Sunday 31 January 2016

সৃষ্টিকৰ্তা, সময় আৰু আমাৰ বিশ্বব্ৰহ্মাণ্ড


সময় সৃষ্টি হোৱাৰ আগতে সৃষ্টিকৰ্তা আছিলনে ? সময় কোনে সৃষ্টি কৰিলে ? এইবোৰ জটিল প্ৰশ্ন। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে এনে প্ৰশ্নৰ উত্তৰ দিয়াটো অসম্ভৱ। বিজ্ঞানী স্টিফেন হকিঙে এই বিষয়ত কৈছে যে সময় সৃষ্টি হোৱাৰ আগতে সৃষ্টিকৰ্তাৰ উপস্থিতি অসম্ভৱ অৰ্থাৎ সৃষ্টিকৰ্তাই সময় সৃষ্টি কৰা নাই। সভ্যতাৰ পিছৰে পৰা বিংশ শতাব্দীৰ প্ৰায় শেষ ভাগলৈ মানুহে বিশ্বাস কৰি আহিছে যে সময় চিৰন্তন। আমাৰ বিশ্বাস মতে সৃষ্টিৰ পাতনিৰ বহু আগৰে পৰাই সময় প্ৰবাহমান আৰুভৱিষ্যতলৈও সময় চিৰ শ্বাশত হৈ ৰ'ব সময়। অৰ্থাৎ সময় অনন্ত। মানুহে বিশ্বাস কৰে যে সৃষ্টিকৰ্তাই সৃষ্টি কৰা "সময়" আৰু "সৃষ্টিকৰ্তা"- দুয়োটাই অনন্ত। কিন্তু বিংশ শতাব্দীৰ শেষৰ পিনে কোৱাণ্টাম বিজ্ঞানে আৱিষ্কাৰ কৰে যে সময় অনন্ত বা চিৰন্তন নহয়। যেনেদৰে বিশ্বব্ৰহ্মাণ্ডখন এদিন সৃষ্টি হৈছিল, থিক একেদৰেই সময়ো এদিন সৃষ্টি হৈছিল আৰু বিশ্বব্ৰহ্মাণ্ডৰ দৰেই এদিন সময়ৰো অৱসান বা মৃত্যু হ'ব। সময়ৰ জন্মৰ পৰা সময়ৰ মৃত্যুলৈ সময়ৰ যি পৰিক্ৰমা, তাৰ ওপৰতেই বিজ্ঞানী স্টিফেন হকিঙে লিখি উলিয়াইছিল পৃথিৱীৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ অন্যতম "সময়ৰ সংশিপ্ত বুৰঞ্জী" বা Brief History of Time নামৰ গ্ৰন্থখন। বিগ বেং তত্ব অনুসৰি বিশ্বব্ৰহ্মাণ্ডখন শূন্য সময়ত এটি অতি আদিম বিন্দুত কেন্দ্ৰীভূত হৈ আছিল। অৰ্থাৎ তেতিয়া সময় নাছিল। সেই দিশৰ পৰা বিগ বেঙৰ আগেয়ে কোনো পৰিঘটনাই ঘটা নাছিল কাৰণ কোনো এটা পৰিঘটনা সংঘটিত হ'বলৈ যি সময়ৰ প্ৰয়োজন, সেই সময়ৰ তেতিয়া জন্মই হোৱা নাছিল। বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰ প্ৰাকক্ষণত যেতিয়া বিশ্বব্ৰহ্মাণ্ড গঠনকাৰী সমস্ত উপাদান এটি আদিম বিন্দুত কেন্দ্ৰীভূত হৈ আছিল, তেতিয়া বিজ্ঞানৰ সকলোবোৰ তত্ব বা সূত্ৰ আৰু গাণিতিক নিয়ম অসাৰ আছিল। তেতিয়া কোনো দৃশ্যমান পদাৰ্থ বা পদাৰ্থৰ অনু-পৰমাণু নাছিল। নাছিল কোনো ভৰ (mass) অথবা পোহৰ ! তেতিয়া আছিল কেবল শক্তি আৰু অসীম ঘনত্বৰ এটি অতি উত্তপ্ত আৰু অস্থিৰ আদিম বিন্দু ! এই বিশেষ আদিম বিন্দুটোৰ মহা বিষ্ফোৰণেই হ'ল বিগ বেং আৰু এই বিগ বেঙৰ ফলতেই সৃষ্টি হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰু সময়। অৰ্থাৎ এয়াই হ'ল সময়ৰ আৰম্ভণি। তেতিয়াৰ পৰাই আমাৰ বিশ্বব্ৰহ্মাণ্ড আৰু সময়- দুয়ো হাতত হাত থৈ আগবাঢ়িছে। যেতিয়ালৈকে সময় থাকিব, তেতিয়ালৈকে আমাৰ বিশ্বব্ৰহ্মাণ্ড থাকিব বা বিশ্বব্ৰহ্মাণ্ডৰ আয়ুসেই সময়ৰো আয়ুস। সময় স্থবিৰ হ'লে আমাৰ বিশ্বব্ৰহ্মাণ্ডও স্থবিৰ হৈ পৰিব। সময় অবিহনে যিহেতু কোনো কাৰ্যই সম্পাদন হ'ব নোৱাৰে, সেয়েহে স্টিফেন হকিঙে কৈছে যে সৃষ্টিকৰ্তাই এই মহাবিশ্ব বা সময়- কাকোৱেই সৃষ্টি কৰা নাই। তেখেতৰ নিজৰ ভাষাত: "One can't prove that God doesn't exist. But science makes God unnecessary and the laws of physics can explain the universe without the need for a creator"

Saturday 30 January 2016

এপলো-১১ ৰ পাইলট মাইকেল কলিন্স


জোনবাইৰ বুকুত খোজ নিদিয়াকৈ ধৰালৈ ঘুৰি অহা প্ৰথমজন মহাকাশচাৰী হ'ল মাইকেল কলিন্স। 1969 চনত এপলো-11 নামৰ যিখন মহাকাশযানে পৃথিৱীৰ পৰা 3,84,000 কিমি আঁতৰৰ জোনবাইৰ দেশলৈ নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনক কঢ়িয়াই লৈ গৈছিল, সেই মহাকাশ যানখনৰ সুনিপুণ কামাণ্ড মডিউল পাইলট আছিল মাইকেল কলিন্স। তেখেতৰ দক্ষতাৰ বাবেই এই ঐতিহাসিক মিচনটো সফলতাৰে সম্পন্ন হৈছিল। একমাত্ৰ কাৰিকৰী কাৰনৰ বাবেই তেখেতে জোনবাইৰ বুকুত খোজ নেপেলোৱাকৈ পৃথিৱীলৈ উভতি আহিছিল। কলিন্সে তেখেতৰ আত্মজীৱনী "Carrying the Fire" ত উল্লেখ কৰিছে যে জোনবাইৰ বুকুত খোজ দিব নোৱাৰাৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই, বৰং জোনবাইৰ বুকুত খোজ নিদি সেই সময়ত তেওঁ যি গুৰুত্বপূৰ্ণ দায়িত্ব সমাপন কৰিছিল, তাৰ বাবে তেওঁ গৌৰৱান্নিত। আচলতে ঈগল নামৰ এখন ক্ষুদ্ৰ অৱতৰণ যানৰ সহায়ত মূল যান এপলো-11 ৰ পৰা বিচ্ছিন্ন হৈ যেতিয়া আৰ্মষ্ট্ৰং আৰু এলড্ৰিন জোনবাইৰ বুকুলৈ নামি আহিছিল, তেতিয়া মাইকেল কলিন্সৰ ওপৰত ন্যস্ত আছিল এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব। তেখেতৰ দায়িত্ব আছিল এপলো-11 ক চন্দ্ৰপৃষ্ঠৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত এক বিশেষ কক্ষপথেৰে জোনবাইৰ চাৰিওফালে প্ৰদক্ষিণ কৰি পুনৰ আগৰ অৱস্থানলৈ ঘুৰি আহি ঈগলৰ লগত সংযোগ স্থাপন কৰা আৰু ওভোতনি যাত্ৰাৰ বাবে প্ৰস্তুত হোৱা। উল্লেখযোগ্য যে জোনবাইৰ চৌদিশে প্ৰদক্ষিণ কৰা সময়ত কলিন্সে পৃথিৱীৰ পৰা কাহানিও নেদেখা জোনবাইৰ আনটো ফালে থকা সময়ত, আমাৰ সৌৰজগতৰ সেই অংশত তেওঁ আছিল এক নিসংগ ব্যক্তি আৰু সেই সময়ত তেখেতৰ পৃথিৱীৰ লগত সকলো ধৰণৰ সংযোগ ব্যাহত হৈ পৰিছিল। সেই সময়ত তেখেতে অতি দক্ষতাৰে এপলো-11 ক নিয়ন্ত্ৰণ কৰি বিচক্ষণতাৰ পৰিচয় দিছিল আৰু তেখেতৰ দায়িত্ব সুকলমে সম্পন্ন কৰি অতি কুশলতাৰে ঈগলৰ লগত ডকিং কৰিছিল।1930 চনত জন্ম গ্ৰহণ কৰা এই 86 বছৰীয়া মহান মহাকাশ বিজ্ঞানীজনলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা যাচিলোঁ।

