Wednesday, 19 August 2026

আঁক-বাঁক



দুআষাৰ

​জীৱনৰ বাটটো কেতিয়াও পোন আৰু মসৃণ নহয়; তাত থাকে অসংখ্য কেঁকুৰি, উজুটি আৰু বহুতো আঁক-বাঁক। শৈশৱৰ সেই নিয়ৰসিক্ত পুৱাবোৰত কলপাত এচটা কাটি আনি, চৰাইৰ পাখি কলমটো চিয়াহীত জুবুৰিয়াই যেতিয়া প্ৰথমবাৰৰ বাবে ‘ক-খ’ৰ অস্পষ্ট আঁকবোৰ টানিছিলোঁ—তেতিয়া জনা নাছিলোঁ যে সেই সৰল আঁক-বাঁকবোৰেই এদিন জীৱন নামৰ সুবিশাল কেনভাছখনৰ মূল চালিকাশক্তি হৈ পৰিব। সেই কলপাতৰ বুকুত আৰম্ভ হোৱা যাত্ৰাটোৱে পৰৱৰ্তী সময়ত মোক লৈ গ’ল শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ডৰ সমুখলৈ, হাতত তুলি দিলে চক পেঞ্চিল  আৰু ডাষ্টাৰ।

​‘আঁক-বাঁক হৈছে মোৰ ভিতৰৰ মানুহজনক পুনৰ আৱিষ্কাৰ কৰাৰ এক আন্তৰিক আৰু বিনম্ৰ প্ৰয়াস। সুদীৰ্ঘ তিনিটা দশক ধৰি শ্ৰেণীকোঠাত কটোৱা সময়বোৰ মোৰ বাবে কেৱল এটা জীৱিকা নহয়; সেয়া মোৰ আত্মাৰ মুক্তিৰ পথ। কোমল মনৰ কিশোৰ-কিশোৰীৰ কৌতূহলী চকুৰ জোনাক, তেওঁলোকৰ প্ৰশ্নৰ মাজত নিজৰ সপোনক জীয়াই ৰখাৰ হেঁপাহ, আৰু এজন শিক্ষক হিচাপে কাৰোবাৰ জীৱনত একোগছিকৈ মূল্যবোধৰ বন্তি জ্বলাই থৈ অহাৰ সেই তৃপ্তি—এই সকলোবোৰ অনুভৱ ইয়াত জীপাল হৈ আছে। 

​জীৱনৰ এই দীঘলীয়া পথছোৱাত মই বহু মানুহৰ সান্নিধ্য পাইছোঁ, বহু আঘাত আৰু অনিশ্চয়তাক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছোঁ। জীৱনৰ কিছুমান দুৱাৰ সময়ে বন্ধ কৰি দিয়ে যদিও তাৰ সিপাৰেই যে নতুন সম্ভাৱনাৰ দিগন্ত অপেক্ষা কৰি থাকে, সেই বিশ্বাসেই মোক সদায় আগুৱাই লৈ গৈছে। এই যাত্ৰাত মোৰ প্ৰথম আশ্ৰয় আৰু সাহস আছিল মোৰ শ্ৰদ্ধাৰ দেউতা, যিজন মানুহৰ ৯৫ বছৰীয়া সংগ্ৰামী জীৱন আৰু অদৃশ্য অভয়বাণীয়ে মোৰ সমগ্ৰ অস্তিত্বক এক সুদৃঢ় ভেটি প্ৰদান কৰিলে। লগতে মোৰ জীৱনসংগিনী আৰু সন্তানৰ নিস্বাৰ্থ মৰম আৰু প্ৰেৰণাই মোক অহৰহ জীয়াই থকাৰ আৰু সৃষ্টিৰ বাট দেখুৱালে।

​এই গ্ৰন্থখন লিখোতে মোৰ স্মৃতিৰ কোণত সংৰক্ষিত হৈ থকা সেই সোণালী শৈশৱৰ ধূলিবোৰক আলফুলে বতাহত উৰুৱাই দিব খুজিছো আলফুলে। ​যদি এই লিখনিৰ কোনো এটা পৃষ্ঠাই, কোনো এটা শব্দই অথবা কোনো এটা ঘটনাই আপোনাকো আপোনাৰ নিজৰ শৈশৱৰ ধূলিময় খেলপথাৰখনলৈ লৈ যায়, যদি বহুদিন মনত নপৰা কোনো এজন শ্ৰদ্ধাৰ শিক্ষাগুৰুক ভক্তিৰে স্মৰণ কৰিবলৈ বাধ্য কৰে, নাইবা আপোনাৰ হৃদয়ৰ খিৰিকীখন এখন্তেকৰ বাবে হ’লেও খুলি দিয়ে—তেন্তে মোৰ এই আঁক-বাঁক পৰম সাৰ্থক হ’ব। প্ৰতিজন পাঠকৰ মৰম আৰু আশীৰ্বাদেই মোৰ ভৱিষ্যত যাত্ৰাৰ পাথেয়।

 প্ৰণৱজ্যোতি দাস
টংলা


সূচীপত্ৰ

১) স্মৃতিৰ সঁফুৰা আৰু এটি সোণালী শৈশৱ
২) বটবৃক্ষৰ ঘাইশিপা বিচাৰি
৩) কলপাতৰ কেনভাছ আৰু এটা পাখি কলম
৪) মহাভৈৰৱৰ বাটেদি উত্তৰ পাৰৰ নালন্দালৈ
৫) জালুকবাৰীৰ বুকুত এটি স্নিগ্ধ জোনাক
৬) এবুকু মেটমৰা সপোন কঢ়িয়াই টংলালৈ
৭) সহযাত্ৰী জীৱনৰ 
৮) প্ৰযুক্তি আৰু বৈজ্ঞানিক সাক্ষৰতাৰ নতুন প্ৰভাত
৯) তিতা-মিঠা অনুভৱৰ এক অক্ষয় ভাণ্ডাৰ
১০) স্মৃতিৰ অলিয়ে গলিয়ে চিনাকি মুখবোৰ
১১) অনাদি অনন্ত প্ৰসাৰী
১২) অলিখিত এপিটাফৰ এটি পৃষ্ঠা
১৩) আঁক-বাঁক



খণ্ড – ১ 
স্মৃতিৰ সঁফুৰা আৰু এটি সোণালী শৈশৱ

কেতিয়াবা জীৱনৰ এই দীঘলীয়া পথছোৱাত এখন্তেক জিৰাই পিছলৈ উভতি চালে এনে লাগে—এই জীৱনটো আমি নিজে সজাই তোলা কোনো পৰিকল্পিত মুহূৰ্তৰ সমাহাৰ নহয়; বৰং সময়ে নিজ হাতেৰে ধীৰে ধীৰে লিখি যোৱা এখন সুবিশাল উপন্যাস। এই উপন্যাসৰ কিছুমান পৃষ্ঠা আমি অপাৰ হাঁহিৰে সজাইছোঁ, কিছুমান পৃষ্ঠাত আকৌ চকুপানীৰ গভীৰ দাগ মচিব নোৱাৰাকৈ ৰৈ গৈছে। ক’ৰবাত যদি আমি বিজয়ৰ উল্লাসেৰে উদ্ভাসিত হৈছোঁ, আন ক’ৰবাত পৰাজয়ক বুকুত সাৱটি লৈ পুনৰ নতুন প্রত্যাহ্বানৰ মুখামুখি হৈ খোজ পেলাইছোঁ। এই সকলোবোৰ প্ৰাপ্তি-অপ্ৰাপ্তি আৰু আৱেগ-অনুভূতিৰ সংমিশ্ৰণতেই মানুহৰ জীৱনৰ স্বৰূপ ফুটি উঠে।

​অনাদি কালৰ পৰাই জীৱন অবিৰাম গতিশীল। মোৰ গতিশীল জীৱনেও এই সুদীৰ্ঘ যাত্ৰাপথত একাধিক কেঁকুৰিৰে বাট বুলি আহিছে। বিভিন্ন ক্ষণত জীৱনে মোক দিছে জীৱনটোক নতুনকৈ সজাই তোলাৰ কিছু অপূৰ্ব উপলব্ধি আৰু অনুভৱ। সৃষ্টিৰ চিৰন্তন বাহকৰূপী সময়ে একেটি ধাৰাতেই চিৰকালৰ দৰেই আপোন গতিত খৰস্ৰোতা তটিনীৰ দৰে অহৰহ বৈ গৈছে।

​যুক্তি আৰু আবেগৰ অহৰহ যুদ্ধত কেতিয়াবা হয়তো পৰাজিত হৈছোঁ, কিন্তু পুনৰ কেতিয়াবা জীৱনৰ সঞ্জীৱনী বিচাৰি দুগুণ উদ্যমেৰে আগবাঢ়িছোঁ। বৰ্তমানৰ যান্ত্ৰিক জীৱনৰ অনাকাংক্ষিত কৰ্মব্যস্ততাই যেন কাণে কাণে কৈ যায় সময়ৰ টিকনিডাল খামোচ মাৰি ধৰাৰ কথা। গতিশীলতাই সময়ৰ একমাত্ৰ চিৰন্তন ধৰ্ম; বন্ধ হৈ যোৱা ঘড়ীৰ কাঁটাই জানো কেতিয়াবা সময়ক বান্ধি ৰাখিব পাৰে?

​দৰাচলতে এই জীৱনটো এক সুবিশাল পঢ়াশালি, যাৰ পাঠ্যক্ৰমৰ পৰিসৰ নিৰন্তৰ বাঢ়িয়েই থাকে। সুখৰেই হওক বা দুখৰেই হওক, জীৱনৰ প্ৰতিটো অভিজ্ঞতাই আমাক নিতৌ একোটা নতুন সত্যৰ মুখামুখি কৰায়। শ্ৰান্ত পথৰ ক্লান্ত পথিকৰ দৰে যেতিয়া এৰি অহা বাটটোলৈ ঘূৰি চাওঁ, তেতিয়া স্পষ্ট হৈ পৰে—সময়বোৰ নীৰৱেই অতীতৰ বুকুত বিলীন হৈ যায় আৰু আমি এক অৱধাৰিত নীতিকেই সাৰোগত কৰি জীৱনৰ এটা প্ৰান্তৰ পৰা অন্য এক প্ৰান্তলৈ নিৰন্তৰ আগবাঢ়ি যাওঁ।

মানুহ হিচাপে আমি যি বাটেৰে আগবাঢ়োঁ, সেই বাটৰ দুয়োকাষে বহুতো স্নেহশীল মানুহৰ আশীৰ্বাদৰ ছাঁ থাকে। কোনোবাই হাতত ধৰি আগুৱাই লৈ যায়, কোনোবাই দূৰৰ পৰাই মৌন আশীৰ্বাদেৰে সাহস যোগায়, আৰু কোনোবাই আকৌ মানুহ হ’বলৈ পথ প্ৰদৰ্শন কৰে। মোৰ জীৱনতো তেনে পথপ্ৰদৰ্শকৰ সংখ্যা কম নহয়।

​সেয়া আছিল ১৯৬৮ চনৰ এটি সোণালী আগষ্ট মাহ। দেউতা ৰমেন দাস আৰু মা পুতলী দাসৰ সংসাৰৰ উমাল কোলাতেই মোৰ জীৱনৰ প্ৰথম পাঠ আৰম্ভ হৈছিল। শৈশৱৰ সেই প্ৰথম কেইটামান বছৰ যে কিমান ক্ষিপ্ৰতাৰে পাৰ হৈ গ’ল, সেই কথা তেতিয়া বুজিব পৰা বয়স নাছিল। শিশুৰ নিষ্পাপ চকুত পৃথিৱীখন বৰ সীমিত আছিল—ঘৰখন, ওচৰ-চুবুৰীয়া, বিদ্যালয় আৰু খেলপথাৰখনেই আছিল মোৰ সমগ্ৰ পৃথিৱী। আমাৰ সেই ঘৰখন হয়তো আজিৰ দৰে আধুনিক সা-সুবিধাৰে ভৰা নাছিল; কিন্তু তাত আছিল মানুহৰ অপৰিসীম আন্তৰিকতা, কঠোৰ অনুশাসন, গভীৰ মৰম আৰু সপোন দেখিবলৈ শিকোৱা এক উমাল প্ৰেৰণা। সেই সৰু পৃথিৱীখনৰ মাটিতেই জীৱনৰ বৃহৎ মানৱীয় মূল্যবোধবোৰৰ প্ৰথম বীজ ৰোপণ হৈছিল।

​অতীত সঁচাকৈয়ে যাদুকৰী। কাৰোবাৰ বাবে যদি অতীত এক যন্ত্ৰণা, আন কাৰোবাৰ বাবে আকৌ জটিলতাবিহীন সেই দিনবোৰ এক মধুৰ নষ্টালজিয়া। কেতিয়াবা এনে কিছুমান মুহূৰ্ত আহে, যেতিয়া মগজুৰ কোনো অজ্ঞাত কোণত লুকাই থকা অতীতৰ সেই সোণসেৰীয়া স্মৃতিবোৰ থেলি-হেঁচুকি ওলাই আহি মনৰ দুৱাৰত টোকৰ মাৰে।

​স্মৃতিৰ পটভূমিত আজিও সজীৱ হৈ আছে ১৯৭২ চনৰ সেই বিশেষ দিনটো। মোৰ বয়স তেতিয়া প্ৰায় চাৰি বছৰ। দেউতাৰ আঙুলিত ধৰি জীৱনৰ পোনপ্ৰথমবাৰৰ বাবে পঢ়াশালিত নামভৰ্তি কৰিবলৈ গৈছিলোঁ। দেউতা তেতিয়া কৰ্মসূত্ৰে বৰপেটাৰ নিকটৱৰ্তী নগাঁৱত আছিল। সেয়ে ওচৰৰে ঐতিহাসিক ‘নগাঁও নিম্ন বুনিয়াদী বিদ্যালয়’ত মোৰ নাম লিখোৱা হ’ল।

​১৮৯৩ চনতেই স্থাপিত হোৱা এইখন বুনিয়াদী বিদ্যালয় কেৱল এখন সাধাৰণ শিক্ষানুষ্ঠান নাছিল, বৰং ই আছিল বহুতো বৰেণ্য মনীষীৰ সাধনাস্থলী। অসমৰ চতুৰ্থজন মুখ্যমন্ত্ৰী তথা পঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল স্বৰ্গীয় মহেন্দ্ৰ মোহন চৌধুৰী, প্ৰাক্তন মুখ্য ন্যায়াধীশ স্বৰ্গীয় ডম্বৰুধৰ পাঠক, আৰু প্ৰথিতযশা লোকগীত সম্ৰাট স্বৰ্গীয় ৰামেশ্বৰ পাঠকৰ দৰে স্বনামধন্য ব্যক্তিসকলে এইখন বিদ্যালয়তেই প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিছিল। বিদগ্ধ পণ্ডিত ড° বাণীকান্ত কাকতিদেৱৰ পৱিত্ৰ পৰশ পোৱা এইখন ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ এজন ছাত্ৰ হ’বলৈ পাই মোৰ অন্তৰ আজিও গভীৰ গৰ্বেৰে উপচি পৰে।

​মোৰ বাবে তেতিয়া বিদ্যালয়খন আছিল এখন অতি মৰমৰ চিনাকি পৃথিৱী। শ্ৰেণীকোঠা, চকমাটিৰ দাগেৰে ভৰা ব্লেকব’ৰ্ড, নতুন কিতাপ-বহীৰ সুবাস, সহপাঠীসকল আৰু শ্ৰদ্ধাৰ শিক্ষকসকল—এই সকলোবোৰ মিলি এক স্বৰ্গীয় পৰিৱেশ গঢ়ি তুলিছিল। বাহিৰৰ বিশাল জটিল পৃথিৱীখনৰ কথা তেতিয়া ভাবিবলৈ আমাৰ কোনো প্ৰয়োজনেই নাছিল।
​পঢ়াশালিৰ হেডচাৰ আছিল এগৰাকী অনন্য স্থিতপ্ৰজ্ঞ পুৰুষ। তেখেতৰ গভীৰ ব্যক্তিত্ব আৰু অগাধ পাণ্ডিত্যৰ সন্মুখত সকলোৰে শ্ৰদ্ধাত শিৰ নত হৈ পৰিছিল। হেডচাৰৰ হাতৰ আখৰবোৰ আছিল মুক্তাৰ দৰে সুন্দৰ আৰু স্পষ্ট। চাৰে নিজেই আমাৰ শ্ৰুতলিপি আৰু হস্তাক্ষৰৰ শ্ৰেণীবোৰ লৈছিল। আমাৰ হাতৰ আখৰবোৰ নিখুঁত আৰু সুন্দৰ কৰাবলৈ তেখেতে কিমান যে অপৰিসীম যত্ন আৰু কষ্ট কৰিছিল! তেতিয়া হয়তো সেই কষ্টৰ মৰ্ম সম্পূৰ্ণৰূপে বুজি পোৱা নাছিলোঁ। কিন্তু আজি জীৱনৰ এই পৰ্যায়ত উপনীত হৈ উপলব্ধি কৰোঁ—এগৰাকী শিক্ষকে এজন শিশুৰ হাতত কেৱল কলম এটা তুলি নিদিয়ে; বৰং শিশুটিৰ হৃদয়ত শৃংখলা, ধৈৰ্য আৰু সৌন্দৰ্যবোধৰো এটা চিৰন্তন বীজ ৰোপণ কৰি দিয়ে।

​খনীন চাৰৰ অংক আৰু মৌখিক গণিতৰ শ্ৰেণীবোৰৰ কথা কেনেকৈ পাহৰোঁ? সংখ্যা আৰু হিচাপৰ সেই জটিল পৃথিৱীখন চাৰে অতি সহজ আৰু আমোদজনকভাৱে আমাৰ মনত সুমুৱাই দিছিল। একেদৰে দ্বিজেন চাৰৰ অপৰিসীম স্নেহ, সৰল ব্যক্তিত্ব আৰু মৰমিয়াল শিক্ষাদানৰ পদ্ধতিয়ে আমাক পঢ়া-শুনাত সদায় উৎসাহিত কৰি ৰাখিছিল। শৈশৱৰ সেই স্নেহধন্য ক্ষণবোৰ আৰু শ্ৰদ্ধাৰ গুৰুসকলৰ স্মৃতি আজিও মোৰ মনত চিৰসেউজ হৈ জিলিকি আছে। 

পঢ়াশালিৰ সেই দিনবোৰ কেৱল কিতাপ-বহীৰ পাঠ্যক্ৰমতেই সীমাবদ্ধ নাছিল। পঢ়াশালিৰ ঘণ্টা বাজিলেই আৰম্ভ হৈছিল শৈশৱৰ আচল আনন্দৰ পৃথিৱীখন। টিফিনৰ সময়ত সকলো সহপাঠী একেলগে বহি ঘৰৰ পৰা বান্ধি অনা জলপান—কেতিয়াবা শুকান ৰুটী আৰু গুড়, কেতিয়াবা ভজা চিৰা নাইবা পিঠা—ভাগ-বাটোৱাৰা কৰি খোৱাৰ যি এক অনাবিল সুখ আছিল, সেয়া আজিৰ কোনো বৈভৱপূৰ্ণ ভোজে দিব নোৱাৰে। তাত কোনো ভেদাভেদ নাছিল, নাছিল কোনো প্ৰতিযোগিতাৰ কৃত্রিমতা; আছিল কেৱল নিভাঁজ মৰম আৰু সহমৰ্মিতা।

​শ্ৰেণীকোঠাৰ বাহিৰৰ মুকলি খেলপথাৰখন আছিল আমাৰ সপোনৰ ৰাজ্য। ধূলি-বালিৰে লেটি-পেটি হৈ খেলা মাৰ্বল, লুকুৱা-চুৰি, কিংবা বৰষুণৰ দিনত কাগজৰ নাও সাজি পানীৰ সোঁতত এৰি দিয়াৰ সেই দিনবোৰ এতিয়াও চকুৰ আগত ভাঁহি উঠে। বৰষুণজাকে যেতিয়া টিনৰ চালত এক ছন্দোময় তাল তুলিছিল, আমি সকলোৱে বাহিৰলৈ চাই এক অদ্ভুত শিহৰণ অনুভৱ কৰিছিলোঁ। সেই সহজ-সৰল দিনবোৰেই শিশুমনত বন্ধুত্ব আৰু সহভাগিতাৰ প্ৰকৃত অৰ্থ বুজাই দিছিল।

​তেতিয়াৰ দিনবোৰ আজিৰ দৰে বিজুলী চাকিৰ উজ্জ্বল পোহৰেৰে আলোকিত নাছিল। সন্ধিয়া নামি অহাৰ লগে লগে গাঁৱৰ ঘৰে ঘৰে জ্বলি উঠিছিল কেৰাচিনৰ চাকি নাইবা হাৰিকেন। সেই ঢিমিক-ঢামাক পোহৰতেই মায়ে চোতালত বা বৰঘৰৰ পিৰালিত পঢ়াৰ আসন পাৰি দিছিল। সন্ধিয়াৰ ধূপ-ধূনাৰ সুবাস আৰু নিয়ৰসিক্ত বতাহজাকৰ মাজত উচ্চস্বৰে নামতা আৰু কবিতা মুখস্থ কৰাৰ সেই দৃশ্যটো মোৰ স্মৃতিৰ মণিকোঠাত আজিও গভীৰভাৱে খোদিত হৈ আছে।
​দেউতাৰ অনুশাসন আছিল অতি কঠোৰ, কিন্তু সেই অনুশাসনৰ আঁৰত লুকাই আছিল সন্তানক এগৰাকী সৎ আৰু নিষ্ঠাবান নাগৰিক হিচাপে গঢ়ি তোলাৰ অপৰিসীম ব্যাকুলতা। মাৰ স্নেহশীল হাতৰ পৰশ আৰু দেউতাৰ দিক-নিৰ্দেশনাই জীৱনৰ আৰম্ভণিতেই আমাক দায়িত্ববোধ আৰু নিয়মানুৱৰ্তিতাৰ পাঠ শিকাইছিল। অভাৱ-অনাতনে কেতিয়াবা আমাৰ চাৰিওকাষ আবৰি ধৰিছিল যদিও, সংস্কাৰ আৰু নৈতিকতাৰ পোহৰত সেই অন্ধকাৰ কেতিয়াও তিষ্ঠিব পৰা নাছিল।

​প্ৰাথমিক বিদ্যালয়ৰ চাৰিওটা বছৰ চকুৰ পচাৰতে পাৰ হৈ গ’ল। যেতিয়া বুনিয়াদী বিদ্যালয়ৰ শেষৰটো দিন আহি পালে, তেতিয়া অন্তৰত একেলগে বহুতো অনুভূতিৰ জোৱাৰ উঠিছিল—এফালে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ আনন্দ, আৰু আনফালে মৰমৰ শিক্ষকসকল আৰু শৈশৱৰ চিনাকি শ্ৰেণীকোঠাটো এৰি অহাৰ এক গভীৰ বিষাদ। হেডচাৰ, খনীন চাৰ আৰু দ্বিজেন চাৰৰ চৰণ স্পৰ্শ কৰি যেতিয়া আশীৰ্বাদ লৈছিলোঁ, চাৰসকলৰ চকুৰ কোণতো চকুপানীৰ এটি টোপাল জিলিকি উঠিছিল। সেই আশীৰ্বাদেই আছিল আমাৰ জীৱন যাত্ৰাৰ আটাইতকৈ ডাঙৰ পাথেয়।

​প্ৰাথমিকৰ ডেওনা পাৰ হৈ যেতিয়া উচ্চ বিদ্যালয়ৰ বহল চৌহদত খোজ দিলোঁ, তেতিয়া জীৱনে এক নতুন কেঁকুৰি ল’লে। হাতৰ আকাৰ বাঢ়িল, কিতাপৰ সংখ্যা বাঢ়িল, আৰু লগে লগে বাঢ়ি আহিল পৃথিৱীখনক বুজি পোৱাৰ কৌতূহল। শৈশৱৰ নিষ্পাপ পৃথিৱীখনৰ পৰা কৈশোৰৰ স্বপ্নময় দিগন্তলৈ এই উত্তৰণ আছিল এক অপূৰ্ব অভিজ্ঞতা।
​জীৱনৰ এই সংক্ৰমণ বিন্দুত থিয় হৈ যেতিয়া মই অতীতৰ সেই সোণসেৰীয়া দিনবোৰ সুঁৱৰোঁ, তেতিয়া অনুভৱ হয়—মানুহ হিচাপে আমি যিমানেই উন্নতিৰ শিখৰলৈ গতি নকৰোঁ কিয়, আমাৰ শিপাডাল সদায় সেই শৈশৱৰ মাটিতহে প্রোথিত হৈ থাকে। সেই মাটিয়েই আমাক নম্ৰতা শিকাইছিল, সেই শিক্ষাগুৰুসকলৰ আদৰ্শই আমাক সমাজৰ প্ৰতি দায়বদ্ধ হ’বলৈ শিকাইছিল। সময়ৰ নদীখন হয়তো আৰু বহু দূৰ বৈ যাব, কিন্তু সেই বুনিয়াদী বিদ্যালয়ৰ ব্লেকব’ৰ্ডত অঁকা জীৱনৰ আদিপাঠবোৰ মোৰ হৃদয়ত সদায় অক্ষুণ্ণ হৈ ৰ’ব। 

বুনিয়াদী বিদ্যালয়ৰ চিনাকি পৰিৱেশটোৰ পৰা ওলাই আহি যেতিয়া হাইস্কুলৰ বিশাল চৌহদত ভৰি দিলোঁ, তেতিয়া প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ যে পৃথিৱীখন ক্ৰমান্বয়ে বহল হৈ আহিছে। নতুন সহপাঠী, বেলেগ বেলেগ শ্ৰেণীৰ বাবে সুকীয়া সুকীয়া কোঠা, আৰু শিক্ষকসকলৰ গম্ভীৰ ব্যক্তিত্বই মনত একেলগে বিস্ময় আৰু সমীহৰ সৃষ্টি কৰিছিল।

​শৈশৱৰ ধূলি-বালিৰ খেলবোৰ লাহে লাহে আঁতৰি গৈছিল; তাৰ ঠাই লৈছিল ফুটবলৰ উন্মাদনা, ভলীবল আৰু বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালিৰ প্ৰতিযোগিতাই। হাইস্কুলীয়া দিনবোৰে মনত এক স্বতন্ত্ৰ পৰিচয় গঢ়াৰ আকাংক্ষা জগাই তুলিছিল। ক্ৰমশঃ আমি বুজি উঠিছিলোঁ যে জীৱন কেৱল বৰ্তমানৰ আনন্দতে সীমিত নহয়, বৰং ই ভৱিষ্যতৰ বাবে নিজকে গঢ়ি তোলাৰ এক কঠিন আখৰাঘৰ।

​হাইস্কুলৰ দিনবোৰৰ আটাইতকৈ আকৰ্ষণীয় কোণটো আছিল বিদ্যালয়ৰ পুথিভঁৰাল। পুৰণি কিতাপবোৰৰ বিশেষ সোঁৱাদভৰা সুবাসটোৱে মোক সদায় হাত বাউল দি মাতিছিল। পঞ্চম শ্ৰেণীতেই পাঠ্যপুথিৰ কঠিন কাঠগড়াৰ বাহিৰলৈ ওলাই আহি মহান পুৰুষসকলৰ জীৱনীৰ মাজত বুৰ গৈ থকাৰ অভ্যাসটো এই সময়ছোৱাতেই গঢ় লৈ উঠিছিল। এই অভ্যাসটো গঢ় দিছিল শ্ৰদ্ধাৰ শিক্ষাগুৰু দয়াল চাৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যংগ ৰচনা, জ্যোতিপ্ৰসাদৰ ৰচনাৱলী আৰু শংকৰদেৱৰ অনন্য সৃষ্টিৰাজিৰ সান্নিধ্যই মনৰ মাজত ভাষা আৰু সাহিত্যৰ প্ৰতি গভীৰ অনুৰাগ জন্মাইছিল। হাইস্কুলৰ শিক্ষকসকল আছিল একো একোগৰাকী নিষ্ঠাবান পথপ্ৰদৰ্শক। বিষয়ভিত্তিক শিক্ষাদানৰ সমান্তৰালকৈ তেখেতসকলে আমাক চৰিত্ৰ গঠন, সততা আৰু সামাজিক মূল্যবোধৰ দীক্ষা দিছিল। শিক্ষকৰ এষাৰ প্ৰশংসাসূচক কথাই যেন অন্তৰত হাজাৰটা প্ৰদীপ জ্বলাই তুলিব পাৰিছিল।

​তেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ। গাঁৱৰ পথাৰবোৰৰ পৰা সোণগুটি ধান চপোৱাৰ পিছত যেতিয়া বিশাল খেতি পথাৰবোৰ উদং আৰু মুকলি হৈ পৰিছিল, আমাক আৰু কোনে পায়! সেই মুকলি পথাৰখনেই আছিল আমাৰ বাবে পৃথিৱীৰ আটাইতকৈ বিশাল খেলপথাৰ। গাঁৱৰ সমবয়সীয়া আৰু কাণসমনীয়া ল’ৰাবোৰ গোট খাই দুটা দলত বিভক্ত হৈ আমি উন্মাদনাৰে ফুটবল খেলত নামি পৰিছিলোঁ।

​সেই সময়ছোৱাত এটা আচল চামৰাৰ ফুটবল আমাৰ বাবে আছিল আকাশৰ জোনটোৰ দৰেই এক দুৰ্লভ আৰু মহঙা সম্পদ। চামৰাৰ বল কিনাৰ সামৰ্থ্য আমাৰ কাৰোৰে নাছিল। কিন্তু অভাৱে আমাৰ শৈশৱৰ আনন্দক কেতিয়াও কাঢ়ি ল’ব পৰা নাছিল। আমি ঘৰৰ বাৰীৰ পৰা সৰি পৰা ৰবাব টেঙা বুটলি আনি ৰ’দত কেইবাদিনো শুকুৱাই টান কৰি লৈছিলোঁ আৰু সেইটোকে ‘ফুটবল’ বনাই আবেলিৰ পথাৰত ধূলি উৰুৱাইছিলোঁ। আমাৰ হাতত সদায় একাধিক ৰবাব টেঙাৰ "ফুটবল" মজুত ৰাখিব লাগিছিল। কাৰণ খালী ভৰিৰ অবিৰত প্ৰচণ্ড গোৰ খাই কিছু সময় খেলাৰ পিছতেই টেঙাবোৰ ফাটি চিৰাচিৰ হৈ পৰিছিল, নাইবা কেতিয়াবা কাষৰে বিষাক্ত বিহলঙনিৰ ডাঠ জোপোহাৰ মাজত অথবা ঘনকৈ গজি উঠা ঢেকীয়ানী ডৰাৰ ভিতৰত সোমাই চিৰদিনৰ বাবে হেৰাই গৈছিল।

​আমাৰ সেই ৰবাব টেঙাৰ ফুটবল খেলবোৰত কোনো ফিফা (FIFA) বা আন্তঃৰাষ্ট্ৰীয় নিয়ম নাখাটিছিল; বৰং আমাৰ খেল চলিছিল আমিয়েই উদ্ভাৱন কৰা কিছুমান অতি আমোদজনক আৰু নিজস্ব নিয়মৰ ওপৰত ভিত্তি কৰি। তেনে নিয়মবোৰ বৰ আমোদজনকো আছিল। যেনে : 

​খেল শেষ হোৱাৰ কোনো নিৰ্দিষ্ট ৯০ মিনিট বা অতিৰিক্ত সময় নাছিল। যেতিয়ালৈকে আমি ভাগৰি নপৰোঁ নাইবা বেলি ডুবি চাৰিওফালে ঘোৰ আন্ধাৰে আৱৰি নধৰে, তেতিয়ালৈকে খেল চলিয়েই থাকিব।

​আমাৰ খেলত ‘অফচাইড’ (Offside) নামৰ কোনো ৰুল নাছিল। সঁচা অৰ্থত ক’বলৈ গ’লে, সেই সময়ত আমি কোনেও এই নিয়মটো আচলতে বুজিয়েই নাপাইছিলোঁ।

​যিটো দল খেলত পৰাস্ত হ’ব, সেই দলটোৱে পিছদিনাৰ খেলৰ বাবে কেইবাটাও ভাল চাই ৰবাব টেঙা ঘৰৰ বাৰীৰ পৰা যোগাৰ কৰি খেলপথাৰলৈ আনিব লাগিব।

​আন চুবুৰীৰ ল’ৰাৰ লগত যেতিয়া ফুটবল খেলৰ প্ৰতিদ্বন্দ্বিতা হৈছিল, তেতিয়া আমাৰ উত্তেজনা আৰু অন্ধবিশ্বাস চৰম সীমাত উপনীত হৈছিল। আমি নিজৰ গ’লপোষ্ট দুটাৰ কাষৰ মাটিত অতি সংগোপনে দুটা পকা জলকীয়া পুতি থৈছিলোঁ। আমাৰ মনত দৃঢ় বিশ্বাস আছিল যে যিটো গ’লপোষ্টৰ মাটিত পকা জলকীয়া পোতা থাকে, সেই দিশত বিপক্ষ দলে কেতিয়াও গ’ল দিব নোৱাৰে! আনকি এবাৰ-দুবাৰমান খেলত জিকিবলৈ আমাৰ লগৰে বীৰেনৰ ককাদেউতাকৰ হতুৱাই ৰবাব টেঙা বিশেষভাৱে জাৰিও আনিছিলোঁ।

​নিজৰ মাজত খেলাৰ সময়ত কোনো এটা দলত যদি সকলোতকৈ ভাল খেলুৱৈজন অন্তৰ্ভুক্ত হয়, তেন্তে শক্তিৰ সমতা ৰক্ষাৰ স্বাৰ্থত চৰ্ত সাপেক্ষে আনটো দলক এজন অতিৰিক্ত খেলুৱৈ নমাই লোৱাৰ অনুমতি দিয়া হৈছিল।

​দিনবোৰ এনেদৰেই ধেমালি আৰু ৰবাব টেঙাৰ ধূলিময় স্মৃতিৰে আগবাঢ়ি গৈ আছিল। এনেতে এদিন ভাৰতীয় সৈন্য বাহিনীত দীৰ্ঘদিন সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা এজন সৈনিক পৰিয়ালসহ আমাৰ গাঁৱলৈ স্থায়ীভাৱে থাকিবলৈ আহিল। তেখেতৰ সৰু ল’ৰাজন আছিল ঠিক আমাৰ বয়সৰে—নাম ধীৰাজ। সিও অতি কম সময়ৰ ভিতৰতে আমাৰ লগ লাগিল আৰু আমাৰ সৈতে একেলগে পথাৰত ৰবাব টেঙা গুৰিয়াবলৈ আৰম্ভ কৰিলে।

​কিন্তু বিপদ হ’ল এদিন। শুকান, টান ৰবাব টেঙাটোত সজোৰে গুৰিয়াই থাকোঁতে তাৰ কোমল ভৰিখন বিষমভাৱে ফুলি উঠিল। অসহ্য বিষ আৰু যন্ত্ৰণাত অস্থিৰ হৈ সি খেল আধাতে সামৰি পথাৰৰ কাষত বহি ৰ’ল। সেইদিনাৰ পিছত কেইবাদিনো ধীৰাজক পথাৰত দেখা নগ’ল। আমি ভাবিছিলোঁ সি হয়তো আৰু আমাৰ লগত খেলিবলৈ নাহিব।কিন্তু তাৰ কিছুদিন পিছত ঘটিল সেই অপ্ৰত্যাশিত ঘটনাটো! এদিন আবেলি আমি যেতিয়া চিৰাচৰিতভাৱে ৰবাব টেঙাৰে পথাৰত খেলি আছিলোঁ, হঠাতে ধীৰাজ আহি পথাৰৰ মাজত হাজিৰ হ’ল। তাৰ হাতত জিলিকি আছিল এটা চকচকীয়া, নতুন ৩ নম্বৰী চামৰাৰ ফুটবল!

​আমি সকলোৱে খন্তেকৰ বাবে স্তব্ধ হৈ পৰিলোঁ। খেল বন্ধ হৈ গ’ল। কাৰো মুখত কোনো মাত-বোল নাই, সকলোৰে চকু মাথোঁ সেই বলটোৰ ওপৰত। কিছুপৰৰ নীৰৱতাৰ পিছত আমাৰ লগৰ সমীৰণে দুবাৰমান শুকান সেপ ঢুকি, অতি সংকুচিত হৈ কোনোমতে মাতটো উলিয়াই সুধিলে— “ধীৰাজ, তোৰ হাতত থকা বলটো কাৰ অ?”

​যুদ্ধ জয় কৰি অহা এজন গৰ্বিত সৈনিকৰ দৰে ভংগীমাত ধীৰাজে হাতৰ ফুটবলটো মাটিত পেলাই দিলে আৰু সোঁভৰিখন বলটোৰ ওপৰত থৈ বুক ফুলাই ক’লে— “মোৰ হয়। এতিয়াৰ পৰা আমি এইটোৰেই ফুটবল খেলিম…”

​তাৰ কথা শেষ হ’বলৈকে নাপালে, সমগ্ৰ পথাৰখন আমাৰ হৰ্ষোল্লাস আৰু চিঞঁৰত মুখৰিত হৈ পৰিল। আমি আনন্দত আত্মহাৰা হৈ পৰিলোঁ। সেই জীৱন্ত চামৰাৰ বলটো এবাৰ নিজৰ হাতেৰে চুই চোৱাৰ বাবে আমাৰ মনবোৰে অধীৰ হৈ কূটা-কূটাই আছিল। কিন্তু আমাৰ সেই আনন্দৰ মাজতে ধীৰাজে ফুটবলটো পুনৰ দুহাতেৰে সাৱটি বুকুৰ ওচৰলৈ তুলি ল’লে আৰু এক চৰ্তপূৰ্ণ গম্ভীৰ কণ্ঠেৰে ক’বলৈ ধৰিলে— “এই চামৰাৰ ফুটবলেৰে খেলিবলৈ হ’লে তহঁতে মোৰ কথামতে চলিব লাগিব। হ’বনে?”

​আমি সেই মুহূৰ্তত সকলো চৰ্ত মানি ল’বলৈ সাজু আছিলোঁ। আমি একেস্বৰে চিঞঁৰি উঠিলোঁ— “হ’ব! সকলো হ’ব!”
​“ঠিক আছে তেন্তে,”—বিজয়ীৰ হাঁহিৰে ধীৰাজে ক’লে।

​সেইদিনা কিন্তু আমাৰ আৰু ফুটবল খেলা নহ’ল। কাৰণ আচল চামৰাৰ সেই নতুন ফুটবলটো হাতেৰে লিৰিকি-বিদাৰি চাওঁতেই, নাকৰ ওচৰলৈ তুলি ধৰি নতুন চামৰাৰ সেই সুবাস লওঁতেই পশ্চিম আকাশত বেলি ডুবু-ডুবু হ’ল।
​তাৰ পিছদিনাৰ পৰা আমাৰ দিনবোৰেই যেন সলনি হৈ গ’ল। স্কুলৰ পৰা আহিয়েই মাৰ হাতৰ ভাত দুগঢ়াহ নাকে-মুখে কোনোমতে গুজি চিধাই দৌৰ মাৰোঁ খেলপথাৰলৈ। ইফালে ফুটবলৰ একচ্ছত্ৰী গৰাকী ধীৰাজে খেলৰ বাবে নিজাববীয়াকৈ কিছুমান নতুন নিয়মৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছিল। সেইবোৰ সি আমাক এটা এটাকৈ পথাৰত বুজাই দিলে আৰু আমাক সেই নিয়ম মানিবলৈ বাধ্য কৰালে। চামৰাৰ বলৰ মায়াত আবদ্ধ হৈ আমিও সেই সকলো একনায়কত্ববাদী নিয়ম মানি ল’বলৈ বাধ্য হৈ পৰিলোঁ। সেই নতুন নিয়মবোৰ আছিল এনেধৰণৰ— 

যিহেতু আমাৰ কাৰোৱেই ফুটবলৰ জাৰ্চি নাছিল, সেয়ে খেলৰ দুটা দলক চিনাক্ত কৰিবলৈ এটা দলে গেঞ্জী পিন্ধি আৰু আনটো দলে সম্পূৰ্ণ খালী গাৰে খেলিব লাগিব। কিন্তু ধীৰাজে নিজৰ বাবে সংৰক্ষিত কৰি থোৱা নিয়মটো হ’ল—ধীৰাজ যিটো দলত থাকিব, সেই দলটোৱে সদায় গেঞ্জী পিন্ধিব, তেওঁলোকে কেতিয়াও খালী গাৰে নেখেলে!

​বল খেলি থকা অৱস্থাত কোনোবাই ভুল শট মাৰি যদি বলটো খেলপথাৰৰ সীমা চেৰাই বহু দূৰলৈ পঠিয়াই দিয়ে, তেন্তে যিজনে বলটো গুৰিয়াইছিল, তেৱেঁই দৌৰি গৈ বলটো বুটলি আনিব লাগিব।

​দলৰ ভিতৰত তুলনামূলকভাৱে যিবোৰ ল’ৰা শকত-আৱত আছিল, তেওঁলোকে বাধ্যতামূলকভাৱে গ’লৰক্ষক (Goal-keeper) হিচাপে থাকিব লাগিব, যাতে তেওঁলোকৰ শৰীৰৰ আয়তনেৰে গ’লপোষ্টৰ সৰহভাগ ঠাই আৱৰি ৰাখিব পৰা যায়।

​ফুটবলত নিয়মিত পাম্প ভৰাবলৈ দুয়োটা দলে পাল পাতি পাল পাতি আমি বল খেলা পথাৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত থকা চাইকেল দোকানলৈ যাব লাগিব।

​আজি জীৱনৰ বহু ঘাত-প্ৰতিঘাত পাৰ হৈ অহাৰ পিছতো যেতিয়া সেই দিনবোৰলৈ মনত পৰে, দুচকুত এক অনাবিল নষ্টালজিয়াই ভুমুকি মাৰে। মনত পৰে সেই বিশেষ চাইকেল চলোৱাৰ শৈলীটোলৈ — তেতিয়া আমাৰ বয়স আৰু উচ্চতা ইমান কম আছিল যে চাইকেলৰ চিটত বহিলে আমাৰ ভৰি পেডেললৈকে ঢুকিয়েই নাপাইছিল! সেয়ে আমি চাইকেলখন পোনাই লৈ, তাৰ ডাঙৰ ত্ৰিকোণীয়া ফ্ৰেইমটোৰ (Frame) মাজেৰে সোঁভৰিখন কোনোমতে সুমুৱাই দি, সোঁ পেডেলত সোঁভৰি আৰু বাওঁ পেডেলত বাওঁভৰি থৈ আধা-পেডেল মাৰি ধৰণে চাইকেল চলাইছিলোঁ। এহাতে চাইকেলৰ হেণ্ডেল আৰু আনহাতে বুকুত আলফুলে সাৱটি ধৰা সেই চামৰাৰ ফুটবলটো লৈ কানাই দাৰ চাইকেল দোকানলৈ পাম দিবলৈ যোৱাৰ সেই শিহৰণ আৰু উত্তেজনা আজিৰ কেইবা লাখটকীয়া বিলাসী গাড়ী চলোৱাৰ অনুভৱেও দিব নোৱাৰে।

​সময়ৰ সোঁতত সেই মুকলি পথাৰখন হেৰাল, হেৰাই গ’ল কানাই দাৰ চাইকেল দোকান আৰু ধীৰাজৰ সেই ৩ নম্বৰী চামৰাৰ ফুটবলটো। কিন্তু শৈশৱৰ সেই নিষ্কলুষ হাঁহি, ধূলিময় পথাৰৰ মাদকতা আৰু ৰবাব টেঙাৰ স্মৃতিবোৰ আজিও মোৰ অন্তৰৰ নিভৃত কোণত এক জেতুকা বুলীয়া সপোনৰ দৰে জীপাল হৈ ৰৈছে—অতি আলফুলে, সযতনে আৰু সংগোপনে।  

ধীৰাজহঁতৰ সেই নতুন চামৰাৰ ফুটবলেৰে আবেলিৰ খেলপথাৰ উত্তাল কৰি ৰখাৰ সৌভাগ্য মোৰ বাবে বৰ বেছি দিন স্থায়ী নহ’ল। পঞ্চম শ্ৰেণীৰ ডেওনা পাৰ কৰাৰ পিছতেই মোৰ জীৱনৰ গতিপথত এক আকস্মিক পৰিবৰ্তন আহিল। চৰকাৰী কৰ্মসূত্ৰে দেউতা গহপুৰৰ নিকটৱৰ্তী ডুবিয়ালৈ বদলি হ’ল। দেউতাৰ সেই বদলিৰ নিৰ্দেশৰ লগে লগে যিখন পৱিত্ৰ বুনিয়াদী বিদ্যালয়ত জীৱনৰ প্ৰথম অ, আ – ক, খ আদিপাঠ শিকিছিলোঁ, সেই মৰমৰ শৈশৱভূমিৰ পৰা মই বহুদূৰলৈ আঁতৰি যাবলগীয়া হ’ল।

​তেতিয়া বয়স আছিল অতি কম। সেই অপৈণত বয়সত চিনাকি পৰিৱেশ এটা এৰি অহাৰ বিদায়-বেদনাৰ অৰ্থ কিমান গভীৰ হ’ব পাৰে, সেয়া হয়তো হৃদয়ংগম কৰাৰ সাধ্য নাছিল। এটি নিষ্পাপ শিশুমনৰ বাবে নতুন ঠাই, নতুন বিদ্যালয় আৰু নতুন বন্ধুবৰ্গৰ পৃথিৱীখন অতি সহজে গ্ৰহণযোগ্য হৈ পৰিছিল। কিন্তু কালৰ সোঁতত মানুহ যেতিয়া জীৱনৰ বাটত বহু দূৰলৈ আগুৱাই যায়, তেতিয়া জীৱনৰ আদবয়সত নিজৰ শিপাডালক বিচাৰি ফুৰে, তেতিয়াহে মৰ্মে মৰ্মে উপলব্ধি কৰে যে—কিছুমান পুৰণি ঠাই এৰি অহা মানে কেৱল এখন ভৌগোলিক স্থানেই এৰি অহা নহয়; বৰং নিজৰ জীৱনৰ পৰা একো একোটা অমূল্য আৰু সোণসেৰীয়া মুহূৰ্তৰ লগতে এৰি অহা হয় এটা সোণালী শৈশৱ। 


খণ্ড - ২
বটবৃক্ষৰ ঘাইশিপা বিচাৰি

সময়ৰ নদীখনেদি বহুতো পানী বৈ গ’ল। শৈশৱৰ সেই বিদ্যালয়, খেলপথাৰ আৰু বন্ধুবোৰক এৰি অহা ইতিমধ্যে সম্পূৰ্ণ চল্লিশটা বসন্ত পাৰ হৈ গ’ল। জীৱনৰ অলেখ ঘাত-প্ৰতিঘাত, পোৱা-নোপোৱাৰ হিচাপ আৰু কঠোৰ সংগ্ৰামৰ মাজেৰে পাৰ হৈ এদিন যেতিয়া মোৰ বয়স পঞ্চাশ বছৰত ভৰি দিলে, মনৰ মাজত শৈশৱৰ সেই শিপাডালৰ স্মৃতিয়ে বৰকৈ আমনি কৰিবলৈ ধৰিলে। চল্লিশ বছৰৰ এক সুদীৰ্ঘ ব্যৱধানৰ পিছত মই পুনৰ এদিন মোৰ সেই প্ৰথমখন পঢ়াশালিৰ পৱিত্ৰ চৌহদত খোজ দিলোঁ।

​মনতো যেন মুহূৰ্ততে চল্লিশটা বছৰ পিছলৈ ধাৱমান হৈছিল। তাহানিতে যিখন ধূলিময় প্ৰাংগণলৈ চাৰি বছৰীয়া এটা সৰু অবোধ ল’ৰা দেউতাৰ আঙুলিত ধৰি কঁপি কঁপি পঢ়িবলৈ আহিছিল, আজি ঠিক সেই একেখিনি ঠাইতেই থিয় হৈ আছে এজন পঞ্চাশ বছৰীয়া প্ৰাপ্তবয়স্ক মানুহ! সময়ৰ দুটা বিপৰীত প্ৰান্ত যেন সেই অপূৰ্ব ক্ষণত মিলি একাকাৰ হৈ পৰিছিল।

​মই নিস্তব্ধ হৈ এখন্তেক ৰৈ দিলোঁ তাহানিৰ সেই পুৰণি গছজোপাৰ তলত—যিজোপা গছৰ শীতল ছাঁত বহি এদিন আমাৰ গোটেই শ্ৰেণীটোৱে ঘূৰণীয়াকৈ বৃত্ত সাজি উচ্চস্বৰে নেওঁতা আওৰাইছিলোঁ। গছজোপাৰ পিনে একেথৰে চাই মই মনে মনে ভাবিলোঁ—কিমান যে জ্ঞান আৰু প্ৰজ্ঞাৰ নীৰৱ সাক্ষী এইজোপা বটবৃক্ষ! কিমান যে নিষ্পাপ শিশুৰ কলকাকলি আৰু কোলাহল শুনিছে এই মহীৰুহে! কিমান প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ অপাৰ হাঁহি, বিচ্ছেদৰ কান্দোন আৰু ধূলি উৰুৱাই কৰা দৌৰাদৌৰিৰ নীৰৱ দ্ৰষ্টা হৈ থিয় দি আছে এইজোপা গছ!

​সময়ৰ সোঁতত বিদ্যালয়খনৰ বাহ্যিক ৰূপৰেখা বহু সলনি হৈছে। তাহানিতে পিয়াহ লাগিলে আমি যাৰ পৰা পানী তুলি খাইছিলোঁ, সেই পুৰণি কুঁৱাটো আজি আৰু নাই; তাক চিৰদিনৰ বাবে পুতি পেলোৱা হ’ল। তাৰ সলনি আজি চৰকাৰী পাইপলাইন আৰু পানী যোগান আঁচনিৰ জৰিয়তে আধুনিক পানীৰ ব্যৱস্থা কৰা হৈছে। আমাৰ সময়ৰ সেই মূল বিদ্যালয় গৃহটোৰ কাষতেই নতুনকৈ নিৰ্মাণ কৰা হৈছে কেইবাটাও পকী শ্ৰেণীকোঠা। বিদ্যালয়খনৰ সন্মুখত সুন্দৰকৈ পকী বেৰেৰে সুৰক্ষিত কৰি গঢ়ি তোলা হৈছে এখন নয়নজুৰোৱা ফুলনি। চৌহদটোৰ দৃশ্যপট হয়তো আমূল সলনি হৈছে, কিন্তু মোৰ অন্তৰৰ মণিকোঠাত সযতনে সাঁচি থোৱা সেই তাহানিৰ বিদ্যালয়খন কিন্তু তিলমানো সলনি হোৱা নাই।

​সিদিনা বিদ্যালয়খন বন্ধ আছিল। নিস্তব্ধ চৌহদটোৰ সেউজীয়া ঘাঁহনিলৈ গৈ মই নিসংগভাৱে বহি পৰিলোঁ। চাৰিওফালৰ সেই মৌনতাৰ মাজত মোৰ চকুৰ সন্মুখত যেন পুনৰ জীৱন্ত হৈ উঠিল সেই সৰু ল’ৰাজনৰ নিষ্পাপ মুখখনি। দেউতাৰ আঙুলিত ধৰি প্ৰথম দিনা বিদ্যালয়ৰ পদূলি গচকা সেই শিশুটি, শ্ৰদ্ধাৰ শিক্ষকসকলৰ সন্মুখত ভয় আৰু ভক্তিত আঠুঁকাঢ়ি বহি থকা সেই দিনবোৰ, হাতৰ আখৰবোৰ মুক্তাৰ দৰে কৰিবলৈ শিক্ষাগুৰুসকলৰ সেই একাণপতীয়া কঠোৰ প্ৰচেষ্টা, অংকৰ জটিল হিচাপলৈ শিশুমনত থকা সেই আদিম ভয়, বিজ্ঞানৰ ন-ন বিষয়বোৰ জনাৰ অপৰিসীম কৌতূহল আৰু ভূগোলৰ মানচিত্ৰত দেশ-বিদেশৰ জটিল পাকবোৰ বিচাৰি পোৱাৰ সেই ৰোমাঞ্চকৰ মুহূৰ্তবোৰ। সকলোবোৰেই যেন মোৰ চাৰিওকাষে পুনৰ জীৱন্ত হৈ উঠিল।

​ঘাঁহনীত বহি থাকোঁতেই স্মৃতিৰ সঁফুৰাখন এখন এখনকৈ খোল খাবলৈ ধৰিলে। মনত পৰিল সেই দিনটোলৈ, যিদিনা মায়ে তেওঁৰ অপাৰ স্নেহভৰা কোমল হাতখন মোৰ মূৰত থৈ গভীৰ আশীৰ্বাদেৰে কৈছিল— "ভালদৰে পঢ়া-শুনা কৰিবা, এদিন এজন ভাল মানুহ হ’ব লাগিব। আৰু তাতোকৈয়ো ডাঙৰ কথাটো হ’ল—জীৱনত সফল হ’ব লাগিব..."

​মনত পৰিছিল দেউতাই প্ৰতিটো নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে বজাৰৰ পৰা কিনি আনি দিয়া সেই নতুন পাঠ্যপুথিবোৰৰ কথা। নতুন কিতাপৰ সেই মিঠা সুবাসটো মই দুহাতেৰে কিতাপখন মেলি গভীৰভাৱে বুকুৰ মাজলৈ টানি লৈছিলোঁ। সেই আমোলমোল গোন্ধৰ মাজত মই অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ সেই বৰ্ণময় কিতাপবোৰ, হয়তো সেইবোৰৰ কোনোবা এটা পৃষ্ঠাত কিজানি সঁচাকৈয়ে লুকাই আছিল জীৱনত "সফল" হোৱাৰ কোনোবা এটা গোপন মন্ত্ৰ!
​মনত পৰিছিল গৰমৰ বন্ধ হ’লেই আমি মহা আনন্দেৰে ককাহঁতৰ ঘৰলৈ ঢাপলি মেলাৰ কথা। জোনাক ৰাতি চোতালত শীতল পাটী পাৰি বহি মোৰ নিৰক্ষৰা আইতাই আমাক শুনোৱা নীতি-শিক্ষা আৰু সংস্কাৰেৰে ভৰা সাধুকথাবোৰৰ কথা। যদিও আইতাৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল, কিন্তু জীৱনৰ গভীৰ অভিজ্ঞতাই তেওঁক দিছিল প্ৰজ্ঞাৰ এক অনাবিল ভাণ্ডাৰ। সাধুটো কোৱা শেষ হোৱাৰ লগে লগে কাষতে বহি থকা মায়ে মোক তৎক্ষণাত সুধিছিল— "সাধুটোৰ পৰা তুমি আচলতে কি বুজি পালা?"

পাকে-প্ৰকাৰে মায়ে মোক সেই সাধুটোৰ আক্ষৰিক কাহিনীৰ আঁৰত লুকাই থকা নৈতিক আৰু দাৰ্শনিক গূঢ়াৰ্থখিনি হৃদয়ংগম কৰাবলৈ অহৰহ চেষ্টা কৰিছিল। মাৰ সেই প্ৰয়াসৰ একমাত্ৰ উদ্দেশ্য আছিল মোক সৎ পথত চলাই জীৱনত এজন সফল আৰু প্ৰকৃত মানুহ হিচাপে আগবঢ়াই নিয়া।
​পঢ়াশালিত হেডচাৰ আছিল কঠোৰ অনুশাসনৰ অন্য এক নাম। অংকৰ শ্ৰেণী শেষ কৰি চাৰে যেতিয়া কিতাপখন জপাই হাতত তেলপানী ঘঁহি নিমজ কৰি থোৱা শুকান সৌকাডাল তুলি লৈছিল, আমাৰ বুকু কঁপি উঠিছিল। চাৰে তেখেতৰ সেই গম্ভীৰ আৰু গলগলীয়া মাতেৰে সতৰ্ক কৰি কৈছিল— "ভালদৰে পঢ়িবিহঁত। হাতৰ আখৰবোৰ মুকুতাৰ  মণিৰ দৰে কৰিব লাগিব।" সেই সময়ত আমাৰ শিক্ষাব্যৱস্থাত "চেকনিৰ আগতহে বিদ্যা" নামৰ চিৰন্তন নীতিটো অক্ষৰে অক্ষৰে প্ৰযোজ্য হৈছিল। আজি দ্বিধাহীনভাৱে স্বীকাৰ কৰিবই লাগিব যে আমাৰ দৰে চঞ্চল আৰু সাধাৰণ মেধাৰ ছাত্ৰসকলক সঠিক পথত ৰাখিবলৈ সেই কঠোৰ অনুশাসনৰ ব্যৱস্থাটো খুবেই জৰুৰী আছিল। সেই সৌকাৰ প্ৰতিটো কোবৰ আঁৰতেই আচলতে লুকাই আছিল আমাক ভৱিষ্যতে এজন প্ৰকৃত ‘মানুহ’ হিচাপে গঢ়ি তোলাৰ একাজঁলি পৱিত্ৰ প্ৰতিশ্ৰুতি। 

ভূগোলৰ চাৰ আৰু মৌখিকৰ চাৰ আৰু অংকৰ চাৰ শ্ৰেণীত প্ৰৱেশ কৰিলে, সৌকাডাল তেওঁলোকৰ হাতত আহিবই। কিবা নোৱাৰিলেই বা পাহৰিলেই আঁঠু কঢ়া, দুয়োখন কাণত ধৰি উঠা-বহা কৰা, নাইবা কাঠৰ বেঞ্চৰ ওপৰত গোটেই পিৰিয়ডটো থিয় হৈ থকাৰ কঠোৰ শাস্তি আছিল আমাৰ নিত্য নৈমিত্তিক অভিজ্ঞতা।

​তেতিয়া আমি পঞ্চম শ্ৰেণীত। প্ৰথমবাৰৰ বাবে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল ‘ইংৰাজী’ বিষয়টো। ইংৰাজী বৰ্ণমালাৰ অচিনাকি আখৰবোৰৰ সৈতে আমাৰ চিনাকী পৰ্ব আৰম্ভ হৈছিল। চাৰে ব্লেকব’ৰ্ডত দেখুৱাই দিয়াৰ দৰে ইংৰাজীৰ সেই পাকঘূৰণি আখৰবোৰ মই কোনোমতেই সুন্দৰকৈ বহীত ফুটাই তুলিব পৰা নাছিলোঁ। চেষ্টাৰ কোনো ত্ৰুটি কৰা নাছিলোঁ যদিও হাতৰ আখৰ আছিল অতি বিজতৰীয়া। চাওঁতে চাওঁতে ছমহীয়া পৰীক্ষাৰ সময় সমাগত হ’ল।
এদিনৰ কথা। ইংৰাজীৰ চাৰে শ্ৰেণীত ‘হোমৱৰ্ক’ দিছিল। ময়ো নিয়মমাফিক ঘৰৰ পৰা বহীত কামখিনি কৰি আনি জমা দিলোঁ আৰু নিজৰ ঠাইত বহি ৰ’লোঁ। কিছু সময় বহীবোৰ পৰীক্ষা কৰাৰ পিছত হঠাতেই এহাতত মোৰ ইংৰাজীৰ বহীখন আৰু আনখন হাতত সৌকাডাল লৈ চাৰে মোৰ পিনে চাই সিংহৰ দৰে গৰ্জন কৰি উঠিল— "উঠি আহ! এইবোৰ কিহৰ মূৰ লিখিছ?"

​চাৰৰ সেই ৰুদ্ৰমমূৰ্তি আৰু গৰ্জন শুনি মই বুজি উঠিলোঁ যে আজি মোৰ নিস্তাৰ নাই। মই ভয়ে ভয়ে কঁপি কঁপি চাৰৰ ওচৰলৈ গ’লোঁ। চাৰে মোৰ ভৰিত সৌকাৰে এচাত মাৰি বহীখনৰ পিনে আঙুলিয়াই ধমক দিলে— "এইবোৰ আখৰ নেকি? তোৰ মূৰটো লিখি আনিছ!"

​খঙৰ প্ৰচণ্ড ভমকত চাৰে মোৰ সেই ইংৰাজী বহীখন শ্ৰেণীকোঠাৰ খিৰিকীৰে বাহিৰলৈ সজোৰে দলিয়াই দিলে। বহীখন গৈ স্কুলৰ চৌহদৰ বাহিৰত ঘনকৈ গজি থকা ঢেকীয়ানীৰ ডাঠ জোপোহাৰ মাজত পৰিলগৈ। টিফিনৰ জিৰণিৰ সময়ত অৱশ্যে মই জেওঁৰা পাৰ হৈ, ঢেকীয়াৰ মাজত সোমাই অতি কষ্টেৰে মোৰ সেই পেলাই দিয়া বহীখন বুটলি আনিছিলোঁগৈ। 

​সেই শাস্তিবোৰৰ পিছতো চাৰৰ প্ৰতি মোৰ অন্তৰৰ শ্ৰদ্ধা আৰু ভক্তি কোনোদিন তিলমানো কমা নাছিল। বৰং আজি যেতিয়া সকলোৱে মোৰ অসমীয়া আৰু ইংৰাজী উভয় ভাষাৰ হাতৰ আখৰ অতি সুন্দৰ আৰু স্পষ্ট বুলি আনে প্ৰশংসা কৰে, মই মূৰ দোৱাই ভাবোঁ, তাৰ সমগ্ৰ কৃতিত্ব মোৰ সেই কঠোৰ শিক্ষাগুৰুজনৰ, তাত মোৰ নিজৰ কোনো কৃতিত্ব নাই।

​সময় কাৰো বাবে ৰৈ নাথাকে। কালৰ নিষ্ঠুৰ সোঁতত মোৰ সাধুকথা কোৱা সেই মৰমৰ নিৰক্ষৰা আইতাও এদিন এই মায়াময় পৃথিৱী এৰি চিৰদিনৰ বাবে গুচি গ’ল। আজি যেতিয়া পুৰণি ফটো এলবামত আইতাৰ ধূলিময় ছবিখনলৈ চাওঁ, বুকুত এক অব্যক্ত বেদনাই খুন্দা মাৰে আৰু কাণত বাজি উঠে আইতাৰ সেই অমূল্য সাধুকথাবোৰৰ প্ৰতিধ্বনি। বিদ্যালয়ৰ সেই সিংহপুৰুষ হেডচাৰো বহু বছৰ আগতেই স্বৰ্গগামী হ’ল। সময়ৰ নিৰ্দয়, বাৰ্ধক্যৰ কঠিন হাতে আজি মোৰ প্ৰাণৰ মা আৰু দেউতাকো স্পৰ্শ কৰি জৰাজীৰ্ণ কৰি পেলাইছে।

​আজি জীৱনৰ পঞ্চাশৰ দেওনা অতিক্ৰম কৰি এই পুৰণি বিদ্যালয়ৰ ঘাঁহনীত বহি মই প্ৰায়েই চকু মুদি অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ—তাহানিতে দেউতাই দোকানৰ পৰা আনি দিয়া নতুন পাঠ্যপুথিৰ সেই আমোলমোল গোন্ধটো, মায়ে মোৰ মূৰত আশীৰ্বাদ দি আঁকি দিয়া তেওঁৰ হাতৰ সেই স্নিগ্ধ ঐশ্বৰিক স্পৰ্শটো, হেডচাৰৰ সেই শ্ৰেণীকোঠা কঁপোৱা গলগলীয়া মাতটো, নাইবা শৈশৱৰ সেই নিষ্ঠুৰ যেন লগা সৌকাৰ কোবকেইটা...। সেই সকলোবোৰ কঠোৰতা আৰু ত্যাগৰ মাজতেইতো লুকাই আছিল মোক এগৰাকী প্ৰকৃত "মানুহ" হিচাপে গঢ়ি তোলাৰ এক আজীৱন সাধনা।

​এতিয়া এই বয়সত, আজৰি পৰত মই প্ৰায়েই অতীতৰ সেই স্মৃতিৰ সাগৰত ডুব যাওঁ। আচলতে স্মৃতিবোৰে মোৰ বুকুৰ মাজত অহৰহ আমনি কৰি থাকে। কিন্তু অতীতৰ মায়াত হেৰাই নগৈ মই গভীৰ আত্মবিশ্লেষণেৰে নিজকে বাৰে বাৰে প্ৰশ্ন কৰোঁ— মায়ে মোৰ মূৰত হাত থৈ যি আশাৰে আশীৰ্বাদ দিছিল, জীৱনত বাৰু মই সঁচাকৈয়ে তেনেদৰে সফল হ’ব পাৰিলোঁনে? হেডচাৰে সৌকাৰ কোব কেইটাৰে গঢ়িব খোজা সেই আদৰ্শ চৰিত্ৰটোক মই মোৰ কৰ্মজীৱনত ধৰি ৰাখিব পাৰিলোঁনে? আইতাই কোৱা সেই জীৱনমুখী সাধুবোৰ মোৰ জীৱনত বাৰু অথলেই গ’ল নেকি? আৰু কিমান বাট খোজ কাঢ়িলে, কিমান পাহাৰ বগালে বাৰু এজন মানুহ সমাজৰ চকুত প্ৰকৃত অৰ্থত ‘সফল’ বুলি পৰিগণিত হয়? বাস্তৱিকতে এই মায়াময় পৃথিৱীত ‘সফলতা’ৰ প্ৰকৃত সংজ্ঞাই বা কি?

