Monday, 27 February 2023

মহাকাশত গুলীচালনা


মহাকাশৰ পৰিবেশ পৃথিৱীতকৈ সম্পূৰ্ণ পৃথক। তাত বায়ুমণ্ডল নাই, নাই মাধ্যাকৰ্ষণ বল। অসীমলৈ বিস্তৃত কেৱল নীৰৱতা। পৃথিৱীৰ বুকুত সংঘটিত বিভিন্ন ঘটনাৰাজিৰ ফলাফলৰ দৰে মহাকাশত একে ধৰণৰ ফলাফল পোৱা নেযায়। এনেক্ষেত্ৰত ধৰি লোৱা হওঁক এজন মহাকাশচাৰীয়ে বন্দুকৰ সহায়ত মহাকাশত যদি গুলী চলাই, তেন্তে কি হ'ব? গুলীটো ফুটিবনে? অথবা গুলীটো ক'লৈ যাব বা কিমান দূৰলৈ যাব? 

অক্সিজেন অবিহনে জুই জ্বলিব নোৱাৰে। মহাকাশত যিহেতু অক্সিজেন নাই, গতিকে আমাৰ মনলৈ অহা প্ৰথমটো প্ৰশ্নই হ'ব মহাকাশত বন্দুকৰ গুলী ফুটিবনে? আধুনিক আগ্নেয়াস্ত্ৰবোৰত বিস্ফোৰণৰ স্ফুলিঙ্গ তৈয়াৰ কৰিবলৈ অক্সিডাইজাৰ সামগ্ৰী থাকে। সেয়েহে, মহাকাশত গুলী চালনাৰ ক্ষেত্ৰত কোনো কাৰিকৰী সমস্যা নাই। অৱশ্যে কোনো বায়ুমণ্ডল নথকাৰ বাবে মহাকাশত গুলীচালনাৰ কোনো শব্দ শুনা নাযায়। মাধ্যাকৰ্ষণৰ অতি নিম্নমানৰ বাবে অথবা সম্পূৰ্ণ ভাবে মাধ্যাকৰ্ষণ নথকা বাবে গুলীটো ফুটাৰ পিছত বিস্ফোৰণৰ ধোঁৱাবোৰ তৎক্ষণাত নাইকিয়া নহ'ব আৰু বন্দুকৰ নলৰ সন্মুখত ধোঁৱাৰ এটা গোলক ভাঁহি ৰ'ব বহু সময়লৈ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু ছেটি ইনষ্টিটিউটৰ জ্যোতিৰ্বিজ্ঞানী মাটিজা কুকৰ মতে, মহাকাশত গুলীচালনা কৰাৰ সময়ত নিউটনৰ গতিৰ তিনিটা সূত্ৰৰ উৎকৃষ্ট প্ৰমাণ দেখা যায়। প্ৰথমতে, মহাকাশত বাহ্যিক বলৰ প্ৰভাৱ নথকা বাবে বন্দুকৰ গুলীটো নিৰ্দিষ্ট গতিত সৰল ৰৈখিক ভাবে অব্যাহত থাকিব চিৰকাল। 

গুলীচালনাৰ ফলত বন্দুকৰ ওপৰত নিউটনৰ গতিৰ তৃতীয় সূত্ৰটোৱেও প্ৰভাৱ দেখুৱাব। যিহেতু বন্দুকৰ গুলীটো সন্মুখলৈ তীব্ৰ বেগেৰে ধাৱমান হ'ব, এই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া বলে বন্দুকটোৰ বিপৰীত দিশত সমান পৰিমানৰ বল প্ৰয়োগ কৰিব। যিহেতু বন্দুকটো মহাকাশচাৰীজনৰ হাতত আছে, সেয়ে তেওঁ বন্দুকটোৰ সৈতে মহাকাশত গুলীটোৰ বিপৰীত দিশে গতি কৰিবলৈ আৰম্ভ কৰিব। অৱশ্যে, বন্দুক হাতত লৈ থকা মহাকাশচাৰীজনৰ গতি বন্দুকৰ গুলীটোতকৈ যথেষ্ট কম হ'ব যদিও মাধ্যাকৰ্ষণহীন পৰিবেশত তেওঁক কোনোবাই নৰখালে বা কোনো মহাজাগতিক পদাৰ্থৰ লগত সংঘৰ্ষত পতিত নহ'লে বেচেৰা মহাকাশচাৰীজনৰ এই গতি চলি ৰ'ব অহৰহ।

Friday, 24 February 2023

মহাকাশত দুটুকুৰা ধাতুৰ স্পৰ্শ আৰু...

 


আচৰিত হ'লেও এইটো সঁচা যে একে ধৰণৰ ধাতুৰ দুটা সমতল আৰু পৰিষ্কাৰ টুকুৰা যদি মহাকাশত ইটোৰ লগত সিটোক হেঁচি ধৰা হয়, তেন্তে ধাতুৰ টুকুৰা দুটা লগ হৈ এটা টুকুৰা হৈ পৰিব। বায়ুশূণ্য পৰিবেশত ধাতুবোৰৰ পৰমাণুবোৰে ইলেকট্ৰণ ভাগ বতৰা কৰি স্থায়ীভাৱে বান্ধনি তৈয়াৰ কৰি ধাতুৰ টুকুৰা দুটাক সংলগ্ন কৰে। কেৱল চাপ প্ৰয়োগ কৰি এনেদৰে ধাতুৰ দুটা টুকুৰাক সংযোজিত কৰা এই প্ৰক্ৰিয়াক বিজ্ঞানৰ ভাষাত ইয়াকে "কোল্ড ৱেল্ডিং" বা Solid state diffusion বুলি কোৱা হয়।

কোল্ড ৱেল্ডিঙৰ বিষয়ে ধাৰণা কৰিবলৈ আপুনি বৰফৰ দুটা টুকুৰা লৈ এটাক আনটোৰ লগত কিছুপৰ জোৰেৰে হেঁচি ৰাখক। আপুনি দেখা পাব যে বৰফৰ টুকুৰা দুটা ইটোৱে সিটোৰ লগত যুক্ত হৈ পৰিছে। মহাকাশত থিক একে ধৰণৰ পৰিঘটনা দুটুকুৰা ধাতুৰ মাজত দেখা যায়। সাধাৰণতে  ধাতুৰ জ্বালাই বা "ৱেল্ডিঙ"ৰ বাবে উষ্ণতাৰ প্ৰয়োজন। কিন্তু মহাকাশত এই প্ৰক্ৰিয়া উষ্ণতাৰ অবিহনে শীতল পৰিবেশতেই সম্ভৱ হয় বাবে ইয়াক "কোল্ড ৱেল্ডিং" বোলা হয়।

প্ৰায় তিনিশ বছৰ আগতে অৰ্থাৎ ১৭২৪ চনত ৰেভাৰেণ্ড জে. আই. ডেচাগুলিয়াৰ নামৰ এজন বিজ্ঞানীয়ে এটা পৰীক্ষা চলাই থাকোতে "কোল্ড ৱেল্ডিঙ"ৰ প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল। পৰীক্ষাৰ সময়ত তেওঁ দুটা সীহ ধাতুৰ বল হেঁচি ধৰিছিল। কিন্তু তেওঁ মন কৰিছিল যে সীহৰ বল দুটা যেন ক্ৰমান্বয়ে ইটোৰ লগত সিটো সংযুক্ত হৈ পৰিছে।

বৰ্তমান কোল্ড ৱেল্ডিং প্ৰক্ৰিয়াৰ ব্যৱহাৰ ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছে। যিবোৰ বৈজ্ঞানিক গৱেষণাত তাপ প্ৰয়োগ সম্ভৱ নহয়, তেনেবোৰ গৱেষণাত ধাতুৰ জ্বালাইৰ বাবে কোল্ড ৱেল্ডিং একমাত্ৰ সমাধান। তদুপৰি নেনোফেব্ৰিকেচনৰ এটা অতি কাৰ্যকৰী পদ্ধতি হ'ল কোল্ড ৱেল্ডিং। মহাকাশযানত ধৰা পৰা বিসংগতি সমূহৰ নিৰাময়তো কোল্ড ৱেল্ডিং ব্যৱহাৰ কৰা হয়।

