Friday, 31 May 2019

টিছু নেনোট্ৰান্সফেকচন : এটি প্ৰত্যাশা



Ohio State Universityৰ অধীনস্থ Centre for Regenerative Medicine & Cell Based Therapiesৰ ডাইৰেক্টৰ তথা ভাৰতীয় মূলৰ বিজ্ঞানী Dr. Chandan Sen আৰু প্ৰফেছ'ৰ Daniel Gallego-Perezৰ অধীনত এদল গৱেষক ছাত্ৰই শেহতীয়াকৈ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ এক আলোড়নকাৰী অৱদান আগবঢ়াইছে। তেওঁলোকে TNT (Tissue Nanotransfection) নামৰ এটা পদ্ধতি আৱিষ্কাৰ কৰিছে, যাৰ সহায়ত ছালৰ কোষক অতি সহজে ৰূপান্তৰিত কৰি মানবদেহৰ ক্ষতিগ্ৰস্থ অংগ সমূহৰ উপৰিও মগজুৰ কোষ, ৰক্তবাহী নলী আৰু স্নায়ুকোষকো বিশেষ ধৰণে প্ৰস্তুত কৰা নেনো চিপৰ সহায়ত অতি সহজে মেৰামতি কৰি ল'ব পাৰি। গৱেষক বিজ্ঞানীৰ দলটোৱে ইতিমধ্যে TNT পদ্ধতিৰ সহায়ত গিনিপিগ আৰু গাহৰিৰ ছালৰ কোষক সফলতাৰে  ৰক্তবাহী নলীলৈ ৰূপান্তৰ কৰি সকলোকে আচৰিত কৰি তুলিছে।


"Nature Nanotechnology" নামৰ জাৰ্নালত প্ৰকাশিত Tissue Nanotransfection শীৰ্ষক গৱেষণা পত্ৰখনত এই বিষয়ে বিতং তথ্য প্ৰকাশ হৈছে। এই প্ৰক্ৰিয়াত কোনো বিশেষ অংগৰ কোষ গঠনৰ বাবে প্ৰয়োজনীয় জিনীয় সংকেত বা genetic code বিশেষ ধৰণে প্ৰস্তুত কৰা নেনো চিপৰ মাজত সংস্থাপন কৰি সামান্য মাত্ৰাৰ বৈদ্যুতিক বিভৱ প্ৰয়োগ কৰি ছালৰ কোষত সংৰোপন কৰা হয়। এই কোষ গঠনকাৰী জিনীয় সংকেতবোৰে ছালৰ কোষত সংঘটিত হোৱা প্ৰটিন সংশ্লেষণৰ ব্যৱস্থাটোৰ আমূল পৰিবৰ্তন কৰি ছালৰ কোষৰ পৰা প্ৰয়োজনীয় অন্যান্য কোষসমূহ সৃষ্টি কৰি ল'ব পাৰে। 

ড° চন্দন সেনে জানিবলৈ দিয়া মতে ছালৰ কোষবোৰ উৰ্বৰ কৃষিভূমিৰ দৰে। সেয়ে নেনো চিপ ব্যৱহাৰ কৰি ছালৰ কোষক অন্যান্য কোষলৈ ৰিপ্ৰগ্ৰেমিং কৰিব পৰা যায়। তেওঁলোকে গৱেষণাৰ কালচোৱাত গিনিপিগৰ ছালৰ কোষত পৰা গিনিপিগৰ মগজুৰ কোষ সৃষ্টি কৰি আন এক অসাধ্য সাধন কৰি দেখুৱাইছে।  

TNT পদ্ধতি সফলতাৰে ব্যৱহাৰ কৰিব পাৰিলে মানুহৰ দেহত বিকল হৈ যোৱা বৃক্ক, যকৃত, চকু আদিৰ পুনৰোৎপাদন সম্ভৱ হৈ উঠিব। দুৰ্ঘটনা বা আন কিবা কাৰনত হেৰোৱা অংগ মানুহৰ দেহত অতি সহজেই নতুনকৈ সৃষ্টি কৰা সম্ভৱ হ'ব। তাৰোপৰি TNT পদ্ধতিৰ সহায়ত মানুহৰ লালটি বা এটোপাল মাত্ৰ তেজৰ সহায়তেই এইডচ, কৰ্কট আদি ৰোগৰ চিনাক্তকৰণ অতি কম সময়ৰ ভিতৰতেই নিৰ্ভুলভাবে কৰিব পৰা যাব। 

ইচ্ছুক পঢ়ুৱৈসকলে গৱেষণা পত্ৰখন পঢ়ি চাব পাৰে

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC5814120/

Friday, 10 May 2019

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু তিনিটা সিজোৱা কণী


চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে কৈছিল, "লৰালি কালত মই বৰ স্বাৰ্থপৰ আছিলোঁ আৰু সকলো ক্ষেত্ৰতে সুবিধা ল'বলৈ চেষ্টা কৰিছিলোঁ। মোৰ এই স্বভাৱৰ বাবে লাহে লাহে মোৰ বন্ধুৰ সংখ্যাও কমি যাবলৈ ধৰিছিল। কিন্তু তাৰ বাবে নিজক দায়ী নকৰি ভাবিছিলো যে মোৰ বন্ধুবোৰেই আচলতে হিংসাকুৰীয়া। সিঁহতে আচলতে মোৰ ভাল দেখিব নোৱাৰে। মোৰ দেউতাই ইয়াকে লৈ বৰ চিন্তিত হৈছিল। তেওঁ মুখেৰে একো নক'লেও এই সকলোবোৰ কথাই অতি সূক্ষ্ম ভাৱে লক্ষ্য কৰি আহিছিল আৰু মোক শুধৰাবলৈ উপায় বিচাৰি আছিল।

এদিনাখন নিশা আহাৰ গ্ৰহন কৰাৰ সময়ত দেখিলো যে দেউতাই মোৰ বাবে খোৱা মেজত অপেক্ষা কৰি আছে। মেজত সাজি থোৱা আছে সুস্বাদু ন্যুডুলচৰ দুখন প্লেট। এখন প্লেটত ন্যুডুলচৰ ওপৰত বাকলি গুচাই থোৱা এটা সিজোৱা কণী আছিল আৰু আনখন প্লেটত আছিল কেৱল ন্যুডুলচ। দেউতাই মোক যিকোনো এখন প্লেট বাছি ল'বলৈ ক'লে। স্বাভাৱিক ভাবেই মই কণী থকা প্লেটখনকে টানি ল'লো।

সেই সময়ত চীনত কণী আছিল এক দুষ্প্রাপ্য বস্তু। উৎসৱ পাৰ্বণৰ বাহিৰে ঘৰত কণী খোৱাৰ কথা তেতিয়া ভাবিবই পৰা নগৈছিল। আহাৰ গ্ৰহন কৰি থাকোতে মন কৰিলোঁ যে দেউতাৰ প্লেটৰ ন্যুডুলচৰ তলত আচলতে লুকুৱাই ৰখা আছে দুটাকৈ সিজোৱা কণী ! মই আচৰিত হৈ ভাবিবলৈ ধৰিলোঁ, কিয় যে খৰধৰ কৰি এটা কণী থকা প্লেটখন টানি আনিছিলোঁ !! আঁৰ চকুৰে দেউতাই মোলৈ চাই আছিল। খোৱা শেষ হোৱাত দেউতাই ঈষৎ হাঁহি এটা মাৰি ক'লে, " মনত ৰাখিবা, তুমি চকুৰে যি দেখিছা সেয়া সদায় সঁচা নহ'বও পাৰে। তাৎক্ষণিক ভাবে চকুৰে দেখা কোনো পৰিস্থিতি অথবা লোক এজনৰ কথা বতৰাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহন কৰিলে বিপদত পৰাৰ সম্ভাৱনাই বেছি।"

পিছদিনা দেউতাই নিশাৰ আহাৰৰ সময়ত আকৌ মেজত ন্যুডুলচেৰে ভৰ্তি দুখন প্লেট ৰাখি মোক খাবলৈ মাতিলে। আগৰ দিনাৰ দৰেই এইবাৰো এখনত কণী আছে আৰু আনখনত নাই। মোক যিকোনো এখন প্লেট বাছি ল'বলৈ কোৱাত, যোৱা নিশাৰ অভিজ্ঞতাৰ ভিত্তিত মই কণী নোহোৱা প্লেটখনকেই বাছি ল'লোঁ। কিন্তু খাবলৈ লৈ দেখিলোঁ যে ন্যুডুলচৰ তলত এটাও কণী নাই।কিছু বিৰক্তিৰে দেউতালৈ চালোঁ। দেউতাই তলমুৰকৈ নিজৰ প্লেটৰ ন্যুডুলচৰ ওপৰত থকা কণীটো চুৰীখনেৰে টুকুৰা কৰি আছিল। তেখেতে মোৰ মানসিক অৱস্থাটোৰ বিষয়ে আগতীয়াকৈয়ে সচেতন হৈ আছিল আৰু মোলৈ চাই গহীন ভাবে ক'বলৈ ধৰিলে, "অভিজ্ঞতাই সকলো সময়তে জীৱনক সঠিক পথ নেদেখুৱায়। জীৱন বৰ বিচিত্ৰ। জীৱনৰ বাটত আমি মৰীচিকাৰ সন্মুখীন হ'বলগীয়া হয়। জীৱনে তোমাক যিমানখিনি দিছে,  সেইখিনিতেই সন্তুষ্ট হ'লে কষ্ট কম পাবা। তোমাৰ অভিজ্ঞতাই তোমাক সহায় কৰিব কিন্তু মনত ৰাখিবা - শেষ কথা জীৱনেই ক'ব।"