সাধাৰণ অৰ্থত আৰু সমাজৰ দৃষ্টিত এজন ‘সফল মানুহ’ৰ সংজ্ঞা বৰ সংকীৰ্ণ আৰু বাহ্যিক চাকচিক্যৰে আৱৰা। আমাৰ সমাজে সাধাৰণতে সফল ব্যক্তি বুলিলে তাকেই বুজে—যাৰ এটা টনকিয়াল আৰ্থিক অৱস্থা আছে, যাৰ নামত আছে প্ৰচুৰ ঘৰ-দুৱাৰ, মাটি-বাৰী, দামী গাড়ী আৰু অলেখ স্থাৱৰ-অস্থাৱৰ সম্পত্তি। সমাজত যাৰ অগাধ প্ৰতিপত্তি আৰু প্ৰভাৱ আছে, যাৰ পিন্ধন-উৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন আৰু সামগ্ৰিক জীৱন-শৈলীত এক উচ্চবিত্তীয় সম্ভ্ৰম প্ৰতিভাত হৈ উঠে, তেনে ব্যক্তিক সমাজে অতি সহজেই ‘সফল মানুহ’ৰ মুকুট পিন্ধাই দিয়ে।

​কিন্তু এই ভোগবাদী আৰু বৈষয়িক সংজ্ঞাক মানি ল’বলৈ মোৰ অন্তৰাত্মাই কেতিয়াও সঁহাৰি নিদিয়ে। এই প্ৰসংগত বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ এটি গভীৰ তাৎপৰ্যপূৰ্ণ কথা মোৰ মনলৈ আহে। বৰগোহাঞিদেৱে স্পষ্টকৈ লিখিছিল যে—কেৱল বাহ্যিক সফলতাই কেতিয়াও মানুহৰ ব্যক্তিত্ব আৰু জীৱনৰ পৰম মানদণ্ড হ’ব নোৱাৰে। এগৰাকী মানুহৰ অন্তৰ্নিহিত সৎ গুণসমূহ—যেনে সততা, ঐকান্তিক কৰ্মনিষ্ঠা, অন্যায়ৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস, নিঃস্বজনৰ প্ৰতি অহৈতুক দয়া, আনক ক্ষমা কৰিব পৰা বিশাল হৃদয়, আৰু নিঃস্বাৰ্থ পৰোপকাৰিতা—এই সকলোবোৰ মানৱীয় গুণেই যদি এজন ব্যক্তিৰ প্ৰকৃত ধনাত্মক পৰিচয় হয়, তেন্তে বৈষয়িকভাৱে নিঃকিন হ’লেও তেৱেঁই হয়তো পৃথিৱীৰ এজন প্ৰকৃত সফল ব্যক্তি। মোৰ দৃষ্টিতো সফল মানুহ আচলতে সেইজনহে, যিয়ে নিজৰ সৎ কৰ্ম আৰু আদৰ্শৰে আন দহজন মানুহৰ জীৱনত জ্ঞাতভাৱেই হওক বা অজ্ঞাতভাৱেই হওক, অন্ততঃ এটি ইতিবাচক আৰু ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।

​মোৰ স্পষ্টকৈ মনত পৰে, দেউতাই জীৱনৰ প্ৰথম পাঠ দিওঁতে মোক বাৰে বাৰে এটা কথা সোঁৱৰাই দিছিল। দেউতাই কৈছিল— "সফল হ’বলৈ হ’লে জীৱনত এটা নিৰ্দিষ্ট আৰু সুউচ্চ লক্ষ্য থকাটো একেবাৰে অনিবাৰ্য্য। জীৱনত কোনো নিৰ্দিষ্ট লক্ষ্য নোহোৱাকৈ সফলতাৰ কথা চিন্তা কৰাটোৱেই চৰম অবান্তৰ। আনহাতে, মাথোঁ লক্ষ্য স্থিৰ কৰিলেই নহ’ব, সেই লক্ষ্যত উপনীত হ’বলৈ লাগিব অহোপুৰুষাৰ্থ আৰু ঐকান্তিক সাধনা। জীৱনত যদি কোনো মহৎ লক্ষ্যই নাথাকে, তেন্তে তেনে উদ্দেশ্যহীন জীৱন শেষত এক দুখজনক অপব্যয়লৈহে পৰ্যবসিত হয়……।"

​এৰা, আজি জীৱনৰ অপৰাহ্ণত থিয় হৈ অনুভৱ কৰোঁ—দেউতাই সিদিনা একেবাৰে সঠিক কথাকে কৈছিল। মইও জীৱনৰ বাবে এটা লক্ষ্য থিৰ কৰি লৈছিলোঁ। কিন্তু ক’ৰবাত হয়তো মোৰ চেষ্টাত, মোৰ সংগ্ৰামত কোনোবাখিনিত এক অপূৰণীয় ক্ৰুটি ৰৈ গ’ল। যিকোনো ক্ষেত্ৰতেই লক্ষ্যৰ বাট সদায় অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ আৰু কণ্টকাক্কীৰ্ণ। এই জীৱনমুখী প্ৰত্যাহ্বানবোৰে মানুহৰ হৃদয়ৰ গভীৰত সুপ্ত হৈ থকা আভ্যন্তৰীণ শক্তিক জাগ্ৰত কৰি তুলিব পাৰিব লাগিব, তেওঁক অধিক শক্তিশালী আৰু দৃঢ়মনা কৰি গঢ়ি তুলিব পাৰিব লাগিব। কিন্তু নিৰ্দয় বাস্তৱৰ সন্মুখত মই যেন সেই কঠোৰ প্ৰত্যাহ্বানৰ ওচৰত ক্ৰমান্বয়ে হাৰি গ’লোঁ। উজ্জ্বল সম্ভাৱনাৰ মায়াবী মৰীচিকাৰ পিছত দৌৰি দৌৰি মই কেনেবাকৈ মূল পথৰ পৰা আঁতৰি পথভ্ৰষ্ট হৈ পৰিলোঁ। দেউতাই তেওঁৰ সাৱধানবাণীত গভীৰ আশংকাত কোৱাৰ দৰেই—মোৰ সমগ্ৰ জীৱনটো কিজানি সঁচাকৈয়ে এটা চৰম দুখজনক অপব্যয়লৈহে পৰ্যবসিত হৈ ৰ’ল!
​কেতিয়াবা নিজৰ এই অন্তৰ্দহন আৰু শূন্যতাক ঢাকি ৰাখিবলৈ মই নিজকে মিছা সান্ত্বনা দিওঁ। মনক বুজাবলৈ চেষ্টা কৰোঁ যে—মই জীৱনৰ প্ৰকৃত আৰু মহৎ লক্ষ্য বুলি দৰাচলতে মোৰ অপৈণত মনৰ খন্তেকীয়া আকাংক্ষাবোৰকেই স্থিৰ কৰি লৈছিলোঁ আৰু সমগ্ৰ জীৱনকাল সেই আকাংক্ষাবোৰকেই পূৰ্ণ কৰিবলৈ অহৰহ হাবাথুৰি খাই ফুৰিলোঁ। আজি নিৰ্মম আত্মবিশ্লেষণৰ ক্ষণত বুজি উঠিছোঁ—মোৰ সেই অপৰিপক্ক শৈশৱকালৰ চঞ্চল আকাংক্ষাবোৰকেই জীৱনৰ সাৰ্বভৌম লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰি লোৱাটোৱেই আছিল মোৰ সমগ্ৰ জীৱনৰ সবাতোকৈ ডাঙৰ আৰু মাৰাত্মক ভুল।

​কোনোবা এজন দাৰ্শনিকে কৈছিল—সফলতা অথবা বিফলতাৰ হিচাপ-নিকাচ বিচাৰ কৰিবলৈ হাতত সময় নথকাটোৱেই হেনো মানুহৰ জীৱনৰ প্ৰকৃত সফলতা। জীৱনৰ ক্ষণভঙ্গুৰ পোৱা-নোপোৱাৰ অঙ্কবোৰ মিলাই বহি নাথাকি অহৰহ কেৱল কৰ্ম কৰি আগুৱাই যাব পৰাটোহে হেনো জীৱনৰ আচল সাৰ্থকতা। কিন্তু মই গভীৰভাৱে জানো—এইবোৰ ওখ খাপৰ কথাৰে দৰাচলতে মই নিজেই নিজক এটা বিৰাট ফাঁকি দি অন্তৰত ক্ষণিকৰ সান্ত্বনা লভাৰ এক ব্যৰ্থ প্ৰয়াস কৰিছোঁ। তাৰ একমাত্ৰ কাৰণ হ’ল—জীৱনত বহু আশা কৰা সফলতাৰ মুখ দেখাৰ পৰিৱৰ্তে কেৱল বিফলতাৰ নিষ্ঠুৰ আঘাতৰ সৈতেহে মই অহৰহ মোকাবিলা কৰি আহিবলগীয়া হৈছে।

​মই জানো যে যিকোনো নতুন কামৰ আৰম্ভণিতেই ব্যর্থতা বা প্ৰতিবন্ধকতা অহাটো খুবেই স্বাভাৱিক এক জৈৱিক প্ৰক্ৰিয়া। এই সংসাৰখন কাৰো বাবে কেতিয়াও এক কোমল পুষ্পশয্যা নহয়, ঠিক তেনেকৈ জীৱনত সফলতা লাভ কৰাৰো কোনো সহজ আৰু চমু পথ থাকিব নোৱাৰে। তথাপিও, মোৰ অতীত জীৱনৰ সেই দীঘলীয়া আৰু অপ্ৰাপ্তিৰে ভৰা বিফলতাৰ তালিকাখনে সময়ে সময়ে মোৰ অন্তৰাত্মাক চৰমভাৱে জোকাৰি যায়। সেই বিফলতাই মোক সঘনে ব্যতিব্যস্ত আৰু অস্থিৰ কৰি ৰাখে।

​নিৰাশা আৰু অন্তৰ্দহনৰ তেনে কঠিনতম আৰু অন্ধকাৰ সময়বোৰত মোৰ দুচকুৰ আগত জিলিকি উঠে মোৰ শৈশৱ আৰু কৈশোৰৰ প্ৰতিজন পৰম শুভাকাংক্ষীৰ চিৰনমস্য মুখচ্ছবি। যিসকল ব্যক্তিয়ে মোক জীৱনত কেৱল এজন প্ৰাণী হিচাপে নহয়, বৰং এগৰাকী প্ৰকৃত "মানুহ" হিচাপে গঢ়ি তুলিবলৈ অহৰহ নিঃস্বাৰ্থ প্ৰচেষ্টা চলাইছিল। শৈশৱৰ আদিপাঠৰ পৰা আৰম্ভ কৰি মোক জীৱন-যুদ্ধত এজন সৎ আৰু সফল নাগৰিক হিচাপে গঢ়িবলৈ অহৰহ চেষ্টা চলাই যোৱা মোৰ সেই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ ঐকান্তিক প্ৰচেষ্টাবোৰ, প্ৰতিটো খোজতে মোৰ মুখলৈ চাই দেউতাৰ দুচখুত ফুটি উঠা সেই অপৰিসীম আশাভৰা আকুল চাঁৱনিটো, জোনাক নিশা নীতিশিক্ষাৰে মন আলোকিত কৰা আইতাৰ সেই অমূল্য সাধুকথাবোৰ, আৰু সন্তানৰ সৰ্বাঙ্গীন কুশল কামনা কৰি মাৰ হাতৰ সেই ঐশ্বৰিক পৰশত লাগি থকা অপৰিসীম প্ৰেৰণাময় পৱিত্ৰ আশীৰ্বাদবোৰ—এই সকলোবোৰ আজি মোৰ স্মৃতিৰ মণিকোঠাত জীৱন্ত হৈ ধিক্কাৰ দিয়ে। তেওঁলোকৰ সেই পৱিত্ৰ আশা আৰু বিশ্বাসৰ পূৰ্ণতা দিব নোৱাৰি, আজি জীৱনৰ এই সংক্ৰমণ বিন্দুত থিয় হৈ মই তেওঁলোকৰ চৰণত কি মুখেৰে ক্ষমা খোজো বাৰু?

​সিদিনা আাবেলি, মোৰ শৈশৱৰ সেই গৌৰৱোজ্জ্বল বুনিয়াদী বিদ্যালয়খনৰ প্ৰাংগণত থিয় হৈ মই একেথৰে চাই ৰৈছিলোঁ বিদ্যালয়ৰ পুৰণি দেৱালখনলৈ। দেৱালত অতি মৰ্যাদাৰে খোদিত কৰা আছিল সেইখন পঢ়াশালিতেই জীৱনৰ অ, আ – ক, খ শিকি কালক্ৰমত সমগ্ৰ অসম তথা দেশৰ আকাশ উজলাই তোলা মহান মনীষীসকলৰ নামাৱলী। বিদ্যালয়খনৰ ঐতিহ্য আৰু গৌৰৱৰ সৈতে জড়িত সেই স্মাৰকবোৰলৈ চাই থাকোঁতে মোৰ বুকুখন এক গভীৰ, অনাবিল আৰু অপৰিসীম গৌৰৱেৰে উপচি পৰিছিল। সেই পৱিত্ৰ ক্ষণত মোৰ দুচকুৰে ক’ব নোৱাৰাকৈয়ে নিগৰি আহিছিল দুধাৰি উষ্ণ চকুলো। এই চকুলো মোৰ ব্যক্তিগত কোনো দুখ, হতাশা বা বিফলতাৰ চকুলো নাছিল। এই চকুলো আছিল শৈশৱৰ পখিলা খেদা সেই নিষ্কলুষ দিনবোৰৰ সোণালী স্মৃতিৰে সিক্ত হোৱা এক অপাৰ আনন্দৰ, হৃদয়স্পৰ্শী গৌৰৱৰ আৰু হৃদয়ৰ অন্তস্থলৰ পৰা ওলাই অহা গভীৰ কৃতজ্ঞতাৰ অশ্ৰু।কাৰণ, জীৱনৰ এই সুদীৰ্ঘ, জটিল আৰু ঘাত-প্ৰতিঘাতপূৰ্ণ যাত্ৰাপথত বহু দূৰলৈ আগুৱাই আহি যেতিয়া মই পুনৰ মোৰ এৰি অহা অতীতলৈ ঘূৰি চাওঁ, তেতিয়া মৰ্মে মৰ্মে অনুভৱ কৰোঁ — এদিন মৰমৰ দেউতাৰ আঙুলিত ধৰি মোৰ এই সুদীৰ্ঘ জীৱন যাত্ৰাখনৰ পোনপ্ৰথম পদক্ষেপটো আৰম্ভ হৈছিল এইখন পৱিত্ৰ বিদ্যালয়ৰ চৌহদৰ পৰাই। 


খণ্ড - ৩
কলপাতৰ কেনভাছ আৰু এটা পাখি কলম

শৈশৱৰ সেই সোণালী দিনবোৰৰ কথা গভীৰভাৱে ভাবিলে কেতিয়াবা এনে লাগে—সেই সময়খিনি যেন আছিল জীৱনৰ এখন তেনেই সৰু অথচ এক অপৰিসীম অমূল্য গ্ৰন্থ। সেই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠাতেই যেন নিয়তিয়ে নিতৌ কিবা নহয় কিবা এটা নতুন কথা, নতুন শিক্ষা লিখি থৈ গৈছিল। সেই সময়ত মোৰ পৃথিৱীখনো আছিল তেনেই সীমাবদ্ধ আৰু নিৰ্দোষ—ঘৰৰ উমাল পৰিৱেশ, পঢ়াশালি, মুকলি খেলপথাৰ, দেৱতুল্য কেইগৰাকীমান শিক্ষাগুৰু আৰু হাতৰ মুঠিত ধৰি ৰাখিব পৰা কিছুমান সৰু সৰু নিষ্পাপ সপোন। সেই সপোনবোৰৰ মাজতেই এটি অতি উজ্জ্বল আৰু ব্যাকুল সপোন আছিল—হাতত এটা আচল ‘ফাউণ্টেইন পেন’ (Fountain Pen) তুলি লোৱাৰ হেঁপাহ!

​আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত এই কথাটো হয়তো নতুন প্ৰজন্মৰ বাবে অতি সাধাৰণ আৰু হাস্যকৰ যেন লাগিব পাৰে। কিন্তু সেই সময়ত আমাৰ বাবে এটা ভাল চিয়াঁহীৰ কলম কেৱল লিখাৰ এক কাঠিন্যপূৰ্ণ সামগ্ৰী নাছিল; বৰং সি আছিল শিশুমনৰ এক সৰ্বোচ্চ মৰ্যাদা আৰু আকাংক্ষাৰ প্ৰতীক। পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত মই মোৰ জীৱনৰ প্ৰথমটো ফাউণ্টেইন পেন উপহাৰ হিচাপে লাভ কৰিছিলোঁ। কিন্তু সেই দিনটো অহাৰ আগলৈকে প্ৰতিটো সন্ধিয়া পঢ়াৰ মেজত বহি মোৰ সৰু মনটোৱে ঈশ্বৰৰ ওচৰত মাথোঁ এটা কথাই ব্যাকুলভাৱে প্ৰাৰ্থনা কৰিছিল—এদিন যেন মোৰ নিজৰো এখন সুন্দৰ ফাউণ্টেইন পেন হয়!

​তাৰো আগৰ দিনবোৰলৈ যেতিয়া স্মৃতিৰ কেনভাছখন মেলি ধৰোঁ, এতিয়াও চকুৰ আগত জীৱন্ত হৈ ভাঁহি উঠে সেই প্ৰাথমিক বিদ্যালয়ৰ মজিয়াখন। চটৰ এখন শুকান বস্তা পাৰি ভৰি দুটা ভাঁজ কৰি মাটিত বহি আছোঁ। সন্মুখত কাঠৰ চাৰিভঁতীয়া ফ্ৰেমেৰে বন্ধোৱা চিৰপৰিচিত আয়তাকাৰ শ্লেটখন আৰু হাতত এডাল মাটি পেঞ্চিল। সেই সময়ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ সৈতে শ্লেট আৰু মাটি পেঞ্চিলৰ সম্পৰ্কটো আছিল অতি নিবিড় আৰু আত্মাৰ দৰে একাত্ম। আজিৰ আধুনিক শিশুসকলৰ বাবে শ্লেটৰ সেই ধূলিময় পৃথিৱীখন হয়তো কল্পনা কৰাটোও অসম্ভৱ।

​সময়ৰ চকা অবিৰতভাৱে ঘূৰিল। ক্ৰমান্বয়ে শ্লেটৰ ঠাই ল’লে বগা কাগজৰ বহীবোৰে, মাটি পেঞ্চিলৰ ঠাইত প্ৰৱেশ ঘটিল বিভিন্ন ধৰণৰ কলমৰ। আৰু তাৰো বহু দশকৰ পিছত কম্পিউটাৰৰ কীব’ৰ্ডে মানুহৰ হাতৰ আখৰৰ প্ৰয়োজনীয়তাকেই যেন চৰম প্ৰশ্নৰ সন্মুখীন কৰাই দিলে। আজি Microsoft Word-ৰ দৰে ছফ্টৱেৰে বহু ক্ষেত্ৰত নিজ হাতেৰে লিখাৰ প্ৰয়োজনকেই প্ৰায় নিঃচিহ্ন কৰি পেলাইছে। কিন্তু মোৰ শৈশৱৰ সেই দিনবোৰত ‘লিখা’ মানে কেৱল আখৰ বহুওৱা নাছিল; বৰং সেয়া আছিল নিজৰ কোমল হাতৰ আঙুলিৰ সৈতে মাটি পেঞ্চিল আৰু মননশীলতাৰ এক গভীৰ আত্মিক সম্পৰ্ক গঢ়ি তোলা।

চতুৰ্থ শ্ৰেণীলৈকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত আমাৰ লিখাৰ পদ্ধতিও আছিল সম্পূৰ্ণ ব্যতিক্ৰমী আৰু পৰম্পৰাগত। চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতহে আমাক জীৱনত প্ৰথমবাৰৰ বাবে চিয়াঁহীৰ কলমৰ সৈতে চিনাকি কৰাই দিয়া হৈছিল। কিন্তু আৰম্ভণিতে কলম বুলি ক’লে আজিৰ দৰে কোনো ধাতু বা প্লাষ্টিকৰ নিৰ্মিত কলম নাছিল। আমাক কোমল কলপাতৰ ওপৰত চৰাইৰ পাখিৰে তৈয়াৰ কৰা বিশেষ পাখি কলম—অৰ্থাৎ ‘কুইল’ (Quill)-ৰে লিখিবলৈ শিকোৱা হৈছিল।

​প্ৰথম অৱস্থাত কথাটো অতি সহজ যেন লাগিছিল। পাখিটো হাতৰ আঙুলিত তুলি ল’লোঁ, চিয়াঁহীৰ দোৱাতত তাৰ জোঙা আগটো ডুবাই কলপাতৰ ওপৰত আখৰ ফুটাই তুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু কামটো আৰম্ভ কৰাৰ পিছতহে মৰ্মে মৰ্মে বুজি পালোঁ যে এই সাধনা ইমান সহজসাধ্য নাছিল! কলপাতৰ নিমজ পিঠিত ঠিক কিমান কোণত পাখিটো হেলনীয়া কৰি ধৰিলে চিয়াঁহী মসৃণভাৱে নিগৰি ওলাই আহিব—সেই সূক্ষ্ম কৌশলী ভাৰসাম্য আয়ত্ত কৰিবলৈ আমাক কেইবাদিনো লাগিছিল। সামান্য ভুল বা হাতৰ সামান্য অতিৰিক্ত চাপ পৰিলেই পাখিৰ আগেৰে এফাল হৈ চিয়াঁহী বাগৰি আহে, আৰু পলকতে হাতৰ কোমল আঙুলিবোৰ নীলা হৈ পৰে। কাষতেই সদায় সতৰ্কভাৱে ৰাখিব লাগিছিল চিয়াঁহীৰ কাঁচৰ দোৱাতটো। কিতাপ-পত্ৰৰ মাজত, কলপাতৰ সেউজীয়া বুকুত আৰু হাতৰ আঙুলিত অবিৰত লাগি ৰোৱা চিয়াঁহীৰ সেই নীলা দাগবোৰেই যেন আছিল আমাৰ সেই সময়ৰ শিক্ষা আৰু পঢ়া-শুনাৰ এক অবিচ্ছেদ্য গৌৰৱোজ্জ্বল পৰিচয়।
​সময়ৰ সৈতে অবিৰত অনুশীলন কৰি মই সেই পাখিৰ কলমৰ সৈতে অভ্যস্ত হৈ পৰিলোঁ। এসময়ত কোনো দাগ নলগাকৈ, কলপাতৰ ওপৰত অত্যন্ত সাৱলীলভাৱে আখৰবোৰ ফুটাই তুলিব পৰা এক নিপুণতা আহি পৰিল। তাৰ পিছতেই জীৱনত উপস্থিত হ’ল সেই বহুদিনীয়া প্ৰতীক্ষিত ক্ষণটো! মোৰ হাতৰ আখৰ অন্ততঃ বিদ্যালয়ৰ পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পৰাকৈ পৰিষ্কাৰ আৰু স্পষ্ট হ’বলৈ আৰম্ভ কৰিছিল।

​আৰু মোৰ সেই একাগ্ৰতাৰ স্বীকৃতি হিচাপেই যেন এদিন দেউতাই মোৰ হাতত তুলি দিলে এখন বহুল আকাংক্ষিত ‘ফাউণ্টেইন পেন’ আৰু কেইখিলামান ধকধকীয়া বগা ফুলস্কেপ কাগজ! সেই মুহূৰ্তটো এটি সৰু ল’ৰাৰ বাবে কোনো সাধাৰণ উপহাৰ নাছিল; বৰং সেয়া আছিল বহুদিনৰ আকুল অপেক্ষা আৰু সাধনাৰ অন্তত লাভ কৰা এক মহাসফলতাৰ সোণালী মুকুট।

​কিন্তু আনন্দৰ আতিশয্য সামৰি কলমটো হাতত লৈ যেতিয়া ফুলস্কেপ কাগজত লিখিবলৈ বহিলোঁ, তেতিয়াহে বুজি উঠিলোঁ যে ফাউণ্টেইন পেনেৰে লিখাটোও আন এক কঠিন পৰীক্ষাহে আছিল। নতুনকৈ নিবৰ (Nib) সৈতে লিখিবলৈ অভ্যাস কৰোঁতে আৰম্ভণিৰ দিনবোৰত মোৰ হাতত কাগজৰ প্ৰায় আশী শতাংশই নষ্ট হৈছিল। নিবৰ আগেৰে চিয়াঁহী বেছিকৈ ওলাই কাগজ নষ্ট কৰিছিল, আখৰৰ গঠন বিকৃত হৈ পৰিছিল, আৰু কেতিয়াবা হাতৰ কম্পন আৰু কলমৰ গতিৰ কোনো তাল-মিল নোহোৱা হৈছিল। দেউতাই ওচৰত বহি গভীৰভাৱে চাই থাকি বাৰে বাৰে সাৱধান কৰি কৈছিল— “হাতৰ আখৰ যদি মুক্তাৰ দৰে ভাল নকৰা, তেন্তে পৰীক্ষাত কেতিয়াও ভাল নম্বৰ পোৱাৰ আশা নকৰিবা।”

কেৱল দেউতাই নহয়, বিদ্যালয়ৰ প্ৰায় প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ মুখৰ পৰাও সদায় একেটাই অনুশাসনমূলক উপদেশ শুনিবলৈ পাইছিলোঁ। তেতিয়া অপৈণত মনটোৱে হয়তো সেই কথাবোৰৰ দাৰ্শনিক গভীৰতা বুজি পোৱা নাছিল। মনতে মাথোঁ ভাবিছিলোঁ—হাতৰ আখৰৰ ওপৰত শিক্ষকসকলে ইমান কঠোৰ গুৰুত্ব কিয় দিয়ে? কিন্তু আজি বহু দশক পিছলৈ উভতি চালে হৃদয়ংগম হয়—সেই সময়ত হাতৰ আখৰৰ অভ্যাস কৰাটো কেৱল পৰীক্ষাৰ নম্বৰৰ বাবেই নাছিল; বৰং সেই লিখাৰ সুদীৰ্ঘ প্ৰক্ৰিয়াটোৰ মাজেৰে আমি জীৱনৰ বহুতো মহৎ গুণ আয়ত্ত কৰিছিলোঁ। আমি শিকিছিলোঁ সীমাহীন ধৈৰ্য, আয়ত্ত কৰিছিলোঁ গভীৰ মনোযোগ, আৰু নিজৰ বিশৃংখল চিন্তাক এটা সুন্দৰ, সুসংবদ্ধ ৰূপত প্ৰকাশ কৰাৰ নান্দনিক কলা।

​সময় ক্ৰমাগতভাৱে আগবাঢ়িল। আমি বুনিয়াদীৰ পৰা বিদ্যালয়ৰ ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ হ’লোঁ। ঠিক সেই সময়ছোৱাতেই আমাৰ সমাজলৈ লাহে লাহে আগমন ঘটিল আধুনিক ‘বলপইণ্ট পেন’ (Ballpoint Pen)-ৰ। আজিৰ দিনৰ দৰে মসৃণ, পাতল বা উন্নতমানৰ নাছিল সেই সময়ৰ প্ৰথম যুগৰ বলপইণ্ট পেনবোৰ। তথাপিও নতুন এটা বস্তুৰ প্ৰতি শিশুমনৰ যি এক চিৰন্তন আৰু স্বাভাৱিক কৌতূহল, সি আমাৰ মাজতো তীব্ৰভাৱে জাগ্ৰত হৈছিল।

​কিন্তু বিদ্যালয়ত সেই বলপইণ্ট কলম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষকসকলৰ কঠোৰ নিষেধাজ্ঞা আছিল। শিক্ষকসকলৰ দৃঢ় ধাৰণা আছিল যে বলপইণ্ট পেনে শিশুৰ কোমল হাতৰ আখৰ আৰু লিখন-শৈলী চিৰদিনৰ বাবে নষ্ট কৰি পেলাব পাৰে। গতিকে সেই কঠোৰ অনুশাসনৰ মাজত ফাউণ্টেইন পেনেই আছিল আমাৰ একমাত্ৰ চিৰসংগী।

​পৰৱৰ্তী সময়ত যেতিয়া কলেজ আৰু বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষাৰ বিশাল প্ৰাংগণত ভৰি দিলোঁ, তেতিয়া অৱশ্যে সময় আৰু পৰিস্থিতিৰ দাবীত দৃশ্যপট আমূল সলনি হৈ পৰিল। ক্ষিপ্ৰতাৰে নোট লিখাৰ তাগিদাত বলপইণ্ট পেনেই হৈ পৰিল আমাৰ দৈনন্দিন জীৱনৰ অধিকাংশ সময়ৰ সংগী। তথাপিও এটা চিৰন্তন সত্য আজিও মোৰ মনত অক্ষুণ্ণ হৈ আছে—এখন সুন্দৰ ফাউণ্টেইন পেনেৰে কাগজৰ বুকু উজলাই লিখাৰ যি অপাৰ নান্দনিক আনন্দ আৰু তৃপ্তি, সেই আনন্দৰ সৈতে পৃথিৱীৰ কোনো আধুনিক কলমৰে তুলনা হ’ব নোৱাৰে।

​হয়তো সেই ফাউণ্টেইন পেনটোৰ সৈতে কেৱল আখৰ লিখাৰ আনন্দই জড়িত হৈ থকা নাছিল; তাৰ প্ৰতিটো চিয়াঁহীৰ টোপালৰ সৈতে নিবিড়ভাৱে মিহলি হৈ আছিল দেউতাৰ অপৰিসীম মৰম, বিদ্যালয়ৰ সোণসেৰীয়া দিনবোৰ, গুৰুসকলৰ কঠোৰ স্নেহধন্য শাসন, হাতৰ আখৰ সুন্দৰ কৰাৰ অহৰহ সংগ্ৰাম আৰু এটা নিষ্পাপ সৰু ল’ৰাৰ বহুদিনীয়া ব্যাকুল অপেক্ষাৰ অন্তত পূৰ্ণ হোৱা এটি সৰু অথচ স্বৰ্গীয় সপোন!

১৯৮২ চন। জীৱনৰ নদীখনে পুনৰ আন এক নতুন দিশে গতি কৰিলে। গহপুৰৰ নিকটৱৰ্তী ডুবিয়া হাইস্কুলৰ পৰা সপ্তম শ্ৰেণীৰ ডেওনা সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত, মই অষ্টম শ্ৰেণীত নামভৰ্তি কৰিলোঁ ঐতিহ্যমণ্ডিত ‘কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত। এক নতুন পৰিৱেশ, নতুন সহপাঠী আৰু নতুন শিক্ষকসকলৰ সান্নিধ্যত মই মোৰ কৈশোৰৰ জ্ঞানান্বেষণৰ পথত এখোজ এখোজকৈ আগবাঢ়িবলৈ ধৰিলোঁ।

​কিন্তু সেই শান্ত আৰু স্বপ্নময় দিনবোৰৰ ওপৰত যে অতি সোনকালেই এক কালৰূপী ধুমুহা নামি আহিব, সেয়া আমাৰ কল্পনাৰো অগোচৰ আছিল। তেতিয়া মই নৱম শ্ৰেণীৰ এজন কিশোৰ ছাত্ৰ। অসমৰ ইতিহাসৰ সেই আটাইতকৈ অভিশপ্ত আৰু ক’লা অধ্যায়টো আছিল—জুঁইয়ে পোৰা ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহ! সমগ্ৰ ঐতিহাসিক পটভূমি যেন এক নিমিষতে ৰক্তাক্ত আৰু উত্তাল হৈ পৰিছিল। চাৰিওফালৰ বতাহত কেৱল খাৰ-বাৰুদ আৰু জুয়ে পোৰা মানুহৰ ঘৰ-বাৰীৰ কন্দুৱা পোৰা গোন্ধ! শান্ত-স্নিগ্ধ অসমৰ বুকুত চৌদিশে আৰম্ভ হ’ল ভাই-ভাইৰ মাজত এক উন্মাদ মৰা-মৰি, কটা-কটি আৰু ধ্বংসৰ তাণ্ডৱলীলা। মানৱতা যেন এৰাতিৰ ভিতৰতে মৃত্যুমুখত পৰিল।

​প্ৰাণৰ চৰম সংশয় আৰু ভয়ত মাঘ-ফাগুনৰ সেই হাড় কঁপোৱা প্ৰচণ্ড শীতকো সম্পূৰ্ণ আওকাণ কৰি আমি সপৰিয়ালে আন্ধাৰ নিশা ঘৰ-দুৱাৰ এৰি পথাৰৰ মুকলি আকাশৰ তলত আশ্ৰয় লৈ ৰাতি পাৰ কৰিবলগীয়া হৈছিল। শিশুমনে সেই ধ্বংসলীলাৰ বিভীষিকা প্ৰত্যক্ষ কৰি কঁপি উঠিছিল। সবাতোকৈ হৃদয়বিদাৰক কথাটো আছিল—যিসকল গাঁৱৰ মানুহ, যিসকল সহপাঠী বন্ধুৰ সৈতে দুদিনমান আগলৈকে আমি একেলগে ধেমালি কৰিছিলোঁ, একেখন পথাৰতে উমলি ফুৰিছিলোঁ, সেই আপোন মানুহবোৰো যেন ৰাতিটোৰ ভিতৰতে সন্দেহৰ উৰ্ধত নোহোৱা হৈ পৰিল! আমিবোৰ যেন ৰাতিটোৰ ভিতৰতে পৰস্পৰে পৰস্পৰৰ আজন্ম শত্ৰু হৈ পৰিলোঁ!!

​চাৰিওফালে কেৱল অবিশ্বাস, হিংসা আৰু ভয়ৰ এক বীভৎস, গাৰ নোম শিঁয়ৰি উঠা পৰিৱেশ। তাহানিৰ পৰা একেলগে মিলিজুলি বাস কৰি অহা একেখন গাঁৱৰে সহজ-সৰল মানুহবোৰৰ মাজত কোনে যে নিশাৰ ভিতৰতে এনেদৰে বিষাক্ত সাম্প্ৰদায়িক আৰু ৰাজনৈতিক ঘৃণাৰ বীজ সিঁচি থৈ গ’ল, সেয়া আজিও এক অনুত্তৰিত ৰহস্য হৈ ৰ’ল!
​সময়বোৰ আমাৰ বাবে অতিশয় দুৰ্বিষহ, যন্ত্ৰণাদায়ক আৰু বিভীষিকাময় হৈ উঠিছিল

১৯৮৩ চনৰ সেই অভিশপ্ত আৰু ৰক্তাক্ত দিনবোৰৰ মাজতেই এদিন আমি বাতৰি পালোঁ—আমাৰ বিদ্যালয় চৌহদত এক বিশাল সম্প্ৰীতি সমাৰোহৰ আয়োজন কৰা হৈছে। চৌদিশে জ্বলন্ত জুই, অনিশ্চয়তা আৰু প্ৰাণৰ ভয়ত বিতত হৈ থকা মানুহবোৰৰ মাজত সেই সমাৰোহৰ বাতৰিটোৱে এক মৃদু আশাৰ বতাহ কঢ়িয়াই আনিছিল।

​নিৰ্দিষ্ট দিনটোত সমাৰোহ আৰম্ভ হ’ল। সেই ঐতিহাসিক সন্ধিক্ষণত আমাৰ বিদ্যালয়ৰ প্ৰাংগণলৈ শান্তিৰ দূত হৈ আগমন ঘটিছিল স্বয়ং সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ—যিজন মহান শিল্পীৰ বাবে কথা কলেই স্বতঃস্ফূৰ্তভাৱে গান হৈ পৰিছিল! ভূপেন দাই তেখেতৰ হৃদয়স্পৰ্শী উদাত্ত কণ্ঠেৰে, গীতেৰে আৰু কথাৰে মানুহৰ মনত সিঁচি গৈছিল বিশ্বশান্তি আৰু চিৰন্তন সম্প্ৰীতিৰ পৱিত্ৰ বাৰ্তা। তেখেতে বাৰে বাৰে সোঁৱৰাই দিছিল একেখন মাটিৰ বুকুত লালিত-পালিত ভাই-ভাইৰ মাজত থকা আত্মিক আৰু অচ্ছেদ্য বান্ধোনৰ কথা।

​সেইদিনা বিদ্যালয়ৰ প্ৰাংগণত ঘটিছিল এক অভূতপূৰ্ব আৰু অলৌকিক পৰিৱৰ্তন! যিসকল মানুহে দুদিনমান আগলৈকে উন্মাদ হৈ এজনে আনজনক মাৰিবলৈ খেদি আহিছিল, সংহাৰৰ বাবে অস্ত্ৰ হাতত তুলি লৈছিল—সেই একেখিনি মানুহেই সিদিনা সকলো হিংসা-বিদ্বেষ পাহৰি আমাৰ সৈতে একেলগে কাষত থিয় হৈ ভূপেন দাৰ গীত আৰু কথাত সম্পূৰ্ণ সন্মোহিত হৈ পৰিছিল। আমি সকলোৱে পাহৰি গৈছিলোঁ বিগত দিনবোৰৰ তিতা শত্ৰুতা, পাহৰি পেলাইছিলোঁ প্ৰাণৰ ভয়ত পথাৰৰ মাজত হাড় কঁপোৱা জাৰত কটোৱা সেই বিনিদ্ৰ বিভীষিকাময় ৰাতিবোৰৰ কথা। ভূপেন দাই তেওঁৰ যাদুকৰী ব্যক্তিত্ব আৰু সুৰেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সমগ্ৰ জনতাৰ অন্তৰ সন্মোহিত কৰি পেলাইছিল। সেই পৱিত্ৰ ক্ষণত আমি যেন সকলোৱে পুনৰ বিচাৰি পাইছিলোঁ মানৱতা আৰু শান্তিৰ সেই চিৰন্তন গোপন ঠিকনা!

​অনুৰাগীৰ বিশাল ভিৰ ঠেলি ঠেলি মই কেনেবাকৈ মঞ্চৰ একেবাৰে কাষ পাইছিলোঁগৈ। আকাশবাণী ৰেডিঅ’ৰ শব্দ-তৰংগত শৈশৱৰ পৰা সদায় শুনি অহা সেই অতি পৰিচিত, গভীৰ আৰু অপৰিসীম মাদকতাময় কণ্ঠৰ অধিকাৰী ভূপেন দাক ইমান কাষৰ পৰা প্ৰাণ ভৰি চাই মই মুগ্ধ হৈ ৰৈছিলোঁ।

​অনুষ্ঠানৰ সফল সামৰণি পৰিল। ভূপেন দা পৰৱৰ্তী কাৰ্যসূচীৰ বাবে যাত্ৰা কৰিবলৈ সাজু হ’ল। তেখেত ঢলপুৰ আৰু বিহপুৰীয়া হৈ লক্ষীমপুৰলৈ যাব। মঞ্চৰ পৰা নামি ভূপেন দা ঠিক মোৰ কাষেৰেই খোজ কাঢ়ি পাৰ হৈ যাবলৈ ওলাল। তেখেতক একেবাৰে মোৰ সন্মুখতে পাই মোৰ অন্তৰত শ্ৰদ্ধাৰ এক অপৰিসীম জোৱাৰ উঠিল। কোনো দ্বিধা নকৰি, আপোনা-আপুনি মোৰ হাত দুখন বুকুৰ ওচৰলৈ উঠি আহিল আৰু মই মূৰ দোৱাই এক গভীৰ নমস্কাৰৰ ভংগীমাত নিস্পন্দ হৈ থিয় হৈ ৰ’লোঁ।

​ঠিক মোৰ কাষেৰে পাৰ হৈ যোৱাৰ সেই চৰম সৌভাগ্যময় মুহূৰ্তটোত, মোৰ ভক্তিপূৰ্ণ নমস্কাৰ দেখি ভূপেন দাই তেখেতৰ মৰমিয়াল সোঁহাতৰ আঙুলিকেইটাৰে অতি আলফুলে মোৰ মূৰত হাত বুলাই থৈ গ’ল। সেয়া কেৱল এটা সাধাৰণ পৰশ নাছিল; বৰং সেয়া আছিল মোৰ সমগ্ৰ সত্তাত বিদ্যুৎ তৰংগৰ দৰে বৈ যোৱা এক অনুপম, স্বৰ্গীয় স্পৰ্শ! সেই ঐতিহাসিক দিনটোৰ আজি সম্পূৰ্ণ ৪৩টা বছৰ পাৰ হৈ গ’ল। কিন্তু আজিও, এই চাৰি দশকৰ পাছতো মই মোৰ মূৰৰ ওপৰত সেই সোঁহাতৰ আঙুলিৰ স্পৰ্শৰ গভীৰ মাদকতা আৰু পৱিত্ৰ আশীৰ্বাদ সমানেই অনুভৱ কৰোঁ।

​শৈশৱৰ সেই প্ৰথমখন বুনিয়াদী বিদ্যালয় এৰি অহাৰ পিছত মোৰ জীৱনটোৱে যেন লাহে লাহে আৰু ধীৰে ধীৰে গতি সলাবলৈ আৰম্ভ কৰিলে। নতুন ঠাই, নতুন বিদ্যালয় আৰু অচিনাকী মানুহ—প্ৰতিটো নতুন পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লওঁতে লওঁতে মোৰ দৃষ্টিভংগী আৰু জগতখনো অলপ অলপকৈ বহল হৈ গৈ থাকিল।

​দেউতাৰ চৰকাৰী চাকৰিৰ বদলিৰ সূত্ৰে গহপুৰলৈ যোৱাৰ পিছত মোৰ পঢ়া-শুনা আৰু কৈশোৰৰ দিনবোৰ তাতেই ধীৰ গতিৰে আগবাঢ়িল। ডুবিয়া হাইস্কুল আৰু কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জ্ঞানৰ নতুন পাঠ গ্ৰহণ কৰি মই মোৰ জীৱনৰ প্ৰথমটো ডাঙৰ মাইলৰ খুঁটিৰ দিশে আগবাঢ়িলোঁ।
সময়ৰ সোঁতত ক্ৰমান্বয়ে এদিন জীৱনৰ সেই আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষণটো সমাগত হ’ল—যেতিয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ উচ্চ শিক্ষাৰ বাবে মই ইতিহাসপ্ৰসিদ্ধ ঐতিহ্যমণ্ডিত সাংস্কৃতিক নগৰী তেজপুৰলৈ যাবলগীয়া হ’ল।

​সেয়া আছিল ১৯৮৫ চনৰ কথা। মেট্ৰিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ মই তেজপুৰ চহৰত উপস্থিত হৈছিলোঁ। জীৱনৰ সেই বয়সটো আছিল বাস্তৱিকতে এক অদ্ভুত আৰু ৰোমাঞ্চকৰ সন্ধিক্ষণ। ইতিমধ্যে দেউতাৰ তেজপুৰলৈ বদলি হৈছে। দেউতাৰ লগে লগে পৰিয়ালটো ঘূৰি ফুৰাৰ অসুবিধা হোৱা বাবে আমি তেজপুৰত নিগাজিকৈ থাকিবলৈ ল'লো। শৈশৱৰ সেই সহজ-সৰল, নিৰ্দোষ পৃথিৱীখন ইতিমধ্যে মোৰ বহু পিছত এৰি আহিছিলোঁ; কিন্তু ভৱিষ্যতৰ কুঁৱলীফালি আগলৈ কি কঠোৰ বাস্তৱে মোৰ বাবে অপেক্ষা কৰি আছে, সেই কথাও তেতিয়া মোৰ বাবে সম্পূৰ্ণ স্পষ্ট নাছিল।

​তেজপুৰলৈ আহি মই ঐতিহ্যমণ্ডিত ‘তেজপুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত (Tezpur Govt. Boys' Higher Secondary School) নামভৰ্তি কৰিলোঁ। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত পৰৱৰ্তী দুটা বছৰ অতিবাহিত কৰিব লাগিব। ঐতিহাসিক শোণিতপুৰৰ অগ্নিগড়, মহাভৈৰৱ আৰু পদ্মনাথ গোহাঞিবৰুৱা-জ্যোতিপ্ৰসাদৰ স্মৃতিবিজড়িত তেজপুৰ চহৰখন মোৰ বাবে এখন সপোনৰ পৃথিৱী। 

তেজপুৰৰ সেই নতুন পৃথিৱীখন কেৱল বিজ্ঞান শাখাৰ কঠিন পাঠ্যপুথি আৰু শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজতেই আৱদ্ধ হৈ নাথাকিল। পঢ়া-শুনাৰ সমান্তৰালকৈ জীৱনৰ আন বহুতো ৰঙীন দিশে মোক তীব্ৰভাৱে আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে। ক্ৰিকেট খেল ইতিমধ্যে মোৰ কৈশোৰ আৰু প্ৰাক-যৌৱনৰ এক অবিচ্ছেদ্য আৰু অতি প্ৰিয় অংশ হৈ পৰিছিল। বিদ্যালয়ৰ ভৌগোলিক সীমা অতিক্ৰম কৰি মই স্থানীয় ক্লাব পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ল’লোঁ।

​ক্ৰিকেট মেচ খেলাৰ তাগিদাত মই সমগ্ৰ শোণিতপুৰ জিলাৰ ইমূৰৰ পৰা সিমূৰলৈ বহুতো নতুন ঠাই ভ্ৰমণ কৰিবলগীয়া হৈছিল। প্ৰায়েই গৈ উপস্থিত হৈছিলোঁ একেবাৰে নতুন পৰিৱেশ, অচিনাকি খেলপথাৰ আৰু অপৰিচিত প্ৰতিদ্বন্দ্বী দলৰ মাজত। বাইশ গজৰ সেই খেলপথাৰত এজন নিষ্ঠাবান খেলুৱৈ হিচাপে যেতিয়া ভৰি দিয়া যায়, তেতিয়া কিতাপৰ তাত্ত্বিক জগতখনৰ পৰা সম্পূৰ্ণ পৃথক এখন বাস্তৱমুখী পৃথিৱী উন্মোচিত হৈ পৰে। তাত সংকটৰ মুহূৰ্তত সৰ্বপ্ৰথমে নিজৰ যোগ্যতা আৰু সামৰ্থ্যৰ ওপৰত গভীৰ আত্মবিশ্বাস ৰাখিব লাগে; সমান্তৰালকৈ দলৰ প্ৰতিজন সতীৰ্থৰ ওপৰত গভীৰ আস্থা ৰাখিব লাগে আৰু খেলপথাৰৰ মুহূৰ্তৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ক্ষিপ্ৰ সিদ্ধান্ত ল’ব লাগে। সেই সময়ৰ খেল-ধেমালিয়ে মোক জীৱনৰ বহুতো এনে অমূল্য পাঠ শিকাইছিল, যিবোৰ পৃথিৱীৰ কোনো পাঠ্যপুথিৰ পাতত বিচাৰি পোৱা নাযায়।

​মোৰ আত্মবিকাশৰ আগ্ৰহ কেৱল ক্ৰিকেট খেলপথাৰতেই সীমাবদ্ধ নাছিল। সময়ৰ লগে লগে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা (Extempore Speech) প্ৰতিযোগিতাবোৰতো মই অতি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ধৰিলোঁ। আকস্মিক বক্তৃতাৰ মঞ্চ আছিল এক অদ্ভুত মানসিক সাধনাৰ স্থলী। লটাৰীত এটি অচিনাকি বিষয় হাতত তুলি দিয়া হয়, বিষয়টো হৃদয়ংগম কৰি চিন্তা কৰিবলৈ পোৱা যায় মাত্ৰ কেইটামান ছেকেণ্ডৰ অতি সীমিত সময়। তাৰ ঠিক পিছতেই শত-সহস্ৰ মানুহৰ সন্মুখত মঞ্চৰ ডায়েছত থিয় হৈ মাইক্ৰ’ফোনৰ আগত যুক্তিপূৰ্ণভাৱে নিজৰ বক্তব্য দাঙি ধৰিব লাগে। আৰম্ভণিৰ দিনবোৰত বুকুত সামান্য কম্পন আৰু মৃদু ভয় লাগিছিল যদিও, এবাৰ মঞ্চত ভৰি দি কথা ক’বলৈ আৰম্ভ কৰাৰ লগে লগে মনৰ ভিতৰৰ পৰা শব্দ আৰু যুক্তিবোৰ যেন এক স্বতঃস্ফূৰ্ত নদীৰ দৰে নিজে নিজেই নিগৰি ওলাই আহিবলৈ ধৰিছিল।

​লাহে লাহে জিলাখনৰ বহুতো মঞ্চ আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। বহু প্ৰতিযোগিতাত জয়ী হৈ বহুতো পুৰস্কাৰ আৰু মানপত্ৰ লাভ কৰিলোঁ। কিন্তু সেই বৈষয়িক পুৰস্কাৰবোৰতকৈও মোৰ জীৱনৰ সবাতোকৈ ডাঙৰ লাভটো আছিল আন এটা—মই শ শ মানুহৰ সন্মুখত থিয় হৈ নিঃসংকোচে, স্পষ্ট আৰু যুক্তিনিষ্ঠভাৱে নিজৰ বক্তব্য দাঙি ধৰিবলৈ শিকিছিলোঁ। সেই অপৈণত বয়সত মই হয়তো কল্পনাই কৰা নাছিলোঁ যে জীৱনৰ পৰৱৰ্তী দীঘলীয়া পথছোৱাত, কৰ্মজীৱন আৰু শিক্ষকতাত এই অভিজ্ঞতাবোৰে মোক কিমান গভীৰভাৱে সহায় আৰু সমৃদ্ধ কৰিব।

তেজপুৰৰ সেই দিনবোৰ মোৰ বাবে কেৱল এজন ছাত্ৰৰ গতানুগতিক পঢ়া-শুনাৰ দিন নাছিল; বৰং সেয়া আছিল মোৰ ব্যক্তিত্ব আৰু সামাজিক চেতনাৰ প্ৰথম উন্মেষৰ সময়। সেই সময়ছোৱাত মই বিভিন্ন মতাদৰ্শৰ প্ৰভাৱশালী ব্যক্তিত্বৰ সংস্পৰ্শলৈ আহিছিলোঁ আৰু সমাজমুখী অনুষ্ঠান, সংগঠন তথা কাৰ্যসূচীৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিলোঁ।
​স্বামী বিবেকানন্দৰ গভীৰ মানৱতাবাদী আদৰ্শত উদ্বুদ্ধ হৈ মই ‘বিবেকানন্দ কেন্দ্ৰ’ৰ প্ৰেৰণাদায়ক বৌদ্ধিক শ্ৰেণীবোৰত নিয়মিতভাৱে অংশগ্ৰহণ কৰিছিলোঁ। একেদৰে শৰীৰ আৰু মনক একাগ্ৰ আৰু নিয়ন্ত্ৰিত কৰিবলৈ যোগাসনৰ বিভিন্ন শিবিৰতো নিয়মীয়াকৈ সময় দিছিলোঁ। ইয়াৰ উপৰিও প্ৰকৃতি সংৰক্ষণ আৰু সামাজিক দায়বদ্ধতাৰ মনোভাৱেৰে ‘বৃক্ষ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সৈতেও সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিলোঁ। এজন কিশোৰৰ দৃষ্টিৰে হয়তো এইবোৰ আছিল অতি সৰু সৰু অভিজ্ঞতা। কিন্তু আজি অনুভৱ কৰোঁ—সমাজৰ প্ৰতি এই ক্ষুদ্ৰ ক্ষুদ্ৰ দায়িত্ববোধ আৰু অভিজ্ঞতাবোৰেই এজন মানুহৰ ভিতৰৰ মানৱীয় পৃথিৱীখন আৰু মূল্যবোধৰ ভেটিটো ধীৰে ধীৰে আৰু সুদৃঢ়ভাৱে গঢ়ি তোলে।
​তেজপুৰ চহৰৰ সৈতে মোৰ আন এটা অতি গভীৰ আৰু আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল—সেয়া আছিল ঐতিহাসিক ‘তেজপুৰ জিলা পুথিভঁৰাল’। পুথিভঁৰালৰ সেই নিস্তব্ধ বাতাৱৰণটো মোৰ বাবে আছিল একপ্ৰকাৰৰ বৌদ্ধিক আৰু মানসিক আশ্ৰয়স্থল। নিয়মিত পুথিভঁৰাললৈ যাওঁ। লগত থাকে বন্ধু মানস। সিও এটা কিতাপৰ পোক। আজিৰ তথ্য-প্ৰযুক্তিৰ যুগৰ দৰে সেই সময়ত ইণ্টাৰনেট বা মোবাইলৰ এটা টিপাতে পৃথিৱীৰ সকলো তথ্য হাতৰ মুঠিত পোৱা নগৈছিল। নতুন কিবা এটা জানিবলৈ, সাহিত্যৰ ৰস আস্বাদন কৰিবলৈ পুথিভঁৰাললৈ যোৱাৰ বাহিৰে আন কোনো বিকল্প নাছিল। পুৰণি আৰু নতুন কিতাপৰ মাজত বহি, এখন এখনকৈ কিতাপৰ পাত মেলি মই নিতৌ নতুন একোখন জ্ঞানৰ পৃথিৱীত প্ৰৱেশ কৰিছিলোঁ। মই অতি নিয়মীয়াকৈ জিলা পুথিভঁৰাললৈ যাবলৈ ধৰিলোঁ। সেই কিতাপৰ পাতৰ মাজেৰেই মই মানুহৰ মনস্তত্ত্বক চিনি পালোঁ, সমাজৰ জটিল গাঁথনিক উপলব্ধি কৰিলোঁ আৰু এই বিশাল পৃথিৱীখনক অলপ অলপকৈ বুজিবলৈ আৰম্ভ কৰিলোঁ।

​সেই দিনবোৰতেই ফটোগ্ৰাফীৰ প্ৰতিও মোৰ মনত এক অদ্ভুত আৰু গভীৰ আকৰ্ষণৰ জন্ম হৈছিল। সময়ৰ কোনো এটি বিশেষ মুহূৰ্তক কেমেৰাৰ লেন্সৰ মাজত চিৰদিনৰ বাবে আৱদ্ধ কৰি ৰখাৰ এই শিল্পটোৱে মোক বাৰুকৈয়ে মুগ্ধ কৰিছিল। সেই আকৰ্ষণ আৰু আগ্ৰহ ইমানেই প্ৰবল আছিল যে ফটোগ্ৰাফীৰ প্ৰতিষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উদ্দেশ্যে মই এটি বিশেষ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিলোঁ।

​কিন্তু সময়, পৰিস্থিতি আৰু জীৱনৰ বাস্তৱতা হয়তো সদায় একে দিশে গতি নকৰে। জীৱনৰ বহুতো আধৰুৱা পৰিকল্পনাৰ দৰেই সেই ফটোগ্ৰাফীৰ প্ৰশিক্ষণো মই শেষলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। মানুহৰ হৃদয়ৰ সকলো হেঁপাহ, সকলো সপোনেই জানো পূৰ্ণতা পায়? কিছুমান সপোন আধৰুৱা হৈ স্মৃতিৰ কেনভাছত থাকি যায় বাবেই হয়তো মানুহৰ জীৱনটো ইমান মায়াময় আৰু ৰহস্যজনক। 

সমাজৰ বিভিন্ন স্তৰৰ বিচিত্ৰ মানুহৰ সৈতে অন্তৰংগভাৱে কথা পতা, তেওঁলোকৰ জীৱন সংগ্ৰামৰ গভীৰতালৈ জুমি চোৱা আৰু তেওঁলোকৰ জীৱন্ত অভিজ্ঞতাবোৰ একান্তমনে শুনা—এই সকলোবোৰ আদান-প্ৰদানৰ মাজেৰে মোৰ নিজৰ অন্তৰাত্মাত এক নীৰৱ অথচ গভীৰ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰিছিল। সেই সময়ছোৱাত মই লাহে লাহে মৰ্মে মৰ্মে বুজিবলৈ আৰম্ভ কৰিছিলোঁ যে—ইটা-শিল-কাঠৰ চাৰিবেৰেৰে আৱৰা নিৰ্দিষ্ট বিদ্যালয়খনৰ বাহিৰতো এখন সুবিশাল আৰু অপৰিসীম বিদ্যালয় চিৰদিন উন্মুক্ত হৈ আছে। আৰু সেই শ্ৰেষ্ঠতম বিদ্যালয়খনৰ নামেই হ’ল—‘জীৱন’!

​কিতাপৰ পাঠ্যক্ৰমে আমাক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কৌশল শিকাব পাৰে, কিন্তু বাস্তৱ মানুহৰ জীৱনৰ ঘাত-প্ৰতিঘাত, সুখ-দুখ আৰু সহনশীলতাই আমাক জীয়াই থকাৰ আৰু মানুহক ভাল পোৱাৰ আচল মন্ত্ৰ শিকায়। তেজপুৰৰ সেই প্ৰাণচঞ্চল দিনবোৰে মোৰ চেতনাৰ ভিতৰচ’ৰাত বহুতো নতুন নতুন দুৱাৰ একেলগে মুকলি কৰি দিছিল। মোৰ দিনবোৰ অতিবাহিত হৈছিল নানান বৈচিত্ৰ্যপূৰ্ণ কৰ্মৰ মাজেৰে—এফালে বিজ্ঞানৰ যুক্তিনিষ্ঠ আৰু গম্ভীৰ অধ্যয়ন, আনফালে খেলপথাৰৰ বাইশ গজত ক্ৰিকেটৰ অপাৰ উন্মাদনা; এফালে মঞ্চত হাজাৰ শ্ৰোতাৰ সন্মুখত নিৰ্ভীকভাৱে তৰ্ক আৰু বক্তৃতা প্ৰদানৰ মানসিক শক্তি, আনফালে জিলা পুথিভঁৰালৰ নিস্তব্ধ কোণত বহি বিশ্ব সাহিত্য আৰু বুৰঞ্জীৰ গভীৰত বুৰ গৈ থকাৰ মাদকতা। তাৰ লগতে আছিল নিতৌ ন-ন মানুহৰ সৈতে গঢ় লৈ উঠা চিনাকি আৰু আত্মিক সম্পৰ্ক।

এই সকলো ব্যস্ততা, প্ৰাপ্তি  অভিজ্ঞতাৰ অন্তৰালতো মোৰ সত্তাক অহৰহ দোমোজাত পেলাইছিল এটি চিৰন্তন অনুত্তৰিত প্ৰশ্নই। মই দিনে দিনে নিজৰ ভিতৰতেই এক গভীৰ প্ৰশ্নৰ মুখামুখি হৈছিলোঁ—জীৱনৰ এই বিস্তৃত বাটত মই আচলতে ক’লৈ বাট বুলিছোঁ? এই সকলোবোৰ অভিজ্ঞতাৰ অন্তত মোৰ গন্তব্যস্থান কি? জীৱনৰ সেই মূল আৰু আটাইতকৈ কঠিন প্ৰশ্নটোৰ উত্তৰ তেতিয়াও মই বিচাৰি পোৱা নাছিলোঁ—আগলৈ মই কি কৰিম?



