Showing posts with label বিজ্ঞান. Show all posts
Showing posts with label বিজ্ঞান. Show all posts

Friday, 24 July 2020

শ্বেতগহ্বৰৰ ধাৰণা


বিস্ময়েৰে ভৰা আমাৰ এই বিশ্বব্ৰহ্মাণ্ড। পাৰাপাৰ হীন অসীম বিশ্বব্ৰহ্মাণ্ডখনক বুজি উঠিবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই গৈছে বিজ্ঞানীসকলে। তেওঁলোকৰ দ্বাৰা এতিয়ালৈ আৱিষ্কৃত অনেকবোৰ তথ্যৰেই বাস্তৱিক অস্তিত্ব আছে যদিও এনে অনেক তথ্যৰ সন্ধানো আমাক বিজ্ঞানী সকলে দিছে, যিবোৰ তথ্যৰ অস্তিত্ব কেৱল তাত্বিক ভাবেই সত্য। এনে তাত্বিক বিষয়বোৰৰ ভিতৰত এটা হ'ল White hole বা "শ্বেত গহ্বৰ"।

শ্বেত গহ্বৰ সম্পর্কে জনাৰ আগতে আমি ব্লেক হোল বা কৃষ্ণ গহ্বৰ সম্পর্কে এটা ধাৰণা তৈয়াৰ কৰি লোৱা প্ৰয়োজন। ব্লেক হোলবোৰ হ'ল মহাবিশ্বৰ এনে কিছুমান বস্তু যাৰ আয়তন অতি নগন্য কিন্তু ইয়াৰ ভৰ আৰু ঘনত্ব অতি বেছি। অতি বৃহৎ আকাৰৰ মৃত নক্ষত্ৰবোৰেই জন্ম দিয়ে একো একোটা কৃষ্ণ গহ্বৰৰ। যেতিয়া এটা বিশালকায় তৰাৰ নিজৰ ইন্ধন শক্তি শেষ হৈ আহে তেতিয়া ই প্ৰথমতে সংকুচিত হবলৈ আৰম্ভ কৰে আৰু এনেকুৱা এটা পৰ্যায় পাই যে ই নিজৰেই ভৰ আৰু মাধ্যাকৰ্ষণ বল সহিব নোৱাৰা হয়। ফলত তৰাটো ইমানেই সংকুচিত হয় যে তৰাটো বিস্ফোৰিত হৈ ব্ৰহ্মাণ্ডৰ বুকুত সিঁচৰিত হৈ যায়। তৰাৰ এনে প্ৰচণ্ড বিষ্ফোৰণক "চুপাৰ নোভা" বুলি কোৱা হয়। ইয়াৰ পিছতো তৰাটোৰ ঘনত্ব বৃদ্ধি হৈ থাকে আৰু ই ইমানেই সৰু এক বিন্দু সদৃশ অৱস্থা পায় যে এই তৰাটো আমি কেতিয়াও দেখা নেপাওঁ। পদাৰ্থৰ আয়তন যিমানেই কমি যায়, তাৰ ঘনত্বও সিমানেই বাঢ়ি যায়। সেয়ে তৰাটো অতি বৃহৎ ভৰ আৰু ঘণত্বযুক্ত এক অদৃশ্য বিন্দুলৈ পৰ্যবেশিত হয়। মৃত তৰাটোৰ এই  অন্তিম অৱস্থাটোকেই কৃষ্ণ গহ্বৰ বুলি কোৱা হয়। ইয়াৰ মহাকর্ষণীয় বল ইমানেই বেছি যে ইয়াৰ পৰা কোনো বস্তু আনকি পোহৰো বাহিৰলৈ আহিব নোৱাৰে। সেয়ে কৃষ্ণ গহ্বৰবোৰ অন্ধকাৰ।

এই ব্লেকহোল বা কৃষ্ণগহ্বৰৰ থিক বিপৰীত ধাৰণাটোৱেই হ'ল “হোৱাইট হোল” বা শ্বেত গহ্বৰ। ব্লেকহোলে যেনেদৰে সকলো বস্তুকেই নিজৰ কেন্দ্ৰ অভিমুখে টানি নিয়ে, হোৱাইট হোল বা শ্বেত গহ্বৰবোৰে তাৰ থিক ওলোটা ভাৱে সকলো বস্তুকেই নিজৰ কেন্দ্ৰৰ পৰা বাহিৰৰ দিশে থেলি পঠিয়ায়। সেয়েহে শ্বেত গহ্বৰবোৰ উজ্জ্বল আভাযুক্ত বুলি ধাৰণা কৰা হয়।

কিন্তু কি এই হোৱাইট হোল বা শ্বেত গহ্বৰবোৰ ? বিজ্ঞানী সকলৰ মতে প্রতিটো ব্লেকহোলৰেই একোটা শেষ পর্যায় আছে। এটা ব্লেকহোল যেতিয়া ইয়াৰ জীৱন পৰিক্ৰমাৰ শেষ পৰ্যায়ত আহি উপনীত হয়, তেতিয়া ব্লেকহোলটোৱে ইয়াৰ জীৱন কালত শোষণ কৰা সকলোবোৰ বস্তুৱেই লাহে লাহে বৰ্জন কৰিবলৈ আৰম্ভ কৰে। আৰু তেতিয়াই জন্ম হয় একোটা হোৱাইট হোল বা শ্বেত গহ্বৰৰ। কেলিফোর্নিয়া ইনষ্টিটিউত অফ টেকনোলজীৰ পদার্থবিজ্ঞানী শ্বিন কেৰলে  হোৱাইট হোলৰ বিষয়ে কৈছে যে : “ব্লেক হোলবোৰ এনে কিছুমান স্থান য'ৰ পৰা কোনো ৱস্তুৱেই ঘূৰি আহিব নোৱাৰে; আনহাতে হোৱাইট হোলবোৰ এনে কেতবোৰ স্থান য'ৰ পৰা অহা কোনো বস্তুৱেই পুনৰ তালৈ ঘূৰি যাব নোৱাৰে।"  ব্লেকহোলৰ ক্ষেত্রত ঘটনা দিগন্ত বা Event Horizonৰ মাধ্যমেৰে কোনো এটা বস্তু ইয়াত প্রৱেশ কৰিব পাৰে কিন্তু হোৱাইট হোলৰ ক্ষেত্রত ঘটনা দিগন্তৰ মাধ্যমেৰে সকলোবোৰ বস্তু বাহিৰলৈ ওলাই আহে। 

এই ব্লেক হোল আৰু হোৱাইট হোলৰ পৰাই ওর্ম হোল ধাৰণা এটাও গঢ় লৈ উঠিছে। গৱেষক বিজ্ঞানী সকলৰ মতে শ্বেত গহ্বৰবোৰ হ'ল ব্লেকহোলৰ শেষ প্রান্ত। অষ্ট্ৰিয়াৰ লুডউইগ ফ্লেম নামৰ বিজ্ঞানী গৰাকীৰ মতে মহাবিশ্বৰ যিকোনো  দুটা বিশেষ প্রান্তৰ মাজত ব্লেক হোল আৰু হোৱাইট হোলে পোনপটীয়া সংযোগ স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত ব্লেক হোলবোৰ হ'ল  “প্রবেশ পথ” আৰু হোৱাইট হোলবোৰ “প্ৰস্থান পথ”।  ব্লেক হোলে শোষণ কৰা সমস্ত পদার্থবোৰ মহাবিশ্বৰ আন এটা প্ৰান্তত থকা হোৱাইট হোলেৰে নিষ্কাষিত হয়। এনেদৰে বিশ্বব্ৰহ্মাণ্ড বুকুত থকা একোটা ব্লেক হোলক আন এটা হোৱাইট হোলেৰে সংযুক্ত কৰা তাত্বিক সংযোগী সুৰংগ পথটোৱেই এটা ওর্মহোল। এই ওর্মহোলেৰে কোনো বস্তু প্রৱেশ কৰাৰ পিছত হোৱাইট হোলে সেই বস্তুৰ অংশবোৰ মহাবিশ্বৰ বিভিন্ন স্থানলৈ নিক্ষেপ কৰিব পাৰে।

কৃষ্ণগহ্বৰ বা ব্লেকহোলৰ দৰেই শ্বেত গহ্বৰবোৰো বিজ্ঞানৰ এক আলোচ্য বিষয়। কিন্তু ইয়াৰ অস্তিত্বক লৈ বিজ্ঞানীসকলৰ মাজত মতানৈক আছে। কাৰণ শ্বেতগহ্বৰ বা হোৱাইহোলৰ অস্তিত্ব সম্পর্কে গাণিতিক প্ৰমাণৰ বাহিৰে বিজ্ঞানীসকলৰ হাতত অধিক তথ্য নাই।

Monday, 20 July 2020

The Eagle has landed


আজি ২০ জুলাই, ২০২০ চন। জোনবাইৰ বুকুত মানুহৰ পদাৰ্পণৰ গৌৰৱময় ৫১ টা বছৰৰ বৰ্ষপূৰ্তি। ১৯৬৯ চনৰ ১৬ জুলাইৰ দিনা বহু আকাংক্ষিত সেই ঐতিহাসিক চন্দ্ৰ অভিযানটো আৰম্ভ হৈছিল "চাটাৰ্ণ-৫" নামৰ এটা শক্তিশালী ৰকেটে কঢ়িয়াই লৈ যোৱা ‘'এপ'লো-১১’'ৰ জৰিয়তে। যদিও সেই ঐতিহাসিক চন্দ্ৰ অভিযানৰ পিছত একাধিকবাৰ মানুহ চন্দ্ৰৰ বুকুলৈ গৈছে, তথাপিও এপ'লো-১১ অৱতৰণৰ ৫১ টা বছৰ পূৰ্ণ হোৱা সেই মাহেন্দ্রক্ষণটো মানৱ সভ্যতাৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায়। এতিয়ালৈ জোনবাইৰ বুকুত ছটা সফল মানৱ অভিযান সম্পন্ন হৈছে আৰু সৰ্বমুঠ ১২ জন মানুহে জোনবাইত খোজ পেলাইছে।

১৬ জুলাই ১৯৬৯ চন। আমেৰিকা যুক্তৰাষ্ট্রৰ স্থানীয় সময় অনুসৰি সময় তেতিয়া ৰাতিপুৱা ৬ বাজি ৪৫ মিনিট। তিনিজন মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিন্সে ৰাতিপুৱাৰ আহাৰ কৰি মহাকাশ অভিযানৰ বাবে প্ৰয়োজনীয় পোচাকবোৰ পিন্ধি ধীৰে ধীৰে প্ৰক্ষেপণৰ বাবে সাজু হৈ থকা ৰকেটেৰ ভিতৰত প্ৰৱেশ কৰিলে। সমগ্ৰ বিশ্বৰ মানুহৰ চকু টেলিভিচনৰ পৰ্দাত। পুৱা থিক ৯ বাজি ৩২ মিনিটত নাছাৰ ‘'চাটাৰ্ণ-৫’' ৰকেটেৰ ইঞ্জিনে গৰ্জন কৰি উঠে আৰু অগণন লোকৰ হৰ্ষধ্বনিৰ মাজতে চাটার্ন-৫ ৰকেটটো মহাকাশলৈ উৰা মাৰিলে।

চাটাৰ্ণ-৫ ৰকেটটোৰ উচ্চতা ৩৬৪ ফুট আৰু ইয়াৰ মুঠ ওজন আছিল ২ লাখ ৩৯ হাজাৰ ৭২৫ কিলোগ্রাম ! ৰকেটটোৱে কঢ়িয়াই নিয়া এপ'লো-১১ৰ ওজন আছিল ৪৫ হাজাৰ ৭০২ কিলোগ্রাম। এই বিশাল ৰকেটটোৰ উৎক্ষেপনৰ বাবে ইন্ধন প্ৰজ্বলনৰ কালত যি বিস্ফোৰণ হৈছিল, তাৰ প্ৰভাৱত উৎক্ষেপনস্থলীৰ চৌপাশে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ স্থানত ভূমিকম্প সদৃশ জোকাৰণিৰ সৃষ্টি হৈছিল। 

উৎক্ষেপণৰ পিছত নিৰ্দিষ্ট কক্ষপথেৰে চাটাৰ্ণ-৫ ৰকেটটো পৃথিৱীৰ চৌদিশে ঘূৰিবলৈ আৰম্ভ কৰে। এনেদৰে ঘূৰি থকাৰ কাৰণ হ'ল পৃথিৱীৰ মাধ্যাকৰ্ষণ বল অতিক্ৰম কৰি চন্দ্ৰ অভিমূখে গতি কৰিবলৈ প্ৰয়োজনীয় "পলায়ন বেগ" (১১.২ কিমি প্ৰতি ছেকেণ্ড) লাভ কৰা। এনেদৰে ক্ৰমান্বয়ে অধিক ব্যাসাৰ্ধৰ কক্ষপথলৈ অগ্ৰসৰ হৈ শেষত জোনবাই অভিমূখে গতি কৰে চাটার্ন-৫ নামৰ ৰকেটটোৱে। 

চাটাৰ্ণ-৫ ৰকেটটো জোনবাইৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সময় লাগিছিল প্ৰায় ৭০ ঘণ্টা বা তিনি দিন। ১৯৬৯ চনৰ ২০ জুলাইৰ দিনা চাটার্ন-৫ৰ এপ'লো-১১ক জোনবাইৰ চৌদিশে এক কক্ষপথত সফলতাৰে স্থাপন কৰি জোনবাইৰ চৌদিশে প্রদক্ষিণৰত কৰি ৰাখি ৰকেটখনৰ পৰা ঈগল নামৰ লেণ্ডাৰখন আঁতৰ কৰাৰ এক জটিল পৰিক্ৰমা সমাপণ কৰা হয়। ইতিমধ্যে চন্দ্ৰত অৱতৰণৰ বাবে এপ'লো-১১ৰ পৰা নীল আৰ্মষ্ট্ৰং আৰু এডুইন (বাজ) এলড্ৰিনে "ঈগল"ত প্ৰৱেশ কৰিছিল। আনহাতে মাইকেল কলিন্সে অকলে এপ'লো-১১ক জোনবাইৰ চৌদিশে প্ৰদক্ষিন কৰোৱাই ৰাখিছিল।
  
লাহে লাহে "ঈগল" লেণ্ডাৰখন এপ'লো-১১ৰ পৰা আঁতৰি জোনবাইৰ বুকুলৈ ধাৱিত হ'ল। নাছাৰ কণ্ট্ৰ'ল ৰুমত বিজ্ঞানীসকলৰ লগতে বিশ্বৰ জনগন উৎকণ্ঠিত। সময়বোৰ যেন বৰ ধীৰ গতিৰে আগবাঢ়িছে। ২ ঘণ্টা ২১ মিনিট যোৰা এক জটিল পৰিক্ৰমাৰ জৰিয়তে ধীৰে ধীৰে ঈগল আগবাঢ়িছে জোনবাইৰ Sea of Tranquility নামৰ নিৰ্দিষ্ট স্থান টুকুৰাৰ দিশে। আৰু অৱশেষত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আমেৰিকাৰ সময় অনুসৰি বিয়লি ৪ বাজি ১৮ মিনিটত ঈগলে জোনবাইৰ বুকু স্পৰ্শ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই এখন জখলাৰে ঈগলৰ পৰা নামি আহি জোনবাইৰ বুকুত প্ৰথমবাৰলৈ খোজ পেলালে নীল আৰ্মষ্ট্ৰঙে। মানৱ সভ্যতাৰ ইতিহাসত ই এক উল্ল্যেখযোগ্য উপলব্ধি। জোনবাই বুকুত ভৰি থৈ নীল আৰ্মষ্ট্ৰঙে কৈ পেলাইছিল : The Eagle has landed. That's one small step for a man, one giant leap for mankind.

জোনবাইৰ বুকুত নীল আৰ্মষ্ট্ৰঙৰ অৱতৰণৰ কিছু সময় পিছত বাজ এডুইন এলড্ৰিনো জোনবাইৰ বুকুত নামিল। দুয়ো মিলি আমেৰিকাৰ পতাকাখন জোনবাইৰ মাটিত পুতি অন্যান্য যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰে। এটি বিশেষ বেগত তেওঁলোকে নমুনা হিচাবে প্ৰায় ২১ কিলোগ্রাম জোনবাইৰ মাটি আৰু শিল ভৰাই ল'লে। দুয়ো জোনবাইৰ বুকুত ইফালৰ পৰা সিফাললৈ দুপিয়াই দুপিয়াই খোজকাঢ়ি চালে, জপিয়াই চালে, কেমেৰাৰে অসংখ্য ফটো তুলিলে তদুপৰি পৃথিৱীৰ বিজ্ঞানীসকলৰ লগত কথাও পাতিলে। পৃথিৱীতেই নিৰ্ধাৰণ কৰি পঠিওৱাৰ দৰে দুয়ো জোনবাইৰ বুকুত মুঠ ২১ মিনিট ৩১ ছেকেণ্ড অতিবাহিত কৰি পুনৰ ঈগলত প্ৰৱেশ কৰে ওভটনি যাত্ৰাৰ বাবে। ঈগলে জোনবাইৰ দেশৰ পৰা পুনৰ উৰা মাৰি জোনবাইৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি থকা এপ'লো-১১ৰ লগত "ডকিং" (সংযোগ স্থাপন) কৰে। 

তাৰপিছত পৃথিৱীলৈ ওভটনি যাত্ৰা। মুঠ ৮ দিন ৩ ঘণ্টা ১৮ মিনিট ৩৫ ছেকেণ্ডৰ জোনবাইৰ দেশৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৯৬৯ চনৰ ২৪ জুলাইৰ দিনা  দিনৰ ১২ বাজি ৫০ মিনিটত প্ৰশান্ত মহাসাগৰৰ মাজৰ হাৱাই দ্বীপপূঞ্জৰ পৰা প্ৰায় ৯০০ মাইল দূৰৰ পূৰ্ব নিৰ্ধাৰিত  স্থানত এপ'লো-১১ৰ তিনিও মহাকাশচাৰীয়ে নিৰাপদে অৱতৰণ কৰে।

নাছাৰ এই চন্দ্ৰ অভিযানক কিছুমান মানুহে সন্দেহৰ চকুৰেও চায়। তেওঁলোকৰ মতে নাছাই কেতিয়াও জোনবাইত অৱতৰণ কৰা নাই। ১৯৭৬ চনৰ মাজভাগৰ পৰা তেনে এক ধাৰণাক সজাই পৰাই Bill Kaysing নামৰ এজন লিখকে লিখি উলিয়াই তেওঁৰ self-published গ্ৰন্থ "We Never Went to the Moon"। ১৯৮০ চনত "Flat Earth Society"ৰ সদস্যসকলেও নাছাৰ চন্দ্ৰ অভিযানক এখন চিনেমা বুলি উপহাস কৰে। এনেবোৰ ভুল ধাৰণাৰ পৰা সৰ্বসাধাৰণক আঁতৰি থাকিব পৰাকৈ নাছাই প্ৰমাণ সহকাৰে তথ্যৰ যোগান ধৰিছে যদিও পৃথিৱীখন চেপেটা বুলি আজিও বিশ্বাস কৰা "Flat Earth Society"ৰ সদস্যসকলক সৈমান কৰাব পাৰিছে বুলি আমাৰ মনে ধৰা নাই। 

যা হওঁক, আজি ২০ জুলাই, ২০২০ তাৰিখে মানুহৰ প্ৰথম চন্দ্ৰ অভিযানৰ ৫১তম বৰ্ষপূৰ্তিত নাছালৈ আমাৰ অভিনন্দন যাচিলোঁ।

Saturday, 18 July 2020

কালপুৰুষ বা অৰায়ন তাৰকামণ্ডল



প্রাচীনকালত যেতিয়া মানুহে আকাশখন পিটপিটাই অজস্র তৰা আৱিষ্কাৰ কৰিছিল, তেতিয়াৰ পৰাই তেওঁলোকে তৰাৰ থুপবোৰৰ গঠন অনুসৰি তৰাৰ বিভিন্ন থুপবোৰক তাৰকামণ্ডল হিচাবে বিভক্ত কৰিছিল। প্রাচীন কালত মানুহে বিভিন্ন কাল্পনিক চৰিত্ৰৰ আকৃতি অনুসৰি আকাশৰ তৰাবোৰক মুঠ ৪৮ টা তাৰকামণ্ডলত ভাগ কৰিছিল। সেই ৪৮ টা তাৰকামণ্ডলৰ ভিতৰত অৰায়ন বা কালপুৰুষ তাৰকামণ্ডল অন্যতম। 

