Friday 30 November 2018

উৰন্ত চাকি : ভিন্ন গ্ৰহৰ প্ৰাণীৰ মহাকাশযান


ভিন্ন গ্রহৰ প্ৰাণীৰ অস্তিত্বক লৈ জল্পনা-কল্পনাৰ শেষ নাই। মাজে সময়ে বাতৰিৰ শিৰোনামা দখল কৰি প্ৰকাশ হয় UFO অথবা অচিনাক্ত উৰন্ত চাকিৰ খবৰ। সেই বাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় বিতর্ক। একাংশ মানুহৰ মতে সেয়া সত্য আনহাতে আন একাংশৰ মতে এয়া দৃষ্টিভ্ৰম অথবা মনে সজা কাহিনী। সেয়া যিয়েই নহওঁক, সাম্প্ৰতিক সময়চোৱাৰ বাবে উৰন্ত চাকি সঁচাকৈয়ে এক ৰহস্যময় সাঁথৰ।

উৰন্ত চাকি সঁচাকৈয়ে বাৰু দৃষ্টিভ্রম নেকি ? ভিন্ন গ্রহত প্রাণ থকাৰ সম্ভাৱনাক বিজ্ঞানে অস্বীকাৰ কৰা নাই। বিজ্ঞানৰ মতে মহাবিশ্বৰ ক'ৰবাত নহয় ক'ৰবাত বুদ্ধিমান প্রাণী থাকিব পাৰে। সেই প্ৰাণীবোৰ মানুহতকৈও বেছি বুদ্ধিমানো হ'ব পাৰে অথবা তেনেই চালুকীয়া অৱস্থাতো থাকিব পাৰে।  

কিছুমান লোকৰ মতে ভিন্নগ্ৰহৰ প্ৰাণীবোৰ আমাতকৈও বেছি বুধিয়ক আৰু তেওঁলোকে মাজে সময়ে বিশেষ আকৃতিৰ মহাকাশযানেৰে তেওঁলোকৰ গ্ৰহৰ পৰা আমাৰ পৃথিৱীলৈ আহে। পৃথিৱীৰ আকাশত হঠাতে কেতিয়াবা এই ভিন্নগ্ৰহী মহাকাশ যানবোৰ কোনো কোনো মানুহে স্বচক্ষে দেখা পোৱা বুলি দাবী কৰি আহিছে। তেওঁলোকৰ দাবীক প্ৰমাণিত কৰিবলৈ এই মহাকাশ যানবোৰৰ আলোকচিত্ৰও তেওঁলোকে দেখুৱাইছে। এই আলোকচিত্ৰবোৰত দেখা যোৱা উৰন্ত যানবোৰকেই UFO বা অচিনাক্ত উৰন্ত চাকি বুলি অভিহিত কৰা হয়।

যদিও এই আলোকচিত্ৰ সমূহ ভিন্নগ্ৰহী মহাকাশযানৰ সত্যতা প্ৰতিষ্ঠা কৰাৰ বাবে বিজ্ঞান সন্মত প্ৰমাণ নহয়, অন্যান্য কেতবোৰ আনুসংগিক বিষয়ে UFO বা অচিনাক্ত উৰন্ত চাকিৰ ধাৰণাটোক জীয়াই ৰাখিছে। উদাহৰণস্বৰূপে ইউৰোপ প্ৰভৃতি দেশৰ শস্যক্ষেত্ৰৰ মাজত দেখা পোৱা বিশালাকাৰ "ক্ৰপ চাৰ্কোল" অথবা নিশাটোৰ ভিতৰতেই মাটিত অংকিত হোৱা অতি বৃহৎ আকাৰৰ জ্যামিতিক নক্সাবোৰলৈ আঙুলিয়াব পাৰি। UFO বা অচিনাক্ত উৰন্ত চাকিক বিশ্বাস কৰা লোক সকলৰ মতে ভিন্ন গ্ৰহৰ প্ৰাণীয়ে এই নক্সা বা ক্ৰপ চাৰ্কোলবোৰৰ জৰিয়তে পৃথিৱীবাসীলৈ কিবা বাতৰি দি গৈছে। 

