Wednesday 26 July 2017

প্ৰফেচাৰ যশ পাল চাৰলৈ শ্ৰদ্ধাঞ্জলি


১৯২৬ চনৰ ২৬ নৱেম্বৰৰ দিনা পঞ্জাৱ প্ৰদেশৰ জাংগ নামৰ এখন গাঁৱত প্ৰফেচাৰ যশপালৰ জন্ম হৈছিল। তেখেতে চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰি পিছলৈ Massachusetts Institute of Technologyত গৱেষণা আৰম্ভ কৰে। প্ৰফেচাৰ যশপাল এজন বিশ্ববিখ্যাত পদাৰ্থ বিজ্ঞানী আছিল। তেখেতৰ গৱেষণাৰ বিষয় আছিল "মহাজাগতিক ৰশ্মি"। মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনৰ লগতে ভাৰতবৰ্ষত বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে তেখেতে বলিষ্ঠ ভূমিকা গ্ৰহন কৰিছিল। তেখেত আছিল এজন স্বনামধন্য শিক্ষাবিদ, লিখক তথা অক্লান্ত বিজ্ঞান কৰ্মী। তেখেতৰ বিশেষ প্ৰতিভাৰ বলতেই ১৯৮১-১৯৮২ চনত অনুস্থিত হোৱা দ্বিতীয়খন United Nations Conference যাৰ বিষয়বস্তু আছিল "Peaceful Uses of Outer Space" সেই কনফাৰেন্সখনত তেখেতক "চেক্ৰেটেৰী জেনেৰেল" (secretary general) হিচাবে নিৰ্বাচিত কৰা হৈছিল। 

মুম্বাইৰ আন্তৰ্জাতিক খ্যাতি সম্পণ্ণ শিক্ষা আৰু গৱেষণাৰ প্ৰতিস্থান Tata Institute of Fundamental Research (TIFR)ত শিক্ষকতাৰ দায়িত্ব লৈ কৰ্ম জীৱনৰ পাতনি মেলা এই মহান ভাৰতীয়জনে ১৯৮৩ চনৰ পৰা ১৯৮৪ চনলৈ Planning Commissionৰ মূখ্য পৃষ্ঠপোষক হিচাবে কাৰ্যনিৰ্বাহ কৰে। ১৯৮৪ চনৰ পৰা ১৯৮৬ চনলৈ তেখেত Department of Science and Technologyৰ প্ৰধান সম্পাদক হিচাবে কৰ্মৰত আছিল। পুনৰ ১৯৮৬ চনৰ পৰা ১৯৯১ চনলৈ তেখেত University Grants Commissionৰ chairman হিচাবে নিয়োজিত হৈ আছিল। 

বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰফেচাৰ যশ পাল কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই এজন বিশিষ্ট বিজ্ঞানী। এই বহুমূলীয়া অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৭৬ চনত "পদ্মভূষণ" আৰু ২০১৩ চনত "পদ্মবিভূষণ" সন্মান প্ৰদান কৰে। ইয়াৰ মাজতেই তেখেতে ১৯৮০ চনত আমেৰিকাৰ সন্মানীয় "মাৰ্কনী বঁটা" আৰু ২০০৯ চনত "কলিংগ বঁটা" লাভ কৰে। 

শেহতীয়াকৈ তেখেতৰ দেহত কৰ্কট ৰোগে আক্ৰমন কৰিছিল। উপযুক্ত চিকিৎসাৰ জৰিয়তে কৰ্কট ৰোগক হেলাৰঙে জয় কৰি পুনৰ তেখেত নামি পৰিছিল বিজ্ঞানৰ বিনন্দীয়া জগতখনৰ মাজত। সকলো থিকেই আছিল……

যোৱা ২৩ জুলাই, ২০১৭ ৰবিবাৰৰ নিশাৰ পৰা প্ৰফেচাৰ যশপাল পুনৰ শয্যাশায়ী হয় তাৰ এদিন পিছতেই অৰ্থাৎ ২৪ জুলাই, সোমবাৰে উত্তৰ প্ৰদেশৰ নয়দাত ৯০ বছৰ বয়সত এই মহান ভাৰতীয়জনে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ বিয়োগত সমগ্ৰ বিশ্বই হেৰুৱালে এজন অক্লান্ত বিজ্ঞান কৰ্মী। আমি মৰ্মাহত। যশপাল চাৰলৈ আমাৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ।

(২০০৯ চনত আহমেদাবাদত অনুস্থিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত এইজনা মহান বিজ্ঞানীৰ দৰ্শন লাভ কৰি নিজৰ জীৱন ধন্য হোৱা যেন অনুভৱ কৰিছিলোঁ)

আমাৰ বাবে আন এটি দুখৰ খবৰ যে সেই একেটা দিনতেই অৰ্থাৎ ২৪ জুলাই, ২০১৭ তাৰিখে ইছৰোৰ ভূতপূৰ্ব চেয়াৰমেন, প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী Dr. Udupi Ramachandra Rao (Dr. U. R. Rao) ৮৫ বছৰ বয়সত পৰলোকগামী হয়। এই দুয়োজন মহান ভাৰতীয় বিজ্ঞানীৰ বিয়োগত আমি দেশৰ দুটা ৰত্ন হেৰুৱালো।


