Wednesday 27 December 2023

দুৱাৰত অজানতিমুলুকৰ অতিথিৰ টোকৰ


১৯৬৯ চনৰ ৮ জানুৱাৰী। সময় নিশা ১ বাজিছে। হঠাতেই জ্বলন্ত এক বিশাল অগ্নিগোলকে উত্তৰ মেক্সিকোৰ নিশাৰ আকাশখন পোহৰাই তুলিলে। সেই মূহুৰ্তত নিশাৰ আকাশখন ইমানেই উজ্জ্বল হৈ পৰিছিল যে নিশাৰ ভাগত কৰ্মৰত মানুহবোৰে নিজৰ চকু দুহাতেৰে ঢাকি ধৰিব লগা হৈছিল।

বহু সময় বায়ুমণ্ডলৰ মাজেৰে তীব্ৰ গতিৰে পাৰ হৈ যোৱাৰ পিছত অৱশেষত মেক্সিকোৰ পৰা আঁতৰৰ Pueblito de Allende নামৰ অঞ্চলটোৰ ওপৰত এই অগ্নিময় গোলকটোৰ বিস্ফোৰণ ঘটিল। ইয়াৰ  ধ্বংসাৱশেষ অঞ্চলটোৰ প্ৰায় ২৫০ কিলোমিটাৰ এলেকাত বিস্তৃত হৈ পৰিছিল। যদিও এই মহাজাগতিক অগ্নিপিণ্ডটোৰ বিস্ফোৰণে জনসাধাৰণৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি কৰিছিল, তথাপিও দিনৰ শেষত ইয়াৰ আগমন পৃথিৱীৰ ইতিহাসৰ অন্যতম উল্লেখযোগ্য পৰিঘটনা বুলি গণ্য কৰা হ'ল। কাৰণ এই মহাজাগতিক অগ্নি পিণ্ডটোৱে আমাৰ সৌৰজগতৰ জন্ম মুহূৰ্তটোৰ বহুটো ৰহস্যৰ সমাধান কঢ়িয়াই লৈ আহিছিল।

মহাকাশৰ পৰা পৃথিৱীৰ বুকুলৈ নামি অহা এনে শিলবোৰক উল্কাপিণ্ড বোলে। বায়ুমণ্ডলত প্ৰৱেশৰ সময়খিনি এই মহাজাগতিক অতিথিসকলৰ বাবে অত্যন্ত বিপদজনক। কাৰণ তাত এই উল্কা পিণ্ডবোৰে যথেষ্ঠ বাধাৰ সন্মুখীন হ’বলগীয়া হয়। ত্বৰান্বিত এই শিলবোৰে ঘৰ্ষণৰ বাবে বায়ুমণ্ডলৰ বায়ুক সংকুচিত কৰে আৰু এই সংকোচনৰ বাবে ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পায়। ফলত শিলাখণ্ডবোৰক আগুৰি থকা বায়ু এসময়ত জ্বলি উঠে। ফলস্বৰূপে বৈশিষ্ট্যহীন যেন লগা এই শিলাখণ্ডবোৰ ভয়ংকৰ অথচ মনোৰম অগ্নিময় উল্কাপিণ্ডলৈ পৰিণত হয়।

১৯৬৯ চনৰ আৰম্ভণিলৈকে সমগ্ৰ আমেৰিকাৰ পৰীক্ষাগাৰ সমূহত বিজ্ঞানীসকল উৎকণ্ঠিত হৈ আছিল। সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল এপ’লো-১১ মিছনৰ বাবে। নাছাৰ এই অভিযান সফল হ'লে, মহাকাশচাৰী সকলে চন্দ্ৰৰ শিলাখণ্ড পৃথিৱীলৈ আনিব। এনে সময়তে Pueblito de Allendeৰ উল্কাপিণ্ডটোৱে বিজ্ঞানী সকলৰ উৎসাহ দুগুনে বৃদ্ধি কৰিলে। এই উল্কাপিণ্ডটোক ঠাইখনৰ নামেৰে "এলেণ্ডে উল্কাপিণ্ড" নামেৰে নামাকৰণ কৰা হয়। 

ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি বিজ্ঞানীসকলে এলেণ্ডে উল্কাপিণ্ডৰ এক অনন্য বৈশিষ্ট্যৰ বিষয়ে নিশ্চিত হৈছিল। মহাকাশৰ পৰা অহা এইটো কোনো সাধাৰণ শিলাখণ্ড নাছিল। বৰঞ্চ ই কাৰ্বনযুক্ত কণ্ড্ৰাইট শ্ৰেণীৰ অন্তৰ্গত এই দুস্প্ৰাপ্য উল্কাপিণ্ড। মহাকাশৰ পৰা পৃথিৱীলৈ অহা মুঠ উল্কাপিণ্ডৰ মাত্ৰ ৫% এই শ্ৰেণীৰ অন্তৰ্গত। ইয়াৰ ভিতৰত সৌৰজগত সৃষ্টিৰ সময়ৰ পৰাই অতি প্ৰাচীন বস্তুৰ অস্তিত্ব পোৱা যায়। পৃথিৱীত এতিয়ালৈকে পোৱা এনে উল্কাপিণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ উল্কাপিণ্ড এই এলেণ্ডে উল্কাপিণ্ডটোৱেই।

পৃথিৱীত উপনীত হোৱা উল্কাপিণ্ডবোৰত তেজস্ক্রিয় মৌল থাকে। সম্পূৰ্ণ স্বাভাৱিকভাৱে এই তেজস্ক্ৰিয় মৌলবোৰ স্বতঃস্ফূৰ্তভাৱে ক্ষয় হয়। অৰ্থাৎ এটা মৌলৰ নিউক্লিয়াছ আন এটা মৌলৰ নিউক্লিয়াছলৈ ৰূপান্তৰিত হয়। তেজস্ক্রিয় পৰমাণুবোৰৰ হুবহু আধাখিনি ক্ষয় হ’বলৈ যিমান সময় লাগে সেই কথা ভৱিষ্যদ্বাণী কৰা সম্ভৱ৷ বিজ্ঞানীসকলে এই সময়ছোৱাৰ নাম "অৰ্ধ জীৱন" বা "অৰ্ধায়ু অৱধি" ৰাখিছে। প্ৰতিটো তেজস্ক্রিয় মৌলৰ অৰ্ধ জীৱন মান বেলেগ বেলেগ। তেজস্ক্রিয় মৌলৰ এই আধা জীৱনকালৰ ব্যৱহাৰিক প্ৰয়োগ আছে। যদি কোনো উল্কাপিণ্ডত থকা তেজস্ক্রিয় মৌলৰ আধা জীৱনৰ মান আগতীয়াকৈ জনা যায়, তেন্তে ইয়াৰ (উল্কাপিণ্ড) বয়স অতি সহজে নিৰ্ণয় কৰা সম্ভৱ।

এটা উদাহৰণে বুজাত সহায় কৰিব। পৃথিৱীৰ পৃষ্ঠত খুন্দা মৰা উল্কাপিণ্ডত পোৱা অন্যতম পৰিচিত তেজস্ক্রিয় মৌল হ’ল ৰুবিডিয়াম৷ ইয়াৰ ভৰ সংখ্যা ৮৭। অৰ্থাৎ ইয়াৰ নিউক্লিয়াছত থকা মুঠ প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা ৮৭টা। ইয়াৰে ৩৭টা প্ৰ’টন আৰু বাকীবোৰ নিউট্ৰন। ৰুবিডিয়াম নিউক্লিয়াছত থকা নিউট্ৰন এটা তেজস্ক্ৰিয় ক্ষয় প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰ’টন হৈ পৰে। ফলত সামগ্ৰিকভাৱে নিউক্লিয়াছটো সমান ভৰৰ সংখ্যাৰ ষ্ট্ৰ’ণ্টিয়াম নিউক্লিয়াছলৈ পৰিণত হয়। এইদৰে এটা নমুনাত উপস্থিত মুঠ ৰুবিডিয়াম পৰমাণুৰ হুবহু আধাখিনি ৰূপান্তৰিত হ'বলৈ সময় লাগে প্ৰায় ৪৮.৪ বিলিয়ন বছৰ। 

মানুহৰ জীৱবৰ আয়ুসৰ ফালৰ পৰা এই সময়খিনি হয়তো আমাৰ বাবে এক অনন্তকাল যেন লাগিব। কিন্তু গ্ৰহ বা তৰা গঠনৰ সময় বিবেচনা কৰিলে ই তেনেই সামান্য সময়ৰ জোখ। উল্কাপিণ্ডত বৰ্তমানৰ ৰুবিডিয়াম আৰু ষ্ট্ৰ’ণ্টিয়াম পৰমাণুৰ অনুপাতৰ পৰা বিজ্ঞানীসকলে উল্কাপিণ্ড এটাৰ জন্মৰ পৰা ক্ষয় হোৱা ৰুবিডিয়ামৰ পৰমাণুৰ সংখ্যা সহজেই হিচাপ কৰিব উলোয়াব পাৰে। পিছলৈ এই তথ্য ৰুবিডিয়ামৰ আধা জীৱনকালৰ সৈতে মিলাই তেওঁলোকে উল্কাপিণ্ডটোৰ বয়স নিমিষতে নিৰ্ণয় কৰিব পাৰে।

সৌৰজগতৰ গঠনৰ বিষয়ে বাৰ্তা কঢ়িয়াই অনা এলেণ্ডে উল্কাপিণ্ডৰ নমুনাটোৰ ক্ষেত্ৰতো এই পদ্ধতিটোৱেই প্ৰয়োগ কৰা হৈছিল। বিজ্ঞানীসকলৰ গণনাত পোৱা ফলাফল অনুসৰি এই উল্কাপিণ্ডটোৰপৃথিৱীমূখী যাত্ৰা আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় ৪.৫৬ বিলিয়ন বছৰ আগতে। অৰ্থাৎ যি সময়ত আমাৰ পৃথিৱীখনে বিশ্বব্ৰহ্মাণ্ডত আত্মপ্ৰকাশ কৰিছিল, থিক সেই সময়তে কোনো অজানতিমুলুকৰ পৰা এলেণ্ড উল্কাপিণ্ডই ৪.৫৬ বিলিয়ন বছৰ জোৰা যাত্ৰা আৰম্ভ কৰি বিগত ১৯৬৯ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে পৃথিৱীৰ বুকুত খুন্দা মাৰিছিলহি।

Sunday 10 December 2023

এটা ঐকবদ্ধ তত্বৰ সন্ধানত


আধুনিক পদাৰ্থ বিজ্ঞান দুটা মূল ভেটিৰ ওপৰত থিয় দি আছে। এটা হ'ল কোৱাণ্টাম তত্ত্ব যিয়ে ক্ষূদ্ৰতম কণিকাৰ জগতখনৰ ব্যাখ্যা দিয়ে আৰু আনটো হ'ল আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ। সাধাৰণ আপেক্ষিকতাবাদত মাধ্যাকৰ্ষণক স্থান-কালৰ বক্ৰতা বুলি ব্যাখ্যা কৰা হৈছে। কিন্তু সমস্যাটো হ’ল এয়ে যে এই দুয়োটা তত্ত্বই ইটোৱে সিটোক সম্পূৰ্ণৰূপে সমৰ্থন নকৰে। ফলত প্ৰকৃতিৰ বহু কথা আজিও ৰহস্যময় হৈ আছে। বিজ্ঞানে এতিয়াও এই ৰহস্যবোৰৰ সমাধান বিচাৰি পোৱা নাই। দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে এই দুটা তত্ত্বক একত্ৰিত কৰিবলৈ চেষ্টা কৰি আহিছে।

বিজ্ঞানী সকলৰ মতে এই দুয়োটা তত্ত্বক একত্ৰিত কৰিবলৈ আইনষ্টাইনৰ মাধ্যাকৰ্ষণ তত্ত্বৰ কিছু পৰিৱৰ্তন কৰিব লাগিব। এই চিন্তাৰ আধাৰত বিজ্ঞানীসকলে মাধ্যাকৰ্ষণৰ কোৱাণ্টাম তত্ত্ব সম্পৰ্কে দুটা অনুমান দিছে। সেই দুটা হ’ল ষ্ট্ৰিং থিয়ৰী আৰু লুপ কোৱাণ্টাম গ্ৰেভিটি থিয়ৰী। কিন্তু পৰীক্ষামূলক প্ৰমাণৰ অভাৱত এই বিয়ষ দুটাই এতিয়াও সাৰ্বজনীন গ্ৰহণযোগ্যতা লাভ কৰিব পৰা নাই।

অলপতে ইউনিভাৰ্চিটি কলেজ, লণ্ডনৰ (UCL) জ'নাথন অপেনহাইমৰ অধীনৰ পদাৰ্থবিজ্ঞানীৰ দল এটাই মাধ্যাকৰ্ষণ আৰু কোৱাণ্টাম বলবিজ্ঞানৰ তত্ত্বৰ সংমিশ্ৰণেৰে এক ঐক্যবদ্ধ তত্ত্বৰ ধাৰণা আগবঢ়াইছে। গৱেষক দলটোৱে দাবী কৰিছে যে আইনষ্টাইনৰ স্থান-কালৰ ধাৰণা আৰু কোৱাণ্টাম বলবিজ্ঞান ইয়াত একত্ৰিত হৈ আছে। ইতিমধ্যে তেওঁলোকে এই বিষয়ত "পোষ্ট-কোৱাণ্টাম থিয়ৰী অফ ক্লাছিকেল গ্রেভিটি’' শীৰ্ষক দুখনকৈ গৱেষণা পত্ৰও "নেচাৰ কমিউনিকেচনছ আৰু ফিজিকেল ৰিভিউ" নামৰ জাৰ্নেলত প্ৰকাশ কৰিছে। 

Saturday 25 November 2023

আৱিষ্কাৰৰ আঁৰৰ সপোনবোৰ

আমি প্ৰায়ে “সপোনত পোৱা ঔষধ” বুলি এষাৰ কথা শুনি আহিছো। ই এক বিতৰ্কিত বিষয় হ'লেও এইটো সচাঁ যে আধুনিক সভ্যতাৰ বহুতো উদ্ভাৱন বা আৱিষ্কাৰ সপোনৰ জৰিয়তে সম্ভৱ হৈছে। এই কথা আৱিষ্কাৰৰ আঁৰৰ বিজ্ঞানীসকলেও স্বীকাৰ কৰি গৈছে। ১৮৮৬ চনত ইংলেণ্ডৰ প্ৰখ্যাত লেখক লুই ষ্টিভেনচনে সপোনতেই তেখেতৰ বিখ্যাত উপন্যাস “দ্যা ষ্ট্ৰেঞ্জ কেছ অব ডাঃ জেকিল এণ্ড মিঃ হাইড”ৰ ধাৰণা বিচাৰি পাইছিল। ঠিক তেনেদৰে বিজ্ঞানী নেইল ব’ৰে পৰমাণুৰ গঠনৰ ধাৰণাটো সপোনত পোৱা বুলি উল্ল্যেখ কৰিছিল। আনকি সৰ্ব কালৰ মহান বিজ্ঞানী আইনষ্টাইনে হেনো এবাৰ সপোনত দেখিছিল তেওঁ যেন পৰ্বতৰ ওপৰৰ পৰা ক্ৰমাৎ নামি আহি আছিল। অৱৰোহনৰ সময়ত তেওঁৰ গতিবেগ লাহে লাহে বৃদ্ধি পাব ধৰিলে। সপোনত তেওঁৰ গতিবেগ ইমানেই বেছি হ’ল যে লাহে লাহে তেওঁ পোহৰৰ গতিবেগৰ সমপৰ্যায়ৰ গতিবেগ লাভ কৰিলে! সেই সময়ত তেওঁৰ চকুৰ আগত যেন গোটেই ব্ৰহ্মাণ্ডখন সংকুচিত হৈ পৰিল! তৰাবোৰৰ আকৃতিৰ পৰিৱৰ্তনে দেখা দিলে। সাৰ পাই উঠি কিছুপৰ ভাবি-গুনি এই গোটেই পৰিঘটনাটোক তেওঁ এক গাণিতিক ৰূপ দিবলৈ চেষ্টা কৰিলে। কালক্ৰমত সেই গাণিতিক ৰূপেই তেখেতৰ বিখ্যাত আপেক্ষিকতাবাদৰ ধাৰণাটিৰ জন্ম দিয়ে।

