Saturday 28 September 2019

এয়েইতো জীৱন



ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ - "জীৱনত এনে কিছু প্রশ্ন থাকে যাৰ উত্তৰ কেতিয়াও নেথাকে, এনে কিছু ভুল থাকে যাৰ শুধৰণি কেতিয়াও নহয় আৰু এনে কিছু যন্ত্ৰণা থাকে যিবোৰ কাকোৱেই কোৱা নহয়।" জীৱনৰ কোনো দুখেই হেনো চিৰস্থায়ী নহয়। ১০ বছৰ আগতে মৃত্যু হোৱা কোনো আত্মীয়ৰ অবৰ্তমানত যিসকল লোকে হিয়া ধুকুৰি কান্দিছিল, সেই ব্যক্তিজনক আজি হয়তো পৰিয়ালৰ কোনেও মনত ৰখা নাই। যিমানেই ধুমুহা নাহক কিয়, যিমানেই বুকুভঙা বেদনা নাথাকক কিয় - এই বেদনা ক্ষণস্থায়ী, মেঘ আঁতৰি গ'লে পুনৰ ঘূৰি আহিব ৰৌদ্ৰস্নাতা দিনৰ উজ্বলতা। দুঃসময়ে আৱৰি ধৰা অন্ধকাৰবোৰেও কেতিয়াবা আমাৰ জীৱনৰ উজ্বলতম মুহূর্তৰ দুৱাৰখন খুলি দিয়েহি।
                    
এৰা, জীৱন বৰ ৰহস্যময়। বিদ্যালয়ত পঢ়ি থকা সময়ত আমাৰ ক্লাচৰ দুয়োটা শাখাত প্ৰায় ১০০ জন ছাত্র-ছাত্রী আছিল। তেওঁলোকৰ বেছিভাগেই আছিল অসম্ভব আত্মবিশ্বাসী আৰু মেধাবী ছাত্ৰ-ছাত্ৰী। কিন্তু আজি ৩০ বছৰ পিছত সেই ছবিখন সম্পূর্ণ সলনি হৈ গৈছে। জীৱন পৰিক্ৰমাত সকলোৱে একলগে আগবাঢ়িব পৰা নাই। আমাৰ কোনোজন বন্ধু হয়তো কোম্পানীৰ CEO, আনহাতে আনজন বন্ধু হয়তো সেই কোম্পানীতেই এজন সাধাৰণ কর্মচাৰী। CEO জনৰ মান-সন্মান, ধন-সম্পত্তি বেছি, কিন্তু সাধাৰণ কৰ্মচাৰীজনৰ সুখ আৰু আনন্দ বেছি। সুখ অথবা দুখৰ কোনো ধৰা-বন্ধা সংজ্ঞা নাই। 
                   
বেছিভাগ মানুহৰ জীৱনৰ ভিতৰলৈ সোমাই গ'লে দেখা পোৱা যায় যন্ত্ৰণাৰ কূটিল আঁকবাকবোৰ। অথচ সেই যন্ত্ৰণাৰ ৰঙবোৰেৰেই তেওঁ আঁকি পেলাইছে জীৱনৰ এখন সুন্দৰ ছৱি। প্রতিজন ব্যক্তিৰ জীবনৰ একোটা গল্প আছে। হয়তো অকথিত এটা গল্প। গল্পটো হয় আনন্দৰ অথবা বিষাদৰ। অতীতলৈ উভটি গৈ এতিয়া আৰু গল্পটোৰ আৰম্ভণিটো সলনি কৰা সম্ভব নহয়। কিন্ত কিছুুমান মানুহে কঠোৰ পৰিশ্রম আৰু একাগ্ৰতাৰে বিষাদৰ চকুলোৱে সেমেকাই থোৱা গল্পটোৰ অন্তিম অংশটো সজাই তোলে সম্ভাৱনাৰ ৰং আৰু তুলিকাৰে। জীৱনৰ যন্ত্ৰণা আৰু জীৱনৰ সম্ভাৱনা - দুয়ো জীৱনৰ আজন্ম বান্ধৱ।

জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অক্লান্ত পৰিশ্রম কৰিও ব্যর্থতাৰ তিক্ততা পোৱা বন্ধুও আছে মোৰ। মই তেওঁৰ সংগ্ৰাম দেখিছোঁ। তেওঁৰ জীৱন সঁচাকৈয়ে অনুকৰণীয়। তেওঁৰ জীৱনত আজি দুখৰ স্থান নাই। বন্ধুজনৰ দৃঢ়তা আৰু আত্মবিশ্বাসে মোক শিকাইছে কেনেদৰে লক্ষ্য প্ৰাপ্তিৰ অসফল সংগ্ৰামখনৰ কঠোৰ পৰিশ্রমে তেওঁক নতুনকৈ গঢ় দিছে। জীৱনে তেওঁক শক্তিশালী, অভিজ্ঞ আৰু জীৱন যুদ্ধৰ দক্ষ যুঁজাৰু কৰি তুলিছে।

জীৱনটোক নতুনকৈ আবিষ্কাৰ কৰাৰ বাবে কেতিয়াবা পৰাজিত হোৱাৰ প্ৰয়োজনো আহে। সহজতে বিজয়ী হোৱা যুদ্ধৰ আনন্দও ক্ষন্তেকীয়া।  বাধা যিমানেই বিশাল হয়, বিজয়ৰ আনন্দও সিমানেই স্থায়ী হয়। জীৱন মানেই নিৰন্তৰ এক গতিময়তা……। পদে পদে বাধা বিঘিনি, প্রতিকূলতা আদি সকলো অতিক্ৰম কৰি, শৰীৰত সৃষ্টি হোৱা ৰক্তাক্ত ক্ষতবিক্ষত ঘাঁবোৰৰ পৰা ওলোৱা তেজৰ চেকুৰাবোৰ মছি আঁতৰাই প্রবল আত্মবিশ্বাসেৰে পুনৰ সংগ্ৰামত জপিয়াই পৰাৰ যি বাসনা - এয়েইতো জীৱন !

শেষত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটি কবিতা :

“নদীর এপার কহে ছাড়িয়া নিশ্বাস,
ওপারেতে সর্বসুখ আমার বিশ্বাস।
নদীর ওপার বসি দীর্ঘশ্বাস ছাড়ে;
কহে, যাহা কিছু সুখ সকলি ওপারে।”