Thursday 24 March 2016

ৰেলগাড়ীৰ ব্ৰেক আৱিষ্কাৰ কৰা অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাস

সেয়া 1905 চনৰ কথা। বৰপেটাৰ বিলৰতাৰি হাটীৰ ৰামপ্ৰসাদ দাসৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হয়। পিতৃ-মাতৃয়ে নাম ৰাখিলে গুৰুপ্ৰসাদ। প্ৰাথমিক শিক্ষা সাং কৰি গুৰুপ্ৰসাদে নামভৰ্তি কৰিলে Barpeta Govt High Schoolত। পিছে গুৰুপ্ৰসাদৰ পঢ়াশুনালৈ বেছি মন নাই। সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই গুৰুপ্ৰসাদৰ মুৰত ব্যৱসায়ৰ চিন্তাই বাহ লয়। বৰপেটাৰ Ojha Store নামৰ কাপোৰৰ দোকানৰ স্বত্তাধিকাৰী এজনৰ পৰা কেইখনমান এৰী, মূগা আৰু পাটৰ কাপোৰ লৈ গুৰুপ্ৰসাদে এদিন ঘৰৰ কাকো নজনোৱাকৈ ব্যৱসায়ৰ লক্ষ্যৰে কলিকতালৈ বুলি যাত্ৰা কৰিলে। কলিকতাৰ বিভিন্ন স্থানত ঘুৰি ফুৰি গুৰুপ্ৰসাদে আৰম্ভ কৰিলে এক লক্ষ্যহীন জীৱন। হাতৰ কাপোৰ কেইখন বিক্ৰী হোৱাৰ পিছত আৰ্থিক তাগিদাত পৰি গুৰুপ্ৰসাদে ব্যৱসায়ৰ চিন্তা বাদ দি নতুন কামৰ সন্ধান আৰম্ভ কৰিলে। আৰু সোনকালেই গুৰুপ্ৰসাদে এটা মটৰগাড়ীৰ গেৰেজত মেকানিক হিচাবে নতুন কৰ্মময় জীৱন আৰম্ভ কৰিলে।



 এদিন মটৰগাড়ীৰ খুটিনাটি লৈ সেই গেৰেজলৈ আহিছিল THOMPSON & CO নামৰ তীখা উদ্যোগৰ এজন বৃটিছ ব্যৱসায়ী। গুৰুপ্ৰসাদৰ কামত মুগ্ধ হৈ তেওঁ গুৰুপ্ৰসাদক CALCUTTA TECHNICAL SCHOOLত নামভৰ্তি কৰাই দিয়াৰ লগতে নিজৰ তীখা উদ্যোগতো এটি কাম দিলে। তিনিটা বছৰ পিছত গুৰুপ্ৰসাদে CALCUTTA TECHNICAL SCHOOLৰ পৰা কাৰিকৰী শিক্ষাৰ ডিপ্লোমা লাভ কৰে। কেইবছৰমান পিছত কলকাতাৰ ইডেন গাৰ্ডেনত সৰ্বভাৰতীয় পৰ্যায়ত এখন কাৰিকৰী মেলা অনুস্থিত হৈছিল য'ত THOMPSON & COক প্ৰতিনিধিত্ব কৰি গুৰুপ্ৰসাদে অংশগ্ৰহণ কৰিছিল। গুৰুপ্ৰসাদৰ কৌশলী উদ্ভাৱন ক্ষমতা দেখি বৃটিছ ইঞ্জিনীয়াৰ সকলে তবধ মানিছিল। 1925 চনৰ সেই কাৰিকৰী মেলাত তেতিয়াৰ অসমৰ গৱৰ্ণৰ Bilton Bellএ গুৰুপ্ৰসাদৰ উদ্ভাৱন ক্ষমতা দেখি তেওঁক উন্নত কাৰিকৰী শিক্ষা লাভৰ বাবে ইংলেণ্ডলৈ পঠিওৱাৰ যো-জা কৰিলে। 1927 চনত সম্পূৰ্ণ চৰকাৰী উদ্যোগত গুৰুপ্ৰসাদ ইংলেণ্ড পালেগৈ। ইংলেণ্ডত তেওঁ বাস্প ইঞ্জিন সম্বন্ধে শিক্ষা গ্ৰহণ কৰি সফলতাৰে ডিপ্লোমা লাভ কৰে আৰু তেওঁৰ পাৰদৰ্শিতাৰ বাবে বৃটিছ চৰকাৰে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰে। গুৰুপ্ৰসাদে সফলতাৰে ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰে আৰু বৃটিছ চাবমেৰিনত প্ৰথম ভাৰতীয় মেকানিকেল ইঞ্জিনীয়াৰ হিচাবে কাম আৰম্ভ কৰে। পৰবৰ্তী সময়ত গুৰুপ্ৰসাদ জাৰ্মানীলৈ গৈ বাস্প ইঞ্জিনৰ ওপৰত বিশদ ভাবে অধ্যয়ন কৰে। এই সময়চোৱাতেই তেওঁ Heat Meter নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰে। ইংলেণ্ডলৈ ঘূৰি আহি এইবাৰ গুৰুপ্ৰসাদে Imperial Railway Serviceত ইঞ্জিনীয়াৰ হিচাবে যোগদান কৰে আৰু 1930 চনত ৰেলগাড়ীৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰে। এই ভেকুৱাম ব্ৰেকক আজিও গুৰুপ্ৰসাদ দাসৰ নাম অনুসৰি GP Vacuum Brakes বুলি কোৱা হয়। 1931 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি কলকাতাৰ হাওৰা ৰেল ষ্টেচনৰ Asst Superintendent হিচাবে কামত যোগদান কৰে। পৰবৰ্তী সময়চোৱাত তেওঁ ভাৰতৰ বিভিন্ন প্ৰদেশত কাৰ্যনিৰ্বাহ কৰি 1970 চনত অৱসৰ গ্ৰহণ কৰে। 1982 চনত এই মহান অসমীয়া বিজ্ঞানীজন পত্নী চঞ্চলা দাস আৰু দুই পুত্ৰৰ লগতে অজস্ৰ গুণমুগ্ধক কন্দুৱাই বৈকুণ্ঠগামী হয়।

