Saturday 26 December 2015

তেজস্ক্ৰিয় কাৰ্বনৰ সহায়ত জীৱাশ্মৰ বয়স নিৰ্ধাৰণ


মহাকাশৰ বিভিন্ন গ্রহ, নক্ষত্র বা মহাজাগতিক অন্যান্য পদাৰ্থসমূহৰ পৰা সদায়ে এক ধৰণৰ তেজস্ক্রিয় ৰশ্মি বিকিৰণ হৈ আমাৰ বায়ুমণ্ডলত প্ৰবেশ কৰে। এই ৰশ্মিক মহাজাগতিক ৰশ্মি বোলে। মহাজাগতিক ৰশ্মিত যিবোৰ নিউট্রন থাকে সেইবোৰে বায়ুমণ্ডলৰ নাইট্রোজেন পৰমাণুৰ নিউক্লিয়াচত আঘাত কৰাৰ ফলত নিউক্লিয় বিক্রিয়া সংঘটিত হয় আৰু নাইট্রোজেন নিউক্লিয়াচৰ ভঙ্গন হয়। ইয়াৰ ফলত সম্পূর্ণ নতুন ভৰ সংখ্যাৰ দুটি ভিন ভিন পৰমাণুৰ নিউক্লিয়াচ সৃষ্টি হয়। নবগঠিত এই পৰমাণু দুটাৰ এটা হ'ল হাইড্রোজেন আৰু আনটো তেজস্ক্রিয় কার্বন। উৎপন্ন হোৱাৰ অলপ সময়ৰ পিছতেই তেজস্ক্রিয় কার্বন পৰমাণুবোৰে বায়ুমণ্ডলৰ অক্সিজেন পৰমাণুৰ সতে যুক্ত হৈ তেজস্ক্রিয় কার্বন-ডাই-অক্সাইড অনু গঠন কৰে। সেউজীয়া উদ্ভিদে খাদ্য তৈয়াৰ কৰাৰ উদ্দেশ্যে বায়ুমণ্ডলৰ পৰা কার্বন-ডাই-অক্সাইড (স্থিতিশীল ও তেজস্ক্রিয় উভয় প্রকাৰৰ) শোষণ কৰে আৰু শোষণ কৰা এই কার্বন-ডাই-অক্সাইড অণুবোৰে উদ্ভিদৰ দেহৰ ভিতৰত ৰাসায়নিক বিক্রিয়া কৰি কাবর্ন (তেজস্ক্রিয় ও অতেজস্ক্রিয়) আৰু অক্সিজেন পৰমাণুত বিভক্ত হৈ যায়। পৰিবর্তিত এই অক্সিজেন পৰমাণুবোৰ পৰ্যায়ক্ৰমে উদ্ভিদৰ দেহৰ পৰা বিভিন্ন জৈৱিক প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই আহে কিন্তু তেজস্ক্রিয় ও অতেজস্ক্রিয় উভয় প্রকাৰৰ কার্বন পৰমাণুবোৰ উদ্ভিদ দেহৰ ভিতৰতে থাকি যায়। যিহেতু পশু পক্ষীৰ আৰু মানুহে খাদ্য হিচাবে উদ্ভিদ, ফলমূল ও শস্যৰ দানা গ্রহণ কৰে, ফলত উদ্ভিদৰ দেহত জমা হৈ থকা কার্বন (তেজস্ক্রিয় ও অতেজস্ক্রিয়) পশু পক্ষী আৰু মানুহৰ শৰীৰত প্ৰবেশ কৰে। 

উদ্ভিদ আৰু প্রাণীৰ দেহত কার্বনৰ এই সৰবৰাহ এনেদৰে ঘটি থাকে যে, মৃত্যুৰ সময়ত প্রতিটো জীবদেহত তেজস্ক্রিয় আৰু অতেজস্ক্রিয় কার্বনৰ অনুপাত সদায় সমান অৰ্থাৎ ১:১ অনুপাতত থাকে। মৃত্যুৰ পিছত জীৱদেহৰ তেজস্ক্রিয় কার্বনৰ পৰমাণুবোৰে তেজস্ক্রিয় ৰশ্মি বিকিৰণ কৰি ধীৰে ধীৰে ক্ষয়প্রাপ্ত হৈ থাকে। কিন্তু অতেজস্ক্রিয় কার্বন পৰমাণুবোৰৰ নিউক্লিয়াচ সুস্থিৰ। সেয়ে মৃতদেহত যুগ যুগ ধৰি অতেজস্ক্রিয় কার্বনৰ প্রতিটো পৰমাণু অক্ষুন্ন হৈ থাকে। গবেষণাত এইটো প্রমাণিত হৈছে যে তেজস্ক্রিয় কার্বনৰ অর্ধায়ু কাল ৫৭৬০ বছৰ। অর্থাৎ ৫৭৬০ বছৰৰ পিছত কোনো মৃতদেহত থকা তেজস্ক্রিয় কার্বন পৰমাণুৰ সংখ্যা কমি পূৰ্বৰ আধা হৈ পৰে। 

এতিয়া ধৰা হওঁক, এটা জীৱাশ্মত ৫০০টা তেজস্ক্রিয় ও ১০০০টা অতেজস্ক্রিয় কার্বন পৰমাণু আছে। তেন্তে জীৱাশ্মটোত তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত ০.৫ : ১। অৰ্থাৎ জীৱাশ্মটো অর্ধায়ু কালত উপস্থিত হৈছে। সেয়ে এই জীৱাশ্মটোৰ বর্তমান বয়স ৫৭৬০ বছৰ। তেনেদৰে জীৱাশ্মটোত যেতিয়া তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত ০.২৫ : ১ হ'ব, তেতিয়া জীৱাশ্মটোৰ বয়স হ'বগৈ ৫৭৬০ x ২ = ১১৫২০ বছৰ। বিজ্ঞানত এনেদৰেই তেজস্ক্রিয় ও অতেজস্ক্রিয় কার্বনৰ অনুপাত নির্ণয় কৰি কার্বনৰ অর্ধায়ু কালৰ দ্বাৰা এটি গাণিতিক সমীকৰণৰ সহায়ত যিকোনো পুৰণি বস্তু, শিলাখণ্ড, জীৱাশ্ম আনকি পৃথিৱী বা আন গ্ৰহৰ বয়স নির্ণয় কৰা হয়।