অৰায়ন তাৰকাণ্ডল নামটো গ্রীক মাইথোলজীৰ পৰা অহা যাৰ অর্থ হ'ল হাণ্টাৰ বা চিকাৰী। বাস্তৱিকভাৱে অৰায়ন তাৰকামণ্ডলক চিকাৰীৰ ৰূপত কল্পনা কৰাৰ আঁৰৰ কথাটো হ'ল এই যে "কেনিছ মেজৰ" আৰু "কেনিছ মাইনৰ" নামৰ স্বর্গৰ দুটা কুকুৰ লৈ স্বর্গৰ এটা উদ্দণ্ড ষাঁড় গৰু "টোৰাছ"ৰ (বৃষ ৰাশি) লগত অৰায়নে যুদ্ধ কৰিবলৈ কৰিবলৈ যোৱাৰ এক আকৃতি ধাৰণ কৰা। 

অৰায়ন তাৰকামণ্ডলৰ নামকৰণৰ বিষয়ে অন্যান্য মনোৰম কাহিনীও আছে। প্রাচীন গ্রীচ, মিচৰ, ৰোম আৰু আৰৱীয় সভ্যতাত অৰায়নক বিভিন্ন ৰূপত প্রকাশ কৰা হৈছে।  ৰোমান মাইথোলজী অনুযায়ী অৰায়ন হ'ল  এজন দেৱতুল্য পুৰুষ যাক মৃত্যুৰ পিছত দেৱতা জিউচে ৰাতিৰ আকাশত বিশেষ স্থান দিয়ে। তেওঁলোকৰ দৰ্শন মতে "আৰ্টেমিছ" নামৰ এজন স্বৰ্গৰ দেৱতাৰ নির্দেশ অনুযায়ী স্ক'ৰপিয়নে অৰায়নক হত্যা কৰে। হত্যা কৰাৰ পিছত আৰ্টেমিছে স্ক'ৰপিয়ন আৰু অৰায়নক আকাশৰ দুটি বিপৰীত প্রান্তত স্থাপন কৰে। আমি "স্ক'ৰপিয়ন"ক বৃশ্চিক ৰাশি আৰু "অৰায়ন"ক কালপুৰুষ বুলি জানো। 

প্রাচীন মিচৰত অৰায়নক তেওঁলোকৰ উপাস্য দেৱতা "ওছিৰিচ"ৰ লগত তুলনা কৰা হয়। মিচৰৰ গীজাত থকা তিনিটা পিৰামিড ক্ৰমে মেঙ্কাৰ, খাফৰে' আৰু খুফুৰৰ ভৌগলিক অৱস্থান লক্ষ্য কৰিলে দেখা যায় যে এই তিনিওটা পিৰামিড দৰাচলতে অৰায়ন তাৰকামণ্ডলৰ কঁকালৰ বেল্টত থকা তিনিটা তৰাক অনুসৰণ কৰি সজা হৈছিল। ৰাতিৰ আকাশত অৰায়ন তাৰকামণ্ডল চিনি পোৱাৰ সহজ  উপায় হ'ল অৰায়ন বেল্ট বা কালপুৰুষৰ কঁকালৰ পটীত থকা আকাশৰ তিনিটা ওচৰা ওচৰি উজ্জ্বল তৰা। অৰায়ন বেল্টৰ এই তিনিটা তৰাৰ নাম আলনিয়াক, আলনিলাম আৰু মিনতাকা।

অৰায়ন বেল্টৰ উত্তৰ দিশত দুটা আৰু দক্ষিণ দিশত দুটাকৈ মুঠ সাতটা তৰাৰ সমষ্টিয়েই হ'ল অৰায়ন তাৰকামণ্ডল। অৰায়নৰ পশ্চিম দিশত কালপুৰুষৰ ভৰিৰ দিশত থকা তৰাটোৰ নাম "ৰিগেল" আৰু এই তৰাটোৱেই তাৰকামণ্ডলটোৰ আটাইতকৈ উজ্জ্বল তৰা। ৰিগেলৰ পৰা পূৱ দিশে কালপুৰুষৰ আনখন ভৰিত থকা তৰাটো হ'ল "ছাইফ"। তেনেদৰে বেল্টৰ ওপৰৰ দিশে কান্ধৰ ওচৰৰ ৰঙা ৰঙৰ তৰাটোৱেই হ'ল বিটেলজিউছ। বিটেলজিউছ এটি ৰেড জায়েণ্ট বা ৰঙা দৈত্য তৰা। এই তৰাটো বৰ্তমান মৃত্যুশয্যাত। অৰায়নৰ অন্তিম তৰাটো বেলাট্রিক্স। খালী চকুৰে অৰায়নৰ এই সাতটা তৰাই দেখা পোৱা যায়। অৰায়নৰ মুঠ তৰাৰ সংখ্যা ৭৭ টা কিন্তু এই তৰাবোৰ কেৱল টেলিস্কোপৰ সহায়তহে দেখা পোৱা যায়। 

বিটেলজিউছ নামৰ ৰঙা দৈত্য তৰাটো ইতিমধ্যে ইন্ধনৰ অভাৱত পৰি জীৱনৰ অন্তিম পর্যায়ত উপনীত হৈছেহি। হয়তো কেইবছৰ মানৰ ভিতৰতেই এই তৰাটো এক প্ৰচণ্ড বিষ্ফোৰণত খণ্ড বিখণ্ড হৈ চুপাৰনোভা বা কৃষ্ণগহ্বৰলৈ পৰিনত হ'ব। সম্ভৱতঃ ইতিমধ্যেই পৃথিৱীৰ পৰা ৬৪২ আলোকবর্ষ দূৰত থকা এই তৰাটোৰ মৃত্যু ঘটিছে। কিন্তু তৰাটোৰ মৃত্যুৰ বতৰা আমাৰ পৃথিৱীলৈ আহি  পাবলৈ আমি অপেক্ষা কৰিব লাগিব ৬৪২ বছৰ !


আমাৰ মহাবিশ্বখন সকলো সময়তেই সম্প্রসাৰিত হৈ আছে। ফলস্বৰূপে আকাশৰ তাৰকামণ্ডল সমূহ সদায় একে গঠনত নেথাকিব। কালপুৰুষ তাৰকামণ্ডলটো আজিৰ পৰা আৰু ১২ লাখ বছৰ ৰাতিৰ আকাশত ষাঁড় গৰুৰ চিকাৰী হিচাপে দেখা পাই থাকিম। কিন্তু তাৰপিছত প্ৰসাৰণ হৈ থকা মহাবিশ্বৰ যেনিয়ে তেনিয়ে সিঁচৰিত হৈ হেৰাই যাব কালপুৰুষ বা অৰায়ন তাৰকামণ্ডলৰ ৭৭ টা তৰা।

Wednesday, 8 July 2020

SLV-3 উৎক্ষেপণ আৰু কালাম ছাৰ


২০১৩ চনৰ কথা। ডঃ এ.পি.জে আব্দুল কালাম ছাৰে নিজৰেই এক বিচিত্ৰ অভিজ্ঞতাৰ কথা কৈছিল৷ সেই কাহিনীটো আছিল এনেধৰণৰ… ‘‘১৯৭৯ চনৰ কথা৷ তেতিয়া মই SLV-3 প্ৰজেক্টৰ উপগ্ৰহ নিক্ষেপণৰ প্রজেক্ট ডাইৰেক্টৰ৷ আমাৰ মিছন আছিল কৃত্ৰিম উপগ্ৰহবোৰক মহাকাশলৈ উৎক্ষেপণ কৰি সঠিক ভাৱে কক্ষপথত স্থাপন কৰা৷ ১০ বছৰ ধৰি প্ৰজেক্টটোৰ লগত জড়িত ইঞ্জিনীয়াৰ আৰু বিশেষজ্ঞ বিজ্ঞানী সকলে ইয়াৰ বাবে কঠিন পৰিশ্রম কৰি আহিছে৷ ১৯৭৯ চনৰ ১০ আগষ্টৰ দিনা সদলবলে আমি শ্রীহৰিকোটা পালোগৈ৷ ১৭ টন ওজনৰ ২২ মিটাৰ ওখ SLV-3 ইতিমধ্যে ৪০ কেজি পে'লোড মহাকাশৰ বুকুলৈ কঢ়িয়াই নিবলৈ সাজু হৈ উঠিছে৷ 

কাউণ্টডাউন আৰম্ভ হ'ল। এক ৰুদ্ধশ্বাস পৰিবেশ৷ তেনে এক জটিল সময়তেই আমাৰ কম্পিউটাৰ চিষ্টেমটো হঠাৎ বন্ধ হৈ গ'ল৷ উপগ্ৰহৰ প্ৰক্ষেপণ আৰু সম্ভৱ নহ'ল। চৌদিশে হতাশা। বিশেষজ্ঞ বিজ্ঞানীসকলে পৰীক্ষা কৰি বুজি পালে যে ইন্ধন টেংকৰ কিছু সাধাৰণ সমস্যা হৈছে, কিন্তু এনে সাধাৰণ সমস্যা এটাৰ সমাধানৰ বাবেও বেছ কিছু সময়ৰ প্ৰয়োজন হ'ব। কিন্তু ছেটেলাইট উৎক্ষেপণ কৰাটোও অত্যন্ত জৰুৰী। মই জানো যে ছেটেলাইট উৎক্ষেপণৰ চাৰিটা পর্যায় থাকে৷ তাৰ ভিতৰত প্রথম পর্যায়টোৰ কোনো বিসংগতি নাছিল। মোৰ গাণিতিক হিচাব মতে এনে সাধাৰণ বিসংগতি উপেক্ষণীয়। সেয়েহে মই উৎক্ষেপণৰ বাবে কঠিন সিদ্ধান্তটো ল'বলৈ মনস্থ কৰি সেউজ সংকেত দিলোঁ। কিন্তু উৎক্ষেপণৰ দ্বিতীয় পর্যায়টো পোৱাৰ লগে লগে মহাকাশৰ বুকুত উৰ্ধমূখীকৈ গতি কৰি থকা আমাৰ ছেটেলাইটটো মাজ আকাশত চকৰিৰ দৰে ঘূৰিবলৈ ধৰিলে৷ মহাকাশলৈ যোৱাৰ সলনি ছেটেলাইটো পুনৰ ধৰাৰ দিশলৈ নামি আহি কেইমিনিটমানৰ ভিতৰতেই বঙ্গোপসাগৰৰ বুকুত জাহ গ'ল।"

ডঃ এ.পি.জে আব্দুল কালাম ছাৰৰ জীৱনৰ সেয়া আছিল প্রথম ব্যর্থতা। যথাৰীতি তাৰ পিছতেই আৰম্ভ হৈছিল সমালোচনা৷ কাৰণ কম্পিউটাৰৰ সতর্কতা বাণীক উপেক্ষা কৰি তেখেতে এককভাবেই ছেটেলাইট উৎক্ষেপণ কৰাৰ সিদ্ধান্তটো লৈছিল৷ কাজেই ব্যর্থতাৰ সমস্ত দোষ তেখেতৰ৷ কিন্তু সেই সময়ৰ ইছৰোৰ চেয়াৰমেন তথা প্ৰসিদ্ধ এৰোস্পেচ ইঞ্জিনীয়াৰ ড° সতীশ ধাৱন ছাৰে সেই ব্যর্থতাৰ সমস্ত দায় নিজে গাত পাতি লৈ কালাম সহ আন বিজ্ঞানীসকলৰ কাষত থিয় হৈ ঘোষণা কৰিছিল যে এই ডেকা বিজ্ঞানী সকলৰ সামৰ্থৰ ওপৰত বিশ্বাস ৰাখক। অহা বছৰ এওলোক সফল হ'বই।

আৰু কাৰ্যতঃ সেয়াই হৈছিল৷ ১৯৮০ চনৰ ১৮ জুলাইৰ দিনা ভাৰতবৰ্ষই ৰোহিনী আৰ.এস-১  নামৰ ছেটেলাইটটো একক ভাবে সফলতাৰে মহাকাশত স্থাপন কৰে। সেইদিনাও ইছৰোৰ চেয়াৰমেন ড° সতীশ ধাৱন ছাৰ আগবাঢ়ি আহিছিল আৰু কালাম সহ যুৱ বিজ্ঞানী সকলৰ নামত উৎসৰ্গিত কৰিছিল ইছৰোৰ এই সফলতা। 

ডঃ এ.পি.জে আব্দুল কালামে মন কৰিছিল কেনেদৰে ইছৰোৰ চেয়াৰমেন ড° সতীশ ধাৱনে যুৱ বিজ্ঞানী সকলক উৎসাহিত কৰিছিল। ব্যর্থতাৰ সমস্ত দায় নিজৰ কান্ধত লৈ সফলতাৰ গৌৰৱখিনি বিলাই দিছিল যুৱ বিজ্ঞানী সকলৰ মাজত। এই কথাটোৱে সকলোবোৰ যুৱ বিজ্ঞানীকেই উদ্বুদ্ধ কৰি তুলিছিল। পৰবৰ্তী সময়চোৱাত ইছৰোৰ এই যুৱবিজ্ঞানী সকলেই ভাৰতবৰ্ষৰ মহাকাশ বিজ্ঞানক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক আনি দিয়ে ঈৰ্ষণীয় সফলতা। আজি ইছৰোৰ লগতে প্ৰতিজন বিজ্ঞানীয়েই বিশ্ব বন্দিত।

Wednesday, 17 June 2020

বায়'নিক চকু : বিদায় দৃষ্টিহীনতা


সমগ্ৰ বিশ্বত প্ৰায় ২৮৫ নিযুত লোক চকুৰে কম দেখাৰ সমস্যা আৰু দৃষ্টিহীনতাত ভূগি আছে। এই সকল লোকৰ ভিতৰত ৪০ নিযুত লোক সম্পূৰ্ণ ৰূপে অন্ধ আৰু বাকী ২৪৫ নিযুত লোক দৃষ্টি দুৰ্বলতাত আক্ৰান্ত। "ৰেটিনাইটিছ পিগমেনটোছা" নামৰ এটা ৰোগে সমগ্ৰ বিশ্বতেই বহু মানুহৰ দৃষ্টিশক্তি কাঢ়ি নিছে৷ ই এক প্ৰকাৰৰ ৰেটিনাৰ ক্ষয়ৰোগ৷ এই ৰোগত ভোগা ব্যক্তি এজনৰ পৰিষ্কাৰ দৃষ্টিশক্তি ক্রমে হেৰাই যাবলৈ ধৰে আৰু শেষলৈ তেওঁ সম্পূৰ্ণ ৰূপে দৃষ্টি ক্ষমতা হেৰুৱাই পেলায়। দুচকুলৈ নামি আহে ঘোৰ অন্ধকাৰ৷ জিন সম্বন্ধীয় এই ৰোগটোৰ নিৰাময় কোনো বিশেষ চার্জাৰি অথবা ঔষধৰ দ্বাৰা সম্ভব নহয়৷ 

অন্ধতা দূৰীকৰণৰ বাবে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানী সকলে বিভিন্ন গৱেষণা চলাই আহিছে।সম্প্ৰতি দক্ষিণ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ অপথালমোল'জীৰ অধ্যাপক ডাঃ ৰজত এন আগৰৱালা নামৰ এজন ভাৰতীয় বিজ্ঞানীয়ে এজন আমেৰিকান সহযোগী বিজ্ঞানীৰ লগত যুটীয়া ভাবে অন্ধতা দূৰীকৰণৰ বাবে তৈয়াৰ কৰিছে বায়'নিক চকু (bionic eye) বা retinal implant নামৰ এবিধ বিশেষ যতন। সহজ ভাষাত ক'বলৈ হ'লে "বায়পিক চকু" হ'ল এবিধ বিশেষ ধৰণৰ যান্ত্ৰিক চকু যাৰ সহায়ত অন্ধ মানুহৰ বিকল হৈ পৰা অক্ষিপট বা ৰেটিনাৰ সংবেদনশীলতা কৃত্ৰিম ভাবে ঘূৰাই আনিব পৰা যায়।

চকুৰ মণিৰ পিছ পিনে থকা আলোক সংবেদী পর্দাখনৰ নাম হ'ল ৰেটিনা। ৰেটিনাত থকা দণ্ড আৰু শংকু আকৃতিৰ আলোক সংবেদী দুবিধ বিশেষ ধৰণৰ কোষৰ বাবেই চকুৰ ৰেটিনা বা অক্ষিপটত কোনো এটা বিশেষ উৎসৰ পৰা অহা পোহৰে সৃষ্টি কৰে কেতবোৰ বৈদ্যুতিক সংবেদনা। এই বৈদ্যুতিক সংবেদনাবোৰ ৰেটিনাৰ পৰা সংগ্ৰহ কৰি অপ্টিক স্নায়ুৱে মগজুলৈ প্ৰেৰণ কৰে আৰু তাৰ ফলত আমাৰ মগজুৱে সেই বিশেষ উৎসটোৰ এক প্ৰতিচ্ছৱি তৈয়াৰ কৰি আমাক বস্তুটোৰ দৰ্শণ লাভ কৰাত সহায় কৰে।

ৰেটিনাইটিছ পিগমেনটোছাত আক্ৰান্ত হ'লে অথবা কোনো দূর্ঘটনাত ৰেটিনা ক্ষতিগ্ৰস্ত হ'লে আমাৰ ৰেটিনাই হেৰুৱাই পেলায় ইয়াৰ কার্যকাৰিতা। সেয়ে অধ্যাপক ডাঃ ৰজত এন আগৰৱালা আৰু তেওঁৰ সহযোগী বিজ্ঞানীজনে ৰেটিনাৰ ক্ৰিয়া কৌশলৰ অনুকৰণত তৈয়াৰ কৰি উলিয়াই দৃষ্টি প্ৰতিবন্ধীসকলৰ বাবে আশীৰ্বাদ স্বৰূপ বায়'নিক চকু নামৰ কৃত্ৰিম চকযুৰি।  

বায়োনিক চকুত দুটা বিশেষ অংশ সংলগ্ন কৰা থাকে। সেইবোৰ হ'ল -

১৷ ডিজিটেল কেমেৰা : এযোৰ বিশেষ ধৰণৰ চচমাৰ লগত সংযোগ কৰি ৰখা অতি ক্ষুদ্রাকৃতিৰ ভিডিও কেমেৰা এটাই একেধাৰে ভিডিও ছবি সংগ্ৰহ কৰি সেইবোৰ প্ৰেৰণ কৰে ৰেটিনাৰ বিকল্প হিচাবে ব্যৱহাৰ কৰা কিছুমান মাইক্ৰচিপচলৈ। চাৰ্জাৰিৰ সহায়ত বিকল হৈ যোৱা ৰেটিনাৰ ঠাইত প্রতিস্থাপন কৰা হয় এই মাইক্রোচিপচবোৰ৷ 

২৷ মাইক্রোচিপ : কেমেৰাই পঠিওৱা ভিডিও ছবিবোৰ এই মাইক্ৰচিপচত ধৰা পেলোৱা হয়। ইয়াত দণ্ড আৰু শংকু কোষৰ পৰিবৰ্তে কিছুমান সংবেদনশীল ইলেকট্র'ড বা তড়িত্‍দ্বাৰ ৰখা হয়৷ এই ইলেকট্র'ডবোৰে ভিডিও কেমেৰাৰ পৰা সংগ্ৰহ কৰা ছবিবোৰক বৈদ্যুতিক সংকেতলৈ পৰিবৰ্তিত কৰে৷ এই বৈদ্যুতিক সংকেতবোৰ মাইক্ৰচিপচে মগজুলৈ প্ৰেৰণ কৰে আৰু ফলস্বৰূপে অন্ধ লোকজনে ভিডিও কেমেৰাই সংগ্ৰহ কৰা ছৱিবোৰ নিজৰ চকুৰে চোৱাৰ দৰেই অনুভৱ কৰে।

