Sunday 17 December 2017

জয় আলোকময়, অনাদি অনন্ত প্ৰসাৰি


ঘৰৰ চৌহদটি শুৱনিকৈ ৰাখিবলৈ আমি বহুতেই টাবত বিভিন্ন ধৰণৰ ফুল গছ ৰোপন কৰো। আনকি বহুতে ঘৰৰ ভিতৰতো বিশেষ কেতবোৰ গছ টাবত ৰোপন কৰি সজাই ৰাখে। কিন্তু আমি কেতিয়াও পোহৰৰ উৎস হিচাবে গছপুলি ঘৰৰ চৌহদত অথবা ঘৰৰ ভিতৰত ৰোপন কৰা নাই। পিছে সাম্প্ৰতিক সময়চোৱাৰ বৈজ্ঞানিক সকলে এনেধৰণৰ চিন্তা কৰিয়েই উদ্ভাৱন কৰি উলিয়াইছে কেতবোৰ বিশেষ উদ্ভিদ, যিবোৰে আপোনাৰ বা মোৰ ঘৰৰ এচুকত থাকি ঘৰটোৰ শোভা বৰ্ধনৰ লগতে নিশাৰ ভাগত আমাৰ বাবে প্ৰয়োজনীয় পোহৰৰ যোগানো ধৰিব !


কেমব্ৰীজৰ মাচাচুচেটচ্ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত Massachusetts Institute of Technology বা চমুকৈ MITৰ গৱেষক বিজ্ঞানী সকলে সম্প্ৰতি জিনীয় অভিযন্ত্ৰণ আৰু নেনো বিজ্ঞানৰ আধাৰত এবিধ বিশেষ ধৰণৰ উদ্ভিদ সৃষ্টি কৰিছে যিয়ে অন্ধকাৰৰ মাজত পোহৰ বিলাই সৃষ্টি কৰিব পাৰে মায়াময় এক আলোকময় পৰিবেশৰ।

অলপতে MITৰ নিজস্ব Science Journal "The Nano Letters"ত গৱেষক বিজ্ঞানীসকলে প্ৰকাশ কৰা গৱেষণা পত্ৰত এই বিষয়ে বিতং তথ্য প্ৰকাশ পাইছে। গৱেষণা গ্ৰন্থৰ তথ্য অনুসৰি বিজ্ঞানীসকলে এই কামটো কৰিবলৈ জোনাকী পৰুৱাৰ পোহৰ বিলাব পৰা বিশেষ জৈৱ ৰসায়নিক প্ৰক্ৰিয়াটোৰ অনুকৰণ কৰি এজোপা বিশেষ উদ্ভিদক জোনাকী পৰুৱাৰ দৰেই পোহৰ বিলাব পৰা ক্ষমতা প্ৰদান কৰিছে। 

জোনাকী পৰুৱাই পোহৰ বিলোৱাৰ বাবে লুচিফেৰেজ নামৰ এবিধ উৎসেচকৰ দ্বাৰা লুচিফেৰিন নামৰ এটা এটি যৌগক ৰসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰোৱাই পোহৰ সৃষ্টি কৰে। গৱেষণাৰ কালচোৱাত বিজ্ঞানীৰ দলটোৱে সেই বিশেষ ৰসায়নিক দ্ৰব্য দুবিধ - লুচিফেৰিন আৰু লুচিফেৰেজক আন এটা সহ-উৎসেচকৰ লগত ব্যৱহাৰ কৰি এই মিশ্ৰনটো বিশেষ ধৰণৰ নেন' কণিকাৰ মাজত আৱদ্ধ কৰি এক ধৰণৰ দ্ৰৱত দ্ৰৱীভূত কৰি ৰাখে। এতিয়া বিশেষ ধৰণৰ এবিধ উদ্ভিদ এই দ্ৰৱটোত ডুবাই ৰাখি নিৰ্দিষ্ট পৰিমানৰ চাপ আৰু উত্তাপ প্ৰয়োগ কৰি দেখিলে যে নেন' কণিকাৰ লগতে লুচিফেৰিন আৰু লুচিফেৰেজৰ মিশ্ৰনটো উদ্ভিদজোপাই শোষণ কৰি লৈছে আৰু এই সমস্ত পদাৰ্থবোৰ উদ্ভিদজোপাৰ পাতলৈ প্ৰবাহিত হৈছে। পৰবৰ্তী সময়চোৱাত উদ্ভিদজোপাৰ পাতৰ ভিতৰত লুচিফেৰিন আৰু লুচিফেৰেজৰ বিক্ৰিয়া সংঘটিত হৈ পাতবোৰৰ পৰা নিৰবচিন্ন ভাবে পোহৰ নিৰ্গত হ'বলৈ ধৰে।

বিজ্ঞানী সকলৰ মতে এই ধৰণৰ পোহৰ বিলাব পৰা উদ্ভিদ সৃষ্টি কৰি ভৱিষ্যতে আমি ৰাষ্টা-ঘাট, দোকান-বজাৰৰ লগতে আমাৰ ঘৰবোৰো উজ্বলাই তুলিব পাৰিম। তেতিয়া আমাক বিজুলী চাকিৰ প্ৰয়োজন নহ'ব। অৱশ্যে, প্ৰাথমিক ভাবে সৃষ্টি কৰা এনে পোহৰ বিলোৱা গছবোৰে প্ৰায় এঘণ্টা মানহে পোহৰ বিলাব পাৰে কাৰণ পাতৰ ভিতৰৰ লুচিফেৰিন আৰু লুচিফেৰেজবোৰ বিক্ৰিয়াৰ শেষত ধ্বংস হৈ যায়। পুনৰ এই গছবোৰ বিশেষ ধৰণৰ দ্ৰৱটোত ডুবাই ৰাখিলে কাৰ্যক্ষম হৈ উঠে। সেয়েহে বিজ্ঞানী সকলে এইবাৰ জিনীয় অভিযন্ত্ৰনৰ সহায়ত জোনাকী পৰুৱাৰ ডি.এন.এ.ৰ পৰা লুচিফেৰিন আৰু লুচিফেৰেজ সৃষ্টি কৰিব পৰা জিনৰ অংশবোৰ কাটি আনি উদ্ভিদৰ দেহত সংস্থাপন কৰাৰ দিশত আগবাঢ়িছে। হয়তো খুব কম দিনৰ ভিতৰতেই বিজ্ঞানী সকলে জিনৰ এই স্থানান্তৰণ সুকলমে সম্পন্ন কৰি তুলিব আৰু আপোনাৰ বা আমাৰ ঘৰৰ এচুকত থাকি টাবত লহপহকৈ বাঢ়ি অহা গছবোৰে পোহৰৰ মেলা পাতিব।


Thursday 30 November 2017

চাইকী : সৌৰজগতৰ দৈত্যকায় ধাতবীয় গ্ৰহাণুটো


ধাতুৰে গঢ়া এটি প্ৰকাণ্ড গ্ৰহাণু, চাইকী। সূৰ্যৰ পৰা 33 কৌটি কিমি দূৰত্বৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজৰ এক উপবৃত্তাকাৰ কক্ষপথেৰে চাইকীয়ে প্ৰায় 5 বছৰ সময়ৰ মুৰে মুৰে সূৰ্যৰ চৌদিশে এপাক মাৰে। 1852 চনত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী এনিবেল গাছপেৰিছে এই প্ৰকাণ্ড ভাসমান মহাজাগতিক ধাতুৰ টুকুৰাটো আৱিষ্কাৰ কৰে আৰু গ্ৰীকসকলে বিশ্বাস কৰা আত্মাৰ আৰাধ্যা দেৱীৰ নামেৰে ধাতুৰ প্ৰকাণ্ড টুকুৰাটোৰ নাম ৰাখে : "চাইকী"।

বৰ্তমান বিজ্ঞানীসকলৰ বাবে চাইকী গৱেষণাৰ উৎস। তেওঁলোকৰ মতে চাইকী, সৌৰজগত সৃষ্টিৰ সময়তেই বিভিন্ন গেছ আৰু মহাজাগতিক ডাৱৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা কোনো আদিম গ্ৰহৰ ধ্বংসাৱশেষ। অশান্ত, চঞ্চল শিশু সৌৰজগতৰ ভয়ানক অস্থিৰতাৰ সেই জটিল সন্ধিক্ষণত কোনো মহাজাগতিক সংঘৰ্ষত কবলত পৰি চূৰ্ণ বিচূৰ্ণ হৈ যোৱা কোনো আদিম গ্ৰহ এটিৰ ধ্বংসস্তুপৰ মাজৰ পৰা কোনোমতে অক্ষত অৱস্থাত ৰৈ যোৱা গ্ৰহটোৰ ধাতবীয় কেন্দ্ৰভাগেই হ'ল চাইকী নামৰ এই গ্ৰহাণুটো। যিহেতু চাইকী নামৰ গ্ৰহাণুটো এটা অজ্ঞাত আদিম গ্ৰহৰ কেন্দ্ৰ, বিজ্ঞানী সকলৰ মতে চাইকীৰ বিষয়ে অধ্যয়ন কৰিলে আমি পৃথিৱীৰ কেন্দ্ৰৰ বিষয়ে বহুতো নজনা কথাৰ সম্ভেদ পাম।

ইতিমধ্যে বিজ্ঞানী সকলে চাইকীৰ বিষয়ে কিছু তথ্য আহৰণ কৰিছেই। ধাতুৰে গঢ়া বাবে চাইকীৰ ঘণত্ব প্ৰায় 7000 kg/m³, যিটো আন গ্ৰহৰ ঘণত্বৰ লগত নিমিলে। তেওঁলোকৰ মতে চাইকী নামৰ গ্ৰহাণুটো নিকেল আৰু লোৰে গঠিত আৰু ইয়াৰ ভৰ 2.72×10 ^19 কেজি ! 280 কিমি দৈৰ্ঘ আৰু 232 কিমি প্ৰস্থৰ এই ধাতবীয় মহাজাগতিক খণ্ডটোৱে কক্ষপথত প্ৰতি ছেকেণ্ডত প্ৰায় 5 কিমি বেগেৰে সূৰ্যৰ চৌদিশে পৰিভ্ৰমন কৰি আছে।

