Monday 7 December 2020

পণ্ডিত যশৰাজ আৰু এটি গ্ৰহাণু

 


মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত এটা গ্রহাণুৰ বলয় আছে। এই বলয়ত থকা অগণন গ্ৰহাণুবোৰে নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যক প্ৰদক্ষিণ কৰে। বিগত ২০০৬ চনৰ ১১ নৱেম্বৰৰ দিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ "কেটলিনা স্কাই চাৰ্ভে" নামৰ বিশাল দূৰবীণ যন্ত্ৰটোৱে এই গ্ৰহাণুৰ বলয়তেই আৱিষ্কাৰ কৰিছিল এটি ক্ষূদ্ৰ গ্ৰহাণু। বিগত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত আন্তর্জাতিক জ্যোতির্বিজ্ঞান সংস্থা বা International Astronomical Unionৰ বিজ্ঞানীসকলে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এজন প্রসিদ্ধ শিল্পী পদ্মবিভূষণ পণ্ডিত যশৰাজৰ নামেৰে এই গ্ৰহাণুটোৰ নামাকৰণ কৰে।

সম্প্ৰতি এই গ্ৰহাণুটো ‘'Minor Planet Panditjasraj 2006 VP32-300128’ নামেৰে সমগ্ৰ বিশ্বই জানে। এই বিশেষ নামটোৰ লগত থকা 2006 সংখ্যাটো গ্ৰহাণুটো আৱিষ্কাৰ হোৱা চন আৰু শেষৰ 300128 সংখ্যাটোৱে পণ্ডিত যশৰাজৰ জন্ম তাৰিখ সূচিত কৰে। উল্ল্যেখযোগ্য যে পণ্ডিত যশৰাজৰ জন্ম হৈছিল ২৮ জানুৱাৰী, ১৯৩০ চনত।

প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া এক গৌৰৱৰ বিষয়। 

Tuesday 1 December 2020

সৌৰজগতৰ অন্তিম ঠিকনা



হাতীপটি তাৰকাৰাজ্য বা মিল্কিৱে গেলেক্সিতেই আমাৰ সৌৰজগত অৱস্থিত। এই হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰভাগতেই আছে এটা বিশাল কৃষ্ণগহ্বৰ বা ব্লেকহোল। এই কৃষ্ণগহ্বৰটোৰ নাম Sagittarius A* (ছেজিটেৰিয়াছ এ*)। 

১৯৩১ চনত কাৰ্ল জেনস্কি নামৰ এজন বিজ্ঞানীয়ে পোন প্ৰথম বাৰলৈ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ ধনু ৰাশিৰ দিশৰ পৰা অহা এটা ৰেডিও তৰংগ ধৰা পেলাইছিল। চকুৰে দেখা নেপালেও এই ৰেডিও তৰংগৰ উৎসটোক তেতিয়া Sagittarius নামেৰে নামাকৰণ কৰা হৈছিল। পিছত ১৯৭৪ চনৰ ১৩ ফেব্ৰুৱাৰীত National Radio Astronomy Observatoryৰ ৰবাৰ্ট ব্ৰাউন আৰু ব্ৰুছ বালিক নামৰ দুজন বিজ্ঞানীয়ে এই ৰেডিও তৰংগৰ উৎসটো ধৰা পেলায়। পৰবৰ্তী সময়ত এই ৰেডিও তৰংগৰ উৎসটো এটা বিশাল কৃষ্ণগহ্বৰ বা ব্লেকহোল বুলি গম পোৱা গ'ল। 

আন কৃষ্ণগহ্বৰবোৰৰ দৰে হাতীপটি তাৰকাৰাজ্যৰ ছেজিটেৰিয়াছ এ* নামৰ  কৃষ্ণগহ্বৰটোৱেও তাৰ প্ৰচণ্ড মহাকৰ্ষণ শক্তিৰ দ্বাৰা তাৰকাৰাজ্যখনৰ চৌপাশৰ ধূলিকণা, গেছ আৰু আন বিভিন্ন মহাকাশীয় কণিকাবোৰ অবিৰাম নিজৰ দিশে টানি আনি ইয়াৰ আকাৰ বৃদ্ধি কৰি আহিছে। বিজ্ঞানৰ ভাষাত কৃষ্ণগহ্বৰৰ এনে বাঢ়ন প্ৰক্ৰিয়াক "Accretion" বুলি কোৱা হয়। এই কৃষ্ণগহ্বৰটোৰ মহাকৰ্ষণ ইমানেই বেছি যে সমগ্ৰ হাতীপটি তাৰকাৰাজ্য খনকেই ই তাৰ চাৰিওদিশে প্ৰচণ্ড গতিত চক্ৰাকাৰে ঘূৰাই ৰাখিছে।

সম্প্ৰতি বিজ্ঞানীসকলে আমাৰ তাৰকাৰাজ্য খনৰ কেন্দ্ৰত কেতবোৰ অস্বাভাৱিক কার্যকলাপ পর্যবেক্ষণ কৰিছে। বিজ্ঞানীসকলৰ মতে হাতীপটিৰ কেন্দ্রস্থলৰ পৰা অতিশয় গৰম গেছৰ লগতে কিছুমান অতি ঘন আৰু শীতল গেছৰো নি:সৰণ ঘটিছে। এই গেছবোৰ তাৰকাৰাজ্যখনৰ কেন্দ্ৰৰ পৰা প্ৰচণ্ড বেগেৰে চৌদিশে ছিটিকি পৰিছে। তেখেতসকলৰ মতে এই ধৰণৰ অস্বাভাৱিক গেছ নিঃসৰণৰ পৰিঘটনাটোৱে আমাৰ সৌৰজগতখনৰ লগতে সমগ্র তাৰকাৰাজ্যখনৰ ভবিষ্যতৰ বাবেই এক বিপদজনক ভৱিষ্যতৰ ইংগিত বহন কৰিছে। কাৰণ, কোনো এখন তাৰকাৰাজ্যই যদি প্রচুৰ পৰিমাণে গেছ (ভৰ) নিঃসৰণ কৰে, তেন্তে এইটো বুজিব লাগিব যে তাৰকাৰাজ্যখনৰ কেন্দ্ৰভাগত নতুন নক্ষত্র গঠন প্ৰক্ৰিয়াটো বাধাগ্ৰস্থ হৈছে। যাৰ ফলত হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত নক্ষত্র গঠন বাবে সঞ্চিত হৈ থকা বিপুল পৰিমাণৰ গেছ আৰু অন্যান্য পদাৰ্থবোৰ বিনষ্ট হৈ চৌদিশে ছিটিকি পৰিছে। ইয়াৰ ফলত আমাৰ তাৰকাৰাজ্যখনৰ ভৱিষ্যত কি হ'ব পাৰে -  সেই বিষয়ে বৰ্তমান বিজ্ঞানীসকলৰ হাততো কোনো তথ্য নাই। 

ইয়াকে লৈ সম্প্ৰতি বিজ্ঞানীসকলৰ মাজত উদ্বেগ বাঢ়িছে। বিশ্বজুৰি বিজ্ঞানীসকল গৱেষণাত ব্ৰতী হৈছে। তেনে এক গৱেষণাৰ অন্তত জাপানৰ  VERA Radio Astronomy Surveyৰ কেইগৰাকীমান বিজ্ঞানীয়ে Publications of the Astronomical Society of Japan নামৰ এখন বিজ্ঞান গৱেষণা পত্ৰিকাত উল্ল্যখ কৰিছে যে আমাৰ সৌৰজগতখন ক্ৰমে হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা বিশাল ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণগহ্বৰটোৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে। ১৯৮৫ চনৰ গণনা মতে আমাৰ সৌৰজগতখন সেই সময়ত হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ২৭,৭০০ আলোকবৰ্ষ দূৰত অৱস্থিত আছিল। কিন্তু বৰ্তমান এই দূৰত্ব কমি আহি ২৫,৮০০ আলোকবৰ্ষ হৈছেহি। অৰ্থাৎ বিগত ৩৫ বছৰত ভিতৰত আমাৰ সৌৰজগতখন হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণ গহ্বৰটোৰ ওচৰলৈ ১৯০০ আলোকবৰ্ষ আগবাঢ়ি গৈছে। তদুপৰি বিজ্ঞানীসকলৰ গৱেষণাত এইটোও ধৰা পৰিছে যে আমাৰ সৌৰজগতখন ১৯৮৫ চনত হাতীপটিৰ কেন্দ্ৰৰ চৌদিশে প্ৰতি ছেকেণ্ডত ২২০ কিমি বেগত ঘূৰি আছিল যদিও বৰ্তমান এই গতিবেগ বৃদ্ধি হৈ প্ৰতি ছেকেণ্ডত ২২৭ কিমি হৈছে। ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে কি প্ৰচণ্ড মহাকৰ্ষণ বলেৰে ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণগহ্বৰটোৱে আমাৰ সৌৰজগতখন নিজৰ দিশলৈ টানি নিছে!! আমাৰ সৌৰজগতৰ শেষ ঠিকনা সঁচাকৈয়ে বাৰু ছেজেটেৰিয়াছ এ* নামৰ কৃষ্ণগহ্বৰটোৱেই নেকি বাৰু? বৰ্তমান সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলৰ লগতে আমাৰ দৰে সাধাৰণ মানুহৰ মনতো একেটাই প্ৰশ্ন - Will our Blackhole eat the entire Milky Way?

Monday 30 November 2020

মহাকাশত মুখামুখি সংঘৰ্ষ


মহাকাশত ট্রেফিক জাম। এক নতুন দুশ্চিন্তাৰ জন্ম। দুর্বিষহ ট্রেফিক জামৰ কৰাল গ্ৰাসত মহাকাশ। এতিয়া যেন মহাকাশতো প্ৰয়োজন হৈ পৰিছে ৰঙা নীলা ট্ৰেফিক লাইট। কোনো মহাকাশ যান প্ৰক্ষেপণৰ আগত এতিয়া নাছা, ইছৰো, ই.এছ.এ আদি মহাকাশ গৱেষণা সংস্থাবোৰে ট্ৰেফিক নিয়ম মানি নচলিলে যিকোনো মূহুৰ্ততে মহাকাশত সংঘটিত হ'ব পাৰে এক ভয়ানক মুখা মুখি সংঘৰ্ষ! বিভিন্ন দেশে মহাকাশলৈ প্ৰেৰণ কৰা মহাকাশ যানবোৰে মহাকাশত ইতিমধ্যে সৃষ্টি কৰিছে জটিল যান জট। বিজ্ঞানী সকলৰ মতে প্রতি দুবছৰত একোটিকৈ ভয়ংকৰ দুর্ঘটনাত পতিত হ'ব পাৰে মহাকাশ যানবোৰ। ভাঙি চুৰমাৰ হৈ যোৱা মহাকাশ যানৰ ধ্বংসাৱশেষ বোৰৰ বৃষ্টিপাত হ'ব পাৰে আমাৰ পৃথিৱীত! 

যোৱা ২৭ নৱেম্বৰ,২০২০ৰ দিনা মহাকাশত তেনে এক ভয়ংকৰ দুৰ্ঘটনাই হ'বলৈ ওলাইছিল। বিগত ২০১৮ চনৰ ১২ জানুৱাৰীত ইছৰোৱে শ্ৰীহৰিকোটাৰ পৰা পুৱা ৯ বাজি ২৮ মিনিটত PSLV-C40 উৎক্ষেপন যানেৰে কক্ষপথত স্থাপন কৰা ভাৰতৰ ৭১০ কেজি ওজনৰ Cartosat-2F নামৰ কৃত্ৰিম উপগ্ৰহটোৰ লগত ৰাছিয়াৰ ২০১২ চনত উৎক্ষেপিত Kanopus-V নামৰ ৪৫০ কেজি ওজনৰ কৃত্ৰিম উপগ্ৰহটোৰ পৃথিৱীৰ পৰা ৫১০ কিমি উচ্চতাৰ কক্ষপথত মুখামুখি সংঘৰ্ষ হ'বলৈ ওলাইছিল। কক্ষপথেৰে অতিক্ৰম কৰাৰ সময়ত এই দুই কৃত্ৰিম উপগ্ৰহৰ মাজৰ দুৰত্ব আছিল মাত্ৰ ২২০ মিটাৰ! 

বৰ্তমান মহাকাশত বিভিন্ন দেশে প্ৰক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। সেইবাবে উপগ্রহবোৰৰ মাজৰ কক্ষপথৰ দূৰত্বও কমি আহিছে। পৃথিৱীৰ পৰা ৪০০ - ৫০০ কিমি উচ্চতাত হেজাৰৰো অধিক কৃত্ৰিম উপগ্ৰহৰ কক্ষপথ স্থাপন হোৱাৰ ফলতেই মহাকাশত এনে মহাকাশ যান জট সৃষ্টি হৈছে। ইতিমধ্যে বিগত ২০০৯ চনত মহাকাশৰ বুকুত এটা দূর্ঘটনা সংঘটিত হৈছিল য'ত এটা মার্কিন কৃত্ৰিম উপগ্ৰহ আৰু এটা ৰাছিয়াৰ উপগ্ৰহৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত দুয়োটা উপগ্ৰহই চূৰ্ণ বিচূৰ্ণ হৈ ছাইবেৰিয়াৰ বিস্তৃত অঞ্চলত টুকুৰা টুকুৰে সৰি পৰিছিল।

মহাকাশত দুটা কৃত্ৰিম উপগ্ৰহৰ মাজৰ দূৰত্ব অতি কমেও এক কিলোমিটাৰ হোৱা উচিত। কিন্তু বিভিন্ন দেশে এই দূৰত্ব ৫০০ মিটাৰ বুলি উপগ্ৰহ প্ৰক্ষেপন কৰিবলৈ লোৱাত সমস্যাৰ সৃষ্টি হৈছে। বৰ্তমান মহাকাশত বিভিন্ন দেশৰ কাৰ্যক্ষম ২০০০টা মান উপগ্রহ আছে। নিয়ন্ত্ৰণহীন আৰু মৃত উপগ্ৰহৰ সংখ্যাবোৰ যোগ কৰিলে এই সংখ্যা ৫০০০ অতিক্ৰম কৰিব। তেনে ক্ষেত্ৰত অনাগত দিনবোৰত এই দূৰত্ব কেনেদৰে বৰ্তাই ৰখা সম্ভৱ - এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। জানিব পৰা মতে বিগত ২৭ নৱেম্বৰৰ সাম্ভাব্য দূৰ্ঘটনাটোৰ পিছত বিশ্বৰ অগ্ৰণী দেশবোৰৰ মহাকাশ বিজ্ঞানীসকল ২০২০ চনৰ ডিচেম্বৰ মাহত মিলিত হৈ  কৃত্ৰিম উপগ্ৰহৰ কক্ষপথ সম্পৰ্কে পর্যালোচনা কৰি এটি সমাধান উলিয়াবলৈ যত্নপৰ হ'ব। 

Wednesday 25 November 2020

বিৰল মহাজাগতিক দৃশ্য



অহা ২১ ডিচেম্বৰৰ সন্ধিয়া সূর্যাস্তৰ পিছতেই আকাশত দেখা যাব এক বিৰল মহাজাগতিক দৃশ্য। শনি আৰু বৃহস্পতি দুয়োটা গ্রহকেই সন্ধিয়াৰ  দক্ষিণ-পশ্চিম আকাশত দেখা যাব তেনেই ওচৰা ওচৰিকৈ। ২১ ডিচেম্বৰৰ এই মহাজাগতিক ঘটনাৰ দিনটো "উইণ্টাৰ ছোলটাইছ", অর্থাৎ ২১ডিচেম্বৰৰ সেই দিনটোৱেই হ'ব বছৰৰ সবাতোকৈ ছুটি দিন।

জ্যোতির্বিদ পেট্রিক হাৰটিগানৰ মতে বৃহস্পতি আৰু শনি গ্ৰহৰ এনে সমীপৱৰ্তী অৱস্থান প্ৰতি ২০ বছৰৰ মুৰত এবাৰ হোৱাৰ সম্ভাৱনা থাকে যদিও প্রতি ২০ বছৰৰ মুৰত যে এই পৰিঘটনা সংঘটিত হ'ব তেনে কোনো নিশ্চয়তা নাই। উল্ল্যেখযোগ্য যে বিগত ১২২৬ চনৰ ৪ মাৰ্চৰ পিছত অৰ্থাৎ ৭৯৪ বছৰৰ পিছত পৃথিৱীবাসীয়ে পুনৰ দেখা পাব এই বিৰল মহাজাগতিক পৰিঘটনাটো। যদিহে আমি এই বছৰৰ বিৰল পৰিঘটনাটো কোনো কাৰণত দেখা নেপাও, তেন্তে আমি অপেক্ষা কৰিব লাগিব অহা ২০৮০ চনৰ ১৫ মার্চ মাহলৈ। 

২০২০ চনৰ মাজভাগৰ পৰাই আমি শনি আৰু বৃহস্পতি গ্রহ দুটাক পৰস্পৰৰ ওচৰা ওচৰিকৈ আকাশত দেখি আহিছো। যদিহে মন কৰিছে, এইটোও নিশ্চয় অনুধাৱন কৰিছে যে এই গ্ৰহ দুটা ক্ৰমান্বয়ে পৰস্পৰৰ ওচৰ চাপি আহি আছে। অহা ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহৰ আকাশত গ্ৰহ দুটাৰ মাজৰ দুৰত্ব ইমানেই কম হ'ব যে পেট্রিক হাৰটিগানৰ মতে গ্রহ দুটাৰ মাজৰ খালী স্থানৰ পৰিমাণ হ'ব পূর্ণিমাৰ জোনবাইৰ ব্যাসৰ পাচ ভাগৰ এভাগ মাত্র! অৰ্থাৎ শনি আৰু বৃহস্পতি গ্ৰহ দুটাৰ মাজত জোনবাইটো ৰাখিবলৈও যেন ঠাইৰ নাটনি হ'ব!