পিছে চাপ প্ৰয়োগৰ দ্বাৰা  দুটুকুৰা ধাতুৰ সংযোজীকৰণ কেনেদতে সম্ভৱ? ইয়াৰ আঁৰৰ কাৰণ হৈছে আমি ব্যৱহাৰ কৰা ধাতুবোৰৰ পৃষ্ঠত থকা আয়ন বা মুক্ত ইলেক্ট্ৰন। অধিক চাপ দিয়াৰ ফলত এটুকুৰা ধাতুৰ পৃষ্ঠৰ মুক্ত ইলেকট্ৰণবোৰ আন এটা এটুকুৰা ধাতুৰ মুক্ত ইলেকট্ৰনৰ খুব ওচৰলৈ আহে আৰু ইলেকট্ৰণৰ ভাগ বতৰা কৰি বান্ধনি গঠন কৰে। ইয়াৰ ফলত ধাতুৰ টুকুৰা দুটা লগ লাগি যায়। 


Tuesday, 14 February 2023

ইউৰেনাছৰ দুটা জোনবাইৰ সংঘৰ্ষ

 

ইউৰেনাছ প্ৰতি ৮৪ পৃথিৱী বছৰত এবাৰকৈ সূৰ্যক প্ৰদক্ষিণ কৰা বৰফৰ এক দৈত্যকায় গ্ৰহ। এই ৰহস্যময় গ্ৰহটো অপেছাদাৰী দূৰবীণেৰে কেৱল এটা ক্ষুদ্ৰ বিন্দু হিচাপে দেখা পোৱা যায়। ইউৰেনাছৰ এক পাতল আঙুঠি প্ৰণালীত ইয়াৰ ২৭টা জোনবায়ে গ্ৰহটোক প্ৰদক্ষিণ কৰি আছে। কিন্তু আচৰিত কথাটো হ'ল এই যে ইউৰেনাছৰ ২৭টা জোনবাইৰ সংখ্যাটো স্থিৰ নহয়। ইয়াৰ দুটা জোনবাইৰ মাজত নিয়মিত সংঘৰ্ষ হয় আৰু দুয়োটাই ধ্বংসপ্ৰাপ্ত হয়। সংঘৰ্ষত ধ্বংসপ্ৰাপ্ত এই জোনবাই দুটাৰ ধ্বংসাৱশেষ বোৰে পুনৰাই লগ হৈ কালক্ৰমত দুটা নতুন জোনবাই গঠন কৰে। এনেদৰেই ইউৰেনাছৰ জোনবাইৰ সংখ্যা ২৫ৰ পৰা ২৭টাৰ মাজত সময়ানুসৰি সালসলনি হৈ থাকে।

আইডাহো বিশ্ববিদ্যালয়ৰ ৰবাৰ্ট চাঞ্চিয়া আৰু তেওঁৰ সহকৰ্মীসকলে ইউৰেনাছৰ "ইটা" (Eta) আঙুঠিটোৰ ওপৰত গৱেষণা কৰোতে আৱিষ্কাৰ কৰিছিল যে আঙুঠিটোৰ আকৃতি সম্পূৰ্ণৰূপে বৃত্তাকাৰ অথবা ডিম্বাকাৰ নহয়। ইয়াৰ পৰিৱৰ্তে ই ত্ৰিভুজাকাৰ ! এই বিকৃতিৰ কাৰণ হৈছে ক্ষুদ্ৰ ইউৰেনাছৰ ক্ষূদ্ৰ জোনবাই "ক্ৰেচিডা" যাৰ ব্যাস মাত্ৰ ৮২ কিলোমিটাৰ। আঙুঠিটোৰ বিকৃতিৰ পৰিমাণ আৰু আকৃতিৰ ওপৰত আধাৰ কৰি বিজ্ঞানীৰ দলটোৱে "ক্ৰেছিডা"ৰ ভৰ আৰু ঘনত্ব সঠিকভাৱে জোখাত সক্ষম হৈছিল। তেওঁলোকে এই তথ্য সমূহ ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰিছিল যে ক্ৰেচিডা আৰু ইয়াৰ ওচৰৰ ইউৰেনাছৰ আন জোনবাইবোৰৰ মাজত মহাকৰ্ষণীয় আন্তঃক্ৰিয়াৰ অৰ্থ হ'ব ক্ৰেচিডা আৰু ইউৰেনাছৰ আন এটা জোনবাই "ডেচডেমোনা"ৰ মাজত সংঘৰ্ষ আসন্ন।

বৰ্তমান মাত্ৰ ৯০০ কিলোমিটাৰ দূৰত্বত প্ৰদক্ষিণ কৰি থকা ক্ৰেছিডা আৰু ডেচডেমোনাৰ মাজত অহা ৮-৯ লাখ বছৰৰ ভিতৰত সংঘৰ্ষ হ'ব আৰু এই সংঘৰ্ষত এই দুয়োটা জোনবাই ধ্বংসস্তুপত পৰিণত হ'ব। ২০১২ চনত, ছেটি ইনষ্টিটিউটৰ গৱেষক ৰবাৰ্ট ফ্ৰেঞ্চ আৰু মাৰ্ক শ্বোৱাল্টাৰে নিৰ্ধাৰণ কৰিছিল যে এতিয়াৰ পৰা ১০ নিযুত বছৰৰ ভিতৰত ইউৰেনাছৰ আন দুটা জোনবাই "কিউপিড" আৰু "বেলিণ্ডা"ৰ মাজতো একে ধৰণে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে।

Tuesday, 10 January 2023

ব্যৰ্থ নক্ষত্ৰ বা বাদামী বামন তৰা




গেছ আৰু ধূলিকণাৰ বিশাল পুঞ্জবোৰৰ সংকোচনৰ ফলত জন্ম হয় একোটি তৰাৰ। এই তৰাবোৰৰ ভৰ অতি বেছি। তৰাবোৰৰ আন এটা প্রধান লক্ষণ হ'ল ইয়াৰ কেন্দ্রৰ নিউক্লিয় ফিউচন বিক্রিয়া আৰু ইয়াৰ মাধ্যমত বিকিৰণ হোৱা পোহৰ আৰু তাপ। কিন্তু বাদামী বামন বা Brown Dwarf তৰাবোৰৰ ভৰ তুলনা মূলক ভাবে বহুত কম আৰু সেয়েহে এই তৰাবোৰৰ অভিকর্ষণ চাপে নিউক্লিয় সংযোজন বিক্রিয়া সংঘটিত কৰিব নোৱাৰে। এই ব্যর্থতাৰ বাবে মহাবিশ্বৰ এই বাদামী বামন তৰাবোৰ আন আন তৰাবোৰৰ দৰে নহৈ আপেক্ষিক ভাবে শীতল একোটি গেছীয় পুঞ্জ হিচাবে ৰৈ যায়।


উষ্ণতা কম হোৱা বাবে এই তৰাবোৰ বাদামী ৰঙৰ হয় আৰু সেয়েহে এই ব্যৰ্থ তৰাবোৰক বাদামী বামন বুলিও কোৱা হয়। অন্যান্য প্রধান ক্রমৰ তৰাবোৰৰ দৰেই জীবন আৰম্ভ হয় এই বাদামী তৰাবোৰৰ। প্রধান ক্রম বা Main Sequence নক্ষত্রবোৰৰ ক্ষেত্রত অভিকর্ষীয় চাপে তৰা গঠনকাৰী গেছীয় পিণ্ডটো ভিতৰৰ দিশলৈ অনবৰতে সংকুচিত  কৰি ৰাখে। এই সংকোচনৰ ফলত গেছীয় পিণ্ডটোৰ কেন্দ্রটো হাইড্রোজেনক হিলিয়ামলৈ সলনি কৰা একোটি কাৰষাণালৈ পৰিণত হয়।

কিন্তু বাদামী বামনবোৰৰ অভিকৰ্ষণ বল কম হোৱা বাবে ইয়াৰ কেন্দ্ৰভাগত পৰ্যাপ্ত উষ্ণতা নেথাকে আৰু সেয়েহে হাইড্রোজেনৰ ফিউচন আৰম্ভ হোৱাৰ আগতেই এই তৰাবোৰৰ জীৱনলৈ নামি আহে স্থবিৰতা। একোটা বাদামী বামন তৰা আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ ভৰৰ প্ৰায় 20ৰ পৰা 75 গুণ বেছি হ'ব পাৰে। বৃহস্পতিতকৈ ভৰ অধিক হ'লেও এই বাদামী বামন তৰাবোৰ সূর্যৰ ভৰৰ প্রায় দহ ভাগৰ এভাগ মানহে হয়। অৰ্থাৎ এই তৰাবোৰ আমাৰ সূৰ্যতকৈ দহ গুণ সৰু।