চাইকীৰ বিষয়ে বিশদ অধ্যয়ন কৰিবলৈ প্ৰয়োজনীয় তথ্য আহৰণৰ বাবে এই গ্ৰহাণুটোৰ বুকুলৈ বিশেষ ধৰণৰ মহাকাশ শান প্ৰেৰণ কৰাৰ পৰিকল্পনা ইতিমধ্যে যুগুতাই উলিওৱা হৈছে। এই উদ্দেশ্যে অহা 2022 চনত NASAই চাইকীলৈ এক বিশেষ মহাকাশ যান প্ৰেৰণ কৰিব যিখনে 2026 চনত চাইকীৰ কঠিন ধাতবীয় পৃষ্ঠত অৱতৰণ কৰি 21 মাহ জুৰি গ্ৰহাণুটোৰ পৃষ্ঠত থাকি এলানি পৰীক্ষা সম্পন্ন কৰি সমস্ত তথ্যবোৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব।

Sunday 26 November 2017

সৌৰজগতৰ নতুন অতিথি : অমুৱামুৱা


সৌৰজগতৰ পৰা ২৫ আলোকবৰ্ষ আঁতৰৰ বীণা নক্ষত্ৰমণ্ডল (Lyra)ৰ পৰা এক নতুন অতিথিৰ আগমন ঘটিছে আমাৰ সৌৰজগতলৈ। ১৬০ মিটাৰ ব্যাস আৰু প্ৰায় ১০০০ মিটাৰ দৈৰ্ঘৰ ঈষৎ ৰঙচুৱা আকৃতিৰ এই নতুন অতিথিজন দৰাচলতে এটুকুৰা বিশাল আকৃতিৰ শিলাখণ্ড আৰু ই মহাকাশৰ বুকুৰে প্ৰতি ঘণ্টাত ৯৫,০০০ কিলোমিটাৰ বেগেৰে বীণা নক্ষত্ৰমণ্ডলৰ পৰা আহি আমাৰ সৌৰজগতত প্ৰবেশ কৰিছেহি। হাৱাই দ্বীপপুঞ্জৰ হেলিয়াকালাৰ মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ Pan-STARRS দূৰবীণৰ সহায়ত মহাকাশ বিজ্ঞানী K.J. Meech আৰু Robert Werykয়ে যোৱা ২৫ অক্টোবৰত এই মহাজাগতিক অতিথিক প্ৰথমে প্ৰত্যক্ষ কৰে। তেতিয়া তেওঁলোকে ইয়াক এটি সাধাৰণ গ্ৰহাণুপুঞ্জ বুলিয়েই ধৰি লৈছিল। কিন্তু প্ৰায় ১২ দিনৰ পৰ্যবেক্ষণৰ পিছত তেওঁলোকৰ ভুল ভাঙিল আৰু এই মহাজাগতিক অতিথিৰ গতিবিধি বিভিন্ন তথ্য সংগ্ৰহ কৰি সিদ্ধান্তত উপনীত হ'ল যে এই মহাজাগতিক অতিথিৰ উৎপত্তি স্থান পৃথিবীৰ পৰা প্ৰায় ২৫ আলোকবৰ্ষ আঁতৰৰ Lyra বা বীণা নক্ষত্ৰমণ্ডলৰ "ভেগা" বা অভিজিত নামৰ নক্ষত্ৰটো। বৰ্তমান এই অভিজিত নামৰ নক্ষত্ৰটো সন্ধিয়াৰ আকাশৰ উত্তৰ-পশ্চিম কোণত দেখা পোৱা যায়।

সম্প্ৰতি বিজ্ঞানীসকলে এই মহাজাগতিক অতিথিক অমুৱামুৱা বুলি নামাকৰণ কৰিছে। অমুৱামুৱা হাৱাই দ্বীপপুঞ্জৰ বাসিন্দা সকলৰ এজনা উপাস্য দেৱতাৰ নাম, যাৰ অৰ্থ বাৰ্তাবাহক বা দূত। অৱশ্যে এই মহাজাগতিক অতিথিৰ বিজ্ঞান সন্মত নাম হ'ল 1I/2017 U1.

উল্লেখযোগ্য যে 1I/2017 U1 বা অমুৱামুৱা নামৰ এই বিশাল শিলাখণ্ডটোৱেই মানুহৰ দৃষ্টিত ধৰা পৰা সৌৰজগতৰ প্ৰথমটো বহিঃমহাকাশৰ বা অন্য জগতৰ উল্কাপিণ্ড। পৃথিৱীত জীৱনৰ উৎপত্তি সম্বন্ধে প্ৰচলিত মতবাদ সমূহৰ ভিতৰত এটা মতবাদত এনে বহিঃজাগতিক উল্কাপিণ্ডৰ বোকোচাত উঠিয়েই পৃথিৱীত জীৱনৰ আগমন ঘটিছিল বুলি উল্লেখ আছে। সেয়ে অমুৱামুৱাকলৈ জীৱবিজ্ঞানী সকল অতি উৎসাহিত হৈ পৰিছে। ইতিমধ্যে বিজ্ঞানীসকলৰ গৱেষণাত ধৰা পৰিছে যে অমুৱামুৱাই সূৰ্যৰ পোহৰৰ প্ৰায় ৯৫ শতাংশ পোহৰ শোষণ কৰে আৰু মাত্ৰ ৫ শতাংশ পোহৰহে প্ৰতিফলিত কৰে। সেয়ে অমুৱামুৱাৰ বৰণ ঈষৎ ৰঙচুৱা। ইয়াৰ কাৰণ ব্যাখ্যা কৰি বিজ্ঞানীসকলে যুক্তি দাঙি ধৰিছে যে কাৰ্বন আৰু হাইড্ৰজেনেৰে গঠিত যথেষ্ঠ পৰিমানৰ জৈৱ যৌগেৰে অমুৱামুৱা গঠিত। অৱশ্যে ইয়াত প্ৰচুৰ পৰিমাণে লো আৰু অন্য কম পাৰমানবিক ভৰযুক্ত ধাতুও আছে। যিহেতু জৈৱ পদাৰ্থৰ উপস্থিতিয়ে জীৱনৰ স্বাক্ষৰ বহন কৰে, সেয়ে বিজ্ঞানীসকল অমুৱামুৱাক লৈ বেচি উৎসাহী হৈ পৰিছে। কোনে জানে, হয়তো বা হাৱাই দ্বীপপুঞ্জৰ বাসিন্দা সকলৰ উপাস্য দেৱদূত অমুৱামুৱাই কঢ়িয়াই আনিছে সুদুৰ বীণা নক্ষত্ৰপূঞ্জৰ পৰা জীৱনৰ নতুন বতৰা !!!

Saturday 21 October 2017

দুষ্প্ৰাপ্য ধাতু সোণৰ সৃষ্টি ৰহস্য


মানুহৰ লগত মহা মূল্যবান সোণৰ সম্পর্ক মানব সভ্যতাৰ দোকমোকালিৰ পৰাই বিদ্যমান। প্ৰাচীন মিচৰৰ ফাৰাও সকলেই হওঁক বা আধুনিক জগতৰ সাধাৰণ শ্ৰেণীৰ পৰা আৰম্ভ কৰি নামী-দামী তাৰকাই হওঁক, সকলো সোণৰ প্ৰতি আকৰ্ষিত। পৃথিৱীৰ বুকু বিদীৰ্ণ কৰি খনিৰ পৰা আহৰণ কৰা সোণে দেশৰ অৰ্থনৈতিক দিশতো প্ৰভাব বিস্তাৰ কৰে। কিন্তু পৃথিৱীৰ গৰ্ভত থকা সোণবোৰ বাৰু পৃথিৱীৰেই নে ? 

বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে পৃথিৱীৰ গৰ্ভত থকা বিভিন্ন পদাৰ্থ সমূহৰ লগতে কাৰ্বন, লো প্ৰভৃতি মৌল সমূহ একোটা বিয়াগোম তৰাৰ কেন্দ্ৰভাগত অৱস্থিত কাৰখানাত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ ফলত সৃষ্টি হৈ পিছত তৰাটোৰ মৃত্যুৰ সময়ত সৃষ্টি হোৱা প্ৰচণ্ড বিষ্ফোৰণত বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে বিস্তাৰিত হৈ পৰিছে। এই প্ৰসংগতেই বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী কাৰ্ল চেগানে কৈছিল : 
“আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

কাৰ্ল চেগানৰ বক্তব্যৰ পৰাই সহজে অনুমান কৰিব পাৰি যে পৃথিৱীৰ নিজা বুলিবলৈ একোৱেই নাই ! আমি জীৱন ধাৰণৰ বাবে পৃথিৱীৰ পৰা আহৰণ কৰা প্ৰতিটো মৌলই, প্ৰতিটো পদাৰ্থই স্বৰূপতে পৃথিৱীয়ে আনৰ পৰা সংগ্ৰহ কৰিহে থৈছে। তেনেহলে স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন উদয় হ'ব : পৃথিৱীৰ বুকুলৈ মহা মূল্যবান ধাতু "সোণ" ক'ৰপৰা আহিল ? কেনেকৈ আহিল ?