তৃতীয় দিনা আকৌ একেটা ঘটনাৰেই পুনৰাবৃত্তি। আগৰ দিনাৰ দৰেই এইবাৰো এখন প্লেটত কণী আছে আৰু আনখনত নাই। দেউতাই কিবা এটা কোৱাৰ আগতেই এইবাৰ মই দেউতাক ক'লোঁ,  "আগতে তুমি লোৱা দেউতা। কাৰণ তুমি ঘৰৰ জ্যেষ্ঠজন আৰু এই সংসাৰ তোমাৰ উপাৰ্জনেৰে চলে। তোমাৰ অধিকাৰ সকলোতকৈ আগত।"

মোৰ কথা শুনি দেউতাৰ মুখমণ্ডলত উজ্বল এটি হাঁহি ফুটি উঠিল। মোৰ কথা মতেই দেউতাই নিজৰ প্লেটখন টানি নিলে। আনখন প্লেট লৈ ময়ো খোৱা আৰম্ভ কৰিলোঁ। চামোচেৰে মই ন্যুডুলচখিনি লুটিয়াই দিয়াত মোৰ প্লেটত থকা ন্যুডুলচৰ তলত দুটা সিজোৱা কণী ওলাল। তৃপ্তিৰে মই আহাৰ গ্ৰহন কৰিলোঁ।

খোৱা শেষ হোৱাত দেউতাই মোক কাষলৈ মাতি আনি ক'লে,"মনত ৰাখিবা, কৃতজ্ঞতা আৰু ঋণ স্বীকাৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। তুমি জীৱনত যদি আনৰ কাৰণে ভাবা, জীৱনেও তোমাৰ কথা ভাবিব। যদিহে তুমি আনক উদাৰ ভাবে কিবা দিব পাৰা, জীৱনে তোমাক আৰু বহু গুণ বেছি ওভতাই দিব। আশাকৰো তুমি মোৰ কথাখিনি বুজিব পাৰিছা।" এইবুলি কৈ দেউতা আঁতৰি গ'ল। মই কিছুপৰ সেই ঠাইতেই ৰৈ দেউতাৰ কথাবোৰ হৃদয়ঙ্গম কৰাৰ চেষ্টা কৰিলোঁ। 

শৈশৱ আৰু যৌৱনৰ দেওনা পাৰ কৰি আজি মই য'ত আছোহি, ইয়াৰ পৰাও জীৱনলৈ উভটি চাই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁচ যে দেউতাই নিশাৰ আহাৰৰ লগত খাবলৈ লোৱা সিজোৱা কণী কেইটাকেই প্ৰতীক হিচাবে ব্যৱহাৰ কৰি মোক জীৱনৰ সৰ্বশ্ৰেষ্ঠ পাঠটি শিকাই থৈ গ'ল।

তথ্যসূত্ৰ: https://www.kindspring.org/story/view.php?op=sg&sid=158503

Wednesday, 1 May 2019

বহিঃবিশ্বত প্ৰাণৰ সন্ধান



যিশুখ্রীষ্টৰ জন্মৰ প্ৰায় ছয়শ বছৰ আগতে দাৰ্শনিক তথা গণিতজ্ঞ থেলচে (Thales) সর্বপ্রথমে বহিঃবিশ্বৰ গ্রহৰ বুকুত প্রাণৰ ধাৰণাৰটো পোষণ কৰিছিল। তেওঁৰ মতে দৃশ্যমান গ্রহ সমূহৰ উপৰিও অন্য কোনো জীৱন বহুল জগত এখন নিশ্চয় আছে। দাৰ্শনিক পুটার্চৰ মতে জোনবাইৰ দেশ স্বর্গৰ দেৱতা সকলৰ আবাস ভূমি! অনুৰূপভাবে মধ্যযুগৰ জ্যোতির্বিদ সকলেও পৃথিবীৰ উপৰি অন্যান্য গ্রহত জীবনৰ কল্পনা কৰি সেই কল্পিত জগতৰ লগত যোগাযোগ স্থাপনৰ নিৰন্তৰ প্রয়াস কৰিছিল।

বিখ্যাত গণিতজ্ঞ গাউচে চাইবেৰীয়াৰ ঘন অৰণ্যত বৃক্ষৰ সহায়ত এটি অতিকায় ত্রিকোণীয় আকৃতি তৈয়াৰ কৰি অন্য গ্রহৰ অধিবাসী সকলক আকৃষ্ট কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিছিল। জে. জে. ভন লিট্রোৱে আকৌ চাহাৰা মৰুভূমিত জ্যামিতীয় পদ্ধতি অনুসৰণ কৰি সুবৃহৎ আকৃতিৰ নলা তৈয়াৰ কৰি তাত নিশা ডাঙৰ জুই জ্বলাই আন গ্ৰহৰ প্ৰাণীলৈ সংকেত প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। একেদৰে দিনৰ বেলিকা অতিকায় অৱতল দাপোন ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি চৌদিশে প্ৰতিফলিত কৰি বহিঃগ্ৰহৰ প্ৰাণীৰ লগত সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টাও চলিছিল প্ৰায় পাঁচশ বছৰ আগলৈকে। এনেদৰেই প্রাচীন আৰু মধ্যযুগীয় দার্শনিক সকলে বহিঃজগতৰ লগত সংযোগ স্থাপনৰ একানপতীয়া প্রচেষ্টা কৰিছিল।

ইয়াৰ পিছতেই আধুনিক যুগত ভিনগ্রহৰ প্রাণীৰ সন্ধানত নামি পৰে আধুনিক বিজ্ঞানৰ মনীষী সকল। পৃথিবীৰ পৰা মহাকাশলৈ আৰম্ভ কৰা হয় বিভিন্ন অভিযান। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল 1960 চনত স্থাপন হোৱা SETI বা Search for Extraterrestrial Intelligence নামৰ প্ৰতিষ্ঠানটো। SETIৰ প্রতিষ্ঠাপক হ'ল প্ৰখ্যাত জ্যোতির্বিজ্ঞানী ফ্রাঙ্ক ড্রেক। এই প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলে বেতাঁৰ তৰঙ্গ ব্যবহাৰ কৰি পৃথিৱীৰ পৰাই ভিনগ্রহৰ প্রাণীৰ সন্ধান কৰে। বর্তমান পৃথিৱীৰ কেইবাখনো দেশত SETIৰ কার্যক্রমনিকা পৰিচালিত হৈ আছে। ভিনগ্রহৰ প্রাণী সম্পর্কে গাণিতিক, যুক্তিগত অথবা বিশ্বাসগত- কাৰণ যিয়েই নহওক কিয়, গৱেষক সকল সদায়েই আকৰ্ষিত হৈ আহিছে বহিঃজগতত প্রাণৰ অস্তিত্ব সম্বন্ধে।

NASAৰ বিজ্ঞানী সকলেও বহিঃবিশ্বত প্ৰাণৰ সন্ধান অব্যাহত ৰাখি জোনবাইৰ উপৰিও মংগল, বৃহস্পতি, শনি গ্ৰহৰ লগতে বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰতো বিভিন্ন অভিযান চলাইছে। কিন্তু দুখৰ বিষয় এই যে এতিয়ালৈকে এই অভিযান সমূহে আমালৈ কঢ়িয়াই আনিব পৰা নাই বহিঃবিশ্বৰ প্ৰাণৰ বতৰা। তথাপিও যেন ক্লান্ত নহয় আমাৰ বিজ্ঞানী সকল!

বিজ্ঞানী সকলে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ- উপগ্ৰহ সমূহত ইতিমধ্যে জীৱনৰ বাবে প্ৰয়োজনীয় বাতাবৰণৰ সম্ভেদ পাইছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতসকলে বহিঃবিশ্বত জীৱনৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰা নাই। ব্ৰহ্মাণ্ডৰ বিশালতাৰ মাজত জীৱন বিচাৰিহে পোৱা নাই। এইটো সত্য যে বিচাৰি নোপোৱা মানেই জীৱনৰ অনুপস্থিতি নুবুজায়। বিজ্ঞানী স্টিফেন হকিঙেও বহিঃবিশ্বত জীৱন আছে বুলিয়েই বিশ্বাস কৰি আহিছে।

