Wednesday, 28 June 2023

সময়বিহীন ব্ৰহ্মাণ্ডৰ খেলিমেলি চিন্তা


বিগবেঙৰ আগত সময় আছিল নে? অৰ্থাৎ সময়ৰ আৰম্ভণিৰ আগত "সময়" আছিল নে? এৰা, বৰ বিভ্ৰান্তিকৰ প্ৰশ্ন। যুক্তিৰ সহায়ত বিশ্লেষণ কৰি চালে প্ৰশ্ন দুটা অবান্তৰ যেনেই লাগে। কাৰণ "বিগবেঙৰ আগত" শব্দ দুটাৰে বিগবেঙৰ আগৰ সময়চোৱাৰ কথাকেই বুজাবলৈ চেষ্টা কৰা হৈছে। সময়ৰ আৰম্ভণিৰ "আগত" কি আছিল সেই বিষয়ে কেনেকৈ ক'ব পাৰি? বিশেষ কিবা এটা ঘটনা, আন কোনোবা এটা ঘটনাৰ "আগত" থাকিবলৈ হ’লে, সময়ৰ স্থান নিৰ্ধাৰণ কৰিব লাগিব। তাৰপিছতহে সেই দুটা নিৰ্দিষ্ট "সময়"ৰ তুলনা কৰি চাই নিৰ্ধাৰণ কৰিব পাৰি কোনটো ঘটনা প্ৰথমে সংঘটিত হৈছিল।

আমি সময়ৰ পিছলৈ কিমান উভটি যাব পাৰো তাৰো এটা সীমা আছে। আমি সময়ৰ একেবাৰে আৰম্ভণিটোকেই "বিগ বেং" বুলি কওঁ কাৰণ তাৰ থিক পিছতেই আৰম্ভ হ'ল স্থানৰ প্ৰসাৰণ। সময়ৰ অবৰ্তমানত কোনো স্থান নাছিল। একেদৰে স্থান অবিহনে সময়ো থাকিব নোৱাৰে। সেয়ে স্থান আৰু কাল (সময়) অভিন্ন। 

তথাপিও মনলৈ প্ৰশ্ন আহে। এই বিশাল বিশ্বব্ৰহ্মাণ্ডত এনে কোনো স্থান আছেনে, য'ত সময়ৰ অস্তিত্বই নাই? বিজ্ঞানীসকলৰ মতে প্ৰকৃতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ সকলো নিয়ম singularity বা "এককতা"ত অস্তিত্ব হীন হৈ পৰে। গতিকে য'ত "এককতা" আছে তাত "সময়" থাকিব নোৱাৰে। এইখিনিতেই মনলৈ প্ৰশ্ন আহিব যে "এককতা" বা singularity মানে কি? এই singularity শব্দটোৱে এলবাৰ্ট আইনষ্টাইনৰ ১৯১৫ চনত প্ৰকাশিত সাধাৰণ আপেক্ষিকতাবাদ তত্বত জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াত singularity বা "এককতা"ই কৃষ্ণগহ্বৰৰ কেন্দ্ৰক বৰ্ণনা কৰে, যিটো অসীম ঘনত্ব আৰু অসীম মাধ্যাকৰ্ষণৰ এক hypothetical বিন্দু যাৰ ভিতৰৰ পৰা কোনো বস্তুৱেই কেতিয়াও বাহিৰলৈ ওলাই আহিব নোৱাৰে, আনকি পোহৰো! 

কৃষ্ণগহ্বৰৰ দৰে ব্যৱস্থা এটাৰ কেন্দ্ৰত প্ৰাকৃতিক বৈশিষ্ট্যসমূহ (যেনে: ঘনত্ব, মাধ্যাকৰ্ষণ আদি) অসীম হৈ পৰিলে এককতাৰ সৃষ্টি হয়। অসীম ঘনত্ব যুক্ত কৃষ্ণগহ্বৰবোৰৰ কেন্দ্ৰত যিহেতু স্থানৰ সংকোচন অসীম, সেয়ে তাত সময়ৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে বিজ্ঞানীসকলে কয় যে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত লুকাই থকা কৃষ্ণগহ্বৰবোৰ এনে কেতবোৰ ব্যৱস্থা য'ত সময়ৰ কোনো অস্তিত্বই নাই! অৱশ্যে বিজ্ঞানৰ জগতত সততে আলোচনা হৈ থকা এই hypothetical "এককতা" আমাৰ সভ্যতাই এতিয়াও ঢুকি পোৱা নাই।

সময়বিহীন বিশ্বব্ৰহ্মাণ্ড এখন কেনেকুৱা হ'ব পাৰে? সঁচাকৈয়ে সময়বিহীন ব্ৰহ্মাণ্ড আছেনে? এয়া কল্পনা কৰাটোও কঠিন। সময় কি আমি আজিও ভালদৰে বুজি উঠা নাই। সময় অবিহনে কোনো ধৰণৰ গতিয়েই সম্ভব নহয়। একেদৰে সময় অবিহনে পদাৰ্থ আৰু স্থানো সৃষ্টি হ’ব নোৱাৰে। অৰ্থাৎ পোহৰেও গতি কৰিব নোৱাৰে। যিহেতু পোহৰ অবিহনে আমি একোৱেই দেখা নাপাওঁ, সেয়েহে সময় অবিহনে আমাৰ চৌপাশে হয়তো থাকিব কেৱল এক কল্পনাতীত শূণ্যতা আৰু সম্পূৰ্ণ স্থবিৰতা!

