মনৰ ভিতৰত ইষ্ট দেৱতাৰ নাম জপ কৰি, অপৰিসীম জড়তা আৰু শংকা লৈ মই অতি সসংকোচে, চুচুক-চামাককৈ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় গণেশ্বৰ চহৰীয়া চাৰৰ কোঠাত উপস্থিত হ’লোঁহি। অধ্যক্ষ মহোদয়ৰ মেজৰ সন্মুখত থিয় হৈ অত্যন্ত বিনম্ৰতাৰে মোৰ "জইনিং লেটাৰ"খন তেখেতৰ হাতত তুলি দিলোঁ। পত্ৰখন গ্ৰহণ কৰি অধ্যক্ষ মহোদয়ে মেজত থকা কলিং বেলটো টিপি দিলে। নিমিষতে কোঠালৈ সোমাই অহা পিয়নজনক তেখেতে নিৰ্দেশ দিলে মোক শিক্ষকৰ জিৰণি কোঠালৈ লৈ যাবলৈ।
পিয়নজনৰ পিছে পিছে গৈ যেতিয়া জিৰণি কোঠাত প্ৰৱেশ কৰিলোঁ, তাত উপস্থিত জ্যেষ্ঠ আৰু অভিজ্ঞ অধ্যাপকসকলৰ সৈতে এক চমু চা-চিনাকি পৰ্ব অনুষ্ঠিত হ’ল। সহকৰ্মীসকলৰ আন্তৰিক আৰু উষ্ম আদৰণিয়ে মোৰ বুকুৰ ভিতৰত চলি থকা প্ৰচণ্ড ধপধপনিটো কিছু পৰিমাণে শান্ত কৰিলে; লাহে লাহে মই যেন হেৰাই যোৱা সাহসকণ অকণমান ঘূৰাই পোৱাৰ দৰে অনুভৱ কৰিলোঁ। কিন্তু সেই সকাহ আছিল অতি ক্ষণিকৰ। কেইটামান মুহূৰ্তৰ পিছতেই পৰৱৰ্তী শ্ৰেণীৰ ঘণ্টা বাজি উঠিল। এইবাৰ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ উপাধ্যক্ষ মহোদয় উপেন দাস চাৰে মোক আনুষ্ঠানিকভাৱে আগবঢ়াই লৈ গ’ল মোৰ বাবে নিৰ্ধাৰিত শ্ৰেণীকোঠাটোলৈ বুলি। দীঘল পকী বাৰান্দাখনেৰে আমি খোজ কাঢ়ি আগবাঢ়িছিলোঁ। উপাধ্যক্ষ মহোদয়ে খোজৰ তালে তালে মোক মোৰ শিক্ষক জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জনোৱাৰ উপৰিও মহাবিদ্যালয়খনৰ নিয়ম-নীতি সম্পৰ্কে বহুতো দিহা-পৰামৰ্শ দি গৈছিল। কিন্তু সেই সময়ত মোৰ মুখৰ পৰা কোনো মাত-বোল ওলোৱা নাছিল; মোৰ ওঁঠ দুখন যেন সম্পূৰ্ণ শুকাই গৈছিল!
মোৰ মনৰ মাজত তেতিয়া এনে এক অদ্ভুত ভাবৰ উদয় হৈছিল—যেন মই এগৰাকী শিক্ষক হিচাপে শ্ৰেণীকোঠাত সোমাবলৈ যোৱা নাই; বৰং পৰীক্ষামূলকভাৱে মহাকাশলৈ উৎক্ষেপণ কৰিবলৈ এইমাত্ৰ সাজু কৰি উলিওৱা কোনো এখন জটিল মহাকাশযানৰ একমাত্ৰ অনভিজ্ঞ, অপৈণত মহাকাশচাৰীজনহে হ’বলৈ ওলাইছোঁ! মোৰ মূৰটো যেন হঠাতে এক এমোনমান ওজনৰ এটি দাঙিব নোৱাৰা গধুৰ বস্তালৈ ৰূপান্তৰিত হৈ পৰিছিল! মোৰ প্ৰতিটো কম্পিত খোজত মই স্পষ্টকৈ অনুভৱ কৰিছিলোঁ—মোৰ সমগ্ৰ শৰীৰৰ শিৰা-উপশিৰাবোৰৰ মাজেৰে বিজুলী সঞ্চাৰে বৈ গৈছিল উত্তপ্ত ৰক্তস্ৰোত!
উদ্বেগ আৰু উৎকণ্ঠাৰ চৰম শিখৰত উপনীত হৈ কোন মুহূৰ্তত যে গৈ শ্ৰেণীকোঠাৰ দুৱাৰমুখ পালোহি, মই তলকিব নোৱাৰিলোঁ। উপাধ্যক্ষ মহোদয় আঁতৰি যোৱাৰ পিছত মই শ্ৰেণীকোঠাটোৰ ভিতৰলৈ খোজ দিলোঁ। ভিতৰত সোমায়েই দেখিলোঁ—প্ৰায় পঞ্চাশ-ষাঠীজনমান তৰুণ ছাত্ৰ-ছাত্ৰীয়ে একেথৰে মোৰ পিনে এনেদৰে দৃষ্টি নিক্ষেপ কৰি চালে, যেন মই কোনো এজন নতুন শিক্ষক নহওঁ; বৰং পৰীক্ষাগাৰৰ পৰা ওলাই অহা কোনোবা এক নতুন প্ৰজাতিৰ জীৱবিজ্ঞানৰ বিৰল নমুনা এটাহে!
তেওঁলোকৰ কিছুমানৰ চকুত আছিল নতুন শিক্ষকজনক লৈ অপৰিসীম কৌতূহল, কিছুমানৰ ওঁঠৰ কোণত মিচিকিয়া হাঁহি, আৰু আন কিছুমান আকৌ আছিল সম্পূৰ্ণ নিৰ্বিকাৰ।
মই নিজকে যথাসম্ভৱ সংযত কৰি, অত্যন্ত গাম্ভীৰ্যপূৰ্ণ ভংগীমাৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰথম সম্ভাষণ জনাবলৈ মুখৰ মাতটো উলিয়াবলৈ আপ্রাণ চেষ্টা কৰিলোঁ। কিন্তু হায়! মোৰ ডিঙিটোৱে সেই সংকটকালত চৰম বিশ্বাসঘাটকতা কৰিলে। ডিঙিৰ পৰা কোনো গম্ভীৰ কণ্ঠ ওলোৱাৰ পৰিৱৰ্তে, এক ফটা বাঁহীৰ কৰ্কশ সুৰৰ দৰে মাত ওলাই আহিল— "Good Morning. Please sit down."
মোৰ সেই অপ্ৰত্যাশিত আৰু ভগা মাতটো শুনাৰ লগে লগে সমগ্ৰ শ্ৰেণীকোঠাটো এক প্ৰচণ্ড হাঁহিৰ গিৰ্জনিৰে মুখৰিত হৈ পৰিল! ছাত্ৰ-ছাত্ৰীসকলৰ হাঁহিৰ সেই প্ৰতিধ্বনিয়ে মোৰ বুকুৰ কঁপনিটো যেন আৰু হাজাৰ গুণ বৃদ্ধি কৰি দিলে। লাজ আৰু অস্বস্তিক কোনোমতে ঢাকি ৰাখি, মই অতি চমুকৈ নিজৰ পৰিচয়টো তেওঁলোকৰ আগত দাঙি ধৰিলোঁ। তাৰ পিছত সমস্ত মনোবল একত্ৰিত কৰি শিক্ষকৰ টেবুলৰ পৰা এডাল বগা চক পেঞ্চিল হাতত তুলি ল’লোঁহে মাথোন—কঁপি থকা হাতৰ আঙুলিৰ ফাঁকেৰে কেনেকৈ যে পিছলি গৈ চক পেঞ্চিলডাল চিমেণ্টৰ মজিয়াত পৰি মুহূৰ্ততে দুটুকুৰা হৈ ভাঙি গ’ল! সেই চৰম অপ্ৰস্তুত মুহূৰ্তটোত মাটিত পৰি দুটুকুৰা হোৱা চক পেঞ্চিলডালেও যেন মোৰ ভগ্ন আৰু চূৰ্ণ-বিচূৰ্ণ আত্মবিশ্বাসৰ এখন জীৱন্ত প্ৰতিচ্ছবিহে দাঙি ধৰিলে!
কিন্তু সেই সংকটৰ মুহূৰ্ততেই মোৰ ভিতৰৰ সুপ্ত সত্তাটো সজাগ হৈ উঠিল। মুহূৰ্তৰ ভিতৰতে মই নিজকে সহজ আৰু সুস্থিৰ কৰিবলৈ আপ্রাণ যত্ন কৰিলোঁ। মই মোৰ অন্তৰাত্মাক কঠোৰভাৱে সকীয়াই দিলোঁ—এই মাটিত পৰি দুটুকুৰা হোৱা চক পেঞ্চিলডালে আচলতে মোক নীৰৱে এক মহৎ শিক্ষা দি এইদৰেহে কৈ উঠিছে—“এই সন্মুখত বহি থকা কোমলমতি কিশোৰ-কিশোৰীসকলেই হ’ল দেশ আৰু জাতিৰ ভৱিষ্যত। তেওঁলোকৰ জীৱনক সঠিক পথৰ সন্ধান দিবলৈহে তুমি আজি এই পৱিত্ৰ বেদীত ভৰি দিছা। প্ৰথম দিনৰ এই ভয় আৰু কম্পিত অনুভূতিবোৰক যদি তুমি অপৰাজেয় আত্মবিশ্বাস আৰু অনুপ্ৰেৰণাৰে সজাই-পৰাই ল’ব নোৱাৰা, তেন্তে তুমি জীৱনত কেতিয়াও এগৰাকী প্ৰকৃত শিক্ষক হৈ উঠিব নোৱাৰিবা……”
মই কেইটামান মুহূৰ্ত শ্ৰেণীৰ মাজত সম্পূৰ্ণ নিস্তব্ধ আৰু স্থিৰ হৈ ৰ’লোঁ। তাৰ পিছত এটা দীঘল উশাহ লৈ চকু দুটা মুদি মোৰ আৰাধ্য ইষ্ট-গুৰুক অন্তৰৰ অন্তস্থলৰ পৰা স্মৰণ কৰিলোঁ। সেই ক্ষণত মোৰ চকুৰ সন্মুখত জিলিকি উঠিল শৈশৱৰ পৰা মোক জ্ঞান দিয়া মোৰ প্ৰতিগৰাকী পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ দেৱোপম মুখচ্ছবি। তেখেতসকলে কেনেদৰে অপৰিসীম স্নেহ আৰু আত্মবিশ্বাসেৰে আমাক পাঠদান কৰিছিল! মই মোৰ মনৰ মাজতেই ভক্তিভাৱে আওৰাবলৈ ধৰিলোঁ চিৰন্তন গুৰু বন্দনা— "গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰা; গুৰু সাক্ষাৎ পৰং ব্ৰহ্মা, তস্মৈ শ্ৰী গুৰৱে নমঃ..."। আৰু তাৰ ঠিক পিছতেই আৰম্ভ হ’ল মোৰ জীৱনৰ প্ৰথমটো আনুষ্ঠানিক পাঠদান।
এক অলৌকিক পৰিৱৰ্তন ঘটিল! যিটো শ্ৰেণীকোঠা কেইমিনিটমান পূৰ্বলৈকে মোৰ বাবে আছিল এক চৰম ভয় আৰু শংকাৰ স্থান, সেই একেটা শ্ৰেণীকোঠাই মুহূৰ্তৰ ভিতৰতে জ্ঞান আৰু আনন্দৰ এক অপূৰ্ব মিলনমঞ্চলৈ ৰূপান্তৰিত হৈ পৰিল। মোৰ কণ্ঠলৈ স্বাভাৱিক সাবলীলতা ঘূৰি আহিল, ছাত্ৰ-ছাত্ৰীসকল মোৰ পাঠদানৰ মাজত মন্ত্ৰমুগ্ধ হৈ ডুব গ’ল। আজিও জীৱনৰ এই পৰ্যায়ত উপনীত হৈ যেতিয়া অতীতলৈ ঘূৰি চাওঁ, মোৰ সেই ঐতিহাসিক প্ৰথম দিনটো স্পষ্টকৈ মনত পৰে। সেই প্ৰথম দিনৰ বুকুত সৃষ্টি হোৱা আদিম ভয়, সেই হাত-ভৰিৰ কঁপনি, আৰু সেই যে হাতৰ পৰা খহি পৰি চক পেঞ্চিলডাল মজিয়াত দুটুকুৰা হোৱা সংকটৰ সময়খিনি—সেইবোৰেই আছিল আচলতে মোৰ সুদীৰ্ঘ শিক্ষক জীৱনৰ সোণালী যাত্ৰাটোৰ পোনপ্ৰথম পৃষ্ঠা! মই বিশ্বাস কৰোঁ—সমাজৰ প্ৰতিগৰাকী নমস্য আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ জীৱনতেই তেওঁলোকৰ প্ৰথম দিনটোৰ এনে ভয়, শংকা আৰু উত্তেজনাৰ অপূৰ্ব সংমিশ্ৰণ হৃদয়ৰ কোনোবা এটি নিভৃত কোণত চিৰদিন এক অমূল্য আৰু মিঠা স্মৃতি হৈ জীপাল হৈ ৰয়।
১৯৯৬ চনটো মোৰ বাবে কেৱল মহাবিদ্যালয় আৰু বিদ্যালয়ৰ দুটা সমান্তৰাল শ্ৰেণীকোঠাৰ মাজত অহৰহ দৌৰি ফুৰা এটি কৰ্মময় বছৰেই নাছিল। সেই বছৰটোৰ বুকুত নিয়তিয়ে সংগোপনে সাঁচি ৰাখিছিল মোৰ সমগ্ৰ অস্তিত্বক পূৰ্ণতা প্ৰদান কৰা জীৱনৰ আটাইতকৈ মধুৰ, পৱিত্ৰ আৰু সুদূৰপ্ৰসাৰী মোৰটো। সেয়া আছিল ২৩ জুলাই, ১৯৯৬।শাওনৰ এটি স্নিগ্ধ, স্মৃতি মধুৰ দিনত বৰপেটাৰ ঐতিহ্যমণ্ডিত সংস্কৃতি আৰু স্নিগ্ধতাৰে সমৃদ্ধ অৰ্চনাই মোৰ জীৱনৰ আটাইখিনি শূন্যতা তেওঁৰ উপস্থিতিৰে উজলাই তুলিবলৈ মোৰ হাতত হাত থৈছিল; হৈ পৰিছিল মোৰ চিৰন্তন জীৱনসংগী। যৌৱনৰ প্ৰথম উন্মেষৰ দিনবোৰত মানুহে হয়তো ভাৱে যে পৃথিৱীৰ এই সুবিশাল আৰু দুৰ্গম পথছোৱা কেৱল নিজৰ একক ইচ্ছা, ব্যক্তিগত সপোন আৰু আত্মকেন্দ্ৰিক সিদ্ধান্তৰেই অনায়াসে পাৰ হৈ যাব পাৰি। মইও হয়তো তেতিয়া এই সত্যটোৰ গভীৰতা সম্পূৰ্ণকৈ উপলব্ধি কৰিব পৰা নাছিলোঁ। কিন্তু সময়ৰ চকাটো যেতিয়া বাস্তৱৰ খহটা মাটিত ঘূৰিবলৈ ধৰিলে, লাহে লাহে মোৰ অন্তৰাত্মাই বুজি উঠিল—জীৱনৰ আচল যাত্ৰাটো কেতিয়াও অকলে খোজ কাঢ়ি সম্পূৰ্ণ কৰিব নোৱাৰি। তাত প্ৰয়োজন হয় এনে এগৰাকী সহযাত্ৰীৰ, যাৰ চকুৰ এটি শান্ত চাৱনিয়ে কোনো শব্দ নকৰাকৈয়ে অন্তৰৰ সমস্ত ধুমুহা নিমিষতে শান্ত কৰি পেলাব পাৰে। অৰ্চনা মোৰ জীৱন-নদীৰ বুকুত সেই শান্ত অথচ গভীৰ স্ৰোতস্বিনী। তেওঁৰ নিজৰো আছিল এক সুকীয়া, স্বতন্ত্ৰ আৰু গভীৰ বৌদ্ধিক পৃথিৱী—পঢ়া-শুনাৰ নিৰল সাধনা, প্ৰাণীবিজ্ঞানৰ জটিল ৰহস্যৰ সন্ধান, নিৰন্তৰ গৱেষণা আৰু শিক্ষাদানৰ এক আত্মনিমগ্ন ব্ৰত। পৰৱৰ্তী সময়ত তেওঁ টংলা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰেই সহযোগী অধ্যাপিকা হিচাপে নিজৰ মেধা আৰু দায়িত্বশীলতাৰে সমাজত এক অনন্য মৰ্যাদাপূৰ্ণ স্থান অধিকাৰ কৰিলে।
কিন্তু মোৰ ব্যক্তিগত জগতখনত অৰ্চনাৰ পৰিচয় কেৱল এগৰাকী বিদূষী অধ্যাপিকা বা একেটা বিভাগৰ এগৰাকী সুযোগ্য সহকৰ্মীৰ মাজতেই সীমাবদ্ধ হৈ থকা নাছিল। মোৰ বাবে তেওঁ আছিল তাতকৈয়ো বহুগুণে উৰ্ধত; মোৰ বাবে এক আত্মিক আৰু দেৱতুল্য আশ্ৰয়। জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ জটিল সন্ধিক্ষণত, দুৰ্দিনৰ ধুমুহাই যেতিয়া মনটোক দোমোজাত পেলাইছিল, সেই প্ৰতিটো কঠিন সময়ত আৰু সংসাৰৰ প্ৰতিটো সৰু-ডাঙৰ কৰ্মৰ অন্তৰালত অৰ্চনাৰ অটল আৰু নীৰৱ উপস্থিতি মোৰ বাবে ভগৱানৰ এক ঐশ্বৰিক আশীৰ্বাদৰ দৰেই সদায় প্ৰতিভাত হৈ আহিছে। জীৱনৰ কেনভাছত যেতিয়া মই অতীতৰ দিনবোৰলৈ চাওঁ, তেতিয়া স্পষ্টকৈ অনুভৱ কৰোঁ; অৰ্চনা কেৱল মোৰ কাষত থিয় হৈ মোৰ সতে খোজ কঢ়া এগৰাকী সহধৰ্মিণীয়েই নহয়; তেওঁ আচলতে মোৰ জীৱনৰ প্ৰতিটো শব্দ, অনুভূতিৰ আৰু উশাহ-নিশাহৰ অন্তৰ্নিহিত প্ৰাণ।
পৃথিৱীৰ এই সুদীৰ্ঘ আৰু জটিল যাত্ৰাপথত এনে কিছুমান আপোন মানুহ আমাৰ অতি কাষত থাকে, যাৰ উপস্থিতিৰ কথা আমি হয়তো নিতৌ ঢোল পিটি উচ্চাৰণ নকৰোঁ। কিন্তু তেওঁলোকৰ উপস্থিতি আমাৰ জীৱনত ইমানেই গভীৰ আৰু স্বাভাৱিক হৈ পৰে যে—এদিন থমকি ৰৈ যেতিয়া জীৱনৰ অপৰাহ্ণত অতীতলৈ ঘূৰি চোৱা যায়, তেতিয়াহে মৰ্মে মৰ্মে অনুভৱ হয় যে সেই বিশেষ মানুহজন যদি কাষত নাথাকিলহেঁতেন, তেন্তে জীৱন নামৰ এই সুদীৰ্ঘ যাত্ৰাটোৰ বহু অংশই হয়তো সম্পূৰ্ণ বেলেগ আৰু বিবৰ্ণ হৈ পৰিলহেঁতেন! অৰ্চনা মোৰ বাবে ঠিক তেনেকুৱাই এক শক্তি।
বিবাহৰ ঠিক পিছৰ আমাৰ সেই প্ৰাৰম্ভিক সংসাৰখনো কোনো ৰূপকথাৰ কাহিনীৰ দৰে মসৃণ বা কুসুম-কোমল নাছিল। এফালে দুয়োৰে স্বতন্ত্ৰ কৰ্মক্ষেত্ৰৰ বিৰামহীন দৌৰাদৌৰি, নতুন সংসাৰৰ অজস্ৰ সামাজিক আৰু পাৰিবাৰিক দায়িত্ব, সীমিত আয়ৰ মাজতেই আৰ্থিক দীনতাৰ সৈতে কৰা দৈনন্দিন সংগ্ৰাম, আৰু আনফালে দুচকুত পুহি ৰখা নিজৰ নিজৰ সপোনবোৰ—এই সকলোবোৰ বৈপৰীত্যক একেডাল সূতাৰে গাঁথি লৈ আমি জীৱনৰ কঠিন মাটিত এখোজ এখোজকৈ আগবাঢ়িবলগীয়া হৈছিল।
সেই জীৱন-সংগ্ৰাম আৰু ব্যস্ততাৰ মাজতেই, ১৯৯৯ চনৰ জুলাই মাহৰ এটি সোণালী ক্ষণত আমাৰ সংসাৰৰ আকাশ উজলাই ভগৱানৰ আশীষ স্বৰূপে আমাৰ জীৱনলৈ আহি এক অনন্য উপহাৰ—আমাৰ একমাত্ৰ কন্যা সন্তান ‘হিয়া’ (আটলাণ্টা)! এটি সৰু, নিষ্পাপ শিশুৰ পদাৰ্পণে এখন ঘৰৰ সমগ্ৰ পৰিৱেশ কেনেদৰে পলকতে আমূল সলনি কৰি পেলাব পাৰে, সেই স্বৰ্গীয় অনুভৱটো হয়তো নিজে পিতৃ বা মাতৃ নোহোৱালৈকে কোনো মানুহেই সম্পূৰ্ণৰূপে উপলব্ধি কৰিব নোৱাৰে। ঘৰখনৰ পুৰণি নিস্তব্ধতা এনিমিষতে কৰ্পূৰৰ দৰে উৰি নাইকিয়া হৈ পৰিল। কেঁচুৱাৰ অবুজ কান্দোনৰ কোমল সুৰ, নিভাঁজ হাঁহিৰ খলকনি, আৰু চোতাল-বাৰান্দা কঁপাই তোলা সৰু সৰু কঁপকপীয়া খোজৰ শব্দ—এনে লাগিল যেন আমাৰ সৰু ঘৰখনৰ ভিতৰতেই এক অনন্ত আৰু মায়াময় নতুন পৃথিৱী গঢ় লৈ উঠিল। সংসাৰৰ সমস্ত ক্লান্তি আৰু অৱসাদক মুহূৰ্ততে মচি পেলাব পৰা এক সঞ্জীবনী সুধা যেন হিয়াৰ মুখখনতেই বিৰিঙি আছিল।
হিয়াৰ সেই নিৰ্দোষ শৈশৱটোক একান্তমনে চাই থাকোঁতে প্ৰায়েই মোৰ মনৰ কেনভাছলৈ নিজৰ শৈশৱৰ স্মৃতিবোৰো আপোনা-আপুনি ভাঁহি উঠিছিল। তেতিয়া অনুভৱ হৈছিল—সময় আচলতে এক মহাজাগতিক আৰু অদৃশ্য বৃত্ত! কালিৰ দিনটোত যিটো সৰু ল’ৰাই নিজৰ পিতৃৰ তৰ্জনী আঙুলিত খামোচ মাৰি ধৰি কঁপি কঁপি প্ৰথমটো খোজ কাঢ়িবলৈ শিকিছিল, আজি সময়ৰ চকা ঘূৰি সেই একেজন মানুহেই পিতৃৰ আসনত বহি নিজৰ সন্তানক জীৱনৰ প্ৰথমটো খোজ পেলাবলৈ আলফুলে হাতখন আগবঢ়াই দিছে। জীৱনে হয়তো এনেকৈয়ে কোনো শব্দ নকৰাকৈ, নীৰৱে আমাক বংশ-পৰম্পৰা আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ যোৱা প্ৰেমৰ সেই চিৰন্তন সাঁথৰটো বুজাই দিয়ে।
দিন বাগৰিল, মাহ বাগৰিল, আৰু সময়ৰ সোঁতত হিয়াও লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। পঢ়াশালিৰ নিয়মীয়া পঢ়া-শুনা, কিতাপৰ নতুন পৃথিৱী, শিশুমনে কৰা অজস্ৰ কৌতূহলী নতুন প্ৰশ্ন, আৰু তাইৰ দুচকুত কুঁহিপাত মেলা নতুন নতুন সপোন—এই সকলোবোৰৰ মাজেৰে তাই নিজৰ ভৱিষ্যতৰ পথটো বিচাৰি আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ ধৰিলে। হিয়াৰ সেই স্নিগ্ধ শৈশৱ আৰু কৈশোৰৰ হাঁহিয়ে পিতৃ-মাতৃ হিচাপে আমি দুয়োকে জীৱন-যুদ্ধৰ প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে নেওচি হাঁহিমুখে জীয়াই থকাৰ এক নতুন জীৱন-মন্ত্ৰ আৰু অদম্য প্ৰেৰণা শিকাই থৈ গ’ল।
হিয়াই ইতিমধ্যে আমাৰ দুয়োৰে সমগ্ৰ মন-প্ৰাণ উজলাই ৰাখিছিল। দিনটোৰ সমস্ত ব্যস্ততা, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ শিক্ষাদানৰ ক্লান্তি, আৰু সমাজৰ অজস্ৰ দায়িত্বৰ অন্তত যেতিয়া সন্ধিয়া ভাগৰুৱা দেহাৰে ঘৰৰ পদূলিত ভৰি দিছিলোঁ, তাইৰ সেই নিষ্পাপ হাঁহি আৰু মৰমভৰা চাৱনিয়ে মুহূৰ্তৰ ভিতৰতে সমস্ত ভাগৰ মচি আমাৰ সৰু ঘৰখনক সৰগৰ এটুকুৰা পৱিত্ৰ মায়াপুৰীলৈ ৰূপান্তৰ কৰি তুলিছিল। কিন্তু সংসাৰৰ এই স্নিগ্ধ নদীখনৰ বুকুত নিয়তিয়ে সাজু কৰি ৰাখিছিল আন এক অপৰূপ পূৰ্ণতাৰ ক্ষণ। হিয়াৰ আগমনৰ ঠিক এক দশকৰ পাছত, ২০০৯ চনত, আমাৰ সংসাৰৰ চোতাল পুনৰ এবাৰ পোহৰাই তুলি আগমন ঘটিল এটি নতুন দেৱশিশুৰ!
