Friday, 30 December 2022
এনাস্থেছিয়া : অনুভূতিহীন জগতৰ দুৱাৰ
Sunday, 25 December 2022
শূণ্যত ভেঁকুলী ওপঙোৱা পৰীক্ষাটো
১৯৯১ চনৰ পৰাই বিজ্ঞান ভিত্তিক হাস্যৰসাত্মক আলোচনী '‘Annals of Improbable Research"ৰ সৌজন্যত এই বঁটা প্ৰদান কৰা হৈছে। প্ৰতি বছৰে, প্ৰকৃত নবেল বঁটা ঘোষণাৰ ঠিক আগতে আইজি ন'বেল বঁটা অনুষ্ঠান অনুষ্ঠিত হয়। বহুতেই এই বঁটাটো এটা ব্যংগাত্মক বঁটা হিচাবে ভাবে যদিও এই বঁটাই সমাজ আৰু বিজ্ঞানৰ জগতলৈ যথেষ্ঠ অৱদান আগবঢ়াইছে।
২০০০ চনত ৰাছিয়াৰ পদাৰ্থবিজ্ঞানী এণ্ড্ৰে গেইমক পদাৰ্থ বিজ্ঞানৰ আইজি নবেল বঁটাৰ বাবে মনোনীত কৰা হয়। তেওঁ ভেঁকুলী এটাৰ চাৰিওফালে এক শক্তিশালী চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰি ভেকুলীটোক কিছু সময়ৰ বাবে শূন্যস্থানত ওপঙাই ৰাখিবলৈ সক্ষম হৈছিল। তেওঁৰ পৰীক্ষাটো প্ৰকৃততে ডায়মেগনেটিজমৰ এক উজ্জ্বল উদাহৰণ। ৯০ শতাংশ পানীৰে নিৰ্মিত চুম্বক ক্ষেত্ৰ আৰু আন এখন বাহ্যিক চুম্বক ক্ষেত্ৰৰ আন্তঃক্ৰিয়াৰে মাধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে তেওঁ ভেঁকুলীটো শূণ্যত ওপঙাই ৰাখিছিল। সেই অদ্ভূত বৈজ্ঞানিক পৰীক্ষাই বিশ্বৰ মানুহক যেন যোগাইছিল হাঁহিৰ খোৰাক !!!
এই হাস্যৰসাত্মক ন'বেলত কিন্তু সন্তুষ্ট হ'ব পৰা নাছিল এণ্ড্ৰে গেইম। ২০০৪ চনত, তেওঁ আন এজন ৰাছিয়ান বিজ্ঞানী কনষ্টাণ্টিন ন'ভছেভৰ সৈতে যুটীয়াভাৱে গ্ৰাফিন আৱিষ্কাৰ কৰিছিল। গ্ৰাফিনৰ বিষয়ে নতুনকৈ ক'বলৈ একো নাই। ই কাৰ্বনৰ এক আশ্চৰ্যকৰ প্ৰকাৰ! এই গ্ৰাফিনে অদূৰ ভৱিষ্যতে পৃথিৱীখনৰ আমূল পৰিৱৰ্তন কৰিব। ২০০০ চনত হাস্যৰসাত্মক আইজি ন'বেল বঁটা লাভ কৰা আণ্ড্ৰে গেইমক মূল্যৱান গ্ৰাফিনৰ আৱিষ্কাৰৰ বাবে কনষ্টাণ্টিন ন'ভছেভৰ সৈতে যুটীয়া ভাবে ২০১০ চনত নবেল বঁটাৰে বিভূষিত কৰা হৈছিল। ৰাছিয়াৰ বিজ্ঞানী আণ্ড্ৰে গেইমে আইজি ন'বেল আৰু নবেল বঁটা - এই দুয়োটা বঁটা লাভ কৰা বিশ্বৰ প্ৰথম গৰাকী ব্যক্তি হিচাপে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিলে। ২০০০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মানুহেৰে গিজগিজাই থকা প্ৰেক্ষাগৃহত আইজি ন'বেল বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণিত আণ্ড্ৰে গেইমৰ হাতত হাস্যৰসাত্মক বঁটাটো তুলি দি এইদৰে কোৱা হৈছিল, “If you didn’t win a prize, and especially if you did; better luck next time.”
