Saturday, 20 July 2019

এজন মানুহৰ এটি ক্ষুদ্র পদক্ষেপ কিন্তু…



আজি ২০ জুলাই, ২০১৯ চন। জোনবাইৰ বুকুত মানুহৰ পদাৰ্পণৰ গৌৰৱময় ৫০ বৰ্ষপূৰ্তি। ১৯৬৯ চনৰ ১৬ জুলাইৰ দিনা সেই ঐতিহাসিক চন্দ্ৰ অভিযান আৰম্ভ হৈছিল "চাটাৰ্ণ-৫" নামৰ এটা শক্তিশালী ৰকেটে কঢ়িয়াই লৈ যোৱা ‘'এপ'লো-১১’'ৰ জৰিয়তে। যদিও সেই ঐতিহাসিক চন্দ্ৰ অভিযানৰ পিছত একাধিকবাৰ মানুহ চন্দ্ৰৰ বুকুলৈ গৈছে, তথাপিও এপ'লো-১১ অৱতৰণৰ ৫০ বছৰ পূৰ্ণ হোৱা সেই মাহেন্দ্রক্ষণটো মানৱ সভ্যতাৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায়। এতিয়ালৈ জোনবাইৰ বুকুত ছটা সফল মানৱ অভিযান সম্পন্ন হৈছে আৰু সৰ্বমুঠ ১২ জন মানুহে জোনবাইত খোজ পেলাইছে।

১৬ জুলাই ১৯৬৯ চন। আমেৰিকা যুক্তৰাষ্ট্রৰ স্থানীয় সময় অনুসৰি সময় তেতিয়া ৰাতিপুৱা ৬ বাজি ৪৫ মিনিট। তিনিজন মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিন্সে ৰাতিপুৱাৰ আহাৰ কৰি মহাকাশ অভিযানৰ বাবে প্ৰয়োজনীয় পোচাকবোৰ পিন্ধি ধীৰে ধীৰে প্ৰক্ষেপণৰ বাবে সাজু হৈ থকা ৰকেটেৰ ভিতৰত প্ৰৱেশ কৰিলে। সমগ্ৰ বিশ্বৰ মানুহৰ চকু টেলিভিচনৰ পৰ্দাত। পুৱা থিক ৯ বাজি ৩২ মিনিটত নাছাৰ ‘'চাটাৰ্ণ-৫’' ৰকেটেৰ ইঞ্জিনে গৰ্জন কৰি উঠে আৰু অগণন লোকৰ হৰ্ষধ্বনিৰ মাজতে চাটার্ন-৫ ৰকেটটো মহাকাশলৈ উৰা মাৰিলে।

চাটাৰ্ণ-৫ ৰকেটটোৰ উচ্চতা ৩৬৪ ফুট আৰু ইয়াৰ মুঠ ওজন আছিল ২ লাখ ৩৯ হাজাৰ ৭২৫ কিলোগ্রাম ! ৰকেটটোৱে কঢ়িয়াই নিয়া এপ'লো-১১ৰ ওজন আছিল ৪৫ হাজাৰ ৭০২ কিলোগ্রাম। এই বিশাল ৰকেটটোৰ উৎক্ষেপনৰ বাবে ইন্ধন প্ৰজ্বলনৰ কালত যি বিস্ফোৰণ হৈছিল, তাৰ প্ৰভাৱত উৎক্ষেপনস্থলীৰ চৌপাশে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ স্থানত ভূমিকম্প সদৃশ জোকাৰণিৰ সৃষ্টি হৈছিল। 

উৎক্ষেপণৰ পিছত নিৰ্দিষ্ট কক্ষপথেৰে চাটাৰ্ণ-৫ ৰকেটটো পৃথিৱীৰ চৌদিশে ঘূৰিবলৈ আৰম্ভ কৰে। এনেদৰে ঘূৰি থকাৰ কাৰণ হ'ল পৃথিৱীৰ মাধ্যাকৰ্ষণ বল অতিক্ৰম কৰি চন্দ্ৰ অভিমূখে গতি কৰিবলৈ প্ৰয়োজনীয় "পলায়ন বেগ" (১১.২ কিমি প্ৰতি ছেকেণ্ড) লাভ কৰা। এনেদৰে ক্ৰমান্বয়ে অধিক ব্যাসাৰ্ধৰ কক্ষপথলৈ অগ্ৰসৰ হৈ শেষত জোনবাই অভিমূখে গতি কৰে চাটার্ন-৫ নামৰ ৰকেটটোৱে। 

চাটাৰ্ণ-৫ ৰকেটটো জোনবাইৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সময় লাগিছিল প্ৰায় ৭০ ঘণ্টা বা তিনি দিন। ১৯৬৯ চনৰ ২০ জুলাইৰ দিনা চাটার্ন-৫ৰ এপ'লো-১১ক জোনবাইৰ চৌদিশে এক কক্ষপথত সফলতাৰে স্থাপন কৰি জোনবাইৰ চৌদিশে প্রদক্ষিণৰত কৰি ৰাখি ৰকেটখনৰ পৰা ঈগল নামৰ লেণ্ডাৰখন আঁতৰ কৰাৰ এক জটিল পৰিক্ৰমা সমাপণ কৰা হয়। ইতিমধ্যে চন্দ্ৰত অৱতৰণৰ বাবে এপ'লো-১১ৰ পৰা নীল আৰ্মষ্ট্ৰং আৰু এডুইন (বাজ) এলড্ৰিনে "ঈগল"ত প্ৰৱেশ কৰিছিল। আনহাতে মাইকেল কলিন্সে অকলে এপ'লো-১১ক জোনবাইৰ চৌদিশে প্ৰদক্ষিন কৰোৱাই ৰাখিছিল।
  
লাহে লাহে "ঈগল" লেণ্ডাৰখন এপ'লো-১১ৰ পৰা আঁতৰি জোনবাইৰ বুকুলৈ ধাৱিত হ'ল। নাছাৰ কণ্ট্ৰ'ল ৰুমত বিজ্ঞানীসকলৰ লগতে বিশ্বৰ জনগন উৎকণ্ঠিত। সময়বোৰ যেন বৰ ধীৰ গতিৰে আগবাঢ়িছে। ২ ঘণ্টা ২১ মিনিট যোৰা এক জটিল পৰিক্ৰমাৰ জৰিয়তে ধীৰে ধীৰে ঈগল আগবাঢ়িছে জোনবাইৰ Sea of Tranquility নামৰ নিৰ্দিষ্ট স্থান টুকুৰাৰ দিশে। আৰু অৱশেষত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ ঈগলে জোনবাইৰ বুকু স্পৰ্শ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই এখন জখলাৰে ঈগলৰ পৰা নামি আহি জোনবাইৰ বুকুত প্ৰথমবাৰলৈ খোজ দিলে নীল আৰ্মষ্ট্ৰঙে। মানৱ সভ্যতাৰ ইতিহাসত ই এক উল্ল্যেখযোগ্য উপলব্ধি। জোনবাই বুকুত ভৰি থৈ নীল আৰ্মষ্ট্ৰঙে কৈ পেলাইছিল : The Eagle has landed. That's one small step for a man, one giant leap for mankind.

জোনবাইৰ বুকুত নীল আৰ্মষ্ট্ৰঙৰ অৱতৰণৰ কিছু সময় পিছত বাজ এলড্ৰিনো জোনবাইৰ বুকুত নামিল। দুয়ো মিলি আমেৰিকাৰ পতাকাখন জোনবাইৰ মাটিত পুতি অন্যান্য যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰে। এটি বিশেষ বেগত তেওঁলোকে নমুনা হিচাবে প্ৰায় ২১ কিলোগ্রাম জোনবাইৰ মাটি আৰু শিল ভৰাই ল'লে। দুয়ো জোনবাইৰ বুকুত ইফালৰ পৰা সিফাললৈ দুপিয়াই দুপিয়াই খোজকাঢ়ি চালে, জপিয়াই চালে, কেমেৰাৰে অসংখ্য ফটো তুলিলে তদুপৰি পৃথিৱীৰ বিজ্ঞানীসকলৰ লগত কথাও পাতিলে। পৃথিৱীতেই নিৰ্ধাৰণ কৰি পঠিওৱাৰ দৰে দুয়ো জোনবাইৰ বুকুত মুঠ ২১ মিনিট ৩১ ছেকেণ্ড অতিবাহিত কৰি পুনৰ ঈগলত প্ৰৱেশ কৰে ওভটনি যাত্ৰাৰ বাবে। ঈগলে জোনবাইৰ দেশৰ পৰা পুনৰ উৰা মাৰি জোনবাইৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি থকা এপ'লো-১১ৰ লগত "ডকিং" (সংযোগ স্থাপন) কৰে। 

তাৰপিছত পৃথিৱীলৈ ওভটনি যাত্ৰা। মুঠ ৮ দিন ৩ ঘণ্টা ১৮ মিনিট ৩৫ ছেকেণ্ডৰ জোনবাইৰ দেশৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৯৬৯ চনৰ ২৪ জুলাইৰ দিনা  দিনৰ ১২ বাজি ৫০ মিনিটত প্ৰশান্ত মহাসাগৰৰ মাজৰ হাৱাই দ্বীপপূঞ্জৰ পৰা প্ৰায় ৯০০ মাইল দূৰৰ পূৰ্ব নিৰ্ধাৰিত  স্থানত এপ'লো-১১ৰ তিনিও মহাকাশচাৰীয়ে নিৰাপদে অৱতৰণ কৰে।