Thursday 24 December 2015

জোনবাইৰ বুকুত এখন সপোনৰ ঘৰ


1969ৰ পৰা 1972 চনলৈ সৰ্বমুঠ 12 জন মানুহে চন্দ্ৰত পদাৰ্পণ কৰাৰ পিছত আজিলৈকে যিবোৰ চন্দ্ৰ অভিযান সম্পণ্ণ হৈছে, সেইবোৰ মানববিহীন। ভাৰতৰ মহান বিজ্ঞানী এ পি জে আব্দুল কালামে পোন প্ৰথম বাৰৰ বাবে কৈছিল : "পৃথিৱীৰ বাহিৰেও বহি:বিশ্বৰ কোনোবা গ্ৰহ-গ্ৰহান্তৰত এদিন মানুহে বসতি স্থাপন কৰিব লাগিব আৰু প্ৰাথমিক পদক্ষেপ হিচাবে মানুহে জোনবাইকে বাচি ল'ব লাগিব"। ডঃ কালামৰ সেই সপোন আজি সাৰ্থক হোৱাৰ পথত। ইউৰোপীয় মহাকাশ সংস্থা, ৰাচিয়াৰ ফেডাৰেল স্পেচ এজেন্সী আৰু চীনৰ বিজ্ঞানীসকলে বৰ্তমান ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে জোনবাইৰ বুকুত মানুহৰ বসতি স্থাপনৰ সপোন সাৰ্থক কৰাৰ বাবে। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ হিচাবে বিভিন্ন ৰবট আৰু ৰবটিক যান প্ৰেৰণ কৰি জোনবাইৰ দেশত এখন উপনিবেশ স্থাপন কৰা হ'ব। উপনিবেশ তৈয়াৰ হোৱাৰ পিছত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু পানী চন্দ্ৰপৃষ্ঠৰ মাটিৰ পৰাই আহৰণ কৰাৰ পৰিকল্পনা যুগুতাই উলিয়াইছে বিজ্ঞানীসকলে। বিজ্ঞানীসকলৰ আশাকৰা মতে অহা বছৰ অৰ্থাৎ 2016 চনৰ পৰাই এই প্ৰজেক্টৰ কাম আৰম্ভ হ'ব আৰু সকলো সুচাৰুৰূপে পৰিচালিত হ'লে 2040 চনৰ ভিতৰত মানুহে জোনবাইৰ সপোনৰ ঘৰত কটাব পাৰিব জীৱনৰ সেই অপূৰ্ব সময়বোৰ। হয়তো আপোনাৰ জোনবাইৰ ঘৰলৈ এপাক ফুৰি অহাৰ চলেৰে কোনোবা এটা গ্ৰীষ্মৰ বন্ধত আমাৰো যোৱাৰ সৌভাগ্য হ'ব পাৰে।

Tuesday 22 December 2015

শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ


1907 চনৰ কথা। তেতিয়া তেওঁ 20 বছৰীয়া এজন চফল ডেকা। ভীষণ আৰ্থিক সংকট আৰু পেটত ক্ষুধাৰ যন্ত্ৰণা লৈ তেওঁ ব্ৰতী হৈ ৰৈছিল গণিতৰ জগতখনত। তেওঁ আছিল শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ। 1887 চনৰ 22 ডিচেম্বৰত তামিলনাডুৰ পাল্লীপালায়াম নামৰ গাওঁত এই বিখ্যাত গণিতজ্ঞজনৰ জন্ম হৈছিল। তেওঁৰ দেউতাকে এখন কাপোৰৰ দোকানত কৰ্মচাৰী হিচাবে কাম কৰি যি অৰ্থ উপাৰ্জন কৰিছিল সেই অৰ্থৰে সংসাৰ চলোৱাত অসুবিধা হৈছিল বাবে তেওঁৰ মাতৃয়েওমন্দিৰত গীত গাই ধন উপাৰ্জন কৰিবলগীয়া হৈছিল। 1892 চনত 5 বছৰ বয়সত ৰামানুজনক প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া হৈছিল। 1897 চনত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি হাইস্কুলত নামভৰ্তি কৰাৰ পিছত তেওঁ গণিতৰ সোৱাদ পায় আৰু গণিত তেওঁৰ প্ৰিয় বিষয় হৈ পৰে। অতি আচৰিত হ'লেও এইটো সত্য যে মাত্ৰ 11 বছৰ বয়সতে ৰামানুজনে বিদ্যালয় পৰ্যায়ৰ গণিত শেষ কৰি কলেজৰ ছাত্ৰৰ পৰা কলেজীয়া গণিত পাঠ্যক্ৰম শিকিবলৈ লয়। মাত্ৰ 13 বছৰ বয়সতে কলেজ পৰ্যায়ৰ S. L. Loneyৰ দ্বাৰা প্ৰণেত Advanced Trigonometry নামৰ গণিতৰ কিতাপখন সংগ্ৰহ কৰি সেইখনত বুৎপত্তি লাভ কৰে। তেওঁ বিদ্যালয়ত গণিতৰ পৰীক্ষা এঘণ্টাৰ ভিতৰতে শেষ কৰি সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হৈছিল। তেওঁ বিদ্যালয়ত পঢ়ি থাকোতেই গণিতত থকা পাৰদৰ্শীতাৰ বাবে বিভিন্ন বঁটা, সন্মান আৰু জলপানী পাইছিল। পিছলৈ তেওঁ এজন বিখ্যাত গণিতজ্ঞ হিচাবে পৰিচিত হৈছিল। মাত্ৰ 32 বছৰ বয়সত এই মহান গণিতজ্ঞজনৰ মৃত্যু হয়। আজি তেওঁৰ 128 বছৰীয়া জন্মদিনত তেখেতলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।

