Thursday 22 August 2019

কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ




কাশ্মীৰক কেন্দ্র কৰি ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো যুদ্ধ হৈছে। পাৰমাণবিক যুদ্ধৰ বাবে শক্তিশালী এই দুই দেশৰ মাজৰ সংঘাতে দুয়োখন দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশবোৰ অস্থিৰ কৰাৰ লগতে সমগ্ৰ দক্ষিণ পূৱ এচিয়াকো প্ৰভাৱিত কৰিছে। কিন্তু কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি অহা এই সংঘাতৰ মূল কাৰণ কি?

দৰাচলতে ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰত আৰু পাকিস্তানে স্বাধীনতা পোৱাৰ আগৰে পৰাই কাশ্মীৰক লৈ বিতর্কৰ সূচনা হৈছিল। বৃটিছ সকলে ''ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট'' নামৰ এখন আইনৰ আধাৰত ভাৰতক দ্বিখণ্ডিত কৰাৰ পৰিকল্পনা তৈয়াৰ কৰি কাশ্মীৰী সকলক তেওঁলোকৰ ইচ্ছানুযায়ী ভাৰত অথবা পাকিস্তান যিকোনো এখন ৰাষ্ট্রত যোগ দিবলৈ আহ্বান জনাইছিল। কাশ্মীৰৰ সেইসময়ৰ হিন্দু মহাৰজা হৰি সিঙে সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল অন্যথা ভাৰতৰ অংগৰাজ্য হিচাবে থকাৰ পোষকতা কৰিছিল।। অানহাতে পশ্চিম জম্মু আৰু গিলগিটৰ মুছলমান সকলে পাকিস্তানত যোগ দিয়াৰ ইচ্ছা কৰিছিল।

অৱশেষত মহাৰজা হৰি সিঙে সিদ্ধান্ত লৈছিল যে তেওঁ স্বাধীন ভাৱে থাকিব আৰু এই সিদ্ধান্ত মৰ্মে তেওঁ ভাৰত আৰু পাকিস্তানৰ লগত কাশ্মীৰ সম্পৰ্কে এক স্থিতাৱস্থাৰ চুক্তিত স্বাক্ষৰ কৰিছিল। পাকিস্তানেও সেই চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু বিশ্বাসঘাটক পাকিস্থানে ১৯৪৭ চনৰ অক্টোবৰ মাহত পাখতুন জনজাতীয় লোক আৰু সাধাৰণ পোচাক পৰিহিত পাক সেনা লৈ মহাৰাজ কাশ্মীৰ আক্ৰমন কৰে। যুদ্ধৰ বাবে প্ৰস্তুত নথকা মহাৰাজ হৰি সিঙে উপায়হীন হৈ ভাৰতৰ অংগৰাজ্য হৈ থকাৰ প্ৰস্তাৱেৰে বিশেষ চুক্তিত স্বাক্ষৰ কৰি ভাৰতৰ সামৰিক সাহায্য বিচাৰে। ১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে হৰি সিঙে ভাৰতত অন্তৰ্ভুক্তিৰ বাবে ভাৰতৰ লগত চুক্তি স্বাক্ষৰ কৰে। পিছদিনা অৰ্থাৎ ২৭ অক্টোবৰ তাৰিখে গভর্নৰ জেনেৰেল লর্ড মাউণ্টবেটেনে সেই চুক্তি অনুমোদন কৰে। তাৰ ফলত কাশ্মীৰ ভাৰতৰ বৈধ অংগৰাজ্য হৈ পৰে। ইয়াৰ লগে লগে পাকিস্থানৰ পৰা কাশ্মীৰ উদ্ধাৰ কৰিবলৈ ভাৰতীয় সেনাই পাক অনুপ্ৰৱেশকাৰী সকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু ১৯৪৭ চনত আৰম্ভ হয় ১৪ মাহ ধৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰথমখন যুদ্ধ। নীতিগত ভাবেই এই যুদ্ধৰ বাবে পাকিস্থানেই জগৰীয়া। এই যুদ্ধত ভাৰতীয় সৈন্যৰ আক্ৰমণত তিষ্টিব নোৱাৰি পাকিস্থানৰ অনুপ্ৰৱেশকাৰীবোৰ ফৰিং ছিটিকা দিয়ে।

১৯৪৮ চনত জম্মু-কাশ্মীৰ সম্পর্কে ভাৰত চৰকাৰে শ্বেতপত্রত ঘোষণা কৰে যে ভাৰতৰ লগত কাশ্মীৰৰ অন্তৰ্ভূক্তি বৈধ আৰু কাশ্মীৰ ভাৰতৰ অংগৰাজ্য। একেদৰে জাতিসংঘৰ নিৰাপত্তা পৰিষদতো ১৯৪৮ চনত ভাৰতে দেশ বিভাজনৰ সময়তেই বৃটিছসকলে বনাই যোৱা "ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট''ৰ আধাৰত কাশ্মীৰৰ প্রসংগটো উত্থাপন কৰে। জাতিসংঘৰ পৰিষদত সেই অনুসৰি শান্তি চুক্তি তৈয়াৰ কৰি দুয়োখনক দেশক স্বাক্ষৰ কৰোৱাই ৪৭ নম্বৰ প্রস্তাৱৰ জৰিয়তে কাশ্মীৰত গণভোট, কাশ্মীৰৰ পৰা পাকিস্তানী সেনা প্রত্যাহাৰ আৰু ভাৰতৰ সামৰিক উপস্থিতি ন্যূনতম পর্যায়লৈ কমাই অনাৰ আহ্বান জনোৱা হয়। নিৰাপত্তা পৰিষদে ১৯৪৮ চনৰ সেই সভাতেই পাকিস্থানক কাশ্মীৰৰ এক তৃতীয়াংশ (গিলগিট, বাল্টিস্থান আৰু আজাদ কাশ্মীৰ) আৰু বাকী অংশৰ (সমগ্ৰ কাশ্মীৰ উপত্যকা, জন্মু আৰু লাডাখ) অধিকাৰ ভাৰতক প্ৰদান কৰি দুয়োদেশৰ মাজত কাশ্মীৰ সমস্যাৰ সমাধান হ'ব পৰাকৈ এক সীমা নিৰ্ধাৰণ কৰি দিয়ে। এই সীমাৰেখা ডালক UN Ceasefire Line, 1949 বোলা হয়। পিছলৈ ১৯৭২ চনৰ ছিমলা চুক্তিৰ (Simla Agreement) পিছৰ পৰা এই সীমা ৰেখাডালক Line of Control  বা LOC বুলি জনা যায়। ভাৰতে সদায়ে এই চুক্তি আৰু নিয়ন্ত্ৰণ ৰেখাক সন্মান জনাই আহিছে।