বিশ্বৰ অন্যতম দামী ধাতু সোণৰ চাহিদা অনুসৰি পৃথিৱীত ইয়াৰ পৰিমান তুলনামূলক ভাবে নগন্য। বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে এইটো জানিব পাৰিলে যে মহাশূণ্যত ভাসমান সূৰ্যকে আদি কৰি বিভিন্ন নক্ষত্ৰবোৰৰ বুকুত কার্বন অথবা লো আদি মৌলসমূহ তৈয়াৰ হয়। কিন্তু এই নক্ষত্ৰবোৰৰ বুকুত সোণ সৃষ্টি নহয়, হ'ব নোৱাৰে। তেতিয়াই তেওঁলোকে ধাৰণা কৰে যে বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰৰ মৃত্যুৰ সময়ত সৃষ্টি হোৱা ভয়ংকৰ বিষ্ফোৰণতকৈও ভয়াবহ কোনো এক মহাজাগতিক বিপর্যয় ঘটে আৰু তেনে কোনো মহাজাগতিক বিপর্যয়ৰ ফলতেই মহা মূল্যবান ধাতু সোণ সৃষ্টি হয়। পিছলৈ বিজ্ঞানী সকলে ধৰা পেলাই তেনে এক মহাজাগতিক বিষ্ফোৰণ য'ত এক ভয়ানক মুখামুখি সংঘৰ্ষত পতিত হয় দুটা নিউট্ৰন তৰা। নিউট্ৰন তৰাৰ এনে মুখামুখি সংঘৰ্ষত আলোকিত হৈ উঠে বিশ্বব্ৰহ্মাণ্ডৰ দূৰ দিগন্ত। বৈজ্ঞানিক সকলে এনে মহাজাগতিক সংঘৰ্ষক "গামা ৰে বাৰ্ষ্ট" বা সংক্ষেপে "জি-আৰ-বি" বুলি কয়। 

কিন্তু এই নিউট্ৰন তৰাবোৰনো কি ? কিছুমান বিশাল আকৃতিৰ নক্ষত্র মৃত্যুৰ সময়ত প্ৰচণ্ড ভাবে বিস্ফোৰিত হয়। এনে বিস্ফোৰণক "সুপাৰনোভা" বোলা হয়। বিষ্ফোৰিত তৰাটো প্রথমে ফুলি উঠে আৰু বৃহৎ আকাৰ ধাৰণ কৰে। তাৰপিছত তৰাটোৰ সংকোচন আৰম্ভ হয়। এনেদৰে ক্ৰমে সংকুচিত হৈ অহা তৰাটোৰ কিন্তু ভৰৰ একো পৰিবৰ্তন নহয়। অৰ্থাৎ অতি বেছি ভৰযুক্ত একোটি বৃহৎ তৰা অতিমাত্ৰা সংকুচিত হৈ অতি উচ্চ ঘণত্বৰ ক্ষুদ্ৰ আয়তনৰ তৰালৈ ৰূপান্তৰিত হয়। এনে তৰাৰ এচামুচ পদাৰ্থৰ ভৰ জোনবাইৰ ভৰৰ সমান হ'ব পাৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি তৰাটোত থকা পদাৰ্থবোৰৰ ঘণত্ব কিমান বেছি হ'ব পাৰে। অতিঘণত্ব যুক্ত বৃহৎ ভৰৰ ক্ষূদ্ৰকায় এনে মৃত তৰাবোৰক নিউট্ৰন তৰা বোলা হয়।

নিউট্ৰন তৰাবোৰৰ মহাকৰ্ষণ বল অতি বেছি আৰু সেয়েহে বিশ্বব্ৰহ্মাণ্ডৰ আপেক্ষিক ভাবে দুটা ওচৰা-ওচৰি নিউট্ৰন তৰা মহাকৰ্ষণ বলৰ প্ৰভাবত পৰস্পৰে পৰস্পৰৰ চৌদিশে এক নিৰ্দিষ্ট ভৰকেন্দ্ৰক কেন্দ্ৰ কৰি অতি দ্ৰুত বেগত ঘূৰিবলৈ লয়। ঘূৰ্ণীয়মান নিউট্ৰন তৰাদুটা পৰস্পৰৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত লাহে লাহে ওচৰ চাপি আহিব ধৰে আৰু শেষলৈ দুয়োটা নিউট্ৰন তৰা এক ভয়ানক সংঘৰ্ষত পতিত হৈ গামা ৰে বাৰ্ষ্ট সৃষ্টি কৰে। গামা ৰে বাৰ্ষ্টৰ সময়ত সৃষ্টি হোৱা কল্পনাতীত উষ্ণতাৰ ফলত নিউট্ৰন তৰা দুটাৰ কেন্দ্ৰত থকা বিভিন্ন অতি উচ্চ ঘণত্বৰ মৌলসমূহৰ নিউক্লিয় সংযোজন ঘটে আৰু ইয়াৰ ফলত সোণ আদি মূল্যবান ধাতু সমূহৰ লগতে অন্যান্য মৌল সমূহ, নিউট্ৰন তৰা দুটাৰ অৱশেষ, গেছীয় ধূলিকণা আদিবোৰ সৃষ্টি হৈ বিশ্বব্ৰহ্মাণ্ডৰ দূৰ দূৰণিলৈ ছিটিকি পৰে। এনেদৰে ছিটিকি পৰা মৃত নক্ষত্ৰৰ অৱশেষৰ পৰাই পুনৰ জন্ম হয় আন এক শিশু নক্ষত্ৰ অথবা একো একোটি গ্ৰহ।

আমাৰ সৌৰজগতৰ সূৰ্য আৰু প্ৰতিটো গ্ৰহ-উপগ্ৰহও কোনো মৃত্যু হোৱা নক্ষত্ৰৰ অৱশিষ্ট অংশৰ পৰাই সৃষ্টি হৈছে। এনে কোনো মৃত তৰাৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বিভিন্ন মৌল সমূহকেই উপাদান হিচাবে লৈ আমাৰ সুন্দৰ পৃথিৱীখনো সৃষ্টি হৈছে। আজি আমি পৃথিৱীৰ বুকুত পোৱা প্ৰতি টুকুৰা লো, তাম, এলুমিনিয়াম অথবা সোণ কেইবা হেজাৰ কৌটি বছৰ আগতেই কোনো এক অজ্ঞাত তৰাৰ কেন্দ্ৰভাগৰ মহাজাগতিক কাৰখানাত এক মহাজাগতিক সংঘৰ্ষৰ ফলতেই সৃষ্টি হৈছিল। সেইবাবেই বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী কাৰ্ল চেগানে কৈছিল : “আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

Saturday 14 October 2017

ভৱিষ্যতৰ প্ৰদূষণহীন ইন্ধন : হাইড্ৰজেন



হাইড্ৰজেন শক্তিৰ এটি প্ৰধান উৎস। হাইড্ৰজেনক ইন্ধন হিচাবে জ্বলালে যথেষ্ঠ পৰিমানে শক্তি পোৱা যায়। তদুপৰি ই এবিধ প্ৰদূষণহীন ইন্ধন। সাধাৰণতে দাহ্য পদাৰ্থসমূহ অক্সিজেনৰ উপস্থিতিত দহন কৰিলে তাপ আৰু পোহৰ শক্তিৰ উপৰিও যথেষ্ঠ পৰিমানে কাৰ্বন ডাইঅক্সাইড, ধোঁৱা, অদাহ্য কাৰ্বন কণা আদি উৎপন্ন হৈ পৰিবেশ প্ৰদূষিত কৰে। আনহাতে হাইড্ৰজেনক নিয়ন্ৰিত ভাবে অক্সিজেনৰ উপস্থিতিত দহন কৰিলে যথেষ্ঠ পৰিমানে শক্তি আৰু পানীহে উৎপন্ন হয়। সেয়ে হাইড্ৰজেন এবিধ প্ৰদূষণহীন ইন্ধন। ওপৰোক্ত কাৰণতেই ১৯৭০ চনৰ পৰাই নাছাই ৰকেট প্ৰক্ষেপনৰ বাবে প্ৰয়োজনীয় শক্তিৰ বাবে এই প্ৰদূষণহীন ইন্ধন ব্যৱহাৰ কৰি আহিছে। ইয়াৰ ফলত উৎক্ষেপন কেন্দ্ৰৰ দাঁতি কাষৰীয়া অঞ্চলত হ’ব পৰা সাম্ভাব্য প্ৰদূষণৰ পৰা মুক্তি পোৱাৰ লগতে মহাকাশচাৰী সকলৰ পানীৰ সমস্যাটোও দূৰ কৰা সম্ভৱ হৈ উঠিল।
হাইড্ৰজেনক ইন্ধন হিচাবে ব্যৱহাৰ কৰিবলৈ পৃথিৱীৰ বায়ুমণ্ডলত ইয়াক বেছিকৈ পোৱা নেযায়। অতি সামান্য মাত্ৰাত থকা বায়ুমণ্ডলৰ হাইড্ৰজেনে এই চাহিদা পুৰ কৰিব নোৱাৰে। কৃত্ৰিম ভাবে বৈজ্ঞানিক পদ্ধতিৰে হাইড্ৰজেন আহৰণ কৰি ইন্ধন হিচাবে ব্যৱহাৰ কৰাটোও অতি ব্যয়বহুল। তদুপৰি হাইড্ৰজেন জ্বলাই শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোও ইমান সহজ বা নিৰাপদ নহয়। ইয়াৰ বাবে প্ৰয়োজন অতি দক্ষ কাৰিকৰী জ্ঞানৰ কুশলী। সেয়ে যথেষ্ঠ সম্ভাৱনা থকা স্বত্তেও শক্তিৰ বিকল্প উৎস হিচাবে হাইড্ৰজেন ব্যৱহাৰ কৰিব পৰা হোৱা নাই।
সাম্প্ৰতিক সময়চোৱাত হাইড্ৰজেনক কোনো আৱদ্ধ তন্ৰৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত অতি নিয়ন্ত্ৰিত পদ্ধতিৰে দহন কৰি তাপ শক্তি আহৰণ কৰা হয়। এই তাপশক্তিৰ পৰাই যথেষ্ঠ পৰিমানে বিদ্যুৎ শক্তি আহৰণ কৰা সম্ভৱ। কিন্তু পৰিতাপৰ কথা এই যে সম্ভাৱনা আৰু প্ৰায়োগিক কৌশল দুয়োটাই বিজ্ঞানী সকলৰ অৱগত যদিও, চাহিদা পুৰাব পৰাকৈ পৃথিৱীত হাইড্ৰজেনৰ ভাণ্ডাৰ মজুত নথকা বাবে এইক্ষেত্ৰত বিজ্ঞানী সকলে হাত সাৱটি বহি থাকিব লগা হৈছে।
হাইড্ৰজেনৰ এক বিশাল ভাণ্ডাৰ হ’ল সমূদ্ৰৰ পানী। সাগৰৰ যি অফুৰন্ত পানীৰ পৰাই হাইড্ৰজেন আহৰণ কৰি ইন্ধন হিচাবে ব্যৱহাৰ কৰাৰ বাবে চিন্তা চৰ্চা আৰম্ভ হ’বলৈ ধৰিলে। কিন্তু ইয়াত আন এটি সমস্যাই দেখা দিলে। পানীৰ পৰা হাইড্ৰজেন পাবলৈ পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিব লাগিব। সাগৰৰ পানীৰ বিদ্যুৎ বিশ্লেষণৰ বাবে পুনৰ প্ৰয়োজন হ’ব বিদ্যুতৰ। এনেদৰে বিদ্যুতৰ বিনিময়ত বিদ্যুৎ আহৰণ কৰাৰ ধাৰণাটোও অৰ্থনৈতিক অথবা বৈজ্ঞানিক দৃষ্টিকোনৰ পৰা যুক্তিপূৰ্ণ যেন অনুভৱ নহয়। কিন্তু সমূদ্ৰৰ পানীৰ পৰা অৰ্থনৈতিক ভাবে সুলভ হাইড্ৰজেন আহৰণ কৰাৰ এটি বিকল্প বৈজ্ঞানিক পথৰ সন্ধানত বিজ্ঞানীসকল নিমজ্জিত হৈয়ে ৰ’ল।
শেহতীয়াকৈ University of Central Floridaৰ গৱেষক বিজ্ঞানী য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে সাগৰৰ পানীৰ পৰা বিদ্যুৎ শক্তি ব্যৱহাৰ নকৰাকৈয়ে হাইড্ৰজেন আহৰণ কৰাৰ এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছে। য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে সূৰ্যৰ ৰশ্মিৰ সহায়ত সাগৰৰ পানী বিশ্লেষণ কৰি তাৰ পৰা হাইড্ৰজেন আহৰণ কৰাৰ পথ মুকলি কৰিছে। এই বিশেষ কামটো সম্পন্ন কৰিবলৈ তেওঁলোকে এবিধ বিশেষ ধৰণৰ nanomaterialৰ সহায়ত এটা “আলোক অনুঘটক” বা photocatalyst তৈয়াৰ কৰিছে। এই অনুঘটকটো তৈয়াৰ কৰিবলৈ য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে titanium dioxide আৰু molybdenum disulfide ব্যৱহাৰ কৰিছে। এই আলোক অনুঘটকটোৰ বিশেষত্বটো হ’ল এই যে, ই সূৰ্যৰ পোহৰৰ অধিকাংশ বৰ্ণালীকেই শোষণ কৰি লৈ শক্তি হিচাবে সঞ্চিত কৰি ৰাখিব পাৰে। য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে titanium dioxide আৰু molybdenum disulfideৰ সহায়ত তৈয়াৰ কৰা অনুঘটকটোৰ সহায়ত সমুদ্ৰৰ পানীৰ উপৰিভাগত যথেষ্ঠ পৰিমানে সৌৰশক্তি আহৰণ কৰি সেই শক্তিৰ সহায়ত সাগৰৰ লুণীয়া পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাইছে আৰু পৰীক্ষাটোৰ দ্বাৰা সমুদ্ৰৰ পানীৰ পৰা হাইড্ৰজেন আহৰণ কৰিবলৈ সক্ষম হৈছে।
য়াং য়াং আৰু তেওঁৰ সহযোগীসকল এতিয়া সাগৰৰ পানীৰ পৰা অৰ্থনৈতিক ভাবে লাভজনক তথা সহজলভ্য হ’ব পৰাকৈ হাইড্ৰজেনৰ ব্যৱসায়িক উৎপাদন কৌশলটোৰ উন্নীতকৰণত মনোনিবেশ কৰিছে। হয়তো আৰু কিছু বছৰ পিছত আমি আমাৰ যান-বাহনবোৰত পেট্ৰ’ল বা ডিজেলৰ সলনি হাইড্ৰজেন গেছ ভৰাই ফুৰা চকা কৰিম। আৰু এয়া যদি অনতি পলমে সম্ভৱ হৈ উঠে, তেন্তে আমি কেবল যে প্ৰদূষণৰ সমস্যাৰ পৰা মুক্তি পাম এনে নহয় ; বৰং কম মূল্যৰ বিনিময়ত আমি আহৰণ কৰিব পাৰিম ভৱিষ্যতৰ সেই প্ৰদূষণহীন ইন্ধন।

