Saturday 21 October 2017

দুষ্প্ৰাপ্য ধাতু সোণৰ সৃষ্টি ৰহস্য


মানুহৰ লগত মহা মূল্যবান সোণৰ সম্পর্ক মানব সভ্যতাৰ দোকমোকালিৰ পৰাই বিদ্যমান। প্ৰাচীন মিচৰৰ ফাৰাও সকলেই হওঁক বা আধুনিক জগতৰ সাধাৰণ শ্ৰেণীৰ পৰা আৰম্ভ কৰি নামী-দামী তাৰকাই হওঁক, সকলো সোণৰ প্ৰতি আকৰ্ষিত। পৃথিৱীৰ বুকু বিদীৰ্ণ কৰি খনিৰ পৰা আহৰণ কৰা সোণে দেশৰ অৰ্থনৈতিক দিশতো প্ৰভাব বিস্তাৰ কৰে। কিন্তু পৃথিৱীৰ গৰ্ভত থকা সোণবোৰ বাৰু পৃথিৱীৰেই নে ? 

বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে পৃথিৱীৰ গৰ্ভত থকা বিভিন্ন পদাৰ্থ সমূহৰ লগতে কাৰ্বন, লো প্ৰভৃতি মৌল সমূহ একোটা বিয়াগোম তৰাৰ কেন্দ্ৰভাগত অৱস্থিত কাৰখানাত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ ফলত সৃষ্টি হৈ পিছত তৰাটোৰ মৃত্যুৰ সময়ত সৃষ্টি হোৱা প্ৰচণ্ড বিষ্ফোৰণত বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে বিস্তাৰিত হৈ পৰিছে। এই প্ৰসংগতেই বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী কাৰ্ল চেগানে কৈছিল : 
“আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

কাৰ্ল চেগানৰ বক্তব্যৰ পৰাই সহজে অনুমান কৰিব পাৰি যে পৃথিৱীৰ নিজা বুলিবলৈ একোৱেই নাই ! আমি জীৱন ধাৰণৰ বাবে পৃথিৱীৰ পৰা আহৰণ কৰা প্ৰতিটো মৌলই, প্ৰতিটো পদাৰ্থই স্বৰূপতে পৃথিৱীয়ে আনৰ পৰা সংগ্ৰহ কৰিহে থৈছে। তেনেহলে স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন উদয় হ'ব : পৃথিৱীৰ বুকুলৈ মহা মূল্যবান ধাতু "সোণ" ক'ৰপৰা আহিল ? কেনেকৈ আহিল ?

বিশ্বৰ অন্যতম দামী ধাতু সোণৰ চাহিদা অনুসৰি পৃথিৱীত ইয়াৰ পৰিমান তুলনামূলক ভাবে নগন্য। বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে এইটো জানিব পাৰিলে যে মহাশূণ্যত ভাসমান সূৰ্যকে আদি কৰি বিভিন্ন নক্ষত্ৰবোৰৰ বুকুত কার্বন অথবা লো আদি মৌলসমূহ তৈয়াৰ হয়। কিন্তু এই নক্ষত্ৰবোৰৰ বুকুত সোণ সৃষ্টি নহয়, হ'ব নোৱাৰে। তেতিয়াই তেওঁলোকে ধাৰণা কৰে যে বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰৰ মৃত্যুৰ সময়ত সৃষ্টি হোৱা ভয়ংকৰ বিষ্ফোৰণতকৈও ভয়াবহ কোনো এক মহাজাগতিক বিপর্যয় ঘটে আৰু তেনে কোনো মহাজাগতিক বিপর্যয়ৰ ফলতেই মহা মূল্যবান ধাতু সোণ সৃষ্টি হয়। পিছলৈ বিজ্ঞানী সকলে ধৰা পেলাই তেনে এক মহাজাগতিক বিষ্ফোৰণ য'ত এক ভয়ানক মুখামুখি সংঘৰ্ষত পতিত হয় দুটা নিউট্ৰন তৰা। নিউট্ৰন তৰাৰ এনে মুখামুখি সংঘৰ্ষত আলোকিত হৈ উঠে বিশ্বব্ৰহ্মাণ্ডৰ দূৰ দিগন্ত। বৈজ্ঞানিক সকলে এনে মহাজাগতিক সংঘৰ্ষক "গামা ৰে বাৰ্ষ্ট" বা সংক্ষেপে "জি-আৰ-বি" বুলি কয়। 

