Friday 27 November 2015

নিউটনৰ উত্তৰ নিমিলা অংকটো


নিউটন তেতিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত। এদিনাখনৰ কথা- নিউটন নিজৰ কোঠাত অধ্যয়নত ব্যস্ত। এনেতে লগুৱাজনে নিউটনৰ কোঠাৰ দুৱাৰমুখত থিয় হৈ মাত লগালে: "মহাশয়, প্ৰতিটোত সাত পেনি হাৰত মই তিনিটা মাছ কিনিছোঁ। মাছ বেপাৰী জন বাহিৰত ৰৈ আছে। অনুগ্ৰহ কৰি তেওঁৰ প্ৰাপ্য ধনখিনি দি দিব।" লগুৱাজন গুচি গ'ল। নিউটনে তৎক্ষাণাত এখিলা কাগজ আৰু গণিতৰ ঘাতাংক তালিকাখন উলিয়াই লৈ সমস্যাটো সমাধান কৰাত লাগি গ'ল। বহু সময় অতিক্ৰম কৰাৰ পিছতো প্ৰাপ্য ধন নোপোৱাৰ বাবে বাহিৰৰ পৰা ধৈৰ্য্যচ্যুতি ঘটা মাছ বেপাৰীজনে গৃহস্থক মাত লগালে। নিউটনৰ সেইবোৰলৈ ভ্ৰূক্ষেপেই নাই, একানপতীয়াকৈ লাগি ৰ'ল মাছৰ মূল্য নিৰূপণ কৰা গণিতত। মাছ বেপাৰীজনৰ মাতত লগুৱাজন পুনৰ নিউটনৰ কাষ পালেহি।
: মহাশয়, মাছ বেপাৰীজনৰ ধনখিনি.....
: ৰ'বাচোন, ধৈৰ্য্য ধৰা। এই গণনাটোত এটা সমস্যা সৃষ্টি হৈছে। - নিউটনে ক'লে ।
: কিন্তু মাছ বেপাৰীজনে একৈশ পেনি বিচাৰি চিঞৰ বাখৰ লগাইছে ।
নিউটন যেন আচৰিত হৈ গ'ল ! তেখেতে উত্তেজিত হৈ চিঞৰি ক'লে: কি ! তেওঁ কেনেকৈ ইমান সোনকালে উত্তৰটো বিচাৰি পালে ? তেওঁক ভিতৰলৈ মাতাচোন। তেওঁৰ পৰা মই এইটো শিকিব লাগিব।
লগুৱাজন শিল পৰা কপৌৰ দৰে দুৱাৰমুখত থিয় হৈ ৰ'ল।

Thursday 26 November 2015

মংগল গ্ৰহৰ দুই ক্ষুদ্ৰ উপগ্ৰহ : ফ'বচ আৰু ডিম'চ


1877 চনত আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানী এচাফ হ'লে এটি বিশালকায় দূৰবীন যন্ত্ৰৰ সহায়ত আৱিষ্কাৰ কৰিছিল ফ'বচ আৰু ডিম'চ নামৰ মংগলৰ উপগ্ৰহ দুটা। মংগলৰ এই উপগ্ৰহ দুটা আকৃতিত তেনেই সৰু। ফ'বচ নামৰ উপগ্ৰহটো দীঘলে মাত্ৰ 27 কিমি এক শিলাখণ্ড। এই উপগ্ৰহটোৱে মংগল পৃষ্ঠৰ পৰা মাত্ৰ 9377 কিমি ওপৰেৰে মংগলৰ চৌদিশে আবৰ্তন কৰি আছে। ফ'বচৰ আয়তন মাত্ৰ 27x22x19 কিমি। এই ক্ষুদ্ৰাকৃতিৰ গ্ৰহটো প্ৰায় 7.5 ঘণ্টাৰ মুৰে মুৰে মংগলৰ পশ্চিম আকাশত উদিত হয়। মংগলৰ আনটো উপগ্ৰহ ডিম'চ সৌৰজগতৰ ক্ষুদ্ৰতম উপগ্ৰহবোৰৰ ভিতৰত অন্যতম। ডিম'চ দীঘলে মাত্ৰ 8.5 কিমি, কিন্তু এই উপগ্ৰহটো মংগল পৃষ্ঠৰ পৰা প্ৰায় 20,000 কিমি আঁতৰত থাকি গ্ৰহটোৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে। এই দুয়োটা গ্ৰহৰ আকৃতি জুইত পুৰি চেঁচা হবলৈ দিয়া আলুগুটিৰ নিচিনা, অসমান আৰু অনিয়মিত গঠনৰ। গ্ৰহদুটাৰ পৃষ্ঠত উল্কাপিণ্ডৰ আঘাতত সৃষ্টি হোৱা অজস্ৰ হোৱা গাঁত দেখিবলৈ পোৱা যায়।  বিজ্ঞানীসকলৰ মতে মংগলৰ পৃষ্ঠৰ পৰা নিচেই ওচৰত থকা বাবে এই ফ'বচৰ কক্ষপথ ক্ৰমান্বয়ে মংগলৰ পিনে আকৰ্ষিত হৈ আহিছে আৰু অদূৰ ভৱিষ্যতে ফ'বচ মংগলৰ পৃষ্ঠত জাহ যাব। আনহাতে ডিম'চ মংগল পৃষ্ঠৰ পৰা ক্ৰমে আঁতৰি যাব ধৰিছে !!!

Monday 23 November 2015

মৃত্যু পথৰ যাত্ৰী: বিটলজুইচ বা আৰ্দ্ৰা নক্ষত্ৰ


পৃথিৱীৰ পৰা প্ৰায় 600 আলোকবৰ্ষ দূৰৰ কালপুৰুষ তাৰকামণ্ডলৰ দ্বিতীয় উজ্জ্বলতম নক্ষত্ৰটো হ'ল বিটলজুইচ। ভাৰতত এই নক্ষত্ৰটোক আৰ্দ্ৰা নক্ষত্ৰ বুলি কোৱা হয়। শীতকালৰ সন্ধিয়াৰ আকাশত এই নক্ষত্ৰ বা তৰাটো এটি উজ্জ্বল ৰঙা তৰা হিচাবে পুব আকাশত উদিত হয়। কালপুৰুষ চিনি পালে এই তৰাটো আকাশত সহজেই চিনি উলিয়াব পাৰি। এই তৰাটো আমাৰ সূৰ্যতকৈ প্ৰায় 1000 গুণ ডাঙৰ আৰু ইয়াৰ উজ্জ্বলতাও সূৰ্যতকৈ প্ৰায় 1,00,000 গুণে বেছি। এই পৰিসংখ্যাৰ পৰাই সহজে অনুমান কৰিব পাৰি যে এই তৰাটো আকাৰত কিমান ডাঙৰ। বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা মতে এই তৰাটোৰ ভৰ সূৰ্যৰ ভৰৰ প্ৰায় 25 গুণ। এই তৰাটো 10 মিলিয়ন বছৰৰ আগতে জন্ম হৈছিল। সেই দিশৰ পৰা বিটলজুইচ এটা তজবজীয়া যুৱ তৰাহে মাত্ৰ। অথচ আপেক্ষিক ভাৱে ডেকা বয়সতেই মৃত্যুৰ পিনে তিলতিলকৈ আগবাঢ়িছে এই তৰাটো। প্ৰকৃততে অতি বৃহৎ ভৰৰ তৰাবোৰৰ নিউক্লিয় ইন্ধন হাইড্ৰজেন, অত্যাধিক হাৰত নিউক্লিয় সংযোজন বিক্ৰিয়াত হিলিয়ামলৈ আৰু তাৰপিছত পৰ্যায়ক্ৰমে হিলিয়ামতকৈ গধুৰ মৌললৈ সলনি হয়। এই প্ৰক্ৰিয়াটো তৰাবোৰৰ কেন্দ্ৰভাগত লোৰ পৰমাণু সৃষ্টি হোৱালৈ চলি থাকে। ইয়াৰ পিছত এই প্ৰক্ৰিয়াটো বন্ধ হয় আৰু তৰাটো ইন্ধনৰ নাটনিত ভোগে। তেনে অৱস্থাত তৰাটোৰ উত্তাপ হ্ৰাস পায় আৰু ই ৰঙচুৱা হৈ পৰে। পৰ্যায়ক্ৰমে তৰাটোৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে আৰু একোটা "ৰঙা দৈত্য" বা red giant তলৈ সলনি হয়। বিটলজুইচ বা আৰ্দ্ৰা নক্ষত্ৰটো বৰ্তমান এনে এক দশাতেই আছে। এটা সময়ত এই তৰাটোৰ কেন্দ্ৰভাগৰ উষ্ণতাৰ লগত বহিঃপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ বাবে এনে তৰাবোৰ চুপাৰনভা হিচাবে বিষ্ফোৰিত হয়। পৃথিৱীৰ পৰা 600 আলোকবৰ্ষ আঁতৰৰ এই তৰাটোও তেনে এক বিষ্ফোৰণৰ অপেক্ষাত। অৱশ্যে তৰাটো বিষ্ফোৰিত হোৱাৰ 600 বছৰৰ পিছতহে পৃথিৱীবাসীয়ে পাব বিষ্ফোৰণৰ সেই বাৰ্তা !!!

Friday 20 November 2015

বোকাত ফুলা পদুম- মাইকেল ফেৰাডে


লণ্ডনৰ এটা অতি দুখীয়া পৰিয়ালত 1791 চনত 22 ছেপ্তেম্বৰত জন্ম হৈছিল বিজ্ঞান জগতৰ বিস্ময়ৰ প্ৰতিভা মাইকেল ফেৰাডেৰ। তেওঁৰ পিতৃ জেমচ ফেৰাডে পেছাত আছিল এজন কমাৰ আৰু মাতৃ মাৰ্গাৰেটে পৰিয়ালটোৰ আৰ্থিক দৈন্যতা তথা তেওঁৰ স্বামী জেমচৰ ৰুগীয়া অৱস্থাৰ বাবে আনৰ ঘৰত বনকৰা লিগিৰী হিচাবে কাম কৰিছিল। মাইকেলৰ শব্দ উচ্চাৰণৰ ক্ষেত্ৰত কিছু অস্পষ্টতা থকা বাবে বিদ্যালয়ৰ শিক্ষকৰ হাতত প্ৰায়েই শাস্তি পাইছিল আৰু এক দুৰ্তাগ্যজনক পৰিস্থিতিৰ গৰাহত পৰি প্ৰাথমিক পৰ্যায়তেই আনুষ্ঠানিক শিক্ষাৰ সমাপ্তি ঘটাব লগীয়া হৈছিল। 13 বছৰ বয়সত যেতিয়া মাইকেলৰ সমবয়সীয়া ল'ৰাই বিদ্যালয় শিক্ষা গ্ৰহণ কৰি, চিলা উৰুৱাই সময় পাৰ কৰিছিল, মাইকেলে সেই বয়সত আৰ্থিক দৈন্যতাৰ বাবে কিতাপ বন্ধোৱা এখন দোকানত কাম কৰিবলগীয়া হৈছিল। এই সময়ত মাতৃ মাৰ্গাৰেটে মাইকেলক ঘৰতে নিজাকৈ পঢ়াশুনা কৰাত সহায় কৰিছিল। ইতিমধ্যে মাইকেলৰ কিতাপৰ দোকানলৈ বন্ধাবলৈ অনা পুৰণি কিতাপবোৰ পঢ়াৰ এটা ভাল অভ্যাস গঢ় লৈ উঠিছিল। সেই সময়ত পঢ়িবলৈ পোৱা দুখন কিতাপে মাইকেলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। কিতাপ দুখন আছিল জেন মাৰচেটৰ 600 পৃষ্ঠাৰ "Conversations on Chemistry" আৰু আনখন "The Encyclopedia Britannica"। এই দুখন কিতাপে তেওঁক বিদ্যুত বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তোলে। কিতাপ দুখনত উল্লেখ কৰা বিভিন্ন বিদ্যুত সম্পৰ্কীয় পৰীক্ষাবোৰ নিজাকৈ কৰিবলৈ মাইকেলে তেওঁৰ যি নাম মাত্র দৰমহা, তাৰ কিছু অংশ খৰছ কৰি পেলাইছিল। তেনে সময়তেই মাইকেলে জন টাটুম নামৰ এজন পদাৰ্থ বিজ্ঞানীৰ এটি ভাষণ এক চিলিং মূল্যৰ টিকটৰ বিনিময়ত শুনাৰ সুবিধা পায়। কিছুদিন পিছতেই উইলিয়াম ডাঞ্চ নামৰ লোকে বন্ধাবলৈ এখন পুৰণি কিতাপ লৈ মাইকেলৰ ওচৰলৈ আহে। মাইকেলে কিন্তু নিৰ্ধাৰিত দিনত কিতাপখন বন্ধাই দিব নোৱাৰিলে। তেওঁক এই বিষয়ে কৈফিয়ত বিচৰাত ক'লে যে কিতাপখনৰ আৰু কেইটামান পৃষ্ঠা তেওঁৰ পঢ়িবলৈ বাকী থকা বাবে সময়মতে বন্ধাব পৰা নাই। কথাটোৱে উইলিয়ামক বৰ আচৰিত কৰিলে যে কিতাপ বন্ধোৱা দোকানৰ 15 বছৰীয়া কৰ্মচাৰীয়ে পদাৰ্থ বিজ্ঞানৰ কিতাপ পঢ়ে !! উইলিয়াম বৰ উৎসাহিত হ'ল আৰু মাইকেলক পুৰষ্কাৰ স্বৰূপে দিলে ৰয়েল ইনস্টিটিউটত চাৰ হামফ্ৰি ডেভিৰ এলানি বক্তৃতা শুনিবলৈ এটি টিকট। মাইকেলে ডেভিৰ চাৰিটা বক্তৃতা শুনিলে, বিষয় আছিল - Acids বা অম্ল। মাইকেলে ডেভিৰ বক্তৃতা শুনি এনেদৰে প্ৰভাৱিত হৈছিল যে বক্তৃতাবোৰৰ সাৰমৰ্মৰ লগতে মাইকেলৰ নিজস্ব দৃষ্টিভংগী বৰ্ণনা কৰি 300 পৃষ্ঠাৰ এটা টোকা লিখি ডেভিলৈ পঠিয়াই দিলে। লগতে লিখি পঠিয়ালে এখন চিঠি য'ত মাইকেলে ডেভিৰ ওচৰত কাম কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল। গুণীয়েহে গুণীৰ মোল বুজে। ডেভিয়ে মাইকেলক মাতি আনি তেওঁৰ গৱেষণাগাৰৰ চকীদাৰ হিচাবে নিয়োগ কৰিলে। মাইকেলে যেন হাতেৰে সৰগহে ঢুকি পালে ! মাইকেলে ডেভিৰ লেৱৰটোৰীত সম্পাদন কৰি গ'ল এটাৰ পিছত আনটোকৈ পৰীক্ষা, আৱিষ্কাৰ কৰি গ'ল এটাৰ পিছত আনটোকৈ বিজ্ঞানৰ সত্য। বিদ্যুৎ-চুম্বকীয় আবেশ, ফেৰাডে মটৰ, ফেৰাডে জেনেৰেটৰ, ফেৰাডে কেজ, তড়িৎ বিশ্লেষণ, ক্লৰিণৰ হাইড্ৰেট আৰু বহুতো আৱিস্কাৰেৰে বিজ্ঞান জগতলৈ আপুৰুগীয়া অৱদান আগবঢ়াই গৈছে এই মহান বিজ্ঞানীজনে। মাইকেল ফেৰাডে বিজ্ঞানৰ এক বিস্ময়কৰ প্ৰতিভা।