Friday 21 July 2017

এসময়ত এজন ডাক্তৰ আছিল


এজন পৃথিৱী বিখ্যাত হাৰ্ট চাৰ্জন, জৈৱ অভিযন্তা, জিন বিশেষজ্ঞ, অংগ সংৰোপক তথা গৱেষক বিজ্ঞানী। গৱেষণাৰ নামত নিজৰ জীৱন উচৰ্গা কৰি সাধাৰণ মানুহৰ জীৱনৰ পৰা ৰোগ-ব্যাধিৰ যন্ত্ৰণা উপসম ঘটোৱাৰ পথ বিচৰাই যেন তেওঁৰ জীৱনৰ লক্ষ্য।

১৯৫০ চনত নগাও জিলাৰ জাগিয়াল গাওঁত আনন্দিৰাম বৰুৱাৰ ঘৰত জন্ম লোৱা ধনীৰাম সৰুৰে পৰাই অত্যন্ত বিচক্ষণ বুদ্ধিৰ লৰা আছিল। যোগ্যতা অনুসৰি তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ ডা° ধনীৰাম বৰুৱা নামেৰে পৰিচয় লাভ কৰে। জ্ঞানপিপাষু ডা° ধনীৰাম বৰুৱাই পুনৰ ১৯৭৮ চনত (Glasgow) গ্ল'চগোৰ "ৰয়েল কলেজ অৱ চাৰ্জন"ৰ পৰা সন্মানীয় FRCS ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ নিজকে Xeno-Transplant Surgeon হিচাবে গঢ় দিয়াৰ বাবে মনোনিবেশ কৰে। Xeno-Transplant মানে এটা প্ৰজাতিৰ জীৱৰ কোনো বিশেষ অংগ আন এটা ভিন্ন প্ৰজাতি (বিশেষকৈ মানুহৰ) দেহত সংস্থাপন কৰা। ১৯৮০ৰ দশকত সৰ্বপ্ৰথমে কৃত্ৰিম হৃদযন্ত্ৰ জাৰ্ভিক-৭ ৰোগীৰ দেহত সফলতাৰে প্ৰতিস্থাপন কৰিব পৰা পদ্ধতি আৱিষ্কাৰ কৰি ডা° ধনীৰাম বৰুৱাই বিজ্ঞানী সমাজক স্তম্ভিত কৰি তুলিছিল | সমান্তৰালকৈ তেখেতে জৈৱ অভিযন্ত্ৰণ আৰু মানুহৰ জিনম সম্বন্ধে গৱেষণাও অব্যাহত ৰাখিছিল।

ডা° ধনীৰাম বৰুৱা তেতিয়া এজন পৃথিৱী বিখ্যাত হৃদৰোগ বিশেষজ্ঞ তথা চাৰ্জন। ১৯৮৫ চনৰ কথা। অক্টোবৰ মাহৰ শেষৰ পিনে সুদুৰ আবু ধাবিৰ পৰা ডা° বৰুৱাক আমন্ত্ৰণ জনোৱা হ'ল। হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত এজন লোকৰ "অপেন হাৰ্ট চাৰ্জাৰি" কৰাৰ বাবে আবু ধাবিত কোনো বিশেষজ্ঞ চাৰ্জন নাই। আমন্ত্ৰণ ৰক্ষা কৰি ডা° বৰুৱাই নৱেম্বৰ মাহৰ ১১ তাৰিখে আবু ধাবিৰ সেই বিশেষ ৰোগীজনৰ হৃদযন্ত্ৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে। উল্ল্যেখযোগ্য যে সেই অস্ত্ৰোপচাৰটোৱেই আবু ধাবিৰ প্ৰথমটো "অপেন হাৰ্ট চাৰ্জাৰি"।

বিদেশৰ শিক্ষা সমাপ্ত কৰি ডা° ধনীৰাম বৰুৱাই গৱেষণাৰ লগতে চিকিৎসা সেৱা চলাই যাবলৈ অসমলৈ ঘূৰি আহি  জনসাধাৰণৰ উন্নতিৰ বাবে প্ৰচলিত ধাৰাৰ পৰা অলপ বেলেগকৈ চিন্তা-চৰ্চা কৰাৰ মানসিকতাৰে গুৱাহাটীৰ পৰা কিছুদূৰৰ সোনাপুৰত "Dr. Dhani Ram Baruah Heart Institute & Research Centre" নামৰ এখন প্ৰতিষ্ঠান আৰম্ভ কৰে। এই প্ৰতিষ্ঠানতেই তেখেতে ১৯৯১ চনত মানুহৰ হৃদযন্ত্ৰৰ বাবে কৃত্ৰিম Valve বা কপাট আৱিষ্কাৰ কৰে। এই কপাট বা Valveক আজি সকলোৱে Baruah Stentless Bileaflet Biological Heart Valve বা চমুকৈ BSBB Heart Valve বুলি জানো। এই কৃত্ৰিম Valve বা কপাটে আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০০তকৈও অধিক লোকৰ হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ কৰি আছে।