কিন্তু এই নিউট্ৰন তৰাবোৰনো কি ? কিছুমান বিশাল আকৃতিৰ নক্ষত্র মৃত্যুৰ সময়ত প্ৰচণ্ড ভাবে বিস্ফোৰিত হয়। এনে বিস্ফোৰণক "সুপাৰনোভা" বোলা হয়। বিষ্ফোৰিত তৰাটো প্রথমে ফুলি উঠে আৰু বৃহৎ আকাৰ ধাৰণ কৰে। তাৰপিছত তৰাটোৰ সংকোচন আৰম্ভ হয়। এনেদৰে ক্ৰমে সংকুচিত হৈ অহা তৰাটোৰ কিন্তু ভৰৰ একো পৰিবৰ্তন নহয়। অৰ্থাৎ অতি বেছি ভৰযুক্ত একোটি বৃহৎ তৰা অতিমাত্ৰা সংকুচিত হৈ অতি উচ্চ ঘণত্বৰ ক্ষুদ্ৰ আয়তনৰ তৰালৈ ৰূপান্তৰিত হয়। এনে তৰাৰ এচামুচ পদাৰ্থৰ ভৰ জোনবাইৰ ভৰৰ সমান হ'ব পাৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি তৰাটোত থকা পদাৰ্থবোৰৰ ঘণত্ব কিমান বেছি হ'ব পাৰে। অতিঘণত্ব যুক্ত বৃহৎ ভৰৰ ক্ষূদ্ৰকায় এনে মৃত তৰাবোৰক নিউট্ৰন তৰা বোলা হয়।

নিউট্ৰন তৰাবোৰৰ মহাকৰ্ষণ বল অতি বেছি আৰু সেয়েহে বিশ্বব্ৰহ্মাণ্ডৰ আপেক্ষিক ভাবে দুটা ওচৰা-ওচৰি নিউট্ৰন তৰা মহাকৰ্ষণ বলৰ প্ৰভাবত পৰস্পৰে পৰস্পৰৰ চৌদিশে এক নিৰ্দিষ্ট ভৰকেন্দ্ৰক কেন্দ্ৰ কৰি অতি দ্ৰুত বেগত ঘূৰিবলৈ লয়। ঘূৰ্ণীয়মান নিউট্ৰন তৰাদুটা পৰস্পৰৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত লাহে লাহে ওচৰ চাপি আহিব ধৰে আৰু শেষলৈ দুয়োটা নিউট্ৰন তৰা এক ভয়ানক সংঘৰ্ষত পতিত হৈ গামা ৰে বাৰ্ষ্ট সৃষ্টি কৰে। গামা ৰে বাৰ্ষ্টৰ সময়ত সৃষ্টি হোৱা কল্পনাতীত উষ্ণতাৰ ফলত নিউট্ৰন তৰা দুটাৰ কেন্দ্ৰত থকা বিভিন্ন অতি উচ্চ ঘণত্বৰ মৌলসমূহৰ নিউক্লিয় সংযোজন ঘটে আৰু ইয়াৰ ফলত সোণ আদি মূল্যবান ধাতু সমূহৰ লগতে অন্যান্য মৌল সমূহ, নিউট্ৰন তৰা দুটাৰ অৱশেষ, গেছীয় ধূলিকণা আদিবোৰ সৃষ্টি হৈ বিশ্বব্ৰহ্মাণ্ডৰ দূৰ দূৰণিলৈ ছিটিকি পৰে। এনেদৰে ছিটিকি পৰা মৃত নক্ষত্ৰৰ অৱশেষৰ পৰাই পুনৰ জন্ম হয় আন এক শিশু নক্ষত্ৰ অথবা একো একোটি গ্ৰহ।

আমাৰ সৌৰজগতৰ সূৰ্য আৰু প্ৰতিটো গ্ৰহ-উপগ্ৰহও কোনো মৃত্যু হোৱা নক্ষত্ৰৰ অৱশিষ্ট অংশৰ পৰাই সৃষ্টি হৈছে। এনে কোনো মৃত তৰাৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা বিভিন্ন মৌল সমূহকেই উপাদান হিচাবে লৈ আমাৰ সুন্দৰ পৃথিৱীখনো সৃষ্টি হৈছে। আজি আমি পৃথিৱীৰ বুকুত পোৱা প্ৰতি টুকুৰা লো, তাম, এলুমিনিয়াম অথবা সোণ কেইবা হেজাৰ কৌটি বছৰ আগতেই কোনো এক অজ্ঞাত তৰাৰ কেন্দ্ৰভাগৰ মহাজাগতিক কাৰখানাত এক মহাজাগতিক সংঘৰ্ষৰ ফলতেই সৃষ্টি হৈছিল। সেইবাবেই বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী কাৰ্ল চেগানে কৈছিল : “আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

