Wednesday 18 May 2016

উৎক্ষেপণৰ বাবে সাজু ভাৰতৰ প্ৰথম মহাকাশ যান RLV-TD


ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ISROৰ বিজ্ঞানী সকলে সাজু কৰি তুলিছে ভাৰতৰ প্ৰথমখন মহাকাশ যান RLV-TD বা Reusable Launch Vehicle - Technology Demonstrator. বিগত সময়চোৱাত ভাৰতে বহুতো মহাকাশ অভিযান সফলতাৰে সম্পন্ন কৰিছে যদিও এই সকলোবোৰ অভিযানত প্ৰক্ষেপক যান PSLV বা GSLVৰ সহায়ত কৃত্ৰিম উপগ্ৰহ আৰু কেতবোৰ ৰকেট তথা Orbiter হে প্ৰক্ষেপ কৰিছিল। শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰি উলিয়াইছে 6.5 মিটাৰ ওখ আৰু 1.75 টন ভৰ বিশিষ্ট RLV-TD নামৰ মহাকাশ যানখন। ISROৰ বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশ অভিমুখে উৰা মাৰিব লগীয়া এই মহাকাশ যানখন পৌণপৌণিক ভাবে ব্যৱহাৰ কৰিব পৰা যাব। উৎক্ষেপণৰ ক্ষন্তেক পিছতেই অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিসীমাৰ ভিতৰতেই এই যানখনে শব্দৰ বেগ অতিক্ৰম কৰিব পাৰিব আৰু সেয়ে এই পৰীক্ষামূলক উৰণটোক বিজ্ঞানী সকলে Hyper Sonic Experiment বা HEX নামেৰে নামাকৰণ কৰিছে। যদিহে অহা 23 মে, 2016ৰ পুৱা 9:30 বজাৰ এই পৰীক্ষামূলক উৰণটো সফলতাৰে সম্পন্ন হয়, তেন্তে ই হ'ব ভাৰতীয় মহাকাশ বিজ্ঞানৰ বাবে আন এক মাইলৰ খুটি। ISROৰ এই বিশেষ মহাকাশ প্ৰকল্পটো সফলতাৰে সম্পন্ন হওঁক- এই কামনা কৰাৰ লগতে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা যাচিলোঁ।

Saturday 14 May 2016

গেলিলিওৰ হেলনীয়া স্তম্ভৰ পৰীক্ষাটো



