পৰুৱাই নিজৰ শৰীৰৰ বিষ গ্ৰন্থিৰ পৰা ফৰ্মিক এচিড (HCOOH) নিঃসৰণ কৰে। এই ফৰ্মিক এচিড পৰুৱাবোৰে আত্মৰক্ষা অথবা চিকাৰ কৰাৰ সময়ত ব্যৱহাৰ কৰে। তাৰবাবে, পৰুৱাবোৰে পেটৰ শেষ অংশ (gaster)ত এই ফৰ্মিক এচিডবোৰ জমা কৰি ৰাখে। প্ৰয়োজনৰ সময়ত পৰুৱাবোৰে এই এচিডৰ কিছু অংশ চিকাৰ অথবা শত্ৰুৰ দেহলৈ ছটিয়ায় দিয়ে। কিছুমান পৰুৱাই চিকাৰ অথবা শত্ৰুৰ দেহত কামুৰিও ফৰ্মিক এচিডবোৰ চিকাৰৰ ক্ষতস্থানত ছটিয়াই দিয়ে। এই ফৰ্মিক এচিডে চিকাৰৰ দেহত তীব্ৰ জ্বলন সৃষ্টি কৰে।
কিন্তু এটা আচৰিত কথা এই যে, কিছুমান চৰায়ে নিজৰ ঠোঁটেৰে পৰুৱা বা আন তেনেধৰণৰ ফৰ্মিক এচিড সৃষ্টিকাৰী পোক পতংগবোৰ মাটিৰ পৰা উঠাই আনি নিজে নিজৰ পাখি আৰু শৰীৰত ঘঁহি লয়। আনহাতে কেতিয়াবা আকৌ চৰাইবোৰে মাটিত, সাধাৰণতে পৰুৱাৰে ভৰা অঞ্চলত নিজৰ ডিঙি আৰু পাখি মেলি বহুপৰ পৰি থাকে। চৰাইবোৰ তেতিয়ালৈকে মাটিত পৰি থাকে, যেতিয়ালৈ পৰ্যাপ্ত পৰিমাণৰ পৰুৱাই সিঁহতৰ শৰীৰত বগাবলৈ আৰম্ভ নকৰে। চৰাইৰ এই অদ্ভুত আচৰণক "এচিড স্নান" বা "এন্টিং" বুলি কোৱা হয়।
এন্টিং হৈছে কিছুমান বিশেষ প্ৰজাতিৰ চৰাইৰ এক আচৰণগত বৈশিষ্ট্য, যিটো বিশ্বৰ প্ৰায় ২০০ৰো অধিক প্ৰজাতিৰ চৰাইৰ মাজত দেখা যায়। কাউৰী, বুলবুলি, মইনা, শালিকা, ঘৰচিৰিকা আদি চৰাইবোৰৰ ক্ষেত্ৰত এই আচৰণ অতি সাধাৰণ। পক্ষী বিশেষজ্ঞসকলৰ মতে, এন্টিং হৈছে চৰাইবোৰৰৰ শৰীৰৰ পৰিচৰ্যাৰ এক বিশেষ উপযোগী পন্থা।
চৰাইৰ দেহত বগাই উঠা পৰুৱাবোৰে চৰাইটোক শত্ৰু জ্ঞান কৰে আৰু আত্মৰক্ষাৰ বাবে পৰুৱাবোৰে নিজৰ শৰীৰৰ বিষগ্ৰন্থিৰ পৰা নিঃসৰণ কৰা ফৰ্মিক এচিড চৰাইটোৰ দেহলৈ ছটিয়াই দিয়ে। পৰুৱাৰ শৰীৰৰ পৰা নিৰ্গত হোৱা এই ফৰ্মিক এচিড চৰাইটোৰ শৰীৰৰ ওপৰেদি বিয়পি পৰে। নিসন্দেহে এই ফৰ্মিক এচিডে চৰাইটোৰ দেহত তীব্ৰ জ্বলন সৃষ্টি কৰে। তথাপিও বাৰু চৰাইবোৰে কিয় এনেদৰে এচিডেৰে গা ধোৱে?
বিজ্ঞানীসকলৰ মতে এন্টিং বা এচিড স্নানে চৰাইৰ পাখিত থকা সৰু সৰু পৰজীৱী যেনে টিক, মাইট, ওকনি আদি ধ্বংস কৰিবলৈ সহায় কৰে। পৰুৱাই উৎপন্ন কৰা ফৰ্মিক এচিডে এই পৰজীৱীবোৰৰ ওপৰত প্ৰাকৃতিক কীটনাশক হিচাপে কাম কৰে। তদুপৰি গৱেষক সকলৰ মতে "মল্টিং" বা চৰাইৰ পাখি সলনি কৰা সময়ছোৱাত চৰাইৰ ছালখন খুবেই অনুভূতি প্ৰৱণ হয়। চৰাইৰ দেহত নতুন পাখি গজা এই সময়চোৱাত ছালত সৃষ্টি হোৱা অস্বস্তি কমাবলৈও চৰাইবোৰে এন্টিঙৰ সহায় লয়।
সকলো প্ৰজাতিৰ চৰায়ে এন্টিং নকৰে। বিশেষকৈ মাটিত বিচৰণ কৰা চৰাইবোৰৰ কিছুমানেহে অধিক পৰিসৰত এন্টিং কৰে। এন্টিং আচৰণ প্ৰায়বোৰ চৰাইৰ এক বংশগত আচৰণ। কিছুমান চৰায়ে অৱশ্যে বিশেষ পৰিস্থিতিত এন্টিং কৰিবলৈ শিকে। বতৰ অনুসৰি চৰাইৰ এন্টিংঙৰ মাত্রাও সলনি হয়। সাধাৰণতে গ্ৰীষ্মকাল আৰু মল্টিঙৰ সময়তেই এন্টিং বেছি পৰিমানে দেখা যায়।
https://youtu.be/GJflt61Y5Us?si=WjnGvFSemi0vpzfO
No comments:
Post a Comment