আমি তেওঁৰ নাম ৰাখিলোঁ—শিৱমজ্যোতি। কিন্তু আমাৰ হৃদয়ৰ মণিকোঠাত, ঘৰখনৰ প্ৰতিটো কোণত সি চিৰদিনৰ বাবে হৈ পৰিল আমাৰ অতি মৰমৰ আৰু আদৰৰ ‘গুণগুণ’! ‘গুণগুণ’—এই নামটোৰ মাজতেই যেন লহৰ তুলিছিল প্ৰকৃতিৰ এক অবুজ, সুমধুৰ আৰু নিৰন্তৰ প্ৰাণৱন্ত সংগীতে। গুণগুণৰ আগমনে আমাৰ জীৱনলৈ আকৌ এবাৰ নৱজাতকৰ সেই উমাল, পৱিত্ৰ সুবাস ঘূৰাই আনিলে। ঘৰখনৰ দৈনন্দিন গতি আৰু ছন্দ নিমিষতে পুনৰ সলনি হৈ পৰিল। চোতাল-বাৰান্দা ক্ৰমে মুখৰিত হ’ল তাৰ চঞ্চল পদচালনাৰে, আধাফুটা মিঠা মিঠা শব্দৰে আৰু জগতখনক জানিবলৈ বিচৰা তাৰ অবুজ কৌতূহলেৰে। তাৰ প্ৰতিটো হাঁহি, প্ৰতিটো খোজ যেন আছিল আমাৰ বাবে একো একোটি অপূৰ্ব উৎসৱ। তাৰ কোমল হাতৰ সৰু সৰু আঙুলিবোৰে যেতিয়া মোৰ হাতৰ আঙুলিত খামোচ মাৰি ধৰিছিল, মই যেন পুনৰ এবাৰ অনুভৱ কৰিছিলোঁ—পিতৃত্ব আচলতে এক অন্তহীন সাধনা আৰু ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ।
গুণগুণ আমাৰ মাজলে অহাৰ পিছত হিয়াৰ আচৰণ আৰু ব্যক্তিত্বতো ঘটিল এক অদ্ভুত, মৰমিয়াল পৰিৱৰ্তন। তাই আৰু কেৱল ঘৰৰ সৰু, চঞ্চল ছোৱালীজনী হৈ নাথাকিল; বৰং ৰাতিটোৰ ভিতৰতে তাই যেন তাইৰ সৰু ভায়েকটোৰ বাবে হৈ পৰিল এগৰাকী দায়িত্বশীল, অপৰিসীম স্নেহময়ী ক্ষুদ্ৰ মাতৃ! হিয়াৰ কোলাত গুণগুণৰ নিৰাপদে শুই থকা সেই শান্ত ছবিখন, ভায়েকৰ প্ৰতিটো হাঁহি-কান্দোনক নিজৰ কৰি লোৱাৰ সেই অধিকাৰবোধ, আৰু গুণগুণৰ প্ৰতি তাইৰ সেই অপাৰ মৰমে আমাক অভিভাৱক হিচাপে এক অপৰিসীম তৃপ্তি আৰু গৌৰৱ প্ৰদান কৰিছিল। দুয়োটা সন্তানৰ মাজৰ সেই নিষ্কলুষ আৰু নিভাঁজ আত্মিক বান্ধোনে আমাৰ সংসাৰৰ ভেটিটোক অধিক গভীৰ আৰু প্ৰেমময় কৰি তুলিলে।
গুণগুণৰ শৈশৱটো আছিল ঠিক এটা বৈচিত্ৰ্যপূৰ্ণ, সুমধুৰ গানৰ দৰে। ঘৰখনত কিতাপৰ সুবাস, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ শিক্ষাদানৰ আলোচনা, টেলিস্কোপ-মাইক্ৰ’স্কোপৰ বিজ্ঞানভিত্তিক পৰিৱেশৰ মাজতেই সি ডাঙৰ হৈ আহিছিল। বায়েক হিয়াৰ সৈতে তাৰ শৈশৱৰ সেই নিষ্কলুষ আৰু মধুৰ সম্পৰ্ক, ভনীয়েক ভায়েকৰ অবুজ অভিমান আৰু অকপট ভালপোৱাই আমাৰ সংসাৰখনক প্ৰতিনিয়ত সজীৱ আৰু প্ৰাণৱন্ত কৰি ৰাখিছিল।
সময়ৰ সোঁতত গুণগুণৰ বয়স বাঢ়ি অহাৰ লগে লগে তাৰ দুচকুত দেখা পোৱা গ’ল এক গভীৰ অনুসন্ধিৎসু মন। হিয়াৰ দৰেই তাৰো জগতখনক জানিবলৈ বিচৰা কৌতূহল আছিল অপৰিসীম। কেতিয়াবা যদি পঢ়া মেজত বহি সি জটিল বিষয়বোৰৰ সহজ উত্তৰ বিচাৰিছিল, কেতিয়াবা আকৌ চৌপাশৰ প্ৰকৃতি, জীৱ-জন্তু আৰু মানুহৰ ব্যৱহাৰক লৈ নিৰৱে চিন্তা কৰিছিল। এজন পিতৃক নিজৰ সৰু ল’ৰাটোৰ চকুত নিজৰেই হেৰাই যোৱা দিনবোৰৰ প্ৰতিচ্ছবি দেখাৰ যি অনুভূতি, সেয়া শব্দৰে বুজোৱা কঠিন। গুণগুণৰ চঞ্চল খোজবোৰ যেতিয়া লাহে লাহে স্থিৰ আৰু আত্মবিশ্বাসী হ’বলৈ ধৰিলে, মই বুজি পালোঁ—মোৰ কোলাত সোমাই থকা সেই কণমানি শিশুটোৱে শৈশৱৰ দেওনা পাৰ হৈ কৈশোৰৰ এক নতুন আৰু চিন্তাচেতনাময় জগতত ভৰি দিছে।
সময়ৰ গতি সঁচাকৈয়ে অতি নিৰৱ অথচ বৰ বিস্ময়কৰ! কেতিয়াবা গভীৰভাৱে ভাবিলে আচৰিত লাগে—হিয়া আৰু গুণগুণ, এই দুয়োটা সন্তান চন্দ্ৰৰ পৱিত্ৰ কলাৰ দৰে একলা-দুকলাকৈ বাঢ়ি বাঢ়ি কেতিয়া যে শৈশৱৰ সীমা পাৰ হৈ কৈশোৰ আৰু শিক্ষাৰ একো একোটা নতুন স্তৰত উপনীত হ’লহি, আমি তাৰ কোনো উমঘামেই নাপালোঁ!
দিনবোৰ অতিবাহিত হৈছিল পুৱাৰ ক্ষিপ্ৰ প্ৰস্তুতি, সিহঁতৰ বিদ্যালয়ৰ কিতাপ-পত্ৰৰ তদাৰক, সিহঁতৰ প্ৰতিটো সৰু সৰু সপোনক বাস্তৱ ৰূপ দিয়াৰ অহৰহ প্ৰচেষ্টা, আৰু নিশা শুই থকাৰ পৰত সিহঁতৰ নিস্পাপ মুখলৈ চাই ভগৱানক নীৰৱে প্ৰণাম জনোৱাৰ মাজত। জীৱনৰ বহুতো ঘাত-প্ৰতিঘাত, চাকৰি আৰু সামাজিক জীৱনৰ জটিল প্ৰত্যাহ্বান, আৰু আৰ্থিক সীমাবদ্ধতাৰ মাজতো যেতিয়াই এই দুয়োটা সন্তানৰ মুখৰ স্নিগ্ধ হাঁহিলৈ চাইছিলোঁ, তেতিয়াই মৰ্মে মৰ্মে অনুভৱ হৈছিল—পৃথিৱীৰ সকলো ত্যাগ, সকলো কঠোৰ শ্ৰম আৰু জীৱনৰ সকলো সংগ্ৰাম এই দুটা হাঁহিৰ বাবে হাঁহিমুখে মূৰ পাতি ল’ব পাৰি। সিহঁতৰ জীৱন্ত উপস্থিতিয়ে আমাৰ জীৱনটোক আচল অৰ্থ প্ৰদান কৰিলে, প্ৰমাণ কৰি দিলে যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সম্পত্তি কোনো ভৌতিক ঐশ্বৰ্য নহয়—বৰং নিজৰ ঘৰখনৰ বুকুত ফুলি থকা এই দুপাহ পৱিত্ৰ আৰু প্ৰাণৱন্ত কুসুমহে।
হিয়া আৰু গুণগুণ—আমাৰ এই দুয়োটি সন্তানৰ হাতত হাত ধৰি আমি দুয়ো যেন পুনৰ এবাৰ আমাৰ হেৰাই যোৱা শৈশৱৰ সেই নিষ্পাপ পৃথিৱীখনলৈকে উভতি গৈছিলোঁ। সিহঁতৰ সৰল আৰু মুক্ত চকুযুৰিয়ে আমাক এই চিনাকি পৃথিৱীখনক আকৌ এবাৰ নতুন বিস্ময়েৰে চোৱাৰ এক অনন্য দৃষ্টি প্ৰদান কৰিছিল। সন্তানৰ সেই সীমাহীন কৌতূহলী প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যত্ন কৰোঁতে মই প্ৰায়েই নিজৰেই অপৈণত শৈশৱৰ বহু বিস্মৃত প্ৰশ্নৰ মুখামুখি হৈছিলোঁ।
“কিয়?”—এটা শিশুৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এই অতি সৰু আৰু সাধাৰণ শব্দটোৰ অন্তৰালতেই আচলতে নিহিত হৈ থাকে মানৱ সভ্যতাৰ সমগ্ৰ বিজ্ঞানমনস্কতা আৰু জ্ঞানান্বেষণৰ পৱিত্ৰ বীজ! আকাশখন কিয় নীলা? জোনবাইটো আমি খোজ কাঢ়িলে কিয় আমাৰ লগে লগে আহে? বতাহজাকক কিয় চকুৰে দেখা পোৱা নাযায়? নাইবা পানীৰ কোনো নিজা ৰং কিয় নাই?—শিশুৰ এনে অবুজ আৰু নিৰ্দোষ প্ৰশ্নৰ কোনো সীমা নাই; কাৰণ সিহঁতৰ কল্পনা আৰু উৎসুকতাৰ আকাশখন আছিল দিগন্তপ্ৰসাৰী।
হিয়াৰ শৈশৱৰ তেনেকুৱাই এটি স্মৃতিয়ে মোৰ মননশীলতাক আজিও গভীৰভাৱে অনুপ্ৰাণিত আৰু আৱেগিক কৰি তোলে। সেয়া আজিৰ পৰা প্ৰায় ১৮ বছৰ পূৰ্বৰ এটি স্নিগ্ধ সন্ধিয়াৰ কথা। চোতালত সন্ধিয়াৰ নিস্তব্ধ আকাশখনৰ তলত বহি থকাৰ মুহূৰ্ততে মোৰ কোলাত বহি ৮ বছৰীয়া কণমানি হিয়াই আকাশলৈ হাতখন তুলি হঠাতে এটি গভীৰ প্ৰশ্ন কৰিছিল— “আকাশখন দেখিবলৈ কেনেকুৱা দেউতা?” সেই তেনেই নিৰ্দোষ আৰু আকস্মিক প্ৰশ্নটোৰ বাবে মই মুঠেও প্ৰস্তুত নাছিলোঁ। এগৰাকী বিজ্ঞানৰ শিক্ষক হৈয়ো সিদিনা হিয়াৰ সেই গভীৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মই যেন এক অপ্ৰত্যাশিত বৌদ্ধিক উজুটি খালোঁ!
কি উত্তৰ দিম বাৰু মই তাইক? কেনেকৈ এটি অবুজ শিশুক বুজাম যে চকুৰ সন্মুখত উন্মুক্ত হৈ থকা এই মন জুৰোৱা নীল বৰণীয়া আকাশখনৰ আচলতে কোনো নীলা ৰঙেই নাই! কি বুলি ক’ম যে মূৰৰ ওপৰত ‘আকাশ’ বুলি কোনো ভৌতিক চালি বা স্থায়ী আৱৰণ বুলিবলৈ একোৱেই নাই? আমি যাক আকাশ বুলি ভাবি মুগ্ধ হওঁ, সেয়া জানো কেৱল বায়ুমণ্ডলৰ পোহৰৰ বিচ্ছুৰণে সৃষ্টি কৰা এক মহাজাগতিক মায়াজাল —এক অপৰূপ ‘ইল্যুচন’ (Illusion) বা দৃষ্টিভ্ৰম !
এৰা, আকাশ আচলতে এক অনন্ত আৰু অসীম পৰিধি, যাক মানুহৰ সীমিত দৃষ্টি বা সাধাৰণ জ্ঞানৰ তুলাচনীৰে সহজে বন্ধা বা আনক বুজোৱা অসম্ভৱ। মোৰ নিস্পাপ ছোৱালীজনীক মই কি ভাষাৰে বুজাম যে যাৰ কোনো ৰূপ নাই, কোনো সীমা নাই, কোনো ৰঙেই নাই; সেই শূন্যতাই হ’ল আকাশ! হিয়াৰ সেই অবুজ প্ৰশ্নই সিদিনা মোৰ মনত এক গভীৰ দাৰ্শনিক আলোড়নৰ সৃষ্টি কৰিছিল। আজিও যেতিয়া মই নিশাৰ বা দিনৰ মুকলি আকাশলৈ দৃষ্টি নিক্ষেপ কৰো, মই নিজকে একেটা প্ৰশ্নই সোধোঁ—আকাশৰ প্ৰকৃত পৰিচয়েনো বাৰু কি?
আকাশ মোৰ আজীৱনৰ অতি প্ৰিয়। মোৰ বাবে আকাশ কেৱল এক ভৌগোলিক উপাদান নহয়; সি যেন মোৰ সমগ্ৰ সত্তাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক আজন্ম বান্ধৱ! দিনটোৰ ব্যস্ততাৰ মাজত আকাশলৈ এবাৰ মূৰ দাঙি নোচোৱাকৈ দিনটো পাৰ কৰিলে মোৰ অন্তৰখন যেন এক অবুজ শূন্যতা আৰু অস্বস্তিৰে উপচি পৰে। সূৰুযৰ পোহৰ নথকা মেঘাচ্ছন্ন, গোমা বতৰত নাইবা বাৰিষাৰ কজলা মেঘে আকাশ ওন্দোলাই আনি যেতিয়া দিনৰ পিছত দিন ধৰি চিপচিপকৈ বৰষুণ সৰি থাকে, তেতিয়া আকাশৰ সেই মৌন বিষাদ আৰু বেদনা যেন ময়ো মোৰ বুকুৰ গভীৰত সমানেই অনুভৱ কৰিবলৈ শিকিছোঁ। প্ৰকৃতিৰ সেই গভীৰ মৌনতাৰ মাজত মই যেন মোৰ নিজৰেই অন্তৰ্দ্বন্দ্বৰ প্ৰতিচ্ছবি স্পষ্টকৈ দেখিবলৈ পাওঁ।
যিগৰাকী মানুহে আকাশক প্ৰকৃত অন্তৰেৰে ভাল পাব জানে, তেওঁহে মৰ্মে মৰ্মে বুজি পাব পাৰে যে এই মহাকাশৰ কোনো শেষ সীমা বা বন্ধ দুৱাৰ নাই। সীমাহীন আকাশৰ সেই অনন্ত ব্যাপ্তিয়ে আমাক অহৰহ সোঁৱৰাই যায় যে আমাৰ এই সুন্দৰ পৃথিৱীখনৰ বাহিৰতো, মহাকাশৰ চৌদিশে অনন্ত-অসীম বিস্তৃত হৈ আছে এক কল্পনাতীত ৰহস্যময় জগত। সেই অসীমতাৰ বুকুত লুকাই আছে অজস্ৰ অনাৱিষ্কৃত তাৰকাৰাজ্য, নিস্তব্ধ নীহাৰিকা আৰু মানুহৰ চিন্তাৰো অতীত এক অনন্ত মহাজাগতিক বিশালতা। মূৰৰ ওপৰৰ সেই নিৰৱ আৰু সুগভীৰ আকাশখনে যেন নিস্তব্ধ ক্ষণত কানে কানে আমাক চিৰন্তন পাঠ এটি পঢ়াই যায়হি—“চোৱা আৰু তোমাৰ সমগ্ৰ সত্তাৰে অনুভৱ কৰা মোৰ এই অপৰিসীম বিশালতা! মোৰ এই অনন্ত মহাজাগতিক ব্যাপ্তিৰ তুলনাত ধূলিকণাৰ দৰে এই পৃথিৱীৰ বুকুত তুমি আৰু তোমাৰ অস্তিত্ব যে কিমান ক্ষুদ্ৰ, কিমান নগণ্য!”
হয়, আকাশৰ এই বিশালতাই নিমিষতে এজন মানুহৰ অন্তৰৰ পৰা অহংকাৰ, আত্মগৌৰৱ আৰু সংকীৰ্ণতাৰ সমগ্ৰ কদৰ্য মলিনতা ধুই-মচি পৰিষ্কাৰ কৰি পেলাব পাৰে। আকাশৰ বুকুত নিজকে বিসৰ্জন দিলেই মানুহে আচলতে উপলব্ধি কৰিব পাৰে নিজৰ প্ৰকৃত মানৱীয় বিনম্ৰতা আৰু জীৱনৰ গভীৰতম সত্যক।
নিৰাশাৰ ঘোৰ অন্ধকাৰতো এই আকাশখনেই আশাৰ সঞ্জীৱনী সুধা ঢালি আমাক প্ৰতিটো পলত হাঁহিমুখে জীয়াই থাকিবলৈ গভীৰ প্ৰেৰণা যোগায়। নিৰৱে মূৰৰ ওপৰত থিয় হৈ থকা এই নীলা চাদৰখনে মানুহক জীৱন-যুদ্ধত শিকাই যায় ধৈৰ্য, অপৰাজেয় সাহস আৰু আত্মসংযমৰ আদিপাঠ।যেতিয়াই আমি দৈনন্দিন জীৱনৰ সীমাবদ্ধ, ক্ষণভঙ্গুৰ আৰু দৃশ্যমান জাগতিক বস্তুবোৰৰ মায়া আৰু অহংকাৰত নিজৰ বিবেক তথা সত্তাক হেৰুৱাই পেলাওঁ, ঠিক তেতিয়াই আমি এবাৰ আকাশলৈ মূৰ দাঙি চোৱা উচিত। তেতিয়াই হৃদয়ংগম হয় যে—আমি ধূলিসদৃশ ক্ষুদ্ৰাকৃতিৰ মানুহবোৰে কিমান এক সীমাহীন, অনন্ত মহাজগতৰ বুকুত বাস কৰি সময়ৰ অদৃশ্য সোঁতৰ লগে লগে অহৰহ আগবাঢ়ি গৈ আছোঁ অন্তহীন ভৱিষ্যতৰ এক নিৰ্দিষ্ট আৰু অনিবাৰ্য বিন্দুলৈ!
