Thursday, 24 September 2026

গছে আকোঁৱালি লোৱা সেই চাইকেলখন


প্ৰকৃতি আৰু মানৱ ইতিহাসৰ মিলন কেতিয়াবা এনে এক ৰূপত ঘটে, যিয়ে মানুহক একে সময়তে আশ্চৰ্যান্বিত আৰু আৱেগিক কৰি তোলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ৰাজ্যৰ ভাশ্ব’ন দ্বীপৰ (Vashon Island) এখন ঘন অৰণ্যৰ মাজত এনে এক দৃশ্য দেখিবলৈ পোৱা যায়— য’ত মাটিৰ পৰা কেইবা ফুট ওপৰত এখন পুৰণি লোহাৰ চাইকেল নিজৰ দেহত এনেদৰে আকোঁৱালি লৈছে, যেন সেয়া কোনো নিৰ্জীৱ যন্ত্ৰ নহয়, বৰঞ্চ গছজোপাৰেই এক স্পন্দিত অংগ। বননিৰ সেউজীয়া আৱেষ্টনীৰ মাজত মামৰে ধৰা এই চাইকেলখনে যোৱা কেইবাদশক ধৰি প্ৰতিজন সংবেদনশীল মানুহৰ মনত এক অপূৰ্ব বিস্ময় আৰু বুজাব নোৱাৰা আৱেগৰ সৃষ্টি কৰি আহিছে। বিশ্বজুৰি এই দৃশ্যটো "বাইচাইকেল ট্ৰী" (The Bicycle Tree) নামেৰে খ্যাত।

​এই বিস্ময়কৰ ঘটনাটো লৈ মানুহৰ মুখে মুখে বাগৰি ফুৰা কাহিনীটো হৃদয় কঁপাই যোৱা এক কৰুণ গাঁথা। প্ৰচলিত লোককথা অনুসৰি, ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাত কোনো এজন তজবজীয়া ডেকা ল’ৰাই দেশৰ আহ্বানত যুদ্ধক্ষেত্ৰলৈ ওলাইছিল। ঘৰৰ পৰা চাইকেলেৰে আহি তেওঁ হাবিখনৰ এই কুমলীয়া গছপুলিটোৰ কাষতেই নিজৰ মৰমৰ চাইকেলখন শিকলিৰে বান্ধি থৈ গৈছিল। মনত হয়তো সপোন আছিল যুদ্ধ জিনি আকৌ ঘূৰি আহি এই চাইকেল চলাই নিজৰ গাঁৱৰ চিনাকি বাটেৰে আনন্দৰে ঘূৰি ফুৰিব। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত সেই ল’ৰাজন আৰু কেতিয়াও ঘূৰি নাহিল; কেৱল ৰৈ গ’ল তেওঁৰ বাবে অপেক্ষাৰত নিসংগ চাইকেলখন। তেওঁৰ চিৰদিনীয়া অনুপস্থিতি যেন নিঃশব্দে অনুভৱ কৰিছিল সেই গভীৰ অৰণ্যই, যাৰ বাবে গছজোপাই দশকৰ পিছত দশক ধৰি চাইকেলখন নিজৰ বুকুত সাৱটি আকাশৰ ফালে কঢ়িয়াই লৈ গ’ল এক জীৱন্ত স্মৃতিসৌধৰ দৰে।