খণ্ড - ৪
মহাভৈৰৱৰ বাটেদি উত্তৰ পাৰৰ নালন্দালৈ

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষাৰ সফল সমাপ্তিৰ পিছত সেই চিৰন্তন প্ৰশ্নটোৱেই মোৰ সন্মুখত এক বিশাল প্ৰাচীৰৰ দৰে আহি থিয় দিলে—‘আগলৈ কি?’ পৰীক্ষাৰ ফলাফলৰ পিছত মোৰ জীৱনলৈ আন এক সুযোগ আহিল। উৰিষ্যাৰ কোৱেনঝাৰত অৱস্থিত চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত (Government Engineering College, Keonjhar) ‘মাইনিং ইঞ্জিনীয়াৰিং’ (Mining Engineering) পঢ়িবৰ বাবে মই মনোনীত হ’লোঁ। চাৰিটা বছৰৰ এক সুনিশ্চিত, কাৰিকৰী আৰু পেছাদাৰী অভিযান্ত্ৰিক শিক্ষাৰ কেৰিয়াৰ এটা মোৰ সন্মুখত আহি পৰিল। জীৱনৰ গতিপথটো যেন সেই মুহূৰ্তত সম্পূৰ্ণ অন্য এক দিশলৈ ঘূৰি যাবলৈ সাজু হৈছিল। মাৰ তীব্ৰ আপত্তি। তেওঁৰ মতে মাইনিং ইঞ্জিনিয়াৰ সকলৰ কাম বিপদসংকুল। মাৰ সঘন আপত্তিৰ বাবে দেউতায়ো মোক কথাটো ভাবি চাবলৈ দিলে। মনটো বেয়া লাগিছিল যদিও, উৰিষ্যালৈ যোৱা কথাটো ময়ো মনৰ পৰা আঁতৰাই পঠিয়ালোঁ। 

আজি অতীতলৈ চাই কেতিয়াবা ভাবোঁ, যদি সেইদিনা মই সকলো এৰি উৰিষ্যাৰ কোৱেনঝাৰলৈ গুচি গ’লোঁহেঁতেন, তেন্তে আজি মোৰ জীৱনৰ কাহিনী হয়তো সুকীয়া হ’লহেঁতেন! কিন্তু মানুহৰ জীৱনৰ কেতবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ভাগ্য নিৰ্ণায়ক সিদ্ধান্ত কেৱল গতানুগতিক জাগতিক যুক্তিৰে লোৱা নহয়। কেতিয়াবা অন্তৰৰ গভীৰতম কোণত থকা কোনো এটা নিবিড় আৰু অদৃশ্য আত্মিক টানে মানুহক যুক্তিৰ বাহিৰলৈ আনি সম্পূৰ্ণ অন্য এটা অচিনাকি বাটেৰে লৈ যায়। মোৰ জীৱনৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছিল।

​১৯৮৭ চনত মই Mining Engineering-ৰ সেই নিশ্চিত আৰু উজ্জ্বল ভৱিষ্যতৰ হাতবাউলিক প্ৰত্যাখ্যান কৰি  বিশুদ্ধ বিজ্ঞানৰ প্ৰতি থকা গভীৰ অনুৰাগৰ তাগিদাত ‘প্ৰাণীবিজ্ঞান’ (Zoology) অধ্যয়ন কৰিবলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নালন্দা বুলি জনাজাত তেজপুৰৰ ঐতিহ্যমণ্ডিত ‘দৰং মহাবিদ্যালয়’ত যোগদান কৰিলোঁ। তেতিয়া হয়তো মই নিজেও হৃদয়ংগম কৰিব পৰা নাছিলোঁ যে মোৰ জীৱনৰ সেই আকস্মিক যেন লগা সিদ্ধান্তটোৱেই এদিন মোৰ সমগ্ৰ জীৱনৰ  মূল সোঁত আৰু অস্তিত্বৰ স্থায়ী পথ হৈ পৰিব।

​দৰং মহাবিদ্যালয়ৰ সেই নতুন আৰু বিস্তৃত শৈক্ষিক অধ্যায়টোৰ দুৱাৰদলিত থিয় হৈ মই যেন আকৌ এবাৰ এক অনন্য, অপূৰ্ব পৃথিৱীৰ মুখামুখি হ’লোঁ। আৰু সেই মায়াময় পৃথিৱীখন কেৱল প্ৰাণীবিজ্ঞানৰ জটিল পাঠ্যপুথি, ব্যবচ্ছেদাগাৰ (Dissection Lab) বা পৰীক্ষাগাৰৰ কঠিনতাৰ মাজতেই আৱদ্ধ হৈ নাথাকিল। তাত সমান্তৰালকৈ প্ৰৱাহমান হৈ আছিল অমূল্য কিতাপৰ সুবাস, হৃদয় জুৰোৱা কালজয়ী গল্প-উপন্যাস, নিস্বাৰ্থ অন্তৰংগ বন্ধুত্ব, গভীৰ চিন্তা আৰু লাহে লাহে মোৰ অন্তৰৰ নিভৃত কোণত জন্ম ল’বলৈ ধৰা এক নতুন নিচা — হাতত নিঃশব্দে কলম তুলি লোৱা! মই নিজৰ ভিতৰৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ গল্প লিখিবলৈ আৰম্ভ কৰিলোঁ—চুটি গল্প।
​আৰম্ভণিৰ দিনবোৰত এই লিখাৰ প্ৰক্ৰিয়াটো আছিল কেৱল মনৰ ভিতৰচ’ৰাত অহৰহ জমা হৈ থকা অব্যক্ত কথাবোৰ আৰু আৱেগ-অনুভূতিক নীৰৱে বগা কাগজৰ বুকুত সাঁচি থোৱাৰ এক আকুল প্ৰয়াস। কিন্তু দিন যোৱাৰ লগে লগে সেই শব্দবোৰে যেন নিজেই নিজৰ গতি আৰু পথ বিচাৰি ল’বলৈ ধৰিলে। মোৰ চুটি গল্পবোৰ অসমৰ বিভিন্ন প্ৰসিদ্ধ বাতৰি কাকত আৰু সাহিত্য আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাবলৈ ধৰিলে। মোৰ এই সাহিত্যিক প্ৰচেষ্টাক দেখি মহাবিদ্যালয়ৰ সতীৰ্থ বন্ধুসকলে মোক অপৰিসীম উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ আৰম্ভ কৰিলে। বন্ধু মানস এইক্ষেত্ৰত আগৰণুৱা। তেওঁলোকে মোক অত্যন্ত ক’বলৈ ধৰিলে— “কেৱল এনেদৰে কাকত-আলোচনীত সিঁচৰতি কৰি লিখি থাকিলেই নহ’ব। এই সকলোবোৰ প্ৰকাশিত গল্প একত্ৰিত কৰি তুমি এখন পূৰ্ণাংগ কিতাপ প্ৰকাশ কৰা।”

​বন্ধুসকলৰ সেই কথাষাৰ মোৰ কোমল মনৰ গভীৰত খোপনি পুতি বহি গ’ল। সেয়া ১৯৯০ চন। তেতিয়াও মই দৰং মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ এজন নিয়মীয়া ছাত্ৰ। সেই ছাত্ৰাৱস্থাতেই মোৰ জীৱনৰ প্ৰথমখন চুটি গল্পৰ সংকলন—“বনতলী বাগিচাত এজোপা পলাশ” প্ৰকাশিত হ'ল। তেজপুৰৰ ভাৰতী প্ৰেছে ছপা কৰি উলিয়ালে। এজন তৰুণ কলেজীয়া ছাত্ৰৰ বাবে ছপা আখৰত নিজৰ এখন কিতাপ ছপা হোৱাৰ অনুভৱ যে কিমান অপৰিসীম, স্বৰ্গীয় আৰু ৰোমাঞ্চকৰ—সেয়া হয়তো জীৱনত নিজে এখন কিতাপ প্ৰকাশ কৰি নোচোৱালৈকে কোনোদিন উপলব্ধি কৰিব নোৱাৰি! ইয়াৰ বাবে মোক প্ৰেৰণা যোগোৱা মোৰ সকলো বন্ধু বান্ধৱী বিশেষকৈ মানস, বেদানন, নৱনীতা, পুষ্কৰজ্যোতি, তপনহতৰ ওচৰত মই কৃতজ্ঞ। সেই প্ৰথমখন কিতাপ কেৱল মোৰ কেইটামান চুটি গল্পৰ সংকলন নাছিল; বৰং সেইখন আছিল মোৰ অন্তৰাত্মাৰ আন এখন বন্ধ দুৱাৰ সগৌৰৱে খোল খোৱাৰ এক উজ্জ্বল ক্ষণ।

​সেইসময়ৰ মোৰ এহাতত পৰীক্ষাগাৰত ব্যৱচ্ছেদ কৰা চুৰী, কেঁচি আৰু ফৰচেপবোৰ লৈ জীৱৰ জীৱনৰ ৰহস্য সন্ধান কৰা প্ৰাণীবিজ্ঞানৰ এগৰাকী নিষ্ঠাবান ছাত্ৰ হিচাবে অধ্যয়নত ব্ৰতী হৈ থকাৰ উপৰিও সমানেই সক্ৰিয় হৈ উঠিছিলো সমাজৰ সুখ-দুখ আৰু মানুহৰ হৃদয়ৰ গভীৰ অনুভূতিবোৰক শব্দৰে তুলি ধৰিবলৈ। দৰং মহাবিদ্যালয়ে মোক এই বিশাল পৃথিৱীখন আৰু মানৱ সমাজক সম্পূৰ্ণ নতুন আৰু উদাৰ দৃষ্টিভংগীৰে চাবলৈ শিকাইছিল। এই মহাবিদ্যালয়খনৰ সৈতে মোৰ এটা গভীৰ তেজৰ সম্পৰ্কও আছিল—কাৰণ এইখন দৰং মহাবিদ্যালয়তেই মোৰ পূজনীয় দেউতায়ো এদিন এজন ছাত্ৰ হিচাপে পঢ়া-শুনা কৰিছিল।

​মনৰ কেনভাছত সজীৱ হৈ আছে আশীৰ দশকৰ আৰম্ভণিৰ সেই বিশেষ দিনটো—সম্ভৱতঃ সেয়া আছিল ১৯৮২ চনৰ কথা। তেজপুৰ চহৰৰ ঐতিহ্যমণ্ডিত দৰং কলেজৰ বিশাল মূল তোৰণৰ সন্মুখেৰে, ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ দিশে মই দেউতাৰ কাষত বহি এখন ৰিক্সাৰে গৈ আছিলোঁ। ঠিক কলেজৰ প্ৰৱেশদ্বাৰ পাৰ হোৱাৰ মুহূৰ্ততে দেউতাই অতি গৌৰৱ আৰু আৱেগেৰে মহাবিদ্যালয়খনৰ দিশলৈ আঙুলিয়াই মোক কৈছিল— “চোৱা, এইখন মোৰ কলেজ। ইয়াতেই মই মোৰ প্ৰি-ইউনিভাৰ্ছিটিৰ (PU) দুটা সোণালী বছৰ পঢ়িছিলোঁ...।”

​দেউতাৰ সেই বাক্যষাৰে মোৰ শিশুমনত এনেদৰে সাঁচ বহুৱাইছিল যে মই ঠিক সেই মুহূৰ্ততেই মনতে দৃঢ় সংকল্প লৈ থৈছিলোঁ—ভৱিষ্যতে হাইস্কুল আৰু মেট্ৰিকৰ ডেওনা সফলতাৰে সমাপ্ত কৰি ময়ো নিশ্চিতভাৱে দেউতাৰ পদাংক অনুসৰণ কৰি এই মহিমামণ্ডিত দৰং কলেজতেই পঢ়িব পাৰিম! উৰিষ্যাত ইঞ্জিনিয়াৰিং পঢ়াৰ সপোনটো বাদ দিয়াৰ পিছত পৰৱৰ্তী সময়ত মোৰ দৰং কলেজত পঢ়াৰ সেই শৈশৱৰ সপোনটো সঁচাকৈয়ে আখৰে আখৰে সাৰ্থক হৈছিল।

​"দৰং কলেজ"—এই পৱিত্ৰ শব্দ দুটাই আজিও প্ৰতিগৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকলৰ হৃদয়ত সৃষ্টি কৰে এক অপূৰ্ব, গৌৰৱময় আৰু মৃদু ঝংকাৰ! মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ ‘নালন্দা’ ৰূপে সৰ্বত্ৰে খ্যাত তথা সমগ্ৰ অসমৰ শিক্ষাজগতৰ এক উজ্জ্বল প্ৰদীপ স্বৰূপ "দৰং মহাবিদ্যালয়" প্ৰতিগৰাকী অসমবাসীৰ বাবেই এক চিৰন্তন গৌৰৱ আৰু স্বাভিমানৰ তীৰ্থক্ষেত্ৰ। ​ইতিহাসে গঢ়কা, বাণ-ঊষা আৰু অগ্নিগড়ৰ পৌৰাণিক সপোনপুৰী তেজপুৰ চহৰৰ মাজমজিয়াত ১৯৪৫ চনৰ ২৬ জুলাইত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ ৮৫ বছৰীয়া ইতিহাস অতিশয় গৌৰৱময়, ৰোমাঞ্চকৰ আৰু সংগ্ৰামী।

​সেই ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ ১৯৪১ চনৰ সেই অবিস্মৰণীয় দিনবোৰ। তেজপুৰ চহৰৰ কেইগৰাকীমান আলোকসন্ধানী, সমাজহিতৈষী আৰু পৰম দূৰদৰ্শী মনিষীয়ে তেজপুৰৰ বুকুত উচ্চ শিক্ষাৰ এক স্থায়ী কেন্দ্ৰ হিচাপে এখন পূৰ্ণাংগ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৱিত্ৰ মানসেৰে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছিল। কিন্তু সেই সময়ছোৱাত সমগ্ৰ বিশ্বজুৰি জ্বলি উঠা দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ দাৱানল আৰু একে সময়তে সমগ্ৰ ভাৰতবৰ্ষক কঁপাই তোলা ঐতিহাসিক স্বাধীনতা আন্দোলনৰ উত্তাল ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, তেওঁলোকৰ সেই মহৎ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত নানান জটিল প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বান আহি পৰিছিল।

​কিন্তু কোনো প্ৰতিবন্ধকতাই সেই মনীষীসকলৰ সংকল্পক স্তব্ধ কৰিব নোৱাৰিলে। যুদ্ধৰ বিভীষিকা লাহে লাহে আঁতৰি যোৱাৰ লগে লগে, বিশিষ্ট ৰাজনীতিবিদ তথা শিক্ষাবিদ স্বৰ্গীয় কামাখ্যা প্ৰসাদ ত্ৰিপাঠী ডাঙৰীয়াৰ সুযোগ্য অধ্যক্ষতাত, মাত্ৰ ১১২ জন ছাত্ৰ-ছাত্ৰী আৰু ৮ গৰাকী নিবেদিতপ্ৰাণ শিক্ষাগুৰুৰে তেজপুৰৰ মাটিত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা লাভ কৰিলে অসমৰ নালন্দা খ্যাত দৰং কলেজখনে।

​মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ পাঠদানৰ বাবে তেজপুৰত দীৰ্ঘদিন ধৰি স্থায়ীভাৱে বাস কৰি অহা ইটালীৰ বিশিষ্ট ভদ্ৰলোক Mr. Ducci-ৰ ঐতিহাসিক বিশাল বাংলোটো ক্ৰয় কৰি লৈ সুন্দৰকৈ সজাই-পৰাই তোলা হৈছিল। ​দৰং মহাবিদ্যালয়ৰ প্ৰাংগণত শিক্ষাগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক মানৱ সমাজৰ বুকুত একো একোটি উজ্জ্বল, বহুমূলীয়া আৰু দীপ্তিমন্ত ৰত্ন হিচাপে গঢ়ি তোলাৰ এক পৱিত্ৰ চিৰন্তন প্ৰতিজ্ঞা লৈ জন্ম হ’ল এটা সোণালী যুগৰ, প্ৰতিধ্বনিত হ’ল এক জীৱন্ত চিৰপ্ৰেৰণাদায়ী কালজয়ী মহামন্ত্ৰ— “Be a Jewel among men” (মানুহৰ মাজত একোজোপা উজ্জ্বল ৰত্ন হৈ উঠা)। 

প্ৰতিষ্ঠাৰ আদি কালছোৱাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা সীমিত আছিল যদিও, অতি কম সময়ৰ ভিতৰতে দৰং মহাবিদ্যালয়ৰ জ্ঞানৰ সুবাস চৌদিশে বিয়পি পৰিবলৈ ধৰিলে। দিনে দিনে মহাবিদ্যালয়খনত নামভৰ্তি কৰিবলৈ অহা জ্ঞানপিপাসু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাবলৈ ধৰিলে। পৰিণতিত, পাঠদানৰ স্থানৰ নাটনি হোৱাত কলেজখন Mr. Ducci-ৰ সেই পুৰণি বাংলোৰ পৰা তেজপুৰৰ মিছন চাৰিআলিৰ সমীপত অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধকালীন ‘আমেৰিকান বেচ হস্পিতাল’ৰ চৌহদলৈ স্থানান্তৰ কৰা হ’ল।

​কিন্তু যাত্ৰা তাতো থমকি নৰ’ল। তাৰ ঠিক দুবছৰৰ পিছত কলেজখন পুনৰ তেজপুৰ চহৰৰ মধ্যমণি স্বৰূপ ‘ডাক বাংলো’লৈ স্থানান্তৰিত কৰা হ’ল। এনেদৰে কেইবাটাও অস্থায়ী ঠিকনা পাৰ হৈ, অৱশেষত ১৯৫১ চনৰ অক্টোবৰ মাহত দৰং মহাবিদ্যালয় বৰ্তমানৰ এই সুবিশাল আৰু নয়নাভিৰাম স্থায়ী স্থানলৈ আনুষ্ঠানিকভাৱে স্থানান্তৰিত হয়। সেই স্থায়ী ঠিকনাত খোপনি পুতিয়েই মহাবিদ্যালয়খনে অসমৰ উচ্চ শিক্ষাৰ ইতিহাসত এক নৱযুগৰ সূচনা কৰিলে।
​দৰং মহাবিদ্যালয়ৰ গৰিমা, গাম্ভীৰ্য আৰু বিদ্যায়তনিক সুখ্যাতি সমগ্ৰ দেশতেই প্ৰচাৰিত হ’বলৈ বেছি সময় নালাগিল। মহাবিদ্যালয়খনৰ এই ঐতিহাসিক মৰ্যাদাৰ সবাতোকৈ ডাঙৰ প্ৰমাণ আছিল ইয়ালৈ আগমন ঘটা বিশ্বপ্ৰসিদ্ধ মনীষী আৰু ৰাষ্ট্ৰনায়কসকলৰ পৱিত্ৰ পদধূলি। ১৯৫৯ চনত যেতিয়া তিব্বতৰ সৰ্বোচ্চ ধৰ্মগুৰু পৰমপৱিত্ৰ চতুৰ্দশ দালাই লামাই তিব্বতৰ পৰা ভাৰতলৈ ঐতিহাসিক পদযাত্ৰা কৰি তেজপুৰত প্ৰৱেশ কৰিছিল, তেতিয়া তেখেতে দৰং মহাবিদ্যালয়ৰ চৌহদত পদাৰ্পণ কৰি মহাবিদ্যালয়খনক চিৰধন্য কৰি থৈ গৈছিল। তাৰ ঠিক কেইবছৰমান পিছতেই, ১৯৬৩ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও এই মহাবিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ ইয়াৰ বিদ্যায়তনিক পৰিৱেশৰ ভূয়সী প্ৰশংসা কৰিছিল। প্ৰতিষ্ঠাৰ পৱিত্ৰ দিনটোৰ পৰাই দৰং কলেজে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত যি গভীৰ আৰু যুগান্তকাৰী প্ৰভাৱ বিস্তাৰ কৰি আহিছে, সেই অবিৰত ধাৰাক আজিও মহাবিদ্যালয়খনে পূৰ্ণ মৰ্যাদাৰে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। অজ্ঞানতাৰ এন্ধাৰ বিনাশ কৰি জ্ঞানৰ অমিয় বন্তি জ্বলাই ভৱিষ্যত প্ৰজন্মক সত্য আৰু আলোকৰ পথৰ মাৰ্গদৰ্শন কৰোৱাৰ চিৰন্তন প্ৰতিশ্ৰুতিৰে জন্ম লাভ কৰা দৰং মহাবিদ্যালয়ে বিগত ৭৫ বছৰীয়া বৰ্ণিল আৰু সংগ্ৰামী যাত্ৰাত বহুতো ঘাত-প্ৰতিঘাত, উত্থান-পতন অতিক্ৰম কৰি আজি সমগ্ৰ অসমৰ বিদ্যায়তনিক জগতখনত এক অপূৰ্ব ‘জ্ঞানৰ তীৰ্থ’লৈ পৰিণত হৈছে। বিগত ২০২০ চনৰ ৯ ফেব্ৰুৱাৰী, এটা পৱিত্ৰ দেওবাৰে মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী (Platinum Jubilee) অপাৰ উৎসাহ আৰু আড়ম্বৰেৰে সম্পন্ন হৈ যায়। 

​সময়ৰ সোঁত কাৰো বাবে ৰৈ নাথাকে। সেই সোঁতত উটি-ভাঁহি কেতিয়াবা জীৱনৰ বহুতো চিনাকি পৰিচয়ৰ কোনোবা এটা স্মৃতি হৈ ৰৈ যায় আৰু কোনোবাটো হয়তো লাহে লাহে জীৱনৰ পৰা আঁতৰি যায়। ক্ৰমান্বয়ে উপস্থিত হ’লহি ১৯৯১ চন। দৰং মহাবিদ্যালয়ৰ সেই সোণসেৰীয়া, প্ৰাণচঞ্চল আৰু স্মৃতিমেদুৰ দিনবোৰৰ সামৰণি মাৰি মই মোৰ স্নাতক শিক্ষাৰ সফল সমাপ্তি ঘটালোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা বি.এছ.চি. (B.Sc.) চূড়ান্ত পৰীক্ষাত প্ৰাণীবিজ্ঞান (Zoology) বিষয়ত মই প্ৰথম শ্ৰেণীৰ সন্মানসহ সমগ্ৰ বিশ্ববিদ্যালয়ৰ ভিতৰত ২০তম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰিলোঁ। ​দৰং মহাবিদ্যালয়ৰ সেই সুন্দৰ আৰু সমৃদ্ধ শৈক্ষিক অধ্যায়টোৰ এনেদৰে সমাপ্তি ঘটিল। কিন্তু বাস্তৱ জীৱনৰ আচল সংগ্ৰাম আৰু মূল কাহিনীটো যেন তেতিয়াহে আৰম্ভ হ’বলৈ সাজু হৈছিল। মোৰ সন্মুখত তেতিয়া জীৱনৰ আন এক সুদীৰ্ঘ, প্ৰত্যাহ্বানপূৰ্ণ আৰু জটিল পথে অপেক্ষা কৰি আছিল—সেয়া আছিল ঐতিহাসিক ‘গুৱাহাটী বিশ্ববিদ্যালয়’।

​সেই আগন্তুক নতুন পথছোৱাত আছিল প্ৰাণীবিজ্ঞানৰ উচ্চ শিক্ষা আৰু গৱেষণাৰ আন এক গভীৰ বৌদ্ধিক অধ্যায়, আছিল এখন নতুন বিশ্ববিদ্যালয়ৰ অপৰিচিত পৰিৱেশ, ন-ন অভিজ্ঞতাৰ সোঁত, মহানগৰীৰ বুকুত জীৱনধাৰণৰ বাবে কৰিবলগীয়া সৰু-সুৰা ব্যক্তিগত চাকৰিৰ সংগ্ৰাম, আৰু ক্ৰমে ক্ৰমে নিজৰ কাংক্ষিত পেছাগত জীৱন আৰু আত্মপৰিচয় বিচাৰি পোৱাৰ এক দীঘলীয়া যাত্ৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই বিশাল শৈক্ষিক দুৱাৰদলিত প্ৰথম খোজ দিয়াৰ মুহূৰ্তত থিয় হৈ মই হয়তো তেতিয়া কল্পনাই কৰিব পৰা নাছিলোঁ—সময় আৰু নিয়তিৰ অদৃশ্য সোঁতে জীৱনৰ এই নাটকীয় যাত্ৰাত মোক এদিন আচলতে ক’লৈ লৈ যাব। 

দৰং মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ সোণালী দিনবোৰৰ সমাপ্তি ঘটাই মই উচ্চ শিক্ষাৰ সৰ্বোচ্চ কেন্দ্ৰ ‘গুৱাহাটী বিশ্ববিদ্যালয়’ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলোঁ। মোৰ অধ্যয়নৰ মূল বিষয় আছিল প্ৰাণীবিজ্ঞান (Zoology), আৰু বিশেষ শাখা (Specialization) হিচাপে মই বাচি লৈছিলোঁ কীট-পতঙ্গৰ ৰহস্যময় জগতখনৰ বৈজ্ঞানিক অধ্যয়ন—অৰ্থাৎ ‘পতঙ্গবিজ্ঞান’ (Entomology)।

​বিশ্ববিদ্যালয়ৰ সেই বিশাল বিদ্যায়তনিক পৰিৱেশ আছিল আমাৰ অতীতৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ গতানুগতিক গণ্ডীৰ পৰা সম্পূৰ্ণ পৃথক আৰু বহু গুণে বহল। বিদ্যালয়-মহাবিদ্যালয়ত ছাত্ৰজীৱনৰ মূল লক্ষ্য আছিল কেৱল পৰীক্ষাত ভাল নম্বৰ অৰ্জন কৰা; কিন্তু বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি দিয়াৰ লগে লগে সেই গতানুগতিক মানসিকতাৰ আমূল পৰিৱৰ্তন ঘটিবলৈ বাধ্য হয়। ইয়াত ছাত্ৰজীৱনৰ পঢ়া-শুনাৰ সৈতে ক্ৰমে ক্ৰমে অতি নিবিড়ভাৱে জড়িত হৈ পৰে ভৱিষ্যত জীৱনৰ চিন্তা, পেছাগত প্ৰতিষ্ঠাৰ অন্বেষণ আৰু নিজৰ জীৱনটোক নিজৰেই বাহুবলেৰে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ এক গভীৰ দায়িত্ববোধ।

​কিন্তু কেৱল পাঠ্যপুথি, গৱেষণাগাৰ আৰু পৰীক্ষাগাৰৰ চাৰিবেৰৰ মাজতেই মানুহৰ সমগ্ৰ জীৱনটো আবদ্ধ হৈ থাকিব নোৱাৰে। বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি থকা সেই সময়ছোৱাতেই মই জীৱনৰ আন এক চৰম বাস্তৱমুখী অভিজ্ঞতাৰ মুখামুখি হৈছিলোঁ।

মোৰ পৰিয়ালৰ আৰ্থিক ভেটি টনকিয়াল আছিল। দেউতা আৰ্থিকভাৱে সচ্ছল আছিল বাবে আমাৰ ঘৰখনত বা মোৰ পঢ়া-শুনাত টকা-পইচাৰ কোনো ধৰণৰ নাটনি বা অসুবিধা কেতিয়াও হোৱা নাছিল। ঘৰৰ পৰা মাহে মাহে প্ৰয়োজনীয় ধন অনায়াসে আহি পৰিছিল। কিন্তু তাৰ পিছতো, বিশ্ববিদ্যালয় এখনৰ স্নাতকোত্তৰ মহলাত ভৰি দিয়া এজন প্ৰাপ্তবয়স্ক ছাত্ৰ হিচাপে মোৰ অন্তৰৰ আত্মমৰ্যাদাবোধে মোক বাৰে বাৰে বাধা দিছিল। প্ৰতিটো ব্যক্তিগত আৰু দৈনন্দিন সৰু-সুৰা প্ৰয়োজনৰ বাবে বাৰে বাৰে দেউতাৰ ওচৰত হাত পতাৰ কথাটোৱে মোৰ মনত এক অদ্ভুত অস্বস্তি আৰু সংকোচৰ সৃষ্টি কৰিছিল। মোৰ অন্তৰাত্মাই কৈছিল—যিহেতু মই এতিয়া এজন প্ৰাপ্তবয়স্ক যুৱক, গতিকে মোৰ নিজৰ দৈনন্দিন প্ৰয়োজনবোৰ মই নিজেই উপাৰ্জন কৰি পূৰণ কৰিবলৈ শিকা উচিত। সেই আত্মনিৰ্ভৰশীলতাৰ তাগিদাতেই মই গুৱাহাটী মহানগৰীৰ বুকুত এটা উপযুক্ত আংশিক সময়ৰ (Part-time) কাম বিচাৰিবলৈ সংগোপনে চেষ্টা আৰম্ভ কৰিলোঁ।

​মোৰ সেই আত্মপ্ৰচেষ্টাৰ ফলত অতি কম দিনৰ ভিতৰতেই মই এটা আংশিক সময়ৰ কৰ্মসংস্থাপন বিচাৰি পালোঁ। সংস্থাটো আছিল গুৱাহাটীৰ এটা বিশেষ সেৱামূলক প্ৰতিষ্ঠান—যাৰ নাম আছিল “Call Me”। আৰু সেই সংস্থাটোত মই যোগদান কৰিলোঁ এগৰাকী ‘ডেলিভাৰী বয়’ (Delivery Boy) হিচাপে! ​আজিৰ অনলাইন শ্বপিং, ছুইগি-জোমাটো বা বিভিন্ন এপ-নিৰ্ভৰ ডেলিভাৰী সেৱাৰ যুগত এজন ছাত্ৰই ডেলিভাৰী বয় হিচাপে কাম কৰাটো হয়তো অতি সাধাৰণ আৰু গতানুগতিক যেন লাগিব পাৰে। কিন্তু আজিৰ পৰা তিনিটা দশকৰো অধিক পূৰ্বে, অৰ্থাৎ ১৯৯২ চনৰ সেই সময়ছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষানুষ্ঠানৰ এজন নিয়মীয়া স্নাতকোত্তৰ বিজ্ঞানৰ ছাত্ৰ হৈ মহানগৰীৰ বুকুত ঘৰে ঘৰে সামগ্ৰী ডেলিভাৰী কৰি উপাৰ্জন কৰাৰ যি এক দুঃসাহসিক অভিজ্ঞতা—সেয়া আছিল মোৰ বাবে জীৱনৰ আটাইতকৈ বাস্তৱধৰ্মী আৰু অমূল্য শিক্ষা।

​অৱশ্যে বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান আৰু শ্ৰেণীকোঠাৰ ক্ষতি নহ’বলৈ মই অতি সতৰ্কতা অৱলম্বন কৰিছিলোঁ। মোৰ পঢ়া-শুনা আৰু গৱেষণাগাৰৰ কামত যাতে কোনো দাগ নপৰে, তাৰ বাবে মই প্ৰতিদিনে কাম কৰাৰ পৰিৱৰ্তে কেৱল বিশ্ববিদ্যালয়ৰ সাপ্তাহিক বন্ধৰ দিনবোৰত নাইবা অৰ্ধছুটিৰ দিনবোৰতহে এই ডেলিভাৰীৰ কামবোৰ অতি নিষ্ঠাৰে কৰিছিলোঁ।
​সেই সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হৈ থকা গুৱাহাটী মহানগৰীৰ বিভিন্ন ব্যস্ত পৰিয়াল আৰু গ্ৰাহকসকলৰ জৰুৰী প্ৰয়োজনসমূহ পূৰণ কৰাৰ দায়িত্ব আছিল আমাৰ ওপৰত। সেই সেৱাৰ নামত মই মহানগৰীৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ দিনে-নিশাই অবিৰতভাৱে দৌৰি ফুৰিবলগীয়া হৈছিল। কেতিয়াবা যদি কোনোবা ব্যস্ত গৃহস্থৰ ঘৰত জৰুৰীভাৱে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান ধৰিবলগীয়া হৈছিল, কেতিয়াবা আকৌ কোনো গ্ৰাহকৰ ঘৰুৱা উৎসৱ বা পাৰ্টিৰ বাবে অৰ্ডাৰ দিয়া খাদ্য-সামগ্ৰী সঠিক সময়ত নিৰাপদে যোগান ধৰিব লাগিছিল। কেতিয়াবা বিমানৰ জৰুৰী টিকট সংগ্ৰহ কৰি গ্ৰাহকৰ হাতত তুলি দিয়া, কেতিয়াবা দীঘলীয়া শাৰীত থিয় হৈ ৰে’লৰ টিকট কাটি আনি দিয়া, আন কোনো পৰিয়ালৰ মাহেকীয়া বিদ্যুতৰ বিল অফিচত গৈ পৰিশোধ কৰি দিয়া—আনকি কেতিয়াবা আকৌ অতি সংকটজনক অৱস্থাত কোনো আত্মীয় নথকা অসহায় মানুহক চিকিৎসালয়ত ভৰ্তি কৰোৱা আৰু ঔষধ-পাতি আনি সহায় কৰিবলৈও মই চিকিৎসালয়ৰ ৱাৰ্ডে ৱাৰ্ডে যাবলগীয়া হৈছিল।

​বাহ্যিকভাৱে চালে সেয়া হয়তো আছিল এটি অতি সাধাৰণ আৰু সামান্য উপাৰ্জনৰ এটা সৰু কাম। কিন্তু গভীৰভাৱে অনুভৱ কৰিলে বুজি পোৱা যায়—সেই কামটোৱেই মোক মানুহৰ মনস্তত্ত্ব, সমাজৰ জটিল গাঁথনি আৰু জীৱনৰ নিৰ্দয় বাস্তৱক একেবাৰে নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰাৰ এক অপূৰ্ব সুযোগ প্ৰদান কৰিছিল। মহানগৰীৰ সেই ব্যস্ত পদূলিবোৰে মোক দেখুৱাইছিল -- মানুহৰ প্ৰয়োজন আৰু সংগ্ৰামবোৰ কিমান বিচিত্ৰ আৰু ভিন্নমুখী! কৰ্মক্ষেত্ৰৰ চৰম ব্যস্ততাৰ বাবে কোনোবাই নিজৰ দৈনন্দিন ঘৰুৱা জৰুৰী কামখিনি নিজে কৰিবলৈ অকণো সময় পোৱা নাই; কোনোবাই আকৌ চিকিৎসালয়ৰ বিছনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা অসুস্থ আত্মীয়ক লৈ গভীৰ উদ্বেগ আৰু উৎকণ্ঠাত সময় কটাইছে; কোনোবাজন গৃহিণী আকৌ ৰন্ধা-বঢ়াৰ বাবে পাকঘৰত এটা গেছৰ চিলিণ্ডাৰৰ অপেক্ষাত ব্যাকুল হৈ বাট চাইছে; আন কোনোবাজনে হয়তো বহু দূৰলৈ জৰুৰী যাত্ৰা কৰিবলৈ এখন ৰে’লৰ টিকট বিচাৰি হাবাথুৰি খাইছে।

​মানুহৰ সেই অপৰিহাৰ্য প্ৰয়োজনৰ মুহূৰ্তবোৰত মই এক নিষ্ঠাবান সেৱকৰ দৰে মহানগৰীৰ এঠাইৰ পৰা আনঠাইলৈ নিজৰ দায়িত্ব পালন কৰি দৌৰি ফুৰিছিলোঁ। সম্ভৱতঃ সেই সংগ্ৰামী আৰু ধূলিময় দিনবোৰেই মোৰ হৃদয়ত জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিৰন্তন সত্যটো সাঁচ বহুৱাই দিছিল—পৃথিৱীত কোনো কামেই কেতিয়াও সৰু বা হীন হ’ব নোৱাৰে, যদিহে সেই কামৰ আঁৰত থাকে মানুহৰ অকপট শ্ৰম, আন্তৰিকতা আৰু নিভাঁজ সততা! সেই পৱিত্ৰ শ্ৰম আৰু সততাৰ শিক্ষাই মোৰ অন্তৰৰ অহংকাৰ নিঃচিহ্ন কৰি মোক এজন মাটিত ভৰি থকা প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিছিল। 



খণ্ড - ৫
জালুকবাৰীৰ বুকুত এটি স্নিগ্ধ জোনাক

বিশ্ববিদ্যালয়ৰ নিয়মীয়া শ্ৰেণীকোঠাৰ পাঠদান, গৱেষণাগাৰত কীট-পতঙ্গ আৰু অণুবীক্ষণ যন্ত্ৰৰ সন্মুখত কটোৱা অবিৰত প্ৰেক্টিকেলৰ সময়, পুথিভঁৰালৰ কিতাপৰ মাজত গভীৰ অধ্যয়ন, আহি থকা পৰীক্ষাৰ বাবে নিৰন্তৰ প্ৰস্তুতি আৰু তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ বুকুত এজন ডেলিভাৰী বয় হিচাপে কৰা সেই অংশকালীন সৰু চাকৰিটোৰ দায়িত্ব -- এয়াই হৈ পৰিছিল মোৰ দৈনন্দিন কাৰ্যক্ৰমনিকা। এই সকলোবোৰ বৈপৰীত্যপূৰ্ণ আৰু প্ৰত্যাহ্বানজনক দিশ একেলগে, সমান গতিৰে চলাই নিয়াটো কোনো কালেই সহজসাধ্য কথা নাছিল।

​দিনটোৰ প্ৰতিটো ক্ষণ যেন আছিল একোটা অগ্নিপৰীক্ষা। কিন্তু জীৱনৰ কঠিন প্ৰয়োজনেই মানুহৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষক হৈ পৰে। মানুহে যেতিয়া বাস্তৱৰ কঠোৰ মাটিত ভৰি দিয়ে, তেতিয়া সি পৰিস্থিতিৰ দাবীত বহুতো নতুন কৌশল নিজে নিজেই আয়ত্ত কৰি লয়। মই শিকিলোঁ দিনটোৰ চৌব্বিশটা ঘণ্টাক কেনেকৈ নিখুঁতভাৱে ভাগ কৰি সময়ৰ সঠিক সদ্ব্যৱহাৰ কৰিব লাগে। শিকিলোঁ প্ৰতিকূল পৰিস্থিতিৰ মাজতো নিজৰ মানসিক একাগ্ৰতা অটুট ৰখাৰ কৌশল। সকলোতকৈ ডাঙৰ কথা, আনৰ সহায় বা কৃপালৈ বাট নাচায়, নিজৰ জীৱন আৰু ভৱিষ্যতৰ সমগ্ৰ দায়িত্ব নিজৰ কান্ধত অকলেই তুলি লোৱাৰ এক অদম্য সাহস মোৰ ভিতৰত গঢ় লৈ উঠিল। আৰু নিশ্চিতভাৱে সেই সংগ্ৰামী আৰু ব্যস্ত সময়ছোৱাতেই মোৰ অন্তৰাত্মাৰ গভীৰত ‘আত্মনিৰ্ভৰশীলতা’ৰ সেই পৱিত্ৰ আৰু অপৰাজেয় বীজটোৱে নিঃশব্দে অঙ্কুৰিত হৈ পোখা মেলিছিল।

​জীৱনৰ এই চৰম ব্যস্ততা, বৌদ্ধিক সাধনা আৰু পেছাগত সংগ্ৰামৰ সন্ধিক্ষণতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেউজীয়া শৈক্ষিক চৌহদত মোৰ জীৱনলৈ আগমন ঘটিছিল স্নিগ্ধ, শান্ত জৌনাকৰ এচাটি পোহৰ—অৰ্চনা!

​অৰ্চনাক লগ পোৱাৰ সেই প্ৰথম দিনবোৰ আছিল মোৰ সত্তাৰ বাবে এক অপূৰ্ব উপলব্ধি। সেয়া কোনো গতানুগতিক বা ক্ষণিকৰ চকুৰ পলক নাছিল; বৰং কিবা এক গভীৰ, অনিৰ্বচনীয় আৰু অবুজ আত্মিক আকৰ্ষণে মোক বাৰে বাৰে তেওঁৰ ওচৰলৈ টানি লৈ গৈছিল। তেওঁৰ ব্যক্তিত্বত আছিল এক শান্ত স্নিগ্ধতা আৰু গভীৰ বোধশক্তি। আমি দুয়ো দুয়োকে অতি নিবিড় আৰু আন্তৰিকতাৰে বুজিবলৈ চেষ্টা কৰিছিলোঁ। মনৰ কথাবোৰ, জীৱন সম্পৰ্কে থকা দৃষ্টিভংগীবোৰ আমি পৰস্পৰে পৰস্পৰৰ আগত অতি সহজভাৱে ব্যক্ত কৰিছিলোঁ।
​তেতিয়ালৈকে আমি কোনো অপৈণত, চঞ্চল বা উতনুৱা কিশোৰ-কিশোৰী হৈ থকা নাছিলোঁ। জীৱনৰ বাস্তৱ অভিজ্ঞতা, সংগ্ৰাম আৰু উচ্চ শিক্ষাই আমাক ইতিমধ্যে একোজন সুস্থিৰ, গভীৰ আৰু যুক্তিবাদী চিন্তাধাৰাৰ পৰিপক্ক যুৱক-যুৱতী হিচাপে গঢ় দি তুলিছিল। সেয়ে আমাৰ সেই সম্পৰ্কটো কেৱল কোনো গতানুগতিক আৱেগ বা বাহ্যিক সৌন্দৰ্যৰ মায়াত আৱদ্ধ নাছিল; বৰং আমাৰ মাজত গঢ় লৈ উঠিছিল পাৰস্পৰিক বিশ্বাস, জীৱন-দৰ্শন আৰু বৌদ্ধিক চিন্তাৰ এক সুদৃঢ় ভেটি। দুয়োৰে মনৰ মাজত আছিল ভৱিষ্যতক লৈ এক উদাৰ আৰু দায়িত্বশীল দৃষ্টিভংগী। আমাৰ মাজত আচলতে ঘটিছিল চিন্তাৰ সাযুজ্য, মূল্যবোধৰ একাত্মতা আৰু দুটা নিভাঁজ মনৰ এক অপূৰ্ব পৱিত্ৰ মিলন, যিয়ে আমাৰ আগন্তুক জীৱনৰ দীঘলীয়া বাটটোক একেলগে খোজ কঢ়াৰ এক গভীৰ আত্মিক শক্তি প্ৰদান কৰিছিল। 

অৰ্চনাৰ ব্যক্তিত্বত আছিল এক অদ্ভুত সৌম্য গাম্ভীৰ্য আৰু শান্ত স্নিগ্ধতা। বিশ্ববিদ্যালয়ৰ ব্যস্ত, কোলাহলপূৰ্ণ আৰু প্ৰতিযোগিতামূলক পৰিৱেশৰ মাজতো তেওঁ সদায় নিজকে এক অপৰিসীম মৰ্যাদাবোধ আৰু আত্মসংযমৰ মাজত ধৰি ৰাখিব জানিছিল। তেওঁৰ দুচকুত আছিল জীৱনক বাস্তৱসন্মত আৰু গভীৰভাৱে চাব পৰা এক স্বাভাৱিক প্ৰজ্ঞা।
​আমাৰ চিনাকি আৰু ঘনিষ্ঠতা কোনো নাটকীয় বা হঠকাৰী ঘটনা নাছিল; বৰং সেয়া আছিল দুটা সংবেদনশীল মনৰ অতি ধীৰ, সুস্থিৰ আৰু স্বতঃস্ফূৰ্ত মিলন। আমি যেতিয়া বিশ্ববিদ্যালয়ৰ সেউজীয়া চৌহদত একেলগে খোজ কাঢ়িছিলোঁ, তেতিয়া আমাৰ কথা-বতৰাবোৰ কেৱল ক্ষণিকৰ আৱেগতে আৱদ্ধ নাছিল। তাত স্থান পাইছিল জীৱনৰ মূল্যবোধ, সমাজৰ অসংগতি, বিজ্ঞান সাধনা আৰু ভৱিষ্যতৰ অনিশ্চিত বাটত কেনেকৈ আত্মমৰ্যাদাৰে থিয় হ’ব পাৰি তাৰ এক উমৈহতীয়া বৌদ্ধিক চিন্তা।

​এগৰাকী প্ৰকৃত সহযাত্ৰীৰ আটাইতকৈ ডাঙৰ গুণ হ’ল আনজনক তেওঁৰ সমগ্ৰ গুণ-দোষ আৰু বাস্তৱ পৰিস্থিতিৰ সৈতে গ্ৰহণ কৰিব পৰা উদাৰ মানসিকতা। অৰ্চনাৰ মাজত মই সেই বিৰল গুণটো বাৰে বাৰে প্ৰত্যক্ষ কৰিছিলোঁ। মোৰ চুটি গল্প লিখাৰ নিচা, ছাত্ৰাৱস্থাতে প্ৰথমখন গল্প সংকলন প্ৰকাশ কৰাৰ আনন্দ, নাইবা আত্মনিৰ্ভৰশীলতাৰ তাগিদাত গুৱাহাটী মহানগৰীৰ বুকুত এজন ডেলিভাৰী বয় হিচাপে কৰা কঠোৰ সংগ্ৰাম—মোৰ জীৱনৰ এই সকলোবোৰ বাস্তৱক তেওঁ কোনো সংকোচ নোহোৱাকৈ শ্ৰদ্ধা আৰু সহৃদয়তাৰে গ্ৰহণ কৰিছিল। মোৰ কোনো সংগ্ৰামকেই তেওঁ কেতিয়াও সৰু বা হীন বুলি ভবা নাছিল; বৰং মোৰ সেই আত্মমৰ্যাদাবোধ আৰু শ্ৰমৰ প্ৰতি থকা নিষ্ঠাক তেওঁ সদায় মনে প্ৰাণে উদগনি জনাইছিল।

​বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী জীৱনৰ সুদীৰ্ঘ আৰু কণ্টকাক্কীৰ্ণ বাটছোৱাত, যেতিয়াই মই কোনো অনিশ্চয়তা বা মানসিক দোমোজাত পৰিছোঁ, তেতিয়াই অৰ্চনা মোৰ কাষত থিয় দিছে এক অটল আৰু নীৰৱ শক্তিৰ স্তম্ভ হৈ। তেওঁ এনে এগৰাকী সংগী, যাৰ উপস্থিতিৰ বাবে কোনো কৃত্রিম প্ৰদৰ্শনৰ প্ৰয়োজন নাছিল; তেওঁৰ এষাৰ শান্ত, সংযত আৰু আশ্বস্তকাৰী কথাই মোৰ সকলো ক্লান্তি আৰু সংশয় মুহূৰ্ততে আঁতৰাই পেলাব পাৰিছিল।

​সময়ৰ সোঁতত আমাৰ সেই বিশ্ববিদ্যালয়ৰ দিনৰ সহমৰ্মিতা আৰু আত্মিক মিলন এক চিৰন্তন বান্ধোনলৈ ৰূপান্তৰিত হ’ল। জীৱনৰ প্ৰতিটো উত্থান-পতন, সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি আৰু সংগ্ৰামৰ কেঁকুৰিত অৰ্চনা কেৱল মোৰ পত্নী হৈয়েই ৰোৱা নাই; বৰং হৈ পৰিছে মোৰ সুখ-দুখৰ প্ৰকৃত অংশীদাৰ, জীৱন-যুদ্ধৰ নীৰৱ প্ৰেৰণাদাত্ৰী আৰু মোৰ অস্তিত্বৰ এক অবিচ্ছেদ্য অৰ্ধাংশ। জীৱনৰ এই অপৰাহ্ণত থিয় হৈ যেতিয়া পাৰ হৈ অহা দিনবোৰলৈ চাওঁ, তেতিয়া অনুভৱ কৰোঁ -- ঈশ্বৰে মোৰ জীৱনৰ কণ্টকময় পথত মোক হাতত ধৰি আগুৱাই লৈ যাবলৈ যি কেইগৰাকী আশীৰ্বাদস্বৰূপ মানুহ উপহাৰ হিচাপে দিলে, তাৰ ভিতৰত অৰ্চনা অন্যতম আৰু অনন্য। 

বিশ্ববিদ্যালয় জীৱনৰ বহুমুখী ব্যস্ততা, আংশিক সময়ৰ চাকৰি আৰু জীৱনৰ সংগ্ৰামৰ মাজতো মই মোৰ মূল লক্ষ্য, অৰ্থাৎ পঢ়া-শুনাৰ ক্ষেত্ৰখনত তিলমানো পিছপৰি থকা নাছিলোঁ। অৱশেষত সমাগত হ’ল সেই কাংক্ষিত ক্ষণটো। ১৯৯৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ সৈতে সমগ্ৰ বিশ্ববিদ্যালয়ৰ ভিতৰত ১৩তম স্থান অধিকাৰ কৰি মই মোৰ স্নাতকোত্তৰ ডিগ্ৰী সফলতাৰে সম্পূৰ্ণ কৰিলোঁ। বিশ্ববিদ্যালয়ৰ সেই সোণসেৰীয়া, মুক্ত আৰু বৌদ্ধিক পৰিৱেশটোৰ পৰিসমাপ্তি ঘটিল। জালুকবাৰীৰ শৈক্ষিক চৌহদৰ পৰা ওলাই আহি বাস্তৱৰ মাটিত ভৰি দিয়াৰ লগে লগে মোৰ সন্মুখত আহি থিয় দিলে জীৱনৰ আটাইতকৈ কঠিন আৰু চিৰন্তন প্ৰশ্নটো—“এতিয়া কি?”

​আনুষ্ঠানিক পঢ়া-শুনাৰ অধ্যায় সমাপ্ত হৈছে। এতিয়া সমাজ আৰু পৰিয়ালৰ সন্মুখত আত্মমৰ্যাদাৰে থিয় হ’বলৈ উপাৰ্জন কৰিব লাগিব, নিজৰ ভৱিষ্যত নিৰাপদ কৰিবলৈ এটা নিৰ্দিষ্ট পেছা বাছি ল’ব লাগিব। সেই সময়ছোৱাত মোৰ বাবে শিক্ষা আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ দুৱাৰ মুকলি আছিল যদিও, নিয়তিৰ এক অপ্ৰত্যাশিত গতিয়ে মোক লৈ গ’ল আন এক সম্পূৰ্ণ পৃথক আৰু অচিনাকি বাণিজ্যিক পৃথিৱীলৈ—ঔষধ উদ্যোগ (Pharmaceutical Industry)। কৰ্প’ৰেট জগতৰ দুৱাৰদলি। 

​মুম্বাইস্থিত প্ৰতিষ্ঠিত ফাৰ্মাচিউটিকেল কোম্পানী “Gufic”-ত মোৰ বাবে এটা সুন্দৰ কৰ্মসংস্থাপনৰ সুযোগ আহিল। ১৯৯৪ চনৰ আগষ্ট মাহত মই সেই কোম্পানীটোত ‘Medical Representative’ বা চিকিৎসা প্ৰতিনিধি হিচাপে আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। এয়া মোৰ সমগ্ৰ সত্তাৰ বাবে আছিল সম্পূৰ্ণ এক নতুন অভিজ্ঞতা। ইমানদিনে যিজন মানুহ কেৱল পুথিভঁৰালৰ কিতাপ, বৈজ্ঞানিক গৱেষণাগাৰ, অণুবীক্ষণ যন্ত্ৰ আৰু কীট-পতঙ্গৰ নিভৃত জগতখনৰ মাজত নিমগ্ন হৈ আছিল, সেই মানুহজনেই এতিয়া টাই-চুট পিন্ধি সমাজৰ উচ্চশিক্ষিত আৰু অভিজ্ঞ চিকিৎসকসকলৰ সৈতে মুখামুখি কথা পাতিব লাগিব, আধুনিক ঔষধৰ ৰাসায়নিক গঠন আৰু কাৰ্যকাৰিতাৰ বিষয়ে গভীৰভাৱে জানিব লাগিব, আৰু নিজৰ কোম্পানীৰ ঔষধসমূহ চিকিৎসকসকলৰ ওচৰত বিজ্ঞানসন্মতভাৱে উপস্থাপন কৰিব লাগিব।
​কৰ্মক্ষেত্ৰত ভৰি দিয়াৰ পূৰ্বে কোম্পানীয়ে মোক দুটা পৰ্যায়ত কঠোৰ পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰিলে—প্ৰথমে ক’লকাতা আৰু তাৰ ঠিক পিছতেই বাণিজ্যিক ৰাজধানী মুম্বাই। ​‘মুম্বাই’—এই নামটোৰ মাজতেই যেন এক বিশাল, ৰহস্যময় আৰু অনন্ত পৃথিৱী লুকাই আছিল। সেই সময়ৰ মুম্বাই বা ক’লকাতাৰ দৰে মেগা-চিটিবোৰ আজিৰ দৰে মোৰ বাবে সহজ আৰু পৰিচিত নাছিল। কিন্তু সেই মহানগৰীবোৰৰ বিৰামহীন ব্যস্ততা, ৰাজপথত মানুহৰ অনন্ত সোঁত, আৰু কৰ্প’ৰেট জগতৰ কৰ্মৰ ক্ষিপ্ৰ গতি—এই সকলোবোৰে এজন গাঁৱৰ পৰা যোৱা তৰুণক জীৱনৰ এক নতুন দিগন্ত আৰু পেছাদাৰী দৃষ্টিভংগীৰ সৈতে পৰিচয় কৰাই দিলে। প্ৰশিক্ষণৰ সেই দিনবোৰে মোৰ ব্যক্তিত্বত এক নতুন আত্মবিশ্বাস আৰু সাহসৰ সঞ্চাৰ কৰিলে।
​প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত কোম্পানীয়ে মোক সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিলে। মোৰ মূল কৰ্মস্থলী বা হেডকোৱাৰ্টাৰ (HQ) নিৰ্ধাৰণ কৰা হ’ল ঐতিহাসিক আৰু সাংস্কৃতিক নগৰী যোৰহাট। কিন্তু মোৰ কাম কেৱল যোৰহাট চহৰৰ চাৰিসীমাতে আৱদ্ধ নাছিল; মোৰ দায়িত্বৰ ভৌগোলিক পৰিসৰ আছিল অতি বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ। যোৰহাটক কেন্দ্ৰ কৰি ঐতিহাসিক শিৱসাগৰ, গোলাঘাট, কাজিৰঙাৰ সমীপৱৰ্তী বোকাখাত, চাহ-বাগিচাৰে আৱৰা তিতাবৰ, আৰু দাঁতিকাষৰীয়া পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ প্ৰৱেশদ্বাৰ তথা বাণিজ্যিক নগৰী ডিমাপুৰৰ পৰা আৰম্ভ কৰি ৰাজধানী কহিমালৈকে সমগ্ৰ অঞ্চলটো মোৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্ভুক্ত আছিল। প্ৰতিদিনে এইবোৰ দূৰ-দূৰণিৰ ঠাইলৈ যাত্ৰা কৰা, বিভিন্ন মানসিকতাৰ অভিজ্ঞ চিকিৎসকসকলক ক্লিনিকে ক্লিনিকে গৈ সাক্ষাৎ কৰা, আৰু কোম্পানীৰ ন-ন ঔষধৰ গুণাগুণ তথা প্ৰয়োজনীয়তা তেওঁলোকৰ আগত যুক্তি সহকাৰে দাঙি ধৰাটো আছিল এক অত্যন্ত প্ৰত্যাহ্বানজনক অথচ ৰোমাঞ্চকৰ জীৱন সংগ্ৰাম। 

তাৰপিছৰ দিনবোৰ আছিল কেৱল অবিৰত আৰু বিৰামহীন যাত্ৰাৰ এক দীঘলীয়া কাহিনী। দিনৰ পিছত দিন, পুৱাৰ পৰা নিশালৈ -- এখন অচিনাকি ঠাইৰ পৰা আন এখন নতুন চহৰলৈ, উজনি অসমৰ সেউজীয়া চাহ-বাগিচাৰ সমতলৰ পৰা নাগালেণ্ডৰ কুঁৱলীভৰা পাহাৰীয়া কেঁকুৰিবোৰলৈ ঔষধৰ নমুনা আৰু জাৰ্নালবোৰ লৈ মই যেন হৈ পৰিছিলোঁ এক চিৰন্তন বাটৰুৱা। প্ৰতিটো নতুন পুৱাই মোৰ সন্মুখলৈ লৈ আনিছিল নতুন মানুহৰ মুখ, নতুন অভিজ্ঞ চিকিৎসক আৰু সম্পূৰ্ণ অপৰিচিত একোটা নতুন কৰ্ম-পৰিৱেশ। সমাজৰ উচ্চশিক্ষিত, গম্ভীৰ আৰু অতি ব্যস্ত চিকিৎসকসকলৰ সৈতে সম্বন্ধ গঢ়ি তোলাটো মোৰ বাবে প্ৰতিটো দিনতেই আছিল একোটা নতুন মানসিক প্ৰত্যাহ্বান।
​সেই পেছাটো কেৱল যাত্ৰাৰ আনন্দতেই সীমাবদ্ধ নাছিল; তাৰ আঁৰত আছিল অপৰিসীম ধৈৰ্যৰ এক নিৰৱ সাধনা। কেতিয়াবা হয়তো এগৰাকী অভিজ্ঞ আৰু প্ৰখ্যাত চিকিৎসকৰ মাত্ৰ দুটা মিনিটৰ বহুমূলীয়া সাক্ষাৎ পাবৰ বাবে ক্লিনিক বা চিকিৎসালয়ৰ বাৰাণ্ডাত ঘণ্টাৰ পিছত ঘণ্টা নীৰৱে অপেক্ষা কৰি বহি থাকিবলগীয়া হৈছিল। ৰোগীৰ দীঘলীয়া শাৰী, চিকিৎসকৰ জৰুৰী অস্ত্ৰোপচাৰ বা ব্যস্ততাৰ বাবে কেতিয়াবা সেই অপেক্ষা আছিল অন্তহীন।

​কেতিয়াবা আকৌ হাড় কঁপোৱা জাৰ বা প্ৰচণ্ড বৰষুণক নেওচি বহু দূৰ-দূৰণিৰ পথ বাছেৰে বা খোজকাঢ়ি অতিক্ৰম কৰি গৈ পোৱাৰ পিছতো কাংক্ষিত চিকিৎসকজনক লগেই পোৱা নগৈছিল, নাইবা বহু কষ্টৰ পিছতো কামটো সফল নহৈছিল। ব্যৰ্থতাৰ সেই তিতা অভিজ্ঞতাই প্ৰথম অৱস্থাত মনত হতাশাৰ সৃষ্টি কৰিছিল যদিও, লাহে লাহে মই উপলব্ধি কৰিবলৈ শিকিলোঁ যে—এই প্ৰত্যাহ্বানবোৰেই আচলতে এজন মানুহৰ মনৰ সহনশীলতাক তীখাতকৈয়ো দৃঢ় কৰি গঢ়ি তোলে।
​আজি পিছলৈ ঘূৰি চালে অনুভৱ কৰোঁ—সেই আপাত দৃষ্টিত কষ্টকৰ আৰু প্ৰত্যাহ্বানজনক পেছাটোৱেই মোক জীৱনৰ বহুতো এনে গুৰুত্বপূৰ্ণ সত্য আৰু মানৱীয় কৌশল শিকাই থৈ গ’ল, যিবোৰ কোনো বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমে মোক কোনোদিন শিকাব নোৱাৰিলেহেঁতেন। সেই দিনবোৰে মোক শিকাইছিল -- ভিন্ন ৰুচি আৰু মানসিকতাৰ মানুহৰ সৈতে কেনেকৈ সহৃদয়তাৰে আৰু প্ৰভাৱশালীভাৱে কথা পাতিব লাগে। শিকাইছিল -- নিজৰ মনৰ ভাব আৰু জটিল বৈজ্ঞানিক যুক্তিবোৰ অতি কম সময়ৰ ভিতৰত কেনেকৈ অতি স্পষ্ট, নিখুঁত আৰু আকৰ্ষণীয়ভাৱে আনৰ ওচৰত দাঙি ধৰিব লাগে। তদুপৰি শিকাইছিল যিমানেই অচিনাকি বা প্ৰখ্যাত ব্যক্তিত্ব নহওক কিয়, তেওঁলোকৰ চকুলৈ চাই কেনেকৈ নিজৰ মৰ্যাদা আৰু গভীৰ আত্মবিশ্বাসেৰে থিয় হ’ব লাগে। আৰু এই সকলোবোৰ শিক্ষাৰ উৰ্ধত সেই দিনবোৰে মোৰ অন্তৰত এটা সৰ্বোচ্চ জীৱন-দৰ্শন স্থায়ীভাৱে খোদিত কৰি দিছিল। সেয়া হ’ল কামৰ প্ৰতি গভীৰ আন্তৰিকতা, সততা আৰু একাগ্ৰতা। কাম যিয়েই নহওক কিয়, যদি তাত নিজৰ অন্তৰৰ সম্পূৰ্ণ শ্ৰদ্ধা আৰু নিষ্ঠা ঢালি দিয়া যায়, তেন্তে সেই কৰ্মই এজন মানুহক কেতিয়াও ৰিক্ত হস্তে ওভতাই নপঠিয়ায়। 

১৯৯৪ চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ কৰি ১৯৯৫ চনৰ এপ্ৰিল মাহলৈ — প্ৰায় নটা মাহ মই ‘Gufic’ কোম্পানীত এগৰাকী নিষ্ঠাবান ‘Medical Representative’ হিচাপে অহৰহ কাম কৰিলোঁ। সেই নটা মাহ আছিল মোৰ জীৱনৰ এক অত্যন্ত ব্যস্ত, গতিশীল আৰু অভিজ্ঞতাৰে পৰিপূৰ্ণ এক অধ্যায়। উজনি অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে আৰু নাগালেণ্ডৰ পাহাৰীয়া কেঁকুৰিবোৰত ঘূৰি ফুৰা সেই দিনবোৰে মোক বাস্তৱ জগতৰ কঠোৰ মাটিত খোজ পেলাবলৈ আৰু প্ৰতিকূলতাৰ মুখামুখি হ’বলৈ শিকাইছিল।

​কিন্তু জীৱনৰ নদীখন সদায় একেটা সুঁতিৰে বৈ নাথাকে। কেতিয়াবা জীৱনে আমাক নিজৰ অলক্ষিতে এনে কিছুমান কামৰ মাজলৈ লৈ যায়, যিবোৰ কাম হয়তো চিৰদিনৰ বাবে আমাৰ স্থায়ী ঠিকনা নহয়। আজি জীৱনৰ অপৰাহ্ণত থিয় হৈ অনুভৱ কৰোঁ—কেতিয়াবা কোনো এটা বিশেষ কাম বা পেছাৰ অভিজ্ঞতা কেৱল মানুহৰ জীৱনৰ পৰৱৰ্তী মূল আৰু মহৎ অধ্যায়টোৰ ভেটি সুদৃঢ় কৰাৰ বাবে এক প্ৰাৰম্ভিক প্ৰস্তুতিস্বৰূপহে হয়!

​সেই ঔষধ উদ্যোগৰ প্ৰশিক্ষণ, মানুহক বুজিব পৰা সূক্ষ্ম দৃষ্টি, কথা কোৱাৰ কৌশল আৰু অন্তৰ্নিহিত আত্মবিশ্বাসখিনি আচলতে আছিল নিয়তিয়ে মোক মোৰ ভৱিষ্যত জীৱনৰ আচল দায়িত্বটো পালন কৰিবলৈ দিয়া এক নীৰৱ প্ৰস্তুতিৰ পাঠশালা। মোৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই এক অলৌকিক পৰিৱৰ্তন ঘটিল।
​১৯৯৫ চনৰ ৰঙালী ব’হাগ বিহুৰ ঠিক পিছতেই মোৰ জীৱনৰ গতিপথটোৱে আকৌ এক আমূল আৰু অপ্ৰত্যাশিত মোৰ ল’লে। বসন্তৰ নতুন কুঁহিপাতে যেনেকৈ গছ-বিৰিখক নৱৰূপ দিয়ে, ঠিক তেনেকৈ ব’হাগৰ সেই বতাহজাকে মোৰ অন্তৰাত্মাতো নিজৰ প্ৰকৃত অস্তিত্ব আৰু স্বধৰ্মলৈ উভতি যোৱাৰ এক আকুল আহ্বান কঢ়িয়াই আনিলে। ব্যৱসায়িক লক্ষ্য, বিক্ৰীৰ হিচাপ-নিকাচ আৰু কৰ্প’ৰেট জগতৰ কৃত্ৰিম ব্যস্ততাৰ পৰা মই মোৰ মনটোক চিৰদিনৰ বাবে মুক্ত কৰি আনিলোঁ। সেইবাৰ মই পুনৰ উভতি আহিলোঁ মোৰ আজীৱনৰ প্ৰিয় আৰু পৱিত্ৰতম স্থানলৈ—শিক্ষাৰ সুবিশাল জগতখনলৈ!
শ্ৰেণীকোঠাৰ চকমাটি আৰু ডাস্তাৰৰ সুবাস, ব্লেকব’ৰ্ডৰ কেনভাছ, পুথিভঁৰালৰ কিতাপৰ মৌনতা আৰু জ্ঞানপিপাসু কোমলমতি ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান বিলোৱাৰ সেই স্বৰ্গীয় তৃপ্তিয়ে মোক পুনৰ হাতবাউলি দি মাতিলে। মই বুজি উঠিলোঁ—ব্যৱসায় বা বাণিজ্য মোৰ আত্মাৰ খোৰাক হ’ব নোৱাৰে; নতুন প্ৰজন্মক ‘মানুহ’ হিচাপে গঢ় দিয়াৰ মহান ব্ৰত আৰু শিক্ষাদানৰ পৱিত্ৰ দায়িত্বতেই আচলতে লুকাই আছে মোৰ জীৱনৰ সাৰ্থকতা আৰু শান্তিৰ আচল ঠিকনা। 

কৰ্প’ৰেট জগতৰ ব্যস্ত জীৱনৰ পৰা ওলাই অহাৰ পিছতেই মোৰ বাবে শিক্ষাৰ জগতখনৰ দুৱাৰখন পুনৰ মুকলি হ’ল। ঐতিহ্যমণ্ডিত আমগুৰিৰ এখন বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক হিচাপে যোগদান কৰাৰ এক সোণালী সুযোগ মই লাভ কৰিলোঁ।

​বহুদিনীয়া এক বিৰতি আৰু দীঘলীয়া অপেক্ষাৰ অন্তত মই পুনৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ সেই চিনাকি বাতাৱৰণত প্ৰৱেশ কৰিলোঁ। কিন্তু এইবাৰৰ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া আৰু অভূতপূৰ্ব আছিল। এইবাৰ মই বেঞ্চত বহা এজন ছাত্ৰ নহয়; এইবাৰ মই কিতাপ আৰু চকমাটি হাতত লৈ শ্ৰেণীৰ সন্মুখত থিয় হোৱা এগৰাকী পূৰ্ণাংগ শিক্ষক! শিক্ষকৰ আসনত বহি যেতিয়া মই প্ৰথমবাৰৰ বাবে মোৰ সন্মুখত বহি থকা কোমলমতি ছাত্ৰ-ছাত্ৰীসকলৰ কৌতূহলী চকুলৈ চালোঁ, সেই অনুভৱটো আছিল মোৰ সমগ্ৰ সত্তাৰ বাবে একেবাৰে অনন্য, বৰ্ণনাতীত আৰু সুকীয়া। সেই নিষ্পাপ চকুযুৰিবোৰত মই যেন মোৰ নিজৰেই অতীত আৰু শৈশৱৰ পখিলা খেদা দিনবোৰৰ প্ৰতিচ্ছবি স্পষ্টকৈ দেখিবলৈ পাইছিলোঁ। মনৰ ভিতৰত এক অদ্ভুত আৱেগ আৰু শিহৰণ জাগি উঠিছিল। কালিলৈকে যিজন মানুহে নিজৰ শিক্ষাগুৰুসকলৰ সন্মুখত হাতযোৰ কৰি বহি তেখেতসকলৰ প্ৰতিটো কথা একাণপতীয়াকৈ শুনিছিল, শ্ৰদ্ধাত শিৰ নত কৰিছিল—আজি সেই একেজন মানুহেই এতিয়া মঞ্চৰ কেন্দ্ৰবিন্দুত থিয় হৈ ছাত্ৰসকলৰ সন্মুখত নিজেই পাঠদান কৰিছে!
মই দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান বিষয়টো পঢ়ুৱাবলৈ আৰম্ভ কৰিলোঁ। বিজ্ঞানৰ জটিল তত্ত্ববোৰ তেওঁলোকৰ হৃদয়ঙ্গম হোৱাকৈ অতি সহজ আৰু আমোদজনকভাৱে উপস্থাপন কৰাটো আছিল মোৰ বাবে এক দৈনন্দিন সাধনা। সেই শ্ৰেণীকোঠাটোত পাঠদান কৰি থকাৰ মুহূৰ্ততেই জীৱনে যেন মোক এক পৰম সত্য অতি গভীৰভাৱে বুজাই দিব বিচাৰিছিল—শিক্ষাদান মোৰ বাবে কেৱল মাহৰ শেষত এটা দৰমহা পোৱাৰ গতানুগতিক ‘চাকৰি’ নহয়!

​মই ক’ত পঢ়াইছোঁ, কোনোবা পিছপৰা গাঁৱৰ বিদ্যালয়ত নে কোনো জাকজমকপূৰ্ণ চহৰত, নাইবা মই কোনটো উচ্চ পদবীত অধিষ্ঠিত হৈ আছোঁ—সেই বাহ্যিক পৰিচয়বোৰৰ কোনো ডাঙৰ মূল্য নাই; তাৰ তুলনাত শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত সোমাই মই সেই উঠি অহা নতুন প্ৰজন্মৰ মনত কি চিন্তাৰ বীজ সিঁচি দিছোঁ, কেনেকৈ তেওঁলোকৰ ব্যক্তিত্বক ‘মানুহ’ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ—কেৱল সেই কৰ্মটোহে আচলতে সৰ্বাধিক গুৰুত্বপূৰ্ণ!
প্ৰায় পাঁচটা মাহ মই আমগুৰিৰ সেই বিদ্যালয়খনত সমগ্ৰ অন্তৰ আৰু আন্তৰিকতা ঢালি অতি নিষ্ঠাৰে শিক্ষকতা কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ মৰম আৰু সহকৰ্মীসকলৰ শ্ৰদ্ধাই মোৰ সেই পাঁচটা মাহক চিৰস্মৰণীয় কৰি তুলিছিল।
আমগুৰিৰ সেই পাঁচমহীয়া সফল অভিজ্ঞতাৰ পিছতেই মোৰ বিদ্যায়তনিক জীৱনলৈ আন এক বৃহৎ আৰু গৌৰৱময় সুযোগ চাল খাই আহিল। উচ্চ শিক্ষাৰ জগতখনত প্ৰৱেশ কৰি মই ‘যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়’ত প্ৰৱক্তা হিচাপে নিযুক্তি লাভ কৰিলোঁ। মোৰ পেছাগত জীৱনৰ বাবে এইটো আছিল এক অতিশয় গুৰুত্বপূৰ্ণ, মৰ্যাদাপূৰ্ণ আৰু কাংক্ষিত সুযোগ। মহাবিদ্যালয়ৰ বিশাল শৈক্ষিক শ্ৰেণীকোঠা, উচ্চ চিন্তাৰ তৰুণ ছাত্ৰ-ছাত্ৰী আৰু বিষয় হিচাপে মোৰ আজীৱনৰ প্ৰিয় বিষয় ‘প্ৰাণীবিজ্ঞান’ (Zoology)—এগৰাকী প্ৰকৃত মহাবিদ্যালয়ৰ অধ্যাপক আৰু গৱেষক হিচাপে নিজকে সমাজত প্ৰতিষ্ঠিত কৰি গঢ়ি তোলাৰ এয়া আছিল এক স্বৰ্ণিল প্ৰাৰম্ভিক ক্ষণ। কিন্তু জীৱন সদায় আমি ভবাৰ দৰে পোন আৰু মসৃণ পথেৰে আগবাঢ়ি নাযায়। জীৱনৰ সকলো জটিল সিদ্ধান্ত কেৱল বাহিৰৰ পৰা চাই বা জাগতিক লাভ-লোকচানৰ তুলাচনীত জুখি বুজিব নোৱাৰি। কিছুমান অতি গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ অন্তৰালত লুকাই থাকে মানুহৰ কিছুমান অপ্ৰকাশিত, অতি গভীৰ ব্যক্তিগত কাৰণ আৰু পৰিস্থিতিৰ নিৰুপায় বাধ্যবাধকতা।

​সকলো আশা আৰু যোগ্যতা থকাৰ পিছতো, নিয়তিৰ এক অদ্ভুত পাকচক্ৰ আৰু ব্যক্তিগত কাৰণৰ বাবেই অৱশেষত যোৰহাটৰ সেই ঐতিহ্যমণ্ডিত কেন্দ্ৰীয় মহাবিদ্যালয়ত মোৰ স্থায়ীভাৱে শিক্ষকতা কৰাটো আৰু হৈ নুঠিল। 



খণ্ড - ৬
এবুকু মেটমৰা সপোন কঢ়িয়াই টংলালৈ

যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সেই অধ্যায়টো অন্ত পৰাৰ পিছত নিয়তিয়ে মোৰ জীৱনৰ বাবে সাজু কৰি ৰাখিছিল আন এক চিৰস্থায়ী ঠিকনা। সেয়া আছিল ১৯৯৫ চনৰ আগষ্ট মাহ। এইবাৰ ঐতিহাসিক ওদালগুৰি জিলাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ‘টংলা মহাবিদ্যালয়’ত প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰৱক্তা পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে মই টংলা অভিমুখে যাত্ৰা কৰিলোঁ। বৰ্ণনাতীত অভিজ্ঞতা আৰু প্ৰশ্নোত্তৰৰ মাজেৰে সাক্ষাৎকাৰ পৰ্বটো সফলতাৰে সমাপ্ত হ’ল। তাৰ ঠিক পিছতেই আৰম্ভ হ’ল এক গভীৰ আৰু নিস্তব্ধ অপেক্ষাৰ ক্ষণ। জীৱনৰ আন সকলো গুৰুত্বপূৰ্ণ সন্ধিক্ষণৰ দৰেই সেই অনিশ্চিত অপেক্ষাৰ সময়খিনিও মই অন্তৰৰ সকলো উদ্বেগ সামৰি অতি নীৰৱেই পাৰ কৰিছিলোঁ।

​কিন্তু মোৰ সেই অপেক্ষা বৰ বেছি দীঘলীয়া নহ’ল। সাক্ষাৎকাৰৰ মাত্ৰ দুটা দিনৰ পিছতেই মহাবিদ্যালয় পৰিচালনা সমিতিৰ (Governing Body) তৰফৰ পৰা মোৰ হাতলৈ আহি পৰিল সেই কাংক্ষিত আনুষ্ঠানিক চিঠিখন। মই প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰৱক্তা হিচাপে সগৌৰৱে নিৰ্বাচিত হৈছিলোঁ। তাৰিখটো আছিল মোৰ জীৱনৰ আটাইতকৈ পৱিত্ৰ আৰু স্মৰণীয় তাৰিখ—৫ ছেপ্টেম্বৰ, ১৯৯৫ চন! সমগ্ৰ দেশে যেতিয়া মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৱিত্ৰ স্মৃতিত ‘শিক্ষক দিৱস’ (Teachers' Day) উদযাপন কৰিছিল, ঠিক সেই পৱিত্ৰ আৰু ঐতিহাসিক দিনটোতেই মই টংলা মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে আনুষ্ঠানিকভাৱে সেৱাত যোগদান কৰিলোঁ।

​মোৰ বয়স তেতিয়া আছিল মাত্ৰ ২৭ বছৰ। জীৱনৰ সেই বয়সটোত সমগ্ৰ সত্তা আছিল অপাৰ উৎসাহ, উচ্চাকাংক্ষা আৰু কৰ্মপ্ৰেৰণাৰে টগবগাই থকা এক সোণালী সময়। মোৰ সন্মুখত তেতিয়া এখন সম্পূৰ্ণ নতুন ঠাই, এখন সুবৃহৎ আৰু ঐতিহ্যমণ্ডিত নতুন মহাবিদ্যালয়, সমাজত সুপ্ৰতিষ্ঠিত অভিজ্ঞ সহকৰ্মী অধ্যাপকবৃন্দ, আৰু মোৰ অপেক্ষাত অধীৰ হৈ থকা এখন সুবিশাল অচিনাকী শ্ৰেণীকোঠা! সেই ক্ষণত মই আছিলোঁ জ্ঞানৰ বিশাল সাগৰৰ পাৰত থিয় হৈ থকা মাত্ৰ ২৭ বছৰীয়া এজন অপৈণত অথচ সংকল্পবদ্ধ নতুন শিক্ষক।
​মানুহৰ জীৱনত এনে কিছুমান অদ্বিতীয় আৰু অবিস্মৰণীয় দিন আহে, যাৰ স্মৃতি কালৰ কোনো ধুমুহাই কোনোদিন মচি পেলাব নোৱাৰে। মোৰ সুদীৰ্ঘ শিক্ষক জীৱনৰ সেই পোনপ্ৰথম দিনটোও আছিল ঠিক তেনেকুৱাই এক শিহৰণকাৰী অভিজ্ঞতা! শৈশৱৰ পৰা বুকুত পুহি ৰখা এবুকু মেটমৰা সপোন আৰু অপৰিসীম দায়িত্ববোধৰ গধুৰ বোজা কান্ধত লৈ যেতিয়া মই টংলা মহাবিদ্যালয়ৰ বিশাল মূল প্ৰৱেশদ্বাৰখন পাৰ হৈ ভিতৰলৈ খোজ দিলোঁ, তেতিয়া হঠাতেই মোৰ হাত-ভৰিবোৰ যেন এক অদ্ভুত শিহৰণ আৰু অপৰিসীম ভয়ত কঁপিবলৈ আৰম্ভ কৰিলে! যাক অসমীয়াত কয়—‘ভূতৰ ওপৰত দানহ পৰা দি’—মোৰ বুকুৰ ভিতৰত ঢোলৰ প্ৰচণ্ড চাপৰৰ দৰে হৃদপিণ্ডটোৱেও অতি তীব্ৰ গতিৰে ধপধপাবলৈ ধৰিলে! এফালে সমাজৰ বাবে এগৰাকী আদৰ্শ গুৰু হোৱাৰ বিশাল প্ৰত্যাহ্বান, আৰু আনফালে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ এক অনাবিল মানসিক যুদ্ধ। সেই কঁপি উঠা ভৰি দুখনেৰেই মই টংলা মহাবিদ্যালয়ৰ সেউজীয়া প্ৰাংগণত জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰু চিৰন্তন শৈক্ষিক অধ্যায়টোৰ প্ৰথমটো ঐতিহাসিক পদক্ষেপ পেলাইছিলোঁ। 

মনৰ ভিতৰত ইষ্ট দেৱতাৰ নাম জপ কৰি, অপৰিসীম জড়তা আৰু শংকা লৈ মই অতি সসংকোচে, চুচুক-চামাককৈ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় গণেশ্বৰ  চহৰীয়া চাৰৰ কোঠাত উপস্থিত হ’লোঁহি। অধ্যক্ষ মহোদয়ৰ মেজৰ সন্মুখত থিয় হৈ অত্যন্ত বিনম্ৰতাৰে মোৰ "জইনিং লেটাৰ"খন  তেখেতৰ হাতত তুলি দিলোঁ। পত্ৰখন গ্ৰহণ কৰি অধ্যক্ষ মহোদয়ে মেজত থকা কলিং বেলটো টিপি দিলে। নিমিষতে কোঠালৈ সোমাই অহা পিয়নজনক তেখেতে নিৰ্দেশ দিলে মোক শিক্ষকৰ জিৰণি কোঠালৈ লৈ যাবলৈ।

​পিয়নজনৰ পিছে পিছে গৈ যেতিয়া জিৰণি কোঠাত প্ৰৱেশ কৰিলোঁ, তাত উপস্থিত জ্যেষ্ঠ আৰু অভিজ্ঞ অধ্যাপকসকলৰ সৈতে এক চমু চা-চিনাকি পৰ্ব অনুষ্ঠিত হ’ল। সহকৰ্মীসকলৰ আন্তৰিক আৰু উষ্ম আদৰণিয়ে মোৰ বুকুৰ ভিতৰত চলি থকা প্ৰচণ্ড ধপধপনিটো কিছু পৰিমাণে শান্ত কৰিলে; লাহে লাহে মই যেন হেৰাই যোৱা সাহসকণ অকণমান ঘূৰাই পোৱাৰ দৰে অনুভৱ কৰিলোঁ। কিন্তু সেই সকাহ আছিল অতি ক্ষণিকৰ। কেইটামান মুহূৰ্তৰ পিছতেই পৰৱৰ্তী শ্ৰেণীৰ ঘণ্টা বাজি উঠিল। এইবাৰ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ উপাধ্যক্ষ মহোদয় উপেন দাস চাৰে মোক আনুষ্ঠানিকভাৱে আগবঢ়াই লৈ গ’ল মোৰ বাবে নিৰ্ধাৰিত শ্ৰেণীকোঠাটোলৈ বুলি। দীঘল পকী বাৰান্দাখনেৰে আমি খোজ কাঢ়ি আগবাঢ়িছিলোঁ। উপাধ্যক্ষ মহোদয়ে খোজৰ তালে তালে মোক মোৰ শিক্ষক জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জনোৱাৰ উপৰিও মহাবিদ্যালয়খনৰ নিয়ম-নীতি সম্পৰ্কে বহুতো দিহা-পৰামৰ্শ দি গৈছিল। কিন্তু সেই সময়ত মোৰ মুখৰ পৰা কোনো মাত-বোল ওলোৱা নাছিল; মোৰ ওঁঠ দুখন যেন সম্পূৰ্ণ শুকাই গৈছিল!

