Saturday 31 December 2016

61 ছেকেণ্ডৰ এটা মিনিট আৰু এইবেলিৰ বিলম্বিত নৱবৰ্ষ


আজি ডিচেম্বৰ মাহৰ 31 তাৰিখ। 2016 বৰ্ষৰ অন্তিমটো দিন। ঘড়ীৰ কাটাই নিশা 11 বজি 59 মিনিট 59 ছেকেণ্ড অতিক্ৰম কৰাৰ থিক পিছ মূহুৰ্ততেই আমাৰ বাবে নৱবৰ্ষ। পুৰণিক বিদায় দি নতুন বছৰে ভূমুকি মাৰিবহি আপোনাৰ বা মোৰ ঘড়ীত। পিছে বিজ্ঞানীসকলে নতুন বছৰৰ পৰিকল্পনা কৰিছে আন এক ধৰণেৰে হে। তেখেতসকলৰ মতে আজি 31 ডিচেম্বৰৰ নিশাৰ অন্তিম মিনিটটো 60 ছেকেণ্ডৰ সলনি 61 ছেকেণ্ডৰ হ'ব। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁলোকে কৈছে যে পৃথিৱীৰ আৱৰ্তন আহ্নিক গতি আৰু বাৰ্ষিক গতি সাপেক্ষে পৃথিৱীৰ সময় গণনা কৰা হয়। উল্লেখযোগ্য যে সময় ধ্ৰুৱক নহয় আৰু সেয়েহে সৌৰজগতৰ বা বিশ্বব্ৰহ্মাণ্ডৰ সকলো স্থানত সময়ৰ মান একে নহয়। পৃথিৱীৰ বাবে প্ৰচলিত সময় নিৰ্ভুল ভাবে গণনা কৰিবলৈ বিজ্ঞানীসকলে পাৰমানবিক ঘড়ী ব্যৱহাৰ কৰে য'ত Cesium পৰমাণুৰ পাৰমানবিক কম্পন গণনা কৰি পৃথিৱীত প্ৰচলিত এক ছেকেণ্ডৰ বাবে প্ৰয়োজনীয় সময়ৰ দীৰ্ঘ ঠাৱৰ কৰা হয়। এনে পাৰমানবিক ঘড়ীয়ে সম্পূৰ্ণ শুদ্ধকৈ সময়ৰ হিচাপ ৰাখে। পিছে বিজ্ঞানীসকলে সত্তুৰৰ দশকত আৱিষ্কাৰ কৰিছিল যে পৃথিৱীয়ে নিজ মেৰুদণ্ড সাপেক্ষে পশ্চিমৰ পৰা পূৱলৈ ঘুৰা গতিবেগ ক্ৰমে লেহেমীয়া হৈছে। জোনবাইৰ মাধ্যাকৰ্ষণে পৃথিৱীৰ আহ্নিক গতিক প্ৰভাৱিত কৰা বাবে পৃথিৱীৰ দিনবোৰ ক্ৰমান্বয়ে 24 ঘণ্টাতকৈ দীঘলীয়া হৈ আহিছে। যিহেতু পাৰমানবিক ঘড়ীয়ে পৃথিৱীৰ ক্ষেত্ৰত দৈৰ্ঘ্য বৃদ্ধি হোৱা এইখিনি সময়ৰ হিচাব নেৰাখে, সেয়েহে সময়ক সাৰ্বজনীন কৰি ৰখাৰ স্বাৰ্থত বিজ্ঞানীসকলে মাজে সময়ে পাৰমানবিক ঘড়ীৰ সময় সলনি কৰিব লগা হয়। পোনপ্ৰথমে 1972 চনত International Earth Rotation and Reference Systems Service বা চমুকৈ IERSৰ বিজ্ঞানীসকলে বহুতো জটিল গণনাৰ অন্তত পাৰমানবিক ঘড়ীত 26 টা ছেকেণ্ড অতিৰিক্ত ভাবে সংযোগ কৰি দিয়াৰে পৰা পৃথিৱীৰ দিন-ৰাতিবোৰ 26 ছেকেণ্ড দীঘলীয়া হৈ পৰে। এনেদৰে অতিৰিক্ত ভাবে সংযোগ কৰা ছেকেণ্ডক "লিপ ছেকেণ্ড" বোলে। পৰবৰ্তী সময়ত পুণৰ 2015 চনৰ 30 জুনৰ নিশা আন এটা লিপ ছেকেণ্ড সংযোগ কৰা হৈছিল। পৃথিৱীৰ গতি ধীৰ হৈ যোৱা বাবে আমাৰ অগোচৰে এনেদৰেই দিনবোৰ ক্ৰমান্বয়ে দীঘলীয়া হৈ পৰিছে। আজি 2016 বৰ্ষৰ শেষ দিন। আজি পুনৰ সংযোগ কৰা হ'ব আন এটি "লিপ ছেকেণ্ড"। আমেৰিকাৰ IERSৰ বিজ্ঞানীসকল বৰ্তমান ব্যস্ত পাৰমানবিক ঘড়ীত এটা বিশেষ ছেকেণ্ড সংযোগ কৰাৰ বাবে। নিশা থিক 11:59:59 বজাৰ পিছত, যিটো মূহুৰ্তত আপুনি বা মই হয়তো নতুন বছৰ আগমন হোৱাৰ আনন্দত আত্মহাৰা হৈ পৰিম, থিক তেতিয়াই বিলম্বিত হৈ পৰিব সময়। বিলম্বিত হৈ পৰিব নৱবৰ্ষ। এক ছেকেণ্ড পলমকৈ আহিব এইবেলি 2017 বৰ্ষ।

Wednesday 28 December 2016

খিৰিকীৰে আকাশ চুবলৈ যোৱা ছোৱালীজনী


দহ বছৰীয়া এজনী ছোৱালী। লগৰ বান্ধৱীবোৰৰ লগত পখিলা খেদি সময় পাৰ কৰাৰ বয়স। পিছে ছোৱালীজনীৰ সেইবোৰত মন নাই। তৰাৰে বুটা বচা নিশাৰ আকাশত বিভোৰ হৈ তেওঁ ভাল পায়। ছোৱালীজনীৰ কথামতেই দেউতাকে তেওঁৰ বিচনাখন কোঠালীটোৰ উত্তৰ দিশে খিৰিকীৰ কাষত নতুনকৈ পাতি দিলে। উদ্দেশ্য এইয়াই যে তেওঁ যাতে নিশা শোৱাৰ সময়তো আকাশৰ তৰাবোৰৰ লগত কথা পাতিব পাৰে। সন্ধিয়াৰ পৰাই আকাশৰ তৰাবোৰৰ গতিপথ, উল্কা, পপীয়া তৰা আদি বিভিন্ন মহাজাগতিক অবয়ববোৰৰ সতেই ব্যস্ত। তেতিয়া তেওঁ বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ ছাত্ৰী। ছোৱালীজনীৰ ৰাপ দেখি তেওঁৰ দেউতাকো যথেষ্ট উৎসাহী হৈ পৰিল। এদিন এটা সাধাৰণ দূৰবীন আনি মৰমৰ জীয়েকক উপহাৰ দিলে। ছোৱালীজনীক আৰু কোনে পায় ! কম ক্ষমতা সম্পন্ন দূৰবীনটোৰেই আকাশৰ বুকুত পিটপিটাই ফুৰে। এনেদৰেই এদিন ছোৱালীজনী চৌধ্য বছৰীয়া হলহি। এইবাৰ দেউতাকে এটা সাংঘাতিক কথা চিন্তা কৰিলে। পেছাত ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰ দেউতাকে এইবাৰ ঘৰলৈ লৈ আহিল কেইখনমান লেন্স আৰু দূৰবীন সাজিবলৈ প্ৰয়োজন হোৱা অন্যান্য সামগ্ৰী সমূহ। ছোৱালীজনী যেন সামগ্ৰীবোৰৰ ওপৰত উবুৰি খাইহে পৰিব ! দেউতাকে শিকাই দিয়াৰ ধৰণেই সামগ্ৰীবোৰৰ সহায়ত তেওঁ সাজি উলিয়ালে এটা আপেক্ষিক ভাবে শক্তিশালী দূৰবীন। আস্ কি যে আনন্দ ! এই দূৰবীনটোৰে যে আকাশৰ বিভিন্ন মহাজাগতিক অবয়ববোৰ বেছি ভালকৈ দেখা পোৱা যায়। আকাশৰ প্ৰেমত বিভোৰ এই ছোৱালীজনীয়েই পৰবৰ্তী সময়ত এগৰাকী বিশ্ব প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী হিচাবে পৰিগণিত হয়। তাৰকাৰাজ্যৰ ঘূৰ্ণন, কৃষ্ণ পদাৰ্থৰ আৱিষ্কাৰকে আদি কৰি মহাকাশ বিজ্ঞানক এক নতুন মাত্ৰা প্ৰদান কৰা এই মহিয়সী বিজ্ঞানী গৰাকীয়েই হ'ল ভেইৰা কুপাৰ ৰুবিন। 1928 চনৰ 23 জুলাইত ফিলাডেলফিয়াত জন্ম গ্ৰহণ কৰা ভেইৰাই আকাশৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবেই মহাকাশ বিজ্ঞান পঢ়িবলৈ মন মেলি যেতিয়া Pennsylvaniaৰ Swarthmore Collegeত নামভৰ্তি কৰিবলৈ গৈছিল, তেতিয়া শিক্ষানুষ্ঠানখনৰ পৰম্পৰা অনুসৰি ছোৱালী হোৱা বাবেই তেওঁৰ নামভৰ্তিত বাধা দিয়া হৈছিল। সেই সময়ত Pennsylvaniaত ছোৱালীক মহাকাশ বিজ্ঞান পঢ়িবলৈ দিয়া হোৱা নাছিল। নামভৰ্তি কৰিবলৈ অনুমতি নেপাই ভেইৰা হতাশ হৈ পৰিছিল যদিও দৃঢ়মনা এই গৰাকী নাৰীয়ে ঘৰৰ পৰা বহু আঁতৰৰ Vassar Collegeত নামভৰ্তি কৰি 1948 চনত মহাকাশ বিজ্ঞানৰ Bachelor's Degree আৰু পৰবৰ্তী সময়ত অৰ্থাৎ 1951 চনত Cornell Universityৰ পৰা একে বিষয়ত Master's Degree লাভ কৰে। এইবাৰ ভেইৰাই গৱেষণাৰ ক্ষেত্ৰলৈ আগবাঢ়ি গ'ল। তেওঁ গৱেষক হিচাবে 24 বছৰ বয়সত প্ৰকাশ কৰা প্ৰথমখন গৱেষণা পত্ৰত সেই সময়ত প্ৰতিষ্ঠা লাভ কৰা বিজ্ঞানৰ সৰ্বজন সমাদৃত মহানাদ তত্ব বা Big Bang Theoryৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। তেওঁৰ মতে বিশ্বব্ৰহ্মাণ্ডত তাৰকাৰাজ্যবোৰ মহানাদ তত্বত উল্লেখ কৰাৰ দৰেই সূষম ভাবে বিস্তাৰিত হৈ থকা নাই। ইয়াক লৈ বিজ্ঞানী সমাজত হৈ চৈ লাগে। বিভিন্ন দেশৰ বিজ্ঞ সমাজে ভেইৰাক কঠোৰ ভাবে সমালোচনা কৰে। এই সম্বন্ধে ভেইৰাই তেওঁৰ আত্মজীৱনীত লিখিছে: "My first paper got an enormous amount of publicity, unfortunately almost all negative" ভেইৰা বিচলিত হোৱা নাছিল। তেওঁ গৱেষণা আগবঢ়াই নিছিল একান্ত মনে। Georgetown Universityত গৱেষণা কৰি থাকোতে 1954 চনত তেওঁ আৱিষ্কাৰ কৰিলে যে বিশ্বব্ৰহ্মাণ্ডত থকা বিভিন্ন তাৰকাৰাজ্য সমূহ দৃশ্যমান পদাৰ্থ সমূহৰ মহাকৰ্ষণ শক্তিৰ উপৰিও আন এক অজ্ঞাত শক্তিৰ কবলত পৰি যেনিয়ে তেনিয়ে বিস্তাৰিত হ'ব ধৰিছে। কিন্তু আচৰিত ভাবে এই শক্তিৰ উৎস দৃশ্যমান নহয়। এই অদৃশ্য শক্তিৰ উৎসই তাৰকাৰাজ্য সমূহ ঘূৰ্ণীয়মান অৱস্থাত ৰাখি বিশ্বব্ৰহ্মাণ্ডৰ যেনিয়ে তেনিয়ে চটিয়াই দিছে। ভেইৰা ৰুবিনৰ এই গৱেষণাৰ আঁত ধৰিয়েই মহাকাশ বিজ্ঞানত অজান শক্তিৰ উৎসৰ উকমূকনি আৰম্ভ হয় আৰু পৰবৰ্তী পৰ্যায়ত এই অজ্ঞাত শক্তিৰ উৎসক কৃষ্ণ পদাৰ্থ বা Dark Matter বুলি অভিহিত কৰা হয়। 1954 চনৰ এই FLUCTUATIONS IN THE SPACE DISTRIUBTION OF THE GALAXIES নামৰ গৱেষণা গ্ৰন্থখনৰ বাবে ভেইৰা ৰুবিনক সন্মানীয় Doctorate Degree প্ৰদান কৰা হয়। যোৱা 25 ডিচেম্বৰ, 2016ত এই 88 বছৰীয়া মহীয়সী বিজ্ঞানী গৰাকীৰ পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত আমি মৰ্মাহত।