সপোন সদায়ে মানুহৰ বাবে এক ৰহস্য। এই ৰহস্যৰ যেন শেষ নাই। মগজুৰ জটিল প্ৰক্ৰিয়া সমূহ যিমানেই বিজ্ঞানীসকলে ধৰা পেলাইছে, সিমানেই যেন বিজ্ঞানীসকল এক দুৰ্বোধ্য চক্ৰবেহুৰ মাজলৈ সোমাই গৈ আছে! আমি কিয় সপোন দেখো? সপোনবোৰৰ বাস্তৱ জগতৰ লগত কিবা সংযোগ আছেনে? এনে অনেক প্ৰশ্নই বিজ্ঞানীসকলৰ লগতে সকলো শ্ৰেণীৰ মানুহকেই ভবাই তোলে। প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল। এই ধাৰণা আমাৰ মন মগজুত এনেদৰে সোমাই গৈছে যে আজিও আমাৰ ব্যক্তিগত জীৱনত এটা নিৰাশজনক সপোনে অনাগত দিনবোৰৰ বাবে ভীতি সঞ্চাৰ কৰে। 

১৮৯৯ চনত সৰ্ব্ব প্ৰথমে সপোন সম্বন্ধে যুক্তিপূৰ্ণ ব্যাখ্যা আগবঢ়াইছিল ছিগমণ্ড ফ্ৰয়দে। তেখেতে “ইন্টাৰপ্ৰিটেচন অৱ ড্ৰিম” নামৰ এখন কিতাপখনত প্ৰকাশ কৰা অনুসৰি সপোন হ’ল মানুহৰ অৱদমিত বাসনাৰ গোপন প্ৰকাশ। সপোনেই মানুহৰ অৱচেতন মনৰ বতৰা দিয়ে। ছিগমণ্ড ফ্ৰয়দৰ তত্ব মতে মানুহৰ অচেতন মনটো কামনা, বাসনা আদিৰে পৰিপূৰ্ণ। এই অচেতন মনক সচেতন মনে যুক্তিবাদী বিশ্লেষণৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি ৰাখে। কিন্তু নিদ্ৰামগ্ন অৱস্থাত যেতিয়া সচেতন মন সুপ্ত অৱস্থাত থাকে, তেতিয়া অৱচেতন মনৰ অৱদমিত বাসনাবোৰে সপোন আকাৰে ধৰা দিয়ে। তেখেতৰ মতে, এই সপোনবোৰ যদি সঠিক ৰূপত বিশ্লেষণ কৰা যায় তেন্তে ব্যক্তি এজনৰ মনৰ গোপন কথাবোৰৰ উমান পোৱা সম্ভৱ হৈ পৰে।

১৮৯৮ চনত ফ্ৰয়দে পোন প্ৰথমবাৰলৈ “সপোন”ক ঐশ্বৰিক গণ্ডীৰ পৰা উলিয়াই আনি বৈজ্ঞানিক ভাবে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে। ফ্ৰয়দৰ এই ধাৰণা প্ৰায় ১৯৫০ চন মানলৈ জনপ্ৰিয় হৈ আছিল। পৰবৰ্তী সময়ত, অৰ্থাৎ ১৯৫৩ চনত ইউজিন এচৰেইনক্সি আৰু নাথানেইল ক্লেইটম্যান নামৰ দুজন বিজ্ঞানীয়ে টোপনি আৰু সপোন সম্বন্ধে কিছু যুক্তিপূৰ্ণ গবেষণাৰে এক নতুন দিশৰ সূচনা কৰে। তেওঁলোকৰ মতে মানুহৰ গোটেই টোপনি প্ৰক্ৰিয়াটো সাধাৰণতে পাঁচটা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল - প্ৰথম স্তৰৰ চিলমিল টোপনি (very light sleep), দ্বিতীয় স্তৰৰ পাতল টোপনি (light sleep), তৃতীয় স্তৰৰ গভীৰ টোপনি (deep sleep), চতুৰ্থ স্তৰৰ অতি গভীৰ টোপনি (very deep sleep) আৰু পঞ্চম স্তৰৰ নেত্ৰৰ দ্ৰুত সঞ্চালন টোপনি (Rapid eye movement বা REM sleep) টোপনি। 

এচৰেইনক্সি আৰু ক্লেইটম্যানে এই REM স্তৰটোৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰে। ব্যক্তি এজন নিদ্ৰাৰ সময়ত টোপনিৰ এই স্তৰসমূহ ক্ৰমাগত ভাবে ইটোৰ পাছত সিটোকৈ পাৰ হৈ থাকে। এই গোটেই স্তৰ কেইটা অতিক্ৰম কৰিবলৈ নিদ্ৰাৰত মানুহ এজনক প্ৰায় ডেৰ ঘন্টাৰ পৰা আঢ়ৈ ঘন্টামান সময় লাগে। তেওঁলোকৰ মতে এই REM স্তৰৰ টোপনিৰ সময়তেই মানুহ এজনে সপোনবোৰ দেখে । এইটো স্তৰত দেখা সপোনবোৰ টোপনিৰ পৰা সাৰ পোৱাৰ পাছতো মনত পেলাব পাৰি। অচৰেইনক্সি আৰু ক্লেইটম্যানৰ গবেষণাই প্ৰথমবাৰৰ বাবে সপোনৰ এক বস্তুনিষ্ঠ গবেষণাৰ বাট মুকলি কৰি দিয়ে। 

১৯৭৭ চনত এলেন হবচন্ আৰু ৰবাৰ্ট মেকাৰ্লী নামৰ আমেৰিকাৰ হভাৰ্ড মেডিকেল স্কুলৰ দুজন অধ্যাপকে সপোন সম্বন্ধে “Activation Synthesis hypothesis” বা "সক্ৰিয় সংশ্লেষণ মতবাদ" নামেৰে এটা নতুন মতবাদ আগবঢ়ায়। এই মতবাদ অনুসৰি মানুহৰ মগজুৰ আভ্যন্তৰত অসংখ্য জৈৱ বৈদ্যুতিক পৰিঘটনা ঘটি থাকে। এই বৈদ্যুতিক পৰিঘটনাবোৰ মগজুৰ উপৰি ভাগলৈও বিভিন্ন স্নায়ুৰ জৰিয়তে প্ৰৱাহিত হয়। মগজুটোৰ উপৰিভাগত থকা বিশেষ স্নায়ুকোষবোৰে এই সংকেতবোৰৰ কিছুমান বিশেষ অৰ্থ উলিয়াই লয় আৰু এই অৰ্থবোৰেই নিদ্ৰামগ্ন অৱস্থাত সপোন হিচাবে ধৰা দিয়েহি। হবচন্ আৰু মেকাৰ্লীৰ মতে মানুহৰ মগজুৰ সন্মুখৰ অংশ, অৰ্থাৎ ঠিক কপালখনৰ ভিতৰৰ এক নিৰ্দিষ্ট অংশই মগজুৰ ভিতৰত বিশৃংখল ভাবে উৎপন্ন হোৱা এই জৈৱ বৈদ্যুতিক উত্তেজনাবোৰক সুশৃংখল ভাবে "সপোন" আকাৰে উপস্থাপন কৰে।

ইয়াৰ পৰবৰ্তী পৰ্যায়তো অৰ্থাৎ বৰ্তমানো সপোন সম্বন্ধে বহুতো পৰীক্ষা নিৰীক্ষা আৰু গৱেষণা চলি আছে। তথাপিও আজিলৈকে সপোনৰ সঠিক বিশ্লেষণ কৰিব পৰা হোৱা নাই। সপোন নিজেই যেন এটা ৰূপকথা! সপোনত আৱেগ, অনুভূতি আৰু বাস্তৱৰ মিশ্ৰণ থাকে। সপোনবোৰ যেন এক তাৎক্ষণিক অথচ অবিৰত একোটি আখ্যান, যিবোৰ আমাৰ বাবে কেতিয়াবা বাস্তৱ জীৱনৰ দৰেই জীৱন্ত হৈ উঠে। যদিওবা মানুহে দেখা পোৱা বহুতো সপোন কেৱল কিছুমান খেলিমেলি বিষয়ৰ সংমিশ্ৰণ, কেতবোৰ এনে সপোনো আছে যিবোৰে বিজ্ঞানৰ জটিল কিছুমান সমস্যা সমাধান কৰাৰ পথ প্ৰদৰ্শন কৰিছে। এই সপোনবোৰে পৃথিৱীখনকেই সলনি কৰি দিছে অথবা প্ৰচলিত বহুতো ভ্ৰান্ত ধাৰণাক আমাৰ মনৰ পৰা আঁতৰাই তাৰ ঠাইত প্ৰকৃত সত্যক আমাৰ সন্মুখত দাঙি ধৰাত সহায়ক হৈ পৰিছে। 

বেনজিনৰ গঠন আৰু এটি সপোন: আগষ্ট্ কেকুলে বেঞ্জিনৰ গঠনত কাৰ্বন আৰু হাইড্ৰজেনৰ পৰমাণুবোৰ কেনেদৰে সজ্জিত হৈ থাকে সেই বিষয়ে চিন্তিত হৈ আছিল। এইটো এটা জটিল সমস্যা আছিল, কিয়নো বেনজিনত কাৰ্বন আৰু হাইড্ৰজেন পৰমাণুৰ অনুপাত আন হাইড্ৰ'কাৰ্বন যৌগৰ লগত অমিল। ১৮৬৫ চনৰ এটা শীতৰ নিশা নিজৰ কোঠাত কেকুলে সমস্যাটোৰ ওপৰত কাম কৰিছিল। বহুপৰ ভাবি চিন্তিও তেওঁ সমস্যাটোৰ কোনো সমাধান বিচাৰি নাপালে। ভাগৰুৱা কেকুলে চকীখন জুঁইৰ অলপ কাষলৈ টানি আনি পুনৰ চিন্তাত মগ্ন হ'ল যদিও তেওঁ বহী থকা চকীখনতেই নিদ্ৰাৰ কোলাত ঢলি পৰিল। তেওঁৰ অৱচেতন মনে তেওঁক কঢ়িয়াই লৈ গ'ল সপোনৰ দেশলৈ। সপোনত তেওঁ দেখা পালে পৰমাণুৰ নৃত্য ! নৃত্যৰত পৰমাণুবোৰে লাহে লাহে নিজকে সাপৰ আকৃতিত সজ্জিত কৰিলে আৰু তাৰ পিছত সাপটোৱে ঘূৰি ঘূৰি নিজৰ নেজডাল কামুৰিবলৈ আৰম্ভ কৰিলে…! চিলমিল টোপনিৰ পৰা সাৰ পাই উঠিল কেকুল। সাপটোৰ প্ৰতিচ্ছবি তেওঁৰ চকুৰ আগত নাচিবলৈ ধৰিলে। তেওঁ অনুভৱ কৰিলে যে সপোনৰ সাপটোৱে তেওঁক যেন কাণে কাণে কৈ আছে : "বেঞ্জিনৰ অণুত কাৰ্বন পৰমাণুৰ আঙুঠিৰ দৰে গঠনেৰে সজ্জিত।" লগে লগে কাগজ কলম লৈ কেকুল বহি গ'ল আৰু আৱিষ্কাৰ হ'ল বেঞ্জিনৰ ৰসায়নিক গঠন।

পৰ্যাবৃত্ত তালিকা আৰু মেণ্ডেলিভৰ সপোন: সেই সময়ত ডেমিত্ৰি মেণ্ডেলিভে ৰাসায়নিক মৌলবোৰক সংগঠিত কৰাৰ এক যৌক্তিক উপায় বিচাৰি উলিওৱাত ব্যস্ত আছিল। কেইবামাহ ধৰি তেওঁ এই কামটো সমাধা কৰিবলৈ চেষ্টা কৰি আছিল। ১৮৬৯ চনত তেখেতে কিছুমান কাৰ্ডত তেতিয়ালৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ নামৰ লগতে প্ৰতিটো মৌলৰ গুণাগুণবোৰ লিখি লৈছিল। কিন্তু তেওঁ মৌলবোৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি সেইবোৰক সংগঠিত কৰাৰ কোনো আৰ্হিয়েই বিচাৰি নাপালে। কাৰ্ডবোৰ টেবুলৰ ওপৰত ৰাখি লৰচৰ কৰি থাকোতেই মেণ্ডেলিভ ডেস্কতেই টোপনিত ঢলি পৰে। মেণ্ডেলিভে লিখিছিল : “In a dream I saw a table where all the elements fell into place as required. Awakening, I immediately wrote it down on a piece of paper and I had the periodic table in front of me."

গণিতৰ সপোন আৰু ৰামানুজন : শ্ৰীনিবাস ৰামানুজনৰ অৱদান গণিতৰ জগতত অপৰিসীম। তেওঁ ৩২ বছৰ বয়সতেই ইহলীলা সম্বৰণ কৰে। তেওঁৰ সংক্ষিপ্ত জীৱনকালত তেওঁ বিশুদ্ধ গণিতত প্ৰায় ৪০০০ মান গাণিতিক প্ৰমাণ, অনুমান আৰু সমীকৰণ প্ৰস্তুত কৰিছিল। উপবৃত্তাকাৰ ফাংচন আৰু নাম্বাৰ থিয়ৰীৰ ক্ষেত্ৰত তেওঁৰ ধাৰণা কেৱল শুদ্ধই নাছিল; তেওঁৰ জীৱিত কালচোৱাত তেওঁৰ অৱদান সমূহ সেই সময়ৰ আন গণিতজ্ঞৰ তুলনাত বহুত আগবাঢ়ি আছিল। ৰামানুজনৰ সৈতে একেলগে কাম কৰা কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতজ্ঞ গডফ্ৰে এইচ. হাৰ্ডিয়ে কৈছিল যে যদি গণিতজ্ঞসকলক ০ৰ পৰা ১০০লৈ প্ৰতিভাৰ আধাৰত মূল্যাঙ্কন কৰা হয়, তেন্তে তেওঁ নিজে ২৫, জে. ই. লিটলউড ৩০, ডেভিড হিলবাৰ্ট ৮০ আৰু শ্ৰীনিবাস ৰামানুজন ১০০ নম্বৰৰ যোগ্য। এই গৰাকী ৰামানুজনে লিখি গৈছে যে তেওঁৰ পৰম আৰাধ্যা হিন্দু দেৱী নামাক্কালে তেওঁৰ সপোনত আহি জটিল গাণিতিক সমস্যাবোৰ সমাধান কৰাৰ কৌশল দি যায়। ৰামানুজনে লিখিছে : “While asleep, I had an unusual experience. There was a red screen formed by flowing blood, as it were. I was observing it. Suddenly a hand began to write on the screen. It was Goddess Namakkal. I became all attention. That hand wrote a number of elliptic integrals. They stuck to my mind. As soon as I woke up, I committed them to writing.”

