Monday, 26 May 2025
দাৰ্শনিকৰ শিল আৰু ৰসায়ন বিজ্ঞান
Sunday, 25 May 2025
খিৰিকী
অনুবাদ : প্ৰণৱজ্যোতি দাস
Sunday, 11 May 2025
চৰাইৰ এচিড স্নান বা এন্টিং
Sunday, 4 May 2025
The Healing Touch
Thursday, 13 March 2025
বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাত মানৱতাৰ বীজ
বিজ্ঞানৰ মাধ্যমেৰে আমি ব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্যসমূহ সামান্য পৰিমানে বুজিবলৈ সক্ষম হৈছো। আমি মহাবিশ্বৰ বুকুত গেলাক্সিৰ নৃত্য, কৃষ্ণগহ্বৰৰ অদ্ভুত শক্তিৰ বিষয়ে অথবা কোৱান্টাম জগতৰ কৌশলসমূহৰ বিষয়ে তথা মহাবিশ্বৰ সংগঠনৰ বিষয়ে অ আ ক খ কেইটামান জানিব পাৰিছো। কিন্তু, এই তথ্যসমূহ আহৰণ কৰিবলৈ সততে ব্যৱহাৰ কৰা জটিল গণনা, পৰীক্ষা-নিৰীক্ষাবোৰৰ বাহিৰেও আছে আন এক অনুভূতি - অবাক, আচৰিত হোৱাৰ এক অনুভূতি। এই ‘অবাক হোৱাৰ’ অনুভূতিয়েই আমাক আধ্যাত্মিকতাৰ দিশলৈ আগবঢ়াই নিয়ে। আমি যেতিয়া ব্ৰহ্মাণ্ডৰ অপাৰ বিশালতা আৰু জীৱন সৃষ্টিৰ বিস্ময়ক অনুভৱ কৰোঁ, তেতিয়াই যেন এক গভীৰ শক্তিৰ অস্তিত্ব অনুভৱ কৰোঁ, যি শক্তিৰ বিশ্লেষণ আমাৰ চিন্তাশক্তিৰ পৰিধিৰ বাহিৰত।
মোৰ দৃষ্টিত আধ্যাত্মিকতা মূলত সংযোগ আৰু অৰ্থ অনুসন্ধানৰ এটা মাধ্যম। যিমানেই বিশ্বব্ৰহ্মাণ্ডৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰোঁ, সিমানেই মোৰ অনুভৱ হয় যে আমাৰ চেতনা, জীৱনৰ গুৰুত্ব অনুভৱ কৰাৰ ক্ষমতা, সত্য সন্ধানৰ মনোবৃত্তি —এইবোৰ সকলো ব্ৰহ্মাণ্ডৰেই অংশস্বৰূপ। উপনিষদৰ বিখ্যাত উক্তি "তৎ ত্বম্ অসি" (তুমি নিজেই সেই বিশ্বব্ৰহ্মাণ্ড) - এই গভীৰ সত্যটোকেই প্ৰকাশ কৰে।
আধুনিক যুগত, য’ত বস্তুবাদ আৰু স্বাৰ্থই বহু সময়তে আমাৰ জীৱনক যন্ত্ৰণময় কৰি তোলে, সেই সময়ত আমি যদি বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ সৈতে আমাৰ অন্তৰাত্মাক সংযোগ কৰিব পাৰো, তেন্তে আমি নতুনকৈ জীৱনৰ সৌন্দৰ্য্য অনুভৱ কৰিব পাৰিম। এই উপলব্ধিয়ে আমি কিমান ক্ষণস্থায়ী, অথচ মূল্যৱান সেই কথাটো সোঁৱৰাই দিয়ে। ই আমাক এক উদ্দীপনা দিয়ে, যাক লৈ আমি এটা উত্তম জীৱন-যাপন কৰাৰ লহতে দয়া আৰু সহানুভূতিৰ সমন্বয়ত আনৰ জীৱনবোৰো সুন্দৰ কৰাত সহায়ক হ'ব পাৰো।
Wednesday, 22 January 2025
মহাকাশত ভাৰতৰ নতুন জয়গান
মহাকাশত ডকিং প্ৰযুক্তি মহাকালৈ মানৱযুক্ত যান প্ৰেৰণ, উপগ্ৰহৰ ৰক্ষণাবেক্ষণ, মহাকাশ কেন্দ্ৰৰ কাৰ্যকলাপ আৰু আন্তঃগ্ৰহীয় অভিযানৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এই প্ৰযুক্তিৰ সহায়ত মহাকাশত উপগ্ৰহৰ মেৰামতি, ইন্ধনৰ যোগান আৰু নতুন উপগ্ৰহৰ সংযোজন কৰোৱা হয়। ইয়াৰ উপৰিও, মহাকাশ কেন্দ্ৰত বিভিন্ন মডিউল সংযোজন আৰু মানৱ মহাকাশ অভিযানৰ ক্ষেত্ৰতো এই প্ৰযুক্তি বিশেষ ভূমিকা পালন কৰে।