Sunday 1 November 2020

আইনষ্টাইনৰ চুৰি হোৱা মগজুটো


থমাস হার্ভে। পেশাত তেওঁ এজন চিকিৎসাবিদ। ১৯৫৫ চনৰ এক মৃত্যুই তেওঁৰ জীৱন ধাৰাকেই সলনি কৰি পেলালে। সেই মৃত্যু পিছে কোনো সাধাৰণ লোকৰ নাছিল। সেই মৃত্যু আছিল বিজ্ঞানৰ ইতিহাস ওলট পালট কৰি দিয়া কিংবদন্তি বিজ্ঞানী আলবার্ট আইনষ্টাইনৰ। 

১৯৫৪ চনৰ পৰাই এলবাৰ্ট আইনষ্টাইনৰ পেটৰ বিষটো ক্ৰমে বেছি হৈ আহিছিল। মাজে সময়ে এই পেটৰ বিষটোৱে তেখেতক বৰকৈ আমনি দি আহিছিল। পিছে অধ্যয়ন আৰু ব্যস্ততাপূৰ্ণ দৈনিক কাৰ্যক্ৰমনিকাৰ বাবে আইনষ্টাইনে বিষটোক বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু বিষটো অসহ্যকৰ হৈ অহা বাবে তেওঁ স্থানীয় প্ৰিন্সটোন হস্পিতাললৈ ডাক্তৰৰ পৰামৰ্শ বিচাৰি গ'ল। 

পৰীক্ষা কৰি ডাক্তৰে বুজি পাইছিল যে পেটৰ বিষৰ কাৰণটো সাধাৰণ নহয়। বৰং আইনষ্টাইনৰ শৰীৰলৈ তেজ পৰিবাহী মূল সিৰাডালৰ নিম্ন অংশটো উখহি উঠিছে, যাৰ ফলত পেটৰ বিষ হোৱাৰ লগতে শৰীৰত তেজ পৰিবহনৰ ক্ষেত্ৰত জটিলতা আহিছে। চিকিৎসা বিজ্ঞানত এই ৰোগক abdominal aortic aneurysm বুলি কোৱা হয়। ডাক্তৰে চিকিৎসাৰ প্ৰাৰম্ভিক দায়িত্ব গ্ৰহন কৰি আইনষ্টাইনক খোৱা-বোৱা, নীতি-নিয়ম আদিবোৰ বুজাই দি দৰব পাতিবোৰ দিলে। 

আইনষ্টাইনে নীতি-নিয়ম ক'ত মানে ! ব্যস্ততাৰ বাবে সকলো পাহৰি থাকে। ক্ৰমান্বয়ে আইনষ্টাইনৰ ৰোগটো বেছি হৈ আহিব ধৰিলে। বন্ধু বান্ধৱসকলে তেওঁক উন্নত চিকিৎসাৰ বাবে খাটনি ধৰিলে। পিছে আইনষ্টাইন নাচোৰবান্দা। চিকিৎসাৰ বাবে বাহিৰলৈ গ'লে তেওঁৰ আধৰুৱা হৈ থকা কামবোৰ কেনেকৈ সম্পূৰ্ণ হ'ব ! 

এনেদৰেই কিছুদিন পাৰ হ'ল। বিষটোৱে আইষ্টাইনক উঠা বহাৰ ক্ষেত্ৰটো কষ্ট দিবলৈ আৰম্ভ কৰাত তেওঁ পুনৰ প্ৰিন্সটোন হস্পিতাললৈ গ'ল। এইবাৰ ডাক্তৰে তেওঁক হস্পিতালত ভৰ্তি হ'বলৈ পৰামৰ্শ দিলে। যন্ত্ৰণাত ইচাটি বিচাটি কৰি থকা আইনষ্টাইনে উপায়ন্তৰ হৈ ডাক্তৰৰ কথা মতেই হস্পিতালত ভৰ্তি হ'ল। চিকিৎসা আৰম্ভ হ'ল। কেইদিনমান অপেক্ষা কৰাৰ পিছতো দৰৱ পাতিবোৰে লক্ষনীয় ভাবে একো কাম নকৰাত ডাক্তৰে আইনষ্টাইনক ক'লে : মহাশয়, আপোনাৰ ৰোগটোৱে জটিল ৰূপ লৈছে। সেয়েহে দৰবে বিশেষ কাম দিয়া নাই। শীঘ্ৰে আৰোগ্য লাভৰ বাবে আপোনাৰ অস্ত্ৰোপচাৰ কৰিব লাগিব।

কিছু বিৰক্তিৰে মুৰটো জোকাৰি আইনষ্টাইনে ক'বলৈ ধৰিলে : তোমালোকে মোক ধৰি ৰাখিব বিচাৰিছা। মই মোৰ ইচ্ছানুসৰি পৃথিৱীৰ পৰা আঁতৰি যাবলৈ পালে ভাল পাম। কৃত্ৰিমভাৱে জীয়াই থাকি মই জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰিম। মই যদি যাবই লাগে গুছি যামগৈ, কিয়নো মোৰ কৰণীয় কামবোৰ ইতিমধ্যে কৰিয়েই পেলাইছো। মই হাঁহি মুখেৰেই গুছি যামগৈ ডাক্তৰ। এতিয়া অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই। 

১৭ এপ্ৰিল, ১৯৫৫। প্ৰিন্সটন হস্পিতালৰ বিচনাত চিৎকাৰ কৰি উঠিল বিজ্ঞানী আইনষ্টাইন। দৌৰি আহিল কৰ্তব্যৰত নাৰ্চ আৰু ডাক্তৰবোৰ। ততাতৈয়াকৈ আইনষ্টাইনক জৰুৰী বিভাগলৈ স্থানান্তৰ কৰা হ'ল। পৰীক্ষা কৰি গ'ম পোৱা গ'ল যে আইনষ্টাইনৰ তলপেটৰ ওচৰত abdominal aortic aneurysmত আক্ৰান্ত ৰক্তবাহী সিৰাডাল ফাটি প্ৰচুৰভাবে আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছে। ডাক্তৰসকল অসহায় হৈ পৰিল। কোনো প্ৰকাৰেই যে চিকিৎসা বিজ্ঞানে একো কৰিব নোৱাৰে…!

১৮ এপ্ৰিল, ১৯৫৫। সময় ৰাতিপুৱা। হস্পিতালৰ কোঠাটোত এগৰাকী নাৰ্চ আৰু ওচৰৰে বিচনাখনত অসুস্থ এলবাৰ্ট আইনষ্টাইন সাৰসুৰ নোহোৱাকৈ শুই আছে। আচলতে বিষ নিৰাময় আৰু টোপনি আহিবলৈ দিয়া ইঞ্জেকচনৰ বাবে তেওঁ টোপনিৰ কোলাত ঢলি পৰিছিল। নাৰ্চ গৰাকীয়ে মন কৰিলে যে আইনষ্টাইনে হাতেৰে কিবা ইংগিত দিব বিচাৰিছে। কথাটো অনুধাৱন কৰিবলৈ তেওঁ আইনষ্টাইনৰ ওচৰলৈ আগবাঢ়ি আহিল। এনেতে জাৰ্মান ভাষাত আইনষ্টাইনে বিৰবিৰকৈ কিবা এটা ক'লে। আমেৰিকান নাৰ্চ গৰাকীয়ে জাৰ্মান বুজি নোপোৱা বাবে এখন্তেক বাহিৰলৈ ওলাই আন কাৰোবাক মাতি অনাৰ কথা ভাবিলে। তেওঁ আকৌ আইনষ্টাইনৰ মুখলৈ চালে। নাই, চকু দুটা মুদি আইনষ্টাইন শুই আছে। 

: May I help you sir ? - নাৰ্চ গৰাকীয়ে সুধিলে।

আইনষ্টাইনৰ পৰা কোনো উত্তৰ নাহিল। তেওঁ কথাষাৰ আকৌ এবাৰ সুধিলে। এইবাৰো প্ৰত্যুত্তৰ নাহিল। সন্দেহবশতঃ নাৰ্চ গৰাকীয়ে আগবাঢ়ি আহি আইনষ্টাইনৰ হাতখনৰ নাড়ী পৰীক্ষা কৰিলে। শান্ত, সৌম্য ভাৱে শুই থকা আইনষ্টাইনৰ নাড়ীৰ স্পন্দন ইতিমধ্যে বন্ধ হৈ গৈছিল। বিশ্বৰ আটাইতকৈ তীক্ষ্ণ বুদ্ধিৰ মানুহজন যেন মূহুৰ্তৰ ভিতৰতেই হেৰাই গ'ল এক প্ৰহেলিকাৰ দৰে।

সিদিনা লোকে লোকাৰণ্য হৈ পৰিছিল প্ৰিন্সটন চিকিৎসালয়ৰ প্রাঙ্গণ। ভক্ত, সাংবাদিক, কেমেৰা মেনৰ ভিৰত ভৰি থ'বলৈও যেন ক'তো ঠাই নাই ! ইতিমধ্যে আইনষ্টাইনৰ নশ্বৰ দেহ মর্গলৈ স্থানান্তৰিত কৰা হৈছিল। পোষ্টমর্টেমৰ দায়িত্ব দিয়া হ'ল ডা° থমাস হার্ভেক। পোষ্টমর্টেমৰ টেবুলত আইনষ্টাইনৰ নশ্বৰ দেহৰ ওপৰত চুৰীৰে ছেদ কৰি থকাৰ সময়তেই ডা° হাৰ্ভেৰ মনলৈ আহে এক অদ্ভূত চিন্তা। আগ পিছ একো নেভাবি তেওঁ আইনষ্টাইনৰ শৱদেহ ব্যবচ্ছেদৰ সময়তেই বিজ্ঞানীজনৰ মগজুটো লাওখোলাৰ পৰা উলিয়াই আনি সংগোপনে এটা আইনাৰ বিশেষ বটলত সংৰক্ষণ কৰি ৰাখিলে। কামটো তেওঁ ইমান সংগোপনে সমাধা কৰে যে চিকিৎসালয়ৰ কৰ্মকৰ্তা আনকি আইনষ্টাইনৰ পৰিয়ালৰ কোনো লোকেও ইয়াৰ বিষয়ে একো গমকেই নেপালে। 

ডা° হার্ভেৰ মনত এটা চিন্তাই বাঁহ লৈছিল। এনেকুৱা কি আছে আইনষ্টাইনৰ মগজুটোত, যাৰ বাবে আইনষ্টাইন বিশ্বৰ কৌটি কৌটি মানুহৰ মাজত তেওঁ এজন অসাধাৰণ প্ৰতিভা সম্পন্ন ব্যক্তি হিচাবে পৰিগণিত হৈছিল !! 

তাৰ কিছুদিন পিছত ডা° হার্ভেই অতি সংগোপনে আইনষ্টাইনৰ মস্তিষ্কটা বিশেষ আইনাৰ বটলটোৰ সৈতে প্রিন্সটন হস্পিতালৰ পৰা নিজৰ বাসগৃহলৈ লৈ আনি এটা বাকচৰ ভিতৰত ভৰাই তলা লগাই থৈ দিলে। ইতিমধ্যে প্রিন্সটন হস্পিতালৰ এগৰাকী নাৰ্চৰ লগত ডা° হাৰ্ভেৰ এটা নিবিড় সম্পর্কৰ কথা চৰ্চালৈ আহে। সেই চৰ্চাৰ আলম লৈ হস্পিতাল কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে। তাৰ কেইদিনমান পিছতেই কেনেবাকৈ আইনষ্টাইনৰ মগজুটো চুৰি হোৱাৰ কথাটো ৰাজহুৱা হৈ পৰে। মূহুৰ্তৰ ভিতৰতে যেন ডা° হাৰ্ভেও লোকচক্ষুৰ পৰা অদৃশ্য হৈ গ'ল। হঠাৎ তেওঁ ক'লৈ গুছি গ'ল কোনেও গমকেই নেপালে।

সেয়া ১৯৭৮ চনৰ কথা। ইতিমধ্যে সুদীর্ঘ ২৩ বছৰ পাৰ হৈ গৈছে আইনষ্টাইনৰ পৰলোক প্ৰাপ্তি হোৱাৰ। মানুহে ডা° হার্ভেৰ কথা লাহে লাহে পাহৰি পেলাইছিল। মানুহে বিজ্ঞানী আইনষ্টাইনৰ চুৰি হোৱা মগজুটোৰ কথাও যেন পাহৰি পেলাইছিল !! তেনেতেই "নিউ জাৰ্চি মান্থলি" নামৰ এখন বাতৰি কাকতত  ষ্টিভেন লেভী নামৰ এজন সাংবাদিকে ডা° থমাস হার্ভেক বিচাৰি পোৱাৰ লগতে বিজ্ঞানী আইনষ্টাইনৰ চুৰি হোৱা মগজুটোৰ সন্ধান পোৱা বুলি সংবাদ পৰিবেশন কৰে। সংবাদটোত তেওঁ যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিৰ পৰা ১২০০ কিঃমিঃ আঁতৰৰ ওৱাইচিটা নামৰ এখন সৰু চহৰত ডা° হাৰ্ভে পেথ'লজিকেল লেব'ৰটৰীৰ ব্যৱসায়ত জড়িত হৈ থকাৰ কথা উল্ল্যেখ কৰে। তেওঁ ডা° হাৰ্ভেৰ লগত ব্যক্তিগত ভাৱে কথা পতাৰ লগতে আইনষ্টাইনৰ মগজুৰ প্ৰসংগটো লৈ প্ৰশ্ন কৰাত হাৰ্ভেই লেব'ৰটৰীৰ এচুকত পৰি থকা এটা আইনাৰ বটল দেখুৱাছিল বুলি সংবাদটোত উল্ল্যেখ কৰিছিল।

সংবাদটোৱে জনসাধাৰণৰ লগতে বিজ্ঞানীমহলতো তোলপাৰ লগাই দিলে।বহুতো বিজ্ঞানীয়ে আইনষ্টাইনৰ মগজুটোৰ ওপৰত গৱেষণা কৰাৰ ইচ্ছা প্রকাশ কৰে। দুই এজন বিজ্ঞানীয়ে ব্যক্তিগত ভাৱে সাংবাদিক ষ্টিভেন লেভীৰ লগতো যোগাযোগ কৰে। জনসাধাৰণে ডা° হাৰ্ভেক বিভিন্ন মাধ্যমেৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে। সকলোৰে উদ্দেশ্য আছিল এইটো যে বিগত ২৩ টা বছৰত হাৰ্ভেই আইনষ্টাইনৰ মগজুটোৰ ওপৰত কিবা গৱেষণা কৰিছিল নেকি? যদিহে কৰিছিল তেন্তে কেনে ধৰণৰ তথ্য তেওঁৰ হাতত মজুত আছে…। 

ডা° হার্ভেই সকলোকে ধৈর্য ধৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল যে সময় হলেই তেওঁ সকলো তথ্য সদৰী কৰিব। সময় গৈ থাকিল। কিন্তু হাৰ্ভেই কোনো তথ্য দিব নোৱাৰিলে। হাৰ্ভেই চেষ্টা কৰিছিল। মগজুটোৰ ওজন লৈছিল, ছৱি তুলিছিল, মগজুটো কাটি সৰু সৰু ২৪০টা টুকুৰাৰ অনুবীক্ষণীয় স্লাইড বনাই পৰ্যবেক্ষণো কৰিছিল। কেইজনমান বিজ্ঞানীয়েও এনে অনুবীক্ষণীয় স্লাইড গৱেষণাৰ বাবে হাৰ্ভেৰ পৰা সংগ্ৰহ কৰিছিল। কিন্তু শেষ পর্যন্ত ডা° হাৰ্ভে বা আন বিজ্ঞানীসকলে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। সুদীর্ঘ ৪৩ বছৰ হাৰ্ভেই আইনষ্টাইনৰ মগজুটো লৈ ঘূৰি ফুৰিছিল। অৱশেষত বার্ধক্যৰ ওচৰত তেওঁ হাৰ মানিবলৈ বাধ্য হ'ল। 

১৯৯৮ চনত তেওঁ আইনষ্টাইনৰ মগজুটোক প্রিন্সটন হস্পিতাল কৰ্তৃপক্ষক পুনৰ ওভটাই দিয়াৰ কথা চিন্তা কৰে।সেই মৰ্মে তেওঁ হস্পিতাল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে। হস্পিতাল কৰ্তৃপক্ষই ডা° হাৰ্ভেৰ এই সিদ্ধান্তক আদৰণি জনায়। সেই মৰ্মে ডা° থমাচ হাৰ্ভেই ১৯৯৮ চনৰ এপ্ৰিল মাহত প্ৰিন্সটন হস্পিতালৰ মূখ্য পেথ'লজিস্ট ডা° এলিয়ট ক্লাউছৰ হাতত আনুস্থানিক ভাৱে আইনষ্টাইনৰ মগজুটো হস্তান্তৰ কৰে। বৰ্তমান বিজ্ঞানী আইনষ্টাইনৰ মগজুটো পেঞ্চিলভেনিয়াৰ এটা মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে।

https://youtu.be/b_R6n5WzDag

Friday 23 October 2020

তৃষ্ণাতুৰ কালিদাস আৰু আই সৰস্বতী


পঞ্চম শতিকাৰ কথা। মহাকবি কালিদাসে আমন্ত্ৰণ ৰক্ষা কৰি শাস্ত্ৰৰ গূঢ়াৰ্থ বিশ্লেষণ কৰাৰ উদ্দেশ্যে দাঁতি কাষৰীয়া দেশ এখনলৈ বুলি ৰাওনা হ'ল। পথ অতিক্ৰমৰ ভাগৰে জুৰুলা কৰা কালিদাস প্ৰখৰ ৰ'দত ক্লান্ত হৈ পৰিছিল। পিয়াহ নিবাৰণৰ বাবে ইফালে সিফালে চাই আগবাঢ়ি যোৱা কালিদাসৰ হঠাৎ চকুত পৰিল এগৰাকী মহিলা। তেওঁ ওচৰৰে কুঁৱা এটাৰ পৰা একলহ পানী লৈ তেওঁৰ দিশেই আগবাঢ়ি আহিছে। 

কালিদাসৰ মনটো ভৰি পৰিল। তেওঁ মহিলা গৰাকীৰ ওচৰলৈ দুখোজমান আগবাঢ়ি গৈ ক'লে : "হে মাতৃ ! সূৰ্যৰ প্ৰখৰ ৰ'দে মোক তৃষ্ণাতুৰ কৰি তুলিছে। পিয়াহ নিবাৰণৰ বাবে মোক অলপ পানী দিবনে?"

মহিলা গৰাকীয়ে কালিদাসলৈ চাই ক'লে - "তোমাৰ কষ্ট মই বুজি পাইছোঁ আৰু তোমাৰ তৃষ্ণা দূৰ কৰাৰ বাবে মই পানীও দিম। কিন্তু তাৰ আগত তোমাৰ চিনাকী দিয়া।"

শুকাই যোৱা ডিঙিটোৰে যেন এটা শব্দও উচ্চাৰণ কৰিবলৈ কালিদাসৰ শক্তি নাছিল। তথাপিও মহিলাগৰাকীক নিজৰ পৰিচয় দিবৰ বাবে তেওঁ ক'লে : "হে মাতৃ, আপুনি মোক এজন পথিক বুলিয়েই ধৰি লওক।"

কালিদাসৰ কথাত যেন মহিলা গৰাকী সন্তুষ্ট নহ'ল। তেওঁ কালিদাসক উদ্দেশ্যি ক'লে : "তুমি কেনেকৈ পথিক হ'লা? এই বিশ্বত পথিক কেৱল দুজনেই আছে আৰু তেওঁলোক হ'ল চন্দ্ৰ আৰু সূৰ্য। তেওঁলোকে অবিৰাম ভ্ৰমণ কৰি থাকে। তুমিটো তেওঁলোকৰ এজনো নহয়। তোমাৰ প্ৰকৃত পৰিচয় দাঙি ধৰা।"

কালিদাস যেন ক্ষন্তেকৰ বাবে অপ্ৰস্তুত হৈ পৰিল। তেওঁ ক'লে- "মই বুজি পাইছো। আপুনি মোক আপোনাৰ অতিথি বুলি ধৰি ল'ব পাৰে।"

মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে - "নহয়, নহয়… তুমি অতিথি হ'বই নোৱাৰা। আমাৰ জীৱনত দুজনেই অতিথি আছে আৰু তেওঁলোক হ'ল সম্পদ আৰু যৌৱন। এই  দুয়োটাই কাৰো জীৱনত স্থায়ী নহয়। সম্পদ আৰু যৌৱন দুয়োটাই আমাৰ জীৱনত অতিথিৰ দৰে ক্ষন্তেকীয়া। তুমি কোন বাৰু?"

