Thursday 23 February 2017

অন্য এক সৌৰজগত




অামাৰ সূৰ্যতকৈ প্ৰায় ১০ গুণ সৰু অাৰু ২.৫ গুণ শীতল এটি তৰা। অাকাৰত অামাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিতকৈ সামান্য ডাঙৰ এই তৰাটো বৰ্তমান বিজ্ঞানী সকলৰ অাকৰ্ষণৰ কেন্দ্ৰবিন্দু। তৰাটোৰ নাম TRAPPIST-1, এটি বামন তৰা বা dwarf star. অামাৰ পৃথিবীৰ পৰা প্ৰায় ৪০ অালোকবৰ্ষ দূৰৰ কুম্ভ ৰাশিৰ দিশত অৱস্থুত এই তৰাটোৱে যোৱাকালিৰ পৰা বিজ্ঞান সমাজত অালোড়ন সৃষ্টি কৰি অাহিছে। যোৱাকালি নাছাৰ বিজ্ঞানী সকলে Washington D.Cত অনুস্থিত হোৱা সংবাদ মেলত অানুস্থানিক ভাবে Spitzer Space Telescopeৰ সহায়ত ধৰা পেলোৱা এই বিশেষ তৰাটোৰ বিষয়ে তথ্য সদৰি কৰে। TRAPPIST-1কেৱল এটি সাধাৰণ তৰা নহয়, ইয়াৰ অাছে সাতোটাকৈ শিলাময় কঠিন গ্ৰহৰে সৈতে এখন নিজস্ব সৌৰজগত। প্ৰতিটো গ্ৰহই অাকাৰত অামাৰ পৃথিবীৰ সমান। গ্ৰহকেইটাই TRAPPIST-1 তৰাটোক নিৰ্দিষ্ট কক্ষপথেৰে প্ৰদক্ষিন কৰি অাছে। অৱশ্যে গ্ৰহবোৰ অাপেক্ষিক ভাবে পৰস্পৰৰ ওচৰা ওচৰিকৈ অৱস্থিত। ইয়াৰ এটা গ্ৰহৰ বুকুত থিয় হ'লে আন গ্ৰহ এটিৰ ভৌগলিক পৰিমণ্ডল সুন্দৰকৈ দেখা পোৱা যাব। এই সাতোটা গ্ৰহৰ ভিতৰত TRAPPIST-1ৰ পৰা যথাক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় গ্ৰহ কেইটাত পানী জুলীয়া অৱস্থাত থকাটো প্ৰায় নিশ্চিত। কেৱল পানীয়েই নহয়, বিজ্ঞানী সকলৰ মতে এই তিনিটা গ্ৰহত অাছে জুলীয়া পানীৰ একোখন সুবিশাল সাগৰ। যিহেতু এই গ্ৰহকেইটাৰ উষ্ণতা, অাকাৰ, বায়ুমণ্ডল, মাধ্যাকৰ্ষণীয় ক্ষেত্ৰ অাদি অামাৰ পৃথিবীৰ লগত প্ৰায় একে; তদুপৰি ইয়াত জুলীয়া অৱস্থাত পানীও অাছে, সেয়ে বিজ্ঞানী সকলৰ মতে ইয়াত জীৱনৰ উপস্থিতিও সম্ভব। নাছাৰ বিজ্ঞানী Michael Gillon এ এই নৱ-অাবিষ্কৃত সৌৰজগতখনৰ বিষয়ে কয় যে, "The seven wonders of TRAPPIST-1 are the first Earth-size planets that have been found orbiting this kind of star. It is also the best target yet for studying the atmospheres of potentially habitable, Earth-size worlds." TRAPPIST-1তন্ত্ৰৰ গ্ৰহবোৰ তৰাটোৰ প্ৰায় ওচৰতেই অৱস্থিত অাৰু কম ব্যাসাৰ্ধৰ কক্ষপথেৰে তৰাটোৰ চৌদিশে পৰিভ্ৰমণ কৰে। সেয়েহে গ্ৰহবোৰে অতি কম সময়ত তৰাটোৰ চৌদিশে এপাক ঘুৰে। অৰ্থাৎ গ্ৰহবোৰৰ "এবছৰ" সময় তেনেই তাকৰীয়া। উদাহৰণ স্বৰূপে, প্ৰথম গ্ৰহটোৱে তৰাটোৰ চাৰিওফালে প্ৰদক্ষিন কৰিবলৈ সময় লয় মাত্ৰ ৬ দিন। সেয়ে এই গ্ৰহটোৰ বাবে এবছৰ সময়কাল ৬ দিনীয়া। তেনেদৰে দ্বিতীয় গ্ৰহটোৰ এবছৰ ৯ দিনীয়া অাৰু তৃতীয় গ্ৰহটোৰ এবছৰ মাত্ৰ ১২ দিনীয়া ! TRAPPIST-1ৰ আৱিষ্কাৰে নিসন্দেহে বিজ্ঞানীসকলক গৱেষণাৰ এখন নতুন ক্ষেত্ৰ প্ৰদান কৰাৰ লগতে সাধাৰণ লোককো চিন্তাৰ নতুন খোৰাক দিছে। হয়তো অনাগত ভৱিষ্যতৰ কোনোবা এটি দিনত অামাৰ উত্তৰ পুৰুষে TRAPPIST-1ৰ এটি গ্ৰহত বসতি কৰাৰ প্ৰস্তুতি চলাব।

ঠাণ্ডা পানীতকৈ গৰম পানী সোনকালে বৰফ হয়



অাচৰিত যেন লাগিলেও এইটোৱেই সত্য। অামাৰ দৃষ্টিত অবাস্তৱ যেন লগা এনে বহুতো তথ্যই মানুহক সদায়েই অাকৰ্ষিত কৰি অাহিছে। বিজ্ঞানত এই তথ্যৰ যথাযথ ব্যাখ্যা পোৱা যায়। ঠাণ্ডা পানীতকৈ গৰম পানী সোনকালে বৰফ হোৱা এই পৰিঘটনাটোক বিজ্ঞানৰ ভাষাত Mpemba effect বুলি কোৱা হয়।১৯৬৩ চনত টাঞ্জানিয়াৰ এজন বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ Erasto B. Mpembaই অাজৰি পৰত দেউতাকৰ বৰফৰ ফেক্টৰীত গাখীৰৰ অাইচক্ৰীম বনাই থাকোতে লক্ষ্য কৰিছিল যে ঠাণ্ডা গাখীৰতকৈ গৰম গাখীৰ সোনকালে বৰফ হয়। এই বিষয়ে Mpembaই বিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক Denis Osborneক অৱগত কৰে অাৰু দুয়োজনে মিলি এই বিষয়টোৰ ওপৰত ১৯৬৯ চনত তেওঁলোকৰ গৱেষণা পত্ৰ এখন প্ৰকাশ কৰি উলিয়ায়। এই বিশেষ পৰিঘটনাটোৰ সন্দৰ্ভত এৰিষ্টোটেল, ফ্ৰেন্সিচ বেকন অাৰু ডেচকাৰ্টেচ নামৰ তিনিজন মনীষীৰ নামো সন্নিবিষ্ট হৈ অাছে যদিও Mpemba অাৰু Denis Osborneৰ নাম বিশেষভাবে উল্লেখযোগ্য কিয়নো এওঁলোক দুজনেই সৰ্বপ্ৰথমে এই পৰিঘটনাটোৰ বৈজ্ঞানিক ব্যাখ্যা দাঙি ধৰিছিল। 