সেই সময়ত এৰিষ্টোটল আৰু সমসাময়িক সকলো বিজ্ঞলোকৰ মতে কোনো উচ্চ স্থানৰ পৰা পেলাই দিলে গধুৰ পদাৰ্থ এটা পাতল পদাৰ্থত কৈ আগতে আহি মাটিত পৰিবহি। কিন্তু সেই সময়ত ইটালীৰ এজন বিজ্ঞানীয়ে সকলো মানুহক আচৰিত কৰি কথাটো অন্য ধৰণে ক'বলৈ আৰম্ভ কৰিলে। তেওঁৰ মতে গধুৰ বা পাতল সকলো পদাৰ্থই ওপৰৰ পৰা পেলাই দিব একে সময়তে মাটি স্পৰ্শ কৰিবহি, যদিহে পৰীক্ষা সম্পন্ন কৰা স্থানত বায়ুৰ পৰা হোৱা ঘৰ্ষণ অতি নগন্য হয়। সেয়া 1589 চনৰ কথা। গেলিলিওৱে পিচা চহৰৰ হেলনীয়া স্তম্ভৰ পৰা সম্পন্ন কৰিলে এটি বিখ্যাত পৰীক্ষা য'ত তেখেতে হেলনীয়া স্তম্ভৰ ওপৰৰ পৰা দুটা ভিন্ন ভৰৰ পদাৰ্থ একে সময়তে মাটিলৈ পেলাই দি প্ৰমাণ কৰি দেখুৱাই যে তললৈ সৰি পৰা বস্তুৱে ভৰৰ ভিন্নতা স্বত্তেও একে বেগত তললৈ সৰি পৰে। এই পৰীক্ষাটোৱে সেই সময়ৰ প্ৰচলিত ধাৰণাটিক নস্যাত কৰি এক নতুন সত্যৰ আধাৰ গঢ়ি তোলে। আমি গেলিলিওৰ সেই পৰীক্ষাটোৰ আধাৰত এটি বিশ্লেষণাত্মক আলোচনা কৰিব খুজিছোঁ।
ধৰা হওঁক, পিচাৰ হেলনীয়া স্তম্ভৰ পৰা আপুনি 1 Kg আৰু 10 Kg ভৰৰ দুটা বস্তু একেলগে আৰু একে সময়তে তললৈ পেলাই দিলে। এনে ক্ষেত্ৰত:
প্ৰথম বস্তুটোৰ ওজন = 1 kg × 9.8 = 9.8 N আৰু
দ্বিতীয় বস্তুটোৰ ওজন = 10 kg × 9.8 = 98 N
আমি জানো যে ত্বৰণ = ওজন/ভৰ ।
সেয়ে, প্ৰথম বস্তুটোৰ ত্বৰণ = 9.8 N/1Kg = 9.8 মি/ বৰ্গ ছেকেণ্ড। 
তেনেকৈ দ্বিতীয় বস্তুটোৰ ত্বৰণ = 98 N/10Kg = 9.8 মি/ বৰ্গ ছেকেণ্ড। 
অৰ্থাৎ পদাৰ্থৰ ভৰ যিয়েই নহওক কিয়- তললৈ সৰি পৰা সকলো বস্তু একে হাৰতই ত্বৰিত হয়। এই সত্য গেলিলিওৱে 1589 চনতেই প্ৰতিষ্ঠা কৰিছিল যদিও তেখেতে এইটো ক'ব পৰা নাছিল যে ত্বৰণৰ হাৰ একে হোৱাৰ কাৰণটো কি ! পিছলৈ মাধ্যাকৰ্ষণ বলেই ইয়াৰ কাৰণ বুলি আন এক যুগজয়ী আৱিষ্কাৰেৰে আইজাক নিউটনে নিজৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰে।