অনেকে ক'ব খোজে যে ক্ৰপ চাৰ্কোল সমূহ পৃথিৱীৰেই কোনো শিল্পীৰ দ্বাৰা তৈয়াৰী। কিন্তু আচৰিত কথাটো হ'ল যে শস্য ক্ষেত্ৰৰ মাজত অংকিত কৰা অগণন তথা বৃহৎ বৃহৎ ক্ৰপ চাৰ্কোলবোৰ অংকন কৰা কোনো শিল্পীকেই আজিলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। তেন্তে ৰাতিটোৰ ভিতৰতেই কোনো অংকিত কৰি থৈ যায় এই ক্ৰপ চাৰ্কোলবোৰ !!!

এই ক্ৰপ চাৰ্কোলবোৰ ৰহস্যাবৃত। প্রথমতে শস্যৰ মাজত অংকিত এই নক্সাবোৰ সহজ সৰল জ্যামিতিক পেটার্ন যেনে বৃত্ত, চতুৰ্ভূজ অথবা ত্ৰিভুজ আছিল। কিন্তু পিছলৈ শস্যক্ষেত্ৰৰ মাজত  অত্যন্ত জটিল জ্যামিতিক গঠনে ঠাই ল'বলৈ আৰম্ভ কৰে। এই ধৰণৰ শস্যক্ষেত্ৰৰ মাজৰ অংকনবোৰ ১৯৭০ৰ দশকৰ পৰা প্রচুর পৰিমানে দেখা পোৱা গৈছিল। ইংলেণ্ডকে আদি কৰি ইউৰোপৰ অন্যান্য দেশবোৰৰ লগতে ইন্দোনেছিয়া, আমেৰিকা আৰু অষ্ট্রেলিয়াত এই ধৰণৰ অংকনবোৰ সঘনাই দেখা গৈছিল।

এই শিল্পকর্ম সমূহ অপূৰ্ব আৰু তাতকৈও আচৰিত কথা এই যে এই সমস্ত শিল্প কৰ্ম ৰাতিটোৰ ভিতৰতেই সম্পন্ন হয়। কোন এই প্রতিভাবান ৰহস্যময় শিল্পী ? কিয়ই বা তেওঁ সংগোপনে অংকন কৰি যায়হি এইবোৰ নক্সা ? এই প্রশ্নবোৰৰ কোনো উত্তৰেই আজিলৈকে আমাৰ হাতত নাই। বতর্মান আধুনিক বিশ্বৰ এনে বহুতো ৰহস্যৰ মাজত UFO বা অচিনাক্ত উৰন্ত চাকিও অন্যতম। 