সেই ক্ষণিক আৰু নিৰ্দিষ্ট সময়খিনিয়েই আচলতে আমাৰ এই নশ্বৰ জীৱন। প্ৰকৃতিৰ কি অপূৰ্ব মহিমা—যিখন আকাশৰ কোনো নিজা বৰণ নাই, সেই বৰণহীন আকাশখনেই মানুহৰ সমগ্ৰ জীৱনটোক হাজাৰটা ৰঙেৰে ৰঙীন আৰু অৰ্থপূৰ্ণ কৰি তুলিব পাৰে।
সিদিনা সন্ধিয়া মোৰ কোলাত বহি থকা সেই নিষ্পাপ ছোৱালীজনীৰ মূৰত মৰমেৰে হাত বুলাই মই অতি আলফুলে কৈছিলোঁ— “হিয়া, আকাশখন দেখিবলৈ আচলতে কেনেকুৱা জানা? তুমি তোমাৰ কোমল হৃদয়েৰে যেনেদৰে কল্পনা কৰা, আকাশখনে ঠিক তেনেদৰেই তোমাৰ ওচৰত নিজকে ধৰা দিবহি! সেয়ে আহা, আমি প্ৰথমে আকাশখনক মনে-প্ৰাণে ভাল পাবলৈ শিকোঁ। আমি ভাল পালে আকাশখনেও এদিন আমাক নিবিড়ভাৱে ভাল পাব। তাৰ পিছত তুমি এদিন নিজেই ডাঙৰ হৈ আকাশক সুধি ল’বা—‘আকাশ, তুমি বাৰু কেনেকুৱা?’ মই বুজিব পৰা নাছিলো, সিদিনা মোৰ সেই আশ্বস্তবাণীয়ে কণমানি হিয়াৰ চকুত সিঁচি দিব পাৰিছিল নে কল্পনাৰ এক অপৰিসীম আকাশ।
সময়ৰ নদীখনে নিজৰ অলক্ষিতে কেইবাখনো নতুন ঘাট পাৰ হৈ গ’ল। সেই কণমানি ৮ বছৰীয়া হিয়া একলা-দুকলাকৈ বাঢ়ি এদিন আত্মপ্ৰত্যয়ী যুৱতীলৈ ৰূপান্তৰিত হ’ল। ডাঙৰ হোৱাৰ পিছত বাস্তৱ জীৱনৰ ব্যস্ততাৰ মাজত তাই আকাশৰ কাষলৈ গৈ সেই বহুদিনীয়া পুৰণি প্ৰশ্নটো সুধিলে নে নাই—সেই কথাটো কিন্তু তাইক সোধা নহ’ল, জনাও নহ’ল। কিন্তু এটা কথা মই স্পষ্টকৈ দেখিবলৈ পালোঁ—আকাশৰ সেই উদাৰতা আৰু কৌতূহলক অন্তৰত সাৱটি লৈয়েই এদিন মোৰ মৰমৰ হিয়াই নিজৰ ডেউকা দুখন বহলকৈ মেলি দিলে। উচ্চ শিক্ষাৰ বিশাল দিগন্ত আৰু নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ সন্ধানত তাই এদিন উৰা মাৰিলে দূৰণিৰ তথ্য-প্ৰযুক্তিৰ মহানগৰী বাংগালোৰলৈ। বাংগালোৰৰ সেই নতুন আকাশৰ তলত তাই আৰম্ভ কৰিলে উচ্চ বিদ্যায়তনিক সাধনা আৰু পেছাগত কৰ্মজীৱনৰ এক স্বাভিমানী, নতুন আৰু সমৃদ্ধিশালী সোণালী অধ্যায়।
খণ্ড - ৮
প্ৰযুক্তি আৰু বৈজ্ঞানিক সাক্ষৰতাৰ নতুন প্ৰভাত
টংলাৰ মাটি আৰু বতাহত তেতিয়া নতুন প্ৰজন্মৰ পদধ্বনি। মহাবিদ্যালয় আৰু বিদ্যালয়ৰ সেই তৰুণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিবিড়ভাৱে কাম কৰি থাকোঁতে মোৰ হৃদয়ত প্ৰায়েই এটি কথাই দকৈ শিপাইছিল—এই অঞ্চলটোৰ নতুন প্ৰজন্মৰ মাজত প্ৰতিভাৰ কোনো অভাৱ নাছিল। অভাৱ যদি ক’ৰবাত আছিল, সেয়া আছিল কেৱল উপযুক্ত এক মুকলি মঞ্চ আৰু এখন সঠিক নিৰ্দেশনাৰ হাতৰ। বিজ্ঞান কেৱল পাঠ্যপুথিৰ পৃষ্ঠাবোৰত অথবা পৰীক্ষাৰ বহীত উত্তৰ লিখাৰ মাজত আৱদ্ধ হৈ থাকিব নোৱাৰে। বিজ্ঞানক সমগ্ৰ সত্তাৰে অনুভৱ কৰিব লাগিব, চৌপাশৰ প্ৰতিটো পৰিঘটনাক লৈ প্ৰশ্ন কৰিবলৈ শিকিব লাগিব, আৰু নিজৰ কোমল হাতেৰে কিবা এটা সাজি উলিয়াবলৈ সাহস কৰিব লাগিব। সিহঁতে ভুল কৰক, প্ৰচেষ্টা বিফল হওক, আৰু সেই বিফলতাৰ মাজৰ পৰাই পুনৰ নতুনকৈ চেষ্টা কৰিবলৈ শিকক! এই গভীৰ ভাবনাই মোক গতানুগতিক শ্ৰেণীকোঠাৰ শিক্ষকতাৰ গণ্ডীৰ পৰা উলিয়াই আনি বিজ্ঞানভিত্তিক বাস্তৱমুখী কাৰ্যকলাপৰ এক নতুন আৰু বৈচিত্ৰ্যময় জগতলৈ লৈ গ’ল।
সেয়া আছিল ১৯৯৯ চনৰ কথা। মোৰ সহকৰ্মীসকলৰ আন্তৰিক সহযোগিতাত আমি প্ৰথমে টংলা মহাবিদ্যালয়ত আৰু তাৰ ঠিক পিছতেই TEMHSতো এক বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰিলোঁ। আৰম্ভণিতে মোৰ মনত মৃদু সংশয় আছিল — ছাত্ৰ-ছাত্ৰীসকলে বাৰু কিমানখিনি স্বতঃস্ফূৰ্ত সঁহাৰি জনাব? কিন্তু প্ৰদৰ্শনীৰ সেই নিৰ্দিষ্ট দিনটোত চৌহদত যি অপূৰ্ব দৃশ্য উন্মোচিত হ’ল, সেয়া আছিল মোৰ কল্পনাৰো অতীত! ছাত্ৰ-ছাত্ৰীসকলৰ দুচকুত জিলিকি উঠিছিল অপাৰ উৎসাহ আৰু সৃষ্টিশীলতাৰ নতুন চমক। নিজ হাতেৰে নিৰ্মাণ কৰা বিজ্ঞানৰ নানাৰঙী মডেলবোৰৰ কাষত থিয় হৈ তেওঁলোকে অহা-যোৱা প্ৰতিগৰাকী দৰ্শকক অতি আগ্ৰহেৰে নিজৰ সৃষ্টিসমূহ বুজাই দিছিল। কোনোবাই যদি সৌৰশক্তিৰ ব্যৱহাৰেৰে ভৱিষ্যতৰ শক্তি সংকট দূৰ কৰাৰ পথ দেখুৱাইছে, কোনোবাই আকৌ স্থানীয় পদ্ধতিৰে পানী পৰিশোধনৰ অভিনৱ বিকল্প আৰ্হি দাঙি ধৰিছে। কোনোবা চঞ্চল ছাত্ৰই সাজি উলিয়াইছে ৰে’ল দুৰ্ঘটনা ৰোধ কৰিব পৰা স্বয়ংক্ৰিয় ৰেলৱে গে’টৰ আৰ্হি, আন কোনোবাই আকৌ প্ৰদৰ্শন কৰিছে অপচয় ৰোধ কৰি শক্তি সঞ্চয় কৰাৰ বৈজ্ঞানিক কৌশল।
আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত সেইবোৰ হয়তো অতি সাধাৰণ কাঠ আৰু কাগজৰ সঁজুলি যেন লাগিব পাৰে; কিন্তু মোৰ দৃষ্টিত সেই সৰু সৰু আৰ্হিবোৰৰ অন্তৰালতেই লুকাই আছিল ভৱিষ্যতৰ একো একোটা বিপ্লৱী সম্ভাৱনাৰ সোণালী আৰম্ভণি! বিজ্ঞানৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ সদায় বিলাসী গৱেষণাগাৰৰ প্ৰয়োজন নহয়; তাৰ বাবে কেৱল প্ৰয়োজন এটি নিষ্পাপ মনত জাগ্ৰত হোৱা ‘কিয়’ নামৰ প্ৰশ্নটো, আৰু সেই প্ৰশ্নটো শিক্ষকক সাহসেৰে সুধিব পৰা এজন নিৰ্ভীক শিক্ষাৰ্থী। মই কেৱল শ্ৰেণীকোঠাৰ চাৰিবেৰত পাঠদান কৰা এজন বেতনভোগী শিক্ষক হৈ ৰ’ব বিচৰা নাছিলোঁ; মোৰ হেঁপাহ আছিল—মোৰ ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ সীমা অতিক্ৰমি মুকলি আকাশৰ বিশালতালৈ চাওক, তৰাবোৰক চিনি লওক, নিজকে অহৰহ প্ৰশ্ন কৰক আৰু নিজেই সেই প্ৰশ্নৰ উত্তৰ সন্ধান কৰি সত্যৰ সন্ধান পাওক।
এখন সমাজ বা জাতিক প্ৰগতি আৰু আধুনিকতাৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা চিৰকাল অপৰিসীম। এই পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী কৰি গঢ়ি তোলাৰ আদিম তাড়নাত আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ডক উন্নত কৰাৰ অহৰহ সংগ্ৰামত আমাৰ চৌপাশৰ অজস্ৰ সমস্যাৰ ত্ৰাণকৰ্তা হিচাপেই জন্ম হৈছিল প্ৰযুক্তিবিদ্যাৰ। যদিও বুৰঞ্জীৰ পাত লুটিয়ালে আমি দেখিবলৈ পাওঁ যে আৱিষ্কৃত সকলোবোৰ প্ৰযুক্তিয়েই মানৱজাতিৰ বাবে সদায় কল্যাণকামী বা অহিংস নাছিল, তথাপিও প্ৰযুক্তি আৰু বিজ্ঞানক অস্বীকাৰ কৰি আধুনিক যুগত এটা ক্ষণো জীয়াই থকাটো অসম্ভৱ। আজিৰ ভৱিষ্যতৰ চৰম প্ৰতিযোগিতামূলক পৃথিৱীত নিজৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষা কৰি টিকি থাকিবলৈ হ’লে এটা সমগ্ৰ জাতিক বৈজ্ঞানিকভাৱে সাক্ষৰ কৰি তোলাটো এক অপৰিহাৰ্য জাতীয় দায়িত্ব। যিখন দেশে বিজ্ঞান শিক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু নিজৰ নৱপ্ৰজন্মক বিজ্ঞানৰ সাধনাৰ বাবে আন্তৰিকভাৱে উদ্বুদ্ধ কৰে, সেইখন দেশেই সমগ্ৰ বিশ্বৰ ভৱিষ্যত নিৰ্ণয়ৰ ক্ষেত্ৰত মাৰ্গদৰ্শক হৈ পৰে। কাৰণ বিজ্ঞানেই এখন দেশৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰকৃত ভেটি আৰু পৰিকাঠামো নিৰ্মাণ কৰে। সেইবাবেই ভৱিষ্যত প্ৰজন্মক এক সুপৰিকল্পিত আৰু সুস্থ বিজ্ঞান শিক্ষাৰে গঢ়ি তোলাটো সমাজৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ কৰ্তব্য।
কিন্তু বিজ্ঞানৰ সাৰ্থক শিক্ষাদান কোনো সহজসাধ্য যান্ত্ৰিক কাম নহয়। তাৰ বাবে শ্ৰেণীকোঠাত প্ৰয়োজন একোগৰাকী প্ৰকৃত আৰু সাৰ্থক বিজ্ঞান শিক্ষকৰ। এগৰাকী আদৰ্শ বিজ্ঞান শিক্ষকৰ ব্যক্তিত্ব আৰু শিক্ষণ-শৈলীত দুটা বিশেষ গুণৰ অপূৰ্ব সংমিশ্ৰণ ঘটিব লাগিব—প্ৰথমটো হ’ল ছাত্ৰ-ছাত্ৰীৰ অন্তৰত বিজ্ঞান শিক্ষাৰ প্ৰতি গভীৰ প্ৰেম আৰু অপৰিসীম আগ্ৰহৰ সঞ্চাৰ কৰা, আৰু দ্বিতীয়টো হ’ল বিজ্ঞানৰ অতি জটিল, দুৰ্বোধ্য তত্ত্বসমূহক তেওঁলোকৰ সন্মুখত নিৰ্মল পানীৰ দৰে অতি সহজ আৰু সাৱলীলভাৱে উপস্থাপন কৰা।
এই দুয়োটা দিশ এটা আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। শিক্ষকে যদি জটিল বিষয়বোৰ সহজ আৰু আকৰ্ষণীয়ভাৱে বুজাব নোৱাৰে, তেন্তে শিক্ষাৰ্থীৰ মনত বিষয়টোৰ প্ৰতি ভীতিৰ সৃষ্টি হয় আৰু অনুপ্ৰেৰণা মৰি যায়; আনহাতে শিক্ষাৰ্থীৰ অন্তৰত যদি আগ্ৰহেই জাগ্ৰত নহয়, তেন্তে কোনো শিক্ষাদানেই কেতিয়াও ফলপ্ৰসূ হ’ব নোৱাৰে। এই চিৰন্তন সমস্যাক জয় কৰাৰ একমাত্ৰ সোণালী চাবি-কাঠিটোৱেই হ’ল বিজ্ঞান শিক্ষণৰ সুকুমাৰ কলা—অৰ্থাৎ “দ্য আৰ্ট অফ টিচিং ছায়েন্স” (The Art of Teaching Science)!
এজন ছাত্ৰই প্ৰধানকৈ দেখি, শুনি, স্পৰ্শ কৰি, অনুভৱ কৰি আৰু মনৰ চকুৰে কল্পনা কৰিয়েই জ্ঞান আহৰণ কৰে—অৰ্থাৎ সি তাৰ ‘ছেঞ্চ অৰ্গেন’ বা ইন্দ্ৰিয়সমূহক সক্ৰিয়ভাৱে ব্যৱহাৰ কৰে। কোনটো ইন্দ্ৰিয় কাৰ ক্ষেত্ৰত কিমান গভীৰভাৱে কাৰ্যকৰী, সেয়া ব্যক্তিভেদে সুকীয়া হ’ব পাৰে। কিন্তু যদি শিক্ষণৰ বিষয়বস্তুটো ইমানেই সূক্ষ্মাতিক্ষুদ্ৰ হয় যাক কোনো সাধাৰণ চকুৰে দেখা পোৱা নাযায়—যেনে পৰমাণুৰ ভিতৰৰ ইলেক্ট্ৰন বা প্ৰটন; নাইবা বিষয়বস্তুৰ শব্দটো ইমানেই সূক্ষ্ম যাক সাধাৰণ কাণেৰে শুনা নাযায়—যেনে অৱশব্দ (Infrasound) বা অতিশব্দ (Ultrasound); অথবা মহাজাগতিক ব্যাপ্তি ইমানেই আলোকবৰ্ষ দূৰৰ যে তাৰ ভৌতিক অৱস্থিতিক সাধাৰণ দৃষ্টিৰে ঢুকি পোৱা নাযায়—তেন্তে তেনে সন্ধিক্ষণত এগৰাকী শিক্ষকৰ দায়িত্ব কি হ’ব পাৰে? বিজ্ঞ মনিষীসকলৰ মতে, ঠিক তেনে সময়তেই এগৰাকী বিজ্ঞান শিক্ষকৰ প্ৰধান আৰু পৱিত্ৰ কৰ্তব্য হৈ পৰে শিক্ষাৰ্থীৰ অন্তৰ্নিহিত ‘কল্পনাশক্তিক’ (Imagination) মন্ত্ৰমুগ্ধভাৱে জাগ্ৰত কৰি তোলা!