মানুহৰ অৱচেতন মনটো অতি শক্তিশালী। যদি সচেতন মনটোৱে চিন্তা কৰি থকা বিষয়টোৰ তথ্যসমূহ গভীৰ ভাবে হৃদয়ঙ্গম কৰি সেইবোৰ স্মৃতি হিচাবে সঞ্চিত কৰে, তেন্তে নিদ্ৰাৰত মানুহৰ অৱচেতন মনত সেইবোৰে দোলা দি পাৰে। আৰু এই অৱচেতন অৱস্থাতেই বা টোপনিৰ আলজালত সপোন দেখা অৱস্থাতেই বহুতো জটিল সমস্যা সমাধানৰ পথ দেখা পোৱা সম্ভৱ। ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ ভিতৰত এনে বহুতো উদাহৰণ আছে যাৰ সমাধান সপোনতেই পোৱা হৈছিল।

- অৰ্চনা দাস, মুৰব্বী অধ্যাপক, প্ৰাণী বিজ্ঞান।



Thursday 26 October 2023

ফুটবল আৰু মোৰ শৈশৱৰ দিনবোৰ



তেতিয়া মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ। ধান কটাৰ পিছত গাঁওৰ খেতি পথাৰবোৰ মুকলি হ'লে আমাক আৰু কোনে পায়! গাঁওৰ কাণসমনীয়া ল'ৰাবোৰ দুইভাগত ভাগ হৈ দুটা দল বনাই আমি ফুটবল খেলো। সেই সময়ত চামৰাৰ ফুটবলবোৰ আমাৰ বাবে বৰ মহঙা সম্পদ আছিল। সেয়ে আমি ৰবাব টেঙা ৰ'দত শুকুৱাই সেইটোকে লৈ আবেলি সময়ত ফুটবল খেলো। আমাৰ লগত একাধিক ৰবাব টেঙাৰ "ফুটবল" মজুত থাকে, কিয়নো সেই টেঙাবোৰ কিছু সময় খেলাৰ পিছত ফাটি গৈছিল অথবা কেতিয়াবা ওচৰৰে বিহলঙনিৰ চোপাৰ মাজত অথবা ঘনকৈ গজি উঠা কাষৰে ঢেকীয়ানী ডৰাৰ মাজত হেৰাই গৈছিল।
ফুটবল খেলাৰ সময়ত কিছুমান আমোদজনক নিজস্ব নিয়মো আমাৰ খেলবোৰত প্ৰযোজ্য হৈছিল। তেনে কিছুমান নিয়ম এনে ধৰণৰ:
ক) খেল শেষ হোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। আমি যেতিয়ালৈ ভাগৰুৱা হৈ নপৰো, তেতিয়ালৈ খেল চলিয়েই থাকিব।
খ) "অফচাইড" ৰুল (নিয়ম) নাই। (আচলতে এই ৰুলটো বুজিও নেপাইছিলোঁ)।
গ) যিটো দল হাৰে, পিছ দিনা সেইটো দলে ৰবাব টেঙা যোগাৰ কৰি আনিব লাগিব।
ঘ) আন চুবুৰীৰ ল'ৰাৰ লগত ফুটবল খেল হ'লে নিজৰ গ'লপোষ্ট দুটাৰ কাষৰ মাটিত দুটা পকা জলকীয়া পুতি থোৱা। (আমাৰ বিশ্বাস আছিল যে জলকীয়া পোতা গ'লপোষ্টৰ দিশত গ'ল নহয়!) এবাৰ দুবাৰ মান আমাৰ লগৰে বীৰেনৰ ককাদেউতাকৰ হতুৱাই ৰবাব টেঙা জাৰিও আনিছিলো।
ঙ) নিজৰ মাজত হোৱা খেলবোৰত সকলোতকৈ ভাল খেলুৱৈ এজনৰ বিপৰীতে আনটো দলে চৰ্ত সাপেক্ষে এজন অতিৰিক্ত খেলুৱৈ অন্তৰ্ভুক্ত কৰিব পাৰে। ইত্যাদি ইত্যাদি।
দিনবোৰ এনেদৰেই আগবাঢ়ি গৈছিল। এনেতে ভাৰতীয় সৈন্য বাহিনীত সেৱা আগবঢ়াই অৱসৰ লোৱা এজন সৈনিক আমাৰ গাঁওলৈ স্থায়ী ভাবে থাকিবলৈ আহিল। তেখেতৰ সৰু ল'ৰাজন আমাৰ বয়সৰেই। সিও আহি আমাৰ লগতে ৰবাব টেঙা গুৰিয়ায়। এদিন ৰবাব টেঙা গুৰিয়াই তাৰ ভৰিখন ফুলি উঠিছিল। বিষ-বেদনাত অস্থিৰ হৈ খেল আধাতে সামৰি সি বহি ৰ'ল। তাৰপিছত কেইবাদিনো তাৰ দেখা দেখি নাই।
এদিন হঠাতে সি হাতত এটা চামৰাৰ নতুন ৩ নম্বৰী ফুটবল লৈ আমি ৰবাব টেঙাৰে ফুটবল খেলি থকা পথাৰত হাজিৰ হ'লহি। আমি আচৰিত হৈ তালৈ চাই ৰ'লো। কাৰো মুখত মাত নাই। কিছুপৰ মৌনতাৰ পিছত আমাৰ লগৰ সমীৰণে দুবাৰ মান সেপ ঢুকি কোনোমতে মাতটো উলিয়াই সুধিলে : ধীৰাজ, তোৰ হাতত থকা বলটো কাৰ অ?
যুদ্ধ জয় কৰি অহা সৈনিকৰ দৰে গৰ্বিত হৈ এক বিশেষ ভংগীত হাতৰ ফুটবলটো মাটিত পেলাই দি সোঁভৰি খন বলটোৰ ওপৰত থৈ সি ক'লে : মোৰ হয়। এতিয়াৰ পৰা আমি এইটোৰেই ফুটবল খেলিম…
তাৰ কথা শেষ হ'বই নেপালে। আমি আনন্দত আত্মহাৰা হৈ চিঞঁৰি উঠিলোঁ। এবাৰ বলটো চুই চাবলৈ আমাৰ মনবোৰে কূটকূটাই আছিল। এইবাৰ সি ফুটবলটো দুইহাতেৰে বুকুৰ ওচৰত তুলি লৈ ক'বলৈ ধৰিলে: এই চামৰাৰ ফুটবলেৰে খেলিবলৈ হ'লে তহতে মোৰ কথা মতে চলিব লাগিব। হ'বনে?
আমি একেস্বৰে চিঞঁৰি উঠিলো : হ'ব!
: থিক আছে তেন্তে। - ধীৰাজে ক'লে।
সিদিনা আৰু আমাৰ আৰু ফুটবল খেলা নহ'ল। চামৰাৰ নতুন ফুটবলটো হাতেৰে লিৰিকি বিদাৰি চাওতেই, নাকৰ ওচৰলৈ তুলি ধৰি তাৰ গোন্ধ লওঁতেই বেলি ডুবু ডুবু হ'ল।
তাৰ পিছদিনাৰ পৰা স্কুলৰ পৰা আহিয়েই নাকে মুখে দুগঢ়াহ গুজি চিধাই খেলপথাৰ। ইতিমধ্যে ফুটবলৰ গৰাকী ধীৰাজে খেলৰ বাবে নতুন নিয়ম বনাইছে। সেইবোৰ সি আমাক এটা এটাকৈ বুজাইছে আৰু আমাক মানিবলৈ বাধ্য কৰাইছে। আমিও মানিবলৈ বাধ্য। ইতিমধ্যে আমি মানি লোৱা নিয়মবোৰ এনেধৰণৰ :
ক) যিহেতু আমাৰ জাৰ্চি নাই, সেয়ে এটা দলে গেঞ্জী পিন্ধি আৰু আনটো দলে খালী গাৰে ফুটবল খেলিব লাগিব। (ধীৰাজৰ দলটোৱে কিন্তু সদায়ে গেঞ্জী পিন্ধিব)।
খ) খেলি থাকোতে যদি বলটো খেলপথাৰৰ পৰা বহু দুৰলৈ গুছি যায়, যিজনে বলটো গুৰিয়াইছিল তেৱেই বলটো আনিব লাগিব।
গ) আপেক্ষিক ভাবে শকত আৱত ল'ৰা কেইজন গ'লৰক্ষক হিচাবে থাকিব লাগিব।
ঘ) ফুটবলত পাম্প দিবলৈ পাল পাতি দুয়োটা দলে প্ৰায় আধা কি:মি: দূৰৰ চাইকেল দোকানলৈ যাব লাগিব।

এতিয়া মনত পৰে চাইকেলৰ চিটত নবহাকৈ (চিটত বহিলে পেডেল ঢুকি নেপাও বাবে) চাইকেলৰ ফ্ৰেইমটোৰ মাজেৰে সোঁভৰিখন সুমুৱাই দি সোঁ পেডেল আৰু বাওঁভৰিখন বাওঁ পেডেলত থৈ চাইকেল চলাই ফুটবলত পাম দিবলৈ কানাই দাৰ চাইকেল দোকানলৈ যোৱাৰ কথা। সেইবোৰৰ দিনৰ স্মৃতিয়ে এতিয়াও আমনি কৰে। এটা জেতুকা বুলীয়া
সপোনৰ দৰে সেই সোনালী শৈশৱক এতিয়াও বান্ধি ৰাখিছো আলফুলে, সযতনে আৰু সংগোপনে……!

Saturday 21 October 2023

অচিৰেই মহাকাশত ভাৰতীয় মহাকাশচাৰী


উৎক্ষেপণৰ প্ৰাৰম্ভিক বাধা অতিক্ৰম কৰি আজি দূৰ্গা সপ্তমীৰ দিনা ৰাতিপুৱা ১০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে ভৱিষ্যতে মহাকাশলৈ মানুহ কঢ়িয়াই নিবলগীয়া গগনযানৰ জটিল "ক্ৰু-এস্কেপ" ব্যৱস্থাৰ সফল পৰীক্ষা সম্পন্ন কৰে।

২০২৫ চনৰ ভিতৰত ভাৰতে মানুহক মহাকাশলৈ প্ৰেৰণ কৰাৰ দিশত ইছৰোৰ এই পৰীক্ষামূলক প্ৰক্ষেপণ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। গগনযানৰ TV-D-1 নামৰ এই অভিযানৰ মূল উদ্দেশ্য আছিল লঞ্চ ভেহিক'ল, ক্ৰু-এস্কেপ আৰু ক্ৰু মডিউলৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা। কাৰিকৰী বিসংগতিৰ বাবে পুৱা ৮ বজাত উৎক্ষেপণ হ'ব লগীয়া এই পৰীক্ষামূলক প্ৰক্ষেপন ইছৰোৱে দুঘণ্টা পলমকৈ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতীয় মহাকাশ বিজ্ঞানক আৰু এঢাপ আগুৱাই লৈ গ'ল। উৰণৰ মাত্ৰ ৯ মিনিটৰ পিছতেই গগনযানৰ ক্ৰু-মডিউলে সফলতাৰে শ্ৰীহৰিকোটাৰ পৰা আঁতৰৰ বঙ্গোপসাগৰৰ মাজত সফলতাৰে অবতৰণ কৰে। তাৰপৰা ভাৰতীয় নৌসেনাৰ জোৱান সকলে গগনযানৰ ক্ৰু-মডিউলটো সংগ্ৰহ কৰি মাদ্রাজ (চেন্নাই)ৰ বন্দৰলৈ অনাৰ প্ৰস্তুতি চলাইছে।

ইছৰোৰ বিজ্ঞানীসকলে কয় যে মহাকাশত উৎপন্ন হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিত দেশীয় ভাবে তৈয়াৰ কৰা এই উন্নত প্ৰযুক্তিয়ে মহাকাশচাৰীসকলৰ জীৱন ৰক্ষা কৰিব পাৰিব। এই প্ৰণালীত, মহাকাশচাৰীসকল ৰকেটৰ সৈতে সংযোজিত এটা বিশেষ মডিউলৰ ভিতৰত থাকিব। যদিহে ৰকেটত কোনো বিসংগতিয়ে দেখা দিয়ে, মডিউলৰ লগত সংলগ্ন কম্পিউটাৰৰ মনিটৰত ইয়াৰ তথ্য প্ৰকাশ হ'ব আৰু মহাকাশচাৰীসকলে তৎক্ষণাৎ এই মডিউলটো মূল মহাকাশযানখনৰ পৰা পৃথক কৰি সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব পাৰিব। পৰীক্ষাৰ সময়ত এইটোও নিৰীক্ষণ কৰা হৈছিল যাতে এই প্ৰযুক্তিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰৰ যিকোনো উচ্চতাত এই "ক্ৰু এস্কেপ চিষ্টেম"টোৱে নিখুঁতভাৱে কাম কৰিব পাৰে।

গগনযানৰ এই যাত্ৰা তিনিটা পৰ্যায়ত সম্পন্ন হ’ব। ইয়াৰ প্ৰথম দুটা মানৱবিহীন আৰু অন্তিমটো মিছন ভাৰতীয় মহাকাশচাৰীৰ মহাকাশত পদাৰ্পন। ২০২৫ চনৰ এই বিশেষ অভিযানটো মহাকাশ বিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুঁটি হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) পৃথিৱীৰ সৰ্বনিম্ন কক্ষপথত এটা মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে আৰু তাৰবাবে যাৱতীয় কাম কাজো আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দৰে ভাৰতৰো মহাকাশত নিজাকৈ এটা মহাকাশ কেন্দ্ৰ থাকিব। ইছৰোৰ বিজ্ঞানীসকলৰ এই প্ৰচেষ্টা সফল হওঁক।

Thursday 28 September 2023

ডেড ম্যেনচ্ ফিংগাৰ


এই পৃথিবীত বিচিত্রতাৰ অভাৱ নাই। পৃথিৱীৰ বিভিন্ন প্রান্তত অলেখ বিচিত্ৰ প্ৰাণী আৰু উদ্ভিদ আছে। তেনে এবিধ ৰহস্যময় যেন লগা বিচিত্ৰ মাছৰুমৰ দৰে ছত্ৰাকাৰ ভেঁকুৰৰ এটা প্ৰজাতি হ'ল - "ডেড ম্যানচ ফিঙ্গাৰ" বা "মৃত মানুহৰ আঙুলি"! এই ভেঁকুৰৰ প্ৰজাতিটোৰ বৈজ্ঞানিক নাম হ'ল - "জাইল'ৰিয়া পলিমৰফা"। ডাঙৰ গছৰ ফাঁকে ফাঁকে, কোনো স্তম্ভৰ দাঁতিত অথবা মাটিতেই সহজে গজি উঠে এই মৃত মানুহৰ আঙুলিবোৰ। থিক যেন দীর্ঘ দিন ধৰি সংৰক্ষণ কৰি ৰখা কোনো মানুহৰ মৃতদেহ এটাৰ হাত অথবা ভৰিৰ আঙুলিকেইটা!!  আমেৰিকা, ব্রিটেইন আৰু আয়াৰলেণ্ডত সততে এনে ধৰনৰ ছত্ৰাকাৰ ভেঁকুৰৰ প্ৰজাতিটো দেখা পোৱা যায়।

"মৃত মানুহৰ আঙুলি"ৰ আটাইতকৈ চিনাকি ৰূপটো ক’লা আৰু ইয়াৰ ভিতৰৰ অংশখিনি বগা। ই প্ৰায় ১.৫ৰ পৰা ৪ ইঞ্চি মান দীঘল। এই ভেঁকুৰবোৰ অকলশৰীয়াকৈ অথবা থুপ খাই থকা অনিয়মিত আকৃতিৰ আঙুলিৰ দৰে দেখা যায়। বসন্ত কালৰ আৰম্ভনিত এই ভেঁকুৰ বিধ শেঁতা ৰঙৰ হয় যদিও লাহে লাহে ইয়াৰ ৰং প্ৰায় নীলা ৰঙৰ হয়। 

এই বিধ ভেঁকুৰৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকটো চাব পাৰে 👇

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3416365/

Sunday 17 September 2023

মহাকাশ দূৰ্ঘটনাত ছ'য়ুজ-১১


সিদিনা ১৯৭১ চনৰ ৩০ জুন। কাজাখস্তানৰ সমতল এটুকুৰা অঞ্চলত ছোভিয়েট ইউনিয়নৰ ছ’য়ুজ-১১ মহাকাশযানখনে কিছু সময় পিছতেই অৱতৰণ কৰিব। পশ্চিম ক্ৰিমিয়াৰ য়েভপাটৰিয়াত থকা মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰত ছোভিয়ট বিজ্ঞানীসকলৰ অভাৱনীয় ব্যস্ততা। 