​অৱশ্যে বাস্তৱৰ পটভূমিটো যুদ্ধৰ নাছিল যদিও, সিও আছিল এক বিষাদ আৰু পাহৰি যোৱা শৈশৱৰ অমলিন অধ্যায়। প্ৰকৃত ঘটনাটো আছিল ১৯৫৪ চনৰ, যেতিয়া এক শোকাবহ অগ্নিকাণ্ডত পিতৃক হেৰুৱাই ভাশ্ব’ন দ্বীপৰ এটি কণমানি ল’ৰা ডন পাজ আৰু তেওঁৰ পৰিয়ালটো দিশহাৰা হৈ পৰিছিল। সেই কঠিন সময়ত চুবুৰীয়াই মৰম আৰু সহানুভূতিৰ হাত আগবঢ়াই ডনক উপহাৰস্বৰূপে দিছিল এই  ৰবৰৰ চকাযুক্ত সৰু চাইকেলখন। পিতৃহাৰা শিশুটিৰ মনত কিন্তু সেই গধুৰ আৰু ৰৱৰৰ চকাযুক্ত চাইকেলখনে বিশেষ স্থান নাপালে; এদিন অৰণ্যৰ মাজত উমলি থাকোঁতে তেওঁ চাইকেলখন এজোপা গছত আউজাই থৈছিল। কিছুপৰ উমলি থকাৰ পিছত ডন ঘৰলৈ উভতি আহিল কিন্তু চাইকেলখনৰ কথা পাহৰি অৰণ্যৰ মাজতেই এৰি থৈ আহিল। ঘৰলৈ ঘূৰি অহাৰ পিছত চাইকেলখনৰ কথা মনত পৰিছিল যদিও তেওঁ চাইকেল আনিবলৈ নগ'ল, কাৰণ তেওঁ চাইকেলখন ভাল নেপাইছিল।

​মানুহে পাহৰি গ’লেও প্ৰকৃতিয়ে কিন্তু একোকে পাহৰি নেযায়। গছজোপাই সেই পেলাই থৈ যোৱা লোহাৰ চাইকেলখনক অৱহেলা নকৰি তাৰ প্ৰতিটো ঋতুৰ বৃদ্ধি আৰু নতুন কাণ্ডৰ আৱৰণেৰে ক্ৰমান্বয়ে নিজৰ গভীৰলৈ সুমুৱাই ল’লে। চাৰিটা দশকৰ অন্তত যেতিয়া পূৰ্ণবয়স্ক ডনে নিজৰ পাহৰি যোৱা শৈশৱক সেই বিশাল গছজোপাৰ বুকুত পুনৰ আৱিষ্কাৰ কৰিলে, তেতিয়া লোহা আৰু জীয়া কাঠৰ সেই অদ্ভুত মিলনে যেন সোঁৱৰাই দিলে যে সময়ৰ সোঁতত মানুহ গুচি যায়, কিন্তু প্ৰকৃতিয়ে মানুহৰ স্মৃতিবোৰ বুকুত সাঁচি ৰাখে। সেয়া এজন যুদ্ধৰ পৰা উভতি নহা সৈনিকৰ নীৰৱ বেদনাই হওক অথবা এটি অনাথ শিশুৰ পাহৰি যোৱা শৈশৱৰ কোনো পদচিহ্নই হওক, গছে আকোঁৱালি লোৱা এই চাইকেলখনে আজিও মানুহক নীৰৱে কয়— সময় ক্ষণস্থায়ী, কিন্তু প্ৰকৃতিৰ স্নেহময় কোলাত কোনো স্মৃতিয়েই কেতিয়াও অসাৰ হৈ হেৰাই নাযায়।

ইউটিউব ভিডিঅ’: https://youtu.be/Oja-ZgLsbF8?si=85IDXDqUuv7H2GhE

শৈশৱৰ সংগীত সাধনা

 


মানুহৰ জীৱনত কিছুমান হেঁপাহ থাকে। যেতিয়া কোনো এটা সপোনে বুকুত গজালি মেলে, তেতিয়া পৃথিৱীৰ কোনো নিয়মেই যেন তাক বান্ধি ৰাখিব নোৱাৰে। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে মোৰো তেনে এটি হেঁপাহ উপজিছিল। গহপুৰৰ পৰা আঠ কিলোমিটাৰ আঁতৰৰ ডুবিয়াত তেতিয়া দেউতা কৰ্মৰত। দেউতাৰ লগত আমিও চৰকাৰী ঘৰত থাকো। সংগীতৰ নিচাটোৱে তেতিয়া মোৰ কলিজাত এনেকৈ খোপনি পুতি লৈছিল যে প্ৰতি দেওবাৰে অঞ্চলটোৰ সুকণ্ঠী গায়ক শ্ৰদ্ধাৰ বীৰেন গগৈ ছাৰৰ পদূলি গচকাটো মোৰ নিয়মীয়া সাধনা হৈ পৰিছিল। ছাৰে অতি মৰমেৰে মোক সংগীতৰ অ, আ, ক, খ খিনি বুজাই আছিল। কিন্তু বিধিৰ কি বিধান! কণ্ঠত সুৰৰ গভীৰতা আহিবলৈ নৌপাওঁতেই স্কুলৰ বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভাখন আহি পালেহি। মনৰ ভিতৰত নিটাল মাৰি থকা গান গোৱাৰ ‘পোকটোৱেও’ এই চেগতে এনেকুৱা কামোৰ দিলে যে মই অধৈৰ্য্য হৈ পৰিলোঁ।

