Wednesday, 3 February 2021

দ্য গ্ৰীণ গুডবাই

ৰসৰাজৰ সাধুকথাৰ সাউদনীয়ে তেজীমলাক মাৰি কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাত গাঁত এটা খান্দি পুতি থোৱাৰ কিছুদিনৰ পিছতেই তাত এজোপা লাওগছ গজি লহ-পহ কৰে বাঢ়ি আহি গছ ভৰি ভৰি লাও লাগিছিল। ৰসৰাজৰ অমৰ সৃষ্টি "তেজীমলা"ৰ সাধুটোৰ দৰেই মানুহৰ মৃতদেহ এটাক অন্তিম সংস্কাৰৰ দ্বাৰা গছ এজোপালৈ পৰিণত কৰাৰ এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছে ইটালীৰ আন্না ছিটেলি আৰু ৰাউল ব্রেটজেল নামৰ দুজন বিজ্ঞানীয়ে!!!

"এনেদৰে থাকোতেই হঠাতে এদিন আহি

কাল পচোৱাই দিব চাকিটি নুমাই

নিচিনা বাটেদি মোক নজনা দেশৰ পিনে

নিয়তিয়ে হাত ধৰি নিব আগুৱাই"

- যতীন্দ্ৰনাথ দুৱৰা

"মৃত্যু" এক নিষ্ঠুৰ চিৰন্তন সত্য৷ ইয়াৰ পৰা কাৰো পৰিত্ৰাণ নাই ৷ স্ৰষ্টাৰ সকলো সৃষ্টিৰেই এক অন্তিম পৰিনতি আছে৷ মৃত্যু এক বেদনাদায়ক সত্য। আপোনজনৰ মৃত্যুৱে যেতিয়া আমাক ব্যাথিত কৰি তোলে, তেতিয়া দুখৰ দাবানলে অন্তৰখন থানবান কৰি পেলালেও আমি ধৰ্মীয় নীতি অনুসৰি আপোনজনৰ মৃতদেহৰ অন্তিম সংস্কাৰ কৰো। হিন্দু ধৰ্মৰ লোকসকলে মৃতদেহ শ্মশানৰ চিতাত তুলি দিয়াৰ সলনি ইছলাম তথা খ্ৰীষ্টান ধৰ্মৰ লোকসকলে মৃতদেহক কবৰস্থ কৰে৷ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। ক্ষন্তেকীয়া জীৱনৰ হাঁহি ধেমালিবোৰ, দুখ বেদনাবোৰ মৃত্যুৰ লগতেই লীন হৈ যায়৷ যিটো তেজ-মঙহৰ শৰীৰক লৈ আমি গৌৰৱবোধ কৰো, মৃত্যুৰ পিচতেই সেই সকলোবোৰ শেষ হৈ যায়…

তথাপিও আপোনজনৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আমি সাজি উলিয়াও স্মৃতি সৌধ। পিছে, এইবাৰ এক নতুন ধাৰনাক বাস্তৱ ৰূপ দিয়া হৈছে। এতিয়া ইচ্ছা কৰিলেই আপোনজনৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো মনে বিচৰা এডাল জীৱন্ত গছলৈ ৰূপান্তৰিত কৰি নিজৰ চৌহদতেই ৰাখিব পৰা যাব!!! 

বিগত কেইবছৰ মানৰ আশাশুধীয়া প্ৰচেষ্টাৰে ইটালীৰ দুজন বিজ্ঞানী আন্না ছিটেলি আৰু ৰাউল ব্রেটজেলয়ে এক অভিনৱ (!) পদ্ধতি আৱিষ্কাৰ কৰিছে যাৰ নাম - "কেপচুলা মাণ্ডি" ! দৰাচলতে ই এক বিশেষ ধৰণৰ জৈৱিক পদাৰ্থৰ সংমিশ্ৰণেৰে তৈয়াৰী এক বিশেষ ধৰণৰ ডিম্বাকৃতিৰ পাত্ৰ। বিজ্ঞানী দুজনৰ মতে লোক এজনৰ মৃত্যুৰ পিছত এই ডিম্বাকৃতিৰ "কেপচুলা মাণ্ডি" নামৰ জৈৱ কফিনটোৰ ভিতৰত তেওঁৰ শৱদেহটোত এক বিশেষ ধৰণৰ জৈৱ ৰসায়নিক পদাৰ্থৰ প্ৰলেপ সানি গৰ্ভস্থ সন্তান মাতৃৰ গৰ্ভত থকাৰ দৰে ভংগীমাত স্থাপন কৰা হ'ব। তাৰপিছত এই ডিম্বাকৃতিৰ "কেপচুলা মাণ্ডি" নামৰ জৈৱ কফিনটো মাটিৰ তলত পুতি থৈ কেপচুলটোৰ থিক ওপৰৰ এক নিৰ্দিষ্ট স্থানত এটি গছ পুলি ৰোপন কৰা হ'ব অথবা গছৰ এটি বীজ ৰোপন কৰা হ'ব।

লাহে লাহে মাটিত থকা বিভিন্ন বেক্টেৰীয়াই এই জৈৱ কফিনটোৰ আৱৰণখনৰ মূল জৈৱ উপাদানবোৰক পচাই পেলাই বা decompose কৰি মৃতদেহৰ জৈৱিক উপাদানবোৰক কেপচুলা মাণ্ডিৰ ওপৰত ৰোপন কৰা গছজোপাৰ পৰিপুষ্টিৰ বাবে উপযোগী কৰি তুলিব। ফলস্বৰূপে, ৰোপন কৰা গছজোপা মৃতদেহটোৰ জৈৱিক উপাদেনেৰে পুষ্টি লাভ কৰি লহপহকৈ বাঢ়ি আহিব। 

আন্না ছিটেলি আৰু ৰাউল ব্রেটজেলৰ লগতে বহুতো পৰিবেশ বিজ্ঞানীয়ে মৃতদেহক গছলৈ পৰিণত কৰিব বিচৰা এই পদ্ধতিটো পৰিবেশৰ বাবে অনুকুল আৰু বিজ্ঞানসন্মত বুলি মত পোষণ কৰিলেও, সমগ্ৰ ধাৰণাটো এক বিতৰ্কিত বিষয় হৈ পৰিছে। কংক্ৰিটৰ স্মৃতি সৌধ বা অন্যান্য স্মাৰকবোৰতকৈ সদ্য আৱিষ্কৃত "কেপচুলা মাণ্ডি" যদিও পৰিবেশৰ বাবে অনুকুল বুলি ধাৰণা কৰা হৈছে, ইয়াৰ লগত জড়িত হৈ থকা ধৰ্মীয় অনুভূতিয়ে সমগ্ৰ ধাৰণাটোকেই এক বিতৰ্কিত বিষয়লৈ পৰিণত কৰি তুলিছে। আনকি আৱিষ্কাৰক দুজনৰ গৃহভূমি ইটালীতেই ইয়াৰ বিৰুদ্ধাচৰণ কৰা লোকৰ অভাৱ হোৱা নাই। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ Green Burial Councilয়ে এই নৱ আৱিষ্কৃত মৃতদেহৰ সৎকাৰ পদ্ধতিক আদৰণি জনাইছে। ইটালীৰ বিভিন্ন পৰিবেশ প্ৰেমী সংগঠন সমূহেও পৃথিৱীৰ পৰিবেশ ৰক্ষাৰ স্বাৰ্থত "কেপচুলা মাণ্ডি"ক আইনগত স্বীকৃতি প্ৰদানৰ বাবে গণ স্বাক্ষৰ সংগ্ৰহ অভিযানত লাগি পৰিছে।

https://googleweblight.com/sp?u=https://www.capsulamundi.it/en/project/&grqid=QFnBWVe8&hl=en-IN