Wednesday 11 May 2016

বিদ্যালয়ত ঘোলা কণী নামেৰে পৰিচিত ছাত্ৰজন


বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰজনক নিজৰ কোঠালৈ মাতি আনি সুধিলে: তোমাৰ ঘৰত কোন কোন আছে ?
ছাত্ৰজনে তলমুৰ কৰি সেমেনা সেমেনি কৈ উত্তৰ দিলে: “মই আৰু মোৰ মা মহাশয়"।
ক্ষন্তেক সময় মৌন হৈ ৰৈ প্ৰধান শিক্ষকে এটুকুৰা কাগজত ছাত্ৰজনৰ মাতৃলৈ বুলি এখন পত্ৰ লিখি ছাত্ৰজনক ক'লে: “এই পত্ৰখন তোমাৰ মাৰাক দিবাগৈ। মোৰ বিশ্বাস, তুমি পত্ৰখন নিশ্চয় খুলি নপঢ়া।” ছাত্ৰজনেও বিদ্যালয়ৰ পৰা আহিয়েই মাকৰ হাতত প্ৰধান শিক্ষকে দিয়া চিঠিখন তুলি দি কলে: চাৰে এই চিঠিখন তোমালৈ পঠিয়াইছে। মাকে পত্ৰখন একান্ত মনেৰে পঢ়িলে। পঢ়ি থাকোঁতে মাকৰ দুচকুৰে বাগৰি আহিছিল চকুলো।মাকৰ কান্দোন দেখি ছাত্ৰজনে মাকক সুধিলে: “মা ইয়াত কি লিখা আছেনো, তুমি কান্দিছা যে ?"