Saturday 14 October 2017

ভৱিষ্যতৰ প্ৰদূষণহীন ইন্ধন : হাইড্ৰজেন



হাইড্ৰজেন শক্তিৰ এটি প্ৰধান উৎস। হাইড্ৰজেনক ইন্ধন হিচাবে জ্বলালে যথেষ্ঠ পৰিমানে শক্তি পোৱা যায়। তদুপৰি ই এবিধ প্ৰদূষণহীন ইন্ধন। সাধাৰণতে দাহ্য পদাৰ্থসমূহ অক্সিজেনৰ উপস্থিতিত দহন কৰিলে তাপ আৰু পোহৰ শক্তিৰ উপৰিও যথেষ্ঠ পৰিমানে কাৰ্বন ডাইঅক্সাইড, ধোঁৱা, অদাহ্য কাৰ্বন কণা আদি উৎপন্ন হৈ পৰিবেশ প্ৰদূষিত কৰে। আনহাতে হাইড্ৰজেনক নিয়ন্ৰিত ভাবে অক্সিজেনৰ উপস্থিতিত দহন কৰিলে যথেষ্ঠ পৰিমানে শক্তি আৰু পানীহে উৎপন্ন হয়। সেয়ে হাইড্ৰজেন এবিধ প্ৰদূষণহীন ইন্ধন। ওপৰোক্ত কাৰণতেই ১৯৭০ চনৰ পৰাই নাছাই ৰকেট প্ৰক্ষেপনৰ বাবে প্ৰয়োজনীয় শক্তিৰ বাবে এই প্ৰদূষণহীন ইন্ধন ব্যৱহাৰ কৰি আহিছে। ইয়াৰ ফলত উৎক্ষেপন কেন্দ্ৰৰ দাঁতি কাষৰীয়া অঞ্চলত হ’ব পৰা সাম্ভাব্য প্ৰদূষণৰ পৰা মুক্তি পোৱাৰ লগতে মহাকাশচাৰী সকলৰ পানীৰ সমস্যাটোও দূৰ কৰা সম্ভৱ হৈ উঠিল।
হাইড্ৰজেনক ইন্ধন হিচাবে ব্যৱহাৰ কৰিবলৈ পৃথিৱীৰ বায়ুমণ্ডলত ইয়াক বেছিকৈ পোৱা নেযায়। অতি সামান্য মাত্ৰাত থকা বায়ুমণ্ডলৰ হাইড্ৰজেনে এই চাহিদা পুৰ কৰিব নোৱাৰে। কৃত্ৰিম ভাবে বৈজ্ঞানিক পদ্ধতিৰে হাইড্ৰজেন আহৰণ কৰি ইন্ধন হিচাবে ব্যৱহাৰ কৰাটোও অতি ব্যয়বহুল। তদুপৰি হাইড্ৰজেন জ্বলাই শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটোও ইমান সহজ বা নিৰাপদ নহয়। ইয়াৰ বাবে প্ৰয়োজন অতি দক্ষ কাৰিকৰী জ্ঞানৰ কুশলী। সেয়ে যথেষ্ঠ সম্ভাৱনা থকা স্বত্তেও শক্তিৰ বিকল্প উৎস হিচাবে হাইড্ৰজেন ব্যৱহাৰ কৰিব পৰা হোৱা নাই।
সাম্প্ৰতিক সময়চোৱাত হাইড্ৰজেনক কোনো আৱদ্ধ তন্ৰৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত অতি নিয়ন্ত্ৰিত পদ্ধতিৰে দহন কৰি তাপ শক্তি আহৰণ কৰা হয়। এই তাপশক্তিৰ পৰাই যথেষ্ঠ পৰিমানে বিদ্যুৎ শক্তি আহৰণ কৰা সম্ভৱ। কিন্তু পৰিতাপৰ কথা এই যে সম্ভাৱনা আৰু প্ৰায়োগিক কৌশল দুয়োটাই বিজ্ঞানী সকলৰ অৱগত যদিও, চাহিদা পুৰাব পৰাকৈ পৃথিৱীত হাইড্ৰজেনৰ ভাণ্ডাৰ মজুত নথকা বাবে এইক্ষেত্ৰত বিজ্ঞানী সকলে হাত সাৱটি বহি থাকিব লগা হৈছে।