বিজ্ঞানত তৰাবোৰক সিহঁতৰ বর্ণালীৰ ওপৰত ভিত্তি কৰি শ্রেণীবিভক্ত কৰা হয়। M প্ৰকাৰৰ তৰাবোৰ হ'ল সফল তৰা অথচ শীতল শ্ৰেণীৰ তৰা। মহাবিশ্বত এনে তৰাৰ সংখ্যা বেছি। M শ্ৰেণীৰ অধিকাংশ তৰাই লোহিত বামন হলেও কিছু বাদামী বামন তৰাও এই শ্ৰেণীত পোৱা যায়। এনে বামন শ্ৰেণীৰ তৰাবোৰৰ মাজৰ "Y Dwarfs"বোৰ সবাতোকৈ শীতল। কোনো কোনো এই Y Dwarf তৰাৰ উষ্ণতা মাত্ৰ 150ৰ পৰা 500 ডিগ্ৰী চেণ্টিগ্ৰেড। অতি কম উষ্ণতা বিশিষ্ট এই শ্ৰেণীৰ তৰাবোৰে তাপ আৰু পোহৰ বিলাব নোৱাৰে। তাপ আৰু পোহৰৰ উৎস বিহীন এনে তৰাবোৰ সেইবাবে ধৰা পেলোৱাটোও এক কঠিন কাম। এনেবোৰ কাৰণতেই 1980 চনলৈ এই বাদামী বামন তৰাবোৰ আমাৰ দৃষ্টিৰ অগোচৰেই আছিল। এই তৰাবোৰৰ বিষয়ে কেৱল বিজ্ঞানৰ কিতাপত তাত্বিক আলোচনাহে পঢ়িবলৈ পোৱা গৈছিল।