 পুত্ৰৰ কথা শুনি মাকে চকুপানী মচি ক'লে, "মোৰ সোন, তোমাৰ প্ৰধান শিক্ষকে লিখিছে যে - আপোনাৰ ল'ৰা বহুত বিচক্ষণ। আমাৰ বিদ্যালয়ত আপোনাৰ ল'ৰাক শিক্ষা দিব পৰাকৈ ইয়াত কোনো প্ৰশিক্ষিত শিক্ষক নাই। সেয়েহে আপুনি ল'ৰাজনক নিজেই ঘৰত শিক্ষা দিয়াৰ ব্যৱস্থা কৰক" !
মাতৃয়ে চিঠিখন আলফুলে আলমাৰিত সুমুৱাই থ'লে।পৰিয়ালটোৰ আৰ্থিক অৱস্থা তেতিয়া বৰ ভাল নহয়।মাক বহুত চিন্তাত পৰিল।টকা পইছাৰ অভাৱত পুত্ৰক আন এখন বিদ্যালয়ত নাম লগাই দিয়াটো সম্ভৱ হৈ উঠা নাই। উপায় বিহীন মাকে পুতেকক নিজেই পঢ়োৱাৰ দায়িত্ব কান্ধ পাতি ল'লে আৰু দিনে ৰাতিয়ে পুতেকক পঢ়োৱাত মনোযোগ দিলে। এই ক্ষেত্ৰত লৰাজনৰ দেউতাকেও যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। তেওঁলোকে পুতেকক ঘৰৰ আৰ্থিক দীনতাৰ কথা নেভাবি কেৱল পঢ়াত মনোযোগ দিবলৈ ক'লে।
লাহে লাহে লৰাজন ডাঙৰ হ'ল। পিতৃ মাতৃয়ে আৰ্থিক অনাটনৰ কথা নেভাবিবলৈ কোৱা স্বত্বেও ল'ৰাজনে বজাৰত মিঠাই, চকলেট, শাক -পাচলিৰ লগতে বাতৰি কাকত আদি বিক্ৰী কৰি পোৱা উপাৰ্জনেৰে আন এখন বিদ্যালয়ত শিক্ষাগ্ৰহন কৰাৰ উদেশ্যে নামভৰ্তি কৰি ল'লে।
সকলো থিকেই চলি আছিল। লৰাজনৰ 24 বছৰ বয়স হোৱাত এদিন তেওঁৰ মাতৃৰ বিয়োগ হ'ল। মাতৃৰ বিয়োগত ছাত্ৰজন ভাগি পৰিল যদিও দুগুণ উৎসাহেৰে নিজৰ অধ্যয়ন আগবঢ়াই নিলে !! একানপটীয়া চেষ্টা আৰু মানসিক উদ্যমৰ ফলস্বৰূপে পৰবৰ্তী সময়ত তেওঁ এজন সুযোগ্য আৰু প্ৰতিষ্ঠিত ব্যক্তিলৈ ৰূপান্তৰিত হ'ল।
এদিন তেওঁ ঘৰৰ পুৰণি আলমাৰিতো চফা কৰিবলৈ লওঁতেই তেওঁৰ লৰালি কালতেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে মাকলৈ বুলি লিখা সেই পত্ৰখন পালে। নপঢ়ো বুলি ভাবিও মনৰ কৌতুহল দমাব নোৱাৰি তেওঁ চিঠিখন মেলি ল'লে.....

“আপোনাৰ পুত্ৰ এজন জধামূৰ্খ আৰু তেওঁ বিদ্যালয়ত পঢ়োৱা একোৱেই আয়ত্ব কৰিব নোৱাৰে। আমাৰ বিদ্যালয়ত পঢ়িব পৰাকৈ আপোনাৰ পুত্ৰৰ যোগ্যতা নাই। সেয়েহে আপোনাৰ পুত্ৰক পুনৰ আমাৰ বিদ্যালয়লৈ নপঠিয়াবলৈ অনুৰোধ কৰিলোঁ। আশাকৰো আপুনি কথাখিনি বুজিব পাৰিছে।"

চিঠিখন অজ্ঞাতেই তেওঁৰ হাতৰ পৰা পৰি গ'ল। তেওঁৰ চকুযুৰি সেমেকি উঠিল। বহু সময় তেওঁ হিয়া ধাকুৰি কান্দিলে আৰু নিজৰ মাতৃৰ ত্যাগ আৰু সাহসৰ বাবেই যে তেওঁ বৰ্তমানৰ এই অৱস্থাত উপনীত হৈছে, সেই কথা বাৰুকৈয়ে উপলৱদ্ধি কৰিলে। তাৰ পিছত মেজৰ ওচৰলৈ গৈ ডায়েৰীখন উলিয়াই লৈ লিখিবলৈ আৰম্ভ কৰিলে.....
“এগৰাকী মহান মাতৃয়ে এটা জধামূৰ্খ সন্তানক বিনাস্বাৰ্থত, পৃথিৱীৰ বিখ্যাত বৈজ্ঞানিক ৰূপে গঢ় দি নীৰৱে সেই সন্তানৰ কাষৰ পৰা মেলানি মাগিলে আৰু সমগ্ৰ পৃথিৱীক ৰাতিৰ অন্ধকাৰ নাশিবলৈ উপহাৰ স্বৰূপে দি গ'ল আলোকৰ মন্ত্ৰ।”
এইজন ছাত্ৰই আছিল পৃথিৱী বিখ্যাত বিজ্ঞানী টমাচ আলভা এডিছন !!!

