Sunday, 31 May 2026

ভূত কণিকা : মহাবিশ্বৰ ৰহস্যময় যাত্ৰী


ধৰি লওক আপুনি এখন দেৱালৰ সন্মুখত থিয় হৈ আছে। আপুনি দেৱালখন ভেদ কৰি যাব নোৱাৰে। আনকি পোহৰেও কিছুমান বস্তু ভেদ কৰিব নোৱাৰে। কিন্তু কিছুমান কণিকাই প্ৰায় সকলো বস্তুৰ মাজেৰে অনায়াসে পাৰ হৈ যাব পাৰে। যদি আপোনাক কোৱা হয় যে এই মুহূৰ্তত কোটি কোটি অদৃশ্য কণা আপোনাৰ শৰীৰৰ মাজেৰে পাৰ হৈ আছে, কিন্তু আপুনি তাৰ একোৱেই অনুভৱ কৰা নাই, তেন্তে আপুনি হয়তো আচৰিত হ'ব। কিন্তু এই কথাটো সত্য।

সূৰ্যৰ কেন্দ্ৰত জন্ম হোৱা এটা নিউট্ৰিনো কণাবোৰ মাত্ৰ আঠ মিনিটৰ ভিতৰত পৃথিৱীত আহি উপস্থিত হয়হি। এই কণাবোৰে পৃথিৱীখন ভেদ কৰি আনটো ফালেৰে ওলাই যায়। ই পৰ্বত-পাহাৰ সাগৰ-মহাসাগৰ, ঘৰ-দুৱাৰ, মানুহ আদি সকলো বস্তুৰ মাজেৰে অনায়াসে পাৰ হৈ যায়। এইবোৰ যেন উৰণীয়া মৌ, জিৰাবৰ নাই অধিকাৰ !নিউট্ৰিনোবোৰ মহাবিশ্বৰ নিৰৱ যাত্ৰী। কোটি কোটি বছৰ ধৰি এই কণিকাবোৰে মহাকাশত বিচৰণ কৰি ফুৰিছে আৰু কঢ়িয়াই লৈ ফুৰিছে মহাবিশ্বৰ গোপন ইতিহাস।

এই আশ্চৰ্যজনক কণাবোৰক বিজ্ঞানীসকলে “নিউট্ৰিনো” বুলি কয়। ইয়াৰ অদ্ভুত আচৰণৰ বাবে নিউট্ৰিনোক “Ghost Particle” বা “ভূত কণিকা” বুলিও জনা যায়। নিউট্ৰিনো হৈছে মহাবিশ্বৰ অন্যতম ৰহস্যময় মৌলিক কণা। এইবোৰ ইমানেই সৰু আৰু পদাৰ্থৰ সৈতে ইমানেই দুৰ্বলভাৱে ক্ৰিয়া কৰে যে ইয়াক চিনাক্ত কৰা বিজ্ঞানৰ আটাইতকৈ কঠিন কামসমূহৰ ভিতৰত অন্যতম।

কিন্তু কি এই নিউট্ৰিনো কণাবোৰ? নিউট্ৰিনো হৈছে এক মৌলিক উপ-পাৰমাণৱিক কণা। ইয়াৰ কোনো বৈদ্যুতিক আধান নাই আৰু ইয়াৰ ভৰ অতি সামান্য। ইয়াক খালী চকুৰে দেখা নাযায়, আনকি বৈজ্ঞানিক যন্ত্ৰৰেও ধৰা পেলাব নোৱাৰি। ১৯৩০ চনত বিখ্যাত বিজ্ঞানী  Wolfgang Pauli-এ নিউট্ৰিনোৰ অস্তিত্বৰ ধাৰণা দিছিল। পিছলৈ অৰ্থাৎ ১৯৫৬ চনত Enrico Fermi-এ ইয়াক পৰীক্ষামূলকভাৱে আৱিষ্কাৰ কৰিছিল।

সূৰ্যৰ পৰা অহা নিউট্ৰিনোসমূহে পৃথিৱী, সাগৰ, পৰ্বত, ঘৰ, গছ-গছনি, আনকি আমাৰ শৰীৰো ভেদ কৰি আগবাঢ়ি যায়। ইহঁতৰ অধিকাংশই কোনো বাধা নাপায়। এই অদ্ভুত ক্ষমতাৰ বাবেই ইয়াক “ভূত কণা” বুলি কোৱা হয়। এই নিউট্ৰিনো সমূহ মহাবিশ্বৰ বিভিন্ন উৎসৰ পৰা উৎপন্ন হয়।