সৌৰজগতৰ বাহিৰত কোনো তাৰকাৰ চৌদিশে পৰিভ্ৰমণ কৰি ফুৰা অগণন বাসোপযোগী গ্ৰহৰ সন্ধান কৰি বৰ্তমান বিজ্ঞানী সকল ব্যস্ত এই গ্ৰহবোৰত প্ৰাণৰ স্পন্দন বিচাৰি। বিজ্ঞানী সকল উৎসাহী। তেওঁলোকৰ মতে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে জীৱনৰ অস্তিত্ব। বহিঃবিশ্বত প্ৰাণৰ অস্তিত্ব সম্বন্ধ আমিও অতি উৎসাহী। মোৰ দৰেই আপোনাৰ মনলৈও এই প্ৰশ্নটো নাহেনে বাৰু - আমি এই বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নে ? হয়তো এদিন সময়ে প্ৰকৃত সত্যৰ সম্ভেদ নিশ্চয় দিব।

https://en.m.wikipedia.org/wiki/Extraterrestrial_life

Tuesday, 16 April 2019

চাৰ্লি চেপলিন : চকুলো ঢাকি আনক হহুওৱা অভিনেতাজন


"বৰষুণত খোজকাঢ়ি মই ভালপাও, কাৰণ বৰষুণে সকলোৰে অলক্ষিতে মোৰ দুচকুৰ চকুলো ধূৱাই নিয়ে। আন কোনেও মোৰ চকুলো দেখা নেপায়।" এই বিখ্যাত উক্তিটো পৃথিৱী বিখ্যাত মূকাভিনেতা চাৰ্লি চেপলিনৰ, যিয়ে নিজৰ চকুলো লুকুৱাই ৰাখি মূকাভিনয়েৰে বিশ্বৰ অগণন মানুহক হাঁহিৰ খোৰাক যোগাইছিল। 

১৮৮৯ চনৰ ১৬ এপ্রিলত ইংলেণ্ডৰ দক্ষিণ লণ্ডনস্থিত ওৱেলৱর্থৰ বার্লে ষ্ট্ৰিটত তেওঁৰ জন্ম। তেওঁৰ দেউতাকৰ নাম চার্লচ চেপলিন আৰু মাতৃৰ নাম হান্না চেপলিন। মাক দেউতাক দুয়োজনেই বিনোদন জগতৰ শিল্পী আছিল যদিও পিতৃ চার্লচ চেপলিন অত্যন্ত মদাহী ব্যক্তি আছিল। সৰু সুৰা কথাতেই চার্লচে চেপলিনৰ মাতৃ হান্নাৰ লগত কাজিয়া পেচাল কৰি অত্যাচাৰ কৰিছিল। কমদিনৰ ভিতৰতেই চার্লচ চেপলিনে হান্না আৰু তেওঁৰ দুই সন্তানক এৰি আঁতৰি গৈছিল। তাৰপিছৰ পৰাই আৰম্ভ হৈছিল চাৰ্লি চেপলিনৰ আৰু তেওঁৰ মাতৃ হান্নাৰ দুখৰ অধ্যায়।

খাই বৈ জীয়াই থকাৰ তাড়নাত চার্লিৰ মাকে দুই সন্তানক লৈ দক্ষিণ লণ্ডনৰ বিভিন্ন লোকৰ ঘৰত ভাৰাতীয়া হিচাবে বাস কৰিছিল যদিও ভাৰা ঠিক মতে দিব নোৱাৰা বাবে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। পেটৰ ভাত মুঠিৰ বাবে হান্নাই অতি সামান্য মাননিৰ বিনিময়ত থিয়েটাৰত অস্থায়ী শিল্পী হিচাবে গান গাইছিল। নিশাটো কটাবলৈ তেওঁলোক গৈছিল লণ্ডনৰ বিভিন্ন পার্কলৈ। পাৰ্কৰ বেঞ্চত শুয়েই পাৰ কৰিছিল বহুতো দুখৰ ৰাতি। 

চার্লিৰ বয়স তেতিয়া মাথোন পাচ বছৰ। মাক হান্নাই আনদিনাৰ দৰেই মঞ্চত গীত পৰিবেশন কৰি আছিল। যোৱা দুদিনমান ধৰি তেওঁৰ অসুখ। গীত পৰিবেশনত যথেষ্ঠ কষ্ট হোৱা স্বত্তেও লৰাদুটাৰ ভোক নিবাৰণৰ বাবে তেওঁ গান গাবই লাগিব। কিন্তু…… কিন্তু আজি তেওঁ যেন অপাৰগ। হান্নাৰ মাতটো সম্পূৰ্ণ বহি গ'ল। গীতটো আধাতে সামৰি তেওঁ চকুলো টুকি মঞ্চৰ পৰা নামি আহিল। দৰ্শকৰ হাঁহি আৰু তাচ্ছিল্যই চাৰ্লিক ব্যাথিত কৰি তোলে।মাকৰ দুৰাৱস্থা দেখি পাচ বছৰীয়া চাৰ্লিয়ে মঞ্চলৈ উঠি আহি গাবলৈ ধৰিলে মাকৰ মুখৰ আধৰুৱা গীতটি  - "জেক জোনচ ৱেলনৌন টু এভৰি বডি…" 

চার্লিৰ গীতে দর্শকক মুগ্ধ কৰি তোলে। হাত চাপৰিৰে তেওঁলোকে চাৰ্লিক উৎসাহিত কৰি আৰু এটি গীতৰ বাবে অনুৰোধ কৰে। চার্লিয়ে মুখেৰে বিভিন্ন ভংগীমা কৰি ক'বলৈ ধৰিলে : মই এতিয়া গান নেগাও। প্ৰথমে পইচাবোৰ বুটলি লও। তাৰ পিছত মই আকৌ গীত গাম। এইবুলি কৈ চাৰ্লিয়ে দৰ্শকে মঞ্চলৈ দলিওৱা পইচাবোৰ বুটলিবলৈ ধৰিলে।

ইয়াৰ পৰবৰ্তী পৰ্যায়ত জীয়াই থকাৰ বাবে চার্লি চেপলিনে প্রথমে এজন মুচিৰ দোকানত কাম কৰিছিল। তাৰপিছত এখন চিকিৎসালয়ত চাফচিকুনতা ৰক্ষাকাৰী সাধাৰণ কৰ্মচাৰী হিচাবে নিয়োজিত হয়। পিছে ইয়াতো সৰহ দিন কাম কৰিবলৈ নেপালে তেওঁ।এইবাৰ এজন মানুহৰ ঘৰত লগুৱা হিচাবে বাচন বৰ্তন ধোৱা কামত ব্ৰতী হয় তেওঁ। তাৰপিছত পৰ্যায়ক্ৰমে চাৰ্লিয়ে কাঁচৰ কাৰষাণা, ৰঙৰ দোকান, লোহাৰ দোকান, ছাপাশাল আদিত কাম কৰাৰ উপৰিওঁ বাতৰি কাগজো বিক্রী কৰিবলগীয়া হৈছিল। সেই সময়ত চার্লি আৰু তেওঁৰ পৰিয়ালৰ অর্থনৈতিক অৱস্থা ইমানেই বেয়া আছিল যে তেওঁলোকে পেলনীয়া খাদ্যৰেও ভোক নিবাৰণ কৰিবলগীয়া হৈছিল।

মাক হান্নাৰ হাতত ধৰিয়েই চার্লি অভিনয় জগতলৈ আহিল। দুই এটা সৰু সুৰা অভিনয়েৰে সামান্য উপাৰ্জন চলি আছিল। তেনে সময়তেই চার্লিৰ মাতৃ হান্না অসুস্থ হৈ পৰে। মাতৃৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱত চার্লিয়ে সেই সময়ত লণ্ডনৰ বিভিন্ন বাৰবোৰত নাচি টকা উপার্জন কৰিবলগীয়া হৈছিল। ইপিনে অপুষ্টিজনিত ৰোগে চার্লিৰ মাতৃ হান্নাক ভাৰাক্ৰান্ত কৰি পেলাইছিল। আৰ্থিক ভাবে জুৰুলা চাৰ্লিয়ে উপায় নেপায় মাকক এটি আশ্রয় কেন্দ্রলৈ লৈ যায়। এই আশ্ৰয় কেন্দ্ৰতেই চাৰ্লিৰ মাকৰ পৰলোক প্ৰাপ্তি হয়।

১৮৯৮ চনত মাত্ৰ ৯ বছৰ বয়সতে চার্লিয়ে এটি নৃত্য দলত যোগদান কৰে। এই দলটোৰ লগত ঘূৰি বিভিন্ন স্থানত নাচ গান কৰি কোনোমতে দুবেলা দুসাজ খাই তেওঁ জীয়াই আছিল। পৰবৰ্তী সময়ত তেওঁ যুক্ত হৈ পৰে এটি কৌতুক গোষ্ঠীৰ লগত। ইয়াত তেওঁ কৌতুক অভিনয়ৰ উপৰিও মূকাভিনয়ো কৰিবলৈ লয়। দৰ্শকে তেওঁৰ মূকাভিনয় বৰ ভাল পাবলৈ ধৰিলে। লাহে লাহে তেওঁৰ হাতলৈ ধন আহিব ধৰিলে।