Friday, 30 December 2022

এনাস্থেছিয়া : অনুভূতিহীন জগতৰ দুৱাৰ


১৮৪৬ চনৰ কথা। এজন ১৭ বছৰীয়া লৰা গিলবাৰ্ট এব'টৰ ডিঙিত টিউমাৰ হৈছিল। মুখ্য শল্য চিকিৎসক জন কলিন্স ৱাৰেনে জনাই দিলে যে গিলবাৰ্টক জীয়াই ৰাখিবলৈ এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন। সেই সময়ত অস্ত্ৰোপচাৰ আছিল এক অসম্ভৱ যন্ত্ৰণাময় প্ৰক্ৰিয়া। অস্ত্ৰোপচাৰৰ সময়ত ৰোগী এজনক অচেতন কৰি তোলাৰ কোনো পদ্ধতি আৱিষ্কাৰ হোৱা নাই। সেয়েহে কোনো ৰোগীয়েই সহজে অপাৰেচনৰ টেবুলত নিজৰ দেহটো এৰি দিবলৈ সন্মত নহৈছিল। বৰং শৰীৰত ব্যাধি লৈয়েই মৰিবলৈ অপেক্ষা কৰাই শ্ৰেয় বুলি তেওঁলোকে মত পোষণ কৰিছিল।
সেই সময়ত এনাস্থেছিয়া বা চেতনানাশক অবিহনে ৰোগীজনৰ হাত ভৰি বান্ধি লৈ সম্পূৰ্ণ সচেতন অৱস্থাতেই ৰোগীজনৰ শৰীৰৰত কটা ছিঙা কৰা হৈছিল। ৰোগীৰ যন্ত্ৰণাকাতৰ চিঞৰ বাখৰ আৰু ছটফটনিৰ মাজতে চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল। কোনো কোনো চিকিৎসকে বিষ আৰু যন্ত্ৰণাৰ পৰা সকাহ দিবলৈ ৰোগীক আফিং বা সুৰা সেৱন কৰাই লৈছিল যদিও এই ব্যৱস্থা সিমান কাৰ্যকৰী হোৱা নাছিল। ৰোগীসকলে অস্ত্ৰোপচাৰৰ টেবুলত অনুভৱ কৰা বিষ আৰু যন্ত্ৰণাৰ স্মৃতি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিছিল।
গিলবাৰ্টৰ অস্ত্ৰোপচাৰৰ আগদিনা এজন দন্ত চিকিৎসক আহি জন কলিন্স ৱাৰেনক লগ ধৰিলে। দন্ত চিকিৎসকজনৰ নাম থমাছ গ্ৰীণ ম'ৰটন। মৰটনে দাবী কৰে যে তেওঁ ইথাৰৰ ব্যৱহাৰৰ জৰিয়তে এটা সঁজুলি উদ্ভাৱন কৰিছিল, যাৰ দ্বাৰা এজন ব্যক্তিক অচেতন কৰি ৰখা সম্ভৱ। যদি ব্যক্তিজনৰ শৰীৰত কটা ছিঙা কৰা হয়, তেওঁ তাৰ যন্ত্ৰণা অনুভৱ নকৰে। মৰটনে জানিবলৈ দিয়ে যে তেওঁ আৱিষ্কাৰ কৰা সঁজুলিটোত যদি ছালফিউৰিক ইথাৰ (Diethylether) ভৰাই ৰাখি এজন ব্যক্তিয়ে উশাহত যন্ত্ৰটোৰ পৰা ইথাৰখিনি হাওফাওলৈ টানি নিয়ে, তেন্তে ব্যক্তিজন লাহে লাহে অচেতন হৈ পৰিব।
গিলবাৰ্টৰ মুখ্য শল্য চিকিৎসক ৱাৰেন ম'ৰটনৰ কথাত আশাৰ পোহৰ দেখি তেওঁ গিলবাৰ্টৰ ওপৰত এই যন্ত্ৰটোৰ প্ৰয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। ম'ৰটনে আগতে এই সঁজুলিটো নিজৰ ৰোগীৰ ওপৰত ব্যৱহাৰ কৰিছিল। কিন্তু এইটো কেৱল দাঁতৰ সৰুসুৰা অস্ত্ৰোপচাৰৰ মাজতেই সীমাবদ্ধ আছিল। গতিকে মৰটনেও এটা ডাঙৰ অস্ত্ৰোপচাৰৰ অপেক্ষাতেই আছিল।
১৮৪৬ চনত ম'ৰটনে প্ৰথমবাৰৰ বাবে শৈল্য চিকিৎসক ৱাৰেনৰ লগত লগ হৈ গিলবাৰ্টৰ অস্ত্ৰোপচাৰত চেতনানাশক হিচাবে ইথাৰ পদ্ধতি প্ৰয়োগ কৰিছিল। উশাহত টানি নিয়া ছালফিউৰিক ইথাৰে ক্ৰমান্বয়ে গিলবাৰ্টক অচেতন কৰি তুলিছিল আৰু সুকলমে এক প্ৰকাৰ যন্ত্ৰণাহীন অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল। অপাৰেচনৰ শেষত গিলবাৰ্টৰ মতামত ল'বলৈ চিকিৎসক আৰু সাংবাদিকে চিকিৎসালয়ত ভিৰ কৰিলে। গিলবাৰ্টে কৈছিল যে সম্পূৰ্ণ অস্ত্ৰোপচাৰৰ সময়ত কোনো কথাই গম পোৱা নাছিল। লগে লগে সমগ্ৰ বিশ্বৰ চিকিৎসক আৰু সাধাৰন জনতাৰ মাজত ম'ৰটনৰ দ্বাৰা আৱিষ্কৃত চেতনানাশক ইথাৰৰ কথা বহুলভাৱে জনাজাত হৈ পৰিছিল।
১৮৪৬ চনৰ পৰা পৰ্যায় ক্ৰমে ছালফিউৰিক ইথাৰ আৰু ক্লোৰোফৰ্ম এনাস্থেছিয়া হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান এই পদ্ধতিৰ বহুল পৰিবৰ্তন হৈছে। ক্লোৰোফৰ্ম বা ইথাৰৰ ব্যৱহাৰ বহুত সহজ আছিল, বিশেষকৈ ক্লোৰোফৰ্ম। কাপোৰত অলপ ক্লোৰোফৰ্ম ছটিয়াই লৈ ৰোগীৰ নাকৰ ওচৰত ধৰাৰ লগে লগেই ৰোগী অচেতন হৈ পৰিছিল। কিন্তু সমস্যাটো আছিল এইটো যে ৰোগীজন পুনৰ কিমান সময় পিছত চেতনালৈ ঘূৰি আহিব; সেইটো নিয়ন্ত্ৰণ কৰা সম্ভৱ নাছিল। তদুপৰি কেতিয়াবা কেতিয়াবা অপাৰেচন টেবুলত অস্ত্ৰোপচাৰ চলি থাকোতেই কোনো কোনো ৰোগীয়ে চেতনা ঘূৰাই পাইছিল।
আধুনিক চিকিৎসা বিজ্ঞানত বিভিন্ন ধৰণে ৰোগীৰ দেহত চেতনানাশক বা এনাস্থেছিয়া প্ৰয়োগ কৰা হয়। কেতবোৰ স্থানীয় চেতনানাশক আৰু আনবোৰ সাধাৰণ চেতনানাশক। সেইবোৰ হ'ল :
১) অস্ত্ৰোপচাৰ কৰিব লগা অংগক অনুভূতি প্ৰদান কৰা স্নায়ুত প্ৰয়োগ
২) উশাহ-নিশাহৰ সৈতে প্ৰয়োগ
৩) বেজীৰ দ্বাৰা ৰক্তবাহী শিৰাত প্ৰয়োগ
৪) মেৰুদণ্ড আৱৰি থকা মেনিনজৰ এপিডুৰাল স্থানত এনাস্থেচিয়া প্ৰয়োগ ইত্যাদি
অস্ত্ৰোপচাৰৰ বাবে যেতিয়া শৰীৰৰ এটা নিৰ্ধাৰিত অংশ অচেতন কৰা হয়, তেতিয়া ইয়াক স্থানীয় চেতনানাশক (এনাস্থেছিয়া) বুলি কোৱা হয়। এই ক্ষেত্ৰত, গোটেই শৰীৰটো অচেতন কৰাৰ কোনো প্ৰয়োজন নাই। স্থানীয় এনাস্থেছিয়া প্ৰয়োগ কৰাৰ ফলত দেহৰ নিৰ্দিষ্ট এটুকুৰা স্থানত স্পৰ্শৰ সংবেদনা অস্থায়ীভাৱে বন্ধ হৈ পৰে। ফলস্বৰূপে, এনাস্থেছিয়া প্ৰয়োগ কৰা স্থানৰ পৰা কোনো ধৰণৰ স্পৰ্শৰ অনুভূতি স্নায়ুৰ জৰিয়তে মগজুলৈ যাব নোৱাৰে। দন্ত চিকিৎসক সকলে প্ৰায়ে "ৰুট কেনেল"ৰ সময়ত নোভোকেইন ব্যৱহাৰ কৰে, যি মুখ গহ্বৰৰ স্নায়ুবোৰ অস্থায়ীভাৱে বিকল কৰি ৰাখে। ফলস্বৰূপে, ৰুট কেনেল কৰোঁতে ৰোগীজনে কোনো ধৰণৰ বিষ অনুভৱ নকৰে।
আনহাতে, যেতিয়া অস্ত্ৰোপচাৰত গোটেই শৰীৰটো অচেতন কৰাৰ প্ৰয়োজন হয়, তেতিয়া প্ৰয়োগ কৰা এনাস্থেছিয়াক সাধাৰণ এনাস্থেছিয়া বোলা হয়। এই এনাস্থেছিয়া প্ৰয়োগ কৰাৰ সময়ত ৰোগীজনে অস্ত্ৰোপচাৰৰ সময়ৰ কোনো কথাই মনত ৰাখিব নোৱাৰে। অৱশ্যে এই ক্ষেত্ৰত জটিলতাও আছে। সাধাৰণ এনাস্থেছিয়া প্ৰয়োগ কৰাৰ সময়ত, এজন শল্য চিকিৎসকে ৰোগীৰ ৰক্তচাপ, হৰমনৰ ক্ৰিয়া, তেজত গ্লুক'জৰ মাত্ৰা, অনুচক্ৰিয়াৰ সংখ্যা, হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহ আদি বহুতো কাৰকৰ বিষয়ে নজৰ দিব লাগে।
স্নায়ুতন্ত্ৰৰ অসংখ্য স্নায়ুৰ জৰিয়তে মগজুৱে গোটেই শৰীৰটো নিয়ন্ত্ৰণ কৰাৰ লগতে মগজুৱে গোটেই শৰীৰৰ স্পৰ্শানুভূতি নিয়ন্ত্ৰণ কৰে। যদি শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হয়, সেই স্থানৰ স্নায়ুবোৰে লগে লগে মগজুৰ "বেদনা গ্ৰাহক"ক বিষ বা বেদনাৰ অনুভূতি প্ৰদান কৰে আৰু লগে লগেই আমি বিষ অনুভৱ কৰো।
আমাৰ শৰীৰৰ সকলো ধৰণৰ অনুভূতি স্নায়ুৰ মাজেৰে বৈদ্যুতিক সংকেত হিচাপে মগজুলৈ প্ৰবাহিত হয়। আধুনিক চিকিৎসা বিজ্ঞানত অস্ত্ৰোপচাৰ কৰিব লগা অংগৰ পৰা মগজুলৈ প্ৰেৰিত হোৱা সকলো ধৰণৰ অনুভূতিৰ মূল পথ বা স্নায়ুত স্থানীয় চেতনানাশকৰ জৰিয়তে এটা অস্থায়ী "বেৰিকেড" তৈয়াৰ কৰা হয়, যাৰ ফলত স্নায়ুবোৰ সাময়িক ভাবে মগজুৰ সৈতে যোগাযোগ কৰিবলৈ অক্ষম হৈ পৰে।
কিন্তু যদিহে শৰীৰৰ সমগ্ৰ স্নায়ুতন্ত্ৰটোকেই অস্থায়ীভাৱে অকামিলা কৰিব লগা হয়, তেতিয়া ৰোগীৰ উশাহত এনাস্থেছিয়া প্ৰয়োগ কৰাৰ উপৰিও, সাধাৰণ এনাস্থেচিয়াত ৰক্তশিৰাত দুই প্ৰকাৰৰ তৰল সুমুৱাই দিয়া হয়। এটা হৈছে "প্ৰপোফ'ল", আনটো হৈছে "ফেণ্টানিয়েল"। প্ৰপোফ'লে ৰোগীক অচেতন কৰি তোলে আৰু একে সময়তে, ৰোগীৰ অনুভূতি অচেতন অৱস্থাত মগজুলৈ যোৱা প্ৰতিহত কৰিবলৈ ফেণ্টানিয়েলৰ প্ৰয়োগ কৰা হয়। এনাস্থেছিয়া বা চেতনানাশক দ্ৰব্যসমূহৰ আৱিষ্কাৰ আৰু সফল প্ৰয়োগে চিকিৎসা বিজ্ঞানক বহুদূৰ আগবাঢ়ি যোৱাত সহায় কৰাৰ উপৰিও অপাৰেচনৰ টেবুলত শুই শুই যন্ত্ৰণাকাতৰ মুহূৰ্ত পাৰ কৰা ৰোগীসকলৰ বাবে অনুভূতিহীন জগতৰ দুৱাৰখন খুলি দি বিশ্বৰ অগণন লোকক যন্ত্ৰণাৰ পৰা মুক্তি দিছে।

Sunday, 25 December 2022

শূণ্যত ভেঁকুলী ওপঙোৱা পৰীক্ষাটো

 


আপুনি হয়তো Ig Nobel বা আইজি ন'বেল বঁটাৰ বিষয়ে শুনিছে। বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলে ন'বেল বঁটা লাভ কৰে। কিন্তু আইজি নবেল বঁটা এক ব্যতিক্ৰম। "আইজি ন'বেল'' নামটো মূলতঃ ''ইগনোবল'' শব্দটোৰ পৰা উদ্ভৱ হৈছে। "ইগনোবল" হৈছে এনে এক অপ্ৰতিস্থিত বা অগৃহীত বিষয় যি পুৰষ্কাৰ বা প্ৰশংসাৰ যোগ্য নহয়। 

১৯৯১ চনৰ পৰাই বিজ্ঞান ভিত্তিক হাস্যৰসাত্মক আলোচনী '‘Annals of Improbable Research"ৰ সৌজন্যত এই বঁটা প্ৰদান কৰা হৈছে। প্ৰতি বছৰে, প্ৰকৃত নবেল বঁটা ঘোষণাৰ ঠিক আগতে আইজি ন'বেল বঁটা অনুষ্ঠান অনুষ্ঠিত হয়। বহুতেই এই বঁটাটো এটা ব্যংগাত্মক বঁটা হিচাবে ভাবে যদিও এই বঁটাই সমাজ আৰু বিজ্ঞানৰ জগতলৈ যথেষ্ঠ অৱদান আগবঢ়াইছে।