UFOবোৰ পৃথিবীৰ বিভিন্ন স্থানৰ পৰা বহুবাৰ দেখা পোৱা বুলি দাবী কৰা হৈছে। এই UFOবোৰ পৃথিবীৰ কোনো পৰিচিত বস্তুৰ লগতেই মিল নাখায়। তদুপৰি আমাৰ দ্বাৰা আৱিষ্কৃত বিজ্ঞানৰ কোনো তত্ব বা সূত্ৰৰ সহায়তো ইয়াৰ ব্যাখ্যা দাঙি ধৰিব নোৱাৰি। উৰন্ত এই চাকিবোৰক লৈ পৃথিৱীৰ বিভিন্ন স্থানত অনেক গবেষণা হৈছে, কিন্তু তৎসত্বেও বিজ্ঞানীসকলে এই ৰহস্যৰ ভেদ ভাঙিব পৰা নাই। UFO শব্দটোৰ সম্পূর্ণ ৰূপ হৈছে Unidentified Flying Object বা ফ্লায়িং চ'চাৰ। এইবোৰ বিভিন্ন আকৃতিৰ হ'ব পাৰে। বেছিভাগ উৰন্ত চাকিয়েই এটা চকৰিৰ দৰে গঠনৰ আৰু অতি উজ্বল আলোকেৰে আলোকিত। প্ৰত্যক্ষদৰ্শীৰ মতে এইবোৰে হোভাৰক্রাফ্ট এখনৰ দৰেই পোনে পোনে অৰ্থাৎ উলম্ব ভাবে ভূমিত অবতৰণ কৰিব পাৰে। এইবোৰৰ গতিবেগো অতি বেছি আৰু সেয়ে অতি কম সময়ৰ ভিতৰতেই মানব দৃষ্টিৰ পৰা  অদৃশ্য হৈ যাব পাৰে। প্ৰত্যক্ষদৰ্শী সকলে দিয়া তথ্য অনুসৰি UFOবোৰে খুব শক্তিশালী চুম্বক ক্ষেত্র সৃষ্টি কৰি চৌপাশৰ সকলো বৈদ্যুতিক আহিলাক নিস্ক্ৰিয় কৰি পেলাব পাৰে। তেওঁলোকৰ মতে এই UFO বোৰেই হ'ল ভিন্ন গ্রহী প্ৰাণীৰ মহাকাশ যান। এই মহাকাশযানত উঠিয়েই ভিন্ন গ্ৰহৰ প্ৰাণীবোৰে পৃথিৱীলৈ আহি আমাক নিৰীক্ষণ কৰে। সম্ভৱতঃ তেওঁলোক প্ৰযুক্তিৰ দিশত আমাতকৈ বেছি আগবঢ়া আৰু আমাৰ তেনেই চালুকীয়া প্ৰযুক্তিৰ লগত থকা পাৰ্থক্যৰ বাবে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পৰা নাই। অথবা আমি তেওঁলোকৰ বাৰ্তা গ্ৰহন কৰিব পৰা নাই। 

উৰন্ত চাকি পৃথিবীৰ অসংখ্য মানুহে বহুবাৰ প্রত্যক্ষ কৰিছে বুলি দাবী কৰিছে। তাৰ মাজত আমেৰিকাৰ প্ৰায় ১০০০০ মানুহে একেলগে ১৯৬৬ চনত এটা UFO দেখা বুলি দাবী কৰিছে। একেদৰে চীনদেশতো বহু লোকে স্বচক্ষে UFO দেখা বুলি কৈছে। ইয়াৰ উপৰিও বিশ্বব্যাপী বিভিন্ন স্থানৰ আকাশত উৰন্ত চাকিয়ে ভূমুকি মৰা বুলি বাতৰি প্ৰচাৰ হৈছে। বিগত ২০১০ চনতো জাপানৰ আকাশত UFO দেখা বুলি বাতৰি ওলাইছিল।

UFO সম্বন্ধে এই বাতৰিবোৰ পিছে বহুতেই মিছা বুলি কয়। তেওঁলোকৰ মতে UFO বোৰ মানব সৃষ্ট কেতবোৰ বৈদ্যুতিক যতন হে মাথোন। সৰ্বসাধাৰণ মানুহক বুৰ্বক সাজিবলৈ কোনো কোনো লোকে ৰিম'ট কণ্ট্ৰোলৰ সহায়ত এনে ধৰণৰ বৈদ্যুতিক যতনবোৰ আকাশত উৰুৱাই মানুহক আমোদ আৰু চিন্তাৰ খোৰাক দিছে। ৰহস্যময় পৃথিৱীত মানুহে ৰহস্যৰ লগতে মোকাবিলা কৰি ভাল পায়। এই ৰহস্যৰ ভেদ ভাঙিবলৈ গৈয়েই মানুহে আৱিষ্কাৰ কৰি গৈছে ইটোৰ পিছত সিটোকৈ নতুন নতুন তথ্য। এদিন এই ৰহস্যপ্ৰেমী মানুহেই ভেদ ভাঙিব আন এটি ৰহস্যৰ, যাৰ নাম UFO বা অচিনাক্ত উৰন্ত চাকি।