​মোৰ মনৰ মাজত তেতিয়া এনে এক অদ্ভুত ভাবৰ উদয় হৈছিল—যেন মই এগৰাকী শিক্ষক হিচাপে শ্ৰেণীকোঠাত সোমাবলৈ যোৱা নাই; বৰং পৰীক্ষামূলকভাৱে মহাকাশলৈ উৎক্ষেপণ কৰিবলৈ এইমাত্ৰ সাজু কৰি উলিওৱা কোনো এখন জটিল মহাকাশযানৰ একমাত্ৰ অনভিজ্ঞ, অপৈণত মহাকাশচাৰীজনহে হ’বলৈ ওলাইছোঁ! মোৰ মূৰটো যেন হঠাতে এক এমোনমান ওজনৰ এটি দাঙিব নোৱাৰা গধুৰ বস্তালৈ ৰূপান্তৰিত হৈ পৰিছিল! মোৰ প্ৰতিটো কম্পিত খোজত মই স্পষ্টকৈ অনুভৱ কৰিছিলোঁ—মোৰ সমগ্ৰ শৰীৰৰ শিৰা-উপশিৰাবোৰৰ মাজেৰে বিজুলী সঞ্চাৰে বৈ গৈছিল উত্তপ্ত ৰক্তস্ৰোত!

​উদ্বেগ আৰু উৎকণ্ঠাৰ চৰম শিখৰত উপনীত হৈ কোন মুহূৰ্তত যে গৈ শ্ৰেণীকোঠাৰ দুৱাৰমুখ পালোহি, মই তলকিব নোৱাৰিলোঁ। উপাধ্যক্ষ মহোদয় আঁতৰি যোৱাৰ পিছত মই শ্ৰেণীকোঠাটোৰ ভিতৰলৈ খোজ দিলোঁ। ভিতৰত সোমায়েই দেখিলোঁ—প্ৰায় পঞ্চাশ-ষাঠীজনমান তৰুণ ছাত্ৰ-ছাত্ৰীয়ে একেথৰে মোৰ পিনে এনেদৰে দৃষ্টি নিক্ষেপ কৰি চালে, যেন মই কোনো এজন নতুন শিক্ষক নহওঁ; বৰং পৰীক্ষাগাৰৰ পৰা ওলাই অহা কোনোবা এক নতুন প্ৰজাতিৰ জীৱবিজ্ঞানৰ বিৰল নমুনা এটাহে!

​তেওঁলোকৰ কিছুমানৰ চকুত আছিল নতুন শিক্ষকজনক লৈ অপৰিসীম কৌতূহল, কিছুমানৰ ওঁঠৰ কোণত মিচিকিয়া হাঁহি, আৰু আন কিছুমান আকৌ আছিল সম্পূৰ্ণ নিৰ্বিকাৰ।
​মই নিজকে যথাসম্ভৱ সংযত কৰি, অত্যন্ত গাম্ভীৰ্যপূৰ্ণ ভংগীমাৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰথম সম্ভাষণ জনাবলৈ মুখৰ মাতটো উলিয়াবলৈ আপ্রাণ চেষ্টা কৰিলোঁ। কিন্তু হায়! মোৰ ডিঙিটোৱে সেই সংকটকালত চৰম বিশ্বাসঘাটকতা কৰিলে। ডিঙিৰ পৰা কোনো গম্ভীৰ কণ্ঠ ওলোৱাৰ পৰিৱৰ্তে, এক ফটা বাঁহীৰ কৰ্কশ সুৰৰ দৰে মাত ওলাই আহিল— "Good Morning. Please sit down."

​মোৰ সেই অপ্ৰত্যাশিত আৰু ভগা মাতটো শুনাৰ লগে লগে সমগ্ৰ শ্ৰেণীকোঠাটো এক প্ৰচণ্ড হাঁহিৰ গিৰ্জনিৰে মুখৰিত হৈ পৰিল! ছাত্ৰ-ছাত্ৰীসকলৰ হাঁহিৰ সেই প্ৰতিধ্বনিয়ে মোৰ বুকুৰ কঁপনিটো যেন আৰু হাজাৰ গুণ বৃদ্ধি কৰি দিলে। লাজ আৰু অস্বস্তিক কোনোমতে ঢাকি ৰাখি, মই অতি চমুকৈ নিজৰ পৰিচয়টো তেওঁলোকৰ আগত দাঙি ধৰিলোঁ। তাৰ পিছত সমস্ত মনোবল একত্ৰিত কৰি শিক্ষকৰ টেবুলৰ পৰা এডাল বগা চক পেঞ্চিল হাতত তুলি ল’লোঁহে মাথোন—কঁপি থকা হাতৰ আঙুলিৰ ফাঁকেৰে কেনেকৈ যে পিছলি গৈ চক পেঞ্চিলডাল চিমেণ্টৰ মজিয়াত পৰি মুহূৰ্ততে দুটুকুৰা হৈ ভাঙি গ’ল! সেই চৰম অপ্ৰস্তুত মুহূৰ্তটোত মাটিত পৰি দুটুকুৰা হোৱা চক পেঞ্চিলডালেও যেন মোৰ ভগ্ন আৰু চূৰ্ণ-বিচূৰ্ণ আত্মবিশ্বাসৰ এখন জীৱন্ত প্ৰতিচ্ছবিহে দাঙি ধৰিলে!
​কিন্তু সেই সংকটৰ মুহূৰ্ততেই মোৰ ভিতৰৰ সুপ্ত সত্তাটো সজাগ হৈ উঠিল। মুহূৰ্তৰ ভিতৰতে মই নিজকে সহজ আৰু সুস্থিৰ কৰিবলৈ আপ্রাণ যত্ন কৰিলোঁ। মই মোৰ অন্তৰাত্মাক কঠোৰভাৱে সকীয়াই দিলোঁ—এই মাটিত পৰি দুটুকুৰা হোৱা চক পেঞ্চিলডালে আচলতে মোক নীৰৱে এক মহৎ শিক্ষা দি এইদৰেহে কৈ উঠিছে—“এই সন্মুখত বহি থকা কোমলমতি কিশোৰ-কিশোৰীসকলেই হ’ল দেশ আৰু জাতিৰ ভৱিষ্যত। তেওঁলোকৰ জীৱনক সঠিক পথৰ সন্ধান দিবলৈহে তুমি আজি এই পৱিত্ৰ বেদীত ভৰি দিছা। প্ৰথম দিনৰ এই ভয় আৰু কম্পিত অনুভূতিবোৰক যদি তুমি অপৰাজেয় আত্মবিশ্বাস আৰু অনুপ্ৰেৰণাৰে সজাই-পৰাই ল’ব নোৱাৰা, তেন্তে তুমি জীৱনত কেতিয়াও এগৰাকী প্ৰকৃত শিক্ষক হৈ উঠিব নোৱাৰিবা……”

​মই কেইটামান মুহূৰ্ত শ্ৰেণীৰ মাজত সম্পূৰ্ণ নিস্তব্ধ আৰু স্থিৰ হৈ ৰ’লোঁ। তাৰ পিছত এটা দীঘল উশাহ লৈ চকু দুটা মুদি মোৰ আৰাধ্য ইষ্ট-গুৰুক অন্তৰৰ অন্তস্থলৰ পৰা স্মৰণ কৰিলোঁ। ​সেই ক্ষণত মোৰ চকুৰ সন্মুখত জিলিকি উঠিল শৈশৱৰ পৰা মোক জ্ঞান দিয়া মোৰ প্ৰতিগৰাকী পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ দেৱোপম মুখচ্ছবি। তেখেতসকলে কেনেদৰে অপৰিসীম স্নেহ আৰু আত্মবিশ্বাসেৰে আমাক পাঠদান কৰিছিল! মই মোৰ মনৰ মাজতেই ভক্তিভাৱে আওৰাবলৈ ধৰিলোঁ চিৰন্তন গুৰু বন্দনা— "গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰা; গুৰু সাক্ষাৎ পৰং ব্ৰহ্মা, তস্মৈ শ্ৰী গুৰৱে নমঃ..."। আৰু তাৰ ঠিক পিছতেই আৰম্ভ হ’ল মোৰ জীৱনৰ প্ৰথমটো আনুষ্ঠানিক পাঠদান।

​এক অলৌকিক পৰিৱৰ্তন ঘটিল! যিটো শ্ৰেণীকোঠা কেইমিনিটমান পূৰ্বলৈকে মোৰ বাবে আছিল এক চৰম ভয় আৰু শংকাৰ স্থান, সেই একেটা শ্ৰেণীকোঠাই মুহূৰ্তৰ ভিতৰতে জ্ঞান আৰু আনন্দৰ এক অপূৰ্ব মিলনমঞ্চলৈ ৰূপান্তৰিত হৈ পৰিল। মোৰ কণ্ঠলৈ স্বাভাৱিক সাবলীলতা ঘূৰি আহিল, ছাত্ৰ-ছাত্ৰীসকল মোৰ পাঠদানৰ মাজত মন্ত্ৰমুগ্ধ হৈ ডুব গ’ল। আজিও জীৱনৰ এই পৰ্যায়ত উপনীত হৈ যেতিয়া অতীতলৈ ঘূৰি চাওঁ, মোৰ সেই ঐতিহাসিক প্ৰথম দিনটো স্পষ্টকৈ মনত পৰে। সেই প্ৰথম দিনৰ বুকুত সৃষ্টি হোৱা আদিম ভয়, সেই হাত-ভৰিৰ কঁপনি, আৰু সেই যে হাতৰ পৰা খহি পৰি চক পেঞ্চিলডাল মজিয়াত দুটুকুৰা হোৱা সংকটৰ সময়খিনি—সেইবোৰেই আছিল আচলতে মোৰ সুদীৰ্ঘ শিক্ষক জীৱনৰ সোণালী যাত্ৰাটোৰ পোনপ্ৰথম পৃষ্ঠা! মই বিশ্বাস কৰোঁ—সমাজৰ প্ৰতিগৰাকী নমস্য আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ জীৱনতেই তেওঁলোকৰ প্ৰথম দিনটোৰ এনে ভয়, শংকা আৰু উত্তেজনাৰ অপূৰ্ব সংমিশ্ৰণ হৃদয়ৰ কোনোবা এটি নিভৃত কোণত চিৰদিন এক অমূল্য আৰু মিঠা স্মৃতি হৈ জীপাল হৈ ৰয়। 

সিদিনা মহাবিদ্যালয়ৰ প্ৰথম দিনটোৰ আনুষ্ঠানিক শ্ৰেণীসমূহ শেষ হ’ল আৰু কলেজ চুটি হ’ল। শ্ৰেণীকোঠাৰ পৰা ওলাই আহি দেখিলোঁ—বাৰান্দাত কেইজনমান তৰুণ ছাত্ৰই অতি কৌতূহল আৰু আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছে। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল মহাবিদ্যালয়লৈ নতুনকৈ অহা এই “ছাৰ”জনৰ সৈতে অকণমান অন্তৰংগভাৱে চিনাকি হোৱা।
​প্ৰথম চিনাকি পৰ্বৰ সৌজন্য বিনিময় চলি থকাৰ মাজতেই এজনে হঠাতে অতি উৎসাহেৰে মোক পোনপটীয়াকৈ সুধিলে—“ছাৰ, আপুনি ক্ৰিকেট খেলে নেকি বাৰু?”

​প্ৰশ্নটো শুনি মোৰ ওঁঠৰ কোণত এটি মৃদু হাঁহি বিৰিঙি উঠিল। ক্ৰিকেটৰ প্ৰতি শৈশৱ আৰু তেজপুৰৰ দিনবোৰৰ পৰাই বুকুত পুহি ৰখা মোৰ আজীৱন দুৰ্বাৰ আকৰ্ষণৰ কথা সুঁৱৰি মই কোনো কথা নকৈ কেৱল সন্মতিসূচক ভংগীৰে মূৰ দুপিয়ালোঁ। মোৰ সেই সঁহাৰি পোৱাৰ লগে লগেই ছাত্ৰ কেইজনৰ মুখবোৰ আনন্দত উজলি উঠিল। তেওঁলোকে পলকতে জনালে যে আজি বিয়লি ঠিক চাৰে তিনি বজাত তেওঁলোকে স্থানীয় খেলপথাৰত ক্ৰিকেট খেলিবলৈ গোট খাব, আৰু সেই খেলত অংশগ্ৰহণ কৰিবলৈ ময়ো নিশ্চিতভাৱে খেলপথাৰলৈ ওলাই যাব লাগিব। ছাত্ৰসকলৰ সেই নিৰ্দোষ আৰু আন্তৰিক নিমন্ত্ৰণ মই কোনোমতেই নাকচ কৰিব নোৱাৰিলোঁ।
​তেওঁলোকৰ আন্তৰিক আহ্বানক সঁহাৰি জনাই আবেলি মই স্থানীয় খেলপথাৰত উপস্থিত হ’লোঁগৈ। মহাবিদ্যালয়ৰ গম্ভীৰ অধ্যাপকৰ আৱৰণটো খহাই থৈ মই পুনৰ এজন সাধাৰণ ক্ৰিকেটাৰ হিচাপে বাইশ গজৰ পিটচত হাতত বেট তুলি ল’লোঁ। মই যেতিয়া আত্মবিশ্বাসেৰে বেটিং কৰি আছিলোঁ, মোৰ প্ৰতিটো আক্ৰমণাত্মক শ্বট প্ৰত্যক্ষ কৰি চাৰিওফালে ফিল্ডিং কৰি থকা ছাত্ৰবোৰে খেলপথাৰৰ দূৰৈৰ পৰাই হাত চাপৰি বজাই চিঞৰি চিঞৰি ক’বলৈ ধৰিলে— “ছাৰ! আপুনি বেটিং কৰি থাকিলে দেখোন একেবাৰে সনথ জয়সূৰ্যৰ দৰে লাগে!”
সেই সময়ছোৱা আছিল বিশ্ব ক্ৰিকেটত শ্ৰীলংকাৰ কিংবদন্তি মাৰমুখী অপেনাৰ সনথ জয়সূৰ্যৰ সোণালী যুগ। চাৰিওফালে কেৱল জয়সূৰ্যৰ বিধ্বংসী বেটিঙৰ চৰ্চা। আনহাতে মোৰ মূৰতো চুলি কিছু কম আছিল, শাৰীৰিক গঠনত মই আপেক্ষিকভাৱে কিছু চাপৰ আছিলোঁ আৰু ছালৰ গাঢ় ৰঙটোও প্ৰায় জয়সূৰ্যৰ সৈতে মিল আছিল। তাৰোপৰি মোৰ বেটিং শৈলীও সেই সময়ত যথেষ্ট মাৰমুখী আৰু আক্ৰমণাত্মক আছিল। বচ! আৰু কি লাগে! সেই অঘাইটং আৰু মৰমিয়াল ছাত্ৰ কেইটাই মোক খেলপথাৰতেই “জয়সূৰ্য” বুলি মাতিবলৈ আৰম্ভ কৰিলে। ছাত্ৰসকলৰ সেই মৰমৰ উপাধিটোক লৈ মই অকণো বেয়া পোৱা নাছিলোঁ; বৰং সেই লঘু ধেমালিয়ে আমাৰ মাজৰ অচিনাকি শিক্ষক-ছাত্ৰৰ কৃত্ৰিম ব্যৱধানটো মুহূৰ্তৰ ভিতৰতে মচি এক আত্মিক সম্পৰ্ক গঢ়ি তুলিলে। লাহে লাহে মোৰ সেই নামটো সমগ্ৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিল—মই তেওঁলোকৰ অতি আপোন “জয়সূৰ্য ছাৰ” হৈ পৰিলোঁ।

​আজি জীৱনৰ বহু বছৰ পাৰ হৈ যোৱাৰ পিছত যেতিয়া সেই দিনবোৰলৈ মনত পেলাওঁ, অন্তৰখন এক অনাবিল প্ৰশান্তিৰে উপচি পৰে। তাহানি খেলপথাৰত মোৰ লগত ধেমালি কৰা সেই তৰুণ ল’ৰাবোৰ আজি কালৰ সোঁতত সমাজৰ একো একোজন সুপ্ৰতিষ্ঠিত, দায়িত্বশীল আৰু মৰ্যাদাপূৰ্ণ নাগৰিকলৈ ৰূপান্তৰিত হৈছে। তেওঁলোকৰ সৈতে কটোৱা সেই প্ৰতিটো নিভাঁজ আৰু সোণসেৰীয়া মুহূৰ্ত সঁচাকৈয়ে মোৰ স্মৃতিৰ মণিকোঠাত অতি মধুৰ হৈ জীপাল হৈ ৰৈছে।
​সেই মধুৰ ক্ষণবোৰে মোৰ মনত আমাৰ ছাত্ৰ জীৱনৰ আন এক গভীৰ উপলব্ধি পুনৰ সজীৱ কৰি তোলে। আমি যেতিয়া তাহানিতে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ আছিলোঁ, আমাৰ বাবে শিক্ষকসকল কেৱল শ্ৰেণীকোঠাত নিৰ্দিষ্ট পাঠ্যক্ৰম পঢ়ুৱাই গুচি যোৱা একোজন বেতনভোগী ব্যক্তি নাছিল; তেখেতসকল আছিল আমাৰ সমগ্ৰ জীৱনৰ দিশ-নিৰ্ণায়ক পথপ্ৰদৰ্শক, নৈতিকতা আৰু সংস্কাৰৰ জ্যোতিৰ্ময় আলোকবৰ্তিকা, আৰু সমাজৰ একোগৰাকী পৰম বিশিষ্ট আৰু শ্ৰদ্ধাৰ ব্যক্তিত্ব।
এগৰাকী শিক্ষাগুৰুক সমাজ আৰু ছাত্ৰই অন্তৰৰ পৰা কিমান গভীৰ মান-সন্মান, ভক্তি আৰু শ্ৰদ্ধা নিবেদন কৰিছিল—সেয়া ভাবিলে আজিও মোৰ হৃদয় কৃতজ্ঞতাৰে উজাৰি উঠে। সেই পৱিত্ৰ গুৰুভক্তি আৰু শাসনৰ মাজতেই আমাৰ চৰিত্ৰ গঢ় লৈ উঠিছিল। সেই ঐতিহ্যক বুকুত সাৱটি লৈয়েই মই মোৰ শিক্ষক জীৱনৰ প্ৰতিটো দিন অতিবাহিত কৰিবলৈ সংকল্পবদ্ধ হৈছিলোঁ—যাতে ময়ো মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত কেৱল কিতাপৰ পাঠ নহয়, নৈতিকতা আৰু মানৱীয়তাৰ এক অনন্ত প্ৰেৰণা হৈ চিৰদিন জীয়াই থাকিব পাৰোঁ। 

আমাৰ শৈশৱ আৰু কৈশোৰৰ সেই দিনবোৰত শ্ৰেণীকোঠাত শিক্ষাগুৰুৰ প্ৰৱেশ আছিল এক অতি পৱিত্ৰ আৰু মৰ্যাদাপূৰ্ণ ক্ষণ। গুৰুজনে শ্ৰেণীত ভৰি দিয়াৰ লগে লগেই আমি সকলো ছাত্ৰ-ছাত্ৰী স্বতঃস্ফূৰ্তভাৱে থিয় হৈ সমস্বৰে নমস্কাৰ জনাইছিলোঁ। সেইয়া কেৱল এটা গতানুগতিক আনুষ্ঠানিক নিয়ম বা বাহ্যিক বাধ্যবাধকতা নাছিল; বৰং সেয়া আছিল গুৰুজনৰ প্ৰতি আমাৰ অন্তৰৰ অন্তস্থলত উপচি থকা গভীৰ ভক্তি আৰু শ্ৰদ্ধাৰ এক স্বতঃস্ফূৰ্ত অনুভৱ। আমাৰ মুখৰ পৰা ওলাই অহা সেই “নমস্কাৰ ছাৰ” বুলি কোৱা মাতটো হৃদয়ৰ কোনোবা এক গভীৰতম আৰু পৱিত্ৰ স্থানৰ পৰা নিগৰি ওলাইছিল। আমাৰ বাবে সেই সময়ত বিদ্যালয়খন আছিল এটি দেৱালয় বা পৱিত্ৰ মন্দিৰ সদৃশ, আৰু শ্ৰেণীকোঠাৰ শিক্ষকজন আছিল সেই জ্ঞান-মন্দিৰৰ একোগৰাকী নিষ্ঠাবান পূজাৰী!

​বিদ্যালয়ৰ চাৰিসীমাৰ বাহিৰতো সেই সন্মান আৰু ভক্তি তিলমানো কমি যোৱা নাছিল। সমাজৰ যিকোনো স্থানতেই—বজাৰ-সমাৰত, বাটে-পথত অথবা যাত্ৰীবাহী বাছতেই হওক; শিক্ষাগুৰুক সন্মুখত দেখা পোৱাৰ লগে লগে আমি দুয়োখন হাত যোৰ কৰি অতি বিনম্ৰভাৱে মূৰ দোৱাই নমস্কাৰ জনাইছিলোঁ। আনকি আমি যেতিয়া বাটেৰে ছাইকেল চলাই গৈছিলোঁ, দূৰৰ পৰাই শিক্ষাগুৰুক খোজ কাঢ়ি অহা দেখিলে তৎক্ষণাত ছাইকেলৰ পৰা নামি, পদপথত ৰৈ মূৰ দোৱাই শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিলোঁ। এনেবোৰ জীৱনমুখী সংস্কাৰ আৰু শিষ্টাচাৰ আমি আমাৰ মা-দেউতাৰ পৰাই ঘৰুৱাভাৱে শিকিছিলোঁ। সেই সময়ৰ পৱিত্ৰ সমাজ ব্যৱস্থা, উদাৰ পৰিৱেশ আৰু আমাৰ চহকী সংস্কৃতিৰ পৰাই আমি এনে অসংখ্য অমূল্য নীতিশিক্ষা আয়ত্ত কৰিবলৈ সক্ষম হৈছিলোঁ।
​আমাৰ দিনবোৰত আমি শিক্ষকসকলক শ্ৰদ্ধাৰ সমান্তৰালকৈ এক পৱিত্ৰ ভয়ো কৰিছিলোঁ। তেতিয়াৰ দিনত বিদ্যালয়বোৰত অনুশাসন ৰক্ষাৰ বাবে উপযুক্ত শাস্তিৰ সুদৃঢ় ব্যৱস্থা আছিল। সেই সময়ত প্ৰচলিত “চেকনিৰ আগৰ বিদ্যা”ই কেৱল কিতাপৰ পাঠ্যক্ৰমেই নহয়, আমাক জীৱনৰ কঠিন বাস্তৱ আৰু চৰিত্ৰ গঠনৰ প্ৰকৃত পাঠবোৰো শিকাইছিল। কোনোবা এটা ভুল কৰাৰ পিছত গুৰুজনৰ খঙাল বা বিষাদভৰা মুখভঙ্গী দেখিলেই আমি অন্তৰৰ গভীৰ আত্ম-অনুশোচনাত দগ্ধ হ’বলৈ শিকিছিলোঁ। সেই আন্তৰিক অনুশোচনাই আমাক ভুল স্বীকাৰ কৰি শিক্ষকৰ চৰণত ক্ষমা খুজিবলৈ বাধ্য কৰিছিল। কাৰণ সেই সময়তেই আমি গভীৰভাৱে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ শ্ৰীমদ্ভগৱদ্গীতাৰ চতুৰ্থ অধ্যায়ৰ সেই চিৰন্তন শ্লোকটো—
​"শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্ তৎপৰঃ সংযতেন্দ্ৰিয়ঃ" (श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः)। 
এই অমূল্য মহাবাণীৰ অন্তৰ্নিহিত তাৎপৰ্য হৈছে—যিগৰাকী ব্যক্তিয়ে নিজৰ গুৰুজনলৈ অহৈতুক শ্ৰদ্ধা আৰু অচলা ভক্তি প্ৰদৰ্শন কৰে, আৰু সমান্তৰালকৈ নিজৰ পঞ্চ-ইন্দ্ৰিয়ক সম্পূৰ্ণৰূপে সংযত আৰু নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে, কেৱল তেওঁহে এই সংসাৰত প্ৰকৃত আৰু গভীৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে আজিৰ যুগত প্ৰতিগৰাকী সন্তানেই যাতে শৈশৱৰ পৰাই গুৰুজনৰ প্ৰতি আন্তৰিক সন্মান আৰু ভক্তি প্ৰদৰ্শন কৰে, তাৰ বাবে অভিভাৱকসকলে নিজৰ ঘৰখনৰ পৰাই এই শিক্ষা প্ৰদান কৰাটো একান্তভাৱে প্ৰয়োজনীয়। আমি যদি সঁচাকৈয়ে উঠি অহা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত জ্ঞান অৰ্জনৰ উপযুক্ত পাত্ৰ হিচাপে গঢ়ি তুলিবলৈ বিচাৰোঁ, তেন্তে তেওঁলোকক পিতৃ-মাতৃসকলে জীৱনৰ কণ্টকময় বাটত খোজ দিব পৰাকৈ ঘৰুৱা নীতিশিক্ষা আৰু সংস্কাৰেৰে শিক্ষিত কৰি তুলিবই লাগিব।
​আজি জীৱনৰ এই সন্ধিক্ষণত থিয় হৈ যেতিয়া বৰ্তমানৰ শৈক্ষিক পৰিৱেশলৈ চাওঁ, মনটো প্ৰায়েই এক গভীৰ বিষাদ আৰু শূন্যতাই গ্ৰাস কৰি পেলায়। তাহানিৰ সেই নিষ্কলুষ, নিভাঁজ আৰু আত্মিক শিক্ষক-ছাত্ৰৰ পৱিত্ৰ সম্পৰ্কটো আজি যেন আধুনিকতাৰ যান্ত্ৰিক ধুমুহাত ক্ৰমান্বয়ে শেঁতা আৰু বিবৰ্ণ হৈ পৰিছে। আমাৰ সময়ত আজিৰ দৰে হাতৰ মুঠিত কোনো আধুনিক স্মাৰ্টফোন বা ইন্টাৰনেটৰ জগত নাছিল; কিন্তু আমাৰ সময়ৰ শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত আছিল হৃদয়ে হৃদয়ে অনুভৱ কৰিব পৰা অপৰিসীম আন্তৰিকতা। আগৰ দিনত শিক্ষকসকলক কেৱল শ্ৰেণীৰ শিক্ষক নহয়, বৰং সন্তানৰ জীৱন গঢ়োঁতা ‘দ্বিতীয় অভিভাৱক’ৰ দৰে গণ্য কৰা হৈছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে, বৰ্তমান সময়ত গুৰুজনৰ প্ৰতি সেই চিৰন্তন শ্ৰদ্ধা আৰু সমৰ্পণৰ অনুভৱ ক্ৰমাগতভাৱে হ্ৰাস পাই অহা পৰিলক্ষিত হৈছে।
​এই গভীৰ সংকটটো কোনো আকস্মিক ঘটনা নহয়; বৰং সামাজিক মাধ্যমৰ অতিমাত্ৰা অপপ্ৰভাৱ, পৰিয়ালৰ পৰা অহা বস্তুবাদী দৃষ্টিভংগী আৰু সমাজৰ বহুতো নেতিবাচক পৰিৱৰ্তনে আজি এই পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিদ্যালয়সমূহত অনুশাসন আৰু প্ৰয়োজনীয় সংশোধনমূলক ব্যৱস্থাৰ ওপৰত আৰোপ কৰা চৰম সীমাবদ্ধতা, সন্তানৰ প্ৰতিটো সামান্য বিষয়তো অভিভাৱকৰ অতিৰিক্ত আৰু অবাঞ্চিত হস্তক্ষেপ, আৰু আনহাতে কিছু কিছু ক্ষেত্ৰত ক্ৰমবৰ্ধমান একাংশ শিক্ষকৰ নীতিহীন আচৰণ বা পেছাগত দায়িত্বহীনতাও এই পৱিত্ৰ সম্পৰ্কৰ চৰম অৱনতি ঘটাৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিছে। এই সামগ্ৰিক অৱস্থা সমাজ আৰু জাতিৰ ভৱিষ্যতৰ বাবে অত্যন্ত উদ্বেগজনক। কাৰণ শিক্ষাৰ মূল উদ্দেশ্য আৰু প্ৰাণশক্তি কেৱল পৰীক্ষাৰ নম্বৰ বা ডিগ্ৰীত নাথাকে; বৰং সি নিৰ্ভৰ কৰে ছাত্ৰ আৰু শিক্ষকৰ মাজৰ সেই আন্তৰিক, বিশ্বাসভৰা আৰু শ্ৰদ্ধাপূৰ্ণ আত্মিক সম্পৰ্কৰ ওপৰতহে।

​আজি সময় আহি পৰিছে—সমাজৰ চিন্তাশীল ব্যক্তি, শিক্ষানীতি প্ৰণেতা, সচেতন অভিভাৱক আৰু শিক্ষক সমাজ সকলোৱে একেলগে বহি গভীৰভাৱে আত্মবিশ্লেষণ কৰাৰ। ছাত্ৰ-শিক্ষকৰ মাজৰ সেই হেৰাই যাব ধৰা পৱিত্ৰ আৰু প্ৰাণৱন্ত সম্পৰ্কৰ পুনঃগঠন আৰু মূল্যবোধৰ পুনৰুজ্জীৱন ঘটাবলৈ আমি সকলোৱে একত্ৰিতভাৱে সংকল্পবদ্ধ হ’বই লাগিব। 

শিক্ষকতা কেৱল এটা পেছা বা শ্ৰেণীকোঠাত পাঠ্যপুথিৰ শুকান তথ্য বিতৰণ কৰা কোনো যান্ত্ৰিক প্ৰক্ৰিয়া নহয়। শিক্ষাৰ্থীৰ অন্তৰ জয় কৰাটো কোনো আনুষ্ঠানিক ক্ষমতা বা পদবীৰ দ্বাৰা সম্ভৱ নহয়। এজন শিক্ষকেও যদি নিজৰ হৃদয়ৰ অন্তস্থলৰ পৰা শিক্ষাৰ্থীসকলৰ অকৃত্রিম শ্ৰদ্ধা, ভক্তি আৰু সন্মান লাভ কৰিব বিচাৰে, তেন্তে সৰ্বপ্ৰথমে তেওঁ নিজৰ অন্তৰৰ পৰা কোনো ধৰণৰ দ্বিধা বা স্বাৰ্থ নোহোৱাকৈ স্নেহ আৰু মৰমৰ দুৱাৰখন অকৃপণভাৱে খুলি দিবই লাগিব।
​শ্ৰদ্ধা কোনো দাবী কৰি আদায় কৰা বস্তু হ’ব নোৱাৰে; বৰং সেয়া নিজৰ ব্যক্তিত্ব আৰু মৰমৰ জৰিয়তে স্বতঃস্ফূৰ্তভাৱে অৰ্জন কৰিবলগীয়া এক পৱিত্ৰ সম্পদ। যেতিয়া এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত ভৰি দিয়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানৰ দৰে আঁকোৱালি ল’ব পাৰে, তেওঁলোকৰ সুখ-দুখ আৰু ভয়-শংকাক বুজি পাব পাৰে, তেতিয়াই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সেই অদৃশ্য কৃত্ৰিম প্ৰাচীৰখন মুহূৰ্ততে খহি পৰে।
​কেৱল বাহ্যিক মৰমেই এগৰাকী শিক্ষকক পূৰ্ণতা প্ৰদান কৰিব নোৱাৰে। শিক্ষকগৰাকীৰ নিজৰ বিষয়ৰ ওপৰত থাকিব লাগিব গভীৰ আৰু অগাধ জ্ঞান তথা বৌদ্ধিক মেধা। মেধা অবিহনে ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ সঠিক দিশ-নিৰ্দেশনা দিয়াটো অসম্ভৱ। ইয়াৰ সমান্তৰালকৈ প্ৰয়োজন এক নিভাঁজ সততা আৰু চৰিত্ৰৰ পৱিত্ৰতা। শিক্ষকে যি কয়, তেওঁৰ নিজৰ জীৱন আৰু আচাৰ-ব্যৱহাৰতো সেই সততা প্ৰতিফলিত হ’ব লাগিব। তাৰ লগতে লাগিব কৰ্তব্যৰ প্ৰতি এক আজীৱন আৰু ঐকান্তিক কৰ্মনিষ্ঠা। এগৰাকী নিষ্ঠাবান শিক্ষকে যেতিয়া কোনো ক্লান্তি নোহোৱাকৈ ছাত্ৰৰ কল্যাণৰ বাবে নিজকে উৎসৰ্গা কৰে, ছাত্ৰ-ছাত্ৰীয়ে সেই ত্যাগ আৰু নিষ্ঠাক হৃদয়ৰ গভীৰৰ পৰা অনুভৱ কৰিবলৈ বাধ্য হয়।

​আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল—যেতিয়াই শিক্ষকগৰাকীৰ মেধা, নৈতিক সততা আৰু কৰ্মনিষ্ঠা—এই সকলোবোৰ বিৰল গুণৰ সৈতে অন্তৰৰ নিভাঁজ স্নেহ আৰু এক ‘পৰিমিত শাসন’ৰ অপূৰ্ব সংমিশ্ৰণ ঘটিব, ঠিক তেতিয়াই প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে সেই শিক্ষকক স্বতঃস্ফূৰ্তভাৱে শ্ৰদ্ধা, ভক্তি আৰু অন্তৰৰ পৰা মৰ্যাদা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিব। ​ইয়াত ‘পৰিমিত শাসন’ শব্দটো অত্যন্ত তাৎপৰ্যপূৰ্ণ। শাসন কেতিয়াও ব্যক্তিগত খং, আখেজ বা প্ৰতিশোধৰ বহিঃপ্ৰকাশ হ’ব নোৱাৰে; বৰং সি হ’ব লাগিব কুমাৰে মাটিৰ পাত্ৰ গঢ়াৰ দৰে—বাহিৰত হাতৰ সামান্য চাপ থাকিলেও ভিতৰত আলফুলে ধৰি ৰখা এক সুৰক্ষাময় পৰশ। যেতিয়া ছাত্ৰ এজনে উপলব্ধি কৰিব পাৰে যে শিক্ষকৰ শাসনৰ আঁৰতো লুকাই আছে তেওঁক মানুহ হিচাপে গঢ়াৰ এক গভীৰ ব্যাকুলতা, তেতিয়া সেই শাসনে তেওঁক বিদ্ৰোহী নকৰে, বৰং অধিক সংস্কাৰী আৰু বিনম্ৰ কৰিহে তোলে। স্নেহ, মেধা, সততা আৰু সুদৃঢ় অনুশাসনৰ এই সোণালী সেঁতুখনৰ ওপৰতেই প্ৰতিষ্ঠিত হৈ থাকে গুৰু-শিষ্যৰ সেই চিৰন্তন, পৱিত্ৰ আৰু অমৰ সম্পৰ্ক। 

টংলাৰ সেই ব্যস্ত আৰু গতিশীল দিনবোৰত মোৰ সমগ্ৰ জীৱনটো যেন দুটা সুকীয়া অথচ সমান্তৰাল সোঁতত প্ৰৱাহমান হ’বলৈ আৰম্ভ কৰিছিল। ​মোৰ জীৱনৰ প্ৰথমটো মূল সুঁতি আছিল ঐতিহ্যমণ্ডিত টংলা মহাবিদ্যালয়—য’ত আছিল মহাবিদ্যালয়ৰ বিশাল শৈক্ষিক শ্ৰেণীকোঠা, উচ্চ শিক্ষাৰ তৰুণ আৰু বৌদ্ধিক ছাত্ৰ-ছাত্ৰীসকল, প্ৰাণীবিজ্ঞান আৰু পতঙ্গবিজ্ঞানৰ গভীৰ তাত্ত্বিক তথা ব্যৱহাৰিক পাঠদান, পৰীক্ষাগাৰৰ সাধনা, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ মূল্যায়ন, জ্যেষ্ঠ আৰু কনিষ্ঠ সহকৰ্মীসকলৰ সৈতে বৌদ্ধিক আদান-প্ৰদান, আৰু মহাবিদ্যালয়খনৰ দৈনন্দিন নিয়মীয়া শৈক্ষিক ব্যস্ততা।
​আৰু মোৰ জীৱন-নদীৰ দ্বিতীয়টো নতুন সুঁতি আছিল টংলা চহৰৰ বুকুত সম্পূৰ্ণ নতুনকৈ আত্মপ্ৰকাশ কৰিবলৈ সাজু হোৱা এখন আধুনিক ইংৰাজী মাধ্যমৰ বিদ্যালয়—‘TEMHS’ (টংলা ইংলিছ মিডিয়াম হাইস্কুল)! উচ্চ শিক্ষা আৰু প্ৰাথমিক-মাধ্যমিক শিক্ষাৰ এই দুয়োটা বিপৰীতমুখী জগতক একেডাল সুতাৰে গাঁথি লৈ মই মোৰ কৰ্মময় দিনবোৰক এক নতুন ৰূপ দিবলৈ সাজু হৈছিলোঁ।

​সেয়া আছিল ১৯৯৬ চনৰ এটি কুঁৱলীসিক্ত জানুৱাৰী মাহ। টংলাৰ শৈক্ষিক ইতিহাসত এক নতুন মাইলৰ খুঁটি স্থাপন কৰাৰ মানসেৰে এখন উন্নতমানৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ প্ৰস্তুতি তুংগত উঠিছিল। আজিৰ যুগৰ দৰে সেই সময়ছোৱাত টংলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ সংখ্যা ইমান সুলভ আৰু সৰহ নাছিল। সেয়েহে এখন নতুন ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰম্ভ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে স্বাভাৱিকতেই সমগ্ৰ অঞ্চলটোৰ সচেতন অভিভাৱক আৰু সাধাৰণ মানুহৰ মনত এক অপৰিসীম কৌতূহল আৰু আগ্ৰহৰ সৃষ্টি হৈছিল। ঠিক সেই সময়তেই, বিদ্যালয়খন প্ৰতিষ্ঠা আৰু পৰিচালনাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত কেইগৰাকীমান বিশিষ্ট আৰু সন্মানীয় ব্যক্তিয়ে মোৰ ওচৰলৈ আহি এটা বিশেষ প্ৰস্তাৱ আগবঢ়ালে—মই বিদ্যালয়খনত এগৰাকী অংশকালীন অতিথি শিক্ষক  হিচাপে যোগদান কৰি তেওঁলোকক শৈক্ষিকভাৱে সহায় কৰিব লাগে। সেই সময়ত টংলা মহাবিদ্যালয়ত মোৰ প্ৰৱক্তাৰ পদটো আনুষ্ঠানিকভাৱে নিয়মীয়া (Regularize) হোৱা নাছিল; সেয়েহে এই প্ৰস্তাৱটো মোৰ বাবে কেৱল এটা অতিৰিক্ত কৰ্মসংস্থাপন বা সামান্য উপাৰ্জনৰ সুযোগেই নাছিল, বৰং সি আছিল উঠি অহা নতুন প্ৰজন্মৰ কোমলমতি শিশু-কিশোৰসকলক নিচেই কাষৰ পৰা গঢ় দিয়াৰ এক নতুন অভিজ্ঞতা আৰু প্ৰত্যাহ্বানৰ দুৱাৰ। কোনো দ্বিধাবোধ নকৰি মই তেখেতসকলৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিলোঁ।
​এনেদৰেই আৰম্ভ হ’ল মোৰ শিক্ষক জীৱনৰ আন এক অত্যন্ত সংগ্ৰামী, ব্যস্ত আৰু বৈচিত্ৰ্যপূৰ্ণ সোণালী অধ্যায়—একে সময়তে দুখন সুকীয়া শিক্ষানুষ্ঠানত নিষ্ঠাৰে শিক্ষকতা কৰাৰ এক বিৰল অভিজ্ঞতা। মোৰ দৈনন্দিন দিনচৰ্যাৰ ছন্দই এক ক্ষিপ্ৰ গতি ল’লে। ৰাতিপুৱাৰ ভাগত মই টংলা মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীৰ প্ৰাণীবিজ্ঞানৰ জটিল সূত্ৰসমূহ পাঠদান কৰোঁ। তাৰ ঠিক পিছতেই, মহাবিদ্যালয়ৰ দায়িত্ব সামৰি মই ক্ষিপ্ৰতাৰে ঢাপলি মেলোঁ TEMHS-ৰ শ্ৰেণীকোঠালৈ—য’ত মোৰ বাবে অপেক্ষা কৰি থাকে স্কুলীয়া কোমলমতি শিক্ষাৰ্থীসকল।

​মাজৰ সেই সময়খিনি পাৰ হৈছিল এক প্ৰান্তৰ পৰা আন এক প্ৰান্তলৈ নিৰন্তৰ যাতায়াত কৰা, দুয়োখন শিক্ষানুষ্ঠানৰ বাবে সুকীয়াকৈ পাঠৰ পৰিকল্পনা আৰু প্ৰস্তুতি চলোৱা, আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত সমস্যা তথা জিজ্ঞাসাৰ বুজ লোৱাৰ মাজত। কেতিয়াবা দিনটোৰ সমস্ত কৰ্মসূচী শেষ হৈ আহে, সন্ধিয়াৰ এন্ধাৰে পৃথিৱী আৱৰি ধৰে আৰু মই শৰীৰেৰে ঘৰলৈ উভতি আহোঁ; কিন্তু মোৰ মনটো যেন তেতিয়াও শ্ৰেণীকোঠাৰ সেই ক’লা ব্লেকব’ৰ্ডখনৰ সন্মুখতেই নিৰৱে থিয় হৈ থাকে!
​শাৰীৰিকভাৱে দিনটোৰ এই বিৰামহীন দৌৰাদৌৰিত নিশ্চিতভাৱেই এক গভীৰ ক্লান্তি আহি পৰিছিল। কিন্তু সেই কঠোৰ ক্লান্তিৰ অন্তৰালতো মোৰ অন্তৰত অনুভৱ হৈছিল এক অদ্ভুত, অনিৰ্বচনীয় আৰু অপাৰ স্বৰ্গীয় আনন্দ! ​কাৰণ, মোৰ সমগ্ৰ সত্তাৰ বাবে শিক্ষকতা কেতিয়াও মাথোঁ এটি গতানুগতিক পেছা বা আৰ্থিক উপাৰ্জনৰ মাধ্যম হৈ থকা নাছিল; বৰং সি আছিল মোৰ আত্মাৰ খোৰাক। শ্ৰেণীকোঠাত সোমাই যেতিয়াই মই মোৰ সন্মুখত বহি থকা শিক্ষাৰ্থীসকলৰ নিষ্পাপ দুচকুত জ্ঞান আহৰণৰ এক অনাবিল কৌতূহল প্ৰত্যক্ষ কৰিছিলোঁ, মোৰ সমগ্ৰ মন-প্ৰাণ নিমিষতে সজীৱ আৰু সতেজ হৈ উঠিছিল।

​পাঠদানৰ সময়ত কোনো এটা অতি জটিল আৰু কঠিন প্ৰশ্নৰ উত্তৰ মই অতি সহজকৈ বুজাই দিয়াৰ পিছত এজন ছাত্ৰৰ মুখমণ্ডলত ফুটি উঠা সেই বিজয়ী আৰু তৃপ্ত হাঁহিটো, নাইবা কোনোবা এগৰাকী লাজকুৰীয়া ছাত্ৰ-ছাত্ৰীয়ে নিজৰ চিন্তা আৰু ধাৰণাৰে এটা নতুন কথা শ্ৰেণীত সাহস কৰি ক’বলৈ চেষ্টা কৰাৰ সেই পৱিত্ৰ মুহূৰ্তবোৰ—এই ক্ষুদ্ৰ অথচ অমূল্য অনুভৱবোৰেই আছিল মোৰ বাবে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ। ছাত্ৰ-ছাত্ৰীসকলৰ সেই নিষ্পাপ আনন্দ আৰু জ্ঞানৰ স্পৃহাৰ সন্মুখত মোৰ সমগ্ৰ দিনটোৰ সমস্ত ক্লান্তি, ভাগৰ আৰু অৱসাদ ক্ষন্তেকতে বতাহত কৰ্পূৰৰ দৰে উৰি নাইকিয়া হৈ পৰিছিল।



খণ্ড - ৭
সহযাত্ৰী জীৱনৰ 

১৯৯৬ চনটো মোৰ বাবে কেৱল মহাবিদ্যালয় আৰু বিদ্যালয়ৰ দুটা সমান্তৰাল শ্ৰেণীকোঠাৰ মাজত অহৰহ দৌৰি ফুৰা এটি কৰ্মময় বছৰেই নাছিল। সেই বছৰটোৰ বুকুত নিয়তিয়ে সংগোপনে সাঁচি ৰাখিছিল মোৰ সমগ্ৰ অস্তিত্বক পূৰ্ণতা প্ৰদান কৰা জীৱনৰ আটাইতকৈ মধুৰ, পৱিত্ৰ আৰু সুদূৰপ্ৰসাৰী মোৰটো। সেয়া আছিল ২৩ জুলাই, ১৯৯৬।শাওনৰ এটি স্নিগ্ধ, স্মৃতি মধুৰ দিনত বৰপেটাৰ ঐতিহ্যমণ্ডিত সংস্কৃতি আৰু স্নিগ্ধতাৰে সমৃদ্ধ অৰ্চনাই মোৰ জীৱনৰ আটাইখিনি শূন্যতা তেওঁৰ উপস্থিতিৰে উজলাই তুলিবলৈ মোৰ হাতত হাত থৈছিল; হৈ পৰিছিল মোৰ চিৰন্তন জীৱনসংগী। যৌৱনৰ প্ৰথম উন্মেষৰ দিনবোৰত মানুহে হয়তো ভাৱে যে পৃথিৱীৰ এই সুবিশাল আৰু দুৰ্গম পথছোৱা কেৱল নিজৰ একক ইচ্ছা, ব্যক্তিগত সপোন আৰু আত্মকেন্দ্ৰিক সিদ্ধান্তৰেই অনায়াসে পাৰ হৈ যাব পাৰি। মইও হয়তো তেতিয়া এই সত্যটোৰ গভীৰতা সম্পূৰ্ণকৈ উপলব্ধি কৰিব পৰা নাছিলোঁ। কিন্তু সময়ৰ চকাটো যেতিয়া বাস্তৱৰ খহটা মাটিত ঘূৰিবলৈ ধৰিলে, লাহে লাহে মোৰ অন্তৰাত্মাই বুজি উঠিল—জীৱনৰ আচল যাত্ৰাটো কেতিয়াও অকলে খোজ কাঢ়ি সম্পূৰ্ণ কৰিব নোৱাৰি। তাত প্ৰয়োজন হয় এনে এগৰাকী সহযাত্ৰীৰ, যাৰ চকুৰ এটি শান্ত চাৱনিয়ে কোনো শব্দ নকৰাকৈয়ে অন্তৰৰ সমস্ত ধুমুহা নিমিষতে শান্ত কৰি পেলাব পাৰে। অৰ্চনা মোৰ জীৱন-নদীৰ বুকুত সেই শান্ত অথচ গভীৰ স্ৰোতস্বিনী। তেওঁৰ নিজৰো আছিল এক সুকীয়া, স্বতন্ত্ৰ আৰু গভীৰ বৌদ্ধিক পৃথিৱী—পঢ়া-শুনাৰ নিৰল সাধনা, প্ৰাণীবিজ্ঞানৰ জটিল ৰহস্যৰ সন্ধান, নিৰন্তৰ গৱেষণা আৰু শিক্ষাদানৰ এক আত্মনিমগ্ন ব্ৰত। পৰৱৰ্তী সময়ত তেওঁ টংলা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰেই সহযোগী অধ্যাপিকা হিচাপে নিজৰ মেধা আৰু দায়িত্বশীলতাৰে সমাজত এক অনন্য মৰ্যাদাপূৰ্ণ স্থান অধিকাৰ কৰিলে।
কিন্তু মোৰ ব্যক্তিগত জগতখনত অৰ্চনাৰ পৰিচয় কেৱল এগৰাকী বিদূষী অধ্যাপিকা বা একেটা বিভাগৰ এগৰাকী সুযোগ্য সহকৰ্মীৰ মাজতেই সীমাবদ্ধ হৈ থকা নাছিল। মোৰ বাবে তেওঁ আছিল তাতকৈয়ো বহুগুণে উৰ্ধত; মোৰ বাবে এক আত্মিক আৰু দেৱতুল্য আশ্ৰয়। জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ জটিল সন্ধিক্ষণত, দুৰ্দিনৰ ধুমুহাই যেতিয়া মনটোক দোমোজাত পেলাইছিল, সেই প্ৰতিটো কঠিন সময়ত আৰু সংসাৰৰ প্ৰতিটো সৰু-ডাঙৰ কৰ্মৰ অন্তৰালত অৰ্চনাৰ অটল আৰু নীৰৱ উপস্থিতি মোৰ বাবে ভগৱানৰ এক ঐশ্বৰিক আশীৰ্বাদৰ দৰেই সদায় প্ৰতিভাত হৈ আহিছে। জীৱনৰ কেনভাছত যেতিয়া মই অতীতৰ দিনবোৰলৈ চাওঁ, তেতিয়া স্পষ্টকৈ অনুভৱ কৰোঁ; অৰ্চনা কেৱল মোৰ কাষত থিয় হৈ মোৰ সতে খোজ কঢ়া এগৰাকী সহধৰ্মিণীয়েই নহয়; তেওঁ আচলতে মোৰ জীৱনৰ প্ৰতিটো শব্দ, অনুভূতিৰ আৰু উশাহ-নিশাহৰ অন্তৰ্নিহিত প্ৰাণ। 

পৃথিৱীৰ এই সুদীৰ্ঘ আৰু জটিল যাত্ৰাপথত এনে কিছুমান আপোন মানুহ আমাৰ অতি কাষত থাকে, যাৰ উপস্থিতিৰ কথা আমি হয়তো নিতৌ ঢোল পিটি উচ্চাৰণ নকৰোঁ। কিন্তু তেওঁলোকৰ উপস্থিতি আমাৰ জীৱনত ইমানেই গভীৰ আৰু স্বাভাৱিক হৈ পৰে যে—এদিন থমকি ৰৈ যেতিয়া জীৱনৰ অপৰাহ্ণত অতীতলৈ ঘূৰি চোৱা যায়, তেতিয়াহে মৰ্মে মৰ্মে অনুভৱ হয় যে সেই বিশেষ মানুহজন যদি কাষত নাথাকিলহেঁতেন, তেন্তে জীৱন নামৰ এই সুদীৰ্ঘ যাত্ৰাটোৰ বহু অংশই হয়তো সম্পূৰ্ণ বেলেগ আৰু বিবৰ্ণ হৈ পৰিলহেঁতেন! অৰ্চনা মোৰ বাবে ঠিক তেনেকুৱাই এক শক্তি।

​বিবাহৰ ঠিক পিছৰ আমাৰ সেই প্ৰাৰম্ভিক সংসাৰখনো কোনো ৰূপকথাৰ কাহিনীৰ দৰে মসৃণ বা কুসুম-কোমল নাছিল। এফালে দুয়োৰে স্বতন্ত্ৰ কৰ্মক্ষেত্ৰৰ বিৰামহীন দৌৰাদৌৰি, নতুন সংসাৰৰ অজস্ৰ সামাজিক আৰু পাৰিবাৰিক দায়িত্ব, সীমিত আয়ৰ মাজতেই আৰ্থিক দীনতাৰ সৈতে কৰা দৈনন্দিন সংগ্ৰাম, আৰু আনফালে দুচকুত পুহি ৰখা নিজৰ নিজৰ সপোনবোৰ—এই সকলোবোৰ বৈপৰীত্যক একেডাল সূতাৰে গাঁথি লৈ আমি জীৱনৰ কঠিন মাটিত এখোজ এখোজকৈ আগবাঢ়িবলগীয়া হৈছিল।
​সেই জীৱন-সংগ্ৰাম আৰু ব্যস্ততাৰ মাজতেই, ১৯৯৯ চনৰ জুলাই মাহৰ এটি সোণালী ক্ষণত আমাৰ সংসাৰৰ আকাশ উজলাই ভগৱানৰ আশীষ স্বৰূপে আমাৰ জীৱনলৈ আহি এক অনন্য উপহাৰ—আমাৰ একমাত্ৰ কন্যা সন্তান ‘হিয়া’ (আটলাণ্টা)! এটি সৰু, নিষ্পাপ শিশুৰ পদাৰ্পণে এখন ঘৰৰ সমগ্ৰ পৰিৱেশ কেনেদৰে পলকতে আমূল সলনি কৰি পেলাব পাৰে, সেই স্বৰ্গীয় অনুভৱটো হয়তো নিজে পিতৃ বা মাতৃ নোহোৱালৈকে কোনো মানুহেই সম্পূৰ্ণৰূপে উপলব্ধি কৰিব নোৱাৰে। ঘৰখনৰ পুৰণি নিস্তব্ধতা এনিমিষতে কৰ্পূৰৰ দৰে উৰি নাইকিয়া হৈ পৰিল। কেঁচুৱাৰ অবুজ কান্দোনৰ কোমল সুৰ, নিভাঁজ হাঁহিৰ খলকনি, আৰু চোতাল-বাৰান্দা কঁপাই তোলা সৰু সৰু কঁপকপীয়া খোজৰ শব্দ—এনে লাগিল যেন আমাৰ সৰু ঘৰখনৰ ভিতৰতেই এক অনন্ত আৰু মায়াময় নতুন পৃথিৱী গঢ় লৈ উঠিল। সংসাৰৰ সমস্ত ক্লান্তি আৰু অৱসাদক মুহূৰ্ততে মচি পেলাব পৰা এক সঞ্জীবনী সুধা যেন হিয়াৰ মুখখনতেই বিৰিঙি আছিল।
​হিয়াৰ সেই নিৰ্দোষ শৈশৱটোক একান্তমনে চাই থাকোঁতে প্ৰায়েই মোৰ মনৰ কেনভাছলৈ নিজৰ শৈশৱৰ স্মৃতিবোৰো আপোনা-আপুনি ভাঁহি উঠিছিল। তেতিয়া অনুভৱ হৈছিল—সময় আচলতে এক মহাজাগতিক আৰু অদৃশ্য বৃত্ত! কালিৰ দিনটোত যিটো সৰু ল’ৰাই নিজৰ পিতৃৰ তৰ্জনী আঙুলিত খামোচ মাৰি ধৰি কঁপি কঁপি প্ৰথমটো খোজ কাঢ়িবলৈ শিকিছিল, আজি সময়ৰ চকা ঘূৰি সেই একেজন মানুহেই পিতৃৰ আসনত বহি নিজৰ সন্তানক জীৱনৰ প্ৰথমটো খোজ পেলাবলৈ আলফুলে হাতখন আগবঢ়াই দিছে। জীৱনে হয়তো এনেকৈয়ে কোনো শব্দ নকৰাকৈ, নীৰৱে আমাক বংশ-পৰম্পৰা আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ যোৱা প্ৰেমৰ সেই চিৰন্তন সাঁথৰটো বুজাই দিয়ে।
​দিন বাগৰিল, মাহ বাগৰিল, আৰু সময়ৰ সোঁতত হিয়াও লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। পঢ়াশালিৰ নিয়মীয়া পঢ়া-শুনা, কিতাপৰ নতুন পৃথিৱী, শিশুমনে কৰা অজস্ৰ কৌতূহলী নতুন প্ৰশ্ন, আৰু তাইৰ দুচকুত কুঁহিপাত মেলা নতুন নতুন সপোন—এই সকলোবোৰৰ মাজেৰে তাই নিজৰ ভৱিষ্যতৰ পথটো বিচাৰি আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ ধৰিলে। হিয়াৰ সেই স্নিগ্ধ শৈশৱ আৰু কৈশোৰৰ হাঁহিয়ে পিতৃ-মাতৃ হিচাপে আমি দুয়োকে জীৱন-যুদ্ধৰ প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে নেওচি হাঁহিমুখে জীয়াই থকাৰ এক নতুন জীৱন-মন্ত্ৰ আৰু অদম্য প্ৰেৰণা শিকাই থৈ গ’ল। 

হিয়াই ইতিমধ্যে আমাৰ দুয়োৰে সমগ্ৰ মন-প্ৰাণ উজলাই ৰাখিছিল। দিনটোৰ সমস্ত ব্যস্ততা, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ শিক্ষাদানৰ ক্লান্তি, আৰু সমাজৰ অজস্ৰ দায়িত্বৰ অন্তত যেতিয়া সন্ধিয়া ভাগৰুৱা দেহাৰে ঘৰৰ পদূলিত ভৰি দিছিলোঁ, তাইৰ সেই নিষ্পাপ হাঁহি আৰু মৰমভৰা চাৱনিয়ে মুহূৰ্তৰ ভিতৰতে সমস্ত ভাগৰ মচি আমাৰ সৰু ঘৰখনক সৰগৰ এটুকুৰা পৱিত্ৰ মায়াপুৰীলৈ ৰূপান্তৰ কৰি তুলিছিল। কিন্তু সংসাৰৰ এই স্নিগ্ধ নদীখনৰ বুকুত নিয়তিয়ে সাজু কৰি ৰাখিছিল আন এক অপৰূপ পূৰ্ণতাৰ ক্ষণ। হিয়াৰ আগমনৰ ঠিক এক দশকৰ পাছত, ২০০৯ চনত, আমাৰ সংসাৰৰ চোতাল পুনৰ এবাৰ পোহৰাই তুলি আগমন ঘটিল এটি নতুন দেৱশিশুৰ!

আমি তেওঁৰ নাম ৰাখিলোঁ—শিৱমজ্যোতি। কিন্তু আমাৰ হৃদয়ৰ মণিকোঠাত, ঘৰখনৰ প্ৰতিটো কোণত সি চিৰদিনৰ বাবে হৈ পৰিল আমাৰ অতি মৰমৰ আৰু আদৰৰ ‘গুণগুণ’! ​‘গুণগুণ’—এই নামটোৰ মাজতেই যেন লহৰ তুলিছিল প্ৰকৃতিৰ এক অবুজ, সুমধুৰ আৰু নিৰন্তৰ প্ৰাণৱন্ত সংগীতে। গুণগুণৰ আগমনে আমাৰ জীৱনলৈ আকৌ এবাৰ নৱজাতকৰ সেই উমাল, পৱিত্ৰ সুবাস ঘূৰাই আনিলে। ঘৰখনৰ দৈনন্দিন গতি আৰু ছন্দ নিমিষতে পুনৰ সলনি হৈ পৰিল। চোতাল-বাৰান্দা ক্ৰমে মুখৰিত হ’ল তাৰ চঞ্চল পদচালনাৰে, আধাফুটা মিঠা মিঠা শব্দৰে আৰু জগতখনক জানিবলৈ বিচৰা তাৰ অবুজ কৌতূহলেৰে। তাৰ প্ৰতিটো হাঁহি, প্ৰতিটো খোজ যেন আছিল আমাৰ বাবে একো একোটি অপূৰ্ব উৎসৱ। তাৰ কোমল হাতৰ সৰু সৰু আঙুলিবোৰে যেতিয়া মোৰ হাতৰ আঙুলিত খামোচ মাৰি ধৰিছিল, মই যেন পুনৰ এবাৰ অনুভৱ কৰিছিলোঁ—পিতৃত্ব আচলতে এক অন্তহীন সাধনা আৰু ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ।
​গুণগুণ আমাৰ মাজলে অহাৰ পিছত হিয়াৰ আচৰণ আৰু ব্যক্তিত্বতো ঘটিল এক অদ্ভুত, মৰমিয়াল পৰিৱৰ্তন। তাই আৰু কেৱল ঘৰৰ সৰু, চঞ্চল ছোৱালীজনী হৈ নাথাকিল; বৰং ৰাতিটোৰ ভিতৰতে তাই যেন তাইৰ সৰু ভায়েকটোৰ বাবে হৈ পৰিল এগৰাকী দায়িত্বশীল, অপৰিসীম স্নেহময়ী ক্ষুদ্ৰ মাতৃ! হিয়াৰ কোলাত গুণগুণৰ নিৰাপদে শুই থকা সেই শান্ত ছবিখন, ভায়েকৰ প্ৰতিটো হাঁহি-কান্দোনক নিজৰ কৰি লোৱাৰ সেই অধিকাৰবোধ, আৰু গুণগুণৰ প্ৰতি তাইৰ সেই অপাৰ মৰমে আমাক অভিভাৱক হিচাপে এক অপৰিসীম তৃপ্তি আৰু গৌৰৱ প্ৰদান কৰিছিল। দুয়োটা সন্তানৰ মাজৰ সেই নিষ্কলুষ আৰু নিভাঁজ আত্মিক বান্ধোনে আমাৰ সংসাৰৰ ভেটিটোক অধিক গভীৰ আৰু প্ৰেমময় কৰি তুলিলে।

​গুণগুণৰ শৈশৱটো আছিল ঠিক এটা বৈচিত্ৰ্যপূৰ্ণ, সুমধুৰ গানৰ দৰে। ঘৰখনত কিতাপৰ সুবাস, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ শিক্ষাদানৰ আলোচনা, টেলিস্কোপ-মাইক্ৰ’স্কোপৰ বিজ্ঞানভিত্তিক পৰিৱেশৰ মাজতেই সি ডাঙৰ হৈ আহিছিল। বায়েক হিয়াৰ সৈতে তাৰ শৈশৱৰ সেই নিষ্কলুষ আৰু মধুৰ সম্পৰ্ক, ভনীয়েক ভায়েকৰ অবুজ অভিমান আৰু অকপট ভালপোৱাই আমাৰ সংসাৰখনক প্ৰতিনিয়ত সজীৱ আৰু প্ৰাণৱন্ত কৰি ৰাখিছিল।
​সময়ৰ সোঁতত গুণগুণৰ বয়স বাঢ়ি অহাৰ লগে লগে তাৰ দুচকুত দেখা পোৱা গ’ল এক গভীৰ অনুসন্ধিৎসু মন। হিয়াৰ দৰেই তাৰো জগতখনক জানিবলৈ বিচৰা কৌতূহল আছিল অপৰিসীম। কেতিয়াবা যদি পঢ়া মেজত বহি সি জটিল বিষয়বোৰৰ সহজ উত্তৰ বিচাৰিছিল, কেতিয়াবা আকৌ চৌপাশৰ প্ৰকৃতি, জীৱ-জন্তু আৰু মানুহৰ ব্যৱহাৰক লৈ নিৰৱে চিন্তা কৰিছিল। এজন পিতৃক নিজৰ সৰু ল’ৰাটোৰ চকুত নিজৰেই হেৰাই যোৱা দিনবোৰৰ প্ৰতিচ্ছবি দেখাৰ যি অনুভূতি, সেয়া শব্দৰে বুজোৱা কঠিন। গুণগুণৰ চঞ্চল খোজবোৰ যেতিয়া লাহে লাহে স্থিৰ আৰু আত্মবিশ্বাসী হ’বলৈ ধৰিলে, মই বুজি পালোঁ—মোৰ কোলাত সোমাই থকা সেই কণমানি শিশুটোৱে শৈশৱৰ দেওনা পাৰ হৈ কৈশোৰৰ এক নতুন আৰু চিন্তাচেতনাময় জগতত ভৰি দিছে।
​সময়ৰ গতি সঁচাকৈয়ে অতি নিৰৱ অথচ বৰ বিস্ময়কৰ! কেতিয়াবা গভীৰভাৱে ভাবিলে আচৰিত লাগে—হিয়া আৰু গুণগুণ, এই দুয়োটা সন্তান চন্দ্ৰৰ পৱিত্ৰ কলাৰ দৰে একলা-দুকলাকৈ বাঢ়ি বাঢ়ি কেতিয়া যে শৈশৱৰ সীমা পাৰ হৈ কৈশোৰ আৰু শিক্ষাৰ একো একোটা নতুন স্তৰত উপনীত হ’লহি, আমি তাৰ কোনো উমঘামেই নাপালোঁ!