তিনিজন ছোভিয়েট মহাকাশচাৰী ক্ৰমে জৰ্জি ডব্ৰ’ভলস্কি, ভ্লাডিস্লাভ ভ'লক'ভ আৰু ভিক্টৰ পাটাছায়েভে ইতিমধ্যে ছাল্যুট-১ মহাকাশকেন্দ্ৰত অভিলেখ সৃষ্টিকাৰী সময়ৰ অতিবাহিত কৰি পৃথিৱীলৈ নামি আহিছে। এই সময়চোৱাত তেওঁলোকে মহাকাশত মানুহৰ চলন-ফুৰণ আৰু বাসস্থান সম্পৰ্কে বহুতো পৰীক্ষা-নিৰীক্ষা কৰিছিল। 

১৯৭১ চনৰ ৬ জুনত ছয়ুজ-১১ নামৰ এই অভিযানটো উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ দুবছৰ পূৰ্বে এপ’ল’-১১ চন্দ্ৰত অৱতৰণ কৰাৰ সময়লৈকে মানুহে মহাকাশত কটোৱা আটাইতকৈ বেছি সময় আছিল মাত্ৰ দুসপ্তাহ। কিন্তু এই ছোভিয়েট মহাকাশচাৰীৰ দলটোৱে ২৩ দিন মহাকাশত পৰিক্ৰমা কৰি মানুহৰ মহাকাশ উৰণৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়ি পৃথিৱীলৈ উভতি আহিছিল।

মহাকাশ যানখনে পৃথিৱীৰ চৌদিশৰ পাৰ্কিং অৰবিটৰ পৰা ধৰাৰ বুকুলৈ পুনৰ প্ৰৱেশ কৰাৰ লগে-লগে পশ্চিম ক্ৰিমিয়াৰ য়েভপাটৰিয়াত থকা মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ ছোভিয়ট বিজ্ঞানীসকল অতিকৈ ব্যস্ত হৈ পৰিছে। নিয়ম অনুসৰি ছ'য়ুজ-১১ৰ মহাকাশচাৰী সকলে ডেচেণ্ট মডিউলটো উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ "কভাৰেজ জ’ন"ত প্ৰৱেশ কৰাৰ লগে-লগে পৃথিৱীলৈ এটা "ৰান কমেণ্টৰী" দিব লাগে। কিন্তু তেওঁলোকৰ পৰা কোনো বাৰ্তা অহা নাই। উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলৰ মুখমণ্ডলত চিন্তাৰ চিন। 

পলম নকৰি মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ ছোভিয়ট বিজ্ঞানী আলেক্সেই য়েলিচেভেভে ছ’য়ুজ-১১ মহাকাশযানখনৰ মহাকাশচাৰী ভ্লাডিস্লাভ ভ'লক'ভলৈ বাৰ্তা প্ৰেৰণ কৰে। কিন্তু মহাকাশ যানখনৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলে কিন্তু তেওঁলোকৰ কম্পিউটাৰৰ বৃহৎ স্ক্ৰীনত স্পষ্টকৈ দেখি আছে যে ছ’য়ুজ-১১ যানখন নিৰ্ধাৰিত গতিবেগত পূৰ্বপৰিকল্পিত অৱতৰণ স্থান অভিমুখে সঠিক ভাৱেই আগবাঢ়ি আছে। 

কিংকর্তব্যবিমূঢ় হৈ পৰা উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলে ছ’য়ুজ-১১ মহাকাশযানখনৰ মহাকাশচাৰী ভ্লাডিস্লাভ ভ'লক'ভলৈ পুনৰ বাৰ্তা প্ৰেৰণ কৰিলে। কিন্তু অসাৰ। মহাকাশযান খনৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। বৰং তাৰ কিছুসময় পিছতেই মহাকাশচাৰী সকলক কঢ়িয়াই অনা মডিউলটো কাজাখস্তানৰ মূল চহৰৰ পৰা প্ৰায় ৫৬ কি:মি: দক্ষিণ-পশ্চিমৰ সমতল অঞ্চল এটুকুৰাত অৱতৰণ কৰে।

লগে লগে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয়। প্ৰায় ২০ মিনিট সময় ধৰি উৰণ কেন্দ্ৰটোত কেৱল মৌনতা। উদ্ধাৰকাৰী দলটোৰ সদস্যসকলে লেণ্ডিং মডিউলটোৰ পিনে দৌৰি গৈ দেখে যে তিনিওজন মহাকাশচাৰীৰ  মৃতদেহ নিজৰ নিজৰ আসনত বেল্টেৰে বান্ধি থোৱা অৱস্থাতেই আছে। 

দূৰ্ঘটনাৰ সবিশেষ জানিবলৈ লগে লগে বিজ্ঞানীসকল লাগি গ'ল। পিছত জনা গ'ল যে মহাকাশযানখনৰ মডিউলটোত মাৰাত্মক "কেবিন ডিপ্ৰেচাৰাইজেচন" ঘটিছিল। অৰবিটেল মডিউল আৰু ডেচেণ্ট মডিউলৰ মাজত অৱস্থিত এটা "ব্ৰেথিং ভেণ্টিলেচন ভালভ" অজ্ঞাত কোনো কাৰণত খোল খাইছিল। তাৰ ফলত "ৰেট্ৰ'ফাইয়াৰ"ৰ প্ৰায় ৭২৩ ছেকেণ্ডত পাছত মডিউল দুটা পৃথক হয় যদিও নিৰ্গমনৰ বলৰ ফলত চাপৰ সমতা ৰক্ষাকাৰী ভালভৰ এটা ছীল উন্মুক্ত হৈ পৰিছিল। পৃথিৱীৰ পৰা ১৬৮ কি:মি: উচ্চতাত যেতিয়া ভালভটো খোল খায়, তেতিয়া ক্ৰমান্বয়ে মডিউলৰ ভিতৰৰ চাপ কমি যাবলৈ ধৰে। এনে পৰিস্থিতিত প্ৰায় ৩০ ছেকেণ্ডৰ ভিতৰতে মহাকাশচাৰী সকলৰ বাবে মডিউলটোৰ ভিতৰত অসহনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ৰেট্ৰ’ফাইয়াৰৰ ৯৩৫ ছেকেণ্ড পিছত কেবিনৰ চাপ শূন্যলৈ নামি আহে যেতিয়া মহাকাশ যানখন বায়ুমণ্ডলত প্ৰৱেশ কৰে, লগে লগে চাপ বৃদ্ধি হ’বলৈ ধৰে। এনে পৰিস্থিতিত তিনিওজন মহাকাশচাৰীৰ মৃত্যু হয়।

Friday 8 September 2023

মাধ্যাকৰ্ষণ বলে পোহৰক বেঁকা কৰিব পাৰেনে?

 


মাধ্যাকৰ্ষণ বলে পোহৰক বেঁকা কৰিব পাৰেনে? অতি বিশাল ভৰযুক্ত নক্ষত্ৰ বা কৃষ্ণগহ্বৰে পোহৰক সঁচাকৈয়ে আকৰ্ষণ কৰেনে? বিজ্ঞানীসকলৰ মতে বিশাল নক্ষত্ৰ বা কৃষ্ণগহ্বৰে পোহৰক বেঁকা কৰিব নোৱাৰে, বৰং পোহৰ সদায় সৰল ৰৈখিক দিশেৰেই গতি কৰে। অতি শক্তিশালী মাধ্যাকৰ্ষণ ক্ষেত্ৰ এখনৰ প্ৰভাৱত পোহৰে যাতায়ত কৰা পথটোহে স্থান-কালৰ বক্ৰতাৰ  বাবে বেঁকা হয়। 

বন্দুকৰ গুলী এটা বন্দুকৰ নলীটোৰ মাজেৰে সদায় পোন পথেৰে আগবাঢ়ে। ধৰি লোৱা হ'ল যে বন্দুকৰ নলীটো “U" আকৃতিৰ অথবা সামান্য বেঁকা। তেনে ক্ষেত্ৰত গুলীটো সৰল ৰৈখিক দিশেৰে যাত্ৰা কৰাৰ সলনি বন্দুকৰ নলীটোৰ বেঁকা বা “U" আকৃতিৰ বক্ৰ পথেৰেই আগবাঢ়ি যাব। কিন্তু গুলীটোৰ দৃষ্টিকোণৰ পৰা চালে গুলীটো সদায় সৰল ৰৈখিক দিশতেই গতি কৰি থাকিব।

সকলো বস্তুকে গতিৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন, পোহৰৰ ক্ষেত্ৰতো একেই কথা। পোহৰ মহাকাশ বা বায়ুশূণ্য মাধ্যম এটাৰ মাজেৰে যাত্ৰা কৰে। আৰু এই মহাকাশ সাধাৰণতে এক সমতল ক্ষেত্ৰ। কিন্তু বিশাল ভৰৰ কোনো মহাজাগতিক বস্তু যেনে বিশালাকাৰ নক্ষত্ৰ বা কৃষ্ণগহ্বৰৰ মাধ্যাকৰ্ষণে ইয়াৰ চৌপাশৰ স্থান আৰু কালক বক্ৰ কৰি তোলে। এনে বক্ৰ স্থানৰ মাজেৰে পোহৰ পাৰ হৈ গ'লে পোহৰক বেঁকা হৈ পৰা যেন লাগে। ইয়াত পোহৰৰ সলনি আপুনি বা মই যদি পোহৰৰ দৰে গতি কৰিলোহেতেন, তেন্তে আমি এনে অনুভব কৰিলোহেতেন যে আমি এটা পোন বা সৰল ৰৈখিক পথেৰেই গৈ আছো। স্থান-কালৰ বক্ৰতা আমি অনুভবেই নকৰিম।

বহুতেই ভাবে যে মাধ্যাকৰ্ষণ শক্তিৰ বাবে পোহৰ বেঁকা হয়। আচলতে এইটো এটা ভুল ধাৰণা। পোহৰৰ মৌলিক কণা হ’ল ফ’টন আৰু ইয়াৰ ভৰ শূন্য। শূন্য ভৰৰ বস্তু এটাৰ ওপৰত মাধ্যাকৰ্ষণৰ কোনো প্ৰভাৱ নপৰে। কোনো বস্তু মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা আকৰ্ষিত হ’বলৈ হ’লে ইয়াৰ ভৰ থাকিবই লাগিব। যিহেতু পোহৰৰ ভৰ নাই, সেয়েহে পোহৰে ৩ লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড বেগত যাত্ৰা কৰিব পাৰে। পোহৰৰ এই অবিশ্বাস্য বেগৰ একমাত্ৰ কাৰণটোৱেই হ’ল যে পোহৰৰ কোনো ভৰ নাই।

কোনো বস্তুৰ ভৰৰ বাবে মহাকাশ (স্থান-কাল) বক্ৰ হ’লে সেই বক্ৰতাই মাধ্যাকৰ্ষণ। এই দিশৰ পৰা চালে মাধ্যাকৰ্ষণ শক্তিয়ে পোহৰৰ পথটোহে বেঁকা কৰে। মহাজাগতিক কোনো বস্তুটোৰ ভৰৰ বাবে মহাকাশত সৃষ্টি হোৱা বক্ৰতাইহে মূলতঃ পোহৰৰ পথটো বেঁকা কৰে, পোহৰ নহয়।

Wednesday 28 June 2023

সময়বিহীন ব্ৰহ্মাণ্ডৰ খেলিমেলি চিন্তা


বিগবেঙৰ আগত সময় আছিল নে? অৰ্থাৎ সময়ৰ আৰম্ভণিৰ আগত "সময়" আছিল নে? এৰা, বৰ বিভ্ৰান্তিকৰ প্ৰশ্ন। যুক্তিৰ সহায়ত বিশ্লেষণ কৰি চালে প্ৰশ্ন দুটা অবান্তৰ যেনেই লাগে। কাৰণ "বিগবেঙৰ আগত" শব্দ দুটাৰে বিগবেঙৰ আগৰ সময়চোৱাৰ কথাকেই বুজাবলৈ চেষ্টা কৰা হৈছে। সময়ৰ আৰম্ভণিৰ "আগত" কি আছিল সেই বিষয়ে কেনেকৈ ক'ব পাৰি? বিশেষ কিবা এটা ঘটনা, আন কোনোবা এটা ঘটনাৰ "আগত" থাকিবলৈ হ’লে, সময়ৰ স্থান নিৰ্ধাৰণ কৰিব লাগিব। তাৰপিছতহে সেই দুটা নিৰ্দিষ্ট "সময়"ৰ তুলনা কৰি চাই নিৰ্ধাৰণ কৰিব পাৰি কোনটো ঘটনা প্ৰথমে সংঘটিত হৈছিল।

আমি সময়ৰ পিছলৈ কিমান উভটি যাব পাৰো তাৰো এটা সীমা আছে। আমি সময়ৰ একেবাৰে আৰম্ভণিটোকেই "বিগ বেং" বুলি কওঁ কাৰণ তাৰ থিক পিছতেই আৰম্ভ হ'ল স্থানৰ প্ৰসাৰণ। সময়ৰ অবৰ্তমানত কোনো স্থান নাছিল। একেদৰে স্থান অবিহনে সময়ো থাকিব নোৱাৰে। সেয়ে স্থান আৰু কাল (সময়) অভিন্ন। 

তথাপিও মনলৈ প্ৰশ্ন আহে। এই বিশাল বিশ্বব্ৰহ্মাণ্ডত এনে কোনো স্থান আছেনে, য'ত সময়ৰ অস্তিত্বই নাই? বিজ্ঞানীসকলৰ মতে প্ৰকৃতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ সকলো নিয়ম singularity বা "এককতা"ত অস্তিত্ব হীন হৈ পৰে। গতিকে য'ত "এককতা" আছে তাত "সময়" থাকিব নোৱাৰে। এইখিনিতেই মনলৈ প্ৰশ্ন আহিব যে "এককতা" বা singularity মানে কি? এই singularity শব্দটোৱে এলবাৰ্ট আইনষ্টাইনৰ ১৯১৫ চনত প্ৰকাশিত সাধাৰণ আপেক্ষিকতাবাদ তত্বত জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াত singularity বা "এককতা"ই কৃষ্ণগহ্বৰৰ কেন্দ্ৰক বৰ্ণনা কৰে, যিটো অসীম ঘনত্ব আৰু অসীম মাধ্যাকৰ্ষণৰ এক hypothetical বিন্দু যাৰ ভিতৰৰ পৰা কোনো বস্তুৱেই কেতিয়াও বাহিৰলৈ ওলাই আহিব নোৱাৰে, আনকি পোহৰো! 

কৃষ্ণগহ্বৰৰ দৰে ব্যৱস্থা এটাৰ কেন্দ্ৰত প্ৰাকৃতিক বৈশিষ্ট্যসমূহ (যেনে: ঘনত্ব, মাধ্যাকৰ্ষণ আদি) অসীম হৈ পৰিলে এককতাৰ সৃষ্টি হয়। অসীম ঘনত্ব যুক্ত কৃষ্ণগহ্বৰবোৰৰ কেন্দ্ৰত যিহেতু স্থানৰ সংকোচন অসীম, সেয়ে তাত সময়ৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে বিজ্ঞানীসকলে কয় যে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত লুকাই থকা কৃষ্ণগহ্বৰবোৰ এনে কেতবোৰ ব্যৱস্থা য'ত সময়ৰ কোনো অস্তিত্বই নাই! অৱশ্যে বিজ্ঞানৰ জগতত সততে আলোচনা হৈ থকা এই hypothetical "এককতা" আমাৰ সভ্যতাই এতিয়াও ঢুকি পোৱা নাই।

সময়বিহীন বিশ্বব্ৰহ্মাণ্ড এখন কেনেকুৱা হ'ব পাৰে? সঁচাকৈয়ে সময়বিহীন ব্ৰহ্মাণ্ড আছেনে? এয়া কল্পনা কৰাটোও কঠিন। সময় কি আমি আজিও ভালদৰে বুজি উঠা নাই। সময় অবিহনে কোনো ধৰণৰ গতিয়েই সম্ভব নহয়। একেদৰে সময় অবিহনে পদাৰ্থ আৰু স্থানো সৃষ্টি হ’ব নোৱাৰে। অৰ্থাৎ পোহৰেও গতি কৰিব নোৱাৰে। যিহেতু পোহৰ অবিহনে আমি একোৱেই দেখা নাপাওঁ, সেয়েহে সময় অবিহনে আমাৰ চৌপাশে হয়তো থাকিব কেৱল এক কল্পনাতীত শূণ্যতা আৰু সম্পূৰ্ণ স্থবিৰতা!

