Thursday 26 October 2023

ফুটবল আৰু মোৰ শৈশৱৰ দিনবোৰ



তেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ। ধান কটাৰ পিছত গাঁওৰ খেতি পথাৰবোৰ মুকলি হ'লে আমাক আৰু কোনে পায়! গাঁওৰ কাণসমনীয়া ল'ৰাবোৰ দুইভাগত ভাগ হৈ দুটা দল বনাই আমি ফুটবল খেলো। সেই সময়ত চামৰাৰ ফুটবলবোৰ আমাৰ বাবে বৰ মহঙা সম্পদ আছিল। সেয়ে আমি ৰবাব টেঙা ৰ'দত শুকুৱাই সেইটোকে লৈ আবেলি সময়ত ফুটবল খেলো। আমাৰ লগত একাধিক ৰবাব টেঙাৰ "ফুটবল" মজুত থাকে, কিয়নো সেই টেঙাবোৰ কিছু সময় খেলাৰ পিছত ফাটি গৈছিল অথবা কেতিয়াবা ওচৰৰে বিহলঙনিৰ চোপাৰ মাজত অথবা ঘনকৈ গজি উঠা কাষৰে ঢেকীয়ানী ডৰাৰ মাজত হেৰাই গৈছিল।
ফুটবল খেলাৰ সময়ত কিছুমান আমোদজনক নিজস্ব নিয়মো আমাৰ খেলবোৰত প্ৰযোজ্য হৈছিল। তেনে কিছুমান নিয়ম এনে ধৰণৰ:
ক) খেল শেষ হোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। আমি যেতিয়ালৈ ভাগৰুৱা হৈ নপৰো, তেতিয়ালৈ খেল চলিয়েই থাকিব।
খ) "অফচাইড" ৰুল (নিয়ম) নাই। (আচলতে এই ৰুলটো বুজিও নেপাইছিলোঁ)।
গ) যিটো দল হাৰে, পিছ দিনা সেইটো দলে ৰবাব টেঙা যোগাৰ কৰি আনিব লাগিব।
ঘ) আন চুবুৰীৰ ল'ৰাৰ লগত ফুটবল খেল হ'লে নিজৰ গ'লপোষ্ট দুটাৰ কাষৰ মাটিত দুটা পকা জলকীয়া পুতি থোৱা। (আমাৰ বিশ্বাস আছিল যে জলকীয়া পোতা গ'লপোষ্টৰ দিশত গ'ল নহয়!) এবাৰ দুবাৰ মান আমাৰ লগৰে বীৰেনৰ ককাদেউতাকৰ হতুৱাই ৰবাব টেঙা জাৰিও আনিছিলো।
ঙ) নিজৰ মাজত হোৱা খেলবোৰত সকলোতকৈ ভাল খেলুৱৈ এজনৰ বিপৰীতে আনটো দলে চৰ্ত সাপেক্ষে এজন অতিৰিক্ত খেলুৱৈ অন্তৰ্ভুক্ত কৰিব পাৰে। ইত্যাদি ইত্যাদি।
দিনবোৰ এনেদৰেই আগবাঢ়ি গৈছিল। এনেতে ভাৰতীয় সৈন্য বাহিনীত সেৱা আগবঢ়াই অৱসৰ লোৱা এজন সৈনিক আমাৰ গাঁওলৈ স্থায়ী ভাবে থাকিবলৈ আহিল। তেখেতৰ সৰু ল'ৰাজন আমাৰ বয়সৰেই। সিও আহি আমাৰ লগতে ৰবাব টেঙা গুৰিয়ায়। এদিন ৰবাব টেঙা গুৰিয়াই তাৰ ভৰিখন ফুলি উঠিছিল। বিষ-বেদনাত অস্থিৰ হৈ খেল আধাতে সামৰি সি বহি ৰ'ল। তাৰপিছত কেইবাদিনো তাৰ দেখা দেখি নাই।
