Friday, 28 June 2019

অটোৰিক্সা চালকে যেতিয়া উৰাজাহাজ চলায়



"তিনিটা চকাই এতিয়া মোৰ জীৱন সংগী। এই তিনিটা চকাৰ অটোৰিক্সাখনৰ বাবেই এতিয়া আমাৰ ঘৰখনত মোৰ ভনীজনীয়ে ভোকত কান্দিব লগা হোৱা নাই। তাই এতিয়া সদায় স্কুললৈ যায়। দেউতা আৰু মা দুয়োজনেই আজিকালি হাহিব পাৰিছে। ঘৰখনলৈ আনন্দ আহিছে……" - বন্ধু সকলৰ আগত শ্ৰীকান্তে কথাষাৰ কৈছিল।

নাগপুৰৰ কোম্পানী এটাৰ অফিচত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত এজন তেনেই সাধাৰণ ব্যক্তিৰ সন্তান শ্ৰীকান্ত পান্টৱানে। চিকিউৰিটি গাৰ্ড হিচাবে পোৱা সামান্য দৰমহাৰে কোনোমতেই ঘৰখন নচলে। দেউতাকৰ দুখ দেখি একাদশ শ্ৰেণীৰ ছাত্ৰ শ্ৰীকান্তে "ডেলিভাৰী বয়" হিচাবে এটা কাম বিচাৰি ল'লে। দিনৰ ভাগত বিদ্যালয়লৈ গৈ আবেলি ৩ বজাৰ পৰা নিশা ৮ বজালৈ নাগপুৰ চহৰৰ অলিয়ে গলিয়ে অনলাইন চ'পিংৰ বস্তু গ্ৰাহকৰ ঘৰত যোগান ধৰাই তেওঁৰ কাম। 

এনেদৰেই দিনবোৰ বাগৰিছিল। ইতিমধ্যে তেওঁ বিজ্ঞান বিষয়ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰ্থিক অনাটনৰ বাবে উচ্চ শিক্ষাৰ বাটত থমকি ৰ'ব লগা শ্ৰীকান্তে এইবাৰ নিজাকৈ গোটাই ল'লে এখন অটোৰিক্সা। দিনটো তেওঁ অটোৰিক্সা চলাই পোৱা পইচা কেইটাৰ বাবে পৰিয়ালটো চলোৱাত দেউতাকৰো সুবিধা হৈছিল। 

শ্ৰীকান্ত পান্টৱানেৰো সপোন আছিল। কিন্তু আৰ্থিক ভাবে জুৰুলা পৰিয়াল এটিৰ সন্তানে জানো সপোন খেদি ফুৰাৰ কথা ভাবিব পাৰে !! নিজকে বুজনি দিয়ে শ্ৰীকান্তে। পৰিয়ালৰ সকলোৰে মংগলৰ বাবে কাম কৰিব পৰাটোও এক সৌভাগ্য। নিজক সান্তনা দি আনন্দ মনেৰে অটোখন চলাই ফুৰে শ্ৰীকান্তে।

২০১০ চনৰ কথা। বিশেষ কেইপদমান সামগ্ৰী বিমান বন্দৰলৈ নিয়াৰ বাবে এজন যাত্ৰীয়ে তেওঁৰ অটোখন ভাড়াত বিচাৰিলে। আনন্দ মনেৰে তেওঁ ভাড়াতো লৈ বিমান কোঠলৈ গ'ল। কাম শেষ হোৱাৰ পিছত একাপ চাহ খোৱাৰ বাবে তেওঁ বিমান কোঠৰ কাষৰ চাহৰ দোকান এখনলৈ গ'ল। চাহ খাই থাকোতেই তেওঁৰ সন্মুখেৰে কেইজনমান পাইলট পাৰ হৈ গ'ল। শ্ৰীকান্তে পাইলট কেইজনৰ পিনে ৰ লাগি চাই থাকিল। পোচাকযোৰেৰে কি যে সুন্দৰ আৰু স্মাৰ্ট দেখি এই পাইলটবোৰক !!

চাহৰ কাপটোত চুমুক মাৰিবলৈ পাহৰি যোৱা শ্ৰীকান্তৰ মুখৰ পৰা ক'ব নোৱাৰাকৈ ওলাই আহিল - : यार, ये लोग पायलट कैसे बनते हैं ?

শ্ৰীকান্তৰ কথা শুনি কেইবাজনো মানুহে তেওঁলৈ ঘূৰি চালে। শ্ৰীকান্তৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। অপলক দৃষ্টিৰ তেওঁ মাথো চাই ৰ'ল পাইলট কেইজনৰ পিনে।

এজন অপৰিচিত ব্যক্তি শ্ৰীকান্তৰ ওচৰলৈ আগবাঢ়ি আহি মৃদু স্বৰত কৈ গ'ল : তুমিও পাৰিবা।  পাইলট হ'বলৈ তুমি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু তাৰপিছত "এভিয়েচন একাডেমী"ত নাম ভৰ্তি কৰিব পাৰিবা। যদিহে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা, চৰকাৰে প্ৰশিক্ষণৰ বাবে স্কলাৰচিপো দিব। এই এভিয়েচন একাডেমীত উৰণৰ প্ৰশিক্ষণ সমাপ্ত কৰিলে তুমিও পাইলট হ'ব পাৰিবা।

এবছৰ আগতেই সপোনৰ পিছত দৌৰা বাদ দি অটোৰিক্সাৰ তিনিটা চকাক জীৱন সংগী কৰি লোৱা শ্ৰীকান্ত যেন পুনৰ উজ্জীৱিত হৈ উঠিল। দিনটো অটো চলাই ঘৰলৈ উভতি আহি প্ৰতিদিনেই নিয়মীয়াকৈ এভিয়েচন একাডেমীত নাম ভৰ্তিৰ বাবে প্ৰয়োজনীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাত লাগি গ'ল।

২০১১ চনত অনুস্থিত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্ৰীকান্তে চৰকাৰী স্কলাৰচিপ পায় আৰু সেই বছৰেই তেওঁ মধ্যপ্ৰদেশৰ এভিয়েচন একাডেমীত নাম ভৰ্তি কৰে। দুবছৰ এই একাডেমীত প্ৰশিক্ষণ লোৱাৰ পিছত শ্ৰীকান্তে ২০১৩ চনত DGCAৰ অধীনত পাইলট প্ৰশিক্ষণৰ আন এটা স্কলাৰচিপ লৈ এইবাৰ হাইদৰাবাদৰ "চেণ্ট্ৰেল ট্ৰেইনিং ইনস্টিটিউট"ত প্ৰশিক্ষন লোৱাৰ সুবিধা পালে। দুবছৰ পুনৰ প্ৰশিক্ষণ লোৱাৰ পিছত শ্ৰীকান্তে সুখ্যাতিৰে পাইলটৰ ট্ৰেইনিং সম্পূৰ্ণ কৰে আৰু ২০১৫ চনৰ জুন মাহত তেওঁ "ইণ্ডিগো এয়াৰলাইনচ"ৰ সহ-পাইলট হিচাবে নিযুক্তি লাভ কৰে। ২০১৫ চনৰ জুন মাহৰ ১৫ তাৰিখে ইণ্ডিগো এয়াৰলাইনচে টুইটাৰত কৈছে, "Make sure you catch the inspirational story of Shrikant Pantawane, auto driver turned pilot, in this month's Hello 6E!"

Tuesday, 25 June 2019

ধনুষ্টংকাৰ : এক প্ৰাণঘাতী ৰোগ



টিটেনাছ বা ধনুষ্টংকাৰ ৰোগ নিসন্দেহে এক প্ৰাণঘাতী ৰোগ। এই ৰোগত আক্রান্ত অধিকাংশ ৰোগীয়েই মৃত্যুমুখত পৰে। প্রতি বছৰে গড়ে বিশৰ পৰা পঁচিশ হাজাৰ লোক ধনুষ্টংকাৰ ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰি আহিছে। 

ধনুষ্টংকাৰ এক বেক্টেৰিয়াজনিত সংক্রমণ। ক্ল'সট্ৰিডিয়াম টিটেনি নামৰ এবিধ অবাত শ্বাসী বেক্টেৰিয়াৰ সংক্ৰমনৰ বাবে মানুহৰ মাংসপেশী আৰু স্নায়ুতন্ত্র আক্রান্ত হ'লে ধনুষ্টংকাৰ ৰোগ হয়। ক্ল'সট্ৰিডিয়াম টিটেনি নামৰ বেক্টেৰিয়াবিধৰ বাসস্থান হ'ল মাটি আৰু আৱর্জনাৰে ভৰি থকা যিকোনো স্থান। মানুহৰ দেহত হোৱা যিকোনো কোনো সৰু বা ডাঙৰ ক্ষতস্থানৰ মাধ্যমেৰে ক্ল'সট্ৰিডিয়াম টিটেনি নামৰ বেক্টেৰিয়াবোৰ মানুহৰ দেহত প্ৰৱেশ কৰি ক্ষত স্থানত বংশবৃদ্ধি কৰে। মানুহৰ দেহত এই বেক্টেৰিয়াবোৰে এক বিশেষ ধৰণৰ টক্সিন বা বিষাক্ত পদাৰ্থ তৈয়াৰ কৰে আৰু এই টক্সিন মানুহৰ শৰীৰত প্ৰবাহিত তেজে মাংসপেশী আৰু স্নায়ুতন্ত্রলৈ কঢ়িয়াই নিয়ে। ইয়াৰ প্রভাৱত মানুহৰ স্নায়ুতন্ত্র আৰু মাংসপেশী আক্রান্ত হয়। আক্ৰান্ত মাংসপেশীবোৰৰ ভিতৰত নির্দিষ্ট কিছুমান মাংসপেশীয়ে শৰীৰত তীব্ৰ সংকোচন সৃষ্টি কৰে। এই আক্ৰান্ত মাংসপেশীবোৰৰ ভিতৰত ৰোগীৰ মুখমণ্ডলৰ মাংসপেশী, কান্ধ আৰু পিঠিৰ মাংসপেশী আৰু কোনো কোনো ক্ষেত্ৰত হাত আৰু ভৰিৰ মাংসপেশীবোৰৰ তাৎক্ষণিক তথা তীব্ৰ সংকোচন ঘটে। ইয়াৰ ফলত ৰোগীয়ে কিছুসময়ৰ বাবে তীব্ৰ বেদনাদায়ক মূহুৰ্ত পাৰ কৰাৰ লগতে মুখ আৰু কান্ধৰ মাংসপেশীবোৰ লৰচৰ কৰিব নোৱাৰা হয়। তাতকৈয়ো বেছি কষ্টদায়ক ঘটনা এই যে ৰোগীৰ পিঠিৰ মাংসপেশীৰ তীব্ৰ সংকোচনৰ ফলত ৰোগীৰ দেহতো এখন ধনুৰ দৰে ভাঁজ লাগি যায়। ধনুৰ আকৃতিৰ দৰে ৰোগীৰ দেহতো ভাঁজ লাগি যোৱা বাবেই এই ৰোগক ধনুষ্টংকাৰ ৰোগ বুলি কোৱা হয়।