Sunday 20 December 2015

দাৰ্শনিক চক্ৰেটিচ আৰু এপিয়লা হেমলক


তেওঁৰ মুখত নাই কোনো উৎকণ্ঠতাৰ ভাব। শান্ত-সমাহিত ভাবে তেওঁ বহি আছে জেলৰ এচুকৰ আসনখনত। ভগৱান সম্বন্ধে থকা প্ৰচলিত ধাৰণাৰ বিৰুদ্ধাচৰণ কৰা আৰু যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অভিযোগত চক্ৰেটিচ বিচাৰৰ কাঠগড়াত থিয় হৈছিল। তেওঁক দোষী সাব্যস্ত কৰা হ'ল। বিচাৰৰ ৰায় হিচাবে তেওঁক মৃত্যুদণ্ড বিহা হ'ল। মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ বাবে তৈয়াৰ কৰা হৈছে এপিয়লা বিহ- হেমলক ! জেলৰ বিষয়াজনে ইংগিত প্ৰদান কৰাৰ লগে-লগে ক্ষীণকায় চেহেৰাৰ ভৃত্য এজনে তেওঁলৈ আগবঢ়াই দিলে বিষাক্ত হেমলকৰ পিয়লাটো।
জেলৰ বিষয়াজনে ক'লে: মহাশয়, আপুনি নিশ্চয় বুজি পাইছে এয়া কি ?
চক্ৰেটিচে পিয়লাটো হাতত লৈ সুধিলে: এতিয়া মই কি কৰিব লাগিব ?
বিষয়াজনে ক'লে: আপুনি পিয়লাৰ বিষখিনি পান কৰি কোঠাটোৰ ভিতৰতে অলপ পায়চাৰি কৰক। যেতিয়া আপোনাৰ ভৰি দুখন গধুৰ-গধুৰ যেন অনুভৱ হ'ব, তেতিয়া আপুনি সেই বিচনাখনত শুই দিব।
: মই বুজি পাইছো। - চক্ৰেটিচে ক'লে।
জেলৰ ভিতৰত যেন ভয়াবহ নীৰৱতা। চক্ৰেটিচে মূৰ তুলি চালে। তেওঁ দেখা পালে, তেওঁৰ মৰমৰ ছাত্ৰবোৰৰ চকুবোৰ চলচলীয়া। জেলৰ নীৰৱতা ভাঙি চক্ৰেটিচে ক'বলৈ ধৰিলে: এয়া কেনে কথা ! কন্দা কটা হ'ব বুলিয়েই মই জেলৰ ভিতৰলৈ মহিলাসকলক আহিবলৈ অনুমতি দিয়া নাছিলো, আৰু এতিয়া তোমালোকে এনে কৰিলে ভাল হ'ব জানো ?
চক্ৰেটিচৰ প্ৰিয় শিষ্য এপোলোডাচ বেছিকৈ বিচলিত হৈছিল। তেওঁৰ উচুপনি বন্ধ কৰিবলৈ চক্ৰেটিচে ক'লে: মই নীৰৱতাৰ মাজত মৰিব বিচাৰো। আশাকৰো তুমি বুজি পাইছা এপোলোডাচ...।
এইবুলি কৈ তেওঁ দুচকু ক্ষন্তেকৰ বাবে বন্ধ কৰি পোন হৈ বহি ল'লে আৰু তাৰপিছত জেলৰ ভিতৰৰ সকলো শিষ্যৰ পিনে এবাৰ চাই হেমলকৰ পিয়লাটোৰ পৰা বিষখিনি মুখত ঢালি দিলে। জেলৰ ভিতৰত তেতিয়া কেবল উচুপনিৰ শব্দ। চক্ৰেটিচে জেলৰ কোঠাটোৰ ভিতৰতে পায়চাৰি কৰিবলৈ ধৰিলে। এটা সময়ত তেওঁ মৰমৰ আন এজন শিষ্য ক্ৰিটোক জনালে যে তেওঁৰ ভৰি দুখন ক্ৰমে জথৰ হৈ আহিছে। শিষ্যসকলে তৎক্ষাণাত তেওঁক আলফুলে ধৰি কাষতে থকা বিচনাখনত শুৱাই দিলে। তেওঁৰ মূৰত এখন কাপোৰ ঢাকি দিয়া হ'ল। কেইজনমানে তেওঁৰ ভৰি দুখনত মৃদু ভাবে মালিচ দিবলৈ আৰম্ভ কৰিলে।
: মহাশয়, ভৰি দুখনত কিবা অনুভৱ কৰিছে নে ? - শিষ্যসকলে সোধে।
চক্ৰেটিচে চকুৰে কিবা এটি ইংগিত দিয়ে। শিষ্যসকলৰ উচুপনিৰ শব্দবোৰ ক্ৰমাৎ বেছি হৈ আহিল। এনেতে চক্ৰেটিচে মূৰৰ পৰা কাপোৰখন আঁতৰাই কৈ উঠিল: ক্ৰিটো, মই এচক্লেপিয়াচক কুকুৰা এটা দিবলৈ থাকি গ'ল। তুমি মোৰ হৈ তেওঁক কুকুৰাটোৰ মূল্যটো পৰিশোধ কৰি দিবানে ?
হুকহুকাই কান্দি উঠিল ক্ৰিটো। থোকাথুকি মাতেৰে তেওঁ ক'লে: নিশ্চয় কৰিম মহাশয়। আপুনি আৰু কিবা ক'বনে ?
চক্ৰেটিচৰ পৰা আৰু কোনো উত্তৰ নাহিল। ইতিমধ্যে পৃথিৱীৰ মায়া এৰি নীৰৱেই গুচি গৈছিল বিখ্যাত দাৰ্শনিক চক্ৰেটিচ।

