Monday, 18 February 2019

মহাকাশলৈ ভাৰতৰ মানৱ অভিযান



ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ তত্বাৱধানত ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত তিনিজন ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলি আছে। ভাৰতৰ প্ৰযুক্তিবিদ্যাৰ উত্তৰণক বিশ্ববাসীৰ ওচৰত পুনৰবাৰ প্ৰতিষ্ঠা কৰাৰ সুৱৰ্ণ সুযোগগৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে নিসন্দেহে এয়া এক গৌৰৱৰ বিষয়। বিগত ২০১৮ চনৰ শেষাৰ্ধত ভাৰত চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰা বহুচৰ্চিত এই অভিযানত তিনিজন ভাৰতীয়ক মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া মূল মহাকাশযানৰ নাম ৰখা হৈছে - "গগণযান"। গগণযানক মহাকাশলৈ কঢ়িয়াই নিব ভাৰতৰ প্ৰসিদ্ধ PSLV প্ৰক্ষেপযানখনে। 


এই প্রসংগত ইছৰোৰ চেয়াৰপাৰ্ছন ড° কৈলাশ শিবানে কয় যে গগণযান অভিযানত পাঁচৰ পৰা সাতদিন যোৰা সময়ত ভাৰতীয় মহাকাশচাৰীসকলে মহাকাশত "মাইক্রো গ্রেভিটি"ৰ লগতে আন কেইবাটাও বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰিব। ইতিমধ্যে ইছৰোৱে PSLV প্ৰক্ষেপযানখন তৈয়াৰ কৰিবলৈ Hindustan Aeronautics Ltd (HAL)ৰ লগত এখন চুক্তিও স্বাক্ষৰিত কৰিছে। 

মূল অভিযানটোৰ আগতে এই গগণযান নামৰ স্পেচক্ৰাফ্টখন ২০২১ চনত মানৱবিহীনভাবে মহাকাশলৈ পঠিওৱা হ'ব৷ ইছৰোৱে জানিবলৈ দিয়া মতে ত্রিস্তৰীয় "হেভি লিফট লঞ্চ ভেহিক'ল GSLV MK-III" ব্যৱহাৰ কৰি গগণযানক মহাকাশলৈ উৎক্ষেপন কৰা হ'ব। ভাৰতৰ এই মানৱ মহাকাশ অভিযানত কোন তিনিজন ভাৰতীয়ক মহাকাশচাৰী ৰূপে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব, সেইটো এতিয়াও নিৰ্ণয় কৰা হোৱা নাই। 

Hindustan Aeronautics Ltd, ভাৰতীয় বায়ুসেনা আৰু ইছৰোৱে যৌথভাবে মহাকাশচাৰী তিনিজন নিৰ্বাচিত কৰি ২০১৯ চনৰ শেষৰ পিনে বাঙ্গালোৰৰ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ কৰিব।ভাৰতৰ বহুচৰ্চিত এই মানৱ মহাকাশ অভিযানৰ লগত জড়িত ইছৰোৰ সকলো বিজ্ঞানীলৈ আমাৰ শুভকামনা থাকিল।

Tuesday, 5 February 2019

কিদৰে নিৰ্ণয় হ'ল বিশ্বব্ৰহ্মাণ্ডৰ বয়স


বিশ্বব্ৰহ্মাণ্ডৰ বয়স কিমান? এই প্রশ্নটিয়ে অগণন মানুহৰ লগতে বিজ্ঞানীসকলৰ মনকো জোকাৰি গৈছিল। এই মহাবিশ্বৰ সঠিক বয়স গণনা কৰা প্রায় অসম্ভব। বিজ্ঞানী সকলে তথাপিও গণনা কৰি উলিয়াইছে বিশ্বব্ৰহ্মাণ্ডৰ আনুমানিক বয়স। তাৰবাবে তেওঁলোকে কিছুমান বৈজ্ঞানিক তত্বৰ আলম লৈছে। কিন্তু কেনেদৰে বাৰু নিৰ্ণয় হৈছে বিশ্বব্ৰহ্মাণ্ডৰ বয়স? 

মহাবিশ্বৰ বয়স গণনাৰ ভেটি গঢ় লৈ উঠিছে "বিগ-বেঙ" বা  মহাবিস্ফোৰণৰ মাধ্যমত মহাবিশ্বৰ স্থান-কালৰ সূচনা হোৱা "মহানাদ"ৰ মূহুৰ্তটোৰ পৰাই। কাৰণ মহানাদ বা বিগ-বেঙৰ আগত সময়ৰ কোনো অস্তিত্বই নাছিল। সময় আৰু স্থানবিহীন বিগ-বেঙৰ পূৰ্ববৰ্তী অৱস্থাত বিজ্ঞানৰ ভাষাত তাত্বিক ভাবে একোৱেই নাছিল।

বিজ্ঞানৰ মতে মহাবিশ্বৰ বয়সৰ ক্ষেত্ৰত আটাইতকৈ নিৰ্ভৰযোগ্য তথ্যটো হ'ল প্ৰায় ১৩ দশমিক ৮ বিলিয়ন বছৰ। অৰ্থাৎ প্রায় ১৩৮০ কৌটি বছৰ আগতে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ জন্ম। তেন্তে কেনেদৰে গণনা কৰি উলিওৱা হ'ল বিশ্বব্ৰহ্মাণ্ডৰ বয়স? বিজ্ঞানীসকলে ইয়াৰ দুটা উপায় দিছে। আৰু এই দুয়োটা বৈজ্ঞানিক পদ্ধতিৰ কৃতিত্বৰ অধিকাৰী বিজ্ঞানী এডুইন হাব'ল।

হাব'লে আগবঢ়োৱা প্রথম উপায় অনুসৰি তাৰকাৰাজ্য (Galaxy) সমূহৰ বেগ আৰু দূৰত্বৰ পৰিমাপেৰে বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি। হাব'লৰ তত্ব অনুযায়ী ছায়াপথ বা তাৰকাৰাজ্যবোৰ পৰস্পৰে পৰস্পৰৰ পৰা ক্ৰমে আঁতৰি গৈ আছে। তেন্তে আমি নিশ্চিত যে অতীতৰ কোনো এক বিশেষ সময়ত সকলোবোৰ তাৰকাৰাজ্যই কোনো এক বিশেষ স্থানত "একীভূত" হৈ আছিল। বর্তমান সময়ত এই দৃশ্যমান তাৰকাৰাজ্যবোৰৰ গতিবেগ, পাৰস্পৰিক দূৰত্ব আৰু ইয়াৰ লগতে মহাবিশ্বৰ সম্প্রসাৰণৰ হাৰ নিৰ্ণয় কৰি সেই বিশেষ "একীভূত" অৱস্থাৰ পৰা বৰ্তমান অৱস্থা পাবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছে সেইটো অতি সহজতে গণনা কৰি উলিয়াব পাৰি। এডুইন হাব'লৰ এই তত্বৰ সহায়ত গণনা কৰি পোৱা বিশ্বব্ৰহ্মাণ্ডৰ বয়স হৈছে প্রায় ১৩.৮ বিলিয়ন বছৰ।

মহাবিশ্বৰ বয়স গণনা কৰা আন এটি উপায় হ'ল প্রাচীনতম নক্ষত্রপূঞ্জ (star clusters)ৰ অনুসন্ধান কৰি সেইবোৰৰ বয়স নিৰ্ণয় কৰা, কাৰণ এই প্ৰাচীনতম নক্ষত্রপূঞ্জবোৰ মহাবিশ্বৰ আদিমতম অৱস্থাতেই সৃষ্টি হোৱা। বিজ্ঞানী সকলে আমাৰ হাতীপটি তাৰকাৰাজ্যক প্রদক্ষিণ কৰি থকা  বটিকাকাৰ (Globular) নক্ষত্রপুঞ্জ সমূহৰ মাজত এনে প্রাচীনতম মহাজাগতিক নক্ষত্ৰ আৱিষ্কাৰ কৰিছে। এই নক্ষত্রপুঞ্জৰ বৃদ্ধ তৰাবোৰৰ ব্যাপক বিশ্লেষণ কৰি শেহতীয়াকৈ বিজ্ঞানীসকলে ঘোষণা কৰিছে যে ইতিপূৰ্বে তেওঁলোকে নিৰ্ণয় কৰি উলিওৱা মহাবিশ্বৰ বয়স আৰু বটিকাকাৰ নক্ষত্রপুঞ্জ সমূহৰ আধাৰত নিৰ্ণয় কৰা বয়স প্ৰায় একেই। পাৰ্থক্য মাথোন ০.২ কৌটি বছৰৰ। এই দুয়োটা গণনাৰ দ্বাৰা পোৱা তথ্যৰ মিলে বিজ্ঞানীসকলক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিছে। সেয়ে তেওঁলোকে দৃঢ়তাৰে ঘোষণা কৰিছে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়স ১৩৮০-১৪০০ কৌটি বছৰ।