Thursday 28 January 2016

মহাকাশযান চেলেঞ্জাৰ উৎক্ষেপণৰ সেই অভিশপ্ত দিনটো



1986 চনৰ 28 জানুৱাৰীৰ এটি ফৰকাল ৰাতিপুৱা। স্থান: ফ্লোৰিডা, আমেৰিকা। সময়: ৰাতিপুৱা 11:39:13 (স্থানীয়)। নাছাৰ বিজ্ঞানী সকল ব্যস্ত মহাকাশ যান "চেলেঞ্জাৰ"ৰ উৎক্ষেপণৰ বাবে। আটলাণ্টিক মহাসাগৰৰ উপকুলীয় অঞ্চলটো বিশেষজ্ঞ বিজ্ঞানীৰে গিজগিজাই আছে। মহাকাশ যানখনৰ অন্তিম মূহুৰ্তৰ পৰীক্ষাবোৰ ইতিমধ্যে সম্পন্ন হৈ গৈছে। নাছাৰ এখন বিশেষ বাহনত উৎক্ষেপণ কেন্দ্ৰলৈ আহি পাইছেহি সাত জন মহাকাশচাৰী। কমাণ্ডাৰ ফ্ৰেন্সিচ কোবে, পাইলট মাইকেল স্মিথ, তিনি মিচন স্পেচিয়েলিষ্ট ৰোণাল্ড মেকনেয়াৰ, এলিচন ওনিজুকা, জুদিথ ৰেচনিক, দুই পেল'ড বিশেষজ্ঞ গ্ৰেৰী জাৰ্ভিচ আৰু ক্ৰিষ্টা মেকঅলিফি। বিশেষজ্ঞ বিজ্ঞানী, পৰিয়ালৰ সদস্য আৰু নিৰ্দিষ্ট সংখ্যক অতিথিৰ উপস্থিতিত সকলোৰে শুভেচ্ছা গ্ৰহণ কৰি মহাকাশচাৰী সকল STS-51-L মিচন সম্পাদনৰ বাবে মহাকাশ যানখনৰ ক্ৰিউ কেবিনত সোমাল। নিয়ন্ত্ৰণ কক্ষৰ সেউজ সংকেত পোৱাৰ লগে লগে আৰম্ভ হ'ল কাউণ্ট ডাউন: 5 4 3 2 1 0....। লগে লগে এটি মৃদু গোজৰণি মাৰি চেলেঞ্জাৰৰ ফুৱেল টেংকৰ ইন্ধন জ্বলি উঠিল। সুমথিৰা ৰঙৰ ধোঁৱাই মূহুৰ্ততে আৱৰি ধৰিলে উৎক্ষেপণ কেন্দ্ৰৰ চৌহদ। কেইটামান মূহুৰ্তৰ ভিতৰতে উৎক্ষেপণ যান চেলেঞ্জাৰ মহাকাশৰ বুকুলৈ ধাৱমান হ'ল। হৰ্ষোল্লাস আৰু হাত চাপৰিৰে সকলোৱে চেলেঞ্জাৰক শুভকামনা যাচিলে। উৎক্ষেপণৰ পিছ মূহুৰ্তৰ পৰাই চেলেঞ্জাৰে গতিবেগ বৃদ্ধি কৰি 60 ছেকেণ্ডৰ ভিতৰত প্ৰায় প্ৰতি ছেকেণ্ডত 4 কিমি গতিবেগ পাইছিল। সকলো থিকেই আছিল। কিন্তু উৎক্ষেপণৰ 62 ছেকেণ্ড পিছত নিয়ন্ত্ৰণ কক্ষৰ ডিজিটেল পৰ্দাত ধৰা পৰে এক ভয়ংকৰ দৃশ্য। যানখনৰ সোঁফালৰ Solid Rocket Booster (SRB) নামৰ বিশেষ অংশটোৱে যে কাম কৰা নাই ! এই solid rocket boosterত এটা O-ring থাকে আৰু এই অংশটো মহাকাশ যানখনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। নিয়ন্ত্ৰণ কক্ষৰ বিজ্ঞানী সকলৰ বুকু এক অজান আশংকাত কঁপি উঠিল। ইতিমধ্যে solid rocket booster নামৰ অংশটোৱে কাম নকৰা বাবে যানখনে পৃথিৱীৰ বায়ুমণ্ডলত হোৱা ঘৰ্ষণত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল, আৰু মহাকাশৰ বুকুত উৰি আছিল থিক যেন এক উদ্দেশ্যবিহীন ভাবে উৰুৱাই দিয়া দীপাৱলীৰ এটা জলন্ত ৰকেট হে ! বিজ্ঞানী সকলৰ হাতত এতিয়া আৰু কৰিব পৰা একোৱেই নাই। বিসংগতি ধৰা পৰাৰ মাত্ৰ 11 ছেকেণ্ড পিছত অৰ্থাৎ উৎক্ষেপণৰ মাত্ৰ 73 ছেকেণ্ড পিছতেই এক প্ৰচণ্ড বিস্ফোৰণত টুকুৰা টুকুৰ হৈ গ'ল চেলেঞ্জাৰ মহাকাশযানখন। জলন্ত অগ্নিপিণ্ড, ছাঁই আৰু ধাতবীয় টুকুৰা সিঁচৰতি হৈ পৰিল আটলাণ্টিকৰ বুকুত। মাত্ৰ 73 ছেকেণ্ডত হেৰাই গ'ল সাত জন মহাকাশ বিজ্ঞানী। সেই অভিশপ্ত ঘটনা সংঘটিত হোৱা আজি 30 বছৰ পূৰ্ণ হ'ল। বিজ্ঞানী কেইজনৰ ত্ৰিশ বছৰীয়া মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো।