​বুকুৰ ঢপঢপনিবোৰ চেপি ধৰি, দুটামান সেপ ঢুকি কোনোমতে সাহস গোটাই মোৰ সংগীতৰ গুৰু বীৰেন ছাৰৰ আগত মনৰ কথা ক'লো। ছাৰে মোৰ মুখলৈ চাই ক'লে — হেৰৌ, তই এতিয়াই গান গাবলৈ উপযুক্ত হোৱা নাই। আৰু সাধনা লাগিব। আৰু বহু অভ্যাসৰ প্ৰয়োজন! কথাতো শুনি মোৰ হৃদয়খন যেন পলকতে থানবান হৈ গ'ল! হয়তো মোৰ উদাস মুখখন দেখি ছাৰৰ অন্তৰখন কোমল হ'ল। তেখেতে লগে লগে ৰেৱ বৰা ছাৰক তবলা সংগত কৰিবলৈ দি নিজে হাৰমনিয়ামৰ ৰিদ’ত আঙুলি বুলাই আৰম্ভ কৰিলে ৰামেশ্বৰ পাঠকৰ সেই কালজয়ী লোকগীতটি— "কৰ্ণত কুণ্ডল তোমাৰ মাথে মৈৰাৰ পাখি…!"

গীতটো শেষ কৰি ছাৰে মোৰ চকুলৈ চাই এক নিৰ্দেশাত্মক স্বৰেৰে ক’লে— "তই এইটোকে গাব লাগিব!" ​মই যেন আকাশ ঢুকি পালোঁ! তাৰ পিছত আৰম্ভ হ’ল মোৰ আহোপুৰুষাৰ্থ ‘প্ৰচেষ্টা’। ছাৰে নিৰ্দেশ দিছিল— "ডাঙৰকৈ গাবি, মাতটো খুলিব লাগিব!" গুৰুৰ বাক্য শিৰোধাৰ্য কৰি ঘৰত যেতিয়াই-তেতিয়াই ডিঙিৰ সিৰ ফুলাই চিঞৰিবলৈ ধৰিলোঁ — "কৰ্ণত কুণ্ডল তোমাৰ মাথে মৈৰাৰ পাখি…!" ফাটি যোৱা মাত, সুৰৰ ঠিকনা নাই। এদিন দুপৰীয়া মোৰ সেই বুকুভঙা চিঞৰত দেউতাৰ কেঁচা টোপনি ভাগিল। মনত পৰে, শোৱাপাটীৰ পৰাই দেউতাই মাক চিঞৰি সুধিছিল — "হেৰা, আমাৰ এই গৰুটো বলিয়া হ'ল নেকি?" আজিও মনত পৰে তাহানিৰ কথাবোৰ। 

​অৱশেষত সেই বহু প্ৰত্যাশিত দিনটো আহিল। লোকগীত প্ৰতিযোগিতাৰ চাৰি নম্বৰ প্ৰতিযোগী মই। মঞ্চৰ পৰা নামটো ঘোষণা হোৱাৰ লগে লগেই বুকুখন চিৰিংকৈ উঠিল যদিও আত্মবিশ্বাসৰ কোনো অভাৱ নাছিল। মঞ্চত তবলা আৰু হাৰমনিয়াম লৈ ওপৰৰ ক্লাছৰ দাদা দুজন বাদ্যযন্ত্ৰী হিচাপে সাজু হৈয়েই আছিল। মই টেবুলখনৰ কাষত থিয় হৈ দেখোঁ — উৱা ! মাইক্ৰ’ফোনটো আকাশ চুবলৈহে যেন ওলমি আছে! দাদা এজনে টানি-টুনি মাইক্ৰ'ফোনটো নমাই দিয়াৰ পিছতো মই ঢুকি পোৱা নাই। মোৰ এই দুৰৱস্থা দেখি মঞ্চৰ এচুকত আমাৰ দৰে চাপৰ প্ৰতিযোগীৰ বাবে সাজু কৰি ৰখা সেই দুচপৰা ৰঙা ইটা আনি মোৰ ভৰিৰ তলত দিয়া হ’ল। দুচপৰা ইটাৰ ওপৰত থিয় হৈ মই যেন পৃথিৱী জয় কৰাৰ আনন্দত আত্মহাৰা হ’লোঁ। এজন বাদ্যযন্ত্ৰীয়ে ক’লে— "গা এতিয়া!"