Tuesday 17 November 2015

গ্ৰেগৰ যোহান্স মেণ্ডেল আৰু তেখেতৰ সেই আঠটা বছৰ



1847 চনত ধৰ্মীয় যাজক হিচাপে গীৰ্জাত নিযুক্তি পোৱাৰ পিছত ভিয়েনা বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈছিল। তেখেতৰ ইচ্ছা আছিল বিদ্যালয়ত শিক্ষকতা কৰাৰ। পৰিতাপৰ কথা যে শিক্ষকতাৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভৰ পৰীক্ষাত অকৃতকাৰ্য হৈ বিফল মনোৰথে ঘুৰি আহি ব্ৰুণোত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়তেই শিক্ষকতা কৰিবলৈ লয়। এই বিদ্যালয়ত কাৰ্য নিৰ্বাহ কৰি থকা সময়তেই তেখেতে মটৰ মাহৰ ওপৰত আঠ বছৰ জুৰি এলানি পৰীক্ষা সম্পন্ন কৰিছিল আৰু এই পৰীক্ষাৰ সিদ্ধান্ত সমূহ লিপিবদ্ধ কৰি এখন গৱেষণা পত্ৰ যুগুতাই উলিয়ালে। পিছে এই গৱেষণা পত্ৰখন পাঠ কৰাৰ বাবে তেখেতে যোগাযোগ কৰাৰ পিছতো বিভিন্ন বিশ্ববিদ্যালয়ে তেখেতক আমন্ত্ৰণ নকৰিলে। মেণ্ডেল প্ৰায় হতাশ হৈ পৰাৰ সময়তেই ব্ৰুণোৰ এখন বিজ্ঞান সন্মিলনলৈ তেখেতক গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল। 

1865 চনৰ ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখৰ সন্ধিয়াৰ কথা। ক'লা ৰঙৰ এটা হলৌচোলা, মুৰত ক'লা টুপী আৰু চকুত ঘুৰণীয়া ফ্ৰেমৰ এযোৰ চশমা পিন্ধি খোজকাঢ়ি মেণ্ডেল ওলাল সন্মিলনলৈ বুলি। কাষলতিৰ তলত চেপা মাৰি ললে গৱেষণা পত্ৰখন। মেণ্ডেলৰ চকুৱে মুখে আনন্দৰ চাপ। সময়ত সন্মিলন আৰম্ভ হ'ল। দুই এখন গৱেষণা পত্ৰ পাঠ হোৱাৰ পিছত মেণ্ডেলক তেখেতৰ গৱেষণা পত্ৰ পাঠ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ল। মটৰ মাহৰ বংশগতি সম্পৰ্কে তেওঁ যুগুতাই অনা গৱেষণা পত্ৰখন লৈ মঞ্চলৈ আগবাঢ়োতে তেখেতে অনুভৱ কৰিলে এক মৃদু উত্তেজনা। 

তেখেতে আৰম্ভ কৰিলে: Respected gentlemen, Since 1855, I was working on pea plants to find out the results of hybridization.....! শ্ৰোতা সকলে যেন নিজৰ বিৰক্তিক দমাই ৰাখি শান্ত ভাবে শুনি গৈছিল মেণ্ডেলৰ গৱেষণা পত্ৰখন। গৱেষণা পত্ৰখন পাঠ কৰা শেষ হোৱাৰ পিছত মেণ্ডেলে বিশেষজ্ঞ সকলৰ পিনে চালে। তেখেতে মন কৰিলে দুজন বিশেষজ্ঞই পৰস্পৰে পৰস্পৰৰ পিনে হাউলি গৈ অস্ফুত মাতেৰে কিবা কথা পাতিছে। মেণ্ডেলে উৎকণ্ঠিত দৃষ্টিৰে তেখেতসকললৈ চাই ৰ'ল। সভাগৃহত গুণগুণনি। 

বিশেষজ্ঞ এজনে তাৰ মাজতে মাত লগালে: ডাঙৰীয়া, আপুনি যি কাৰ্য সমাধা কৰিব বিচাৰিছে, সেই বিষয়ে বিশ্বক জনাব লগীয়া বিশেষ একো কথাই আমি বিচাৰি পোৱা নাই আপোনাৰ গৱেষণা পত্ৰখনত। ক্ষমা কৰিব ডাঙৰীয়া, আপোনাৰ গৱেষণাৰ বিষয়বস্তু সলনি কৰি আন বিষয় এটা বাচি লওক। হয়তো আমি পুনৰ মিলিত হ'ম। 

দুখ আৰু হতাশাত ভাগি পৰা মেণ্ডেলৰ তেনেতে কাণত পৰিল সভাগৃহৰ কোনো এক স্থানৰ পৰা উৰি অহা এষাৰি বাক্য: সাধাৰণ মটৰ মাহৰ বৃদ্ধি পৰ্যবেক্ষন কৰিয়েই আঠ বছৰ সময় কটাইছে, সময়ৰ কি যে অপচয় !!!



উল্লেখযোগ্য যে মেণ্ডেলে তেখেতৰ জীৱন কালত এই গৱেষণাৰ কোনো স্বীকৃতিয়েই নেপালে। তেখেতৰ মৃত্যুৰ পিছত কৰ্ণেচ, দ্য ভ্ৰিচ আৰু টেচমাৰ্ক নামৰ তিনিজন বিজ্ঞানীয়ে মেণ্ডেলৰ সিদ্ধান্তবোৰৰ যথাৰ্থতা উপলব্ধি কৰে আৰু নতুনকৈ প্ৰতিষ্ঠা কৰে। বৰ্তমান মেণ্ডেলৰ সূত্ৰ সমূহ আৰু তেখেতৰ পৰীক্ষা সমূহ আনুবংশিক বিজ্ঞানৰ মূল ভেটি আৰু মেণ্ডেলক কোৱা হয় আনুবংশিক বিজ্ঞানৰ পিতৃ বুলি।

Monday 16 November 2015

মহাকাশৰ অচিন অতিথি


যোৱা নিশা সংগোপনে আহিছিল মহাকাশৰ এক অচিন অতিথি !!! মহাকাশত অনাই-বনাই ঘুৰি ফুৰা এটি প্ৰকাণ্ড শিলাখণ্ড। হয়, এটি কঠিন শিলাখণ্ড ! আকৃতিত প্ৰায় 30 ফুট ব্যাসৰ এক মহাজাগতিক শিলাখণ্ড যোৱাকালি 15 নৱেম্বৰৰ পুৱা ভাৰতীয় সময় অনুসৰি প্ৰায় 7 বজাত পৃথিৱীৰ নিচেই কাষেৰে আমাৰ অলক্ষিতে ধুমুহাৰ দৰেই পাৰ হৈ গ'ল। এৰিজনাত অৱস্থিত কেটেলিনা মহাকাশ কেন্দ্ৰৰ বিজ্ঞানীসকলে এই শিলাখণ্ডটো প্ৰথমে প্ৰত্যক্ষ কৰে। বিজ্ঞানীসকলে এই শিলাখণ্ডটোৰ নাম ৰাখিলে 2015 VY105 । পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত এই শিলাখণ্ডটোৰ বেগ আছিল অকল্পনীয়ভাবে 17,000 মিটাৰ/ছেকেণ্ড ! প্ৰশান্ত মহাসাগৰৰ ওপৰেদি পাৰ হৈ যোৱা এই কক্ষচ্যুত শিলাখণ্ডটো সেইসময়ত পৃথিৱীৰ অতি নিকট দূৰত্বৰে পাৰ হৈ যায়। পৃথিৱীৰ পৰা প্ৰেৰিত কৃত্ৰিম উপগ্ৰহ সমূহতকৈও কম দূৰত্বৰে পাৰ হৈ যোৱা এই শিলাখণ্ডটোৱে অৱশ্যে পৃথিৱীত কোনো বিপদৰ সৃষ্টি নকৰি নীৰৱে পাৰ হৈ যায়। এই শিলাখণ্ডটোৰ ভৰ পৃথিৱীৰ মাধ্যাকৰ্ষণিক ক্ষেত্রত প্ৰায় 6500,00,000 কেজি ! এনেধৰণৰ মহাজাগতিক শিলাখণ্ড সমূহে মাজে সময়ে পৃথিৱীলৈ কঢ়িয়াই আনে দুৰ্যোগ। এনে শিলাখণ্ডৰ আঘাতত পৃথিৱীত সৃষ্টি হৈছে বহুতো গভীৰ হ্ৰদ। মহাৰাষ্ট্ৰৰ লোনাৰ হ্ৰদ তেনে এটি উদাহৰণ। তাৰোপৰি জীৱবিজ্ঞানী সকলে প্ৰমাণ কৰিছে যে তেনে এক মহাজাগতিক শিলাখণ্ডৰ আঘাততেই পৃথিৱীৰ পৰা বিলুপ্ত হৈছিল বিশালকায় ডাইন'চৰ সমূহ। অৱশ্যে বিজ্ঞানীসকলে আমালৈ আনিছে কিছু আনন্দৰ বতৰা- এনে বিপদৰ পুনৰাবৃত্তি সতকাই হোৱাৰ সম্ভাৱনা তেনেকৈ কম। আমাৰ সুৰক্ষাৰ বাবে অহৰহ মহাকাশৰ চৌদিশে তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে মহাকাশ বিজ্ঞানীসকলে।


Saturday 14 November 2015

ক্ৰেব নেবুলা: এটা নক্ষত্ৰৰ মৃত্যু !


1054 চনৰ আগষ্ট মাহৰ কোনোবা এটা দিনত চীনৰ এজন জ্যোতিৰ্বিজ্ঞানী য়াং ৱেই টেই চীনদেশৰ ৰজাৰ আগত এটা আচৰিত ঘটনাৰ কথা বৰ্ণনা কৰিছিল। তেখেতৰ মতে 1054 চনৰ 4 জুলাইৰ নিশা প্ৰায় 2 বজাত এক বিষ্ফোৰণৰ শব্দই তেওঁৰ নিদ্ৰা ভংগ কৰাত বাহিৰলৈ ওলাই আহি দেখিলে যে আকাশত এটা অতি উজ্জ্বল তৰাৰ আৱিৰ্ভাব হৈছে আৰু এই তৰাটোৰ পোহৰত সমগ্ৰ আকাশমাৰ্গ উদ্ভাসিত হৈ পৰিছে। এই তৰাটো ইমানেই উজ্জ্বল আছিল যে ইয়াক দিনৰ আকাশতো 23 দিনলৈ খালী চকুৰে দেখা গৈছিল। প্ৰায় চাৰি মাহ জুৰি ৰাতিৰ আকাশত সূৰ্যৰ দৰেই আলোকময় হৈ ৰোৱা এই তৰাটো ইয়াৰ পিছত ক্ৰমে নিস্তেজ হৈ আহে আৰু পিছলৈ খালী চকুৰে নেদেখা হৈ পৰে। প্ৰায় 1000 বছৰ আগতে চীন দেশত দৃষ্টিগোচৰ হোৱা এই বিষ্ফোৰিত তৰাটো বৰ্তমানৰ বিজ্ঞানীসকলে এটি বিষ্ফোৰিত “চুপাৰনভা” প্ৰমাণ কৰিছে আৰু উন্নত দূৰবীন যন্ত্ৰৰ সহায়ত এই বিষ্ফোৰিত তৰাটো ধৰা পেলাইছে। বিজ্ঞানীসকলে এই তৰাটো বৃষ ৰাশিৰ (Taurus) তাৰকামণ্ডলৰ দক্ষিণ দিশে আৱিষ্কাৰ কৰি ইয়াৰ নাম ৰাখিছে ক্ৰেব নেবুলা। 1884 চনত এজন বৃটিছ বিজ্ঞানীয়ে প্ৰথমে এই নেবুলাটোৰ অস্তিত্ব ঘোষণা কৰে আৰু ইয়াৰ আকৃতি কেঁকোৰাৰ দৰে হোৱা বাবে ইয়াৰ নাম ৰাখে ক্ৰেব নেবুলা। এই নেবুলাটোৰ প্ৰথম আলোক চিত্ৰখন পিছে 1892 চনতহে এডুইন হাব’লে লবলৈ সক্ষম হয় আৰু তেখেতে এই নেবুলাটো চীন দেশত দেখা পোৱা সেই বিষ্ফোৰিত তৰাটোৰ ধ্বংসাৱশেষ বুলি প্ৰমাণিত কৰে। ইয়াৰ পিছত সৌ সিদিনা 1967 চনত জোচেলিন বেল নামৰ এজন ডেকা গৱেষক ছাত্ৰই অতি আকস্মিক ভাৱে এই তৰাটোৰ বিষ্ফোৰণৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশ পালচাৰ বা নিউট্ৰন তৰাটো আৱিষ্কাৰ কৰে। এটা দূৰবীন যন্ত্ৰৰ সহায়ত Taurus তাৰকামণ্ডলৰ তেনেই কাষতে আপুনিও দেখা পাব এই ক্ৰেব নেবুলাটো। আপুনি জানি আচৰিত হ’ব যে এই নেবুলাটো আমাৰ পৃথিৱীৰ পৰা 6523 আলোকবৰ্ষ দূৰত অৱস্থিত অৰ্থাৎ এই নেবুলাটোৰ পৰা পোহৰ আহি আমাৰ চকুত পৰোতে সময় লাগে 6523 বছৰ !!!