নাছাৰ এই চন্দ্ৰ অভিযানক কিছুমান মানুহে সন্দেহৰ চকুৰেও চায়। তেওঁলোকৰ মতে নাছাই কেতিয়াও জোনবাইত অৱতৰণ কৰা নাই। ১৯৭৬ চনৰ মাজভাগৰ পৰা তেনে এক ধাৰণাক সজাই পৰাই Bill Kaysing নামৰ এজন লিখকে লিখি উলিয়াই তেওঁৰ self-published গ্ৰন্থ "We Never Went to the Moon"। ১৯৮০ চনত "Flat Earth Society"ৰ সদস্যসকলেও নাছাৰ চন্দ্ৰ অভিযানক এখন চিনেমা বুলি উপহাস কৰে। এনেবোৰ ভুল ধাৰণাৰ পৰা সৰ্বসাধাৰণক আঁতৰি থাকিব পৰাকৈ নাছাই প্ৰমাণ সহকাৰে তথ্যৰ যোগান ধৰিছে যদিও পৃথিৱীখন চেপেটা বুলি আজিও বিশ্বাস কৰা "Flat Earth Society"ৰ সদস্যসকলক সৈমান কৰাব পাৰিছে বুলি আমাৰ মনে ধৰা নাই। 

যা হওঁক, আজি ২০ জুলাই, ২০১৯ তাৰিখে মানুহৰ প্ৰথম চন্দ্ৰ অভিযানৰ ৫০তম বৰ্ষপূৰ্তিত নাছালৈ আমাৰ অভিনন্দন যাচিলোঁ।

Saturday, 13 July 2019

পুনৰ জোনবাইৰ দেশলৈ ভাৰতবৰ্ষ



মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষই ইতিমধ্যেই বিশ্ববাসীৰ সন্মুখত এক দৃষ্টান্ত দাঙি ধৰি সকলোৰে সমীহ আদায় কৰিছে। চন্দ্রযান-১ৰ  সফল অভিযানৰ পিছত প্রথম প্ৰচেষ্টাতেই মংগল গ্ৰহৰ কক্ষপথত ভাৰতৰ মহাকাশযান স্থাপন কৰা ভাৰতবৰ্ষই হ'ল পৃথিৱীৰ একমাত্ৰ দেশ। এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) সাজু হৈছে জোনবাইৰ দেশলৈ দ্বিতীয়টো অভিযানৰ বাবে। সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ গৈছে।

ইছৰোৰ বাঙ্গালোৰস্থিত কাৰ্যালয়ৰ পৰা চন্দ্ৰযান-২ আৰু মহাকাশ বিজ্ঞানীসকল আহি উপস্থিত হৈছেহি অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাত। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰত "জিওচিঙ্ক্ৰোনাচ চেটেলাইট লঞ্চ ভেহিকোল মাৰ্ক থ্ৰি" (চমুকৈ GSLV Mk III) সাজু হৈ উঠিছে। ইছৰোৰ বিজ্ঞানীসকলে GSLVৰ এই উৎক্ষেপন যানৰ নাম ৰাখিছে "বাহুবলী"। অহা ১৫ জুলাইৰ নিশা ২ বাজি ৫১ মিনিটত বাহুবলীয়ে শ্রীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰৰ পৰা জোনবাইৰ দেশলৈ কঢ়িয়াই লৈ যাব ৪৪ মিটাৰ ওখ আৰু ৬৪০ টন ওজনৰ সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত চন্দ্রযান-২ নামৰ মহাকাশযানখন।

উৎক্ষেপনৰ ১৬ মিনিট পিছতেই পৃথিৱীৰ চৌদিশে এক নির্দিষ্ট কক্ষপথত স্থাপন কৰা হ'ব চন্দ্ৰযান-২ক। তাৰ পৰবৰ্তী সময়চোৱাত এই নিৰ্দিষ্ট  কক্ষপথেৰে চন্দ্ৰযান-২ক পৃথিৱীৰ চৌদিশে আৱৰ্তন কৰোৱাই ৰাখি যানখনক প্ৰয়োজনীয় গতিবেগ প্ৰদান কৰা হ'ব। নিৰ্দিষ্ট গতিবেগ আহৰণ কৰাৰ পিছত চন্দ্ৰযান-২ক ক্ৰমে অধিক ব্যাসাৰ্ধৰ কক্ষপথেৰে আৱৰ্তন কৰাই জোনবাইৰ দিশলৈ প্ৰক্ষেপ কৰা হ'ব।

জোনবাইৰ দেশলৈ পঠিয়াব ওলোৱা লঞ্চ ভেহিকোলখনত থাকিব এটা অর্বিটাৰ, বিক্রম নামৰ এখন লেণ্ডাৰ আৰু প্রজ্ঞান নামৰ এখন ৰোভাৰ। ২০১৯ চনৰ চেপ্টেম্বৰ মাহত চন্দ্রযান-২ জোনবাইৰ বুকুত অৱতৰণ কৰাৰ পিছত অর্বিটাৰটোৱে চন্দ্রপৃষ্ঠৰ ছবি তোলাৰ লগতে চন্দ্ৰপৃষ্ঠত থকা খনিজ পদাৰ্থৰ সন্ধান আৰু জোনবাইৰ মেপিং কৰিব। চন্দ্ৰযানত সংলগ্ন লেণ্ডাৰখনৰ ওজন ১,৪৭১ কিলোগ্রাম। এই লেণ্ডাৰখনে জোনবাইত হোৱা ভূমিকম্প (চন্দ্ৰকম্প!) আৰু জোনবাইৰ তাপমাত্রা সংক্রান্তীয় এলানি পৰীক্ষা কৰিব। প্রজ্ঞান নামৰ ৩০ কিলোগ্রামৰ ছয়চকীয়া চলমান ৰৱটিক যানখনে জোনবাইৰ মাটিৰ পৰীক্ষা-নিৰীক্ষাবোৰ সম্পন্ন কৰিব। তদুপৰি জোনবাইৰ বুকুত পানী আৰু জীৱনৰ সন্ধানতো ব্ৰতী হৈ থাকিব চন্দ্ৰযান-২।

১৫ জুলাইৰ নিশা ২.৫১ বজাত চন্দ্ৰযান-২ৰ উৎক্ষেপণ সমগ্ৰ বিশ্বই লাইভ দেখা পাব। দূৰদর্শনে এই উৎক্ষেপন লাইভ দেখুৱাৰ লগতে ইছৰোৰ কন্ট্রোল ৰুমেও লাইভ টেলিকাষ্ট কৰিব। আনকি ইউটিউবেও এই কাৰ্যসূচীৰ লাইভ দৃশ্য দেখুৱাব। ফেইচবুক ব্যৱহাৰকাৰী সকলেও ইচৰোৰ অফিচিয়েল পেইজটো "চাবস্ক্ৰাইব" কৰিলে ফেইচবুক লাইভত চন্দ্রযান-২ৰ উৎক্ষেপণ লাইভ দেখা পাব।

২০১৯ চনৰ আৰম্ভণিতেই ইজৰাইলে প্ৰথমবাৰৰ বাবে জোনবাইৰ দেশলৈ মহাকাশযান প্ৰেৰণ কৰিছিল। যান্ত্ৰিক বিজুতিৰ বাবে এই প্ৰচেষ্টা সফল নহ'ল। সেয়ে, ভাৰতৰ এই অভিযান সফল হলে জোনবাইৰ মাটিত পদাৰ্পন কৰা দেশবোৰৰ তালিকাত ভাৰতে চতুর্থ স্থান পাব। ইয়াৰ আগতে মার্কিন যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া আৰু চীনে এই কাম সম্পন্ন কৰিছে। 

ইছৰোলৈ আমাৰ শুভকামনা থাকিল। ইছৰো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰবময় অধ্যায়।

Friday, 5 July 2019

পৰীক্ষাগাৰত চকুলোৰ ছবি



চকুলো আবেগ অনুভূতি আদিবোৰৰ বহিঃপ্রকাশৰ এক প্ৰাকৃতিক উপায়। মানৱ শিশুৱে কান্দোনেৰে যেনেদৰে পৃথিৱীলৈ অহাৰ জাননী দিয়ে, ঠিক একেদৰেই আপোনজনৰ চিৰ বিদায়ৰ সময়তো চকুলোৱেই দুগাল তিঁয়াই থৈ যায়। কেৱল মানুহেই নহয়, জীৱ-জন্তুৰ চকুতো দেখা যায় চকুলো। কান্দিলে আমাৰ দুচকুলৈ চকুলো নিগৰি আহে, আনহাতে কেতিয়াবা চকুলো নামি আহে সংগোপনে। আনন্দত আত্মহাৰা মানুহৰ চকুতো দেখা যায় চকুলো।

আমাৰ অক্ষিগোলকৰ ওপৰৰ পিনে বাদামী ৰঙৰ এটা গ্রন্থি আছে। এই গ্ৰন্থিটোৰ নাম ‘লেক্ৰাইমেল গ্লেণ্ড' বা "অশ্রু গ্রন্থি"। লেটিন শব্দ ‘লেক্ৰাইম’ মানে অশ্রু। এই গ্রন্থিটোৰ ভিতৰত যি তৰল পদার্থ থাকে, সেয়াই আমাৰ চকুলো বা অশ্ৰু। 