জীৱন সম্পৰ্কে এগৰাকী মহিলাৰ দৰ্শনে কালিদাসক আচৰিত কৰি তুলিছিল। কিন্তু কালিদাস বিচলিত নহ'ল। তেওঁ পুনৰ মহিলা গৰাকীক উদ্দেশ্যি পুনৰ ক'বলৈ ধৰিলে - "তেন্তে আপুনি মোক এজন সহনশীল পুৰুষ বুলিয়েই ধৰি লওঁক। মই পিয়াহত কষ্ট পাইছো। দয়া কৰি মোক অলপ পানী দিয়ক।"

ঈষৎ হাঁহি এটা ওঁঠত বিৰিঙাই মহিলা গৰাকী পুনৰ ক'বলৈ ধৰিলে - "তোমাৰ উত্তৰত মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ কাৰণ পৃথিৱীত সহনশীল বুলি দুটাই আছে। সেয়া হ'ল পৃথিৱী আৰু বৃক্ষ। পৃথিৱীয়ে পাপী তথা পুণ্যাত্মা সকলোৰে ভৰ সহি থকাৰ উপৰিও পৃথিৱীৰ বক্ষ বিদীৰ্ণ কৰি কৃষি কাৰ্য কৰাৰ পিছতো আমাক খাদ্য দান কৰে। তেনেদৰে বৃক্ষৰ দেহলৈ শিল দলিয়ালেও সকলো সহন কৰি ওলোটাই তেওঁকেই মিঠা ফল প্ৰদান কৰে। এতিয়া তুমিয়েই কোৱাচোন তুমি সহনশীল পুৰুষ হয় নে নহয়?" 

কালিদাস যেন হতাশ হৈ পৰিল। তৃষ্ণাতুৰ আৰু ক্লান্ত কালিদাসে পুনৰ ক'লে : "মই হতাশ নহওঁ মাতৃ। মোক অলপ পানী দিয়ক। আপুনি মোক এজন জেদী পুৰুষ বুলিয়েই ধৰি লওঁক।"

"তুমি পুনৰ মিছা পৰিচয় দিছা" - মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে। "আমাৰ শৰীৰৰ নখ আৰু চুলিহে আটাইতকৈ জেদী। নখ আৰু চুলি যিমানেই কাটা, সিমানেই বাঢ়ি আহি আগৰ দৰে হয়। তুমি তোমাৰ সঁচা পৰিচয় দিয়া।"

কালিদাস যেন সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিল। চৰম অপমানিত অনুভৱ কৰি কালিদাসে বিৰক্তিৰে ক'বলৈ ধৰিলে - "তেন্তে মই এজন মূৰ্খ। আপুনি সেয়াই মোৰ পৰিচয় বুলি জানি লওঁক।"

মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে - "তুমি বাৰু কেনেকৈ মূৰ্খ হ'বা ? মূৰ্খ কেৱল দুজনহে থাকে। প্ৰথমজন সেইজন ৰজা, যিজনে যোগ্যতা নোহোৱাকৈ দেশ শাসন কৰে আৰু দ্বিতীয়জন হ'ল সেইগৰাকী পণ্ডিত, যিজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসত্যকো সত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ তৰ্ক কৰে।"

কালিদাস যেন মুক হৈ পৰিল। তেওঁৰ মুখত আৰু একো উত্তৰেই নাছিল। তেওঁ ইতিমধ্যে বুজি পাইছিল যে এই মহিলা গৰাকী এগৰাকী বিদূষী মহিলা। কালিদাসে এইবাৰ মহিলা গৰাকীৰ ভৰিত পৰি থোকাথোকি মাতেৰে কৰিবলৈ ধৰিলে - "হে মাতৃ ! ইমান দিনে মই নিজকেই চিনি পোৱা নাছিলোঁ। পিয়াহত মোৰ প্ৰাণ যায় যায় অৱস্থা। দয়া কৰি মোক অলপ পানী দিয়ক……।"

দুবাহুত ধৰি মহিলা গৰাকীয়ে কালিদাসক ভৰিৰ পৰা উঠাই আনি ক'লে : "উঠা বৎস..."

কম্পিত দুভৰিত জোৰ দি ধীৰে ধীৰে থিয় হৈ কালিদাসে মহিলা গৰাকীলৈ চালে। কিন্তু এয়া কি…? তেওঁৰ সন্মূখত যে সাক্ষাৎ দেৱী সৰস্বতী ! কালিদাস পুনৰ দেৱী সৰস্বতীৰ চৰণত উবুৰি খাই পৰিল।

সৰস্বতীয়ে ক'বলৈ ধৰিলে - "শিক্ষাৰ পৰা জ্ঞান আহে, অহংকাৰ নহয়। তুমি শিক্ষাৰ জৰিয়তে আহৰণ কৰা সন্মান আৰু প্ৰতিষ্ঠাক নিজৰ উপলদ্ধি বুলি ভাবি অহংকাৰী হৈ পৰিলা। সেয়ে মই এই পৰীক্ষাটো ল'লো। হে মহাকবি কালিদাস; আহা, তোমাৰ তৃষ্ণা নিবাৰণ কৰা।"


উৎস : http://doerlife.com/mahakavi-kalidasa-old-woman/ 

(কৃতজ্ঞতা : Tapan Mahanta, টংলা)

Saturday 3 October 2020

বোকোচাত হৃদপিণ্ড কঢ়িওৱা মহিলাগৰাকী

হৃদযন্ত্ৰবোৰ হৃদপেশীৰ দ্বাৰা গঠিত পাম্প সদৃশ একোটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ, যিয়ে অবিৰতভাৱে প্ৰাণীৰ দেহত জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। হৃদযন্ত্ৰ অবিহনে জীৱন সম্ভৱ নহয়। কিন্তু আচৰিত কথাটো হ'ল এই যে ছেলৱা হুছেইন (Selwa Hussain) নামৰ UKৰ এগৰাকী মহিলাই যোৱা ২০১৭ চনৰ ২৭ জুনৰ পৰাই এটি ৬.৮ কেজি ওজনৰ কৃত্ৰিম হৃদযন্ত্ৰ পিঠিত বোকোচা বান্ধি লৈ ফুৰিছে। 

সেয়া ২০১৭ চনৰ মে মাহৰ প্ৰথম সপ্তাহৰ কথা। শ্বাস প্ৰশ্বাসৰ ভয়ংকৰ বিসংগতিয়ে ছেলৱাৰ জীৱন অসহনীয় কৰি তুলিছিল। পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৩৯ বছৰীয়া ছেলৱাক ভৰ্তি কৰিলেহি লণ্ডনৰ "Harefield" নামৰ হস্পিতালখনত। পৰীক্ষাৰ অন্তত চিকিৎসক সকলে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে যে ছেলৱা ইতিমধ্যে হৃদযন্ত্ৰৰ জটিল বিসংগতিত ভূগিছে আৰু তেওঁৰ হৃদযন্ত্ৰটো প্ৰায় বিকল হৈ পৰিছে।

চিকিৎসকৰ মতে অতি সোনকালে ছেলৱাৰ দেহৰ পৰা বিকলপ্ৰায় হৃদযন্ত্ৰটো উলিয়াই আনি তাৰ ঠাইত কৃত্ৰিম হৃদযন্ত্ৰ স্থাপন নকৰিলে, যিকোনো মূহুৰ্ততে ছেলৱাৰ মৃত্যু হ'ব। পৰিয়ালৰ লোকৰ সন্মতি সাপেক্ষে ২০১৭ চনৰ ২৭ জুনৰ দিনা "হেয়াৰফিল্ড" হস্পিতালৰ Diana Garcia Saez আৰু Andre Simon নামৰ দুগৰাকী চাৰ্জনে প্ৰায় ছয় ঘণ্টা জোৰা এটা জটিল অস্ত্ৰোপচাৰেৰে ছেলৱাৰ দেহৰ পৰা হৃদযন্ত্ৰটো উলিয়াই আনি তাৰ ঠাইত প্ৰায় ৬.৮ কেজি ওজনৰ এটা কৃত্ৰিম হৃদযন্ত্ৰ স্থাপন কৰে। এই কৃত্ৰিম হৃদযন্ত্ৰটো দৰাচলতে ৪ ভল্টৰ দুটা বেটাৰীৰ দ্বাৰা পৰিচালিত হোৱা এটা বৈদ্যুতিক মটৰহে। বেটাৰীৰ পৰা বিদ্যুত প্ৰবাহ আহৰণ কৰি এই মটৰটোৱে ৰোগীৰ পিঠিত ৰখা এটা বিশেষ ধৰণৰ প্লাষ্টিকৰ মোনালৈ বায়ুৰ সোঁত সৃষ্টি কৰে। পৰবৰ্তী পৰ্যায়ত এই বায়ুৰ সোঁত ৰোগীজনৰ বুকুত স্থাপন কৰি ৰখা কৃত্ৰিম হৃদযন্ত্ৰটোলৈ প্ৰেৰণ কৰি ৰোগীৰ দেহত তেজৰ সঞ্চালন ঘটোৱা হয়। 

হৃদযন্ৰৰ সফল প্ৰতিস্থাপনৰ পিছতো ছেলৱাক পৰবৰ্তী দুমাহ মান হস্পিতালতেই ৰাখি পৰ্যবেক্ষণ কৰা হৈছিল। তাৰপিছত ছেলৱাক ঘৰলৈ যাব দিয়া হয়। ছেলৱাৰ দেহত থকা কৃত্ৰিম হৃদযন্ত্ৰটোৱে গড় হিচাবত প্ৰতি মিনিটত প্ৰায় ১৩৮ বাৰ দেহলৈ তেজৰ সোঁত প্ৰেৰণ কৰিব পাৰে। সন্তান আৰু স্বামীসহ এতিয়া ছেলৱাই সুস্থ হিচাবে জীৱন যাপন কৰি আছে।

Friday 25 September 2020

পুৰুষত্বৰ জৈৱিক বিপৰ্যয়


পুৰুষৰ পৌৰুষত্বৰ প্ৰতীক Y ক্রম'জম। নাৰীৰ দেহত থকা কোষৰ দুয়োডাল যৌন ক্রম'জমেই X (অর্থাৎ XX) আনহাতে পুৰুষৰ ক্ষেত্ৰত এই সংগঠন XY। যেনেদৰে Y ক্রম'জম পুৰুষত্বৰ প্রতীক থিক তেনেদৰে X ক্ৰম'জম নাৰীত্বৰ প্ৰতীক। Y ক্রম'জম বিশেষ গুণ এটা হ'ল যে এই ক্ৰম'জমতেই আছে "SRY জিন" যিয়ে মাতৃ গৰ্ভত ভ্রূণ এটিক পুৰুষ হিচাবে বিকশিত কৰে। শেহতীয়াকৈ "দ্য কনভাৰছেচন ডট কম" নামৰ গৱেষণা গ্ৰন্থখনত বিজ্ঞানী সকলে প্রকাশ কৰিছে যে জীৱনৰ অন্যান্য গুৰুত্বপূৰ্ণ কাম কাজ সমূহৰ বাবে Y ক্ৰম'জম বিশেষ জৰুৰী নহয়। ক্ৰমবিকাশৰ লগে লগে সেয়েহে খুব দ্রুতগতিত Y ক্ৰম'জমৰ অৱনতি ঘটিছে আৰু অদূৰ ভৱিষ্যতে মানুহৰ দেহৰ কোষৰ পৰা হেৰাই যাৱ এই Y ক্ৰম'জম !!


আমাৰ দেহ কোষত 46 ডাল ক্ৰম’জম আছে৷ তাৰ ভিতৰত দুডাল লিংগ নিৰূপক (Sex Chromosome) ক্ৰম’জম৷ এই লিংগ নিৰূপক ক্ৰম’জম দুডাল শক্তিশালী অনুবীক্ষণ-যন্ত্ৰৰ সহায়ত সহজেই চিনিব পাৰি কাৰণ পুৰুষৰ ক্ষেত্ৰত এই ক্ৰম'জমৰ আকৃতি  ইংৰাজীৰ X আৰু Y বৰ্ণ দুটাৰ দৰে৷ আনহাতে মহিলাৰ ক্ষেত্ৰত দুয়োডাল X আকৃতিৰ৷ গতিকে পুৰুষ বুলি কলে 44+XY, আৰু মহিলা বুলি কলে 44+XX বুলি লিখা হয়৷ দেহৰ প্ৰতিটো কোষেই পুৰুষৰ ক্ষেত্ৰত XY আৰু মহিলাৰ ক্ষেত্ৰত XX হিচাপে সজ্জিত থাকে৷


প্রায় 300 মিলিয়ন বছৰ পূর্বে, সৰীসৃপ জাতীয় পূর্বপুৰুষৰ দৈহিক ক্রম'জমবোৰৰ "ট্ৰান্সক্ৰিপচন ফেক্টৰ জিন" (এছ.ও.এক্স 3)ৰ ৰূপান্তৰন হৈ Y ক্ৰম'জম সৃষ্টি হৈছিল। তাৰ পৰৱৰ্তী 166 মিলিয়ন বছৰ পৰ্যন্ত, স্তন্যপায়ী প্রাণীবোৰৰ বিকাশৰ সময়লৈ X আৰু Y - দুয়োডাল ক্রম'জমৰ আকাৰ আৰু গুণাগুণ একেই আছিল। দুয়োডাল ক্ৰম'জমতই আছিল সম সংখ্যক জিন। কিন্তু পিছলৈ Y ক্রম'জমৰ বিপর্যয় আৰম্ভ হয়। ক্ৰম'জমেল মিউটেশন বা উৎপৰিবৰ্তনৰ বাবে Y ক্রম'জমত অস্বাভাৱিকতাই দেখা দিয়ে যাৰ বাবে এই ক্রম'জমডাল ক্ৰমে ছুটি হৈ আহিব ধৰাৰ লগতে ক্রম'জমডালৰ মুঠ জিনৰ সংখ্যাও চকুত লগাকৈ কমি আহিব ধৰে। 


"PLoS Genetics" নামৰ গৱেষণা গ্ৰন্থখনত প্ৰকাশ পোৱা তথ্য অনুসৰি এডাল X ক্ৰম'জমত 1400ৰ পৰা 1500 টা জিন থকাৰ পৰিবৰ্তে একোডাল Y ক্রম'জমত থকা জিনৰ সংখ্যা 55 ৰ পৰা 60 টা মাত্ৰ ! বর্তমান সময়ত মানুহৰ দেহৰ X ক্ৰম'জমৰ তুলনাত Y ক্রম'জমডাল তিনি ভাগৰ এভাগ। অৰ্থাৎ, বিগত সময়চোৱাত Y ক্রম'জমডালে X ক্ৰম'জমৰ তুলনাত তিনি গুণ আকাৰ হেৰুৱাৰ উপৰিও প্ৰায় 1400 টা জিনো হেৰুৱাইছে। সেই দিশৰ পৰা বিজ্ঞানীসকলে Y ক্রম'জমডালৰ উৎপৰিবৰ্তনৰ হাৰ গণনা কৰি পাইছে যে আগন্তুক 4.5 মিলিয়ন বছৰৰ ভিতৰত মানুহৰ দেহকোষৰ পৰা Y ক্রম'জমডাল সম্পূৰ্ণ ৰূপে বিলুপ্ত হৈ যাৱ। 


যিহেতু Y ক্রম'জমত থকা SRY জিনেহে মাতৃ গৰ্ভত থকা ভ্রূণ এটিক পুৰুষ হিচাবে বিকশিত কৰে, সেয়েহে Y ক্রম'জমৰ অবৰ্তমানত 4.5 মিলিয়ন বছৰৰ পিছত পুৰুষ বুলি কোনো লিংগ নাথাকিব ! পুৰুষ অবিহনেই এই পৃথিৱীত জীয়াই থাকিব লাগিব নাৰী। পুৰুষ অৱিহনেই হয়তো নাৰীয়ে জন্ম দিব যাব নাৰীক। তেওঁলোকৰ বাবে "পুৰুষ" নামতো হৈ পৰিব এটা আভিধানিক শব্দ মাথোন !!!


সবিশেষ জানিবলৈ পঢ়ক……

https://thewire.in/health/the-y-chromosome-is-disappearing-so-whats-in-the-future-for-men

Thursday 24 September 2020

অসাধাৰণ প্ৰতিভাৰ শিশু


সেয়া 1785 চনৰ কথা । জাৰ্মানীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে 1 ৰ পৰা 100 লৈ সংখ্যাকেইটাৰ যোগফল উলিয়াবলৈ দিলে । শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে অংকটো কৰিবলৈ আৰম্ভ কৰিলে: 1 + 2 + 3 + 4 +.......+ 100 = ? 

সকলোৱেই গণনাত ব্যস্ত । এজন ছাত্ৰই তৎক্ষণাত অংকটো কৰি শিক্ষকক দেখুৱালে । অংকটো দেখি শিক্ষকজন আচৰিত হৈ গল । লৰাজনে সম্পূৰ্ণ এটা নতুন নিয়মেৰে অংকটো কৰি পেলাইছে ।

লৰাজনেক কৰাঅংকটো :

(1+100) + (2+99) + (3+98) + .... + (50+51)

প্ৰতি বাৰতেই যোগফল 101 আৰু এনে যুৰীয়া সংখ্যাৰ সংখ্যা মুঠ 50 টা । এতেকে যোগফল 101 x 50 = 5050 । সেই অসাধাৰণ ছাত্ৰজনেই হ'ল যোহান কাৰ্ল ফ্ৰেডেৰিক গাউচ যিয়ে পৰবৰ্তী সময়ত এজন প্ৰসিদ্ধ গণিতজ্ঞ হিচাপে পৰিচিত হৈছিল ।

Friday 18 September 2020

গগনযান আৰু চন্দ্ৰযান-৩ ৰ প্ৰস্তুতি


২০২১ চনৰ প্ৰথম ভাগতেই ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ প্ৰস্তুতি চলি আছে। উল্ল্যেখযোগ্য যে আগৰ দুটা চন্দ্ৰ অভিযানৰ দৰে এইবাৰৰ  চন্দ্রযান-৩ য়ে কঢ়িয়াই নিনিয়ে অৰিটাৰ। চন্দ্ৰ অভিযানৰ প্ৰথমটো ধাপতেই সফল হোৱা ভাৰতীয় বিজ্ঞানী সকলে চন্দ্রযান-২ৰ ক্ষেত্রতো বিভিন্ন সফলতা লাভ কৰিলেও "চফ্ট লেণ্ডিঙ"ৰ সময়চোৱাত ঘটা কাৰিকৰী বিজুতিৰ বাবে "বিক্ৰম" নামৰ লেণ্ডাৰখন জোনবাইৰ বুকুত সফলতাৰে অৱতৰণ কৰাব পৰা নাছিল। সেইবাবে ইছৰোৰ বিজ্ঞানীসকলে এইবাৰ জোনবাইৰ বুকুত সফলতাৰে লেণ্ডাৰক অৱতৰণ কৰাবকৈ বিশেষ সতৰ্কতামূলক পৰীক্ষাবোৰ সমাপন কৰিছে। 


তৃতীয় চন্দ্র অভিযানত অৰবিটাৰ নেথাকিলেও লেণ্ডাৰ থাকিব। এই লেণ্ডাৰখনৰ ভিতৰত থাকিব এখন "ৰোভাৰ"। অৱশ্যে এই লেণ্ডাৰ আৰু ৰোভাৰৰ নাম এতিয়াও থিৰাং কৰা হোৱা নাই। 