সেয়া ১৯১৩ চন। ২৪ বছৰীয়া চার্লি ইংলেণ্ড এৰি আমেৰিকা পালেগৈ। সেই বছৰেই নিউইর্য়ক মোচন কোম্পানীয়ে সপ্তাহত ১৫০ ডলাৰৰ বিনিময়ত চার্লিক চুক্তিবদ্ধ কৰে। লাহে লাহে চাৰ্লিৰ ভাগ্য উদয় হ'বলৈ ধৰে। পৰবৰ্তী বছৰত চাৰ্লিৰ কেইবাখনো ছবি মুক্তি পায়। ৰাতিটোৰ ভিতৰতেই চাৰ্লি পৰিচিত হৈ পৰে চৌদিশে।  ১৯১৮ চনৰ পৰা  ১৯২৩ চনলৈ পুনৰ ৯ খন চলচিত্রই তেওঁৰ জনপ্ৰিয়তাক সাৰ্বজনীন কৰি তোলে। ১৯২৫ চনত তেওঁ নিজে প্ৰযোজনা কৰা চলচিত্ৰৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় "একাডেমী এৱার্ড"। ১৯৩৬ চনত মুক্তি পায় তেওঁৰ অন্যতম জনপ্ৰিয় ছবি "মর্ডান টাইমচ" আৰু ১৯৫২ চনত মুক্তি পায় "লাইম লাইট" নামৰ তেওঁৰ আত্মজীবনীমূলক ছবিখন। এই ছবিখনৰ মাধ্যমেৰে পৃথিৱীৰ সকলো দর্শকে জানিবলৈ পায় অগণন মানুহৰ মুখত হাঁহি বিৰিঙাই সকলোৰে অলক্ষিতে চকুলো টোকা চাৰ্লি চেপলিনৰ দুখময় তথা সংগ্ৰামী শৈশৱ আৰু যৌৱনৰ সেই দিনবোৰৰ কথা।


আজি ১৬ এপ্ৰিল, ২০১৯ তাৰিখে চাৰ্লি চেপলিনৰ ১৩০ বছৰীয়া জন্মদিনত এই লিখনিটোৰ দ্বাৰা তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। - প্ৰণৱজ্যোতি দাস, টংলা।

Friday, 12 April 2019

সীমাহীন অন্ধকাৰৰ প্ৰথমখন ছবি


হালধীয়া আৰু বাদামী ৰঙেৰে উদ্ভাসিত গেছ আৰু ধুলিৰ এটি প্ৰকাণ্ড চাকনৈয়া। আমাৰ পৃথিবীৰ পৰা ৫ কৌটি ৫০ লাখ আলোকবর্ষ দূৰৰ কন্যা ৰাশিৰ তাৰকাৰাজ্য মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত হালধীয়া আৰু বাদামী ৰঙৰ গেছ আৰু ধূলৰ এটি চাকনৈয়াই এক অজ্ঞাত অন্ধকাৰ বিন্দুসম কেন্দ্ৰৰ চৌদিশে চক্ৰাকাৰে ঘূৰিব লাগিছে অবিৰতভাবে। তাৰকাৰাজ্য মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগৰ পৰা ৪০০০ কৌটি কিমি ব্যাসাৰ্ধৰ এক বিস্তৃৰ্ণ এলেকা পৰ্যন্ত কেবল ৰঙৰ সমাহাৰ। বিজ্ঞানীসকলে গণনা কৰি পালে যে এই বিশালতা আমাৰ সৌৰজগতৰ পৰিসীমাতকৈ প্ৰায় ৩০ লাখ গুণে ডাঙৰ আৰু ইয়াৰ কেন্দ্ৰভাগত থকা সূক্ষ্মতম অজ্ঞাত অন্ধকূপটোৰ ভৰ আমাৰ সূৰ্যৰ ভৰতকৈ ৬৫০ গুণ বেছি।

২০১৭ চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা এই তথ্যৰ ভিত্তিত তেওঁলোকে অধ্যয়ণ কৰি গম পালে যে মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত অৱস্থিত এই আচৰ্যকৰ অন্ধকূপটো দৰাচলতে এটি অতিকায় বিশাল (চুপাৰমাচিভ) ব্লেকহোলহে। লগে লগে 
আমেৰিকা যুক্তৰাষ্ট্রৰ বিজ্ঞান গবেষণা সংস্থা "নেচনেল চায়েন্স ফাউণ্ডেচন"ৰ তত্বাৱধানত দুশৰো অধিক জ্যোতিবিজ্ঞানী এই বিষয়ে অধিক গৱেষণাত ব্যস্ত হৈ পৰিল। 

ব্লেকহোলৰ চৌদিশে এক নিৰ্দিষ্ট সীমাৰ ভিতৰত মধ্যাকর্ষণ বল ইমানেই বেছি যে সেই স্থানৰ পৰা পোহৰো পাৰ হৈ আহিব নোৱাৰে। বিজ্ঞানীসকলে এই সীমাটোকেই "পইণ্ট অফ নো ৰিটাৰ্ণ" বা "ইভেণ্ট হৰাইযন" বোলে। নেচনেল চায়েন্স ফাউণ্ডেচনৰ বিজ্ঞানীসকলে মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত অৱস্থিত এই ব্লেকহোলটোৰ অধ্যয়ণৰ বাবে ব্যৱহাৰ কৰে ৮টা বিশালকায় "ইভেণ্ট হৰাইযন টেলিস্কোপ"। 

পৃথিবীৰ ৮ খন দেশৰ বিভিন্ন স্থানত স্থাপন কৰা অত্যন্ত শক্তিশালী এই ৮টা ইভেণ্ট হৰাইযন ৰেডিও টেলিস্কোপৰ পৰা আহৰণ কৰা ৰেডিও তৰংগৰ সহায়ত যোৱা বুধবাৰ, ১০ এপ্ৰিল, ২০১৯ত বিজ্ঞানীসকলে সংগ্ৰহ কৰি লয় মানৱ সভ্যতাৰ ইতিহাসৰ প্ৰথমখন "সীমাহীন অন্ধকাৰৰ ৰাজ্য" বা ব্লেকহোলৰ ছবি। ব্লেকহোলৰ এই ছৱিখনে ব্লেকহোলৰ অৱস্থিতি সম্বন্ধে থকা সন্দেহ দূৰ কৰি আইনস্টাইনৰ তত্বক পুনৰ এবাৰ অধিক মজবুত কৰি তোলে। 

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যবোৰৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ অন্যতম। বিজ্ঞানীসকলৰ মতে কৃষ্ণগহ্বৰবোৰ অতি বেছি ভৰ আৰু ঘনত্ব বিশিষ্ট ইন্ধনৰ অভাৱ ঘটা একোটা তাৰকা। হয়, থিক আমাৰ সূৰ্যৰ দৰেই একোটা তৰা। পাৰ্থক্য এইটোৱেই যে ব্লেকহোল তাৰকাবোৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। অতি বৃহৎ তাৰকাবোৰৰ ভিতৰত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়াত পৰ্যায় ক্ৰমে তৰাটোৰ কেন্দ্রভাগত হাইড্ৰজেনৰ পৰা হিলিয়াম আৰু পিছলৈ গধুৰ মৌল সমুহ সৃষ্টি হ'বলৈ ধৰে। 

এনেদৰে ক্ৰমান্বয়ে গধুৰ মৌলবোৰ উৎপন্ন হোৱাৰ ফলত তৰাটোৰ কেন্দ্রত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়া স্থবিৰ অথবা বন্ধ হৈ পৰে। ফলস্বৰূপে তৰাটো ইন্ধনৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰে।এনেদৰে ইন্ধনৰ অভাৱ ঘটা তৰাটোৰ উষ্ণতাও ক্ৰমে হ্ৰাস পায় আৰু ইয়াৰ লগে-লগে তৰাটো সংকুচিত হ'বলৈ আৰম্ভ কৰে। তৰাটোৰ এই সংকোচন প্ৰক্ৰিয়া নিৰবচিন্ন ভাবে চলি থাকে। ফলত তৰাটোৰ ভৰ একে থকাৰ পিছতো আয়তন দ্ৰুত হাৰত কমি যোৱা বাবে ইয়াৰ ঘনত্ব অকল্পনীয় ভাবে বাঢ়ি থাকে। সংকুচিত এনে তৰাবোৰৰ শেষ পৰিনতি ভাবিলে আচৰিত হোৱাৰে কথা কিয়নো আমাৰ সূৰ্যৰ সমান ভৰ বিশিষ্ট তৰা এটা এই সংকোচনৰ ফলত এখন ফুটবল খেলপথাৰৰ সমান আয়তনৰ হৈ পৰিব ! বেছি ভাগ এনে সংকোচনশীল তৰা এটি চুপাৰনোভা হিচাবে বিষ্ফোৰিত হয় আৰু তৰাটোৰ অৱশিষ্ট অংশ এটি কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়। এই কৃষ্ণগহ্বৰ বোৰৰ ঘনত্ব আৰু ভৰ ইমানেই বেছি যে ইয়াৰ মহাকৰ্ষণ বলো অকল্পনীয় হৈ পৰে। এই প্ৰচণ্ড মহাকৰ্ষণ বল অতিক্ৰম কৰি আনকি পোহৰো পাৰ হৈ আহিব নোৱাৰে আৰু সেইবাবেই কৃষ্ণগহ্বৰ বোৰ মহাকাশৰ একোটা অন্ধকাৰ গহ্বৰ সদৃশ। 

এইখিনিতেই এটি প্ৰশ্ন মনলৈ আহে - কৃষ্ণগহ্বৰৰ পৰা যিহেতু পোহৰ নিৰ্গত নহয়, বিজ্ঞানীসকলে ইয়াৰ অস্তিত্ব কেনেদৰে ধৰা পেলাইছে ? বিজ্ঞানীসকলে মহাকাশৰ বিভিন্ন স্থানত বিক্ষিপ্ত ভাবে কিছুমান তৰাই কোনো এটা বিশেষ বিন্দুক কেন্দ্ৰ কৰি ঘূৰ্ণীয়মান অৱস্থাত থকাটো ধৰা পেলাইছে। আন কিছুমান বিজ্ঞানীয়ে আকৌ কেতবোৰ মহাজাগতিক গেছীয় পদাৰ্থ সৰ্পিলাকাৰে দূৰ মহাকাশত কোনো এক বিন্দুৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত প্ৰত্যক্ষ কৰিছে। তেখেতসকলৰ মতে সেই অদৃশ্য কেন্দ্ৰবিন্দুবোৰেই একোটা কৃষ্ণগহ্বৰ, যাৰ প্ৰচণ্ড মহাকৰ্ষণীয় বলৰ প্ৰভাৱত চৌকাষৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহ আকৰ্ষিত হৈ কৃষ্ণগহ্বৰৰ বুকুত জাহ গৈ আছে অহৰহ। বিজ্ঞানীসকলে আমাৰ হাতীপটী তাৰকাৰাজ্যৰ কেন্দ্ৰটো এটা অতি শক্তিশালী কৃষ্ণগহ্বৰ থকা বুলি সদৰি কৰিছে। তেখেতসকলে এই কৃষ্ণগহ্বৰটোৰ নাম ৰাখিছে Sagittarius A.