১৯৯৪ চনত জাৰ্মানীত অনুস্থিত হোৱা এখন আন্তৰ্জাতিক সন্মিলনলৈ ডা° ধনীৰাম বৰুৱাক নিমন্ৰণ জনোৱা হ'ল। সন্মিলনৰ বিষয়বস্তু আছিল - “Artificial Heart”। সেই সন্মিলনত ডা° ধনীৰাম বৰুৱাই তেখেতৰ গৱেষণাপত্ৰ পাঠ কৰাৰ উপৰিও তেখেতে তথ্য সহকাৰে উপস্থাপন কৰে যে Xeno-transplantationৰ বাবে গাহৰি আৰু মানুহ ওচৰ সম্বন্ধীয়। লগতে তেখেতে ইয়াকো জনায় যে গাহৰি আৰু মানুহৰ দেহত হোৱা বেক্টেৰীয়া আৰু ভাইৰাছ আদিৰ সংক্ৰমণ অথবা ৰোগবোৰ একেই। তদুপৰি এই দুয়োটা প্ৰজাতিৰ অংগসংস্থান আৰু শৰীৰক্ৰিয়াও প্ৰায় একে আৰু সেয়েহে গাহৰিৰ হৃদপিণ্ড মানুহৰ দেহত সংৰোপণ কৰা সম্ভৱ। সেই একে বৰ্ষতেই অৰ্থাৎ ১৯৯৪ চনত তেওঁ ৯০ বছৰ পৰ্যন্ত সক্ষম হৈ থাকিব পৰা কৃত্ৰিম জৈবিক Heart Valve তৈয়াৰ কৰি উলিয়ায়। এই ভাল্ভবোৰক "Baruah Heart Valve" বুলি কোৱা হয়। 

অসমত শতকৰা ৯৯ জন ডাক্তৰেই সাধাৰনতে ৰোগীৰ চিকিৎসা কৰিয়েই সময় অতিবাহিত কৰিছে। কিন্তু ডা° ধনীৰাম বৰুৱা এক ব্যতিক্ৰম। ডা° ধনীৰাম বৰুৱাই কিবা এটা নতুন আৱিস্কাৰ কৰিবলৈ ৰোগীৰ চিকিৎসাৰ সমান্তৰালকৈ তেখেতৰ গৱেষণাও আগবঢ়াই নিছিল। ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত তেখেতে কোনোদিনেই কৃপনালি কৰা নাছিল। কৰোনাৰী হাৰ্ট ডিজিচ,  ডায়েবেটিচ, উচ্চ ৰক্তচাপ, হেপাটাইটিচ, SLE জাতীয় স্বয়ংপ্ৰতিৰোধী ৰোগৰ বাবে ডা° বৰুৱা আছিল এজন নিৰ্ভৰযোগ্য বিশেষজ্ঞ চিকিৎসক।

১৯৯৭ চনৰ নৱেম্বৰ মাহৰ কথা। পূৰ্ণ শইকীয়া নামৰ ৩৭ বছৰীয়া এজন  যুৱক "ক্ৰনিক হাৰ্ট ডিজিচ"ত আক্ৰান্ত। তেওঁৰ পৰিয়াল বৰ্গই বিভিন্ন ডাক্তৰৰ দুৱাৰে দুৱাৰে ঘূৰি শেষত ডা° ধনীৰাম বৰুৱাৰ ওচৰ পালেহি। ৰোগীৰ দেহৰ যাৱতীয় পৰীক্ষাসমূহ সম্পন্ন কৰি ডা° ধনীৰাম বৰুৱা নিশ্চিত হয় যে ৰোগীৰ জীৱনৰ এয়া শেষ অৱস্থা। ক্ৰনিক হাৰ্ট ডিজিচত আক্ৰান্ত পূৰ্ণ শইকীয়াৰ দেহত হৃদযন্ত্ৰৰ উপৰিও হাওফাও আৰু বৃক্কও ক্ৰমে অসাৰ হৈ পৰিছে। তেখেতে ভালদৰেই বুজিছিল যে পূৰ্ণ শইকীয়াৰ জীৱন বন্তিগচি আৰু মাত্ৰ কেইটামান মূহুৰ্তৰ বাবেহে জ্বলি ৰ'ব ! তেনেতে ডা° বৰুৱাৰ মনত খেলালে Xeno-transplantationৰ কথাটো। পৰিয়ালবৰ্গকো কথাবোৰ ভাঙি পাতি বুজাই দিয়া হ'ল। ডা° বৰুৱাই ইতিমধ্যে পৰিকল্পনা যুগুতাই ল'লে। ১৯৯৭ চনৰ ডিচেম্বৰ মাহত তেখেতে পূৰ্ণ শইকীয়াৰ দেহত ১৫ ঘণ্টাৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি এটি গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰিলে। অস্ত্ৰোপচাৰটোৰ পিছত  ডা° বৰুৱা আৰু তেওঁৰ সহযোগী দুজন যথেষ্ঠ উৎফুল্লিত হ'ল কিয়নো ইতিমধ্যে তেওঁলোকে এটি সাংঘাটিক কাম সুকলমে সম্পন্ন কৰি পেলালে। তেওঁলোকে নিয়মিত ভাবে পূৰ্ণ শইকীয়াৰ দেহত স্থাপন কৰা গাহৰিৰ হৃদপিণ্ডটোৰ কাৰ্যকুশলতা পৰ্যবেক্ষণ কৰি থাকিল। সকলো থিকেই আছে। ডা° বৰুৱা আৰু তেওঁৰ সহযোগী দুজনৰ উচাহৰ যেন সীমা নাই। 