সপোন : এক বিষ্ময়কৰ অৱচেতন অনুভূতি



যোৱাকালিৰ কথাবোৰ আজিৰ বাবে এটি স্মৃতি মাথোন আৰু অহাকালিৰ কথাবোৰ আজিৰ বাবে এটি সপোন। সপোন সঁচাকৈয়ে এক আচৰিত অনুভৱ। মানুহে নিজৰ সম্পূৰ্ণ জীৱনকালৰ প্ৰায় 33% সময় নিদ্ৰাৰ মাজেৰে পাৰ কৰে আৰু এই নিদ্ৰামগ্ন সময়চোৱাত মানুহৰ অৱচেতন মনত ভূমুকি মাৰি যায়হি কল্পনাশ্ৰয়ী সপোন বোৰে। সপোনক লৈ ৰহস্যৰ শেষ নাই। পৃথিৱীত এনে এজন মানুহ পোৱা নেযাব- যিজনে সপোন দেখা নাই। আচৰিত যেন লাগিলেও এইটো সত্য যে অন্ধ ব্যক্তিয়েও সপোনৰ সোৱাদ লয়, অৱশ্যে তেখেতসকলৰ সপোনত থাকে কেবল শব্দৰ সমাহাৰ। জন্মৰ পিছত মানব শিশুৱে প্ৰায় তিনি বছৰ বয়সৰ পৰাই সপোনৰ লগত পৰিচিত হয়। বিজ্ঞানীসকলৰ মতে শিশু সকলে নিদ্ৰামগ্ন অৱস্থাত আটাইতকৈ বেছি সপোন দেখে। বয়স বাঢ়ি কৈশোৰ অৱস্থা পোৱালৈ সপোনৰ সংখ্যা কমি আহে। যুৱকালৰ পৰা প্ৰৌঢ় অৱস্থালৈ বয়স বাঢ়ি অহাৰ লগতে সপোনৰ পৰিমাণো কমি আহে। গৱেষক সকলৰ মতে নবৈ বছৰ বয়সৰ পিছত মানুহে সপোন প্ৰায় নেদেখেই আৰু এনে বয়সৰ লোকে বহুদিন সপোন নেদেখাকৈ পৃথিৱীৰ পৰা মেলানি মাগে। সচৰাচৰ ক্লান্ত এজন লোকে নিদ্ৰাৰ প্ৰথম দুঘণ্টাত সপোন নেদেখে। এই সপোন নেদেখা নিদ্ৰাৰ সময়চোৱাক Nonrapid Eye Movement Period বোলে। ইয়াৰ পিছৰ পৰ্যায়ত, যেতিয়া নিদ্ৰামগ্ন অৱস্থাত দেহৰ ক্লান্তি আঁতৰে, তেতিয়াই মানুহে সপোন দেখা আৰম্ভ কৰে আৰু এই সময়চোৱাক Rapid Eye Movement Period বা REM বোলে। এজন মানুহৰ নিদ্ৰাকালৰ প্ৰতি 90 মিনিটৰ একোটা পৰ্যায়ত প্ৰায় 10 মিনিটৰ একোটা REM Period থাকে। অৰ্থাৎ যিজন মানুহে নিতৌ ছঘণ্টা সময় শোৱে, তেওঁ নিদ্ৰাকালত চাৰিটা REM Period পায় আৰু সেয়েহে মানুহজনে নিদ্ৰামগ্ন অৱস্থাত অতি কমেও চাৰিটা সপোন দেখাৰ সম্ভাৱনা থাকে। পিছে দুখৰ কথাটো হ'ল এয়ে যে সাৰ পোৱালৈ আমি সপোনবোৰৰ প্ৰায় 90% কথাই পাহৰি যাওঁ। প্ৰতিদিনে ছঘণ্টাকৈ টোপনি যোৱা এজন মানুহে দৈনিক গড় হিচাবে যদি চাৰিটা সপোন দেখে, তেন্তে তেওঁ এমাহত মুঠ সপোন দেখিব প্ৰায় 120 টা। একেদৰে বছৰত এই সংখ্যাটো হ'বগৈ 1440 টা। এই গণনাৰ আঁত ধৰি আমি হিচাব কৰি পাম যে 70 বছৰ বয়সলৈ তেওঁ দেখা সপোনৰ সংখ্যা হ'বগৈ প্ৰায় এক লাখ টা ! এতিয়া আপুনি নিজেই হিচাব কৰি উলিয়াব পাৰিব আপুনি এতিয়ালৈকে দেখা সপোনৰ সংখ্যাটো। পিছে, আপুনি ইয়াৰ 90%তকৈও বেছি সপোনেই মনত ৰাখিব পৰা নাই। বৰ আচৰিত কথা নহয়নে বাৰু ? শুভৰাত্ৰি ! ইংৰাজীত কোৱাৰ দৰেই: Sweet Dreams !!!