বিগত সময়চোৱাত কেইবা শ ৰোগীৰ ওপৰত পৰীক্ষা কৰাৰ পিছত বায়নিক চকুৰ কাৰ্যকুশলতা প্ৰমাণিত হৈছে। শেহতীয়াকৈ ডাঃ ৰজত এন আগৰৱালাই বায়'নিক চকুৰ পেটেণ্টো লাভ কৰিছে। অৱশ্যে সদ্য আৱিষ্কৃত বায়'নিক চকুবোৰ অত্যন্ত খৰছী। বায়'নিক চকুৰ সম্ভাৱনাৰ জগতখন দেখি বৰ্তমান আমেৰিকাৰ লগতে অষ্ট্ৰেলিয়া আৰু জাৰ্মানীতো বায়'নিক চকুৰ ওপৰত পৰবৰ্তী গৱেষণাবোৰ আৰম্ভ হৈছে। মূলত এই গৱেষণাৰ মূল লক্ষ্য হ'ল সুলভ মূল্যৰ বায়'নিক চকু তৈয়াৰ কৰা।

অৱশ্যে একাংশ বিজ্ঞানীৰ মতে বায়'নিক চকুৱে অন্ধ লোক এজনৰ দৃষ্টিশক্তিক সম্পূৰ্ণ ভাবে ঘূৰাই আনিব নোৱাৰে, বৰং দৃষ্টিহীন সকলৰ দুচকুৰ অন্ধকাৰ কিছু পৰিমানেহে আঁতৰ কৰিব পাৰে। তেওঁলোকৰ মতে বায়'নিক চকুৱে দৃষ্টিহীন লোক এজনৰ দুচকুত আঁকি দিয়ে এখন ধুসৰ, অস্পষ্ট ছবি। এই ছবিখন তেওঁৰ বাবে কিমানখিনি পৰিষ্কাৰ হ'ব সেইতো নির্ভৰ কৰিব ৰেটিনাৰ পৰা মগজুলৈ অপ্টিক স্নায়ুৰ মাধ্যমেৰে গতি কৰা বৈদ্যুতিক সংকেতবোৰৰ যাত্রাপথৰ মসৃণতাৰ ওপৰত। অপ্টিক স্নায়ুৰ কাৰ্য কুশলতা বৃদ্ধি কৰি বায়'নিক চকুযুৰি আৰু অধিক শক্তিশালী কৰি তোলাৰ পণ লৈ গৱেষণাত ব্রতী হৈছে এই  বিজ্ঞানীসকল। হয়তো সোনকালেই দূৰ হ'ব মানুহৰ অন্ধতা নামৰ ৰোগটো। হয়তো অনতিপলমে দৃষ্টিহীন প্ৰতিজন লোকৰেই দুচকুত ভাঁহি উঠিব ৰঙা নীলা পোহৰৰ মায়াময় মেলা।

Friday, 12 June 2020

পোহৰে যি বতৰা আনে


নিশাৰ আকাশত মুকুতাৰ দৰে জিলিকি থকা তৰাবোৰ চাই মন্ত্ৰমুগ্ধ হৈ সময় পাৰ কৰা প্ৰতিজন মানুহৰ মনত এই মহাবিশ্বৰ ৰহস্যবোৰে অজস্ৰ প্ৰশ্নৰ অৱতাৰণা কৰে। কিমান বিশাল এই বিশ্বব্ৰহ্মাণ্ড? কেনেকৈয়ে বা সৃষ্টি হ'ল দূৰণিৰ অসীম অন্তৰীক্ষৰ বুকুত জিলিকি থকা এই গ্রহ নক্ষত্রবোৰ? ক'ত আৰু কেনেকৈয়ে বাৰু আৰম্ভণি হ'ল এই মহাবিশ্বখন অথবা ইয়াৰ অন্তই বা ক'ত? কেবল বিজ্ঞানীয়েই নহয়, সাধাৰণ মানুহৰ মন বোৰকো যুগ যুগ ধৰি এইবোৰ প্রশ্নই জোকাৰি আহিছে। বিজ্ঞানী সকলেও দশক দশক জুৰি এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰিছে। তেনে অনেক প্ৰশ্নৰ সমিধানো দিছে তেওঁলোকে। অনেক প্ৰশ্ন এতিয়াও উত্তৰ বিহীন হৈয়েই আছে। অদূৰ ভবিষ্যতে হয়তো তেনে সকলো প্ৰশ্নৰেই একো একোটা সৰ্বসন্মত সমিধান ওলাব।

আচৰিত হোৱাৰেই কথা, কাৰণ বিজ্ঞানীসকলৰ মতে এনে দূৰ অন্তৰীক্ষলৈ বিস্তৃত হৈ থকা অজান মহাবিশ্বখনৰ ৰহস্যঘন এনে প্রশ্নবোৰৰ উত্তৰ পোহৰেই কঢ়িয়াই আনে আমাৰ মাজলৈ। মহাবিশ্বখনৰ অসীম দূৰত্বত অৱস্থান কৰা অগণন গ্ৰহ নক্ষত্ৰকে আদি কৰি সকলোবোৰ মহাজাগতিক বস্তুৰ লগত পোহৰেই আমাৰ লগত এক সেতুবন্ধন তৈয়াৰ কৰি দিছে। গ্রহ নক্ষত্র আদিয়ে প্রতিফলিত কৰা বা বিকিৰণ কৰা পোহৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে পোহৰৰ উৎস সম্পর্কে বিভিন্ন তথ্য সংগ্ৰহ কৰে। কেবল সেয়াই নহয়, এই মহাবিশ্ব সৃষ্টিৰ ৰহস্যও লুকাই আছে পোহৰৰ মাজতেই। উৎসৰ পৰা প্রতিফলিত বা বিকিৰণ হোৱা পোহৰৰ ধর্ম ব্যৱহাৰ কৰি পোৱা তথ্যসমূহৰ পৰাই বিজ্ঞানী সকলে পোহৰৰ উৎস, যেনে গ্ৰহ বা নক্ষত্ৰটোৰ পৰিবেশ, অৱস্থা, উষ্ণতা আৰু দূৰত্ব সম্পর্কে ধাৰণা সংগ্ৰহ কৰে।

পোহৰ নিজেই অদৃশ্য আৰু ই শক্তিৰ এক গতিশীল ক্ষুদ্রতম ৰূপ মাথোন, যিয়ে আমাক দৃষ্টি প্ৰদান কৰে। পোহৰৰ অতি পৰিচিত এটা ধর্ম হ'ল এই যে পোহৰে একে সময়তে কণা আৰু তৰংগ উভয়ৰে ধৰ্ম দেখুৱায়। পোহৰৰ ক্ষূদ্রতম মৌলিক কণিকা বোৰক ফোটন বুলি কোৱা হয় যাৰ কোনো বাস্তবিক ৰূপ নাই। কিন্তু পদার্থৰ আণবিক স্তৰৰ আধাৰত বিচাৰ কৰিলে দেখা যায় যে তাপ প্রয়োগৰ ফলত পদাৰ্থৰ অনুত থকা উত্তেজিত ইলেকট্রণবোৰ এটা কক্ষপথৰ পৰা আন এটালৈ জাপ মাৰি গ'লে ইলেকট্ৰণবোৰে তৰংগৰ ৰূপত শক্তি বিকিৰণ কৰে আৰু এই বিকিৰণ হোৱা শক্তি খিনিকেই আমি পোহৰ হিচাবে পাওঁ।

সাধাৰণতে পোহৰ বুলিলে আমি পোহৰৰ দৃশ্যমান বৰণ বা ৰং বোৰকেই বুজো। আমাৰ মস্তিষ্কই পোহৰৰ তৰংগ দৈর্ঘ্যবোৰক দৃশ্যমান ৰং বা বৰ্ণালী হিচাবে চিনাক্ত কৰিব পাৰে। বিদ্যুত চৌম্বকীয় বর্ণালীৰ ক্ষুদ্র এটা অংশতেই এই দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যবোৰ সীমাৱদ্ধ। অৱশ্যে এই সীমাৰ বাহিৰতো আছে তৰংগ দৈর্ঘ্যৰ এখন বিশাল ক্ষেত্ৰ, যিবোৰৰ ৰং আমি কেতিয়াও খালী চকুৰে দেখা নেপাওঁ। কম তৰংগ দৈর্ঘ্যৰ গামা ৰশ্মি, অতিবেগুনীয়া ৰশ্মি, এক্সৰে আৰু বেছি তৰংগ দৈর্ঘ্যৰ অৱলোহিত ৰশ্মি, মাইক্রোওৱেভ, ৰেডিও তৰংগ আদিবোৰ তেনে কিছুমান অদৃশ্য বৰ্ণালী। বিজ্ঞানীসকলে পোহৰৰ এই অদৃশ্য জগতখনত উপলব্ধ বর্ণালী সমূহৰ তৰংগ দৈর্ঘ্য, কম্পনাংক, বিচ্ছুৰণ, বিকিৰণ, উজ্বলতা, প্রাবল্য আদিবোৰৰ পৰাই বুটলি আনে আমাৰ মনবোৰ জোকাৰি যোৱা এশ এবুৰি প্ৰশ্নৰ সহজ সমিধানবোৰ।

পোহৰৰ প্রতিটো তৰংগদৈর্ঘ্য আৰু কম্পনাংকই দৰাচলতে বিজ্ঞানীসকলৰ ওচৰত মহাবিশ্বৰ সৰু বৰ প্ৰতিটো পদাৰ্থ কণাকেই এক ভিন্ন আংগিকেৰে সজাই পৰাই তোলে। সূর্যৰ ৰশ্মিক প্রিজম এটাৰ মাজেৰে পাৰ হৈ যাবলৈ দিলে দৃশ্যমান সাতটা ৰঙলৈ বিভক্ত হয়। ঠিক সেইদৰেই দূৰ দূৰণিৰ কোনো গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য এখনৰ পৰা অহা পোহৰৰ ৰশ্মিক বিশেষ ধৰণৰ বর্ণালীবীক্ষণ যন্ত্রেৰে বিশ্লেষণ কৰি বৰ্ণালীবোৰৰ তৰংগদৈর্ঘ্য অনুযায়ী মহাজাগতিক বস্তু যেনে গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য বোৰৰ তথ্য সংগ্ৰহ কৰা হয়। এই বর্ণালীবীক্ষণ পদ্ধতিৰ সহায়ত আহৰণ কৰা পোহৰৰ উৎসবোৰৰ তৰংগ দৈৰ্ঘ্য অধ্যয়ণ কৰি পোহৰৰ উৎসটোৰ ৰসায়নিক বিশ্লেষণৰ লগতে উৎসটোৰ ভৰ, উষ্ণতা, ভৌতিক উপাদান, গেছৰ উপস্থিতি, গেছীয় চাপ আদিৰ বিষয়ে তথ্য আহৰণ কৰাতো তেনেই সহজ হৈ পৰে।

মহাবিশ্বৰ প্ৰায় সকলোবোৰ পদাৰ্থ যেনে শিশু তৰা বা প্ৰট'স্টাৰ, গ্রহ, উপগ্রহ, বামন তৰা আদিয়ে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। নক্ষত্র বা তৰা এটা জন্ম হোৱাৰ প্রাথমিক পর্যায়ত প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত থকা আণৱিক গেছ আৰু ধূলিকণাৰ মেঘৰ কেন্দ্ৰভাগৰ পৰাই শিশু তৰা বা প্ৰট'স্টাৰটোৱে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। এনেদৰে শিশু তৰা এটাৰ কেন্দ্ৰভাগৰ পৰা বিকিৰণ হোৱা অৱলোহিত ৰশ্মিৰ বৰ্ণালী বিশ্লেষণ কৰিয়েই বিজ্ঞানীসকলে জানিব পাৰিছে মহাবিশ্বৰ বুকুত থকা অগণন নক্ষত্ৰবোৰৰ জন্ম বৃত্তান্ত। আনহাতে পালচাৰ, সুপাৰনোভা অথবা কৃষ্ণগহ্বৰৰ আশে পাশে থকা বিস্তৃৰ্ণ অঞ্চল সমূহৰ পৰা বিকিৰণ হোৱা গামা ৰশ্মিবোৰে মৃত নক্ষত্ৰৰ অস্থি সদৃশ পালচাৰ সমুহৰ লগতে বিষ্ফোৰিত হৈ ধ্বংস প্ৰাপ্ত হোৱা সুপাৰনোভা বোৰৰ ৰসায়নিক সংগঠন, উষ্ণতা আদিৰ বিষয়ে তথ্য প্ৰদান কৰে।

একেদৰে মহাবিশ্বৰ চৌপাশে বিকিৰণ হৈ থকা ৰেডিও তৰংগবোৰৰ সহায়ত বিজ্ঞানীসকলে পৃথিবীৰ পৰা বহু দূৰৰ কোনো গ্ৰহ গ্ৰহান্তৰত প্ৰাণৰ অস্তিত্ব বিচাৰি ফুৰে। তদুপৰি ৰেডিও তৰংগবোৰ বিশাল ব্ৰহ্মাণ্ডখনৰ কোনো অজ্ঞাত স্থানত লুকাই থকা অদৃশ্য পদাৰ্থৰ চৌদিশৰ চৌম্বকক্ষেত্রৰ সন্ধানৰ লগতে মহাকাশত থকা বিভিন্ন গতিশীল পদাৰ্থবোৰৰ গতিবেগ নিৰ্ধাৰণ কৰিবলৈও ব্যৱহাৰ কৰা হয়। আনকি ৰেড ছিফ্ট (ৰঙা সৰণ) আৰু ব্লু ছিফ্ট (নীলা সৰণ) নামৰ পোহৰৰ দুটা বিশেষ পৰিঘটনাৰ আধাৰত সম্পন্ন কৰা গৱেষণাৰ তথ্যৰ ওপৰত ভিত্তি কৰি বিজ্ঞানী এডুইন হাব'লে প্ৰসাৰণশীল মহাবিশ্বৰ বিষয়ে ঘোষণা কৰিছিল।

বিজ্ঞানীসকলৰ মতে দূৰ দূৰণিৰ এই গ্রহ, নক্ষত্র বা তাৰকা ৰাজ্যবোৰৰ মাজতেই লুকাই আছে মহাবিশ্বৰ সকলোবোৰ ৰহস্যময় প্ৰশ্নৰ সহজ সমিধানবোৰ। এতিয়াও অজস্ৰ প্ৰশ্নৰ উত্তৰ আমি বিচাৰি পোৱা নাই। কিন্তু বিজ্ঞানীসকল আশাবাদী। কাৰণ তেওঁলোকে জানে যে পোহৰে ব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰ সমিধান লৈ আমাৰ দিশেই আহি আছে। যিদিনাই আমি পোহৰে কঢ়িয়াই অনা খৱৰবোৰ বুজিব পৰাকৈ পৰ্যাপ্ত জ্ঞান আহৰণ কৰিব পাৰিম, সিদিনাই আমি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰেই সমিধান উলিয়াবলৈ সক্ষম হ'ব পাৰিম।

Friday, 5 June 2020

সৃষ্টিৰ আঁৰৰ মহাবিষ্ফোৰণ : বিগ বেং


আজিৰ পৰা ১৪ বিলিয়ন বছৰ আগত আমাৰ এই মহাবিশ্বখনৰ কোনো অস্তিত্বই নাছিল। আমি বাস কৰা এই পৃথিৱী নামৰ গ্রহটো, মুৰৰ ওপৰত দেখা আকাশ খনৰ লগতে ইয়াৰ বুকুত খচিত হৈ থকা অগণন তৰাবোৰ অথবা আকাশৰ বুকুত ইমুৰৰ পৰা সিমুৰলৈ বিস্তৃত হৈ থকা আমাৰ অতিকৈ চিনাকি হাতীপটি ছায়াপথটো - একোৰেইতো অস্তিত্ব নাছিল তেতিয়া। কেবল শূণ্যতা আৰু শূণ্যতা। বিজ্ঞানৰ মতে এই শূণ্যতাই হ'ল সৃষ্টিৰ ফেঁহুজালি। মাত্ৰ এটি লহমাৰ ভিতৰত এই শূণ্যতাৰ বুকুতেই সংঘটিত হৈছিল এটা মহাবিস্ফোৰণ। এই মহাবিস্ফোৰণটোৰ নামেই - "বিগ বেং" বা "মহানাদ''। 

বিগ বেঙৰ সেই বিশেষ মূহুৰ্তটোতেই অতি ক্ষূদ্র ভৰ বিশিষ্ট আৰু ভীষণ ভাবে উত্তপ্ত এটি বিন্দু সদৃশ স্থানত হোৱা প্ৰচণ্ড মহাবিস্ফোৰণটোৰ সম্প্ৰসাৰণ হৈছিল প্ৰায় দুই বিলিয়ন বিলিয়ন কিলোমিটাৰ পর্যন্ত আৰু এই সম্প্ৰসাৰণ প্রতিনিয়ত ভাবে এতিয়াও হৈ আছে। আজিৰ পৰা প্রায় ১৩.৭৫ বিলিয়ন বছৰ আগত এই বিশ্বব্ৰহ্মাণ্ডখন এটি অতি উত্তপ্ত আৰু অতি সংকুচিত অৱস্থাত আছিল। বিজ্ঞানী এডুইন হাবলে দূৰৱর্তী তাৰকা ৰাজ্যবোৰৰ সম্প্ৰসাৰণ বেগ সামগ্রিকভাবে পৰ্যালোচনা কৰি দেখা পালে যে সেইবোৰ পৰষ্পৰে পৰস্পৰৰ পৰা আঁতৰি গৈ আছে। সেয়ে তেখেতে ঘোষণা কৰে যে মহাবিশ্বখন সম্প্রসাৰিত হৈ আছে।

এই মহাবিশ্বত কেইবা বিলিয়ন তাৰকাৰাজ্য আছে। একেদৰে প্ৰতিটো তাৰকাৰাজ্যত আছে কেইবা বিলিয়ন নক্ষত্র। মহাবিশ্বৰ বিশালতাৰ তুলনাত একোখন তাৰকাৰাজ্যৰ নক্ষত্রবোৰ প্ৰায় ওচৰ চুবুৰীয়া বুলি ক'ব পাৰি। আনহাতে ওচৰা ওচৰি তাৰকা ৰাজ্যবোৰৰ মাজত দূৰত্ব বহুত বেছি। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতখন থকা হাতীপটি তাৰকাৰাজ্যৰ ওচৰৰ তাৰকা ৰাজ্যখনৰ নাম এণ্ড্ৰমেডা আৰু এই তাৰকা ৰাজ্যখন আমাৰ পৰা প্ৰায় ২২ লাখ আলোকবর্ষ দূৰত অৱস্থিত। অৰ্থাৎ আমাৰ নিকটৱৰ্তী এণ্ড্ৰমেডা তাৰকাৰাজ্যৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় লাগে ২২ লাখ বছৰ ! ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সমগ্ৰ মহাবিশ্বখনৰ বিশালতা।

আপেক্ষিকতাবাদৰ সাধাৰণ তত্বৰ আধাৰত অতীত বিশ্লেষণ কৰিলে দেখা যায় যে এই অকল্পনীয় ভাবে বিশাল মহাবিশ্বখন কিন্তু এটি অস্তিত্বহীন "সুপ্রাচীন বিন্দুকণা"ৰ পৰাই উৎপত্তি হৈছে। সেই সময়ত ব্ৰহ্মাণ্ডৰ সকলোবোৰ পদার্থ আৰু শক্তি অতি উত্তপ্ত তথা অতি সংকুচিত অৱস্থাত আছিল। কিন্তু এই অৱস্থাৰ আগত এই বিশ্বব্ৰহ্মাণ্ডত কি আছিল সেই বিষয়ে বিজ্ঞানী সকলৰ মাজত কোনো প্ৰমাণিত তথ্য নাই। 

কিন্তু কিয় সংঘটিত হ'ল "বিগ বেং" নামৰ এই মহাবিস্ফোৰণটো? এইটো এটা জটিল প্ৰশ্ন আৰু বিজ্ঞানীসকলে ইয়াৰ কাৰণ সম্বন্ধে কেবল এটি ধাৰণা বা সম্ভাৱনাৰ কথাহে ব্যক্ত কৰিব পাৰে। বিজ্ঞানী সকলে কোৱাৰ দৰে বিগ বেঙৰ সময়ত দৰাচলতে কি ঘটিছিল, সেইটো সহজ ভাষাৰে জানিবলৈ চেষ্টা কৰো আহক।