২০০০ চনত ৰাছিয়াৰ পদাৰ্থবিজ্ঞানী এণ্ড্ৰে গেইমক পদাৰ্থ বিজ্ঞানৰ আইজি নবেল বঁটাৰ বাবে মনোনীত কৰা হয়। তেওঁ ভেঁকুলী এটাৰ চাৰিওফালে এক শক্তিশালী চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰি ভেকুলীটোক কিছু সময়ৰ বাবে শূন্যস্থানত ওপঙাই ৰাখিবলৈ সক্ষম হৈছিল। তেওঁৰ পৰীক্ষাটো প্ৰকৃততে ডায়মেগনেটিজমৰ এক উজ্জ্বল উদাহৰণ। ৯০ শতাংশ পানীৰে নিৰ্মিত চুম্বক ক্ষেত্ৰ আৰু আন এখন বাহ্যিক চুম্বক ক্ষেত্ৰৰ আন্তঃক্ৰিয়াৰে মাধ্যাকৰ্ষণ শক্তিৰ বিপৰীতে তেওঁ ভেঁকুলীটো শূণ্যত ওপঙাই ৰাখিছিল। সেই অদ্ভূত বৈজ্ঞানিক পৰীক্ষাই বিশ্বৰ মানুহক যেন যোগাইছিল হাঁহিৰ খোৰাক !!!

এই হাস্যৰসাত্মক ন'বেলত কিন্তু সন্তুষ্ট হ'ব পৰা নাছিল এণ্ড্ৰে গেইম। ২০০৪ চনত, তেওঁ আন এজন ৰাছিয়ান বিজ্ঞানী কনষ্টাণ্টিন ন'ভছেভৰ সৈতে যুটীয়াভাৱে গ্ৰাফিন আৱিষ্কাৰ কৰিছিল। গ্ৰাফিনৰ বিষয়ে নতুনকৈ ক'বলৈ একো নাই। ই কাৰ্বনৰ এক আশ্চৰ্যকৰ প্ৰকাৰ! এই গ্ৰাফিনে অদূৰ ভৱিষ্যতে পৃথিৱীখনৰ আমূল পৰিৱৰ্তন কৰিব। ২০০০ চনত হাস্যৰসাত্মক আইজি ন'বেল বঁটা লাভ কৰা আণ্ড্ৰে গেইমক মূল্যৱান গ্ৰাফিনৰ আৱিষ্কাৰৰ বাবে কনষ্টাণ্টিন ন'ভছেভৰ সৈতে যুটীয়া ভাবে ২০১০ চনত নবেল বঁটাৰে বিভূষিত কৰা হৈছিল। ৰাছিয়াৰ বিজ্ঞানী আণ্ড্ৰে গেইমে আইজি ন'বেল আৰু নবেল বঁটা - এই দুয়োটা বঁটা লাভ কৰা বিশ্বৰ প্ৰথম গৰাকী ব্যক্তি হিচাপে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিলে। ২০০০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মানুহেৰে গিজগিজাই থকা প্ৰেক্ষাগৃহত আইজি ন'বেল বঁটা প্ৰদান অনুষ্ঠানৰ সামৰণিত আণ্ড্ৰে গেইমৰ হাতত হাস্যৰসাত্মক বঁটাটো তুলি দি এইদৰে কোৱা হৈছিল, “If you didn’t win a prize, and especially if you did; better luck next  time.”

Monday, 28 November 2022

চাইবৰ্গ : ভৱিষ্যতৰ মানুহ


প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে ভৱিষ্যতে মানুহৰ মগজুত স্থাপন কৰা RFIDৰ জৰিয়তে মানুহৰ স্মৃতি শক্তিৰ লগতে মগজুৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। আমাৰ আঙুলিৰ মাংসপেশীৰ মাজত ৰোপণ কৰা একোটা সূক্ষ্ম চুম্বক অথবা RFID (Radio Frequency IDentification) চিপচে কি-বৰ্ড আৰু পাচৱৰ্ডৰ প্ৰয়োজনীতা নোহোৱা কৰি তুলিব। শৰীৰৰ আভ্যন্তৰত থকা হাড়ৰ জকা আৰু মাংসপেশীত স্থাপন কৰা সৰু সৰু কম্পিউটাৰ চিপচবোৰে শৰীৰত হোৱা বিভিন্ন বিসংগতিবোৰ ধৰা পেলাই তাৎক্ষণিক ভাবে তাৰ নিৰাময়ৰ উপায় আপোনাক প্ৰদান কৰিব। শৰীৰত স্থাপন কৰা অতি শক্তিশালী ক্ষূদ্ৰাকৃতিৰ ৰেডিও এন্টেনাৰ সহায়ত আপুনি বা মই পোনপটীয়াকৈ ছেটেলাইটৰ লগত সংযোগ স্থাপন কৰি ব্ৰহ্মাণ্ডৰ খা-খৱৰবোৰ নিজৰ শৰীৰতেই ল'ব পাৰিম। - এয়া কোনো হলিউদৰ চিনেমাৰ বিষয়বস্তু নহয়। মানুহৰ জৈৱিক শৰীৰত বিভিন্ন প্ৰযুক্তিগত আহিলাবোৰ স্থাপন কৰি মানুহৰ জীৱনক অন্য এক স্তৰলৈ লৈ যোৱাৰ এনে প্ৰয়াসে মানুহক এদিন "চাইবৰ্গ" হিচাবে বিকশিত কৰিব। অন্ততঃ বিজ্ঞানীসকলে তেনে এক সম্ভাৱনাৰ পথেৰেই আগবাঢ়িছে।

কথাবোৰ আচহুৱা যেনেই লাগিছে নিশ্চয়। পিছে এয়া বৰ বেছি আচহুৱা কথা নহয়। কাৰন, তেজ মঙহেৰে গঢ়া হৃদযন্ত্ৰৰ স্পন্দন যেতিয়া অনিয়মীয়া হয়, তেতিয়া চিকিৎসকে হৃদযন্ত্ৰত পেচমেকাৰ লগোৱাৰ কথা আমি সকলোৱে জানো। এই পেচমেকাৰবোৰ বেটেৰী চালিত একোটা যান্ত্ৰিক সাৰঞ্জামহে। তেনে ৰোগীৰ দেহৰ হৃদযন্ত্ৰবোৰ "অৰ্ধ জৈৱিক আৰু অৰ্ধ যান্ত্ৰিক"। একেদৰে চকুৰ লেন্স বেয়া হ'লে বিভিন্ন সময়ত মানুহে চকুত "কনটেক্ট লেন্স" ব্যৱহাৰ কৰে। ৰোগীৰ হাড় যোৰা লগাবলৈ আজিকালি চিকিৎসকে নাট-ব'ল্টৰ সহায়ত "ষ্টিলৰ পাটী" মানুহৰ শৰীৰত স্থাপন কৰে। এনে বহুতো উদাহৰণে আমাক আলোচ্য বিষয়টোৰ লগত চিনাকী কৰি দিব।

যিহেতু ঔষধ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত উদ্ভাৱনে দিনক দিনে চিকিৎসা বিজ্ঞানক বহুদূৰ আগুৱাই নিছে, তেনে পৰিপ্ৰেক্ষিতত নিতৌ ভিন ভিন যন্ত্ৰপাতি আমাৰ শৰীৰত স্থাপন হোৱাটো অধিক সুলভ হ'ব। বিজ্ঞানীসকলৰ মতে এনে যন্ত্ৰপাতিবোৰে আমাক পৰিৱেশৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলাৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ মানদণ্ডও উন্নত কৰিব। অৱশ্যে ইয়াৰ লগত নৈতিকতাৰ প্ৰশ্নটোও নিসন্দেহে উত্থাপন হ'ব। ইতিমধ্যে আমাৰ মাজত এনে কিছুমান মানুহ আছে যিসকল বাস্তৱ জীৱনত একো একোজন চাইবৰ্গ। তেওঁলোক মানুহ আৰু যন্ত্ৰৰ সহাৱস্থানৰ একোডাল সীমাৰেখা।