Sunday, 31 January 2021

চুলি কটা চেলুন আৰু এটা পুথিভঁৰাল

 

মোৰ জীৱনত কিতাপ পঢ়া বিষয়টো ভাল লগা কামবোৰৰ ভিতৰত উল্ল্যেখযোগ্য এটা দৈনন্দিন কামেই আছিল। কলেজীয়া দিনবোৰত তেজপুৰ জিলা পুথিভঁৰালত ঘন্টাৰ পিছত ঘন্টা কিতাপবোৰৰ মাজত থাকি হৃদয় চুই যোৱা শাৰীবিলাক টুকি অনা, দৰং কলেজৰ লাইব্ৰেৰী আৰু পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত পুৰণি জাৰ্নালবোৰৰ মাজত নিজকে আৱদ্ধ কৰি ৰাখি প্ৰয়োজনীয় কথাবোৰ  লিখি অনা সেই দিনবোৰৰ মাদকতা আজিও মনত সজীৱ হৈ আছে। 

কৰ্মৰ অজুহাতেই হওক বা আজৰি সময় কটোৱাৰ বাবেই হওক, হাতলৈ মবাইল ফোনটো আহি পৰাৰ পিছত অজানিতেই মোৰ কিতাপ পঢ়া অভ্যাসটো ক্ৰমশঃ স্তিমিত হৈ আহিল। ফলস্বৰূপে মগজুৰ বৌদ্ধিক কচৰৎ কমি গৈ শেষত এনে এটা পৰিস্থিতি পালেগৈ যে সৃষ্টিশীলতাই বাট বিচাৰি নোপোৱা হ'ল। বুকুত কুঠাৰ মাৰিলেও কলমৰ আগেৰে শব্দ এটা বিচাৰি উলিয়াব নোৱাৰা এজন মানুহ হৈ পৰিলোগৈ মই। অৱশ্যে ইয়াৰ পৰিত্ৰাণ স্বৰূপে মোৰ মন-মগজুক সংপৃক্ত কৰাৰ বাবে চেগাচোৰোকাকৈ হ'লেও বাচি বাচি কিতাপ পঢ়াৰ অভ্যাসটো পুনৰ ওভটাই আনিছোঁ।

"চেভিং ক্ৰিম" অথবা "আফটাৰ চেভ"ৰ গোন্ধৰ লগতে কেঁচিৰ "কিচ কিচ" যান্ত্ৰিক শব্দবোৰে আমাৰ মনলৈ চুলি কটা চেলুনৰ ধাৰণা এটিকেই আনি দিয়ে। কিন্তু ২০১৫ চনত প্ৰতিষ্ঠা লাভ কৰা তামিলনাডুৰ প'ন মাৰিয়াপ্পান নামৰ লোকজনৰ চেলুনখনে আপোনাৰ মনত চেলুনৰ এখন নতুন ছৱিহে তুলি ধৰিব। তামিলনাডুৰ পোর্ট চিটিৰ অন্তৰ্গত টুটিকুৰিন (থুটুকুৰিন) অঞ্চলত অৱস্থিত এই চেলুনখনৰ গৰাকী ৩৮ বছৰীয়া প'ন মাৰিয়াপ্পানৰ শিক্ষাগত অৰ্হতা ৮ম শ্রেণী পর্যন্ত। আৰ্থিক দুৰাৱস্থাৰ বাবে ১৯৯৬ চনত ৮ম শ্ৰেণীতেই স্কুলীয়া শিক্ষা আধাতে এৰি ২০১৫ চনলৈ প্ৰায় ১৮ বছৰ ধৰি তামিলনাডুৰ বিভিন্ন স্থানত নানা ধৰণৰ কামত নিজকে নিয়োজিত কৰি পেটৰ ভাত মুঠি মোকলাই আহিছিল।

২০১৫ চনত তেওঁ চুলি কটা কাম কৰিবলৈ এখন চেলুন আৰম্ভ কৰে। ৮ম শ্ৰেণীলৈ পঢ়া এই লোকজনৰ কিন্তু কিতাপ পঢ়াৰ আগ্রহ অতুলনীয়। ছচিয়েল মেডিয়াৰ ধামখুমিয়াত ক্ৰমে হেৰাই যাব ধৰা কিতাপ পঢ়াৰ অভ্যাস স্থানীয় লোকৰ মাজত ঘূৰাই আনিবলৈ তেওঁ নিজৰ চেলুনখনৰ ভিতৰতেই গঢ়ি তুলিছে এটি লাইব্ৰেৰী। প্রথমে তেওঁ মাত্র ১০ খন কিতাপেৰেই মিনি লাইব্রেৰীটো আৰম্ভ কৰে। লাইব্ৰেৰীটো গঢ়ি তোলাৰ ফলত গ্রাহক সকলেও চেলুনখনত কিছু "কোৱালিটি টাইম" কটাব পাৰিছিল। নিজৰ পাল পৰালৈ অপেক্ষা কৰাৰ বিৰক্তিকৰ সময়বোৰ গ্ৰাহক সকলেও হাতত একোখন কিতাপ লৈ সুন্দৰকৈ পাৰ কৰিছিল। তদুপৰি কিতাপ পঢ়া গ্ৰাহক সকলক তেওঁ ৩০ শতাংশ ৰেহাই মূল্যতো চুলি কাটি দিয়ে।

লাহে লাহে মাৰিয়াপ্পানৰ লাইব্ৰেৰীত কিতাপৰ সংখ্যা বাঢ়ি আহিবলৈ ধৰিলে। ২০১৫ চনত ১০ খন কিতাপেৰে শুভাৰম্ভ কৰা এই মিনি লাইব্ৰেৰীটোত বৰ্তমান প্ৰায় ১০০০ খন গ্ৰন্থ আছে। মাৰিয়াপ্পানৰ চেলুনৰ বেৰত বিখ্যাত ব্যক্তি সকলৰ অনুপ্ৰেৰণামূলক বাণীসমূহ লিপিবদ্ধ কৰি ৰখা হৈছে। নৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে মাৰিয়াপ্পানৰ এই প্রচেষ্টাক প্ৰসংশা কৰি তামিলনাডুৰ বিভিন্ন সাংসদ পত্ৰই সংবাদ পৰিবেশন কৰিছে। তামিলনাডু পাব্লিক লাইব্রেৰীৰ কর্মকর্তা সকলৰ উপৰিও কিছুদিন আগত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইয়ো মাৰিয়াপ্পানৰ চেলুন তথা মিনি লাইব্ৰেৰীটোৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰে। 

মাৰিয়াপ্পানৰ চেলুনৰ লগত সংলগ্ন মিনি লাইব্ৰেৰীটোৱে কিতাপ পঢ়াৰ আন্দোলনক নিশ্চিত ভাবে এক নতুন মাত্ৰা প্ৰদান কৰিছে। বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো গঢ় লৈ উঠিছে কিতাপ পঢ়াৰ এক সুকীয়া আন্দোলন। গঢ় লৈ উঠিছে ৰাজপথত দাঁতিয়ে দাঁতিয়ে "পদপথৰ পুথিভঁৰাল"।