সাম্প্ৰতিক কোভিড ১৯ মহামাৰীৰ বাবে ইছৰোৰ অত্যন্ত গুৰুত্বপূৰ্ণ বহুত পৰীক্ষা নিৰীক্ষা বিলম্বিত হৈছে। সেয়েহে ২০২০ চনত চন্দ্ৰযান-৩ উৎক্ষেপণৰ যি চিন্তা চৰ্চা চলিছিল, সেয়া কিছু বিলম্বিত হৈছে। প্ৰতিটো উৎক্ষেপণৰ একোটি নির্দিষ্ট দিন আৰু সময় থাকে আৰু ইয়াক "লঞ্চ উইণ্ডো" বুলি কোৱা হয়। প্ৰস্তাবিত চন্দ্ৰযান-৩ৰ "লঞ্চ উইণ্ডো" এতিয়াও চূড়ান্ত হোৱা নাই। তথাপিও ইছৰোৰ মতে অহা ২০২১চনৰ মাৰ্চ বা এপ্ৰিল মাহত হয়তো চন্দ্ৰযান-৩ জোনবাইৰ দেশলৈ বুলি উৰা মাৰিব। 


ভাৰতীয় বিজ্ঞানীসকলে চন্দ্ৰযান-৩ৰ সমান্তৰালকৈ গগণযান নামৰ মহাকাশ যানখনৰ জৰিয়তে মহাকাশলৈ মানুহ প্ৰেৰণ কৰিবলৈও কাম কাজ কৰি আছে। বিগত ২০ ফেব্রুৱাৰী, ২০২০ৰ পৰাই ছোভিয়েট ৰাছিয়াত চাৰি গৰাকী ভাৰতীয় বিজ্ঞানীৰ মহাকাশ প্রশিক্ষণ আৰম্ভ হৈছে। অৱশ্যে ভাৰত চৰকাৰে তেওঁলোকৰ পৰিচয় সম্প্ৰতি গোপনে ৰাখিছে। ইতিমধ্যে ভাৰতৰ গগনযানৰ মহাকাশ যাত্রীসকলৰ বাবে প্ৰয়োজনীয় "স্পেছ ছুট" তৈয়াৰ কৰা কাম আৰম্ভ হৈছে। ৰাছিয়াৰ জেড্ডা নামৰ এটি সংস্থাই ভাৰতীয় মহাকাশচাৰী সকলৰ "স্পেছ ছুট" তৈয়াৰ কৰাৰ লগতে মহাকাশচাৰীৰ শয়ন বেগ বা "স্পেছ শ্লিপিং বেগ"ৰ কামবোৰো হাতত লৈছে। ২০২২ চনৰ কোনোবা এটি বিশেষ দিনত গগনযানেও উৰা মাৰিব মহাকাশৰ বুকুলৈ অগণন ভাৰতীয়ৰ সপোনবোৰ সাৱটি লৈ…। এতিয়া মাথোন অপেক্ষা। জয় হিন্দ ! 🇮🇳 🇮🇳 🇮🇳

পৰীক্ষাগাৰত কৃত্ৰিম জীৱন

 


মার্কিন বিজ্ঞানীসকলে প্রথমবাৰলৈ গৱেষণাগাৰত কৃত্রিম জীৱন সৃষ্টি কৰিছে। মেৰীলেণ্ড আৰু কেলিফোৰ্নিয়া ইনষ্টিটিউটৰ বিজ্ঞানী ড° ক্রেইগ ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে কৃত্রিম প্রাণধাৰী এটা কোষ সৃষ্টি কৰিছে। ইয়াৰ বাবে তেখেতসকলে এটা টেষ্ট টিউবত কৃত্রিম ভাৱে সৃষ্টি কৰা ডি.এন.এৰ সহায়ত এডাল  ক্রম'চোম তৈয়াৰ কৰি লয় আৰু পৰবৰ্তী পৰ্যায়ত এই ক্রম'চোমডাল আগতেই পৰা ৰিক্ত কৰি থোৱা প্ৰাণহীন কোষ এটালৈ স্থানান্তৰ কৰে। ক্ৰম'চোম প্ৰতিস্থাপনৰ পিছত প্ৰাণহীন কোষটোৰ ভিতৰত প্ৰতিনিয়ত ভাৱেই জৈৱিক ক্ৰিয়াসমূহ সমাপন হ'বলৈ আৰম্ভ কৰে আৰু জীৱনৰ বাবে প্ৰয়োজনীয় কাম কাজবোৰ সুচাৰু ৰূপে চলাই যাবলৈ ধৰে।


গৱেষণাৰ সময়ত ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানী সকলে প্রথমে এটা বেক্টেৰীয়াৰ জিনীয় নক্সা তৈয়াৰ কৰি লৈ সেই নক্সা অনুসৰি কৃত্ৰিম ডি.এন.এ আৰু ক্ৰম'চোম সংশ্লেষণ কৰি আন এটি বেক্টেৰীয়াৰৰ কোষলৈ প্রতিস্থাপন কৰাইছিল।  সেই বিশেষ বেক্টেৰীয়টোৰ ডি.এন.এ আগতেই কোষটোৰ পৰা পৃথক কৰি ৰখা হৈছিল, যাৰ বাবে এই বেক্টেৰীয়টো প্ৰাণহীন আছিল। কিন্তু প্রতিস্থাপন প্ৰক্রিয়াৰ পিছত বেক্টেৰীয়াটোৱে নতুন জীৱন পায়। 


ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানী সকলে "প্ৰাণ দান" কৰা এই কোষটোক কৃত্ৰিম কোষ বা সংশ্লেষিত কোষ (Synthetic Cell) বুলি অভিহিত কৰিছে কাৰণ কোষটোক প্ৰাণ দিবলৈ ব্যৱহাৰ কৰা ডি.এন.এ আৰু ক্রম'চোম সমূহ তেওঁলোকে বিভিন্ন ধৰণৰ ৰসায়নিক যৌগৰ সংমিশ্রণত পৰীক্ষাগাৰতেই তৈয়াৰ কৰি লৈছিল।


কৃত্রিম জীৱন্ত কোষ সৃষ্টিৰ ক্ষেত্ৰত বিজ্ঞানী সকলৰ এই সাফল্যই জীৱনদায়িনী ঔষধ প্ৰস্তুতকৰণৰ লগতে বিকল্প ইন্ধন তৈয়াৰ কৰাৰ লগতে কার্বন শোষণকাৰী অনুজীৱ সৃষ্টিত মূখ্য ভূমিকা লৈ মানৱজাতিৰ কল্যাণ সাধনত যথেষ্ঠ গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে। তথাপিও আমাৰ মনত এটা সংশয় ৰৈ যাব। কাৰণ কৃত্রিমভাৱে তৈয়াৰ কৰা এনে জীৱন্ত কোষে সমগ্ৰ মানৱজাতিক বিপদতো পেলাব পাৰে। এনে কৃত্ৰিম অনুজীৱবোৰে আমাৰ মাজলৈ কঢ়িয়াই আনিব পাৰে বিভিন্ন অচিন ৰোগৰ লগতে মহামাৰীৰ আন এক নতুন সংশয়। তদুপৰি এনে জীৱাণুবোৰ যুদ্ধাস্ত্র হিচাবেও ব্যবহৃত হ'ব পাৰে। ভৱিষ্যতৰ সাম্ভাব্য জীৱাণু যুদ্ধ পাৰমাণৱিক যুদ্ধতকৈ কোনো গুণে কম ভয়াৱহ নহয়।


তলৰ লিংকটো খুলি চাব পাৰে…

https://www.bbc.com/news/science-environment-48297647

Sunday 13 September 2020

বৰষুণৰ গোন্ধ


"মনত আছেনে, দুয়ো গৰখীয়া

শ্বৰাতিৰ সুৰে সুৰে

কিন কিন বৰষুণে বৰষুণে ভিজা

শ্বিলং পিকত সেই দেওবাৰে পুৱা……"

বৰষুণে ধুৱাই নিয়া সদ্যস্নাতা ধৰাৰ বুকুৰ পৰা অহা গোন্ধে আপোনাক কেতিয়াবা পুলকিত কৰি তুলিছেনে? কেঁচা মাটিৰ ভিজা ভিজা সুবাসেৰে সমৃদ্ধ বৰষুণৰ গোন্ধে ধৰাৰ বুকুলৈ কঢ়িয়াই আনে সৃষ্টিৰ সপোন। বৰষুণৰ প্ৰথম টোপালবোৰ মাটিত সৰি পৰাৰ থিক পিছতেই পৰিচিত এটি গোন্ধ ওলায়। বৰষুণৰ আগৰ মাটিৰ গোন্ধ আৰু বৰষুণৰ পিছৰ মাটিৰ গোন্ধ সুকীয়া। কিন্তু বৰষুণে সেমেকাই তোলা মাটিৰ গোন্ধটোৱেনো আহে ক'ৰ পৰা ? 


ইয়াৰ কাৰণ হিচাবে বিজ্ঞানী সকলে তিনিটা কাৰকৰ তথ্য দিছে। সেইবোৰ হ'ল মাটিত থকা কেতবোৰ বিশেষ বেক্টেৰীয়া, মাটিত গজি থকা গছৰ পৰা নির্গত তেলজাতীয় পদাৰ্থ আৰু বজ্রপাতৰ সময়ত নির্গত হোৱা ইলেকট্রনৰ চার্জ বা আধান। বিজ্ঞানী সকলে এই বিশেষ পৰিঘটনাটোৰ নাম দিছে "পেট্রিকোৰ" (petrichor) অর্থাৎ '‘বৰষুণৰ গোন্ধ'’ !


বৰষুণৰ পিছৰ কেঁচা মাটিৰ গোন্ধৰ বাবে আলোচ্য একটিনোমাইচিটিসচ (actinomycetes) নামৰ মাটিত থকা বেক্টেৰীয়াবোৰে জিওষ্মিন (geosmin) নামৰ এক ধৰণৰ জৈৱ যৌগ সৃষ্টি কৰে। বৰষুণৰ পানী মাটিত পৰাৰ লগে লগে এই যৌগবোৰ পানীৰ লগত মিহলি হৈ বায়ুৰ সংস্পর্শলৈ অহাৰ লগে লগে এক বিশেষ ধৰণৰ গোন্ধ ওলায়। সামান্য মাত্ৰাৰ জিওষ্মিনৰ পৰাই যথেষ্ট পৰিমানৰ গন্ধযুক্ত গেছ তৈয়াৰ হয়। প্রতি ট্রিলিয়নে পৰিমানৰ মাটিত মাত্র ৫ শতাংশ জিওষ্মিন থাকিলেই এই গোন্ধ মানুহৰ ঘ্ৰানেন্দ্ৰিয়ই সংগ্ৰহ কৰিব পাৰে। ডাঙৰ আকাৰৰ পানীৰে পৰিপূৰ্ণ এটা পুখুৰীত এচামুচ জিওষ্মিন থাকিলেই মোটামোটি ওপৰত উল্ল্যেখ কৰা পৰিমানটো বুজিবলৈ সহজ হ'ব।


বিজ্ঞানী সকলৰ গৱেষণাত পোৱা গৈছে যে খৰাং বা শুষ্ক পৰিবেশত উদ্ভিদবোৰে এক ধৰণৰ বিশেষ তৈলজাতীয় পদাৰ্থৰ মিশ্রণ তৈয়াৰ কৰে। এই তেলবোৰে উদ্ভিদৰ বৃদ্ধি স্তিমিত কৰি পৰিবেশৰ লগত খাপ খাবলৈ সাময়িক ভাৱে পানীৰ চাহিদা কমায়। উদ্ভিদবোৰে এই তৈলজাতীয় মিশ্রণটো সৃষ্টি কৰিবলৈ মাটিৰ পৰাই উপাদানবোৰ সংগ্ৰহ কৰে। বৰষুণৰ পানীৰ উপস্থিতিত এই তৈলজাতীয় উদ্বায়ী পদার্থবোৰ সিক্ত হৈ বায়ুত মিহলি হয় আৰু এক বিশেষ গোন্ধৰ সৃষ্টি কৰে।


বৰষুণৰ থিক আগমূহুৰ্ততো এক ধৰণৰ বিশেষ গোন্ধ পোৱা যায়। বৰষুণৰ আগে আগে হোৱা বিজুলী ঢেৰেকণিৰ সময়ত এই গোন্ধ পোৱা যায়। ইয়াৰ কাৰণ হ'ল বায়ুমণ্ডলৰ ইলেকট্রিক চার্জ। বিজুলী ঢেৰেকণিয়ে বায়ুত থকা অক্সিজেনৰ অণুবোৰ ভাঙি অক্সিজেন পৰমাণুলৈ ৰূপান্তৰ কৰে। সেই মুক্ত অক্সিজেনৰ পৰমাণুবোৰ বায়ুমণ্ডলৰ অন্য অক্সিজেন অণুৰ সৈতে মিলি অজ'ন অণু সৃষ্টি কৰে। এই অজ'ন গেছৰ এটা বিশেষ গোন্ধ আছে, যি কিছু পৰিমানে ক্ল'ৰিনৰ গোন্ধৰ দৰে বা পোৰা বৈদ্যুতিক তাঁৰ এডালৰ দৰে। সাধাৰণতে অজ'ন গেছ বায়ুমণ্ডলৰ উচ্চ স্তৰতহে পোৱা যায়। কিন্তু বৰষুণৰ আগে আগে জোৰকৈ বলা নিম্নগামী বতাহৰ সোঁতে অজ'নৰ এই গোন্ধ বায়ুমণ্ডলৰ নিম্ন স্তৰলৈ কঢ়িয়াই আনে আৰু তেতিয়াই আমি বৰষুণৰ আগলিবতৰা কঢ়িয়াই অনা গোন্ধটো পাও।

Wednesday 12 August 2020

সংশয়, শংকা আৰু ক'ভিড-১৯


সাম্প্ৰতিক সময়চোৱাত আমি সৰ্বসাধাৰণ ৰাইজে ক'ভিড-19ৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান আৰু ভাবুকিৰ সৈতে সহাৱস্থান কৰি আহিছোঁ। প্ৰতিদিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰিছে। অৱশ্যে বিশেষ কোনো চিকিৎসাবিধি বা নিৰ্দিষ্ট কোনো প্ৰতিষেধক অবিহনেই চিকিৎসক সকলৰ প্ৰচেষ্টাত বেচি সংখ্যক লোকেই ৰোগটোৰ পৰা উপশমো লাভ কৰিছে। তদুপৰি চৰকাৰৰ নিৰ্দেশনা বোৰেও এই মহামাৰীৰ সংক্ৰমণ কিছু হ'লেও স্তিমিত কৰিবলৈ সক্ষম হৈছে। সমান্তৰাল ভাবে ক'ভিড ১৯ মহামাৰী সম্পৰ্কে অজস্ৰ বাতৰি আৰু তথ্য প্ৰচাৰ হৈ আহিছে। কিন্তু ইয়াৰ মাজৰ পৰা সত্য আৰু নিৰ্ভৰযোগ্য তথ্যবোৰ বাচি উলিওৱাটো বৰ্তমান আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান।


যিহেতু ক'ভিড ১৯, গৱেষক বিজ্ঞানী সকলৰ বাবেই আজি এক বিৰাট প্ৰত্যাহ্বান, তেনেস্থলত ইলেকট্ৰনিক বা প্ৰিণ্ট মিডিয়াৰ লগতে অন্যান্য বিভিন্ন উৎসৰ পৰা অহা এনে বাতৰি বা তথ্যসমূহৰ নিৰ্ভৰযোগ্যতা নিশ্চয়কৈ সন্দেহাতীত নহয়। কেতবোৰ পৰিসংখ্যা আৰু সম্ভাৱনাৰ ওপৰত প্ৰতিস্থিত এনে একো একোটা বাতৰিয়ে মূহুৰ্তৰ ভিতৰতে আমাৰ মনত আশাৰ সঞ্চাৰ কৰে যদিও আন এটা মূহুৰ্তত আমাক পুনৰ ভীতিগ্ৰস্থ কৰি তোলে।


সম্প্ৰতি দুটা মান বিষয় সম্বন্ধে মই চিন্তিত হৈ পৰিছোঁ। এয়া মোৰ অজ্ঞতাও হ'ব পাৰে। মোৰ মনত সৃষ্টি হোৱা সংশয় দূৰ কৰিবলৈ বিজ্ঞজনৰ সহায় বিচাৰিছোঁ।


চৰকাৰে দিয়া তথ্য অনুসৰি (হয়তো) অহা ছেপ্টেম্বৰ মাহৰ পৰা বিশেষ চৰ্ত সাপেক্ষে বিদ্যালয়সমূহ খুলিব পাৰে। অৱশ্যে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়। বিদ্যালয় সমূহ খোলাৰ পিছত যদিহে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়, তেন্তে বিদ্যালয়লৈ নহা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ কেনেদৰে হ'ব? তেওঁলোক পুনৰ পিছ পৰি নেযাবনে?


আমাৰ ২য় সন্তান ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেওঁলোকৰ পাঠদান হয়তো নিৰ্দেশনা অনুসৰি গ্ৰামাঞ্চলৰ মুকলি খেলপথাৰত অথবা কোনোবা লোকৰ চোতালত হ'ব। শিক্ষাগ্ৰহণৰ বাবে ৰ'দ বা বৰষুণত সি অথবা আন ছাত্ৰ ছাত্ৰী সকলে বাৰু মুকলি পথাৰত বা কোনো লোকৰ চোতালত শিক্ষাগ্ৰহণৰ বাবে বহি থাকিব পাৰিবনে? তাক বিদ্যালয়লৈ (আচলতে মুকলি পথাৰলৈ বা কোনোবা লোকৰ চোতাললৈ) শিক্ষাগ্ৰহণৰ বাবে পঠিয়ালে ভাল হ'ব নে নপঠিয়ালে ভাল হ'ব?


চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ক'ভিড টেষ্ট কৰিহে বিদ্যালয়লৈ আহিব। ভাল কথা। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিব, তেওঁলোক অথবা তেওঁলোকৰ পিতৃ মাতৃসকল কোভিড ১৯ত আক্ৰান্ত নহয় বুলি নিশ্চিত নেকি? তেওঁলোকে যদি ঘৰৰ পৰা বা তেওঁলোকৰ অঞ্চলৰ পৰা মহামাৰীটো বিদ্যালয়লৈ আনি শ্ৰেণীকোঠাৰ আন ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সকলক দিয়ে? তেনেস্থলত কেৱল শিক্ষকসকলৰ ক'ভিড টেষ্টহে "মেণ্ডেটৰী" কিয়? বিদ্যালয় খোলাৰ আগতে সকলো শিক্ষক আৰু কৰ্মচাৰীৰ লগতে সংক্ৰমণশীল এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ ক'ভিড টেষ্ট জৰুৰী নহয় নেকি?