Friday, 5 April 2019

মৃত্যুশয্যাত আলেকজেণ্ডাৰৰ অন্তিম ইচ্ছা


মেচিড'নীয়াৰ ৰজা দ্বিতীয় ফিলিপৰ সুযোগ্য সন্তান আলেকজেণ্ডাৰৰ জন্ম হৈছিল খৃষ্ট পূৰ্ব ৩৫৬ চনত। বিখ্যাত দাৰ্শনিক এৰিষ্ট'টলৰ শিষ্য আলেকজেণ্ডাৰ লৰালিৰ পৰাই দুৰ্দান্ত সাহসী আছিল। এঘাৰ বছৰ বয়সত কেবল তৰোৱাল এখন লৈ মাত্ৰ ৩৫ হেজাৰ সৈন্যৰে বিশাল পাৰ্চীয়ান সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়ি গৈছিল আলেকজেণ্ডাৰ। খৃষ্ট পূৰ্ব ৩৩৬ চনত পিতৃ দ্বিতীয় ফিলিপৰ মৃত্যুত বিশ বছৰ বয়সতেই উত্তৰাধিকাৰী সূত্ৰে মেচিড’নীয়া নামৰ সৰু ভূখণ্ডৰ ৰজা হৈছিল তেওঁ। তাৰ দুবছৰ পিছৰ পৰাই আলেকজেণ্ডাৰে আৰম্ভ কৰে যুদ্ধ যাত্ৰা।

বৃহৎ পাৰ্চীয়ান সাম্ৰাজ্য জয় কৰি তেওঁ নিজকে ফাৰাও ঘোষণা কৰে। তাৰ পাছত আলেকজেণ্ড্ৰিয়া নগৰ প্ৰতিষ্ঠা কৰে যিখন নগৰ পিছলৈ শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে স্বীকৃতি লাভ কৰিছিল। পৰবৰ্তী সময়ত আলেকজেণ্ডাৰে মধ্য এচিয়া জয় কৰি হিন্দুকুশ পৰ্বত পাৰ হৈ সিন্ধু উপত্যকাৰ ৰজা পুৰুক পৰাস্ত কৰি সেই ভূমিখণ্ডও তেওঁৰ সাম্ৰাজ্যৰ অধীন কৰি লৈছিল। গ্ৰীছৰ পৰা ইজিপ্ট, মধ্য এচিয়া হৈ ভাৰত পৰ্যন্ত সেই সময়ৰ সকলো সভ্য দেশ জয় কৰি আলেকজেণ্ডাৰ হৈ পৰিছিল একছত্ৰী সম্ৰাট।

দেশ জয় কৰি সম্ৰাট আলেকজেণ্ডাৰ যেতিয়া গ্ৰীছলৈ ঘুৰি গৈ আছিল, তেতিয়া বেবিলন নামৰ ঠাইখনত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে আৰু শয্যাগত হয়। সম্ৰাট আলেকজেণ্ডাৰৰ অসুস্থতাই তেওঁৰ সৈন্য সকলক ব্যাথিত কৰি তোলে আৰু লগে লগে তেওঁলোকে কেইবাজনো চিকিৎসকক তেওঁৰ চিকিৎসাত নিয়োগ কৰে৷ চিকিৎসককৰ অপ্ৰাণ চেষ্টাৰ পিছতো আলেকজেণ্ডাৰৰ স্বাস্থ্যৰ উন্নতি হোৱা নাছিল। পৃথিৱী বিজয়ী সম্ৰাট আলেকজেণ্ডাৰেও যেন বুজি পাইছিল যে তেওঁৰ মৃত্যু সমাগত।

মৃত্যুৰ আগতে এবাৰ মাকক চাবলৈ অফুৰন্ত হেপাহ আছিল আলেকজেণ্ডাৰৰ৷ সেয়ে চিকিৎসক সকলক কোৱা হ'ল যাতে অন্তত তেওঁক শেষবাৰৰ কাৰণে গ্ৰীছলৈ যাব পৰাকৈ সুস্থ কৰি তোলা হয়৷ চিকিৎসক সকলেও সম্ৰাটৰ আৰোগ্যৰ বাবে সকলো চেষ্টা কৰিলে৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নহ'ল৷ মৃত্যু অৱধাৰিত বুলি বুজি পাই সম্ৰাট আলেকজেণ্ডাৰে তেওঁৰ সেনাপতি সকলক কাষলৈ মাতি আনি ক'লে-
-ঃঃ মোৰ মাক কবা যে মই শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ৷

হুমুনিয়াহ এটা এৰি তেওঁ পুনৰ ক'বলৈ ধৰিলে : মোৰ তিনিটা শেষ ইছা আছে। মই বিচাৰো যাতে মোৰ মৃত্যুৰ পিছত সেইকেইটা অকণো হেৰফেৰ নোহোৱাকৈ আখৰে আখৰে পালন কৰা হয়।

-ঃঃ হে সম্ৰাট, আপোনাৰ আদেশ আমি নিশ্চিত ভাবে পালন কৰিম, আপুনি মাথোন আমাক আদেশ দিয়ক। - সেনাপতি সকলে ক'লে।

আলেকজেণ্ডাৰে ক'বলৈ ধৰিলে : মোৰ প্ৰথম ইচ্ছা এই যে, মোৰ মৃত্যুৰ পিছত যাতে মোৰ চিকিৎসক সকলেহে মোৰ কফিনটো কান্ধত লৈ যায়।

কিছুসময় ৰৈ তেওঁ পুনৰ ক'বলৈ ধৰিলে : মোৰ কফিনটো যেতিয়া মোৰ কবৰলৈ কঢ়িয়াই লৈ যোৱা হ'ব, তেতিয়া মোৰ কফিনটো যি পথেৰে যাব সেই পথটো যেন মই জীৱনত সংগ্ৰহ কৰা সোন, ৰূপ, হীৰা আৰু অন্যান্য বহুমূলীয়া ৰত্নবোৰেৰে সজাই তোলা হয়।

ভাগৰুৱা আলেকজেণ্ডাৰে কিছু জিৰণি লৈ পুনৰ ক'বলৈ ধৰিলে : মোৰ মৃত্যুৰ পিছত মোৰ দুয়োখন হাত মোৰ কফিনৰ বাহিৰত উলিয়াই ৰাখিহে কফিনটো কঢ়িয়াই নিবলৈ দিবা।

কিছুপৰ সকলো মৌন হৈ ৰ'ল। সকলোৰে অন্তৰত দুখৰ চাপ আৰু কৌতুহলী চাৱনি। নীৰবতা ভংগ কৰি আলেকজেণ্ডাৰৰ আটাইতকৈ প্ৰিয় সেনাপতিজন আগবাঢ়ি আহি তেওঁক সুধিলে -

: হে সম্ৰাট, আপোনাৰ আদেশ আমি অকনো হেৰফেৰ নোহোৱাকৈ পালন কৰিম ৷ কিন্তু আপোনাৰ এনে শেষ ইচ্ছাৰ কিবা বিশেষ কাৰণ আছে নেকি?