সূৰ্যৰ কেন্দ্ৰত সংঘটিত হোৱা পাৰমাণৱিক সংযোজন (nuclear fusion) প্ৰক্ৰিয়াৰ ফলত বিপুল পৰিমাণৰ নিউট্ৰিনো উৎপন্ন হয়। প্ৰতিদিনে সূৰ্যৰ পৰা অহা অগণন নিউট্ৰিনো কণা পৃথিৱীলৈ আহে। তদুপৰি যেতিয়া বিশাল নক্ষত্ৰৰ জীৱনৰ অন্ত পৰি ছুপাৰনোভা বিস্ফোৰণ ঘটে, তেতিয়াও অতি বৃহৎ পৰিমাণৰ নিউট্ৰিনো নিৰ্গত হয়। একেদৰে মহাজাগতিক ৰশ্মিয়ে (Cosmic Rays) পৃথিৱীৰ বায়ুমণ্ডলত আঘাত কৰিলেও নিউট্ৰিনো সৃষ্টি হয়। বিজ্ঞানীসকলৰ মতে পাৰমাণৱিক ৰিঅেক্টৰ আৰু কিছুমান তেজস্ক্ৰিয় পদাৰ্থৰ বিক্ৰিয়াতো নিউট্ৰিনো উৎপন্ন হয়।

প্ৰতি ছেকেণ্ডে প্ৰায় ১০০ ট্ৰিলিয়নৰো অধিক নিউট্ৰিনো কণা  আমাৰ শৰীৰৰ মাজেৰে পাৰ হৈ যায়। কিন্তু ইমানবোৰ কণা পাৰ হৈ যোৱাৰ পিছতো আমি একোৱেই অনুভূৱ নকৰো। কাৰণ নিউট্ৰিনো কণাবোৰে আমাৰ শৰীৰৰ পৰমাণুবোৰৰ সৈতে খুব কম ক্ৰিয়া কৰে। থিক যেন লাখ লাখ মানুহেৰে ভৰা এখন চহৰৰ মাজেৰে ব্যস্ত ৰাজপথেৰে সংগোপনে এজন অদৃশ্য যাত্ৰী পাৰ হৈ গৈছে, কিন্ত কোনেও একো উৱাদিহেই নেপালে! 

নিউট্ৰিনো কণাবোৰৰ উপস্থিতি ধৰা পেলোৱাটো অত্যন্ত কঠিন। এই কামৰ বাবে বিজ্ঞানীসকলে পৃথিৱীৰ গভীৰ ভূগৰ্ভত বিশাল ডিটেক্টৰ নিৰ্মাণ কৰে। জাপানৰ  আৰু এণ্টাৰ্কটিকাৰ বুকুত বিশ্বৰ বিখ্যাত নিউট্ৰিনো পৰ্যবেক্ষণ কেন্দ্ৰ আছে। এই ভূগৰ্ভস্থ ডিটেক্টৰসমূহত বিশাল পৰিমাণৰ বিশুদ্ধ পানী বা বৰফ ব্যৱহাৰ কৰা হয়। কেতিয়াবা কোনো নিউট্ৰিনোৱে এই বৰফ অথবা বিশুদ্ধ পানীৰ সৈতে ক্ৰিয়া কৰিলে ক্ষীণ পোহৰ উৎপন্ন হয়, আৰু বিজ্ঞানীসকলে সেই পোহৰৰ আলমলৈ নিউট্ৰিনো কণাৰ উপস্থিতি চিনাক্ত কৰে।

নিউট্ৰিনো কণাৰ অধ্যয়নে বিজ্ঞানীসকলক বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব পাৰে। যেনে, মহাবিশ্বৰ সৃষ্টি কেনেকৈ হৈছিল? নক্ষত্ৰসমূহ কেনেকৈ শক্তি উৎপন্ন কৰে?ডাৰ্ক মেটাৰ কি? মহাবিশ্বত প্ৰতিপদাৰ্থতকৈ পদাৰ্থৰ পৰিমান কিয় বেছি?