Friday, 23 June 2023

চন্দ্ৰযান-৩ : পুনৰ জোনবাইৰ দেশলৈ


সকলো ঠিক থাকিলে অহা ১২ জুলাই, ২০২৩ তাৰিখে জোনবাইৰ বুকুলৈ উৰা মাৰিব ভাৰতৰ চন্দ্ৰযান-৩। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা "ইছৰো"ৰ বিজ্ঞানীসকল সম্প্ৰতি এই অভিযানৰ বাবে প্ৰস্তুত কৰি তোলা "লেণ্ডাৰ"খন মূল মহাকাশ যানখনৰ সৈতে একত্ৰিত কৰাৰ কামত ব্যস্ত। ইছৰোৰ অভিযানত ভাৰতৰ আটাইতকৈ গধুৰ ৰকেট, জিঅ’চিনক্ৰ’নাছ লঞ্চ ভেহিকেল মাৰ্ক-৩ (GSLV Mark-3) নামৰ উৎক্ষেপক যানখনে ভাৰতৰ কৌটি কৌটি জনতাৰ হেপাহৰ চন্দ্ৰযান-৩ক জোনবাইৰ বুকুলৈ কঢ়িয়াই নিব।

চাৰি বছৰ পূৰ্বে ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰ অভিযানৰ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে চন্দ্ৰযান-২ জোনবাইৰ বুকুত অৱতৰণ কৰোৱাৰ উদ্দেশ্যৰে প্ৰেৰণ কৰা হৈছিল। সেই মহাকাশযানখনত আছিল এখন লেণ্ডাৰ আৰু এখন ৰ'ভাৰ। লেণ্ডাৰখনৰ নাম আছিল বিক্ৰম। প্ৰজ্ঞান নামেৰে পৰিচিত আছিল ৰ'ভাৰখন। চন্দ্ৰযান-২ক জোনবাইৰ দক্ষিণ মেৰুত অৱতৰণ কৰোৱাৰ কথা আছিল। পৰিকল্পনা আছিল - অৱতৰণ কৰাৰ থিক পিছতেই বিক্ৰম লেণ্ডাৰখন চন্দ্ৰযান-২ৰ পৰা ওলাই আহিব আৰু প্ৰজ্ঞান ৰ'ভাৰখন জোনবাইৰ বুকুলৈ নমাই আনিব। 

কিন্তু, ২০১৯ চনত ইছৰোৰ বিজ্ঞানীসকলৰ এই চন্দ্ৰ অভিযান অভিযান ব্যৰ্থ হয়। লেণ্ডিঙৰ সময়ত চন্দ্ৰযান-২ৰ সৈতে বিজ্ঞানীসকলৰ যোগাযোগ হেৰাই যায়, যাৰ ফলত বিক্ৰম লেণ্ডাৰখন অনিয়ন্ত্ৰিত হৈ জোনবাইৰ বুকুত সজোৰে থেকেচা খাই পৰে। কিন্তু এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ২০১৯ চনৰ ভুলটোৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে। তাৰবাবে চন্দ্ৰযান-৩ৰ অৱতৰণ কৰিবলগীয়া স্থান চন্দ্ৰযান-২ৰ অৱতৰণ স্থানৰ পৰা কিছু দূৰত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও লেণ্ডাৰ আৰু ৰ'ভাৰৰ অৱতৰণৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ ব্যৱস্থাও গ্ৰহন কৰা হৈছে।

ইছৰোৰ দ্বাৰা সৃষ্ট চন্দ্ৰযান-৩ দৰাচলতে এটা থলুৱা লেণ্ডাৰ মডিউল (এল.এম), এটা প্ৰপালচন মডিউল (পি.এম) আৰু এখন ৰ'ভাৰৰ সংমিশ্ৰণ যাৰ মূল লক্ষ্য হৈছে আন্তঃগ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি বিকশিত কৰা। ইছৰোৰ মুৰব্বী ড° এছ সোমনাথৰ মতে চন্দ্ৰযান-৩ৰ লেণ্ডাৰে চন্দ্ৰৰ মাটিত সফলতাৰে "লেণ্ডিং" কৰাৰ পিছত ৰ'ভাৰখন জোনবাইৰ মাটিত এলানি ৰাসায়নিক পৰীক্ষা কৰিব। ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকলে লেণ্ডাৰ আৰু ৰ'ভাৰত প্ৰয়োজনীয় ‘পেলোড’ স্থাপন কৰাৰ কাম সম্পন্ন কৰি এই পেলোডসমূহ বাংগালুৰুৰ ইউ.আৰ.ৰাও চেটেলাইট চেণ্টাৰলৈ অনা হৈছে। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰত ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে GSLV Mark-3 নামৰ উৎক্ষেপক যানখন। আৰু কেইদিনমান পিছতেই এই মহাকাশ যানখন চন্দ্ৰযান-৩ক বুকুত বান্ধি লৈ উৰা মাৰিব জোনবাইৰ দেশলৈ। 

আশাকৰো ইছৰোৰ দ্বাৰা জোনবাইত অৱতৰণৰ এই দ্বিতীয় প্ৰচেষ্টা সফল হ'ব আৰু ইতিহাসৰ পৃষ্ঠাত জোনবাইত সফল অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাবে ভাৰত আৰু সমূহ ভাৰতীয়ক আকৌ এবাৰ গৌৰৱাম্বিত কৰিব।