Monday 26 November 2018

অন্য গ্ৰহৰ প্ৰাণী আৰু কিছুমান প্ৰশ্ন


পৃথিবীৰ বাহিৰে এই মহাবিশ্বৰ আন কোনো স্থানত প্রাণৰ অস্তিত্ব আছেনে? বিজ্ঞানী সকলৰ লগতে সৰ্বসাধাৰণ মানুহৰ মনতো এয়া এক উত্তৰবিহীন প্ৰশ্ন। বিজ্ঞানী সকলে বিশ্বাস কৰে যে অন্তহীন ব্ৰহ্মাণ্ডৰ কোনো অজানতিমুলুকত নিশ্চয় কোনো জীৱনৰ অস্তিত্ব আছে। এই বিশ্বাস ইমানেই গভীৰ যে ১৯৭০ চনতেই বিজ্ঞানী সকলে বিলিয়ন বিলিয়ন ডলাৰ খৰছ কৰি ভয়েজাৰ-১ নামৰ এক মহাকাশযানত পৃথিবীৰ মোটামুটি প্ৰায় কেইটা ভাষাত অন্য গ্ৰহৰ জীৱ সকলক উদ্দেশ্যি শুভেচ্ছা বাণী ৰেকর্ড কৰি মহাকাশলৈ প্ৰেৰণ কৰিছে। এই মহাকাশ যানখনে ইতিমধ্যে সৌৰজগতৰ সীমনা অতিক্ৰম কৰি বহিঃ মহাকাশত প্ৰৱেশ কৰিছে। বিজ্ঞানী সকলৰ আশা, যদিহে কোনো বুদ্ধিমান এলিয়েন বা বহিঃ বিশ্বৰ প্ৰাণীৰ দৃষ্টিত ভয়েজাৰ-১ ধৰা পৰে, তেন্তে তেওঁলোকে পৃথিৱীবাসীৰ শুভেচ্ছা গ্ৰহণ কৰাৰ লগতে পৃথিৱীবাসীৰ লগত যোগাযোগো কৰিব পাৰিব। 

এলিয়েন বা অন্য গ্রহৰ প্রাণী সম্বন্ধে বেছিভাগ বিজ্ঞানীয়েই মত পোষণ কৰে যে সেই সকলোবোৰ গ্রহতেই জীৱনৰ উপস্থিতি সম্ভৱ যিবোৰত আমাৰ পৃথিবীৰ দৰেই এক পৰিবেশ আছে। ইতিমধ্যে বিজ্ঞানী সকলে একাধিক পৃথিৱী সদৃশ গ্ৰহ আৱিষ্কাৰো কৰিছে। তেওঁলোকে পৃথিবী সদৃশ এই গ্ৰহবোৰত অক্সিজেন, তৰল পানী বা কার্বনৰ যৌগ যেনে কার্বহাইড্রেট, এমিনো এচিড আদিবোৰৰ সন্ধানত ব্ৰতী হৈ আছে।

বিজ্ঞানী সকলৰ মাজৰ কিছুমানে এলিয়েন সম্পৰ্কে ভিন্ন মত পোষণ কৰিছে। সেই সকলৰ ভিতৰত ইউৰোপৰ অষ্ট্ৰিয়াম স্পেচ কোম্পানীত কৰ্মৰত বিখ্যাত মহাকাশ জীৱবিজ্ঞানী ড° ম্যাগী অলড্রিন অন্যতম। তেওঁৰ মতে এলিয়েনবোৰ আমাৰ পৃথিৱীবাসীৰ দৰে কাৰ্বনযুক্ত জৈৱ পদাৰ্থৰে তৈয়াৰী নহৈ ছিলিকনৰ যৌগৰে গঠিত হোৱাৰ সম্ভাৱনা বেছি। এই এলিয়েনবোৰৰ DNA ছিলিকনযুক্ত অথবা এইবোৰ সম্পূৰ্ণ DNA বিহীন। যিহেতু এই এলিয়েনবোৰৰ কোষীয় গঠন আমাৰ পৰা সম্পূর্ণ ভিন্ন, সেয়ে অন্য গ্ৰহৰ এই প্ৰাণীবোৰ হয়তো অক্সিজেন অবিহনে মিথেন গেছেৰে তৈয়াৰী বায়ুমণ্ডলৰ সহায়তেই জীয়াই থাকিব পাৰে।