ধনুষ্টংকাৰ ৰোগৰ জীবাণু শৰীৰত প্রৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণ প্রকাশ পোৱালৈ কেইমাহ মান সময় লাগে। আমি প্ৰত্যেকেই ধনুষ্টংকাৰ সম্বন্ধে সচেতন হোৱা উচিত। আঘাত সামান্য হলেও ধনুষ্টংকাৰৰ প্ৰতিষেধক বেজী লোৱাতো অত্যন্ত জৰুৰী। এই প্ৰতিষেধক বেজীয়ে টিটেনাছ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ টক্সিনৰ বিৰুদ্ধে আমাৰ শৰীৰক সুৰক্ষিত কৰে তথা টিটেনাছৰ সম্ভাব্য সংক্রমণৰ পৰা বচাই ৰাখে।

Saturday, 15 June 2019

বিজ্ঞানৰ শ্বহীদ : জিওদার্নো ব্রুনো



আজিৰ দিনত বিজ্ঞান আৰু প্রযুক্তিৰ জয়জয়কাৰ যদিও বিজ্ঞানৰ এই যাত্রা মসৃণ নাছিল। আজি আমি বিজ্ঞানৰ যিবোৰ প্রতিষ্ঠিত তত্ব বা সূত্ৰ পাইছো, তেনে অনেক তত্বক সত্য বুলি প্রতিষ্ঠা কৰিবলৈ বিজ্ঞানী সকলে যথেষ্ঠ ত্যাগ স্বীকাৰ কৰাৰ লগতে নিজৰ প্রাণ পর্যন্ত বিসৰ্জন দিব লগা হৈছে। তেনে এজন বিজ্ঞানী জিওদার্নো ব্রুনো, যিজনে বৈজ্ঞানিক সত্য প্রতিষ্ঠা কৰিবলৈ গৈ জ্বলন্ত জুঁইৰ মাজত নিজৰ প্ৰাণ বিসৰ্জন দিব লগীয়া হৈছিল।

ইটালীৰ ভিচুভিয়াচ পর্বতমালাৰ কাষৰ এখন সৰু চহৰ নোলা। ১৫৪৮ চনত ইয়াতেই জন্ম হৈছিল বিজ্ঞানী জিওর্দানো ব্রুনোৰ। ব্রুনো আছিল একাধাৰে দার্শনিক, গণিতবিদ তথা জ্যোতির্বিজ্ঞানী। তেওঁ যেতিয়া জন্ম হৈছিল, তেতিয়া ইউৰোপত মধ্যযুগৰ অন্ধকাৰময় পৰিবেশ। সমগ্ৰ ইউৰোপ জুৰি তেতিয়া ধর্মীয় গোড়ামী তথা অসহিষ্ণুতা। 

১৭ বছৰ বয়সত ব্ৰুনো San Domenico Maggiore মঠলৈ উচ্চ শিক্ষাৰ বাবে যায় আৰু শিক্ষাগ্ৰহনৰ আনুস্থানিকতা সম্পূৰ্ণ কৰি মাত্র ২৪ বছৰ বয়সতেই ১৫৭২ চনত উক্ত মঠতেই পাদ্রী হিচাবে মনোনীত হয়। যদিও তেওঁ মঠৰ পাদ্রী হিচাবে মনোনীত হৈছিল, তেওঁ কিন্তু ধৰ্মীয় গোড়ামীৰ প্ৰতি বিৰক্ত হৈছিল আৰু বিজ্ঞানৰ বিভিন্ন দিশ সমূহ বিশেষকৈ গণিত আৰু জ্যোতির্বিজ্ঞানৰ প্রতি আকৰ্ষিত হৈছিল। 

ইউৰোপত তেতিয়া সৰ্বত্ৰ গীৰ্জাৰ প্রভাব। সমাজ তথা ৰাষ্ট্র পৰিচালনাৰ ক্ষেত্ৰতো গীৰ্জাৰ ভূমিকা অপৰিসীম। ইউৰোপত সেই সময়তো বিজ্ঞান চৰ্চা হৈছিল। কিন্তু যদিহে কোনো বৈজ্ঞানিক সিদ্ধান্ত  বাইবেলৰ বিপক্ষে যায়, তেন্তে সেই সিদ্ধান্ত প্ৰকাশ কৰা বিজ্ঞানীজনক সেই সিদ্ধান্ত পৰিহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। যদিহে তেওঁ সেই বাধা নেমানি নিজৰ সিদ্ধান্তত অটল হৈ থাকে, তেন্তে তেওঁ গীৰ্জা আৰু ৰাষ্ট্ৰযন্ত্ৰৰ অমানুষিক নির্যাতন, নিপীড়ন আনকি মৃত্যুদণ্ড ভূগিবলৈও সাজু হৈ থাকিব লাগিব।

সেই সময়ত বাইবেলত বৰ্ণিত বিশ্বব্ৰহ্মাণ্ডৰ মডেলেই সৰ্বজনবিদিত তথা গৃহীত। মানুহেও বিশ্বাস কৰিছিল বাইবেলত বৰ্ণিত প্ৰতিটো বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় আখ্যান। তেনেবোৰৰ ভিতৰত প্ৰধানকৈ পৃথিৱী মহাবিশ্বৰ কেন্দ্র; গ্রহ-উপগ্রহ বোৰ আনকি আকাশৰ আন নক্ষত্ৰবোৰো পৃথিবীক কেন্দ্র কৰিয়েই ঘূৰে আদিবোৰেই প্ৰধান। ব্রুনোৰ জন্মৰ আগতেই অৰ্থাৎ ১৫৪৩ চনত প্রকাশিত হৈছিল কপাৰনিকাছৰ বিশ্ববিখ্যাত গ্রন্থ "দ্য ৰিভোলিউচন"’। এই গ্ৰন্থখনত বাইবেলৰ কথিত কাহিনী "পৃথিবীকেন্দ্রিক সৌৰজগত"ৰ মডেলক নস্যাত কৰি সৌৰকেন্দ্ৰিক সৌৰজগতৰ মডেলটোহে সত্য বুলি উপস্থাপন কৰা হৈছিল। গ্ৰন্থখনত কোপাৰনিকাছে প্রমাণ কৰি দেখুৱাইছিল যে সূর্যই সৌৰজগতৰ কেন্দ্র আৰু সূর্যক কেন্দ্র কৰিহে পৃথিৱীকে আদি কৰি সকলো গ্রহ-উপগ্রহই নিজ নিজ কক্ষপথেৰে ঘুৰে। 

কপাৰনিকাছে গীৰ্জাৰ ৰোষত পৰাৰ ভয়ত এই গ্ৰন্থখন শিষ্যসকলৰ সহায়ত তেওঁৰ জীৱনৰ অন্তিম কালতহে প্ৰকাশ কৰিছিল। গ্ৰন্থখন প্ৰকাশ হোৱাৰ এমাহ সম্পূৰ্ণ নহওঁতেই কপাৰনিকাছ পৰলোকগামী হয়। পৰবৰ্তী সময়ত গীৰ্জাই "দ্য ৰিভোলিউচন" নামৰ এই গ্ৰন্থখন নিষিদ্ধ ঘোষণা কৰে আৰু গ্ৰন্থখনৰ সামূহিক দাহ কাৰ্য সম্পন্ন কৰা হয়। গীৰ্জাৰ কৰ্তৃপক্ষই সাধাৰণ মানুহে নোপোৱাকৈ এই নিষিদ্ধ গ্ৰন্থখনৰ মাত্ৰ দুখন গ্ৰন্থ গীৰ্জাৰ পুথিভঁৰালত গোপনে সংৰক্ষণ কৰি ৰাখিছিল। ফলস্বৰূপে কপাৰনিকাছৰ এই বৈপ্লবিক আবিষ্কাৰ সম্বন্ধে মানুহে ভালদৰে গমকেই নেপালে।  