Monday, 28 November 2022
চাইবৰ্গ : ভৱিষ্যতৰ মানুহ
কথাবোৰ আচহুৱা যেনেই লাগিছে নিশ্চয়। পিছে এয়া বৰ বেছি আচহুৱা কথা নহয়। কাৰন, তেজ মঙহেৰে গঢ়া হৃদযন্ত্ৰৰ স্পন্দন যেতিয়া অনিয়মীয়া হয়, তেতিয়া চিকিৎসকে হৃদযন্ত্ৰত পেচমেকাৰ লগোৱাৰ কথা আমি সকলোৱে জানো। এই পেচমেকাৰবোৰ বেটেৰী চালিত একোটা যান্ত্ৰিক সাৰঞ্জামহে। তেনে ৰোগীৰ দেহৰ হৃদযন্ত্ৰবোৰ "অৰ্ধ জৈৱিক আৰু অৰ্ধ যান্ত্ৰিক"। একেদৰে চকুৰ লেন্স বেয়া হ'লে বিভিন্ন সময়ত মানুহে চকুত "কনটেক্ট লেন্স" ব্যৱহাৰ কৰে। ৰোগীৰ হাড় যোৰা লগাবলৈ আজিকালি চিকিৎসকে নাট-ব'ল্টৰ সহায়ত "ষ্টিলৰ পাটী" মানুহৰ শৰীৰত স্থাপন কৰে। এনে বহুতো উদাহৰণে আমাক আলোচ্য বিষয়টোৰ লগত চিনাকী কৰি দিব।
যিহেতু ঔষধ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱনে দিনক দিনে চিকিৎসা বিজ্ঞানক বহুদূৰ আগুৱাই নিছে, তেনে পৰিপ্ৰেক্ষিতত নিতৌ ভিন ভিন যন্ত্ৰপাতি আমাৰ শৰীৰত স্থাপন হোৱাটো অধিক সুলভ হ'ব। বিজ্ঞানীসকলৰ মতে এনে যন্ত্ৰপাতিবোৰে আমাক পৰিৱেশৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলাৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ মানদণ্ডও উন্নত কৰিব। অৱশ্যে ইয়াৰ লগত নৈতিকতাৰ প্ৰশ্নটোও নিসন্দেহে উত্থাপন হ'ব। ইতিমধ্যে আমাৰ মাজত এনে কিছুমান মানুহ আছে যিসকল বাস্তৱ জীৱনত একো একোজন চাইবৰ্গ। তেওঁলোক মানুহ আৰু যন্ত্ৰৰ সহাৱস্থানৰ একোডাল সীমাৰেখা।
#নীল_হাৰ্বিচন: মূৰত এডাল এণ্টেনাৰ সৈতে হাৰ্বিচনক দেখাত সাইলাখ হলিউডৰ কোনো চিনেমাৰ চৰিত্ৰ যেনেই লাগিব। হাৰ্বিচন প্ৰকৃততে এক্ৰোমেটোপচিয়া বা অত্যাধিক ৰঙৰ অন্ধত্বৰ সৈতে জন্ম গ্ৰহণ কৰা এজন শিল্পী। তেওঁ ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে। তেওঁৰ বাবে এই বিনন্দীয়া পৃথিৱীখন কেৱল ক'লা আৰু বগা ৰঙৰ। এই অসুবিধাৰ পৰা বাচিবলৈ তেওঁ চিকিৎসকৰ শৰণাপন্ন হোৱাত চিকিৎসকে তেওঁক বিশেষ ধৰণৰ বৈদ্যুতিক চকু বা বায়নিক চকু (আইবৰ্গ) লগাই দিছিল যাৰ সহায়ত তেওঁ ৰঙীন পৃথিৱীখন দেখা পাইছিল। কিন্তু আচৰিত কথাটো হ'ল এই যে বৈদুতিক চকুযুৰিৰ সহায়ত হাৰ্বিচনে সাধাৰণ মানুহে দেখাতকৈ অধিক ভিন্ন প্ৰকাৰৰ ৰং অনুভৱ কৰিব পাৰিছিল।
পিছলৈ হাৰ্বিচনে মূৰত এণ্টেনা স্থাপন কৰোৱাই লয়। এই এণ্টেনাই তেওঁক তথ্য যোগান ধৰিবলৈ তেওঁৰ লাওখোলাৰ মাজেৰে শ্ৰৱণযোগ্য কম্পন প্ৰেৰণ কৰে। এই কম্পনবোৰ পৰবৰ্তী পৰ্যায়ত কিছুমান কম্পিউটাৰ চিপচৰ সহায়ত তেওঁৰ বাবে কিছুমান সাংকেতিক শব্দলৈ ৰূপান্তৰিত হয়। তদুপৰি হাৰ্বচনে এই এণ্টেনাৰ সহায়ত বিদ্যুতচুম্বকীয় তৰংগৰ মাধ্যমত ফোন কল কৰাৰ উপৰিও ভিডিঅ' বা সংগীতৰ আমেজো ল'ব পাৰে। তাতকৈও আচৰিত কথাটো হ'ল যে তেওঁৰ ৱাই-ফাই সক্ষম বিশেষ এণ্টেনাই তেওঁক উপগ্ৰহৰ পৰা পোনপটীয়াকে সংকেত আৰু তথ্য লাভ কৰিবলৈও সুবিধা কৰি দিয়ে।