বিগ বেঙৰ থিক এক ছেকেণ্ডৰ ভিতৰতেই মহাবিশ্ব গঠনৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ সৃষ্টি হ'বলৈ ধৰিছিল। ই এক ইমানেই জটিল প্ৰক্ৰিয়া যে বিগ বেঙৰ পিছত মহাবিশ্বৰ প্ৰথমটো নক্ষত্ৰৰ জন্ম হ'বলৈ প্ৰয়োজন হৈছিল প্ৰায় ২ বিলিয়ন বছৰৰ। এই সদ্যজাত মহাবিশ্বখন আছিল অতি উত্তপ্ত এক স্থান যাৰ তাপমাত্রা আছিল প্ৰায় এক লাখ বিলিয়ন বিলিয়ন ডিগ্রী ছেণ্টিগ্ৰেড। এই অতি উত্তপ্ত নৱজাতক বিশ্বব্ৰহ্মাণ্ডখন তাপ আৰু পোহৰৰ মাধ্যমত খুব দ্রুতগতিত সম্প্রসাৰিত হ'বলৈ আৰম্ভ কৰিছিল।

বিগ বেঙৰ প্রথম এক ছেকেণ্ডৰ মূহুৰ্তত এই সম্প্রসাৰণ অতি দ্রুত আছিল। সেই সময়তেই মহাবিশ্বত কেতবোৰ অতিপাৰমাণৱিক কণা তৈয়াৰ হোৱা আৰম্ভ হৈছিল। ইতিমধ্যে নৱজাতক বিশ্বব্ৰহ্মাণ্ডত মহাকৰ্ষণ বলৰ সৃষ্টি হৈছিল আৰু এই মহাকৰ্ষণ বলে ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ হাৰ কিছু পৰিমাণে ধীৰ কৰি তোলাৰ লগতে অতিপাৰমাণৱিক কণাবোৰক প্ৰভাৱিত কৰি কেতবোৰ অধিক ভৰযুক্ত পাৰমাণৱিক কণা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। পিছলৈ এই ভৰযুক্ত পাৰমাণৱিক কণাবোৰে প্ৰটন, ইলেকট্ৰণ আৰু নিউট্ৰণ কণাৰ সৃষ্টি কৰে।

বিগ বেং বা মহানাদৰ এশ ছেকেণ্ড পিছত নৱজাতক মহাবিশ্বৰ তাপমাত্রা কমি অহাত ইলেকট্রণ, প্রটন আৰু নিউট্রনবোৰ সংগঠিত হোৱাৰ পৰিবেশ তৈয়াৰ হয় আৰু এই তিনিওবিধ কণাই সমন্বয় সৃষ্টি কৰি মহাবিশ্বৰ প্ৰথম পৰমাণু হাইড্ৰজেন আৰু হিলিয়ামৰ জন্ম দিয়ে। এই পৰমাণু গঠন প্ৰক্ৰিয়া অবিৰত ভাবে কেইবা হাজাৰ বছৰ ধৰি নিৰৱচিন্ন ভাবে চলি থাকিল আৰু এটা সময়ত সম্প্রসাৰিত হৈ থকা মহাবিশ্বৰ তাপমাত্রাও কমি আহি প্ৰায় চাৰি হাজাৰ ডিগ্রী ছেলছিয়াচ হ'লগৈ। এই তাপমাত্রা পৰমাণু গঠনৰ বাবে অনুকূল আছিল আৰু ইতিপূৰ্বে সৃষ্টি হোৱা মহাকৰ্ষণ বলে এই সদ্যজাত পৰমাণুবোৰক একত্ৰিত কৰি কিছুমান ক্ষুদ্র বৃত্তাকাৰ ভৰযুক্ত গঠন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। প্ৰায় দুই বিলিয়ন বছৰ পিছত এই হাইড্রজেন আৰু হিলিয়ামৰ গেছীয় মেঘ তথা ধূলিকণাবোৰ সামৰি লৈ মহাবিশ্বৰ প্রথমটো নক্ষত্রৰ জন্ম হয়।

এইখিনিতেই আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল যে বিলিয়ন বিলিয়ন বছৰ আগতে প্ৰকৃততে কি হৈছিল সেয়া বৈজ্ঞানিক সকলে জানিলে কেনেকৈ? তাৰবাবে বিজ্ঞানীসকলে মহাবিশ্বৰ নক্ষত্রবোৰৰ মাজৰ দূৰত্ব নিৰূপন আৰু পর্যবেক্ষণ কৰা আৰম্ভ কৰে। আমি তেতিয়াই বস্তু এটা দেখা পাও, যেতিয়া সেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰে। বস্তুটো আমাৰ পৰা যিমান বেছি দূৰত্বত অৱস্থান কৰে, সিমানেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় বেছি লাগে।

উদাহৰণ স্বৰূপে আকাশৰ উজ্জ্বলতম নক্ষত্র লুব্ধক বা ‘ছিৰিয়াছ'’ৰ পৰা পোহৰ আমাৰ পৃথিবী আহি পাবলৈ সময় লাগে প্ৰায় আঠ বছৰ। অর্থাৎ আমি নিশাৰ আকাশত দেখা পোৱা লুব্ধক নামৰ নক্ষত্ৰটো দৰচলতে আঠ বছৰ আগৰহে। এই মূহুৰ্তৰ লুব্ধক নক্ষত্ৰটো আমি আজিৰ পৰা আঠ বছৰ পিছতহে দেখা পাম। এনেদৰেই মহাজাগতিক বস্তুবোৰ আমাৰ পৰা যিমানেই দূৰত অৱস্থান গ্ৰহণ কৰিব, সিমানেই বস্তুটোৰ অতীতটো দেখা পাম।

একেদৰে '‘ভার্গো ক্লাষ্টাৰ'’ নামৰ তাৰকাৰাজ্য খনৰ পৰা আমাৰ পৃথিৱীলৈ পোহৰ আহি পাবলৈ সময় লাগে প্ৰায় পাঁচ কোটি বছৰ ! অৰ্থাৎ শক্তিশালী দূৰবীণ যন্ত্ৰৰ সহায়ত আজি আমি ভার্গো ক্লাষ্টাৰৰ যি একাজলি পোহৰ দেখা পাও, সেয়া ৫ কৌটি বছৰ আগৰ। সেই সময়ত মানৱজাতিৰ অস্তিত্বই নাছিল। অৰ্থাৎ ভাৰ্গো ক্লাষ্টাৰে আমাক মানৱ জাতি বিকাশ হোৱাৰ আগৰ সময়ৰ বতৰা দিয়ে। 

নক্ষত্ৰবোৰে দৃশ্যমান পোহৰৰ লগতে বিভিন্ন ধৰণৰ তেজস্ক্রিয় ৰশ্মিও বিকিৰণ কৰে। বৈজ্ঞানিক সকলে বিশেষ ধৰণৰ টেলিস্কোপ ব্যৱহাৰ কৰি দূৰ মহাজাগতিক নক্ষত্ৰবোৰৰ পৰা অহা তেনে ৰশ্মিসমূহ চিনাক্ত কৰে আৰু সেইবোৰে কঢ়িয়াই অনা দূৰ অতীতৰ বাৰ্তাবোৰৰ সহায়ত অতীতৰ মহাবিশ্ব সম্পর্কে এটা সামগ্রিক ধাৰণা তৈয়াৰ কৰি লয়। বর্তমানলৈ আৱিষ্কৃত সবাতোকৈ দূৰৰ তাৰকাৰাজ্যখন ১৩ বিলিয়ন আলোকবর্ষ দূৰত অৱস্থিত। সেয়ে এই তাৰকা ৰাজ্যখনৰ পৰা অহা পোহৰে আমাক বিগ বেং বা মহানাদৰ থিক দুই বিলিয়ন বছৰ পিছৰ বাতৰি যোগান ধৰে। সেইবাবেই বিজ্ঞানীসকলে মহানাদৰ ২ বিলিয়ন বছৰ পিছৰ ঘটনাৰাজিৰ কিছু তাত্ত্বিক প্ৰমাণ সংগ্ৰহ কৰিব পাৰিছে যাৰ আধাৰত বিলিয়ন বিলিয়ন বছৰ আগতে সংঘটিত হোৱা বিভিন্ন ঘটনাৰাজিৰ আভাস পোৱাতো সম্ভৱ হৈ উঠিছে।


আমি যদি ইয়াতকৈও দূৰৰ তাৰকাৰাজ্য এখন আৱিষ্কাৰ কৰিব পাৰো, তেন্তে মহাবিশ্ব সৃষ্টিৰ একেবাৰে আৰম্ভণিতেই প্ৰকৃততে কি হৈছিল, সেই কথাবোৰো সহজেই বুজি পাম। সিদিনাই আমি গম পাম - কেনেদৰে সৃষ্টি হৈছিল এই বিশাল বিশ্বব্ৰহ্মাণ্ডখন !!

Wednesday, 3 June 2020

মহাকাশ বিজ্ঞানী হ'বলৈ


সচৰাচৰ সোধাৰ দৰেই এজন কিশোৰক প্রশ্ন কৰা হৈছিল : ডাঙৰ হ'লে তুমি কি হ'ব বিচাৰা? মই আশা কৰাতকৈও অধিক উৎসাহেৰে কিশোৰ গৰাকীয়ে উত্তৰত কৈছিল : "মই ইছৰোত মহাকাশ বিজ্ঞানী হিচাবে কাম কৰিব বিচাৰো।"

কিশোৰজনৰ দৰেই মনৰ কোনোবা এটি কোনত তাহানিতে মই নিজেও থিক তেনে এটি আকাংক্ষাকেই পুহি ৰাখিছিলোঁ। কিন্তু পৰিকল্পনাৰ অভাৱ আৰু অন্যান্য বিভিন্ন কাৰণত মই সজাই পৰাই তোলা সপোনটো কলিতেই মৰহি গৈছিল। মনত এটা ধাৰণাই গা কৰি উঠিছিল যে মহাকাশ বিজ্ঞানী হ'বলৈ বা ইছৰোৰ দৰে গৰিমাময় এটা প্ৰতিস্থানত নিজকে বিচাৰি পাবলৈ হ'লে ব্যক্তিজন নিশ্চয় অসাধাৰণ ভাবে মেধাবী হোৱাৰ উপৰিও কিছু অতিমানবীয় গুণসম্পন্ন লোক হ'বই লাগিব। আচলতে আমি কথাবোৰ ভালদৰে জনা নাছিলো। সিদিনা কিশোৰজনৰ মুখত মোৰ অতীতৰ আকাংক্ষাবোৰৰ পুনৰ জীৱন হোৱা যেন লাগিছিল। সঁচাকৈয়ে নস্তালজিক হৈ পৰিছিলোঁ মই। 

বিগত সময়চোৱাত বিভিন্ন মহাকাশ বিজ্ঞান বিষয়ক কৰ্মশালাত উপস্থিত থাকিব পাৰি দুটামান কথা শিকিবলৈ পাইছো। বিশেষকৈ Mumbaiত অৱস্থিত Bhabha Atomic Research Centre আৰু Tata Institute of Fundamental Research তথা আহমেদাবাদৰ Space Applications Centre আৰু ISROৰ কৰ্মশালাত উপস্থিত থাকি বুজিছিলো যে আমাৰ অসমৰ নৱপ্ৰজন্মই সহজতেই ISRO, TIFR, Space Applications Centre আদিত নিজকে বিজ্ঞানী হিচাবে প্ৰতিস্থা কৰি নিজৰ সপোনবোৰ সাৰ্থক কৰি তুলিব পাৰে। অৱশ্যে তাৰবাবে তেওঁলোকে জানিব লাগিব এনেবোৰ প্ৰতিস্থানত চাকৰি পাবলৈ প্রয়োজনীয় যোগ্যতাবোৰনো কি? 

মহাকাশ গৱেষণা সম্বন্ধীয় কাম কাজত নিজকে নিয়োজিত কৰিব খুজিলে ন্যূনতম যোগ্যতাৰ চৰ্ত হ'ল কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অতি কমেও ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ Bachelor’s Degree in Engineering (BE) বা Bachelor’s Degree in Technology (BTech) হ'ব লাগিব। তদুপৰি পদাৰ্থ বিজ্ঞান, গণিত বা ৰসায়ন বিজ্ঞানত ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ স্নাতোকোত্তৰ ডিগ্ৰীধাৰী সকলেও আবেদন কৰিব পাৰে। মহাকাশত জীৱনৰ সন্ধান তথা মহাকাশ ভ্ৰমণলৈ যোৱা মহাকাশচাৰী সকলৰ দেহৰ বিভিন্ন দিশসমূহৰ ওপৰত গৱেষণাৰ বাবে জীৱবিজ্ঞান আৰু জিনীয় অভিযন্ত্ৰণৰ ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সকলক এনে প্ৰতিস্থান সমূহত অগ্ৰাধিকাৰ দিয়া হয়। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা থকা প্ৰতিজন আৱেদনকাৰীয়ে এক লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এই পৰীক্ষাসমূহ ভাৰতবৰ্ষৰ ১২ খন চহৰত অনুস্থিত হয়। চহৰ কেইখন হ'ল : আমেদাবাদ, বেঙ্গালুৰু, ভূপাল, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণো, মুম্বাই, নতুন দিল্লী আৰু তিৰুঅনন্তপুৰম।

লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক সাক্ষাতকাৰৰ বাবে মতা হয়। সাক্ষাতকাৰৰ সময়ত মূলতঃ আবেদনকাৰী জনৰ দক্ষতাৰ মান নিৰ্ধাৰণৰ বাবে বিভিন্ন প্ৰশ্ন কৰা হয়। এনে সাক্ষাতকাৰত উত্তীৰ্ণ হ'বলৈ প্ৰাৰ্থীজনৰ নিজৰ ক্ষেত্ৰখনত থকা দক্ষতাৰ উপৰিও বিভিন্ন ধৰণৰ স্কিল সম্বন্ধে পাৰদৰ্শিতা নিৰূপণ কৰা হয়। এই স্কিল সমূহ মহাকাশ সম্বন্ধীয় গৱেষণাৰ সময়ত এজন বিজ্ঞানীক সততেই প্ৰয়োজন হয়। ইছৰোৰ তৰফৰ পৰা নৱ প্ৰজন্মক আহ্বান জনাই কোৱা হৈছে যে যিসকলে ভৱিষ্যতে ইছৰোত যোগদান কৰিব খোজে তেওঁলোকে যেন চাৰিটা কথাত অধিক গুৰুত্ব প্ৰদান কৰে। সেইবোৰ হ'ল :

¤ পাঠ্যক্ৰমৰ বিষয়বস্তু পুংখানুপুংখ ভাবে অধ্যয়ন।
¤ নিজৰ স্বাস্থ্য সম্বন্ধে অধিক সচেতনতা।
¤ অত্যন্ত ধৈৰ্যশীল আৰু সহিষ্ণু গুণ।
¤ কঠিন সিদ্ধান্ত ল'ব পৰাৰ দক্ষতা।


ইছৰোৰ নিজস্ব ৱেবচাইট http://www.isro.gov.in/ ত এই বিষয়ে সকলোবোৰ তথ্য সন্নিবিষ্ট কৰা আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে উঃ মাঃৰ বিজ্ঞান শাখাত পঢ়ি আছে অথবা ইঞ্জিনিয়াৰিং পঢ়ি আছে বা বিজ্ঞানৰ বিষয়সমূহত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত, তেওঁলোকে যদি এতিয়াৰ পৰাই এই বিষয়বোৰত ভালদৰে মনযোগ দিয়ে, তেন্তে অনাগত দিনবোৰত আমাৰ অসমৰ যুৱ প্ৰজন্মৰ মাজতো আমি কেইবাজনো মহাকাশ বিজ্ঞানী বিচাৰি পাম। ইতিপূৰ্বে উল্ল্যেখ কৰি অহা কিশোৰজনৰ লগতে যুৱ প্ৰজন্মৰ যিসকলে ভৱিষ্যতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আহিব বিচাৰে, সেই সকলোলৈ আমাৰ আন্তৰিক শুভকামনা থাকিল।

বিজ্ঞানৰ শেহতীয়া সংযোজন : ছিলিকনযুক্ত কৃত্ৰিম পাত


সাম্প্ৰতিক সময়চোৱাত প্ৰযুক্তিৰ ধামখুমিয়াত আমাৰ বায়ুমণ্ডলত যি হাৰত কার্বন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে, তাৰ পৰিণতি স্বৰূপে পৃথিৱীৰ বায়ুমণ্ডলত অতি দ্ৰুত গতিত অক্সিজেন আৰু কার্বন ডাইঅক্সাইডৰ ভাৰসাম্যতা বিনষ্ট হৈছে। ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে অন্যান্য এশ এবুৰি সমস্যাই আমাৰ পৰিবেশক ক্ষতিগ্ৰস্থ কৰাৰ লগতে সমগ্ৰ জীৱকুললৈ নমাই আনিছে বিভিষীকা। গোলকীয় উষ্ণতাৰ এই জটিল সন্ধিক্ষণত আমাৰ পৃথিৱীখন বাসোপযোগী কৰি ৰাখিবলৈ হ'লে সৰ্বপ্ৰথমে কল-কাৰষাণা আদিৰ লগতে অন্যান্য প্ৰযুক্তিগত উৎস সমূহৰ পৰা নিৰ্গত হোৱা কার্বনৰ মাত্রা নিয়ন্ত্ৰণ কৰাতো অত্যন্ত জৰুৰী। ইয়াৰ বাবে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল ব্যস্ত হৈ আছে বিভিন্ন ধৰণৰ গৱেষণামূলক কামত।

শেহতীয়াকৈ গৱেষক বিজ্ঞানীসকলে এই ক্ষেত্ৰত সমাধান সূত্ৰ হিচাবে আৱিষ্কাৰ কৰিছে artificial leaf বা "কৃত্ৰিম পাত"। বিজ্ঞানীসকলৰ মতে সদ্য আৱিষ্কৃত এই কৃত্ৰিম পাতবোৰে বায়ুমণ্ডলৰ পৰা কার্বন ডাইঅক্সাইডৰ মাত্রা কমোৱাৰ লগতে অজন স্তৰৰ ক্ষয়ীভৱনো ৰোধ কৰিব পাৰিব। কিন্তু কি এই artificial leaf বা "কৃত্ৰিম পাত"? কেনেকৈয়ে বা বিজ্ঞানীসকলে সাজি উলিয়াইছে এই কৃত্ৰিম পাতবোৰ? 