তাৰ বহুবছৰ পিছত এদিন গীৰ্জাৰ গ্রন্থাগাৰৰ এটা কোণত গোপনে সংৰক্ষিত কৰ ৰখা এই নিষিদ্ধ গ্ৰন্থখন ব্রুনোৰ হাতত পৰিল। গ্ৰন্থখন পঢ়ি ব্রুনো ৰোমাঞ্চিত হৈ পৰিল। ব্ৰুনোৱে বুজি পাইছিল কপাৰনিকাছৰ গ্ৰন্থখনত উল্ল্যেখিত আবিষ্কাৰৰ গুৰুত্ব। কিন্তু একেদৰে তেওঁ ব্যথিত হৈছিল কাৰণ কপাৰনিকাছৰ সত্যক গীৰ্জাই ধৰ্মৰ দোহাই দি জনমানসৰ পৰা আঁতৰাই ৰাখি সমাজক বিপথে পৰিচালিত কৰিব বিছাৰিছিল। সেয়ে ব্ৰুনোৱে সিদ্ধান্ত ল'লে যে তেওঁ কপাৰনিকাছে আৱিষ্কাৰ কৰা সত্যক সমাজত প্ৰতিষ্ঠা কৰিবই।

কথা মতেই কাম। ব্রুনোৱে জনসাধাৰনৰ মাজত কপাৰনিকাছৰ বৈপ্লবিক আবিষ্কাৰ সম্বন্ধে প্ৰচাৰ আৰম্ভ কৰিলে…… "পৃথিবী নহয়, সূর্যহে সৌৰজগতৰ কেন্দ্র। সকলো গ্রহই নিজ নিজ অক্ষত থাকি  সূর্যক প্ৰদক্ষিন কৰিছে…"

বনজুঁইৰ দৰে বিয়পি পৰিল কথাবোৰ। বাইবেলত লিখা আছে পৃথিবীয়েই কেন্দ্র আৰু পৃথিবী স্থিৰ। গীৰ্জাৰ মতাদৰ্শৰ বিপৰীতে নেযাবলৈ ব্রুনোক নিকট আত্মীয় আৰু বন্ধুবৰ্গই সাবধান কৰি দিলে। কিন্তু ব্রুনো থমকি নৰ'ল। বৰং তেওঁ সৰ্বসাধাৰণ মানুহক বুজালে যে গীৰ্জাই কিছুমান অযুক্তিকৰ ব্যাখ্যাৰে সত্যক লুকুৱাই ৰাখিব খুজিছে। তেওঁ যুক্তি দাঙি ধৰি ৰাইজক বুজাইছিল যে……

গীৰ্জাৰ প্ৰচলিত মত অনুসৰি সৃষ্টিকৰ্তাৰ ত্রি-তত্ত্ববাদ আৰু যীশুৰ মৃত্যুৰ পিছত পুনৰ শিষ্যসকলক দেখা দিয়া আদি বিষয়বোৰ বিশ্বাসযোগ্য বা বিজ্ঞানসন্মত নহয়। তেওঁ আৰু কৈছিল যে এই মহাবিশ্বৰ দৰেই আৰু বহুতো মহাবিশ্ব আছে। কেৱল সেয়াই নহয়, পৃথিবীখন গোলাকাৰ তথা সূর্য এটি নক্ষত্র যি স্থিৰ।

ব্রুনোৰ এই কাৰ্যই প্রথাগত আধ্যাত্মিক মতবাদৰ বিৰুদ্ধাচৰণ কৰাত গীৰ্জাৰ কৰ্তৃপক্ষ ক্ৰোধিত তথা প্রতিহিংসাপৰায়ন হৈ পৰে। তেওঁলোকৰ মতে ব্ৰুনোৱে কেৱল প্রতিষ্ঠিত ধর্মীয় তথা আধ্যাত্মিক দর্শনৰ ওপৰতেই নহয়, বৰং সমগ্ৰ ইউৰোপ জুৰি যি সংস্কাৰ আন্দোলন গঢ়ি উঠিছিল, সেই সংস্কাৰ আন্দোলনেই ব্ৰুনোৱে ধ্বংস কৰিব বিচাৰিছে। সেয়ে গীৰ্জাই ব্ৰুনোক অপৰাধী ঘোষণা কৰি বন্দী কৰাৰ প্ৰস্তুতি ল'লে। বন্দীত্বৰ পৰা সাৰি থাকিবলৈ ব্ৰুনোৱে বিভিন্ন স্থানত নির্বাসিত জীবন যাপন কৰিবলৈ ল'লে। কিন্তু অৱশেষত ব্ৰুনো গীৰ্জাৰ হাতত ধৰা পৰিল। ভেনিচ চহৰৰ অভিজাত ব্যক্তি এজনৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত তেওঁ বিশ্বাসঘাতকতাৰ বলি হৈ গীৰ্জাৰ হাতত ধৰা পৰে।

অৱধাৰিত ভাবেই তেওঁৰ বিচাৰ আৰম্ভ হয়।বিচাৰৰ অন্তত ১৬০০ চনৰ ২০ জানুৱাৰীৰ দিনা  পোপ ৮ম ক্লেমেন্টে ব্রুনোকে এজন ধর্মদ্রোহী বুলি ৰায়দান কৰি তেওঁক মৃত্যুদণ্ড দিয়ে। ১৬০০ চনৰ ১৭ ফেব্রুৱাৰীৰ দিনা ব্ৰুনোক ৰোমৰ কেন্দ্রীয় বজাৰ এলেকা Campo de' Fiori লৈ অনা হয়। ৰাজপথৰ কাষত এটা খুঁটিৰ সৈতে ব্ৰুনোক জপটিয়াই বান্ধি লোৱা হ'ল। তাৰপিছত এটুকুৰা প্ৰকাণ্ড জুঁই জ্বলাই লৈ অতি নিষ্ঠুৰভাবে ব্ৰুনোক জ্বলন্ত জুঁইৰ মাজত নিক্ষেপ কৰি মৃত্যুদণ্ড দিয়া হ'ক। গীৰ্জাৰ প্রচণ্ড চাপৰ পিছতো সত্যৰ অপালাপ  নকৰি হাহি মুখে মৃত্যুকেই বৰণ কৰাতো শ্ৰেয় বুলি বিবেচনা কৰা ব্ৰুনোৱে জনগনৰ মাজত কিন্তু সিঁচি থৈ গ'ল বৈজ্ঞানিক মানসিকতাৰ উকমুকনি।

মহাকাশত ভাৰতৰ নতুন চমক



ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঘোষণা কৰিছে যে খুব সোনকালেই অৰ্থাৎ অহা জুলাই মাহত জোনবাইৰ দেশলৈ ৰাওনা হ'ব ভাৰতৰ মহাকাশযান চন্দ্ৰযান-২। বিগত ১২ জুন,২০১৯ তাৰিখে ইছৰোৰ সচিব ড° কে শিবনে দেশবাসীক জানিবলৈ দি কয় যে চন্দ্ৰযান-২ৰ সমান্তৰালকৈ ভাৰতে মহাকাশত নিজস্ব স্পেছ ষ্টেচন তৈয়াৰ কৰাৰ প্রকল্প এটাও আৰম্ভ কৰিছে।

ইতিমধ্যে ভাৰতে মহাকাশলৈ মানুহ পঠিওৱাৰ উদ্দেশ্যে "গগনায়ন" নামৰ এটি প্রকল্প যুগুত কৰি তাক বাস্তৱত ৰূপ দিয়াৰ জটিল কামবোৰ সম্পাদন কৰি আছে। এই "গগনায়ন" প্রকল্পৰ লগত সংগতি ৰাখিয়েই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ সংযোজন ঘটাইছে নিজস্ব স্পেছ ষ্টেচন সাজি উলিওৱাৰ আন এক অভিলাসী আচনি। চন্দ্ৰযান-২ৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতেই অহা ২০২২ চনৰ ভিতৰত গগনায়ন প্ৰকল্পৰ অধীনত ভাৰতে নিজস্ব ভাবে মহাকাশলৈ তিনিজন মহাকাশচাৰী প্ৰেৰণ কৰিব। তেওঁলোকে মহাকাশত "মাইক্রোগ্রেভিটি" বা ক্ষুদ্ৰমহাকৰ্ষণ সম্পৰ্কে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিব। তাৰোপৰি চিকিৎসা বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ কেইবাটাও পৰীক্ষাৰ দায়ীত্বও ন্যস্ত থাকিব মহাকাশ বিজ্ঞানী কেইজনৰ ওপৰত।

২০২২ চনৰ এই অভিলাসী আচনিৰ সমান্তৰালকৈ গগনায়ন স্পেছ ষ্টেচন প্রকল্পৰ কাম কাজবোৰো চলি থাকিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলৰ মতে অহা ২০৩০ চনৰ ভিতৰত মহাকাশত ভাৰতৰ নিজস্ব মহাকাশ গৱেষণাগাৰ বা স্পেছ ষ্টেচন স্থাপন হ'ব। এয়া প্ৰতিজন ভাৰতীয়ৰ বাবেই গৌৰৱৰ কথা। 

যোৱা ১২ জুনত ড° কে শিবনে জানিবলৈ দিয়া মতে অহা ১৫ জুলাই, ২০১৯ তাৰিখে চন্দ্রযান-২ জোনবাইৰ দেশলৈ উৰা মাৰিব। এইবাৰ বিজ্ঞানী সকলে চন্দ্রযান-২ক অবতৰণ কৰাব জোনবাইৰ দক্ষিণ মেৰুত। উল্ল্যেখযোগ্য যে আজিলৈকে জোনবাইৰ দক্ষিণ মেৰুত কোনো মহাকাশযানেই অৱতৰণ কৰিব পৰা নাই।