এতিয়া অাহিছো এই পৰিঘটনাটোৰ কথালৈ। বিজ্ঞানৰ জটিলটাৰ মাজলৈ নগৈ অামি কথাখিনি সাধাৰণ ভাবে বুজাৰ চেষ্টা কৰো অাহক। তাপমাত্রা বাঢ়িলে পানীৰ অণুৰ গতিশক্তি বাঢ়ে। ফলত পানীৰ অনুবোৰৰ মাজত সংঘর্ষ বৃদ্ধি পায়। যিহেতু পানীৰ অনুবোৰে উত্তপ্ত অৱস্থাত অবিৰত ভাবে সংঘৰ্ষত লিপ্ত হৈ থাকে, পানী সহজে বৰফত পৰিণত হয়। কিন্তু ঠাণ্ডা পানীৰ অনুবোৰ যথেষ্ট সুস্থিৰ ভাবে থাকে অাৰু সেয়ে বৰফলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময়ৰ প্ৰয়োজন। ইয়াৰ কাৰণ হিচাবে কেইবাটাও পৰিঘটনা জড়িত হৈ থাকে। ইয়াৰ এটা হ'ল উষ্ণ পানীৰ পৰিচলন স্রোত। যিহেতু গৰম পানী ফ্রিজত ৰাখিলে পানীখিনি আৰু ইয়াৰ চৌপাশৰ তাপমাত্রাৰ পার্থক্য বেছি, ফলত পৰিচলন স্রোতে অতি দ্ৰুত হাৰত গৰম পানীৰ পৰা তাপ অপসাৰিত কৰে। পৰিচলন স্ৰোতে গৰম পানীৰ পৰা দ্ৰুত হাৰত তাপৰ অপসাৰণ ঘটোৱা বাবে গৰম পানী ঠাণ্ডা পানীতকৈ সোনকালে বৰফলৈ ৰূপান্তৰিত হয়।

নিকোলাচ কপাৰনিকাচলৈ ওপজা দিনৰ শুভকামনা


১৪৭৩ চনৰ ১৯ ফেব্ৰুৱাৰীত পোলেণ্ডৰ টোৰুণ চহৰৰ এটি ব্যৱসায়ী পৰিয়ালত কপাৰনিকাচৰ জন্ম হৈছিল। তেওঁৰ দেউতাক অাছিল এজন তামৰ ব্যৱসায়ী। পৰিয়ালটোৰ চাৰিটা সন্তানৰ কণিষ্ঠতম কপাৰনিকাচৰ বয়স দহ বছৰ হওঁতেই তেওঁলোকৰ দেউতাকৰ মৃত্যু হয়। কপাৰনিকাচে চাৰিখন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰিছিল। সেই বিশ্ববিদ্যালয় সমূহ হ'ল University of Krackow, University of Bologna, University of Padua অাৰু University of Ferrara. তেখেতে চিত্ৰকলা, অংকশাস্ত্ৰ, জ্যোতিৰ্বিদ্যা অাৰু অাইনৰ লগতে চিকিৎসা বিজ্ঞানো অধ্যয়ন কৰিছিল। কপাৰনিকাচৰ অান এটি বিশেষত্ব অাছিল এইটো যে তেওঁ সলসলীয়াকৈ লেটিন, জাৰ্মান, গ্ৰীক অাৰু ইটালিয়ান ভাষা ক'ব পাৰিছিল। ১৫০৮ চনৰ পৰা কপাৰনিকাচে সৌৰজগতৰ মডেলৰ ওপৰত গৱেষণা অাৰম্ভ কৰে। পৰ্যবেক্ষণ অাৰু গাণিতিক কৌশলেৰে তেওঁ এক নতুন সত্যৰ সন্ধান পায়। সেয়া হ'ল সকলোৱে ভাবি থকাৰ দৰে পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ নহয়, বৰং সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ। পিছে ৰোমাণ কেথলিক চাৰ্চৰ ৰোষত পৰাৰ ভয়ত তেওঁ এই সত্য জীৱনৰ বিয়লি বেলাতহে প্ৰকাশ কৰিছিল। পিছলৈ গেলিলিওৱে তেওঁৰ তত্বটো সমৰ্থন কৰে। ১৫১৪ চনত কপাৰনিকাচে ৪০ পৃষ্ঠাৰ এখন গ্ৰণ্ঠ প্ৰকাশ কৰে। Sketch of Hypothesis on the Heavenly Motions নামৰ সেই গ্ৰণ্ঠখনত তেওঁ গ্ৰহ সমূহৰ গতি অাৰু স্থান সম্বন্ধে বিশদভাবে বিশ্লেষণ অাগবঢ়ায়। ৰোমাণ কেথলিক চাৰ্চে সেই গ্ৰণ্ঠখনো নিষিদ্ধ ঘোষণা কৰে। ১৫৪৩ চনৰ ২৪ মেত এই মহান বিজ্ঞানীজনৰ মৃত্যু হয়।