#জেছি_চুলিভান: জেছি চুলিভানে বৈদ্যুতিক লাইনছমেন হিচাপে কাম কৰিছিল। ২০০১ চনৰ মে মাহত তেওঁ এক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ ইমান গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হৈছিল যে তেওঁৰ দুয়োখন বাহুৱেই কাটি পেলোৱাৰ প্ৰয়োজন হৈছিল। চিকাগোৰ চিকিৎসকে চাইবৰ্গ বিশেষজ্ঞৰ লগত আলোচনা কৰি জেছিৰ কটা বাহু দুটাৰ অভাৱ পুৰ কৰিবলৈ তেওঁৰ দেহত দুটা "ৰ'বটিক প্ৰস্থেটিকছ" বা ৰ'বটিক বাহু লগাই দিছিল। চিকিৎসকে এই ৰ'বটিক বাহু দুটা জেছিৰ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ লগত গ্ৰাফ্টিংৰ জৰিয়তে সংযোগ কৰি জেছিক বায়'নিক অংগ যুক্ত "বায়নিক মেন" হিচাবে বিকশিত কৰি তোলে।
একেদৰে নাইজেল অকলেণ্ড নামৰ ধাতুৰ কাৰখানাত কাম কৰা লোক এজনে দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাব লগীয়া হৈছিল। কিলাকুটিৰ তলৰ পৰা বিছিন্ন হৈ যোৱা হাতখনৰ সলনি চিকিৎসকে তেওঁৰ দেহতো "বায়োনিক হাত" স্থাপন কৰিছিল। এনে অলেখ উদাহৰণ বিচাৰিলেই পোৱা যায়।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীৰ বিভিন্ন দেশত চাইবৰ্গৰ ওপৰত চিন্তা চৰ্চা, আলোচনা আৰু পৰীক্ষা নিৰীক্ষা চলি আছে। অদূৰ ভৱিষ্যতে মানব শৰীৰৰ সৈতে প্ৰযুক্তিৰ সংমিশ্ৰণ হৈ আমাৰ ভৱিষ্যত প্ৰজন্ম বোৰ চাইবৰ্গ ( cyborg) হোৱাৰ সম্ভাৱনাই অধিক। ইয়াৰ উপৰিও মানুহৰ দীৰ্ঘ জীৱন-কাল, কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ সামৰ্থ, বুদ্ধিমত্তাৰ বৃদ্ধি আৰু অন্য গ্ৰহত মানৱ সভ্যতাৰ বিকাশৰ বাবে ভৱিষ্যতৰ মহাকাশচাৰী সৃষ্টি কৰিবলৈ চাইবৰ্গৰ প্ৰয়োজনীয়তাৰ ওপৰত বিজ্ঞানীসকলে গুৰুত্ব আৰোপ কৰিছে।
Sunday, 20 November 2022
সঁচা-মিছাৰ বিচাৰত নাৰ্কো টেষ্ট
যেতিয়া এজন মানুহ অৰ্ধ-চেতন মানসিক অৱস্থাত থাকে, তেতিয়া তেওঁৰ স্বাভাৱিক ধৰণে চিন্তা কৰাৰ ক্ষমতা হ্ৰাস পায়। মিছা কথা ক'বলৈ মানুহে মগজু ব্যৱহাৰ কৰি চিন্তা কৰিব লাগে। তদুপৰি মিছা কথা এটা সজাই পৰাই ক'বলৈ মানুহক প্ৰখৰ বুদ্ধিমত্তাৰ লগতে কল্পনাৰ শক্তিৰো প্ৰয়োজন হয়। কাৰন, মিছা ক'বলৈ এটা মনে গঢ়া কাহিনীও সৃষ্টি কৰিব লাগে। যিহেতু ছডিয়াম পেণ্টাথল, ছডিয়াম এমাইটেল অথবা স্কোপোলেমাইন জাতীয় ঔষধবোৰে মানুহৰ মগজুৰ চিন্তা কৰা শক্তিক অস্থায়ী ৰূপে ব্যাহত কৰে, সেয়ে অভিযুক্ত জনে মিছাৰ আশ্ৰয় নোলোৱাকৈ তেওঁক কৰা প্ৰশ্নবোৰৰ যথাযথ উত্তৰ দিয়ে। অভিযুক্ত ব্যক্তিজনক তেতিয়া চিকিৎসকৰ উপস্থিতিত বিশেষ অনুসন্ধানকাৰী সংস্থাসমূহে জেৰা কৰে। এই পৰ্যায়ত কৰা নাৰ্কো পৰীক্ষাৰ সকলো তথ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয়।
অভিযুক্তই কোৱা কথাৰ সত্যতা সম্বন্ধে জ্ঞাত হ'বলৈ উনবিংশ শতিকাত পোন প্ৰথমবাৰৰ বাবে ইটালীৰ ক্ৰিমিনোলজিষ্ট চিজাৰ লম্ব্ৰোচোৱে জেৰাৰ সময়ত অভিযুক্তৰ ৰক্তচাপৰ পৰিৱৰ্তন জোখাৰ বাবে এটা যন্ত্ৰ ব্যৱহাৰ কৰিছিল। তাৰপিছৰ নাৰ্কো-বিশ্লেষণ বা নাৰ্কো টেষ্ট শব্দটো হৰ্চলি নামৰ এজন বিশেষজ্ঞই ব্যৱহাৰ কৰিছিল। ১৯২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰাধমূলক অনুসন্ধানত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। টেক্সাছৰ প্ৰসূতি বিশেষজ্ঞ ৰবাৰ্ট হাউচে দুজন বন্দীৰ ওপৰত স্কোপোলামাইন ঔষধ ব্যৱহাৰ কৰিছিল। এই স্কোপোলামাইনক "ট্ৰুথ চিৰাম" বুলিও কোৱা হয়। বৰ্তমান সময়ত অভিযুক্তৰ স্বীকাৰোক্তিৰ সত্যতা নিৰূপণৰ বাবে নাৰ্কো টেষ্টৰ লগতে "ব্ৰেইন মেপিং" আৰু "পলিগ্ৰাফ টেষ্ট" নামৰ আন দুটা পদ্ধতিও ব্যৱহাৰ কৰা হয়।