নিউট্ৰিনোবোৰ হৈছে বিজ্ঞানৰ আটাইতকৈ আকৰ্ষণীয় আৰু ৰহস্যময় কণাসমূহৰ অন্যতম। আমি ইয়াক দেখা নাপাওঁ, অনুভৱ কৰিব নোৱাৰোঁ, কিন্তু ই আমাৰ চাৰিওফালে সদায় বিদ্যমান। সেয়েহে এই কণাবোৰক “ভূত কণা” বুলিও কোৱা হয়। নিউট্ৰিনো কণিকাবোৰ কোনো কাল্পনিক কণিকা নহয়; বৰং এইবিৰ কিছুমান বাস্তৱ কণা আৰু এইবোৰেই আমাৰ মহাবিশ্বখন বুজিবলৈ এক অমূল্য চাবিকাঠি।

 ✍️ প্ৰণৱজ্যোতি দাস

Wednesday, 27 May 2026

মাৰ্থা চেজ : মেধা, সংগ্ৰাম আৰু অৱহেলাৰ এক জীৱন


শুনিছেনে কেতিয়াবা যে একাধিক বিজ্ঞানীয়ে মিলি কোনো এটা গৱেষণামূলক কাম কৰে, কিন্তু তেওঁলোকৰ এজনেহে নবেল বঁটা লাভ কৰে আনজন পাহৰণিৰ গৰ্ভত হেৰাই যায়! হয়, বিজ্ঞানৰ ইতিহাসত কিছুমান এনে লোক আছে যিসকল প্ৰথমে তৰাৰ দৰে উজ্বলি উঠে, কিন্তু ধীৰে ধীৰে পাহৰণিৰ গৰ্ভত হেৰাই যায়। মাৰ্থা চেজৰ জীৱনো তেনেকুৱাই। তেওঁৰ জীৱন এক কৰুণ কাহিনী। মেধা, আৱিষ্কাৰ, সংগ্ৰাম আৰু অৱহেলাৰে ভৰা এক জীৱন।

১৯৫০ দশকৰ আৰম্ভণিতে বিজ্ঞানীসকলে এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল — জীৱনৰ গোপন তথ্য কিহে বহন কৰে --  প্ৰটিনে, নে ডি.এন.এ.-এ? ১৯৪০ - ১৯৫০ৰ দশকত কোষৰ ভিতৰৰ অসংখ্য জটিল ৰসায়নিক সংমিশ্ৰণৰ কোনটো ৰসায়নিক পদাৰ্থই কি কাম কৰে, সেয়া বুজি পোৱাটো সম্ভৱ নাছিল। তেনে সময়তেই বিজ্ঞানী আলফ্ৰেড হাৰ্ছিয়ে বেক্টেৰীয়াৰ কোষৰ জটিল ৰসায়নিক সংৰচনাৰ ওপৰত অধ্যয়ন কৰি আছিল।

সেই সময়ত মাৰ্থা চেজ নামৰ এগৰাকী ২৩ বছৰীয়া অত্যন্ত মেধাৱী যুৱতী ক’ল্ড স্প্ৰিং হাৰ্বাৰ লেবৰেটৰীত আলফ্ৰেড হাৰ্ছিৰ সৈতে কাম কৰিবলৈ আহিছিল। তেওঁ নীৰৱ, পৰিশ্ৰমী আৰু গৱেষণাৰ প্ৰতি গভীৰভাৱে উৎসৰ্গিত আছিল। ১৯৫০ চনৰ পৰা তেওঁলোক দুয়োজনে মিলি গৱেষণাত ব্ৰতী হয় আৰু অৱশেষত ১৯৫২ চনত তেওঁলোক দুয়োজনে এনে এটা পৰীক্ষা সম্পন্ন কৰে যি পিছলৈ জীৱবিজ্ঞানৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে পৰিগণিত হয়, যাক  “হাৰ্ছি এণ্ড চেজ এক্সপেৰিমেণ্ট” বুলি জনা যায়। 

ক্ষুদ্ৰ ভাইৰাছ, ফছফৰাছ আৰু ছালফাৰৰ তেজস্ক্ৰিয় উপাদান, ই.কলাই বেক্টেৰীয়া আৰু এটা সাধাৰণ কিচেন ব্লেণ্ডাৰ ব্যৱহাৰ কৰি তেওঁলোকে প্ৰমাণ কৰিছিল যে প্ৰটিন নহয়, কোষৰ ভিতৰত থকা ডি.এন.এ.-য়েই  বংশগত তথ্য বহন কৰে। সেই সৰল কিন্তু শক্তিশালী পৰীক্ষাই বিজ্ঞানৰ জগতখনেই সলনি কৰি পেলায়। আধুনিক জেনেটিক্স, ম’লিকিউলাৰ বায়’লজি, বায়’টেকন’লজি, চিকিৎসা বিজ্ঞান, জেনেটিক ইঞ্জিনিয়াৰিং আৰু মানৱ জিনোম প্ৰকল্প আদিৰ মূল ভেটি গঢ়ি তোলাত এই পৰীক্ষাই গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহন কৰে। 