আইনষ্টাইন আৰু চেপলিন



বিশ্ব বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু জনপ্ৰিয় অভিনেতা চাৰ্লি চেপলিন এবাৰ একেলগে একেখন মঞ্চতে বহি আছিল । মানুহবোৰৰ হাত চাপৰিত সভাগৃহ ৰজনজনাই আছে । আইনষ্টাইনে চেপলিনৰ কাষলৈ হাউলি আহি ক’লে : আপুনি মুখেৰে কোনো কথা নোকোৱাকৈয়ে কেৱল অভিনয়ৰ জৰিয়তে মানুহক সকলো বুজাই দিব পাৰে । সেয়ে আপুনি ইমান জনপ্ৰিয় । এই হাত চাপৰিবোৰ নিশ্চয়  কেৱল আপোনাৰ বাবেই ।
চেপলিন হাঁহি মাৰি ক’লে: হয়, আপুনি ঠিকেই কৈছে । কিন্তু আপোনাৰ জনপ্ৰিয়তা তাতোকৈ আচৰিত । আপুনি মেলে মিটিঙে যিবোৰ কথা কয় সেইবোৰ কোনেও বুজি নেপায় অথচ সমগ্ৰ বিশ্বতেই আপুনি বন্দিত !!!

এটি আমোদজনক Tossৰ কাহিনী


ৱাটচন আৰু ক্ৰিক নামৰ এই দুজন মহান বিজ্ঞানীয়ে ১৯৫৩ চনৰ ২৫ এপ্ৰিলত DNA অনুৰ দ্বিসৰ্পিল গঠন আগবঢ়াইছিল । এই আৱিষ্কাৰৰ বাবে তেওঁলোকক ১৯৬২ চনত নবেল বঁটাৰে সন্মান জনোৱা হৈছিল । আমোদজনক কথাটো হ’ল তেখেত সকলৰ গৱেষণা পত্রত কোনজন বিজ্ঞানীৰ নাম আগত উল্লেখ কৰিব তাক নিৰ্ধাৰণ কৰিবলৈ ৱাটচনে এটি মূদ্ৰাৰে Toss কৰিছিল । Tossত অৱশ্যেই ৱাটচন জিকিছিল আৰু আজিও সেইবাবে জীৱবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে তেখেত সকলক ৱাটচন আৰু ক্ৰিক বুলিয়েই পঢ়ে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে পুত্ৰ টেড লিংকনৰ শিক্ষকলৈ লিখা এখন মূল্যৱান চিঠি


মহাশয়,
মই ভাবোঁ যে মোৰ ল’ৰাটোৱে শিকিব লাগিব, সকলো মানুহেই সত্যনিষ্ঠ নহয়। কিন্তু আপুনি তেওঁক পাৰিলে শিকাওক কিতাপৰ মহিমা, কিন্তু লগতে এখন সেউজীয়া পাহাৰীয়া ঠাইত ৰ’দে ফুলে উৰি ফুৰা মৌ-মাখি-পখিলা, আকাশত উৰি ফুৰা চৰাই আদিৰ শাশ্বত ৰহস্যবোৰৰ বিষয়ে ভাবিবলৈ নীৰৱ সময় দিয়ক। স্কুলত তেওঁক শিকাব যে কাৰোবাক প্ৰৱঞ্চনা কৰাতকৈ হাৰ মনাটো বেছি সন্মানজনক। নিজৰ ধাৰণাৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁক শিক্ষা দিয়ক, যদিও প্ৰত্যেকজন মানুহেই কয় যে তেওঁ ভুল। ভদ্ৰ মানুহৰ লগত নম্ৰ হ’বলৈ আৰু অভদ্ৰ মানুহৰ লগত কঠোৰ হ’বলৈ তেওঁক শিকাব। যেতিয়া প্ৰত্যেক মানুহে ৰাজপথৰ সমদলত চামিল হয় তেতিয়া এনে মানুহৰ জুমক অনুসৰণ নকৰিবলৈ মোৰ ল’ৰাটোক শিকাব । সকলো মানুহৰ কথা শুনিবলৈ তেওঁক শিকাব, কিন্তু সত্যৰ চালনীৰে চালি সৰকি অহা কেৱল ভালখিনিহে গ্ৰহণ কৰিবলৈ ক’ব। যদি পাৰে তেওঁক শিকাব যে চকুলোত কোনো লাজ নাই। অসৎসকলক বিদ্ৰূপ কৰিবলৈ শিকাব আৰু সাৱধান কৰি দিব অতি মিষ্টভাষীসকলৰ পৰা। তেওঁৰ শক্তি আৰু মেধাক সৰ্বোচ্চ মূল্য দিয়াজনৰ ওচৰতহে সঁপিবলৈ শিক্ষা দিব। কিন্তু মানুহৰ মন-প্ৰাণৰ লগত কোনো দৰ-দাম নকৰিবলৈ শিকাব। শিকাব যে এনেয়ে লাভ কৰা লাখ টকাতকৈ শ্ৰম কৰি পোৱা এটকাৰ মূল্য বেছি। যেতিয়া নিজকে সঠিক পথত থকা বুলি ভাবে তেতিয়া কোলাহলৰ মাজত কাণ বন্ধ কৰি অটল হৈ থাকি যুঁজি যাবলৈ ক’ব। তেওঁক কথাবোৰ নম্ৰতাৰে শিকাব, কিন্তু তেওঁক লাই নিদিব। কাৰণ উত্তম তীখাক একমাত্ৰ জুইত পুৰিহে পৰীক্ষা কৰি চাব পাৰি। ধৈৰ্যশীল হ’বলৈ তেওঁক সাহস দিব। নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিবলৈ ক’ব, কাৰণ তেতিয়াহে তেওঁৰ আস্থা থাকিব মানৱ জাতিৰ ওপৰত। এয়া এটা ডাঙৰ কাম। মোৰ পুত্ৰ এটা কণমানি ভাল ল’ৰা, আপুনি বাৰু চাওঁকচোন কি কৰিব পাৰি।
ইতি
আব্ৰাহাম লিংকন 

মহা মনিষী এলবাৰ্ট আইনষ্টাইনৰ বিলৈ !!!


এলবাৰ্ট আইনষ্টাইন এদিন এখন ৰেষ্টুৰেণ্টত সোমাল । ৱেইটাৰজনে তেওঁৰ কাষলৈ আহি সম্ভাষণ জনাই মেন্যুখন আগবঢ়াই দিলে । আইনষ্টাইনে জেপত হাতখন ভৰাই খেপিয়াই চালে । ঠিকেই চশমাযোৰ ঘৰতেই এৰি আহিল তেওঁ ।
আইনষ্টাইনে ৱেইটাৰজনক ক’লে: অনুগ্ৰহ কৰি এইখন তুমিয়েই পঢ়ি দিয়াচোন ।
সেমেনা-সেমেনি কৰি ৱেইটাৰজনে ক’লে:
মহাশয়, আপোনাক সহায় কৰিব পাৰিলে মই আনন্দিত হ’লোহেতেন । কিন্তু ক্ষমা কৰিব, ময়ো আপোনাৰ দৰেই নিৰক্ষৰ !!!

কপাৰনিকাছ


নিকোলাচ কপাৰনিকাছে তেখেতৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ ওপৰত “On the Revolutions of the Celestial Spheres” নামৰ গ্ৰন্থখনত প্ৰকাশ কৰিছিল ১৫৪৩ চনত । কিন্তু প্ৰকৃততে তেখেত এই তত্বটো বহু আগতেই লিখি উলিয়াইছিল । তেতিয়াৰ অত্যন্ত গোড়া ৰোমান কেথলিক চাৰ্চৰ ৰোষত পৰাৰ ভয়ত কপাৰনিকাছে এই তত্বটো সম্বন্ধে কেইজনমান শিষ্যৰ লগত গুপুতে আলোচনা কৰিছিল আৰু শিষ্যসকলক তেখেতৰ মৃত্যুৰ পিছত তত্বটো প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছিল । এনেদৰে বহু বছৰ পাৰ হোৱাৰ পিছত ১৫৪৩ চনত তেওঁ নৰিয়াত পৰিল । তেখেত নৰিয়াপাটীত থকা সময়তেই তেখেতৰ শিষ্যসকলে খটবান্ধজুৰি লাগি প্ৰকাশ কৰাৰ অনুমতি লৈ সৌৰকেন্দ্ৰিক তত্বটো প্ৰকাশ কৰে । অৱশ্যেই ধাৰণা কৰাৰ দৰেই চৌদিশে তোলপাৰ লাগিল । কপাৰনিকাছৰ মৃত্যুৰ পিছলৈও চলি থাকিল এই খৰিয়াল । কপাৰনিকাছৰ পিছত বিজ্ঞানী গেলিলিওৱে এই তত্বটো সমৰ্থন কৰাত তেখেতকো ৰোমান কেথলিক চাৰ্চে শাস্তি প্ৰদান কৰি জেললৈ প্ৰেৰণ কৰিছিল । সচাকৈয়ে অতীতৰ সেই বিজ্ঞানী সকলে যি পৰিস্থিতিৰ মাজত থাকি বা মৰণত শৰণ লৈ বিজ্ঞান চৰ্চা কৰিছিল সেইটো ভাবিলেই বুজি পোৱা যায় যে আধুনিক বিজ্ঞান ধ্ৰুপদী বিজ্ঞানৰ ওচৰত সদায়েই ঋণী হৈ থাকিব ।

জন ডেল্টন


জোতা মেৰামতি কৰা জনাথন ডেল্টনৰ পুত্ৰ যোচেফ এজন কাপোৰ বোৱা সাধাৰণ কৰ্মী । তেখেতৰ ঘৰতেই ১৭৬৬ চনৰ ৬ ছেপ্তেম্বৰত ওপজিছিল জন ডেল্টন । মাত্র ১২ বছৰ বয়সতেই অভাৱৰ তাৰণাত grammar school ত শিক্ষকতা কৰিবলৈ বাধ্য হৈছিল তেওঁ । প্ৰায় ৬০ জন ছাত্ৰক শিক্ষা দান কৰিছিল তেওঁ । ১৭৯৩ চনত তেওঁ মানচেষ্টাৰলৈ গৈ অংকশাস্ত্ৰ পঢ়ুৱাবলৈ লয় । সেই বছৰতেই তেওঁ Meteorological Observations and Essays নামৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায় । তেখেতে বায়ুমণ্ডলত ৮০% নাইট্ৰজেন আৰু ২০% অক্সিজেন আছে বুলি লিখিছিল । পিছলৈ তেখেত পাৰমানবিক সূত্ৰৰ বাবে বিখ্যাত হৈ পৰে । এই মনিষী জনেই বৰ্ণান্ধতা সম্বন্ধেও গৱেষণা কৰিছিল । যদিওবা তেখেতৰ পাৰমানবিক তত্বই আজি নতুন ৰূপত জনপ্ৰিয়তা লাভ কৰিছে, বিজ্ঞানৰ জগতত তেখেতৰ নাম সদায়ে সোণালী আখৰেৰে লিখা থাকিব ।

মহাজাগতিক


“আমাৰ ডি.এন. এত থকা নাইট্ৰজেন, দাঁতক সুদৃঢ় কৰা কেলচিয়াম, ৰক্ত কনিকাত থকা লো অথবা শৰীৰৰ প্ৰতিটো বিন্দুত নিহিত হৈ থকা কাৰ্বন- এই সকলোবোৰেই কোনো এক মৃত্যুশয্যাত পতিত নক্ষত্ৰৰ আভ্যন্তৰত সৃষ্টি হৈ মহাবিষ্ফোৰণৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ চৌদিশে সিঁচৰতি হৈ পৰিছে । সেয়ে আমিবোৰ মৃত নক্ষত্ৰৰ ধূলিকণা মাত্ৰ ।”

মুচিৰ সন্তান আব্ৰাহাম লিংকন


আব্ৰাহাম লিংকন এজন মুচিৰ সন্তান আছিল আৰু পিছলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল । সেইসময়ৰ আমেৰিকাৰ সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ বাবে এইয়া যেন এটা হজম কৰিব নোৱাৰা বিষয় ! 

