Thursday, 26 October 2023

ফুটবল আৰু মোৰ শৈশৱৰ দিনবোৰ



তেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ। ধান কটাৰ পিছত গাঁওৰ খেতি পথাৰবোৰ মুকলি হ'লে আমাক আৰু কোনে পায়! গাঁওৰ কাণসমনীয়া ল'ৰাবোৰ দুইভাগত ভাগ হৈ দুটা দল বনাই আমি ফুটবল খেলো। সেই সময়ত চামৰাৰ ফুটবলবোৰ আমাৰ বাবে বৰ মহঙা সম্পদ আছিল। সেয়ে আমি ৰবাব টেঙা ৰ'দত শুকুৱাই সেইটোকে লৈ আবেলি সময়ত ফুটবল খেলো। আমাৰ লগত একাধিক ৰবাব টেঙাৰ "ফুটবল" মজুত থাকে, কিয়নো সেই টেঙাবোৰ কিছু সময় খেলাৰ পিছত ফাটি গৈছিল অথবা কেতিয়াবা ওচৰৰে বিহলঙনিৰ চোপাৰ মাজত অথবা ঘনকৈ গজি উঠা কাষৰে ঢেকীয়ানী ডৰাৰ মাজত হেৰাই গৈছিল।
ফুটবল খেলাৰ সময়ত কিছুমান আমোদজনক নিজস্ব নিয়মো আমাৰ খেলবোৰত প্ৰযোজ্য হৈছিল। তেনে কিছুমান নিয়ম এনে ধৰণৰ:
ক) খেল শেষ হোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। আমি যেতিয়ালৈ ভাগৰুৱা হৈ নপৰো, তেতিয়ালৈ খেল চলিয়েই থাকিব।
খ) "অফচাইড" ৰুল (নিয়ম) নাই। (আচলতে এই ৰুলটো বুজিও নেপাইছিলোঁ)।
গ) যিটো দল হাৰে, পিছ দিনা সেইটো দলে ৰবাব টেঙা যোগাৰ কৰি আনিব লাগিব।
ঘ) আন চুবুৰীৰ ল'ৰাৰ লগত ফুটবল খেল হ'লে নিজৰ গ'লপোষ্ট দুটাৰ কাষৰ মাটিত দুটা পকা জলকীয়া পুতি থোৱা। (আমাৰ বিশ্বাস আছিল যে জলকীয়া পোতা গ'লপোষ্টৰ দিশত গ'ল নহয়!) এবাৰ দুবাৰ মান আমাৰ লগৰে বীৰেনৰ ককাদেউতাকৰ হতুৱাই ৰবাব টেঙা জাৰিও আনিছিলো।
ঙ) নিজৰ মাজত হোৱা খেলবোৰত সকলোতকৈ ভাল খেলুৱৈ এজনৰ বিপৰীতে আনটো দলে চৰ্ত সাপেক্ষে এজন অতিৰিক্ত খেলুৱৈ অন্তৰ্ভুক্ত কৰিব পাৰে। ইত্যাদি ইত্যাদি।
দিনবোৰ এনেদৰেই আগবাঢ়ি গৈছিল। এনেতে ভাৰতীয় সৈন্য বাহিনীত সেৱা আগবঢ়াই অৱসৰ লোৱা এজন সৈনিক আমাৰ গাঁওলৈ স্থায়ী ভাবে থাকিবলৈ আহিল। তেখেতৰ সৰু ল'ৰাজন আমাৰ বয়সৰেই। সিও আহি আমাৰ লগতে ৰবাব টেঙা গুৰিয়ায়। এদিন ৰবাব টেঙা গুৰিয়াই তাৰ ভৰিখন ফুলি উঠিছিল। বিষ-বেদনাত অস্থিৰ হৈ খেল আধাতে সামৰি সি বহি ৰ'ল। তাৰপিছত কেইবাদিনো তাৰ দেখা দেখি নাই।
এদিন হঠাতে সি হাতত এটা চামৰাৰ নতুন ৩ নম্বৰী ফুটবল লৈ আমি ৰবাব টেঙাৰে ফুটবল খেলি থকা পথাৰত হাজিৰ হ'লহি। আমি আচৰিত হৈ তালৈ চাই ৰ'লো। কাৰো মুখত মাত নাই। কিছুপৰ মৌনতাৰ পিছত আমাৰ লগৰ সমীৰণে দুবাৰ মান সেপ ঢুকি কোনোমতে মাতটো উলিয়াই সুধিলে : ধীৰাজ, তোৰ হাতত থকা বলটো কাৰ অ?
যুদ্ধ জয় কৰি অহা সৈনিকৰ দৰে গৰ্বিত হৈ এক বিশেষ ভংগীত হাতৰ ফুটবলটো মাটিত পেলাই দি সোঁভৰি খন বলটোৰ ওপৰত থৈ সি ক'লে : মোৰ হয়। এতিয়াৰ পৰা আমি এইটোৰেই ফুটবল খেলিম…
তাৰ কথা শেষ হ'বই নেপালে। আমি আনন্দত আত্মহাৰা হৈ চিঞঁৰি উঠিলোঁ। এবাৰ বলটো চুই চাবলৈ আমাৰ মনবোৰে কূটকূটাই আছিল। এইবাৰ সি ফুটবলটো দুইহাতেৰে বুকুৰ ওচৰত তুলি লৈ ক'বলৈ ধৰিলে: এই চামৰাৰ ফুটবলেৰে খেলিবলৈ হ'লে তহতে মোৰ কথা মতে চলিব লাগিব। হ'বনে?
আমি একেস্বৰে চিঞঁৰি উঠিলো : হ'ব!
: থিক আছে তেন্তে। - ধীৰাজে ক'লে।