​দিনবোৰ অতিবাহিত হৈছিল পুৱাৰ ক্ষিপ্ৰ প্ৰস্তুতি, সিহঁতৰ বিদ্যালয়ৰ কিতাপ-পত্ৰৰ তদাৰক, সিহঁতৰ প্ৰতিটো সৰু সৰু সপোনক বাস্তৱ ৰূপ দিয়াৰ অহৰহ প্ৰচেষ্টা, আৰু নিশা শুই থকাৰ পৰত সিহঁতৰ নিস্পাপ মুখলৈ চাই ভগৱানক নীৰৱে প্ৰণাম জনোৱাৰ মাজত। জীৱনৰ বহুতো ঘাত-প্ৰতিঘাত, চাকৰি আৰু সামাজিক জীৱনৰ জটিল প্ৰত্যাহ্বান, আৰু আৰ্থিক সীমাবদ্ধতাৰ মাজতো যেতিয়াই এই দুয়োটা সন্তানৰ মুখৰ স্নিগ্ধ হাঁহিলৈ চাইছিলোঁ, তেতিয়াই মৰ্মে মৰ্মে অনুভৱ হৈছিল—পৃথিৱীৰ সকলো ত্যাগ, সকলো কঠোৰ শ্ৰম আৰু জীৱনৰ সকলো সংগ্ৰাম এই দুটা হাঁহিৰ বাবে হাঁহিমুখে মূৰ পাতি ল’ব পাৰি। সিহঁতৰ জীৱন্ত উপস্থিতিয়ে আমাৰ জীৱনটোক আচল অৰ্থ প্ৰদান কৰিলে, প্ৰমাণ কৰি দিলে যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সম্পত্তি কোনো ভৌতিক ঐশ্বৰ্য নহয়—বৰং নিজৰ ঘৰখনৰ বুকুত ফুলি থকা এই দুপাহ পৱিত্ৰ আৰু প্ৰাণৱন্ত কুসুমহে। 

হিয়া আৰু গুণগুণ—আমাৰ এই দুয়োটি সন্তানৰ হাতত হাত ধৰি আমি দুয়ো যেন পুনৰ এবাৰ আমাৰ হেৰাই যোৱা শৈশৱৰ সেই নিষ্পাপ পৃথিৱীখনলৈকে উভতি গৈছিলোঁ। সিহঁতৰ সৰল আৰু মুক্ত চকুযুৰিয়ে আমাক এই চিনাকি পৃথিৱীখনক আকৌ এবাৰ নতুন বিস্ময়েৰে চোৱাৰ এক অনন্য দৃষ্টি প্ৰদান কৰিছিল। সন্তানৰ সেই সীমাহীন কৌতূহলী প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যত্ন কৰোঁতে মই প্ৰায়েই নিজৰেই অপৈণত শৈশৱৰ বহু বিস্মৃত প্ৰশ্নৰ মুখামুখি হৈছিলোঁ।

​“কিয়?”—এটা শিশুৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এই অতি সৰু আৰু সাধাৰণ শব্দটোৰ অন্তৰালতেই আচলতে নিহিত হৈ থাকে মানৱ সভ্যতাৰ সমগ্ৰ বিজ্ঞানমনস্কতা আৰু জ্ঞানান্বেষণৰ পৱিত্ৰ বীজ! আকাশখন কিয় নীলা? জোনবাইটো আমি খোজ কাঢ়িলে কিয় আমাৰ লগে লগে আহে? বতাহজাকক কিয় চকুৰে দেখা পোৱা নাযায়? নাইবা পানীৰ কোনো নিজা ৰং কিয় নাই?—শিশুৰ এনে অবুজ আৰু নিৰ্দোষ প্ৰশ্নৰ কোনো সীমা নাই; কাৰণ সিহঁতৰ কল্পনা আৰু উৎসুকতাৰ আকাশখন আছিল দিগন্তপ্ৰসাৰী।
​হিয়াৰ শৈশৱৰ তেনেকুৱাই এটি স্মৃতিয়ে মোৰ মননশীলতাক আজিও গভীৰভাৱে অনুপ্ৰাণিত আৰু আৱেগিক কৰি তোলে। সেয়া আজিৰ পৰা প্ৰায় ১৮ বছৰ পূৰ্বৰ এটি স্নিগ্ধ সন্ধিয়াৰ কথা। চোতালত সন্ধিয়াৰ নিস্তব্ধ আকাশখনৰ তলত বহি থকাৰ মুহূৰ্ততে মোৰ কোলাত বহি ৮ বছৰীয়া কণমানি হিয়াই আকাশলৈ হাতখন তুলি হঠাতে এটি গভীৰ প্ৰশ্ন কৰিছিল— “আকাশখন দেখিবলৈ কেনেকুৱা দেউতা?” সেই তেনেই নিৰ্দোষ আৰু আকস্মিক প্ৰশ্নটোৰ বাবে মই মুঠেও প্ৰস্তুত নাছিলোঁ। এগৰাকী বিজ্ঞানৰ শিক্ষক হৈয়ো সিদিনা হিয়াৰ সেই গভীৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মই যেন এক অপ্ৰত্যাশিত বৌদ্ধিক উজুটি খালোঁ!

​কি উত্তৰ দিম বাৰু মই তাইক? কেনেকৈ এটি অবুজ শিশুক বুজাম যে চকুৰ সন্মুখত উন্মুক্ত হৈ থকা এই মন জুৰোৱা নীল বৰণীয়া আকাশখনৰ আচলতে কোনো নীলা ৰঙেই নাই! কি বুলি ক’ম যে মূৰৰ ওপৰত ‘আকাশ’ বুলি কোনো ভৌতিক চালি বা স্থায়ী আৱৰণ বুলিবলৈ একোৱেই নাই? আমি যাক আকাশ বুলি ভাবি মুগ্ধ হওঁ, সেয়া জানো কেৱল বায়ুমণ্ডলৰ পোহৰৰ বিচ্ছুৰণে সৃষ্টি কৰা এক মহাজাগতিক মায়াজাল —এক অপৰূপ ‘ইল্যুচন’ (Illusion) বা দৃষ্টিভ্ৰম ! 
এৰা, আকাশ আচলতে এক অনন্ত আৰু অসীম পৰিধি, যাক মানুহৰ সীমিত দৃষ্টি বা সাধাৰণ জ্ঞানৰ তুলাচনীৰে সহজে বন্ধা বা আনক বুজোৱা অসম্ভৱ। মোৰ নিস্পাপ ছোৱালীজনীক মই কি ভাষাৰে বুজাম যে যাৰ কোনো ৰূপ নাই, কোনো সীমা নাই, কোনো ৰঙেই নাই; সেই শূন্যতাই হ’ল আকাশ! হিয়াৰ সেই অবুজ প্ৰশ্নই সিদিনা মোৰ মনত এক গভীৰ দাৰ্শনিক আলোড়নৰ সৃষ্টি কৰিছিল। আজিও যেতিয়া মই নিশাৰ বা দিনৰ মুকলি আকাশলৈ দৃষ্টি নিক্ষেপ কৰো,  মই নিজকে একেটা প্ৰশ্নই সোধোঁ—আকাশৰ প্ৰকৃত পৰিচয়েনো বাৰু কি?
​আকাশ মোৰ আজীৱনৰ অতি প্ৰিয়। মোৰ বাবে আকাশ কেৱল এক ভৌগোলিক উপাদান নহয়; সি যেন মোৰ সমগ্ৰ সত্তাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক আজন্ম বান্ধৱ! দিনটোৰ ব্যস্ততাৰ মাজত আকাশলৈ এবাৰ মূৰ দাঙি নোচোৱাকৈ দিনটো পাৰ কৰিলে মোৰ অন্তৰখন যেন এক অবুজ শূন্যতা আৰু অস্বস্তিৰে উপচি পৰে। সূৰুযৰ পোহৰ নথকা মেঘাচ্ছন্ন, গোমা বতৰত নাইবা বাৰিষাৰ কজলা মেঘে আকাশ ওন্দোলাই আনি যেতিয়া দিনৰ পিছত দিন ধৰি চিপচিপকৈ বৰষুণ সৰি থাকে, তেতিয়া আকাশৰ সেই মৌন বিষাদ আৰু বেদনা যেন ময়ো মোৰ বুকুৰ গভীৰত সমানেই অনুভৱ কৰিবলৈ শিকিছোঁ। প্ৰকৃতিৰ সেই গভীৰ মৌনতাৰ মাজত মই যেন মোৰ নিজৰেই অন্তৰ্দ্বন্দ্বৰ প্ৰতিচ্ছবি স্পষ্টকৈ দেখিবলৈ পাওঁ।
​যিগৰাকী মানুহে আকাশক প্ৰকৃত অন্তৰেৰে ভাল পাব জানে, তেওঁহে মৰ্মে মৰ্মে বুজি পাব পাৰে যে এই মহাকাশৰ কোনো শেষ সীমা বা বন্ধ দুৱাৰ নাই। সীমাহীন আকাশৰ সেই অনন্ত ব্যাপ্তিয়ে আমাক অহৰহ সোঁৱৰাই যায় যে আমাৰ এই সুন্দৰ পৃথিৱীখনৰ বাহিৰতো, মহাকাশৰ চৌদিশে অনন্ত-অসীম বিস্তৃত হৈ আছে এক কল্পনাতীত ৰহস্যময় জগত। সেই অসীমতাৰ বুকুত লুকাই আছে অজস্ৰ অনাৱিষ্কৃত তাৰকাৰাজ্য, নিস্তব্ধ নীহাৰিকা আৰু মানুহৰ চিন্তাৰো অতীত এক অনন্ত মহাজাগতিক বিশালতা। মূৰৰ ওপৰৰ সেই নিৰৱ আৰু সুগভীৰ আকাশখনে যেন নিস্তব্ধ ক্ষণত কানে কানে আমাক চিৰন্তন পাঠ এটি পঢ়াই যায়হি—“চোৱা আৰু তোমাৰ সমগ্ৰ সত্তাৰে অনুভৱ কৰা মোৰ এই অপৰিসীম বিশালতা! মোৰ এই অনন্ত মহাজাগতিক ব্যাপ্তিৰ তুলনাত ধূলিকণাৰ দৰে এই পৃথিৱীৰ বুকুত তুমি আৰু তোমাৰ অস্তিত্ব যে কিমান ক্ষুদ্ৰ, কিমান নগণ্য!”

​হয়, আকাশৰ এই বিশালতাই নিমিষতে এজন মানুহৰ অন্তৰৰ পৰা অহংকাৰ, আত্মগৌৰৱ আৰু সংকীৰ্ণতাৰ সমগ্ৰ কদৰ্য মলিনতা ধুই-মচি পৰিষ্কাৰ কৰি পেলাব পাৰে। আকাশৰ বুকুত নিজকে বিসৰ্জন দিলেই মানুহে আচলতে উপলব্ধি কৰিব পাৰে নিজৰ প্ৰকৃত মানৱীয় বিনম্ৰতা আৰু জীৱনৰ গভীৰতম সত্যক। 

নিৰাশাৰ ঘোৰ অন্ধকাৰতো এই আকাশখনেই আশাৰ সঞ্জীৱনী সুধা ঢালি আমাক প্ৰতিটো পলত হাঁহিমুখে জীয়াই থাকিবলৈ গভীৰ প্ৰেৰণা যোগায়। নিৰৱে মূৰৰ ওপৰত থিয় হৈ থকা এই নীলা চাদৰখনে মানুহক জীৱন-যুদ্ধত শিকাই যায় ধৈৰ্য, অপৰাজেয় সাহস আৰু আত্মসংযমৰ আদিপাঠ।যেতিয়াই আমি দৈনন্দিন জীৱনৰ সীমাবদ্ধ, ক্ষণভঙ্গুৰ আৰু দৃশ্যমান জাগতিক বস্তুবোৰৰ মায়া আৰু অহংকাৰত নিজৰ বিবেক তথা সত্তাক হেৰুৱাই পেলাওঁ, ঠিক তেতিয়াই আমি এবাৰ আকাশলৈ মূৰ দাঙি চোৱা উচিত। তেতিয়াই হৃদয়ংগম হয় যে—আমি ধূলিসদৃশ ক্ষুদ্ৰাকৃতিৰ মানুহবোৰে কিমান এক সীমাহীন, অনন্ত মহাজগতৰ বুকুত বাস কৰি সময়ৰ অদৃশ্য সোঁতৰ লগে লগে অহৰহ আগবাঢ়ি গৈ আছোঁ অন্তহীন ভৱিষ্যতৰ এক নিৰ্দিষ্ট আৰু অনিবাৰ্য বিন্দুলৈ!

​সেই ক্ষণিক আৰু নিৰ্দিষ্ট সময়খিনিয়েই আচলতে আমাৰ এই নশ্বৰ জীৱন। প্ৰকৃতিৰ কি অপূৰ্ব মহিমা—যিখন আকাশৰ কোনো নিজা বৰণ নাই, সেই বৰণহীন আকাশখনেই মানুহৰ সমগ্ৰ জীৱনটোক হাজাৰটা ৰঙেৰে ৰঙীন আৰু অৰ্থপূৰ্ণ কৰি তুলিব পাৰে।
​সিদিনা সন্ধিয়া মোৰ কোলাত বহি থকা সেই নিষ্পাপ ছোৱালীজনীৰ মূৰত মৰমেৰে হাত বুলাই মই অতি আলফুলে কৈছিলোঁ— “হিয়া, আকাশখন দেখিবলৈ আচলতে কেনেকুৱা জানা? তুমি তোমাৰ কোমল হৃদয়েৰে যেনেদৰে কল্পনা কৰা, আকাশখনে ঠিক তেনেদৰেই তোমাৰ ওচৰত নিজকে ধৰা দিবহি! সেয়ে আহা, আমি প্ৰথমে আকাশখনক মনে-প্ৰাণে ভাল পাবলৈ শিকোঁ। আমি ভাল পালে আকাশখনেও এদিন আমাক নিবিড়ভাৱে ভাল পাব। তাৰ পিছত তুমি এদিন নিজেই ডাঙৰ হৈ আকাশক সুধি ল’বা—‘আকাশ, তুমি বাৰু কেনেকুৱা?’ মই বুজিব পৰা নাছিলো,  সিদিনা মোৰ সেই আশ্বস্তবাণীয়ে কণমানি হিয়াৰ চকুত সিঁচি দিব পাৰিছিল নে কল্পনাৰ এক অপৰিসীম আকাশ।
​সময়ৰ নদীখনে নিজৰ অলক্ষিতে কেইবাখনো নতুন ঘাট পাৰ হৈ গ’ল। সেই কণমানি ৮ বছৰীয়া হিয়া একলা-দুকলাকৈ বাঢ়ি এদিন আত্মপ্ৰত্যয়ী যুৱতীলৈ ৰূপান্তৰিত হ’ল। ডাঙৰ হোৱাৰ পিছত বাস্তৱ জীৱনৰ ব্যস্ততাৰ মাজত তাই আকাশৰ কাষলৈ গৈ সেই বহুদিনীয়া পুৰণি প্ৰশ্নটো সুধিলে নে নাই—সেই কথাটো কিন্তু তাইক সোধা নহ’ল, জনাও নহ’ল। কিন্তু এটা কথা মই স্পষ্টকৈ দেখিবলৈ পালোঁ—আকাশৰ সেই উদাৰতা আৰু কৌতূহলক অন্তৰত সাৱটি লৈয়েই এদিন মোৰ মৰমৰ হিয়াই নিজৰ ডেউকা দুখন বহলকৈ মেলি দিলে। উচ্চ শিক্ষাৰ বিশাল দিগন্ত আৰু নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ সন্ধানত তাই এদিন উৰা মাৰিলে দূৰণিৰ তথ্য-প্ৰযুক্তিৰ মহানগৰী বাংগালোৰলৈ। বাংগালোৰৰ সেই নতুন আকাশৰ তলত তাই আৰম্ভ কৰিলে উচ্চ বিদ্যায়তনিক সাধনা আৰু পেছাগত কৰ্মজীৱনৰ এক স্বাভিমানী, নতুন আৰু সমৃদ্ধিশালী সোণালী অধ্যায়। 


খণ্ড - ৮
প্ৰযুক্তি আৰু বৈজ্ঞানিক সাক্ষৰতাৰ নতুন প্ৰভাত

টংলাৰ মাটি আৰু বতাহত তেতিয়া নতুন প্ৰজন্মৰ পদধ্বনি।  মহাবিদ্যালয় আৰু বিদ্যালয়ৰ সেই তৰুণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিবিড়ভাৱে কাম কৰি থাকোঁতে মোৰ হৃদয়ত প্ৰায়েই এটি কথাই দকৈ শিপাইছিল—এই অঞ্চলটোৰ নতুন প্ৰজন্মৰ মাজত প্ৰতিভাৰ কোনো অভাৱ নাছিল। অভাৱ যদি ক’ৰবাত আছিল, সেয়া আছিল কেৱল উপযুক্ত এক মুকলি মঞ্চ আৰু এখন সঠিক নিৰ্দেশনাৰ হাতৰ। বিজ্ঞান কেৱল পাঠ্যপুথিৰ পৃষ্ঠাবোৰত অথবা পৰীক্ষাৰ বহীত উত্তৰ লিখাৰ মাজত আৱদ্ধ হৈ থাকিব নোৱাৰে। বিজ্ঞানক সমগ্ৰ সত্তাৰে অনুভৱ কৰিব লাগিব, চৌপাশৰ প্ৰতিটো পৰিঘটনাক লৈ প্ৰশ্ন কৰিবলৈ শিকিব লাগিব, আৰু নিজৰ কোমল হাতেৰে কিবা এটা সাজি উলিয়াবলৈ সাহস কৰিব লাগিব। সিহঁতে ভুল কৰক, প্ৰচেষ্টা বিফল হওক, আৰু সেই বিফলতাৰ মাজৰ পৰাই পুনৰ নতুনকৈ চেষ্টা কৰিবলৈ শিকক! এই গভীৰ ভাবনাই মোক গতানুগতিক শ্ৰেণীকোঠাৰ শিক্ষকতাৰ গণ্ডীৰ পৰা উলিয়াই আনি বিজ্ঞানভিত্তিক বাস্তৱমুখী কাৰ্যকলাপৰ এক নতুন আৰু বৈচিত্ৰ্যময় জগতলৈ লৈ গ’ল।

​সেয়া আছিল ১৯৯৯ চনৰ কথা। মোৰ সহকৰ্মীসকলৰ আন্তৰিক সহযোগিতাত আমি প্ৰথমে টংলা মহাবিদ্যালয়ত আৰু তাৰ ঠিক পিছতেই TEMHSতো এক বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰিলোঁ। আৰম্ভণিতে মোৰ মনত মৃদু সংশয় আছিল — ছাত্ৰ-ছাত্ৰীসকলে বাৰু কিমানখিনি স্বতঃস্ফূৰ্ত সঁহাৰি জনাব? কিন্তু প্ৰদৰ্শনীৰ সেই নিৰ্দিষ্ট দিনটোত চৌহদত যি অপূৰ্ব দৃশ্য উন্মোচিত হ’ল, সেয়া আছিল মোৰ কল্পনাৰো অতীত! ছাত্ৰ-ছাত্ৰীসকলৰ দুচকুত জিলিকি উঠিছিল অপাৰ উৎসাহ আৰু সৃষ্টিশীলতাৰ নতুন চমক। নিজ হাতেৰে নিৰ্মাণ কৰা বিজ্ঞানৰ নানাৰঙী মডেলবোৰৰ কাষত থিয় হৈ তেওঁলোকে অহা-যোৱা প্ৰতিগৰাকী দৰ্শকক অতি আগ্ৰহেৰে নিজৰ সৃষ্টিসমূহ বুজাই দিছিল। কোনোবাই যদি সৌৰশক্তিৰ ব্যৱহাৰেৰে ভৱিষ্যতৰ শক্তি সংকট দূৰ কৰাৰ পথ দেখুৱাইছে, কোনোবাই আকৌ স্থানীয় পদ্ধতিৰে পানী পৰিশোধনৰ অভিনৱ বিকল্প আৰ্হি দাঙি ধৰিছে। কোনোবা চঞ্চল ছাত্ৰই সাজি উলিয়াইছে ৰে’ল দুৰ্ঘটনা ৰোধ কৰিব পৰা স্বয়ংক্ৰিয় ৰেলৱে গে’টৰ আৰ্হি, আন কোনোবাই আকৌ প্ৰদৰ্শন কৰিছে অপচয় ৰোধ কৰি শক্তি সঞ্চয় কৰাৰ বৈজ্ঞানিক কৌশল।

​আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত সেইবোৰ হয়তো অতি সাধাৰণ কাঠ আৰু কাগজৰ সঁজুলি যেন লাগিব পাৰে; কিন্তু মোৰ দৃষ্টিত সেই সৰু সৰু আৰ্হিবোৰৰ অন্তৰালতেই লুকাই আছিল ভৱিষ্যতৰ একো একোটা বিপ্লৱী সম্ভাৱনাৰ সোণালী আৰম্ভণি! বিজ্ঞানৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ সদায় বিলাসী গৱেষণাগাৰৰ প্ৰয়োজন নহয়; তাৰ বাবে কেৱল প্ৰয়োজন এটি নিষ্পাপ মনত জাগ্ৰত হোৱা ‘কিয়’ নামৰ প্ৰশ্নটো, আৰু সেই প্ৰশ্নটো শিক্ষকক সাহসেৰে সুধিব পৰা এজন নিৰ্ভীক শিক্ষাৰ্থী। মই কেৱল শ্ৰেণীকোঠাৰ চাৰিবেৰত পাঠদান কৰা এজন বেতনভোগী শিক্ষক হৈ ৰ’ব বিচৰা নাছিলোঁ; মোৰ হেঁপাহ আছিল—মোৰ ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ সীমা অতিক্ৰমি মুকলি আকাশৰ বিশালতালৈ চাওক, তৰাবোৰক চিনি লওক, নিজকে অহৰহ প্ৰশ্ন কৰক আৰু নিজেই সেই প্ৰশ্নৰ উত্তৰ সন্ধান কৰি সত্যৰ সন্ধান পাওক।
​এখন সমাজ বা জাতিক প্ৰগতি আৰু আধুনিকতাৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা চিৰকাল অপৰিসীম। এই পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী কৰি গঢ়ি তোলাৰ আদিম তাড়নাত আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ডক উন্নত কৰাৰ অহৰহ সংগ্ৰামত আমাৰ চৌপাশৰ অজস্ৰ সমস্যাৰ ত্ৰাণকৰ্তা হিচাপেই জন্ম হৈছিল প্ৰযুক্তিবিদ্যাৰ। যদিও বুৰঞ্জীৰ পাত লুটিয়ালে আমি দেখিবলৈ পাওঁ যে আৱিষ্কৃত সকলোবোৰ প্ৰযুক্তিয়েই মানৱজাতিৰ বাবে সদায় কল্যাণকামী বা অহিংস নাছিল, তথাপিও প্ৰযুক্তি আৰু বিজ্ঞানক অস্বীকাৰ কৰি আধুনিক যুগত এটা ক্ষণো জীয়াই থকাটো অসম্ভৱ। আজিৰ ভৱিষ্যতৰ চৰম প্ৰতিযোগিতামূলক পৃথিৱীত নিজৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষা কৰি টিকি থাকিবলৈ হ’লে এটা সমগ্ৰ জাতিক বৈজ্ঞানিকভাৱে সাক্ষৰ কৰি তোলাটো এক অপৰিহাৰ্য জাতীয় দায়িত্ব। যিখন দেশে বিজ্ঞান শিক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু নিজৰ নৱপ্ৰজন্মক বিজ্ঞানৰ সাধনাৰ বাবে আন্তৰিকভাৱে উদ্বুদ্ধ কৰে, সেইখন দেশেই সমগ্ৰ বিশ্বৰ ভৱিষ্যত নিৰ্ণয়ৰ ক্ষেত্ৰত মাৰ্গদৰ্শক হৈ পৰে। কাৰণ বিজ্ঞানেই এখন দেশৰ সৰ্বাঙ্গীন উন্নয়নৰ প্ৰকৃত ভেটি আৰু পৰিকাঠামো নিৰ্মাণ কৰে। সেইবাবেই ভৱিষ্যত প্ৰজন্মক এক সুপৰিকল্পিত আৰু সুস্থ বিজ্ঞান শিক্ষাৰে গঢ়ি তোলাটো সমাজৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ কৰ্তব্য।

​কিন্তু বিজ্ঞানৰ সাৰ্থক শিক্ষাদান কোনো সহজসাধ্য যান্ত্ৰিক কাম নহয়। তাৰ বাবে শ্ৰেণীকোঠাত প্ৰয়োজন একোগৰাকী প্ৰকৃত আৰু সাৰ্থক বিজ্ঞান শিক্ষকৰ। এগৰাকী আদৰ্শ বিজ্ঞান শিক্ষকৰ ব্যক্তিত্ব আৰু শিক্ষণ-শৈলীত দুটা বিশেষ গুণৰ অপূৰ্ব সংমিশ্ৰণ ঘটিব লাগিব—প্ৰথমটো হ’ল ছাত্ৰ-ছাত্ৰীৰ অন্তৰত বিজ্ঞান শিক্ষাৰ প্ৰতি গভীৰ প্ৰেম আৰু অপৰিসীম আগ্ৰহৰ সঞ্চাৰ কৰা, আৰু দ্বিতীয়টো হ’ল বিজ্ঞানৰ অতি জটিল, দুৰ্বোধ্য তত্ত্বসমূহক তেওঁলোকৰ সন্মুখত নিৰ্মল পানীৰ দৰে অতি সহজ আৰু সাৱলীলভাৱে উপস্থাপন কৰা।

​এই দুয়োটা দিশ এটা আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। শিক্ষকে যদি জটিল বিষয়বোৰ সহজ আৰু আকৰ্ষণীয়ভাৱে বুজাব নোৱাৰে, তেন্তে শিক্ষাৰ্থীৰ মনত বিষয়টোৰ প্ৰতি ভীতিৰ সৃষ্টি হয় আৰু অনুপ্ৰেৰণা মৰি যায়; আনহাতে শিক্ষাৰ্থীৰ অন্তৰত যদি আগ্ৰহেই জাগ্ৰত নহয়, তেন্তে কোনো শিক্ষাদানেই কেতিয়াও ফলপ্ৰসূ হ’ব নোৱাৰে। এই চিৰন্তন সমস্যাক জয় কৰাৰ একমাত্ৰ সোণালী চাবি-কাঠিটোৱেই হ’ল বিজ্ঞান শিক্ষণৰ সুকুমাৰ কলা—অৰ্থাৎ “দ্য আৰ্ট অফ টিচিং ছায়েন্স” (The Art of Teaching Science)!

​এজন ছাত্ৰই প্ৰধানকৈ দেখি, শুনি, স্পৰ্শ কৰি, অনুভৱ কৰি আৰু মনৰ চকুৰে কল্পনা কৰিয়েই জ্ঞান আহৰণ কৰে—অৰ্থাৎ সি তাৰ ‘ছেঞ্চ অৰ্গেন’ বা ইন্দ্ৰিয়সমূহক সক্ৰিয়ভাৱে ব্যৱহাৰ কৰে। কোনটো ইন্দ্ৰিয় কাৰ ক্ষেত্ৰত কিমান গভীৰভাৱে কাৰ্যকৰী, সেয়া ব্যক্তিভেদে সুকীয়া হ’ব পাৰে। কিন্তু যদি শিক্ষণৰ বিষয়বস্তুটো ইমানেই সূক্ষ্মাতিক্ষুদ্ৰ হয় যাক কোনো সাধাৰণ চকুৰে দেখা পোৱা নাযায়—যেনে পৰমাণুৰ ভিতৰৰ ইলেক্ট্ৰন বা প্ৰটন; নাইবা বিষয়বস্তুৰ শব্দটো ইমানেই সূক্ষ্ম যাক সাধাৰণ কাণেৰে শুনা নাযায়—যেনে অৱশব্দ (Infrasound) বা অতিশব্দ (Ultrasound); অথবা মহাজাগতিক ব্যাপ্তি ইমানেই আলোকবৰ্ষ দূৰৰ যে তাৰ ভৌতিক অৱস্থিতিক সাধাৰণ দৃষ্টিৰে ঢুকি পোৱা নাযায়—তেন্তে তেনে সন্ধিক্ষণত এগৰাকী শিক্ষকৰ দায়িত্ব কি হ’ব পাৰে? বিজ্ঞ মনিষীসকলৰ মতে, ঠিক তেনে সময়তেই এগৰাকী বিজ্ঞান শিক্ষকৰ প্ৰধান আৰু পৱিত্ৰ কৰ্তব্য হৈ পৰে শিক্ষাৰ্থীৰ অন্তৰ্নিহিত ‘কল্পনাশক্তিক’ (Imagination) মন্ত্ৰমুগ্ধভাৱে জাগ্ৰত কৰি তোলা!
এগৰাকী শিক্ষকে যেতিয়া এটি জটিল বিষয় শ্ৰেণীৰ সন্মুখত উপস্থাপন কৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কল্পনাৰ তুলিকাৰে মনৰ ভিতৰত বিষয়টোৰ একো একোটি অদৃশ্য মানসিক প্ৰতিচ্ছবি বা মডেল (Mental Model) নিৰ্মাণ কৰি লয়। সেই মানসিক আৰ্হিটো শিক্ষাৰ্থীজনে কিমান সাৰ্থক, নিখুঁত আৰু বাস্তৱসন্মতভাৱে নিজৰ মনত গঢ়ি তুলিব পাৰিব—সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে শিক্ষকজনৰ শিক্ষণ পদ্ধতি আৰু ছাত্ৰজনৰ প্ৰাণৱন্ত কল্পনাশক্তিৰ উন্মেষৰ ওপৰতহে। যিগৰাকী শিক্ষকে ছাত্ৰৰ সেই মননশীল কল্পনাক জাগ্ৰত কৰি সত্যৰ সন্ধান দিব পাৰে, তেৱেঁই আচলতে এই সমাজৰ প্ৰকৃত সাৰ্থক বিজ্ঞান শিক্ষক। 

বিজ্ঞান শিক্ষাদান আচলতে কোনো নীৰস বা যান্ত্ৰিক অনুশীলন নহয়; ই হ’ল এক অপূৰ্ব মেজিক বা যাদুকৰী কৌশলৰ দৰে সুকুমাৰ কলা। এগৰাকী নিপুণ যাদুকৰে যেনেকৈ হাতৰ ক্ষিপ্ৰ সঞ্চালন আৰু কৌশলেৰে দৰ্শকৰ মন মুহূৰ্ততে জয় কৰি লয়, ঠিক তেনেকৈ এগৰাকী বিজ্ঞ শিক্ষকেও যেতিয়া বিজ্ঞানৰ নিগূঢ় বিষয়বস্তুক শ্ৰেণীত মন্ত্ৰমুগ্ধভাৱে উপস্থাপন কৰিব পাৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীসকল স্বতঃস্ফূৰ্তভাৱেই সেই বিষয়টোৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে।

​জ্ঞানৰ সেই অপূৰ্ব ধাৰণাটো মনৰ ভিতৰত স্পষ্টকৈ গঢ় লৈ উঠাৰ পিছত তেওঁলোকৰ সমগ্ৰ সত্তা এক অনাবিল শিহৰণ আৰু আনন্দেৰে ৰোমাঞ্চিত হৈ উঠে। আৰু ঠিক সেই ক্ষণতেই এজন নিষ্পাপ শিক্ষাৰ্থীৰ অন্তৰত অলেখ যৌক্তিক প্ৰশ্নৰ জোৱাৰ উঠে—“কিয়?”, “কি?”, “কেনেকৈ?” ছাত্ৰ-ছাত্ৰীৰ সুপ্ত মনত এনে গভীৰ কৌতূহল আৰু জানিব বিচৰাৰ হেঁপাহ সৃষ্টি কৰাব পৰাটোৱেই হ’ল এগৰাকী সাৰ্থক শিক্ষকৰ প্ৰধান লক্ষণ। প্ৰকৃতিৰ কোনো এটা বিশেষ পৰিঘটনাৰ প্ৰতি শিক্ষাৰ্থীক কৌতূহলী কৰি তোলা, নাইবা মনত অহৰহ খুন্দিয়া থকা এটা অচিনাকি বিষয়ৰ উত্তৰ বিচাৰি পাবলৈ বৈজ্ঞানিক অনুসন্ধানৰ সঠিক পদ্ধতিটো দেখুৱাই দিয়া—যিগৰাকী শিক্ষকে নিজৰ ছাত্ৰ-ছাত্ৰীক এই সত্যৰ সন্ধানৰ বাটটো নিপুণভাৱে শিকাব পাৰিছে, তেখেতেই আচলতে শিক্ষাৰ জগতখনৰ এগৰাকী প্ৰকৃত আৰু সফল গুৰু।

​এগৰাকী শিক্ষকৰ আন এটা সৰ্বাধিক গুৰুত্বপূৰ্ণ দায়িত্ব হ’ল—নিজৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক কেৱল পৰীক্ষাৰ্থী হিচাপে নহয়, বৰং এক সুদৃঢ় ‘বিজ্ঞান মানসিকতা’ৰে (Scientific Temperament) গঢ় দি তোলা। যিগৰাকী ছাত্ৰ বা ছাত্ৰী বৈজ্ঞানিক যুক্তিবাদেৰে প্ৰতিপালিত হয়, তেওঁ কেৱল কিতাপৰ পৃষ্ঠাতে আবদ্ধ নাথাকি নিজৰ চৌপাশৰ প্ৰকৃতি, সমাজ আৰু পৰিৱেশৰ প্ৰতিটো উপাদানৰ পৰা নিৰন্তৰ জ্ঞান আহৰণ কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে আগ্ৰহী হৈ পৰে। তেওঁলোকে বিজ্ঞান সম্পৰ্কীয় যিকোনো গভীৰ বিষয়ৰ আলোচনাত আত্মবিশ্বাসেৰে আৰু যুক্তিনিষ্ঠভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। সবাতোকৈ ডাঙৰ কথা—এনে শিক্ষাৰ্থীয়ে সমাজ বা জীৱনৰ যিকোনো সমস্যা চিনাক্ত কৰি, কোনো অন্ধবিশ্বাস বা অন্ধ আৱেগৰ বশৱৰ্তী নোহোৱাকৈ, নিৰপেক্ষ অনুসন্ধান আৰু বাস্তৱ প্ৰমাণৰ ভিত্তিতহে যুক্তিপূৰ্ণ সিদ্ধান্ত ল’ব পৰাকৈ পাৰ্গত আৰু বিবেকবান হৈ উঠে।
​শ্ৰেণীকোঠাত বিজ্ঞানৰ বিষয়বস্তু উপস্থাপন কৰাৰ বেলিকা এগৰাকী শিক্ষকে সদায় বাস্তৱতা আৰু দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাটো অপৰিহাৰ্য। পাঠদান যেতিয়া বাস্তৱ জীৱনৰ উদাহৰণ লৈ কৰা হয়, তেতিয়া এগৰাকী শিক্ষাৰ্থীয়ে দুটা যুগান্তকাৰী সুবিধা লাভ কৰে: তাৰ ভিতৰত প্ৰথমতো হ'ল পাঠ্যপুথিৰ জটিল আৰু নিৰস সূত্ৰসমূহৰ লগত নিজৰ বাস্তৱ জীৱনৰ এক নিবিড় আৰু অৰ্থপূৰ্ণ সম্পৃক্ততা গঢ় লৈ উঠে। তেওঁলোকে বুজি পায় যে বিজ্ঞান কোনো আকাশী কুসুম নহয়, বৰং সি প্ৰতিটো মুহূৰ্ততেই আমাৰ ঘৰখন আৰু চৌপাশতেই ঘটি আছে। আৰু দ্বিতীয়তে, বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ হোৱাৰ সুবাদত তেওঁলোকে জীৱনৰ যিকোনো জটিল পৰিঘটনা আৰু প্ৰত্যাহ্বানক যুক্তিসংগতভাৱে চালি-জাৰি বিশ্লেষণ কৰাৰ অপৰিসীম মানসিক যোগ্যতা অৰ্জন কৰে।
​ভৱিষ্যত প্ৰজন্মক অন্ধকাৰ আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সত্য আৰু প্ৰগতিৰ সঠিক পথেৰে পৰিচালিত কৰা, তেওঁলোকৰ অন্তৰত বিজ্ঞানমনস্কতাৰ অমল জ্যোতি প্ৰজ্বলিত কৰা, আৰু আমাৰ দেশ তথা জাতিৰ স্বাৰ্থত ভৱিষ্যতৰ একো একোজন দূৰদৰ্শী বৈজ্ঞানিক আৰু চিন্তাবিদ সৃষ্টি কৰাৰ এই গুৰুদায়িত্ব কান্ধত তুলি লৈ শ্ৰেণীকোঠাৰ পৱিত্ৰ বেদীত প্ৰৱেশ কৰাটোৱেই প্ৰতিগৰাকী বিজ্ঞান শিক্ষকৰ সৰ্বোচ্চ আৰু আজীৱন নৈতিক দায়বদ্ধতা।
​সেই সংকল্পক বুকুত লৈয়েই মই মোৰ শ্ৰেণীকোঠাৰ প্ৰতিটো মুহূৰ্তক কেৱল শিক্ষাদানৰ বাবে নহয়, মানুহ গঢ়াৰ এক নীৰৱ তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ অহৰহ ব্ৰতী হৈছিলোঁ। 

সেয়া আছিল ২০০৫ চনৰ ছেপ্টেম্বৰ মাহ। টংলা চহৰৰ কেইগৰাকীমান উদ্যমী, স্বপ্নদ্ৰষ্টা আৰু আলোকসন্ধানী যুৱশিক্ষাবিদ এদিন মোৰ ওচৰলৈ আহিল। তেওঁলোকৰ দুচকুত জিলিকি আছিল এক উজ্জ্বল প্ৰত্যাশা আৰু বুকুত আছিল এটি অনুপম সপোন—টংলাৰ বুকুত এক নতুন চিন্তাধাৰাৰে এখন উন্নতমানৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি তোলাৰ সপোন। সপোনটো প্ৰাথমিকভাৱে তেওঁলোকৰেই আছিল, কিন্তু সেই সপোনৰ ভেটি নিৰ্মাণৰ বাবে তেওঁলোকে মোকো সেই পৱিত্ৰ যাত্ৰাত একাত্ম হৈ সংগী হ’বলৈ আন্তৰিক আহ্বান জনালে। মই তেওঁলোকৰ প্ৰতিটো কথা গভীৰভাৱে শুনিলোঁ। মোৰ মনৰ ভিতৰচ’ৰাত এটা কথাই বাৰে বাৰে প্ৰতিধ্বনিত হ’ল—এখন নতুন বিদ্যালয় আৰম্ভ কৰাটো কেতিয়াও কোনো সাধাৰণ বা সহজ কথা নহয়। বিদ্যালয় মানে কেৱল চিমেণ্ট-ইটাৰ এটি ঘৰ নহয়, কেইখনমান বন্ধ শ্ৰেণীকোঠা নহয়, ক’লা ব্লেকব’ৰ্ড নাইবা কাঠৰ কিছুমান বেঞ্চ-ডেস্কৰ সমাহাৰো নহয়।

​বিদ্যালয় মানে হ’ল—হাজাৰটা নিষ্পাপ সৰু সৰু সপোনক একেডাল সুতাৰে গাঁথি লৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা এখন সুবিশাল আৰু স্বতন্ত্ৰ পৃথিৱী! য’ত অহৰহ স্পন্দিত হৈ থাকে এটি কোমলমতি ছাত্ৰৰ অন্তহীন সপোন, এগৰাকী অভিভাৱকৰ বুকুত সাঁচি ৰখা আজীৱন আশা, আৰু এগৰাকী নিবেদিতপ্ৰাণ শিক্ষাগুৰুৰ পৱিত্ৰ দায়িত্ববোধ। এই সকলোবোৰ মানৱীয় উপাদানক বুকুত সাৱটি লৈ এখন নতুন শিক্ষানুষ্ঠানৰ নিজস্ব পৰিচয় গঢ়ি তোলাটো আছিল এক চৰম প্ৰত্যাহ্বানজনক সাধনা। তথাপিও, সেই যুৱশিক্ষাবিদসকলৰ চকুত দেখা পোৱা সততা আৰু নিষ্ঠাৰ প্ৰতি গভীৰ বিশ্বাস ৰাখি মই তেওঁলোকৰ প্ৰস্তাৱ সগৌৰৱে গ্ৰহণ কৰিলোঁ। সেই মুহূৰ্তত হয়তো আমাৰ কোনেও কল্পনাই কৰা নাছিল যে—টংলাৰ মাটিত ৰোপণ কৰা এই সৰু বীজটোৱেই এদিন এক বিশাল আৰু মহীৰূহ ৰূপ ধাৰণ কৰিব।
​ক্ৰমান্বয়ে আহি পালেহি ২০০৬ চনৰ জানুৱাৰী মাহ। কুঁৱলী ফালি নতুন সূৰুযৰ পোহৰ অহাৰ দৰেই মাত্ৰ ২১৫ গৰাকী শিক্ষাৰ্থীক লৈ টংলাৰ মাটিত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিল আমাৰ সপোনৰ শিক্ষানুষ্ঠান—“অৰুণোদয় একাডেমী”। যেতিয়া অতীতলৈ ঘূৰি চাওঁ, সেই ‘২১৫’ সংখ্যাটো হয়তো আজিৰ বিশাল পটভূমিত তেনেই ক্ষুদ্ৰ যেন লাগিব পাৰে; কিন্তু আৰম্ভণিৰ সেই সংগ্ৰামী দিনবোৰত সেই ২১৫ গৰাকী কোমল মনৰ  ছাত্ৰ-ছাত্ৰীয়েই আছিল আমাৰ সমগ্ৰ অস্তিত্ব, আমাৰ সাধনা আৰু আমাৰ এখন পৰিপূৰ্ণ জীৱন্ত পৃথিৱী!

​বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকলৰ প্ৰত্যেকৰে আছিল একোটা নিজস্ব সুকীয়া নাম, নিজস্ব পৰিয়াল, আৰু ব্যক্তিগত সুখ-দুখৰ কাহিনী। কিন্তু সেই সকলো বৈচিত্ৰ্যৰ উৰ্ধত তেওঁলোক সকলোৰে অন্তৰত একাত্ম হৈ আছিল এটি উমৈহতীয়া আশা আৰু ভৱিষ্যতৰ এক অনুপম অদৃশ্য ছবি। বিদ্যালয়খনৰ আৰম্ভণিৰ দিনবোৰ তেনেই মসৃণ বা কুসুম-কোমল নাছিল। এখন নতুন শিক্ষানুষ্ঠানক সমাজৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় উপাদাটো কেৱল প্ৰচুৰ ধন বা বিলাসী আন্তঃগাঁথনি নহয়; বৰং তাৰ মূল চালিকাশক্তিটো হ’ল—মানুহৰ অন্তৰৰ নিভাঁজ বিশ্বাস! অভিভাৱকসকলে অন্তৰৰ পৰা বিশ্বাস কৰিব পাৰিব লাগিব যে তেওঁলোকে নিজৰ কলিজাৰ টুকুৰা সন্তানটিক যিখন বিদ্যালয়ত গতাই দিছে, সেই পৱিত্ৰ স্থানখনে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত নিৰাপদ আৰু উজ্জ্বল কৰি গঢ়াত পথ প্ৰদৰ্শক হ’ব। ছাত্ৰ-ছাত্ৰীসকলে অন্তৰত বিশ্বাস অনুভৱ কৰিব পাৰিব লাগিব যে এই বিদ্যালয়খন কেৱল পৰীক্ষাত কেইটামান নম্বৰ পোৱাৰ যন্ত্ৰ নহয়, বৰং বিদ্যালয়খন তেওঁলোকৰ জীৱন গঢ়াৰ এখন মুক্ত আশ্ৰয়স্থল হ'ব। শিক্ষাগুৰুসকলে উপলব্ধি কৰিব লাগিব যে তেওঁলোকৰ প্ৰতিটো দিনৰ পৰিশ্ৰম আৰু ঘামৰ টোপালৰ অন্তৰালত লুকাই আছে সমাজ গঢ়াৰ এক সুদূৰপ্ৰসাৰী মহৎ অৰ্থ।

​অৰুণোদয়ৰ সেই আদি কালছোৱাত এই পৱিত্ৰ বিশ্বাসটোৱেই প্ৰতিটো দিনৰ সংগ্ৰামৰ মাজেৰে ধীৰে ধীৰে আৰু অতি সুদৃঢ়ভাৱে গঢ় লৈ উঠিছিল। শ্ৰেণীকোঠাবোৰত প্ৰাণৱন্ত পাঠদান চলিছিল। শিক্ষাগুৰুসকলে নিজৰ সমস্ত হৃদয় ঢালি দায়িত্ব পালন কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলেও অপাৰ আনন্দেৰে নতুন পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লৈছিল। আৰু এনেদৰেই এখন বিদ্যালয়ৰ চাৰিবেৰৰ ভিতৰত অদৃশ্যভাৱে জন্ম ল’বলৈ ধৰিলে এক বিৰল শৈক্ষিক সংস্কৃতি—শিক্ষাক কেৱল কিতাপৰ সীমাবদ্ধ পৃষ্ঠাত আৱদ্ধ কৰি নৰখাৰ এক মুক্ত সংস্কৃতি!
​মোৰ মননশীলতাত এটা কথা ইতিমধ্যে অতি স্পষ্ট আৰু দৃঢ় হৈ পৰিছিল—বিজ্ঞানক কেতিয়াও পাঠ্যপুথিৰ এটা গতানুগতিক বিষয় হিচাপে মুখস্থ কৰাই শেষ কৰিব নোৱাৰি। এজন ছাত্ৰই যদি বিজ্ঞানৰ কঠিন অধ্যায়টো নিখুঁতভাৱে মুখস্থ কৰি পৰীক্ষাত এশ শতাংশ নম্বৰো পায়, অথচ বাস্তৱ জীৱনত কোনো সৃষ্টিশীল চিন্তা কৰিব নোৱাৰে, তেন্তে সেয়া কোনো কালেই শুভ লক্ষণ হ’ব নোৱাৰে। কিন্তু যদি সেই একেজন ছাত্ৰই বাটৰ কাষেৰে গৈ থকা অৱস্থাত কোনো এটা সাধাৰণ প্ৰাকৃতিক পৰিঘটনা দেখি থমকি ৰয় আৰু অন্তৰৰ পৰা কৌতূহলেৰে সুধি উঠে—“কিয়?”, তেন্তে জানিব লাগিব যে তাতেই আচলতে প্ৰকৃত বিজ্ঞান আৰু জ্ঞানান্বেষণৰ বীজ ৰোপিত হৈছে! সেয়েহে আমি অৰুণোদয়ত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিজ্ঞানভিত্তিক বাস্তৱমুখী কাৰ্যকলাপৰ সৈতে ওতপ্ৰোতভাৱে জড়িত কৰাৰ এক নিৰন্তৰ প্ৰচেষ্টা আৰম্ভ কৰিলোঁ।

​প্ৰথমে শ্ৰেণীকোঠাৰ সৰু সৰু পৰীক্ষা-নিৰীক্ষা, তাৰ পিছত বিদ্যালয় পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী, তাৰ পিছত গৱেষণামূলক প্ৰকল্প, আৰু ক্ৰমে জিলা তথা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা সমূহত যোগদান। লাহে লাহে সমগ্ৰ বিদ্যালয়খনৰ শৈক্ষিক বাতাৱৰণটোৱে বিজ্ঞানমনস্কতাৰ এক স্বতন্ত্ৰ আৰু সজীৱ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে। মই নিজেও ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান প্ৰকল্পসমূহৰ প্ৰস্তুতিৰ সৈতে অতি নিবিড়ভাৱে জড়িত হৈ পৰিলোঁ। কাৰণ মই উপলব্ধি কৰিছিলোঁ—এটা বৈজ্ঞানিক প্ৰকল্প তৈয়াৰ কৰা মানে ছাত্ৰজনৰ বাবে কেৱল থাৰ্মকল বা কাঠেৰে এটা নিৰ্জীৱ মডেল বনোৱা নহয়। তাৰ অন্তৰালত অহৰহ খুন্দিয়াই থাকে সমাজ আৰু প্ৰকৃতিৰ বহুতো বাস্তৱমুখী প্ৰশ্ন— “আমাৰ চৌপাশৰ আচল সমস্যাটো কি? ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ কি? আৰু কি উপায়েৰে আমি এই সমস্যাৰ এক স্থায়ী আৰু ফলপ্ৰসূ সমাধান উলিয়াব পাৰোঁ?” সেই গভীৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কৰা অন্বেষণেই আছিল অৰুণোদয় একাডেমিৰ বিজ্ঞান সাধনাৰ এক নতুন যুগৰ আৰম্ভণি। 

বিজ্ঞানৰ একোটা প্ৰকল্প বা আৰ্হি নিৰ্মাণ কৰাটো কোনো পূৰ্বনিৰ্ধাৰিত সৰল সমীকৰণ নাছিল; সি আছিল নিৰন্তৰ পৰীক্ষা-নিৰীক্ষা আৰু প্ৰত্যাহ্বানৰ এক দীঘলীয়া সাধনা। কেতিয়াবা দিনৰ পিছত দিন সাৰে থাকি, একাণপতীয়া পৰিশ্ৰমেৰে তৈয়াৰ কৰি উলিওৱা মডেলটোৱে প্ৰদৰ্শনীৰ ঠিক পূৰ্বমুহূৰ্তত হঠাতে কাম নকৰা হৈ পৰিছিল। কেতিয়াবা শেষ মুহূৰ্তৰ যান্ত্ৰিক বিজুতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ চকুত চকুপানী নমাই আনিছিল, আৰু কেতিয়াবা আকৌ অপৰিসীম কষ্টৰ পিছতো ফলাফল আশানুৰূপ নহৈ হতাশাৰ সৃষ্টি কৰিছিল।
​কিন্তু এনে সংকটৰ মুহূৰ্তবোৰত মই মোৰ শিক্ষাৰ্থীসকলৰ কাষত থিয় হৈ তেওঁলোকক এটা কথাই হৃদয়ঙ্গম কৰাবলৈ যত্ন কৰিছিলোঁ—এটা ব্যৰ্থ প্ৰকল্পও প্ৰকৃততে এক সফল শিক্ষাৰ অপৰিহাৰ্য অংশ!

​কাৰণ, এজন ছাত্ৰই যেতিয়া নিজৰ হাতেৰে কাম কৰি ভুল কৰে, সেই ভুলটো বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়াটোৰ পৰা তেওঁ যি চিৰন্তন জ্ঞান লাভ কৰে, সেই জ্ঞান কিতাপৰ কেইবাটাও পৃষ্ঠাত পোৱা শুকান সূত্ৰতকৈয়ো বহু গুণে গভীৰ আৰু চিৰস্থায়ী হয়। বিজ্ঞানৰ ইতিহাসত কোনো আৱিষ্কাৰেই প্ৰথম চেষ্টাত নিখুঁত হৈ ওলাই অহা নাছিল; প্ৰতিটো ব্যৰ্থতাই আচলতে পৰৱৰ্তী সফলতাৰ ভেটিটোহে সুদৃঢ় কৰে।
​এই সময়ছোৱাতে আমাৰ বিজ্ঞানভিত্তিক কাৰ্যকলাপৰ পৰিসৰ ক্ৰমান্বয়ে বিস্তৃত হ’ল আৰু ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ’ৰ (National Children’s Science Congress—NCSC) সৈতে মোৰ সম্পৰ্ক অতি নিবিড় হৈ পৰিল। মই ছাত্ৰ-ছাত্ৰীসকলক প্ৰকল্প নিৰ্বাচন, তথ্য সংগ্ৰহ, বৈজ্ঞানিক পদ্ধতিৰে বিশ্লেষণ আৰু উপস্থাপনৰ ক্ষেত্ৰত মাৰ্গদৰ্শন কৰিবলৈ আৰম্ভ কৰিলোঁ। এটা, দুটা প্ৰকল্পৰ পৰা আৰম্ভ হৈ এই সংখ্যাটো বাঢ়ি গৈ থাকিল। এক সোণালী সময়ত NCSC-ৰ মঞ্চত মই ৭০টাতকৈও অধিক বিজ্ঞান প্ৰকল্পৰ পথপ্ৰদৰ্শক হিচাপে জড়িত হোৱাৰ এক বিৰল আৰু গৌৰৱময় সুযোগ লাভ কৰিলোঁ। প্ৰকল্পবোৰৰ বিষয়বস্তু আছিল অতি বৈচিত্ৰ্যপূৰ্ণ, সময়োপযোগী আৰু সমাজমুখী। তেনে কিছুমান প্ৰকল্প আছিল -

​সৌৰশক্তি চালিত কম খৰচী গিজাৰৰ নিৰ্মাণ, পানী পৰিস্ৰাৱনৰ বিকল্প পদ্ধতি, ৰে’ল দুৰ্ঘটনা ৰোধ কৰিব পৰা স্বয়ংক্ৰিয় ৰেলৱে গে’ট, ৰকেট উৎক্ষেপণত বিদ্যুৎ-চুম্বকীয় ক্ষেত্ৰৰ প্ৰয়োগৰ সম্ভাৱনীয়তা, সুলভ আৰু সম্পূৰ্ণ পৰিৱেশ-অনুকূল শীতাতপ নিয়ন্ত্ৰণ (Eco-friendly AC) ব্যৱস্থা, জৈৱ-বৈচিত্ৰ্যৰে ভৰা আৰ্দ্ৰভূমি সংৰক্ষণৰ বৈজ্ঞানিক উপায়,
​নদীৰ পাৰত গঢ় লৈ উঠা ইটা ভাটাৰ পৰা পৰিৱেশ আৰু জনস্বাস্থ্যলৈ হ’ব পৰা ভয়াবহ বিপদসমূহৰ অনুসন্ধান, শক্তি ৰাহি কৰিব পৰা আধুনিক পোহৰৰ ব্যৱস্থা, আমাৰ চৌপাশৰ ঘৰুৱা আৱৰ্জনাৰ বৈজ্ঞানিক ব্যৱস্থাপনা, সৌৰশক্তি চালিত গিজাৰ, ৰৱটিক গাড়ী আৰু বহুতো। 
​এই প্ৰকল্পবোৰৰ আঁৰত থকা সেই কোমলমতি ছাত্ৰ-ছাত্ৰীসকলৰ মুখবোৰ আজিও মোৰ স্মৃতিৰ কেনভাছত অতি জীৱন্ত হৈ জিলিকি আছে। তেওঁলোকৰ বহুতেই জীৱনত প্ৰথমবাৰৰ বাবে কোনো এখন বিশাল বিজ্ঞান প্ৰদৰ্শনীৰ আনুষ্ঠানিক মঞ্চত ভৰি দিছিল। হাতত আছিল নিজহাতে কেইবাদিনো লাগি নিৰ্মাণ কৰা মডেলটো, আৰু সন্মুখত আছিল অভিজ্ঞ বিচাৰকমণ্ডলী আৰু কৌতুহলী অগণন দৰ্শকৰ তীক্ষ্ণ দৃষ্টি। মঞ্চত উঠাৰ প্ৰথম ক্ষণত তেওঁলোকৰ চকুত অপৰিসীম ভয় আৰু শংকা আছিল; কিন্তু বুকুত আছিল নতুন কিবা এটা দেখুওৱাৰ অপাৰ উৎসাহ। আৰু ঠিক যেতিয়াই তেওঁলোকে নিজৰ প্ৰকল্পটোৰ বৈজ্ঞানিক ভিত্তিটো উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই সেই আদিম ভয়টো ক’ৰবাত নিমিষতে নোহোৱা হৈ গৈছিল! তেওঁলোকৰ দুচকুত ফুটি উঠিছিল এক অপৰাজেয় আত্মবিশ্বাসৰ দ্যুতি। ​এগৰাকী শিক্ষাগুৰুৰ বাবে এয়াই আচলতে সমগ্ৰ জীৱনৰ আটাইতকৈ স্বৰ্গীয় আৰু তৃপ্তিদায়ক মুহূৰ্ত—যেতিয়া এজন শংকিত ছাত্ৰই নিজৰ ভিতৰৰ সুপ্ত শক্তিক চিনি পায় আৰু সমগ্ৰ সত্তাৰে অনুভৱ কৰে যে—“হয়, ময়ো পাৰোঁ!”
​অৰুণোদয় একাডেমিৰ মাটিত ৰোপণ কৰা সেই বিজ্ঞানমনস্কতাৰ কঠিয়াতলীখনে অতি সোনকালেই ৰাষ্ট্ৰীয় পৰ্যায়ত ফল দিবলৈ আৰম্ভ কৰিলে। আমাৰ বিদ্যালয়ৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যিক পৰ্যায়ৰ সীমা অতিক্ৰম কৰি NCSC-ৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিলে। মোৰ জীৱনৰ এক পৰম আৱেগিক আৰু গৌৰৱময় ক্ষণ আছিল—যেতিয়া আমাৰ মৰমৰ কন্যা হিয়াই তাইৰ সহপাঠী পূজাৰ সৈতে নিৰ্বাচিত হৈ গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহত নিজৰ প্ৰকল্প দাঙি ধৰিবলৈ সুযোগ লাভ কৰিছিল। তাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষজ্ঞ আৰু বিজ্ঞানীসকলৰ সন্মুখত সিহঁতে নিজৰ প্ৰকল্পটো অতি নিখুঁতভাৱে উপস্থাপন কৰি সকলোৰে ভূয়সী প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেনেদৰে ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় কাৰিকৰী শিক্ষানুষ্ঠান ‘আই.আই.টি. খড়গপুৰ’য়ে (IIT Kharagpur) আয়োজন কৰা সৰ্বভাৰতীয় বিজ্ঞান মডেল প্ৰতিযোগিতাত অৰুণোদয়ৰ শিক্ষাৰ্থীয়ে নিজৰ অপূৰ্ব মেধা আৰু সৃষ্টিশীলতাৰ পৰিচয় দি সমগ্ৰ দেশৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলৰ মাজত সৰ্বভাৰতীয় স্তৰত দ্বিতীয় স্থান দখল কৰি এক ঐতিহাসিক গৌৰৱ কঢ়িয়াই আনিছিল।

​সমগ্ৰ দেশৰ মাজত নিজৰ বিদ্যালয় আৰু ৰাজ্যৰ নামটো জিলিকি উঠাৰ সেই মুহূৰ্তটো নিশ্চিতভাৱেই আছিল অপাৰ আনন্দ আৰু গৌৰৱৰ। কিন্তু সত্য ক’বলৈ গ’লে—কেৱল হাতত তুলি লোৱা সেই বঁটা বা ট্ৰফীটোৱেই মোৰ বাবে সকলো নাছিল; মোৰ বাবে তাতকৈয়ো হাজাৰ গুণে অধিক মূল্যৱান আছিল সেই লক্ষ্যত উপনীত হ’বলৈ আমি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দিন-ৰাতি একাকাৰ কৰি কৰা প্ৰতিটো নিস্বাৰ্থ প্ৰচেষ্টা, ভুলৰ পৰা শিকা প্ৰতিটো অভিজ্ঞতা আৰু একেলগে খোজ কঢ়া সেই সোণসেৰীয়া সংগ্ৰামৰ দিনবোৰ! ​কাৰণ সফলতাই মানুহক স্বীকৃতি দিয়ে, কিন্তু সফলতালৈ বুলি কৰা প্ৰচেষ্টা আৰু নিষ্ঠাই মানুহৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঢ়ি তোলে। 

সেয়া আছিল ২০০৮ চনৰ কথা। গুৱাহাটী তাৰাগৃহত (Guwahati Planetarium) টেলিস্কোপ নিৰ্মাণৰ ওপৰত আয়োজন কৰা হৈছিল তিনিদিনীয়া এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা। বিজ্ঞানৰ একাগ্ৰ সাধক হিচাপে এই কৰ্মশালাখন মোৰ বাবে আছিল জীৱনৰ এক সম্পূৰ্ণ নতুন, অপূৰ্ব আৰু বৌদ্ধিক অভিজ্ঞতা। ​‘টেলিস্কোপ’ বা দূৰবীক্ষণ যন্ত্ৰ—উচ্চাৰণ কৰিবলৈ শব্দটো তেনেই সৰু আৰু সাধাৰণ; কিন্তু কেইটুকুৰামান নিৰ্দিষ্ট ক্ষমতাৰ কাঁচৰ লেন্স আৰু এটা নলীৰে গঠিত সেই ক্ষুদ্ৰ যন্ত্ৰটোৱেই যেন মানুহৰ দৃষ্টি আৰু চিন্তাশক্তিক পৃথিৱীৰ সংকীৰ্ণ ভৌগোলিক সীমাৰ পৰা আলোকবৰ্ষ দূৰলৈ উৰুৱাই লৈ যায়!

​যেতিয়া নিজ হাতেৰে নিৰ্মাণ কৰা এখন লেন্সৰ মাজেৰে প্ৰথমবাৰৰ বাবে আকাশলৈ দৃষ্টি নিক্ষেপ কৰা যায়, হঠাৎ যেন আমাৰ চিৰপৰিচিত নীলা আকাশখন আগৰ দৰে হৈ নাথাকে। আকাশৰ তৰাবোৰ আৰু কেৱল সাধাৰণ জিলমিল পোহৰ হৈ নাথাকে; বিশ্বব্ৰহ্মাণ্ডৰ অসীম ৰহস্য যেন নিমিষতে আমাৰ নিচেই কাষলৈ আগবাঢ়ি আহে! সেই কৰ্মশালাৰ তিনিটা দিনত মই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰথিতযশা বিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী আৰু বিজ্ঞানকৰ্মীসকলৰ সৈতে নিবিড়ভাৱে মত-বিনিময় কৰাৰ এক সোণালী সুযোগ লাভ কৰিলোঁ। তেওঁলোকৰ গভীৰ চিন্তা, গৱেষণামূলক আলোচনা আৰু বিশ্বব্ৰহ্মাণ্ডক বুজি পোৱাৰ ব্যাকুলতা প্ৰত্যক্ষ কৰি মোৰ অন্তৰাত্মাই পুনৰবাৰ অনুভৱ কৰিলে—বিজ্ঞানৰ এই জগতখন কিমান যে অতলস্পৰ্শী আৰু বিশাল!