আৱাল, বৃদ্ধ, বালক,বনিতাৰ বৌদ্ধিক বিকাশৰ কথা চিন্তা কৰি গাঁৱে ভূঞে পথৰ দাঁতিতেইই স্থাপন কৰা হৈছে চাৰিবেৰ নথকা উন্মুক্ত সৰু সৰু পুথিভঁৰালবোৰ। পথিকে নিজৰ পচন্দ অনুসৰি যিকোনো এখন কিতাপ সংগ্ৰহ কৰি পথৰ কাষতেই অধ্যয়ন কৰিব পাৰে পদপথৰ এই পুথিভঁৰালত। নিসন্দেহে এয়া আশাৰ বতৰা।

Thursday, 21 January 2021

এৰিয়া-৫১ : এখন নিষিদ্ধ জগত


আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভেডা প্ৰদেশৰ অন্তৰ্গত লাছ ভেগাছৰ দক্ষিণ প্ৰান্তত পাহাৰে ঘেৰি ৰখা এক বিশাল মৰুময় অঞ্চল হ'ল এৰিয়া-৫১। এই অঞ্চলটোৱেই পৃথিবীৰ ভিতৰতেই সবাতোকৈ গোপন আৰু ৰহস্যময় এলেকা বুলি পৰিগণিত হৈ আহিছে। 

এৰিয়া-৫১ নামৰ নিষিদ্ধ এলেকাটোলৈ সৰ্বসাধাৰণ কোনো ব্যক্তিৰেই যাবলৈ অনুমতি নাই। অঞ্চলটোৰ চৌদিশে হাতত M16 মাৰনাস্ত্ৰ লৈ পহৰা দি আছে হাজাৰৰো অধিক Camo Dude নামৰ অতি বিচক্ষণ পহৰাদাৰীয়ে। এৰিয়া-৫১ৰ আকাশ মাৰ্গেৰে কোনো উৰাজাহাজ উৰাৰো অনুমতি নাই। কোনো লোকে যদি এৰিয়া-৫১ৰ সমীপলৈ যোৱাৰ চেষ্টা কৰে আমেৰিকাৰ চৰকাৰে তেওঁক গুলীয়াই হত্যা কৰাৰ বাবে Camo Dude সকলক আদেশ জাৰি কৰি থৈছে। 

এৰিয়া-৫১ৰ মূল প্ৰৱেশ পথত আঁৰি থোৱা আছে এখন ফলক। তাত লিখা আছে "Use of deadly force Authorized" - অৰ্থাৎ বাৰণ কৰা সত্বেও ভিতৰলৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰিলে মৃত্যু নিশ্চিত। কিন্তু, কিয়ই বা এই এৰিয়া-৫১ এক নিষিদ্ধ এলেকা?

সেই ৰহস্য উদ্ঘাটন কৰাৰ বাবে কেইবা দশক জুৰি কৌতুহলী সাংবাদিক আৰু জনসাধাৰণে চেষ্টা কৰি আহিছে। আনকি বিভিন্ন দেশৰ গুপ্তচৰ সকলেও এই ৰহস্যৰ ভেদ ভাঙিবলৈ চেষ্টা কৰি আহিছে যদিও সফল হ'ব পৰা নাই। এনেবোৰ কাৰণতেই এৰিয়া-৫১ পৃথিৱীৰ ভিতৰতেই এক ৰহস্যময় এলেকা বুলি পৰিগণিত হৈ আহিছে। এই ৰহস্যৰ গইনা লৈয়ে মানুহৰ মনত সৃষ্টি হৈ আহিছে বিভিন্ন conspiracy theory বা ‘'ষড়যন্ত্র-তত্ব"।

বিভিন্ন conspiracy theory বোৰৰ ভিতৰত কেইটামান তলত উল্ল্যেখ কৰা হ'ল :

ক) এৰিয়া-৫১ দৰাচলতে এলিয়েনৰ বসতিস্থল। এৰিয়া-৫ৰ প্ৰাক্তন পদার্থ বিজ্ঞানী বব লেজাৰৰ মতে, এই এলেকাত এনে কিছুমান আকাশীযান দেখা যায়, যিবোৰ কোনোমতেই পৃথিবীত তৈয়াৰ কৰা সম্ভব নহয়। এৰিয়া-৫১ৰ যি বিশেষ অঞ্চলত এই আকাশী যানবোৰ সঘনে দেখা যায়, তালৈ যোৱা পথটিৰ নাম "Extraterrestrial Highway"। এই পথেদিয়েই অন্য গ্ৰহৰ প্ৰাণীৰ সঘন আহযাহ চলে। তেওঁৰ মতে এই এৰিয়া-৫১ৰ ভিতৰতেই ভিন্ন গ্রহবাসী সকলৰ ধ্বংস হোৱা আকাশীযান এখনো আছে। তদুপৰি দুর্ঘটনাত মৃতু হোৱা এজন ভিন্ন গ্ৰহবাসীৰ মৃত শৰীৰো ইয়াত সংৰক্ষণ কৰা আছে। বব লেজাৰৰ মতে এই প্রাণীটো ৰেটিকুলাম-৪ নামৰ নক্ষত্ৰ এটিৰ চৌদিশে আৱৰ্তন কৰি থকা এটি গ্ৰহৰ পৰা পৃথিৱীলৈ আহিছিল। উচ্চতায় প্রাণীটোৰ উচ্চতা তিন ফুট ছয় ইঞ্চি, শৰীৰ নোমবিহীন আৰু শীর্ণ !!!

খ) "ষড়যন্ত্র-তত্ব’'ত বিশ্বাসী আমেৰিকান লেখক বিল কেছিং আৰু ৰাণ্ডি ৰেইডৰ ১৯৭৪ চনত প্ৰকাশ হোৱা এখন বিতৰ্কিত গ্ৰন্থ হ'ল - "We Never Went to the Moon"। এই গ্ৰন্থখনত তেওঁলোকে বিভিন্ন যুক্তিৰে প্রমাণ কৰিব বিচাৰিছে যে আমেৰিকাৰ কোনো মহাকাশচাৰী জোনবাইৰ বুকুত পদাৰ্পণ কৰা নাই !! ছোভিয়েট ৰাছিয়াৰ চন্দ্ৰ বিজয় অভিযানক ধূলিস্যাৎ কৰাৰ বাবে এয়া আছিল আমেৰিকান চৰকাৰ আৰু নাছাৰ যুটীয়া প্ৰচেষ্টাৰ এখন পৰিকল্পিত নাটক মাত্ৰ। তেওঁলোকৰ মতে ১৯৬৯ চনত নাছাৰ বিজ্ঞানী সকলে এইটো বুজিব পাৰিছিল যে মহাজাগতিক তেজস্ক্রিয়তাৰ বাবে জোনবাইৰ বুকুত খোজ দি কোনো মানুহেই পৃথিবীলৈ জীৱন্তে ঘূৰি আহিব নোৱাৰে। সেয়ে নাছাই আমেৰিকান চৰকাৰৰ সহযোগত এই এৰিয়া-৫১ৰ নিষিদ্ধ এলেকাৰ ভিতৰতেই জোনবাইত মানুহে পদাৰ্পণ কৰাৰ নাটক ৰচনা কৰি ভিডিও প্ৰস্তুত কৰি টেলিভিচনৰ পৰ্দাত প্ৰদৰ্শন কৰিছিল !!!