এগৰাকী শিক্ষকে যেতিয়া এটি জটিল বিষয় শ্ৰেণীৰ সন্মুখত উপস্থাপন কৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কল্পনাৰ তুলিকাৰে মনৰ ভিতৰত বিষয়টোৰ একো একোটি অদৃশ্য মানসিক প্ৰতিচ্ছবি বা মডেল (Mental Model) নিৰ্মাণ কৰি লয়। সেই মানসিক আৰ্হিটো শিক্ষাৰ্থীজনে কিমান সাৰ্থক, নিখুঁত আৰু বাস্তৱসন্মতভাৱে নিজৰ মনত গঢ়ি তুলিব পাৰিব—সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে শিক্ষকজনৰ শিক্ষণ পদ্ধতি আৰু ছাত্ৰজনৰ প্ৰাণৱন্ত কল্পনাশক্তিৰ উন্মেষৰ ওপৰতহে। যিগৰাকী শিক্ষকে ছাত্ৰৰ সেই মননশীল কল্পনাক জাগ্ৰত কৰি সত্যৰ সন্ধান দিব পাৰে, তেৱেঁই আচলতে এই সমাজৰ প্ৰকৃত সাৰ্থক বিজ্ঞান শিক্ষক।
বিজ্ঞান শিক্ষাদান আচলতে কোনো নীৰস বা যান্ত্ৰিক অনুশীলন নহয়; ই হ’ল এক অপূৰ্ব মেজিক বা যাদুকৰী কৌশলৰ দৰে সুকুমাৰ কলা। এগৰাকী নিপুণ যাদুকৰে যেনেকৈ হাতৰ ক্ষিপ্ৰ সঞ্চালন আৰু কৌশলেৰে দৰ্শকৰ মন মুহূৰ্ততে জয় কৰি লয়, ঠিক তেনেকৈ এগৰাকী বিজ্ঞ শিক্ষকেও যেতিয়া বিজ্ঞানৰ নিগূঢ় বিষয়বস্তুক শ্ৰেণীত মন্ত্ৰমুগ্ধভাৱে উপস্থাপন কৰিব পাৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীসকল স্বতঃস্ফূৰ্তভাৱেই সেই বিষয়টোৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে।
জ্ঞানৰ সেই অপূৰ্ব ধাৰণাটো মনৰ ভিতৰত স্পষ্টকৈ গঢ় লৈ উঠাৰ পিছত তেওঁলোকৰ সমগ্ৰ সত্তা এক অনাবিল শিহৰণ আৰু আনন্দেৰে ৰোমাঞ্চিত হৈ উঠে। আৰু ঠিক সেই ক্ষণতেই এজন নিষ্পাপ শিক্ষাৰ্থীৰ অন্তৰত অলেখ যৌক্তিক প্ৰশ্নৰ জোৱাৰ উঠে—“কিয়?”, “কি?”, “কেনেকৈ?” ছাত্ৰ-ছাত্ৰীৰ সুপ্ত মনত এনে গভীৰ কৌতূহল আৰু জানিব বিচৰাৰ হেঁপাহ সৃষ্টি কৰাব পৰাটোৱেই হ’ল এগৰাকী সাৰ্থক শিক্ষকৰ প্ৰধান লক্ষণ। প্ৰকৃতিৰ কোনো এটা বিশেষ পৰিঘটনাৰ প্ৰতি শিক্ষাৰ্থীক কৌতূহলী কৰি তোলা, নাইবা মনত অহৰহ খুন্দিয়া থকা এটা অচিনাকি বিষয়ৰ উত্তৰ বিচাৰি পাবলৈ বৈজ্ঞানিক অনুসন্ধানৰ সঠিক পদ্ধতিটো দেখুৱাই দিয়া—যিগৰাকী শিক্ষকে নিজৰ ছাত্ৰ-ছাত্ৰীক এই সত্যৰ সন্ধানৰ বাটটো নিপুণভাৱে শিকাব পাৰিছে, তেখেতেই আচলতে শিক্ষাৰ জগতখনৰ এগৰাকী প্ৰকৃত আৰু সফল গুৰু।
এগৰাকী শিক্ষকৰ আন এটা সৰ্বাধিক গুৰুত্বপূৰ্ণ দায়িত্ব হ’ল—নিজৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক কেৱল পৰীক্ষাৰ্থী হিচাপে নহয়, বৰং এক সুদৃঢ় ‘বিজ্ঞান মানসিকতা’ৰে (Scientific Temperament) গঢ় দি তোলা। যিগৰাকী ছাত্ৰ বা ছাত্ৰী বৈজ্ঞানিক যুক্তিবাদেৰে প্ৰতিপালিত হয়, তেওঁ কেৱল কিতাপৰ পৃষ্ঠাতে আবদ্ধ নাথাকি নিজৰ চৌপাশৰ প্ৰকৃতি, সমাজ আৰু পৰিৱেশৰ প্ৰতিটো উপাদানৰ পৰা নিৰন্তৰ জ্ঞান আহৰণ কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে আগ্ৰহী হৈ পৰে। তেওঁলোকে বিজ্ঞান সম্পৰ্কীয় যিকোনো গভীৰ বিষয়ৰ আলোচনাত আত্মবিশ্বাসেৰে আৰু যুক্তিনিষ্ঠভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। সবাতোকৈ ডাঙৰ কথা—এনে শিক্ষাৰ্থীয়ে সমাজ বা জীৱনৰ যিকোনো সমস্যা চিনাক্ত কৰি, কোনো অন্ধবিশ্বাস বা অন্ধ আৱেগৰ বশৱৰ্তী নোহোৱাকৈ, নিৰপেক্ষ অনুসন্ধান আৰু বাস্তৱ প্ৰমাণৰ ভিত্তিতহে যুক্তিপূৰ্ণ সিদ্ধান্ত ল’ব পৰাকৈ পাৰ্গত আৰু বিবেকবান হৈ উঠে।
শ্ৰেণীকোঠাত বিজ্ঞানৰ বিষয়বস্তু উপস্থাপন কৰাৰ বেলিকা এগৰাকী শিক্ষকে সদায় বাস্তৱতা আৰু দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাটো অপৰিহাৰ্য। পাঠদান যেতিয়া বাস্তৱ জীৱনৰ উদাহৰণ লৈ কৰা হয়, তেতিয়া এগৰাকী শিক্ষাৰ্থীয়ে দুটা যুগান্তকাৰী সুবিধা লাভ কৰে: তাৰ ভিতৰত প্ৰথমতো হ'ল পাঠ্যপুথিৰ জটিল আৰু নিৰস সূত্ৰসমূহৰ লগত নিজৰ বাস্তৱ জীৱনৰ এক নিবিড় আৰু অৰ্থপূৰ্ণ সম্পৃক্ততা গঢ় লৈ উঠে। তেওঁলোকে বুজি পায় যে বিজ্ঞান কোনো আকাশী কুসুম নহয়, বৰং সি প্ৰতিটো মুহূৰ্ততেই আমাৰ ঘৰখন আৰু চৌপাশতেই ঘটি আছে। আৰু দ্বিতীয়তে, বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ হোৱাৰ সুবাদত তেওঁলোকে জীৱনৰ যিকোনো জটিল পৰিঘটনা আৰু প্ৰত্যাহ্বানক যুক্তিসংগতভাৱে চালি-জাৰি বিশ্লেষণ কৰাৰ অপৰিসীম মানসিক যোগ্যতা অৰ্জন কৰে।
ভৱিষ্যত প্ৰজন্মক অন্ধকাৰ আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সত্য আৰু প্ৰগতিৰ সঠিক পথেৰে পৰিচালিত কৰা, তেওঁলোকৰ অন্তৰত বিজ্ঞানমনস্কতাৰ অমল জ্যোতি প্ৰজ্বলিত কৰা, আৰু আমাৰ দেশ তথা জাতিৰ স্বাৰ্থত ভৱিষ্যতৰ একো একোজন দূৰদৰ্শী বৈজ্ঞানিক আৰু চিন্তাবিদ সৃষ্টি কৰাৰ এই গুৰুদায়িত্ব কান্ধত তুলি লৈ শ্ৰেণীকোঠাৰ পৱিত্ৰ বেদীত প্ৰৱেশ কৰাটোৱেই প্ৰতিগৰাকী বিজ্ঞান শিক্ষকৰ সৰ্বোচ্চ আৰু আজীৱন নৈতিক দায়বদ্ধতা।
সেই সংকল্পক বুকুত লৈয়েই মই মোৰ শ্ৰেণীকোঠাৰ প্ৰতিটো মুহূৰ্তক কেৱল শিক্ষাদানৰ বাবে নহয়, মানুহ গঢ়াৰ এক নীৰৱ তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ অহৰহ ব্ৰতী হৈছিলোঁ।
সেয়া আছিল ২০০৫ চনৰ ছেপ্টেম্বৰ মাহ। টংলা চহৰৰ কেইগৰাকীমান উদ্যমী, স্বপ্নদ্ৰষ্টা আৰু আলোকসন্ধানী যুৱশিক্ষাবিদ এদিন মোৰ ওচৰলৈ আহিল। তেওঁলোকৰ দুচকুত জিলিকি আছিল এক উজ্জ্বল প্ৰত্যাশা আৰু বুকুত আছিল এটি অনুপম সপোন—টংলাৰ বুকুত এক নতুন চিন্তাধাৰাৰে এখন উন্নতমানৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি তোলাৰ সপোন। সপোনটো প্ৰাথমিকভাৱে তেওঁলোকৰেই আছিল, কিন্তু সেই সপোনৰ ভেটি নিৰ্মাণৰ বাবে তেওঁলোকে মোকো সেই পৱিত্ৰ যাত্ৰাত একাত্ম হৈ সংগী হ’বলৈ আন্তৰিক আহ্বান জনালে। মই তেওঁলোকৰ প্ৰতিটো কথা গভীৰভাৱে শুনিলোঁ। মোৰ মনৰ ভিতৰচ’ৰাত এটা কথাই বাৰে বাৰে প্ৰতিধ্বনিত হ’ল—এখন নতুন বিদ্যালয় আৰম্ভ কৰাটো কেতিয়াও কোনো সাধাৰণ বা সহজ কথা নহয়। বিদ্যালয় মানে কেৱল চিমেণ্ট-ইটাৰ এটি ঘৰ নহয়, কেইখনমান বন্ধ শ্ৰেণীকোঠা নহয়, ক’লা ব্লেকব’ৰ্ড নাইবা কাঠৰ কিছুমান বেঞ্চ-ডেস্কৰ সমাহাৰো নহয়।
বিদ্যালয় মানে হ’ল—হাজাৰটা নিষ্পাপ সৰু সৰু সপোনক একেডাল সুতাৰে গাঁথি লৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা এখন সুবিশাল আৰু স্বতন্ত্ৰ পৃথিৱী! য’ত অহৰহ স্পন্দিত হৈ থাকে এটি কোমলমতি ছাত্ৰৰ অন্তহীন সপোন, এগৰাকী অভিভাৱকৰ বুকুত সাঁচি ৰখা আজীৱন আশা, আৰু এগৰাকী নিবেদিতপ্ৰাণ শিক্ষাগুৰুৰ পৱিত্ৰ দায়িত্ববোধ। এই সকলোবোৰ মানৱীয় উপাদানক বুকুত সাৱটি লৈ এখন নতুন শিক্ষানুষ্ঠানৰ নিজস্ব পৰিচয় গঢ়ি তোলাটো আছিল এক চৰম প্ৰত্যাহ্বানজনক সাধনা। তথাপিও, সেই যুৱশিক্ষাবিদসকলৰ চকুত দেখা পোৱা সততা আৰু নিষ্ঠাৰ প্ৰতি গভীৰ বিশ্বাস ৰাখি মই তেওঁলোকৰ প্ৰস্তাৱ সগৌৰৱে গ্ৰহণ কৰিলোঁ। সেই মুহূৰ্তত হয়তো আমাৰ কোনেও কল্পনাই কৰা নাছিল যে—টংলাৰ মাটিত ৰোপণ কৰা এই সৰু বীজটোৱেই এদিন এক বিশাল আৰু মহীৰূহ ৰূপ ধাৰণ কৰিব।
ক্ৰমান্বয়ে আহি পালেহি ২০০৬ চনৰ জানুৱাৰী মাহ। কুঁৱলী ফালি নতুন সূৰুযৰ পোহৰ অহাৰ দৰেই মাত্ৰ ২১৫ গৰাকী শিক্ষাৰ্থীক লৈ টংলাৰ মাটিত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিল আমাৰ সপোনৰ শিক্ষানুষ্ঠান—“অৰুণোদয় একাডেমী”। যেতিয়া অতীতলৈ ঘূৰি চাওঁ, সেই ‘২১৫’ সংখ্যাটো হয়তো আজিৰ বিশাল পটভূমিত তেনেই ক্ষুদ্ৰ যেন লাগিব পাৰে; কিন্তু আৰম্ভণিৰ সেই সংগ্ৰামী দিনবোৰত সেই ২১৫ গৰাকী কোমল মনৰ ছাত্ৰ-ছাত্ৰীয়েই আছিল আমাৰ সমগ্ৰ অস্তিত্ব, আমাৰ সাধনা আৰু আমাৰ এখন পৰিপূৰ্ণ জীৱন্ত পৃথিৱী!
বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকলৰ প্ৰত্যেকৰে আছিল একোটা নিজস্ব সুকীয়া নাম, নিজস্ব পৰিয়াল, আৰু ব্যক্তিগত সুখ-দুখৰ কাহিনী। কিন্তু সেই সকলো বৈচিত্ৰ্যৰ উৰ্ধত তেওঁলোক সকলোৰে অন্তৰত একাত্ম হৈ আছিল এটি উমৈহতীয়া আশা আৰু ভৱিষ্যতৰ এক অনুপম অদৃশ্য ছবি। বিদ্যালয়খনৰ আৰম্ভণিৰ দিনবোৰ তেনেই মসৃণ বা কুসুম-কোমল নাছিল। এখন নতুন শিক্ষানুষ্ঠানক সমাজৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় উপাদাটো কেৱল প্ৰচুৰ ধন বা বিলাসী আন্তঃগাঁথনি নহয়; বৰং তাৰ মূল চালিকাশক্তিটো হ’ল—মানুহৰ অন্তৰৰ নিভাঁজ বিশ্বাস! অভিভাৱকসকলে অন্তৰৰ পৰা বিশ্বাস কৰিব পাৰিব লাগিব যে তেওঁলোকে নিজৰ কলিজাৰ টুকুৰা সন্তানটিক যিখন বিদ্যালয়ত গতাই দিছে, সেই পৱিত্ৰ স্থানখনে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত নিৰাপদ আৰু উজ্জ্বল কৰি গঢ়াত পথ প্ৰদৰ্শক হ’ব। ছাত্ৰ-ছাত্ৰীসকলে অন্তৰত বিশ্বাস অনুভৱ কৰিব পাৰিব লাগিব যে এই বিদ্যালয়খন কেৱল পৰীক্ষাত কেইটামান নম্বৰ পোৱাৰ যন্ত্ৰ নহয়, বৰং বিদ্যালয়খন তেওঁলোকৰ জীৱন গঢ়াৰ এখন মুক্ত আশ্ৰয়স্থল হ'ব। শিক্ষাগুৰুসকলে উপলব্ধি কৰিব লাগিব যে তেওঁলোকৰ প্ৰতিটো দিনৰ পৰিশ্ৰম আৰু ঘামৰ টোপালৰ অন্তৰালত লুকাই আছে সমাজ গঢ়াৰ এক সুদূৰপ্ৰসাৰী মহৎ অৰ্থ।
অৰুণোদয়ৰ সেই আদি কালছোৱাত এই পৱিত্ৰ বিশ্বাসটোৱেই প্ৰতিটো দিনৰ সংগ্ৰামৰ মাজেৰে ধীৰে ধীৰে আৰু অতি সুদৃঢ়ভাৱে গঢ় লৈ উঠিছিল। শ্ৰেণীকোঠাবোৰত প্ৰাণৱন্ত পাঠদান চলিছিল। শিক্ষাগুৰুসকলে নিজৰ সমস্ত হৃদয় ঢালি দায়িত্ব পালন কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলেও অপাৰ আনন্দেৰে নতুন পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লৈছিল। আৰু এনেদৰেই এখন বিদ্যালয়ৰ চাৰিবেৰৰ ভিতৰত অদৃশ্যভাৱে জন্ম ল’বলৈ ধৰিলে এক বিৰল শৈক্ষিক সংস্কৃতি—শিক্ষাক কেৱল কিতাপৰ সীমাবদ্ধ পৃষ্ঠাত আৱদ্ধ কৰি নৰখাৰ এক মুক্ত সংস্কৃতি!
মোৰ মননশীলতাত এটা কথা ইতিমধ্যে অতি স্পষ্ট আৰু দৃঢ় হৈ পৰিছিল—বিজ্ঞানক কেতিয়াও পাঠ্যপুথিৰ এটা গতানুগতিক বিষয় হিচাপে মুখস্থ কৰাই শেষ কৰিব নোৱাৰি। এজন ছাত্ৰই যদি বিজ্ঞানৰ কঠিন অধ্যায়টো নিখুঁতভাৱে মুখস্থ কৰি পৰীক্ষাত এশ শতাংশ নম্বৰো পায়, অথচ বাস্তৱ জীৱনত কোনো সৃষ্টিশীল চিন্তা কৰিব নোৱাৰে, তেন্তে সেয়া কোনো কালেই শুভ লক্ষণ হ’ব নোৱাৰে। কিন্তু যদি সেই একেজন ছাত্ৰই বাটৰ কাষেৰে গৈ থকা অৱস্থাত কোনো এটা সাধাৰণ প্ৰাকৃতিক পৰিঘটনা দেখি থমকি ৰয় আৰু অন্তৰৰ পৰা কৌতূহলেৰে সুধি উঠে—“কিয়?”, তেন্তে জানিব লাগিব যে তাতেই আচলতে প্ৰকৃত বিজ্ঞান আৰু জ্ঞানান্বেষণৰ বীজ ৰোপিত হৈছে! সেয়েহে আমি অৰুণোদয়ত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিজ্ঞানভিত্তিক বাস্তৱমুখী কাৰ্যকলাপৰ সৈতে ওতপ্ৰোতভাৱে জড়িত কৰাৰ এক নিৰন্তৰ প্ৰচেষ্টা আৰম্ভ কৰিলোঁ।
প্ৰথমে শ্ৰেণীকোঠাৰ সৰু সৰু পৰীক্ষা-নিৰীক্ষা, তাৰ পিছত বিদ্যালয় পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী, তাৰ পিছত গৱেষণামূলক প্ৰকল্প, আৰু ক্ৰমে জিলা তথা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা সমূহত যোগদান। লাহে লাহে সমগ্ৰ বিদ্যালয়খনৰ শৈক্ষিক বাতাৱৰণটোৱে বিজ্ঞানমনস্কতাৰ এক স্বতন্ত্ৰ আৰু সজীৱ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে। মই নিজেও ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান প্ৰকল্পসমূহৰ প্ৰস্তুতিৰ সৈতে অতি নিবিড়ভাৱে জড়িত হৈ পৰিলোঁ। কাৰণ মই উপলব্ধি কৰিছিলোঁ—এটা বৈজ্ঞানিক প্ৰকল্প তৈয়াৰ কৰা মানে ছাত্ৰজনৰ বাবে কেৱল থাৰ্মকল বা কাঠেৰে এটা নিৰ্জীৱ মডেল বনোৱা নহয়। তাৰ অন্তৰালত অহৰহ খুন্দিয়াই থাকে সমাজ আৰু প্ৰকৃতিৰ বহুতো বাস্তৱমুখী প্ৰশ্ন— “আমাৰ চৌপাশৰ আচল সমস্যাটো কি? ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ কি? আৰু কি উপায়েৰে আমি এই সমস্যাৰ এক স্থায়ী আৰু ফলপ্ৰসূ সমাধান উলিয়াব পাৰোঁ?” সেই গভীৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কৰা অন্বেষণেই আছিল অৰুণোদয় একাডেমিৰ বিজ্ঞান সাধনাৰ এক নতুন যুগৰ আৰম্ভণি।
বিজ্ঞানৰ একোটা প্ৰকল্প বা আৰ্হি নিৰ্মাণ কৰাটো কোনো পূৰ্বনিৰ্ধাৰিত সৰল সমীকৰণ নাছিল; সি আছিল নিৰন্তৰ পৰীক্ষা-নিৰীক্ষা আৰু প্ৰত্যাহ্বানৰ এক দীঘলীয়া সাধনা। কেতিয়াবা দিনৰ পিছত দিন সাৰে থাকি, একাণপতীয়া পৰিশ্ৰমেৰে তৈয়াৰ কৰি উলিওৱা মডেলটোৱে প্ৰদৰ্শনীৰ ঠিক পূৰ্বমুহূৰ্তত হঠাতে কাম নকৰা হৈ পৰিছিল। কেতিয়াবা শেষ মুহূৰ্তৰ যান্ত্ৰিক বিজুতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ চকুত চকুপানী নমাই আনিছিল, আৰু কেতিয়াবা আকৌ অপৰিসীম কষ্টৰ পিছতো ফলাফল আশানুৰূপ নহৈ হতাশাৰ সৃষ্টি কৰিছিল।
কিন্তু এনে সংকটৰ মুহূৰ্তবোৰত মই মোৰ শিক্ষাৰ্থীসকলৰ কাষত থিয় হৈ তেওঁলোকক এটা কথাই হৃদয়ঙ্গম কৰাবলৈ যত্ন কৰিছিলোঁ—এটা ব্যৰ্থ প্ৰকল্পও প্ৰকৃততে এক সফল শিক্ষাৰ অপৰিহাৰ্য অংশ!
কাৰণ, এজন ছাত্ৰই যেতিয়া নিজৰ হাতেৰে কাম কৰি ভুল কৰে, সেই ভুলটো বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়াটোৰ পৰা তেওঁ যি চিৰন্তন জ্ঞান লাভ কৰে, সেই জ্ঞান কিতাপৰ কেইবাটাও পৃষ্ঠাত পোৱা শুকান সূত্ৰতকৈয়ো বহু গুণে গভীৰ আৰু চিৰস্থায়ী হয়। বিজ্ঞানৰ ইতিহাসত কোনো আৱিষ্কাৰেই প্ৰথম চেষ্টাত নিখুঁত হৈ ওলাই অহা নাছিল; প্ৰতিটো ব্যৰ্থতাই আচলতে পৰৱৰ্তী সফলতাৰ ভেটিটোহে সুদৃঢ় কৰে।
এই সময়ছোৱাতে আমাৰ বিজ্ঞানভিত্তিক কাৰ্যকলাপৰ পৰিসৰ ক্ৰমান্বয়ে বিস্তৃত হ’ল আৰু ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ’ৰ (National Children’s Science Congress—NCSC) সৈতে মোৰ সম্পৰ্ক অতি নিবিড় হৈ পৰিল। মই ছাত্ৰ-ছাত্ৰীসকলক প্ৰকল্প নিৰ্বাচন, তথ্য সংগ্ৰহ, বৈজ্ঞানিক পদ্ধতিৰে বিশ্লেষণ আৰু উপস্থাপনৰ ক্ষেত্ৰত মাৰ্গদৰ্শন কৰিবলৈ আৰম্ভ কৰিলোঁ। এটা, দুটা প্ৰকল্পৰ পৰা আৰম্ভ হৈ এই সংখ্যাটো বাঢ়ি গৈ থাকিল। এক সোণালী সময়ত NCSC-ৰ মঞ্চত মই ৭০টাতকৈও অধিক বিজ্ঞান প্ৰকল্পৰ পথপ্ৰদৰ্শক হিচাপে জড়িত হোৱাৰ এক বিৰল আৰু গৌৰৱময় সুযোগ লাভ কৰিলোঁ। প্ৰকল্পবোৰৰ বিষয়বস্তু আছিল অতি বৈচিত্ৰ্যপূৰ্ণ, সময়োপযোগী আৰু সমাজমুখী। তেনে কিছুমান প্ৰকল্প আছিল -
সৌৰশক্তি চালিত কম খৰচী গিজাৰৰ নিৰ্মাণ, পানী পৰিস্ৰাৱনৰ বিকল্প পদ্ধতি, ৰে’ল দুৰ্ঘটনা ৰোধ কৰিব পৰা স্বয়ংক্ৰিয় ৰেলৱে গে’ট, ৰকেট উৎক্ষেপণত বিদ্যুৎ-চুম্বকীয় ক্ষেত্ৰৰ প্ৰয়োগৰ সম্ভাৱনীয়তা, সুলভ আৰু সম্পূৰ্ণ পৰিৱেশ-অনুকূল শীতাতপ নিয়ন্ত্ৰণ (Eco-friendly AC) ব্যৱস্থা, জৈৱ-বৈচিত্ৰ্যৰে ভৰা আৰ্দ্ৰভূমি সংৰক্ষণৰ বৈজ্ঞানিক উপায়,
নদীৰ পাৰত গঢ় লৈ উঠা ইটা ভাটাৰ পৰা পৰিৱেশ আৰু জনস্বাস্থ্যলৈ হ’ব পৰা ভয়াবহ বিপদসমূহৰ অনুসন্ধান, শক্তি ৰাহি কৰিব পৰা আধুনিক পোহৰৰ ব্যৱস্থা, আমাৰ চৌপাশৰ ঘৰুৱা আৱৰ্জনাৰ বৈজ্ঞানিক ব্যৱস্থাপনা, সৌৰশক্তি চালিত গিজাৰ, ৰৱটিক গাড়ী আৰু বহুতো।
এই প্ৰকল্পবোৰৰ আঁৰত থকা সেই কোমলমতি ছাত্ৰ-ছাত্ৰীসকলৰ মুখবোৰ আজিও মোৰ স্মৃতিৰ কেনভাছত অতি জীৱন্ত হৈ জিলিকি আছে। তেওঁলোকৰ বহুতেই জীৱনত প্ৰথমবাৰৰ বাবে কোনো এখন বিশাল বিজ্ঞান প্ৰদৰ্শনীৰ আনুষ্ঠানিক মঞ্চত ভৰি দিছিল। হাতত আছিল নিজহাতে কেইবাদিনো লাগি নিৰ্মাণ কৰা মডেলটো, আৰু সন্মুখত আছিল অভিজ্ঞ বিচাৰকমণ্ডলী আৰু কৌতুহলী অগণন দৰ্শকৰ তীক্ষ্ণ দৃষ্টি। মঞ্চত উঠাৰ প্ৰথম ক্ষণত তেওঁলোকৰ চকুত অপৰিসীম ভয় আৰু শংকা আছিল; কিন্তু বুকুত আছিল নতুন কিবা এটা দেখুওৱাৰ অপাৰ উৎসাহ। আৰু ঠিক যেতিয়াই তেওঁলোকে নিজৰ প্ৰকল্পটোৰ বৈজ্ঞানিক ভিত্তিটো উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই সেই আদিম ভয়টো ক’ৰবাত নিমিষতে নোহোৱা হৈ গৈছিল! তেওঁলোকৰ দুচকুত ফুটি উঠিছিল এক অপৰাজেয় আত্মবিশ্বাসৰ দ্যুতি। এগৰাকী শিক্ষাগুৰুৰ বাবে এয়াই আচলতে সমগ্ৰ জীৱনৰ আটাইতকৈ স্বৰ্গীয় আৰু তৃপ্তিদায়ক মুহূৰ্ত—যেতিয়া এজন শংকিত ছাত্ৰই নিজৰ ভিতৰৰ সুপ্ত শক্তিক চিনি পায় আৰু সমগ্ৰ সত্তাৰে অনুভৱ কৰে যে—“হয়, ময়ো পাৰোঁ!”