এই ধাৰণাটোক বিজ্ঞ সমাজে গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে। পৰ্যাবৃত্ত তালিকাত ছিলিকনৰ অৱস্থান কার্বনৰ থিক তলতেই। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে ছিলিকন আৰু কার্বনৰ ৰসায়নিক ধর্ম প্ৰায় একেই। অৰ্থাৎ ছিলিকনে প্ৰায় কাৰ্বনৰ দৰে একে যৌগ গঠন কৰে। 

ড° ম্যাগী অলড্রিনৰ মতে বর্তমান আৱিষ্কাৰ হোৱা পৃথিৱী সদৃশ গ্রহবোৰৰ পৰিবেশ বিশ্লেষণ কৰিলে আমাৰ হাতীপটি তাৰকাৰাজ্যতেই ৪টা গ্রহত ছিলিকনেৰে তৈয়াৰী বুদ্ধিমান জীৱৰ উপস্থিতি সম্ভব। অৱশ্যে বুদ্ধিমান হ'লেও এই এলিয়েন সমূহে পৃথিৱীলৈ আহি আমাৰ লগত সম্পৰ্ক কৰাৰ আশা নাই কাৰণ যিহেতু এই এলিয়েনবোৰৰ কোষীয় গঠন আমাৰ দৰে নহৈ ছিলিকনেৰে গঠিত, সেয়ে আমাৰ পৃথিৱীৰ পৰিবেশত এইবোৰ বাচি থকাৰ সম্ভাৱনা ক্ষীণ। 

ধৰা হ'ল পৃথিৱীৰ বিজ্ঞানী সকলে কোনো বহিঃ গ্ৰহত এলিয়েনৰ উপস্থিতি ধৰা পেলালে। তেতিয়া বিজ্ঞানী সকলে তেওঁলোকৰ লগত যোগাযোগ কৰাটো সম্ভৱ হ'বনে? ১৯৭০ চনতেই প্ৰেৰণ কৰা ভয়েজাৰ-১ নামৰ মহাকাশ যানখন ৪৫ বছৰ পিছত সৌ সিদিনাহে আমাৰ সৌৰজগতৰ শেষ সীমাত উপস্থিত হৈছেগৈ। তেনেস্থলত আমাৰেই তাৰকাৰাজ্যৰ অন্য এক সৌৰজগতলৈ মহাকাশযান প্ৰেৰণ কৰি তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰাটো এক জটিল অধ্যায়। কাৰণ আমাৰ পাৰ্শ্চৱৰ্তী সৌৰজগত খনলৈ যাবলৈ আমাক সময় লাগিব প্ৰায় ৭৬০০০ বছৰ।