Wednesday 27 January 2016

বিশ্বব্ৰহ্মাণ্ডৰ সেই ধূসৰ সীমা ৰেখাডাল



প্ৰায় 13.75 বিলিয়ন বছৰ আগতে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি হৈছিল এক মহা বিস্ফোৰণৰ জৰিয়তে। সেই মূহুৰ্তৰ পৰাই আমাৰ বিশ্বব্ৰহ্মাণ্ডখন নিৰবচিন্ন ভাৱে সম্প্ৰসাৰিত হৈ আহিছে। যদিও মহা বিস্ফোৰণৰ পিছতেই সম্প্ৰসাৰণ কিছু পৰিমাণে মন্থৰ হৈছিল, অজ্ঞাত পদাৰ্থৰ শক্তি বা "Dark Energy"ৰ উপস্থিতিৰ বাবে এই সম্প্ৰসাৰণ পুনৰ দ্ৰুত হৈ পৰে। বিজ্ঞানী সকলে গণনা কৰি উলিওৱা মতে মহা বিস্ফোৰণৰ মূহুৰ্তত সৃষ্টি হোৱা প্ৰথম পোহৰ কণা বা ফ'টনবোৰে ইতিমধ্যে প্ৰায় 46.5 বিলিয়ন আলোকবৰ্ষ দূৰত্ব অতিক্ৰম কৰিছে ! অৰ্থাৎ আমাৰ বিশ্বব্ৰহ্মাণ্ডখন বৰ্তমান 93 বিলিয়ন আলোকবৰ্ষলৈ প্ৰসাৰিত। তাত্বিক ভাৱে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ বৰ্তমান পৰিসৰো ইমানেই। কিন্তু, আমাৰ বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণশীল হোৱা হেতুকে প্ৰতিটো মূহুৰ্তত আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰিছে। তেনে ক্ষেত্ৰত আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ সীমাৰেখা ক'ত বুলি সুধিলে ই এক উত্তৰবিহীন প্ৰশ্ন। বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ ক্ষেত্ৰত আন এটা অসুবিধা হৈছে পোহৰৰ অতি লেহেমীয়া গতি !!! হয়, যদিওবা পোহৰে প্ৰতি ছেকেণ্ডত তিনি লাখ কিমি দূৰত্ব অতিক্ৰম কৰে, বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ পৰিপ্ৰেক্ষিতত পোহৰৰ এই গতি অতি ধীৰ। ভাবকচোন- সূৰ্যৰ পিছতেই আমাৰ অতি ওচৰৰ নক্ষত্ৰ Proxima Centauri ৰ পৰা একাজলি পোহৰ আহি আমাৰ পৃথিৱীত পৰিবলৈ 4.2 বছৰ সময়ৰ প্ৰয়োজন ! পোহৰৰ এই দুৰ্বলতাৰ বাবেই আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ এক সীমিত অংশহে আমাৰ দৃষ্টিত ধৰা পৰে। এতিয়া এটা প্ৰশ্নই আপোনাক আমনি কৰিছে নিশ্চয়, এই যে 13.75 বিলিয়ন বছৰ আগতে সৃষ্টি হোৱা আমাৰ বিশ্বব্ৰহ্মাণ্ডখন 93 বিলিয়ন আলোকবৰ্ষ দূৰত্বলৈ ইমান কম সময়তে প্ৰসাৰিত হ'ল কেনেকৈ ? বিশেষ আপেক্ষিকতাবাদৰ মতে অধিক ঘনত্ব সম্পন্ন স্থানত পদাৰ্থকণাৰ গতি ধীৰ। আনহাতে ঘনত্ব কমাৰ লগে লগে পদাৰ্থকণাৰ গতিবেগো বৃদ্ধি হয়। কিন্তু যেতিয়া ঘনত্বৰ মান কমি গৈ প্ৰায় শূন্য হয়, তেতিয়া এই কথাটো প্ৰযোজ্য নহয়। প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ ঘনত্বও চকুৰে নেদেখা দূৰত্বত অতি কম হোৱা বাবে সেই দূৰত্বত পদাৰ্থকণাবোৰে অকল্পনীয় বেগত গতি কৰে আৰু সেই বাবেই আমাৰ বিশ্বব্ৰহ্মাণ্ডখন ইমান বিশাল। কিন্তু আমি কেতিয়াও এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ স্বৰূপ দৰ্শন কৰিব নোৱাৰিম, কাৰণ পোহৰে এই বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ কোনোবা অজানতিমুলুকৰ খবৰ আমাক কেতিয়াও দিব নোৱাৰে। আধুনিক বিজ্ঞানে আমাক দিয়া আটাইতকৈ শক্তিশালী দূৰবীন যন্ত্ৰৰ সহায়ত আমি বিশ্বব্ৰহ্মাণ্ডৰ যলৈকে দেখা পাওঁ, সেই স্থানলৈ আমাৰ বাবে এইখন দৃশ্যমান বিশ্বব্ৰহ্মাণ্ড। তাৰপিছত..... তাৰপিছত আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সেই অদৃশ্য, ৰহস্যময় অংশ, যাৰ বতৰা আমাক পোহৰে কেতিয়াও আনি দিব পৰা নাই। থিক এইখিনিতেই আমি আঁকি লৈছো- আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ এক অস্পষ্ট সীমাৰেখা ! সীমাৰ সিপাৰে আছে এক অন্য জগত, হয়তো যাৰ খবৰ আমি কেতিয়াও নেপাম !!!

Monday 25 January 2016

আমাৰ বিশ্বব্ৰহ্মাণ্ড গঠনকাৰী মৌলবোৰ ক'ত সৃষ্টি হৈছিল


আমাৰ পৃথিৱীত পোৱা প্ৰতিটো মৌলৰ এটাও পৃথিৱীত সৃষ্টি হোৱা নাই। আচলতে সৃষ্টিতত্বৰ ইতিহাসত পৃথিৱী আপেক্ষিক ভাবে এক নতুন সংস্কৰণ। বিশ্বব্ৰহ্মাণ্ড গঠনকাৰী উপাদান সমূহ বিগ বেং, নক্ষত্ৰৰ কেন্দ্রভাগত হোৱা নিউক্লিয় বিক্ৰিয়া, নোভা তৰাৰ বিষ্ফোৰণ অথবা গামা ৰশ্মিৰ বিষ্ফোৰণত সৃষ্টি হৈ পৃথিৱী আৰু অন্যান্য গ্ৰহ-উপগ্ৰহ সমূহ সৃষ্টি কৰিছে। এই যে, আমাৰ দেহত থকা অথবা প্ৰতি টোপাল পানী গঠনকাৰী হাইড্ৰজেন গেছ - বিগ বেঙৰ সময়তেই সৃষ্টি হৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত বিস্তাৰিত হৈ পৰিছে। বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ আন ক'তোৱেই হাইড্ৰজেনৰ উৎস নাই বুলি ঘোষণা কৰাত এইটো সত্য বুলি প্ৰমাণিত হ'ল। একেদৰে আমাৰ দেহৰ মূখ্য উপাদান বোৰৰ ভিতৰত অন্যতম কাৰ্বন আৰু অক্সিজেন বিশালকায় নক্ষত্ৰৰ কেন্দ্রভাগত সংঘটিত হোৱা নিউক্লিয় বিক্ৰিয়াত সৃষ্টি হৈছে। আপোনাৰ বা মোৰ দেহৰ প্ৰতি টোপাল তেজত থকা হিমগ্লোবিনৰ লৌহ পদাৰ্থ বা আইৰণ নভা তৰাৰ বিষ্ফোৰণত বিশ্বব্ৰহ্মাণ্ডৰ চৌপাশে সিঁচৰতি হৈ পৰাৰ লগতে আমাৰ পৃথিৱীলৈও সৰবৰাহ হৈছিল। অলংকাৰ গঢ়িবলৈ ব্যৱহাৰ কৰা সোণ বা ৰূপৰ দৰে ধাতুবোৰ নিউটন তৰাৰ বুকুৰ পৰা গামা ৰশ্মিৰ বিষ্ফোৰণত বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে বিস্তাৰিত হৈ পৰিছিল। এই লিখনিটোত সন্নিবিষ্ট কৰা ৰঙীন পৰ্যাবৃত্ত তালিকাখনত মৌল সমূহৰ উৎস ৰঙেৰে সূচিত কৰা আছে।