Sunday 25 December 2016

এখন নেদেখা নদীৰ সিপাৰে



ভূপৃষ্ঠৰ তলত যদি এখন নদী থাকে ! আৰু সেই নৈখন আমাৰ অগোচৰে, অতি সংগোপনে যদি বৈ থাকে !! থিক কল্প বিজ্ঞানৰ কাহিনী যেনেই লাগিব। পিছে, এইয়া কাল্পনিক কাহিনীৰ অৱতাৰণা নহয়। ভূগৰ্ভৰ বহু গভীৰতাৰ এখন নেদেখা নদীৰো আছে এক ইতিহাস। হয়, পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় 3000 কি:মি: গভীৰতাত থকা এখন বোৱতী নৈৰ কথাকেই ক'ব বিচাৰিছোঁ। পৃথিৱীৰ গভীৰ অংশত, থিক আলাস্কা আৰু ছাইবেৰিয়াৰ ভূখণ্ডৰ তলত প্ৰায় 7000 কি:মি: দীঘল আৰু প্ৰায় 420 কি:মি: বহল এখন বোৱতী নৈ আৱিষ্কাৰ হৈছে। এই নৈখন পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওফালে এক চক্ৰাকাৰ পথেৰে প্ৰবাহিত হৈ আছে। পিছে এই বোৱতী নৈখনেৰে পানী প্ৰবাহিত নহয়। পানীৰ সলনি ভূগৰ্ভৰ এই নৈখনে কঢ়িয়াই লৈ ফুৰিছে গলিত লো আৰু নিকেল নামৰ ধাতুহে ! পূবৰ পৰা পশ্চিম দিশ অভিমুখে প্ৰবাহিত এই নৈখনে প্ৰতি বছৰত 45 কি:মি: দূৰত্ব অতিক্ৰম কৰি আহিছে। শেহতীয়াকৈ বিজ্ঞানীসকলে এই নৈখনৰ গতিবেগ বৃদ্ধি হোৱা বুলি জানিব দিছে। এই নৈখনৰ গলিত লো আৰু নিকেল বোৰৰ উষ্ণতা প্ৰায় সূৰ্যৰ বহি:স্তৰৰ উষ্ণতাৰ সমান। 2013 চনৰ পৰা চলি অহা ডেনমাৰ্ক কাৰিকৰী বিশ্ববিদ্যালয় আৰু ইউৰোপিয়ান স্পেচ এজেন্সীৰ বিজ্ঞানীসকলৰ যুটীয়া গৱেষণা আৰু পৰীক্ষালব্ধ ফলাফলৰ ওপৰত প্ৰতিষ্ঠিত গৱেষণা গ্ৰন্থখন Nature Geo-scienceত প্ৰকাশিত হৈছে। ইচ্ছুক পাঠকে তলৰ লিংকটো খুলি গৱেষণা গ্ৰন্থখন পঢ়ি চাব পাৰে।
http://www.nature.com/…/jo…/vaop/ncurrent/full/ngeo2859.html

Saturday 24 December 2016

গাঁতত থকা মকৰা


আজি পুৱাতেই বনভোজলৈ যাওঁতে বনভোজস্থলীৰ পৰা প্ৰায় 3 কি:মি: মান আঁতৰৰ ভূটানৰ সীমান্ত পাৰ হৈ ফুৰিবলৈ গৈছিলো। আনন্দ উচাহৰ মাজতে আমাৰ লগতে যোৱা মোৰ একালৰ ছাত্ৰী আৰু বৰ্তমানৰ সহকৰ্মী Mitaliএ মোক কিবা এটা বিশেষ ধৰণৰ গাঁত চাবলৈ মাতিছিল। আমি উৎসুকতাৰে বিশেষ গাঁতটো চাইছিলো। ওচৰা-ওচৰিকৈ তিনিটা গাঁত, থিক পাহাৰৰ ঢালটোৰ শিলাময় ঠাইখিনিত। 
মিতালীয়ে কৈছিল: এইটো মকৰাৰ গাঁত। মকৰাটো ভিতৰলৈ সোমাই গ'ল। 

কিছুপৰ অপেক্ষা কৰিলোঁ, জানোচা মকৰাটো ওলাই আহেই ! পিছে নাহিল। মকৰাটো দেখা নেপালো যদিও সেই বিশেষ গাঁতটোৰ ফটো এখনেই লৈ আহিলোঁ। প্ৰাণীবিজ্ঞানৰ ছাত্ৰ হিচাবে এনে গাঁতত থকা মকৰা Wolf Spiderৰ বিষয়ে পঢ়িবলৈ পাইছিলো। তেনেধৰণৰ মকৰা ভূটানৰ পাদদেশতো থকাৰ সম্ভাৱনা প্ৰকট হ'ল। বিজ্ঞজনে এই বিষয়ে অধিক তথ্য প্ৰদান কৰিলে কৃতজ্ঞ হ'ম।

Tuesday 20 December 2016

আমাৰ পৃথিৱীৰো আছে দুটা জোনবাই


সভ্যতাৰ আগৰে পৰাই মানুহে পৃথিৱীৰ আকাশত জোনবাইটো দেখি আহিছে। জোনবাই পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ বুলিয়েই আমি জানো। সৌৰজগত সৃষ্টি হোৱাৰ 30ৰ পৰা 50 মিলিয়ন বছৰ পিছত অৰ্থাৎ আজিৰ পৰা প্ৰায় 4.5 বিলিয়ন বছৰ আগত পৃথিৱীখন মংগল গ্ৰহৰ সমান আকাৰৰ এটি গ্ৰহৰ লগত এক ভয়ানক মুখামুখি সংঘৰ্ষত পতিত হৈছিল। বিজ্ঞানী সকলে সেই বিশেষ গ্ৰহটো "থিয়া" নামেৰে অভিহিত কৰিছে। সেই সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা মহাজাগতিক আবৰ্জনা সমূহৰ পৰাই কালক্ৰমত আমাৰ মৰমৰ জোনবাইটো সৃষ্টি হৈছিল। এইখিনিলৈ সকলো থিকেই আছিল। পিছে শেহতীয়াকৈ নাছাৰ বিজ্ঞানীসকলে ঘোষণা কৰে যে পৃথিৱীৰ উপগ্ৰহ দুটা। শেহতীয়াকৈ আৱিষ্কাৰ হোৱা উপগ্ৰহটোক তেওঁলোকে 2016 HO3 বুলি নামাকৰণ কৰিছে। নতুনকৈ আৱিষ্কাৰ হোৱা পৃথিৱীৰ এই উপগ্ৰহটো আকাৰত তেনেই সৰু। দৰাচলতে 2016 HO3 নামৰ পৃথিৱীৰ উপগ্ৰহটোক বিজ্ঞানীসকলে Mini Moon বা "ক্ষুদ্ৰ জোন" বুলি কৈছে কিয়নো আকাৰত এই উপগ্ৰহটো এখন ফুটবল খেলপথাৰৰ সমান। বিজ্ঞানীসকলে গণনা কৰি উলিওৱা মতে এই ক্ষুদ্ৰ জোনবাইটো দীঘলে 300 ফুট আৰু পথালিয়ে মাত্ৰ 125ৰ পৰা 130 ফুট। নাছাৰ বিজ্ঞানীসকলৰ এটি দলে 2016 চনৰ এপ্ৰিল মাহৰ 27 তাৰিখে প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত হাৱাই দ্বীপৰ Pan-STARRS 1 Asteroid Survey Telescopeৰ জৰিয়তে পৃথিৱীৰ নিকটবৰ্তী স্থানত থকা আৰু পৃথিৱীৰ লগত ভৱিষ্যতে সংঘৰ্ষত লিপ্ত হোৱাৰ সম্ভাৱনা থকা বিভিন্ন উল্কাপিণ্ড বা শিলাখণ্ড সমূহৰ গতিপথ নিৰীক্ষণ কৰি থকাৰ সময়তে হঠাতে পৃথিৱীৰ চৌদিশে এক অস্বাভাৱিক অশ্বখুড়া আকৃতিৰ কক্ষপথেৰে ঘুৰি থকা এক শিলাখণ্ড আৱিষ্কাৰ কৰে। পুংখানুপুংখ অধ্যয়নৰ পিছত বিজ্ঞানীসকল নিশ্চিত হয় যে তেওঁলোকে আৱিষ্কাৰ কৰা এই শিলাখণ্ডটো পৃথিৱীৰ দ্বিতীয়টো উপগ্ৰহৰ বাহিৰে একো নহয়। পৰবৰ্তী সময়ত তেওঁলোকে এইটোও আৱিষ্কাৰ কৰে যে এই শিলাখণ্ডটো সৌৰজগতত অনাই বনাই ঘুৰাই ফুৰা এক লক্ষ্যহীন শিলাখণ্ডই আছিল। পৃথিৱীৰ কাষেৰে পাৰ হৈ যাওঁতে আজিৰ পৰা প্ৰায় 100 বছৰ আগতে এই শিলাখণ্ডটো পৃথিৱীৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰত আৱদ্ধ হৈ পৰে আৰু তেতিয়াৰ পৰাই ই পৃথিৱীক প্ৰদক্ষিণ কৰি আহিছে।

Monday 19 December 2016

যেতিয়া কাৰ্বন ডাইঅক্সাইড কঠিন শিললৈ ৰূপান্তৰিত হয়


যান্ত্ৰিক সভ্যতাৰ হাতত হাত ধৰি আমাৰ মাজলৈ নামি অহা বিভিন্ন সমস্যাৰাজিৰ মাজত গোলকীয় উষ্ণতা বৃদ্ধি এটা প্ৰধান সমস্যা। সেউজ গৃহ গেছ বা গ্ৰীন হাউচ গেছ (GHS) যেনে মিথেন, নাইট্ৰাচ অক্সাইড, ফ্লৰিণ যুক্ত গেছসমূহৰ উপৰিও কাৰ্বন ডাইঅক্সাইড প্ৰধান। সকলোবোৰ GHGৰ ভিতৰত কাৰ্বন ডাইঅক্সাইডেই গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰক বুলি প্ৰমাণিত হৈছে। কল-কাৰষাণা, মটৰগাড়ী, ঘৰুৱা ইন্ধনৰ ব্যৱহাৰ, আগ্নেয়গিৰিৰ উদ্গীৰণ আদি বিভিন্ন কাৰকৰ ফলত পৃথিৱীৰ বাতাবৰণত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ যথেষ্ট হাৰত বৃদ্ধি হৈছে। সেইবাবে বিশ্বৰ বিভিন্ন পৰিবেশ বিজ্ঞানীৰ লগতে সাধাৰণ মানুহেও ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাট বিচাৰি হাবাথুৰি খাইছে। শেহতীয়াকৈ আইচলেণ্ডৰ কেইজনমান বিজ্ঞানীয়ে এটি পদ্ধতি আৱিষ্কাৰ কৰিছে যাৰ দ্বাৰা তেওঁলোকে বিভিন্ন কল-কাৰষাণাৰ পৰা নিৰ্গত কাৰ্বন ডাইঅক্সাইড সমূহ বায়ুমণ্ডললৈ যাবলৈ নিদি ইয়াক সংগ্ৰহ কৰি পাম্পৰ সহায়ত ভূগৰ্ভলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। পৰীক্ষামূলক ভাবে আইচলেণ্ডৰ বিভিন্ন স্থানত তেওঁলোকে পাম্পৰ সহায়ত সংগ্ৰহিত কাৰ্বন ডাইঅক্সাইড ভূগৰ্ভৰ অটল গভীৰতালৈ প্ৰেৰণ কৰি আগ্নেয় শিলৰ লগত বিক্ৰিয়া সংঘটিত হ'বলৈ দিছে। এই বিক্ৰিয়াত আগ্নেয় শিলৰ মাজত থকা বেচাল্ট নামৰ খনিজ পদাৰ্থবোৰ কাৰ্বনেটৰ কিছুমান কঠিনতম পদাৰ্থলৈ সলনি হৈছে। ইয়াৰ ফলত পৃথিৱীৰ বাতাবৰণত থকা অতিৰিক্ত কাৰ্বন ডাইঅক্সাইড গেছসমূহ ভূগৰ্ভৰ অটল গভীৰতাত চিৰদিনৰ বাবে আৱদ্ধ কৰি পেলোৱাৰ পথ মুকলি হ'ল। বিজ্ঞানী সকলৰ মতে কাৰ্বন ডাইঅক্সাইড ভূগৰ্ভলৈ প্ৰেৰণ কৰাৰ ফলত সৃষ্টি হোৱা এই কঠিন কাৰ্বনেট জাতীয় কৃত্ৰিম শিলাখণ্ডসমূহ ভৱিষ্যতে ভূগৰ্ভৰ পৰা আহৰণ কৰি ইটাৰ বিকল্প হিচাপে বিভিন্ন নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিব পৰা যাব। আইচলেণ্ডৰ বিজ্ঞানীসকলৰ এই চমকপ্ৰদ আৱিষ্কাৰে অৱশ্যেই আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

Saturday 17 December 2016

17 ডিচেম্বৰ, 1903 চনৰ প্ৰথম উৰাজাহাজৰ উৰণ



মানুহৰ বহুতো সপোন থাকে। থাকে বহুতো আশা, প্ৰত্যাশা বা প্ৰবল ইচ্ছা। শতিকা জুৰি মানুহক এনে কিছুমান আশাই অস্থিৰ কৰি ৰাখিছে। আশাবোৰ সহজে পুৰণ হোৱা বস্তুও নহয়। অপূৰ্ণ আশাবোৰক পূৰ্ণতা দিবলৈ, সপোনক বাস্তৱ কৰিবলৈ কিছুমান মানুহে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখে। তেনে দুজন আমেৰিকান ভাই-ককাইৰ একানপটীয়া প্ৰচেষ্টাই ইতিমধ্যে স্থানীয় মানুহৰ মাজত এক আলোড়ন সৃষ্টি কৰিছে। 1903 চনৰ 17 ডিচেম্বৰৰ সেই ফৰকাল পুৱাৰেই পৰা মুকলি পথাৰৰ দাঁতিত কৌতুহলী জনতাই ভিৰ কৰিছেহি। ইতিমধ্যে দুয়ো ভায়েকে মানুহৰ সপোনক বাস্তৱত পৰিণত কৰাৰ প্ৰয়াসেৰে নিজ হাতে প্ৰস্তুত কৰা বিশাল আকাৰৰ উৰাজাহাজখন থেলি মুকলি পথাৰখনলৈ আনিছে। সৰু ভায়েকজনে উৰাজাহাজৰ পাইলটৰ আসনত বহি অন্তিমবাৰৰ বাবে যানখনৰ বিভিন্ন অংশবোৰত চকু ফুৰাই লৈ মাটিত ৰৈ থকা ডাঙৰ ভায়েকক ইংগিত দিলে। ডাঙৰ ভায়েকে অকণমানো সময় নষ্ট নকৰি পথাৰখনৰ সামান্য এঢলীয়া ঠাইডোখৰৰ ওপৰেদি উৰাজাহাজখন ঠেলি লৈ গ'ল। মূহুৰ্ততে উৰাজাহাজখনৰ ইঞ্জিনটোৱে গৰজি উঠিল আৰু চকুৰ পচাৰতেই পথাৰখনত ৰৈ থকা সকলো মানুহকেই চৰিত কৰি উৰাজাহাজখন আকাশৰ দিশে উৰা মাৰি গ'ল। মাটিৰ পৰা নিৰ্দিষ্ট উচ্চতালৈ গৈ প্ৰায় 12 ছেকেণ্ড আকাশত উৰি থাকি উৰাজাহাজখন পুনৰ মাটিলৈ নামি আহিল। দুয়ো ভায়েকে আনন্দত ইজনে সিজনক আকোঁৱালি ধৰিলে। আন সকলো মানুহ আচৰিত, মূক, কিংকৰ্তব্যবিমূৰ হৈ পৰিল। এয়া যে তেওঁলোকৰ সাতামপুৰুষীয়া সপোন ! মানুহে যে তেওঁলোকৰ চকুৰ সমুখতেই ৰূপকথাৰ পৰীৰ দৰেই আকাশত উৰিছে !! আজিৰ দিনটোত উৰাজাহাজৰ প্ৰথম উৰণৰ 113 বছৰ পুৰ হ'ল। দুই আমেৰিকান ভাতৃ অৰভিল ৰাইট (কণিষ্ঠ) আৰু উইলবাৰ ৰাইট (জেষ্ঠ) এই মহান আৱিষ্কাৰৰ বাবে সমগ্ৰ বিশ্বতেই বন্দিত।

