Thursday, 3 September 2026

শৈশৱৰ শিক্ষক দিৱস

 


আশীৰ দশকৰ কথা। আমি স্কুলত পঢ়ি থকা সময়। স্কুলৰ জপনামুখ পাৰ হৈয়েই পকেটৰ কোণত সযতনে সাঁচি ৰখা পঞ্চাশ পইচাটোৰে কিনি লৈছিলোঁ কাগজৰ সৰু ঘূৰণীয়া সেই বেজটো, যাৰ একাষত থাকে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবি। সেই মুহূৰ্তৰ পৰাই আৰম্ভ হৈছিল বিশেষ দিনটোৰ কিবা এটা মিঠা মিঠা শিহৰণ। বগা ইউনিফৰ্মৰ চোলাটোৰ বুকুত পিন মাৰি লগাই লৈছিলোঁ কাগজৰ বেজটো। কেতিয়াবা চোলাটোৰ জেপৰ ওপৰত বেজটো বেঁকাকৈ লাগীছিল। লগৰ কোনোবা এজনে পিনটো খুলি আকৌ এবাৰ বেজটো পোনে পোনে খাপ খুৱাই মাৰি দিয়াৰ পিছত মনটো এক অনাবিল আনন্দ আৰু গৌৰৱেৰে ভৰি পৰিছিল।

সাধাৰণ দিনবোৰত ধূলি-বালি আৰু চকমাটিৰ দাগ লগা স্কুলৰ ইউনিফৰ্মযোৰ যেন সিদিনা সেই কাগজৰ টুকুৰাটো লগোৱাৰ লগে লগে কোনো এক বিশেষ সন্মানৰ মেডেল পিন্ধা পোছাকলৈ ৰূপান্তৰিত হৈছিল! পুৱাৰ প্ৰাৰ্থনা সভাত শিক্ষকে আমাৰ সেই দিনটোৰ গুৰুত্ব সম্পৰ্কে জনাইছিল। প্ৰাৰ্থনা সভাত থিয় হওঁতে আমাৰ বুকুখন নিজে নিজেই অলপ বেছিকৈ ফুলি উঠিছিল, বাৰে বাৰে চকু গৈছিল বুকুখনলৈ - বেজটো ওলোটা হৈ যোৱা নাইতো! থিকেই লাগি আছেতো ! সেইটো কেৱল এটা কাগজৰ টোকেন নাছিল। সেয়া আছিল আমাৰ বাবে বুকুৰ ওপৰত সযতনে আঁৰি লোৱা শিক্ষকসকলৰ প্ৰতি নিভাঁজ শ্ৰদ্ধা আৰু এক বৃহৎ উৎসৱৰ অংশীদাৰ হোৱাৰ অনাবিল শিশুসুলভ অহংকাৰ। সিদিনা স্কুলৰ বাৰাণ্ডাত, শ্ৰেণীকোঠাত সকলোতে সকলোৰে বুকুত জলমলাই আছিল একেটাই কাগজৰ বেজ। প্ৰথম শ্ৰেণীৰ সৰু ল’ৰা-ছোৱালীবোৰৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈকে। 

নিয়মীয়া পঢ়া-শুনা, হঠাতে হোৱা মৌখিক পৰীক্ষা বা শ্ৰেণীকোঠাত শিক্ষকৰ অনুশাসনৰ ভয় সেইদিনা মুহূৰ্ততে উৰি গৈছিল। আমি নাৰ্জী ফুলেৰে ওপচাই ৰাখিছিলোঁ ছাৰৰ টেবুলখন। ব্লেকব’ৰ্ডত চকেৰে কঁপা কঁপা হাতেৰে অঁকা ফুল আৰু পাতৰ ছবিৰ মাজত লিখিছিলোঁ - “শুভ শিক্ষক দিৱস”।  

দুপৰীয়া টিফিন পিৰিয়ডৰৰ দৌৰা-দৌৰি আৰু উৎপাতবোৰ কৰোতে আবেলিৰ ফালে বেজটোৰ চুকবোৰ অলপ কোঁচ খাই পৰিছিল। বিদ্যালয় ছুটীৰ পিছতো কাগজৰ সেই বেজটো পেলাই দিয়াৰ কথা ভাবিবই নোৱাৰিছিলো। ঘৰলৈ আহি অতি সাৱধানে বুকুৰ পৰা পিনটো খুলি কাগজৰ বেজটো জ্যামিতি বাকচৰ ভিতৰত অথবা কিতাপৰ মাজত সযতনে ৰাখি থৈছিলোঁ বছৰ বছৰ ধৰি সজীৱ হৈ থাকিবলৈ। মূল্যৰ ফালৰ পৰা সেই কাগজৰ বেজটো হয়তো আছিল তেনেই নগণ্য, কিন্তু শৈশৱৰ সেই দিনটোত সেই বেজটোৱে বুকুলৈ কঢ়িয়াই অনা আনন্দ, আত্মবিশ্বাস আৰু পৱিত্ৰ শ্ৰদ্ধাৰ অনুভূতি আজিও আমাৰ স্মৃতিৰ কোঠালিত চিৰসেউজ হৈ ৰৈ গৈছে।