Tuesday, 22 January 2019

কাচাবিয়াংকা : জ্বলন্ত জাহাজৰ সাহসী শিশুটি



"War does not determine who is right,
 only who is left"

যুদ্ধৰ বিভীষিকাময় নেপোলিয়ন যুগৰ এটা সঁচা কাহিনী। সেয়া ১৭৯৮ চন। ফ্ৰান্সে সাম্ৰাজ্যবাদী মানসিকতাৰে বিভিন্ন দেশৰ লগত যুঁজ বাগৰ কৰি নিজৰ সম্ৰাজ্যৰ পৰিষৰ বৃদ্ধি কৰি আহিছে। প্ৰতিখন যুদ্ধত জয় লাভ কৰি আত্মবিশ্বাসৰ তুংগত থকা ফ্ৰান্সে এইবাৰ আক্ৰমণ কৰে বৃটেইন। নীল নদীৰ পাৰত এখন তয়াময়া ৰণ। ইতিহাসৰ আন যুদ্ধবোৰৰ দৰেই এই যুঁজতো অজস্ৰ সৈনিকৰ মৃত্যু হৈছিল। পিছে, নীল নদীৰ পাৰৰ এইখন যুদ্ধৰ আন এটি হৃদয়স্পৰ্শী ঘটনাইহে বিশ্বত আলোড়ন সৃষ্টি কৰিছিল।

ফ্ৰান্সৰ নৌসেনাৰ এজন দক্ষ কামাণ্ডাৰ লুইচ ডি কাচাবিয়াংকা। বিশেষ পৰিস্থিতিৰ তাড়নাত পৰি তেওঁ নিজৰ ১০ বছৰীয়া একমাত্ৰ পুত্ৰ জিয়োকাণ্ট কাচাবিয়াংকাক যুদ্ধৰ সময়ত নিজৰ লগত যুদ্ধৰ জাহাজত লৈ যাব লগীয়া হৈছিল। 

সমুদ্ৰৰ মাজত দুয়ো পক্ষৰ নৌসেনাৰ মাজত থৈয়া-নথৈয়া ৰণ। ফ্ৰান্সৰ নৌসেনাৰ আক্ৰমণত তিস্তিব নোৱাৰি বৃটেইনৰ নৌসেনা ক্ৰমে পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। উৎসাহিত হৈ ফ্ৰান্সৰ নৌসেনাই বৃটেইনক খেদি লৈ গ'ল। কিন্তু সেই সময়তেই বৃটেইনে যুঁজলৈ আৰু এটি নৌসেনাৰ দল প্ৰেৰণ কৰিলে। নতুনকৈ অহা বৃটেইনৰ নৌসেনাৰ দলটোৰ উপস্থিতিত মূহুৰ্তৰ ভিতৰতেই যুদ্ধৰ গতি আনফালে ঢাল খালে। অতি পৰিকল্পিত ভাবে চৌদিশৰ পৰা বৃটেইনৰ সেনাই সমুদ্ৰৰ মাজতেই ফ্ৰান্সৰ যুদ্ধ জাহাজবোৰ ঘেৰি ধৰিলে। পৰিস্থিতিৰ ভয়াবহতা অনুমান কৰি ফ্ৰান্সৰ নৌসেনাৰ কামাণ্ডাৰ লুইচ ডি কাচাবিয়াংকাই তেওঁৰ পুত্ৰ জিয়োকাণ্ট কাচাবিয়াংকাক জাহাজৰ এক সুৰক্ষিত স্থানলৈ নি ক'লে : "জিয়োকাণ্ট, বৃটেইনৰ সেনাৰ লগত যুঁজিবলৈ আমি জাহাজত ব্যস্ত হৈ থাকিম। মোৰ পৰবৰ্তী নিৰ্দেশ নোপোৱালৈ তুমি এই স্থানতেই থাকিবা।"

কিশোৰ কাচাবিয়াংকা বৰ নিৰ্জু আৰু অমায়িক হোৱাৰ উপৰিও তেওঁ দেউতাকৰ একান্ত বাধ্য আছিল। দেউতাকৰ নিৰ্দেশ মৰ্মে তেওঁ জাহাজখনৰ সেই নিৰাপদ স্থানতেই ৰৈ থাকিল। ইফালে ফ্ৰান্সৰ যুদ্ধ জাহাজলৈ বুলি বৃটেইনৰ সেনাই চৌদিশৰ পৰা ধাৰাসাৰে গুলীবৰ্ষণ কৰি আছিল। কিশোৰ কাচাবিয়াংকাৰ চকুৰ সন্মুখতেই ইজনৰ পিছত সিজনকৈ ফ্ৰান্সৰ সৈনিকসকল গুলীবিদ্ধ হৈ বাগৰি পৰিছে। ধাৰাসাৰ গুলীৰ আঘাতত কাচাবিয়াংকা থকা জাহাজখন থকাসৰকা হৈ পৰিল। ঠায়ে ঠায়ে জাহাজৰ ডেকত জুঁই জ্বলি উঠিছে। এক তীব্ৰ আতংকময় পৰিবেশৰ মাজতো কিশোৰ কাচাবিয়াংকা ৰৈ থাকিল দেউতাকলৈ।

ক্ৰমে যুদ্ধৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিলে। সাগৰৰ প্ৰচণ্ড ঢৌৰ লগত যুদ্ধ বিধস্ত জাহাজখন টুলুং ভুটুংকৈ আগবাঢ়ি আছিল। বৃটেইনৰ তিনিখন যুদ্ধ জাহাজে ঘেৰি ধৰি অনৰ্গল গোলাবৰ্ষণ কৰি গ'ল ফ্ৰান্সৰ যুদ্ধ জাহাজখনলৈ। ফ্ৰান্সৰ বিধস্তপ্ৰায় যুদ্ধ জাহাজৰ অধিকাংশ সৈনিকেই মৃত্যুমুখত পৰা বাবে বৃটেইনক বাধা দিয়াটো অসম্ভৱ হৈ পৰিছে। এনে এটি সুযোগৰেই অপেক্ষাতেই ৰৈ আছিল বৃটেইন। অসহায় হৈ পৰা ফ্ৰান্সৰ জাহাজখন সম্পূৰ্ণৰূপে ধ্বংস কৰি নৌযুদ্ধত জয়লাভ কৰাৰ উদ্দেশ্যে বৃটেইনে গুলীবৰ্ষণ তীব্ৰতৰ কৰি তুলিলে। বিভিন্ন দিশৰ পৰা গুলীবোৰে জাহাজখন বিদীৰ্ণ কৰি তুলিছে। কাচাবিয়াংকাৰ সোঁৱে-বাঁৱে চৌদিশে কেৱল গুলীৰ আঘাত। তেতিয়ালৈ ফ্ৰান্সৰ জাহাজখনৰ পৰা প্ৰত্তুত্তৰ দিবলৈ হয়তো জাহাজখনত এজনো সৈনিক জীৱিত নাছিল।

ইতিমধ্যে জাহাজৰ ডেকৰ জুইকুৰাও দাউ দাউকৈ জ্বলি উঠিছে। কাচাবিয়াংকাই সন্ধানী দৃষ্টিৰে জাহাজৰ কেউফালে চকু ফুৰালে - জানোচা দেউতাকক দেখা পায়েই ! নাই, কাকোৱেই চোন দেখা পোৱা নাই। জুইৰ  উত্তাপে কাচাবিয়াংকাক খেদি ফুৰিবলৈ আৰম্ভ কৰিলে। চৌপাশে গুলীৰ শব্দ। কাচাবিয়াংকাই চিঞৰি মাতিলে : দেউতা তুমি ক'ত আছা ? জাহাজত জুই লাগিছে।……

কোনো প্ৰত্তুত্তৰ নাহিল। বৃটেইনৰ সেনাৰ গুলীত ইতিমধ্যে কাচাবিয়াংকাৰ দেউতাকৰো মৃত্যু হৈছে।  সাগৰৰ ঢৌত জাহাজখন ক্ৰমে অস্থিৰ হৈ যেনিতেনি আগবাঢ়ি গৈছে। জ্বলন্ত জুইৰ লেলিহান শিখাৰ পৰা বাচিবলৈ কাচাবিয়াংকা ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে। এইবাৰ কম্পিত ওঁঠেৰে কাচাবিয়াংকাই আকৌ এবাৰ চিঞৰি উঠিল : দেউতা তুমি শুনিছানে ? 