Thursday 15 December 2016

হীৰাৰে গঢ়া সেই আচৰ্যকৰ গ্ৰহটো


এসময়ৰ এটি অতি বৃহৎ নক্ষত্ৰ সময়ৰ সোঁতত এটি গ্ৰহলৈ ৰূপান্তৰিত হোৱা বুলি ক'লে বিশ্বাস কৰিবলৈ অলপ অসুবিধা হয়। এবাৰ ভাবি চাওকচোন সূৰ্যটো যদিহে এদিন পৃথিৱী বা মংগল গ্ৰহৰ দৰে এটি গ্ৰহলৈ ৰূপান্তৰিত হয় !!! পিছে আজি সূৰ্যৰ বিষয়ে আলোচনা কৰিব বিচৰা নাই। ক'ব বিচাৰিছোঁ পৃথিৱীৰ পৰা প্ৰায় 4000 আলোকবৰ্ষ দূৰৰ এটি বিধ্বস্ত নক্ষত্ৰৰ কথা। আমাৰ হাতীপটী তাৰকাৰাজ্যৰ কেন্দ্ৰৰ দিশত অৱস্থিত Serpens নক্ষত্ৰপুঞ্জৰ সমীপবৰ্তী এই নক্ষত্ৰটো আমাৰ সূৰ্যতকৈ প্ৰায় 1.4 গুণে ডাঙৰ আছিল। পিছলৈ ই এটা অসাধাৰণ গ্ৰহলৈ সলনি হয়। উল্লেখযোগ্য যে এই নক্ষত্ৰটো এটা নিউট্ৰন তৰাৰ কবলত পৰি প্ৰায় বিধ্বস্ত হৈ পৰিছে। নিউট্ৰন নক্ষত্ৰবোৰ বিশ্বব্ৰহ্মাণ্ডৰ কেতবোৰ আচৰ্যকৰ তাৰকা। এই তৰাবোৰৰ ভৰ আমাৰ সূৰ্যতকৈ বহু গুণে বেছি অথচ আয়তন তেনেই নগন্য - এই ধৰক আমাৰ অসমৰ একোখন জিলাৰ সমান। কথাটো সঁচাকৈয়ে বৰ আচৰিত। পৰবৰ্তী আলোচনাত এই বিষয়ে লিখিবলৈ চেষ্টা কৰিম। নিউট্ৰন তৰাবোৰৰ বিশাল ভৰ অনুপাতে তৰাটোৰ সামান্য আয়তনে তৰাটোৰ ঘনত্ব অতিমাত্ৰা বৃদ্ধি কৰে। যদিহে পৃথিৱীখনক এটা নিউট্ৰন তৰা বুলি কল্পনা কৰা হয়, তেন্তে পৃথিৱীৰ আয়তন এচামুচ চেনিৰ সমান হ'ব অথচ ইয়াৰ ভৰ একেই থাকিব। অৰ্থাৎ তেনে অৱস্থাত আমাৰ এচামুচ আকাৰৰ পৃথিৱীখনৰ ওজন (ভৰ) একেই থাকিব। 6000000000000000000000000 (24 টা শূন্য) কেজি ভৰৰ পৃথিৱীখন যদি মাত্ৰ এচামুচ চেনিৰ আয়তনৰ সমান হয়, তেনে এখন পৃথিৱীৰ ঘনত্ব কিমান হ'ব সেইটো আপুনি নিজেই গণনা কৰি উলিয়াব পাৰিব। এনে নিউট্ৰন তৰাবোৰে এক নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে ৰেডিঅ তৰংগ নিৰ্গত কৰে। মিলিছেকেণ্ড সময়ৰ ব্যৱধানত pulseৰ দৰে তৰংগ নিৰ্গত কৰা বাবে এই তৰাবোৰক পালচাৰ বুলিও কোৱা হয়। অতি উচ্চ ঘনত্ব বিশিষ্ট এনে পালচাৰ বা নিউট্ৰন তৰাবোৰৰ মাধ্যাকৰ্ষণীয় বল কল্পনাতীত ভাবেই বেছি আৰু সেইবাবেই এই তৰাবোৰে ইহঁতৰ মাধ্যাকৰ্ষণীয় ক্ষেত্ৰৰ ভিতৰত আহি পৰা সকলো বস্তুৱেই আকৰ্ষণ কৰিব পাৰে। এতিয়া আহিছোঁ আগতে উল্লেখ কৰা বিধ্বস্ত তৰাটোৰ কথালৈ। বিজ্ঞানীসকলে এই বিশেষ তৰাটোক PSR J1719-1438b নামেৰে নামাকৰণ কৰিছে। PSR J1719-1438b নামৰ আমাৰ পৃথিৱীতকৈ প্ৰায় এক হাজাৰ গুণে ডাঙৰ এই তৰাটো এটি নিউট্ৰন তৰাৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰত বন্দী হৈ পৰাৰ ফলত নিউট্ৰন তৰাটোৱে PSR J1719-1438b নামৰ বিশেষ তৰাটোৰ উপৰিভাগৰ পৰা নিৰবছিন্ন ভাবে পদাৰ্থসমূহ আকৰ্ষিত কৰি লৈ যোৱাৰ ফলত তৰাটোৰ কেৱল কেন্দ্ৰভাগটোহে ৰৈছেগৈ যাৰ বাবে PSR J1719-1438bৰ কেন্দ্ৰত নিউক্লিয় সংযোজন বিক্ৰিয়া বন্ধ হৈ পৰিল। নিউক্লিয় সংযোজন বিক্ৰিয়া তৰাবোৰৰ জীৱনৰেখা। এই বিক্ৰিয়া অবিহনে তৰাবোৰ শক্তিহীন, উত্তাপহীন একোটা শীতল মহাজাগতিক পিণ্ড হৈ পৰে। এনে মৃত তৰাবোৰ শীতল হৈ পৰা হেতুকে সংকুচিত হ'বলৈ ধৰে। PSR J1719-1438bৰ বেলিকাও একে ঘটনাই পৰিলক্ষিত হ'ল। উপৰিভাগৰ পদাৰ্থবোৰ পালচাৰ তৰাটোৱে শোষণ কৰি নিয়াৰ পিছত মৃত নক্ষত্ৰটোৰ কেন্দ্ৰত মূলতঃ কাৰ্বন আছিল। এই সময়চোৱাত মৃত নক্ষত্ৰটো এটি শীতল গ্ৰহলৈ পৰ্যবেশিত হোৱাৰ লগতে ইয়াৰ কেন্দ্ৰত থকা কাৰ্বন পৰমাণুবোৰ সংকোচন চাপৰ ফলত হীৰাৰ স্ফটিকলৈ ৰূপান্তৰিত হৈ পৰে।পৃথিৱীতকৈ প্ৰায় 1000 গুণ ডাঙৰ PSR J1719-1438b নামৰ তৰাটো আজি সংকুচিত হৈ পৃথিৱীতকৈ প্ৰায় 5 গুণ ডাঙৰ এটুকুৰা হীৰাৰ বৃহৎ পিণ্ড হিচাবে আমাৰ পৰা প্ৰায় 4000 আলোকবৰ্ষ দূৰত অৱস্থান লাভ কৰিছে। সঁচাকৈয়ে আচৰ্যকৰ এই বিশ্বব্ৰহ্মাণ্ড।


Monday 12 December 2016

জোনবাইৰ বুকুত এজাক সপোনৰ বৰষুণ


এৰা, সপোন বুলিয়েই ধৰকচোন। জোনবাইৰ বুকুত যেনিবা নামি আহিছে এজাক বৰষুণৰ টোপালবোৰ। দুৰ্বল মাধ্যাকৰ্ষণীয় আকৰ্ষণে হাতবাউলি নিমন্ত্ৰণ কৰা বৰষুণৰ টোপালবোৰ চুচুক চামাককৈ নামি আহিছে জোনবাইৰ বুকুলৈ। লাহে লাহে সিক্ত হৈ পৰিছে জোনৰ শুকান ধুলিময় মাটিবোৰ আৰু তাৰপিছত মাটিৰ ওপৰেৰে বাগৰি বাগৰি বৰষুণৰ পানীয়ে যেনিয়ে তেনিয়ে ঢাপলি মেলিছে একোটি খৰস্ৰোতা নিজৰাৰ দৰে। আৰু তাৰপিছত....। তাৰপিছত, ধৰক আপুনি সাৰ পাই গ'ল। জোনবাইৰ বৰষুণজাকো নোহোৱা হ'ল। একমূহুৰ্তৰ বাবে হ'লেও আপুনি আচৰিত হৈ পৰিব। হয়তো ভাবিবলৈ ধৰিব: আস, কি যে খেলিমেলি এই সপোনবোৰ !!!
সপোনৰ বৰষুণ জাক এক কাল্পনিক কাহিনী। বাস্তৱত এয়া সম্ভৱ নহয়। পিছে ধৰি লোৱা হ'ল, কোনোবা মহাকাশচাৰীয়ে জোনবাইৰ বুকুত এবটল পানী ঢালি দিলে। তেতিয়া কি হ'ব? বিজ্ঞানীসকলৰ মনতো এনে প্ৰশ্নই দোলা দি গৈছিল। বিভিন্ন গৱেষণামুলক অধ্যয়নৰ পিছত তেখেতসকলে প্ৰকাশ কৰিছে যে জোনবাইৰ বুকুত পানী কেতিয়াও জুলীয়া অৱস্থাত থাকিব নোৱাৰে। বায়ুমণ্ডল নথকা বাবে জোনবাইৰ বুকুত বায়ুমণ্ডলীয় চাপ নাই। যেতিয়া পানী জুলীয়া ৰূপত জোনবাইৰ পৰিবেশত ৰখা হয়, তেতিয়া পানীৰ জুলীয়া ধৰ্ম ধৰি ৰাখিব পৰা পানীৰ অনুৰ মাজৰ আন্তঃআনবিক ব্যৱধানৰ মান ক্ৰমে বাঢ়ি যায় আৰু মূহুৰ্ততে পানীৰ অনুবোৰ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। জোনবাইৰ বুকুত এনেদৰে মুক্ত ভাবে জুলীয়া অৱস্থাত ৰখা পানী তাপ প্ৰয়োগ নকৰাকৈয়ে বাস্পলৈ ৰূপান্তৰিত হয় বা উতলে। জোনবাইৰ বুকুত মুক্ত ভাবে ৰখা পানীৰ এই গেছীয় অৱস্থাত লগে লগে আন এটা পৰিঘটনা সংঘটিত হয়। গেছীয় অৱস্থাত পানীৰ অনুবোৰৰ পৃষ্ঠটান কমি যায় আৰু সেইবাবে পানীৰ অনুবোৰৰ পৃষ্ঠকালি বৃদ্ধি পায়। ফলস্বৰূপে পানীৰ অনুবোৰে ইয়াৰ ভিতৰত আবদ্ধ কৰি ৰখা উত্তাপখিনিও বিকিৰণ প্ৰক্ৰিয়াৰ দ্বাৰা এৰি দিয়ে আৰু মূহুৰ্তৰ ভিতৰতে পানীৰ গেছীয় অনুবোৰ গোট মাৰি ক্ষুদ্ৰাকৃতিৰ বৰফৰ কণালৈ ৰূপান্তৰিত হয়। বিজ্ঞানীসকলৰ মতে জোনবাইৰ দৰে বায়ুমণ্ডলহীন পৰিবেশত স্বাভাৱিক উষ্ণতাতেই পানী একে সময়তে চেঁচা হৈ গোট মাৰে আৰু উতলেও। জোনবাইৰ বুকুত মুক্ত ভাবে ৰখা পানী একে সময়তে দুটা বেলেগ বেলেগ ৰূপত অৰ্থাৎ বাস্প আৰু বৰফ দুয়োটা অৱস্থাতে থাকিব পাৰে। কিন্তু পানী জুলীয়া অৱস্থাত দীঘলীয়া সময় ধৰি পোৱাটো অসম্ভৱ।

Sunday 4 December 2016

হাৰমনিয়ামত আঙুলি বুলোৱা পথৰ শিল্পীগৰাকী



গুজৰাটৰ এজন ৭৫ বছৰীয়া লোক। তেখেতক সকলোৱে কেশৱ লালজী বুলিয়েই জানে। পেটৰ তাড়নাত এদিন মুম্বাই পালেহি। আন্ধেৰী ৱেষ্টৰ অলিয়ে গলিয়ে এটি হাৰমনিয়ামৰ ৰিবত আঙুলি বুলাই প্ৰাণ ঢালি গীত গাই যি দুপইচা পায়, তাৰে কোনোমতে পেটৰ ভোক নিবাৰণ কৰে। এদিন প্ৰসিদ্ধ সংগীতজ্ঞ ভি সান্থাৰামে কেশৱ লালজীৰ গীত শুনি আপ্লুত হৈ তেওঁৰ লগত যাবলৈ খাটনি ধৰিলে। পিছলৈ কেশৱ লালজীয়ে ভি সান্থাৰামৰ "নাগিন" নামৰ বোলছবিখনত সংগীত পৰিবেশনৰ সময়ত হাৰমনিয়াম বজাইছিল। গুজৰাটৰ মেহচানা জিলাৰ বাসিন্দা কেশৱ লালজীয়ে মজদুৰ হিচাবে কাম কৰিয়েই সংসাৰখন চলাই নিচিল। সৰুৰে পৰা সংগীতত ৰাপ থকা কেশৱ লাল জীয়ে কৰ্ম ব্যস্ততাৰ মাজতো সময় উলিয়াই মহেন্দ্ৰ কাপুৰ, হেমন্ত কুমাৰ আদিৰ লগত বিভিন্ন সময়ত সংগীতৰ অনুষ্ঠান সমূহত বাদ্য সংগত কৰিছিল। তেনে সময়তেই তেওঁৰ এজন পুত্ৰৰ মৃত্যু হয়। শোকাতুৰ কেশৱ লালজীয়ে তেতিয়াই গুজৰাট এৰি ডিঙিত হাৰমনিয়ামটো ওলোমাই লৈ ভাৰতবৰ্ষৰ দিহিঙে দিপাঙে ঘুৰি ফুৰি এদিন মুম্বাই পালেহি। পুণেৰ ওভাৰব্ৰীজৰ তল অথবা আন্ধেৰীৰ ফুটপাথ -- সকলোতে কেশৱ লালজী এজন পৰিচিত ব্যক্তি। তেওঁৰ গুণমুগ্ধৰ অভাব নাই। হাতত হাৰমনিয়ামখন লৈ গাই গৈছে : হ্যায় আপনা দিল তো আৱাৰা....