গছৰ সেউজীয়া পাতে সূৰ্যৰ পোহৰত সালোক সংশ্লেষণৰ জৰিয়তে কার্বন ডাইঅক্সাইড আৰু পানীৰ পৰা গ্লুকোজ আৰু অক্সিজেন উৎপন্ন কৰে। এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডলৰ কাৰ্বন ডাইঅক্সাইড আত্মীকৰণ হোৱাৰ ফলত ইয়াৰ পৰিমাণ নিয়ন্ত্ৰিত হয়। কিন্তু বিগত সময়চোৱাত বৰ্ধিত উদ্যোগীকৰণৰ লগতে বনাঞ্চল সমূহৰ পৰিসৰ কমি যোৱা হেতুকে উদ্ভিদৰ সংখ্যাও চকুত লগাকৈ কমি অাহিছে। ফলত কাৰ্বন আত্মীকৰণ প্ৰক্ৰিয়াটোও বাধাগ্ৰস্ত হৈছে। ইয়াৰ পৰিণতিত আমাৰ বায়ুমণ্ডলত কার্বন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে। সেয়ে বিজ্ঞানীসকলে গছৰ সেউজীয়া পাতৰ অনুকৰণত পৰীক্ষাগাৰত "কৃত্ৰিম পাত" তৈয়াৰ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰে যিবোৰে বায়ুমণ্ডলৰ কার্বন ডাইঅক্সাইডৰ মাত্রা কমোৱাৰ লগতে অজন স্তৰৰ ৰক্ষণাবেক্ষণ আৰু ইন্ধনৰ চাহিদাও পুৰণ কৰিব। এই কৃত্রিম পাতবোৰে কিউপ্রাছ অক্সাইড নামৰ এবিধ ৰঙচুৱা বৰণৰ ৰসায়নিক পদাৰ্থৰ উপস্থিতিত কার্বন ডাই অক্সাইডক মিথানল আৰু অক্সিজেনলৈ সলনি কৰিব পাৰে। সমগ্ৰ জীৱকুলৰ লগতে আমাৰ সেউজীয়া পৃথিৱীখন বচাই ৰাখিবলৈ নিসন্দেহে এয়া এক যুগান্তকাৰী পদক্ষেপ।

কানাডাৰ ইউনিভাৰ্চিটি অফ ওৱাটাৰলুৰ বিজ্ঞানীসকলে তৈয়াৰ কৰা এই কৃত্ৰিম পাতবোৰ দৰাচলতে ছিলিকনযুক্ত কেতবোৰ আহিলা। ইয়াৰ উপৰিভাগত কপাৰ এচিটেট, ছডিয়াম হাইড্ৰক্সাইড আৰু ছডিয়াম দোডিচাইল ছালফেটৰ এটা মিশ্ৰণ প্ৰলেপ আকাৰে ৰখা হয়। এটা পানীৰে পূৰ্ণ পাত্ৰত এই ছিলিকনযুক্ত আহিলা বা কৃত্ৰিম পাতটো থৈ কিছু সময় সূৰ্যৰ পোহৰত ৰাখিলে, আহিলাটোত থকা পোহৰৰ সংবেদী ছিলিকন চিপচবোৰ উত্তপ্ত হৈ পৰে। তেতিয়া এই উত্তপ্ত ছিলিকন চিপচবোৰৰ ওপৰত প্ৰলেপ হিচাবে ৰখা কপাৰ এচিটেট, ছডিয়াম হাইড্ৰক্সাইড আৰু ছডিয়াম দোডিচাইল ছালফেটৰ মিশ্ৰণটোৱে অনুঘটকৰ কাম কৰি পাত্ৰটোৰ পানীখিনিৰ আলোক বিশ্লেষণ ঘটাই হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন কৰে। বিক্ৰিয়াটো চলি থকা সময়তে ৰসায়নিক মিশ্ৰনটোৱে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাইঅক্সাইড শোষণ কৰি লয় আৰু পানীৰ আলোক বিশ্লেষণৰ পৰা উপলব্ধ হাইড্ৰজেনৰ লগত বিক্ৰিয়া ঘটাই মিথানল সৃষ্টি কৰে। ইয়াৰ ফলত বায়ুমণ্ডলৰ থকা অতিৰিক্ত কাৰ্বন ডাইঅক্সাইডবোৰ শোষিত হোৱাৰ উপৰিও উৎপন্ন হোৱা মিথানলখিনি ইন্ধন হিচাবে ব্যৱহাৰ কৰাৰ বাট মুকলি হৈছে। অৰ্থাৎ ছিলিকনযুক্ত এই কৃত্ৰিম পাতবোৰ ব্যৱহাৰ কৰি গোলকীয় উষ্ণতাৰ মূল কাৰক গ্ৰীনহাউচ গেছ এই  কার্বন ডাইঅক্সাইডৰ পৰিমাণ কমোৱাৰ লগতে উৎপাদিত ইথানলখিনি বিকল্প ইন্ধন হিচাবে ব্যৱহাৰ কৰি লাভাম্বিত হ'ব পৰা যায়।


গৱেষক বিজ্ঞানীসকলৰ মতে ১.৫ মিটাৰ দীঘল আৰু ০.২৫ মিটাৰ বহল এটা কৃত্রিম পাতে বছৰত  প্রায় ২ টন কার্বন ডাইঅক্সাইড বায়ুমণ্ডলৰ পৰা কমাব পাৰে। অৰ্থাৎ ৫০০ বর্গমিটাৰ এলেকাত যদি ৩০০ এনে ছিলিকনযুক্ত কৃত্ৰিম পাত সজ্জিত কৰি ৰখা হয়, তেন্তে ৫০০ বর্গমিটাৰ এলেকাৰ এই ৩০০ টা ছিলিকনযুক্ত কৃত্ৰিম পাতে এক সুবৃহৎ অঞ্চলৰ বায়ুমণ্ডলৰ পৰা দৈনিক ১০ শতাংশ কার্বন ডাইঅক্সাইড কমাব পাৰিব। আগন্তুক সময়ত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা ছিলিকনযুক্ত এই কৃত্ৰিম পাতবোৰ সমগ্ৰ জীৱকুলৰ বাবেই আশীৰ্বাদ স্বৰূপ হৈ পৰিব।

Saturday, 30 May 2020

সীমিত গতি আৰু অসীমৰ ঠিকনা


সূৰ্যৰ পিছতেই আমাৰ সকলোতকৈ ওচৰৰ নক্ষত্রটো হ'ল প্রক্সিমা ছেণ্টাৰাই (ছেঞ্চুৰী) যাৰ দূৰত্ব আমাৰ পৃথিৱীখনৰ পৰা ৪.২২ আলোকবর্ষ। অৰ্থাৎ প্রক্সিমা ছেণ্টাৰাইৰ পৰা একাজলি পোহৰ আহি আমাৰ চকুত ধৰা পৰিবলৈ সময় লাগিব ৪.২২ বছৰ। একেদৰেই আমি যদি পোহৰৰ বেগত যাব পৰা কোনো মহাকাশযানেৰে সূর্যৰ নিকটৱর্তী এই নক্ষত্রটোলৈ যাব বিচাৰো, তেন্তে তাত উপস্থিত হ'বলৈ আমাক সময় লাগিব ৪.২২ বছৰ।

আধুনিক পদার্থ বিজ্ঞানৰ প্ৰসাৰতাৰ কথা বিবেচনা কৰি আমি এটা আশা কৰিব পাৰো যে, মানুহৰ দ্বাৰা তৈয়াৰী মহাকাশযান নিশ্চয় এদিন আন্ত নাক্ষত্ৰিক পৰিভ্রমণ কৰাৰ বাবে সাজু হৈ উঠিব। সিদিনা হয়তো দুৰস্থিত কোনো নক্ষত্ৰৰ চৌপাশে ঘূৰি থকা গ্ৰহ এটাৰ বুকুৰ পৰা পৃথিৱীৰ ছবি তথ্য হিচাবে আমাৰ পৃথিৱীলৈ আহিব। কিন্তু এয়া বাৰু সম্ভৱ হৈ উঠিবনে? কাৰণ কোনো মানুহ যদি অন্য এক নক্ষত্ৰ জগতলৈ যাব বিচাৰে, তেন্তে সেই মানুহজন প্ৰথমেই অমৰ হ'ব লাগিব। কিন্তু কিয়?

এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ আগতেই আন এটি প্ৰশ্নই আমাক জোকাৰি যাব - আমি কি সঁচাকৈয়ে পোহৰৰ গতিৰে মহাবিশ্বৰ বুকুত পৰিভ্রমণ কৰিব পাৰিম? প্ৰতি ছেকেণ্ডত পোহৰৰ দৰেই প্রায় তিন লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাতো কি সহজ কথা? এই গতিত পৰিভ্ৰমণ কৰিব পাৰিলে আমি মাত্র এক ছেকেণ্ডতেই প্ৰায় সাতবাৰ পৃথিৱীৰ চৌদিশে প্রদক্ষিণ কৰিব পাৰিম !

মানুহে সজা বন্দুকৰ গুলী এটাৰ বায়ুত সর্বোচ্চ বেগ ১৫০০ মিটাৰ/ছেকেণ্ড। অৰ্থাৎ বন্দুকৰ গুলী এটাই প্ৰতি ছেকেণ্ডত প্ৰায় ১.৫ কিলোমিটাৰ দুৰ অতিক্ৰম কৰিব পাৰে। সেইদৰে মানৱ নিৰ্মিত ভয়েজাৰ-১ নামৰ মকাশযানখনৰ গতিবেগ প্ৰতি ছেকেণ্ডত প্ৰায় ১৭ কিলোমিটাৰ ! আচৰিত নহ'ব, আমি বাসকৰা পৃথিৱীখনেও সূর্যৰ চৌদিশে কক্ষপথত প্ৰতি ছেকেণ্ডত প্ৰায় ৩০ কিলোমিটাৰকৈ দুৰত্ব অতিক্ৰম কৰি আছে। মানুহে সাজি উলিওৱা সবাতোকৈ দ্ৰুত বেগ সম্পন্ন হিলিয়াছ-২ নামৰ "ছোলাৰ প্রোব"টোৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৭০ কিলোমিটাৰ মাত্ৰ। অথচ পোহৰৰ গতিবেগ হ'ল প্ৰতি ছেকেণ্ডত ৩ লাখ কিলোমিটাৰ !

তেনেক্ষেত্ৰত আজি পর্যন্ত মানুহে তৈয়াৰ কৰা সবাতোকৈ দ্ৰুত বেগ সম্পন্ন হিলিয়াছ-২ নামৰ ছোলাৰ প্রোবটোৰ গতিতো যদি আমি আন্ত নাক্ষত্রিক পৰিভ্রমণ কৰাৰ কথা বিবেচনা কৰো, তেন্তে আমাৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ প্রক্সিমা ছেণ্টাৰাইলৈ যাবলৈয়ে আমাক সময় লাগিব প্ৰায় ১৯ হেজাৰ বছৰ !! আৰু উভতি আহিবলৈ পুনৰ ১৯০০০ বছৰ। অর্থাৎ মানুহৰ পক্ষে তেওঁৰ জীৱনকালত এই দূৰত্ব অতিক্রম কৰাতো কেতিয়াও সম্ভব নহয়। যদিহে এয়া সম্ভৱ কৰিব লাগে, তেন্তে নিশ্চিত ভাবেই মানুহে প্ৰথমতেই পাব লাগিব অমৰত্ব। আগন্তুক সময়চোৱাত বিজ্ঞানীসকলে আন্ত নাক্ষত্ৰিক পৰিভ্ৰমণৰ বাবে কেনে বাস্তৱসন্মত পৰিকল্পনা গ্ৰহণ কৰে সেয়ে নিসন্দেহে এক লক্ষ্যণীয় বিষয় হ'ব।

Monday, 25 May 2020

দুৰ্বল হৈ অহা পৃথিৱীৰ চুম্বকক্ষেত্ৰখন


সমগ্ৰ মহাবিশ্বতেই বিভিন্ন মহাজাগতিক ৰশ্মিৰ বিকিৰণ হৈ আহিছে অহৰহ। এই মহাজাগতিক ৰশ্মিবোৰৰ বেছি ভাগেই কিন্তু সমস্ত জীৱকুলৰ বাবে প্রাণঘাতী। তথাপিও বাৰু পৃথিৱীখনত সমগ্ৰ জীৱকুল কেনেদৰে সুকলমে জীয়াই আছে? ইয়াৰ প্ৰধান কাৰণ হ'ল ক্ষতিকাৰক এই মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাবৰণত প্রৱেশই কৰিব নোৱাৰে। এই ক্ষতিকাৰক ৰশ্মিবোৰক বাধা দিবলৈ আমাৰ পৃথিৱীৰ আছে এক শক্তিশালী কৱচ, যাৰ নাম পৃথিৱীৰ চুম্বকক্ষেত্র। কিন্তু এই ৰক্ষাকাৰী কৱচ স্বৰূপ পৃথিৱীৰ চৌদিশৰ চুম্বকক্ষেত্ৰখনেই এতিয়া দিনে দিনে দুর্বল হৈ পৰিছে!

ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ উচ্চ প্রযুক্তিসম্পন্ন তিনিটা কৃত্ৰিম উপগ্ৰহই বিগত ২০১৩ চনৰ পৰাই পৃথিৱীৰ আশপাশে কক্ষপথত ঘূর্ণীয়মান নক্ষত্রপুঞ্জবোৰৰ লগত পৃথিৱীৰ আকর্ষণ আৰু বিকর্ষণ বলৰ তথ্য প্ৰদান কৰি আহিছে। এই তথ্য সমূহৰ আধাৰতেই ইউৰোপিয়ান স্পেছ এজেঞ্চিৰ বিজ্ঞানীসকলে পৃথিৱীৰ সমুদ্রতলৰ বিভিন্ন স্থানত ভূচুম্বকীয় বলৰেখাবোৰৰ পৰিমাপ নিৰ্ধাৰণ কৰি আহিছে।

২০২০ চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ  বিজ্ঞানী সকলে চলোৱা গৱেষণাত আকস্মিক ভাৱে ধৰা পৰে যে বিগত সময়চোৱাত পৃথিবীৰ  চৌম্বক ক্ষেত্রখনৰ কিছু অংশ ধীৰে ধীৰে দুর্বল হৈ আহিছে। ইউৰোপিয়ান মহাকাশ সংস্থাৰ বিজ্ঞানী সকলে জনাইছে যে আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ আটলান্টিক মহাসাগৰৰ বিভিন্ন স্থানত ইতিমধ্যে ভূচুম্বকীয় বলৰেখাবোৰ বিশেষ ভাবে দুর্বল হৈ পৰিছে। তেওঁলোকৰ মতে এই স্থান সমূহত পৃথিৱীৰ চৌম্বকক্ষেত্রৰ শক্তি ইয়াৰ স্বাভাৱিক মান ২৪,০০০ নেন'টেছলাৰ পৰা কমি ২২,০০০ নেন'টেছলা হৈছে। তাতকৈয়ো গুৰুতৰ কথাটো হ'ল, বিগত তিনিটা বছৰত গড় হিচাবে প্রতি বছৰত প্ৰায় ৪০০ বৰ্গ কিলোমিটাৰ দুৰত্বলৈ চৌম্বকক্ষেত্রৰ দুর্বলতা ক্ৰমে বাঢ়ি আহিছে।

হয়তো মনলৈ এটা প্ৰশ্ন আহিছে - পৃথিৱীৰ চুম্বকক্ষেত্ৰ কি ? আমি সকলোৱেই জানো যে ভূপৃষ্ঠৰ অভ্যন্তৰত গলিত লাভা আছে আৰু এই গলিত লাভাবোৰ লো আদি বিভিন্ন ধাতু তথা ধাতবীয় খনিজ পদার্থৰে গঢ়া। ভূগৰ্ভৰ প্রচণ্ড উত্তাপ আৰু চাপৰ প্ৰভাৱত এই ধাতু বা ধাতবীয় যৌগবোৰ গলিত হৈ ভাসমান অবস্থাত আছে। ভূপৃষ্টৰ পৰা প্রায় ৩০০০ কিলোমিটাৰ তলত এই গলিত লৌহ জাতীয় পদাৰ্থবোৰ কিন্তু একেঠাইতে স্থিৰে থাকিব নোৱাৰে। বৰং পৃথিৱীৰ অতি দ্ৰুত হাৰত হোৱা ঘূৰ্ণনৰ বাবে এই গলিত লাভাবোৰো পৃথিৱীৰ আভ্যন্তৰত অতিশয় গতিশীল হৈ থাকে। ভূগৰ্ভত থকা এই গলিত লৌহ জাতীয় পদাৰ্থবোৰৰ গতিশীলতাৰ বাবেই পৃথিৱীৰ চৌদিশে এখন চৌম্বকক্ষেত্র সৃষ্টি হয়। আৰু এই চৌম্বক্ষেত্ৰখনেই সূৰ্যৰ পৰা অহা ক্ষতিকাৰক বিকিৰণৰ লগতে বিভিন্ন মহাজাগতিক ৰশ্মিবোৰৰ পৰা আমাৰ পৃথিৱীখনক সুৰক্ষা প্ৰদান কৰি আহিছে, থিক যেনেদৰে বায়ুমণ্ডলৰ অজ'ন স্তৰে আমাক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা বচাই আহিছে।

বিজ্ঞানীসকলৰ মতে চৌম্বকক্ষেত্র এখন যিমানেই শক্তিশালী হয়, সিমানেই ক্ষতিকাৰক বিকিৰণক বাধা প্ৰদান কৰাত ই সক্ষম হয়। কিন্তু চিন্তাৰ বিষয় এই যে দক্ষিণ আটলান্টিক মহাসাগৰ প্ৰমুখ্যে আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত বিগত তিনিটা বছৰত পৃথিৱীৰ চুম্বকক্ষেত্ৰখন বাৰুকৈয়ে দুৰ্বল হৈ পৰিছে। ইউৰোপীয় মহাকাশ সংস্থাৰ বিজ্ঞানী সকল বৰ্তমান চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হোৱাৰ প্ৰকৃত কাৰণ জানিবৰ বাবে ভূগর্ভৰ সমস্ত গলিত লাভাৰ চালচলন আৰু ইয়াৰ বিভিন্ন পৰিবর্তনবোৰ বুজিবলৈ গৱেষণা আৰম্ভ কৰিছে।

বিজ্ঞানীসকলৰ মতে পৃথিবীৰ চৌম্বকক্ষেত্র দুর্বল হোৱাৰ অন্যতম এটা কাৰণ হ'ল পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন। পৃথিবীৰ চুম্বকীয় উত্তৰ আৰু দক্ষিণ মেৰুৱে সময়ে সময়ে নিজৰ স্থান পৰিবৰ্তন কৰে। প্ৰায় ২.৫ লাখ বছৰৰ মুৰে মুৰে এনেদৰে পৃথিবীৰ চুম্বকীয় মেৰু পৰিবর্তন হোৱাতো এক স্বাভাৱিক প্ৰক্ৰিয়া। এইখিনিতেই উল্ল্যেখ কৰা উচিত যে পৃথিৱীৰ উত্তৰ মেৰু আৰু ভূচুম্বকীয় উত্তৰ মেৰু একে নহয়। এই চুম্বকীয় মেৰু পৰিবর্তনৰ ফলত বিভিন্ন  ক্ষতিকাৰক মহাজাগতিক ৰশ্মিবোৰ পৃথিবীৰ বাতাৰণত সহজেই প্ৰবেশ কৰিব পাৰে। আৰু ই সমস্ত জীৱকুলৰ বাবেই এক ভয়াবহ মহাজাগতিক অভিশাপ হৈ পৰিব পাৰে। তদুপৰি ইয়াৰ ফলত বিভিন্ন কৃত্ৰিম উপগ্রহবোৰো অকামিলা হৈ সমস্ত যোগাযোগ ব্যৱস্থাটোৱেই স্থৱিৰ কৰি তুলিব পাৰে। যাৰ ফলত টেলিকম নেটৱর্ক, মোবাইল ফোন, বতৰ বিজ্ঞান, দুৰসংবেদন, উৰাজাহাজৰ চলাচল আদি বাৰুকৈয়ে প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে।


অৱশ্যে এটা কথা সঁচা যে পৃথিৱীৰ চুম্বকীয় উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ স্থান পৰিবর্তন এক অতি লেহেমীয়া প্ৰক্ৰিয়া আৰু ইয়াক পূৰ্ণ হ'বলৈ আৰু বহুত সময়ৰ প্ৰয়োজন হ'ব। সেয়েহে আমাৰ বিজ্ঞানীসকল আশাবাদী যে যথাসময়ত তেওঁলোকে এই মহাজাগতিক অভিশাপৰ পৰা জীৱকুলক ৰক্ষা কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা উদ্ভাৱন কৰিব পাৰিব।

Sunday, 24 May 2020

পৃথিৱীৰ নিকটতম দূৰত্বত ব্লেকহোল


বিশ্বব্রহ্মাণ্ডৰ ৰহস্য অনেক। তাৰ মাজতেই এই মহাবিশ্বৰ আন এক বিপুল ৰহস্যৰ ভাণ্ডাৰ হ'ল কৃষ্ণগহ্বৰ বা ব্লেকহোল। এইবাৰ পৃথিবীৰ তেনেই কাষতেই সন্ধান পোৱা গ'ল এটি কৃষ্ণগহ্বৰৰ। আমাৰ পৃথিৱীখনৰ পৰা মাত্র ১০০০ আলোকবর্ষ অৰ্থাৎ ৫.৮৮ লাখ কোটি মাইল দূৰত নতুন কৈ আৱিষ্কাৰ হৈছে HR6819 নামৰ কৃষ্ণগহ্বৰটো। মহাকাশৰ বিশালতা আৰু কৃষ্ণগহ্বৰৰ প্ৰচণ্ড মহাকৰ্ষণ শক্তিৰ আগত ১০০০ আলোকবৰ্ষ তেনেই এক সামান্য দূৰত্ব। এই কৃষ্ণ গহ্বৰটো আৱিষ্কাৰ হোৱাৰ আগত বিজ্ঞানী সকলে দিয়া তথ্য অনুসৰি পৃথিৱীৰ নিকটতম কৃষ্ণগহ্বৰটো আছিল প্ৰায় ৩১০০ আলোকবৰ্ষ দূৰত। অৰ্থাৎ সদ্য আৱিষ্কৃত কৃষ্ণগহ্বৰটো বৰ্তমান সময়ত আমাৰ নিকটতম কৃষ্ণগহ্বৰ।