সকলো থিকেই আছিল। কিন্তু অস্ত্ৰোপচাৰৰ পিচত দুদিনমান সকলো থিকে থাকে অতিক্ৰম কৰে যদিও ডা° বৰুৱাই লক্ষ্য কৰিলে যে পূৰ্ণ শইকীয়াৰ দেহৰ নতুন নতুন স্থানৰ লগতে অস্ত্ৰোপচাৰৰ ঘাঁ বোৰতো আকৌ সংক্ৰমন আৰম্ভ হৈছে। ক্ৰমান্বয়ে এই সংক্ৰমনৰ মাত্ৰা এনেদৰে বাঢ়ি আহিব ধৰিলে যে জীৱনদায়িনী ঔষধবোৰে কোনো কামেই নকৰা হ'ল। আৰু ডা° বৰুৱাৰ সকলো প্ৰয়াসক ব্যৰ্থ কৰি পূৰ্ণ শইকীয়াৰ মৃত্যু হয়।  ইয়াকে লৈ চৌদিশে হৈ চৈ লাগিল আৰু মূহুৰ্তৰ ভিতৰতেই ডা° বৰুৱা এজন খলনায়ক হিচাবে পৰিগণিত হৈ পৰিল। মিডিয়াৰ সাংবাদিকসকল উবুৰি খাই পৰিল। তিলটোও তাল হ'ল। ৰাজনৈতিক ক্ষেত্ৰখনতো যেন এক প্ৰচণ্ড জোকাৰণি। ডা° ধনীৰাম বৰুৱা আৰু তেওঁৰ সহযোগী সকলক গ্ৰেপ্তাৰ কৰা হ'ল। বিষয়টো সন্দৰ্ভত মূল অভিযোগটো আছিল এই যে ডা° বৰুৱা আৰু তেওঁৰ সহযোগীসকলে চিকিৎসা বিজ্ঞানৰ প্ৰাৰম্ভিক Ethical কথাখিনি নমানকৈ ৰোগীৰ দেহত পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰিছে। প্ৰচলিত নিয়ম অনুসৰি মানৱ দেহত যিকোনো গৱেষণামূলক পৰীক্ষা কৰাৰ আগেয়ে ভাৰতত ICMR (Indian Council of Medical Research)ৰ পৰা অনুমতি ল'ব লাগে। আনকি প্ৰচলিত ঔষধ এবিধ আন এটি ৰোগত পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰিলেও সংশ্লিষ্ট কৰ্তৃপক্ষ যেনে বিশ্ববিদ্যালয়ৰ Ethics Committee-ৰ অনুমতি আৱশ্যকীয়। যিকোনো বৈজ্ঞানিক পৰীক্ষাৰে কিছুমান মানিবলগীয়া নিয়ম আছেই, সেইখিনি কৰি লোৱাটো বাধ্যতামূলক। এনে নিয়মসমূহ নামানিলে কেতিয়াবা হিতে বিপৰীত হ’ব পাৰে। সেয়ে ডা° ধনীৰাম বৰুৱাই আগেয়ে সেই কামখিনি কৰি লোৱাটো আৱশ্যকীয় আছিল। 

সেয়া নমনাকৈ তেওঁ সম্পন্ন কৰা এনে গৱেষণামূলক পৰীক্ষাত পূৰ্ণ শইকীয়াক গিনিপিগ সজাই হত্যা কৰা হ'ল বুলি হৈ চৈ লগাত প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ৪০ দিন জেলত থকাৰ পিচত ডা° বৰুৱা আৰু তেওঁৰ সহযোগীসকল পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহে।