কেশৱ লালজীক সকলোৱে ভাল পায়। সন্মান কৰে। তেওঁৰ গীত শুনিবলৈ তেওঁলোকে ভীৰ কৰেহি আন্ধেৰীৰ ফুটপাথবোৰ। সংগীত সম্ভৱতঃ মানুহৰ দ্বাৰা আৱিষ্কৃত আৱিষ্কাৰবোৰৰ ভিতৰত শ্ৰেষ্ঠতম। মুম্বাইৰ যান্ত্ৰিকতাৰ ফাঁকে-ফাঁকে আন্ধৰীৰ সংগীত প্ৰিয় মানুহবোৰে ১৭খন গণেশ পূজা সমিতিৰ সহযোগত কেশৱ লালজীৰ বাবে ধন সংগ্ৰহ কৰাৰ বাবে এখন আঁচনি প্ৰস্তুত কৰি উলিয়ালে আৰু হাতে কামে লাগি গ'ল। এই সংগৃহীত ধনেৰে তেওঁলোকে মুম্বাইত Slum Rehabilitation Authority schemeৰ অধীনত কেশৱ লালজীক এটি দুকোঠলীয়া ঘৰ কিনি দিলে। বৰ্তমান কেশৱ লালজী তেওঁৰ পত্নীৰ সৈতে সেই ঘৰটোত বাস কৰে। ডিঙিত হাৰমনিয়ামটো ওলোমাই লৈ পত্নীৰ সৈতে আন্ধেৰীৰ ফুটপাথত এতিয়াও গীত গাই ফুৰে কেশৱ লালজীয়ে : আৱাৰা হু.....

পোষ্টৰ লগত সন্নিবিষ্ট ভিডিঅটো :
https://www.youtube.com/watch?v=hsPMHfObPI8&t=5s

Monday 28 November 2016

ভৱিষ্যত প্ৰজন্মৰ বাবে এটি সূৰ্যোদয়ৰ স্কেছ.



আজিৰ পৰা 4 বিলিয়ন বছৰ পিছত আমাৰ উত্তৰাধিকাৰী সকলে পৃথিৱীৰ পৰা যেতিয়া সূৰ্যোদয় দেখা পাব, তেতিয়া গোটেই আকাশখন সুৰুযেই ঢাকি ৰাখিব। পূৱ আকাশৰ সমগ্ৰ দিগবলয় আগুৰি ধীৰে-ধীৰে উদিত হ'ব দৈত্যকায় ৰঙচুৱা বেলি। হয়তো তেতিয়ালৈ বুধ আৰু শুক্ৰ গ্ৰহ দুটা গ্ৰাস কৰি পৃথিৱী অভিমুখে প্ৰসাৰিত কৰি আনিব সুৰুয তেওঁৰ অৱয়ব। প্ৰচণ্ড উষ্ণতা, চুম্বকীয় প্ৰবাহ, সৌৰ-ধুমুহা আদিৰ কঠিনতম পৰিবেশৰ মাজতো যদিহে ভৱিষ্যত প্ৰজন্মই জীয়াই থকাৰ গোপন মন্ত্ৰ বিচাৰি পাই, তেন্তে তপ্ত, অৰ্ধগলিত পৃথিৱীৰ বুকুৰ পৰা ৰাতিপুৱাৰ সূৰ্যোদয় ওপৰৰ ছবিখনত দেখাৰ দৰেই দেখা যাব।

সাগৰতলিৰ খোজকঢ়া মাছবোৰ



আটলাণ্টিক মহাসাগৰৰ অটল গভীৰতাত এবিধ মাছে ভৰিৰে বগুৱা বাই চলা-ফুৰা কৰে বুলি ক'লে বিশ্বাস কৰিবলৈ টানেই হয়। পিছে আচৰিত হ'লেও কথাটো সঁচা। প'ৰ্টৰিকো উপকুলৰ দাঁতি কাষৰীয়া Mona Canyon নামৰ অঞ্চলটোত এদল বিজ্ঞানীয়ে কৰা অনুসন্ধানমূলক অধ্যয়নৰ সময়ত তেওঁলোকে এই আচৰিত তথা বিস্ময়কৰ মাছ বিধ আৱিষ্কাৰ কৰে। বিজ্ঞানীসকলৰ ভাষাত এই মাছবোৰ Anglerfish আৰু এইবোৰৰ বৈজ্ঞানিক নাম Chaunax pictus. এই মাছবোৰ Pink frogmouth নামেৰে বেছিকৈ পৰিচিত। এই মাছবোৰে সমুদ্র পৃষ্ঠৰ পৰা 350 মিটাৰৰ পৰা 950 মিটাৰ গভীৰতাত পোৱা যায়। আন মাছৰ দৰেই এই Pink frogmouth মাছবোৰেও ফিচা (Fin)ৰ সহায়ত সাতুৰি নাদুৰি ফুৰিব পাৰে। পিছে সাগৰতলিত উপস্থিত হ'লে এই মাছবোৰে ফিচাবোৰ বিশেষভাৱে ভৰিৰ দৰে ব্যৱহাৰ কৰি খোজকাঢ়ি চলা-ফুৰা কৰিব পাৰে। বিজ্ঞানীসকলে আৱদ্ধ কৰি ৰখা সেই খোজকাঢ়ি ফুৰা Pink frogmouth মাছৰ এটি ভিডিঅৰ বাবে তলৰ লিংকটো খুলি চাব পাৰে। 
https://youtu.be/FPe7WwL-enI

Sunday 20 November 2016

আলুখেতিৰ মাজত অৱতৰণ কৰা মহাকাশচাৰীজন


আন্না টাখটাৰোভা আৰু তেওঁৰ নাতিনী ৰীতা তেতিয়া আলু খেতিডৰাৰ মাজত আলুৰ মাজে মাজে গজি উঠা জংঘল চফা কৰাত ব্যস্ত। 1961 চনৰ 12 এপ্ৰিলৰ এটি সেমেকা পুৱা। শীতৰ প্ৰকোপকো নেওচি দুয়োজনেই কামত ব্যস্ত। হঠাতেই তেওঁলোক দুয়ো চকিত হৈ পৰিল। আকাশৰ পৰা পাক ঘূৰণী খাই কিবা এটা আচহুৱা বস্তু তীব্ৰ বেগে মাটিলৈ ধাৱমান হৈছে। কি কৰিব, কি নকৰিব ভাবি থাকোতেই হঠাৎ পেৰাচুট এটা খোল খালে আৰু সুমথিৰা বৰণৰ আচহুৱা পোচাক আৰু বগা হেলমেট পিন্ধা এজন মানুহ মাটিত নামি হাত দুখন ওপৰলৈ দাঙি চিঞৰি চিঞৰি তেওঁলোকৰ দিশে আগবাঢ়ি আহিল।
: মই আপোনালোকৰ বন্ধু। অনুগ্ৰহ কৰি ভয় নকৰিব।

টাখটাৰোভাই কিছু পৰিমাণে সকাহ পালে। নাতিনীয়েক ৰীতা কিন্তু ভয়ত কম্পমান। অনতিদূৰৰ খেতি পথাৰৰ মাজত প্ৰকাণ্ড লোৰ গোলাকাৰ এটি পিণ্ড পৰি আছে। সামান্য সাহস গোটাই টাখটাৰোভাই অজান অতিথিক উদ্দেশ্যি সুধিলে- 
: আপুনি বাৰু সেই তেৱেই নেকি যিজনে আকাশলৈ গৈছিল?
: হয়, হয় ! মই ছোভিয়েটৰ য়ুৰি। য়ুৰি গেগাৰিণ.....

ছোভিয়েট ৰাচিয়াৰ ক্লাচিনো নামৰ এখন অখ্যাত গাৱঁৰ এজন কাঠমিস্ত্ৰীৰ ঘৰত 1934 চনত জন্ম হৈছিল ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখোৱা প্ৰথম মহাকাশচাৰী য়ুৰি গেগাৰিণ। 16 বছৰ বয়সতে ধাতুৰ কাৰষাণাত কাম কৰাৰ উদ্দেশ্যে মস্কোলৈ গুচি যোৱা গেগাৰিণে এই কামত কোনোমতেই মন বহুৱাব নোৱাৰাত চাৰাটোভ নামৰ আন এখন ঠাইলৈ গৈ উৰণ প্ৰশিক্ষণ কেন্দ্ৰত পাইলট হোৱাৰ আশাৰে নাম ভৰ্ত্তি কৰিলে। 1957 চনত এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ ছোভিয়েট ৰাচিয়াৰ যুজাৰু বিমানৰ বৈমানিক হিচাবে যোগদান কৰে। পাইলট হিচাবে য়ুৰি গেগাৰিণে যি দক্ষতা প্ৰদৰ্শন কৰিছিল তাৰ সুবাদতেই 1960 চনত আন 19 জন বৈমানিকৰ লগত তেওঁকো ছোভিয়েট ৰাচিয়াৰ মহাকাশ কাৰ্যক্ৰমৰ বাবে নিৰ্বাচন কৰা হয়। মহাকাশচাৰীৰ কঠিন প্ৰশিক্ষণৰ অন্তত ছোভিয়েট বিজ্ঞানীসকলে য়ুৰি গেগাৰিণকেই আটাইতকৈ উপযুক্ত বুলি বিবেচনা কৰে আৰু তেওঁলোকৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে হাতে কামে আগবাঢ়ে।
সেয়া 1961 চনৰ 12 এপ্ৰিল। ছোভিয়েট ৰাচিয়াৰ বৈকানুৰৰ কচমোড্ৰ'মত ভষ্টক-১ নামৰ মহাকাশ যানখন ইতিমধ্যে শেষ বাৰৰ বাবে পৰীক্ষা কৰা হৈ গৈছে। মহাকাশলৈ যাবলগীয়া প্ৰথমজন ব্যক্তি য়ুৰি গেগাৰিণ ধীৰ খোজেৰে মহাকাশ যানখনৰ দিশে আগুৱাই আহি সকলোৰে অভিবাদন গ্ৰহণ কৰিলে আৰু জখলা বগাই লাহে লাহে মহাকাশ যানখনৰ একেবাৰে ওপৰত অৱস্থিত কেপচুলটোৰ দিশে আগবাঢ়িল। কেপচুলৰ ভিতৰত প্ৰবেশ কৰাৰ আগ মূহুৰ্তত তেওঁ এবাৰ তললৈ চালে আৰু হাত জোকাৰি তলত থিয় হৈ থকা লোকসকলক সম্বোধন কৰি ৰাচিয়ান ভাষাত ক'লে-
: "Poyekhali" অৰ্থাৎ Let's Go ! 
তলৰ পৰা সকলোৱে হাত জোকাৰি সহাৰি জনালে।
: Don't worry, I'll be back.
সময় তেতিয়া পুৱা 9:07. এটি ফৰকাল ৰাতিপুৱা। ইতিমধ্যে কাউণ্ট ডাউন আৰম্ভ হৈ গৈছে।
5... 4... 3.... 2.... 1.... 0....
মূহুৰ্ততে সুমথিৰা ৰঙৰ ধোঁৱাৰ অকোৱা পকোৱা ৰেখা টানি আকাশ অভিমুখে উৰা মাৰিলে ভষ্টক-১ নামৰ মহাকাশ যানখন। উৰণৰ মাত্ৰ 11 মিনিট পিছতেই অৰ্থাৎ ৰাতিপুৱা 9:18 বজাত ভষ্টক-১ক সফলতাৰে পৃথিৱীৰ চৌদিশৰ নিৰ্দ্দিষ্ট কক্ষপথত স্থাপন কৰি ছোভিয়েট ৰাচিয়াৰ বিজ্ঞানীসকলে এটা অসম্ভৱ যেন লগা সপোন বাস্তৱত ৰূপায়িত কৰি তোলে। য়ুৰি গেগাৰিণক যদিও সফলতাৰে মহাকাশলৈ পঠিওৱা হৈছিল, তেখেতৰ অৱতৰণ কিন্তু মসৃণ নাছিল। R-7 নামৰ প্ৰক্ষেপক যানখনৰ পৰা ভষ্টক-১ আঁতৰি আহোতে চাৰ্ভিচ মডিউলটো যান্ত্ৰিক বিজুতিৰ বাবে পৃথক হ'ব পৰা নাছিল। ফলত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰাৰ সময়ত ভষ্টক-১এ তীব্ৰ জোকাৰণি সহ্য কৰিবলগীয়া হৈছিল। সেই সময়ত এটা সাম্ভাব্য দূৰ্ঘটনাৰ অজান আশংকাত বিজ্ঞানীসকলৰ হিয়া দুৰু দুৰুকৈ কঁপিছিল। পিছে এই বিপৰ্যয়ৰ সময়তো বিচলিত নহৈ চাৰ্ভিচ মডিউলটোৱে মাটিত আঘাট কৰাৰ আগমূহুৰ্তত য়ুৰি গেগাৰিণে পেৰাচুটৰ সহায়ত মডিউলৰ পৰা ওলাই আহি ভল্গা নদীৰ পাৰৰ আলুখেতি এডৰাৰ মাজত সফলতাৰে অৱতৰণ কৰি প্ৰথম মহাকাশচাৰী হিচাবে ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি গ'ল।
তলৰ লিংকটোত গেগাৰিণৰ মহাকাশ যাত্ৰা আৰু অৱতৰণৰ ভিডিঅ পাব :

