Sunday 17 September 2023

মহাকাশ দূৰ্ঘটনাত ছ'য়ুজ-১১


সিদিনা ১৯৭১ চনৰ ৩০ জুন। কাজাখস্তানৰ সমতল এটুকুৰা অঞ্চলত ছোভিয়েট ইউনিয়নৰ ছ’য়ুজ-১১ মহাকাশযানখনে কিছু সময় পিছতেই অৱতৰণ কৰিব। পশ্চিম ক্ৰিমিয়াৰ য়েভপাটৰিয়াত থকা মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰত ছোভিয়ট বিজ্ঞানীসকলৰ অভাৱনীয় ব্যস্ততা। 

তিনিজন ছোভিয়েট মহাকাশচাৰী ক্ৰমে জৰ্জি ডব্ৰ’ভলস্কি, ভ্লাডিস্লাভ ভ'লক'ভ আৰু ভিক্টৰ পাটাছায়েভে ইতিমধ্যে ছাল্যুট-১ মহাকাশকেন্দ্ৰত অভিলেখ সৃষ্টিকাৰী সময়ৰ অতিবাহিত কৰি পৃথিৱীলৈ নামি আহিছে। এই সময়চোৱাত তেওঁলোকে মহাকাশত মানুহৰ চলন-ফুৰণ আৰু বাসস্থান সম্পৰ্কে বহুতো পৰীক্ষা-নিৰীক্ষা কৰিছিল। 

১৯৭১ চনৰ ৬ জুনত ছয়ুজ-১১ নামৰ এই অভিযানটো উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ দুবছৰ পূৰ্বে এপ’ল’-১১ চন্দ্ৰত অৱতৰণ কৰাৰ সময়লৈকে মানুহে মহাকাশত কটোৱা আটাইতকৈ বেছি সময় আছিল মাত্ৰ দুসপ্তাহ। কিন্তু এই ছোভিয়েট মহাকাশচাৰীৰ দলটোৱে ২৩ দিন মহাকাশত পৰিক্ৰমা কৰি মানুহৰ মহাকাশ উৰণৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়ি পৃথিৱীলৈ উভতি আহিছিল।

মহাকাশ যানখনে পৃথিৱীৰ চৌদিশৰ পাৰ্কিং অৰবিটৰ পৰা ধৰাৰ বুকুলৈ পুনৰ প্ৰৱেশ কৰাৰ লগে-লগে পশ্চিম ক্ৰিমিয়াৰ য়েভপাটৰিয়াত থকা মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ ছোভিয়ট বিজ্ঞানীসকল অতিকৈ ব্যস্ত হৈ পৰিছে। নিয়ম অনুসৰি ছ'য়ুজ-১১ৰ মহাকাশচাৰী সকলে ডেচেণ্ট মডিউলটো উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ "কভাৰেজ জ’ন"ত প্ৰৱেশ কৰাৰ লগে-লগে পৃথিৱীলৈ এটা "ৰান কমেণ্টৰী" দিব লাগে। কিন্তু তেওঁলোকৰ পৰা কোনো বাৰ্তা অহা নাই। উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলৰ মুখমণ্ডলত চিন্তাৰ চিন। 

পলম নকৰি মহাকাশযান উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ ছোভিয়ট বিজ্ঞানী আলেক্সেই য়েলিচেভেভে ছ’য়ুজ-১১ মহাকাশযানখনৰ মহাকাশচাৰী ভ্লাডিস্লাভ ভ'লক'ভলৈ বাৰ্তা প্ৰেৰণ কৰে। কিন্তু মহাকাশ যানখনৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলে কিন্তু তেওঁলোকৰ কম্পিউটাৰৰ বৃহৎ স্ক্ৰীনত স্পষ্টকৈ দেখি আছে যে ছ’য়ুজ-১১ যানখন নিৰ্ধাৰিত গতিবেগত পূৰ্বপৰিকল্পিত অৱতৰণ স্থান অভিমুখে সঠিক ভাৱেই আগবাঢ়ি আছে। 

কিংকর্তব্যবিমূঢ় হৈ পৰা উৰণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিজ্ঞানীসকলে ছ’য়ুজ-১১ মহাকাশযানখনৰ মহাকাশচাৰী ভ্লাডিস্লাভ ভ'লক'ভলৈ পুনৰ বাৰ্তা প্ৰেৰণ কৰিলে। কিন্তু অসাৰ। মহাকাশযান খনৰ পৰা কোনো প্ৰত্যুত্তৰ নাহিল। বৰং তাৰ কিছুসময় পিছতেই মহাকাশচাৰী সকলক কঢ়িয়াই অনা মডিউলটো কাজাখস্তানৰ মূল চহৰৰ পৰা প্ৰায় ৫৬ কি:মি: দক্ষিণ-পশ্চিমৰ সমতল অঞ্চল এটুকুৰাত অৱতৰণ কৰে।

লগে লগে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয়। প্ৰায় ২০ মিনিট সময় ধৰি উৰণ কেন্দ্ৰটোত কেৱল মৌনতা। উদ্ধাৰকাৰী দলটোৰ সদস্যসকলে লেণ্ডিং মডিউলটোৰ পিনে দৌৰি গৈ দেখে যে তিনিওজন মহাকাশচাৰীৰ  মৃতদেহ নিজৰ নিজৰ আসনত বেল্টেৰে বান্ধি থোৱা অৱস্থাতেই আছে। 

দূৰ্ঘটনাৰ সবিশেষ জানিবলৈ লগে লগে বিজ্ঞানীসকল লাগি গ'ল। পিছত জনা গ'ল যে মহাকাশযানখনৰ মডিউলটোত মাৰাত্মক "কেবিন ডিপ্ৰেচাৰাইজেচন" ঘটিছিল। অৰবিটেল মডিউল আৰু ডেচেণ্ট মডিউলৰ মাজত অৱস্থিত এটা "ব্ৰেথিং ভেণ্টিলেচন ভালভ" অজ্ঞাত কোনো কাৰণত খোল খাইছিল। তাৰ ফলত "ৰেট্ৰ'ফাইয়াৰ"ৰ প্ৰায় ৭২৩ ছেকেণ্ডত পাছত মডিউল দুটা পৃথক হয় যদিও নিৰ্গমনৰ বলৰ ফলত চাপৰ সমতা ৰক্ষাকাৰী ভালভৰ এটা ছীল উন্মুক্ত হৈ পৰিছিল। পৃথিৱীৰ পৰা ১৬৮ কি:মি: উচ্চতাত যেতিয়া ভালভটো খোল খায়, তেতিয়া ক্ৰমান্বয়ে মডিউলৰ ভিতৰৰ চাপ কমি যাবলৈ ধৰে। এনে পৰিস্থিতিত প্ৰায় ৩০ ছেকেণ্ডৰ ভিতৰতে মহাকাশচাৰী সকলৰ বাবে মডিউলটোৰ ভিতৰত অসহনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ৰেট্ৰ’ফাইয়াৰৰ ৯৩৫ ছেকেণ্ড পিছত কেবিনৰ চাপ শূন্যলৈ নামি আহে যেতিয়া মহাকাশ যানখন বায়ুমণ্ডলত প্ৰৱেশ কৰে, লগে লগে চাপ বৃদ্ধি হ’বলৈ ধৰে। এনে পৰিস্থিতিত তিনিওজন মহাকাশচাৰীৰ মৃত্যু হয়।

No comments:

Post a Comment