পানী, লৱণ, প্ৰতিদেহ পদাৰ্থ (antibody) আৰু কেতবোৰ এণ্টি মাইক্রোবিয়েল ৰসায়নিক পদাৰ্থৰ সংমিশ্রণেই হ'ল অশ্ৰু। অক্ষিগহ্বৰত অৱস্থিত অশ্ৰু গ্ৰন্থিৰ পৰা নিঃসৰিত চকুলোৱে আমাৰ চকুযুৰিক অনবৰত বিভিন্ন অণুজীবৰ আক্রমণৰ ৰক্ষা কৰে। বিজ্ঞানীসকলে মানুহ আৰু বিভিন্ন প্রাণীৰ চকুলোৰ ৰাসায়নিক মিশ্রণ সম্বন্ধে গবেষণা কৰি বহুতো চমকপ্রদ তথ্যৰ সন্ধান উলিয়াইছে। প্ৰখ্যাত ডাচ্চ চিত্ৰশিল্পী মৰিচ মিক্কাৰচ চিত্ৰশিল্পী হিচাবে পৰিচিত হোৱাৰ আগতে পূর্বে এজন লেৱৰ'টৰী টেকনিচিয়ান আছিল। লেৱৰ'টৰীত কাম কৰি থকাৰ সময়ত হঠাতে এদিন তেওঁৰ মনলৈ আহিল চকুলোৰ টোপাল এটা অনুবীক্ষণযন্ৰ বা মাইক্ৰ'স্কোপৰ তলত ৰাখি পৰ্যবেক্ষণ কৰাৰ কথা। কথামতেই কাম। ক'লা ৰঙৰ এখন পটভূমিত এটোপাল চকুলো লৈ অণুবীক্ষণ যন্ত্রৰ তলত সযতনে স্থাপন কৰি ল'লে মিক্কাৰচে। তাৰপিছত নিৰ্দিষ্ট পৰিমাপৰ পোহৰৰ উৎস ব্যৱহাৰ কৰি চকুলোৰ টোপালটো পৰীক্ষা কৰাত লাগি গ'ল। তেওঁ বৰ আচৰিত হৈ পৰিছিল, কিয়নো আলোকেৰে উদ্ভাসিত কৰা চকুলোৰ টোপালৰ মাজত তেওঁ দেখা পালে অসংখ্য অসাধাৰণভাবে সুন্দৰ কিছুমান স্ফটিকাকাৰ নমুনা। এই আকৃতিবোৰে তেওঁক চকুলোৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী কৰি তুলিলে।

বিজ্ঞানী সকলৰ মতে আমাৰ চকুলো তিনি প্ৰকাৰৰ। সেইবোৰ হ'ল :

১) স্বাভাৱিক চকুলো : সাধাৰণ অৱস্থাত আমাৰ চকুৰ অশ্ৰু গ্ৰন্থিত যি তৰল পদাৰ্থ উৎপন্ন হয়, তাকেই স্বাভাৱিক চকুলো বোলা হয়। এই চকুলোৱে আমাৰ চকুযুৰি সিক্ত আৰু পিছল কৰি ৰাখি চকুৰ দৃষ্টি থিকে ৰাখে। তদুপৰি স্বাভাৱিক চকুলোত থকা কেতবোৰ দ্ৰৱনীয় প্ৰটিনে আমাৰ চকুযুৰি সাধাৰণ বাহ্যিক সংক্ৰমণৰ পৰাও ৰক্ষা কৰি থাকে। এই চকুলোৰ লগত আবেগ অনুভূতিৰ সম্পৰ্ক নেথাকে।

২) প্ৰতিৱৰ্তী চকুলো : হঠাৎ বাহিৰৰ পৰা কোনো পদাৰ্থ যেনে ধূলি-বালি বা পোক পৰুৱা আহি আমাৰ চকুত পৰিলে নিগৰি অহা চকুলোবোৰেই প্ৰতিৱৰ্তী চকুলো। তদুপৰি হাঁচিয়ালে বা হাঁহিলে চকুৰ ওচৰে পাজৰে থকা মাংসপেশীত সৃষ্টি হোৱা চাপৰ বাবে অশ্ৰু গ্ৰন্থিত হেঁচা পৰে। তেতিয়াও প্ৰতিৱৰ্তী চকুলোৱে চকু সেমেকাই তোলে। এই চকুলোও আৱেগবৰ্জিত।

৩) আৱেগজনিত চকুলো : সুখ-দুখ, পীড়া অথবা মনোকষ্টৰ বাবে যেতিয়াই আমাৰ দুচকু সেমেকি উঠে, সেই চকুলোৱেই আৱেগজনিত চকুলো। বিজ্ঞানীসকলৰ গৱেষণাত ধৰা পৰা তথ্য অনুসৰি আৱেগজনিত চকুলোত আন দুবিধ চকুলোতকৈ ২৪ শতাংশ বেছি দ্ৰৱনীয় প্ৰটিন থাকে।

গবেষণাত দেখা গৈছে যে প্ৰথম আৰু দ্বিতীয় বিধ চকুলো বিভিন্ন প্রাণীৰ দেহত দেখা যায় যদিও আৱেগজনিত চকুলো কেৱল মানুহৰ হে থাকে। তেন্তে কি এই ৰহস্যময় আৱেগিজনিত চকুলো ??

আৱেগজনিত চকুলোৰ ৰাসায়নিক গঠন বিশ্লেষণ কৰি দেখা গৈছে যে ইয়াত বিভিন্ন ধৰণৰ স্ট্রেচ হৰমোন থাকে যিবোৰে দৰাচলতে আমাৰ দেহত প্ৰাকৃতিক "পেইন কিলাৰ" বা পীড়ানাশক হিচাবে কাম কৰে। সেয়েহে আৱেগজনিত চকুলো আচলতে অতিৰিক্ত দুখ বা মানসিক চাপৰ প্ৰভাৱৰ পৰা আমাৰ মস্তিষ্কক স্থিৰে ৰখা এক ধৰণৰ প্রাকৃতিক প্রতিৰোধ ব্যবস্থা। মানসিকভাবে খুব বেছিকৈ উত্তেজিত হ'লে বা অতিৰিক্ত দুখময় অবস্থাত এই চকুলোৱে আমাৰ দেহৰ স্ট্রেচ বা অৱসাদ দুৰ কৰি আমাৰ মগজুক জিৰণি দিয়ে। অভিনয়ৰ সময়ত নায়ক বা নায়িকাই গ্লিচাৰিণ ব্যবহাৰ কৰি যি কৃত্রিম অশ্রু নিৰ্গত কৰে, সেই অশ্ৰু যে মিছা তাক সহজেই ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি।

পুনৰ ঘূৰি আহিছো ডাচ্ছ চিত্ৰশিল্পী মৰিচ মিক্কাৰচৰ অনুবীক্ষণযন্ত্ৰৰ তলত ধৰা পৰা চকুলোৰ প্ৰতিচ্ছবিবোৰলৈ। তাৰবাবে তেওঁ বিভিন্ন মানুহৰ পৰা সংগ্ৰহ কৰা তিনিও বিধ চকুলোক বেলেগে বেলেগে মাইক্রোপিপেটৰ সহায়ত ক'লা ৰঙৰ মাইক্রোস্কোপিক ফলকৰ ওপৰত ২ প্ৰায় মিলিমিটাৰ আকাৰৰ একোটাকৈ টোপাল প্ৰস্তুত কৰি লৈছিল। তেওঁ মন কৰিছিল যে ৫ ৰ পৰা ২০ মিনিটেৰ ভিতৰত চকুলোৰ টোপালবোৰত থকা বিভিন্ন দ্ৰৱনীয় প্ৰটিন আৰু হ'ৰমোনবোৰ বায়ুৰ সংস্পৰ্শত আপোনা আপুনি স্ফটিকলৈ সলনি হয়। এতিয়া তেওঁ মাইক্রোস্কোপিক ফলকবোৰ মাইক্ৰস্কোপৰ তলত পৰ্যবেক্ষণ কৰি দেখা পাইছিল যে স্বাভাৱিক চকুলো, প্ৰতিৱৰ্তী চকুলো আৰু আৱেগজনিত চকুলোৰ স্ফটিকবোৰ বেলেগ বেলেগ। এই কথাটোৱে তেওঁক প্ৰথমবাৰলৈ ভাবিবলৈ প্ৰেৰণা দিছিল যে এই চকুলোৰ ৰাসায়নিক সংগঠনো বেলেগ হ'ব পাৰে। ইয়াৰ পৰবৰ্তী পৰ্যায়ত আন বিজ্ঞানীসকলো বিষয়টোৰ প্ৰতি আগ্ৰহী হৈ উঠে আৰু চকুলোৰ ৰসায়নিক গঠন সম্বন্ধে অধিক তথ্য পোহৰলৈ আহে। (পোষ্টটোৰ লগত সন্নিবিষ্ট ছবিখনত ১, ২ আৰু ৩ নম্বৰেৰে সূচিত চকুলোৰ স্ফটিকৰ ছবিবোৰ মৰিচ মিক্কাৰাচে অনুবীক্ষণযন্ত্ৰ পৰা সংগ্ৰহ কৰা।)

পিছে আমোদজনক কথাটো হ'ল বৈজ্ঞানিক সম্ভাৱনাৰ দুৱাৰখন মুকলি কৰি দি ডাচ্চ চিত্ৰশিল্পী মৰিচ মিক্কাৰচ এইবাৰ ব্যস্ত হৈ পৰে চকুলোৰ পৰা আহৰণ কৰা স্ফটিকৰ আধাৰত চিত্ৰ অংকণ কৰাত। সঁচাকৈয়ে বৰ খেয়ালী মনৰ অধিকাৰী এই শিল্পী আৰু বিজ্ঞানীসকল।

Monday, 1 July 2019

পৃথিৱীৰ প্ৰথম শল্য চিকিৎসক : শুশ্ৰূত


আধুনিক চিকিৎসা বিজ্ঞানৰ যি অগ্রগতি সেয়া পৰ্যায়ক্ৰমে সম্পন্ন হৈ আহিছে। চিকিৎসা বিজ্ঞানৰ ইতিহাস অতি প্রাচীন। খ্রীষ্টপূর্ব প্রায় ৩ হাজাৰ বছৰ আগতেই মিচৰ, ভাৰতবৰ্ষ, গ্রীচ আৰু ৰোমত চিকিৎসা বিজ্ঞানৰ বীজ অংকুৰিত হৈছিল। পৰবৰ্তী কালত আৰব আৰু চীন দেশতো চিকিৎসা বিজ্ঞানে প্ৰসাৰ লাভ কৰিছিল। 