১৯৪৮ চনত জাতিসংঘৰ নিৰাপত্তা পৰিষদৰ চুক্তি অনুসৰি কাশ্মীৰত যুদ্ধবিৰতি বলবৎ হয় আৰু ভাৰতে এই চুক্তি অনুসৰি কাশ্মীৰত সামৰিক শক্তি কমাই আনে। কিন্তু পাকিস্তানে চুক্তি উলংঘা কৰি সেনা প্রত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে।

আনহাতে ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰি কাশ্মীৰৰ এটা অংশৰ নিয়ন্ত্রণ নিজৰ হাতলৈ নিয়ে।তাৰ পিছৰ বছৰ অৰ্থাৎ ১৯৬৩ চনত পাকিস্তানে কাশ্মীৰৰ ট্রান্স-কাৰাকোৰাম অঞ্চলটি চীনক বন্ধুত্বৰ চিন স্বৰূপে এৰি দিয়ে। তেতিয়াৰ পৰাই কাশ্মীৰৰ নিয়ন্ত্রণ পাকিস্তান, ভাৰত আৰু চীন, এই তিনিওখন দেশৰ মাজত ভাগ হৈ গৈছে। পৰবৰ্তী সময়ত ভাৰত পাকিস্তানৰ মাজত ১৯৬৫ চনত আৰু ১৯৭১ চনত আন দুখন যুদ্ধ হয়। প্ৰতিখন যুদ্ধতেই মুখ থেকেচা খোৱাৰ পিছতো অতি নিৰ্লজ্জ ভাবে পাকিস্থানে জাতিসংঘৰ নিৰাপত্তা পৰিষদৰ চুক্তিক অৱমাননা কৰি নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতৰ ওপৰত আক্ৰমণ কৰি আহিছে। বাবে বাৰে পাকিস্থানে চুক্তি উলংঘা কৰি ভাৰতৰ বিভিন্ন স্থানত উগ্ৰপন্থীৰ দ্বাৰা অশান্তি বিয়পোৱাৰ চেষ্টা কৰি আহিছে। সীমান্তত অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰিছে।

ইয়াৰ পিছত ১৯৮৪ চনত পাকিস্থানে পুনৰ ভাৰতক চিয়াচেন হিমবাহ এলেকাৰ দিশত আক্ৰমণ কৰে। ভাৰতীয় সৈন্যই এই আক্ৰমণ প্ৰতিহত কৰে। ইয়াৰ পিছত আকৌ ১৯৯৯ চনত পাকিস্তানে সন্ত্ৰাসবাদীৰ সহায়ত কাৰ্গিলত অনুপ্ৰৱেশ কৰি ভাৰতক অস্থিৰ কৰাৰ চেষ্টা কৰে। ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্থানে পুনৰ ছত্ৰভংগ দিয়ে।

পাকিস্থানে কাশ্মীৰত অশান্তিৰ বীজ সিঁচিবলৈ বা  ধৰ্মীয় অনুকম্পাৰে কাশ্মীৰৰ জনসাধাৰণক পৰিচালিত কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি আহিছে। পাকিস্থানৰ এনে ধৰণৰ কাৰ্যকলাপে যে তেওঁলোকক বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিছে তালৈ তেওঁলোকৰ ভ্ৰূক্ষেপ নাই। বৰং তেওঁলোকে সন্ত্ৰাসবাদী পুহি এনে অনৈতিক কাৰ্যবোৰ কৰি আহিছে অহৰহ। আজি বিশ্বত পাকিস্থানৰ চিনাকী সন্ত্ৰাসবাদৰ কাৰখানা বুলি। একে সময়তে বৃটিছৰ পৰা স্বাধীনতা লাভ কৰা দুখন দেশ ভাৰত আৰু পাকিস্থানৰ মাজত বিকাশৰ আকাশ পাতাল পাৰ্থক্য। ভাৰতৰ বিৰুদ্ধে যুঁজ বাগৰ কৰি, সন্ত্ৰাসবাদক ভৰণ পোষণ দি অৰ্থনৈতিক কাঠামো বিধস্ত হৈ পৰা পাকিস্থান আজি আন্তঃৰাষ্ট্ৰীয় ঋণৰ বোজা লৈ ভাৰাক্ৰান্ত। তথাপি ৰাজনৈতিক মুনাফা লুটিবলৈ পাকিস্থান চৰকাৰে অবৈধ আৰু অনৈতিক বুলি জানিও কাশ্মীৰৰ প্ৰংসগটোত সাৰ পানী যোগাই আছে।

পাকিস্থানৰ ভাৰত বিৰোধী চক্ৰটোৱে বুজা উচিত যে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু সদায়েই হৈ থাকিব। ভাৰতৰ অংগৰাজ্য কাশ্মীৰৰ ভিতৰত কেৱল ভাৰতৰ আধিপত্য চলিব। ভাৰতৰ আভ্যন্তৰীন বিষয়বোৰত চকু দিয়াতকৈ বা  পাৰমানৱিক আক্ৰমণৰ ধমকি দিয়াতকৈ পাকিস্থানে নিজৰ আভ্যন্তৰীন বিষয়বোৰত চকু দিয়ক। পাকিস্থানে বুজা উচিত যে ভাৰতবৰ্ষৰ বেলিষ্টিক মিছাইলৰ সন্মূখত পাকিস্থান অতি নগন্য। মাত্ৰ কেইটামান মূহুৰ্তৰ ভিতৰত বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্থান নিঃচিহ্ন হৈ যাব। ভাৰতৰ এণ্টি নিউক্লিয়াৰ মিছাইলে পাকিস্থানৰ পাৰমানৱিক বোমাক পাকিস্থানৰ আকাশতে বিধস্ত কৰি পাকিস্থানৰ মাটিতেই তেজস্ক্ৰিয় বিকিৰণ ঘটাই মহা বিনাশ আনিব পাৰে। ভাৰতৰ শক্তিশালী ৰাডাৰে পাকিস্থানৰ মিছাইল পাকিস্থানৰ লঞ্চ পেডতেই চিনাক্ত কৰি তাক ধ্বংস কৰাৰ বাবে বেলিষ্টিক মিছাইল পঠিয়াব পাৰে। ভাৰতবৰ্ষৰ লগত শত্ৰুতা ত্যাগ কৰি পাকিস্থানে ভাৰতৰ ভাল প্ৰতিবেশী হিচাবে থকাৰ বাবে প্ৰস্তুত হোৱাই পাকিস্থানৰ একমাত্ৰ পথ।