এদিন হঠাতে সি হাতত এটা চামৰাৰ নতুন ৩ নম্বৰী ফুটবল লৈ আমি ৰবাব টেঙাৰে ফুটবল খেলি থকা পথাৰত হাজিৰ হ'লহি। আমি আচৰিত হৈ তালৈ চাই ৰ'লো। কাৰো মুখত মাত নাই। কিছুপৰ মৌনতাৰ পিছত আমাৰ লগৰ সমীৰণে দুবাৰ মান সেপ ঢুকি কোনোমতে মাতটো উলিয়াই সুধিলে : ধীৰাজ, তোৰ হাতত থকা বলটো কাৰ অ?
যুদ্ধ জয় কৰি অহা সৈনিকৰ দৰে গৰ্বিত হৈ এক বিশেষ ভংগীত হাতৰ ফুটবলটো মাটিত পেলাই দি সোঁভৰি খন বলটোৰ ওপৰত থৈ সি ক'লে : মোৰ হয়। এতিয়াৰ পৰা আমি এইটোৰেই ফুটবল খেলিম…
তাৰ কথা শেষ হ'বই নেপালে। আমি আনন্দত আত্মহাৰা হৈ চিঞঁৰি উঠিলোঁ। এবাৰ বলটো চুই চাবলৈ আমাৰ মনবোৰে কূটকূটাই আছিল। এইবাৰ সি ফুটবলটো দুইহাতেৰে বুকুৰ ওচৰত তুলি লৈ ক'বলৈ ধৰিলে: এই চামৰাৰ ফুটবলেৰে খেলিবলৈ হ'লে তহতে মোৰ কথা মতে চলিব লাগিব। হ'বনে?
আমি একেস্বৰে চিঞঁৰি উঠিলো : হ'ব!
: থিক আছে তেন্তে। - ধীৰাজে ক'লে।
সিদিনা আৰু আমাৰ আৰু ফুটবল খেলা নহ'ল। চামৰাৰ নতুন ফুটবলটো হাতেৰে লিৰিকি বিদাৰি চাওতেই, নাকৰ ওচৰলৈ তুলি ধৰি তাৰ গোন্ধ লওঁতেই বেলি ডুবু ডুবু হ'ল।
তাৰ পিছদিনাৰ পৰা স্কুলৰ পৰা আহিয়েই নাকে মুখে দুগঢ়াহ গুজি চিধাই খেলপথাৰ। ইতিমধ্যে ফুটবলৰ গৰাকী ধীৰাজে খেলৰ বাবে নতুন নিয়ম বনাইছে। সেইবোৰ সি আমাক এটা এটাকৈ বুজাইছে আৰু আমাক মানিবলৈ বাধ্য কৰাইছে। আমিও মানিবলৈ বাধ্য। ইতিমধ্যে আমি মানি লোৱা নিয়মবোৰ এনেধৰণৰ :
ক) যিহেতু আমাৰ জাৰ্চি নাই, সেয়ে এটা দলে গেঞ্জী পিন্ধি আৰু আনটো দলে খালী গাৰে ফুটবল খেলিব লাগিব। (ধীৰাজৰ দলটোৱে কিন্তু সদায়ে গেঞ্জী পিন্ধিব)।
খ) খেলি থাকোতে যদি বলটো খেলপথাৰৰ পৰা বহু দুৰলৈ গুছি যায়, যিজনে বলটো গুৰিয়াইছিল তেৱেই বলটো আনিব লাগিব।
গ) আপেক্ষিক ভাবে শকত আৱত ল'ৰা কেইজন গ'লৰক্ষক হিচাবে থাকিব লাগিব।
ঘ) ফুটবলত পাম্প দিবলৈ পাল পাতি দুয়োটা দলে প্ৰায় আধা কি:মি: দূৰৰ চাইকেল দোকানলৈ যাব লাগিব।