Friday, 31 May 2019

টিছু নেনোট্ৰান্সফেকচন : এটি প্ৰত্যাশা



Ohio State Universityৰ অধীনস্থ Centre for Regenerative Medicine & Cell Based Therapiesৰ ডাইৰেক্টৰ তথা ভাৰতীয় মূলৰ বিজ্ঞানী Dr. Chandan Sen আৰু প্ৰফেছ'ৰ Daniel Gallego-Perezৰ অধীনত এদল গৱেষক ছাত্ৰই শেহতীয়াকৈ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ এক আলোড়নকাৰী অৱদান আগবঢ়াইছে। তেওঁলোকে TNT (Tissue Nanotransfection) নামৰ এটা পদ্ধতি আৱিষ্কাৰ কৰিছে, যাৰ সহায়ত ছালৰ কোষক অতি সহজে ৰূপান্তৰিত কৰি মানবদেহৰ ক্ষতিগ্ৰস্থ অংগ সমূহৰ উপৰিও মগজুৰ কোষ, ৰক্তবাহী নলী আৰু স্নায়ুকোষকো বিশেষ ধৰণে প্ৰস্তুত কৰা নেনো চিপৰ সহায়ত অতি সহজে মেৰামতি কৰি ল'ব পাৰি। গৱেষক বিজ্ঞানীৰ দলটোৱে ইতিমধ্যে TNT পদ্ধতিৰ সহায়ত গিনিপিগ আৰু গাহৰিৰ ছালৰ কোষক সফলতাৰে  ৰক্তবাহী নলীলৈ ৰূপান্তৰ কৰি সকলোকে আচৰিত কৰি তুলিছে।


"Nature Nanotechnology" নামৰ জাৰ্নালত প্ৰকাশিত Tissue Nanotransfection শীৰ্ষক গৱেষণা পত্ৰখনত এই বিষয়ে বিতং তথ্য প্ৰকাশ হৈছে। এই প্ৰক্ৰিয়াত কোনো বিশেষ অংগৰ কোষ গঠনৰ বাবে প্ৰয়োজনীয় জিনীয় সংকেত বা genetic code বিশেষ ধৰণে প্ৰস্তুত কৰা নেনো চিপৰ মাজত সংস্থাপন কৰি সামান্য মাত্ৰাৰ বৈদ্যুতিক বিভৱ প্ৰয়োগ কৰি ছালৰ কোষত সংৰোপন কৰা হয়। এই কোষ গঠনকাৰী জিনীয় সংকেতবোৰে ছালৰ কোষত সংঘটিত হোৱা প্ৰটিন সংশ্লেষণৰ ব্যৱস্থাটোৰ আমূল পৰিবৰ্তন কৰি ছালৰ কোষৰ পৰা প্ৰয়োজনীয় অন্যান্য কোষসমূহ সৃষ্টি কৰি ল'ব পাৰে। 

ড° চন্দন সেনে জানিবলৈ দিয়া মতে ছালৰ কোষবোৰ উৰ্বৰ কৃষিভূমিৰ দৰে। সেয়ে নেনো চিপ ব্যৱহাৰ কৰি ছালৰ কোষক অন্যান্য কোষলৈ ৰিপ্ৰগ্ৰেমিং কৰিব পৰা যায়। তেওঁলোকে গৱেষণাৰ কালচোৱাত গিনিপিগৰ ছালৰ কোষত পৰা গিনিপিগৰ মগজুৰ কোষ সৃষ্টি কৰি আন এক অসাধ্য সাধন কৰি দেখুৱাইছে।  

TNT পদ্ধতি সফলতাৰে ব্যৱহাৰ কৰিব পাৰিলে মানুহৰ দেহত বিকল হৈ যোৱা বৃক্ক, যকৃত, চকু আদিৰ পুনৰোৎপাদন সম্ভৱ হৈ উঠিব। দুৰ্ঘটনা বা আন কিবা কাৰনত হেৰোৱা অংগ মানুহৰ দেহত অতি সহজেই নতুনকৈ সৃষ্টি কৰা সম্ভৱ হ'ব। তাৰোপৰি TNT পদ্ধতিৰ সহায়ত মানুহৰ লালটি বা এটোপাল মাত্ৰ তেজৰ সহায়তেই এইডচ, কৰ্কট আদি ৰোগৰ চিনাক্তকৰণ অতি কম সময়ৰ ভিতৰতেই নিৰ্ভুলভাবে কৰিব পৰা যাব। 

ইচ্ছুক পঢ়ুৱৈসকলে গৱেষণা পত্ৰখন পঢ়ি চাব পাৰে

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC5814120/

Friday, 10 May 2019

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু তিনিটা সিজোৱা কণী


চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে কৈছিল, "লৰালি কালত মই বৰ স্বাৰ্থপৰ আছিলোঁ আৰু সকলো ক্ষেত্ৰতে সুবিধা ল'বলৈ চেষ্টা কৰিছিলোঁ। মোৰ এই স্বভাৱৰ বাবে লাহে লাহে মোৰ বন্ধুৰ সংখ্যাও কমি যাবলৈ ধৰিছিল। কিন্তু তাৰ বাবে নিজক দায়ী নকৰি ভাবিছিলো যে মোৰ বন্ধুবোৰেই আচলতে হিংসাকুৰীয়া। সিঁহতে আচলতে মোৰ ভাল দেখিব নোৱাৰে। মোৰ দেউতাই ইয়াকে লৈ বৰ চিন্তিত হৈছিল। তেওঁ মুখেৰে একো নক'লেও এই সকলোবোৰ কথাই অতি সূক্ষ্ম ভাৱে লক্ষ্য কৰি আহিছিল আৰু মোক শুধৰাবলৈ উপায় বিচাৰি আছিল।

এদিনাখন নিশা আহাৰ গ্ৰহন কৰাৰ সময়ত দেখিলো যে দেউতাই মোৰ বাবে খোৱা মেজত অপেক্ষা কৰি আছে। মেজত সাজি থোৱা আছে সুস্বাদু ন্যুডুলচৰ দুখন প্লেট। এখন প্লেটত ন্যুডুলচৰ ওপৰত বাকলি গুচাই থোৱা এটা সিজোৱা কণী আছিল আৰু আনখন প্লেটত আছিল কেৱল ন্যুডুলচ। দেউতাই মোক যিকোনো এখন প্লেট বাছি ল'বলৈ ক'লে। স্বাভাৱিক ভাবেই মই কণী থকা প্লেটখনকে টানি ল'লো।

সেই সময়ত চীনত কণী আছিল এক দুষ্প্রাপ্য বস্তু। উৎসৱ পাৰ্বণৰ বাহিৰে ঘৰত কণী খোৱাৰ কথা তেতিয়া ভাবিবই পৰা নগৈছিল। আহাৰ গ্ৰহন কৰি থাকোতে মন কৰিলোঁ যে দেউতাৰ প্লেটৰ ন্যুডুলচৰ তলত আচলতে লুকুৱাই ৰখা আছে দুটাকৈ সিজোৱা কণী ! মই আচৰিত হৈ ভাবিবলৈ ধৰিলোঁ, কিয় যে খৰধৰ কৰি এটা কণী থকা প্লেটখন টানি আনিছিলোঁ !! আঁৰ চকুৰে দেউতাই মোলৈ চাই আছিল। খোৱা শেষ হোৱাত দেউতাই ঈষৎ হাঁহি এটা মাৰি ক'লে, " মনত ৰাখিবা, তুমি চকুৰে যি দেখিছা সেয়া সদায় সঁচা নহ'বও পাৰে। তাৎক্ষণিক ভাবে চকুৰে দেখা কোনো পৰিস্থিতি অথবা লোক এজনৰ কথা বতৰাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহন কৰিলে বিপদত পৰাৰ সম্ভাৱনাই বেছি।"

পিছদিনা দেউতাই নিশাৰ আহাৰৰ সময়ত আকৌ মেজত ন্যুডুলচেৰে ভৰ্তি দুখন প্লেট ৰাখি মোক খাবলৈ মাতিলে। আগৰ দিনাৰ দৰেই এইবাৰো এখনত কণী আছে আৰু আনখনত নাই। মোক যিকোনো এখন প্লেট বাছি ল'বলৈ কোৱাত, যোৱা নিশাৰ অভিজ্ঞতাৰ ভিত্তিত মই কণী নোহোৱা প্লেটখনকেই বাছি ল'লোঁ। কিন্তু খাবলৈ লৈ দেখিলোঁ যে ন্যুডুলচৰ তলত এটাও কণী নাই।কিছু বিৰক্তিৰে দেউতালৈ চালোঁ। দেউতাই তলমুৰকৈ নিজৰ প্লেটৰ ন্যুডুলচৰ ওপৰত থকা কণীটো চুৰীখনেৰে টুকুৰা কৰি আছিল। তেখেতে মোৰ মানসিক অৱস্থাটোৰ বিষয়ে আগতীয়াকৈয়ে সচেতন হৈ আছিল আৰু মোলৈ চাই গহীন ভাবে ক'বলৈ ধৰিলে, "অভিজ্ঞতাই সকলো সময়তে জীৱনক সঠিক পথ নেদেখুৱায়। জীৱন বৰ বিচিত্ৰ। জীৱনৰ বাটত আমি মৰীচিকাৰ সন্মুখীন হ'বলগীয়া হয়। জীৱনে তোমাক যিমানখিনি দিছে,  সেইখিনিতেই সন্তুষ্ট হ'লে কষ্ট কম পাবা। তোমাৰ অভিজ্ঞতাই তোমাক সহায় কৰিব কিন্তু মনত ৰাখিবা - শেষ কথা জীৱনেই ক'ব।"