Wednesday, 14 June 2023

তিনিটা সূৰ্যৰে এখন সৌৰজগত


তিনিটা সূৰ্য থকা এখন আজব সৌৰজগত। ইয়াৰ নাম HD188753। এই সৌৰজগতখন আমাৰ সূৰ্য্যৰ প্ৰায় ১৫১ আলোকবৰ্ষ আঁতৰৰ "চাইগনাছ" নক্ষত্ৰমণ্ডলত অৱস্থিত।  অতি আচৰিত কথা যে তিনিটা সূৰ্যৰ এই সৌৰজগত খনত মাত্ৰ এটাহে গ্ৰহ আছে। একমাত্ৰ এই গ্ৰহটোৰ নাম HD188753AB বা "টাটুইন"। এই গ্ৰহটো আমাৰ বৃহস্পতি গ্ৰহৰ দৰেই এটা গেছীয় দানব।

টাটুইন নামৰ এই গ্ৰহটো তিনিটা সূৰ্যৰ এই সৌৰজগতখনৰ প্ৰাথমিক বা (সবাতোকৈ উজ্বল) তৰাটোৰ চাৰিওফালে ঘূৰি থাকে। ইয়াৰ লগে লগে সৌৰজগতখনৰ আন দুটা দ্বৈত তৰাও প্ৰাথমিক তৰাটোৰ চৌদিশে ঘূৰি  থাকে। ২০০৫ চনত আৱিষ্কাৰ হোৱা এই তিনি তাৰকাযুক্ত সৌৰজগতখন কেনেকৈ গঢ় লৈ উঠিল, সেয়া বিজ্ঞানৰ বাবে আজিও এক ৰহস্যময় বিষয়।

বৃহস্পতিৰ ভৰতকৈ ১.১৪ গুণ বেছি এই গ্ৰহটোৱে সৌৰজগতখনৰ প্ৰাথমিক তৰাটোক অতি ওচৰৰ কক্ষপথেৰে প্ৰদক্ষিণ কৰি থাকে। প্ৰাথমিক তৰাটোৰ পৰা গ্ৰহটোৰ  দূৰত্ব মাত্ৰ ০.০৪৪৬ জ্যোতিৰ্বিজ্ঞান একক। সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বক এক জ্যোতিৰ্বিজ্ঞান একক বুলি ধৰা হয়। গ্ৰহটোৱে মাত্ৰ ৩.৩ পৃথিৱী দিন বা ৮০ ঘণ্টাত প্ৰাথমিক তৰাটোৰ প্ৰদক্ষিণ সম্পূৰ্ণ কৰে।

HD188753 সৌৰজগত খনৰ তিনিটা সূৰ্য হ'ল  যথাক্ৰমে HD188753A, HD188753B আৰু HD188753C। ইয়াৰ প্ৰথমটো তৰা আমাৰ সূৰ্য্যৰ দৰে হালধীয়া বামন। Hd188753B এটা K-টাইপ তৰা আৰু Hd 188 753C এটা ৰঙা বামন।

অধিক তথ্যৰ বাবে: 👇
https://www.scientificlib.com/en/Astronomy/Stars/HD188753.html

Saturday, 10 June 2023

মৃতপ্ৰায় নক্ষত্ৰৰ বুকুত জাহ যোৱা গ্ৰহটো


মৃতপ্ৰায় তৰা এটাই ইয়াৰ চৌদিশে অহৰহ পৰিভ্ৰমণ কৰি থকা গ্ৰহ এটা ক্ৰমে গিলি পেলাইছে। মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আৰু কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন’লজিৰ মহাকাশ বিজ্ঞানীৰ এটা দলে প্ৰথমবাৰৰ বাবে এনে এক বিৰল পৰিঘটনা পৰ্যবেক্ষণ কৰিছে। পৃথিৱীৰ পৰা প্ৰায় ১২ হাজাৰ আলোকবৰ্ষ দূৰত্বত অৱস্থিত একুইলা নক্ষত্ৰমণ্ডলত এই ঘটনা সংঘটিত হৈছে। এই গ্ৰহটো আমাৰ সৌৰজগতৰ বৃহস্পতি গ্ৰহৰ আকাৰৰ সমান।

প্ৰায় ১০ বিলিয়ন বা ১০০০ কৌটি বছৰীয়া ZTF SLRN-2020 নামৰ এই তৰাটো আমাৰ হাতীপটি তাৰকাৰাজ্যৰ একুইলা নক্ষত্ৰমণ্ডলত অৱস্থিত। মৃতপ্ৰায় এই তৰাটোৰ উজ্বলতা ইতিমধ্যে স্তিমিত হৈ পৰিছিল যদিও তৰাটোৱে গ্ৰহটো গিলিবলৈ আৰম্ভ কৰাৰ লগে লগে ই নিজৰ স্বাভাৱিক স্তৰৰ উজ্বলতাতকৈ প্ৰায় ১০০ গুণ অধিক উজ্জ্বল হৈ পৰাত জ্যোতিৰ্বিজ্ঞানীৰ দলটোৱে এই বিশেষ পৰিঘটনাটো পৰ্যবেক্ষণ কৰাৰ সুবিধা লাভ কৰে।

