তাৰ পাছতেই জীৱনৰ সেই আটাইতকৈ মধুৰ ক্ষণটো আহিল। তেতিয়া মই অষ্টম শ্ৰেণীত। নতুন শ্ৰেণীলৈ উঠাৰ আনন্দৰ মাজতেই এদিন সন্ধিয়া ঘৰৰ চোতালত আহি থমকি ৰ’ল জীৱনৰ প্ৰথমটো সপোন - এখন নতুন ২২ ইঞ্চিৰ বিএছএ চাইকেল। সেইখন মোৰ বাবে এখন সাধাৰণ বাহন নাছিল, বৰং সেয়া আছিল দুভৰিৰ শিকলি খুলি দিয়া ডেউকা। নতুন ৰবৰৰ গোন্ধ, ৰূপালী ৰিমৰ চিকমিকনি আৰু টিলিঙাটোৰ মিঠা ‘ট্ৰিং-ট্ৰিং’ শব্দটোৱে মোৰ বুকুত কি যে এক শিহৰণ জগাই তুলিছিল!
প্ৰথমবাৰ পেডেল মৰাৰ সেই অনুভৱ—বতাহজাক যেন বুকুত আচাৰ খাই পৰিছিল, চুলিবোৰ উৰিছিল আৰু ভৰি দুখনৰ বহুদিনীয়া ভাগৰ একে মুহূৰ্ততে পাহৰি গৈছিলোঁ। যি বাটেৰে ভৰি চোঁচৰাই স্কুলৰ পৰা ঘৰমুৱা হৈছিলোঁ, সেই একেটা বাটেৰেই যেন মই উৰিবলৈ শিকিলোঁ! স্কুলৰ সুদূৰ বাটটো এক নিমেষতে মোৰ বাবে তেনেই চমু হৈ পৰিল।
১৯৮২ চনৰ সোণালী শৈশৱৰ সেই স্মৃতিবোৰ আজিও মনৰ দাপোনত একেদৰেই উজ্জ্বল হৈ আছে। নতুন বিএছএখন হাতত পোৱাৰ আগৰ দিনবোৰৰ সোৱাদেই আছিল সম্পূৰ্ণ সুকীয়া। আবেলি হোৱাৰ লগে লগে মনটো উৰা মাৰিছিল চোতালৰ চুকত বেৰত আঁউজাই থোৱা দেউতাৰ সেই ২৪ ইঞ্চিৰ প্ৰকাণ্ড চাইকেলখনলৈ। এজন কিশোৰৰ বাবে সেইখন মাত্ৰ এখন চাইকেল নাছিল, আছিল যেন লোহাৰ এটা বিশাল হাতী! চিটত বহিলে ভৰি দুখনেৰে পেডেলৰ ঢুকি নেপাইছিলোঁ।
কিন্তু মনৰ উচাহৰ ওচৰত শৰীৰৰ উচ্চতাই বাৰু কেতিয়াবা হাৰ মানেনে? চিটত বহাৰ জোখেৰে বয়স নোহোৱাত মোৰ একমাত্ৰ ভৰসা আছিল সেই চিৰপৰিচিত ‘কেঁচি কটা’ ভংগীমা! চাইকেলৰ ফ্ৰেমৰ মাজৰ খালি ঠাইডোখৰেৰে সোঁভৰিটো সিপাৰলৈ সুমুৱাই, গোটেই শৰীৰটোক এফলীয়া কৰি বেঁকা হৈ পেডেল মাৰি চাইকেল চলোৱাত কিমান যে আনন্দ আৰু ৰোমাঞ্চ আছিল! পেডেলটো সম্পূৰ্ণ বৃত্তাকাৰে এপাক ঘূৰাবও নোৱাৰিছিলোঁ; আধা-আধাকৈ হেঁচুকি চাইকেলখন আগবঢ়াই নিয়াৰ মাজতেই যেন এক অবুজ বিজয়ৰ গৌৰৱ লুকাই আছিল। বাটেৰে পাৰ হৈ যোৱা মানুহবোৰে ৰৈ ৰৈ চাইছিল। বহুতেই আকৌ নিজেই বাটৰ একেবাৰে কাষলৈ গৈ থিয় হৈ ৰৈছিল - জানোচা তেওঁলোকক খুন্দিয়াই থৈ যাওঁ ! কেতিয়াবা ভাৰসাম্য হেৰুৱাই ধূলিয়ৰি বাটত অথবা কাষৰ ঘাঁহনিত থেকেচা খাই পৰিছিলোঁ। আঁঠু-কিলাকুটিৰ ছাল চিগি তেজ ওলাইছিল বহুবাৰ। সেই বিষ পাহৰি জাপ মাৰি পুনৰ থিয় হৈছিলোঁ মাথোঁ এটা আশংকাত - দেউতাৰ চাইকেলখনত যেন আঁচোৰ এটাও নপৰে!
দেউতাৰ সেই ওখ ২৪ ইঞ্চিৰ চাইকেলখনেই প্ৰকৃততে মোক ভাৰসাম্য শিকাইছিল, উজুটি খাইও পুনৰ থিয় হোৱাৰ সাহস দিছিল। সেইখন চলাই হাত-ভৰিৰ ছাল ছিঙাৰ পাছত ১৯৮২ চনত যেতিয়া মোৰ নিজৰ জোখৰ নতুন ২২ ইঞ্চিৰ চাইকেলখন আহিছিল, তেতিয়া যেন মই সঁচাকৈয়ে উৰিবলৈ ডেউকা পাইছিলোঁ। আজি উভতি চালে অনুভৱ হয় দেউতাৰ সেই ২৪ ইঞ্চিৰ বিশাল চাইকেলখন আছিল এক সপোনৰ আৰম্ভণি, যাৰ পেডেল ঢুকি নোপোৱা ভৰি দুখনেই এদিন মোক জীৱনৰ দীঘলীয়া বাটত আত্মবিশ্বাসেৰে আগুৱাই যাবলৈ শিকাইছিল।
সেই বিএছএ চাইকেলখন আছিল মোৰ আত্মবিশ্বাসৰ প্ৰথম ভেটি, মোৰ শৈশৱৰ আটাইতকৈ বিশ্বাসী সংগী। আজি সময়ৰ সোঁতত হয়তো বহুত কিবা সলনি হ’ল, কিন্তু আজিও যেতিয়া মনৰ কেনভাচত সেই চাইকেলখন ভাঁহি উঠে, বুকুৰ কোনোবা এটা কোণত দেউতাৰ অপৰিসীম মৰমৰ উত্তাপবোৰ অনুভৱ কৰো কাৰণ সেই চাইকেলখনৰ চকাৰ প্ৰতিটো পাকত মোৰ লগে লগে ঘূৰিছ ফুৰিছিল দেউতাৰ নিঃশব্দ ভালপোৱাবোৰ।

No comments:
Post a Comment