সিদিনা আৰু আমাৰ আৰু ফুটবল খেলা নহ'ল। চামৰাৰ নতুন ফুটবলটো হাতেৰে লিৰিকি বিদাৰি চাওতেই, নাকৰ ওচৰলৈ তুলি ধৰি তাৰ গোন্ধ লওঁতেই বেলি ডুবু ডুবু হ'ল।
তাৰ পিছদিনাৰ পৰা স্কুলৰ পৰা আহিয়েই নাকে মুখে দুগঢ়াহ গুজি চিধাই খেলপথাৰ। ইতিমধ্যে ফুটবলৰ গৰাকী ধীৰাজে খেলৰ বাবে নতুন নিয়ম বনাইছে। সেইবোৰ সি আমাক এটা এটাকৈ বুজাইছে আৰু আমাক মানিবলৈ বাধ্য কৰাইছে। আমিও মানিবলৈ বাধ্য। ইতিমধ্যে আমি মানি লোৱা নিয়মবোৰ এনেধৰণৰ :
ক) যিহেতু আমাৰ জাৰ্চি নাই, সেয়ে এটা দলে গেঞ্জী পিন্ধি আৰু আনটো দলে খালী গাৰে ফুটবল খেলিব লাগিব। (ধীৰাজৰ দলটোৱে কিন্তু সদায়ে গেঞ্জী পিন্ধিব)।
খ) খেলি থাকোতে যদি বলটো খেলপথাৰৰ পৰা বহু দুৰলৈ গুছি যায়, যিজনে বলটো গুৰিয়াইছিল তেৱেই বলটো আনিব লাগিব।
গ) আপেক্ষিক ভাবে শকত আৱত ল'ৰা কেইজন গ'লৰক্ষক হিচাবে থাকিব লাগিব।
ঘ) ফুটবলত পাম্প দিবলৈ পাল পাতি দুয়োটা দলে প্ৰায় আধা কি:মি: দূৰৰ চাইকেল দোকানলৈ যাব লাগিব।

এতিয়া মনত পৰে চাইকেলৰ চিটত নবহাকৈ (চিটত বহিলে পেডেল ঢুকি নেপাও বাবে) চাইকেলৰ ফ্ৰেইমটোৰ মাজেৰে সোঁভৰিখন সুমুৱাই দি সোঁ পেডেল আৰু বাওঁভৰিখন বাওঁ পেডেলত থৈ চাইকেল চলাই ফুটবলত পাম দিবলৈ কানাই দাৰ চাইকেল দোকানলৈ যোৱাৰ কথা। সেইবোৰৰ দিনৰ স্মৃতিয়ে এতিয়াও আমনি কৰে। এটা জেতুকা বুলীয়া সপোনৰ দৰে সেই সোনালী শৈশৱক এতিয়াও বান্ধি ৰাখিছো আলফুলে, সযতনে আৰু সংগোপনে……!

Saturday, 21 October 2023

অচিৰেই মহাকাশত ভাৰতীয় মহাকাশচাৰী


উৎক্ষেপণৰ প্ৰাৰম্ভিক বাধা অতিক্ৰম কৰি আজি দূৰ্গা সপ্তমীৰ দিনা ৰাতিপুৱা ১০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে ভৱিষ্যতে মহাকাশলৈ মানুহ কঢ়িয়াই নিবলগীয়া গগনযানৰ জটিল "ক্ৰু-এস্কেপ" ব্যৱস্থাৰ সফল পৰীক্ষা সম্পন্ন কৰে।

২০২৫ চনৰ ভিতৰত ভাৰতে মানুহক মহাকাশলৈ প্ৰেৰণ কৰাৰ দিশত ইছৰোৰ এই পৰীক্ষামূলক প্ৰক্ষেপণ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। গগনযানৰ TV-D-1 নামৰ এই অভিযানৰ মূল উদ্দেশ্য আছিল লঞ্চ ভেহিক'ল, ক্ৰু-এস্কেপ আৰু ক্ৰু মডিউলৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা। কাৰিকৰী বিসংগতিৰ বাবে পুৱা ৮ বজাত উৎক্ষেপণ হ'ব লগীয়া এই পৰীক্ষামূলক প্ৰক্ষেপন ইছৰোৱে দুঘণ্টা পলমকৈ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতীয় মহাকাশ বিজ্ঞানক আৰু এঢাপ আগুৱাই লৈ গ'ল। উৰণৰ মাত্ৰ ৯ মিনিটৰ পিছতেই গগনযানৰ ক্ৰু-মডিউলে সফলতাৰে শ্ৰীহৰিকোটাৰ পৰা আঁতৰৰ বঙ্গোপসাগৰৰ মাজত সফলতাৰে অবতৰণ কৰে। তাৰপৰা ভাৰতীয় নৌসেনাৰ জোৱান সকলে গগনযানৰ ক্ৰু-মডিউলটো সংগ্ৰহ কৰি মাদ্রাজ (চেন্নাই)ৰ বন্দৰলৈ অনাৰ প্ৰস্তুতি চলাইছে।

ইছৰোৰ বিজ্ঞানীসকলে কয় যে মহাকাশত উৎপন্ন হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিত দেশীয় ভাবে তৈয়াৰ কৰা এই উন্নত প্ৰযুক্তিয়ে মহাকাশচাৰীসকলৰ জীৱন ৰক্ষা কৰিব পাৰিব। এই প্ৰণালীত, মহাকাশচাৰীসকল ৰকেটৰ সৈতে সংযোজিত এটা বিশেষ মডিউলৰ ভিতৰত থাকিব। যদিহে ৰকেটত কোনো বিসংগতিয়ে দেখা দিয়ে, মডিউলৰ লগত সংলগ্ন কম্পিউটাৰৰ মনিটৰত ইয়াৰ তথ্য প্ৰকাশ হ'ব আৰু মহাকাশচাৰীসকলে তৎক্ষণাৎ এই মডিউলটো মূল মহাকাশযানখনৰ পৰা পৃথক কৰি সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব পাৰিব। পৰীক্ষাৰ সময়ত এইটোও নিৰীক্ষণ কৰা হৈছিল যাতে এই প্ৰযুক্তিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰৰ যিকোনো উচ্চতাত এই "ক্ৰু এস্কেপ চিষ্টেম"টোৱে নিখুঁতভাৱে কাম কৰিব পাৰে।

গগনযানৰ এই যাত্ৰা তিনিটা পৰ্যায়ত সম্পন্ন হ’ব। ইয়াৰ প্ৰথম দুটা মানৱবিহীন আৰু অন্তিমটো মিছন ভাৰতীয় মহাকাশচাৰীৰ মহাকাশত পদাৰ্পন। ২০২৫ চনৰ এই বিশেষ অভিযানটো মহাকাশ বিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুঁটি হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) পৃথিৱীৰ সৰ্বনিম্ন কক্ষপথত এটা মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে আৰু তাৰবাবে যাৱতীয় কাম কাজো আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দৰে ভাৰতৰো মহাকাশত নিজাকৈ এটা মহাকাশ কেন্দ্ৰ থাকিব। ইছৰোৰ বিজ্ঞানীসকলৰ এই প্ৰচেষ্টা সফল হওঁক।