জোনবাই : ভাৰতৰ ভৱিষ্যতৰ শক্তি ভাণ্ডাৰ


বিশ্বৰ প্ৰতিখন সৰু বৰ দেশৰ প্ৰধান সমস্যাবোৰৰ ভিতৰত শক্তিৰ নাটনি এটা জলন্ত সমস্যা। আমাৰ দেশতো শক্তিৰ চাহিদা অনুযায়ী যোগান তেনেই চালুকীয়া হোৱা বাবে দেশৰ সামগ্ৰীক উন্নয়নত বাধাৰ সৃষ্টি হৈ অাহিছে। এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ বিচাৰি বিশ্বৰ বিজ্ঞানীসকল বিভিন্ন গৱেষণামূলক অধ্যয়ন চলাই অাহিছে। এই ক্ষেত্ৰত অামাৰ ভাৰতীয় বিজ্ঞানীসকলে এক অভিলাষী অাচনি যুগুতাই উলিয়াইছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৰ বিজ্ঞানীসকলে ২০৩০ চনৰ ভিতৰত জোনবাইৰ বুকু খান্দি হিলিয়াম-৩ অাহৰণ কৰাৰ এক অাচনি তৈয়াৰ কৰি উলিয়াইছে। ভাৰতৰ বিখ্যাত ক্ষেপনাস্ত্ৰ "ব্ৰাহ্মোচ"ৰ নিৰ্মাণৰ লগত জড়িত বিজ্ঞানী প্ৰফেচাৰ শিবাথানু পিল্লায়ে কয় যে অহা দহ বছৰৰ ভিতৰত ভাৰতে জোনবাইৰ বুকু খান্দি হিলিয়াম-৩ সংগ্ৰহ কৰি সেই হিলিয়াম পৃথিবীলৈ কঢ়িয়াই অানিব পৰাকৈ এক অভিলাষী অাচনি তৈয়াৰ কৰি অাছে। ইছৰোৰ বিজ্ঞানীসকল এই অাচনি সফল কৰি তোলাৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক তথা একাধিক বাৰ ব্যৱহাৰ কৰিব পৰা ৰকেট তৈয়াৰ কৰা কামত নিমগ্ন হৈ পৰিছে। এই অাচনি সফল হ'লে জোনবাইৰ বুকুৰ পৰা সংগৃহীত হিলিয়াম-৩ পৰমাণুৰ পৰা অামি যি পাৰমাণৱিক শক্তি অাহৰণ কৰিব পাৰিম, সেই শক্তিৰে অামাৰ দেশৰ দৰে তৃতীয় বিশ্বৰ দেশ সমূহেও শক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠাৰ উপৰিও সকলো দিশতে অাগবাঢ়ি যাব পাৰিব।

Sunday 19 February 2017

ছাতিৰ বিষয়ে যৎকিঞ্চিত




ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আমি ব্যৱহাৰ কৰা ছাতি বা Umbrella নামটো মূল লেটিন ভাষাৰ Umbra শব্দৰ পৰা আহিছে বুলি বিশেষজ্ঞ সকলে কয়। Umbra শব্দৰ অৰ্থ হ'ল : "ছাঁ"। কোনো কোনোৰ মতে আকৌ Umbel শব্দৰ পৰাহে Umbrella শব্দটো উৎপত্তি হৈছে। Umbel মানে ওপৰৰ দিশত ঘোৰ খাই থকা এক গঠন। 21 খৃষ্টাব্দত চীন দেশৰ Wang Mang নামৰ শাসক জনে তেওঁৰ ঘোঁৰাই টনা গাড়ীখনৰ ওপৰত লগোৱা গঠনটোৱেই মানুহে ব্যৱহাৰ কৰা প্ৰথমটো ছাতি বুলি পঢ়িবলৈ পোৱা যায়। এই ছাতিটো অৱশ্যে জপাব পৰা ছাতি নাছিল। জপাই থব পৰা ছাতি পিছলৈ Fu Qain নামৰ আন এজন লোকেহে সাজি উলিয়ায়। এই তথ্য সমূহ পিছে সমালোচনাৰ উৰ্ধত নহয়। ইজিপ্ত আৰু ফ্ৰান্সৰ মানুহে আকৌ Parasol নামৰ এক প্ৰকাৰৰ বিশেষ ধৰণৰ গঠন সূৰ্যৰ প্ৰখৰ ৰ'দৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰিছিল। Para মানে বাধা আৰু Sol মানে সূৰ্য। অৰ্থাৎ সূৰ্যৰ প্ৰখৰ ৰ'দক বাধা দিয়া গঠন। যদিও ছাতিৰ আৱিষ্কাৰ প্ৰায় 3000 বছৰ মান আগতেই হৈছিল বুলি ধাৰণা কৰা হয়, সাধাৰণ মানুহে কিন্তু ছাতি ব্যৱহাৰ নকৰিছিল বা ব্যৱহাৰ নেজানিছিল। মুষ্টিমেয় কেইখনমান দেশ যেনে চীন, ফ্ৰান্স, ফিলিপাইনস, গ্ৰীচ, পাৰস্য আৰু ইজিপ্তৰ ৰজা বা ৰজাঘৰীয়া লোক আৰু জমিদাৰ শ্ৰেণীৰ মানুহৰ আভিজাত্যৰ প্ৰতীক হিচাবেহে ছাতিৰ ব্যৱহাৰ হৈ আহিছিল। ভাৰতবৰ্ষটো ৰজাৰ সিংহাসন বা ৰথত ছাতিৰ দৰে কিছুমান গঠন ব্যৱহাৰ কৰা হৈছিল। মহাভাৰততো জমদগ্নি আৰু তেওঁৰ পত্নী ৰেণুকাৰ উপাখ্যানত ছাতিৰ প্ৰসংগ উল্লেখ আছে। আনুমানিক 1650 চন মানৰ পৰাহে ছাতিৰ বিষয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে জানিবলৈ পাৰিছিল। 1740ৰ পৰা 1750 চনৰ ভিতৰত পশ্চিমীয়া দেশবোৰত লাহে লাহে ছাতিৰ ব্যৱহাৰ আৰম্ভ হয়। ইয়াতো মহিলা সকলেহে ছাতি বেছিকৈ ব্যৱহাৰ কৰা দেখা গৈছিল। সেই সময়ত পাৰস্য দেশৰ পৰা অহা এজন পৰিব্ৰাজক Jonas Hanwayএ ইংলেণ্ডলৈ আহোঁতে তেখেতে অনবৰতে ছাতি এটা লগত লৈ ফুৰিছিল। ইয়াৰ পিছৰে পৰাই ইংলেণ্ডত ছাতিৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰে। 1800 খৃষ্টাব্দৰ পৰা ছাতিৰ বহুত পৰিবৰ্তন হয়। কাঠ বা বাহৰ সলনি ছাতিত লো বা তীখাৰ সৰু সৰু পাটি লগাই তাত চিল্কৰ কাপোৰ লগোৱাৰ ব্যৱস্থা কৰা হয়। আভিজাত্যৰ প্ৰতীকৰূপী ছাতিবোৰ লাহে লাহে ৰজাঘৰীয়া সম্পত্তিয়েই হৈ নেথাকি সাধাৰণ মানুহৰ ৰ'দ বৰষুণৰ সংগী হৈ পৰিল আৰু প্ৰয়োজন সাপেক্ষে ছাতিৰ আকাৰ আকৃতিৰো ধাৰাবাহিক ভাবে পৰিবৰ্তন হৈ থাকিল।
শেষত এষাৰী বাক্য মনলৈ আহিছে : "The mind is like an umbrella. Its most useful when open." 