Monday 21 March 2016

সোঁহতীয়া আৰু বাওঁহতীয়া লোক


ধৰা হ'ল আপোনাৰ জীয়ৰী বাওঁহতীয়া। আপোনাৰ কাৰণে ই এক স্বাভাৱিক ঘটনা। সম্বন্ধীয় বা চুবুৰীয়া দুই এজনে হয়তো আপোনাক মাৰ্জিত ভাবে জীয়ৰীক সোঁহাতখন ব্যৱহাৰ কৰোৱাৰ বাবে অভ্যাস কৰাবলৈ কৈছে। পিছে, আপুনি কি কৰিব বাৰু ? বিশেষজ্ঞ সকলৰ মতে বাওঁহতীয়া হোৱাটো ব্যক্তিগৰাকীৰ কোনো ত্ৰুটি নহয় আৰু বাঁওহতীয়া ল’ৰা-ছোৱালীক সোঁহাতেৰে কাম কৰাবলৈ জোৰ কৰিব নালাগে। পৃথিৱীৰ 96% মানুহ হৈছে সোঁহতীয়া। তেন্তে মাত্ৰ 4% মানুহ বাওঁহতীয়া হয় কিয় ? বহুতৰ মতে মানুহ সোঁহতীয়া বা বাওঁহতীয়া হয় মূলতঃ ৰীতি-নীতি আৰু পৰম্পৰাৰ বাবে। দীৰ্ঘদিনীয়া এনে ৰীতি আৰু পৰম্পৰাৰ বাবে মানুহ অভ্যাসগত ভাবে সোঁহতীয়া অথবা বাওঁহতীয়া হয়। শেহতীয়াকৈ মেক্স প্লেংক ইনষ্টিটিউটৰ এদল জীৱবিজ্ঞানীৰ গৱেষণাত এইটো প্ৰতিপন্ন হৈছে যে মানুহ সোঁহতীয়া বা বাওঁহতীয়া হোৱাৰ আঁৰত জিনেও ভূমিকা গ্ৰহণ কৰে। মানুহৰ দেহৰ বিভিন্ন অংশৰ কাৰ্য নিয়ন্ত্ৰণ কৰাত মগজুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিজ্ঞানী সকলে এই বিশেষ জিনটো চিনাক্ত কৰি উলিয়াইছে আৰু জিনটোৰ নাম দিছে - PCSK6 যিয়ে ভ্ৰূণৰ বিকাশৰ সময়ত মগজুৰ কাৰ্যকাৰীতা নিয়ন্ত্ৰণ কৰে। জীৱবিজ্ঞানীৰ দলটোৱে কৃত্ৰিম ভাবে PCSK6 নামৰ জিনটো তৈয়াৰ কৰি গিনিপিগৰ ভ্ৰূণত সংস্থাপন কৰি বেলেগ বেলেগ গিনিপিগৰ দেহত সোঁ আৰু বাওঁ দিশৰ কাৰ্যকাৰীতা সম্বন্ধে পৰীক্ষা কৰাত দেখিলে যে PCSK6 জিনৰ উপস্থিতিত গিনিপিগৰ দেহৰ বাওঁফালৰ সক্ৰিয়তা বাঢ়ে আৰু এই জিনৰ অনুপস্থিতিত সোঁফালৰ সক্ৰিয়তা বাঢ়ে। মানুহৰ দেহত মগজুৰ বাওঁফালৰ অংশটোৱে শৰীৰৰ সোঁফালৰ কামবোৰৰ পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰে আৰু মগজুৰ সোঁফালৰ অংশটোৱে শৰীৰৰ বাওঁফালৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰে। বেছিভাগ মানুহৰ ক্ষেত্ৰত মগজুৰ বাওঁফালৰ অংশটো অধিক সক্ৰিয় আৰু সেয়ে তেওঁলোকৰ দেহৰ সোঁফালৰ অংশৰ অংগ সমূহ অধিক কাৰ্যক্ষম। গতিকে সেই সকল মানুহৰ শৰীৰৰ সোঁফালটো অধিক নিপুন হয় আৰু অধিক সোনকালে পাৰদৰ্শী হৈ উঠে। গতিকে সোঁহাতেৰে কৰা কামবোৰ বাওঁহাতেৰে কৰা কামতকৈ ভাল হয়। একেদৰেই বাওঁহতীয়া ব্যক্তিসকলৰ মগজু আনটো দিশত অৰ্থাৎ সোঁদিশত বিকশিত হয় আৰু তেওঁলোকৰ মগজুৰ সোঁফালৰ অংশটোৱে দেহৰ বাওঁফালৰ অংশটোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰে। গতিকে শৰীৰৰ বাওঁফালৰ অংগ সমূহ অধিক নিপুন হয়। সেয়ে বিশেষজ্ঞ সকলৰ মতে বাঁওহতীয়া ল’ৰা-ছোৱালীক সোঁহাতেৰে কাম কৰাবলৈ জোৰ কৰিব নালাগে বৰং বাওঁহাতেৰে কাম কাজবোৰ কৰি যাবলৈ উৎসাহিত কৰা উচিত। বিশ্বৰ বহুকেইজন বৰেণ্য ব্যক্তি বাওঁহতীয়া। তেওঁলোকৰ মাজৰ কেইজনমান হ'ল: লিওনাৰ্ডো দা ভিন্সি, জোনবাইৰ বুকুত খোজ পেলোৱা মহাকাশ বিজ্ঞানী এডুইন এলড্ৰিন, মাইক্ৰ'চফ্টৰ মূৰব্বী বিল গেটচ, আমেৰিকাৰ বিখ্যাত গাড়ী নিৰ্মাতা হেনৰি ফ'ৰ্ড, পোলেণ্ডৰ বিজ্ঞানী মেৰী কুৰী, বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন, বাৰাক অবামা আৰু বহুতো.... 
তলৰ লিংকটো চাব পাৰে: http://www.indiana.edu/~primate/left.html