​আমি মানুহ হিচাপে যিমানখিনি জানো বা আৱিষ্কাৰ কৰিছোঁ, তাৰ তুলনাত এই মহাবিশ্বৰ নজনা আৰু অনাৱিষ্কৃত ৰহস্যৰ পৰিসৰ কিমান যে অনন্ত-অসীম! নিশাত মুকলি আকাশলৈ চালে এই অনুভৱটোৱে মানুহৰ হৃদয়ক অহংকাৰৰ পৰা মুক্ত কৰি এক গভীৰ আৰু নিৰহংকাৰ বিনম্ৰতাৰে ভৰাই তোলে।
​লাহে লাহে সময় বাগৰি আহি পালেহি ২০১০ চন। ইতিমধ্যে আমাৰ সেই সপোনৰ শিক্ষানুষ্ঠান ‘অৰুণোদয় একাডেমী’ও ধীৰে ধীৰে টংলাৰ মাটিত ডাল-পাত মেলি এক সুদৃঢ় মহীৰূহলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছিল। ২০০৬ চনত মাত্ৰ ২১৫ গৰাকী নিষ্পাপ ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হোৱা আমাৰ সেই সৰু পৰিয়ালটোত শিক্ষাৰ্থীৰ সংখ্যা দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। বিদ্যালয়খনৰ নীতি-আদৰ্শ, অনুশাসন আৰু বিজ্ঞানভিত্তিক শিক্ষা ব্যৱস্থাৰ ওপৰত সমগ্ৰ অঞ্চলটোৰ অভিভাৱক আৰু ৰাইজৰ আস্থা তথা বিশ্বাস অতি গভীৰ হৈ পৰিল।

​ঠিক সেই সময়তেই আমাৰ মনত এক গভীৰ দায়িত্ববোধৰ উদয় হ’ল—কেৱল হাইস্কুল বা মাধ্যমিক পৰ্যায়তে থমকি ৰ’লে আমাৰ সংগ্ৰাম অসম্পূৰ্ণ হৈ ৰ’ব। আমাৰ এই প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধিক্ষণ অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰ্যায়তো সঠিক মাৰ্গদৰ্শন আৰু মানসম্পন্ন শিক্ষা প্ৰদান কৰি আগবঢ়াই নিব লাগিব। সেয়েহে ২০১০ চনত আমি সেই পৰৱৰ্তী যুগান্তকাৰী পদক্ষেপটো গ্ৰহণ কৰিলোঁ। অৰুণোদয় একাডেমীক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ আনুষ্ঠানিকভাৱে উন্নীত কৰা হ’ল। এখন সুকীয়া শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে এটা পৃথক ভৱনত উচ্চতৰ মাধ্যমিকৰ পাঠদান আৰম্ভ কৰা হ’ল। শিক্ষানুষ্ঠানখনৰ নতুন নামকৰণ হ’ল—“অৰুণোদয় জুনিয়ৰ কলেজ” (Arunodoi Junior College)! ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সম্ভাৱনা আৰু ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি একেলগে দুয়োটা মূল শাখা—বিজ্ঞান (Science) আৰু কলা (Arts) শাখাৰ আনুষ্ঠানিক পাঠদান আৰম্ভ হ’ল। 
​ক্ৰমবৰ্ধমান শৈক্ষিক ব্যস্ততাৰ মাজতেই আহি পালেহি ২০১২ চনটো। সেই বছৰটোত সমগ্ৰ পৃথিৱীৰ আকাশে অপেক্ষা কৰি আছিল এটি অত্যন্ত বিৰল, ঐতিহাসিক আৰু অপূৰ্ব মহাজাগতিক পৰিঘটনাৰ বাবে—শুক্ৰ গ্ৰহৰ সূৰ্যৰ সন্মুখেৰে পাৰ হৈ যোৱাৰ দৃশ্য, যাক জ্যোতিৰ্বিজ্ঞানৰ ভাষাত কোৱা হয় ‘Transit of Venus’! সূৰ্যৰ উজ্জ্বল থালখনৰ ওপৰেৰে শুক্ৰ গ্ৰহটো এটা ক্ষুদ্ৰ ক’লা বিন্দুৰ দৰে লাহে লাহে পাৰ হৈ যোৱাৰ এই বিৰল দৃশ্যটো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ মানৱজাতি আৰু বিজ্ঞানীসকলে যুগ যুগ ধৰি, কেইবাটাও দশক বা শতিকা ধৰি অপেক্ষা কৰিবলগীয়া হয়। সৌভাগ্যবশতঃ, মই গুৱাহাটী তাৰকাগৃহত সেই ঐতিহাসিক ঘটনাৰ ওপৰত অনুষ্ঠিত বিশেষ প্ৰশিক্ষণ আৰু কৰ্মশালাখনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলোঁ। তাত জ্যোতিৰ্বিজ্ঞানৰ আধুনিকতম তথ্য, নিৰাপদ সূৰ্য পৰ্যবেক্ষণৰ বৈজ্ঞানিক কৌশল আৰু বহুতো নতুন কথা হৃদয়ঙ্গম কৰিলোঁ।
​কৰ্মশালাখন সমাপ্ত হোৱাৰ পিছত মোৰ মনৰ ভিতৰত এটা কথাই অহৰহ খুন্দিয়াবলৈ ধৰিলে—এই বিৰল মহাজাগতিক ঘটনাটো আৰু তাৰ বৈজ্ঞানিক তাৎপৰ্য কেৱল মই নিজে জানিলেই নহ’ব; আমাৰ উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়েও ইয়াৰ বিষয়ে গভীৰভাৱে জানিব লাগিব আৰু নিজ চকুৰে অনুভৱ কৰিব লাগিব। তেওঁলোকে মুক্ত আকাশলৈ চাব লাগিব। তেওঁলোকে অন্তৰেৰে উপলব্ধি কৰিব লাগিব যে আমাৰ মূৰৰ ওপৰৰ এই সুবিশাল আকাশখন কেৱল চাই ভাল লগা কোনো নিৰ্জীৱ সৌন্দৰ্যৰ বস্তু নহয়—ই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ এক অনন্ত আৰু বিশাল প্ৰাকৃতিক পৰীক্ষাগাৰ (Natural Laboratory)! সেই পৱিত্ৰ উদ্দেশ্যক বুকুত সাৱটি লৈ মই ওদালগুৰি জিলাৰ ইখনৰ পিছত সিখন বিদ্যালয়লৈ নিজে যাবলৈ ধৰিলোঁ। গাঁৱে-ভূঞে থকা বিভিন্ন বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মুখামুখি হৈ বহিলোঁ। তেওঁলোকক অতি সহজ আৰু সাৱলীল ভাষাৰে বুজালোঁ ‘Transit of Venus’ বা শুক্ৰৰ সূৰ্যসঞ্চাৰ আচলতে কি, ই কিয় ইমান বিৰল, আৰু কেনেকৈ নিৰাপদ সঁজুলিৰে এই দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি।ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্পাপ মনত আকাশ পৰ্যবেক্ষণ আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি এক দুৰ্বাৰ কৌতূহল আৰু আগ্ৰহ জগাই তোলাৰ সেই প্ৰচেষ্টা আছিল মোৰ শিক্ষক জীৱনৰ আন এক পৰম তৃপ্তিদায়ক আৰু অৰ্থপূৰ্ণ যাত্ৰা।


খণ্ড - ৯
তিতা-মিঠা অনুভৱৰ এক অক্ষয় ভাণ্ডাৰ

আমি যেতিয়া ভৱিষ্যতৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ উন্মুক্ত আকাশলৈ বাট কুৰি বাওঁ, তেতিয়া আমি কেতিয়াও গম নাপাওঁ যে নিয়তিয়ে আমাৰ ভৰিৰ তলৰ চিনাকি মাটিখিনিক লৈ সংগোপনে কি পৰিকল্পনা কৰি ৰাখিছে। মইও তেতিয়া ক্ৰিকেট, টেলিস্কোপ আৰু শুক্ৰৰ সূৰ্যসঞ্চাৰৰ মহাজাগতিক আশ্চৰ্যক লৈ ব্যস্ত আছিলোঁ; কিন্তু মই কল্পনাই কৰা নাছিলোঁ যে ২০১২ চনটো মোৰ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱনৰ বাবে এক ওলট-পালট কৰি দিয়া সন্ধিক্ষণ হৈ উঠিব। কাৰণ সেই বছৰৰ ৩১ জুলাইত টংলা মহাবিদ্যালয়ৰ পৱিত্ৰ প্ৰাংগণত মোৰ সুদীৰ্ঘ ১৮ বছৰীয়া এক স্বৰ্ণিল অধ্যায়ৰ চিৰদিনীয়া পৰিসমাপ্তি ঘটিল।
১৮ বছৰ! ১৯৯৫ চনৰ শিক্ষক দিৱসৰ সেই পৱিত্ৰ দিনটোত এজন মাত্ৰ ২৭ বছৰীয়া স্বপ্নাতুৰ যুৱক হিচাপে যিখন মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞানৰ সহকাৰী অধ্যাপকৰূপে ভৰি দিছিলোঁ, সেই মায়াময় আৰু প্ৰাণস্পন্দী শিক্ষানুষ্ঠানখন এদিন এনেদৰে নীৰৱে এৰি গুচি আহিব লাগিব বুলি আৰম্ভণিৰ দিনবোৰত মই হয়তো সপোনতো ভবা নাছিলোঁ।কিন্তু সময়ৰ গতি অতি অদ্ভুত। জীৱনৰ কিছুমান প্ৰৱেশদ্বাৰ আমি নিজৰ ইচ্ছাত বন্ধ নকৰোঁ; নিৰ্মম সময়েই কোনো এক বিশেষ পৰিস্থিতিত সেই দুৱাৰবোৰ সজোৰে বন্ধ কৰি দিয়ে। আৰু জীৱনৰ সেই বন্ধ হৈ যোৱা দুৱাৰখনৰ ঠিক সিপাৰেই হয়তো অপেক্ষা কৰি থাকে সম্পূৰ্ণ অচিনাকি, প্ৰত্যাহ্বানজনক আন এখন নতুন পৃথিৱী!

​৩১ জুলাই, ২০১২। এই নিৰ্দিষ্ট তাৰিখটো আজিও মোৰ স্মৃতিৰ কেনভাছত চকামকা পোহৰৰ দৰে জলজল-পটপট হৈ স্পষ্টভাৱে জিলিকি আছে। কেতিয়াবা জীৱনৰ কিছুমান বিশেষ তাৰিখ কেলেণ্ডাৰৰ পাতত কেইটামান নিৰ্জীৱ সংখ্যা হৈ নাথাকে; সেইবোৰ হৈ পৰে জীৱনৰ একো একোটা অলঙ্ঘনীয় সীমাৰেখা—যাৰ এফালে থাকে কলিজাৰ তেজ ঢালি গঢ়ি তোলা এৰি অহা অতীত, আৰু আনফালে থাকে কুঁৱলীৰে আৱৰা অনিশ্চিত, অজানা ভৱিষ্যৎ! টংলা মহাবিদ্যালয়ৰ সৈতে মোৰ ১৮ বছৰীয়া দৈনন্দিন আত্মীয়তাৰ এনাজৰীডাল সেই দিনটোতেই আনুষ্ঠানিকভাৱে ছিগি গ’ল। মাজত পাৰ হৈ গৈছিল কেইবাটাও প্ৰজন্মৰ সোণসেৰীয়া ইতিহাস।

​যিসকল ছাত্ৰ-ছাত্ৰীক মই মোৰ শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ডৰ সন্মুখত থিয় হৈ নিজৰ সমগ্ৰ হৃদয় ঢালি পঢ়ুৱাইছিলোঁ, তেওঁলোকৰ বহুতেই ইতিমধ্যে সমাজৰ বিভিন্ন ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হৈ পৰিছিল। কোনোবাই উচ্চ পদস্থ চৰকাৰী চাকৰি কৰিছে, কোনোবাই ব্যৱসায়ত নিজৰ কৃতিত্ব দেখুৱাইছে, কোনোবাই আকৌ গৱেষক আৰু শিক্ষক হিচাপে সমাজ গঢ়িছে। ১৮ বছৰৰ অন্তত সেই অজস্ৰ ছাত্ৰ-ছাত্ৰীক হয়তো আজি বাটে-পথে ক’ৰবাত অকস্মাৎ লগ পালে মই চেহেৰা দেখি তৎক্ষণাত চিনিয়েই নাপাবও পাৰোঁ। কিন্তু এগৰাকী প্ৰকৃত শিক্ষাগুৰুৰ জীৱনৰ পৰা তেওঁৰ ছাত্ৰ-ছাত্ৰীসকল কেতিয়াও সম্পূৰ্ণৰূপে আঁতৰি নাযায়। তেওঁলোকৰ নিষ্পাপ মুখবোৰ, শ্ৰেণীত সোধা অদ্ভুত প্ৰশ্নবোৰ, হাঁহিবোৰ, আৰু খেলপথাৰত কৰা সেই মৰমভৰা দুষ্টালিবোৰ— এই সকলোবোৰ গুৰুৰ হৃদয়ৰ নিভৃত মণিকূটত চিৰদিনৰ বাবে এক অমূল্য অক্ষয় সম্পদ হৈ জীপাল হৈ থাকে।
​সেই ১৮ বছৰৰ মায়াময় ঠিকনা এৰি অহাৰ সিদ্ধান্তটো মোৰ বাবে তিলমানো সহজ নাছিল। সেই সিদ্ধান্তৰ অন্তৰালত আছিল এক গভীৰ, অতল আৰু নীৰৱ যন্ত্ৰণা। মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান নিৰুত্তৰ প্ৰশ্নৰ উদয় হয়—যাৰ কোনো উত্তৰ এই পৃথিৱীত কেতিয়াও বিচাৰি পোৱা নাযায়। কেতিয়াবা এনে কিছুমান অপ্ৰত্যাশিত ভুল বা ভুল বুজাবুজি ঘটি যায়—যাৰ কোনো সংশোধন জীৱনত আৰু কাহানিও সম্ভৱ নহয়। আৰু বুকুত লুকাই থাকে এনে কিছুমান তীক্ষ্ণ কষ্ট আৰু অন্তৰ্দাহ—যাক পৃথিৱীৰ কাৰো আগতেই কোনোদিন প্ৰকাশ কৰিব নোৱাৰি; সেইবোৰ কেবল নিৰ্জনতাৰ মাজত নীৰৱে হজম কৰিবলগীয়া হয়।

​জীৱনৰ আটাইতকৈ তিতা সত্যটো হ’ল—দূৰৰ অচিনাকি শত্ৰুৱে নহয়, বৰং অতি আপোন বুলি ভবা বন্ধু বা প্ৰিয়জনেই সততে তেওঁলোকৰ আচৰণ, অহংকাৰ আৰু কুটিল ব্যৱহাৰেৰে আমাৰ অন্তৰত আটাইতকৈ গভীৰ ক্ষতৰ সৃষ্টি কৰে। সেয়েহে হয়তো সংসাৰত প্ৰত্যেকজন মানুহেই এনে একোজন লোকক বাচি লোৱা উচিত, যাৰ পৰা পোৱা মনোকষ্টও মানুহে সহজে ক্ষমা কৰি দিব পাৰে। বিজ্ঞ মনিষীসকলে সেয়েহে অতীতত অতি তাৎপৰ্যপূৰ্ণভাৱে কৈ গৈছে— “এজন বোবা লোকে হয়তো ভাষাৰে কথা ক’ব নোৱাৰি আপোনাক ক্ষন্তেকৰ বাবে বিৰক্ত কৰিব পাৰে, কিন্তু অন্তৰখন থানবান কৰি পেলাব পৰা তিতা আৰু বিষাক্ত মাতেৰে তেওঁ আপোনাৰ অন্তৰাত্মাক কেতিয়াও আঘাত নকৰে!”
​মানুহ বৰ আচৰিত আৰু ৰহস্যময় প্ৰাণী! একেটা পৰিস্থিতিতেই এজন মানুহৰ উদাৰ আৰু সংবেদনশীল ব্যৱহাৰত আপোনাৰ হৃদয় যিদৰে অনাবিল আনন্দ আৰু কৃতজ্ঞতাৰে ভৰি পৰিব পাৰে, ঠিক একেটা পৰিৱেশতেই আন এজন মানুহৰ কুৎসিত মানসিকতা আৰু দায়িত্বহীন আচৰণে আপোনাক মৰ্মান্তিকভাৱে ব্যথিত আৰু নিঃস্ব কৰি পেলাব পাৰে। মানুহৰ মাজত বাহ্যিক কাম-কাজ বা শৈলীৰ তাৰতম্য থকাটো কোনো অস্বাভাৱিক কথা নহয়। কিন্তু আচল আৰু সৰ্বোচ্চ কথাটো হ’ল মানুহৰ অন্তৰ্নিহিত ‘মানৱীয়" গুণ খিনিহে! ধৈৰ্য, সততা, নিষ্কলুষ প্ৰেম, অমায়িক আচাৰ-ব্যৱহাৰ, নিস্বাৰ্থ পৰোপকাৰিতা আৰু কৃতজ্ঞতাবোধ—এইবোৰেই হ’ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৰু চিৰন্তন সম্পদ; যাৰ অবিহনে এজন মানুহৰ জীৱন পশুৰ সমকক্ষ হৈ পৰে। কিন্তু আজিৰ সমাজখনলৈ চালে মনত এক গভীৰ প্ৰশ্নই খুন্দিয়াই থাকে—আমি কি সঁচাকৈয়ে মানুহ হৈ আছোঁ?

​মূল্যবোধহীন আত্মকেন্দ্ৰিক জীৱনাদৰ্শক আঁকোৱালি লৈ অন্ধ ভোগবাদ, অৰ্থলিপ্সা আৰু কেৱল বস্তুবাদী মানসিকতাৰে গঢ় লৈ উঠা সমাজৰ একাংশ বিবেকহীন মানুহক দেখিলে অন্তৰ কঁপি উঠে। মানুহৰ বুকুত থাকিবলগীয়া সেই পৱিত্ৰ মানৱীয় সহানুভূতি আৰু কৃতজ্ঞতাবোধবোৰ কি একেবাৰেই নিঃশেষ হৈ গ’ল? মানুহবোৰ ইমান চৰম অকৃতজ্ঞ আৰু অন্ধ স্বাৰ্থপৰ কিয় হৈ পৰিল? অকৃতজ্ঞ আৰু চৰম স্বাৰ্থপৰ বহুতো লোকে ব্যক্তিগতভাৱে আমাকো জীৱনৰ সংকটকালত গভীৰ মনোকষ্ট আৰু আঘাত দিছে। তেওঁলোকৰ মাজত কোনোবাজন হয়তো আছিল তথাকথিত ‘ছদ্মবেশী বন্ধু’, আন কোনোবাজন হয়তো প্ৰতিবেশী। কোনোবাজন আছিল বহু বছৰ একেলগে কটোৱা ঘনিষ্ঠ সহকৰ্মী, আৰু কোনোবা আকৌ আছিল বুকুৰ অতি আপোন তেজৰ কুটুম! কোনোবা হয়তো ডিগ্ৰীধাৰী তথাকথিত উচ্চশিক্ষিত ভদ্ৰলোক, আন কোনোবা হয়তো অৰ্ধশিক্ষিত। ​তেওঁলোকৰ প্ৰতিজনৰেই জীৱনৰ বিপদৰ সময়ত, দুৰ্দিনৰ কালত আমি নিজৰ সামৰ্থ্যৰ সীমা অতিক্ৰম কৰি সহায়ৰ দুখন হাত আগবঢ়াই দিছিলোঁ। কিন্তু নিয়তিৰ কি নিৰ্মম পৰিহাস ! যেতিয়া আমাৰ জীৱনলৈ চৰম ধুমুহা আহিল, আমাৰ অস্তিত্ব যেতিয়া সংকটৰ মুখামুখি হ’ল, তেতিয়া সেই একেখিনি মানুহেই আমাৰ পৰা এক নিৰাপদ দূৰত্ব বজাই ৰাখি সুবিধাবাদীভাৱে সম্পূৰ্ণ ‘মৌনব্ৰতী’ হোৱাৰ ভাও জুৰিলে!

​মানুহৰ সেই ভণ্ডামি আৰু অকৃতজ্ঞতাই হৃদয়খন ক্ষন্তেকৰ বাবে ক্ষত-বিক্ষত কৰিছিল যদিও, সেই আঘাতে মোক ভাঙি পেলাব নোৱাৰিলে। বৰং সেই বিষাদময় অভিজ্ঞতাই মোৰ অন্তৰৰ ভিতৰত থকা পুৰণি শিক্ষকজনক আৰু অধিক সংকল্পবদ্ধ, কঠোৰ আৰু স্থিতপ্ৰজ্ঞ কৰি তুলিলে — অনাগত দিনত নিজৰ সপোনৰ ভেটিটোক পুনৰ নিৰ্মাণ কৰিবলৈ। 

কেতিয়াবা নিশাৰ নিৰ্জনতাত নিজৰ হৃদয়খনক সুধি চাওঁ—মই জানো মানুহৰ পৰা বৰ বেছিকৈ আশা কৰি পেলাইছিলোঁ? হয়তো তথাকথিত বন্ধু-বান্ধৱৰ মাজত, চিনাকি সমাজখনত নাইবা হাটে-বজাৰে লগ পোৱা হাজাৰজনৰ সেই কোলাহলপূৰ্ণ ভিৰৰ মাজত মই এনে এক "দুষ্প্ৰাপ্য" আন্তৰিকতা আৰু নীতিবোধৰ সন্ধানত হাবাথুৰি খাইছিলোঁ, যাৰ অস্তিত্ব হয়তো এই কলুষিত পৃথিৱীত তেনেই বিৰল। সেই সন্ধানত দৌৰি দৌৰি এদিন মই নিজেই চৰমভাৱে ক্লান্ত আৰু ভাগৰি পৰিছিলোঁ। পৃথিৱীৰ আটাইতকৈ অসহায় মুহূৰ্ত সেয়াই—যেতিয়া আপোনাৰ জীৱনৰ চৰম দুখ, দুৰ্দিন, মানসিক বেদনা আৰু আকাশলঙ্ঘী হতাশাৰ মুহূৰ্ততো আপোনাৰ অতি আপোন বুলি ভবা ছদ্মবেশী বন্ধু, ঘনিষ্ঠ প্ৰতিবেশী বা একেলগে কটোৱা সহকৰ্মীসকল সম্পূৰ্ণৰূপে নিৰ্বিকাৰ আৰু প্ৰতিক্ৰিয়াহীন হৈ পৰে!

​তেতিয়া কোনো অভিযোগ কৰিবলৈ ভাষা বিচাৰি পোৱা নাযায়; কিছুমান অব্যক্ত আৰু অনুচ্চাৰিত বেদনা মনৰ অতল গভীৰতাত কেৱল মৌন স্মৃতি হৈ সাঁচতীয়া হৈ ৰয়। আৰু জীৱনৰ অপৰাহ্ণত সেই স্মৃতিবোৰেই একো একোটা তপত আৰু বেদনাসিক্ত হুমুনিয়াহ হৈ মানুহৰ কলিজাটো প্ৰতিনিয়ত জোকাৰি যায়। ​বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই চিৰন্তন কবিতাৰ কেইটামান শাৰীয়ে এনে সময়তেই মানৱ মনস্তত্ত্বৰ আচল স্বৰূপটো উন্মোচিত কৰি দিয়ে—
​“নদীর এপার কহে ছাড়িয়া নিশ্বাস,
ওপারেতে সর্বসুখ আমার বিশ্বাস।
নদীর ওপার বসি দীর্ঘশ্বাস ছাড়ে;
কহে, যাহা কিছু সুখ সকলি ওপারে।”

​২০০৯ চনৰ পৰাই মোৰ কৰ্মজীৱনৰ আকাশত অন্ধকাৰ মেঘ ঘনীভূত হ’বলৈ ধৰিছিল। টংলা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপকৰ এটা নিৰ্দিষ্ট আৰু মোৰ প্ৰাপ্য পদক লৈ মুষ্টিমেয় কিছুমান সুবিধাবাদী আৰু কুটিল লোকে মোৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে এক অদৃশ্য জটিলতা সৃষ্টি কৰি আহিছিল। সেই পদটোত সকলো নিয়ম আৰু জ্যেষ্ঠতাক ভৰিৰে মোহাৰি এগৰাকী কনিষ্ঠ ব্যক্তিক নিযুক্তি দিয়াৰ বাবে ক্ষমতাৰ অপপ্ৰয়োগ, বিভিন্ন দিশৰ পৰা অপচেষ্টা আৰু ষড়যন্ত্ৰ চলিছিল, সেই কথাটো মোৰ দৃষ্টিৰ পৰা অলপো অজ্ঞাত নাছিল। কিন্তু কথাটো মোৰ বাবে কেৱল এটা চৰকাৰী চাকৰিৰ পদ বা সামান্য আৰ্থিক লাভালাভৰ নাছিল। এজন আত্মমৰ্যাদাসম্পন্ন মানুহে নিজৰ কৰ্মক্ষেত্ৰত সদায় বিচাৰে ন্যায়, সততা, প্ৰশাসনিক স্বচ্ছতা আৰু আন্তৰিক বিশ্বাস! বিশেষকৈ যেতিয়া এটা পৱিত্ৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ভেটি নিৰ্মাণৰ বাবে এজন মানুহে নিজৰ যৌৱনৰ আটাইতকৈ মূল্যৱান ১৮টা বছৰ, তেজ-ঘাম আৰু জীৱনৰ সমস্ত সাধনা নিস্বাৰ্থভাৱে উজাৰি দিয়ে!
​সংকটৰ সেই দুৰ্যোগপূৰ্ণ দিনবোৰত অন্তৰৰ এক সুপ্ত কোণৰ পৰা আমি হয়তো কেতিয়াবা আশা কৰোঁ—সেই সুবিশাল প্ৰতিষ্ঠানটোৰ বহুজনৰ মাজৰ পৰা অন্ততঃ এজন মানুহ হ’লেও সাহসেৰে আগবাঢ়ি আহক! কোনোবা এজনে অন্ততঃ বুকুত হাত থৈ স্পষ্ট আৰু নিৰ্ভীক কণ্ঠেৰে কওক—“এইটো অন্যায় হৈছে, এইটো ঠিক হোৱা নাই!” কিন্তু বাস্তৱৰ মাটিত তেনে কোনো অলৌকিক ঘটনা নঘটিল। সমাজৰ মানুহবোৰ আচৰিত ধৰণে নীৰৱ আৰু নিস্তব্ধ হৈ ৰ’ল। সকলোৱে নিজৰ দুচকু মুদি অন্ধ হোৱাৰ ভাও জুৰিলে। কোনোবাই হয়তো নিজৰ ক্ষুদ্ৰ ব্যক্তিগত লাভালাভ আৰু সুবিধাৰ খাতিৰত, আৰু আন কোনোবাই ক্ষমতাৰ প্ৰতি থকা আদিম ভয় আৰু সংশয়ৰ বাবে সত্যক গাপ দি ৰাখিলে। ​মই সেই ভয়াৰ্ত আৰু সুবিধাবাদী নীৰৱতাখিনি মোৰ সমগ্ৰ সত্তাৰে অতি গভীৰভাৱে অনুভৱ কৰিছিলোঁ। অন্তৰত মৰ্মান্তিক বেদনা পাইছিলোঁ। কিন্তু এটা সময়ত মোৰ অন্তৰাত্মাই মোক প্ৰশ্ন কৰিলে—এখন পূৰ্বনিৰ্ধাৰিত আৰু নীতিহীন যুদ্ধক্ষেত্ৰত এজন নিৰস্ত্ৰ মানুহে অকলে আৰু কিমান দিন এনেদৰে থিয় হৈ আত্মক্ষয় কৰি থাকিব?

​জীৱনত কৰিবলৈ বাকী থকা কামবোৰ আৰু সমাজক দিবলগীয়া মোৰ ভৱিষ্যতৰ সপোনবোৰ যদি এই সংকীৰ্ণ ৰাজনীতিৰ তুলনাত হাজাৰ গুণে অধিক গুৰুত্বপূৰ্ণ হয়, তেন্তে তেনে এক স্থানৰ পৰা নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি আঁতৰি অহাটো কোনো কালেই আত্মপৰাজয় হ’ব নোৱাৰে! বৰং সেয়া হ’ল নিজৰ আত্মাক মুক্ত কৰি আন এক নতুন সৃজনীশীল যাত্ৰাৰ প্ৰস্তুতি। সেয়েহে অতি সুস্থিৰ মনেৰে মই সেই চিনাকি ঠিকনাৰ পৰা আঁতৰি অহাৰ কঠিন সিদ্ধান্ত ল’লোঁ। মোৰ সেই প্ৰস্থানত কোনো কৃত্ৰিম নাটকীয় বিদায়-সম্বৰ্ধনা নাছিল, সমাজক দেখুৱাবলৈ কোনো বিশেষ আনুষ্ঠানিক ঘোষণা নাছিল। কেৱল এটা ১৮ বছৰীয়া বৰ্ণিল আৰু সোণালী অধ্যায়ৰ অতি শান্ত আৰু নিঃশব্দ পৰিসমাপ্তি। বুকুত ১৮টা বছৰৰ অপৰিসীম স্মৃতি আৰু অনুভৱৰ মেটমৰা বোজাটো সাৱটি লৈ মই মহাবিদ্যালয়ৰ সেই প্ৰৱেশদ্বাৰেৰে শেষবাৰৰ বাবে ওলাই আহিলোঁ।

​কেতিয়াবা নিৰ্জন পথত খোজ কাঢ়ি যাওঁতে মই ক্ষন্তেক থমকি ৰৈ পিছলৈ ঘূৰি চাইছিলোঁ। নিজকে অতি গভীৰভাৱে প্ৰশ্ন কৰিছিলোঁ—এই সুদীৰ্ঘ ১৮টা বছৰৰ জীৱন-সংগ্ৰামত মই আচলতে কি পালোঁ? মোৰ অন্তৰৰ পৰা ওলাই অহা উত্তৰটো কিন্তু কোনো উচ্চ পদবী, কোনো মাহেকীয়া বেতনৰ অংক, নাইবা ফ্ৰেমত বন্ধা কোনো কাগজৰ প্ৰশংসাপত্ৰত বিচাৰি পোৱা নগ’ল! মই পালোঁ—মোৰ সমগ্ৰ জীৱন উজলাই ৰখা এজাক নিষ্পাপ আৰু অকৃত্ৰিম হৃদয়ৰ চিৰন্তন ছাত্ৰ-ছাত্ৰী, জীৱন-যুদ্ধত টিকি থকাৰ কিছু গভীৰ প্ৰজ্ঞাময় অভিজ্ঞতা, আৰু অন্তৰৰ মণিকূটত চিৰদিনৰ বাবে জীপাল হৈ থকা বহুতো মিঠা আৰু তিতা অনুভূতিৰ অক্ষয় ভাণ্ডাৰ! সেই পৱিত্ৰ প্ৰাপ্তিখিনিয়েই আছিল মোৰ জীৱনৰ আচল উপাৰ্জন, যাক পৃথিৱীৰ কোনো কুটিল ষড়যন্ত্ৰই মোৰ পৰা কাঢ়ি নিব নোৱাৰে। 

টংলা মহাবিদ্যালয়ৰ সেই সুদীৰ্ঘ ১৮ বছৰীয়া মায়াময় ঠিকনাটো চিৰদিনৰ বাবে এৰি অহাৰ পিছত প্ৰথম কেইটামান দিন মোৰ মনৰ আকাশত এটি বিৰাট প্ৰশ্নবোধক চিহ্নে অহৰহ দোলা দিছিল—“এতিয়া কি?” কিন্তু জীৱন নৈৰ সোঁতৰ দৰে -- কোনো এজন ব্যক্তিৰ প্ৰত্যাশা বা আঘাতৰ বাবেই কেতিয়াও থমকি নৰয়। টংলা মহাবিদ্যালয়ৰ দুৱাৰখন বন্ধ হ’ল যদিও মোৰ সন্মুখত অপেক্ষা কৰি আছিল কৰ্মৰ এক সুবিশাল কেনভাছ। মোৰ বাবে আছিল ‘অৰুণোদয় একাডেমী’, আছিল নতুন প্ৰজন্মৰ শত-সহস্ৰ জ্ঞানপিপাসু ছাত্ৰ-ছাত্ৰীৰ কলকাকলি, আছিল বিজ্ঞানৰ ন-ন প্ৰকল্প আৰু আৰ্হি নিৰ্মাণৰ ক্লান্তিহীন সাধনা, আৰু লগতে আছিল মননশীল লিখা-পঢ়াৰ এক শান্ত নিভৃত জগত। আৰু এই সকলোবোৰৰ উৰ্ধত—মোৰ মূৰৰ ওপৰত সদায় শান্ত আৰু উদাৰ হৈ আছিল সেই চিৰন্তন নীলা আকাশখন! হয়, সেই আকাশখনেই আছিল মোৰ আটাইতকৈ ডাঙৰ আশ্ৰয়। আকাশৰ বুকুলৈ দৃষ্টি মেলিলেই মই উপলব্ধি কৰিছিলোঁ—পৃথিৱীৰ কোনো সংকীৰ্ণ ষড়যন্ত্ৰ বা বন্ধ দুৱাৰে মানুহৰ কৰ্মপ্ৰেৰণা আৰু মুক্ত আত্মাক কেতিয়াও বন্দী কৰি ৰাখিব নোৱাৰে।


খণ্ড - ১০
স্মৃতিৰ অলিয়ে গলিয়ে চিনাকি মুখবোৰ
সময় বাগৰি আহি পালেহি ২০১৩ চনটো। বিগত তিনিটা দশকত এগৰাকী নিষ্ঠাবান শিক্ষক হিচাপে মই অজস্ৰ ছাত্ৰ-ছাত্ৰীক অতি নিবিড়ভাৱে কাষৰ পৰা পালোঁ। সময়ৰ সোঁতত সিহঁতৰ বহুতেই কৈশোৰৰ দেওনা অতিক্ৰম কৰি আজি সমাজত একো একোজন সুপ্ৰতিষ্ঠিত আৰু দায়িত্বশীল নাগৰিকলৈ ৰূপান্তৰিত হৈছে। লগে লগে তাহানিৰ সেই কোমল চেহেৰাবোৰতো বয়স আৰু অভিজ্ঞতাই এক আমূল পৰিৱৰ্তন আনি দিলে। সেয়ে আজিৰ দিনত সেই পুৰণি ছাত্ৰ-ছাত্ৰীসকলক বাটে-পথে ক’ৰবাত অকস্মাৎ লগ পালে প্ৰথম দৃষ্টিতেই চিনি পোৱাটোও কেতিয়াবা কঠিন হৈ পৰে।  তথাপিও, বজাৰে-সমাৰে, বিয়া-সবাহে, ৰঙালী বিহুৰ বিহুতলীত নাইবা ভ্ৰাম্যমাণ থিয়েটাৰৰ জনসমুদ্ৰৰ মাজত যেতিয়াই কোনোবা প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীয়ে আগবাঢ়ি আহি দুহাত যোৰ কৰি কুশল-বাৰ্তা সোধে—তেতিয়া হৃদয়খন এক অনাবিল তৃপ্তি আৰু গৌৰৱেৰে উপচি পৰে। এয়া প্ৰতিগৰাকী শিক্ষাগুৰুৰ দৈনন্দিন জীৱনৰ এক অত্যন্ত মধুৰ, অপূৰ্ব আৰু নৈমিত্তিক প্ৰাপ্তি।

​তেনেকুৱাই এটি অবিস্মৰণীয় ঘটনা ঘটিছিল সিদিনা। আছিল এটা শান্ত দেওবাৰ। চুলিখিনি কিছু দীঘল হোৱাত কটাম বুলি মটৰচাইকেলখন ষ্টাৰ্ট কৰি ওলাই আহিলোঁ। প্ৰথমে  এখন চেলুনলৈ গ'লো। তাত মানুহৰ প্ৰচণ্ড ভিৰ দেখি ভাবিলোঁ—নাই, ইয়াত বহু সময় নষ্ট হ’ব, আন এখনলৈকে যাওঁ। সাধাৰণতে মই নিৰ্দিষ্ট এখন বিশেষ চেলুনতেই নিয়মীয়াকৈ চুলি কটাও। কিন্তু আজি সেইখনো বন্ধ হৈ আছিল। গম পালোঁ—চেলুনখনৰ নাপিত "চুটকা" বিহাৰৰ নিজ গৃহলৈ গৈছে, তাৰ জীয়েকৰ বিয়া হেনো। সেয়ে কিছুদূৰ আগবাঢ়ি গৈ আন এখন চেলুনৰ সন্মুখত মটৰচাইকেলখন ৰখালোঁ।

​ভিতৰলৈ সোমাই দেখিলোঁ দুজন নাপিতে অতি মনোযোগেৰে গ্ৰাহকৰ চুলি কাটি আছে। কিছু সময় অপেক্ষা কৰাৰ পিছত মোৰ পাল পৰিল। এজন কম বয়সীয়া, শান্ত স্বভাৱৰ নাপিতে অতি বিনম্ৰভাৱে মোক তেওঁৰ চকীখনলৈ মাতিলে। চকীখনত বহিছোঁহে মাথোন, নাপিতজনে অতি আন্তৰিকতাৰে মাত লগালে—
“ছাৰ, ভালনে আপোনাৰ?”
​মই সন্মতিসূচক দৃষ্টিৰে এটি মৃদু হাঁহি মাৰি তেওঁৰ মুখলৈ চাই ভাবিবলৈ ধৰিলোঁ—এই মুখখনচোন মোৰ অতি চিনাকি! কিন্তু স্মৃতিৰ কুঁৱলী ফালি মই তেওঁক সঠিককৈ মনত পেলাব পৰা নাই...। মোৰ মনৰ ভিতৰত দুলি থকা সেই দোমোজা আৰু ভাবৰ বুৰবুৰণিবোৰৰ উমান হয়তো সেই কম বয়সীয়া নাপিতজনে তৎক্ষণাত পাইছিল। তেওঁ মিচিকিয়াই হাঁহি ক’লে— “মোক চিনি পাইছেনে ছাৰ? ২০০৫ চনত হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছিলোঁ। মই আপোনাৰ ছাত্ৰ ‘---’ ছাৰ!” (নামটো মই ইচ্ছাকৃতভাৱেই সংগোপনে ৰাখিলোঁ)।

​মুহূৰ্ত এটিৰ বাবে হ’লেও মই যেন চৰম অপ্ৰস্তুত আৰু আৱেগিক হৈ পৰিলোঁ। এৰা, এৰা! স্পষ্ট মনত পৰি গ’ল—এওঁ দেখোন মোৰেই শ্ৰেণীকোঠাৰ এজন ছাত্ৰ আছিল! মই কিবা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পূৰ্বেই তেওঁ মোৰ গাত এখন বগা কাপোৰ মেৰিয়াই দিলে আৰু হাতত কেঁচি-ফণি তুলি লৈ অতি যত্নেৰে মোৰ চুলি কাটিবলৈ আৰম্ভ কৰিলে। কেঁচিৰ খট-খট শব্দৰ তালে তালে তেওঁ অতি সংক্ষেপে কৈ গ’ল তেওঁৰ জীৱনৰ কঠিন বাস্তৱৰ কাহিনী—ঘৰৰ চৰম আৰ্থিক অনাটন, শয্যাশায়ী ৰুগ্ন দেউতাকৰ ঔষধ-পাতিৰ চিন্তা, আৰু সৰু ভায়েকহঁতৰ পঢ়া-শুনা তথা সংসাৰৰ সমগ্ৰ দায়িত্ব অকলেই কান্ধত তুলি ল’বলগীয়া হোৱাৰ সেই নিৰুপায় সংগ্ৰাম। মই চকীখনত বহি নিৰৱে মাথোঁ শুনি গ’লোঁ। মোৰ মনৰ কেনভাছত একেখনকৈ ভাঁহি উঠিল মোৰ আন বহুতো কৃতী ছাত্ৰ-ছাত্ৰীৰ মুখবোৰ—যিসকলে NEET, JEE, CEE আদি কঠিন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আনন্দৰ খবৰ দি ভৰি চুই সেৱা কৰি যায়; যিসকল বেংক বা অন্যান্য উচ্চ প্ৰতিষ্ঠানৰ লোভনীয় চাকৰিত নিয়োজিত হৈছে; উচ্চ শিক্ষাৰ বাবে দিল্লী বা বাংগালোৰৰ দৰে মহানগৰীলৈ উৰা মাৰিছে, নাইবা ব্যৱসায়ত উন্নতি কৰি ক্ৰমে সমাজৰ শীৰ্ষ শিখৰলৈ গতি কৰিছে। আৰু তাৰ সমান্তৰালকৈ চকুৰ আগত চিলমিলকৈ ভাঁহি উঠিল আন দুই-এখন মুখ—যিবোৰ মুখৰ অধিকাৰী ছাত্ৰই আজি সমাজত প্ৰতিষ্ঠিত হৈ চকুৰ সন্মুখেৰে পাৰ হৈ গ’লেও নিজৰ পুৰণি শিক্ষাগুৰু বুলি মাত এষাৰ দিবলৈকো টান পায়! সঁচাকৈয়ে, কি বিচিত্ৰ এই মানৱ চৰিত্ৰ আৰু পৃথিৱীৰ নীতি!
​চুলি কটাৰ সুবিধাৰ্থে মোৰ মূৰটো সামান্যভাৱে আগলৈ হলাই দি ছাত্ৰজনে ক’লে—“ছাৰ, মই কিন্তু অন্তৰৰ পৰা সুখী। পিতৃৰ পদাংক অনুসৰণ কৰিয়েই এই ব্যৱসায়ত নামিছোঁ আৰু ঘৰখনৰ সকলো দায়িত্বও সুচাৰুৰূপে ল’ব পাৰিছোঁ। কিন্তু জীৱনত দুখ এটাই চিৰদিনৰ বাবে ৰৈ গ’ল ছাৰ...!”
​মই গভীৰ উৎকণ্ঠাৰে সুধিলোঁ—“কি দুখ?”
​তেওঁ এক গভীৰ আৰু বেদনাসিক্ত হুমুনিয়াহ কাঢ়ি ক’লে—
“ময়ো এজন শিক্ষক হোৱাৰ এটি পৱিত্ৰ সপোন বুকুত পুহি ৰাখিছিলোঁ ছাৰ! পিছে পৰিস্থিতিৰ পাকচক্ৰত সেয়া আৰু সম্ভৱ হৈ নুঠিল...”
তেওঁৰ সেই অকপট আৰু হৃদয়স্পৰ্শী স্বীকাৰোক্তি শুনি মোৰ ডিঙিটো যেন ক্ষন্তেকৰ বাবে বন্ধ হৈ আহিল। কি ক’ম, কি সান্ত্বনা দিম ভাবি থাকোঁতেই তেওঁৰ চুলি কটাৰ পৰ্ব সমাপ্ত হ’ল।
মই লাহেকৈ চকীখনৰ পৰা উঠিলোঁ। পকেটৰ পৰা ৰুমালখন উলিয়াই মুখৰ চুলিখিনি মচি লৈ মাননি আদায় দিয়াৰ উদ্দেশ্যে ৱালেটটোলৈ বুলি হাতখন আগবঢ়ালোঁহে মাথোন—তেওঁ মুহূৰ্ততে দুহাত তুলি প্ৰচণ্ড প্ৰতিবাদ কৰি উঠিল আৰু আৱেগভৰা মাতেৰে ক’লে—“নহয় ছাৰ, কেতিয়াও নহয়! পইচাৰ বিনিময়ত মই কেতিয়াও মোৰ শিক্ষাগুৰুৰ চুলি কাটিব নোৱাৰোঁ। এয়া মোৰ জীৱনৰ পৰম সৌভাগ্য যে আজি মই মোৰ শ্ৰদ্ধাৰ শিক্ষকৰ অকণমান সেৱা কৰিবলৈ পালোঁ। আপুনি সময়ে সময়ে আকৌ আহিব ছাৰ!” ​এইবুলি কৈয়েই তেওঁ কোনো দ্বিধাবোধ নকৰি, চেলুনৰ সেই মজিয়াতেই তললৈ হাউলি মোৰ ভৰি দুখন নিজৰ দুহাতেৰে চুই অতি ভক্তিভাৱে মূৰ দোৱাই আশীৰ্বাদ বিচাৰিলে।
মোৰ চকুৰ কোণ দুটা কঁপি উঠিল। অন্তৰৰ সমস্ত স্নেহ আৰু এবুকু আশীৰ্বাদ তেওঁৰ শিৰত ঢালি দি মই ঘৰলৈ উভতি আহিলোঁ। কিন্তু ওৰেটো দিন মোৰ মনৰ মাজত অহৰহ দোলা দি থাকিল জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, মানৱীয় মূল্যবোধ আৰু গুৰু-শিষ্যৰ পৱিত্ৰ মৰ্যাদাৰ এক অন্তহীন আৰু গভীৰ চিন্তাতৰংগ। 

২০১২ চনৰ সেই ‘Transit of Venus’ বা শুক্ৰৰ সূৰ্যসঞ্চাৰৰ কৰ্মশালাখন আৰু তাৰ পৰৱৰ্তী সময়ত ওদালগুৰি জিলাৰ বিভিন্ন গাঁৱে-ভূঞে থকা বিদ্যালয়সমূহলৈ কৰা নিৰন্তৰ শৈক্ষিক ভ্ৰমণে মোৰ মনত এটা কথা অতি গভীৰভাৱে খোদিত কৰি দিছিল—আমাৰ নিষ্পাপ শিশু আৰু কিশোৰসকলৰ অন্তৰত মহাকাশৰ ৰহস্যক লৈ লুকাই আছে এক অপৰিসীম, অতলস্পৰ্শী কৌতূহল! ​কিন্তু সেই সুপ্ত কৌতূহলক সঠিকভাৱে জীয়াই ৰাখিবলৈ সমাজত প্ৰয়োজন এনে এজন নিস্বাৰ্থ পথপ্ৰদৰ্শকৰ—যিয়ে প্ৰথমে তেওঁলোকৰ হাতত ধৰি মুকলি আকাশখনলৈ চাবলৈ শিকাব পাৰে।

​ঠিক সেই সন্ধিক্ষণতেই মোৰ জীৱনলৈ আহিল আন এগৰাকী অনন্য ব্যক্তিত্ব, যাৰ সান্নিধ্য আৰু প্ৰভাৱে মোৰ চিন্তাৰ দিগন্তক আমূলভাৱে সলনি কৰি পেলালে—তেখেত আছিল শ্ৰদ্ধাৰ উদয় নাৰায়ণ ডেকা ছাৰ। ডেকা ছাৰ আছিল এনে এজন বিৰল মানুহ, যিয়ে দৈনন্দিন জীৱনৰ অতি সাধাৰণ, সৰু-সুৰা কথাৰ মাজতো বিশ্বব্ৰহ্মাণ্ড আৰু মহাকাশৰ অতল বিশালতা অনায়াসে বিচাৰি উলিয়াব পাৰিছিল। তেখেতৰ মুখৰ শান্ত আৰু প্ৰজ্ঞাময় কথাবোৰ শুনিলে এনে অনুভৱ হৈছিল—যেন অনন্ত আকাশখন আলোকবৰ্ষ দূৰৰ কোনো অগম্য বস্তু নহয়; সি আমাৰ একেবাৰে মূৰৰ ওপৰতেই আছে, আমাৰ চকুৰ সন্মুখতেই অপৰূপ ৰূপেৰে বিৰাজমান। কেৱল নিজৰ অন্তৰৰ চকুৰে সেই অনন্ত সৌন্দৰ্যক চাবলৈ আৰু হৃদয়ঙ্গম কৰিবলৈ শিকিব লাগে!
​দিনবোৰ বাগৰি আহি পালেহি ২০১৫ চনৰ ছেপ্টেম্বৰ মাহ।ডেকা ছাৰ কোনো এক বিশেষ কামত ওদালগুৰিলৈ আহিছিল। সেই সময়লৈ তেখেতৰ সৈতে মোৰ আন্তৰিক আৰু শৈক্ষিক সম্পৰ্কটো ইতিমধ্যে যথেষ্ট গভীৰ হৈ পৰিছিল। এদিন বিয়লি একাপ চাহ খোৱাৰ উদ্দেশ্যে তেখেত আমাৰ ঘৰলৈ আহিল। ঘৰৰ ভিতৰত সোমায়েই ড্ৰয়িং ৰুমত বহি চাহৰ কাপটো হাতত লোৱাৰ পূৰ্বেই ডেকা ছাৰে অতি স্বাভাৱিকভাৱে মোক ক’লে— “কম্পিউটাৰটো অন কৰাচোন প্ৰণৱ।” মই কোনো প্ৰশ্ন নকৰি নিঃশব্দে কম্পিউটাৰটো অন কৰিলোঁ।
​“এটা ৱেবছাইট চোৱা।”—ছাৰে নিৰ্দেশ দিলে।
​ছাৰে ব্ৰাউজাৰত যিটো বিশেষ ৱেবছাইট খুলিবলৈ ক’লে, সেইটো দেখাৰ লগে লগে মোৰ চকু দুটা যেন ক্ষন্তেকৰ বাবে স্থিৰ হৈ ৰ’ল। সেয়া আছিল ভাৰতবৰ্ষৰ পাৰমাণৱিক বিজ্ঞান আৰু গৱেষণাৰ সৰ্বোচ্চ তীৰ্থক্ষেত্ৰ—মুম্বাইৰ ‘ভাবা আনৱিক গৱেষণা কেন্দ্ৰ’ (Bhabha Atomic Research Centre,  BARC)!

​‘মুম্বাই’—নামটো মোৰ অতীতৰ প্ৰশিক্ষণৰ দিনবোৰৰ পৰাই অতি চিনাকি আছিল। কিন্তু ‘BARC’... ! এই বিশ্ববিখ্যাত প্ৰতিষ্ঠানটোৰ নামটো মোৰ দৰে মফচলীয় অঞ্চলৰ এখন সাধাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক এজনৰ বাবে কিমান যে দূৰৈৰ, অপ্ৰাপ্য আৰু সপোনৰ দৰে এক স্থান আছিল! কিন্তু ডেকা ছাৰে সমগ্ৰ বিষয়টোক ইমানেই সহজ আৰু স্বাভাৱিক কৰি পেলালে যেন এয়া আমাৰ দৈনন্দিন কামৰেই এটা তেনেই সাধাৰণ অংশ। তেখেতে অতি শান্তভাৱে ক’লে— “অনলাইন এপ্লিকেচনটো খোলা।”
​মই নিৰ্দেশ অনুসৰি আবেদন পত্ৰখন স্ক্ৰীণত খুলি ল’লোঁ।
​“ফৰ্মখন পূৰ কৰা।”—ছাৰে দৃঢ় কণ্ঠেৰে ক’লে।
​মই কীবৰ্ডত হাত থৈ ক্ষন্তেক থমকি ৰ’লোঁ। মনৰ ভিতৰচ’ৰাত এটাৰ পিছত এটাকৈ অজস্ৰ প্ৰশ্ন আৰু দ্বিধাই খুন্দিয়াবলৈ ধৰিলে—মই কি লিখিম? কি কাৰণে লিখিম? সমগ্ৰ দেশৰ শ্ৰেষ্ঠ বিজ্ঞানী আৰু অধ্যাপকসকলৰ মাজত মোৰ যোগ্যতা আৰু মৰ্যাদাই বা কিমান? মোৰ দৰে এজন সাধাৰণ শিক্ষকে বাৰু সঁচাকৈয়ে তাত স্থান পাবলৈ সক্ষম হ’মনে? মোৰ চকু-মুখৰ সেই অপ্ৰকাশিত সংশয় আৰু দ্বিধাগ্ৰস্ততা প্ৰত্যক্ষ কৰি সেই সময়ত আমাৰ কাষতেই উপস্থিত থকা শ্ৰদ্ধাৰ জয়ন্ত কুমাৰ দাস ছাৰে মোক অভয় দিলে, বুকুৰ ভিতৰত অপৰিসীম সাহসৰ সঞ্চাৰ কৰিলে। তেওঁ মোৰ দ্বিধাক আঁতৰাই নিজেই কম্পিউটাৰৰ সন্মুখত বহি পৰিল। তাৰ পিছত আৰম্ভ হ’ল তথ্য পূৰণৰ পৰ্ব: মোৰ শৈক্ষিক অৰ্হতা আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ তথ্য, বিগত কেইবাটাও বছৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে কৰা কৰ্মৰাজিৰ খটিয়ান, বিভিন্ন জ্যোতিৰ্বিজ্ঞান আৰু বিজ্ঞান কৰ্মশালাত অংশগ্ৰহণৰ সবিশেষ বিৱৰণ, আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিৰ্মাণ কৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা বিজ্ঞান প্ৰকল্প তথা উদ্ভাৱনী কাৰ্যকলাপৰ তালিকা ইত্যাদি। এটাৰ পিছত এটাকৈ প্ৰতিটো তথ্য পৰ্দাত লিপিবদ্ধ হৈ গ’ল। শেষত এটি গভীৰ নিশ্বাস এৰি অনলাইন ফৰ্মখন ছাবমিট কৰি প্ৰেৰণ কৰা হ’ল।
​আবেদন পত্ৰ প্ৰেৰণ কৰাৰ পিছত আৰম্ভ হ’ল পুনৰ এক শান্ত আৰু নিস্তব্ধ অপেক্ষাৰ ক্ষণ। মোৰ মনত কোনো নিশ্চয়তা নাছিল। মই জানো সপোনতো ভাবিব পাৰিছিলোঁ যে কম্পিউটাৰৰ সেই সাধাৰণ ফৰ্মখনেই মোৰ জীৱনৰ বন্ধ হৈ থকা আন এক সুবিশাল মহাজাগতিক দুৱাৰ মুকলি কৰি দিব? নাই, মই তিলমানো জনা নাছিলোঁ! ​কেইবাটাও দিন পাৰ হৈ গ’ল। তাৰ পিছত এদিন সন্ধিয়া নমোৰ ফোনৰ ৰিংটোনটো বাজি উঠিল। স্ক্ৰীণত জিলিকি উঠিল—‘ডেকা ছাৰ’। ​ফোনটো কাণত লৈ ‘হেল্ল’ বুলি ক’বলৈহে পালোঁ, সিপাৰৰ পৰা ডেকা ছাৰে কোনো ভূমিকা নকৰি এক অতি গভীৰ, আৱেগভৰা আৰু আনন্দদায়ক কণ্ঠেৰে ক’লে— “প্ৰণৱ, তুমি আজিয়েই মুম্বাইলৈ অহা-যোৱাৰ দুটা প্লেনৰ টিকট কাটি লোৱা! অক্টোবৰ মাহৰ ৩০ তাৰিখে তুমি BARC-ত উপস্থিত থাকিব লাগিব!”

​মই কিছু সময়ৰ বাবে সম্পূৰ্ণ স্তব্ধ, নিৰ্বাক আৰু নিৰৱ হৈ ৰ’লোঁ! মোৰ কাণে যেন নিজৰ শুনি থকা শব্দবোৰকে বিশ্বাস কৰিব পৰা নাছিল! মুম্বাই! ভাৰতৰ সৰ্বোচ্চ গৱেষণা প্ৰতিষ্ঠান BARC! আৰু তাত অনুষ্ঠিত হ’বলগীয়া মহাকাশ বিজ্ঞানৰ এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহাসমাৰোহ! যিটো কথা কালিৰ দিনটোলৈকে আছিল কেৱল কল্পনাৰো অগোচৰ এক সুদূৰ সপোন, সেই সপোনটোৱেই আজি এক অপৰূপ বাস্তৱ হৈ মোৰ দুৱাৰদলিত থিয় দিলেহি। ২০১৫ চনৰ সেই ঐতিহাসিক যাত্ৰাই মোৰ শিক্ষক জীৱনলৈ কঢ়িয়াই আনিলে আন এক সোণালী আৰু অবিস্মৰণীয় যুগান্তকাৰী অধ্যায়।
​কিন্তু সেই মুম্বাই যাত্ৰাৰ আনন্দৰ পূৰ্বেই মই মোৰ অন্তৰৰ সমগ্ৰ শ্ৰদ্ধাৰে উপলব্ধি কৰিবলগীয়া হৈছিল—যিগৰাকী মানুহে নিজৰ হাতখন আগবঢ়াই মোক সেই পৱিত্ৰ মহাজাগতিক দুৱাৰখন দেখুৱাই দিলে, তেখেত নিজেই আচলতে বিজ্ঞান আৰু আকাশৰ কিমান গভীৰ, ঐকান্তিক আৰু নিস্বাৰ্থ প্ৰেমী আছিল! উদয় নাৰায়ণ ডেকা ছাৰ কেৱল এটি নিৰ্দিষ্ট সংজ্ঞাত আৱদ্ধ থকা কোনো তথাকথিত অপেছাদাৰী জ্যোতিৰ্বিজ্ঞানী (Amateur Astronomer) নাছিল। তেখেতৰ বাবে এই বিশাল নীলা আকাশখন আছিল জীৱনৰ এক অন্তহীন, আজন্ম আৰু পৱিত্ৰ অনুসন্ধান! টেলিস্কোপটো আছিল কেৱল তেখেতৰ হাতৰ কাঁচ আৰু ধাতুৰে নিৰ্মিত এটা বাহ্যিক সঁজুলি মাথোন; কিন্তু তেখেতৰ আচল সাধনা আছিল মানুহৰ সুপ্ত হৃদয়খনক জগাই তুলি আকাশৰ অনন্ত মহিমাক প্ৰত্যক্ষ কৰিবলৈ শিকাটো।​তেখেতৰ এটা কথাই আজিও মোৰ স্মৃতিৰ মণিকূটত চকুলো আৰু প্ৰেৰণা হৈ সজীৱ হৈ ৰৈছে। এদিন কোনো এখন বিদ্যালয়ৰ মুকলি প্ৰাংগণত সন্ধিয়াৰ নিস্তব্ধ আকাশৰ তলত টেলিস্কোপেৰে চন্দ্ৰ আৰু গ্ৰহ-নক্ষত্ৰ পৰ্যবেক্ষণৰ কাৰ্যসূচী চলি আছিল। আকাশ চোৱাৰ দুৰ্বাৰ হেঁপাহত শ শ কোমলমতি ছাত্ৰ-ছাত্ৰীয়ে নিয়ৰ সৰা ঠাণ্ডাকো নেওচি টেলিস্কোপটোৰ সন্মুখত এটা অতি দীঘলীয়া শাৰী পাতি অনুশাসনবদ্ধভাৱে থিয় হৈ আছিল। সেই দীঘলীয়া শাৰীটোত ৰৈ থকা নিষ্পাপ শিশুবোৰৰ উজ্জ্বল মুখবোৰলৈ গভীৰ দৃষ্টিৰে চাই থাকি, ডেকা ছাৰে হঠাতে মোৰ ফালে ঘূৰি অতি সংবেদনশীল আৰু আৱেগভৰা মাতেৰে কৈ উঠিছিল— “জানা প্ৰণৱ... এদিন ময়ো মোৰ ল’ৰালি কালত এনেদৰেই ঠিক এটা দীঘলীয়া লাইনৰ একেবাৰে শেষৰ পিনে থিয় হৈ আছিলোঁ—কেৱল নিজ চকুৰে এটা টেলিস্কোপেৰে আকাশখন এবাৰ চাই লোৱাৰ দুৰ্বাৰ তাড়নাত!” সেই এষাৰ বাক্যৰ মাজতেই যেন প্ৰতিধ্বনিত হৈছিল এজন আজন্ম জ্ঞানপিপাসু মানুহৰ সমগ্ৰ জীৱনজোৰা সাধনা, ত্যাগ আৰু তৰাভৰা আকাশৰ প্ৰতি থকা এক অনন্ত আৰু নিষ্পাপ প্ৰেমৰ পৱিত্ৰতম ইতিহাস। 

২০১৫ চনৰ সেই ঐতিহাসিক ক্ষণটো আৰু মুম্বাই অভিমুখী যাত্ৰাৰ প্ৰাকমুহূৰ্তত মই শিক্ষকতাৰ আচল আৰু পৰম অৰ্থটো মোৰ সমগ্ৰ সত্তাৰে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এগৰাকী প্ৰকৃত শিক্ষক কেৱল শ্ৰেণীকোঠাত পাঠ্যপুথিৰ তথ্য বিতৰণ কৰা এজন গতানুগতিক পাঠদানকাৰী হ’ব নোৱাৰে। এই পৃথিৱীত এগৰাকী সফল আৰু সঁচা শিক্ষক সেইজনেই যিজনে আন এজন মানুহৰ হৃদয়ৰ অন্ধকাৰ কোঠালীত লুকাই থকা সুপ্ত সম্ভাৱনাৰ জঁপাখন আলফুলে খুলি দিয়ে আৰু জীৱনৰ দুৰ্গম বাটত আত্মবিশ্বাসেৰে আগবাঢ়ি যাবলৈ অবিৰত প্ৰেৰণা যোগায়।শ্ৰদ্ধাৰ উদয় নাৰায়ণ ডেকা ছাৰে মোৰ জীৱনত ঠিক সেই পৰম গুৰুৰ কামটোকেই কৰিছিল। ২০১২ চনৰ সেই দুৰ্যোগপূৰ্ণ ক্ষণত মই হয়তো টংলা মহাবিদ্যালয়ৰ ১৮ বছৰীয়া চিনাকি দুৱাৰখন নিজৰ পাছফালে বন্ধ কৰি অসহায়ভাৱে ওলাই আহিবলগীয়া হৈছিল; কিন্তু নিয়তিৰূপী ডেকা ছাৰে মোৰ সন্মুখত উন্মুক্ত কৰি দিছিল বিশ্বব্ৰহ্মাণ্ডৰ আন এক অনন্ত আৰু জ্যোতিৰ্ময় দুৱাৰ। আৰু সেই অদৃশ্য দুৱাৰখনৰ ঠিক সিপাৰেই অপেক্ষা কৰি আছিল সপোনৰ মহানগৰী মুম্বাই—ভাৰতৰ গৌৰৱস্বৰূপ ‘ভাবা আনৱিক গৱেষণা কেন্দ্ৰ’ (BARC)!

​মুম্বাইৰ সেই সুবিশাল ভাবা আনৱিক গৱেষণা কেন্দ্ৰৰ চৌহদটো তেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰথিতযশা বিজ্ঞানী, গৱেষক আৰু জ্যোতিৰ্বিজ্ঞানীসকলৰ এক মহামিলন ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈ পৰিছিল। মোৰ দৰে মফচলৰ এজন সাধাৰণ শিক্ষকৰ বাবে এইয়া আছিল অসীম মহাকাশক আৰু অলপ নিবিড়ভাৱে, অতি কাষৰ পৰা চুই চোৱাৰ এক বিৰল আৰু অসাধাৰণ সুযোগ। টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (TIFR) অন্তৰ্গত ‘হোমি ভাবা বিজ্ঞান শিক্ষা কেন্দ্ৰ’ই (HBCSE) আয়োজন কৰা সেই ‘Astronomy Camp’-ৰ প্ৰতিটো দিন আজিও মোৰ স্মৃতিৰ মণিকূটত চিৰসেউজ হৈ জীপাল হৈ আছে। সেই কেইটামান দিনত আমাৰ সন্মুখত উন্মোচিত হৈছিল আধুনিক জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ এক সুবিশাল কেনভাছ। সেইবোৰ আছিল যথাক্ৰমে : মহাজাগতিক বলবিজ্ঞান (Celestial Mechanics) আৰু নক্ষত্ৰৰ জটিল পদাৰ্থবিজ্ঞান (Physics of Stars), অপটিক্স আৰু জ্যোতিৰ্বৈজ্ঞানিক স্থানাংক ব্যৱস্থা (Astronomical Coordinates), ​নিৰীক্ষণমূলক জ্যোতিৰ্বিজ্ঞান (Observational Astronomy) আৰু নিশাৰ তৰাভৰা আকাশ পৰ্যবেক্ষণ (Night Sky Observation), আধুনিক টেলিস্কোপ চালনাৰ সূক্ষ্ম কাৰিকৰী কৌশল (Telescope Handling), ​ভাৰতৰ প্ৰথমখন মহাকাশ মানমন্দিৰ ‘এষ্ট্ৰ’চেট’ (AstroSat) আৰু মংগলযান অভিযানৰ (Mars Orbiter Mission) গৌৰৱগাথা, আৰু সৌৰজগতৰ বাহিৰৰ ৰহস্যময় বহিঃগ্ৰহসমূহৰ (Exoplanets) অন্বেষণ।
​বিশ্বৰ অগ্ৰণী বিজ্ঞানীসকলৰ সৈতে একেখন মেজত বহি মত-বিনিময় কৰাৰ সেই সুযোগ আছিল মোৰ জীৱনৰ এক পৰম সৌভাগ্য। বিশেষকৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ (NASA) প্ৰখ্যাত গ্ৰহ বিজ্ঞানী (Planetary Scientist) ড° হেনৰী থ্ৰুপৰ (Dr. Henry Throop) সৈতে মুখামুখিকৈ বহি মহাকাশৰ ৰহস্য সন্দৰ্ভত কথা পতাৰ সেই অমূল্য মুহূৰ্তবোৰ মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ।সেই আন্তর্জাতিক মঞ্চখনত ভৰি দিয়াৰ পিছত মোৰ সমগ্ৰ জীৱন-দৃষ্টি আৰু চিন্তাৰ পৰিসৰ একেবাৰে সলনি হৈ গ’ল। মই বুজিলোঁ যে বিজ্ঞানৰ কোনো ভৌগোলিক সীমা নাই, ই হ’ল মানৱ চেতনাৰ এক অনন্ত মুক্তিৰ নাম।

​মোক সেই মহাজাগতিক দুৱাৰখন দেখুৱাই দিয়া শ্ৰদ্ধাৰ উদয় নাৰায়ণ ডেকা ছাৰৰ নিজৰ জীৱন পৰিক্ৰমাটোও আছিল তেনেই বিচিত্ৰ আৰু গভীৰ অনুপ্ৰেৰণাদায়ক। ১৯৪৪ চনৰ ৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এই বিজ্ঞানপ্ৰেমী মানুহজনে মুম্বাইৰ দৰে মহানগৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকত (RBI) সুদীৰ্ঘ বাৰটা বছৰ এগৰাকী উচ্চপদস্থ মেনেজাৰ হিচাপে অতি নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু অৰ্থ আৰু বেংকৰ হিচাপ-নিকাচৰ ব্যস্ততাৰ মাজতো তেওঁৰ অন্তৰাত্মা বান্ধ খাই আছিল নিশাৰ নীলা আকাশৰ লগত। মুম্বাইত থকা সময়ছোৱাতেই তেখেতে ‘Amateur Astronomers Association’-ৰ কোষাধ্যক্ষ হিচাপে গুৰুদায়িত্ব পালন কৰি জ্যোতিৰ্বিজ্ঞান চৰ্চাক এক অনন্য গতি দিছিল। পিছলৈ কৰ্মজীৱন সামৰি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত তেখেত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল গুৱাহাটী তাৰাগৃহৰ সৈতে। পৰৱৰ্তী সময়ত ‘প্ৰাগজ্যোতিষ Amateur Astronomers Association’-ৰ সম্পাদক হিচাপে দায়িত্ব লৈ তেখেতে সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ—নগৰে-চহৰে, গাঁৱে-ভূঞে ঘূৰি ফুৰি বিজ্ঞান আৰু মহাকাশৰ আলোক সিঁচি দিছিল। তেখেতৰ বাবে জ্যোতিৰ্বিজ্ঞান কেৱল এটা ব্যক্তিগত চখ বা বিলাস নাছিল; সি আছিল সাধাৰণ মানুহ আৰু নিষ্পাপ শিশুক আকাশৰ অপাৰ মহিমাৰ সৈতে চিনাকি কৰাই দিয়াৰ এক আজীৱন ব্যাকুলতা আৰু আধ্যাত্মিক তাড়না!