Wednesday 15 February 2017

ISRO : আধুনিক মহাকাশ যুগৰ এটি প্ৰতিশ্ৰুতি



ভাৰতীয় মহাকাশ বিজ্ঞানৰ আন এক ঈৰ্ষণীয় পদক্ষেপে সামগ্ৰীক ভাবে বিশ্বৰ বিজ্ঞান দৰবাৰত ভাৰতৰ জয়যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ ওলাইছে। এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা চমুকৈ ইছৰো (ISRO)এ ভাৰতৰ 320 টন ওজন বিশিষ্ট নিৰ্ভৰযোগ্য উৎক্ষেপক যান PSLV-C37ৰ সহায়ত এবাৰতে 104 টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰি সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত এক অসাধ্য সাধন কৰিবলৈ আগবাঢ়িছে। অহাকালি অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে পুৱা 9 বাজি 28 মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন প্ৰক্ষেপণ কেন্দ্ৰৰ পৰা PSLV-C37 নামৰ যানখনে ভাৰতৰ 3 টা কৃত্ৰিম উপগ্ৰহৰ লগতে বিদেশী ৰাষ্ট্ৰসমূহৰ আন 101 টা কৃত্ৰিম উপগ্ৰহ বুকুত বান্ধি লৈ মহাকাশৰ বুকুলৈ উৰা মাৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ PSLV-C37ৰ সহায়ত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰোৱাৰ বাবে চুক্তিবদ্ধ এই বিদেশী ৰাষ্ট্ৰসমূহ হ'ল ইজৰাইল, কাজাখিস্থান, নেডাৰলেণ্ড, সংযুক্ত আৰব এমিৰাট, চুইজাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ 96 টা, চুইজাৰলেণ্ড, ইজৰাইল, কাজাখিস্থান, নেডাৰলেণ্ড আৰু UAEৰ এটাকৈ মুঠ 5 টা আৰু ভাৰতৰ নিজা 3 টা কৃত্ৰিম উপগ্ৰহক লৈ সৰ্বমুঠ 104 টা কৃত্ৰিম উপগ্ৰহ এবাৰতেই মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সাজু হোৱা ভাৰতীয় বিজ্ঞানীসকল আজি সমগ্ৰ বিশ্বৰ বিজ্ঞান সমাজৰ বাবে ঈৰ্ষাৰ পাত্ৰ। এই উৎক্ষেপণৰ জৰিয়তে দেশীয় 730 কেজি ওজনৰ 3 টা Cartosat-2 শ্ৰেণীৰ কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰিব। আনহাতে বাকী 101 টা 600 কেজি ওজন বিশিষ্ট Microsatellite একে উৎক্ষেপণৰ জৰিয়তে পৃথিৱীৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰিব। এই প্ৰক্ষেপণৰ payload 1378 কেজি। এই প্ৰক্ষেপণৰ দ্বাৰা ভাৰতীয় বিজ্ঞানীসকলে কৃত্ৰিম উপগ্ৰহবোৰ ভূপৃষ্ঠৰ পৰা সৰ্বনিম্ন 520 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত পৰ্যায়ক্ৰমে সংস্থাপন কৰিব। ইতিপূৰ্বে আমেৰিকাৰ নাছাই এবাৰত সৰ্বোচ্চ 29 টা আৰু 2014 চনত ৰাছিয়াই DNEPR ৰকেটৰ সহায়ত এবাৰত একেলগে সৰ্বোচ্চ 37 টা কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ কক্ষপথত স্থাপন কৰি অভিলেখ স্থাপন কৰি থৈছে। ভাৰতেও ইতিপূৰ্বে বিগত 2016 চনত PSLV-C34 উৎক্ষেপক যানৰ সহায়ত এবাৰতে 20 টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰি বিশ্বৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত নিজৰ বলিষ্ঠ ভূমিকাৰ কথা প্ৰতিপন্ন কৰিছে। কিন্তু এইবাৰৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পদক্ষেপ সমগ্ৰ বিশ্বৰ বাবে এক নজিৰ বিহীন ঘটনা। আশাকৰো অহাকালিৰ সফল প্ৰক্ষেপণৰ দ্বাৰা ভাৰতীয় বিজ্ঞানীসকলে মাতৃভূমি ভাৰতবৰ্ষলৈ পুনৰ সুনাম কঢ়িয়াই আনিব। ইছৰোৰ বিজ্ঞানীসকললৈ আমাৰ তৰফৰ পৰা শুভকামনা যাচিলোঁ।

কাঠগড়াত বিজ্ঞানী : গেলিলিও গেলিলী


13 ফেব্ৰুৱাৰী, 1633। স্থান ইটালীৰ ৰোম নগৰী। ইতিমধ্যে ৰোমান কেথলিক চাৰ্চৰ বিচাৰগৃহ নিৰ্বাচিত ব্যক্তি সকলেৰে ভৰি পৰিছে। বাদী সকল নিজৰ নিজৰ আসনত বহি আছে। উদ্দেশ্য আছিল ইটালীৰ সহজ সৰল মানুহবোৰক ভুল তথ্যৰে পথভ্ৰষ্ট (!) কৰিব খোজা তথা সেই সময়ৰ ধৰ্মীয় বিশ্বাসক আঘাট হনাৰ অপৰাধ কৰা এজন বিবাদী ব্যক্তি: গেলিলিও গেলিলীৰ বিচাৰ। প্ৰচলিত বিশ্বাস অনুসৰি সেই সময়ত টলেমিয়ে আগবঢ়োৱা সৌৰজগতৰ ধাৰণাত পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ। 1616 চনত প্ৰথমে কপাৰনিকাচেই এই ধাৰণাটোৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। কিন্তু তেওঁ ৰোমান কেথলিক চাৰ্চৰ বিৰুদ্ধে গৈ তেখেতে এই সন্দেহ মৌখিক বা লিখিত আকাৰত প্ৰকাশ কৰিবলৈ ভয় কৰিছিল। কাৰণ ইতিমধ্যে 1600 চনত ৰোমান কেথলিক চাৰ্চৰ বিচাৰত এনে ধৰণৰ প্ৰচলিত ধাৰণাৰ বিপৰীতে তথ্য আগবঢ়োৱাৰ অপৰাধত অপৰাধী সজাই গণিতজ্ঞ ব্ৰুণোক শাস্তি স্বৰূপে জ্বলা জুইত পুৰি মৰা হৈছিল। সেয়ে কপাৰনিকাচে তেওঁৰ ধাৰণাবোৰ কেইজনমান বিশ্বাসী ছাত্ৰৰ বাহিৰে কাকো নজনাই কৈছিল : মোৰ এই কথাবোৰ তোমালোকে তেতিয়াহে প্ৰকাশ কৰিবা, যেতিয়া মই মৃত্যুশয্যাত পৰিম। তেওঁৰ শিষ্য সকলেও কপাৰনিকাচে কোৱাৰ দৰেই কপাৰনিকাচৰ জীৱনৰ অন্তিম ক্ষণত তেখেতৰ ধাৰণাবোৰ কিতাপ আকাৰে প্ৰকাশ কৰিলে। কিতাপখন প্ৰকাশ হোৱাৰ লগে লগেই হৈ চৈ লাগিল। ৰোমান কেথলিক চাৰ্চে কিতাপখন নিষিদ্ধ ঘোষণা কৰিলে আৰু পুৰি পেলালে। মৃত্যুশয্যাত থকা বাবে কপাৰনিকাচৰ বিচাৰ সম্ভৱ নহ'ল। ইয়াৰ কিছুদিন পিছতেই তেওঁৰ মৃত্যু হয়। কিন্তু তেওঁৰ ধাৰণাবোৰ কিছুমান মানুহৰ মন আৰু মগজুত সজীৱ হৈ থাকিল।