​বচ্, ক’বলৈহে পালে! মোৰ বুকুত সাঁচি ৰখা সমস্ত শক্তি উজলাই চিঞৰি উঠিলোঁ— "কৰ্ণত কুণ্ডল তোমাৰ মাথে মৈৰাৰ পাখি…!" মাইকত মাতটো ঠিক বিজুলী ঢেৰেকনিৰ দৰে গুমগুমাই উঠিল। তাল ক’ত গ’ল, লয় ক’ত হেৰাল — কাৰো কোনো মতলব নাই! মই মোৰ গতিৰে গানৰ এক্সপ্ৰেছ চলাই গৈ থাকিলোঁ। মনতে ভাবিছোঁ, বাদ্যযন্ত্ৰীসকলে হয়তো মোৰ লগত তাল মিলাবলৈ সুযোগ বিচাৰি আছে, নিশ্চয় বজাব এতিয়া! প্ৰায় পাঁচ মিনিটমান জোৰা দীঘলীয়া লোকগীতটি মই এক মিনিটৰ ভিতৰতেই এক উশাহতে গাই শেষ কৰি পেলালোঁ। গীতৰ শেষত বিজয়ীৰ দৰে মূৰ দাঙি চাৰিওফালে চাই দেখোঁ— মোৰ কাষত এজনো বাদ্যযন্ত্ৰী নাই! মোৰ সেই অতিমানৱীয় গতিৰ লগত মিলি থাকিব নোৱাৰি তেওঁলোকে বাদ্য এৰি কেতিয়াবাই সেই স্থান ত্যাগ কৰিছে!

ইপিনে সমগ্ৰ প্ৰেক্ষাগৃহত হাঁহি, সুঁহুৰি আৰু হাতচাপৰিৰ এনে এক খলকনি উঠিল যে মই ভাবিলোঁ— অহ্, আজি নিশ্চয় মই তামাম গান গাই দিলোঁ! ​কিন্তু মোহভংগ হ’বলৈ বেছি সময় নালাগিল। বুকু ফুলাই যেতিয়া মঞ্চৰ পৰা নামি আহিলোঁ, সকলোৰে মুখত হাঁহি। তাৰ মাজতেই নৱম শ্ৰেণীৰ তবলা বজোৱা দাদাজনে পিছফালৰ পৰা আহি মোৰ সোঁকাণখন এনেকৈ মুচৰি দিলে যে মই চকুৰে সৰিয়হ ফুল দেখিবলৈ পালোঁ! দাঁত কামুৰি তেওঁ ক’লে— "এইবোৰ কি গান গাইছ হেৰৌ?!" বহুপৰলৈকে মোৰ কাণখন আঙঠাৰ দৰে ৰঙা হৈ জ্বলি থাকিল। ঘৰলৈ অহাৰ পিছত মায়ে যেতিয়া চিন্তিত হৈ সুধিলে— "তোৰ কাণখন কিয় ইমান ৰঙা?" মই তলমূৰ কৰি মনে মনে ৰ’লোঁ।

​সেই দিনাই মোৰ সংগীত সাধনাৰ সমাধি ঘটিল। তাৰ পিছত আৰু কেতিয়াও বীৰেন ছাৰৰ ঘৰলৈ যোৱাৰ সাহস গোটাব নোৱাৰিলোঁ। ষষ্ঠ শ্ৰেণীৰ সেই দুচপৰা ইটা আৰু কাণৰ মোচৰটোতেই মোৰ সুৰৰ কেৰিয়াৰৰ যৱনিকা পৰিল।