নিষ্পাপ কাচাবিয়াংকাই যুদ্ধৰ ভাষা বুজি নেপায়। তেওঁ কেতিয়াও ভাবিব নোৱাৰে যে যুদ্ধত দেউতাকৰ মৃত্যুও হ'ব পাৰে…। 

"No matter how necessary a war is, it is always an evil. 
We will not learn how to live together in peace by killing each other"

বিচলিত কাচাবিয়াংকাই দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি পুনৰ চিঞৰি উঠিল : "দেউতা, এতিয়া মই যাব পাৰোনে……?" গুলীৰ কান তাল মৰা শব্দবোৰে কাচাবিয়াংকাৰ কাতৰ কণ্ঠস্বৰক যেন গচকি মোহাৰি নিলে। মূহুৰ্তৰ ভিতৰতে এটা ভয়ংকৰ বিষ্ফোৰণ কৰি জাহাজখন চূৰ্ণবিচূৰ্ণ হৈ সমূদ্ৰৰ অটল গহ্বৰত জাহ গ'ল। চৌদিশে গুলীৰ শব্দ আৰু যুদ্ধ বিজয়ৰ আনন্দত আত্মহাৰা বৃটেইনৰ সৈনিকবোৰৰ হৰ্ষোল্লাসৰ মাজত যেন হেৰাই গ'ল কাচাবিয়াংকা আৰু তেওঁৰ চিঞৰটো - দেউতা, এতিয়া মই যাব পাৰোনে……

Sunday, 20 January 2019

কৃত্ৰিম তেজ : বিজ্ঞানৰ বিষ্ময়


ৰক্তদানক অনেক মানুহে জীৱনৰ এক গুৰুত্বপূৰ্ণ কাম হিচাবে লৈছে৷ তেওঁলোকৰ তেজ গ্রহন কৰি অনেক ৰোগীয়ে মৃত্যুৰ দুৱাৰডলি গছকি উভটিও আহিছে। কিন্তু সমগ্ৰ বিশ্বতেই এইডচ আদি জটিল ৰোগত আক্রান্ত লোকৰ পৰা তেজৰ জৰিয়তে এনেবোৰ ৰোগ বিয়পাৰ সম্ভাৱনাই মানুহক ভীতিগ্ৰস্থও কৰিছে। কেতিয়াবা আকৌ প্ৰয়োজনীয় মূহুৰ্তত অস্ত্রোপচাৰৰ টেবুলত ৰোগীক তেজৰ যোগান ধৰিব নোৱাৰাৰ ফলত ৰোগী মৃত্যুমুখতো পৰিছে। এনে বিভিন্ন কাৰণতেই ৰোগীৰ জীৱন বচোৱাৰ স্বাৰ্থত গৱেষক সকলে কৃত্রিম উপায়ে তেজ সৃষ্টি কৰাৰ বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰিছিল৷

মানুহৰ তেজত থকা হিম'গ্লবিনে অক্সিজেন কঢ়িয়ায়। আনহাতে Perfluorodecalin নামৰ ৰসায়নিক যৌগটোৱেও একে কামকেই কৰিব পাৰে। শৰীৰত অক্সিজেন পৰিবহনৰ ক্ষেত্ৰত কার্যক্ষম হ'ব পৰাকৈ কৃত্রিম তেজ সৃষ্টি কৰিবলৈ সেয়েহে বিজ্ঞানী সকলে দুটা বিষয়ত গুৰুত্ব  প্ৰদান কৰিছিল। সেই দুটা বিষয় হ'ল :
(১) Hemoglobin Based Oxygen Carrier (HBOC)
(২) Perfluorocarbon Based Oxygen Carrier (PFBOC)

১৯৮০ চনত যেতিয়া  এইচ.আই.ভি ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰে, সেই সময়তেই কৃত্রিম তেজৰ ওপৰত বিস্তৃত গৱেষণা আৰম্ভ হয়। দক্ষিণ আফ্রিকাই সৰ্বপ্ৰথমে বিজ্ঞানী সকলক কৃত্রিম তেজৰ ওপৰত গৱেষণা কৰাৰ অনুমতি প্রদান কৰে। তাৰেই ফলশ্রুতিত দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানী সকলে Hemopure নামৰ বিশ্বৰ প্ৰথম বিধ বিকল্প তেজৰ আৱিষ্কাৰ কৰে আৰু দক্ষিণ আফ্ৰিকাৰ চৰকাৰে এই বিকল্প তেজ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে অনুমোদনো জনায়। পৰবৰ্তী সময়ত Fluosol- DA নামৰ আন এবিধ কৃত্রিম তেজ আৱিষ্কাৰ হয়। কিন্তু সীমিত প্ৰয়োগ সম্ভাৱনা আৰু বিভিন্ন জটিলতাৰ বাবে বহুজনৰ বাবে আশাৰ বাতৰি অনা এই প্রকল্পটো ১৯৯৪ চনত প্রত্যাহাৰ কৰা হয়।

কৃত্ৰিম হিম'গ্লোবিনক মানবদেহৰ ৰক্তপ্রবাহত সহজে প্রবেশ কৰোৱা সম্ভব নহয়। হিম'গ্লোবিন লোহিত ৰক্তকণিকাৰ কোষঝিল্লীৰ মাজত বিস্তৃত হৈ থাকে। কিন্তু কৃত্রিম হিম'গ্লোবিন পৃথক অৱস্থাত থাকে। তদুপৰি কৃত্ৰিম হিম'গ্লোবিনৰ গাঠনিক কাঠামোও শক্তিশালী হোৱা উচিত অন্যথা তেজৰ প্ৰবাহত কৃত্ৰিম হিম'গ্নোবিনবোৰ ভাঙি গৈ ভয়ানক পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে বর্তমান বিজ্ঞানীসকলে কৃত্রিমভাবে সংশ্লেষিত হিম'গ্লোবিনৰ এখন আবৰণ তৈয়াৰ কৰাৰ চেষ্টা কৰিছে য'ত লিপিড, কোলেষ্টেৰল আৰু ফেটি এচিড ব্যবহাৰ কৰাৰ পৰিকল্পনা যুগুতাইছে। ইতিমধ্যে তেওঁলোকে পলিইথিলিন গ্লাইকলেৰে Mp4 নামৰ এক ধৰণৰ কৃত্ৰিম আবৰণ তৈয়াৰ কৰি উলিয়াইছে যিয়ে সংশ্লেষিত হিম'গ্লোবিনক স্থায়ীত্ব প্ৰদান কৰি কৃত্ৰিম তেজ মানুহৰ দেহত নিৰাপদ কৰি তুলিব।

শেহতীয়াকৈ ষ্টেম চেল প্রযুক্তিৰে কৃত্রিম তেজৰ গৱেষণাই যুগান্তকাৰী পৰিবর্তন আনিছে। University of Edinburgh আৰু Scottish National Blood Transfusion Serviceৰ তত্বাবধানত এই বিষয়ৰ এটি প্রকল্পৰ কাম চলি আছে। তাত "ও নেগেটিভ" গ্ৰুপৰ তেজ তৈয়াৰ কৰা হৈছে। ষ্টেম চেল প্ৰকল্পত পূর্ণবয়স্ক দাতাৰ তেজৰ পৰা ফাইব্রোব্লাষ্ট কোষৰ De-differentiation কৰি এই কোষবোৰৰ ৰি-প্রোগ্রামিং কৰা হয়। তাৰ পিছত এই কোষবোৰক Induced Pluripotent Stem Cells (IPSC)লৈ ৰূপান্তৰিত কৰা হয় আৰু তাৰ পিছৰ পৰ্যায়ত Bone Marrow বা মেৰুমজ্জাত এই কোষবোৰৰ কালচাৰ কৰা হয়। কালচাৰ প্ৰক্ৰিয়াৰ এমাহ পিছত সুস্থ ৰক্ত কণিকাবোৰ পৃথক কৰি পেলোৱা হয়। অৱশ্যে এই প্ৰকল্পটো এতিয়াও চালুকীয়া অৱস্থাতেই আছে আৰু প্ৰকল্পটোৰ জৰিয়তে কম সংখ্যক ৰক্ত কোষহে উৎপাদন কৰিব পৰা হৈছে। বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে যে ২০১৯ চনৰ শেষৰ পিনে তেওঁলোকে প্রচুৰ পৰিমানে সুস্থ আৰু কাৰ্যক্ষম তেজৰ কোষ সৃষ্টি কৰিব পাৰিব। এয়া সম্ভৱ হ'লে বজাৰত কৃত্ৰিম তেজৰ যোগান বৃদ্ধি পোৱাৰ লগতে ইয়াৰ মূল্যও হ্ৰাস পাব। 

নিসন্দেহে কৃত্ৰিম তেজে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিবৰ্তন আনিব। এতিয়া আমি বাট চাব লাগিব বিজ্ঞানী সকলৰ সফলতালৈ।