Monday 9 May 2016

গ্রহৰ তালিকাৰ পৰা আঁতৰাই প্লুটোক কিয় বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হ'ল ?


1930 খৃষ্টাব্দৰ 23 জানুৱাৰীৰ দিনা বিজ্ঞানী ক্লাইড ডব্লিউ টমবাউয়ে একে বৰ্ষৰ 18 জানুৱাৰীৰ নিশা টেলিস্কোপিক কেমেৰাৰে সংগ্ৰহ কৰা এখন আলোক চিত্রৰ সহায়ত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰিছিল। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ এই গ্ৰহটোক সময় লাগে ২৪৮ বছৰ। সূৰ্যৰ পৰা প্লুটোৰ গড় দূৰত্ব প্ৰায় ৬০০ কোটি কিলোমিটাৰ, অৰ্থাৎ পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্বৰ 40 গুণ। নিজৰ কক্ষপথত প্লুটোৰ গতি প্ৰতি ছেকেণ্ডত মাত্ৰ 4.7 কিলোমিটাৰ। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰোতে কক্ষপথত পৃথিৱীৰ বেগ প্ৰতি ছেকেণ্ডত প্ৰায় 29 কিলোমিটাৰ। অৰ্থাৎ পৃথিৱীৰ তুলনাত প্লুটোৰ গতি অতি লেহেমীয়া। ইয়াৰ তিনিটা উপগ্ৰহও আছে। এই উপগ্ৰহ কেইটা হ'ল: চেৰণ, নিক্স আৰু হাইড্ৰা।সূৰ্যৰ পৰা প্লুটোৰ দূৰত্ব প্ৰায় 600 কোটি কিলোমিটাৰ, অৰ্থাৎ পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্বৰ 40 গুণ।নিজৰ কক্ষপথত প্লুটোৰ গতি প্ৰতি ছেকেণ্ডত মাত্ৰ 4.7 কিলোমিটাৰ। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰোতে কক্ষপথত পৃথিৱীৰ বেগ প্ৰতি ছেকেণ্ডত প্ৰায় 29 কিলোমিটাৰ। অৰ্থাৎ পৃথিৱীৰ তুলনাত প্লুটোৰ গতি অতি লেহেমীয়া। ইয়াৰ তিনিটা উপগ্ৰহও আছে। এই উপগ্ৰহ কেইটা হ'ল: চেৰণ, নিক্স আৰু হাইড্ৰা। প্লুটোৰ আৱিষ্কাৰৰ সময়ত ইয়াক সৌৰজগতৰ নৱম গ্ৰহ হিচাবে আখ্যা দিয়া হৈছিল যদিও 2006 চনৰ আগষ্ট মাহত International Astronomical Union (IAU)ৰ বিজ্ঞানী সকলে প্লুটোক গ্ৰহৰ তালিকাৰ পৰা আঁতৰাই আনি "বাওনা গ্ৰহ" বুলি শ্ৰেণীবদ্ধ কৰে। এইখিনিতেই আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল- কিহৰ বাবে প্লুটো গ্ৰহ নহয়? বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈকে প্লুটো গ্ৰহ নে বাওনা গ্ৰহ, এই বিষয়ে বাদানুবাদ চলি আছে। আমি সেই বিতৰ্ক এৰাই উভতি আহিছো মূল প্ৰসংগটোলৈ। প্লুটো আকাৰত তেনেই সৰু এটি সৌৰজাগতীয় উপাদান। বিজ্ঞানী সকলৰ গণনা অনুসৰি প্লুটোৰ কক্ষপথ নেপচুনৰ কক্ষপথৰ দুগুণ দূৰত্বত থাকিব লাগিছিল। কিন্তু ইয়াৰ কক্ষপথ তাৰ সলনি নেপচুনৰ প্ৰায় কাষতেই অৱস্থিত। কক্ষপথত আগুৱাই যাওঁতে এটা পর্যায়ত প্লুটো নেপচুনৰ কক্ষপথৰ ভিতৰেদি সোমাই আহি সূৰ্যৰ চৌপাশে ঘুৰিবলৈ ধৰে। প্লুটোৰ এটি উপগ্রহ চাৰণ আকাৰত প্লুটোৰ প্ৰায় সমকক্ষ। উপগ্ৰহ হ'বলৈ প্ৰয়োজনীয় সৌৰজগতৰ সাধাৰণ নিয়ম ভংগ কৰি প্লুটো আৰু চাৰণ দুয়ো পৰস্পৰে এটি উমৈহতীয়া ভৰকেন্দ্ৰৰ চাৰিওফালে ঘুৰি থাকে। ইয়াৰ ফলত বিজ্ঞানী সকল দোমোজাত পৰে কাৰণ উমৈহতীয়া ভৰকেন্দ্ৰৰ চৌদিশে আবৰ্তন কৰি থকা এই দুই সৌৰজগতৰ উপাদানৰ কোনটো গ্ৰহ বা কোনটো উপগ্ৰহ- নিৰ্দিষ্টকৈ কোৱা টান। এই সমস্যাৰ পৰা মুক্তি পাবলৈ বিজ্ঞানী সকলে প্লুটো আৰু ইয়াৰ উপগ্ৰহ (!) কেইটাক "আন্ত:গ্রহ" বা বাওনা গ্ৰহ বুলি অভিহিত কৰে। কোনো কোনো বিজ্ঞানীয়ে আকৌ প্লুটোৰ পৰিয়ালটো "ভ্রাম্যমান গ্রহাণু" বুলিও ক'ব খোজে। বিজ্ঞানী সকলে শেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই 2006 চনৰ আগষ্ট মাহত প্লুটো আৰু ইয়াৰ পৰিয়ালৰ সদস্য কেইটা যেনে চাৰণ, নিক্স আৰু হাইড্ৰাক গ্রহৰ তালিকাৰ পৰা আঁতৰাই আনি বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰে।