Friday 18 December 2015

ইলেকট্ৰণৰ আৱিষ্কাৰক যোচেফ জন থমচন



ইলেকট্ৰণৰ আৱিষ্কাৰক এই মহান বিজ্ঞানীজনৰ আজি 159তম ওপজা দিন। 1856 চনৰ 18 ডিচেম্বৰৰ দিনা ইংলেণ্ডৰ মানচেষ্টাৰ চহৰত থমচনৰ জন্ম হৈছিল। লণ্ডনৰ ৰয়েল চচাইটিৰ সদস্য এই মহান বিজ্ঞানীজনে 1884 চনৰ পৰা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰফেচৰ হিচাবে আসন শুৱনি কৰিছিল। সেই সময়চোৱাত তেখেতে আৰ্নেষ্ট ৰাডাৰফৰ্ড, অপেনহেইমাৰ, নেইলচ ব'ৰ আদি বিখ্যাত বিজ্ঞানীসকলক শিক্ষাগুৰু হিচাবে পাঠদান কৰিছিল। 1897 চনত তেখেতে এক যুগান্তকাৰী আৱিষ্কাৰ কৰে। তেখেতে এটি দীঘল কাচৰ নলীৰ মাজেৰে বৈদ্যুতিক সোঁত প্ৰবাহিত কৰি কেথড ৰশ্মিৰ ওপৰত এলানি পৰীক্ষা কৰি থাকোতে আৱিষ্কাৰ কৰি পেলালে যে কেথড ৰশ্মিবোৰ বিদ্যুৎ ঋণাত্মক আৰু এই ঋণাত্মক আধানযুক্ত কেথড ৰশ্মিবোৰ পদাৰ্থৰ পৰমাণুতকৈও সূক্ষ্ম কিছুমান কণাৰ সমষ্টি। তেখেতে গণনা কৰি উলিয়ালে যে এই ঋণাত্মক কণাবোৰৰ আধান আৰু ভৰৰ অনুপাতটো যথেষ্ট বেছি। অৰ্থাৎ আধানৰ তুলনাত ভৰৰ মান তেনেই নগন্য এই কণাবোৰ পৰমাণুৰেই এটা সূক্ষ্মতম অংশ (subatomic particle)। এই সূক্ষ্মতম কণাবোৰকেই "ইলেকট্ৰণ" বুলি নামাকৰণ কৰা হয়। থমচনৰ এই আৱিষ্কাৰে জন ডেল্টনৰ পাৰমানবিক তত্বটো লৰক-ফৰক কৰি তোলে আৰু পৰমাণু যে অবিভাজ্য নহয় তাৰ প্ৰমাণ দাঙি ধৰে। তেখেতৰ এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ বাবে 1906 চনত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হয়। 1906 চনত নবেল বঁটাৰে সন্মানিত হোৱা বিজ্ঞানীজনৰ সাত জন ছাত্ৰ (বিজ্ঞানী) আৰু তেওঁৰ নিজৰ সন্তান জৰ্জ থমচনেও বিভিন্ন বিষয়ত ভিন ভিন সময়ত নবেল বঁটাৰে বিভুষিত হৈছিল। 1940 চনৰ 30 আগষ্টৰ দিনা 83 বছৰীয়া এই মহান বিজ্ঞানীজনৰ দেহাৱসান ঘটে। আজি তেখেতৰ 159তম ওপজা দিনত আমাৰ সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ।

Thursday 17 December 2015

বিজ্ঞানী নিউটন আৰু তেওঁৰ আপেল গছজোপা


বাগিচাত এজোপা আপেল গছৰ তলত বহি থাকোতে হঠাৎ নিউটনৰ মূৰত এটা আপেল সৰি পৰাৰ কাহিনীটো আমি সকলোৱে জানো। কিন্তু সেই আপেল গছজোপাৰ কিছু কথা আমি বহুতেই নেজানো। আজিৰ পৰা 328 বছৰ পূৰ্বে অৰ্থাৎ 1687 চনত বিজ্ঞানী আইজাক নিউটনে তেখেতৰ মাধ্যাকৰ্ষণৰ তত্বটো প্ৰকাশ কৰিছিল। যিজোপা আপেল গছৰ তলত বিজ্ঞানীজনৰ এই চিন্তাৰ উদ্ৰেক ঘটিছিল, তেওঁলোকৰ বাগিচাৰ সেই আপেল গছজোপা বৰ্তমান বয়সৰ হিচাবত প্ৰায় 360 বছৰীয়া ! সাধাৰণতে এজোপা আপেল গছ 50 ৰ পৰা 80 বছৰলৈহে জীয়াই থাকে। পিছে ইংলেণ্ডৰ লিংকনশায়াৰ উইলসথর্পমানৰ এই আপেল গছজোপাৰ কথা সুকীয়া। ইংলেণ্ডৰ গ্রান্থাম চহৰৰ কিংচ স্কুলৰ দাবী অনুসৰি এই আপেল গছজোপা স্কুল কর্তপক্ষই কিনি লৈ নতুনকৈ স্কুল চৌহদত ৰোপণ কৰিছিল। পিছত এই গছজোপাৰ পৰা অংগজ প্ৰজনন ঘটাই কেমব্রিজৰ ট্রিনিটি কলেজ চৌহদত পুনৰ ৰোপণ কৰা হয়। নিউটন ট্রিনিটি কলেজত অধ্যয়নৰত অৱস্থাত কলেজৰ যি কক্ষত থাকি পঢ়াশুনা কৰিছিল, থিক তাৰ নিচেই কাষতেই গছজোপা বৰ্তমান অবস্থিত। এই গছজোপা প্ৰকৃততে নিউটনৰ বাগিচাৰ সেই আপেলজোপা হয় নে নহয়, তাৰ সত্যতা নিৰূপণ কৰাৰ বাবে অক্সফোর্ড ইউনিভাৰ্চিটিত গছজোপাৰ DNA পৰীক্ষা সম্পণ্ণ কৰা হৈছিল আৰু পৰীক্ষাৰ পৰা এইটো নিশ্চিত হোৱা যায় যে এই জোপা গছেই সেই বিশেষ আপেল গছজোপাৰ অংশবিশেষ, যিজোপা গছৰ তলত বহি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী আইজাক নিউটনে আৱিষ্কাৰ কৰিছিল মাধ্যাকৰ্ষণৰ সূত্ৰ।