কম্পিত মাতেৰে ভাগৰুৱা আলেকজেণ্ডাৰে ক'বলৈ ধৰিলে : সেনাপতি, মোৰ প্ৰতিটো ইচ্ছাৰে অৰ্ন্তনিহিত একোটা কাৰণ আছে ৷ সকলোৱে বুজি পোৱা উচিত যে পৃথিৱীৰ কোনো চিকিৎসকেই কাকো সৰ্বকালৰ কাৰণে আৰোগ্য কৰি ৰাখিব নোৱাৰে। কোনো চিকিৎসকেই মৃত্যুক বাধা দিব নোৱাৰে। কোনেও যেন জীৱনটো অনন্ত কালৰ বাবে বুলি ধৰি নলয়। সেয়েহে মই বিচাৰো যেন মোৰ মৃতদেহ কঢ়িওৱা কফিনটো যেন মোৰ চিকিৎসক সকলেই কঢ়িয়াই নিয়ে।

মোৰ কফিনটো কঢ়িয়াই নিয়া পথত পৰি থকা মণি মুক্তাবোৰ দেখি মানুহে বুজিব পাৰিব যে সেইবোৰ আচলতে মূল্যহীন৷ মই মোৰ সমস্ত জীৱন এই অৰ্থহীন বস্তুবোৰ গোটোৱাতেই ব্যয় কৰিলো। কিন্তু আজি সেইবোৰ একো মোৰ লগত নাযায় ৷ মই গুছি যাম আৰু সেই সকলোবোৰ মণি মুকুটা মোৰ কফিন কঢ়িয়াই নিয়া বাটতেই পৰি ৰব ৷

মোৰ হাত দুখন কফিনৰ পৰা বাহিৰত উলিয়াই ৰাখিবা। সকলোৱে দেখা পাব যে মই যিদিনা পৃথিৱীলৈ আহিছিলো সেইদিনা খালী হাতেৰে আহিছিলোঁ আৰু আজি সমগ্ৰ বিশ্ব জয় কৰি সীমাহীন সম্পত্তিৰ মালিক হোৱাৰ পিছতো মই খালী হাতেৰেই উভতি যাবলৈ ওলাইছোঁ।

এই কথাখিনি কৈ মহান সম্ৰাট আলেকজেণ্ডাৰ মৌন হৈ পৰিল আৰু তাৰ কিছুসময় পিছতেই খৃষ্ট পূৰ্ব ৩২৩ চনত মাত্ৰ ৩৩ বছৰ বয়সতেই তেওঁ ইহলীলা সম্বৰণ কৰে।



Monday, 18 February 2019

মহাকাশলৈ ভাৰতৰ মানৱ অভিযান



ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ তত্বাৱধানত ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত তিনিজন ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলি আছে। ভাৰতৰ প্ৰযুক্তিবিদ্যাৰ উত্তৰণক বিশ্ববাসীৰ ওচৰত পুনৰবাৰ প্ৰতিষ্ঠা কৰাৰ সুৱৰ্ণ সুযোগগৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে নিসন্দেহে এয়া এক গৌৰৱৰ বিষয়। বিগত ২০১৮ চনৰ শেষাৰ্ধত ভাৰত চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰা বহুচৰ্চিত এই অভিযানত তিনিজন ভাৰতীয়ক মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া মূল মহাকাশযানৰ নাম ৰখা হৈছে - "গগণযান"। গগণযানক মহাকাশলৈ কঢ়িয়াই নিব ভাৰতৰ প্ৰসিদ্ধ PSLV প্ৰক্ষেপযানখনে। 


এই প্রসংগত ইছৰোৰ চেয়াৰপাৰ্ছন ড° কৈলাশ শিবানে কয় যে গগণযান অভিযানত পাঁচৰ পৰা সাতদিন যোৰা সময়ত ভাৰতীয় মহাকাশচাৰীসকলে মহাকাশত "মাইক্রো গ্রেভিটি"ৰ লগতে আন কেইবাটাও বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰিব। ইতিমধ্যে ইছৰোৱে PSLV প্ৰক্ষেপযানখন তৈয়াৰ কৰিবলৈ Hindustan Aeronautics Ltd (HAL)ৰ লগত এখন চুক্তিও স্বাক্ষৰিত কৰিছে। 

মূল অভিযানটোৰ আগতে এই গগণযান নামৰ স্পেচক্ৰাফ্টখন ২০২১ চনত মানৱবিহীনভাবে মহাকাশলৈ পঠিওৱা হ'ব৷ ইছৰোৱে জানিবলৈ দিয়া মতে ত্রিস্তৰীয় "হেভি লিফট লঞ্চ ভেহিক'ল GSLV MK-III" ব্যৱহাৰ কৰি গগণযানক মহাকাশলৈ উৎক্ষেপন কৰা হ'ব। ভাৰতৰ এই মানৱ মহাকাশ অভিযানত কোন তিনিজন ভাৰতীয়ক মহাকাশচাৰী ৰূপে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব, সেইটো এতিয়াও নিৰ্ণয় কৰা হোৱা নাই। 

Hindustan Aeronautics Ltd, ভাৰতীয় বায়ুসেনা আৰু ইছৰোৱে যৌথভাবে মহাকাশচাৰী তিনিজন নিৰ্বাচিত কৰি ২০১৯ চনৰ শেষৰ পিনে বাঙ্গালোৰৰ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ কৰিব।ভাৰতৰ বহুচৰ্চিত এই মানৱ মহাকাশ অভিযানৰ লগত জড়িত ইছৰোৰ সকলো বিজ্ঞানীলৈ আমাৰ শুভকামনা থাকিল।

Tuesday, 5 February 2019

কিদৰে নিৰ্ণয় হ'ল বিশ্বব্ৰহ্মাণ্ডৰ বয়স


বিশ্বব্ৰহ্মাণ্ডৰ বয়স কিমান? এই প্রশ্নটিয়ে অগণন মানুহৰ লগতে বিজ্ঞানীসকলৰ মনকো জোকাৰি গৈছিল। এই মহাবিশ্বৰ সঠিক বয়স গণনা কৰা প্রায় অসম্ভব। বিজ্ঞানী সকলে তথাপিও গণনা কৰি উলিয়াইছে বিশ্বব্ৰহ্মাণ্ডৰ আনুমানিক বয়স। তাৰবাবে তেওঁলোকে কিছুমান বৈজ্ঞানিক তত্বৰ আলম লৈছে। কিন্তু কেনেদৰে বাৰু নিৰ্ণয় হৈছে বিশ্বব্ৰহ্মাণ্ডৰ বয়স? 

মহাবিশ্বৰ বয়স গণনাৰ ভেটি গঢ় লৈ উঠিছে "বিগ-বেঙ" বা  মহাবিস্ফোৰণৰ মাধ্যমত মহাবিশ্বৰ স্থান-কালৰ সূচনা হোৱা "মহানাদ"ৰ মূহুৰ্তটোৰ পৰাই। কাৰণ মহানাদ বা বিগ-বেঙৰ আগত সময়ৰ কোনো অস্তিত্বই নাছিল। সময় আৰু স্থানবিহীন বিগ-বেঙৰ পূৰ্ববৰ্তী অৱস্থাত বিজ্ঞানৰ ভাষাত তাত্বিক ভাবে একোৱেই নাছিল।

বিজ্ঞানৰ মতে মহাবিশ্বৰ বয়সৰ ক্ষেত্ৰত আটাইতকৈ নিৰ্ভৰযোগ্য তথ্যটো হ'ল প্ৰায় ১৩ দশমিক ৮ বিলিয়ন বছৰ। অৰ্থাৎ প্রায় ১৩৮০ কৌটি বছৰ আগতে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ জন্ম। তেন্তে কেনেদৰে গণনা কৰি উলিওৱা হ'ল বিশ্বব্ৰহ্মাণ্ডৰ বয়স? বিজ্ঞানীসকলে ইয়াৰ দুটা উপায় দিছে। আৰু এই দুয়োটা বৈজ্ঞানিক পদ্ধতিৰ কৃতিত্বৰ অধিকাৰী বিজ্ঞানী এডুইন হাব'ল।

হাব'লে আগবঢ়োৱা প্রথম উপায় অনুসৰি তাৰকাৰাজ্য (Galaxy) সমূহৰ বেগ আৰু দূৰত্বৰ পৰিমাপেৰে বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি। হাব'লৰ তত্ব অনুযায়ী ছায়াপথ বা তাৰকাৰাজ্যবোৰ পৰস্পৰে পৰস্পৰৰ পৰা ক্ৰমে আঁতৰি গৈ আছে। তেন্তে আমি নিশ্চিত যে অতীতৰ কোনো এক বিশেষ সময়ত সকলোবোৰ তাৰকাৰাজ্যই কোনো এক বিশেষ স্থানত "একীভূত" হৈ আছিল। বর্তমান সময়ত এই দৃশ্যমান তাৰকাৰাজ্যবোৰৰ গতিবেগ, পাৰস্পৰিক দূৰত্ব আৰু ইয়াৰ লগতে মহাবিশ্বৰ সম্প্রসাৰণৰ হাৰ নিৰ্ণয় কৰি সেই বিশেষ "একীভূত" অৱস্থাৰ পৰা বৰ্তমান অৱস্থা পাবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছে সেইটো অতি সহজতে গণনা কৰি উলিয়াব পাৰি। এডুইন হাব'লৰ এই তত্বৰ সহায়ত গণনা কৰি পোৱা বিশ্বব্ৰহ্মাণ্ডৰ বয়স হৈছে প্রায় ১৩.৮ বিলিয়ন বছৰ।