Friday, 18 November 2022
সম্প্ৰসাৰিত ব্ৰহ্মাণ্ড আৰু এডুইন হাব'ল
তেতিয়া পৃথিৱী বা জোনবাই নাছিল, এই বিশাল ব্ৰহ্মাণ্ডও নাছিল। আনকি স্পেচ-টাইম বুলিও একো নাছিল, নাছিল সময়। অসীম ভৰযুক্ত আৰু অসীম ঘনত্বৰ কেৱল এটা বিন্দুহে (!) আছিল। হঠাতে সেই বিন্দুটোত কিবা এটা ঘটিল। কোনো অজ্ঞাত কাৰণত, সেই অদ্ভুত বিন্দুটোৱে বিষ্ফোৰিত হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰি স্পেচ-টাইম নামৰ এখন মেলি থোৱা চাদৰৰ দৰে ৰূপ ল'লে। বিন্দুটোৰ ভিতৰত থকা স্থান-কাল, অণু-পৰমাণু, শক্তি সকলোবোৰ অতি দ্ৰুত গতিত বিয়পিবলৈ ধৰে। পৰে। ইয়াৰ পৰাই ক্ৰমান্বয়ে বিভিন্ন উপাদান, যৌগ, গ্ৰহ, নক্ষত্ৰ, নীহাৰিকা, ছায়াপথ আদিবোৰ এটা এটাকৈ সৃষ্টি হ'বলৈ ধৰিলে! বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক "বিগ বেং" বা মহানাদ বুলি কোৱা হয়। এই ব্ৰহ্মাণ্ডৰ অসংখ্য ছায়াপথৰ মাজৰ হাতীপটি ছায়াপথৰ এটা হালধীয়া তৰাৰ চাৰিওফালে ঘূৰি থকা সৌৰজগতৰ এটা ক্ষূদ্ৰাকৃতিৰ গ্ৰহৰ উপৰিভাগৰ এটুকুৰা স্থানত বহি ফেইচবুকত এই প্ৰবন্ধটো পঢ়ি আছে।
আচৰিত নহয় নে বাৰু? তাতকৈও আচৰিত এই যে বিশ্বব্ৰহ্মাণ্ডৰ এই প্ৰসাৰণ এতিয়াও হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু সেয়া দেখা পাবলৈ আপুনি বা মই, সঁচা অৰ্থত এই মানৱ সভ্যতাই হয়তো জীৱিত নাথাকিব। কথাবোৰ দেখোন বিশ্বাস কৰিবলৈ যেন অসুবিধা হয়। আনকি বিখ্যাত বিজ্ঞানী আইনষ্টাইনেও ইয়াক বিশ্বাস কৰা নাছিল। তেওঁৰ দ্বাৰা আৱিষ্কৃত "আইনষ্টাইন ক্ষেত্ৰ সমীকৰণ"ত এই সম্প্ৰসাৰণ বন্ধ কৰিবলৈ এটা ধ্ৰুৱক ৰাখিছিল। সকলোৱেই তেওঁৰ উৎসাহী অনুৰাগী আৰু সেয়ে সকলোৱে ইয়াকেই মানিও লৈছিল।
আন এজন বিজ্ঞানী ৰাছিয়াৰ আলেকজেণ্ডাৰ ফ্ৰীডমেন। তেওঁ প্ৰথমে কৈছিল যে বিশ্বব্ৰহ্মাণ্ড সম্প্ৰসাৰিত হৈ আছে, যি সকলো দিশত সমানে আগবাঢ়ে। তেতিয়া কোনেও সেই কথা বিশ্বাস কৰা নাছিল। কিন্তু তাৰ পিছত এডুইন হাব'ল নামৰ আন এজন জ্যোতিৰ্বিজ্ঞানীয়ে দূৰবীণেৰে বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ প্ৰমাণ কৰিছিল। এডুইন হাব'লে কোনোবা এটা গভীৰ নিশা দূৰবীণ যন্ত্ৰেৰে আকাশৰ বুকুত পিটপিটাই ধন্যবাদ যাঁচিছিল পোহৰৰ "ৰঙা সৰণ" নামৰ বিশেষ ধৰ্মটোক, কাৰন ইয়াৰ সহায়তেই তেওঁ প্ৰমাণ কৰিছিল বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ কথাটো। ইয়াৰ ফলত আইনষ্টাইনৰ অস্প্ৰসাৰণশীল ব্ৰহ্মাণ্ডৰ ধাৰণাটোও ক্ৰমে স্তিমিত হৈ পৰিছিল।