Friday 23 June 2023

চন্দ্ৰযান-৩ : পুনৰ জোনবাইৰ দেশলৈ


সকলো ঠিক থাকিলে অহা ১২ জুলাই, ২০২৩ তাৰিখে জোনবাইৰ বুকুলৈ উৰা মাৰিব ভাৰতৰ চন্দ্ৰযান-৩। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা "ইছৰো"ৰ বিজ্ঞানীসকল সম্প্ৰতি এই অভিযানৰ বাবে প্ৰস্তুত কৰি তোলা "লেণ্ডাৰ"খন মূল মহাকাশ যানখনৰ সৈতে একত্ৰিত কৰাৰ কামত ব্যস্ত। ইছৰোৰ অভিযানত ভাৰতৰ আটাইতকৈ গধুৰ ৰকেট, জিঅ’চিনক্ৰ’নাছ লঞ্চ ভেহিকেল মাৰ্ক-৩ (GSLV Mark-3) নামৰ উৎক্ষেপক যানখনে ভাৰতৰ কৌটি কৌটি জনতাৰ হেপাহৰ চন্দ্ৰযান-৩ক জোনবাইৰ বুকুলৈ কঢ়িয়াই নিব।

চাৰি বছৰ পূৰ্বে ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰ অভিযানৰ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে চন্দ্ৰযান-২ জোনবাইৰ বুকুত অৱতৰণ কৰোৱাৰ উদ্দেশ্যৰে প্ৰেৰণ কৰা হৈছিল। সেই মহাকাশযানখনত আছিল এখন লেণ্ডাৰ আৰু এখন ৰ'ভাৰ। লেণ্ডাৰখনৰ নাম আছিল বিক্ৰম। প্ৰজ্ঞান নামেৰে পৰিচিত আছিল ৰ'ভাৰখন। চন্দ্ৰযান-২ক জোনবাইৰ দক্ষিণ মেৰুত অৱতৰণ কৰোৱাৰ কথা আছিল। পৰিকল্পনা আছিল - অৱতৰণ কৰাৰ থিক পিছতেই বিক্ৰম লেণ্ডাৰখন চন্দ্ৰযান-২ৰ পৰা ওলাই আহিব আৰু প্ৰজ্ঞান ৰ'ভাৰখন জোনবাইৰ বুকুলৈ নমাই আনিব। 

কিন্তু, ২০১৯ চনত ইছৰোৰ বিজ্ঞানীসকলৰ এই চন্দ্ৰ অভিযান অভিযান ব্যৰ্থ হয়। লেণ্ডিঙৰ সময়ত চন্দ্ৰযান-২ৰ সৈতে বিজ্ঞানীসকলৰ যোগাযোগ হেৰাই যায়, যাৰ ফলত বিক্ৰম লেণ্ডাৰখন অনিয়ন্ত্ৰিত হৈ জোনবাইৰ বুকুত সজোৰে থেকেচা খাই পৰে। কিন্তু এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ২০১৯ চনৰ ভুলটোৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে। তাৰবাবে চন্দ্ৰযান-৩ৰ অৱতৰণ কৰিবলগীয়া স্থান চন্দ্ৰযান-২ৰ অৱতৰণ স্থানৰ পৰা কিছু দূৰত নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও লেণ্ডাৰ আৰু ৰ'ভাৰৰ অৱতৰণৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ ব্যৱস্থাও গ্ৰহন কৰা হৈছে।

ইছৰোৰ দ্বাৰা সৃষ্ট চন্দ্ৰযান-৩ দৰাচলতে এটা থলুৱা লেণ্ডাৰ মডিউল (এল.এম), এটা প্ৰপালচন মডিউল (পি.এম) আৰু এখন ৰ'ভাৰৰ সংমিশ্ৰণ যাৰ মূল লক্ষ্য হৈছে আন্তঃগ্ৰহ অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি বিকশিত কৰা। ইছৰোৰ মুৰব্বী ড° এছ সোমনাথৰ মতে চন্দ্ৰযান-৩ৰ লেণ্ডাৰে চন্দ্ৰৰ মাটিত সফলতাৰে "লেণ্ডিং" কৰাৰ পিছত ৰ'ভাৰখন জোনবাইৰ মাটিত এলানি ৰাসায়নিক পৰীক্ষা কৰিব। ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকলে লেণ্ডাৰ আৰু ৰ'ভাৰত প্ৰয়োজনীয় ‘পেলোড’ স্থাপন কৰাৰ কাম সম্পন্ন কৰি এই পেলোডসমূহ বাংগালুৰুৰ ইউ.আৰ.ৰাও চেটেলাইট চেণ্টাৰলৈ অনা হৈছে। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰত ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে GSLV Mark-3 নামৰ উৎক্ষেপক যানখন। আৰু কেইদিনমান পিছতেই এই মহাকাশ যানখন চন্দ্ৰযান-৩ক বুকুত বান্ধি লৈ উৰা মাৰিব জোনবাইৰ দেশলৈ। 

আশাকৰো ইছৰোৰ দ্বাৰা জোনবাইত অৱতৰণৰ এই দ্বিতীয় প্ৰচেষ্টা সফল হ'ব আৰু ইতিহাসৰ পৃষ্ঠাত জোনবাইত সফল অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাবে ভাৰত আৰু সমূহ ভাৰতীয়ক আকৌ এবাৰ গৌৰৱাম্বিত কৰিব।

Wednesday 14 June 2023

তিনিটা সূৰ্যৰে এখন সৌৰজগত


তিনিটা সূৰ্য থকা এখন আজব সৌৰজগত। ইয়াৰ নাম HD188753। এই সৌৰজগতখন আমাৰ সূৰ্য্যৰ প্ৰায় ১৫১ আলোকবৰ্ষ আঁতৰৰ "চাইগনাছ" নক্ষত্ৰমণ্ডলত অৱস্থিত।  অতি আচৰিত কথা যে তিনিটা সূৰ্যৰ এই সৌৰজগত খনত মাত্ৰ এটাহে গ্ৰহ আছে। একমাত্ৰ এই গ্ৰহটোৰ নাম HD188753AB বা "টাটুইন"। এই গ্ৰহটো আমাৰ বৃহস্পতি গ্ৰহৰ দৰেই এটা গেছীয় দানব।

টাটুইন নামৰ এই গ্ৰহটো তিনিটা সূৰ্যৰ এই সৌৰজগতখনৰ প্ৰাথমিক বা (সবাতোকৈ উজ্বল) তৰাটোৰ চাৰিওফালে ঘূৰি থাকে। ইয়াৰ লগে লগে সৌৰজগতখনৰ আন দুটা দ্বৈত তৰাও প্ৰাথমিক তৰাটোৰ চৌদিশে ঘূৰি  থাকে। ২০০৫ চনত আৱিষ্কাৰ হোৱা এই তিনি তাৰকাযুক্ত সৌৰজগতখন কেনেকৈ গঢ় লৈ উঠিল, সেয়া বিজ্ঞানৰ বাবে আজিও এক ৰহস্যময় বিষয়।

বৃহস্পতিৰ ভৰতকৈ ১.১৪ গুণ বেছি এই গ্ৰহটোৱে সৌৰজগতখনৰ প্ৰাথমিক তৰাটোক অতি ওচৰৰ কক্ষপথেৰে প্ৰদক্ষিণ কৰি থাকে। প্ৰাথমিক তৰাটোৰ পৰা গ্ৰহটোৰ  দূৰত্ব মাত্ৰ ০.০৪৪৬ জ্যোতিৰ্বিজ্ঞান একক। সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বক এক জ্যোতিৰ্বিজ্ঞান একক বুলি ধৰা হয়। গ্ৰহটোৱে মাত্ৰ ৩.৩ পৃথিৱী দিন বা ৮০ ঘণ্টাত প্ৰাথমিক তৰাটোৰ প্ৰদক্ষিণ সম্পূৰ্ণ কৰে।

HD188753 সৌৰজগত খনৰ তিনিটা সূৰ্য হ'ল  যথাক্ৰমে HD188753A, HD188753B আৰু HD188753C। ইয়াৰ প্ৰথমটো তৰা আমাৰ সূৰ্য্যৰ দৰে হালধীয়া বামন। Hd188753B এটা K-টাইপ তৰা আৰু Hd 188 753C এটা ৰঙা বামন।

অধিক তথ্যৰ বাবে: 👇
https://www.scientificlib.com/en/Astronomy/Stars/HD188753.html

Saturday 10 June 2023

মৃতপ্ৰায় নক্ষত্ৰৰ বুকুত জাহ যোৱা গ্ৰহটো


মৃতপ্ৰায় তৰা এটাই ইয়াৰ চৌদিশে অহৰহ পৰিভ্ৰমণ কৰি থকা গ্ৰহ এটা ক্ৰমে গিলি পেলাইছে। মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আৰু কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন’লজিৰ মহাকাশ বিজ্ঞানীৰ এটা দলে প্ৰথমবাৰৰ বাবে এনে এক বিৰল পৰিঘটনা পৰ্যবেক্ষণ কৰিছে। পৃথিৱীৰ পৰা প্ৰায় ১২ হাজাৰ আলোকবৰ্ষ দূৰত্বত অৱস্থিত একুইলা নক্ষত্ৰমণ্ডলত এই ঘটনা সংঘটিত হৈছে। এই গ্ৰহটো আমাৰ সৌৰজগতৰ বৃহস্পতি গ্ৰহৰ আকাৰৰ সমান।

প্ৰায় ১০ বিলিয়ন বা ১০০০ কৌটি বছৰীয়া ZTF SLRN-2020 নামৰ এই তৰাটো আমাৰ হাতীপটি তাৰকাৰাজ্যৰ একুইলা নক্ষত্ৰমণ্ডলত অৱস্থিত। মৃতপ্ৰায় এই তৰাটোৰ উজ্বলতা ইতিমধ্যে স্তিমিত হৈ পৰিছিল যদিও তৰাটোৱে গ্ৰহটো গিলিবলৈ আৰম্ভ কৰাৰ লগে লগে ই নিজৰ স্বাভাৱিক স্তৰৰ উজ্বলতাতকৈ প্ৰায় ১০০ গুণ অধিক উজ্জ্বল হৈ পৰাত জ্যোতিৰ্বিজ্ঞানীৰ দলটোৱে এই বিশেষ পৰিঘটনাটো পৰ্যবেক্ষণ কৰাৰ সুবিধা লাভ কৰে।

সাধাৰণতে তৰা এটাৰ ইন্ধন যেতিয়া শেষ হয়, তেতিয়া তৰাটোৰ কেন্দ্ৰত নিউক্লীয় সংযোজন বিক্ৰিয়া বন্ধ হৈ যায়। ফলস্বৰূপে তৰাটো ধীৰে ধীৰে ইয়াৰ স্বাভাৱিক আকাৰতকৈ বহু গুণে ডাঙৰ হৈ চৌদিশে প্ৰসাৰিত হ'বলৈ ধৰে। ইয়াৰ ফলত তৰাটোৰ সন্মুখলৈ যি বস্তুৱেই আহে, সেই সকলোবোৰ  বস্তুকেই তৰাটোৱে গিলি পেলায়। 

ভৱিষ্যতে আমাৰ সূৰুযেও সৌৰজগতৰ গ্ৰহবোৰ থিক এনেদৰেই গিলি পেলাব। এই বিৰল পৰিঘটনাটোৱে প্ৰত্যক্ষ ভাবে আমাৰ পৃথিৱীখনৰ ভৱিষ্যতৰ কথাও সোঁৱৰাই দিলে। আগন্তুক ৫ বিলিয়ন বছৰৰ পাছত সূৰ্য্যৰ জীৱন কাল অন্ত পৰিব। সেই সময়ত বিজ্ঞানীসকলৰ মতে আমাৰ সূৰ্যটোও আকাৰত ওফন্দি উঠিব আৰু সৌৰজগতৰ শিলাময় গ্ৰহবোৰ একাদিক্ৰমে গিলি পেলাবলৈ আৰম্ভ কৰিব। বুধ আৰু শুক্ৰ গ্ৰহক ভক্ষণ কৰাৰ পিছত আমাৰ এই ধুনীয়া পৃথিৱীখনো মৃতপ্ৰায় সূৰ্যৰ বুকুত ভষ্মীভূত হৈ  মহাবিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব।

Friday 9 June 2023

পোহৰৰ যাদুকৰী ২১ ছে.মি. তৰংগদৈৰ্ঘ

 

পৰ্যবেক্ষণযোগ্য বিশ্বব্ৰহ্মাণ্ডখনত প্ৰায় ১০^৮০টা পৰমাণু আছে, আৰু ইয়াৰে বেছিভাগেই সৰল হাইড্ৰজেন পৰমাণু যিবোৰ মাত্ৰ এটা প্ৰ’টন আৰু এটা ইলেক্ট্ৰনেৰে নিৰ্মিত। কোৱাণ্টাম ৰূপান্তৰণে (ট্ৰানজিচন) আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বহুতো কাৰ্য পাৰমাণৱিক আৰু আণৱিক স্তৰত নিয়ন্ত্ৰণ কৰে। প্ৰ’টন, নিউট্ৰন আৰু ইলেক্ট্ৰনৰ দৰে পদাৰ্থ কণাবোৰে উমৈহতীয়াকৈ এক নিৰ্দিষ্ট ধৰণে কাম কৰে। ফলস্বৰূপে পৰমাণু আৰু ইয়াৰ উপাদানসমূহে কোৱাণ্টাম বলবিজ্ঞানৰ নিয়ম অনুসৰি নিজকে সজ্জিত কৰিব পাৰে। যেনে, বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সৰল হাইড্ৰজেন পৰমাণুবোৰৰ শক্তিৰ মাত্ৰা কমি গ'লে অৱলোহিত ৰশ্মি, অতিবেঙুনীয়া আৰু দৃশ্যমান ৰশ্মি বিকিৰণ কৰে।

হাইড্ৰজেন পৰমাণুৰ এটা বিশেষ কোৱাণ্টাম ৰূপান্তৰণ আছে য’ত হাইড্ৰজেন পৰমাণু এটাই ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ বিশেষ ধৰণৰ পোহৰৰ বৰ্ণালী নিৰ্গত কৰে। এই পৰিঘটনাটোৱে বিশ্বব্ৰহ্মাণ্ডৰ বুকুত তিৰবিৰাই থকা তৰাবোৰে লুকুৱাই ৰখা বিশ্বব্ৰহ্মাণ্ডৰ অযুত ৰহস্য উন্মোচনৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণ কৰিছে। 

এই যাদুকৰী ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ লগত দুটা কোৱাণ্টাম প্ৰক্ৰিয়া জড়িত হৈ আছে। প্ৰথম কোৱাণ্টাম প্ৰক্ৰিয়াটো অবিৰত আৰু দ্বিতীয় কোৱাণ্টাম প্ৰক্ৰিয়াটো বিচ্ছিন্ন। অবিৰত কোৱাণ্টাম প্ৰক্ৰিয়াই সূৰ্যৰ দৰে তৰাবোৰৰ পৰা নিৰ্গত তৰংগদৈৰ্ঘ্যৰ পোহৰ উৎপন্ন কৰে। পোহৰৰ বিভিন্ন তৰংগদৈৰ্ঘ্য বিশ্লেষণ কৰি এই কোৱাণ্টাম প্ৰক্ৰিয়াবোৰ বুজি পোৱাতো সম্ভৱ। পোহৰৰ এই তৰংগদৈৰ্ঘই তৰাবোৰৰ গভীৰতাত লুকাই থকা তথ্যবোৰ বিজ্ঞানীসকলক যোগান ধৰে। 