২০২০ চনৰ মে মাহৰ ৬ তাৰিখ বুধবাৰে  ইউৰোপিয়ান ছাদার্ন অৱজাৰভেট'ৰিৰ বিজ্ঞানী থমাছ ৰিভিনিয়াচ আৰু ডিয়েট্ৰিচ বাডৰ গৱেষণা পত্রত প্ৰকাশ হৈছে এই চাঞ্চল্যকৰ তথ্য। চিলিত অৱস্থিত এটি বিশাল ৰেডিও টেলিস্কোপ ব্যৱহাৰ কৰি তেখেতসকলে আৰা আৰু পাভো তাৰকামণ্ডলৰ মাজত অৱস্থিত টেলিস্কোপিয়াম নক্ষত্ৰপুঞ্জৰ দক্ষিণ পশ্চিম দিশত সূৰ্যতকৈও প্ৰায় চাৰি গুণ ডাঙৰ তিনিটা নক্ষত্ৰযুক্ত অন্য এখন সৌৰজগতৰ ওপৰত অধ্যয়ণ কৰি আহিছিল। এই তিনি তাৰকাযুক্ত সৌৰজগতখনৰ দুটা B-type উজ্জল নক্ষত্ৰ আৰু আনটো নক্ষত্ৰ প্ৰায় অস্পষ্ট। উল্ল্যেখযোগ্য যে এই সৌৰজগতত কোনো গ্ৰহ নাই।

পৰ্যবেক্ষণৰ সময়ত তেওঁলোকে দেখিছিল যে প্ৰায় ৪০.৩৩ দিনত এই নক্ষত্ৰ তিনিটাই অস্বাৱাভিক ভাবে কোনো অদৃশ্য বস্তুক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি আছে। এই তথ্যই তেওঁলোকক আচৰিত কৰি তুলিছিল। থমাছ ৰিভিনিয়াচ আৰু ডিয়েট্ৰিচ বাডে জনাইছে যে টেলিস্কোপিয়াম নক্ষত্ৰপুঞ্জৰ দক্ষিণ পশ্চিম দিশত সূৰ্যতকৈও প্ৰায় চাৰি গুণ ডাঙৰ নক্ষত্ৰ তিনিটাৰ মাজৰ দুটা নক্ষত্ৰ পৃথিৱীৰ দক্ষিণ গোলাৰ্ধৰ পৰা খালী চকুৰেই দেখা পোৱা যায় আৰু ভালদৰে পৰ্যবেক্ষণ কৰিলে ৪০.৩৩ দিনত এই তৰা দুটাই পৰিভ্ৰমণ কৰা ঘটনাটোও অনুধাৱন কৰিব পৰা যায়। 

সূর্যেতকৈও বিশাল এই তিনিওটা নক্ষত্রই কোনো এক অজ্ঞাত বিন্দুক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰি থকা পৰিঘটনাটোৱে বিজ্ঞানী কেইজনক চিন্তিত কৰি তুলিলে। তেওঁলোকে গৱেষণাত অধিক মনোনিবেশ কৰি অৱশেষত সিদ্ধান্তত উপনীত হয় যে তিনিওটা বিশাল নক্ষত্ৰই দৰাচলতে এটা কৃষ্ণগহ্বৰৰ প্ৰচণ্ড মহাকৰ্ষণৰ বাবে কৃষ্ণগহ্বৰটোৰ চৌদিশে পৰিভ্ৰমণ কৰি আছে। ব্লেক হোলৰ আকর্ষণ ক্ষমতা ইমানেই বেছি যে ইয়াত যিয়েই প্রৱেশ কৰে তাৰপৰা আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে, আনকি পোহৰো। সেয়েহে কৃষ্ণগহ্বৰবোৰ অদৃশ্য তথা ইয়াক আৱিষ্কাৰ কৰা সহজ নহয়। বিজ্ঞানী দুজনে দুসপ্তাহ আগতে আৱিষ্কাৰ কৰা কৃষ্ণগহ্বৰটোৰ চাৰিওপিনে পৰিভ্ৰমণ কৰি থকা তৰা তিনিটাক "নৃত্যৰত তৰা" বুলি অভিহিত কৰিছে। 

ইউৰোপিয়ান ছাদার্ন অৱজাৰভেট'ৰিৰ বিজ্ঞানী সকলৰ মতে নতুনকৈ আৱিষ্কাৰ হোৱা এই কৃষ্ণগহ্বৰটো অতি প্ৰাচীন আৰু যথেষ্ঠ শান্ত সমাহিত। কাৰণ কৃষ্ণগহ্বৰটোৱে তাৰ আশেপাশে থকা নক্ষত্রবোৰক এতিয়াও গ্রাস কৰা নাই। আমাৰ বাবে ই এক সুখৱৰ। অন্যথা পৃথিৱীৰ অতি ওচৰতে থকা HR6819 নামৰ কৃষ্ণগহ্বৰটোৱে নিজৰ ক্ষুধা নিবাৰণৰ বাবে আমাৰ পৃথিৱীখনো গ্ৰাস কৰি থ'লেহেতেন !

Thursday, 21 May 2020

সৌৰ নূন্যতম বা Solar Minimum


সমগ্ৰ বিশ্বতেই বিভিন্ন মিডিয়াত আৰু বিজ্ঞান মহলত বৰ্তমানৰ আন এক আলোচ্য বিষয় হ'ল Solar Minimum বা "সৌৰ নূন্যতম"। বিজ্ঞানীসকলৰ সকলৰ প্ৰতিবেদন অনুসৰি নিউয়ৰ্ক টাইমচে লিখিছে যে সূৰ্যৰ উষ্ণতা সাম্প্ৰতিক সময়চোৱাত নূন্যতম মানলৈ নামি আহিছে। তাতকৈও ডাঙৰ কথাটো হ'ল বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে যে সৌৰ নূন্যতম অৱস্থাত প্ৰচণ্ড তুষাৰপাত, ভূমিকম্প, অগ্নিকাণ্ড আনকি দুর্ভিক্ষৰ দিনো আহিব। পৃথিৱীৰ প্ৰতি সূৰ্যৰ কাৰ্যকলাপ নাটকীয় ভাবে কমি আহিছে আৰু ইয়াৰ লগে লগে পৃথিৱীৰ তাপমাত্ৰাও অতি দ্ৰুত হাৰত কমি আহিব। পৃথিৱীত আৰম্ভ হ'ব হিমযুগ। কিন্তু  বৈজ্ঞানিক বাস্তৱতাৰ ক্ষেত্ৰত সৌৰ নূন্যতম বা "ছোলাৰ মিনিমামৰ" লগত ওপৰত উল্ল্যেখ কৰাৰ দৰে এনে প্ৰাকৃতিক দুৰ্যোগবোৰৰ সম্পর্ক স্থাপন কৰা খুবই কঠিন বা এনে ভৱিষ্যত বাণীবোৰৰ বৈজ্ঞানিক সত্যতা প্ৰমাণিত নহয়।

কিন্তু কি এই ছোলাৰ মিনিমাম? সহজ ভাষাত ক'বলৈ হলে সোলাৰ মিনিমাম বা সৌৰ নূন্যতম হ'ল সূর্যৰ তাপ উৎপাদন প্ৰক্ৰিয়াৰ এক স্বাভাৱিক তথা চক্ৰীয় বিজুতি। বৈজ্ঞানিক সকলে এই বিষয়টো অধ্যয়ন কৰিবলৈ সূর্যৰ পৃষ্ঠত দেখা যোৱা ক'লা ৰঙৰ দাগ বা সৌৰ কলংকবোৰৰ সংখ্যা গণনা কৰে। বিজ্ঞানৰ মতে যেতিয়াই সূর্যৰ উপৰিভাগত চৌম্বকীয় কার্য ক্রমনিকা বৃদ্ধি হয়, তেতিয়াই সূর্যৰ পৃষ্ঠত ক'লা বৰণৰ কিছুমান দাগ বা সৌৰ কলংক সৃষ্টি হয়। আনহাতে এই চৌম্বকীয় ক্ষেত্ৰৰ কার্য ক্রমনিকা তেতিয়াই সৃষ্টি হয় যেতিয়া সূর্যৰ পিঠিৰ পৰা "ছোলাৰ ফ্লেয়াৰ" বা সৌৰ ধুমুহা সৃষ্টি হয়। মহাকাশ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা "এ.আৰ ২৬৬৫" নামৰ সৌৰ ধুমুহাটো সূৰ্য পৃষ্ঠৰ পৰা ৭৫ হাজাৰ কি:মি: দূৰলৈ বিস্তৃত আৰু এই সৌৰ ধুমুহাটো পৃথিৱীৰ পৰাও সহজতে সাধাৰণ ঘৰুৱা যতন ব্যৱহাৰ কৰি চাব পাৰি।

এই ছোলাৰ ফ্লেয়াৰবোৰ হ'ল এনে একোটি ক্রিয়া যাৰ ফলত সূর্যটো অতি  উজ্জ্বল হৈ পৰে। যেতিয়াই এই পৰিঘটনাটো সংঘটিত হয়, তেতিয়াই বৈজ্ঞানিক সকলে এক বিশেষ টেলিস্কোপৰ সহায়ত সূর্যৰ উপৰিভাগত সৃষ্টি হোৱা সৌৰ কলংকবোৰ দেখা পায়। এই সৌৰ কলংকবোৰৰ সংখ্যা এক নির্দিষ্ট সীমাৰ ভিতৰত থাকিলে বুজা যায় যে সূর্যৰ তাপ উৎপাদন প্ৰক্ৰিয়া স্বাভাৱিক গতিত চলি আছে।

যেতিয়াই সৌৰ কলংকবোৰৰ সংখ্যা এক নির্দিষ্ট সীমাতকৈ কমি যায়, তেতিয়াই এইটো প্ৰতীয়মান হয় যে সূৰ্যৰ বুকুত তাপ উৎপাদন প্ৰক্ৰিয়াটো স্তিমিত হৈ পৰিছে, অৰ্থাৎ সূৰ্যটো আপেক্ষিক ভাৱে শীতল হৈ পৰিছে। আগতেই উল্ল্যখ কৰিছোঁ যে এইটো সূৰ্যৰ বুকুত ঘটি অহা এটা স্বাভাবিক প্ৰক্ৰিয়া আৰু প্রতি ১১ বছৰৰ মুৰে মুৰে  এনেদৰে সূৰ্যটো শীতল হৈ পৰে। সূৰ্যৰ এই শীতল অৱস্থা ছয় মাহ স্থায়ী হয়। সম্প্ৰতি বিজ্ঞানীসকলৰ গণনাত এইটো প্ৰমাণিত হৈছে যে ২০২০ চনৰ জুন মাহত আমাৰ সূৰ্যটো পুণৰ শীতল হৈ পৰিব আৰু আগন্তুক ছয় মাহলৈ অৰ্থাৎ  ২০২০ চনৰ নৱেম্বৰ মাহৰ শেষলৈ আমি আন এটা "ছোলাৰ মিনিমাম" বা সৌৰ নূন্যতমৰ মুখামুখি হ'ম।

তেন্তে কি আমাৰ বিপদ অনিবাৰ্য? ইয়াৰ ফলত কি সঁচাকৈয়ে পৃথিৱীৰ জলবায়ুত কোনো মাৰাত্মক পৰিবর্তন হ'ব? অথবা তুষাৰপাত, হিমবাহ,  ভূমিকম্প বা দুর্ভিক্ষ আদিয়ে আমাক কোঙা কৰি যাব? বাস্তৱ ক্ষেত্ৰত ছোলাৰ মিনিমামৰ লগত এইধৰণৰ প্ৰাকৃতিক দুৰ্যোগবোৰৰ কোনো সম্পর্ক আছে নে নাই সেই বিষয়ে কোনো নিশ্চিত বৈজ্ঞানিক তথ্য নাই। ১৮১৬ চনত সৌৰ নূন্যতমৰ সময়ত প্রবল ভূমিকম্পই পৃথিৱীৰ বহু কেইখন দেশক  জোকাৰি গৈছিল। সেই বছৰটোত পৃথিবীৰ বহুকেইখন দেশত শীতৰ প্ৰকোপ বঢ়াৰ লগতে বৰষুণৰ পৰিমানো অতি কম আছিল। ফলস্বৰূপে কৃষি ক্ষেত্ৰখনো বেয়াকৈ ক্ষতিগ্ৰস্থ হৈ পৰাত বহুদেশত দুৰ্ভিক্ষ হৈছিল। কিন্তু পৰবৰ্তী সময়ত এই বিষয়ে হোৱা গৱেষণাৰ পৰা সিদ্ধান্ত লোৱা হৈছিল যে এই সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগেই একো একোটা কাকতালীয় ঘটনাহে আছিল। এইবোৰৰ লগত ছোলাৰ মিনিমামৰ কোনো সম্পৰ্ক নাছিল। 

ছোলাৰ মিনিমাম সূৰ্যৰ বুকুত সংঘটিত হোৱা এক নিয়মিত আৰু স্বাভাৱিক প্রক্রিয়া। এজন মানুহে যেনেদৰে নিজৰ জীৱনকালত শিশুৰ পৰা বৃদ্ধাৱস্থালৈ ধাপে ধাপে গতি কৰে থিক তেনেকৈয়ে আমাৰ সূৰ্যটোৱেও ইয়াৰ জীৱনকালত বিভিন্ন দশাৰ মাজেৰে ইয়াৰ জীৱন অতিবাহিত কৰে। ছোলাৰ মিনিমামৰ ফলত অৱশ্যে আমাৰ পৃথিৱীত যোগাযোগ ব্যৱস্থা কিছু পৰিমানে ব্যাহত হোৱাৰ শংকা নথকা নহয়। কিন্তু এইটো ইমান চিন্তনীয় বিষয় নহয়। 

Saturday, 16 May 2020

ৰঙীণ পৃথিৱীৰ শুধ বগা কাউৰীবোৰ


যেনিয়ে চকু যায়, চৌদিশে কেবল ৰং। ৰঙেৰে ধুই নিয়া নীলিম আকাশখন অথবা দুৰৰ অস্পষ্ট পাহাৰখন, সূৰ্যাস্তৰ ৰঙীণ আভা বুকুত সাৱতি বৈ যোৱা প্ৰবাহমান নৈখন অথবা চোতালৰ দুৱৰিডৰা - সকলোতেই ৰঙৰ আভা। কিন্তু ইয়াৰ বিপৰীতে শুধ বগা, বৰণহীনতাও বহু সময়ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। বৰণহীন প্ৰাণী বা এলবিনো প্রাণীৰ কথাকেই ধৰকচোন। হয়, শিৰোনামাত উল্ল্যেখ কৰা শুধ বগা কাউৰীজনীৰ কথাকেই কৈছো। সৌ সিদিনা বাতৰি কাকতত নিশ্চয় পঢ়িবলৈ পাইছে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ক্ষেত্রীয় কার্যালয়ৰ সমীপত নগেন বৰুৱাদেৱৰ কেমেৰাৰ লেন্সত ধৰা দিয়া বিৰল শুধ বগা কাউৰীজনীৰ কথা ! 

বৰণহীন এনে প্ৰাণীবোৰ "শুধ বগা" হয়। নিশ্চয় এইখিনিতেই মনত এটা প্ৰশ্ন উদয় হৈছে যে বগা জানো এটা ৰং নহয়? বিজ্ঞানৰ মতে ৰং বা বৰণ হ'ল বিদ্যুৎ-চুম্বকীয় তৰংগ মাত্ৰ। পদাৰ্থবোৰে বিদ্যুৎ-চুম্বকীয় তৰংগৰ ৰূপত শক্তি নিৰ্গত কৰে। এই বিদ্যুৎ-চুম্বকীয় তৰংগবোৰ এটা নিৰ্দিষ্ট তৰংগদৈৰ্ঘ্যৰ সীমাৰ ভিতৰত থাকে আৰু পদাৰ্থটোৱে নিৰ্গত কৰা এই বিদ্যুৎ-চুম্বকীয় তৰংগ বোৰকেই আমি পদাৰ্থটোৰ ৰং হিচাপে দেখা পাও। বগা ৰঙৰ (?) নিজস্ব কোনো বিদ্যুৎ-চুম্বকীয় তৰংগ নাই আৰু সেইবাবেই দৃশ্যমান ৰঙৰ তালিকাৰ "বগা" বুলি কোনো ৰং নাই। সেইবাবেই বগা ৰঙৰ প্ৰাণীবোৰক বৰণহীন (এলবিনো) বুলি কোৱা হয়।

বিশ্বৰ বিভিন্ন দেশত এলবিনো (albinos) প্ৰাণীবোৰৰ প্ৰতি স্থানীয় লোকসকল অত্যন্ত শ্রদ্ধাশীল আৰু বহুতে এই ধৰণৰ প্ৰাণীবোৰক ভাগ্যৰ প্ৰতীক বুলি জ্ঞান কৰে। আমেৰিকাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে শুধ বগা বাইচনক শক্তি আৰু সৌভাগ্যৰ প্রতীক বুলি মানে। বগা অজগৰ, বগা হাতী, বগা কেংগাৰু, বগা ঘৰিয়াল অথবা বগা ময়ুৰ ইত্যাদি অসংখ্য এলবিনো প্ৰাণী এই জীৱকুলতেই বিদ্যমান। এনে ধৰণৰ অসংখ্য উদাহৰণ বিচাৰিলেই পোৱা যাব। মানুহৰ মাজতো "এলবিনিজম" দেখা যায়। বিজ্ঞানীসকলৰ মতে প্ৰতি ১০০ জন লোকৰ ভিতৰত অন্ততঃ এজন লোকৰ দেহত এলবিনিজমৰ জিন থাকে। অৱশ্যে এজন লোক এলবিনিজমত আক্ৰান্ত হ'বলৈ তেওঁৰ পিতৃ আৰু মাতৃ দুয়োজনৰ দেহত এলবিনিজমৰ জিন থাকিব লাগিব।

এলবিনো মানৱ শিশু বা এলবিনো প্ৰাণীৰ জন্মৰ বাবে পিতৃ আৰু মাতৃ উভয়ৰে দেহত ত্রুটিযুক্ত জিন থকাতো জৰুৰী। দেহত স্বাভাৱিক বৰণ সৃষ্টি কৰাৰ বাবে প্ৰাণীৰ দেহত এযোৰ প্ৰভাৱী বা সংকৰ জিন থাকে। যদিহে প্ৰাণীদেহৰ এই জিনযুগ্মৰ এটা জিন স্বাভাবিক আৰু আনটো ক্ৰুটিযুক্ত এলবিনিজম জিন হয়, তেন্তে স্বাভাবিক জিনটোৱে প্ৰাণীটোৰ দেহত যথেষ্ট মেলানিন বা আন বৰণযুক্ত ৰঞ্জক পদাৰ্থ তৈয়াৰ কৰে। আনহাতে যদিহে প্ৰাণীটোৱে পিতৃ আৰু মাতৃ উভয়ৰে পৰা এযোৰ ক্ৰটিযুক্ত জিনহে লাভ কৰে, তেন্তে প্ৰাণীটোৱে দেহত বৰণ সৃষ্টি কৰিব পৰা কোনো ৰঞ্জক দ্ৰব্য সৃষ্টি কৰিব নোৱাৰে আৰু তাৰফলত প্ৰাণীটোৰ ছাল, নোম অথবা সমস্ত দেহ বৰণহীণ বা শুধ বগা হৈ পৰে।


আমি সাধাৰণতে কাউৰী ক'লা ৰঙৰেই দেখা পাও।  যদি অকস্মাতে ক'ৰবাত শুধ বগা কাউৰী দেখা পাও, তেন্তে আচৰিত হোৱাৰেই কথা। কিন্তু এইটোও সঁচা যে প্ৰকৃতিৰ বুকুত শুধ বগা কাউৰীও আছে। অৱশ্যে সংখ্যাত খুবেই কম। এইটো সেই বিশেষ কাউৰীজনীৰ জিন সম্বন্ধীয় এটা জন্মগত ত্রুটি মাথোন। জীৱবিজ্ঞানৰ ভাষাত এই কাউৰীবোৰক ‌"এলবিনো কাউৰী" বা "এলবিনো ক্রো" বুলি কোৱা হয়। সাধাৰণতে এনে শুধ বগা কাউৰীবোৰৰ ঠোট আৰু ভৰি দুখন গোলপীয়া বৰণৰ হ'লেও সমস্ত শৰীৰ আবৃত কৰি ৰখা পাখিবোৰ শুধ বগা। আফ্রিকা মহাদেশ আৰু  আমেৰিকাত বগা কাউৰী তুলনামুলক ভাবে বেছি কৈ দেখা যায়। এনে বগা কাউৰীক "পাইড ক্রো" বুলিও কোৱা হয়। এই বগা কাউৰীবোৰ আমি  সাধাৰণতে দেখা ক'লা ৰঙৰ কাউৰীৰ দৰে একেটা প্ৰজাতিৰেই অন্তৰ্গত যিবোৰ "পিগমেণ্ট" বা ৰঞ্জক পদাৰ্থজনিত সমস্যাৰ বাবে বৰণহীন হৈ পৰে।


Monday, 4 May 2020

অত্যন্ত বিৰল তেজ : বম্বে ব্লাড গ্ৰুপ



সেয়া ১৯৫২ চনৰ কথা। স্থান "বম্বে", বৰ্তমানৰ মুম্বাই। কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালত ভর্তি কৰোৱা হৈছে এজন বিশেষ ৰোগী। দুৰ্ঘটনাত পতিত হৈ তেওঁ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত। চিকিৎসাৰ বাবে তেওঁক তাৎক্ষণিক ভাবে তেজৰ দৰকাৰ। ৰোগীৰ তেজৰ গ্ৰুপ "O+ve" আৰু সেয়েহে ততাতৈয়াকৈ "O+ve" গ্ৰুপৰ তেজ সংগ্ৰহ কৰি ৰোগীৰ দেহত প্ৰয়োগ কৰাৰ আগে চিকিৎসালয়ৰ নিয়মানুসৰি "ক্ৰচ ম্যেচিং" কৰা হ'ল……

কিন্তু কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ডা° ভেণ্ডে, ডা° দেশপাণ্ডে আৰু ডা° এইচ.এম. ভাটিয়া আচৰিত হৈ পৰিল কাৰণ "ক্ৰচ ম্যেচিঙ"ৰ সময়ত ৰোগীৰ "O+ve" গ্ৰুপৰ তেজৰ লগত যেতিয়া সংগ্ৰহ কৰি অনা "O+ve" গ্ৰুপৰ তেজ টেষ্টটিউবত মিহলোৱা হৈছিল, তেতিয়া তেজবোৰ মূহুৰ্তৰ ভিতৰতে গোট মাৰিছিল। নিশ্চয় ক'ৰবাত এটা সাংঘাতিক ভুল হৈছে। কিন্তু কিয় এনে হ'বলৈ পালে?

