপ সৃষ্টি কৰিব পৰা এই কৃত্রিম সূর্যটোৰ সহায়ত পৃথিৱীৰ বুকুতেই হাইড্র'জেনৰ পৰা বিদ্যু্ৎ শক্তি উৎপাদন কৰা হ'ব।

এটি কার্যকৰী "নিউক্লিয় ফিউচন ৰিয়েক্টৰ" তৈয়াৰ কৰাৰ সৰ্ব প্ৰথম প্ৰচেষ্টা জাৰ্মান বিজ্ঞানী সকলে কৰিছিল। ২০১৬ চনৰ শেষৰ পিনে জুৰিখত অৱস্থিত জার্মান এৰোস্পেচ চেণ্টাৰত বন বিশ্ববিদ্যালয়ৰ জ্যোতির্বিজ্ঞানী সকলৰ তত্বাবধানত ১৪৯ টা জেনন "চর্ট-আর্ক লেম্প" ব্যৱহাৰ কৰি পৃথিৱীৰ বুকুত প্ৰথমটো কৃত্রিম সূর্য তৈয়াৰ কৰা হৈছিল। বিজ্ঞানী সকলে এই কৃত্রিম সূর্যটোৰ নাম ৰাখিছিল "সিনলাইট"। ৫২ ফুট প্ৰস্থ আৰু ৪৫ ফুট উচ্চতা বিশিষ্ট এই ‘'সিনলাইট’' নামৰ কৃত্রিম সূর্যটোৱে প্ৰায় ৫৪৪০ ডিগ্রী ফাৰেনহাইট উত্তাপ সৃষ্টি কৰিব পাৰে। জাৰ্মান বিজ্ঞানীসকলে এই উষ্ণতাৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিছে।

পিছে সম্প্ৰতি চীন দেশৰ "হেফোই ইনষ্টিটিউট অফ ফিজিকেল চায়েন্সে"ৰ বিজ্ঞানী সকলে তৈয়াৰ কৰা কৃত্রিম সূর্যটোৱে আমাৰ সৌৰজগতৰ সূর্যতকৈও ছয়গুণ বেছি উত্তাপ উৎপন্ন কৰিব পৰা বিষয়টোৱে যথেষ্ঠ তাৎপৰ্য বহন কৰিছে। এই প্ৰকল্পটোৱে যদি সফলতা লাভ কৰে, তেন্তে হাজাৰ হাজাৰ কোটি টকা মূল্যৰ পৰিবেশৰ অনুকুল বিদ্যুৎ শক্তি উৎপাদন সম্ভব হৈ উঠিব। চীনৰ বিজ্ঞানী সকলৰ মতে জলবায়ু পৰিবর্তনৰ সমস্যাৰ পৰাও পৃথিবীক ৰক্ষা কৰাত সহায়ক হ'ব এই কৃত্ৰিম সূৰ্যটো।

এই কৃত্ৰিম সূৰ্যটোৰ সহায়ত অতি কম খৰছতেই আৰু নিৰাপদ ভাবে নিউক্লিয় সংযোজন বিক্ৰিয়া সংঘটিত কৰি অফুৰন্ত পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব। এই সংযোজন বিক্ৰিয়াত ক্ষতিকাৰক নিউক্লিয় বর্জ্য পদাৰ্থ উৎপন্ন নহয় বাবে ইয়াক পৰিবেশৰ অনুকুল বুলি দাবী কৰিছে চীনৰ বিজ্ঞানীসকলে। এই কৃত্ৰিম সূৰ্যটোৰ সহায়ত হাইড্র'জেনক হিলিয়ামলৈ ৰূপান্তৰ কৰি যি প্ৰভূত পৰিমানৰ তাপ শক্তি আহৰণ কৰাৰ লক্ষ স্থিৰ কৰা হৈছে, সেয়া থিকে থাকে আগবাঢ়িলে অহা ২০২৫ চন মানৰ পৰা পৃথিৱীৰ বুকুত বাণিজ্যিক ভাবে বিদ্যুৎ উৎপাদন কৰাৰ এটি পৰিবেশ বান্ধব পদ্ধতি আৰম্ভ হ'ব। এতিয়া আমি কৰিব লাগিব মাথোন অপেক্ষা।

Friday, 9 November 2018

জেঠীৰ ছিঙি যোৱা নেজডাল আৰু কিছু সম্ভাৱনা



ঘৰৰ চিলিং অথবা বেৰত সপ্ৰতিভ হৈ গতি কৰা নেজ ছিঙা জেঠীটো আপুনি নিশ্চয় মন কৰিছে। জেঠীটো দেখি আপোনাৰ মনত নিশ্চয় কেইটিমান প্ৰশ্নৰো উদয় হৈছে; এই ধৰক - 
ছিঙি যোৱাৰ পিছতো নেজডালে ধৰফৰাই আছে কেনেকৈ? নেজডাল ছিঙা বাবে জেঠীটো যন্ত্ৰণাত কাতৰ হৈছে নেকি? জেঠীটোৰ নেজডাল বাৰু ছিঙিলেই বা কিয়? পুনৰ গজিবনে ছিঙি যোৱা নেজডাল?