অৰুণোদয় একাডেমিৰ মাটিত ৰোপণ কৰা সেই বিজ্ঞানমনস্কতাৰ কঠিয়াতলীখনে অতি সোনকালেই ৰাষ্ট্ৰীয় পৰ্যায়ত ফল দিবলৈ আৰম্ভ কৰিলে। আমাৰ বিদ্যালয়ৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যিক পৰ্যায়ৰ সীমা অতিক্ৰম কৰি NCSC-ৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিলে। মোৰ জীৱনৰ এক পৰম আৱেগিক আৰু গৌৰৱময় ক্ষণ আছিল—যেতিয়া আমাৰ মৰমৰ কন্যা হিয়াই তাইৰ সহপাঠী পূজাৰ সৈতে নিৰ্বাচিত হৈ গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহত নিজৰ প্ৰকল্প দাঙি ধৰিবলৈ সুযোগ লাভ কৰিছিল। তাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষজ্ঞ আৰু বিজ্ঞানীসকলৰ সন্মুখত সিহঁতে নিজৰ প্ৰকল্পটো অতি নিখুঁতভাৱে উপস্থাপন কৰি সকলোৰে ভূয়সী প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেনেদৰে ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় কাৰিকৰী শিক্ষানুষ্ঠান ‘আই.আই.টি. খড়গপুৰ’য়ে (IIT Kharagpur) আয়োজন কৰা সৰ্বভাৰতীয় বিজ্ঞান মডেল প্ৰতিযোগিতাত অৰুণোদয়ৰ শিক্ষাৰ্থীয়ে নিজৰ অপূৰ্ব মেধা আৰু সৃষ্টিশীলতাৰ পৰিচয় দি সমগ্ৰ দেশৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলৰ মাজত সৰ্বভাৰতীয় স্তৰত দ্বিতীয় স্থান দখল কৰি এক ঐতিহাসিক গৌৰৱ কঢ়িয়াই আনিছিল।
সমগ্ৰ দেশৰ মাজত নিজৰ বিদ্যালয় আৰু ৰাজ্যৰ নামটো জিলিকি উঠাৰ সেই মুহূৰ্তটো নিশ্চিতভাৱেই আছিল অপাৰ আনন্দ আৰু গৌৰৱৰ। কিন্তু সত্য ক’বলৈ গ’লে—কেৱল হাতত তুলি লোৱা সেই বঁটা বা ট্ৰফীটোৱেই মোৰ বাবে সকলো নাছিল; মোৰ বাবে তাতকৈয়ো হাজাৰ গুণে অধিক মূল্যৱান আছিল সেই লক্ষ্যত উপনীত হ’বলৈ আমি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দিন-ৰাতি একাকাৰ কৰি কৰা প্ৰতিটো নিস্বাৰ্থ প্ৰচেষ্টা, ভুলৰ পৰা শিকা প্ৰতিটো অভিজ্ঞতা আৰু একেলগে খোজ কঢ়া সেই সোণসেৰীয়া সংগ্ৰামৰ দিনবোৰ! কাৰণ সফলতাই মানুহক স্বীকৃতি দিয়ে, কিন্তু সফলতালৈ বুলি কৰা প্ৰচেষ্টা আৰু নিষ্ঠাই মানুহৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঢ়ি তোলে।
সেয়া আছিল ২০০৮ চনৰ কথা। গুৱাহাটী তাৰাগৃহত (Guwahati Planetarium) টেলিস্কোপ নিৰ্মাণৰ ওপৰত আয়োজন কৰা হৈছিল তিনিদিনীয়া এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা। বিজ্ঞানৰ একাগ্ৰ সাধক হিচাপে এই কৰ্মশালাখন মোৰ বাবে আছিল জীৱনৰ এক সম্পূৰ্ণ নতুন, অপূৰ্ব আৰু বৌদ্ধিক অভিজ্ঞতা। ‘টেলিস্কোপ’ বা দূৰবীক্ষণ যন্ত্ৰ—উচ্চাৰণ কৰিবলৈ শব্দটো তেনেই সৰু আৰু সাধাৰণ; কিন্তু কেইটুকুৰামান নিৰ্দিষ্ট ক্ষমতাৰ কাঁচৰ লেন্স আৰু এটা নলীৰে গঠিত সেই ক্ষুদ্ৰ যন্ত্ৰটোৱেই যেন মানুহৰ দৃষ্টি আৰু চিন্তাশক্তিক পৃথিৱীৰ সংকীৰ্ণ ভৌগোলিক সীমাৰ পৰা আলোকবৰ্ষ দূৰলৈ উৰুৱাই লৈ যায়!
যেতিয়া নিজ হাতেৰে নিৰ্মাণ কৰা এখন লেন্সৰ মাজেৰে প্ৰথমবাৰৰ বাবে আকাশলৈ দৃষ্টি নিক্ষেপ কৰা যায়, হঠাৎ যেন আমাৰ চিৰপৰিচিত নীলা আকাশখন আগৰ দৰে হৈ নাথাকে। আকাশৰ তৰাবোৰ আৰু কেৱল সাধাৰণ জিলমিল পোহৰ হৈ নাথাকে; বিশ্বব্ৰহ্মাণ্ডৰ অসীম ৰহস্য যেন নিমিষতে আমাৰ নিচেই কাষলৈ আগবাঢ়ি আহে! সেই কৰ্মশালাৰ তিনিটা দিনত মই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰথিতযশা বিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী আৰু বিজ্ঞানকৰ্মীসকলৰ সৈতে নিবিড়ভাৱে মত-বিনিময় কৰাৰ এক সোণালী সুযোগ লাভ কৰিলোঁ। তেওঁলোকৰ গভীৰ চিন্তা, গৱেষণামূলক আলোচনা আৰু বিশ্বব্ৰহ্মাণ্ডক বুজি পোৱাৰ ব্যাকুলতা প্ৰত্যক্ষ কৰি মোৰ অন্তৰাত্মাই পুনৰবাৰ অনুভৱ কৰিলে—বিজ্ঞানৰ এই জগতখন কিমান যে অতলস্পৰ্শী আৰু বিশাল!
আমি মানুহ হিচাপে যিমানখিনি জানো বা আৱিষ্কাৰ কৰিছোঁ, তাৰ তুলনাত এই মহাবিশ্বৰ নজনা আৰু অনাৱিষ্কৃত ৰহস্যৰ পৰিসৰ কিমান যে অনন্ত-অসীম! নিশাত মুকলি আকাশলৈ চালে এই অনুভৱটোৱে মানুহৰ হৃদয়ক অহংকাৰৰ পৰা মুক্ত কৰি এক গভীৰ আৰু নিৰহংকাৰ বিনম্ৰতাৰে ভৰাই তোলে।
লাহে লাহে সময় বাগৰি আহি পালেহি ২০১০ চন। ইতিমধ্যে আমাৰ সেই সপোনৰ শিক্ষানুষ্ঠান ‘অৰুণোদয় একাডেমী’ও ধীৰে ধীৰে টংলাৰ মাটিত ডাল-পাত মেলি এক সুদৃঢ় মহীৰূহলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছিল। ২০০৬ চনত মাত্ৰ ২১৫ গৰাকী নিষ্পাপ ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হোৱা আমাৰ সেই সৰু পৰিয়ালটোত শিক্ষাৰ্থীৰ সংখ্যা দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। বিদ্যালয়খনৰ নীতি-আদৰ্শ, অনুশাসন আৰু বিজ্ঞানভিত্তিক শিক্ষা ব্যৱস্থাৰ ওপৰত সমগ্ৰ অঞ্চলটোৰ অভিভাৱক আৰু ৰাইজৰ আস্থা তথা বিশ্বাস অতি গভীৰ হৈ পৰিল।
ঠিক সেই সময়তেই আমাৰ মনত এক গভীৰ দায়িত্ববোধৰ উদয় হ’ল—কেৱল হাইস্কুল বা মাধ্যমিক পৰ্যায়তে থমকি ৰ’লে আমাৰ সংগ্ৰাম অসম্পূৰ্ণ হৈ ৰ’ব। আমাৰ এই প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধিক্ষণ অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰ্যায়তো সঠিক মাৰ্গদৰ্শন আৰু মানসম্পন্ন শিক্ষা প্ৰদান কৰি আগবঢ়াই নিব লাগিব। সেয়েহে ২০১০ চনত আমি সেই পৰৱৰ্তী যুগান্তকাৰী পদক্ষেপটো গ্ৰহণ কৰিলোঁ। অৰুণোদয় একাডেমীক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ আনুষ্ঠানিকভাৱে উন্নীত কৰা হ’ল। এখন সুকীয়া শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে এটা পৃথক ভৱনত উচ্চতৰ মাধ্যমিকৰ পাঠদান আৰম্ভ কৰা হ’ল। শিক্ষানুষ্ঠানখনৰ নতুন নামকৰণ হ’ল—“অৰুণোদয় জুনিয়ৰ কলেজ” (Arunodoi Junior College)! ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সম্ভাৱনা আৰু ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি একেলগে দুয়োটা মূল শাখা—বিজ্ঞান (Science) আৰু কলা (Arts) শাখাৰ আনুষ্ঠানিক পাঠদান আৰম্ভ হ’ল।
ক্ৰমবৰ্ধমান শৈক্ষিক ব্যস্ততাৰ মাজতেই আহি পালেহি ২০১২ চনটো। সেই বছৰটোত সমগ্ৰ পৃথিৱীৰ আকাশে অপেক্ষা কৰি আছিল এটি অত্যন্ত বিৰল, ঐতিহাসিক আৰু অপূৰ্ব মহাজাগতিক পৰিঘটনাৰ বাবে—শুক্ৰ গ্ৰহৰ সূৰ্যৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ দৃশ্য, যাক জ্যোতিৰ্বিজ্ঞানৰ ভাষাত কোৱা হয় ‘Transit of Venus’! সূৰ্যৰ উজ্জ্বল থালখনৰ ওপৰেৰে শুক্ৰ গ্ৰহটো এটা ক্ষুদ্ৰ ক’লা বিন্দুৰ দৰে লাহে লাহে পাৰ হৈ যোৱাৰ এই বিৰল দৃশ্যটো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ মানৱজাতি আৰু বিজ্ঞানীসকলে যুগ যুগ ধৰি, কেইবাটাও দশক বা শতিকা ধৰি অপেক্ষা কৰিবলগীয়া হয়। সৌভাগ্যবশতঃ, মই গুৱাহাটী তাৰকাগৃহত সেই ঐতিহাসিক ঘটনাৰ ওপৰত অনুষ্ঠিত বিশেষ প্ৰশিক্ষণ আৰু কৰ্মশালাখনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলোঁ। তাত জ্যোতিৰ্বিজ্ঞানৰ আধুনিকতম তথ্য, নিৰাপদ সূৰ্য পৰ্যবেক্ষণৰ বৈজ্ঞানিক কৌশল আৰু বহুতো নতুন কথা হৃদয়ঙ্গম কৰিলোঁ।
কৰ্মশালাখন সমাপ্ত হোৱাৰ পিছত মোৰ মনৰ ভিতৰত এটা কথাই অহৰহ খুন্দিয়াবলৈ ধৰিলে—এই বিৰল মহাজাগতিক ঘটনাটো আৰু তাৰ বৈজ্ঞানিক তাৎপৰ্য কেৱল মই নিজে জানিলেই নহ’ব; আমাৰ উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েও ইয়াৰ বিষয়ে গভীৰভাৱে জানিব লাগিব আৰু নিজ চকুৰে অনুভৱ কৰিব লাগিব। তেওঁলোকে মুক্ত আকাশলৈ চাব লাগিব। তেওঁলোকে অন্তৰেৰে উপলব্ধি কৰিব লাগিব যে আমাৰ মূৰৰ ওপৰৰ এই সুবিশাল আকাশখন কেৱল চাই ভাল লগা কোনো নিৰ্জীৱ সৌন্দৰ্যৰ বস্তু নহয়—ই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ এক অনন্ত আৰু বিশাল প্ৰাকৃতিক পৰীক্ষাগাৰ (Natural Laboratory)! সেই পৱিত্ৰ উদ্দেশ্যক বুকুত সাৱটি লৈ মই ওদালগুৰি জিলাৰ ইখনৰ পিছত সিখন বিদ্যালয়লৈ নিজে যাবলৈ ধৰিলোঁ। গাঁৱে-ভূঞে থকা বিভিন্ন বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মুখামুখি হৈ বহিলোঁ। তেওঁলোকক অতি সহজ আৰু সাৱলীল ভাষাৰে বুজালোঁ ‘Transit of Venus’ বা শুক্ৰৰ সূৰ্যসঞ্চাৰ আচলতে কি, ই কিয় ইমান বিৰল, আৰু কেনেকৈ নিৰাপদ সঁজুলিৰে এই দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি।ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্পাপ মনত আকাশ পৰ্যবেক্ষণ আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি এক দুৰ্বাৰ কৌতূহল আৰু আগ্ৰহ জগাই তোলাৰ সেই প্ৰচেষ্টা আছিল মোৰ শিক্ষক জীৱনৰ আন এক পৰম তৃপ্তিদায়ক আৰু অৰ্থপূৰ্ণ যাত্ৰা।
খণ্ড - ৯
তিতা-মিঠা অনুভৱৰ এক অক্ষয় ভাণ্ডাৰ
আমি যেতিয়া ভৱিষ্যতৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ উন্মুক্ত আকাশলৈ বাট কুৰি বাওঁ, তেতিয়া আমি কেতিয়াও গম নাপাওঁ যে নিয়তিয়ে আমাৰ ভৰিৰ তলৰ চিনাকি মাটিখিনিক লৈ সংগোপনে কি পৰিকল্পনা কৰি ৰাখিছে। মইও তেতিয়া ক্ৰিকেট, টেলিস্কোপ আৰু শুক্ৰৰ সূৰ্যসঞ্চাৰৰ মহাজাগতিক আশ্চৰ্যক লৈ ব্যস্ত আছিলোঁ; কিন্তু মই কল্পনাই কৰা নাছিলোঁ যে ২০১২ চনটো মোৰ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱনৰ বাবে এক ওলট-পালট কৰি দিয়া সন্ধিক্ষণ হৈ উঠিব। কাৰণ সেই বছৰৰ ৩১ জুলাইত টংলা মহাবিদ্যালয়ৰ পৱিত্ৰ প্ৰাংগণত মোৰ সুদীৰ্ঘ ১৮ বছৰীয়া এক স্বৰ্ণিল অধ্যায়ৰ চিৰদিনীয়া পৰিসমাপ্তি ঘটিল।
১৮ বছৰ! ১৯৯৫ চনৰ শিক্ষক দিৱসৰ সেই পৱিত্ৰ দিনটোত এজন মাত্ৰ ২৭ বছৰীয়া স্বপ্নাতুৰ যুৱক হিচাপে যিখন মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞানৰ সহকাৰী অধ্যাপকৰূপে ভৰি দিছিলোঁ, সেই মায়াময় আৰু প্ৰাণস্পন্দী শিক্ষানুষ্ঠানখন এদিন এনেদৰে নীৰৱে এৰি গুচি আহিব লাগিব বুলি আৰম্ভণিৰ দিনবোৰত মই হয়তো সপোনতো ভবা নাছিলোঁ।কিন্তু সময়ৰ গতি অতি অদ্ভুত। জীৱনৰ কিছুমান প্ৰৱেশদ্বাৰ আমি নিজৰ ইচ্ছাত বন্ধ নকৰোঁ; নিৰ্মম সময়েই কোনো এক বিশেষ পৰিস্থিতিত সেই দুৱাৰবোৰ সজোৰে বন্ধ কৰি দিয়ে। আৰু জীৱনৰ সেই বন্ধ হৈ যোৱা দুৱাৰখনৰ ঠিক সিপাৰেই হয়তো অপেক্ষা কৰি থাকে সম্পূৰ্ণ অচিনাকি, প্ৰত্যাহ্বানজনক আন এখন নতুন পৃথিৱী!
৩১ জুলাই, ২০১২। এই নিৰ্দিষ্ট তাৰিখটো আজিও মোৰ স্মৃতিৰ কেনভাছত চকামকা পোহৰৰ দৰে জলজল-পটপট হৈ স্পষ্টভাৱে জিলিকি আছে। কেতিয়াবা জীৱনৰ কিছুমান বিশেষ তাৰিখ কেলেণ্ডাৰৰ পাতত কেইটামান নিৰ্জীৱ সংখ্যা হৈ নাথাকে; সেইবোৰ হৈ পৰে জীৱনৰ একো একোটা অলঙ্ঘনীয় সীমাৰেখা—যাৰ এফালে থাকে কলিজাৰ তেজ ঢালি গঢ়ি তোলা এৰি অহা অতীত, আৰু আনফালে থাকে কুঁৱলীৰে আৱৰা অনিশ্চিত, অজানা ভৱিষ্যৎ! টংলা মহাবিদ্যালয়ৰ সৈতে মোৰ ১৮ বছৰীয়া দৈনন্দিন আত্মীয়তাৰ এনাজৰীডাল সেই দিনটোতেই আনুষ্ঠানিকভাৱে ছিগি গ’ল। মাজত পাৰ হৈ গৈছিল কেইবাটাও প্ৰজন্মৰ সোণসেৰীয়া ইতিহাস।
যিসকল ছাত্ৰ-ছাত্ৰীক মই মোৰ শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ডৰ সন্মুখত থিয় হৈ নিজৰ সমগ্ৰ হৃদয় ঢালি পঢ়ুৱাইছিলোঁ, তেওঁলোকৰ বহুতেই ইতিমধ্যে সমাজৰ বিভিন্ন ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হৈ পৰিছিল। কোনোবাই উচ্চ পদস্থ চৰকাৰী চাকৰি কৰিছে, কোনোবাই ব্যৱসায়ত নিজৰ কৃতিত্ব দেখুৱাইছে, কোনোবাই আকৌ গৱেষক আৰু শিক্ষক হিচাপে সমাজ গঢ়িছে। ১৮ বছৰৰ অন্তত সেই অজস্ৰ ছাত্ৰ-ছাত্ৰীক হয়তো আজি বাটে-পথে ক’ৰবাত অকস্মাৎ লগ পালে মই চেহেৰা দেখি তৎক্ষণাত চিনিয়েই নাপাবও পাৰোঁ। কিন্তু এগৰাকী প্ৰকৃত শিক্ষাগুৰুৰ জীৱনৰ পৰা তেওঁৰ ছাত্ৰ-ছাত্ৰীসকল কেতিয়াও সম্পূৰ্ণৰূপে আঁতৰি নাযায়। তেওঁলোকৰ নিষ্পাপ মুখবোৰ, শ্ৰেণীত সোধা অদ্ভুত প্ৰশ্নবোৰ, হাঁহিবোৰ, আৰু খেলপথাৰত কৰা সেই মৰমভৰা দুষ্টালিবোৰ— এই সকলোবোৰ গুৰুৰ হৃদয়ৰ নিভৃত মণিকূটত চিৰদিনৰ বাবে এক অমূল্য অক্ষয় সম্পদ হৈ জীপাল হৈ থাকে।
সেই ১৮ বছৰৰ মায়াময় ঠিকনা এৰি অহাৰ সিদ্ধান্তটো মোৰ বাবে তিলমানো সহজ নাছিল। সেই সিদ্ধান্তৰ অন্তৰালত আছিল এক গভীৰ, অতল আৰু নীৰৱ যন্ত্ৰণা। মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান নিৰুত্তৰ প্ৰশ্নৰ উদয় হয়—যাৰ কোনো উত্তৰ এই পৃথিৱীত কেতিয়াও বিচাৰি পোৱা নাযায়। কেতিয়াবা এনে কিছুমান অপ্ৰত্যাশিত ভুল বা ভুল বুজাবুজি ঘটি যায়—যাৰ কোনো সংশোধন জীৱনত আৰু কাহানিও সম্ভৱ নহয়। আৰু বুকুত লুকাই থাকে এনে কিছুমান তীক্ষ্ণ কষ্ট আৰু অন্তৰ্দাহ—যাক পৃথিৱীৰ কাৰো আগতেই কোনোদিন প্ৰকাশ কৰিব নোৱাৰি; সেইবোৰ কেবল নিৰ্জনতাৰ মাজত নীৰৱে হজম কৰিবলগীয়া হয়।
জীৱনৰ আটাইতকৈ তিতা সত্যটো হ’ল—দূৰৰ অচিনাকি শত্ৰুৱে নহয়, বৰং অতি আপোন বুলি ভবা বন্ধু বা প্ৰিয়জনেই সততে তেওঁলোকৰ আচৰণ, অহংকাৰ আৰু কুটিল ব্যৱহাৰেৰে আমাৰ অন্তৰত আটাইতকৈ গভীৰ ক্ষতৰ সৃষ্টি কৰে। সেয়েহে হয়তো সংসাৰত প্ৰত্যেকজন মানুহেই এনে একোজন লোকক বাচি লোৱা উচিত, যাৰ পৰা পোৱা মনোকষ্টও মানুহে সহজে ক্ষমা কৰি দিব পাৰে। বিজ্ঞ মনিষীসকলে সেয়েহে অতীতত অতি তাৎপৰ্যপূৰ্ণভাৱে কৈ গৈছে— “এজন বোবা লোকে হয়তো ভাষাৰে কথা ক’ব নোৱাৰি আপোনাক ক্ষন্তেকৰ বাবে বিৰক্ত কৰিব পাৰে, কিন্তু অন্তৰখন থানবান কৰি পেলাব পৰা তিতা আৰু বিষাক্ত মাতেৰে তেওঁ আপোনাৰ অন্তৰাত্মাক কেতিয়াও আঘাত নকৰে!”
মানুহ বৰ আচৰিত আৰু ৰহস্যময় প্ৰাণী! একেটা পৰিস্থিতিতেই এজন মানুহৰ উদাৰ আৰু সংবেদনশীল ব্যৱহাৰত আপোনাৰ হৃদয় যিদৰে অনাবিল আনন্দ আৰু কৃতজ্ঞতাৰে ভৰি পৰিব পাৰে, ঠিক একেটা পৰিৱেশতেই আন এজন মানুহৰ কুৎসিত মানসিকতা আৰু দায়িত্বহীন আচৰণে আপোনাক মৰ্মান্তিকভাৱে ব্যথিত আৰু নিঃস্ব কৰি পেলাব পাৰে। মানুহৰ মাজত বাহ্যিক কাম-কাজ বা শৈলীৰ তাৰতম্য থকাটো কোনো অস্বাভাৱিক কথা নহয়। কিন্তু আচল আৰু সৰ্বোচ্চ কথাটো হ’ল মানুহৰ অন্তৰ্নিহিত ‘মানৱীয়" গুণ খিনিহে! ধৈৰ্য, সততা, নিষ্কলুষ প্ৰেম, অমায়িক আচাৰ-ব্যৱহাৰ, নিস্বাৰ্থ পৰোপকাৰিতা আৰু কৃতজ্ঞতাবোধ—এইবোৰেই হ’ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰু চিৰন্তন সম্পদ; যাৰ অবিহনে এজন মানুহৰ জীৱন পশুৰ সমকক্ষ হৈ পৰে। কিন্তু আজিৰ সমাজখনলৈ চালে মনত এক গভীৰ প্ৰশ্নই খুন্দিয়াই থাকে—আমি কি সঁচাকৈয়ে মানুহ হৈ আছোঁ?