Sunday 13 December 2015

বিগ ক্রাঞ্চ বা মহা সংকোচন


আমি প্ৰায় সকলোৱে বিগ বেং বা মহানাদৰ বিষয়ে কিছু কথা জানো। এই তত্ব মতে আমাৰ দৃষ্টিত ধৰা পৰা সসীম মহাবিশ্বৰ লগতে আমাৰ চকুৰ পৰা সদায়ে আঁতৰত থাকি যোৱা বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাৰ সৃষ্টিৰ মূল হ'ল এই বিগ বেং। আচৰিত হ'লেও সত্য যে বিগ বেঙৰ পৰাই সৃষ্টি হৈছে সময়। পিছে বিগ বেঙৰ প্ৰতিৰূপ আন এক পৰিঘটনা সম্বন্ধেও বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে আৰু এই পৰিঘটনাটোক বিগ ক্রাঞ্চ বা মহা সংকোচন বোলা হয়। এই তত্ব মতে আমাৰ বিশ্বব্ৰহ্মাণ্ড ভৱিষ্যতে পুনৰ সংকুচিত হৈ এটা আদি বিন্দুত পৰিণত হ'ব, স্থবিৰ হৈ পৰিব সময়। পিছে এই তত্বটোনো কি? নিউটনৰ মহাকৰ্ষণ সূত্ৰ আমি সকলোৱেই জানো। একেদৰে আমি জানো যে বল প্ৰয়োগ কৰিলে পদাৰ্থৰ স্থান সলনি হোৱাৰ লগতে পদাৰ্থটো ত্বৰিত (accelerate) হয়। বিগ বেঙৰ সময়ত সৃষ্টি হোৱা বলে সৃষ্টি মূহুৰ্তৰ পদাৰ্থকণাবোৰক ত্বৰণ দিছিল আৰু এই ত্বৰণৰ বাবেই পদাৰ্থকণাবোৰ কেউদিশে বিস্তাৰিত হৈছিল। বিজ্ঞানী এডুইন হাব'লৰ মতে এই প্ৰক্ৰিয়া এতিয়াও চলি আছে অৰ্থাৎ আমাৰ বিশ্বব্ৰহ্মাণ্ড প্ৰসাৰণশীল অৱস্থাত আছে। পিছে আইজাক নিউটনৰ মহাকৰ্ষণ সূত্ৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ পদাৰ্থকণাবোৰৰ মাজত মহাকৰ্ষণ বলে ক্ৰিয়া কৰি আছে। অৰ্থাৎ মহাকৰ্ষণ বল আৰু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণশীলতা- এই দুই পৰিঘটনাৰ ক্ষেত্ৰত এটাই আনটোৰ বিপৰীত দিশে ক্ৰিয়া কৰি আছে। গাণিতিক ভাবে মহাকৰ্ষণ বল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণশীল বলতকৈ কম হোৱা বাবে বিশ্বব্ৰহ্মাণ্ডৰ পৰিসৰ সদায়ে বৃদ্ধি হৈ আছে। কিন্তু এটা সময়ত এই দুই বলৰ মান সমান হ'ব আৰু তেতিয়াই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণ বন্ধ হ'ব। ইতিমধ্যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত ডাৰ্ক মেটাৰ বা অন্ধকাৰ পদাৰ্থৰ উপস্থিতি ঘোষণা কৰিছে। এই ডাৰ্ক মেটাৰবোৰে বিজ্ঞানীসকলে আশা কৰাতকৈ অধিক ক্ষিপ্ৰভাবে মহাকৰ্ষণ বল শক্তিশালী কৰি তুলিছে। যদি এইটো সত্য, তেন্তে ভৱিষ্যতৰ সময়চোৱাৰ কোনোবাখিনিত আমাৰ প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ডখন স্থবিৰ হৈ পৰিব আৰু তাৰপিছত বিশ্বব্ৰহ্মাণ্ডখন ক্ৰমে সংকুচিত হ'বলৈ ধৰিব। বিশ্বব্ৰহ্মাণ্ডৰ এই সংকোচন প্ৰক্ৰিয়াকেই বিজ্ঞানীসকলে বিগ ক্রাঞ্চ বা মহাসংকোচন বুলি অভিহিত কৰিছে। এনেদৰে সংকুচিত হৈ হৈ এদিন আমাৰ বিশ্বব্ৰহ্মাণ্ডখন পুনৰ এটা বিন্দু সদৃশ কণালৈ পৰিবৰ্তিত হ'ব আৰু এই বিন্দুটোকেই বিজ্ঞানৰ ভাষাত "চিংগুলাৰিটি" বুলি কোৱা হয়। সেই চিংগুলাৰিটিত আপুনি, মই, গছ-লতিকা, চৰাই , আকাশ, চন্দ্ৰ-সূৰ্য একোৱেই নেথাকিব। নেথাকিব বতাহ, নেথাকিব পোহৰ অথবা আপোনাৰ-মোৰ ঘড়ীত টিক-টিক কৈ বাজি থকা সময় !!!