প্রাচীন কালত ভাৰতীয় উপমহাদেশৰ চিকিৎসা বিজ্ঞানৰ দুটা ধাৰা আছিল। তাৰে এটা আছিল "সিদ্ধা" আৰু আনটো "আয়ুর্বেদ"। সমগ্ৰ ভাৰতবৰ্ষৰ উপৰিও প্ৰাচীন বিশ্বৰ বিভিন্ন দেশত "আয়ুর্বেদ" পৰিচিত যদিও "সিদ্ধা" দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত সীমাবদ্ধ হৈ ৰৈছিল। 

আজি চৌদিশে চিকিৎসা বিজ্ঞানৰ জয়ধ্বনি। সৌ সিদিনা ২০১০ চনৰ এপ্রিল মাহত বিশ্বত প্রথম বাৰৰ বাবে স্পেনৰ চিকিৎসকৰ দল এটাই মানুহৰ সম্পূৰ্ণ মুখমণ্ডল প্লাষ্টিক চাৰ্জাৰিৰ জৰিয়তে প্রতিস্থাপন কৰি প্লাষ্টিক চাৰ্জাৰিৰ ইতিহাসত এক নতুন এক অধ্যায়ৰ সূচনা কৰিলে। 

বহুতৰ মনত হয়তো এটা ধাৰণা আছে যে প্লাষ্টিক চার্জাৰি শল্য চিকিৎসা বিজ্ঞানৰ এক নতুন সংযোজন। কিন্তু আচৰিত হ'লেও এইটো সত্য যে খ্রীষ্টপূৰ্ব প্ৰায় ১৫০০ বছৰৰ পৰাই অৰ্থাৎ  সিন্ধু সভ্যতাৰ সময়ৰ পৰাই প্রাচীন ভাৰতত প্লাষ্টিক চার্জাৰিৰ প্রচলন আছিল। 

খীষ্ট্রপূর্ব ৬০০ৰ পৰা ১০০০ বছৰৰ ভিতৰত বিশ্বৰ প্ৰথম জন শল্য চিকিৎসক শুশ্ৰূতৰ জন্ম হৈছিল ভাৰতৰ প্ৰাচীন বাৰানসীত। গঙ্গা নদীৰ তীৰত অৱস্থিত বাৰানসী চহৰতেই বৈদিক শিক্ষা গ্ৰহন কৰি পৰবৰ্তী সময়ত তেওঁ আয়ুৰ্বেদ অধ্যয়ন কৰে। তাৰপিছত বাৰানসী চহৰতেই  চিকিৎসক হিচাবে সমাজৰ সেৱা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক চিকিৎসা বিজ্ঞানৰ শিক্ষা দিবলৈ আৰম্ভ কৰে। এই সময়চোৱাতেই শুশ্রূতে চিকিৎসা বিজ্ঞানৰ এখন অমূল্য গ্ৰন্থ "শুশ্ৰূত সংহিতা" ৰচনা কৰে। এই গ্রন্থখনক আধুনিক চিকিৎসা বিজ্ঞানৰ অন্যতম পথ প্রদর্শক হিচাবে স্থান দিয়া হৈছে। গ্ৰন্থখনত  শুশ্রূতে ঔষধৰ বিৱৰণ, প্ৰয়োগবিধি আৰু শল্য চিকিৎসাৰ পদ্ধতি তথা অনুশীলনী সম্বন্ধে বিস্তাৰিত ভাবে ব্যাখ্যা কৰিছে। তদুপৰি শুশ্ৰূতে তেওঁৰ গ্ৰন্থ "শুশ্ৰূত সংহিতা"ত শল্য চিকিৎসাৰ পৰিকল্পনা, ৰোগীৰ যন্ত্ৰনা লাঘৱ কৰা উপায় আৰু ৰক্তক্ষৰণ বন্ধ কৰাৰ পদ্ধতি সম্পৰ্কেও বিশদ ভাবে বৰ্ণনা কৰিছে। 

প্রাচীন ভাৰতত চার্জাৰিক “শল্যতন্ত্র” বুলি কোৱা হৈছিল। ”শল্য” মানে  অস্ত্র বা যন্ত্র আৰু “তন্ত্র” মানে পদ্ধতি। সেয়ে শল্যতন্ত্ৰ হ'ল অস্ত্রৰ সহায়ত মানবদেহৰ ৰোগ নিৰাময়ৰ এটা ব্যৱস্থা। শুশ্রূতে প্রতিটো চার্জিকেল পদ্ধতিক কেইটামান ধাপত ভাগ কৰি লৈছিল। এইবোৰ হৈছে- 

১) Chedya (excision)- ছেদকৰণ বা কটা
২) Lekhya (sacrification)- সূক্ষ্ম ছেদন
৩) Vedya (puncturing)- ছিদ্রকৰণ
৪) Esya (exploration)- উন্মোচন
৫) Ahrya (extraction)- উৎপাতন
৬) Vsraya (evacuation)- উদ্ভাষণ
৭) Sivya (suturing)- চিলাই কৰা।

শুশ্রূতে কৰা অপাৰেচন বোৰৰ ভিতৰত Rhinoplasty আৰু চকুৰ Cataract operation উল্লেখযোগ্য। ৰাইনোপ্লাষ্টি  নাকৰ ৰোগ নিৰাময় আৰু সৌন্দর্য বৃদ্ধিৰ বাবে কৰা চার্জাৰি। বৰ্তমান ই প্লাষ্টিক চার্জাৰিৰ অন্তৰ্গত এক চাৰ্জাৰি। শুশ্রূত সংহিতাত বর্ণনা কৰা মতে শুশ্ৰূতৰ Rhinoplasty operation কৰাৰ পদ্ধতিৰ থুলমূল বিৱৰণ তলত উল্লেখ কৰা হ'ল-

নাকৰ যি অংশ শল্য চিকিৎসাৰ বাবে প্ৰয়োজন সেই অংশটো প্রথমে জুখি লৈ ঠাইখিনি পৰিষ্কাৰ কৰা হয়। তাৰপিছত বনৌষধ প্ৰয়োগ কৰি  বীজাণুৰ সংক্ৰমণ আগতীয়াকৈ বাধা দি ডিঙিৰ পৰা এটুকুৰা ছাল কাটি আনি নাকৰ নির্দিষ্ট অংশটো সঠিক ভাবে আবৃত কৰি লোৱা হয়। নাকত ছালৰ টুকুৰাটো সঠিকভাবে স্থাপন কৰিবলৈ চোকা অস্ত্ৰৰ সহায়ত নাকৰ ছাল অলপ  কাটি পেলোৱা হয়। তাৰপিছত ডিঙিৰ পৰা কাটি অনা ছাল নাকৰ নির্দিষ্ট স্থানত ৰাখি চিলাই কৰি দিয়া হয়। সংক্ৰমণৰ পৰা বাচিবলৈ তুলাৰে ক্ষতস্থান ভালদৰে মচি লৈ পুনৰ বনৌষধ প্ৰয়োগ কৰা হয়।

যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় ১০০০ বছৰ আগত সংজ্ঞাহীন কৰা উন্নত পদ্ধতি আৰু যন্ত্ৰপাতি অবিহনে প্ৰাচীন ভাৰতত শুশ্ৰূতে কৰা এনে ধৰণৰ নাক আৰু চকুৰ চাৰ্জাৰি সঁচাকৈয়ে অবিশ্বাস্য। 

(ভাৰতত আজিৰ দিনটো ডাঃ বিধানচন্দ্র ৰায়ৰ জন্মদিনৰ লগত সংগতি ৰাখি চিকিৎসক দিৱস ৰূপে পালন কৰা হয়। উল্লেখযোগ্য যে ১ জুলাইত এই মনিষী জনাৰ মৃত্যুও হৈছিল। এই চিকিৎসক দিৱস উপলক্ষে সকলো সন্মানীয় চিকিৎসকলৈ শুভেচ্ছাৰে)

Friday, 28 June 2019

অটোৰিক্সা চালকে যেতিয়া উৰাজাহাজ চলায়



"তিনিটা চকাই এতিয়া মোৰ জীৱন সংগী। এই তিনিটা চকাৰ অটোৰিক্সাখনৰ বাবেই এতিয়া আমাৰ ঘৰখনত মোৰ ভনীজনীয়ে ভোকত কান্দিব লগা হোৱা নাই। তাই এতিয়া সদায় স্কুললৈ যায়। দেউতা আৰু মা দুয়োজনেই আজিকালি হাহিব পাৰিছে। ঘৰখনলৈ আনন্দ আহিছে……" - বন্ধু সকলৰ আগত শ্ৰীকান্তে কথাষাৰ কৈছিল।

নাগপুৰৰ কোম্পানী এটাৰ অফিচত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত এজন তেনেই সাধাৰণ ব্যক্তিৰ সন্তান শ্ৰীকান্ত পান্টৱানে। চিকিউৰিটি গাৰ্ড হিচাবে পোৱা সামান্য দৰমহাৰে কোনোমতেই ঘৰখন নচলে। দেউতাকৰ দুখ দেখি একাদশ শ্ৰেণীৰ ছাত্ৰ শ্ৰীকান্তে "ডেলিভাৰী বয়" হিচাবে এটা কাম বিচাৰি ল'লে। দিনৰ ভাগত বিদ্যালয়লৈ গৈ আবেলি ৩ বজাৰ পৰা নিশা ৮ বজালৈ নাগপুৰ চহৰৰ অলিয়ে গলিয়ে অনলাইন চ'পিংৰ বস্তু গ্ৰাহকৰ ঘৰত যোগান ধৰাই তেওঁৰ কাম। 