Sunday 8 May 2016

মহাকাশৰ এক ৰহস্য: The Wow Signal !!


1977 চনৰ 15 আগস্টৰ নিশা। এটি গতানুগতিক গ্ৰীষ্মৰ নিশা। গভীৰ মহাকাশৰ বিভিন্ন দিশত মহাজাগতিক তৰংগৰ সন্ধানত সিদিনাও ব্যস্ত SETI (Search for Extraterrestrial Intelligence)ৰ বিজ্ঞানী সকল। বিভিন্ন যন্ত্রপাতি আৰু মনিটৰিং ডিভাইচ লৈ SETIৰ বিজ্ঞানী সকলে মহাকাশৰ পৰা অহা তৰঙ্গবোৰ ধৰা পেলাই সেইবোৰৰ পর্যালোচনা তথা পর্যবেক্ষন কৰে। হয়তো কোনোবা দিনা দূৰ দূৰণিৰ মহাকাশৰ অজানতিমুলুকৰ পৰা কোনো এলিয়েনে আমালৈ পঠিওৱা বার্তা এটাই সংগ্ৰহ কৰিব পৰা যায় ! সেইদিনাৰ নিশাটোও তাৰ ব্যতিক্রম নাছিল। স্থানীয় সময় অনুসৰি ঘড়ীত নিশা 10:16 বাজিছে। Night Shiftত কাম কৰা এজন ডেকা বিজ্ঞানী Jerry Ehman এ নিশা মনিটৰিং ইউনিটৰ সন্মুখত বহি একাগ্ৰ মনে Big Ear Radio Telescopeৰ লগত সংলগ্ন মনিটৰত চকু ফুৰাই থাকোতে হঠাতেই ঘটি গ'ল ঘটনাটো। মনিটৰৰ পৰ্দাত সেই মূহুৰ্তত ভাঁহি উঠিল দূৰ মহাকাশৰ পৰা উটি অহা এটি সংকেত। এটা অতি অস্বাভাৱিক সংকেত। পূৰ্বে এনে সংকেত কেতিয়াও ধৰা পেলাব পৰা হোৱা নাছিল। তেওঁ সংগ্ৰহ কৰা এই অস্বাভাৱিক সংকেতটো পৃথিৱীৰ পৰা প্ৰায় 5000 আলোকবৰ্ষ দূৰৰ হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্রভাগত অৱস্থিত Sagittarius তাৰকাপূঞ্জৰ দিশৰ পৰা আহিছিল। এক প্ৰকাৰ স্তম্ভিত হৈ পৰিছিল বিজ্ঞানী Jerry Ehman. এই আচহুৱা মহাজাগতিক সংকেতটো প্ৰায় 72 ছেকেণ্ড মনিটৰত দৃশ্যমান হৈ ৰৈছিল আৰু এই সংকেতটো গৱেষণাগাৰৰ ইণ্টিগ্ৰেডেড টাইপ মেছিনত স্বয়ংক্ৰিয় ভাবে লিপিবদ্ধ হৈছিল। 72 ছেকেণ্ড পিছত এই সংকেতটো আপোনা আপুনি নোহোৱা হৈ পৰাত টাইপ মেছিনটোও একেলগে বন্ধ হৈ পৰে। Ehmanএ ততাতৈয়াকৈ টাইপ মেছিনৰ পৰা প্ৰিন্টটো উলিয়াই লৈ তাত গৱেষণাগাৰৰ নিয়মানুসৰি নিজৰ স্বাক্ষৰ দিয়াৰ সলনি লিখি দিলে "WOW!" তেখেতে সংকেতটোৰ পৰ্যবেক্ষণত ধৰা পেলালে কেতবোৰ থিয় column য'ত প্ৰধানকৈ বহুতো সাংখিক কোড আছিল।এটা বিশেষভাৱে আচহুৱা আক্ষৰিক কোডেহে Ehmanক আচৰিত কৰি তুলিছিল আৰু সেই কোডটো হ'ল: 6EQUJ5, যিটো তেখেতে তৎক্ষণাত ৰঙা চিঁয়াহীৰে চিহ্নিত কৰি তাৰ কাষতেই লিখি দিছিল: WOW ! তেতিয়াৰ পৰাই এই মহাজাগতিক সংকেতটোক WOW signal বুলিয়েই জনা যায়। পৰবৰ্তী সময়ত Ehmanএ এই ৰহস্যময় সংকেতটো পুনৰ ধৰা পেলাবলৈ বহু চেষ্টা কৰিও বিফল হয়। অকল সেয়াই নহয়, বিশ্বৰ বিভিন্ন ঠাইৰ বিজ্ঞানীসকলে এই সংকেতটোৰ পাঠোদ্ধাৰ কৰিবলৈ আজিও চেষ্টা অব্যাহত ৰাখিছে। আমি, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়েই আজি অধীৰ আগ্ৰহেৰে বাট চাই আছো অজানতিমুলুকৰ পৰা অহা কোনো ভিন্ন গ্ৰহৰ প্ৰাণীৰ (!) সেই দুৰ্বোধ্য ভাষাৰ এক সাৰ্বজনীন আৰু বোধগম্য অনুবাদলৈ।

Thursday 5 May 2016

সৌৰজগত অভিমুখী এক "মৃত্যু তাৰকা"