গ) আন এক conspiracy theory মতে এৰিয়া-৫১ৰ মাটিৰ তলত আমেৰিকাই ৪০ মহলীয়া বাঙ্কাৰ সাজি সামৰিক ঘাটি তৈয়াৰ কৰিছে আৰু বিভিন্ন পাৰমানৱিক পৰীক্ষা নিৰীক্ষা চলাই আহিছে। 

ইয়াৰ উপৰিও আৰু কেইবাটাও ষড়যন্ত্ৰ তত্ব মানুহৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিছে। গুৰুত্বপূৰ্ণ বিষয় এই যে ইতিমধ্যে আমেৰিকাৰ চৰকাৰ আৰু নাছাই এই conspiracy theory বোৰ ভিত্তিহীন তথা মনেসজা বুলি যুক্তি দাঙি ধৰিছে। তথাপিও মানুহৰ মনত এটা প্রশ্ন - এৰিয়া-৫১ ৰ ভিতৰত এনে কি আছে যে তালৈ সৰ্বসাধাৰণ লোকৰ প্ৰৱেশত বাধা আৰোপ কৰি অহা হৈছে?  যেতিয়ালৈ মানুহৰ মনত এই প্ৰশ্নই দোলা দি থাকিব, তেতিয়ালৈ এৰিয়া-৫১ পৃথিৱীৰ সবাতোকৈ গোপন আৰু ৰহস্যময় এলেকা বুলিয়েই পৰিগণিত হৈ থাকিব। 


Saturday, 16 January 2021

কেম্ব্ৰিজে যি দিয়ে, তাকে ল'বলৈ আহিছোঁ

  

১৬৬১ চনত কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত পঢ়িবলৈ এজন ১৯ বছৰীয়া চফল ডেকা আহিল। লগত লৈ আহিছিল এটা তলা, এটা নোটবুক, এপেকেট মমবাতি, এবটল চিয়াঁহী, এটা পাখি কলম আৰু পিন্ধিবলৈ দুসাজ কাপোৰ। কৌতুহলী সকলে তেওঁক সীমিত বয়বস্তু লৈ অহাৰ কাৰণ সোধাত তেওঁ কৈছিল: কেম্ব্ৰিজে যি দিয়ে, তাকে ল'বলৈ হে মই ইয়ালৈ আহিছোঁ.....!

কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত তেওঁ খোৱা-বোৱা ৰেহাই পোৱা এজন ছাত্ৰ (subsizer) হিচাপে হে নামভৰ্তি কৰাৰ সুযোগ পাইছিল। এনে ছাত্ৰ সকলে ত্ৰিনিটি কলেজৰ নিয়ম অনুসৰি ছাত্ৰাবাসত দৈনিক কিছু কাম কৰি দি কৰ্তৃপক্ষক সহায় কৰি দিব লাগিছিল। ভাগ্যৰ পৰিহাস আছিল এয়ে যে, তেওঁ এজন জমিদাৰৰ পুত্ৰ আছিল অথচ পৰিস্থিতিৰ পাকচক্ৰত পৰি তেওঁ পখিলা খেদি ফুৰা বয়সৰ পৰাই কিছু কষ্টকৰ সময় অতিবাহিত কৰিবলগীয়া হৈছিল। ত্ৰিনিটি কলেজৰ এই বিশেষ ছাত্ৰজনেই আছিল মহান বিজ্ঞানী চাৰ আইজাক নিউটন।

নিউটনৰ পিতৃ এজন ধনী জমিদাৰ অথচ অশিক্ষিত ব্যক্তি আছিল। নিউটনৰ জন্মৰ কেইমাহমান আগতেই তেওঁৰ মৃত্যু হৈছিল। নিউটনৰ মাতৃয়ে পিছত Barnabas Smith আন এজন লোকৰ সতে বিবাহ পাশত আৱদ্ধ হোৱাত শিশু নিউটন আইতাকৰ তত্বাৱধানতেই  ডাঙৰ দীঘল হৈছিল।

শৈশৱৰ সময়চোৱাত নিউটনে বিনামূলীয়া শিক্ষাগ্ৰহনৰ সুবিধা থকা "Grammar school"ত নাম ভৰ্তি কৰে যদিও বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল। স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত নিউটনে কেম্ব্ৰিজৰ বিখ্যাত ত্ৰিনিটি কলেজত আইন (law) পঢ়াৰ বাবে নাম ভৰ্তিৰ সুযোগ পাইছিল। কিন্তু পৰিতাপৰ কথা যে তেওঁৰ মাতৃয়ে পঢ়াৰ বাবে প্ৰয়োজনীয় টকা পইচা যোগান ধৰাৰ বাবে অস্বীকাৰ কৰে। ফলস্বৰূপে ত্ৰিনিটি কলেজৰ নিয়ম অনুসৰি নিউটনে ত্ৰিনিটি কলেজৰ ছাত্ৰাবাসত দৈনিক কিছু কাম কৰি দি কৰ্তৃপক্ষক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে আইন (law) পঢ়াৰ বাবে নামভৰ্তি কৰে।

আইন পঢ়ি থকাৰ সময়তেই তেওঁ কিছু পৰিমানে পদাৰ্থ বিজ্ঞান আৰু গণিতো অধ্যয়ন কৰিছিল। এদিন তেওঁ  দোকানৰ পৰা অংকৰ কিতাপ এখন কিনি আনি অভ্যাস কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ সফল নহ'ল। বিদ্যালয় পৰ্যায়ত তেওঁ অংকত বৰ সাধাৰণ পৰ্যায়ৰ ছাত্ৰ হিচাবেই পৰিগণিত আছিল। অৱশ্যে ১৬৬৫ চনত নিউটনে ত্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ ঠিক পিছতেই ইংলেণ্ডত আৱিৰ্ভাৱ হোৱা প্লেগ নামৰ মহামাৰীৰ সংহাৰৰ বাবে ত্ৰিনিটি কলেজ বন্ধ হৈ পৰে।

নিউটন পুনৰ ঘৰলৈ ঘূৰি আহিল। ঘৰলৈ আহি এইবাৰ তেওঁ আৰম্ভ কৰিলে নিজাববীয়াকৈ পদাৰ্থ বিজ্ঞান, গণিত আৰু জ্যোৰ্তিবিজ্ঞানৰ অধ্যয়ন। বিশেষকৈ গেলিলিও গেলিলিৰ "বস্তুৰ গতি" সম্বন্ধে পৰীক্ষালানিয়ে তেওঁক অনুপ্ৰাণিত কৰিছিল। তেওঁ নিজেও বস্তুৰ গতিৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে ত্ৰিনিটি কলেজ পুনৰ খুলিল আৰু ততাতৈয়াকৈ নিউটনে "masters degree"ৰ বাবে পুনৰ ত্ৰিনিটি কলেজত নামভৰ্তি কৰে আৰু ১৬৬৮ চনত তেওঁ সন্মানীয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কেইবছৰ মানৰ ভিতৰতেই নিউটনে পোহৰৰ বিচ্ছুৰণ, অপকেন্দ্ৰিক বল, অভিকেন্দ্ৰিক বল, গতিৰ সূত্ৰ, মহাকৰ্ষণ, প্ৰতিফলন টেলিস্কোপ আদিকে ধৰি বহুতো তথ্য আৱিষ্কাৰ কৰি বিজ্ঞান জগতত আলোড়ন সৃষ্টি কৰে। ১৬৭০ চনৰ ২৯ অক্টোবৰত নিউটনে ত্ৰিনিটি কলেজত অংকশাস্ত্ৰ, অপ্টিক্স, জ্যামিতি আৰু জ্যোৰ্তিবিজ্ঞান পঢ়ুৱালৈ লুকাচিয়ান প্ৰফেচৰ হিচাবে নিযুক্তি লাভ কৰে। পিছলৈ নিউটনে ছাত্ৰ ছাত্ৰীক অপ্টিক্স বিষয়টো পঢ়োৱাতেই মনোনিবেশ কৰিছিল।