অসমৰ মটৰ মেকানিক আৰু তেওঁৰ হেলিকপ্টাৰখন


বানে গৰকা ধেমাজিৰ এখন অখ্যাত গাওঁ। ডিমৌ শ্যামজুলি গাওঁখনলৈ যাতায়ত ব্যৱস্থাও সুচল নহয়। বাট-পথৰ অৱস্থা জৰাজীৰ্ণ। বাৰিষাৰ বতৰতটো কথাই নাই। বানপানীৰ মাজত ককবকাই শ্যামজুলিৰ গঞাই দিন পাৰ কৰে। বাৰিষা শ্যামজুলিলৈ যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে। নিত্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহৰ বাবেই হওঁক বা চৰকাৰী কাৰ্যালয়ৰ কামৰ তাগিদাতেই হওঁক অথবা চিকিৎসাৰ বাবে ৰোগীক ধেমাজি চহৰলৈ অনা নিয়া কৰাটো শ্যামজুলিৰ মানুহখিনিৰ বাবে ভীষন যন্ত্ৰণাদায়ক অথচ নৈমিত্তিক ঘটনা।
শ্যামজুলি গাঁৱৰ এজন সাধাৰণ মটৰ মেকানিক চন্দ্ৰ শৰ্মা। ঘৰুৱা আৰ্থিক অনাটনৰ বাবে তৃতীয় শ্ৰেণীতেই তেওঁ পঢ়াশালি এৰি চহৰৰ মটৰ গাড়ীৰ গেৰেজত গাড়ী ধোৱা, ৰেঞ্চ-হাতুৰী আদিৰ যোগান ধৰা ল’ৰা হিচাবে সংগ্ৰামী জীৱনৰ পাতনি মেলে। অনুসন্ধিৎসু প্ৰকৃতিৰ কিশোৰ শ্ৰমিকজনে কেইবছৰমানৰ ভিতৰতেই বিভিন্ন ধৰণৰ গাড়ীৰ যন্ৰাংশবোৰ মেৰামতি কৰাৰ কৌশলবোৰ আয়ত্ব কৰি ল’লে। লাহে লাহে ল’ৰাজনৰ হাতখনো পৈণত হৈ উঠিল। দক্ষ মেকানিক হিচাবে চন্দ্ৰ শৰ্মা সকলো মানুহৰ বাবেই এটি পৰিচিত নাম হৈ পৰিল।
দিনবোৰ পাৰ হৈ মাহ আহিল, মাহ পাৰ হৈ বছৰ বাগৰিল। চৌদিশে পৰিবেশ, পৰিস্থিতি সলনি হ’ল। মাথোন সলনি নহ’ল শ্যামজুলিবাসীৰ বানে ধোৱা সমস্যাবোৰ, জৰাজীৰ্ণ পথবোৰ আৰু শ্যামজুলিৰ গঞা ৰাইজৰ দৈনন্দিন যন্ৰণাবোৰ। বিশেষকৈ যাতায়তৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰি শ্যামজুলিৰ সাধাৰণ ৰাইজক ঢোকে ঢোকে পানী খুৱাইছে।
শ্যামজুলিৰ মটৰ মেকানিক চন্দ্ৰ শৰ্মাই এই সমস্যাৰ পৰা গঞা ৰাইজক উদ্ধাৰ কৰাৰ মানসেৰে কিবা এটা ব্যৱস্থা হাতত লোৱাৰ সপোন ৰচিবলৈ আৰম্ভ কৰে। অসম্ভৱ যেন লগা এই সপোনটোৱে তেওঁক খেদি ফুৰিবলৈ আৰম্ভ কৰিলে। সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে পৰামৰ্শ বিচাৰি তেওঁ যাৰেই ওচৰলৈ গৈছে, তেৱেই উচপ খাই উঠি কৈছে : এয়া অসম্ভৱ চন্দ্ৰ ! এয়া বলিয়ালীৰ নামান্তৰ…!
চন্দ্ৰ শৰ্মাৰ সপোন হ’ল শ্যামজুলিবাসীৰ যাতায়তৰ সমস্যা নোহোৱা কৰিবৰ বাবে থলুৱা প্ৰযুক্তিৰ সহায়ত এখন হেলিক’প্টাৰ বনোৱা। কিন্তু এই সপোনক বাস্তৱত পৰিণত কৰিবলৈ চন্দ্ৰ শৰ্মাক তেতিয়া প্ৰয়োজন আছিল জ্ঞানীজনৰ পৰামৰ্শ, শুভাকাংশীৰ প্ৰেৰণা আৰু বুজন পৰিমানৰ ধন। পত্নীৰ প্ৰেৰণা আৰু মেকানিক হিচাবে উপাৰ্জন কৰা ধনৰ পৰা বচাই ৰখা সাঁচতিয়া সামান্য ধনখিনিকেই সম্বল হিচাবে লৈ চন্দ্ৰ শৰ্মাই কামত লাগি গ’ল।
হেলিক’প্টাৰ এখন সাজিবলৈ বহুতো বস্তুৰেই প্ৰয়োজন। তেওঁ থিৰাং কৰিলে এপদ দুপদকৈ প্ৰয়োজনীয় বস্তুবোৰ সংগ্ৰহ কৰাৰ কথা। সেইমতে গেৰেজৰ পেলনীয়া বস্তুৰ মাজৰ পৰাই তেওঁ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে বিভিন্ন আকাৰৰ লো বা এলুমিনিয়ামৰ খণ্ড, ধাতুৰ চেপেটা টুকুৰা, হাতেৰে মটৰ গাড়ীৰ গিয়েৰ সলনি কৰিবলৈ ব্যৱহাৰ কৰা ধাতুৰ দণ্ড আদিবোৰ। ধাতুৰ দণ্ড আৰু চেপেটা টুকুৰাবোৰ জ্বালাই কৰি ইতিমধ্যে তেওঁ হেলিক’প্টাৰৰ জঁকাটো তৈয়াৰ কৰি উলিয়ালে। দুজন মানুহ আৰোহী হিচাবে বহিব পৰাকৈ পুৰণি গাড়ীৰ চিটকেইটাও সংগ্ৰহ কৰা হ’ল।
সাচতীয়া ধনবোৰ ইতিমধ্যে শেষ হৈ গৈছে। এতিয়াও হেলিক’প্টাৰখনৰ বাবে মূল ইঞ্জিন, বৈদ্যুতিক সৰঞ্জাম, বেটাৰী, ইন্ধন ভৰোৱা পাত্ৰ, উৰিবৰ বাবে প্ৰয়োজনীয় পাংখা আদিবোৰ সংগ্ৰহ কৰিবলৈ বাকী। এই বস্তুবোৰ কিনাৰ বাবে প্ৰয়োজন হোৱা ১৫ লাখ টকাৰ তাগিদাত চন্দ্ৰ শৰ্মাই নিজৰ খেতি মাটি বিক্ৰী কৰি দিয়ে। হেলিক’প্টাৰখনৰ বাবে তেওঁ দুটা শক্তিশালী SUV ইঞ্জিনো কিনি ল’লে। সকলোবোৰ বস্তু সংগ্ৰহ হোৱাৰ পিছত চন্দ্ৰ শৰ্মাই দুগুন উৎসাহেৰে কামত লাগি গ’ল।
চাওঁতে চাওঁতে চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনে প্ৰাণ পাই উঠিল। গাৱঁৰ ৰাইজ দৌৰি ওলাই আহিল। তেওঁলোকে যেন নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাই ! তেওঁলোকৰ সন্মুখৰ বাকৰি মাটিডৰাত চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনে গৰ্জন কৰি উঠিছে। চক্ৰাকাৰে তীব্ৰগতিত ঘূৰিব ধৰিছে হেলিক’প্টাৰ খনৰ পাংখাবোৰ। পাংখাৰ ঘূৰনিৰ কোবত সৃষ্টি হোৱা বতাহৰ সোঁতে ওচৰৰ গছ লতিকাবোৰ যেন মোহাৰি লৈ যাব…!
কথা বুলিলেই বতাহ। চৌদিশে ফাটি ফুটি গ’ল থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনৰ কথা। দুৰ দুৰণিৰ পৰা মানুহৰ সোঁত ব’বলৈ শ্যামজুলিলৈ। চন্দ্ৰ শৰ্মাৰ মতে তেওঁৰ এই হেলিক’প্টাৰখনে দুজন আৰোহী বুকুত লৈ মাটিৰ পৰা প্ৰায় ৫০ ফুট ওপৰেৰে প্ৰতি ঘণ্টাত ৬০ কিল’মিটাৰ বেগত উৰিবলৈ সক্ষম।
উৰণ অভিযন্তা অথবা উৰণ বিশেষজ্ঞ নোহোৱাকৈয়ে চন্দ্ৰ শৰ্মাই সাজি উলিওৱা এই হেলিক’প্টাৰখন আকাশত উৰাবলৈ এতিয়া প্ৰয়োজন উৰণ সক্ষমতাৰ প্ৰমান পত্ৰ। ইতিমধ্যে তাৰ বাবে প্ৰয়োজনীয় যোগাযোগ সম্পন্ন কৰা হৈছে। হয়তো কিছুদিনৰ ভিতৰতেই চন্দ্ৰ শৰ্মাৰ বহুদিনীয়া সপোনটো এক অনাবিল আনন্দদায়ক বাস্তৱত পৰিনত হ’ব। চন্দ্ৰ শৰ্মাৰ এই হেলিক’প্টাৰখন ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় স্তৰতো চৰ্চিত হৈছে। তৃতীয় শ্ৰেণীতেই পঢ়াশালি এৰি জীৱনৰ ঠিকনা বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰা চন্দ্ৰ শৰ্মাৰ প্ৰতিভা, দৃঢ়তা, আত্মবিশ্বাস আৰু একাগ্ৰতা নিসন্দেহে প্ৰশংসনীয়। চন্দ্ৰ শৰ্মাৰ দৰে ব্যক্তিসকলৰ বাবে আজি আমি অসমীয়া হিচাবে আমি গৌৰৱ কৰিব পাৰো।