এনেদৰেই দিনবোৰ বাগৰিছিল। ইতিমধ্যে তেওঁ বিজ্ঞান বিষয়ত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰ্থিক অনাটনৰ বাবে উচ্চ শিক্ষাৰ বাটত থমকি ৰ'ব লগা শ্ৰীকান্তে এইবাৰ নিজাকৈ গোটাই ল'লে এখন অটোৰিক্সা। দিনটো তেওঁ অটোৰিক্সা চলাই পোৱা পইচা কেইটাৰ বাবে পৰিয়ালটো চলোৱাত দেউতাকৰো সুবিধা হৈছিল। 

শ্ৰীকান্ত পান্টৱানেৰো সপোন আছিল। কিন্তু আৰ্থিক ভাবে জুৰুলা পৰিয়াল এটিৰ সন্তানে জানো সপোন খেদি ফুৰাৰ কথা ভাবিব পাৰে !! নিজকে বুজনি দিয়ে শ্ৰীকান্তে। পৰিয়ালৰ সকলোৰে মংগলৰ বাবে কাম কৰিব পৰাটোও এক সৌভাগ্য। নিজক সান্তনা দি আনন্দ মনেৰে অটোখন চলাই ফুৰে শ্ৰীকান্তে।

২০১০ চনৰ কথা। বিশেষ কেইপদমান সামগ্ৰী বিমান বন্দৰলৈ নিয়াৰ বাবে এজন যাত্ৰীয়ে তেওঁৰ অটোখন ভাড়াত বিচাৰিলে। আনন্দ মনেৰে তেওঁ ভাড়াতো লৈ বিমান কোঠলৈ গ'ল। কাম শেষ হোৱাৰ পিছত একাপ চাহ খোৱাৰ বাবে তেওঁ বিমান কোঠৰ কাষৰ চাহৰ দোকান এখনলৈ গ'ল। চাহ খাই থাকোতেই তেওঁৰ সন্মুখেৰে কেইজনমান পাইলট পাৰ হৈ গ'ল। শ্ৰীকান্তে পাইলট কেইজনৰ পিনে ৰ লাগি চাই থাকিল। পোচাকযোৰেৰে কি যে সুন্দৰ আৰু স্মাৰ্ট দেখি এই পাইলটবোৰক !!

চাহৰ কাপটোত চুমুক মাৰিবলৈ পাহৰি যোৱা শ্ৰীকান্তৰ মুখৰ পৰা ক'ব নোৱাৰাকৈ ওলাই আহিল - : यार, ये लोग पायलट कैसे बनते हैं ?

শ্ৰীকান্তৰ কথা শুনি কেইবাজনো মানুহে তেওঁলৈ ঘূৰি চালে। শ্ৰীকান্তৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। অপলক দৃষ্টিৰ তেওঁ মাথো চাই ৰ'ল পাইলট কেইজনৰ পিনে।

এজন অপৰিচিত ব্যক্তি শ্ৰীকান্তৰ ওচৰলৈ আগবাঢ়ি আহি মৃদু স্বৰত কৈ গ'ল : তুমিও পাৰিবা।  পাইলট হ'বলৈ তুমি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু তাৰপিছত "এভিয়েচন একাডেমী"ত নাম ভৰ্তি কৰিব পাৰিবা। যদিহে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা, চৰকাৰে প্ৰশিক্ষণৰ বাবে স্কলাৰচিপো দিব। এই এভিয়েচন একাডেমীত উৰণৰ প্ৰশিক্ষণ সমাপ্ত কৰিলে তুমিও পাইলট হ'ব পাৰিবা।

এবছৰ আগতেই সপোনৰ পিছত দৌৰা বাদ দি অটোৰিক্সাৰ তিনিটা চকাক জীৱন সংগী কৰি লোৱা শ্ৰীকান্ত যেন পুনৰ উজ্জীৱিত হৈ উঠিল। দিনটো অটো চলাই ঘৰলৈ উভতি আহি প্ৰতিদিনেই নিয়মীয়াকৈ এভিয়েচন একাডেমীত নাম ভৰ্তিৰ বাবে প্ৰয়োজনীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাত লাগি গ'ল।

২০১১ চনত অনুস্থিত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্ৰীকান্তে চৰকাৰী স্কলাৰচিপ পায় আৰু সেই বছৰেই তেওঁ মধ্যপ্ৰদেশৰ এভিয়েচন একাডেমীত নাম ভৰ্তি কৰে। দুবছৰ এই একাডেমীত প্ৰশিক্ষণ লোৱাৰ পিছত শ্ৰীকান্তে ২০১৩ চনত DGCAৰ অধীনত পাইলট প্ৰশিক্ষণৰ আন এটা স্কলাৰচিপ লৈ এইবাৰ হাইদৰাবাদৰ "চেণ্ট্ৰেল ট্ৰেইনিং ইনস্টিটিউট"ত প্ৰশিক্ষন লোৱাৰ সুবিধা পালে। দুবছৰ পুনৰ প্ৰশিক্ষণ লোৱাৰ পিছত শ্ৰীকান্তে সুখ্যাতিৰে পাইলটৰ ট্ৰেইনিং সম্পূৰ্ণ কৰে আৰু ২০১৫ চনৰ জুন মাহত তেওঁ "ইণ্ডিগো এয়াৰলাইনচ"ৰ সহ-পাইলট হিচাবে নিযুক্তি লাভ কৰে। ২০১৫ চনৰ জুন মাহৰ ১৫ তাৰিখে ইণ্ডিগো এয়াৰলাইনচে টুইটাৰত কৈছে, "Make sure you catch the inspirational story of Shrikant Pantawane, auto driver turned pilot, in this month's Hello 6E!"

Tuesday, 25 June 2019

ধনুষ্টংকাৰ : এক প্ৰাণঘাতী ৰোগ



টিটেনাছ বা ধনুষ্টংকাৰ ৰোগ নিসন্দেহে এক প্ৰাণঘাতী ৰোগ। এই ৰোগত আক্রান্ত অধিকাংশ ৰোগীয়েই মৃত্যুমুখত পৰে। প্রতি বছৰে গড়ে বিশৰ পৰা পঁচিশ হাজাৰ লোক ধনুষ্টংকাৰ ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰি আহিছে। 

ধনুষ্টংকাৰ এক বেক্টেৰিয়াজনিত সংক্রমণ। ক্ল'সট্ৰিডিয়াম টিটেনি নামৰ এবিধ অবাত শ্বাসী বেক্টেৰিয়াৰ সংক্ৰমনৰ বাবে মানুহৰ মাংসপেশী আৰু স্নায়ুতন্ত্র আক্রান্ত হ'লে ধনুষ্টংকাৰ ৰোগ হয়। ক্ল'সট্ৰিডিয়াম টিটেনি নামৰ বেক্টেৰিয়াবিধৰ বাসস্থান হ'ল মাটি আৰু আৱর্জনাৰে ভৰি থকা যিকোনো স্থান। মানুহৰ দেহত হোৱা যিকোনো কোনো সৰু বা ডাঙৰ ক্ষতস্থানৰ মাধ্যমেৰে ক্ল'সট্ৰিডিয়াম টিটেনি নামৰ বেক্টেৰিয়াবোৰ মানুহৰ দেহত প্ৰৱেশ কৰি ক্ষত স্থানত বংশবৃদ্ধি কৰে। মানুহৰ দেহত এই বেক্টেৰিয়াবোৰে এক বিশেষ ধৰণৰ টক্সিন বা বিষাক্ত পদাৰ্থ তৈয়াৰ কৰে আৰু এই টক্সিন মানুহৰ শৰীৰত প্ৰবাহিত তেজে মাংসপেশী আৰু স্নায়ুতন্ত্রলৈ কঢ়িয়াই নিয়ে। ইয়াৰ প্রভাৱত মানুহৰ স্নায়ুতন্ত্র আৰু মাংসপেশী আক্রান্ত হয়। আক্ৰান্ত মাংসপেশীবোৰৰ ভিতৰত নির্দিষ্ট কিছুমান মাংসপেশীয়ে শৰীৰত তীব্ৰ সংকোচন সৃষ্টি কৰে। এই আক্ৰান্ত মাংসপেশীবোৰৰ ভিতৰত ৰোগীৰ মুখমণ্ডলৰ মাংসপেশী, কান্ধ আৰু পিঠিৰ মাংসপেশী আৰু কোনো কোনো ক্ষেত্ৰত হাত আৰু ভৰিৰ মাংসপেশীবোৰৰ তাৎক্ষণিক তথা তীব্ৰ সংকোচন ঘটে। ইয়াৰ ফলত ৰোগীয়ে কিছুসময়ৰ বাবে তীব্ৰ বেদনাদায়ক মূহুৰ্ত পাৰ কৰাৰ লগতে মুখ আৰু কান্ধৰ মাংসপেশীবোৰ লৰচৰ কৰিব নোৱাৰা হয়। তাতকৈয়ো বেছি কষ্টদায়ক ঘটনা এই যে ৰোগীৰ পিঠিৰ মাংসপেশীৰ তীব্ৰ সংকোচনৰ ফলত ৰোগীৰ দেহতো এখন ধনুৰ দৰে ভাঁজ লাগি যায়। ধনুৰ আকৃতিৰ দৰে ৰোগীৰ দেহতো ভাঁজ লাগি যোৱা বাবেই এই ৰোগক ধনুষ্টংকাৰ ৰোগ বুলি কোৱা হয়।

ধনুষ্টংকাৰ ৰোগৰ জীবাণু শৰীৰত প্রৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণ প্রকাশ পোৱালৈ কেইমাহ মান সময় লাগে। আমি প্ৰত্যেকেই ধনুষ্টংকাৰ সম্বন্ধে সচেতন হোৱা উচিত। আঘাত সামান্য হলেও ধনুষ্টংকাৰৰ প্ৰতিষেধক বেজী লোৱাতো অত্যন্ত জৰুৰী। এই প্ৰতিষেধক বেজীয়ে টিটেনাছ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ টক্সিনৰ বিৰুদ্ধে আমাৰ শৰীৰক সুৰক্ষিত কৰে তথা টিটেনাছৰ সম্ভাব্য সংক্রমণৰ পৰা বচাই ৰাখে।