তেখেতসকলে পুনৰ ৰোগী আৰু ৰক্তদাতা, উভয়ৰে তেজৰ পৰীক্ষা কৰি চালে। নাই, তাত কোনো ভুল দেখা নেপালে তেওঁলোকে। উপায়হীন হৈ চিকিৎসক সকলে বিভিন্ন ব্লাড বেংকৰ লগত যোগাযোগ কৰিলে যদিও কোনো সুফল নেপালে। এইবাৰ আৰম্ভ হ'ল বিভিন্ন ৰক্তদাতা সকলৰ লগত পোনপটীয়া যোগাযোগ। বম্বেৰ (বৰ্তমান মুম্বাই) প্ৰায় ৬০০ জন বিভিন্ন "O+ve" গ্ৰুপৰ ৰক্তদাতাৰ তেজৰ নমুনাৰ পুনৰ পৰীক্ষণৰ অন্তত যেনিবা এজন ৰক্তদাতাৰ তেজৰ নমুনাৰ লগত ৰোগীজনৰ "ক্ৰচ ম্যেচিঙ"ৰ ফলাফল সন্তোষজনক হ'ল আৰু সুচাৰুৰূপে তেজ দিব পৰাত ৰোগীজনৰ জীৱন ৰক্ষা পৰিল।

যদিও ৰোগীজন ৰক্ষা পৰিল, ডা° ভেণ্ডে কিন্তু বিষয়টো সম্বন্ধে অধিক আগ্ৰহী হৈ পৰিল আৰু তেখেতে এই বিষয়ে গৱেষণা আৰম্ভ কৰি দিলে। গৱেষণাৰ প্ৰাথমিক পৰ্য়ায়তেই তেখেত ধৰা পেলালে যে সেই বিশেষ ৰোগীজন আৰু তেওঁক তেজ দান কৰা ৰক্তদাতা দুয়োজনৰেই তেজৰ গ্ৰুপ যদিও "O+ve" বুলি পৰীক্ষাত ধৰা পৰিছে, সেয়া শুদ্ধ নহয়। বৰং দুয়োজনৰেই তেজৰ গ্ৰুপ তথাকথিত ABO systemৰ আওতাতেই নপৰে। অৰ্থাৎ তেওঁলোক দুয়োজনৰেই তেজৰ গ্ৰুপ A, B,  AB অথবা Oৰ ভিতৰত এটাও নহয়, বৰং ইমান দিনে কাৰো চকুত ধৰা নপৰাকৈ থকা এটা নতুন ব্লাড গ্ৰুপহে ! "বম্বে" স্থিত কিং এডৱাৰ্ড মেম'ৰিয়েল হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক ডা° ভেণ্ডেই নতুন কৈ আৱিষ্কাৰ কৰা এই তেজৰ গ্ৰুপটোৰ নাম থলে hh Blood Group বা (Bombay Blood Group) বম্বে ব্লাড গ্ৰুপ। ১৯৫২ চনৰ ৩ মেত "The Lancet" নামৰ চিকিংসা বিজ্ঞানৰ এক গবেষণাপত্রত সর্বপ্রথম ডা° ভেণ্ডে, ডা° দেশপাণ্ডে আৰু ডা° এইচ.এম. ভাটিয়াই বোম্বে ব্লাড গ্ৰুপ সম্পর্কে তেওঁলোকৰ গৱেষণা পত্ৰ প্ৰকাশ কৰে।

সাধাৰণতে আমি জানো যে O ব্লাড গ্রুপৰ মানুহ সাৰ্বজনীন দাতা অৰ্থাৎ সকলোকে তেজ দিব পাৰে। কিন্তু তেজ ল'বলগীয়া হ'লে কেবল O ব্লাড গ্রুপৰ মানুহৰ পৰাহে তেজ লব পাৰে। মানুহৰ তেজত এগ্লুটিনোজেন-A আৰু এগ্লুটিনোজেন-B নামৰ দুবিধ এণ্টিজেন থাকে। A ব্লাড গ্ৰুপৰ তেজত A এণ্টিজেন, B ব্লাড গ্ৰুপত B এণ্টিজেন, AB ব্লাড গ্ৰুপত AB দুয়োটা এণ্টিজেন আৰু O ব্লাড গ্ৰুপৰ তেজত কোনো এণ্টিজেন নেথাকে। কিন্তু "The Lancet"ত প্ৰকাশিত গৱেষণা পত্ৰই জানিব দিয়ে যে O ব্লাড গ্রুপৰ তেজতো এবিধ বিশেষ এগ্লুটিনোজেন থাকে। এই এগ্লুটিনোজেনৰ নাম ৰখা হয় এগ্লুটিনোজেনৰ-H আৰু ইয়াক তেজৰ লোহিত ৰক্ত কণিকাত পোৱা যায়।

এগ্লুটিনোজেনৰ-Hৰ এটা বিশেষ গুণ হ'ল এই যে, ই তেজত থকা আন দুবিধ এন্টিজেন A আৰু Bৰ প্রিকাৰ্চৰ বা পূৰ্ববৰ্তী অৱস্থা হিচাপে কাম কৰে। প্ৰিকাৰ্চৰ মানে কিছুমান বিশেষ ৰসায়নিক যৌগ যিবোৰে কোনো উপযুক্ত উদ্দীপনা পালে অন্য কোনো পদার্থলৈ নিজকে ৰূপান্তৰিত কৰিব পাৰে। অর্থাৎ এই বিশেষ এগ্লুটিনোজেন-H ৰ পৰাই  উৎপন্ন হয় তেজত থকা আন দুটা বিশেষ এণ্টিজেন যাৰ নাম এগ্লুটিনোজেন-A আৰু এগ্লুটিনোজেন-B। এগ্লুটিনোজেন Hৰ পৰা এণ্টিজেন A আৰু B উৎপন্ন হ'বলৈ আমাৰ কোষৰ ক্ৰমোজোমৰ প্ৰয়োজনীয় উদ্দীপনা যোগায়।

এগ্লুটিনোজেন-H সৃষ্টিৰ বাবে আমাৰ ক্ৰমোজোমত  HH জিনোটাইপ থাকিব লাগে। H হ'ল মেণ্ডেলীয় বংশাৱলীৰ প্রভাৱশালী জিন আৰু h হ'ল মেণ্ডেলীয় অপ্ৰভাৱী জিন। অৰ্থাৎ HH আৰু Hh, এই দুয়োটা জিনোটাইপৰ যিকোনো এটা জিনোটাইপ থাকিলেই সেইজন মানুহৰ তেজত এগ্লুটিনোজেন-H থাকিব আৰু সেইবাবে তেওঁৰ তেজত তিনিওবিধ এণ্টিজেন যেনে এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H থাকে বা থকাৰ সম্ভাৱনা থাকে।

কিন্তু যিসকল মানুহৰ জিনোটাইপ hh হয়, তেওঁলোক অপ্ৰভাৱী জিনোটাইপ বিশিষ্ট হোৱা বাবে তেওঁলোকৰ তেজত এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H এটাও নাথাকে। সাধাৰণতে তেজত এণ্টিজেন A আৰু এণ্টিজেন B দুয়োটা নাথাকিলে মানুহজনৰ তেজৰ গ্ৰুপ O হয়, কিন্তু যিহেতু এই বিশেষ ব্যক্তিজনৰ তেজত এণ্টিজেন A,  এণ্টিজেন B আৰু এণ্টিজেন H এটাও নাই, সেয়ে ওপৰে ওপৰে চালে তেওঁৰ তেজৰ গ্ৰুপ O যেন লাগিলেও সেয়া O গ্ৰুপৰ তেজ নহয় , বৰং আমি আলোচনা কৰি থকা অত্যন্ত বিৰল তেজৰ গ্ৰুপ যাৰ নাম hh Blood Group বা "বম্বে ব্লাড গ্ৰুপ"।

Saturday, 2 May 2020

এক মহাজাগতিক আগন্তুকৰ অপেক্ষাত



২০১৯ চনৰ ২৮ ডিচেম্বৰ। সৌ সিদিনাৰ কথা। Asteroid Terrestrial-impact Last Alert System, বা চমুকৈ ATLASৰ বিজ্ঞানীসকলে  আৱিষ্কাৰ কৰিলে এটা ধুমকেতু। ধুমকেতুটোৰ নাম দিয়া হ'ল C/2019 Y4 (ATLAS)। তেতিয়াৰ পৰাই বিশ্বৰ সকলো প্ৰান্তৰ বিজ্ঞানীসকলে ধুমকেতুটোৰ ওপৰত নজৰ ৰাখি আহিছিল আৰু তেওঁলোকে আশাও কৰিছিল যে ২০২০ চনৰ মাৰ্চ মাহৰ শেষৰ পিনে পৃথিৱীৰ পৰা খালী চকুৰেই সাধাৰণ মানুহেও ধুমকেতুটোৰ সৌন্দৰ্য দেখা পাব। কিন্তু যোৱা ২২ মাৰ্চৰ দিনা পৃথিৱীৰ নিকটৱৰ্তী অৱস্থান প্ৰাপ্ত হোৱাৰ আগতেই এই ধুমকেতুটো মহাকাশৰ বুকুত খণ্ড বিখণ্ড হৈ পৰিল। যাৰ বাবে আমাৰ দৰে সাধাৰণ মানুহৰ দৃষ্টিগোচৰ নোহোৱাকৈয়ে ধ্বংসস্তুপত পৰিণত হ'ল C/2019 Y4 নামৰ ধুমকেতুটো।

কিন্তু আগ্ৰহী সকলৰ বাবে আন এটা ভাল খৱৰ আছে। ২০২০ চনৰ ১১ এপ্ৰিলৰ দিনা নাছাৰ Solar and Heliospheric Observatory, বা চমুকৈ SOHOৰ শক্তিশালী SWAN (Solar Wind Anisotropies instrument) নামৰ কেমেৰাই পঠিওৱা তথ্যসমূহৰ বিশ্লেষণ কৰাৰ দ্বায়িত্বত আছিল অষ্ট্ৰেলিয়াৰ জ্যোতিৰ্বিজ্ঞানী মাইকেল মেটিয়াযো। তথ্যসমূহৰ বিশ্লেষণত মেটিয়াযোৱে দেখা পাালে যে সূৰ্যৰ কক্ষপথেদি এটা অচিনাক্ত পোহৰৰ উৎস ধাৱমান হৈ আছে। অধিক গৱেষণাৰ অন্তত তেওঁ যোৱা ২৫ মাৰ্চত ঘোষণা কৰে যে এই চলমান পোহৰৰ উৎসটো এটা ধুমকেতুৰ বাহিৰে আন একো নহয়। SOHOৰ শক্তিশালী কেমেৰা SWANৰ নাম অনুসৰি এই ধুমকেতুটোৰ নাম ৰখা হয় C/2020 F8 বা SWAN" ধুমকেতু।

সেই সময়ত C/2020 F8 (SWAN) নামৰ ধুমকেতুটো পৃথিৱীৰ পৰা 1.1 AU বা 16 কৌটি কিমি দূৰত অৱস্থিত আছিল আৰু দক্ষিণ গোলাৰ্ধৰ পৰা টেলিস্কোপেৰে দেখা পোৱাও গৈছিল। বিজ্ঞানীসকলৰ মতে চলিত মে মাহৰ দ্বিতীয় সপ্তাহত পৃথিৱীৰ পৰা এই ধুমকেতুটো খালী চকুৰেই দেখা পোৱা যাব। অৱশ্যে বাইনোকুলাৰৰ সহায় ল'লে অধিক পৰিষ্কাৰ কৈ ধৰা দিব নীলা ৰঙৰ নেজযুক্ত ধুমকেতুটোৱে।

মাৰ্চ মাহৰ শেষৰ পিনে আকাশত ধুমকেতুটোৰ অৱস্থান আছিল Piscis নক্ষত্ৰপূঞ্জ বা মীনৰাশিৰ মূল নক্ষত্ৰ ফোমালহাটৰ ওচৰত। বৰ্তমান এই  ধুমকেতুটো মেষ ৰাশি আৰু পৰশু মেঘ বা Perseus cloudৰ সমীপেৰে সূৰ্যৰ চৌদিশে কক্ষপথত অগ্ৰসৰ হৈ আছে। 

বিজ্ঞানীসকলৰ গণনা অনুসৰি C/2020 F8 (SWAN) ধুমকেতুটো অহা ১৩ মেৰ দিনা পৃথিৱীৰ কক্ষপথৰ নিকটতম দূৰত্বত অৱস্থান কৰিব অৰ্থাৎ আমাৰ পৰা মাত্ৰ ৬.৪ কৌটি কিমি দূৰত্বৰে সূৰ্যৰ চাৰিওদিশৰ কক্ষপথেৰে অগ্ৰসৰ হ'ব। পৰৱৰ্তী সময়ত অৰ্থাৎ ২৭ মেত ই পৃথিৱীৰ পৰা ক্ৰমে দূৰলৈ গুছি যাবলৈ আৰম্ভ কৰিব। সেয়েহে ১৩ মেৰ পৰা ২৭ মে লৈ এই ধুমকেতুটো পৃথিৱীৰ পৰা খালী চকুৰেই দেখা পোৱা যাব। অৱশ্যে তাৰ বাবে আমাক লাগিব এখন পৰিষ্কাৰ, অন্ধকাৰ আৰু মেঘহীন আকাশ। উল্লেখযোগ্য যে এই ধুমকেতুটো দক্ষিণ গোলাৰ্ধৰ পৰা অধিক পৰিষ্কাৰ ৰূপত দেখা যাব। এতিয়া অপেক্ষা মে মাহৰ ১৩ তাৰিখলৈ।

Wednesday, 29 April 2020

সুৰুজৰ বুকুৰ বৰষুণ এজাক


বৰষুণ শব্দটোৰ মাজত লুকাই থাকে এক সুকীয়া মাদকতা। আকাশৰ বুকুৰ পৰা টোপা টোপে নামি অহা বৰষুণৰ টোপালবোৰে শুকান ধৰাৰ বুকুত জীৱনৰ ছৱি আঁকে। বৰষুণক লৈ কবিয়ে কবিতা ৰচে, চিত্ৰশিল্পীৰ তুলিকাত বৰষুণৰ টোপালে কথা কয়। টোপা টোপে সৰি পৰা বৰষুণৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ বাবে প্ৰিয়জনৰ সতে একান্তভাবে বৰষুণত অলপ তিতাৰ আমেজ লোৱাৰ মাদকতাই সুকীয়া।

সাধাৰণভাবে ক'বলৈ হ'লে, ভূপৃষ্ঠৰ পানী সুৰুজৰ তাপত বাষ্পীভূত হৈ আকাশৰ মেঘলৈ পৰিণত হোৱাৰ পিছত ঘণীভৱনৰ প্ৰক্ৰিয়াৰে বৰষুণ ৰূপে পুনৰ ভূপৃষ্ঠলৈ আপতিত হয়। কিন্তু এবাৰ চিন্তা কৰকচোন, প্রায় ৪০ হাজাৰ ডিগ্রী ছেলছিয়াচ উষ্ণতাৰ কোনো  স্থানত বাৰু এজাক বৰষুণ সম্ভৱ নে? হয়, থিকেই ভাবিছে, আমি সূর্যৰ কথাই ক'বলৈ ওলাইছো। সূৰ্যৰ বুকুত জানো পানী আছে? তেন্তে কিদৰে বাৰু সম্ভৱ হ'ব পাৰে সুৰুজৰ বুকুত সপোনৰ বৰষুণ এজাক?

মূলত হাইড্ৰ'জেন আৰু হিলিয়াম গেছেৰে পৰিপূৰ্ণ হৈ থকা আমাৰ সূর্যটো হ'ল সৌৰজগতৰ সবাতোকৈ বিশাল গোলাকাৰ মহাজাগতিক পদাৰ্থ। সূৰ্যৰ আভ্যন্তৰত অবিৰাম ভাবে সংঘটিত হৈ থকা ফিউচন বা নিউক্লীয় সংযোজন বিক্রিয়াৰ ফলত হাইড্র'জেন পৰমাণুবোৰ ক্ৰমে হিলিয়ামলৈ ৰূপান্তৰ হৈ আছে। যাৰ ফলত সূৰ্যৰ কেন্দ্ৰভাগত সৃষ্টি হৈছে অত্যাধিক তাপশক্তি। এই তাপশক্তিয়ে সূৰ্যৰ বুকুত থকা সকলোবোৰ গেছকেই প্লাজমা অৱস্থালৈ পৰিণত কৰিছে। প্লাজমা হ'ল আয়নিত অৱস্থাত থকা অতি উত্তপ্ত মুক্ত গেছ। যিহেতু প্লাজমাবোৰ আয়নিত গেছ, সেয়ে সূর্যৰ অতি শক্তিশালী চুম্বকীয় ক্ষেত্ৰখনে প্লাজমা গেছসমূহক যথেষ্ঠ ভাৱে প্রভাবিত কৰে। আয়নিত প্লাজমা গেছবোৰৰ অত্যাধিক তাপমাত্রাৰ বাবে প্লাজমা গেছৰ ঘনত্বও অতি নগণ্য আৰু তাৰ ফল স্বৰূপে এই প্লাজমা গেছসমূহ সূর্যপৃষ্ঠৰ পৰা যথেষ্ঠ ওপৰতেই অৱস্থান কৰে।

এই গেছবোৰ কিন্তু সূৰ্যপৃষ্ঠৰ উপৰিভাগত থিৰে থাকিব নোৱাৰে। কাৰণ সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰৰ লগতে সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত এই প্লাজমা গেছসমূহ সূৰ্যৰ বুকুলৈ আকৰ্ষিত হয়। সূৰ্যৰ চুম্বকীয় ক্ষেত্ৰত থকা এই প্লাজমা গেছৰ অৱস্থানো সূর্যপৃষ্ঠৰ পৰা বহুত ওপৰত হোৱা বাবে সেই স্থানত তাপমাত্রাও যথেষ্ঠ কম। ফলত আপেক্ষিক ভাবে শীতল এই প্লাজমা গেছবোৰ পুণৰায় সূর্যৰ পৃষ্ঠলৈ নামি আহে যেন সুৰুজৰ বুকুত প্লাজমা গেছৰ এজাক বৰষুণহে ! আনহাতে সূৰ্যৰ পৃষ্ঠত পৰাৰ লগে লগেই পুনৰ উত্তপ্ত হৈ তড়িৎ গতিত ওপৰলৈ উঠি যায়। এনেদৰেই সূৰ্যৰ বুকুত অবিৰত ভাবে প্লাজমা গেছৰ বৰষুণ হয়। 

নাছাৰ গৱেষক বিজ্ঞানী এমিলি মেছনে (Emily Mason) সর্বপ্রথম এই পৰিঘটনাটো লক্ষ্য কৰিছিল। তেখেতৰ মতে, সূর্যৰ অভ্যন্তৰত কেইবা মিলিয়ন ডিগ্রী তাপমাত্রা থাকিলেও সূৰ্যৰ মেগনেটিক ফিল্ড বা চুম্বকীয় ক্ষেত্ৰত তাপমাত্রা ছয় হাজাৰ ডিগ্রী মানহে। ফলত সূৰ্যৰ ফিউচন বিক্রিয়াত উৎপন্ন হোৱা তাপশক্তিৰ এনট্ৰপিৰ সঘন পৰিবর্তন হৈ থাকে। তাৰ ফলশ্ৰুতিত সূৰ্যৰ পৃষ্ঠখন সদায় অশান্ত আৰু অনবৰত প্লাজমাৰ অতি উত্তপ্ত গেছীয় বৰষুণ এজাকে সুৰুজক সদায়ে বুৰাই ৰাখে।

Thursday, 23 April 2020

সময় কিয় সদায় আগলৈ যায়



এখন পৃথিৱী কল্পনা কৰকচোন, য'ত সময়ে আগলৈ গতি কৰাৰ সলনি পিছুৱাই যায়। ঘড়ীৰ কাটাবোৰ অবিৰাম বিপৰীত দিশত ঘূৰে। মানুহবোৰ প্ৰাপ্তবয়স্ক অৱস্থাত জন্ম হৈ ধীৰে ধীৰে যৌৱনপ্ৰাপ্ত হয় আৰু ক্ৰমান্বয়ে তেওঁলোকৰ বয়স কমি কমি এসময়ত একোটি শিশুলৈ পৰিণত হয়। এৰা, আমাৰ পৃথিৱীখনতো এনেবোৰ অদ্ভুত ঘটনাই সম্ভৱ হৈ উঠিলহেতেন, যদিহে সময় আগলৈ যোৱাৰ সলনি পিছুৱাই গ'লহেতেন। কিন্তু সময় সদায় আগলৈহে যায় কিয়? কিহৰ বাবে বাৰু সময়ে পিছলৈ খোজ নলয়?