ডা° ধনীৰাম বৰুৱা এজন অতিশয় প্ৰতিভাশালী চোকা চিকিৎসক আছিল ৷ দূৰ্ভাগ্যবশতঃ  তেখেতৰ জীৱনলৈ এক অদ্ভূত পৰিৱৰ্তন আহি পৰিল ৷ তেখেত এজন বিতৰ্কিত ব্যক্তি হৈ পৰিল। আজিও তেখেতৰ চিকিৎসাৰ যহতেই যমৰ দুৱাৰদলি গচকি ঘূৰি অাহি আজি সুখেৰে জীৱন অতিবাহিত কৰা আৰু তেখেতক প্ৰাণেপণে ভালপোৱা মানুহ বহুত আছে। একেদৰে তেখেতক সমালোচনাৰে থকাসৰকা ব্যক্তিৰো অভাব নাই। তেখেতক মানসিকভাবে বিকাৰযুক্ত ডাক্তৰ বুলিও কোৱা হৈছিল। শেহতীয়াকৈ জেনেটিক ইঞ্জীনিয়াৰিং তথা আৰ. এন. এ. আই. (RNA interference) আদি পদ্ধতিৰ দ্বাৰা তেখেতে কেঞ্চাৰ ৰোগৰ চিকিৎসা পদ্ধতিৰ ওপৰত গৱেষণা কৰি আছে। অসমৰ্থিত সূত্ৰত প্ৰকাশ পোৱা মতে তেখেতে হেনো সফলতাৰ মূখো দেখিছে। যদি সেয়া সঁচা হয়, নিসন্দেহে ই হ'ব মানৱজাতিৰ বাবে অন্য এক আশীৰ্বাদ। 
(বি: দ্ৰ:   লিখনিটো বিভিন্ন সূত্ৰৰ পৰা আহৰণ কৰা তথ্যৰ ভিত্তিত যুগুতোৱা হৈছে। - প্ৰণৱজ্যোতি)

Wednesday 19 July 2017

গাহৰিৰ দেহত মানুহৰ জৈৱিক অংগ সৃষ্টি

বৃক্ক, হৃদপিণ্ড বা যকৃত বিকল হোৱা ৰোগী বা তেওঁলোকৰ আত্মীয়সকলে জানে এই ৰোগ কিমান ভয়ংকৰ। এই অংগসমূহ ৰোগীৰ দেহত ব্যয়বহুল চিকিৎসা পদ্ধতিৰ সহায়ত প্ৰতিস্থাপন কৰি সাম্প্ৰতিক সময়ত ৰোগীক মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভটাই আনিব পৰা যায় যদিও ইয়াৰ এটা প্ৰধান সমস্যা হ'ল এই যে ৰোগীক অংগসমূহ দান কৰিব কোনে ?

এনেবোৰ সমস্যাৰ প্ৰতিয়েই দৃষ্টি ৰাখি অসমৰ এজন আন্তৰ্জাতিক খ্যাতিসম্পণ্ণ ব্
যক্তি ডা° ধনীৰাম বৰুৱাই ১৯৯৭ চনতেই ৩৭ বছৰীয়া এজন ৰোগীৰ দেহত গাহৰিৰ হৃদপিণ্ড প্ৰতিস্থাপন কৰিছিল। পিছে ১৫ ঘণ্টা পিছতেই ৰোগীজনৰ মৃত্যু ঘটা বাবে চৌদিশে ইয়াকে লৈ হৈ চৈ লাগিল আৰু মূহুৰ্তৰ ভিতৰতেই ডা° বৰুৱা এজন খলনায়ক হিচাবে পৰিগণিত হৈছিল। এয়া এক অন্য বিষয়, কেতিয়াবা পিছত আলোচনা কৰিম।

১৯৯৭ চনৰ পিছত সাম্প্ৰতিক সময়ত অৰ্থাৎ ৩৪ বছৰ পিছত পুনৰ তেনে এক বৈজ্ঞানিক পৰীক্ষা সম্পন্ন হোৱাৰ দিশত। এইবাৰ কেলিফৰ্ণিয়াৰ Salk Institute for Biological Studiesত জাপান আৰু আমেৰিকাৰ বিজ্ঞানীৰ এটি দলে Juan Carlosৰ তত্বাৱধানত গাহৰিৰ দেহত মানুহৰ অংগ সৃষ্টি কৰাৰ এক অভিনৱ কৌশল আৱিষ্কাৰ কৰিছে। ২০১৫ চনৰ পৰা নিৰৱচিন্ন ভাবে লাগি থকা বিজ্ঞানীৰ দলটোৱে এই কাম কৰাৰ সময়ত বিভিন্ন সংগঠন, সংস্থা আদিৰ পৰা পোৱা বাধা অতিক্ৰম কৰি আহিবলগীয়া হৈছে। বিজ্ঞানৰ দোহাই দি অনৈতিক বা নীতিবিৰুদ্ধ পৰীক্ষা নিৰীক্ষা নকৰিবলৈ বিজ্ঞানীৰ দলটোক সোঁৱৰাই দিয়া হৈছিল। আনকি আমেৰিকাৰ চৰকাৰেও বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত গৱেষণাৰ বাবে প্ৰয়োজনীয় ধন মোকলাই নিদিয়াৰ সিদ্ধান্ত লৈছিল। তথাপিও বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাবোৰ স্থবিৰ নহ'ল। বিগত ২০১৭ চনৰ জানুৱাৰী মাহত বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণা পত্ৰখন প্ৰকাশ কৰি উলিয়ায়। (গৱেষণা পত্ৰখনৰ লিংকটো পোষ্টটোৰ তলত দিয়া হৈছে।)