১৬৭১ চনৰ ২১ ডিচেম্বৰৰ দিনা বিচপ  Dr. Seth Wardয়ে নিউটনৰ নামটো সন্মানীয় ৰয়েল চছাইটিৰ সদস্য হিচাবে প্ৰস্তাৱ আগবঢ়ায় আৰু যোগ্য ব্যক্তি হিচাবেই ১৬৭২ চনৰ ১১জানুৱাৰীৰ দিনা নিউটনক ৰয়েল চছাইটিৰ সদস্য হিচাবে মনোনীত কৰা হয়।

১৬৭৯ চনত স্নায়বিক ৰোগত আক্ৰান্ত হোৱাত নিউটনৰ গৱেষণা মূলক কামত ব্যাঘাত জন্মে। কিন্তু কেইমাহ মানৰ পিছত শাৰীৰিক ভাবে সুস্থ অনুভৱ কৰাত পুনৰ গৱেষণাত মগ্ন হয়। কিন্তু ১৬৯৩ চনত পুনৰ স্নায়বিক সমস্যাই জটিল ৰূপ লোৱাত তেওঁ গৱেষণামূলক কাম কাজৰ পৰা অব্যাহতি লয়।

তেওঁৰ বয়স ইতিমধ্যে ৮০ বছৰৰ ওচৰ পায়হি। সেই সময়চোৱাত তেওঁৰ পাচন তন্ত্ৰৰ সংক্ৰমণ আৰম্ভ হয়। ১৭২৭ চনৰ মাৰ্চ মাহৰ ৩০ তাৰিখে তেওঁ তলপেটত প্ৰচণ্ড বিষ অনুভৱ কৰে আৰু বেদনাত সংজ্ঞাহীন হৈ পৰে। তাৰ পিছদিনা অৰ্থাৎ ১৭২৭ চনৰ ৩১ মাৰ্চৰ দিনা ৮৪ বছৰ বয়সত বিশ্ববিখ্যাত বিজ্ঞানীজনে ইহলীলা সম্বৰণ কৰে।

Tuesday, 12 January 2021

মহাকৰ্ষণ আৰু কিছু চিন্তা


মহান বিজ্ঞানী আইজাক নিউটনে মহাকর্ষণ সূত্র আৱিষ্কাৰ কৰিছিল বুলি সমগ্ৰ পৃথিৱীয়েই জানে। কিন্তু মহাকৰ্ষণৰ প্ৰাথমিক ধাৰণাটোৰ লগত বিজ্ঞানী নিউটনতকৈ বহু আগৰ প্ৰাচীন ভাৰতীয় গণিতজ্ঞ তথা জ্যোতির্বিজ্ঞানী দ্বিতীয় ব্রহ্মগুপ্ত, বিজ্ঞানী ভাস্কৰাচাৰ্যৰ লগতে গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলৰ নামো সাঙোৰ খাই থকা বুলি তথ্য পোৱা যায়। 

আইজাক নিউটনৰ জন্মৰ প্ৰায় এহেজাৰ বছৰ আগতেই ভাৰতীয় বিজ্ঞানী দ্বিতীয় ব্রহ্মগুপ্তই মহাকর্ষণ সম্বন্ধে ধাৰণা দিছিল। দ্বিতীয় ব্রহ্মগুপ্তই ৬২৮ চনত লিখা তেখেতৰ "ব্রহ্মস্পুত সিদ্ধান্ত" নামৰ গ্ৰন্থখনত উল্ল্যেখ কৰিছে যে, "আমাৰ শৰীৰ পৃথিৱীৰ দিশলৈ হালি পৰে। ইয়াৰ কাৰণ পৃথিৱীৰ ধাৰণ ক্ষমতা। ঠিক যেনেদৰে পানী বৈ যাব পাৰে, তেনকৈয়ে পৃথিৱীয়ে সকলোকেই ধাৰণ কৰি পাৰে।"

আন এজন ভাৰতীয় বিজ্ঞানী ভাস্কৰাচাৰ্যই জ্যোৰ্তিবিজ্ঞানলৈ যথেষ্ঠ অৱদান দি গৈছে। তেওঁ পঞ্চম শতিকাতেই সূৰ্যৰ চৌদিশে ঘূৰিবলৈ পৃথিৱীক প্ৰয়োজন হোৱা সময় গাণিতিক ভাবে হিচাব কৰি উলিয়াইছিল। তেখেতে "সিদ্ধান্ত শিৰোমণি" নামৰ গ্ৰন্থখনত আকাশত গ্ৰহ নক্ষত্ৰবোৰৰ অৱস্থান, সূৰ্য গ্ৰহন, চন্দ্ৰ গ্ৰহন আদিৰ বিষয়ে বিশদ বিৱৰণ দাঙি ধৰাৰ উপৰিও "সূৰ্য সিদ্ধান্ত" নামৰ গ্ৰন্থখনত মহাকৰ্ষণ সম্বন্ধেও উল্ল্যখ কৰি গৈছে। 

আনহাতে গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলৰ মতে, "সকলোবোৰ বস্তুৱেই মহাজগতৰ কেন্দ্ৰ অভিমুখে যাব বিচাৰে। যিহেতু পৃথিৱীয়েই মহাবিশ্বৰ কেন্দ্ৰ, সেয়ে সকলোবোৰ বস্তুৱেই পৃথিৱীৰ দিশে আহিব খোজে।" পিছলৈ এৰিষ্ট'টলৰ এই যুক্তি খণ্ডন কৰা হয়।

বিজ্ঞানী গেলিলিও গেলিলিয়ে আৱিষ্কাৰ কৰিছিল যে মুক্ত ভাবে তললৈ সৰি পৰা সকলোবোৰ বস্তুৰ ত্বৰণৰ মান একে। অৰ্থাৎ আওপকীয়াকৈ গেলিলিওৱে মহাকৰ্ষণীয় ত্বৰণৰ কথাই উল্ল্যেখ কৰিছিল। গেলিলিওৰ আৱিষ্কাৰক বাদ দি আধুনিক বিজ্ঞানে প্ৰাচীন ভাৰতীয় বিজ্ঞানী দুজনৰ অৱদানক অৱজ্ঞা কৰা যেন অনুভৱ হয়। আধুনিক বিজ্ঞানে উপযুক্ত তথ্যৰ অভাৱত যদিওবা তেখেতসকলৰ অৱদানক অৱজ্ঞা কৰি আহিছে, মহাকৰ্ষণ সম্বন্ধে তেওঁলোকে আগবঢ়োৱা প্ৰাথমিক ধাৰণা সম্বন্ধে অধিক গৱেষণাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