Thursday 5 October 2017

মংগলগ্ৰহত মানুহৰ বসতি আৰু অক্সিজেনৰ নাটনি


সাম্প্ৰতিক সময়চোৱাত নাছাৰ বিজ্ঞানীসকলে আগন্তুক ২০৩০ চনৰ পৰা মংগল গ্ৰহৰ বুকুত মানুহৰ বসতিৰ বাবে প্ৰয়োজনীয় কাঠামো তৈয়াৰ কৰিবলৈ পূৰ্ণগতিত কাম কৰি আছে। মংগল গ্ৰহৰ পৃষ্ঠ, মংগলৰ বায়ুমণ্ডল, গ্ৰহটোৰ উষ্ণতা, মাধ্যাকৰ্ষণ অথবা মংগল পৃষ্ঠৰ ওপৰৰ মহাজাগতিক বিকিৰণ ইত্যাদি সকলোবোৰেই মানুহৰ বসতিৰ বাবে অনুপযুক্ত। তথাপিও হাৰ মনা নাই বিজ্ঞানীসকল। বিভিন্ন পৰীক্ষা-নিৰীক্ষা, গৱেষণা আদিৰ মাধ্যমেৰে সকলোবোৰ সমস্যাৰ সমাধান সূত্ৰ আৱিষ্কাৰত বৰ্তমান তেওঁলোক ব্যস্ত।
মংগল গ্ৰহত মানুহৰ বসবাসৰ প্ৰধান প্ৰতিকুলতা হ'ল গ্ৰহটোৰ বায়ুমণ্ডলত অক্সিজেনৰ অভাব। পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা সম্পূৰ্ণ পৃথক এই ৰঙচুৱা গ্ৰহটোৰ বায়ুমণ্ডল। পৃথিৱীৰ বায়ুমণ্ডলত ৭৮ শতাংশ নাইট্ৰজেন আৰু ২১ শতাংশ অক্সিজেন আছে। আনহাতে মংগল গ্ৰহৰ বায়ুমণ্ডল ৯৫ শতাংশ কাৰ্বন ডাইঅক্সাইড, ৩ শতাংশ নাইট্ৰজেন আৰু ১.৫ শতাংশ আৰ্গন গেছেৰে গঠিত। মংগল গ্ৰহৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান ০.০২ শতাংশতকৈও কম। সেয়েহে মংগল পৃষ্ঠত মানুহৰ বসতি এক অসম্ভৱ সপোন। পৃথিৱীৰ পৰা চিলিণ্ডাৰত অক্সিজেন কঢ়িয়াই নি মংগল গ্ৰহত বসবাস কৰাৰ ধাৰনাটোও এক মূৰ্খামী। মংগল গ্ৰহৰ অক্সিজেনৰ সমস্যাটোৰ সমাধান সূত্ৰ বিচাৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা, গৱেষণা আদিবোৰ আৰম্ভ হৈছে। কাৰন ইতিমধ্যে নাছাই ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ এক পৰীক্ষামূলক অভিযান আৰু পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ ২০৩০ চনত মংগল গ্ৰহলৈ মানুহৰ প্ৰথমটো দল পঠিওৱাৰ পৰিকল্পনা তৈয়াৰ কৰি তুলিছে। তেনে ক্ষেত্ৰত মংগল গ্ৰহত অক্সিজেনৰ সমস্যাটো দূৰ কৰি মানুহৰ জীৱন সম্ভৱ কৰি তুলিবলৈ উপযুক্ত বৈজ্ঞানিক পদক্ষেপ ল'বই লাগিব।
অলপতে নাছাৰ ভাৰপ্ৰাপ্ত প্ৰশাসক ৰবাৰ্ট লাইটফুটে এই সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত শেহতীয়াকৈ নাছাই হাতত লোৱা ব্যৱস্থা সমূহৰ কথা সদৰী কৰে। তেখেতে জানিবলৈ দিয়ে যে ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ যি পৰীক্ষামূলক অভিযান চলোৱা হ'ব, সেই অভিযানতেই মংগল গ্ৰহৰ পৃষ্ঠৰ বিভিন্ন উপাদান সমূহ ব্যৱহাৰ কৰি প্ৰয়োজনীয় অক্সিজেন উৎপাদন কৰাৰ এলানি পৰীক্ষা সম্পন্ন কৰা হ'ব। এই পৰীক্ষাবোৰৰ সফলতাৰ ওপৰতেই নিৰ্ভৰ কৰিব মানুহে মংগলত বসবাস কৰাৰ ভৱিষ্যত। অৱশ্যে নাছাৰ বিজ্ঞানীসকল আশাবাদী।
নাছাৰ বিজ্ঞানী ৰবাৰ্ট লাইটফুটে প্ৰকাশ কৰা মতে মংগল গ্ৰহৰ বুকুত অপৰ্যাপ্ত পৰিমানে অক্সিজেন প্ৰস্তুত কৰাৰ বাবে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত জড়িত ৰসায়নিক বিক্ৰিয়াটো কৃত্ৰিম ভাবে মংগল গ্ৰহৰ বুকুত চলাই নিয়াৰ পৰীক্ষা কৰি থকা হৈছে। মংগল গ্ৰহৰ বায়ুমণ্ডলৰ ৯৫ শতাংশ কাৰ্বন ডাইঅক্সাইডৰ পৰা কৃত্ৰিম সালোক সংশ্লেষণ পদ্ধতিৰে যথেষ্ঠ পৰিমানে অক্সিজেন উৎপাদন কৰাৰ সম্ভাৱনা ইতিমধ্যে প্ৰতিপন্ন হৈছে। ২০২০ চনৰ মংগল অভিযানত এই পৰীক্ষা লানি গ্ৰহটোৰ বুকুত সম্পাদন কৰা হ'ব।
ৰবাৰ্ট লাইটফুটে অক্সিজেন উৎপন্ন কৰাৰ আন কেইটিমান পৰীক্ষাৰ বিষয়েও অৱগত কৰে। তেওঁ জনোৱা মতে বৰ্তমান নাছাৰ বিজ্ঞানীসকলে শক্তিশালী লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি কাৰ্বন ডাইঅক্সাইডৰ পৰা কাৰ্বন পৰমাণুটো আঁতৰাই অক্সিজেন আহৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই পৰীক্ষাটোও তেওঁলোকে ২০২০ চনৰ মংগল অভিযানত সম্পন্ন কৰি মংগলৰ বায়ুমণ্ডলত অক্সিজেন সৃষ্টি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। একেদৰে "ফুৱেল চেল" বা ইন্ধন কোষ ব্যৱহাৰ কৰিও কাৰ্বন ডাই অক্সাইডৰ পৰা বিদ্যুৎ বিশ্লেষণ কৰি অক্সিজেন উৎপন্ন কৰাৰ পৰিকল্পনা যুগুত কৰি তুলিছে। এই পৰীক্ষাবোৰ নিয়াৰিকৈ চলাই নিবৰ বাবে নাছাই ২০২০ চনৰ মংগল অভিযানত MOXIE
(The Mars Oxygen In-Situ Resource Utilization Experiment) নামৰ এটি ব্যয় বহুল প্ৰকল্প তৈয়াৰ কৰিছে আৰু এই প্ৰকল্পটোৰ কাম কাজবোৰ সঠিকভাবে চলাই নিবলৈ বহুকেইজন অৰ্হতা সম্পন্ন বৈজ্ঞানিকক দায়ীত্ব প্ৰদান কৰিছে।
(৪-১০ অক্টোবৰ, বিশ্ব মহাকাশ সপ্তাহ উপলক্ষে)