​মোৰ জীৱনৰ ইতিহাসত ডেকা ছাৰৰ সেই বিশাল অৱদানৰ কথা লিখিবলৈ গ’লে হয়তো একোটা সুকীয়া গ্ৰন্থও যথেষ্ট নহ’ব। মুম্বাইৰ BARC-লৈ যোৱাৰ সেই সোণালী সুযোগটো তেখেতেই সৃষ্টি কৰি দিছিল সঁচা, কিন্তু তাৰো বহুগুণে উৰ্ধত আছিল মোৰ হতাশাচ্ছন্ন মনৰ ভিতৰত তেখেতে গুপুতে জগাই তোলা সেই অমৰ আত্মবিশ্বাসৰ বাণী—“প্ৰণৱ, তুমিও পাৰিবা!” পৃথিৱীৰ বুকুত এনে কিছুমান বিৰল মানুহৰ আৱিৰ্ভাৱ ঘটে, যিসকলে জীৱনৰ জটিল সন্ধিক্ষণত এজন দিকভ্ৰান্ত মানুহৰ পথৰ দিশ সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে। তেওঁলোকে কেৱল দূৰৰ পৰা এখন নতুন দুৱাৰেই আঙুলিয়াই নিদিয়ে; বৰং নিজ হাতেৰে সেই দুৱাৰখন খুলি, হাতত ধৰি একেবাৰে ভিতৰৰ পোহৰলৈ আগবঢ়াই থৈ আহেগৈ! ডেকা ছাৰে মোৰ জীৱনতো সেই অনন্ত মহাকাশৰ দুৱাৰখন খুলি দি মোক আকাশৰ বিজ্ঞানৰ এখন নতুন আৰু মুক্ত পৃথিৱীৰ বাসিন্দা কৰি তুলিলে।
​শিক্ষকতাৰ দৈনন্দিন সাধনা, বিজ্ঞানৰ ন-ন মডেল নিৰ্মাণ, আকাশ পৰ্যবেক্ষণ আৰু ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান প্ৰকল্পসমূহৰ মাজেৰে জীৱনৰ পথত আগবাঢ়ি থাকোঁতে মোৰ সন্মুখত সমাজৰ আন এক গভীৰ আৰু বাস্তৱমুখী প্ৰশ্ন আহি থিয় দিলেহি— “এজন ছাত্ৰই বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত নিজৰ ভৱিষ্যত জীৱনৰ পেছা বা কেৰিয়াৰটো কেনেকৈ সঠিকভাৱে বাছি ল’ব?” টংলা আৰু সমগ্ৰ ওদালগুৰি জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সুদীৰ্ঘ তিনিটা দশক অতি নিবিড়ভাৱে কটোৱাৰ পিছত মই এটা অতি মৰ্মান্তিক সত্য খুব ওচৰৰ পৰা অনুভৱ কৰিছিলোঁ। আমাৰ গাঁও আৰু মফচলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহজাত প্ৰতিভা, মেধা বা একাগ্ৰতাৰ কোনো অভাৱ নাছিল। অভাৱ যদি ক’ৰবাত আছিল, সেয়া আছিল কেৱল উপযুক্ত তথ্যৰ অভাৱ আৰু সঠিক সময়ত পাবলগীয়া এক দিকদৰ্শী নিৰ্দেশনাৰ অভাৱ! এজন মেধাৱী ছাত্ৰই হয়তো চিকিৎসক হ’ব বিচাৰে, আন এজনে প্ৰযুক্তিবিদ বা অভিযন্তা হ’ব খোজে, কোনোবাই দেশৰ শীৰ্ষ বিজ্ঞানী হোৱাৰ সপোন দেখে। আকৌ কোনোবা এজন ছাত্ৰই হয়তো আধুনিক জগতৰ এনে বহুতো নতুন আৰু উজ্জ্বল পাঠ্যক্ৰমৰ কথা গমেই নাপায়, যিবোৰ পাঠ্যক্ৰম প্ৰকৃততে তেওঁৰ নিজৰ অন্তৰ্নিহিত ৰুচি আৰু প্ৰতিভাৰ সৈতে আটাইতকৈ বেছি খাপ খাব পাৰে।
​মই শিক্ষক হিচাপে এই সমস্যাটো আগৰ পৰাই লক্ষ্য কৰিছিলোঁ যদিও, সময়ৰ লগে লগে এই সংকটটো অধিক স্পষ্ট আৰু উদ্বেগজনক হৈ পৰিছিল। আমাৰ গ্ৰামাঞ্চলৰ বহুতো সৰল অভিভাৱকে নিজৰ সন্তানটিৰ বাবে বুকুত আকাশলঙ্ঘী সপোন দেখে; কিন্তু সেই পৱিত্ৰ সপোনক বাস্তৱৰ মাটিত কেনেকৈ ৰূপায়িত কৰিব লাগিব, তাৰ সঠিক পথৰ সন্ধান কৰিবলৈ তেওঁলোকৰ হাতত কোনো পৰ্যাপ্ত তথ্য বা দিশ-নিৰ্ণায়ক ব্যৱস্থা নাথাকে। ​গ্ৰাম্যাঞ্চল বা সৰু চহৰৰ বহু প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীয়ে হয়তো বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ নাম দূৰৰ পৰা শুনিছে; কিন্তু সেই কঠিন পৰীক্ষাবোৰৰ বাবে কেনেদৰে পৰিকল্পিত প্ৰস্তুতি ল’ব লাগে, বছৰৰ কোনটো নিৰ্দিষ্ট সময়ত আবেদন কৰিব লাগে, নিজৰ সামৰ্থ্য অনুসৰি কোনটো বিষয় নিৰ্বাচন কৰিব লাগে, আৰু দেশৰ কোনখন আগশাৰীৰ শিক্ষানুষ্ঠানত কি কি সুযোগ সংৰক্ষিত হৈ আছে—এইবোৰৰ বিষয়ে তেওঁলোকৰ কোনো স্পষ্ট আৰু সঠিক ধাৰণা নাথাকে। কেতিয়াবা কেৱল এটা সামান্য তথ্যৰ অভাৱৰ বাবেই বা নিৰ্দিষ্ট সময় উকলি যোৱাৰ বাবেই এজন অতি সম্ভাৱনাময় মেধাৱী ছাত্ৰৰ জীৱনৰ পৱিত্ৰ সপোনটো বহু বছৰ পিছলৈ উজুটি খাই পৰে, নাইবা চিৰদিনৰ বাবে মৰহি যায়!
​আমাৰ সমাজৰ তৰুণ প্ৰজন্মৰ এই দিশহাৰা অৱস্থা আৰু নীৰৱ আৰ্তনাদ প্ৰত্যক্ষ কৰি লাহে লাহে মোৰ অন্তৰত এক নতুন আৰু পৱিত্ৰ সংকল্পই জন্ম ল’লে যে মই মোৰ সামৰ্থ্য অনুযায়ী যিমানদূৰ পাৰোঁ, প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ কেৰিয়াৰ সম্পৰ্কীয় সঠিক নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰিম। এইটো কোনো পূৰ্বপৰিকল্পিত বৃহৎ বাণিজ্যিক প্ৰকল্প নাছিল, ইয়াৰ বাবে কোনো বিলাসী শীতাতপ নিয়ন্ত্ৰিত কাৰ্যালয় সজা হোৱা নাছিল, আৰু নাছিল কোনো কঠিন নিয়ম বা সময়সূচীৰ বান্ধোন। মোৰ ঘৰৰ বাৰান্দা, বিদ্যালয়ৰ খালী শ্ৰেণীকোঠা, নাইবা বাটে-পথে লগ পোৱা যিকোনো স্থানতেই মোৰ দুৱাৰ সদায় মুকলি হৈ ৰ’ল যাতে এজনো মেধাৱী সন্তান কেৱল সঠিক তথ্য আৰু নিৰ্দেশনাৰ অভাৱত আন্ধাৰত দিশ হেৰুৱাই পেলাবলগীয়া নহয়। 

সেই নিঃস্বাৰ্থ সংকল্পৰ পাছত মোৰ ওচৰলৈ ন-ন প্ৰশ্ন লৈ মানুহৰ আগমন হ’বলৈ ধৰিলে। কেতিয়াবা কোনোবা চিন্তিত অভিভাৱক আহি মোৰ সমুখত বহিছিল, কেতিয়াবা দূৰণিৰ কোনোবা দোমোজাত পৰা ছাত্ৰই লাজ-সংশয় সামৰি ফোন কৰিছিল। আনহাতে স্থানীয় শিক্ষক আৰু বিভিন্ন সামাজিক সংগঠনৰ আন্তৰিক আহ্বানত মই শ শ ছাত্ৰ-ছাত্ৰীৰ সৈতে একেখন মজিয়াত মুখামুখি হৈ বহাৰ বিৰল সুযোগ পাইছিলোঁ। সেই অন্তৰংগ কথাবোৰ সদায় আৰম্ভ হৈছিল তেনেই এটি সহজ আৰু সাধাৰণ প্ৰশ্নৰ পৰা— “তুমি বাৰু ভৱিষ্যতে কি পঢ়িব বিচৰা?”
বহু সময়ত ছাত্ৰজনৰ পৰা অতি সৰল আৰু অপ্ৰস্তুত উত্তৰ আহিছিল— “নাজানো ছাৰ।” মই হাঁহি মাৰি পুনৰ সুধিছিলোঁ—“বাৰু, কি বিষয় পঢ়ি তোমাৰ আটাইতকৈ ভাল লাগে?” বহুতো ছাত্ৰ ছাত্ৰীৰ উত্তৰ আছিল -- “বিজ্ঞান।”

“তেন্তে বিজ্ঞানৰ কোনটো অংশই তোমাৰ মন চুই যায়?”
​তাৰ ঠিক পিছতেই নামি আহিছিল এক গভীৰ, নিস্তব্ধ মৌনতা। সেই অপ্ৰত্যাশিত মৌনতাৰ মাজতেই আচলতে আত্মসন্ধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো আৰম্ভ হৈছিল। কাৰণ জীৱনৰ পথ বা কেৰিয়াৰ বাছনি কৰা মানে কেৱল সমাজত সন্মান পাবলৈ এটা লোভনীয় চাকৰি বাছি লোৱাটো নহয়; বৰং তাৰো বহু গভীৰলৈ গৈ প্ৰথমে নিজৰ অন্তৰ্নিহিত ৰুচি, শক্তি আৰু দুৰ্বলতাৰ সৈতে সততাৰে চিনাকি হোৱাটোৱেই হ’ল জীৱনৰ আচল ভেটি।
​মোৰ এই ক্ষুদ্ৰ আৰু নিস্বাৰ্থ প্ৰচেষ্টাটোক সমাজৰ বুকুত এক বহল আন্দোলনৰ ৰূপ দিবলৈ স্থানীয় সচেতন যুৱ সংগঠনসমূহে অতি আন্তৰিকতাৰে সহায়ৰ হাত আগবঢ়াই দিলে। ডিমাকুছি আঞ্চলিক বড়ো ছাত্ৰ সন্থা (ABSU), সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) আদিৰ দৰে জনপ্ৰিয় ছাত্ৰ সংগঠনসমূহে বিভিন্ন সময়ত মোৰ বাবে গাঁৱে-ভূঞে একো একোখন মুক্ত শৈক্ষিক মঞ্চ সৃষ্টি কৰি দিলে। সমান্তৰালকৈ ওদালগুৰি জিলাৰ বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহেও মোক ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰিবলৈ সাদৰেৰে আমন্ত্ৰণ জনাবলৈ ধৰিলে। এনে অনুষ্ঠানবোৰলৈ বিভিন্ন ভিতৰুৱা আৰু দুৰ্গম প্ৰান্তৰ পৰা এজাক এজাক আশাবাদী তৰুণ-তৰুণী ঢাপলি মেলি আহিছিল। কোনোবা আহিছিল বহু মাইল পথ চাইকেল চলাই, কোনোবা আহিছিল বুকুত আশা পুহি ৰখা সাধাৰণ কৃষক পিতৃ-মাতৃৰ আঙুলিত ধৰি, আৰু কোনোবা আকৌ নিজৰ সমবয়সীয়া বন্ধু-বান্ধৱীৰ দলৰ সৈতে। তেওঁলোকৰ মুখৰ প্ৰশ্নবোৰ ভাষা আৰু ব্যৱহাৰত হয়তো বেলেগ বেলেগ আছিল, কিন্তু সেই নিষ্পাপ চকুযুৰিবোৰৰ অন্তৰালত কঁপকপাই থকা মূল জিজ্ঞাসা আৰু আৰ্তনাদখিনি কিন্তু আছিল একেটাই—
“ছাৰ, মোৰ বাবে আচলতে কোনটো পথ সঠিক?”
​মই মোৰ প্ৰতিটো আলোচনাত সদায় এটা কথাই সচেতনভাৱে মনত ৰাখিছিলোঁ—উত্তৰটো যেন মই কোনো কালেই তেওঁলোকৰ ওপৰত জোৰকৈ জাপি নিদিওঁ। কাৰণ এজন দ্বিধাগ্ৰস্ত ছাত্ৰক নিজৰ ক্ষমতাৰে “তুমি অমুকটো বিষয় পঢ়া বা এইটো কৰা” বুলি এটা নিৰ্দেশ দিয়াটো তেনেই সহজ কাম। কিন্তু তেওঁক অন্ধভাৱে পথ দেখুওৱাতকৈ, তেওঁৰ মনৰ দুৱাৰখন খুলি দি নিজেই নিজৰ লক্ষ্য আৰু যোগ্যতা চিনাক্ত কৰিব পৰাকৈ সক্ষম কৰি তোলাটোহে এগৰাকী প্ৰকৃত শিক্ষাগুৰুৰ আটাইতকৈ ডাঙৰ নৈতিক দায়িত্ব।

​মই তেওঁলোকৰ সমুখত কেৱল আধুনিক জগতৰ অপাৰ সম্ভাৱনাবোৰ মেলি ধৰিব বিচাৰিছিলোঁ। সাম্ভাব্য প্ৰতিটো শিক্ষাৰ পথ, নতুন নতুন বৃত্তিমূলক দিশ আৰু বিশ্বজুৰি বিয়পি থকা সুযোগবোৰৰ বিষয়ে তেওঁলোকক অৱগত কৰাইছিলোঁ। আৰু তাৰ পাছত জীৱনৰ চূড়ান্ত আৰু সৰ্বশ্ৰেষ্ঠ সিদ্ধান্তটো যাতে ছাত্ৰজনে নিজৰ বিবেক আৰু আত্মবিশ্বাসৰ ভিত্তিত নিজেই ল’ব পাৰে, সেই সম্পূৰ্ণ স্বাধীনতা মই তেওঁৰ হাততেই এৰি দিছিলো।  

এই সকলোবোৰ কথা ভাবি থাকোঁতে মোৰ সুদীৰ্ঘ শিক্ষক জীৱনৰ বহুতো পুৰণি ছাত্ৰ-ছাত্ৰীৰ নিষ্পাপ মুখবোৰ মনৰ কেনভাছত পুনৰ এজাক জোনাকী পৰুৱাৰ দৰে জিলিকি উঠিল। সেইজন ছাত্ৰ—যিয়ে তাহানি শ্ৰেণীকোঠাৰ একেবাৰে প্ৰথমখন বেঞ্চত মোৰ ঠিক সন্মুখতেই অতি কৌতূহলেৰে বহিছিল, আজি তেওঁ সমাজৰ এগৰাকী প্ৰথিতযশা আৰু জীৱন ৰক্ষক চিকিৎসক। কোনোবাজন আজি দেশ-বিদেশৰ নামজ্বলা প্ৰতিষ্ঠানৰ সফল অভিযন্তা হৈ পৰিছে। আন কোনোবাজনে চৰকাৰী প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ নিষ্ঠাৰে ৰাইজৰ সেৱা আগবঢ়াইছে। মোৰ একাংশ পুৰণি ছাত্ৰ আজি নিজৰ ব্যৱসায়িক বুদ্ধিমত্তাৰে সমাজৰ একো একোজন সফল উদ্যোগী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী। মোৰ মৰমৰ বেচিভাগ ছাত্ৰ বা ছাত্ৰীয়েই আজি নিজৰ ক্ষুদ্ৰ অথচ অপৰূপ পৰিয়ালৰ বুকুত সংসাৰ পাতি শান্তিয়ে জীৱন নিৰ্বাহ কৰিছে। সকলোৰে জীৱন-নদী কেতিয়াও একেটা মসৃণ পথেৰে বৈ নাযায়; সকলোৰে ঠিকনা একেখন চহৰ বা একেটা শিখৰ হ’ব নোৱাৰে। এই বিচিত্ৰতা আৰু বৈচিত্ৰ্যই হ’ল জীৱনৰ আটাইতকৈ স্বাভাৱিক আৰু সুন্দৰ নিয়ম। মই কেৱল মোৰ ছাত্ৰ-ছাত্ৰীসকলৰ সেই সুকীয়া সুকীয়া যাত্ৰাবোৰলৈ চাই অন্তৰৰ পৰা গৌৰৱ আৰু অপৰিসীম প্ৰশান্তি অনুভৱ কৰোঁ। 

ক’ৰবাত পঢ়িবলৈ পোৱা সেই চিৰন্তন বাক্যশাৰীয়ে প্ৰায়েই মোৰ চেতনাৰ গভীৰতম কোণত প্ৰতিধ্বনিত হৈ থাকে— “জীৱনত এনে কিছুমান দুৰ্বোধ্য প্ৰশ্ন থাকে যাৰ উত্তৰ এই সংসাৰত কেতিয়াও বিচাৰি পোৱা নাযায়; এনে কিছুমান অনিচ্ছাকৃত ভুল হৈ যায় যাৰ শুধৰণি জীৱনত আৰু কাহানিও সম্ভৱ নহয়; আৰু বুকুত লুকাই থাকে এনে কিছুমান অতলস্পৰ্শী যন্ত্ৰণা যিবোৰ পৃথিৱীৰ কাৰো সমুখতেই কোনোদিন প্ৰকাশ কৰা নহয়!”

​পৃথিৱীৰ আটাইতকৈ ডাঙৰ আশ্বৰ্যজনক সত্যটো হ’ল-- জীৱনৰ কোনো দুখ বা বেদনাই চিৰস্থায়ী নহয়। আজিৰ পৰা দহ বছৰ আগতে পৰিয়ালৰ কোনোবা এজন অতি আপোন আত্মীয়ৰ আকস্মিক মৃত্যুত যিসকল মানুহে বুকু ভঙা আৰ্তনাদেৰে হিয়া ঢাকুৰি কান্দিছিল, দিন বাগৰাৰ লগে লগে সময়ৰ নিৰ্দয় প্ৰলেপে সেই চকুলো শুকুৱাই পেলালে; আজি হয়তো সেই একেখন ঘৰৰ কোনেও তেওঁক নিতৌ স্মৰণ কৰিবলৈকো আহৰি নাপায়। জীৱনৰ আকাশত যিমানেই প্ৰচণ্ড ধুমুহা-বতাহ নাহক কিয়, যিমানেই কলিজা ফালি নিয়া বুকুভঙা অন্ধকাৰ নামি নাহক কিয়—মনত ৰখা উচিত যে এই অন্ধকাৰ ক্ষণস্থায়ী! কজলা মেঘ আঁতৰি গ’লে এদিন পুনৰ ধৰাৰ বুকুলৈ ঘূৰি আহে স্নিগ্ধ, ৰৌদ্ৰস্নাতা দিনৰ অপৰূপ উজ্জ্বলতা। জীৱনৰ দুঃসময়ে আৱৰি ধৰা ঘোৰ অন্ধকাৰবোৰেই কেতিয়াবা আমাৰ অলক্ষিতে জীৱনৰ আটাইতকৈ উজ্জ্বলতম আৰু গৌৰৱময় মুহূৰ্তৰ স্বৰ্ণিল দুৱাৰখন খুলি দিয়েহি।

​এৰা, জীৱন সঁচাকৈয়ে এক বিচিত্ৰ আৰু সাঁথৰভৰা ৰহস্যময় উপন্যাস! বিদ্যালয়ৰ সেই নিষ্পাপ দিনবোৰত আমাৰ শ্ৰেণীৰ দুয়োটা শাখাত মুঠ প্ৰায় এশজনমান সহপাঠী ছাত্ৰ-ছাত্ৰী আছিলোঁ। তেওঁলোকৰ বেছিভাগেই আছিল অপৰিসীম আত্মবিশ্বাসী, চোকা আৰু বিৰল প্ৰতিভাধৰ মেধাৱী ছাত্ৰ। কিন্তু আজি সুদীৰ্ঘ ৪০টা বছৰৰ পাছত সেই চিনাকি ছবিখন সমূলঞ্চে ওলট-পালট হৈ গৈছে। জীৱনৰ জটিল পৰিক্ৰমা আৰু বাস্তৱৰ খহটা মাটিত সকলোৱে সমানে আৰু একেটা পথেৰে আগবাঢ়িব নোৱাৰিলে। আমাৰ শ্ৰেণীৰে কোনোবা এজন সহপাঠী বন্ধু হয়তো আজি কোনো এক সুবিশাল বহুজাতিক প্ৰতিষ্ঠানৰ সৰ্বোচ্চ ক্ষমতাশালী মুখ্য কাৰ্যবাহী বিষয়া (CEO), আনহাতে আমাৰেই আন এজন বন্ধু হয়তো সেই একেটা প্ৰতিষ্ঠানতেই কাম কৰা তেনেই এজন সাধাৰণ কৰ্মচাৰী! ​সমাজৰ চকুত CEO হোৱা বন্ধুজনৰ ক্ষমতা, সামাজিক মান-সন্মান আৰু ভৌতিক ধন-সম্পত্তি বহুগুণে বেছি হ’ব পাৰে; কিন্তু ঘৰুৱা প্ৰশান্তি, মানসিক তৃপ্তি আৰু নিভাঁজ হাঁহিৰ জোখত হয়তো সেই সাধাৰণ কৰ্মচাৰী হৈ থকা বন্ধুজনৰ জীৱনটো সুখ আৰু আনন্দেৰে অধিক উপচি আছে! জাগতিক জগতত সুখ অথবা দুখৰ কোনো নিৰ্দিষ্ট আৰু ধৰা-বন্ধা গাণিতিক সংজ্ঞা থাকিব নোৱাৰে।
​পৃথিৱীৰ বেছিভাগ মানুহৰ জীৱনৰ গভীৰতালৈ সোমাই চালে দেখা পোৱা যায় হৃদয়ৰ মজিয়াত সিঁচৰতি হৈ থকা যন্ত্ৰণাৰ অজস্ৰ কুটিল আঁক-বাক! অথচ সমাজৰ যিসকল মানুহ সঁচাকৈয়ে মহৎ, তেওঁলোকে সেই চকুলো আৰু যন্ত্ৰণাৰ গাঢ় ৰংবোৰকেই তুলিকাত সানি জীৱনৰ কেনভাছত আঁকি পেলাইছে একোখন অপৰূপ আৰু অনুপম ছবি। এই পৃথিৱীত প্ৰতিজন মানুহৰে জীৱনৰ একোটাকৈ নিজস্ব কাহিনী আছে। হয়তো সমাজৰ আগত কেতিয়াও প্ৰকাশ নকৰা এটি একান্ত ব্যক্তিগত, অকথিত গল্প! সেই গল্পটো হয়তো অনাবিল আনন্দৰ, অথবা বিষাদৰ চকুলোৰে সেমেকা। অতীতৰ বন্ধ হৈ যোৱা দিনবোৰলৈ উভতি গৈ গল্পটোৰ দুখভৰা আৰম্ভণিটো সলনি কৰাটো হয়তো কাৰো পক্ষেই সম্ভৱ নহয়। কিন্তু এই পৃথিৱীত এনে কিছুমান দুৰ্জেয় মানুহ আছে, যিসকলে নিজৰ অবিৰত কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অপৰাজেয় সংকল্পৰে বিষাদৰ চকুলোৱে সেমেকাই থোৱা সেই কাহিনীটোৰ অন্তিম অংশটোক নতুন সম্ভাৱনা আৰু আশাৰ ন-ৰঙেৰে সজাই তোলে। জীৱনৰ যন্ত্ৰণা আৰু জীৱনৰ অপাৰ সম্ভাৱনা — এই দুয়োটা আচলতে মানুহৰ অস্তিত্বৰ চিৰন্তন আৰু আজন্ম বান্ধৱ!
​জীৱনৰ নিৰ্দিষ্ট লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ আৰু অক্লান্ত পৰিশ্ৰম কৰিও শেষ মুহূৰ্তত কেৱল ব্যৰ্থতাৰ তিতা সোৱাদ পোৱা এনে এগৰাকী অতি ঘনিষ্ঠ বন্ধু মোৰো আছে। মই তেওঁৰ সেই হৃদয়বিদাৰক অথচ নীৰৱ সংগ্ৰামখন অতি কাষৰ পৰা প্ৰত্যক্ষ কৰিছোঁ। তেওঁৰ জীৱন মোৰ বাবে সদায় এক পৰম অনুকৰণীয় আৰু অনুপ্ৰেৰণাদায়ক আৰ্হি! বিফলতাৰ পিছতো তেওঁৰ জীৱনত আজি কোনো দুখ বা আক্ষেপৰ স্থান নাই। লক্ষ্য প্ৰাপ্তিৰ সেই অসফল সংগ্ৰামখনৰ কঠিন ঘাত-প্ৰতিঘাত আৰু একাণপতীয়া পৰিশ্ৰমে কেনেদৰে তেওঁৰ চৰিত্ৰক নতুনকৈ তীখাতকৈয়ো দৃঢ় কৰি গঢ় দিলে—সেয়া তেওঁৰ মনৰ স্থিৰতাই কৈ দিয়ে। জীৱনে তেওঁক সকলো মোহৰ পৰা মুক্ত কৰি অধিক শক্তিশালী, অভিজ্ঞ আৰু জীৱন-যুদ্ধৰ একোগৰাকী নিখুঁত আৰু দক্ষ যোদ্ধালৈ ৰূপান্তৰিত কৰিলে।

​জীৱনটোক আচল অৰ্থত নতুনকৈ পুনৰাৱিষ্কাৰ কৰাৰ বাবে কেতিয়াবা মানুহৰ জীৱনত এনেদৰে মৰ্মান্তিকভাৱে পৰাজিত হোৱাৰো গভীৰ প্ৰয়োজন থাকে! কোনো সংগ্ৰাম নকৰাকৈ অতি সহজতে বিজয়ী হোৱা যুদ্ধৰ আনন্দ ক্ষন্তেকীয়া আৰু ক্ষণভঙ্গুৰ। সন্মুখৰ প্ৰাচীৰ আৰু বাধা যিমানেই দুৰ্লঙ্ঘ্য হয়, সমস্ত বাধা নেওচি লাভ কৰা সেই কঠিন বিজয়ৰ আনন্দও সিমানেই গভীৰ আৰু চিৰস্থায়ী হয়। জীৱন মানেই কোনো স্থবিৰ পুখুৰী নহয়, জীৱন মানেই হ’ল নিৰন্তৰ এক দুৰ্বাৰ গতিময়তা! পদে পদে অহা বাধা-বিঘিনি, অন্ধকাৰ প্ৰতিকূলতা আৰু সমাজৰ সকলো আঘাতক নেওচি, শৰীৰ আৰু মনত সৃষ্টি হোৱা ৰক্তাক্ত ঘাঁবোৰৰ পৰা ওলোৱা তেজৰ চেকুৰাবোৰ নিজহাতে মচি আঁতৰাই, এক প্ৰবল আত্মবিশ্বাসেৰে পুনৰ নতুন সংগ্ৰামত জঁপিয়াই পৰাৰ যি দুৰ্বাৰ হেঁপাহ—এয়েইতো আচল জীৱন!
​এগৰাকী প্ৰকৃত শিক্ষাগুৰুৰ বাবে সমগ্ৰ জীৱনৰ আটাইতকৈ পৰম আনন্দ আৰু সাৰ্থকতা সেয়াই—যেতিয়া তাহানিতে শ্ৰেণীকোঠাত বহি “ছাৰ” বুলি মাতি থকা সেই কোমলমতি নিষ্পাপ শিশুবোৰক বহু বছৰৰ পাছত নিজৰ নিজৰ কৰ্মক্ষেত্ৰৰ লগতে সমাজৰ একো একোজন দায়িত্বশীল, বিবেকবান আৰু পূৰ্ণাংগ ‘মানুহ’ হিচাপে প্ৰতিষ্ঠিত হোৱা দেখা যায়। এজন শিক্ষকৰ দায়িত্ব কেৱল পাঠ্যপুথিৰ এটা নিৰ্দিষ্ট অধ্যায় শ্ৰেণীত মুখস্থ কৰাই শেষ কৰাটোতেই সীমাবদ্ধ থাকিব নোৱাৰে। কেতিয়াবা শিক্ষাগুৰুৰ মুখৰ পৰা ওলাই অহা তেনেই এটি সামান্য সহৃদয় কথাই এজন দিকভ্ৰান্ত ছাত্ৰৰ সমগ্ৰ জীৱনৰ গতিপথ চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে। কেতিয়াবা হতাশাৰ মাজত গুৰুজনে পিঠিত হাত থৈ কোৱা এটি মাত্ৰ আন্তৰিক উৎসাহৰ বাক্যই এজন ভাগৰি পৰা ছাত্ৰক জীৱনৰ দুৰ্গম বাটত পুনৰ মূৰ দাঙি আগবাঢ়িবলৈ অপাৰ সাহস যোগাব পাৰে।
​বিদ্যালয়ৰ বিজ্ঞান প্ৰকল্পসমূহ আৰু ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ দিয়া কেৰিয়াৰ নিৰ্দেশনাৰ মাজত কাম কৰি থাকোঁতে মই এই দুয়োটা দিশৰ মাজত থকা এক অদ্ভুত, গভীৰ আৰু আত্মিক মিল লাহে লাহে মৰ্মে মৰ্মে বুজিবলৈ ধৰিছিলোঁ। বিজ্ঞানে আমাক প্ৰথম পাঠটোৱেই শিকাই—“প্ৰশ্ন কৰা!” প্ৰকৃতিৰ বুকুত ঘটি থকা প্ৰতিটো ঘটনাৰ আঁৰৰ সত্যটোক জানিবলৈ প্ৰশ্ন কৰা। ​আৰু কেৰিয়াৰ নিৰ্দেশনা বা জীৱনৰ সঠিক পথৰ অন্বেষণেও আমাক ঠিক সেই একেটা চিৰন্তন কথাই শিকাই—“নিজৰ অন্তৰাত্মাক প্ৰশ্ন কৰা!” মই মোৰ জীৱনৰ পৰা প্ৰকৃততে কি বিচাৰোঁ? মোৰ অন্তৰ্নিহিত আচল শক্তি আৰু প্ৰতিভা ক’ত লুকাই আছে? মই কোনটো কাম কৰি মোৰ অন্তৰত অপাৰ আনন্দ আৰু শান্তি অনুভৱ কৰোঁ? মই এনে কোনটো পৱিত্ৰ কৰ্ম বাছনি কৰিব পাৰোঁ, যিটো কাম মই জীৱনৰ বহুতো দশক ধৰি কোনো ক্লান্তি নোহোৱাকৈ, অপৰিসীম ধৈৰ্যৰে হাঁহিমুখে কৰি যাব পাৰিম? আৰু সমাজে মোক কি হ’বলৈ বাধ্য কৰিছে, বনাম মোৰ নিজৰ আত্মাই প্ৰকৃততে কি হৈ সমাজক সেৱা কৰিবলৈ বিচাৰিছে?

​জীৱনৰ এই গভীৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পোৱাটো কেতিয়াও সহজসাধ্য নহয়। কিন্তু নিজকে নিৰ্ভীকভাৱে প্ৰশ্ন নকৰাকৈ মানুহে নিজৰ জীৱনৰ আচল সত্য আৰু মুক্তিৰ ঠিকনা কেতিয়াও বিচাৰি পাব নোৱাৰে। 


খণ্ড - ১১
অনাদি অনন্ত প্ৰসাৰী

কৰ্মব্যস্ত দিনটোৰ অন্তত নিশাৰ শান্ত আৰু নিৰ্জন সময়খিনিত মই মোৰ অন্তৰৰ তাগিদাত চেগাচোৰোকাকৈ বিভিন্ন বিজ্ঞানভিত্তিক প্ৰবন্ধ-পাতি লিখি আহিছিলোঁ। বাতৰিকাকতৰ চ’ৰা, সাময়িক আলোচনী, শৈক্ষিক জাৰ্নেল আৰু বিভিন্ন প্ৰকাশনৰ পৃষ্ঠাত সেই লেখাবোৰে ক্ৰমাগতভাৱে আত্মপ্ৰকাশ কৰিছিল। সেই নিৰন্তৰ চৰ্চাৰ মাজতেই এদিন মোৰ আৰু অৰ্চনাৰ এক যৌথ মননশীল প্ৰয়াসে এক সুন্দৰ আৰু স্থায়ী ৰূপ ধাৰণ কৰিলে। আমি দুয়ো মিলি প্ৰস্তুত কৰি উলিয়ালোঁ আমাৰ বিজ্ঞানভিত্তিক প্ৰবন্ধৰ বিশেষ সংকলন—“অনাদি অনন্ত প্ৰসাৰী”।

​বিজ্ঞানৰ জটিল, দুৰ্বোধ্য আৰু ৰহস্যঘন কথাবোৰক সাধাৰণ মানুহ আৰু ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ অতি সহজ আৰু সাৱলীল অসমীয়া ভাষাত তুলি ধৰাৰ আন্তৰিক ইচ্ছাটোৱেই আছিল এই গ্ৰন্থখনৰ অন্তৰালৰ মূল চালিকাশক্তি। অৰ্চনা নিজেও প্ৰাণীবিজ্ঞানৰ এগৰাকী বিদূষী অধ্যাপিকা হোৱাৰ সূত্ৰে বিজ্ঞানৰ গভীৰ তত্ত্বসমূহ লৈ তৰ্ক-বিতৰ্ক বা আলোচনা কৰাটো আমাৰ বাবে কোনো নতুন কথা নাছিল। আমাৰ সংসাৰৰ দৈনন্দিন ঘৰুৱা কথা-বতৰাৰ মাজতো প্ৰায়েই সংগোপনে সোমাই পৰিছিল বিজ্ঞানৰ অপূৰ্ব কথা। কেতিয়াবা যদি আলোচনাৰ বিষয় আছিল প্ৰকৃতিৰ কোনো বিৰল জীৱবৈজ্ঞানিক তথ্য, কেতিয়াবা আকৌ আছিল সুদূৰ মহাকাশৰ কোনো এক অপৰূপ মহাজাগতিক পৰিঘটনা। এনেদৰেই নিয়মীয়া অধ্যয়ন, নিৰন্তৰ লেখা-মেলা আৰু বৌদ্ধিক আলোচনা—এই তিনিটা বস্তু আমাৰ যৌথ জীৱনৰ এক অত্যন্ত সহজাত আৰু স্বাভাৱিক ছন্দ হৈ পৰিছিল।
​মোৰ চিন্তাবোৰক মুক্তভাৱে প্ৰকাশ কৰিবলৈ মই আৰম্ভ কৰিছিলোঁ এটি ব্যক্তিগত ব্লগ—“Window to Infinity”।​মোৰ বাবে এই ব্লগটো কেৱল ইণ্টাৰনেটত কেইটামান প্ৰবন্ধ প্ৰকাশ কৰাৰ আনুষ্ঠানিক স্থান নাছিল; বৰং সি আছিল মোৰ মনৰ গভীৰতাত উকমুকিয়াই থকা ভাববোৰ নিৰাপদে সাঁচি থৈ যোৱাৰ এক নিৰ্ভৰযোগ্য মণিকূট। যাৰ এফালে আছিল শ্ৰেণীকোঠাৰ নিষ্পাপ ছাত্ৰ-ছাত্ৰী, চকমাটি আৰু কেৰিয়াৰৰ জটিল সন্ধান; আনফালে আছিল বিজ্ঞান, তৰাভৰা মহাকাশ আৰু সাহিত্যৰ জগত। আৰু এই দুয়োটা দিশৰ ঠিক মাজতেই বিৰাজ কৰিছিল এজন সাধাৰণ মানুহৰ নিজৰ অন্তৰাত্মাৰ সৈতে অহৰহ চলি থকা এক নিৰৱ আৰু পৱিত্ৰ কথোপকথন!

​ইতিমধ্যে সহধৰ্মিণী অৰ্চনাৰ দুখনকৈ গুৰুত্বপূৰ্ণ স্নাতক মহলাৰ উচ্চ পৰ্যায়ৰ পাঠ্যপুথি প্ৰকাশ পাইছিল। এখন "Cell Biology" আৰু আনখন "Animal Behaviour"। ঘৰখনৰ দৈনন্দিন দায়িত্ব, মহাবিদ্যালয়ৰ নিয়মীয়া পাঠদান আৰু লেবৰেটৰীৰ গভীৰ গৱেষণাৰ লগত নিজকে ওতঃপ্ৰোতভাৱে জড়িত ৰাখিও তেওঁ একান্তমনে নিজৰ বিদ্যায়তনিক কামবোৰ নিষ্ঠাৰে কৰি গৈছিল। দেশ-বিদেশৰ বিভিন্ন সন্মানীয় গৱেষণা পত্ৰিকাত তেওঁৰ এলানি গুৰুত্বপূৰ্ণ গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ পাইছিল, আৰু তাৰে নিৰ্বাচিত গৱেষণা পত্ৰসমূহ সাঙুৰি লৈ পৰৱৰ্তী সময়ত তেওঁৰ আন এখন মূল্যবান গ্ৰন্থ "Environmental Dilemma" প্ৰকাশিত হয়। একেখন ঘৰৰ ভিতৰতে অৰ্চনাৰ এই বিৰামহীন একাগ্ৰতা আৰু কৰ্মোদ্যমে মোৰ নিজৰ সৃষ্টিশীল সত্বাটোকো নিতৌ নতুন প্ৰেৰণাৰে উদ্দীপ্ত কৰি ৰাখিছিল।

​সময়ৰ সোঁত অবিৰতভাৱে আগবাঢ়ি গৈ আছিল। জীৱনে মোক যিমানবোৰ সুযোগৰ দুৱাৰদলিত থিয় কৰাইছিল, তাৰ প্ৰতিটো অভিজ্ঞতাই যেন মোক নতুন একোটা সত্য শিকাই গৈছিল। কিন্তু মানুহৰ জীৱন কেতিয়াও কেৱল মসৃণ সুযোগৰ মালা নহয়; তাৰ মাজত থাকে দীঘলীয়া অপেক্ষা, থাকে ব্যৰ্থতাৰ তিতা সোৱাদ আৰু বুকুত খুন্দিয়াই থকা অনিশ্চয়তাও। কিছুমান দুৱাৰ হয়তো একেবাৰে বন্ধ হৈ যায়, কিন্তু সেই বন্ধ দুৱাৰৰ কাষতেই হঠাতে আন কিছুমান দুৱাৰ অপ্ৰত্যাশিতভাৱে মেল খাই পৰে।
সেয়া আছিল ২০১৭ চনৰ ডিচেম্বৰ মাহৰ কথা। সিদিনা এটা মেইল আহিছিল। মেইলটো খুলি মই অবাক। কোনোবাই মিছা তথ্যৰে প্ৰতাৰিত কৰা বুলিয়েই ভাবিছিলোঁ। পিছদিনা এটা অচিনাকী নম্বৰৰ পৰা আহিল এটা ফোনকল। অচিনাকি আৰু গম্ভীৰ কণ্ঠস্বৰটো মোৰ বাবে আছিল সম্পূৰ্ণ নতুন। ফোনটো আহিছিল পূব কেৰিবিয়ান সাগৰৰ নীলিম বুকুত অৱস্থিত এখন ক্ষুদ্ৰ অথচ অপৰূপ দ্বীপদেশ—ডমিনিকা (Dominica)ৰ বলছব্ৰীজ ইউনিভাৰ্ছিটিৰ দিল্লীস্থ কাৰ্যালয়ৰ প্ৰতিনিধিৰ পৰা। ডমিনিকাত ২০১৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া পৰিৱেশ সুৰক্ষাৰ এক উচ্চস্তৰীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছিল। মুহূৰ্তটোৰ বাবে কাণত বাজি থকা কথাখিনি বিশ্বাস কৰিবলৈ মোৰ কিছু সময় লাগিছিল। ডমিনিকা! মোৰ এই অসমৰ শান্ত গাঁও আৰু মফচলৰ সাধাৰণ জীৱনৰ পৰা হাজাৰ হাজাৰ মাইল দূৰৈৰ সাতসাগৰ তেৰনদী সিপাৰৰ এখন অচিনাকি দেশ! জীৱনে কেতিয়াবা এনেদৰেই কোনো আগজাননী নিদিয়াকৈ, কোনো প্ৰস্তুতিৰ সুযোগ নিদিয়াকৈ মানুহৰ সমুখত বিশ্বমঞ্চৰ দুৱাৰ মেলি দিয়ে।

​মই সেই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী হৈছিলোঁ। কিন্তু ভাগ্যই হয়তো আন এক পৰিকল্পনা সংগোপনে সাজু কৰি ৰাখিছিল। ভিছা সংক্ৰান্তীয় প্ৰশাসনিক সমস্যাৰ লগতে সেই সময়ৰ কিছু পাৰিবাৰিক বাধ্যবাধকতাৰ বাবে শেষ মুহূৰ্তত মোৰ পক্ষে সেই সুদূৰ ডমিনিকালৈ যাত্ৰা কৰাটো সম্ভৱ হৈ নুঠিল। এটা বিৰল আন্তর্জাতিক সুযোগ হাতৰ মুঠিৰ পৰা পিছলি যোৱাৰ বাবে মনলৈ স্বাভাৱিকতেই এক গভীৰ হতাশা আৰু আক্ষেপ নামি আহিছিল। কিন্তু সময়ৰ সোঁতত মই বুজি উঠিলোঁ—সকলো সুযোগে মানুহক একেটা পথেৰে নিৰ্দিষ্ট ভৌগোলিক স্থানলৈ লৈ নাযায়; কিছুমান সুযোগে ভৌতিকভাৱে উপস্থিত থাকিব নোৱাৰিলেও প্ৰতিভাৰ আন এখন স্থায়ী দুৱাৰ খুলি দিয়ে। মোৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই ঘটিল। মই সন্মিলনৰ মঞ্চত সশৰীৰে উপস্থিত থাকিব নোৱাৰিলোঁ যদিও, মোৰ গৱেষণামূলক প্ৰবন্ধটো তেওঁলোকৰ বিখ্যাত আন্তর্জাতিক জাৰ্নেল “Applied Ecology and Environmental Sciences”-ত প্ৰকাশিত হ’ল। আৰু সেই আন্তঃৰাষ্ট্ৰীয় প্ৰৱন্ধটোৱেই পৰৱৰ্তী সময়ত মোৰ জীৱনৰ আন এক যুগান্তকাৰী অধ্যায়ৰ বাট সম্পূৰ্ণৰূপে মুকলি কৰি দিলে।
নতুন দিল্লীৰ ঐতিহ্যমণ্ডিত আৰু মৰ্যাদাপূৰ্ণ ‘India Habitat Centre’।  ২৪ আগষ্ট, ২০১৮।  সেই পৱিত্ৰ আৰু ঐতিহাসিক দিনটোত ডমিনিকাৰ প্ৰতিষ্ঠিত ‘বলছব্ৰীজ ইউনিভাৰ্চিটি’য়ে (Ballsbridge University) মোক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে সন্মানীয় Ph.D. ডিগ্ৰী! সেই সন্মানীয় উপাধিটো মোৰ বাবে কেৱল নামৰ আগত বহা এটা শুকান শব্দ নাছিল; তাৰ আঁৰত বান্ধ খাই আছিল মোৰ সুদীৰ্ঘ আঢ়ৈটা দশকৰ নিৰলস প্ৰচেষ্টা, দিন-ৰাতি একাকাৰ কৰি কৰা লেখা-মেলা, বিজ্ঞানৰ প্ৰতি থকা মোৰ আজন্ম দুৰ্বাৰ প্ৰেম, ৪০০টাতকৈও অধিক বিজ্ঞান প্ৰকল্প নিৰ্মাণত ছাত্ৰ-ছাত্ৰীৰ সৈতে উজাৰি দিয়া ঘামৰ টোপাল আৰু ক্ষূদ্ৰ গৱেষণাৰ নিৰন্তৰ প্ৰচেষ্টা  জীৱনে কেতিয়াবা আমাক এনে কিছুমান ঠাইলৈ লৈ যায়, যাৰ কোনো পৰিকল্পনা হয়তো আমি কেতিয়াও কৰা নাছিলোঁ। মই মাথোঁ মোৰ বিবেক আৰু আত্মাক সাৰথি কৰি এখোজ এখোজকৈ আগবাঢ়ি গৈছিলোঁ। কেতিয়াবা সকলোৰে পৰিচিত পোহৰৰ বাটেৰে, কেতিয়াবা অন্ধকাৰ ধুঁৱলী-কুঁৱলীৰ মাজেৰে, কেতিয়াবা কোনোবা মহৎ ব্যক্তিয়ে দেখুৱাই দিয়া বাটেৰে আৰু কেতিয়াবা বুকুত অপৰাজেয় সাহস লৈ।
​দিল্লীৰ সেই বিশাল সমাৰোহৰ মঞ্চত ডক্টৰেটৰ মানপত্ৰখন হাতত তুলি লোৱাৰ ঠিক সেই আৱেগিক ক্ষণটোত, মোৰ মনৰ কেনভাছত হঠাৎ চকামকাকৈ ভাঁহি উঠিল মোৰ শৈশৱৰ এটি অতি মৰমৰ স্মৃতি—মোৰ সেই পুৰণি ফাউণ্টেন পেনটো! পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ সময়ত মোৰ দেউতাই মোক উপহাৰ হিচাপে দিছিল সেই বিশেষ ফাউণ্টেন পেনটো। তেতিয়া হাতৰ আখৰ ধুনীয়া আৰু স্পষ্ট কৰাৰ হেঁপাহত মই যে কিমান কাগজ নষ্ট কৰিছিলোঁ! মোৰ কাণত যেন আজিও স্পষ্টকৈ বাজি উঠিল দেউতাৰ সেই মৰমভৰা অথচ গম্ভীৰ শাসনৰ বাণী—“হাতৰ আখৰ যদি ভাল নকৰা, তেন্তে পৰীক্ষাত কেতিয়াও ভাল নম্বৰ আশা নকৰিবা!” আজি এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ ক্ষণত অনুভৱ কৰিলোঁ—শৈশৱত দেউতাৰ হাতৰ পৰা পোৱা সেই সামান্য চিয়াহীৰ কলমটোৱেই আচলতে মোক জীৱন নামৰ এই সুদীৰ্ঘ যাত্ৰাটোত আখৰৰ পৱিত্ৰতাক শ্ৰদ্ধা কৰিবলৈ আৰু সত্যৰ সন্ধানত লিখি যাবলৈ প্ৰথম শিক্ষা দিছিল।

​সাফল্য আৰু সাধনাৰ এই অবিৰত ধাৰাত আন এক স্বৰ্ণিল সুযোগ সমাগত হ’ল ২০১৯ চনৰ নৱেম্বৰ মাহত। এইবাৰ মোৰ বৌদ্ধিক যাত্ৰাৰ গন্তব্যস্থল আছিল ভাৰতৰ গৌৰৱস্বৰূপ মহাকাশ গৱেষণা সংস্থা—বেংগালুৰুৰ ইছৰো (ISRO)! ইছৰোৰ উদ্যোগত আয়োজিত “Satellite Navigation and Remote Sensing” (উপগ্ৰহীয় দিশ-নিৰ্ণয় আৰু দূৰসংবেদন) বিষয়ক ১০ দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চস্তৰীয় কৰ্মশালাখনত অংশগ্ৰহণ কৰাৰ এক বিৰল সুযোগ মই লাভ কৰিলোঁ। মহাকাশৰ প্ৰতি শৈশৱৰ পৰাই বুকুত পুহি ৰখা মোৰ সেই সুপ্ত কৌতুহলে এই কৰ্মশালাৰ জৰিয়তে এক নতুন আৰু বৈজ্ঞানিক মাত্ৰা লাভ কৰিলে। তাহানি এখন সাধাৰণ লেন্সৰ দূৰবীণেৰে মুকলি আকাশৰ তৰা চোৱাৰ পৰা আৰম্ভ হোৱা মোৰ সেই ক্ষুদ্ৰ যাত্ৰাই আজি মোক লৈ আহিল দেশৰ অত্যাধুনিক কৃত্রিম উপগ্ৰহ, উপগ্ৰহীয় নেভিগেশ্বন প্ৰণালী আৰু মহাকাশৰ পৰা পৃথিৱীক নিৰীক্ষণ কৰা ৰিম’ট চেঞ্চিঙৰ এক অপৰিসীম আৰু বিস্ময়কৰ বিজ্ঞানৰ জগতলৈ! ​ইছৰোৰ সেই আধুনিক মহাকাশ বিজ্ঞানৰ পৰীক্ষাগাৰত থিয় হৈ মই ক্ষন্তেক থমকি ৰৈ ভাবিছিলোঁ—সেইদিনা ২০১৫ চনৰ সেই বিয়লি বেলাত যদি শ্ৰদ্ধাৰ ইউ. এন. ডেকা ছাৰে আমাৰ ঘৰৰ ড্ৰয়িং ৰুমত বহি মোক কম্পিউটাৰৰ “Online Application”-টোত ক্লিক কৰিবলৈ জোৰ নকৰিলেহেঁতেন, তেন্তে মোৰ জীৱনৰ এই মহাজাগতিক পথটো হয়তো কোনোদিনেই এনেদৰে মুকলি নহ’লহেঁতেন! এজন মহান আৰু নিঃস্বাৰ্থ মানুহে আন এজন সাধাৰণ মানুহৰ জীৱনৰ গতিপথত কিমান গভীৰ আৰু চিৰস্থায়ী প্ৰভাৱ পেলাব পাৰে—তাৰ সঠিক হিচাপ পৃথিৱীৰ কোনো বহী বা কাগজৰ পৃষ্ঠাত শব্দৰে লিখি প্ৰকাশ কৰা কেতিয়াও সম্ভৱ নহয়! মোৰ জীৱনৰ কেনভাছত ডেকা ছাৰ আছিল সেইজন পূজনীয় ব্যক্তি, যিয়ে মোক আকাশলৈ চাবলৈ শিকালে আৰু বিশ্বব্ৰহ্মাণ্ডৰ অসীম সম্ভাৱনাৰ বুকুত নিজৰ আত্মাক বিচাৰি পাবলৈ অপৰিসীম সাহস দিলে। 

সময়ৰ সোঁত বাৰিষাৰ নদীৰ দৰেই অবাধ্য আৰু অবিৰত গতিৰে বৈ যায়। কেইদিনমানৰ আগতে চোতালত ধূলিৰে খেলা, কাষত বহি আকাশৰ বিষয়ে অবুজ প্ৰশ্ন কৰা আমাৰ সেই মৰমৰ কণমানি হিয়া আৰু গুণগুণ আজি খোজ পেলাইছে নিজৰ ভৱিষ্যতৰ সুদৃঢ় মাটিত। হিয়াই শৈশৱ আৰু কৈশোৰৰ সকলো সোপান অতিক্ৰম কৰি আজি তথ্য-প্ৰযুক্তি আৰু কৰ্মৰ মহানগৰী বাংগালোৰৰ বুকুত নিজৰ ভৰিৰ চিন সুন্দৰভাৱে বহুৱাবলৈ সক্ষম হৈছে। তাই এতিয়া বাংগালোৰত এগৰাকী দায়িত্বশীল আৰু প্ৰতিভাশালী পেছাদাৰী বিষয়া হিচাপে কৰ্মৰত। পিতৃ-মাতৃ হিচাপে আমাৰ বাবে সেয়া আছিল এক গৌৰৱময় অনুভৱ—যেতিয়া দেখা পালোঁ নিজৰ কঠোৰ পৰিশ্ৰম আৰু মেধাৰ বলত তাই কেৱল এখন স্থানীয় চাকৰিতেই সীমাবদ্ধ হৈ থকা নাই, বৰং আন্তৰিকতা আৰু যোগ্যতাৰে বিশ্বমঞ্চত নিজৰ পৰিচয় উজলাই তুলিছে।

​হিয়াৰ কৰ্মজীৱনৰ সেই যাত্ৰাত আন এক গৌৰৱৰ অধ্যায় সংযোজিত হ’ল, যেতিয়া তাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সন্মানীয় হেল্থ কেয়াৰ সংস্থাৰ দ্বাৰা বিশেষভাৱে আমন্ত্ৰিত হ’ল। আমেৰিকাৰ সেই প্ৰতিষ্ঠিত প্ৰতিষ্ঠানটোৱে আয়োজন কৰা এক উচ্চস্তৰীয় আন্তঃৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞানৰ ছেমিনাৰত (International Medical Seminar) হিয়াই নিজৰ গৱেষণা গ্ৰন্থ আৰু বৈজ্ঞানিক প্ৰবন্ধ সগৌৰৱে পাঠ কৰাৰ বিৰল সুযোগ লাভ কৰিলে। এই ছেমিনাৰ অৱশ্যে অনলাইন হৈছিল। বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ চিকিৎসা বিজ্ঞানী আৰু গৱেষকসকলৰ সেই গাম্ভীৰ্যপূৰ্ণ মঞ্চত তাই যি আত্মপ্ৰত্যয় আৰু পাৰদৰ্শিতাৰে নিজৰ গৱেষণা উপস্থাপন কৰিলে, সেয়া আমাৰ বাবে আছিল এক অপৰিসীম আনন্দৰ ক্ষণ। সেই আন্তঃৰাষ্ট্ৰীয় সাফল্যৰ ঠিক পাছতেই হিয়াৰ পেছাগত জীৱনলৈ আহিল আন এক গুৰুত্বপূৰ্ণ দায়িত্ব। তাই আমেৰিকাৰ সুপ্ৰতিষ্ঠিত "ও.জি. হেল্থ কেয়াৰ" (OG Health Care) নামৰ উন্নত স্বাস্থ্যসেৱা সংস্থাটোৰ অধীনত গুৰুত্বপূৰ্ণ পদবীত ‘মেডিকেল ডকুমেন্টেশ্যন অফিচাৰ’ (Medical Documentation Officer) হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি লাভ কৰিলে। চিকিৎসাবিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ সেই জটিল জগতখনত তাই নিজৰ কৰ্মনিষ্ঠাৰে খোজ পেলালে। আৰু আনহাতে, আমাৰ ঘৰৰ কনিষ্ঠ সন্তান মৰমৰ গুণগুণো (শিৱমজ্যোতি) ক্ৰমে ডাঙৰ হৈ উঠি বৰ্তমান উচ্চতৰ মাধ্যমিক (উ: মা:) পৰ্যায়ত নিজৰ শিক্ষা গ্ৰহণ অব্যাহত ৰাখিছে। 

বৰ্তমান সময়ত গুণগুণে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধিক্ষণ—উচ্চতৰ মাধ্যমিক (উ: মা:) পৰ্যায়ত নিজৰ অধ্যয়ন অব্যাহত ৰাখিছে। এয়া হৈছে জীৱন-যুদ্ধৰ এনে এটা কাল, য’ত এজাক তৰুণে নিজৰ শৈশৱৰ আলসুৱা আৱেগবোৰক একাষৰীয়া কৰি বাস্তৱ পৃথিৱীৰ কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ প্ৰস্তুতি চলায়। দিনটোৰ একাগ্ৰ অধ্যয়ন, পৰীক্ষাৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ নিজা পথটো চিনাক্ত কৰাৰ এক নিৰৱ সাধনাৰ মাজেৰে সি আগবাঢ়িছে।মই আৰু অৰ্চনাই অভিভাৱক হিচাপে সদায় এটা কথাই বিশ্বাস কৰি আহিছোঁ—সন্তানক কেতিয়াও আমাৰ নিজৰ সপোনৰ বোজা জাপি দিব নালাগে। গুণগুণক আমি সদায় নিজৰ মেধা, ৰুচি আৰু বিবেকৰ ওপৰত ভিত্তি কৰি নিজৰ পথটো নিজেই গঢ়ি তুলিবলৈ মুক্ত আকাশ এখন দিছোঁ। সি নিজৰ শ্ৰম আৰু নিষ্ঠাৰে যিটো দিশতেই খোজ নেপেলাওক কিয়, তাৰ আঁৰত এগৰাকী সৎ আৰু সুনাগৰিক হোৱাৰ সংকল্প যেন সদায় অটুট থাকে।

​কেতিয়াবা নিশা পঢ়া মেজত গুণগুণক গভীৰ মনোযোগেৰে কিতাপৰ পাত লুটিয়াই থকা দেখিলে অন্তৰখন এক অনাবিল প্ৰশান্তি আৰু অপাৰ মৰমেৰে উপচি পৰে। সি এতিয়া আৰু কেৱল সেই অবুজ সৰু ল’ৰাটো হৈ থকা নাই; বৰং ঘৰখনৰ বহু দায়িত্ব বুজি পোৱা, পৰিয়ালৰ প্ৰতি সচেতন এজন বুজন কিশোৰলৈ ৰূপান্তৰিত হৈছে। পিতৃ হিচাপে মোৰ হৃদয়ৰ পৰা ওলাই অহা এটাই চিৰন্তন প্ৰাৰ্থনা—জীৱনৰ অনাগত যাত্ৰাপথত শিৱমজ্যোতিয়ে নিজৰ নামৰ অৰ্থৰ দৰেই নিজৰ বিদ্যা, মনুষ্যত্ব আৰু সততাৰ জ্যোতিৰে সমাজৰ বুকুত এক উজ্জ্বল স্থান অধিকাৰ কৰক, আৰু আকাশৰ দৰেই উদাৰ মন এটা লৈ হাঁহিমুখে জীৱনৰ প্ৰতিটো শিখৰ স্পৰ্শ কৰক। 

বাংগালোৰৰ ব্যস্ত কৰ্মজীৱনৰ পৰা বহু দিনৰ মূৰত সিদিনা হিয়া আমাৰ ঘৰলৈ আহিছিল। এদিন আবেলি হিয়াৰ লগত এখন্তেক ওচৰৰে মন্দিৰ এটালৈ গৈছিলোঁ। মন্দিৰৰ ঘণ্টাৰ ধ্বনি, ধূপ-ধূনাৰ সুগন্ধি, আৰু ভক্তসকলৰ প্ৰাৰ্থনা—এই সকলোবোৰে মনটোক জাগতিক ক্লান্তিৰ পৰা আঁতৰাই আনি এক অপাৰ আধ্যাত্মিক প্ৰশান্তিৰে উপচাই তোলে। দৰ্শন আৰু প্ৰাৰ্থনা সামৰি যেতিয়া আমি মন্দিৰ প্ৰাংগণৰ পৰা ঘৰমুৱা হ’বলৈ লৈছিলোঁ, লক্ষ্য কৰিলোঁ — ভক্তসকলৰ ভিৰৰ মাজৰ পৰা এগৰাকী শীৰ্ণকায়, শান্ত আদবয়সীয়া মহিলাই গভীৰ আৰু চিনাকি দৃষ্টিৰে অলপ দূৰৰ পৰাই মোলৈ একেথৰে লক্ষ্য কৰি আছে। মই প্ৰথমে সেই চাৱনিক বিশেষ গুৰুত্ব দিয়া নাছিলোঁ; কিন্তু আমি খোজ আগবঢ়োৱাৰ লগে লগেই দেখিলোঁ তেওঁ আমাৰ পিনেই আগবাঢ়ি আহিছে।

​তেওঁ নিচেই কাষ চাপি আহি অনুচ্চ আৰু আৱেগভৰা কণ্ঠেৰে সুধিলে— “আপুনিয়েই বাৰু প্ৰণৱজ্যোতি ছাৰ নহয়নে?” সেই তেনেই সৰল প্ৰশ্নটোত লুকাই আছিল এক অচিনাকি অথচ পৰম আত্মীয়তাৰ উমাল পৰশ। মই মূৰ দুপিয়াই সন্মতি জনালোঁ যদিও মনৰ মাজত এক গভীৰ কৌতূহল জাগিল—কোন হ’ব পাৰে এওঁ? মোৰ চকুৰ দোমোজা লক্ষ্য কৰি তেওঁ মুখমণ্ডলত এমোকোৰা নিভাঁজ হাঁহি সানি ক’বলৈ ধৰিলে— “আপোনাৰ চেহেৰাটো বহুখিনি সলনি হৈ গ’ল ছাৰ, চিনিবলৈ অলপ অসুবিধা হৈছিল। বহু বছৰ পাৰ হৈ গ’ল যে!”
সেই এটা মাত্ৰ ক্ষুদ্ৰ বাক্যই যেন পলকতে সুদীৰ্ঘ ত্ৰিশটা বছৰৰ বিশাল ব্যৱধানটোক এটা লহমাতে সংকুচিত কৰি থ’লে! স্মৃতিৰ দুৱাৰত টোকৰ মাৰি তেওঁ কৈ গ’ল—“ত্ৰিশ বছৰ আগতে আপুনি মোক কলেজত পঢ়ুৱাইছিল। আপোনাৰ শ্ৰেণীকোঠাৰ সেই জীৱন্ত পাঠদান, প্ৰতিটো কথা আৰু মাজে মাজে কৰা খুহুটীয়া ধেমালিবোৰ আজিও মোৰ মনত জলজল-পটপটকৈ সজীৱ হৈ আছে ছাৰ! পিছলৈ বি.এছচি. পাছ কৰি গাঁৱৰ কাষতেই এখন ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰিবলৈ লৈছিলোঁ...”
​ত্ৰিশ বছৰ আগৰ সেই দিনবোৰ! তেওঁ নিশ্চয় তেতিয়া এগৰাকী অপৰূপ সৌন্দৰ্যময়ী, তৰুণী ছাত্ৰী আছিল—যাৰ দুচকুত ভাঁহি আছিল আকাশ চুব খোজা অজস্ৰ সপোন আৰু বুকুত আছিল ভৱিষ্যতৰ মেটমৰা আশা। আজি সময়ৰ নিৰ্দয় সোঁতে তেওঁৰ যৌৱনক স্পৰ্শ কৰিছে, শাৰীৰিক উজ্জ্বলতা হয়তো সংসাৰৰ ধুমুহাত কিছু স্তিমিত হৈছে। এযোৰ অতি সাধাৰণ মেখেলা-চাদৰ, হাতত এটি সৰু ভেনিটি বেগ, আৰু কপালত সেন্দূৰৰ এটি উজ্জ্বল ফোঁট। তেওঁ যে ঘৰুৱা দায়িত্বত নিমগ্ন এগৰাকী আত্মনিয়োগকাৰী ব্যস্ত গৃহিণী, সেই কথা বুজিবলৈ বাকী নাথাকিল। 

​ইতিমধ্যে জীৱনে বহু দিশ সলনি কৰিলে, সময়েও বহু নদী-ঘাট অতিক্ৰম কৰিলে। ত্ৰিশ বছৰ পূৰ্বে ময়ো এজন সুঠাম, স্বপ্নাতুৰ যুৱক হিচাপে মহাবিদ্যালয়ৰ প্ৰাণৱন্ত শ্ৰেণীকোঠাত ভৰি দিছিলোঁ। আজি বয়সে মোৰো শৰীৰটো আলফুলে চুই গৈছে। কিন্তু মোৰ ক্লাছবোৰ, মোৰ মুখৰ কথাবোৰ আজিও তেওঁৰ অন্তৰৰ মণিকূটত অক্ষত আৰু সজীৱ হৈ আছে বুলি কওঁতে তেওঁৰ দুচকুত যি এক স্বৰ্গীয় উজ্জ্বল দীপ্তি জিলিকি উঠিল—সেই পৱিত্ৰ দৃষ্টিয়ে মোৰ অন্তৰতো অনাবিল আনন্দৰ জোৱাৰ তুলিলে। সেই আনন্দ আচলতে পৃথিৱীৰ কোনো পদক, ধন-দৌলত বা কাগজৰ প্ৰশংসাপত্ৰই কোনোদিনে দিব নোৱাৰা এক অতলস্পৰ্শী আত্মিক তৃপ্তি!
​তেওঁ অতি শান্ত আৰু গভীৰ কণ্ঠেৰে নিজৰ জীৱনৰ বাকী অংশখিনি কৈ গ’ল—“স্কুলত দুবছৰমান কাম কৰাৰ পিছতেই মোৰ বিয়া হৈ গ’ল ছাৰ। মোৰ স্বামী এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। মোৰ স্কুলখন চৰকাৰীকৰণ নোহোৱাৰ বাবে বিয়াৰ পিছত ঘৰৰ দায়িত্বৰ খাতিৰত মই স্কুলৰ পৰা অব্যাহতি ল’লোঁ। এতিয়া মই এগৰাকী পূৰ্ণকালীন গৃহিণী...”!
তেওঁ নিজকে ‘গৃহিণী’ বুলি পৰিচয় দিওঁতে তেওঁৰ কণ্ঠত নাছিল কোনো আক্ষেপ, নাছিল কোনো লুকাই থকা ক্ষোভ বা হীনমন্যতাৰ  আভাস। বৰঞ্চ সেয়া আছিল জীৱনৰ বাস্তৱতাক দুহাতেৰে সাৱটি লোৱা এক পৰম শান্ত আৰু পৰিপূৰ্ণ স্বীকাৰোক্তি।

​কলেজৰ শিক্ষা সমাপ্তিৰ পিছত নিজৰ সপোন আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষাৰ কঠোৰ চেষ্টা চলাই তেওঁ এদিন শিক্ষকতাও কৰিছিল। কিন্তু বিবাহৰ পাছত সংসাৰৰ প্ৰতিটো দায়িত্ব নীৰৱে পালন কৰি আজি তেওঁ নিজৰ ঘৰখনৰ ভেটি সুদৃঢ় কৰি ৰখা এগৰাকী দায়িত্বশীল গৃহিণী। তেওঁৰ স্বামী এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক—যিয়ে সমাজৰ তৃণমূল পৰ্যায়ত সেই নিষ্পাপ কণ-কণ ল’ৰা-ছোৱালীবোৰৰ সৰু সৰু মনবোৰক মানুহ হিচাপে গঢ়ি তোলাৰ কামত আত্মনিয়োগ কৰা এগৰাকী নীৰৱ সাধক আৰু যোদ্ধা! সেই কথাখিনি কওঁতে ছাত্ৰীগৰাকীৰ মুখমণ্ডলত দেখা পোৱা গ’ল এক বিৰল, সৰল আৰু অনুপম আত্মগৌৰৱৰ আভা। তাত কোনো অপূৰ্ণতাৰ আক্ষেপ নাছিল, বৰঞ্চ জীৱন আৰু তাৰ সংগ্ৰামক সহজভাৱে মূৰ পাতি লোৱাৰ এক অপৰিসীম সাহসী প্ৰকাশ আছিল।

​মন্দিৰৰ সেই নিস্তব্ধ দুপৰীয়াত এগৰাকী পুৰণি ছাত্ৰীৰ মুখত জীৱনৰ এই পৱিত্ৰ তৃপ্তি প্ৰত্যক্ষ কৰি মই পুনৰবাৰ অনুভৱ কৰিলোঁ—জীৱনৰ আচল সাৰ্থকতা কেৱল সমাজৰ শিখৰত আৰোহণ কৰাৰৰ মাজতেই সীমাৱদ্ধ হৈ নাথাকে; বৰং নিজৰ দায়িত্বখিনিক ভাল পাই হাঁহিমুখে জীয়াই থাকিব পৰা মানসিকতাৰ মাজতহে নিহিত হৈ থাকে। 

যৌৱনৰ প্ৰথম প্ৰভাতত আমি প্ৰত্যেকেই হৃদয়ৰ কুঠাৰীত হাজাৰটা জিলমিলাই থকা সপোন সাৱটি জীৱনৰ দীঘলীয়া বাটত খোজ পেলাওঁ। সময়ৰ সোঁতত তাৰে কিছুমান সপোনে হয়তো বাস্তৱৰ পোহৰ পায়, আৰু আন কিছুমানে নিয়তিৰ পাকচক্ৰত পৰি উৱলি যায়। কিন্তু জীৱনৰ কোনো এটা নিৰ্দিষ্ট আশা বা সপোন পূৰ্ণ নোহোৱা মানেই কোনো কালেই এজন মানুহৰ সমগ্ৰ জীৱনটো ব্যৰ্থ হৈ যোৱা নুবুজায়।
প্ৰকৃত শিক্ষা কেতিয়াও মহাবিদ্যালয়ৰ চাৰিবেৰৰ শ্ৰেণীকোঠা নাইবা পাঠ্যপুথিৰ মাজতেই আবদ্ধ হৈ থাকিব নোৱাৰে। কোনোবাই যদি বিদ্যালয়ৰ মজিয়াত থিয় হৈ জ্ঞানৰ পোহৰ বিলাইছে, কোনোবাই আকৌ সমাজৰ নিভৃত কোণত থাকি সেৱা আগবঢ়াইছে, আৰু কোনোবাই নিজৰ পৰিয়াল তথা সন্তানৰ হৃদয়ত মানৱীয় মূল্যবোধ আৰু শিক্ষাৰ অমল দীপকটি চিৰদিনৰ বাবে প্ৰজ্বলিত কৰি ৰাখিছে। মোৰ সন্মুখত থিয় হৈ থকা সেই শান্ত প্ৰাক্তন  ছাত্ৰীগৰাকী আজি হয়তো কোনো শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ডৰ সমুখত চকমাটি হাতত লৈ পাঠদান কৰা আনুষ্ঠানিক শিক্ষয়িত্ৰী নহয়; কিন্তু তেওঁৰ জীৱনৰ প্ৰতিটো সংযমী পদক্ষেপ, প্ৰতিটো বাক্য আৰু সংসাৰ চলোৱাৰ শৈলীৰ মাজতেই জীৱন্ত হৈ বিৰাজ কৰিছে তাহানিৰ সেই শিক্ষা আৰু চিৰন্তন মূল্যবোধৰ এক পৱিত্ৰ পৰশ!
​মন্দিৰৰ গৰ্ভগৃহৰ পৰা কাঁহ-ঘণ্টাৰ এটি সুগভীৰ মাংগলিক ধ্বনি পুনৰ বাজি উঠিল, যিয়ে আবেলিৰ বতাহজাকক এক অপাৰ পৱিত্ৰতাৰে ভৰাই তুলিলে। তেওঁ অতি বিনম্ৰ আৰু ভদ্ৰতাৰে মোৰ পৰিয়ালৰ সকলোৰে কুশল-বাৰ্তা ল’লে। মোৰ কাষতেই থিয় হৈ থকা মোৰ জীয়াৰী হিয়াৰ সৈতেও তেওঁ মৰমেৰে চিনাকি হ’ল। হিয়াই তাইৰ শান্ত আৰু কৌতূহলী চকুযুৰিৰে এগৰাকী ত্ৰিশ বছৰ পুৰণি ছাত্ৰীৰ নিজৰ শিক্ষাগুৰুৰ প্ৰতি থকা সেই অপৰিসীম শ্ৰদ্ধা আৰু আত্মীয়তাৰ দৃশ্যটো এক অনাবিল বিস্ময়েৰে চাই ৰ’ল। এটি অন্তৰংগ আৰু আৱেগভৰা হাঁহিৰে আমি পৰস্পৰে পৰস্পৰৰ পৰা বিদায় ল’লোঁ। 

​মন্দিৰ প্ৰাংগণৰ পৰা ওলাই যেতিয়া মই মুকলি ৰাস্তালৈ আহিলোঁ, মোৰ সমগ্ৰ অন্তৰাত্মা এক অতটল আৰু অনাবিল তৃপ্তিৰে উপচি পৰিছিল। সেই গভীৰ তৃপ্তি এইবাবেই নাছিল যে এজন শিক্ষকে সমাজত কিবা এটা নাম বা যশ অৰ্জন কৰিছে; বৰং সেই তৃপ্তি আছিল এইটো কথাই উপলব্ধি কৰি যে—এগৰাকী শিক্ষক হিচাপে আমি আমাৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক কেৱল পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ কিছুমান পুঠিগত জ্ঞানেই দিয়া নাছিলোঁ, আমি সংগোপনে তেওঁলোকৰ প্ৰতিজনৰে অন্তৰৰ নিভৃত মণিকূটত একোগছিকৈ মূল্যবোধ আৰু সততাৰ অক্ষয় বন্তি জ্বলাই থৈ আহিছিলোঁ, যিগছি পৱিত্ৰ বন্তি জীৱনৰ হাজাৰ ধুমুহা, অনিশ্চয়তা, দুৰ্দিন আৰু জটিল প্ৰত্যাহ্বানৰ মাজতো কাহানিও নুমাই নেযায়; বৰং ওৰেটো জীৱন জ্বলি থাকে, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। 


জীৱনৰ বাটত মানুহ কেতিয়াবা এনে কিছুমান চিনাকি ঠাইত পুনৰ উপস্থিত হয়, য’ত পৰিস্থিতি আৰু দৃষ্টিভংগী একেবাৰে ওলট-পালট হৈ পৰে। সিদিনা তেনেকুৱাই এটি আবেলি উপভোগ কৰিলোঁ এখন চিনাকী চিকিৎসালয়। কিন্তু এইবাৰ মই কোনো ৰোগৰ যন্ত্ৰণাত কাতৰ হৈ অথবা কোনো আত্মীয়ৰ চিকিৎসা বিধান বিচাৰি তাত ভৰি দিয়া নাছিলোঁ।  মই গৈছিলোঁ মোৰেই শ্ৰেণীকোঠাৰ এজন অত্যন্ত প্ৰতিভাধৰ আৰু আদৰৰ প্ৰাক্তন ছাত্ৰ—ডাঃ গৌৰৱক লগ কৰিবলৈ। উদ্দেশ্য আছিল - আমাৰ বিদ্যালয়ৰ "হেল্থ কেয়াৰ" বিষয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰেক্টিকেল ক্লাছ সম্বন্ধীয় কাৰণত।
​গৌৰৱ আছিল মোৰ শিক্ষক জীৱনৰ সেইসকল ছাত্ৰৰ এজন, যাৰ চকুযুৰিয়ে শ্ৰেণীকোঠাৰ নিস্তব্ধতাকো অহৰহ প্ৰাণৱন্ত কৰি ৰাখিছিল। অৰুণোদয় জুনিয়ৰ কলেজত পঢ়ি থকা সময়ছোৱাত সি সাধাৰণতে শ্ৰেণীৰ দ্বিতীয় শাৰীৰ বেঞ্চখনতেই বহিবলৈ ভাল পাইছিল। সদায় অতিশয় মনোযোগী, জ্ঞানপিপাসু আৰু অলেখ যৌক্তিক প্ৰশ্নৰে ভৰি থকা এজন অনন্য ছাত্ৰ আছিল সি। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞানৰ পাঠদানৰ সময়ত মই তাক কেৱল পাঠ্যপুথিৰ কথাবোৰেই শিকোৱা নাছিলোঁ; বৰং তাৰ কোমল মনটো গঢ়ি তোলাৰ প্ৰচেষ্টাত মই মোৰ অন্তৰৰ নিভৃত মণিকূটত সংগোপনে সাঁচি থোৱা সপোনবোৰৰ কথাও হৃদয় খুলি কৈছিলোঁ। চিকিৎসা বৃত্তিত প্ৰৱেশ কৰি মানৱ সেৱাত ব্ৰতী হোৱাৰ মোৰ নিজৰ জীৱনৰেই এক অপূৰ্ণ আৰু চিৰসেউজ সপোনবোৰৰ কথা!