তৃতীয় দিনা আকৌ একেটা ঘটনাৰেই পুনৰাবৃত্তি। আগৰ দিনাৰ দৰেই এইবাৰো এখন প্লেটত কণী আছে আৰু আনখনত নাই। দেউতাই কিবা এটা কোৱাৰ আগতেই এইবাৰ মই দেউতাক ক'লোঁ,  "আগতে তুমি লোৱা দেউতা। কাৰণ তুমি ঘৰৰ জ্যেষ্ঠজন আৰু এই সংসাৰ তোমাৰ উপাৰ্জনেৰে চলে। তোমাৰ অধিকাৰ সকলোতকৈ আগত।"

মোৰ কথা শুনি দেউতাৰ মুখমণ্ডলত উজ্বল এটি হাঁহি ফুটি উঠিল। মোৰ কথা মতেই দেউতাই নিজৰ প্লেটখন টানি নিলে। আনখন প্লেট লৈ ময়ো খোৱা আৰম্ভ কৰিলোঁ। চামোচেৰে মই ন্যুডুলচখিনি লুটিয়াই দিয়াত মোৰ প্লেটত থকা ন্যুডুলচৰ তলত দুটা সিজোৱা কণী ওলাল। তৃপ্তিৰে মই আহাৰ গ্ৰহন কৰিলোঁ।

খোৱা শেষ হোৱাত দেউতাই মোক কাষলৈ মাতি আনি ক'লে,"মনত ৰাখিবা, কৃতজ্ঞতা আৰু ঋণ স্বীকাৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। তুমি জীৱনত যদি আনৰ কাৰণে ভাবা, জীৱনেও তোমাৰ কথা ভাবিব। যদিহে তুমি আনক উদাৰ ভাবে কিবা দিব পাৰা, জীৱনে তোমাক আৰু বহু গুণ বেছি ওভতাই দিব। আশাকৰো তুমি মোৰ কথাখিনি বুজিব পাৰিছা।" এইবুলি কৈ দেউতা আঁতৰি গ'ল। মই কিছুপৰ সেই ঠাইতেই ৰৈ দেউতাৰ কথাবোৰ হৃদয়ঙ্গম কৰাৰ চেষ্টা কৰিলোঁ। 

শৈশৱ আৰু যৌৱনৰ দেওনা পাৰ কৰি আজি মই য'ত আছোহি, ইয়াৰ পৰাও জীৱনলৈ উভটি চাই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁচ যে দেউতাই নিশাৰ আহাৰৰ লগত খাবলৈ লোৱা সিজোৱা কণী কেইটাকেই প্ৰতীক হিচাবে ব্যৱহাৰ কৰি মোক জীৱনৰ সৰ্বশ্ৰেষ্ঠ পাঠটি শিকাই থৈ গ'ল।

তথ্যসূত্ৰ: https://www.kindspring.org/story/view.php?op=sg&sid=158503

Wednesday, 1 May 2019

বহিঃবিশ্বত প্ৰাণৰ সন্ধান



যিশুখ্রীষ্টৰ জন্মৰ প্ৰায় ছয়শ বছৰ আগতে দাৰ্শনিক তথা গণিতজ্ঞ থেলচে (Thales) সর্বপ্রথমে বহিঃবিশ্বৰ গ্রহৰ বুকুত প্রাণৰ ধাৰণাৰটো পোষণ কৰিছিল। তেওঁৰ মতে দৃশ্যমান গ্রহ সমূহৰ উপৰিও অন্য কোনো জীৱন বহুল জগত এখন নিশ্চয় আছে। দাৰ্শনিক পুটার্চৰ মতে জোনবাইৰ দেশ স্বর্গৰ দেৱতা সকলৰ আবাস ভূমি! অনুৰূপভাবে মধ্যযুগৰ জ্যোতির্বিদ সকলেও পৃথিবীৰ উপৰি অন্যান্য গ্রহত জীবনৰ কল্পনা কৰি সেই কল্পিত জগতৰ লগত যোগাযোগ স্থাপনৰ নিৰন্তৰ প্রয়াস কৰিছিল।

বিখ্যাত গণিতজ্ঞ গাউচে চাইবেৰীয়াৰ ঘন অৰণ্যত বৃক্ষৰ সহায়ত এটি অতিকায় ত্রিকোণীয় আকৃতি তৈয়াৰ কৰি অন্য গ্রহৰ অধিবাসী সকলক আকৃষ্ট কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিছিল। জে. জে. ভন লিট্রোৱে আকৌ চাহাৰা মৰুভূমিত জ্যামিতীয় পদ্ধতি অনুসৰণ কৰি সুবৃহৎ আকৃতিৰ নলা তৈয়াৰ কৰি তাত নিশা ডাঙৰ জুই জ্বলাই আন গ্ৰহৰ প্ৰাণীলৈ সংকেত প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। একেদৰে দিনৰ বেলিকা অতিকায় অৱতল দাপোন ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি চৌদিশে প্ৰতিফলিত কৰি বহিঃগ্ৰহৰ প্ৰাণীৰ লগত সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টাও চলিছিল প্ৰায় পাঁচশ বছৰ আগলৈকে। এনেদৰেই প্রাচীন আৰু মধ্যযুগীয় দার্শনিক সকলে বহিঃজগতৰ লগত সংযোগ স্থাপনৰ একানপতীয়া প্রচেষ্টা কৰিছিল।

ইয়াৰ পিছতেই আধুনিক যুগত ভিনগ্রহৰ প্রাণীৰ সন্ধানত নামি পৰে আধুনিক বিজ্ঞানৰ মনীষী সকল। পৃথিবীৰ পৰা মহাকাশলৈ আৰম্ভ কৰা হয় বিভিন্ন অভিযান। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল 1960 চনত স্থাপন হোৱা SETI বা Search for Extraterrestrial Intelligence নামৰ প্ৰতিষ্ঠানটো। SETIৰ প্রতিষ্ঠাপক হ'ল প্ৰখ্যাত জ্যোতির্বিজ্ঞানী ফ্রাঙ্ক ড্রেক। এই প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলে বেতাঁৰ তৰঙ্গ ব্যবহাৰ কৰি পৃথিৱীৰ পৰাই ভিনগ্রহৰ প্রাণীৰ সন্ধান কৰে। বর্তমান পৃথিৱীৰ কেইবাখনো দেশত SETIৰ কার্যক্রমনিকা পৰিচালিত হৈ আছে। ভিনগ্রহৰ প্রাণী সম্পর্কে গাণিতিক, যুক্তিগত অথবা বিশ্বাসগত- কাৰণ যিয়েই নহওক কিয়, গৱেষক সকল সদায়েই আকৰ্ষিত হৈ আহিছে বহিঃজগতত প্রাণৰ অস্তিত্ব সম্বন্ধে।

NASAৰ বিজ্ঞানী সকলেও বহিঃবিশ্বত প্ৰাণৰ সন্ধান অব্যাহত ৰাখি জোনবাইৰ উপৰিও মংগল, বৃহস্পতি, শনি গ্ৰহৰ লগতে বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰতো বিভিন্ন অভিযান চলাইছে। কিন্তু দুখৰ বিষয় এই যে এতিয়ালৈকে এই অভিযান সমূহে আমালৈ কঢ়িয়াই আনিব পৰা নাই বহিঃবিশ্বৰ প্ৰাণৰ বতৰা। তথাপিও যেন ক্লান্ত নহয় আমাৰ বিজ্ঞানী সকল!

বিজ্ঞানী সকলে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ- উপগ্ৰহ সমূহত ইতিমধ্যে জীৱনৰ বাবে প্ৰয়োজনীয় বাতাবৰণৰ সম্ভেদ পাইছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতসকলে বহিঃবিশ্বত জীৱনৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰা নাই। ব্ৰহ্মাণ্ডৰ বিশালতাৰ মাজত জীৱন বিচাৰিহে পোৱা নাই। এইটো সত্য যে বিচাৰি নোপোৱা মানেই জীৱনৰ অনুপস্থিতি নুবুজায়। বিজ্ঞানী স্টিফেন হকিঙেও বহিঃবিশ্বত জীৱন আছে বুলিয়েই বিশ্বাস কৰি আহিছে।

সৌৰজগতৰ বাহিৰত কোনো তাৰকাৰ চৌদিশে পৰিভ্ৰমণ কৰি ফুৰা অগণন বাসোপযোগী গ্ৰহৰ সন্ধান কৰি বৰ্তমান বিজ্ঞানী সকল ব্যস্ত এই গ্ৰহবোৰত প্ৰাণৰ স্পন্দন বিচাৰি। বিজ্ঞানী সকল উৎসাহী। তেওঁলোকৰ মতে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে জীৱনৰ অস্তিত্ব। বহিঃবিশ্বত প্ৰাণৰ অস্তিত্ব সম্বন্ধ আমিও অতি উৎসাহী। মোৰ দৰেই আপোনাৰ মনলৈও এই প্ৰশ্নটো নাহেনে বাৰু - আমি এই বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নে ? হয়তো এদিন সময়ে প্ৰকৃত সত্যৰ সম্ভেদ নিশ্চয় দিব।

https://en.m.wikipedia.org/wiki/Extraterrestrial_life

Tuesday, 16 April 2019

চাৰ্লি চেপলিন : চকুলো ঢাকি আনক হহুওৱা অভিনেতাজন


"বৰষুণত খোজকাঢ়ি মই ভালপাও, কাৰণ বৰষুণে সকলোৰে অলক্ষিতে মোৰ দুচকুৰ চকুলো ধূৱাই নিয়ে। আন কোনেও মোৰ চকুলো দেখা নেপায়।" এই বিখ্যাত উক্তিটো পৃথিৱী বিখ্যাত মূকাভিনেতা চাৰ্লি চেপলিনৰ, যিয়ে নিজৰ চকুলো লুকুৱাই ৰাখি মূকাভিনয়েৰে বিশ্বৰ অগণন মানুহক হাঁহিৰ খোৰাক যোগাইছিল। 