পৰমাণুবোৰৰ প্ৰথম শক্তি স্তৰত কেবল দুটা ইলেক্ট্ৰন ধৰি ৰখাটোহে সম্ভৱ। দ্বিতীয় স্তৰটো ২s আৰু ২p কক্ষপথৰে (অৰবিটেল) গঠিত যিয়ে মুঠ আঠটা ইলেকট্ৰণ ৰাখিব পাৰে। অৱশ্যে একে শক্তিৰ স্তৰৰ ভিতৰতো বিভিন্ন ধৰণৰ কক্ষপথৰ মাজত শক্তিৰ পাৰ্থক্য থাকে। প্ৰ’টন আৰু ইলেকট্ৰণ একত্ৰিত হ’লে হাইড্ৰ’জেন পৰমাণুৰ যি কোৱাণ্টাম ৰূপান্তৰণ ঘটে, তাৰফলত ২১ ছে.মি. তৰংগদৈৰ্ঘ্যৰ ফ’টন নিৰ্গত হয়। এই কোৱাণ্টাম ৰূপান্তৰ হ’বলৈ বহু সময় লাগে। 

যেতিয়াই নতুন তৰা সৃষ্টি হয়, তেতিয়াই তৰাটোৰ মূল উপাদান হাইড্রোজেন পৰমাণু আয়নিত হয় আৰু ২১ ছে.মি. তৰংগ দৈৰ্ঘৰ ফোটন কণা বিকিৰণ কৰে। ২১ ছে.মি. তৰংগদৈৰ্ঘ বিকৰণৰ বিষয়টো আমাৰ মহাবিশ্বৰ তাৰকা গঠনৰ ইতিহাস অধ্যয়ন কৰাৰ বাবে তথা বিগ বেং বা মহানাদৰ পিছতেই সৃষ্টি হোৱা হাইড্রোজেন পৰমাণু সম্বন্ধে বিস্তাৰিত অধ্যয়নৰ বাবে অতিশয় উপযোগী।

Wednesday 7 June 2023

মহাকৰ্ষণীয় তৰংগৰ বেগ


প্ৰায় ১৩০ নিযুত বছৰ আগতে মহাবিশ্বৰ কোনোবা এক স্থানত অৱস্থিত এখন তাৰকাৰাজ্যৰ দুটা তৰাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হৈছিল। সংঘৰ্ষটো ইমানেই ভয়ানক আছিল যে ই মহাকৰ্ষণীয় তৰংগৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। সেই সময়ত, নক্ষত্ৰ দুটাৰ বিস্ফোৰণত সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগ আৰু নক্ষত্ৰ দুটাৰ পৰা নিৰ্গত পোহৰে বিশ্বব্ৰহ্মাণ্ডজুৰি একেলগেই ভ্ৰমণ কৰিছিল। 

বিগত ২০২২ চনৰ ১৭ আগষ্টৰ ৰাতিপুৱা ৬:৪১ বজাত মহাকৰ্ষণীয় তৰংগ আৰু নক্ষত্ৰ দুটাৰ পৰা নিৰ্গত পোহৰ একেলগে আহি পৃথিৱীত উপস্থিত হৈছিল। এই পৰিঘটনাটোক "মাল্টিমেচেঞ্জাৰ জ্যোতিৰ্বিজ্ঞান"ৰ আৰম্ভণি হিচাপে গণ্য কৰা হৈছে। জ্যোতিৰ্বিজ্ঞানীসকলে যেন এই মুহূৰ্তটোৰ বাবেই অপেক্ষা কৰি আছিল। 

আমি সকলোৱে জানো যে পোহৰে গতিৰ এক সীমা মানি চলে। এই গতিৰ সীমা প্ৰতি ছেকেণ্ডত প্ৰায় তিনি লাখ কিলোমিটাৰ। ব্ৰহ্মাণ্ডত একোৱেই আজীৱন একে গতিত ভ্ৰমণ কৰিব নোৱাৰে। কিন্তু আমোদজনক ভাৱে, মাধ্যাকৰ্ষণে কিন্তু একে গতিতেই ভ্ৰমণ কৰি থাকিব পাৰে। এসময়ত নিউটনে ভাবিছিল যে সময় সদায় একে গতিতেই আগবাঢ়ে। কিন্তু পিছলৈ আইনষ্টাইনে দেখুৱাইছিল যে সময় আপেক্ষিক। যিকোনো তথ্যৰ গতি সীমিত। তেহেলৈ ই পোহৰ কঢ়িয়াই অনা ফ'টনেই হওঁক বা মহাকৰ্ষণ। 

উইচকনচিন-মিলৱাকি বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানী জুলিয়ান ক্ৰেইটনে কৈছে যে মহাকৰ্ষণীয় তৰংগৰ গতি বিদ্যুতচুম্বকীয় তৰংগৰ গতিৰ সমান কিয়নো এই দুয়োটাই তথ্যৰ গতিত ভ্ৰমণ কৰিব পাৰে। কিন্তু মাধ্যাকৰ্ষণে কিয় পোহৰৰ লগত একে গতিত ভ্ৰমণ কৰে?

ক্ৰেইটনে বৰ্ণনা কৰিছিল যে বৈদ্যুতিক চুম্বক ক্ষেত্ৰ এখনত যেতিয়া ইলেকট্ৰণ এটা জোকাৰ খায়, তেতিয়া ই বৈদ্যুতিক ক্ষেত্ৰখনত এক পৰিৱৰ্তন সৃষ্টি কৰে আৰু এই পৰিবৰ্তনৰ তথ্য পোহৰৰ বেগত বিয়পি পৰে। মাধ্যাকৰ্ষণেও থিক একেধৰণেই কাম কৰে। ইলেকট্ৰণৰ সলনি যদিহে ভৰযুক্ত কণা এটাক মহাকৰ্ষণীয় ক্ষেত্ৰ এখনত জোকাৰি দিয়া হয়, তেন্তে ই মহাকৰ্ষণীয় ক্ষেত্ৰখনৰ এক তাৎক্ষণিক পৰিৱৰ্তন আনিব। ফলস্বৰূপে সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগবোৰো বৈদ্যুতিক ক্ষেত্ৰখনৰ ফোটন কণিকাবোৰৰ বেগতেই গতি কৰিব।

Saturday 22 April 2023

স্পেছএক্সৰ এটি অসফল উৰণ


পৃথিৱীৰ সৰ্ববৃহৎ ৰকেট পৰিবহনকাৰী স্পেচএক্স ৰকেট এটা মাজ আকাশতেই বিষ্ফোৰিত হৈ ধ্বংসস্তুপত পৰিণত হ'ল। টেক্সাছৰ ষ্টাৰবেছৰ পৰা উৎক্ষেপণৰ অলপ পিছতেই মানৱবিহীন স্পেছএক্সৰ ৰকেটটো বিস্ফোৰণত ধ্বংস হৈ পৰিল। এইটো স্পেছএক্সৰ সৰ্ববৃহৎ ৰকেট প্ৰণালীৰ প্ৰথম পৰীক্ষামূলক উৎক্ষেপণ আছিল। স্পেছএক্সৰ ষ্টাৰশ্বিপ হৈছে এক সম্পূৰ্ণ পুনঃব্যৱহাৰযোগ্য পৰিবহন প্ৰণালী। ইয়াৰ জৰিয়তে মহাকাশচাৰী আৰু কাৰ্গো, দুয়োকে পৃথিৱীৰ কক্ষপথ, জোনবাই আৰু আনকি মঙ্গলগ্ৰহলৈও পৰিবহন কৰিব পাৰি। সাম্প্ৰতিক সময়ত স্পেছএক্স পৃথিৱীৰ আটাইতকৈ শক্তিশালী উৎক্ষেপণযান।

বিগত বৃহস্পতিবাৰে বিজ্ঞানীসকলৰ লক্ষ্য আছিল দক্ষিণ টেক্সাছৰ এটা লঞ্চপেডৰ পৰা পৃথিৱীৰ কক্ষপথত স্পেছএক্সক স্থাপন কৰা। কিন্তু "লিফ্ট-অফ"ৰ কেইমিনিটমান পিছতেই উৎক্ষেপন যানখনৰ ইঞ্জিনৰ কিছু অংশই অস্বাভাৱিক আচৰণ কৰে আৰু ৰকেটটোৱে আকাশৰ বুকুত নিয়ন্ত্ৰণহীন ভাৱে ঘূৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই ৰকেটটো মাজ আকাশত বিষ্ফোৰিত হয়। 

স্পেছএক্সৰ স্বত্তাধিকাৰী ইলন মাস্কৰ চূড়ান্ত লক্ষ্য হৈছে মঙ্গল গ্ৰহলৈ মানুহৰ অভিযান। আৰু সেই লক্ষ্যৰ এটা অংশ হ'ল এনে এখন মহাকাশযান নিৰ্মাণ কৰা যিখনে অনায়াসে দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰাৰ লগতে এখন পুনৰ ব্যৱহাৰযোগ্য মহাকাশযান হ'ব। তেনে ধৰণেই স্পেচএক্সৰ চুপাৰ হেভি বুষ্টাৰ আৰু ইয়াৰ ওপৰৰ অংশৰ ষ্টাৰশ্বিপ - এই দুয়োটা অংশই পুনৰ ব্যৱহাৰযোগ্য হিচাপে গঢ়ি তোলা হৈছে। মহাকাশ পৰিভ্ৰমণৰ অন্তত "চফ্ট লেণ্ডিং" বা ধীৰ অৱতৰণৰ জৰিয়তে ই সহজেই পৃথিৱীলৈ উভতি আহিবলৈও সক্ষম। 

বিজ্ঞানীসকলৰ পৰিকল্পনা অনুসৰি পৰীক্ষাৰ সময়চোৱাত স্পেছএক্সৰ ৰকেটটোৱে পৃথিৱীৰ কক্ষপথত স্থাপন হোৱাৰ পিছতেই পৃথিৱীৰ চৌদিশে প্ৰদক্ষিণ কৰি নিৰ্ধাৰিত ভাবেই পিছত প্ৰশান্ত মহাসাগৰৰ বুকুত সফলভাবে অৱতৰণ কৰিব। কিন্তু, ৰকেটটো মেক্সিকো উপসাগৰৰ ওপৰৰ আকাশতেই বিস্ফোৰিত হৈ চৌদিশে সিঁচৰিত হৈ পৰিল। বিজ্ঞানী সকলৰ মতে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰকেটটো স্বয়ংক্ৰিয়ভাৱে মাজ আকাশত বিস্ফোৰিত হৈছিল।

ষ্টাৰশ্বিপৰ পৰীক্ষামূলক উৎক্ষেপণৰ ব্যৰ্থতাই সামান্য বিচলিত কৰিলেও ইলন মাস্কে টুইটযোগে স্পেচএক্সৰ বিজ্ঞানীসকলক অভিনন্দন জনাই লিখিছিল, "কেইমাহমানৰ ভিতৰতেই পৰৱৰ্তী পৰীক্ষামূলক উৎক্ষেপণ কৰা হ'ব। আজিৰ পৰীক্ষামূলক উৎক্ষেপণৰ পৰা বহুত শিকিবলৈ আছে। ইয়াকে মূলধন হিচাপে লৈ আমি আকৌ যাম মহাকাশলৈ……"

Wednesday 29 March 2023

দৃষ্টি ভ্ৰম বা 𝐎𝐩𝐭𝐢𝐜𝐚𝐥 𝐈𝐥𝐥𝐮𝐬𝐢𝐨𝐧


ইংৰাজীত এফাকি কথা আছে - "Seeing is believing"! প্ৰকৃততে, আমি যি দেখো আৰু আমি যি দেখা বুলি বিশ্বাস কৰো, সেয়া সম্পূৰ্ণ দুটা বেলেগ বিষয়। আমাৰ ইন্দ্ৰিয়বোৰে বহিঃজগতৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰে আৰু এইবোৰ আমাৰ মগজুলৈ প্ৰেৰণ কৰে। কিন্তু আমাৰ মগজুৱে কেৱল এই তথ্য সমূহেই লাভ নকৰে। বৰং মগজুৱে বহিঃজগতৰ বিভিন্ন বস্তুসমূহৰ বিষয়ে আমাৰ মনত একোটা ধাৰণাৰো সৃষ্টি কৰে। অৰ্থাৎ মগজুৱে যদি কোনো বস্তু বা বিষয় সম্বন্ধে অসম্পূৰ্ণ তথ্য লাভ কৰে, তেন্তে আমাৰ মগজুত সৃষ্টি হোৱা অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰিবলৈ মগজুৱে তৎক্ষণাত এখন চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত সেই বিষয়টো সম্বন্ধে এটি অপ্ৰকৃত ধাৰণাৰ সৃষ্টি কৰে! এই অপ্ৰকৃত ধাৰণাটোৱেই আমাৰ বাবে এটা Optical Illusion বা "দৃষ্টি ভ্ৰম"।

কিন্তু এনে কিয় হয়? বিজ্ঞানীসকলৰ মতে এয়া বিৱৰ্তনৰ বাবেই সম্ভৱ হৈছে! আমাৰ অতি জটিল জীৱন প্ৰক্ৰিয়া সমূহ সুচাৰু ৰূপে পৰিচালিত হ'বলৈ আমাৰ শৰীৰৰ বিভিন্ন জৈৱিক ক্ৰিয়া সমূহ শৰীৰৰ ভিতৰত অতি দ্ৰুত প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। তাৰ বাবে মগজুৰ বিকাশ অপৰিহাৰ্য। বিৱৰ্তনৰ ফলত বিকাশ লাভ কৰা মানুহৰ মগজুৱে তথ্য হিচাবে লাভ কৰা টুকুৰা টুকুৰ স্নায়ৱিক সংকেতবোৰ একেলগ কৰি দ্ৰুততাৰে কাম কৰিবলৈ বিকশিত হৈছে। তেনে সময়ত যদিহে মগজুত পৰ্যাপ্ত তথ্যৰ যোগান ধৰা নহয়, মগজুৱে সম্পূৰ্ণ নিজৰ চিন্তা শক্তিৰে এই অসম্পূৰ্ণ তথ্যবোৰৰ খালী স্থান পূৰণ কৰে আৰু তৎক্ষণাত তথ্যবোৰ লগ লগাই এখন মনোগ্ৰাহী চিত্ৰ প্ৰস্তুত কৰি আমাৰ মনত এটা অপ্ৰকৃত ধাৰণা আঁকি দি কৰি দৃষ্টি ভ্ৰম সৃষ্টি কৰে। সেয়েহে বিজ্ঞানীসকলে ক'ব খোজে যে "Seeing is believing" কথাটো আংশিক সত্যহে।

পোষ্টটোৰ লগত সংলগ্ন ছৱিখনো এটা দৃষ্টি ভ্ৰম। ইয়াত আপুনি যি অনুভৱ কৰি আছে সেয়া হৈছে ভ্ৰান্ত গতি; এক দৃষ্টি ভ্ৰম, য'ত স্থিৰ প্ৰতিচ্ছবি এখন লৰচৰ কৰি থকা যেন দেখা যায়। ইয়াৰ কাৰণ ৰঙৰ বৈপৰীত্য আৰু বৰ্গক্ষেত্ৰবোৰৰ স্থিতি।

 