এতিয়া মনত পৰে চাইকেলৰ চিটত নবহাকৈ (চিটত বহিলে পেডেল ঢুকি নেপাও বাবে) চাইকেলৰ ফ্ৰেইমটোৰ মাজেৰে সোঁভৰিখন সুমুৱাই দি সোঁ পেডেল আৰু বাওঁভৰিখন বাওঁ পেডেলত থৈ চাইকেল চলাই ফুটবলত পাম দিবলৈ কানাই দাৰ চাইকেল দোকানলৈ যোৱাৰ কথা। সেইবোৰৰ দিনৰ স্মৃতিয়ে এতিয়াও আমনি কৰে। এটা জেতুকা বুলীয়া
সপোনৰ দৰে সেই সোনালী শৈশৱক এতিয়াও বান্ধি ৰাখিছো আলফুলে, সযতনে আৰু সংগোপনে……!

Saturday 21 October 2023

অচিৰেই মহাকাশত ভাৰতীয় মহাকাশচাৰী


উৎক্ষেপণৰ প্ৰাৰম্ভিক বাধা অতিক্ৰম কৰি আজি দূৰ্গা সপ্তমীৰ দিনা ৰাতিপুৱা ১০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে ভৱিষ্যতে মহাকাশলৈ মানুহ কঢ়িয়াই নিবলগীয়া গগনযানৰ জটিল "ক্ৰু-এস্কেপ" ব্যৱস্থাৰ সফল পৰীক্ষা সম্পন্ন কৰে।

২০২৫ চনৰ ভিতৰত ভাৰতে মানুহক মহাকাশলৈ প্ৰেৰণ কৰাৰ দিশত ইছৰোৰ এই পৰীক্ষামূলক প্ৰক্ষেপণ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। গগনযানৰ TV-D-1 নামৰ এই অভিযানৰ মূল উদ্দেশ্য আছিল লঞ্চ ভেহিক'ল, ক্ৰু-এস্কেপ আৰু ক্ৰু মডিউলৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা। কাৰিকৰী বিসংগতিৰ বাবে পুৱা ৮ বজাত উৎক্ষেপণ হ'ব লগীয়া এই পৰীক্ষামূলক প্ৰক্ষেপন ইছৰোৱে দুঘণ্টা পলমকৈ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতীয় মহাকাশ বিজ্ঞানক আৰু এঢাপ আগুৱাই লৈ গ'ল। উৰণৰ মাত্ৰ ৯ মিনিটৰ পিছতেই গগনযানৰ ক্ৰু-মডিউলে সফলতাৰে শ্ৰীহৰিকোটাৰ পৰা আঁতৰৰ বঙ্গোপসাগৰৰ মাজত সফলতাৰে অবতৰণ কৰে। তাৰপৰা ভাৰতীয় নৌসেনাৰ জোৱান সকলে গগনযানৰ ক্ৰু-মডিউলটো সংগ্ৰহ কৰি মাদ্রাজ (চেন্নাই)ৰ বন্দৰলৈ অনাৰ প্ৰস্তুতি চলাইছে।

ইছৰোৰ বিজ্ঞানীসকলে কয় যে মহাকাশত উৎপন্ন হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিত দেশীয় ভাবে তৈয়াৰ কৰা এই উন্নত প্ৰযুক্তিয়ে মহাকাশচাৰীসকলৰ জীৱন ৰক্ষা কৰিব পাৰিব। এই প্ৰণালীত, মহাকাশচাৰীসকল ৰকেটৰ সৈতে সংযোজিত এটা বিশেষ মডিউলৰ ভিতৰত থাকিব। যদিহে ৰকেটত কোনো বিসংগতিয়ে দেখা দিয়ে, মডিউলৰ লগত সংলগ্ন কম্পিউটাৰৰ মনিটৰত ইয়াৰ তথ্য প্ৰকাশ হ'ব আৰু মহাকাশচাৰীসকলে তৎক্ষণাৎ এই মডিউলটো মূল মহাকাশযানখনৰ পৰা পৃথক কৰি সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব পাৰিব। পৰীক্ষাৰ সময়ত এইটোও নিৰীক্ষণ কৰা হৈছিল যাতে এই প্ৰযুক্তিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰৰ যিকোনো উচ্চতাত এই "ক্ৰু এস্কেপ চিষ্টেম"টোৱে নিখুঁতভাৱে কাম কৰিব পাৰে।

গগনযানৰ এই যাত্ৰা তিনিটা পৰ্যায়ত সম্পন্ন হ’ব। ইয়াৰ প্ৰথম দুটা মানৱবিহীন আৰু অন্তিমটো মিছন ভাৰতীয় মহাকাশচাৰীৰ মহাকাশত পদাৰ্পন। ২০২৫ চনৰ এই বিশেষ অভিযানটো মহাকাশ বিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুঁটি হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) পৃথিৱীৰ সৰ্বনিম্ন কক্ষপথত এটা মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে আৰু তাৰবাবে যাৱতীয় কাম কাজো আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দৰে ভাৰতৰো মহাকাশত নিজাকৈ এটা মহাকাশ কেন্দ্ৰ থাকিব। ইছৰোৰ বিজ্ঞানীসকলৰ এই প্ৰচেষ্টা সফল হওঁক।