সাধাৰণতে তৰা এটাৰ ইন্ধন যেতিয়া শেষ হয়, তেতিয়া তৰাটোৰ কেন্দ্ৰত নিউক্লীয় সংযোজন বিক্ৰিয়া বন্ধ হৈ যায়। ফলস্বৰূপে তৰাটো ধীৰে ধীৰে ইয়াৰ স্বাভাৱিক আকাৰতকৈ বহু গুণে ডাঙৰ হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰে। ইয়াৰ ফলত তৰাটোৰ সন্মুখলৈ যি বস্তুৱেই আহে, সেই সকলোবোৰ  বস্তুকেই তৰাটোৱে গিলি পেলায়। 

ভৱিষ্যতে আমাৰ সূৰুযেও সৌৰজগতৰ গ্ৰহবোৰ থিক এনেদৰেই গিলি পেলাব। এই বিৰল পৰিঘটনাটোৱে প্ৰত্যক্ষ ভাবে আমাৰ পৃথিৱীখনৰ ভৱিষ্যতৰ কথাও সোঁৱৰাই দিলে। আগন্তুক ৫ বিলিয়ন বছৰৰ পাছত সূৰ্য্যৰ জীৱন কাল অন্ত পৰিব। সেই সময়ত বিজ্ঞানীসকলৰ মতে আমাৰ সূৰ্যটোও আকাৰত ওফন্দি উঠিব আৰু সৌৰজগতৰ শিলাময় গ্ৰহবোৰ একাদিক্ৰমে গিলি পেলাবলৈ আৰম্ভ কৰিব। বুধ আৰু শুক্ৰ গ্ৰহক ভক্ষণ কৰাৰ পিছত আমাৰ এই ধুনীয়া পৃথিৱীখনো মৃতপ্ৰায় সূৰ্যৰ বুকুত ভষ্মীভূত হৈ  মহাবিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব।

Friday, 9 June 2023

পোহৰৰ যাদুকৰী ২১ ছে.মি. তৰংগদৈৰ্ঘ

 

পৰ্যবেক্ষণযোগ্য বিশ্বব্ৰহ্মাণ্ডখনত প্ৰায় ১০^৮০টা পৰমাণু আছে, আৰু ইয়াৰে বেছিভাগেই সৰল হাইড্ৰজেন পৰমাণু যিবোৰ মাত্ৰ এটা প্ৰ’টন আৰু এটা ইলেক্ট্ৰনেৰে নিৰ্মিত। কোৱাণ্টাম ৰূপান্তৰণে (ট্ৰানজিচন) আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বহুতো কাৰ্য পাৰমাণৱিক আৰু আণৱিক স্তৰত নিয়ন্ত্ৰণ কৰে। প্ৰ’টন, নিউট্ৰন আৰু ইলেক্ট্ৰনৰ দৰে পদাৰ্থ কণাবোৰে উমৈহতীয়াকৈ এক নিৰ্দিষ্ট ধৰণে কাম কৰে। ফলস্বৰূপে পৰমাণু আৰু ইয়াৰ উপাদানসমূহে কোৱাণ্টাম বলবিজ্ঞানৰ নিয়ম অনুসৰি নিজকে সজ্জিত কৰিব পাৰে। যেনে, বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সৰল হাইড্ৰজেন পৰমাণুবোৰৰ শক্তিৰ মাত্ৰা কমি গ'লে অৱলোহিত ৰশ্মি, অতিবেঙুনীয়া আৰু দৃশ্যমান ৰশ্মি বিকিৰণ কৰে।

হাইড্ৰজেন পৰমাণুৰ এটা বিশেষ কোৱাণ্টাম ৰূপান্তৰণ আছে য’ত হাইড্ৰজেন পৰমাণু এটাই ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ বিশেষ ধৰণৰ পোহৰৰ বৰ্ণালী নিৰ্গত কৰে। এই পৰিঘটনাটোৱে বিশ্বব্ৰহ্মাণ্ডৰ বুকুত তিৰবিৰাই থকা তৰাবোৰে লুকুৱাই ৰখা বিশ্বব্ৰহ্মাণ্ডৰ অযুত ৰহস্য উন্মোচনৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰিছে। 

এই যাদুকৰী ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ লগত দুটা কোৱাণ্টাম প্ৰক্ৰিয়া জড়িত হৈ আছে। প্ৰথম কোৱাণ্টাম প্ৰক্ৰিয়াটো অবিৰত আৰু দ্বিতীয় কোৱাণ্টাম প্ৰক্ৰিয়াটো বিচ্ছিন্ন। অবিৰত কোৱাণ্টাম প্ৰক্ৰিয়াই সূৰ্যৰ দৰে তৰাবোৰৰ পৰা নিৰ্গত তৰংগদৈৰ্ঘ্যৰ পোহৰ উৎপন্ন কৰে। পোহৰৰ বিভিন্ন তৰংগদৈৰ্ঘ্য বিশ্লেষণ কৰি এই কোৱাণ্টাম প্ৰক্ৰিয়াবোৰ বুজি পোৱাতো সম্ভৱ। পোহৰৰ এই তৰংগদৈৰ্ঘই তৰাবোৰৰ গভীৰতাত লুকাই থকা তথ্যবোৰ বিজ্ঞানীসকলক যোগান ধৰে। 