 

Friday 24 July 2020

শ্বেতগহ্বৰৰ ধাৰণা


বিস্ময়েৰে ভৰা আমাৰ এই বিশ্বব্ৰহ্মাণ্ড। পাৰাপাৰ হীন অসীম বিশ্বব্ৰহ্মাণ্ডখনক বুজি উঠিবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই গৈছে বিজ্ঞানীসকলে। তেওঁলোকৰ দ্বাৰা এতিয়ালৈ আৱিষ্কৃত অনেকবোৰ তথ্যৰেই বাস্তৱিক অস্তিত্ব আছে যদিও এনে অনেক তথ্যৰ সন্ধানো আমাক বিজ্ঞানী সকলে দিছে, যিবোৰ তথ্যৰ অস্তিত্ব কেৱল তাত্বিক ভাবেই সত্য। এনে তাত্বিক বিষয়বোৰৰ ভিতৰত এটা হ'ল White hole বা "শ্বেত গহ্বৰ"।

শ্বেত গহ্বৰ সম্পর্কে জনাৰ আগতে আমি ব্লেক হোল বা কৃষ্ণ গহ্বৰ সম্পর্কে এটা ধাৰণা তৈয়াৰ কৰি লোৱা প্ৰয়োজন। ব্লেক হোলবোৰ হ'ল মহাবিশ্বৰ এনে কিছুমান বস্তু যাৰ আয়তন অতি নগন্য কিন্তু ইয়াৰ ভৰ আৰু ঘনত্ব অতি বেছি। অতি বৃহৎ আকাৰৰ মৃত নক্ষত্ৰবোৰেই জন্ম দিয়ে একো একোটা কৃষ্ণ গহ্বৰৰ। যেতিয়া এটা বিশালকায় তৰাৰ নিজৰ ইন্ধন শক্তি শেষ হৈ আহে তেতিয়া ই প্ৰথমতে সংকুচিত হবলৈ আৰম্ভ কৰে আৰু এনেকুৱা এটা পৰ্যায় পাই যে ই নিজৰেই ভৰ আৰু মাধ্যাকৰ্ষণ বল সহিব নোৱাৰা হয়। ফলত তৰাটো ইমানেই সংকুচিত হয় যে তৰাটো বিস্ফোৰিত হৈ ব্ৰহ্মাণ্ডৰ বুকুত সিঁচৰিত হৈ যায়। তৰাৰ এনে প্ৰচণ্ড বিষ্ফোৰণক "চুপাৰ নোভা" বুলি কোৱা হয়। ইয়াৰ পিছতো তৰাটোৰ ঘনত্ব বৃদ্ধি হৈ থাকে আৰু ই ইমানেই সৰু এক বিন্দু সদৃশ অৱস্থা পায় যে এই তৰাটো আমি কেতিয়াও দেখা নেপাওঁ। পদাৰ্থৰ আয়তন যিমানেই কমি যায়, তাৰ ঘনত্বও সিমানেই বাঢ়ি যায়। সেয়ে তৰাটো অতি বৃহৎ ভৰ আৰু ঘণত্বযুক্ত এক অদৃশ্য বিন্দুলৈ পৰ্যবেশিত হয়। মৃত তৰাটোৰ এই  অন্তিম অৱস্থাটোকেই কৃষ্ণ গহ্বৰ বুলি কোৱা হয়। ইয়াৰ মহাকর্ষণীয় বল ইমানেই বেছি যে ইয়াৰ পৰা কোনো বস্তু আনকি পোহৰো বাহিৰলৈ আহিব নোৱাৰে। সেয়ে কৃষ্ণ গহ্বৰবোৰ অন্ধকাৰ।

এই ব্লেকহোল বা কৃষ্ণগহ্বৰৰ থিক বিপৰীত ধাৰণাটোৱেই হ'ল “হোৱাইট হোল” বা শ্বেত গহ্বৰ। ব্লেকহোলে যেনেদৰে সকলো বস্তুকেই নিজৰ কেন্দ্ৰ অভিমুখে টানি নিয়ে, হোৱাইট হোল বা শ্বেত গহ্বৰবোৰে তাৰ থিক ওলোটা ভাৱে সকলো বস্তুকেই নিজৰ কেন্দ্ৰৰ পৰা বাহিৰৰ দিশে থেলি পঠিয়ায়। সেয়েহে শ্বেত গহ্বৰবোৰ উজ্জ্বল আভাযুক্ত বুলি ধাৰণা কৰা হয়।

কিন্তু কি এই হোৱাইট হোল বা শ্বেত গহ্বৰবোৰ ? বিজ্ঞানী সকলৰ মতে প্রতিটো ব্লেকহোলৰেই একোটা শেষ পর্যায় আছে। এটা ব্লেকহোল যেতিয়া ইয়াৰ জীৱন পৰিক্ৰমাৰ শেষ পৰ্যায়ত আহি উপনীত হয়, তেতিয়া ব্লেকহোলটোৱে ইয়াৰ জীৱন কালত শোষণ কৰা সকলোবোৰ বস্তুৱেই লাহে লাহে বৰ্জন কৰিবলৈ আৰম্ভ কৰে। আৰু তেতিয়াই জন্ম হয় একোটা হোৱাইট হোল বা শ্বেত গহ্বৰৰ। কেলিফোর্নিয়া ইনষ্টিটিউত অফ টেকনোলজীৰ পদার্থবিজ্ঞানী শ্বিন কেৰলে  হোৱাইট হোলৰ বিষয়ে কৈছে যে : “ব্লেক হোলবোৰ এনে কিছুমান স্থান য'ৰ পৰা কোনো ৱস্তুৱেই ঘূৰি আহিব নোৱাৰে; আনহাতে হোৱাইট হোলবোৰ এনে কেতবোৰ স্থান য'ৰ পৰা অহা কোনো বস্তুৱেই পুনৰ তালৈ ঘূৰি যাব নোৱাৰে।"  ব্লেকহোলৰ ক্ষেত্রত ঘটনা দিগন্ত বা Event Horizonৰ মাধ্যমেৰে কোনো এটা বস্তু ইয়াত প্রৱেশ কৰিব পাৰে কিন্তু হোৱাইট হোলৰ ক্ষেত্রত ঘটনা দিগন্তৰ মাধ্যমেৰে সকলোবোৰ বস্তু বাহিৰলৈ ওলাই আহে। 

এই ব্লেক হোল আৰু হোৱাইট হোলৰ পৰাই ওর্ম হোল ধাৰণা এটাও গঢ় লৈ উঠিছে। গৱেষক বিজ্ঞানী সকলৰ মতে শ্বেত গহ্বৰবোৰ হ'ল ব্লেকহোলৰ শেষ প্রান্ত। অষ্ট্ৰিয়াৰ লুডউইগ ফ্লেম নামৰ বিজ্ঞানী গৰাকীৰ মতে মহাবিশ্বৰ যিকোনো  দুটা বিশেষ প্রান্তৰ মাজত ব্লেক হোল আৰু হোৱাইট হোলে পোনপটীয়া সংযোগ স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত ব্লেক হোলবোৰ হ'ল  “প্রবেশ পথ” আৰু হোৱাইট হোলবোৰ “প্ৰস্থান পথ”।  ব্লেক হোলে শোষণ কৰা সমস্ত পদার্থবোৰ মহাবিশ্বৰ আন এটা প্ৰান্তত থকা হোৱাইট হোলেৰে নিষ্কাষিত হয়। এনেদৰে বিশ্বব্ৰহ্মাণ্ড বুকুত থকা একোটা ব্লেক হোলক আন এটা হোৱাইট হোলেৰে সংযুক্ত কৰা তাত্বিক সংযোগী সুৰংগ পথটোৱেই এটা ওর্মহোল। এই ওর্মহোলেৰে কোনো বস্তু প্রৱেশ কৰাৰ পিছত হোৱাইট হোলে সেই বস্তুৰ অংশবোৰ মহাবিশ্বৰ বিভিন্ন স্থানলৈ নিক্ষেপ কৰিব পাৰে।

কৃষ্ণগহ্বৰ বা ব্লেকহোলৰ দৰেই শ্বেত গহ্বৰবোৰো বিজ্ঞানৰ এক আলোচ্য বিষয়। কিন্তু ইয়াৰ অস্তিত্বক লৈ বিজ্ঞানীসকলৰ মাজত মতানৈক আছে। কাৰণ শ্বেতগহ্বৰ বা হোৱাইহোলৰ অস্তিত্ব সম্পর্কে গাণিতিক প্ৰমাণৰ বাহিৰে বিজ্ঞানীসকলৰ হাতত অধিক তথ্য নাই।

Monday 20 July 2020

The Eagle has landed


আজি ২০ জুলাই, ২০২০ চন। জোনবাইৰ বুকুত মানুহৰ পদাৰ্পণৰ গৌৰৱময় ৫১ টা বছৰৰ বৰ্ষপূৰ্তি। ১৯৬৯ চনৰ ১৬ জুলাইৰ দিনা বহু আকাংক্ষিত সেই ঐতিহাসিক চন্দ্ৰ অভিযানটো আৰম্ভ হৈছিল "চাটাৰ্ণ-৫" নামৰ এটা শক্তিশালী ৰকেটে কঢ়িয়াই লৈ যোৱা ‘'এপ'লো-১১’'ৰ জৰিয়তে। যদিও সেই ঐতিহাসিক চন্দ্ৰ অভিযানৰ পিছত একাধিকবাৰ মানুহ চন্দ্ৰৰ বুকুলৈ গৈছে, তথাপিও এপ'লো-১১ অৱতৰণৰ ৫১ টা বছৰ পূৰ্ণ হোৱা সেই মাহেন্দ্রক্ষণটো মানৱ সভ্যতাৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায়। এতিয়ালৈ জোনবাইৰ বুকুত ছটা সফল মানৱ অভিযান সম্পন্ন হৈছে আৰু সৰ্বমুঠ ১২ জন মানুহে জোনবাইত খোজ পেলাইছে।

১৬ জুলাই ১৯৬৯ চন। আমেৰিকা যুক্তৰাষ্ট্রৰ স্থানীয় সময় অনুসৰি সময় তেতিয়া ৰাতিপুৱা ৬ বাজি ৪৫ মিনিট। তিনিজন মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিন্সে ৰাতিপুৱাৰ আহাৰ কৰি মহাকাশ অভিযানৰ বাবে প্ৰয়োজনীয় পোচাকবোৰ পিন্ধি ধীৰে ধীৰে প্ৰক্ষেপণৰ বাবে সাজু হৈ থকা ৰকেটেৰ ভিতৰত প্ৰৱেশ কৰিলে। সমগ্ৰ বিশ্বৰ মানুহৰ চকু টেলিভিচনৰ পৰ্দাত। পুৱা থিক ৯ বাজি ৩২ মিনিটত নাছাৰ ‘'চাটাৰ্ণ-৫’' ৰকেটেৰ ইঞ্জিনে গৰ্জন কৰি উঠে আৰু অগণন লোকৰ হৰ্ষধ্বনিৰ মাজতে চাটার্ন-৫ ৰকেটটো মহাকাশলৈ উৰা মাৰিলে।

চাটাৰ্ণ-৫ ৰকেটটোৰ উচ্চতা ৩৬৪ ফুট আৰু ইয়াৰ মুঠ ওজন আছিল ২ লাখ ৩৯ হাজাৰ ৭২৫ কিলোগ্রাম ! ৰকেটটোৱে কঢ়িয়াই নিয়া এপ'লো-১১ৰ ওজন আছিল ৪৫ হাজাৰ ৭০২ কিলোগ্রাম। এই বিশাল ৰকেটটোৰ উৎক্ষেপনৰ বাবে ইন্ধন প্ৰজ্বলনৰ কালত যি বিস্ফোৰণ হৈছিল, তাৰ প্ৰভাৱত উৎক্ষেপনস্থলীৰ চৌপাশে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ স্থানত ভূমিকম্প সদৃশ জোকাৰণিৰ সৃষ্টি হৈছিল। 

উৎক্ষেপণৰ পিছত নিৰ্দিষ্ট কক্ষপথেৰে চাটাৰ্ণ-৫ ৰকেটটো পৃথিৱীৰ চৌদিশে ঘূৰিবলৈ আৰম্ভ কৰে। এনেদৰে ঘূৰি থকাৰ কাৰণ হ'ল পৃথিৱীৰ মাধ্যাকৰ্ষণ বল অতিক্ৰম কৰি চন্দ্ৰ অভিমূখে গতি কৰিবলৈ প্ৰয়োজনীয় "পলায়ন বেগ" (১১.২ কিমি প্ৰতি ছেকেণ্ড) লাভ কৰা। এনেদৰে ক্ৰমান্বয়ে অধিক ব্যাসাৰ্ধৰ কক্ষপথলৈ অগ্ৰসৰ হৈ শেষত জোনবাই অভিমূখে গতি কৰে চাটার্ন-৫ নামৰ ৰকেটটোৱে। 

চাটাৰ্ণ-৫ ৰকেটটো জোনবাইৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সময় লাগিছিল প্ৰায় ৭০ ঘণ্টা বা তিনি দিন। ১৯৬৯ চনৰ ২০ জুলাইৰ দিনা চাটার্ন-৫ৰ এপ'লো-১১ক জোনবাইৰ চৌদিশে এক কক্ষপথত সফলতাৰে স্থাপন কৰি জোনবাইৰ চৌদিশে প্রদক্ষিণৰত কৰি ৰাখি ৰকেটখনৰ পৰা ঈগল নামৰ লেণ্ডাৰখন আঁতৰ কৰাৰ এক জটিল পৰিক্ৰমা সমাপণ কৰা হয়। ইতিমধ্যে চন্দ্ৰত অৱতৰণৰ বাবে এপ'লো-১১ৰ পৰা নীল আৰ্মষ্ট্ৰং আৰু এডুইন (বাজ) এলড্ৰিনে "ঈগল"ত প্ৰৱেশ কৰিছিল। আনহাতে মাইকেল কলিন্সে অকলে এপ'লো-১১ক জোনবাইৰ চৌদিশে প্ৰদক্ষিন কৰোৱাই ৰাখিছিল।
  
লাহে লাহে "ঈগল" লেণ্ডাৰখন এপ'লো-১১ৰ পৰা আঁতৰি জোনবাইৰ বুকুলৈ ধাৱিত হ'ল। নাছাৰ কণ্ট্ৰ'ল ৰুমত বিজ্ঞানীসকলৰ লগতে বিশ্বৰ জনগন উৎকণ্ঠিত। সময়বোৰ যেন বৰ ধীৰ গতিৰে আগবাঢ়িছে। ২ ঘণ্টা ২১ মিনিট যোৰা এক জটিল পৰিক্ৰমাৰ জৰিয়তে ধীৰে ধীৰে ঈগল আগবাঢ়িছে জোনবাইৰ Sea of Tranquility নামৰ নিৰ্দিষ্ট স্থান টুকুৰাৰ দিশে। আৰু অৱশেষত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আমেৰিকাৰ সময় অনুসৰি বিয়লি ৪ বাজি ১৮ মিনিটত ঈগলে জোনবাইৰ বুকু স্পৰ্শ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই এখন জখলাৰে ঈগলৰ পৰা নামি আহি জোনবাইৰ বুকুত প্ৰথমবাৰলৈ খোজ পেলালে নীল আৰ্মষ্ট্ৰঙে। মানৱ সভ্যতাৰ ইতিহাসত ই এক উল্ল্যেখযোগ্য উপলব্ধি। জোনবাই বুকুত ভৰি থৈ নীল আৰ্মষ্ট্ৰঙে কৈ পেলাইছিল : The Eagle has landed. That's one small step for a man, one giant leap for mankind.

জোনবাইৰ বুকুত নীল আৰ্মষ্ট্ৰঙৰ অৱতৰণৰ কিছু সময় পিছত বাজ এডুইন এলড্ৰিনো জোনবাইৰ বুকুত নামিল। দুয়ো মিলি আমেৰিকাৰ পতাকাখন জোনবাইৰ মাটিত পুতি অন্যান্য যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰে। এটি বিশেষ বেগত তেওঁলোকে নমুনা হিচাবে প্ৰায় ২১ কিলোগ্রাম জোনবাইৰ মাটি আৰু শিল ভৰাই ল'লে। দুয়ো জোনবাইৰ বুকুত ইফালৰ পৰা সিফাললৈ দুপিয়াই দুপিয়াই খোজকাঢ়ি চালে, জপিয়াই চালে, কেমেৰাৰে অসংখ্য ফটো তুলিলে তদুপৰি পৃথিৱীৰ বিজ্ঞানীসকলৰ লগত কথাও পাতিলে। পৃথিৱীতেই নিৰ্ধাৰণ কৰি পঠিওৱাৰ দৰে দুয়ো জোনবাইৰ বুকুত মুঠ ২১ মিনিট ৩১ ছেকেণ্ড অতিবাহিত কৰি পুনৰ ঈগলত প্ৰৱেশ কৰে ওভটনি যাত্ৰাৰ বাবে। ঈগলে জোনবাইৰ দেশৰ পৰা পুনৰ উৰা মাৰি জোনবাইৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি থকা এপ'লো-১১ৰ লগত "ডকিং" (সংযোগ স্থাপন) কৰে। 

তাৰপিছত পৃথিৱীলৈ ওভটনি যাত্ৰা। মুঠ ৮ দিন ৩ ঘণ্টা ১৮ মিনিট ৩৫ ছেকেণ্ডৰ জোনবাইৰ দেশৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৯৬৯ চনৰ ২৪ জুলাইৰ দিনা  দিনৰ ১২ বাজি ৫০ মিনিটত প্ৰশান্ত মহাসাগৰৰ মাজৰ হাৱাই দ্বীপপূঞ্জৰ পৰা প্ৰায় ৯০০ মাইল দূৰৰ পূৰ্ব নিৰ্ধাৰিত  স্থানত এপ'লো-১১ৰ তিনিও মহাকাশচাৰীয়ে নিৰাপদে অৱতৰণ কৰে।

নাছাৰ এই চন্দ্ৰ অভিযানক কিছুমান মানুহে সন্দেহৰ চকুৰেও চায়। তেওঁলোকৰ মতে নাছাই কেতিয়াও জোনবাইত অৱতৰণ কৰা নাই। ১৯৭৬ চনৰ মাজভাগৰ পৰা তেনে এক ধাৰণাক সজাই পৰাই Bill Kaysing নামৰ এজন লিখকে লিখি উলিয়াই তেওঁৰ self-published গ্ৰন্থ "We Never Went to the Moon"। ১৯৮০ চনত "Flat Earth Society"ৰ সদস্যসকলেও নাছাৰ চন্দ্ৰ অভিযানক এখন চিনেমা বুলি উপহাস কৰে। এনেবোৰ ভুল ধাৰণাৰ পৰা সৰ্বসাধাৰণক আঁতৰি থাকিব পৰাকৈ নাছাই প্ৰমাণ সহকাৰে তথ্যৰ যোগান ধৰিছে যদিও পৃথিৱীখন চেপেটা বুলি আজিও বিশ্বাস কৰা "Flat Earth Society"ৰ সদস্যসকলক সৈমান কৰাব পাৰিছে বুলি আমাৰ মনে ধৰা নাই। 

যা হওঁক, আজি ২০ জুলাই, ২০২০ তাৰিখে মানুহৰ প্ৰথম চন্দ্ৰ অভিযানৰ ৫১তম বৰ্ষপূৰ্তিত নাছালৈ আমাৰ অভিনন্দন যাচিলোঁ।

Saturday 18 July 2020

কালপুৰুষ বা অৰায়ন তাৰকামণ্ডল



প্রাচীনকালত যেতিয়া মানুহে আকাশখন পিটপিটাই অজস্র তৰা আৱিষ্কাৰ কৰিছিল, তেতিয়াৰ পৰাই তেওঁলোকে তৰাৰ থুপবোৰৰ গঠন অনুসৰি তৰাৰ বিভিন্ন থুপবোৰক তাৰকামণ্ডল হিচাবে বিভক্ত কৰিছিল। প্রাচীন কালত মানুহে বিভিন্ন কাল্পনিক চৰিত্ৰৰ আকৃতি অনুসৰি আকাশৰ তৰাবোৰক মুঠ ৪৮ টা তাৰকামণ্ডলত ভাগ কৰিছিল। সেই ৪৮ টা তাৰকামণ্ডলৰ ভিতৰত অৰায়ন বা কালপুৰুষ তাৰকামণ্ডল অন্যতম। 