#নীল_হাৰ্বিচন: মূৰত এডাল এণ্টেনাৰ সৈতে হাৰ্বিচনক দেখাত সাইলাখ হলিউডৰ কোনো চিনেমাৰ চৰিত্ৰ যেনেই লাগিব। হাৰ্বিচন প্ৰকৃততে এক্ৰোমেটোপচিয়া বা অত্যাধিক ৰঙৰ অন্ধত্বৰ সৈতে জন্ম গ্ৰহণ কৰা এজন শিল্পী। তেওঁ ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে। তেওঁৰ বাবে এই বিনন্দীয়া পৃথিৱীখন কেৱল ক'লা আৰু বগা ৰঙৰ। এই অসুবিধাৰ পৰা বাচিবলৈ তেওঁ চিকিৎসকৰ শৰণাপন্ন হোৱাত চিকিৎসকে তেওঁক বিশেষ ধৰণৰ বৈদ্যুতিক চকু বা বায়নিক চকু (আইবৰ্গ) লগাই দিছিল যাৰ সহায়ত তেওঁ ৰঙীন পৃথিৱীখন দেখা পাইছিল। কিন্তু আচৰিত কথাটো হ'ল এই যে বৈদুতিক চকুযুৰিৰ সহায়ত হাৰ্বিচনে সাধাৰণ মানুহে দেখাতকৈ অধিক ভিন্ন প্ৰকাৰৰ ৰং অনুভৱ কৰিব পাৰিছিল। 

পিছলৈ হাৰ্বিচনে মূৰত এণ্টেনা স্থাপন কৰোৱাই লয়। এই এণ্টেনাই তেওঁক তথ্য যোগান ধৰিবলৈ তেওঁৰ লাওখোলাৰ মাজেৰে শ্ৰৱণযোগ্য কম্পন প্ৰেৰণ কৰে। এই কম্পনবোৰ পৰবৰ্তী পৰ্যায়ত কিছুমান কম্পিউটাৰ চিপচৰ সহায়ত তেওঁৰ বাবে কিছুমান সাংকেতিক শব্দলৈ ৰূপান্তৰিত হয়। তদুপৰি হাৰ্বচনে এই এণ্টেনাৰ সহায়ত বিদ্যুতচুম্বকীয় তৰংগৰ মাধ্যমত ফোন কল কৰাৰ উপৰিও ভিডিঅ' বা সংগীতৰ আমেজো ল'ব পাৰে। তাতকৈও আচৰিত কথাটো হ'ল যে তেওঁৰ ৱাই-ফাই সক্ষম বিশেষ এণ্টেনাই তেওঁক উপগ্ৰহৰ পৰা পোনপটীয়াকে সংকেত আৰু তথ্য লাভ কৰিবলৈও সুবিধা কৰি দিয়ে। 

#জেছি_চুলিভান: জেছি চুলিভানে বৈদ্যুতিক লাইনছমেন হিচাপে কাম কৰিছিল। ২০০১ চনৰ মে মাহত তেওঁ এক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ ইমান গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হৈছিল যে তেওঁৰ দুয়োখন বাহুৱেই কাটি পেলোৱাৰ প্ৰয়োজন হৈছিল। চিকাগোৰ চিকিৎসকে চাইবৰ্গ বিশেষজ্ঞৰ লগত আলোচনা কৰি জেছিৰ কটা বাহু দুটাৰ অভাৱ পুৰ কৰিবলৈ তেওঁৰ দেহত দুটা "ৰ'বটিক প্ৰস্থেটিকছ" বা ৰ'বটিক বাহু লগাই দিছিল। চিকিৎসকে এই ৰ'বটিক বাহু দুটা জেছিৰ স্নায়ুতন্ত্ৰ আৰু মাংসপেশীৰ লগত গ্ৰাফ্টিংৰ জৰিয়তে সংযোগ কৰি জেছিক বায়'নিক অংগ যুক্ত "বায়নিক মেন" হিচাবে বিকশিত কৰি তোলে। 

একেদৰে নাইজেল অকলেণ্ড নামৰ ধাতুৰ কাৰখানাত কাম কৰা লোক এজনে দুৰ্ঘটনাত সোঁহাতখন হেৰুৱাব লগীয়া হৈছিল। কিলাকুটিৰ তলৰ পৰা বিছিন্ন হৈ যোৱা হাতখনৰ সলনি চিকিৎসকে তেওঁৰ দেহতো "বায়োনিক হাত" স্থাপন কৰিছিল। এনে অলেখ উদাহৰণ বিচাৰিলেই পোৱা যায়।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীৰ বিভিন্ন দেশত চাইবৰ্গৰ ওপৰত চিন্তা চৰ্চা, আলোচনা আৰু পৰীক্ষা নিৰীক্ষা চলি আছে। অদূৰ ভৱিষ্যতে মানব শৰীৰৰ সৈতে প্ৰযুক্তিৰ সংমিশ্ৰণ হৈ আমাৰ ভৱিষ্যত প্ৰজন্ম বোৰ চাইবৰ্গ ( cyborg) হোৱাৰ সম্ভাৱনাই অধিক। ইয়াৰ উপৰিও মানুহৰ দীৰ্ঘ জীৱন-কাল, কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ সামৰ্থ, বুদ্ধিমত্তাৰ বৃদ্ধি  আৰু অন্য গ্ৰহত মানৱ সভ্যতাৰ বিকাশৰ বাবে ভৱিষ্যতৰ মহাকাশচাৰী সৃষ্টি কৰিবলৈ চাইবৰ্গৰ প্ৰয়োজনীয়তাৰ ওপৰত বিজ্ঞানীসকলে গুৰুত্ব আৰোপ কৰিছে।

Sunday, 20 November 2022

সঁচা-মিছাৰ বিচাৰত নাৰ্কো টেষ্ট


নাৰ্কো টেষ্ট এক প্ৰকাৰৰ সত্যাসত্য বিচাৰ কৰা এটা পৰীক্ষা। এই পৰীক্ষাটো কৰিবলৈ, অভিযুক্ত লোক এজনৰ শৰীৰৰ সিৰাত বেজীৰ জৰিয়তে স্কোপোলেমাইন, ছডিয়াম পেণ্টাথল অথবা ছডিয়াম এমাইটেল জাতীয় ঔষধ প্ৰয়োগ কৰা হয়। এই ঔষধবোৰৰ প্ৰয়োগৰ ফলত মানৱ শৰীৰ ক্ৰমান্বয়ে শিথিল হয় আৰু অস্থায়ী ভাবে অৰ্ধ-চেতন অৱস্থালৈ গুছি যায়। বিশেষজ্ঞসকলৰ মতে, নাৰ্কো পৰীক্ষাৰ সময়ত প্ৰয়োগ কৰা ঔষধবোৰে আণৱিক স্তৰত অভিযুক্তৰ স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰি ব্যক্তিজনৰ চিন্তা শক্তিক বাধা প্ৰদান কৰে। বেজী হিচাবে দিয়া ঔষধৰ পৰিমান অভিযুক্ত ব্যক্তিজনৰ লিংগ, বয়স, স্বাস্থ্য আৰু শাৰীৰিক স্থিতি অনুসৰি নিৰ্ধাৰণ কৰা হয়।

যেতিয়া এজন মানুহ অৰ্ধ-চেতন মানসিক অৱস্থাত থাকে, তেতিয়া তেওঁৰ স্বাভাৱিক ধৰণে চিন্তা কৰাৰ ক্ষমতা হ্ৰাস পায়। মিছা কথা ক'বলৈ মানুহে মগজু ব্যৱহাৰ কৰি চিন্তা কৰিব লাগে। তদুপৰি মিছা কথা এটা সজাই পৰাই ক'বলৈ মানুহক প্ৰখৰ বুদ্ধিমত্তাৰ লগতে কল্পনাৰ শক্তিৰো প্ৰয়োজন হয়। কাৰন, মিছা ক'বলৈ এটা মনে গঢ়া কাহিনীও সৃষ্টি কৰিব লাগে। যিহেতু ছডিয়াম পেণ্টাথল, ছডিয়াম এমাইটেল অথবা স্কোপোলেমাইন জাতীয় ঔষধবোৰে মানুহৰ মগজুৰ চিন্তা কৰা শক্তিক অস্থায়ী ৰূপে ব্যাহত কৰে, সেয়ে অভিযুক্ত জনে মিছাৰ আশ্ৰয় নোলোৱাকৈ তেওঁক কৰা প্ৰশ্নবোৰৰ যথাযথ উত্তৰ দিয়ে। অভিযুক্ত ব্যক্তিজনক তেতিয়া চিকিৎসকৰ উপস্থিতিত বিশেষ অনুসন্ধানকাৰী সংস্থাসমূহে জেৰা কৰে। এই পৰ্যায়ত কৰা নাৰ্কো পৰীক্ষাৰ সকলো তথ্যৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয়।