কিন্তু কি এই পোহৰৰ ৰঙা সৰণ বা "ৰেড চিফ্ট"? এই বিষয়ে জনাৰ আগত আমি "ড'পলাৰ ইফেক্ট"ৰ বিষয়ে জানিব লাগিব। যদি কোনো স্থিৰ উৎসৰ পৰা অবিৰত ভাবে এটা শব্দ আহে, তেন্তে ই চৌদিশে সমানে বিয়পিব। কিন্তু যদিহে শব্দৰ উৎসটোৱে গতিশীল শব্দৰ দিশতেই গতি কৰে তেন্তে সেই দিশত শব্দৰ তৰংগদৈৰ্ঘ্য কমি যায় আৰু ইয়াৰ কম্পাঙ্ক বৃদ্ধি পায়। আনহাতে ইয়াৰ বিপৰীত দিশত শব্দৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি পায় আৰু কম্পাঙ্ক হ্ৰাস পায়। শব্দৰ তৰংগদৈৰ্ঘ্য যিমানেই কম হয়, অৰ্থাৎ কম্পনাঙ্ক যিমানেই বেছি হয়, শব্দটো সিমানেই তীক্ষ্ণ হৈ পৰে। একেদৰে তৰংগদৈৰ্ঘ্য বৃদ্ধি হোৱাৰ লগে লগে অৰ্থাৎ কম্পনাঙ্ক কমি অহাৰ লগে লগে শব্দটো নিস্তেজ হৈ পৰে। উদাহৰণ স্বৰূপে আপোনাৰ দিশলৈ আহি থকা গাড়ী এখনৰ মাইকত গান বাজি থাকিলে আপোনাৰ কাণত গানটো যেনেদৰে বাজিব, গাড়ীখন আপোনাৰ পৰা আঁতৰি যাওঁতে মাইকৰ গানটো যথেষ্ঠ বিকৃত সুৰত শুনিব। ইয়াৰ কাৰণ - ডোপলাৰ ইফেক্ট।
এই কথাখিনি পোহৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ পোহৰো এক প্ৰকাৰৰ তৰংগ। পোহৰৰ তৰংগ বিদ্যুৎচুম্বকীয় তৰংগ। যদিহে কোনো তাৰকাৰাজ্য আমাৰ তাৰকাৰাজ্য বা পৃথিৱীৰ পৰা আঁতৰি গৈ আছে, তেন্তে ডপলাৰ ইফেক্ট অনুসৰি ইয়াৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্যবোৰ পৃথিৱীৰ দিশলৈ অধিক হ’ব আৰু তাৰকাৰাজ্যখন আঁতৰি যোৱাৰ দিশত তৰংগদৈৰ্ঘ কম হ’ব। ফলত সেই তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰৰ বৰ্ণালীৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি হ'ব। অৰ্থাৎ তাৰকাৰাজ্যখনৰ পৰা পৃথিৱীৰ দিশলৈ অহা বৰ্ণালীৰ বৰণ ৰঙাৰ ফালে গতি কৰিব। যিহেতু ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ দীঘল আৰু কম্পনাঙ্ক কম, সেয়েহে তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰ দৃশ্যমান পোহৰৰ বৰ্ণালীৰ ৰঙা মূৰৰ ফালে ‘স্থানান্তৰিত’ হ’ব, যাক জ্যোতিৰ্বিজ্ঞানত ৰঙা সৰণ বা "Ref shift" বোলা হয়।
আকৌ যদি কোনো তাৰকাৰাজ্যই পৃথিৱীৰ দিশে আগবাঢ়ি আহে তেন্তে ডপলাৰ ইফেক্ট অনুসৰি তাৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্য পৃথিৱীৰ ফালে কম আৰু তাৰকাৰাজ্যখনৰ পথৰ বিপৰীত দিশত বেছি হ’ব। কাৰণ তৰংগদৈৰ্ঘ্য কমি যোৱাৰ লগে লগে উৎসৰ পৰা অহা পোহৰৰ দৃশ্যমান পোহৰৰ বৰ্ণালী বেঙুনীয়া ৰঙৰ ফালে গতি কৰিব কাৰণ বেঙুনীয়া ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম আৰু কম্পনাংঙ্ক সৰ্বাধিক। আৰু ইয়াক নেগেটিভ ৰেড শ্বিফ্ট বা নীলা সৰণ বা ভায়োলেট শ্বিফ্ট বোলা হয়।
বিজ্ঞানী হাবলে এই ধাৰণাটো লৈয়েই এই গৱেষণাত ব্ৰতী হৈছিল। তেতিয়া তেওঁ দেখিলে যে এণ্ড্ৰমেডা গেলেক্সীৰ পৰা অহা পোহৰৰ তৰংগদৈৰ্ঘ্য বেঙুনীয়া ৰঙৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ নীলা ৰঙৰ পৰিৱৰ্তন দেখুৱাইছে। একেদৰে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৰ পোহৰৰ তৰংগদৈৰ্ঘ্য ৰঙাৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ ৰঙাৰ পৰিৱৰ্তন দেখুৱাইছে। পিছলৈ অধিক পৰ্যবেক্ষণৰ অন্তত তেওঁ নিশ্চিত কৰিলে যে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৱেই ৰঙা পৰিৱৰ্তন দেখুৱায়। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰ ঘটিছে। আনকি প্ৰতিটো মুহূৰ্তত ই আগৰ তুলনাত অধিক বেগেৰে সম্প্ৰসাৰিত হৈছে। ই যেন এটা অবিৰাম সম্প্ৰসাৰিত হৈ থকা অথচ বন্ধ কৰিব নোৱাৰা স্বয়ংক্ৰিয় বোমা যিয়ে প্ৰতি মুহূৰ্ততে ৰঙা সৰণৰ জৰিয়তে নিজৰ কাৰ্যকলাপ দৃঢ়ৰ পৰা অধিক দৃঢ় কৰি আহিছে। ইয়াৰ লগে লগে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনো অকল্পনীয় বিশালতাৰ পৰা আৰু অধিক বিশালতাৰ দিশে নিৰন্তৰ আগুৱাই গৈ আছে।