মূল্যবোধহীন আত্মকেন্দ্ৰিক জীৱনাদৰ্শক আঁকোৱালি লৈ অন্ধ ভোগবাদ, অৰ্থলিপ্সা আৰু কেৱল বস্তুবাদী মানসিকতাৰে গঢ় লৈ উঠা সমাজৰ একাংশ বিবেকহীন মানুহক দেখিলে অন্তৰ কঁপি উঠে। মানুহৰ বুকুত থাকিবলগীয়া সেই পৱিত্ৰ মানৱীয় সহানুভূতি আৰু কৃতজ্ঞতাবোধবোৰ কি একেবাৰেই নিঃশেষ হৈ গ’ল? মানুহবোৰ ইমান চৰম অকৃতজ্ঞ আৰু অন্ধ স্বাৰ্থপৰ কিয় হৈ পৰিল? অকৃতজ্ঞ আৰু চৰম স্বাৰ্থপৰ বহুতো লোকে ব্যক্তিগতভাৱে আমাকো জীৱনৰ সংকটকালত গভীৰ মনোকষ্ট আৰু আঘাত দিছে। তেওঁলোকৰ মাজত কোনোবাজন হয়তো আছিল তথাকথিত ‘ছদ্মবেশী বন্ধু’, আন কোনোবাজন হয়তো প্ৰতিবেশী। কোনোবাজন আছিল বহু বছৰ একেলগে কটোৱা ঘনিষ্ঠ সহকৰ্মী, আৰু কোনোবা আকৌ আছিল বুকুৰ অতি আপোন তেজৰ কুটুম! কোনোবা হয়তো ডিগ্ৰীধাৰী তথাকথিত উচ্চশিক্ষিত ভদ্ৰলোক, আন কোনোবা হয়তো অৰ্ধশিক্ষিত। তেওঁলোকৰ প্ৰতিজনৰেই জীৱনৰ বিপদৰ সময়ত, দুৰ্দিনৰ কালত আমি নিজৰ সামৰ্থ্যৰ সীমা অতিক্ৰম কৰি সহায়ৰ দুখন হাত আগবঢ়াই দিছিলোঁ। কিন্তু নিয়তিৰ কি নিৰ্মম পৰিহাস ! যেতিয়া আমাৰ জীৱনলৈ চৰম ধুমুহা আহিল, আমাৰ অস্তিত্ব যেতিয়া সংকটৰ মুখামুখি হ’ল, তেতিয়া সেই একেখিনি মানুহেই আমাৰ পৰা এক নিৰাপদ দূৰত্ব বজাই ৰাখি সুবিধাবাদীভাৱে সম্পূৰ্ণ ‘মৌনব্ৰতী’ হোৱাৰ ভাও জুৰিলে!
মানুহৰ সেই ভণ্ডামি আৰু অকৃতজ্ঞতাই হৃদয়খন ক্ষন্তেকৰ বাবে ক্ষত-বিক্ষত কৰিছিল যদিও, সেই আঘাতে মোক ভাঙি পেলাব নোৱাৰিলে। বৰং সেই বিষাদময় অভিজ্ঞতাই মোৰ অন্তৰৰ ভিতৰত থকা পুৰণি শিক্ষকজনক আৰু অধিক সংকল্পবদ্ধ, কঠোৰ আৰু স্থিতপ্ৰজ্ঞ কৰি তুলিলে — অনাগত দিনত নিজৰ সপোনৰ ভেটিটোক পুনৰ নিৰ্মাণ কৰিবলৈ।
কেতিয়াবা নিশাৰ নিৰ্জনতাত নিজৰ হৃদয়খনক সুধি চাওঁ—মই জানো মানুহৰ পৰা বৰ বেছিকৈ আশা কৰি পেলাইছিলোঁ? হয়তো তথাকথিত বন্ধু-বান্ধৱৰ মাজত, চিনাকি সমাজখনত নাইবা হাটে-বজাৰে লগ পোৱা হাজাৰজনৰ সেই কোলাহলপূৰ্ণ ভিৰৰ মাজত মই এনে এক "দুষ্প্ৰাপ্য" আন্তৰিকতা আৰু নীতিবোধৰ সন্ধানত হাবাথুৰি খাইছিলোঁ, যাৰ অস্তিত্ব হয়তো এই কলুষিত পৃথিৱীত তেনেই বিৰল। সেই সন্ধানত দৌৰি দৌৰি এদিন মই নিজেই চৰমভাৱে ক্লান্ত আৰু ভাগৰি পৰিছিলোঁ। পৃথিৱীৰ আটাইতকৈ অসহায় মুহূৰ্ত সেয়াই—যেতিয়া আপোনাৰ জীৱনৰ চৰম দুখ, দুৰ্দিন, মানসিক বেদনা আৰু আকাশলঙ্ঘী হতাশাৰ মুহূৰ্ততো আপোনাৰ অতি আপোন বুলি ভবা ছদ্মবেশী বন্ধু, ঘনিষ্ঠ প্ৰতিবেশী বা একেলগে কটোৱা সহকৰ্মীসকল সম্পূৰ্ণৰূপে নিৰ্বিকাৰ আৰু প্ৰতিক্ৰিয়াহীন হৈ পৰে!
তেতিয়া কোনো অভিযোগ কৰিবলৈ ভাষা বিচাৰি পোৱা নাযায়; কিছুমান অব্যক্ত আৰু অনুচ্চাৰিত বেদনা মনৰ অতল গভীৰতাত কেৱল মৌন স্মৃতি হৈ সাঁচতীয়া হৈ ৰয়। আৰু জীৱনৰ অপৰাহ্ণত সেই স্মৃতিবোৰেই একো একোটা তপত আৰু বেদনাসিক্ত হুমুনিয়াহ হৈ মানুহৰ কলিজাটো প্ৰতিনিয়ত জোকাৰি যায়। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই চিৰন্তন কবিতাৰ কেইটামান শাৰীয়ে এনে সময়তেই মানৱ মনস্তত্ত্বৰ আচল স্বৰূপটো উন্মোচিত কৰি দিয়ে—
“নদীর এপার কহে ছাড়িয়া নিশ্বাস,
ওপারেতে সর্বসুখ আমার বিশ্বাস।
নদীর ওপার বসি দীর্ঘশ্বাস ছাড়ে;
কহে, যাহা কিছু সুখ সকলি ওপারে।”
২০০৯ চনৰ পৰাই মোৰ কৰ্মজীৱনৰ আকাশত অন্ধকাৰ মেঘ ঘনীভূত হ’বলৈ ধৰিছিল। টংলা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপকৰ এটা নিৰ্দিষ্ট আৰু মোৰ প্ৰাপ্য পদক লৈ মুষ্টিমেয় কিছুমান সুবিধাবাদী আৰু কুটিল লোকে মোৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে এক অদৃশ্য জটিলতা সৃষ্টি কৰি আহিছিল। সেই পদটোত সকলো নিয়ম আৰু জ্যেষ্ঠতাক ভৰিৰে মোহাৰি এগৰাকী কনিষ্ঠ ব্যক্তিক নিযুক্তি দিয়াৰ বাবে ক্ষমতাৰ অপপ্ৰয়োগ, বিভিন্ন দিশৰ পৰা অপচেষ্টা আৰু ষড়যন্ত্ৰ চলিছিল, সেই কথাটো মোৰ দৃষ্টিৰ পৰা অলপো অজ্ঞাত নাছিল। কিন্তু কথাটো মোৰ বাবে কেৱল এটা চৰকাৰী চাকৰিৰ পদ বা সামান্য আৰ্থিক লাভালাভৰ নাছিল। এজন আত্মমৰ্যাদাসম্পন্ন মানুহে নিজৰ কৰ্মক্ষেত্ৰত সদায় বিচাৰে ন্যায়, সততা, প্ৰশাসনিক স্বচ্ছতা আৰু আন্তৰিক বিশ্বাস! বিশেষকৈ যেতিয়া এটা পৱিত্ৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ভেটি নিৰ্মাণৰ বাবে এজন মানুহে নিজৰ যৌৱনৰ আটাইতকৈ মূল্যৱান ১৮টা বছৰ, তেজ-ঘাম আৰু জীৱনৰ সমস্ত সাধনা নিস্বাৰ্থভাৱে উজাৰি দিয়ে!
সংকটৰ সেই দুৰ্যোগপূৰ্ণ দিনবোৰত অন্তৰৰ এক সুপ্ত কোণৰ পৰা আমি হয়তো কেতিয়াবা আশা কৰোঁ—সেই সুবিশাল প্ৰতিষ্ঠানটোৰ বহুজনৰ মাজৰ পৰা অন্ততঃ এজন মানুহ হ’লেও সাহসেৰে আগবাঢ়ি আহক! কোনোবা এজনে অন্ততঃ বুকুত হাত থৈ স্পষ্ট আৰু নিৰ্ভীক কণ্ঠেৰে কওক—“এইটো অন্যায় হৈছে, এইটো ঠিক হোৱা নাই!” কিন্তু বাস্তৱৰ মাটিত তেনে কোনো অলৌকিক ঘটনা নঘটিল। সমাজৰ মানুহবোৰ আচৰিত ধৰণে নীৰৱ আৰু নিস্তব্ধ হৈ ৰ’ল। সকলোৱে নিজৰ দুচকু মুদি অন্ধ হোৱাৰ ভাও জুৰিলে। কোনোবাই হয়তো নিজৰ ক্ষুদ্ৰ ব্যক্তিগত লাভালাভ আৰু সুবিধাৰ খাতিৰত, আৰু আন কোনোবাই ক্ষমতাৰ প্ৰতি থকা আদিম ভয় আৰু সংশয়ৰ বাবে সত্যক গাপ দি ৰাখিলে। মই সেই ভয়াৰ্ত আৰু সুবিধাবাদী নীৰৱতাখিনি মোৰ সমগ্ৰ সত্তাৰে অতি গভীৰভাৱে অনুভৱ কৰিছিলোঁ। অন্তৰত মৰ্মান্তিক বেদনা পাইছিলোঁ। কিন্তু এটা সময়ত মোৰ অন্তৰাত্মাই মোক প্ৰশ্ন কৰিলে—এখন পূৰ্বনিৰ্ধাৰিত আৰু নীতিহীন যুদ্ধক্ষেত্ৰত এজন নিৰস্ত্ৰ মানুহে অকলে আৰু কিমান দিন এনেদৰে থিয় হৈ আত্মক্ষয় কৰি থাকিব?
জীৱনত কৰিবলৈ বাকী থকা কামবোৰ আৰু সমাজক দিবলগীয়া মোৰ ভৱিষ্যতৰ সপোনবোৰ যদি এই সংকীৰ্ণ ৰাজনীতিৰ তুলনাত হাজাৰ গুণে অধিক গুৰুত্বপূৰ্ণ হয়, তেন্তে তেনে এক স্থানৰ পৰা নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি আঁতৰি অহাটো কোনো কালেই আত্মপৰাজয় হ’ব নোৱাৰে! বৰং সেয়া হ’ল নিজৰ আত্মাক মুক্ত কৰি আন এক নতুন সৃজনীশীল যাত্ৰাৰ প্ৰস্তুতি। সেয়েহে অতি সুস্থিৰ মনেৰে মই সেই চিনাকি ঠিকনাৰ পৰা আঁতৰি অহাৰ কঠিন সিদ্ধান্ত ল’লোঁ। মোৰ সেই প্ৰস্থানত কোনো কৃত্ৰিম নাটকীয় বিদায়-সম্বৰ্ধনা নাছিল, সমাজক দেখুৱাবলৈ কোনো বিশেষ আনুষ্ঠানিক ঘোষণা নাছিল। কেৱল এটা ১৮ বছৰীয়া বৰ্ণিল আৰু সোণালী অধ্যায়ৰ অতি শান্ত আৰু নিঃশব্দ পৰিসমাপ্তি। বুকুত ১৮টা বছৰৰ অপৰিসীম স্মৃতি আৰু অনুভৱৰ মেটমৰা বোজাটো সাৱটি লৈ মই মহাবিদ্যালয়ৰ সেই প্ৰৱেশদ্বাৰেৰে শেষবাৰৰ বাবে ওলাই আহিলোঁ।
কেতিয়াবা নিৰ্জন পথত খোজ কাঢ়ি যাওঁতে মই ক্ষন্তেক থমকি ৰৈ পিছলৈ ঘূৰি চাইছিলোঁ। নিজকে অতি গভীৰভাৱে প্ৰশ্ন কৰিছিলোঁ—এই সুদীৰ্ঘ ১৮টা বছৰৰ জীৱন-সংগ্ৰামত মই আচলতে কি পালোঁ? মোৰ অন্তৰৰ পৰা ওলাই অহা উত্তৰটো কিন্তু কোনো উচ্চ পদবী, কোনো মাহেকীয়া বেতনৰ অংক, নাইবা ফ্ৰেমত বন্ধা কোনো কাগজৰ প্ৰশংসাপত্ৰত বিচাৰি পোৱা নগ’ল! মই পালোঁ—মোৰ সমগ্ৰ জীৱন উজলাই ৰখা এজাক নিষ্পাপ আৰু অকৃত্ৰিম হৃদয়ৰ চিৰন্তন ছাত্ৰ-ছাত্ৰী, জীৱন-যুদ্ধত টিকি থকাৰ কিছু গভীৰ প্ৰজ্ঞাময় অভিজ্ঞতা, আৰু অন্তৰৰ মণিকূটত চিৰদিনৰ বাবে জীপাল হৈ থকা বহুতো মিঠা আৰু তিতা অনুভূতিৰ অক্ষয় ভাণ্ডাৰ! সেই পৱিত্ৰ প্ৰাপ্তিখিনিয়েই আছিল মোৰ জীৱনৰ আচল উপাৰ্জন, যাক পৃথিৱীৰ কোনো কুটিল ষড়যন্ত্ৰই মোৰ পৰা কাঢ়ি নিব নোৱাৰে।
টংলা মহাবিদ্যালয়ৰ সেই সুদীৰ্ঘ ১৮ বছৰীয়া মায়াময় ঠিকনাটো চিৰদিনৰ বাবে এৰি অহাৰ পিছত প্ৰথম কেইটামান দিন মোৰ মনৰ আকাশত এটি বিৰাট প্ৰশ্নবোধক চিহ্নে অহৰহ দোলা দিছিল—“এতিয়া কি?” কিন্তু জীৱন নৈৰ সোঁতৰ দৰে -- কোনো এজন ব্যক্তিৰ প্ৰত্যাশা বা আঘাতৰ বাবেই কেতিয়াও থমকি নৰয়। টংলা মহাবিদ্যালয়ৰ দুৱাৰখন বন্ধ হ’ল যদিও মোৰ সন্মুখত অপেক্ষা কৰি আছিল কৰ্মৰ এক সুবিশাল কেনভাছ। মোৰ বাবে আছিল ‘অৰুণোদয় একাডেমী’, আছিল নতুন প্ৰজন্মৰ শত-সহস্ৰ জ্ঞানপিপাসু ছাত্ৰ-ছাত্ৰীৰ কলকাকলি, আছিল বিজ্ঞানৰ ন-ন প্ৰকল্প আৰু আৰ্হি নিৰ্মাণৰ ক্লান্তিহীন সাধনা, আৰু লগতে আছিল মননশীল লিখা-পঢ়াৰ এক শান্ত নিভৃত জগত। আৰু এই সকলোবোৰৰ উৰ্ধত—মোৰ মূৰৰ ওপৰত সদায় শান্ত আৰু উদাৰ হৈ আছিল সেই চিৰন্তন নীলা আকাশখন! হয়, সেই আকাশখনেই আছিল মোৰ আটাইতকৈ ডাঙৰ আশ্ৰয়। আকাশৰ বুকুলৈ দৃষ্টি মেলিলেই মই উপলব্ধি কৰিছিলোঁ—পৃথিৱীৰ কোনো সংকীৰ্ণ ষড়যন্ত্ৰ বা বন্ধ দুৱাৰে মানুহৰ কৰ্মপ্ৰেৰণা আৰু মুক্ত আত্মাক কেতিয়াও বন্দী কৰি ৰাখিব নোৱাৰে।
খণ্ড - ১০
স্মৃতিৰ অলিয়ে গলিয়ে চিনাকি মুখবোৰ
সময় বাগৰি আহি পালেহি ২০১৩ চনটো। বিগত তিনিটা দশকত এগৰাকী নিষ্ঠাবান শিক্ষক হিচাপে মই অজস্ৰ ছাত্ৰ-ছাত্ৰীক অতি নিবিড়ভাৱে কাষৰ পৰা পালোঁ। সময়ৰ সোঁতত সিহঁতৰ বহুতেই কৈশোৰৰ দেওনা অতিক্ৰম কৰি আজি সমাজত একো একোজন সুপ্ৰতিষ্ঠিত আৰু দায়িত্বশীল নাগৰিকলৈ ৰূপান্তৰিত হৈছে। লগে লগে তাহানিৰ সেই কোমল চেহেৰাবোৰতো বয়স আৰু অভিজ্ঞতাই এক আমূল পৰিৱৰ্তন আনি দিলে। সেয়ে আজিৰ দিনত সেই পুৰণি ছাত্ৰ-ছাত্ৰীসকলক বাটে-পথে ক’ৰবাত অকস্মাৎ লগ পালে প্ৰথম দৃষ্টিতেই চিনি পোৱাটোও কেতিয়াবা কঠিন হৈ পৰে। তথাপিও, বজাৰে-সমাৰে, বিয়া-সবাহে, ৰঙালী বিহুৰ বিহুতলীত নাইবা ভ্ৰাম্যমাণ থিয়েটাৰৰ জনসমুদ্ৰৰ মাজত যেতিয়াই কোনোবা প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীয়ে আগবাঢ়ি আহি দুহাত যোৰ কৰি কুশল-বাৰ্তা সোধে—তেতিয়া হৃদয়খন এক অনাবিল তৃপ্তি আৰু গৌৰৱেৰে উপচি পৰে। এয়া প্ৰতিগৰাকী শিক্ষাগুৰুৰ দৈনন্দিন জীৱনৰ এক অত্যন্ত মধুৰ, অপূৰ্ব আৰু নৈমিত্তিক প্ৰাপ্তি।
তেনেকুৱাই এটি অবিস্মৰণীয় ঘটনা ঘটিছিল সিদিনা। আছিল এটা শান্ত দেওবাৰ। চুলিখিনি কিছু দীঘল হোৱাত কটাম বুলি মটৰচাইকেলখন ষ্টাৰ্ট কৰি ওলাই আহিলোঁ। প্ৰথমে এখন চেলুনলৈ গ'লো। তাত মানুহৰ প্ৰচণ্ড ভিৰ দেখি ভাবিলোঁ—নাই, ইয়াত বহু সময় নষ্ট হ’ব, আন এখনলৈকে যাওঁ। সাধাৰণতে মই নিৰ্দিষ্ট এখন বিশেষ চেলুনতেই নিয়মীয়াকৈ চুলি কটাও। কিন্তু আজি সেইখনো বন্ধ হৈ আছিল। গম পালোঁ—চেলুনখনৰ নাপিত "চুটকা" বিহাৰৰ নিজ গৃহলৈ গৈছে, তাৰ জীয়েকৰ বিয়া হেনো। সেয়ে কিছুদূৰ আগবাঢ়ি গৈ আন এখন চেলুনৰ সন্মুখত মটৰচাইকেলখন ৰখালোঁ।
ভিতৰলৈ সোমাই দেখিলোঁ দুজন নাপিতে অতি মনোযোগেৰে গ্ৰাহকৰ চুলি কাটি আছে। কিছু সময় অপেক্ষা কৰাৰ পিছত মোৰ পাল পৰিল। এজন কম বয়সীয়া, শান্ত স্বভাৱৰ নাপিতে অতি বিনম্ৰভাৱে মোক তেওঁৰ চকীখনলৈ মাতিলে। চকীখনত বহিছোঁহে মাথোন, নাপিতজনে অতি আন্তৰিকতাৰে মাত লগালে—
“ছাৰ, ভালনে আপোনাৰ?”
মই সন্মতিসূচক দৃষ্টিৰে এটি মৃদু হাঁহি মাৰি তেওঁৰ মুখলৈ চাই ভাবিবলৈ ধৰিলোঁ—এই মুখখনচোন মোৰ অতি চিনাকি! কিন্তু স্মৃতিৰ কুঁৱলী ফালি মই তেওঁক সঠিককৈ মনত পেলাব পৰা নাই...। মোৰ মনৰ ভিতৰত দুলি থকা সেই দোমোজা আৰু ভাবৰ বুৰবুৰণিবোৰৰ উমান হয়তো সেই কম বয়সীয়া নাপিতজনে তৎক্ষণাত পাইছিল। তেওঁ মিচিকিয়াই হাঁহি ক’লে— “মোক চিনি পাইছেনে ছাৰ? ২০০৫ চনত হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছিলোঁ। মই আপোনাৰ ছাত্ৰ ‘---’ ছাৰ!” (নামটো মই ইচ্ছাকৃতভাৱেই সংগোপনে ৰাখিলোঁ)।
মুহূৰ্ত এটিৰ বাবে হ’লেও মই যেন চৰম অপ্ৰস্তুত আৰু আৱেগিক হৈ পৰিলোঁ। এৰা, এৰা! স্পষ্ট মনত পৰি গ’ল—এওঁ দেখোন মোৰেই শ্ৰেণীকোঠাৰ এজন ছাত্ৰ আছিল! মই কিবা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পূৰ্বেই তেওঁ মোৰ গাত এখন বগা কাপোৰ মেৰিয়াই দিলে আৰু হাতত কেঁচি-ফণি তুলি লৈ অতি যত্নেৰে মোৰ চুলি কাটিবলৈ আৰম্ভ কৰিলে। কেঁচিৰ খট-খট শব্দৰ তালে তালে তেওঁ অতি সংক্ষেপে কৈ গ’ল তেওঁৰ জীৱনৰ কঠিন বাস্তৱৰ কাহিনী—ঘৰৰ চৰম আৰ্থিক অনাটন, শয্যাশায়ী ৰুগ্ন দেউতাকৰ ঔষধ-পাতিৰ চিন্তা, আৰু সৰু ভায়েকহঁতৰ পঢ়া-শুনা তথা সংসাৰৰ সমগ্ৰ দায়িত্ব অকলেই কান্ধত তুলি ল’বলগীয়া হোৱাৰ সেই নিৰুপায় সংগ্ৰাম। মই চকীখনত বহি নিৰৱে মাথোঁ শুনি গ’লোঁ। মোৰ মনৰ কেনভাছত একেখনকৈ ভাঁহি উঠিল মোৰ আন বহুতো কৃতী ছাত্ৰ-ছাত্ৰীৰ মুখবোৰ—যিসকলে NEET, JEE, CEE আদি কঠিন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আনন্দৰ খবৰ দি ভৰি চুই সেৱা কৰি যায়; যিসকল বেংক বা অন্যান্য উচ্চ প্ৰতিষ্ঠানৰ লোভনীয় চাকৰিত নিয়োজিত হৈছে; উচ্চ শিক্ষাৰ বাবে দিল্লী বা বাংগালোৰৰ দৰে মহানগৰীলৈ উৰা মাৰিছে, নাইবা ব্যৱসায়ত উন্নতি কৰি ক্ৰমে সমাজৰ শীৰ্ষ শিখৰলৈ গতি কৰিছে। আৰু তাৰ সমান্তৰালকৈ চকুৰ আগত চিলমিলকৈ ভাঁহি উঠিল আন দুই-এখন মুখ—যিবোৰ মুখৰ অধিকাৰী ছাত্ৰই আজি সমাজত প্ৰতিষ্ঠিত হৈ চকুৰ সন্মুখেৰে পাৰ হৈ গ’লেও নিজৰ পুৰণি শিক্ষাগুৰু বুলি মাত এষাৰ দিবলৈকো টান পায়! সঁচাকৈয়ে, কি বিচিত্ৰ এই মানৱ চৰিত্ৰ আৰু পৃথিৱীৰ নীতি!