অৰায়ন তাৰকাণ্ডল নামটো গ্রীক মাইথোলজীৰ পৰা অহা যাৰ অর্থ হ'ল হাণ্টাৰ বা চিকাৰী। বাস্তৱিকভাৱে অৰায়ন তাৰকামণ্ডলক চিকাৰীৰ ৰূপত কল্পনা কৰাৰ আঁৰৰ কথাটো হ'ল এই যে "কেনিছ মেজৰ" আৰু "কেনিছ মাইনৰ" নামৰ স্বর্গৰ দুটা কুকুৰ লৈ স্বর্গৰ এটা উদ্দণ্ড ষাঁড় গৰু "টোৰাছ"ৰ (বৃষ ৰাশি) লগত অৰায়নে যুদ্ধ কৰিবলৈ কৰিবলৈ যোৱাৰ এক আকৃতি ধাৰণ কৰা। 

অৰায়ন তাৰকামণ্ডলৰ নামকৰণৰ বিষয়ে অন্যান্য মনোৰম কাহিনীও আছে। প্রাচীন গ্রীচ, মিচৰ, ৰোম আৰু আৰৱীয় সভ্যতাত অৰায়নক বিভিন্ন ৰূপত প্রকাশ কৰা হৈছে।  ৰোমান মাইথোলজী অনুযায়ী অৰায়ন হ'ল  এজন দেৱতুল্য পুৰুষ যাক মৃত্যুৰ পিছত দেৱতা জিউচে ৰাতিৰ আকাশত বিশেষ স্থান দিয়ে। তেওঁলোকৰ দৰ্শন মতে "আৰ্টেমিছ" নামৰ এজন স্বৰ্গৰ দেৱতাৰ নির্দেশ অনুযায়ী স্ক'ৰপিয়নে অৰায়নক হত্যা কৰে। হত্যা কৰাৰ পিছত আৰ্টেমিছে স্ক'ৰপিয়ন আৰু অৰায়নক আকাশৰ দুটি বিপৰীত প্রান্তত স্থাপন কৰে। আমি "স্ক'ৰপিয়ন"ক বৃশ্চিক ৰাশি আৰু "অৰায়ন"ক কালপুৰুষ বুলি জানো। 

প্রাচীন মিচৰত অৰায়নক তেওঁলোকৰ উপাস্য দেৱতা "ওছিৰিচ"ৰ লগত তুলনা কৰা হয়। মিচৰৰ গীজাত থকা তিনিটা পিৰামিড ক্ৰমে মেঙ্কাৰ, খাফৰে' আৰু খুফুৰৰ ভৌগলিক অৱস্থান লক্ষ্য কৰিলে দেখা যায় যে এই তিনিওটা পিৰামিড দৰাচলতে অৰায়ন তাৰকামণ্ডলৰ কঁকালৰ বেল্টত থকা তিনিটা তৰাক অনুসৰণ কৰি সজা হৈছিল। ৰাতিৰ আকাশত অৰায়ন তাৰকামণ্ডল চিনি পোৱাৰ সহজ  উপায় হ'ল অৰায়ন বেল্ট বা কালপুৰুষৰ কঁকালৰ পটীত থকা আকাশৰ তিনিটা ওচৰা ওচৰি উজ্জ্বল তৰা। অৰায়ন বেল্টৰ এই তিনিটা তৰাৰ নাম আলনিয়াক, আলনিলাম আৰু মিনতাকা।

অৰায়ন বেল্টৰ উত্তৰ দিশত দুটা আৰু দক্ষিণ দিশত দুটাকৈ মুঠ সাতটা তৰাৰ সমষ্টিয়েই হ'ল অৰায়ন তাৰকামণ্ডল। অৰায়নৰ পশ্চিম দিশত কালপুৰুষৰ ভৰিৰ দিশত থকা তৰাটোৰ নাম "ৰিগেল" আৰু এই তৰাটোৱেই তাৰকামণ্ডলটোৰ আটাইতকৈ উজ্জ্বল তৰা। ৰিগেলৰ পৰা পূৱ দিশে কালপুৰুষৰ আনখন ভৰিত থকা তৰাটো হ'ল "ছাইফ"। তেনেদৰে বেল্টৰ ওপৰৰ দিশে কান্ধৰ ওচৰৰ ৰঙা ৰঙৰ তৰাটোৱেই হ'ল বিটেলজিউছ। বিটেলজিউছ এটি ৰেড জায়েণ্ট বা ৰঙা দৈত্য তৰা। এই তৰাটো বৰ্তমান মৃত্যুশয্যাত। অৰায়নৰ অন্তিম তৰাটো বেলাট্রিক্স। খালী চকুৰে অৰায়নৰ এই সাতটা তৰাই দেখা পোৱা যায়। অৰায়নৰ মুঠ তৰাৰ সংখ্যা ৭৭ টা কিন্তু এই তৰাবোৰ কেৱল টেলিস্কোপৰ সহায়তহে দেখা পোৱা যায়। 

বিটেলজিউছ নামৰ ৰঙা দৈত্য তৰাটো ইতিমধ্যে ইন্ধনৰ অভাৱত পৰি জীৱনৰ অন্তিম পর্যায়ত উপনীত হৈছেহি। হয়তো কেইবছৰ মানৰ ভিতৰতেই এই তৰাটো এক প্ৰচণ্ড বিষ্ফোৰণত খণ্ড বিখণ্ড হৈ চুপাৰনোভা বা কৃষ্ণগহ্বৰলৈ পৰিনত হ'ব। সম্ভৱতঃ ইতিমধ্যেই পৃথিৱীৰ পৰা ৬৪২ আলোকবর্ষ দূৰত থকা এই তৰাটোৰ মৃত্যু ঘটিছে। কিন্তু তৰাটোৰ মৃত্যুৰ বতৰা আমাৰ পৃথিৱীলৈ আহি  পাবলৈ আমি অপেক্ষা কৰিব লাগিব ৬৪২ বছৰ !


আমাৰ মহাবিশ্বখন সকলো সময়তেই সম্প্রসাৰিত হৈ আছে। ফলস্বৰূপে আকাশৰ তাৰকামণ্ডল সমূহ সদায় একে গঠনত নেথাকিব। কালপুৰুষ তাৰকামণ্ডলটো আজিৰ পৰা আৰু ১২ লাখ বছৰ ৰাতিৰ আকাশত ষাঁড় গৰুৰ চিকাৰী হিচাপে দেখা পাই থাকিম। কিন্তু তাৰপিছত প্ৰসাৰণ হৈ থকা মহাবিশ্বৰ যেনিয়ে তেনিয়ে সিঁচৰিত হৈ হেৰাই যাব কালপুৰুষ বা অৰায়ন তাৰকামণ্ডলৰ ৭৭ টা তৰা।

Wednesday 15 July 2020

Teachers : The Next Level of Covid Warriors


In this pandemic situation today, after the health workers, teachers are the next level of COVID warriors, fighting for the nation and shaping the future generation with knowledge. We, the teachers are still not aware as to when things will be back to normal. So, instead of leaving everything to the future, we are planning ahead keeping one thing in mind that learning should not stop.

Teaching in this pandemic atmosphere has proven to be an extremely challenging responsibility. Most of us already have adapted to technology that we weren’t familiar with. And as a result, the working hours have increased. Our phones never seem to stop buzzing, internet data seems exhausting within 2 to 3 hours of online classes. We are trying to be passionate so that our students can enjoy the online teaching.

Earlier, teachers were not familiar with online teaching at the school or intermediate level. Now, we are choosing this virtual platform to provide precious opportunities to our upcoming generations. However this plateform always has challenges. We are unable to see the reactions of the students. We miss the most needed eye contact with our students.

However, it came as a boon to the students who otherwise would have lost valuable time for studies. All educational institutions are busy creating their online study modules. These online classes mimic a real classroom and teachers all over the globe have been able to provide an enhanced learning experience to the students with their real time interactions, video lectures, worksheets, assignments and even assessments. My sincere respect to all the teachers who have been giving their best to educate the students through a virtual platform during this pandemic situation of Covid 19. 🙏

Wednesday 8 July 2020

SLV-3 উৎক্ষেপণ আৰু কালাম ছাৰ


২০১৩ চনৰ কথা। ডঃ এ.পি.জে আব্দুল কালাম ছাৰে নিজৰেই এক বিচিত্ৰ অভিজ্ঞতাৰ কথা কৈছিল৷ সেই কাহিনীটো আছিল এনেধৰণৰ… ‘‘১৯৭৯ চনৰ কথা৷ তেতিয়া মই SLV-3 প্ৰজেক্টৰ উপগ্ৰহ নিক্ষেপণৰ প্রজেক্ট ডাইৰেক্টৰ৷ আমাৰ মিছন আছিল কৃত্ৰিম উপগ্ৰহবোৰক মহাকাশলৈ উৎক্ষেপণ কৰি সঠিক ভাৱে কক্ষপথত স্থাপন কৰা৷ ১০ বছৰ ধৰি প্ৰজেক্টটোৰ লগত জড়িত ইঞ্জিনীয়াৰ আৰু বিশেষজ্ঞ বিজ্ঞানী সকলে ইয়াৰ বাবে কঠিন পৰিশ্রম কৰি আহিছে৷ ১৯৭৯ চনৰ ১০ আগষ্টৰ দিনা সদলবলে আমি শ্রীহৰিকোটা পালোগৈ৷ ১৭ টন ওজনৰ ২২ মিটাৰ ওখ SLV-3 ইতিমধ্যে ৪০ কেজি পে'লোড মহাকাশৰ বুকুলৈ কঢ়িয়াই নিবলৈ সাজু হৈ উঠিছে৷ 

কাউণ্টডাউন আৰম্ভ হ'ল। এক ৰুদ্ধশ্বাস পৰিবেশ৷ তেনে এক জটিল সময়তেই আমাৰ কম্পিউটাৰ চিষ্টেমটো হঠাৎ বন্ধ হৈ গ'ল৷ উপগ্ৰহৰ প্ৰক্ষেপণ আৰু সম্ভৱ নহ'ল। চৌদিশে হতাশা। বিশেষজ্ঞ বিজ্ঞানীসকলে পৰীক্ষা কৰি বুজি পালে যে ইন্ধন টেংকৰ কিছু সাধাৰণ সমস্যা হৈছে, কিন্তু এনে সাধাৰণ সমস্যা এটাৰ সমাধানৰ বাবেও বেছ কিছু সময়ৰ প্ৰয়োজন হ'ব। কিন্তু ছেটেলাইট উৎক্ষেপণ কৰাটোও অত্যন্ত জৰুৰী। মই জানো যে ছেটেলাইট উৎক্ষেপণৰ চাৰিটা পর্যায় থাকে৷ তাৰ ভিতৰত প্রথম পর্যায়টোৰ কোনো বিসংগতি নাছিল। মোৰ গাণিতিক হিচাব মতে এনে সাধাৰণ বিসংগতি উপেক্ষণীয়। সেয়েহে মই উৎক্ষেপণৰ বাবে কঠিন সিদ্ধান্তটো ল'বলৈ মনস্থ কৰি সেউজ সংকেত দিলোঁ। কিন্তু উৎক্ষেপণৰ দ্বিতীয় পর্যায়টো পোৱাৰ লগে লগে মহাকাশৰ বুকুত উৰ্ধমূখীকৈ গতি কৰি থকা আমাৰ ছেটেলাইটটো মাজ আকাশত চকৰিৰ দৰে ঘূৰিবলৈ ধৰিলে৷ মহাকাশলৈ যোৱাৰ সলনি ছেটেলাইটো পুনৰ ধৰাৰ দিশলৈ নামি আহি কেইমিনিটমানৰ ভিতৰতেই বঙ্গোপসাগৰৰ বুকুত জাহ গ'ল।"

ডঃ এ.পি.জে আব্দুল কালাম ছাৰৰ জীৱনৰ সেয়া আছিল প্রথম ব্যর্থতা। যথাৰীতি তাৰ পিছতেই আৰম্ভ হৈছিল সমালোচনা৷ কাৰণ কম্পিউটাৰৰ সতর্কতা বাণীক উপেক্ষা কৰি তেখেতে এককভাবেই ছেটেলাইট উৎক্ষেপণ কৰাৰ সিদ্ধান্তটো লৈছিল৷ কাজেই ব্যর্থতাৰ সমস্ত দোষ তেখেতৰ৷ কিন্তু সেই সময়ৰ ইছৰোৰ চেয়াৰমেন তথা প্ৰসিদ্ধ এৰোস্পেচ ইঞ্জিনীয়াৰ ড° সতীশ ধাৱন ছাৰে সেই ব্যর্থতাৰ সমস্ত দায় নিজে গাত পাতি লৈ কালাম সহ আন বিজ্ঞানীসকলৰ কাষত থিয় হৈ ঘোষণা কৰিছিল যে এই ডেকা বিজ্ঞানী সকলৰ সামৰ্থৰ ওপৰত বিশ্বাস ৰাখক। অহা বছৰ এওলোক সফল হ'বই।

আৰু কাৰ্যতঃ সেয়াই হৈছিল৷ ১৯৮০ চনৰ ১৮ জুলাইৰ দিনা ভাৰতবৰ্ষই ৰোহিনী আৰ.এস-১  নামৰ ছেটেলাইটটো একক ভাবে সফলতাৰে মহাকাশত স্থাপন কৰে। সেইদিনাও ইছৰোৰ চেয়াৰমেন ড° সতীশ ধাৱন ছাৰ আগবাঢ়ি আহিছিল আৰু কালাম সহ যুৱ বিজ্ঞানী সকলৰ নামত উৎসৰ্গিত কৰিছিল ইছৰোৰ এই সফলতা। 

ডঃ এ.পি.জে আব্দুল কালামে মন কৰিছিল কেনেদৰে ইছৰোৰ চেয়াৰমেন ড° সতীশ ধাৱনে যুৱ বিজ্ঞানী সকলক উৎসাহিত কৰিছিল। ব্যর্থতাৰ সমস্ত দায় নিজৰ কান্ধত লৈ সফলতাৰ গৌৰৱখিনি বিলাই দিছিল যুৱ বিজ্ঞানী সকলৰ মাজত। এই কথাটোৱে সকলোবোৰ যুৱ বিজ্ঞানীকেই উদ্বুদ্ধ কৰি তুলিছিল। পৰবৰ্তী সময়চোৱাত ইছৰোৰ এই যুৱবিজ্ঞানী সকলেই ভাৰতবৰ্ষৰ মহাকাশ বিজ্ঞানক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক আনি দিয়ে ঈৰ্ষণীয় সফলতা। আজি ইছৰোৰ লগতে প্ৰতিজন বিজ্ঞানীয়েই বিশ্ব বন্দিত।

Wednesday 17 June 2020

বায়'নিক চকু : বিদায় দৃষ্টিহীনতা


সমগ্ৰ বিশ্বত প্ৰায় ২৮৫ নিযুত লোক চকুৰে কম দেখাৰ সমস্যা আৰু দৃষ্টিহীনতাত ভূগি আছে। এই সকল লোকৰ ভিতৰত ৪০ নিযুত লোক সম্পূৰ্ণ ৰূপে অন্ধ আৰু বাকী ২৪৫ নিযুত লোক দৃষ্টি দুৰ্বলতাত আক্ৰান্ত। "ৰেটিনাইটিছ পিগমেনটোছা" নামৰ এটা ৰোগে সমগ্ৰ বিশ্বতেই বহু মানুহৰ দৃষ্টিশক্তি কাঢ়ি নিছে৷ ই এক প্ৰকাৰৰ ৰেটিনাৰ ক্ষয়ৰোগ৷ এই ৰোগত ভোগা ব্যক্তি এজনৰ পৰিষ্কাৰ দৃষ্টিশক্তি ক্রমে হেৰাই যাবলৈ ধৰে আৰু শেষলৈ তেওঁ সম্পূৰ্ণ ৰূপে দৃষ্টি ক্ষমতা হেৰুৱাই পেলায়। দুচকুলৈ নামি আহে ঘোৰ অন্ধকাৰ৷ জিন সম্বন্ধীয় এই ৰোগটোৰ নিৰাময় কোনো বিশেষ চার্জাৰি অথবা ঔষধৰ দ্বাৰা সম্ভব নহয়৷ 

অন্ধতা দূৰীকৰণৰ বাবে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানী সকলে বিভিন্ন গৱেষণা চলাই আহিছে।সম্প্ৰতি দক্ষিণ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ অপথালমোল'জীৰ অধ্যাপক ডাঃ ৰজত এন আগৰৱালা নামৰ এজন ভাৰতীয় বিজ্ঞানীয়ে এজন আমেৰিকান সহযোগী বিজ্ঞানীৰ লগত যুটীয়া ভাবে অন্ধতা দূৰীকৰণৰ বাবে তৈয়াৰ কৰিছে বায়'নিক চকু (bionic eye) বা retinal implant নামৰ এবিধ বিশেষ যতন। সহজ ভাষাত ক'বলৈ হ'লে "বায়পিক চকু" হ'ল এবিধ বিশেষ ধৰণৰ যান্ত্ৰিক চকু যাৰ সহায়ত অন্ধ মানুহৰ বিকল হৈ পৰা অক্ষিপট বা ৰেটিনাৰ সংবেদনশীলতা কৃত্ৰিম ভাবে ঘূৰাই আনিব পৰা যায়।

চকুৰ মণিৰ পিছ পিনে থকা আলোক সংবেদী পর্দাখনৰ নাম হ'ল ৰেটিনা। ৰেটিনাত থকা দণ্ড আৰু শংকু আকৃতিৰ আলোক সংবেদী দুবিধ বিশেষ ধৰণৰ কোষৰ বাবেই চকুৰ ৰেটিনা বা অক্ষিপটত কোনো এটা বিশেষ উৎসৰ পৰা অহা পোহৰে সৃষ্টি কৰে কেতবোৰ বৈদ্যুতিক সংবেদনা। এই বৈদ্যুতিক সংবেদনাবোৰ ৰেটিনাৰ পৰা সংগ্ৰহ কৰি অপ্টিক স্নায়ুৱে মগজুলৈ প্ৰেৰণ কৰে আৰু তাৰ ফলত আমাৰ মগজুৱে সেই বিশেষ উৎসটোৰ এক প্ৰতিচ্ছৱি তৈয়াৰ কৰি আমাক বস্তুটোৰ দৰ্শণ লাভ কৰাত সহায় কৰে।

ৰেটিনাইটিছ পিগমেনটোছাত আক্ৰান্ত হ'লে অথবা কোনো দূর্ঘটনাত ৰেটিনা ক্ষতিগ্ৰস্ত হ'লে আমাৰ ৰেটিনাই হেৰুৱাই পেলায় ইয়াৰ কার্যকাৰিতা। সেয়ে অধ্যাপক ডাঃ ৰজত এন আগৰৱালা আৰু তেওঁৰ সহযোগী বিজ্ঞানীজনে ৰেটিনাৰ ক্ৰিয়া কৌশলৰ অনুকৰণত তৈয়াৰ কৰি উলিয়াই দৃষ্টি প্ৰতিবন্ধীসকলৰ বাবে আশীৰ্বাদ স্বৰূপ বায়'নিক চকু নামৰ কৃত্ৰিম চকযুৰি।  