গোটেই পৰীক্ষাটো সহজ ভাষাত বুজিবলৈ চেষ্টা কৰো আহক। প্ৰথমে প্ৰাপ্তবয়ষ্ক ৰোগীজনৰ দেহৰ পৰা ষ্টেম-কোষ বা Stem cell প্ৰস্তুত কৰি লোৱা হয়। ষ্টেম-কোষ হ'ল কলাতন্ৰৰ পৰা আহৰণ কৰা এক প্ৰকাৰ বিশেষ কোষ, যিবোৰে উপযুক্ত পৰিবেশত মাইটোচিচ প্ৰক্ৰিয়াৰে বিভাজিত হৈ বিভিন্ন নতুন কোষৰ লগতে ভ্ৰূণৰ বিকাশৰ সময়ত অন্ত:ত্বক, মধ্যত্বক আৰু বহি:ত্বক গঠন কৰিব পাৰে। এই ষ্টেম-কোষবোৰৰ পৰা পুনৰ iPS কোষ বা Induced Pluripotent Stem Cells গঠন কৰি লোৱা হয়। iPS কোষবোৰ একোটা নিয়ন্ত্ৰিত কোষ, যিবোৰ প্ৰাপ্তবয়স্ক কোষ হোৱা স্বত্তেও ভ্ৰূণত সংস্থাপিত কৰিলে স্বাভাৱিক ভাবেই নিজৰ কাম কাজ চলাই যাব পাৰে। এতিয়া মাইকী গাহৰিৰ নিষিক্ত ডিম্বাণু সংগ্ৰহ কৰি সেই ডিম্বাণুত মানুহৰ দেহৰ পৰা তৈয়াৰ কৰা iPS কোষবোৰ সুমুৱাই দি দুদিনমান পৰীক্ষাগাৰত সংৰক্ষণ কৰি ৰখা হয়। যেতিয়া মানুহৰ দেহৰ পৰা তৈয়াৰ কৰা iPS কোষবোৰে গাহৰিৰ নিষিক্ত ডিম্বাণুৰ ভিতৰত স্বাভাবিক কাম কাজ আৰম্ভ কৰে, তেতিয়াই নিষিক্ত ডিম্বাণুটো পুনৰ গাহৰিৰ জৰায়ুত স্থাপন কৰি দিয়া হয়।

যিহেতু মানুহৰ দেহৰ পৰা তৈয়াৰ কৰা iPS কোষবোৰে মানুহৰ বিশেষ একোটা অংগৰ ডি.এন.এ. গাহৰিৰ এই ডিম্বানুটোলৈ কঢ়িয়াই আনে, সেয়ে এই ডিম্বানুটোৱে সৃষ্টি কৰা গাহৰিৰ ভ্ৰূণটোত মানুহৰ একোটা বিশেষ অংগই বিকাশ লাভ কৰে। এই অংগটো ৰোগীয়া মানুহৰ দেহত সংস্থাপন কৰি তেওঁক মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভটাই আনিব পৰা যাব।

গৱেষণা পত্ৰখনৰ লিংকটো :
http://www.cell.com/cell/fulltext/S0092-8674(16)31752-4 

Sunday 9 July 2017

পিয়াহৰ পানীটোপা যেতিয়া ফ্ল'ৰাইডযুক্ত হয়


অতি সম্প্ৰতি টংলাৰ ৩ নং ৱাৰ্ডৰ পানীত ফ্ল'ৰাইডৰ উপস্থিতি ধৰা পৰা বুলি বাতৰিত প্ৰকাশ হৈছে। এয়া সঁচাকৈয়ে চিন্তনীয় বিষয়। ফ্ল’ৰিন এবিধ অতিশয় বিক্ৰিয়াশীল গেছীয় পদাৰ্থ। সেয়ে ফ্ল’ৰিনক বায়ুমণ্ডলত মুক্ত গেছৰূপে পোৱা নাযায়। ফ্ল’ৰিনে বিভিন্ন ধাতু যেনে ছডিয়াম, পটাছিয়াম আদিৰ লগত বিক্ৰিয়া কৰি প্ৰকৃতিত ফ্ল'ৰাইড লৱন হিচাবে থাকে। বেছিভাগ ফ্ল’ৰাইডৰ লৱণেই পানীত সহজে দ্ৰৱীভূত হয় আৰু সেয়েহে ভূগৰ্ভৰ পানীত সহজেই ফ্ল'ৰাইড লৱন মিহলি হ'ব পাৰে। ছ’ডিয়াম ফ্ল’ৰাইড লৱণ পানীত দ্ৰৱীভূত হৈ থাকিলে তেনে পানীত ফ্ল’ৰাইড থকা বুলি কোৱা হয়। এই লৱনবোৰ শিলৰ ভিতৰতো সোমাই থাকে। ফ্ল’ৰাইড থকা কিছুমান শিলৰ পৰা ফ্ল’ৰাইড নি:সৰণ হৈ ভূগৰ্ভৰ পানীত প্ৰৱেশ কৰে। কেতিয়াবা ইয়াৰ পৰিমাণ ইমানেই বেছি হয় যে এই পানী সেৱন কৰিলে আমি ফ্ল’ৰ’চিচ ৰোগত আক্ৰান্ত হওঁ। তেনে পানীক আমি ফ্ল’ৰাইড যুক্ত পানী বুলি কওঁ। পৃথিৱীৰে প্ৰায় প্ৰতিখন মহাদেশৰ বিস্তৃত অঞ্চলৰ পানীয়েই সম্প্ৰতি ফ্ল’ৰাইড যুক্ত। 