Sunday 20 March 2016

ভূপৃষ্ঠৰ তলৰ পৰীক্ষাগাৰত ঈশ্বৰকণাৰ আবিৰ্ভাৱ


চুইজাৰলেণ্ড আৰু ফ্রান্সৰ সীমামুৰীয়া এক স্থানত সার্নৰ দ্বাৰা পৰিচালিত বিগ বেং সম্পৰ্কীয় গৱেষণা বর্তমান সময়চোৱাত বিজ্ঞান বিশ্বৰ এটি অত্যন্ত আলোচিত বিষয়। এই গৱেষণাক লৈ বিশ্বব্যাপী বিজ্ঞানী সকলৰ লগতে সাধাৰণ লোকৰ মাজতো ব্যাপক আলোচনা হৈ আহিছে। এই গৱেষণাৰ জৰিয়তে মহাবিশ্ব সৃষ্টিৰ ৰহস্য সম্বন্ধে অনেক অজানা প্রশ্নৰ উত্তৰ পোৱা সম্ভব হ'ব বুলি বিজ্ঞানী সকলে মত পোষণ কৰিছে। 1971 চনতেই বিজ্ঞানী সকলে ইয়াৰ বাবে উদ্যোগ লৈছিল। ইয়াৰ ফলস্বৰূপে সাৰ্নৰ গৱেষণাৰ বাবে ভূপৃষ্ঠৰ তলত তৈয়াৰ কৰা হৈছে 27 কিমি দৈৰ্ঘ্যৰ এক সুৰংগ আৰু 2008 চনৰ পৰা ইয়াত বৈজ্ঞানিক পৰীক্ষা সমূহ সম্পাদন কৰা হৈছে। পৰীক্ষাৰ সময়ত এই সুৰংগৰ দুয়োদিশৰ পৰা মুখামুখি সংঘৰ্ষৰ বাবে সঞ্চালিত কৰা হৈছে দুটা প্ৰোটন। এই দুই বিপৰীতমুখী প্ৰোটনৰ সংঘৰ্ষৰ জৰিয়তে বিজ্ঞানী সকলে সৃষ্টি কৰিছে বিগ বেং সদৃশ এক পৰিবেশ। তাৰবাবে বিজ্ঞানী সকলে Large Hadron Collider বা চমুকৈ LHC নামৰ ত্বৰক যন্ত্ৰৰ সহায়ত প্ৰায় পোহৰৰ বেগৰ সমান বেগত প্ৰোটন দুটাক সংঘৰ্ষত লিপ্ত কৰাইছে। সংঘৰ্ষৰ মূহুৰ্তত সৃষ্টি হোৱা বিগ বেং সদৃশ পৰিবেশৰ পুংখানুপুংখ অধ্যয়নৰ সময়ত ইউৰোপিয়ান অৰ্গেনাইজেচন ফৰ নিউক্লিয়াৰ ৰিচাৰ্চৰ বিজ্ঞানী সকলে এটা নতুন পদাৰ্থৰ কণাৰ উপস্থিতি ধৰা পেলোৱা বুলি দাবী কৰিছে। এই নতুনকৈ আৱিষ্কাৰ হোৱা পদাৰ্থ কণাটোৱেই হিগচ বোসন বা ঈশ্বৰ কণা। আদিতে হিগচ বোসন বিজ্ঞানী সকলৰ বাবে এটি হাইপোথেটিকেল কণিকা হিচাবেহে বিবেচিত হৈ আহিছিল। পদার্থ বিজ্ঞানৰ বিশেষ থিওৰি 'স্টেণ্ডার্ড মডেল'ৰ আলমত বিজ্ঞানী সকলে এই কণিকা সম্পর্কে ধাৰণা কৰিছিল। এই হিগচ বোসন হ'ল সৃষ্টিৰ আৰম্ভণি কালৰ কেতবোৰ প্রাথমিক কণিকা। এই কণিকাৰ প্ৰসংগত বিজ্ঞানী সকলে মন্তব্য কৰিছে যে হিগচ বোসনৰ সহায়ত মহাবিশ্ব সৃষ্টিৰ প্ৰাৰম্ভিক সময়ৰ পৰিবেশ সৃষ্টি কৰা সম্ভব। হিগচ বোসনৰ উপৰিও অন্যান্য বিভিন্ন কাৰণত সাৰ্নৰ LHC পৰীক্ষা সমূহ গুৰুত্বপূৰ্ণ কিয়নো এই পৰীক্ষা সমূহৰ পৰা এক্সট্ৰা ডাইমেনশন, সুপাৰসিমেট্রি, স্ট্রিং থিওৰি , গ্রান্ড ইউনিফিকেশন থিওৰি, গ্রাভিটি এণ্ড ফাণ্ডামেণ্টেল ফোর্স, কোয়ার্ক, মেটাৰ এণ্টিমেটাৰ ভায়োলেচন, কোয়ার্ক-গ্লুৱন প্লাজমা ইত্যাদি সম্বন্ধে যথেষ্ট তথ্য আহৰণ কৰা সম্ভৱ হ'ব। সাৰ্নৰ এই পৰীক্ষা লানিত কেইবাজনো ভাৰতীয় বিজ্ঞানীয়েও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