Friday 29 September 2017

সংগীতৰ তালে তালে নৃত্য কৰা গছজোপা


গছৰ পাতে বতাহত হালি জালি নাচে। বিভিন্ন জনগোষ্ঠীৰ লোককথাত নৃত্য কৰিব পৰা গছৰ কথাৰ উল্ল্যেখ আছে। কবিৰ কবিতাটো পোৱা যায় নৃত্যৰত গছ অথবা গছৰ পাতৰ নৃতৰত ভংগীমাৰ সাৱলীল বৰ্ণনা। পিছে বাস্তবত নাচিব জনা গছৰ বিষয়ে শুনিছেনে? অথবা দেখিছেনে সংগীতৰ তালে তালে হালি জালি কঁকাল ভাঙি নচা গছৰ দেহভংগীমা !

প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে উদ্ভিদৰ দেহত প্ৰাণ থাকে বুলি কোৱাৰ উপৰিও প্ৰমান কৰি দেখুৱাইছিল যে উদ্ভিদে আমাৰ দৰেই অনুভৱ কৰিব পাৰে বিভিন্ন সংবেদনা আৰু তাতোকৈ উল্ল্যেখযোগ্য বিষয় এই যে তেনে সংবেদনাবোৰৰ প্ৰতি উদ্ভিদে সঁহাৰিও জনায়। তেখেতে গৱেষণাৰ সময়ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ওপৰত এলানি পৰীক্ষা সম্পন্ন কৰিছিল। সেই উদ্ভিদবোৰৰ ভিতৰত এজোপা উদ্ভিদৰ নাম বিশেষ ভাবে উল্ল্যেখযোগ্য কাৰন এই জোপা উদ্ভিদে সংগীতৰ তালে তালে প্ৰদৰ্শন কৰিব পাৰে নৃত্য।

এই বিশেষ উদ্ভিদজোপাৰ নাম বনচন্দন (Telegraph plant)। বৈজ্ঞানিক নাম Codariocalyx motorius. গছজোপাৰ বিশেষত্ব হ'ল এয়ে যে আপুনি যদি গছজোপাৰ কাষলৈ গৈ হাতচাপৰি বজাই, তেন্তে ইয়াৰ পাতবোৰে সঁহাৰি জনাব আৰু আপোনাৰ হাতচাপৰিৰ ঠাৰত নাচিবলৈ ধৰিব। পৰীক্ষাৰ সময়ত বিজ্ঞানীসকলে বনচন্দন গছৰ কাষত বিশেষ শব্দ তৰংগৰ সংগীত পৰিবেশন কৰি ইয়াৰ পাতবোৰৰ নাচোন পৰ্যবেক্ষণ কৰিছে। তেওঁলোকে সংগীতৰ লয় আৰু তাল সলনি কৰি দেখা পাইছে যে পাতবোৰৰ নাচোন শব্দ তৰংগ ভেদে ভিন ভিন হয়। ৰাতিপুৱা সূৰ্যৰ ৰ'দৰ প্রখৰতা বাঢ়ি যোৱাৰ আগত গছজোপাৰ এই নাচোন বেছি ভালকৈ দেখা যায়। ৰ'দৰ তীব্ৰতা বাঢ়ি অহাৰ লগেলগে গছজোপাৰ নাচিব পৰা ক্ষমতা বা শব্দৰ প্ৰতি অনুভূতি কমি আহে।

মটৰ মাহ গোত্ৰৰ অন্তৰ্গত বনচন্দন এজোপা পলসুৱা, আলতিয়া অথবা বালিয়া মাটিত গজিব পৰা তৃণ প্ৰজাতিৰ উদ্ভিদ। এচিয়া মহাদেশৰ ভাৰত, বাংলাদেশ, নেপাল, ভুটান, পাকিস্তান, চীন, কম্বোডিয়া. ইন্দোনেচিয়া, শ্রীলংকা, থাইলেণ্ড প্রভৃতি দেশত বনচন্দন গছ পোৱা যায়। অৱশ্যে পিছলৈ পৃথিবীৰ অন্যান্য দেশবোৰলৈও বনচন্দনৰ বিস্তাৰ ঘটে।

বহুতো প্ৰজাতিৰ উদ্ভিদে বিভিন্ন সংবেদনাৰ প্ৰতি সঁহাৰি জনায়। যেনে পোহৰৰ প্ৰতি সঁহাৰি জনাই উদ্ভিদবোৰ বাঢ়ি আহে। স্পৰ্শ সংবেদনাৰ প্ৰতি সঁহাৰি জনাই লাজুকীবন অথবা কলচী উদ্ভিদে গতিময়তা প্ৰদৰ্শন কৰে। বৈজ্ঞানিক পৰীক্ষাৰ পৰা সাব্যস্ত হৈছে যে উদ্ভিদসমূহ পোহৰ, স্পৰ্শ আদি সংবেদনাৰ উপৰিও পানী, মাধ্যাকৰ্ষণ বল আদিৰ দ্বাৰাও প্ৰভাৱিত হয়। চাৰ্লচ ডাৰউইনে তেখেতৰ আন এখন প্ৰসিদ্ধ গ্ৰন্থ "দ্য পাৱাৰ অফ মুভমেন্টচ ইন প্লান্টচ’"ত বিভিন্ন সংবেদনশীল উদ্ভিদৰ কথা উল্ল্যেখ কৰি গৈছে। কিন্তু শব্দৰ প্ৰতি উদ্ভিদৰ সঁহাৰিৰ প্ৰকৃত ব্যাখ্যা বিজ্ঞানৰ জগতখনত এতিয়াও গৱেষণাৰ পৰ্যায়তেই আছে।

ইচ্ছুকসকলে ইন্টাৰনেটত উপলব্ধ বনচন্দন গছৰ নাচোন চাব পাৰে। তলৰ লিংকটো খুলিলে তেনে এটি ভিডিও দেখা পাব :
https://youtu.be/n8fXz9SCjdg

পিঞ্জৰাৱদ্ধ পোহৰৰ কেইটিমান লহমা


পোহৰ কি ? বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ এক ক্ষুদ্ৰ অংশ, যিয়ে ব্ৰহ্মাণ্ডৰ প্ৰায় প্ৰতিটো বস্তুকেই স্ব-মহিমাৰে আলোকিত কৰি সেইবোৰ আমাৰ বাবে দৃশ্যমান কৰি তোলে অথচ নিজেই অদৃশ্য এক বিকীর্ণ শক্তি হৈ আমাৰ দৃষ্টিৰ পৰা লুকাই থাকে, সেই আজব অনুভূতিটোৱেই জানো পোহৰ নহয় ? বিজ্ঞানৰ জগতত পোহৰক এবিধ শক্তি কিম্বা বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ এক ক্ষুদ্ৰ অংশ বা এক প্ৰকাৰৰ তৰংগ অথবা পদাৰ্থ আৰু শক্তিৰ মাজৰ এক উমৈহতীয়া দশা বুলি বৰ্ণনা কৰা হৈছে। আচলতে পোহৰ এক বিষ্ময়।

পোহৰৰ বিভিন্ন ধৰ্মসমূহৰ ভিতৰত এটা উল্ল্যেখযোগ্য ধৰ্ম হ'ল ইয়াৰ গতিশীলতা। বাধাৰ সন্মুখীন নোহোৱালৈকে পোহৰে গতি কৰি থাকে অনাদি অনন্ত কাললৈ। গতিশীলতাই পোহৰৰ ধৰ্ম। কোনো বাধাৰ সন্মুখীন হ'লে পোহৰ অৱশ্যে শোষিত, প্ৰতিফলিত বা প্ৰতিসৰিত হয়। কিন্তু পোহৰ জানো বন্দী হয় ? পাৰি জানো বিশ্বব্ৰহ্মাণ্ডৰ সবাতোকৈ বেগী পোহৰক এটি পিঞ্জৰা সদৃশ কোনো তন্ত্ৰৰ মাজত আৱদ্ধ কৰি ৰাখিবলৈ ?