Thursday, 10 November 2022
বিক্ৰম-১ : ভাৰতৰ প্ৰথম বানিজ্যিক ৰকেট
Tuesday, 8 November 2022
সূৰ্যৰ পোহৰত লুকাই থকা দানৱ গ্ৰহাণু
Thursday, 15 September 2022
পুনৰাই মানুহৰ চন্দ্ৰ অভিযান
১৯৭২ চনৰ ১৯ ডিচেম্বৰ। নাছাৰ এপ’ল’-১৭ অভিযানৰ মহাকাশচাৰীসকল জোনবাইৰ বুকুৰ পৰা পৃথিৱীলৈ ঘূৰি আহিল। ইয়াৰ জৰিয়তে ১৯৬৯ চনৰ পৰা ১৯৭২ চনলৈ চন্দ্ৰ অভিযানৰ অবিৰত যাত্ৰাৰ এক সফল পৰিক্ৰমাৰ অন্ত পৰিল। এই সময়চোৱাত ছয় বাৰকৈ মানুহে চন্দ্ৰত পদাৰ্পণ কৰে। তাৰ পিছৰ পৰ্যায়ত মানুহে মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিলে। পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰা হ'ল হাজাৰ হাজাৰ উপগ্ৰহ। পাৰ্কাৰ ছ’লাৰ প্ৰ’বে সূৰ্যৰ কৰোনাত প্ৰৱেশ কৰিলে। মংগল গ্ৰহৰ বুকুত মানুহে অৱতৰণ কৰোৱালে একাধিক ৰ'ৱটিক যান। ভয়েজাৰ-১ আৰু ভয়েজাৰ-২ নামৰ মহাকাশ যান দুখনে সৌৰজগতৰ সীমা ভেদি কোনো অজানতিমুলুকলৈ গতি কৰিলে। কিন্তু, ১৯৭২ চনৰ পিছত মানুহ পুনৰ জোনবাইৰ বুকুলৈ উভতি যোৱা নাই। বিগত ৫০ বছৰ ধৰি কোনো মানুহে চন্দ্ৰত ভৰি দিয়া নাই কিয়? বহুতৰে মনত এনে প্ৰশ্নই জুমুৰি ধৰি আহিছে। বৰ্তমান নাছাৰ আৰ্টেমিছ-১ মহাকাশ যাত্ৰাৰ সময়ত এই প্ৰশ্নটো পুনৰ চৰ্চালৈ আহিছে।
৫০ বছৰ সময়ৰ পাছত ২০২৫ চনত নাছাই মানুহক পুনৰ চন্দ্ৰৰ বুকুলৈ লৈ যাবলৈ ওলাইছে। চন্দ্ৰলৈ যোৱাৰ এই সমগ্ৰ ব্যৱস্থাটোৰ নাম ৰখা হৈছে "আৰ্টেমিছ"। গ্ৰীক পৌৰাণিক কাহিনীত চন্দ্ৰদেৱী আৰ্টেমিছ হৈছে এপ’ল’ দেৱতাৰ যমজ ভগ্নী। তেওঁৰ নামেৰে এই মিছনৰ নামকৰণ কৰা হৈছে। সমগ্ৰ বিশ্বৰ ২১খন দেশৰ পুঁজি আৰু সহযোগিতাৰে নাছাৰ নেতৃত্বত এই অভিযান চলোৱা হ’ব। আৰ্টেমিছৰ মিছনৰ মূল লক্ষ্য হৈছে বৈজ্ঞানিক গৱেষণা, অৰ্থনৈতিক সুযোগ সৃষ্টি আৰু নতুন প্ৰজন্মক বিজ্ঞানৰ পিছত লগাবলৈ অনুপ্ৰাণিত কৰা।
বিজ্ঞানীসকলে আৰ্টেমিছ অভিযানত নতুন প্ৰযুক্তিৰ সহায়ত চন্দ্ৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰাৰ লগতে পৃথিৱী, চন্দ্ৰ আৰু আমাৰ সৌৰজগতৰ উৎপত্তি আৰু ইতিহাসৰ বিষয়ে গৱেষণা কৰা। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল - মংগল গ্ৰহলৈ মহাকাশচাৰী পঠোৱাত আৰ্টেমিছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞানী সকলে চন্দ্ৰত অস্থায়ী ভাবে মানৱ আৰু ৰবটৰ বসতি নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত মংগল গ্ৰহলৈ মানব প্ৰেৰণত সৃষ্টি হ'ব পৰা বিভিন্ন বাধাৰ সমাধান সম্ভৱ হৈ উঠিব।
নাছাৰ শক্তিশালী নতুন ৰকেট স্পেচ লঞ্চ চিষ্টেম বা এছ.এল.এছৰ সহায়ত আৰ্টেমিছ অভিযান উৎক্ষেপণ কৰা হ’ব। ইয়াৰ লগত সংযুক্ত হৈ থাকিব অৰিয়ান মহাকাশযান। ইয়াৰ বাবে নাছাই আৰ্টেমিছ অভিযানৰ তিনিটা পৰ্যায়ৰ পৰিকল্পনা চূড়ান্ত কৰিছে।