Thursday, 28 September 2023

ডেড ম্যেনচ্ ফিংগাৰ


এই পৃথিবীত বিচিত্রতাৰ অভাৱ নাই। পৃথিৱীৰ বিভিন্ন প্রান্তত অলেখ বিচিত্ৰ প্ৰাণী আৰু উদ্ভিদ আছে। তেনে এবিধ ৰহস্যময় যেন লগা বিচিত্ৰ মাছৰুমৰ দৰে ছত্ৰাকাৰ ভেঁকুৰৰ এটা প্ৰজাতি হ'ল - "ডেড ম্যানচ ফিঙ্গাৰ" বা "মৃত মানুহৰ আঙুলি"! এই ভেঁকুৰৰ প্ৰজাতিটোৰ বৈজ্ঞানিক নাম হ'ল - "জাইল'ৰিয়া পলিমৰফা"। ডাঙৰ গছৰ ফাঁকে ফাঁকে, কোনো স্তম্ভৰ দাঁতিত অথবা মাটিতেই সহজে গজি উঠে এই মৃত মানুহৰ আঙুলিবোৰ। থিক যেন দীর্ঘ দিন ধৰি সংৰক্ষণ কৰি ৰখা কোনো মানুহৰ মৃতদেহ এটাৰ হাত অথবা ভৰিৰ আঙুলিকেইটা!!  আমেৰিকা, ব্রিটেইন আৰু আয়াৰলেণ্ডত সততে এনে ধৰনৰ ছত্ৰাকাৰ ভেঁকুৰৰ প্ৰজাতিটো দেখা পোৱা যায়।

"মৃত মানুহৰ আঙুলি"ৰ আটাইতকৈ চিনাকি ৰূপটো ক’লা আৰু ইয়াৰ ভিতৰৰ অংশখিনি বগা। ই প্ৰায় ১.৫ৰ পৰা ৪ ইঞ্চি মান দীঘল। এই ভেঁকুৰবোৰ অকলশৰীয়াকৈ অথবা থুপ খাই থকা অনিয়মিত আকৃতিৰ আঙুলিৰ দৰে দেখা যায়। বসন্ত কালৰ আৰম্ভনিত এই ভেঁকুৰ বিধ শেঁতা ৰঙৰ হয় যদিও লাহে লাহে ইয়াৰ ৰং প্ৰায় নীলা ৰঙৰ হয়। 

এই বিধ ভেঁকুৰৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকটো চাব পাৰে 👇

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3416365/

Sunday, 17 September 2023

মহাকাশ দূৰ্ঘটনাত ছ'য়ুজ-১১


সিদিনা ১৯৭১ চনৰ ৩০ জুন। কাজাখস্তানৰ সমতল এটুকুৰা অঞ্চলত ছোভিয়েট ইউনিয়নৰ ছ’য়ুজ-১১ মহাকাশযানখনে কিছু সময় পিছতেই অৱতৰণ কৰিব। পশ্চিম ক্ৰিমিয়াৰ য়েভপাটৰিয়াত থকা মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰত ছোভিয়ট বিজ্ঞানীসকলৰ অভাৱনীয় ব্যস্ততা। 

তিনিজন ছোভিয়েট মহাকাশচাৰী ক্ৰমে জৰ্জি ডব্ৰ’ভলস্কি, ভ্লাডিস্লাভ ভ'লক'ভ আৰু ভিক্টৰ পাটাছায়েভে ইতিমধ্যে ছাল্যুট-১ মহাকাশকেন্দ্ৰত অভিলেখ সৃষ্টিকাৰী সময়ৰ অতিবাহিত কৰি পৃথিৱীলৈ নামি আহিছে। এই সময়চোৱাত তেওঁলোকে মহাকাশত মানুহৰ চলন-ফুৰণ আৰু বাসস্থান সম্পৰ্কে বহুতো পৰীক্ষা-নিৰীক্ষা কৰিছিল। 

১৯৭১ চনৰ ৬ জুনত ছয়ুজ-১১ নামৰ এই অভিযানটো উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ দুবছৰ পূৰ্বে এপ’ল’-১১ চন্দ্ৰত অৱতৰণ কৰাৰ সময়লৈকে মানুহে মহাকাশত কটোৱা আটাইতকৈ বেছি সময় আছিল মাত্ৰ দুসপ্তাহ। কিন্তু এই ছোভিয়েট মহাকাশচাৰীৰ দলটোৱে ২৩ দিন মহাকাশত পৰিক্ৰমা কৰি মানুহৰ মহাকাশ উৰণৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়ি পৃথিৱীলৈ উভতি আহিছিল।

মহাকাশ যানখনে পৃথিৱীৰ চৌদিশৰ পাৰ্কিং অৰবিটৰ পৰা ধৰাৰ বুকুলৈ পুনৰ প্ৰৱেশ কৰাৰ লগে-লগে পশ্চিম ক্ৰিমিয়াৰ য়েভপাটৰিয়াত থকা মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ ছোভিয়ট বিজ্ঞানীসকল অতিকৈ ব্যস্ত হৈ পৰিছে। নিয়ম অনুসৰি ছ'য়ুজ-১১ৰ মহাকাশচাৰী সকলে ডেচেণ্ট মডিউলটো উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ "কভাৰেজ জ’ন"ত প্ৰৱেশ কৰাৰ লগে-লগে পৃথিৱীলৈ এটা "ৰান কমেণ্টৰী" দিব লাগে। কিন্তু তেওঁলোকৰ পৰা কোনো বাৰ্তা অহা নাই। উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলৰ মুখমণ্ডলত চিন্তাৰ চিন। 

পলম নকৰি মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ ছোভিয়ট বিজ্ঞানী আলেক্সেই য়েলিচেভেভে ছ’য়ুজ-১১ মহাকাশযানখনৰ মহাকাশচাৰী ভ্লাডিস্লাভ ভ'লক'ভলৈ বাৰ্তা প্ৰেৰণ কৰে। কিন্তু মহাকাশ যানখনৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলে কিন্তু তেওঁলোকৰ কম্পিউটাৰৰ বৃহৎ স্ক্ৰীনত স্পষ্টকৈ দেখি আছে যে ছ’য়ুজ-১১ যানখন নিৰ্ধাৰিত গতিবেগত পূৰ্বপৰিকল্পিত অৱতৰণ স্থান অভিমুখে সঠিক ভাৱেই আগবাঢ়ি আছে। 