পত্ৰাকৃতিৰ পতংগ বা Leaf Insect


গছৰ ডালত বতাহত নাচি-বাগি থকা প্ৰতিটো সেউজীয়া গঠনকেই গছৰ পাত বুলি ভুল নকৰিব। জীৱবিজ্ঞানৰ ভাষাত পতংগ শ্ৰেণীৰ Phylliidae গোত্ৰৰ অন্তৰ্গত এবিধ পতংগ সাইলাখ গছৰ পাতৰ দৰেই। এই পতংগবোৰক "Leaf Insect" বা "Walking Leaf" বুলি কোৱা হয়। খাদ্যৰ সন্ধানত অথবা শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ কেতবোৰ প্ৰাণীয়ে পাৰিপাৰ্শ্বিক বাতাবৰণৰ লগত সম্পূৰ্ণকৈ মিলি যায়। সাইলাখ গছৰ পাত যেন লগা এই পতংগবোৰে বিভিন্ন পতংগভোজী চৰাই বা আন প্ৰাণীৰ চকুত ধুলি দি জীৱন অতিবাহিত কৰিব পাৰে। প্ৰাণীবোৰে অৱলম্বন কৰা এনে কৌশলক Mimicry বুলি কোৱা হয়। এনে ধৰণে Mimicry কৌশল প্ৰয়োগ কৰি শত্ৰুৰ পৰা বাচি থকাৰ উপৰিও এই পতংগবোৰে আন এটি কৌশলেৰেও শত্ৰুৰ পৰা বাচিবলৈ চেষ্টা কৰে। এই পতংগবোৰে শত্ৰুৰ মুখামুখি হ'লে পলোৱাৰ সময়ত এক বিশেষ ভংগীমাত এখোজ আগলৈ আৰু এখোজ পিছলৈ দি খোজকাঢ়ি এনে ধৰণে গতি কৰে যে পতংগভোজী চৰাই বা আন প্ৰাণীবোৰে এই পতংগটোক বতাহে উৰুৱাই নিয়া গছৰ সৰা পাত বুলিয়েই ভুল কৰে। সেই বাবেই এই পতংগটোক walking leaf বুলিও কোৱা যায়। এই পতংগবোৰৰ আন এটা বিশেষত্ব এই যে কৈশোৰ দশাৰ পৰা পূৰ্ণাংগ অৱস্থা পাবলৈ ই কেইবাবাৰো মোট সলাব (molting) লাগে। এই সময়চোৱাত যদিহে কোনো দুৰ্ঘটনাত পতংগটোৱে ইয়াৰ ভৰি এখন হেৰুৱাই, তেন্তে সেই ভৰিখন regeneration প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ সৃষ্টি হয়। অৱশ্যে পৈণত অৱস্থা প্ৰাপ্ত হোৱাৰ পিছত এই ক্ষমতা লোপ পায়। Walking leaf নামৰ পতংগবোৰে যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে যদিও মাইকী পতংগবোৰে মতা পতংগ নোহোৱাকৈও কুমাৰী জনন বা Parthenogenesis পদ্ধতিৰে সন্তান জন্ম দিব পাৰে। অৱশ্যে এই সন্তানবোৰ মাইকী পতংগ হয় !

Sunday 30 October 2016

ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য


ধ্ৰুৱতৰা উত্তৰ আকাশৰ এটি নক্ষত্ৰ। পৃথিৱীৰ পৰা প্ৰায় 430 আলোকবৰ্ষ আঁতৰত থকা এই তৰাটোক Polaris বা Pole Star বুলিও কোৱা হয়। পৃথিৱীৰ পৰা দূৰত্ব অনুসৰি যিহেতু ধ্ৰুৱতৰাৰ পৰা পোহৰ আহি পৃথিৱী পাবলৈ 430 বছৰ সময়ৰ প্ৰয়োজন, সেয়েহে আজি আপুনি দেখা এই ধ্ৰুৱতৰাটো প্ৰকৃততে 430 বছৰ আগৰ ধ্ৰুৱতৰাহে। আজিৰ তাৰিখৰ ধ্ৰুৱতৰাটো পিছে পৃথিৱীত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কোনোবা বংশধৰে আজিৰ পৰা 430 বছৰ পিছতহে দেখা পাব। সময় আগবঢ়াৰ লগে-লগে ৰাতিৰ আকাশত প্ৰতিটো তৰাই আপাততঃ পূৱৰ পৰা পশ্চিমলৈ স্থান সলনি কৰে যদিও ধ্ৰুৱতৰাটো বৰ্তমান পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ থিক উত্তৰ দিশত অৱস্থান লাভ কৰা হেতুকে এই তৰাটো সদায় একে স্থানতেই থকা যেন লাগে। পৃথিৱীৰ পৰা দৃশ্যমান এই ধ্ৰুৱতৰাটো সদায় আকাশৰ উত্তৰ দিশত দেখা পোৱা বাবে অতীতৰ পৰাই ধ্ৰুৱতৰাটো দিশ নিৰ্ণয় কৰাত ব্যৱহাৰ হৈ আহিছে। যদিওবা আমি ধ্ৰুৱতৰাটো সদায় আকাশৰ উত্তৰ দিশত অৱস্থান কৰি অহা বুলি জানো, বিজ্ঞানীসকলে তথ্য দাঙি ধৰিছে যে আজিৰ পৰা 3000 বছৰ আগত Thuban নামৰ তৰাটোহে ধ্ৰুৱতৰাৰ স্থানত অৰ্থাৎ পৃথিৱীৰ আকাশৰ থিক উত্তৰ দিশত আছিল। নিজ অক্ষৰ ওপৰত ঘূৰ্ণনৰ সময়ত পৃথিৱীয়ে লাটুম এটাৰ দৰে দুলি দুলি আগবাঢ়ে আৰু সেইবাবে পৃথিৱীৰ অক্ষডাল স্থিৰ হৈ নেথাকি বেলেগ বেলেগ দিশলৈ স্থানান্তৰিত হয়। ফলস্বৰূপে পৃথিৱীৰ অক্ষৰ উত্তৰ দিশত অৱস্থান লাভ কৰা তৰাবোৰো সময়ে সময়ে সলনি হৈ থাকে। আজিৰ পৰা প্ৰায় 3000 বছৰ পূৰ্বে Thubanক আঁতৰাই ধ্ৰুৱতৰাই এই স্থান দখল কৰিছিল যদিও আজিৰ পৰা প্ৰায় 2100 বছৰ পিছত Gamma Cephei বা বাসুকী নক্ষত্ৰটোৱে এই স্থান দখল কৰিব। একেদৰে আজিৰ পৰা 13000 বছৰ পিছত ভেগা নামৰ উজ্জ্বল তৰাটোৱে ধ্ৰুৱতৰাৰ স্থান গ্ৰহণ কৰিব। অৰ্থাৎ ধ্ৰুৱতৰা সদায়েই আমাৰ উত্তৰ আকাশৰ তৰা হৈ নেথাকে। ধ্ৰুৱতৰাটো এটা "শ্বেত-দানৱ" বা White Supergiant তৰা। প্ৰায় 35 মিলিয়ন কিলোমিটাৰ ব্যাসাৰ্ধৰ ধ্ৰুৱতৰাটো আমাৰ সূৰ্যতকৈ 50 গুণে ডাঙৰ আৰু ইয়াৰ ভৰো সূৰ্যতকৈ প্ৰায় 5 গুণ বেছি। এইখিনিতেই উল্লেখ কৰাটো ভাল যে যদিও খালী চকুৰে আমি ধ্ৰুৱতৰা হিচাপে এটা তৰাকেই দেখো, প্ৰকৃততে ইয়াত তিনিটা তৰাই একেলগে থাকি এখন ত্ৰিতাৰকাতন্ত্ৰ বা Tripple Star system গঢ়ি তুলিছে। এই তাৰকাতন্ত্ৰৰ তৰাকেইটা হ'ল - Polaris A, Polaris Ab আৰু Polaris B. ইয়াৰ ভিতৰত Polaris Aক আমি ধ্ৰুৱতৰা বুলি কওঁ। Polaris Ab আৰু Polaris B তৰা দুটা শ্বেত বামণ শ্ৰেণীৰ তৰা হোৱা হেতুকে এই তৰাদুটা ধুসৰ আৰু দূৰবীন যন্ত্ৰ অবিহনে দেখা পোৱা নেযায়। আন কিছুমান বিজ্ঞানীৰ মতে এই তাৰকাতন্ত্ৰখনত আৰু দুটা অনুজ্বল তৰা Polaris C আৰু Polaris D আছে। যদি সেইয়া সঁচা হয়, তেন্তে এই তাৰকাতন্ত্ৰত পাঁচটা তৰা থকাটো নিশ্চিত।

কেন্সাৰ প্ৰতিৰোধী আৰু প্ৰতিকাৰী ঔষধ আৱিষ্কাৰ


প্রাণীৰ শৰীৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কোষ থাকে। এই কোষবোৰ একোটা নির্দিষ্ট সময়ৰ পিছত মৃত্যু মুখত পৰে আৰু ইয়াৰ ঠাইত কোষ বিভাজন প্ৰক্ৰিয়াৰে নতুন কোষ নিয়ন্ত্রিত আৰু নিয়মিত ভাবে সৃষ্টি হৈ থাকে। যেতিয়া আমাৰ দেহৰ এই কোষবোৰ কোনো অজ্ঞাত কাৰণত অনিয়ন্ত্রিত ৰূপত কোষ বিভাজনৰ দ্বাৰা বাঢ়ি আহিব ধৰে তেতিয়াই ছালৰ তলত অতিৰিক্ত কোষবোৰে লদা বান্ধে। এনে কোষীয় লদাবোৰকেই টিউমাৰ বোলা হয়। এই টিউমাৰবোৰ বিনাইন বা ম্যালিগন্যান্ট জাতীয় হ'ব পাৰে। ম্যালিগন্যান্ট টিউমাৰকেই আমি কেন্সাৰ বুুলি কওঁ। অনিয়ন্ত্রিত ৰূপত বিভাজনক্ষম হৈ কোষবোৰে আমাৰ দেহত সৃষ্টি কৰা এনে কলাকে নিওপ্লাচিয়া (টিউমাৰ) বোলা হয়। এই নিওপ্লাস্টিক কোষবোৰে আশেপাশে থকা কলাসমূহক ভেদ কৰিব নোৱাৰিলে তেনে টিউমাৰক আমি নিৰীহ বা বিনাইন টিউমাৰ বুলি কওঁ। বিনাইন টিউমাৰে কেন্সাৰ সৃষ্টি নকৰে। আনহাতে নিওপ্লাচিয়া সমূহ কলা ভেদক ক্ষমতা সম্পন্ন হলে তেনে টিউমাৰক ম্যালিগন্যান্ট টিউমাৰ বা কেন্সাৰ বোলা হয়। বেছিভাগ কেন্সাৰেই প্রথমে বিনাইন টিউমাৰ হিচাবে আৰম্ভ হয়। পৰৱৰ্তী সময়ত বিভিন্ন অজ্ঞাত কাৰণত তাৰ মাজৰেই কিছুমান কোষ পৰিবর্তিত হৈ ম্যালিগন্যান্ট অর্থাৎ কলাতন্ত্ৰ ভেদক ক্ষমতাযুক্ত হৈ যায় আৰু দেহত কেন্সাৰ সৃষ্টি কৰে। কেন্সাৰ ৰোগৰ ফলপ্ৰসু চিকিৎসা ব্যৱস্থা নোহোৱা হেতুকে বহু ৰোগীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। অৱশ্যে ৰোগৰ আৰম্ভণিতেই যদি কেন্সাৰ ধৰা পেলাব পৰা যায়, তেন্তে কেন্সাৰ ৰোগৰ প্ৰতিকাৰ সম্ভৱ। শেহতীয়াকৈ বিজ্ঞানীসকলে আমালৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। ফ্ৰান্সৰ আন্তৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল কোম্পানী Servier আৰু UKৰ কোম্পানী Vernalisৰ বিজ্ঞানীসকলৰ যুটীয়াভাবে চলোৱা গৱেষণাত আৱিষ্কৃত হৈছে এবিধ বিশেষ ৰসায়নিক পদাৰ্থ Servier compound -- S63845 যাৰ সহায়ত মৃত্যুদুতৰূপী কেন্সাৰ প্ৰতিৰোধ কৰাৰ লগতে কেন্সাৰৰ প্ৰতিকাৰো সম্ভৱ হৈ পৰিব। S63845 নামৰ ৰসায়নিক পদাৰ্থটোৱে আমাৰ দেহত MCL1 নামৰ এবিধ প্ৰটিনৰ সংশ্লেষণ প্ৰক্ৰিয়াত বাধক হিচাবে কাম কৰে। উল্লেখযোগ্য যে MCL1 নামৰ প্ৰটিনে আমাৰ দেহত কেন্সাৰ সৃষ্টিকাৰী কোষৰ জন্ম দিয়ে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। সেয়েহে S63845 নামৰ ৰসায়নিক পদাৰ্থবিধ কেন্সাৰ ৰোগীৰ দেহত প্ৰয়োগ কৰিলে এই পদাৰ্থটোৱে দেহৰ সাধাৰণ কোষৰ কোনো হানি নকৰাকৈ যিহেতু MCL1 প্ৰটিনৰ সংশ্লেষণ বন্ধ কৰি দিয়ে, সেয়ে ৰোগীজনৰ দেহত নতুনকৈ কোনো কেন্সাৰ কোষ সৃষ্টি হ'ব নোৱাৰে। তদুপৰি MCL1ৰ অভাৱত ইতিমধ্যে দেহত সৃষ্টি হোৱা কেন্সাৰ কোষবোৰো যিহেতু মৃত্যু মুখত পতিত হয়, কেন্সাৰ ৰোগীসকল সহজেই ৰোগৰ পৰা মুক্ত হৈ পৰে।