অসমৰ কাৰ্বি আংলং আৰু নগাঁও জিলাত শিশুৰ পৰা বৃদ্ধলৈকে বহুলোক দাঁত আৰু হাড়ৰ ফ্ল’ৰ’চিচ ৰোগত আক্ৰান্ত। উল্লেখিত অঞ্চলকেইটাৰ বাহিৰেও মৰিগাঁও জিলাৰ দক্ষিণাঞ্চল, গোলাঘাট জিলাৰ কাৰ্বি পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চল আৰু কৰিমগঞ্জ জিলাৰ কিছু অঞ্চলৰ পানীতো ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছে। আৰু শেহতীয়াকৈ এই তালিকাত সংযোজিত হৈছে টংলাৰ তিনি নম্বৰ ৱাৰ্ডৰ নাম। পানীৰ পৰা দ্ৰৱনীয় ফ্ল'ৰাইড সাধাৰণ পদ্ধতিৰে ঘৰুৱা ভাবে আঁতৰ কৰা সম্ভব নহয়। 

তেন্তে বৰ্তমান আমাৰ কৰণীয় কি ? চৰকাৰক দোষ দি অথবা চৰকাৰে কিবা এটা কৰালৈ বাট চাই থকাটো কিমান দূৰ সমীচিন ? আমাৰ মানুহবোৰে তেতিয়ালৈ পানী ব্যৱহাৰ নকৰিব নেকি ? আছে নেকি কিবা সহজ ঘৰুৱা উপায় যাৰ দ্বাৰা আমাৰ মানুহবোৰ কিছু হলেও উপকৃত হ'ব ? আহকচোন তেনে এটি উপায় বিচাৰো…

ফ্ল’ৰাইড সমস্যাৰ সমাধানৰ বাবে বিকল্প জান-জুৰি, পুখুৰী বা নদীৰ পানী পৰিশোধন কৰি ব্যৱহাৰ কৰাটোৱে সবাতোকৈ উত্তম ব্যৱস্থা কিয়নো এনে পানীত ফ্ল’ৰাইড নাথাকে। গভীৰ ভূগৰ্ভৰ পানীতহে ফ্ল’ৰাইড পোৱা যায়। সেয়েহে গভীৰ নলীযুক্ত দমকল বা কুঁৱাৰ পানী ব্যৱহাৰ নকৰাই বুদ্ধিমানৰ কাম হ'ব। ফ্লৰাইডৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আমি এটি সহজ বৈকল্পিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰো। 

আমি ঘৰতেই এটি বিশেষ ফিল্টাৰ ব্যৱস্থা তৈয়াৰ কৰি ল'ব পাৰো। তাৰ বাবে আমাক প্ৰয়োজন হ'ব "বায়বীয়-ছাই" বা fly ash নামৰ এবিধ পদাৰ্থ। দৰাচলতে fly ash হ'ল কয়লা বা কোকৰ দহনৰ সময়ত উৎপন্ন হোৱা তপত ছাই। এই ছাইবোৰত সূক্ষ্মতম কাৰ্বন কণা থাকে। কয়লাৰ দহনত সৃষ্টি হোৱা তপত ধোঁৱাৰ পৰা "কণিকা অধঃক্ষেপক" যন্ৰৰ সহায়ত এই বায়বীয়-ছাই সংগ্ৰহ কৰা হয়। বজাৰত সহজতে এই বায়বীয়-ছাই কিনিব পাৰি। বায়বীয়-ছাইত যথেষ্ঠ পৰিমানে ছিলিকন ডাইঅক্সাইড আৰু কেলচিয়াম অক্সাইড থাকে। বায়বীয়-ছাইৰ অৱশোষণ গুণ যথেষ্ঠ বেছি। সেয়েহে ই পানীৰ পৰা দ্ৰৱনীয় ফ্ল'ৰাইড শোষণ কৰিব পাৰে। গতিকে বায়বীয়-ছাই ব্যৱহাৰ কৰি আমি সহজে এটি ফ্ল'ৰাইড আঁতৰ কৰিব পৰা ফিল্টাৰ ঘৰুৱা ভাবে সাজি ল'ব পাৰো।

প্ৰথমে বায়বীয়-ছাইখিনি পাতিত পানী (distilled water)ৰে ধুই লোৱা উচিত। প্ৰায় ১০০ গ্ৰাম পৰিমানৰ বায়বীয়-ছাই আনুমানিক ১ লিটাৰ পানীত ধুই সাধাৰণ ফিল্টাৰ পেপাৰেৰে চেকি বায়বীয় ছাইখিনি সংগ্ৰহ কৰি ৰ'দত শুকুৱাই লওক। এতিয়া শুকান বায়বীয় ছাইখিনি গুড়ি কৰি ৫ লিটাৰ পৰিমানৰ ফ্ল'ৰাইড যুক্ত পানীত মিহলাই ভালদৰে লৰাই দিব লাগে। ১০ মিনিট সময়ৰ পিছত পানীখিনি উতলাই চেঁচা হ'বলৈ দিয়ক আৰু তাৰপিছত পানীখিনি লৰচৰ নোহোৱাকৈ ৩০ মিনিটমান সময় ৰাখি থওঁক। পানীৰ তলত আপুনি কিছুমান গেদ দেখা পাব। এই গেদখিনিতেই পানীত দ্ৰৱনীয় হৈ থকা ফ্ল'ৰাইডৰ অধঃক্ষেপবোৰ আছে। এতিয়া সাবধানে ওপৰৰ পানীখিনি সংগ্ৰহ কৰক। পানীখিনি এতিয়া সাধাৰণ ঘৰুৱা ফিল্টাৰত পুনৰ চেকি লৈ ব্যৱহাৰ কৰক। আপোনাৰ এই পানীখিনি ফ্ল'ৰাইডৰ পৰা মুক্ত।