কিংকর্তব্যবিমূঢ় হৈ পৰা উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলে ছ’য়ুজ-১১ মহাকাশযানখনৰ মহাকাশচাৰী ভ্লাডিস্লাভ ভ'লক'ভলৈ পুনৰ বাৰ্তা প্ৰেৰণ কৰিলে। কিন্তু অসাৰ। মহাকাশযান খনৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। বৰং তাৰ কিছুসময় পিছতেই মহাকাশচাৰী সকলক কঢ়িয়াই অনা মডিউলটো কাজাখস্তানৰ মূল চহৰৰ পৰা প্ৰায় ৫৬ কি:মি: দক্ষিণ-পশ্চিমৰ সমতল অঞ্চল এটুকুৰাত অৱতৰণ কৰে।

লগে লগে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয়। প্ৰায় ২০ মিনিট সময় ধৰি উৰণ কেন্দ্ৰটোত কেৱল মৌনতা। উদ্ধাৰকাৰী দলটোৰ সদস্যসকলে লেণ্ডিং মডিউলটোৰ পিনে দৌৰি গৈ দেখে যে তিনিওজন মহাকাশচাৰীৰ  মৃতদেহ নিজৰ নিজৰ আসনত বেল্টেৰে বান্ধি থোৱা অৱস্থাতেই আছে। 

দূৰ্ঘটনাৰ সবিশেষ জানিবলৈ লগে লগে বিজ্ঞানীসকল লাগি গ'ল। পিছত জনা গ'ল যে মহাকাশযানখনৰ মডিউলটোত মাৰাত্মক "কেবিন ডিপ্ৰেচাৰাইজেচন" ঘটিছিল। অৰবিটেল মডিউল আৰু ডেচেণ্ট মডিউলৰ মাজত অৱস্থিত এটা "ব্ৰেথিং ভেণ্টিলেচন ভালভ" অজ্ঞাত কোনো কাৰণত খোল খাইছিল। তাৰ ফলত "ৰেট্ৰ'ফাইয়াৰ"ৰ প্ৰায় ৭২৩ ছেকেণ্ডত পাছত মডিউল দুটা পৃথক হয় যদিও নিৰ্গমনৰ বলৰ ফলত চাপৰ সমতা ৰক্ষাকাৰী ভালভৰ এটা ছীল উন্মুক্ত হৈ পৰিছিল। পৃথিৱীৰ পৰা ১৬৮ কি:মি: উচ্চতাত যেতিয়া ভালভটো খোল খায়, তেতিয়া ক্ৰমান্বয়ে মডিউলৰ ভিতৰৰ চাপ কমি যাবলৈ ধৰে। এনে পৰিস্থিতিত প্ৰায় ৩০ ছেকেণ্ডৰ ভিতৰতে মহাকাশচাৰী সকলৰ বাবে মডিউলটোৰ ভিতৰত অসহনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ৰেট্ৰ’ফাইয়াৰৰ ৯৩৫ ছেকেণ্ড পিছত কেবিনৰ চাপ শূন্যলৈ নামি আহে যেতিয়া মহাকাশ যানখন বায়ুমণ্ডলত প্ৰৱেশ কৰে, লগে লগে চাপ বৃদ্ধি হ’বলৈ ধৰে। এনে পৰিস্থিতিত তিনিওজন মহাকাশচাৰীৰ মৃত্যু হয়।

Friday, 8 September 2023

মাধ্যাকৰ্ষণ বলে পোহৰক বেঁকা কৰিব পাৰেনে?

 


মাধ্যাকৰ্ষণ বলে পোহৰক বেঁকা কৰিব পাৰেনে? অতি বিশাল ভৰযুক্ত নক্ষত্ৰ বা কৃষ্ণগহ্বৰে পোহৰক সঁচাকৈয়ে আকৰ্ষণ কৰেনে? বিজ্ঞানীসকলৰ মতে বিশাল নক্ষত্ৰ বা কৃষ্ণগহ্বৰে পোহৰক বেঁকা কৰিব নোৱাৰে, বৰং পোহৰ সদায় সৰল ৰৈখিক দিশেৰেই গতি কৰে। অতি শক্তিশালী মাধ্যাকৰ্ষণ ক্ষেত্ৰ এখনৰ প্ৰভাৱত পোহৰে যাতায়ত কৰা পথটোহে স্থান-কালৰ বক্ৰতাৰ  বাবে বেঁকা হয়। 

বন্দুকৰ গুলী এটা বন্দুকৰ নলীটোৰ মাজেৰে সদায় পোন পথেৰে আগবাঢ়ে। ধৰি লোৱা হ'ল যে বন্দুকৰ নলীটো “U" আকৃতিৰ অথবা সামান্য বেঁকা। তেনে ক্ষেত্ৰত গুলীটো সৰল ৰৈখিক দিশেৰে যাত্ৰা কৰাৰ সলনি বন্দুকৰ নলীটোৰ বেঁকা বা “U" আকৃতিৰ বক্ৰ পথেৰেই আগবাঢ়ি যাব। কিন্তু গুলীটোৰ দৃষ্টিকোণৰ পৰা চালে গুলীটো সদায় সৰল ৰৈখিক দিশতেই গতি কৰি থাকিব।

সকলো বস্তুকে গতিৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন, পোহৰৰ ক্ষেত্ৰতো একেই কথা। পোহৰ মহাকাশ বা বায়ুশূণ্য মাধ্যম এটাৰ মাজেৰে যাত্ৰা কৰে। আৰু এই মহাকাশ সাধাৰণতে এক সমতল ক্ষেত্ৰ। কিন্তু বিশাল ভৰৰ কোনো মহাজাগতিক বস্তু যেনে বিশালাকাৰ নক্ষত্ৰ বা কৃষ্ণগহ্বৰৰ মাধ্যাকৰ্ষণে ইয়াৰ চৌপাশৰ স্থান আৰু কালক বক্ৰ কৰি তোলে। এনে বক্ৰ স্থানৰ মাজেৰে পোহৰ পাৰ হৈ গ'লে পোহৰক বেঁকা হৈ পৰা যেন লাগে। ইয়াত পোহৰৰ সলনি আপুনি বা মই যদি পোহৰৰ দৰে গতি কৰিলোহেতেন, তেন্তে আমি এনে অনুভব কৰিলোহেতেন যে আমি এটা পোন বা সৰল ৰৈখিক পথেৰেই গৈ আছো। স্থান-কালৰ বক্ৰতা আমি অনুভবেই নকৰিম।