বিগত ২৯ আগষ্ট, ২০২২ত ইয়াৰ প্ৰথম পৰ্যায়ৰ এই অভিযান আৰ্টেমিছ-১ৰ উৎক্ষপণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এই অভিযানৰ দিন পিছুৱাই দি অহা ২৮ ছেপ্টেম্বৰত স্থিৰ কৰা হৈছে। আৰ্টেমিছ-১ত কোনো মহাকাশচাৰী নাথাকিব। এইটো মূলতঃ এটা পৰীক্ষামূলক উৎক্ষেপণ হ’ব। আৰ্টেমিছ-১ মহাকাশযান খনে চন্দ্ৰক প্ৰদক্ষিণ কৰি পৃথিৱীলৈ ওভতাই আনিব মহাকাশযানৰ খনৰ ক্ৰু মডিউলটি, যাৰ নাম "অৰায়ন"। অৱশ্য অৰিয়ানৰ মূল অংশ বা ছাৰ্ভিচ মডিউলটো পৃথিৱীৰ কক্ষপথতেই ৰৈ যাব আৰু আৰ্টেমিছৰ পৰৱৰ্তী মানৱ অভিযানবোৰত ইয়াক ব্যৱহাৰ কৰা হ’ব।
আৰ্টেমিছ-১ৰ পিছত ২০২৪ চনত মহাকাশচাৰীৰ সৈতে জোনবাইৰ দেশলৈ উৎক্ষেপণ কৰা হ'ব আৰ্টেমিছ-২ মহাকাশযান। এই অভিযানৰ মহাকাশচাৰী সকলে অৱশ্যে চন্দ্ৰক প্ৰদক্ষিণ কৰি পৃথিৱীলৈও উভতি আহিব। আৰ্টেমিছ অভিযানৰ তৃতীয় পৰ্যায়ত জোনবাইৰ বুকুত মানুহে আকৌ এবাৰ খোজ দিব। ২০২৫ চনত নাছাই আৰ্টেমিছ-৩ প্ৰগ্ৰেমৰ দিন ধাৰ্য কৰিছে। আৰ্টেমিছ অভিযানে মানৱৰ মহাকাশ বিজয়ৰ নতুন দিগন্ত উন্মোচিত কৰিব। এই অভিযানৰ জৰিয়তে নাছাই জোনবাইৰ বুকুত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা আৰু অনাআমেৰিকান লোকক অৱতৰণ কৰাব।
২০২০ চনৰ ডিচেম্বৰ মাহত নাছাই আৰ্টেমিছ অভিযানৰ বাবে সাম্ভাব্য মহাকাশচাৰীৰ দল এটি ঘোষণা কৰিছিল। সেই দলটোত ৯ গৰাকী মহিলা মহাকাশচাৰী আছিল। তেওঁলোক হ'ল - কাইল বেৰন, ক্ৰিষ্টিনা ক'ছ, নিকোল মান, এনি মেকক্লেইন, জেচিকা মেয়ৰ, জেচমিন ম'ঘবেলি, কেট ৰুবিন্স, জেচিকা ৱাটকিন্স আৰু ষ্টেফানী উইলছন। এওলোকৰ ভিতৰত কোনোবা এগৰাকী নাৰী জোনবাইৰ বুকুত ভৰি দিয়া প্ৰথম গৰাকী নাৰী হ'ব। নাছাই আৰ্টেমিছ মিছনৰ ৯ গৰাকী মহিলা সদস্যৰ লগতে ৯ গৰাকী পুৰুষ সদস্যৰ নামো ঘোষণা কৰিছে। এই সকলো কেইগৰাকীয়ে বৰ্তমান প্ৰশিক্ষণ লৈ আছে। আৰ্টেমিছ-৩ মিছনৰ মহাকাশচাৰীৰ সকলৰ চূড়ান্ত তালিকাখন নাছাই পৰবৰ্তী সময়ত ঘোষণা কৰিব।
Sunday, 11 September 2022
বিজ্ঞানৰ বিষ্ময়: সংশ্লেষিত ভ্ৰূণ
গৱেষকসকলে নিগনিৰ ষ্টেম কোষবোৰক তিনিটা গোটত পৃথক কৰিছিল। এটা গোটত এনে কিছুমান কোষ ৰাখিছিল, যিবোৰে নিজেই ভ্ৰূণৰ অংগলৈ বিকশিত হোৱাৰ বাবে সামৰ্থ ৰাখিছিল আৰু বাকী দুটা গোটক বিশেষ ব্যৱস্থাৰে দুই প্ৰকাৰৰ জিনৰ দ্বাৰা প্ৰভাৱিত কৰি প্লেচেণ্টা বা কুহুমৰ থলী সৃষ্টিৰ বাবে তৈয়াৰ কৰিছিল। তাৰ পিছত সেইবোৰ বৈদ্যুতিক ভাৱে নিয়ন্ত্ৰিত এটা সঁজুলিত মিহলি কৰা হৈছিল। ইয়াৰ ফলত বিজ্ঞানীসকলে দেখিলে যে ষ্টেম কোষবোৰৰ 0.5% কোষে ভ্ৰূণ সৃষ্টিৰ বাবে প্ৰয়োজনীয় এক বিশেষ গোলাকাৰ গঠন (ব্লাষ্টুলা) তৈয়াৰ কৰিছিল। ব্লাষ্টুলাৰ প্ৰতিটো কোষে পিছলৈ এক দীঘলীয়া, ভ্ৰূণসদৃশ গাঁথনি সৃষ্টি কৰিবলৈ ধৰে।
সংশ্লেষিত এই কোষবোৰে পৰবৰ্তী ৮ দিনত ভ্ৰূণৰ বাবে প্ৰয়োজনীয় প্ৰাৰম্ভিক অংগসমূহ গঠন কৰাত আগভাগ লৈছিল, যাৰ ভিতৰত আছিল হৃদযন্ত্ৰ, তেজৰ প্ৰবাহৰ বাবে ৰক্তনলী, ভাঁজযুক্ত মগজু, স্নায়ু, আৰু অন্ত্ৰৰ নলী।