পৰমাণুবোৰৰ প্ৰথম শক্তি স্তৰত কেবল দুটা ইলেক্ট্ৰন ধৰি ৰখাটোহে সম্ভৱ। দ্বিতীয় স্তৰটো ২s আৰু ২p কক্ষপথৰে (অৰবিটেল) গঠিত যিয়ে মুঠ আঠটা ইলেকট্ৰণ ৰাখিব পাৰে। অৱশ্যে একে শক্তিৰ স্তৰৰ ভিতৰতো বিভিন্ন ধৰণৰ কক্ষপথৰ মাজত শক্তিৰ পাৰ্থক্য থাকে। প্ৰ’টন আৰু ইলেকট্ৰণ একত্ৰিত হ’লে হাইড্ৰ’জেন পৰমাণুৰ যি কোৱাণ্টাম ৰূপান্তৰণ ঘটে, তাৰফলত ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ ফ’টন নিৰ্গত হয়। এই কোৱাণ্টাম ৰূপান্তৰ হ’বলৈ বহু সময় লাগে। 

যেতিয়াই নতুন তৰা সৃষ্টি হয়, তেতিয়াই তৰাটোৰ মূল উপাদান হাইড্রোজেন পৰমাণু আয়নিত হয় আৰু ২১ ছে.মি. তৰংগ দৈৰ্ঘৰ ফোটন কণা বিকিৰণ কৰে। ২১ ছে.মি. তৰংগদৈৰ্ঘ বিকৰণৰ বিষয়টো আমাৰ মহাবিশ্বৰ তাৰকা গঠনৰ ইতিহাস অধ্যয়ন কৰাৰ বাবে তথা বিগ বেং বা মহানাদৰ পিছতেই সৃষ্টি হোৱা হাইড্রোজেন পৰমাণু সম্বন্ধে বিস্তাৰিত অধ্যয়নৰ বাবে অতিশয় উপযোগী।

Wednesday, 7 June 2023

মহাকৰ্ষণীয় তৰংগৰ বেগ


প্ৰায় ১৩০ নিযুত বছৰ আগতে মহাবিশ্বৰ কোনোবা এক স্থানত অৱস্থিত এখন তাৰকাৰাজ্যৰ দুটা তৰাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হৈছিল। সংঘৰ্ষটো ইমানেই ভয়ানক আছিল যে ই মহাকৰ্ষণীয় তৰংগৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। সেই সময়ত, নক্ষত্ৰ দুটাৰ বিস্ফোৰণত সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগ আৰু নক্ষত্ৰ দুটাৰ পৰা নিৰ্গত পোহৰে বিশ্বব্ৰহ্মাণ্ডজুৰি একেলগেই ভ্ৰমণ কৰিছিল। 

বিগত ২০২২ চনৰ ১৭ আগষ্টৰ ৰাতিপুৱা ৬:৪১ বজাত মহাকৰ্ষণীয় তৰংগ আৰু নক্ষত্ৰ দুটাৰ পৰা নিৰ্গত পোহৰ একেলগে আহি পৃথিৱীত উপস্থিত হৈছিল। এই পৰিঘটনাটোক "মাল্টিমেচেঞ্জাৰ জ্যোতিৰ্বিজ্ঞান"ৰ আৰম্ভণি হিচাপে গণ্য কৰা হৈছে। জ্যোতিৰ্বিজ্ঞানীসকলে যেন এই মুহূৰ্তটোৰ বাবেই অপেক্ষা কৰি আছিল। 

আমি সকলোৱে জানো যে পোহৰে গতিৰ এক সীমা মানি চলে। এই গতিৰ সীমা প্ৰতি ছেকেণ্ডত প্ৰায় তিনি লাখ কিলোমিটাৰ। ব্ৰহ্মাণ্ডত একোৱেই আজীৱন একে গতিত ভ্ৰমণ কৰিব নোৱাৰে। কিন্তু আমোদজনক ভাৱে, মাধ্যাকৰ্ষণে কিন্তু একে গতিতেই ভ্ৰমণ কৰি থাকিব পাৰে। এসময়ত নিউটনে ভাবিছিল যে সময় সদায় একে গতিতেই আগবাঢ়ে। কিন্তু পিছলৈ আইনষ্টাইনে দেখুৱাইছিল যে সময় আপেক্ষিক। যিকোনো তথ্যৰ গতি সীমিত। তেহেলৈ ই পোহৰ কঢ়িয়াই অনা ফ'টনেই হওঁক বা মহাকৰ্ষণ। 

উইচকনচিন-মিলৱাকি বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানী জুলিয়ান ক্ৰেইটনে কৈছে যে মহাকৰ্ষণীয় তৰংগৰ গতি বিদ্যুতচুম্বকীয় তৰংগৰ গতিৰ সমান কিয়নো এই দুয়োটাই তথ্যৰ গতিত ভ্ৰমণ কৰিব পাৰে। কিন্তু মাধ্যাকৰ্ষণে কিয় পোহৰৰ লগত একে গতিত ভ্ৰমণ কৰে?