হাইড্ৰজেনৰ এক বিশাল ভাণ্ডাৰ হ’ল সমূদ্ৰৰ পানী। সাগৰৰ যি অফুৰন্ত পানীৰ পৰাই হাইড্ৰজেন আহৰণ কৰি ইন্ধন হিচাবে ব্যৱহাৰ কৰাৰ বাবে চিন্তা চৰ্চা আৰম্ভ হ’বলৈ ধৰিলে। কিন্তু ইয়াত আন এটি সমস্যাই দেখা দিলে। পানীৰ পৰা হাইড্ৰজেন পাবলৈ পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিব লাগিব। সাগৰৰ পানীৰ বিদ্যুৎ বিশ্লেষণৰ বাবে পুনৰ প্ৰয়োজন হ’ব বিদ্যুতৰ। এনেদৰে বিদ্যুতৰ বিনিময়ত বিদ্যুৎ আহৰণ কৰাৰ ধাৰণাটোও অৰ্থনৈতিক অথবা বৈজ্ঞানিক দৃষ্টিকোনৰ পৰা যুক্তিপূৰ্ণ যেন অনুভৱ নহয়। কিন্তু সমূদ্ৰৰ পানীৰ পৰা অৰ্থনৈতিক ভাবে সুলভ হাইড্ৰজেন আহৰণ কৰাৰ এটি বিকল্প বৈজ্ঞানিক পথৰ সন্ধানত বিজ্ঞানীসকল নিমজ্জিত হৈয়ে ৰ’ল।
শেহতীয়াকৈ University of Central Floridaৰ গৱেষক বিজ্ঞানী য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে সাগৰৰ পানীৰ পৰা বিদ্যুৎ শক্তি ব্যৱহাৰ নকৰাকৈয়ে হাইড্ৰজেন আহৰণ কৰাৰ এক অভিনৱ পদ্ধতি আৱিষ্কাৰ কৰিছে। য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে সূৰ্যৰ ৰশ্মিৰ সহায়ত সাগৰৰ পানী বিশ্লেষণ কৰি তাৰ পৰা হাইড্ৰজেন আহৰণ কৰাৰ পথ মুকলি কৰিছে। এই বিশেষ কামটো সম্পন্ন কৰিবলৈ তেওঁলোকে এবিধ বিশেষ ধৰণৰ nanomaterialৰ সহায়ত এটা “আলোক অনুঘটক” বা photocatalyst তৈয়াৰ কৰিছে। এই অনুঘটকটো তৈয়াৰ কৰিবলৈ য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে titanium dioxide আৰু molybdenum disulfide ব্যৱহাৰ কৰিছে। এই আলোক অনুঘটকটোৰ বিশেষত্বটো হ’ল এই যে, ই সূৰ্যৰ পোহৰৰ অধিকাংশ বৰ্ণালীকেই শোষণ কৰি লৈ শক্তি হিচাবে সঞ্চিত কৰি ৰাখিব পাৰে। য়াং য়াং আৰু তেওঁৰ সহযোগী সকলে titanium dioxide আৰু molybdenum disulfideৰ সহায়ত তৈয়াৰ কৰা অনুঘটকটোৰ সহায়ত সমুদ্ৰৰ পানীৰ উপৰিভাগত যথেষ্ঠ পৰিমানে সৌৰশক্তি আহৰণ কৰি সেই শক্তিৰ সহায়ত সাগৰৰ লুণীয়া পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাইছে আৰু পৰীক্ষাটোৰ দ্বাৰা সমুদ্ৰৰ পানীৰ পৰা হাইড্ৰজেন আহৰণ কৰিবলৈ সক্ষম হৈছে।
য়াং য়াং আৰু তেওঁৰ সহযোগীসকল এতিয়া সাগৰৰ পানীৰ পৰা অৰ্থনৈতিক ভাবে লাভজনক তথা সহজলভ্য হ’ব পৰাকৈ হাইড্ৰজেনৰ ব্যৱসায়িক উৎপাদন কৌশলটোৰ উন্নীতকৰণত মনোনিবেশ কৰিছে। হয়তো আৰু কিছু বছৰ পিছত আমি আমাৰ যান-বাহনবোৰত পেট্ৰ’ল বা ডিজেলৰ সলনি হাইড্ৰজেন গেছ ভৰাই ফুৰা চকা কৰিম। আৰু এয়া যদি অনতি পলমে সম্ভৱ হৈ উঠে, তেন্তে আমি কেবল যে প্ৰদূষণৰ সমস্যাৰ পৰা মুক্তি পাম এনে নহয় ; বৰং কম মূল্যৰ বিনিময়ত আমি আহৰণ কৰিব পাৰিম ভৱিষ্যতৰ সেই প্ৰদূষণহীন ইন্ধন।