১৮৮৯ চনৰ ১৬ এপ্রিলত ইংলেণ্ডৰ দক্ষিণ লণ্ডনস্থিত ওৱেলৱর্থৰ বার্লে ষ্ট্ৰিটত তেওঁৰ জন্ম। তেওঁৰ দেউতাকৰ নাম চার্লচ চেপলিন আৰু মাতৃৰ নাম হান্না চেপলিন। মাক দেউতাক দুয়োজনেই বিনোদন জগতৰ শিল্পী আছিল যদিও পিতৃ চার্লচ চেপলিন অত্যন্ত মদাহী ব্যক্তি আছিল। সৰু সুৰা কথাতেই চার্লচে চেপলিনৰ মাতৃ হান্নাৰ লগত কাজিয়া পেচাল কৰি অত্যাচাৰ কৰিছিল। কমদিনৰ ভিতৰতেই চার্লচ চেপলিনে হান্না আৰু তেওঁৰ দুই সন্তানক এৰি আঁতৰি গৈছিল। তাৰপিছৰ পৰাই আৰম্ভ হৈছিল চাৰ্লি চেপলিনৰ আৰু তেওঁৰ মাতৃ হান্নাৰ দুখৰ অধ্যায়।

খাই বৈ জীয়াই থকাৰ তাড়নাত চার্লিৰ মাকে দুই সন্তানক লৈ দক্ষিণ লণ্ডনৰ বিভিন্ন লোকৰ ঘৰত ভাৰাতীয়া হিচাবে বাস কৰিছিল যদিও ভাৰা ঠিক মতে দিব নোৱাৰা বাবে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। পেটৰ ভাত মুঠিৰ বাবে হান্নাই অতি সামান্য মাননিৰ বিনিময়ত থিয়েটাৰত অস্থায়ী শিল্পী হিচাবে গান গাইছিল। নিশাটো কটাবলৈ তেওঁলোক গৈছিল লণ্ডনৰ বিভিন্ন পার্কলৈ। পাৰ্কৰ বেঞ্চত শুয়েই পাৰ কৰিছিল বহুতো দুখৰ ৰাতি। 

চার্লিৰ বয়স তেতিয়া মাথোন পাচ বছৰ। মাক হান্নাই আনদিনাৰ দৰেই মঞ্চত গীত পৰিবেশন কৰি আছিল। যোৱা দুদিনমান ধৰি তেওঁৰ অসুখ। গীত পৰিবেশনত যথেষ্ঠ কষ্ট হোৱা স্বত্তেও লৰাদুটাৰ ভোক নিবাৰণৰ বাবে তেওঁ গান গাবই লাগিব। কিন্তু…… কিন্তু আজি তেওঁ যেন অপাৰগ। হান্নাৰ মাতটো সম্পূৰ্ণ বহি গ'ল। গীতটো আধাতে সামৰি তেওঁ চকুলো টুকি মঞ্চৰ পৰা নামি আহিল। দৰ্শকৰ হাঁহি আৰু তাচ্ছিল্যই চাৰ্লিক ব্যাথিত কৰি তোলে।মাকৰ দুৰাৱস্থা দেখি পাচ বছৰীয়া চাৰ্লিয়ে মঞ্চলৈ উঠি আহি গাবলৈ ধৰিলে মাকৰ মুখৰ আধৰুৱা গীতটি  - "জেক জোনচ ৱেলনৌন টু এভৰি বডি…" 

চার্লিৰ গীতে দর্শকক মুগ্ধ কৰি তোলে। হাত চাপৰিৰে তেওঁলোকে চাৰ্লিক উৎসাহিত কৰি আৰু এটি গীতৰ বাবে অনুৰোধ কৰে। চার্লিয়ে মুখেৰে বিভিন্ন ভংগীমা কৰি ক'বলৈ ধৰিলে : মই এতিয়া গান নেগাও। প্ৰথমে পইচাবোৰ বুটলি লও। তাৰ পিছত মই আকৌ গীত গাম। এইবুলি কৈ চাৰ্লিয়ে দৰ্শকে মঞ্চলৈ দলিওৱা পইচাবোৰ বুটলিবলৈ ধৰিলে।

ইয়াৰ পৰবৰ্তী পৰ্যায়ত জীয়াই থকাৰ বাবে চার্লি চেপলিনে প্রথমে এজন মুচিৰ দোকানত কাম কৰিছিল। তাৰপিছত এখন চিকিৎসালয়ত চাফচিকুনতা ৰক্ষাকাৰী সাধাৰণ কৰ্মচাৰী হিচাবে নিয়োজিত হয়। পিছে ইয়াতো সৰহ দিন কাম কৰিবলৈ নেপালে তেওঁ।এইবাৰ এজন মানুহৰ ঘৰত লগুৱা হিচাবে বাচন বৰ্তন ধোৱা কামত ব্ৰতী হয় তেওঁ। তাৰপিছত পৰ্যায়ক্ৰমে চাৰ্লিয়ে কাঁচৰ কাৰষাণা, ৰঙৰ দোকান, লোহাৰ দোকান, ছাপাশাল আদিত কাম কৰাৰ উপৰিওঁ বাতৰি কাগজো বিক্রী কৰিবলগীয়া হৈছিল। সেই সময়ত চার্লি আৰু তেওঁৰ পৰিয়ালৰ অর্থনৈতিক অৱস্থা ইমানেই বেয়া আছিল যে তেওঁলোকে পেলনীয়া খাদ্যৰেও ভোক নিবাৰণ কৰিবলগীয়া হৈছিল।

মাক হান্নাৰ হাতত ধৰিয়েই চার্লি অভিনয় জগতলৈ আহিল। দুই এটা সৰু সুৰা অভিনয়েৰে সামান্য উপাৰ্জন চলি আছিল। তেনে সময়তেই চার্লিৰ মাতৃ হান্না অসুস্থ হৈ পৰে। মাতৃৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱত চার্লিয়ে সেই সময়ত লণ্ডনৰ বিভিন্ন বাৰবোৰত নাচি টকা উপার্জন কৰিবলগীয়া হৈছিল। ইপিনে অপুষ্টিজনিত ৰোগে চার্লিৰ মাতৃ হান্নাক ভাৰাক্ৰান্ত কৰি পেলাইছিল। আৰ্থিক ভাবে জুৰুলা চাৰ্লিয়ে উপায় নেপায় মাকক এটি আশ্রয় কেন্দ্রলৈ লৈ যায়। এই আশ্ৰয় কেন্দ্ৰতেই চাৰ্লিৰ মাকৰ পৰলোক প্ৰাপ্তি হয়।

১৮৯৮ চনত মাত্ৰ ৯ বছৰ বয়সতে চার্লিয়ে এটি নৃত্য দলত যোগদান কৰে। এই দলটোৰ লগত ঘূৰি বিভিন্ন স্থানত নাচ গান কৰি কোনোমতে দুবেলা দুসাজ খাই তেওঁ জীয়াই আছিল। পৰবৰ্তী সময়ত তেওঁ যুক্ত হৈ পৰে এটি কৌতুক গোষ্ঠীৰ লগত। ইয়াত তেওঁ কৌতুক অভিনয়ৰ উপৰিও মূকাভিনয়ো কৰিবলৈ লয়। দৰ্শকে তেওঁৰ মূকাভিনয় বৰ ভাল পাবলৈ ধৰিলে। লাহে লাহে তেওঁৰ হাতলৈ ধন আহিব ধৰিলে।

সেয়া ১৯১৩ চন। ২৪ বছৰীয়া চার্লি ইংলেণ্ড এৰি আমেৰিকা পালেগৈ। সেই বছৰেই নিউইর্য়ক মোচন কোম্পানীয়ে সপ্তাহত ১৫০ ডলাৰৰ বিনিময়ত চার্লিক চুক্তিবদ্ধ কৰে। লাহে লাহে চাৰ্লিৰ ভাগ্য উদয় হ'বলৈ ধৰে। পৰবৰ্তী বছৰত চাৰ্লিৰ কেইবাখনো ছবি মুক্তি পায়। ৰাতিটোৰ ভিতৰতেই চাৰ্লি পৰিচিত হৈ পৰে চৌদিশে।  ১৯১৮ চনৰ পৰা  ১৯২৩ চনলৈ পুনৰ ৯ খন চলচিত্রই তেওঁৰ জনপ্ৰিয়তাক সাৰ্বজনীন কৰি তোলে। ১৯২৫ চনত তেওঁ নিজে প্ৰযোজনা কৰা চলচিত্ৰৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় "একাডেমী এৱার্ড"। ১৯৩৬ চনত মুক্তি পায় তেওঁৰ অন্যতম জনপ্ৰিয় ছবি "মর্ডান টাইমচ" আৰু ১৯৫২ চনত মুক্তি পায় "লাইম লাইট" নামৰ তেওঁৰ আত্মজীবনীমূলক ছবিখন। এই ছবিখনৰ মাধ্যমেৰে পৃথিৱীৰ সকলো দর্শকে জানিবলৈ পায় অগণন মানুহৰ মুখত হাঁহি বিৰিঙাই সকলোৰে অলক্ষিতে চকুলো টোকা চাৰ্লি চেপলিনৰ দুখময় তথা সংগ্ৰামী শৈশৱ আৰু যৌৱনৰ সেই দিনবোৰৰ কথা।