Friday 22 January 2016

বিজ্ঞানী নীলচ্ ব'ৰৰ অথন্তৰ আৰু সেই সঞ্চালকজন


লণ্ডনত অনুস্থিত হোৱা বৃটিছ বিজ্ঞান সন্মিলন। পৃথিৱীৰ মুধাফুটা বিজ্ঞানীসকল আহি গোট খাইছেহি বিভিন্ন বিজ্ঞান বিষয়ক আলোচনাৰ বাবে। সঞ্চালকৰ আসনত এজন মহান বিজ্ঞানী। বিজ্ঞানী নীলচ্ ব'ৰে এখন গৱেষণা পত্ৰ প্ৰস্তুত কৰি আনিছে। বিষয়: "Liquid Drop Model" । আলোচনা আগবাঢ়িছে। নীলচ্ ব'ৰে বৰ্ডত বিভিন্ন চিত্ৰ আৰু গাণিতিক ব্যাখ্যাৰে তেখেতৰ গৱেষণা পত্ৰৰ আলোচনা আগুৱাই নিছে। হঠাৎ যেন কৰবাত কিবা এটা খেলিমেলি লাগিল। বিশেষ এটা অংশ বুজাবলৈ চেষ্টা কৰি ব'ৰে বৰ্ডত এটা গাণিতিক সমস্যা সমাধান কৰি আছিল। কিন্তু গাণিতিক ব্যাখ্যাটো ক্ৰমে দুৰূহ যেন হৈ পৰিল। কিছু পৰিমাণে হতাশ নীলচ্ ব'ৰে মাননীয় সঞ্চালকৰ পিনে ঘুৰি মাত লগালে: সঞ্চালক মহোদয়, মোক অলপ সহায় কৰিব পাৰিবনে ?
উপস্থিত সকলো বিজ্ঞানীৰ চকু গ'ল সঞ্চালকৰ পিনে। কিন্তু, এয়া কি ! সঞ্চালক মহোদয়ে যে নিজৰ চকীখনত আউজি লৈ চকু মুদি বহি আছে !! সভাগৃহত হাঁহিৰ ৰোল উঠিল। মূহুৰ্তৰ ভিতৰতে সকলোকে আচৰিত কৰি সঞ্চালক মহোদয়ে আসনৰ পৰা উঠি বোৰ্ডৰ কাষলৈ গৈ গাণিতিক সমস্যাটোৰ সমাধান কৰি নিৰবে নিজৰ আসনলৈ আহি পুনৰ চকু দুটা মুদি আউজি বহি ল'লে। সভাগৃহত তেতিয়া কাঁহ পৰি জীন যোৱা অৱস্থা। ক্ষন্তেক পিছতে সভাগৃহ হাত চাপৰিৰ শব্দত ৰজনজনাই উঠিল। এই আলোচনা চক্ৰখনৰ সঞ্চালকৰ আসন শুৱনি কৰা সেই মহান বিজ্ঞানীজনেই হ'ল বিশ্বপ্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসু !

Thursday 21 January 2016

আৰ্থিক দৈন্যতাৰে সহাৱস্থান কৰা ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহা


আৰ্থিক দৈন্যতাৰে ভৰা এখন ঘৰ। এজন সাধাৰণ দোকানী জগন্নাথ সাহাই পাঁচটা সন্তানেৰে ভৰা ঘৰখন পোহপাল দিয়াত ভীষণ কষ্টৰ সন্মুখীন হৈছিল। এদিনৰ কথা। নিশা ভাতৰ পাতত পিতৃ জগন্নাথে সন্তান কেইজনক উদ্দেশ্যি কলে: তহঁতে পঢ়াশুনা কৰি আগলৈ কৰিবি কি? স্কুললৈ যোৱাৰ সলনি উপাৰ্জনৰ কথা চিন্তা কৰ। মোৰ কাৰণে উপকাৰ হ'ব। পিতৃৰ দুখভৰা কথা শুনি বাৰুকৈয়ে ব্যাথিত হৈছিল জগন্নাথৰ কণিষ্ঠ পুত্ৰ। তেওঁ মনে মনে উপাৰ্জনৰ পথৰ কথা ভাবিবলৈ ল'লে। এদিন তেওঁ ওচৰৰ চাহ দোকান এখনলৈ গৈ কাপ গিলাচ ধোৱা ল'ৰা হিচাবে তেওঁক ৰাখিবলৈ খাটনি ধৰিলে। চিনাকি দোকানীজনে তেওঁক মৰমেৰে বুজাই ঘৰলৈ ওভতাই পঠিয়ালে। ল'ৰাজন হতাশ হ'ল। পিছত যেনিবা দেউতাকে তাক কেইপদমান মনিহাৰী সামগ্ৰী গোটেই দি বিক্ৰী কৰাৰ দায়িত্ব দিলে। কনমানি ল'ৰাটোৱে স্কুললৈ যোৱা বন্ধ কৰি মুৰত মনিহাৰী সামগ্ৰীৰ টোপোলাটো লৈ মানুহৰ ঘৰে ঘৰে ফুৰিবলৈ আৰম্ভ কৰিলে।
: ফনি লাগে, ফনি। পাউদাৰ, স্নো, খাৰু-মণি..... !
এদিন মনিহাৰী সামগ্ৰী বিক্ৰী কৰিবলৈ বুলি ওলাই যাওঁতে তেওঁ বাটতে লগ পালে স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনক। হঠাতে যেন কনমানি ল'ৰাজনৰ ভাগ্যৰ চকৰিটো ঘূৰিল। সেই শিক্ষকজনৰ তৎপৰতাত আৰু এজন শুভাকাংশীৰ আৰ্থিক সাহাৰ্যৰে তেওঁ পুনৰ নামভৰ্তি কৰিলে ঘৰৰ পৰা প্ৰায় 10 কিমি আঁতৰৰ বিদ্যালয় এখনত। দৈনিক খোজকাঢ়ি অহাযোৱা কৰি শিক্ষা গ্ৰহণ কৰা এই ল'ৰাজনে আজৰি পৰত মনিহাৰী সামগ্ৰীৰ বেপাৰ কৰি পোৱা ধনেৰে পিছলৈ এখন চাইকেলো কিনি ল'লে। এনেদৰে ভীষণ আৰ্থিক দৈন্যতাৰে যুঁজি গণিতত M.Sc. পাছ কৰি এলাহাবাদ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক হিচাবে কৰ্ম জীৱনৰ পাতনি মেলা এই বৰেণ্য ব্যক্তি জনেই হ'ল বিশ্ববিখ্যাত ভাৰতীয় পদাৰ্থবিজ্ঞানী মেঘনাদ সাহা। বিজ্ঞানৰ জগতখনলৈ তেওঁৰ অৱদান বহুত। "বৰ্ণালীগত শ্ৰেণীবিভাজন" তেওঁৰ প্ৰথমখন গৱেষণা গ্ৰন্থ। 1920 চনত মেঘনাদ সাহাই আগবঢ়াই তেখেতৰ অমূল্য অৱদান- Ionisation Equation যাক আজি সমগ্ৰ বিশ্বত Saha's Equation বুলি জনা যায়। মেঘনাদ সাহাৰ এই সমীকৰণটোৱে আধুনিক জ্যোতিৰ্বিজ্ঞান (Astrophysics)ক এক নতুন মাত্ৰা প্ৰদান কৰে। বিগত 1920 চনৰ পৰা 1938 চনলৈ জ্যোতিৰ্বিজ্ঞানত সমগ্ৰ বিশ্ব জুৰি Ionisation Equationৰ আঁত ধৰি বিভিন্ন গৱেষণা সম্পন্ন হৈছে। পদাৰ্থবিজ্ঞানৰ পাৰমানবিক তত্বৰ পৰা আৰম্ভ কৰি বিগ বেং বা মহানাদ তত্বলৈ সকলোবোৰ বৈজ্ঞানিক গৱেষণাত সাহাৰ সমীকৰণে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। মেঘনাদ সাহালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Tuesday 19 January 2016

ক্ৰায়'নিক্স : ভৱিষ্যতৰ চিকিৎসাবিজ্ঞান


ধৰা হ'ল এজন মানুহৰ মৃত্যু হৈছে। এইমাত্ৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছে। বিজ্ঞানৰ ভাষাত এই মৃত্যু "ক্লিনিকেল ডেথ"। এই মৃত্যুৰ কিছু সময় পিছতহে লোকজনৰ "জৈৱিক মৃত্যু" হয়। অৰ্থাৎ আমি এক দ্বি-স্তৰীয় প্ৰক্ৰিয়াৰে মৃত্যুক আকোঁৱালি ল'ব লগীয়া হয়। আজিৰ দিনত ক্লিনিকেল মৃত্যুৰ পিছত জৈৱিক মৃত্যু নিশ্চিত, কিন্তু হয়তো আৰু কেইবছৰমান পিছত ক্লিনিকেল মৃত্যু হোৱা এজন ব্যক্তিক পুনৰ জীৱিত কৰি তুলিব পৰা যাব। ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স হ'ল এনে এবিধ প্ৰযুক্তি যাৰ সহায়ত ক্লিনিকেল ডেথ হোৱা এজন ব্যক্তিৰ মৃতদেহ এক বিশেষ ব্যৱস্থাৰ দ্বাৰা শীতলীকৃত পৰিবেশত ৰাখি মৃতদেহৰ লগতে দেহৰ অংগ-প্ৰতংগসমূহৰ সংৰক্ষণ কৰি ৰখা হয়। জীৱ বিজ্ঞানী সকলৰ মতে এনে পৰিবেশত ক্লিনিকেল ডেথ হোৱা ব্যক্তিৰ মৃতদেহ বহুদিনলৈ জৈৱিক মৃত্যু নোহোৱাকৈ সংৰক্ষিত কৰিব পাৰি। এই ব্যক্তিজনৰ যি ৰোগত মৃত্যু হৈছিল বা যি পৰিস্থিতিত মৃত্যু হৈছিল, সেই ৰোগ বা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো চিকিৎসকৰ হাতত সময় বৰ কম আছিল অথবা তেনে ৰোগ বা পৰিস্থিতি চম্ভালিব পৰাকৈ চিকিৎসা বিজ্ঞান উন্নত নাছিল। গতিকে সংৰক্ষিত এই মৃতদেহক ভৱিষ্যতৰ উন্নত চিকিৎসাৰ বাবে ৰাখি থব পৰা হ'ব। এই প্ৰযুক্তিৰ দ্বাৰা অকালমৃত্যুক সাৱটি লোৱা ব্যক্তি বা প্ৰতিভা সম্পন্ন ব্যক্তিৰ পুনৰ জীৱন সম্ভৱ হৈ উঠিব। এই ক্ষুদ্ৰ লিখনিটোত এক বৈজ্ঞানিক সম্ভাৱনাৰ নতুন দিশটো দাঙি ধৰাৰ প্ৰচেষ্টা কৰা হৈছে। এই প্ৰযুক্তিৰ সুপ্ৰভাৱ বা কুপ্ৰভাৱ সম্বন্ধে ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া নিশ্চয় থাকিব।