অসমৰ মটৰ মেকানিক আৰু তেওঁৰ হেলিকপ্টাৰখন


বানে গৰকা ধেমাজিৰ এখন অখ্যাত গাওঁ। ডিমৌ শ্যামজুলি গাওঁখনলৈ যাতায়ত ব্যৱস্থাও সুচল নহয়। বাট-পথৰ অৱস্থা জৰাজীৰ্ণ। বাৰিষাৰ বতৰতটো কথাই নাই। বানপানীৰ মাজত ককবকাই শ্যামজুলিৰ গঞাই দিন পাৰ কৰে। বাৰিষা শ্যামজুলিলৈ যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে। নিত্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহৰ বাবেই হওঁক বা চৰকাৰী কাৰ্যালয়ৰ কামৰ তাগিদাতেই হওঁক অথবা চিকিৎসাৰ বাবে ৰোগীক ধেমাজি চহৰলৈ অনা নিয়া কৰাটো শ্যামজুলিৰ মানুহখিনিৰ বাবে ভীষন যন্ত্ৰণাদায়ক অথচ নৈমিত্তিক ঘটনা।
শ্যামজুলি গাঁৱৰ এজন সাধাৰণ মটৰ মেকানিক চন্দ্ৰ শৰ্মা। ঘৰুৱা আৰ্থিক অনাটনৰ বাবে তৃতীয় শ্ৰেণীতেই তেওঁ পঢ়াশালি এৰি চহৰৰ মটৰ গাড়ীৰ গেৰেজত গাড়ী ধোৱা, ৰেঞ্চ-হাতুৰী আদিৰ যোগান ধৰা ল’ৰা হিচাবে সংগ্ৰামী জীৱনৰ পাতনি মেলে। অনুসন্ধিৎসু প্ৰকৃতিৰ কিশোৰ শ্ৰমিকজনে কেইবছৰমানৰ ভিতৰতেই বিভিন্ন ধৰণৰ গাড়ীৰ যন্ৰাংশবোৰ মেৰামতি কৰাৰ কৌশলবোৰ আয়ত্ব কৰি ল’লে। লাহে লাহে ল’ৰাজনৰ হাতখনো পৈণত হৈ উঠিল। দক্ষ মেকানিক হিচাবে চন্দ্ৰ শৰ্মা সকলো মানুহৰ বাবেই এটি পৰিচিত নাম হৈ পৰিল।
দিনবোৰ পাৰ হৈ মাহ আহিল, মাহ পাৰ হৈ বছৰ বাগৰিল। চৌদিশে পৰিবেশ, পৰিস্থিতি সলনি হ’ল। মাথোন সলনি নহ’ল শ্যামজুলিবাসীৰ বানে ধোৱা সমস্যাবোৰ, জৰাজীৰ্ণ পথবোৰ আৰু শ্যামজুলিৰ গঞা ৰাইজৰ দৈনন্দিন যন্ৰণাবোৰ। বিশেষকৈ যাতায়তৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰি শ্যামজুলিৰ সাধাৰণ ৰাইজক ঢোকে ঢোকে পানী খুৱাইছে।
শ্যামজুলিৰ মটৰ মেকানিক চন্দ্ৰ শৰ্মাই এই সমস্যাৰ পৰা গঞা ৰাইজক উদ্ধাৰ কৰাৰ মানসেৰে কিবা এটা ব্যৱস্থা হাতত লোৱাৰ সপোন ৰচিবলৈ আৰম্ভ কৰে। অসম্ভৱ যেন লগা এই সপোনটোৱে তেওঁক খেদি ফুৰিবলৈ আৰম্ভ কৰিলে। সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে পৰামৰ্শ বিচাৰি তেওঁ যাৰেই ওচৰলৈ গৈছে, তেৱেই উচপ খাই উঠি কৈছে : এয়া অসম্ভৱ চন্দ্ৰ ! এয়া বলিয়ালীৰ নামান্তৰ…!
চন্দ্ৰ শৰ্মাৰ সপোন হ’ল শ্যামজুলিবাসীৰ যাতায়তৰ সমস্যা নোহোৱা কৰিবৰ বাবে থলুৱা প্ৰযুক্তিৰ সহায়ত এখন হেলিক’প্টাৰ বনোৱা। কিন্তু এই সপোনক বাস্তৱত পৰিণত কৰিবলৈ চন্দ্ৰ শৰ্মাক তেতিয়া প্ৰয়োজন আছিল জ্ঞানীজনৰ পৰামৰ্শ, শুভাকাংশীৰ প্ৰেৰণা আৰু বুজন পৰিমানৰ ধন। পত্নীৰ প্ৰেৰণা আৰু মেকানিক হিচাবে উপাৰ্জন কৰা ধনৰ পৰা বচাই ৰখা সাঁচতিয়া সামান্য ধনখিনিকেই সম্বল হিচাবে লৈ চন্দ্ৰ শৰ্মাই কামত লাগি গ’ল।