জেঠী, তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ আদি সৰীসৃপবোৰৰ বাবে নেজ ছিঙি যোৱা পৰিঘটনাটো একোটা স্বাভাৱিক ঘটনা। শত্ৰুৰ আক্ৰমনৰ পৰা ৰক্ষা পৰিবলৈ এই প্ৰাণীসমূহে নিজৰ নেজডাল ছিঙি পেলায়। ছিঙি যোৱা নেজডালে ধৰফৰাই থাকি আক্ৰমনকাৰীক বিবুধিত পেলায় আৰু ইয়াৰ সুযোগ গ্ৰহন কৰি জেঠী বা তেজপিয়াটো সেই স্থানৰ পৰা নিৰাপদে আঁতৰি যায়। 

আচৰিত হ'লেও সঁচা যে ছিঙি যোৱা নেজডাল কিছুদিনৰ ভিতৰত পুনৰ গজি উঠে। তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ প্ৰভৃতি প্ৰাণীবোৰৰ নেজডাল পুনৰ গজি উঠিবলৈ প্ৰায় ৩০ দিন সময় লাগে যদিও জেঠীৰ ক্ষেত্ৰত ২০ দিন মানৰ ভিতৰতেই নতুন নেজডাল গজি উঠে।

জেঠীৰ নেজৰ হাড়ডাল কশেৰুকা নামৰ কেতবোৰ সৰু সৰু হাড়ৰ সমষ্টি। এই কশেৰুকাবোৰৰ সহায়তেই মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ ৰাজহাড়ডালো সৃষ্টি হয়। জেঠীৰ নেজ আৰু ৰাজহাড়ৰ কশেৰুকাবোৰ এনেদৰে এটাৰ লগত আনটো সংযুক্ত থাকে যে ৰাজহাড় আৰু নেজৰ সংযোগ স্থলত এটা আপেক্ষিক ভাবে দুৰ্বল অংশ থাকে। এই অংশটোত কশেৰুকাৰ সংযুক্তি ইমানেই থুনুকা যে এটি সাধাৰণ আঘাত বা খুন্দাৰ ফলতেই নেজডাল শৰীৰৰ পৰা বিচ্ছিন্ন হৈ যাব পাৰে।

জেঠী বা তেনে জাতীয় সৰীসৃপবোৰৰ শৰীৰৰ স্নায়ুতন্ত্র আৰু ৰক্তবাহী নলীসমূহো এই থুনুকা সংযোগ স্থল পৰ্যন্ত বিৰাজমান। ফলস্বৰূপে এই স্থানত কোনোধৰণৰ স্পর্শানুভূতিও নেথাকে। অর্থাৎ কোনো আঘাতৰ ফলত নেজডাল ছিঙি গ'লেও জেঠীটোৱে বিষ বা বেদনা অনুভৱ নকৰে। আনহাতে ৰক্তবাহী নলীকাৰ অনুপস্থিতিৰ বাবে নেজডাল ছিঙি গ'লেও তাৰপৰা কোনো ৰক্তক্ষৰণ নহয়।

ছিঙি যোৱা নেজডাল শৰীৰৰ মুল অংশৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত নেজডালৰ মাংসপেশী সমূহলৈ অক্সিজেনৰ প্ৰবাহত বাধা জন্মে। ফলত নেজত থকা সংকোচনশীল পেশীকোষৰ এক্টিন আৰু মায়োচিনৰ সংকোচন প্রসাৰণ দ্ৰুত হৈ পৰে। এক্টিন আৰু মায়োচিনৰ এই দ্ৰুত সংকোচন প্রসাৰণৰ বাবে কিছুপৰ অবিৰত ভাবে ছিঙি যোৱা নেজডালে ধৰফৰাই থাকে।

জেঠীৰ ছিঙি যোৱা নেজৰ পুনৰোৎপাদন প্ৰক্ৰিয়াটো জীৱ বিজ্ঞানী সকলৰ লগতে চিকিৎসা বিজ্ঞানীসকলৰ বাবেও এক গুৰুত্বপূৰ্ণ বিষয়। তাৰ প্ৰধান কাৰণ হ'ল মানুহকে ধৰি সকলো স্তন্যপায়ী প্ৰাণীৰ দৰে জেঠীৰ স্নায়ুৰজ্জুও পিঠিত শেষ নহৈ নেজ পর্যন্ত বিস্তৃত হৈ থাকে। যেতিয়া জেঠীৰ ছিঙি যোৱা নেজডাল নতুনকৈ গজিবলৈ আৰম্ভ কৰে, তেতিয়া সেই নেজডালৰ লগতে নতুনকৈ স্নায়ুৰজ্জুডালো বৃদ্ধি হ'বলৈ ধৰে। এতিয়া বিজ্ঞানী সকলৰ বাবে গৱেষণাৰ বিষয় - জেঠীৰ ছিঙি যোৱা নেজ আৰু স্নায়ুৰজ্জুৰ পুনৰোৎপাদনেই বা কেনেদৰে হয়!

ইতিমধ্যে জীৱবিজ্ঞানী সকলে স্নায়ুৰজ্জুৰ পুনৰোৎপাদন সম্বন্ধে যথেষ্ঠ গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। স্নায়বিক আঘাতৰ বাবে বহু মানুহৰ জীৱন পংগু হৈ পৰিছে। বিজ্ঞানী সকল আশাবাদী যে জেঠীত ছিঙা নেজৰ পুনৰোৎপাদন পৰিঘটনাৰ পৰা আহৰণ কৰা গৱেষণালব্ধ জ্ঞানে অচিৰেই স্নায়ুৰজ্জুৰ আঘাটত ভোগা অসংখ্য মানুহক পংগুত্বৰ পৰা মুক্তি দি স্বাভাৱিক জীৱন অতিবাহিত কৰাৰ এটি সুৱৰ্ণ সুযোগ দিব পাৰিব, কিয়নো তেনে লোকৰ দেহত স্নায়ুৰজ্জুৰ পুনৰোৎপাদন প্ৰক্ৰিয়া সোনকালেই সম্ভৱ হৈ পৰিব।