Monday 14 March 2016

চাৰ এলবাৰ্ট আইনষ্টাইনলৈ ওপজা দিনৰ শুভেচ্ছা


শিশুটিয়ে ভালকৈ কথা ক'ব নোৱাৰে। এই বিষয়টো লৈ ঘৰত মাক দেউতাকৰ চিন্তা। এদিনৰ কথা। ৰাতি ভাতৰ টেবুলত সকলো বহি ভাত খাই আছে। এনেতে শিশুটিয়ে চিৎকাৰ কৰি উঠিল: উস্, এই চুপখিনি ইমান গৰম ! এক মূহুৰ্তৰ বাবে যেন পিতৃ-মাতৃ দুয়োজনেই আচৰিত হৈ গ'ল। আথেবেথে দুয়ো শিশুটিক সুধিলে: বোপা, তুমি ইমান ধুনীয়াকৈ কথা ক'ব পাৰা অথচ ইমান দিনে কথা কোৱা নাছিলা কিয় ? বিশেষ গুৰুত্ব নিদিয়াকৈ শিশুটিয়ে উত্তৰ দিলে: কাৰণ ইয়াৰ আগতে চুপ বোৰ ইমান গৰম নাছিল !!! এই শিশুটিয়েই পৰবৰ্তী কালত পৰিচিত হৈছিল বিজ্ঞান জগতৰ এটি উজ্জ্বল নক্ষত্ৰ হিচাবে যাৰ নাম এলবাৰ্ট আইনষ্টাইন। 1879 ৰ মাৰ্চ মাহৰ 14 তাৰিখে এই মহান বিজ্ঞানীজনৰ জন্ম হৈছিল। আজি তেওঁৰ 137তম ওপজা দিনত তেখেতলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আইনষ্টাইন এজন বিদগ্ধ পণ্ডিত আছিল। পিছে তেখেতৰ জীৱনৰ অনেক আমোদজনক কাহানিও আছে। আজি তেনে এটি কাহিনীয়েই উল্লেখ কৰিব বিচাৰিছো।
এখন সভাত আইনষ্টাইনক গুণমুগ্ধ সকলে আগুৰি আছে। এজন ছাত্ৰই তেখেতক সুধিলে: মহাশয়, আপোনাৰ সাধাৰণ আপেক্ষিকতাবাদৰ তত্বটো অলপ সহজকৈ বুজাই দিব নেকি ? আইনষ্টাইনে ক'বলৈ ধৰিলে: মোৰ তত্বটো জনাৰ আগতে মোৰ এটি অভিজ্ঞতাৰ বিষয়ে জানিব লাগিব।
এবাৰ মই এজন বন্ধুৰ লগত সময়ত অতিবাহিত কৰিছিলো। বন্ধুজন আছিল অন্ধ।মই কলো যে মোৰ গাখীৰ খাবলৈ বৰ ইচ্ছা হৈছে। বন্ধুজনে ক'লে: গাখীৰ ময়ো খাইছো, কিন্তু গাখীৰ কেনে মই নেজানো।
মই ক'লো: গাখীৰ এবিধ বগা তৰল পদাৰ্থ।
বন্ধু: তৰল পদাৰ্থৰ বিষয়ে মই জানো, কিন্তু বগা মানেনো কি ?