কিন্তু ধীৰে ধীৰে বিশ্বই ২৩ বছৰীয়া যুৱতী মাৰ্থা চেজক পাহৰি গ’ল। বছৰবোৰ পাৰ হ’বলৈ ধৰাৰ লগে লগে আৱিষ্কাৰৰ কৃতিত্ব অধিকাংশই আলফ্ৰেড হাৰ্ছিৰ নামলৈ গ’ল। আনকি  ১৯৬৯ চনত হাৰ্ছিয়ে জেনেটিক্স আৰু ভাইৰাছ সম্পৰ্কীয় এই গৱেষণাৰ বাবে ন’বেল বঁটা লাভ কৰোতেও সেই ঐতিহাসিক পৰীক্ষাৰ মূল অংশ হোৱা মাৰ্থা চেজক সেই স্বীকৃতি দিয়া নহ’ল।

তাৰপিছতো মাৰ্থা চেজে কিছুদিন বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰি থাকিল। পিছলৈ তেওঁ মাইক্ৰ’বায়’লজীত এম.এছ.চি কৰাৰ লগতে সন্মানীয় পি.এইচ.ডি. ডিগ্ৰীও লাভ কৰিলে। ইতিমধ্যে তেওঁ বিজ্ঞানী ৰিচাৰ্ড এপষ্টেইনৰ লগত বিবাহ পাশতো আৱদ্ধ হয়। কিন্তু পৰিতাপৰ কথা যে সেই বিবাহো দীৰ্ঘদিন টিকি নাথাকিল। ব্যক্তিগত জীৱনৰ দৰে তেওঁৰ পেছাগত জীৱনো অনিশ্চিত হৈ পৰিল। অতি পৰিতাপৰ কথা যে অত্যন্ত মেধাবী হোৱা স্বত্বেও তেওঁলৈ বিজ্ঞানৰ জগতখনত কাম কৰি যাবলৈ সুযোগবোৰো কমি আহিবলৈ ধৰে। যিগৰাকী মহিলাই প্ৰাণী আৰু উদ্ভিদৰ জীৱনৰ গুৰুত্বপূৰ্ণ তথ্য উন্মোচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, তেওঁ ধীৰে ধীৰে বিজ্ঞান জগতৰ কেন্দ্ৰবিন্দুৰ পৰা আঁতৰি গ’ল।

তাৰ পিছত আহিল তেওঁৰ জীৱনৰ আটাইতকৈ বেদনাদায়ক অধ্যায়। মাৰ্থা চেজ ডিমেনচিয়া নামৰ এক নিষ্ঠুৰ ৰোগত আক্ৰান্ত হ’ল। এই ৰোগে ধীৰে ধীৰে তেওঁৰ স্মৃতি, পৰিচয় আৰু জগতৰ সৈতে থকা সংযোগ কাঢ়ি লৈ যায়। যিগৰাকী মহিলাই মানুহক ডি.এন.এ.-ৰ গোপন কথা বুজিবলৈ সহায় কৰিছিল, জীৱনৰ শেষৰফালে তেওঁ নিজেই নিজৰ স্মৃতিবোৰ ধৰি ৰাখিব নোৱাৰা হৈ পৰিল। যিগৰাকী বিজ্ঞানীয়ে জীৱৰ বংশগত তথ্যৰ ৰহস্য উদঘাটন কৰিছিল, শেষত তেওঁ নিজেই এনে এটা ৰোগৰ কবলত পৰিল যিয়ে তেওঁৰ নিজৰ স্মৃতিবোৰেই ধীৰে ধীৰে মচি পেলালে।

বিশ্বৰ লাখ লাখ শিক্ষাৰ্থীয়ে বিজ্ঞানৰ পাঠ্যপুথিত “হাৰ্ছি এণ্ড চেজ এক্সপেৰিমেণ্ট” পঢ়ি থাকিল, কিন্তু মাৰ্থা চেজে নিজে এক নীৰৱ আৰু প্ৰায় যন্ত্ৰণাময়  জীৱন লৈ বিচনাত পৰি থাকিল। বহু শিক্ষাৰ্থীয়ে তেওঁৰ আৱিষ্কাৰ অধ্যয়ন কৰিছিল, কিন্তু সেই আৱিষ্কাৰৰ আঁৰৰ বেদনাময় জীৱনৰ কথাবোৰ সকলোৰে অগোচৰে ৰৈ গ'ল! 