বহুতেই ভাবে যে মাধ্যাকৰ্ষণ শক্তিৰ বাবে পোহৰ বেঁকা হয়। আচলতে এইটো এটা ভুল ধাৰণা। পোহৰৰ মৌলিক কণা হ’ল ফ’টন আৰু ইয়াৰ ভৰ শূন্য। শূন্য ভৰৰ বস্তু এটাৰ ওপৰত মাধ্যাকৰ্ষণৰ কোনো প্ৰভাৱ নপৰে। কোনো বস্তু মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা আকৰ্ষিত হ’বলৈ হ’লে ইয়াৰ ভৰ থাকিবই লাগিব। যিহেতু পোহৰৰ ভৰ নাই, সেয়েহে পোহৰে ৩ লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড বেগত যাত্ৰা কৰিব পাৰে। পোহৰৰ এই অবিশ্বাস্য বেগৰ একমাত্ৰ কাৰণটোৱেই হ’ল যে পোহৰৰ কোনো ভৰ নাই।

কোনো বস্তুৰ ভৰৰ বাবে মহাকাশ (স্থান-কাল) বক্ৰ হ’লে সেই বক্ৰতাই মাধ্যাকৰ্ষণ। এই দিশৰ পৰা চালে মাধ্যাকৰ্ষণ শক্তিয়ে পোহৰৰ পথটোহে বেঁকা কৰে। মহাজাগতিক কোনো বস্তুটোৰ ভৰৰ বাবে মহাকাশত সৃষ্টি হোৱা বক্ৰতাইহে মূলতঃ পোহৰৰ পথটো বেঁকা কৰে, পোহৰ নহয়।

Wednesday, 28 June 2023

সময়বিহীন ব্ৰহ্মাণ্ডৰ খেলিমেলি চিন্তা


বিগবেঙৰ আগত সময় আছিল নে? অৰ্থাৎ সময়ৰ আৰম্ভণিৰ আগত "সময়" আছিল নে? এৰা, বৰ বিভ্ৰান্তিকৰ প্ৰশ্ন। যুক্তিৰ সহায়ত বিশ্লেষণ কৰি চালে প্ৰশ্ন দুটা অবান্তৰ যেনেই লাগে। কাৰণ "বিগবেঙৰ আগত" শব্দ দুটাৰে বিগবেঙৰ আগৰ সময়চোৱাৰ কথাকেই বুজাবলৈ চেষ্টা কৰা হৈছে। সময়ৰ আৰম্ভণিৰ "আগত" কি আছিল সেই বিষয়ে কেনেকৈ ক'ব পাৰি? বিশেষ কিবা এটা ঘটনা, আন কোনোবা এটা ঘটনাৰ "আগত" থাকিবলৈ হ’লে, সময়ৰ স্থান নিৰ্ধাৰণ কৰিব লাগিব। তাৰপিছতহে সেই দুটা নিৰ্দিষ্ট "সময়"ৰ তুলনা কৰি চাই নিৰ্ধাৰণ কৰিব পাৰি কোনটো ঘটনা প্ৰথমে সংঘটিত হৈছিল।

আমি সময়ৰ পিছলৈ কিমান উভটি যাব পাৰো তাৰো এটা সীমা আছে। আমি সময়ৰ একেবাৰে আৰম্ভণিটোকেই "বিগ বেং" বুলি কওঁ কাৰণ তাৰ থিক পিছতেই আৰম্ভ হ'ল স্থানৰ প্ৰসাৰণ। সময়ৰ অবৰ্তমানত কোনো স্থান নাছিল। একেদৰে স্থান অবিহনে সময়ো থাকিব নোৱাৰে। সেয়ে স্থান আৰু কাল (সময়) অভিন্ন। 

তথাপিও মনলৈ প্ৰশ্ন আহে। এই বিশাল বিশ্বব্ৰহ্মাণ্ডত এনে কোনো স্থান আছেনে, য'ত সময়ৰ অস্তিত্বই নাই? বিজ্ঞানীসকলৰ মতে প্ৰকৃতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ সকলো নিয়ম singularity বা "এককতা"ত অস্তিত্ব হীন হৈ পৰে। গতিকে য'ত "এককতা" আছে তাত "সময়" থাকিব নোৱাৰে। এইখিনিতেই মনলৈ প্ৰশ্ন আহিব যে "এককতা" বা singularity মানে কি? এই singularity শব্দটোৱে এলবাৰ্ট আইনষ্টাইনৰ ১৯১৫ চনত প্ৰকাশিত সাধাৰণ আপেক্ষিকতাবাদ তত্বত জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াত singularity বা "এককতা"ই কৃষ্ণগহ্বৰৰ কেন্দ্ৰক বৰ্ণনা কৰে, যিটো অসীম ঘনত্ব আৰু অসীম মাধ্যাকৰ্ষণৰ এক hypothetical বিন্দু যাৰ ভিতৰৰ পৰা কোনো বস্তুৱেই কেতিয়াও বাহিৰলৈ ওলাই আহিব নোৱাৰে, আনকি পোহৰো! 