মই: বগা মানে সেই যে বগলীৰ গাৰ ৰঙটোৰ দৰে....
বন্ধু: বগলী নো দেখিবলৈ কেনেকুৱা ?
মই: আস্ ! বগলী দীঘল আৰু বেঁকা ডিঙিৰ চৰাইটো যে....
বন্ধু: ডিঙিটো বাৰু বুজিলো, কিন্তু বেঁকা মানেই বা কি !
আইনষ্টাইনে ক'বলৈ ধৰিলে: ইয়াৰ পিছত মোৰ ধৰ্য্যৰ বান্ধ খুলি গ'ল। মই বন্ধুজনৰ হাতখন টানি আনি কিলাকুটিত ভাঁজ লগাই বুজাবলৈ চেষ্টা কৰিলোঁ বেঁকা মানে কি ! তাৰপিছত মই বন্ধুজনক সুধিলো: আশাকৰো তুমি এতিয়া বুজিব পাৰিছা।
বন্ধু: হেঃ হেঃ হেঃ... মই এতিয়াহে বুজিলো তুমি কি খাবলৈ বিচাৰিছা !!!
(ছাত্ৰজনে আইনষ্টাইনৰ পৰা আপেক্ষিকতাবাদৰ বিষয়ে শিকিলে নে নাই, জনা নগ'ল !)

Sunday 13 March 2016

বিখ্যাত বিজ্ঞানীৰ অখ্যাত কাহিনী


বিদ্যালয়ৰ পৰীক্ষা চলি আছে। ছাত্ৰজনে পৰীক্ষা দি ঘৰলৈ ঘুৰি অহাৰ পিছত সদায়ে মাকে সোধে: বোপা, তোমাৰ পৰীক্ষা কেনে হ'ল ? তুমি সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিলা নে ? পিছে ছাত্ৰজনো বৰ একাচেকা। মাকৰ প্ৰশ্নৰ একো উত্তৰেই নিদিয়ে। মাকৰ উপৰ্যুপৰি প্ৰশ্নত বিৰক্ত হৈ ছাত্ৰজনে ভাবিবলৈ ধৰিলে- কি কৰা যায় !!

 পিছদিনা যথাৰীতি ছাত্ৰজন পৰীক্ষা দি ঘৰলৈ আহিল আৰু মাকৰো পুনৰ সেই একেই প্ৰশ্ন: আজি সকলো প্ৰশ্নৰ উত্তৰ ভালকৈ লিখিছানে ? ছাত্ৰজন নিশ্চুপ হৈয়েই ৰ'ল। পিঠিৰ পৰা স্কুলবেগটো নমাই বেগৰ ভিতৰৰ পৰা এখন বহী উলিয়াই মাকলৈ আগবঢ়াই দি ক'লে: তুমি প্ৰতিদিনেই পৰীক্ষা কেনে হৈছে জানিব বিচাৰা। সেয়ে আজি পৰীক্ষাৰ বহীখনকেই লৈ আহিছো। তুমি নিজেই চাই লোৱা !! মাকৰ অৱস্থা নক'লেও বুজিছে নিশ্চয়। এই ছাত্ৰজনেই আছিল পদার্থবিজ্ঞানৰ নোবেল পুৰষ্কাৰ বিজয়ী বিজ্ঞানী নীলচ ব'ৰ !