Tuesday 20 November 2018

পৃথিৱীৰ বুকুত এটি কৃত্ৰিম সূৰ্যোদয়


সূর্যতকৈও ছয়গুণ বেছি উত্তপ্ত এটি কৃত্রিম সূর্য ! সৌ সিদিনা মাত্ৰ পৃথিৱীৰ বুকুতেই ১৮০ মিলিয়ন ডিগ্রী ফাৰেণহাইট উষ্ণতা উৎপন্ন কৰিব পৰা এটি কৃত্ৰিম সূৰ্য তৈয়াৰ কৰি চীনে বিশ্ববাসীক চমকিত কৰি তুলিছে। সূর্যৰ দৰেই শক্তি উৎপাদন কৰাৰ লক্ষ্যৰে এই কৃত্রিম সূর্যটো তৈয়াৰ কৰা হৈছে। আমাৰ সৌৰজগতৰ একমাত্ৰ নক্ষত্র সূর্যৰ অভ্যন্তৰত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ দ্বাৰা যি ব্যাপক উত্তাপ সৃষ্টি হয়, তাতকৈও ছয়গুণ বেছি উত্তাপ সৃষ্টি কৰিব পৰা এই কৃত্রিম সূর্যটোৰ সহায়ত পৃথিৱীৰ বুকুতেই হাইড্র'জেনৰ পৰা বিদ্যু্ৎ শক্তি উৎপাদন কৰা হ'ব।

এটি কার্যকৰী "নিউক্লিয় ফিউচন ৰিয়েক্টৰ" তৈয়াৰ কৰাৰ সৰ্ব প্ৰথম প্ৰচেষ্টা জাৰ্মান বিজ্ঞানী সকলে কৰিছিল। ২০১৬ চনৰ শেষৰ পিনে জুৰিখত অৱস্থিত জার্মান এৰোস্পেচ চেণ্টাৰত বন বিশ্ববিদ্যালয়ৰ জ্যোতির্বিজ্ঞানী সকলৰ তত্বাবধানত ১৪৯ টা জেনন "চর্ট-আর্ক লেম্প" ব্যৱহাৰ কৰি পৃথিৱীৰ বুকুত প্ৰথমটো কৃত্রিম সূর্য তৈয়াৰ কৰা হৈছিল। বিজ্ঞানী সকলে এই কৃত্রিম সূর্যটোৰ নাম ৰাখিছিল "সিনলাইট"। ৫২ ফুট প্ৰস্থ আৰু ৪৫ ফুট উচ্চতা বিশিষ্ট এই ‘'সিনলাইট’' নামৰ কৃত্রিম সূর্যটোৱে প্ৰায় ৫৪৪০ ডিগ্রী ফাৰেনহাইট উত্তাপ সৃষ্টি কৰিব পাৰে। জাৰ্মান বিজ্ঞানীসকলে এই উষ্ণতাৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিছে।

পিছে সম্প্ৰতি চীন দেশৰ "হেফোই ইনষ্টিটিউট অফ ফিজিকেল চায়েন্সে"ৰ বিজ্ঞানী সকলে তৈয়াৰ কৰা কৃত্রিম সূর্যটোৱে আমাৰ সৌৰজগতৰ সূর্যতকৈও ছয়গুণ বেছি উত্তাপ উৎপন্ন কৰিব পৰা বিষয়টোৱে যথেষ্ঠ তাৎপৰ্য বহন কৰিছে। এই প্ৰকল্পটোৱে যদি সফলতা লাভ কৰে, তেন্তে হাজাৰ হাজাৰ কোটি টকা মূল্যৰ পৰিবেশৰ অনুকুল বিদ্যুৎ শক্তি উৎপাদন সম্ভব হৈ উঠিব। চীনৰ বিজ্ঞানী সকলৰ মতে জলবায়ু পৰিবর্তনৰ সমস্যাৰ পৰাও পৃথিবীক ৰক্ষা কৰাত সহায়ক হ'ব এই কৃত্ৰিম সূৰ্যটো।