🇮🇳  🇮🇳  জয় হিন্দ !  🇮🇳  🇮🇳

Tuesday 20 August 2019

জোনবাইৰ আকাশত আমাৰ পৃথিৱীখন


পৃথিবীৰ মানুহে হয়তো এদিন জোনবাইৰ বুকুতো ঘৰ সাজি বসবাস কৰিব। জোনবাইৰ বুকুত থিয় হৈ তেওঁলোকে আকাশলৈ চাব। জোনবাইৰ আকাশত তেতিয়া জিলিকি থাকিব নীলা মাৰ্বল যেন বিশালাকাৰ পৃথিৱীখন, য'ত হয়তো তেওঁলোকৰ কোনো আত্মীয়ই বসবাস কৰে। সৰু শিশুবোৰক মাকে কোলাত লৈ পৃথিৱীখন দেখুৱাই ক'ব : সৌখন পৃথিৱীতেই তোমাৰ মামাহঁতৰ ঘৰ। আমি আমাৰ শৈশৱৰ মধুৰতম দিনবোৰ পাৰ কৰিছোঁ সেই সেউজীয়া পৃথিৱীখনতেই…!

অবাস্তৱ আৰু এবচাৰ্ড যেন এনে কথাবোৰ হয়তো  সোনকালেই বাস্তৱ হ'ব। মানুহ জোনবাইৰ বুকুত থিয় হৈ আকৃষ্ট হ'ব পৃথিৱীৰ প্ৰেমত। জোনবাইৰ আকাশে মানুহক সন্মোহিত কৰিব। মানুহৰ মন মগজুত বিভিন্ন ভাৱনাই ভৰ কৰিব। মনত অজস্ৰ প্ৰশ্নৰ উদয় হ'ব - পৃথিবীৰ পৰা যদি জোনবাইক মুৰৰ ওপৰৰ আকাশত দেখা যায়, তেন্তে জোনবাইৰ আকাশতো পৃথিৱী কেনেকৈ মুৰৰ ওপৰৰ আকাশত দৃশ্যমান ?? 

মহাবিশ্বত প্ৰকৃততে পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ বা উৰ্ধ, অধঃ বুলি কোনো দিশ নাই। মহাবিশ্ব সকলো স্থানতেই সমান আৰু দিশহীন। আমি সদায়ে ব্যৱহাৰ কৰা পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ বা উৰ্ধ, অধঃ আদি দিশবোৰ কেৱল পৃথিৱীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সেয়ে মহাকাশ আমাৰ বাবে সদায়েই ৰহস্যময়। তেনেদৰে জোনবায়ো ৰহস্যৰে ভৰা।জোনবাইৰ আকাশলৈ মুৰ তুলি চালে আমি বাৰু কি দেখিম ? 

আগতে উল্ল্যেখ কৰাৰ দৰেই জোনবাইৰ আকাশত আমাৰ মুৰৰ ওপৰত পৃথিৱীখন দেখা পাই নিজকে প্ৰশ্ন কৰিম - কোনটো সঁচা; পৃথিৱীৰ পৰা দেখা মুৰৰ ওপৰৰ জোনবাইটো নে জোনবাইৰ পৰা দেখা মুৰৰ ওপৰৰ পৃথিৱীখন ??

জোনবাইৰ আকাশত যেতিয়া পূৰ্ণিমা অৰ্থাৎ সম্পূৰ্ণ পৃথিৱীখন দেখা যায়, তেতিয়া পৃথিৱীৰ পৰা দেখা জোনবাইতকৈ প্ৰায় ৬ গুণ ডাঙৰকৈ আৰু ১৪ গুণ উজ্বল দেখা যায়। সেয়ে জোনবাইৰ বুকুত হোৱা পূৰ্ণিমা ৰাতিবোৰ আমাৰ পৃথিৱীতকৈ ১৪ গুণ উজ্বল। 

আমি পৃথিৱীৰ পৰা দেখা আকাশখন কি যে মনোৰম ! নীলাভ ৰঙৰ আকাশত মেঘৰ ছিটিকনিৰে অঁকা বিভিন্ন দৃশ্যপটবোৰৰ উপৰিওঁ নিশাৰ তৰালিয়ে জানো আকাশত বুটা নেবাচে? পিছে, জোনবাইৰ আকাশত মাথো সীমাহীন এন্ধাৰৰ মেলা। সুনীল আকাশৰ সলনি এখন ক'লা আকাশৰ আচ্ছাদনেৰে আবৃত আমাৰ মৰমৰ জোনবাই য'ত নাই সূৰ্যোদয়ৰ ৰঙীন পূৱাৰ মাদকতা অথবা সন্ধিয়াৰ হেঙুলী বৰণ। জোনবাইৰ নিজস্ব বায়ুমণ্ডল নথকাৰ বাবে জোনবাইৰ আকাশত পৃথিৱীৰ মাদকতা বিচাৰি পোৱা নেযাব।

পৃথিবীৰ দৰে বায়ুমণ্ডল নাই বাবে জোনবাইৰ আকাশত নিশা কোনো তৰাই তিৰবিৰ নকৰে। তৰাবোৰৰ পৰা অহা পোহৰ বায়ুমণ্ডলত বিচ্ছুৰিত হয় বাবেই তৰাবোৰে পৃথিৱীৰ বুকুত বাস কৰা মানুহৰ চকুত তিৰবিৰাই থকা যেন লাগে। জোনবাইত যিহেতু বায়ুমণ্ডল নাই সেয়েহে জোনবাইৰ আকাশত তৰাবোৰে তিৰবিৰাই নেথাকি স্থিৰ ভাবে থাকে।