সেই সময়ত গেলিলিও গলিলীয়ে নিজৰ দূৰবীন যন্ত্ৰৰে নিশাৰ আকাশত পিটপিটাই ফুৰে। ইতিমধ্যে তেওঁ জোনবাইৰ বুকুৰ বিশাল গাঁতবোৰ আৰু ওখ ওখ পাহাৰবোৰৰ ৰহস্য ভেদ কৰি জোনবাইৰ নক্সা প্ৰস্তুত কৰি উলিয়াইছে। বৃহস্পতি গ্ৰহ আৰু ইয়াৰ চাৰিটা উপগ্ৰহ যথাক্ৰমে ইয়ো, ইউৰোপা, কেলিষ্টো আৰু গেনিমেড গেলিলিওৰ দূৰবীনৰ পৰা সাৰি নগ'ল। জনসাধাৰণেও গেলিলিওৰ দূৰবীনেৰে এই বিৰল দৃশ্যবোৰ উপভোগ কৰাত লাগিল। ইকান সিকানকৈ কথাবোৰ গৈ চাৰ্চৰ বিষয়ববীয়া সকলৰ কানতো পৰিল। তেওঁলোকে গেলিলিওক মাতি আনি ভৱিষ্যতে এনেবোৰ কাম কৰি জনসাধাৰণৰ মাজত ভুল (!) তথ্য নিবিয়পাবলৈ সাৱধান বাণী শুনালে। পিছে গেলিলিওৱে এনে ভাবুকিক মুঠেও গুৰুত্ব নিদিলে বৰং দুগুণ উৎসাহেৰে কপাৰনিকাচৰ ধাৰণাৰ ওপৰত নিজাকৈ অনুসন্ধান আৰম্ভ কৰি দিলে। তন্ন তন্নকৈ আগবাঢ়িল তেওঁৰ পৰ্যবেক্ষণ। শেষত তেওঁ উদাত্ত কণ্ঠেৰে ঘোষণা কৰিলে যে টলেমিয়ে কোৱাৰ দৰে পৃথিৱী সৌৰজগতৰ কেন্দ্র নহয়। বৰং কপাৰনিকাচে আগবঢ়োৱা ধাৰণাটোৱেই শুদ্ধ। অৰ্থাৎ সূৰ্যই সৌৰজগতৰ কেন্দ্ৰ। এই কথাত টিঙিৰি তুলা হৈ পৰে চাৰ্চ কৰ্তৃপক্ষ। গেলিলিওক তেওঁৰ ব্ক্তব্য উঠাই ল'বলৈ দি ক্ষমা খুজিবলৈ আদেশ দিয়া হ'ল। গেলিলিওৱে সেয়া অসম্ভৱ বুলি কোৱাত ৰোমান কেথলিক চাৰ্চে তেওঁক দোষী সাব্যস্ত কৰি 1633 চনৰ 13 ফেব্ৰুৱাৰীত বিচাৰৰ বাবে মাতি পঠিয়ালে। সেই বিচাৰত গেলিলিওক শাস্তি হিচাবে গৃহবন্দী কৰি ৰখাৰ ৰায় দিয়া হ'ল আৰু 1642 চনত এই মহান বিজ্ঞানীজনৰ মৃত্যু পৰ্যন্ত তেওঁ গৃহবন্দী হিচাবে শাস্তি ভোগ কৰি গ'ল।

এই ঘটনাৰ 359 বছৰ পিছত পোপ জন পোল (দ্বিতীয়)এ 1992 চনত আক্ষেপ প্ৰকাশ কৰি কয় যে : "1633 চনৰ 13 ফেব্ৰুৱাৰীৰ সেই একপক্ষীয় বিচাৰখনত গেলিলিওৰ লগতে বিজ্ঞান আৰু বিশ্বাসৰ প্ৰতিও অন্যায় কৰা হৈছিল। আজি বিশ্বৰ প্ৰতিজন নাগৰিকৰ লগতে মই তথা প্ৰতিজন ৰোমান কেথলিক চাৰ্চৰ সদস্যই সূৰ্যক সৌৰজগতৰ কেন্দ্ৰ বুলি মানি লৈছোঁ।"

Sunday 12 February 2017

পৰুৱাৰ অভিযন্ত্ৰণ আৰু সেই অস্থায়ী সাঁকোবোৰ


বুদ্ধিমত্তা, বিচক্ষণতা, কৌশল আদিৰ ক্ষেত্ৰত কেৱল যে মানুহেই আগবাঢ়ি গৈছে তেনে নহয়। ক্ৰমবিকাশৰ ধাৰাত অন্যান্য প্ৰাণীবোৰৰো শাৰীৰিক তথা মানসিক বিকাশ হৈ আহিছে। বিভিন্ন গৱেষণাত ওৰাংওটাং, চিম্পাঞ্জী, গৰিলা তথা চৰাই চিৰিকতিৰ বুদ্ধিমত্তা প্ৰমাণিত হৈছে। এই ক্ষেত্ৰত তেনেই নিমাখিত প্ৰাণী পৰুৱাবোৰো পিছ পৰি ৰোৱা নাই। সৈনিক পৰুৱা বা "আৰ্মি এণ্ট" বোৰে যেতিয়া কোনো এক স্থানৰ পৰা আন এক সংযোগ বিহীন স্থানলৈ যাবলগীয়া হয়, তেতিয়া সেই দুই স্থানৰ মাজত মূহুৰ্ততে একোখন সাঁকো তৈয়াৰ কৰি ল'ব পাৰে। এনে ধৰণৰ সাঁকো এখন তৈয়াৰ কৰিবলৈ কিছুমান কৰ্মী পৰুৱাই নিজৰ মুখেৰে আন কৰ্মী পৰুৱাৰ দেহৰ পশ্চাৎ বা সন্ন্মুখ অংশত কামুৰি ধৰি পৰস্পৰৰ দেহবোৰ সংলগ্ন কৰি লয়। তাৰপিছত পৰুৱাৰ বাহটোৰ আন পৰুৱাবোৰ এই সাঁকোখনৰ ওপৰেদি পাৰ হৈ গুচি যায়। বহু সময়ত পৰুৱাবোৰে দুখন ঠাইৰ মাজত পোনপটীয়া চমু বাট মোকলাবলৈ বা দূৰ্গম পথৰ বিকল্প হিচাবেও নতুন পথৰ সন্ধানত এনে সাঁকো তৈয়াৰ কৰে। প্ৰাণীজগতৰ নিমাখিত যেন লগা প্ৰাণীবোৰৰ এনে বিস্ময়কৰ অভিযন্ত্ৰণে এইটো প্ৰতিপন্ন কৰে যে বুদ্ধিমত্তা বা কাৰিকৰী কৌশলৰ ক্ষেত্ৰত মানুহৰ পিছে পিছে তেওঁলোকো আগবাঢ়ি আহি আছে। 

