- মৌনতা জীৱনৰ পৰম মিত্ৰ।
- মৌনতাই আত্ম-চিন্তনক শক্তি প্ৰদান কৰে।
- মৌনতাই অতিন্দ্ৰিয় সুখৰ অনুভূতি কৰায়।
- মৌনতা আধ্যাত্মিক উন্নতিৰ বাবে ব্ৰহ্মাস্ত্ৰ স্বৰূপ।
- মৌনতা মানেই ব্যৰ্থ আৰু সাধাৰণ সংকল্পৰ পৰা মুক্তি।
- মৌনতাৰ শক্তিয়ে মনৰ একাগ্রতা বৃদ্ধি কৰে।
- মৌনতা স্থিতি গঢ়ি তোলাৰ আটাইতকৈ সৰল উপায়।
- মৌনতা মানে গুণগত তথা শ্ৰেষ্ঠ সংকল্প সঞ্চাৰ হোৱা।
- মৌনতা হৈছে অপ্ৰয়োজনীয় চিন্তাৰ পৰা মুক্ত হোৱাৰ শক্তি।
- মৌনতা চিন্তাধাৰাক শ্ৰেষ্ঠ কৰি তোলাৰ এক টনিক।
- মৌনতা কন্দল-অশান্তি দূৰ কৰাৰ এক অমোঘ ঔষধ।
- মৌনতা মনৰ স্থিতিক সবল কৰাৰ দৰব।
- মৌনতাত এক সাধনা যিয়ে মনৰ শক্তি বৃদ্ধি কৰে।
- মৌনতা স্বধৰ্মত টিকি থকাৰ একমাত্ৰ শ্ৰেষ্ঠ পদ্ধতি।
- মৌনতা পৰমাত্মাত বিলীন হৈ যোৱাৰ এক সহজ পুৰুষাৰ্থ।
- মৌনতা এক সৰ্বোত্তম ভাষা।
- মৌনতা দুখ বেদনা পাহৰি ক্ষমা কৰি দিয়াৰ এক মাধ্যম।
- মৌনতা পৰমাত্মাৰ সুখ অনুভৱ কৰা এক উপায়।
- মৌনতা সমৰ্পণৰ সঞ্জীৱনী।
- মৌনতা পৰমাত্মাৰ অনুভূতি লাভ কৰাৰ সৰ্বশ্ৰেষ্ঠ মাৰ্গ।
Monday, 21 September 2026
মৌনতা
Subscribe to:
Post Comments (Atom)

No comments:
Post a Comment