চুলি কটাৰ সুবিধাৰ্থে মোৰ মূৰটো সামান্যভাৱে আগলৈ হলাই দি ছাত্ৰজনে ক’লে—“ছাৰ, মই কিন্তু অন্তৰৰ পৰা সুখী। পিতৃৰ পদাংক অনুসৰণ কৰিয়েই এই ব্যৱসায়ত নামিছোঁ আৰু ঘৰখনৰ সকলো দায়িত্বও সুচাৰুৰূপে ল’ব পাৰিছোঁ। কিন্তু জীৱনত দুখ এটাই চিৰদিনৰ বাবে ৰৈ গ’ল ছাৰ...!”
মই গভীৰ উৎকণ্ঠাৰে সুধিলোঁ—“কি দুখ?”
তেওঁ এক গভীৰ আৰু বেদনাসিক্ত হুমুনিয়াহ কাঢ়ি ক’লে—
“ময়ো এজন শিক্ষক হোৱাৰ এটি পৱিত্ৰ সপোন বুকুত পুহি ৰাখিছিলোঁ ছাৰ! পিছে পৰিস্থিতিৰ পাকচক্ৰত সেয়া আৰু সম্ভৱ হৈ নুঠিল...”
তেওঁৰ সেই অকপট আৰু হৃদয়স্পৰ্শী স্বীকাৰোক্তি শুনি মোৰ ডিঙিটো যেন ক্ষন্তেকৰ বাবে বন্ধ হৈ আহিল। কি ক’ম, কি সান্ত্বনা দিম ভাবি থাকোঁতেই তেওঁৰ চুলি কটাৰ পৰ্ব সমাপ্ত হ’ল।
মই লাহেকৈ চকীখনৰ পৰা উঠিলোঁ। পকেটৰ পৰা ৰুমালখন উলিয়াই মুখৰ চুলিখিনি মচি লৈ মাননি আদায় দিয়াৰ উদ্দেশ্যে ৱালেটটোলৈ বুলি হাতখন আগবঢ়ালোঁহে মাথোন—তেওঁ মুহূৰ্ততে দুহাত তুলি প্ৰচণ্ড প্ৰতিবাদ কৰি উঠিল আৰু আৱেগভৰা মাতেৰে ক’লে—“নহয় ছাৰ, কেতিয়াও নহয়! পইচাৰ বিনিময়ত মই কেতিয়াও মোৰ শিক্ষাগুৰুৰ চুলি কাটিব নোৱাৰোঁ। এয়া মোৰ জীৱনৰ পৰম সৌভাগ্য যে আজি মই মোৰ শ্ৰদ্ধাৰ শিক্ষকৰ অকণমান সেৱা কৰিবলৈ পালোঁ। আপুনি সময়ে সময়ে আকৌ আহিব ছাৰ!” এইবুলি কৈয়েই তেওঁ কোনো দ্বিধাবোধ নকৰি, চেলুনৰ সেই মজিয়াতেই তললৈ হাউলি মোৰ ভৰি দুখন নিজৰ দুহাতেৰে চুই অতি ভক্তিভাৱে মূৰ দোৱাই আশীৰ্বাদ বিচাৰিলে।
মোৰ চকুৰ কোণ দুটা কঁপি উঠিল। অন্তৰৰ সমস্ত স্নেহ আৰু এবুকু আশীৰ্বাদ তেওঁৰ শিৰত ঢালি দি মই ঘৰলৈ উভতি আহিলোঁ। কিন্তু ওৰেটো দিন মোৰ মনৰ মাজত অহৰহ দোলা দি থাকিল জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, মানৱীয় মূল্যবোধ আৰু গুৰু-শিষ্যৰ পৱিত্ৰ মৰ্যাদাৰ এক অন্তহীন আৰু গভীৰ চিন্তাতৰংগ।
২০১২ চনৰ সেই ‘Transit of Venus’ বা শুক্ৰৰ সূৰ্যসঞ্চাৰৰ কৰ্মশালাখন আৰু তাৰ পৰৱৰ্তী সময়ত ওদালগুৰি জিলাৰ বিভিন্ন গাঁৱে-ভূঞে থকা বিদ্যালয়সমূহলৈ কৰা নিৰন্তৰ শৈক্ষিক ভ্ৰমণে মোৰ মনত এটা কথা অতি গভীৰভাৱে খোদিত কৰি দিছিল—আমাৰ নিষ্পাপ শিশু আৰু কিশোৰসকলৰ অন্তৰত মহাকাশৰ ৰহস্যক লৈ লুকাই আছে এক অপৰিসীম, অতলস্পৰ্শী কৌতূহল! কিন্তু সেই সুপ্ত কৌতূহলক সঠিকভাৱে জীয়াই ৰাখিবলৈ সমাজত প্ৰয়োজন এনে এজন নিস্বাৰ্থ পথপ্ৰদৰ্শকৰ—যিয়ে প্ৰথমে তেওঁলোকৰ হাতত ধৰি মুকলি আকাশখনলৈ চাবলৈ শিকাব পাৰে।
ঠিক সেই সন্ধিক্ষণতেই মোৰ জীৱনলৈ আহিল আন এগৰাকী অনন্য ব্যক্তিত্ব, যাৰ সান্নিধ্য আৰু প্ৰভাৱে মোৰ চিন্তাৰ দিগন্তক আমূলভাৱে সলনি কৰি পেলালে—তেখেত আছিল শ্ৰদ্ধাৰ উদয় নাৰায়ণ ডেকা ছাৰ। ডেকা ছাৰ আছিল এনে এজন বিৰল মানুহ, যিয়ে দৈনন্দিন জীৱনৰ অতি সাধাৰণ, সৰু-সুৰা কথাৰ মাজতো বিশ্বব্ৰহ্মাণ্ড আৰু মহাকাশৰ অতল বিশালতা অনায়াসে বিচাৰি উলিয়াব পাৰিছিল। তেখেতৰ মুখৰ শান্ত আৰু প্ৰজ্ঞাময় কথাবোৰ শুনিলে এনে অনুভৱ হৈছিল—যেন অনন্ত আকাশখন আলোকবৰ্ষ দূৰৰ কোনো অগম্য বস্তু নহয়; সি আমাৰ একেবাৰে মূৰৰ ওপৰতেই আছে, আমাৰ চকুৰ সন্মুখতেই অপৰূপ ৰূপেৰে বিৰাজমান। কেৱল নিজৰ অন্তৰৰ চকুৰে সেই অনন্ত সৌন্দৰ্যক চাবলৈ আৰু হৃদয়ঙ্গম কৰিবলৈ শিকিব লাগে!
দিনবোৰ বাগৰি আহি পালেহি ২০১৫ চনৰ ছেপ্টেম্বৰ মাহ।ডেকা ছাৰ কোনো এক বিশেষ কামত ওদালগুৰিলৈ আহিছিল। সেই সময়লৈ তেখেতৰ সৈতে মোৰ আন্তৰিক আৰু শৈক্ষিক সম্পৰ্কটো ইতিমধ্যে যথেষ্ট গভীৰ হৈ পৰিছিল। এদিন বিয়লি একাপ চাহ খোৱাৰ উদ্দেশ্যে তেখেত আমাৰ ঘৰলৈ আহিল। ঘৰৰ ভিতৰত সোমায়েই ড্ৰয়িং ৰুমত বহি চাহৰ কাপটো হাতত লোৱাৰ পূৰ্বেই ডেকা ছাৰে অতি স্বাভাৱিকভাৱে মোক ক’লে— “কম্পিউটাৰটো অন কৰাচোন প্ৰণৱ।” মই কোনো প্ৰশ্ন নকৰি নিঃশব্দে কম্পিউটাৰটো অন কৰিলোঁ।
“এটা ৱেবছাইট চোৱা।”—ছাৰে নিৰ্দেশ দিলে।
ছাৰে ব্ৰাউজাৰত যিটো বিশেষ ৱেবছাইট খুলিবলৈ ক’লে, সেইটো দেখাৰ লগে লগে মোৰ চকু দুটা যেন ক্ষন্তেকৰ বাবে স্থিৰ হৈ ৰ’ল। সেয়া আছিল ভাৰতবৰ্ষৰ পাৰমাণৱিক বিজ্ঞান আৰু গৱেষণাৰ সৰ্বোচ্চ তীৰ্থক্ষেত্ৰ—মুম্বাইৰ ‘ভাবা আনৱিক গৱেষণা কেন্দ্ৰ’ (Bhabha Atomic Research Centre, BARC)!
‘মুম্বাই’—নামটো মোৰ অতীতৰ প্ৰশিক্ষণৰ দিনবোৰৰ পৰাই অতি চিনাকি আছিল। কিন্তু ‘BARC’... ! এই বিশ্ববিখ্যাত প্ৰতিষ্ঠানটোৰ নামটো মোৰ দৰে মফচলীয় অঞ্চলৰ এখন সাধাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক এজনৰ বাবে কিমান যে দূৰৈৰ, অপ্ৰাপ্য আৰু সপোনৰ দৰে এক স্থান আছিল! কিন্তু ডেকা ছাৰে সমগ্ৰ বিষয়টোক ইমানেই সহজ আৰু স্বাভাৱিক কৰি পেলালে যেন এয়া আমাৰ দৈনন্দিন কামৰেই এটা তেনেই সাধাৰণ অংশ। তেখেতে অতি শান্তভাৱে ক’লে— “অনলাইন এপ্লিকেচনটো খোলা।”
মই নিৰ্দেশ অনুসৰি আবেদন পত্ৰখন স্ক্ৰীণত খুলি ল’লোঁ।
“ফৰ্মখন পূৰ কৰা।”—ছাৰে দৃঢ় কণ্ঠেৰে ক’লে।
মই কীবৰ্ডত হাত থৈ ক্ষন্তেক থমকি ৰ’লোঁ। মনৰ ভিতৰচ’ৰাত এটাৰ পিছত এটাকৈ অজস্ৰ প্ৰশ্ন আৰু দ্বিধাই খুন্দিয়াবলৈ ধৰিলে—মই কি লিখিম? কি কাৰণে লিখিম? সমগ্ৰ দেশৰ শ্ৰেষ্ঠ বিজ্ঞানী আৰু অধ্যাপকসকলৰ মাজত মোৰ যোগ্যতা আৰু মৰ্যাদাই বা কিমান? মোৰ দৰে এজন সাধাৰণ শিক্ষকে বাৰু সঁচাকৈয়ে তাত স্থান পাবলৈ সক্ষম হ’মনে? মোৰ চকু-মুখৰ সেই অপ্ৰকাশিত সংশয় আৰু দ্বিধাগ্ৰস্ততা প্ৰত্যক্ষ কৰি সেই সময়ত আমাৰ কাষতেই উপস্থিত থকা শ্ৰদ্ধাৰ জয়ন্ত কুমাৰ দাস ছাৰে মোক অভয় দিলে, বুকুৰ ভিতৰত অপৰিসীম সাহসৰ সঞ্চাৰ কৰিলে। তেওঁ মোৰ দ্বিধাক আঁতৰাই নিজেই কম্পিউটাৰৰ সন্মুখত বহি পৰিল। তাৰ পিছত আৰম্ভ হ’ল তথ্য পূৰণৰ পৰ্ব: মোৰ শৈক্ষিক অৰ্হতা আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ তথ্য, বিগত কেইবাটাও বছৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কৰা কৰ্মৰাজিৰ খটিয়ান, বিভিন্ন জ্যোতিৰ্বিজ্ঞান আৰু বিজ্ঞান কৰ্মশালাত অংশগ্ৰহণৰ সবিশেষ বিৱৰণ, আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিৰ্মাণ কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা বিজ্ঞান প্ৰকল্প তথা উদ্ভাৱনী কাৰ্যকলাপৰ তালিকা ইত্যাদি। এটাৰ পিছত এটাকৈ প্ৰতিটো তথ্য পৰ্দাত লিপিবদ্ধ হৈ গ’ল। শেষত এটি গভীৰ নিশ্বাস এৰি অনলাইন ফৰ্মখন ছাবমিট কৰি প্ৰেৰণ কৰা হ’ল।
আবেদন পত্ৰ প্ৰেৰণ কৰাৰ পিছত আৰম্ভ হ’ল পুনৰ এক শান্ত আৰু নিস্তব্ধ অপেক্ষাৰ ক্ষণ। মোৰ মনত কোনো নিশ্চয়তা নাছিল। মই জানো সপোনতো ভাবিব পাৰিছিলোঁ যে কম্পিউটাৰৰ সেই সাধাৰণ ফৰ্মখনেই মোৰ জীৱনৰ বন্ধ হৈ থকা আন এক সুবিশাল মহাজাগতিক দুৱাৰ মুকলি কৰি দিব? নাই, মই তিলমানো জনা নাছিলোঁ! কেইবাটাও দিন পাৰ হৈ গ’ল। তাৰ পিছত এদিন সন্ধিয়া নমোৰ ফোনৰ ৰিংটোনটো বাজি উঠিল। স্ক্ৰীণত জিলিকি উঠিল—‘ডেকা ছাৰ’। ফোনটো কাণত লৈ ‘হেল্ল’ বুলি ক’বলৈহে পালোঁ, সিপাৰৰ পৰা ডেকা ছাৰে কোনো ভূমিকা নকৰি এক অতি গভীৰ, আৱেগভৰা আৰু আনন্দদায়ক কণ্ঠেৰে ক’লে— “প্ৰণৱ, তুমি আজিয়েই মুম্বাইলৈ অহা-যোৱাৰ দুটা প্লেনৰ টিকট কাটি লোৱা! অক্টোবৰ মাহৰ ৩০ তাৰিখে তুমি BARC-ত উপস্থিত থাকিব লাগিব!”
মই কিছু সময়ৰ বাবে সম্পূৰ্ণ স্তব্ধ, নিৰ্বাক আৰু নিৰৱ হৈ ৰ’লোঁ! মোৰ কাণে যেন নিজৰ শুনি থকা শব্দবোৰকে বিশ্বাস কৰিব পৰা নাছিল! মুম্বাই! ভাৰতৰ সৰ্বোচ্চ গৱেষণা প্ৰতিষ্ঠান BARC! আৰু তাত অনুষ্ঠিত হ’বলগীয়া মহাকাশ বিজ্ঞানৰ এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহাসমাৰোহ! যিটো কথা কালিৰ দিনটোলৈকে আছিল কেৱল কল্পনাৰো অগোচৰ এক সুদূৰ সপোন, সেই সপোনটোৱেই আজি এক অপৰূপ বাস্তৱ হৈ মোৰ দুৱাৰদলিত থিয় দিলেহি। ২০১৫ চনৰ সেই ঐতিহাসিক যাত্ৰাই মোৰ শিক্ষক জীৱনলৈ কঢ়িয়াই আনিলে আন এক সোণালী আৰু অবিস্মৰণীয় যুগান্তকাৰী অধ্যায়।
কিন্তু সেই মুম্বাই যাত্ৰাৰ আনন্দৰ পূৰ্বেই মই মোৰ অন্তৰৰ সমগ্ৰ শ্ৰদ্ধাৰে উপলব্ধি কৰিবলগীয়া হৈছিল—যিগৰাকী মানুহে নিজৰ হাতখন আগবঢ়াই মোক সেই পৱিত্ৰ মহাজাগতিক দুৱাৰখন দেখুৱাই দিলে, তেখেত নিজেই আচলতে বিজ্ঞান আৰু আকাশৰ কিমান গভীৰ, ঐকান্তিক আৰু নিস্বাৰ্থ প্ৰেমী আছিল! উদয় নাৰায়ণ ডেকা ছাৰ কেৱল এটি নিৰ্দিষ্ট সংজ্ঞাত আৱদ্ধ থকা কোনো তথাকথিত অপেছাদাৰী জ্যোতিৰ্বিজ্ঞানী (Amateur Astronomer) নাছিল। তেখেতৰ বাবে এই বিশাল নীলা আকাশখন আছিল জীৱনৰ এক অন্তহীন, আজন্ম আৰু পৱিত্ৰ অনুসন্ধান! টেলিস্কোপটো আছিল কেৱল তেখেতৰ হাতৰ কাঁচ আৰু ধাতুৰে নিৰ্মিত এটা বাহ্যিক সঁজুলি মাথোন; কিন্তু তেখেতৰ আচল সাধনা আছিল মানুহৰ সুপ্ত হৃদয়খনক জগাই তুলি আকাশৰ অনন্ত মহিমাক প্ৰত্যক্ষ কৰিবলৈ শিকাটো।তেখেতৰ এটা কথাই আজিও মোৰ স্মৃতিৰ মণিকূটত চকুলো আৰু প্ৰেৰণা হৈ সজীৱ হৈ ৰৈছে। এদিন কোনো এখন বিদ্যালয়ৰ মুকলি প্ৰাংগণত সন্ধিয়াৰ নিস্তব্ধ আকাশৰ তলত টেলিস্কোপেৰে চন্দ্ৰ আৰু গ্ৰহ-নক্ষত্ৰ পৰ্যবেক্ষণৰ কাৰ্যসূচী চলি আছিল। আকাশ চোৱাৰ দুৰ্বাৰ হেঁপাহত শ শ কোমলমতি ছাত্ৰ-ছাত্ৰীয়ে নিয়ৰ সৰা ঠাণ্ডাকো নেওচি টেলিস্কোপটোৰ সন্মুখত এটা অতি দীঘলীয়া শাৰী পাতি অনুশাসনবদ্ধভাৱে থিয় হৈ আছিল। সেই দীঘলীয়া শাৰীটোত ৰৈ থকা নিষ্পাপ শিশুবোৰৰ উজ্জ্বল মুখবোৰলৈ গভীৰ দৃষ্টিৰে চাই থাকি, ডেকা ছাৰে হঠাতে মোৰ ফালে ঘূৰি অতি সংবেদনশীল আৰু আৱেগভৰা মাতেৰে কৈ উঠিছিল— “জানা প্ৰণৱ... এদিন ময়ো মোৰ ল’ৰালি কালত এনেদৰেই ঠিক এটা দীঘলীয়া লাইনৰ একেবাৰে শেষৰ পিনে থিয় হৈ আছিলোঁ—কেৱল নিজ চকুৰে এটা টেলিস্কোপেৰে আকাশখন এবাৰ চাই লোৱাৰ দুৰ্বাৰ তাড়নাত!” সেই এষাৰ বাক্যৰ মাজতেই যেন প্ৰতিধ্বনিত হৈছিল এজন আজন্ম জ্ঞানপিপাসু মানুহৰ সমগ্ৰ জীৱনজোৰা সাধনা, ত্যাগ আৰু তৰাভৰা আকাশৰ প্ৰতি থকা এক অনন্ত আৰু নিষ্পাপ প্ৰেমৰ পৱিত্ৰতম ইতিহাস।
২০১৫ চনৰ সেই ঐতিহাসিক ক্ষণটো আৰু মুম্বাই অভিমুখী যাত্ৰাৰ প্ৰাকমুহূৰ্তত মই শিক্ষকতাৰ আচল আৰু পৰম অৰ্থটো মোৰ সমগ্ৰ সত্তাৰে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এগৰাকী প্ৰকৃত শিক্ষক কেৱল শ্ৰেণীকোঠাত পাঠ্যপুথিৰ তথ্য বিতৰণ কৰা এজন গতানুগতিক পাঠদানকাৰী হ’ব নোৱাৰে। এই পৃথিৱীত এগৰাকী সফল আৰু সঁচা শিক্ষক সেইজনেই যিজনে আন এজন মানুহৰ হৃদয়ৰ অন্ধকাৰ কোঠালীত লুকাই থকা সুপ্ত সম্ভাৱনাৰ জঁপাখন আলফুলে খুলি দিয়ে আৰু জীৱনৰ দুৰ্গম বাটত আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ অবিৰত প্ৰেৰণা যোগায়।শ্ৰদ্ধাৰ উদয় নাৰায়ণ ডেকা ছাৰে মোৰ জীৱনত ঠিক সেই পৰম গুৰুৰ কামটোকেই কৰিছিল। ২০১২ চনৰ সেই দুৰ্যোগপূৰ্ণ ক্ষণত মই হয়তো টংলা মহাবিদ্যালয়ৰ ১৮ বছৰীয়া চিনাকি দুৱাৰখন নিজৰ পাছফালে বন্ধ কৰি অসহায়ভাৱে ওলাই আহিবলগীয়া হৈছিল; কিন্তু নিয়তিৰূপী ডেকা ছাৰে মোৰ সন্মুখত উন্মুক্ত কৰি দিছিল বিশ্বব্ৰহ্মাণ্ডৰ আন এক অনন্ত আৰু জ্যোতিৰ্ময় দুৱাৰ। আৰু সেই অদৃশ্য দুৱাৰখনৰ ঠিক সিপাৰেই অপেক্ষা কৰি আছিল সপোনৰ মহানগৰী মুম্বাই—ভাৰতৰ গৌৰৱস্বৰূপ ‘ভাবা আনৱিক গৱেষণা কেন্দ্ৰ’ (BARC)!