পৃথিৱীৰ আকাশত জোনবাই উদিত হয় আৰু অস্তও যায়। কিন্তু জোনবাইৰ আকাশত পৃথিবী উদয় নহয় বা অস্তমিতও নহয়। বৰং জোনবাইৰ আকাশত পৃথিৱী সদায় একে স্থানতেই থাকে। ইয়াৰ কাৰণ কক্ষপথত জোনবাইৰ বিশেষ ধৰণৰ গতি যাৰ বাবে Tidal Locking হয়। (The Moon is tidally locked to the Earth because it rotates in exactly the same time as it takes to orbit the Earth) অৰ্থাৎ জোনবায়ে নিজ মেৰুদণ্ড সাপেক্ষে বৰ ধীৰ গতিত ঘূৰে যাৰ বাবে জোনবাইক পৃথিৱীৰ চৌপাশে এপাক ঘূৰিবলৈ যিমান সময় লাগে, নিজ মেৰুদণ্ড সাপেক্ষে এপাক ঘূৰিবলৈও সিমানেই সময় লাগে। সেয়েহে পৃথিৱীৰ পৰা জোনবাইৰ এটা ফালহে দেখা যায়। এই বিশেষ পৰিঘটনাটো যাক Tidal Locking বুলি কোৱা হয়, তাৰ বাবেই জোনবাইৰ বুকুত পৃথিৱী উদিত নহয় অথবা অস্তও নহয়। 

Sunday 18 August 2019

আমাৰ পৰা আঁতৰি গৈ থকা জোনবাইটো


জ্যোতির্বিজ্ঞানী সকলে গণনা কৰি পাইছে যে আজিৰ পৰা প্ৰায় ৪৫০ বিলিয়ন বছৰৰ আগত পৃথিবী সৃষ্টি হৈছিল। আনহাতে পৃথিৱীৰ উপগ্রহ জোনবাইৰ সৃষ্টি হৈছিল তাৰ ৫০ বিলিয়ন বছৰ পিছত। আচৰিত কথাটো হ'ল এই যে আজিৰ পৰা ৪০০ বিলিয়ন বছৰ আগত আমাৰ পৃথিৱী আৰু শিশু জোনবাইৰ মাজৰ দূৰত্ব আছিল মাত্ৰ ২৫ হাজাৰ কিলোমিটাৰ ! 

তাৰপিছত ক্ৰমান্বয়ে জোনবাইটো পৃথিৱীৰ পৰা আঁতৰি গৈ থাকিল আৰু এই প্ৰক্ৰিয়াটো আজিও চলিয়েই আছে। কিন্তু কিয় বাৰু পৃথিৱীৰ পৰা ধীৰে ধীৰে আঁতৰি গৈ আছে আমাৰ মৰমৰ জোনবাইটো ?

জোনবাই পৃথিবীৰ একমাত্র প্রাকৃতিক উপগ্রহ। আকাৰ অনুসৰি জোনবাই সৌৰজগতৰ পঞ্চম বৃহৎ উপগ্রহ। পৃথিবীৰ কেন্দ্রৰ পৰা জোনবাইৰ কেন্দ্ৰলৈ গড় দূৰত্ব ৩৮৪,৩৯৯ কিলোমিটাৰ। জোনবাইৰ ব্যাস প্ৰায় ৩,৪৭৪ কিলোমিটাৰ আৰু ই পৃথিবীৰ ব্যাসৰ এক-চতুর্থাংশ। ব্যাসৰ এই অনুপাতিক পৰিমাপৰ সহায়ত সহজেই নিৰ্ধাৰণ কৰিব পাৰি যে জোনবাইৰ আয়তন পৃথিবীৰ আয়তনৰ ৫০ ভাগৰ ১ ভাগ মাত্ৰ। জোনবাইৰ আয়তন আৰু ভৰ দুয়োটাই পৃথিৱীৰ তুলনাত যথেষ্ঠ কম হোৱা বাবে ইয়াৰ মাধ্যাকর্ষণ বল পৃথিবীৰ মাধ্যাকৰ্ষণ বলতকৈ ছয় গুণ কম। জোনবায়ে প্রতি ২৭.৩২১ দিনত পৃথিবীৰ চৌদিশে এটা আবর্তন সম্পূৰ্ণ কৰে যদিও প্রতি ২৯.৫ দিনৰ মূৰতহে এটা চন্দ্র কলা সম্পূৰ্ণ হয়। সৌৰজগতত পৃথিবী, জোনবাই আৰু সূর্যৰ পাৰস্পৰিক জ্যামিতিক অৱস্থানৰ পর্যায়ক্রমিক পৰিবর্তনৰ কাৰণেই চন্দ্র কলাৰ এই পর্যানুক্রমিক আৱর্তন ঘটি থাকে। 

বেৰিকেন্দ্র নামৰ এক সাধাৰণ অক্ষ সাপেক্ষে পৃথিবী আৰু জোনবাইৰ ঘূর্ণনৰ ফলত যি মহাকৰ্ষণীয় আকর্ষণ বলৰ তথা অপকেন্দ্রীক বল সৃষ্টি হয় তাৰ পৰিনাম স্বৰূপে পৃথিবীত জোৱাৰ-ভাটা সৃষ্টি হয়। যেতিয়া দুটা মহাজাগতিক পদাৰ্থৰ এটাই আনটোক পৰিক্ৰমা কৰে, যেনে জোনবাই  যেতিয়া পৃথিৱীৰ চৌদিশে ঘূৰে তেতিয়া কেবল যে জোনবায়েহে পৃথিৱীৰ চৌদিশে ঘূৰে, তেনে নহয়। বৰং পৃথিৱী আৰু জোনবাই - দুয়ো এটাই আনটোৰ চৌদিশে এক নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি ঘূৰে। এই বিশেষ বিন্দুটোকেই মহাজাগতিক পদাৰ্থ দুটা যেনে পৃথিৱী আৰু জোনবাইৰ বেৰিকেন্দ্ৰ বা উমৈহতীয়া কেন্দ্ৰ বোলে। এই বেৰিকেন্দ্ৰ সাপেক্ষে পৃথিৱী আৰু জোনবাই দুয়ো পৰস্পৰে পৰস্পৰৰ চৌদিশে ঘূৰা বাবে পৃথিৱীৰ মহাসাগৰীয় জলৰাশিৰ ওপৰত জোনবাইৰ আকৰ্ষণ বল আৰু পৃথিৱীৰ অপকেন্দ্ৰিক বলে উমৈহতীয়া ভাবে কাম কৰে আৰু সমূদ্ৰত জোৱাৰ ভাটাৰ সৃষ্টি হয়। এই জোৱাৰ ভাটাই মহাকৰ্ষণীয় বলৰ কিছু শক্তি শোষণ কৰে আৰু তাৰ ফলশ্ৰুতিত পৃথিৱীৰ ঘূৰ্ণন গতিও কিছু পৰিমানে ধীৰ হৈ পৰে। আচৰিত হ'লেও সত্য যে ইয়াৰ ফলত পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ লাহে লাহে ২৪ ঘণ্টাতকৈ বেছি হৈ আহিছে। বৈজ্ঞানিক সকলে হিচাব কৰি উলিয়াইছে যে বিগত এশ বছৰত পৃথিৱীৰ এটা সম্পূৰ্ণ দিনৰ দৈৰ্ঘ ১.৪ মিলি ছেকেণ্ড বাঢ়ি গৈছে। বিজ্ঞানী সকলৰ মতে ৬৪০ মিলিয়ন বছৰ আগতে পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ আছিল মাত্ৰ ২২ ঘন্টা। কিন্তু জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষ উমৈহতীয়া ঘূৰ্ণনৰ বাবে অহা ৩০০ মিলিয়ন বছৰৰ পিছত পৃথিৱীৰ একোটা সম্পূৰ্ণ দিন ২৬ ঘন্টীয়া হ'ব।