Sunday 17 January 2016

ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মালৈ ওপজা দিনৰ শুভেচ্ছা


ভাৰতীয় বায়ু সেনা (IAF)ৰ পাইলট তথা 1984 চনৰ 3 এপ্ৰিলত Soyuz T-11 মহাকাশ যানেৰ ৰাছিয়াৰ বৈকানুৰৰ পৰা মহাকাশলৈ উৰা মাৰি প্ৰথম ভাৰতীয় মহাকাশচাৰী হোৱাৰ গৌৰৱ অৰ্জন কৰা পাঞ্জাব প্ৰদেশৰ পাতিয়ালাৰ সুযোগ্য সন্তান ৰাকেশ শৰ্মাৰ জন্ম হৈছিল 13 জানুৱাৰী, 1949 চনত। ৰাকেশ শৰ্মাৰ লগত সেই মহাকাশ অভিযানত থকা আন দুজন মহাকাশচাৰী আছিল মহাকাশ যানখনৰ কামাণ্ডাৰ Yury Malyshev আৰু উৰণ অভিযন্তা Gennadi Strekalov. তেওঁলোকে 7 দিন 21 ঘণ্টা 40 মিনিটৰ মহাকাশ অভিযানৰ এই সময়চোৱাত সফলতাৰে 43 টা গৱেষণামূলক পৰীক্ষা সম্পন্ন কৰিছিল। ৰাকেশ শৰ্মাৰ দায়িত্বত আছিল Bio-medicine, Yoga in space আৰু দূৰ-সংবেদনৰ দৰে গুৰুত্বপূৰ্ণ তিনিটা বিষয়। তিনিওটা বিষয়তেই ৰাকেশ শৰ্মাই অত্যন্ত দক্ষতাৰে 12টা পৰীক্ষা সম্পন্ন কৰি মহাকাশ অভিযানটো সফল কৰি তুলিছিল। এই মহান অৱদানৰ বাবে ছোভিয়েট ৰাছিয়াই ৰাকেশ শৰ্মালৈ আগবঢ়াইছিল Hero of Soviet Union বঁটা। ভাৰত চৰকাৰেও ৰাকেশ শৰ্মাক "অশোক চক্ৰ" বঁটাৰে যথোচিত সন্মান দিছে। মহাকাশচাৰী ৰাকেশ শৰ্মাক তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে মহাকাশৰ পৰা ভাৰতবৰ্ষখন কেনে দেখি বুলি প্ৰশ্ন কৰাত তেখেতে উত্তৰ দিছিল: ...."চাৰে জাহান চে আচ্ছা...." ! 

আজি তেখেতৰ 67 তম ওপজা দিনত আমাৰ হিয়াভৰা ওলগ যাচিলোঁ।

তমসো মা জ্যোতির্গময়


পোহৰ বা আলোক মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশ। শূণ্যত পোহৰৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই লাভ কৰিব পৰা সৰ্বোচ্চ বেগ। বিভিন্ন সময়ত পদাৰ্থবিজ্ঞানী সকলে পোহৰৰ গতিবেগ নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল। সপ্তদশ শতাব্দীত বিজ্ঞানী গেলিলিও'ই পোহৰৰ গতি নিৰ্ধাৰণ কৰাৰ প্ৰয়াস কৰিছিল। ১৬৭৬ চনত ডেনমাৰ্কৰ পদাৰ্থবিদ ৰোমাৰে পোহৰৰ গতি মাপ কৰাৰ পৰীক্ষা কৰিছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত ৰোমাৰে বৃহস্পতি আৰু ইয়াৰ এক উপগ্ৰহ, আইয়োৰ গতি পৰ্যবেক্ষণ কৰিছিল। তেখেতে আইয়োৰ কক্ষপথৰ আপাত পৰ্য্যায়কালৰ তাৰতম্য লক্ষ্য কৰি গণনা কৰি উলিয়াইছিল যে পোহৰে পৃথিৱীৰ কক্ষপথৰ ব্যাসৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 22 মিনিট সময় লয়। ১৮৮৫ চনত জেমচ ক্লাৰ্ক মেক্সৱেলে পোহৰক এক বিদ্যুত চুম্বকীয় তৰংগ হিচাপে প্ৰমান কৰে। পোহৰ ' ফ'টন' নামৰ কিছুমান সূক্ষ্ম গোট বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰৰ এটা বিশেষ উল্লেখযোগ্য ধৰ্ম হ'ল এই যে ই তৰংগ আৰু কণা- এই দুইটা ধৰ্মই প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়।

কেম্ব্ৰিজে যি দিয়ে, তাকে ল'বলৈ হে মই ইয়ালৈ আহিছোঁ


1661 চনত কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত পঢ়িবলৈ এজন 19 বছৰীয়া চফল ডেকা আহিল। লগত লৈ আহিছিল এটা তলা, এটা নোটবুক, এপেকেট মমবাতি, এবটল চিয়াঁহী, এটা পাখি কলম আৰু পিন্ধিবলৈ দুসাজ কাপোৰ। কৌতুহলী সকলে তেওঁক সীমিত বয়বস্তু লৈ অহাৰ কাৰণ সোধাত তেওঁ কৈছিল: কেম্ব্ৰিজে যি দিয়ে, তাকে ল'বলৈ হে মই ইয়ালৈ আহিছোঁ.....! কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত তেওঁ খোৱা-বোৱা ৰেহাই পোৱা এজন ছাত্ৰ (subsizer) হিচাপে হে নামভৰ্তি কৰাৰ সুযোগ পাইছিল। এনে ছাত্ৰ সকলে ত্ৰিনিটি কলেজৰ নিয়ম অনুসৰি ছাত্ৰাবাসত দৈনিক কিছু কাম কৰি দি কৰ্তৃপক্ষক সহায় কৰি দিব লাগিছিল। ভাগ্যৰ পৰিহাস আছিল এয়ে যে, তেওঁ এজন জমিদাৰৰ পুত্ৰ আছিল অথচ পৰিস্থিতিৰ পাকচক্ৰত পৰি তেওঁ পখিলা খেদি ফুৰা বয়সৰ পৰাই কিছু কষ্টকৰ সময় অতিবাহিত কৰিবলগীয়া হৈছিল। ত্ৰিনিটি কলেজৰ এই বিশেষ ছাত্ৰজনেই আছিল মহান বিজ্ঞানী চাৰ আইজাক নিউটন।