Wednesday, 2 January 2019

নৱবৰ্ষ : স্মৃতিৰ টুকুৰা চিম্ফনী


শ্রান্ত পথৰ ক্লান্ত পথিকৰ দৰে কেতিয়াবা এৰি অহা বাটটোলৈ ঘূৰি চাও। এৰা, সময়বোৰ নীৰৱেই অতীতত পৰিণত হয়। সময়ৰ অবিশ্রান্ত ধাৰাত বিলীন হৈ যায় জীৱনৰ প্ৰতিনিয়ত মূহুৰ্তবোৰ। আমি যে জীৱনৰ এটা প্রান্তৰ পৰা অন্য এক প্রান্তলৈ ক্রমাগতভাৱে আগবাঢ়িছোঁ ধীৰে ধীৰে এক অৱধাৰিত নীতিকেই সৰোগত কৰি। এয়েইতো জীৱন……
অনাদি কালৰ পৰাই জীৱন চলমান। মোৰ গতিশীল জীৱনে যাত্ৰাপথত একাধিক কেঁকুৰিৰে বাট বুলি আহিছে। বিভিন্ন ক্ষণত জীৱনে দিছে জীৱনটোক সজাই তোলাৰ নতুন উপলব্ধি, কিছু নতুন অনুভৱ। সৃষ্টিৰ বাহকৰূপী সময়ে একেটি ধাৰাতেই চিৰকালৰ দৰেই আপোন গতিত খৰস্ৰোতা তটিনীৰ দৰেই বৈ গৈছে অহৰহ। বেগ আৰু আবেগৰ যুদ্ধত কেতিয়াবা পৰাজিত হৈছো। আৰু কেতিয়াবা জীৱনৰ সঞ্জীৱনী বিচাৰি দুগুণ উদ্যমেৰে পুনৰ আগবাঢ়িছোঁ। বর্তমানৰ জটিল তথা যান্ত্রিক জীৱনৰ অনাকাংশিত কর্মব্যস্ততাই কেতিয়াবা কাণে কাণে কৈ গৈছেহি সময়ৰ টিকনিডালৰ কথা। সময় গতিশীল। গতিশীলতাই সময়ৰ ধৰ্ম। বন্ধ হৈ যোৱা ঘড়ীৰ কাটাই জানো ধৰি ৰাখিব পাৰে সময়ক ? সময়ৰ বোকোচাত উঠিয়ে আজি আমি ২০১৯ৰ দুৱাৰডলিত। সুখময় হওঁক নৱবৰ্ষ সকলোৰে বাবে।

Tuesday, 25 December 2018

বিজ্ঞানৰ দৃষ্টিত : মৃত্যু



জীৱনৰ পৰিসমাপ্তিকেই মৃত্যু বুলি কোৱা হয়। মৃত্যু এনে এক অৱস্থা, যত সকলো শাৰিৰীক প্ৰক্ৰিয়া যেনে শ্বসন, খাদ্য গ্রহণ, পাচন, বৃদ্ধি, বিকাশ, চেতনা ইত্যাদি বোৰ চিৰদিনলৈ বন্ধ হৈ যায়। কিন্তু জীৱৰ মৃত্যুই বা হয় কিয়? 

মৃত্যুওটো এটা শিল্প,
জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য" 

বিজ্ঞানৰ দৃষ্টিত আমাৰ মৃত্যুৰ কাৰণ হ'ল আমি উত্তৰাধিকাৰী সুত্রে আমাৰ পূর্বপুৰুষৰ পৰা আহৰণ কৰা এটি জিন। বিজ্ঞানৰ ভাষাত এই জিনটোৰ নাম "Death Gene" বা মৰণ জিন। এই ধৰণৰ Death Gene বোৰে যৌন প্ৰজননকাৰী সকলোবোৰ জীৱৰ দেহলৈ পূর্ব নির্ধাৰিত আৰু পৰিকল্পিত ৰূপেই মৃত্যুক এক বংশগত চৰিত্ৰ হিচাবে কঢ়িয়াই আনে। যৌন প্রজননৰ কথাটো এইবাবেই গুৰুত্বপূৰ্ণ যে সকলো যৌন প্ৰজননকাৰী জীৱৰ ক্ষেত্রত জননকোষ বা “জার্মপ্লাজম" কোষবোৰে এটা প্রজন্মৰ পৰা আন এটা প্রজন্মলৈ জীৱটোৰ সকলোবোৰ চৰিত্ৰ নিয়ন্ত্ৰণ কৰা জিন সমূহক সঞ্চাৰিত কৰে। জননকোষৰ মাধ্যমেৰে এনেদৰে অন্যান্য জিনসমূহৰ লগতে আমি পূৰ্বপুৰুষৰ Death Gene বোৰো আহৰণ কৰো। আৰু এই Death Gene বোৰেই কালক্ৰমত আমাৰ মৃত্যুৰ কাৰণ  হৈ পৰে। বিজ্ঞানৰ ভাষাত এই সমস্ত প্ৰক্ৰিয়াটোক সেয়েহে "প্রোগ্রামড ডেথ" বা নিয়ন্ত্ৰিত মৃত্যু বোলা হয়।

প্রখ্যাত জীৱবিজ্ঞানী হ'লকছালে কৈছিল : "মৃত্যু এক বংশগত লক্ষণ। এই লক্ষণটো চিফিলিচ বা গণোৰিয়াৰ দৰেই যেন এক ধৰণৰ "Sexually Transmitted Disease" যি সৃষ্টিৰ আৰম্ভণিৰ পৰাই চলি আহিছে। ভাইৰাচ বা বেক্টেৰিয়াৰ দৰে সৰলকোষী জীৱ যিবোৰে অযৌন প্ৰজনন কৰে, সেই জীৱবোৰে কোষ বিভাজনৰ মাধ্যমত বংশবৃদ্ধি কৰে আৰু আক্ষৰিক অর্থত সেইবোৰ অমৰ জীৱ। এইবোৰ জীৱৰ দেহকোষ বিভাজিত হৈ নতুন জীৱ সৃষ্টি হয়। বিভাজিত কোষৰ অংশবোৰো লগে লগে বিভাজিত হৈ দুটা নতুন কোষলৈ পৰিণত হয়। ফলত পূৰ্বৰ কোষটোৰ কোনো অংশই হেৰাই নেযায় অৰ্থাৎ এই জীৱবোৰে কেতিয়াও "মৃত্যুবৰণ" নকৰে। এইবোৰ আক্ষৰিক অৰ্থত অমৰ জীৱ……"

যদিহে এয়া সত্য হয়, তেন্তে মৃত্যু সকলো জীৱৰ বাবে এক অত্যাৱশ্যকীয় নিয়ম নহয়। এইখিনিতেই প্ৰশ্ন আহিব যে যদি বেক্টেৰিয়া বা আন জীৱাণুবোৰ অমৰেই হয়, তেন্তে এণ্টিবায়টিক প্ৰয়োগেৰে কেনেদৰে বেক্টেৰিয়াবোৰ মাৰি পেলোৱা হয় বা ৰসায়নিক জীৱাণুনাশক ঔষধ প্ৰয়োগ কৰি কেনেদৰে জীৱাণু নাশ কৰা হয়? 

এইখিনিতেই উল্ল্যেখ কৰা ভাল হ'ব যে এই আলোচনাত জীৱৰ আকস্মিক দুৰ্ঘটনা, আত্মহত্যা, ৰোগ, অস্ত্ৰাঘাত আদিত হোৱা মৃত্যুৰ পৰিবৰ্তে স্বাভাৱিক বাৰ্ধক্যজনিত মৃত্যু  কথাহে আলোচনা কৰা হৈছে। এণ্টিবায়টিক বা জীৱাণুনাশক ঔষধ প্ৰয়োগ কৰি জীৱক মাৰি পেলালে, সেয়া জীৱটোৰ  স্বাভাৱিক মৃত্যু বুলি কোৱা নহয়। 

