Sunday 14 May 2017

টেকিওন : পোহৰতকৈও বেগী তাত্বিক কণাবোৰ


কণিকা পদাৰ্থ বিজ্ঞানৰ মতে কোনো পদাৰ্থ কণাই কেতিয়াও পোহৰৰ গতিবেগ অতিক্ৰম কৰিব নোৱাৰে। আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ মতে পোহৰৰ বেগেই হ'ল বেগৰ সৰ্বোচ্চ সীমা আৰু এই সৰ্বোচ্চ সীমাৰ সাংখিক মান হ'ল প্ৰতি ছেকেণ্ডত ২৯৯,৭৯২,৪৫৮ মিটাৰ। আপেক্ষিকতাবাদৰ তত্ব অনুসৰি কোনো পদাৰ্থ কণাই পোহৰৰ বেগৰ অধিক বেগত গতি কৰিব নোৱাৰে, কাৰণ সেই বেগত গতি কৰিব পৰাকৈ কোনো পদাৰ্থ কণাৰেই সেই পৰিমাণৰ শক্তি নাই।

পোহৰৰ বেগ অনুপাতে পদাৰ্থ কণাবোৰৰ গতিবেগৰ ওপৰত ভিত্তি কৰি আধুনিক কণিকা বিজ্ঞানত পদাৰ্থ কণাবোৰক তিনিটা ভাগত ভগোৱা হৈছে :

১) ব্ৰেডিওন কণা : এই কণাবোৰ বাস্তব ভৰযুক্ত আৰু ইহঁতে সদায় পোহৰৰ বেগতকৈ কম বেগত গতি কৰে। টাৰডিওন, ইলেকট্ৰণ, বোসন প্ৰভৃতি কণাবোৰ ব্ৰেডিওন শ্ৰেণীৰ কণা।

২) লুক্সন কণা : গতিহীন অৱস্থাত এই কণাবোৰৰ ভৰ শূণ্য। কিন্তু গতিশীল অৱস্থাত ইহঁতে ভৰবেগ লাভ কৰে। এই কণাবোৰে পোহৰৰ বেগৰ সমপৰ্যায়ত গতি কৰিব পাৰে। ফোটন, গ্লুৱন আদি কণাবোৰ লুক্সন কণাৰ অন্তৰ্গত।

৩) টেকিওন কণা : এই তাত্বিক কণাবোৰ কাল্পনিক (ঋণাত্মক) ভৰযুক্ত আৰু ইহঁতে শূণ্যস্থানত পোহৰতকৈও অধিক বেগত গতি কৰিব পাৰে। আপেক্ষিকতাবাদৰ নীতি উলংঘা কৰা এই বিশেষ টেকিওন শ্ৰেণীৰ কণাবোৰে বিজ্ঞানীসকলক বিমোৰত পেলাইছে।

প্ৰকৃততে ১৯৬২ চনতেই বিজ্ঞানীসকলে এক শ্ৰেণীৰ এনে পদাৰ্থ কণাৰ অৱস্থিতি সম্বন্ধে মত পোষণ কৰিছিল, যিবোৰে পোহৰতকৈও অধিক বেগত গতি কৰিব পাৰে। এই কণিকা বোৰক "মেটা-পাৰ্টিকোল" বোলা হৈছিল। George Sudarshan, Olexa-Myron Bilaniuk, Vijay Deshpande আৰু Gerald Feinberg নামৰ বিজ্ঞানী সকলৰ ১৯৬২ চনৰ গবেষণাৰ আলমতেই গঢ় লৈ উঠিছিল টেকিওন শ্ৰেণীৰ কণাবোৰৰ ধাৰণাটো। উল্লেখযোগ্য যে এই চাৰিজন বিজ্ঞানীৰ ভিতৰত Vijay Deshpande আৰু George Sudarshan দুয়োজনেই ভাৰতীয় বিজ্ঞানী। পৰবৰ্তী সময়ত ১৯৬৭ চনত জেৰাল্ড ফাইনবাৰ্গ নামৰ বিজ্ঞানীজনে কোৱাণ্টাম ক্ষেত্ৰৰ নীতি প্ৰয়োগ কৰি সম্পন্ন কৰা পৰীক্ষাৰ জৰিয়তে টেকিওন কণাৰ ক্ষেত্ৰৰ অৱস্থিতি সাব্যস্ত কৰা বুলি সদৰি কৰে। তেওঁৰ মতে টেকিওন ক্ষেত্ৰত অৱস্থিত সকলো অতিপাৰমাণবিক কণাই পোহৰৰ বেগতকৈ অধিক বেগত গতিশীল।