সৌৰজগত অভিমুখে তীব্ৰ গতিৰে আগবাঢ়ি আহি আছে এটি নক্ষত্ৰ। বিজ্ঞানী সকলে বৰ্তমানলৈ নিৰ্ধাৰণ কৰিব নোৱাৰা এক অজ্ঞাত কাৰণত সৌৰজগত অভিমুখে নিশ্চিত ভাবে আগুৱাই আহি আছে এই তৰাটো। সৌৰজগতৰ পৰা প্ৰায় 16 আলোকবৰ্ষ আঁতৰৰ হাৰকিউলিচ নক্ষত্ৰমণ্ডলত অৱস্থিত এই তৰাটোক বিজ্ঞানী সকলে এটি ৰঙা বামণ (Red Dwarf) বুলি অভিহিত কৰিছে। এই তৰাটোৰ নাম HIP 85 605 বা "Death Star" (মৃত্যু তাৰকা)। জাৰ্মানীৰ মেক্স প্লাংক বিশ্ববিদ্যালয়ৰ বিজ্ঞানী Dr. Coryn Bailey Jonesৰ অধীনত গৱেষণাৰত এদল বিজ্ঞানীৰ মতে অনাগত দিনত মৃত্যু তাৰকাটোৰ এনে পৰিক্ৰমাৰ ফলত পৃথিৱীখন মানুহ বা আন জীৱকূলৰ বাবে বসবাসৰ অনুপযোগী এটা অতি বিপদ সংকুল গ্ৰহলৈ ৰূপান্তৰিত হ'ব। পিছে, আমাৰ বাবে এটাই সুখবৰ যে তৰাটোৱে যিটো বেগত সৌৰজগত অভিমুখে আগবাঢ়ি আহিছে, সেই বেগ অনুসৰি তৰাটো সৌৰজগতৰ নিকটতম অৱস্থানলৈ আহি পাবলৈ ইয়াক প্ৰয়োজন হ'ব প্ৰায় 2.5 লাখ বছৰ। সেই নিকটতম দূৰত্ব হ'ব সৌৰজগতৰ পৰা মাত্ৰ 8000 AU বা 8000 মহাজাগতিক একক। এই দূৰত্বত যেতিয়া মৃত্যু তাৰকা HIP 85 605 উপস্থিত হ'ব, তেতিয়া তৰাটোৰ প্ৰচণ্ড মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সৌৰজগতৰ উৰ্ট মেঘ অঞ্চলত দেখা পোৱা যাব চৰম অস্থিৰতা। উৰ্ট মেঘ অঞ্চলৰ অগণন বৰফৰ টুকুৰা আৰু ধুমকেতুবোৰ ইয়াৰ ফলত কক্ষচ্যুত হৈ সৌৰজগতত অনাই বনাই ঘুৰি ফুৰিব আৰু তাৰ ভিতৰত অধিকাংশ ধুমকেতু সৌৰজগতৰ আভ্যন্তৰীণ অংশলৈ সিঁচৰতি হৈ পৰিব। এনে কক্ষচ্যুত ধুমকেতুবোৰে পৃথিৱীকে ধৰি সৌৰজগতৰ আন আন গ্ৰহবোৰৰ বুকুত সঘনাই আঘাট কৰিব। ধুমকেতুৰ এনে আঘাটৰ ফলতেই পৃথিৱীৰ পৰা ডাইনোচৰৰ বিলুপ্ত হোৱাৰ তথ্য আমাৰ হাতত আছে। অৱশ্যে এইটো কথাও সত্য যে অন্যান্য বিভিন্ন কাৰণত আগতেও পৃথিৱীৰ লগত একাধিক এনে ধৰণৰ মহাজাগতিক সংঘৰ্ষ হৈছে যদিও পৃথিৱীৰ সমস্ত জীৱকূল ধ্বংস হৈ যোৱা নাই। অনাগত দিনত এই তৰাটোৱে সৌৰজগতলৈ কেনে দুৰ্যোগ কঢ়িয়াই আনে বা ভৱিষ্যতৰ বিজ্ঞানী সকলে ইয়াৰ পৰা ৰক্ষা পৰাৰ বাবে কেনে ব্যৱস্থা হাত লয়, তাৰ ওপৰতেই নিৰ্ভৰ কৰিব পৃথিৱীৰ জীৱন।