ইচ্ছুক সকলে তলৰ ভিডিঅ লিংকটো খুলি চাব পাৰে :

নিউজিলেণ্ডৰ সেই বিমান বন্দৰটো


এটা বিমান বন্দৰ। ব্যস্ততা আৰু ব্যস্ততা। মূহুৰ্তে মূহুৰ্তে বিমানৰ অৱতৰণ আৰু উৰণ। সুৰক্ষাৰ দিশৰ পৰা বিমান বন্দৰ সমূহৰ বিষয়ে আমি প্ৰায় সকলোৱেই অৱগত। মসৃণ ৰাণৱেত হয়তো পৰুৱা এটাও পাবলৈ নেথাকে। বিনা অনুমতিত ইয়ালৈ কাৰোৱেই প্ৰবেশ সম্ভৱ নহয়। তেনে বিমান বন্দৰ সমূহৰ পৰা সম্পূৰ্ণ পৃথক এটি বিমান বন্দৰৰ কথাকেই উল্লেখ কৰিব বিচাৰিছোঁ। দূৰ্গম অঞ্চল সমূহত এনে কিছুমান বিমান বন্দৰ আছে যাৰ কথা ভাবিলেই মনত শিহৰণ সৃষ্টি হ'ব পাৰে। নিউজিলেণ্ডৰ গিচবৰ্ন বিমান বন্দৰটোও তেনে এক বিমান বন্দৰ। এই বিমান বন্দৰটোৰ ৰাণৱেৰ মাজেৰে পাৰ হৈ গৈছে এটি সদা ব্যস্ত ৰেলপথ। নিউজিলেণ্ডৰ Napier-Gisborne ৰেলপথটো গিচবৰ্ন বিমান বন্দৰৰ সোঁমাজেৰে পাৰ হৈ গৈছে। 

Thursday 2 February 2017

কলম্বিয়া মহাকাশযান আৰু কল্পনা চাওলা



2003 চনৰ 1 ফেব্ৰুৱাৰীৰ এটি মিঠা সতেজ ৰাতিপুৱা। সদা ব্যস্ত কেনেডি মহাকাশ কেন্দ্ৰৰ কৰ্মীসকল আজিও ব্যস্ত। আজিৰ ব্যস্ততা নিতান্তই স্বাভাৱিক। 2003 চনৰ 16 জানুৱাৰীৰ দিনা এই কেন্দ্ৰটোৰ তত্বাৱধানতেই Space Shuttle Columbiaৰ Flight STS-107 জৰিয়তে মহাকাশলৈ বুলি উৰা মাৰিছিল কামাণ্ডাৰ ৰিক হাচবেন্দ, মিচন স্পেচিয়েলিষ্ট লোৰেল ক্লাৰ্ক, পেলোড স্পেচিয়েলিষ্ট ইলান ৰমণ, মহাকাশৰ গৱেষণাৰ বাবে যোৱা ডেভিদ ব্ৰাউন, মিচন স্পেচিয়েলিষ্ট উইলিয়াম মেককুল, পাইলট মাইকেল এণ্ডাৰচন আৰু হাৰিয়ানাৰ কাৰ্ণালত জন্ম গ্ৰহণ কৰা আমাৰ অতি মৰমৰ কল্পনা চাওলা। সেয়া আছিল কলম্বিয়াৰ 28তম সফল উৰণ। আজি এই সাতোজন মহাকাশচাৰী 16 দিনৰ মহাকাশ যাত্ৰাৰ সমাপ্তি ঘটাই পুনৰ পৃথিৱীলৈ ঘুৰি আহিব। এই 16টা দিনত তেওঁলোকে ৮০টা গৱেষণামূলক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ইতিমধ্যে কলম্বিয়া স্পেচ চাটলৰ লগত যোগাযোগ হৈছে। তেওঁলোক অৱতৰণৰ বাবে প্ৰস্তুত। 1997 চনৰ নৱেম্বৰ মাহৰ মহাকাশ যাত্ৰাৰ পিছত এইটো কল্পনা চাওলাৰ দ্বিতীয় মহাকাশ যাত্ৰা। ইতিমধ্যে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা হিচাবে কল্পনাৰ নাম ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈছে। সেই যাত্ৰাত কল্পনা চাওলাই মহাকাশৰ বুকুত 10.4 মিলিয়ন মাইল দূৰত্ব অতিক্ৰম কৰাৰ উপৰিও 252 বাৰ পৃথিৱীৰ চৌদিশে প্ৰদক্ষিণ কৰিছিল। একেৰাহে 372 ঘন্টা মহাকাশত কটাই মহাকাশত সৰ্বাধিক সময় অতিবাহিত কৰা মহিলা হিচাবেও তেওঁৰ নাম লিপিবদ্ধ হয়। 