এই কৃত্ৰিম সূৰ্যটোৰ সহায়ত অতি কম খৰছতেই আৰু নিৰাপদ ভাবে নিউক্লিয় সংযোজন বিক্ৰিয়া সংঘটিত কৰি অফুৰন্ত পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব। এই সংযোজন বিক্ৰিয়াত ক্ষতিকাৰক নিউক্লিয় বর্জ্য পদাৰ্থ উৎপন্ন নহয় বাবে ইয়াক পৰিবেশৰ অনুকুল বুলি দাবী কৰিছে চীনৰ বিজ্ঞানীসকলে। এই কৃত্ৰিম সূৰ্যটোৰ সহায়ত হাইড্র'জেনক হিলিয়ামলৈ ৰূপান্তৰ কৰি যি প্ৰভূত পৰিমানৰ তাপ শক্তি আহৰণ কৰাৰ লক্ষ স্থিৰ কৰা হৈছে, সেয়া থিকে থাকে আগবাঢ়িলে অহা ২০২৫ চন মানৰ পৰা পৃথিৱীৰ বুকুত বাণিজ্যিক ভাবে বিদ্যুৎ উৎপাদন কৰাৰ এটি পৰিবেশ বান্ধব পদ্ধতি আৰম্ভ হ'ব। এতিয়া আমি কৰিব লাগিব মাথোন অপেক্ষা।

Friday 9 November 2018

জেঠীৰ ছিঙি যোৱা নেজডাল আৰু কিছু সম্ভাৱনা



ঘৰৰ চিলিং অথবা বেৰত সপ্ৰতিভ হৈ গতি কৰা নেজ ছিঙা জেঠীটো আপুনি নিশ্চয় মন কৰিছে। জেঠীটো দেখি আপোনাৰ মনত নিশ্চয় কেইটিমান প্ৰশ্নৰো উদয় হৈছে; এই ধৰক - 
ছিঙি যোৱাৰ পিছতো নেজডালে ধৰফৰাই আছে কেনেকৈ? নেজডাল ছিঙা বাবে জেঠীটো যন্ত্ৰণাত কাতৰ হৈছে নেকি? জেঠীটোৰ নেজডাল বাৰু ছিঙিলেই বা কিয়? পুনৰ গজিবনে ছিঙি যোৱা নেজডাল?

জেঠী, তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ আদি সৰীসৃপবোৰৰ বাবে নেজ ছিঙি যোৱা পৰিঘটনাটো একোটা স্বাভাৱিক ঘটনা। শত্ৰুৰ আক্ৰমনৰ পৰা ৰক্ষা পৰিবলৈ এই প্ৰাণীসমূহে নিজৰ নেজডাল ছিঙি পেলায়। ছিঙি যোৱা নেজডালে ধৰফৰাই থাকি আক্ৰমনকাৰীক বিবুধিত পেলায় আৰু ইয়াৰ সুযোগ গ্ৰহন কৰি জেঠী বা তেজপিয়াটো সেই স্থানৰ পৰা নিৰাপদে আঁতৰি যায়। 

আচৰিত হ'লেও সঁচা যে ছিঙি যোৱা নেজডাল কিছুদিনৰ ভিতৰত পুনৰ গজি উঠে। তেজপিয়া, কেঁকো সাপ, ছ'লোমাণ্ডাৰ প্ৰভৃতি প্ৰাণীবোৰৰ নেজডাল পুনৰ গজি উঠিবলৈ প্ৰায় ৩০ দিন সময় লাগে যদিও জেঠীৰ ক্ষেত্ৰত ২০ দিন মানৰ ভিতৰতেই নতুন নেজডাল গজি উঠে।

জেঠীৰ নেজৰ হাড়ডাল কশেৰুকা নামৰ কেতবোৰ সৰু সৰু হাড়ৰ সমষ্টি। এই কশেৰুকাবোৰৰ সহায়তেই মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ ৰাজহাড়ডালো সৃষ্টি হয়। জেঠীৰ নেজ আৰু ৰাজহাড়ৰ কশেৰুকাবোৰ এনেদৰে এটাৰ লগত আনটো সংযুক্ত থাকে যে ৰাজহাড় আৰু নেজৰ সংযোগ স্থলত এটা আপেক্ষিক ভাবে দুৰ্বল অংশ থাকে। এই অংশটোত কশেৰুকাৰ সংযুক্তি ইমানেই থুনুকা যে এটি সাধাৰণ আঘাত বা খুন্দাৰ ফলতেই নেজডাল শৰীৰৰ পৰা বিচ্ছিন্ন হৈ যাব পাৰে।