ক্ৰেইটনে বৰ্ণনা কৰিছিল যে বৈদ্যুতিক চুম্বক ক্ষেত্ৰ এখনত যেতিয়া ইলেকট্ৰণ এটা জোকাৰ খায়, তেতিয়া ই বৈদ্যুতিক ক্ষেত্ৰখনত এক পৰিৱৰ্তন সৃষ্টি কৰে আৰু এই পৰিবৰ্তনৰ তথ্য পোহৰৰ বেগত বিয়পি পৰে। মাধ্যাকৰ্ষণেও থিক একেধৰণেই কাম কৰে। ইলেকট্ৰণৰ সলনি যদিহে ভৰযুক্ত কণা এটাক মহাকৰ্ষণীয় ক্ষেত্ৰ এখনত জোকাৰি দিয়া হয়, তেন্তে ই মহাকৰ্ষণীয় ক্ষেত্ৰখনৰ এক তাৎক্ষণিক পৰিৱৰ্তন আনিব। ফলস্বৰূপে সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগবোৰো বৈদ্যুতিক ক্ষেত্ৰখনৰ ফোটন কণিকাবোৰৰ বেগতেই গতি কৰিব।

Saturday, 22 April 2023

স্পেছএক্সৰ এটি অসফল উৰণ


পৃথিৱীৰ সৰ্ববৃহৎ ৰকেট পৰিবহনকাৰী স্পেচএক্স ৰকেট এটা মাজ আকাশতেই বিষ্ফোৰিত হৈ ধ্বংসস্তুপত পৰিণত হ'ল। টেক্সাছৰ ষ্টাৰবেছৰ পৰা উৎক্ষেপণৰ অলপ পিছতেই মানৱবিহীন স্পেছএক্সৰ ৰকেটটো বিস্ফোৰণত ধ্বংস হৈ পৰিল। এইটো স্পেছএক্সৰ সৰ্ববৃহৎ ৰকেট প্ৰণালীৰ প্ৰথম পৰীক্ষামূলক উৎক্ষেপণ আছিল। স্পেছএক্সৰ ষ্টাৰশ্বিপ হৈছে এক সম্পূৰ্ণ পুনঃব্যৱহাৰযোগ্য পৰিবহন প্ৰণালী। ইয়াৰ জৰিয়তে মহাকাশচাৰী আৰু কাৰ্গো, দুয়োকে পৃথিৱীৰ কক্ষপথ, জোনবাই আৰু আনকি মঙ্গলগ্ৰহলৈও পৰিবহন কৰিব পাৰি। সাম্প্ৰতিক সময়ত স্পেছএক্স পৃথিৱীৰ আটাইতকৈ শক্তিশালী উৎক্ষেপণযান।

বিগত বৃহস্পতিবাৰে বিজ্ঞানীসকলৰ লক্ষ্য আছিল দক্ষিণ টেক্সাছৰ এটা লঞ্চপেডৰ পৰা পৃথিৱীৰ কক্ষপথত স্পেছএক্সক স্থাপন কৰা। কিন্তু "লিফ্ট-অফ"ৰ কেইমিনিটমান পিছতেই উৎক্ষেপন যানখনৰ ইঞ্জিনৰ কিছু অংশই অস্বাভাৱিক আচৰণ কৰে আৰু ৰকেটটোৱে আকাশৰ বুকুত নিয়ন্ত্ৰণহীন ভাৱে ঘূৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই ৰকেটটো মাজ আকাশত বিষ্ফোৰিত হয়। 

স্পেছএক্সৰ স্বত্তাধিকাৰী ইলন মাস্কৰ চূড়ান্ত লক্ষ্য হৈছে মঙ্গল গ্ৰহলৈ মানুহৰ অভিযান। আৰু সেই লক্ষ্যৰ এটা অংশ হ'ল এনে এখন মহাকাশযান নিৰ্মাণ কৰা যিখনে অনায়াসে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰাৰ লগতে এখন পুনৰ ব্যৱহাৰযোগ্য মহাকাশযান হ'ব। তেনে ধৰণেই স্পেচএক্সৰ চুপাৰ হেভি বুষ্টাৰ আৰু ইয়াৰ ওপৰৰ অংশৰ ষ্টাৰশ্বিপ - এই দুয়োটা অংশই পুনৰ ব্যৱহাৰযোগ্য হিচাপে গঢ়ি তোলা হৈছে। মহাকাশ পৰিভ্ৰমণৰ অন্তত "চফ্ট লেণ্ডিং" বা ধীৰ অৱতৰণৰ জৰিয়তে ই সহজেই পৃথিৱীলৈ উভতি আহিবলৈও সক্ষম। 

বিজ্ঞানীসকলৰ পৰিকল্পনা অনুসৰি পৰীক্ষাৰ সময়চোৱাত স্পেছএক্সৰ ৰকেটটোৱে পৃথিৱীৰ কক্ষপথত স্থাপন হোৱাৰ পিছতেই পৃথিৱীৰ চৌদিশে প্ৰদক্ষিণ কৰি নিৰ্ধাৰিত ভাবেই পিছত প্ৰশান্ত মহাসাগৰৰ বুকুত সফলভাবে অৱতৰণ কৰিব। কিন্তু, ৰকেটটো মেক্সিকো উপসাগৰৰ ওপৰৰ আকাশতেই বিস্ফোৰিত হৈ চৌদিশে সিঁচৰিত হৈ পৰিল। বিজ্ঞানী সকলৰ মতে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰকেটটো স্বয়ংক্ৰিয়ভাৱে মাজ আকাশত বিস্ফোৰিত হৈছিল।