সেউজ সংকেত পোৱাৰ লগে-লগে পাইলট এণ্ডাৰচনে কলম্বিয়াৰ পৃথিৱীমূখী যাত্ৰাৰ বাবে প্ৰস্তুত হ'ল। ইতিমধ্যে মিচন স্পেচিয়েলিষ্ট উইলিয়াম মেককুল আৰু লোৰেল ক্লাৰ্কে যানখনৰ খুটিনাটিবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিলে। সময় তেতিয়া আমেৰিকাৰ ঘড়ীত 2:32 AM. তেওঁলোকৰ পৰা সেউজ সংকেত লাভ কৰা মাত্ৰকে কলম্বিয়াৰ ইঞ্জিনে গৰ্জন কৰি উঠিল আৰু মূহুৰ্তৰ ভিতৰতে কলম্বিয়া যানখন পৃথিৱীৰ চৌদিশৰ কক্ষপথৰ পৰা ক্ৰমে নিম্ন উচ্চতাৰ কক্ষপথলৈ নামি অহাৰ জটিল পৰ্যায়সমূহ সম্পন্ন কৰিবলৈ ধৰিলে। প্ৰায় 5 ঘণ্টাৰ জটিল এক পৰিক্ৰমা শেষ কৰি পুৱা 8:00 বজাত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰিবলৈ প্ৰস্তুত হয়। প্ৰতিটো মহাকাশ যাত্ৰাৰ বাবে এইটো এটা অতি বিপদজনক পৰ্যায়। পুৱা 8:10 মিনিটত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা বতৰ, বায়ুমণ্ডল আৰু বায়ুৰ গতিবেগ সম্বন্ধে তথ্য সমূহ পোৱাৰ পিছতেই কলম্বিয়াৰ ইঞ্জিনৰ De-Orbit burn আৰম্ভ হ'ল। তেতিয়া কলম্বিয়াই প্ৰতি ছেকেণ্ডত 7.8 কিলোমিটাৰ বেগত ভাৰত মহাসাগৰৰ ওপৰেৰে মাটিৰ পৰা প্ৰায় 300 কিলোমিটাৰ উচ্চতাত উৰি আছিল। 2 মিনিট 48 ছেকেণ্ড সময়ৰ ব্যৱধানত ইঞ্জিনৰ De-Orbit burn সুকলমে সম্পন্ন হৈ যায়। লাহে-লাহে কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলৰ দিশে ধাৱমান হ'বলৈ ধৰে। সময় তেতিয়া 8:44 AM. কলম্বিয়া মহাকাশযান সেই সময়ত পৃথিৱীৰ পৰা প্ৰায় 120 কিলোমিটাৰ উচ্চতাত প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উৰি আছিল। বায়ুমণ্ডলৰ ঘনত্বও ক্ৰমে বাঢ়ি আহিছে। বায়ুমণ্ডলত হোৱা ঘৰ্ষণৰ ফলত কলম্বিয়াৰ বহিঃভাগৰ উষ্ণতাও বাঢ়ি আহিছে। কলম্বিয়াৰ Thermal Sensorত এই উষ্ণতা তেতিয়া 1370 °C ! উতলা পানীতকৈ 13.7 গুণ বেছি গৰম। অৱশ্যে এনে উষ্ণতাৰ লগত মোকাবিলা কৰিব পৰাকৈ কলম্বিয়াক প্ৰস্তুত কৰা হৈছে। 

সময়: 8:48 AM. হঠাৎ কলম্বিয়াৰ পাইলট এণ্ডাৰচনে Thermal sensorত উষ্ণতাৰ এক অস্বাভাৱিকতা ধৰা পেলায়। সেই সময়ত Thermal Sensorত ৰেকৰ্ড হোৱা উষ্ণতা 1450 °C ! মূহুৰ্তৰ ভিতৰতে গ্ৰাউণ্ড কণ্ট্ৰোললৈ খবৰ পঠিওৱা হ'ল। মাটিৰ পৰা 78 কিলোমিটাৰ উচ্চতাত কলম্বিয়া তেতিয়া কেলিফৰ্ণিয়াৰ উপকূল অঞ্চলৰ ওপৰেৰে উৰি আছিল। গ্ৰাউণ্ড কণ্ট্ৰোলত তেতিয়া হাহাকাৰ। কিংকৰ্ত্তব্য বিমুৰ হৈ পৰা গ্ৰাউণ্ড স্টাফে কিবা এটি সিদ্ধান্ত লোৱাৰ আগতেই, মাত্ৰ কেইমিনিট মান সময়ৰ ব্যৱধানত কলম্বিয়া হুৰহুৰকৈ নামি আহি মাটিৰ পৰা প্ৰায় 55 কিলোমিটাৰ উচ্চতাত টেক্সাাচৰ আকাশত এটি জ্বলন্ত অগ্নিপিণ্ডলৈ ৰূপান্তৰিত হয় আৰু আকাশতেই বিস্ফোৰিত হৈ এক বিস্তৃৰ্ণ অঞ্চলত সিঁচৰতি হৈ পৰে। কেনেডি মহাকাশ কেন্দ্ৰৰ গ্ৰাউণ্ড স্টাফে মাথোন চাই ৰ'ল টেলিভিচনৰ বৃহৎ পৰ্দাখনত সেই ভয়াবহ দৃশ্য। 

চেলেঞ্জাৰ মহাকাশযান দুৰ্ঘটনাত পতিত হোৱাৰ পিছত 2003 চনৰ 1 ফেব্ৰুৱাৰীৰ এই মহাকাশ দুৰ্ঘটনা মহাকাশ ইতিহাসৰ এক কৰুণতম অধ্যায়। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সাতজন মহাকাশচাৰীৰ প্ৰতি এই লিখনিৰ দ্বাৰা আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