জীৱনৰ শেষৰ বছৰবোৰ তেওঁ ওহাইঅ’ত পৰিয়ালৰ সদস্যসকলৰ যত্নত নীৰৱভাৱে কটাইছিল। ২০০৩ চনত, ৭৫ বছৰ বয়সত নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যু বৰণ কৰে। আজি বহু বিজ্ঞানী আৰু ইতিহাসবিদে মাৰ্থা চেজৰ জীৱনক লৈ বেদনা অনুভৱ কৰে। এই বেদনা তেওঁৰ অসাধাৰণ অৱদানৰ পিছতো জীৱনকালত যথোচিত স্বীকৃতি নোপোৱাৰ বাবে।

মাৰ্থা চেজৰ কাহিনী কেৱল বিজ্ঞানৰ কাহিনী নহয়। ই হ'ল অৱহেলিত প্ৰতিভাৰ এক কৰুণ কাহিনী। প্ৰতিবাৰৰ দৰেই আজিও শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলক "হাৰ্ছি এণ্ড চেজ এক্সপেৰিমেণ্ট" পঢ়ুৱাৰ সময়ত অজানিতে মোৰ চকু দুটা সেমেকি গৈছিল। 

✍️ প্ৰণৱজ্যোতি দাস

আগ্ৰহীসকলে তলৰ লিংকটো খুলি চাব পাৰে  👇
https://geneticsunzipped.com/transcripts/2019/3/28/kitchen-aid-martha-chase

Tuesday, 26 May 2026

ঋণাত্মক ভৰ


ঋণাত্মক ভৰ (Negative Mass) পদাৰ্থবিজ্ঞানৰ এনে এক ধাৰণা যাৰ বিষয়ে শুনিলেই মনত যেন বিজ্ঞানৰ কল্পকাহিনীৰ জগতখন ভাঁহি উঠে। আমি সাধাৰণতে যিবোৰ বস্তু দেখি থাকো— যেনে গছ-গছনি, গাড়ী-মটৰ, চকী-টেবুল, গ্ৰহ-নক্ষত্ৰ আদি — সকলোৰে ভৰ ধনাত্মক। অৰ্থাৎ সেইবোৰে মাধ্যাকর্ষণ সৃষ্টি কৰে আৰু বল প্ৰয়োগ কৰিলে বলৰ দিশত গতি কৰে। কিন্তু ভাবকচোন, এনে কোনো এবিধ বস্তু যাক আপুনি ঠেলি দিলে বস্তুটো আপোনাৰ পৰা আঁতৰি নাযায়, বৰং আপোনাৰ দিশলৈ দৌৰি আহে! এই আচৰণেই ঋণাত্মক ভৰৰ মূল বিস্ময়।

আমি সকলোৱেই হাইস্কুলতেই পঢ়ি অহা নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰ অনুসৰি F = ma (বল = ভৰ x ত্বৰণ)। ইয়াত m যদি ঋণাত্মক হয়, তেন্তে বল (F) আৰু ত্বৰণ (a)ৰ দিশ বিপৰীত হ’ব। অৰ্থাৎ আপুনি যদি ঋণাত্মক ভৰৰ বল এটা সন্মুখলৈ ঠেলি দিয়ে, তেন্তে বলটো সন্মুখলৈ নহয়, বৰং পিছফাললৈ অৰ্থাৎ আপোনাৰ দিশলৈ ঘূৰি আহিব। 

ধৰি লওক আপুনি এটা ফুটবল ভৰিৰে লঠিয়াই দিলে।যদিহে ফুটবলটো আমি সদায় দেখি অহা সাধাৰণ ফুটবল হয়, তেন্তে ফুটবলটো আগফালে অৰ্থাৎ বল প্ৰয়োগ কৰা দিশেৰেই আগবাঢ়ি যাব। কিন্তু যদি সেইটো ঋণাত্মক ভৰৰ ফুটবল হয়, তেন্তে আপুনি লাঠ মৰাৰ লগে লগে ফুটবলটো আপোনাৰ ভৰিৰ ফালেই উৰি আহিব। কল্পনা কৰকচোন দৃশ্যটো কিমান আচৰিত যেন হ’ব!