মুম্বাইৰ সেই সুবিশাল ভাবা আনৱিক গৱেষণা কেন্দ্ৰৰ চৌহদটো তেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰথিতযশা বিজ্ঞানী, গৱেষক আৰু জ্যোতিৰ্বিজ্ঞানীসকলৰ এক মহামিলন ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈ পৰিছিল। মোৰ দৰে মফচলৰ এজন সাধাৰণ শিক্ষকৰ বাবে এইয়া আছিল অসীম মহাকাশক আৰু অলপ নিবিড়ভাৱে, অতি কাষৰ পৰা চুই চোৱাৰ এক বিৰল আৰু অসাধাৰণ সুযোগ। টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (TIFR) অন্তৰ্গত ‘হোমি ভাবা বিজ্ঞান শিক্ষা কেন্দ্ৰ’ই (HBCSE) আয়োজন কৰা সেই ‘Astronomy Camp’-ৰ প্ৰতিটো দিন আজিও মোৰ স্মৃতিৰ মণিকূটত চিৰসেউজ হৈ জীপাল হৈ আছে। সেই কেইটামান দিনত আমাৰ সন্মুখত উন্মোচিত হৈছিল আধুনিক জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ এক সুবিশাল কেনভাছ। সেইবোৰ আছিল যথাক্ৰমে : মহাজাগতিক বলবিজ্ঞান (Celestial Mechanics) আৰু নক্ষত্ৰৰ জটিল পদাৰ্থবিজ্ঞান (Physics of Stars), অপটিক্স আৰু জ্যোতিৰ্বৈজ্ঞানিক স্থানাংক ব্যৱস্থা (Astronomical Coordinates), নিৰীক্ষণমূলক জ্যোতিৰ্বিজ্ঞান (Observational Astronomy) আৰু নিশাৰ তৰাভৰা আকাশ পৰ্যবেক্ষণ (Night Sky Observation), আধুনিক টেলিস্কোপ চালনাৰ সূক্ষ্ম কাৰিকৰী কৌশল (Telescope Handling), ভাৰতৰ প্ৰথমখন মহাকাশ মানমন্দিৰ ‘এষ্ট্ৰ’চেট’ (AstroSat) আৰু মংগলযান অভিযানৰ (Mars Orbiter Mission) গৌৰৱগাথা, আৰু সৌৰজগতৰ বাহিৰৰ ৰহস্যময় বহিঃগ্ৰহসমূহৰ (Exoplanets) অন্বেষণ।
বিশ্বৰ অগ্ৰণী বিজ্ঞানীসকলৰ সৈতে একেখন মেজত বহি মত-বিনিময় কৰাৰ সেই সুযোগ আছিল মোৰ জীৱনৰ এক পৰম সৌভাগ্য। বিশেষকৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ (NASA) প্ৰখ্যাত গ্ৰহ বিজ্ঞানী (Planetary Scientist) ড° হেনৰী থ্ৰুপৰ (Dr. Henry Throop) সৈতে মুখামুখিকৈ বহি মহাকাশৰ ৰহস্য সন্দৰ্ভত কথা পতাৰ সেই অমূল্য মুহূৰ্তবোৰ মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ।সেই আন্তর্জাতিক মঞ্চখনত ভৰি দিয়াৰ পিছত মোৰ সমগ্ৰ জীৱন-দৃষ্টি আৰু চিন্তাৰ পৰিসৰ একেবাৰে সলনি হৈ গ’ল। মই বুজিলোঁ যে বিজ্ঞানৰ কোনো ভৌগোলিক সীমা নাই, ই হ’ল মানৱ চেতনাৰ এক অনন্ত মুক্তিৰ নাম।
মোক সেই মহাজাগতিক দুৱাৰখন দেখুৱাই দিয়া শ্ৰদ্ধাৰ উদয় নাৰায়ণ ডেকা ছাৰৰ নিজৰ জীৱন পৰিক্ৰমাটোও আছিল তেনেই বিচিত্ৰ আৰু গভীৰ অনুপ্ৰেৰণাদায়ক। ১৯৪৪ চনৰ ৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এই বিজ্ঞানপ্ৰেমী মানুহজনে মুম্বাইৰ দৰে মহানগৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকত (RBI) সুদীৰ্ঘ বাৰটা বছৰ এগৰাকী উচ্চপদস্থ মেনেজাৰ হিচাপে অতি নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু অৰ্থ আৰু বেংকৰ হিচাপ-নিকাচৰ ব্যস্ততাৰ মাজতো তেওঁৰ অন্তৰাত্মা বান্ধ খাই আছিল নিশাৰ নীলা আকাশৰ লগত। মুম্বাইত থকা সময়ছোৱাতেই তেখেতে ‘Amateur Astronomers Association’-ৰ কোষাধ্যক্ষ হিচাপে গুৰুদায়িত্ব পালন কৰি জ্যোতিৰ্বিজ্ঞান চৰ্চাক এক অনন্য গতি দিছিল। পিছলৈ কৰ্মজীৱন সামৰি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত তেখেত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল গুৱাহাটী তাৰাগৃহৰ সৈতে। পৰৱৰ্তী সময়ত ‘প্ৰাগজ্যোতিষ Amateur Astronomers Association’-ৰ সম্পাদক হিচাপে দায়িত্ব লৈ তেখেতে সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ—নগৰে-চহৰে, গাঁৱে-ভূঞে ঘূৰি ফুৰি বিজ্ঞান আৰু মহাকাশৰ আলোক সিঁচি দিছিল। তেখেতৰ বাবে জ্যোতিৰ্বিজ্ঞান কেৱল এটা ব্যক্তিগত চখ বা বিলাস নাছিল; সি আছিল সাধাৰণ মানুহ আৰু নিষ্পাপ শিশুক আকাশৰ অপাৰ মহিমাৰ সৈতে চিনাকি কৰাই দিয়াৰ এক আজীৱন ব্যাকুলতা আৰু আধ্যাত্মিক তাড়না!
মোৰ জীৱনৰ ইতিহাসত ডেকা ছাৰৰ সেই বিশাল অৱদানৰ কথা লিখিবলৈ গ’লে হয়তো একোটা সুকীয়া গ্ৰন্থও যথেষ্ট নহ’ব। মুম্বাইৰ BARC-লৈ যোৱাৰ সেই সোণালী সুযোগটো তেখেতেই সৃষ্টি কৰি দিছিল সঁচা, কিন্তু তাৰো বহুগুণে উৰ্ধত আছিল মোৰ হতাশাচ্ছন্ন মনৰ ভিতৰত তেখেতে গুপুতে জগাই তোলা সেই অমৰ আত্মবিশ্বাসৰ বাণী—“প্ৰণৱ, তুমিও পাৰিবা!” পৃথিৱীৰ বুকুত এনে কিছুমান বিৰল মানুহৰ আৱিৰ্ভাৱ ঘটে, যিসকলে জীৱনৰ জটিল সন্ধিক্ষণত এজন দিকভ্ৰান্ত মানুহৰ পথৰ দিশ সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে। তেওঁলোকে কেৱল দূৰৰ পৰা এখন নতুন দুৱাৰেই আঙুলিয়াই নিদিয়ে; বৰং নিজ হাতেৰে সেই দুৱাৰখন খুলি, হাতত ধৰি একেবাৰে ভিতৰৰ পোহৰলৈ আগবঢ়াই থৈ আহেগৈ! ডেকা ছাৰে মোৰ জীৱনতো সেই অনন্ত মহাকাশৰ দুৱাৰখন খুলি দি মোক আকাশৰ বিজ্ঞানৰ এখন নতুন আৰু মুক্ত পৃথিৱীৰ বাসিন্দা কৰি তুলিলে।
শিক্ষকতাৰ দৈনন্দিন সাধনা, বিজ্ঞানৰ ন-ন মডেল নিৰ্মাণ, আকাশ পৰ্যবেক্ষণ আৰু ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান প্ৰকল্পসমূহৰ মাজেৰে জীৱনৰ পথত আগবাঢ়ি থাকোঁতে মোৰ সন্মুখত সমাজৰ আন এক গভীৰ আৰু বাস্তৱমুখী প্ৰশ্ন আহি থিয় দিলেহি— “এজন ছাত্ৰই বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত নিজৰ ভৱিষ্যত জীৱনৰ পেছা বা কেৰিয়াৰটো কেনেকৈ সঠিকভাৱে বাছি ল’ব?” টংলা আৰু সমগ্ৰ ওদালগুৰি জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সুদীৰ্ঘ তিনিটা দশক অতি নিবিড়ভাৱে কটোৱাৰ পিছত মই এটা অতি মৰ্মান্তিক সত্য খুব ওচৰৰ পৰা অনুভৱ কৰিছিলোঁ। আমাৰ গাঁও আৰু মফচলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহজাত প্ৰতিভা, মেধা বা একাগ্ৰতাৰ কোনো অভাৱ নাছিল। অভাৱ যদি ক’ৰবাত আছিল, সেয়া আছিল কেৱল উপযুক্ত তথ্যৰ অভাৱ আৰু সঠিক সময়ত পাবলগীয়া এক দিকদৰ্শী নিৰ্দেশনাৰ অভাৱ! এজন মেধাৱী ছাত্ৰই হয়তো চিকিৎসক হ’ব বিচাৰে, আন এজনে প্ৰযুক্তিবিদ বা অভিযন্তা হ’ব খোজে, কোনোবাই দেশৰ শীৰ্ষ বিজ্ঞানী হোৱাৰ সপোন দেখে। আকৌ কোনোবা এজন ছাত্ৰই হয়তো আধুনিক জগতৰ এনে বহুতো নতুন আৰু উজ্জ্বল পাঠ্যক্ৰমৰ কথা গমেই নাপায়, যিবোৰ পাঠ্যক্ৰম প্ৰকৃততে তেওঁৰ নিজৰ অন্তৰ্নিহিত ৰুচি আৰু প্ৰতিভাৰ সৈতে আটাইতকৈ বেছি খাপ খাব পাৰে।
মই শিক্ষক হিচাপে এই সমস্যাটো আগৰ পৰাই লক্ষ্য কৰিছিলোঁ যদিও, সময়ৰ লগে লগে এই সংকটটো অধিক স্পষ্ট আৰু উদ্বেগজনক হৈ পৰিছিল। আমাৰ গ্ৰামাঞ্চলৰ বহুতো সৰল অভিভাৱকে নিজৰ সন্তানটিৰ বাবে বুকুত আকাশলঙ্ঘী সপোন দেখে; কিন্তু সেই পৱিত্ৰ সপোনক বাস্তৱৰ মাটিত কেনেকৈ ৰূপায়িত কৰিব লাগিব, তাৰ সঠিক পথৰ সন্ধান কৰিবলৈ তেওঁলোকৰ হাতত কোনো পৰ্যাপ্ত তথ্য বা দিশ-নিৰ্ণায়ক ব্যৱস্থা নাথাকে। গ্ৰাম্যাঞ্চল বা সৰু চহৰৰ বহু প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীয়ে হয়তো বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ নাম দূৰৰ পৰা শুনিছে; কিন্তু সেই কঠিন পৰীক্ষাবোৰৰ বাবে কেনেদৰে পৰিকল্পিত প্ৰস্তুতি ল’ব লাগে, বছৰৰ কোনটো নিৰ্দিষ্ট সময়ত আবেদন কৰিব লাগে, নিজৰ সামৰ্থ্য অনুসৰি কোনটো বিষয় নিৰ্বাচন কৰিব লাগে, আৰু দেশৰ কোনখন আগশাৰীৰ শিক্ষানুষ্ঠানত কি কি সুযোগ সংৰক্ষিত হৈ আছে—এইবোৰৰ বিষয়ে তেওঁলোকৰ কোনো স্পষ্ট আৰু সঠিক ধাৰণা নাথাকে। কেতিয়াবা কেৱল এটা সামান্য তথ্যৰ অভাৱৰ বাবেই বা নিৰ্দিষ্ট সময় উকলি যোৱাৰ বাবেই এজন অতি সম্ভাৱনাময় মেধাৱী ছাত্ৰৰ জীৱনৰ পৱিত্ৰ সপোনটো বহু বছৰ পিছলৈ উজুটি খাই পৰে, নাইবা চিৰদিনৰ বাবে মৰহি যায়!
আমাৰ সমাজৰ তৰুণ প্ৰজন্মৰ এই দিশহাৰা অৱস্থা আৰু নীৰৱ আৰ্তনাদ প্ৰত্যক্ষ কৰি লাহে লাহে মোৰ অন্তৰত এক নতুন আৰু পৱিত্ৰ সংকল্পই জন্ম ল’লে যে মই মোৰ সামৰ্থ্য অনুযায়ী যিমানদূৰ পাৰোঁ, প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ কেৰিয়াৰ সম্পৰ্কীয় সঠিক নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰিম। এইটো কোনো পূৰ্বপৰিকল্পিত বৃহৎ বাণিজ্যিক প্ৰকল্প নাছিল, ইয়াৰ বাবে কোনো বিলাসী শীতাতপ নিয়ন্ত্ৰিত কাৰ্যালয় সজা হোৱা নাছিল, আৰু নাছিল কোনো কঠিন নিয়ম বা সময়সূচীৰ বান্ধোন। মোৰ ঘৰৰ বাৰান্দা, বিদ্যালয়ৰ খালী শ্ৰেণীকোঠা, নাইবা বাটে-পথে লগ পোৱা যিকোনো স্থানতেই মোৰ দুৱাৰ সদায় মুকলি হৈ ৰ’ল যাতে এজনো মেধাৱী সন্তান কেৱল সঠিক তথ্য আৰু নিৰ্দেশনাৰ অভাৱত আন্ধাৰত দিশ হেৰুৱাই পেলাবলগীয়া নহয়।
সেই নিঃস্বাৰ্থ সংকল্পৰ পাছত মোৰ ওচৰলৈ ন-ন প্ৰশ্ন লৈ মানুহৰ আগমন হ’বলৈ ধৰিলে। কেতিয়াবা কোনোবা চিন্তিত অভিভাৱক আহি মোৰ সমুখত বহিছিল, কেতিয়াবা দূৰণিৰ কোনোবা দোমোজাত পৰা ছাত্ৰই লাজ-সংশয় সামৰি ফোন কৰিছিল। আনহাতে স্থানীয় শিক্ষক আৰু বিভিন্ন সামাজিক সংগঠনৰ আন্তৰিক আহ্বানত মই শ শ ছাত্ৰ-ছাত্ৰীৰ সৈতে একেখন মজিয়াত মুখামুখি হৈ বহাৰ বিৰল সুযোগ পাইছিলোঁ। সেই অন্তৰংগ কথাবোৰ সদায় আৰম্ভ হৈছিল তেনেই এটি সহজ আৰু সাধাৰণ প্ৰশ্নৰ পৰা— “তুমি বাৰু ভৱিষ্যতে কি পঢ়িব বিচৰা?”
বহু সময়ত ছাত্ৰজনৰ পৰা অতি সৰল আৰু অপ্ৰস্তুত উত্তৰ আহিছিল— “নাজানো ছাৰ।” মই হাঁহি মাৰি পুনৰ সুধিছিলোঁ—“বাৰু, কি বিষয় পঢ়ি তোমাৰ আটাইতকৈ ভাল লাগে?” বহুতো ছাত্ৰ ছাত্ৰীৰ উত্তৰ আছিল -- “বিজ্ঞান।”
“তেন্তে বিজ্ঞানৰ কোনটো অংশই তোমাৰ মন চুই যায়?”
তাৰ ঠিক পিছতেই নামি আহিছিল এক গভীৰ, নিস্তব্ধ মৌনতা। সেই অপ্ৰত্যাশিত মৌনতাৰ মাজতেই আচলতে আত্মসন্ধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো আৰম্ভ হৈছিল। কাৰণ জীৱনৰ পথ বা কেৰিয়াৰ বাছনি কৰা মানে কেৱল সমাজত সন্মান পাবলৈ এটা লোভনীয় চাকৰি বাছি লোৱাটো নহয়; বৰং তাৰো বহু গভীৰলৈ গৈ প্ৰথমে নিজৰ অন্তৰ্নিহিত ৰুচি, শক্তি আৰু দুৰ্বলতাৰ সৈতে সততাৰে চিনাকি হোৱাটোৱেই হ’ল জীৱনৰ আচল ভেটি।
মোৰ এই ক্ষুদ্ৰ আৰু নিস্বাৰ্থ প্ৰচেষ্টাটোক সমাজৰ বুকুত এক বহল আন্দোলনৰ ৰূপ দিবলৈ স্থানীয় সচেতন যুৱ সংগঠনসমূহে অতি আন্তৰিকতাৰে সহায়ৰ হাত আগবঢ়াই দিলে। ডিমাকুছি আঞ্চলিক বড়ো ছাত্ৰ সন্থা (ABSU), সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) আদিৰ দৰে জনপ্ৰিয় ছাত্ৰ সংগঠনসমূহে বিভিন্ন সময়ত মোৰ বাবে গাঁৱে-ভূঞে একো একোখন মুক্ত শৈক্ষিক মঞ্চ সৃষ্টি কৰি দিলে। সমান্তৰালকৈ ওদালগুৰি জিলাৰ বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহেও মোক ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰিবলৈ সাদৰেৰে আমন্ত্ৰণ জনাবলৈ ধৰিলে। এনে অনুষ্ঠানবোৰলৈ বিভিন্ন ভিতৰুৱা আৰু দুৰ্গম প্ৰান্তৰ পৰা এজাক এজাক আশাবাদী তৰুণ-তৰুণী ঢাপলি মেলি আহিছিল। কোনোবা আহিছিল বহু মাইল পথ চাইকেল চলাই, কোনোবা আহিছিল বুকুত আশা পুহি ৰখা সাধাৰণ কৃষক পিতৃ-মাতৃৰ আঙুলিত ধৰি, আৰু কোনোবা আকৌ নিজৰ সমবয়সীয়া বন্ধু-বান্ধৱীৰ দলৰ সৈতে। তেওঁলোকৰ মুখৰ প্ৰশ্নবোৰ ভাষা আৰু ব্যৱহাৰত হয়তো বেলেগ বেলেগ আছিল, কিন্তু সেই নিষ্পাপ চকুযুৰিবোৰৰ অন্তৰালত কঁপকপাই থকা মূল জিজ্ঞাসা আৰু আৰ্তনাদখিনি কিন্তু আছিল একেটাই—
“ছাৰ, মোৰ বাবে আচলতে কোনটো পথ সঠিক?”
মই মোৰ প্ৰতিটো আলোচনাত সদায় এটা কথাই সচেতনভাৱে মনত ৰাখিছিলোঁ—উত্তৰটো যেন মই কোনো কালেই তেওঁলোকৰ ওপৰত জোৰকৈ জাপি নিদিওঁ। কাৰণ এজন দ্বিধাগ্ৰস্ত ছাত্ৰক নিজৰ ক্ষমতাৰে “তুমি অমুকটো বিষয় পঢ়া বা এইটো কৰা” বুলি এটা নিৰ্দেশ দিয়াটো তেনেই সহজ কাম। কিন্তু তেওঁক অন্ধভাৱে পথ দেখুওৱাতকৈ, তেওঁৰ মনৰ দুৱাৰখন খুলি দি নিজেই নিজৰ লক্ষ্য আৰু যোগ্যতা চিনাক্ত কৰিব পৰাকৈ সক্ষম কৰি তোলাটোহে এগৰাকী প্ৰকৃত শিক্ষাগুৰুৰ আটাইতকৈ ডাঙৰ নৈতিক দায়িত্ব।
মই তেওঁলোকৰ সমুখত কেৱল আধুনিক জগতৰ অপাৰ সম্ভাৱনাবোৰ মেলি ধৰিব বিচাৰিছিলোঁ। সাম্ভাব্য প্ৰতিটো শিক্ষাৰ পথ, নতুন নতুন বৃত্তিমূলক দিশ আৰু বিশ্বজুৰি বিয়পি থকা সুযোগবোৰৰ বিষয়ে তেওঁলোকক অৱগত কৰাইছিলোঁ। আৰু তাৰ পাছত জীৱনৰ চূড়ান্ত আৰু সৰ্বশ্ৰেষ্ঠ সিদ্ধান্তটো যাতে ছাত্ৰজনে নিজৰ বিবেক আৰু আত্মবিশ্বাসৰ ভিত্তিত নিজেই ল’ব পাৰে, সেই সম্পূৰ্ণ স্বাধীনতা মই তেওঁৰ হাততেই এৰি দিছিলো।
এই সকলোবোৰ কথা ভাবি থাকোঁতে মোৰ সুদীৰ্ঘ শিক্ষক জীৱনৰ বহুতো পুৰণি ছাত্ৰ-ছাত্ৰীৰ নিষ্পাপ মুখবোৰ মনৰ কেনভাছত পুনৰ এজাক জোনাকী পৰুৱাৰ দৰে জিলিকি উঠিল। সেইজন ছাত্ৰ—যিয়ে তাহানি শ্ৰেণীকোঠাৰ একেবাৰে প্ৰথমখন বেঞ্চত মোৰ ঠিক সন্মুখতেই অতি কৌতূহলেৰে বহিছিল, আজি তেওঁ সমাজৰ এগৰাকী প্ৰথিতযশা আৰু জীৱন ৰক্ষক চিকিৎসক। কোনোবাজন আজি দেশ-বিদেশৰ নামজ্বলা প্ৰতিষ্ঠানৰ সফল অভিযন্তা হৈ পৰিছে। আন কোনোবাজনে চৰকাৰী প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ নিষ্ঠাৰে ৰাইজৰ সেৱা আগবঢ়াইছে। মোৰ একাংশ পুৰণি ছাত্ৰ আজি নিজৰ ব্যৱসায়িক বুদ্ধিমত্তাৰে সমাজৰ একো একোজন সফল উদ্যোগী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী। মোৰ মৰমৰ বেচিভাগ ছাত্ৰ বা ছাত্ৰীয়েই আজি নিজৰ ক্ষুদ্ৰ অথচ অপৰূপ পৰিয়ালৰ বুকুত সংসাৰ পাতি শান্তিয়ে জীৱন নিৰ্বাহ কৰিছে। সকলোৰে জীৱন-নদী কেতিয়াও একেটা মসৃণ পথেৰে বৈ নাযায়; সকলোৰে ঠিকনা একেখন চহৰ বা একেটা শিখৰ হ’ব নোৱাৰে। এই বিচিত্ৰতা আৰু বৈচিত্ৰ্যই হ’ল জীৱনৰ আটাইতকৈ স্বাভাৱিক আৰু সুন্দৰ নিয়ম। মই কেৱল মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সেই সুকীয়া সুকীয়া যাত্ৰাবোৰলৈ চাই অন্তৰৰ পৰা গৌৰৱ আৰু অপৰিসীম প্ৰশান্তি অনুভৱ কৰোঁ।