73 বছৰীয়া দুৰন্ত পুৰুষ উদয় নাৰায়ণ ডেকা চাৰৰ সোঁৱৰণত


হঠাতেই আহিল দুঃসংবাদটো। বহুতো বেয়া খবৰেও আঁচোৰ মাৰিব নোৱাৰা মানুহৰ অন্তৰকো জোকাৰি যোৱা এটি হৃদয় বিদাৰক খবৰ। সেই যে খীনকাই চেহেৰাৰে মহাকাশ বিজ্ঞানৰ বতৰা লৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ দৌৰি ফুৰা 73 বছৰীয়া দুৰন্ত পুৰুষজন, গুৱাহাটী তাৰকাগৃহৰ চৌহদত হাঁহি মুখেৰে টেলিস্কোপৰ লেন্সেৰে হাজাৰ হাজাৰ মানুহক আকাশৰ গভীৰতা ভেদি ৰহস্যময় মহাজাগতিক দেশলৈ বাট দেখুৱাই দিয়া সৰল ব্যক্তিজন....! হয়, মই উদয় নাৰায়ণ ডেকা চাৰৰ কথাকেই ক'ব বিচাৰিছোঁ। ভাৰতৰ প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী সকলৰ মাজৰ এজন তথা প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰোন'মাৰচ এচোচিয়েচনৰ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰা উদয় নাৰায়ণ ডেকা চাৰ যোৱা নিশা 12:20 বজাত বৈকুণ্ঠগামী হয়। বিগত কিছুদিন বৃক্কজনিত সমস্যাত ভূগি থকা ডেকা চাৰ গুৱাহাটীৰ ইণ্টাৰনেচনেল হস্পিতালত চিকিৎসাধীন হৈ আছিল। দুদিনমান আগতে শ্ৰদ্ধেয় Jayanta Kumar Das চাৰ Uday N. Deka চাৰৰ খবৰ ল'বলৈ গৈছিল আৰু তেখেতৰ পৰাই চাৰৰ অসুস্থতাৰ বিষয়ে জানিব পাৰিছিলো। অক্লান্ত বিজ্ঞান কৰ্মী, বন্যপ্ৰাণী সংৰক্ষক তথা কৃতি শিক্ষক জয়ন্ত কুমাৰ দাস চাৰক ডেকা চাৰে নিজৰ ভায়েকৰ দৰেই মৰম কৰিছিল। ডেকা চাৰ মানুহজনক যিসকলে এবাৰলৈ হ'লেও লগ পাইছে, সেই সকলেহে বুজিব পাৰিব ইউ, এন, ডেকা চাৰ কিহৰ বাবে সমগ্ৰ ভাৰতৰ বাবে এটি উজ্জ্বল ৰত্ন আছিল। 2015 চনৰ ছেপ্তেম্বৰ মাহত ডেকা চাৰক কলাইগাঁৱৰ জয়ন্ত দাস চাৰৰ উদ্দ্যোগত মহাকাশ বিজ্ঞানৰ বুনিয়াদী কৰ্মশালা এটি অনুস্থিত কৰি আমাৰ কলেজলৈ নিমন্ত্ৰণ কৰিছিলো। চাৰ আহিছিল আৰু লগত লৈ আহিছিল আমাৰ কলেজৰ ছাত্ৰ-ছাত্ৰীবোৰৰ মনৰ মাজত দুলি থকা অজস্ৰ কৌতুহলী প্ৰশ্নৰ সহজ সৰল ব্যাখ্যা। আনিছিল তেখেতৰ টেলিস্কোপটোও। কৌতুহলী ছাত্ৰ-ছাত্ৰীয়ে বেৰি-কুৰি চকু থাপিছিল টেলিস্কোপৰ আইপিচত। গভীৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীবোৰলৈ লক্ষ্য কৰি চাৰে মোক কৈছিল: এদিন ময়ো এনেদৰেই দীঘল লাইন এটাৰ শেষৰ পিনে থিয় হৈ আছিলো টেলিস্কোপেৰে আকাশ চোৱাৰ তাড়নাত। ডেকা চাৰে কথা নকয়, তেওঁৰ কথাবোৰ যেন একো একোটা বিজ্ঞানৰ সাধুকথাহে। মূহুৰ্ততে ছাত্ৰ-ছাত্ৰীক কৈ গৈছে আকাশত বিভিন্ন তৰাৰ অৱস্থান জুখিবলৈ বা দুটা তৰাৰ মাজৰ দূৰত্ব জুখিবলৈ কেনেদৰে হাতৰ আঙুলি ব্যৱহাৰ কৰিব পাৰি; কেনেদৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজনেও সাধাৰণ গণিতৰ সহায়ত কক্ষপথত পৃথিৱীৰ গতিবেগ নিৰ্ণয় কৰিব পাৰে, আকাশৰ তৰাবোৰ কেনেদৰে চিনিব পাৰি ইত্যাদি, ইত্যাদি। 2015 চনতেই বিভিন্ন কাম লৈ ওদালগুৰি, ডিমাকুছি, টংলালৈ বুলি আহোঁতে ডেকা চাৰ আমাৰ ঘৰলৈও আহিছিল। লগত আছিল চাৰৰ অতি মৰমৰ জয়ন্ত কুমাৰ দাস, গুৱাহাটী দূৰদৰ্শনৰ ব্যস্ত কৰ্মচাৰী তথা বৃক্ষপ্ৰেমী মোৰ ভনী Sewali। চাৰে আহিয়েই মোক ক'লে : কম্পিউটাৰটো অন কৰাচোন প্ৰণৱ। এটা ৱেবচাইট চোৱা। চাৰৰ কথা মতেই মই ৱেবচাইটটো খুলিলো। উৱা, একেবাৰে ভাবা আনবিক গৱেষণা কেন্দ্ৰ ! আমাৰ দৰে অলপ ধতুৱা মানুহৰ বাবে মুম্বাইৰ ভাবা আনবিক গৱেষণা কেন্দ্ৰ সপোনৰ ঠাই। চাৰে ক'লে: তুমি "অনলাইন এপ্লিকেচন"ত ক্লিক কৰা আৰু সেইখিনি পুৰ কৰা। মই অপ্ৰস্তুত। সাহস দিলে জয়ন্ত কুমাৰ দাস চাৰে। তেখেতে নিজেও আগবাঢ়ি আহি কম্পিউটাৰৰ সন্মুখত বহি ল'লে আৰু মোৰ হৈ ফৰ্মখন পুৰ কৰিবলৈ ধৰিলে। শিক্ষাগত অৰ্হতা, মহাকাশ সম্বন্ধীয় কোনো কাম অথবা কৰ্মশালাৰ পূৰ্বৰ অভিজ্ঞতা ইত্যাদি। ফৰ্মখন পুৰ কৰি অনলাইন প্ৰেৰণ কৰা হৈ গ'ল। মই বেঙে মুতা গৰু এটাৰ দৰে কঁপিয়েই থাকিলো। কেইদিনমান পিছত এদিন সন্ধিয়া ডেকা চাৰৰ ফোন আহিল: প্ৰণৱ, তুমি আজিয়েই মুম্বাইলৈ অহা যোৱাৰ দুটা প্লেনৰ টিকট কাটি লোৱা। অক্টোবৰ মাহৰ 30 তাৰিখে তুমি মুম্বাই যাব লাগিব। শুভেচ্ছা থাকিল। মোৰ জীৱনত চাৰৰ কিমান যে অৱদান আছে সেয়া কৈ শেষ কৰিব নোৱাৰি। 1944 চনৰ 8 ছেপ্টেম্বৰত ওপজা এইজন বিজ্ঞানৰ একান্ত সাধক মুম্বাইৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মেনেজাৰ হিচাবে 12 বছৰ কাম কৰি গুৱাহাটীৰ ৰিজাৰ্ভ বেংকলৈ বদলি হয়। মুম্বাইত থকা সময়ত তেওঁ এমেচাৰ এষ্ট্ৰোন'মাৰ এচোচিয়েচনৰ কোষাধক্ষ হিচাবেও কৰ্মৰত আছিল। পৰবৰ্তী সময়ত তেখেত গুৱাহাটী তাৰকাগৃহৰ লগত জড়িত হৈ পৰে আৰু মৃত্যুৰ সময়লৈকে প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰোন'মাৰ এচোচিয়েচনৰ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল। চাৰৰ বিয়োগত আমি মৰ্মাহত। চাৰ আপুনি য'তেই নেথাকক কিয়, সুখেৰে থাকক।