Tuesday, 5 January 2021

হাতীপটিৰ কেন্দ্ৰত জীৱাশ্মৰ সন্ধান


আমাৰ হাতীপটি তাৰকাৰাজ্যৰ গভীৰতম কেন্দ্ৰত লুকাই আছে আন এখন মৃত তাৰকাৰাজ্য। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লিভাৰপুল জন মুৰছ বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী সকলৰ দ্বাৰা প্ৰকাশিত গৱেষণা গ্ৰন্থত এই অবিশ্বাস্য তথ্য প্ৰকাশ পাইছে। গৱেষক বিজ্ঞানীসকলৰ দলটিৰ অন্যতম সদস্য ৰিকার্ডো ছিয়াভনে প্ৰকাশ কৰা মতে হাতীপটিৰ বুকুত লুকাই থকা এই মৃত তাৰকা ৰাজ্যখনৰ নাম Heracles (হেৰাক্লেছ)। প্রাচীন গ্রীক আখ্যান মতে হেৰাক্লেছ এজন বীৰ যোদ্ধা যিজনে মিল্কিৱে' বা হাতীপটি তাৰকাৰাজ্য সৃষ্টি হোৱাৰ  সময়তেই ভগৱানৰ পৰা অমৰত্ব উপহাৰ স্বৰূপে পাইছিল। বিজ্ঞানী সকলে গ্রীক আখ্যানত উল্ল্যেখিত এই বীৰজনৰ নাম অনুসৰিয়েই এই মৃত জীৱাশ্ম তাৰকাৰাজ্য খনৰ নাম ৰাখিছে - "হেৰাক্লেছ জীৱাশ্ম গেলেক্সি"।

বিজ্ঞানী সকলৰ মতে প্ৰায় দশ হেজাৰ কৌটি বছৰ পূর্বে, অর্থাৎ আমাৰ হাতীপটি তাৰকাৰাজ্য সৃষ্টি হোৱাৰ চাৰি হেজাৰ কৌটি বছৰমান পিছত হেৰাক্লেছ তাৰকাৰাজ্যখন আমাৰ হাতীপটি তাৰকাৰাজ্যৰ লগত প্ৰচণ্ড মুখামুখি সংঘৰ্ষত পতিত হৈছিল। 

বৰ্তমান আমাৰ হাতীপটি তাৰকাৰাজ্যৰ গোলকাৰ হেল' (Halo) বা উজ্বল বলয়াকাৰ ক্ষেত্ৰখনৰ প্রায় এক তৃতীয়াংশই এই মৃত তাৰকাৰাজ্যখনৰ তাৰকা আৰু মহাজাগতিক গেছৰ অৱশিষ্ট অংশ মাথোন। হেৰাক্লেছ জীৱাশ্ম গেলেক্সিখন আমাৰ তাৰকাৰাজ্যৰ গভীৰতম অংশত অৱস্থিত হোৱা বাবে আন্তঃনাক্ষত্ৰিক মেঘৰ ধূলিকণাৰ দ্বাৰা এই মৃত তাৰকাৰাজ্যখন পৃথিৱীবাসীৰ বাবে আচ্ছাদিত হৈ থাকে। সেইবাবে এই জীৱাশ্ম তাৰকাৰাজ্যখন বিজ্ঞানীসকলৰ চকুত ধৰা নপৰাকৈ আছিল।

কিন্তু বৰ্তমান Sloan Digital Sky Surveyৰ "এপোজি" বা Apache Point Observatory Galactic Evolution Experiment (APOGEE)ৰ পৰা আহৰণ কৰা তথ্যই সেই ধূলিকণা সমুহ ভেদ কৰি হাতীপটিৰ কেন্দ্ৰভাগৰ পৰা আনি দিছেহি এই অবিশ্বাস্য তথ্য। ইয়াৰ আগতে হাতীপটিৰ কেন্দ্ৰভাগৰ ইমান বিতং তথ্য বিজ্ঞানীসকলে কেতিয়াও আহৰণ কৰিব পৰা নাছিল। 

বিগত ২০১০ চনৰ পৰা এপোজিৰ (APOGEE) পৰা আহৰণ কৰা দৃশ্যমান বৰ্ণালীৰ বিশ্লেষণত নিকটৱর্তী কোনো তৰাৰ পৰা বিচ্ছুৰিত হৈ অহা ইনফ্রাৰেড তৰংগই আন্তঃনাক্ষত্ৰিক মেঘৰ ধূলিকণাৰ দ্বাৰা বেষ্টিত হেৰাক্লেছ জীৱাশ্ম গেলেক্সিৰ বতৰা আনি পৃথিৱীৰ বিজ্ঞানীসকলক যোগান ধৰিছে।

মূলত হেৰাক্লেছৰ অন্তর্গত নক্ষত্রবোৰে আজি সমগ্র হাতীপটি তাৰকাৰাজ্যৰ আলোকময় বলয়ৰ প্রায় এক তৃতীয়াংশ অধিকাৰ কৰি থকাৰ অর্থ এইটোৱেই যে সদ্য আৱিষ্কৃত এই প্রাচীন সংঘর্ষটো অৱশ্যেই আমাৰ হাতীপটিৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ ঘটনা।

 

Monday, 7 December 2020

পণ্ডিত যশৰাজ আৰু এটি গ্ৰহাণু

 


মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত এটা গ্রহাণুৰ বলয় আছে। এই বলয়ত থকা অগণন গ্ৰহাণুবোৰে নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যক প্ৰদক্ষিণ কৰে। বিগত ২০০৬ চনৰ ১১ নৱেম্বৰৰ দিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ "কেটলিনা স্কাই চাৰ্ভে" নামৰ বিশাল দূৰবীণ যন্ত্ৰটোৱে এই গ্ৰহাণুৰ বলয়তেই আৱিষ্কাৰ কৰিছিল এটি ক্ষূদ্ৰ গ্ৰহাণু। বিগত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত আন্তর্জাতিক জ্যোতির্বিজ্ঞান সংস্থা বা International Astronomical Unionৰ বিজ্ঞানীসকলে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এজন প্রসিদ্ধ শিল্পী পদ্মবিভূষণ পণ্ডিত যশৰাজৰ নামেৰে এই গ্ৰহাণুটোৰ নামাকৰণ কৰে।

সম্প্ৰতি এই গ্ৰহাণুটো ‘'Minor Planet Panditjasraj 2006 VP32-300128’ নামেৰে সমগ্ৰ বিশ্বই জানে। এই বিশেষ নামটোৰ লগত থকা 2006 সংখ্যাটো গ্ৰহাণুটো আৱিষ্কাৰ হোৱা চন আৰু শেষৰ 300128 সংখ্যাটোৱে পণ্ডিত যশৰাজৰ জন্ম তাৰিখ সূচিত কৰে। উল্ল্যেখযোগ্য যে পণ্ডিত যশৰাজৰ জন্ম হৈছিল ২৮ জানুৱাৰী, ১৯৩০ চনত।

প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া এক গৌৰৱৰ বিষয়। 

Tuesday, 1 December 2020

সৌৰজগতৰ অন্তিম ঠিকনা



হাতীপটি তাৰকাৰাজ্য বা মিল্কিৱে গেলেক্সিতেই আমাৰ সৌৰজগত অৱস্থিত। এই হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰভাগতেই আছে এটা বিশাল কৃষ্ণগহ্বৰ বা ব্লেকহোল। এই কৃষ্ণগহ্বৰটোৰ নাম Sagittarius A* (ছেজিটেৰিয়াছ এ*)। 

১৯৩১ চনত কাৰ্ল জেনস্কি নামৰ এজন বিজ্ঞানীয়ে পোন প্ৰথম বাৰলৈ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ ধনু ৰাশিৰ দিশৰ পৰা অহা এটা ৰেডিও তৰংগ ধৰা পেলাইছিল। চকুৰে দেখা নেপালেও এই ৰেডিও তৰংগৰ উৎসটোক তেতিয়া Sagittarius নামেৰে নামাকৰণ কৰা হৈছিল। পিছত ১৯৭৪ চনৰ ১৩ ফেব্ৰুৱাৰীত National Radio Astronomy Observatoryৰ ৰবাৰ্ট ব্ৰাউন আৰু ব্ৰুছ বালিক নামৰ দুজন বিজ্ঞানীয়ে এই ৰেডিও তৰংগৰ উৎসটো ধৰা পেলায়। পৰবৰ্তী সময়ত এই ৰেডিও তৰংগৰ উৎসটো এটা বিশাল কৃষ্ণগহ্বৰ বা ব্লেকহোল বুলি গম পোৱা গ'ল। 