পানীৰে আলোকিত হোৱা লেম্প বা লণ্ঠনটো


আয়েছা মিজেনো আৰু ৰাফেল মিজেনো নামৰ দুজন ভাই ককাইৰ এটা প্ৰধান সমস্যা আছিলে- ফিলিপাইনৰ বৈদ্যুতিক নাটনি। ছাত্ৰ অৱস্থাৰ পৰাই দৰিদ্ৰ পৰিয়ালৰ এই দুই ভাতৃয়ে বিদ্যুতৰ সমস্যাৰ বাবে পঢ়াশুনাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কেৰাচিনৰ অভাবে এই সমস্যা দুগুণে বঢ়াইছিল। তেওঁলোকৰ এই সমস্যাই কিন্তু তেওঁলোকক হতাশ কৰাৰ সলনি কিবা এটা নতুনকৈ চিন্তা কৰিবলৈহে অনুপ্ৰাণিত কৰিলে। পিছলৈ এই ভাতৃদ্বয়ে সাজি উলিয়ালে পানীৰে আলোকিত হোৱা Sustainable Alternative Lighting বা SALt লেম্প। ইয়াৰ বাবে তেওঁলোকে ধাতুৰ সৰু দণ্ড বিদ্যুতদ্বাৰ আৰু লুণীয়া পানীক বিদ্যুত বিশ্লেষ্য হিচাপে লৈ পানীৰ পৰাই বিভৱ সৃষ্টি কৰি তাৰ সহায়ত LED বা Light Emitting Diodৰ পৰা পৰ্যাপ্ত পোহৰ পোৱাৰ এটি কৌশল আৱিষ্কাৰ কৰে। পিছলৈ কেইজনমান বিশেষজ্ঞ ইঞ্জিনীয়াৰৰ উদ্যোগত এই লেম্পটোৰ প্ৰয়োজনীয় সালসলনি খিনি কৰি বৰ্তমান ইয়াক ফিলিপাইনৰ বাসিন্দাসকলৰ বাবে সহজলভ্য ভাবে বজাৰত মুকলি কৰি দিয়া হৈছে। এই লেম্পটোৰ বিশেষ সুবিধাবোৰ হৈছে - ই পৰিবেশৰ বাবে ক্ষতিকাৰক নহয়, কেৰাচিনৰ অভাব দূৰ কৰে, পানীক ইন্ধন হিচাবে লোৱা বাবে কম খৰছী, সাগৰৰ লুণীয়া পানীৰে কাম চলাব পাৰি, ইয়াৰ পৰা আহৰণ কৰা বিদ্যুতৰ সহায়ত মোবাইল চাৰ্জ কৰিব পাৰি ইত্যাদি। নিসন্দেহে ই এক চমকপ্ৰদ আৱিষ্কাৰ। কম দিনৰ ভিতৰতে এই বিশেষ পানীৰে চলা লণ্ঠনটো পৃথিৱীৰ বিভিন্ন বজাৰলৈ আমদানি হ'ব।

Sunday 6 December 2015

সৌৰজগতৰ ব্যতিক্ৰমী সূৰ্যোদয় আৰু সূৰ্যাস্ত


সুৰুযে সদায় ৰাতিপুৱা পূৱ আকাশত ভূমুকি মাৰি সন্ধিয়াৰ পশ্চিম আকাশত হেঙুলীয়া বোলেৰে অস্তমিত হয়। আমাৰ মতে এইয়াই চিৰসত্য, শ্বাশত। হয়, বৰ্তমানলৈ পৃথিৱীৰ আকাশত এই পৰিঘটনাটোৱেই সত্য। অকল পৃথিৱীয়েই নহয়, সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত ছয়টা গ্ৰহৰ বাবেই ই এক স্বাভাৱিক প্ৰক্ৰিয়া। শুক্ৰগ্ৰহ আৰু ইউৰেনাচৰ বেলিকা পিছে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ কাহিনী সুকীয়া। এই দুয়োটা গ্ৰহতেই ৰাতিপুৱা পশ্চিমত সূৰ্যোদয় আৰু সন্ধিয়া পূৱ আকাশত সূৰ্যাস্তৰ দৃশ্য দেখিবলৈ পোৱা যায়। এৰা, তাৎক্ষণিক ভাবে কথাটো বৰ আচহুৱা যেন লাগিলেও, এইয়াই সত্য। সৌৰজগতৰ গ্ৰহবোৰে সূৰ্যৰ মেৰুদণ্ড সাপেক্ষে নিজৰ মেৰুদণ্ডৰ একোটা নিৰ্দিষ্ট কোণৰ মান স্থিৰে ৰাখি নিজ নিজ মেৰুদণ্ডৰ চৌদিশে ঘুৰি থাকে। পৃথিৱীৰ ক্ষেত্ৰত এই কোণৰ মান 23 ডিগ্ৰী আৰু এই কোণৰ মান স্থিৰে ৰাখি পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ 24 ঘণ্টাত এপাক ঘূৰে বাবে পৃথিৱীৰ আকাশত সূৰ্যোদয় আৰু সূৰ্যাস্ত স্বাভাৱিক ভাবেই দেখা যায়। বুধ, মংগল, বৃহস্পতি, শনি আৰু নেপচুনৰ বেলিকাও সূৰ্যোদয় আৰু সূৰ্যাস্ত পৃথিৱীৰ দৰে প্ৰায় একেই। কিন্তু শুক্ৰগ্ৰহৰ মেৰুদণ্ড সূৰ্যৰ মেৰুদণ্ড সাপেক্ষে 177 ডিগ্ৰী কোণত থকা বাবে এই গ্ৰহটোৰ ঘূৰ্ণন পৃথিৱীৰ ঘূৰ্ণনৰ বিপৰীত দিশত হয়। একেদৰে ইউৰেনাচৰ মেৰুদণ্ডৰ কোণ 98 ডিগ্ৰী হোৱা বাবে ইউৰেনাচৰ বেলিকাও কথাটো শুক্ৰ গ্ৰহৰ দৰেই হয়। বিজ্ঞানীসকলৰ মতে মেৰুদণ্ডৰ কোণ 90 ডিগ্ৰীতকৈ বেছি হ'লেই গ্ৰহৰ ঘূৰ্ণন পূবৰ পৰা পশ্চিমলৈ হয় আৰু তেতিয়াই সূৰ্যোদয় পশ্চিম আকাশত আৰু সূৰ্যাস্ত পূব আকাশত হয়। অৰ্থাৎ সাৰ্বজনীন ভাবে সূৰ্য পূবত উদয় হোৱা অথবা পশ্চিমত অস্ত যোৱা কথাটো শুদ্ধ নহয়।

Thursday 3 December 2015

যেতিয়া জোনবাই আমাৰ আকাশৰ পৰা হেৰাই যাব !!