Tuesday 12 January 2016

পৃথিৱীৰ ত্ৰাণকৰ্তা হিচাবে বৃহস্পতি গ্ৰহ



পৃথিৱী মানুহ আৰু অন্যান্য জীৱকুলৰ বাবে বাসোপযোগী হোৱাৰ আঁৰত বৃহস্পতি গ্ৰহৰ অৱদান অনস্বীকাৰ্য। সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ শক্তিশালী মাধ্যাকৰ্ষণ বলে বিভিন্ন সময়ত আমাৰ পৃথিৱীখন দীৰ্ঘম্যাদী ধুমকেতু আৰু কক্ষচ্যুত গ্ৰহানুৰ লগত হ'ব পৰা সংঘৰ্ষৰ পৰা ৰক্ষা কৰি আহিছে। উদাহৰণস্বৰূপে বিগত 1994 চনৰ শ্বুমেকাৰ-লেভি 9 নামৰ ধুমকেতুটোৰ কথাকেই লোৱা যাওঁক। বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে এই ধুমকেতুটোৰ কক্ষপথ পৃথিৱীৰ কক্ষপথৰ লগত ছেদিত, অৰ্থাৎ এক অনিবাৰ্য সংঘৰ্ষ। কিন্তু গাণিতিক ভাবে বৈজ্ঞানিক সকলে পালে যে বৃহস্পতি গ্ৰহৰ প্ৰবল মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত এই ধুমকেতুটো বৃহস্পতি অভিমুখে আকৰ্ষিত হ'ব আৰু পৃথিৱী এক সংঘৰ্ষৰ পৰা বাচি যাব। আৰু প্ৰকৃততে 1994 চনত সেয়াই হ'ল। শ্বুমেকাৰ-লেভি বৃহস্পতি গ্ৰহৰ বুকুত জাহ যোৱাৰ দৃশ্য পৃথিৱীবাসীয়ে প্ৰত্যক্ষ কৰিলে নাছা টেলিভিশ্বনৰ যোগেদি। 2009 চনতো নাছাৰ বিজ্ঞানীসকলে অনুৰূপ ঘটনা প্ৰত্যক্ষ কৰিছিল। বৃহস্পতি গ্ৰহ অবিহনে আমাৰ পৃথিৱীত জীৱন ধাৰণৰ বাবে অনুকুল পৰিস্থিতিয়েই সৃষ্টি নহ'লহেতেন !

Sunday 10 January 2016

এন্টিভেনম: এক জীৱন ৰক্ষাকাৰী মহৌষধ


সৰ্প দংশনৰ চিকিৎসাত একমাত্ৰ জীৱন ৰক্ষাকাৰী দৰব হিচাবে ব্যৱহাৰ কৰা পদ্ধতিটোৱেই হ'ল এন্টিভেনম বেজী। কিন্তু এই এন্টিভেনম কি অথবা ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? সাপৰ বিষৰ একমাত্ৰ চিকিৎসা অৰ্থাৎ এন্টিভেনামৰ কথাৰ প্ৰসংগত যাৰ নাম প্ৰথমেই ল’ব লাগিব তেওঁ হ'ল ফ্ৰান্সৰ জীৱবিজ্ঞানী এলবাৰ্ট কেলমেট যিজন বিজ্ঞানীয়ে লুইচ পাস্তুৰৰ এন্টিভেনমৰ উন্নীতকৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এই এন্টিভেনম প্ৰস্তুত কৰাৰ বাবে জংঘলৰ সাপ বা সাপৰ ফাৰ্মৰ পৰা বিষধৰ সাপৰ বিষ সংগ্ৰহ কৰা হয়। সাপৰ বিষ সংগ্ৰহ কৰা এটি অতি বিপদজনক কাম। সাপৰ বিষ সাধাৰণতে এটি পাত্ৰৰ মুখত প্লাষ্টিকৰ দ্বাৰা বন্ধ কৰিলৈ তাত সাপৰ দাঁত সুমুৱাই দি সংগ্ৰহ কৰা হয়। এনেদৰে সংগ্ৰহ কৰা বিষ মাইনাছ ২০ ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰাত ৰাখিলে সাপৰ বিষৰ পৰা জলীয় অংশখিনি বেলেগহৈ সাপৰ বিষ গুড়ি পাউডাৰলৈ ৰূপান্তৰিত হয়। এটি সাপৰ পৰা খুবেই কম পৰিমানৰ এনে পাউডাৰ পোৱা যায়। সেয়ে সাপৰ বিষৰ পৰা আহৰণ কৰা পাউদাৰ সোণতকৈও দামী এক অমূল্য প্ৰাকৃতিক সম্পদ। বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে সৰ্প দংশনত ঘোঁৰাৰ মৃত্যু প্ৰায় নহয়েই। ইয়াৰ কাৰণ হিচাবে তেওঁলোকে গম পালে যে ঘোঁৰাৰ দেহত সাপৰ বিষ প্ৰতিৰোধ কৰাৰ এক বিশেষ ক্ষমতা আছে। সেইবাবে বিজ্ঞানী সকলে ইতিমধ্যে সংগ্ৰহ কৰি থোৱা সাপৰ বিষ ইনজেকশ্বনৰ মাধ্যমত ঘোঁৰাৰ ধমনীত প্ৰয়োগ কৰে। এই বিষৰ প্ৰতিক্ৰিয়াৰ ফলত ঘোঁৰাটোৰ দেহত লাহে লাহে এন্টিভেনম উৎপাদন হোৱা আৰাম্ভ হৈ যায়। প্ৰায় ৩ দিনমান ঘোঁৰাটো অসুস্থ অৱস্থাত থাকে যদিও ৩ দিনৰ পিছত ঘোঁৰাটো সম্পূৰ্ণভাৱে সুস্থ হৈ উঠে। এতিয়া ঘোঁৰাটোৰ দেহৰ পৰা তেজ উলিয়াই লৈ তাৰ ৰঙা অংশখিনি আঁতৰ কৰা হয়। তেজৰ বগা অংশখিনি অৰ্থাৎ মেট্ৰিক্সৰ পৰা ঘোঁৰাৰ দেহত সৃষ্টি হোৱা এন্টিভেনম খিনি সংগ্ৰহ কৰা হয়। ইয়াৰ পিছত এই এন্টিভেনমৰ বিশুদ্ধিকৰণ কৰি ইয়াৰ পৰা প্ৰস্তুত কৰা হয় সৰ্প দংশনৰ একমাত্র জীৱন ৰক্ষাকাৰী ঔষধ এন্টিভেনম বেজী।

শৈশৱৰ ষ্টিফেন হকিং


৮ জানুৱাৰী ১৯৪২ চনত ষ্টিফেন উইলিয়াম হকিং নামৰ এটি সুস্থ শিশুৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃ আছিল ড° ফ্ৰেংক হকিং আৰু মাতৃ ইছাবেল হকিং। ছেন্ট এলবান হাইস্কুলত শিক্ষা গ্ৰহণ কৰি ১৯৬২ চনত অক্সফ’ৰ্ড ৰ পৰা বি এ ডিগ্ৰী পোৱাৰ পিছত তেওঁ তাতেই মহাকাশ বিজ্ঞান অধ্যয়ন কৰে ৷ পিছলৈ তেওঁ ক্ৰমে ট্ৰিনিটি আৰু কেম্ব্ৰিজত সিদ্ধান্তগত (theoritical) মহাকাশ বিজ্ঞান আৰু অন্তৰীক্ষ বিজ্ঞান অধ্যয়ন কৰে। ষ্টিফেন হকিঙে প্ৰধানকৈ বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক সূত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ ৰ’জাৰ পেনৰ’জৰ সৈতে তেওঁ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰৰ আঁত ধৰি গৱেষণা কৰি প্ৰমাণ কৰি দেখুৱাইছিল মহাকাশ আৰু সময়ৰ আৰম্ভণি হৈছিল বিগ বেঙৰ জৰিয়তে আৰু ইয়াৰ সমাপ্তি হয় কৃষ্ণগহ্বৰত ৷ তেওঁ বৰ্তমানে কেম্ব্ৰিজৰ চেন্টাৰ ফৰ থিয়ৰিটিকেল কচম’ল’জিত গৱেষণা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ ষ্টিফেন উইলিয়াম হকিঙৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱন্ত কালতেই এক অনন্য কিম্বদন্তীত পৰিণত কৰিছে ৷ তেওঁ 'ৰয়েল ছ’ছাইটি অব আৰ্টছ'ৰ সন্মানীয় ফেল’ আৰু 'পন্টিফিকেল একাডেমী'ৰ আজীৱন সদস্য। তদুপৰি তেওঁক ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰীডম' সন্মানেৰে বিভূষিত কৰা হৈছিল ৷ মটৰ নিউৰনৰ ৰোগৰ দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্বা হিচাপে নিজকে উপস্থাপন কৰি হকিঙে পৃথিৱীৰ সকলো শ্ৰেণীৰ মানুহকেই তবধ মানিবলৈ বাধ্য কৰাইছে। তেওঁলৈ আজি 74তম ওপজা দিনত আমাৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।