Tuesday 8 March 2016

তুমি নাৰী


সকলোৱেই জানো আকাশ চুব পাৰে...
তুমি নদী, তুমি কবিতা 
তুমি চৰায়ো হ'ব পাৰা
অথবা সোণালী একাজলি ৰ'দ....
অনামী নদীৰ দুকুল ওপচাই
তুমি বৰষুণ হৈ নামি আহিব পাৰা
অথবা
ক্লান্ত পখীৰ জিৰণিৰ বাবে
এজোপা বটবৃক্ষ...
সকলোৱেই জানো জুইৰ দৰে জ্বলিব পাৰে....
তুমি সুৰ, তুমি সৃষ্টি
তুমি মেঘো হ'ব পাৰা
অথবা অনামী এজাক ধুমুহা....
চোতালত তুলসী ৰুই
তুমি মৃগপহুৰ সাধু ক'ব পাৰা
অথবা
আশাৰ চাকি গছি তুমিয়েই জ্বলাব পাৰা
তুমি নাৰী, তুমি দেৱী !

Monday 7 March 2016

নিকোলা টেচলা


1664899583534a90ba1e511978239735_orig

এবাৰ এলবাৰ্ট আইনষ্টাইনক প্ৰশ্ন কৰা হৈছিল: ডাঙৰীয়া, পৃথিৱীৰ সবাতোকৈ বিচক্ষণ বুদ্ধিমত্তাৰ ব্যক্তি হিচাবে আপুনি কেনে অনুভৱ কৰে ? উত্তৰত আইনষ্টাইনে কৈছিল: ক্ষমা কৰিব, এই বিষয়ে আপোনাক নিকোলা টেচলাই হে সঠিক উত্তৰ দিব পাৰিব ! ইয়াৰ পৰাই বুজিব পাৰি যে নিকোলা টেচলা এজন অতি বিচক্ষণ বিজ্ঞানী আছিল। পিছে কোন আছিল এই নিকোলা টেচলা ? ক্রোয়েচিয়াৰ এখন সৰু অখ্যাত গাওঁ। সেয়া 1856 চনৰ জুলাই মাহৰ 10 তাৰিখ। বৰ্ষণমূখৰ এটা সিক্ত গধূলি। সিদিনা বিজুলী-ঢেৰেকণি আৰু বজ্ৰপাতে কোবাই গৈছিল ক্ৰোয়েচিয়াৰ স্মিজান নামৰ সৰু গাওঁখন। বতাহ বৰষুণৰ মাজতেই মিলুটিন টেচলা নামৰ এজন গীৰ্জাৰ পুৰোহিতৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হয়। নাতিয়েক এনে পৰিবেশত জন্ম পোৱা বাবে আইতাক মতে এয়া এক অশুভ লক্ষন আৰু সেয়ে আইতাকে শিশুটিক "অন্ধকাৰৰ সন্তান" (Child Of Darkness) বুলি অভিহিত কৰিছিল। শিশুটিৰ মাকে প্ৰতিবাদ কৰি কৈছিল যে ভৱিষ্যতে শিশুটি "আলোকৰ সন্তান" হ'ব। আৰু সঁচাকৈয়ে পিছলৈ এই শিশুটি হৈ উঠিল বিশ্ব প্ৰসিদ্ধ বিজ্ঞানী নিকোলা টেচলা !! সৰুৰে পৰা টেচলা বিচক্ষণ বুদ্ধিৰ আছিল। তেওঁৰ স্মৰণশক্তি ইমান তীক্ষ্ণ আছিল যে তেওঁ এখন কিতাপ পঢ়িলে তাৰ প্রতিটো লাইন বিশদভাবে মনত ৰৈ গৈছিল। এই প্ৰখৰ স্মৃতি শক্তিৰ বাবে ল'ৰালি কালত প্ৰায়ে তেওঁ খেলিমেলি সপোনৰ কবলত পৰি উজাগৰী নিশা পাৰ কৰিব লগীয়া হৈছিল। পিছলৈ লাহে লাহে এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ নিদ্ৰা হীনতাত ভূগিছিল। বৈজ্ঞানিক ক্ষেত্রখনলৈ টেচলাৰ অৱদান অপৰিসীম। মূলতঃ তেওঁ বৈদ্যুতিক অভিযন্ত্ৰণৰ জৰিয়তে পৰিবৰ্তী বিদ্যুতৰ ওপৰত যথেষ্ট কাম সম্পন্ন কৰে। ইয়াৰ উপৰিও তেওঁ উচ্চ বিভৱ আৰু উচ্চ কম্পনাংকৰ বিদ্যুত প্ৰবাহৰ বিষয়ে গৱেষণা কৰি বৈদ্যুতিক ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইয়াৰ উপৰিও Induction motor, Rotating magnetic field, Tesla coil, Remote control vehicle, Wireless communication, Tesla Polyphase System, Tesla's radio, Magnifying transmitter আদিৰ বাবে নিকোলা টেচলা বিশ্ব বন্দিত হৈ ৰ'ব। 1943 চনৰ জানুৱাৰীৰ 7 তাৰিখে Coronary Thrombosis ৰোগত আক্ৰান্ত হৈ 86 বছৰ বয়সত এই মহান বিজ্ঞানীজনে ইহলীলা সম্বৰণ কৰে।