পদাৰ্থৰ পঞ্চম ৰূপ Bose-Einstein condensate ব্যৱহাৰ কৰি পোহৰৰ গতিবেগ কমাব পাৰি বুলি ইতিমধ্যে বিজ্ঞানী সকলে জানিছিল আৰু Bose-Einstein condensate ব্যৱহাৰ কৰি পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৯০ মিটাৰলৈ মন্থৰিত কৰি বিজ্ঞানীসকলে এটি প্ৰায় অসম্ভৱ কাম সম্ভৱ কৰি পেলাইছিল। প্ৰতি ছেকেণ্ডত ৩ লাখ কি:মি: দূৰত্ব অতিক্ৰম কৰিব পৰা পোহৰৰ গতিবেগ ১৯৯৯ চনত ডেনমাৰ্কৰ বিজ্ঞানী Lene Vestergaard Hau আৰু তেওঁৰ সহকৰ্মী সকলে প্ৰতি ছেকেণ্ডত মাত্ৰ ১৭ মিটাৰলৈ হ্ৰাস কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ২০০৪ চনত বিশেষ ধৰণৰ অৰ্ধপৰিবাহী ব্যৱহাৰ কৰি পোহৰৰ ৰশ্মিৰ গতিবেগ ৯.৭ মিটাৰ/ছেকেণ্ডলৈ কমাই আনিবলৈ সক্ষম হয়।

পোহৰৰ গতিবেগক এনেদৰে নিজৰ ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পৰা হোৱাতো বিজ্ঞানীসকলৰ বাবে এক অভিজ্ঞতাৰ লগতে আগন্তুক সময়চোৱাৰ বাবে কোৱাণ্টাম জগতখনলৈ এক প্ৰতিশ্ৰুতি হিচাবে পৰিগণিত হৈ পৰিল। পোহৰৰ গতিবেগ নিয়ন্ত্ৰণ কৰি কোৱাণ্টাম নেটৱৰ্কিং ব্যৱস্থাৰ প্ৰভুত উন্নতি সাধন কৰাৰ সম্ভাৱনাই বিজ্ঞানীসকলৰ নিদ্ৰা হৰণ কৰি পেলালে। কোৱাণ্টাম নেটৱৰ্কিঙৰ জৰিয়তে যোগাযোগ ব্যৱস্থাৰ নাটকীয় পৰিবৰ্তন আনিব পৰা যাব। ইয়াৰ ফলত সাধাৰণ যোগাযোগ ব্যৱস্থাৰ উপৰিও বিশ্বব্ৰহ্মাণ্ডৰ কোনো অজানতিমুলুকৰ পৰা তথ্য সংগ্ৰহৰ পৰা আৰম্ভ কৰি কেইবা শ আলোকবৰ্ষ দূৰৰ কোনো গ্ৰহ-গ্ৰহান্তৰ লৈ কম সময়ৰ ভিতৰত তথ্যৰ আদান-প্ৰদান সম্ভৱ হৈ উঠিব।

কোৱাণ্টাম নেটৱৰ্কিঙৰ সাম্ভাব্য এই ক্ষেত্ৰখনত কাম কৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সকল আগবাঢ়ি আহিল। তেওঁলোকৰ গৱেষণাৰ মূল বিষয়টোৱেই হ'ল কৃত্ৰিম ভাবে সৃষ্টি কৰা পোহৰৰ স্থবিৰতা। অৰ্থাৎ পোহৰক স্থবিৰ কৰি তোলা !!! পিছে, এয়া যে এক অসম্ভৱ, অবাস্তৱ ধাৰণা। বিশ্বব্ৰহ্মাণ্ডৰ সবাতোকৈ বেগী পোহৰক এটি পিঞ্জৰা সদৃশ কোনো তন্ত্ৰৰ মাজত আৱদ্ধ কৰি ৰখাটো জানো সম্ভৱ !!!

শেহতীয়াকৈ জাৰ্মানীৰ Darmstadt Universityৰ গৱেষক বিজ্ঞানী George Heinze আৰু তেওঁৰ সহকৰ্মীবৃন্দই এই অসম্ভৱ যেন লগা কামটো সম্পন্ন কৰি সমগ্ৰ বিশ্বৰ বিজ্ঞান সমাজত তুমুল আলোড়ন সৃষ্টি কৰিছে। ইয়াৰ বাবে তেওঁলোকে Praseodymium (Pr) নামৰ এবিধ ঈষৎ ধূসৰ বৰণৰ ধাতবীয় মৌলৰ (পাৰমাণৱিক সংখ্যা ৫৯) স্ফটিক ব্যৱহাৰ কৰিছে। ক্ৰায়োজেনিক শীতলীকৰণ প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা এই স্ফটিকবোৰত ধাতুটোৰ আয়ন অতি কম ঘণত্বত উপস্থিত থাকে। পৰীক্ষাটো সম্পন্ন কৰিবলৈ তেওঁলোকে দুটা লেজাৰ ৰশ্মি পোহৰৰ উৎস হিচাবে ব্যৱহাৰ কৰিছে। প্ৰথম লেজাৰ ৰশ্মিটো Praseodymiumৰ ঈষৎ ধূসৰ স্ফটিকটোৰ মাজেৰে পাৰ হৈ যাব দিলে ই স্ফটিকটোৰ আলোকীয় ধৰ্ম বা optical property তাৎক্ষণিক ভাবে পৰিবৰ্তন কৰি ইয়াক স্বচ্ছ কৰি তোলে। এতিয়া স্বচ্ছ হৈ পৰা স্ফটিকটোৰ মাজেৰে দ্বিতীয়টো লেজাৰ ৰশ্মি পাৰ হৈ যাবলৈ দিলে স্ফটিকটোৰ মাজত থকা ধাতুটোৰ আয়নবোৰে লেজাৰ ৰশ্মিটোক Praseodymiumৰ স্ফটিকটোৰ মাজত আৱদ্ধ কৰি ৰাখে। ফলত কেইটামান মূহুৰ্তলৈ পোহৰৰ স্থবিৰ হৈ পৰে। George Heinze আৰু তেওঁৰ সহকৰ্মীবৃন্দই Praseodymiumৰ স্ফটিকটোৰ মাজত পোহৰক সম্পূৰ্ণ এক মিনিট স্থবিৰ কৰি ৰাখিবলৈ সক্ষম হৈছে। সেই সময়চোৱাত পোহৰে স্ফটিকটোৰ ভিতৰত পিঞ্জৰাবদ্ধ হৈ থাকি সম্পূৰ্ণ ৬০ ছেকেণ্ডৰ এক "আলোক-স্মৃতি" বা "কোৱাণ্টাম-স্মৃতি" সৃষ্টি কৰে। পোহৰক পিঞ্জৰাবদ্ধ কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তোলা এই পৰীক্ষাটোৰ ফলাফলে আগন্তুক সময়চোৱাত মানবজাতিৰ বাবে কঢ়িয়াই আনিব পৰা সাম্ভাব্য সুখবৰৰ অপেক্ষাত আমিবোৰ বাট চাই ৰ'ম। বিজ্ঞানে মানৱতাৰ জয়গান গোৱাটোৱেই আমাৰ কাম্য।

Saturday 23 September 2017

এই সুৰটি মই সৰগত শুনিম



সুশৃংখল শব্দ আৰু সুৰৰ সমন্বয়ে মানৱ চিত্তক আহ্লাদিত কৰেসুৰ আৰু ধ্বনিৰ সমন্বয়ত সৃষ্টি হোৱা এইবিধ কলাই ' সংগীতএই স্বৰধ্বনি মানুহৰ কণ্ঠ নিঃসৃত অথবা যন্ত্রোৎপাদিত অথবা উভয়ৰে সংমিশ্রণত ' পাৰেযন্ত্ৰ সংগীতৰ এক স্বকীয় মাদকতা আছেযন্ত্ৰ সংগীতৰ ধ্বনিয়ে গায়কৰ কণ্ঠেৰে নিগৰা সংগীতক এক মাত্ৰা প্ৰদান কৰেসংগীতৰ এই জগতখনত গায়ক, গীতিকাৰ, সুৰকাৰ আৰু বাদ্যযন্ত্ৰী সকলৰ ভূমিকা অনস্বীকাৰ্য

সঙ্গীত জগতৰ এজন অন্যতম সুৰকাৰৰ সুৰৰ ছন্দময়তাৰ আঁকবাকে মোৰ মনটো জোকাৰি 'সমগ্ৰ বিশ্বকে সুৰৰ যাদুৰে মোহিত কৰি ৰখা সুৰকাৰ যে তেওঁ ! শৈশৱৰ পৰাই কাণেৰে কমকৈ শুনা সুৰকাৰজনৰ হৃদস্পন্দনৰ গতিও অনিয়মিতনিজৰ অনিয়মিত হৃদস্পন্দনৰ অনুকৰণ কৰি তেওঁ সৃষ্টি কৰি যায় মায়াময় সুৰৰ মূৰ্চনাগৱেষক সকলৰ মতে এই কাৰণতেই হয়তো তেওঁৰ প্ৰায়বোৰ সুৰৰ ছন্দতেই আছে এক অস্বাভাৱিক অথচ প্ৰাণময় উঠা-নমাৰ এক মায়াময় যাদুৰ পৰশজন্মৰ পৰাই কাণেৰে কমকৈ শুনা সুৰকাৰ জন পিছলৈ সম্পূৰ্ণ বধিৰ হৈ পৰেকাণেৰে নুশুনিলেও কিন্তু তেওঁ সৃষ্টি কৰি গৈ থাকিল এটাৰ পিছত এটাকৈ অবিশ্বাস্য মায়াময় সুৰৰ মূৰ্চনা, অসাধৰণ চিম্ফনীহয়, আপুনি থিকেই ধৰিছেসেই সুৰকাৰ জনেই ' লাডউইগ ভান বিথোভেন

সুৰকাৰ হিচাবে বিথোভেনৰ প্ৰাৰম্ভিক সময়চোৱা খুব ভাল নাছিলতেওঁৰ সংগীত শিক্ষকজনে হতাশ হৈ কৈছিল, “এজন সুৰকাৰ হিচাবে তুমি বেছি আশা নকৰি পিয়ানো বজোৱাতেই মনোনিবেশ কৰা”। সেই সময়ত প্ৰচলিত ধ্ৰুপদী সংগীতৰ ধাৰাৰ পৰা আঁতৰি আহি ৰোমাণ্টিক সুৰ সৃষ্টিৰ প্ৰয়াস কৰি বিথোভেন সমালোচনাৰো সন্মুখীন হৈছিল

বয়স বাঢ়ি আহি বিশৰ ওচৰা-ওচৰি হয় মানে বিথোভেনক আন এটা সমস্যাই জুৰুলা কৰি যায়এদিন বিথোভেনে লগৰ দুজনমান বন্ধুৰ লগত ফুৰিবলৈ যাওঁতে এজন গৰখীয়াই বাঁহী বজাই থকা দেখা পাই গৰখীয়াজনৰ বাঁহীৰ সুৰটো শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰি গৰখীয়াজনৰ ওচৰ পালেগৈকিন্তু বিথোভেনে মন কৰিলে যে তেওঁ বাঁহীৰ সুৰটো ভালকৈ শুনা নাইবন্ধু দুজনক এই বিষয়ে সোধাত তেওঁলোকে ভালকৈয়ে শুনা বুলি কোৱাত তেওঁ আচৰিত 'সিদিনাই বিথোভেনে প্ৰথম বাৰলৈ গম পাইছিল যে তেওঁৰ শ্ৰৱণ শক্তি যথেষ্ঠ হ্ৰাস পাইছে