সমূদ্ৰত সৃষ্টি হোৱা জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষে হোৱা পৃথিৱী আৰু জোনবাইৰ ঘূৰ্ণনে শোষিত কৰা শক্তিৰ পৰিনাম স্বৰূপে পৃথিবী আৰু জোনবাইৰ কক্ষপথৰ মাজত বিভব শক্তি হ্ৰাস পোৱাৰ উপৰিও ই পৃথিৱী আৰু জোনবাইৰ মাজৰ মহাকৰ্ষণ বলকো প্ৰভাৱিত কৰিছে। তদুপৰি ক্ৰমে স্তিমিত হৈ অহা পৃথিৱীৰ ঘূৰ্ণনৰ ফলত জোনবায়ে নিজৰ কক্ষপথত তুলনামূলক ভাবে বেছি দূৰ আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত প্ৰতি বছৰে জোনবাই আমাৰ পৃথিৱীৰ পৰা প্ৰায় চাৰি ছেণ্টিমিটাৰ কৈ আঁতৰি যাব ধৰিছে। যেতিয়ালৈ পৃথিবীত জোৱাৰ-ভাটা থাকিব, তেতিয়ালৈ এই প্ৰক্ৰিয়া অব্যাহত হৈ থাকিব। আৰু এদিন আমাৰ জোনবায়টো পৃথিৱীৰ মহাকৰ্ষণ বলৰ পৰা সম্পূৰ্ণ মুক্ত হৈ এক নতুন কক্ষপথেৰে পৃথিৱীৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিব।

Friday 16 August 2019

Mission Mangal


Movie is a very rare phenomenon in my life. I'm not much interested in this topic. But, few days back, I had made my mind to enjoy the movie "Mission Mangal" and I did it today. 

The movie Mission Mangal is about the Mars Orbiter Mission (MOM) launched by India in 2013 and the obstacles faced by the Scientists of ISRO during the entire mission. This movie will tell you about the personal and professional lives of the scientists, the ideas that come from the most normal household activities or how the scientists are focussed to work on a peanut budget to give you the best outcome. The movie will encourage thousands of young minds by letting them to realise the value of dedication, faith, sincerity and hard work. 

The movie is inspiring indeed. The movie has made it easy for a layman to understand the difficult procedures which our scientists in ISRO have to perform for all those successful space missions. 

However you may be little disappointed if expecting some music or dance in the movie. This is a movie based on the true story of the life and technical work of the ISRO scientists and therefore there was really no scope for melody. However, some short of drama and "masala" are there to turn this real story into a "movie". Enjoyed it to the fullest with my family.

Photo : Shivamjyoti 

Monday 12 August 2019

সময় ভ্ৰমণ বা টাইম ট্ৰেভেল



আপুনি আজৰি পৰত এপাক ফুৰি আহিবগৈ নেকি? কলৈ যাব ফুৰিবলৈ - এহেজাৰ, দুহেজাৰ বছৰ আগৰ কোনো অতীতলৈ নে ভৱিষ্যতৰ আন এক জগতলৈ? সাধাৰণ দৃষ্টিত এয়া এক অদ্ভূত চিন্তাধাৰা। কিন্তু সময় পৰিক্ৰমাৰ স্কেলত আমি বাস কৰি থকা "বৰ্তমান"ৰ পৰা অতীত অথবা ভৱিষ্যতৰ অন্য এক সময়লৈ এপাক মাৰি অহাৰ বাসনা মানুহৰ মনত অতি পুৰণি কালৰ পৰাই জাগ্ৰত হৈ আহিছে। 

মানুহৰ সবাটোকৈ মূল্যবান বিষয়টোৱেই হ'ল সময়। মানুহে সময়ক বান্ধি ৰাখি নিজৰ জীৱনক স্থায়ীত্ব প্ৰদান কৰাৰ এক দুৰ্বাৰ বাসনা পুহি ৰাখিছে বহু যুগ ধৰি। কিন্তু মানুহৰ সকলো প্রচেষ্টাই যে ব্যর্থ ! সময়ক বান্ধি ৰাখিব পৰা এনে কোনো বৈজ্ঞানিক যন্ত্র বা সূত্ৰ আজিলৈ আবিষ্কাৰ হোৱা নাই। তথাপিও মানুহ থমকি ৰোৱা নাই। বিজ্ঞানীসকলে এইবাৰ আভাস দিছে নতুন এক সম্ভাবনাৰ। সেই সম্ভাৱনাৰ নামেই হ'ল "টাইম ট্রেভেল" বা সময় ভ্ৰমণ। বিজ্ঞানীসকলৰ মতে আমাৰ এই ইচ্ছা হয়তো বাস্তৱত পৰিণত হ'ব পাৰে। হয়তো আমি আমাৰ ভবিষ্যত অথবা অতীতৰ দিনবোৰত কেইদিনমান কটাই পুনৰ বৰ্তমানলৈ ঘূৰি আহিব পাৰিম। কিন্তু কেনেকৈ?