জীৱৰ দেহকোষৰ মৃত্যুৱে জীৱটোৰ মৃত্যুক আমন্ত্ৰণ কৰে। দেহকোষৰ মৃত্যু দুই ধৰণে হ'ব পাৰে। প্ৰথমটো কাৰণ হ'ল - "নেক্ৰোচিচ"। বাহ্যিক কোনো কাৰণত জীৱৰ দেহকোষৰ মৃত্যু ঘটিলে নেক্রোচিচ বুলি কোৱা হয়। বিষপ্রয়োগ, আঘাত, প্রদাহ অথবা তেজৰ চলাচল বিচ্ছিন্ন হ'লে দেহকোষৰ অকাল মৃত্যু  বা নেক্রোচিচ হ'ব পাৰে। আনহাতে দেহকোষৰ মৃত্যুৰ দ্বিতীয়টো কাৰণ হ'ল "এপোপ্ট'চিচ" বা পূৰ্বে উল্ল্যখ কৰি অহা "প্ৰোগ্ৰামড ডেথ"। দেহকোষৰ এই নিয়ন্ত্রিত মৃত্যু এক পৰিকল্পিত মৃত্যু। আগতে উল্ল্যখ কৰি অহা Death Gene বা মৰণ জিনে আমাৰ দেহকোষবোৰক মৃত্যুৰ বাবে প্রস্তুত কৰি তোলে। Death Gene বা মৰণ জিনে কোষৰ ৰাইব'জমত প্ৰটিন সংশ্লেষণ পদ্ধতিৰ সহায়ত কেম্প'জ নামৰ এক ধৰণৰ প্রটিন সংশ্লেষণ কৰে। এই কেম্প'জ নামৰ প্ৰটিনটোৱে কোষৰ স্বাভাৱিক প্ৰক্ৰিয়া সমূহ চলি থাকিবলৈ কোষৰ যিবোৰ প্ৰয়োজনীয় উপাদান, সেইবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰে আৰু সমান্তৰাল ভাবে কোষৰ ভিতৰত ডি.এন.এজ নামৰ এবিধ উৎসেচকক সক্ৰিয় কৰি তোলে। এই উৎসেচকবোৰে কোষৰ কোষকেন্দ্ৰত থকা DNAবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কোষবোৰ সংকুচিত হ'বলৈ ধৰে আৰু কোষবোৰে ৰসায়নিক  মাধ্যমেৰে বিপদ সংকেত সৃষ্টি কৰিবলৈ ধৰে। এই সংকেত অনুকৰণ কৰি "মেক্রোফেজ" নামৰ এক ধৰণৰ কোষ সেই স্থানলৈ আহে আৰু মেক্ৰোফেজ কোষবোৰে Death Geneৰ  কবলত পৰা আক্ৰান্ত এই কোষবোৰ ধ্বংস কৰি খাই পেলায়। জীৱৰ দেহত এই "এপোপ্ট'চিচ" অলাগতিয়াল কোষৰ পৰা পৰিত্ৰাণ পোৱাৰ এক প্ৰয়োজনীয় প্ৰক্ৰিয়া হ'লেও, বৃদ্ধাৱস্থাত এই প্ৰক্ৰিয়া Death Geneৰ প্ৰভাৱত অনিয়ন্ত্ৰিত হৈ পৰে। ফলস্বৰূপে অতি দ্ৰুত হাৰত দেহকোষৰ মৃত্যু হ'বলৈ ধৰে।  দ্ৰুতহাৰত হোৱা এনে দেহকোষৰ মৃত্যুৱে অৱশেষত জীৱটোৰো মৃত্যুক মাতি আনে।

Sunday, 23 December 2018

ব'ৰিস্কা : পৃথিৱীৰ বুকুত মংগল গ্ৰহৰ জীৱ




২২ বছৰীয়া এজন ৰাচিয়ান জাতিস্মৰ বালক। নাম ব'ৰিস্কা কিপ্রিয়ানোভিচ। তেওঁ দাবী কৰিছে যে তেওঁ প্ৰকৃততে মঙ্গল গ্রহৰ বাসিন্দা। ২০০৮ চনত মুক্তি লাভ কৰা ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ'' নামৰ এখন তথ্যচিত্ৰৰ মাধ্যমত বৰিস্কাৰ ঘটনাটো প্রথমবাৰলৈ বিশ্ববাসীৰ সন্মুখত উপস্থাপন হয়। চৌদিশে হৈ চৈ লাগিল। তাৰমানে বৰিস্কা কি সঁচাকৈয়ে এজন এলিয়েন? 

১৯৯৬ চনত ৰাচিয়াৰ ভ'লগ্র'গ্রাড অঞ্চলৰ ভ্লযাই চহৰত বৰিস্কাৰ জন্ম। পৰিয়ালটোৰ পাঁচ গৰাকী ভাই ভনীৰ মাজত বৰিস্কা যেন কিছু ব্যতিক্রম। বৰিস্কাৰ মাতৃ পেশাত এগৰাকী় চিকিৎসক। তেওঁ বৰিস্কাৰ জন্ম মূহুৰ্তৰ ঘটনা সম্পর্কে বৰ্ণনা কৰি কৈছে, "বৰিস্কাৰ জন্ম ইমানেই এক দ্রুত প্ৰক্ৰিয়া আছিল যে মই কোনো প্রসৱ বেদনাই অনুভৱ নকৰিলোঁ। নাৰ্চে যেতিয়া শিশুটি মোৰ আগত দাঙি ধৰিছিল, তেতিয়া দেখিছিলোঁ যে বৰিস্কাই মোৰ পিনে এক পৰিপূর্ণ দৃষ্টিৰে চাই আছিল। এজন শিশুৰোগ বিশেষজ্ঞ হিচাবে মই ভালদৰেই জানো যে নবজাতক এজনে কেতিয়াও কোনো বস্তুৰ দিশে একে দৃষ্টিৰে এনেদৰে চাই থাকিব নোৱাৰে।"

হস্পিতালৰ পৰা ঘৰলৈ অহাৰ পিছত নবজাতক বৰিস্কাৰ ধৰন-কৰণত অস্বাভাৱিকতা বৃদ্ধি হ'বলৈ ধৰিলে। মাত্র ১৫ দিন পাৰ হোৱাৰ পিছতেই বৰিস্কাই মাকৰ হাত বা আঙুলিত দৃঢ় ভাবে ধৰিব পৰা হৈছিল। সাধাৰণতে বৰিস্কাই নেকান্দিছিল, আনকি তাৰ দেহত কোনো ৰোগেও আক্ৰমণ কৰা নাছিল। মাত্র ৮ মাহ বয়সতেই বৰিস্কাই স্বাভাবিক মানুহৰ দৰেই কথা ক'ব পৰা হৈছিল। ২ বছৰীয়া জন্মদিনৰ থিক পিছতেই বৰিস্কাই ৰঙচুৱা, নীলা আৰু বেগুনীয়া ৰঙৰ সংমিশ্রণত এনে কিছুমান অদ্ভুত ছবি আঁকিবলৈ আৰম্ভ কৰে যে সেইবোৰ দেখিলে এনে লাগে যেন কোনো পৰিপক্ক চিত্ৰশিল্পীয়ে হে ছবিবোৰ আঁকি থৈ গ'লহি চিত্ৰপটত। পিতৃ মাতৃ কিছু আচৰিত হ'ল। এইবাৰ  তেওঁলোকে বৰিস্কাক লৈ গ'ল  চাইক'লজিষ্টৰ ওচৰলৈ। চাইক'লজিষ্টৰ মতে এয়া অস্বাভাৱিক নহয়। শিশুটিয়ে খুব সম্ভব তাৰ আশে পাশে যাক দেখিছে তেওঁ তাকেই আঁকিছে।

সময় বাগৰি আৰু এবছৰ পাৰ হ'ল। বৰিস্কাৰ বয়স ৩ বছৰ হোৱাৰ লগে লগে এইবাৰ বৰিস্কাই পিতৃ-মাতৃৰ আগত বিশ্বব্ৰহ্মাণ্ডৰ কাহিনী ক'বলৈ আৰম্ভ কৰে। আচৰিত ভাবে বৰিস্কাই ক'ব পাৰিছিল আকাশত দেখা পোৱা অগণন গ্রহ নক্ষত্ৰৰ লগতে সৌৰজগতৰ গ্ৰহবোৰৰ প্ৰায় কেইটা উপগ্রহৰ নাম, গেলাক্সীৰ নাম আৰু অন্যান্য।

''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ" নামৰ তথ্যচিত্ৰখনত বৰিস্কাৰ পিতৃ মাতৃয়ে উল্ল্যেখ কৰিছে যে : "আমি প্রথমে খাইছিলোঁ। বৰিস্কাই কোৱা গ্ৰহ নক্ষত্ৰ আদিৰ কথাবোৰৰ সত্যতা নিৰ্ণয় কৰিবলৈ আমি নিজে জোতির্বিজ্ঞানৰ কিতাপ সংগ্ৰহ কৰি সেইবোৰ অধ্যয়ণ কৰি পালো যে বৰিস্কাই দিয়া তথ্যবোৰ ১০০ শতাংশই শুদ্ধ।" 

২০০৪ চনত বৰিস্কাৰ কথা প্রথমবাৰলৈ ৰাচিয়াৰ বিজ্ঞানীসকলৰ কাণত পৰে। "ৰাচিয়ান একাডেমী অফ চায়েন্স"ৰ অধীনস্থ "ইনষ্টিটিউট অফ আর্থচ মেগেনটিসম এণ্ড ৰেডিঅ ৱেভচ"ৰ বিশেষজ্ঞ বিজ্ঞানীসকলৰ এটি দলে বৰিস্কাক সাক্ষাৎ কৰি তেওঁৰ পেৰানৰ্মেল ধৰন-কৰণ সমূহ তন্ন তন্নকৈ অধ্যয়ন কৰি ৰায় দিয়ে যে বৰিস্কা দৰাচলতে অসম্ভব বুদ্ধিমত্তাৰ অধিকাৰী এজন শিশু। এই সম্পর্কত বিজ্ঞানীৰ দলটোৰ এজন সদস্য প্ৰফেচাৰ ভ্লাডিনাভ লিউগোভেনকোৱে কয় যে, "এটা থিয়ৰী আছে যাৰ মতে মানুহৰ দুই ধৰণৰ মেমৰী বা স্মৃতি আছে। সেয়া হ'ল ৱৰ্কি মেমৰী আৰু ৰিমোট মেমৰী। মানুহৰ মগজুৰ সবাতোকৈ উল্লেখযোগ্য ক্ষমতা হ'ল অভ্যন্তৰীণ ভাবে অথবা বাহ্যিক ভাবে আর্জিত কোনো অভিজ্ঞতা, আবেগ বা চিন্তা ভাবনাবোৰক এক তথ্য কেন্দ্রত জমা কৰি ৰাখিব পাৰে। বেছিভাগ মানুহৰ ক্ষেত্ৰত এই তথ্যবোৰ মগজুৰ কৌটি কৌটি নিউৰণৰ মাজত হেৰাই যায়। কেতিয়াবাহে এনে দুই এজন লোক পোৱাটো সম্ভৱ হয়, যিসকলে এই পুৰণি তথ্য সমূহ মগজুৰ পৰা পুনৰোদ্ধাৰ কৰিব পাৰে। বৰিস্কা তেওঁলোকৰ মাজৰেই এজন"।