ষ্টাৰশ্বিপৰ পৰীক্ষামূলক উৎক্ষেপণৰ ব্যৰ্থতাই সামান্য বিচলিত কৰিলেও ইলন মাস্কে টুইটযোগে স্পেচএক্সৰ বিজ্ঞানীসকলক অভিনন্দন জনাই লিখিছিল, "কেইমাহমানৰ ভিতৰতেই পৰৱৰ্তী পৰীক্ষামূলক উৎক্ষেপণ কৰা হ'ব। আজিৰ পৰীক্ষামূলক উৎক্ষেপণৰ পৰা বহুত শিকিবলৈ আছে। ইয়াকে মূলধন হিচাপে লৈ আমি আকৌ যাম মহাকাশলৈ……"

Wednesday, 29 March 2023

দৃষ্টি ভ্ৰম বা 𝐎𝐩𝐭𝐢𝐜𝐚𝐥 𝐈𝐥𝐥𝐮𝐬𝐢𝐨𝐧


ইংৰাজীত এফাকি কথা আছে - "Seeing is believing"! প্ৰকৃততে, আমি যি দেখো আৰু আমি যি দেখা বুলি বিশ্বাস কৰো, সেয়া সম্পূৰ্ণ দুটা বেলেগ বিষয়। আমাৰ ইন্দ্ৰিয়বোৰে বহিঃজগতৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰে আৰু এইবোৰ আমাৰ মগজুলৈ প্ৰেৰণ কৰে। কিন্তু আমাৰ মগজুৱে কেৱল এই তথ্য সমূহেই লাভ নকৰে। বৰং মগজুৱে বহিঃজগতৰ বিভিন্ন বস্তুসমূহৰ বিষয়ে আমাৰ মনত একোটা ধাৰণাৰো সৃষ্টি কৰে। অৰ্থাৎ মগজুৱে যদি কোনো বস্তু বা বিষয় সম্বন্ধে অসম্পূৰ্ণ তথ্য লাভ কৰে, তেন্তে আমাৰ মগজুত সৃষ্টি হোৱা অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰিবলৈ মগজুৱে তৎক্ষণাত এখন চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত সেই বিষয়টো সম্বন্ধে এটি অপ্ৰকৃত ধাৰণাৰ সৃষ্টি কৰে! এই অপ্ৰকৃত ধাৰণাটোৱেই আমাৰ বাবে এটা Optical Illusion বা "দৃষ্টি ভ্ৰম"।

কিন্তু এনে কিয় হয়? বিজ্ঞানীসকলৰ মতে এয়া বিৱৰ্তনৰ বাবেই সম্ভৱ হৈছে! আমাৰ অতি জটিল জীৱন প্ৰক্ৰিয়া সমূহ সুচাৰু ৰূপে পৰিচালিত হ'বলৈ আমাৰ শৰীৰৰ বিভিন্ন জৈৱিক ক্ৰিয়া সমূহ শৰীৰৰ ভিতৰত অতি দ্ৰুত প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। তাৰ বাবে মগজুৰ বিকাশ অপৰিহাৰ্য। বিৱৰ্তনৰ ফলত বিকাশ লাভ কৰা মানুহৰ মগজুৱে তথ্য হিচাবে লাভ কৰা টুকুৰা টুকুৰ স্নায়ৱিক সংকেতবোৰ একেলগ কৰি দ্ৰুততাৰে কাম কৰিবলৈ বিকশিত হৈছে। তেনে সময়ত যদিহে মগজুত পৰ্যাপ্ত তথ্যৰ যোগান ধৰা নহয়, মগজুৱে সম্পূৰ্ণ নিজৰ চিন্তা শক্তিৰে এই অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰে আৰু তৎক্ষণাত তথ্যবোৰ লগ লগাই এখন মনোগ্ৰাহী চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত এটা অপ্ৰকৃত ধাৰণা আঁকি দি কৰি দৃষ্টি ভ্ৰম সৃষ্টি কৰে। সেয়েহে বিজ্ঞানীসকলে ক'ব খোজে যে "Seeing is believing" কথাটো আংশিক সত্যহে।

পোষ্টটোৰ লগত সংলগ্ন ছৱিখনো এটা দৃষ্টি ভ্ৰম। ইয়াত আপুনি যি অনুভৱ কৰি আছে সেয়া হৈছে ভ্ৰান্ত গতি; এক দৃষ্টি ভ্ৰম, য'ত স্থিৰ প্ৰতিচ্ছবি এখন লৰচৰ কৰি থকা যেন দেখা যায়। ইয়াৰ কাৰণ ৰঙৰ বৈপৰীত্য আৰু বৰ্গক্ষেত্ৰবোৰৰ স্থিতি।

 

Saturday, 25 March 2023

জোনবাই আৰু শুক্ৰ গ্ৰহৰ অকালটেচন


২৪ মাৰ্চ, ২০২৩ তাৰিখে জোনবাই শুক্ৰ গ্ৰহৰ সন্মুখেৰে পাৰ হৈ গৈছে, যিটো কেবল এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পৰাহে দৃশ্যমান। জ্যোতিৰ্বিজ্ঞানত এনে পৰিঘটনাক "অকালটেচন" বুলি কোৱা হয়। এই ছবিখন টংলা চহৰত অৱস্থিত আমাৰ ঘৰৰ চোতালৰ পৰা মোবাইলৰ সহায়ত লোৱা। দুয়োটা মহাকাশীয় বস্তুৰ মাজৰ ব্যৱধান অতি দ্ৰুতগতিত বৃদ্ধি হ'ব, আৰু সেয়েহে এই অকালটেচন কেৱল সীমিত সময়ৰ বাবেহে দৃশ্যমান।