Saturday 25 March 2023

জোনবাই আৰু শুক্ৰ গ্ৰহৰ অকালটেচন


২৪ মাৰ্চ, ২০২৩ তাৰিখে জোনবাই শুক্ৰ গ্ৰহৰ সন্মুখেৰে পাৰ হৈ গৈছে, যিটো কেবল এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পৰাহে দৃশ্যমান। জ্যোতিৰ্বিজ্ঞানত এনে পৰিঘটনাক "অকালটেচন" বুলি কোৱা হয়। এই ছবিখন টংলা চহৰত অৱস্থিত আমাৰ ঘৰৰ চোতালৰ পৰা মোবাইলৰ সহায়ত লোৱা। দুয়োটা মহাকাশীয় বস্তুৰ মাজৰ ব্যৱধান অতি দ্ৰুতগতিত বৃদ্ধি হ'ব, আৰু সেয়েহে এই অকালটেচন কেৱল সীমিত সময়ৰ বাবেহে দৃশ্যমান।

 

Tuesday 21 March 2023

ক্ৰু এস্কেপ চিষ্টেম : ইছৰো


মানুহৰ নিৰাপদ মহাকাশ যাত্ৰাৰ বাবে এটা অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ বাবে ভাৰতীয় মহাকাশ সংস্থা বা ইছৰোৱে বিগত ২০১৮ চনৰ পৰা চলাই নিয়া বিশেষ গৱেষণাই বিশ্বৰ মহাকাশ বিজ্ঞানক এক অনন্য মাত্ৰা প্ৰদান কৰিব। ইছৰোৰ বিজ্ঞানী সকলে মহাকাশত হ'ব পৰা সাম্ভাব্য দুৰ্ঘটনাৰ পৰা মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিবলৈ "ক্ৰু এস্কেপ চিষ্টেম" (Crew Escape System) নামৰ এটা মডিউল তৈয়াৰ কৰিছে। মহাকাশত হোৱা যিকোনো জৰুৰীকালীন অৱস্থাত এই "ক্ৰু এস্কেপ চিষ্টেম" নামৰ মডিউলটোৱে মহাকাশচাৰী সকলক ক্ষিপ্ৰতাৰে উৎক্ষেপণ যান বা ৰকেটৰ পৰা সুৰক্ষিত ভাবে ধৰাৰ বুকুলৈ ঘূৰাই আনিব পাৰিব। 

ইতিমধ্যে ইছৰোৱে ইয়াৰ বাবে সফলতাৰে প্ৰথমটো পৰীক্ষা বা "পেড এবৰ্ট টেষ্ট" সফলতাৰে সম্পন্ন কৰিছে। এই পৰীক্ষাৰ সময়ত ৫ ঘণ্টাৰ "কাউণ্ট ডাউন"ৰ অন্তত "ক্ৰু এস্কেপ চিষ্টেম" মডিউলটোৰ লগত ১২.৬ টন ভৰৰ এটা "চিমুলেটেড ক্ৰু মডিউল" ৰাতিপুৱা ৭:০০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰোৱা হৈছিল। পৰীক্ষাটো ৩০০ ছেকেণ্ডৰ বাবে প্ৰগ্ৰেমিং কৰি ক্ৰু মডিউলটো উৎক্ষেপণ কৰা হৈছিল। ৩০০ ছেকেণ্ড পিছতেই এই ক্ৰু মডিউলটো বংগোপসাগৰৰ ওপৰত উৎক্ষেপণ যানৰ পৰা সফলতাৰে বিচ্ছিন্ন হৈ শ্ৰীহৰিকোটাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰৰ বংগোপসাগৰলৈ পেৰাচুটৰ সহায়ত উভতি আহিছিল।

১৯৮৪ চনৰ ৩ এপ্ৰিলত প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ৰাছিয়াৰ মহাকাশযানত মহাকাশলৈ গৈ ইতিহাস ৰচিছিল। ইয়াৰ ৩৪ বছৰৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে ঘোষণা কৰিছিল যে তেওঁলোকে সম্পূৰ্ণ ৰূপে ভাৰতত নিৰ্মিত মহাকাশযানত ভাৰতীয় মহাকাশচাৰী সকলক মহাকাশলৈ প্ৰেৰণ কৰিব। এই মহাকাশ যানক ইতিমধ্যে ''গগনযান" নামেৰে নামাকৰণ কৰা হৈছে।

ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ পৰিণামৰ কথা সৰোগত কৰি ভাৰতীয় মহাকাশচাৰী সকলক কেনেদৰে সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনিব পাৰি তাৰ ব্যৱস্থাৰ কথা চিন্তা কৰিয়েই ইছৰোৱে এই গৱেষণা আৰম্ভ কৰিছিল।

ইছৰোৱে বিজ্ঞানীসকলে দাবী কৰিছে যে যদি মহাকাশত উৎপন্ন হোৱা যিকোনো জৰুৰীকালীন পৰিস্থিতিত দেশীয় ভাবে তৈয়াৰ কৰা এই উন্নত প্ৰযুক্তিয়ে মহাকাশচাৰী সকলৰ জীৱন ৰক্ষা কৰিব পাৰিব। এই প্ৰণালীত, মহাকাশচাৰীসকল ৰকেটৰ সৈতে সংযোজিত এটা বিশেষ মডিউলৰ ভিতৰত থাকিব। যদিহে ৰকেটত কোনো বিসংগতিয়ে দেখা দিয়ে, মডিউলৰ লগত সংলগ্ন কম্পিউটাৰৰ মনিটৰত ইয়াৰ তথ্য প্ৰকাশ হ'ব আৰু মহাকাশচাৰীসকলে তৎক্ষণাৎ এই মডিউলটো মূল মহাকাশযানখনৰ পৰা পৃথক কৰি সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰিব পাৰিব। পৰীক্ষাৰ সময়ত এইটোও নিৰীক্ষণ কৰা হৈছিল যাতে এই প্ৰযুক্তিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰৰ যিকোনো উচ্চতাত এই "ক্ৰু এস্কেপ চিষ্টেম"টোৱে নিখুঁতভাৱে কাম কৰিব পাৰে। এই মডিউলটোৰ দ্বিতীয় লানি পৰীক্ষা অহা মে মাহত সম্পন্ন কৰিবলৈ ইছৰোৱে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইছৰোৰ এই সফলতাই সমগ্ৰ বিশ্বৰ মহাকাশ বিজ্ঞানক নিসন্দেহে এক অনন্য মাত্ৰা প্ৰদান কৰিব।

Saturday 18 March 2023

বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৌশল


বিশ্বব্ৰহ্মাণ্ডৰ বয়স ১৩.৮ ± ০.০২ বিলিয়ন বছৰ। সৌ সিদিনা, অৰ্থাৎ ৬ মিলিয়ন বছৰ আগত হে ক্ৰমবিকাশৰ জখলাত মানুহৰ পূৰ্বপুৰুষ সকলে খোজ দিছিল। তাৰ বহুত পিছত অৰ্থাৎ এতিয়াৰ পৰা মাত্ৰ ২ লাখ বছৰ আগত আদিম মানুহৰ আৱিৰ্ভাৱ। আনহাতে আধুনিক মানৱ সভ্যতা মাথোন ৬০০০ বছৰ পুৰণি। তেনেস্থলত স্বাভাৱিকতেই মনলৈ এটা প্ৰশ্ন আহে যে মাত্ৰ ৬০০০ বছৰ আগত সভ্যতা লাভ কৰা মানুহে এই বিচিত্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰিলেই বা কেনেকৈ?

বিশ্বব্ৰহ্মাণ্ডৰ বয়স মুখ্যতঃ দুই ধৰণে নিৰ্ধাৰণ কৰা হয়। সেইবোৰৰ প্ৰথমটো হ'ল ব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাৰ বয়স নিৰ্ধাৰণৰ দ্বাৰা আৰু দ্বিতীয়টো বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ বেগৰ সহায়ত। 

#আটাইতকৈ_তৰাৰ_বয়স_অনুসৰি অৰ্থাৎ প্ৰথম পদ্ধতিটোত গ্ল'বুলাৰ ক্লাষ্টাৰৰ ভূমিকা তাৎপৰ্যপূৰ্ণ। গ্ল'বুলাৰ ক্লাষ্টাৰবোৰ হ'ল একে ঠাইত একেলগে বাস কৰা বহুতো তৰাৰ সমষ্টি। এনে প্ৰতিটো গোটত কোটি কোটি তৰা থাকে। সূৰ্যৰ ভৰৰ আধা ভৰযুক্ত তৰাবোৰ প্ৰায় ২০ বিলিয়ন বছৰ জীয়াই থাকে। কিন্তু সূৰ্যৰ দৰে এটা তৰা প্ৰায় ১০ বিলিয়ন বছৰ জীয়াই থাকে। একেদৰে সূৰ্যতকৈ দহ গুণ বেছি ভৰযুক্ত তৰাবোৰ মাত্ৰ ২ মিলিয়ন বছৰ মানহে জীয়াই থাকে। তৰাবোৰ যিমানে ডাঙৰ আৰু গধুৰ হয় সিমানেই তৰাবোৰৰ উজ্জ্বলতা বৃদ্ধি হয় কিন্তু জীৱন কাল সিমানেই হ্ৰাস পায়।

এটা গ্ল'বুলাৰ ক্লাষ্টাৰৰ সকলোবোৰ তৰাই প্ৰায় একে সময়তে গঠন হয়। এই তৰাবোৰৰ উজ্জ্বলতা আৰু ভৰ সূৰ্যৰ সৈতে তুলনা কৰি তৰাবোৰৰ বয়স নিৰ্ধাৰণ কৰা হয়। বিজ্ঞানী সকলে গণনা কৰি উলিয়াইছে যে যদি এটা গ্ল'বুলাৰ ক্লাষ্টাৰৰ তৰাবোৰ সূৰ্যতকৈ প্ৰায় ১০০০ গুণ উজ্জ্বল হয়, তেনেহ'লে সেই তৰাবোৰৰ ভৰ সূৰ্যতকৈ প্ৰায় ১০ গুণ বেছি হ'ব। গ্ল'বুলাৰ ক্লাষ্টাৰৰ আটাইতকৈ পুৰণি তৰাবোৰৰ ভৰ সূৰ্যতকৈ ০.৭ গুণ বেছি। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাবোৰৰ বয়স ১২ৰ পৰা ১৪ বিলিয়ন বছৰ পুৰণি হ'ব।

নাছাৰ WMAP (Wilkinson Microwave Anisotropy Probe)ৰ দ্বাৰা ৯ বছৰ ধৰি সংগ্ৰহ কৰা তথ্য অনুসৰি, বিশ্বব্ৰহ্মাণ্ড সৃষ্টিহোৱাৰ প্ৰায় ২০০ নিযুত বছৰ পিছতহে এই তৰাবোৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৰ্থাৎ ব্ৰহ্মাণ্ডৰ আটাইতকৈ পুৰণি তৰাবোৰৰ বয়সৰ লগত ২০০ নিযুত বছৰ যোগ কৰি দিলেই বিশ্বব্ৰহ্মাণ্ডৰ বয়স ওলাই পৰে।

#বিশ্বব্ৰহ্মাণ্ডৰ_সম্প্ৰসাৰণ_বেগৰ ভিত্তিত বয়স নিৰ্ধাৰণ কৌশলটোৰ শ্ৰেয় বিজ্ঞানী এডুইন হাব'লক দিবই লাগিব। সেয়া ১৯২৫ চনৰ কথা। জ্যোতিৰ্বিজ্ঞানী এডউইন হাব'লে প্ৰমাণ কৰি দেখুৱালে যে বিশ্বব্ৰহ্মাণ্ড সঁচাকৈয়ে সম্প্ৰসাৰিত হৈ আছে। আইনষ্টাইনেও তেখেতৰ ভুল স্বীকাৰ কৰি নিজৰ সূত্ৰটো শুদ্ধ ৰূপলৈ আনিব লগিয়া হ'ল! হাব'লৰ সূত্ৰত থকা ধ্ৰুৱকটোৱে  বিশ্বব্ৰহ্মাণ্ডৰ এই সম্প্ৰসাৰণ কিমান দ্ৰুত তাৰ তথ্য দিয়ে। 

বিশ্বব্ৰহ্মাণ্ড গঠন হোৱাৰ সময়ত বিদ্যমান মুক্ত ফ'টনবোৰৰ তৰংগদৈৰ্ঘ্যও বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ সৈতে ক্ৰমে বৃদ্ধি পাইছিল। বিজ্ঞানীসকলে গণনা কৰি পাইছে যে এই তৰংগবোৰ কেতবোৰ  মহাজাগতিক মাইক্ৰ'ৱেভ, যাক "পৃষ্ঠ ভূমি বিকিৰণ" বা কচমিক মাইক্ৰ'ৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েচন (CMBR) বুলি কোৱা হয়। নাছাৰ  মহাজাগতিক পৃষ্ঠভূমি এক্সপ্ল'ৰাৰ (COBI), ৱিলকিনছন মাইক্ৰ'ৱেভ এনাইচোট্ৰপি প্ৰোব (WMAP) আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ "প্লেংক"ৰ অধীনৰ প্ৰকল্পবোৰে বিশ্বব্ৰহ্মাণ্ড কিমান দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে তাৰ তথ্য প্ৰদান কৰিছে।

যিহেতু ব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ লগে লগে স্থানো সম্প্ৰসাৰিত হৈ আছে আৰু কিমান দ্ৰুত গতিত প্ৰসাৰিত হৈছে সেইটোও আমি জানিব পাৰিছো, গতিকে এই তথ্যৰ দ্বাৰা বিজ্ঞানীসকলে সময়ৰ বিপৰীত দিশত ঘূৰি গৈ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰা "বিগ বেং" কেতিয়া হৈছিল তাক নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। যিহেতু বিগ বেং বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক অৱস্থা, সেয়েহে বিশ্বব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰাটোে সম্ভৱ হৈ পৰিছে।

Monday 27 February 2023

মহাকাশত গুলীচালনা


মহাকাশৰ পৰিবেশ পৃথিৱীতকৈ সম্পূৰ্ণ পৃথক। তাত বায়ুমণ্ডল নাই, নাই মাধ্যাকৰ্ষণ বল। অসীমলৈ বিস্তৃত কেৱল নীৰৱতা। পৃথিৱীৰ বুকুত সংঘটিত বিভিন্ন ঘটনাৰাজিৰ ফলাফলৰ দৰে মহাকাশত একে ধৰণৰ ফলাফল পোৱা নেযায়। এনেক্ষেত্ৰত ধৰি লোৱা হওঁক এজন মহাকাশচাৰীয়ে বন্দুকৰ সহায়ত মহাকাশত যদি গুলী চলাই, তেন্তে কি হ'ব? গুলীটো ফুটিবনে? অথবা গুলীটো ক'লৈ যাব বা কিমান দূৰলৈ যাব? 