বৰিস্কা এতিয়া এজন ২২ বছৰীয়া যুৱক। জ্যোতিৰ্বিজ্ঞান বিষয়ত তেওঁৰ জ্ঞানো অপৰিসীম। বিগত ২০১৫ চনত বৰিস্কাই সমগ্ৰ বিশ্বৰে মনোযোগ আকৰ্ষণ কৰিছে। কাৰণ তেওঁ কৈছে যে প্ৰকৃততে তেওঁ হেনো মংগল গ্ৰহৰ বাসিন্দা। তেওঁৰ মতে মংগল গ্ৰহৰ বুকুত এতিয়াও উন্নত মানৰ জীৱন আছে। ভয়ানক ৰসায়নিক যুদ্ধৰ কবলত পৰি মংগল গ্ৰহৰ পৰিবেশ বিনস্ত হোৱাত মংগলৰ শতকৰা ৯০ ভাগ জীৱনৰ বিলুপ্তি ঘটিলেও বৰ্তমানেও মংগল গ্ৰহৰ মাটিৰ তলত জীয়াই আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত পাৰ্গত জীৱকুল। তেওঁৰ মতে মংগল গ্ৰহৰ জীৱই বায়ুমণ্ডলৰ কাৰ্বন ডাইঅক্সাইদৰ সহায়তেই শ্বাস কাৰ্য সম্পাদন কৰে। এই জীৱবোৰ পৃথিৱীৰ মানুহতকৈ আকাৰত ওখ আৰু শক্তিশালী। মংগলৰ জীৱবোৰৰ বৃদ্ধি আৰু বিকাশ জীৱটোৰ ৩৫ বছৰলৈ হয় আৰু তাৰপিছত তেওঁলোকৰ কোনো পৰিবৰ্তন নহয়। তেওঁলোক প্ৰযুক্তিৰ দিশত ইমানেই আগবঢ়া যে পৃথিৱীবাসীৰ অজ্ঞাতে ইতিপূৰ্বে একাধিকবাৰ তেওঁলোক পৃথিৱীলৈ আহিছে আৰু পৃথিৱীৰ মানুহৰ মাজত এতিয়াও বহুকেইজন মংগল গ্ৰহৰ বাসিন্দা আছে !!

বৰিস্কাই জনাইছে যে পূর্বে তেওঁ নিজেও মংগল গ্ৰহৰ এজন মহাকাশচাৰী পাইলট আছিল। সেই সময়ত তেঁৱো পৃথিবীলৈ আহি যাৱতীয় কাম কাজবোৰ সম্পন্ন কৰি সুকলমে ঘূৰি গৈছিল। কিন্তু বিগত ১৯৯৬ চনত তেওঁ অন্তিম বাৰলৈ যেতিয়া পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ এক দুৰ্ঘটনাত  পতিত হৈ মৃত্যুমুখত পৰে। আৰু তাৰপিছত তেওঁ ৰাচিয়াত বৰিস্কা হিচাবে জন্মগ্ৰহন কৰে।

জীৱিত কালত চাৰ ষ্টিফেন হকিঙেও বৰিস্কাৰ প্রতিভাৰ বিষয়ে অৱগত হৈছিল। বিশ্বব্ৰহ্মাণ্ড সম্বন্ধে বৰিস্কাৰ জ্ঞানৰ প্রশংসাও কৰি গৈছে হকিঙে। তেখেতে কৈছিল, "বৰিস্কা মংগল গ্রহৰ বাসিন্দা নে পৃথিবীৰ বাসিন্দা, সেইটো ডাঙৰ কথা নহয়। কিন্তু বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে তেওঁৰ যি জ্ঞান সেইটোহে গুৰুত্বপূৰ্ণ বিষয়। সাম্প্ৰতিক সময়চোৱাত বৰিস্কা নাছাকে আদি কৰি বিশ্বৰ বিভিন্ন বিজ্ঞান মহলত এক বহুল ভাবে চৰ্চিত নাম। বিজ্ঞানীসকলেও বৰিস্কাক লৈ বিভিন্ন গৱেষণা চলাই আছে। বৰিস্কাৰ তথ্যসমূহ বা মংগল গ্ৰহৰ বাসিন্দা বুলি তেওঁ দাবী কৰা ধৰণেই কথাটোৰ যুক্তিযুক্ততাৰ সন্দৰ্ভত এতিয়ালৈ বিজ্ঞানীসকলে কোনো মত পোষণ কৰা নাই। সমগ্ৰ বিশ্বৰ অগণন জনতাই এতিয়া অপেক্ষা কৰি আছে বিজ্ঞানী সকলৰ মুখলৈ চাই। হয়তো অচিৰেই আমি গ'ম পাম যে বৰিস্কা সঁচাকৈয়ে এলিয়েন নেকি? নে বৰিস্কা নিজেই এজন মানুহক বিভ্ৰান্ত কৰিব পৰা এক মনে সজা কাহিনীৰ এক কাল্পনিক চৰিত্ৰ !!!

Thursday, 20 December 2018

মহাকাশৰ জীৱনযাত্ৰা আৰু খাদ্য



অসীম শূন্যতাৰ আন এটি নাম মহাকাশ। মহাকাশ কি সঁচাকৈয়ে বিশাল শূণ্যতাৰে ভৰা এক সীমাহীন অৱস্থিতি ! বিস্ময়কৰ এই অসীমতাত ওপঙি ৰোৱা পৃথিৱী নামৰ গ্ৰহটোৰ বুকুতেইতো মানুহৰ বসবাস। সীমাহীন মহাকাশৰ বুকুত আৰু কিমান যে গ্রহ, নক্ষত্র, নীহাৰিকাপূঞ্জই উটি ভাঁহি ফুৰিছে তাৰ লেখ জোখ নাই। সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহে মহাকাশক কৌতুহলেৰে পৰ্যবেক্ষণ কৰি আহিছে। বিজ্ঞানৰ অগ্ৰগতিৰ লগত হাত ধৰি য়ুৰি গেগাৰিণকে আদি কৰি এই পৰ্যন্ত প্ৰায় ৫৫০ গৰাকী মহাকাশচাৰীয়ে মহাকাশৰ অচিন ছায়াপথেৰে পৰিক্ৰমা সম্পূৰ্ণ কৰিছে। জোনবাইৰ বুকুতো মহাকাশচাৰীয়ে ভৰি দিছে। এইবাৰ লক্ষ্যস্থান - মংগল গ্ৰহ। মহাকাশৰ ৰহস্যই মানুহক হাত বাউলী মাতিছে। মানুহেও এই নিমন্ত্ৰণ প্ৰত্যাখান কৰা নাই।

পিছে মহাকাশ নিৰাপদ স্থান নহয়। মাধ্যাকৰ্ষণ বল বিহীন মহাকাশত মানুহ পৃথিৱীত থকাৰ দৰেই স্বাচ্ছন্দ্যে থাকিব নোৱাৰে। ভোক লাগিলে আমি যেনেদৰে ইচ্ছানুসৰি ভাত, মাছ-মাংস, পানী আদি খাবলৈ পাৰো, মহাকাশত তেনে কোনো সুযোগ নাই। মহাকাশত গা ধোৱা, উঠা-বহা, জিৰণি লোৱা আদি প্ৰতিটো কামেই জটিল। মহাকাশচাৰী সকলৰ দৈনন্দিন কাম কাজবোৰ অতি বিচিত্ৰ। অতি বিচিত্ৰ মহাকাশচাৰীৰ জীৱন যাপনৰ শৈলী। আজি মহাকাশচাৰী সকলৰ খাদ্য সম্পৰ্কে দুটামান বিষয় আলোচনা কৰিব খুজিছোঁ।