Monday 2 May 2016

বহিঃবিশ্বত প্ৰাণৰ সন্ধান



যিশুখ্রীষ্টৰ জন্মৰ প্ৰায় ছয়শ বছৰ আগতে দাৰ্শনিক তথা গণিতজ্ঞ থেলচে (Thales) সর্বপ্রথমে বহিঃবিশ্বৰ গ্রহৰ বুকুত প্রাণৰ ধাৰণাৰটো পোষণ কৰিছিল। তেওঁৰ মতে দৃশ্যমান গ্রহ সমূহৰ উপৰিও অন্য কোনো জীৱন বহুল জগত এখন নিশ্চয় আছে। দাৰ্শনিক পুটার্চৰ মতে জোনবাইৰ দেশ স্বর্গৰ দেৱতা সকলৰ আবাস ভূমি! অনুৰূপভাবে মধ্যযুগৰ জ্যোতির্বিদ সকলেও পৃথিবীৰ উপৰি অন্যান্য গ্রহত জীবনৰ কল্পনা কৰি সেই কল্পিত জগতৰ লগত যোগাযোগ স্থাপনৰ নিৰন্তৰ প্রয়াস কৰিছিল। বিখ্যাত গণিতজ্ঞ গাউচে চাইবেৰীয়াৰ ঘন অৰণ্যত বৃক্ষৰ সহায়ত এটি অতিকায় ত্রিকোণীয় আকৃতি তৈয়াৰ কৰি অন্য গ্রহৰ অধিবাসী সকলক আকৃষ্ট কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিছিল। জে জে ভন লিট্রোৱে আকৌ চাহাৰা মৰুভূমিত জ্যামিতীয় পদ্ধতি অনুসৰণ কৰি সুবৃহৎ আকৃতিৰ নলা তৈয়াৰ কৰি তাত নিশা ডাঙৰ জুই জ্বলাই আন গ্ৰহৰ প্ৰাণীলৈ সংকেত প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। একেদৰে দিনৰ বেলিকা অতিকায় অৱতল দাপোন ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি চৌদিশে প্ৰতিফলিত কৰি বহিঃগ্ৰহৰ প্ৰাণীৰ লগত সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টাও চলিছিল প্ৰায় পাঁচশ বছৰ আগলৈকে। এনেদৰেই প্রাচীন আৰু মধ্যযুগীয় দার্শনিক সকলে বহিঃজগতৰ লগত সংযোগ স্থাপনৰ একানপতীয়া প্রচেষ্টা কৰিছিল। ইয়াৰ পিছতেই আধুনিক যুগত ভিনগ্রহৰ প্রাণীৰ সন্ধানত নামি পৰে আধুনিক বিজ্ঞানৰ মনীষী সকল। পৃথিবীৰ পৰা মহাকাশলৈ আৰম্ভ কৰা হয় বিভিন্ন অভিযান। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল 1960 চনত স্থাপন হোৱা SETI বা Search for Extraterrestrial Intelligence নামৰ প্ৰতিষ্ঠানটো। SETIৰ প্রতিষ্ঠাপক হ'ল প্ৰখ্যাত জ্যোতির্বিজ্ঞানী ফ্রাঙ্ক ড্রেক। এই প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলে বেতৰ তৰঙ্গ ব্যবহাৰ কৰি পৃথিৱীৰ পৰাই ভিনগ্রহৰ প্রাণীৰ সন্ধান কৰে। বর্তমান পৃথিৱীৰ কেইবাখনো দেশত SETIৰ কার্যক্রমনিকা পৰিচালিত হৈ আছে। ভিনগ্রহৰ প্রাণী সম্পর্কে গাণিতিক, যুক্তিগত অথবা বিশ্বাসগত- কাৰণ যিয়েই নহওক কিয়, গবেষক সকল সদায়েই আকৰ্ষিত হৈ আহিছে বহিঃজগতত প্রাণৰ অস্তিত্ব সম্বন্ধে। NASAৰ বিজ্ঞানী সকলেও বহিঃবিশ্বত প্ৰাণৰ সন্ধান অব্যাহত ৰাখি জোনবাইৰ উপৰিও মংগল, বৃহস্পতি, শনি গ্ৰহৰ লগতে বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰতো বিভিন্ন অভিযান চলাইছে। কিন্তু দুখৰ বিষয় এই যে এতিয়ালৈকে এই অভিযান সমূহে আমালৈ কঢ়িয়াই আনিব পৰা নাই বহিঃবিশ্বৰ প্ৰাণৰ বতৰা। তথাপিও যেন ক্লান্ত নহয় আমাৰ বিজ্ঞানী সকল! সৌৰজগতৰ বাহিৰত কোনো তাৰকাৰ চৌদিশে পৰিভ্ৰমণ কৰি ফুৰা অগণন বাসোপযোগী গ্ৰহৰ সন্ধান কৰি বৰ্তমান বিজ্ঞানী সকল ব্যস্ত এই গ্ৰহবোৰত প্ৰাণৰ স্পন্দন বিচাৰি। বিজ্ঞানী সকল উৎসাহী। তেওঁলোকৰ মতে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে জীৱনৰ অস্তিত্ব। বহিঃবিশ্বত প্ৰাণৰ অস্তিত্ব সম্বন্ধ আমিও অতি উৎসাহী। মোৰ দৰেই আপোনাৰ মনলৈও এই প্ৰশ্নটো নাহেনে বাৰু - আমি এই বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নে ?