Saturday, 15 June 2019

বিজ্ঞানৰ শ্বহীদ : জিওদার্নো ব্রুনো



আজিৰ দিনত বিজ্ঞান আৰু প্রযুক্তিৰ জয়জয়কাৰ যদিও বিজ্ঞানৰ এই যাত্রা মসৃণ নাছিল। আজি আমি বিজ্ঞানৰ যিবোৰ প্রতিষ্ঠিত তত্ব বা সূত্ৰ পাইছো, তেনে অনেক তত্বক সত্য বুলি প্রতিষ্ঠা কৰিবলৈ বিজ্ঞানী সকলে যথেষ্ঠ ত্যাগ স্বীকাৰ কৰাৰ লগতে নিজৰ প্রাণ পর্যন্ত বিসৰ্জন দিব লগা হৈছে। তেনে এজন বিজ্ঞানী জিওদার্নো ব্রুনো, যিজনে বৈজ্ঞানিক সত্য প্রতিষ্ঠা কৰিবলৈ গৈ জ্বলন্ত জুঁইৰ মাজত নিজৰ প্ৰাণ বিসৰ্জন দিব লগীয়া হৈছিল।

ইটালীৰ ভিচুভিয়াচ পর্বতমালাৰ কাষৰ এখন সৰু চহৰ নোলা। ১৫৪৮ চনত ইয়াতেই জন্ম হৈছিল বিজ্ঞানী জিওর্দানো ব্রুনোৰ। ব্রুনো আছিল একাধাৰে দার্শনিক, গণিতবিদ তথা জ্যোতির্বিজ্ঞানী। তেওঁ যেতিয়া জন্ম হৈছিল, তেতিয়া ইউৰোপত মধ্যযুগৰ অন্ধকাৰময় পৰিবেশ। সমগ্ৰ ইউৰোপ জুৰি তেতিয়া ধর্মীয় গোড়ামী তথা অসহিষ্ণুতা। 

১৭ বছৰ বয়সত ব্ৰুনো San Domenico Maggiore মঠলৈ উচ্চ শিক্ষাৰ বাবে যায় আৰু শিক্ষাগ্ৰহনৰ আনুস্থানিকতা সম্পূৰ্ণ কৰি মাত্র ২৪ বছৰ বয়সতেই ১৫৭২ চনত উক্ত মঠতেই পাদ্রী হিচাবে মনোনীত হয়। যদিও তেওঁ মঠৰ পাদ্রী হিচাবে মনোনীত হৈছিল, তেওঁ কিন্তু ধৰ্মীয় গোড়ামীৰ প্ৰতি বিৰক্ত হৈছিল আৰু বিজ্ঞানৰ বিভিন্ন দিশ সমূহ বিশেষকৈ গণিত আৰু জ্যোতির্বিজ্ঞানৰ প্রতি আকৰ্ষিত হৈছিল। 

ইউৰোপত তেতিয়া সৰ্বত্ৰ গীৰ্জাৰ প্রভাব। সমাজ তথা ৰাষ্ট্র পৰিচালনাৰ ক্ষেত্ৰতো গীৰ্জাৰ ভূমিকা অপৰিসীম। ইউৰোপত সেই সময়তো বিজ্ঞান চৰ্চা হৈছিল। কিন্তু যদিহে কোনো বৈজ্ঞানিক সিদ্ধান্ত  বাইবেলৰ বিপক্ষে যায়, তেন্তে সেই সিদ্ধান্ত প্ৰকাশ কৰা বিজ্ঞানীজনক সেই সিদ্ধান্ত পৰিহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। যদিহে তেওঁ সেই বাধা নেমানি নিজৰ সিদ্ধান্তত অটল হৈ থাকে, তেন্তে তেওঁ গীৰ্জা আৰু ৰাষ্ট্ৰযন্ত্ৰৰ অমানুষিক নির্যাতন, নিপীড়ন আনকি মৃত্যুদণ্ড ভূগিবলৈও সাজু হৈ থাকিব লাগিব।

সেই সময়ত বাইবেলত বৰ্ণিত বিশ্বব্ৰহ্মাণ্ডৰ মডেলেই সৰ্বজনবিদিত তথা গৃহীত। মানুহেও বিশ্বাস কৰিছিল বাইবেলত বৰ্ণিত প্ৰতিটো বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় আখ্যান। তেনেবোৰৰ ভিতৰত প্ৰধানকৈ পৃথিৱী মহাবিশ্বৰ কেন্দ্র; গ্রহ-উপগ্রহ বোৰ আনকি আকাশৰ আন নক্ষত্ৰবোৰো পৃথিবীক কেন্দ্র কৰিয়েই ঘূৰে আদিবোৰেই প্ৰধান। ব্রুনোৰ জন্মৰ আগতেই অৰ্থাৎ ১৫৪৩ চনত প্রকাশিত হৈছিল কপাৰনিকাছৰ বিশ্ববিখ্যাত গ্রন্থ "দ্য ৰিভোলিউচন"’। এই গ্ৰন্থখনত বাইবেলৰ কথিত কাহিনী "পৃথিবীকেন্দ্রিক সৌৰজগত"ৰ মডেলক নস্যাত কৰি সৌৰকেন্দ্ৰিক সৌৰজগতৰ মডেলটোহে সত্য বুলি উপস্থাপন কৰা হৈছিল। গ্ৰন্থখনত কোপাৰনিকাছে প্রমাণ কৰি দেখুৱাইছিল যে সূর্যই সৌৰজগতৰ কেন্দ্র আৰু সূর্যক কেন্দ্র কৰিহে পৃথিৱীকে আদি কৰি সকলো গ্রহ-উপগ্রহই নিজ নিজ কক্ষপথেৰে ঘুৰে। 

কপাৰনিকাছে গীৰ্জাৰ ৰোষত পৰাৰ ভয়ত এই গ্ৰন্থখন শিষ্যসকলৰ সহায়ত তেওঁৰ জীৱনৰ অন্তিম কালতহে প্ৰকাশ কৰিছিল। গ্ৰন্থখন প্ৰকাশ হোৱাৰ এমাহ সম্পূৰ্ণ নহওঁতেই কপাৰনিকাছ পৰলোকগামী হয়। পৰবৰ্তী সময়ত গীৰ্জাই "দ্য ৰিভোলিউচন" নামৰ এই গ্ৰন্থখন নিষিদ্ধ ঘোষণা কৰে আৰু গ্ৰন্থখনৰ সামূহিক দাহ কাৰ্য সম্পন্ন কৰা হয়। গীৰ্জাৰ কৰ্তৃপক্ষই সাধাৰণ মানুহে নোপোৱাকৈ এই নিষিদ্ধ গ্ৰন্থখনৰ মাত্ৰ দুখন গ্ৰন্থ গীৰ্জাৰ পুথিভঁৰালত গোপনে সংৰক্ষণ কৰি ৰাখিছিল। ফলস্বৰূপে কপাৰনিকাছৰ এই বৈপ্লবিক আবিষ্কাৰ সম্বন্ধে মানুহে ভালদৰে গমকেই নেপালে।  

তাৰ বহুবছৰ পিছত এদিন গীৰ্জাৰ গ্রন্থাগাৰৰ এটা কোণত গোপনে সংৰক্ষিত কৰ ৰখা এই নিষিদ্ধ গ্ৰন্থখন ব্রুনোৰ হাতত পৰিল। গ্ৰন্থখন পঢ়ি ব্রুনো ৰোমাঞ্চিত হৈ পৰিল। ব্ৰুনোৱে বুজি পাইছিল কপাৰনিকাছৰ গ্ৰন্থখনত উল্ল্যেখিত আবিষ্কাৰৰ গুৰুত্ব। কিন্তু একেদৰে তেওঁ ব্যথিত হৈছিল কাৰণ কপাৰনিকাছৰ সত্যক গীৰ্জাই ধৰ্মৰ দোহাই দি জনমানসৰ পৰা আঁতৰাই ৰাখি সমাজক বিপথে পৰিচালিত কৰিব বিছাৰিছিল। সেয়ে ব্ৰুনোৱে সিদ্ধান্ত ল'লে যে তেওঁ কপাৰনিকাছে আৱিষ্কাৰ কৰা সত্যক সমাজত প্ৰতিষ্ঠা কৰিবই।

কথা মতেই কাম। ব্রুনোৱে জনসাধাৰনৰ মাজত কপাৰনিকাছৰ বৈপ্লবিক আবিষ্কাৰ সম্বন্ধে প্ৰচাৰ আৰম্ভ কৰিলে…… "পৃথিবী নহয়, সূর্যহে সৌৰজগতৰ কেন্দ্র। সকলো গ্রহই নিজ নিজ অক্ষত থাকি  সূর্যক প্ৰদক্ষিন কৰিছে…"

বনজুঁইৰ দৰে বিয়পি পৰিল কথাবোৰ। বাইবেলত লিখা আছে পৃথিবীয়েই কেন্দ্র আৰু পৃথিবী স্থিৰ। গীৰ্জাৰ মতাদৰ্শৰ বিপৰীতে নেযাবলৈ ব্রুনোক নিকট আত্মীয় আৰু বন্ধুবৰ্গই সাবধান কৰি দিলে। কিন্তু ব্রুনো থমকি নৰ'ল। বৰং তেওঁ সৰ্বসাধাৰণ মানুহক বুজালে যে গীৰ্জাই কিছুমান অযুক্তিকৰ ব্যাখ্যাৰে সত্যক লুকুৱাই ৰাখিব খুজিছে। তেওঁ যুক্তি দাঙি ধৰি ৰাইজক বুজাইছিল যে……