ভোকাতুৰ মানুহক খাদ্যৰ যোগান ধৰিব নোৱাৰিলে তেওঁৰ মৃত্যু অনিবাৰ্য। মাহৰ পিছত মাহ ধৰি মহাকাশ বিজ্ঞানীসকলে যেতিয়া আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাত ব্ৰতী হৈ থাকে, তেতিয়া তেওঁলোকে খাদ্য ক'ত পায় ? মহাকাশত ৰন্ধাবঢ়া কৰিব পাৰি জানো ? মহাকাশৰ বিজ্ঞানীসকলৰ বাবে পৰিকল্পনা অনুযায়ী পৃথিৱীৰ পৰাই খাদ্যবস্তু যুগুত কৰি নিয়া হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মহাকাশলৈ প্রতি কেজি খাদ্য লৈ যোৱাৰ বিনিময়ত আৰু সেই খাদ্য খোৱাৰ উপযোগী কৰি ৰখাৰ বিনিময়ত খৰছ হয় লাখ লাখ টকা। সেয়ে প্রত্যেক জন  মহাকাশচাৰীৰ বাবে পৃথিৱীৰ পৰা নিদিষ্ট পৰিমানৰ খাদ্যহে নিয়া হয়। সেই খাদ্যৰ তালিকাখন এনেধৰণৰ ……

ৰাতিপুৱাৰ আহাৰ : নিৰ্দিষ্ট পৰিমানৰ শুকান ফল অথবা শস্যৰ শুকান গুড়ি, শুকান মাংসৰ টুকুৰা, কণ্ডেন্সদ মিল্ক, মাখন মিশ্রিত কণীৰ চুপ, কোক আৰু ফলৰ ৰস।

দুপৰীয়াৰ আহাৰ : তুর্কী পেষ্টা অথবা "হট ডগ", পাউৰুটি, বাদাম, শাক পাচলিৰ চুপ আৰু ফলৰ ৰস।

নিশাৰ আহাৰ : বিভিন্ন ধৰণৰ শুকান ফলৰ মিশ্রণ, দ্ৰাই পোলাও, পুডিং, নুডলচ, ফলৰ ৰস আৰু শুকান মাংস।

এনে প্ৰতিবিধ খাদ্যই লেবোৰ'টৰীৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পিছতহে পেকেটিং হয়। কাৰণ মহাকাশত মহাকাশচাৰীৰ যদি "ফুড পয়জনিং" হয়, ই মহাকাশচাৰীজনৰ জীৱন বিপন্ন কৰি তুলিব পাৰে। এনেবোৰ খাদ্যৰ লগত অভ্যস্ত কৰি তুলিবলৈ অভিযানৰ আগত মহাকাশচাৰী সকলক কঠিন প্রশিক্ষণো প্ৰদান কৰা হয়।

মহাকাশচাৰী সকলে ২৪ ঘণ্টাত তালিকাত দিয়া ধৰণে তিনিবাৰ খাদ্য গ্ৰহণ কৰে। তাৰবাবে মহাকাশচাৰী সকলৰ দেহৰ ওজন আৰু বয়স অনুসৰি তেওঁলোকৰ প্ৰয়োজনীয় কেলৰিৰ মাত্ৰা নিৰ্ধাৰণ কৰি দিয়া হয়। উদাহৰণস্বৰূপে এজন শকত আবত মহাকাশচাৰীৰ বাবে প্রায় ৩,২০০ কেলৰি খাদ্য আৰু এজন ক্ষীণ মহাকাশচাৰীৰ বাবে ইয়াৰ পৰিমাণ ১৮০০ কেলৰি। মহাকাশযান অথবা মহাকাশ গৱেষণা কেন্দ্ৰত কোনো ৰিফ্রেজাৰেটৰ নেথাকে। সেয়ে খাদ্যবোৰ প্ৰধানতঃ শুকান অৱস্থাত সংৰক্ষিত কৰি ৰখা হয়। এই শুকান খাদ্যসমুহ সামান্য পৰিমানৰ কুহুমীয়া পানীত ভিজাই লৈ খাব পাৰি। মহাকাশচাৰী সকলে নিশাৰ আহাৰৰ তালিকাত থকা নুডলচ সিদ্ধ কৰিবলৈ অৱশ্যে মহাকাশযানত "মাইক্ৰ'ৱেভ ওভেন" থাকে। অৱশ্যে মহাকাশযানত জলকীয়াৰ গুড়ি আৰু দানাকাৰ নিমখ নিষিদ্ধ। তাৰ সলনি মহাকাশযানত জলকীয়া আৰু নিমখৰ বিশেষ তৰলীকৃত ৰূপহে থাকে। কিয়নো মহাকাশযানৰ "জিৰো গ্ৰেভিটি" পৰিবেশত জলকীয়াৰ গুড়ি অথবা দানাকাৰ নিমখ খাদ্যৰ থালৰ পৰা ওপঙি উঠি মহাকাশচাৰীৰ চকুৱে মুখে সোমাই অঘটন ঘটোৱাৰ সম্ভাৱনা থাকে।

Monday, 17 December 2018

অকৃতজ্ঞ মানুহ আৰু ইটো সিটো



জীৱনত এনে কিছুমান প্রশ্নৰ উদয় হয় যাৰ উত্তৰ কেতিয়াও পোৱা নেযায়, কিছু এনে ভুল হৈ যায় যাৰ শুধৰণী কেতিয়াও নহয় আৰু কিছু এনে কষ্ট অথবা যন্ত্ৰণা থাকে যাক কাৰো আগত কেতিয়াও প্ৰকাশ কৰা নহয়। বন্ধু বা প্ৰিয়জনেই সততে তেওঁৰ কৰ্ম বা ব্যৱহাৰেৰে আমাক কষ্ট দিয়ে। সেয়ে হয়তো আমি প্ৰত্যেকেই একোজন এনে লোক বাচি লোৱা উচিত, যিজনে দিয়া মনোকষ্টও সহজতে সহ্য কৰিব পৰা যায়। সেয়ে জ্ঞানীলোকেও কৈ গৈছে, "বোবা লোক এজনে আপোনাক বিৰক্ত কৰিব পাৰে সঁচা, কিন্তু হৃদয়খন থানবান কৰি পেলাব পৰা তিতা মাতেৰে আপোনাক কেতিয়াও আঘাত নিদিয়ে।"

মানুহ বৰ আচৰিত প্ৰাণী। এক বিশেষ পৰিস্থিতিত কোনোবাজন মানুহৰ ব্যৱহাৰত আপুনি যেনেদৰে আপুনি আনন্দিত হৈ পৰিব পাৰে, থিক একেই পৰিবেশত আন এজন মানুহৰ ব্যৱহাৰ বা কৰ্মকাণ্ডত আপুনি ব্যথিত হৈ পৰিবও পাৰে। মানুহ মাত্ৰেই কামকাজ বা ব্যৱহাৰৰ তাৰতম্য হোৱাটো ডাঙৰ কথা নহয়। আচল কথাটো হ'ল মানবীয় গুণখিনিহে। জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পদেই হ'ল মানবীয় গুণ, যাৰ অবিহনে মানুহৰ জীৱন পশুতুল্য। ধৈৰ্য, সততা, প্ৰেম, আচাৰ ব্যৱহাৰ, পৰোপকাৰিতা, কৃতজ্ঞতা আদিবোৰেইতো মানবীয় গুণ। 

কিন্তু কেতিয়াবা মনলৈ প্রশ্ন আহে, আমি কি সঁচাকৈয়ে মানুহ? মূল্যবোধহীন জীৱনাদৰ্শক আদৰি লৈ অৰ্থ, ভোগবাদ আৰু বস্তুবাদী মানসিকতাতে গঢ় লোৱা একাংশ মানুহক দেখিলে মনলৈ প্ৰশ্ন আহে যে মানুহৰ মাজত বিদ্যমান হৈ থাকিবলগীয়া মানবীয় গুণবোৰ কি আমাৰ সমাজৰ একাংশ মানুহৰ হৃদয়ৰ পৰা একেবাৰেই লুপ্ত হৈ গ'ল? মানুহবোৰ ইমান অকৃতজ্ঞ আৰু স্বাৰ্থপৰ কিয়? 

অকৃতজ্ঞ আৰু স্বাৰ্থপৰ বহুজন লোকে ব্যক্তিগত ভাবে আমাকো বিভিন্ন সময়ত মনোকষ্ট দিছে। তেওঁলোকৰ ভিতৰত কোনোবাজন হয়তো ছদ্মবেশী বন্ধু, আন কোনোবাজন প্ৰতিবেশী। কোনোবাজন হয়তো সহকৰ্মী বন্ধু, আন কোনোবাজন বুকুৰ কুটুম। কোনোবাজন উচ্চ শিক্ষিত, আনজন হয়তো অৰ্ধ শিক্ষিত। তেওঁলোক প্ৰতিজনকেই তেওঁলোকৰ বিপদৰ সময়ত হাত আগবঢ়াইছো অথচ আমাৰ বিপদৰ সময়ত তেওঁলোকে নিৰাপদ দূৰত্বত থাকি মৌনব্ৰতী হোৱাৰ ভাওঁ দিয়া দেখিছোঁ। 

কেতিয়াবা আকৌ ভাবো - হয়তো মানুহৰ পৰা বেছিকৈ আশা কৰিছোঁ। হয়তো বন্ধু-বান্ধৱৰ মাজত বা হাটে বজাৰে লগ পোৱা অজস্ৰজনৰ মাজত কিবা এটা "দুস্প্ৰাপ্য"ৰ সন্ধানত মই হাবাথুৰি খাই ভাগৰি পৰিছোঁ। হয়তো কেতিয়াবা আপুনিও মোৰ দৰেই খুব অসহায় অনুভৱ কৰিব যেতিয়া আপোনাৰ সুখ-দুখ, বেদনা-হতাশা আদিৰ প্ৰতি আপোনাৰ ছদ্মবেশী বন্ধু, প্ৰতিবেশী বা সমকৰ্মীসকল প্ৰতিক্ৰিয়াহীন হৈ পৰিব। তেতিয়া কিছু অব্যক্ত  কথা মনৰ গভীৰতাতেই স্মৃতি হিচাবে ৰৈ যাব আৰু এসময়ত একোটা হুমুনিয়য়াহ হৈ আপোনাকো জোকাৰি যাব প্ৰতিনিয়ত ভাবেই…!