​এতিয়া আক্ষেপ নাই, কিন্তু যেতিয়াই ক’ৰবাত লোকগীতৰ সুৰ শুনো, শৈশৱৰ সেই নিষ্পাপ হাঁহি আৰু বেদনাৰ দিনবোৰৰ স্মৃতিয়ে বুকুৰ এচুকত এটা চিনাকি টোকৰ মাৰি যায়। হয়, গান মোৰ কণ্ঠই পাহৰি গ’ল, কিন্তু সংগীতে মোক এৰি নগ’ল। আজি মই গান গাব নোৱাৰোঁ সঁচা, কিন্তু গান মোৰ প্ৰিয়। গান শুনোঁ — কেৱল কাণেৰে নহয়, জীৱনক জীপাল কৰিব পৰা গানবোৰ শুনো একান্ত মনে, হৃদয়েৰে।

Monday, 21 September 2026

A cherished family tradition.


After seeking the blessings of Lord Ganesha and Lord Shiva, we lovingly offer the first invitation of our daughter’s wedding to her maternal uncle on 20 September, 2026. 


মৌনতা


  • মৌনতা জীৱনৰ পৰম মিত্ৰ।  
  • ​মৌনতাই আত্ম-চিন্তনক শক্তি প্ৰদান কৰে।  
  • ​মৌনতাই অতিন্দ্ৰিয় সুখৰ অনুভূতি কৰায়।  
  • ​মৌনতা আধ্যাত্মিক উন্নতিৰ বাবে ব্ৰহ্মাস্ত্ৰ স্বৰূপ।  
  • ​মৌনতা মানেই ব্যৰ্থ আৰু সাধাৰণ সংকল্পৰ পৰা মুক্তি।  
  • ​মৌনতাৰ শক্তিয়ে মনৰ একাগ্রতা বৃদ্ধি কৰে।  
  • ​মৌনতা স্থিতি গঢ়ি তোলাৰ আটাইতকৈ সৰল উপায়। 
  • ​মৌনতা মানে গুণগত তথা শ্ৰেষ্ঠ সংকল্প সঞ্চাৰ হোৱা। 
  • ​মৌনতা হৈছে অপ্ৰয়োজনীয় চিন্তাৰ পৰা মুক্ত হোৱাৰ শক্তি।  
  • ​মৌনতা চিন্তাধাৰাক শ্ৰেষ্ঠ কৰি তোলাৰ এক টনিক।  
  • ​মৌনতা কন্দল-অশান্তি দূৰ কৰাৰ এক অমোঘ ঔষধ। 
  • ​মৌনতা মনৰ স্থিতিক সবল কৰাৰ দৰব।  
  • ​মৌনতাত এক সাধনা যিয়ে মনৰ শক্তি বৃদ্ধি কৰে।  
  • ​মৌনতা স্বধৰ্মত টিকি থকাৰ একমাত্ৰ শ্ৰেষ্ঠ পদ্ধতি।  
  • ​মৌনতা পৰমাত্মাত বিলীন হৈ যোৱাৰ এক সহজ পুৰুষাৰ্থ।  
  • ​মৌনতা এক সৰ্বোত্তম ভাষা।  
  • ​মৌনতা দুখ বেদনা পাহৰি ক্ষমা কৰি দিয়াৰ এক মাধ্যম।  
  • ​মৌনতা পৰমাত্মাৰ সুখ অনুভৱ কৰা এক উপায়।  
  • ​মৌনতা সমৰ্পণৰ সঞ্জীৱনী।  
  • ​মৌনতা পৰমাত্মাৰ অনুভূতি লাভ কৰাৰ সৰ্বশ্ৰেষ্ঠ মাৰ্গ।  

Friday, 18 September 2026

এখন বিএচএ চাইকেল


ৰদে-বৰষুণে খোজকাঢ়ি স্কুললৈ যোৱা সেই দিনবোৰ বাৰু আপোনাৰ  মনত আছেনে? কান্ধত কিতাপৰ গধুৰ বেগটো লৈ, ধূলিয়ৰি আলিবাটেৰে যেতিয়া ক্লাছৰ দিশে আগবাঢ়িছিলোঁ, সেই পথটো যেন শেষেই হ’ব নোখোজা এক অন্তহীন যাত্ৰা আছিল। দুপৰীয়াৰ প্ৰখৰ ৰ’দত ঘৰলৈ উভতি আহোঁতে ভাগৰুৱা ভৰি দুখনে আৰু খোজ ল’বলৈ অস্বীকাৰ কৰিছিল। পিছে ঘৰ পাই যেতিয়াই দেউতাৰ মুখলৈ চাইছিলোঁ, তাত দেখিবলৈ পাইছিলোঁ এক গভীৰ, অসহায় চাৱনি; সন্তানৰ ভাগৰুৱা মুখখন দেখি নীৰৱে চকুলো টোকা এজন পিতৃৰ মৌন প্ৰতিশ্ৰুতি।