যিদিনা আব্ৰাহাম লিংকন প্ৰথম বাৰৰ বাবে চিনেটত ভাষণ দিবলৈ গৈছিল, তেওঁ মঞ্চত উঠাৰ সময়তেই সভাগৃহত উপস্থিত থকা এজন তথাকথিত ভদ্ৰলোকে থিয় হৈ ক’বলৈ ধৰিলে : “মিষ্টাৰ লিংকন, দুৰ্তাগ্যজনক ভাৱে আপুনি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে । কিন্তু আপুনি পাহৰি নেযাব যে আপুনি এজন মুচিৰ সন্তান আৰু আপুনি আপোনাৰ দেউতাৰ লগত মোৰ ঘৰলৈ আহি জোতা মেৰামতি কৰিছিল । আজিও চিনেটত আপোনাৰ দেউতাই বনোৱা জোতা পিন্ধি কেইবাজনো চিনেটৰ ইয়ালৈ আহিছে ।”

চিনেটত হাঁহিৰ ৰোল উঠিল । বিচলিত নহৈ লিংকনে ক’বলৈ ধৰিলে : “ধন্যবাদ মহাশয় এই পবিত্র ক্ষণত মোৰ পিতৃক স্মৰণ কৰাই দিয়া বাবে । মোৰ পিতৃ এজন অসাধাৰণ প্ৰতিভা সম্পণ্ণ মুচি আৰু তেখেতৰ যশস্যা চৌদিশে জনাজাত । মই সম্ভৱতঃ ৰাষ্ট্ৰপতি হৈও এনে খ্যাতি লাভ কৰিব নোৱাৰিম । শুনক মহাশয়, দেউতাৰ পৰা জোতা মেৰামতি কৰা গুণটো ময়ো আয়ত্ব কৰি থৈছোঁ । মোৰ পিতৃয়ে বনাই দিয়া আপোনালোকৰ সেই জোতাবোৰ যদি কেতিয়াবা বেয়া হয়, আপোনালোকে মোক এতিয়াও মেৰামতিৰ বাবে আপোনালোকৰ ঘৰলৈ মাতিব পাৰে ।”

চিনেটত তেতিয়া কাঁহ পৰি জিন যোৱা অৱস্থা ।

সূৰুযে বিলাইছে 40,000 হাজাৰ বছৰৰ পুৰণি পোহৰ


ৰাতিপুৱা আমি সূৰ্যৰ পৰা যিখিনি পোহৰ পাওঁ, সেই পোহৰখিনি আপুনি বিশ্বাস কৰকেই বা নকৰক, আজিৰ পৰা 40,000 বছৰ পূৰ্বে সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হৈছিল । সূৰ্যৰ কেন্দ্ৰ ভাগত ঘনত্ব অপৰিসীম । কেন্দ্ৰভাগত সম্পন্ন হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াত উৎপন্ন হোৱা ফ’টন কণিকাবোৰ পুনৰ আন হাইড্ৰজেন পৰমাণুৱে শোষণ কৰি লয় । পৰবৰ্তী সময়ত এই ফ’টন কণিকাবোৰ নিৰ্গত হয় যদিও পৌণপৌণিক ভাৱে এইবোৰ শোষিত হয় । এনেদৰে এটাৰ পৰা আনটো হাইড্ৰজেন পৰমাণুৰ মাধ্যমেৰে ফ’টন কণিকাবোৰ সূৰ্যৰ কেন্দ্ৰৰ পৰা সূৰ্যৰ পৃষ্ঠলৈ একা বেকা বাটেৰে প্ৰায় 7,00,000 কিমি পথ অতিক্ৰম কৰি সৌৰপৃষ্ঠ পাবলৈ প্ৰায় 40,000 বছৰ সময়ৰ প্ৰয়োজন হয় । সৌৰপৃষ্ঠৰ পৰা এই ফ’টন কণিকাবোৰ 15,00,00,000 কিমি দূৰৰ পৃথিৱী পাবলৈ মাত্র ৮ মিনিট সময়ৰ প্ৰয়োজন হয় আৰু তেতিয়াই আমি সূৰ্যৰ পোহৰ দেখা পাওঁ । গতিকে সত্য এইটোৱেই যে আমি দেখি থকা সূৰ্যৰ পোহৰখিনি 40,000 বছৰ পুৰণি ।

বিগ বেংগৰ থিক পিছতেই….


বিগ বেংগ বা মহানাদৰ থিক পিছতেই পোহৰৰ গতিতকৈ অধিক বেগত সম্প্ৰসাৰিত হৈছিল এই বিশ্বব্ৰহ্মাণ্ড । পদাৰ্থ বিজ্ঞানৰ তত্ব অনুসৰি এয়া অসম্ভৱ । কোনো পদাৰ্থ অথবা পদাৰ্থ কণিকাই পোহৰৰ বেগতকৈ অধিক বেগত গতি কৰিব নোৱাৰে । তেন্তে সম্প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক সময়চোৱাত এয়া কেনেদৰে সম্ভৱ হ’ল ? বিজ্ঞানী সকলৰ মতে 13.8 বিলিয়ন বছৰৰ আগেয়ে হোৱা এই মহানাদৰ সময়ত কোনো পদাৰ্থ কণিকাই নাছিল । মাথোন বিষ্ফোৰণৰ পিছত সৃষ্টি হৈছিল স্থান বা space । এই স্থানৰ হে সম্প্ৰসাৰণ হৈছিল, তাকো পোহৰৰ বেগতকৈও অধিক বেগত । তাৰপিছত ক্ৰমান্বয়ে বিষ্ফোৰিত মহাবিশ্বৰ উষ্ণতা কমি অহাত পদাৰ্থ সৃষ্টিকাৰী কণিকাসমূহ তৈয়াৰ হ’বলৈ ধৰিলে । তেনে কণিকাসমূহৰ ভিতৰত ফ’টন কণিকাবোৰো আছে । ফ’টন সৃষ্টি হোৱাৰ পিছতহে বিশ্বব্ৰহ্মাণ্ড আলোকিত হৈছিল । তাৰ আগৰ অৱস্থা কেৱল অন্ধকাৰ !!!

পৃথিৱীৰো আছিল এটা আঙুঠি !


কিছুমান বিজ্ঞানীৰ মতে শনি গ্ৰহৰ দৰেই আমাৰ পৃথিৱীৰো আদিতে এটি আঙুঠি আছিল । তেখেতসকলৰ মতে কেইবা বিলিয়ন বছৰৰ আগেয়ে “থিয়া” (Theia) নামৰ এটি গ্ৰহই পৃথিৱীৰ লগত সংঘৰ্ষৰ সৃষ্টি কৰিছিল । এই সংঘৰ্ষৰ ফলত অতি বৃহৎ পৰিমাণৰ আবৰ্জনাৰ সৃষ্টি হৈছিল আৰু এই আবৰ্জনাবোৰ পৃথিৱীৰ চৌদিশে সিচৰিত হৈ এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীক আৱৰ্তন কৰি পৃথিৱীৰ এটি আঙুঠি সৃষ্টি কৰিছিল । কালক্ৰমত এই আঙুঠিত থকা আবৰ্জনাবোৰৰ পৰাই পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ উৎপত্তি হৈছিল । অৱশ্যে এই ব্যাখ্যা বিতৰ্কৰ উৰ্ধত নহয় !

অসাধাৰণ প্ৰতিভাৰ শিশু



সেয়া 1785 চনৰ কথা । জাৰ্মানীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে 1 ৰ পৰা 100 লৈ সংখ্যাকেইটাৰ যোগফল উলিয়াবলৈ দিলে । শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে অংকটো কৰিবলৈ আৰম্ভ কৰিলে: 1 + 2 + 3 + 4 +…….+ 100 = ? সকলোৱেই গণনাত ব্যস্ত । এজন ছাত্ৰই তৎক্ষণাত অংকটো কৰি শিক্ষকক দেখুৱালে । অংকটো দেখি শিক্ষকজন আচৰিত হৈ গল । লৰাজনে সম্পূৰ্ণ এটা নতুন নিয়মেৰে অংকটো কৰি পেলাইছে । সি কৰা অংকটো (1 + 100) + (2 + 99) + (3 + 98) + . . . . + (50 + 51) । প্ৰতি বাৰতেই যোগফল 101 আৰু এনে যুৰীয়া সংখ্যাৰ সংখ্যা মুঠ 50 টা । এতেকে যোগফল 101 x 50 = 5050 । সেই অসাধাৰণ ছাত্ৰজনেই হ’ল যোহান কাৰ্ল ফ্ৰেডেৰিক গাউচ যিয়ে পৰবৰ্তী সময়ত এজন প্ৰসিদ্ধ গণিতজ্ঞ হিচাপে পৰিচিত হৈছিল ।

বুধৰ আকাশত সুৰুযৰ ভুমুকি



সৌৰজগতৰ কাহিনীবোৰ বৰ আজব । বুধ, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ আৰু বুধ গ্ৰহৰ পৃষ্ঠৰ পৰা সূৰ্যক অস্বাভাৱিক ৰূপে ডাঙৰ দেখা যায় । বুধৰ আকাশত সুৰুযে এক বিশাল অবয়ব লৈ উদিত হয় । বুধ গ্ৰহ সূৰ্যৰ নিচেই কাষতে থকা বাবে ইয়াৰ কক্ষিক বেগো অতি বেছি আৰু সেয়েহে মাত্ৰ তিনি মাহতেই বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক মাৰে । কিন্তু নিজ মেৰুদণ্ডৰ চৌদিশে বুধে অত্যন্ত ধীৰ গতিত আবৰ্তন কৰা বাবে বুধৰ এটা দিন দুমাহ দিঘলীয়া । অৰ্থাৎ বুধৰ দুবছৰ সময়ত মাত্র তিনিটা দিনহে থাকে !

এদিনতেই দুবাৰ সূৰ্যোদয় হোৱা গ্ৰহ বুধ


বুধ গ্ৰহত এদিনতেই দুবাৰ সূৰ্যোদয় হয় । বুধে নিজৰ মেৰুদণ্ডক আশ্ৰয় কৰি অতি ধীৰ গতিৰে আবৰ্তন কৰে বাবে বুধৰ এটা দিন আমাৰ পৃথিৱীৰ প্ৰায় 59 দিনৰ সমান । আনহাতে বুধ গ্ৰহই নিজৰ কক্ষপথেৰে অতি বেছি বেগত সূৰ্যৰ চাৰিওফালে ঘূৰে । এতিয়া ধৰা হ’ল বুধত সূৰ্যোদয় হৈছে আৰু সূৰ্যই স্বাভাৱিক ভাবে পূৱৰ পৰা পশ্চিমলৈ গতি কৰিছে (সূৰ্য প্ৰকৃততে স্থিৰ) । এনে ক্ষেত্রত বুধৰ কক্ষিক বেগ আবৰ্তন বেগতকৈ বেছি হোৱা বাবে সূৰ্যই থিক মুৰৰ ওপৰত স্থান লোৱাৰ পিছত পুণৰ পূৱ দিগন্তলৈ উভটি যায় । কিন্তু কিছু সময়ৰ পিছত বুধ সূৰ্যৰ পৰা আঁতৰি যোৱাৰ লগে লগে ইয়াৰ কক্ষিক বেগো কমি যোৱাত সূৰ্যক পুনৰ পশ্চিমলৈ ধাবিত হোৱা দেখা যায় ।

এষ্ট্ৰোচাটৰ সফল উৎক্ষেপন


ভাৰতৰ মহাকাশ বিজ্ঞানীৰ দ্বাৰা এষ্ট্ৰোচাটৰ সফল উৎক্ষেপন সম্পন্ন হল । সৌ সিদিনা ইছৰোৰ বিজ্ঞানী সকলে সফলতাৰে আৰু সম্পূৰ্ণ নিজস্ব কাৰিকৰী কৌশলেৰে তথা নুন্যতম খৰছত মংগল গ্ৰহলৈ MOMক প্ৰেৰণ কৰি পৃথিৱীক চমক খুৱাই আজি পুনৰ এষ্ট্ৰোচাট নামৰ মহাকাশ অভিযান সফলতাৰে সম্পণ্ণ কৰে । এই উৎক্ষেপনৰ জৰিয়তে ভাৰতে প্ৰথম বাৰলৈ নিজস্ব মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ অধিকাৰী হোৱাৰ গৌৰৱ আহৰণ কৰিলে । এষ্ট্ৰোচাটৰ কাৰ্যপদ্ধতি আমেৰিকাৰ হাবল মহাকাশ নিৰীক্ষণ যন্ত্ৰৰ লেখিয়া হ’ব । আমেৰিকা, ইউৰোপ, জাপান আৰু ৰাচিয়াৰ পিছতেই ইয়াৰ দ্বাৰা ভাৰত মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ অধিকাৰী বিশ্বৰ পঞ্চমখন দেশ হিচাবে পৰিগণিত হ’ল । 1513 কেজি ওজনৰ এষ্ট্ৰোচাটক লৈ PSLV প্ৰক্ষেপক যানখন আজি পুৱা দহ বজাত উৎক্ষেপিত হয় আৰু মাত্র 22 মিনিটৰ ভিতৰতে পৃথিৱীৰ পৰা 650 কিমি ওপৰৰ কক্ষপথত স্থাপন কৰা হয় । এই অভিযানত ভাৰতে এষ্ট্ৰোচাটৰ লগতে কানাডা, ইন্দোনেচিয়া আৰু আমেৰিকাৰ 6টা কৃত্ৰিম উপগ্ৰহও কঢ়িয়াই নি সফলতাৰে কক্ষপথত স্থাপন কৰে । ভাৰতীয় হিচাবে আমি গৌৰৱ অনুভৱ কৰিছো । ইছৰোৰ বিজ্ঞানী সকললৈ শুভেচ্ছা যাচিলোঁ ।

জোনবাইৰ কথাৰে


জোনবাই প্ৰতিদিনেই প্ৰায় ৫০ মিনিট পলমকৈ ওলায় । জোনবায়ে আকাশত পশ্চিমৰ পৰা পূৱলৈ পৃথিৱীৰ চাৰিওফালে ঘুৰে । পৃথিৱীৰ চাৰিওফালে এপাক ঘুৰিবলৈ জোনবাইক ২৭.৩ দিন লাগে । পৃথিৱীৰ চৌদিশে ৩৬০ ডিগ্ৰী ঘুৰিবলৈ যিহেতু জোনবাইক ২৭.৩ দিন লাগে, সেয়ে জোনবায়ে যোৱা ৰাতিৰ স্থানৰ পৰা ২৪ ঘণ্টাত পৃথিৱীৰ চৌদিশে ৩৬০/২৭.৩ ডিগ্ৰী অৰ্থাৎ ১৩.১৮ ডিগ্ৰী পূৱলৈ ঘুৰে । প্ৰতি ডিগ্ৰী দ্ৰাঘিমাত ৪ মিনিটকৈ সময়ৰ পাৰ্থক্যৰ বাবে এদিনত মুঠ সময়ৰ পাৰ্থক্য হৈ পৰে ১৩.১৮ x ৪ মিনিট অৰ্থাৎ ৫২.৭ মিনিট । যিহেতু জোনবায়ে পূৱলৈ গতি কৰে, পৃথিৱীৰ পৰা আমি জোনবাইক প্ৰায় ৫০ মিনিট পলমকৈ ওলোৱা দেখা পাওঁ ।

সময় কি ?