হেলিক’প্টাৰ এখন সাজিবলৈ বহুতো বস্তুৰেই প্ৰয়োজন। তেওঁ থিৰাং কৰিলে এপদ দুপদকৈ প্ৰয়োজনীয় বস্তুবোৰ সংগ্ৰহ কৰাৰ কথা। সেইমতে গেৰেজৰ পেলনীয়া বস্তুৰ মাজৰ পৰাই তেওঁ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে বিভিন্ন আকাৰৰ লো বা এলুমিনিয়ামৰ খণ্ড, ধাতুৰ চেপেটা টুকুৰা, হাতেৰে মটৰ গাড়ীৰ গিয়েৰ সলনি কৰিবলৈ ব্যৱহাৰ কৰা ধাতুৰ দণ্ড আদিবোৰ। ধাতুৰ দণ্ড আৰু চেপেটা টুকুৰাবোৰ জ্বালাই কৰি ইতিমধ্যে তেওঁ হেলিক’প্টাৰৰ জঁকাটো তৈয়াৰ কৰি উলিয়ালে। দুজন মানুহ আৰোহী হিচাবে বহিব পৰাকৈ পুৰণি গাড়ীৰ চিটকেইটাও সংগ্ৰহ কৰা হ’ল।
সাচতীয়া ধনবোৰ ইতিমধ্যে শেষ হৈ গৈছে। এতিয়াও হেলিক’প্টাৰখনৰ বাবে মূল ইঞ্জিন, বৈদ্যুতিক সৰঞ্জাম, বেটাৰী, ইন্ধন ভৰোৱা পাত্ৰ, উৰিবৰ বাবে প্ৰয়োজনীয় পাংখা আদিবোৰ সংগ্ৰহ কৰিবলৈ বাকী। এই বস্তুবোৰ কিনাৰ বাবে প্ৰয়োজন হোৱা ১৫ লাখ টকাৰ তাগিদাত চন্দ্ৰ শৰ্মাই নিজৰ খেতি মাটি বিক্ৰী কৰি দিয়ে। হেলিক’প্টাৰখনৰ বাবে তেওঁ দুটা শক্তিশালী SUV ইঞ্জিনো কিনি ল’লে। সকলোবোৰ বস্তু সংগ্ৰহ হোৱাৰ পিছত চন্দ্ৰ শৰ্মাই দুগুন উৎসাহেৰে কামত লাগি গ’ল।
চাওঁতে চাওঁতে চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনে প্ৰাণ পাই উঠিল। গাৱঁৰ ৰাইজ দৌৰি ওলাই আহিল। তেওঁলোকে যেন নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাই ! তেওঁলোকৰ সন্মুখৰ বাকৰি মাটিডৰাত চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনে গৰ্জন কৰি উঠিছে। চক্ৰাকাৰে তীব্ৰগতিত ঘূৰিব ধৰিছে হেলিক’প্টাৰ খনৰ পাংখাবোৰ। পাংখাৰ ঘূৰনিৰ কোবত সৃষ্টি হোৱা বতাহৰ সোঁতে ওচৰৰ গছ লতিকাবোৰ যেন মোহাৰি লৈ যাব…!
কথা বুলিলেই বতাহ। চৌদিশে ফাটি ফুটি গ’ল থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰ শৰ্মাৰ হেলিক’প্টাৰখনৰ কথা। দুৰ দুৰণিৰ পৰা মানুহৰ সোঁত ব’বলৈ শ্যামজুলিলৈ। চন্দ্ৰ শৰ্মাৰ মতে তেওঁৰ এই হেলিক’প্টাৰখনে দুজন আৰোহী বুকুত লৈ মাটিৰ পৰা প্ৰায় ৫০ ফুট ওপৰেৰে প্ৰতি ঘণ্টাত ৬০ কিল’মিটাৰ বেগত উৰিবলৈ সক্ষম।
উৰণ অভিযন্তা অথবা উৰণ বিশেষজ্ঞ নোহোৱাকৈয়ে চন্দ্ৰ শৰ্মাই সাজি উলিওৱা এই হেলিক’প্টাৰখন আকাশত উৰাবলৈ এতিয়া প্ৰয়োজন উৰণ সক্ষমতাৰ প্ৰমান পত্ৰ। ইতিমধ্যে তাৰ বাবে প্ৰয়োজনীয় যোগাযোগ সম্পন্ন কৰা হৈছে। হয়তো কিছুদিনৰ ভিতৰতেই চন্দ্ৰ শৰ্মাৰ বহুদিনীয়া সপোনটো এক অনাবিল আনন্দদায়ক বাস্তৱত পৰিনত হ’ব। চন্দ্ৰ শৰ্মাৰ এই হেলিক’প্টাৰখন ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় স্তৰতো চৰ্চিত হৈছে। তৃতীয় শ্ৰেণীতেই পঢ়াশালি এৰি জীৱনৰ ঠিকনা বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰা চন্দ্ৰ শৰ্মাৰ প্ৰতিভা, দৃঢ়তা, আত্মবিশ্বাস আৰু একাগ্ৰতা নিসন্দেহে প্ৰশংসনীয়। চন্দ্ৰ শৰ্মাৰ দৰে ব্যক্তিসকলৰ বাবে আজি আমি অসমীয়া হিচাবে আমি গৌৰৱ কৰিব পাৰো।