​তাৰ পাছতেই জীৱনৰ সেই আটাইতকৈ মধুৰ ক্ষণটো আহিল। তেতিয়া মই অষ্টম শ্ৰেণীত। নতুন শ্ৰেণীলৈ উঠাৰ আনন্দৰ মাজতেই এদিন সন্ধিয়া ঘৰৰ চোতালত আহি থমকি ৰ’ল জীৱনৰ প্ৰথমটো সপোন - এখন নতুন ২২ ইঞ্চিৰ বিএছএ চাইকেল। সেইখন মোৰ বাবে এখন সাধাৰণ বাহন নাছিল, বৰং সেয়া আছিল দুভৰিৰ শিকলি খুলি দিয়া ডেউকা। নতুন ৰবৰৰ গোন্ধ, ৰূপালী ৰিমৰ চিকমিকনি আৰু টিলিঙাটোৰ মিঠা ‘ট্ৰিং-ট্ৰিং’ শব্দটোৱে মোৰ বুকুত কি যে এক শিহৰণ জগাই তুলিছিল! 

​প্ৰথমবাৰ পেডেল মৰাৰ সেই অনুভৱ—বতাহজাক যেন বুকুত আচাৰ খাই পৰিছিল, চুলিবোৰ উৰিছিল আৰু ভৰি দুখনৰ বহুদিনীয়া ভাগৰ একে মুহূৰ্ততে পাহৰি গৈছিলোঁ। যি বাটেৰে ভৰি চোঁচৰাই স্কুলৰ পৰা ঘৰমুৱা হৈছিলোঁ, সেই একেটা বাটেৰেই যেন মই উৰিবলৈ শিকিলোঁ! স্কুলৰ সুদূৰ বাটটো এক নিমেষতে মোৰ বাবে তেনেই চমু হৈ পৰিল। 

১৯৮২ চনৰ সোণালী শৈশৱৰ সেই স্মৃতিবোৰ আজিও মনৰ দাপোনত একেদৰেই উজ্জ্বল হৈ আছে। নতুন বিএছএখন হাতত পোৱাৰ আগৰ দিনবোৰৰ সোৱাদেই আছিল সম্পূৰ্ণ সুকীয়া। আবেলি হোৱাৰ লগে লগে মনটো উৰা মাৰিছিল চোতালৰ চুকত বেৰত আঁউজাই থোৱা দেউতাৰ সেই ২৪ ইঞ্চিৰ প্ৰকাণ্ড চাইকেলখনলৈ। এজন কিশোৰৰ বাবে সেইখন মাত্ৰ এখন চাইকেল নাছিল, আছিল যেন লোহাৰ এটা বিশাল হাতী! চিটত বহিলে ভৰি দুখনেৰে পেডেলৰ ঢুকি নেপাইছিলোঁ।