যদিও নিগনিৰ ক্ষেত্ৰত এয়া সম্ভৱ হৈ উঠিছে, গৱেষকসকলে ভাবে যে মানুহৰ ক্ষেত্ৰত এনে ভ্ৰূণ সৃষ্টি কৰাটো কঠিন কাম। তদুপৰি ভ্ৰূণ গঠনৰ অৰ্থ প্ৰাণী এটাৰ জন্ম নহয়। প্ৰকৃতিৰ নিয়ম এৰাই চলি কৃত্ৰিমভাৱে মানুহ বা আন প্ৰাণী সৃষ্টি কৰাটো সামাজিক, বৈজ্ঞানিক তথা আইনগত দিশৰ পৰা নৈতিক হয় নে নহয়, সেই প্ৰশ্নটোও জড়িত হৈ থাকিব। অৱশ্যে, এনে বিতৰ্ক সৃষ্টি হোৱা স্বত্বেও, বিজ্ঞানীসকলে বিশ্বাস কৰে যে বিজ্ঞানৰ প্ৰগতিৰ ক্ষেত্ৰত এই আৱিষ্কাৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিয়েই চিহ্নিত হ'ব।
গৱেষণা পত্ৰৰ লিংকটো 👇
https://www.cell.com/cell/fulltext/S0092-8674(22)00981-3?utm_source=STAT+Newsletters&utm_campaign=492bf84a1c-MR_COPY_01&utm_medium=email&utm_term=0_8cab1d7961-492bf84a1c-149563237
চাইবৰ্গ পইতাচোৰা
আজিৰ পৰা এক লাখমান বছৰ আগৰ মানুহৰ জীৱন প্ৰণালী আজিৰ মানুহৰ তুলনাত একেবাৰে বেলেগ আছিল । তেওঁলোকে কেৱল জুঁই আৰু শিলেৰে নিৰ্মিত কিছুমান সঁজুলিহে ব্যৱহাৰ কৰিব জানিছিল। সেই সময়ৰ মানুহে আধুনিক মানৱ সভ্যতাৰ কথা কল্পনাও কৰিব পৰা নাছিল। থিক একেদৰেই আমিও আজিৰ পৰা এক লাখ বছৰ পিছৰ মানৱ সভ্যতাৰ বিষয়ে বুকুত হাত দি ক'ব নোৱাৰো। বিজ্ঞানী সকলে ভৱিষ্যতৰ মানুহৰ শৰীৰত সৰু সৰু কম্পিউটাৰ চিপচ স্থাপন কৰি মানুহক এক জৈৱিক মেচিন (চাইবৰ্গ)ৰ দৰে বিকশিত কৰোৱাৰ সম্ভাৱনাই বেছি।
শেহতীয়াকৈ তেনে সম্ভাৱনাৰ পথ উন্মোচিত কৰি বিজ্ঞানীসকলে তৈয়াৰ কৰি উলিয়াইছে ৰিম’ট কণ্ট্ৰ’ল্ড (চাইবৰ্গ) পইতাচোৰা !!! বিজ্ঞানীসকলে চাইবৰ্গ পোক-পৰুৱা ডিজাইন কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। "NPJ Flexible Electronics" নামৰ গৱেষণা গ্ৰন্থত প্ৰকাশিত গৱেষণা পত্ৰ "Integration of body-mounted ultrasoft organic solar cell on cyborg insects with intact mobility" অনুসৰি এই মডিউলটো এটা সৌৰকোষৰ সৈতে সংযুক্ত হৈ থকা ৰিচাৰ্জেবল বেটাৰীৰে চালিত কৰা হৈছে যিয়ে বেটাৰীৰ মাজেৰে শক্তিৰ অবিৰত প্ৰবাহ নিশ্চিত কৰে।
পইতাচোৰাৰ দেহত এই যন্ত্ৰসমূহ সফলতাৰে একত্ৰিত কৰিবলৈ বিজ্ঞানীৰ দলটোৱে এটা বিশেষ বেকপেক আৰু এটা অতি পাতল জৈৱিক সৌৰকোষ প্ৰস্তুত কৰি মডিউলটো পইতাচোৰাৰ দেহত এক বিশেষ আঠাযুক্ত পদাৰ্থৰে সংলগ্ন কৰি দিয়ে। ইয়াৰ ফলত পইতাচোৰাটোৱে অনায়াসে লৰচৰ কৰাৰ লগতে সকলোবোৰ দৈনন্দিন কাম কাজ সুচাৰু ৰূপে সমাপন কৰিব পাৰে।
এই পৰীক্ষাটোৰ বিষয়ে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে গৈ আমাক এনে ধৰণৰ চাইবৰ্গ পতংগৰ প্ৰয়োজনেই বা কি? এই ক্ষেত্ৰত বিজ্ঞানীসকলে কয় যে চাইবৰ্গ পতংগবোৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী পাবৰ বাবে আৰু দুৰ্যোগৰ পিছৰ উদ্ধাৰ অভিযানৰ বাবে অত্যন্ত সহায়ক হ'ব। তদুপৰি বিপজ্জনক অঞ্চল পৰিদৰ্শন কৰাৰ লগতে পৰিৱেশ নিৰীক্ষণ কৰাত সহায় কৰিবলৈ চাইবৰ্গ পোক পৰুৱাবোৰ ভৱিষ্যতে কামত লগোৱাৰ পৰিকল্পনা তৈয়াৰ কৰিছে বিজ্ঞানীসকলে।
গৱেষণা পত্ৰখনৰ লিংকটো তলত দিয়া হ'ল 👇
https://www.nature.com/articles/s41528-022-00207-2