Thursday 27 October 2016

মৃত্যু উপত্যকাৰ চলমান শিলবোৰ


যদি শিলে আপোনা আপুনি স্থান সলনি কৰে ! হয়, থিকেই কৈছোঁ, চলা-ফুৰা কৰিব পৰা শিলৰ কথাকেই ক'ব ওলাইছো। কেলিফৰ্ণিয়াৰ ডেথ ভেলি বা মৃত্যু উপত্যকাৰ কেতবোৰ প্ৰকাণ্ড আকৃতিৰ শিলাখণ্ডই ৰেচ ট্ৰেক প্লায়াৰ বিস্তৃৰ্ণ এলেকাৰ মাজেৰে যেনিবা দৌৰ প্ৰতিযোগিতাতহে অংশ লৈছে !! এই শিলবোৰ আপুনি আজি য'ত দেখা পায় অহাকালি তাৰ পৰা কিছু আঁতৰৰ আন এটুকুৰা স্থানত দেখা পাব। এনেদৰে স্থান সলনি কৰা শিলবোৰে এৰি অহা বাটত চুচৰি অহাৰ চিন ৰাখি যায়। প্ৰথমতে এই চলমান শিলবোৰ কোনোবা মানুহ বা বন্য জন্তু অথবা বতাহৰ তীব্ৰ বেগে চোচৰাই নিয়ে বুলি সন্দেহ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ জিপিএচ ব্যৱহাৰ কৰি বৰ্তমানৰ ভূবিজ্ঞানীসকল শিলবোৰ আপুনা আপুনি চলাচল কৰে বুলি পতিয়ন গৈছে। 1948 চনত প্ৰথমবাৰৰ বাবে এই চলমান শিলবোৰ মানুহৰ চকুত পৰে। কিন্তু কোনেও এই ৰহস্যৰ উপযুক্ত বৈজ্ঞানিক ব্যাখ্যা দিব পৰা নাছিল। 1955 চনত এম ষ্টেনলি নামৰ এজন গৱেষকে শিলাখণ্ড সমূহৰ এই ৰহস্যময় গতিৰ কাৰণ অঞ্চলটোৰ চৌদিশে থকা বৰফ বুলি ব্যাখ্যা আগবঢ়াইছিল। আনহাতে 1976 চনত ৰবাৰ্ট চাৰ্প আৰু ডুৱেই কাৰ নামৰ বিজ্ঞানী দুজনে অঞ্চলটোত সদায়ে বলা তীব্ৰবেগী বতাহ আৰু বায়ুৰ চাপৰ বাবে এই শিলবোৰ চলমান অৱস্থাত থাকে বুলি মত প্ৰকাশ কৰে। পিছে আধুনিক বিজ্ঞানত উপৰোক্ত দুয়োটা মতবাদেই গৃহীত নহ'ল। সত্যৰ অন্বেষণত বিজ্ঞানী সকল এতিয়াও ব্যস্ত। হয়তো অচিৰেই আপুনি বা মই জানিব পাৰিম এই শিলবোৰৰ এনে বিচিত্ৰ চলাচলৰ প্ৰকৃত ৰহস্য।

ফ'টন কণিকাৰ বিষয়ে যৎকিঞ্চিত


বচন কণিকাৰ শ্ৰেণীভুক্ত আৰু ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতম কণিকাবোৰৰ ভিতৰৰ অন্যতম হিচাবে পৰিগণিত হোৱা এবিধ ক্ষুদ্ৰ কণাই হ'ল ফ'টন কণিকা। আকাৰত ক্ষুদ্ৰ হ'লেও বেগৰ ক্ষেত্ৰত অসাধাৰণ এই কণিকাবোৰে মহাবিশ্বৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। বিশ্বব্ৰহ্মাণ্ড আলোকিত কৰি ৰখা ভৰহীন ফ'টন কণিকাবোৰৰ জীৱনকালো অনন্ত। ফ'টন কণিকাবোৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত শক্তিৰ যোগান ধৰি সম্ভৱ কৰি তুলিছে পৃথিৱীত জীৱনৰ অন্যতম প্ৰয়োজনীয় উপাদান খাদ্য। মহাবিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বিভিন্ন বাৰ্তা সমূহ তড়িৎ গতিৰে কঢ়িয়াই লৈ ফুৰিছে এই ফ'টন কণিকাবোৰে। বিশ্বব্ৰহ্মাণ্ডত ফ'টন কণিকাবোৰৰ যাত্ৰাৰ কোনো নিৰ্দিষ্ট সময় অথবা সীমাৰেখা নাই। অনাদি অনন্ত কাললৈ বিশ্বব্ৰহ্মাণ্ডৰ কৌটি কৌটি আলোকবৰ্ষ দূৰত্ব অতিক্ৰম কৰিও ভাগৰি নপৰে এই ফ'টন কণাবোৰ। বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন স্থানত বিভিন্ন পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত এই ফ'টন কণাবোৰৰ জন্ম হয়। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতৰ অধিকাংশ পোহৰ সূৰ্যৰ পৰাই পাওঁ। সূৰ্যৰ পোহৰত থকা ফ'টন কণিকাবোৰ সূৰ্যৰ কেন্দ্রভাগত সংঘটিত হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াৰ সময়ত সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰভাগত প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হাইড্ৰজেন পৰমাণুবোৰৰ কক্ষপথত পৰিভ্ৰমণ কৰা ইলেকট্ৰণ উত্তেজিত হৈ পৰমাণুটোৰ পৰা আঁতৰি যায়। ফলত সূৰ্যৰ কেন্দ্ৰত হাইড্ৰজেনৰ অৱশিষ্ট হিচাপে কেৱল প্ৰ'টন কণাবোৰহে ৰৈ যায়। সমধৰ্মী আধানযুক্ত এই প্ৰ'টনবোৰ স্বাভাৱিকতে দূৰে দূৰে থাকিব লাগে যদিও সূৰ্যৰ কেন্দ্ৰভাগৰ প্ৰচণ্ড চাপে এনে প্ৰ'টনবোৰক পৰস্পৰৰ কাষ চপাই আনে আৰু একেলগে থাকিবলৈ বাধ্য কৰে। সূৰ্যৰ কেন্দ্ৰত থকা এনে দুটা প্ৰ'টন কণাৰ এটা নিউট্ৰন কণালৈ ৰূপান্তৰিত হয় আৰু এনে অৱস্থাত আনটো প্ৰ'টনৰ লগত নতুনকৈ সৃষ্টি হোৱা এই নিউট্ৰন কণাটো লগ হৈ পুনৰ এটা ডয়টেৰিয়াম পৰমাণু সৃষ্টি কৰে। পৰবৰ্তী সময়ত এই ডয়টেৰিয়াম পৰমাণুৰ লগত পুনৰ প্ৰ'টন কণিকাৰ নিউক্লিয় সংযোজন হয় আৰু প্ৰথমে এটি হিলিয়াম-3 আৰু পিছত এটি হিলিয়াম-4 পৰমাণু সৃষ্টি কৰে। এই প্ৰ'টন-প্ৰ'টন শৃংখল বিক্ৰিয়াৰ সময়ত সূৰ্যৰ কেন্দ্ৰত ফ'টন কণা সমূহৰ সৃষ্টি হয়। সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হোৱা এই ফ'টন কণাবোৰ সূৰ্যৰ কেন্দ্ৰভাগৰ পৰা পৰিচলন আৰু বিকিৰণ পদ্ধতিৰে সূৰ্যৰ আলোকমণ্ডল ভেদ কৰি সূৰ্যৰ পৃষ্ঠ পাবলৈ প্ৰয়োজন হয় কেইবা হেজাৰ বছৰ। সূৰ্যৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ বিপৰীতে সংঘৰ্ষ কৰি সূৰ্যৰ পৃষ্ঠলৈ ওলাই অহা ফ'টন কণিকাবোৰৰ এই প্ৰথম ভূমুকি আমাৰ দৃষ্টিত সূৰুজৰ প্ৰথম কিৰণ হ'লেও এই ফ'টন কণাবোৰ কেইবা হেজাৰ বছৰ পুৰণি। এতিয়া সূৰুজৰ বুকুৰ পৰা তৰংগৰ মাধ্যমেৰে এই ফ'টন কণিকাবোৰে গতি কৰি সৌৰজগতৰ চৌদিশে সিঁচৰতি হৈ পৰে। তেনে কিছুমান ফ'টনকণা সূৰুজৰ পৰা প্ৰায় 14,95,00000 কিলোমিটাৰ বাট 8 মিনিট 20 ছেকেণ্ড সময়ত অতিক্ৰম কৰি আমাৰ পৃথিৱীলৈ আহি পৃথিৱীখনো আলোকিত কৰি তোলে।

Sunday 23 October 2016

চন্দ্ৰযান-১ উৎক্ষেপণৰ বৰ্ষপূৰ্তি উপলক্ষে


1999 চনত ইছৰোৰ সেই সময়ৰ Chairman তথা প্ৰসিদ্ধ ভাৰতীয় মহাকাশ বিজ্ঞানী K Kasturiranganএ ঘোষণা কৰে যে 2008 চনত ভাৰতবৰ্ষৰ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত চন্দ্ৰযান-১ উৎক্ষেপক যান PSLVৰ সহায়ত চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিব পৰা হ'ব। তেতিয়াৰ পৰাই ভাৰতীয় বিজ্ঞানীসকলে একানপতীয়া প্ৰচেষ্টাৰে ভাৰতৰ চন্দ্ৰযান-১ প্ৰকল্পৰ কামত মগ্ন হৈ পৰে। 2003 চনৰ 15 আগষ্টত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই প্ৰকল্পৰ আনুস্থানিক ঘোষণা কৰে। 2008 চনৰ 22 অক্টোবৰ তাৰিখে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন উৎক্ষেপণ কেন্দ্ৰৰ পৰা ভাৰতীয় বিজ্ঞানীসকলে PSLV সহায়ত 1380 কেজি ওজনৰ চন্দ্ৰযান-১ নামৰ ভাৰতীয় মহাকাশ প্ৰকল্পটো সফলতাৰে উৎক্ষেপণ কৰে। 2008 চনৰ 14 নৱেম্বৰৰ দিনা ভাৰতীয় সময় অনুসৰি সন্ধিয়া 8:06 বজাত Moon Impact Probe নামৰ অংশটো চন্দ্ৰযান-১ৰ পৰা পৃথক হৈ চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত সফলতাৰে নামে। 



ইয়াৰ কিছু সময় পিছত সন্ধিয়া 8:31ত Moon Impact Probeএ জোনবাইৰ বুকুত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি জোনবাইৰ বুকুত পদাৰ্পণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাবে ভাৰতৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰে। আজি চন্দ্ৰযান-১ৰ উৎক্ষেপণৰ গৌৰৱময় আঠ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত ইছৰোৰ মহান বিজ্ঞানীসকলক আমাৰ শুভেচ্ছা যাচিলোঁ।

Thursday 20 October 2016

জোনবাইৰ বুকুৰ পৰা পৃথিৱী উদয়


সূৰ্যোদয় অথবা সূৰ্যাস্তৰৰ মনোৰম দৃশ্যই আমাক পুলকিত কৰে। সঁচাকৈয়ে এক মন প্ৰাণ সঞ্জীৱিত কৰিব পৰা এটি দৃশ্য।জোনবাইৰ বুকুত সূৰ্যোদয় বা সূৰ্যাস্ত হোৱাৰ লগতে আন এক মনোৰম দৃশ্য দেখা পোৱা যায় আৰু সেয়া হ'ল পৃথিৱী উদয় বা Earth Rise. জোনবাইৰ চৌপাশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰা মহাকাশযান Apollo-8ৰ মহাকাশচাৰী William Andersৰ কেমেৰাই 1968 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখে ধৰি ৰখা ফটোখনে সেই কথাকেই প্ৰতীয়মান কৰে। পৃথিৱীৰ পৰা পূৰ্ণিমাৰ ৰাতি আমি দেখা জোনবাইটোতকৈ প্ৰায় 5 গুণ ডাঙৰকৈ জোনবাইৰ বুকুত উদিত হোৱা পৃথিৱীৰ দৃশ্য দূৰ মহাকাশত এক অন্যান্য সুন্দৰ দৃশ্য বুলি ইতিমধ্যে চৰ্চিত হৈছে। পৃথিৱীৰ পৰা আমি যেনেদৰে জোনবাইৰ বৰ্ধিত আৰু ক্ষয়িষ্ণু ৰূপ দেখা পাওঁ, থিক তেনেদৰেই জোনবাইৰ পৰাও পৃথিৱীৰ একে ৰূপ দেখা যায়। অৱশ্যে পৃথিৱীত যেতিয়া পূৰ্ণিমা হয়, তেতিয়া জোনবাইৰ বুকুত অমানিশা আৰু পৃথিৱীৰ অমাৱস্যাৰ নিশাটো জোনবাইৰ বুকুত পৃথিৱীয়ে পূৰ্ণিমাৰ অপৰূপ দৃশ্য অংকন কৰে।