আন কৃষ্ণগহ্বৰবোৰৰ দৰে হাতীপটি তাৰকাৰাজ্যৰ ছেজিটেৰিয়াছ এ* নামৰ  কৃষ্ণগহ্বৰটোৱেও তাৰ প্ৰচণ্ড মহাকৰ্ষণ শক্তিৰ দ্বাৰা তাৰকাৰাজ্যখনৰ চৌপাশৰ ধূলিকণা, গেছ আৰু আন বিভিন্ন মহাকাশীয় কণিকাবোৰ অবিৰাম নিজৰ দিশে টানি আনি ইয়াৰ আকাৰ বৃদ্ধি কৰি আহিছে। বিজ্ঞানৰ ভাষাত কৃষ্ণগহ্বৰৰ এনে বাঢ়ন প্ৰক্ৰিয়াক "Accretion" বুলি কোৱা হয়। এই কৃষ্ণগহ্বৰটোৰ মহাকৰ্ষণ ইমানেই বেছি যে সমগ্ৰ হাতীপটি তাৰকাৰাজ্য খনকেই ই তাৰ চাৰিওদিশে প্ৰচণ্ড গতিত চক্ৰাকাৰে ঘূৰাই ৰাখিছে।

সম্প্ৰতি বিজ্ঞানীসকলে আমাৰ তাৰকাৰাজ্য খনৰ কেন্দ্ৰত কেতবোৰ অস্বাভাৱিক কার্যকলাপ পর্যবেক্ষণ কৰিছে। বিজ্ঞানীসকলৰ মতে হাতীপটিৰ কেন্দ্রস্থলৰ পৰা অতিশয় গৰম গেছৰ লগতে কিছুমান অতি ঘন আৰু শীতল গেছৰো নি:সৰণ ঘটিছে। এই গেছবোৰ তাৰকাৰাজ্যখনৰ কেন্দ্ৰৰ পৰা প্ৰচণ্ড বেগেৰে চৌদিশে ছিটিকি পৰিছে। তেখেতসকলৰ মতে এই ধৰণৰ অস্বাভাৱিক গেছ নিঃসৰণৰ পৰিঘটনাটোৱে আমাৰ সৌৰজগতখনৰ লগতে সমগ্র তাৰকাৰাজ্যখনৰ ভবিষ্যতৰ বাবেই এক বিপদজনক ভৱিষ্যতৰ ইংগিত বহন কৰিছে। কাৰণ, কোনো এখন তাৰকাৰাজ্যই যদি প্রচুৰ পৰিমাণে গেছ (ভৰ) নিঃসৰণ কৰে, তেন্তে এইটো বুজিব লাগিব যে তাৰকাৰাজ্যখনৰ কেন্দ্ৰভাগত নতুন নক্ষত্র গঠন প্ৰক্ৰিয়াটো বাধাগ্ৰস্থ হৈছে। যাৰ ফলত হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত নক্ষত্র গঠন বাবে সঞ্চিত হৈ থকা বিপুল পৰিমাণৰ গেছ আৰু অন্যান্য পদাৰ্থবোৰ বিনষ্ট হৈ চৌদিশে ছিটিকি পৰিছে। ইয়াৰ ফলত আমাৰ তাৰকাৰাজ্যখনৰ ভৱিষ্যত কি হ'ব পাৰে -  সেই বিষয়ে বৰ্তমান বিজ্ঞানীসকলৰ হাততো কোনো তথ্য নাই। 

ইয়াকে লৈ সম্প্ৰতি বিজ্ঞানীসকলৰ মাজত উদ্বেগ বাঢ়িছে। বিশ্বজুৰি বিজ্ঞানীসকল গৱেষণাত ব্ৰতী হৈছে। তেনে এক গৱেষণাৰ অন্তত জাপানৰ  VERA Radio Astronomy Surveyৰ কেইগৰাকীমান বিজ্ঞানীয়ে Publications of the Astronomical Society of Japan নামৰ এখন বিজ্ঞান গৱেষণা পত্ৰিকাত উল্ল্যখ কৰিছে যে আমাৰ সৌৰজগতখন ক্ৰমে হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা বিশাল ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণগহ্বৰটোৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে। ১৯৮৫ চনৰ গণনা মতে আমাৰ সৌৰজগতখন সেই সময়ত হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ২৭,৭০০ আলোকবৰ্ষ দূৰত অৱস্থিত আছিল। কিন্তু বৰ্তমান এই দূৰত্ব কমি আহি ২৫,৮০০ আলোকবৰ্ষ হৈছেহি। অৰ্থাৎ বিগত ৩৫ বছৰত ভিতৰত আমাৰ সৌৰজগতখন হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণ গহ্বৰটোৰ ওচৰলৈ ১৯০০ আলোকবৰ্ষ আগবাঢ়ি গৈছে। তদুপৰি বিজ্ঞানীসকলৰ গৱেষণাত এইটোও ধৰা পৰিছে যে আমাৰ সৌৰজগতখন ১৯৮৫ চনত হাতীপটিৰ কেন্দ্ৰৰ চৌদিশে প্ৰতি ছেকেণ্ডত ২২০ কিমি বেগত ঘূৰি আছিল যদিও বৰ্তমান এই গতিবেগ বৃদ্ধি হৈ প্ৰতি ছেকেণ্ডত ২২৭ কিমি হৈছে। ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে কি প্ৰচণ্ড মহাকৰ্ষণ বলেৰে ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণগহ্বৰটোৱে আমাৰ সৌৰজগতখন নিজৰ দিশলৈ টানি নিছে!! আমাৰ সৌৰজগতৰ শেষ ঠিকনা সঁচাকৈয়ে বাৰু ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণগহ্বৰটোৱেই নেকি বাৰু? বৰ্তমান সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলৰ লগতে আমাৰ দৰে সাধাৰণ মানুহৰ মনতো একেটাই প্ৰশ্ন - Will our Blackhole eat the entire Milky Way?

Monday, 30 November 2020

মহাকাশত মুখামুখি সংঘৰ্ষ


মহাকাশত ট্রেফিক জাম। এক নতুন দুশ্চিন্তাৰ জন্ম। দুর্বিষহ ট্রেফিক জামৰ কৰাল গ্ৰাসত মহাকাশ। এতিয়া যেন মহাকাশতো প্ৰয়োজন হৈ পৰিছে ৰঙা নীলা ট্ৰেফিক লাইট। কোনো মহাকাশ যান প্ৰক্ষেপণৰ আগত এতিয়া নাছা, ইছৰো, ই.এছ.এ আদি মহাকাশ গৱেষণা সংস্থাবোৰে ট্ৰেফিক নিয়ম মানি নচলিলে যিকোনো মূহুৰ্ততে মহাকাশত সংঘটিত হ'ব পাৰে এক ভয়ানক মুখা মুখি সংঘৰ্ষ! বিভিন্ন দেশে মহাকাশলৈ প্ৰেৰণ কৰা মহাকাশ যানবোৰে মহাকাশত ইতিমধ্যে সৃষ্টি কৰিছে জটিল যান জট। বিজ্ঞানী সকলৰ মতে প্রতি দুবছৰত একোটিকৈ ভয়ংকৰ দুর্ঘটনাত পতিত হ'ব পাৰে মহাকাশ যানবোৰ। ভাঙি চুৰমাৰ হৈ যোৱা মহাকাশ যানৰ ধ্বংসাৱশেষ বোৰৰ বৃষ্টিপাত হ'ব পাৰে আমাৰ পৃথিৱীত! 