পদার্থবিজ্ঞানৰ প্রতিটি সূত্রই সময়ৰ লগত সাঙোৰ খাই আছে। অর্থাৎ এই সূত্ৰবোৰ সময়ৰ অগ্ৰগতিৰ লগত সম্পৰ্কিত। বিজ্ঞানৰ এটি সূত্রৰ কথা ক'ব বিচাৰিছোঁ - তাপগতিবিদ্যাৰ দ্বিতীয় সূত্র। সহজ ভাষাত এই সূত্রটোৰ মূল কথাখিনি হ'ল সময়ৰ লগত জড়িত হৈ ব্ৰহ্মাণ্ডৰ সকলোবোৰেই এক স্বাভাবিক সুশৃঙ্খল অৱস্থাৰ পৰা আন এক বিশৃঙ্খল অৱস্থালৈ গৈ আছে। বিশ্বব্ৰহ্মাণ্ডৰ এই বিশৃঙ্খল অৱস্থাকেই "এনট্রপি" বুলি কোৱা হয়।

যদি আমি কোনো এটা তন্ত্ৰৰ পৰা শক্তি ব্যৱহাৰ কৰি কিবা এটা কাম কৰো তেনেক্ষেত্ৰত কিন্তু আমি কেতিয়াও তন্ত্ৰটোৰ পৰা লোৱা সম্পূৰ্ণ শক্তিখিনি কাৰ্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰিম। কিয়নো কিছু পৰিমানৰ শক্তি পৰিবেশ অথবা তন্ত্ৰটোৱে শোষণ কৰি ৰাখিব। এই শোষিত শক্তিৰ পৰিমাণটোৱেই হৈছে "এনট্রপি"। অর্থাৎ এই পৰিঘটনাটো যিহেতু এক বিশৃঙ্খলতা, সেয়ে এই বিশৃঙ্খল অৱস্থাৰ পৰিমাপেই হৈছে এনট্রপি।

এটা উদাহৰণ লোৱা যাওঁক। ধৰা হ'ল এটি বন্ধ পাত্ৰৰ ভিতৰত এবিধ নির্দিষ্ট প্রকাৰৰ গেছ ভৰাই থ'ব লাগে। তাৰবাবে সেই বন্ধ পাত্ৰটোৰ ভিতৰৰ এটি নিৰ্দিষ্ট কোণত বিশেষভাবে গেছটোৰ অনুবোৰ ৰখা হ'ল। সেই বিশেষ সময়চোৱাত পাত্ৰটোৰ ভিতৰত এক সুশৃঙ্খল অৱস্থা বিৰাজমান। এতিয়া যদি পাত্ৰটো এইদৰেই কিছুসময় ৰাখি থোৱা হয়, তেন্তে গেছৰ স্বাভাবিক ধর্ম অনুযায়ী, সময় আগবঢ়াৰ লগে লগে গেছটোৰ অনুবোৰ ধীৰে ধীৰে সমগ্র পাত্ৰটোৰ ভিতৰত বিস্তাৰিত হৈ পৰিব। অর্থাৎ সুশৃঙ্খল অৱস্থাত থকা পাত্ৰটোৰ ভিতৰখন ক্ৰমে বিশৃঙ্খল অৱস্থালৈ গতি কৰিব। আমি যদি গেছৰ অনুবোৰ পাত্ৰটোৰ ভিতৰৰ সেই নিৰ্দিষ্ট কোণটোলৈ ঘূৰাই আনিব বিচাৰো, অৰ্থাৎ বিশৃঙ্খল অৱস্থাৰ পৰা পুনৰ সুশৃঙ্খল অৱস্থালৈ আনিব বিচাৰো, তেন্তে আমি বাহিৰৰ পৰা শক্তি প্রয়োগ কৰিব লাগিব। অন্যথা পুনৰ সুশৃঙ্খল অৱস্থালৈ ঘূৰি অহাতো অসম্ভৱ। অর্থাৎ সময়ৰ লগে লগে পাত্ৰটোৰ ভিতৰৰ পৰিবেশৰ দৰেই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডতেই সুশৃঙ্খল অৱস্থাবোৰ ক্ৰমান্বয়ে বিশৃঙ্খল অবস্থাৰ দিশে গতি কৰি আছে। এনেদৰে পাত্ৰটোৰ ভিতৰত এনট্রপি বৃদ্ধি পাইছে। মহাবিশ্বতো থিক এনেদৰেই প্রতিনিয়তভাবে এনট্রপিৰ মান বাঢ়ি গৈ আছে অর্থাৎ সকলোবোৰ স্বাভাবিক অৱস্থাই ক্ৰমে ক্ৰমে বিশৃঙ্খল অৱস্থাৰ দিশলৈ ধাবিত হৈ আহিছে অহৰহ। যিহেতু সময়ৰ লগতে এনট্রপিও এনে  বিশৃঙ্খলতাৰেই এক পৰিমাপ, সেয়ে এনট্রপিয়েই সময়ৰ গতিৰ দিশ নিৰ্ধাৰণ কৰে। সময়ৰ গতিৰ দিশ বুজিবলৈ এনট্রপি এটি সুন্দৰ উপস্থাপন।

কিন্তু এনেদৰে সদায়ে আগলৈ গতি কৰা সময়ৰ আৰম্ভণি ক'ত? এই প্রশ্নৰ উত্তৰো এনট্রপিয়েই দিব পাৰে। যেতিয়া মহাবিশ্বৰ এনট্রপিৰ মান শূণ্য আছিল অর্থাৎ সৃষ্টিৰ পাতনিতেই বিগ বেং নামৰ এক মহাবিষ্ফোৰণ হৈছিল, ঠিক তেতিয়াৰ পৰাই সময়ে জন্ম হৈ গতি কৰিবলৈ লয়। সেই তেতিয়াৰ পৰা আজিলৈকে সময়ে কেৱল সন্মুখলৈ গতি কৰি আহিছে আৰু সময়ৰ লগে লগে মহাবিশ্বখনো সম্প্রসাৰিত হৈ আহিছে। এই সময়ৰ জন্ম হৈছিল আজিৰ পৰা ১৩.৮ বিলিয়ন বছৰ আগতে থিক বিগ বেং নামৰ মহাবিষ্ফোৰণটোৰ লগে লগে।

যিহেতু সময়ৰ জন্ম হৈছিল, স্বাভাৱিকতেই এটা প্রশ্ন উদয় হয় – সময়ৰ মৃত্যু হ'বনে? অথবা স্থবিৰ হৈ পৰিব নেকি সময়? অথবা সময়ে ওলোটাকৈ বাট বুলিব নেকি কাহানিবা ? সাধাৰণভাবে আমি ক'ব পাৰো যে যেতিয়াই মহাবিশ্বৰ এনট্রপিয়ে চূড়ান্ত মান গ্রহণ কৰিব অর্থাৎ মহাবিশ্বত যেতিয়াই সর্বোচ্চ বিশৃঙ্খল অৱস্থা আহি পৰিব, তেতিয়াই সময় স্থিৰ হৈ পৰিব। মৃত্যু হ'ব সময়ৰ !! কিন্তু কেতিয়া ??

এইটো নিৰ্ভৰ কৰিব "ডাৰ্ক এনাৰ্জি" বা অজ্ঞাত শক্তিৰ ওপৰত। আমাৰ তাৰকাৰাজ্যবোৰৰ প্রধান এক সাংগঠনিক উপাদানেই হ'ল এই ডার্ক এনার্জিবোৰ। এই ডার্ক এনার্জিৰ পৰিমাণো প্রতিনিয়তভাবে বাঢ়ি আছে। এই হাৰত বাঢ়ি থাকিলে অদূৰ ভৱিষ্যতে এনে এটা দিন আহিব, যিদিনা এই মহাবিশ্বখন ছিন্ন-বিচ্ছিন্ন হৈ যাব আন এক বিষ্ফোৰণত। এই সাম্ভাব্য বিষ্ফোৰণটোক বিজ্ঞানীসকলে নামাকৰণ কৰিছে "বিগ ৰিপ" বুলি। আনহাতে ডার্ক এনার্জিৰ পৰিমাণ যদি কোনো কাৰণত কমি যায় আৰু প্ৰায় শূণ্য হয়, তেন্তে বিগ বেঙৰ বিপৰীত অৰ্থাৎ "বিগ ক্রাঞ্চ"ত পতিত হৈ মহাবিশ্বখন পুণৰ অদৃশ্য হৈ পৰিব। বিজ্ঞানীসকলৰ মতে এনে হ'বও পাৰে যে বিশ্বব্ৰহ্মাণ্ডখন আজীৱন সম্প্রসাৰিত হৈয়েই  থাকিব আৰু ডার্ক এনার্জিৰ কিছু বিশেষ বৈশিষ্ট্যৰ বাবে আমাৰ ব্ৰহ্মাণ্ডখনৰ মৃত্যু ঘটিব আৰু আন এটি নতুন বিগ বেং সংঘটিত হৈ জন্ম হ'ব এখন নতুন ব্ৰহ্মাণ্ডৰ, য'ত আমাৰ এইখন ব্ৰহ্মাণ্ডৰ পৰিচিত সময়ে পুণৰ জনম ল'ব।

সময়ৰ শেষ পৰিণতি কি হ'ব - সেই বিষয়ে খাটাংকৈ সিদিনাহে ক'ব পৰা যাব, যিদিনা আমি ডাৰ্ক এনাৰ্জিক বুজি পাম। অন্ততঃ তেতিয়ালৈ আমি এইটোৱেই মানি লৈছো যে সময় কেতিয়াও পিছুৱাই নাহে বৰং আগলৈহে যায়। সময়ৰ টিকনিডাল আগফালে উৰে। পিছে সময়ৰ এই সম্মুখ যাত্রা কেতিয়াবা শেষ হ'ব নে -  তাৰ উত্তৰটো কিন্তু সময়েহে দিব পাৰিব।

Thursday, 28 November 2019

The Cosmic Kiss


The evening sky is spectacular nowadays. The two brightest planets of our solar system Venus and Jupiter have been close together in the south-west sky just after the sunset. Their conjunction was in the sky since November 24, 2019. But, today the crescent moon has added more beauty to this conjugation. Though the moon will be moving away from this conjugation from tomorrow, It’s not too late to see the two planets at their closest position. To maximize your enjoyment of these dazzling worlds be sure to find an unobstructed South-west horizon just after the sunset.

This is a Cell Phone click taken taken by me at Tangla this evening at 5:30 pm.

Wednesday, 6 November 2019

হাতীপটিৰ পলাতক নক্ষত্ৰবোৰ


সূৰ্যকে ধৰি প্ৰায় 100 কৌটি নক্ষত্ৰ, সমসংখ্যক গ্ৰহ-উপগ্ৰহ, ধুমকেতু, উল্কাপিণ্ড আদিৰ বাসস্থান হ'ল আমাৰ এই হাতীপটি তাৰকাৰাজ্য। এইবোৰৰ প্ৰতিটোৱেই হাতীপটিৰ প্ৰচণ্ড মহাকৰ্ষণ বলৰ প্ৰভাৱত হাতীপটিৰ কেন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। ক'তো হেৰফেৰ নাই। সকলোৱেই মানি চলিছে মহাবিশ্বৰ নিয়মবোৰ। তাৰ মাজতেই হাতীপটিৰ বুকুত নিতৌ জন্ম হৈছে নতুন নতুন তৰা আৰু তেনেকৈয়ে প্ৰতিনিয়তভাৱে মৃত্যুমুখত পৰি আহিছে  হাতীপটিৰ স্তিমিত বৃদ্ধ তৰাবোৰ।

কিন্তু শেহতীয়াকৈ বিজ্ঞানী সকলে আৱিষ্কাৰ কৰিছে যে সকলো নীতি নিয়মক জলাঞ্জলি দি হতীপটিৰ একো একোটা তজবজীয়া তেজাল নক্ষত্ৰই তীব্ৰবেগে ঢাপলি মেলিছে কোনো অজানতিমুলুকলৈ। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে কেতবোৰ পলাতক নক্ষত্ৰ, যিবোৰে হাতীপটিৰ প্ৰচণ্ড মহাকৰ্ষণ বলকো নেওচি ক্ৰমে আঁতৰি যাবলৈ ধৰিছে হাতীপটিৰ পৰা কোনো এক অজান দেশলৈ !

বিজ্ঞানী সকলৰ দৃষ্টিত বৰ্তমানলৈ 20 এনে পলাতক নক্ষত্ৰ ধৰা পৰিছে। তাৰ ভিতৰত তেওঁলোকে সাতটা এনে পলাতক নক্ষত্ৰৰ বিষয়ে অধ্যয়ন কৰিছে। তাৰ ভিতৰত তিনিটা বিশেষ ভাৱে উল্ল্যখযোগ্য পলাতক নক্ষত্ৰ হ'ল: 2005 চনত আৱিষ্কৃত নক্ষত্ৰ HE- 0437-5439, 2008 চনত আৱিষ্কৃত নক্ষত্ৰ HD-271791 আৰু 2014 চনত আৱিষ্কৃত LAMOST-HVS1

1988 চনত এনে পলাতক নক্ষত্ৰবোৰৰ বিষয়ে পোন প্ৰথমে Jack G. Hills নামৰ এজন বিজ্ঞানীয়ে তথ্য দিছিল। এই পলাতক নক্ষত্ৰবোৰৰ প্ৰতিটোৱেই আমাৰ সূৰ্যতকৈ 10 ৰ পৰা 18 গুণে ডাঙৰ, উত্তপ্ত আৰু উজ্জ্বল। পিছে এয়া সম্ভৱ হ'ল কেনেকৈ যাৰ বাবে এনে বিশালকায় নক্ষত্ৰবোৰ আমাৰ হাতীপটিৰ পৰা ক্ৰমে তীব্ৰবেগে আঁতৰি যাবলৈ ধৰিছে ? বিজ্ঞানী সকলৰ মতে এইটো এটা স্বাভাৱিক ঘটনা আৰু প্ৰতি 50,000ৰ পৰা 100,000 বছৰৰ মূৰত গড়ে এটা বা দুটা এনে পলাতক নক্ষত্ৰই হাতীপটিৰ পৰা বিদায় লয়।

হাতীপটিৰ কেন্দ্রভাগত এটা অতিবৃহৎ "ব্লেক-হোল" থকা বুলি বিজ্ঞানী সকলে ঘোষণা কৰিছে। এই ব্লেক-হোলটোৰ প্ৰচণ্ড মহাকৰ্ষণ বলৰ প্ৰভাৱত হাতীপটিৰ কেন্দ্রভাগত প্ৰায় 400 কৌটি সূৰ্যৰ সমান ভৰ কেন্দ্ৰীভূত হৈ আছে। আনহাতে হাতীপটিৰ চাৰিওফালে অদৃশ্য পদাৰ্থৰ এটা পটী বা বলয়ো আছে। হাতীপটিৰ কেন্দ্রভাগত থকা ব্লেক-হোলৰ প্ৰচণ্ড মহাকৰ্ষণৰ প্ৰভাৱত হাতীপটিৰ তৰাবোৰ ত্বৰিত হয় ফলত এই তৰাবোৰৰ কক্ষীয় বেগ ক্ৰমে বৃদ্ধি হ'বলৈ ধৰে। এনেদৰে কক্ষবেগ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ ফলত নিৰ্দিষ্ট তৰাটো প্ৰচণ্ড বেগেৰে হাতীপটিৰ পৰা ক্ৰমে দূৰলৈ যাবলৈ আৰম্ভ কৰে।

কক্ষবেগ বৃদ্ধি হোৱা এনে একোটা তৰাৰ বেগ প্ৰতি ঘণ্টাত 1.15 মিলিয়ন কি.মি.ৰ পৰা 1.8 মিলিয়ন কি.মি পৰ্যন্ত হ'ব পাৰে ! এই অসাধাৰণ বেগত হাতীপটিৰ পৰা পলায়ন কৰা HE 0437-5439 নামৰ নক্ষত্ৰটো ইতিমধ্যে হাতীপটিৰ কেন্দ্ৰৰ পৰা 2,00,000 আলোকবৰ্ষ দূৰলৈ আঁতৰি গৈছে। উল্লেখযোগ্য যে হাতীপটিৰ ব্যাস 1,00,000 আলোকবৰ্ষ। অৰ্থাৎ HE 0437-5439 নামৰ এই নক্ষত্ৰটোৱে ইতিমধ্যে হাতীপটিৰ মহাকৰ্ষণ অতিক্ৰম কৰি অকল্পনীয় দূৰৰ এক অজান জগতত পৰিভ্ৰমণ কৰি আছে।


বিজ্ঞানীসকলে যে হাতীপটি এৰি আঁতৰি যোৱা নক্ষত্ৰহে ধৰা পেলাইছে, এনে নহয়। তেওঁলোকে শেহতীয়াকৈ আন সাতটা তৰা ধৰা পেলাইছে যি কেইটা অন্য তাৰকাৰাজ্যৰ পৰা ছিটিকি ওলাই আহি অনাই বনাই ঘূৰি ফুৰোতে হাতীপটিৰ মহাকৰ্ষণ ক্ষেত্ৰত প্ৰৱেশ কৰিছে আৰু প্ৰচণ্ড বেগেৰে আমাৰ হাতীপটি তাৰকাৰাজ্যলৈ অগ্ৰসৰ হৈছে আৰু আজিৰ পৰা ২০০০ বা ৩০০০ বছৰ পিছত এই তৰাবোৰ আমাৰ হাতীপটিৰ বাসিন্দা হ'ব। বিজ্ঞানীসকলে অনুমান কৰিছে এই তৰা কেইটাও নিজৰ তাৰকাৰাজ্যৰ কোনো ব্লেক-হোলৰ অত্যাচাৰত পৰি নিজৰ কক্ষীয় গতিবেগ বৃদ্ধি কৰিব লগা হৈছিল আৰু তাৰেই ফলশ্ৰুতিত দিকভ্ৰান্ত হৈ মহাবিশ্বৰ বুকুত ছিটিকি পৰিছিল।