গীৰ্জাৰ প্ৰচলিত মত অনুসৰি সৃষ্টিকৰ্তাৰ ত্রি-তত্ত্ববাদ আৰু যীশুৰ মৃত্যুৰ পিছত পুনৰ শিষ্যসকলক দেখা দিয়া আদি বিষয়বোৰ বিশ্বাসযোগ্য বা বিজ্ঞানসন্মত নহয়। তেওঁ আৰু কৈছিল যে এই মহাবিশ্বৰ দৰেই আৰু বহুতো মহাবিশ্ব আছে। কেৱল সেয়াই নহয়, পৃথিবীখন গোলাকাৰ তথা সূর্য এটি নক্ষত্র যি স্থিৰ।

ব্রুনোৰ এই কাৰ্যই প্রথাগত আধ্যাত্মিক মতবাদৰ বিৰুদ্ধাচৰণ কৰাত গীৰ্জাৰ কৰ্তৃপক্ষ ক্ৰোধিত তথা প্রতিহিংসাপৰায়ন হৈ পৰে। তেওঁলোকৰ মতে ব্ৰুনোৱে কেৱল প্রতিষ্ঠিত ধর্মীয় তথা আধ্যাত্মিক দর্শনৰ ওপৰতেই নহয়, বৰং সমগ্ৰ ইউৰোপ জুৰি যি সংস্কাৰ আন্দোলন গঢ়ি উঠিছিল, সেই সংস্কাৰ আন্দোলনেই ব্ৰুনোৱে ধ্বংস কৰিব বিচাৰিছে। সেয়ে গীৰ্জাই ব্ৰুনোক অপৰাধী ঘোষণা কৰি বন্দী কৰাৰ প্ৰস্তুতি ল'লে। বন্দীত্বৰ পৰা সাৰি থাকিবলৈ ব্ৰুনোৱে বিভিন্ন স্থানত নির্বাসিত জীবন যাপন কৰিবলৈ ল'লে। কিন্তু অৱশেষত ব্ৰুনো গীৰ্জাৰ হাতত ধৰা পৰিল। ভেনিচ চহৰৰ অভিজাত ব্যক্তি এজনৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত তেওঁ বিশ্বাসঘাতকতাৰ বলি হৈ গীৰ্জাৰ হাতত ধৰা পৰে।

অৱধাৰিত ভাবেই তেওঁৰ বিচাৰ আৰম্ভ হয়।বিচাৰৰ অন্তত ১৬০০ চনৰ ২০ জানুৱাৰীৰ দিনা  পোপ ৮ম ক্লেমেন্টে ব্রুনোকে এজন ধর্মদ্রোহী বুলি ৰায়দান কৰি তেওঁক মৃত্যুদণ্ড দিয়ে। ১৬০০ চনৰ ১৭ ফেব্রুৱাৰীৰ দিনা ব্ৰুনোক ৰোমৰ কেন্দ্রীয় বজাৰ এলেকা Campo de' Fiori লৈ অনা হয়। ৰাজপথৰ কাষত এটা খুঁটিৰ সৈতে ব্ৰুনোক জপটিয়াই বান্ধি লোৱা হ'ল। তাৰপিছত এটুকুৰা প্ৰকাণ্ড জুঁই জ্বলাই লৈ অতি নিষ্ঠুৰভাবে ব্ৰুনোক জ্বলন্ত জুঁইৰ মাজত নিক্ষেপ কৰি মৃত্যুদণ্ড দিয়া হ'ক। গীৰ্জাৰ প্রচণ্ড চাপৰ পিছতো সত্যৰ অপালাপ  নকৰি হাহি মুখে মৃত্যুকেই বৰণ কৰাতো শ্ৰেয় বুলি বিবেচনা কৰা ব্ৰুনোৱে জনগনৰ মাজত কিন্তু সিঁচি থৈ গ'ল বৈজ্ঞানিক মানসিকতাৰ উকমুকনি।

মহাকাশত ভাৰতৰ নতুন চমক



ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঘোষণা কৰিছে যে খুব সোনকালেই অৰ্থাৎ অহা জুলাই মাহত জোনবাইৰ দেশলৈ ৰাওনা হ'ব ভাৰতৰ মহাকাশযান চন্দ্ৰযান-২। বিগত ১২ জুন,২০১৯ তাৰিখে ইছৰোৰ সচিব ড° কে শিবনে দেশবাসীক জানিবলৈ দি কয় যে চন্দ্ৰযান-২ৰ সমান্তৰালকৈ ভাৰতে মহাকাশত নিজস্ব স্পেছ ষ্টেচন তৈয়াৰ কৰাৰ প্রকল্প এটাও আৰম্ভ কৰিছে।

ইতিমধ্যে ভাৰতে মহাকাশলৈ মানুহ পঠিওৱাৰ উদ্দেশ্যে "গগনায়ন" নামৰ এটি প্রকল্প যুগুত কৰি তাক বাস্তৱত ৰূপ দিয়াৰ জটিল কামবোৰ সম্পাদন কৰি আছে। এই "গগনায়ন" প্রকল্পৰ লগত সংগতি ৰাখিয়েই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ সংযোজন ঘটাইছে নিজস্ব স্পেছ ষ্টেচন সাজি উলিওৱাৰ আন এক অভিলাসী আচনি। চন্দ্ৰযান-২ৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতেই অহা ২০২২ চনৰ ভিতৰত গগনায়ন প্ৰকল্পৰ অধীনত ভাৰতে নিজস্ব ভাবে মহাকাশলৈ তিনিজন মহাকাশচাৰী প্ৰেৰণ কৰিব। তেওঁলোকে মহাকাশত "মাইক্রোগ্রেভিটি" বা ক্ষুদ্ৰমহাকৰ্ষণ সম্পৰ্কে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিব। তাৰোপৰি চিকিৎসা বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ কেইবাটাও পৰীক্ষাৰ দায়ীত্বও ন্যস্ত থাকিব মহাকাশ বিজ্ঞানী কেইজনৰ ওপৰত।

২০২২ চনৰ এই অভিলাসী আচনিৰ সমান্তৰালকৈ গগনায়ন স্পেছ ষ্টেচন প্রকল্পৰ কাম কাজবোৰো চলি থাকিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলৰ মতে অহা ২০৩০ চনৰ ভিতৰত মহাকাশত ভাৰতৰ নিজস্ব মহাকাশ গৱেষণাগাৰ বা স্পেছ ষ্টেচন স্থাপন হ'ব। এয়া প্ৰতিজন ভাৰতীয়ৰ বাবেই গৌৰৱৰ কথা। 

যোৱা ১২ জুনত ড° কে শিবনে জানিবলৈ দিয়া মতে অহা ১৫ জুলাই, ২০১৯ তাৰিখে চন্দ্রযান-২ জোনবাইৰ দেশলৈ উৰা মাৰিব। এইবাৰ বিজ্ঞানী সকলে চন্দ্রযান-২ক অবতৰণ কৰাব জোনবাইৰ দক্ষিণ মেৰুত। উল্ল্যেখযোগ্য যে আজিলৈকে জোনবাইৰ দক্ষিণ মেৰুত কোনো মহাকাশযানেই অৱতৰণ কৰিব পৰা নাই।

Friday, 31 May 2019

টিছু নেনোট্ৰান্সফেকচন : এটি প্ৰত্যাশা



Ohio State Universityৰ অধীনস্থ Centre for Regenerative Medicine & Cell Based Therapiesৰ ডাইৰেক্টৰ তথা ভাৰতীয় মূলৰ বিজ্ঞানী Dr. Chandan Sen আৰু প্ৰফেছ'ৰ Daniel Gallego-Perezৰ অধীনত এদল গৱেষক ছাত্ৰই শেহতীয়াকৈ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ এক আলোড়নকাৰী অৱদান আগবঢ়াইছে। তেওঁলোকে TNT (Tissue Nanotransfection) নামৰ এটা পদ্ধতি আৱিষ্কাৰ কৰিছে, যাৰ সহায়ত ছালৰ কোষক অতি সহজে ৰূপান্তৰিত কৰি মানবদেহৰ ক্ষতিগ্ৰস্থ অংগ সমূহৰ উপৰিও মগজুৰ কোষ, ৰক্তবাহী নলী আৰু স্নায়ুকোষকো বিশেষ ধৰণে প্ৰস্তুত কৰা নেনো চিপৰ সহায়ত অতি সহজে মেৰামতি কৰি ল'ব পাৰি। গৱেষক বিজ্ঞানীৰ দলটোৱে ইতিমধ্যে TNT পদ্ধতিৰ সহায়ত গিনিপিগ আৰু গাহৰিৰ ছালৰ কোষক সফলতাৰে  ৰক্তবাহী নলীলৈ ৰূপান্তৰ কৰি সকলোকে আচৰিত কৰি তুলিছে।


"Nature Nanotechnology" নামৰ জাৰ্নালত প্ৰকাশিত Tissue Nanotransfection শীৰ্ষক গৱেষণা পত্ৰখনত এই বিষয়ে বিতং তথ্য প্ৰকাশ হৈছে। এই প্ৰক্ৰিয়াত কোনো বিশেষ অংগৰ কোষ গঠনৰ বাবে প্ৰয়োজনীয় জিনীয় সংকেত বা genetic code বিশেষ ধৰণে প্ৰস্তুত কৰা নেনো চিপৰ মাজত সংস্থাপন কৰি সামান্য মাত্ৰাৰ বৈদ্যুতিক বিভৱ প্ৰয়োগ কৰি ছালৰ কোষত সংৰোপন কৰা হয়। এই কোষ গঠনকাৰী জিনীয় সংকেতবোৰে ছালৰ কোষত সংঘটিত হোৱা প্ৰটিন সংশ্লেষণৰ ব্যৱস্থাটোৰ আমূল পৰিবৰ্তন কৰি ছালৰ কোষৰ পৰা প্ৰয়োজনীয় অন্যান্য কোষসমূহ সৃষ্টি কৰি ল'ব পাৰে। 