আইনষ্টাইনৰ আপেক্ষিকতাবাদ অনুসৰি পদাৰ্থ কণাৰ বেগ বৃদ্ধি হোৱাৰ লগে লগে কণাটোৰ ভৰো বৃদ্ধি হয়। এনেদৰে বেগ বৃদ্ধি হৈ যেতিয়া পদাৰ্থ কণা এটাৰ বেগ পোহৰৰ বেগৰ সমপৰ্যায়ৰ হয়গৈ, তেতিয়া তাৰ ভৰো বৃদ্ধি হৈ অসীম হয়। তাত্বিক পদাৰ্থ বিজ্ঞানৰ মতে এই সংকট অৱস্থা অতিক্ৰম কৰা কাৰো বাবেই সম্ভৱ নহয়। অৰ্থাৎ বেগৰ সৰ্বোচ্চ সীমা হ'ল শূণ্যত পোহৰৰ বেগ।

কিন্তু টেকিওন কণাবোৰ যেন পৃথক। এই কণিকাবোৰে যেন মানিব নোখোজে আপেক্ষিকতাবাদৰ নীতি। পিছে এয়া সম্ভব কেনেকৈ হয় ? বিজ্ঞানী সকলৰ মতে টেকিওন শ্ৰেণীৰ কণাবোৰৰ দ্ৰুতি বা বেগ বাঢ়িলে আচৰিত ভাবে ভৰ কমে। থিক তেনেদৰে বেগ কমিলে ভৰ বাঢ়ে। ইয়াৰ পৰিণিতি স্বৰূপে টেকিওন শ্ৰেণীৰ কণাবোৰে সদায়ে পোহৰৰ বেগৰ অধিক বেগত গতি কৰে। প্ৰকৃতাৰ্থত টেকিওন কণাবোৰে ইচ্ছা কৰিলেও কম বেগত গতি কৰিব নোৱাৰে। কম বেগত গতি কৰিবলৈ টেকিওন কণাবোৰক প্ৰয়োজন হয় অকল্পনীয় পৰিমানৰ শক্তি।

এইখিনিতেই আন এটি কথা উল্ল্যেখ কৰা উচিত হ'ব যে টেকিওন কণাবোৰ সদায় আমাৰ দৃষ্টিৰ অগোচৰে থাকে। আমি সকলোবোৰ বস্তু দেখা পোৱাৰ মূলতেই হ'ল দৃশ্যমান পোহৰ। যিহেতু টেকিওন কণাবোৰ পোহৰৰ বেগৰ অধিক বেগত গতিশীল, সেয়ে টেকিওন কণা আমাৰ বাবে সদায়েই অদৃশ্য। পোহৰতকৈ বেগী এই কণাবোৰ আমাৰ দৃষ্টিৰ ক্ষেত্ৰখন পাৰ হৈ যোৱাৰ পিছত মাথোন কণাটোৰ পদচিহ্ন হিচাবে ৰৈ যায় দুটা বিদ্যুত চুম্বকীয় তৰংগ। এই তৰংগৰ উপস্থিতিয়েই হ'ল টেকিওন কণাৰ উপস্থিতিৰ প্ৰমাণ। এই তৰংগবোৰক চেৰেণকোভ তৰংগ বোলা হয়।

আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ ভেটিত জোকাৰণি তোলা এই টেকিওন কণাবোৰক বহুতেই বিজ্ঞানী সকলৰ উৰ্বৰ মস্তিষ্কৰ অদ্ভুত কল্পনা বুলি কলেও বিজ্ঞানীসকল অটল। তেওঁলোকৰ মতে ২০১২ চনলৈ হিগচ-বোসন কণাবোৰৰ ক্ষেত্ৰতো মানুহে একেদৰেই ভাবিছিল। কিন্তু চাৰ্ণৰ পৰীক্ষাৰ পিছত এই সমালোচক সকল নিমাত। পোহৰতকৈ বেগী টেকিওন কণাবোৰ সম্বন্ধে ভৱিষ্যতে অধিক তথ্য উন্মোচিত হ'লে এদিন এই সমালোচনাই প্ৰকৃত পথৰ সন্ধান দিব।