প্রথমে বুজিবলৈ চেষ্টা কৰো আহক "টাইম ট্রেভেল" বিষয়টা কি? মূলত এক নিৰ্দিষ্ট সময় মানৰ পৰা অতীত বা ভৱিষ্যতৰ সময়লৈ যাব পৰা এক সাম্ভাব্য যাত্ৰাৰ নামেই "টাইম ট্রেভেল" বা সময় ভ্রমণ। প্রকৃততে এই যাত্ৰা হৈছে সময়ৰ মাত্ৰা সাপেক্ষে কৰা এক ভ্রমণ। সৰুৰে পৰা আমি তিনিটা মাত্রা যেনে দীঘ, প্রস্থ আৰু উচ্চতাৰ লগত পৰিচিত। এই তিনিওটা মাত্রা সাপেক্ষে স্থান পৰিবর্তন তেনেই সম্ভব। কিন্তু বিজ্ঞানৰ বিভিন্ন বিষয় সমূহ বুজিবলৈ বিজ্ঞানীসকলে দহটা মাত্ৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। তাৰ ভিতৰত নুন্যতম চতুর্মাত্রিক এটি ধাৰণা বিজ্ঞানৰ অপৰিহাৰ্য। এই চতুৰ্মাত্ৰিক ধাৰণাত "সময়" চতুৰ্থ মাত্ৰা। অৰ্থাৎ দীঘ, প্রস্থ ও উচ্চতাৰ লগত সময় অভিন্ন। সময় অবিহনে বিজ্ঞানৰ কোনো তত্বই সঁচা নহয়। এই চাৰিটা মাত্ৰাৰ ভিতৰত আমি সহজেই দীঘ, প্রস্থ বা উচ্চতা সাপেক্ষে স্থান পৰিবৰ্তন কৰিব পাৰো যদিও আজিলৈকে চতুর্থ মাত্রা "সময়" সাপেক্ষে স্থান পৰিবর্তন সম্ভব হোৱা নাই। সময় মাত্ৰা সাপেক্ষে কোনো বস্তুৱে যদিহে স্থান পৰিবর্তন কৰে, তেন্তে এই স্থান পৰিবৰ্তনক "কালমাত্রিক সৰণ" বোলা হয়। এই কালমাত্ৰিক সৰণ হ'ব পাৰে অতীত ভ্রমণ অথবা ভবিষ্যত দৰ্শন। বর্তমান তাত্বিক পদার্থ বিজ্ঞানত সময় ভ্রমণ এটি অন্যতম ৰহস্যময় বিষয়।

সময় ৰহস্যময়। দাৰ্শনিক সত্বাই আমাক সচকিত কৰি সদাযেই কৈ আহিছে : সময় অনাদি, অনন্ত আৰু গতিশীল। গতিশীলতাই সময়ৰ ধৰ্ম। অথচ, গতিয়েই সময়ক প্ৰভাৱিত কৰি ইয়াৰ স্বৰূপ সলনি কৰিবলৈ বাধ্য কৰাইছে যাৰ বাবে সময় এই বিশ্বব্ৰহ্মাণ্ডৰ ক'ৰবাত খৰধৰকৈ আৰু আন ক'ৰবাত কইনাখোজীয়া গতিৰে ধীৰে ধীৰে প্ৰবাহিত হৈছে। 

দাৰ্শনিক এৰিষ্টট'লৰ মতে কোনো এজন পৰ্যবেশকৰ বাবে সকলোতেই স্থান আৰু কাল (সময়) একোটাকৈ পৰম ধাৰণা। আধুনিক বিজ্ঞানৰ বাটকটীয়া প্ৰসিদ্ধ বিজ্ঞানী আইজাক নিউটনেও একে সুৰতেই কৈছিল যে কোনো এটা বিশেষ ঘটনা কোন স্থানত আৰু কেতিয়া সংঘটিত হৈছে সেইটো ভিন ভিন স্থানৰ পৰা পৰ্যবেক্ষণ কৰা সকলো পৰ্যবেশকৰ বাবেই একে। অৰ্থাৎ স্থান আৰু কাল দুয়োটাই একো একোটা পৰম সত্য।

কিন্তু স্থান আৰু কালৰ "পৰম সত্য" ধাৰণাটোক মষীমূৰ কৰি এক নতুন সত্যৰ সন্ধান দিবলৈ আগবাঢ়ি আহিল মনিষী এলবাৰ্ট আইনষ্টাইন। তেখেতে যুক্তি আৰু গাণিতিক প্ৰমাণেৰে দেখুৱাই দিলে যে স্থান আৰু কাল দুয়োটাই অভিন্ন অৰ্থাৎ স্থান অবিহনে কাল বা কাল অবিহনে স্থানৰ অস্তিত্ব থাকিব নোৱাৰে। সেয়েহে স্থান বা কাল, কোনোটোৱেই পৰম নহয়, বৰং দুয়োটাই আপেক্ষিক। আইনষ্টাইনে থিকেই বুজিছিল যে কোনো এটা বস্তু ক'ত আছে সেইটো সঠিক ভাবে বর্ণনা কৰিবলৈ হ'লে কেৱল বস্তুটোৰ অৱস্থানেই যথেষ্ঠ নহয়, একেলগে অৱস্থানৰ সময়টোও জানিব লাগিব। অর্থাৎ অৱস্থানৰ তিনি মাত্রিক বা three spatial directions যেনে x, y আৰু z অক্ষৰ স্থানাংকৰ লগত সময়ক সংযুক্ত কৰি এক চাৰি-মাত্রিক (4 Dimensional) "স্থান-কাল" বা Space-Time সৃষ্টি কৰি ল'ব লাগিব। সেয়েহে স্থান আৰু কাল অভিন্ন।