আজি ১৬ এপ্ৰিল, ২০১৯ তাৰিখে চাৰ্লি চেপলিনৰ ১৩০ বছৰীয়া জন্মদিনত এই লিখনিটোৰ দ্বাৰা তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। - প্ৰণৱজ্যোতি দাস, টংলা।

Friday, 12 April 2019

সীমাহীন অন্ধকাৰৰ প্ৰথমখন ছবি


হালধীয়া আৰু বাদামী ৰঙেৰে উদ্ভাসিত গেছ আৰু ধুলিৰ এটি প্ৰকাণ্ড চাকনৈয়া। আমাৰ পৃথিবীৰ পৰা ৫ কৌটি ৫০ লাখ আলোকবর্ষ দূৰৰ কন্যা ৰাশিৰ তাৰকাৰাজ্য মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত হালধীয়া আৰু বাদামী ৰঙৰ গেছ আৰু ধূলৰ এটি চাকনৈয়াই এক অজ্ঞাত অন্ধকাৰ বিন্দুসম কেন্দ্ৰৰ চৌদিশে চক্ৰাকাৰে ঘূৰিব লাগিছে অবিৰতভাবে। তাৰকাৰাজ্য মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগৰ পৰা ৪০০০ কৌটি কিমি ব্যাসাৰ্ধৰ এক বিস্তৃৰ্ণ এলেকা পৰ্যন্ত কেবল ৰঙৰ সমাহাৰ। বিজ্ঞানীসকলে গণনা কৰি পালে যে এই বিশালতা আমাৰ সৌৰজগতৰ পৰিসীমাতকৈ প্ৰায় ৩০ লাখ গুণে ডাঙৰ আৰু ইয়াৰ কেন্দ্ৰভাগত থকা সূক্ষ্মতম অজ্ঞাত অন্ধকূপটোৰ ভৰ আমাৰ সূৰ্যৰ ভৰতকৈ ৬৫০ গুণ বেছি।

২০১৭ চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা এই তথ্যৰ ভিত্তিত তেওঁলোকে অধ্যয়ণ কৰি গম পালে যে মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত অৱস্থিত এই আচৰ্যকৰ অন্ধকূপটো দৰাচলতে এটি অতিকায় বিশাল (চুপাৰমাচিভ) ব্লেকহোলহে। লগে লগে 
আমেৰিকা যুক্তৰাষ্ট্রৰ বিজ্ঞান গবেষণা সংস্থা "নেচনেল চায়েন্স ফাউণ্ডেচন"ৰ তত্বাৱধানত দুশৰো অধিক জ্যোতিবিজ্ঞানী এই বিষয়ে অধিক গৱেষণাত ব্যস্ত হৈ পৰিল। 

ব্লেকহোলৰ চৌদিশে এক নিৰ্দিষ্ট সীমাৰ ভিতৰত মধ্যাকর্ষণ বল ইমানেই বেছি যে সেই স্থানৰ পৰা পোহৰো পাৰ হৈ আহিব নোৱাৰে। বিজ্ঞানীসকলে এই সীমাটোকেই "পইণ্ট অফ নো ৰিটাৰ্ণ" বা "ইভেণ্ট হৰাইযন" বোলে। নেচনেল চায়েন্স ফাউণ্ডেচনৰ বিজ্ঞানীসকলে মেচিয়াৰ-৮৭ৰ কেন্দ্ৰভাগত অৱস্থিত এই ব্লেকহোলটোৰ অধ্যয়ণৰ বাবে ব্যৱহাৰ কৰে ৮টা বিশালকায় "ইভেণ্ট হৰাইযন টেলিস্কোপ"। 

পৃথিবীৰ ৮ খন দেশৰ বিভিন্ন স্থানত স্থাপন কৰা অত্যন্ত শক্তিশালী এই ৮টা ইভেণ্ট হৰাইযন ৰেডিও টেলিস্কোপৰ পৰা আহৰণ কৰা ৰেডিও তৰংগৰ সহায়ত যোৱা বুধবাৰ, ১০ এপ্ৰিল, ২০১৯ত বিজ্ঞানীসকলে সংগ্ৰহ কৰি লয় মানৱ সভ্যতাৰ ইতিহাসৰ প্ৰথমখন "সীমাহীন অন্ধকাৰৰ ৰাজ্য" বা ব্লেকহোলৰ ছবি। ব্লেকহোলৰ এই ছৱিখনে ব্লেকহোলৰ অৱস্থিতি সম্বন্ধে থকা সন্দেহ দূৰ কৰি আইনস্টাইনৰ তত্বক পুনৰ এবাৰ অধিক মজবুত কৰি তোলে। 

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যবোৰৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ অন্যতম। বিজ্ঞানীসকলৰ মতে কৃষ্ণগহ্বৰবোৰ অতি বেছি ভৰ আৰু ঘনত্ব বিশিষ্ট ইন্ধনৰ অভাৱ ঘটা একোটা তাৰকা। হয়, থিক আমাৰ সূৰ্যৰ দৰেই একোটা তৰা। পাৰ্থক্য এইটোৱেই যে ব্লেকহোল তাৰকাবোৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। অতি বৃহৎ তাৰকাবোৰৰ ভিতৰত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়াত পৰ্যায় ক্ৰমে তৰাটোৰ কেন্দ্রভাগত হাইড্ৰজেনৰ পৰা হিলিয়াম আৰু পিছলৈ গধুৰ মৌল সমুহ সৃষ্টি হ'বলৈ ধৰে। 

এনেদৰে ক্ৰমান্বয়ে গধুৰ মৌলবোৰ উৎপন্ন হোৱাৰ ফলত তৰাটোৰ কেন্দ্রত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়া স্থবিৰ অথবা বন্ধ হৈ পৰে। ফলস্বৰূপে তৰাটো ইন্ধনৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰে।এনেদৰে ইন্ধনৰ অভাৱ ঘটা তৰাটোৰ উষ্ণতাও ক্ৰমে হ্ৰাস পায় আৰু ইয়াৰ লগে-লগে তৰাটো সংকুচিত হ'বলৈ আৰম্ভ কৰে। তৰাটোৰ এই সংকোচন প্ৰক্ৰিয়া নিৰবচিন্ন ভাবে চলি থাকে। ফলত তৰাটোৰ ভৰ একে থকাৰ পিছতো আয়তন দ্ৰুত হাৰত কমি যোৱা বাবে ইয়াৰ ঘনত্ব অকল্পনীয় ভাবে বাঢ়ি থাকে। সংকুচিত এনে তৰাবোৰৰ শেষ পৰিনতি ভাবিলে আচৰিত হোৱাৰে কথা কিয়নো আমাৰ সূৰ্যৰ সমান ভৰ বিশিষ্ট তৰা এটা এই সংকোচনৰ ফলত এখন ফুটবল খেলপথাৰৰ সমান আয়তনৰ হৈ পৰিব ! বেছি ভাগ এনে সংকোচনশীল তৰা এটি চুপাৰনোভা হিচাবে বিষ্ফোৰিত হয় আৰু তৰাটোৰ অৱশিষ্ট অংশ এটি কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়। এই কৃষ্ণগহ্বৰ বোৰৰ ঘনত্ব আৰু ভৰ ইমানেই বেছি যে ইয়াৰ মহাকৰ্ষণ বলো অকল্পনীয় হৈ পৰে। এই প্ৰচণ্ড মহাকৰ্ষণ বল অতিক্ৰম কৰি আনকি পোহৰো পাৰ হৈ আহিব নোৱাৰে আৰু সেইবাবেই কৃষ্ণগহ্বৰ বোৰ মহাকাশৰ একোটা অন্ধকাৰ গহ্বৰ সদৃশ। 

এইখিনিতেই এটি প্ৰশ্ন মনলৈ আহে - কৃষ্ণগহ্বৰৰ পৰা যিহেতু পোহৰ নিৰ্গত নহয়, বিজ্ঞানীসকলে ইয়াৰ অস্তিত্ব কেনেদৰে ধৰা পেলাইছে ? বিজ্ঞানীসকলে মহাকাশৰ বিভিন্ন স্থানত বিক্ষিপ্ত ভাবে কিছুমান তৰাই কোনো এটা বিশেষ বিন্দুক কেন্দ্ৰ কৰি ঘূৰ্ণীয়মান অৱস্থাত থকাটো ধৰা পেলাইছে। আন কিছুমান বিজ্ঞানীয়ে আকৌ কেতবোৰ মহাজাগতিক গেছীয় পদাৰ্থ সৰ্পিলাকাৰে দূৰ মহাকাশত কোনো এক বিন্দুৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত প্ৰত্যক্ষ কৰিছে। তেখেতসকলৰ মতে সেই অদৃশ্য কেন্দ্ৰবিন্দুবোৰেই একোটা কৃষ্ণগহ্বৰ, যাৰ প্ৰচণ্ড মহাকৰ্ষণীয় বলৰ প্ৰভাৱত চৌকাষৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহ আকৰ্ষিত হৈ কৃষ্ণগহ্বৰৰ বুকুত জাহ গৈ আছে অহৰহ। বিজ্ঞানীসকলে আমাৰ হাতীপটী তাৰকাৰাজ্যৰ কেন্দ্ৰটো এটা অতি শক্তিশালী কৃষ্ণগহ্বৰ থকা বুলি সদৰি কৰিছে। তেখেতসকলে এই কৃষ্ণগহ্বৰটোৰ নাম ৰাখিছে Sagittarius A.