সময় বাগৰাৰ লগে লগে বিথোভেন সম্পূৰ্ণ বধিৰ হৈ পৰিলইতিমধ্যে তেখেতৰ হৃদযন্ত্ৰৰ বিকাৰেও দেখা দিছিলকিন্তু সংগীতৰ প্ৰতি তেওঁৰ ৰাপ মুঠেও কমা নাছিলকাণেৰে একোৱেই নুশুনা এজন মানুহৰ বাবে সংগীতৰ পৰিভাষা কি ' পাৰে বাৰু? এই কঠিন প্ৰশ্নটোৰ উত্তৰটো ' লাডউইগ ভান বিথোভেন

বিথোভেনৰ সুখ্যাতি ইতিমধ্যে চৌদিশে প্ৰসাৰিত হৈছে১৮১৭ চনৰ কথালণ্ডনৰ ফিলহাৰমোনিক 'ছাইটিৰ তৰফৰ পৰা পত্ৰ যোগে তেওঁলোকৰ বাবে এটি চিম্ফনী তৈয়াৰ কৰিবলৈ বিথোভেনক বিশেষ ভাবে অনুৰোধ কৰা 'পত্ৰখন পোৱাৰ পিছতো বিথোভেনে বিশেষ গুৰুত্ব নিদি সংগীতৰ আন কিছুমান কামতহে নিয়োজিত হৈ 'আচলতে বিথোভেনে ১৭৯৩ চনতেই যেতিয়া তেওঁ এজন ২৩ বছৰীয়া যুৱক, তেতিয়াৰ সুবিখ্যাত কবি Friedrich Schiller “Ode to Joy” নামৰ কবিতাটো সুৰেৰে সজোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিছিলকিন্তু তেওঁৰ মনোমত এটি সুৰে যেন আহি ধৰা দিয়াহি নাইসৃষ্টিশীল সুৰকাৰজনে সৃষ্টি কৰিব নোৱাৰাৰ এক অব্যক্ত বেদনা বুকুত বান্ধি লৈ পাৰ কৰিছে ২৩টা বছৰতেনে এক সময়ত অৰ্থাৎ ১৮১৭ চনত লণ্ডনৰ ফিলহাৰমোনিক 'ছাইটিৰ তৰফৰ পৰা অহা পত্ৰখন তেওঁৰ বাবে গুৰুত্বহীন হৈ পৰিছিলইফালে বহুদিন পাৰ হৈ যোৱাৰ পিছতো বিথোভেনৰ কোনো সঁহাৰি নোপোৱাত ফিলহাৰমোনিক 'ছাইটিৰ তৰফৰ পৰা পুনৰ অনুৰোধ কৰা 'দ্বিতীয়বাৰৰ বাবে অহা এই অনুৰোধত বিটোভেন যেন সচকিত 'এৰা, কিবা এটা কৰিবই লাগিব…..!


১৮২২ চনত বিথোভেন নিমগ্ন ' ফিলহাৰমোনিক 'ছাইটিৰ অনুৰোধ ৰক্ষা কৰাৰ লগতে ২৩ টা বছৰৰ অপূৰ্ণ আশাটিক পূৰ্ণতা দিয়াৰ বাবেতেওঁৰ হৃদয়ত অনুৰণিত হৈ ৰোৱা অস্ফুট স্বৰবোৰক একোটা চিম্ফনীৰূপে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলেইতিমধ্যে তেওঁ চিম্ফনীটোৰ তিনিটা মুভমেন্ট সম্পূৰ্ণ কৰিছেএতিয়া চিম্ফনীটোৰ চতুৰ্থ তথা অন্তিম মুভমেন্টটো বাকীচিম্ফনীটোৰ অন্তিম মুভমেন্টটো তৈয়াৰ কৰিবলৈ গৈ বিথোভেনৰ মনত নতুন চিন্তাই বাহ 'লেকিবা এটা নতুনত্বৰ সন্ধানত যেন তেওঁ অস্থিৰ হৈ পৰিছে


দুবছৰ জোৰা গভীৰ সাধনাৰ অন্তত বিথোভেনে তৈয়াৰ কৰি উলিয়ালে তেওঁৰ চিম্ফনীটোএই চিম্ফনীটোত তেওঁ ট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, 'প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ অপূৰ্ব সমাহাৰেৰে এক মায়াময় মাদকতা প্ৰদান কৰিছেতেখেতৰ এই চিম্ফনীটোক আজি আমি বিথোভেনৰ নৱম চিম্ফনী বুলি জানোবিথোভেন তেখেতৰ এই চিম্ফনীটো সৃষ্টি কৰাৰ সময়ত সম্পূৰ্ণ বধিৰকাণেৰে একোৱেই নুশুনেফিলহাৰমোনিক 'ছাইটিৰ সদস্য সকলে বিথোভেনক তেওঁৰ নৱম চিম্ফনীটো ভিয়েনাতেই সৰ্বপ্ৰথম ৰাইজৰ বাবে পৰিবেশন কৰাৰ বাবে অনুৰোধ কৰে। 


সেয়া মে, ১৮২৪স্থান ভিয়েনাইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহ মানুহেৰে ভৰি পৰিছেমঞ্চত অৰ্কেষ্ট্ৰাৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰীসকল সাজু হৈছেবিথোভেনে মানুহেৰে ঠাহ খাই পৰা অৰ্কেষ্ট্ৰা গৃহৰ দৰ্শকৰ পিনে পিঠি দি বাদ্যযন্ত্ৰী সকলৰ চকুত চকু থৈ ইংগিতেৰে চিম্ফনীটোৰ বাবে সাজু 'বলৈ নিৰ্দেশ দিলেট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, 'প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ আদিৰ বাদ্যযন্ত্ৰী সকলে ছন্দোময় ভাবে বিথোভেনৰ নিৰ্দেশ অনুসৰণ কৰি চিম্ফনীটো বজাই 'অৰ্কেষ্ট্ৰা গৃহত গিজগিজাই থকা অগনন শ্ৰোতা সুৰৰ মায়াজালত তন্দ্ৰামগ্নএটা দুটাকৈ চিম্ফনীটোৰ তিনিটা মুভমেন্ট শেষ 'চতুৰ্থ মুভমেন্টৰ কোৰাচ আৰু বাদ্যযন্ত্ৰী সকলৰ সমলয়ে ইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহলৈ কঢ়িয়াই আনিছে এক অনন্য মাদকতাশ্ৰোতাসকলে যেন উশাহ 'বলৈও পাহৰি গৈছেতেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ শব্দই যেন কলুষিত কৰি তুলিব অৰ্কেষ্ট্ৰা গৃহৰ স্বৰ্গীয় অনুভূতিবোৰ……!


অগনন গুণমূগ্ধ শ্ৰোতাৰ হৃদয়ত অনাবিল আনন্দৰ বিমল অনুভূতি প্ৰদান কৰি বিথোভেনৰ নৱম চিম্ফনীটো শেষ 'অৰ্কেষ্ট্ৰা গৃহৰ সকলোবোৰ মানুহেই থিয় হৈ হাতচাপৰি বজাইছেচৌদিশে কেবল হাতচাপৰিৰ শব্দদৰ্শকৰ পিনে পিঠি দি নিৰ্বিকাৰ হৈ থিয় হৈ থাকিল বিথোভেনতেওঁ যে শ্ৰোতাৰ হাতচাপৰিৰ শব্দবোৰ একেবাৰেই নুশুনিলে! শ্ৰবন শক্তি হেৰুৱাই পেলোৱা বিথোভেনে যে নুশুনিলে তেৱেই সৃষ্টি কৰা মায়াময় নৱম চিম্ফনীটোৰ এটাও মুভমেন্ট অথবা সুৰৰ মূৰ্চনা...!! 


অৰ্কেষ্ট্ৰা দলৰেই বাদ্যযন্ত্ৰী কেৰ'লিন আঙ্গাৰে কথাটো অনুধাৱন কৰিলেতেওঁ নিজৰ আসনৰ পৰা উঠি আহি বিথোভেনৰ দুবাহুত ধৰি তেওঁক দৰ্শকৰ দিশলৈ ঘুৰাই দিলেবিথোভেনে দেখিলে যে সমগ্ৰ অৰ্কেষ্ট্ৰা গৃহৰ শ্ৰোতাই থিয় হৈ বিথোভেনৰ লগতে চিম্ফনীটোত অংশগ্ৰহন কৰা শিল্পীসকলৰ অভিবাদন কৰিছে জাউৰিয়ে জাউৰিয়ে হাতচাপৰিৰেবিথোভেনৰ মুখমণ্ডলত অলেখ ভাবৰ অব্যক্ত প্ৰকাশকেৰ'লিন আঙ্গাৰে বিথোভেনৰ ওচৰলৈ আহি হাতৰ অংগীভংগীৰে বুজাব চেষ্টা কৰিলে যে সুৰসম্ৰাট বিথোভেনৰ চিম্ফনীৰ মায়াময় সুৰে সকলোকে সন্মোহিত কৰি তুলিছে আৰু সকলো দৰ্শকে এই চিম্ফনীটোক অপূৰ্ব, অভুতপূৰ্ব বুলি প্ৰশংসা কৰিছেবিথোভেনে বুজি পাইছিল কেৰ'লিন আঙ্গাৰৰ অংগীভংগীৰ ভাষাকাৰণ তেতিয়ালৈ বিথোভেনৰ দুচকুৰ কোন দুটা আনন্দৰ দুটোপাল লোতকেৰে ভৰি উঠিছিলবিথোভেন দৰ্শকৰ পিনে দুখোজ আগবাঢ়ি ' আৰু সোঁহাতখনৰ তৰ্জনী আঙুলিটো আকাশৰ পিনে দাঙি ধৰি 'লে : "I will hear it in heaven…!"


ইতিমধ্যে সমূহ দৰ্শক তথা শ্ৰোতাৰ চকুবোৰ চলচলীয়া হৈ পৰিছিলভাগ্যৰ কি যে বিড়ম্বনা - যি সুৰে সমগ্ৰ বিশ্বক মোহাচন্ন কৰি ৰাখিছে, সেই মায়াময় সুৰটো সুৰৰ স্ৰষ্টাজনে কিন্তু কাহানিও শুনিবলৈ নোৱাৰিলে


Co-Writer: Archana Das