Thursday 5 October 2017

মংগলগ্ৰহত মানুহৰ বসতি আৰু অক্সিজেনৰ নাটনি


সাম্প্ৰতিক সময়চোৱাত নাছাৰ বিজ্ঞানীসকলে আগন্তুক ২০৩০ চনৰ পৰা মংগল গ্ৰহৰ বুকুত মানুহৰ বসতিৰ বাবে প্ৰয়োজনীয় কাঠামো তৈয়াৰ কৰিবলৈ পূৰ্ণগতিত কাম কৰি আছে। মংগল গ্ৰহৰ পৃষ্ঠ, মংগলৰ বায়ুমণ্ডল, গ্ৰহটোৰ উষ্ণতা, মাধ্যাকৰ্ষণ অথবা মংগল পৃষ্ঠৰ ওপৰৰ মহাজাগতিক বিকিৰণ ইত্যাদি সকলোবোৰেই মানুহৰ বসতিৰ বাবে অনুপযুক্ত। তথাপিও হাৰ মনা নাই বিজ্ঞানীসকল। বিভিন্ন পৰীক্ষা-নিৰীক্ষা, গৱেষণা আদিৰ মাধ্যমেৰে সকলোবোৰ সমস্যাৰ সমাধান সূত্ৰ আৱিষ্কাৰত বৰ্তমান তেওঁলোক ব্যস্ত।
মংগল গ্ৰহত মানুহৰ বসবাসৰ প্ৰধান প্ৰতিকুলতা হ'ল গ্ৰহটোৰ বায়ুমণ্ডলত অক্সিজেনৰ অভাব। পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা সম্পূৰ্ণ পৃথক এই ৰঙচুৱা গ্ৰহটোৰ বায়ুমণ্ডল। পৃথিৱীৰ বায়ুমণ্ডলত ৭৮ শতাংশ নাইট্ৰজেন আৰু ২১ শতাংশ অক্সিজেন আছে। আনহাতে মংগল গ্ৰহৰ বায়ুমণ্ডল ৯৫ শতাংশ কাৰ্বন ডাইঅক্সাইড, ৩ শতাংশ নাইট্ৰজেন আৰু ১.৫ শতাংশ আৰ্গন গেছেৰে গঠিত। মংগল গ্ৰহৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমান ০.০২ শতাংশতকৈও কম। সেয়েহে মংগল পৃষ্ঠত মানুহৰ বসতি এক অসম্ভৱ সপোন। পৃথিৱীৰ পৰা চিলিণ্ডাৰত অক্সিজেন কঢ়িয়াই নি মংগল গ্ৰহত বসবাস কৰাৰ ধাৰনাটোও এক মূৰ্খামী। মংগল গ্ৰহৰ অক্সিজেনৰ সমস্যাটোৰ সমাধান সূত্ৰ বিচাৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা, গৱেষণা আদিবোৰ আৰম্ভ হৈছে। কাৰন ইতিমধ্যে নাছাই ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ এক পৰীক্ষামূলক অভিযান আৰু পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ ২০৩০ চনত মংগল গ্ৰহলৈ মানুহৰ প্ৰথমটো দল পঠিওৱাৰ পৰিকল্পনা তৈয়াৰ কৰি তুলিছে। তেনে ক্ষেত্ৰত মংগল গ্ৰহত অক্সিজেনৰ সমস্যাটো দূৰ কৰি মানুহৰ জীৱন সম্ভৱ কৰি তুলিবলৈ উপযুক্ত বৈজ্ঞানিক পদক্ষেপ ল'বই লাগিব।