Saturday 9 January 2016

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু মহানাদ তত্ব


আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিৰ ৰহস্য মহানাদ তত্বৰ জৰিয়তে দিয়াৰ চেষ্টা কৰা হৈছে। মহানাদ তত্ব সৃষ্টি বিজ্ঞানৰ নমুনা হিচাবে বহু চৰ্চিত এটা তত্ব। এই তত্ব মতে মহাবিস্ফোৰণৰ থিক পিছতেই বিশ্বব্ৰহ্মাণ্ডখন সংঘাতিক ধৰণে উত্তপ্ত আৰু অতিঘনত্ব সম্পন্ন অবস্থাত আছিল। এই অৱস্থাত বিশ্বব্ৰহ্মাণ্ডখন অতি বেগত প্ৰসাৰিত হৈছিল। এই ক্ষীপ্ৰ প্ৰসাৰণৰ ফলত বিশ্বব্ৰহ্মাণ্ডখন শীতল হবলৈ আৰম্ভ কৰে আৰু বৰ্তমানৰ নিৰবচিন্ন প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ অবস্থা প্ৰাপ্ত হয়। বিজ্ঞানী সকলৰ মতে মহানাদ সৃষ্টি হোৱা সময়টো প্ৰায় ১৩.৭৫ বিলিয়ন বছৰৰ আগত আছিল। আৰম্ভণিৰ প্ৰসাৰণৰ পিছত বিশ্বব্ৰহ্মাণ্ড যথেষ্ট শীতল হৈছিল আৰু এই শীতলীকৰণ প্ৰক্ৰিয়া চলি থকা অবস্থাত বিশ্বব্ৰহ্মাণ্ডৰ শক্তি বিভিন্ন মৌলিক কণালৈ যেনে প্ৰ’ট’ন, নিউট্ৰ’ন আৰু ইলেক্ট্ৰ’ন আদিলৈ ৰূপান্তৰিত হৈছিল। এই প্ৰট’ন আৰু নিউট্ৰ’নসমূহে মহানাদৰ কেইটামান মূহুৰ্তৰ পিচতেই যুক্ত হৈ প্ৰথম বিধ আদি পৰমাণু গঠিত কৰিছিল। পিছলৈ এনে আদি পৰমাণুৰ লগত ইলেক্ট্ৰ’ন যুক্ত হ'বলৈ আৰু হেজাৰ হেজাৰ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। ইলেকট্ৰণৰ সংযোজনৰ ফলত ক্ৰমান্বয়ে আধানহীন বা স্বাভাৱিক পদাৰ্থসমুহ সৃষ্টি হ'বলৈ লয়। এনে প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰথম মৌলিক কণা হিচাবে গঠিত হৈছিল হাইড্ৰ’জেন। অৱশ্যে হাইড্ৰজেনৰ লগত হিলিয়াম আৰু লিথিয়ামো কিছু পৰিমানে সৃষ্টি হৈছিল। এই মৌলিক কণাসমূহে সৃষ্টিৰ পাতনিতেই একগোট হৈ কেতবোৰ ডাৱৰৰ দৰে গঠন লাভ কৰিছিল। প্ৰচণ্ড মাধ্যাকৰ্ষণৰ প্ৰভাৱত এই ডাৱৰৰ মৌলিক কণিকাবোৰৰ পৰাই শত সহস্ৰ নক্ষত্ৰ আৰু তাৰকা মণ্ডলৰ লগতে আমাৰ হাতীপটীও সৃষ্টি হৈছিল। এই মহানাদ তত্ব বৰ্তমান বিজ্ঞানৰ এনে এক ধাৰা যিটো তত্ব বৈজ্ঞানিক সমাজত বহুলভাৱে প্ৰচাৰিত আৰু ইয়াক বৈজ্ঞানিক দিশৰ পৰা গ্ৰহণো কৰা হৈছে।

Thursday 7 January 2016

পৰ্যাবৃত্ত তালিকাত সংযোজিত 4টা নতুন মৌল



2011 চনত পৰ্যাবৃত্ত তালিকাত নতুনকৈ দুটা মৌল (পৰমাণু ক্ৰমাংক 114 আৰু 116) সংযোজিত কৰাৰ পিছতো পৰ্যাবৃত্ত তালিকাৰ সপ্তম পৰ্যায়ত পৰমাণু ক্ৰমাংক 113, 115, 117 আৰু 118 ৰ স্থান কেইটা ৰিক্ত হৈ আছিল। পৰমাণু ক্ৰমাংক 114 হ'ল Flerovium (Fl) আৰু পৰমাণু ক্ৰমাংক 116 হ'ল Livermorium (Lv)। যোৱা 30 ডিচেম্বৰ, 2015 তাৰিখে International Union of Pure and Applied Chemistry (IUPAC)ৰ অনুমোদন ক্ৰমে পৰমাণু ক্ৰমাংক 113, 115, 117 আৰু 118 ৰ মৌল কেইটা পৰ্যাবৃত্ত তালিকাত পুনৰ সংযোজিত কৰা হয়। এই নতুনকৈ সংযোজিত হোৱা মৌলকেইটা হ'ল - Ununtrium-113 (Uut), Ununpentium-115 (Uup), Ununseptium-117 (Uus) আৰু Ununoctium-118 (Uuo). অৱশ্যে এই মৌলকেইটা প্ৰাকৃতিক নহয়, বৰং বিজ্ঞানীসকলে এই মৌলকেইটা কৃত্ৰিম ভাৱে সংশ্লেষণ কৰি উলিয়াইছে। এই নতুন মৌলকেইটাৰ প্ৰতিটোৱেই একোটা অতি গধুৰ তেজস্ক্ৰিয় মৌল আৰু এই মৌল কেইটা পৰীক্ষাগাৰত আপেক্ষিক ভাৱে কম ভৰৰ মৌলৰ মাজত সংঘৰ্ষ সৃষ্টি কৰি তৈয়াৰ কৰা হৈছে।