কৃষ্ণগহ্বৰৰ দৰে ব্যৱস্থা এটাৰ কেন্দ্ৰত প্ৰাকৃতিক বৈশিষ্ট্যসমূহ (যেনে: ঘনত্ব, মাধ্যাকৰ্ষণ আদি) অসীম হৈ পৰিলে এককতাৰ সৃষ্টি হয়। অসীম ঘনত্ব যুক্ত কৃষ্ণগহ্বৰবোৰৰ কেন্দ্ৰত যিহেতু স্থানৰ সংকোচন অসীম, সেয়ে তাত সময়ৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে বিজ্ঞানীসকলে কয় যে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত লুকাই থকা কৃষ্ণগহ্বৰবোৰ এনে কেতবোৰ ব্যৱস্থা য'ত সময়ৰ কোনো অস্তিত্বই নাই! অৱশ্যে বিজ্ঞানৰ জগতত সততে আলোচনা হৈ থকা এই hypothetical "এককতা" আমাৰ সভ্যতাই এতিয়াও ঢুকি পোৱা নাই।

সময়বিহীন বিশ্বব্ৰহ্মাণ্ড এখন কেনেকুৱা হ'ব পাৰে? সঁচাকৈয়ে সময়বিহীন ব্ৰহ্মাণ্ড আছেনে? এয়া কল্পনা কৰাটোও কঠিন। সময় কি আমি আজিও ভালদৰে বুজি উঠা নাই। সময় অবিহনে কোনো ধৰণৰ গতিয়েই সম্ভব নহয়। একেদৰে সময় অবিহনে পদাৰ্থ আৰু স্থানো সৃষ্টি হ’ব নোৱাৰে। অৰ্থাৎ পোহৰেও গতি কৰিব নোৱাৰে। যিহেতু পোহৰ অবিহনে আমি একোৱেই দেখা নাপাওঁ, সেয়েহে সময় অবিহনে আমাৰ চৌপাশে হয়তো থাকিব কেৱল এক কল্পনাতীত শূণ্যতা আৰু সম্পূৰ্ণ স্থবিৰতা!

Friday, 23 June 2023

চন্দ্ৰযান-৩ : পুনৰ জোনবাইৰ দেশলৈ


সকলো ঠিক থাকিলে অহা ১২ জুলাই, ২০২৩ তাৰিখে জোনবাইৰ বুকুলৈ উৰা মাৰিব ভাৰতৰ চন্দ্ৰযান-৩। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা "ইছৰো"ৰ বিজ্ঞানীসকল সম্প্ৰতি এই অভিযানৰ বাবে প্ৰস্তুত কৰি তোলা "লেণ্ডাৰ"খন মূল মহাকাশ যানখনৰ সৈতে একত্ৰিত কৰাৰ কামত ব্যস্ত। ইছৰোৰ অভিযানত ভাৰতৰ আটাইতকৈ গধুৰ ৰকেট, জিঅ’চিনক্ৰ’নাছ লঞ্চ ভেহিকেল মাৰ্ক-৩ (GSLV Mark-3) নামৰ উৎক্ষেপক যানখনে ভাৰতৰ কৌটি কৌটি জনতাৰ হেপাহৰ চন্দ্ৰযান-৩ক জোনবাইৰ বুকুলৈ কঢ়িয়াই নিব।

চাৰি বছৰ পূৰ্বে ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰ অভিযানৰ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে চন্দ্ৰযান-২ জোনবাইৰ বুকুত অৱতৰণ কৰোৱাৰ উদ্দেশ্যৰে প্ৰেৰণ কৰা হৈছিল। সেই মহাকাশযানখনত আছিল এখন লেণ্ডাৰ আৰু এখন ৰ'ভাৰ। লেণ্ডাৰখনৰ নাম আছিল বিক্ৰম। প্ৰজ্ঞান নামেৰে পৰিচিত আছিল ৰ'ভাৰখন। চন্দ্ৰযান-২ক জোনবাইৰ দক্ষিণ মেৰুত অৱতৰণ কৰোৱাৰ কথা আছিল। পৰিকল্পনা আছিল - অৱতৰণ কৰাৰ থিক পিছতেই বিক্ৰম লেণ্ডাৰখন চন্দ্ৰযান-২ৰ পৰা ওলাই আহিব আৰু প্ৰজ্ঞান ৰ'ভাৰখন জোনবাইৰ বুকুলৈ নমাই আনিব। 

কিন্তু, ২০১৯ চনত ইছৰোৰ বিজ্ঞানীসকলৰ এই চন্দ্ৰ অভিযান অভিযান ব্যৰ্থ হয়। লেণ্ডিঙৰ সময়ত চন্দ্ৰযান-২ৰ সৈতে বিজ্ঞানীসকলৰ যোগাযোগ হেৰাই যায়, যাৰ ফলত বিক্ৰম লেণ্ডাৰখন অনিয়ন্ত্ৰিত হৈ জোনবাইৰ বুকুত সজোৰে থেকেচা খাই পৰে। কিন্তু এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ২০১৯ চনৰ ভুলটোৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে। তাৰবাবে চন্দ্ৰযান-৩ৰ অৱতৰণ কৰিবলগীয়া স্থান চন্দ্ৰযান-২ৰ অৱতৰণ স্থানৰ পৰা কিছু দূৰত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও লেণ্ডাৰ আৰু ৰ'ভাৰৰ অৱতৰণৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ ব্যৱস্থাও গ্ৰহন কৰা হৈছে।

ইছৰোৰ দ্বাৰা সৃষ্ট চন্দ্ৰযান-৩ দৰাচলতে এটা থলুৱা লেণ্ডাৰ মডিউল (এল.এম), এটা প্ৰপালচন মডিউল (পি.এম) আৰু এখন ৰ'ভাৰৰ সংমিশ্ৰণ যাৰ মূল লক্ষ্য হৈছে আন্তঃগ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি বিকশিত কৰা। ইছৰোৰ মুৰব্বী ড° এছ সোমনাথৰ মতে চন্দ্ৰযান-৩ৰ লেণ্ডাৰে চন্দ্ৰৰ মাটিত সফলতাৰে "লেণ্ডিং" কৰাৰ পিছত ৰ'ভাৰখন জোনবাইৰ মাটিত এলানি ৰাসায়নিক পৰীক্ষা কৰিব। ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকলে লেণ্ডাৰ আৰু ৰ'ভাৰত প্ৰয়োজনীয় ‘পেলোড’ স্থাপন কৰাৰ কাম সম্পন্ন কৰি এই পেলোডসমূহ বাংগালুৰুৰ ইউ.আৰ.ৰাও চেটেলাইট চেণ্টাৰলৈ অনা হৈছে। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰত ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে GSLV Mark-3 নামৰ উৎক্ষেপক যানখন। আৰু কেইদিনমান পিছতেই এই মহাকাশ যানখন চন্দ্ৰযান-৩ক বুকুত বান্ধি লৈ উৰা মাৰিব জোনবাইৰ দেশলৈ। 