এই ধাৰণাটো আৰু বেছি মনোগ্ৰাহী হয় মাধ্যাকর্ষণৰ ক্ষেত্ৰত। সাধাৰণতে পৃথিবীয়ে সকলো বস্তুকেই নিজৰ ফালে টানে। কিন্তু যদি কোনো ঋণাত্মক ভৰৰ এটা বস্তু লোৱা হয়, তেন্তে বস্তুটো পৃথিবীৰ মাধ্যাকৰ্ষণৰ বিপৰীতে অৰ্থাৎ পৃথিৱী পৃষ্ঠৰ পৰা নিজে নিজে ওপৰলৈ গুছি যাব। 

বিজ্ঞানীসকলে এটা অতি বিখ্যাত তাত্ত্বিক ঘটনা কল্পনা কৰে, যাক “Runaway Motion” বুলি কোৱা হয়। ধৰি লওক এটা ধনাত্মক ভৰৰ বল আৰু এটা ঋণাত্মক ভৰৰ বল একেলগে ৰখা হ’ল। ধনাত্মক ভৰৰ বলটোৱে ঋণাত্মক ভৰৰ বলটোক আকৰ্ষণ কৰিব। কিন্তু ঋণাত্মক ভৰৰ বলটোৱে আচৰিতভাৱে ধনাত্মক ভৰৰ বলটোক ঠেলি দিব পাৰে। ইয়াৰ ফলত দুয়োটা বলেই পাৰস্পৰিক আকৰ্ষণ আৰু বিকৰ্ষণ বলৰ প্ৰভাৱত একে দিশত একেলগে গতি কৰি থাকিব। তাতকৈও আচৰিত এই যে বল দুটাৰ গতি ক্রমে বৃদ্ধি পাই থাকিব। 

মহাকাশ বিজ্ঞানত ঋণাত্মক ভৰৰ গুৰুত্ব অপৰিসীম। বিজ্ঞানীসকলে লক্ষ্য কৰিছে যে মহাবিশ্বখন ক্রমাগত ভাবে ত্বৰিত হাৰত বিস্তাৰিত হৈ আছে। এই বিস্তাৰণৰ কাৰণ হিচাপে “Dark Energy” নামৰ এক ৰহস্যময় শক্তিৰ কথা কোৱা হয়। কিছুমান গৱেষকে ধাৰণা কৰে যে মহাবিশ্বত থকা ঋণাত্মক ভৰৰ পদাৰ্থৰ বাবেই এই ত্বৰিত বিস্তাৰণ সম্ভৱ হৈ উঠিছে। তদুপৰি বিজ্ঞানত “Wormhole” বা শ্বেতগহ্বৰৰ যি ধাৰণাই গঢ় লৈ উঠিছে, যাৰ সহায়ত তাত্ত্বিক ভাবে এক মুহূৰ্তৰ ভিতৰত লাখ লাখ আলোকবৰ্ষ দূৰলৈ যোৱাটো সম্ভৱ, তাৰ ক্ষেত্ৰতো ঋণাত্মক ভৰৰ প্ৰাসংগিকতা আছে। 

যদিও বাস্তৱ জীৱনত বিজ্ঞানীসকলে এতিয়ালৈকে কোনো “প্ৰকৃত” ঋণাত্মক ভৰৰ বস্তু বিচাৰি পোৱা হোৱা নাই, ২০১৭ চনত আমেৰিকাৰ কিছুমান বিজ্ঞানীয়ে Bose–Einstein Condensate নামৰ অতি ঠাণ্ডা পদাৰ্থৰ ওপৰত পৰীক্ষা কৰি এনে কিছুমান আচৰণ দেখিছিল, যিবোৰ কেৱল ঋণাত্মক ভৰৰ পদাৰ্থৰ বাবেহে সম্ভৱ। এই পৰীক্ষাত দেখা পোৱা কণাবোৰে প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত গতি কৰিছিল। এই পৰীক্ষাই বিজ্ঞান জগতত যথেষ্ট চাঞ্চল্য সৃষ্টি কৰিছিল।

ঋণাত্মক ভৰ বা ঋণাত্মক ভৰৰ পদাৰ্থবোৰ বিজ্ঞানৰ বাবে এক ৰহস্য। এই পদাৰ্থবোৰে আমাৰ চিনাকী নিয়মবোৰ মানিবলৈ অস্বীকাৰ কৰে। এই ধাৰণাই মহাকাশ, ডাৰ্ক এনার্জি, টাইম ট্রেভেল, শ্বেতগহ্বৰ আদিৰ দৰে গভীৰ বিষয়সমূহ বুজিবলৈ বিজ্ঞানীসকলক নতুন চিন্তাৰ পথ দেখুৱাইছে।