বায়োনিক চকুত দুটা বিশেষ অংশ সংলগ্ন কৰা থাকে। সেইবোৰ হ'ল -

১৷ ডিজিটেল কেমেৰা : এযোৰ বিশেষ ধৰণৰ চচমাৰ লগত সংযোগ কৰি ৰখা অতি ক্ষুদ্রাকৃতিৰ ভিডিও কেমেৰা এটাই একেধাৰে ভিডিও ছবি সংগ্ৰহ কৰি সেইবোৰ প্ৰেৰণ কৰে ৰেটিনাৰ বিকল্প হিচাবে ব্যৱহাৰ কৰা কিছুমান মাইক্ৰচিপচলৈ। চাৰ্জাৰিৰ সহায়ত বিকল হৈ যোৱা ৰেটিনাৰ ঠাইত প্রতিস্থাপন কৰা হয় এই মাইক্রোচিপচবোৰ৷ 

২৷ মাইক্রোচিপ : কেমেৰাই পঠিওৱা ভিডিও ছবিবোৰ এই মাইক্ৰচিপচত ধৰা পেলোৱা হয়। ইয়াত দণ্ড আৰু শংকু কোষৰ পৰিবৰ্তে কিছুমান সংবেদনশীল ইলেকট্র'ড বা তড়িত্‍দ্বাৰ ৰখা হয়৷ এই ইলেকট্র'ডবোৰে ভিডিও কেমেৰাৰ পৰা সংগ্ৰহ কৰা ছবিবোৰক বৈদ্যুতিক সংকেতলৈ পৰিবৰ্তিত কৰে৷ এই বৈদ্যুতিক সংকেতবোৰ মাইক্ৰচিপচে মগজুলৈ প্ৰেৰণ কৰে আৰু ফলস্বৰূপে অন্ধ লোকজনে ভিডিও কেমেৰাই সংগ্ৰহ কৰা ছৱিবোৰ নিজৰ চকুৰে চোৱাৰ দৰেই অনুভৱ কৰে।

বিগত সময়চোৱাত কেইবা শ ৰোগীৰ ওপৰত পৰীক্ষা কৰাৰ পিছত বায়নিক চকুৰ কাৰ্যকুশলতা প্ৰমাণিত হৈছে। শেহতীয়াকৈ ডাঃ ৰজত এন আগৰৱালাই বায়'নিক চকুৰ পেটেণ্টো লাভ কৰিছে। অৱশ্যে সদ্য আৱিষ্কৃত বায়'নিক চকুবোৰ অত্যন্ত খৰছী। বায়'নিক চকুৰ সম্ভাৱনাৰ জগতখন দেখি বৰ্তমান আমেৰিকাৰ লগতে অষ্ট্ৰেলিয়া আৰু জাৰ্মানীতো বায়'নিক চকুৰ ওপৰত পৰবৰ্তী গৱেষণাবোৰ আৰম্ভ হৈছে। মূলত এই গৱেষণাৰ মূল লক্ষ্য হ'ল সুলভ মূল্যৰ বায়'নিক চকু তৈয়াৰ কৰা।

অৱশ্যে একাংশ বিজ্ঞানীৰ মতে বায়'নিক চকুৱে অন্ধ লোক এজনৰ দৃষ্টিশক্তিক সম্পূৰ্ণ ভাবে ঘূৰাই আনিব নোৱাৰে, বৰং দৃষ্টিহীন সকলৰ দুচকুৰ অন্ধকাৰ কিছু পৰিমানেহে আঁতৰ কৰিব পাৰে। তেওঁলোকৰ মতে বায়'নিক চকুৱে দৃষ্টিহীন লোক এজনৰ দুচকুত আঁকি দিয়ে এখন ধুসৰ, অস্পষ্ট ছবি। এই ছবিখন তেওঁৰ বাবে কিমানখিনি পৰিষ্কাৰ হ'ব সেইতো নির্ভৰ কৰিব ৰেটিনাৰ পৰা মগজুলৈ অপ্টিক স্নায়ুৰ মাধ্যমেৰে গতি কৰা বৈদ্যুতিক সংকেতবোৰৰ যাত্রাপথৰ মসৃণতাৰ ওপৰত। অপ্টিক স্নায়ুৰ কাৰ্য কুশলতা বৃদ্ধি কৰি বায়'নিক চকুযুৰি আৰু অধিক শক্তিশালী কৰি তোলাৰ পণ লৈ গৱেষণাত ব্রতী হৈছে এই  বিজ্ঞানীসকল। হয়তো সোনকালেই দূৰ হ'ব মানুহৰ অন্ধতা নামৰ ৰোগটো। হয়তো অনতিপলমে দৃষ্টিহীন প্ৰতিজন লোকৰেই দুচকুত ভাঁহি উঠিব ৰঙা নীলা পোহৰৰ মায়াময় মেলা।

Friday 12 June 2020

পোহৰে যি বতৰা আনে


নিশাৰ আকাশত মুকুতাৰ দৰে জিলিকি থকা তৰাবোৰ চাই মন্ত্ৰমুগ্ধ হৈ সময় পাৰ কৰা প্ৰতিজন মানুহৰ মনত এই মহাবিশ্বৰ ৰহস্যবোৰে অজস্ৰ প্ৰশ্নৰ অৱতাৰণা কৰে। কিমান বিশাল এই বিশ্বব্ৰহ্মাণ্ড? কেনেকৈয়ে বা সৃষ্টি হ'ল দূৰণিৰ অসীম অন্তৰীক্ষৰ বুকুত জিলিকি থকা এই গ্রহ নক্ষত্রবোৰ? ক'ত আৰু কেনেকৈয়ে বাৰু আৰম্ভণি হ'ল এই মহাবিশ্বখন অথবা ইয়াৰ অন্তই বা ক'ত? কেবল বিজ্ঞানীয়েই নহয়, সাধাৰণ মানুহৰ মন বোৰকো যুগ যুগ ধৰি এইবোৰ প্রশ্নই জোকাৰি আহিছে। বিজ্ঞানী সকলেও দশক দশক জুৰি এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰিছে। তেনে অনেক প্ৰশ্নৰ সমিধানো দিছে তেওঁলোকে। অনেক প্ৰশ্ন এতিয়াও উত্তৰ বিহীন হৈয়েই আছে। অদূৰ ভবিষ্যতে হয়তো তেনে সকলো প্ৰশ্নৰেই একো একোটা সৰ্বসন্মত সমিধান ওলাব।

আচৰিত হোৱাৰেই কথা, কাৰণ বিজ্ঞানীসকলৰ মতে এনে দূৰ অন্তৰীক্ষলৈ বিস্তৃত হৈ থকা অজান মহাবিশ্বখনৰ ৰহস্যঘন এনে প্রশ্নবোৰৰ উত্তৰ পোহৰেই কঢ়িয়াই আনে আমাৰ মাজলৈ। মহাবিশ্বখনৰ অসীম দূৰত্বত অৱস্থান কৰা অগণন গ্ৰহ নক্ষত্ৰকে আদি কৰি সকলোবোৰ মহাজাগতিক বস্তুৰ লগত পোহৰেই আমাৰ লগত এক সেতুবন্ধন তৈয়াৰ কৰি দিছে। গ্রহ নক্ষত্র আদিয়ে প্রতিফলিত কৰা বা বিকিৰণ কৰা পোহৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে পোহৰৰ উৎস সম্পর্কে বিভিন্ন তথ্য সংগ্ৰহ কৰে। কেবল সেয়াই নহয়, এই মহাবিশ্ব সৃষ্টিৰ ৰহস্যও লুকাই আছে পোহৰৰ মাজতেই। উৎসৰ পৰা প্রতিফলিত বা বিকিৰণ হোৱা পোহৰৰ ধর্ম ব্যৱহাৰ কৰি পোৱা তথ্যসমূহৰ পৰাই বিজ্ঞানী সকলে পোহৰৰ উৎস, যেনে গ্ৰহ বা নক্ষত্ৰটোৰ পৰিবেশ, অৱস্থা, উষ্ণতা আৰু দূৰত্ব সম্পর্কে ধাৰণা সংগ্ৰহ কৰে।

পোহৰ নিজেই অদৃশ্য আৰু ই শক্তিৰ এক গতিশীল ক্ষুদ্রতম ৰূপ মাথোন, যিয়ে আমাক দৃষ্টি প্ৰদান কৰে। পোহৰৰ অতি পৰিচিত এটা ধর্ম হ'ল এই যে পোহৰে একে সময়তে কণা আৰু তৰংগ উভয়ৰে ধৰ্ম দেখুৱায়। পোহৰৰ ক্ষূদ্রতম মৌলিক কণিকা বোৰক ফোটন বুলি কোৱা হয় যাৰ কোনো বাস্তবিক ৰূপ নাই। কিন্তু পদার্থৰ আণবিক স্তৰৰ আধাৰত বিচাৰ কৰিলে দেখা যায় যে তাপ প্রয়োগৰ ফলত পদাৰ্থৰ অনুত থকা উত্তেজিত ইলেকট্রণবোৰ এটা কক্ষপথৰ পৰা আন এটালৈ জাপ মাৰি গ'লে ইলেকট্ৰণবোৰে তৰংগৰ ৰূপত শক্তি বিকিৰণ কৰে আৰু এই বিকিৰণ হোৱা শক্তি খিনিকেই আমি পোহৰ হিচাবে পাওঁ।

সাধাৰণতে পোহৰ বুলিলে আমি পোহৰৰ দৃশ্যমান বৰণ বা ৰং বোৰকেই বুজো। আমাৰ মস্তিষ্কই পোহৰৰ তৰংগ দৈর্ঘ্যবোৰক দৃশ্যমান ৰং বা বৰ্ণালী হিচাবে চিনাক্ত কৰিব পাৰে। বিদ্যুত চৌম্বকীয় বর্ণালীৰ ক্ষুদ্র এটা অংশতেই এই দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যবোৰ সীমাৱদ্ধ। অৱশ্যে এই সীমাৰ বাহিৰতো আছে তৰংগ দৈর্ঘ্যৰ এখন বিশাল ক্ষেত্ৰ, যিবোৰৰ ৰং আমি কেতিয়াও খালী চকুৰে দেখা নেপাওঁ। কম তৰংগ দৈর্ঘ্যৰ গামা ৰশ্মি, অতিবেগুনীয়া ৰশ্মি, এক্সৰে আৰু বেছি তৰংগ দৈর্ঘ্যৰ অৱলোহিত ৰশ্মি, মাইক্রোওৱেভ, ৰেডিও তৰংগ আদিবোৰ তেনে কিছুমান অদৃশ্য বৰ্ণালী। বিজ্ঞানীসকলে পোহৰৰ এই অদৃশ্য জগতখনত উপলব্ধ বর্ণালী সমূহৰ তৰংগ দৈর্ঘ্য, কম্পনাংক, বিচ্ছুৰণ, বিকিৰণ, উজ্বলতা, প্রাবল্য আদিবোৰৰ পৰাই বুটলি আনে আমাৰ মনবোৰ জোকাৰি যোৱা এশ এবুৰি প্ৰশ্নৰ সহজ সমিধানবোৰ।

পোহৰৰ প্রতিটো তৰংগদৈর্ঘ্য আৰু কম্পনাংকই দৰাচলতে বিজ্ঞানীসকলৰ ওচৰত মহাবিশ্বৰ সৰু বৰ প্ৰতিটো পদাৰ্থ কণাকেই এক ভিন্ন আংগিকেৰে সজাই পৰাই তোলে। সূর্যৰ ৰশ্মিক প্রিজম এটাৰ মাজেৰে পাৰ হৈ যাবলৈ দিলে দৃশ্যমান সাতটা ৰঙলৈ বিভক্ত হয়। ঠিক সেইদৰেই দূৰ দূৰণিৰ কোনো গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য এখনৰ পৰা অহা পোহৰৰ ৰশ্মিক বিশেষ ধৰণৰ বর্ণালীবীক্ষণ যন্ত্রেৰে বিশ্লেষণ কৰি বৰ্ণালীবোৰৰ তৰংগদৈর্ঘ্য অনুযায়ী মহাজাগতিক বস্তু যেনে গ্রহ, নক্ষত্র অথবা তাৰকাৰাজ্য বোৰৰ তথ্য সংগ্ৰহ কৰা হয়। এই বর্ণালীবীক্ষণ পদ্ধতিৰ সহায়ত আহৰণ কৰা পোহৰৰ উৎসবোৰৰ তৰংগ দৈৰ্ঘ্য অধ্যয়ণ কৰি পোহৰৰ উৎসটোৰ ৰসায়নিক বিশ্লেষণৰ লগতে উৎসটোৰ ভৰ, উষ্ণতা, ভৌতিক উপাদান, গেছৰ উপস্থিতি, গেছীয় চাপ আদিৰ বিষয়ে তথ্য আহৰণ কৰাতো তেনেই সহজ হৈ পৰে।

মহাবিশ্বৰ প্ৰায় সকলোবোৰ পদাৰ্থ যেনে শিশু তৰা বা প্ৰট'স্টাৰ, গ্রহ, উপগ্রহ, বামন তৰা আদিয়ে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। নক্ষত্র বা তৰা এটা জন্ম হোৱাৰ প্রাথমিক পর্যায়ত প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত থকা আণৱিক গেছ আৰু ধূলিকণাৰ মেঘৰ কেন্দ্ৰভাগৰ পৰাই শিশু তৰা বা প্ৰট'স্টাৰটোৱে অৱলোহিত ৰশ্মি বিকিৰণ কৰে। এনেদৰে শিশু তৰা এটাৰ কেন্দ্ৰভাগৰ পৰা বিকিৰণ হোৱা অৱলোহিত ৰশ্মিৰ বৰ্ণালী বিশ্লেষণ কৰিয়েই বিজ্ঞানীসকলে জানিব পাৰিছে মহাবিশ্বৰ বুকুত থকা অগণন নক্ষত্ৰবোৰৰ জন্ম বৃত্তান্ত। আনহাতে পালচাৰ, সুপাৰনোভা অথবা কৃষ্ণগহ্বৰৰ আশে পাশে থকা বিস্তৃৰ্ণ অঞ্চল সমূহৰ পৰা বিকিৰণ হোৱা গামা ৰশ্মিবোৰে মৃত নক্ষত্ৰৰ অস্থি সদৃশ পালচাৰ সমুহৰ লগতে বিষ্ফোৰিত হৈ ধ্বংস প্ৰাপ্ত হোৱা সুপাৰনোভা বোৰৰ ৰসায়নিক সংগঠন, উষ্ণতা আদিৰ বিষয়ে তথ্য প্ৰদান কৰে।

একেদৰে মহাবিশ্বৰ চৌপাশে বিকিৰণ হৈ থকা ৰেডিও তৰংগবোৰৰ সহায়ত বিজ্ঞানীসকলে পৃথিবীৰ পৰা বহু দূৰৰ কোনো গ্ৰহ গ্ৰহান্তৰত প্ৰাণৰ অস্তিত্ব বিচাৰি ফুৰে। তদুপৰি ৰেডিও তৰংগবোৰ বিশাল ব্ৰহ্মাণ্ডখনৰ কোনো অজ্ঞাত স্থানত লুকাই থকা অদৃশ্য পদাৰ্থৰ চৌদিশৰ চৌম্বকক্ষেত্রৰ সন্ধানৰ লগতে মহাকাশত থকা বিভিন্ন গতিশীল পদাৰ্থবোৰৰ গতিবেগ নিৰ্ধাৰণ কৰিবলৈও ব্যৱহাৰ কৰা হয়। আনকি ৰেড ছিফ্ট (ৰঙা সৰণ) আৰু ব্লু ছিফ্ট (নীলা সৰণ) নামৰ পোহৰৰ দুটা বিশেষ পৰিঘটনাৰ আধাৰত সম্পন্ন কৰা গৱেষণাৰ তথ্যৰ ওপৰত ভিত্তি কৰি বিজ্ঞানী এডুইন হাব'লে প্ৰসাৰণশীল মহাবিশ্বৰ বিষয়ে ঘোষণা কৰিছিল।

বিজ্ঞানীসকলৰ মতে দূৰ দূৰণিৰ এই গ্রহ, নক্ষত্র বা তাৰকা ৰাজ্যবোৰৰ মাজতেই লুকাই আছে মহাবিশ্বৰ সকলোবোৰ ৰহস্যময় প্ৰশ্নৰ সহজ সমিধানবোৰ। এতিয়াও অজস্ৰ প্ৰশ্নৰ উত্তৰ আমি বিচাৰি পোৱা নাই। কিন্তু বিজ্ঞানীসকল আশাবাদী। কাৰণ তেওঁলোকে জানে যে পোহৰে ব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰ সমিধান লৈ আমাৰ দিশেই আহি আছে। যিদিনাই আমি পোহৰে কঢ়িয়াই অনা খৱৰবোৰ বুজিব পৰাকৈ পৰ্যাপ্ত জ্ঞান আহৰণ কৰিব পাৰিম, সিদিনাই আমি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ জটিল প্ৰশ্নৰেই সমিধান উলিয়াবলৈ সক্ষম হ'ব পাৰিম।

Friday 5 June 2020

সৃষ্টিৰ আঁৰৰ মহাবিষ্ফোৰণ : বিগ বেং


আজিৰ পৰা ১৪ বিলিয়ন বছৰ আগত আমাৰ এই মহাবিশ্বখনৰ কোনো অস্তিত্বই নাছিল। আমি বাস কৰা এই পৃথিৱী নামৰ গ্রহটো, মুৰৰ ওপৰত দেখা আকাশ খনৰ লগতে ইয়াৰ বুকুত খচিত হৈ থকা অগণন তৰাবোৰ অথবা আকাশৰ বুকুত ইমুৰৰ পৰা সিমুৰলৈ বিস্তৃত হৈ থকা আমাৰ অতিকৈ চিনাকি হাতীপটি ছায়াপথটো - একোৰেইতো অস্তিত্ব নাছিল তেতিয়া। কেবল শূণ্যতা আৰু শূণ্যতা। বিজ্ঞানৰ মতে এই শূণ্যতাই হ'ল সৃষ্টিৰ ফেঁহুজালি। মাত্ৰ এটি লহমাৰ ভিতৰত এই শূণ্যতাৰ বুকুতেই সংঘটিত হৈছিল এটা মহাবিস্ফোৰণ। এই মহাবিস্ফোৰণটোৰ নামেই - "বিগ বেং" বা "মহানাদ''। 

বিগ বেঙৰ সেই বিশেষ মূহুৰ্তটোতেই অতি ক্ষূদ্র ভৰ বিশিষ্ট আৰু ভীষণ ভাবে উত্তপ্ত এটি বিন্দু সদৃশ স্থানত হোৱা প্ৰচণ্ড মহাবিস্ফোৰণটোৰ সম্প্ৰসাৰণ হৈছিল প্ৰায় দুই বিলিয়ন বিলিয়ন কিলোমিটাৰ পর্যন্ত আৰু এই সম্প্ৰসাৰণ প্রতিনিয়ত ভাবে এতিয়াও হৈ আছে। আজিৰ পৰা প্রায় ১৩.৭৫ বিলিয়ন বছৰ আগত এই বিশ্বব্ৰহ্মাণ্ডখন এটি অতি উত্তপ্ত আৰু অতি সংকুচিত অৱস্থাত আছিল। বিজ্ঞানী এডুইন হাবলে দূৰৱর্তী তাৰকা ৰাজ্যবোৰৰ সম্প্ৰসাৰণ বেগ সামগ্রিকভাবে পৰ্যালোচনা কৰি দেখা পালে যে সেইবোৰ পৰষ্পৰে পৰস্পৰৰ পৰা আঁতৰি গৈ আছে। সেয়ে তেখেতে ঘোষণা কৰে যে মহাবিশ্বখন সম্প্রসাৰিত হৈ আছে।