Monday 4 January 2016

লাইকা : মহাকাশ যুগৰ প্ৰথম ছহিদ


মস্কোৰ অলিয়ে গলিয়ে ঘুৰি ফুৰা এটি নাম পৰিচয় বিহীন মাইকী কুকুৰ। অলপ খেদাখেদি কৰি কুকুৰটো ধৰা হ'ল আৰু তাইক লৈ অনা হ'ল যাৱতীয় প্ৰশিক্ষণৰ বাবে। সেয়া আছিল 1957 চনৰ ছেপ্তেম্বৰ মাহৰ কথা। হাতত সময় মাত্ৰ চাৰি সপ্তাহ। কুকুৰটোক নাম দিয়া হ'ল - "লাইকা"। ছোভিয়েট বিজ্ঞানীসকল ব্যস্ত স্পুটনিক-2 নামৰ ক্ষুদ্ৰ মহাকাশযান খনৰ অন্তিম পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষাত। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই উৎক্ষেপণ কৰা হ'ব স্পুটনিক ২ নামৰ এই ইতিহাস প্ৰসিদ্ধ মহাকাশ যানখন। এইখন যানেই প্ৰথম বাৰলৈ মহাকাশলৈ লৈ যাব এটি জীৱন্ত প্ৰাণী, যাৰ নাম লাইকা। ইতিমধ্যে মহাকাশ যানখনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল। উৎক্ষেপণৰ তিনি দিন পূৰ্বেই লাইকাক মহাকাশ যানখনৰ ভিতৰলৈ অনা হৈছিল যাতে যানখনৰ পৰিবেশৰ লগত লাইকা অভ্যস্ত হৈ পৰিব পাৰে। লাইকাৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে খাদ্যৰো নিয়ন্ত্ৰণ কৰা হ'ল আৰু খাবলৈ দিয়া হ'ল মহাকাশৰ খাদ্য। মহাকাশৰ পৰিবেশত, বিশেষকৈ মাধ্যাকৰ্ষণহীন পৰিবেশ আৰু মহাজাগতিক বিকিৰণৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ প্ৰয়োজনীয় মহাকাশৰ পোচাকযোৰো লাইকাক পিন্ধাই অভ্যস্ত কৰা হৈ গ'ল। 1957ৰ 3 নৱেম্বৰ। এটা উৎকণ্ঠাৰ দিন। মহাকাশ বিজ্ঞানী সকলে তন্ন তন্নকৈ শেষ বাৰলৈ সকলো পৰীক্ষা কৰি চাই আৰম্ভ কৰিলে কাউণ্ট ডাউন :
5_4__ 3 _2 _1 _0 !
 ক্ষন্তেক সময়ৰ ভিতৰতেই আকাশৰ বুকুত সুমথিৰা ৰঙৰ ধোঁৱাৰ ৰেখা আঁকি মহাকাশৰ বুকুলৈ ধাৱমান হ'ল স্পুটনিক ২ নামৰ মহাকাশ যানখন। ছোভিয়েট বিজ্ঞানীসকলে এক নতুন যুগৰ নতুন অধ্যায়ৰ সূচনা কৰিলে। যথেষ্ট উত্তেজিত যদিও লাইকাক মহাকাশ যানখনৰ সৰু কেপচুলটোৰ ভিতৰত সতেজ ভাৱেই দেখা গ'ল। সময় অতিবাহিত হোৱাৰ লগতে স্পুটনিক ২এ পূৰ্বনিৰ্ধাৰিত কক্ষপথেৰে পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ ল'লে। ভাৰহীন অৱস্থাত লাইকাই কেপচুলটোৰ ভিতৰত সুস্থ ভাৱেই থাকি প্ৰথম জীৱিত মহাকাশচাৰী ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখিলে। এইখিনিলৈ সকলো থিকেই আছিল। হঠাতে যেন কিবা এটা খেলিমেলি লাগিল। স্পুটনিক-2ৰ তাপ নিয়ন্ত্রণ ব্যবস্থাত কিবা এটা বিজুতি ঘটিল। মহাকাশযান খনৰ আভ্যন্তৰত তাপমান ক্ৰমে অনিয়ন্ত্ৰিত হৈ পৰিল। একে সময়তে মহাকাশযান খনৰ চাপো বৃদ্ধি হ'বলৈ ধৰিলে। এই দুই দূৰ্ভাগ্যজনক পৰিস্থিতিৰ প্ৰভাৱত লাইকা বাৰুকৈয়ে আক্ৰান্ত হৈ পৰিল আৰু উৎক্ষেপণৰ সাত-আঠ ঘণ্টাৰ পিছতেই মহাকাশযানৰ ভিতৰত লাইকাৰ মৃত্যু হয়। ছোভিয়েট বিজ্ঞানী সকলৰ লগতে সমগ্ৰ বিশ্ব শোকত ম্ৰিয়মাণ হৈ পৰিল। লাইকা মহাকাশ যুগৰ প্ৰথম গৰাকী ছহিদ (শ্বহীদ) হ'ল। লাইকাৰ মৃত্যুৱে মানুহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও ছোভিয়েট বিজ্ঞানী সকলে এই অভিযানত হোৱা ভুলৰ পৰা যথেষ্ট শিক্ষা ল'লে আৰু তাৰ তাৎক্ষণিক শুধৰণি কৰি পৰবৰ্তী সময়ত য়ুৰি গেগাৰিনক সফলতাৰে মহাকাশৰ পৰা জীৱিত অৱস্থাত ঘুৰাই আনি বিশ্ববাসীক চমকিত কৰি তোলে। লাইকাৰ আত্মত্যাগে মহাকাশ বিজ্ঞানক এক সঠিক পথ দেখুৱাই আজিৰ অৱস্থালৈ অনাত নিসন্দেহে এক ভূমিকা গ্ৰহণ কৰিছে। লাইকাৰ আত্মত্যাগক বিশ্বৰ প্ৰতিজন লোকেই শ্ৰদ্ধাৰে সোঁৱৰে। লাইকা তোমাক চালাম ! তুমি য'তেই নেথাকা কিয়, সুখেৰে থাকা ! তোমাৰ আত্মই লাভ কৰক চিৰশান্তি !

Friday 1 January 2016

জীৱবিজ্ঞানীয়ে দিবলৈ ওলাইছে অমৰ হোৱাৰ মন্ত্ৰ


আমি কিয় বুঢ়া হওঁ ? আমি বাৰু মৰণশীল কিয় ? কাৰনো মন নেযায় অমৰ হবলৈ অথবা আজীৱন বুঢ়া নোহোৱাকৈ থকাৰ ! শতিকা জুৰি এনেবোৰ বাসনাই আমাৰ লগতে বিজ্ঞানীসকলকো আমনি কৰি আহিছে। শেহতীয়াকৈ জীৱবিজ্ঞানীসকলে হাইড্ৰা নামৰ এবিধ অমেৰুদণ্ডী প্ৰাণীৰ ওপৰত কৰা গৱেষণাৰ পৰা তেনে এক সম্ভাৱনা প্ৰকট হৈ পৰিছে। Proceedings of the National Academy of Sciences (PNAS) নামৰ জাৰ্ণালখনত প্ৰকাশিত গৱেষণা পত্ৰত এই তথ্য প্ৰকাশ পাইছে। হাইড্ৰাৰ দেহত থকা বায়বীয় কোষ বা Stem cell বোৰে নিৰবচিন্ন ভাৱে বিভাজিত হৈ নতুন নতুন কোষ উৎপন্ন কৰিব পাৰে আৰু এই নতুন কোষবোৰে হাইড্ৰাৰ দেহৰ পুৰণি আৰু বৃদ্ধ কোষবোৰৰ স্থানত নিজে সংস্থাপিত হৈ হাইড্ৰাক চিৰ যৌৱন প্ৰদান কৰে। হাইড্ৰাৰ দৰে মানুহৰ দেহতো থাকে বায়বীয় কোষ কিন্তু মানুহৰ বায়বীয় কোষবোৰে বয়স বাঢ়ি অহাৰ লগে লগে একেলেথাৰিয়ে বিভাজিত হোৱাৰ ক্ষমতা হেৰুৱাই পেলায়। ফলত মানুহৰ দেহত কম বয়সীয়া কোষৰ অভাবে দেখা দিয়ে আৰু মানুহ ক্ৰমে বৃদ্ধ হ'বলৈ ধৰে। বৃদ্ধ কোষৰ বিভাজন ক্ষমতা লোপ হয় বাবে দেহৰ বিভিন্ন স্থানত কোষৰ দ্ৰুত হাৰত মৃত্যু হ'বলৈ ধৰে। উদাহৰণ স্বৰূপে আমাৰ মাংসপেশীৰ কোষবোৰ বৃদ্ধাৱস্থাত ক্ৰমে শুকাই যাবলৈ ধৰে। হাইড্ৰা আৰু মানুহৰ মাজত কোষৰ এনে পাৰ্থক্যৰ কাৰণ হিচাবে বিজ্ঞানীসকলে বিচাৰি পাইছে হাইড্ৰাৰ দেহৰ এটি জিন। হাইড্ৰাৰ অমৰত্বৰ এইবিধ জিনক বিজ্ঞানীসকলে "FoxO3 Gene" বুলি নামাকৰণ কৰিছে। জীৱবিজ্ঞানীসকলে এই FoxO3 gene হাইড্ৰাৰ দেহৰ অনুৰূপত কৃত্ৰিম ভাবে সংশ্লেষণ কৰি প্ৰাপ্তবয়স্ক এন্দুৰৰ দেহত প্ৰয়োগ কৰি দেখা পায় যে সেই বৃদ্ধ এন্দুৰৰ দেহত বায়বীয় কোষ বা Stem cell বোৰ পুনৰ সক্ৰিয় হৈ উঠিছে আৰু স্বাভাৱিক ভাৱে কোষৰ বিভাজন সম্পন্ন কৰিছে। এই পৰীক্ষাই বিজ্ঞানীসকলক উৎসাহিত কৰি তুলিছে আৰু তেখেতসকলে অদূৰ ভৱিষ্যতে মানুহক চিৰ যৌৱন প্ৰদান কৰিব পাৰিব বুলি আশা কৰিছে।