"নদীর এপার কহে ছাড়িয়া নিশ্বাস,
ওপারেতে সর্বসুখ আমার বিশ্বাস।
নদীর ওপার বসি দীর্ঘশ্বাস ছাড়ে;
কহে, যাহা কিছু সুখ সকলি ওপারে।"

--কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

Friday, 14 December 2018

জীৱন : এক বৈজ্ঞানিক দৃষ্টিকোন


জীৱন বা প্রাণ মানে কি ? কেৱল তেজ-মঙহৰ শৰীৰেই বাৰু জীৱন নেকি ? জীৱন সৰ্বব্যাপী অথবা চিৰস্থায়ী নহয় কিয় ? দাৰ্শনিক অথবা বৈজ্ঞানিক যিয়েই নহওঁক কিয়, জীৱন সম্পৰ্কে আমাৰ ধাৰণাৰ অন্ত নাই। অথচ কোনো এটা ধাৰণায়ো জীৱন সম্বন্ধে আমাক সদুত্তৰ দিব পৰা নাই। জীৱন কি সঁচাকৈয়ে ৰহস্যময় ? এনেবোৰ বিষয়বস্তু বাচি লৈয়ে ১৯৯৪ চনত নাছাৰ দ্বাৰা প্ৰকাশিত মহাকাশ জীৱবিজ্ঞানৰ জাৰ্নালত প্ৰকাশিত এখন গৱেষণা পত্ৰত "Life is a self-sustaining chemical system" নামৰ এটি প্ৰবন্ধ প্ৰকাশ পাইছে। প্ৰৱন্ধটোত "জীৱন" নামৰ ৰহস্যটোক বৈজ্ঞানিক দৃষ্টিকোনেৰে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হৈছে। 

জীৱন দৰাচলতে এলানি সুশৃংখল আৰু সংগঠিত জটিল ৰসায়নিক বিক্রিয়াৰ আশীৰ্বাদ ! অৰ্থাৎ জীৱন হ'ল অণু-পৰমাণুৰ জটিল ৰসায়নিক বিক্রিয়াৰ ওপৰত নির্ভৰশীল এক প্ৰাকৃতিক পৰিঘটনা। পিছে জীৱন এনে এটি ব্যবস্থা যি কেতিয়াও সাম্যাৱস্থাত নেথাকে। বৰং জীৱনে চৌপাশৰ পৰিবেশ অথবা অন্য কোনো উৎসৰ পৰা শক্তি আহৰণ কৰি নিজক গতি প্ৰদান কৰে। বিজ্ঞানৰ ভাষাত ইয়াকেই বিপাক বা "মেটাব'লিজম" বুলি কোৱা হয়। চৌপাশৰ পৰিস্থিতিৰ লগতে আভ্যন্তৰীণ পৰিবেশ সলনি হোৱাৰ লগে লগে জীৱনক গতিময়তা প্ৰদান কৰা এই বিপাক প্ৰক্ৰিয়াৰো পৰিবৰ্তন ঘটে। সেয়ে জীৱন সদায়ে সাম্যাৱস্থাত থাকিব নোৱাৰে। হয়তো সেইবাবেই জীৱন কচুপাতৰ পানীৰ দৰেই অস্থিৰ !

জীৱন নামৰ এই জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াসমূহ মুক্ত স্থানত অথবা পৰীক্ষাগাৰত সংঘটিত নহয়। এক সুনিয়ন্ত্ৰিত আৱদ্ধ তন্ৰৰ মাজতহে এই জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াসমূহ পৰিচালিত হয়। এনে সুনিয়ন্ত্ৰিত আৱদ্ধ তন্ৰবোৰকেই আমি "কোষ" বুলি কওঁ। অৰ্থাৎ কোষ অবিহনে জীৱন সম্ভৱ নহয়। এই কোষবোৰৰ ভিতৰতেই সুশৃংখলিতভাবে ৰসায়নিক বিক্ৰিয়াসমূহে জীৱনক পৰিবেষ্টিত কৰি ৰাখে।

জীৱনৰ মূল চালিকা শক্তি বুলিলে আমি মূলতঃ নিউক্লিক এচিড বুলিয়েই বুজো। আমাৰ পৃথিবীত প্রাণ বা জীৱন সৃষ্টিৰ পৰা আৰম্ভ কৰি জীৱনৰ নিয়ন্ত্ৰণ আনকি মৃত্যুৰ সমস্ত তথ্যও আমাৰ কোষৰ ভিতৰত থকা প্ৰাণদায়িনী  নিউক্লিক এচিডৰ মাজতেই আৱদ্ধ হৈ আছে। সময়ৰ সোঁতত চৌপাশৰ পৰিস্থিতিবোৰ সলনি হোৱাৰ লগে-লগে কোষৰ ভিতৰত থকা এই নিউক্লিক এচিডৰো বিৱর্তন হৈছে।  নিউক্লিক এচিডৰ এনে বিবৰ্তনে জীৱনৰো বিৱৰ্তন আনিছে আৰু বিভিন্ন প্ৰজাতিৰ জীৱকূল সৃষ্টি কৰিছে। পৃথিৱীত পোৱা প্ৰতিটো জীৱৰ জীৱন প্ৰণালী একে নহ'লেও জীৱনক নিয়ন্ৰণ কৰা ৰসায়নিক বিক্ৰিয়া সমূহ কিন্তু একেই। তেন্তে পৃথিৱীৰ বাহিৰত যদি কোনো জীৱন আছে, সেইবোৰ জীৱনৰ গতিবিধি বা নিয়ন্ৰণ পদ্ধতি আমাৰ পৃথিৱীৰ দৰে একেই হ'বনে ?

ভিন্নগ্ৰহত জীৱন আছে নে নাই - এইটো আজিও নিশ্চিত হোৱা নাই। যুক্তিৰ আধাৰত এলিয়েন আছে বুলি যদি ধৰি লওঁ, তেন্তে প্ৰশ্ন উদয় হ'ব যে তেওঁলোকৰ জীৱনৰ জৈৱ ৰসায়ন আমাৰ পৃথিৱীৰ লগত একে হ'বনে ? যিহেতু জীৱনৰ জৈৱ ৰসায়ন, চৌপাশৰ পৰিস্থিতিৰ লগতে আভ্যন্তৰীণ পৰিবেশ সলনি হোৱাৰ লগে লগে জীৱনক গতিময়তা প্ৰদান কৰা বিপাক প্ৰক্ৰিয়াবোৰৰো পৰিবৰ্তন ঘটে, সেয়ে এলিয়নবোৰৰ জীৱন শৈলী আমাৰ দৰে নোহোৱাতোৱেই স্বাভাৱিক। কোনো কোনো বিজ্ঞানীৰ মতে এলিয়নবোৰৰ জীৱন কাৰ্বনভিত্তিক নহৈ ছিলিকনভিত্তিক হোৱাৰ সম্ভাৱনা অধিক। আন একাংশ অত্যুৎসাহী বিজ্ঞানীৰ মতে এলিয়েনৰ দেহ কাৰ্বনৰ বহুৰূপ হীৰাৰে গঠিত। কোনো কোনোৰ মতে এলিয়েনবোৰ "চুপাৰহিৰো" আৰু তেওঁলোকৰ দেহ বিদ্যুতৰ সুপৰিবাহী। আচলতে এয়া সম্ভৱ নে অসম্ভৱ - আজিৰ দিনত এইটো এটা লাখটকীয়া প্ৰশ্ন। পৃথিৱীৰ পৰিবেশত আমাৰ জ্ঞাত বিজ্ঞানৰ সূত্ৰ অনুযায়ী এয়া অসম্ভব । কিন্তু কোনে জানে, হয়তো পৃথিৱীৰ বাবে আমি যাক জীৱনৰ সংজ্ঞা বুলি মানি ল'ব খুজিছো, ভিন্নগ্ৰহৰ প্ৰাণীৰ বাবে জীৱনৰ সেই সংজ্ঞা তেনেই মূল্যহীন। আৰু যদি সেয়েই সঁচা হয়, তেন্তে "জীৱন" এক ৰহস্যময় পৰিঘটনা হৈয়েই ৰ'ব।