আশাকৰো ইছৰোৰ দ্বাৰা জোনবাইত অৱতৰণৰ এই দ্বিতীয় প্ৰচেষ্টা সফল হ'ব আৰু ইতিহাসৰ পৃষ্ঠাত জোনবাইত সফল অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাবে ভাৰত আৰু সমূহ ভাৰতীয়ক আকৌ এবাৰ গৌৰৱাম্বিত কৰিব।

Wednesday, 14 June 2023

তিনিটা সূৰ্যৰে এখন সৌৰজগত


তিনিটা সূৰ্য থকা এখন আজব সৌৰজগত। ইয়াৰ নাম HD188753। এই সৌৰজগতখন আমাৰ সূৰ্য্যৰ প্ৰায় ১৫১ আলোকবৰ্ষ আঁতৰৰ "চাইগনাছ" নক্ষত্ৰমণ্ডলত অৱস্থিত।  অতি আচৰিত কথা যে তিনিটা সূৰ্যৰ এই সৌৰজগত খনত মাত্ৰ এটাহে গ্ৰহ আছে। একমাত্ৰ এই গ্ৰহটোৰ নাম HD188753AB বা "টাটুইন"। এই গ্ৰহটো আমাৰ বৃহস্পতি গ্ৰহৰ দৰেই এটা গেছীয় দানব।

টাটুইন নামৰ এই গ্ৰহটো তিনিটা সূৰ্যৰ এই সৌৰজগতখনৰ প্ৰাথমিক বা (সবাতোকৈ উজ্বল) তৰাটোৰ চাৰিওফালে ঘূৰি থাকে। ইয়াৰ লগে লগে সৌৰজগতখনৰ আন দুটা দ্বৈত তৰাও প্ৰাথমিক তৰাটোৰ চৌদিশে ঘূৰি  থাকে। ২০০৫ চনত আৱিষ্কাৰ হোৱা এই তিনি তাৰকাযুক্ত সৌৰজগতখন কেনেকৈ গঢ় লৈ উঠিল, সেয়া বিজ্ঞানৰ বাবে আজিও এক ৰহস্যময় বিষয়।

বৃহস্পতিৰ ভৰতকৈ ১.১৪ গুণ বেছি এই গ্ৰহটোৱে সৌৰজগতখনৰ প্ৰাথমিক তৰাটোক অতি ওচৰৰ কক্ষপথেৰে প্ৰদক্ষিণ কৰি থাকে। প্ৰাথমিক তৰাটোৰ পৰা গ্ৰহটোৰ  দূৰত্ব মাত্ৰ ০.০৪৪৬ জ্যোতিৰ্বিজ্ঞান একক। সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বক এক জ্যোতিৰ্বিজ্ঞান একক বুলি ধৰা হয়। গ্ৰহটোৱে মাত্ৰ ৩.৩ পৃথিৱী দিন বা ৮০ ঘণ্টাত প্ৰাথমিক তৰাটোৰ প্ৰদক্ষিণ সম্পূৰ্ণ কৰে।

HD188753 সৌৰজগত খনৰ তিনিটা সূৰ্য হ'ল  যথাক্ৰমে HD188753A, HD188753B আৰু HD188753C। ইয়াৰ প্ৰথমটো তৰা আমাৰ সূৰ্য্যৰ দৰে হালধীয়া বামন। Hd188753B এটা K-টাইপ তৰা আৰু Hd 188 753C এটা ৰঙা বামন।

অধিক তথ্যৰ বাবে: 👇
https://www.scientificlib.com/en/Astronomy/Stars/HD188753.html

Saturday, 10 June 2023

মৃতপ্ৰায় নক্ষত্ৰৰ বুকুত জাহ যোৱা গ্ৰহটো


মৃতপ্ৰায় তৰা এটাই ইয়াৰ চৌদিশে অহৰহ পৰিভ্ৰমণ কৰি থকা গ্ৰহ এটা ক্ৰমে গিলি পেলাইছে। মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আৰু কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন’লজিৰ মহাকাশ বিজ্ঞানীৰ এটা দলে প্ৰথমবাৰৰ বাবে এনে এক বিৰল পৰিঘটনা পৰ্যবেক্ষণ কৰিছে। পৃথিৱীৰ পৰা প্ৰায় ১২ হাজাৰ আলোকবৰ্ষ দূৰত্বত অৱস্থিত একুইলা নক্ষত্ৰমণ্ডলত এই ঘটনা সংঘটিত হৈছে। এই গ্ৰহটো আমাৰ সৌৰজগতৰ বৃহস্পতি গ্ৰহৰ আকাৰৰ সমান।

প্ৰায় ১০ বিলিয়ন বা ১০০০ কৌটি বছৰীয়া ZTF SLRN-2020 নামৰ এই তৰাটো আমাৰ হাতীপটি তাৰকাৰাজ্যৰ একুইলা নক্ষত্ৰমণ্ডলত অৱস্থিত। মৃতপ্ৰায় এই তৰাটোৰ উজ্বলতা ইতিমধ্যে স্তিমিত হৈ পৰিছিল যদিও তৰাটোৱে গ্ৰহটো গিলিবলৈ আৰম্ভ কৰাৰ লগে লগে ই নিজৰ স্বাভাৱিক স্তৰৰ উজ্বলতাতকৈ প্ৰায় ১০০ গুণ অধিক উজ্জ্বল হৈ পৰাত জ্যোতিৰ্বিজ্ঞানীৰ দলটোৱে এই বিশেষ পৰিঘটনাটো পৰ্যবেক্ষণ কৰাৰ সুবিধা লাভ কৰে।

সাধাৰণতে তৰা এটাৰ ইন্ধন যেতিয়া শেষ হয়, তেতিয়া তৰাটোৰ কেন্দ্ৰত নিউক্লীয় সংযোজন বিক্ৰিয়া বন্ধ হৈ যায়। ফলস্বৰূপে তৰাটো ধীৰে ধীৰে ইয়াৰ স্বাভাৱিক আকাৰতকৈ বহু গুণে ডাঙৰ হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰে। ইয়াৰ ফলত তৰাটোৰ সন্মুখলৈ যি বস্তুৱেই আহে, সেই সকলোবোৰ  বস্তুকেই তৰাটোৱে গিলি পেলায়। 