Friday, 5 April 2019

মৃত্যুশয্যাত আলেকজেণ্ডাৰৰ অন্তিম ইচ্ছা


মেচিড'নীয়াৰ ৰজা দ্বিতীয় ফিলিপৰ সুযোগ্য সন্তান আলেকজেণ্ডাৰৰ জন্ম হৈছিল খৃষ্ট পূৰ্ব ৩৫৬ চনত। বিখ্যাত দাৰ্শনিক এৰিষ্ট'টলৰ শিষ্য আলেকজেণ্ডাৰ লৰালিৰ পৰাই দুৰ্দান্ত সাহসী আছিল। এঘাৰ বছৰ বয়সত কেবল তৰোৱাল এখন লৈ মাত্ৰ ৩৫ হেজাৰ সৈন্যৰে বিশাল পাৰ্চীয়ান সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ আগবাঢ়ি গৈছিল আলেকজেণ্ডাৰ। খৃষ্ট পূৰ্ব ৩৩৬ চনত পিতৃ দ্বিতীয় ফিলিপৰ মৃত্যুত বিশ বছৰ বয়সতেই উত্তৰাধিকাৰী সূত্ৰে মেচিড’নীয়া নামৰ সৰু ভূখণ্ডৰ ৰজা হৈছিল তেওঁ। তাৰ দুবছৰ পিছৰ পৰাই আলেকজেণ্ডাৰে আৰম্ভ কৰে যুদ্ধ যাত্ৰা।

বৃহৎ পাৰ্চীয়ান সাম্ৰাজ্য জয় কৰি তেওঁ নিজকে ফাৰাও ঘোষণা কৰে। তাৰ পাছত আলেকজেণ্ড্ৰিয়া নগৰ প্ৰতিষ্ঠা কৰে যিখন নগৰ পিছলৈ শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে স্বীকৃতি লাভ কৰিছিল। পৰবৰ্তী সময়ত আলেকজেণ্ডাৰে মধ্য এচিয়া জয় কৰি হিন্দুকুশ পৰ্বত পাৰ হৈ সিন্ধু উপত্যকাৰ ৰজা পুৰুক পৰাস্ত কৰি সেই ভূমিখণ্ডও তেওঁৰ সাম্ৰাজ্যৰ অধীন কৰি লৈছিল। গ্ৰীছৰ পৰা ইজিপ্ট, মধ্য এচিয়া হৈ ভাৰত পৰ্যন্ত সেই সময়ৰ সকলো সভ্য দেশ জয় কৰি আলেকজেণ্ডাৰ হৈ পৰিছিল একছত্ৰী সম্ৰাট।

দেশ জয় কৰি সম্ৰাট আলেকজেণ্ডাৰ যেতিয়া গ্ৰীছলৈ ঘুৰি গৈ আছিল, তেতিয়া বেবিলন নামৰ ঠাইখনত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে আৰু শয্যাগত হয়। সম্ৰাট আলেকজেণ্ডাৰৰ অসুস্থতাই তেওঁৰ সৈন্য সকলক ব্যাথিত কৰি তোলে আৰু লগে লগে তেওঁলোকে কেইবাজনো চিকিৎসকক তেওঁৰ চিকিৎসাত নিয়োগ কৰে৷ চিকিৎসককৰ অপ্ৰাণ চেষ্টাৰ পিছতো আলেকজেণ্ডাৰৰ স্বাস্থ্যৰ উন্নতি হোৱা নাছিল। পৃথিৱী বিজয়ী সম্ৰাট আলেকজেণ্ডাৰেও যেন বুজি পাইছিল যে তেওঁৰ মৃত্যু সমাগত।

মৃত্যুৰ আগতে এবাৰ মাকক চাবলৈ অফুৰন্ত হেপাহ আছিল আলেকজেণ্ডাৰৰ৷ সেয়ে চিকিৎসক সকলক কোৱা হ'ল যাতে অন্তত তেওঁক শেষবাৰৰ কাৰণে গ্ৰীছলৈ যাব পৰাকৈ সুস্থ কৰি তোলা হয়৷ চিকিৎসক সকলেও সম্ৰাটৰ আৰোগ্যৰ বাবে সকলো চেষ্টা কৰিলে৷ কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নহ'ল৷ মৃত্যু অৱধাৰিত বুলি বুজি পাই সম্ৰাট আলেকজেণ্ডাৰে তেওঁৰ সেনাপতি সকলক কাষলৈ মাতি আনি ক'লে-
-ঃঃ মোৰ মাক কবা যে মই শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ৷

হুমুনিয়াহ এটা এৰি তেওঁ পুনৰ ক'বলৈ ধৰিলে : মোৰ তিনিটা শেষ ইছা আছে। মই বিচাৰো যাতে মোৰ মৃত্যুৰ পিছত সেইকেইটা অকণো হেৰফেৰ নোহোৱাকৈ আখৰে আখৰে পালন কৰা হয়।

-ঃঃ হে সম্ৰাট, আপোনাৰ আদেশ আমি নিশ্চিত ভাবে পালন কৰিম, আপুনি মাথোন আমাক আদেশ দিয়ক। - সেনাপতি সকলে ক'লে।

আলেকজেণ্ডাৰে ক'বলৈ ধৰিলে : মোৰ প্ৰথম ইচ্ছা এই যে, মোৰ মৃত্যুৰ পিছত যাতে মোৰ চিকিৎসক সকলেহে মোৰ কফিনটো কান্ধত লৈ যায়।

কিছুসময় ৰৈ তেওঁ পুনৰ ক'বলৈ ধৰিলে : মোৰ কফিনটো যেতিয়া মোৰ কবৰলৈ কঢ়িয়াই লৈ যোৱা হ'ব, তেতিয়া মোৰ কফিনটো যি পথেৰে যাব সেই পথটো যেন মই জীৱনত সংগ্ৰহ কৰা সোন, ৰূপ, হীৰা আৰু অন্যান্য বহুমূলীয়া ৰত্নবোৰেৰে সজাই তোলা হয়।

ভাগৰুৱা আলেকজেণ্ডাৰে কিছু জিৰণি লৈ পুনৰ ক'বলৈ ধৰিলে : মোৰ মৃত্যুৰ পিছত মোৰ দুয়োখন হাত মোৰ কফিনৰ বাহিৰত উলিয়াই ৰাখিহে কফিনটো কঢ়িয়াই নিবলৈ দিবা।

কিছুপৰ সকলো মৌন হৈ ৰ'ল। সকলোৰে অন্তৰত দুখৰ চাপ আৰু কৌতুহলী চাৱনি। নীৰবতা ভংগ কৰি আলেকজেণ্ডাৰৰ আটাইতকৈ প্ৰিয় সেনাপতিজন আগবাঢ়ি আহি তেওঁক সুধিলে -

: হে সম্ৰাট, আপোনাৰ আদেশ আমি অকনো হেৰফেৰ নোহোৱাকৈ পালন কৰিম ৷ কিন্তু আপোনাৰ এনে শেষ ইচ্ছাৰ কিবা বিশেষ কাৰণ আছে নেকি?

কম্পিত মাতেৰে ভাগৰুৱা আলেকজেণ্ডাৰে ক'বলৈ ধৰিলে : সেনাপতি, মোৰ প্ৰতিটো ইচ্ছাৰে অৰ্ন্তনিহিত একোটা কাৰণ আছে ৷ সকলোৱে বুজি পোৱা উচিত যে পৃথিৱীৰ কোনো চিকিৎসকেই কাকো সৰ্বকালৰ কাৰণে আৰোগ্য কৰি ৰাখিব নোৱাৰে। কোনো চিকিৎসকেই মৃত্যুক বাধা দিব নোৱাৰে। কোনেও যেন জীৱনটো অনন্ত কালৰ বাবে বুলি ধৰি নলয়। সেয়েহে মই বিচাৰো যেন মোৰ মৃতদেহ কঢ়িওৱা কফিনটো যেন মোৰ চিকিৎসক সকলেই কঢ়িয়াই নিয়ে।

মোৰ কফিনটো কঢ়িয়াই নিয়া পথত পৰি থকা মণি মুক্তাবোৰ দেখি মানুহে বুজিব পাৰিব যে সেইবোৰ আচলতে মূল্যহীন৷ মই মোৰ সমস্ত জীৱন এই অৰ্থহীন বস্তুবোৰ গোটোৱাতেই ব্যয় কৰিলো। কিন্তু আজি সেইবোৰ একো মোৰ লগত নাযায় ৷ মই গুছি যাম আৰু সেই সকলোবোৰ মণি মুকুটা মোৰ কফিন কঢ়িয়াই নিয়া বাটতেই পৰি ৰব ৷

মোৰ হাত দুখন কফিনৰ পৰা বাহিৰত উলিয়াই ৰাখিবা। সকলোৱে দেখা পাব যে মই যিদিনা পৃথিৱীলৈ আহিছিলো সেইদিনা খালী হাতেৰে আহিছিলোঁ আৰু আজি সমগ্ৰ বিশ্ব জয় কৰি সীমাহীন সম্পত্তিৰ মালিক হোৱাৰ পিছতো মই খালী হাতেৰেই উভতি যাবলৈ ওলাইছোঁ।

এই কথাখিনি কৈ মহান সম্ৰাট আলেকজেণ্ডাৰ মৌন হৈ পৰিল আৰু তাৰ কিছুসময় পিছতেই খৃষ্ট পূৰ্ব ৩২৩ চনত মাত্ৰ ৩৩ বছৰ বয়সতেই তেওঁ ইহলীলা সম্বৰণ কৰে।