যোৱা ২৭ নৱেম্বৰ,২০২০ৰ দিনা মহাকাশত তেনে এক ভয়ংকৰ দুৰ্ঘটনাই হ'বলৈ ওলাইছিল। বিগত ২০১৮ চনৰ ১২ জানুৱাৰীত ইছৰোৱে শ্ৰীহৰিকোটাৰ পৰা পুৱা ৯ বাজি ২৮ মিনিটত PSLV-C40 উৎক্ষেপন যানেৰে কক্ষপথত স্থাপন কৰা ভাৰতৰ ৭১০ কেজি ওজনৰ Cartosat-2F নামৰ কৃত্ৰিম উপগ্ৰহটোৰ লগত ৰাছিয়াৰ ২০১২ চনত উৎক্ষেপিত Kanopus-V নামৰ ৪৫০ কেজি ওজনৰ কৃত্ৰিম উপগ্ৰহটোৰ পৃথিৱীৰ পৰা ৫১০ কিমি উচ্চতাৰ কক্ষপথত মুখামুখি সংঘৰ্ষ হ'বলৈ ওলাইছিল। কক্ষপথেৰে অতিক্ৰম কৰাৰ সময়ত এই দুই কৃত্ৰিম উপগ্ৰহৰ মাজৰ দুৰত্ব আছিল মাত্ৰ ২২০ মিটাৰ! 

বৰ্তমান মহাকাশত বিভিন্ন দেশে প্ৰক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। সেইবাবে উপগ্রহবোৰৰ মাজৰ কক্ষপথৰ দূৰত্বও কমি আহিছে। পৃথিৱীৰ পৰা ৪০০ - ৫০০ কিমি উচ্চতাত হেজাৰৰো অধিক কৃত্ৰিম উপগ্ৰহৰ কক্ষপথ স্থাপন হোৱাৰ ফলতেই মহাকাশত এনে মহাকাশ যান জট সৃষ্টি হৈছে। ইতিমধ্যে বিগত ২০০৯ চনত মহাকাশৰ বুকুত এটা দূর্ঘটনা সংঘটিত হৈছিল য'ত এটা মার্কিন কৃত্ৰিম উপগ্ৰহ আৰু এটা ৰাছিয়াৰ উপগ্ৰহৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত দুয়োটা উপগ্ৰহই চূৰ্ণ বিচূৰ্ণ হৈ ছাইবেৰিয়াৰ বিস্তৃত অঞ্চলত টুকুৰা টুকুৰে সৰি পৰিছিল।

মহাকাশত দুটা কৃত্ৰিম উপগ্ৰহৰ মাজৰ দূৰত্ব অতি কমেও এক কিলোমিটাৰ হোৱা উচিত। কিন্তু বিভিন্ন দেশে এই দূৰত্ব ৫০০ মিটাৰ বুলি উপগ্ৰহ প্ৰক্ষেপন কৰিবলৈ লোৱাত সমস্যাৰ সৃষ্টি হৈছে। বৰ্তমান মহাকাশত বিভিন্ন দেশৰ কাৰ্যক্ষম ২০০০টা মান উপগ্রহ আছে। নিয়ন্ত্ৰণহীন আৰু মৃত উপগ্ৰহৰ সংখ্যাবোৰ যোগ কৰিলে এই সংখ্যা ৫০০০ অতিক্ৰম কৰিব। তেনে ক্ষেত্ৰত অনাগত দিনবোৰত এই দূৰত্ব কেনেদৰে বৰ্তাই ৰখা সম্ভৱ - এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। জানিব পৰা মতে বিগত ২৭ নৱেম্বৰৰ সাম্ভাব্য দূৰ্ঘটনাটোৰ পিছত বিশ্বৰ অগ্ৰণী দেশবোৰৰ মহাকাশ বিজ্ঞানীসকল ২০২০ চনৰ ডিচেম্বৰ মাহত মিলিত হৈ  কৃত্ৰিম উপগ্ৰহৰ কক্ষপথ সম্পৰ্কে পর্যালোচনা কৰি এটি সমাধান উলিয়াবলৈ যত্নপৰ হ'ব। 

Wednesday, 25 November 2020

বিৰল মহাজাগতিক দৃশ্য



অহা ২১ ডিচেম্বৰৰ সন্ধিয়া সূর্যাস্তৰ পিছতেই আকাশত দেখা যাব এক বিৰল মহাজাগতিক দৃশ্য। শনি আৰু বৃহস্পতি দুয়োটা গ্রহকেই সন্ধিয়াৰ  দক্ষিণ-পশ্চিম আকাশত দেখা যাব তেনেই ওচৰা ওচৰিকৈ। ২১ ডিচেম্বৰৰ এই মহাজাগতিক ঘটনাৰ দিনটো "উইণ্টাৰ ছোলটাইছ", অর্থাৎ ২১ডিচেম্বৰৰ সেই দিনটোৱেই হ'ব বছৰৰ সবাতোকৈ ছুটি দিন।

জ্যোতির্বিদ পেট্রিক হাৰটিগানৰ মতে বৃহস্পতি আৰু শনি গ্ৰহৰ এনে সমীপৱৰ্তী অৱস্থান প্ৰতি ২০ বছৰৰ মুৰত এবাৰ হোৱাৰ সম্ভাৱনা থাকে যদিও প্রতি ২০ বছৰৰ মুৰত যে এই পৰিঘটনা সংঘটিত হ'ব তেনে কোনো নিশ্চয়তা নাই। উল্ল্যেখযোগ্য যে বিগত ১২২৬ চনৰ ৪ মাৰ্চৰ পিছত অৰ্থাৎ ৭৯৪ বছৰৰ পিছত পৃথিৱীবাসীয়ে পুনৰ দেখা পাব এই বিৰল মহাজাগতিক পৰিঘটনাটো। যদিহে আমি এই বছৰৰ বিৰল পৰিঘটনাটো কোনো কাৰণত দেখা নেপাও, তেন্তে আমি অপেক্ষা কৰিব লাগিব অহা ২০৮০ চনৰ ১৫ মার্চ মাহলৈ। 

২০২০ চনৰ মাজভাগৰ পৰাই আমি শনি আৰু বৃহস্পতি গ্রহ দুটাক পৰস্পৰৰ ওচৰা ওচৰিকৈ আকাশত দেখি আহিছো। যদিহে মন কৰিছে, এইটোও নিশ্চয় অনুধাৱন কৰিছে যে এই গ্ৰহ দুটা ক্ৰমান্বয়ে পৰস্পৰৰ ওচৰ চাপি আহি আছে। অহা ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ আকাশত গ্ৰহ দুটাৰ মাজৰ দুৰত্ব ইমানেই কম হ'ব যে পেট্রিক হাৰটিগানৰ মতে গ্রহ দুটাৰ মাজৰ খালী স্থানৰ পৰিমাণ হ'ব পূর্ণিমাৰ জোনবাইৰ ব্যাসৰ পাচ ভাগৰ এভাগ মাত্র! অৰ্থাৎ শনি আৰু বৃহস্পতি গ্ৰহ দুটাৰ মাজত জোনবাইটো ৰাখিবলৈও যেন ঠাইৰ নাটনি হ'ব!