এই মহাবিশ্বত কেইবা বিলিয়ন তাৰকাৰাজ্য আছে। একেদৰে প্ৰতিটো তাৰকাৰাজ্যত আছে কেইবা বিলিয়ন নক্ষত্র। মহাবিশ্বৰ বিশালতাৰ তুলনাত একোখন তাৰকাৰাজ্যৰ নক্ষত্রবোৰ প্ৰায় ওচৰ চুবুৰীয়া বুলি ক'ব পাৰি। আনহাতে ওচৰা ওচৰি তাৰকা ৰাজ্যবোৰৰ মাজত দূৰত্ব বহুত বেছি। উদাহৰণ স্বৰূপে আমাৰ সৌৰজগতখন থকা হাতীপটি তাৰকাৰাজ্যৰ ওচৰৰ তাৰকা ৰাজ্যখনৰ নাম এণ্ড্ৰমেডা আৰু এই তাৰকা ৰাজ্যখন আমাৰ পৰা প্ৰায় ২২ লাখ আলোকবর্ষ দূৰত অৱস্থিত। অৰ্থাৎ আমাৰ নিকটৱৰ্তী এণ্ড্ৰমেডা তাৰকাৰাজ্যৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় লাগে ২২ লাখ বছৰ ! ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সমগ্ৰ মহাবিশ্বখনৰ বিশালতা।

আপেক্ষিকতাবাদৰ সাধাৰণ তত্বৰ আধাৰত অতীত বিশ্লেষণ কৰিলে দেখা যায় যে এই অকল্পনীয় ভাবে বিশাল মহাবিশ্বখন কিন্তু এটি অস্তিত্বহীন "সুপ্রাচীন বিন্দুকণা"ৰ পৰাই উৎপত্তি হৈছে। সেই সময়ত ব্ৰহ্মাণ্ডৰ সকলোবোৰ পদার্থ আৰু শক্তি অতি উত্তপ্ত তথা অতি সংকুচিত অৱস্থাত আছিল। কিন্তু এই অৱস্থাৰ আগত এই বিশ্বব্ৰহ্মাণ্ডত কি আছিল সেই বিষয়ে বিজ্ঞানী সকলৰ মাজত কোনো প্ৰমাণিত তথ্য নাই। 

কিন্তু কিয় সংঘটিত হ'ল "বিগ বেং" নামৰ এই মহাবিস্ফোৰণটো? এইটো এটা জটিল প্ৰশ্ন আৰু বিজ্ঞানীসকলে ইয়াৰ কাৰণ সম্বন্ধে কেবল এটি ধাৰণা বা সম্ভাৱনাৰ কথাহে ব্যক্ত কৰিব পাৰে। বিজ্ঞানী সকলে কোৱাৰ দৰে বিগ বেঙৰ সময়ত দৰাচলতে কি ঘটিছিল, সেইটো সহজ ভাষাৰে জানিবলৈ চেষ্টা কৰো আহক।

বিগ বেঙৰ থিক এক ছেকেণ্ডৰ ভিতৰতেই মহাবিশ্ব গঠনৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ সৃষ্টি হ'বলৈ ধৰিছিল। ই এক ইমানেই জটিল প্ৰক্ৰিয়া যে বিগ বেঙৰ পিছত মহাবিশ্বৰ প্ৰথমটো নক্ষত্ৰৰ জন্ম হ'বলৈ প্ৰয়োজন হৈছিল প্ৰায় ২ বিলিয়ন বছৰৰ। এই সদ্যজাত মহাবিশ্বখন আছিল অতি উত্তপ্ত এক স্থান যাৰ তাপমাত্রা আছিল প্ৰায় এক লাখ বিলিয়ন বিলিয়ন ডিগ্রী ছেণ্টিগ্ৰেড। এই অতি উত্তপ্ত নৱজাতক বিশ্বব্ৰহ্মাণ্ডখন তাপ আৰু পোহৰৰ মাধ্যমত খুব দ্রুতগতিত সম্প্রসাৰিত হ'বলৈ আৰম্ভ কৰিছিল।

বিগ বেঙৰ প্রথম এক ছেকেণ্ডৰ মূহুৰ্তত এই সম্প্রসাৰণ অতি দ্রুত আছিল। সেই সময়তেই মহাবিশ্বত কেতবোৰ অতিপাৰমাণৱিক কণা তৈয়াৰ হোৱা আৰম্ভ হৈছিল। ইতিমধ্যে নৱজাতক বিশ্বব্ৰহ্মাণ্ডত মহাকৰ্ষণ বলৰ সৃষ্টি হৈছিল আৰু এই মহাকৰ্ষণ বলে ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ হাৰ কিছু পৰিমাণে ধীৰ কৰি তোলাৰ লগতে অতিপাৰমাণৱিক কণাবোৰক প্ৰভাৱিত কৰি কেতবোৰ অধিক ভৰযুক্ত পাৰমাণৱিক কণা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। পিছলৈ এই ভৰযুক্ত পাৰমাণৱিক কণাবোৰে প্ৰটন, ইলেকট্ৰণ আৰু নিউট্ৰণ কণাৰ সৃষ্টি কৰে।

বিগ বেং বা মহানাদৰ এশ ছেকেণ্ড পিছত নৱজাতক মহাবিশ্বৰ তাপমাত্রা কমি অহাত ইলেকট্রণ, প্রটন আৰু নিউট্রনবোৰ সংগঠিত হোৱাৰ পৰিবেশ তৈয়াৰ হয় আৰু এই তিনিওবিধ কণাই সমন্বয় সৃষ্টি কৰি মহাবিশ্বৰ প্ৰথম পৰমাণু হাইড্ৰজেন আৰু হিলিয়ামৰ জন্ম দিয়ে। এই পৰমাণু গঠন প্ৰক্ৰিয়া অবিৰত ভাবে কেইবা হাজাৰ বছৰ ধৰি নিৰৱচিন্ন ভাবে চলি থাকিল আৰু এটা সময়ত সম্প্রসাৰিত হৈ থকা মহাবিশ্বৰ তাপমাত্রাও কমি আহি প্ৰায় চাৰি হাজাৰ ডিগ্রী ছেলছিয়াচ হ'লগৈ। এই তাপমাত্রা পৰমাণু গঠনৰ বাবে অনুকূল আছিল আৰু ইতিপূৰ্বে সৃষ্টি হোৱা মহাকৰ্ষণ বলে এই সদ্যজাত পৰমাণুবোৰক একত্ৰিত কৰি কিছুমান ক্ষুদ্র বৃত্তাকাৰ ভৰযুক্ত গঠন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। প্ৰায় দুই বিলিয়ন বছৰ পিছত এই হাইড্রজেন আৰু হিলিয়ামৰ গেছীয় মেঘ তথা ধূলিকণাবোৰ সামৰি লৈ মহাবিশ্বৰ প্রথমটো নক্ষত্রৰ জন্ম হয়।

এইখিনিতেই আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল যে বিলিয়ন বিলিয়ন বছৰ আগতে প্ৰকৃততে কি হৈছিল সেয়া বৈজ্ঞানিক সকলে জানিলে কেনেকৈ? তাৰবাবে বিজ্ঞানীসকলে মহাবিশ্বৰ নক্ষত্রবোৰৰ মাজৰ দূৰত্ব নিৰূপন আৰু পর্যবেক্ষণ কৰা আৰম্ভ কৰে। আমি তেতিয়াই বস্তু এটা দেখা পাও, যেতিয়া সেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰে। বস্তুটো আমাৰ পৰা যিমান বেছি দূৰত্বত অৱস্থান কৰে, সিমানেই বস্তুটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিবলৈ সময় বেছি লাগে।

উদাহৰণ স্বৰূপে আকাশৰ উজ্জ্বলতম নক্ষত্র লুব্ধক বা ‘ছিৰিয়াছ'’ৰ পৰা পোহৰ আমাৰ পৃথিবী আহি পাবলৈ সময় লাগে প্ৰায় আঠ বছৰ। অর্থাৎ আমি নিশাৰ আকাশত দেখা পোৱা লুব্ধক নামৰ নক্ষত্ৰটো দৰচলতে আঠ বছৰ আগৰহে। এই মূহুৰ্তৰ লুব্ধক নক্ষত্ৰটো আমি আজিৰ পৰা আঠ বছৰ পিছতহে দেখা পাম। এনেদৰেই মহাজাগতিক বস্তুবোৰ আমাৰ পৰা যিমানেই দূৰত অৱস্থান গ্ৰহণ কৰিব, সিমানেই বস্তুটোৰ অতীতটো দেখা পাম।

একেদৰে '‘ভার্গো ক্লাষ্টাৰ'’ নামৰ তাৰকাৰাজ্য খনৰ পৰা আমাৰ পৃথিৱীলৈ পোহৰ আহি পাবলৈ সময় লাগে প্ৰায় পাঁচ কোটি বছৰ ! অৰ্থাৎ শক্তিশালী দূৰবীণ যন্ত্ৰৰ সহায়ত আজি আমি ভার্গো ক্লাষ্টাৰৰ যি একাজলি পোহৰ দেখা পাও, সেয়া ৫ কৌটি বছৰ আগৰ। সেই সময়ত মানৱজাতিৰ অস্তিত্বই নাছিল। অৰ্থাৎ ভাৰ্গো ক্লাষ্টাৰে আমাক মানৱ জাতি বিকাশ হোৱাৰ আগৰ সময়ৰ বতৰা দিয়ে। 

নক্ষত্ৰবোৰে দৃশ্যমান পোহৰৰ লগতে বিভিন্ন ধৰণৰ তেজস্ক্রিয় ৰশ্মিও বিকিৰণ কৰে। বৈজ্ঞানিক সকলে বিশেষ ধৰণৰ টেলিস্কোপ ব্যৱহাৰ কৰি দূৰ মহাজাগতিক নক্ষত্ৰবোৰৰ পৰা অহা তেনে ৰশ্মিসমূহ চিনাক্ত কৰে আৰু সেইবোৰে কঢ়িয়াই অনা দূৰ অতীতৰ বাৰ্তাবোৰৰ সহায়ত অতীতৰ মহাবিশ্ব সম্পর্কে এটা সামগ্রিক ধাৰণা তৈয়াৰ কৰি লয়। বর্তমানলৈ আৱিষ্কৃত সবাতোকৈ দূৰৰ তাৰকাৰাজ্যখন ১৩ বিলিয়ন আলোকবর্ষ দূৰত অৱস্থিত। সেয়ে এই তাৰকা ৰাজ্যখনৰ পৰা অহা পোহৰে আমাক বিগ বেং বা মহানাদৰ থিক দুই বিলিয়ন বছৰ পিছৰ বাতৰি যোগান ধৰে। সেইবাবেই বিজ্ঞানীসকলে মহানাদৰ ২ বিলিয়ন বছৰ পিছৰ ঘটনাৰাজিৰ কিছু তাত্ত্বিক প্ৰমাণ সংগ্ৰহ কৰিব পাৰিছে যাৰ আধাৰত বিলিয়ন বিলিয়ন বছৰ আগতে সংঘটিত হোৱা বিভিন্ন ঘটনাৰাজিৰ আভাস পোৱাতো সম্ভৱ হৈ উঠিছে।


আমি যদি ইয়াতকৈও দূৰৰ তাৰকাৰাজ্য এখন আৱিষ্কাৰ কৰিব পাৰো, তেন্তে মহাবিশ্ব সৃষ্টিৰ একেবাৰে আৰম্ভণিতেই প্ৰকৃততে কি হৈছিল, সেই কথাবোৰো সহজেই বুজি পাম। সিদিনাই আমি গম পাম - কেনেদৰে সৃষ্টি হৈছিল এই বিশাল বিশ্বব্ৰহ্মাণ্ডখন !!

Wednesday 3 June 2020

মহাকাশ বিজ্ঞানী হ'বলৈ


সচৰাচৰ সোধাৰ দৰেই এজন কিশোৰক প্রশ্ন কৰা হৈছিল : ডাঙৰ হ'লে তুমি কি হ'ব বিচাৰা? মই আশা কৰাতকৈও অধিক উৎসাহেৰে কিশোৰ গৰাকীয়ে উত্তৰত কৈছিল : "মই ইছৰোত মহাকাশ বিজ্ঞানী হিচাবে কাম কৰিব বিচাৰো।"

কিশোৰজনৰ দৰেই মনৰ কোনোবা এটি কোনত তাহানিতে মই নিজেও থিক তেনে এটি আকাংক্ষাকেই পুহি ৰাখিছিলোঁ। কিন্তু পৰিকল্পনাৰ অভাৱ আৰু অন্যান্য বিভিন্ন কাৰণত মই সজাই পৰাই তোলা সপোনটো কলিতেই মৰহি গৈছিল। মনত এটা ধাৰণাই গা কৰি উঠিছিল যে মহাকাশ বিজ্ঞানী হ'বলৈ বা ইছৰোৰ দৰে গৰিমাময় এটা প্ৰতিস্থানত নিজকে বিচাৰি পাবলৈ হ'লে ব্যক্তিজন নিশ্চয় অসাধাৰণ ভাবে মেধাবী হোৱাৰ উপৰিও কিছু অতিমানবীয় গুণসম্পন্ন লোক হ'বই লাগিব। আচলতে আমি কথাবোৰ ভালদৰে জনা নাছিলো। সিদিনা কিশোৰজনৰ মুখত মোৰ অতীতৰ আকাংক্ষাবোৰৰ পুনৰ জীৱন হোৱা যেন লাগিছিল। সঁচাকৈয়ে নস্তালজিক হৈ পৰিছিলোঁ মই। 

বিগত সময়চোৱাত বিভিন্ন মহাকাশ বিজ্ঞান বিষয়ক কৰ্মশালাত উপস্থিত থাকিব পাৰি দুটামান কথা শিকিবলৈ পাইছো। বিশেষকৈ Mumbaiত অৱস্থিত Bhabha Atomic Research Centre আৰু Tata Institute of Fundamental Research তথা আহমেদাবাদৰ Space Applications Centre আৰু ISROৰ কৰ্মশালাত উপস্থিত থাকি বুজিছিলো যে আমাৰ অসমৰ নৱপ্ৰজন্মই সহজতেই ISRO, TIFR, Space Applications Centre আদিত নিজকে বিজ্ঞানী হিচাবে প্ৰতিস্থা কৰি নিজৰ সপোনবোৰ সাৰ্থক কৰি তুলিব পাৰে। অৱশ্যে তাৰবাবে তেওঁলোকে জানিব লাগিব এনেবোৰ প্ৰতিস্থানত চাকৰি পাবলৈ প্রয়োজনীয় যোগ্যতাবোৰনো কি? 

মহাকাশ গৱেষণা সম্বন্ধীয় কাম কাজত নিজকে নিয়োজিত কৰিব খুজিলে ন্যূনতম যোগ্যতাৰ চৰ্ত হ'ল কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অতি কমেও ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ Bachelor’s Degree in Engineering (BE) বা Bachelor’s Degree in Technology (BTech) হ'ব লাগিব। তদুপৰি পদাৰ্থ বিজ্ঞান, গণিত বা ৰসায়ন বিজ্ঞানত ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ স্নাতোকোত্তৰ ডিগ্ৰীধাৰী সকলেও আবেদন কৰিব পাৰে। মহাকাশত জীৱনৰ সন্ধান তথা মহাকাশ ভ্ৰমণলৈ যোৱা মহাকাশচাৰী সকলৰ দেহৰ বিভিন্ন দিশসমূহৰ ওপৰত গৱেষণাৰ বাবে জীৱবিজ্ঞান আৰু জিনীয় অভিযন্ত্ৰণৰ ৭০ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সকলক এনে প্ৰতিস্থান সমূহত অগ্ৰাধিকাৰ দিয়া হয়। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা থকা প্ৰতিজন আৱেদনকাৰীয়ে এক লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এই পৰীক্ষাসমূহ ভাৰতবৰ্ষৰ ১২ খন চহৰত অনুস্থিত হয়। চহৰ কেইখন হ'ল : আমেদাবাদ, বেঙ্গালুৰু, ভূপাল, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণো, মুম্বাই, নতুন দিল্লী আৰু তিৰুঅনন্তপুৰম।

লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক সাক্ষাতকাৰৰ বাবে মতা হয়। সাক্ষাতকাৰৰ সময়ত মূলতঃ আবেদনকাৰী জনৰ দক্ষতাৰ মান নিৰ্ধাৰণৰ বাবে বিভিন্ন প্ৰশ্ন কৰা হয়। এনে সাক্ষাতকাৰত উত্তীৰ্ণ হ'বলৈ প্ৰাৰ্থীজনৰ নিজৰ ক্ষেত্ৰখনত থকা দক্ষতাৰ উপৰিও বিভিন্ন ধৰণৰ স্কিল সম্বন্ধে পাৰদৰ্শিতা নিৰূপণ কৰা হয়। এই স্কিল সমূহ মহাকাশ সম্বন্ধীয় গৱেষণাৰ সময়ত এজন বিজ্ঞানীক সততেই প্ৰয়োজন হয়। ইছৰোৰ তৰফৰ পৰা নৱ প্ৰজন্মক আহ্বান জনাই কোৱা হৈছে যে যিসকলে ভৱিষ্যতে ইছৰোত যোগদান কৰিব খোজে তেওঁলোকে যেন চাৰিটা কথাত অধিক গুৰুত্ব প্ৰদান কৰে। সেইবোৰ হ'ল :

¤ পাঠ্যক্ৰমৰ বিষয়বস্তু পুংখানুপুংখ ভাবে অধ্যয়ন।
¤ নিজৰ স্বাস্থ্য সম্বন্ধে অধিক সচেতনতা।
¤ অত্যন্ত ধৈৰ্যশীল আৰু সহিষ্ণু গুণ।
¤ কঠিন সিদ্ধান্ত ল'ব পৰাৰ দক্ষতা।


ইছৰোৰ নিজস্ব ৱেবচাইট http://www.isro.gov.in/ ত এই বিষয়ে সকলোবোৰ তথ্য সন্নিবিষ্ট কৰা আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে উঃ মাঃৰ বিজ্ঞান শাখাত পঢ়ি আছে অথবা ইঞ্জিনিয়াৰিং পঢ়ি আছে বা বিজ্ঞানৰ বিষয়সমূহত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত, তেওঁলোকে যদি এতিয়াৰ পৰাই এই বিষয়বোৰত ভালদৰে মনযোগ দিয়ে, তেন্তে অনাগত দিনবোৰত আমাৰ অসমৰ যুৱ প্ৰজন্মৰ মাজতো আমি কেইবাজনো মহাকাশ বিজ্ঞানী বিচাৰি পাম। ইতিপূৰ্বে উল্ল্যেখ কৰি অহা কিশোৰজনৰ লগতে যুৱ প্ৰজন্মৰ যিসকলে ভৱিষ্যতে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আহিব বিচাৰে, সেই সকলোলৈ আমাৰ আন্তৰিক শুভকামনা থাকিল।