জেঠী বা তেনে জাতীয় সৰীসৃপবোৰৰ শৰীৰৰ স্নায়ুতন্ত্র আৰু ৰক্তবাহী নলীসমূহো এই থুনুকা সংযোগ স্থল পৰ্যন্ত বিৰাজমান। ফলস্বৰূপে এই স্থানত কোনোধৰণৰ স্পর্শানুভূতিও নেথাকে। অর্থাৎ কোনো আঘাতৰ ফলত নেজডাল ছিঙি গ'লেও জেঠীটোৱে বিষ বা বেদনা অনুভৱ নকৰে। আনহাতে ৰক্তবাহী নলীকাৰ অনুপস্থিতিৰ বাবে নেজডাল ছিঙি গ'লেও তাৰপৰা কোনো ৰক্তক্ষৰণ নহয়।

ছিঙি যোৱা নেজডাল শৰীৰৰ মুল অংশৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত নেজডালৰ মাংসপেশী সমূহলৈ অক্সিজেনৰ প্ৰবাহত বাধা জন্মে। ফলত নেজত থকা সংকোচনশীল পেশীকোষৰ এক্টিন আৰু মায়োচিনৰ সংকোচন প্রসাৰণ দ্ৰুত হৈ পৰে। এক্টিন আৰু মায়োচিনৰ এই দ্ৰুত সংকোচন প্রসাৰণৰ বাবে কিছুপৰ অবিৰত ভাবে ছিঙি যোৱা নেজডালে ধৰফৰাই থাকে।

জেঠীৰ ছিঙি যোৱা নেজৰ পুনৰোৎপাদন প্ৰক্ৰিয়াটো জীৱ বিজ্ঞানী সকলৰ লগতে চিকিৎসা বিজ্ঞানীসকলৰ বাবেও এক গুৰুত্বপূৰ্ণ বিষয়। তাৰ প্ৰধান কাৰণ হ'ল মানুহকে ধৰি সকলো স্তন্যপায়ী প্ৰাণীৰ দৰে জেঠীৰ স্নায়ুৰজ্জুও পিঠিত শেষ নহৈ নেজ পর্যন্ত বিস্তৃত হৈ থাকে। যেতিয়া জেঠীৰ ছিঙি যোৱা নেজডাল নতুনকৈ গজিবলৈ আৰম্ভ কৰে, তেতিয়া সেই নেজডালৰ লগতে নতুনকৈ স্নায়ুৰজ্জুডালো বৃদ্ধি হ'বলৈ ধৰে। এতিয়া বিজ্ঞানী সকলৰ বাবে গৱেষণাৰ বিষয় - জেঠীৰ ছিঙি যোৱা নেজ আৰু স্নায়ুৰজ্জুৰ পুনৰোৎপাদনেই বা কেনেদৰে হয়!

ইতিমধ্যে জীৱবিজ্ঞানী সকলে স্নায়ুৰজ্জুৰ পুনৰোৎপাদন সম্বন্ধে যথেষ্ঠ গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে। স্নায়বিক আঘাতৰ বাবে বহু মানুহৰ জীৱন পংগু হৈ পৰিছে। বিজ্ঞানী সকল আশাবাদী যে জেঠীত ছিঙা নেজৰ পুনৰোৎপাদন পৰিঘটনাৰ পৰা আহৰণ কৰা গৱেষণালব্ধ জ্ঞানে অচিৰেই স্নায়ুৰজ্জুৰ আঘাটত ভোগা অসংখ্য মানুহক পংগুত্বৰ পৰা মুক্তি দি স্বাভাৱিক জীৱন অতিবাহিত কৰাৰ এটি সুৱৰ্ণ সুযোগ দিব পাৰিব, কিয়নো তেনে লোকৰ দেহত স্নায়ুৰজ্জুৰ পুনৰোৎপাদন প্ৰক্ৰিয়া সোনকালেই সম্ভৱ হৈ পৰিব।