​কিন্তু মনৰ উচাহৰ ওচৰত শৰীৰৰ উচ্চতাই বাৰু কেতিয়াবা হাৰ মানেনে? চিটত বহাৰ জোখেৰে বয়স নোহোৱাত মোৰ একমাত্ৰ ভৰসা আছিল সেই চিৰপৰিচিত ‘কেঁচি কটা’ ভংগীমা! চাইকেলৰ ফ্ৰেমৰ মাজৰ খালি ঠাইডোখৰেৰে সোঁভৰিটো সিপাৰলৈ সুমুৱাই, গোটেই শৰীৰটোক এফলীয়া কৰি বেঁকা হৈ পেডেল মাৰি চাইকেল চলোৱাত কিমান যে আনন্দ আৰু ৰোমাঞ্চ আছিল! পেডেলটো সম্পূৰ্ণ বৃত্তাকাৰে এপাক ঘূৰাবও নোৱাৰিছিলোঁ; আধা-আধাকৈ হেঁচুকি চাইকেলখন আগবঢ়াই নিয়াৰ মাজতেই যেন এক অবুজ বিজয়ৰ গৌৰৱ লুকাই আছিল। বাটেৰে পাৰ হৈ যোৱা মানুহবোৰে ৰৈ ৰৈ চাইছিল। বহুতেই আকৌ নিজেই বাটৰ একেবাৰে কাষলৈ গৈ থিয় হৈ ৰৈছিল - জানোচা তেওঁলোকক খুন্দিয়াই থৈ যাওঁ ! ​কেতিয়াবা ভাৰসাম্য হেৰুৱাই ধূলিয়ৰি বাটত অথবা কাষৰ ঘাঁহনিত থেকেচা খাই পৰিছিলোঁ। আঁঠু-কিলাকুটিৰ ছাল চিগি তেজ ওলাইছিল বহুবাৰ। সেই বিষ পাহৰি জাপ মাৰি পুনৰ থিয় হৈছিলোঁ মাথোঁ এটা আশংকাত - দেউতাৰ চাইকেলখনত যেন আঁচোৰ এটাও নপৰে! 

​দেউতাৰ সেই ওখ ২৪ ইঞ্চিৰ চাইকেলখনেই প্ৰকৃততে মোক ভাৰসাম্য শিকাইছিল, উজুটি খাইও পুনৰ থিয় হোৱাৰ সাহস দিছিল। সেইখন চলাই হাত-ভৰিৰ ছাল ছিঙাৰ পাছত ১৯৮২ চনত যেতিয়া মোৰ নিজৰ জোখৰ নতুন ২২ ইঞ্চিৰ চাইকেলখন আহিছিল, তেতিয়া যেন মই সঁচাকৈয়ে উৰিবলৈ ডেউকা পাইছিলোঁ। আজি উভতি চালে অনুভৱ হয় দেউতাৰ সেই ২৪ ইঞ্চিৰ বিশাল চাইকেলখন আছিল এক সপোনৰ আৰম্ভণি, যাৰ পেডেল ঢুকি নোপোৱা ভৰি দুখনেই এদিন মোক জীৱনৰ দীঘলীয়া বাটত আত্মবিশ্বাসেৰে আগুৱাই যাবলৈ শিকাইছিল।

সেই বিএছএ চাইকেলখন আছিল মোৰ আত্মবিশ্বাসৰ প্ৰথম ভেটি, মোৰ শৈশৱৰ আটাইতকৈ বিশ্বাসী সংগী। আজি সময়ৰ সোঁতত হয়তো বহুত কিবা সলনি হ’ল, কিন্তু আজিও যেতিয়া মনৰ কেনভাচত সেই চাইকেলখন ভাঁহি উঠে, বুকুৰ কোনোবা এটা কোণত দেউতাৰ অপৰিসীম মৰমৰ উত্তাপবোৰ অনুভৱ কৰো কাৰণ সেই চাইকেলখনৰ চকাৰ প্ৰতিটো পাকত মোৰ লগে লগে ঘূৰিছ ফুৰিছিল দেউতাৰ নিঃশব্দ ভালপোৱাবোৰ।

Thursday, 3 September 2026

শৈশৱৰ শিক্ষক দিৱস

 

আশীৰ দশকৰ কথা। আমি স্কুলত পঢ়ি থকা সময়। স্কুলৰ জপনামুখ পাৰ হৈয়েই পকেটত সযতনে সাঁচি ৰখা পঞ্চাশ পইচাটোৰে কিনি লৈছিলোঁ কাগজৰ সৰু চাৰিকোণীয়া সেই বেজটো, যাৰ একাষত থাকে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবি। সেই মুহূৰ্তৰ পৰাই আৰম্ভ হৈছিল বিশেষ দিনটোৰ কিবা এটা মিঠা মিঠা শিহৰণ। বগা ইউনিফৰ্মৰ চোলাটোৰ বুকুত পিন মাৰি লগাই লৈছিলোঁ কাগজৰ বেজটো। কেতিয়াবা চোলাটোৰ জেপৰ ওপৰত বেজটো বেঁকাকৈ লাগিছিল। লগৰ কোনোবা এজনে পিনটো খুলি আকৌ এবাৰ বেজটো পোনে পোনে খাপ খুৱাই মাৰি দিয়াৰ পিছত মনটো এক অনাবিল আনন্দ আৰু গৌৰৱেৰে ভৰি পৰিছিল।