Saturday 5 March 2016

মহাশূণ্যত খোজকঢ়া বা Spacewalk


ধৰাৰ বুকুৰ পৰা কেইবা শ কিলোমিটাৰ ওপৰৰ বায়ুহীন আৰু মাধ্যাকৰ্ষণহীন অৱস্থাত মহাকাশ আস্থানৰ সুৰক্ষিত কক্ষৰ পৰা বাহিৰলৈ ওলাই আহি মহাকাশৰ বুকুত ওপঙি ফুৰা অৱস্থাটোৰ কথা কল্পনা কৰিবলৈও ভয় লাগে। কিন্তু তেনে এক অতি বিপদসংকুল কাম কৰিব লগীয়া হয় মহাকাশচাৰী সকলে। মহাকাশ যানৰ মেৰামতি অথবা নিয়মিত পৰ্যবেক্ষনৰ বাবে সময়ে সময়ে মহাকাশচাৰী সকলে এক বিশেষ ধৰণৰ স্পেচ চুট বা মহাকাশৰ পোচাকৰ সৈতে অক্সিজেন চিলিণ্ডাৰ পিঠিত বান্ধি পৃথিৱীৰ পৰা কেইবা শ কিলোমিটাৰ ওপৰৰ মহাশূণ্যত ওপঙি ফুৰিব লগীয়া হয়। মহাকাশচাৰী সকলৰ এনে কাৰ্যক Spacewalk বা Extravehicular Aactivity বুলি কোৱা হয়। Spacewalk সম্পন্ন কৰা প্ৰথম জন মহাকাশচাৰী হ'ল ছোভিয়েট ৰাচিয়াৰ Alexei Leonov যিজনে 1965 চনৰ 18 মাৰ্চত 10 মিনিট সময় মহাকাশত ওপঙি ফুৰি এই অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছিল। ইয়াৰ কিছুদিন পিছত Ed White নামৰ এজন আমেৰিকান মহাকাশচাৰীয়ে 1965 চনৰ 3 জুনত প্ৰায় 23 মিনিট Spacewalk কৰে। আজিকালি মহাকাশচাৰী সকলে 5 ৰ পৰা 7 ঘণ্টা পৰ্যন্ত Spacewalk সম্পাদন কৰিব লগীয়া হয়। মহাকাশত আটাইতকৈ বেছি সময় Spacewalk সম্পাদন কৰাৰ বিশ্ব ৰেকৰ্ড আছে Anatoly Solovyev নামৰ ছোভিয়েট ৰাচিয়াৰ মহাকাশচাৰী জনৰ নামত। তেখেতে সৰ্বমুঠ 16 বাৰ Spacewalk কৰি সৰ্বোচ্চ 82 ঘণ্টা মহাকাশত ওপঙি ফুৰিছে।

Wednesday 2 March 2016

ভাৰতৰ ৰকেট বিজ্ঞান আৰু চাইকেল চলোৱা বিজ্ঞানী



কেৰেলা প্ৰদেশৰ থিৰুঅনন্তপুৰমৰ সমীপবৰ্তী এখন অখ্যাত ঠাই - থুম্বা। এখন অখ্যাত মাছমৰীয়া জনবসতিৰ গাওঁ। অখ্যাত হ'লেও বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই গাওঁখনৰ গুৰুত্ব যথেষ্ট বেছি, কিয়নো এই গাওঁখন পৃথিৱীৰ চুম্বকীয় বিষুব ৰেখাৰ তেনেই কাষতে। এই ভৌগোলিক বিশেষত্বৰ বাবেই 1962 চনত হোমী জাহাংগীৰ ভাবা আৰু বিক্ৰম চাৰাভাইৰ নেতৃত্বত থুম্বাত অংকুৰিত হৈ উঠে Indian National Committee for Space Research বা চমুকৈ INCOSPAR নামৰ ভাৰতীয় মহাকাশ বিজ্ঞানৰ প্ৰথমটো বীজ।