জোনবাইৰ মহাকৰ্ষণৰ বাবে আমাৰ সাগৰ-মহাসাগৰবোৰত জোৱাৰ ভাটাৰ সৃষ্টি হয় বুলি আমি সকলোৱে জানো। পিছে এই জোৱাৰ ভাটাবোৰৰ বাবেই আমাৰ পৰা আঁতৰি যাবলৈ ওলাইছে আমাৰ মৰমৰ জোনবাই জনী ! আচৰিত হ'লেও এইয়াই সত্য। মহাকৰ্ষণ বলে সদায় পদাৰ্থবোৰৰ মাজত ক্ৰিয়া কৰি থাকে। এই বলৰ মান পদাৰ্থৰ ভৰ আৰু পদাৰ্থবোৰৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল। জোৱাৰৰ সময়ত সমূদ্ৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়ে। কানাডাৰ ফান্দি উপকুলত জোৱাৰৰ সময়ত সমূদ্ৰ পৃষ্ঠত 54 ফুট পৰ্যন্ত ওখ ঢৌৰ সৃষ্টি হয়। তেনে সময়ত এনে উচ্চতালৈ উঠি অহা ঢৌৱে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ মহাকৰ্ষণীয় বলক প্ৰভাৱিত কৰে। তদুপৰি গতিশীল পৃথিৱীৰ সমূদ্ৰত এনে ঢৌবোৰেও এক বিশেষ দিশত বল প্ৰয়োগ কৰে। এই দুই পৰিঘটনাৰ ফলত জোনবাইৰ কক্ষপথ পৃথিৱীৰ পৰা প্ৰতি বছৰে 3.78 ছেমি কৈ আঁতৰি গৈ আছে। এনেদৰে ক্ৰমান্বয়ে জোনবাইৰ কক্ষপথ পৃথিৱীৰ পৰা আঁতৰি গৈ থকা বাবে কেই বিলিয়ন মান বছৰ পিছত জোনবাই পৃথিৱীৰ মাধ্যাকৰ্ষণীয় প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হৈ পৰিব আৰু জোনবাই শুক্ৰ গ্ৰহৰ দিশে ধাৱমান হ'ব। যদিহে সেই সময়চোৱালৈ মানুহ গামা ৰশ্মি বিকিৰণ, মহাজাগতিক সংঘৰ্ষ বা আন কোনো দুৰ্যোগৰ কবলত পৰি ধ্বংস হৈ নাযায়, পৃথিৱীৰ বাসিন্দা হিচাপে আমাৰ উত্তৰপূৰুষে জোনবাইক বেজী এটা খোজা সাধুকথা বোৰ ইতিহাসৰ অন্তৰ্গত বিষয়বস্তু হৈ পৰিব।

Tuesday 1 December 2015

আকাশৰ সবাতোকৈ উজ্জ্বল নক্ষত্ৰ লুব্ধক বা Sirius



পৃথিৱীৰ পৰা প্ৰায় 8.611 আলোকবৰ্ষ দূৰত থকা বৃহৎ কুকুৰ তাৰকামণ্ডলৰ এই তৰাটোক "স্বাতী নক্ষত্ৰ " বুলিও কোৱা হয়। বিজ্ঞানীসকলৰ মতে এই লুব্ধক নক্ষত্ৰটোৰ লগতে সমগ্র বৃহৎ কুকুৰ তাৰকামণ্ডলখন আমাৰ সৌৰজগতৰ দিশে আগুৱাই আহি থকা বাবে এই নক্ষত্ৰটোৰ উজ্জ্বলতা অহা 60,000 বছৰলৈ ক্ৰমান্বয়ে বাঢ়ি থাকিব আৰু ভৱিষ্যতে লুব্ধক নক্ষত্ৰটো ৰাতিৰ আকাশত প্ৰায় জোনবাইৰ দৰেই উজ্জ্বল দেখা যাব । লুব্ধক নামৰ নক্ষত্ৰটো প্ৰকৃততে এযোৰ যুগ্ম তৰাহে। চিৰিয়াছ এ আৰু চিৰিয়াছ বি নামৰ এযোৰ তৰাই চিৰিয়াছ তন্ত্ৰটো গঠন কৰিছে। আমি পৃথিৱীৰ পৰা দেখা উজ্জ্বলতম এই তৰাটো চিৰিয়াছ এ। এই তৰাটো সূৰ্যতকৈ প্ৰায় 25 গুণ বেছি উজ্জ্বল আৰু ইয়াৰ ভৰ সূৰ্যতকৈ প্ৰায় দুগুণ বেছি। চিৰিয়াছ বি নামৰ তৰাটো ইতিমধ্যে এটা শ্বেত-বামণত পৰিণত হৈছে আৰু সেয়েহে ইয়াক খালী চকুৰে দেখা নেযায়। চিৰিয়াছ যুগ্ম তৰাতন্ত্ৰৰ এই তৰা দুটাৰ মাজত 9ৰ পৰা 20 AU ৰ মাজত পৰ্যায়ক্ৰমে সলনি হৈ থাকে। তাতোকৈ উল্লেখযোগ্য যে এই তৰা দুটাই এটাই আনটোৰ চৌদিশে এক উমৈহতীয়া ভৰকেন্দ্ৰক আশ্ৰয় কৰি ঘূৰ্ণীয়মান অৱস্থাত আছে। চিৰিয়াছ নক্ষত্ৰটো আকাশত বিচাৰি উলিয়াবলৈ তেনেই সহজ। আপুনি সহজতে পূৱ-দক্ষিণ আকাশত শীতকালৰ সন্ধিয়া এই তৰাটোৰ সন্ধান পাব। অন্যথা আপুনি অৰায়ন বা কালপুৰুষ নক্ষত্ৰমণ্ডলটোলৈ লক্ষ্য কৰক। এতিয়া অৰায়ন বেল্ট বা কালপুৰুষৰ কঁকালৰ পটীত থকা তৰাকেইটাক সংযোগী কাল্পনিক ৰেখাডাল পূৱ-দক্ষিণ দিশলৈ বঢ়াই দিয়ক। এই ৰেখাডালে অনতিদূৰত এটা অতি উজ্জ্বল নক্ষত্ৰক স্পৰ্শ কৰিব। এই নক্ষত্ৰটোৱেই হ'ল 300 মিলিয়ন বছৰ বয়সীয়াল লুব্ধক বা স্বাতী নক্ষত্ৰ।