এটা বৰ জটিল প্ৰশ্ন । আজি একবিংশ শতিকাত আমি বৈজ্ঞানিক অৱদানেৰে এনেদৰে ধন্য হৈছো যে ক্ষুদ্ৰতকৈয়ো ক্ষুদ্ৰতম সময় আমি সঠিক ভাবে জুখি উলিয়াব পাৰিছোঁ । কিন্তু পৰিতাপৰ কথা এইটোৱেই যে যেতিয়াই আমাক সোধা হয়, “সময় কি” – আমি দোমোজাত পৰিছোঁ, উত্তৰ বিচাৰি হাবাথুৰি খাইছোঁ । এৰা, সময় এক জটিল বিষয় । সময়ৰ স্বৰূপ কি অথবা সময়ৰ বৈশিষ্ট্য কি ? সময় কেতিয়া জন্ম হৈছিল, সময়ৰ মৃত্যু হব নকি ? – এইবোৰ প্ৰশ্নৰ উত্তৰ সতকাই পোৱা কঠিন । ইতিহাসবিদ, দাৰ্শনিক, মনোবৈজ্ঞানিক, ধৰ্মযাজক অথবা সাম্প্ৰতিক সময়ৰ বিজ্ঞানী – সকলোৱেই সময় সম্বন্ধে আলোচনা কৰিছে বা ব্যাখ্যা আগবঢ়াইছে । মহান বিজ্ঞানী ষ্টিফেন হকিঙে তেখেতৰ “সময়ৰ সংক্ষিপ্ত বুৰঞ্জী” নামৰ গ্ৰন্থ খনতো সময়ৰ ব্যাখ্যা আগবঢ়াইছে । প্ৰায় ২৫০০ বছৰ আগতে দাৰ্শনিক এৰিষ্ট’টলে কৈছিল, “Time is the most unknown of all unknown things” – এৰা সময় বৰ আচৰিত ভাবে জটিল বিষয় !

সৌৰজগতৰ বিক্ষিপ্ত বৰষুণজাক !


আমাৰ পৃথিৱীত বৰষুণ হয় বুলি আমি সকলোৱে জানো । কিন্তু সৌৰজগতৰ আন গ্ৰহৰ বুকুত বৰষুণ হয়নে ? অথবা সৌৰজগতৰ বাহিৰৰ কোনোবা অজানতিমুলুকত ? আমাৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ বাহিৰেও আন গ্ৰহতো বৰষুণ হয় ! বিশ্বাস কৰকেই বা নকৰক বৃহস্পতি আৰু শনিগ্ৰহৰ বুকুত বৰষুণত টোপাটোপে সৰে হীৰাৰ টুকুৰা ! বৃহস্পতিৰ অশান্ত বায়ুমণ্ডলৰ মিথেন গেছ কাৰ্বনলৈ সলনি হয় । এই কাৰ্বন পৰমাণুবোৰ বায়ুমণ্ডলত ক্ৰমে গ্ৰেফাইটলৈ আৰু পিছত গ্ৰেফাইটৰ চাপ বৃদ্ধি হৈ হীৰালৈ পৰিবৰ্তিত হয় । এই হীৰাৰ টুকুৰাবোৰ পৰবৰ্তী সময়ত বৰষুণৰ ৰূপত সৰি পৰে । শুক্ৰ গ্ৰহৰ বুকুতো বৰষুণ হয় । শুক্ৰৰ বায়ুমণ্ডলত থকা জলীয় বাষ্পই ছালফাৰ ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিদ সৃষ্টি কৰে আৰু বৰষুণ ৰূপে সৰি পৰে । শনি গ্ৰহৰ উপগ্ৰহ টাইটানত তৰল মিথেন গেছৰ বৰষুণ হয় । আচৰিত নহ’ব – HD189733b নামৰ সৌৰজগতৰ বাহিৰৰ গ্ৰহটোত বৰষুণত সৰে আইনাৰ টুকুৰা আনহাতে COROT-7b নামৰ বহিৰ্বিশ্বৰ শিলাময় গ্ৰহটোৰ বুকুত বৰষুণত সৰে শিলৰ অজস্ৰ টুকুৰা !!!

পালচাৰ : মৃত নক্ষত্ৰৰ অস্থিভষ্ম


পালচাৰ তৰাবোৰক বিশ্বব্ৰহ্মাণ্ডৰ পোহৰৰ উৎস বোলা হয় কাৰণ এই তৰাবোৰে নিজৰ অক্ষত ঘূৰ্ণীয়মান অৱস্থাত চৌদিশে বিদ্যুৎ চুম্বকীয় তৰংগ বিকিৰণ কৰি থাকে । পালচাৰ তৰা সমূহ একপ্ৰকাৰৰ নিউট্ৰন তৰা । সূৰ্যতকৈ প্ৰায় ৮ গুণ বেছি ভৰৰ তৰাবোৰৰ বাৰ্ধক্যজনিত মৃত্যুৰ সময়ত এনে তৰাবোৰ একোটা অতি উজ্জ্বল তৰা বা Super Novaলৈ পৰিবৰ্তিত হয় আৰু বিশ্বব্ৰহ্মাণ্ডৰ বহু দুৰলৈ আলোকৰ মেলা পাতে । এনে অৱস্থাত প্ৰকৃততে তৰাটোৰ বাহিৰৰ আৱৰণখন বিষ্ফোৰণৰ দ্বাৰা চিটিকি যায় আৰু ভিতৰৰ আৱৰণখন তৰাটোৰ মাধ্যাকৰ্ষণৰ ফলত ক্ৰমান্বয়ে সংকুচিত হবলৈ ধৰে । এই মাধ্যকৰ্ষণ ইমানেই শক্তিশালী যে তৰাটোৰ আভ্যন্তৰত থকা পৰমাণুবোৰো প্ৰভাৱিত হয় । এনে অৱস্থাত তৰাটোৰ কেন্দ্ৰভাগত থকা পৰমাণুবোৰৰ প্ৰোটন আৰু ইলেকট্ৰণবোৰ একেলগে বান্ধ খাই নিউট্ৰনলৈ সলনি হয় । এই তৰাবোৰৰ কেন্দ্ৰভাগৰ মাধ্যাকৰ্ষণৰ মান আমাৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ প্ৰায় ২০০০০০০০০০০০ গুণ বেছি হয় ! এই প্ৰচণ্ড মাধ্যাকৰ্ষণৰ বাবে ভৰ অনুসৰি তৰাবোৰ বিষ্ফোৰিত হৈ একোটা Super Nova অথবা সংকুচিত হৈ একোটা কৃষ্ণগহ্বৰ বা Black Hole হ’ব পাৰে । আনহাতে সূৰ্যৰ দৰে কম ভৰৰ তৰাবোৰ একোটা শ্বেত-বামণ বা White Dwarf লৈ সলনি হয় । কিন্তু সূৰ্যতকৈ প্ৰায় 4 গুণ মান ডাঙৰ তৰাবোৰ তুলনামূলক ভাৱে কম ভৰযুক্ত হোৱা বাবে এনেবোৰ তৰা কৃষ্ণ-গহ্বৰ হোৱাৰ সলনি একোটা নিউট্ৰন তৰা বা পালচাৰ হিচাবে ৰৈ যায় । এনে নিউট্ৰন বা পালচাৰ তৰাবোৰ আয়তনত অতি ক্ষুদ্ৰাকৃতিৰ হোৱা বাবে এইবোৰক চকুৰে দেখা পোৱা নেযায়, মাথোন এই তৰাবোৰে বিকিৰণ কৰা বিদ্যুৎ-চুম্বকীয় তৰংগৰ জৰিয়তে এইবোৰৰ উপস্থিতি নিৰ্ধাৰণ কৰিব পৰা যায় । 1967 চনত জোচেলিন বেল আৰু এন্টনী হেৱিছ নামৰ দুজন গৱেষক ছাত্ৰই অতি আচম্বিত ভাবে এই মৃত নক্ষত্ৰৰ অৱস্থিত অংশ – পালচাৰ তৰাৰ আৱিষ্কাৰ কৰিছিল ।

মাইকেল ফেৰাডে !


ৰয়েল ইনষ্টিটিউটলৈ এজন ডেকা বিজ্ঞানী আহি গৱেষণাৰ কামত ব্ৰতী হ’ল । কেইবাদিনো পাৰ হৈ গ’ল । তেওঁ পিছে মন কৰি আহিছিল গৱেষণাগাৰৰ এচুকত নিৰলে কিবাকিবি কৰি থকা বয়সীয়াল, বিবৰ্ণ পোছাক পৰিহিত জধলা লোকজনক । এদিন ডেকা বিজ্ঞানীজন আগবাঢ়ি গৈ তেখেতৰ ওচৰ পালেগৈ ।
: নমস্কাৰ ।
বয়সীয়াল লোকজনে মুৰ দাঙি চাই ঈষৎ হাঁহি এটাৰে মাত লগালে : নমস্কাৰ ।
: আপুনি কিজানি বহু বছৰ ধৰি ইয়াত কাম কৰি আহিছে !
: হয় । 
: দৰমহাও নিশ্চয় ভাল !
: হয় ।
: আপুনি নিশ্চয় এই গৱেষণাগাৰৰ কেয়াৰটেকাৰ !
বয়সীয়াল ব্যক্তিজনে হাঁহি এটা মাৰিলে ।
ডেকা বিজ্ঞানীয়ে পুনৰ সুধিলে: আপোনাৰ নাম ?
: মাইকেল ফেৰাডে !
আমাৰ ডেকা বিজ্ঞানীজন সৰগ পৰা মানুহৰ দৰে হৈ কোনোমতে সেপ ঢুকি অস্ফুত মাতেৰে ক’লে : ক্ষমা কৰিব মহাশয় ! মই আপোনাক চিনি পোৱা নাছিলোঁ !!!

বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-গ্ৰহান্তৰৰ গছ লতিকাবোৰ !



এইয়া সচাঁনে ? কল্পকাহিনীৰ পটভূমি নহয়তো ! আমাৰ মনলৈ প্ৰায়েই আহি থকা অযুত প্ৰশ্নৰ ভিতৰত ইয়ো এটা : আছেনে পৃথিৱীৰ বাহিৰেও কোনো অজানতিমুলুকত গছ লতিকাৰে ভৰা অন্য এখন পৃথিৱী !!! বিশ্বব্ৰহ্মাণ্ডৰ অসীমতা কল্পনাৰ উৰ্ধত । এই বিশাল ব্ৰহ্মাণ্ডৰ কোনোবা অজান কেইটামান গ্ৰহৰ বুকুতো থাকিব পাৰে গছ বিৰিখৰ ছাঁ । থাকিব পাৰে পক্ষীৰ কলৰোল সেই বিৰিখৰ ডালত । এই সম্ভাৱনাৰ কথা অস্বীকাৰ কৰা নাই নাছাৰ বিজ্ঞানী সকলে । সৌৰজগতৰ বাহিৰত এতিয়ালৈকে বিজ্ঞানীসকলে বহুতো তাৰকা আৰু সেইবোৰৰ চৌদিশে ঘূৰি থকা অসংখ্য গ্ৰহ আৱিষ্কাৰ কৰিছে । তেনেবোৰ গ্ৰহৰ মাজত কেইটামান পৃথিৱী সদৃশ গ্ৰহও আৱিষ্কাৰ কৰিছে । বিজ্ঞানীসকলৰ মতে সেইবোৰ গ্ৰহত জীৱনৰ সম্ভাৱনা নথকা নহয় । তেখেতসকলৰ মতে সেই গ্ৰহবোৰত থকা জীৱবোৰৰ জীৱন ধাৰণৰ পদ্ধতি আমাৰ পৃথিৱীৰ জীৱবোৰৰ দৰে একে নহবও পাৰে কাৰণ গ্ৰহবোৰৰ পৰিবেশ অনুসৰি তাৰ ক্ৰমবিবৰ্তনৰ পথবোৰো ভিন্ন । সেইবাবেই সৌৰজগতৰ বাহিৰৰ এই গ্ৰহবোৰৰ জীৱবোৰৰ জীৱন প্ৰক্ৰিয়া সমূহো আমাৰ পৃথিৱীতকৈ বেলেগ হোৱাৰ সম্ভাৱনা বেছি । অৰ্থাৎ সেই গ্ৰহৰ জীৱবোৰে অক্সিজেন অথবা পানী অবিহনে জীয়াই থাকিব পৰাকৈ অভিযোজিত হোৱাৰ সম্ভাৱনা প্ৰবল । তেনে জীৱবোৰৰ দেহত আমাৰ পৃথিৱীৰ জীৱৰ দৰে কাৰ্বন যৌগৰ সলনি চিলিকনৰ যৌগ থকাৰ সম্ভাৱনাৰ কথা বিজ্ঞানীসকলে প্ৰকাশ কৰিছে । এই গ্ৰহবোৰ বিজ্ঞানীসকলৰ মতে গছ লতিকাৰে জাতিষ্কাৰ । পাৰ্থক্য ইমানেই যে সেই গছ লতাবোৰ আমাৰ পৃথিৱীৰ গছবোৰৰ দৰে সেউজীয়া নহৈ হালধীয়া, ক’লা অথবা কমলা ৰঙৰ হ’ব পাৰে, সালোক সংশ্লেষণৰ পদ্ধতি বেলেগ হ’ব পাৰে । আমাৰ প্ৰতিবেশী গ্ৰহ মংগলতো কোনো কোনো বিজ্ঞানীৰ মতে ক’লা ৰঙৰ উদ্ভিদ আছে । অৱশ্যে এইয়া প্ৰমাণিত হোৱা নাই । নাছাৰ এদল জীৱ বিজ্ঞানীয়ে জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা পৰীক্ষাগাৰত এক বিশেষ গছৰ উদ্ভাৱন কৰাৰ বাবে মন বান্ধি লৈ গৱেষণাত ব্ৰতী হৈছে, যিবোৰ উদ্ভিদ মংগল গ্ৰহৰ শুষ্ক, কঠিন শিলাময় বুকুত গজি উঠিব পাৰিব । একবিংশ শতিকাৰ শেষৰ পিনে মানুহে মংগল গ্ৰহত উপনিবেশ স্থাপন কৰাৰ আশা মনত পুহি ৰাখিছে । মানুহৰ বাবে মংগল গ্ৰহক বাসোপযোগী কৰি তুলিবলৈ, মংগল গ্ৰহৰ বুকুত সেউজীয়া সপোন ৰচাৰ গুৰু দায়িত্বও এই জীৱ বিজ্ঞানীসকলৰ ওপৰত ন্যস্ত । আৰু যদি এইয়া সম্ভৱ হৈ উঠে এদিন ৰঙচুৱা মংগল গ্ৰহ পৃথিৱীৰ দৰেই সেউজীয়া হ’ব । হয়তো বিশ্বব্ৰহ্মাণ্ডৰ আন আন বহুতো গ্ৰহত হালধীয়া, ক’লা অথবা কমলাৰঙী গছবোৰৰ পাতেও বতাহত দেও দি দি নাচিব !!!