পিছে, ৰহস্যময় সময় ভ্ৰমণ সঁচাকৈয়ে সম্ভৱ হ'বনে? বিজ্ঞানী আলবার্ট আইনষ্টাইনৰ মতে টাইম ট্রাভেল সম্ভব। তেখেতৰ অন্যতম বৈজ্ঞানিক আৱিষ্কাৰ থিওৰি অফ ৰিলেটিভিটি অনুসৰি কোনো বস্তুৱে যেতিয়া পোহৰৰ গতিত যাত্ৰা আৰম্ভ কৰে, তেতিয়া সেই বস্তুটোৰ ভৰ শূণ্য হয়। তেনে ক্ষেত্ৰত বস্তুটোৰ বাবে সময় স্থিৰ হৈ পৰিব। আমি জানো যে পোহৰৰ বেগ সর্বাধিক। যদি পোহৰৰ সমান বেগত গতি কৰা কোনো মহাকাশযানত উঠি আমি অন্য কোনো সৌৰজগত এখনলৈ যাত্রা কৰি পৃথিৱী সাপেক্ষে এবছৰ পিছত পুনৰ পৃথিবীলৈ ঘুৰি আহো, তেন্তে দেখিম যে ইতিমধ্যে পৃথিৱীত কেইবাশ বছৰ পাৰ হৈ গৈছে। অৰ্থাৎ পোহৰৰ বেগত গতি কৰা মহাকাশযানৰ যাত্ৰীৰ বাবে সময় স্থিৰ অথবা অতি লেহেমীয়া হৈ পৰিছে। অৰ্থাৎ তাত্বিক ভাবে আইনষ্টাইনৰ আপেক্ষিকতাবাদ অনুসৰি সময় ভ্রমণ সম্ভব।

বিজ্ঞানী সকলৰ মতে সময় এবিধ মাত্ৰা বা dimension আৰু ই শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল এটা পৰিমাপ মাথোন। সেইবাবেই পোহৰৰ বেগ কোনো কোনো অতিশয় ভৰযুক্ত পদাৰ্থৰ দ্বাৰা বাধাপ্রাপ্ত বা আকৃষ্ট হলে সময়ৰ প্ৰসাৰণ বা time dilation হয়। তেনে ধৰণৰ ঘটনাই কৃষ্ণগহ্বৰত সংঘটিত হয়। অৰ্থাৎ কৃষ্ণগহ্বৰত ঋণাত্মক সময় বা negative time পোৱা সম্ভব ! সহজ ভাষাত ক'বলৈ হ'লে কৃষ্ণগহ্বৰত বৰ্তমানৰ পৰা ভৱিষ্যতৰ সলনি অতীতলৈ ঘূৰি যাব পাৰি কাৰণ কৃষ্ণগহ্বৰৰ ভিতৰৰ আৰু বাহিৰৰ সময়ৰ পৰিমাপ একে নহয়। আনহাতে সময়ৰ লগত এনট্ৰপিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কিন্তু এনট্ৰপি মানেই বা কি? 

কোনো তন্ত্ৰ এটাত শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদানৰ অসম্ভৱতাকে এনট্রপি বোলা হয়। যদি দুটি বস্তুৰ মাজত তাপমাত্রাৰ পার্থক্য থাকে তেন্তে বেছি তাপমাত্রাৰ বস্তুটোৰ পৰা কম তাপমাত্রাৰ বস্তুটোলৈ তাপশক্তি প্রবাহিত হয়। অর্থাৎ শক্তিৰ ৰূপান্তৰ বা আদান প্ৰদান সম্ভব হয়। এটা সময়ত এই বস্তুদুটাৰ মাজত তাপৰ আদান প্রদানৰ সাম্যাবস্থা সৃষ্টি হ'ব। এনে সাম্যাবস্থাত এনট্রপি বেছি হোৱা বুলি কোৱা হয়। বিজ্ঞানী সকলৰ মতে আমাৰ মহাবিশ্বৰ এনট্রপি ক্রমাগত ভাবে বাঢ়ি গৈছে। মহাবিশ্ব সৃষ্টিৰ সময়ত এনট্রপিৰ মান আছিল 10^88 আৰু বর্তমান মহাবিশ্বৰ এনট্রপিৰ মান হৈছে 10^101। বিজ্ঞানৰ মতে মহাবিশ্বৰ এনট্রপিৰ সৰ্বোচ্চ মান 10^120 আৰু তাৰপিছত মহাবিশ্বৰ ক'তো কোনো শক্তিৰ ৰূপান্তৰণ সম্ভৱ নহ'ব। অৰ্থাৎ শক্তিৰ ৰক্ষনশীলতাৰ নীতিৰ বিৰুদ্ধাচৰণ কৰি শক্তিৰ মৃত্যু ঘটিব ! যিহেতু শক্তি অবিহনে শক্তিৰ আন্দোলিত অৱস্থাৰ ওপৰত নির্ভৰশীল পৰিমাপটো যুক্তিহীন হৈ পৰিব, তেতিয়াই মৃত্যু ঘটিব সময়ৰ !!

পথেৰে খোজকাঢ়ি যাওতে আমি যেনেদৰে আগলৈ বা পিছলৈ - দুয়ো দিশে যাব পাৰি, সময়ৰ ক্ষেত্ৰত বাৰু তেনে সম্ভৱনে? কথিত আছে যে সময়ৰ টিকনি আগফালে উৰে। অৰ্থাৎ সময় সদায় পাখি লগা কাড়ৰ দৰে আগুৱাইহে যায়, পিছুৱাই নাহে। কিন্তু কথাটো সঁচা নহ'বও পাৰে। কৃষ্ণগহ্বৰৰ ঋণাত্মক সময় বা "negative time"ৰ ধাৰণাটো আকৌ এবাৰ মনলৈ আনিলে দেখিম যে কৃষ্ণগহ্বৰত সময়ে আমাকে ধীৰে ধীৰে ভবিষ্যতৰ সলনি অতীতলৈ কঢ়িয়াই নিছে।

সময় ভ্রমণৰ ধাৰণাটো কৃষ্ণগহ্বৰৰ ঘটনা দিগন্ত বা "ইভেণ্ট হ'ৰাইজনটো" সম্ভৱ। কৃষ্ণগহ্বৰ হ'ল বিশাল নক্ষত্ৰৰ এক দুর্দশাপূর্ণ অৱস্থা। কৃষ্ণগহ্বৰে সকলো বস্তুকেই প্ৰচণ্ড মহাকৰ্ষণ বলেৰে নিজৰ পিনে টানে। এই মহাকৰ্ষণ ইমানেই তীব্ৰ যে কোনো বস্তু আনকি পোহৰো এক নির্দিষ্ট সীমাৰ ভিতৰলৈ আহি গ'লে সেই বস্তুটো আনকি পোহৰো কৃষ্ণগহ্বৰৰ পৰা ঘূৰি অহা সম্ভব নহয়। সেই সীমাৰেখা ডালেই কৃষ্ণগহ্বৰটোৰ ঘটনা দিগন্ত। ধৰি লোৱা হওঁক আপুনি এখন মহাকাশযানত উঠি কৃষ্ণগহ্বৰৰ আশপাশে থকা ঘটনা দিগন্তৰ ওচৰেৰে কৃষ্ণগহ্বৰটোৰ চৌদিশে ভ্রমণ কৰি আছে। এই ক্ষেত্ৰত আপোনাৰ মহাকাশযানৰ ভিতৰত সময় প্ৰায় স্থবিৰ হৈ পৰিব। তেনে অৱস্থাত আপুনি পৃথিৱী সাপেক্ষে ভৱিষ্যতৰ এখন জগতত প্ৰৱেশ কৰিব।