Saturday 15 October 2016

আকাশৰ তৰাবোৰৰ জন্ম বৃত্তান্ত


হাতীপটী তাৰকাৰাজ্যৰ লগতে অন্যান্য তাৰকাৰাজ্য বোৰত যথেষ্ট পৰিমাণৰ গেছীয় পদাৰ্থ আৰু মহাজাগতিক ধূলিকণা থাকে। প্ৰাথমিক অৱস্থাত এইবোৰক নীহাৰিকা বা নেবুলা বুলি কোৱা হয়। তাৰকাৰাজ্য বোৰত এনে নীহাৰিকাবোৰ বহু আলোকবৰ্ষ দূৰত্বলৈ বিস্তৃত হৈ থাকে। এই নীহাৰিকাবোৰত ইমানেই বেছি পৰিমাণৰ গেছীয় পদাৰ্থ আৰু ধূলিকণা থাকে যে আমাৰ সূৰ্যৰ দৰে কেইবা হাজাৰটা নক্ষত্ৰ বা তৰাৰ বাবে প্ৰয়োজনীয় গেছীয় উপাদানৰ বাবে যথেষ্ট। নীহাৰিকা বোৰৰ গেছীয় পদাৰ্থ সমূহ মূলতঃ অতি পাতল হাইড্ৰজেন আছে হিলিয়াম গেছ। নীহাৰিকাবোৰৰ এই গেছ আৰু ধূলিকণাবোৰৰ কিছু অংশ ঘনীভূত হৈ যেতিয়া তাৰকাৰাজ্যৰ কোনো এক বিশেষ অঞ্চলত কেন্দ্ৰীভূত হয়, তেতিয়া এইবোৰৰ মাজত প্ৰবল অভিকৰ্ষণ বল সৃষ্টি হয়। ফলস্বৰূপে এই গেছীয় পদাৰ্থবোৰ ক্ৰমে সংকুচিত হৈ থাকে। এই সংকোচনৰ ফলত গেছ আৰু ধূলিকণাবোৰৰ মাজত প্ৰবল শক্তিশালী চৌম্বকক্ষেত্র সৃষ্টি হয় আৰু এই চৌম্বকক্ষেত্ৰ আৰু অভিকৰ্ষণ বলৰ সন্মিলিত প্ৰভাৱত গেছ আৰু ধূলিকণাবোৰ ইমানেই সংকুচিত হয় যে গেছীয় পদাৰ্থবোৰৰ মাজত নিজস্ব মাধ্যাকৰ্ষণ বল সৃষ্টি হোৱাৰ লগতে নীহাৰিকাৰ এই গেছ আৰু ধূলিকণাবোৰৰ উত্তাপ বাঢ়িবলৈ আৰম্ভ কৰে। এই গেছীয় পিণ্ডটোৰ অন্তৰ্ভাগত সংকোচনৰ মাত্ৰা বেছি হয় বাবে অন্তৰ্ভাগত উষ্ণতাৰ মানো বৃদ্ধি পায়। আপেক্ষিক ভাবে বহিৰ্ভাগৰ তাপমান কম আৰু বহিৰাংশৰ গেছীয় পদাৰ্থবোৰ গেছীয় পিণ্ডটোৰ কেন্দ্ৰৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত থাকি সামগ্ৰিক ভাবে গেছীয় পিণ্ডটোৰ কৌণিক ভৰবেগ নিয়ন্ত্ৰণ কৰি ৰাখে। এটা সময়ত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগৰ তাপমান যেতিয়া 2000 কেলভিনলৈ বৃদ্ধি হয়, তেতিয়া গেছীয় পিণ্ডটোৰ কেন্দ্ৰত থকা হাইড্ৰজেন গেছ হাইড্ৰজেনৰ পৰমাণুলৈ ভাঙি যায়। ইয়াৰ পিছতো ক্ৰমান্বয়ে তাপমান বৃদ্ধি হৈ এটা সময়ত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগৰ তাপমান 10,000 কেলভিন হয় আৰু এনে অৱস্থাত কেন্দ্ৰভাগত থকা হাইড্ৰজেন পৰমাণুবোৰ নিউক্লিয় সংযোজন প্ৰক্ৰিয়াৰ সহায়ত হিলিয়ামলৈ ৰূপান্তৰিত হয়। ফলত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগত প্ৰচুৰ পৰিমাণে শক্তি উৎপন্ন হয় আৰু পিণ্ডটোৰ কেন্দ্রৰ পৰা তাপৰ লগতে ফোটন কণিকা নিৰ্গত হ'বলৈ ধৰে। এই অৱস্থাত গেছীয় পিণ্ডটো এটি "ভ্ৰূণ তৰা" বা Proto Star লৈ ৰূপান্তৰিত হয়। ভ্ৰূণ তৰাৰ কেন্দ্ৰত সংঘটিত হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াৰ বাবে ইয়াৰ কেন্দ্ৰভাগত এক বহিৰ্মূখী চাপ সৃষ্টি হয় আৰু এই বহিৰ্মুখী চাপে তৰাটোৰ অভিকৰ্ষণ চাপৰ বিপৰীতে ক্ৰিয়া কৰে। এই দুই বিপৰীতমুখী চাপৰ টনা-আজোৰা প্ৰতিটো তৰাৰ কেন্দ্রভাগত সংঘটিত হোৱা এক নৈমিত্তিক ঘটনা। এই বহিৰ্মূখী চাপে ভ্ৰূণ তৰাবোৰ এইবাৰ সংকোচনৰ বিপৰীতে সম্প্ৰসাৰিত কৰে আৰু তৰাটোৰ আয়তন বৃদ্ধি হয়। এনেদৰে এটি ভ্ৰণ তৰা ক্ৰমে পূৰ্ণ বিকশিত তৰালৈ ৰূপান্তৰিত হয়। এনে তৰাবোৰে নিউক্লিয় সংযোজন বিক্ৰিয়াৰ পৰা আহৰণ কৰা শক্তি ইয়াৰ কেন্দ্ৰৰ পৰা তাপ, পোহৰ আৰু বিভিন্ন ৰশ্মি হিচাবে বিকিৰণ কৰি থাকে। বহু কৌটি বছৰ এনেদৰে শক্তি বিকিৰণ কৰি অহা তৰাবোৰৰ কেন্দ্ৰত যেতিয়া নিউক্লিয় সংযোজন বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ অভাৱ ঘটে, তেতিয়াই তৰাবোৰৰ জীৱনৰ অন্তিম কাল আহি পৰে। এটা সময়ত এক জটিল পৰিক্ৰমাৰ মাজেদি তৰাবোৰ মৃত্যু মুখত পৰে। তৰাৰ মৃত্যুৰ কাহানিও বৰ ৰহস্যময়। পিছলৈ তৰাৰ জীৱনৰ অন্তিম কালৰ বিষয়ে আলোচনা কৰিম।

বুধ আৰু শুক্ৰ দুয়ো উপগ্ৰহহীন গ্ৰহ


আমাৰ সৌৰজগতৰ আঠটা গ্ৰহ আৰু বাওঁনা গ্ৰহ সমূহৰ সামুহিক ভাবে মুঠ 182 টা উপগ্ৰহ আছে। অৱশ্যে এই সংখ্যা বিজ্ঞানী সকলৰ নৈমিত্তিক অনুসন্ধানৰ ফলত সঘনাই বৃদ্ধি হ'ব ধৰিছে। সৌৰজগতৰ এই উপগ্ৰহবোৰৰ 163 টা উপগ্ৰহই আকাৰত গোলাকাৰ নহয়। ভৰ আৰু আয়তনৰ দিশৰ পৰা এই উপগ্ৰহবোৰ যথেষ্ট সৰু হোৱা হেতুকে এই উপগ্ৰহবোৰৰৰ মাধ্যাকৰ্ষণ বলৰ মান তেনেই কম। তাকৰীয়া মাধ্যাকৰ্ষণ বলৰ বাবেই এই উপগ্ৰহ কেইটা আকৃতিত গোলাকাৰ নহয়। মংগল গ্ৰহৰ দুই উপগ্ৰহ ফোবচ্ আৰু ডিম'চ এনে উপগ্ৰহৰ উদাহৰণ। আনহাতে বাকী 19 টা উপগ্ৰহ আকৃতিত গোলাকাৰ আৰু আয়তন তথা ভৰৰ দিশৰ পৰা তুলনামূলক ভাবে যথেষ্ট ডাঙৰ। আমাৰ জোনবাইটো এনে এটি উপগ্ৰহ। এইখিনিতেই এটা প্ৰশ্নই আমাৰ মনত দোলা দিয়েহি - সৌৰজগতত 182 টা উপগ্ৰহ থকাৰ পিছতো বুধ আৰু শুক্ৰ গ্ৰহৰ বাৰু উপগ্ৰহ কিয় নাই ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এচাম বিজ্ঞানীয়ে কৈছে যে সূৰ্যৰ নিকটবৰ্তী এই দুই গ্ৰহৰ ওপৰত সূৰ্যৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱ অতি বেছি। সেয়ে এই দুই গ্ৰহৰ চৌদিশে এটা স্থিৰ কক্ষপথত কোনো উপগ্ৰহ বৰ্তি থাকিব নোৱাৰে। এই দুই গ্ৰহৰ চৌদিশে উপগ্ৰহ এটা বৰ্তি থাকিবলৈ যি স্থানত কক্ষপথ থাকিব লাগে, সেই স্থান তেনেই সংকীৰ্ণ। ফলস্বৰূপে এই দুই গ্ৰহ আজিও উপগ্ৰহ বিহীন। আন এচাম বিজ্ঞানীৰ মতে সৌৰজগতৰ বেছিভাগ উপগ্ৰহই ইয়াৰ গ্ৰহসমূহৰ বিভিন্ন গেছীয় উপাদানৰ ঘনীভূত অংশ, শিলাখণ্ড আদিৰ দ্বাৰা অথবা মহাজাগতিক সংঘৰ্ষৰ ফলত চিটিকি যোৱা পদাৰ্থৰ পৰাই সৃষ্টি হৈছে। যিহেতু বুধ আৰু শুক্ৰ গ্ৰহ সূৰ্যৰ নিকটবৰ্তী আৰু এই গ্ৰহ দুটাৰ ওপৰত সূৰ্যৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাবো বেছি, সেয়ে মহাজাগতিক সংঘৰ্ষৰ ফলত বা আন কোনো কাৰণত সৃষ্টি হোৱা এনে পদাৰ্থ সমূহ বা গেছৰ ঘনীভূত অংশসমূহ ক্ষুদ্ৰাকৃতিৰ গ্ৰহ দুটাৰ সলনি সূৰ্যৰ দিশে আকৰ্ষিত হয় আৰু সূৰ্যৰ বুকুত জাহ যায়। ইয়াৰ ফলত গ্ৰহ দুটাই কোনো উপগ্ৰহ ধৰি ৰাখিব নোৱাৰিলে।

Tuesday 11 October 2016

কীটগহ্বৰ সম্বন্ধে এটি ধাৰণা


কেতিয়াবা এক দীঘলীয়া আৰু আমনিদায়ক যাত্ৰা এটিৰ আৰম্ভণিতে প্ৰায়েই আমাৰ মনলৈ আহিব পৰা এটা চিন্তা - কেনেবাকৈ এই দীঘলীয়া পথটো যদি তেনেই চমু কৰি মূহুৰ্তৰ ভিতৰতে যাত্ৰাটো সম্পূৰ্ণ কৰিব পৰা হ'লহেতেন ! হয়, আপুনি বা মই ভবাৰ দৰেই এইটো সম্ভৱ হৈ উঠিব পৰা এটি ধাৰণাই হ'ল কীটগহ্বৰ বা Wormhole. বিজ্ঞানৰ ভাষাত বিশাল মহাকাশৰ কেইবা লক্ষ আলোকবৰ্ষ দূৰত্বত অৱস্থিত দুখন তাৰকাৰাজ্যৰ মাজৰ এটি পোনপটীয়া আৰু অতি চমু সংযোগ ব্যৱস্থাকেই কীটগহ্বৰ বোলা হয়। বিজ্ঞানীসকলৰ মাজত সততে আলোচনা হোৱা এই কীটগহ্বৰৰ ধাৰণাটো যদি বাস্তৱসন্মত হয়, তেন্তে মহাকাশৰ বিশালতা মানুহৰ বাবে তেনেই নগন্য হৈ পৰিব। কীটগহ্বৰৰ ধাৰণাটো মনীষী এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ আলমত গঢ় লৈ উঠিছিল। তেখেতৰ মতে স্থান আৰু সময় দুয়োটাই অভিন্ন আৰু এই দুয়োটাই মহাকৰ্ষণ বলৰ প্ৰভাৱত বা কোনো পদাৰ্থৰ ভৰৰ বাবে সমতলীয় ভাবে নেথাকি বক্ৰ হৈ থাকিব পাৰে। যেতিয়াই স্থান আৰু কাল (সময়) বক্ৰ হৈ পৰে, তেতিয়াই বহু দূৰত অৱস্থিত দুটা স্থান তেনেই ওচৰ চাপি আহিব পাৰে। 



কথাটো সহজ ভাবে বুজিবলৈ এখন ফুলস্কেপ কাগজৰ দুই মূৰে দুটা সৰু বৃত্ত আঁকি লৈ লক্ষ্য কৰিলে দেখা যাব যে সমতল কাগজখনৰ পিঠিত বৃত্ত দুটাৰ মাজত সমতলীয় ভাবে যথেষ্ট দূৰত্ব আছে। এতিয়া কাগজখন সাৱধানে এনেদৰে দুভাঁজ কৰা হ'ল যাতে কাগজত অঁকা বৃত্ত দুটা এটা আনটোৰ থিক ওপৰত অৱস্থান কৰে। 



এতিয়া গঁজাল এটাৰে ফুটা কৰি কাগজত অঁকা বৃত্ত দুটা সংলগ্ন কৰিলে, এই ফুটাটোৱেই হ'ব বেঁকাকৈ ভাঁজ কৰা কাগজত অঁকা বৃত্ত দুটাৰ মাজৰ পোনপটীয়া আৰু আটাইতকৈ চমু পথ। ধৰি লওক কাগজৰ বৃত্ত দুটা আমাৰ মহাবিশ্বৰ দুখন তাৰকাৰাজ্য, তেন্তে গঁজালেৰে কাগজত কৰা ফুটাটোৱেই হ'ব দুই তাৰকাৰাজ্যৰ মাজৰ আটাইতকৈ চমু পথ বা কীটগহ্বৰ।

Sunday 9 October 2016

সৌৰজগতৰ জন্মকুণ্ডলী


বিজ্ঞানী সকলৰ মতে আজিৰ পৰা প্ৰায় 460 কৌটি বছৰ বা 4.6 বিলিয়ন বছৰ আগতে সৌৰজগতৰ প্ৰাণকেন্দ্ৰ সূৰ্যৰ জন্ম হৈছিল। তেতিয়া সূৰ্যৰ উত্তাপ এতিয়াৰ সূৰ্যতকৈয়ো বেছি আছিল। প্ৰায় 60 কৌটি বছৰ পিছত সূৰ্যৰ উত্তাপ সামান্য মাত্রাত কমি যোৱাৰ ফলত সূৰ্যৰ চৌদিশে বিভিন্ন আনবিক মেঘৰ গেছীয় পদাৰ্থ সমূহ একত্ৰিত হৈ এক ভ্ৰূণগ্ৰহীয় চাক বা Protoplanetory Disc গঠিত হৈছিল। এই ভ্ৰূণগ্ৰহীয় চাকৰ গেছীয় উপাদান সমূহ সূৰ্যৰ মহাকৰ্ষণীয় বলৰ প্ৰভাৱত সূৰ্যৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত আছিল। কালক্ৰমত এই গেছীয় উপাদান সমূহৰ পৰাই সূৰ্যৰ বিভিন্ন গ্ৰহ আৰু গ্ৰহসমূহৰ বিভিন্ন উপগ্ৰহবোৰ সৃষ্টি হৈছিল। সৌৰজগতৰ গঠন সম্বন্ধে এই "নীহাৰিকা অনুকল্প" নামৰ সৰ্বজনবিদিত মডেলটো আগবঢ়াইছিল ইমানুৱেল চিডেনবৰ্গ নামৰ বিজ্ঞানীজনে। পিছলৈ বিজ্ঞানীসকলে এই মডেলটোৰ যথেষ্ট সালসলনি ঘটাই ইয়াক নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে। শক্তিশালী দূৰবীন যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পিছত 1990 দশকত সৌৰজগতৰ বাহিৰৰ আন আন নক্ষত্ৰৰ চৌপাশে পৰিভ্ৰমণ কৰি থকা এলানি গ্ৰহৰ আৱিষ্কাৰ হয়। সেই গ্ৰহবোৰৰ ওপৰত অধ্যয়ন কৰি বৰ্তমানৰ বিজ্ঞানীসকলে এনেধৰণৰ সালসলনি কৰি লৈছে। প্ৰাথমিক অৱস্থাৰ পৰা আজিলৈকে আমাৰ সৌৰজগতৰ বহুখিনি বিবৰ্তন হৈছে। বিভিন্ন সময়ত গ্ৰহবোৰৰ চৌদিশৰ গেছীয় পদাৰ্থৰ পৰাও উপগ্ৰহ সৃষ্টি হৈছে। কোনোবাটো উপগ্ৰহ আকৌ মহাজাগতিক সংঘৰ্ষৰ ফলতো সৃষ্টি হৈছে। বিজ্ঞানী সকলে জানিবলৈ দিয়া অনুসৰি আমাৰ পৃথিৱীৰ একমাত্র উপগ্ৰহ জোনবাইটো এনে মহাজাগতিক সংঘৰ্ষৰ ফলতেই সৃষ্টি হৈছে। কোনো কোনো গ্ৰহই আকৌ আন এটি গ্ৰহৰ সৈতে পৰস্পৰৰ স্থান সলনি কৰি সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। আজিৰ পৰা প্ৰায় 500 কৌটি বছৰৰ পিছত আমাৰ সূৰ্যটো শীতল হৈ পৰাৰ ফলত ইয়াৰ বহিৰাংশ যথেষ্ট সম্প্ৰসাৰিত হ'ব আৰু সূৰ্যৰ আয়তন অকল্পনীয় ভাবে বৃদ্ধি হৈ বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল গ্ৰহক গ্ৰাস কৰি এটা "ৰঙা দৈত্য" হিচাবে আকাশত জিলিকি উঠিব। কালক্ৰমত ৰঙা দৈত্য ৰূপী সূৰ্যৰ বহিৰাংশ সূৰ্যৰ পৰা বিচিন্ন হৈ পুনৰ আন এক আনবিক মেঘৰ গেছীয় পদাৰ্থৰে ভৰা ভ্ৰূণগ্ৰহীয় চাক তৈয়াৰ কৰিব। আনহাতে সূৰ্যৰ আভ্যন্তৰীণ অংশটো এটি "শ্বেত-বামণ" বা বগা বাওনা হিচাবে ৰৈ যাব। তেনে অৱস্থাত সূৰ্য এক মৃতপ্ৰায় নক্ষত্ৰ অৱশিষ্ট অংশ হিচাবে ৰৈ যাব। তেতিয়া সূৰ্যই সৌৰজগতখন নিয়ন্ত্ৰণ কৰিব পৰাকৈ শক্তিশালী হৈ নেথাকিব। সূৰ্যৰ আনবোৰ গ্ৰহ, যিবোৰ প্ৰকৃততে একোটা বৃহৎ গেছীয় পিণ্ড যেনে বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন আদি সৌৰজগতত বিভ্ৰান্ত হৈ যেনিতেনি ঘুৰি ফুৰিব আৰু কোনো মহাজাগতিক সংঘৰ্ষত পতিত হৈ ধ্বংসপ্ৰাপ্ত হ'ব। আৰু এনেদৰেই আমাৰ সূৰ্যটোৰ লগতে সৌৰজগতৰ মৃত্যু ঘটিব।