সূৰ্য প্ৰকৃততে উদয় হয়নে ?


দোকমোকালিৰ ক্ষন্তেক পিছতেই আমি সুৰুযে পূব আকাশত ভূমুকি মৰা দেখো । কিন্তু প্ৰকৃততে কথাটো সচাঁ নহয় । সৌৰজগতৰ কতোৱেই সূৰ্য উদয় নহয় । পৃথিৱীৰ আহ্নিক গতিৰ বাবেহে সুৰুযক পূব আকাশত ভূমুকি মাৰি সন্ধিয়া পুনৰ পশ্চিম আকাশত অস্ত যোৱা দেখো । সূৰ্য উদয় হোৱা বা অস্ত যোৱা- এই দুয়োটা পৰিঘটনাই আমাৰ একো একোটা দৃষ্টিভ্ৰম । এই দুয়োটা পৰিঘটনাৰেই কোনো যুক্তিযুক্ততা নথকা স্বত্তেও আমি ইয়াক চিৰন্তন সত্য বুলি মানি আহিছোঁ ।

জোনবাইৰ দেশতো আছে বায়ুমণ্ডল



জোনবাইৰ বুকুত আমি জীয়াই থাকিব পাৰিমনে ? আমি জনাত জোনবাইৰ কোনো বায়ুমণ্ডল নাই । এক শুষ্ক মৰুময় দেশ; যত নাই প্ৰাণৰ স্পন্দন । আমেৰিকাৰ এপ’লো কাৰ্যক্ৰমৰ সময়ত মহাকাশযাত্ৰী সকলে কিন্তু জোনবাইৰ এক আচৰ্যকৰ ছবি সংগ্ৰহ কৰিছিল যত জোনবাইৰ আঁৰত লুকাই থকা সুৰুযৰ ৰেঙনিয়ে জোনবাইৰ দেশত বায়ুমণ্ডলৰ উপস্থিতিৰ সম্ভাৱনাৰ দিশটো সম্বন্ধে বিজ্ঞানীসকলক ভবাই তোলে । সুৰুযৰ ৰেঙনিয়ে জোনবাইৰ দেশত সৃষ্টি কৰা এই পোহৰৰ দৃশ্যক বিজ্ঞানীসকলে Lunar Horizon Glow (LHG) বুলি নামাকৰণ কৰিছে । ইয়াৰ পিছৰ পৰাই বিজ্ঞানীসকলে কৰা গৱেষণাত এইটো প্ৰতিপন্ন হয় যে জোনবাইৰ দেশত আছে প্ৰায় 25000 কেজি ওজনৰ এক পাতল বায়ুমণ্ডল । এই বায়ুমণ্ডলত বিজ্ঞানীসকলৰ মতে আৰ্গন-40, হিলিয়াম-4, কাৰ্বনডাই-অক্সাইড, মিথেন, এমোনিয়া, নাইট্ৰজেন আৰু সামান্য মাত্ৰাত অক্সিজেন গেছো আছে । বিজ্ঞানীসকলৰ মতে জোনবাইৰ মাটিৰ আভ্যন্তৰত সংঘটিত হৈ থকা তেজস্ক্ৰিয় পদাৰ্থৰ বিভংগনৰ ফলত এই গেছবোৰ সৃষ্টি হৈছে আৰু এইবোৰ গেছেই সৃষ্টি কৰিছে জোনবাইৰ দেশৰ বায়ুমণ্ডল । ওপৰৰ ছবিত জোনবাইৰ LHG আৰু বাওঁফালে ওপৰত শুক্ৰ গ্ৰহটো দেখা গৈছে ।

ৰকেটৰ বিষয়ে যৎকিঞ্ছিত


ৰবাৰ্ট গোদাৰ্ট নামৰ বিজ্ঞানীজনে 1926 চনত 16 মাৰ্চত প্ৰথম জুলীয়া ইন্ধনযুক্ত ৰকেট সাজি সফলতাৰে ইয়াৰ পৰীক্ষণ কৰিছিল । তেখেতৰ এই ৰকেটটো পৰীক্ষণৰ সময়ত প্ৰতি ছেকেণ্ডত 25 ফুট উচ্চতালৈ ধাবিত হৈছিল । 1907 চনত তেওঁ পলিটেকনিকৰ ছাত্ৰ হৈ থকা অৱস্থাতেই জুলীয়া ইন্ধনযুক্ত ৰকেটৰ গৱেষণা আৰম্ভ কৰিছিল । 1914 চনত তেওঁ যেতিয়া ৱৰশ্বেষ্টাৰৰ ক্লাৰ্ক বিশ্ববিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে, তেতিয়াৰ পৰাহে বায়ু শূন্য স্থানত উৰিব পৰা ৰকেটৰ বিষয়ে চিন্তা আৰম্ভ কৰে । এইখিনিতেই কৈ থোৱা ভাল হব যে জেট বা এৰোপ্লেন বায়ু থকা ঠাইতহে উৰিব পাৰে, কিয়নো জেট ইঞ্জিনৰ দহনৰ বাবে অক্সিজেন গেছৰ আৱশ্যক হয় । ৰকেট কিন্তু বায়ুশূন্য অৱস্থাৰ মাজেৰেও গতি কৰিব পাৰে কিয়নো ৰকেটৰ ইন্ধন দহনৰ বাবে অক্সিজেন উৎপন্ন ৰকেটৰ ভিতৰতে কৰাৰ ব্যৱস্থা থাকে । পিছলৈ গোদাৰ্টে তেখেতৰ ৰকেটৰ যথেষ্টখিনি কাৰিকৰী দিশৰ উন্নতি সাধন কৰে আৰু 1930 চনত মেক্সিকো চহৰত সম্পন্ন কৰা ৰকেটৰ পৰীক্ষণটো বেছ গুৰুত্বপূর্ণ আছিল কিয়নো এই পৰীক্ষণৰ সময়ত গোদাৰ্টৰ ৰকেটে শব্দৰ গতিবেগক চেৰ পেলাই প্ৰায় 1200 কিমি প্ৰতি ঘণ্টা বেগত আকাশৰ বুকুলৈ ধাবিত হৈছিল । এই সফলতাক আমেৰিকাৰ চৰকাৰে স্বীকৃতি দি তেখেতক পেটেণ্ট দিয়া হৈছিল । 1945 চনৰ 10 আগষ্টত এই মহান বিজ্ঞানীজনৰ মৃত্যু হয় ।

Friday 13 November 2015

এনড্ৰ’মিডা তাৰকাৰাজ্য আৰু আমাৰ হাতীপটিৰ মাজৰ সংঘৰ্ষ !


1929 চনত বিজ্ঞানী এডুইন হাব’লে আৱিষ্কাৰ কৰিছিল যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণশীল আৰু এই সম্প্ৰসাৰণ Big Bang বা মহানাদৰ পিছৰ পৰাই নিৰবচিন্ন ভাৱে চলি আহিছে । ইয়াৰ পৰা এইটো প্ৰমাণিত হয় যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিখন তাৰকাৰাজ্যই পৰস্পৰৰ পৰা আতৰি গৈ আছে । তেনে ক্ষেত্ৰত আমাৰ হাতীপটি তাৰকাৰাজ্যখনো আন আন তাৰকাৰাজ্যবোৰৰ পৰা ক্ৰমে আতৰি আহি আছে । বিজ্ঞানী হাব’লৰ মতে দূৰৰ তাৰকাৰাজ্যবোৰ বেছি বেগত আৰু ওচৰৰ তাৰকাৰাজ্যবোৰ তুলনামূলকভাবে কম বেগত আতৰি গৈ আছে ।  উদাহৰণস্বৰূপে আমাৰ হাতীপটিৰ পৰা 2.5 মিলিয়ন আলোকবৰ্ষ দূৰত থকা এনড্ৰ’মিডা তাৰকাৰাজ্যখন আমাৰ পৰা প্ৰতি ছেকেণ্ডত 60 কিলোমিটাৰ আতৰি গৈ আছে । আনহাতে আমাৰ পৰা এক বিলিয়ন (100 কৌটি) আলোকবৰ্ষ আতৰৰ তাৰকাৰাজ্যবোৰ প্ৰতি ছেকেণ্ডত প্ৰায় 22000 কিলোমিটাৰকৈ পৰস্পৰৰ পৰা আতৰি গৈ আছে । দূৰৰ তাৰকাৰাজ্যবোৰ এই গতিবেগত আতৰি যোৱা কথাটো কল্পনা কৰিবলৈও টান হ’লেও- এইটোৱেই সত্য । এনড্ৰ’মিডা তাৰকাৰাজ্য আৰু আমাৰ হাতীপটি এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ দুটা ওচৰা-ওচৰি তাৰকাৰাজ্য । এই তাৰকাৰাজ্য দুখনৰ মাজত যদিও 2.5 মিলিয়ন আলোকবৰ্ষৰ এক দূৰত্ব আছে, তথাপিও এই দুই তাৰকাৰাজ্যৰ মাজত অকল্পনীয় মহাকৰ্ষণ বলে ক্ৰিয়া কৰি আছে । এই মহাকৰ্ষণ বলে সম্প্ৰসাৰিত বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰ্গত তাৰকাৰাজ্য এনড্ৰ’মিডা আৰু হাতীপটিৰ মাজৰ পৰস্পৰৰ পৰা আতৰি যোৱা বেগক চেৰ পেলাইছে । ফলস্বৰূপে এই দুই তাৰকাৰাজ্য পৰস্পৰৰ পৰা আতৰি যোৱাৰ সলনি ক্ৰমে পৰস্পৰৰ কাষ চাপি আহি আছে । মহাকাশ বিজ্ঞানীসকলৰ মতে এই দুই তাৰকাৰাজ্য- এনড্ৰ’মিডা আৰু হাতীপটি আৰু কেইটামান মিলিয়ন বছৰৰ পিছত মুখামুখি সংঘৰ্ষত লিপ্ত হ’ব, আকাশত সৃষ্টি হ’ব আচৰ্যকৰ পোহৰৰ মেলা । এই দুই তাৰকাৰাজ্যই মিলিত হৈ সৃষ্টি কৰিব আন এখন বিশাল তাৰকাৰাজ্য । তেতিয়া সূৰ্য নাথাকিব, নাথাকিব পৃথিৱী, জোনবায় অথবা মানব জাতি !