অক্সিজেন অবিহনে জুই জ্বলিব নোৱাৰে। মহাকাশত যিহেতু অক্সিজেন নাই, গতিকে আমাৰ মনলৈ অহা প্ৰথমটো প্ৰশ্নই হ'ব মহাকাশত বন্দুকৰ গুলী ফুটিবনে? আধুনিক আগ্নেয়াস্ত্ৰবোৰত বিস্ফোৰণৰ স্ফুলিঙ্গ তৈয়াৰ কৰিবলৈ অক্সিডাইজাৰ সামগ্ৰী থাকে। সেয়েহে, মহাকাশত গুলী চালনাৰ ক্ষেত্ৰত কোনো কাৰিকৰী সমস্যা নাই। অৱশ্যে কোনো বায়ুমণ্ডল নথকাৰ বাবে মহাকাশত গুলীচালনাৰ কোনো শব্দ শুনা নাযায়। মাধ্যাকৰ্ষণৰ অতি নিম্নমানৰ বাবে অথবা সম্পূৰ্ণ ভাবে মাধ্যাকৰ্ষণ নথকা বাবে গুলীটো ফুটাৰ পিছত বিস্ফোৰণৰ ধোঁৱাবোৰ তৎক্ষণাত নাইকিয়া নহ'ব আৰু বন্দুকৰ নলৰ সন্মুখত ধোঁৱাৰ এটা গোলক ভাঁহি ৰ'ব বহু সময়লৈ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু ছেটি ইনষ্টিটিউটৰ জ্যোতিৰ্বিজ্ঞানী মাটিজা কুকৰ মতে, মহাকাশত গুলীচালনা কৰাৰ সময়ত নিউটনৰ গতিৰ তিনিটা সূত্ৰৰ উৎকৃষ্ট প্ৰমাণ দেখা যায়। প্ৰথমতে, মহাকাশত বাহ্যিক বলৰ প্ৰভাৱ নথকা বাবে বন্দুকৰ গুলীটো নিৰ্দিষ্ট গতিত সৰল ৰৈখিক ভাবে অব্যাহত থাকিব চিৰকাল। 

গুলীচালনাৰ ফলত বন্দুকৰ ওপৰত নিউটনৰ গতিৰ তৃতীয় সূত্ৰটোৱেও প্ৰভাৱ দেখুৱাব। যিহেতু বন্দুকৰ গুলীটো সন্মুখলৈ তীব্ৰ বেগেৰে ধাৱমান হ'ব, এই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া বলে বন্দুকটোৰ বিপৰীত দিশত সমান পৰিমানৰ বল প্ৰয়োগ কৰিব। যিহেতু বন্দুকটো মহাকাশচাৰীজনৰ হাতত আছে, সেয়ে তেওঁ বন্দুকটোৰ সৈতে মহাকাশত গুলীটোৰ বিপৰীত দিশে গতি কৰিবলৈ আৰম্ভ কৰিব। অৱশ্যে, বন্দুক হাতত লৈ থকা মহাকাশচাৰীজনৰ গতি বন্দুকৰ গুলীটোতকৈ যথেষ্ট কম হ'ব যদিও মাধ্যাকৰ্ষণহীন পৰিবেশত তেওঁক কোনোবাই নৰখালে বা কোনো মহাজাগতিক পদাৰ্থৰ লগত সংঘৰ্ষত পতিত নহ'লে বেচেৰা মহাকাশচাৰীজনৰ এই গতি চলি ৰ'ব অহৰহ।

Friday 24 February 2023

মহাকাশত দুটুকুৰা ধাতুৰ স্পৰ্শ আৰু...

 


আচৰিত হ'লেও এইটো সঁচা যে একে ধৰণৰ ধাতুৰ দুটা সমতল আৰু পৰিষ্কাৰ টুকুৰা যদি মহাকাশত ইটোৰ লগত সিটোক হেঁচি ধৰা হয়, তেন্তে ধাতুৰ টুকুৰা দুটা লগ হৈ এটা টুকুৰা হৈ পৰিব। বায়ুশূণ্য পৰিবেশত ধাতুবোৰৰ পৰমাণুবোৰে ইলেকট্ৰণ ভাগ বতৰা কৰি স্থায়ীভাৱে বান্ধনি তৈয়াৰ কৰি ধাতুৰ টুকুৰা দুটাক সংলগ্ন কৰে। কেৱল চাপ প্ৰয়োগ কৰি এনেদৰে ধাতুৰ দুটা টুকুৰাক সংযোজিত কৰা এই প্ৰক্ৰিয়াক বিজ্ঞানৰ ভাষাত ইয়াকে "কোল্ড ৱেল্ডিং" বা Solid state diffusion বুলি কোৱা হয়।

কোল্ড ৱেল্ডিঙৰ বিষয়ে ধাৰণা কৰিবলৈ আপুনি বৰফৰ দুটা টুকুৰা লৈ এটাক আনটোৰ লগত কিছুপৰ জোৰেৰে হেঁচি ৰাখক। আপুনি দেখা পাব যে বৰফৰ টুকুৰা দুটা ইটোৱে সিটোৰ লগত যুক্ত হৈ পৰিছে। মহাকাশত থিক একে ধৰণৰ পৰিঘটনা দুটুকুৰা ধাতুৰ মাজত দেখা যায়। সাধাৰণতে  ধাতুৰ জ্বালাই বা "ৱেল্ডিঙ"ৰ বাবে উষ্ণতাৰ প্ৰয়োজন। কিন্তু মহাকাশত এই প্ৰক্ৰিয়া উষ্ণতাৰ অবিহনে শীতল পৰিবেশতেই সম্ভৱ হয় বাবে ইয়াক "কোল্ড ৱেল্ডিং" বোলা হয়।

প্ৰায় তিনিশ বছৰ আগতে অৰ্থাৎ ১৭২৪ চনত ৰেভাৰেণ্ড জে. আই. ডেচাগুলিয়াৰ নামৰ এজন বিজ্ঞানীয়ে এটা পৰীক্ষা চলাই থাকোতে "কোল্ড ৱেল্ডিঙ"ৰ প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল। পৰীক্ষাৰ সময়ত তেওঁ দুটা সীহ ধাতুৰ বল হেঁচি ধৰিছিল। কিন্তু তেওঁ মন কৰিছিল যে সীহৰ বল দুটা যেন ক্ৰমান্বয়ে ইটোৰ লগত সিটো সংযুক্ত হৈ পৰিছে।

বৰ্তমান কোল্ড ৱেল্ডিং প্ৰক্ৰিয়াৰ ব্যৱহাৰ ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছে। যিবোৰ বৈজ্ঞানিক গৱেষণাত তাপ প্ৰয়োগ সম্ভৱ নহয়, তেনেবোৰ গৱেষণাত ধাতুৰ জ্বালাইৰ বাবে কোল্ড ৱেল্ডিং একমাত্ৰ সমাধান। তদুপৰি নেনোফেব্ৰিকেচনৰ এটা অতি কাৰ্যকৰী পদ্ধতি হ'ল কোল্ড ৱেল্ডিং। মহাকাশযানত ধৰা পৰা বিসংগতি সমূহৰ নিৰাময়তো কোল্ড ৱেল্ডিং ব্যৱহাৰ কৰা হয়।

পিছে চাপ প্ৰয়োগৰ দ্বাৰা  দুটুকুৰা ধাতুৰ সংযোজীকৰণ কেনেদতে সম্ভৱ? ইয়াৰ আঁৰৰ কাৰণ হৈছে আমি ব্যৱহাৰ কৰা ধাতুবোৰৰ পৃষ্ঠত থকা আয়ন বা মুক্ত ইলেক্ট্ৰন। অধিক চাপ দিয়াৰ ফলত এটুকুৰা ধাতুৰ পৃষ্ঠৰ মুক্ত ইলেকট্ৰণবোৰ আন এটা এটুকুৰা ধাতুৰ মুক্ত ইলেকট্ৰনৰ খুব ওচৰলৈ আহে আৰু ইলেকট্ৰণৰ ভাগ বতৰা কৰি বান্ধনি গঠন কৰে। ইয়াৰ ফলত ধাতুৰ টুকুৰা দুটা লগ লাগি যায়। 


Tuesday 14 February 2023

ইউৰেনাছৰ দুটা জোনবাইৰ সংঘৰ্ষ

 

ইউৰেনাছ প্ৰতি ৮৪ পৃথিৱী বছৰত এবাৰকৈ সূৰ্যক প্ৰদক্ষিণ কৰা বৰফৰ এক দৈত্যকায় গ্ৰহ। এই ৰহস্যময় গ্ৰহটো অপেছাদাৰী দূৰবীণেৰে কেৱল এটা ক্ষুদ্ৰ বিন্দু হিচাপে দেখা পোৱা যায়। ইউৰেনাছৰ এক পাতল আঙুঠি প্ৰণালীত ইয়াৰ ২৭টা জোনবায়ে গ্ৰহটোক প্ৰদক্ষিণ কৰি আছে। কিন্তু আচৰিত কথাটো হ'ল এই যে ইউৰেনাছৰ ২৭টা জোনবাইৰ সংখ্যাটো স্থিৰ নহয়। ইয়াৰ দুটা জোনবাইৰ মাজত নিয়মিত সংঘৰ্ষ হয় আৰু দুয়োটাই ধ্বংসপ্ৰাপ্ত হয়। সংঘৰ্ষত ধ্বংসপ্ৰাপ্ত এই জোনবাই দুটাৰ ধ্বংসাৱশেষ বোৰে পুনৰাই লগ হৈ কালক্ৰমত দুটা নতুন জোনবাই গঠন কৰে। এনেদৰেই ইউৰেনাছৰ জোনবাইৰ সংখ্যা ২৫ৰ পৰা ২৭টাৰ মাজত সময়ানুসৰি সালসলনি হৈ থাকে।

আইডাহো বিশ্ববিদ্যালয়ৰ ৰবাৰ্ট চাঞ্চিয়া আৰু তেওঁৰ সহকৰ্মীসকলে ইউৰেনাছৰ "ইটা" (Eta) আঙুঠিটোৰ ওপৰত গৱেষণা কৰোতে আৱিষ্কাৰ কৰিছিল যে আঙুঠিটোৰ আকৃতি সম্পূৰ্ণৰূপে বৃত্তাকাৰ অথবা ডিম্বাকাৰ নহয়। ইয়াৰ পৰিৱৰ্তে ই ত্ৰিভুজাকাৰ ! এই বিকৃতিৰ কাৰণ হৈছে ক্ষুদ্ৰ ইউৰেনাছৰ ক্ষূদ্ৰ জোনবাই "ক্ৰেচিডা" যাৰ ব্যাস মাত্ৰ ৮২ কিলোমিটাৰ। আঙুঠিটোৰ বিকৃতিৰ পৰিমাণ আৰু আকৃতিৰ ওপৰত আধাৰ কৰি বিজ্ঞানীৰ দলটোৱে "ক্ৰেছিডা"ৰ ভৰ আৰু ঘনত্ব সঠিকভাৱে জোখাত সক্ষম হৈছিল। তেওঁলোকে এই তথ্য সমূহ ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰিছিল যে ক্ৰেচিডা আৰু ইয়াৰ ওচৰৰ ইউৰেনাছৰ আন জোনবাইবোৰৰ মাজত মহাকৰ্ষণীয় আন্তঃক্ৰিয়াৰ অৰ্থ হ'ব ক্ৰেচিডা আৰু ইউৰেনাছৰ আন এটা জোনবাই "ডেচডেমোনা"ৰ মাজত সংঘৰ্ষ আসন্ন।

বৰ্তমান মাত্ৰ ৯০০ কিলোমিটাৰ দূৰত্বত প্ৰদক্ষিণ কৰি থকা ক্ৰেছিডা আৰু ডেচডেমোনাৰ মাজত অহা ৮-৯ লাখ বছৰৰ ভিতৰত সংঘৰ্ষ হ'ব আৰু এই সংঘৰ্ষত এই দুয়োটা জোনবাই ধ্বংসস্তুপত পৰিণত হ'ব। ২০১২ চনত, ছেটি ইনষ্টিটিউটৰ গৱেষক ৰবাৰ্ট ফ্ৰেঞ্চ আৰু মাৰ্ক শ্বোৱাল্টাৰে নিৰ্ধাৰণ কৰিছিল যে এতিয়াৰ পৰা ১০ নিযুত বছৰৰ ভিতৰত ইউৰেনাছৰ আন দুটা জোনবাই "কিউপিড" আৰু "বেলিণ্ডা"ৰ মাজতো একে ধৰণে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে।

Tuesday 10 January 2023

ব্যৰ্থ নক্ষত্ৰ বা বাদামী বামন তৰা




গেছ আৰু ধূলিকণাৰ বিশাল পুঞ্জবোৰৰ সংকোচনৰ ফলত জন্ম হয় একোটি তৰাৰ। এই তৰাবোৰৰ ভৰ অতি বেছি। তৰাবোৰৰ আন এটা প্রধান লক্ষণ হ'ল ইয়াৰ কেন্দ্রৰ নিউক্লিয় ফিউচন বিক্রিয়া আৰু ইয়াৰ মাধ্যমত বিকিৰণ হোৱা পোহৰ আৰু তাপ। কিন্তু বাদামী বামন বা Brown Dwarf তৰাবোৰৰ ভৰ তুলনামূলক ভাবে বহুত কম আৰু সেয়েহে এই তৰাবোৰৰ অভিকর্ষণ চাপে নিউক্লিয় সংযোজন বিক্রিয়া সংঘটিত কৰিব নোৱাৰে। এই ব্যর্থতাৰ বাবে মহাবিশ্বৰ এই বাদামী বামন তৰাবোৰ আন আন তৰাবোৰৰ দৰে নহৈ আপেক্ষিক ভাবে শীতল একোটি গেছীয় পুঞ্জ হিচাবে ৰৈ যায়।


উষ্ণতা কম হোৱা বাবে এই তৰাবোৰ বাদামী ৰঙৰ হয় আৰু সেয়েহে এই ব্যৰ্থ তৰাবোৰক বাদামী বামন বুলিও কোৱা হয়। অন্যান্য প্রধান ক্রমৰ তৰাবোৰৰ দৰেই জীবন আৰম্ভ হয় এই বাদামী তৰাবোৰৰ। প্রধান ক্রম বা Main Sequence নক্ষত্রবোৰৰ ক্ষেত্রত অভিকর্ষীয় চাপে তৰা গঠনকাৰী গেছীয় পিণ্ডটো ভিতৰৰ দিশলৈ অনবৰতে সংকুচিত  কৰি ৰাখে। এই সংকোচনৰ ফলত গেছীয় পিণ্ডটোৰ কেন্দ্রটো হাইড্রোজেনক হিলিয়ামলৈ সলনি কৰা একোটি কাৰষাণালৈ পৰিণত হয়।

কিন্তু বাদামী বামনবোৰৰ অভিকৰ্ষণ বল কম হোৱা বাবে ইয়াৰ কেন্দ্ৰভাগত পৰ্যাপ্ত উষ্ণতা নেথাকে আৰু সেয়েহে হাইড্রোজেনৰ ফিউচন আৰম্ভ হোৱাৰ আগতেই এই তৰাবোৰৰ জীৱনলৈ নামি আহে স্থবিৰতা। একোটা বাদামী বামন তৰা আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ ভৰৰ প্ৰায় 20ৰ পৰা 75 গুণ বেছি হ'ব পাৰে। বৃহস্পতিতকৈ ভৰ অধিক হ'লেও এই বাদামী বামন তৰাবোৰ সূর্যৰ ভৰৰ প্রায় দহ ভাগৰ এভাগ মানহে হয়। অৰ্থাৎ এই তৰাবোৰ আমাৰ সূৰ্যতকৈ দহ গুণ সৰু।

বিজ্ঞানত তৰাবোৰক সিহঁতৰ বর্ণালীৰ ওপৰত ভিত্তি কৰি শ্রেণীবিভক্ত কৰা হয়। M প্ৰকাৰৰ তৰাবোৰ হ'ল সফল তৰা অথচ শীতল শ্ৰেণীৰ তৰা। মহাবিশ্বত এনে তৰাৰ সংখ্যা বেছি। M শ্ৰেণীৰ অধিকাংশ তৰাই লোহিত বামন হলেও কিছু বাদামী বামন তৰাও এই শ্ৰেণীত পোৱা যায়। এনে বামন শ্ৰেণীৰ তৰাবোৰৰ মাজৰ "Y Dwarfs"বোৰ সবাতোকৈ শীতল। কোনো কোনো এই Y Dwarf তৰাৰ উষ্ণতা মাত্ৰ 150ৰ পৰা 500 ডিগ্ৰী চেণ্টিগ্ৰেড। অতি কম উষ্ণতা বিশিষ্ট এই শ্ৰেণীৰ তৰাবোৰে তাপ আৰু পোহৰ বিলাব নোৱাৰে। তাপ আৰু পোহৰৰ উৎস বিহীন এনে তৰাবোৰ সেইবাবে ধৰা পেলোৱাটোও এক কঠিন কাম। এনেবোৰ কাৰণতেই 1980 চনলৈ এই বাদামী বামন তৰাবোৰ আমাৰ দৃষ্টিৰ অগোচৰেই আছিল। এই তৰাবোৰৰ বিষয়ে কেৱল বিজ্ঞানৰ কিতাপত তাত্বিক আলোচনাহে পঢ়িবলৈ পোৱা গৈছিল।