টাইম ট্ৰেভেল বিষয়টিক সমর্থন কৰা আন এটি ধাৰণা হ'ল "ওর্মহোল" বা কীটগহ্বৰ। কীটগহ্বৰ মানেনো কি? কেতিয়াবা এক দীঘলীয়া আৰু আমনিদায়ক যাত্ৰা এটিৰ আৰম্ভণিতে প্ৰায়েই আমাৰ মনলৈ আহিব পৰা এটা চিন্তা - কেনেবাকৈ এই দীঘলীয়া পথটো যদি তেনেই চমু কৰি মূহুৰ্তৰ ভিতৰতে যাত্ৰাটো সম্পূৰ্ণ কৰিব পৰা হ'লহেতেন ! হয়, আপুনি বা মই ভবাৰ দৰেই এইটো সম্ভৱ হৈ উঠিব পৰা এটি ধাৰণাই হ'ল Wormhole বা  কীটগহ্বৰ। বিজ্ঞানৰ ভাষাত বিশাল মহাকাশৰ কেইবা লক্ষ আলোকবৰ্ষ দূৰত্বত অৱস্থিত দুখন তাৰকাৰাজ্যৰ মাজৰ এটি পোনপটীয়া আৰু অতি চমু সংযোগ ব্যৱস্থাকেই কীটগহ্বৰ বোলা হয়। বিজ্ঞানীসকলৰ মাজত সততে আলোচনা হোৱা এই কীটগহ্বৰৰ ধাৰণাটো যদি বাস্তৱসন্মত হয়, তেন্তে মহাকাশৰ বিশালতা মানুহৰ বাবে তেনেই নগন্য হৈ পৰিব। কীটগহ্বৰৰ ধাৰণাটো মনীষী এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ আলমত গঢ় লৈ উঠিছিল। তেখেতৰ মতে স্থান আৰু সময় দুয়োটাই অভিন্ন আৰু এই দুয়োটাই মহাকৰ্ষণ বলৰ প্ৰভাৱত বা কোনো পদাৰ্থৰ ভৰৰ বাবে সমতলীয় ভাবে নেথাকি বক্ৰ হৈ থাকিব পাৰে। যেতিয়াই স্থান আৰু কাল (সময়) বক্ৰ হৈ পৰে, তেতিয়াই বহু দূৰত অৱস্থিত দুটা স্থান তেনেই ওচৰ চাপি আহিব পাৰে। 

কথাটো সহজ ভাবে বুজিবলৈ এখন ফুলস্কেপ কাগজৰ দুই মূৰে দুটা সৰু বৃত্ত আঁকি লৈ লক্ষ্য কৰিলে দেখা যাব যে সমতল কাগজখনৰ পিঠিত বৃত্ত দুটাৰ মাজত সমতলীয় ভাবে যথেষ্ট দূৰত্ব আছে। এতিয়া কাগজখন সাৱধানে এনেদৰে দুভাঁজ কৰা হ'ল যাতে কাগজত অঁকা বৃত্ত দুটা এটা আনটোৰ থিক ওপৰত অৱস্থান কৰে। এতিয়া গঁজাল এটাৰে ফুটা কৰি কাগজত অঁকা বৃত্ত দুটা সংলগ্ন কৰিলে, এই ফুটাটোৱেই হ'ব বেঁকাকৈ ভাঁজ কৰা কাগজত অঁকা বৃত্ত দুটাৰ মাজৰ পোনপটীয়া আৰু আটাইতকৈ চমু পথ। ধৰি লওক কাগজৰ বৃত্ত দুটা আমাৰ মহাবিশ্বৰ দুখন তাৰকাৰাজ্য, তেন্তে গঁজালেৰে কাগজত কৰা ফুটাটোৱেই হ'ব দুই তাৰকাৰাজ্যৰ মাজৰ আটাইতকৈ চমু পথ বা কীটগহ্বৰ। যদি মহাকাশৰ অতি বিশাল দূৰত্ব অতিক্ৰম কৰিবলৈ আপুনি কীটগহ্বৰেৰে যাত্ৰা আৰম্ভ কৰে, আপুনি সময় ভ্ৰমণ কৰি ভৱিষ্যতৰ জগতত প্ৰবেশ কৰিব।

টাইম ট্রেভেলেৰ জৰিয়তে ভৱিষ্যতৰ জগতত প্ৰবেশ কৰাৰ বৈজ্ঞানিক তত্ব আছে যদিও ইয়াৰ জৰিয়তে অতীতত এভূমুকি মৰাৰ সম্ভাৱনাত কিছু শংকা আছে। কিছুমান বিষয় আছে, যিবোৰে টাইম ট্রেভেলৰ জৰিয়তে অতীতত পৰিভ্ৰমণ কৰাত অনিশ্চয়তাৰ সৃষ্টি কৰিছে। এনে অনিশ্চয়তাবোৰক টাইম ট্রেভেল পেৰাডক্স (Time Travel Paradox) বোলা হয়। বাস্তৱক্ষেত্ৰত সময় পৰিভ্ৰমণ এক অসম্ভৱ অধ্যায়। তথাপিও বিজ্ঞানী সকলৰ জল্পনা কল্পনাৰ শেষ নাই। নিতৌ ন ন গৱেষণাই নতুন নতুন সম্ভাৱনাৰ বাট দেখুৱাইছে। কীটগহ্বৰৰ সহায়তেই হওঁক বা ঋণাত্মক শক্তিৰ(!) সহায়তেই হওঁক, বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে সময়ৰ টিকনিডাল পিছফালে ঘূৰাই অতীতত এভূমুকি মৰাৰ অসাধ্য সাধনৰ বাবে।