টংলাৰ ৩ নম্বৰ ৱাৰ্ডৰ পানীত ফ্ল'ৰাইড পোৱাৰ বাতৰিটো…


Wednesday 5 July 2017

বৰষুণ আনিব পৰা বেক্টেৰীয়া


মোগল সম্রাট মহামতি আকবৰৰ সভাত থকা নবৰত্নৰ অন্যতম প্ৰসিদ্ধ সংগীতজ্ঞ তথা ধ্রুপদী সঙ্গীতৰ প্রবক্তা তানসেনৰ উচ্চাংগ সংগীতে অন্ধকাৰ কোঠালিৰ এন্ধাৰ নাশিবলৈ আপোনা আপুনি জ্বলাই তুলিছিল দীপক, শুকান ধৰাৰ বুকুলৈ নমাই আনিব পাৰিছিল মুষলধাৰ বৰষুণ। তানসেনৰ এই অসামান্য প্ৰতিভাৰ বাবেই তেওঁক বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞৰ তালিকাৰ শীৰ্ষত ৰখা হয়। পিছে, আজিৰ যুগত এনে সংগীত সাধক দেখা পোৱাতো প্ৰায় অসম্ভৱ।

পিছে নিৰাশ নহ'ব। সংগীতেৰে নোৱাৰিলেও জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াৰে এবিধ বেক্টেৰীয়াই ধৰাৰ বুকুলৈ বৰষুণ নমাই অনাৰ কথা সম্প্ৰতি বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে। এই বিশেষ বেক্টেৰীয়াবিধৰ নাম হৈছে Pseudomonas syringae বা চিদোম'নাচ চিৰিঞ্জি। এই বেক্টেৰীয়াবোৰ দণ্ডাকৃতিৰ আৰু কোষটোৰ চৌদিশে ফ্লেজেলাৰে আবৃত। Gram-negative শ্ৰেণীৰ এই বেক্টেৰীয়াবোৰে সাধাৰণতে উদ্ভিদৰ দেহত কিছুমান ৰোগ সৃষ্টি কৰে। ৰোগ সৃষ্টিকাৰী হোৱা বাবে এই বেক্টেৰীয়াবোৰৰ ওপৰত গৱেষণা চলিয়েই থাকে। কিন্তু শেহতীয়াকৈ বিজ্ঞানীসকলে ৰোগ সৃষ্টিকাৰী গুণৰ লগতে বৰষুণ দিব পৰা অদ্ভুত ক্ষমতাটো আৱিষ্কাৰ কৰে। ফ্লৰিডা বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী Brent Christnerৰ মতে বায়ুমণ্ডলত মুক্ত ভাবে জীয়াই থাকিব পৰা এই বেক্টেৰীয়াবোৰে কোষদেহৰ জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াৰ সহায়ত বায়ুমণ্ডলত থকা জলীয় বাষ্পক পানী বা বৰফৰ টুকুৰালৈ ৰূপান্তৰিত কৰি ধৰাৰ বুকুলৈ নমাই আনিব পাৰে অবতৰীয়া বৰষুণ এজাক।

সম্প্ৰতি Brent Christner আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে চিদোম'নাচ চিৰিঞ্জি নামৰ বেক্টেৰীয়াবিধ বাস কৰা বায়ুমণ্ডলৰ সেই স্থানলৈ বায়ুমণ্ডলীয় বেলুনৰ সহায়ত কিছুমান অত্যাধুনিক বৈজ্ঞানিক সা-সৰঞ্জাম প্ৰেৰণ কৰি বেক্টেৰীয়াবোৰৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰি আছে। এই গৱেষণাৰ সফল পৰিসমাপ্তিয়ে নিশ্চয়কৈ খৰাং পিৰিত অঞ্চলৰ বাসিন্দা সকললৈ সুদিন কঢ়িয়াই আনিব। হয়তো অনাগত দিনবোৰত কপালৰ ঘাম মাটিত পেলাই পথাৰত সোণালী শইচৰ খেতি কৰা আমাৰ অন্নদাতা কৃষকসকলে খেতিৰ বাবে প্ৰয়োজনীয় এটুপি বৰষুণৰ পানীৰ আশাত আকুল চিত্তে অপেক্ষা কৰিব নেলাগিব।