অলপতে নাছাৰ ভাৰপ্ৰাপ্ত প্ৰশাসক ৰবাৰ্ট লাইটফুটে এই সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত শেহতীয়াকৈ নাছাই হাতত লোৱা ব্যৱস্থা সমূহৰ কথা সদৰী কৰে। তেখেতে জানিবলৈ দিয়ে যে ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ যি পৰীক্ষামূলক অভিযান চলোৱা হ'ব, সেই অভিযানতেই মংগল গ্ৰহৰ পৃষ্ঠৰ বিভিন্ন উপাদান সমূহ ব্যৱহাৰ কৰি প্ৰয়োজনীয় অক্সিজেন উৎপাদন কৰাৰ এলানি পৰীক্ষা সম্পন্ন কৰা হ'ব। এই পৰীক্ষাবোৰৰ সফলতাৰ ওপৰতেই নিৰ্ভৰ কৰিব মানুহে মংগলত বসবাস কৰাৰ ভৱিষ্যত। অৱশ্যে নাছাৰ বিজ্ঞানীসকল আশাবাদী।
নাছাৰ বিজ্ঞানী ৰবাৰ্ট লাইটফুটে প্ৰকাশ কৰা মতে মংগল গ্ৰহৰ বুকুত অপৰ্যাপ্ত পৰিমানে অক্সিজেন প্ৰস্তুত কৰাৰ বাবে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত জড়িত ৰসায়নিক বিক্ৰিয়াটো কৃত্ৰিম ভাবে মংগল গ্ৰহৰ বুকুত চলাই নিয়াৰ পৰীক্ষা কৰি থকা হৈছে। মংগল গ্ৰহৰ বায়ুমণ্ডলৰ ৯৫ শতাংশ কাৰ্বন ডাইঅক্সাইডৰ পৰা কৃত্ৰিম সালোক সংশ্লেষণ পদ্ধতিৰে যথেষ্ঠ পৰিমানে অক্সিজেন উৎপাদন কৰাৰ সম্ভাৱনা ইতিমধ্যে প্ৰতিপন্ন হৈছে। ২০২০ চনৰ মংগল অভিযানত এই পৰীক্ষা লানি গ্ৰহটোৰ বুকুত সম্পাদন কৰা হ'ব।
ৰবাৰ্ট লাইটফুটে অক্সিজেন উৎপন্ন কৰাৰ আন কেইটিমান পৰীক্ষাৰ বিষয়েও অৱগত কৰে। তেওঁ জনোৱা মতে বৰ্তমান নাছাৰ বিজ্ঞানীসকলে শক্তিশালী লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি কাৰ্বন ডাইঅক্সাইডৰ পৰা কাৰ্বন পৰমাণুটো আঁতৰাই অক্সিজেন আহৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই পৰীক্ষাটোও তেওঁলোকে ২০২০ চনৰ মংগল অভিযানত সম্পন্ন কৰি মংগলৰ বায়ুমণ্ডলত অক্সিজেন সৃষ্টি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। একেদৰে "ফুৱেল চেল" বা ইন্ধন কোষ ব্যৱহাৰ কৰিও কাৰ্বন ডাই অক্সাইডৰ পৰা বিদ্যুৎ বিশ্লেষণ কৰি অক্সিজেন উৎপন্ন কৰাৰ পৰিকল্পনা যুগুত কৰি তুলিছে। এই পৰীক্ষাবোৰ নিয়াৰিকৈ চলাই নিবৰ বাবে নাছাই ২০২০ চনৰ মংগল অভিযানত MOXIE
(The Mars Oxygen In-Situ Resource Utilization Experiment) নামৰ এটি ব্যয় বহুল প্ৰকল্প তৈয়াৰ কৰিছে আৰু এই প্ৰকল্পটোৰ কাম কাজবোৰ সঠিকভাবে চলাই নিবলৈ বহুকেইজন অৰ্হতা সম্পন্ন বৈজ্ঞানিকক দায়ীত্ব প্ৰদান কৰিছে।
(৪-১০ অক্টোবৰ, বিশ্ব মহাকাশ সপ্তাহ উপলক্ষে)