​যৌৱনৰ উন্মেষ কালত ময়ো চিকিৎসা বিজ্ঞানৰ সেই পৱিত্ৰ জগতখনত প্ৰৱেশ কৰাৰ এক দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছিলোঁ। নিজহাতে আৰ্তজনৰ সেৱা কৰিম, ৰোগীৰ বুকুভঙা যন্ত্ৰণা লাঘৱ কৰিম -- এই পৱিত্ৰ আকাংক্ষাবোৰ মোৰ মনৰ কোনোবা এটা উমাল কোণত বহু বছৰ ধৰি সযতনে জীপাল হৈ আছিল। কিন্তু নিয়তিৰ হয়তো আন এক সুকীয়া পৰিকল্পনা আছিল। মোৰ সেই সপোনে পোখা মেলিব নোৱাৰিলে। মোৰ জীৱন-নদীয়ে বাট সলাই মোক লৈ আহিল শিক্ষকতাৰ এই নিৰল সাধনাৰ জগতখনলৈ। তথাপিও, অসুস্থ মানুহৰ দুখ উপশম কৰাৰ আৰু জীৱন দান দিয়াৰ সেই অন্তৰ্নিহিত ব্যাকুলতা মোৰ সত্তাৰ পৰা কেতিয়াও মচ খাই যোৱা নাছিল। এজন চিকিৎসক হ’ব নোৱাৰাৰ এক নীৰৱ বেদনা আজিও মোৰ হৃদয়ৰ কোনোবা এটা গোপন কোণত লৈ কঢ়িয়াই ফুৰিছোঁ।
​আবেলিৰ শান্ত পৰিবেশত যেতিয়া মই গৌৰৱৰ চেম্বাৰৰ দুৱাৰখন আলফুলে ঠেলি ভিতৰলৈ সোমাই গ’লোঁ, মোক দেখাৰ লগে লগেই সি নিজৰ চকীখনৰ পৰা বিদ্যুৎ বেগেৰে উঠি থিয় হ’ল। তাৰ মুখমণ্ডলত বিৰিঙি উঠিল এক অনাবিল, আন্তৰিক আৰু বিনম্ৰ হাঁহি। তেওঁ নিজৰ চিকিৎসকৰ সন্মানীয় মূল চকীখনলৈ আঙুলিয়াই অতি ভক্তিভাৱে মোক তাত বহিবলৈ অনুৰোধ কৰিলে। মই ক্ষন্তেক থমকি ৰ’লোঁ; হাঁহি মাৰি মূৰ জোকাৰি তাৰ সেই চিকিৎসাকৰ্মৰ পৱিত্ৰ আসনখনত বহিবলৈ অস্বীকাৰ কৰিলোঁ আৰু কাষৰ আন এখন সাধাৰণ চকীত গৈ বহিলোঁ। কিন্তু গৌৰৱে তেতিয়াও নিজৰ চকীখনত বহা নাছিল; মোৰ সন্মুখত তেওঁ এজন বিনম্ৰ ছাত্ৰৰ দৰেই থিয় হৈ থাকিল। মই যেতিয়া গভীৰ স্নেহেৰে তেওঁক বহিবলৈ ক'লো, তেতিয়াহে তেওঁ নিজৰ আসনত বহিল।
সেই ক্ষণটোত তেওঁক ডাক্তৰী পোছাকত, ডিঙিত ওলমি থকা ষ্টেথ’স্কোপ, চৌপাশে বিভিন্ন চিকিৎসা-সম্পৰ্কীয় চাৰ্ট, অত্যাধুনিক সঁজুলি আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ মাজত এজন দায়িত্বশীল চিকিৎসক হিচাপে প্ৰত্যক্ষ কৰি মোৰ সমগ্ৰ অন্তৰাত্মা এক অনিৰ্বচনীয় আনন্দ আৰু শিহৰণেৰে উপচি পৰিল। এইজনেই দেখোন সেই একেজন গৌৰৱ, যিয়ে এসময়ত মোৰ শ্ৰেণীকোঠাৰ দ্বিতীয় শাৰীত বহি মোৰ প্ৰতিটো শব্দ একান্তমনে শুনিছিল! হাজাৰটা অবুজ প্ৰশ্নৰে মোক বিবুধিত পেলোৱা সেই সৰু ল’ৰাজন আজি সমাজৰ চকুত এজন দক্ষ, প্ৰতিভাশালী আৰু গভীৰ সহানুভূতিৰে যন্ত্ৰণাক্লিষ্ট মানুহৰ চকুলো মচি দিয়া এজন সুচিকিৎসক!
​তেওঁৰ সৈতে কথা পাতি থকা সেই প্ৰতিটো পলত মোৰ মনত একেলগে বহুতো অনুভূতিৰ জোৱাৰ উঠিছিল। কিবা এক অপূৰ্ব আৰু গভীৰ অনুভৱে মোৰ সমগ্ৰ চেতনাক স্পৰ্শ কৰি গ’ল। তেতিয়া মোৰ স্পষ্টকৈ উপলব্ধি হ’ল -- মোৰ বুকুৰ গভীৰত সমাধিস্থ হৈ থকা সেই তাহানিৰ অপূৰ্ণ সপোনটো আচলতে মৰি যোৱা নাছিল; বৰং সপোনটোৱে যেন আজি মোৰ এজন মৰমৰ ছাত্ৰৰ জীৱনৰ মাজত এক নতুন আৰু অধিক উজ্জ্বল ৰূপ লৈ পুনৰ জী উঠিছে! গৌৰৱৰ এই সাফল্য আৰু পীড়িত মানুহক সুস্থ কৰি তোলাৰ প্ৰতি তেওঁৰ সেই নিঃস্বাৰ্থ নিষ্ঠাই মোক পুনৰবাৰ সোঁৱৰাই দিলে যে এজন শিক্ষকৰ প্ৰভাৱ সমাজ আৰু সময়ৰ বুকুত কিমান যে সুদূৰপ্ৰসাৰী হ’ব পাৰে!

​শিক্ষক আৰু ছাত্ৰৰ মাজৰ এই পৱিত্ৰ সম্পৰ্কটো আচলতে এক অদৃশ্য এনাজৰীৰে গাঁথি থোৱা থাকে। এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰৰ হাতত কেৱল কেইখনমান পাঠ্যপুথি বা কেইটামান বৈজ্ঞানিক সূত্ৰই তুলি নিদিয়ে; সেই প্ৰদত্ত জ্ঞান আৰু অন্তৰৰ আশীৰ্বাদৰ জৰিয়তে তেওঁ ছাত্ৰজনৰ ভৱিষ্যতৰ সমগ্ৰ গতিপথৰ সৈতেও নিজৰ আত্মাটোকো এক অদৃশ্য বান্ধোনেৰে চিৰদিনৰ বাবে বান্ধি পেলায়। ছাত্ৰজনৰ প্ৰতিটো সফলতা, প্ৰতিটো সেৱা আৰু জীৱনৰ নিবিড় যাত্ৰাৰ প্ৰতিটো মাইলৰ খুঁটিত শিক্ষাগুৰুৰ সেই নীৰৱ অৱদানবোৰ সংগোপনে জীপাল হৈ থাকে।

​সিদিনা মই গৌৰৱৰ সৈতে বহু সময় অতীত আৰু বৰ্তমানৰ কথা পাতিলোঁ। সি মোক চিকিৎসালয়খনৰ বিভিন্ন ৱাৰ্ড আৰু বিভাগসমূহলৈ লৈ গ’ল আৰু অতি আগ্ৰহেৰে তাৰ কৰ্মক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ মোক বুজাই গ'ল। তাৰ কথাবোৰ শুনি, তাৰ চিকিৎসাকৰ্মৰ ব্যস্ততা প্ৰত্যক্ষ কৰি আৰু দুখীয়া-নিঃসহায় মানুহৰ প্ৰতি তাৰ অন্তৰৰ অপাৰ দায়িত্ববোধ অনুভৱ কৰি মোৰ বুকুখন এক অপৰিসীম আনন্দ আৰু কৃতজ্ঞতাৰে ভৰি পৰিল। যেতিয়া মই চিকিৎসালয়খনৰ সেই চেম্বাৰৰ পৰা ওলাই পুনৰ মুক্ত আকাশৰ তললৈ খোজ দিলোঁ, মোৰ মনৰ সমস্ত পুৰণি আক্ষেপ আৰু বিষাদ নিমিষতে নোহোৱা হৈ গ’ল। মোৰ মনত তেতিয়া বিৰাজ কৰিছিল কেৱল এক পৰম প্ৰশান্তি আৰু পূৰ্ণতাৰ অনুভূতি। চিকিৎসক হোৱাৰ মোৰ ব্যক্তিগত সপোনটো হয়তো মোৰ নিজৰ জীৱনৰ কেনভাছত সম্পূৰ্ণ নহ’ল, কিন্তু সেই সপোনটোৱে যেন আজি মোৰ এজন সুযোগ্য ছাত্ৰৰ জীৱনৰ মাজত নিজৰ সাৰ্থক ঠিকনা বিচাৰি পালে। মুহূৰ্তৰ ভিতৰতেই মোৰ পুৰণি সপোনটো যেন বাস্তৱত পৰিণত হ'ল। 



খণ্ড - ১২
অলিখিত এপিটাফৰ এটি পৃষ্ঠা


জীৱনৰ কেনভাছত যেতিয়া সকলোবোৰ শান্ত আৰু স্বাভাৱিক যেন লাগে, ঠিক তেনে সময়তেই নিয়তিয়ে নিমিষতে আমাৰ সমগ্ৰ অস্তিত্বক জোকাৰি পেলাব পৰা একোটা কঠিন পৰীক্ষা লয়। সিদিনা সন্ধিয়া তেজপুৰৰ ঘৰখনৰ পৰা এটা ফোনকল আহিল। ফোনটো কাণত লওঁতেই সিটো মূৰৰ পৰা মাৰ কঁপা কঁপা কণ্ঠস্বৰে মোক সেই সংবাদটো দিলে— “দেউতাৰাৰ গাটো বৰ বেয়া কৰিছে অ’।”
দেউতাৰ বয়স হৈছে। জীৱনৰ ৯৫টা বৰ্ণিল আৰু সংগ্ৰামী বসন্ত পাৰ কৰি তেখেত আজি বাৰ্ধক্যৰ এনে এক সন্ধিক্ষণত উপনীত হৈছিল, য’ত মাজে-সময়ে সৰু-সুৰা অসুখ-বিসুখ হোৱাটো একপ্ৰকাৰ স্বাভাৱিক কথা আছিল। মাৰ সৈতে চিকিৎসা আৰু ঔষধ-পাতিৰ দুটামান প্ৰাথমিক কথা পাতি, মনটোক কিছু আশ্বস্ত কৰি মই ফোনটো থ’লোঁ যদিও অন্তৰৰ কোনোবা এটা কোণত এক নামহীন আশংকাই অহৰহ খুন্দিয়াবলৈ ধৰিলে। কিন্তু সেই দুঃশ্চিন্তাই পূৰ্ণ ৰূপ ল’লে পিছদিনা পুৱাতেই। পুৱাই ভাইটিৰ ফোন আহিল। সি অত্যন্ত উৎকণ্ঠিত কণ্ঠেৰে ক’লে—“দাদা ৰাতিৰ ভাগলৈ দেউতাৰ অসুখ বৰ বেছি হৈছিল। আমি উপায়ন্তৰ হৈ নিশা প্ৰায় ১ মান বজাত দেউতাক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হ’ল...”

​পলম নকৰি ততাতৈয়াকৈ মই তেজপুৰৰ দিশে যাত্ৰা কৰিলোঁ। তেজপুৰৰ চিকিৎসালয়ৰ সেই নীৰৱ কোঠাটোত প্ৰৱেশ কৰি যেতিয়া মই দেউতাৰ বিচনাখনৰ কাষ চাপিলোঁ, মোৰ সমগ্ৰ অন্তৰাত্মা সেমেকি উঠিল। যিগৰাকী মানুহক মই গোটেই জীৱন এক অপৰাজেয় ৰূপত দেখি আহিছিলোঁ, তেখেত আজি বাৰ্ধক্য আৰু ৰোগৰ হেঁচাত চিকিৎসালয়ৰ এখন বিচনাত নিস্তেজ হৈ শুই আছিল। মোক কোঠাত সোমাই অহা দেখাৰ লগে লগেই দেউতাৰ শেঁতা পৰা চকুযুৰি যেন এক উজ্বলতাৰে উজলি উঠিল। তেখেতে নিজৰ দুৰ্বল আৰু কপি থকা দুয়োখন হাতেৰে আলফুলে মোৰ হাতখন অতি আকুলভাৱে খামোচ মাৰি ধৰিলে। সেই আকুল স্পৰ্শৰ মাজতেই যেন নিহিত হৈ আছিল এটা জীৱনৰ সমগ্ৰ বাৎসল্য স্নেহৰ টান! নিজৰ শৰীৰৰ চৰম যন্ত্ৰণাক একাষৰীয়া কৰি, দেউতাই অতি কষ্টেৰে শব্দবোৰ উচ্চাৰণ কৰি মোৰ কুশল-বাৰ্তাৰ লগতে আমাৰ ঘৰৰ অৰ্চনা, হিয়া, গুণগুণ -- প্ৰতিজন সদস্যৰ খবৰ এটা এটাকৈ ল’লে। 

​চিকিৎসকৰ সৈতে কথা পাতি জানিব পাৰিলোঁ যে দেউতাৰ শাৰীৰিক অৱস্থা অত্যন্ত সংকটজনক। ৯৫ বছৰীয়া বৃদ্ধ দেহাটোৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ অংগই লাহে লাহে দুৰ্বল হৈ পৰিছে। তেজৰ ছডিয়াম আৰু পটাচিয়ামৰ মাত্ৰা উদ্বেগজনকভাৱে অস্বাভাৱিক হৈ পৰিছে, হাওঁফাওঁত দেখা দিছে গভীৰ সংক্ৰমণ (Lung Infection) আৰু লগতে ধৰা পৰিছে বৃক্কজনিত (Renal complications) সমস্যা। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি আমি দেউতাক অধিক উন্নত চিকিৎসাৰ বাবে তৎকালীনভাৱে গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত ল'লো। জীৱন আৰু মৃত্যুৰ দোমোজাত দেউতাক এম্বুলেন্সেৰে গুৱাহাটীলৈ লৈ অনা হ’ল। আৰু মহানগৰীৰ চিকিৎসালয়ত ভৰি দিয়াৰ লগে লগেই জ্যেষ্ঠ চিকিৎসকে কোনো পলম নকৰি দেউতাক তৎকালীনভাৱে আই.চি.ইউ.-ৰ নিৰীক্ষণ কক্ষত ভৰ্তি কৰাৰ নিৰ্দেশ দিলে।
​পৃথিৱীৰ কিছুমান সম্পৰ্কৰ গভীৰতা আৰু পৱিত্ৰতাক ভাষাৰ কোনো শব্দৰেই সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰি। কিছুমান মানুহ আমাৰ জীৱনৰ কেনভাছত কেৱল তেজ-মঙহৰ একোজন সাধাৰণ ব্যক্তি হৈ নাথাকে; তেওঁলোক হৈ পৰে আমাৰ আজীৱন সাহসৰ প্ৰেৰণা, আমাৰ চৰম বিপন্ন সময়ৰ সুৰক্ষিত আশ্ৰয়, আমাৰ নিৰাপত্তাৰ দুৰ্ভেদ্য দুৰ্গ আৰু আমাক জীৱনৰ অন্ধকাৰ বাটত দিশ দেখুওৱা এগচি বন্তি! মোৰ সমগ্ৰ অস্তিত্বৰ বাবে তেনে এগৰাকী ভগৱানতুল্য মানুহেই হৈছে—মোৰ দেউতা! ​শৈশৱৰ সেই দিনবোৰৰ পৰা আৰম্ভ কৰি আজি জীৱনৰ যিমান দূৰ বাট মই পাৰ হৈ আহিছোঁ, মোৰ প্ৰতিটো খোজৰ, মোৰ প্ৰতিটো সফলতাৰ আৰু প্ৰতিটো সিদ্ধান্তৰ অন্তৰালত মই মোৰ দেউতাৰ সেই শান্ত আৰু সুগভীৰ স্পৰ্শ বিচাৰি পাওঁ।

​মোৰ শৈশৱৰ সেই কঁপি কঁপি দিয়া প্ৰথমটো খোজৰ পৰাই তেখেতৰ শক্তিশালী হাতখন মোৰ লগত আছিল। জীৱনত প্ৰথমবাৰৰ বাবে বিদ্যালয়লৈ যোৱাৰ সময়ত দেউতাৰ তৰ্জনী আঙুলিটোত সৰু হাতেৰে খামোচ মাৰি ধৰিয়েই মই এখন নতুন জগতলৈ সাহসেৰে আগবাঢ়িছিলোঁ। জীৱনত যেতিয়াই প্ৰথমবাৰৰ বাবে ভয় খাইছিলোঁ, দেউতাৰ সেই গভীৰ আৰু আশ্বস্ত কণ্ঠস্বৰেই মোৰ কাণত অভয়বাণী হৈ বাজি উঠিছিল। বাটত খোজকাঢ়োত যেতিয়াই উজুটি খাই মাটিত পৰিছিলোঁ, দেউতাৰ দুখন মমতাময়ী হাতেই দৌৰি আহি মোক আলফুলে তুলি ধৰিছিল। ​মই লাহে লাহে বয়সৰ হিচাপত ডাঙৰ হৈ এজন প্ৰাপ্তবয়স্ক মানুহ আৰু এজন শিক্ষক হ’লোঁ; কিন্তু দেউতাৰ সেই আশীৰ্বাদভৰা হাতখনৰ প্ৰয়োজন যেন মোৰ জীৱনত কেতিয়াও শেষ নহ’ল! জীৱনৰ বহুতো কঠিন, জটিল আৰু ধুমুহাপ্ৰায় সন্ধিক্ষণত মই অন্তৰৰ পৰা উপলব্ধি কৰিছিলোঁ যে পৃথিৱীত অন্ততঃ এজন মানুহ আছে, যাৰ উপস্থিতিয়েই মোক ভিতৰৰ পৰা এক অদৃশ্য শক্তি প্ৰদান কৰে।

​আৰু আজি...!সেই একেজন পৰ্বতসদৃশ দেউতা মোৰ সন্মুখত এখন চিকিৎসালয়ৰ আই.চি.ইউ.ৰ বন্ধকোঠাৰ বিচনাত হৈ শুই আছেহি! আই.চি.ইউ.ৰ সেই নীৰৱতাৰ মাজত আধুনিক মেডিকেল মনিটৰবোৰৰ মৃদু, যান্ত্ৰিক ‘বীপ-বীপ’ শব্দ আৰু অক্সিজেনৰ চিলিণ্ডাৰৰ পৰা নিৰন্তৰভাৱে ওলাই থকা সেই কৰুণ ‘সোঁ-সোঁ’ শব্দটোৱে যেন কোঠাটোৰ  পৰিৱেশটো আৰু অধিক গধুৰ কৰি তুলিছে। সেই কৃত্ৰিম নলী আৰু যন্ত্ৰপাতিৰ জালৰ মাজতেই যে মোৰ সুদীৰ্ঘ ৯৫ বছৰীয়া জীৱনযুদ্ধৰ অপৰাজেয় মহানায়ক দেউতা শুই আছে!

​শ্বাসজনিত সমস্যাৰ সৈতে যুঁজি যোৱা বিগত ১২টা দিন ধৰি চিকিৎসালয়ৰ বিচনাত মৃত্যুঞ্জয়ী সংগ্ৰাম চলাই থকা মোৰ দেউতাক আজি আই.চি.ইউ.ৰ সেই অসহায় অৱস্থাত দেখি মোৰ সমগ্ৰ বুকুখন কিবা এক অবুজ আৰু অসহ্য অদৃশ্য বেদনাই তীব্ৰভাৱে চেপি ধৰিছে। আই.চি.ইউ.ৰ সেই কাঁচৰ খিৰিকীৰ সিপাৰে শুই থকা দেউতালৈ চাই থাকোতে মোৰ দৃষ্টিৰ সন্মুখত বাৰে বাৰে ভাঁহি উঠিছে আজিৰ পৰা কেইবাটাও দশকৰ পূৰ্বৰ এখন মায়াময় আৰু সোণসেৰীয়া ছবি—এজন সুঠাম, শক্তিশালী আৰু আত্মপ্ৰত্যয়ী মানুহে এটি সৰু নিষ্পাপ শিশুৰ হাতখন নিজৰ আঙুলিৰ মাজত খামোচ মাৰি ধৰি অনন্ত আশাৰে আগুৱাই লৈ গৈছে...। সেই সুঠাম পুৰুষজন মোৰ দেউতা সেই সৰু শিশুটো মই।

কিমান যে অজেয় আৰু শক্তিশালী আছিল এই মানুহজন! কিমান যে এক অপৰিসীম সহনশীলতাৰ জীৱন্ত মূৰ্তিপ্ৰতীক আছিল তেখেত! সংসাৰৰ অভাৱ-অনাটন, জীৱন-যুদ্ধৰ সকলো দুখ আৰু ক্লান্তি নিজৰ ওঁঠৰ নিভাঁজ হাঁহিটোৰ আঁৰতেই সংগোপনে লুকুৱাই ৰাখি যিগৰাকী মানুহে আমাক কোনো অভাৱ অনুভৱ কৰিবলৈ নিদি অতি মৰমেৰে ডাঙৰ-দীঘল কৰিছিল—তেখেতেই আছিল মোৰ দেউতা। নিজৰ ভাগৰ, নিজৰ ব্যক্তিগত সুখ আৰু আৰামৰ কথা কাৰো আগত কেতিয়াও উচ্চাৰণ নকৰি, আমাৰ সৰু সৰু প্ৰয়োজনবোৰক সদায় নিজৰ সকলো প্ৰয়োজনতকৈ বহু ওপৰত স্থান দিছিল তেওঁ। তেখেতৰ নিজৰ জীৱনৰ বহুতো ব্যক্তিগত সপোন আৰু অপূৰ্ণ আকাংক্ষাই হয়তো আমাৰ শৈশৱৰ নিষ্পাপ হাঁহি আৰু সৰু সৰু আনন্দবোৰৰ মাজতেই নিজৰ পৰম পূৰ্ণতা বিচাৰি পাইছিল।
আজি জীৱনৰ অপৰাহ্ণত সেই পৰ্বতসদৃশ মানুহজনৰ ক্লান্ত দুচকুত যেতিয়া মই অসহায়তা আৰু বিষাদৰ নীৰৱ ছাঁ প্ৰত্যক্ষ কৰোঁ, তেতিয়া এগৰাকী অসহায় পুত্ৰ হিচাপে মোৰ কলিজাৰ ভিতৰত এক অবুজ আৰু অসহনীয় যন্ত্ৰণাই অহৰহ খুন্দিয়াই থাকে। মনৰ কেনভাছত আজি বাৰে বাৰে ধুমুহাৰ দৰে আৱৰ্তিত হৈছে মোৰ সেই সোণালী শৈশৱৰ হেৰাই যোৱা দিনবোৰ! ​নিশা দেউতাৰ উমাল কোলাত সোমাই শুনা সেই ৰূপকথা আৰু সাধুকথাবোৰ, পঢ়া মেজত বহি থকাৰ সময়ত মোৰ পিঠিত হাত থৈ দিয়া সেই অপাৰ উৎসাহবোৰ, ভুল পথে খোজ দিব খোজাৰ মুহূৰ্তত কাণত পৰা সেই মৰমভৰা সৰু সৰু শাসনৰ ধমকবোৰ, আৰু জীৱনৰ জটিল আৰু সংকটকালত বুকুত সাহসৰ সঞ্চাৰ কৰা সেই গভীৰ প্ৰজ্ঞাময় কথাবোৰ—সকলোবোৰ আজি এজাক জোনাকী পৰুৱাৰ দৰে মোৰ চকুৰ সমুখত জিলিকি উঠিছে। বিদ্যালয়লৈ প্ৰথম যোৱা দিনটোত খামোচ মাৰি ধৰা দেউতাৰ হাতৰ সেই তৰ্জনী আঙুলিটো, জীৱনৰ প্ৰতিটো পিছল বাটত আগবাঢ়ি যাবলৈ মোক অবিৰত সাহস যোগোৱা সেই দেৱতুল্য মানুহজন আজি চিকিৎসালয়ৰ যান্ত্ৰিক কোঠাত নিস্পন্দ হৈ শুই আছে। বুকুত সাঁচতীয়া হৈ থকা অজস্ৰ স্মৃতিৰ টোপালবোৰে আজি মোৰ অন্তৰৰ ভিতৰত এক চৰম আৱেগিক আলোড়ন আৰু বাৰিষাৰ সৃষ্টি কৰিছে।

​আই.চি.ইউ.ৰ বন্ধ দুৱাৰখনৰ বাহিৰত নিস্তব্ধভাৱে থিয় হৈ থকা মুহূৰ্তবোৰত মোৰ অন্তৰাত্মাই ভগৱানক কাতৰভাৱে অনুৰোধ কৰে -- হে ভগৱান! সময়ৰ এই নিৰ্দয় চকাটো ক্ষন্তেকৰ বাবে হ’লেও ৰখাই থোৱা। এবাৰ... মাথোঁ এটিবাৰৰ বাবে যদি দেউতাই আকৌ আগৰ দৰে শব্দ কৰি প্রাণখুলি হাঁহক! এবাৰ মাথোঁ সেই চিৰপৰিচিত, গম্ভীৰ অথচ মমতাময়ী মাতটোৰে মোক মাতক! এবাৰ মাথোঁ মোৰ দুচকুলৈ চাই দেউতাই কওঁক— “তোমালোকে মিছাতে চিন্তা নকৰিবা, মই একেবাৰে ভালে আছোঁ!”

​কিন্তু বাস্তৱত সময় কাৰো বাবেই থমকি নৰয়। এই চৰম সত্যটোৱেই মানৱ জীৱনৰ আটাইতকৈ কঠিন আৰু হৃদয়বিদাৰক অনুভূতি। আই.চি.ইউ.ৰ সেই কাঁচৰ খিৰিকীৰ সিপাৰে দেউতাৰ নিস্তেজ দেহটোলৈ চালে মোৰ হৃদয়ত দুটা চৰম বিপৰীতমুখী আৱেগে একেলগে সংগ্ৰাম কৰে—এটা হ’ল ‘ভয়’, আৰু আনটো হ’ল ‘আশা’। ভয়—কাৰণ সময় আৰু নিয়তি বৰ নিষ্ঠুৰ, কাৰণ মানুহৰ জীৱন তেনেই ক্ষণভঙ্গুৰ! আৰু আশা—কাৰণ এজন সন্তানৰ হৃদয়ে জীৱনৰ শেষ মুহূৰ্ত, শেষ উশাহটোলৈকে নিজৰ পিতাৰ বাবে আশাৰ শেষ বন্তিগছি কেতিয়াও নুমুৱাই দিব নোৱাৰে!

​এই সংকটৰ সময়খিনিত মোৰ অন্তৰৰ প্ৰতিটো স্পন্দন, মোৰ প্ৰতিটো উশাহ আৰু প্ৰতিটো নিশাহ যেন ভগৱানৰ চৰণত একো একোটি মৌন প্ৰাৰ্থনা হৈ পৰিছে। এই নশ্বৰ পৃথিৱীৰ বিধাতাৰ ওচৰত মোৰ কোনো ভৌতিক ঐশ্বৰ্য বা ডাঙৰ প্ৰাপ্তিৰ দাবী নাই; মোৰ বুকুত আছে কেৱল এটি কাতৰ আৰু অবুজ আবদাৰ—“হে মোৰ প্ৰভু, মোৰ দেউতাক সোনকালেই সুস্থ কৰি দিয়া! তেখেতৰ মুখৰ সেই চিৰপৰিচিত, শান্ত হাঁহিটো মোক আকৌ এবাৰ ঘূৰাই দিয়া! যিগৰাকী মানুহে নিজৰ সমগ্ৰ জীৱন উজাৰি মোক পৃথিৱীৰ বাট দেখুৱাইছিল, সেই মানুহজনক আৰু কিছু দিন, কিছু বছৰ মোৰ কাষত জীয়াই থাকিবলৈ দিয়া...”
​পিতৃক হেৰুৱাৰ ভয়টো কেৱল সংসাৰৰ কোনো এজন আপোন আত্মীয়ক হেৰুৱাৰ সাধাৰণ ভয় নহয়। ইয়াৰ আচল অৰ্থ হ’ল—নিজৰ শৈশৱৰ আটাইতকৈ পৱিত্ৰ অংশটোক চিৰদিনৰ বাবে হেৰুৱাই পেলোৱা, নিজৰ অস্তিত্ব আৰু আত্মাৰ এটি বিশাল অংশ চিৰকালৰ বাবে হেৰুৱাই পেলোৱাৰ ভয়। এয়া হৈছে জীৱনৰ প্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ নিৰাপদ আশ্ৰয়স্থলটিক হেৰুৱাৰ চৰম ভয়; সেই বিশেষ শক্তিশালী হাতখন হেৰুৱাৰ অটলস্পৰ্শী ভয়—যিখন হাতৰ আঙুলিত খামোচ মাৰি ধৰিয়েই এদিন মই এই বিশাল পৃথিৱীখনক চিনিবলৈ আৰম্ভ কৰিছিলোঁ! আই.চি.ইউ.ৰ দুৱাৰডলিত থিয় হৈ মই আজি কেৱল ব্যাকুলভাৱে অপেক্ষা কৰি আছোঁ—কেতিয়া সেই বন্ধ দুৱাৰখন মেল খাব আৰু মই পুনৰ মোৰ দেউতাৰ সেই উমাল হাতখন নিজৰ দুহাতেৰে জোৰেৰে খামোচ মাৰি ধৰিব পাৰিম।

​বয়সৰ সোঁতত শৰীৰৰ পেশী দুৰ্বল হয়, খোজবোৰ লাহে লাহে মন্থৰ আৰু ধীৰ হৈ পৰে। কিন্তু এজন সন্তানৰ অন্তৰৰ গভীৰতাত পিতৃৰ বয়স যেন কেতিয়াও বাঢ়ি নাযায়! দেউতা আজি কায়িক ভাবে  ৯৫ বছৰীয়া হ'লেও, মোৰ হৃদয়ৰ কেনভাছত তেখেত আজিও সেই একেজন অপৰাজেয়, অটল মানুহ হৈয়েই বিৰাজ কৰিছে—যিজনে মোৰ জীৱনৰ প্ৰতিটো ধুমুহাত মোৰ হাতত আলফুলে ধৰি এক চিৰন্তন অভয়বাণীৰে মোক সাৱটি ধৰিছিল— “ভয় নকৰিবা, মই আছোঁ নহয়!" 

আমি জানো, এদিন সকলোৱেই যাব লাগিব। তথাপিও নিজৰ মানুহ এজনৰ বিদায়ৰ কথা মনটোৱে মানি ল’ব নোৱাৰে। মৃত্যু যে জীৱনৰ অনিবাৰ্য সত্য, সেই কথা আমি জানো; কিন্তু যেতিয়া সেই সত্যটো নিজৰ দুৱাৰমুখত আহি থিয় হয়, তেতিয়া সকলো দৰ্শন, সকলো যুক্তি, সকলো জ্ঞান যেন এক মুহূৰ্ততে অৰ্থহীন হৈ পৰে।

দেউতাৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল। ২০২৬ চনৰ ৩ মাৰ্চ।দিনটো কেলেণ্ডাৰত হয়তো আন এটা সাধাৰণ তাৰিখ হৈ থাকিব। কিন্তু মোৰ বাবে সেই তাৰিখটোৱে মোৰ জীৱনটোকেই দুভাগত বিভক্ত কৰি দিলে; এটা দেউতা থকাৰ সময় আৰু আনটো দেউতা নথকাৰ। সেইদিনা আমাক সকলোকে কন্দুৱাই দেউতাই ইহসংসাৰ ত্যাগ কৰিলে।

সেই মুহূৰ্তটোত যেন হঠাৎ জীৱনৰ অভিধানৰ পৰা এটা ডাঙৰ শব্দ নোহোৱা হৈ গ’ল। ঘৰত মানুহ আছিল, কান্দোন আছিল, আত্মীয়-স্বজন আছিল; কিন্তু মোৰ ভিতৰত যেন এক অদ্ভুত নীৰৱতা নামি আহিছিল। যিজন মানুহজনক লৈ জীৱনৰ ইমানবোৰ স্মৃতি, ইমানবোৰ কথা, ইমানবোৰ অভিমান আৰু ইমানবোৰ মৰম—সেই মানুহজন হঠাৎ নোহোৱা হৈ পৰিল! 

দেউতা গুচি গ’ল। কিন্তু মোৰ জীৱনৰ পৰা তেওঁক আঁতৰাই নিব নোৱাৰিলে মৃত্যুৱে। তেওঁ এতিয়া মোৰ কাষত নাই; কিন্তু মোৰ ভিতৰত আছে। মোৰ কথাবোৰত, মোৰ আচৰণত, মোৰ সিদ্ধান্তবোৰত, মোৰ সন্তানৰ প্ৰতি থকা মৰমত, মোৰ দায়িত্ববোধত, আনকি কেতিয়াবা মোৰ খং আৰু নীৰৱতাৰ মাজতো হয়তো তেওঁৰেই ছাঁ আছে।

জীৱনৰ বহু কথাই দেউতাক কোৱা নহ’ল। কিছুমান কৃতজ্ঞতা মুখেৰে প্ৰকাশ কৰা নহ’ল। কিছুমান অভিমান সময়ৰ সোঁতত বিলীন হৈ গ’ল। এই আধৰুৱা হৈ ৰোৱা কথাবোৰ, তোমাক জনাবলৈ ৰৈ যোৱা কৃতজ্ঞতাবোৰ, তোমাৰ আৰু মোৰ মাজৰ সেই অভিমানবোৰ বাৰু এতিয়া মই ক'ত সাঁচি থওঁ? 

মোৰ এনে লাগে যেন মোৰ জীৱনটো সঁচাকৈয়ে দেউতাই ৰং আৰু তুলিকাৰে সজাই দিয়া এখন ছৱি। আমি ভাবোঁ, আমি আমাৰ ৰঙবোৰ নিজেই বাছি লৈছোঁ। কিন্তু সেই ছবিখনৰ বহুতো ৰং আচলতে আন কোনোবাই আমাৰ জীৱনত ছটিয়াই থৈ যায়। দেউতাই মোৰ জীৱনত দি যোৱা ৰংবোৰ হয়তো পুৰণি, কিন্তু সেই ৰঙবোৰ বৰ গভীৰ আৰু স্থায়ী। দেউতাই দি যোৱা ৰংবোৰ বাৰু মই সজীৱ কৰি ৰাখিব পাৰিমনে? 

জীৱনৰ যুঁজখনত মানুহৰ জয়-পৰাজয় থাকে। জ্ঞানীজনে কয়—পৰাজয় বিমুখতাৰ কাৰক নহয়। সেইদৰে নিশ্চয় কৃতকাৰ্যতাও সফলতাৰ একমাত্ৰ মাপকাঠি নহয়। কেতিয়াবা বহল, কেতিয়াবা গভীৰ, ক’ৰবাত ৰুক্ষ অথবা ক’ৰবাত খৰস্ৰোতা হৈ বৈ যোৱা এখন নদীৰ দৰেই জীৱন। মাথোঁ বৈ যায় জীৱনৰ এই নিৰৱধি নদী। কেতিয়াবা অনুভৱ হয়, মোৰ জীৱনতো যেন জহি-খহি উঁৱলি যাবলৈ ওলোৱা কিছু পৰিত্যক্ত সময়!

কবিৰ ভাষাত—

"জীন্দেগী এক তচবীৰ হেই, য়া তকদীৰ, ফৰ্ক চিৰ্ফ ৰংগো কা হ্যেয়,

মনচাহে ৰংগো চে ভৰে তো তচবীৰ, অউৰ অনচাহে ৰংগো চে ভৰে তো তকদীৰ।"

জীৱন সঁচাকৈয়ে এখন ছবিৰ দৰেই। কিন্তু সেই ছবিখনৰ সকলো ৰং আমাৰ হাতত নাথাকে। কিছুমান ৰং আমি নিজেই বাছি লওঁ, কিছুমান ৰং সময়, পৰিস্থিতি আৰু মানুহে আমাৰ অজানিতে আঁকি যায়। তথাপিও জীৱনক লৈ মোৰ এটা বিশ্বাস সদায়েই আছে—ছবিখনৰ সকলো ৰং নিজৰ মনোমত নহ’লেও, শেষ তুলিকাডাল নিজৰ হাতত থকালৈকে ছবিখন আঁকি যোৱাৰ চেষ্টা এৰি দিব নালাগে।

এৰা, জীৱনৰ এখন মনোৰম ছবি অঁকাৰ চেষ্টা ময়ো অহৰহ কৰি আহিছোঁ। কেতিয়াবা জীৱনটোক লৈ হতাশ হৈছোঁ -  দুখৰেই এখন ছবি আঁকিব খুজিছোঁ; আকৌ কেতিয়াবা সুখৰ ৰংবোৰ সামৰি লৈ আঁকিব বিচাৰিছোঁ জীৱনৰ এক অৰ্থবহ “তচবীৰ”। আন বহুজনৰ দৰেই এটুকুৰা আকাশ, এটা জোনবাই আৰু কিছুমান বিশ্বাসক সম্বল হিচাপে লৈ ময়ো চেষ্টা কৰি আহিছোঁ জীৱন নামৰ সোণালী কিতাপখনৰ পৃষ্ঠাবোৰত আঁক-বাক কৰিবলৈ।

কিন্তু জীৱনৰ এই ছবিখন আঁকিবলৈ গৈ লাহে লাহে বুজিছোঁ - সুখৰ ৰঙবোৰতকৈ মানুহৰ আচৰণৰ ৰংবোৰেই বেছি জটিল। কিছুমান ৰং উজ্জ্বল হৈ থাকে, কিছুমান ৰং সময়ৰ লগে লগে ম্লান হৈ যায়, আৰু কিছুমান ৰং দেখাত সুন্দৰ হ’লেও ভিতৰত বিষাক্ত হৈ থাকে। হয়তো সেইবাবেই মানুহক বুজিবলৈ জীৱনটোতকৈ ডাঙৰ কোনো বিদ্যালয় নাই।

মই জানো— ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে, বৰষুণত থিয় হোৱাৰ সাহস দিয়ে। একেদৰে আত্মবিশ্বাসে সফল হোৱাটো নিশ্চিত নকৰে, কিন্তু জীৱন-যুঁজত প্ৰেৰণা দিয়ে। সৰু সৰু কথাবোৰ অথবা জীৱনৰ ভাল লগা মুহূৰ্তবোৰেই জীয়াই থকাৰ প্ৰেৰণা। এই অনুভৱবোৰ, আবেগবোৰ, ভাল লগা কথাবোৰ আছে বাবেই আমি মানুহ। হয়তো জীৱনৰ প্ৰকৃত সৌন্দৰ্যও ইয়াতেই—আমি সকলো বুজি নাপালেও অনুভৱ কৰিব পাৰোঁ, সকলো পাব নোৱাৰিলেও ভাল পাব পাৰোঁ, আৰু সকলো প্ৰশ্নৰ উত্তৰ নাপালেও বিশ্বাস কৰি আগবাঢ়িব পাৰোঁ।

কিন্তু এই মানুহবোৰেই ইমান জটিল! ইমান নিষ্ঠুৰ!! জীৱনৰ বাটত খোজ কাঢ়ি আহোঁতে কেতিয়াবা মানুহৰ এই দ্বৈত ৰূপবোৰে মোক ৰৈ ভাবিবলৈ বাধ্য কৰে—আমি যিবোৰ শব্দক ইমান পৱিত্ৰ বুলি মানো, সেইবোৰৰ প্ৰকৃত অৰ্থনো কিমান গভীৰ? ভগৱানক লগ পালে সুধিবই লাগিব—সত্য, সততা ইত্যাদিৰ পৰিভাষা কি?

একেলগে উঠা-বহা কৰা একোজন ব্যক্তিয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে যেতিয়া পথত কাঁইট পোতে, তেতিয়া ভগৱানক সুধিবলৈ মন যায়—সঁচাকৈয়ে জীৱন অথবা বিশ্বাস নামৰ শব্দ দুটাৰ অৰ্থ কি?

যেতিয়া কোনো বন্ধুৱে নিজৰ বিপদৰ সময়ত দৌৰি আহে, অথচ মোৰ নিজৰ কষ্টৰ সময়ত আঁতৰি ফুৰে, তেতিয়াও ভগৱানক সুধিবলৈ মন যায়—কিমান সঁচা "বিশ্বাস" নামৰ শব্দটোৰ পৱিত্ৰতা?

সদায় সন্মান কৰি অহা কোনো এজন ব্যক্তিয়ে যেতিয়া পিছফালৰ পৰা আক্ৰমণ কৰে, তেতিয়াই ভগৱানক সুধিবলৈ মন যায়—কিমান গভীৰতা আছে “মানৱতা” নামৰ শব্দটোৰ?

বিভিন্ন পৰীক্ষাৰ প্ৰমাণপত্ৰ অথবা নম্বৰ তালিকাত থকা নম্বৰবোৰকেই জ্ঞান বুলি ভবা তথাকথিত জ্ঞানীসকলে যেতিয়া জ্ঞান বিলোৱাৰ সলনি নিজৰ “জ্ঞান”খিনিৰে কেৱল গৌৰৱ কৰে, তেতিয়া ভগৱানক সুধিবলৈ মন যায়—বাস্তৱবোৰ ইমান ভয়ংকৰ কিয় হয়?

হয়তো ইয়াতেই জীৱনৰ আন এটা শিক্ষা লুকাই আছে; শিক্ষা আৰু জ্ঞান একে বস্তু নহয়, সফলতা আৰু সাৰ্থকতাও একে নহয়, আৰু মানুহৰ সৈতে সম্পৰ্ক থকাটো আৰু মানুহক বুজি পোৱাটোও একে কথা নহয়।

সেইবাবেই এতিয়া পাৰ্থিৱ সুখ-দুখক অলপ পাতলকৈ লৈ মানসিক প্ৰশান্তি পাম বুলি দৃঢ়তাৰে বিশ্বাস কৰিয়েই মোৰ ব্যক্তিগত জীৱনৰ ছবিখন আঁকিবলৈ চেষ্টা কৰোঁ “মনচাহে” ৰঙেৰে। সকলো আঘাতৰ উত্তৰ দিবলৈ নহয়, সকলো অন্যায়ৰ হিচাপ কৰিবলৈও নহয়—কেৱল নিজৰ ভিতৰৰ শান্তিখিনি বচাই ৰাখিবলৈ।

নেজানো, মোৰ জীৱনৰ ছবিখন “তচবীৰ” হয় নে “তকদীৰ” হয়! হয়তো দুয়োটাই। কাৰণ জীৱনত যিখিনি আমি নিজে আঁকোঁ, সেয়া “তচবীৰ”; আৰু যিখিনি সময় আৰু পৰিস্থিতিয়ে আমাৰ অজানিতে আঁকি দিয়ে, সেয়াই “তকদীৰ”।

শেষত এটা কথাই বাৰে বাৰে মনলৈ আহে—"খালী পেট আৰু খালী জেপে জীৱনক যিখিনি শিকায়, সেয়া কোনো শিক্ষক অথবা বিদ্যালয়ে শিকাব নোৱাৰে।" জীৱনৰ কিছুমান শিক্ষা কিতাপত নাথাকে, শ্ৰেণীকোঠাত নাথাকে, প্ৰমাণপত্ৰতো নাথাকে। সেইবোৰ শিক্ষা আহে অভাৱৰ পৰা, অপেক্ষাৰ পৰা, অপমানৰ পৰা, বিশ্বাসভংগৰ পৰা, একাকীত্বৰ পৰা আৰু কেতিয়াবা নীৰৱে টোকা চকুপানীৰ পৰাও। আৰু হয়তো সেই শিক্ষাবোৰেই মানুহক এদিন নিজৰ জীৱনৰ “তচবীৰ”খনলৈ উভতি চাবলৈ শিকায়। কোনবোৰ ৰং নিজৰ আছিল, কোনবোৰ আনৰ হাতৰ, কোনবোৰ সময়ৰ, আৰু কোনবোৰ ৰং আঁকিবলৈ গৈ নিজৰ আঙুলিবোৰেই ৰক্তাক্ত হৈছিল।

সেই ছবিখন এতিয়াও অসম্পূৰ্ণ। হয়তো অসম্পূৰ্ণ হৈ থকাটোৱেই জীৱনৰ সৌন্দৰ্য। কাৰণ শেষ তুলিকাডাল এতিয়াও মোৰ হাতত আছে। দেউতাৰ পৰা পোৱা। 

জীৱনৰ বাটত ধুমুহা আহিব, মেঘে আকাশ ওন্দোলাই আনিব, আপোন মানুহৰ বিচ্ছেদ আৰু শাৰীৰিক অৱসাদ নামি আহিব; কিন্তু সেই সকলো দুখ-বেদনাৰ সিপাৰেও কাইলৈ আকৌ এটি নতুন সোণালী পুৱা উদয় হ’ব। যন্ত্ৰণাৰ ৰঙেৰেই আকি লাগিব জীৱনৰ অপৰূপ ছবিখন।

​বুকুত মা-দেউতাৰ চিৰন্তন আশীৰ্বাদ, অৰ্চনাৰ স্নেহভৰা সংগ, হিয়া আৰু গুণগুণৰ প্ৰাণচঞ্চল সপোনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা আজীৱন দায়বদ্ধতাক সাৰথি কৰি মই মোৰ জীৱন নামৰ এই মায়াময় যাত্ৰাপথত নিৰন্তৰভাৱে খোজ কাঢ়ি যাব লাগিব আকাশৰ দৰেই উদাৰ, শান্ত আৰু স্থিতপ্ৰজ্ঞ হৈ আৰু কিছুদূৰ। 


খণ্ড - ১৩
আঁক-বাক

খিৰিকীৰ সিপাৰে গধূলিৰ হেঙুলীয়া আভা লাহে লাহে এন্ধাৰত বিলীন হৈ গৈছে। মেজৰ ওপৰত জ্বলি থকা মমবাতিৰ হালধীয়া পোহৰত মোৰ সন্মুখত মেল খাই আছিল জীৱনৰ অজস্ৰ পাত লুটিয়াই শেষ কৰা মোৰ ডায়েৰীৰ অন্তিমটো পৃষ্ঠা। হাতৰ আঙুলিৰ ফাঁকত বহু সময় ধৰি থমকি আছিল মোৰ চিৰচিনাকি কলমটো। কোঠাটোৰ নিস্তব্ধতাক ভাঙি কেতিয়াবা বতাহজাকে খিৰিকীৰ পৰ্দাখন আলফুলে কঁপাই তুলিছিল, আৰু সেই মৃদু বতাহৰ লগে লগে মোৰ বুকুৰ নিভৃত কোণ এটিত খলকনি তুলিছিল সুদীৰ্ঘ জীৱন-নদীৰ ঢৌবোৰে।
জীৱনৰ এই অপৰাহ্ণত থমকি ৰৈ যেতিয়া মই মোৰ পাৰ হৈ অহা সুদীৰ্ঘ বাটটোলৈ উভতি চাওঁ, বুকুৰ কোনোবা এক অচিন কোণত এক অপাৰ বিস্ময় আৰু অবুজ প্ৰশ্নে দোলা দি উঠে— আমি আচলতে কিমান দূৰ খোজ কাঢ়ি আহিলোঁ? আৰু কিমানখিনি অপৰূপ বাট এতিয়াও আমাৰ অন্তৰাত্মাৰ ভিতৰতেই আজীৱন সাঁচতীয়া হৈ ৰৈ গ’ল? ​সময় কাৰো বাবে ৰৈ নেথাকে; নদীৰ অবিৰত সোঁতৰ দৰেই নীৰৱে আগুৱাই যায়। তাৰেই মাজতেই মানুহ বয়সৰ হিচাপত ডাঙৰ হয়, শৈশৱৰ সেই আকাশ চুব খোজা সপোনবোৰে বাস্তৱৰ নতুন নতুন ৰঙেৰে জিলিকি উঠে, মানুহৰ সম্পৰ্কৰ সংজ্ঞাবোৰো সময়ৰ ধুমুহাত ক্ৰমে সলনি হৈ পৰে। জীৱনৰ মায়াময় ঠিকনাৰ পৰা বহুতো আপোন মানুহ এদিন নিঃশব্দে আঁতৰি যায়, অতীতৰ বহুতো চিনাকি ছবিও ক্ৰমে পাহৰণিৰ ঘন কুঁৱলীৰ আঁৰত অস্পষ্ট হৈ পৰে।

​কিন্তু মানৱ জীৱনৰ আটাইতকৈ আচৰিত সত্যটো হ’ল—শৈশৱৰ সেই সৰু সৰু, নিভাঁজ মুহূৰ্তবোৰ কোনো কালেই পুৰণি বা মলিন নহয়! সিহঁত সময়ৰ বুকুত সদায় চিৰসেউজ হৈ জীপাল হৈ থাকে। চকুলৈ ভাঁহি আহে গাঁৱৰ সেই ধূলিময় মুকলি খেলপথাৰখন। কাঠ আৰু বাঁহেৰে সজা পুৰণি বিদ্যালয়ৰ ভগা চালিখনৰ মাজেৰে সৰকি অহা ৰ’দৰ তিৰবিৰণি, ক’লা ব্লেকব’ৰ্ডত জিলিকি থকা চাৰৰ হাতৰ আখৰ, সহপাঠী বন্ধুৰ সেই নিভাঁজ হাঁহিবোৰ, দুপৰীয়া টিফিনৰ শুকান ৰুটী নাইবা নিমখ-তেল সনা মুড়িৰ সেই স্বৰ্গীয় ভাগ-বাটোৱাৰাবোৰ !

​মনত পৰে মুষলধাৰ বৰষুণত মুৰটো কচুপাতেৰে ঢাকি তিতি-বুৰি, বোকাময় বাটেৰে ঘৰলৈ উভতি অহাৰ সেই দিনবোৰলৈ। মনত পৰে গছৰ পৰা পাৰি অনা এটা পকা ৰবাব টেঙাকেই ফুটবল সজাই সমগ্ৰ পথাৰখন তোলপাৰ লগাই ধূলি উৰুওৱা সেই উন্মাদ আনন্দৰ দিনবোৰলৈ! সেইবোৰৰ কোনো এটাৰেই হয়তো সেই সময়ত কোনো বিশেষ মূল্য নাছিল। কিন্তু আজি, জীৱনৰ ইমানবোৰ সংগ্ৰাম আৰু বসন্ত অতিক্ৰম কৰি অহাৰ পিছত অনুভৱ কৰোঁ—সেই ধূলিয়ৰি শৈশৱৰ সামান্য কথাবোৰেই আচলতে মোৰ অস্তিত্বৰ আটাইতকৈ মূল্যৱান আৰু অক্ষয় সম্পদ আছিল!​সেই সোণালী দিনবোৰত আমি তিলমানো জনা নাছিলোঁ যে সময় ইমান ক্ষিপ্ৰতাৰে আমাৰ আঙুলিৰ ফাঁকেৰে সৰকি গুচি যাব।

​নাজানিছিলোঁ যে এদিন আমি নিজৰেই সেই পুৰণি বিদ্যালয়খনৰ গেটৰ সন্মুখত প্ৰৌঢ়ত্বৰ ক্লান্তি লৈ থিয় হ’ব লাগিব আৰু উকা চকুৰে নিজৰেই হেৰাই যোৱা শৈশৱটোক অন্ধৰ দৰে বিচাৰিব লাগিব! নাজানিছিলোঁ যে যিসকল শিক্ষাগুৰুক তেতিয়া আমি কেৱল ভয় আৰু ভক্তিৰে ‘চাৰ’ বুলি মাতিছিলোঁ, তেওঁলোকেই এদিন আমাৰ জীৱন-স্মৃতিৰ আকাশত আটাইতকৈ উজ্জ্বল ধ্ৰুৱতৰা হৈ বাট দেখুৱাব। ​আমি নাজানিছিলোঁ যে যিসকল বন্ধুৰ সৈতে প্ৰতিটো ক্ষণ ধেমালি আৰু কোলাহলেৰে পাৰ হৈছিল, তেওঁলোকৰ বহুজনৰ সৈতেই এদিন জীৱন-যুদ্ধৰ কঠোৰ বাস্তৱত কেইবাটাও দশকৰ এক অলঙ্ঘনীয় ব্যৱধান গঢ় লৈ উঠিব।আমি কেতিয়াও অনুভৱেই কৰিব নোৱাৰিলোঁ—জীৱনৰ কোনটো ক্ষণত আমাৰ নিষ্পাপ শৈশৱটো নিঃশব্দে শেষ হৈ গ’ল!
​হয়তো শৈশৱ কেতিয়াও সম্পূৰ্ণৰূপে শেষ হৈ নাযায়। কেৱল পৃথিৱীৰ স্বাৰ্থপৰ কোলাহলৰ পৰা অলপ আঁতৰি গৈ আমাৰ অন্তৰৰ কোনোবা এক নিৰাপদ, শান্ত আৰু উমাল কোণত নীৰৱে শুই থাকে আমাৰ শৈশৱ। তাৰ পিছত কোনোবা এদিন—বতাহত ভাঁহি অহা বৰষুণ আৰু তিতা মাটিৰ এটি চিনাকি সোঁৱৰণীৰ গোন্ধ হৈ আৰু কেতিয়াবা এখন পুৰণি এলবামৰ এখন হালধীয়া হৈ পৰা এখন মলিয়ন ছবি হৈ আহি শৈশৱৰ বন্ধ হৈ থকা দুৱাৰখন আলফুলে খুলি দিয়ে। তেতিয়া আমি নিমিষতে পুনৰ সেই একেজন নিষ্পাপ সৰু ল’ৰা হৈ পৰোঁ, যিজনে এজাক বন্ধুৰ সৈতে ৰবাব টেঙাকে ফুটবল বনাই পথাৰৰ ধূলি উৰুৱাই দৌৰিছিল। 
​আজি প্ৰাপ্তবয়স্ক মানুহজনে হয়তো পৃথিৱীৰ বহু জ্ঞান অৰ্জন কৰিছে, বিজ্ঞান আৰু মহাকাশৰ জটিল ৰহস্যৰ সন্ধান পাইছে, জীৱনৰ অলেখ ঘাত-প্ৰতিঘাত, পোৱা-নোপোৱা আৰু জয়-পৰাজয় অতি কাষৰ পৰা প্ৰত্যক্ষ কৰিছে। কিন্তু শৈশৱৰ সেই সৰু ল’ৰাজনৰ পৰা পোৱা আদিপাঠবোৰেই আজিও অন্তৰৰ আটাইতকৈ গভীৰ সত্য হৈ মোৰ বুকুত জিলিকি আছে। শিক্ষাগুৰুৱে শিকাইছিল— জ্ঞানৰ মূল্য অপৰিসীম। শৈশৱৰ অভাৱ-অনাটনে শিকাইছিল— অলপতে সন্তুষ্ট হোৱাৰ কথা। বন্ধুত্বই শিকাইছিল— আনৰ সৈতে সুখ-দুখ ভগাই ল’লেহে আত্মিক আনন্দৰ প্ৰকৃত প্ৰকাশ ঘটে। নিষ্ঠুৰ সময়ে শিকাইছিল— এই নশ্বৰ পৃথিৱীত কোনো ভৌতিক বৈভৱেই চিৰস্থায়ী নহয় আৰু হৃদয়ৰ স্মৃতিয়ে শিকাই থৈ গ’ল— যিবোৰ পল বাহ্যিকভাৱে ক্ষণস্থায়ী আৰু নগণ্য আছিল, সেইবোৰেই আচলতে জীৱনৰ আটাইতকৈ চিৰন্তন আৰু অক্ষয় সম্পদ আছিল!

​পৃথিৱীৰ কোনো শক্তিয়েই অতীতক বন্দী কৰি ৰাখিব নোৱাৰে। সময়ৰ দুৰ্বাৰ সোঁতক কেতিয়াও থমকাই ৰখাব নোৱাৰি, আৰু জীৱনৰ কেঁকুৰিত হেৰাই যোৱা মানুহবোৰকো পূৰ্বৰ চিনাকি স্থানত পুনৰ থিয় কৰাব নোৱাৰি। ​আমি মাথোঁ সেই পৱিত্ৰ স্মৃতিবোৰক বুকুৰ মণিকূটত সাৱটি লৈ জীৱনৰ বাকী থকা বাটছোৱাত সাহসেৰে খোজ পেলাব পাৰোঁ।

​এই লেখাবোৰ কেৱল জীৱন-নৈৰ কোনোবা ঘাটত এৰি অহা কিছুমান পদ-চিহ্ন মাথোন। ইয়াৰ কথাবোৰ কিছুমান মমতাভৰা চিনাকি মুখ, কিছুমান অনুচ্চাৰিত শব্দ, কিছুমান অনাবিল হাঁহি আৰু কিছুমান বুকুৰ ভিতৰতেই গুমৰি থকা নোকোৱা কথাৰ আঁক-বাক মাথোন। 

​কোঠাৰ বাহিৰে ভিতৰে সময় হয়তো তাৰ চিৰন্তন ছন্দতেই অবিৰতভাৱে বৈ আছে। মানুহবোৰ সপোন আৰু দায়িত্বক সাৱটি নিজৰ নিজৰ বাটেৰে খৰখেদাকৈ আগবাঢ়ি গৈছে। দূৰণিৰ কোনোবা ভিতৰুৱা গাঁৱৰ বিদ্যালয়ৰ পিচৰ ঘণ্টা হয়তো আজিও ঠিক তেনেদৰেই বাজি উঠিছে। মুকলি খেলপথাৰত হয়তো আজিও এজাক নিষ্পাপ শিশুৱে ধূলি উৰুৱাই চিঞৰি দৌৰি ফুৰিছে, ফুটবল খেলিছে। মই অন্তৰ্দৃষ্টিৰে বুকুৰ গভীৰলৈ চালোঁ। দূৰৈত আজিও অতি স্পষ্টকৈ দেখা পাইছোঁ—এখন পুৰণি, চিনাকি বিদ্যালয়। তাৰ মুকলি প্ৰাংগণত অকলে থিয় হৈ আছে এজন শান্ত, কৌতূহলী সৰু ল’ৰা। তাৰ হাতত হয়তো আজিও আছে সেই ৰবাব টেঙাৰ বলটো, তাৰ চকুযুৰিত হয়তো আজিও জিলিকি আছে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য চুব খোজা অসংখ্য অপৰূপ সপোন, আৰু তাৰ থিক ভৰিৰ কাষৰ পৰাই আৰম্ভ হৈছে জীৱনৰ এটা সুদীৰ্ঘ, ধূসৰ অথচ মায়াময় বাট।
সেই বাটটো পোন নাছিল; তাত আছিল অজস্ৰ প্ৰত্যাহ্বান, চকুলো, সংগ্ৰাম আৰু অসংখ্য আঁক-বাঁক। আৰু সেই আঁক-বাঁকবোৰেই মোক আজিৰ এই মানুহজনলৈ ৰূপান্তৰিত কৰিলে। ​সেয়ে অতীতক বিদায় দিবলৈ মোৰ অন্তৰৰ অকণো মন নাযায়। মই মাথোঁ মোৰ বুকুৰ ভিতৰত লুকুৱইা থকা সেই  ল’ৰাটোক দুহাতেৰে সাৱটি ধৰি কওঁ —“তই থাক ! মোৰ অন্তৰৰ ভিতৰতেই চিৰদিন এনেদৰে জীপাল হৈ থাক। মই জীৱনৰ বাটত যিমানেই দূৰলৈ আগুৱাই নাযাওঁ কিয়, তই মোক মাজে মাজে এনেদৰেই অতীতলৈ ঘূৰি চাবলৈ মাতি থাকিবি...।”
আৰু হয়তো এয়াই মানৱ জীৱনৰ আটাইতকৈ গভীৰ আৰু মহাজাগতিক সত্য— আমি বয়সেৰে আৰু সময়েৰে যিমানেই সন্মুখলৈ আগুৱাই নাযাওঁ কিয়, আমাৰ প্ৰতিজনৰে ভিতৰত এটা সৰু নিষ্পাপ শিশু সদায় থাকে। আমাৰ প্ৰতিটো উশাহত, আমাৰ অন্তৰৰ নিভৃত মণিকূটত, আমাৰ পিছৰ নৱপ্ৰজন্মৰ প্ৰতিটো খোজত আৰু হয়তো কোনোবা এখন বিদ্যালয়ৰ ধূলিময় পথত, কোনোবা এজাক নতুন শিশুৰ নিষ্পাপ হাঁহিৰ মাজত আকৌ এবাৰ পুনৰ আৰম্ভ হ’ব নৱপ্ৰজন্মৰ নতুন এক নায়কৰ জীৱনৰ ‘আঁক-বাক’।