Sunday 2 October 2016

এনে লোকক বাৰু কি বুলি ক'ব ?



কপি কৰি নিজৰ নামত প্ৰকাশ মোৰ লিখনি প্ৰকাশ কৰা এনে লোকক বাৰু কি বুলি ক'ব ? আপোনালোকে দুয়োটা লিখনিয়েই মোৰ ৱালত পঢ়িবলৈ পাব। আৰু  এটা উদাহৰণ.....


মূল  লিখনি দুটা : 
https://www.facebook.com/photo.php?fbid=1085462051490852&set=a.556564884380574.1073741835.100000812021191&type=3&theater
আৰু 
https://www.facebook.com/photo.php?fbid=1083095435060847&set=a.879820808721645.1073741855.100000812021191&type=3&theater



Thursday 29 September 2016

চুম্বক আৱিষ্কাৰৰ ৰসাল কাহিনী


যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 2000 বছৰ আগৰ কথা। গ্ৰীচৰ এজন সাধাৰণ ভেড়া ৰখীয়া। তেওঁৰ নাম মেগনাচ। মেগনাচে সদায় ৰাতিপুৱা ভেড়াৰ জাক এটা লৈ পাহাৰৰ দাঁতিৰ এঢলীয়া ঠাই টুকুৰালৈ যায়। পাহাৰৰ এঢলীয়া ঠাইত খোজকঢ়াৰ বাবে অসুবিধা নহ'বলৈ মেগনাচে তেওঁৰ জোতাৰ তলিত কেইটামান গঁজাল মাৰি লৈছিল। এদিনাখনৰ কথা। আবেলি পৰত মেগনাচে ঘৰলৈ ঘুৰি অহাৰ সময়ত মন কৰিলে যে তেওঁৰ এটা ভেড়া কমি আছে। ইফালে-সিফালে বিচাৰি মেগনাচ ক্ৰমে আগবাঢ়ি গ'ল পাহাৰৰ আওঁহতীয়া শিলাময় অঞ্চলটোৰ দিশে। কিছুদূৰ আগবঢ়াৰ পিছত মেগনাচে অনুভৱ কৰিলে যে তেওঁৰ ভৰি দুখন ক্ৰমে গধুৰ হৈ আহিছে। বেছি গুৰুত্ব নিদি মেগনাচ হেৰোৱা ভেড়াটোৰ সন্ধানত আগবাঢ়িল। পিছে সময় আগবঢ়াৰ লগে লগে মেগনাচৰ ভৰি দুখনো বেছিকৈ গধুৰ অনুভৱ হোৱাত মেগনাচে শিল এটুকুৰাৰ ওপৰত বহি ভৰি দুখন লক্ষ্য কৰিলে। থিকেই তো আছে ! কোনো আঘাত নাই, বিষ নাই, একোৱেই তো হোৱা নাই ! তেন্তে ভৰি দুখন গধুৰ কিয় হ'ল ? এইবাৰ মেগনাচে ভৰিত পিন্ধি থকা জোতাযোৰলৈ চালে। হয়, জোতাযোৰতেই সমস্যাটো। তেওঁ শিলাময় অঞ্চলটোৰ ওপৰেৰে খোজকাঢ়ি যাওঁতে জোতাৰ তলিখনত শিলবোৰ লাগি ধৰা বাবে জোতাযোৰ গধুৰ হৈছে। ভেড়া খেদিবলৈ ব্যৱহাৰ কৰা লাঠিডালেৰে মেগনাচে শিলবোৰ এৰুৱাবলৈ যত্ন কৰিলে। মেগনাচ এইবাৰ আচৰিত হ'ল কাৰণ তেনেই সাধাৰণ এই সৰু শিলবোৰ যে জোতাযোৰত দৃঢ় ভাবে লাগি ধৰিছে !! কিছু সময় যুঁজি তেওঁ শিলবোৰ এৰুৱালে যদিও শিলবোৰ জোতাযোৰত কেনেকৈ লাগি ধৰিছিল সেই কথাটোৱে তেওঁক ভবাই তুলিলে। কৌতুহলবশতঃ তেওঁ তেনে কেইটিমান শিল লগত লৈ ঘৰলৈ উভতি আহিল আৰু বন্ধু বান্ধৱ তথা ওচৰ চুবুৰীয়াক দেখুৱালে। সকলো আচৰিত হ'ল এই যাদুকৰী শিলবোৰ দেখি। তেওঁলোকে জোতাৰ ওজন বঢ়োৱা এই শিলবোৰৰ নাম ৰাখিলে "Loadstone". গ্ৰীচৰ ভেড়া ৰখীয়া মেগনাচে আৱিষ্কাৰ কৰা বাবেই এই শিলবোৰক Magnetite বুলিও কোৱা হয়। পিছলৈ ইয়াৰ পৰাই Magnet বা চুম্বক শব্দৰ উৎপত্তি হয়। চুম্বক আৱিষ্কাৰৰ এই কাহিনীটো পিছে আন এচামে মানি ল'ব বিচৰা নাই। তেওঁলোকৰ মতে মেগনেচিয়া নামৰ ঠাই এখনৰ পৰা প্ৰথমে এই শিলবোৰ আহৰণ কৰা হৈছিল বাবেই এইবোৰক "মেগনেট" বোলা হয়। প্ৰাচীন গ্ৰীক সকলে এই শিলবোৰক যাদুকৰী বা Magical stone বুলি ভাবিবলৈ লৈছিল আৰু তেওঁলোকে এই শিলবোৰ অপদেৱতা বা অশুভ শক্তিৰ পৰা হাত সাৰি থকাৰ বাবে ব্যৱহাৰ কৰিছিল। খ্ৰীঃঃ পূঃ 1800 চন মানত চীন দেশত পোন প্ৰথমে এই চুম্বকীয় গুণ সম্পন্ন শিলবোৰৰ বিজ্ঞান সন্মত ব্যৱহাৰ আৰম্ভ হয়। তেওঁলোকে মন কৰিছিল যে এই শিলবোৰ মুক্ত ভাবে ওলোমাই ৰাখিলে সদায় উত্তৰ দক্ষিণমূৱা হৈ থাকে। তেওঁলোকে চুম্বকৰ এই গুণটো ব্যৱহাৰ কৰি প্ৰথম কম্পাছ আৱিষ্কাৰ কৰে। পিছলৈ ভাইকিং নামৰ এজন লোকে এটি অধিক কাৰ্যক্ষম কম্পাছ সাজি উলিয়ায়। 1600 চনত বৃটিছ বিজ্ঞানী উইলিয়াম গিলবাৰ্টে পৃথিৱীৰ প্ৰথম কৃত্ৰিম চুম্বকডাল সাজি উলিয়ায়। তেখেতে পৃথিৱীখনো এডাল বৃহৎ চুম্বক বুলি প্ৰমাণ কৰিছিল। পিছলৈ হান্স ক্ৰিষ্টিয়ান অৰষ্টেড, মেক্সুৱেল, ফ্লেমিং, মাইকেল ফেৰাডে আদি বিশ্ববিশ্ৰুত বিজ্ঞানী সকলৰ প্ৰচেষ্টাত বিদ্যুত আৰু চুম্বকত্বৰ সম্পৰ্ক আৱিষ্কাৰ হোৱাৰ লগে লগে বিজ্ঞানৰ ক্ষেত্রখনলৈ আগমন ঘটে এটি নতুন বিষয় - "বিদ্যুত-চুম্বকত্ব" আৰু এই আৱিষ্কাৰৰ সুদূৰ প্ৰসাৰী প্ৰভাৱে সমগ্র মানৱজাতিৰ কল্যাণ সাধন কৰি আহিছে।

Wednesday 28 September 2016

পৃথিৱীৰ আকাশত যদিহে জোনবাই নেথাকিলহেতেন


সৌৰজগত সৃষ্টি হোৱাৰ পিছতেই প্ৰায় মংগল গ্ৰহৰ সমান আকৃতিৰ এটি গ্ৰহানু পথভ্ৰষ্ট হৈ আহি পৃথিৱীৰ বুকুত প্ৰচণ্ড জোৰেৰে আঘাট কৰাৰ ফলত পৃথিৱীৰ পৰা চিটিকি যোৱা বিভিন্ন উপাদান সমূহ লগ লাগি আমাৰ জোনবাইটো সৃষ্টি হৈছিল। তেতিয়াৰ পৰাই জোনবায়ে পৃথিৱীৰ বাতাবৰণ, ঋতু পৰিবৰ্তন, আকৃতি আৰু কক্ষপথত পৃথিৱীৰ গতি নিয়ন্ত্ৰণ কৰি আহিছে। আচৰিত হ'লেও সত্য যে জোনবাইৰ অবিহনে পৃথিৱীৰ দিন ৰাতিৰ দৈৰ্ঘ্য হ'লহেতেন মাত্ৰ ৮ৰ পৰা ১০ ঘণ্টা ! জোনবাই আৰু পৃথিৱীৰ মাজৰ মহাকৰ্ষণ বলৰ পাৰস্পৰিক প্ৰভাৱত নিজ মেৰুদণ্ড সাপেক্ষে পৃথিৱীৰ বেগ মন্থৰিত হৈছে আৰু দিন ৰাতিৰ বাবে পৃথিৱীয়ে ২৪ ঘণ্টা সময় লৈ আহিছে। জোনবাই নথকা হেতেন যিহেতু পৃথিৱীৰ দিন-ৰাতিৰ পাৰ্থক্য মাত্ৰ ৮ বা ১০ ঘণ্টাহে হ'লহেতেন, পৃথিৱীৰ এবছৰত আমি প্ৰায় ১১০০ টা মান দিন পালোঁহেতেন !! বিজ্ঞানীসকলৰ মতে জোনবাইৰ অবিহনে পৃথিৱীয়ে যি দ্ৰুত গতিৰে নিজ মেৰুদণ্ডৰ চৌদিশে আৱৰ্তন কৰিলেহেঁতেন, সেই বেগৰ ফলত পৃথিৱীখন বিষুব অঞ্চলত অধিক ওফন্দি উঠিলহেঁতেন। বিজ্ঞানীসকলে আন এটা গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে। তেওঁলোকৰ মতে মংগল গ্ৰহৰ দুই ক্ষুদ্ৰ উপগ্ৰহ ফোবছ আৰু ডিম'ছৰ প্ৰভাৱ গ্ৰহটোৰ ওপৰত তেনেই নগণ্য। সেইবাবে মংগল গ্ৰহই নিজ মেৰুদণ্ড সাপেক্ষে ১৫ ৰ পৰা ৩৫ ডিগ্ৰী পৰ্যন্ত কোণ কৰি থাকে। অৰ্থাৎ মংগল গ্ৰহৰ এই কোণৰ মান স্থিৰে নেথাকে। আনহাতে পৃৃথিৱীৰ ক্ষেত্ৰত এই কোণৰ মান ২৩ ৰ পৰা ২৬ ডিগ্ৰীৰ ভিতৰত স্থিৰ হৈ থাকে। জোনবাইৰ আকৰ্ষণৰ ফলত পৃথিৱীয়ে এই স্থিৰতা লাভ কৰিছে আৰু ইয়াৰ ফলত পৃথিৱীত নিয়মীয়া ঋতু পৰিবৰ্তন দেখা পোৱা যায়। পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰৰ বুকুত দেখা পোৱা জোৱাৰ ভাটাৰ প্ৰভাবো জোনবাই অবিহনে সম্ভৱ নহ'লহেঁতেন। জোনবাই নেথাকিলে আমি আকাশৰ বুকুত দেখিবলৈ পোৱা দুটা বিশেষ পৰিঘটনা- সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দেখা নেপালোহেঁতেন। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই দুই পৰিঘটনা অতি তাৎপৰ্যপূৰ্ণ কিয়নো বুধ বা শুক্ৰ গ্ৰহৰ বালক গমন, আইনষ্টাইনৰ আপেক্ষিকতাবাদ আদি বিভিন্ন বৈজ্ঞানিক তথ্যৰ অধ্যয়ন আৰু সত্যতা এই সূৰ্যগ্ৰহণৰ সময়তেই প্ৰমাণিত হৈছিল।