অভিযুক্তই কোৱা কথাৰ সত্যতা সম্বন্ধে জ্ঞাত হ'বলৈ উনবিংশ শতিকাত পোন প্ৰথমবাৰৰ বাবে ইটালীৰ ক্ৰিমিনোলজিষ্ট চিজাৰ লম্ব্ৰোচোৱে জেৰাৰ সময়ত অভিযুক্তৰ ৰক্তচাপৰ পৰিৱৰ্তন জোখাৰ বাবে এটা যন্ত্ৰ ব্যৱহাৰ কৰিছিল। তাৰপিছৰ নাৰ্কো-বিশ্লেষণ বা নাৰ্কো টেষ্ট শব্দটো হৰ্চলি নামৰ এজন বিশেষজ্ঞই ব্যৱহাৰ কৰিছিল। ১৯২২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অপৰাধমূলক অনুসন্ধানত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। টেক্সাছৰ প্ৰসূতি বিশেষজ্ঞ ৰবাৰ্ট হাউচে দুজন বন্দীৰ ওপৰত স্কোপোলামাইন ঔষধ ব্যৱহাৰ কৰিছিল। এই  স্কোপোলামাইনক "ট্ৰুথ চিৰাম" বুলিও কোৱা হয়। বৰ্তমান সময়ত অভিযুক্তৰ স্বীকাৰোক্তিৰ সত্যতা নিৰূপণৰ বাবে নাৰ্কো টেষ্টৰ লগতে "ব্ৰেইন মেপিং" আৰু "পলিগ্ৰাফ টেষ্ট" নামৰ আন দুটা পদ্ধতিও ব্যৱহাৰ কৰা হয়।

Friday, 18 November 2022

সম্প্ৰসাৰিত ব্ৰহ্মাণ্ড আৰু এডুইন হাব'ল


তেতিয়া পৃথিৱী বা জোনবাই নাছিল, এই বিশাল ব্ৰহ্মাণ্ডও নাছিল। আনকি স্পেচ-টাইম বুলিও একো নাছিল, নাছিল সময়। অসীম ভৰযুক্ত আৰু অসীম ঘনত্বৰ কেৱল এটা বিন্দুহে (!) আছিল। হঠাতে সেই বিন্দুটোত কিবা এটা ঘটিল। কোনো অজ্ঞাত কাৰণত, সেই অদ্ভুত বিন্দুটোৱে বিষ্ফোৰিত হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰি স্পেচ-টাইম নামৰ এখন মেলি থোৱা চাদৰৰ দৰে ৰূপ ল'লে। বিন্দুটোৰ ভিতৰত থকা স্থান-কাল, অণু-পৰমাণু, শক্তি সকলোবোৰ অতি দ্ৰুত গতিত বিয়পিবলৈ ধৰে। পৰে। ইয়াৰ পৰাই ক্ৰমান্বয়ে বিভিন্ন উপাদান, যৌগ, গ্ৰহ, নক্ষত্ৰ, নীহাৰিকা, ছায়াপথ আদিবোৰ এটা এটাকৈ সৃষ্টি হ'বলৈ ধৰিলে! বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক "বিগ বেং" বা মহানাদ বুলি কোৱা হয়। এই ব্ৰহ্মাণ্ডৰ অসংখ্য ছায়াপথৰ মাজৰ হাতীপটি ছায়াপথৰ এটা হালধীয়া তৰাৰ চাৰিওফালে ঘূৰি থকা সৌৰজগতৰ এটা ক্ষূদ্ৰাকৃতিৰ গ্ৰহৰ উপৰিভাগৰ এটুকুৰা স্থানত বহি ফেইচবুকত এই প্ৰবন্ধটো পঢ়ি আছে।

আচৰিত নহয় নে বাৰু? তাতকৈও আচৰিত এই যে বিশ্বব্ৰহ্মাণ্ডৰ এই প্ৰসাৰণ এতিয়াও হৈ আছে আৰু ভৱিষ্যতেও হৈ থাকিব। কিন্তু সেয়া দেখা পাবলৈ আপুনি বা মই, সঁচা অৰ্থত এই মানৱ সভ্যতাই হয়তো জীৱিত নাথাকিব। কথাবোৰ দেখোন বিশ্বাস কৰিবলৈ যেন অসুবিধা হয়। আনকি বিখ্যাত বিজ্ঞানী আইনষ্টাইনেও ইয়াক বিশ্বাস কৰা নাছিল। তেওঁৰ দ্বাৰা আৱিষ্কৃত "আইনষ্টাইন ক্ষেত্ৰ সমীকৰণ"ত এই সম্প্ৰসাৰণ বন্ধ কৰিবলৈ এটা ধ্ৰুৱক ৰাখিছিল। সকলোৱেই তেওঁৰ উৎসাহী অনুৰাগী আৰু সেয়ে সকলোৱে ইয়াকেই মানিও লৈছিল।

আন এজন বিজ্ঞানী ৰাছিয়াৰ আলেকজেণ্ডাৰ ফ্ৰীডমেন। তেওঁ প্ৰথমে কৈছিল যে বিশ্বব্ৰহ্মাণ্ড সম্প্ৰসাৰিত হৈ আছে, যি সকলো দিশত সমানে আগবাঢ়ে। তেতিয়া কোনেও সেই কথা বিশ্বাস কৰা নাছিল। কিন্তু তাৰ পিছত এডুইন হাব'ল নামৰ আন এজন জ্যোতিৰ্বিজ্ঞানীয়ে দূৰবীণেৰে বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ প্ৰমাণ কৰিছিল। এডুইন হাব'লে কোনোবা এটা গভীৰ নিশা দূৰবীণ যন্ত্ৰেৰে আকাশৰ বুকুত পিটপিটাই ধন্যবাদ যাঁচিছিল পোহৰৰ "ৰঙা সৰণ" নামৰ বিশেষ ধৰ্মটোক, কাৰন ইয়াৰ সহায়তেই তেওঁ প্ৰমাণ কৰিছিল বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ কথাটো। ইয়াৰ ফলত আইনষ্টাইনৰ অস্প্ৰসাৰণশীল ব্ৰহ্মাণ্ডৰ ধাৰণাটোও ক্ৰমে স্তিমিত হৈ পৰিছিল।

কিন্তু কি এই পোহৰৰ ৰঙা সৰণ বা "ৰেড চিফ্ট"? এই বিষয়ে জনাৰ আগত আমি "ড'পলাৰ ইফেক্ট"ৰ বিষয়ে জানিব লাগিব। যদি কোনো স্থিৰ উৎসৰ পৰা অবিৰত ভাবে এটা শব্দ আহে, তেন্তে ই চৌদিশে সমানে বিয়পিব। কিন্তু যদিহে শব্দৰ উৎসটোৱে গতিশীল শব্দৰ দিশতেই গতি কৰে তেন্তে সেই দিশত শব্দৰ তৰংগদৈৰ্ঘ্য কমি যায় আৰু ইয়াৰ কম্পাঙ্ক বৃদ্ধি পায়। আনহাতে ইয়াৰ বিপৰীত দিশত শব্দৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি পায় আৰু কম্পাঙ্ক হ্ৰাস পায়। শব্দৰ তৰংগদৈৰ্ঘ্য যিমানেই কম হয়, অৰ্থাৎ কম্পনাঙ্ক যিমানেই বেছি হয়, শব্দটো সিমানেই তীক্ষ্ণ হৈ পৰে। একেদৰে তৰংগদৈৰ্ঘ্য বৃদ্ধি হোৱাৰ লগে লগে অৰ্থাৎ কম্পনাঙ্ক কমি অহাৰ লগে লগে শব্দটো নিস্তেজ হৈ পৰে। উদাহৰণ স্বৰূপে আপোনাৰ দিশলৈ আহি থকা গাড়ী এখনৰ মাইকত গান বাজি থাকিলে আপোনাৰ কাণত গানটো যেনেদৰে বাজিব, গাড়ীখন আপোনাৰ পৰা আঁতৰি যাওঁতে মাইকৰ গানটো যথেষ্ঠ বিকৃত সুৰত শুনিব। ইয়াৰ কাৰণ - ডোপলাৰ ইফেক্ট। 