ইছৰোৰ এই সফলতাই ভাৰতৰ আগন্তুক মহাকাশ অভিযানসমূহৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ। এই সফলতা ভাৰতৰ আগন্তুক মহাকাশ অভিযানসমূহৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ। ইছৰোৰ স্পাডেক্স অভিযানৰ সফলতাৰে মহাকাশত ডকিং প্ৰযুক্তি অৰ্জনে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছে। এই সফলতাই ভাৰতক মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ মাজত সুদৃঢ় স্থান প্ৰদান কৰিছে। ইছোৰৰ সফলতাক আজি সমগ্ৰ বিশ্বই শলাগিছে। ইছৰোৱে প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰব কঢ়িয়াই আনিছে।
Wednesday, 1 January 2025
আমি যদি পৃথিৱীৰ পৰা ৩ লাখ ৭০ হাজাৰ কিলোমিটাৰ আঁতৰৰ মহাবিশ্বৰ কোনো স্থানলৈ গুছি যাওঁ, তেতিয়া আৰু কম্পাছে আমাৰ পৃথিৱীক চিনি নাপাব। বৰঞ্চ কম্পাছটোৱে মহাকাশৰ যিস্থানত অৱস্থান লৈছে, সেই স্থানৰ আটাইতকৈ শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ উত্তৰ মেৰুটোলৈহে আঙুলিয়াব।
দৰাচলতে চুম্বকৰ দক্ষিণ মেৰুটো পৃথিৱীৰ উত্তৰ দিশত থাকে। সেয়েহে কম্পাছৰ দক্ষিণ মেৰুটোৱে পৃথিৱী অথবা আন যিকোনো চৌম্বক ক্ষেত্ৰৰ উত্তৰ দিশলৈ আঙুলিয়াই দিয়ে। পৃথিৱীখন নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থকা বাবে পৃথিৱীৰ কেন্দ্ৰত থকা তৰল লোহা, নিকেল আৰু আন কিছুমান ধাতুৰ আকৰিকৰ ঘূৰ্ণনৰ ফলত সৃষ্টি হোৱা বৈদ্যুতিক আধানে পৃথিৱীৰ চৌদিশে এখন ভূ-চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰে। এই চুম্বকীয় ক্ষেত্ৰখনৰ দক্ষিণ মেৰু পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ অতি ওচৰত অৱস্থিত। ইয়াৰ আকৰ্ষণৰ বাবে কম্পাছৰ কাটা সদায় পৃথিৱীৰ উত্তৰ-দক্ষিণ মেৰুৰ দিশৰ পিনে অৱস্থান গ্ৰহন কৰে।
মহাকাশত কম্পাছৰ কাটাৰ ওপৰত বহুতো কাৰকে প্ৰভাৱ পেলায়, বিশেষকৈ চৌম্বকক্ষেত্ৰ আৰু মহাকাশৰ পৰিৱেশৰ ভিন্নতাৰ বাবে। এই প্ৰভাৱসমূহ হৈছে:
1. চৌম্বকক্ষেত্ৰৰ অনুপস্থিতি : পৃথিৱীৰ চৌম্বকক্ষেত্ৰ মহাকাশত ক্ৰমে দুৰ্বল হৈ পৰে অথবা চৌম্বকক্ষেত্ৰ অনুপস্থিতিত কম্পাছৰ কাটাই সঠিক দিশ চিনাক্ত কৰিব নোৱাৰে। কম্পাছৰ চুম্বক দণ্ডই দিশ দেখুৱাবলৈ এখন চৌম্বকক্ষেত্ৰৰ প্ৰয়োজন হয়, কিন্তু মহাকাশত এই চৌম্বকক্ষেত্ৰ অতি দুৰ্বল হৈ পৰে।
2. চুম্বকত্বত বাধা সৃষ্টি : মহাকাশযানৰ ইলেকট্ৰনিক আৰু বৈদ্যুতিক উপকৰণবোৰে নিজস্ব চৌম্বকক্ষেত্ৰ সৃষ্টি কৰে, যাৰ ফলত কম্পাছৰ কাটা বিভ্ৰান্ত হয়। মহাকাশযানৰ ভিতৰৰ ইলেকট্ৰনিক চৌম্বকক্ষেত্ৰই কম্পাছৰ কৰ্মক্ষমতা অতি সীমিত কৰি তোলে।
3. মহাকাশৰ ক্ষণস্থায়ী চুম্বকীয় তৰংগ : সৌৰজগতৰ ভিতৰত চুম্বকীয় তৰংগ আৰু সৌৰজ্যোতিৰ প্ৰভাৱৰ বাবে কম্পাছৰ চুম্বক দণ্ডই দিশৰ ক্ষেত্ৰত ভ্ৰান্তি সৃষ্টি কৰিব পাৰে। সৌৰ প্লাজমা আৰু ইয়াৰ লগত সূৰ্যৰ পৰা বিকিৰণ হোৱা বিভিন্ন বিদ্যুত চুম্বকীয় কণাবোৰে সাধাৰণ চুম্বকৰ চুম্বকত্বত বিধি পথালি দিয়ে।
4. তাপৰ প্ৰভাৱ : মহাকাশৰ বিভিন্ন স্থানৰ তাপমাত্রাৰ বিভিন্নতাৰ বাবে কম্পাছৰ চুম্বক দণ্ডই বিৰূপ আচৰণ কৰিব পাৰে।
5. মাধ্যাকৰ্ষণ : শূন্য মাধ্যাকৰ্ষণ পৰিস্থিতিত কম্পাছৰ কাটাই স্থিৰভাৱে কাম নকৰিবও পাৰে, কাৰণ ই মহাকাশযানৰ গতি আৰু মহাকাশযানৰ অৱস্থানৰ পৰিবৰ্তনৰ লগে লগে চুম্বকৰ চুম্বকত্বৰ পৰিবৰ্তন হৈ থাকে।
Sunday, 17 November 2024
কাফ্কা আৰু এটি ভ্ৰমণকাৰী পুতলা