আমাৰ পৃথিৱীক লগতে লৈ সৌৰজগত আগুৱাইছে বহুদূৰৰ ভেগা নক্ষত্ৰ অভিমুখে


আমাৰ সৌৰজগতখন হাৰকিউলিচ (লিৰা) তাৰকামণ্ডলৰ ভেগা নক্ষত্ৰৰ দিশে আগুৱাই গৈ আছে । অবিৰাম প্ৰতি ছেকেণ্ডত 20 কিলোমিটাৰ বেগত সৌৰজগতৰ লগত আমাৰ পৃথিৱীও লিৰা নক্ষত্ৰপূঞ্জ অভিমুখে আগুৱাই গৈ আছে । ভেগা নক্ষত্ৰ আমাৰ সূৰ্যতকৈ প্ৰায় 2.5 গুণ ডাঙৰ আৰু আমাৰ পৰা 25 আলোকবৰ্ষ আতৰত অৱস্থিত । সূৰ্যাস্তৰ পিছতেই জোনাকবিহীন সন্ধিয়াত এই ভেগা নক্ষত্ৰটো উত্তৰ-পশ্চিম আকাশত দেখা পোৱা যায় । আকাশৰ তৰাবোৰৰ লগত যদি আপুনি পৰিচিত, তেন্তে এই নক্ষত্ৰটো সহজেই চিনি উলিয়াব পাৰিব । নিশাৰ আকাশৰ দক্ষিণ-পূৱ দিশত কালপুৰুষ (Orion) নক্ষত্ৰপূঞ্জৰ পৰা কিছু পূৱদিশত দেখা যায় ৰাতিৰ আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ লুব্ধক বা Sirius । লুব্ধক আৰু ভেগা আকাশৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থিত । জ্যোতিৰ্বিজ্ঞানী সকলৰ মতে আমাৰ সৌৰজগত এই লুব্ধক নক্ষত্ৰৰ পৰা ক্ৰমে আতৰি আহি আছে আৰু 20 কিলোমিটাৰ/ছে বেগত ভেগা নক্ষত্ৰ অভিমুখে গতি কৰিব লাগিছে । বিজ্ঞানৰ ভাষাত সৌৰজগতৰ এই গতিক Solar Apex বোলা হয় । আমাৰ সৌৰজগতৰ এই গতিৰ বিষয়ে William Herschel নামৰ বিজ্ঞানীজনে 1783 চনত তথ্য দাঙি ধৰিছিল । এই মহান বিজ্ঞানীজনে ইউৰেনাচ গ্ৰহটোও আৱিষ্কাৰ কৰিছিল ।

বৃহস্পতি আৰু শনি গ্ৰহৰ কঠিন হাইড্ৰজেন


বৃহস্পতিৰ কেন্দ্ৰত আছে কঠিন ধাতবীয় হাইড্ৰজেন ! সৌৰজগতৰ গেছীয় গ্ৰহ বৃহস্পতি আৰু শনিৰ কেন্দ্ৰভাগ গঠিত হৈছে কঠিন বা Solid হাইড্ৰজেনেৰে ! ধাতবীয় হাইড্ৰজেন হল হাইড্ৰজেনৰ এক দশা যি দশাত ই বিদ্যুত পৰিবাহিত কৰিব পাৰে । 1935 চনত Eugene Wigner আৰু Hillard Bell Huntington নামৰ বিজ্ঞানী দুজনৰ গৱেষণাৰ পৰাই হাইড্ৰজেনৰ ধাতবীয় অৱস্থাৰ ধাৰণাটোৰ জন্ম হয় । এই দুই বিজ্ঞানীৰ মতে হাইড্ৰজেনৰ ওপৰত 25 গিজা পাস্কেল (GPa) চাপ প্ৰয়োগ কৰিলে হাইড্ৰজেন জুলীয়া অৱস্থা প্ৰাপ্ত হয় । অৱশ্যে এই কাৰ্য পৰীক্ষাগাৰত সম্ভৱ হৈ উঠা নাই এই অত্যাধিক চাপৰ বাবেই । কিন্তু গেছীয় গ্ৰহ বৃহস্পতি আৰু শনিৰ কেন্দ্ৰভাগত গ্ৰহদুটাৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ বাবে যি চাপৰ সৃষ্টি হয়, সেই চাপৰ প্ৰভাৱত বৃহস্পতি আৰু শনিৰ কেন্দ্ৰভাগৰ হাইড্ৰজেন অতি উষ্ণ তৰল অৱস্থাত আছে । এই অতি উষ্ণ তৰল হাইড্ৰজেনৰ গুণাগুণ সাইলাস ধাতুৰ দৰে । 1968 চনত Neil Ashcroft নামৰ বিজ্ঞানীজনে এই অতি উষ্ণ তৰল হাইড্ৰজেনৰ অতিপৰিবাহিতা বা Superconductivity গুণৰ বিষয়ে উল্লেখ কৰে । এই হাইড্ৰজেনৰ ঘনত্ব 0.086 গ্ৰাম প্ৰতি ঘন ছেমি আৰু এতিয়ালৈ এই ঘনত্বই ধাতুৰ সৰ্বনিম্ন ঘনত্ব !

কলৰ পৰা আহৰণ আন এক মহৌষধ- বেনলেক (BanLec)


কলৰ পৰা আহৰণ কৰা বেনলেক “BanLec” নামৰ প্ৰটিন বিধৰ আছে কেঞ্চাৰৰ লগতে ভাইৰাছ প্ৰতিৰোধী গুণ । বেনলেক বা Banana Lectin (চমুকৈ BanLec) হ’ল লেকটিন শ্ৰেণীৰ এক বিশেষ প্ৰটিন যিয়ে আমাৰ দেহত IgG4 antibody বা IgG4 প্ৰতিদেহ সৃষ্টি কৰিব পাৰে । মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষণাত 2010 চনতেই জীৱবিজ্ঞানীৰ এটা দলে বেনলেকৰ ঔষধী গুণৰ উমান পাইছিল আৰু তেখেতসকলে বেনলেক নামৰ প্ৰটিনবিধে মানুহৰ দেহকোষত HIV-I ৰ অনুকৃত্যায়ন বন্ধ কৰি কোষক সুস্থিৰতা প্ৰদান কৰাৰ লগতে HIV-I ক নিস্ক্ৰিয় কৰি ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি দাবী কৰিছিল । এই বিষয়ক গৱেষণা পত্ৰখন 2010 চনৰ মাৰ্চ মাহত Journal of Biological Chemistry নামৰ গ্ৰন্থখনত প্ৰকাশিত হৈছিল । এই আৱিষ্কাৰে আমালৈ আনিছে আশাৰ বতৰা । কল নামৰ মহৌষধিৰ পৰা ভাইৰাছ, এইডচ, হেপাটাইটিচ আৰু কেঞ্চাৰ প্ৰতিৰোধী ঔষধ আৱিষ্কাৰৰ পথত বিজ্ঞানীসকল আগবাঢ়ি গৈছে । এই বিজ্ঞানীসকলে দাবী কৰিছে যে তেখেতসকলে ইতিমধ্যে এন্দুৰৰ দেহত কেইটাও পৰীক্ষা সুকলমে সম্পন্ন কৰিছে আৰু আশানুৰূপ ভাবে সুফল পাইছে । আমিও আশা ৰাখিছো- বিজ্ঞানীসকলৰ এই সাধনাৰ ফল পৃথিৱীবাসীৰ বাবে মংগলময় হওঁক ।

লেভজয় ধুমকেতুৱে সৌৰজগতৰ কেউদিশে কঢ়িয়াই লৈ ফুৰিছে জৈৱ অনুৰ ভাণ্ডাৰ


ৰ্কৰা আৰু এলক’হলেৰে পৰিপূৰ্ণ ধুমকেতুৱে সৌৰজগতত পৰিভ্ৰমণ কৰি আছে। আচৰিত হ’লেও সত্য যে লেভজয় নামৰ ধুমকেতুটোৰ বুকুত আছে ইথাইল এলক’হল আৰু একশৰ্কৰা গ্লাইক’এলডিহাইদ। লেভজয় নামৰ ধুমকেতুটোৰ বুকুত বিজ্ঞানীসকলে শেহতীয়াকৈ প্ৰায় 21বিধ জৈৱ অনুৰ সন্ধান পাইছে। এই আৱিষ্কাৰে সৌৰজগত বা সৌৰজগতৰ বাহিৰত জীৱনৰ উপস্থিতিৰ সম্ভাৱনাক বেছি সুদৃঢ় কৰি তুলিছে। ফৰাছী বিজ্ঞানী নিকোলাচ বিভাৰৰ মতে লেভজয় ধুমকেতুৰ বুকুত প্ৰতি ছেকেণ্ডত প্ৰায় 100 লিটাৰ ইথাইল এলক’হল সৃষ্টি হৈ আছে। ধুমকেতুবোৰ সৌৰজগতৰ একো একোটা ৰিফ্ৰিজেৰিটৰৰ দৰে যত বহু হাজাৰ বছৰ আগৰ জৈৱ পদাৰ্থবোৰ সংৰক্ষিত হৈ আছে। এনে পদাৰ্থৰ পৰাই আমাৰ পৃথিৱীলৈ জীৱনৰ বীজ অহা বুলি বিজ্ঞানীসকলে ক’ব খোজ। তেনেস্থলত ধুমকেতুবোৰে এই বিশ্বব্ৰহ্মাণ্ডৰ আন কৰবাতো একে ধৰণে জীৱনৰ বীজ সিঁচি দিয়াটো অসম্ভৱ নহয়। বিজ্ঞানীসকলে আশাবাদী। আৰু আমাৰ বাবে এইয়া একো একোটা আচহুৱা যেন লগা কথা। কিন্তু বিজ্ঞানৰ আৱিষ্কাৰ বা সিদ্ধান্তবোৰ প্ৰথমতে আচহুৱা যেন লাগিলেও পিছলৈ সেইটোৱেই সত্য বুলি প্ৰতিষ্ঠিত হয়।

সৌৰজগত


সূৰ্য আৰু তাক কেন্দ্ৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮ টা গ্ৰহ ক্ৰমে বুধ,শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন লগেতে সিহঁতৰ উপগ্ৰহসমূহ, গ্ৰহবোৰৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণু, লগতে সূৰ্য্যৰ লগত মহাকৰ্ষণ শক্তিৰ বলত বান্ধ খাই ইয়াক প্ৰদক্ষিণ কৰি থকা সকলো মহাজাগতিক পদাৰ্থক একেলগে  বোলে। আজিৰ পৰা প্ৰায় ৪.৬ বিলিয়ন বছৰৰ পূৰ্বে এক বৃহৎ আণৱিক ডাৱৰৰ খুন্দাৰ ফলত সৌৰজগতৰ সৃষ্টি হৈছিল। সূৰ্য ইয়াৰ সকলো সদস্যৰ সৈতে প্ৰায় কাঁহী আকাৰত আছে যাক “ইক্লিপ্টিক প্লে’ন” বুলি কোৱা হয়। ইক্লিপ্তিক প্লে’নৰ মূঠ ভৰৰ অধিকাংশ অধিকাৰ কৰি থকা গ্ৰহ কেইটাই প্ৰায় বৃত্তকাৰ কক্ষপথেৰে সূৰ্য্যক প্ৰদক্ষিণ কৰে। ইয়াৰে তুলনামূলক ভাৱে সৰু ৪ টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল বিশেষকৈ শিল আৰু ধাতুৰ দ্বাৰা গঠিত। এই গ্ৰহ কেইটাক আভ্যন্তৰীণ গ্ৰহ বোলে। বাকী চাৰিটা গ্ৰহক বাহ্যিক গ্ৰহ বোলে। এই গ্ৰহকেইটা প্ৰধানকৈ হাইড্ৰ’জেন আৰু হিলিয়াম গেছৰ দ্বাৰা গঠিত। সৌৰজগতত ৫ টা গ্ৰহাণুপুঞ্জৰ পটি আছে – এটা মংগল আৰু বৃহস্পতিৰ মাজত যি শিল আৰু ধাতুৰে গঠিত আৰু আনটো পতি আছে নেপচুন গ্ৰহৰ পাছত যাক কুইপাৰ বেল্ট  বোলা হয়, ই বৰফ, এম’নিয়া আৰু মিথেনৰ দ্বাৰা গঠিত। এই বেল্টৰ ৫ টা মহাজাগতিক খণ্ড – প্লুট’, হাউনেয়া, মাকেমাকে আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ বুলিও কোৱা হয়। কাল্পনিক অ’ৰ্ট ক্লাওড যি অতি দীৰ্ঘ সময়ৰ মূৰত দেখা দিয়া ধুমকেতুৰ উৎস বুলি ভৱা হয়, এই ক্ষেত্ৰৰ পৰা প্ৰায় এহেজাৰ গুণ আঁতৰত। সৌৰজগতৰ অন্যান্য সদস্য সমূহ হ’ল ধুমকেতু, আন্তঃগ্ৰহীয় ধূলি, আৰু উপগ্ৰহ সমূহ। উপগ্ৰহ হ’ল গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰা গ্ৰহ গুণ সম্পন্ন মহাকাশীয় অৱয়ব। কেইবা হাজাৰ বছৰ ধৰি মানুহে, দুই এজন মনিষীৰ বাদে, সৌৰজগতৰ অস্তিত্ব স্বীকাৰ কৰা নাছিল। তেতিয়া বিশ্বাস আছিল যে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু সকলো গ্ৰহ-নক্ষত্ৰ পৃথিৱীক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে। অৱশ্যে ভাৰতীয় গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰ্য্যভট্ট আৰু গ্ৰীক দাৰ্শিনক এৰিষ্টাৰকাছে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰা ব্ৰহ্মাণ্ডৰ কথা উল্লেখ কৰিছিল। নিক’লাছ ক’পাৰনিকাছএ প্ৰথমে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰা গ্ৰহৰ গাণিতিক বাখ্যা আগবঢ়ায়। পাছত ১৭ শ শতাব্দীত গেলিলিও গেলিলি, জ’হান্চ কেপ্‌লাৰ, আৰু আইজাক নিউটনৰ দিনত পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতি হোৱাত সূৰ্যক কেন্দ্ৰ কৰা সৌৰজগতৰ প্ৰমাণ হয় আৰু ইয়াক গ্ৰহণ কৰা হয়।