​সাধাৰণ দিনবোৰত ধূলি-বালি আৰু চকমাটিৰ দাগ লগা স্কুলৰ ইউনিফৰ্মযোৰ যেন সিদিনা সেই কাগজৰ টুকুৰাটো লগোৱাৰ লগে লগে কোনো এক বিশেষ সন্মানৰ মেডেল পিন্ধা পোছাকলৈ ৰূপান্তৰিত হৈছিল! পুৱাৰ প্ৰাৰ্থনা সভাত শিক্ষকে আমাৰ সেই দিনটোৰ গুৰুত্ব সম্পৰ্কে জনাইছিল। প্ৰাৰ্থনা সভাত থিয় হওঁতে আমাৰ বুকুখন নিজে নিজেই অলপ বেছিকৈ ফুলি উঠিছিল, বাৰে বাৰে চকু গৈছিল বুকুখনলৈ - বেজটো ওলোটা হৈ যোৱা নাইতো! থিকেই লাগি আছেতো ! সেইটো  কেৱল এটা কাগজৰ টোকেন নাছিল। সেয়া আছিল আমাৰ বাবে বুকুৰ ওপৰত সযতনে আঁৰি লোৱা শিক্ষকসকলৰ প্ৰতি নিভাঁজ শ্ৰদ্ধা আৰু এক বৃহৎ উৎসৱৰ অংশীদাৰ হোৱাৰ অনাবিল শিশুসুলভ অহংকাৰ। সিদিনা ​স্কুলৰ বাৰাণ্ডাত, শ্ৰেণীকোঠাত সকলোতে সকলোৰে বুকুত জলমলাই আছিল একেটাই কাগজৰ বেজ। প্ৰথম শ্ৰেণীৰ সৰু ল’ৰা-ছোৱালীবোৰৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈকে। 

নিয়মীয়া পঢ়া-শুনা, হঠাতে হোৱা মৌখিক পৰীক্ষা বা শ্ৰেণীকোঠাত শিক্ষকৰ অনুশাসনৰ ভয় সেইদিনা মুহূৰ্ততে উৰি গৈছিল। আমি নাৰ্জী ফুলেৰে ওপচাই ৰাখিছিলোঁ ছাৰৰ টেবুলখন। ব্লেকব’ৰ্ডত চকেৰে কঁপা কঁপা হাতেৰে অঁকা ফুল আৰু পাতৰ ছবিৰ মাজত লিখিছিলোঁ -  “শুভ শিক্ষক দিৱস”।  

​দুপৰীয়া টিফিন পিৰিয়ডৰৰ দৌৰা-দৌৰি আৰু উৎপাতবোৰ কৰোতে আবেলিৰ ফালে বেজটোৰ চুকবোৰ অলপ কোঁচ খাই পৰিছিল। বিদ্যালয় ছুটীৰ পিছতো কাগজৰ সেই বেজটো পেলাই দিয়াৰ কথা ভাবিবই নোৱাৰিছিলো। ঘৰলৈ আহি অতি সাৱধানে বুকুৰ পৰা পিনটো খুলি কাগজৰ বেজটো জ্যামিতি বাকচৰ ভিতৰত অথবা কিতাপৰ মাজত সযতনে ৰাখি থৈছিলোঁ বছৰ বছৰ ধৰি সজীৱ হৈ থাকিবলৈ। মূল্যৰ ফালৰ পৰা সেই কাগজৰ বেজটো হয়তো আছিল তেনেই নগণ্য, কিন্তু শৈশৱৰ সেই দিনটোত সেই বেজটোৱে বুকুলৈ কঢ়িয়াই অনা আনন্দ, আত্মবিশ্বাস আৰু  শিক্ষকৰ প্ৰতি থকা পৱিত্ৰ শ্ৰদ্ধাৰ অনুভূতিবোৰ আজিও আমাৰ স্মৃতিৰ কোঠালিত চিৰসেউজ হৈ ৰৈ আছে।