-Pranabjyoti Das, Tangla

 

Tuesday, 21 March 2023

ক্ৰু এস্কেপ চিষ্টেম : ইছৰো


মানুহৰ নিৰাপদ মহাকাশ যাত্ৰাৰ বাবে এটা অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ বাবে ভাৰতীয় মহাকাশ সংস্থা বা ইছৰোৱে বিগত ২০১৮ চনৰ পৰা চলাই নিয়া বিশেষ গৱেষণাই বিশ্বৰ মহাকাশ বিজ্ঞানক এক অনন্য মাত্ৰা প্ৰদান কৰিব। ইছৰোৰ বিজ্ঞানী সকলে মহাকাশত হ'ব পৰা সাম্ভাব্য দুৰ্ঘটনাৰ পৰা মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিবলৈ "ক্ৰু এস্কেপ চিষ্টেম" (Crew Escape System) নামৰ এটা মডিউল তৈয়াৰ কৰিছে। মহাকাশত হোৱা যিকোনো জৰুৰীকালীন অৱস্থাত এই "ক্ৰু এস্কেপ চিষ্টেম" নামৰ মডিউলটোৱে মহাকাশচাৰী সকলক ক্ষিপ্ৰতাৰে উৎক্ষেপণ যান বা ৰকেটৰ পৰা সুৰক্ষিত ভাবে ধৰাৰ বুকুলৈ ঘূৰাই আনিব পাৰিব। 

ইতিমধ্যে ইছৰোৱে ইয়াৰ বাবে সফলতাৰে প্ৰথমটো পৰীক্ষা বা "পেড এবৰ্ট টেষ্ট" সফলতাৰে সম্পন্ন কৰিছে। এই পৰীক্ষাৰ সময়ত ৫ ঘণ্টাৰ "কাউণ্ট ডাউন"ৰ অন্তত "ক্ৰু এস্কেপ চিষ্টেম" মডিউলটোৰ লগত ১২.৬ টন ভৰৰ এটা "চিমুলেটেড ক্ৰু মডিউল" ৰাতিপুৱা ৭:০০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰোৱা হৈছিল। পৰীক্ষাটো ৩০০ ছেকেণ্ডৰ বাবে প্ৰগ্ৰেমিং কৰি ক্ৰু মডিউলটো উৎক্ষেপণ কৰা হৈছিল। ৩০০ ছেকেণ্ড পিছতেই এই ক্ৰু মডিউলটো বংগোপসাগৰৰ ওপৰত উৎক্ষেপণ যানৰ পৰা সফলতাৰে বিচ্ছিন্ন হৈ শ্ৰীহৰিকোটাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰৰ বংগোপসাগৰলৈ পেৰাচুটৰ সহায়ত উভতি আহিছিল।

১৯৮৪ চনৰ ৩ এপ্ৰিলত প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ৰাছিয়াৰ মহাকাশযানত মহাকাশলৈ গৈ ইতিহাস ৰচিছিল। ইয়াৰ ৩৪ বছৰৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে ঘোষণা কৰিছিল যে তেওঁলোকে সম্পূৰ্ণ ৰূপে ভাৰতত নিৰ্মিত মহাকাশযানত ভাৰতীয় মহাকাশচাৰী সকলক মহাকাশলৈ প্ৰেৰণ কৰিব। এই মহাকাশ যানক ইতিমধ্যে ''গগনযান" নামেৰে নামাকৰণ কৰা হৈছে।

ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ পৰিণামৰ কথা সৰোগত কৰি ভাৰতীয় মহাকাশচাৰী সকলক কেনেদৰে সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনিব পাৰি তাৰ ব্যৱস্থাৰ কথা চিন্তা কৰিয়েই ইছৰোৱে এই গৱেষণা আৰম্ভ কৰিছিল।

ইছৰোৱে বিজ্ঞানীসকলে দাবী কৰিছে যে যদি মহাকাশত উৎপন্ন হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিত দেশীয় ভাবে তৈয়াৰ কৰা এই উন্নত প্ৰযুক্তিয়ে মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিব পাৰিব। এই প্ৰণালীত, মহাকাশচাৰীসকল ৰকেটৰ সৈতে সংযোজিত এটা বিশেষ মডিউলৰ ভিতৰত থাকিব। যদিহে ৰকেটত কোনো বিসংগতিয়ে দেখা দিয়ে, মডিউলৰ লগত সংলগ্ন কম্পিউটাৰৰ মনিটৰত ইয়াৰ তথ্য প্ৰকাশ হ'ব আৰু মহাকাশচাৰীসকলে তৎক্ষণাৎ এই মডিউলটো মূল মহাকাশযানখনৰ পৰা পৃথক কৰি সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব পাৰিব। পৰীক্ষাৰ সময়ত এইটোও নিৰীক্ষণ কৰা হৈছিল যাতে এই প্ৰযুক্তিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰৰ যিকোনো উচ্চতাত এই "ক্ৰু এস্কেপ চিষ্টেম"টোৱে নিখুঁতভাৱে কাম কৰিব পাৰে। এই মডিউলটোৰ দ্বিতীয় লানি পৰীক্ষা অহা মে মাহত সম্পন্ন কৰিবলৈ ইছৰোৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইছৰোৰ এই সফলতাই সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানক নিসন্দেহে এক অনন্য মাত্ৰা প্ৰদান কৰিব।