মংগল গ্ৰহৰ পিছত এইবাৰ ইছৰোৰ লক্ষ্য শুক্ৰগ্ৰহ




 কোনোবাই কৈছিল: পুৰুষসকল মংগল গ্ৰহৰ পৰা আৰু মহিলাসকল শুক্ৰগ্ৰহৰ পৰা আহিছিল ! ৰোমান সকলৰ বিশ্বাস অনুসৰি শুক্ৰ হৈছে প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক। হয়তো সেইবাবেই এনেদৰে কোৱা হয়। ভাৰতৰ মহাকাশ গৱেষণাৰ প্ৰতিস্থান ইছৰোৱে মংগলযানৰ ঈৰ্ষণীয় সফল প্ৰক্ষেপনৰ পিছত এইবাৰ মন মেলিছে সৌৰজগতৰ আন এটি গ্ৰহ শুক্ৰগ্ৰহলৈ। শুক্ৰৰ লগতে সূৰ্য অভিমুখী “আদিত্য” নামৰ আন এটি প্ৰকল্পৰ কামো ইছৰোৰ বিজ্ঞানীসকলে সম্পাদন কৰি আছে। ভাৰতীয় বিজ্ঞানীসকলে 2018-2020 ৰ ভিতৰত মংগলযান-2 ৰ প্ৰক্ষেপনৰ লগতে উল্কাপিণ্ডৰ পিছে-পিছে মানব সৃষ্ট মহাকাশ যান প্ৰেৰণৰ যো-জা চলাই আছে। ইছৰোৰ বিজ্ঞানীসকলৰ এনে ঈৰ্ষণীয় সাফল্যত আমেৰিকাৰ নাছায়ো তবধ মানিছে। ভাৰতীয় হিচাবে আমি ইছৰোক লৈ গৌৰৱান্নিত। ইছৰোৰ বিজ্ঞানীসকললৈ আমাৰ আন্তৰিক শুভকামনা থাকিল।

মহাজাগতিক সংঘৰ্ষ


মহাজাগতিক সংঘৰ্ষ স্বাভাৱিকতে এটা ভয়াবহ বিষয় যদিও, ই বিশ্বব্ৰহ্মাণ্ডত সততে হৈ থকা এক চিৰন্তন প্ৰক্ৰিয়া। এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতেই যেন সেই ভয়াবহতা বিৰাজমান। মহাজাগতিক সংঘৰ্ষৰ ফলত যি ভয়াবহ ধ্বংসলীলা সৃষ্টি হ’ব পাৰে তাক কল্পনা কৰাও কঠিন। এনে এক মহাজাগতিক সংঘৰ্ষৰ ফলতেই পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছিল ডাইন’চৰৰ দৰে বিশালকায় সৰীসৃপ সমূহ। মহাজাগতিক সংঘৰ্ষৰ ফলত কেৱল ক্ষতি হোৱা বুলিলে পিছে ভুল কৰা হ’ব। এনেবোৰ সংঘৰ্ষৰ ফলতেই আমাৰ বিশ্বব্ৰহ্মাণ্ডত অনেক গঠনমূলক পৰিঘটনা হোৱা বুলি বিজ্ঞানীসকল নিশ্চিত। মহাকাশ বিজ্ঞানীসকলৰ মতে মহাজাগতিক সংঘৰ্ষৰ ফলতেই আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ জোনবাইৰ সৃষ্টি হৈছিল। এই জোনবাইৰ বাবেই আজি আমি পৃথিৱীৰ মহাসাগৰৰ বুকুত জোৱাৰ-ভাটা দেখিবলৈ পাইছো অথবা পৃথিৱীয়ে নিজ অক্ষৰ চৌদিশে আহ্নিক গতিৰ সুস্থিৰতা লাভ কৰিছে। এনে সুস্থিৰতাৰ বাবেই আমাৰ পৃথিৱীৰ ঋতু পৰিবৰ্তন আৰু দিন-ৰাতিৰ এক নিৰ্দ্দিষ্টতা আহি পৰিছে । মহাজাগতিক সংঘৰ্ষৰ ফলত সলনি হৈ আহিছে বিশ্বব্ৰহ্মাণ্ডৰ মানচিত্ৰ; সৃষ্টি হৈছে নতুন গ্ৰহ-নক্ষত্ৰ; সুৰুযে বিলাইছে পোহৰ অথবা ভাঙি-চিগি থানবান হৈছে দৈত্যকায় একোটা নক্ষত্ৰ ! এই মহাজাগতিক সংঘৰ্ষৰ ফলত আমাৰ বিশ্বব্ৰহ্মাণ্ডই এটা স্বতন্ত্ৰ আকাৰ পাইছে । অনাগত দিন সমূহতো পুনৰ এনে সংঘৰ্ষ হ’ব, এন্ড্ৰমিডা তাৰকাৰাজ্যই আমাৰ হাতীপটিৰ লগত মিলিত হ’ব আন এক মুখামুখি সংঘৰ্ষত, যাৰ ফলত সৃষ্টি হ’ব এখন নতুন তাৰকাৰাজ্য- জন্ম হ’ব অজস্ৰ নতুন সূৰ্য অথবা নতুন সৌৰজগতৰ ! অৱশ্যে এইবোৰ প্ৰত্যক্ষ কৰিবলৈ সিদিনা মাথোন নেথাকিব আপুনি আৰু নেথাকিম মই !!!

সৌৰজগতৰ ভূমিকম্পবোৰ !!!


পৃথিৱীত হোৱাৰ দৰেই সৌৰজগতৰ আন আন গ্ৰহটো ভূমিকম্প হয়নে ? বিজ্ঞানীসকলৰ মতে সৌৰজগতৰ কঠিন শিলাময় গ্ৰহ যেনে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগলৰ লগতে চন্দ্ৰ আৰু বৃহস্পতিৰ উপগ্ৰহ ‘আইও’ত ভূমিকম্পৰ জোকাৰণি হয়। অৱশ্যে কাৰিকৰী দিশৰ পৰা আন গ্ৰহ-উপগ্ৰহ সমূহৰ এনে জোকাৰণিক ‘ভূমিকম্প’ বোলাতকৈ কম্পন বোলাহে উচিত হ’ব। সূৰ্যৰ কাষতে থকা বুধ গ্ৰহৰ পৃষ্ঠৰ উষ্ণতা অতি অনিয়মিত আৰু এই তাৰতম্য গ্ৰহটোৰ মেৰুদণ্ড সাপেক্ষে ঘূৰ্ণনৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰশীল। এনে পৰিপ্ৰেক্ষিতত গ্ৰহটোৰ আভ্যন্তৰ আৰু বহিঃপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ বাবে বুধত কম্পনৰ সৃষ্টি হয়। একেদৰে শুক্ৰ আৰু মংগল গ্ৰহ দুটাৰ আভ্যন্তৰত থকা গৰম লাভাৰ বহিৰ্মূখী চাপৰ বাবে এই গ্ৰহ দুটাতো সঘনাই কম্পন সৃষ্টি হয়। অৱশ্যে এই কম্পনবোৰ মৃদুৰ পৰা সাধাৰণ পৰ্যায়ৰ হয়। পৃথিৱীৰ কম্পনসমূহ বিভিন্ন কাৰণত হ’ব পাৰে। পৃথিৱীৰ বেছি ভাগ কম্পনেই টেকটনিক গতিবিধিৰ ফলত হয়। অৱশ্যে জ্বালামূখীৰ উৎদ্গীৰণ তথা অন্যান্য ভূতাত্বিক কাৰকৰ বাবেও পৃথিৱীত ভূমিকম্প হয়। নাছাৰ বিজ্ঞানীসকলে ইতিমধ্যে জোনবাইৰ বুকুত এনে কম্পন ধৰা পেলাইছে। এইখিনিতেই উল্লেখ কৰা উচিত হ’ব যে বৃহস্পতিৰ উপগ্ৰহ আইও সৌৰজগতৰ আটাইতকৈ বেছি কম্পনশীল আৰু তাৰ পিছতেই স্থান পাইছে আমাৰ বাসভূমি পৃথিৱী নামৰ এই সুন্দৰ গ্ৰহটোৱে !

উল্কাপিণ্ডৰ আঘাতত সৃষ্টি হোৱা লোনাৰ হ্ৰদ


আজিৰ পৰা প্ৰায় 52,000 বছৰৰ আগতে এটি অতি দ্ৰুতবেগী উল্কাপিণ্ডৰ আঘাতত মহাৰাষ্ট্ৰৰ লোনাৰত সৃষ্টি হৈছিল এটি বিশাল হ্ৰদ। এই হ্ৰদটো আকাৰত পৃথিৱীৰ তৃতীয় বৃহৎ। স্থানীয় লোকৰ বিশ্বাস অনুসৰি লোনাসুৰ নামৰ এটা দৈত্যৰ নামেৰে এই ঠাইখনৰ নাম লোনাৰ। বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা মতে 90,000 কিমি/ঘণ্টা বেগত মহাকাশৰ পৰা খহি পৰা এটি 20 লাখ টন ভৰ বিশিষ্ট উল্কাপিণ্ডৰ আঘাতত সৃষ্টি হৈছিল এই 2 কিমি ব্যাসৰ আৰু 150 মিটাৰ গভীৰ হ্ৰদটো। নাছা, ইছৰো আৰু Geological Survey of Indiaৰ বিজ্ঞানীসকলৰ বাবে সদায় এক গৱেষণাৰ বিষয় হৈ অহা এই হ্ৰদটোৰ আছে বিচিত্ৰতা। ইয়াৰ ভিতৰত বিশেষ ভাৱে উল্লেখযোগ্য বিচিত্ৰতা সমূহ হ’ল: এই হ্ৰদটোৰ পানী একে সময়তেই লুণীয়া আৰু ক্ষাৰকীয়, পৃথিৱীৰ আন ঠাইত সততে দেখিবলৈ নোপোৱা বহুতো প্ৰজাতিৰ অনুজীৱৰ বাসস্থান এই হ্ৰদটো। তাতোকৈ আচৰিত যে হ্ৰদটোৰ বিভিন্ন অংশত চুম্বকীয় কম্পাছ শলাই সঠিক ভাবে দিশ নিৰ্ণয় কৰিব নোৱাৰে। এই হ্ৰদটোৰ পানী বছৰৰ প্ৰতিটো ঋতুতেই পানীৰ পৰিমাণ সমানেই থাকে। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ সমীপবৰ্তী এই হ্ৰদটো দেশী-বিদেশী পৰ্যটকৰ লগতে বিজ্ঞানীসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

পৃথিৱীৰ চুম্বকীয় মেৰুৰ স্থান পৰিবৰ্তন


ফুটবল খেল নিশ্চয় উপভোগ কৰিছে। মধ্যাহ্ন বিৰতিৰ পিছত দল দুটাই যেনেদৰে খেলপথাৰৰ দিশ সলনি কৰে, ঠিক তেনেদৰেই পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৱেও স্থান সলনি কৰে। আচৰিত হ’লেও এইটো সঁচা যে আজিৰ পৰা প্ৰায় 2,00,000 বছৰ আগতে পৃথিৱীৰ বৰ্তমানৰ উত্তৰ মেৰুটো দক্ষিণ ফালেহে আছিল !! সেই সময়ত এডাল চুম্বকশলাই উত্তৰ বুলি বৰ্তমানৰ দক্ষিণ দিশটোহে নিদৰ্শন কৰিছিল। বিজ্ঞানী সকলৰ মতে বৰ্তমান আমাৰ পৃথিৱীয়ে পুনৰ এবাৰ ইয়াৰ মেৰুদ্বয়ৰ স্থান সালসলনি কৰিবলৈ ওলাইছে ! বিজ্ঞানৰ মতে এইয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। বিজ্ঞানী সকলৰ মতে পৃথিৱীৰ মেৰু দুটাই প্ৰতি বছৰে 16 কি:মি:কৈ পৰস্পৰৰ পৰা বিপৰীত দিশলৈ গতি কৰি আছে। তেখেতসকলৰ মতে পৃথিৱীৰ কেন্দ্ৰত থকা গলিত লো (আইৰণ)ৰ বাবে পৃথিৱীৰ চৌদিশে এখন চুম্বকক্ষেত্ৰ সৃষ্টি হৈছে। পৃথিৱীৰ কেন্দ্ৰত এই গলিত লোৱে এক নিৰ্দ্দিষ্ট দিশত গতি কৰি আছে, যেনেদৰে মহাসাগৰৰ পানী এক নিৰ্দিষ্ট দিশত সোঁত হিচাবে বৈ থাকে। কিন্তু পৃথিৱীৰ আভ্যন্তৰত থকা এই লোৰ গতি সদায়ে একে দিশত নেথাকে আৰু প্ৰতি 2,00,000 ৰ পৰা 3,00,000 বছৰৰ পিছত এই লোৰ সোঁতৰ দিশৰ সলনি হয় আৰু ইয়াৰ ফলতেই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰো দিশৰ পৰিবৰ্তন হয়। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৱা প্ৰায় ডেৰশ বছৰত পৃথিৱীৰ চুম্বকক্ষেত্ৰখনৰ 5% বিচ্যুতি ঘটিছে আৰু পৃথিৱীৰ মেৰুদ্বয়ে স্থানৰ পৰিবৰ্তন কৰি আহিছে। বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে বৰ্তমান এই প্ৰক্ৰিয়াটো অধিক দ্ৰুত ভাবে সম্পন্ন হ’বলৈ ধৰিছে। নাছাৰ ভূবিজ্ঞানী সকলৰ গৱেষণাত ধৰা পৰা তথ্য অনুসৰি পৃথিৱীয়ে এতিয়ালৈকে মুঠ 74 বাৰ এনেদৰে মেৰু দুটাৰ স্থানৰ সালসলনি ঘটাইছে। যদিহে নাছাৰ বিজ্ঞানীসকলৰ তথ্যবোৰ সঁচা হয়, তেন্তে অনাগত দিনবোৰত আমাৰ উত্তৰ আৰু দক্ষিণ দিশ দুটাৰো পৰিবৰ্তন ঘটিব। তেতিয়া হিমালয় পৰ্বত আমাৰ দক্ষিণ দিশত আৰু ভাৰত মহাসাগৰ অথবা শ্ৰীলংকা আমাৰ উত্তৰ দিশত থকা বুলিয়েই আমি মানি ল’ব লাগিব !!!