মহাবিশ্বৰ বয়স গণনা কৰা আন এটি উপায় হ'ল প্রাচীনতম নক্ষত্রপূঞ্জ (star clusters)ৰ অনুসন্ধান কৰি সেইবোৰৰ বয়স নিৰ্ণয় কৰা, কাৰণ এই প্ৰাচীনতম নক্ষত্রপূঞ্জবোৰ মহাবিশ্বৰ আদিমতম অৱস্থাতেই সৃষ্টি হোৱা। বিজ্ঞানী সকলে আমাৰ হাতীপটি তাৰকাৰাজ্যক প্রদক্ষিণ কৰি থকা  বটিকাকাৰ (Globular) নক্ষত্রপুঞ্জ সমূহৰ মাজত এনে প্রাচীনতম মহাজাগতিক নক্ষত্ৰ আৱিষ্কাৰ কৰিছে। এই নক্ষত্রপুঞ্জৰ বৃদ্ধ তৰাবোৰৰ ব্যাপক বিশ্লেষণ কৰি শেহতীয়াকৈ বিজ্ঞানীসকলে ঘোষণা কৰিছে যে ইতিপূৰ্বে তেওঁলোকে নিৰ্ণয় কৰি উলিওৱা মহাবিশ্বৰ বয়স আৰু বটিকাকাৰ নক্ষত্রপুঞ্জ সমূহৰ আধাৰত নিৰ্ণয় কৰা বয়স প্ৰায় একেই। পাৰ্থক্য মাথোন ০.২ কৌটি বছৰৰ। এই দুয়োটা গণনাৰ দ্বাৰা পোৱা তথ্যৰ মিলে বিজ্ঞানীসকলক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিছে। সেয়ে তেওঁলোকে দৃঢ়তাৰে ঘোষণা কৰিছে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়স ১৩৮০-১৪০০ কৌটি বছৰ।

Tuesday, 22 January 2019

কাচাবিয়াংকা : জ্বলন্ত জাহাজৰ সাহসী শিশুটি



"War does not determine who is right,
 only who is left"

যুদ্ধৰ বিভীষিকাময় নেপোলিয়ন যুগৰ এটা সঁচা কাহিনী। সেয়া ১৭৯৮ চন। ফ্ৰান্সে সাম্ৰাজ্যবাদী মানসিকতাৰে বিভিন্ন দেশৰ লগত যুঁজ বাগৰ কৰি নিজৰ সম্ৰাজ্যৰ পৰিষৰ বৃদ্ধি কৰি আহিছে। প্ৰতিখন যুদ্ধত জয় লাভ কৰি আত্মবিশ্বাসৰ তুংগত থকা ফ্ৰান্সে এইবাৰ আক্ৰমণ কৰে বৃটেইন। নীল নদীৰ পাৰত এখন তয়াময়া ৰণ। ইতিহাসৰ আন যুদ্ধবোৰৰ দৰেই এই যুঁজতো অজস্ৰ সৈনিকৰ মৃত্যু হৈছিল। পিছে, নীল নদীৰ পাৰৰ এইখন যুদ্ধৰ আন এটি হৃদয়স্পৰ্শী ঘটনাইহে বিশ্বত আলোড়ন সৃষ্টি কৰিছিল।

ফ্ৰান্সৰ নৌসেনাৰ এজন দক্ষ কামাণ্ডাৰ লুইচ ডি কাচাবিয়াংকা। বিশেষ পৰিস্থিতিৰ তাড়নাত পৰি তেওঁ নিজৰ ১০ বছৰীয়া একমাত্ৰ পুত্ৰ জিয়োকাণ্ট কাচাবিয়াংকাক যুদ্ধৰ সময়ত নিজৰ লগত যুদ্ধৰ জাহাজত লৈ যাব লগীয়া হৈছিল। 

সমুদ্ৰৰ মাজত দুয়ো পক্ষৰ নৌসেনাৰ মাজত থৈয়া-নথৈয়া ৰণ। ফ্ৰান্সৰ নৌসেনাৰ আক্ৰমণত তিস্তিব নোৱাৰি বৃটেইনৰ নৌসেনা ক্ৰমে পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। উৎসাহিত হৈ ফ্ৰান্সৰ নৌসেনাই বৃটেইনক খেদি লৈ গ'ল। কিন্তু সেই সময়তেই বৃটেইনে যুঁজলৈ আৰু এটি নৌসেনাৰ দল প্ৰেৰণ কৰিলে। নতুনকৈ অহা বৃটেইনৰ নৌসেনাৰ দলটোৰ উপস্থিতিত মূহুৰ্তৰ ভিতৰতেই যুদ্ধৰ গতি আনফালে ঢাল খালে। অতি পৰিকল্পিত ভাবে চৌদিশৰ পৰা বৃটেইনৰ সেনাই সমুদ্ৰৰ মাজতেই ফ্ৰান্সৰ যুদ্ধ জাহাজবোৰ ঘেৰি ধৰিলে। পৰিস্থিতিৰ ভয়াবহতা অনুমান কৰি ফ্ৰান্সৰ নৌসেনাৰ কামাণ্ডাৰ লুইচ ডি কাচাবিয়াংকাই তেওঁৰ পুত্ৰ জিয়োকাণ্ট কাচাবিয়াংকাক জাহাজৰ এক সুৰক্ষিত স্থানলৈ নি ক'লে : "জিয়োকাণ্ট, বৃটেইনৰ সেনাৰ লগত যুঁজিবলৈ আমি জাহাজত ব্যস্ত হৈ থাকিম। মোৰ পৰবৰ্তী নিৰ্দেশ নোপোৱালৈ তুমি এই স্থানতেই থাকিবা।"

কিশোৰ কাচাবিয়াংকা বৰ নিৰ্জু আৰু অমায়িক হোৱাৰ উপৰিও তেওঁ দেউতাকৰ একান্ত বাধ্য আছিল। দেউতাকৰ নিৰ্দেশ মৰ্মে তেওঁ জাহাজখনৰ সেই নিৰাপদ স্থানতেই ৰৈ থাকিল। ইফালে ফ্ৰান্সৰ যুদ্ধ জাহাজলৈ বুলি বৃটেইনৰ সেনাই চৌদিশৰ পৰা ধাৰাসাৰে গুলীবৰ্ষণ কৰি আছিল। কিশোৰ কাচাবিয়াংকাৰ চকুৰ সন্মুখতেই ইজনৰ পিছত সিজনকৈ ফ্ৰান্সৰ সৈনিকসকল গুলীবিদ্ধ হৈ বাগৰি পৰিছে। ধাৰাসাৰ গুলীৰ আঘাতত কাচাবিয়াংকা থকা জাহাজখন থকাসৰকা হৈ পৰিল। ঠায়ে ঠায়ে জাহাজৰ ডেকত জুঁই জ্বলি উঠিছে। এক তীব্ৰ আতংকময় পৰিবেশৰ মাজতো কিশোৰ কাচাবিয়াংকা ৰৈ থাকিল দেউতাকলৈ।

ক্ৰমে যুদ্ধৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিলে। সাগৰৰ প্ৰচণ্ড ঢৌৰ লগত যুদ্ধ বিধস্ত জাহাজখন টুলুং ভুটুংকৈ আগবাঢ়ি আছিল। বৃটেইনৰ তিনিখন যুদ্ধ জাহাজে ঘেৰি ধৰি অনৰ্গল গোলাবৰ্ষণ কৰি গ'ল ফ্ৰান্সৰ যুদ্ধ জাহাজখনলৈ। ফ্ৰান্সৰ বিধস্তপ্ৰায় যুদ্ধ জাহাজৰ অধিকাংশ সৈনিকেই মৃত্যুমুখত পৰা বাবে বৃটেইনক বাধা দিয়াটো অসম্ভৱ হৈ পৰিছে। এনে এটি সুযোগৰেই অপেক্ষাতেই ৰৈ আছিল বৃটেইন। অসহায় হৈ পৰা ফ্ৰান্সৰ জাহাজখন সম্পূৰ্ণৰূপে ধ্বংস কৰি নৌযুদ্ধত জয়লাভ কৰাৰ উদ্দেশ্যে বৃটেইনে গুলীবৰ্ষণ তীব্ৰতৰ কৰি তুলিলে। বিভিন্ন দিশৰ পৰা গুলীবোৰে জাহাজখন বিদীৰ্ণ কৰি তুলিছে। কাচাবিয়াংকাৰ সোঁৱে-বাঁৱে চৌদিশে কেৱল গুলীৰ আঘাত। তেতিয়ালৈ ফ্ৰান্সৰ জাহাজখনৰ পৰা প্ৰত্তুত্তৰ দিবলৈ হয়তো জাহাজখনত এজনো সৈনিক জীৱিত নাছিল।

ইতিমধ্যে জাহাজৰ ডেকৰ জুইকুৰাও দাউ দাউকৈ জ্বলি উঠিছে। কাচাবিয়াংকাই সন্ধানী দৃষ্টিৰে জাহাজৰ কেউফালে চকু ফুৰালে - জানোচা দেউতাকক দেখা পায়েই ! নাই, কাকোৱেই চোন দেখা পোৱা নাই। জুইৰ  উত্তাপে কাচাবিয়াংকাক খেদি ফুৰিবলৈ আৰম্ভ কৰিলে। চৌপাশে গুলীৰ শব্দ। কাচাবিয়াংকাই চিঞৰি মাতিলে : দেউতা তুমি ক'ত আছা ? জাহাজত জুই লাগিছে।……

কোনো প্ৰত্তুত্তৰ নাহিল। বৃটেইনৰ সেনাৰ গুলীত ইতিমধ্যে কাচাবিয়াংকাৰ দেউতাকৰো মৃত্যু হৈছে।  সাগৰৰ ঢৌত জাহাজখন ক্ৰমে অস্থিৰ হৈ যেনিতেনি আগবাঢ়ি গৈছে। জ্বলন্ত জুইৰ লেলিহান শিখাৰ পৰা বাচিবলৈ কাচাবিয়াংকা ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে। এইবাৰ কম্পিত ওঁঠেৰে কাচাবিয়াংকাই আকৌ এবাৰ চিঞৰি উঠিল : দেউতা তুমি শুনিছানে ? 