এই কথাখিনি পোহৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ পোহৰো এক প্ৰকাৰৰ তৰংগ। পোহৰৰ তৰংগ বিদ্যুৎচুম্বকীয় তৰংগ। যদিহে কোনো তাৰকাৰাজ্য আমাৰ তাৰকাৰাজ্য বা পৃথিৱীৰ পৰা আঁতৰি গৈ আছে, তেন্তে ডপলাৰ ইফেক্ট অনুসৰি ইয়াৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্যবোৰ পৃথিৱীৰ দিশলৈ অধিক হ’ব আৰু তাৰকাৰাজ্যখন আঁতৰি যোৱাৰ দিশত তৰংগদৈৰ্ঘ কম হ’ব। ফলত সেই তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰৰ বৰ্ণালীৰ তৰংগদৈৰ্ঘ্য বৃদ্ধি হ'ব। অৰ্থাৎ তাৰকাৰাজ্যখনৰ পৰা পৃথিৱীৰ দিশলৈ অহা বৰ্ণালীৰ বৰণ ৰঙাৰ ফালে গতি কৰিব। যিহেতু ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ দীঘল আৰু কম্পনাঙ্ক কম, সেয়েহে তাৰকাৰাজ্যখনৰ পৰা অহা পোহৰ দৃশ্যমান পোহৰৰ বৰ্ণালীৰ ৰঙা মূৰৰ ফালে ‘স্থানান্তৰিত’ হ’ব, যাক জ্যোতিৰ্বিজ্ঞানত ৰঙা সৰণ বা "Ref shift" বোলা হয়।

আকৌ যদি কোনো তাৰকাৰাজ্যই পৃথিৱীৰ দিশে আগবাঢ়ি আহে তেন্তে ডপলাৰ ইফেক্ট অনুসৰি তাৰ পৰা নিৰ্গত পোহৰৰ তৰংগদৈৰ্ঘ্য পৃথিৱীৰ ফালে কম আৰু তাৰকাৰাজ্যখনৰ পথৰ বিপৰীত দিশত বেছি হ’ব। কাৰণ তৰংগদৈৰ্ঘ্য কমি যোৱাৰ লগে লগে উৎসৰ পৰা অহা পোহৰৰ দৃশ্যমান পোহৰৰ বৰ্ণালী বেঙুনীয়া ৰঙৰ ফালে গতি কৰিব কাৰণ বেঙুনীয়া ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম আৰু কম্পনাংঙ্ক সৰ্বাধিক। আৰু ইয়াক নেগেটিভ ৰেড শ্বিফ্ট বা নীলা সৰণ বা ভায়োলেট শ্বিফ্ট বোলা হয়।

বিজ্ঞানী হাবলে এই ধাৰণাটো লৈয়েই এই গৱেষণাত ব্ৰতী হৈছিল। তেতিয়া তেওঁ দেখিলে যে এণ্ড্ৰমেডা গেলেক্সীৰ পৰা অহা পোহৰৰ তৰংগদৈৰ্ঘ্য বেঙুনীয়া ৰঙৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ নীলা ৰঙৰ পৰিৱৰ্তন দেখুৱাইছে। একেদৰে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৰ পোহৰৰ তৰংগদৈৰ্ঘ্য ৰঙাৰ ফালে স্থানান্তৰিত হৈছে, অৰ্থাৎ ৰঙাৰ পৰিৱৰ্তন দেখুৱাইছে। পিছলৈ অধিক পৰ্যবেক্ষণৰ অন্তত তেওঁ নিশ্চিত কৰিলে যে বিশ্বব্ৰহ্মাণ্ডৰ বেছিভাগ বস্তুৱেই ৰঙা পৰিৱৰ্তন দেখুৱায়। অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ বিস্তাৰ ঘটিছে। আনকি প্ৰতিটো মুহূৰ্তত ই আগৰ তুলনাত অধিক বেগেৰে সম্প্ৰসাৰিত হৈছে। ই যেন এটা অবিৰাম সম্প্ৰসাৰিত হৈ থকা অথচ বন্ধ কৰিব নোৱাৰা স্বয়ংক্ৰিয় বোমা যিয়ে প্ৰতি মুহূৰ্ততে ৰঙা সৰণৰ জৰিয়তে নিজৰ কাৰ্যকলাপ দৃঢ়ৰ পৰা অধিক দৃঢ় কৰি আহিছে। ইয়াৰ লগে লগে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনো অকল্পনীয় বিশালতাৰ পৰা আৰু অধিক বিশালতাৰ দিশে নিৰন্তৰ আগুৱাই গৈ আছে।

Thursday, 10 November 2022

বিক্ৰম-১ : ভাৰতৰ প্ৰথম বানিজ্যিক ৰকেট


ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা সকলোবোৰ মহাকাশ অভিযানতেই "ইছৰো"ৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত "ইছৰো"ৰ সলনি ভাৰতৰেই এটা কোম্পানীয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত পৃথিৱীৰ পৰা মহাকাশলৈ এটা ৰকেট প্ৰেৰণ কৰিবলৈ ওলাইছে। মহাকাশ বিশেষজ্ঞ সকলৰ মতে এয়া ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এটা নতুন যুগৰ আৰম্ভণি।


হায়দৰাবাদস্থিত এটা ব্যক্তিগত কোম্পানী ''স্কাইৰুট এৰোস্পেচ''ৰ দ্বাৰা বিকশিত কৰা এই ৰকেটটোৰ নাম ভাৰতৰ প্ৰসিদ্ধ গৱেষক বিজ্ঞানী আৰু মহাকাশ অভিযানৰ আত্মা স্বৰূপ বিক্ৰম চাৰাভাইৰ নামেৰে "বিক্ৰম-এচ" ৰখা হৈছে। বিগত ৮ নৱেম্বৰ, মঙলবাৰে স্কাইৰুট এৰোস্পেচ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দানাই জানিব দিয়া মতে ''স্কাইৰুট'' অভিযানৰ এই ''ষ্টাৰ্ট আপ'' মিচনৰ প্ৰথম পদক্ষেপ অনুসৰি বিক্ৰম-এচ নামৰ ৰকেটটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণস্থলীৰ পৰাই এই নৱেম্বৰ মাহৰ ভিতৰতেই উৎক্ষেপণ কৰা হ'ব। ইছৰোৱে এই ৰকেট প্ৰস্তুত কৰাত 'স্কাইৰুট'ক সহায় কৰিছে।

স্কাইৰুটে বিক্ৰম ৰকেটৰ তিনিটা প্ৰকাৰ বিকশিত কৰি আছে। বিক্ৰম-১ ৰকেটটোৱে পৃথিৱীৰ নিম্নতম কক্ষপথলৈ ৪৮০ কিলোগ্ৰাম পেলোড কঢ়িয়াই নিব পাৰিব। আনহাতে বিক্ৰম-২ ৰকেটটোৱে ৫৯৫ কিলোগ্ৰাম কাৰ্গোৰ সৈতে মহাকাশ যাত্ৰা কৰিবলৈ সক্ষম। এই চিৰিজৰ বিক্ৰম-৩ ৰকেটটোৱে ৮১৫ কিলোগ্ৰাম পেলোড পৃথিৱীৰ পৰা ৫০০ কিলোমিটাৰ ওপৰৰ কক্ষপথলৈ ক্ষিপ্ৰতাৰে উৎক্ষেপণ কৰিব পাৰিব।

কেইদিনমানৰ ভিতৰতে উৎক্ষেপণ হ'বলগীয়া বিক্ৰম-১ ৰকেটটো কালাম-১০০ নামৰ উৎক্ষপণ যানখনৰ সহায়ত কৰা হ'ব। এই বছৰৰ আৰম্ভণিতে স্কাইৰুট এৰোস্পেচ এজেন্সীয়ে কালাম -১০০ মহাকাশ যানখনৰ সফলতাৰ পৰীক্ষা সম্পন্ন কৰিছে। এই অভিযানত তিনিটা পেলোড মহাকাশলৈ বহন কৰা হ'ব। ইয়াৰ ভিতৰত "স্পেচ কিডচ ইণ্ডিয়া" (Space Kidz India)ৰ অধীনত ভাৰতৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ণৰত শিক্ষাৰ্থীসকলে বিকশিত কৰা ২.৫ কিলোগ্ৰামৰ পেলোডো অন্তৰ্ভূক্ত হৈ আছে।

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনৰ "স্কাইৰুট এৰোস্পেচ''ৰ অন্তৰ্ভূক্তি নিসন্দেহে এক আশাৰ বতৰা।