ড° চন্দন সেনে জানিবলৈ দিয়া মতে ছালৰ কোষবোৰ উৰ্বৰ কৃষিভূমিৰ দৰে। সেয়ে নেনো চিপ ব্যৱহাৰ কৰি ছালৰ কোষক অন্যান্য কোষলৈ ৰিপ্ৰগ্ৰেমিং কৰিব পৰা যায়। তেওঁলোকে গৱেষণাৰ কালচোৱাত গিনিপিগৰ ছালৰ কোষত পৰা গিনিপিগৰ মগজুৰ কোষ সৃষ্টি কৰি আন এক অসাধ্য সাধন কৰি দেখুৱাইছে।  

TNT পদ্ধতি সফলতাৰে ব্যৱহাৰ কৰিব পাৰিলে মানুহৰ দেহত বিকল হৈ যোৱা বৃক্ক, যকৃত, চকু আদিৰ পুনৰোৎপাদন সম্ভৱ হৈ উঠিব। দুৰ্ঘটনা বা আন কিবা কাৰনত হেৰোৱা অংগ মানুহৰ দেহত অতি সহজেই নতুনকৈ সৃষ্টি কৰা সম্ভৱ হ'ব। তাৰোপৰি TNT পদ্ধতিৰ সহায়ত মানুহৰ লালটি বা এটোপাল মাত্ৰ তেজৰ সহায়তেই এইডচ, কৰ্কট আদি ৰোগৰ চিনাক্তকৰণ অতি কম সময়ৰ ভিতৰতেই নিৰ্ভুলভাবে কৰিব পৰা যাব। 

ইচ্ছুক পঢ়ুৱৈসকলে গৱেষণা পত্ৰখন পঢ়ি চাব পাৰে

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC5814120/

Friday, 10 May 2019

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু তিনিটা সিজোৱা কণী


চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে কৈছিল, "লৰালি কালত মই বৰ স্বাৰ্থপৰ আছিলোঁ আৰু সকলো ক্ষেত্ৰতে সুবিধা ল'বলৈ চেষ্টা কৰিছিলোঁ। মোৰ এই স্বভাৱৰ বাবে লাহে লাহে মোৰ বন্ধুৰ সংখ্যাও কমি যাবলৈ ধৰিছিল। কিন্তু তাৰ বাবে নিজক দায়ী নকৰি ভাবিছিলো যে মোৰ বন্ধুবোৰেই আচলতে হিংসাকুৰীয়া। সিঁহতে আচলতে মোৰ ভাল দেখিব নোৱাৰে। মোৰ দেউতাই ইয়াকে লৈ বৰ চিন্তিত হৈছিল। তেওঁ মুখেৰে একো নক'লেও এই সকলোবোৰ কথাই অতি সূক্ষ্ম ভাৱে লক্ষ্য কৰি আহিছিল আৰু মোক শুধৰাবলৈ উপায় বিচাৰি আছিল।

এদিনাখন নিশা আহাৰ গ্ৰহন কৰাৰ সময়ত দেখিলো যে দেউতাই মোৰ বাবে খোৱা মেজত অপেক্ষা কৰি আছে। মেজত সাজি থোৱা আছে সুস্বাদু ন্যুডুলচৰ দুখন প্লেট। এখন প্লেটত ন্যুডুলচৰ ওপৰত বাকলি গুচাই থোৱা এটা সিজোৱা কণী আছিল আৰু আনখন প্লেটত আছিল কেৱল ন্যুডুলচ। দেউতাই মোক যিকোনো এখন প্লেট বাছি ল'বলৈ ক'লে। স্বাভাৱিক ভাবেই মই কণী থকা প্লেটখনকে টানি ল'লো।

সেই সময়ত চীনত কণী আছিল এক দুষ্প্রাপ্য বস্তু। উৎসৱ পাৰ্বণৰ বাহিৰে ঘৰত কণী খোৱাৰ কথা তেতিয়া ভাবিবই পৰা নগৈছিল। আহাৰ গ্ৰহন কৰি থাকোতে মন কৰিলোঁ যে দেউতাৰ প্লেটৰ ন্যুডুলচৰ তলত আচলতে লুকুৱাই ৰখা আছে দুটাকৈ সিজোৱা কণী ! মই আচৰিত হৈ ভাবিবলৈ ধৰিলোঁ, কিয় যে খৰধৰ কৰি এটা কণী থকা প্লেটখন টানি আনিছিলোঁ !! আঁৰ চকুৰে দেউতাই মোলৈ চাই আছিল। খোৱা শেষ হোৱাত দেউতাই ঈষৎ হাঁহি এটা মাৰি ক'লে, " মনত ৰাখিবা, তুমি চকুৰে যি দেখিছা সেয়া সদায় সঁচা নহ'বও পাৰে। তাৎক্ষণিক ভাবে চকুৰে দেখা কোনো পৰিস্থিতি অথবা লোক এজনৰ কথা বতৰাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহন কৰিলে বিপদত পৰাৰ সম্ভাৱনাই বেছি।"

পিছদিনা দেউতাই নিশাৰ আহাৰৰ সময়ত আকৌ মেজত ন্যুডুলচেৰে ভৰ্তি দুখন প্লেট ৰাখি মোক খাবলৈ মাতিলে। আগৰ দিনাৰ দৰেই এইবাৰো এখনত কণী আছে আৰু আনখনত নাই। মোক যিকোনো এখন প্লেট বাছি ল'বলৈ কোৱাত, যোৱা নিশাৰ অভিজ্ঞতাৰ ভিত্তিত মই কণী নোহোৱা প্লেটখনকেই বাছি ল'লোঁ। কিন্তু খাবলৈ লৈ দেখিলোঁ যে ন্যুডুলচৰ তলত এটাও কণী নাই।কিছু বিৰক্তিৰে দেউতালৈ চালোঁ। দেউতাই তলমুৰকৈ নিজৰ প্লেটৰ ন্যুডুলচৰ ওপৰত থকা কণীটো চুৰীখনেৰে টুকুৰা কৰি আছিল। তেখেতে মোৰ মানসিক অৱস্থাটোৰ বিষয়ে আগতীয়াকৈয়ে সচেতন হৈ আছিল আৰু মোলৈ চাই গহীন ভাবে ক'বলৈ ধৰিলে, "অভিজ্ঞতাই সকলো সময়তে জীৱনক সঠিক পথ নেদেখুৱায়। জীৱন বৰ বিচিত্ৰ। জীৱনৰ বাটত আমি মৰীচিকাৰ সন্মুখীন হ'বলগীয়া হয়। জীৱনে তোমাক যিমানখিনি দিছে,  সেইখিনিতেই সন্তুষ্ট হ'লে কষ্ট কম পাবা। তোমাৰ অভিজ্ঞতাই তোমাক সহায় কৰিব কিন্তু মনত ৰাখিবা - শেষ কথা জীৱনেই ক'ব।"

তৃতীয় দিনা আকৌ একেটা ঘটনাৰেই পুনৰাবৃত্তি। আগৰ দিনাৰ দৰেই এইবাৰো এখন প্লেটত কণী আছে আৰু আনখনত নাই। দেউতাই কিবা এটা কোৱাৰ আগতেই এইবাৰ মই দেউতাক ক'লোঁ,  "আগতে তুমি লোৱা দেউতা। কাৰণ তুমি ঘৰৰ জ্যেষ্ঠজন আৰু এই সংসাৰ তোমাৰ উপাৰ্জনেৰে চলে। তোমাৰ অধিকাৰ সকলোতকৈ আগত।"

মোৰ কথা শুনি দেউতাৰ মুখমণ্ডলত উজ্বল এটি হাঁহি ফুটি উঠিল। মোৰ কথা মতেই দেউতাই নিজৰ প্লেটখন টানি নিলে। আনখন প্লেট লৈ ময়ো খোৱা আৰম্ভ কৰিলোঁ। চামোচেৰে মই ন্যুডুলচখিনি লুটিয়াই দিয়াত মোৰ প্লেটত থকা ন্যুডুলচৰ তলত দুটা সিজোৱা কণী ওলাল। তৃপ্তিৰে মই আহাৰ গ্ৰহন কৰিলোঁ।

খোৱা শেষ হোৱাত দেউতাই মোক কাষলৈ মাতি আনি ক'লে,"মনত ৰাখিবা, কৃতজ্ঞতা আৰু ঋণ স্বীকাৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। তুমি জীৱনত যদি আনৰ কাৰণে ভাবা, জীৱনেও তোমাৰ কথা ভাবিব। যদিহে তুমি আনক উদাৰ ভাবে কিবা দিব পাৰা, জীৱনে তোমাক আৰু বহু গুণ বেছি ওভতাই দিব। আশাকৰো তুমি মোৰ কথাখিনি বুজিব পাৰিছা।" এইবুলি কৈ দেউতা আঁতৰি গ'ল। মই কিছুপৰ সেই ঠাইতেই ৰৈ দেউতাৰ কথাবোৰ হৃদয়ঙ্গম কৰাৰ চেষ্টা কৰিলোঁ। 

শৈশৱ আৰু যৌৱনৰ দেওনা পাৰ কৰি আজি মই য'ত আছোহি, ইয়াৰ পৰাও জীৱনলৈ উভটি চাই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁচ যে দেউতাই নিশাৰ আহাৰৰ লগত খাবলৈ লোৱা সিজোৱা কণী কেইটাকেই প্ৰতীক হিচাবে ব্যৱহাৰ কৰি মোক জীৱনৰ সৰ্বশ্ৰেষ্ঠ পাঠটি শিকাই থৈ গ'ল।

তথ্যসূত্ৰ: https://www.kindspring.org/story/view.php?op=sg&sid=158503