ভৱিষ্যতে আমাৰ সূৰুযেও সৌৰজগতৰ গ্ৰহবোৰ থিক এনেদৰেই গিলি পেলাব। এই বিৰল পৰিঘটনাটোৱে প্ৰত্যক্ষ ভাবে আমাৰ পৃথিৱীখনৰ ভৱিষ্যতৰ কথাও সোঁৱৰাই দিলে। আগন্তুক ৫ বিলিয়ন বছৰৰ পাছত সূৰ্য্যৰ জীৱন কাল অন্ত পৰিব। সেই সময়ত বিজ্ঞানীসকলৰ মতে আমাৰ সূৰ্যটোও আকাৰত ওফন্দি উঠিব আৰু সৌৰজগতৰ শিলাময় গ্ৰহবোৰ একাদিক্ৰমে গিলি পেলাবলৈ আৰম্ভ কৰিব। বুধ আৰু শুক্ৰ গ্ৰহক ভক্ষণ কৰাৰ পিছত আমাৰ এই ধুনীয়া পৃথিৱীখনো মৃতপ্ৰায় সূৰ্যৰ বুকুত ভষ্মীভূত হৈ  মহাবিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব।

Friday, 9 June 2023

পোহৰৰ যাদুকৰী ২১ ছে.মি. তৰংগদৈৰ্ঘ

 

পৰ্যবেক্ষণযোগ্য বিশ্বব্ৰহ্মাণ্ডখনত প্ৰায় ১০^৮০টা পৰমাণু আছে, আৰু ইয়াৰে বেছিভাগেই সৰল হাইড্ৰজেন পৰমাণু যিবোৰ মাত্ৰ এটা প্ৰ’টন আৰু এটা ইলেক্ট্ৰনেৰে নিৰ্মিত। কোৱাণ্টাম ৰূপান্তৰণে (ট্ৰানজিচন) আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বহুতো কাৰ্য পাৰমাণৱিক আৰু আণৱিক স্তৰত নিয়ন্ত্ৰণ কৰে। প্ৰ’টন, নিউট্ৰন আৰু ইলেক্ট্ৰনৰ দৰে পদাৰ্থ কণাবোৰে উমৈহতীয়াকৈ এক নিৰ্দিষ্ট ধৰণে কাম কৰে। ফলস্বৰূপে পৰমাণু আৰু ইয়াৰ উপাদানসমূহে কোৱাণ্টাম বলবিজ্ঞানৰ নিয়ম অনুসৰি নিজকে সজ্জিত কৰিব পাৰে। যেনে, বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সৰল হাইড্ৰজেন পৰমাণুবোৰৰ শক্তিৰ মাত্ৰা কমি গ'লে অৱলোহিত ৰশ্মি, অতিবেঙুনীয়া আৰু দৃশ্যমান ৰশ্মি বিকিৰণ কৰে।

হাইড্ৰজেন পৰমাণুৰ এটা বিশেষ কোৱাণ্টাম ৰূপান্তৰণ আছে য’ত হাইড্ৰজেন পৰমাণু এটাই ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ বিশেষ ধৰণৰ পোহৰৰ বৰ্ণালী নিৰ্গত কৰে। এই পৰিঘটনাটোৱে বিশ্বব্ৰহ্মাণ্ডৰ বুকুত তিৰবিৰাই থকা তৰাবোৰে লুকুৱাই ৰখা বিশ্বব্ৰহ্মাণ্ডৰ অযুত ৰহস্য উন্মোচনৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰিছে। 

এই যাদুকৰী ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ লগত দুটা কোৱাণ্টাম প্ৰক্ৰিয়া জড়িত হৈ আছে। প্ৰথম কোৱাণ্টাম প্ৰক্ৰিয়াটো অবিৰত আৰু দ্বিতীয় কোৱাণ্টাম প্ৰক্ৰিয়াটো বিচ্ছিন্ন। অবিৰত কোৱাণ্টাম প্ৰক্ৰিয়াই সূৰ্যৰ দৰে তৰাবোৰৰ পৰা নিৰ্গত তৰংগদৈৰ্ঘ্যৰ পোহৰ উৎপন্ন কৰে। পোহৰৰ বিভিন্ন তৰংগদৈৰ্ঘ্য বিশ্লেষণ কৰি এই কোৱাণ্টাম প্ৰক্ৰিয়াবোৰ বুজি পোৱাতো সম্ভৱ। পোহৰৰ এই তৰংগদৈৰ্ঘই তৰাবোৰৰ গভীৰতাত লুকাই থকা তথ্যবোৰ বিজ্ঞানীসকলক যোগান ধৰে। 

পৰমাণুবোৰৰ প্ৰথম শক্তি স্তৰত কেবল দুটা ইলেক্ট্ৰন ধৰি ৰখাটোহে সম্ভৱ। দ্বিতীয় স্তৰটো ২s আৰু ২p কক্ষপথৰে (অৰবিটেল) গঠিত যিয়ে মুঠ আঠটা ইলেকট্ৰণ ৰাখিব পাৰে। অৱশ্যে একে শক্তিৰ স্তৰৰ ভিতৰতো বিভিন্ন ধৰণৰ কক্ষপথৰ মাজত শক্তিৰ পাৰ্থক্য থাকে। প্ৰ’টন আৰু ইলেকট্ৰণ একত্ৰিত হ’লে হাইড্ৰ’জেন পৰমাণুৰ যি কোৱাণ্টাম ৰূপান্তৰণ ঘটে, তাৰফলত ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ ফ’টন নিৰ্গত হয়। এই কোৱাণ্টাম ৰূপান্তৰ হ’বলৈ বহু সময় লাগে। 

যেতিয়াই নতুন তৰা সৃষ্টি হয়, তেতিয়াই তৰাটোৰ মূল উপাদান হাইড্রোজেন পৰমাণু আয়নিত হয় আৰু ২১ ছে.মি. তৰংগ দৈৰ্ঘৰ ফোটন কণা বিকিৰণ কৰে। ২১ ছে.মি. তৰংগদৈৰ্ঘ বিকৰণৰ বিষয়টো আমাৰ মহাবিশ্বৰ তাৰকা গঠনৰ ইতিহাস অধ্যয়ন কৰাৰ বাবে তথা বিগ বেং বা মহানাদৰ পিছতেই সৃষ্টি হোৱা হাইড্রোজেন পৰমাণু সম্বন্ধে বিস্তাৰিত অধ্যয়নৰ বাবে অতিশয় উপযোগী।