সেয়া 1963 চনৰ কথা। INCOSPARত কেইজনমান যুৱ ভাৰতীয় বিজ্ঞানীৰ ওপৰত ন্যস্ত কৰা হ'ল সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰ আধাৰত মহাকাশ পৰিক্ৰমাৰ বাবে ৰকেট তৈয়াৰ কৰাৰ দায়িত্ব। এ পি জে আব্দুল কালাম প্ৰমূখ্যে সকলোবোৰ বিজ্ঞানী ব্যস্ত হৈ পৰিল আৰু যথা সময়ত তৈয়াৰ হৈ উঠিল এটি ক্ষুদ্ৰ ৰকেট। এতিয়া সমস্যা হৈ থিয় দিলে উৎক্ষেপণ ক্ষেত্ৰৰ অভাৱ। পিছে আমাৰ যুৱ বিজ্ঞানী সকলো কম নহয়। থুম্বাৰ St Mary Magadelene's Church নামৰ স্থানীয় এটা কেথলিক গীৰ্জাৰ চৌহদটোৱেই তেওঁলোকে বাচি ল'লে ৰকেট উৎক্ষেপণ বাবে। গীৰ্জাৰ বিচপৰ কোঠাটো আমাৰ বিজ্ঞানী সকলে প্ৰস্তুত কৰি উলিয়ালে নিয়ন্ত্ৰণ কক্ষ হিচাবে আৰু কাষৰেই নাৰিকল বাগানখন সাজু কৰি উলিয়ালে উৎক্ষেপণ ক্ষেত্ৰ হিচাবে। বিচপৰ গোহালিটো পৰিষ্কাৰ কৰি সজাই তোলা হ'ল বিজ্ঞানী সকলৰ বিশ্ৰাম গৃহলৈ। উৎক্ষেপণ কৰিবলগীয়া ৰকেটটোৰ সহায়ত বিজ্ঞানী সকলে বায়ুমণ্ডলৰ উষ্ণতা, বায়ুমণ্ডলীয় গেছৰ ব্যাপণ আৰু বতাহৰ গতি সম্বন্ধে অধ্যয়ন কৰিব। ইতিমধ্যে দুখলপীয়া ৰকেটৰ বাবে প্ৰয়োজনীয় ইন্ধন আৰু বায়ুমণ্ডলৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা ছডিয়ামৰ সংগ্ৰহ কৰা হৈছে। 

বিজ্ঞানীসকল এতিয়া পুনৰ চিন্তাত পৰিল কাৰণ তৈয়াৰ কৰা ৰকেটৰ বিভিন্ন অংশবিশেষ, ইন্ধন, পেল'ড আদি বোৰ গীৰ্জাৰ পৰা নাৰিকলৰ বাগান অৰ্থাৎ উৎক্ষেপণ স্থলীলৈ কঢ়িয়াই নিয়া যায় কেনেকৈ ! শেষত সিদ্ধান্ত লোৱা হ'ল যে ৰকেট আৰু ইয়াৰ বিভিন্ন অংশবোৰ চাইকেলত তুলি লাহে ধীৰে নাৰিকলৰ বাগানখনলৈ কঢ়িয়াই নিয়া হ'ব। কথা মতেই কাম।

1963 চনৰ 21 নৱেম্বৰৰ কথা। বিজ্ঞানীসকলে চাইকেলৰ কেৰিয়াৰত ৰকেট আৰু প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীবোৰ বান্ধি পুৱাতেই ওলাল নাৰিকলৰ বাগানৰ উৎক্ষেপণ কেন্দ্ৰলৈ বুলি। এ পি জে আব্দুল কালামে চাইকেল চলাব নজনা বাবে সহযোগী বিজ্ঞানী এজনে চলোৱা চাইকেলৰ কেৰিয়াৰতে বহি লৈ উৎক্ষেপণ কেন্দ্ৰলৈ আগবাঢ়িল। গন্তব্য স্থানত গৈ পোৱাৰ পিছত বিজ্ঞানী সকলে ৰকেটৰ বিভিন্ন অংশসমূহ সঠিক ভাবে সংস্থাপন কৰি কাউণ্ট ডাউন আৰম্ভ কৰিলে: 5, 4, 3, 2, 1, 0.... মূহুৰ্তৰ ভিতৰতে থুম্বাৰ আকাশত সুমথিৰা হালধীয়া বৰণৰ ছডিয়াম বাষ্পৰ ধোঁৱাৰ ৰেখা আঁকি ভাৰতৰ প্ৰথমটো ৰকেটে মহাকাশলৈ গতি কৰিলে। বিজ্ঞানীসকলে আনন্দত ইজনে সিজনক সাবটি ধৰিলে। অপলক দৃষ্টিৰে ভাৰতৰ যুৱ বিজ্ঞানীসকলে আকাশৰ পিনে চাই ৰ'ল আৰু ৰকেটটোৱে বিশ্ববাসীক ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ কৃতকাৰ্যতাৰ বাতৰি দিবলৈ উৰি গ'ল ওপৰলৈ আৰু বহু ওপৰলৈ .....