নিষ্পাপ কাচাবিয়াংকাই যুদ্ধৰ ভাষা বুজি নেপায়। তেওঁ কেতিয়াও ভাবিব নোৱাৰে যে যুদ্ধত দেউতাকৰ মৃত্যুও হ'ব পাৰে…। 

"No matter how necessary a war is, it is always an evil. 
We will not learn how to live together in peace by killing each other"

বিচলিত কাচাবিয়াংকাই দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি পুনৰ চিঞৰি উঠিল : "দেউতা, এতিয়া মই যাব পাৰোনে……?" গুলীৰ কান তাল মৰা শব্দবোৰে কাচাবিয়াংকাৰ কাতৰ কণ্ঠস্বৰক যেন গচকি মোহাৰি নিলে। মূহুৰ্তৰ ভিতৰতে এটা ভয়ংকৰ বিষ্ফোৰণ কৰি জাহাজখন চূৰ্ণবিচূৰ্ণ হৈ সমূদ্ৰৰ অটল গহ্বৰত জাহ গ'ল। চৌদিশে গুলীৰ শব্দ আৰু যুদ্ধ বিজয়ৰ আনন্দত আত্মহাৰা বৃটেইনৰ সৈনিকবোৰৰ হৰ্ষোল্লাসৰ মাজত যেন হেৰাই গ'ল কাচাবিয়াংকা আৰু তেওঁৰ চিঞৰটো - দেউতা, এতিয়া মই যাব পাৰোনে……

Sunday, 20 January 2019

কৃত্ৰিম তেজ : বিজ্ঞানৰ বিষ্ময়


ৰক্তদানক অনেক মানুহে জীৱনৰ এক গুৰুত্বপূৰ্ণ কাম হিচাবে লৈছে৷ তেওঁলোকৰ তেজ গ্রহন কৰি অনেক ৰোগীয়ে মৃত্যুৰ দুৱাৰডলি গছকি উভটিও আহিছে। কিন্তু সমগ্ৰ বিশ্বতেই এইডচ আদি জটিল ৰোগত আক্রান্ত লোকৰ পৰা তেজৰ জৰিয়তে এনেবোৰ ৰোগ বিয়পাৰ সম্ভাৱনাই মানুহক ভীতিগ্ৰস্থও কৰিছে। কেতিয়াবা আকৌ প্ৰয়োজনীয় মূহুৰ্তত অস্ত্রোপচাৰৰ টেবুলত ৰোগীক তেজৰ যোগান ধৰিব নোৱাৰাৰ ফলত ৰোগী মৃত্যুমুখতো পৰিছে। এনে বিভিন্ন কাৰণতেই ৰোগীৰ জীৱন বচোৱাৰ স্বাৰ্থত গৱেষক সকলে কৃত্রিম উপায়ে তেজ সৃষ্টি কৰাৰ বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰিছিল৷

মানুহৰ তেজত থকা হিম'গ্লবিনে অক্সিজেন কঢ়িয়ায়। আনহাতে Perfluorodecalin নামৰ ৰসায়নিক যৌগটোৱেও একে কামকেই কৰিব পাৰে। শৰীৰত অক্সিজেন পৰিবহনৰ ক্ষেত্ৰত কার্যক্ষম হ'ব পৰাকৈ কৃত্রিম তেজ সৃষ্টি কৰিবলৈ সেয়েহে বিজ্ঞানী সকলে দুটা বিষয়ত গুৰুত্ব  প্ৰদান কৰিছিল। সেই দুটা বিষয় হ'ল :
(১) Hemoglobin Based Oxygen Carrier (HBOC)
(২) Perfluorocarbon Based Oxygen Carrier (PFBOC)

১৯৮০ চনত যেতিয়া  এইচ.আই.ভি ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰে, সেই সময়তেই কৃত্রিম তেজৰ ওপৰত বিস্তৃত গৱেষণা আৰম্ভ হয়। দক্ষিণ আফ্রিকাই সৰ্বপ্ৰথমে বিজ্ঞানী সকলক কৃত্রিম তেজৰ ওপৰত গৱেষণা কৰাৰ অনুমতি প্রদান কৰে। তাৰেই ফলশ্রুতিত দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানী সকলে Hemopure নামৰ বিশ্বৰ প্ৰথম বিধ বিকল্প তেজৰ আৱিষ্কাৰ কৰে আৰু দক্ষিণ আফ্ৰিকাৰ চৰকাৰে এই বিকল্প তেজ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে অনুমোদনো জনায়। পৰবৰ্তী সময়ত Fluosol- DA নামৰ আন এবিধ কৃত্রিম তেজ আৱিষ্কাৰ হয়। কিন্তু সীমিত প্ৰয়োগ সম্ভাৱনা আৰু বিভিন্ন জটিলতাৰ বাবে বহুজনৰ বাবে আশাৰ বাতৰি অনা এই প্রকল্পটো ১৯৯৪ চনত প্রত্যাহাৰ কৰা হয়।

কৃত্ৰিম হিম'গ্লোবিনক মানবদেহৰ ৰক্তপ্রবাহত সহজে প্রবেশ কৰোৱা সম্ভব নহয়। হিম'গ্লোবিন লোহিত ৰক্তকণিকাৰ কোষঝিল্লীৰ মাজত বিস্তৃত হৈ থাকে। কিন্তু কৃত্রিম হিম'গ্লোবিন পৃথক অৱস্থাত থাকে। তদুপৰি কৃত্ৰিম হিম'গ্লোবিনৰ গাঠনিক কাঠামোও শক্তিশালী হোৱা উচিত অন্যথা তেজৰ প্ৰবাহত কৃত্ৰিম হিম'গ্নোবিনবোৰ ভাঙি গৈ ভয়ানক পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে বর্তমান বিজ্ঞানীসকলে কৃত্রিমভাবে সংশ্লেষিত হিম'গ্লোবিনৰ এখন আবৰণ তৈয়াৰ কৰাৰ চেষ্টা কৰিছে য'ত লিপিড, কোলেষ্টেৰল আৰু ফেটি এচিড ব্যবহাৰ কৰাৰ পৰিকল্পনা যুগুতাইছে। ইতিমধ্যে তেওঁলোকে পলিইথিলিন গ্লাইকলেৰে Mp4 নামৰ এক ধৰণৰ কৃত্ৰিম আবৰণ তৈয়াৰ কৰি উলিয়াইছে যিয়ে সংশ্লেষিত হিম'গ্লোবিনক স্থায়ীত্ব প্ৰদান কৰি কৃত্ৰিম তেজ মানুহৰ দেহত নিৰাপদ কৰি তুলিব।

শেহতীয়াকৈ ষ্টেম চেল প্রযুক্তিৰে কৃত্রিম তেজৰ গৱেষণাই যুগান্তকাৰী পৰিবর্তন আনিছে। University of Edinburgh আৰু Scottish National Blood Transfusion Serviceৰ তত্বাবধানত এই বিষয়ৰ এটি প্রকল্পৰ কাম চলি আছে। তাত "ও নেগেটিভ" গ্ৰুপৰ তেজ তৈয়াৰ কৰা হৈছে। ষ্টেম চেল প্ৰকল্পত পূর্ণবয়স্ক দাতাৰ তেজৰ পৰা ফাইব্রোব্লাষ্ট কোষৰ De-differentiation কৰি এই কোষবোৰৰ ৰি-প্রোগ্রামিং কৰা হয়। তাৰ পিছত এই কোষবোৰক Induced Pluripotent Stem Cells (IPSC)লৈ ৰূপান্তৰিত কৰা হয় আৰু তাৰ পিছৰ পৰ্যায়ত Bone Marrow বা মেৰুমজ্জাত এই কোষবোৰৰ কালচাৰ কৰা হয়। কালচাৰ প্ৰক্ৰিয়াৰ এমাহ পিছত সুস্থ ৰক্ত কণিকাবোৰ পৃথক কৰি পেলোৱা হয়। অৱশ্যে এই প্ৰকল্পটো এতিয়াও চালুকীয়া অৱস্থাতেই আছে আৰু প্ৰকল্পটোৰ জৰিয়তে কম সংখ্যক ৰক্ত কোষহে উৎপাদন কৰিব পৰা হৈছে। বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে যে ২০১৯ চনৰ শেষৰ পিনে তেওঁলোকে প্রচুৰ পৰিমানে সুস্থ আৰু কাৰ্যক্ষম তেজৰ কোষ সৃষ্টি কৰিব পাৰিব। এয়া সম্ভৱ হ'লে বজাৰত কৃত্ৰিম তেজৰ যোগান বৃদ্ধি পোৱাৰ লগতে ইয়াৰ মূল্যও হ্ৰাস পাব। 

নিসন্দেহে কৃত্ৰিম তেজে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিবৰ্তন আনিব। এতিয়া আমি বাট চাব লাগিব বিজ্ঞানী সকলৰ সফলতালৈ।